উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ চৰিয়তী বিধান

চমু বিৱৰণ

উহুদ: মদীনাৰ এটা প্ৰসিদ্ধ পাহাৰ। এই উহুদত সেই ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, য’ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত ভাঙিছিল আৰু তেওঁৰ সন্মানিত চেহাৰাত আঘাতপ্ৰাপ্ত হৈছিল। এই প্ৰৱন্ধটোত উহুদৰ শ্বহীদসকলৰ কবৰস্থানত গৈ তেওঁলোকৰ প্ৰতি ছালাম আৰু তেওঁলোকৰ বাবে দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰাৰ চৰিয়ত সন্মত বিধি-বিধান লৈ আলোচনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ চৰিয়তী বিধান

    الزيارة الشرعية لمقبرة شهداء أحد

    ] অসমীয়া – Assamese – آسامي [

    সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কেন্দ্ৰীয় কাৰ্যলয়

    —™

    অনুবাদ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    الزيارة الشرعية لمقبرة شهداء أحد

    هيئة الأمر بالمعروف والنهي عن المنكر

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    প্ৰথম: স্থান পৰিচিতি

    উহুদ: মদীনাৰ এটা প্ৰসিদ্ধ পাহাৰৰ নাম। বৰ্তমানেও এই নামেৰেই প্ৰসিদ্ধ।

    নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদ পাহাৰ সম্পৰ্কে কৈছে: “উহুদে আমাক ভালপায় আমিও তাক ভালপাওঁ।”[1]

    এই উহুদতেই সেই ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, য’ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা হামজা ৰাদিয়াল্লাহু ‘আনহুসহ মুছলিমসকলৰ সত্তৰ জন ব্যক্তি শ্বহীদ হৈছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত শ্বহীদ হৈছিল আৰু তেখেতৰ সন্মানিত চেহাৰা আঘাতপ্ৰাপ্ত হৈছিল।

    এই ঘটনা ঘটিছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হিজৰতৰ তৃতীয় বছৰ, দুই বছৰ ৯ মাহ ৭ দিন পিছত।[2]

    দ্বিতীয়: জিয়াৰতৰ বিধান আৰু জিয়াৰতকাৰীৰ কবলগীয়া দুআ

    উহুদত শ্বহীদ হোৱা ছাহাবীসকলৰ কবৰস্থানত গৈ তেওঁলোকৰ প্ৰতি ছালাম আৰু তেওঁলোকৰ বাবে দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰা, পুৰুষসকলৰ ক্ষেত্ৰত চৰীয়ত সন্মত। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ কবৰ জিয়াৰত কৰিছিল।

    তালহা বিন উবায়দুল্লাহ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আমি ওলালো, তেখেত তেতিয়া উহুদৰ শ্বহীদসকলৰ কবৰস্থান অভিমুখী হৈছিল। যেতিয়া আমি হাৰ্ৰা ওৱাকিম দেখিবলৈ পালো আৰু ইয়াৰ ওচৰ আহি পালো, তেতিয়া তাত কিছুমান কবৰ দেখা পালো। তেওঁ ক’লে, আমি সুধিলো, হে আল্লাহৰ ৰাছুল! এইবোৰ আমাৰ ভাইসকলৰ কবৰ নেকি? তেখেতে ক’লে: “আমাৰ সঙ্গীসকলৰ কবৰ।” তাৰ পিছত যেতিয়া (উহুদৰ) শ্বহীদসকলৰ কবৰৰ ওচৰত আহিলো, তেখেতে ক’লে: “এইবোৰ আমাৰ ভাইসকলৰ কবৰ।”[3]

    এই কবৰস্থানৰ বাবে কোনো নিৰ্ধাৰিত দুআ নাই। নিশ্চয় সেই দুআটোৱেই পাঠ কৰা উচিত যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ ছাহাবীসকলক শিক্ষা দিছে। যেতিয়া তেওঁলোকে কবৰস্থান জিয়াৰত কৰিছিল তেতিয়া কৈছিল:

    «السَّلَامُ عَلَيْكُمْ دَارَ قَوْمٍ مُؤْمِنِينَ، وَإِنَّا إِنْ شَاءَ اللهُ بِكُمْ لَاحِقُونَ، يرحم الله المستقدمين منكم والمستأخرين، نسأل الله لنا ولكم العافية»

    “হে মুমিন কবৰবাসীসকল! আপোনালোকৰ প্ৰতি ছালাম, নিশ্চয় আমিও ইন শ্বা আল্লাহ আপোনালোকৰ লগত মিলিত হম। আপোনালোকে যিসকলে অগ্ৰগামী হৈছে আৰু যিসকলে পিছত আহিব, আল্লাহে তেওঁলোকৰ প্ৰতি ৰহম কৰক! আমি আমাৰ আৰু আপোনালোকৰ বাবে নিৰাপত্তা কামনা কৰো।”[4]

    আনহাতে মহিলাসকলৰ বাবে কবৰ জিয়াৰত কৰা বৈধ নহয়, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

    «لعن الله زوارات القبور».

    “‘আল্লাহে বেছি বেছি কবৰ জিয়াৰতকাৰীণী নাৰীসকলৰ প্ৰতি অভিশাপ কৰিছে।”[5]

    তৃতীয়: উহুদ পাহাৰৰ ওচৰত যিসকল শ্বহীদক দাফন কৰা হৈছেঃ

    জাবিৰ ইবনু আব্দিল্লাহ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদ যুদ্ধত নিহতসকলৰ মাজত প্ৰত্যেক দুজনক এটা কাপোৰত ৰাখিছিল আৰু কৈছিল: “এওঁলোকৰ মাজত কোৰআন কাৰ বেছি মুখস্ত আছে? যেতিয়া তেওঁলোকৰ উভয়ৰ মাজত এজনৰ প্ৰতি ইঙ্গিত কৰা হৈছিল, তেতিয়া তেওঁ তাক কবৰত আগতে ৰাখিছিল আৰু কৈছিল মই এওঁলোকৰ ওপৰত সাক্ষী থাকিলো।” আৰু তেওঁ জানাযা আৰু গুছল নিদিয়াকৈ তেওঁলোকক তেওঁলোকৰ তেজ থকা অৱস্থাতেই দাফন কৰাৰ হুকুম দিছিল।

    উহুদত দাফনকৃত উল্লেখযোগ্য শ্বহীদসকল:

    হামজা ইবন আব্দুল মুত্তালিব, মুছ‘আব ইবন উমাইৰ, আব্দুল্লাহ ইবন আমৰ ইবন হাৰাম, আমৰ ইবন জামূহ, ছা‘দ ইবন ৰাবী‘, খাৰেজা ইবন জায়েদ, নু‘মান ইবন মালিক ৰাদিয়াল্লাহু আনহুম প্ৰমুখ।[6]

    ইবনে নাজ্জাৰে কৈছে: “বৰ্তমান শ্বহীদসকলৰ কবৰসমূহৰ মাজত হামজা ৰাদিয়াল্লাহু আনহুৰ কবৰৰ বাহিৰে আন কাৰো কবৰ চিনি পোৱা নাযায়....। তাত অৱশিষ্ট কবৰসমূহৰ বাবে কিছুমান শীল স্থাপন কৰা আছে, যাতে চিনি পোৱা যায় যে, সেইবোৰ তেওঁলোকৰ কবৰ...।”[7]

    ইমাম ত্বাবাৰীয়ে কৈছে: “উহুদ পাহাৰৰ কিবলামুখী শ্বহীদসকলৰ কবৰ আছে, যিসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত নিহত হৈছিল। তেওঁলোকৰ মাজৰ পৰা হামজা আৰু তেওঁৰ ভাগিন আব্দুল্লাহ ইবন জাহাশ্বৰ কবৰৰ বাহিৰে আন কাৰো কবৰ জ্ঞাত নহয়। হামজা ৰাদিয়াল্লাহু আনহুৰ শ্বাহাদাত বৰণ কৰা স্থানৰ উত্তৰ দিশত ভালে কিছুমান শীল আছে, সেই সম্পৰ্কে কোৱা হয় যে, সেইবোৰেই হৈছে শ্বহীদসকলৰ কবৰ। এইদৰে তেওঁৰ শ্বাহাদাতৰ স্থানৰ পশ্চিম ফালে আৰু কিছুমান শীল থোৱা আছে, সেইবোৰৰ বিষয়েও কোৱা হয় যে, সেইবোৰও শ্বহীদসকলৰ কবৰ; কিন্তু সেয়া ছহীহ সূত্ৰত বৰ্ণিত হোৱা নাই। কিছুমান “আল-মাগাযী” গ্ৰন্থত আছে, এই কবৰসমূহ সেই সকল লোকৰ যিসকল নিহত হৈছিল ওমৰ ৰাদিয়াল্লাহু আনহুৰ খিলাফতকালত ৰামাদাৰ বছৰ।[8]

    চতুৰ্থ: ইয়াত সংঘটিত হোৱা কিছুমান ছুন্নত পৰিপন্থী বিষয় যিটোত পতিত হোৱাৰ পৰা সতৰ্ক থকা জৰুৰী:

    জিয়াৰতকাৰীৰ বাবে জিয়াৰতৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত পদ্ধতি নিশ্চিত হোৱা আৰু ছুন্নত পৰিপন্থী বিষয়ত পতিত হোৱাৰ পৰা সতৰ্ক হোৱা জৰুৰী, যিটো তেওঁক গুনাহত পতিত কৰিব বা তেওঁৰ ছোৱাব হ্ৰাস কৰি দিব। তলত এনেকুৱা কিছুমান ছুন্নত পৰিপন্থী বিষয় উল্লেখ কৰা হ’ল যিবোৰ কামত কিছুমান জিয়াৰতকাৰী সচৰাচৰ পতিত হৈ থাকে, সেয়ে যাতে জিয়াৰতকাৰীসকল এনেকুৱা কামত পতিত হোৱাৰ পৰা বিৰত থাকে তাৰে কিছুমান কাম উল্লেখ কৰিলো:

    ১. উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ বাবে বৃহস্পতিবাৰক নিৰ্ধাৰণ কৰি লোৱা।

    ২. উহুদৰ শ্বহীদসকলক আহ্বান কৰা, বিশেষকৈ হামজা ৰাদিয়াল্লাহু আনহুক। এইদৰে তেওঁলোকৰ ওচৰত ফৰিয়াদ কৰা, সহায় কামনা কৰা আৰু তেওঁলোকৰ বাবে মান্নত কৰা।

    ৩. হামজা ৰাদিয়াল্লাহু আনহু বা অন্যান্য উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ বাবে কিছুমান দুআ নিৰ্ধাৰণ কৰি লোৱা।

    ৪. জিয়াৰতকাৰীৰ মূৰ নত কৰি উভয় হাত বুকুত অথবা নাভীৰ তলত বান্ধি ছালাতত থিয় হোৱাৰ দৰে থিয় হৈ অৱস্থান কৰা।

    ৫. কবৰস্থান অথবা পাৰ্শ্বৱৰ্তী ঠাইত শস্য দানা, খাদ্যদ্ৰৱ্য বা টকা-পয়চা নিক্ষেপ কৰা।

    ৬. নাৰী-পুৰুষৰ অবাধ সংমিশ্ৰণ, যাৰ ফলত সাধাৰণতে ফিতনা সংঘটিত হয়।

    ৭. নাৰীসকলৰ কবৰ জিয়াৰত কৰা।

    ৮. কবৰস্থানৰ খিৰকীৰ গ্ৰীলত সুতা বান্ধি দিয়া।

    ৯. শ্বহীদসকলৰ কবৰত বিলাপ কৰা।

    ১০. জিয়াৰতকাৰীৰ ‘ৰূমাহ’ পাহাৰত আৰোহণ কৰি বৰকত গ্ৰহণ কৰা, এনেকুৱা বিশ্বাস পোষণ কৰি যে, ইয়াত কিছুমান ছাহাবীৰ পদচাৰণা হৈছে।

    ১১. “ৰূমাহ” পাহাৰৰ শীলৰ দ্বাৰা বৰকত গ্ৰহণ কৰা আৰু তাৰ ফালে মুখ কৰি ছালাত আদায় কৰা আৰু তাৰ ওপৰত ছাজদাহ কৰা।

    ১২. উহুদ পাহাৰৰ ফালে অগ্ৰসৰ হোৱা, তাত গৈ সুতা আদি বান্ধি দিয়া আৰু আল্লাহে যিবোৰ দুআৰ অনুমতি দিয়া নাই এনেকুৱা অদ্ভূত দুআ পাঠ কৰিবলৈ সচেষ্ট হোৱা।

    ১৩. আকৌ কিছুমান স্থান জিয়াৰত কৰা এনেকুৱা বিশ্বাস পোষণ কৰি যে, তাত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চিহ্ন আছে। যেনে, কোনো শীল বা আন কোনা বস্তু ইত্যাদি।

    সমাপ্ত

    [1] ছহীহ বুখাৰী, হাদীছ নং ১৪১১; ছহীহ মুছলিম, হাদীছ নং ১৩৬৫

    [2] চাওঁক: মু‘জামুল বুলদান: ১/১০৯ ইত্যাদি গ্ৰন্থ।

    [3] মুছনাদে ইমাম আহমাদ: ১/১৬১, আবু দাঊদ, হাদীছ নং ২০৪৩

    [4] ছহীহ মুছলিম,হাদীছ নং ৯৭৪

    [5] তিৰমিজী, হাদীছ নং ৩/৩৭২

    [6] ওৱাকিদী ৰচিত আল-মাগাযী: ১/৩১০

    [7] চাওঁক: আদ- দুৰৰাতুছ ছামীন, পৃ: ৯৮-৯৯

    [8] চাওঁক: আত-তা‘ৰীফ: ১২৫-১২৬

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ