ইছলামৰ দৃষ্টিত আওলিয়া আৰু পূণ্যবান লোকসকলৰ অছীলা গ্রহণ

লেখক

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

তত্ত্বাৱধানত

দাৰুৎ তাওহীদ লিত্ তালীফ ওৱাত তাৰ্জামাহ

(বলোগড়া, নিজ খাৰুপেটীয়া, দৰং অসম)

পৰ্যবেক্ষক সকলৰ নাম

1. শ্বাইখ নৱাব আলী (সাধাৰণ সম্পাদক, জমিয়তে আহলে হাদিছ অসম)

2. ড. আব্দুল মুকিত

3. জুবেৰ ৰহমান বিন পিয়াৰ আলী

গ্ৰন্থস্বত্ব অনুবাদক কৰ্তৃক সংৰক্ষিত

কিতাপৰ নামঃ     ইছলামৰ দৃষ্টিত আওলীয়া আৰু পুণ্যবান লোকসকলৰ অছিলা গ্ৰহণ

লেখকঃ            শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

অনুবাদকঃ         ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

প্ৰকাশকঃ           অসমীয়া ইছলাম হাউছ ৱেবছাইট

প্ৰথম প্ৰকাশঃ     ১৪৩৭ হিজৰী, ২০১৬ চন

মূল্যঃ              বিনামূলীয়া বিতৰণৰ বাবে (কিন্তু আপোনাৰ কপিটো সংগ্ৰহ কৰাৰ আগতে কিবা এটা বৰঙণী দিবলৈ নাপাহৰিব যাতে পুনৰ ছপা কৰাত সহায় হয়)

যিকোনো ধৰণৰ সংশোধনিৰ বাবে আমাৰ লগত যোগাযোগ কৰক

 ‘জমিয়তে আহলে হাদিছ অসম’ৰ সাধাৰণ সম্পাদক তথা ‘আদৰ্শ হাইস্কুল, বাঘপুৰী’ৰ প্ৰধান শিক্ষক মৌঃ মোঃ নৱাব আলী এম এম, এম এ, এল এল বি, বি এড, প্ৰবিন চাহেবৰ জ্ঞান গৰ্ভ

“শুভেচ্ছাবানী”

      অসমৰ দৰং জিলাৰ বাসিন্দা তথা ছৌদি আৰবস্থিত ‘মদীনা ইছলামী বিশ্ববিদ্যালয়’ৰ শিক্ষাৰ্থী হাফিজ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী চাহেব কৰ্তৃক অনুদিত “ইছলামৰ দৃষ্টিত অলী আওলিয়া সকলৰ অছীলা গ্রহণ”ৰ পাণ্ডুলিপি পঢ়ি আনন্দিত হোৱাৰ লগে লগে তেখেতৰ এই মহান প্ৰচেষ্টাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অসমীয়া ভাষাত এনেকুৱা তথ্য সম্বলিত সঠিক ধাৰণাৰ কিতাপ প্ৰায় নাই বুলি কলেও অত্যুক্তি কৰা নহয়। সেয়ে কিতাপ খনে অসমীয়া ভাষা-ভাষীৰ জনগনক ইহকাল আৰু পৰকালত সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰিব বুলি মই ভাবোঁ। কিতাপ খনত ভাষাৰ সংশোধনী মূলক কিছুমান টিপ্পনী সংযোজন কৰাৰ দৰে মহান কামত মোৰ দৰে সাধাৰণ ব্যক্তিক জড়িত কৰাৰ বাবে মই আল্লাহ তাআলাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুবাদকৰ এই সু প্ৰচেষ্টা আল্লাহৰ দৰবাৰত গৃহীত হওঁক আৰু পাঠক সমাজৰ দ্বাৰাও সমাদৃত হওঁক তাকে কামনা কৰিছোঁ।

      সদৌ শেষত আল্লাহ তাআলাৰ ওচৰত দুআ কৰিছোঁ, যাতে তেওঁ আমাক আটাইকে সঠিক পথত পৰিচালিত কৰি জান্নাতৰ অফুৰন্ত শান্তি লাভ কৰিবলৈ তৌফিক দিয়ে। আমীন।

ইতি

মোঃ নৱাব আলী

শান্তি মঞ্জিল (বাঘপুৰী)

 ইছলামৰ দৃষ্টিত অলী আওলিয়া সকলৰ অছীলা গ্রহণ

সকলো প্রশংসা মহান ৰাব্বুল আলামীন আল্লাহৰ বাবে। চালাত ও ছালাম নিবেদন কৰিছোঁ আমাৰ সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম আৰু তেওঁৰ সকলো ছাহাবীৰ প্রতি।

বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে, ইছলাম সম্পৰ্কে যথাযথ জ্ঞান নথকাৰ কাৰণে বা ইছলাম সম্পৰ্কে উদাসীনতাৰ কাৰণে ইছলাম ধৰ্মৰ নামত বহুতো অনাচাৰ, অপসংস্কৃতি, শ্বিৰ্ক ও বিদআত প্রচলিত হৈ আহিছে। ইয়াৰ মাজত এটা হল, অলী আওলিয়া সকলৰ অছীলা লৈ দুআ-প্রাৰ্থনা কৰা, সিহঁতৰ ওচৰত সাহায্য বিচৰা, সিহঁতে ভাল-বেয়া কিবা কৰিব পাৰে বুলি বিশ্বাস কৰা, সিহঁতৰ সন্তুষ্টি অৰ্জনৰ মাধ্যমত আল্লাহৰ ৰহমত লাভ কৰা যাব বুলি বিশ্বাস কৰা। এই উদ্দেশ্যে সিহঁতৰ কবৰ জিয়াৰত কৰা, সিহঁতৰ কবৰ তোৱাফ কৰা, কবৰত ওৰছ উৎসৱৰ আয়োজন কৰা ইত্যাদি। বহুতো মুছলমানে এইবোৰ কাম এই ধাৰণাৰ ভিত্তিত কৰে যে, এই কবৰত শুই থকা অলী আওলিয়া সকল আমাৰ প্রতি সন্তুষ্ট হলে আল্লাহৰ ৰহমত লাভ কৰা যাব। অথবা সিহঁতক অছীলা বা মাধ্যম হিচাপে গ্রহণ কৰিলে আল্লাহ আমাৰ ওপৰত সন্তুষ্ট হব। সিহঁতক অছীলা হিচাপে গ্রহণ কৰিবলৈ গৈ তেওঁলোকে সিহঁতৰ মাধ্যমত বা সিহঁতৰ নামত আল্লাহৰ ওচৰত বিপদৰ পৰা মুক্তি কামনা কৰে। আকৌ বহুতে প্ৰত্যক্ষ ভাৱে সিহঁতৰ ওচৰতেই নিজৰ প্রয়োজন ও অভাৱ পুৰণৰ বাবে প্রাৰ্থনা কৰে। বিপদৰ পৰা উদ্ধাৰ পাব বুলি কামনা কৰে। তেওঁলোকে ভাৱে এই ধৰণৰ অছীলা গ্রহণ কৰাত ইছলামত নিষেধাজ্ঞা নাই। বৰং এওঁলোকৰ অধিকাংশই ভাৱে যে এই ধৰণৰ অছীলা গ্রহণ কৰা ইছলামত এটা ভাল কাম।

কিন্তু আচলতে অছীলা গ্রহণ কৰা কি? ইয়াৰ বৈধতা কিমান?

পুস্তিকাখনত এই বিষয়টো লৈ আলোচনা কৰাৰ প্রয়াস কৰা হব ইন শ্বা আল্লাহ।

আচলতে অছীলা হল, আল্লাহ তাআলাৰ আনুগত্য আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ মাধ্যমত সৎকৰ্ম কৰা আৰু নিষিদ্ধ ও হাৰাম কথা-কৰ্মৰ পৰা আতঁৰত থকা। আৰু নেক আমল সম্পাদন কৰাৰ মাধ্যমত আল্লাহৰ নৈকট্য অৰ্জন কৰা হল আচল অছীলা। ইয়াৰ বাহিৰে আল্লাহৰ সুন্দৰ নামসমূহ ও গুণাৱলীৰ মাধ্যমত অছীলা গ্রহণৰ কথা আল্লাহ তাআলা নিজেই কৈছে।

কিন্তু মৃত অলী আওলিয়া সকলৰ কবৰৰ ওচৰত যোৱা, কবৰ তৱাফ কৰা, কবৰ-মাজাৰত মান্নত কৰা, কবৰত শুই থকা ব্যক্তিৰ উদ্দেশ্যে প্রাৰ্থনা কৰা, তেওঁৰ ওচৰত নিজৰ অভাৱ অভিযোগৰ কথা কোৱা ইত্যাদি কামৰ মাধ্যমত অছীলা গ্রহণ কেৱল নিষিদ্ধই নহয় বৰং এইবোৰ শ্বিৰ্ক ও কুফৰী। এইবোৰত কোনোবাই লিপ্ত হলে তাৰ ঈমান নষ্ট হৈ যায়। নাউজুবিল্লাহ!

এয়া আছিল মৃত অলী আওলিয়া সকলৰ অছীলা গ্রহণ সম্পৰ্কে কিছু কথা। আকৌ বহুতে জীৱিত ব্যক্তি সকলৰ মাধ্যমত নাজায়েয অছীলা গ্রহণ কৰি থাকে। সিহঁতৰ ক্ষেত্ৰত সীমালংঘন কৰি থাকে। যেনে গৰু, ছাগলী, হাঁহ কুকুৰা জবেহ কৰাৰ সময়ত কয়: আমাৰ পীৰ ছাহাবৰ নামত বা আমাৰ বাবাৰ নামত জবেহ কৰিলোঁ। অথবা নিজৰ পীৰ বা পীৰৰ পৰিয়ালৰ লোক সকলৰ সন্মানৰ বাবে ছাজদা কৰে। এইবোৰ সকলো শ্বিৰ্ক, আৰু শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক। বহুতে নিজৰ জীৱিত পীৰ ফকীৰ সকল সম্পৰ্কে ধাৰণা ৰাখে যে, আল্লাহ তাআলাৰ লগত তেওঁৰ বিশেষ যোগাযোগ বা সম্পৰ্ক আছে, সেয়ে তেওঁৰ মাধ্যমত আল্লাহক পোৱা যাব, এই ধাৰণা কৰাটোও শ্বিৰ্ক।

যিহঁতে এসময়ত লাত, উজ্জা প্রভূতি দেৱ-দেৱীৰ পূজা কৰিছিল, সিহঁতে কিন্তু এই বিশ্বাস পোষণ কৰা নাছিল যে এইবোৰ সিহঁতৰ প্রভূ বা সৃষ্টিকৰ্তা। বৰং সিহঁতে বিশ্বাস পোষণ কৰিছিল যে এইবোৰৰ প্রতি শ্রদ্ধা নিবেদনৰ মাধ্যমত বা এওঁলোকক অছীলা হিচাপে গ্রহণ কৰি সিহঁতে আল্লাহৰ নৈকট্য অৰ্জন কৰিব। সিহঁতে এইটোও বিশ্বাস কৰা নাছিল যে, এই সকল দেৱ-দেৱীয়ে বৰষুণ প্ৰদান কৰে বা জীৱিকা দান কৰে। সিহঁতে কৈছিল:

مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَى. (الزمر : 3)

আমি এওঁলোকৰ ইবাদত এই বাবে কৰো যে সিহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। (ছুৰা যুমাৰ, আয়াত ৩)

সিহঁতে এই বিষয়ে আৰু কৈছে:

هَؤُلَاءِ شُفَعَاؤُنَا عِنْدَ اللَّهِ . (يونس : 18)

এওঁলোকে আমাৰ বাবে আল্লাহৰ ওচৰত ছুপাৰিছ কৰিব। (ছুৰা ইউনূছ, আয়াত ১৮)

উপৰোক্ত আয়াত সমূহৰ আলোকত বুজা গ’ল যে, সিহঁতে এই অছীলা গ্রহণৰ বাবেই শ্বিৰ্কত লিপ্ত হৈ পৰিছিল। আৰু এই শ্বিৰ্কৰ বিৰুদ্ধে তাওহীদৰ দাওৱাতৰ বাবেই আল্লাহ তাআলা ৰাছুল সকলক যুগে যুগে প্ৰেৰন কৰিছিল প্রত্যেক সম্প্ৰদায়ত। এই সকল দেৱ-দেৱীৰ ওচৰত যেনেকৈ প্ৰাৰ্থনামূলক দুআ কৰা শ্বিৰ্ক তেনেকৈ সাহায্য প্ৰাৰ্থনা কৰি দুআ কৰাও শ্বিৰ্ক।

আল্লাহ তাআলাই কৈছে:

قُلِ ادْعُوا الَّذِينَ زَعَمْتُمْ مِنْ دُونِهِ فَلَا يَمْلِكُونَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِيلًا. (الإسراء : 56)

কোৱা, সিহঁতক মাতা, আল্লাহৰ বাহিৰে তোমালোকে যিহঁতক (উপাস্য) বুলি ভাবা। সিহঁতে তোমালোকৰ দুঃখ-দুৰ্দশা দূৰ কৰাৰ ও পৰিবৰ্তন কৰাৰো ক্ষমতা নাৰাখে।  (ছুৰা ইছৰা, আয়াত ৫৬)

আল্লাহ তাআলাই আৰু কৈছে:

قُلِ ادْعُوا الَّذِينَ زَعَمْتُمْ مِنْ دُونِ اللَّهِ لَا يَمْلِكُونَ مِثْقَالَ ذَرَّةٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ وَمَا لَهُمْ فِيهِمَا مِنْ شِرْكٍ وَمَا لَهُ مِنْهُمْ مِنْ ظَهِيرٍ ﴿22 وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهُ إِلَّا لِمَنْ أَذِنَ لَهُ. (سبأ : 22-23)

কোৱা, তোমালোকে আল্লাহৰ বাহিৰে যি সকলক ইলাহ বা উপাস্য বুলি ভাবিছিলা সিহঁতক আহবান কৰা। সিহঁত আকাশ সমূহ আৰু পৃথিৱীৰ মাজৰ অণু পৰিমাণ কোনো বস্তুৰ মালিক নহয়। আৰু এই দুয়োৰ মাজত সিহঁতৰ কোনো অংশীদাৰিত্ব নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তাৰ সাহায্যকাৰীও নহয়। আৰু আল্লাহে যাক অনুমতি দিব তাৰ বাহিৰে তেওঁৰ ওচৰত কোনো ছুপাৰিছ কোনো কামত নাহে। (ছুৰা ছাবা, আয়াত ২২-২৩)

এইবোৰ আয়াতত আল্লাহ ৰাব্বুল আলামীনে কৈছে: আল্লাহৰ বাহিৰে যি সকলক আহবান কৰা হয়, যি সকলৰ ওচৰত দুআ-প্ৰাৰ্থনা কৰা হয় সিহঁতে অনু পৰিমাণ বস্তুও সৃষ্টি কৰিব নোৱাৰে। সিহঁতে কোনো সৃষ্টি জীৱৰ সামান্য কল্যাণ কৰাৰো ক্ষমতা নাৰাখে। সিহঁতে আশ্রয় প্ৰাৰ্থনাকাৰীক কোনো আশ্রয় দিয়াৰো সামৰ্থ নাৰাখে।

নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কবৰক মছজিদ বনাবলৈ নিষেধ কৰিছে। কবৰৰ ওচৰত নামাজ পঢ়িবলৈ নিষেধ কৰিছে। কবৰক ছাজদা কৰিবলৈ নিষেধ কৰিছে। তেখেতে মৃত্যুৰ সময়তো কৈছে:

আল্লাহ তাআলাই ইহুদী আৰু খৃষ্টান সকলৰ ওপৰত অভিশাপ কৰক। সিহঁতে নবী সকলৰ কবৰক ইবাদতৰ স্থান হিচাপে গ্ৰহণ কৰিছে। আৰু ইবাদত-বন্দেগীৰ দ্বাৰা কবৰক সন্মান কৰা হ’ল শ্বিৰ্কত লিপ্ত হোৱাৰ এটা পথ। এনেকৈ কবৰক পূজা কৰাৰ মাধ্যমত মানুহে মূৰ্তি পূজাৰ ফালে ধাবিত হয়।

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে দুআৰ বাবে আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ক অছীলা হিচাপে গ্ৰহণ কৰিছিল, এই বিষয়টো লৈ বহুতে মৃত ব্যক্তিৰ অছীলা গ্ৰহণ কৰাৰ বৈধতা প্ৰমাণ কৰাৰ প্ৰয়াস কৰে। কিন্তু ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দুআক অছীলা হিচাপে গ্রহণ কৰিছিল তেওঁৰ ব্যক্তিত্বক নহয়। আৰু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু) তেতিয়া জীৱিত আছিল। যিকোনো জীৱিত ব্যক্তিৰ দুআক অছীলা হিছাপে গ্রহণ কৰা যায়। ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ সেইটোৱেই কৰিছিল। তেখেতে কৈছিল, নবী কাৰীম চাল্লাল্লা-হু আলাইহি অছাল্লাম জীৱিত থকা অৱস্হাত আমি তেখেতৰ অছীলাৰে দুআ কৰিছোঁ। এতিয়া যিহেতু তেখেত নাই, সেয়ে আমি তেখেতৰ খুৰা আব্বাছক দুআ কৰাৰ ক্ষেত্রত অছীলা হিচাপে গ্ৰহণ কৰিলোঁ। ওমৰ (ৰাঃ)ৰ এই বক্তব্য স্পষ্ট কৰে যে, তেওঁ কোনো মৃত ব্যক্তিক দুআৰ সময়ত অছীলা হিছাপে গ্রহণ কৰা বৈধ বুলি ভবা নাছিল। আনকি নবীকো নহয়।

বিষয়টো এনেকুৱা, যেনে আমি কোনো সৎ-পূণ্যবান ব্যক্তিক কওঁ যে, আমাৰ বাবে দুআ কৰিব। কোনো আলিম বা বুযুৰ্গ ব্যক্তিৰ মাধ্যমেৰে আমি নিজৰ বাবে দুআ কৰাই থাকোঁ। এইটোও এক ধৰণৰ অছীলা গ্রহণ। এইটো বৈধ। কিন্তু কোনো বুযুৰ্গ ব্যক্তি মৃত্যু হৈ যোৱাৰ পিছত তাক অছীলা বনাই দুআ কৰা, দুআৰ সময়ত তাৰ ৰুহৰ প্রতি মনোনিবেশ কৰা (যেনে বহুতে কয় মই মোৰ পীৰৰ ফালে মুতাওৱাজ্জুহ হলোঁ), তাৰ পৰা ফয়েজ-বৰকত লাভৰ ধাৰণা কৰা, এইবোৰ নিষিদ্ধ কাৰ্য ও শ্বিৰ্ক। মৃত ব্যক্তি যিমানেই মৰ্যাদাবান বুযুৰ্গ নহওঁক কিয় তেওঁৰ কাৰো প্ৰতি উপকাৰ বা অপকাৰ কৰাৰ ক্ষমতা নাথাকে। যেতিয়া তেওঁ মৃত্যুৰ পিছত নিজৰ বাবে ভাল বেয়া একো কৰিব নোৱাৰে, তেতিয়া আনৰ বাবে কিবা কৰিব পাৰিব বুলি প্রশ্নই নুঠে। তেওঁ কাৰো দুআ কবুলৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা নাৰাখে। কাৰোবাক উপকাৰ কৰাৰ বা বিপদৰ পৰা উদ্ধাৰ কৰাৰ ক্ষমতা তেওঁৰ নাই।

নবী কাৰীম চাল্লাল্লা-হু আলাইহি অছাল্লামে স্পষ্টভাৱে কৈছে: মৃত ব্যক্তি নিজৰ কোনো উপকাৰ কৰিব নোৱাৰে। তেখেতে কৈছে:

إذا مات الإنسان انقطع عنه عمله إلا من ثلاث: صدقة جارية أو علم ينتفع به أو ولد صالح يدعو له .  رواه مسلم

মানুহ যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো আমল বন্ধ হৈ যায় কিন্তু তিনিটা কামৰ ফল তেওঁ পাই থাকে।

১. ছদকায়ে জাৰিয়াহ (এনেকুৱা দান যাৰ দ্বাৰা মানুহে অব্যাহতভাৱে উপকৃত হৈ থাকে) ২. উপকাৰী জ্ঞান (বিদ্যা) ৩. সৎ সন্তান যিয়ে তাৰ বাবে দুআ কৰে। ( মুছলিম)

হাদীছটোৰ দ্বাৰা স্পষ্টভাৱে বুজা গ’ল যে, মৃত ব্যক্তিয়ে জীৱিত ব্যক্তিসকলৰ দুআ, ক্ষমা প্রাৰ্থনাৰ ফলত উপকাৰ পাব পাৰে। কিন্তু জীৱিত ব্যক্তিসকলে মৃতসকলৰ পৰা এনেকুৱা একোৱে আশা কৰিব নোৱাৰে।

যেতিয়া হাদীছৰ দ্বাৰা প্রমাণিত হ’ল যে, কোনো আদম সন্তান যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তেওঁৰ সকলো আমল বন্ধ হৈ যায়। তেওঁৰ আমলেৰে তেওঁ কোনো উপকাৰ লাভ কৰিব নোৱাৰে, তেন্তে আমি কেনেকৈ বিশ্বাস কৰোঁ যে, অমুক ব্যক্তি কবৰত জীবিত আছে? তাৰ লগত আমাৰ যোগাযোগ হয়। তেওঁ আমাৰ উপকাৰ কৰিব পাৰে। আমাৰ প্রাৰ্থনা শুনে আৰু আল্লাহৰ ওচৰত আমাৰ বাবে ছুপাৰিছ কৰে। এইবোৰ সকলো অন্ধবিশ্বাস। এইবোৰ যে শ্বিৰ্ক, তাত কোনো সন্দেহ নাই।

মৃত ব্যক্তিয়ে যে কবৰত একো শুনিব নোৱাৰে, কোনেও সিহঁতক একো শুনাব নোৱাৰে, এই কথাটো আল্লাহ ৰাব্বুল আলামীনে কোৰআনত বৰ্ণনা কৰিছে। তেওঁ নবী চাল্লাল্লা-হু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে:

إِنَّكَ لَا تُسْمِعُ الْمَوْتَى وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ. (النمل : 80)

নিশ্চয় তুমি মৃত ব্যক্তিক শুনাব নোৱাৰিবা, আৰু তুমি কলা (কানেৰে নুশুনা) ব্যক্তিক আহবান শুনাব নোৱাৰিবা। (ছুৰা নামল, আয়াত ৮০)

যেতিয়া নবী কৰীম চাল্লাল্লা-হু আলাইহি অছাল্লামে কোনো মৃত ব্যক্তিক একো শুনাব নোৱাৰে, তেনেক্ষেত্ৰত সাধাৰণ মানুহে কেনেকৈ এই অসাধ্য সাধন কৰিব পাৰে? গতিকে আমি মৃতসকলৰ কবৰত গৈ যিবোৰ কওঁ, যিবোৰ প্রাৰ্থনা কৰোঁ সেইবোৰ সিহঁতে একোৱে শুনিব নোৱাৰে। যেতিয়া সিহঁতে শুনিবই নোৱাৰে, তেতিয়া সিহঁতে প্রাৰ্থনাকাৰীৰ প্রাৰ্থনা কেনেকৈ কবুল কৰিব? কেনেকৈ সিহঁতৰ প্ৰয়োজন-আকাংখা পূৰণ কৰিব?

আল্লাহ তাআলাৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰ বাতিল। আল্লাহ তাআলাই কৈছে:

وَلَا تَدْعُ مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُكَ وَلَا يَضُرُّكَ فَإِنْ فَعَلْتَ فَإِنَّكَ إِذًا مِنَ الظَّالِمِينَ ﴿106﴾ وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ وَإِنْ يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ يُصِيبُ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ وَهُوَ الْغَفُورُ الرَّحِيمُ ﴿107﴾ (يونس)

আৰু আল্লাহৰ বাহিৰে এনে কাৰোবাক নামাতিবা, যিয়ে তোমাৰ একো উপকাৰ কৰিব নোৱাৰে আৰু তোমাৰ একো ক্ষতিও কৰিব নোৱাৰে। এতেকে তুমি যদি (এনে) কৰা, তেন্তে নিশ্চয় তুমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হবা। আৰু আল্লাহে যদি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই সেইটো দূৰ কৰিবলৈ। আৰু তেওঁ যদি তোমাৰ কল্যাণ বিচাৰে, তেন্তে তেওঁৰ অনুগ্রহৰ প্রতিৰোধকাৰী কোনো নাই। তেওঁ তাৰ বান্দাসকলক যাক ইচ্ছা তাকেই সেইটো দান কৰে। আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু (ছুৰা ইউনূছ, আয়াত ১০৬-১০৭)

এই আয়াতে স্পষ্ট কৰে যে, আল্লাহৰ বাহিৰে যি সকলক মাতা হয়, যিহঁতৰ ওচৰত দুআ-প্রাৰ্থনা কৰা হয় সেই সকলোবোৰ বাতিল। গতিকে স্পষ্ট হ’ল যে, এইবোৰে কাৰো উপকাৰ কৰিব নোৱাৰে বা ক্ষতি সাধনও কৰিব নোৱাৰে।

যেতিয়া সিহঁত সকলোৱে বাতিল, সিহঁতৰ ওচৰত দুআ-প্রাৰ্থনা কৰিলে যেতিয়া কোনো উপকাৰ নহয় তেন্তে কিয় সিহঁতৰ শৰণাপন্ন হ’ব? কিয় সিহঁতক অছীলা ৰূপে গ্রহণ কৰা হ’ব? কিয় সিহঁতৰ কবৰত গৈ দুআ কৰা হ’ব?

কিছুমান বিভ্রান্ত লোকক কওঁতে শুনা যায় যে, অমুক অলীৰ মাজাৰ যিয়াৰত কৰিবলৈ গৈছিলো। তাত গৈ এই দুআ কৰিছিলোঁ। দুআ কবুল হৈছে, যি মাগিছিলো সেইটো পাইছোঁ ইত্যাদি। এই ধৰণৰ কথা-বাৰ্তা আল্লাহ তাআলাৰ প্রতি মিথ্যাৰোপৰ অন্তৰ্ভুক্ত।

হয়, হব পাৰে অলী আওলিয়াসকলৰ মাজাৰত গৈ কিবা বিচাৰিলে সেয়া যে অৰ্জন নহ’ব এইটো নুই কৰিব নোৱাৰি। এতেকে অৰ্জন হ’লে সেইটো দুটা কাৰণে হব পাৰে:

এক. অলীৰ মাজাৰত গৈ যি বিচৰা হৈছে সেইটো পুৰণ কৰা কোনো সৃষ্টিজীবৰ পক্ষে সম্ভৱ হ’বও পাৰে অথবা নহবও পাৰে। যদি সম্ভৱ হয়, তেনেহলে হ’ব পাৰে চয়তানে প্রাৰ্থীত বিষয়সমূহ অৰ্জন কৰাই দিছে। যাতে  শ্বিৰ্কৰ প্রতি আসক্তি সৃষ্টি হয়। যি বিচাৰিছে, চয়তানে সেইবোৰেই তাক প্ৰদান কৰিছে। কিয়নো যি সমূহ ঠাইত আল্লাহ তাআলাৰ বাহিৰে আনৰ ইবাদত কৰা হয় সেই সমূহ ঠাইত চয়তান বিচৰণ কৰে। যেতিয়া চয়তানে কোনো ব্যক্তিক কবৰ পূজা কৰি থকা দেখে, তেতিয়া সি তাক সাহায্য কৰে। যেনেকৈ সি সাহায্য কৰে মূৰ্ত্তি পূজাৰী সকলক। সি সিহঁতৰ এই ধৰণৰ সকলো শ্বিৰ্কীয়া কৰ্মবোৰ সিহঁতৰ ওচৰত সুন্দৰ ভাৱে উপস্থাপন কৰে বুলি আল্লাহ তাআলাই কোৰআনৰ বহু ঠাইত উল্লেখ কৰিছে।

ঠিক এনেকৈ চয়তানে গণক ও জোতিষিসকলকো সাহায্য কৰে সিহঁতৰ কাম-কাজত। সেয়ে কেতিয়াবা এইবোৰ গণকসকলৰ কথা ও ভৱিষ্যতবাণী সত্যত পৰিণত হোৱা দেখা যায়।

এনেকৈ চয়তানে মানুহৰ আকৃতি ধাৰণ কৰি বিপদগ্রস্ত মানুহক কয় অমুক মাজাৰত যোৱা, তেন্তে কাম হ’ব। পিছত সি যেতিয়া মাজাৰত যায় তেতিয়া চয়তান মানুহৰ ৰূপ ধাৰণ কৰি তাক সহায় কৰিবলৈ আগুৱাই আহে। ফলত বিপদগ্ৰস্ত মানুহজনে ধাৰণা কৰে মাজাৰত শুই থকা অলীয়ে তাক সহায় কৰিছে। এনেকৈ চয়তানে মানৱ সমাজত শ্বিৰ্কৰ প্রচলন ঘটাইছে আৰু শ্বিৰ্কৰ প্রসাৰ কৰি আছে।

দুই. আৰু যদি প্রাৰ্থীত বিষয়টো এনে হয় যিটো পুৰণ কৰা কেৱল আল্লাহ তাআলাৰ পক্ষেই সম্ভৱ, তেনেহলে বুজিব লাগিব যে এই বিষয়টো অৰ্জনৰ কথা তাকদীৰত (ভাগ্যত) আগতেই লিখা হৈছিল। কবৰত শুই থকা ব্যক্তিৰ বৰকতত এইটো অর্জন হোৱা নাই।

গতিকে সকলো বিবেকসম্পন্ন মানুহে বুজিব লাগিব যে মাজাৰত গৈ দুআ কৰিলে কবুল হয় বুলি বিশ্বাস কৰা সকলো ক্ষেত্ৰতেই কুসংস্কাৰ। কোনোবাই যদি মাজাৰত গৈ দুআ প্রাৰ্থনা কৰে, মাজাৰ পূজা কৰি মানুহৰ পৰা ফিৰিস্তাত পৰিণত হয় তেনেহলেও বিশ্বাস কৰা ঠিক নহ’ব যে, এইটো মাজাৰত শুই থকা অলীৰ কাৰণে হৈছে। ইয়াৰ নামেই হৈছে ঈমান। ইয়াৰ নামেই হৈছে নিৰ্ভেজাল তাওহীদ। তাওহীদৰ বিশ্বাস যদি শ্বিৰ্কমিশ্রিত হয়, কু সংস্কাৰযুক্ত হয় তেনেহ’লে সেই ব্যক্তিৰ মুক্তি নাই।

 কাল্পনিক কাৰামত

বহুত মানুহেই মু’জিযা আৰু কাৰামতৰ পাৰ্থক্য নাজানে। মু’জিযা আৰু কাৰামত কি সেইটো নুবুজে। মু’জিযা হ’ল এনে অলৌকিক বিষয় যিটো নবীসকলৰ দ্বাৰা প্রকাশ পায়। আৰু কাৰামত হ’ল এনে অলৌকিক বিষয় যিটো আল্লাহ তাআলাৰ প্রিয় বান্দাসকলৰ পৰা প্রকাশ পায়। মু’জিযা প্রকাশৰ চৰ্ত হ’ল নবী বা ৰাছুল হোৱা। আৰু কাৰামত প্রকাশৰ চৰ্ত হ’ল পূণ্যবান ও মুত্তাকী হোৱা। এতেকে যদি কোনো বিদআতী পীৰ-ফকিৰ বা শ্বিৰ্কত লিপ্ত ব্যক্তিসকলৰ পৰা অলৌকিক কিবা এটা প্রকাশ পায়  তেন্তে সেইটো মু’জিযাও নহয়, কাৰামতো নহয়। সেইটো হ’ল দাজ্জালী ধোকা-বাজি বা প্রতাৰণা।

বহুতো নিৰ্বোধ মানুহে ধাৰণা কৰে যে, মু’জিযা বা কাৰামত, সাধনা বা চেষ্টা-প্রচেষ্টা কৰি অৰ্জন কৰা যায়। বা মানুহে ইচ্ছা কৰিলেই সেইটো কৰিব পাৰে। সেয়ে এই অজ্ঞ লোকসকলে ধাৰণা কৰে অলী আউলিয়াসকলে ইচ্ছা কৰিলেই কাৰামতৰ মাধ্যমেৰে বহু কিছু ঘটাব পাৰে, বিপদৰ পৰা মানুহক উদ্ধাৰ কৰিব পাৰে। কিন্তু আচল কথা হ’ল, কাৰামত কোনো ব্যক্তিৰ ইচ্ছাধীন নহয়। এইটো একমাত্র আল্লাহৰ ইচ্ছাধীন। মানুহে ইচ্ছা কৰিলে কেতিয়াও কাৰামত সংঘটিত কৰাব নোৱাৰে, সি যিমানেই ডাঙৰ অলী বা পীৰ নহওক কিয়।

এই কথা কোনো বিবেক সম্পন্ন মানুহেই বিশ্বাস নকৰে যে, এজন ব্যক্তিৰ প্রাণ গুচি যোৱাৰ পিছত তেওঁৰ কিবা কৰাৰ ক্ষমতা থাকে। আকৌ যদি সি কবৰত গুচি যায় তেন্তে কেনেকৈ সি কিবা কৰাৰ ক্ষমতা সংৰক্ষণ কৰে?

এই ধৰণৰ কথা তেওঁলোকেই বিশ্বাস কৰিব পাৰে অজ্ঞতাৰ ক্ষেত্রত যি সকলৰ কোনো তুলনা নাই। অলীতো দূৰৰ কথা কোনো নবীৰ কবৰকো পূজা কৰা বৈধ নহয়। নবীৰ কবৰো পিছৰ কথা, জীৱিত থকাকালীন কোনো নবীৰ ইবাদত কৰা, অথবা তেওঁক দেৱতা জ্ঞান কৰি পূজা কৰা হাৰাম। এইটো ইছলামত কঠোৰভাৱে নিষিদ্ধ। আল্লাহ তাআলা কৈছে :

مَا كَانَ لِبَشَرٍ أَنْ يُؤْتِيَهُ اللَّهُ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُوا عِبَادًا لِي مِنْ دُونِ اللَّهِ وَلَكِنْ كُونُوا رَبَّانِيِّينَ بِمَا كُنْتُمْ تُعَلِّمُونَ الْكِتَابَ وَبِمَا كُنْتُمْ تَدْرُسُونَ ﴿79﴾ وَلَا يَأْمُرَكُمْ أَنْ تَتَّخِذُوا الْمَلَائِكَةَ وَالنَّبِيِّينَ أَرْبَابًا أَيَأْمُرُكُمْ بِالْكُفْرِ بَعْدَ إِذْ أَنْتُمْ مُسْلِمُونَ ﴿80﴾. (آل عمران)

কোনো মানুহৰ বাবেই উচিত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নবুওৱাত দান কৰাৰ পিছত তেওঁ মানুহক ক’ব, তোমালোকে আল্লাহক এৰি মোৰ উপাসনাকাৰী হৈ যোৱা। বৰং তেওঁ ক’ব, তোমালোকে ৰাব্বানী(আল্লাহ ভক্ত) হোৱা। কিয়নো তোমালোকে কিতাবৰ শিক্ষা দিছিলা আৰু সেইটো অধ্যয়ন কৰিছিলা। আৰু তেওঁ তোমালোকক নিৰ্দেশ নকৰে যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক প্রতিপালক ৰূপে গ্রহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ তোমালোকক কুফৰী কৰাৰ নিৰ্দেশ  দিবনে? (ছুৰা আলে ইমৰান, আয়াত ৭৯-৮০)

 মুশ্বৰিকসকলৰ অৱস্থা : অতীত ও বৰ্তমান           

যিসকলে কবৰ-মাজাৰ আদি পূজা কৰে সিহঁতে কয় যে, মুশ্বৰিকসকলে মূৰ্তি পূজা কৰে। আমিতো মূৰ্তি পূজা নকৰো। আমি আমাৰ পীৰ দৰবেশসকলৰ মাজাৰ জিয়াৰত কৰোঁ। এওঁলোকৰ ইবাদত বা পূজা নকৰোঁ। সিহঁতৰ অছীলাৰে আল্লাহৰ ওচৰত দুআ-প্রাৰ্থনা কৰোঁ যেন আল্লাহ তাআলাই সিহঁতৰ সন্মানৰ খাতিৰত আমাৰ দুআ-প্রাৰ্থনা কবুল কৰে। এইটো কোনো ইবাদত নহয়। এওঁলোকক আমি কওঁ, মৃত ব্যক্তিৰ ওচৰত সাহায্য ও বৰকত কামনা কৰা দৰাচলতে তেওঁৰ ওচৰত দুআ কৰাৰ অন্তৰ্ভুক্ত। যেনে ইছলামপূৰ্ব অজ্ঞতা যুগত পৌত্তলিকসকলে মূৰ্তিৰ ওচৰত দুআ-প্রাৰ্থনা কৰিছিল। গতিকে অজ্ঞতা যুগৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ কবৰ পূজাৰ মাজত কোনো পাৰ্থক্য নাই। এই দুয়োটা কৰ্ম লক্ষ্য উদ্দেশ্যৰ ফালৰ পৰা এক ও অভিন্ন। যেতিয়া অজ্ঞতা যুগৰ মুশ্বৰিকসকলক কোৱা হ’ল তোমালোকে কিয় এই মূৰ্তিসমূহৰ ইবাদত কৰা? সিহঁতৰতো কৰিব পৰা একো ক্ষমতা নাই। তেতিয়া সিহঁত ইবাদতৰ বিষয়টো অস্বীকাৰ কৰিছিল আৰু কৈছিল:

مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَى. (الزمر : 3)

আমি এওঁলোকৰ ইবাদত নকৰোঁ, কিন্তু এই বাবে যে এওঁলোকে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। (ছুৰা যুমাৰ, আয়াত ৩)

ঠিক এইদৰে আমাৰ সমাজৰ কবৰপূজাৰী সকলেও কয় যে, আমি কবৰত থকা অলীৰ ইবাদত নকৰোঁ। তেওঁৰ ওচৰত দুআ নকৰোঁ। আমাৰ উদ্দেশ্য কেৱল এই যে, এওঁলোক আল্লাহৰ ওচৰত প্রিয়। এওঁলোকৰ জৰিয়তে আল্লাহৰ অনুগ্রহ অৰ্জন কৰা যাব। এই অলীসকলক আমি আমাৰ আৰু আল্লাহ তাআলাৰ মাজত মাধ্যম বুলি গণ্য কৰোঁ।

গতিকে পৰিণামৰ ফালৰ পৰা অজ্ঞতা যুগৰ মুশ্বৰিকসকলৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ মুছলমানসকলৰ কবৰ পূজা এক ও অভিন্ন। দুয়ো একেই ধৰণৰ শ্বিৰ্ক কাৰ্য।

 মুহাব্বাত ভালপোৱাৰ ক্ষেত্রত শ্বিৰ্ক

অন্তৰৰ একাগ্র ভালপোৱা ও শ্রদ্ধা আল্লাহ ব্যতীত আৰু কোনো সৃষ্টিয়ে পাব নোৱাৰে। এই নিৰ্ভেজাল শ্রদ্ধাপূৰ্ণ ভালপোৱা হল একধৰণৰ ইবাদত। যি সকলে ভাৱে আমি এই কবৰৰ অলী ও বুযুৰ্গসকলক অত্যাধিক ভালপাওঁ, এওঁলোকক শ্রদ্ধা কৰোঁ, এওঁলোকক সন্মান কৰোঁ তেন্তে এইটোও এক ধৰণৰ শ্বিৰ্ক। আৰু এই অতিৰিক্ত ভালপোৱা ও শ্রদ্ধাৰ কাৰণেই সিহঁতে অলী-বুযুৰ্গসকলৰ কবৰত মান্নত কৰে, কবৰ প্রদক্ষিণ কৰে, কবৰ সু-সজ্জিত কৰে, কবৰত ওৰচ অনুষ্ঠান কৰে। কবৰবাসীৰ ওচৰত সিহঁত সাহায্য বিচাৰে, উদ্ধাৰ কামনা কৰে। যদি কবৰবাসীৰ প্রতি অতিমাত্ৰা সন্মান আৰু ভালপোৱা নাথাকিলেহেঁতেন, তেন্তে সিহঁতে এইবোৰৰ এটাও নকৰিলেহেঁতেন। আৰু এই ধৰণৰ ভালপোৱা কেৱল আল্লাহ তাআলাৰ বাবেই নিবেদন কৰিব লাগে। আল্লাহ ব্যতীত আনৰ বাবে নিবেদন কৰা শ্বিৰ্ক।

আল্লাহ তাআলাই কৈছে:

وَمِنَ النَّاسِ مَنْ يَتَّخِذُ مِنْ دُونِ اللَّهِ أَنْدَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ وَالَّذِينَ آَمَنُوا أَشَدُّ حُبًّا لِلَّهِ. (البقرة : 165)

আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহ আছে, যি সকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্রহণ কৰে, আল্লাহক ভালপোৱাৰ দৰে সিহঁতকো ভালপায়। আৰু যি সকলে ঈমান আনিছে, তেওঁলোক আল্লাহৰ ভালপোৱাত দৃঢ়তৰ। (ছুৰা আল বাকাৰা, আয়াত ১৬৫)

দৃঢ়তৰ, সচা আৰু সাৰ্বক্ষণিক ভালপোৱা কেৱল একমাত্র আল্লাহ তাআলাৰ প্রাপ্য। এইটো আনক নিবেদন কৰিলে শ্বিৰ্ক হৈ যাব। মুশ্বৰিক পৌত্তলিকসকলে সিহঁতৰ দেৱ-দেৱীসকলৰ বাবে এই ধৰণৰ ভালপোৱা পোষণ কৰে।

আল্লাহ মানুহৰ অতি ওচৰত। মানুহে আল্লাহৰ ওচৰত তাৰ প্রাৰ্থনা পৌঁচাবলৈ মাধ্যম বা অছীলা বিচাৰে। কিন্তু কিয়? আল্লাহ তাআলা কি মানুহৰ পৰা অতি আতঁৰত? আৰু মাজাৰত শুই থকা সেই সকল পীৰ অলী মানুহৰ ওচৰত আল্লাহতকৈ অতি নিকটনে? কেতিয়াও নহয়। এজন ব্যক্তিয়ে যেতিয়া প্রাৰ্থনা কৰে তেতিয়া সকলোতকৈ আগত সেইটো প্ৰত্যক্ষভাৱে আল্লাহৰ ওচৰত পৌঁছি যায়।পৱিত্ৰ কোৰআনত আল্লাহ তাআলা নিজেই কৈছে:

وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ. (البقرة : 186)

আৰু যেতিয়া মোৰ বান্দাসকলে তোমাক মোৰ বিষয়ে প্ৰশ্ন কৰিব, (কোৱা) নিশ্চয় মই অতিকৈ ওচৰত। মই প্রাৰ্থনাকাৰীৰ প্ৰাৰ্থনাৰ উত্তৰ দিওঁ, যেতিয়া সি মোক প্ৰাৰ্থনা কৰে। এতেকে সিহঁতে যেন মোৰ আহ্বানত উত্তৰ দিয়ে আৰু মোৰ প্রতি ঈমান আনে। সম্ভৱত সিহঁতে সঠিক পথত চলিব। (ছুৰা বাকাৰা, আয়াত ১৮৬)

মানুহে প্ৰত্যক্ষভাৱে কোনো মাধ্যমবিহীন আল্লাহ তাআলাৰ ওচৰত তাৰ সকলো প্রাৰ্থনা নিবেদন কৰিব। এইটোৱেই ইছলামৰ এটা বৈশিষ্ট আৰু মহান শিক্ষা। আল্লাহ তাআলাৰ ওচৰত দুআ-প্রাৰ্থনা কৰাত কোনো ধৰণৰ মাধ্যম গ্রহণ কৰাৰ প্ৰয়োজন নাই।

দুআ-প্রাৰ্থনাত মাধ্যম বা অছীলা গ্রহণ কৰা এক ধৰণৰ বিজাতীয় বিষয়। হিন্দু, বৌদ্ধ খৃষ্টানসহ আন আন ধৰ্মৰ লোকসকলে আল্লাহৰ ওচৰত প্রাৰ্থনা কৰিবলৈ মূৰ্তি, পাদ্রী আৰু ধৰ্মযাজকসকলক মাধ্যম হিচাবে গ্রহণ কৰে। এই দিশৰ বিবেচনাত এইটো এটা কুফৰী সংস্কৃতি, যিটো কোনো মুছলিমে অনুসৰণ কৰিব নোৱাৰে।

দুআ-প্রাৰ্থনাত আল্লাহৰ ওচৰত গ্রহণযোগ্য সৎকৰ্মসমূহক অছীলা হিচাপে গ্ৰহণ কৰিব পাৰি। তেনেকৈ আল্লাহ ৰাব্বুল আলামীনৰ নামসমূহ অছীলা হিচাপে লোৱাৰ বাবে পৱিত্ৰ কোৰআনত নিৰ্দেশ দিয়া হৈছে। আল্লাহ তাআলাই কৈছে:

وَلِلَّهِ الْأَسْمَاءُ الْحُسْنَى فَادْعُوهُ بِهَا وَذَرُوا الَّذِينَ يُلْحِدُونَ فِي أَسْمَائِهِ سَيُجْزَوْنَ مَا كَانُوا يَعْمَلُونَ. (الأعراف : 180)

আৰু আল্লাহৰ বাবেই হৈছে সুন্দৰতম নামসমূহ। এতেকে তোমালোক তেওঁক সেই নামবোৰৰ দ্বাৰাই মাতা। আৰু সিহঁতক বৰ্জন কৰা যি সকলে তেওঁৰ নামবোৰ বিকৃতি ঘটায়। সিহঁতে যি কৰিছে অনতিপলমে সিহঁতক সিহঁতৰ প্রতিফল দিয়া হ’ব। (ছুৰা আল আৰাফ, আয়াত ১৮০)

অৱশেষত কওঁ, যি সকলে এই ধৰণৰ অন্যায় অছীলা গ্রহণৰ মাধ্যমত শ্বিৰ্কত লিপ্ত হৈছে সিহঁত উভতি আহক। আমাৰ দায়িত্ব কেৱল সত্য বিষয়টো আপোনালৈ পৌঁছাই দিয়া। এইবোৰ অছীলা নি:সন্দেহে শ্বিৰ্ক। আৰু শ্বিৰ্ক এনে এক মহা-পাপ যিটো আল্লাহে কেতিয়াও ক্ষমা নকৰিব। যিয়ে এই শ্বিৰ্কত লিপ্ত হ’ব জাহান্নামেই হ’ব তাৰ ঠিকনা। আল্লাহ তাআলাই কৈছে:

إِنَّهُ مَنْ يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ. (المائدة : 72)

নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্হাপন কৰে, তাৰ ওপৰত আল্লাহে জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম। আৰু অন্যায়কাৰীসকলৰ বাবে কোনো সাহায্যকাৰী নাই। (ছুৰা মায়িদা, আয়াত ৭২)

গতিকে আমাৰ বাবে একান্ত কৰ্তব্য হ’ল, আমাৰ সকলো ইবাদত-বন্দেগী, দুআ-প্রাৰ্থনা নিৰ্ভেজালভাৱে একমাত্র এক আল্লাহ তাআলাৰ বাবে নিবেদন কৰা। তেওঁ যি কৰিবলৈ কৈছে আমি সেইটোহে কৰিম।আমি নিজে একো উদ্ভাৱন নকৰোঁ। তেওঁৰ ৰাছুল চল্লাল্লাহু আলাইহি অছাল্লামে আমাক যেনেকৈ প্রাৰ্থনা কৰিবলৈ শিকাইছে আমি ঠিক সেইভাৱেই প্রাৰ্থনা কৰিম। তেওঁ যেনেকৈ অছীলা গ্রহণত অনুমোদন কৰিছে, আমি সেইদৰে অছীলা গ্রহণ কৰিম। ইয়াৰ ব্যতিক্রম হলে আমি ইছলামৰ পৰা আঁতৰ হৈ যাম। গতিকে সৰ্বক্ষেত্রতেই আমাৰ কৰ্তব্য হ’ব কোৰআন ও ছহীহ হাদীছ অনুসৰণ কৰা। যদি আমি এনেকৈ জীৱন-যাপন কৰোঁ তেন্তে পৃথিৱীতো কল্যাণ আৰু পৰকালত চিৰস্হায়ী সুখ ও সফলতা লাভ কৰিব পাৰিম। অন্যথা, উভয় জগতত আমি ক্ষতিগ্রস্ত হৈ যাম। আল্লাহ ৰাব্বুল আলামীনে আমাক সকলোকে শ্বিৰ্কৰ পৰা হিফাজত কৰক। আ-মীন!