আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা ()

 

|

 আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বীদাহ

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

 ভূমিকা

সকলো প্রশংসা গোটেই জগতৰ প্ৰভু আল্লাহৰ বাবে। শুভ পৰিণতি মুত্তাকীসকলৰ বাবে । আৰু শাস্তি হৈছে অন্যায়কাৰী সকলৰ বাবে । মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই । তেওঁ সুস্পষ্ট প্রকৃত অধিপতি। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দাহ আৰু তেওঁৰ ৰাছুল। তেওঁ সৰ্বশেষ নবী। আৰু মুত্তাকি [আল্লাহভীৰু] সকলৰ ইমাম [নেতা]। আল্লাহে কৰুণা বৰ্ষণ কৰক তেওঁৰ প্রতি। আৰু তেওঁৰ বংশধৰ সকলৰ প্রতি। আৰু তেওঁৰ ছাহাবী সকলৰ প্রতি লগতে নিষ্ঠাৰ সৈতে যি সকলে কিয়ামত পৰ্যন্ত তেওঁলোকৰ অনুসৰণ কৰিব তেওঁলোকৰ প্রতি।

আল্লাহ তা‘আলা তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক হিদায়ত আৰু প্ৰকৃত দ্বীনৰ সৈতে গোটেই বিশ্ববাসীৰ বাবে ৰহমত আৰু আমলকাৰী সকলৰ বাবে মহান আদৰ্শ হিচাপে আৰু সকলো বান্দাহৰ প্ৰতি প্রমাণ স্থাপনকাৰী হিচাপে প্ৰেৰণ কৰিছে।

আল্লাহ তা‘আলা, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ওপৰত যি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে তাৰ দ্বাৰা এনে ধৰণৰ সকলো বিষয় বৰ্ণনা কৰি দিছে য’ত নিহিত আছে বান্দাহৰ অপৰিসীম কল্যাণ। আৰু তাত আছে দ্বীন আৰু দুনিয়াৰ সৰ্বাৱস্থাতে ছহীহ আকীদাৰ ওপৰত দৃঢ়তা আৰু স্হিতিশীলতা, নিৰ্ভেজাল কৰ্ম, উন্নত চৰিত্র আৰু মহৎ শিষ্টাচাৰ লাভৰ অমূল্য উৎস। সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ উম্মতক এনে এক সুস্পষ্ট আদৰ্শৰ ওপৰত এৰি থৈ গৈছে যাৰ ৰাতিও দিনৰ দৰে উজ্জল। এই আদৰ্শৰ পৰা কেৱল সেই ব্যক্তিই বিভ্ৰান্ত হ’ব যিয়ে নিজেই ধ্বংস হ’ব বিছাৰে।

গতিকে ছাহাবায়ে কেৰাম আৰু তাবেয়ীন সকলৰ দৰে সৃষ্টিৰ উত্তম ব্যক্তি সকলে লগতে যি সকলে এওঁলোকক নিষ্ঠাৰ সৈতে অনুসৰণ কৰিছে তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বান গ্ৰহণ কৰি উক্ত পথ অৱলম্বন কৰি তেওঁৰ উম্মত হৈছে। তেওঁলোকে তেওঁৰ চৰিয়তক প্রতিষ্ঠিত কৰিছে। তেওঁলোকে আকীদা, ইবাদত, চৰিত্র ও শিষ্টাচাৰৰ ক্ষেত্রত তেওঁৰ ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰিছে। ইয়াৰ ফলত তেওঁলোকে এনে দলত পৰিগণিত হৈছে যিসকল অব্যাহত ভাৱে সত্যৰ ওপৰত প্রতিষ্ঠিত। কোনো অপমানকাৰীৰ অপমান অথবা কোনো বিৰোধিতাকাৰীৰ বিৰোধিতায় সিহঁতক কোনো ক্ষতি কৰিব নোৱাৰে। এইদৰে সিহঁত আল্লাহ তাআলাৰ পৰা চুড়ান্ত নিৰ্দেশ নাহা লৈকে সত্যৰ ওপৰত অবিচল থাকিব।

আল্লাহ তা‘আলাৰ অপৰিসীম প্রশংসা এই বাবে যে, আমি তেওঁলোকৰে খোজ অনুসৰণ কৰি আগবাঢ়িছোঁ। তেওঁলোকৰ কোৰআন আৰু ছুন্নত সমৰ্থিত পোন পথৰ জৰিয়তে আমি সঠিক পথ-নিৰ্দেশনা লাভ কৰিছোঁ। আল্লাহৰ আপৰিসীম নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে আৰু প্রতিজন মুমিনৰ বাবে যি পথ অৱলম্বন কৰা অপৰিহাৰ্য বৰ্ণনা কৰাৰ বাবে আমাৰ এই নিবেদন।

আৰু আমি আল্লাহ তা‘আলাৰ ওচৰত প্রাৰ্থনা কৰিছোঁ, তেওঁ যেন আমাক আৰু আমাৰ মুছলিম ভাতৃসকলক প্রতিষ্ঠিত কৰাৰ লগতে দুনিয়া আৰু আখিৰাতৰ জীৱনত দৃঢ়তা আৰু স্থিতিশীলতা দান কৰে। আৰু আমাক যেন তেওঁৰ অনুগ্ৰহ প্ৰদান কৰে। প্ৰকৃততে তেওঁৱেই হৈছে প্ৰদানকাৰী।

বিষয়টোৰ গুৰুত্ব আৰু মানুহৰ মাজত এই বিষয়ে বিভিন্ন মত-পাৰ্থক্যৰ কাৰণে অতি সংক্ষেপে আমাৰ আক্বীদা বা আহলে ছুন্নত ওৱাল জামা‘আতৰ আক্বীদাৰ ওপৰত এষাৰ লিখিবলৈ প্ৰয়াস কৰিছোঁ। আৰু সেয়া হৈছে: আল্লাহ তা‘আলাৰ প্ৰতি তেওঁৰ ফিৰিস্তা সকলৰ প্ৰতি, ঐশী পুথিসমূহৰ প্ৰতি, তেওঁৰ ৰাছুল সকলৰ প্ৰতি, আৰু ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস স্হাপন কৰা।

মহান আল্লাহ ৰাব্বুল আলামীনৰ ওচৰত প্রাৰ্থনা কৰিছোঁ তেওঁ যেন এই ক্ষুদ্র প্রয়াসক তেওঁৰ সন্তুষ্টিৰ বাবে গ্রহণ কৰে। আৰু মানুহৰ বাবে যাতে ইয়াক কল্যাণকৰ আৰু উপকাৰী বনায়।

 আমাৰ আক্বীদা

আল্লাহৰ প্রতি ঈমান:

আমাৰ আক্বীদা হৈছে: আল্লাহ তা‘আলা, তেওঁৰ সকলো ফিৰিস্তা, ঐশী পুথি সমূহ, ৰাছুল সকল, পৰকাল, আৰু ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্রতি দৃঢ় বিশ্বাস পোষণ কৰা।

 আল্লাহৰ ৰুবুবিয়্যাত (প্ৰভূত্ব)

আমি আল্লাহ তা‘আলাৰ ৰুবুবিয়্যাতত বা প্ৰভূত্বত বিশ্বাস পোষণ কৰোঁ। অৰ্থাৎ, তেওঁৱেই ৰব; খালিক [সৃষ্টিকৰ্তা] বাদশ্বাহ, সকলো কামৰ মহানিয়ন্ত্রক।

 আল্লাহৰ উলুহিয়্যাত

আমি আল্লাহ তা‘আলাৰ উলুহিয়্যাতত ঈমান পোষণ কৰোঁ। ইয়াৰ অৰ্থ হৈছে, তেৱেঁই সত্য ইলাহ। তেওঁ ব্যতীত সকলো উপাস্য বাতিল আৰু অসত্য।

 আল্লাহৰ নাম ও ছিফাত বা গুণৱালী

আমি আল্লাহ তা‘আলাৰ সকলো পৱিত্র নাম আৰু ছিফাতৰ ওপৰত বিশ্বাস পোষণ কৰোঁ। অৰ্থাৎ তেওঁৰ বহুতো পৱিত্র নাম আৰু উন্নত ও পৰিপূৰ্ণ ছিফাত বা গুণাৱলী আছে।

 আল্লাহৰ একত্ববাদ

আৰু আমি বিশ্বাস পোষন কৰোঁ আল্লাহ তা‘আলাৰ ওৱাহদানিয়্যাতত বা একত্ববাদত। ইয়াৰ অৰ্থ হৈছে তেওঁৰ ৰুবুবিয়্যাত, উলুহিয়্যাত আৰু তেওঁৰ যিমান পৱিত্র নাম আৰু ছিফাত আছে তাত কোনো অংশীদাৰ নাই।

আল্লাহ তা‘আলা কৈছে:

﴿رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَٱعْبُدْهُ وَٱصْطَبِرْ لِعِبَٰدَتِهِۦۚ هَلْ تَعْلَمُ لَهُۥ سَمِيّٗا ٦٥﴾ [مريم:65]

[আল্লাহ] “আকাশ আৰু পৃথিৱী আৰু এই দু’টাৰ মাজত যি আছে সেই সকলোৰে তেওঁ ৰব (প্ৰভূ)। এতেকে তুমি তেওঁৰেই ইবাদত কৰা আৰু ইবাদতৰ ক্ষেত্ৰত ধৈৰ্যৰ মাধ্যমত অবিচল থকা। তেওঁৰ সমতুল্য কোনো সত্তা আছে বুলি তুমি জানানে?” [ছুৰা মাৰিয়ম: ৬৫]

 আল্লাহৰ জ্ঞান, সাম্ৰাজ্য আৰু ক্ষমতা

আমি আৰু বিশ্বাস কৰোঁ যে,

﴿ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَ‍ُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ ٢٥٥﴾ [البقرة:255]

“আল্লাহ সেইজনেই, যিজনৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰজীৱী আৰু চিৰ বিৰাজমান শাশ্বত সত্তা, তেওঁক টোপনি আৰু কলাঘূমটি একোৱে নধৰে। আকাশ আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। আল্লাহৰ দৰবাৰত বিনানুমতিত ওকালতি কৰিব পৰা কোন আছে?মানুহৰ সন্মুখত যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোবোৰ আল্লাহে জানে। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই সিহঁতে আয়ত্তাধীন কৰিব নোৱাৰে। অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই কাৰোবাক জনাব বিচাৰে (সেয়া সুকিয়া কথা)। তেওঁৰ কুৰছী সমগ্র আকাশ আৰু পৃথিৱীক আৱৰী আছে। (আকাশ আৰু পৃথিৱী) উভয়ৰ ৰক্ষণাবেক্ষণে তেওঁক কেতিয়াও ক্লান্ত কৰিব নোৱাৰে। তেওঁ সৰ্বোচ্চ অতি মহান”[ছুৰা আল-বাকাৰাহ: ২৫৫]

আমি আৰু বিশ্বাস কৰোঁ­—

﴿هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۖ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِۖ هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ ٢٢ هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡمَلِكُ ٱلۡقُدُّوسُ ٱلسَّلَٰمُ ٱلۡمُؤۡمِنُ ٱلۡمُهَيۡمِنُ ٱلۡعَزِيزُ ٱلۡجَبَّارُ ٱلۡمُتَكَبِّرُۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يُشۡرِكُونَ ٢٣ هُوَ ٱللَّهُ ٱلۡخَٰلِقُ ٱلۡبَارِئُ ٱلۡمُصَوِّرُۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰۚ يُسَبِّحُ لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٤﴾ [الحشر : 22-24]

“ আল্লাহ সেইজন, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গোপন আৰু প্রকাশ্য সকলো তেওঁ জানে। তেওঁ ৰহমান (পৰম কৰুণাময়) আৰু ৰহীম (পৰম দয়ালু)। তেৱেঁই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। বাদশ্বাহ (গৰাকী)। অতি পৱিত্র। শান্তিৰ ধাৰক। নিৰাপত্তাৰ আঁধাৰ। ৰক্ষণাবেক্ষণকাৰী। তেওঁ পৰাক্রমশালী, সর্বজয়ী, মহাশক্তিধৰ আৰু নিজ মহত্ব গ্রহণকাৰী। মুশ্বৰিক সকলৰ শ্বিৰ্কৰ পৰা আল্লাহ সম্পূৰ্ণ পৱিত্র। তেৱেঁই আল্লাহ যিজন সৃষ্টিকৰ্তা, পৰিকল্পনাকাৰী, আকাৰ আকৃতি ৰচনাকাৰী। তেওঁৰ বহুতো সুন্দৰ আৰু ধুনিয়া নাম আছে। আকাশ আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ প্ৰশংসা কৰে। তেওঁ অতি পৰাক্রমশালী, প্রজ্ঞাময়।” [হাছৰ : ২২-২৪]

আমি বিশ্বাস কৰোঁ যে, আকাশ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্র আল্লাহৰ।

﴿يَخۡلُقُ مَا يَشَآءُۚ يَهَبُ لِمَن يَشَآءُ إِنَٰثٗا وَيَهَبُ لِمَن يَشَآءُ ٱلذُّكُورَ ٤٩ أَوۡ يُزَوِّجُهُمۡ ذُكۡرَانٗا وَإِنَٰثٗاۖ وَيَجۡعَلُ مَن يَشَآءُ عَقِيمًاۚ إِنَّهُۥ عَلِيمٞ قَدِيرٞ ٥٠﴾ [الشورى: 49-50]

“তেওঁ যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। যাক ইচ্ছা কৰে কন্যা-সন্তান প্ৰদান কৰে, যাক ইচ্ছা কৰে পুত্র-সন্তান প্ৰদান কৰে। আকৌ যাক ইচ্ছা কৰে পুত্র-কন্যা উভয় সন্তানেই দান কৰে। আৰু যাক ইচ্ছা বন্ধ্যা কৰি দিয়ে। তেওঁ সৰ্বজ্ঞানী আৰু সকলো বিষয়ে ক্ষমতাবান।” [শুৰা : ৪৯-৫০]

আমি বিশ্বাস কৰোঁ যে,

﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١ لَهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّهُۥ بِكُلِّ شَيۡءٍ عَلِيمٞ ١٢ ﴾ [الشورى: 11-12]

“একোৱে তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। আকাশমণ্ডল আৰু পৃথিৱীৰ (সকলো ধনভাণ্ডাৰৰ) চাবি তেওঁৰ ওচৰতেই। তেওঁ যাক ইচ্ছা কৰে প্রচুৰ জীৱিকা দান কৰে, আৰু যাক ইচ্ছা কৰে সীমিত প্ৰদান কৰে। তেওঁ সকলো বিষয়ে শ্ৰেষ্ট জ্ঞানী।” [শুৰা : ১১-১২]

 আল্লাহ জীৱিকা প্ৰদানকাৰী

আমি আৰু বিশ্বাস কৰোঁ যে,

﴿وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ إِلَّا عَلَى ٱللَّهِ رِزۡقُهَا وَيَعۡلَمُ مُسۡتَقَرَّهَا وَمُسۡتَوۡدَعَهَاۚ كُلّٞ فِي كِتَٰبٖ مُّبِينٖ ٦ ﴾ [هود: 6]

“পৃথিৱীত বিচৰণকাৰী এনে কোনো জীৱ নাই, যাৰ জীৱিকা ব্যৱস্থা আল্লাহৰ ওপৰত নহয় আৰু তেওঁ সিহঁতৰ স্থায়ী অস্থায়ী ঠিকনা সম্পৰ্কে অৱহিত। এইবোৰ এক সুস্পষ্ট কিতাপত লিপিবদ্ধ আছে।” [হুদ : ৬]

 আল্লাহ তাআলা অদৃশ্য জ্ঞানৰ অধিকাৰী

আমি আৰু বিশ্বাস কৰো যে,

﴿وَعِندَهُۥ مَفَاتِحُ ٱلۡغَيۡبِ لَا يَعۡلَمُهَآ إِلَّا هُوَۚ وَيَعۡلَمُ مَا فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۚ وَمَا تَسۡقُطُ مِن وَرَقَةٍ إِلَّا يَعۡلَمُهَا وَلَا حَبَّةٖ فِي ظُلُمَٰتِ ٱلۡأَرۡضِ وَلَا رَطۡبٖ وَلَا يَابِسٍ إِلَّا فِي كِتَٰبٖ مُّبِينٖ ٥٩ ﴾ [الأنعام:59]

“অদৃশ্যৰ সকলো চাবিকাঠি তেওঁৰ ওচৰতেই। তেওঁৰ বাহিৰে আন কোনোৱে সেয়া নাজানে। স্থল আৰু জল ভাগত যি আছে সেই সকলো তেওঁ জানে। গছৰ এনে কোনো পাত নাই যিটো সৰি পৰে আৰু তেওঁ নাজানে। আৰু নাই কোনো শস্য-কণাও মাটিৰ অন্ধকাৰত আৰু নাই কোনো সতেজ বস্তু অথবা শুকান বস্তু (যিটো তেওঁ নাজানে। এই সকলোবোৰ) কিন্তু (লিপিবদ্ধ) আছে সুস্পষ্ট কিতাবত।” [আন‘আম : ৫৯]

আমি আৰু বিশ্বাস কৰো যে,

﴿ إِنَّ ٱللَّهَ عِندَهُۥ عِلۡمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلۡغَيۡثَ وَيَعۡلَمُ مَا فِي ٱلۡأَرۡحَامِۖ وَمَا تَدۡرِي نَفۡسٞ مَّاذَا تَكۡسِبُ غَدٗاۖ وَمَا تَدۡرِي نَفۡسُۢ بِأَيِّ أَرۡضٖ تَمُوتُۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرُۢ ٣٤ ﴾ [لقمان: 34]

“কিয়ামতৰ সঠিক জ্ঞান আল্লাহৰ ওচৰতেই। তেৱেঁই বৰষূণ বৰ্ষায়। তেৱেঁই জানে গৰ্ভত কি আছে। কোনোৱে নাজানে অহা কালি তেওঁ কি উপাৰ্জন কৰিব। আৰু কোনোৱে নাজানে কোন ঠাইত তাৰ মৃত্যু হব। নিশ্চয় আল্লাহ সকলো বিষয়ে জানে আৰু সৰ্ব বিষয়ে অৱগত।” [লোকমান : ৩৪]

 আল্লাহ তাআলা কথা কয়

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা নিজ ইচ্ছানুযায়ী কথা কয়, যেতিয়া বিচাৰে আৰু যেনেকৈ বিচাৰে।

﴿ وَكَلَّمَ ٱللَّهُ مُوسَىٰ تَكۡلِيمٗا ١٦٤﴾ [النساء: 164]

“আৰু আল্লাহে মূছাৰ লগত পাতিছিল কথা-বতৰা।” [নিছা : ১৬৪]

﴿وَلَمَّا جَآءَ مُوسَىٰ لِمِيقَٰتِنَا وَكَلَّمَهُۥ رَبُّهُۥ﴾ [الأعراف: 143]

“আৰু যেতিয়া মূছা আমাৰ নিৰ্দিষ্ট সময়ত আহি পালে আৰু তেওঁৰ প্ৰভূৱে তেওঁৰ লগত কথা পাতিলে”[আ‘ৰাফ : ১৪৩]

﴿وَنَٰدَيۡنَٰهُ مِن جَانِبِ ٱلطُّورِ ٱلۡأَيۡمَنِ وَقَرَّبۡنَٰهُ نَجِيّٗا ٥٢[مريم: 52]

“আমি মূছাক তুৰ [পৰ্বত]ৰ সোঁ ফালৰ পৰা মাত দিলোঁ আৰু গোপন কথা বাৰ্তাৰ দ্বাৰা তেওঁক নৈকট্য প্ৰদান কৰিলোঁ।” [মৰিয়ম: ৫২]

আমি এই কথাত বিশ্বাসী যে,

﴿قُل لَّوۡ كَانَ ٱلۡبَحۡرُ مِدَادٗا لِّكَلِمَٰتِ رَبِّي لَنَفِدَ ٱلۡبَحۡرُ قَبۡلَ أَن تَنفَدَ كَلِمَٰتُ رَبِّي﴾ [الكهف: 109]

“কোৱা-সাগৰ সমূহ যদি মোৰ প্ৰভূৰ কথাসমূহ লিখাৰ বাবে চিঁয়াহী হলেহেঁতেন তেনেহলে মোৰ প্ৰভূৰ কথা শেষ হোৱাৰ আগতেই চিঁয়াহী শেষ হলেহেঁতেন।” [কাহ্‌ফ : ১০৯]

﴿وَلَوۡ أَنَّمَا فِي ٱلۡأَرۡضِ مِن شَجَرَةٍ أَقۡلَٰمٞ وَٱلۡبَحۡرُ يَمُدُّهُۥ مِنۢ بَعۡدِهِۦ سَبۡعَةُ أَبۡحُرٖ مَّا نَفِدَتۡ كَلِمَٰتُ ٱللَّهِۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٢٧﴾ [لقمان: 27]

“পৃথিৱীত যিমান গছ আছে, সেই সকলো যদি কলম হলেহেঁতেন, আৰু সাগৰ লগতে আৰু সাতখন সাগৰে ইয়াক চিঁয়াহী সৰবৰাহ কৰিলেহেঁতেন, তথাপিও আল্লাহৰ কথাবোৰ শেষ নহব। নিশ্চয় আল্লাহ পৰাক্রমশালী, প্রজ্ঞাময়।” [লোকমান: ২৭]

আমি বিশ্বাস কৰোঁ যে, সিদ্ধান্ত বা কোনো খবৰ প্ৰদানৰ ক্ষেত্ৰত আল্লাহৰ কথাই হৈছে আটাইতকৈ বেছি সত্য ও সঠিক আৰু পূৰ্ণতাৰ দাবিদাৰ। হুকুম আহকাম (আদেশ নিৰ্দেশ)ৰ ক্ষেত্রত আটাইতকৈ বেছি ন্যায়ভিত্তিক আৰু ইনছাফপূৰ্ণ। বৰ্ণনাৰ ফালেৰে আটাইতকৈ বেছি সুন্দৰ। আল্লাহ তা‘আলা কৈছে:

﴿وَتَمَّتۡ كَلِمَتُ رَبِّكَ صِدۡقٗا وَعَدۡلٗاۚ﴾ [الأنعام: 115]

“তোমাৰ প্ৰভূৰ কথা সত্যতা আৰু ন্যায়ৰ ফালেৰে পূৰ্ণতা লাভ কৰিছে।” [আন‘আম : ১১৫]

﴿وَمَنۡ أَصۡدَقُ مِنَ ٱللَّهِ حَدِيثٗا ٨٧﴾ [النساء: 87]

“প্ৰকৃততে আল্লাহৰ কথাতকৈ অধিক সত্য কথা আৰু কাৰ হ’ব পাৰে?” [নিছা : ৮৭]

 কোৰআন আল্লাহৰ কালাম বা কথা

আমি আৰু বিশ্বাস কৰোঁ যে, কোৰআনে কাৰীম হৈছে আল্লাহ তা‘আলাৰ পৱিত্র বাণী(কালাম)। ইয়াত তেওঁ সত্য কথা কৈছে আৰু জিব্ৰীল [আলাইহিছ ছালাম]ক সেইটো অৰ্পণ কৰিছে। আৰু জিব্ৰীল [আলাইহিছ ছালাম] সেই অৰ্পিত কথাসমূহ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰত অৱতীৰ্ণ কৰিছে।

﴿ قُلۡ نَزَّلَهُۥ رُوحُ ٱلۡقُدُسِ مِن رَّبِّكَ بِٱلۡحَقِّ ﴾ [النحل: 102]

(হে মুহাম্মাদ! ইহঁতক) কোৱা, ইয়াক (কোৰআনক) ‘ৰুহুল কুদুছ’ [জিব্ৰীল] যথাযথভাৱে তোমাৰ প্ৰভূৰ পৰা ক্রমাগতভাৱে নাযিল কৰিছে।” [নাহল : ১০২]

﴿وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلۡعَٰلَمِينَ ١٩٢ نَزَلَ بِهِ ٱلرُّوحُ ٱلۡأَمِينُ ١٩٣ عَلَىٰ قَلۡبِكَ لِتَكُونَ مِنَ ٱلۡمُنذِرِينَ ١٩٤ بِلِسَانٍ عَرَبِيّٖ مُّبِينٖ ١٩٥﴾ [الشعراء: 192-195]

“এই [কোৰআন] আল্লাহ ৰাব্বুল আলামীনৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছে। ইয়াকলৈ আমানতদাৰ ‘ৰুহ’ তোমাৰ অন্তৰত অৱতৰণ কৰিছে। যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভূক্ত হ’ব পাৰা। স্পষ্ট আৰবী ভাষাত” [শু‘আৰা : ১৯২-১৯৫]

 আল্লাহ আটাইতকৈ ওপৰত

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা নিজ “জাত আৰু ছিফাত” [সত্তা আৰু গুণাৱলী]ৰ সৈতে সমগ্র সৃষ্টিৰ ওপৰত আছে।

এই বিষয়ে আল্লাহ তা‘আলা কৈছে:

﴿وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ ٢٥٥﴾ [البقرة: 255]

“আৰু তেওঁ সৰ্বোচ্চ ও মহান সত্তা।” [বাকাৰা ; ২৫৫]

আৰু কৈছে

﴿ وَهُوَ ٱلۡقَاهِرُ فَوۡقَ عِبَادِهِۦۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ ١٨ ﴾ [الأنعام: 18]

“তেওঁ তেওঁৰ বান্দাহসকলৰ ওপৰত পৰম ক্ষমতাশীল।আৰু তেওঁ চিৰজ্ঞানী সৰ্ব বিষয়ে অৱগত।” [আন‘আম: ১৮]

 সকলো আল্লাহৰেই সৃষ্টি

আমি বিশ্বাস কৰোঁ যে,

﴿خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُدَبِّرُ ٱلۡأَمۡرَۖ﴾ [يونس: 3]

“তেওঁ আকাশ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত মহা সিংহাসনত বিৰাজমান হৈছে। তেওঁ যাৱতীয় বিষয়াদি নিয়ন্ত্রণ কৰে।” [ইউনুছ: ৩]

আল্লাহ তা‘আলা মহাসিংহাসনত বিৰাজমান হোৱাৰ অৰ্থ হৈছে তেওঁ তাৰ ওপৰত স্ব-সত্তায় বিশেষভাৱে বিৰাজমান। যেনেকৈ তেওঁৰ মহত্ব আৰু মহিমাৰ বাবে শোভনীয় ঠিক তেনেকৈ তেওঁ বিৰাজমান। ইয়াৰ অৱস্থা, ধৰণ, গঠন, ৰূপৰেখা আল্লাহ বাহিৰে আন কোনোৱে নাজানে।

আমি বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা তেওঁৰ সৃষ্টিৰ লগত, যদিও প্ৰকৃততে তেওঁ নিজ সিংহাসনৰ ওপৰত। ( লগত থকাৰ অৰ্থ এইটো নহয় যে, তেওঁ সিহঁতৰ লগত লাগি আছে বা মিহলি আছে বৰং তেওঁ আৰছত বিৰাজমান।) তেওঁ সৃষ্টিৰ সকলো অৱস্থা সম্পৰ্কে জ্ঞাত। তেওঁ সিহঁতৰ কথা শুনে। সিহঁতৰ কাৰ্যকলাপ দেখে। সিহঁতৰ কাৰ্যক্রম পৰিচালনা কৰে। দুখিয়াক জীৱিকা দান কৰে। নি:স্ব আৰু অভাৱী ব্যক্তিৰ অভাৱ পূৰণ কৰে। যাক ইচ্ছা ৰাজত্ব প্ৰদান কৰে। আৰু যাক ইচ্ছা ৰাজত্বৰ পৰা বহিস্কাৰ কৰে। আৰু যাক ইচ্ছা সম্মানিত কৰে। আৰু যাক ইচ্ছা অপমাণিত কৰে। তেওঁৰ হাততেই সকলো কল্যাণ নিহিত। সকলো বস্তুৰ ওপৰতেই তেওঁ ক্ষমতাবান। যাৰ ইমান মৰ্যাদা, তেওঁ নিশ্চয় তেওঁৰ সৃষ্টিৰ লগত আছে। যদিও তেওঁ প্রকৃতপক্ষত সৃষ্টিৰ ওপৰত আৰছৰ ওপৰত বিৰাজমান।

﴿ لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]

“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]

জাহমীয়্যা সম্প্ৰদায়ৰ হুলুলিয়া[1] আৰু আন আন সম্প্রদায়ৰ দৰে আমি এই কথা নকওঁ যে, আল্লাহ তা‘আলা তেওঁৰ সৃষ্টিৰ লগত এই পৃথিৱীত বিৰাজ কৰি আছে।

এওঁলোকৰ বিষয়ে আমাৰ ধাৰণা যিহঁতে এইধৰণৰ কথা কয় সিহঁত কাফিৰ অথবা পথভ্রষ্ট। কাৰণ আল্লাহৰ মৰ্যাদাত যিটো অশোভনীয় আৰু অবমাননাকৰ সিহঁতে সেইটোৱেই বিশেষিত কৰে।

 আল্লাহ তাআলা পৃথিৱীৰ আকাশত অৱতৰণ কৰে

আমি আৰু বিশ্বাস কৰোঁ, যিটো ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহ তা‘আলা সম্পৰ্কে আমাক খবৰ বা তথ্য জনাইছে যে, আল্লাহ তা‘আলা প্রত্যেক ৰাতিৰ এক তৃতীয়াংশ বাকী থাকোঁতে পৃথিৱীৰ আকাশত অৱতৰণ কৰে।আৰু [পৃথিৱী বাসীক উদ্দেশ্য কৰি] কয়:

 " من يدعوني فأستجيب له, من يسألني فأعطيه, من يستغفرني فأغفر له"

কোনোবা আছেনে যিয়ে মোক মাতিব মই তাৰ উত্তৰ দিম? কোনোবা আছেনে যিয়ে মোৰ ওচৰত প্ৰাৰ্থনা কৰিব মই তাক প্ৰদান কৰিম? কোনোবা আছেনে যিয়ে মোৰ ওচৰত ক্ষমা বিচাৰিব মই তাক ক্ষমা কৰিম? [মুআত্তা ১/২১৪, বুখাৰী ৯/২৫,২৬, মুছলিম ১/৫২১]

 আল্লাহ তাআলা বিচাৰ কৰিব

আমি বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা নিৰ্ধাৰিত দিনত অৰ্থাৎ শেষ বিচাৰৰ দিনা বান্দাহসকলৰ মাজত বিচাৰ-ফয়চালা কৰাৰ বাবে আগমন কৰিব।

আল্লাহ তা‘আলা কৈছে:

﴿كَلَّآۖ إِذَا دُكَّتِ ٱلۡأَرۡضُ دَكّٗا دَكّٗا ٢١ وَجَآءَ رَبُّكَ وَٱلۡمَلَكُ صَفّٗا صَفّٗا ٢٢ وَجِاْيٓءَ يَوۡمَئِذِۢ بِجَهَنَّمَۚ يَوۡمَئِذٖ يَتَذَكَّرُ ٱلۡإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكۡرَىٰ ٢٣﴾ [الفجر: 21-23]

“কেতিয়াও নহয়, পৃথিৱীক যেতিয়া চুৰ্ণ-বিচুৰ্ণ কৰি দিয়া হ’ব আৰু তোমাৰ ৰব আগমন কৰিব, আৰু ফিৰিস্তাসকল শাৰীবদ্ধ অৱস্থাত থাকিব, জাহান্নামক সেইদিনা হাজিৰ কৰা হ’ব। সেইদিনা মানুহে স্মৰণ কৰিব। কিন্তু এই স্মৰণ তাৰ কোন কামত সহায় কৰিব?।” [ফজৰ : ২১ -২৩]

 আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা

﴿ فَعَّالٞ لِّمَا يُرِيدُ ١٦﴾ [البروج: 16]

[আল্লাহ] যিটো ইচ্ছা কৰে সেইটো সম্পন্ন কৰে।” [বুৰুজ: ১৬]

 আল্লাহৰ ইচ্ছা দুই ধৰণৰ

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ ইচ্ছা দুই প্ৰকাৰ: ১। কাউনিয়্যাহ ২। শ্বাৰইয়্যাহ

১। কাউনিয়্যাহ : এই ধৰণৰ ইচ্ছাৰ দ্বাৰা আল্লাহ তা‘আলাৰ ইচ্ছাকৃত বস্তুটো সম্পন্ন হয়। কিন্তু বস্তুটো আল্লাহৰ ওচৰত পছন্দনীয় হোৱাটো জৰুৰী নহয়। আৰু ইয়াৰ দ্বাৰাই আল্লাহৰ ‘মাশ্বিয়াত’ বা ইচ্ছা বুজোৱা হয়। যেনে আল্লাহ তা‘আলা কৈছে:

﴿ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ ٢٥٣﴾ [البقرة: 253]

“আল্লাহে ইচ্ছা কৰিলে সিহঁত পৰস্পৰে কাজিয়া কৰিব নোৱাৰিলেহেঁতেন -কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।” [বাকাৰা : ২৫৩]

২। শ্বাৰইয়্যাহ : এই ধৰণৰ ইচ্ছাৰ দ্বাৰা আল্লাহৰ ইচ্ছাকৃত বস্তুটো সম্পন্ন হোৱা অপৰিহাৰ্য নহয়। কিন্তু এই ক্ষেত্রত ইচ্ছাকৃত বস্তুটো বা বিষয়টো তেওঁৰ পছন্দনীয় হ’ব লাগিব। যেনে আল্লাহ তা‘আলা কৈছে:

﴿وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيۡكُمۡ﴾ [النساء: 27]

“আল্লাহে তোমালোকক ক্ষমা কৰিব বিচাৰে।” [নিছা : ২৭]

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ কাউনী আৰু শ্বৰঈ উভয় ইচ্ছা তেওঁৰ হিকমতৰ অধীন। আল্লাহ তা‘আলা নিজ কাউনী ইচ্ছানুযায়ী যি ফয়চালা কৰে অথবা শ্বৰঈ ইচ্ছানুযায়ী বান্দাহ [মাখলুকে] যি ইবাদত কৰে উভয় ক্ষেত্রতেই তেওঁৰ হিকমত নিহিত আছে। যদিও এই ক্ষেত্ৰত আল্লাহৰ হিকমতৰ কিবা আমি বুজিবলৈ সক্ষম হওঁ বা নহওঁ অথবা আমাৰ বিবেক-বুদ্ধি এই ক্ষেত্রত অক্ষম হলেও বিশ্বাস স্থাপন কৰা অপৰিহাৰ্য।

﴿أَلَيۡسَ ٱللَّهُ بِأَحۡكَمِ ٱلۡحَٰكِمِينَ ٨﴾ [التين: 8]

“আল্লাহ আটাইতকৈ ডাঙৰ হাকীম নহয়নে?” [তীন: ৮]

﴿ وَمَنۡ أَحۡسَنُ مِنَ ٱللَّهِ حُكۡمٗا لِّقَوۡمٖ يُوقِنُونَ ٥٠﴾ [المائدة: 50]

“যিহঁত আল্লাহৰ প্রতি দৃঢ় বিশ্বাসী সিহঁতৰ ওচৰত আল্লাহতকৈ উত্তম আদেশৰ অধীকাৰী আৰু কোন হ’ব পাৰে?” [মায়েদা: ৫০]

 আল্লাহৰ ভালপোৱা

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা তেওঁৰ অলিসকলক ভালপায়। সিহঁতেও আল্লাহক ভালপায়।

﴿ قُلۡ إِن كُنتُمۡ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِي يُحۡبِبۡكُمُ ٱللَّهُ﴾ [آل عمران: 31]

(হে নবী!) কোৱা, যদি তোমালোকে আল্লাহক ভালপোৱা, তেন্তে তোমালোকে মোৰ অনুসৰণ কৰা। তেনেহলে আল্লাহে তোমালোকক ভাল পাব।” [আল ইমৰান : ৩১]

﴿ فَسَوۡفَ يَأۡتِي ٱللَّهُ بِقَوۡمٖ يُحِبُّهُمۡ وَيُحِبُّونَهُۥٓ﴾ [المائدة: 54]

(তেন্তে আল্লাহে অনতিপলমে এনে এক জাতিৰ উত্থান ঘটাব যিহঁতক আল্লাহে ভাল পায় আৰু সিহঁতেও আল্লাহক ভাল পাব। [মায়েদা: ৫৪]

﴿وَٱللَّهُ يُحِبُّ ٱلصَّٰبِرِينَ ١٤٦﴾ [آل عمران: 146]

“আল্লাহে ধৈৰ্যশীল লোকক ভাল পায়।” [আল ইমৰান: ১৪৬]

﴿ وَأَقۡسِطُوٓاْۖ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُقۡسِطِينَ ٩﴾ [الحجرات: 9]

“তোমালোকে ইনছাফ(ন্যায়) কৰা। আল্লাহে ন্যায়পৰায়নকাৰী লোকসকলক (ইনছাফকাৰী সকলক) ভাল পায়” [হুজুৰাত : ৯]

﴿ وَأَحۡسِنُوٓاْۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٩٥﴾ [البقرة: 195]

“তোমালোক ভাল কাম কৰা। নিশ্চয় আল্লাহে মুহছিন বান্দা সকলক (মঙ্গলকাৰীক) ভাল পায়।” [বাকাৰা : ১৯৫]

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা যিবোৰ আমল আৰু কথাৰ নিৰ্দেশ দিছে তেওঁ সেইবোৰ পছন্দ কৰে; আৰু সেই সমূহ বস্তু তেওঁ নিষেধ কৰিছে যিবোৰক তেওঁ অপছন্দ কৰে ।

﴿إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ ﴾ [الزمر: 7]

“তোমালোকে যদি কুফৰী কৰা তেনেহলে [জানি থোৱা] আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ তাৰ বান্দাহ সকলৰ বাবে কুফৰী পছন্দ নকৰে। আৰু যদি তোমালোক কৃতজ্ঞতা প্ৰকাশ কৰা তেওঁ তোমালোকৰ বাবে এইটো (কৃতজ্ঞতা) পছন্দ কৰে।” [যুমাৰ : ৭]

﴿ وَلَٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمۡ فَثَبَّطَهُمۡ وَقِيلَ ٱقۡعُدُواْ مَعَ ٱلۡقَٰعِدِينَ ٤٦﴾ [التوبة: 46]

“ কিন্তু সিহঁতৰ সংকল্পবদ্ধ হোৱাটোৱে আল্লাহৰ পছন্দ নাছিল। সেই কাৰণে সিহঁতক তেওঁ আঁতৰাই ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত বহি থকা।” [তাওবা: ৪৬]

 আল্লাহৰ সন্তুষ্টি

আমি আৰু বিশ্বাস কৰোঁ যে, যিহঁতে ঈমান আনিছে আৰু নেক আমল কৰে আল্লাহ সিহঁতৰ প্রতি সন্তুষ্ট হয়।

﴿ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ لِمَنۡ خَشِيَ رَبَّهُۥ ٨﴾ [البينة: 8]

“সিহঁতৰ প্রতি আল্লাহ তা‘আলা সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ প্রতি সন্তুষ্ট। এই সন্তুষ্টি কেৱল তাৰ বাবেই যিয়ে নিজ ৰবক (প্ৰভূক) ভয় কৰে।” [বাইয়্যিনাহ : ৮]

আল্লাহৰ গজব (ক্ৰোধ)

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা কাফিৰ আৰু আন আন এনে লোকসকলৰ ওপৰত গযব (ক্ৰোধ) নাযিল কৰে যিহঁত গযবৰ উপযুক্ত।

﴿ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوۡءِۚ عَلَيۡهِمۡ دَآئِرَةُ ٱلسَّوۡءِۖ وَغَضِبَ ٱللَّهُ عَلَيۡهِمۡ﴾ [الفتح: 6]

“যিহঁত আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰে, সিহঁত নিজেই বেয়া সীমাত পৰি আছে। সিহঁতৰ প্ৰতি আল্লাহে ক্ৰুদ্ধ হৈছে।” [ফাতহ: ৬]

﴿وَلَٰكِن مَّن شَرَحَ بِٱلۡكُفۡرِ صَدۡرٗا فَعَلَيۡهِمۡ غَضَبٞ مِّنَ ٱللَّهِ وَلَهُمۡ عَذَابٌ عَظِيمٞ ١٠٦﴾ [النحل: 106]

“কিন্তু যিহঁতে মনৰ সন্তোষ সহকাৰে কুফৰী কৰে সিহঁতৰ ওপৰতেই আল্লাহৰ গযব। এনেলোকৰ বাবে আছে বেদনাদায়ক শাস্তি” [নাহল : ১০৬]

 আল্লাহৰ মুখমণ্ডল

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ চেহাৰা আছে যিটো “জালাল আৰু ইকৰাম” অৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণ বিশিষ্ট।

﴿وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ٢٧﴾ [الرحمن: 27]

“আৰু কেৱলমাত্র তোমাৰ প্ৰভূৰ মহিমাময় আৰু মহানুভৱ চেহাৰাটোৱে অৱশিষ্ট থাকিব।” [ৰহমান : ২৭]

 আল্লাহৰ হাত

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ সন্মানিত আৰু উম্মুক্ত দুটা হাত আছে।

﴿بَلۡ يَدَاهُ مَبۡسُوطَتَانِ يُنفِقُ كَيۡفَ يَشَآءُۚ﴾ [المائدة: 64]

“আল্লাহৰ হাত পূৰ্ণ প্ৰসাৰিত আৰু উন্মুক্ত। তেওঁ যেনে ইচ্ছা তেনেই খৰচ কৰে।” [মায়িদা : ৬৪]

﴿وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧﴾ [الزمر: 67]

“এওঁলোকে আল্লাহৰ সন্মান যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিলে, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী তেওঁৰ মুঠৰ মাজত থাকিব। আৰু আকাশ সমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থাকিব। মু্শ্বৰিক সকলৰ শ্বিৰ্কৰপৰা তেওঁ সম্পূৰ্ণ পৱিত্ৰ।” [যুমাৰ: ৬৭]

 আল্লাহৰ চকু

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ দুটা প্রকৃত চকু আছে। প্রমাণঃ আল্লাহ তা‘আলা কৈছে:

﴿وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا﴾ [هود 37]

“আমাৰ চকুৰ আগত আমাৰ নিৰ্দেশ মোতাবিক তুমি জাহাজ তৈয়াৰ কৰা।” [হূদ : ৩৭]

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

«حجابه النور لو كشفه لأحرقت سبحات وجهه ما انتهى اليه بصره من خلقه»

নূৰ হ’ল আল্লাহৰ পৰ্দা। যদি তেওঁ সেইটো উন্মুক্ত কৰে তেন্তে তেওঁৰ নুৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। [মুছলিম, ইবন মাজা]

আহলে ছুন্নাত ওৱাল জামাআত এই বিষয়ে একমত যে আল্লাহ তা‘আলাৰ দুটা চকু আছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাজ্জাল সম্পৰ্কিত হাদীছটো ইয়াৰ সমৰ্থন কৰে। তেখেতে কৈছে:

إنه أعور وإن ربكم ليس بأعور

প্ৰকৃততে সি [দাজ্জাল] হৈছে কনা আৰু তোমালোকৰ প্ৰভূ কনা নহয়। [বুখাৰী ও মুছলিম]

আমি আৰু বিশ্বাস কৰোঁ যে,

﴿ لَّا تُدۡرِكُهُ ٱلۡأَبۡصَٰرُ وَهُوَ يُدۡرِكُ ٱلۡأَبۡصَٰرَۖ وَهُوَ ٱللَّطِيفُ ٱلۡخَبِيرُ ١٠٣﴾ [الأنعام: 103]

“আল্লাহ তা‘আলাক পৃথিৱীৰ কোনো চকুৱে প্রত্যক্ষ কৰিব নোৱাৰে বৰং তেওঁ সকলো চকু প্রত্যক্ষ কৰে। তেওঁ অতিশয় সুক্ষ্মদৰ্শী আৰু সকলো বিষয়ে অৱগত।” [আন‘আম: ১০৩]

 মুমিন সকলে আল্লাহক দেখিব

আমি এই কথা বিশ্বাস কৰোঁ যে, মুমিন ব্যক্তি সকলে কিয়ামতৰ দিনা প্ৰভূদৰ্শন [ৰবক দেখিব] কৰিব।

﴿وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ٢٢ إِلَىٰ رَبِّهَا نَاظِرَةٞ ٢٣﴾ [القيامة: 22-23]

“সেই দিনা [কিয়ামতৰ দিনা] কিছুমান মূখমণ্ডল উজ্জল হ’ব। নিজ প্ৰভূৰ (ৰব) ফালে দৃষ্টিপাত কৰিব।” [কিয়ামাহ : ২২-২৩]

 আল্লাহৰ নিচিনা একোৱেই নহয়

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ ছিফাতে কামাল বা পূৰ্ণাঙ্গ গুণাৱলীৰ কাৰণে তেওঁৰ লগত কোনো বস্তুৰ ৰিজনি (উপমা,উদাহৰণ)নাখাটে।

﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]

“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]

 আল্লাহক কলাঘূমটি আৰু টোপনি একোৱে নধৰে

আমি আৰু বিশ্বাস কৰোঁ যে তেওঁ চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা হোৱাৰ কাৰণে,

﴿لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ ﴾ [البقرة: 255]

“তেওঁক টোপনি আৰু কলাঘূমটি একোৱে নধৰে।” [বাকাৰা : ২৫৫]

 আল্লাহ পুৰ্ণ ইনছাফকাৰী

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা “কামালে আদল” [পূৰ্ণ ইনছাফ বা ন্যায়]ৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে কাৰো প্রতি অন্যায় নকৰে।

ঠিক সেইদৰে, তেওঁ নিজ পূৰ্ণ নিয়ন্ত্রণ আৰু আয়ত্তৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে বান্দাহসকলৰ কৰ্মকাণ্ডৰ ক্ষেত্ৰত আওকানীয়া বা উদাসীন নহয়।

 আল্লাহৰ জ্ঞান আৰু ক্ষমতা অসীম

আমি বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলাৰ অসীম জ্ঞান আৰু ক্ষমতাৰ কাৰণে আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁক অক্ষম অপাৰগ কৰিব নোৱাৰে।

﴿إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيۡ‍ًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ٨٢﴾ [يس: 82]

“অৰ্থাৎ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে তেতিয়া তেওঁ [ইচ্ছাকৃত] বস্তুটোক কেৱল কয়: “হৈ যোৱা”। তৎক্ষণাত হৈ যায়।” [ইয়াছীন: ৮২]

সেইদৰে, পূৰ্ণ শক্তি আৰু ক্ষমতাৰ অধিকাৰী হোৱাৰ ফলত তেওঁ কেতিয়াও ক্লান্ত নহয়।

﴿وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ ٣٨﴾ [ق: 38]

“নিশ্চয় আমি আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুকে ছয়দিনত সৃষ্টি কৰিছোঁ। আৰু আমাক কোনো ক্লান্তি স্পৰ্শ কৰা নাই।” [ক্বাফ: ৩৮]

 আল্লাহৰ সুন্দৰ নাম আৰু ছিফাত বা গুণাৱলী

যি সমূহ নাম আৰু গুণাৱলী আল্লাহ তা‘আলাই স্বয়ং নিজৰ বাবে ঘোষণা কৰিছে অথবা তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাব্যস্ত কৰিছে বা স্বীকৃতি দিছে, সেই সমূহ নাম আৰু গুণাৱলীৰ প্রতি আমি বিশ্বাস স্থাপন কৰোঁ। কিন্তু আমি কঠিনভাৱে দু’টা বস্তুক অস্বীকাৰ কৰোঁ। আৰু সেয়া হৈছে: ১. তামছীল (সাদৃশ্য দিয়া); ২. তাকয়ীফ (ধৰণ-গঠন বৰ্ণনা কৰা)

১. তামছীল: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলী, সৃষ্টিৰ গুণাৱলীৰ লগত মিল আছে।

২. তাকয়ীফ: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলীৰ অৱস্থা, আকৃতি বা ধৰণ-গঠন এনেধৰণৰ।

এইদৰে, যি সমূহ বিষয় আল্লাহ তা‘আলা তেওঁৰ নিজৰ ক্ষেত্ৰত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে নেতিবাচক ঘোষণা কৰিছে সেই সমূহ বিষয় নেতিবাচক হিচাপেই আমি বিশ্বাস কৰোঁ। এই সমূহ নফী বা নেতিবাচক বিষয় সমূহে, ইয়াৰ বিপৰীতে আল্লাহ তা‘আলাৰ বাবে কামালিয়াত বা পূৰ্ণতাসম্পন্ন গুণ সাব্যস্ত কৰে। আৰু যি সমূহ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে একোৱে কোৱা নাই, সেই সমূহ বিষয়ত আমি মৌনতা অবলম্বন কৰোঁ।

 আক্বীদা বা তাওহীদৰ পথত চলা অপৰিহাৰ্য

আমি আক্বীদা আৰু তাওহীদৰ এই পথত চলাটো ফৰজ ও অপৰিহাৰ্য বুলি ভাবোঁ। কাৰণ যি সমূহ বিষয়ে আল্লাহ তা‘আলা তেওঁৰ নিজৰ বিষয়ে ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ বিষয় এনে সংবাদ বা তথ্য যিটো তেওঁ নিজ সত্তা সম্পৰ্কে পৰিবেশন কৰিছে। আৰু আল্লাহ তা‘আলা তেওঁৰ নিজৰ বিষয়ে আটাইতকৈ বেছি অৱগত। তেওঁ সবাতোকৈ সত্যবাদী আৰু আটাইতকৈ উত্তম বচনৰ অধিকাৰী। বান্দা সকলে নিজৰ জ্ঞানেৰে তেওঁক আয়ত্ত কৰিব নোৱাৰে।

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তা‘আলাৰ ক্ষেত্ৰত যি সমূহ বিষয় ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰিবেশিত খবৰ বা তথ্য। তেওঁ নিজ প্ৰভূ সম্পৰ্কে মানুহৰ মাজত আটাইতকৈ বেছি জ্ঞানী। সবাতোকৈ উত্তম শুভাকাংক্ষী। আটাইতকৈ বেছি সত্যবাদী আৰু উত্তম ভাষাৰ অধিকাৰী। এতেকে আল্লাহ তা‘আলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছে জ্ঞান, সত্যবাদিতা আৰু পৰিপূৰ্ণ বৰ্ণনাৰে সমৃদ্ধ। সেয়ে সেইটো গ্রহণ কৰাৰ ক্ষেত্রত কোনো প্রকাৰ সংশয় অথবা প্রত্যাখ্যান কৰাৰ বিষয়ে কোনো ওজৰ আপত্তি গ্ৰহণযোগ্য নহয়।

 অধ্যায় আল্লাহৰ প্ৰতি ঈমান

আমি আল্লাহ তা‘আলাৰ বিষয়ে যি সমূহ ইতিবাচক বা নেতিবাচক ছিফাত বা গুণাৱলীৰ কথা বিস্তাৰিতভাৱে অথবা সংক্ষিপ্তভাৱে উল্লেখ কৰিছোঁ সেইবোৰৰ ক্ষেত্ৰত আমি আটাইতকৈ বেছি নিৰ্ভৰ কৰিছোঁ কোৰআন আৰু ছুন্নাহৰ ওপৰত। আৰু আমি সবাতোকৈ বেছি আস্থাশীল সেই পথ বা নীতিৰ ওপৰত যিটো অবলম্বন কৰিছে এই উম্মাতৰ ছালাফে ছলেহীন আৰু হিদায়তৰ পথিকৃত ইমামসকল।

আমাৰ ধাৰণা আল্লাহৰ নাম আৰু ছিফাতৰ ক্ষেত্রত কোৰআন আৰু ছুন্নাহৰ উক্তিসমূহৰ প্রকাশ্য অৰ্থ গ্রহণ কৰা অপৰিহাৰ্য। এইদৰে আল্লাহ তা‘আলাৰ মৰ্য্যাদাৰ লগত সামঞ্জস্যশীল ও শোভনীয় “হকীকত”ৰ ওপৰত এইবোৰ বাস্তৱায়ন অত্যাৱশ্যক।

আমি সিহঁতক প্ৰত্যাখ্যান কৰোঁ যিহঁতে কোৰআন আৰু ছুন্নাহৰ এই উক্তি সমূহক পৰিবৰ্তন কৰে আৰু আল্লাহ তা‘আলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰক যি উদ্দেশ্যে ব্যৱহাৰ কৰিছে, সেই উদ্দেশ্যৰ বাহিৰে আন কোনো উদ্দেশ্যে যিহঁতেই পৰিবৰ্তন কৰে আমি সিহঁতৰ পথকো প্রত্যাখ্যান কৰোঁ।

এইদৰে, আমি সিহঁতৰ পথকো পৰিত্যাগ কৰোঁ, যিহঁতে আল্লাহৰ ছিফাত সংক্রান্ত এই বাণী সমূহক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যকৃত অৰ্থ নিষিদ্ধ কৰি সেইবোৰক তা‘তীল বা অৰ্থহীন কৰি লয়।

এনেকৈ, আমি সেই পথকো পৰিত্যাগ কৰোঁ, যিহঁত “মুগালীন” অৰ্থাৎ আল্লাহ তা‘আলাৰ ছিফাতৰ ক্ষেত্রত সীমা অতিক্রম কৰে আৰু যিহঁতে এই ছিফাত সমূহৰ সাদৃশ্যতা বৰ্ণনা কৰে অথবা এইবোৰৰ উদ্দেশ্যক বুজোৱাৰ বাবে ধৰণ-গঠন বৰ্ণনা কৰে।

আমি নিশ্চিতভাৱে জানো যে কোৰআন আৰু ছুন্নাহত যি বৰ্ণনা হৈছে সেই সকলোবোৰ সত্য। পৰস্পৰৰ মাজত কোনো মতানৈক্য নাই। কাৰণ, আল্লাহ তা‘আলা কৈছে:

﴿أَفَلَا يَتَدَبَّرُونَ ٱلۡقُرۡءَانَۚ وَلَوۡ كَانَ مِنۡ عِندِ غَيۡرِ ٱللَّهِ لَوَجَدُواْ فِيهِ ٱخۡتِلَٰفٗا كَثِيرٗا ٨٢﴾ [النساء: 82]

“এওঁলোকে কোৰআন সম্পৰ্কে গভীৰ মনোযোগৰ সৈতে চিন্তা নকৰেনে? এইটো যদি আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা হলেহেঁতেন তেন্তে সিহঁতে নিশ্চয় বহুতো স্ববিৰোধিতা পালেহেঁতেন।” [নিছা : ৮২]

কাৰণ, সংবাদ যদি পৰস্পৰ বিৰোধী হয় তেন্তে এটাই আনটোক মিছা সাব্যস্ত কৰি তোলে। আল্লাহ আৰু তেওঁৰ ৰাছুলে দিয়া সংবাদৰ ক্ষেত্ৰত এনে হোৱাটো একেবাৰে অসম্ভৱ।

যি ব্যক্তি এই দাবী কৰে যে, আল্লাহ তআলাৰ কিতাব(কোৰআন)ত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাতত নাইবা উভয়টোতে পৰস্পৰ বিৰোধিতা আছে, তেন্তে এই দাবী হ’ব তাৰ অসৎ উদ্দেশ্য বা তাৰ অন্তৰত বিদ্যমান থকা বক্রতাৰ কাৰণে। গতিকে আল্লাহ তা‘আলাৰ ওচৰত তাৰ তাওবা কৰা আৰু লগে লগে তাৰ এই ভ্রান্তি আৰু ভ্ৰষ্টতা পৰিত্যাগ কৰা উচিৎ।

যদি কোনো ব্যক্তি সন্দেহ পোষন কৰে যে, আল্লাহৰ কিতাবত অথবা নবীৰ ছুন্নতত অথবা উভয়টোতে পৰস্পৰ বিৰোধিতা আছে, তেন্তে তাৰ মাজত জ্ঞানৰ অভাৱ অথবা বুজিবলৈ সক্ষম নহয় অথবা তাৰ চিন্তা শক্তিত আছে অক্ষমতা। গতিকে তাৰ বাবে উচিৎ জ্ঞান-সাধনা কৰা। চিন্তা-ভাবনাৰ ক্ষেত্রত আৰু অধ্যাৱসায়ী হোৱা দৰকাৰ। যাতে তাৰ ওচৰত সত্য স্পষ্ট হয়। আৰু যদি কোনো বিষয় তাৰ ওচৰত সুস্পষ্ট নহয়, তেনেহলে বিষয়টো কোনো আলিমৰ ওচৰত উপস্থাপন কৰা উচিৎ। সংশয়ৰ পথ পৰিত্যাগ কৰা উচিৎ। এনে অৱস্থাত তাৰ সেইটোৱে কোৱা উচিৎ যিটো জ্ঞানী-গুণী অভিজ্ঞ ব্যক্তি সকলে কয়।

﴿ءَامَنَّا بِهِۦ كُلّٞ مِّنۡ عِندِ رَبِّنَاۗ﴾ [آل عمران: 7]

“ইয়াৰ প্রতি আমি ঈমান আনিছোঁ। ইয়াৰ সকলো (আয়াত) আমাৰ ৰব (প্ৰভু)ৰ পৰা আহিছে”[আল ইমৰান : ৭]

তাৰ জনা উচিৎ যে, কোৰআন আৰু ছুন্নতত কোনো পাৰস্পৰিক বিৰোধিতা নাই। এই দুয়োৰ মাজত কোনো বিপৰীত বা বিৰোধিতা নাই।

 অধ্যায় ফিৰিস্তা সকলৰ প্ৰতি ঈমান

আমি আল্লাহ তা‘আলাৰ ফিৰিস্তাসকলৰ প্রতি বিশ্বাস পোষণ কৰোঁ। আৰু ঈমান ৰাখোঁ যে,

﴿عِبَادٞ مُّكۡرَمُونَ ٢٦ لَا يَسۡبِقُونَهُۥ بِٱلۡقَوۡلِ وَهُم بِأَمۡرِهِۦ يَعۡمَلُونَ ٢٧﴾ [الأنبياء: 26-27]

“সিহঁত আল্লাহৰ সম্মানিত বান্দাহ (দাস)। সিহঁতে তেওঁৰ আগ ধৰি নামাতে। সিহঁত কেৱল সেইটোৱে কৰে যিটো তেওঁ আদেশ কৰে।” [আম্বিয়া: ২৬, ২৭]

 আল্লাহ তা‘আলা সিহঁতক সৃষ্টি কৰিছে। সিহঁত তেওঁৰ ইবাদততেই মগ্ন আৰু তেওঁৰেই আনুগত্যত নিয়োজিত।

﴿لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ ١٩ يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ ٢٠﴾ [الأنبياء: 19- 20]

“সিহঁত আল্লাহৰ ইবাদত কৰিবলৈ অহংকাৰ নকৰে। ক্লান্তও নহয়। দিনে ৰাতি তেওঁৰেই তাছবীহ পাঠ কৰাত ব্যস্ত থাকে, অলপো অলসতা নকৰে।” [আম্বিয়া: ১৯-২০]

আল্লাহ তা‘আলা সিহঁতক আমাৰ চকুৰ আঁতৰ কৰি ৰাখিছে, ফলত আমি সিহঁতক দেখা নাপাওঁ। আকৌ কোনো কোনো সময়ে আল্লাহ তা‘আলা তেওঁৰ কিছুমান বান্দাহৰ বাবে সিহঁতৰ পৰ্দা উন্মুক্ত কৰি দিয়ে। যেনে ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিছ ছালামক তেওঁৰ প্ৰকৃত ৰূপত দেখিছিল, তেওঁৰ ছশ পাখী আছে যিবোৰে আকাশমণ্ডল ঢাকি পেলাইছিল [বুখাৰী]। এইদৰে জিব্ৰীল আলাইহিচ ছালাম মৰিয়ম আলাইহাছ ছালামৰ ওচৰত পূৰ্ণাঙ্গ মানুহৰ আকৃতিত আত্মপ্রকাশ কৰিছিল। তেতিয়া মৰিয়ম আলাইহাছ ছালামে তেওঁৰ লগত কথা পাতিছিল আৰু তেওঁৱো মাৰিয়ম আলাইহাছ ছালামৰ লগত কথা কৈছিল। আৰু এবাৰ এজন অপৰিচিত মানুহৰ ৰূপত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিছিল। ছাহাবা সকল তেতিয়া তেওঁৰ ওচৰতেই অৱস্থান কৰিছিল। কোনেও চিনি পোৱা নাছিল, তেওঁৰ লগত ভ্ৰমনৰ কোনো চিহ্নও নাছিল। তেওঁৰ কাপোৰ আছিল অতি বগা।আৰু চুলিবোৰ আছিল কিচকিচীয়া কলা। জিব্ৰীল আলাইহিছ ছালাম তেওঁৰ নিজ আঠু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আঠুৰ লগত মিলাই বহিলে। তেওঁৰ হাত দুখন দুই উৰুৰ ওপৰত ৰাখি ৰাছুলুল্লা চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখামুখি বহিলে। তাৰ পিছত এজনে আনজনক লক্ষ্য কৰি কথাপোকথন আৰম্ভ কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ছাহাবায়ে কেৰামক জনালে যে, তেওঁ আছিল জিব্ৰীল [আলাইহিচ ছালাম] [বুখাৰী]

আমি বিশ্বাস কৰোঁ যে, ফিৰিস্তাসকলক বিভিন্ন কামৰ দায়িত্ব দিয়া হৈছে। যেনে জিব্ৰীল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, আল্লাহ তা‘আলাৰ তৰফৰ পৰা তেওঁৰ ইচ্ছা অনুযায়ী নবী আৰু ৰাছুলসকলৰ প্রতি অহী লৈ অৱতীৰ্ণ হোৱা।

মীকাঈল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, বৰষুণ, তৃণ-লতা আৰু শাক-পাচলী উৎপাদনৰ কাম সম্পাদন কৰা।

ইচৰাফীল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, কিয়ামত বা পুনৰুত্থানৰ সময়ত শিঙাত ফুঁ দিয়া।

মালাকুল মাওত [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, মৃত্যূৰ সময়ত “ৰুহ” কবয কৰা। এনেকৈ পাহাড়-পৰ্বতত আন আন ফিৰিস্তা সকল নিয়োজিত আছে। আকৌ জাহান্নামৰ ৰক্ষক হিচাপে নিয়োজিত আছে এজন ফিৰিস্তা।

কিছুমান ফিৰিস্তা মাতৃগৰ্ভত থকা সন্তানৰ দায়িত্বত নিয়োজিত। আৰু কিছু সংখ্যক ফিৰিস্তা এনেকুৱা আছে যিহঁতে আদম সন্তানৰ ৰক্ষণাবেক্ষণ কৰে। ফিৰিস্তা সকলৰ মাজত কিছুমান এনেকুৱাও আছে যিহঁত মানুহৰ আমলনামা লিখাত নিয়োজিত। প্রতিজন মানুহৰ লগত দু’জনকৈ ফিৰিস্তা নিয়োজিত আছে।

﴿عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٞ ١٧ مَّا يَلۡفِظُ مِن قَوۡلٍ إِلَّا لَدَيۡهِ رَقِيبٌ عَتِيدٞ ١٨﴾ [ق: 17-18]

“সোঁ ফালে আৰু বাওঁ ফালে বহি সিহঁতে প্রতিটো কাম লিপিবদ্ধ কৰে। এনে কোনো শব্দ বান্দাৰ মুখেৰে উচ্চাৰিত নহয় যিটো সংৰক্ষণৰ বাবে স্থায়ী পৰ্যবেক্ষণকাৰী নাই।” [ক্বাফ : ১৭-১৮]

আৰু এনে কিছু সংখ্যক ফিৰিস্তা আছে যিহঁতে মৃত ব্যক্তিক কবৰত ৰখাৰ পিছত প্ৰশ্ন কৰে। তাৰ ওচৰত দু’জন ফিৰিস্তা আহে। সিহঁতে মৃত ব্যক্তিক তেওঁৰ ৰব (প্ৰভু), দ্বীন আৰু নবী সম্পৰ্কে প্রশ্ন কৰে।

﴿يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ وَيُضِلُّ ٱللَّهُ ٱلظَّٰلِمِينَۚ وَيَفۡعَلُ ٱللَّهُ مَا يَشَآءُ ٢٧﴾ [إبراهيم: 17]

“তেতিয়া ঈমানদাৰ সকলক আল্লাহ তাআলা এক প্রতিষ্ঠিত আৰু প্রমাণিত কথাৰ ভিত্তিত পৃথিৱী আৰু পৰকালৰ উভয় স্থানত প্রতিষ্ঠা দান কৰে। আৰু অন্যায়কাৰী লোকসকলক আল্লাহ বিভ্রান্ত কৰি দিয়ে। আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।” [ইব্ৰাহীম: ২৭]

জান্নাতী সকলৰ বাবেও কিছু সংখ্যক ফিৰিস্তা নিয়োজিত আছে।

﴿يَدۡخُلُونَ عَلَيۡهِم مِّن كُلِّ بَابٖ ٢٣ سَلَٰمٌ عَلَيۡكُم بِمَا صَبَرۡتُمۡۚ فَنِعۡمَ عُقۡبَى ٱلدَّارِ ٢٤﴾ [الرعد: 23-24]

“সিহঁত জান্নাতী সকলৰ অভিবাদনৰ বাবে চাৰিওফালৰ পৰা আহিব (আৰু ক’ব) তোমালোকৰ প্রতি শান্তি বৰ্ষিত হওক। (তোমালোকে পৃথিৱীত) ধৈৰ্য ধাৰণ কৰাৰ ফলত আজি তোমালোকে এই পুৰস্কাৰৰ অধিকাৰী হৈছা।” [ৰা‘দ: ২৩-২৪]

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাই দিছে যে, “আল-বাইতুল মামুৰ” আকাশত অৱস্থিত য’ত প্রতিদিনে সত্তোৰ হাজাৰ ফিৰিস্তা প্রৱেশ কৰে আন এটা বৰ্ণনাত আছে “নামাজ পঢ়ে”(সিহঁতৰ সংখ্যা ইমান অধিক যে), এবাৰ যিয়ে প্ৰৱেশ কৰে সি দ্বিতীয়বাৰ তাত প্রৱেশ কৰাৰ সুযোগ নাপায়। [বুখাৰী- মুছলিম]

 অধ্যায় ঐশীপুথি সমূহৰ প্ৰতি ঈমান

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা তেওঁৰ ৰাছুল সকলৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছে। এই সমূহ কিতাব অৱতীৰ্ণ কৰিছে সমগ্র সৃষ্টিকুলৰ বিপক্ষে প্রমাণ প্রতিষ্ঠা কৰাৰ বাবে আৰু পূণ্যবান সকলৰ সপক্ষে দলীল প্রমাণ হিচাপে। তেওঁলোকে এইবোৰ কিতাবৰ দ্বাৰা মানুহক হিকমত শিক্ষা দিয়ে আৰু সিহঁতৰ আত্মশুদ্ধি কৰে।

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা প্রত্যেক ৰাছুলৰ ওপৰতে কিতাব অৱতীৰ্ণ কৰিছে। এই বিষয়ে আল্লাহ তা‘আলা কৈছে:

﴿لَقَدۡ أَرۡسَلۡنَا رُسُلَنَا بِٱلۡبَيِّنَٰتِ وَأَنزَلۡنَا مَعَهُمُ ٱلۡكِتَٰبَ وَٱلۡمِيزَانَ لِيَقُومَ ٱلنَّاسُ بِٱلۡقِسۡطِۖ﴾ [الحديد: 25]

“আমি আমাৰ ৰাছুল সকলক সুস্পষ্ট নিদৰ্শনসহ পঠাইছোঁ। তেওঁলোকৰ লগত অৱতীৰ্ণ কৰিছো কিতাব আৰু মীযান। যাতে মানুহে ইনছাফ আৰু সুবিচাৰৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে।” [হাদীদ : ২৫]

ঐশীপুথি সমূহৰ মাজত নিম্নোক্ত কিতাবসমূহৰ বিষয়ে আমি জানো:

১. তাওৰাত: এই কিতাব আল্লাহ তা‘আলা মুছা [আলাইহিচ চালাম]ৰ ওপৰত অৱতীৰ্ণ কৰিছে। বনী ইছৰাইলৰ বাবে এইটো সৰ্বশ্র্রেষ্ঠ কিতাব।

﴿فِيهَا هُدٗى وَنُورٞۚ يَحۡكُمُ بِهَا ٱلنَّبِيُّونَ ٱلَّذِينَ أَسۡلَمُواْ لِلَّذِينَ هَادُواْ وَٱلرَّبَّٰنِيُّونَ وَٱلۡأَحۡبَارُ بِمَا ٱسۡتُحۡفِظُواْ مِن كِتَٰبِ ٱللَّهِ وَكَانُواْ عَلَيۡهِ شُهَدَآءَۚ ﴾ [المائدة: 44]

“ইয়াত আছে হিদায়ত আৰু নূৰ। ইয়াৰ দ্বাৰা নিবেদিত প্রাণ নবী সকলে ইয়াহুদী সকলৰ যাৱতীয় বিচাৰ-ফয়চালা কৰিছিল, আৰু ৰেব্বী সকলেও আৰু পুৰোহিত বিলাকেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ হিফাযত আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছিল। আৰু তেওঁলোক আছিল এই কিতাবৰ সাক্ষী।” [মায়িদা:৪৪]

২. ইঞ্জীল: ঈছা [আলাইহিচ ছালাম]ৰ ওপৰত আল্লাহ তা‘আলা ইঞ্জীল কিতাব অৱতীৰ্ণ কৰিছে। এই কিতাবটো তাওৰাতৰ সমৰ্থক আৰু পৰিপূৰক।

﴿وَءَاتَيۡنَٰهُ ٱلۡإِنجِيلَ فِيهِ هُدٗى وَنُورٞ وَمُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلتَّوۡرَىٰةِ وَهُدٗى وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ ٤٦﴾ [المائدة: 46]

“আমি ঈছাক ইঞ্জীল প্ৰদান কৰিছোঁ। ইয়াত আছে হিদায়ত আৰু আলো। আৰু তাৰ আগৰ কিতাব তাওৰাতৰ সমৰ্থক আৰু সত্যতা প্রমাণকাৰী।আৰু ইয়াত আছে মুত্তাকী সকলৰ বাবে হিদায়ত আৰু নছিহত।” [মায়িদা : ৪৬]

﴿وَلِأُحِلَّ لَكُم بَعۡضَ ٱلَّذِي حُرِّمَ عَلَيۡكُمۡۚ﴾ [آل عمران: 50]

“তোমালোকৰ ওপৰত যি হাৰাম আছিল এনে কিছুমান বস্তু মই তোমালোকৰ বাবে হালাল কৰি দিম।” [আল-ইমৰান :৫০]

৩. যাবূৰ: আল্লাহ তা‘আলা যাবূৰ অৱতীৰ্ণ কৰিছিল দাউদ [আলাইহিচ ছালাম]ৰ ওপৰত।

৪. ইব্ৰাহীম আৰু মূছা [আলাইহিচ ছালাম]ৰ ওপৰত ছহীফা [সৰু পুস্তিকা] অৱতীৰ্ণ কৰিছে।

৫. সৰ্বশেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আল্লাহ তা‘আলা কোৰআন কাৰীম অৱতীৰ্ণ কৰিছে।

﴿هُدٗى لِّلنَّاسِ وَبَيِّنَٰتٖ مِّنَ ٱلۡهُدَىٰ وَٱلۡفُرۡقَانِۚ﴾ [البقرة: 185]

“গোটেই মানৱ জাতিৰ বাবে হিদায়ত স্বৰূপ এই কিতাব এনে সুস্পষ্ট নিদৰ্শনাৱলীৰ দ্বাৰা পৰিপূৰ্ণ যিটো সঠিক আৰু সত্য পথ প্রদৰ্শন কৰে। হক আৰু বাতিলৰ মাজত পাৰ্থক্যকাৰী।” [বাকাৰা : ১৮৫]

﴿مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ﴾ [المائدة: 48]

“পূৰ্বৱৰ্তী ধৰ্মগ্ৰন্থত যি আছে তাৰ সত্যসমৰ্থনৰূপে, আৰু তাৰ ওপৰত প্ৰহৰীৰূপে (অৱতীৰ্ণ কৰিছোঁ)।” [মায়িদা : ৪৮]

এই কিতাব অৱতীৰ্ণ কৰি আল্লাহ তা‘আলাই পূৰ্বৰ যাৱতীয় কিতাবৰ আদেশ সমূহ ৰহিত কৰি দিছে। তেওঁ এই কিতাবক সকলো ধৰনৰ সংশয়কাৰী আৰু পৰিবৰ্তন সাধনকাৰীৰ দুষ্কৰ্মৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব গ্রহণ কৰিছে।

﴿إِنَّا نَحۡنُ نَزَّلۡنَا ٱلذِّكۡرَ وَإِنَّا لَهُۥ لَحَٰفِظُونَ ٩﴾ [الحجر: 9]

“ এই কোৰআন আমি অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াৰ সংৰক্ষণৰ দায়িত্বও আমাৰ।” [হিজৰ : ৯]

কাৰণ এই কিতাব কিয়ামত পৰ্যন্ত গোটেই সৃষ্টিৰ বাবে দলীল হিচাপে অৱশিষ্ট থাকিব।

পূৰ্বৱৰ্তী কিতাব সমূহ আছিল অস্থায়ী আৰু সাময়িক। সেইবোৰৰ বাবে এটা সময় নিৰ্ধাৰিত আছিল। ৰহিতকাৰী কিতাব (কোৰআন) অৱতীৰ্ণৰ দ্বাৰা আগৰ কিতাব সমূহৰ নিজস্ব কাৰ্যকাৰিতাৰ পৰিসমাপ্তি ঘটিছে আৰু পূৰ্বৱৰ্তী কিতাব সমূহত কি কি ৰদ-বদল আৰু পৰিবৰ্তন ঘটিছে তাৰো বৰ্ণনা দিয়া হৈছে। সেয়ে এই কিতাবসমূহ (পৰৱৰ্তী সময়ৰ বাবে) ত্রুটিমুক্ত নাছিল বৰং সেই সমূহত বহুতো পৰিবৰ্তন, পৰিবৰ্ধন সাধিত হৈছে।

﴿ٱلَّذِينَ هَادُواْ يُحَرِّفُونَ ٱلۡكَلِمَ عَن مَّوَاضِعِهِۦ﴾ [النساء: 46]

“ইয়াহুদী সকলৰ মাজৰ কোনো কোনোৱে (আল্লাহৰ) বাণীবিলাকৰ যথাৰ্থ স্থানৰ পৰা আঁতৰাই দিয়ে।” (অৰ্থাৎ বিকৃতি ঘটায়) [নিছা : ৪৬]

﴿فَوَيۡلٞ لِّلَّذِينَ يَكۡتُبُونَ ٱلۡكِتَٰبَ بِأَيۡدِيهِمۡ ثُمَّ يَقُولُونَ هَٰذَا مِنۡ عِندِ ٱللَّهِ لِيَشۡتَرُواْ بِهِۦ ثَمَنٗا قَلِيلٗاۖ فَوَيۡلٞ لَّهُم مِّمَّا كَتَبَتۡ أَيۡدِيهِمۡ وَوَيۡلٞ لَّهُم مِّمَّا يَكۡسِبُونَ ٧٩﴾ [البقرة: 79]

“সেই সকল লোকৰ বাবে ধ্বংস অনিবাৰ্য যিহঁতে নিজ হাতেৰে চৰিয়তৰ বিধান ৰচনা কৰে। তাৰ পিছত মানূহক কয় যে, এইবোৰ আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছে। যাতে ইয়াৰ দ্বাৰা সিহঁতে স্বল্পমূল্য অৰ্জন কৰিব পাৰে। সেয়ে সিহঁতে নিজ হাতে যি ৰচনা কৰিছে আৰু অন্যায়ভাৱে যি কামাই কৰিছে তাৰ বাবে আছে ধ্বংস আৰু শাস্তি।” [বাকাৰা: ৭৯]

﴿قُلۡ مَنۡ أَنزَلَ ٱلۡكِتَٰبَ ٱلَّذِي جَآءَ بِهِۦ مُوسَىٰ نُورٗا وَهُدٗى لِّلنَّاسِۖ تَجۡعَلُونَهُۥ قَرَاطِيسَ تُبۡدُونَهَا وَتُخۡفُونَ كَثِيرٗا﴾ [الأنعام: 91]

“হে মুহাম্মাদ! কোৱা, কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিটো মূছা লৈ আহিছিল (যিটো আছিল মানুহৰ বাবে) আলোক আৰু পথনিৰ্দেশনাৰূপে। সেই কিতাপখনক তোমালোকে টুকুৰা-টুকুৰ কৰি ৰাখি দিছা, যাৰ কিছু অংশ প্ৰকাশ কৰা আৰু বেছি অংশই গোপন ৰখা” [আন‘আম: ৯১]

﴿وَإِنَّ مِنۡهُمۡ لَفَرِيقٗا يَلۡوُۥنَ أَلۡسِنَتَهُم بِٱلۡكِتَٰبِ لِتَحۡسَبُوهُ مِنَ ٱلۡكِتَٰبِ وَمَا هُوَ مِنَ ٱلۡكِتَٰبِ وَيَقُولُونَ هُوَ مِنۡ عِندِ ٱللَّهِ وَمَا هُوَ مِنۡ عِندِ ٱللَّهِ وَيَقُولُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَ وَهُمۡ يَعۡلَمُونَ ٧٨ مَا كَانَ لِبَشَرٍ أَن يُؤۡتِيَهُ ٱللَّهُ ٱلۡكِتَٰبَ وَٱلۡحُكۡمَ وَٱلنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُواْ عِبَادٗا لِّي مِن دُونِ ٱللَّهِ﴾ [آل عمران: 78-79]

“আৰু সিহঁতৰ মাজত কিছুমান এনে লোক আছে যিহঁতে কিতাব পাঠ কৰাৰ সময়ত জিভাক (বিশেষ পাৰদৰ্শিতাৰে) পকাই তোলে যাতে তোমালোকে ভাবিব পাৰা যে সেইটো ধৰ্মগ্ৰন্থ পৰাই (পাঠ কৰি আছে) অথচ সেইটো গ্ৰন্থৰ পৰা নহয়। আৰু সিহঁতে কয়, এইটো আল্লাহৰ তৰফৰ পৰা, যদিও সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি বুজি আল্লাহ সম্পৰ্কে মিছা কথা কয়। কোনো মানুহৰ পক্ষেই এইটো শোভনীয় নহয় যে, আল্লাহ তেওঁক কিতাব, হিকমত আৰু নবুৱাত প্ৰদান কৰিব আৰু সি মানুহক ক’ব, তোমালোকে আল্লাহক মোৰ উপাসনাকাৰী হোৱা।” [আল ইমৰান : ৭৮-৭৯]

﴿ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ قَدۡ جَآءَكُمۡ رَسُولُنَا يُبَيِّنُ لَكُمۡ كَثِيرٗا مِّمَّا كُنتُمۡ تُخۡفُونَ مِنَ ٱلۡكِتَٰبِ﴾ [المائدة: 15]

“হে ঐশীপুথিপ্ৰাপ্ত সকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকক এনে বহু কথা কিতাপৰ কৈ দিয়ে যিটো তোমালোকে গোপন কৰি ৰাখিছিলা।”[মায়িদা : ১৫]

 অধ্যায় ৰাছুল সকলৰ প্ৰতি ঈমান

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা তেওঁৰ সৃষ্টিৰ প্রতি ৰাছুল পঠাইছে—

﴿مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةُۢ بَعۡدَ ٱلرُّسُلِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا﴾ [النساء: 165]

“সুসংবাদ দাতা আৰু ভয় প্রদৰ্শনকাৰী হিচাপে। যাতে ৰাছুল পাঠিওৱাৰ পিছত আল্লাহৰ বিপক্ষে মানুহৰ কোনো যুক্তি নাথাকে। আৰু আল্লাহ পৰাক্রমশালী প্রজ্ঞাময়।” [নিছা: ১৬৫]

আমি আৰু বিশ্বাস কৰোঁ, সৰ্বপ্রথম ৰাছুল হৈছে নূহ আৰু সৰ্বশেষ হৈছে মুহাম্মদ। আল্লাহ তেওঁলোক সকলোৰে প্ৰতি কৰুণা বৰ্ষণ কৰক।

﴿إِنَّآ أَوۡحَيۡنَآ إِلَيۡكَ كَمَآ أَوۡحَيۡنَآ إِلَىٰ نُوحٖ وَٱلنَّبِيِّ‍ۧنَ مِنۢ بَعۡدِهِۦۚ﴾ [النساء: 163]

“আমি তোমাৰ প্রতি অহী (প্ৰত্যাদেশ) পাঠিয়াইছো, যেনেকৈ আমি নূহ আৰু তেওঁৰ পৰৱৰ্তী নবী সকলৰ প্রতি অহী পঠিয়াইছো।” [নিছা : ১৬৩]

﴿مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّ‍ۧنَۗ﴾ [الأحزاب: 40]

“মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয়। বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী।” [আহযাব : ৪০]

নবীসকলৰ মাজত সৰ্বোচ্চ মৰ্যাদাৰ অধিকাৰী হৈছে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তাৰ পিচত ক্রমে ইব্ৰাহীম, মূছা, নূহ আৰু ঈছা ইবন মাৰিয়ম। এওঁলোকৰ কথা আল্লাহ তাআলা বিশেষকৈ বৰ্ণনা কৰিছে তেওঁৰ বাণীত। আল্লাহ তা‘আলা কৈছে:

﴿وَإِذۡ أَخَذۡنَا مِنَ ٱلنَّبِيِّ‍ۧنَ مِيثَٰقَهُمۡ وَمِنكَ وَمِن نُّوحٖ وَإِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبۡنِ مَرۡيَمَۖ وَأَخَذۡنَا مِنۡهُم مِّيثَٰقًا غَلِيظٗا ٧﴾ [الأحزاب: 7]

“হে নবী স্মৰণ কৰা, সেই প্রতিশ্রুতিৰ কথা যিটো আমি সকলো নবীৰ পৰা লৈছো আৰু তোমাৰ পৰাও এই প্রতিশ্রুতি লৈছো লগতে নূহ, ইব্ৰাহীম, মূছা আৰু ইছা ইবনে মৰিয়মৰ পৰাও। তেওঁলোকৰ সকলোৰে পৰা আমি কঠোৰ প্ৰতিশ্ৰুতি লৈছো।” [আহযাব : ৭]

আমি দৃঢ়তাৰ সৈতে এই বিশ্বাস পোষণ কৰো যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিয়ত এই সকল বিশেষ মৰ্যাদা প্রাপ্ত নবীসকলৰ চৰিয়তৰ মৰ্যাদাক অন্তৰ্ভূক্ত কৰে। এই বিষয়ে আল্লাহ তাআলা কৈছে:

﴿۞شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحٗا وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ وَمَا وَصَّيۡنَا بِهِۦٓ إِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓۖ أَنۡ أَقِيمُواْ ٱلدِّينَ وَلَا تَتَفَرَّقُواْ فِيهِۚ﴾ [الشورى: 13]

“তেওঁ তোমালোকৰ বাবে দ্বীনৰ সেই নিয়ম-বিধান নিৰ্দিষ্ট কৰি দিছে যাৰ উপদেশ তেওঁ নূহ [আলাইহিচ ছালাম]ক দিছিল। আৰু আমি তোমালোকৰ প্রতি অহীৰ দ্বাৰা যি পঠিয়াইছো, যাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মূছা আৰু ঈছাকো দিছিলো। (সেইটো হৈছে), তোমালোক দ্বীন প্ৰতিষ্ঠা কৰা আৰু তাৰ পৰা বিচ্ছিন্ন নহবা।” [শ্বুৰা: ১৩]

আমি আৰু বিশ্বাস কৰোঁ যে, সকলো ৰাছুল মানুহ আছিল। মাখলুক আছিল। ৰুবুবিয়াত (প্ৰভূত্ব)ৰ কোনো গুণ বা বৈশিষ্ট্য তেওঁলোকৰ মাজত নাছিল। সৰ্বপ্রথম ৰাছুল নূহ [আলাইহিচ ছালাম] সম্পৰ্কে আল্লাহ তা‘আলা কৈছে :

﴿وَلَآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ إِنِّي مَلَكٞ﴾ [هود: 31]

“মই তোমালোকক নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধনভাণ্ডাৰ আছে। আৰু মই অদৃশ্য সম্পৰ্কেও নাজানো। আৰু মই ফিৰিস্তাও নহয়।” [হূদ: ৩১]

শেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহ তা‘আলা এই কথা কবলৈ নিৰ্দেশ দিছে:

﴿لَّآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ لَكُمۡ إِنِّي مَلَكٌۖ﴾ [الأنعام: 50]

“মই তোমালোকক নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধনভাণ্ডাৰ আছে। আৰু মই অদৃশ্য সম্পৰ্কেও নাজানো। আৰু মই ফিৰিস্তাও নহয়।” [আন‘আম : ৫০]

আৰু নিৰ্দেশ দিছে:

﴿لَّآ أَمۡلِكُ لِنَفۡسِي نَفۡعٗا وَلَا ضَرًّا إِلَّا مَا شَآءَ ٱللَّهُۚ﴾ [الأعراف: 188]

“মই মোৰ নিমিত্তে কোনো লাভ আৰু কোনো ক্ষতি কৰাৰো ক্ষমতা নাৰাখো। আল্লাহে যিটো বিচাৰে তাৰ বাহিৰে।” [আ‘ৰাফ : ১৮৮]

আৰু কৈছে:

﴿قُلۡ إِنِّي لَآ أَمۡلِكُ لَكُمۡ ضَرّٗا وَلَا رَشَدٗا ٢١ قُلۡ إِنِّي لَن يُجِيرَنِي مِنَ ٱللَّهِ أَحَدٞ وَلَنۡ أَجِدَ مِن دُونِهِۦ مُلۡتَحَدًا ٢٢﴾ [الجن: 21-22]

“কোৱা, মই তোমালোকৰ কোনো ক্ষতি কৰাৰো ক্ষমতা নাৰাখো, আৰু কোনো কল্যাণ কৰাৰো ক্ষমতা নাৰাখো। কোৱা: কোনেও মোক আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা ৰক্ষা কৰিব নোৱাৰে।আৰু তেওঁৰ আশ্রয়ৰ বাহিৰে মই আন কোনো আশ্রয়স্থল নাপাম।” [জিন : ২১-২২]

আমি বিশ্বাস কৰোঁ, সকলো নবীয়েই আল্লাহৰ বান্দাহ। আল্লাহ তা‘আলা তেওঁলোকক ৰিছালত প্ৰদান কৰি সম্মানিত কৰিছে। তেওঁলোকৰ সৰ্বোচ্চ মৰ্যাদা আৰু প্রশংসা বৰ্ণনাৰ ক্ষেত্রত আল্লাহ তা‘আলা তেওঁলোকক দাসত্বৰ গুণেৰে গুণান্বিত কৰিছে। প্রথম ৰাছুল নূহ [আলাইহিচ ছালাম] সম্পৰ্কে আল্লাহ তা‘আলা কৈছে:

﴿ذُرِّيَّةَ مَنۡ حَمَلۡنَا مَعَ نُوحٍۚ إِنَّهُۥ كَانَ عَبۡدٗا شَكُورٗا ٣﴾ [الإسراء: 3]

“তোমালোক তেওঁলোকৰেই সন্তান যিহঁতক আমি নূহ [আলাইহিচ ছালাম]ৰ লগত [নাওত] বহন কৰিছিলোঁ। আৰু নূহ [আলাইহিচ ছালাম] আছিল আল্লাহৰ এজন কৃতজ্ঞ বান্দাহ।” [ইছৰা : ৩]

সৰ্বশেষ ৰাছুল মুহাম্মদ ছাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে আল্লাহ তা‘আলা কৈছে:

﴿تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا ١﴾ [الفرقان: 1]

“অতি বৰকতময় সেই সত্তা যিয়ে এই ফুৰকান (কোৰআন) নিজ বান্দাহৰ ওপৰত অৱতীৰ্ণ কৰিছে; যাতে তেওঁ সমগ্র সৃষ্টিৰ বাবে ভয় প্রদৰ্শনকাৰী হ’ব পাৰে।” [ফুৰকান: ১]

আন আন নবী সকলৰ ক্ষেত্রত আল্লাহ তা‘আলা কৈছে:

﴿وَٱذۡكُرۡ عِبَٰدَنَآ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَ أُوْلِي ٱلۡأَيۡدِي وَٱلۡأَبۡصَٰرِ ٤٥﴾ [ص: 45]

“আমাৰ বান্দাহ ইব্ৰাহীম, ইছহাক আৰু ইয়াকুবৰ কথা স্মৰণ কৰা। তেওঁলোক বৰ কৰ্মক্ষমতা সম্পন্ন আৰু দৃষ্টিমান লোক আছিল।” [ছোৱাদ : ৪৫]

﴿ وَٱذۡكُرۡ عَبۡدَنَا دَاوُۥدَ ذَا ٱلۡأَيۡدِۖ إِنَّهُۥٓ أَوَّابٌ ١٧﴾ [ص: 17]

“আমাৰ বান্দাহ দাউদৰ কথা বৰ্ণনা কৰা, তেওঁ বৰ শক্তিৰ অধিকাৰী আছিল। নিশ্চয় তেওঁ (আল্লাহৰ ফালে) প্রত্যাৱৰ্তনকাৰী আছিল।” [ছোৱাদ :১৭]

﴿وَوَهَبۡنَا لِدَاوُۥدَ سُلَيۡمَٰنَۚ نِعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٌ ٣٠﴾ [ص: 30]

“আৰু দাঊদক আমি ছুলাইমান [ৰ দৰে বিচক্ষণ পুত্র] দান কৰিছোঁ। তেওঁ বৰ উত্তম বান্দাহ আছিল। নিশ্চয় তেওঁ (আল্লাহৰ ফালে) প্রত্যাৱৰ্তনকাৰী আছিল।” [ছোৱাদ: ৩০]

ঈছা আলাইহিচ ছালাম সম্পৰ্কে আল্লাহ তা‘আলা কৈছে:

﴿إِنۡ هُوَ إِلَّا عَبۡدٌ أَنۡعَمۡنَا عَلَيۡهِ وَجَعَلۡنَٰهُ مَثَلٗا لِّبَنِيٓ إِسۡرَٰٓءِيلَ ٥٩﴾ [الزخرف: 59]

“তেওঁ [ঈছা] আল্লাহৰ বান্দাহৰ বাহিৰে আন একো নহয়। তেওঁৰ প্রতি আমি নিয়ামত দান কৰিছোঁ আৰু তেওঁক বনী ইছৰাইলৰ বাবে এক বিশেষ দৃষ্টান্ত বনাইছো।” [যুখৰুফ :৫৯]

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা “ৰিছালত” সমাপ্ত কৰিছে। তেওঁক গোটেই মানৱ জাতিৰ বাবে ৰাছুল হিচাপে পঠাইছে।

আল্লাহ তা‘আলা কৈছে:

﴿قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ فَ‍َٔامِنُواْ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِيِّ ٱلۡأُمِّيِّ ٱلَّذِي يُؤۡمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمۡ تَهۡتَدُونَ ١٥٨﴾ [الأعراف: 158]

“হে মুহাম্মদ! কোৱা, হে মানৱ সম্প্ৰদায়, মই তোমালোক সকলোৰে প্রতি নবী হিচাপে সেই মহান আল্লাহৰ তৰফৰ পৰা প্রেৰিত হৈছো, যিজন আকাশ আৰু পৃথিৱীৰ গৰাকী। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ জীৱন দান কৰে। তেৱেঁই মৃত্যু প্ৰদান কৰে। এতেকে তোমালোক আল্লাহৰ প্রতি আৰু তেওঁৰ (প্ৰেৰিত) উম্মী নবীৰ প্রতি ঈমান আনা, যিয়ে আল্লাহ আৰু তেওঁৰ কলিমাত বিশ্বাস পোষন কৰে। তোমালোক তেওঁৰ আনুগত্য কৰা; যাতে তোমালোক হিদায়ত লাভ কৰিব পাৰা।” [আ‘ৰাফ : ১৫৮]

আমি আৰু বিশ্বাস পোষন কৰোঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিয়ত হৈছে “দ্বীন ইছলাম”, যি দ্বীনক আল্লাহ তা‘আলায় তেওঁৰ বান্দাহ সকলৰ বাবে পছন্দ কৰিছে। আৰু আল্লাহ তাআলা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম কাৰো পৰাই গ্ৰহণ নকৰিব। যেনে আল্লাহ তা‘আলা কৈছে:

﴿إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ﴾ [آل عمران: 19]

“আল্লাহৰ ওচৰত পছন্দনীয় ধৰ্ম হৈছে ইছলাম।” [আলে-ইমৰান :১৯]

﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ﴾ [المائدة: 3]

“আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক সম্পূৰ্ণ কৰি দিলো। আৰু মোৰ অনুগ্ৰহ তোমোলোকৰ প্রতি পৰিপূৰ্ণ কৰি দিলো। আৰু ইছলামক তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলো।” [মায়িদা : ৩]

আৰু কৈছে:

﴿وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينٗا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ ٨٥﴾ [آل عمران: 85]

“যি ব্যক্তি ইছলামৰ বাহিৰে আন কোনো ধৰ্ম আকোঁৱালী লব বিচাৰে; তাৰ পৰা কেতিয়াও সেইটো গ্ৰহণ কৰা নহব। আৰু পৰকালত সি ক্ষতিগ্ৰস্থ সকলৰ অন্তৰ্ভূক্ত হ’ব।” [আলে-ইমৰান: ৮৫]

আমাৰ বিশ্বাস এয়াও যে, যি ব্যক্তি দ্বীন ইছলামৰ বাহিৰে আন কোনো মতাদৰ্শ যেনে ইয়াহুদীবাদ, খৃষ্টবাদ (হিন্দুত্ববাদ, বৌদ্ধ,) ইত্যাদিক দ্বীন হিচাপে আল্লাহৰ ওচৰত গ্রহণযোগ্য বুলি ভাবিব সি কাফিৰ। যদি সি তাওবা কৰে তেন্তে তাৰ তাওবা গ্রহণ কৰা হ’ব। অন্যথা মুৰতাদ হিচাপে তাক হত্যা কৰা হ’ব। কাৰণ সি কোৰআন অস্বীকাৰকাৰী।

আৰু কওঁ যে, যি ব্যক্তি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটে মানৱ জাতিৰ বাবে ৰাছুল হিচাপে মানিবলৈ অস্বীকাৰ কৰে সি প্ৰকৃততে সকলো নবীকেই অস্বীকাৰ কৰিলে। এনেকি সি নিজে যাক নবী হিচাপে বিশ্বাস কৰে আৰু অনুসৰণ কৰে, তাকো সি অস্বীকাৰ কৰে। কাৰণ আল্লাহ তাআলা কৈছে:

﴿كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ١٠٥﴾ [الشعراء: 105]

“নূহ (আলাইহিচ ছালাম)ৰ সম্প্ৰদায়ৰ লোকসকলে ৰাছুল সকলক অস্বীকাৰ কৰিছে”[শু‘আৰা : ১০৫]

এই আয়াতত নূহ [আলাইহিচ ছালাম]ৰ জাতিক সকলো ৰাছুল অস্বীকাৰী হিছাপে চিহ্নিত কৰা হৈছে। অথচ নূহ [আলাইহিচ ছালাম]ৰ আগত কোনো ৰাছুলেই অহা নাই। (তেন্তে বুজা গল, এজন নবীক অস্বীকাৰ কৰা মানে গোটেই নবী সকলক অস্বীকাৰ কৰা।

﴿إِنَّ ٱلَّذِينَ يَكۡفُرُونَ بِٱللَّهِ وَرُسُلِهِۦ وَيُرِيدُونَ أَن يُفَرِّقُواْ بَيۡنَ ٱللَّهِ وَرُسُلِهِۦ وَيَقُولُونَ نُؤۡمِنُ بِبَعۡضٖ وَنَكۡفُرُ بِبَعۡضٖ وَيُرِيدُونَ أَن يَتَّخِذُواْ بَيۡنَ ذَٰلِكَ سَبِيلًا ١٥٠ أُوْلَٰٓئِكَ هُمُ ٱلۡكَٰفِرُونَ حَقّٗاۚ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ عَذَابٗا مُّهِينٗا ١٥١﴾ [النساء: 150-151]

“নিশ্চয় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুল সকলক অস্বীকাৰ কৰে আৰু তেওঁলোকৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, আৰু কয়, আমি কিছুমানক বিশ্বাস কৰো আৰু কিছুমানক অস্বীকাৰ কৰো আৰু ঈমান আৰু কুফৰিৰ মাজত আন এটা পথ উলিৱাবলৈ চেষ্টা কৰে সিহঁত নিঃসন্দেহে কাফিৰ। আৰু আমি কাফিৰ সকলৰ বাবে অপমানকৰ শাস্তিৰ ব্যৱস্থা কৰি ৰাখিছো।” [নিছা: ১৫০-১৫১]

আমি আৰু বিশ্বাস কৰোঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কোনো নবী নাহিব। তেওঁৰ পিছত যি ব্যক্তি নবুৱতৰ দাবী কৰিব অথবা নবুৱতৰ মিছা দাবীদাৰক সত্য বুলি ভাবিব সিও কাফিৰ। কাৰণ সি আল্লাহ তা‘আলা, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছলিম সকলৰ ‘ইজমা’ অৰ্থাৎ মুছলিম উম্মাৰ সৰ্বসম্মত সিদ্ধান্তক মিছা প্রতিপন্ন কৰিছে।

আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ বাবে খোলাফায়ে ৰাছেদিনক ৰাখি থৈ গৈছে। তেওঁলোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত উম্মতৰ মাজত জ্ঞান, ইছলামৰ প্রচাৰ, প্রসাৰ আৰু নেতৃত্বৰ ক্ষেত্রত তেওঁৰেই প্রতিনিধিত্ব কৰিছে। তেওঁলোকৰ মাজত আটাইতকৈ বেছি মৰ্যাদাবান আৰু খিলাফতৰ সবাতকৈ যোগ্য ব্যক্তি আছিল আবূ বকৰ [ৰাদ্বিয়াল্লাহু আনহু] তাৰ পিছত ওমৰ [ৰাদ্বিয়াল্লাহু আনহু], তাৰ পিছত হজৰত ওছমান [ৰাদ্বিয়াল্লাহু আনহু] তাৰ পিছত, আলী [ৰাদ্বিয়াল্লাহু আনহু]

মৰ্যাদাৰ ফালেৰে তেওঁলোকৰ অৱস্থান যেনে আছিল, খিলাফতৰ ফালেৰেও ঠিক তেনেই আছিল।

মহান হাকীম আল্লাহ ৰাব্বুল আলামীনৰ বাবে এইটো কোনোমতেই শোভনীয় নহয় যে, সৰ্বোত্তম যুগতো তেওঁ এনে লোকক খিলাফতৰ দায়িত্ব দিব যিজনতকৈ উত্তম আৰু খিলাফতৰ অধিক যোগ্য ব্যক্তি উম্মতৰ মাজত আছে।

আমি আৰু বিশ্বাস কৰোঁ যে, এওঁলোকৰ মাজৰ মাফজুল ব্যক্তি কোনো কোনো ক্ষেত্রত আফজল ব্যক্তিতকৈ অধিক গুণ বা বৈশিষ্ট্যৰ অধিকাৰী আছিল। কিন্তু আফজল ব্যক্তিক মাফজুল ব্যক্তিতকৈ শ্রেষ্ঠ কোৱা ঠিক নহয়। কিয়নো মৰ্যাদাৰ কাৰণ আৰু বিষয়বস্তু বহুত আৰু বিভিন্ন ধৰণৰ।

আমি আৰু বিশ্বাস কৰোঁ যে, উম্মতে মুহাম্মদী হৈছে সৰ্বোত্তম আৰু সৰ্বশ্ৰেষ্ঠ উম্মত।

﴿كُنتُمۡ خَيۡرَ أُمَّةٍ أُخۡرِجَتۡ لِلنَّاسِ تَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَتَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَتُؤۡمِنُونَ بِٱللَّهِۗ﴾ [آل عمران: 110]

“তোমালোক সৰ্বশ্ৰেষ্ঠ উম্মত। মানুহৰ বাবে তোমালোকক বাহিৰ কৰা হৈছে। তোমালোক সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস কৰা।” [আলে ইমৰান : ১১০]

আমি আৰু বিশ্বাস কৰোঁ যে, এই উম্মতৰ মাজত সৰ্বোত্তম মানৱ গোষ্ঠী হৈছে ছাহাবায়ে কেৰাম [ৰাদ্বিয়াল্লাহু আনহুম] তাৰ পিছত তাবেয়ীন সকল, তাৰ পিছত তাবে-তাবেয়ীন সকল।

এই দৰে কিয়ামত পৰ্যন্ত এই উম্মতৰ মাজৰ পৰা এনে এটা দল সত্যৰ ওপৰত অবিচল থাকিব যিহঁতক কোনো অপমানকাৰীৰ অপমানে অথবা বিৰোধিতাকাৰীৰ বিৰোধিতায় কোনো ক্ষতি কৰিব নোৱাৰিব। তেওঁলোকক সত্য পথৰ পৰা বিচ্যুত কৰিব নোৱাৰিব।

আমি আৰু বিশ্বাস কৰোঁ যে, ছাহাবায়ে কেৰামৰ মাজত যি সমূহ ফিতনা অৰ্থাৎ ভুল ধাৰণাৰ কাৰণে মতানৈক্য, সংঘাত আৰু সংগ্রাম সংঘটিত হৈছে, সেইবোৰ তেওঁলোকৰ ব্যাখ্যা আৰু ইজতিহাদৰ কাৰণে হৈছে। এই ক্ষেত্রত যিহঁতে সঠিক সিদ্ধান্তত উপনীত হৈছে তেওঁলোকৰ বাবে দুটা পুৰস্কাৰ। আৰু যিহঁতে ভুল কৰিছে তেওঁলোকৰ বাবে আছে এটা পুৰষ্কাৰ। আৰু ভুল-ত্রুটি সমূহ আল্লাহ তা‘আলা মাফ কৰি দিছে।

আমাৰ মতে তেওঁলোকৰ প্রতি কোনো ধৰণৰ অন্যায় আচৰণৰ পৰা আমি বিৰত থকা উচিৎ। এইদৰে তেওঁলোক যি মৰ্যাদাৰ আৰু প্রশংসাৰ অধিকাৰী, তাৰ বাহিৰে আন কিবা আলোচনা কৰা আমাৰ বাবে অনুচিৎ। তেওঁলোকৰ কাৰোবাৰ প্রতি হিংসা-বিদ্বেষ আৰু ঈৰ্ষা পোষণ কৰাৰ পৰা আমি আমাৰ অন্তৰক পৱিত্র ৰখা উচিৎ। আল্লাহ তা‘আলা কৈছে:

﴿لَا يَسۡتَوِي مِنكُم مَّنۡ أَنفَقَ مِن قَبۡلِ ٱلۡفَتۡحِ وَقَٰتَلَۚ أُوْلَٰٓئِكَ أَعۡظَمُ دَرَجَةٗ مِّنَ ٱلَّذِينَ أَنفَقُواْ مِنۢ بَعۡدُ وَقَٰتَلُواْۚ وَكُلّٗا وَعَدَ ٱللَّهُ ٱلۡحُسۡنَىٰۚ﴾ [الحديد: 10]

“তোমালোকৰ মাজত যিহঁত (মক্কা) বিজয়ৰ পিছত দান কৰিছে আৰু জিহাদ কৰিছে সিহঁত কেতিয়াও তেওঁলোকৰ সমান হ’ব নোৱাৰে যিহঁত (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু জিহাদ কৰিছে। প্ৰকৃততে তেওঁলোকৰ মৰ্যাদা পিছত দানকাৰী আৰু জিহাদকাৰী সকলৰ তুলনাত বহুগুণে বেছি। আল্লাহ উভয়ৰ বাবেই উত্তম প্ৰতিশ্ৰুতি দিছে।” [আল হাদীদ : ১০]

আল্লাহ তা‘আলা আমাৰ বিষয়ে কৈছে:

﴿وَٱلَّذِينَ جَآءُو مِنۢ بَعۡدِهِمۡ يَقُولُونَ رَبَّنَا ٱغۡفِرۡ لَنَا وَلِإِخۡوَٰنِنَا ٱلَّذِينَ سَبَقُونَا بِٱلۡإِيمَٰنِ وَلَا تَجۡعَلۡ فِي قُلُوبِنَا غِلّٗا لِّلَّذِينَ ءَامَنُواْ رَبَّنَآ إِنَّكَ رَءُوفٞ رَّحِيمٌ ١٠﴾ [الحشر: 10]

“ আৰু যিহঁত তেওঁলোকৰ পিছত আহিছে সিহঁতে কয়: হে আমাৰ প্ৰভূ, আমাক আৰু আমাৰ সেই ভাইসকলক ক্ষমা কৰি দিয়া যিহঁতে আমাৰ আগতে ঈমান আনিছে আৰু ঈমানদাৰ সকলৰ প্রতি কোনো হিংসা আৰু শত্রুতা আমাৰ অন্তৰত নাৰাখিবা। হে আমাৰ প্ৰভূ, তুমি বৰ অনুগ্রহকাৰী কৰুণাময়।”[হাছৰ: ১০]

 আখিৰাত বা পৰকাল

আমি শেষ দিৱসৰ প্ৰতি বিশ্বাস পোষণ কৰোঁ। আৰু শেষ দিন হৈছে কিয়ামতৰ দিন। ইয়াৰ পিছত আন কোনো দিন নাই।

যেতিয়া মানুহক অনন্তকাল থকাৰ বাবে পুন:জীৱিত কৰা হ’ব। সেই জীৱন দাৰুন্নাইম (নিয়ামাতপূৰ্ণ বা শান্তিময় গৃহ)হ’ব, অথবা কঠিন শাস্তিৰ গৃহ হ’ব।

আমি বিশ্বাস কৰোঁ যে, ইছৰাফীল (আলাইহিচ ছালামে) দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মৃত সকল জীৱিত হোৱাৰ দ্বাৰা পুনৰুত্থান সংঘটিত হ’ব।

﴿وَنُفِخَ فِي ٱلصُّورِ فَصَعِقَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۖ ثُمَّ نُفِخَ فِيهِ أُخۡرَىٰ فَإِذَا هُمۡ قِيَامٞ يَنظُرُونَ ٦٨﴾ [الزمر: 68]

“সেইদিনা শিঙাত ফুঁ দিয়া হ’ব। তেতিয়া আকাশ আৰু পৃথিৱীৰ সকলো প্রাণী মৰি পৰি থাকিব। অৱশ্য আল্লাহ যাক ইচ্ছা (জীৱন্ত ৰাখিব) তাৰ বাহিৰে। তাৰ পিছত শিঙাত আকৌ এবাৰ ফুঁ দিয়া হ’ব। তেতিয়া সকলোৱে থিয় হৈ দৃষ্টিপাত কৰিব।” [যুমাৰ: ৬৮]

ইয়াৰ পিছত সকলো মানুহ ৰাব্বুল আলামীনৰ উদ্দেশ্যে কবৰৰ পৰা উঠিব। সিহঁতৰ ভৰিত চেণ্ডেল আৰু শৰীৰত বস্ত্র নাথকিব লগতে পুৰুষাংগ খতনাবিহীন থাকিব।

﴿كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ ١٠٤﴾ [الأنبياء:104]

“যেনেকৈ সৰ্বপ্রথম আমি সৃষ্টিৰ সূচনা কৰিছিলো ঠিক তেনেকৈ আকৌ আমি তাৰ পুনৰাবৃত্তি কৰিম। এইটো এটা প্ৰতিশ্ৰুতি, যিটো পুৰণ কৰাৰ দায়িত্ব আমাৰ। এইকাম অৱশ্যই আমি কৰিম।” [আম্বিয়া : ১০৪]

 আমল নামা

আমি আমল নামাৰ প্ৰতিও বিশ্বাস কৰোঁ। এই আমল নামা সোঁ হাতত দিয়া হ’ব অথবা পিছ ফালৰ পৰা বাওঁ হাতত দিয়া হ’ব।

﴿فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ ٧ فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا ٨ وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا ٩ وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ ١٠ فَسَوۡفَ يَدۡعُواْ ثُبُورٗا ١١ وَيَصۡلَىٰ سَعِيرًا ١٢﴾ [الإنشقاق: 7-12]

“এতেকে যাৰ আমল নামা তাৰ সোঁ হাতত দিয়া হ’ব, নিশ্চয় তাৰ হিচাপ সহজভাৱে লোৱা হ’ব। আৰ সি আত্মিয় সকলৰ ওচৰত আনন্দচিত্তে উভতি যাব। আৰু যি ব্যক্তিৰ আমল নামা পিছ ফলেৰে দিয়া হ’ব, সি ভয়তে মৃত্যুক মাতিব। আৰু সি জলন্ত জুইত নিক্ষিপ্ত হ’ব।” [ইনশ্বিকাক : ৭-১২]

﴿وَكُلَّ إِنسَٰنٍ أَلۡزَمۡنَٰهُ طَٰٓئِرَهُۥ فِي عُنُقِهِۦۖ وَنُخۡرِجُ لَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ كِتَٰبٗا يَلۡقَىٰهُ مَنشُورًا ١٣ ٱقۡرَأۡ كِتَٰبَكَ كَفَىٰ بِنَفۡسِكَ ٱلۡيَوۡمَ عَلَيۡكَ حَسِيبٗا ١٤﴾ [الإسراء: 13-14]

“আৰু প্রত্যেক ব্যক্তিৰ ভাগ্য আমি তাৰ ডিঙিত উলমাই ৰাখিছোঁ। আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে কিতাপ এখন প্রকাশ কৰিম। সি কিতাপ খনক উন্মুক্ত গ্রন্থ হিচাপে দেখিব। পঢ়া তোমাৰ কিতাপ খন। আজি তোমাৰ নিজৰ হিচাপ চোৱাৰ বাবে তুমি নিজেই যথেষ্ট।” [ইছৰা : ১৩-১৪]

 মিজান

আমি আৰু বিশ্বাস কৰোঁ, কিয়ামতৰ দিনা “মিজান” বা ভাল-বেয়া ওজন কৰাৰ ব্যৱস্থা থাকিব। কোনো ব্যক্তিৰ প্রতি কোনো ধৰণৰ অন্যায় কৰা নহব।

﴿فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرٗا يَرَهُۥ ٧ وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٖ شَرّٗا يَرَهُۥ ٨﴾ [الزلزلة: 7-8]

“যি ব্যক্তি অনু পৰিমাণ নেক আমল কৰিব, সি সেইটো দেখিবলৈ পাব আৰু যি ব্যক্তি অনু পৰিমান বেয়া-আমল কৰিব, সিও সেইটো দেখিবলৈ পাব।” [যিল-যাল: ৭-৮]

﴿فَمَن ثَقُلَتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ١٠٢ وَمَنۡ خَفَّتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فِي جَهَنَّمَ خَٰلِدُونَ ١٠٣ تَلۡفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمۡ فِيهَا كَٰلِحُونَ ١٠٤﴾ [المؤمنون: 102-104]

“যিহঁতৰ (নেক আমলৰ) তৰ্জু ভাৰী হ’ব তেওঁলোকেই সফল। আৰু যিহঁতৰ তৰ্জু পাতল হ’ব সিহঁত হ’ব ক্ষতিগ্রস্ত। সিহঁত চিৰকাল জাহান্নামত থাকিব। জুইয়ে সিহঁতৰ মুখমণ্ডল জ্বলাব আৰু সিহঁত তাত কুৎসিত আৰু বেয়া আকাৰ ধাৰণ কৰিব।” [মুমিনুন : ১০২-১০৪]

﴿مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ عَشۡرُ أَمۡثَالِهَاۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَا وَهُمۡ لَا يُظۡلَمُونَ ١٦٠﴾ [الأنعام: 160]

“ যি ব্যক্তি আল্লাহৰ ওচৰত নেক আমল লৈ উপস্থিত হ’ব তাৰ বাবে দহ গুন বেছি পুৰষ্কাৰ আছে। আৰু যি ব্যক্তি পাপ কৰ্ম লৈ উপস্থিত হ’ব, তাক তাৰ পাপ কৰ্মৰ সমপৰিমাণ প্রতিফল দিয়া হ’ব। কাৰো প্রতি কোনো ধৰণৰ অন্যায় কৰা নহব।” [আন‘আম : ১৬০]

 শ্বাফাআত

আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ বাবে ‘শ্বাফাআতে উযমা’ (বা মহান শ্বাফাআত) বিশেষভাৱে নিৰ্দিষ্ট আছে। বান্দাহ সকলৰ মাজত বিচাৰ ফায়চালা কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওচৰত তেওঁৰেই অনুমতিক্রমে এই শ্বাফা‘আত এনে এক সময়ত কৰিব যেতিয়া মানুহে হাছৰৰ ময়দানত সীমাহীন দুশ্চিন্তা আৰু সংকটৰ মাজত থাকিব। প্রথমতে মানুহে আদম [আলাইহিচ ছালাম]ৰ ওচৰত যাব। তাৰ পিছত নূহ [আলাইহিচ ছালাম] তাৰ পিছত ইব্ৰাহীম, মূছা, ঈছা [আলাইহিচ ছালাম] আৰু অৱশেষত ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ ওচৰত যাব।

আমি আৰু বিশ্বাস কৰোঁ যে, মুমিন সকলৰ মাজত যিহঁতে জাহান্নামত যাব সিহঁতক তাৰ পৰা উলিৱাৰ বাবে শ্বাফাআত কৰা হ’ব। এই শ্বাফা‘আত ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] সহ আন আন নবী, পূন্যবান লোক সকল আৰু ফিৰিস্তা সকলৰ বাবে নিৰ্দিষ্ট।

আল্লাহ তা‘আলা নিজ ৰহমত আৰু অনুগ্ৰহত শ্বাফা‘আত বিহীন জাহান্নামী সকলৰ এদল লোকক মুক্তি দিব।

 হাউজে কাওছাৰ

আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ বাবে এনে এটা হাওজ নিৰ্দিষ্ট আছে যাৰ পানী গাখিৰতকৈও বগা, মধুতকৈ মিঠা আৰু মুছ্কতকৈ সুগন্ধি বিশিষ্ট। ইয়াৰ দৈৰ্ঘ এক মাহৰ পথ আৰু প্রসস্থ এক মাহৰ পথ। আৰু পাত্র সমূহ, সংখ্যা আৰু সৌন্দৰ্যৰ ফালেৰে যেন আকাশৰ নক্ষত্র। নবী [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ উম্মতৰ মুমিন সকলে এই হাওজৰ পৰা পানী পান কৰিব। যি ব্যক্তি এই হাওজৰ পৰা পানী পান কৰিব তাৰ আৰু কেতিয়াও পিয়াঁহ নালাগিব।

 পুলচিৰাত

আমি বিশ্বাস কৰোঁ যে, জাহান্নামৰ ওপৰত পুলচিৰাত স্থাপিত আছে। মানুহে সিহঁতৰ আমলৰ ভিত্তিত এই পুলচিৰাত অতিক্রম কৰিব। প্রথম ব্যক্তি বিদ্যুতৰ গতিত এই পুলচিৰাত অতিক্রম কৰিব। ইয়াৰ পিছৰ ব্যক্তি অতিক্রম কৰিব বতাহৰ বেগেৰে। তাৰ পিছৰ ব্যক্তি চৰাইৰ গতিত আৰু তাৰ পিছৰ ব্যক্তি পুৰুষৰ দৰে দ্ৰুত গতিত পাৰ হ’ব। আৰু ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] পুলচিৰাতৰ ওচৰত থিয় হৈ ক’ব, হে আমাৰ ৰব [বিপদৰ পৰা] ৰক্ষা কৰা, ৰক্ষা কৰা। অৱশেষত বান্দাসকলৰ আমল ইমান কম হৈ যাব যে ফলত আঠু কাঢ়ি পাৰ হবলৈ চেষ্টা কৰিব। আৰু পুলচিৰাতৰ দুয়ো পাশে কাইটৰ নিচিনা লোৰে গঠিত কালালীব উলোমা থাকিব। আল্লাহ তা‘আলাৰ নিৰ্দেশানুযায়ী সেই কাইটে আঘাত কৰিব, যি ব্যক্তি পাৰ হ’ব পাৰিব সি নাজাত পাব আৰু যি ব্যক্তি সহ্য কৰিব নোৱাৰি পৰি যাব সি জাহান্নামত যাব।

আৰু আমি কিয়ামতৰ দিনৰ লগতে সেই দিনৰ ভয়ঙ্কৰ অৱস্থা সংক্রান্ত যাৱতীয় খবৰ যিটো কোৰআন আৰু ছুন্নাত আহিছে সেই সকলোৰ ওপৰত বিশ্বাস কৰোঁ। আল্লাহ সেই কঠিন সময়ত আমাক সাহায় কৰক।

 বিশেষ শ্বাফাআত

আমি আৰু বিশ্বাস কৰোঁ যে, জান্নাতি ব্যক্তি সকলৰ কাৰণে জান্নাতত প্রৱেশ কৰাৰ বাবে ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] আল্লাহৰ ওচৰত বিশেষ ছুপাৰিছ কৰিব। এই ছুপাৰিছ কেৱল তেওঁৰ বাবেই নিৰ্দিষ্ট।

  জান্নাত আৰু জাহান্নাম

আমি জান্নাত আৰু জাহান্নামৰ ওপৰত বিশ্বাস পোষণ কৰোঁ। জান্নাত পৰম সুখ আৰু শান্তিৰ স্থান। আল্লাহ তা‘আলা মুমিন মুত্তাকী সকলৰ বাবে জান্নাত তৈয়াৰ কৰিছে। জান্নাতত এনে সুখ-শান্তিৰ উপকৰণ আছে যিটো কোনো চকুৱে দেখা নাই। কোনো কানেও শুনা নাই। কোনো অন্তৰত তাৰ কল্পনা কৰাও সম্ভৱ নহয়।

﴿فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ١٧﴾ [السجدة: 17]

“সিহঁতৰ কৰ্মৰ প্রতিফল হিচাপে চকু শীতলকাৰী যিবোৰ সুখ-সামগ্রী সিহঁতৰ বাবে গোপন ৰখা হৈছে কোনো জীৱই সেয়া নাজানে।” [ছাজদাহ : ১৭]

আৰু জাহান্নাম হৈছে শাস্তিৰ স্থান। অন্যায়কাৰী, কাফিৰ সকলৰ বাবে আল্লাহ তা‘আলা জাহান্নাম তৈয়াৰ কৰিছে। তাত এনে দুঃখ-কষ্ট আৰু শাস্তিৰ ব্যৱস্থা আছে যিটো কোনো হৃদয় কল্পনা কৰিব নোৱাৰে।

﴿إِنَّآ أَعۡتَدۡنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا ٢٩﴾ [الكهف: 29]

“আমি অন্যায়কাৰী ,সকলৰ বাবে নৰক [জাহান্নাম]ৰ ব্যৱস্থা কৰি ৰাখিছোঁ। এই জুইৰ শিখা সিহঁতক আৱৰি ৰাখিব। তাত সিহঁতে পানী বিচাৰিলে এনে পানী সৰবৰাহ কৰা হ’ব যিটো জুলিয় পদাৰ্থৰ নিচিনা। ফলত সিহঁতৰ মুখমণ্ডল বিদগ্ধ হৈ যাব। এইটো কিমান যে নিকৃষ্ট পানী।আৰু কিমান যে বেয়া আশ্রয়স্থল।” [কাহাফ : ২৯]

জান্নাত আৰু জাহান্নামৰ অস্তিত্ব বৰ্তমানো আছে। চিৰকাল থাকিব। কেতিয়াও ধ্বংস নহব।

﴿وَمَن يُؤۡمِنۢ بِٱللَّهِ وَيَعۡمَلۡ صَٰلِحٗا يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ قَدۡ أَحۡسَنَ ٱللَّهُ لَهُۥ رِزۡقًا ١١﴾ [الطلاق: 11]

 “আৰু যি ব্যক্তি আল্লাহৰ প্রতি ঈমান আনিব আৰু নেক আমল কৰিব, আল্লাহ তাক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নিজৰা বৈ যায়। তেওঁলোকে তাত চিৰকাল বসবাস কৰিব। পূন্যবান লোকসকলৰ বাবে আল্লাহে তাত উত্তম জীৱিকাৰ ব্যৱস্থা কৰিছে।” [তালাক: ১১]

﴿إِنَّ ٱللَّهَ لَعَنَ ٱلۡكَٰفِرِينَ وَأَعَدَّ لَهُمۡ سَعِيرًا ٦٤ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ لَّا يَجِدُونَ وَلِيّٗا وَلَا نَصِيرٗا ٦٥ يَوۡمَ تُقَلَّبُ وُجُوهُهُمۡ فِي ٱلنَّارِ يَقُولُونَ يَٰلَيۡتَنَآ أَطَعۡنَا ٱللَّهَ وَأَطَعۡنَا ٱلرَّسُولَا۠ ٦٦﴾ [الأحزاب: 64-66]

“আল্লাহ তাআলা কাফিৰ সকলৰ প্ৰতি অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে জ্বলন্ত জুই তৈয়াৰ কৰি ৰাখিছে। তাত সিহঁতে চিৰকাল থাকিব। তাত সিহঁতে কোনো বন্ধু আৰু সাহায্যকাৰীও নাপাব। যিদিনা সিহঁতৰ মুখমণ্ডল জুইৰ ওপৰত উলট-পালট কৰা হ’ব সেইদিনা সিহঁতে ক’ব: হায়! যদি আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন।” [আহযাব : ৬৪-৬৬]

আমি তেওঁলোকৰ জান্নাতি হোৱাত সাক্ষী দিওঁ যিহঁতৰ বিষয়ে কোৰআন আৰু হাদীছে সুনিৰ্দিষ্ট কৰি, আৰু মানগত দিশ উল্লেখ কৰি ঘোষণা দিছে। নিৰ্দিষ্ট কৰি জান্নাতত যোৱাৰ ক্ষেত্ৰত যিহঁতৰ ঘোষণা দিয়া হৈছে তেওঁলোকৰ মাজত আছে আবূ বকৰ, ওমৰ, ওছমান, আলী [আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হওক]আৰু তেওঁলোকৰ দৰে লোকসকল। ৰাছুলুল্লাহ [চাল্লাল্লাহ আলাইহি অছাল্লাম] এওঁলোকৰ নাম নিৰ্দিষ্ট কৰি দিছে। আৰু মানগত আৰু গুনগত দিশ বিচাৰ কৰি যিহঁতৰ ক্ষেত্ৰত জান্নাতি বুলি ঘোষণা আছে তেওঁলোক হৈছে, প্রত্যেক মুমিন আৰু মুত্তাকী ব্যক্তি।

 আমি আৰু সাক্ষী দিওঁ, প্ৰত্যেক সেই ব্যক্তিৰ জাহান্নামী হোৱাত, যাৰ ক্ষেত্ৰত কোৰআন আৰু হাদিছে নিৰ্দিষ্ট বা মানগত দিশ বৰ্ণনা কৰি ঘোষণা দিছে। যিহঁতৰ বিষয়ে নিৰ্দিষ্ট ঘোষণা দিছে সিহঁত হৈছে আবু লাহাব, আমৰ বিন লোহাই আল খুযা‘য়ীসহ আৰু কিছুমান ব্যক্তি সম্পৰ্কে। আৰু যিহঁতৰ বিষয়ে গুণগত আৰু মানগত দিশেৰে ঘোষণা আছে সিহঁত হৈছে প্রত্যেক কাফিৰ আৰু ডাঙৰ শিৰ্ককাৰী মুশ্বৰিক আৰু মুনাফিক।

 কবৰত মৃত ব্যক্তিৰ পৰিক্ষা

আমি কবৰৰ ফিতনাৰ প্ৰতি বিশ্বাস কৰোঁ, আৰু সেয়া হৈছে, কবৰত প্ৰভূ, দ্বীন আৰু নবী সম্পৰ্কে কৰা প্ৰশ্ন। তেতিয়া

﴿يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ﴾ [إبراهيم: 27]

“ আল্লাহ তাআলা ঈমান্দাৰ সকলক পৃথিৱী আৰু পৰকালত শাশ্বত বাণীৰ ওপৰত সুপ্রতিষ্ঠিত ৰাখিব।” [ইব্ৰাহীম : ২৭]

মুমিন ব্যক্তি ইয়াৰ উত্তৰত ক’ব, ‘আল্লাহ তাআলা মোৰ প্ৰভূ’ ‘ইছলাম মোৰ দ্বীন’ মুহাম্মদ মোৰ নবী’ ।

আনহাতে কাফিৰ আৰু মুনাফিক ব্যক্তিয়ে ক’ব, মই একো নাজানো। পৃথিৱীৰ লোকসকলক যি কওঁতে শুনিছো ময়ো তাকেই কৈছো।

 কবৰৰ শান্তি

আমি মুমিনসকলৰ বাবে কবৰত থকা সুখ-শান্তিৰ ওপৰত বিশ্বাসী।

﴿ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ طيبين يقولون سلام عليكم أدخلوا الجنة بما كنتم تعملون ﴾ (النحل : 32)

 “পৱিত্র থকা অৱস্থাত ফিৰিস্তাসকলে যিহঁতৰ ৰূহ কবজ কৰে, সিহঁতক তেওঁলোকে কয়, তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক। তোমালোক তোমালোকৰ আমলৰ বিনিময়ত জান্নাতত প্রৱেশ কৰা।” [নাহল : ৩২]

 কবৰৰ আজাব

আমি আৰু বিশ্বাস কৰোঁ যে, অন্যায়কাৰী, কাফিৰসকলৰ বাবে কবৰত শাস্তিৰ ব্যৱস্থা আছে।

﴿وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ ٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَقُولُونَ عَلَى ٱللَّهِ غَيۡرَ ٱلۡحَقِّ وَكُنتُمۡ عَنۡ ءَايَٰتِهِۦ تَسۡتَكۡبِرُونَ ٩٣﴾ [الأنعام: 93]

“হায়! যদি তুমি অন্যায়কাৰীসকলক সেই অৱস্থাত দেখা পালেহেঁতেন যেতিয়া সিহঁত মৃত্যু যন্ত্রণাত থাকে। ফিৰিস্তাসকলে নিজৰ হাত আগবঢ়ায় (আৰু কয়)উলিয়াই আনা তোমালোকৰ অন্তৰাত্মা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব। কাৰণ তোমালোকে আল্লাহৰ বিৰোদ্ধে অসত্য কথা আৰু তোমালোকে তেওঁৰ আয়াতসমূহত অহংকাৰ পোষণ কৰিছিলা।” [আন‘আম: ৯৩]

এই বিষয়ে বহুতো হাদীছ বৰ্ণিত আছে। কোৰআন আৰু হাদিছত যিসমূহ অদৃশ্যৰ খবৰ ও তথ্য আহিছে সেইবোৰৰ প্ৰতি বিশ্বাস কৰা প্রত্যেকজন মুমিনৰ কৰ্তব্য। পৃথিৱীৰ এইসমূহ বস্তুৰ ওপৰত অনুমান কৰি সেইবোৰ বিষয়ৰ বিৰোধিতা কৰা ঠিক নহয়। কাৰণ পৰকালৰ বিষয় সমূহ পৃথিৱীৰ বিষয়ৰ লগত তুলনা কৰা ঠিক নহয়। একমাত্র আল্লাহেই হৈছে সহায়ৰ আঁধাৰ।

 অধ্যায় তাকদীৰ (ভাগ্য)ৰ প্ৰতি ঈমান

আমি ‘তাকদীৰ’(ভাগ্য)ৰ প্ৰতি আৰু তাৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস কৰোঁ। তাকদীৰ হৈছে, আল্লাহ তা‘আলাৰ পূৰ্ব জ্ঞান আৰু হিকমতৰ দাবী অনুযায়ী সমগ্র সৃষ্টিজগতৰ বাবে সকলো বস্তুৰ নিৰ্ধাৰণ।

ভাগ্যৰ চাৰিটা স্তৰ আছে:

 প্রথম স্তৰ হৈছে : জ্ঞান বা ইলম

আমি বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা সকলো বিষয়ে সৰ্বজ্ঞানী। যি আছিল, আৰু যি হ’ব, কেনেকৈ হ’ব এই সকলোবোৰ তেওঁ তেওঁৰ ‘ইলমে আযালী বা আবাদী’ অৰ্থাৎ স্থায়ী আৰু চিৰন্তন অপৰিসীম জ্ঞান শক্তিৰ দ্বাৰা জানে। গতিকে নজনাৰ পিছত নতুনকৈ কিবা জনা আৰু জনাৰ পিছত পাহৰি যোৱা বিষয়টো আল্লাহ তা‘আলাৰ ক্ষেত্রত প্রযোজ্য নহয়।

 দ্বিতীয় স্তৰ হৈছে : লিপিবদ্ধকৰণ

আমি বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা কিয়ামত পৰ্যন্ত যি সংঘটিত হ’ব সেই সকলবোৰ লৌহে মাহফুযত লিপিবদ্ধ কৰি ৰাখিছে।

﴿أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِنَّ ذَٰلِكَ فِي كِتَٰبٍۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٧٠﴾ [الحج: 70]

“তুমি নজনা নে যে, আকাশ আৰু পৃথিৱীত যি আছে, সেই সকলো কথাই আল্লাহ তা‘আলা জানে। এইবোৰ এখন কিতাপত লিপিবদ্ধ আছে। আল্লাহৰ বাবে এয়া অতি সহজ।” [হজ্ব: ৭০]

 তৃতীয় স্তৰ : ইচ্ছা

আমি আৰু বিশ্বাস কৰোঁ যে, আকাশ আৰু পৃথিৱীত যি আছে সকলো আল্লাহ তা‘আলাৰ ইচ্ছাত সৃষ্টি হৈছে। তেওঁৰ ইচ্ছাৰ বাহিৰে একোৱে নহয়। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে হয়। যিটো ইচ্ছা নকৰে সেইটো নহয়।

 চতুৰ্থ স্তৰ : সৃষ্টি

আমি বিশ্বাস কৰোঁ যে,

﴿ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ ٦٢ لَّهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ﴾ [الزمر: 62-63]

“আল্লাহ তা‘আলাই সকলো বস্তুৰ সৃষ্টিকৰ্তা। তেৱেঁই সকলো বস্তুৰ অভিভাৱক। আকাশ আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰৰ চাবি সমূহ তেওঁৰ ওচৰতেই সংৰক্ষিত”[যুমাৰ : ৬২-৬৩]

আল্লাহ তা‘আলাৰ তৰফৰ পৰা আৰু তেওঁৰ বান্দাহ সকলৰ তৰফৰ পৰা যি সংঘটিত হ’ব, কথা হওক, বা কৰ্ম হওক অথবা অমান্য কৰাই হওক এই সকলোবোৰ উক্ত চাৰিটা স্তৰৰ অন্তৰ্ভূক্ত। এই সকলোবোৰ তেওঁৰ জনা আৰু তেওঁৰ ওচৰত লিখা আছে। এই সকলোবোৰেই তেওঁৰ ইচ্ছা আৰু সৃষ্টিৰ অন্তৰ্ভূক্ত।

 ﴿لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ ٢٨ وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ ٢٩﴾ [التكوير: 28-29]

“তোমালোকৰ মাজত যি ব্যক্তি সৰল পথত চলিব বিচাৰে [তাৰ বাবে এই কিতাব উপদেশস্বৰূপ] আৰু তোমালোকে বিচাৰিলে একো নহয় যেতিয়া লৈকে বিশ্ব জগতৰ প্ৰভূ আল্লাহ তা‘আলা নিবিচাৰে।” [তাকৱীৰ : ২৮-২৯]

﴿وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ ٢٥٣﴾ [البقرة: 253]

“আল্লাহে বিচাৰিলে সিহঁত কেতিয়াও বিবাদ নকৰিলেহেঁতেন। কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে”[বাকাৰাহ : ২৫৩]

﴿وَلَوۡ شَآءَ ٱللَّهُ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ ١٣٧﴾ [الأنعام: 137]

“আল্লাহে বিচাৰিলে এওঁলোক এয়া নকৰিলেহঁতেন। গতিকে তুমি সিহঁতক আৰু সিহঁতে যি মিছা ৰচনা কৰি আছে তাক এনেই এৰি দিয়া।” [আন‘আম: ১৩৭]

﴿وَٱللَّهُ خَلَقَكُمۡ وَمَا تَعۡمَلُونَ ٩٦﴾ [الصافات: 96]

“আল্লাহে তোমালোকক আৰু তোমালোকে যি কৰা তাকো সৃষ্টি কৰিছে”[ছাফ্ফাত: ৯৬]

লগতে আমি এইটোও বিশ্বাস কৰোঁ যে, যি কোনো কাম সংঘটিত হোৱাৰ ক্ষেত্ৰত আল্লাহ তা‘আলা তেওঁৰ বান্দাহক ইখতিয়াৰ আৰু কিছু ক্ষমতা প্ৰদান কৰিছে।

বান্দাহৰ কাম যে তাৰ ইখতিয়াৰ আৰু ক্ষমতাৰে সংঘটিত হয় তাৰ কিছুমান প্রমাণ:

১. আল্লাহ তা‘আলাৰ বাণী :

﴿فَأۡتُواْ حَرۡثَكُمۡ أَنَّىٰ شِئۡتُمۡۖ﴾ [البقرة: 223]

“গতিকে তোমালোকে যেতিয়া যেনেকৈ ইচ্ছা কৰা তোমালোকৰ কৃষিপাম [স্ত্রীৰ ওচৰ]ত গমন কৰা”[বাকাৰাহ : ২২৩]

﴿وَلَوۡ أَرَادُواْ ٱلۡخُرُوجَ لَأَعَدُّواْ لَهُۥ عُدَّةٗ﴾ [التوبة: 46]

“সচাকৈয়ে যদি সিহঁতে বাহিৰ হোৱাৰ ইচ্ছা কৰিলেহেঁতেন। তেন্তে নিশ্চয় তাৰ বাবে কিছু প্রস্তুতি গ্রহণ কৰিলেহেঁতেন”[তাওবা : ৪৬]

গতিকে ইয়াত বান্দাহৰ ইচ্ছা পোষণ কৰা আৰু ইচ্ছানুযায়ী প্রত্তুতি গ্রহণ কৰাৰ বিষয়টো প্রমাণিত হৈছে।

২. বান্দাহক বিধি-নিষেধ পালনৰ নিৰ্দেশ দিয়া হৈছে। যদি বান্দাহৰ কাম কৰাৰ কোনো ইখতিয়াৰ আৰু ক্ষমতা নাথাকিলেহেঁতেন তেন্তে বিধি-নিষেধ পালনৰ ক্ষেত্রত যি নিৰ্দেশ ও উপদেশ বান্দাহক দিয়া হৈছে তাৰ অৰ্থ এইটো হ’ব যে, বান্দাহক এনে কামৰ প্রতি নিৰ্দেশ দিয়া হৈছে যিটো কৰাৰ ক্ষমতা তাৰ নাই। অথচ এনে হোৱাটো সম্পূৰ্ণভাৱে আল্লাহৰ কৰুণা, হিকমত ও কৌশলৰ পৰিপন্থী। লগতে আল্লাহৰ এই ঘোষণাৰো সম্পূৰ্ণ বিপৰীত:

﴿لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا وُسۡعَهَاۚ﴾ [البقرة: 286]

“আল্লাহে কেতিয়াও কোনো নফছৰ ওপৰত তাৰ ক্ষমতাৰ অধিক দায়িত্ব চপাই নিদিয়ে”[বাকাৰা : ২৮৬]

৩. মুহছিন (সৎকৰ্মপৰায়ন) ব্যক্তিৰ সৎকৰ্মৰ প্রশংসা আৰু বেয়া ব্যক্তিৰ বেয়া কামৰ নিন্দা কৰা আৰু উভয়ক সিহঁতৰ কৃতকৰ্মৰ প্রাপ্য পুৰষ্কাৰ বা শাস্তি প্রদান (এই বিষয়টোও এই ক্ষেত্রত এটা দলীল।)

যদি বান্দাহৰ কৰ্ম, তাৰ ইচ্ছা আৰু ইখতিয়াৰ অনুযায়ী সংঘটিত নহলেহেঁতেন তেন্তে মুহছিন ব্যক্তিৰ ইহছানৰ প্রশংসা কৰাৰ কোনো অৰ্থই নহয়। আৰু অন্যায়কাৰীৰ অন্যায়ৰ বাবে শাস্তি প্রদান কৰাও এটা অন্যায় হ’ব। অথচ আল্লাহ তা‘আলা কোনো অৰ্থহীন কামৰ পৰা আৰু অন্যায়ৰ পৰা সম্পূৰ্ণ পৱিত্র।

৪. আল্লাহ তা‘আলা ৰাছুলসকলক পঠিয়াইছে

﴿مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةُۢ بَعۡدَ ٱلرُّسُلِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا ١٦٥﴾ [النساء: 165]

“সু-সংবাদ দাতা আৰু ভয় প্রদৰ্শণকাৰী হিচাপে। যাতে আল্লাহৰ বিৰোদ্ধে মানুহৰ কোনো অজুহাত থাকিব নোৱাৰে ৰাছুল সকলৰ (আগমনৰ) পিছত। আৰু আল্লাহ হৈছে মহা শক্তিশালী পৰম জ্ঞানী।”[নিছা : ১৬৫]

কৰ্ম সংঘটিত হোৱাৰ ক্ষেত্রত যদি বান্দাহৰ ইচ্ছা বা ইখতিয়াৰ নাথাকিলেহেঁতেন তেন্তে ৰাছুল প্ৰেৰণৰ মাধ্যমত আল্লাহৰ বিৰুদ্ধে বান্দাহৰ হুজ্জত (যুক্তি) বাতিল বুলি গণ্য নহলেহেঁতেন।

৫. কৰ্ম সম্পাদনকাৰী প্রত্যেক ব্যক্তিই কাম কৰাৰ সময়ত কোনো ধৰণৰ জবৰ-দস্তিৰ অনুভূতি বা ধাৰণা পোষণ নকৰিয়ে কাম কৰে। তেওঁ থিয় হয়, বহে, প্রৱেশ কৰে, বাহিৰ হয়, ভ্ৰমন কৰে আকৌ মুকীম হয় সম্পূৰ্ণ তেওঁৰ নিজ ইচ্ছানুযায়ী। তেওঁ এই কথা কেতিয়াও নাভাবে যে, কোনোৱে তেওঁক এইবোৰ কৰাত বাধ্য কৰিছে বা জবৰ-দস্তি কৰিছে।

বৰং বান্দাহ নিজেই স্বতঃষ্ফুৰ্ত কাম আৰু জবৰ-দস্তিমূলক কামৰ মাজত বাস্তৱ পাৰ্থক্য উলিয়ায়। এনেকৈ চৰিয়তেও এই দুই ধৰনৰ কাৰ্যৰ মাজত পাৰ্থক্য কৰে। ফলত জবৰ-দস্তিৰ চিকাৰ হৈ যদি বান্দাহ আল্লাহৰ অধিকাৰৰ ক্ষেত্ৰত কোনো কাম কৰি পেলায় তেন্তে ইয়াৰ বাবে কোনো শাস্তি দিয়া নহব।

আমি ভাবোঁ পাপী ব্যক্তিৰ বাবে তাৰ পাপ কৰ্মৰ সপক্ষে ‘তাকদীৰ’ৰ দ্বাৰা যুক্তি প্ৰয়োগ কৰাৰ কোনো সুযোগ নাই। কাৰণ পাপী ব্যক্তি তাৰ নিজ ইখতিয়াৰ আৰু শক্তিৰে পাপ কৰ্ম কৰে অথচ সি নাজানে যে পাপ কৰ্মটো তাৰ ‘তাকদীৰ’ত আল্লাহ তা‘আলা লিখিছে নে নাই। যিকোনো কাম নিজ ইখতিয়াৰ আৰু ক্ষমতাৰে সমাপ্ত কৰাৰ আগ মূহুৰ্ত পৰ্যন্ত কোনোৱে নাজানে যে সংশ্লিষ্ট কাৰ্মটো আল্লাহ তা‘আলা তাৰ ‘তাকদীৰ’ত লিপিবদ্ধ কৰি ৰাখিছে নে নাই।

﴿وَمَا تَدۡرِي نَفۡسٞ مَّاذَا تَكۡسِبُ غَدٗاۖ﴾ [لقمان: 34]

“কোনেও নাজানে অহা কালি তেওঁ কি উপাৰ্জন কৰিব।” [লোকমান : ৩৪]

তেনেহলে কোনো কাম কৰা বা নকৰাৰ ক্ষেত্রত অপাৰগতা অথবা অক্ষমতাৰ যুক্তি [অৰ্থাৎ আল্লাহে ইচ্ছা কৰিলে কৰিলোহেঁতেন, ইচ্ছা নকৰিলে নকৰিলোহেঁতেন] দেখুৱাটো কেনেকৈ সঠিক হ’ব পাৰে? সেয়ে আল্লাহ তা‘আলা এই ধৰণৰ যুক্তি দেখুৱা বিষয়টো বাতিল ঘোষণা কৰিছে:

﴿سَيَقُولُ ٱلَّذِينَ أَشۡرَكُواْ لَوۡ شَآءَ ٱللَّهُ مَآ أَشۡرَكۡنَا وَلَآ ءَابَآؤُنَا وَلَا حَرَّمۡنَا مِن شَيۡءٖۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ حَتَّىٰ ذَاقُواْ بَأۡسَنَاۗ قُلۡ هَلۡ عِندَكُم مِّنۡ عِلۡمٖ فَتُخۡرِجُوهُ لَنَآۖ إِن تَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ أَنتُمۡ إِلَّا تَخۡرُصُونَ ١٤٨﴾ [الأنعام:148]

“মুশ্বৰিক সকলে অনতিপলমে এই কথা ক’ব, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি শ্বিৰ্ক নকৰিলোহেঁতেন। আমাৰ পিতৃ পুৰুষ সকলেও শ্বিৰ্ক নকৰিলেহেঁতেন। আৰু আমি কোনো বস্তুক হাৰাম নকৰিলোহেঁতেন। প্ৰকৃততে এই ধৰণৰ কথা কৈ সিহঁতৰ পূৰ্বৱৰ্তী লোক সকলে সত্যক মিছা প্ৰতিপন্ন কৰিছিল। ইহঁতক কোৱা, আমাৰ সন্মুখত দাঙি ধৰিব পৰা তোমালোকৰ ওচৰত এনে কোনো জ্ঞান আছে নেকি? তোমালোক কেৱল ধাৰণা আৰু অনুমানৰ ওপৰত চলা। আৰু ভিত্তিহীন ধাৰণাৰ জন্ম দি ফুৰিছা।” [আন‘আম : ১৪৮]

যি পাপী ব্যক্তি তাকদীৰৰ দোহাই দিয়ে, তাক আমি ক’ব বিচাৰো, আনুগত্য বা নেক কাম কৰাক তুমি তোমাৰ তাকদীৰৰ লিখনি নোকোৱা কিয়। আল্লাহ তা‘আলাইতো নেক কামকো তোমাৰ ভাগ্যত লিখি ৰাখিছে। তোমাৰ দ্বাৰা কোনো কাম সম্পন্ন হোৱাৰ আগত পাপ-পূণ্যৰ মাজত কোনো পাৰ্থক্য নাই। কাৰণ তাকদীৰৰ লিখনি সম্পৰ্কে তুমি একোৱেই নাজানা। এই বাবেই ছাহাবায়ে কেৰামক যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ক’লে যে, প্রত্যেক ব্যক্তিৰ বাবেই জান্নাত বা জাহান্নামত নিজ নিজ স্থান লিপিবদ্ধ আছে তেতিয়া তেওঁলোকে ক’লে, তেন্তে আমি তাকদীৰৰ ওপৰত ভৰসা কৰি আমল বাদ দিওঁ? তেখেতে উত্তৰত ক’লে, নহয়, বৰং তোমালোক আমল কৰা। যাৰ বাবে যাক সৃষ্টি কৰা হৈছে তাৰ বাবে সেই কাম সহজ কৰা হ’ব।

তাকদীৰৰ দোহাই দি যি ব্যক্তি পাপ কাম কৰে তাক আমি আৰু কওঁ, তুমি যদি মক্কালৈ ভ্ৰমন কৰিব বিচৰা, আৰু তাত যাবলৈ যদি কেৱল দুটা পথ থাকে, আৰু এজন সত্যবাদী সংবাদ দাতাই তোমাক কয় যে, মক্কাত যোৱাৰ এটা পথ বিপদজনক ও দুৰ্গম, আৰু আনটো পথ একেবাৰে নিৰাপদ, তেন্তে নিশ্চয় তুমি দ্বিতীয় পথটো বাছি লবা। প্রথম পথটো অবলম্বন কৰা তোমাৰ বাবে কেতিয়াও ঠিক নহয়। কিন্তু প্রথম পথটো অবলম্বন কৰি যদি তুমি এই কথা কোৱা যে, মোৰ তাকদীৰত এইটোৱেই লিখা আছিল। তেনেহলে অৱশ্যই মানুহে তোমাক পাগল বুলি গণ্য কৰিব।

আমি তাক আৰু কওঁ যে, যদি তোমাক এনে দু’টা চাকুৰীৰ প্রস্তাৱ দিয়া হয় যাৰ ভিতৰত এটাৰ দৰমহা আনটোতকৈ বেছি তেন্তে নিশ্চয় তুমি বেছি দৰমহা থকা চাকুৰিটোৱে গ্রহণ কৰিবা। তেনেহলে পৰকালৰ আমলৰ ক্ষেত্রত তুমি কেনেকৈ নিম্ন মানৰ কামটোক অগ্ৰাধিকাৰ দিবা? আৰু পিছত কবা যে এটোৱে ভাগ্যৰ লিখনি?

আমি তাক আৰু কওঁ, “আমি দেখিবলৈ পাওঁ যে তোমাক যেতিয়া কোনো শাৰীৰিক বেমাৰ-আজাৰে দেখা দিয়ে, তেতিয়া তুমি চিকিৎসাৰ বাবে সংশ্লিষ্ট প্রত্যেক ডাক্তাৰৰ ওচৰলৈ যোৱা। তাৰ পিছত অপাৰেচনৰ যিমান কষ্ট সহ্য কৰা। ঔষুধ খোৱাৰ যাৱতীয় অসুবিধা বৰদাস্ত কৰা। তেনেহলে অসংখ্য গুণাহৰ দ্বাৰা তোমাৰ অন্তৰত যি বেমাৰৰ উৎপত্তি হৈছে তাৰ পৰা মুক্তি লাভৰ বাবে তুমি কিয় তেনে নকৰা।

আমি আৰু বিশ্বাস কৰোঁ যে, বান্দাহৰ প্রতি আল্লাহ তাআলাৰ অপৰিসীম ৰহমত আৰু পূৰ্ণ হিকমতৰ কাৰণে কোনো বেয়া কামক আল্লাহৰ লগত সম্পৰ্কযুক্ত কৰা অনুচিত। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

والشر ليس إليك

“বেয়া কামৰ সম্পৰ্ক তোমালৈ কেতিয়াও নহয়”

আল্লাহৰ ফায়চালা কেতিয়াও বেয়া হ’ব নোৱাৰে। কিয়নো ফায়চালাটোৰ আঁৰত যিকোনো কল্যাণ আৰু হিকমত নিহিত আছে। অনিষ্টতা বা ত্রুটি (প্ৰকৃততে আল্লাহৰ ফায়চালাৰ লগত নহয় বৰং) ফায়চালাকৃত বস্তু বা বিষয়টোৰ লগত সম্পৃক্ত। ইয়াৰ প্রমাণ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী :

«وقني شرّ ما قضيت»

(হে আল্লাহ!) তোমাৰ ফায়ছালাকৃত বস্তুৰ অনিষ্টতাৰ পৰা মোক ৰক্ষা কৰা”[আবু দাউদ]

এই বাক্যটো ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে হাছান [ৰাদ্বিয়াল্লাহু আনহু]ক দু‘আয়ে কুনুতৰ অংশ হিচাপে শিকাইছে।

(ইয়াত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছআল্লামে) অনিষ্ট কথাটো আল্লাহ তা‘আলাৰ ফায়চালাকৃত বস্তুৰ লগত সম্পৃক্ত কৰিছে। এতেকে অনিষ্টতা বা দোষ আচলতে ফায়চালাকৃত বিষয়ৰ। কিন্তু মনত ৰাখিব, অনিষ্টতাই ইয়াৰ মুল নহয়। এফালৰ পৰা বেয়া হলেও আকৌ আন ফালৰ পৰা ইয়াৰ মাজত যিকোনো কল্যাণ নিহিত আছে। অথবা কোনো ঠাইৰ বাবে বেয়া আকৌ কোনো ঠাইৰ বাবে ভাল।

পৃথিৱীৰ বিপৰ্যয় যেনে: দুৰ্ভিক্ষ, বেমাৰ-আজাৰ, অভাৱ-অনাটন, ভয়-ভীতি আৰু আতংক ইত্যাদি বেয়া কিন্তু আন ফালৰ পৰা বিচাৰ কৰিলে এইবোৰৰ মাজতো কল্যাণ বিচাৰি পোৱা যায়। আল্লাহ তা‘আলা কৈছে:

﴿ظَهَرَ ٱلۡفَسَادُ فِي ٱلۡبَرِّ وَٱلۡبَحۡرِ بِمَا كَسَبَتۡ أَيۡدِي ٱلنَّاسِ لِيُذِيقَهُم بَعۡضَ ٱلَّذِي عَمِلُواْ لَعَلَّهُمۡ يَرۡجِعُونَ ٤١﴾ [الروم: 41]

“মানুহৰ নিজ কৃতকৰ্মৰ ফলত স্থলত আৰু জলভাগত বিপৰ্যয়ৰ সৃষ্টি হৈছে। যাতে সিহঁতক সিহঁতৰ কিছুমানৰ কৃতকৰ্মৰ স্বাদ ভোগ কৰাব পাৰে। যাতে সিহঁতে [আল্লাহৰ পথত] উভতি আহিব পাৰে।” [ৰূম : ৪১]

চোৰৰ হাত কটা, ব্যাভিচাৰীক ৰজম কৰা অৰ্থাৎ শিল গুটি দলিয়াই মৃত্যুদণ্ড দিয়া, চোৰ আৰু ব্যভিচাৰীৰ বাবে অনিষ্টকৰ হ’ব পাৰে। কিয়নো চোৰ তাৰ হাত হেৰাব আৰু ব্যভিচাৰীয়ে তাৰ জীৱন হেৰাব। কিন্তু আন দৃষ্টিকোনৰ পৰা চিন্তা কৰিলে দেখিব ইয়াৰ মাজতো কল্যাণ নিহিত আছে। আৰু সেয়া হৈছে, সিহঁতৰ উভয়ৰ পাপৰ কাফফাৰা হৈ আছে। ইয়াৰ ফলত সিহঁতৰ বাবে পৃথিৱী আৰু পৰকালৰ শাস্তি একত্রিত কৰা নহব। আন দৃষ্টিকোণৰ পৰা ইয়াৰ আৰু এটা কল্যাণময় দিশ আছে। সেইটো হৈছে, এই বিধান প্রয়োগৰ ফলত মানুহৰ ধন-সম্পদ, মান-সম্মান, আৰু বংশ ৰক্ষা কৰা সম্ভৱ হ’ব।

 অধ্যায় আক্বিদাৰ শিক্ষা

উপৰোক্ত মৌলিক নীতি বিশিষ্ট পৱিত্র আক্বীদা পোষণ কৰাৰ বহুতো সুমহান শিক্ষা আৰু ফলাফল আছে।

 আল্লাহৰ প্ৰতি ঈমানৰ ফলাফল

আল্লাহ তা‘আলাৰ প্রতি আৰু তেওঁৰ পৱিত্র নাম আৰু গুণাৱলীৰ প্রতি ঈমান পোষণ কৰাৰ ফল হৈছে এই যে, ইয়াৰ দ্বাৰা আল্লাহৰ প্রতি বান্দাহৰ যথাৰ্থ ভালপোৱা, ভক্তি, শ্রদ্ধা সৃষ্টি হয়। ইয়াৰ ফলত বান্দাহ আল্লাহ তা‘আলাৰ আদেশ পালন কৰাত মনোনিবেশ কৰে। আৰু তেওঁৰ নিষিদ্ধ কাম সমূহৰ পৰা বিৰত থাকে।

আল্লাহ তা‘আলাৰ বিধি-নিষেধৰ প্রতি বান্দাহৰ এই আনুগত্য, ব্যক্তি আৰু সমাজৰ বাবে পৃথিৱী আৰু পৰকালৰ পৰম শান্তি কঢ়িয়াই আনে।

﴿مَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَلَنُحۡيِيَنَّهُۥ حَيَوٰةٗ طَيِّبَةٗۖ وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ ٩٧﴾ [النحل: 97]

“যি ব্যক্তি নেক আমল কৰিব, তেওঁ পুৰুষ হওক অথবা নাৰী যদি তেওঁ মুমিন হয়, তেওঁক পৃথিৱীত পৱিত্র জীৱন দান কৰিম, আৰু পৰকালত এনে লোকসকলক তেওঁলোকৰ উত্তম আমল অনুযায়ী পুৰস্কাৰ দান কৰিম”[নাহল : ৯৭]

 ফিৰিস্তা সকলৰ প্ৰতি ঈমানৰ ফলাফল

ফিৰিস্তা সকলৰ ওপৰত ঈমান অনাৰ একাধিক উপকাৰিতা। যেনে:

প্রথম : ফিৰিস্তা সকলৰ নিজ মহান স্রষ্টা অৰ্থাৎ আল্লাহ তা‘আলাৰ মহানুভৱতা, মহত্ব, শক্তি আৰু ক্ষমতা সম্পৰ্কে জ্ঞানাৰ্জন।

দ্বিতীয়: বান্দাহৰ হিফাজত বা ৰক্ষণাবেক্ষনৰ বাবে আল্লাহ তা‘আলাৰ কৃতজ্ঞতা জ্ঞাপন। কিয়নো তেওঁ এইবোৰ ফিৰিস্তা সকলৰ মাজৰ পৰা কাৰোবাক বান্দাহ সকলৰ হিফাজতৰ বাবে, কোনোবাক তেওঁলোকৰ আমল নামা লিখাৰ বাবে আৰু আন আন স্বাৰ্থ ৰক্ষাৰ বাবে দায়িত্ব দিছে।

তৃতীয় : পূৰ্ণ ৰূপে আল্লাহ তা‘আলাৰ ইবাদত কৰাৰ বাবে আৰু মুমিন সকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত কৰাৰ কাৰণে ফিৰিস্তা সকলৰ প্রতি মুহাব্বত আৰু ভালপোৱা সৃষ্টি হয়।

 ঐশী পুথি সমূহৰ প্রতি ঈমানৰ ফলাফল

আকাশী কিতাবৰ ওপৰত ঈমান পোষণ কৰাৰ কেইবাটাও উপকাৰিতা আছে।

প্রথম: সৃষ্টিৰ প্রতি আল্লাহ তা‘আলাৰ অপৰিসীম ৰহমত বা দয়া সম্পৰ্কে জ্ঞানাৰ্জন। কিয়নো তেওঁ পৃথিৱীৰ প্রতিটো জাতিৰ হিদায়তৰ বাবেই এখনকৈ কিতাব অৱতীৰ্ণ কৰিছে।

দ্বিতীয়: আল্লাহৰ হিকমতৰ বহিঃপ্রকাশ। কিয়নো আল্লাহ তা‘আলাই এই সমূহ আকাশী কিতাবৰ মাধ্যমত প্রতিটো জাতিৰ উপযোগী আৰু প্রয়োজনীয় বিধান পাঠিয়াইছে। এই ক্ষেত্রত সৰ্বশেষ কিতাব হৈছে মহাগ্রন্থ আল-কোৰআন। কিয়ামত পৰ্যন্ত এই কিতাব স্থান-কাল-পাত্র ভেদে গোটেই সৃষ্টি জগতৰ হিদায়তৰ বাবে উপযোগী আৰু কাৰ্যকৰ।

তৃতীয়: উক্ত অনুগ্ৰহ সমূহৰ বাবে আল্লাহ তা‘আলাৰ কৃতজ্ঞতা জ্ঞাপন, ইত্যাদি।

 ৰাছুল সকলৰ প্রতি ঈমানৰ ফলাফল

ৰাছুল সকলৰ প্রতি ঈমান পোষণ কৰাৰো বহুতো কল্যাণ আছে। যেনে

এক: আল্লাহ তা‘আলাৰ অপৰিসীম ৰহমত সম্পৰ্কে জ্ঞান লাভ কৰা আৰু সৃষ্টি জগতৰ হিদায়তৰ উদ্দেশ্যে এই ৰাছুল সকল প্ৰেৰণৰ মাধ্যমত সৃষ্টিৰ প্রতি তেওঁৰ যি কৰুণা আছে সেইটো জনা।

দুই: আল্লাহ তা‘আলাৰ উপৰোক্ত মহান অনুগ্ৰহ সমূহৰ কৃতজ্ঞতা জ্ঞাপন।

তিনি: ৰাছুল সকলৰ প্রতি মুহাব্বত বা ভালপোৱা, তেওঁলোকৰ প্রতি সম্মান প্রদৰ্শন, তেওঁলোকৰ যথাযোগ্য প্রশংসা জ্ঞাপন কৰা। কিয়নো তেওঁলোক হৈছে আল্লাহৰ প্রেৰিত ৰাছুল, আৰু তেওঁৰ একনিষ্ঠ বান্দাহ। তেওঁলোকে আল্লাহ তা‘আলাৰ ৰিছালত আৰু উপদেশ সমূহ মানুহৰ ওচৰত পৌঁছাই দিছে। মানুহৰ তৰফৰ পৰা সকলো অত্যাচাৰ আৰু নিৰ্যাতন তেওঁলোকে সহ্য কৰিছে।

 পৰকালৰ প্রতি ঈমানৰ ফলাফল

আখিৰাতৰ ওপৰত ঈমান পোষণ কৰাৰ কিছুমান কল্যাণ:

এক: আল্লাহ তা‘আলাৰ আনুগত্য, শেষ দিৱসৰ ছোৱাব আৰু পুৰষ্কাৰ লাভৰ ক্ষেত্রত আৰু পৰকালৰ আজাবৰ ভয়ত পাপ আৰু অন্যায়ৰ পৰা বিৰত থকাৰ ক্ষেত্রত অনুপ্রেৰণা লাভ কৰা।

দুই: পৰকালৰ পৰম শান্তি আৰু ছোৱাবৰ আশাত পৃথিৱীৰ এই সুখ-শান্তি আৰু উপভোগ্য বিলাস সামগ্রীৰ বঞ্চনাত মুমিন ব্যক্তিৰ শান্তনা লাভ কৰা।

 ভাগ্যৰ প্রতি ঈমানৰ ফলাফল

তকদীৰৰ ওপৰত ঈমান পোষণ কৰাৰ কিছুমান ফলালফল হৈছে এই ধৰণৰ।

এক: কোনো কাম কৰাৰ সময়ত আল্লাহ তা‘আলাৰ ওপৰত ভৰসা কৰা। কিয়নো কাম আৰু কামৰ কাৰণ উভয় আল্লাহৰ ফয়চালা আৰু তাকদীৰৰ লিখনি।

দুই: মনৰ সুখ আৰু অন্তৰৰ প্রশান্তি লাভ। কিয়নো নিজ দায়িত্ব হিচাপে কাৰ্যকাৰণ সম্পন্ন কৰাৰ পিছত মনে যেতিয়া এই কথা জানিব পাৰিব যে, আটায়ে আল্লাহৰ ফয়চালা সেয়ে অনাকাংখিত যি ঘটিবলগীয়া সেয়া ঘটিবই তেতিয়া মন নিশ্চিত থাকিব। আৰু অন্তৰে প্রশান্তি লাভ কৰিব। আৰু আল্লাহৰ ফয়চালাত সন্তুষ্টি থাকিব। এনে মূহুৰ্তত তাকদীৰত বিশ্বাসী এজন লোকৰ বাহিৰে আন কোনোৱে ইমান সুন্দৰ জীৱন, শক্তিশালী মন আৰু প্রশান্ত হৃদয়ৰ অধিকাৰী হ’ব নোৱাৰে।

তিনি: উদ্দেশ্য অৰ্জন হলে আত্মগৌৰৱ আৰু অহংকাৰ পৰিত্যাগ কৰা। কিয়নো উদ্দেশ্য অৰ্জন হোৱাটো আল্লাহৰেই অনুগ্ৰহ ও কল্যাণ আৰু মুক্তি লাভৰ কাৰণ। সেয়ে নেক বান্দাহ আল্লাহ তা‘আলাৰ কৃতজ্ঞতা আদায়ৰ মাধ্যমত আত্মগৌৰৱ আৰু অহংকাৰ পৰিত্যাগ কৰে।

চাৰি: উদ্দেশ্য অৰ্জন নহলে অথবা অপ্রত্যাশিত কিবা ঘটিলে অন্তৰৰ পৰা অশান্তি আৰু অস্থিৰতা দূৰ কৰা। কিয়নো বান্দাহৰ ভাগ্যত যি ঘটে সেইটো আল্লাহ তা‘আলাৰেই ফয়চালা। যিজন পৃথিৱী আৰু আকাশৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ যিটো ফয়চালা, সিটো হবই। এই ক্ষেত্ৰত কেৱল পুণ্যবান লোক সকলেহে ধৈৰ্য ধাৰণ কৰে আৰু পৰকালৰ পুৰষ্কাৰ কামনা কৰে। আল্লাহ তা‘আলা কৈছে

﴿مَآ أَصَابَ مِن مُّصِيبَةٖ فِي ٱلۡأَرۡضِ وَلَا فِيٓ أَنفُسِكُمۡ إِلَّا فِي كِتَٰبٖ مِّن قَبۡلِ أَن نَّبۡرَأَهَآۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٢٢ لِّكَيۡلَا تَأۡسَوۡاْ عَلَىٰ مَا فَاتَكُمۡ وَلَا تَفۡرَحُواْ بِمَآ ءَاتَىٰكُمۡۗ وَٱللَّهُ لَا يُحِبُّ كُلَّ مُخۡتَالٖ فَخُورٍ ٢٣﴾ [الحديد: 22-23]

“পৃথিৱীত অথবা তোমালোকৰ ওপৰত অহা প্রত্যেক বিপদেই সৃষ্টি কৰাৰ আগত সেইটো এখন কিতাবত লিপিবদ্ধ কৰা হৈছে। এইটো কৰা আল্লাহৰ বাবে তেনেই উজু। এইটো এই বাবে যে, যাতে তোমালোকে কোনো বস্তুৰ পৰা বঞ্চিত হলে, তাৰ বাবে কোনো দুঃখ নকৰা। আৰু কিবা অৰ্জন হলে তাৰ বাবে আত্মগৌৰৱ নকৰা। আল্লাহ তা‘আলা কোনো গৌৰৱকাৰী আৰু অহংকাৰীক কেতিয়াও ভাল নাপায়”[হাদীদ: ২২-২৩]

আল্লাহ তা‘আলাৰ ওচৰত এই কামনাৰে সামৰনি মাৰিছোঁ, তেওঁ যেন আমাক এই পৱিত্র আক্বীদাৰ ওপৰত দৃঢ়তা আৰু স্থিতিশীলতা প্ৰদান কৰে, আমাক ইয়াৰ সুফল প্ৰদান কৰে, আমাৰ বাবে তেওঁৰ কৰুণা বৃদ্ধি কৰে, হিদায়ত লাভ কৰাৰ পিছত অন্তৰত যাতে বক্রতা সৃষ্টি নহয়, আৰু আমাৰ ওপৰত যাতে তেওঁৰ অপৰিসীম ৰহমত বৰ্ষণ কৰে। প্ৰকৃততে তেৱেঁই হৈছে মহা অনুগ্রহ প্ৰদানকাৰী।

সকলো প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে। আৰু দৰুদ ও ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ সহচৰ সকলৰ প্ৰতি লগতে সৎমানসেৰে তেওঁলোকক অনুসৰণ কৰা লোক সকলৰ প্ৰতি।



[1] হুলুলিয়া: জাহমিয়া সম্প্রদায়ৰ এটা অংশ যিহঁতে আল্লাহক সকলো ঠাইতে স্ব-শৰীৰে উপস্থিত বা বিৰাজমান বুলি ধাৰণা কৰে। বৰ্তমানতো যিহঁতে ধাৰণা কৰে যে আল্লাহ্ তা‘আলা সৰ্বত্র বিৰাজমান সিহঁত পথভ্রষ্ট।