নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান (⮫)


 নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান

লেখকঃ ফাজিলাতুশ্ব শ্বাইখ আল্লামা

মুহাম্মদ বিন চলেহ আল-উছাইমীন

আল্লাহে তেওঁক, লগতে তেওঁৰ পিতৃ-মাতৃ আৰু সকলো মুছলমানকে ক্ষমা কৰক।

*


আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ। আমি নিজৰ আত্মাৰ কুমন্ত্ৰণাৰ পৰা আৰু নিজৰ কৰ্মৰ দুষ্পৰিণামৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই। আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিব পৰা কোনো নাই। লগতে মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়। তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে তেওঁৰ বান্দা আৰু প্ৰেৰিত ৰাছুল। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ ওপৰত আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত, লগতে চাহাবাসকলৰ ওপৰত আৰু কিয়ামত পৰ্যন্ত তেওঁলোকক অনুসৰণ কৰা লোকসকলৰ ওপৰত। এতিয়া আহক মূল বিষয়টো আলোচনা কৰোঁ। নাৰী জাতি সাধাৰণতে তিনি প্রকাৰ ৰক্তস্ৰাৱত আক্রান্ত হয়: যেনে- হায়েজ (মাহেকীয়া ৰক্তস্ৰাৱ)। ইস্তেহাজাহ (হায়েজ অথবা নিফাছৰ দিনবোৰ পাৰ হৈ যোৱাৰ পিছত যি ৰক্তস্ৰাৱ আহে সেইটোক ইস্তিহাজা বোলে)। নিফাছ (সন্তান প্রসৱৰ পিছত অহা ৰক্তস্ৰাৱ)। এইবোৰ এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়াৱলীৰ অন্তৰ্ভুক্ত, যিবোৰৰ বিধি-বিধান বৰ্ণনা কৰাটো অতিকৈ জৰুৰী, লগতে এইবোৰৰ বিষয়ে চৰীয়তি বিধান জনাটো আৰু এই প্রসঙ্গত ওলামায়ে কেৰামৰ বিভিন্ন মতামতৰ মাজৰ পৰা ভুল-শুদ্ধ পাৰ্থক্য নিৰূপন কৰাটো খুবেই জৰুৰী। লগতে সেইবোৰ মতামতক কোৰআন আৰু হাদীছৰ আলোকত ভুল-শুদ্ধ নিৰূপন কৰি প্ৰাধান্য দিয়াটোও অত্যাৱশ্যক।

১) কিয়নো মহান আল্লাহে তেওঁৰ বান্দাসকলক ইবাদতৰ যিবোৰ বিধি-বিধান প্ৰদান কৰিছে, কোৰআন আৰু হাদীছেই হৈছে সেইবোৰৰ মূল ভিত্তি তথা উৎস।

২) কিয়নো কোৰআন আৰু হাদীছৰ ওপৰত পৰিপূৰ্ণ আস্থা স্থাপন কৰি সেইমতে আমল কৰিলেহে আত্মিক প্রশান্তি, মানসিক স্থিৰতা, মনৰ আনন্দৰ লগতে অল্লাহ প্রদত্ত দায়িত্বৰ পৰা মুক্তি অৰ্জন কৰিব পাৰি।

৩)  কাৰণ কোৰআন আৰু হাদীছৰ বাহিৰে বেলেগ কোনো বস্তুৱে বেলেগ কোনো বিষয়ক সাব্যস্ত কৰিব নোৱাৰে, বৰং সেইটো নিজেই সাব্যস্ত হ’বলৈ চৰীয়তৰ প্ৰমাণৰ অধীন।

জানি থোৱা উচিত যে, চৰীয়তৰ সকলো আইন-কানূন আৰু হুকুম-আহকামৰ একমাত্র মানদণ্ড হৈছে কোৰআন আৰু হাদীছ। এইদৰে অভিজ্ঞ চাহাবীসকলৰ অভিমতও কোনো কোনো ক্ষেত্রত দলীল হ’ব পাৰে। কিন্তু চৰ্ত হৈছে চাহাবীৰ অভিমত যাতে কোৰআন আৰু ছুন্নাহৰ বিপৰীত নহয়, এইদৰে আন কোনো চাহাবীৰ সিদ্ধান্তৰ সৈতেও যাতে  মতবিৰোধ নহয়। এই ক্ষেত্রত মনত ৰাখিব লাগিব যে, যদি কেতিয়াবা কোনো চাহাবীৰ অভিমত কোৰআন-হাদীছৰ পৰিপন্থী হয়, তেন্তে তেতিয়া কোৰআন আৰু হাদীছৰ সিদ্ধান্তক গ্রহণ কৰাটো ওৱাজিব হৈ পৰে। আনহাতে যদি দুজন চাহাবীৰ সিদ্ধান্তত বৈপৰীত্য দেখা দিয়ে, তেন্তে দুয়োটা মতৰ মাজৰ যিটো অধিক শক্তিশালী সেইটোক প্ৰাধান্য দিব লাগিব আৰু গ্রহণ কৰিব লাগিব। কিয়নো আল্লাহ তাআলাই কৈছেঃ

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ وَأُوْلِي ٱلۡأَمۡرِ مِنكُمۡۖ فَإِن تَنَٰزَعۡتُمۡ فِي شَيۡءٖ فَرُدُّوهُ إِلَى ٱللَّهِ وَٱلرَّسُولِ إِن كُنتُمۡ تُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ ذَٰلِكَ خَيۡرٞ وَأَحۡسَنُ تَأۡوِيلًا ٥٩﴾ [النساء: 59]

 তাৰ পিছত যদি তোমালোকৰ মাজত কোনো বিষয়লৈ মতভেদ ঘটে তেন্তে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই হৈছে উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ। (ছুৰা নিছাঃ ৫৯)

এইখন এখন সংক্ষিপ্ত তথা সৰু কিতাপ, য’ত নাৰী জাতিৰ গৰ্ভাশয়ৰ পৰা ওলোৱা বিভিন্ন প্ৰকাৰৰ ৰক্তস্ৰাৱৰ বিৱৰণ আৰু সেই সম্পৰ্কীয় বিধি-বিধান বৰ্ণনা কৰা হৈছে। এই কিতাপখন নিম্নলিখিত অধ্যায়সমূহৰ দ্বাৰা গঠিত।

প্ৰথম অধ্যায়: হায়েজৰ অৰ্থ আৰু ইয়াৰ হিকমত বা সৃষ্টিৰ ৰহস্য।

দ্বিতীয় অধ্যায়: হায়েজৰ বয়স আৰু ইয়াৰ সময়-সীমা।

তৃতীয় অধ্যায়: হায়েজ সংক্রান্তীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়াৱলী।

চতুৰ্থ অধ্যায়: হায়েজৰ বিধি-বিধান।

পঞ্চম অধ্যায়: ইস্তেহাজাহ আৰু ইয়াৰ বিধি-বিধান।

ষষ্ঠ অধ্যায়: নিফাছ আৰু ইয়াৰ বিধি-বিধান।

সপ্তম অধ্যায়: হায়েজ প্রতিৰোধক অথবা সঞ্চালক আৰু জন্ম নিয়ন্ত্রণকাৰী নাইবা গৰ্ভপাতকাৰী ঔষধ ব্যৱহাৰ সম্পৰ্কীয় চৰীয়তি বিধান।

*

 প্ৰথম অধ্যায়: হায়েজৰ অৰ্থ আৰু ইয়াৰ হিকমত বা সৃষ্টিৰ ৰহস্য।

আৰবী হায়েজ শব্দৰ আভিধানিক অৰ্থ হৈছে, কিবা নিৰ্গত হোৱা তথা প্রবাহিত হোৱা।

চৰীয়তৰ পৰিভাষাত হায়েজ কোৱা হয়, সেই প্রাকৃতিক তেজক, যিটো বাহ্যিক কোনো কাৰণ নোহোৱাকৈয়ে নিৰ্দিষ্ট সময়ত নাৰীৰ যৌনাংগৰে নিৰ্গত হয়। হায়েজ বা ঋতুস্ৰাৱ হৈছে প্রাকৃতিক তেজ। অসুস্থতা, আঘাত, গৰ্ভপাত অথবা প্রসৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। যিহেতু এইটো এটা প্রাকৃতিক তেজ, সেয়ে নাৰীৰ অৱস্থা আৰু পৰিৱেশ-পৰিস্থিতিৰ ভিন্নতাৰ কাৰণে বেলেগ বেলেগ হয় আৰু এইকাৰণেই ঋতুস্রাৱৰ ক্ষেত্ৰত নাৰীসকলৰ মাজত স্পষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়।

ইয়াৰ বিস্ময়কৰ তাৎপৰ্য এই যে, মাকৰ গৰ্ভত থকা শিশুৱে সেইবোৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰে যিবোৰ খাদ্য পেটৰ বাহিৰত থকা লোকসকলে গ্ৰহণ কৰে। আনকি কোনো দয়ালু মানুহৰ পক্ষেও গৰ্ভস্থ শিশুক খাদ্য সৰবৰাহ কৰোৱাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত মহান আল্লাহে নাৰী জাতিৰ গৰ্ভত ৰক্ত প্রবাহৰ এনেকুৱা এটা আশ্চৰ্যজনক ব্যৱস্থা স্থাপন কৰিছে, যিটোৰ মাধ্যমত মাকৰ গৰ্ভত থকা শিশুৱে মুখেৰে নোখোৱাকৈয়ে তথা হজম নকৰাকৈয়ে আহাৰ গ্রহণ কৰিবলৈ সক্ষম। এই তেজ নাভীৰ পথেৰে শিশুৰ শিৰাসমূহত অনুপ্রৱেশ কৰি দেহত প্রবাহিত হয় আৰু ইয়াৰ দ্বাৰাই শিশুৱে আহাৰ গ্ৰহণ কৰে। এতেকে চোৱা! নিপুনতম সৃষ্টিকৰ্তা আল্লাহ কিমান কল্যাণময় আৰু মহান।!!

এইটোৱেই হৈছে হায়েজ সৃষ্টিৰ মূল ৰহস্য। এই কাৰণেই যেতিয়া কোনো নাৰী গৰ্ভৱতী হয় তেতিয়া তাইৰ হায়েজ বন্ধ হৈ যায়। কিন্তু খুবেই কম সংখ্যক নাৰী ইয়াৰ ব্যতিক্রম হয়, যিটো বিবেচনাৰ আওতাত নপৰে। এইদৰে স্তন্যপান কৰোৱা নাৰীৰো হায়েজ কম হয়। বিশেষকৈ স্তন্যপান কৰোৱাৰ প্ৰাৰম্ভিক অৱস্থাত।

*

 দ্বিতীয় অধ্যায়: হায়েজৰ বয়স আৰু ইয়াৰ সময়-সীমা।

এই অধ্যায়ত দুটা বিষয়কলৈ আলোচনা কৰা হ’ব:

প্ৰথম বিষয়টো হৈছে, নাৰীসকলৰ হায়েজ বা ঋতুস্ৰাৱ কেই বছৰ বয়সৰ পৰা আৰম্ভ হয়।

দ্বিতীয় বিষয়টো হৈছে, ঋতুস্ৰাৱৰ সময়-সীমা।

প্রথম বিষয়: সাধাৰণতে ১২ বছৰ বয়সৰ পৰা ৫০ বছৰ বয়সলৈকে নাৰীসকলৰ ঋতুস্ৰাৱ বা হায়েজ হয়। কিন্তু কেতিয়াবা কেতিয়াবা অৱস্থা, জলবায়ু আৰু পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্রেক্ষিতত উল্লিখিত বয়সৰ পূৰ্বে আৰু পিছলৈও হায়েজ হ’ব পাৰে।

ওলামাসকলে এই বিষয়ত বিভিন্ন মত পোষণ কৰিছে যে, ঋতুস্ৰাৱৰ বাবে নাৰীসকলৰ বয়সৰ কোনো নিৰ্দিষ্ট সীমা-ৰেখা আছে নে নাই, যিটো বয়সৰ আগত বা পিছত ঋতুস্ৰাৱ নহয়, আনকি যদি হয়ও তেন্তে সেইটোক বেমাৰ বুলি গণ্য কৰা হ’ব, ঋতুস্ৰাৱ হিচাপে নহয়?

ইমাম আদ-দাৰেমী ৰাহিমাহুল্লাহে এই প্ৰসংগত উলামাসকলৰ বিভিন্ন মতামতবোৰ উল্লেখ কৰি কৈছে যে, “মোৰ দৃষ্টিত এইবোৰৰ এটাও ঠিক নহয়। কিয়নো এই ক্ষেত্ৰত নাৰীৰ যৌনাংগৰ পৰা তেজ ওলোৱাটোৱে হৈছে মূল বিষয়। এই তেজ যিমান পৰিমাণতে ওলাওক, যি পৰিস্থিতিতে ওলাওক আৰু যি বয়সতে ওলাওক, সেইটোক ঋতুস্ৰাৱ বুলি গণ্য কৰা হ’ব”। আল্লাহেই সৰ্বজ্ঞ।

মোৰ দৃষ্টিত ইমাম দাৰেমীৰ এই অভিমতটো সঠিক বুলি ভাবোঁ। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহেও এই অভিমতটোকেই গ্রহণ কৰিছে। এতেকে, যি বয়সতেই নাৰীয়ে নিজৰ যৌনাঙ্গত তেজ দেখা পাব, তেতিয়াই সেইটো হায়েজ হিচাপে বিবেচিত হ’ব। যদিও তাইৰ বয়স ন বছৰতকৈ কম হওক অথবা পঞ্চাশ বছৰতকৈ বেছি। কিয়নো মহান আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে হায়েজ সম্পৰ্কীয় যাৱতীয় বিধি-বিধান তেজ দেখা পোৱাৰ সৈতে সম্পৃক্ত কৰি বৰ্ণনা কৰিছে, আৰু ইয়াৰ বাবে নিৰ্দিষ্ট কোনো বয়সৰ সময়-সীমা নিৰ্ধাৰণ কৰা নাই। এতেকে ইয়াৰ অস্তিত্ব দেখা পোৱা গ’লেই ইয়াৰ নিৰ্ধাৰিত বিধানবোৰ পালন কৰিব লাগিব। মনত ৰখা উচিত যে, ঋতুস্ৰাৱক কোনো নিৰ্দিষ্ট বয়সৰ সৈতে সম্পৃক্ত কৰিবলৈ কোৰআন আৰু ছুন্নাহ ভিত্তিক নিশ্চিত দলিলৰ প্রয়োজন, অথচ এই বিষয়ে কোৰআন আৰু হাদীছত কোনো প্রমাণেই নাই।

দ্বিতীয় বিষয়টো হৈছে ঋতুস্ৰাৱৰ সময়-সীমা অৰ্থাৎ ঋতুস্ৰাৱ কিমান দিনলৈ থাকিব পাৰে।

এই বিষয়েও ওলামাসকলৰ মাজত ডাঙৰ মতভেদ দেখিবলৈ পোৱা যায়, আনকি এই বিষয়ে ওলামাসকলৰ ছয় অথবা সাতটা অভিমত আছে। ইবনুল মুনজিৰ ৰাহিমাহুল্লাহ আৰু ফিকাহবিদসকলৰ এটা দলে কৈছে যে, হায়েজৰ নিম্নতম আৰু ঊৰ্দ্ধতম কোনো নিৰ্দিষ্ট সীমা-ৰেখা নাই।

মোৰ মতে এই মতটো ইমাম দাৰেমীৰ উক্ত অভিমতৰ দৰেই, যিটোক শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে গ্রহণ কৰিছে আৰু এইটোৱেই সঠিক। কিয়নো কোৰআন, হাদীছ আৰু কিয়াছৰ দ্বাৰা এইটোৱেই প্রমাণিত হয়।

প্ৰথম দলিলঃ পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ

﴿وَيَسۡـَٔلُونَكَ عَنِ ٱلۡمَحِيضِۖ قُلۡ هُوَ أَذٗى فَٱعۡتَزِلُواْ ٱلنِّسَآءَ فِي ٱلۡمَحِيضِ وَلَا تَقۡرَبُوهُنَّ حَتَّىٰ يَطۡهُرۡنَۖ فَإِذَا تَطَهَّرۡنَ فَأۡتُوهُنَّ مِنۡ حَيۡثُ أَمَرَكُمُ ٱللَّهُۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلتَّوَّٰبِينَ وَيُحِبُّ ٱلۡمُتَطَهِّرِينَ ٢٢٢﴾ [البقرة: 222]

আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটৱৰ্তী নহ’বা। [ছুৰা আল-বাক্বাৰাহ, আয়াত: ২২২] উক্ত আয়াতত মহান আল্লাহে হায়েজৰ পৰা পৱিত্রতা অৰ্জন কৰাক স্ত্রী মিলনৰ নিষেধাজ্ঞাৰ শেষ সীমা নিৰ্ধাৰণ কৰিছে। এই নিষেধাজ্ঞাৰ বাবে এদিন এৰাতি বা তিনি দিন অথবা পোন্ধৰ দিন সময়-সীমা নিৰ্ধাৰণ কৰা নাই। এতেকে ইয়াৰ দ্বাৰা বুজা গ’ল যে, ঋতুস্ৰাৱ থকা আৰু নথকাৰ ওপৰতেই ইয়াৰ বিধি-বিধানসমূহৰ মূল ভিত্তি। গতিকে ঋতুস্ৰাৱ দেখা গ’লেই ইয়াৰ বিধি-বিধানসমূহ কাৰ্যকৰী হ’ব আৰু যেতিয়াই তেজ বন্ধ হ’ব বা পৱিত্রতা অৰ্জন কৰিব তেতিয়াই বিধি-বিধানবোৰৰ কাৰ্যকাৰিতা শেষ হৈ যাব। দ্বিতীয় দলিলঃ ছহীহ মুছলিমত বৰ্ণিত আছে যে, আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহা ইহৰাম অৱস্থাত যেতিয়া ঋতুৱতী হৈছিল তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল যে,“তুমি সেই সকলোবোৰ কাম কৰিব পাৰিবা যিবোৰ হাজীসকলে কৰিব লাগে, কিন্তু পৱিত্ৰ নোহোৱালৈকে কেৱল কাবা ঘৰৰ তাৱাফ কৰিব নোৱাৰিবা।” আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই কোৰবানীৰ দিনা পৱিত্ৰ হৈছিলোঁ।”

ছহীহ বুখাৰী আৰু মুছলিমত হাদীছটো এনেকৈ আহিছে: “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: তুমি পৱিত্র নোহোৱালৈকে অপেক্ষা কৰা, পৱিত্র হোৱাৰ পিছত ইহৰাম বান্ধিবলৈ তানঈমলৈ যাবাগৈ।”ইয়াতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষিদ্ধতাৰ বাবে কোনো নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰাৰ বিপৰীতে পৱিত্ৰতা অৰ্জনক সীমা নিৰ্ধাৰণ কৰিছে। ইয়াৰ দ্বাৰা প্রতীয়মান হয় যে, ঋতুস্ৰাৱ থকা নথকাৰ সৈতেহে ইয়াৰ বিধি-বিধানসমূহৰ সম্পৰ্ক।

তৃতীয় দলিল: ফিকাহবিদসকলৰ হায়েজ সংক্রান্তীয় এইবোৰ অনুমান তথা ধাৰণা আৰু বিস্তাৰিত আলোচনা কোৰআন আৰু হাদীছত নথকা সত্বেও প্রয়োজনৰ খাতিৰত বৰ্ণনা কৰাটো জৰুৰী কাৰণে উল্লেখ কৰা হৈছে। এতেকে এইবোৰ আলোচনা যদি হৃদয়ঙ্গম কৰাটো আৰু এইবোৰৰ দ্বাৰা আল্লাহ তা‘আলাৰ উপাসনা কৰাটো যদি বান্দাৰ বাবে অত্যাৱশ্যকীয় হ’লহেঁতেন তেনেহ’লে নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সকলোৰে বাবে এই বিষয়টো স্পষ্টভাৱে বৰ্ণনা কৰিলেহেঁতেন। কিয়নো এইবোৰৰ সৈতে নাৰীৰ চালাত, চওম, বিবাহ, তালাক আৰু মীৰাছৰ মাছআলা-মাছাইলসমূহ সম্পৃক্ত আছে। ঠিক সেইদৰে যিদৰে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে চালাতৰ সংখ্যা, চালাতৰ নিৰ্দিষ্ট সময়, চালাতৰ ৰুকু, ছাজদাহ, এইদৰে জাকাতৰ সম্পদ, নিচাব বা ইয়াৰ পৰিমাণ, জাকাত বিতৰণৰ শিতান, চওম বা ৰোজা আৰু ইয়াৰ সময়-সীমা লগতে হজ্জ আৰু অন্যান্য বিষয়াৱলী স্পষ্টভাৱে বৰ্ণনা কৰিছে। আনকি খোৱা-বোৱাৰ নিয়ম-নীতি, টোপনিৰ নিয়ম-নীতি, স্ত্রী সহবাস, উঠা-বহা, ঘৰত প্রৱেশ কৰা আৰু বাহিৰ হোৱাৰ নিয়ম-নীতি, শৌচ-প্ৰস্ৰাৱৰ নিয়ম-নীতিও বৰ্ণনা কৰিছে। কেৱল এয়াই নহয় বৰং শৌচ-প্ৰস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া কুলুখৰ সংখ্যা নিৰ্ধাৰণসহ জটিল আৰু সূক্ষ্ম বিষয়াদিও বৰ্ণনা কৰিছে, যিবোৰৰ মাধ্যমত আল্লাহে তেওঁৰ মনোনীত ধৰ্মক পৰিপূৰ্ণ কৰিছে আৰু মুমিন বান্দাসকলৰ ওপৰত নিজৰ নি‘আমত সম্পূৰ্ণ কৰিছে। যেনে- মহান আল্লাহে কৈছেঃ

﴿وَيَوۡمَ نَبۡعَثُ فِي كُلِّ أُمَّةٖ شَهِيدًا عَلَيۡهِم مِّنۡ أَنفُسِهِمۡۖ وَجِئۡنَا بِكَ شَهِيدًا عَلَىٰ هَٰٓؤُلَآءِۚ وَنَزَّلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ تِبۡيَٰنٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ٨٩﴾ [النحل: 89]

 ‘‘আৰু আমি প্ৰতিটো বস্তুৰ সুস্পষ্ট বৰ্ণনা সহকাৰে তোমাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছোঁ।’’ [ছুৰা আন-নাহল, আয়াত: ৮৯] এইদৰে আন এঠাইত কৈছেঃ

﴿لَقَدۡ كَانَ فِي قَصَصِهِمۡ عِبۡرَةٞ لِّأُوْلِي ٱلۡأَلۡبَٰبِۗ مَا كَانَ حَدِيثٗا يُفۡتَرَىٰ وَلَٰكِن تَصۡدِيقَ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَتَفۡصِيلَ كُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ لِّقَوۡمٖ يُؤۡمِنُونَ١١١﴾ [يوسف: 111]

 ‘‘এইখন কোনো মনেসজা কথাৰ সমষ্টি নহয়, বৰং এইখন হৈছে পূৰ্বৱৰ্তী গ্রন্থৰ সমৰ্থক আৰু প্রত্যেক বস্তুৰ সুস্পষ্ট বিৱৰণ।’’ [ছুৰা ইউছুফ, আয়াত: ১১১] এতেকে যিহেতু এই সময়-সীমা নিৰ্ধাৰণৰ বিষয়টো আৰু এই বিষয়ে বিস্তাৰিত আলোচনা কোৰআন আৰু হাদীছত নাই, সেয়ে এইবোৰৰ ওপৰত পৰিপূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাৰো প্রয়োজন নাই। নিৰ্ভৰতাৰ প্রয়োজন হৈছে কেৱল ইয়াৰ ওপৰত যে, হায়েজ আছে নে নাই, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে হায়েজৰ বিধি-বিধান প্ৰযোজ্য হ’ব। কোৰআন আৰু ছুন্নাহত এইবোৰ বিষয়াদি নথকাটোৱে প্রমাণ কৰে যে, এইবোৰৰ কোনো গ্রহণযোগ্যতা নাই। গতিকে এই বিষয়টো হায়েজ (ঋতুস্ৰাৱ) সম্পৰ্কীয় মাছআলাসহ অন্যান্য সকলো মাছআলাসমূহতেই সহায়ক হ’ব। কিয়নো চৰী‘আতৰ সকলো বিধি-বিধান কোৰআন, ছুন্নাহ, ইজমা অথবা বিশুদ্ধ কিয়াছৰ দ্বাৰাই প্রমাণিত হৈছে, বেলেগ কোনো বস্তুক দলিল হিচাপে গ্ৰহণ কৰা নাই। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে এটা নীতিমালা বৰ্ণনা কৰোঁতে কৈছিল: “কোৰআন আৰু হাদীছত আল্লাহ তা‘আলাই ঋতুস্ৰাৱৰ সৈতে সংশ্লিষ্ট কেইবাটাও বিধি-বিধান বা হুকুম-আহকাম বৰ্ণনা কৰিছে, কিন্তু ঋতুস্ৰাৱ কিমান দিনলৈ থাকিব পাৰে, ইয়াৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ সময়-সীমা কিমান হ’ব, এই বিষয়ে নিৰ্দিষ্ট একো কোৱা নাই। আনকি দুই হায়েজৰ মধ্যৱৰ্তী পৱিত্ৰতাৰ সময়ো নিৰ্ধাৰণ কৰা নাই, যদিও হায়েজ সম্পৰ্কীয় এইবোৰ বিষয় প্ৰতিজনী নাৰীৰ বাবে অত্যাধিক প্রয়োজনীয় আৰু জটিল হোৱা সত্বেও কোনো সময়-সীমা নিৰ্ধাৰণ কৰা নাই। আৰবী অভিধানতো ইয়াৰ কোনো সময়-সূচী নিৰ্ধাৰণ কৰিব পৰা তথ্য নাই। গতিকে হায়েজ বা ঋতুস্ৰাৱৰ বাবে যি ব্যক্তিয়ে কোনো সময়-সীমা নিৰ্দিষ্ট কৰিব তেওঁ দৰাচলতে প্ৰত্যক্ষভাৱে কোৰআন আৰু হাদীছৰহে বিৰুদ্ধাচৰণ কৰিব”। চতুৰ্থ দলিল: যিটো বিশুদ্ধ কিয়াছৰ দ্বাৰা প্রমাণিত। আৰু সেয়া হৈছে আল্লাহ তা‘আলাই ঋতুস্ৰাৱক ময়লা বস্তু হিচাপে ঘোষণা কৰিছে। গতিকে যেতিয়াই ঋতুস্ৰাৱ দেখা দিব তেতিয়াই সেইটোক ময়লা হিচাপে গণ্য কৰিব লাগিব। এইক্ষেত্রত ঋতুস্ৰাৱৰ প্রথম আৰু দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ, ১৫তম আৰু ১৬তম, এইদৰে ১৭তম আৰু ১৮তম দিনৰ মাজত কোনো পাৰ্থক্য নাই। কিয়নো হায়েজ হায়েজেই হয়, আৰু ময়লা ময়লাই হয় (ইয়াত কোনো পাৰ্থক্য নাই)। এতেকে কাৰণ যিহেতু উভয় দিনতেই সমান্তৰালভাৱে বিদ্যমান আছে তেন্তে তাৰ মাজত হুকুম আহকামৰ ক্ষেত্ৰত কেনেকৈ ভিন্নতা হ’ব পাৰে? এইটো বিশুদ্ধ কিয়াছৰ পৰিপন্থী নহয়নে? বিশুদ্ধ কিয়াছে উভয় দিনকে বিধি-বিধানৰ ফালৰ পৰা সমান গণ্য নকৰেনে?

পঞ্চম দলিল: ঋতুস্ৰাৱৰ বাবে সময়-সীমা নিৰ্ধাৰণকাৰীসকলৰ মাজত পাৰস্পৰিক মতভেদ আৰু সিদ্ধান্তহীনতা আছে আৰু এই ধৰণৰ পাৰস্পৰিক মতভেদে প্রমাণ কৰে যে, এই বিষয়ত এনেকুৱা কোনো সমাধান নাই, যিটোক গ্রহণ কৰা অত্যাৱশ্যকীয়। বৰং এইবোৰ মতামত হৈছে ইজতেহাদ, যিবোৰত ভুল-শুদ্ধ দুয়োটাই সম্ভাৱনা থাকে। সেয়ে এইবোৰৰ মাজৰ কোনো এটা মত আনটো মতৰ ওপৰত প্ৰাধান্য দিয়াৰ যোগ্য নহয়। তেনে ক্ষেত্ৰত সমাধান আৰু সঠিক নিৰ্দেশনা পোৱাৰ বাবে কোৰআন আৰু ছুন্নাহৰ ফালেই প্ৰত্যাৱৰ্তন কৰা উচিত।

উল্লিখিত আলোচনাৰ দ্বাৰা স্পষ্ট হৈ গ’ল যে, ঋতুস্ৰাৱৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ কোনো সময়-সীমা নিৰ্দিষ্ট নাই আৰু এইটোৱেই গ্রহণযোগ্য। এতেকে নাৰীৰ লজ্জাস্থানত দেখা দিয়া তেজক (যিটো কোনো আঘাত বা বেলেগ কোনো কাৰণত ওলোৱা নাই তেন্তে সেইটোক) হায়েজৰ তেজ বুলি ধৰিব লাগিব আৰু ইয়াৰ বাবে কোনো বয়স আৰু সময়-সীমা নিৰ্দিষ্ট নাই। কিন্তু, এই তেজ যদি বিৰতিহীনভাৱে প্রবাহিত হয়, যদি বন্ধ হোৱাৰ নামেই নলয় অথবা খুব কম সময়ৰ বাবে হয় যেনে মাহত মাত্র এদিন বা দুদিন প্রবাহিত হয়, তেনেহ’লে সেইটোক ইস্তেহাজাহ হিচাপে গণ্য কৰা হ’ব, ইয়াৰ বিস্তাৰিত বিৱৰণ যেনে- ইস্তেহাজাৰ বৰ্ণনা আৰু ইয়াৰ বিধি-বিধান সক্ৰান্তীয় বিৱৰণ ইন শ্বা আল্লাহ শীঘ্রেই সন্মানিত পাঠকবৃন্দৰ আগত উপস্থাপন কৰা হ’ব। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে হায়েজ সম্পৰ্কে কৈছে, “নাৰীসকলৰ ৰেহেমৰ (গৰ্ভাশয়ৰ) পৰা যি তেজ ওলায় সেইটোক হায়েজ হিচাপেই গণ্য কৰা হ’ব যেতিয়ালৈকে ইস্তেহাজাৰ তেজ বুলি অকাট্য কোনো প্রমাণ পোৱা নাযাব”। তেওঁ আৰু কৈছেঃ “নাৰীৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজ সম্পৰ্কে যদি এই কথা জনা নাযায় যে, এইটো কি কাৰণত ওলাইছে, কোনো স্নায়ুৰ পৰা ওলাইছে নে কিবা আঘাতৰ ফলত ওলাইছে (এইটো যদি স্পষ্ট নহয়) তেন্তে সেইটো তেজক হায়েজ হিচাপেই গণ্য কৰা হ’ব”। এই অভিমতটো সময়-সীমা নিৰ্ধাৰণকাৰীসকলৰ অভিমতৰ তুলনাত দলিল-প্রমাণৰ ফালৰ পৰা যিমান শক্তিশালী, অনুধাৱন আৰু হৃদয়ঙ্গম কৰাৰ ক্ষেত্ৰতো লগতে আমল আৰু বাস্তৱায়নৰ দিশতো সিমানেই সহজ। এতেকে এই অভিমতটো ইছলাম ধৰ্মৰ আত্মা আৰু ইয়াৰ সৰলতাবাদী সিদ্ধান্তৰ অনুৰূপ হোৱাৰ কাৰণে অধিক গ্ৰহণযোগ্য। যিটো পালন কৰা কাৰো বাবেই কষ্টকৰ নহয়। আল্লাহে কৈছেঃ

﴿وَجَٰهِدُواْ فِي ٱللَّهِ حَقَّ جِهَادِهِۦۚ هُوَ ٱجۡتَبَىٰكُمۡ وَمَا جَعَلَ عَلَيۡكُمۡ فِي ٱلدِّينِ مِنۡ حَرَجٖۚ مِّلَّةَ أَبِيكُمۡ إِبۡرَٰهِيمَۚ هُوَ سَمَّىٰكُمُ ٱلۡمُسۡلِمِينَ مِن قَبۡلُ وَفِي هَٰذَا لِيَكُونَ ٱلرَّسُولُ شَهِيدًا عَلَيۡكُمۡ وَتَكُونُواْ شُهَدَآءَ عَلَى ٱلنَّاسِۚ فَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَٱعۡتَصِمُواْ بِٱللَّهِ هُوَ مَوۡلَىٰكُمۡۖ فَنِعۡمَ ٱلۡمَوۡلَىٰ وَنِعۡمَ ٱلنَّصِيرُ٧٨﴾ [الحج: 78]

  “ আৰু তেওঁ দ্বীনৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই।” [ছুৰা আল-হাজ্জ, আয়াত: ৭৮] আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ“নিশ্চয় দ্বীন হৈছে সহজ। ধৰ্মত যিয়ে সীমালংঘন কৰিব সি নিশ্চয় পৰাস্ত হ’ব। গতিকে তোমালোকে সদায় মধ্যম পন্থা অৱলম্বন কৰা, দ্বীনৰ নিকটৱৰ্তী হোৱা, লগতে নেক আমলৰ প্ৰতিদান কামনা কৰা।”

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা বৈশিষ্ট্য আছিল যে, যেতিয়া তেখেতক কোনো দুটা বিষয়ৰ এটাক গ্ৰহণ কৰাৰ বিকল্প দিয়া হৈছিল তেতিয়া তেখেতে বিষয়টো গুনাহৰ নহ’লে সহজটোকেই গ্ৰহণ কৰিছিল।

গৰ্ভৱতী মহিলাৰ ঋতুস্ৰাৱ

সাধাৰণতে নাৰী যেতিয়া গৰ্ভৱতী হয় তেতিয়া ঋতুস্ৰাৱ বন্ধ হৈ পৰে। ইমাম আহমদ ৰাহিমাহুল্লাহে কৈছেঃ “ঋতুস্ৰাৱ বন্ধ হোৱাৰ মাধ্যমতেই নাৰী গৰ্ভৱতী বুলি প্রমাণিত হয়”। কিন্তু গৰ্ভৱতী নাৰীৰ যদি প্রসৱৰ নিকটৱৰ্তী সময়ত যেনে দুই এদিন অথবা তিনি দিন পূৰ্বে ৰক্তস্ৰাৱ দেখা পায় আৰু লগতে যদি প্রসৱ বেদনাও থাকে তেনেহ’লে সেইটোক নিফাছ (প্রসৱোত্তৰ ৰক্তস্ৰাৱ) হিচাপে গণ্য কৰা হ’ব। আৰু যদি প্রসৱৰ বহুত আগত বা কিছু দিন আগত তেজ প্রবাহিত হয় কিন্তু প্ৰসৱ বেদনা নাথাকে তেনেহ’লে সেই তেজক নিফাছ হিচাপে গণ্য কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰশ্ন হয় যে, এই প্রবাহিত তেজক হায়েজ হিচাপে গণ্য কৰি হায়েজৰ বিধি-বিধান কার্যকৰী কৰা হ’ব? নে অসুস্থতাৰ তেজ হিচাপে গণ্য কৰা হ’ব?

এই বিষয়ে ওলামায়ে কেৰামসকলৰ মাজত মতভেদ আছে। কিন্তু সঠিক সমাধান হৈছে এই যে, গৰ্ভৱতী নাৰীৰ যদি পূৰ্বৰ অভ্যাস অনুযায়ী তেজ দেখা দিয়ে তেনেহ’লে সেইটোক হায়েজ হিচাপে গণ্য কৰা হ’ব। কিয়নো নাৰীৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজক হায়েজ হিচাপে গণ্য কৰাৰ বাবে যদি কোনো বাধা নাথাকে তেন্তে সেইটোক হায়েজ হিচাপেই গণ্য কৰা হ’ব। কিন্তু কোৰআন আৰু হাদীছত এনেকুৱা কোনো প্রমাণো নাই যে, গৰ্ভৱতী নাৰীৰ হায়েজ হ’ব নোৱাৰে।

ইমাম মালিক আৰু ইমাম শ্বাফেয়ী ৰাহিমাহুমাল্লাহেও এই মত পোষণ কৰিছে। ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহেও এই মতটোকে গ্রহণ কৰিছে। তেওঁৰ নিজা লিখিত ইখতিয়াৰাত গ্রন্থৰ ৩০ নং পৃষ্ঠাত ইমাম বাইহাকীৰ উদ্ধৃতি দি লিখিছে যে, ইমাম আহমদৰো এই জাতীয় এটি অভিমত আছে, বৰং তেওঁ উল্লেখ কৰিছে যে, ইমাম আহমদ ৰাহিমাহুল্লাহে ইমাম মালিক আৰু ইমাম শ্বাফেয়ী ৰাহিমাহুল্লাহৰ উক্ত মতামতৰ পিনে প্রত্যাৱৰ্তন কৰিছিল।

ইয়াৰ ওপৰত ভিত্তি কৰি গৰ্ভৱতী নাৰীয়েও হায়েজৰ সেইবোৰ নিয়ম-নীতি পালন কৰিব লাগিব যিবোৰ নিয়ম-নীতি সাধাৰণ মহিলাই হায়েজৰ সময়ত পালন কৰে। কিন্তু কেৱল দুটা ক্ষেত্ৰত ব্যতিক্ৰম আছে:

১. তালাক: গৰ্ভৱতী অৱস্থাত নথকা মহিলা (যিয়ে ঋতুস্রাৱৰ মাধ্যমত ইদ্দত পূৰণ কৰিব লাগে) তেনে মহিলাক ঋতুস্ৰাৱ অৱস্থাত তালাক দিয়া হাৰাম। পক্ষান্তৰে অন্তঃসত্ত্বা মহিলাক (যদি তাইৰ ঋতুস্ৰাৱ হয় তেন্তে সেই) অৱস্থাত তাইক তালাক দিয়াটো হাৰাম নহয়। কিয়নো গৰ্ভৱতী নোহোৱা অৱস্থাত কোনো নাৰীক হায়েজ অৱস্থাত তালাক দিয়াটো কোৰআনৰ এই আয়াতৰ বিৰোধিতা কৰা হ’ব, মহান আল্লাহে কৈছেঃ

﴿  فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ [الطلاق: 1]

 ‘‘তোমালোকে সিহঁতক সিহঁতৰ ইদ্দতৰ প্রতি লক্ষ্য ৰাখি তালাক দিবা।’’ [ছুৰা আত-তালাক, আয়াত: ১] কিন্তু অন্তঃসত্ত্বা স্ত্রীক হায়েজৰ অৱস্থাত তালাক দিয়াটো কোৰআনৰ এই ঘোষণাৰ পৰিপন্থী নহয়। কিয়নো যি ব্যক্তিয়ে গৰ্ভৱতী স্ত্রীক তালাক দিছে, তেওঁ তাইৰ ইদ্দত অনুসাৰেই তালাক দিছে, (গৰ্ভাৱস্থাত) স্ত্রী হায়েজ অৱস্থাত থাকক বা পৱিত্র থাকক। কাৰণ, গৰ্ভৱতী নাৰীৰ ইদ্দত হৈছে প্ৰসৱ নকৰালৈকে। সেই কাৰণেই বেলেগ অৱস্থাৰ বিপৰীতে গৰ্ভাৱস্থাত সহবাস কৰাৰ পিছতো স্ত্ৰীক তালাক দিয়া হাৰাম নহয় বৰং জায়েয। (পক্ষান্তৰে গৰ্ভাৱস্থাত নথকা স্ত্ৰীৰ সৈতে সহবাস কৰাৰ পিছত সেই তুহৰত তালাক দিয়া হাৰাম।) ২. অন্যান্য নাৰীৰ দৰে গৰ্ভৱতী নাৰীৰ হায়েজৰ দ্বাৰা তাইৰ ইদ্দত সমাপ্ত নহয়। কিয়নো গৰ্ভৱতী নাৰীৰ ইদ্দতকাল হৈছে সন্তান প্রসৱ নোহোৱালৈকে, হায়েজৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। হায়েজ হওক বা নহওক দুয়োটা অৱস্থাই তাইৰ বাবে সমান। মহান আল্লাহে পৱিত্র কোৰআনত কৈছেঃ

﴿ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ [الطلاق: 4]

গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে প্ৰসৱ নোহোৱালৈকে। (ছুৰা আত-তালাকঃ ৪)

*

 তৃতীয় অধ্যায়: অনিয়মীয়া হায়েজ সংক্রান্তীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়াৱলী।

হায়েজ অৱস্থাত আপতিত বিষয়াদি কেইবা প্রকাৰৰ:

প্ৰথম প্ৰকাৰ: ৰক্তস্ৰাৱ নিৰ্দিষ্ট নিয়ম আৰু পৰিমাণতকৈ কম অথবা বেছি হোৱা। উদাহৰস্বৰূপে কোনো নাৰীৰ প্রতি মাহত ছয় দিনকৈ ঋতুস্ৰাৱ থাকে কিন্তু কোনো মাহত ৭ দিন পর্যন্ত ঋতুস্রাৱ অব্যাহত থাকে অথবা কোনো নাৰীৰ ৭ দিনকৈ ঋতুস্রাৱ হয় কিন্তু কোনো মাহত ৬ দিনতে বন্ধ হৈ যায়।

দ্বিতীয় প্ৰকাৰ: নিয়মিত অভ্যাসতকৈ অগা পিচাকৈ হায়েজ আৰম্ভ হোৱা। যেনে, মাহৰ শেষত অহা হায়েজ মাহৰ আৰম্ভণিতে হোৱা অথবা মাহৰ প্রথমত অহাৰ পৰিবৰ্তে শেষৰ ফালে অহা।

উপৰোক্ত দুয়োটা প্ৰকাৰৰ বিধানকলৈ ওলামাসকলৰ মাজত মতানৈক্য আছে। কিন্তু সঠিক সমাধান হৈছে এইটোৱে যে, নাৰীয়ে যেতিয়াই ঋতুস্রাৱ প্ৰত্যক্ষ কৰিব তেতিয়াই নিজকে ঋতুৱতী হিচাপে গণ্য কৰিব আৰু যেতিয়াই হায়েজ বন্ধ হ’ব তেতিয়াই পৱিত্র হিচাপে বিবেচিত হ’ব। এই ক্ষেত্রত পূৰ্ব অভ্যাসৰ পৰা অগা পিচা হোৱাত কোনো পাৰ্থক্য নাই। এই মাছআলাৰ প্রমাণাদি পূৰ্বৰ অধ্যায়ত বিস্তাৰিতভাৱে আলোচিত হৈছে। য’ত কোৱা হৈছে যে, হায়েজ হোৱা আৰু নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰিহে চৰীয়তে বিধি-বিধান কাৰ্যকৰী কৰিছে। ইমাম শ্বাফেয়ী ৰাহিমাহুল্লাহেও এই মত পোষণ কৰিছে, শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহেও এই সমাধানটোকেই গ্রহণ কৰিছে। মুগনী গ্রন্থৰ লেখকে উক্ত অভিমতক সমৰ্থন কৰি কৈছে যে, “উল্লিখিত অৱস্থাত যদি নাৰীসকলৰ নিয়মিত বা পূৰ্ব অভ্যাস ধৰ্তব্য হ’লহেঁতেন তেনেহ’লে নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতৰ বাবে সেয়া বৰ্ণনা কৰিলেহেঁতেন, বিলম্ব কৰাৰ কোনো প্রশ্নই নুঠে। কাৰণ যিকোনো বিষয় উচিত সময়ত বৰ্ণনা নকৰাকৈ পলম কৰা জায়েজ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা বিষয় বৰ্ণনা কৰাৰ ক্ষেত্ৰত এই কাৰণেও পলম নকৰিলেহেঁতেন যে, এই বিষয়টো তেখেতৰ স্ত্রীসকলৰ বাবে আৰু অন্যান্য নাৰী সকলৰ বাবে সদায় প্রয়োজনীয়। তেখেত এই ক্ষেত্ৰত অসতৰ্ক নাছিল। এতেকে মুস্তাহাজাহ নাৰীৰ বাহিৰে আন কাৰো ক্ষেত্রত পূৰ্ব অভ্যাস ধৰ্তব্য বুলি প্রিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰা নাই”। তৃতীয় প্ৰকাৰ: হালধীয়া অথবা মাটিয়া বৰণৰ তেজস্ৰাৱ। কোনো মহিলাই যদি নিজৰ লজ্জাস্থানত জখমৰ পানীৰ দৰে হালধীয়া বৰণৰ অথবা হালধীয়া আৰু ক’লা ৰঙৰ মধ্যৱৰ্তী বৰণৰ তেজ দেখা পায় আৰু সেইটো যদি ঋতুস্ৰাৱ চলাকালীন সময়ত অথবা ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ হোৱাৰ কিছু আগত দেখা পায় তেন্তে সেইটো ঋতুস্ৰাৱ হিচাপে গণ্য হ’ব আৰু ইয়াৰ ওপৰতো ঋতুস্রাৱৰ বিধি-বিধান কাৰ্যকৰী হ’ব। আনহাতে যদি সেইটো পৱিত্রতা অৰ্জনৰ পিছত প্রবাহিত হয় তেনেহ’লে সেইটো ঋতুস্ৰাৱ হিচাপে গণ্য নহ’ব। কিয়নো উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই এই প্রসংগত কৈছে: “পৱিত্রতা অৰ্জন কৰাৰ পিছত আমি হালধীয়া অথবা মাটিয়া বৰণৰ তেজক হায়েজ হিচাপে গণ্য কৰা নাছিলোঁ।” আবু দাউদে ছহীহ চনদৰ সৈতে এইটো বৰ্ণনা কৰিছে। ইমাম বুখাৰীয়েও এইটো বৰ্ণনা কৰিছে কিন্তু তেখেতৰ বৰ্ণনাত “পৱিত্ৰতা অৰ্জন কৰাৰ পিছত” এই কথাষাৰ নাই। লগতে তেওঁ যি পৰিচ্ছেদত এই হাদীছটো বৰ্ণনা কৰিছে তাৰ নাম হৈছে “ঋতুস্ৰাৱৰ বাহিৰে অন্যান্য দিনত দেখা পোৱা হালধীয়া আৰু মাটিয়া বৰণৰ তেজৰ বৰ্ণনা”। ছহীহ বুখাৰীৰ ব্যাখ্যাগ্ৰন্থ ফাতহুল বাৰীত কোৱা হৈছে যে, এই শিৰোনামৰ দ্বাৰা ইমাম বুখাৰীয়ে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছ لاَ تَعْجَلْنَ حَتَّى تَرَيْنَ الْقَصَّةَ الْبَيْضَاء “বগা পানী নেদেখালৈকে খৰধৰ নকৰিবা।” আৰু উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ উল্লিখিত হাদীছৰ মাজত এনেকৈ সামঞ্জস্য বিধান কৰিব বিচাৰিছে যে, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছটো হৈছে ঋতুস্ৰাৱ চলাকালীন সময়ত হালধীয়া অথবা মাটিয়া বৰণৰ তেজ দেখা পোৱা সন্দৰ্ভত, আনহাতে উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছটো হৈছে, ঋতুস্ৰাৱ বন্ধ হৈ পৱিত্রতা অৰ্জন কৰাৰ পিছত দেখা পোৱা হালধীয়া অথবা মাটিয়া বৰণৰ তেজ দেখা পোৱা সন্দৰ্ভত। জানি থোৱা উচিত যে, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ যিটো হাদীছৰ প্ৰতি ইঙ্গিত কৰা হৈছে সেইটোক ইমাম বুখাৰীয়ে পৰিচ্ছেদ আৰম্ভ কৰাৰ পূৰ্বে চনদ উল্লেখ নকৰাকৈ দৃঢ়ভাৱে বৰ্ণনা কৰিছে, সেইটোৰ প্রকৃত বিষয়বস্তু হৈছে এই যে, সেই সময়ৰ নাৰীসকলে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ দাৰাজাহ প্ৰেৰণ কৰিছিল (দাৰাজাহ হৈছে এনেকুৱা বস্তু যিটোৰ দ্বাৰা মহিলাসকলে নিজৰ লজ্জাস্থান আবৃত কৰি ৰাখিছিল, যাতে বুজিব পৰা যায় যে, তাত ঋতুস্ৰাৱৰ কোনো চিহ্ন আছে নে নাই?) সেই দাৰাজাহ’ত হায়েজৰ লেচা-কানি বা তুলা আছিল আৰু উক্ত তুলা বা কাপোৰত হালধীয়া ৰং দেখি আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছিল: “বগা পানী নেদেখালৈকে তোমালোকে অপেক্ষা কৰিবা”। জানি থোৱা উচিত যে, হাদীছত বৰ্ণিত ‘আল-কাচ্ছাতুল বাইজা’ কোৱা হয় সেই বগা পানীক যিটো হায়েজ বন্ধ হোৱাৰ সময়ত মহিলাৰ গৰ্ভাশয়ৰ পৰা ওলাই আহে।

চতুৰ্থ প্ৰকাৰ: ঋতুস্ৰাৱ ৰৈ ৰৈ প্রবাহিত হোৱা, যেনে এদিন প্রবাহিত হয় আৰু এদিন বন্ধ থাকে। এইটো অৱস্থা দুই প্ৰকাৰৰঃ

প্রথম অৱস্থা: যদি সকলো সময়তে হয় তেনেহ’লে সেইটোক ইস্তেহাজাহ হিচাপে গণ্য কৰি তাৰ বিধি-বিধান মানি চলিব লাগিব।

দ্বিতীয় অৱস্থা: যদি এনেকুৱা সকলো সময়তে নহয়, বৰং মাজে মাজে এই ধৰণৰ ব্যতিক্রম দেখা দিয়ে আৰু তাৰ পিছত সঠিক সময়ত পৱিত্ৰতা অৰ্জন হয়, তেনে ক্ষেত্ৰত এই মাজৰ পৱিত্ৰ হোৱা দিনবোৰক লৈ ওলামাসকলৰ মাজত মতানৈক্য আছে যে, সেই দিনবোৰক পৱিত্ৰ হিচাপে গণ্য কৰা হ’ব নে হায়েজ হিচাপে?

এই বিষয়ত ইমাম শ্বাফেয়ী ৰাহিমাহুল্লাহৰ দুই অভিমতৰ মাজৰ বিশুদ্ধ অভিমতটো হৈছে, ইয়াক হায়েজ হিচাপে গণ্য কৰা হ’ব। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ আৰু ‘আল-ফায়েক’ গ্রন্থৰ লেখকেও উক্ত অভিমতটো গ্রহণ কৰিছে। লগতে ইমাম আবু হানিফা ৰাহিমাহুল্লাহেও একেই মত পোষণ কৰিছে। তেওঁলোকৰ দলিল হৈছে এই যে, এই সময়ছোৱাত যিহেতু বগা পানী পৰিলক্ষিত হোৱা নাই, সেয়ে ইয়াক হায়েজ হিচাপে গণ্য কৰা হ’ব। আনহাতে যদি স্ৰাৱবিহীন মধ্যৱৰ্তী সেই সময়ছোৱাক পৱিত্র হিচাপে গণ্য কৰা হয় তেনেহ’লে নিশ্চয় ইয়াৰ আগৰ আৰু পিছৰ সময়ক হায়েজ হিচাপে গণ্য কৰিব লাগিব অথচ এনেকুৱা কথা কোনেও কোৱা নাই। এতেকে যদি মধ্যৱৰ্তী সেই সময়ছোৱাক পৱিত্রতাৰ সময় হিচাপে গণ্য কৰা হয় তেনেহ’লে (তালাকপ্রাপ্তা আৰু বিধৱা নাৰীৰ) ইদ্দতকাল ৫ দিনতেই সমাপ্ত হ’ব। তেনেস্থলত প্রতি দুদিনতে পৱিত্ৰতাৰ গোছল আদি বিবিধ কাৰণে নাৰী জাতিৰ বাবে বিষয়টো অত্যন্ত কষ্টকৰ হৈ পৰিব। অথচ ইছলামী চৰী‘আতে মানুহক কষ্টত নেপেলায় (আলহামদুলিল্লাহ)

হাম্বলী মাজহাবৰ প্রসিদ্ধ অভিমত হৈছে, উক্ত অৱস্থাত দেখা দিয়া তেজ হায়েজ হিচাপে গণ্য হ’ব আৰু পৰিচ্ছন্নতা দেখা দিলে সেইটোক পৱিত্রতা হিচাপে গণ্য কৰা হ’ব। কিন্তু তেজ আৰু পৰিচ্ছন্নতাৰ সমষ্টি যদি নিয়মিত হায়েজৰ সৰ্বোচ্চ সীমা অতিক্রম কৰে তেনেহ’লে অতিক্রমকাৰী তেজ ইস্তেহাজাহ হিচাপে গণ্য কৰা হ’ব।

মুগনী গ্রন্থৰ প্ৰথম খণ্ডৰ ৩৫৫ পৃষ্ঠাত লেখকে কৈছে, ‘মনত ৰাখিব লাগিব যে, তেজ যদি এদিনতকৈ কম সময়ৰ বাবে বন্ধ থাকে তেন্তে সেই সময়ছোৱাক পৱিত্রতাৰ মাজত গণ্য কৰা নহ’ব, সেই হাদীছৰ ওপৰত ভিত্তি কৰি যিটো নিফাছৰ অধ্যায়ত উল্লেখ হৈছে। যাৰ সাৰাংশ হৈছে, এদিনতকৈ কম সময়ক কোনো ভ্রূক্ষেপ কৰা নহ’ব আৰু এইটোৱেই সঠিক সমাধান (ইন শ্বা আল্লাহ)। কিয়নো তেজ কেতিয়াবা প্রবাহিত হয়, আকৌ কেতিয়াবা বন্ধ থাকে, তেনেস্থলত এঘন্টা পিছে পিছে পৱিত্রতা অৰ্জন কৰিবলৈ গোছল কৰাটো নাৰীসকলৰ বাবে চৰম কষ্টৰ বিষয় হৈ পৰিব। (অথচ চৰী‘আতৰ বিধি-বিধানত কষ্টৰ কোনো স্থান নাই।) যেনে, মহান আল্লাহে কৈছেঃ

﴿ وَمَا جَعَلَ عَلَيۡكُمۡ فِي ٱلدِّينِ مِنۡ حَرَجٖۚ [الحج: 78]

 “তেওঁ দ্বীনৰ মাজত তোমালোকৰ বাবে কোনো সংকীৰ্ণতা ৰখা নাই”(ছুৰা আল-হাজ্জঃ ৭৮) মুগনী গ্ৰন্থৰ লেখকে আৰু কৈছেঃ “এতেকে এদিনতকৈ কম সময় যদি তেজ বন্ধ থাকে তেন্তে সেইটোক পৱিত্রতা বুলি গণ্য কৰা নহ’ব। কিন্তু পৱিত্রতা অৰ্জনৰ যদি কোনো প্রমাণ থাকে তেন্তে বিষয়টো সুকীয়া। যেনে কোনো নাৰীৰ নিয়মিত অভ্যাসৰ শেষৰ ফালে আহি হায়েজ বন্ধ হৈছে অথবা হায়েজ বন্ধ হোৱাৰ পিছত তাইৰ লজ্জাস্থানত ‘কাচ্ছায়ে বাইযা’ অৰ্থাৎ বগা পানীৰ দৰে কিবা দেখা যায়, (তেন্তে সেইটোক পৱিত্ৰতা বুলি গণ্য কৰা হ’ব)।”

দৰাচলতে আল-মুগনী গ্রন্থৰ লেখকৰ এই অভিমতটো হৈছে উপৰোক্ত দুয়োটা সমাধানৰ মধ্যৱৰ্তী অভিমত। সঠিক বিষয় সম্পৰ্কে আল্লাহেই সৰ্বজ্ঞ।

পঞ্চম বিষয়: তেজস্ৰাৱ শুকাই যোৱা, যেনে মহিলাই কেৱল বিশেষ অংগটোক তিতি থকা দেখা পোৱা। এইটো যদি হায়েজৰ মধ্যৱৰ্তী সময়ত হয় বা হায়েজ শেষ হোৱাৰ সময়ত দেখা পায় তেন্তে সেইটোক হায়েজ হিচাপে গণ্য কৰা হ’ব। আনহাতে যদি পৱিত্রতা লাভ কৰাৰ পিছত হয় তেন্তে সেইটো হায়েজ হিচাপে বিবেচিত নহ’ব; বৰং তেতিয়া সেইটোৰ সৰ্বোচ্চ অৱস্থা হৈছে সেইটোক হালধীয়া অথবা মাটিয়া বৰণৰ তেজৰ সৈতে সম্পৃক্ত কৰা হ’ব আৰু এইটো হৈছে ইয়াৰ চৰীয়তি বিধান।

*

 চতুৰ্থ অধ্যায়: হায়েজৰ বিধি-বিধান।

হায়েজৰ বহুতো বিধি-বিধান আছে, বিশটাতকৈও অধিক। ইয়াত আমি তাৰে মাজৰ বেছি প্রয়োজনীয় বিষয়বোৰ উল্লেখ কৰিবলৈ গৈ আছোঁ।

১. চালাত: ঋতুস্ৰাৱত আক্ৰান্ত মহিলাৰ বাবে ফৰজ হওক অথবা নফল, সকলো প্রকাৰ চালাত আদায় কৰা নিষিদ্ধ। চালাত আদায় কৰিলেও সেইটো শুদ্ধ নহ’ব। এইদৰে ঋতুস্ৰাৱত থকা মহিলাৰ ওপৰত চালাত ফৰজও নহয়। কিন্তু পৱিত্ৰ হোৱাৰ পিছত অথবা ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগমূহুৰ্তত কোনো ওৱাক্তৰ পূৰ্ণ এক ৰাকাত পঢ়িব পৰা সময় যদি পায় তেনেহ’লে উক্ত ওৱাক্তৰ চালাত কাজা কৰা ফৰজ।

আৰম্ভণিত এক ৰাকাত পৰিমাণ সময় পোৱাৰ উদাহৰণ: সূর্য অস্তমিত যোৱাৰ পিছত মাগৰিবৰ এক ৰাকাত পঢ়িব পৰা সময় থাকোঁতে যদি এজনী নাৰীৰ হায়েজ আৰম্ভ হয় তেনেহ’লে হায়েজ বন্ধ হোৱাৰ পিছত মাগৰিবৰ সেই চালাতটো কাজা কৰা তাইৰ ওপৰত ফৰজ। কিয়নো তাই ঋতুৱতী হোৱাৰ আগত মাগৰিবৰ নামাজৰ ন্যূনতম এক ৰাকাত সমপৰিমাণ সময় পাইছিল।

হায়েজ বন্ধ হোৱাৰ সময়ত এক ৰাকাত পৰিমাণ সময় পোৱাৰ উদাহৰণ: এইদৰে কোনো নাৰী যদি সূৰ্যোদয়ৰ আগত ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ হয় আৰু সেই সময়ত ফজৰৰ এক ৰাকাত আদায় কৰিব পৰা সময় থাকে, তেনেহ’লে পৱিত্ৰ হোৱাৰ পিছত ফজৰৰ সেই ওৱাক্তৰ চালাত কাজা কৰা তাইৰ ওপৰত ফৰজ হৈ পৰিব। কিয়নো ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত তাই ফজৰৰ নামাজৰ এক ৰাকাত পঢ়িব পৰা সময় পাইছিল।

আনহাতে ঋতুৱতী মহিলাই যদি চালাতৰ ওৱাক্তৰ পৰা ইমানখিনি সময় নাপায় যিটো সময়ত ন্যূনতম এক ৰাকাত চালাত পঢ়িব পৰা যায়, যেনে প্রথম দৃষ্টান্তত সূৰ্যাস্তৰ পিচত ন্যূনতম এক ৰাকাত পঢ়িব পৰা সময় অথবা দ্বিতীয় দৃষ্টান্তত সূৰ্যোদয়ৰ আগত ন্যূনতম এক ৰাকাত পঢ়িব পৰা সময় (যদি নাপায়), তেনেহ’লে সেই মহিলাৰ ওপৰত সেই ওৱাক্তৰ চালাত কাজা কৰা ওৱাজিব নহ’ব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যিয়ে চালাতৰ এক ৰাকাত পাইছে, তেওঁ দৰাচলতে চালাত পাইছে।” মুত্তাফাক আলাইহ। ইয়াৰ দ্বাৰা এই কথাও স্পষ্ট হয় যে, যদি কোনোবাই চালাতৰ এক ৰাকাততকৈ কম অংশ পায় তেনেহ’লে চালাত পোৱা বুলি গণ্য কৰা নহ’ব।

এতিয়া প্ৰশ্ন হয় যে, যদি কোনো মহিলাই আচৰৰ চালাত পঢ়িব পৰা এক ৰাকাত সমপৰিমাণ সময় পায় তেনেহ’লে তাইৰ ওপৰত আচৰৰ সৈতে জোহৰৰ চালাত কাজা কৰাটোও ওৱাজিব হ’ব নেকি? এইদৰে ঈশ্বা চালাতৰ এক ৰাকাত আদায় কৰিব পৰা সমপৰিমাণ সময় যদি পায় তেনেহ’লে তাইৰ ওপৰত ঈশ্বা চালাতৰ সৈতে মাগৰিবৰ চালাত কাজা কৰাটোও ওৱাজিব হ’ব নেকি?

এই বিষয়ত ওলামায়ে কেৰামসকলৰ মাজত মতভেদ আছে। কিন্তু সঠিক অভিমতটো হৈছে তাই কেৱলমাত্ৰ সেই ওৱাক্তৰেই নামাজ পঢ়িব যিটো তাই পাইছে। এক কথাত আচৰৰ সময় পালে আচৰৰ আৰু ঈশ্বাৰ পালে ঈশ্বাৰ নামাজ পঢ়িব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তিয়ে সূৰ্যাস্তৰ আগত আচৰৰ এক ৰাকাত পঢ়িব পৰা সময় পাইছে তেওঁ দৰাচলতে আচৰৰ চালাত পাইছে।” ইয়াত তেখেতে এই কথা কোৱা নাই যে, তেওঁ জোহৰ আৰু আচৰ দুয়োটাই পাইছে। এই কথাও উল্লেখ কৰা নাই যে, সেই ব্যক্তিৰ ওপৰত জোহৰ চালাত কাজা আদায় কৰা জৰুৰী। চৰী‘আতৰ মূলনীতি হৈছে দায়িত্ব পালন কৰি নিজকে মুক্ত কৰা। এইটোৱে ইমাম আবু হানীফা আৰু ইমাম মালিকৰ মজহাব। শ্বাৰহুল মুহাজ্জাব গ্ৰন্থত এই কথা উল্লেখ কৰা হৈছে। আনহাতে আল্লাহৰ জিকৰ-আজকাৰ কৰা, তাকবীৰ কোৱা, তাছবীহ পাঠ কৰা, আল্লাহৰ প্রশংসা কৰা, খোৱা-বোৱা আদি কামত বিছমিল্লাহ কোৱা, হাদীছ পাঠ কৰা, ফিকহ পঢ়া, দু‘আ কৰা, দু‘আত আমীন কোৱা আৰু কোৰআন শ্রৱণ কৰা ইত্যাদি কোনো কামেই ঋতুৱতী মহিলাৰ ওপৰত হাৰাম নহয়। কিয়নো ছহীহ বুখাৰী আৰু ছহীহ মুছলিমসহ অন্যান্য গ্ৰন্থত বৰ্ণিত আছে যে, “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ঋতুস্ৰাৱ চলাকালীন অৱস্থাত তেওঁৰ কোলাত মূৰ থৈ কোৰআন তিলাৱত কৰিছিল।” ছহীহ বুখাৰী আৰু ছহীহ মুছলিমত উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰাও বৰ্ণিত আছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে যে, “যুৱতী ছোৱালীসকল, পৰ্দাশীন আৰু ঋতুৱতী মহিলাসকলে দুয়ো ঈদৰ চালাতৰ বাবে যাতে ঈদগাহলৈ যায় আৰু সিহঁতে ধর্মীয় আলোচনা আৰু মুমিনসকলৰ দু‘আত যাতে উপস্থিত থাকিব পাৰে। কিন্তু ঋতুৱতী নাৰীসকলে চালাতৰ স্থানৰ পৰা আঁতৰি থাকিব।” ঋতুৱতী মহিলাৰ বাবে মুখেৰে উচ্চাৰণ নকৰাকৈ কেৱল চাই চাই মনে মনে পঢ়াৰ অনুমতি আছে। উদাহৰণস্বৰূপে, কোৰআন চকুৰ সন্মুখত আছে অথবা কোৰআন মাজীদৰ আয়াত সম্বলিত কোনো বোৰ্ড সন্মুখত আছে। তেনে অৱস্থাত ঋতুৱতী নাৰীয়ে যদি আয়াতবোৰ চাই চাই মনে মনে তিলাৱত কৰে তেনেহ’লে কোনো অসুবিধা নাই। ইমাম নাৱাৱীয়ে শ্বাৰহুল মুহাজ্জাবৰ ২য় খণ্ডৰ ৩৭২ পৃষ্ঠাত কৈছেঃ “এইটো কৰা বৈধ আৰু এই ক্ষেত্ৰত কাৰো দ্বিমত নাই”। কিন্তু বেছিভাগ উলামাৰ মতে উচ্চাৰণ কৰি পঢ়াটো নিষিদ্ধ তথা অবৈধ। ইমাম বুখাৰী, ইবনে জাৰীৰ তাবাৰী আৰু ইবনুল মুনজিৰ প্ৰমুখসকলে জায়েয বুলি কৈছে। ইমাম মালিকৰ পৰাও এনেকুৱাই অভিমত বৰ্ণনা কৰা হৈছে। ইমাম শ্বাফেয়ীৰ পূৰণি অভিমতো এইটোৱেই। এই কথা ফাতহুল বাৰীৰ ১ম খণ্ডৰ ৩০৮ পৃষ্ঠাত উল্লেখ আছে। ইপিনে ইমাম বুখাৰীয়ে বুখাৰীত ইব্ৰাহীম নাখায়ীৰ পৰা চনদ নোহোৱাকৈ উল্লেখ কৰিছে যে, তেওঁ কৈছেঃ ঋতুৱতী নাৰীয়ে কোৰআন তিলাৱত কৰাত কোনো অসুবিধা নাই। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে (ফাতাৱা গ্রন্থৰ মাজমূআ ইবনে কাছিমৰ ২৬তম খণ্ডৰ ১৯১ পৃষ্ঠাত) কৈছেঃ “ঋতুৱতী নাৰীৰ বাবে কোৰআন তিলাৱত নিষিদ্ধ হোৱাৰ ক্ষেত্ৰত হাদীছৰ পৰা কোনো প্রমাণ নাই। কিয়নো এইক্ষেত্ৰত যিটো হাদীছ উপস্থাপন কৰা হয় যে, “ঋতুৱতী নাৰী আৰু অপৱিত্ৰ ব্যক্তিয়ে কোৰআন পঢ়িব নোৱাৰিব” বিশেষজ্ঞ ওলামায়ে কেৰামৰ সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী এই হাদীছটো দুৰ্বল। এই কথাও উল্লেখযোগ্য যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগতো নাৰীসকলৰ ঋতুস্ৰাৱ হৈছিল। গতিকে ঋতুস্ৰাৱৰ কাৰণে চালাতৰ দৰে কোৰআনৰ তিলাৱাতো যদি তেওঁলোকৰ বাবে হাৰাম হ’লহেঁতেন তেন্তে নিশ্চয় ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতৰ বৃহত্তৰ স্বাৰ্থত সেয়া বর্ণনা কৰিলেহেঁতেন আৰু তেখেতৰ পৱিত্ৰ স্ত্রীসকলক এই বিষয়ে শিক্ষা দিলেহেঁতেন, কোনোবাই নহয় কোনোবাই নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই বিষয়ে হাদীছ বৰ্ণনা কৰিলেহেঁতেন। যিহেতু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ঋতুৱতী নাৰীৰ কোৰআন তিলাৱত হাৰাম হোৱা সম্পৰ্কে কোনেও একো বৰ্ণনা কৰা নাই। সেয়ে এনে ক্ষেত্ৰত  ইয়াক হাৰাম কোৱা ঠিক নহ’ব। কাৰণ তেখেতৰ যুগত ঋতুস্ৰাৱৰ ঘটনাবোৰ সাধাৰণৰূপত থকাৰ পিছতো তেখেতে এই অৱস্থাত কোৰআন তিলাৱত কৰিবলৈ নিষেধ কৰা নাই, গতিকে বুজা গ’ল যে, এইটো হাৰাম নহয়।

এই প্রসঙ্গত ওলামায়ে কেৰামৰ বিভিন্ন মতামত সম্পৰ্কে অৱগত হোৱাৰ পিছত এতিয়া এইটোৱে কোৱা উচিৎ হ’ব যে, ঋতুৱতী নাৰীৰ বাবে বিশেষ প্রয়োজন নোহোৱাকৈ উচ্চাৰণ কৰি কোৰআন মাজীদ তিলাৱত নকৰাই উত্তম। কিন্তু বিশেষ প্রয়োজন হ’লে যেনে, শিক্ষয়েত্ৰীয়ে ছাত্রীসকলক শিকোৱাবলৈ মুখেৰে উচ্চাৰণ কৰি পঢ়াব পাৰে। এইদৰে পৰীক্ষাৰ্থী ছাত্ৰীয়ে পৰীক্ষা দিওঁতে প্রয়োজনত হায়েজ অৱস্থাতো কোৰআন পঢ়িব পাৰিব।

২. চওম: ঋতুৱতী নাৰীৰ ওপৰত ফৰজ-নফল সকলো প্রকাৰ চওম হাৰাম আৰু এনেকুৱা নাৰী চওম ৰাখিলেও সেই চওম শুদ্ধ নহ’ব। কিন্তু এৰি যোৱা ফৰজ চওমৰ কাজা তাইৰ ওপৰত ওৱাজিব। কিয়নো আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “আমাৰ যেতিয়া ঋতুস্ৰাৱ হৈছিল তেতিয়া আমাক কেৱল চওম কাজা কৰিবলৈ আদেশ দিয়া হৈছিল। কিন্তু চালাতৰ কাজা পঢ়িবলৈ আদেশ দিয়া নাছিল।” মুত্তাফাক আলাইহি।

চওম অৱস্থাত ৰক্তস্ৰাৱ আহিলে চওম বাতিল হৈ যায়। যদিও ৰক্তস্ৰাৱ সূর্যাস্তৰ কিছু সময় আগত আহে। কিন্তু যদি সেইটো ফৰজ ৰোজা হয় তেন্তে সেইটো কাজা কৰা ওৱাজিব।

আনহাতে ৰোজা অৱস্থাত সূর্যাস্ত যোৱাৰ আগত যদি ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পূৰ্বাভাস পায় (যেনে- তলপেটত বিষ হোৱা আদি) আৰু প্রকৃতপক্ষত সূর্যাস্তৰৰ পিছত যদি হায়েজ আৰম্ভ হয় তেন্তে সেই নাৰীৰ ৰোজা সঠিক বুলি বিবেচিত হ’ব আৰু বিশুদ্ধ অভিমত অনুসাৰে তাইৰ ৰোজা নষ্ট নহ’ব। কাৰণ যি তেজ ওলোৱা নাই সেইটোৰ ওপৰত ভিত্তি কৰি আদেশ বাস্তৱায়িত নহ’ব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া প্ৰশ্ন কৰা হৈছিল যে, পুৰুষৰ দৰে নাৰীৰ যেতিয়া স্বপ্নদোষ হয় তেতিয়া তাইৰ ওপৰত গোছল কৰা ফৰজ হ’ব নেকি? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: হয়, যদি তাই বীর্য দেখা পায়।” উক্ত হাদীছত গোছল ফৰজ হোৱা নোহোৱাক বীর্য দেখাৰ সৈতে সংযুক্ত কৰিছে। ঠিক সেইদৰে হায়েজৰ ক্ষেত্ৰতো হায়েজ ওলোৱা বুলি অনুভৱ হ’লেই নহ’ব বৰং বিধি-বিধান তেতিয়াহে কার্যকৰী হ’ব, যেতিয়া তেজ দেখা পাব।

হায়েজ অৱস্থাত ফজৰৰ সময় আৰম্ভ হ’লে সেই দিনৰ ৰোজা ৰখা জায়েয নহয়। যদিও ফজৰৰ কিছু সময় পিছতেই পৱিত্ৰতা লাভ কৰে।

আনহাতে যদি ফজৰৰ আগত ঋতুস্ৰাৱ বন্ধ হয় আৰু বন্ধ হোৱাৰ পিছত ৰোজা ৰাখে তেন্তে সেই ৰোজা শুদ্ধ বুলি গণ্য হ’ব। যদিও গোছল ফজৰৰ সময় আৰম্ভ হোৱাৰ পিছত কৰে তথাপিও কোনো অসুবিধা নাই। যেনে, জুনুবী ব্যক্তিয়ে যদি শৰীৰ অপৱিত্ৰ থকা অৱস্থাত ছাহৰী খাই ৰোজাৰ ৰাখে আৰু ফজৰৰ আজানৰ পিছত গোছল কৰে তেন্তে তাৰ ৰোজাত কোনো প্ৰভাৱ নপৰিব বৰং তাৰ ৰোজা শুদ্ধ বুলি বিবেচিত হ’ব। আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হাদীছত আছে যে, “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বপ্নদোষ নহয় বৰং স্ত্রী সহবাসৰ কাৰণে অপৱিত্ৰ হোৱা অৱস্থাত ছাহৰী খাই ৰমজানৰ ৰোজা ৰাখিছিল।”

৩. বাইতুল্লাহৰ তাৱাফ কৰা: ঋতুৱতী নাৰীৰ বাবে বাইতুল্লাহৰ ফৰজ আৰু নফল উভয় প্রকাৰ তাৱাফ কৰা হাৰাম। যদি কোনোবাই কৰেও তেন্তে সেয়া শুদ্ধ নহ’ব। ইয়াৰ প্রমাণ হৈছে, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: “পৱিত্ৰ নোহোৱালৈকে তুমি কা‘বা গৃহৰ তাৱাফৰ বাহিৰে হজ্জৰ অন্যান্য কামবোৰ কৰি যোৱা।” কিন্তু হজ্জ আৰু ওমৰাৰ অন্যান্য কাম যেনে চাফা-মাৰৱাৰ মধ্যৱৰ্তী স্থানত ছাঈ কৰা (দৌৰি পাৰ হোৱা), ‘আৰাফাৰ ময়দানত অৱস্থান কৰা, মুজদালিফা আৰু মিনাত ৰাতি অতিবাহিত কৰা আৰু জামৰাতত শিলগুটি নিক্ষেপ কৰা ইত্যাদি তাইৰ বাবে হাৰাম নহয়। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হয় যে, যদি কোনো মহিলা পৱিত্র অৱস্থাত তাৱাফ কৰে আৰু তাৱাফ শেষ হোৱাৰ পিছতেই যদি তাইৰ হায়েজ আৰম্ভ হয় অথবা চাফা-মাৰৱাৰ মাজত ছাঈ কৰাৰ সময়ত যদি হায়েজ আৰম্ভ হয় তেন্তে তাইৰ হজ্জ ওমৰাহ পালনত কোনো অসুবিধা নহ’ব।

৪. ঋতুৱতী নাৰীৰ বাবে বিদায়ী তাৱাফ জৰুৰী নহয়: হজ্জ আৰু ওমৰাৰ কৰণীয় কামবোৰ শেষ কৰি নিজ দেশলৈ উভতি অহাৰ সময়ত যদি কোনো মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হয় আৰু ৰাৱানা হোৱাৰ সময়লৈকে অব্যাহত থাকে তেন্তে সেই মহিলাৰ ওপৰত বিদায়ী তাৱাফ কৰা জৰুৰী নহয়। কিয়নো এই বিষয়ে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, তেওঁ কৈছেঃ “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাজীসকলক নিৰ্দেশ দি কৈছিল যে, তেওঁলোকৰ শেষ কৰ্ম যেন কা‘বা গৃহৰ তাৱাফৰ দ্বাৰাই সম্পন্ন হয়। কিন্তু তেখেতে ঋতুৱতী নাৰীৰ বাবে এই আদেশ শিথিল কৰিছিল। অৰ্থাৎ তেওঁলোকে বিদায়ী তাৱাফ কৰিব নালাগিব।” (বুখাৰী আৰু মুছলিম)। জানি থোৱা উচিত যে, ঋতুৱতী নাৰীৰ বাবে উভতি অহাৰ সময়ত মছজিদে হাৰামৰ দুৱাৰত গৈ দুআ কৰাও উচিৎ নহয়। কিয়নো এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোনো প্ৰমাণ বৰ্ণিত হোৱা নাই। অথচ কোনো ইবাদত সঠিক বুলি বিবেচিত হ’বলৈ প্ৰমাণ থকাটো আৱশ্যক। কেৱল এয়াই নহয় বৰং নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত প্ৰমাণাদিবোৰ ইয়াৰ পৰিপন্থী। ছাফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ ঘটনাত আছে যে, যেতিয়া তেওঁ তাৱাফে ইফাজাৰ পিছত ঋতুৱতী হৈছিল তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিলঃ এতিয়া তুমি মদীনাৰ উদ্দেশ্যে ৰাওৱানা হোৱা। (বুখাৰী আৰু মুছলিম)। এই হাদীছত তেখেতে তেওঁক মছজিদে হাৰামৰ দুৱাৰত উপস্থিত হৈ দুআ কৰাৰ আদেশ দিয়া নাছিল। যদি এইটো চৰীয়ত সন্মত হ’লহেঁতেন তেন্তে নিশ্চয় তেওঁক এইটো কৰিবলৈ ক’লেহেঁতেন। আনহাতে হজ্জ বা ওমৰাৰ ফৰজ তাৱাফৰ পৰা ঋতুৱতী নাৰীয়ে অব্যাহতি নাপাব, বৰং পৱিত্ৰতা অৰ্জনৰ পিছত সেই ফৰজ তাৱাফ কৰিবই লাগিব।

৫. মছজিদত ঋতুৱতী নাৰীৰ অৱস্থান: ঋতুৱতী নাৰীৰ বাবে মছজিদত, আনকি ঈদগাহত গৈ চালাতৰ স্থানতো অৱস্থান কৰা হাৰাম। এই বিষয়ত উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছটোক প্রমাণ হিচাপে দাঙি ধৰিব পাৰি। তেওঁ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে: “স্বাধীন, পৰ্দাশীল আৰু ঋতুৱতী নাৰীসকলে যেন ঈদগাহলৈ ওলাই যায়। এই হাদীছৰ শেষত এই কথাও উল্লেখ আছে যে, ঋতুৱতী নাৰীসকলে চালাতৰ স্থানৰ পৰা নিজকে আঁতৰাই ৰাখিব।” (বুখাৰী আৰু মুছলিম)

৬. স্ত্রী সহবাস: ঋতুস্ৰাৱ চলাকালীন অৱস্থাত স্ত্রী সহবাস কৰাটো স্বামীৰ বাবে যিদৰে হাৰাম, ঠিক সেইদৰে সেই অৱস্থাত স্বামীক মিলনৰ সুযোগ দিয়াটোও স্ত্রীৰ বাবে হাৰাম। কাৰণ মহান আল্লাহে কৈছেঃ

﴿وَيَسۡـَٔلُونَكَ عَنِ ٱلۡمَحِيضِۖ قُلۡ هُوَ أَذٗى فَٱعۡتَزِلُواْ ٱلنِّسَآءَ فِي ٱلۡمَحِيضِ وَلَا تَقۡرَبُوهُنَّ حَتَّىٰ يَطۡهُرۡنَۖ فَإِذَا تَطَهَّرۡنَ فَأۡتُوهُنَّ مِنۡ حَيۡثُ أَمَرَكُمُ ٱللَّهُۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلتَّوَّٰبِينَ وَيُحِبُّ ٱلۡمُتَطَهِّرِينَ ٢٢٢﴾ [البقرة: 222]

 ‘‘সিহঁতে আপোনাক হায়েজ সম্পৰ্কে প্রশ্ন কৰে, কৈ দিয়ক যে, এইটো এটা অশুচি। গতিকে তোমালোকে হায়েজ অৱস্থাত স্ত্রী সহবাসৰ পৰা বিৰত থাকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ উদ্দেশ্যে) সিহঁতৰ নিকটৱৰ্তী নহ’বা।’’ [ছুৰা আল-বাক্বাৰাহ, আয়াত: ২২২] উক্ত আয়াতত (ٱلۡمَحِيضِ) শব্দৰ দ্বাৰা হায়েজৰ সময় আৰু লজ্জাস্থানক বুজোৱা হৈছে। ঋতুৱতী অৱস্থাত সহবাস হাৰাম হোৱাৰ এইটোও এটা প্ৰমাণ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সহবাসৰ বাহিৰে বাকী সকলো কৰিব পাৰিবা।” (মুছলিম)। এই কথা জানি থোৱা উচিত যে, ঋতুস্ৰাৱ অৱস্থাত স্ত্রীৰ যৌনিপথ ব্যৱহাৰ কৰা হাৰাম হোৱাৰ ক্ষেত্ৰত মুছলিমসকল একমত। ইয়াত কাৰো কোনো দ্বিমত নাই। এতেকে আল্লাহ আৰু আখিৰাতৰ প্রতি ঈমান পোষণ কৰা কোনো ব্যক্তিৰ বাবে এনেকুৱা অসৎকৰ্মত লিপ্ত হোৱাটো কোনোমতেই বৈধ নহয়, যিটো কৰ্মক কোৰআন, হাদীছ আৰু মুছলিমসকলৰ সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ পিছতো যিয়ে এনেকুৱা অবৈধ কৰ্মত লিপ্ত হ’ব, সি দৰাচলতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণকাৰীসকলৰ অন্তৰ্ভুক্ত আৰু মুমিনসকলৰ মতাদৰ্শৰ পৰিপন্থী পথৰ অনুসাৰী হিচাপে গণ্য হ’ব। ইমাম নাৱাৱীয়ে আল-মাজমূ‘ শ্বাৰহুল মুহাজ্জাব গ্ৰন্থৰ ২য় খণ্ডৰ ৩৭৪ নং পৃষ্ঠাত ইমাম শ্বাফেয়ীৰ উদ্ধৃতি দি কৈছে যে, “ঋতুস্ৰাৱ অৱস্থাত যিয়ে স্ত্রী সম্ভোগ কৰিছে সি মহাপাপ কৰিছে”। আমাৰ সঙ্গী ওলামাই কেৰামসকলে কৈছে: “যি ব্যক্তিয়ে হায়েজ অৱস্থাত স্ত্রী সম্ভোগ কৰাক হালাল বুলি ভাবিব সি কুফৰ কৰিব”(ইমাম নাৱাৱীৰ উক্তি সমাপ্ত) আল্লাহৰ অশেষ প্ৰশংসা যে, স্ত্ৰীৰ ঋতুস্ৰাৱ চলাকালীন অৱস্থাত পুৰুষসকলৰ যৌন উত্তেজনা নিৰ্বাপিত কৰিবলৈ সম্ভোগৰ বাহিৰে বাকী সকলো পদ্ধতি যেনে- চুমা খোৱা, আলিঙ্গন কৰা, লজ্জাস্থানৰ বাহিৰে অন্যান্য সকলো উপায়ে জৈৱিক চাহিদা পূৰণ কৰিবলৈ আল্লাহে অনুমতি প্ৰদান কৰিছে। কিন্তু নাভীৰ পৰা আঠুলৈকে এইখিনি অংগ ব্যৱহাৰ নকৰাটোৱে উত্তম। আনহাতে কাপোৰ পৰিধান কৰি থকা অৱস্থাত যদি উপভোগ কৰে তেন্তে কোনো অসুবিধা নাই। কিয়নো এই বিষয়ে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ “ মই হায়েজ অৱস্থাত থকা সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ইজাৰ পৰিধান কৰাৰ নিৰ্দেশ দিছিল আৰু তাৰ পিছত তেখেত মোৰ সৈতে আলিঙ্গন কৰিছিল।”

৭. তালাক: হায়েজ অৱস্থাত স্ত্রীক তালাক দিয়াটো স্বামীৰ বাবে হাৰাম। কিয়নো মহান আল্লাহে পৱিত্ৰ কোৰআনৰ ছুৰা তালাকৰ প্ৰথম আয়াতত কৈছে,

﴿يَٰٓأَيُّهَا ٱلنَّبِيُّ إِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ وَٱتَّقُواْ ٱللَّهَ رَبَّكُمۡۖ لَا تُخۡرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخۡرُجۡنَ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَتِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ لَا تَدۡرِي لَعَلَّ ٱللَّهَ يُحۡدِثُ بَعۡدَ ذَٰلِكَ أَمۡرٗا ١﴾ [الطلاق: 1]

 ‘‘হে নবী! তোমালোকে যেতিয়া স্ত্রীসকলক তালাক দিব বিচৰা তেতিয়া সিহঁতৰ ইদ্দতৰ প্রতি লক্ষ্য ৰাখি তালাক দিবা।’’ [ছুৰা আত-তালাক, আয়াত: ১] অর্থাৎ এনেকুৱা সময়ত তালাক দিবা, যাৰ ফলত তালাকপ্রাপ্তা স্ত্রীয়ে যেন তালাকৰ পিছত নিৰ্দিষ্ট ইদ্দত গণনা কৰিব পাৰে। এইটো তেতিয়াই সম্ভৱ হ’ব যেতিয়া স্ত্ৰী গৰ্ভৱতী অৱস্থাত থাকিব নাইবা এনেকুৱা কোনো পৱিত্ৰতাত থাকিব যি পৱিত্ৰতাত স্বামীয়ে সহবাস কৰা নাই। কাৰণ, ঋতুস্রাৱ অৱস্থাত তালাক দিলে স্ত্রীয়ে ইদ্দত গণনা কৰিব নোৱাৰিব বৰং অসুবিধাৰ সন্মখীন হ’ব। কিয়নো যি হায়েজৰ মাজত তাইক তালাক দিয়া হৈছে সেইটো ইদ্দতৰ ভিতৰত গণ্য নহ’ব। এইদৰে যদি পৱিত্ৰতাৰ অৱস্থাত সহবাস কৰাৰ পিছত তালাক দিয়া হয় তেতিয়াও ইদ্দতকাল নিৰ্ধাৰণ কৰাটো সম্ভৱ নহ’ব। কিয়নো এই সহবাসৰ দ্বাৰা স্ত্রীৰ গৰ্ভৱতী হোৱা বা নোহোৱাৰ বিষয়টা সম্পূর্ণ অজ্ঞাত থাকিব। সেয়ে গৰ্ভক ইদ্দত হিচাপে ল’ব নে হায়েজক ইদ্দত হিচাপে ল’ব? এইটো জটিল হৈ পৰিব। যদি গৰ্ভৱতী নহয় তেন্তে হায়েজৰ মাধ্যমত ইদ্দত গণনা কৰিব লাগিব। গতিকে যিহেতু এইক্ষেত্ৰত ইদ্দতৰ প্রকাৰ সম্পর্কে নিশ্চিত হ’ব পৰা নাই, সেয়ে বিষয়টো স্পষ্ট নোহোৱা পর্যন্ত তালাক দিয়া হাৰাম। মুঠতে উপৰোক্ত আয়াতৰ দ্বাৰা প্ৰমাণিত হ’ল যে, হায়েজ অৱস্থাত স্ত্রীক তালাক দিয়াটো হাৰাম। বুখাৰী আৰু মুছলিমকে আদি কৰি হাদীছৰ অন্যান্য কিতাবত বৰ্ণিত হাদীছৰ দ্বাৰাও এইটোৱেই প্রতীয়মান হয়। যেনে, ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নিজৰ স্ত্রীক হায়েজ অৱস্থাত তালাক দিয়াত, ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অবহিত কৰিছিল। সেয়া শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাগান্বিত হৈ কৈছিল: “তুমি তাক আদেশ দিয়া সি যেন তালাক প্রত্যাহাৰ কৰি স্ত্রীক ঘূৰাই লয় আৰু পৱিত্ৰ নোহোৱালৈকে যেন নিজৰ ওচৰতে ৰাখে। ইয়াৰ পিছত পুনৰ যেতিয়া ঋতুস্ৰাৱ হ’ব আৰু সেই ঋতুস্ৰাৱৰ পৰা যেতিয়া পৱিত্ৰতা অর্জন কৰিব তেতিয়া নিজৰ ওচৰত ৰাখিব বিচাৰিলে ৰাখিব পাৰিব অন্যথা তালাক দিব বিচাৰিলে সহবাস কৰাৰ আগতেই তালাক দিব লাগিব। দৰাচলতে এইটোৱেই হৈছে সেই ইদ্দত যাৰ প্রতি লক্ষ্য ৰাখি আল্লাহে তালাক দিবলৈ নিৰ্দেশ কৰিছে।” যদি কোনোবাই ঋতুস্ৰাৱ অৱস্থাত স্ত্রীক তালাক দিয়ে তেন্তে সি গুনাহগাৰ হ’ব আৰু ইয়াৰ বাবে আল্লাহৰ ওচৰত তাওবা কৰি স্ত্রীক ওভোতাই লব লাগিব, যাতে পৰৱৰ্তী সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হুকুম মোতাবিক তালাক দিব পাৰে। স্ত্ৰীক ওভোতাই  অনাৰ পিছত যি হায়েজত তালাক দিয়া হৈছে সেই হায়েজৰ পৰা পৱিত্ৰ নোহোৱালৈকে নিজৰ ওচৰতেই ৰাখিব লাগিব। ইয়াৰ পিছত পুনৰ যেতিয়া হায়েজ হ’ব আৰু তাৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব তেতিয়া ইচ্ছা কৰিলে তাইক, স্ত্রী হিচাপে নিজৰ ওচৰত ৰাখিব পাৰিব অন্যথা তালাক দিব বিচাৰিলে সহবাস কৰাৰ আগতেই তালাক দিব লাগিব। উল্লেখযোগ্য যে, হায়েজ অৱস্থাত তালাক দিয়াটো হাৰাম কিন্তু তিনিটা ক্ষেত্রত হায়েজ অৱস্থাত তালাক দিয়া বৈধ: প্রথম: বিবাহৰ পিছত স্বামী স্ত্রীয়ে নিৰ্জনতাত একত্রিত হোৱাৰ আগতেই অথবা বিবাহৰ পিছত সহবাস কৰাৰ আগতেই যদি তালাক দিয়ে তেন্তে হায়েজ অৱস্থাতো তালাক দিব পাৰিব, কোনো অসুবিধা নাই। কিয়নো এই অৱস্থাত স্ত্রীৰ ওপৰত কোনো ইদ্দত পালন ওৱাজিব নহয়। এতেকে এই ক্ষেত্রত তালাক প্রদান কৰাটো আল্লাহৰ এই বাণীৰ উলংঘা কৰা নহ’ব, য’ত তেওঁ কৈছেঃ

﴿يَٰٓأَيُّهَا ٱلنَّبِيُّ إِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ وَٱتَّقُواْ ٱللَّهَ رَبَّكُمۡۖ لَا تُخۡرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخۡرُجۡنَ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَتِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ لَا تَدۡرِي لَعَلَّ ٱللَّهَ يُحۡدِثُ بَعۡدَ ذَٰلِكَ أَمۡرٗا ١﴾ [الطلاق: 1]

 “সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি সিহঁতক তালাক দিয়া”(ছুৰা আত-তালাকঃ ১)

দ্বিতীয়: গৰ্ভৱতী অৱস্থাত যদি হায়েজ হয় তেতিয়াও তালাক দিব পাৰিব (কাৰণ সেইটোক হায়েজ হিচাপে গণ্য কৰা নহয়) এই বিষয়ে ইতিপূৰ্বে আলোচনা কৰা হৈছে।

তৃতীয়: তালাক যদি কোনো কিছুৰ বিনিময়ত দিয়া হয় তেনেহ’লে হায়েজ অৱস্থাতো তালাক দিয়া জায়েজ।

উদাহৰণস্বৰূপে, যদি স্বামী-স্ত্রীৰ মাজত বিবাদ হয় আৰু দাম্পত্ত জীৱন ব্যহত হয়, তেনে ক্ষেত্ৰত স্বামীয়ে বিনিময় গ্ৰহণ কৰি স্ত্রীক তালাক দিব পাৰে, এইটো বৈধ, যদিও স্ত্রী হায়েজ অৱস্থাত থাকে। প্রমাণ হিচাপে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত এই হাদীছ উল্লেখযোগ্য: “ছাবিত ইবনে কায়েছ ৰাদ্বিয়াল্লাহু আনহুৰ স্ত্রী ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি অভিযোগ কৰিলে: হে আল্লাহৰ ৰাছুল! মোৰ স্বামীৰ চৰিত্র আৰু ধর্ম সম্পৰ্কে মই কোনো ধৰণৰ অসন্তুষ্টি প্রকাশ কৰা নাই। কিন্তু ইছলামৰ মাজত কুফুৰীক মই অপছন্দ কৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক ক’লে: তুমি তেওঁৰ বাগানখন ঘূৰাই দিবানে? উত্তৰত মহিলাজনীয়ে ক’লে: হয়, নিশ্চয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাবিত ইবনে কায়েছ ৰাদ্বিয়াল্লাহু আনহুক ক’লে: তুমি বাগানখন গ্ৰহণ কৰি তাইক তালাক দি দিয়া।” (বুখাৰী) ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো সোধা নাই যে, তাই ঋতুস্ৰাৱ অৱস্থাত আছে নে পৱিত্ৰ অৱস্থাত? এই তালাক যিহেতু অর্থৰ বিনিময়ত স্বামীৰ পৰা স্ত্রীৰ বিচ্ছিন্ন হোৱাৰ এটা পথ মাত্র। গতিকে যিকোনো সময়তে আৰু যিকোনো অৱস্থাতে প্রয়োজন দেখা দিলে এই ধৰণৰ তালাক দিয়া বৈধ। মুগনী গ্রন্থৰ ৭ম খণ্ডৰ ৫২ পৃষ্ঠাত ঋতুস্ৰাৱ অৱস্থাত ‘খোলা’ লোৱা বৈধ বুলি উল্লেখ কৰি কৈছেঃ ঋতুস্ৰাৱ অৱস্থাত স্ত্ৰীক তালাক দিবলৈ এইকাৰণে নিষেধ কৰা হৈছে যে, এই অৱস্থাত তালাক দিলে ইদ্দতকাল দীৰ্ঘ হ’ব আৰু স্ত্ৰীজনী ক্ষতিৰ সন্মুখীন হ’ব। আনহাতে খোলা তালাক এইকাৰণে বৈধ কৰিছে যে, ইয়াৰ দ্বাৰা দাম্পত্ত জীৱনত সন্মুখীন হ’বলগীয়া ক্ষতি যাতে দূৰ হয়। দাম্পত্ত জীৱনৰ ক্ষতি বোলোঁতে যেনে স্বামী-স্ত্রীৰ মাজত কাজিয়া-বিবাদ, মনোমালিন্য অথবা স্ত্রীয়ে স্বামীক অপছন্দ কৰা, তাক ঘৃণা কৰা আৰু তাৰ সৈতে সংসাৰ কৰিবলৈ অনীহা প্রকাশ কৰা ইত্যাদিক বুজোৱা হৈছে। মুঠতে দীৰ্ঘকাল ইদ্দতৰ ক্ষতিতকৈও এই ক্ষতিৰ পৰিমাণ অধিক কষ্টকৰ। সেয়ে ডাঙৰ ক্ষতিক সৰু ক্ষতিৰ দ্বাৰা দূৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খোলা তালাক গ্ৰহণ কৰা মহিলাক তাইৰ অৱস্থা সম্পৰ্কে সোধা নাছিল।

হায়েজ অৱস্থাত নাৰীসকলে বিবাহ বন্ধনত আৱদ্ধ হ’ব পাৰে ইয়াত কোনো অসুবিধা নাই। কিয়নো প্রতিটো বস্তু মূলতে হালাল হোৱাটোৱেই হৈছে প্রকৃত নিয়ম, আনহাতে চৰীয়তৰ দিশৰ পৰাও এইটো নিষিদ্ধ হোৱাৰ কোনো প্রমাণ নাই। কিন্তু প্রশ্ন হয়, হায়েজ অৱস্থাত স্ত্ৰীক স্বামীৰ ওচৰলৈ যাবলৈ দিয়া ঠিক হ’বনে নাই? উত্তৰত এইটো ক’ব পাৰি যে, যদি এই বিষয়ে নিশ্চিত হোৱা যায় যে, স্বামীয়ে সহবাসৰ পৰা বিৰত থাকিব তেনেহ’লে কোনো অসুবিধা নাই। অন্যথা সঙ্গমত লিপ্ত হোৱাৰ আশংকা থাকিলে পৱিত্ৰ নোহোৱালৈকে স্ত্ৰীক স্বামীৰ ওচৰলৈ প্ৰেৰণ কৰাটো ঠিক নহ’ব।

৮. হায়েজৰ মাধ্যমত তালাকৰ ইদ্দত গণনা কৰা: কোনো পুৰুষে যদি স্ত্রীৰ সৈতে সহবাস কৰাৰ পিছত অথবা নির্জনতাত একত্ৰিত হোৱাৰ পিছত তালাক দিয়ে তেনেহ’লে সেই নাৰীয়ে তিনি হায়েজৰ মাধ্যমত ইদ্দতকাল গণনা কৰিব লাগিব, কিন্তু চৰ্ত হৈছে সেই নাৰী ঋতুৱতী নাৰীৰ অন্তৰ্ভুক্ত হ’ব লাগিব আৰু যাতে গৰ্ভৱতী অৱস্থাত নাথাকে। কিয়নো আল্লাহে কৈছেঃ

﴿وَٱلۡمُطَلَّقَٰتُ يَتَرَبَّصۡنَ بِأَنفُسِهِنَّ ثَلَٰثَةَ قُرُوٓءٖۚ وَلَا يَحِلُّ لَهُنَّ أَن يَكۡتُمۡنَ مَا خَلَقَ ٱللَّهُ فِيٓ أَرۡحَامِهِنَّ إِن كُنَّ يُؤۡمِنَّ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِي ذَٰلِكَ إِنۡ أَرَادُوٓاْ إِصۡلَٰحٗاۚ وَلَهُنَّ مِثۡلُ ٱلَّذِي عَلَيۡهِنَّ بِٱلۡمَعۡرُوفِۚ وَلِلرِّجَالِ عَلَيۡهِنَّ دَرَجَةٞۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ٢٢٨﴾ [البقرة: 228]

 ‘‘তালাকপ্রাপ্তা নাৰীয়ে তিনি হায়েজ পর্যন্ত নিজকে অপেক্ষাত ৰাখিব।’’ [ছুৰা আল-বাক্বাৰাহ, আয়াত: ২২৮] এই আয়াতত ব্যৱহৃত ("ثَلاَثَةُ قُرُوَءٍ") শব্দৰ অৰ্থ হৈছে তিনি হায়েজ। আৰু যদি তালাকপ্রাপ্তা নাৰী অন্তঃসত্ত্বা হয় তেনেহ’লে তাইৰ ইদ্দতকাল হ’ব সন্তান প্রসৱ হোৱা পর্যন্ত। ইদ্দতকাল দীৰ্ঘ হওক বা চুটি। কিয়নো আল্লাহে পৱিত্ৰ কোৰআনত কৈছে,

﴿وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مِنۡ أَمۡرِهِۦ يُسۡرٗا٤﴾ [الطلاق: 4]

 ‘‘গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে সন্তান প্রসৱলৈকে।’’ [ছুৰা আত-তালাক, আয়াত: ৪] আনহাতে যদি তালাকপ্রাপ্তা স্ত্রী ঋতুৱতী নাৰীসকলৰ অন্তর্ভুক্ত নহয়, যেনে- কম বয়সৰ কাৰণে, যাৰ ঋতুস্ৰাৱ এতিয়াও আৰম্ভ হোৱা নাই অথবা বৃদ্ধা-বয়স্কা নাৰী, যাৰ বয়োঃবৃদ্ধিৰ কাৰণে হায়েজ বন্ধ হৈছে অথবা অস্ত্রোপচাৰ জনিত কাৰণত গর্ভাশয় নষ্ট হোৱাৰ ফলত হায়েজ বন্ধ হৈছে -ইত্যাদি কাৰণত যিসকল মহিলাৰ ঋতুস্রাৱৰ সম্ভাৱনা নাই তেনেকুৱা নাৰীৰ ইদ্দতকাল হৈছে পূর্ণ তিনি মাহ। যেনে- মহান আল্লাহে কৈছেঃ

﴿وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مِنۡ أَمۡرِهِۦ يُسۡرٗا٤﴾ [الطلاق: 4]

 ‘‘তোমালোকৰ স্ত্রীসকলৰ মাজত যিসকলে ঋতুৱতী হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকৰ সন্দেহ হয় তেন্তে সিহঁতৰ ইদ্দত কাল হ'ব তিনি মাহ। এইদৰে সিহঁতৰো (ইদ্দতকাল তিনি মাহ) যিসকলে এতিয়াও ঋতুস্ৰাৱ হোৱাৰ বয়সত উপনীত হোৱা নাই।’’ [ছুৰা আত-তালাক, আয়াত: ৪] ঋতুৱতী নাৰীসকলৰ অন্তর্ভুক্ত হোৱা সত্বেও যিসকল মহিলাৰ নির্দিষ্ট কোনো কাৰণত যেনে- অসুস্থতা বা পিয়াহ খোওৱাৰ ফলত দীর্ঘ দিনলৈকে হায়েজ নহয়, তেনে নাৰীক ইদ্দতৰ ভিতৰতেই গণ্য কৰা হ’ব। যদিও ইদ্দতকাল দীর্ঘ হয়, এতেকে যেতিয়া ঋতুস্ৰাৱ আৰম্ভ হ’ব তেতিয়া ইদ্দত গণনা আৰম্ভ কৰিব। কিন্তু যদি নির্দিষ্ট কাৰণটো শেষ হোৱাৰ পিছতো ঋতুস্ৰাৱ নাহে, যেনে ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত অথবা স্তন্যপান সম্পন্ন হোৱাৰ পিছতো যদি হায়েজ বন্ধ থাকে তেনেহ’লে তেনেকুৱা নাৰীয়ে পৰিপূৰ্ণ এবছৰ ইদ্দত পালন কৰিব লাগিব। চৰীয়তৰ বিধান অনুসৰি এইটোৱেই হৈছে বিশুদ্ধ অভিমত। কিয়নো নির্দিষ্ট কাৰণ শেষ হোৱাৰ পিছতো যদি হায়েজ চালু নহয় তেনেহ’লে এনেকুৱা নাৰী সেই নাৰীৰ দৰেই গণ্য হ’ব, যি নাৰীৰ হায়েজ কোনো নিৰ্দিষ্ট কাৰণত বন্ধ হৈছে। এতেকে কোনো নির্দিষ্ট কাৰণ নোহোৱাকৈ হায়েজ বন্ধ থাকিলে পৰিপূর্ণ এবছৰ ইদ্দত পালন কৰিব লাগিব। তাৰে ৯ মাহ হৈছে গর্ভধাৰণ কৰিছেনে নাই সেই সতর্কতাৱশতঃ, আনহাতে বাকী তিনি মাহ হৈছে ইদ্দত হিচাপে। যদি বিবাহৰ পিছত স্পর্শ কৰাৰ আগতেই অথবা স্বামী-স্ত্রী কোনো নির্জন স্থানত একত্ৰিত হোৱাৰ আগতেই তালাক দিয়া হয়, তেনেহ’লে তেনেকুৱা নাৰীয়ে ইদ্দত পালন কৰিব নালাগিব, হায়েজৰ মাধ্যমতো নহয় অথবা বেলেগ কোনো উপায়েৰেও নহয়। কাৰণ আল্লাহে কৈছেঃ

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا نَكَحۡتُمُ ٱلۡمُؤۡمِنَٰتِ ثُمَّ طَلَّقۡتُمُوهُنَّ مِن قَبۡلِ أَن تَمَسُّوهُنَّ فَمَا لَكُمۡ عَلَيۡهِنَّ مِنۡ عِدَّةٖ تَعۡتَدُّونَهَاۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحٗا جَمِيلٗا٤٩﴾ [الأحزاب: 49]

 ‘‘হে মুমিনসকল! তোমালোকে মু‘মিনা নাৰীসকলক বিয়া কৰোৱাৰ পিছত স্পর্শ কৰাৰ আগতে তালাক দিলে, তোমালোকৰ বাবে সিহঁতৰ পালন কৰিবলগীয়া কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা।’’ [ছুৰা আল-আহজাব, আয়াত: ৪৯]

৯. হায়েজৰ মাধ্যমত গর্ভাশয় সন্তানমুক্ত হোৱা সম্পৰ্কীয় বিধান: এই বিষয়টো তেতিয়া প্ৰয়োজন হয় যেতিয়া গৰ্ভাশয় ভ্রূণশূন্য আছে নে নাই জনাটো আৱশ্যক হয়, ইয়াৰ সৈতে কেইবাটাও বিষয় সম্পৃক্ত আছে।

তাৰে এটা বিষয় হৈছে যে, যদি গর্ভাৱস্থাত স্বামী মৃত্যুবৰণ কৰে তেতিয়া সেই গর্ভজাত সন্তানজন তাৰ উত্তৰসূৰী হ’ব। উক্ত মহিলাক যদি পুনঃবিবাহ দিয়া হয় স্বামীয়ে মহিলাজনীৰ ঋতুস্ৰাৱ অথবা গর্ভত সন্তান আছে নে নাই সেই বিষয়ে নিশ্চিত নোহোৱালৈকে তাইৰ সৈতে সহবাস কৰিব নোৱাৰিব। এতেকে যদি সেই মহিলাজনী অন্তঃসত্ত্বা থাকে তেনেহ’লে গৰ্ভত থকা সেই সন্তানটো মৃত ব্যক্তিৰ উত্তৰাধিকাৰী লাভ কৰিব। কিয়নো তাৰ মৃত্যুৰ সময়ত গৰ্ভাশয়ত সন্তানৰ অস্তিত্ব আছিল। আনহাতে যদি মহিলাজনীৰ ঋতুস্ৰাৱ হয় তেনেহ’লে (ভ্রূণ) আগৰ স্বামীৰ ওৱাৰিছ হোৱাৰ প্রশ্নই নাহে। কিয়নো ঋতুস্ৰাৱৰ দ্বাৰা গর্ভাশয় ভ্রূণমুক্ত বুলি সর্ব সন্মতিক্রমে বিবেচনা কৰা হয়।

১০. গোছল ওৱাজিব প্রসঙ্গ: ঋতুৱতী নাৰীৰ ঋতুস্ৰাৱ বন্ধ হ’লে পৰিপূৰ্ণ গোছলৰ মাধ্যমত গোটেই শৰীৰৰ পৱিত্ৰতা অর্জন কৰা ওৱাজিব। এই প্রসঙ্গত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিনতে আবি হুবাইশ্বক কৈছিল: “যেতিয়া তুমি ঋতুস্ৰাৱৰ সন্মুখীন হ’বা তেতিয়া চালাত ত্যাগ কৰিবা। আকৌ যেতিয়া ঋতুস্ৰাৱ বন্ধ হ’ব তেতিয়া গোছল কৰি চালাত আদায় কৰিবা।” ওৱাজিব গোছলৰ সর্বনিম্ন স্তৰ হৈছে গোটেই শৰীৰক পানীৰে ধোৱা, আনকি চুলিৰ গুৰিতো যাতে পানী ঢুকি পায়। আনহাতে উত্তম পদ্ধতি হৈছে হাদীছত বৰ্ণিত পন্থাত গোছল কৰা। আছমা বিন্তে শ্বাকালে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ঋতুৱতী মহিলাৰ গোছল সম্পর্কে প্রশ্ন কৰাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ “তোমালোকে বগৰী পাত মিশ্রিত পানীৰে উত্তমৰূপে পৱিত্ৰতা অর্জন কৰিবা। ইয়াৰ পিছত মূৰত পানী ঢালিবা আৰু উত্তমৰূপে ঘঁহি ঘঁহি চুলিৰ গুৰিত পানীৰে তিয়াই লবা আৰু তাৰ পিছত সম্পূর্ণ শৰীৰত পানী ঢালিবা। (গা ধোৱাৰ পিছত) এটুকুৰা কাপোৰত সুগন্ধি লগাই সেইটোৰে পৱিত্ৰতা অৰ্জন কৰিবা। এই কথা শুনি আছমাই ক’লে: সুগন্ধি লগোৱা কাপোৰেৰে কেনেকৈ পৱিত্ৰতা অৰ্জন কৰিম? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: ছুবহানাল্লাহ! (এই দেখি) আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই (আছমাক বেলেগ ফালে টানি নি) ক’লে: সেই কাপোৰেৰে তেজৰ চিহ্নবোৰ ঘঁহি মচি পেলাবা।” (মুছলিম) মূৰত বান্ধি থোৱা চুলি গোছলৰ সময়ত খোলাৰ প্ৰয়োজন নাই। কিন্তু যদি চুলিৰ গুৰিলৈকে পানী ঢুকি পোৱাত বাধাৰ সৃষ্টি কৰে তেন্তে খুলি পোলোৱাটো বাধ্যতামূলক। ছহীহ মুছলিমত উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্রশ্ন কৰিছিল যে, মই মোৰ মূৰৰ চুলি বান্ধি ৰাখোঁ, অপৱিত্ৰতাৰ গোছলৰ সময়ত (আন এটা বর্ণনাত আছে যে, ‘অপৱিত্ৰতা আৰু হায়েজৰ গোছলৰ সময়ত’) সেয়া খুলিব লাগিব নেকি? উত্তৰত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল: “নালাগে, বৰং তোমাৰ বাবে এইখিনিয়ে যথেষ্ট যে, তুমি মূৰৰ ওপৰত তিনি অঞ্জলি পানী ঢালি লবা। ইয়াৰ পিছত গোটেই শৰীৰত পানী ঢালি পৱিত্ৰতা অর্জন কৰিবা।”

চালাতৰ ওৱাক্ত থকা অৱস্থাত ঋতুস্ৰাৱ বন্ধ হ’লে ঋতুৱতী মহিলাৰ ওপৰত সোনকালে গোছল কৰাটো অত্যাৱশ্যক, যাতে উক্ত চালাতটো নির্দিষ্ট সময়ত আদায় কৰিব পাৰে। কিন্তু ঋতুৱতী মহিলা যদি ছফৰত থাকে আৰু লগত পানী নাথাকে অথবা লগত পানী আছে কিন্তু ব্যৱহাৰ কৰিলে ক্ষতিৰ সম্ভাৱনা আছে নাইবা এনেকুৱা অসুস্থতাত আক্ৰান্ত হৈছে যে, পানী ব্যৱহাৰ কৰিলে ক্ষতিৰ আশংকা আছে তেন্তে গোছলৰ পৰিবৰ্তে তায়াম্মুম কৰি লব। বাধা দূৰীভূত নোহোৱালৈকে এনেকৈয়ে তায়াম্মুম কৰি থাকিব, বাধা দূৰীভূত হোৱাৰ পিছত গোছল কৰিব।

কিছুমান মহিলাই এনেকুৱাও কৰে যে, চালাতৰ ওৱাক্তৰ মাজতে ঋতুস্ৰাৱ বন্ধ হোৱা সত্বেও গোছল কৰাত পলম কৰে আৰু পৰৱৰ্তী নামাজৰ সময়ত গোছল কৰে, আৰু ইয়াৰ বাবে কাৰণ দেখুৱায় যে, সেই সময়ত পৰিপূৰ্ণৰূপে পৱিত্ৰ হোৱাটো সম্ভৱ নাছিল। কিন্তু এইটো কোনো দলীল বা উচিত কাৰণ হ’ব নোৱাৰে। কিয়নো ওৱাজিবৰ সৰ্বনিম্ন স্তৰ অনুসাৰে কোনোমতে গোছল কৰি ওৱাক্ত থকাতে চালাত আদায় কৰাটো সম্পূর্ণৰূপে সম্ভৱ, ইয়াত অসম্ভৱৰ একো নাই। তাৰ পিছত পৰৱৰ্তী সময়ত পৰিপূৰ্ণৰূপে পৱিত্ৰতা অর্জন কৰিব পাৰিব।

*

 পঞ্চম পৰিচ্ছেদঃ ইস্তেহাজা আৰু ইয়াৰ বিধানসমূহ

ইস্তেহাজাৰ সংজ্ঞা: কোনো নাৰীৰ যদি একেলেঠাৰীয়ে এনেকৈ তেজ প্রবাহিত হয় যে, কোনো সময়তে বন্ধ নহয়, অথবা খুবেই কম সময় যেনে মাহত এদিন বা দুদিন বন্ধ থাকে তেনেহ’লে উক্ত প্রবাহমান তেজক ইস্তেহাজাহ বোলা হয়।

প্ৰথম অৱস্থা অৰ্থাৎ একেলেঠাৰীয়ে এনেকৈ তেজ প্রবাহিত হোৱাৰ প্ৰমাণ ছহীহ বুখাৰীত আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হাদীছত আছে, তেওঁ কৈছেঃ “ফাতিমা বিন্তে আবী হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে: হে আল্লাহৰ ৰাছুল! মই পৱিত্র হ’ব পৰা নাই। আন এটা বৰ্ণনাত আছে: মোৰ অবিৰামভাৱে তেজ প্রবাহিত হয়, যাৰ ফলত মই পৱিত্রতা অৰ্জন কৰিব নোৱাৰোঁ।” আনহাতে দ্বিতীয় অৱস্থা, যি অৱস্থাত খুব কম সময়ৰ কাৰণে তেজ বন্ধ হয়, ইয়াৰ প্ৰমাণ হৈছে হামনাহ বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছ। তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি ক’লেঃ হে আল্লাহৰ ৰাছুল! অত্যাধিক মাত্ৰাত মোৰ ইস্তিহাজাৰ তেজ প্ৰবাহিত হয়। (এই হাদীছটো ইমাম আহমদ, ইমাম আবু দাউদ আৰু ইমাম তিৰমিজীয়ে বৰ্ণনা কৰিছে আৰু তিৰমিজীয়ে ইয়াক ছহীহ বুলি কৈছে। ইমাম আহমদে হাদীছটোক ছহীহ বুলি কৈছে আৰু ইমাম বুখাৰীয়ে হাছান বুলি মত ব্যক্ত কৰিছে।)

ইস্তিহাজাহ নাৰীৰ বিভিন্ন অৱস্থা

ইস্তিহাজাত আক্ৰান্ত নাৰীৰ অৱস্থা তিনি প্রকাৰ:

প্ৰথম অৱস্থাঃ ইস্তেহাজাত আক্ৰান্ত হোৱাৰ আগত যি নাৰীৰ প্রতি মাহত নির্দিষ্ট সময়ত ঋতুস্ৰাৱ হৈছিল। তেনেকুৱা নাৰীয়ে পূৰণি নিৰ্ধাৰিত সময়ক ঋতুস্ৰাৱ হিচাপে গণ্য কৰিব, ইয়াৰ বাহিৰে বাকী দিনবোৰক ইস্তিহাজাহ বুলি গণ্য কৰিব।

উদাহৰণস্বৰূপে, কোনো নাৰীৰ প্রতি মাহৰ প্রথম ভাগত ছয় দিনকৈ ঋতুস্রাৱ হয়। হঠাৎ সেইজনী নাৰী ইস্তিহাজাহ বেমাৰত আক্ৰান্ত হ'ল, সেই নাৰীয়ে মাহৰ প্ৰথম ছয় দিনক ঋতুস্ৰাৱ হিচাপে গণ্য কৰিব আৰু বাকী দিনবোৰক ইস্তিহাজাহ হিচাপে গণ্য কৰিব। কিয়নো আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, “ফাতিমা বিন্তে আবি হুবাইশ্বে নবী চাল্লল্লাহু আলাইহি অছাল্লামক সুধিছিল যে, হে আল্লাহৰ ৰাছুল! মোৰ অবিৰাম ৰক্তস্রাৱ হৈ আছে, যাৰ ফলত মই পৱিত্র হ’ব পৰা নাই। এতেকে মই চালাত ত্যাগ কৰিম নেকি? উত্তৰত তেখেতে ক’লে: নহয়, এইটো এটা সিৰাৰ পৰা ওলাই অহা তেজ। কিন্তু তুমি সেই কেইদিন চালাত ত্যাগ কৰিবা যিমানদিন ইয়াৰ পূৰ্বে অন্যান্য মাহত তোমাৰ হায়েজৰ নিৰ্দিষ্ট সময় আছিল, তাৰ পিছত গোছল কৰি চালাত আদায় কৰিবা।” (বুখাৰী) আৰু ছহীহ মুছলিমত আছে: “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মে হাবীবা বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাক কৈছিল: তুমি সেই পৰিমাণ সময় অপেক্ষা কৰা, যি পৰিমাণ সময় সাধাৰণতঃ তুমি ঋতুস্রাৱত আক্রান্ত থকা। ইয়াৰ পিছত গোছল কৰিবা আৰু চালাত আদায় কৰিবা।” ইয়াৰ দ্বাৰা বুজা গ’ল যে, যিজনী মুস্তাহাজাহ নাৰীৰ হায়েজৰ সময় নিৰ্ধাৰিত আছে সেই নাৰীয়ে সেই পৰিমাণ সময়েই অপেক্ষা কৰিব আৰু সেই সময়ছোৱাত চালাতৰ পৰা বিৰত থাকিব। সেই সময়ছোৱা অতিক্ৰম কৰাৰ পিছত গোছল কৰি চালাত আদায় কৰা আৰম্ভ কৰিব আৰু তেজ থকাৰ কাৰণে চালাত আদায় কৰাত দ্বিধাবোধ কৰা উচিত নহয়।

দ্বিতীয় অৱস্থাঃ এনেকুৱা নাৰী, যাৰ ইস্তেহাজাহ আৰম্ভ হোৱাৰ আগত ঋতুস্ৰাৱৰ কোনো নির্দিষ্ট সময়-সীমা নাছিল। অৰ্থাৎ এইটোৱে তাইৰ জীৱনৰ প্রথম ঋতুস্ৰাৱ। এনেকুৱা নাৰীয়ে প্ৰথমে তেজ পৰীক্ষা কৰাৰ যত্ন কৰিব অৰ্থাৎ যেতিয়ালৈকে প্রবাহিত তেজত ক’লা ৰং অথবা গাঢ় নাইবা কোনো গোন্ধ থাকিব তেতিয়ালৈকে সেইটোক হায়েজ হিচাপে গণ্য কৰি হায়েজৰ বিধি-বিধান কার্যকৰী কৰিব। অন্যথা ইস্তেহাজাহ হিচাপে গণ্য কৰি ইয়াৰ নিয়ম-নীতি মানি চলিব লাগিব।

উদাহৰণস্বৰূপে, কোনো নাৰীয়ে জীৱনত প্রথমবাৰ নিজৰ লজ্জাস্থানত তেজ দেখা পালে আৰু সেই তেজ এটা নিৰ্দিষ্ট সময়ত বন্ধ নহৈ অবিৰামভাৱে আহিয়ে থাকিল, কিন্তু তাই প্ৰথম দহ দিনলৈকে সেই তেজ ক’লা ৰঙৰ দেখা পাইছে আৰু মাহৰ অৱশিষ্ট দিনবোৰ ৰঙা দেখিছে। অথবা দহদিন পর্যন্ত গাঢ় তথা ঘন আছিল আৰু মাহৰ অৱশিষ্ট দিনবোৰত পাতল আছিল। অথবা দহ দিনলৈকে সেই তেজত গোন্ধ আছিল আৰু তাৰ পিছত কোনো গোন্ধই নাছিল, তেনেহ’লে প্রথম দৃষ্টান্তত প্রবাহমান তেজ ক’লা বর্ণ থকালৈকে, দ্বিতীয় দৃষ্টান্তত গাঢ় থকালৈকে আৰু তৃতীয় দৃষ্টান্তত গোন্ধ থকালৈকে হায়েজ হিচাপে গণ্য হ’ব আৰু ইয়াৰ পিছৰ পৰা ইস্তেহাজাহ হিচাপে গণ্য হ’ব। কাৰণ হাদীছত বর্ণিত আছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিন্তে আবী হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাক কৈছিল: “যেতিয়া হায়েজৰ তেজ দেখা দিব তেতিয়া সেইটো ক’লা বর্ণৰ হ’ব যিটো চিনি পোৱা যায়। এতেকে ক’লা বর্ণৰ তেজ দেখা পালে চালাতৰ পৰা বিৰত থাকিবা। আনহাতে ক’লাৰ বাহিৰে বেলেগ কোনো বর্ণৰ তেজ দেখা দিলে অজু কৰি চালাত আদায় কৰিবা। কাৰণ এইটো হৈছে এটা সিৰাৰ পৰা ওলাই অহা তেজ।” (আবু দাঊদ আৰু নাছায়ীয়ে বৰ্ণনা কৰিছে, ইবনে হিব্বান আৰু হাকীমে ছহীহ বুলি কৈছে) এই হাদীছৰ চনদ আৰু মূল উদ্ধৃতিত যদিও অলপ সন্দেহ আছে, কিন্তু তথাপিও ওলামাসকলে ইয়াৰ ওপৰত আমল কৰি আহিছে, লগতে অধিকাংশ নাৰী জাতিৰ নিয়মিত অভ্যাসৰ ফালে লক্ষ্য কৰি হাদীছটোৰ ওপৰত আমল কৰাটোৱে উত্তম। তৃতীয় অৱস্থাঃ এনেকুৱা মুস্তাহাজাহ নাৰী যাৰ পূর্বৰ ঋতুস্রাৱৰ কোনো নির্দিষ্ট সময়-সীমা নাই, লগতে ইস্তেহাজাহ আৰু হায়েজৰ মাজত পার্থক্য কৰিব পৰা কোনো চিহ্নও নাই। দৰাচলতে যিদিনাৰ পৰা স্ৰাৱ আৰম্ভ হৈছে, ওলায়ে আছে বন্ধ হোৱাৰ নামেই লোৱা নাই। প্রবাহমান তেজ সম্পূৰ্ণৰূপে এক ধৰণৰ অথবা বিভিন্ন ধৰণৰ যিটোক পাৰ্থক্য কৰাটো অসম্ভৱ। এনেকুৱা নাৰীয়ে অধিকাংশ নাৰীৰ ঋতুস্ৰাৱৰ সময়-সীমা অনুযায়ী আমল কৰিব লাগিব। অর্থাৎ অবিৰাম তেজস্ৰাৱ আৰম্ভ হোৱাৰ পিছৰ পৰা প্রতি মাহৰ ছয় অথবা সাত দিন পৰ্যন্ত হায়েজৰ নিয়ম-নীতি কার্যকৰী কৰিব। তাৰ পিছৰ দিনবোৰত ইস্তেহাজাৰ বিধান পালন কৰিব। উদাহৰণস্বৰূপে, কোনো ছোৱালীৰ প্ৰথমবাৰ মাহৰ ৫ তাৰিখে তেজস্ৰাৱ আৰম্ভ হ’ল আৰু বিৰতিহীনভাৱে ওলায়ে থাকিল আৰু ৰং আদিৰ দ্বাৰাও পাৰ্থক্য কৰিব পৰা নাই। তেন্তে সেই ইস্তেহাজাগ্ৰস্ত নাৰীয়ে প্রতি মাহৰ ৫ তাৰিখৰ পৰা ছয় অথবা সাত দিনলৈকে হায়েজৰ বিধান পালন কৰিব। কাৰণ হামনাহ বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাই এই বিষয়ে প্রিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শৰণাপন্ন হৈ কৈছিল: “হে আল্লাহৰ ৰাছুল! দীর্ঘদিনৰ পৰা মোৰ খুব বেছি পৰিমাণে ৰক্তস্ৰাৱ হৈ আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মোৰ চালাত আৰু চওম আদায়ৰ ক্ষেত্ৰত এইটো এটা বাধা হৈ থিয় দিছে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “মই তোমাক এইটোৱে পৰামৰ্শ দিওঁ যে, তুমি লজ্জাস্থানত তুলা বা কাপোৰৰ টুকুৰা দি ৰাখিবা, এইটোৱে তেজ শুহি লব”। তেওঁ ওলোটাই আকৌ প্রশ্ন কৰিলে যে, মোৰ প্রবাহিত তেজ ইয়াতকৈও বেছি। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: এইটো চয়তানে কৰা এটা আঘাত মাত্র। গতিকে তুমি এতিয়া ছয় অথবা সাত দিন পৰ্যন্ত হায়েজ হিচাপে ধৰি লবা। তাৰ পিছত ভালদৰে গোছল কৰিবা, আৰু বাকী ২৪ দিন অথবা ২৩ দিন তুমি নিজকে পৱিত্ৰ বুলি মানি লৈ চালাত আৰু চওম আদায় কৰিবা।” (আহমদ, আবূ দাঊদ আৰু তিৰমিজীয়ে ছহীহ বুলি কৈছে, বৰ্ণিত আছে যে, আহমদেও ছহীহ বুলি কৈছে, ইমাম বুখাৰীৰ পৰা বৰ্ণিত যে, তেওঁ হাছান বুলি কৈছে।) জানি থোৱা উচিত যে, উল্লিখিত হাদীছত ছয় অথবা সাত দিনৰ কথা কোৱা হৈছে। ইয়াৰ অর্থ এইটো নহয় যে, এইটো নিজৰ ইচ্ছামতে গ্রহণ কৰিব। অৰ্থাৎ মহিলাজনীয়ে নিজৰ দৰে শাৰীৰিক গঠন আৰু সমবয়সী নাৰীসকলৰ প্ৰতি লক্ষ্য কৰি নিৰ্ণয় লব আৰু এইটো জানিবলৈ প্ৰয়াস কৰিব যে, কোনটো সময় তাইৰ বাবে উচিত। এনেকুৱা অন্যান্য বিষয়তো চালি জাৰি চাব। এইবোৰ চোৱাৰ পিছত যদি তাই ভাবে যে, হায়েজ ছয় দিন হ'ব লাগে তেন্তে ছয় দিন ধৰিব আৰু যদি ভাবে যে, নাই সাত দিন হ’ব লাগে তেন্তে সাত দিন হায়েজ হিচাপে গণ্য কৰিব।

মুস্তাহাজাৰ দৰে নাৰীৰ অৱস্থাৰ বিৱৰণ:

জৰায়ূত অথবা জৰায়ূৰ আশে-পাশে কৰা অপাৰেচন কেতিয়াবা লজ্জাস্থানেৰে ওলাই অহা তেজস্ৰাৱৰ কাৰণ হৈ পৰে। এইটো অৱস্থা দুই প্ৰকাৰৰ হয়:

১. এই বিষয়ে যদি নিশ্চিত হোৱা যায় যে, অস্ত্রোপচাৰৰ পিছত ঋতুস্ৰাৱ হোৱাৰ কোনো সম্ভাৱনা নাই অথবা অপাৰেচনৰ মাধ্যমত গর্ভাশয়ৰ পথটোক এনেকৈ বন্ধ কৰা হৈছে যে, তাৰ পৰা আৰু কোনো ধৰণৰ তেজ নোলাব, তেনেহ’লে এনেকুৱা নাৰীৰ ক্ষেত্রত মুস্তাহাজাৰ বিধান প্রযোজ্য নহ’ব আৰু ইয়াৰ বিধান হ’ব সেই নাৰীৰ দৰে যিয়ে ঋতুস্ৰাৱৰ পৰা পৱিত্র হোৱাৰ পিছত পুনৰ লজ্জাস্থানত হালধীয়া অথবা মাটিয়া বৰণৰ তেজ অথবা জুলীয় কিবা দেখা পায়। এতেকে এই অৱস্থাত চালাত-চওম এৰি নিদিব, সহবাসও নিষিদ্ধ নহয় আৰু এই তেজৰ কাৰণে গোছল কৰাও ওৱাজিব নহয়। কিন্তু চালাতৰ সময় হ’লে সেই তেজ পৰিস্কাৰ কৰিব লাগিব আৰু কাপোৰৰ টুকৰা আদি লজ্জাস্থানত ৰাখিব লাগিব যাতে তেজ নিগৰি নপৰে। তাৰ পিছত চালাতৰ অজু কৰিব। জানি থোৱা উচিত যে, উল্লিখিত অৱস্থাত পাঁচ ওৱাক্ত চালাতৰ বাবে প্ৰতিটো ওৱাক্ত আৰম্ভ হোৱাৰ পিছতহে অজু কৰিব লাগিব, আনহাতে নফল চালাতৰ ক্ষেত্রত চালাত আদায়ৰ ইচ্ছা কৰাৰ সময়ত অজু কৰি লব।

২. অস্ত্রোপচাৰৰ পিছত ঋতুস্ৰাৱ আহিবনে নাই এই বিষয়ে কোনো নিশ্চয়তা নাই বৰং হোৱাৰ সম্ভাৱনা আছে, তেনেকুৱা নাৰীয়ে মুস্তাহাজাহ নাৰীৰ দৰে বিধান পালন কৰিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিন্তে আবী হুবাইশ্বক কৈছিল: “এইটো হায়েজ নহয় বৰং এই এটা সিৰাৰ পৰা ওলাই অহা তেজ। গতিকে তুমি যেতিয়া হায়েজৰ সন্মুখীন হ’বা তেতিয়া চালাতৰ পৰা বিৰত থাকিবা।” এতেকে এই হাদীছত বৰ্ণিত (فإذا أقبلت الحيضة) এই বাক্যৰ দ্বাৰা সাব্যস্ত হ’ল যে, মুস্তাহাজাহ নাৰীৰ হুকুম কেৱলমাত্র সেই মহিলাৰ ক্ষেত্রতেই প্রযোজ্য হ’ব, যাৰ ঋতুস্ৰাৱৰ আৰম্ভণি আৰু শেষ হোৱাৰ বিষয়টো জানিব পৰা যায়। পক্ষান্তৰে যিসকল মহিলাৰ ঋতুস্ৰাৱৰ সময় নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়, সিহঁতৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজক সিৰাৰ তেজ হিচাপে গণ্য কৰা হ’ব।

ইস্তেহাজাৰ বিধি-বিধান

উপৰোক্ত আলোচনাৰ দ্বাৰা আমি জানিব পাৰিলোঁ যে, নাৰীৰ লজ্জাস্থানৰ পৰা প্রবাহিত তেজ কেতিয়াবা কেতিয়াবা হায়েজ হিচাপে আৰু কেতিয়াবা ইস্তেহাজাহ হিচাপে বিবেচিত হয়। যেতিয়া হায়েজ হিচাপে গণ্য হ’ব তেতিয়া হায়েজৰ বিধি-বিধান কার্যকৰী হ’ব। আনহাতে যেতিয়া ইস্তেহাজাহ হিচাপে গণ্য হ’ব তেতিয়া ইস্তেহাজাৰ নিয়ম-নীতি পালন কৰিব লাগিব।

ইতিপূৰ্বে হায়েজৰ বিধি-বিধান সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হৈছে।

এতিয়া বাকী আছে ইস্তেহাজাৰ বিধি-বিধান সম্পৰ্কীয় আলোচনা, এইখিনিতে জনাই থওঁ যে, ইস্তেহাজাৰ বিধি-বিধান আৰু পৱিত্ৰতাৰ বিধি-বিধান দৰাচলতে একেই। মুস্তাহাজাহ নাৰী আৰু সাধাৰণ পৱিত্র নাৰীৰ মাজত নিম্নলিখিত কেইটিমান বিষয়ৰ বাহিৰে আন কোনো পাৰ্থক্য নাই।

১. মুস্তাহাজাহ নাৰীৰ ওপৰত প্রতি চালাতৰ বাবে অজু কৰা ওৱাজিব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিন্তে আবী হুবাইশ্বক কৈছিল: “তাৰ পিছত তুমি প্রত্যেক চালাতৰ বাবে অজু কৰিবা।” (বুখাৰী, পৰিচ্ছেদ- তেজ ধোৱাৰ বৰ্ণনা) ইয়াৰ অৰ্থ হৈছে, ওৱাক্তিয়া চালাতৰ বাবে চালাতৰ সময় আৰম্ভ হোৱাৰ পিছতহে অজু কৰিবা। আনহাতে যদি সময়ৰ সৈতে নিৰ্দিষ্ট কোনো চালাত নহয়, যেনে- নফল চালাত আদিৰ ক্ষেত্রত যেতিয়া চালাত আদায় কৰিবলৈ ইচ্ছা কৰিব তেতিয়াহে অজু কৰিব লাগিব।

২. মুস্তাহাজাহ নাৰী যেতিয়া অজু কৰাৰ ইচ্ছা কৰিব তেতিয়া ওলাই অহা তেজখিনি ধুই লৈ যৌনাঙ্গত তুলা বা কাপোৰেৰে ভালকৈ প্ৰটেকচন দি লব, যাতে তেজ বাহিৰলৈ ওলাই নাহে। এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হামনাহ ৰাদ্বিয়াল্লাহু আনহাক কৈছিল: “মই তোমাক এইটোৱে পৰামৰ্শ দিওঁ যে, তুমি লজ্জাস্থানত তুলা দি ৰাখিবা, এইটোৱে তেজ শুহি লব”। তেওঁ ওলোটাই আকৌ প্রশ্ন কৰিলে যে, মোৰ প্রবাহিত তেজ ইয়াতকৈও বেছি। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: তেতিয়াহ’লে তুমি লজ্জাস্থানত কাপোৰ ব্যৱহাৰ কৰিবা। হামনাই ক’লে: প্রবাহমান তেজৰ পৰিমাণ ইয়াতকৈও বেছি। এই শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তেনেহ’লে মজবুতভাৱে বান্ধি ৰাখিবা।” ইয়াৰ পিছতো যদি তেজ বাহিৰলৈ ওলায় তেন্তে কোনো অসুবিধা নাই। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিন্তে আবী হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাক কৈছিল: “যি কেইদিন তুমি ঋতুস্ৰাৱত আক্রান্ত থাকিবা সেই কেইদিন চালাতৰ পৰা বিৰত থাকিবা। তাৰ পিছত গোছল কৰি প্রতিটো চালাতৰ আগত অজু কৰিবা, তাৰ পিছত চালাত আদায় কৰিবা, যদিও তেজ প্রবাহিত হৈ পাটিৰ ওপৰত পৰে তথাপিও কোনো অসুবিধা নাই।” (আহমদ, ইবনে মাজাহ)

৩. সহবাস প্রসঙ্গ: সহবাস বর্জন কৰিলে যদি কোনো গুনাহত পৰাৰ আশংকা নাথাকে তেনে ক্ষেত্ৰত ইয়াৰ বৈধতাকলৈ ওলামা-এ কেৰামসকলৰ মাজত মতভেদ আছে। কিন্তু সঠিক অভিমতটো হৈছে, গুনাহত পৰাৰ ভয় থাকক বা নাথাকক সকলো অৱস্থাতেই মুস্তাহাজাৰ সৈতে সহবাস কৰা বৈধ। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত দহ অথবা তাতকৈও অধিক সংখ্যক মহিলাই ইস্তেহাজাত আক্রান্ত হৈছিল। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলে তেওঁলোকৰ সৈতে সহবাস কৰিবলৈ নিষেধ কৰা নাছিল। বৰং কোৰআনত কোৱা হৈছে:

﴿وَيَسۡـَٔلُونَكَ عَنِ ٱلۡمَحِيضِۖ قُلۡ هُوَ أَذٗى فَٱعۡتَزِلُواْ ٱلنِّسَآءَ فِي ٱلۡمَحِيضِ وَلَا تَقۡرَبُوهُنَّ حَتَّىٰ يَطۡهُرۡنَۖ فَإِذَا تَطَهَّرۡنَ فَأۡتُوهُنَّ مِنۡ حَيۡثُ أَمَرَكُمُ ٱللَّهُۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلتَّوَّٰبِينَ وَيُحِبُّ ٱلۡمُتَطَهِّرِينَ ٢٢٢﴾ [البقرة: 222]

 ‘‘হায়েজৰ অৱস্থাত তোমালোকে স্ত্রী সঙ্গমৰ পৰা বিৰত থাকা।’’ [ছুৰা আল-বাকাৰাহ, আয়াত: ২২২] এই আয়াতে প্রমাণ কৰে যে, হায়েজৰ বাহিৰে বেলেগ অৱস্থাত স্ত্রী মিলনৰ পৰা বিৰত থকা অনিবাৰ্য নহয়। আনহাতে যিহেতু এই অৱস্থাত চালাত আদায় কৰাটো জায়েজ, তেনেক্ষেত্ৰত সঙ্গমৰ বিষয়টো খুবেই নগন্য। মুস্তাহাজাহ নাৰীৰ সহবাসক ঋতুৱতী মহিলাৰ সহবাসৰ সৈতে ৰিজোৱাটো ঠিক নহয়। কাৰণ, এই দুটা কেতিয়াও এক হ’ব নোৱাৰে। আনকি মুস্তাহাজাহ নাৰীৰ সৈতে সঙ্গম কৰাক যিসকলে হাৰাম বুলি ভাবে সিহঁতৰ ওচৰতো বিষয় দুটা এক নহয়। গতিকে উভয়ৰ মাজত ডাঙৰ পাৰ্থক্য থকাৰ কাৰণে ইটোক সিটোৰ সৈতে কিয়াছ কৰাটো ঠিক নহ’ব।

*

 ষষ্ঠ পৰিচ্ছেদঃ নিফাছ আৰু ইয়াৰ বিধি-বিধান

নিফাছৰ সংজ্ঞা: সন্তান প্রসৱৰ কাৰণে জৰায়ূৰ পৰা প্রবাহিত হোৱা তেজক নিফাছ বোলা হয়। সেই তেজ প্রসৱৰ সময়তে প্রবাহিত হওক অথবা প্রসৱৰ দুদিন বা তিনিদিন আগৰ পৰাই প্রসৱ বেদনাৰ সৈতে প্রবাহিত হওক।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “প্রসৱ বেদনা আৰম্ভ হোৱাৰ পিছত নাৰীয়ে নিজৰ লজ্জাস্থানত যি তেজ দেখা পায় সেইটোৱে হৈছে নিফাছ।” ইয়াত তেওঁ দুই অথবা তিনি দিন নির্দিষ্ট কৰা নাই। তেওঁৰ উদ্দেশ্য হৈছে এনেকুৱা বেদনা যাৰ ফলত প্রসৱ হোৱাটো নিশ্চিত। অন্যথা সেইটো নিফাছ হিচাপে পৰিগণিত নহ’ব। নিফাছৰ সৰ্বনিম্ন আৰু সর্বোচ্চ সময়-সীমা কিমান? এই বিষয়ে ওলামাসকলৰ মাজত মতভেদ আছে। শ্বাইখ তাকীউদ্দীনে (الأسماء الّتي علّق الشارع الأحكام بها) নামৰ কিতাপৰ ৩৭ নং পৃষ্ঠাত কৈছে: “নিফাছৰ সর্বনিম্ন আৰু সৰ্বোচ্চ কোনো সীমা-ৰেখা নাই। এতেকে যদি কোনো নাৰীৰ ৪০ দিন অথবা ৬০ দিন নাইবা ৭০ দিনতকৈ বেছি সময় তেজ প্রবাহিত হয় আৰু তাৰ পিছত বন্ধ হয় তেনেহ’লে সেইটোও নিফাছ হিচাপেই গণ্য হ’ব। কিন্তু ইয়াৰ পিছতো যদি বিৰতিহীনভাৱে প্রবাহিত হৈয়ে থাকে তেনেহ’লে সেইটোক অসুস্থতাৰ তেজ বুলি গণ্য কৰা হ’ব আৰু তেতিয়া নির্দিষ্ট সময়-সীমা ৪০ দিন ধার্য্য কৰা হ’ব (বাকী দিনবোৰৰ তেজক অসুস্থতাৰ তেজ বুলি ধৰি লোৱা হ’ব)। কিয়নো অধিকাংশ নাৰীৰ নিফাছৰ সর্বোচ্চ সময় হৈছে ৪০ দিন, এই বিষয়ে চাহাবাসকলৰ উক্তিও বৰ্ণিত হৈছে।” উপৰোক্ত অভিমতৰ ভিত্তিত মই ভাবোঁ প্রসৱোত্তৰ তেজ ৪০ দিন অতিবাহিত হোৱাৰ পিছতো যদি অব্যাহত থাকে আৰু ৪০ দিনৰ পিছত বন্ধ হোৱাৰ যদি পূৰ্ব অভ্যাস তাইৰ থাকে নাইবা ৪০ দিনৰ পিছত বন্ধ হোৱাৰ যদি কোনো লক্ষণ দেখা যায় তেনেহ’লে বন্ধ নোহোৱালৈকে অপেক্ষা কৰিব লাগিব। অন্যথা ৪০ দিন পূর্ণ হোৱাৰ পিছত পৱিত্ৰতাৰ গোছল কৰি লব। কিয়নো অধিকাংশ ক্ষেত্রতে সৰ্বোচ্চ সময় ৪০ দিনেই হয়। কিন্তু ৪০ দিন পূর্ণ হোৱাৰ পিছত যদি আকৌ ঋতুস্ৰাৱ অৰ্থাৎ হায়েজৰ সময় আহি পৰে, তেনেহ’লে হায়েজৰ সময় শেষ নোহোৱালৈকে অপেক্ষা কৰিব লাগিব। ইয়াৰ পিছত যদি বন্ধ হয়, তেন্তে এইটো বুজাব যে, এইটো নাৰীৰ অভ্যাস অনুপাতেই হৈছে। এতেকে ভৱিষ্যতেও কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’লে এইমতে আমল কৰিলেই হ’ব। আনহাতে হায়েজৰ সময় শেষ হোৱাৰ পিছতো যদি তেজস্ৰাৱ অব্যাহত থাকে, তেনেহ’লে তেতিয়া ইয়াক ইস্তেহাজাহ বুলি গণ্য কৰি ইয়াৰ বিধান পালন কৰিব লাগিব। জানি থোৱা উচিত যে, প্রসৱোত্তৰ তেজস্রাৱ বন্ধ হ’লেই মহিলা পৱিত্র হৈ যাব। আনকি ৪০ দিনৰ আগতেই যদি বন্ধ হৈ যায় তথাপিও পৱিত্র হ’ব। গতিকে গোছল কৰি চালাত-চওম আদায় কৰিব আৰু স্বামী-স্ত্রীয়ে সহবাসো কৰিব পাৰিব। কিন্তু এদিনৰ বাবে বা তাতকৈও কম সময়ৰ বাবে যদি তেজ বন্ধ হয় তেন্তে সেইটোক একো গণ্য কৰা নহ’ব। এই কথা আল-মুগনীৰ লেখকে কৈছে।

স্মৰণ ৰখা উচিত যে, নিফাছ তেতিয়াই গণ্য হ’ব যেতিয়া স্পষ্ট মানৱ আকৃতিৰ কিবা জন্ম পাব। এতেকে গর্ভপাতৰ মাধ্যমত যদি এনেকুৱা ক্ষুদ্র তথা অসম্পূৰ্ণ ভ্রূণ প্রসৱ কৰে য’ত মানুহৰ আকৃতি স্পষ্টভাৱে প্রকাশ নহয় তেনেহ’লে প্রবাহিত তেজক নিফাছ হিচাপে গণ্য কৰা নহ’ব, বৰং সিৰাৰ তেজ হিচাপে গণ্য কৰি ইস্তেহাজাৰ নিয়ম-নীতি পালন কৰিব লাগিব। মানুহৰ আকৃতি স্পষ্টভাৱে প্রকাশ পোৱাৰ সৰ্বনিম্ন সময়-সীমা হৈছে গৰ্ভৱতী হোৱাৰ পৰা ৮০ দিনৰ ভ্ৰূণ, কিন্তু বেছিভাগ সময়তে এই আকৃতি পূৰ্ণ হ’বলৈ ৯০ দিন লাগে।

এই বিষয়ে মাজদ ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: ‘সৰ্বনিম্ন সময় অথবা গৰ্ভধাৰণ কৰাৰ পিছৰ পৰা ৮০ দিন অতিবাহিত হোৱাৰ আগতেই যদি প্রসৱ বেদনাৰ সৈতে তেজ দেখা যায় তেনেহ’লে সেই তেজৰ প্ৰতি কোনো ভ্রূক্ষেপ কৰা নহ’ব। আনহাতে যদি ৮০ দিন অতিক্রম হোৱাৰ পিছত তেজ দেখা পায় তেনেহ’লে প্রসৱ নোহোৱালৈকে চালাত-চওমৰ পৰা বিৰত থাকিব। প্রসৱৰ পিছত যদি দেখা যায় যে, প্রসূত সন্তান বা ভ্রূণৰ মাজত মানুহৰ কোনো আকৃতিয়েই নাই তেন্তে গৰ্ভৱতী মহিলা তাইৰ আগৰ অৱস্থালৈ উভতি যাব আৰু ক্ষতিপূৰণ হিচাপে পৰিত্যাগ কৰা চালাত-চওমৰ কাজা কৰি লব। পক্ষান্তৰে যদি বিষয়টো স্পষ্ট নহয় তেন্তে বাহ্যিক হুকুমেই মানি চলিব লাগিব অৰ্থাৎ চালাত-চওমৰ পৰা বিৰত থাকিব আৰু সেইবোৰ কাজা কৰিব নালাগিব। এই কথা তেওঁ শ্বাৰহুল ইক্বনাত কৈছে।

নিফাছ সম্পৰ্কীয় চৰীয়তি বিধি-বিধান

তলত উল্লেখ কৰা কেইটিমান বিষয়ৰ বাহিৰে হায়েজ আৰু নিফাছৰ হুকুম প্রায় একেই। সেই কেইটা বিষয় হৈছে যেনে-

১. ইদ্দত প্রসঙ্গ: ইদ্দতকাল নিৰ্ণয় কৰা হ’ব হায়েজৰ ভিত্তিত, নিফাছৰ ভিত্তিত নহয়। কাৰণ তালাক যদি প্রসৱৰ আগত দিয়া হয় তেনেহ’লে প্রসৱ হোৱাৰ লগে লগে ইদ্দতকাল শেষ হৈ যাব, নিফাছৰ মাধ্যমত নহয়। পক্ষান্তৰে যদি তালাক প্রসৱৰ পিছত দিয়া হয় তেনেহ’লে হায়েজৰ অপেক্ষা কৰিব লাগিব। এই বিষয়ে ইতিপূৰ্বে বিস্তাৰিত আলোচনা কৰা হৈছে।

২. ‘ঈলা’ৰ ম্যাদ নিৰ্ধাৰণ কৰিবলৈ হায়েজৰ সময় হিচাপ কৰা হ’ব, কিন্তু নিফাছৰ সময়ক গণ্য কৰা নহ’ব।

ঈলা’ৰ সংজ্ঞা: কোনো পুৰুষে স্থায়ীভাৱে অথবা চাৰি মাহতকৈ অধিক সময়ৰ বাবে নিজৰ স্ত্রীৰ সৈতে সঙ্গম নকৰাৰ শপত খোৱাক ঈলা বোলা হয়। এই ধৰণৰ শপত কৰাৰ পিছত স্ত্রী যেতিয়া সঙ্গমত লিপ্ত হোৱাৰ বাবে স্বামীৰ ওচৰত দাবী উত্থাপন কৰিব, তেতিয়া উক্ত পুৰুষৰ বাবে শপতৰ পিছত চাৰি মাহ ম্যাদ ধাৰ্য কৰা হ’ব। চাৰি মাহৰ এই ম্যাদ শেষ হোৱাৰ পিছত স্ত্রীৰ দাবী মানি লবলৈ স্বামীক বাধ্য কৰোৱা হ’ব। আনহাতে স্ত্রী যদি তাৰ পৰা পৃথক হ’ব বিচাৰে তেনেহ’লে পৃথক হ’বলৈ বাধ্য কৰোৱা হ’ব। এই চাৰি মাহ সময়ছোৱাত যদি স্ত্ৰীৰ নিফাছ হয় তেন্তে সেই নিফাছৰ সময়খিনিক এই চাৰি মাহত হিচাপ কৰা নহ'ব, বাকী থকা দিনবোৰ নিফাছৰ পিছত সম্পূৰ্ণ কৰিব লাগিব। পক্ষান্তৰে চাৰি মাহৰ সুনিৰ্দিষ্ট ম্যাদ চলা অৱস্থাত স্ত্রীৰ যদি হায়েজ দেখা দিয়ে তেন্তে সেই হায়েজৰ দিনবোৰক চাৰি মাহৰ ভিতৰত যোগ কৰা হ’ব।

৩. হায়েজৰ মাধ্যমত নাৰী প্রাপ্তবয়স্কা হোৱা বুলি প্রমাণিত হয়। কিন্তু এয়া নিফাছৰ মাধ্যমত নহয়। কিয়নো বীর্যস্খলন নোহোৱাকৈ নাৰী গর্ভৱতী হ’বই নোৱাৰে। এতেকে গর্ভধাৰণৰ বাবে যি বীর্যস্খলন হয় তাৰ দ্বাৰা বুজা যাব যে নাৰী গর্ভধাৰণৰ আগতেই প্রাপ্তবয়স্কা হৈ গৈছিল।

৪. হায়েজ আৰু নিফাছৰ মাজত চতুর্থ পার্থক্য হৈছে এই যে, হায়েজৰ তেজ বন্ধ হৈ নির্দিষ্ট সময়ৰ মাজত আকৌ যদি আৰম্ভ হয় তেনেহ’লে সেইটোক নিঃসন্দেহে হায়েজ হিচাপে গণ্য কৰা হ’ব। উদাহৰণস্বৰূপে এজনী নাৰীৰ সাধাৰণতঃ প্রতি মাহে ৮ দিনকৈ ৰক্তস্ৰাৱ হয়। কোনো এক মাহত দেখা গ’ল যে, ৰক্তস্ৰাৱ চাৰি দিন পিছত বন্ধ হৈছে আৰু দুদিন বন্ধ থকাৰ পিছত সপ্তম আৰু অষ্টম দিনত আকৌ চালু হৈছে, সেই প্রবাহিত তেজক নিশ্চয় হায়েজ হিচাপেই গণ্য কৰা হ’ব আৰু তাই হায়েজৰ নিয়ম-নীতি পালন কৰিব লাগিব। পক্ষান্তৰে নিফাছৰ বিষয়টো এনেকুৱা নহয় অৰ্থাৎ নিফাছ যদি ৪০ দিন পূর্ণ হোৱাৰ আগত বন্ধ হৈ আকৌ জাৰি হয় তেনেহ’লে এই ক্ষেত্রত বিষয়টো সন্দেহযুক্ত হ’ব। তেনেক্ষেত্ৰত মহিলাই সময়মতে ফৰজ চালাত আৰু ফৰজ চওম আদায় কৰিব লাগিব। মাহেকীয়া তেজস্ৰাৱত আক্ৰান্ত মহিলাৰ বাবে ওৱাজিবৰ বাহিৰে যিবোৰ হাৰাম এই নাৰীৰ ক্ষেত্রতো সেইবোৰ হাৰাম হ’ব আৰু এই অৱস্থাত যিবোৰ ওৱাজিবাত আদায় কৰিছে পৱিত্র হোৱাৰ পিছত সেইবোৰৰ মাজৰ কেৱল সেইখিনি কাজা কৰিব যিখিনি ঋতুৱতী মহিলাসকলে পৱিত্ৰ হোৱাৰ পিছত কাজা পালন কৰে। হাম্বলী ফকীহসকলৰ ওচৰত এইটোৱেই প্রসিদ্ধ।

কিন্তু সঠিক অভিমতটো হৈছে এই যে, বন্ধ হৈ যোৱাৰ পিছত ইমানখিনি সময়ৰ মাজতেই যদি পুনৰ চালু হয় যেতিয়া প্রবাহিত তেজক নিফাছ হিচাপে গণ্য কৰা সম্ভৱ, তেতিয়াহ’লে নিফাছ হিচাপেই গণ্য কৰা হ’ব, অন্যথা হায়েজ হিচাপে। আনহাতে যদি বিৰতিহীনভাৱে একেলেঠাৰীয়ে প্রবাহিত হৈ থাকে তেন্তে ইস্তেহাজাহ হিচাপে গণ্য কৰা হ’ব।

মুগনী গ্রন্থত কোৱা হৈছে যে, “উল্লিখিত সমাধানটো ইমাম মালিক ৰাহিমাহুল্লাহৰ অভিমতৰ নিকটৱৰ্তী।” ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ “তেজ বন্ধ হোৱাৰ পিছত দুই অথবা তিনি দিনৰ ভিতৰত যদি পুনৰ দেখা দিয়ে তেনেহ’লে সেইটোক নিফাছ হিচাপে গণ্য কৰা হ’ব, অন্যথা হায়েজ বুলি গণ্য হ’ব।” শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহৰ অভিমতও এই ক্ষেত্রত এনেকুৱাই গম পোৱা যায়। বাস্তৱতাৰ ভিত্তিতো ক’ব পাৰি যে, তেজৰ মাজত সন্দেহযুক্ত বোলোঁতে একো নাই। প্ৰকৃততে সন্দেহযুক্ত হোৱাৰ বিষয়টো আপেক্ষিক; সেইকাৰণে মানুহে সিহঁতৰ ইল্ম আৰু বোধশক্তি অনুপাতে মতভেদ কৰে। আনহাতে কোৰআন আৰু ছুন্নাহে কোনটো সঠিক আৰু কোনটো সঠিক নহয় ইয়াৰ পূৰ্ণ সমাধান প্রতিটো ক্ষেত্রতেই দিছে। ইপিনে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কাকো দুবাৰ চওম ৰখাৰ আৰু দুবাৰ তাওৱাফ কৰাৰ নির্দেশ দিয়া নাই (যেনেকৈ ইতিপূৰ্বে উল্লেখ কৰা হৈছে।) কিন্তু যদি প্ৰথমবাৰ আদায় কৰোঁতে এনেকুৱা কোনো ত্রুটি হৈছে যিটো কাজা নকৰাকৈ ক্ষতিপূৰণ সম্ভৱ নহয় (তেনেহ’লে সেইটো সুকীয়া কথা)। বান্দাক যি কৰ্মৰ আদেশ কৰা হৈছে সাধ্যানুসাৰে সেই কাম কৰিলে বান্দাই তেতিয়া সেই দায়িত্বৰ পৰা নিষ্কৃতি পাই যাব। কিয়নো আল্লাহ তা‘আলাই কৈছেঃ

﴿لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا وُسۡعَهَاۚ [البقرة: 286]

 ‘‘আল্লাহে কোনো বান্দাক তাৰ সাধ্যাতীত কোনো দায়িত্ব নিদিয়ে।’’ [ছুৰা আল-বাক্বাৰাহ, আয়াত: ২৮৬] আন এঠাইত কৈছেঃ

﴿فَٱتَّقُواْ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ وَٱسۡمَعُواْ وَأَطِيعُواْ وَأَنفِقُواْ خَيۡرٗا لِّأَنفُسِكُمۡۗ وَمَن يُوقَ شُحَّ نَفۡسِهِۦ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ١٦﴾ [التغابن: 16]

 ‘‘তোমালোকে সাধ্যানুযায়ী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা।’’ [ছুৰা আত-তাগাবুন, আয়াত: ১৬]

৫. হায়েজ আৰু নিফাছৰ মাজৰ পঞ্চম পাৰ্থক্যঃ হায়েজ যদি পূৰ্ব অভ্যাস অনুযায়ী নির্দিষ্ট সময়ৰ আগতেই বন্ধ হৈ যায় তেনেহ’লে স্বামীয়ে উক্ত স্ত্রীৰ সৈতে সঙ্গমত লিপ্ত হ’ব পাৰিব। ইয়াত কোনো অসুবিধা নাই। পক্ষান্তৰে নিফাছৰ তেজ যদি ৪০ দিনৰ আগতে বন্ধ হৈ যায় তেনেহ’লে প্রসিদ্ধ মাজহাব অনুসাৰে সঙ্গমত লিপ্ত হোৱাটো স্বামীৰ বাবে মাকৰূহ, কিন্তু সঠিক সমাধান এইটোৱে যে, এইটো মাকৰূহ নহয়। অধিকাংশ ওলামায়ে কেৰামৰ অভিমতো এইটোৱেই। কিয়নো কোনো কামক মাকৰূহ বুলিবলৈ হ’লে শ্বাৰ‘য়ী দলীল প্ৰয়োজন। অথচ এই ক্ষেত্রত কেৱল উছমান বিন আবুল আচ ৰাদ্বিয়াল্লাহু আনহুৰ এটা উক্তি পোৱা যায়, যিটো ইমাম আহমদে বৰ্ণনা কৰিছে, য’ত আছে যে, তেওঁৰ পত্নী তেওঁৰ ওচৰলৈ ৪০ দিন পূৰ্ণ হোৱাৰ আগতেই অহাত তেওঁ কৈছিলঃ “তুমি মোৰ নিকটৱৰ্তী নহ’বা”। ইয়াৰ দ্বাৰা কোনো মাকৰূহৰ বিধান প্রমাণিত নহয়। কিয়নো স্ত্রীৰ পৱিত্র হোৱাটো নিশ্চিত নহয় বুলি সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে অথবা সঙ্গমত লিপ্ত হ’লে পুনৰ তেজ প্রবাহিত হ’ব পাৰে এই আশংকাত অথবা বেলেগ কোনো কাৰণত তেওঁ নিষেধ কৰিছে চাগে। আল্লাহেই সৰ্বজ্ঞ।

*

 সপ্তম অধ্যায়: হায়েজ প্রতিৰোধক অথবা সঞ্চালক আৰু জন্ম নিয়ন্ত্রণকাৰী নাইবা গৰ্ভপাতকাৰী ঔষধ ব্যৱহাৰ কৰাৰ চৰীয়তি বিধান।

হায়েজ প্রতিৰোধ কৰিব পৰা ঔষধ দুটা চৰ্তত ব্যৱহাৰ কৰা বৈধ:

প্ৰথম চৰ্ত: ঔষধ ব্যৱহাৰত যাতে কোনো ধৰণৰ ক্ষতিৰ আশংকা নাথাকে। যদি ক্ষতিৰ সম্ভাৱনা থাকে তেনেহ’লে ব্যৱহাৰ কৰা বৈধ নহয়। কিয়নো আল্লাহে কৈছেঃ

﴿ وَلَا تُلۡقُواْ بِأَيۡدِيكُمۡ إِلَى ٱلتَّهۡلُكَةِ [البقرة: 195]

 ‘‘তোমালোকে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা।’’ [ছুৰা আল-বাক্বাৰাহ, আয়াত: ১৯৫] এইদৰে আৰু কৈছেঃ

﴿ وَلَا تَقۡتُلُوٓاْ أَنفُسَكُمۡۚ إِنَّ ٱللَّهَ كَانَ بِكُمۡ رَحِيمٗا٢٩﴾ [النساء: 29]

 ‘‘তোমালোকে আত্মহত্যা নকৰিবা, নিশ্চয় আল্লাহ তোমালোকৰ প্রতি পৰম দয়ালু।’’ [ছুৰা আন-নিছা, আয়াত: ২৯]

দ্বিতীয় চৰ্ত: হায়েজ বা তেজস্রাৱৰ সৈতে স্বামীৰ যদি কোনো হক সম্পৃক্ত থাকে তেনেহ’লে নিশ্চয় তাৰ অনুমতি লৈহে ঔষধ ব্যৱহাৰ কৰিব লাগিব। যেনে, স্ত্রী তালাক প্রাপ্তা হোৱাৰ পিছত ইদ্দত পালন কৰি আছে আৰু ইদ্দত পালন কৰা অৱস্থাত যিহেতু স্ত্রীৰ ভৰণ-পোষণ স্বামীৰ ওপৰত ওৱাজিব। এতেকে এই অৱস্থাত ইদ্দতকাল দীর্ঘ কৰিবলৈ যদি স্ত্ৰীয়ে ভৰণ-পোষণ বেছি পোৱাৰ উদ্দেশ্যে হায়েজ প্রতিৰোধ কৰিবলৈ ঔষধ ব্যৱহাৰ কৰিব বিচাৰে তেনেহ’লে এই ক্ষেত্রত নিশ্চিতভাৱে স্বামীৰ অনুমতি লব লাগিব। স্বামীয়ে অনুমতি দিলে সেৱন কৰিব পাৰিব, অন্যথা নোৱাৰে। এইদৰে যদি এইটো প্রমাণিত হয় যে, হায়েজ ৰোধ কৰিলে স্ত্রীৰ গর্ভ ধাৰণ কৰাটো সম্ভৱ নহয় তেনেহ’লে সেই ক্ষেত্ৰতো ঔষধ ব্যৱহাৰৰ বাবে স্বামীৰ অনুমতি নিব লাগিব। জানি থোৱা উচিত যে, হায়েজ প্রতিৰোধক ঔষধ ব্যৱহাৰ কৰা জায়েজ থকা অৱস্থাতো বিশেষ প্রয়োজন নোহোৱাকৈ তেনে ঔষধ ব্যৱহাৰ নকৰাই উত্তম । কিয়নো প্রাকৃতিক বিষয় তাৰ গতিত চলিব দিয়াটো শাৰীৰিক সুস্থতাৰ পক্ষে খুবেই মঙ্গলজনক।

হায়েজ হ’বলৈ ঔষধ ব্যৱহাৰ কৰাটোও দুই চৰ্তত বৈধ:

প্ৰথম চৰ্ত: কোনো ফৰজ বা ওৱাজিব আমলৰ পৰা বিৰত থকাৰ উদ্দেশ্যে যাতে এনেকুৱা ঔষধ ব্যৱহাৰ কৰা নহয়। উদাহৰণস্বৰূপে ৰমাজান মাহৰ প্ৰাকমূহূৰ্তত হায়েজ হ’বলৈ এনেকুৱা ঔষধ ব্যৱহাৰ কৰা যাতে চালাত আৰু চওম আদায় কৰিব নালাগে, এনেকুৱা উদ্দেশ্য থাকিলে সেই ঔষধ ব্যৱহাৰ কৰাটো কেতিয়াও বৈধ নহয়।

দ্বিতীয় চৰ্ত: স্বামীৰ অনুমতি লৈ ব্যৱহাৰ কৰিব লাগিব। কিয়নো হায়েজ হ’লে স্বামীয়ে পূর্ণাঙ্গৰূপে স্ত্রীৰ পৰা উপকৃত হ’ব নোৱাৰে তথা নিজৰ কামভাৱ পূর্ণ কৰিব নোৱাৰে। গতিকে স্বামীৰ অনুমতি অবিহনে এনেকুৱা সকলো বস্তু ব্যৱহাৰ কৰা স্ত্রীৰ বাবে বৈধ নহয় যাৰ ফলত স্বামী নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয়। স্ত্রী তালাকপ্রাপ্তা হ’লেও (ইদ্দত চলাকালীন অৱস্থাত) স্বামীৰ অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ স্বামীয়ে যদি তালাক প্রত্যাহাৰ কৰিব বিচাৰে তেনেহ’লে স্ত্রীয়ে এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰি হায়েজ আনিলে স্বামীৰ অধিকাৰ দ্রুত শেষ হৈ যাব।

গর্ভৰোধকাৰী ঔষধৰ ব্যৱহাৰ দুই প্রকাৰে হ’ব পাৰে:

প্ৰথম প্রকাৰ: ঔষধ ব্যৱহাৰৰ দ্বাৰা যদি স্থায়ীভাৱে গর্ভধাৰণক প্রতিৰোধ কৰা হয়, তেনেহ’লে সেয়া ব্যৱহাৰ কৰা বৈধ নহয়। কিয়নো গর্ভধাৰণৰ প্রক্রিয়াক স্থায়ীভাৱে বন্ধ কৰিলে বংশবৃদ্ধি আৰু সন্তানাদি কমি যাব, আনহাতে উম্মতে ইছলামিয়াৰ সংখ্যা উত্তৰোত্তৰ বৃদ্ধি পোৱাটোৱে হৈছে চৰী‘আতৰ উদ্দেশ্য, যিটো গৰ্ভধাৰণ প্রক্রিয়াক বন্ধ কৰিলে সম্পূর্ণৰূপে ব্যহত হ’ব। ইয়াৰ বাহিৰেও উপস্থিত সন্তানাদি যে মৃত্যুবৰণ নকৰিব তাৰো কোনো নিশ্চয়তা নাই। যদি এনেকুৱা হয় তেন্তে উক্ত মহিলাজনী গোটেই জীৱন সন্তানহীন হৈ থাকিবলগীয়া হ’ব।

দ্বিতীয় প্রকাৰ: সাময়িকভাৱে গর্ভৰোধ কৰিবলৈ ঔষধ ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপে, কোনো নাৰী যদি খুব বেছি পৰিমাণে গৰ্ভৱতী হয় আৰু ইয়াৰ ফলত শাৰীৰিকভাৱে ক্ষীণ হৈ পৰিছে, তেন্তে উক্ত মহিলাই যদি দুবছৰ মূৰে মূৰে সন্তান লবলৈ আগ্রহী হয়, তেনেক্ষেত্ৰত তাইৰ বাবে সাময়িকভাৱে ঔষধ ব্যৱহাৰ কৰা জায়েয। কিন্তু এই ক্ষেত্রত স্বামীৰ অনুমতি লব লাগিব, লগতে এই ধৰণৰ ঔষধ ব্যৱহাৰত কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনা যাতে নাথাকে ইয়াৰ নিশ্চয়তা থাকিব লাগিব। প্রমাণস্বৰূপে উল্লেখ কৰিব পাৰি যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চাহাবাসকলে ‘আঝল’ পদ্ধতি অৱলম্বন কৰি স্ত্রী সঙ্গমত লিপ্ত হৈছিল, যাতে তেওঁলোকৰ স্ত্রীসকল গৰ্ভৱতী নহয়। সেই সময়ত তেওঁলোকক এই পদ্ধতি অৱলম্বনৰ পৰা বিৰত ৰাখিবলৈ চৰীয়তৰ কোনো বিধান জাৰি হোৱা নাছিল। জানি থোৱা উচিত যে, স্ত্রী সঙ্গমৰ সময়ত বীর্যস্খলনৰ মুহূৰ্তত পুৰুষাঙ্গ স্ত্রী যৌনীৰ পৰা ওলোৱাই আনি বাহিৰত বীর্যপাত কৰাকে চৰী‘আতৰ পৰিভাষাত ‘আঝল’ বোলা হয়।

গৰ্ভপাতকাৰী ঔষধৰ ব্যৱহাৰো দুই প্রকাৰৰ:

প্ৰথম প্রকাৰ: গর্ভপাতকাৰী ঔষধ গর্ভস্থ সন্তানক নষ্ট কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা। গৰ্ভস্থ সন্তানৰ মাজত প্ৰাণ বা ৰূহ সঞ্চাৰ কৰাৰ পিছত যদি এনেকুৱা ঔষধ ব্যৱহাৰ কৰা হয় তেন্তে এয়া নিশ্চিতৰূপে হাৰাম, ইয়াত কোনো সন্দেহৰ অৱকাশ নাই। কিয়নো এইটো নিষিদ্ধকৃত আত্মাক অন্যায়ভাৱে হত্যা কৰাৰ দৰে বিবেচিত হ’ব। কোৰআন আৰু হাদীছ লগতে মুছলিমসকলৰ সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী নিৰ্দোষী প্ৰাণক হত্যা কৰাটো সম্পূৰ্ণৰূপে হাৰাম। আনহাতে যদি প্রাণ সঞ্চাৰিত হোৱাৰ আগতে গৰ্ভপাত কৰিবলৈ ঔষধ ব্যৱহাৰ কৰিব বিচাৰে তেনেহ’লে ইয়াৰ বৈধতাকলৈ ওলামাসকলৰ মাজত মতানৈক্য আছে। কিছুমানে জায়েয বুলি কৈছে, আৰু আন কিছুমানে নিষেধ কৰিছে, আকৌ আন কিছুমানে কৈছেঃ আলাকাহ বা ৰক্তপিণ্ডত পৰিণত নোহোৱা পৰ্যন্ত অর্থাৎ গৰ্ভধাৰণৰ পৰা ৪০ দিনৰ ভিতৰত গর্ভপাতৰ বাবে এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰা জায়েয। কিছুমানে এই কথাও কৈছে যে, মানুহৰ আকৃতি স্পষ্ট নোহোৱা পর্যন্ত গর্ভপাতৰ ঔষধ ব্যৱহাৰ কৰিব পাৰিব।

তথাপিও সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে গর্ভপাতৰ ঔষধ ব্যৱহাৰ নকৰাই উত্তম। কিন্তু বিশেষ প্রয়োজন তথা অপাৰগতাৰ সন্মুখীন হ’লে এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই। উদাহৰণস্বৰূপে যদি গৰ্ভধাৰণকাৰীনী নাৰী বেমাৰী হয় আৰু গর্ভধাৰণ কৰা সন্তান ৰাখিবলৈ অক্ষম হয় ইত্যাদি। এনেকুৱা অৱস্থাত গর্ভপাত কৰা বৈধ। কিন্তু গৰ্ভ ধাৰণৰ পিছত যদি ইমানখিনি সময় অতিবাহিত হৈ যায়, যিখিনি সময়ত গর্ভস্থ সন্তানৰ মাজত মানুহৰ আকৃতি প্রকাশ পায় তেনেহ’লে ব্যৱহাৰ কৰা হাৰাম। আল্লাহেই সর্বজ্ঞ।

দ্বিতীয় প্রকাৰ: গৰ্ভস্থ সন্তানক ধ্বংস কৰাৰ উদ্দেশ্য যদি নাথাকে তেন্তে গর্ভৰ ম্যাদ শেষ হোৱাৰ পিছত সোনকালে প্রসৱ কৰোৱাবলৈ এনেকুৱা ঔষধ ব্যৱহাৰ কৰিব বিচাৰিলে কৰিব পাৰে। কিন্তু চৰ্ত হৈছে এই ধৰণৰ ঔষধ ব্যৱহাৰৰ ফলত প্ৰসূতি নাৰী আৰু শিশু উভয়ৰে যাতে কোনো ধৰণৰ ক্ষতি নহয়, লগতে ঔষধ ব্যৱহাৰ কৰাৰ কাৰণে যাতে অপাৰেচন বা অস্ত্রোপচাৰৰ প্রয়োজনীয়তা দেখা নিদিয়ে। যদি অপাৰেচনৰ প্রয়োজন হয় তেন্তে ইয়াৰ চাৰিটা অৱস্থা হ’ব পাৰে:

১. গৰ্ভৱতী নাৰী আৰু গর্ভস্থ শিশু উভয়েই জীৱিত। এনেকুৱা অৱস্থাত প্রয়োজন নোহোৱাকৈ অস্ত্রোপচাৰ কৰা বৈধ নহয়। উদাহৰণস্বৰূপে প্রসৱ অত্যন্ত কষ্টকৰ আৰু বিপদজনক হয়, তেনেহ’লে অস্ত্রোপচাৰ কৰিব পাৰিব। মনত ৰখা উচিত যে, বান্দাৰ শৰীৰ তাৰ ওচৰত আল্লাহৰ একপ্ৰকাৰ আমানত। গতিকে বৃহত্তৰ কোনো কল্যাণ নোহোৱাকৈ তাত কোনো ধৰণৰ হস্তক্ষেপ কৰাটো ঠিক নহয়, য’ত ক্ষতিৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও বর্তমান সময়ত অনেক ক্ষেত্রত অপাৰেচনৰ পূর্বে ভবা হয় যে, কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনা নাই, অথচ অপাৰেচনৰ পিছত ক্ষতি প্রকাশ পায়।

২. গৰ্ভৱতী নাৰী আৰু গর্ভস্থ শিশু উভয়েই মৃত। এনেকুৱা অৱস্থাত শিশুক উলিয়াই আনিবলৈ অস্ত্রোপচাৰ কৰা জায়েয নহয়। কিয়নো উলিয়াই অনাত কোনো লাভ নাই।

৩. মাক জীৱিত কিন্তু গর্ভস্থ শিশু মৃত, তেন্তে অস্ত্রোপচাৰ কৰি উলিয়াই অনা জায়েয আছে। কিন্তু মাকৰ যাতে কোনো ধৰণৰ ক্ষতিৰ আশংকা নাথাকে। কিয়নো স্বাভাৱিকভাৱে গর্ভস্থ মৃত সন্তানক অপাৰেচন নোহোৱাকৈ উলিয়াই অনাটো টান, আনহাতে ভ্ৰূণটোক যদি ভিতৰতে থাকিবলৈ দিয়া হয় তেনেহ’লে ভৱিষ্যতে পেটত  সন্তান ধাৰণ কৰাটো সম্ভৱ নহ’ব। দ্বিতীয়তে এনেকৈ ৰাখি দিলে মাকৰ বাবে অত্যন্ত কষ্ট আৰু যন্ত্রণাৰ কাৰণ হৈ থিয় দিব। ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলা যদি পূর্ব স্বামীৰ ইদ্দতৰ অৱস্থাত থাকে তেন্তে ইদ্দত গণনা কঠিন হৈ পৰিব। এইবোৰ কাৰণত অপাৰেচনৰ মাধ্যমত গর্ভস্থ মৃত শিশুক উলিয়াই অনা বৈধ।

৪. মাক মৃত আৰু গর্ভস্থ শিশু জীৱিত। এই ক্ষেত্ৰত গর্ভস্থ সন্তানক বচোৱাৰ সম্ভাৱনা যদি নাথাকে তেনেহ’লে অপাৰেচন কৰা বৈধ নহয়।

পক্ষান্তৰে যদি গর্ভস্থ শিশুটো জীৱিত থকাৰ আশা থাকে, সেই অৱস্থাত কিছু অংশ যদি ওলাইছে তেনেহ’লে মৃত মাকৰ পেট কাটি শিশুক উলিয়াই আনিব পাৰিব। আনহাতে যদি শিশুৰ কোনো অংশই ওলোৱা নাই তেনেহ’লে এই ক্ষেত্রত ওলামাই কেৰামসকলে কৈছেঃ গর্ভস্থ শিশুক উলিয়াই আনিবলৈ মাকৰ পেট কাটিব নোৱাৰি। কিয়নো এইটো হৈছে (مثلةٌ)ৰ অন্তৰ্ভুক্ত  (শৰীৰৰ অংগ-প্ৰত্যংগ কাটি বিকৃত কৰাক মুছলা বোলে)। কিন্তু সার্বিক সমাধান হৈছে এই যে, অপাৰেচন নোহোৱাকৈ যদি উলিওৱা সম্ভৱ নহয় তেন্তে অপাৰেচন কৰিব পাৰিব। এই সমাধানটো ইবনে হুবাইৰাই গ্রহণ কৰিছে। তেওঁ ‘ইনচাফ’ গ্রন্থৰ ২য় খণ্ডৰ ৫৫৬ পৃষ্ঠাত কৈছে যে, এই ক্ষেত্রত পেট কাটি শিশুক উলিয়াই অনাই উত্তম। মই কওঁ যে, বৰ্তমান সময়ত এই অৱস্থাত অস্ত্রোপচাৰ কৰাক ‘মুছলা’ অর্থাৎ নাক-কাণ কাটি শাস্তি দিয়া হিচাপে পৰিগণিত নহ’ব। কাৰণ, এতিয়া অপাৰেচনৰ পিছত ধুনীয়াকৈ চিলাই কৰি দিয়া হয়। দ্বিতীয়তে এটা জীৱিত সন্তানৰ ইজ্জত এজন মৃত ব্যক্তিতকৈ বহুগুণে বেছি। তৃতীয়তে এটা নিষ্পাপ শিশুক নিশ্চিত ধ্বংসৰ পৰা ৰক্ষা কৰাটো ওৱাজিব। গতিকে যিহেতু গর্ভস্থ শিশু জীৱিত আৰু এটা নিষ্পাপ প্ৰাণ, সেয়ে ইয়াক অপাৰেচনৰ মাধ্যমত উলিয়াই অনাটো ওৱাজিব। আল্লাহেই সৰ্বজ্ঞ।

সতৰ্কবাণী: উল্লিখিত যিবোৰ অৱস্থাত গৰ্ভপাত কৰা জায়েয, সেইবোৰ অৱস্থাত গৰ্ভপাত কৰিব বিচাৰিলে স্বামীৰ অনুমতি নিশ্চিয় লব লাগিব।

ইয়াৰ লগতে আমি এই গুৰুত্বপূর্ণ বিষয় সম্পৰ্কে আপোনালোকৰ ওচৰত যি যি উপস্থাপন কৰিবলৈ ইচ্ছা কৰিছিলোঁ সেয়া সমাপ্ত কৰিলোঁ। এই কিতাপখনত আমি কেৱল মৌলিক মাছআলাসমূহ আৰু তাৰ নিয়ম-কানূনসমূহ বর্ণনা কৰিছোঁ। অন্যথা বৰ্ণিত মাছআলাসমূহৰ শাখা-প্রশাখা, আনুষঙ্গিক বিষয়াদি আৰু হায়েজ, নিফাছ আৰু ইস্তেহাজাৰ কাৰণে নাৰী জাতিৰ বহুমুখী অৱস্থাৰ পৰিপূর্ণ বিৱৰণ হৈছে এনেকুৱা এটা সাগৰ যাৰ কোনো তীৰ নাই। কিন্তু কোনো সমস্যা দেখা দিলে বিজ্ঞসকলে এইবোৰ মূল বিষয় আৰু তাৰ নিয়ম-কানূনৰ ওপৰত ভিত্তি কৰি সমাধান দিব পাৰিব আৰু যিকোনো বিষয়ক সমপৰ্যায়ৰ অন্যান্য মাছআলাৰ সৈতে তুলনা কৰি সিদ্ধান্ত গ্রহণ কৰিবলৈ সক্ষম হ’ব। মুফতীয়ে এই কথা স্মৰণ ৰখা উচিৎ যে, ৰাছুলসকলে লৈ অহা দ্বীন, চৰী‘আত আৰু মতাদৰ্শ প্রচাৰ তথা প্রসাৰৰ সময়ত আল্লাহ আৰু মানৱ জাতিৰ মাজত তেওঁ এজন মধ্যস্থতাকাৰীৰ দায়িত্ব পালন কৰে। কোৰআন আৰু হাদীছত বৰ্ণিত নিয়ম-নীতি আৰু বিধি-বিধানৰ আলোকত সঠিক সমাধান দিয়াটোৱে হৈছে তেওঁৰ দায়িত্ব। কিয়নো কোৰআন আৰু ছুন্নাহ হৈছে এনেকুৱা দুটা মূল উৎস যাক বুজিবলৈ আৰু তাৰ ওপৰত আমল কৰিবলৈ সমগ্র মানৱগোষ্ঠীকেই নির্দেশ দিয়া হৈছে। এতেকে কোৰআন আৰু ছুন্নাহ পৰিপন্থী প্ৰতিটো কথা আৰু প্ৰতিটো অভিমত ভুল বুলি বিবেচিত হ’ব, যিটো গ্রহণ কৰা জায়েয নহয়, বৰং প্রত্যাখ্যান কৰাটো ওৱাজিব। যদি ভুল সমাধানদাতা মুজতাহিদ অপাৰগ হয় তেন্তে তাক তাৰ ইজতেহাদৰ কাৰণে প্রতিদান দিয়া হ’ব কিন্তু যিয়ে তাৰ এই ভুল সম্পর্কে অৱগত হ’ব তাৰ বাবে এইটো গ্রহণ কৰা জায়েয নহয়।

এইদৰে ফতোৱা প্ৰদানকাৰী প্ৰতিজন ব্যক্তিয়ে ইখলাচ তথা নিৰ্ভেজালভাৱে নিয়ত পোষণ কৰা উচিত, নতুন কোনো বিষয় সন্মুখত আহিলে আল্লাহৰ ওচৰত সহায় প্রাৰ্থনা কৰিব লাগে আৰু তেওঁৰ ওচৰত সঠিক সিদ্ধান্তৰ বাবে সহায় আৰু তাওফীক কামনা কৰিব লাগে।

এইদৰে অনিবাৰ্যৰূপে কোৰআন আৰু ছুন্নাহ’ৰ ওপৰত ভৰসা কৰা উচিত, অধ্যায়ন কৰা উচিত আৰু গৱেষণা কৰা উচিত, লগতে বিজ্ঞ আলিমসকলৰ গৱেষণাবোৰৰ ওপৰতো দৃষ্টি ৰখা উচিত যাতে কোৰআন আৰু হাদীছ বুজি পোৱাত সহায়ক হয়।

কেতিয়াবা এনেকুৱাও হয় যে, কোনো এটা নতুন মাছআলা সন্মুখত আহিলে ওলামাসকলৰ অভিমত সন্ধান কৰা হয় আৰু সেই বিষয়ে সন্তোষজনক কোনো দিশ-নিৰ্দেশনা পোৱা নাযায়, আকৌ কেতিয়াবা সেই বিষয়ে একোৱেই পোৱা নাযায়। কিন্তু যেতিয়া কোৰআন আৰু হাদীছৰ ফালে প্রত্যাৱর্তন কৰা হয় তেতিয়া মাছআলাৰ সমাধান আৰু বিধান স্পষ্ট হৈ পৰে। দৰাচলতে এইটো মানুহৰ ইখলাচ, ইল্ম আৰু সঠিক অনুভূতিৰ ভিত্তিতহে লাভ হয়।

ফতোৱা প্ৰদানকাৰী ব্যক্তিয়ে কোনো ধৰণৰ কঠিন মাছআলাৰ সন্মুখীন হ’লে উত্তৰ প্ৰদানত খৰধৰ কৰা মুঠেও উচিত নহয়, বৰং গাম্ভীৰ্যতাৰ সৈতে ভাবি-চিন্তি উত্তৰ দিয়া উচিত। কিয়নো বহুতো ক্ষেত্রত দেখা যায় যে, খৰধৰকৈ দিয়া উত্তৰটো গভীৰভাৱে চিন্তা-ভাৱনা কৰাৰ পিছত ভুল বুলি প্রমাণিত হয়, যাৰ ফলত উত্তৰদাতা লজ্জিত হ’বলগীয়া হয়, আনকি কেতিয়াবা এই ভুলৰ ক্ষতিপূৰণ কৰাটোও সম্ভৱ নহয়।

এতেকে ফতোৱা প্ৰদানকাৰীৰ বিষয়ে মানুহে যেতিয়া গম পাব যে, তেওঁ চিন্তা-ভাৱনা কৰি গাম্ভীৰ্যতাৰ সৈতে উত্তৰ দিয়ে, তেতিয়া মানুহে তেওঁৰ ওপৰত ভৰসা ৰাখিব তথা বিশ্বাস কৰিব। আনহাতে যিয়ে ফতোৱা প্ৰদানত খৰধৰ কৰে, যিহেতু খৰধৰকৈ দিয়া ফতোৱা অধিকাংশ সময়তে ভুল হয়, সেয়ে মানুহে তাৰ কথাক বিশ্বাস নকৰিব। এই ধৰণৰ দ্রুতগামীতা আৰু ভুলৰ কাৰণে তাৰ জ্ঞান প্রদীপৰ পোহৰৰ পৰা সি নিজে বঞ্চিত হ’ব আৰু আনকো বঞ্চিত কৰিব।

অৱশেষত মহান আল্লাহৰ ওচৰত প্রার্থনা কৰিছোঁ, তেওঁ যেন আমাক আৰু আমাৰ মুছলিম ভাতৃসকলক সৰল তথা সঠিক পথৰ সন্ধান দিয়ে, আমাৰ প্ৰতি অনুগ্রহ কৰি আমাক সুপথে পৰিচালিত কৰে, লগতে পদস্খলনৰ পৰা আমাক ৰক্ষা কৰে। তেৱেঁই অসীম দাতা আৰু পৰম দয়ালু। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু সকলো চাহাবীৰ ওপৰত। যাৱতীয় প্ৰশংসা সেই মহান আল্লাহৰ যাৰ কৃপাত সৎকৰ্মসমূহ সম্পূৰ্ণ হয়।

আল্লাহৰ মুখাপেক্ষী বান্দাৰ কলমৰ দ্বাৰা সমাপ্ত হ'ল।

মুহাম্মদ আচ-ছলেহ আল-উছাইমীন

জুমাৰ দিনা আগবেলি সম্পন্ন হৈছে

১৪ শ্বাবান ১৩৯২ হিজৰী।

*


 বিষয়বস্তু

নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান.. 1

প্ৰথম অধ্যায়: হায়েজৰ অৰ্থ আৰু ইয়াৰ হিকমত বা সৃষ্টিৰ ৰহস্য।  5

দ্বিতীয় অধ্যায়: হায়েজৰ বয়স আৰু ইয়াৰ সময়-সীমা।. 6

তৃতীয় অধ্যায়: অনিয়মীয়া হায়েজ সংক্রান্তীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়াৱলী।  14

চতুৰ্থ অধ্যায়: হায়েজৰ বিধি-বিধান।. 18

পঞ্চম পৰিচ্ছেদঃ ইস্তেহাজা আৰু ইয়াৰ বিধানসমূহ.. 33

ষষ্ঠ পৰিচ্ছেদঃ নিফাছ আৰু ইয়াৰ বিধি-বিধান.. 40

সপ্তম অধ্যায়: হায়েজ প্রতিৰোধক অথবা সঞ্চালক আৰু জন্ম নিয়ন্ত্রণকাৰী নাইবা গৰ্ভপাতকাৰী ঔষধ ব্যৱহাৰ কৰাৰ চৰীয়তি বিধান।. 45