ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন

শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ

আল-মুখতাৰ আশ্ব-শ্বানকীতী

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

بسم الله الرحمن الرحيم

الحمد لله رب العالمين, والصلاة والسلام على نبينا محمد, وعلى آله وصحبه و من دعا بدعوته إلى يوم الدين.

সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে; চালাত (দুৰূদ) আৰু ছালাম বৰ্ষিত হওঁক আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি। শান্তি বৰ্ষিত হওঁক তেওঁৰ পৰিয়াল বৰ্গ আৰু ছাহাবীসকলৰ প্ৰতি লগতে কিয়ামত পৰ্যন্ত অহা সেই ব্যক্তিবৰ্গৰ প্ৰতিও, যিয়ে তেওঁৰ দাৱাতৰ মাধ্যমত দাৱাতী তৎপৰতা পৰিচালনা কৰিব।

 তাৰ পিছত:

এইটো এটা ভাষণ, যিটো মই মৰক্কোৰ বাদশ্বাহৰ অনুৰোধত মছজিদে নবৱীত দাঙি ধৰিছিলো। তাৰ পিছত মোৰ কিছুসংখ্যক দ্বীনি ভাতৃয়ে ইয়াক লিপিবদ্ধ কৰি প্ৰকাশ কৰাৰ বাবে মোক অনুৰোধ জনায় আৰু আল্লাহ তা‘আলাই ইয়াৰ দ্বাৰা কল্যাণ কৰিব বুলি আশাৰে মই সেই অনুৰোধ গ্ৰহণ কৰিলো।

আল্লাহ তা‘আলাই কৈছে:

﴿ ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ ﴾ [سورة المائدة: 3]

“আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পৰিপূৰ্ণ কৰি দিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো; আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো।” - ( আল-মায়িদা: ৩)

সেই দিনটো আছিল আৰাফাৰ দিন, আৰু সেইটো আছিল বিদায় হজ্জৰ সময়ৰ জুম‘আৰ দিন। এই আয়াতটো সেইদিনা আবেলি নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰাফাৰ ময়দানত অৱস্থানকালীন সময়ত অৱতীৰ্ণ হৈছে।[1] এই আয়াতটো অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কেৱল ৮১ দিন জীৱিত আছিল। আল্লাহ তা‘আলাই এই আয়াতত স্পষ্টভাৱে কৈছে যে, তেওঁ আমাৰ বাবে আমাৰ দ্বীনক পৰিপূৰ্ণ কৰি দিছে, এতেকে তেওঁ কেতিয়াও ইয়াৰ মাজত হ্ৰাস নকৰিব আৰু কেতিয়াও বৃদ্ধি কৰাৰো প্ৰয়োজন নহ’ব। এই বাবেই তেওঁ আমাৰ প্ৰিয় নবীৰ দ্বাৰা নবীসকলৰ আগমনৰ ধাৰাৰ পৰিসমাপ্তি ঘটাইছে।

তেওঁ এই আয়াতৰ দ্বাৰা আৰু স্পষ্ট কৰিছে যে, তেওঁ আমাৰ বাবে ইছলামক আমাৰ দ্বীন হিচাপে পছন্দ কৰিছে, সেয়ে এই দ্বীনৰ প্ৰতি তেওঁ কেতিয়াও অসন্তুষ্ট নহ’ব। এই বাবেই তেওঁ স্পষ্ট কৰি দিছে যে, কাৰো পৰা তেওঁ ইছলামৰ বাহিৰে আন কোনো দ্বীন গ্ৰহণ নকৰিব। তেওঁ কৈছে:

﴿ وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينٗا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ ٨٥ ﴾ [سورة آل عمران : 85]

“যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন গ্ৰহণ কৰিব বিচাৰে সেইটো তাৰ পৰা কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি হ’ব আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত।” - ( আলে ইমৰান: ৮৫);

তেওঁ আৰু কৈছে:

﴿ إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ ﴾ [سُورَةُ آلِ عِمۡرَان: 19]

“নিশ্চয় আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন হৈছে ইছলাম।”( আলে ইমৰান: ১৯)

আৰু দ্বীন পৰিপূৰ্ণ কৰি দিয়া আৰু ইয়াৰ যাৱতীয় বিধি-বিধান বৰ্ণনা কৰাৰ মাজত উভয় জগতৰ সকলো প্ৰকাৰ নিয়ামত অন্তৰ্ভূক্ত আছে, সেয়ে তেওঁ কৈছে:

﴿وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي ﴾ [سورة المائدة: 3]

“আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলো।” - ( আল-মায়িদা: ৩)

এই আয়াতটো এটা সুস্পষ্ট ভাষ্য, যাৰ দ্বাৰা প্ৰমাণিত হয় যে: নিসন্দেহে দ্বীনে-ইছলাম মানুহৰ প্ৰয়োজনীয় দুনিয়া আৰু আখিৰাতৰ যাৱতীয় বিষয় ব্যাখ্যাসহকাৰে যথাযথভাৱে বৰ্ণনা কৰি দিছে।

ইয়াৰ দৃষ্টান্তস্বৰূপে আমি দহটা বিশেষ মাছআলাৰ বিৱৰণ দাঙি ধৰিম, যাৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱন পৰিচালিত হয়। জ্ঞানী ব্যক্তিৰ ওচৰত এই মাছআলাসমূহ উভয় জগতৰ বাবেই গুৰুত্ব বহন কৰে। কিছু সংখ্যক বিষয়ৰ মাজত আন আন সকলো বিষয়ৰ প্ৰতি সুক্ষ্মভাৱে ইঙ্গিতো দিয়া হৈছে। মাছআলা দহটা হৈছে:

প্ৰথম: আল্লাহৰ তাওহীদ

দ্বিতীয়: উপদেশ

তৃতীয়: সৎকৰ্ম আৰু আন আন কৰ্মৰ মাজত পাৰ্থক্য

চতুৰ্থ: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানেৰে বিচাৰ-ফয়ছালা (মীমাংসা) কৰা

পঞ্চম: সামাজিক অৱস্থা

ষষ্ঠ: অৰ্থনীতি

সপ্তম: ৰাজনীতি

অষ্টম: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰজনিত সমস্যা

নৱম: সংখ্যাত আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাফিৰসকলৰ প্ৰতিৰোধত মুছলিমসকলৰ দুৰ্বলতাজনিত সমস্যা

দশম: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা

আমি আল-কোৰআনৰ পৰা এইবোৰ সমস্যাৰ সমাধান ব্যাখ্যা কৰিম ইন শ্বা আল্লাহ। এই বিষয়সমূহ কোৰআনৰ ইঙ্গিতৰ দ্বাৰা বৰ্ণনাৰ মাধ্যমত অন্যান্য বিষয়ৰ প্ৰতিও অলপ ইংগিত প্ৰদান কৰা হৈছে।

 প্ৰথম মাছআলা: আল্লাহৰ তাওহীদ

কোৰআনৰ পূৰ্ণাঙ্গ বিশ্লেষণৰ মাধ্যমত জনা যায় যে, তাওহীদ তথা একত্ববাদ তিনি ভাগত বিভক্ত:

প্ৰথম প্ৰকাৰ: ৰুবুবিয়াত (সৃষ্টি, সাৰ্বভৌম প্ৰভুত্ব আৰু পৰিচালনা)ৰ ক্ষেত্ৰত আল্লাহৰ তাওহীদ:

তাওহীদৰ এই প্ৰকাৰৰ ওপৰত জ্ঞানীসকলৰ স্বভাৱ-প্ৰকৃতি প্ৰতিষ্ঠিত। আল্লাহ তা‘আলাই কৈছে:

﴿ وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ ﴾ الآية [سُورَةُ الزخرف: 87]

“যদি তুমি সিহঁতক সোধা, কোনে সিহঁতক সৃষ্টি কৰিছে, সিহঁতে নিশ্চয় ক’ব, আল্লাহ।” - ( যুখৰুফ: ৮৭)

তেওঁ আৰু কৈছে:

﴿قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ أَمَّن يَمۡلِكُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَمَن يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَمَن يُدَبِّرُ ٱلۡأَمۡرَۚ فَسَيَقُولُونَ ٱللَّهُۚ فَقُلۡ أَفَلَا تَتَّقُونَ ٣١﴾ [سُورَةُ يونس: 31]

“কোৱা, কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন, জীৱিতক মৃতৰ পৰা কোনে উলিয়ায় আৰু প্ৰাণহীনক জীৱিতৰ পৰা কোনে বাহিৰ কৰে আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে? তেতিয়া সিহঁতে ক’ব, আল্লাহ। কোৱা, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?।” - ( ইউনুছ: ৩১)

এনেকুৱা আৰু বহুতো আয়াত আছে।

আৰু এই প্ৰকাৰ তাওহীদক ফিৰআউনে অহংকাৰ কৰি অস্বীকাৰ কৰিছে; যেনে:

﴿ قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَٰلَمِينَ ٢٣ ﴾ [سُورَةُ الشعراء: 23]

“ফিৰআউনে ক’লে, সৃষ্টিজগতৰ ৰব আকৌ কি?” - ( আশ্ব-শু‘আৰা: ২৩)

তাৰ অস্বীকাৰ কৰাটো আছিল অহংকাৰবশত আৰু ইচ্ছাকৃত, ইয়াৰ প্ৰমাণত আল্লাহ তা‘আলাই আন আয়াতত কৈছে:

﴿ قَالَ لَقَدۡ عَلِمۡتَ مَآ أَنزَلَ هَٰٓؤُلَآءِ إِلَّا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ بَصَآئِرَ ﴾ الآية [سُورَةُ الإسراء: 102]

“মূছাই কৈছিল, তুমি অৱশ্যই অৱগত যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে— প্ৰত্যক্ষ প্ৰমাণস্বৰূপ।”- ( আল-ইছৰা: ১০২)

তেওঁ আৰু কৈছে:

﴿ وَجَحَدُواْ بِهَا وَٱسۡتَيۡقَنَتۡهَآ أَنفُسُهُمۡ ظُلۡمٗا وَعُلُوّٗاۚ﴾ [سُورَةُ النمل: 14]

“সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক সত্য বুলি গ্ৰহণ কৰিছিল।” - ( আন-নমল: ১৪)

আৰু এই বাবেই তাওহীদৰ এই প্ৰকাৰক সাব্যস্ত কৰাৰ বাবে স্থিৰকৰণসূচক প্ৰশ্নবোধক (استفهام التقرير) শব্দৰ দ্বাৰা আল-কোৰআন অৱতীৰ্ণ হৈছিল, যেনে তেওঁৰ বাণী:

﴿ أَفِي ٱللَّهِ شَكّٞ فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ ۚ﴾ [سُورَةُ إبراهيم: 10]

“আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছেনে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা?” - ( ইব্ৰাহীম: ১০);

তেওঁ আৰু কৈছে:

﴿ قُلۡ أَغَيۡرَ ٱللَّهِ أَبۡغِي رَبّٗا وَهُوَ رَبُّ كُلِّ شَيۡءٖۚ ﴾ [سُورَةُ الأنعام: 164]

“কোৱা, মই আল্লাহক এৰি আন কোনো প্ৰতিপালক অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ প্ৰতিপালক।” - ( আল-আন‘আম: ১৬৪);

তেওঁ আৰু কৈছে:

﴿ قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ قُلِ ٱللَّهُۚ ﴾ [سُورَةُ الرعد: 16]

“কোৱা, আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক কোন? কোৱা, আল্লাহ।” ( আৰ-ৰা‘দ: ১৬) ইত্যাদি আয়াত। কাৰণ, সিহঁতে ইয়াৰ স্বীকৃতি প্ৰদান কৰে।

আৰু এই প্ৰকাৰৰ তাওহীদে তথা একত্ববাদে কাফিৰ সম্প্ৰদায়ৰ কোনো উপকাৰ কৰা নাই; কাৰণ, সিহঁতে ইবাদতৰ ক্ষেত্ৰত আল্লাহক একমাত্ৰ ইলাহ হিচাপে গ্ৰহণ কৰা নাছিল; যেনে আল্লাহ তাআলাই কৈছে:

﴿ وَمَا يُؤۡمِنُ أَكۡثَرُهُم بِٱللَّهِ إِلَّا وَهُم مُّشۡرِكُونَ ١٠٦ ﴾ [سُورَةُ يوسف: 106]

“সিহঁতৰ অধিকাংশই আল্লাহক বিশ্বাস কৰে, কিন্তু সিহঁতে তেওঁৰ লগত আনক অংশী কৰে।” - ( ইউছুফ: ১০৬);

তেওঁ আৰু কৈছে:

﴿ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ ﴾ [سُورَةُ الزمر: 3]

“আমি সিহঁতৰ পূজাপাঠ কেৱল এই বাবেই কৰো যে, সিহঁতে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব।” - ( যুমাৰ: ৩)

তেওঁ আৰু কৈছে:

﴿ وَيَقُولُونَ هَٰٓؤُلَآءِ شُفَعَٰٓؤُنَا عِندَ ٱللَّهِۚ قُلۡ أَتُنَبِّ‍ُٔونَ ٱللَّهَ بِمَا لَا يَعۡلَمُ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِۚ ﴾ [سُورَةُ يونس: 18]

“সিহঁতে কয়, এওঁলোক আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী। কোৱা, তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনে কিবা সংবাদ দিব বিচৰা নেকি, যিটো তেওঁ নাজানে?” - ( ইউনুছ: ১৮)

দ্বিতীয় প্ৰকাৰ: ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ তাওহীদ:

এইটো এনেকুৱা এটা বিষয়, যিটো কেন্দ্ৰ কৰি ৰাছুলসকলৰ মাজত আৰু বিভিন্ন জাতিৰ মাজত যুদ্ধবিগ্ৰহ সংঘটিত হৈছে; আৰু এইটো এনেকুৱা এটা বিষয়, যিটো বাস্তবায়ন কৰাৰ বাবেই নবী আৰু ৰাছুলসকলক প্ৰেৰণ কৰা হৈছে। ইয়াৰ মূলকথা হৈছে: "لا إله الا الله" (আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই)ৰ তাত্পৰ্য। এতেকে ই দুটা মূলনীতিৰ ওপৰত প্ৰতিষ্ঠিত: নীতি দুটা হৈছে "لا إله الا الله" (আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই) ইয়াৰ মাজত থকা নেতিবাচক দিশ আৰু ইতিবাচক দিশ।

বাক্যটোৰ নেতিবাচক (النفي) অৰ্থ দিশটো হৈছে: সকলো প্ৰকাৰ ইবাদতৰ ক্ষেত্ৰত আল্লাহ তা‘আলাৰ বাহিৰে সকলো প্ৰকাৰ উপাস্যক পৰিহাৰ বা প্ৰত্যাহাৰ কৰা।

বাক্যটোৰ ইতিবাচক (الإثبات) দিশটো হৈছে: সকলো প্ৰকাৰ ইবাদত আল্লাহৰ বিধিবদ্ধ চৰিয়তী পদ্ধতিত এককভাৱে আৰু একমাত্ৰ তেওঁৰ বাবেই নিৰ্দিষ্ট কৰা। আল-কোৰআনৰ সৰহভাগ আয়াতেই এই প্ৰকাৰ তাওহীদ সাব্যস্ত কৰে; যেনে:

﴿ وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ﴾ [سُورَةُ النحل: 36]

“নিশ্চয় আমি প্ৰত্যেক সম্প্ৰদায়ৰ মাজতেই একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছো, এই কথাৰ নিৰ্দেশ দিবলৈ যে, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা।” - ( আন-নাহল: ৩৬)

﴿ وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٍ إِلَّا نُوحِيٓ إِلَيۡهِ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدُونِ ٢٥﴾ [سُورَةُ الأنبياء: 25]

“আমি তোমাৰ পূৰ্বে এনে কোনো ৰাছুল প্ৰেৰণ কৰা নাই, যাৰ প্ৰতি এই অহী প্ৰেৰণ কৰা নাছিলো যে, মোৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; এতেকে তোমালোকে মোৰেই ইবাদত কৰা।” - ( আল-আন্বিয়া: ২৫)

﴿ فَمَن يَكۡفُرۡ بِٱلطَّٰغُوتِ وَيُؤۡمِنۢ بِٱللَّهِ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰ لَا ٱنفِصَامَ لَهَاۗ ﴾ [سُورَةُ البقرة: 256]

“এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰিব, সি এনে এডাল মজবুত ৰছী খামুচি ধৰিব, যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব।” - ( আল-বাকাৰা: ২৫৬)

﴿ وَسۡ‍َٔلۡ مَنۡ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رُّسُلِنَآ أَجَعَلۡنَا مِن دُونِ ٱلرَّحۡمَٰنِ ءَالِهَةٗ يُعۡبَدُونَ ٤٥ ﴾ [سُورَةُ الزخرف: 45]

“তোমাৰ পূৰ্বে আমি যিসকল ৰাছুল প্ৰেৰণ কৰিছিলো তেওঁলোকক তুমি সোধাচোন, আমি কৰণাময় আল্লাহৰ বাহিৰে আন কোনো উপাস্য স্থিৰ কৰিছিলো নে, যাৰ ইবাদত কৰা যায়?” - ( যুখৰুফ: ৪৫)

﴿ قُلۡ إِنَّمَا يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ ١٠٨ ﴾ [سُورَةُ الأنبياء: 108]

“কোৱা, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে তোমালোকে আত্মসমৰ্পণকাৰী নহ’বা নে?” - (আল-আন্বিয়া: ১০৮); এই প্ৰসঙ্গত আৰু বহুতো আয়াত আছে।

তৃতীয় প্ৰকাৰ: আল্লাহৰ সুন্দৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত আল্লাহৰ তাওহীদ:

এই প্ৰকাৰৰ তাওহীদ দুটা মূলনীতিৰ ওপৰত প্ৰতিষ্ঠিত, যেনেঃ আল্লাহ তা‘আলাই বৰ্ণনা কৰিছে:

প্ৰথম: আল্লাহ তা‘আলাক সৃষ্টিৰ গুণাৱলীৰ লগত তুলনা কৰাৰ পৰা পৱিত্ৰ ৰখা।

দ্বিতীয়: আল্লাহ্ তা‘আলাই নিজকে অথবা তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যিবোৰ গুণেৰে গুণান্বিত কৰিছে, উদাহৰণস্বৰূপে নহয় বৰং প্ৰকৃতাৰ্থে আল্লাহ তা‘আলাৰ পৰিপূৰ্ণতা আৰু যথাযোগ্য মৰ্যদাৰ লগত সামঞ্জস্য ৰাখি সেইবোৰৰ প্ৰতি ঈমান আনা। এইটো জনা কথা যে, আল্লাহ সম্পৰ্কে আল্লাহতকৈ জ্ঞানী আন কোনো নাই, যিয়ে আল্লাহৰ গুণ বৰ্ণনা কৰিব পাৰে, আৰু আল্লাহৰ পিছত আল্লাহৰ গুণাৱলী সম্পৰ্কে আল্লাহৰ ৰাছুলতকৈ অধিক জ্ঞানী আন কোনো নাই যিয়ে আল্লাহৰ গুণাৱলী বৰ্ণনা কৰিবলৈ সক্ষম।

আল্লাহ তা‘আলাই নিজৰ বিষয়ে কৈছে:

﴿ ءَأَنتُمۡ أَعۡلَمُ أَمِ ٱللَّهُۗ ﴾ [سُورَةُ البقرة: 140]

“তোমালোকে বেছি জানা, নে আল্লাহ (বেছি জানে)?” - (আল-বাকাৰা:১৪০)

আৰু তেওঁ নিজ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে কৈছে:

﴿ وَمَا يَنطِقُ عَنِ ٱلۡهَوَىٰٓ ٣ إِنۡ هُوَ إِلَّا وَحۡيٞ يُوحَىٰ ٤ ﴾ [سُورَةُ النجم: 3 - 4]

“আৰু তেওঁ মনেসজা কথা নকয়। এইটো কেৱল অহী, যিটো তেওঁৰ প্ৰতি প্ৰত্যাদেশ হয়” - ( আন-নাজম: ৩ - ৪)

আল্লাহ তা‘আলাই তেওঁৰ নিজ বাণীৰ দ্বাৰাই এই কথা কৈছে যে, তেওঁৰ অনুৰূপ একোৱেই নাই; তেওঁ কৈছে:

﴿ لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ ﴾ [سُورَة الشورى: 11]

“একোৱেই তেওঁৰ সদৃশ নহয়, ..” - ( আশ্ব-শুৰা: ১১)

আৰু তেওঁ নিজৰ ইতিবাচক গুণাৱলীসমূহ প্ৰকৃতাৰ্থতে সাব্যস্ত কৰিছে তেওঁৰ ভাষাত:

﴿ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١ ﴾ [سُورَة الشورى: 11]

“.. আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।”( আশ্ব-শুৰা: ১১)

এতেকে আয়াতৰ প্ৰথমাংশৰ দ্বাৰা প্ৰমাণিত যে, তেওঁৰ গুণাৱলী অকাৰ্যকৰ বা অসাৰ কৰাৰ কোনো অৱকাশ নাই।

সেয়ে আয়াতৰ পৰা সুস্পষ্ট যে, প্ৰত্যেকৰ বাবে আৱশ্যক যে, কোনো প্ৰকাৰ সাদৃশ্য স্থাপনবিহীন প্ৰকৃত অৰ্থত তেওঁৰ গুণাৱলী তেওঁৰ বাবেই সাব্যস্ত কৰা আৰু তেওঁৰ গুণাৱলী অকাৰ্যকৰ নকৰি আন সকলো বস্তুৰ লগত তেওঁৰ সাদৃশ্যতাক অস্বীকাৰ কৰা।

তেওঁৰ সৃষ্টি কৰ্তৃক তেওঁক বেষ্টন কৰাৰ অক্ষমতাৰ কথা সুস্পষ্টভাৱে বৰ্ণনা কৰি দিছে; তেওঁ কৈছে:

﴿ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يُحِيطُونَ بِهِۦ عِلۡمٗا ١١٠ ﴾ [سُورَةُ طه: 110]

“সিহঁতৰ সন্মুখত আৰু অগোচৰত যি আছে সেই সকলো তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিবলৈ সক্ষম নহয়”

(ত্বাহা: ১১০)

* * *

 দ্বিতীয় মাছআলা: উপদেশ

বিজ্ঞসকলে এই কথাত একমত পোষণ কৰিছে যে, আল্লাহ তা‘আলাই আকাশৰ পৰা পৃথিৱীত ‘পৰ্যবেক্ষণ আৰু জ্ঞান বা বিদ্যাৰ’ উপদেশতকৈ ডাঙৰ কোনো উপদেষ্টা আৰু সতৰ্ককাৰী প্ৰেৰণ কৰা নাই। সেইটো হৈছে এই যে, মানুহে এই কথাৰ খিয়াল ৰাখিব যে তাৰ সন্মানিত আৰু মহান প্ৰতিপালক তাক পৰ্যবেক্ষণ কৰে আৰু সি যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেই বিষয়ে তেওঁ অৱগত।

আলিমসকলে এই ডাঙৰ উপদেষ্টা আৰু মহা সতৰ্ককাৰীৰ বাবে এনেকুৱা দৃষ্টান্ত উপস্থাপন কৰিছে, যিটোৰ দ্বাৰা বোধগম্য বস্তু অনুভৱযোগ্য বস্তুৰ দৰে হৈ যায়। তেওঁলোকে কৈছে: যদি আমি মানি লওঁ এজন ৰজা আছে, যিজন ৰজা অত্যধিক ৰক্তপাতকাৰী, মানুহ হত্যাকাৰী আৰু প্ৰচণ্ড আক্ৰমনকাৰী আৰু শাস্তিদাতা, আৰু তাৰ জল্লাদ তাৰ ওচৰতে থিয় হৈ আছে আৰু চামড়াৰ বিছনা[2] পাৰি দিয়া আছে, তৰৱালটোৰ পৰা তেজ নিগৰি আছে আৰু সেই ৰজাৰ চাৰিওফালে ৰজাৰ ছোৱালী আৰু স্ত্ৰীসকল থিয় দি আছে; এনেকুৱা ভয়ঙ্কৰ অৱস্থাত, ৰজাৰ চকুৰ সন্মুখত আৰু তাৰ উপস্থিতিত, উপস্থিত কোনো দৰ্শকে সেই ৰজাৰ ছোৱালী আৰু স্ত্ৰীসকলৰ পৰা অবৈধ কিবা অৰ্জনৰ চিন্তা কৰিব নে?! নহয়, কেতিয়াও নহয়! (তেন্তে আল্লাহৰ বাবে আছে যাৱতীয় মহৎ দৃষ্টান্তসমূহ।) বৰং তেতিয়া প্ৰত্যেক উপস্থিত ব্যক্তি হ’ব ভীত-সন্ত্ৰস্ত, সিহঁতৰ হৃদয়সমূহ থাকিব অৱনত, সিহঁতৰ চকুসমূহ থাকিব আতংকগ্ৰস্ত, সিহঁতৰ অংগ-প্ৰত্যঙ্গসমূহ থাকিব হিম শীতল, সিহঁতৰ চূড়ান্ত আশা হ’ব নিৰাপদে প্ৰত্যাবৰ্তন কৰা। ইয়াতো কোনো সন্দেহ নাই যে, (আৰু আল্লাহৰ বাবে আছে মহৎ দৃষ্টান্ত,) আল্লাহ তা‘আলা হৈছে মহাজ্ঞানী, সেই ৰজাতকৈ অধিক আৰু বিস্তৃত জ্ঞানৰ অধিকাৰী; সন্দেহ নাই যে, তেওঁ মহান শাস্তিদাতা, প্ৰচণ্ড শক্তিশালী আৰু কঠিন শাস্তিদাতা। তেওঁৰ পৃথিৱীত তেওঁৰ সংৰক্ষিত এলাকা হৈছে তেওঁৰ নিষেধসমূহ।

এইদৰে যদি কোনো নগৰবাসীয়ে জানে যে, এই নগৰৰ আমীৰ বা শাসক সিহঁতে ৰাতিত যিবোৰ কাম কৰে সেই সকলোবোৰ তেওঁ জানে, তেন্তে সিহঁত আতঙ্কিত অৱস্থাত ৰাতি অতিবাহিত কৰিব আৰু তাৰ ভয়ত সিহঁতে সকলো প্ৰকাৰ অন্যায় আৰু অপকৰ্ম পৰিত্যাগ কৰিব।

আৰু আল্লাহ তা‘আলাই সৃষ্টিজগতক যি হিকমত বা ৰহস্যৰ বাবে সৃষ্টি কৰিছে, সেয়া স্পষ্টভাৱে বৰ্ণনা কৰি দিছে; সেইটো হৈছে সিহঁতক পৰীক্ষা-নিৰীক্ষা কৰা। যেনে তেওঁ কৈছে:

﴿ إِنَّا جَعَلۡنَا مَا عَلَى ٱلۡأَرۡضِ زِينَةٗ لَّهَا لِنَبۡلُوَهُمۡ أَيُّهُمۡ أَحۡسَنُ عَمَلٗا ٧ ﴾ [سُورَةُ الكهف: 7]

“পৃথিৱীৰ ওপৰত যি আছে আমি সেইবোৰক ইয়াৰ সৌন্দৰ্য বনাইছো যাতে মানুহক এই পৰীক্ষা কৰিব পাৰো যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।” - ( আল-কাহাফ: ৭);

তেওঁ ছুৰা হুদৰ প্ৰথমাংশত কৈছে:

﴿ وَهُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ وَكَانَ عَرۡشُهُۥ عَلَى ٱلۡمَآءِ لِيَبۡلُوَكُمۡ أَيُّكُمۡ أَحۡسَنُ عَمَلٗاۗ ﴾ [سُورَةُ هود: 7]

“আৰু তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তেতিয়া তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকক পৰীক্ষা কৰাৰ বাবে যে তোমালোকৰ মাজত কোন আটাইতকৈ শ্ৰেষ্ঠ আমল কৰে।” - ( হুদ: ৭)

তেওঁ এইটো কোৱা নাই যে, কোন তোমালোকৰ মাজত আটাইতকৈ বেছি আমল কৰে।

তেওঁ ছুৰা আল-মুলকত কৈছে:

﴿ ٱلَّذِي خَلَقَ ٱلۡمَوۡتَ وَٱلۡحَيَوٰةَ لِيَبۡلُوَكُمۡ أَيُّكُمۡ أَحۡسَنُ عَمَلٗاۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡغَفُورُ ٢ ﴾ [سُورَةُ الملك: 2]

“যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, তোমালোকক পৰীক্ষা কৰাৰ বাবে যে— তোমালোকৰ মাজত আমলত কোন উত্তম। তেওঁ পৰাক্ৰমশালী, ক্ষমাশীল।” - ( আল-মুলক: ২)

এই আয়াত দুটাই তেওঁৰ নিম্নোক্ত বাণীৰ উদ্দেশ্য আৰু তাৎপৰ্য বৰ্ণনা কৰে; যেনে তেওঁ কৈছে:

﴿ وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ ٥٦ ﴾ [سُورَةُ الذاريات: 56]

“মই জিন আৰু মানুহক এই বাবে সৃষ্টি কৰিছো যে, যাতে সিহঁতে কেৱল মোৰেই ইবাদত কৰে।” - ( আয-যাৰিয়াত: ৫৬)

যিহেতু সৃষ্টি জগতক সৃষ্টি কৰাৰ হিকমত তথা ৰহস্য হৈছে উল্লেখিত পৰীক্ষা-নিৰীক্ষা কৰা, সেয়ে জিব্ৰীঈল আলাইহিচ ছালাম মানুহৰ বাবে এই পৰীক্ষাত সফলতা অৰ্জনৰ পদ্ধতি বৰ্ণনা কৰি দিব বিচাৰিলে, সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে: আপুনি মোক ইহছান সম্পৰ্কে কওঁক? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুস্পষ্ট কৰিলে যে, ইয়াত আলোচিত এই শ্ৰেষ্ঠ সতৰ্ককাৰী আৰু মহা উপদেষ্টাই হৈছে ইহছানৰ পথ। তেখেতে কৈছে:

«هو أَنْ تَعْبُدَ اللَّهَ كَأَنَّكَ تَرَاهُ فَإِنْ لَمْ تَكُنْ تَرَاهُ فَإِنَّهُ يَرَاكَ ». (متفق عليه)

“ইহছান হৈছে, তুমি আল্লাহৰ ইবাদত এনেকৈ কৰিবা যেনিবা তুমি তেওঁক দেখি আছা; আৰু যদি তুমি তেওঁক দেখা নোপোৱা, তেনেহ’লে এইটো অনুভৱ কৰিবা যে, তেওঁ তোমাক দেখি আছে।” (বুখাৰী আৰু মুছলিম)[3] আৰু এই বাবেই আপুনি পৱিত্ৰ কোৰআনুল কাৰীমৰ প্ৰতি পৃষ্ঠাত এই মহান উপদেষ্টাক দেখিবলৈ পাব, যেনে:

﴿ وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ وَنَعۡلَمُ مَا تُوَسۡوِسُ بِهِۦ نَفۡسُهُۥۖ وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنۡ حَبۡلِ ٱلۡوَرِيدِ ١٦ .... مَّا يَلۡفِظُ مِن قَوۡلٍ إِلَّا لَدَيۡهِ رَقِيبٌ عَتِيدٞ ١٨ ﴾ [سُورَةُ ق: 16 و 18]

“আমিয়েই মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেয়া আমি জানো, আৰু আমি তাৰ ডিঙিৰ ওচৰত থকা ধমনীতকৈও নিকটতম। ... মানুহে যি কথাই উচ্চাৰণ কৰে, তাৰ বাবে তৎপৰ প্ৰহৰী তাৰ ওচৰতেই আছে।” - ( ক্বাফ: ১৬-১৮)

﴿ فَلَنَقُصَّنَّ عَلَيۡهِم بِعِلۡمٖۖ وَمَا كُنَّا غَآئِبِينَ ٧ ﴾ [سُورَةُ الأعراف: 7]

“তাৰপিছত সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কাৰ্যাৱলী বৰ্ণনা কৰিমেই, আৰু আমি অনুপস্থিত নাছিলো” - ( আল-আ‘ৰাফ: ৭)

﴿ وَمَا تَكُونُ فِي شَأۡنٖ وَمَا تَتۡلُواْ مِنۡهُ مِن قُرۡءَانٖ وَلَا تَعۡمَلُونَ مِنۡ عَمَلٍ إِلَّا كُنَّا عَلَيۡكُمۡ شُهُودًا إِذۡ تُفِيضُونَ فِيهِۚ وَمَا يَعۡزُبُ عَن رَّبِّكَ مِن مِّثۡقَالِ ذَرَّةٖ فِي ٱلۡأَرۡضِ وَلَا فِي ٱلسَّمَآءِ وَلَآ أَصۡغَرَ مِن ذَٰلِكَ وَلَآ أَكۡبَرَ إِلَّا فِي كِتَٰبٖ مُّبِينٍ ٦١﴾ [سُورَةُ يونس: 61]

“তুমি যিকোনো অৱস্থাতে নাথাকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱে তিলাৱাত কৰা আৰু তোমালোকে যি কামেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী হৈ থাকো— যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশমণ্ডল আৰু পৃথিৱীৰ অণু পৰিমাণও তোমাৰ প্ৰতিপালকৰ অগোচৰ নহয় আৰু তাতোকৈ ক্ষুদ্ৰ অথবা বৃহৎ এনে একো নাই, যিটো সুস্পষ্ট কিতাবত নাই।” - ( ইউনুছ: ৬১)

﴿ أَلَآ إِنَّهُمۡ يَثۡنُونَ صُدُورَهُمۡ لِيَسۡتَخۡفُواْ مِنۡهُۚ أَلَا حِينَ يَسۡتَغۡشُونَ ثِيَابَهُمۡ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٥ ﴾ [سُورَةُ هود: 5]

“সাৱধান! নিশ্চয় সিহঁতে তেওঁৰ ওচৰত গোপন ৰখাৰ বাবে সিহঁতৰ বক্ষ দ্বিভাঁজ কৰে। সাৱধান! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছদিত কৰে, তেতিয়া সিহঁতে যি গোপন কৰে আৰু প্ৰকাশ কৰে, সেয়া তেওঁ জানে। অন্তৰত যি আছে সেই সম্পৰ্কে নিশ্চয় তেওঁ সবিশেষ অৱহিত।” - ( হুদ: ৫)

আৰু এইদৰে আল-কোৰআনৰ প্ৰায় প্ৰত্যেক স্থানতে এই প্ৰসঙ্গ বৰ্ণিত আছে।

* * *

 তৃতীয় মাছআলা: সৎকৰ্ম আৰু অন্যান্য কৰ্মৰ মাজত পাৰ্থক্য

আল-কোৰআনে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, সৎকৰ্ম এনে এটা কৰ্মক কোৱা হয়, য’ত তিনিটা বিষয়ৰ সমাবেশ ঘটে; তাৰ মাজৰ পৰা যেতিয়া কোনো এটা ত্ৰুটিপূৰ্ণ হ’ব, তেতিয়া কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা ব্যক্তিৰ কোনো উপকাৰ নহ’ব।

প্ৰথম: কামটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বিধান অনুযায়ী হ’ব লাগিব[4]; কিয়নো আল্লাহ তা‘আলাই কৈছে:

﴿ وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمۡ عَنۡهُ فَٱنتَهُواْۚ ﴾ [سُورَةُ الحشر: 7]

“ৰাছুলে তোমালোকৰ বাবে যি লৈ আহিছে, সেয়া তোমালোকে গ্ৰহণ কৰা আৰু যিটোৰ পৰা তোমালোকক নিষেধ কৰিছে, তাৰ পৰা বিৰত থাকা।” - ( আল-হাশ্বৰ: ৭)

তেওঁ আৰু কৈছে:

﴿ مَّن يُطِعِ ٱلرَّسُولَ فَقَدۡ أَطَاعَ ٱللَّهَۖ ﴾ [سُورَةُ النساء: 80]

“যিয়ে ৰাছুলৰ আনুগত্য কৰিলে সি আল্লাহৰেই আনুগত্য কৰিলে।”(আন-নিছা: ৮০);

তেওঁ আৰু কৈছে:

﴿ قُلۡ إِن كُنتُمۡ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِي﴾ [سُورَةُ آل عمران: 31]

“কোৱা, তোমালোকে যদি আল্লাহক ভালপোৱা, তেন্তে মোক অনুসৰণ কৰা।” - ( আলে ইমৰান: ৩১);

তেওঁ আৰু কৈছে:

﴿ أَمۡ لَهُمۡ شُرَكَٰٓؤُاْ شَرَعُواْ لَهُم مِّنَ ٱلدِّينِ مَا لَمۡ يَأۡذَنۢ بِهِ ٱللَّهُۚ ﴾ [سُورَةُ الشورى: 21]

“ইহঁতৰ এনে কিছুমান দেৱতা আছে নেকি, যিহঁতে ইহঁতৰ বাবে বিধান দিছে এনেকুৱা দ্বীনৰ, যাৰ অনুমতি আল্লাহ দিয়া নাই।” - (আশ্ব-শুৰা: ২১);

তেওঁ আৰু কৈছে:

﴿ ءَآللَّهُ أَذِنَ لَكُمۡۖ أَمۡ عَلَى ٱللَّهِ تَفۡتَرُونَ ٥٩ ﴾ [سُورَةُ يونس: 59]

“আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহৰ প্ৰতি মিথ্যা আৰোপ কৰিছা?” - ( ইউনুছ: ৫৯)

দ্বিতীয়: কামটো একনিষ্ঠভাৱে আল্লাহ তা‘আলাৰ উদ্দেশ্যে হ’ব লাগিব; কিয়নো আল্লাহ তাআলাই কৈছে:

﴿ وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ ﴾ [سُورَةُ البينة: 5]

“সিহঁতক আদেশ কৰা হৈছিল আল্লাহৰ আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰেই ইবাদত কৰিবলৈ।” - (আল-বাইয়্যিনা: ৫);

তেওঁ আৰু কৈছে:

﴿ قُلۡ إِنِّيٓ أُمِرۡتُ أَنۡ أَعۡبُدَ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ ١١ وَأُمِرۡتُ لِأَنۡ أَكُونَ أَوَّلَ ٱلۡمُسۡلِمِينَ ١٢ قُلۡ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ ١٣ قُلِ ٱللَّهَ أَعۡبُدُ مُخۡلِصٗا لَّهُۥ دِينِي ١٤ فَٱعۡبُدُواْ مَا شِئۡتُم مِّن دُونِهِۦۗ ﴾ [سُورَةُ الزمر: 11 - 15]

“কোৱা, মোক আদেশ কৰা হৈছে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰিবলৈ; আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পণকাৰীসকলৰ প্ৰথম হওঁ। কোৱা, মই যদি মোৰ প্ৰতিপালকৰ অবাধ্য হওঁ, তেন্তে মই ভয় কৰো মহাদিৱসৰ শাস্তিৰ। কোৱা, মই কেৱল আল্লাহৰেই ইবাদত কৰো, তেওঁৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ ৰাখি। এতেকে তোমালোকে আল্লাহৰ বাহিৰে যাৰ ইচ্ছা তাৰেই ইবাদত কৰাগৈ।” - ( যুমাৰ: ১১ - ১৫)

তৃতীয়: কামটো বিশুদ্ধ আক্বীদা তথা বিশ্বাসৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। কিয়োনো কৰ্ম বা আমল হৈছে ঘৰৰ চালৰ দৰে, আৰু আক্বীদা বা বিশ্বাস হৈছে আধাশিলাস্বৰূপ। আল্লাহ তা‘আলাই কৈছে:

﴿ وَمَن يَعۡمَلۡ مِنَ ٱلصَّٰلِحَٰتِ مِن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَأُوْلَٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ ﴾ [سُورَةُ النساء: 124]

“পুৰুষ অথবা নাৰী যিয়েই সৎ কাম কৰিব, যদি মুমিন হয় তেন্তে সিহঁত জান্নাতত প্ৰৱেশ কৰিব।” - ( আন-নিছা: ১২৪);

ইয়াত তেওঁ সৎকৰ্মৰ লগত ﴿ وَهُوَ مُؤۡمِنٞ (যদি সি মুমিন হয়) বুলি ঈমানৰ চৰ্তাৰোপ কৰিছে।

আৰু তেওঁ অবিশ্বাসীসকলৰ প্ৰসঙ্গত কৈছে:

﴿ وَقَدِمۡنَآ إِلَىٰ مَا عَمِلُواْ مِنۡ عَمَلٖ فَجَعَلۡنَٰهُ هَبَآءٗ مَّنثُورًا ٢٣ ﴾ [سُورَةُ الفرقان: 23]

“আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি লক্ষ্য কৰিম, তাৰ পিছত সেইবোৰক বিক্ষিপ্ত ধুলিকণাত পৰিণত কৰিম।” - (আল-ফুৰকান: ২৩);

সিহঁতৰ বিষয়ে তেওঁ আৰু কৈছে:

﴿ أُوْلَٰٓئِكَ ٱلَّذِينَ لَيۡسَ لَهُمۡ فِي ٱلۡأٓخِرَةِ إِلَّا ٱلنَّارُۖ وَحَبِطَ مَا صَنَعُواْ فِيهَا وَبَٰطِلٞ مَّا كَانُواْ يَعۡمَلُونَ ١٦ ﴾ [سُورَةُ هود: 16]

“সিহঁতৰ বাবে আখিৰাতত অগ্নিৰ বাহিৰে আন একো নাই, সিহঁতে যি কৰে আখিৰাতত সেয়া নিষ্ফল হ’ব আৰু সিহঁতে যি আমল কৰে সেয়া নিৰৰ্থক।” - (হুদ: ১৬) ...

ইয়াৰ বাহিৰেও এই প্ৰসঙ্গত আৰু বহুতো আয়াত আছে।

* * *

 চতুৰ্থ মাছআলা: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানৰ দ্বাৰা বিচাৰ-ফয়চালা কৰা

আল-কোৰআনে সুস্পষ্টভাৱে ঘোষণা কৰিছে যে, চৰিয়তৰ বিধানৰ বাহিৰে আনক বিচাৰক বুলি স্বীকাৰ কৰা সুস্পষ্ট কুফৰী আৰু আল্লাহ তা‘আলাৰ লগত শ্বীৰ্ক। চয়তানে যেতিয়া মক্কাৰ কাফিৰসকলক প্ৰত্যাদেশ কৰিলে সিহঁতে যাতে আমাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মৃত ছাগলী সম্পৰ্কে সোধে যে, কোনে ইয়াক হত্যা কৰিছে; উত্তৰত তেওঁ ক’লে: “ইয়াক আল্লাহে হত্যা কৰিছে”। তাৰ পিছত চয়তানে সিহঁতক আকৌ প্ৰত্যাদেশ কৰিলে যে সিহঁতে যেন তেওঁক সোধে: তোমালোকে নিজৰ হাতেৰে যিটো জবেহ কৰা, সেইটো হালাল আৰু আল্লাহে তেওঁৰ পৱিত্ৰ হাতেৰে যিটো জবেহ কৰে, সেয়া হাৰাম? তেনেহ’লে তোমালোকে আল্লাহতকৈ উত্তম নেকি[5]! এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আল্লাহ তা‘আলাই এই আয়াত অৱতীৰ্ণ কৰিলে:

﴿ وَإِنَّ ٱلشَّيَٰطِينَ لَيُوحُونَ إِلَىٰٓ أَوۡلِيَآئِهِمۡ لِيُجَٰدِلُوكُمۡۖ وَإِنۡ أَطَعۡتُمُوهُمۡ إِنَّكُمۡ لَمُشۡرِكُونَ ١٢١ ﴾ [سُورَةُ الأنعام: 121]

“নিশ্চয় চয়তানে নিজৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; যদি তোমালোকে সিহঁতৰ কথামতে চলা, তেন্তে তোমালোকে অৱশ্য মুশ্বৰিক হৈ যাবা।” - ( আল-আন‘আম: ১২১)

আৰু﴿إِنَّكُمۡ لَمُشۡرِكُونَ ١٢١ বাক্যৰ আৰম্ভণিত ফা (الفاء) সংযুক্ত নোহোৱাটো কছম বা শপতৰ ভূমিকাস্বৰূপ লাম (لام) উহ্য থকাৰ ওপৰত প্ৰকাশ্য ইঙ্গিত। এতেকে, এয়া আল্লাহৰ তৰফৰ পৰা শপত, তেওঁ ইয়াৰ দ্বাৰা এই আয়াতে কাৰীমাৰ মাজত এই বিষয়ে শপত কৰিছে যে, যি ব্যক্তি চয়তানৰ চৰিয়ত আৰু বিধানৰ অনুসৰণ কৰি মৃতক হালাল বুলি ভাবিব, সি মুশ্বৰিক বুলি গণ্য হ’ব; আৰু এয়া হৈছে ডাঙৰ শ্বিৰ্ক (شرك أكبر), যিটো মুছলিম সম্প্ৰদায়ৰ ঐক্যমতৰ ভিত্তিত সংশ্লিষ্ট ব্যক্তিক মুছলিম মিল্লাতৰ পৰা বহিষ্কাৰ কৰি দিয়ে। এই অপৰাধত অভিযুক্ত ব্যক্তিক অতি সোনকালে আল্লাহ তা‘আলাই কিয়ামতৰ দিনা তেওঁৰ এই কথাৰ দ্বাৰা তিৰস্কাৰ কৰিব:

﴿ أَلَمۡ أَعۡهَدۡ إِلَيۡكُمۡ يَٰبَنِيٓ ءَادَمَ أَن لَّا تَعۡبُدُواْ ٱلشَّيۡطَٰنَۖ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ ٦٠ وَأَنِ ٱعۡبُدُونِيۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٦١ ﴾ [سُورَةُ يس: 60 - 61]

“হে আদম সন্তান! মই তোমালোকক নিৰ্দেশ দিয়া নাছিলো নে যে, তোমালোকে চয়তানৰ দাসত্ব নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু? আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ?” - ( ইয়ছীন: ৬০ - ৬১)

আৰু আল্লাহ তা‘আলাই তেওঁৰ প্ৰিয় বন্ধুৰ কথা উদ্ধৃত কৰি কৈছে:

﴿ يَٰٓأَبَتِ لَا تَعۡبُدِ ٱلشَّيۡطَٰنَۖ ﴾ [سُورَةُ مريم: 44]

(ইব্ৰাহীমে ক’লে) হে মোৰ পিতা! চয়তানৰ ইবাদত নকৰিবা”- (মাৰয়াম: ৪৪)

অৰ্থাৎ- কুফৰী আৰু অবাধ্যতাৰ বিধানত চয়তানৰ অনুসৰণ কৰাৰ মাধ্যমত তাৰ ইবাদত নকৰিবা।

আল্লাহ তাআলাই আৰু কৈছে:

﴿ إِن يَدۡعُونَ مِن دُونِهِۦٓ إِلَّآ إِنَٰثٗا وَإِن يَدۡعُونَ إِلَّا شَيۡطَٰنٗا مَّرِيدٗا ١١٧ ﴾ [سُورَةُ النساء: 117]

“তেওঁৰ পৰিবৰ্তে সিহঁতে দেৱীৰেই পূজা কৰে আৰু বিদ্ৰোহী চয়তানৰেই পূজা পাঠ কৰে।” - ( আন-নিছা: ১১৭);

অৰ্থাৎ- সিহঁত কেৱল চয়তানৰেই দাসত্ব কৰে, এইটো তাৰ (চয়তানৰ) চৰিয়ত তথা বিধি-বিধানৰ অনুসৰণ কৰাৰ মাধ্যমত।

তেওঁ আৰু কৈছে:

﴿ وَكَذَٰلِكَ زَيَّنَ لِكَثِيرٖ مِّنَ ٱلۡمُشۡرِكِينَ قَتۡلَ أَوۡلَٰدِهِمۡ شُرَكَآؤُهُمۡ ﴾ [سُورَةُ الأنعام: 137]

“এইদৰে সিহঁতৰ শ্বৰীকসকলে বহু মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ সন্তানসকলৰ হত্যাক শোভনীয় কৰি দিছে।” - ( আল-আন‘আম: ১৩৭)

তেওঁ সিহঁতক সিহঁতৰ ‘শ্বৰিক’ বুলি নামকৰণ কৰিছে। কিয়নো, সন্তানসকলক হত্যা কৰাৰ দ্বাৰা আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সিহঁতে সিহঁতৰ অনুসৰণ কৰিছে।

আৰু যেতিয়া ‘আদী ইবনে হাতিম ৰাদিয়াল্লাহু ‘আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহ তা‘আলাৰ নিম্নোক্ত বাণী সম্পৰ্কে প্ৰশ্ন কৰিলে:

﴿ ٱتَّخَذُوٓاْ أَحۡبَارَهُمۡ وَرُهۡبَٰنَهُمۡ أَرۡبَابٗا مِّن دُونِ ٱللَّهِ ﴾ [سُورَةُ التوبة: 31]

“সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিতসকলক আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ প্ৰভুৰূপে গ্ৰহণ কৰিছে।” - ( আত-তাওবা: ৩১),

তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উত্তৰত ক’লে যে, সিহঁতক প্ৰভু হিচাপে গ্ৰহণ কৰাৰ অৰ্থ হৈছে: আল্লাহে যি হালাল কৰিছে, সেয়া হাৰাম কৰাৰ আৰু তেওঁ যি হাৰাম কৰিছে, সেয়া হালাল কৰাৰ ক্ষেত্ৰত সিহঁতে সিহঁতৰ অনুসৰণ কৰিছিল[6]। এইটো এনেকুৱা এটা বিষয়, যি বিষয়ে কোনো বিতৰ্ক নাই। আল-কোৰআনৰ ভাষাত কোৱা হৈছে:

﴿ أَلَمۡ تَرَ إِلَى ٱلَّذِينَ يَزۡعُمُونَ أَنَّهُمۡ ءَامَنُواْ بِمَآ أُنزِلَ إِلَيۡكَ وَمَآ أُنزِلَ مِن قَبۡلِكَ يُرِيدُونَ أَن يَتَحَاكَمُوٓاْ إِلَى ٱلطَّٰغُوتِ وَقَدۡ أُمِرُوٓاْ أَن يَكۡفُرُواْ بِهِۦۖ وَيُرِيدُ ٱلشَّيۡطَٰنُ أَن يُضِلَّهُمۡ ضَلَٰلَۢا بَعِيدٗا ٦٠﴾ [سُورَةُ النساء: 60]

“তুমি সিহঁতক দেখা নাই নে, যিহঁতে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে, সেয়া সিহঁতে বিশ্বাস কৰে; অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটো প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছে? আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।” - ( আন-নিছা: ৬০);

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَمَن لَّمۡ يَحۡكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُوْلَٰٓئِكَ هُمُ ٱلۡكَٰفِرُونَ ٤٤ ﴾ [سُورَةُ المائدة: 44]

“আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই মুতাবিক যিহঁতে ফায়চালা নকৰে, সিহঁতেই কাফিৰ।” - ( আল-মায়িদা: ৪৪);

তেওঁ আৰু কৈছে:

﴿ أَفَغَيۡرَ ٱللَّهِ أَبۡتَغِي حَكَمٗا وَهُوَ ٱلَّذِيٓ أَنزَلَ إِلَيۡكُمُ ٱلۡكِتَٰبَ مُفَصَّلٗاۚ وَٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَعۡلَمُونَ أَنَّهُۥ مُنَزَّلٞ مِّن رَّبِّكَ بِٱلۡحَقِّۖ فَلَا تَكُونَنَّ مِنَ ٱلۡمُمۡتَرِينَ ١١٤ ﴾ [سُورَةُ الأنعام: 114]

“কোৱা, মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে তালাচ কৰিম নেকি— অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব নাযিল কৰিছে! আৰু আমি যিসকলক কিতাব দিছো, সিহঁতে জানে যে, নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা সত্যসহ অৱতীৰ্ণ হৈছে। এতেকে তুমি সন্দেহকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।” - ( আল-আন‘আম: ১১৪)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَتَمَّتۡ كَلِمَتُ رَبِّكَ صِدۡقٗا وَعَدۡلٗاۚ لَّا مُبَدِّلَ لِكَلِمَٰتِهِۦۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ١١٥﴾ [سُورَةُ الأنعام: 115]

“সত্য আৰু ন্যায়ৰ দিশেৰে তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাণী পৰিবৰ্তন কৰিব পৰা কোনো নাই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।” - (আল-আন‘আম: ১১৫)

ইয়াত তেওঁৰ বাণী: ﴿صِدۡقٗا অৰ্থ: সংবাদ প্ৰদানৰ ক্ষেত্ৰত সত্য আৰু ﴿ وَعَدۡلٗاۚ অৰ্থ: বিধি-বিধানৰ ক্ষেত্ৰত ন্যায় আৰু ইনচাফপূৰ্ণ।

তেওঁ আৰু কৈছে:

﴿ أَفَحُكۡمَ ٱلۡجَٰهِلِيَّةِ يَبۡغُونَۚ وَمَنۡ أَحۡسَنُ مِنَ ٱللَّهِ حُكۡمٗا لِّقَوۡمٖ يُوقِنُونَ ٥٠ ﴾ [سُورَةُ المائدة: 50]

“সিহঁতে জাহিলী (অজ্ঞতা) যুগৰ বিধি-বিধান কামনা কৰে নেকি? নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠতৰ কোন আছে?” - (আল-মায়িদা: ৫০)

* * *

 পঞ্চম মাছআলা: সামাজিক অৱস্থা

এই প্ৰসঙ্গত আল-কোৰআনে অন্তৰৰ তৃষ্ণা নিবাৰণ কৰিছে আৰু ইয়াৰ পথ-ঘাট আলোকিত কৰিছে।

আল্লাহ তা‘আলাই প্ৰধান সমাজপতিক তাৰ সমাজ আৰু সম্প্ৰদায়ৰ প্ৰতি কেনে আচৰণ কৰাৰ নিৰ্দেশ দিছে, সেয়া লক্ষ্য কৰি চাওঁক। তেওঁ কৈছে:

﴿ وَٱخۡفِضۡ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلۡمُؤۡمِنِينَ ٢١٥ ﴾ [سُورَةُ الشعراء: 215]

“আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, সেইসকল মুমিনৰ প্ৰতি বিনয়ী হোৱা।” - ( আশ্ব-শু‘আৰা: ২১৫)

তেওঁ আৰু কৈছে:

﴿ فَبِمَا رَحۡمَةٖ مِّنَ ٱللَّهِ لِنتَ لَهُمۡۖ وَلَوۡ كُنتَ فَظًّا غَلِيظَ ٱلۡقَلۡبِ لَٱنفَضُّواْ مِنۡ حَوۡلِكَۖ فَٱعۡفُ عَنۡهُمۡ وَٱسۡتَغۡفِرۡ لَهُمۡ وَشَاوِرۡهُمۡ فِي ٱلۡأَمۡرِۖ ﴾ [سُورَةُ آل عمران: 159]

“আল্লাহৰ ৰহমতে তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন, তেন্তে সিহঁত তোমাৰ চাৰিওফালৰ পৰা আঁতৰি গলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰা আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাজ-কৰ্মত সিহঁতৰ লগত পৰামৰ্শ কৰা।” - (আলে ইমৰান: ১৫৯)

আৰু তেওঁ সাধাৰণ সমাজক তাৰ নেতৃবৃন্দৰ প্ৰতি কেনে আচৰণৰ নিৰ্দেশ দিছে, সেই দিশত লক্ষ্য কৰি চাওঁক। তেওঁ কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ وَأُوْلِي ٱلۡأَمۡرِ مِنكُمۡۖ ﴾ [سُورَةُ النساء: 59]

“হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, আৰু ৰাছুলৰ আনুগত্য কৰা আৰু সিহঁতৰ, যিসকল তোমালোকৰ মাজত ক্ষমতাশীল।”( আন-নিছা: ৫৯)

আৰু লক্ষ্য কৰক, তেওঁ মানুহক তাৰ বিশেষ সমাজ তথা সন্তান-সন্ততি আৰু স্ত্ৰীৰ প্ৰতি যেনে আচৰণৰ নিৰ্দেশ দিছে সেই দিশতঃ

তেওঁ কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ قُوٓاْ أَنفُسَكُمۡ وَأَهۡلِيكُمۡ نَارٗا وَقُودُهَا ٱلنَّاسُ وَٱلۡحِجَارَةُ عَلَيۡهَا مَلَٰٓئِكَةٌ غِلَاظٞ شِدَادٞ لَّا يَعۡصُونَ ٱللَّهَ مَآ أَمَرَهُمۡ وَيَفۡعَلُونَ مَا يُؤۡمَرُونَ ٦﴾ [سُورَةُ التحريم: 6]

“হে মুমিনসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শীল, য’ত নিয়োজিত আছে নিৰ্মমহৃদয়, কঠোৰস্বভাৱ ফিৰিস্তাসকল, আল্লাহে তেওঁলোকক যি আদেশ কৰে সেয়া তেওঁলোকে অমান্য নকৰে, আৰু তেওঁলোক সেইটোৱেই কৰে যিটো কৰিবলৈ আদেশ কৰা হয়।” - ( আত-তাহৰীম: ৬)

আৰু লক্ষ্য কৰক, তেওঁ কেনেকৈ ব্যক্তিক তাৰ বিশেষ সমাজৰ পৰা সাৱধান আৰু সংযমী হোৱাৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিছে; আৰু তেওঁ তাক নিৰ্দেশ দিছে, কোনো অনাকাঙ্খিত বিষয় তাৰ দৃষ্টিত আহিলে সি যেন সেইটো ক্ষমা আৰু সুন্দৰ দৃষ্টিৰে দেখে । তেওঁ প্ৰথমে তাক সংযমী আৰু সজাগ হোৱাৰ নিৰ্দেশ দিয়ে, তাৰ পিছত তাক নিৰ্দেশ দিয়ে ক্ষমা আৰু মাৰ্জনা কৰাৰ। তেওঁ কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ مِنۡ أَزۡوَٰجِكُمۡ وَأَوۡلَٰدِكُمۡ عَدُوّٗا لَّكُمۡ فَٱحۡذَرُوهُمۡۚ وَإِن تَعۡفُواْ وَتَصۡفَحُواْ وَتَغۡفِرُواْ فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ ١٤ ﴾ [سُورَةُ التغابن: 14]

“হে মুমিনসকল! তোমালোকৰ স্ত্ৰী আৰু সন্তান-সন্ততিসকলৰ মাজত কিছুমান তোমালোকৰ শত্ৰু; এতেকে তোমালোকে সিহঁতৰ বিষয়ে সতৰ্ক থাকা। তোমালোকে যদি সিহঁতক মাৰ্জনা কৰা, সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰা, তেন্তে জানি থোৱা, আল্লাহ ক্ষমাশীল, পৰম দয়ালু।” - ( আত-তাগাবুন: ১৪)

আৰু লক্ষ্য কৰক, তেওঁ সাধাৰণভাৱে সমাজৰ সকলো ব্যক্তিক সিহঁতৰ মাজৰ পাৰস্পৰিক লেনদেনৰ বিষয়ে যি নিৰ্দেশনা দিছে সেই দিশত; তেওঁ কৈছে:

﴿ إِنَّ ٱللَّهَ يَأۡمُرُ بِٱلۡعَدۡلِ وَٱلۡإِحۡسَٰنِ وَإِيتَآيِٕ ذِي ٱلۡقُرۡبَىٰ وَيَنۡهَىٰ عَنِ ٱلۡفَحۡشَآءِ وَٱلۡمُنكَرِ وَٱلۡبَغۡيِۚ يَعِظُكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ٩٠ ﴾ [سُورَةُ النحل: 90]

“আল্লাহে ন্যায়পৰায়নতা, সদাচৰণ আৰু আত্মীয়-স্বজনক প্ৰদানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকাম আৰু সীমালংঘন কৰাৰ বিষয়ে নিষেধ কৰে; তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।” - ( আন-নাহল: ৯০);

তেওঁ আৰু কৈছে:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱجۡتَنِبُواْ كَثِيرٗا مِّنَ ٱلظَّنِّ إِنَّ بَعۡضَ ٱلظَّنِّ إِثۡمٞۖ وَ لَا تَجَسَّسُواْ وَلَا يَغۡتَب بَّعۡضُكُم بَعۡضًاۚ ﴾ [سُورَةُ الحجرات: 12]

“হে মুমিনসকল! তোমালোকে অধিকাংশ ধাৰণাৰ পৰা বিৰত থাকা; কাৰণ, অনুমান বা ধাৰণা কোনো কোনো ক্ষেত্ৰত পাপ; আৰু তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত বা পৰনিন্দা নকৰিবা।” - ( আল-হুজুৰাত: ১২)

তেওঁ আৰু কৈছে:

﴿ لَا يَسۡخَرۡ قَوۡمٞ مِّن قَوۡمٍ عَسَىٰٓ أَن يَكُونُواْ خَيۡرٗا مِّنۡهُمۡ وَلَا نِسَآءٞ مِّن نِّسَآءٍ عَسَىٰٓ أَن يَكُنَّ خَيۡرٗا مِّنۡهُنَّۖ وَلَا تَلۡمِزُوٓاْ أَنفُسَكُمۡ وَلَا تَنَابَزُواْ بِٱلۡأَلۡقَٰبِۖ بِئۡسَ ٱلِٱسۡمُ ٱلۡفُسُوقُ بَعۡدَ ٱلۡإِيمَٰنِۚ وَمَن لَّمۡ يَتُبۡ فَأُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ١١ ﴾ [سُورَةُ الحجرات: 11]

“কোনো পুৰুষ যাতে আন কোনো পুৰুষক উপহাস নকৰে; কিয়নো যাক উপহাস কৰা হয়, সি উপহাসকাৰীতকৈ উত্তম হ’ব পাৰে আৰু কোনো নাৰীয়েও যাতে আন কোনো নাৰীক উপহাস নকৰে; কিয়নো যাক উপহাস কৰা হয়, তাই উপহাসকাৰিণীতকৈ উত্তম হ’ব পাৰে। তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু তোমালোকে ইজনে সিজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতিকৈ বেয়া। যিসকলে তাওবা নকৰে, সিহঁতেই যালিম।” - ( আল-হুজুৰাত: ১১)

তেওঁ আৰু কৈছে:

﴿ وَتَعَاوَنُواْ عَلَى ٱلۡبِرِّ وَٱلتَّقۡوَىٰۖ وَلَا تَعَاوَنُواْ عَلَى ٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِۚ ﴾ [سُورَةُ المائدة: 2]

“আৰু তোমালোকে সৎকৰ্ম আৰু তাক্বৱাৰ ক্ষেত্ৰত পৰস্পৰে সাহায্য কৰিবা আৰু পাপ আৰু সীমালংঘনত ইজনে সিজনৰ সহায় নকৰিবা।” - ( আল-মায়িদা: ২)

তেওঁ আৰু কৈছে:

﴿ إِنَّمَا ٱلۡمُؤۡمِنُونَ إِخۡوَةٞ ﴾ [سُورَةُ الحجرات: 10]

“মুমিনসকল পৰস্পৰে ভাই ভাই।” - ( আল-হুজুৰাত: ১০)

তেওঁ আৰু কৈছে:

﴿ وَأَمۡرُهُمۡ شُورَىٰ بَيۡنَهُمۡ ﴾ [سُورَةُ الشورى: 38]

“আৰু সিহঁতে নিজৰ মাজতে পৰামৰ্শৰ মাধ্যমত নিজৰ কৰ্ম সম্পাদন কৰে।”(আশ্ব-শুৰা: ৩৮)

এই বিষয়ে এইবোৰ আয়াতৰ বাহিৰেও আৰু বহুতো আয়াত আছে।

আৰু যিহেতু সমাজৰ কোনো সদস্যৱে মানৱ আৰু জিন শত্ৰুৰ শত্ৰুতাৰ পৰা নিৰাপদ নহয়;

ليس يخلو المرء من ضد ولو حاول العزلة في رأس الجبل

নহয় মুক্ত কোনোৱেই প্ৰতিদ্বন্দ্বী আৰু বিৰোধীৰ পৰা

যদিও সি পৰ্বতৰ উচ্চ শৃঙ্গত নিঃসঙ্গ নাথাকক কিয়

আৰু যিহেতু প্ৰত্যক ব্যক্তিয়েই এই ধৰণৰ সৰ্বগ্ৰাসী ব্যাধিৰ পৰা চিকিৎসাৰ মুখাপেক্ষী, সেয়ে আল্লাহ তা‘আলাই তেওঁৰ পৱিত্ৰ কিতাবৰ তিনি ঠাইত এই ব্যাধিৰ চিকিৎসা বৰ্ণনা কৰিছে। তাত তেওঁ বৰ্ণনা কৰিছে যে, মানুহৰ শত্ৰুতাৰ পৰা পৰিত্ৰাণ পোৱাৰ চিকিৎসা হ’ল তাৰ অসদাচৰণক উপেক্ষা কৰা আৰু সদ্ব্যৱহাৰৰ দ্বাৰা তাৰ মোকাবিলা কৰা; আৰু জিন চয়তানৰ পৰা বাচিবলৈ আল্লাহ তা‘আলাৰ ওচৰত তাৰ অনিষ্টতাৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ বাহিৰে আন কোনো চিকিৎসা নাই।

প্ৰথম স্থান: আল্লাহ তা‘আলাই ছুৰা আ‘ৰাফৰ শেষত দুষ্ট মানুহৰ লগত আচৰণ-বিধি প্ৰসঙ্গত কৈছে:

﴿ خُذِ ٱلۡعَفۡوَ وَأۡمُرۡ بِٱلۡعُرۡفِ وَأَعۡرِضۡ عَنِ ٱلۡجَٰهِلِينَ ١٩٩﴾ [سُورَةُ الأعراف: 199]

“তুমি ক্ষমাপৰায়ণতা অৱলম্বন কৰা, সৎকামৰ নিৰ্দেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা। ..” - ( আল-আ‘ৰাফ: ১৯৯)

এইদৰে জিন চয়তানৰ লগত আচৰণ-বিধিৰ দৃষ্টান্ত দি কৈছে:

﴿ وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيۡطَٰنِ نَزۡغٞ فَٱسۡتَعِذۡ بِٱللَّهِۚ إِنَّهُۥ سَمِيعٌ عَلِيمٌ ٢٠٠ ﴾ [سُورَةُ الأعراف: 200]

“.. আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা, তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।” - ( আল-আ‘ৰাফ: ২০০)

দ্বিতীয় স্থান: ছুৰা আল-মু’মিনূনৰ এটা আয়াতত এই বিষয়ে কৈছে:

﴿ ٱدۡفَعۡ بِٱلَّتِي هِيَ أَحۡسَنُ ٱلسَّيِّئَةَۚ نَحۡنُ أَعۡلَمُ بِمَا يَصِفُونَ ٩٦ ﴾ [سُورَةُ المؤمنون: 96]

“যিটো উত্তম, তাৰ দ্বাৰা বেয়াৰ মোকাবিলা কৰা; সিহঁতে যি কয়, সেই বিষয়ে আমি সবিশেষ অৱহিত। ..” - ( আল-মুমিনুন: ৯৬)

এইদৰে জিন চয়তান সম্পৰ্কে তেওঁ কৈছে:

﴿ وَقُل رَّبِّ أَعُوذُ بِكَ مِنۡ هَمَزَٰتِ ٱلشَّيَٰطِينِ ٩٧ وَأَعُوذُ بِكَ رَبِّ أَن يَحۡضُرُونِ ٩٨ ﴾ [سُورَةُ المؤمنون: 97 - 98]

“.. আৰু কোৱা, হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰো। হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ উপস্থিতিৰ পৰা মই তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰো।” - ( আল-মুমিনুন: ৯৭ - ৯৮)

তৃতীয় স্থান: ছুৰা আল-ফুচ্ছিলাত; আৰু তাত আল্লাহ তা‘আলাই আৰু বেছি স্পষ্ট কৰি কৈছে যে, এই আচমানী চিকিৎসা সেই চয়তানী ৰোগক নিৰ্মূল কৰিব আৰু তাত তেওঁ আৰু অলপ বেছি কৈছে যে, এই আচমানী চিকিৎসা সকলো মানুহকে দিয়া নহয়, বৰং এইটো কেৱল সেই ব্যক্তিকেই দিয়া হয়, যিজন সৌভাগ্যৰ অধিকাৰী। আল্লাহ তা‘আলাই তাত কৈছে:

﴿ ٱدۡفَعۡ بِٱلَّتِي هِيَ أَحۡسَنُ فَإِذَا ٱلَّذِي بَيۡنَكَ وَبَيۡنَهُۥ عَدَٰوَةٞ كَأَنَّهُۥ وَلِيٌّ حَمِيمٞ ٣٤ وَمَا يُلَقَّىٰهَآ إِلَّا ٱلَّذِينَ صَبَرُواْ وَمَا يُلَقَّىٰهَآ إِلَّا ذُو حَظٍّ عَظِيمٖ ٣٥ ﴾ [سُورَةُ فصلت: 34 - 35]

“বেয়া প্ৰতিহত কৰা উৎকৃষ্টৰ দ্বাৰা; ফলত তোমাৰ লগত যাৰ শত্ৰুতা আছে, সি অন্তৰঙ্গ বন্ধুৰ দৰে হৈ যাব। এই গুণৰ অধিকাৰী কৰা হয় কেৱল সিহঁতকেই, যিসকল ধৈৰ্যশীল; আৰু এই গুণৰ অধিকাৰী কৰা হয় কেৱল সিহঁতকেই, যিসকল মহাভাগ্যবান। ..” - ( ফুচ্ছিলাত: ৩৪ - ৩৫)

আৰু জিন চয়তান প্ৰসঙ্গত তেওঁ কৈছে:

﴿ وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيۡطَٰنِ نَزۡغٞ فَٱسۡتَعِذۡ بِٱللَّهِۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٣٦ ﴾ [سُورَةُ فصلت: 36]

“যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা, তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।” - ( ফুচ্ছিলাত: ৩৬)

আৰু তেওঁ অন্যান্য ঠাইত বৰ্ণনা কৰিছে যে, এই কোমল আচৰণ আৰু নম্ৰ ব্যৱহাৰ বিশেষভাৱে মুছলিমসকলৰ বাবে প্ৰযোজ্য, কাফিৰসকলৰ বাবে নহয়; আল্লাহ তা‘আলাই কৈছে:

﴿فَسَوۡفَ يَأۡتِي ٱللَّهُ بِقَوۡمٖ يُحِبُّهُمۡ وَيُحِبُّونَهُۥٓ أَذِلَّةٍ عَلَى ٱلۡمُؤۡمِنِينَ أَعِزَّةٍ عَلَى ٱلۡكَٰفِرِينَ﴾ [سُورَةُ المائدة: 54]

“নিশ্চয় আল্লাহে এনে এটা সম্প্ৰদায়ক লৈ আহিব, যিসকলক তেওঁ ভাল পাব আৰু যিসকলে তেওঁক ভাল পাব; সিহঁত মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হ’ব।” - ( আল-মায়িদা: ৫৪)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ مُّحَمَّدٞ رَّسُولُ ٱللَّهِۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلۡكُفَّارِ رُحَمَآءُ بَيۡنَهُمۡۖ ﴾ [سُورَةُ الفتح: 29]

“মুহাম্মদ আল্লাহৰ ৰাছুল; তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি কঠোৰ আৰু নিজৰ মাজত পৰস্পৰৰ প্ৰতি সহানুভূতিশীল।” - ( আল-ফাতহ: ২৯)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ يَٰٓأَيُّهَا ٱلنَّبِيُّ جَٰهِدِ ٱلۡكُفَّارَ وَٱلۡمُنَٰفِقِينَ وَٱغۡلُظۡ عَلَيۡهِمۡۚ﴾ [سُورَةُ التوبة: 73, سورة التحريم: 9]

“হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা।” - ( আত-তাওবা: ৭৩)

কোমলতাৰ ঠাইত কঠোৰতা হৈছে নিৰ্বুদ্ধিতা; আৰু কঠোৰতাৰ স্থানত কোমলতা হ’ল দুৰ্বলতাৰ পৰিচায়ক আৰু এক ধৰণৰ শৈথিল্য প্ৰদৰ্শন। কবিয়ে কৈছে:

إذا قيل حلم قل فللحلم موضع وحلم الفتى في غير موضعه جهل

কোৱা হয় সহিষ্ণুতাৰ কথা যেতিয়া, কোৱা, নিৰ্ধাৰিত ঠাই আছে ইয়াৰ

যুৱকৰ ঠাইবিহীন সহিষ্ণুতা প্ৰকাশ, কৰে মুৰ্খতাৰ প্ৰচাৰ।

* * *

 ষষ্ঠ মাছআলা: অৰ্থনীতি

আল-কোৰআনে অৰ্থব্যৱস্থাৰ সেই মূলনীতিসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰি দিছে, যি নীতিমালাৰ দিশত অৰ্থনীতিৰ সকলো শাখা-প্ৰশাখা ধাৱিত। ইয়াৰ ব্যাখ্যা এই যে, অৰ্থনীতিৰ সকলো বিষয় দুটা মূলনীতিৰ ফালে প্ৰত্যাবৰ্তন কৰে:

প্ৰথম: সম্পদ উপাৰ্জনৰ ক্ষেত্ৰত উত্তম দৃষ্টিভঙ্গি;

দ্বিতীয়: সম্পদ ব্যয় বা খৰচ কৰা ঠাইসমূহত সেয়া ব্যয় কৰাৰ ক্ষেত্ৰত উত্তম দৃষ্টিভঙ্গি।

এতেকে লক্ষ্য কৰক, কেনেকৈ আল্লাহ তা‘আলাই তেওঁৰ কিতাবত ব্যক্তিত্ব আৰু দ্বীনৰ লগত সামঞ্জস্যশীল বিভিন্ন উপায় আৰু উপকৰণৰ মাধ্যমত সম্পদ উপাৰ্জনৰ পদ্ধতিসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছে আৰু এই ক্ষেত্ৰত সঠিক পথ আলোকপাত কৰিছে। আল্লাহ তা‘আলাই কৈছে:

﴿فَإِذَا قُضِيَتِ ٱلصَّلَوٰةُ فَٱنتَشِرُواْ فِي ٱلۡأَرۡضِ وَٱبۡتَغُواْ مِن فَضۡلِ ٱللَّهِ وَٱذۡكُرُواْ ٱللَّهَ كَثِيرٗا لَّعَلَّكُمۡ تُفۡلِحُونَ ١٠﴾ [سُورَةُ الجمعة: 10]

“এতেকে ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।”( আল-জুমু‘আ: ১০)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَءَاخَرُونَ يَضۡرِبُونَ فِي ٱلۡأَرۡضِ يَبۡتَغُونَ مِن فَضۡلِ ٱللَّهِ ﴾ [سُورَةُ المزمل: 20]

“আৰু কোনোবাই আল্লাহৰ অনুগ্ৰহ সন্ধানত দেশভ্ৰমণ কৰিব।”( আল-মুঝঝাম্মিল: ২০)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ لَيۡسَ عَلَيۡكُمۡ جُنَاحٌ أَن تَبۡتَغُواْ فَضۡلٗا مِّن رَّبِّكُمۡۚ ﴾ [سُورَةُ البقرة: 198]

“তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰাত তোমালোকৰ কোনো পাপ নাই।” - ( আল-বাকাৰা: ১৯৮)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ إِلَّآ أَن تَكُونَ تِجَٰرَةً عَن تَرَاضٖ مِّنكُمۡۚ ﴾ [سُورَةُ النساء: 29]

“কিন্তু তোমালোকৰ পৰস্পৰৰ সন্তুষ্টিৰ ভিত্তিত ব্যৱসায় কৰা বৈধ।” - (আন-নিছা: ২৯)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَأَحَلَّ ٱللَّهُ ٱلۡبَيۡعَ وَحَرَّمَ ٱلرِّبَوٰاْۚ﴾ [سُورَةُ البقرة: 275]

“অথচ আল্লাহে ব্যৱসায় হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে।” - (আল-বাকাৰা: ২৭৫)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ فَكُلُواْ مِمَّا غَنِمۡتُمۡ حَلَٰلٗا طَيِّبٗاۚ ﴾ [سُورَةُ الأنفال: 69]

“যুদ্ধত তোমালোকে যি লাভ কৰিছা, সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা।” - ( আল-আনফাল: ৬৯)

এই প্ৰসঙ্গত ইয়াৰ বাহিৰেও আৰু আয়াত আছে।

আৰু লক্ষ্য কৰক, তেওঁ কেনেকৈ ব্যয়ৰ ক্ষেত্ৰত মিতব্যয়িতাৰ নিৰ্দেশ দিছে; তেওঁ কৈছে:

﴿ وَلَا تَجۡعَلۡ يَدَكَ مَغۡلُولَةً إِلَىٰ عُنُقِكَ وَلَا تَبۡسُطۡهَا كُلَّ ٱلۡبَسۡطِ ﴾ [سُورَةُ الإسراء: 29]

“তুমি তোমাৰ হাতক তোমাৰ কান্ধত আৱদ্ধ কৰি নাৰাখিবা আৰু তাক সম্পূৰ্ণভাৱে প্ৰসাৰিতও নকৰিবা।” - ( আল-ইছৰা: ২৯)

তেওঁ আৰু কৈছে:

﴿ وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا ٦٧ ﴾ [سُورَةُ الفرقان: 67]

“আৰু যেতিয়া সিহঁতে ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে, কৃপণতাও নকৰে; বৰং সিহঁত আছে এই দুটাৰ মাজৰ মধ্যম পন্থাত।”(আল-ফুৰকান: ৬৭) তেওঁ আৰু কৈছে:

﴿ وَيَسۡ‍َٔلُونَكَ مَاذَا يُنفِقُونَۖ قُلِ ٱلۡعَفۡوَۗ ﴾ الآية [سُورَةُ البقرة: 219]

“আৰু সিহঁতে তোমাক সোধে, সিহঁতে কি ব্যয় কৰিব? কোৱা, যিটো প্ৰয়োজনৰ অতিৰিক্ত।” - ( আল-বাকৰা: ২১৯)

আৰু লক্ষ্য কৰক, যি ঠাইত ব্যয় কৰা বৈধ নহয়, সেই ঠাইত ব্যয় কৰিবলৈ তেওঁ কেনেকৈ নিষেধ কৰিছে; তেওঁ কৈছে:

﴿ فَسَيُنفِقُونَهَا ثُمَّ تَكُونُ عَلَيۡهِمۡ حَسۡرَةٗ ثُمَّ يُغۡلَبُونَۗ ﴾ [سُورَةُ الأنفال: 36]

“সিহঁত ধন-সম্পদ ব্যয় কৰিয়েই থাকিব; অৱশেষত ই সিহঁতৰ অনুতাপৰ কাৰণ হ’ব; তাৰ পিছত সিহঁত পৰাভূত হ’ব।” - ( আল-আনফাল: ৩৬)

 সপ্তম মাছআলা: ৰাজনীতি

আল-কোৰআনে ৰাজনীতিৰ মূলনীতি আৰু নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰি দিছে আৰু পদ্ধতিসমূহ সুস্পষ্ট কৰিছে। ইয়াৰ ব্যাখ্যা হৈছে যে, ৰাজনীতি দুই ভাগত বিভক্ত: বৈদেশিক ৰাজনীতি আৰু অভ্যন্তৰীণ ৰাজনীতি।

o বৈদেশিক ৰাজনীতি: ইয়াৰ পৰিধি দুটা মূলনীতিৰ ওপৰত প্ৰতিষ্ঠিত:

এক: শত্ৰু দমন কৰা আৰু ইয়াৰ ধ্বংস সাধনত পৰিপূৰ্ণ শক্তি সঞ্চয় কৰা। এই মূলনীতিৰ বিষয়ে আল্লাহ তা‘আলাই কৈছে:

﴿وَأَعِدُّواْ لَهُم مَّا ٱسۡتَطَعۡتُم مِّن قُوَّةٖ وَمِن رِّبَاطِ ٱلۡخَيۡلِ تُرۡهِبُونَ بِهِۦ عَدُوَّ ٱللَّهِ وَعَدُوَّكُمۡ﴾ [سُورَةُ الأنفال: 60]

“তোমালোকে সিহঁতৰ লগত মোকাবিলাৰ বাবে যথাসাধ্য শক্তি আৰু ঘোঁৰা-বাহিনী প্ৰস্তুত ৰাখিবা, যাতে ইয়াৰ দ্বাৰা তোমালোকে আল্লাহৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক সন্ত্ৰস্ত কৰিব পাৰা।” - ( আল-আনফাল: ৬০)

দুই: এই শক্তিক কেন্দ্ৰ কৰি পৰিপূৰ্ণ আৰু নিৰ্ভেজাল ঐক্য গঢ়ি তোলা। এই বিষয়ে আল্লাহ তা‘আলাই কৈছে:

﴿ وَٱعۡتَصِمُواْ بِحَبۡلِ ٱللَّهِ جَمِيعٗا وَلَا تَفَرَّقُواْۚ﴾ [سُورَةُ آل عمران: 103]

“তোমালোকে সকলোৱে সমবেতভাৱে আল্লাহৰ ৰছী দৃঢ়ভাৱে খামুচি ধৰা আৰু পৰস্পৰ বিচ্ছিন্ন নহ’বা।” - ( আলে ইমৰান: ১০৩)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَلَا تَنَٰزَعُواْ فَتَفۡشَلُواْ وَتَذۡهَبَ رِيحُكُمۡۖ ﴾ [سُورَةُ الأنفال: 46]

“ আৰু পৰস্পৰে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকৰ সাহস গুচি যাব আৰু তোমালোকৰ শক্তি বিলুপ্ত হ’ব।” - ( আল-আনফাল: ৪৬)

আৰু এই ৰাজনৈতিক প্ৰয়োজনত সন্ধি আৰু চুক্তি কৰা আৰু প্ৰয়োজনত সেইবোৰ সন্ধি-চুক্তি বাতিল কৰি দিয়া ইত্যাদি বিষয়ত আল-কোৰআনে স্পষ্ট ব্যাখ্যাসহ বক্তব্য দাঙি ধৰিছে; আল্লাহ তা‘আলাই কৈছে:

﴿ فَأَتِمُّوٓاْ إِلَيۡهِمۡ عَهۡدَهُمۡ إِلَىٰ مُدَّتِهِمۡۚ ﴾ [سُورَةُ التوبة: 4]

“সিহঁতৰ লগত নিৰ্দিষ্ট মেয়াদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰিবা।” - ( আত-তাওবা: ৪) আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ فَمَا ٱسۡتَقَٰمُواْ لَكُمۡ فَٱسۡتَقِيمُواْ لَهُمۡۚ ﴾ [سُورَةُ التوبة: 7]

“যেতিয়া লৈকে সিহঁত তোমালোকৰ চুক্তিত স্থিৰ থাকিব, তেতিয়া লৈকে তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা।” - (আত-তাওবা: ৭)

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَإِمَّا تَخَافَنَّ مِن قَوۡمٍ خِيَانَةٗ فَٱنۢبِذۡ إِلَيۡهِمۡ عَلَىٰ سَوَآءٍۚ ﴾ [سُورَةُ الأنفال: 58]

“যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা, তেন্তে তুমি সিহঁতৰ চুক্তি সিহঁতৰ প্ৰতি প্ৰকাশ্যভাৱে নিক্ষেপ কৰিবা।” - (আল-আনফাল: ৫৮)

 আল্লাহ তা‘আলাই আৰু কৈছে:

﴿وَأَذَٰنٞ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلنَّاسِ يَوۡمَ ٱلۡحَجِّ ٱلۡأَكۡبَرِ أَنَّ ٱللَّهَ بَرِيٓءٞ مِّنَ ٱلۡمُشۡرِكِينَ وَرَسُولُهُۥۚ﴾ [سُورَةُ التوبة: 3]

“মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা মানুহৰ প্ৰতি ঘোষণা হ’ল এই যে, নিশ্চয় মুশ্বৰিকসকলৰ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল দায়মুক্ত।” - ( আত-তাওবা: ৩)

ইয়াৰ বাহিৰেও তেওঁ সিহঁতৰ (শত্ৰুসকলৰ) ষড়যন্ত্ৰ আৰু সুযোগ-গ্ৰহণৰ পৰা সতৰ্কতা অৱলম্বন আৰু মুক্ত থকাৰ নিৰ্দেশ দিছে; আল্লাহ তা‘আলাই কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ خُذُواْ حِذۡرَكُمۡ ۚ﴾ [سُورَةُ النساء: 71]

“হে মুমিনসকল! তোমালোকে সতৰ্কতা অৱলম্বন কৰা।” - ( আন-নিছা: ৭১) আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ وَلۡيَأۡخُذُواْ حِذۡرَهُمۡ وَأَسۡلِحَتَهُمۡۗ وَدَّ ٱلَّذِينَ كَفَرُواْ لَوۡ تَغۡفُلُونَ عَنۡ أَسۡلِحَتِكُمۡۚ﴾ [سُورَةُ النساء: 102]

“আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, যাতে তোমালোকে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি অসতৰ্ক হোৱা।” - (আন-নিছা: ১০২)

এনেকুৱা আৰু বহুতো আয়াত আছে।

o অভ্যন্তৰীণ ৰাজনীতি:

এই ৰাজনীতিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ অভ্যন্তৰত শান্তি আৰু নিৰাপত্তা সম্প্ৰসাৰণ কৰা, যুলুম-নিৰ্যাতন প্ৰতিৰোধ কৰা আৰু প্ৰত্যেকৰ ওচৰত সিহঁতৰ অধিকাৰ পৌঁছাই দিয়া।

ছয়টা প্ৰধান উপাদানৰ ওপৰত ভিত্তি কৰি অভ্যন্তৰীণ ৰাজনীতি পৰিচালিত হয়:

প্ৰথম: দ্বীন: দ্বীন ৰক্ষাৰ্থে চৰিয়তে বহুতো বিধি-বিধান লৈ আহিছে; এই বাবেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

«من بدّل دينه فاقتلوه ».

“যি ব্যক্তি নিজৰ দ্বীন পৰিবৰ্তন কৰিব, তাক হত্যা কৰা”[7]

ইয়াৰ মাধ্যমত দ্বীন পৰিবৰ্তন আৰু বিনষ্ট কৰাৰ পৰা ৰক্ষাৰ বাবে পৰিপূৰ্ণ প্ৰতিৰোধ ব্যৱস্থা আছে।

দ্বিতীয়: জীৱন: জীৱন ৰক্ষা আৰু ইয়াৰ নিৰাপত্তা বিধানত আল্লাহ তা‘আলাই আল-কোৰআনুল কাৰীমত কিচাচৰ[8] বিধান প্ৰৱৰ্তন কৰিছে; তেওঁ কৈছে:

﴿ وَلَكُمۡ فِي ٱلۡقِصَاصِ حَيَوٰةٞ ﴾ [سُورَةُ البقرة: 179]

“কিচাচৰ মাজত তোমালোকৰ বাবে জীৱন আছে।” - (আল-বাক্বাৰা: ১৭৯) তেওঁ আৰু কৈছে:

﴿ كُتِبَ عَلَيۡكُمُ ٱلۡقِصَاصُ فِي ٱلۡقَتۡلَىۖ﴾[سُورَةُ البقرة: 178]

“নিহতসকলৰ বিষয়ে তোমালোকৰ বাবে কিচাচৰ বিধান দিয়া হৈছে।” - (আল-বাক্বাৰা: ১৭৮)

তেওঁ আৰু কৈছে:

﴿ وَمَن قُتِلَ مَظۡلُومٗا فَقَدۡ جَعَلۡنَا لِوَلِيِّهِۦ سُلۡطَٰنٗا ﴾ الآية [سُورَةُ الإسراء: 33]

“আৰু কোনোবাই অন্যায়ভাৱে নিহত হ’লে তাৰ উত্তৰাধিকাৰীক আমি সেয়া প্ৰতিকাৰৰ অধিকাৰ দিছো। ...” - ( আল-ইছৰা: ৩৩)

তৃতীয়: বিবেক-বুদ্ধি: আল-কোৰআনৰ মাজত মানুহৰ বিবেক-বুদ্ধিক ৰক্ষণাবেক্ষণৰ বাবে বক্তব্য আহিছে; আল্লাহ তা‘আলাই কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّمَا ٱلۡخَمۡرُ وَٱلۡمَيۡسِرُ وَٱلۡأَنصَابُ وَٱلۡأَزۡلَٰمُ رِجۡسٞ مِّنۡ عَمَلِ ٱلشَّيۡطَٰنِ فَٱجۡتَنِبُوهُ لَعَلَّكُمۡ تُفۡلِحُونَ ٩٠ ﴾ [سُورَةُ المائدة: 90]

“হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদীত বলি দিয়া আৰু ভাগ্য নিৰ্ণায়ক তীৰ ঘৃণ্য বস্তু, চয়তানৰ কাম। এতেকে তেমালোকে ইয়াক বৰ্জন কৰা— যাতে তোমালোকে সাফল্যমণ্ডিত হ’ব পাৰা।” - (আল-মায়িদা: ৯০)

আৰু হাদিছত আহিছে:

«كل مسكر حرام وما أسكر كثيره فقليله حرام».

“প্ৰত্যেক নিচা জাতীয় বস্তুৱে হাৰাম; আৰু যি বস্তুত নিচা হয় সেয়া বেছি হওঁক বা কম হওঁক সেইটো হাৰাম।”[9]

বিবেক-বুদ্ধিক সঠিকভাৱে ৰক্ষণাবেক্ষণৰ বাবেই চৰিয়তে মাদক দ্ৰৱ্য সেৱনকাৰীৰ বাবে ‘হদ’ তথা নিৰ্দিষ্ট শাস্তিৰ আৱশ্যকীয় ব্যৱস্থা কৰিছে।

চতুৰ্থ: বংশ: বংশক সঠিকভাৱে ৰক্ষণাবেক্ষণৰ বাবে আল্লাহ তা‘আলাই যিনা-ব্যভিচাৰৰ দৰে অপৰাধৰ নিৰ্ধাৰিত শাস্তি বা ‘হদ’ৰ বিধান কৰিছে।

আল্লাহ তা‘আলাই কৈছে:

﴿ ٱلزَّانِيَةُ وَٱلزَّانِي فأجۡلِدُواْ كُلَّ وَٰحِدٖ مِّنۡهُمَا مِاْئَةَ جَلۡدَةٖۖ ﴾ الآية [سُورَةُ النور: 2]

“ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁত প্ৰত্যেককে এশ টাকৈ বেত্ৰাঘাত কৰিবা।” - ( আন-নূৰ: ২)

পঞ্চম: মান-সন্মান: মান-সন্মান ৰক্ষণাবেক্ষণৰ নিশ্চয়তা বিধানৰ বাবে আল্লাহ তা‘আলাই অপবাদ প্ৰদানকাৰীৰ বাবে আশিটাকৈ বেত্ৰাঘাতৰ শাস্তিৰ বিধান কৰিছে। তেওঁ কৈছে:

﴿ وَٱلَّذِينَ يَرۡمُونَ ٱلۡمُحۡصَنَٰتِ ثُمَّ لَمۡ يَأۡتُواْ بِأَرۡبَعَةِ شُهَدَآءَ فَٱجۡلِدُوهُمۡ ثَمَٰنِينَ جَلۡدَةٗ وَلَا تَقۡبَلُواْ لَهُمۡ شَهَٰدَةً أَبَدٗاۚ وَأُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ ٤﴾ [سُورَةُ النور: 4]

“আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, সিহঁতক আশীটাকৈ বেত্ৰাঘাত কৰিবা আৰু কেতিয়াও সিহঁতৰ সাক্ষ্য গ্ৰহণ নকৰিবা; ইহঁতেই ফাছিক।” - (আন-নূৰ: ৪)

ষষ্ঠ: ধন-সম্পদ: ধন-সম্পদ ৰক্ষণাবেক্ষণৰ নিশ্চয়তা বিধানৰ বাবে আল্লাহ তা‘আলাই চোৰৰ হাত কটাৰ শাস্তিৰ বিধান কৰিছে। তেওঁ কৈছে:

﴿وَٱلسَّارِقُ وَٱلسَّارِقَةُ فَٱقۡطَعُوٓاْ أَيۡدِيَهُمَا جَزَآءَۢ بِمَا كَسَبَا نَكَٰلٗا مِّنَ ٱللَّهِۗ وَٱللَّهُ عَزِيزٌ حَكِيمٞ ٣٨﴾ [سُورَةُ المائدة: 38]

“চোৰ পুৰুষেই হওঁক বা নাৰীয়েই হওঁক, সিহঁতৰ হাত কাটি দিয়া; এইটো সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা দৃষ্টান্তমূলক শাস্তি; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” - ( আল-মায়িদা: ৩৮)

এতেকে এই কথা সুস্পষ্ট হৈ গ’ল যে, সমাজৰ অভ্যন্তৰীণ আৰু বৈদেশিক সকলো স্বাৰ্থ ৰক্ষাৰ বাবে আল-কোৰআনৰ অনুসৰণ কৰাটোৱে যথেষ্ট।

* * *

 অষ্টম মাছআলা: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ছাহাবীসকলৰ মাজত উপস্থিত থকাৰ সময়তেই এই বিষয়টো তেওঁলোকৰ ওচৰত জটিল বুলি ধাৰণা হৈছিল। আল্লাহ তা‘আলাই নিজেই তেওঁৰ কিতাবৰ মাজত এই বিষয়ে আচমানী ফতোৱা দিয়ে, যাৰ দ্বাৰা এই সমস্যাটো দূৰ হৈ যায়। ঘটনাটো হৈছে, যেতিয়া অহুদৰ যুদ্ধৰ দিনা মুছলিমসকল বিপৰ্যয়ৰ চিকাৰ হৈছিল, তেতিয়া তেওঁলোক এই জটিলতাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকে কৈছিল: কেনেকৈ মুশ্বৰিকসকলক আমাৰ উদ্দেশ্যে ঘুৰাই দিয়া হ’ল আৰু আমাৰ ওপৰত সিহঁতক প্ৰভাৱশালী কৰা হ’ল, অথচ আমি হকৰ (সত্যৰ) ওপৰত প্ৰতিষ্ঠিত আছো আৰু সিহঁত বাতিলৰ (অসত্যৰ) ওপৰত প্ৰতিষ্ঠিত? তেতিয়া আল্লাহ তা‘আলাই নিম্নোক্ত বাণীৰ দ্বাৰা এই বিষয়ে[10] তেওঁলোকক ফতোৱা দিয়ে:

﴿أَوَلَمَّآ أَصَٰبَتۡكُم مُّصِيبَةٞ قَدۡ أَصَبۡتُم مِّثۡلَيۡهَا قُلۡتُمۡ أَنَّىٰ هَٰذَاۖ قُلۡ هُوَ مِنۡ عِندِ أَنفُسِكُمۡۗ﴾ [سُورَةُ آل عمران: 165]

“কি কথা! যেতিয়া তোমালোকৰ ওপৰত মুচিবত আহিল, তেতিয়া তোমালোকে কলা: ‘এইটো ক’ৰ পৰা আহিল?’ অথচ তোমালোকে দ্বিগুণ বিপদ ঘটিয়াইছিলা। কোৱা, ‘এইটো তোমালোকৰ নিজৰ কাৰণেই আহিছে।’” - ( আলে ইমৰান: ১৬৫)

আৰু তেওঁৰ এই বাণী যে: “এইটো তোমালোকৰ নিজৰ কাৰণেই আহিছে” –এই কথাক সুস্পষ্টভাৱে ব্যাখ্যা কৰি দিছে তেওঁৰ নিম্নোক্ত বাণীয়ে:

﴿وَلَقَدۡ صَدَقَكُمُ ٱللَّهُ وَعۡدَهُۥٓ إِذۡ تَحُسُّونَهُم بِإِذۡنِهِۦۖ حَتَّىٰٓ إِذَا فَشِلۡتُمۡ وَتَنَٰزَعۡتُمۡ فِي ٱلۡأَمۡرِ وَعَصَيۡتُم مِّنۢ بَعۡدِ مَآ أَرَىٰكُم مَّا تُحِبُّونَۚ مِنكُم مَّن يُرِيدُ ٱلدُّنۡيَا وَمِنكُم مَّن يُرِيدُ ٱلۡأٓخِرَةَۚ ثُمَّ صَرَفَكُمۡ عَنۡهُمۡ لِيَبۡتَلِيَكُمۡۖ﴾ [سُورَةُ آل عمران: 152]

“আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱালা আৰু নিৰ্দেশ সম্বন্ধে মতভেদ সৃষ্টি কৰিলা আৰু যি তোমালোকে ভালপোৱা সেয়া তোমালোকক দেখুৱাৰ পিছত তোমালোকে অবাধ্য হ’লা। তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিলা আৰু কিছুমান আখিৰাতৰ। তাৰ পিছত তেওঁ পৰীক্ষা কৰাৰ বাবে তোমালোকক সিহঁতৰ পৰা উভতাই দিলে।” - ( আলে ইমৰান: ১৫২)

এতেকে তেওঁ এই আচমানী ফতোৱাৰ মাজত বৰ্ণনা কৰিছে যে, সিহঁতৰ ওপৰত কাফিৰসকলৰ কৰ্তৃত্ব বা প্ৰভাৱৰ কাৰণ তেওঁলোক নিজৰেই সৃষ্ট; আৰু সেয়া হৈছে তেওঁলোকৰ ব্যৰ্থতা, নিৰ্দেশ পালনত মতভিন্নতা, তেওঁলোকৰ একাংশৱে ৰাছুলৰ অবাধ্যতা আৰু দুনিয়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু উদ্দীপনা। কাৰণ, তীৰন্দাজ বাহিনী পাহাড়ৰ ওপৰত অৱস্থান কৰি কাফিৰসকলক মুছলিমসকলৰ পিছফালৰ পৰা আহি আক্ৰমন কৰাৰ পৰা বিৰত ৰাখিছিল; কিন্তু যুদ্ধৰ প্ৰথম অৱস্থাত মুশ্বৰিকসকলৰ পৰাজয়ৰ সময়ত তেওঁলোকে গনীমতৰ মালৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। এনেকৈ তেওঁলোকে পাৰ্থিৱ সম্পদৰ প্ৰতি আকৃষ্ট হৈ সেয়া অৰ্জনৰ বাবে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশক উপেক্ষা কৰিছিল।[11]

* * *

 নৱম মাছআলা: মুছলিমসকলৰ দুৰ্বলতা আৰু কাফিৰসকলৰ তুলনাত সিহঁতৰ সংখ্যা আৰু প্ৰস্তুতিৰ প্ৰসঙ্গত

আল্লাহ তা‘আলাই তেওঁৰ কিতাবত এই সমস্যাৰ প্ৰতিকাৰ সুষ্পষ্টভাৱে ব্যাখ্যা কৰিছে। তেওঁ বৰ্ণনা কৰিছে যে, তেওঁ যদি তেওঁৰ বান্দাসকলৰ অন্তৰৰ যথাযথ আন্তৰিকতা আৰু একনিষ্ঠতাৰ বিষয়ে অৱগত হয়, তেন্তে এই ইখলাছ তথা একনিষ্ঠতাৰ ফলত সিহঁতে সিহঁততকৈ শক্তিশালীসকলৰ ওপৰত কৰ্তৃত্ব বিস্তাৰ আৰু বিজয় লাভ কৰিব পাৰিব। এই বাবেই যেতিয়া আল্লাহ তা‘আলাই ‘বাই‘আতে ৰিজৱান’ৰ সদস্যসকলৰ যথাযথ ইখলাছ তথা একনিষ্ঠতাৰ বিষয়ে অৱগত হ’ল আৰু তেওঁলোকৰ আন্তৰিকতা আৰু একনিষ্ঠতাক তেওঁৰ নিম্নোক্ত বাণীৰ মাজত উচ্চ মৰ্যদা দান কৰিলে:

﴿ لَّقَدۡ رَضِيَ ٱللَّهُ عَنِ ٱلۡمُؤۡمِنِينَ إِذۡ يُبَايِعُونَكَ تَحۡتَ ٱلشَّجَرَةِ فَعَلِمَ مَا فِي قُلُوبِهِمۡ﴾ [سُورَةُ الفتح: 18]

“আল্লাহে মুমিনসকলৰ ওপৰত সন্তুষ্ট হ’ল যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ ওচৰত বাই‘আত গ্ৰহণ কৰিলে, সিহঁতৰ অন্তৰত যি আছিল সেয়া তেওঁ অৱগত আছিল।” - ( আল-ফাতহ: ১৮)

তেতিয়া তেওঁ পৰিষ্কাৰ কৰিলে যে, এই ইখলাছ তথা একনিষ্ঠতাৰ ফলত তেওঁ সিহঁতক এনে বিষয়ৰ ওপৰত ক্ষমতাবান কৰিলে, যি বিষয়ে সিহঁতৰ শক্তি-সামৰ্থ নাছিল। তেওঁ কৈছে:

﴿ وَأُخۡرَىٰ لَمۡ تَقۡدِرُواْ عَلَيۡهَا قَدۡ أَحَاطَ ٱللَّهُ بِهَاۚ ﴾ [سُورَةُ الفتح: 21]

“আৰু আছে, যিটো এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইটো আল্লাহে বেষ্টন কৰি ৰাখিছে। ” - ( আল-ফাতহ: ২১)

ইয়াত তেওঁ স্পষ্টভাৱে কৈ দিছে যে, সেইটো সিহঁতৰ অধিকাৰত নাছিল; তেৱেঁই সেইটো বেষ্টন কৰি ৰাখিছিল, তাৰ পিছত তেওঁ সিহঁতৰ ইখলাছ তথা একনিষ্ঠতাৰ বিষয়টো জনাৰ বাবে তেওঁ সিহঁতক ইয়াৰ ওপৰত ক্ষমতাবান কৰিছে আৰু সিহঁতৰ বাবে সেইটো গনীমত হিচাপে দান কৰিছে।

আৰু এই বাবেই যেতিয়া কাফিৰসকল আহযাবৰ যুদ্ধ তথা বহুজাতিক বাহিনীৰ যুদ্ধৰ সময়ত মুছলিম সম্প্ৰদায়ক ডাঙৰ সামৰিক অৱৰোধ কৰিছিল, যিটো আল্লাহ তা‘আলাৰ নিম্নোক্ত বাণীৰ মাজত উল্লেখ কৰা হৈছে:

﴿ إِذۡ جَآءُوكُم مِّن فَوۡقِكُمۡ وَمِنۡ أَسۡفَلَ مِنكُمۡ وَإِذۡ زَاغَتِ ٱلۡأَبۡصَٰرُ وَبَلَغَتِ ٱلۡقُلُوبُ ٱلۡحَنَاجِرَ وَتَظُنُّونَ بِٱللَّهِ ٱلظُّنُونَا۠ ١٠ هُنَالِكَ ٱبۡتُلِيَ ٱلۡمُؤۡمِنُونَ وَزُلۡزِلُواْ زِلۡزَالٗا شَدِيدٗا ١١ ﴾ [سُورَةُ الأحزاب: 10 - 11]

“যেতিয়া সিহঁত তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল তোমালোকৰ ওপৰৰ ফালৰ পৰা আৰু তলৰ পৰা, আৰু যেতিয়া তোমালোকৰ চকু বিস্ফোৰিত হৈছিল, তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা; তেতিয়া মুমিনসকল পৰীক্ষিত হৈছিল আৰু সিহঁত ভীষণভাৱে প্ৰকম্পিত হৈছিল।” - ( আল-আহযাব: ১০ - ১১)

তেতিয়া এই দুৰ্বলতা আৰু সামৰিক অৱৰোধৰ প্ৰতিষেধক আছিল আল্লাহৰ প্ৰতি ইখলাছ (একনিষ্ঠতা) আৰু তেওঁৰ প্ৰতি শক্তিশালী ঈমান। আল্লাহ তা‘আলাই কৈছে:

﴿ وَلَمَّا رَءَا ٱلۡمُؤۡمِنُونَ ٱلۡأَحۡزَابَ قَالُواْ هَٰذَا مَا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥ وَصَدَقَ ٱللَّهُ وَرَسُولُهُۥۚ وَمَا زَادَهُمۡ إِلَّآ إِيمَٰنٗا وَتَسۡلِيمٗا ٢٢ ﴾ [سُورَةُ الأحزاب: 22]

“মুমিনসকলে যেতিয়া সন্মিলিত বাহিনীক দেখা পালে, তেতিয়া সিহঁতে কৈ উঠিলে, ‘এয়াতো দেখিছো সেইটোৱেই, আল্লাহ আৰু তেওঁৰ ৰাছুলে যিটোৰ প্ৰতিশ্ৰুতি আমাক দিছিল আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলে সচাঁই কৈছিল।’ ইয়াত সিহঁতৰ ঈমান আৰু আনুগত্য বৃদ্ধি পালে।” - ( আল-আহযাব: ২২)

এই ইখলাছ তথা একনিষ্ঠতাৰ ফলাফল আল্লাহ তা‘আলাই তেওঁৰ নিম্নোক্ত বক্তব্যৰ মাজত উল্লেখ কৰিছে:

﴿وَرَدَّ ٱللَّهُ ٱلَّذِينَ كَفَرُواْ بِغَيۡظِهِمۡ لَمۡ يَنَالُواْ خَيۡرٗاۚ وَكَفَى ٱللَّهُ ٱلۡمُؤۡمِنِينَ ٱلۡقِتَالَۚ وَكَانَ ٱللَّهُ قَوِيًّا عَزِيزٗا ٢٥ وَأَنزَلَ ٱلَّذِينَ ظَٰهَرُوهُم مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ مِن صَيَاصِيهِمۡ وَقَذَفَ فِي قُلُوبِهِمُ ٱلرُّعۡبَ فَرِيقٗا تَقۡتُلُونَ وَتَأۡسِرُونَ فَرِيقٗا ٢٦ وَأَوۡرَثَكُمۡ أَرۡضَهُمۡ وَدِيَٰرَهُمۡ وَأَمۡوَٰلَهُمۡ وَأَرۡضٗا لَّمۡ تَطَ‍ُٔوهَاۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٗا ٢٧﴾ [سُورَةُ الأحزاب: 25 - 27]

“আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতাই দিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাই। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট; আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী। কিতাবীসকলৰ মাজত যিসকলে সিহঁতক সহায় কৰিছিল, সিহঁতক তেওঁ সিহঁতৰ দুৰ্গৰ পৰা নমাই দিলে আৰু সিহঁতৰ অন্তৰত ভীতি সঞ্চাৰ কৰিলে; তোমালোকে সিহঁতৰ কিছুমানক হত্যা কৰিছা আৰু কিছুমানক কৰিছা বন্দী। তেওঁ তোমালোকক অধিকাৰী কৰিলে সিহঁতৰ ভূমি, ঘৰ-বাৰী আৰু ধন-সম্পদৰ আৰু এনেকুৱা ভূমিৰ য’ত তোমালোকে এতিয়াও পদাৰ্পন কৰা নাই। আল্লাহ সৰ্ববিষয়ে সৰ্বশক্তিমান।” - ( আল-আহযাব: ২৫-২৭)

আল্লাহ তা‘আলাই এই সহায় এনেকুৱা এটা বাহিনীৰ দ্বাৰা কৰিছে, যিটো সিহঁতৰ ধাৰণাত নাছিল: সেয়া হৈছে ফিৰিস্তা আৰু বিক্ষুব্ধ বতাহ; আল্লাহ তা‘আলাই কৈছে:

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ نِعۡمَةَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ جَآءَتۡكُمۡ جُنُودٞ فَأَرۡسَلۡنَا عَلَيۡهِمۡ رِيحٗا وَجُنُودٗا لَّمۡ تَرَوۡهَاۚ وَكَانَ ٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرًا ٩ ﴾ [سُورَةُ الأحزاب: 9]

“হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহৰ কথা স্মৰণ কৰা, যেতিয়া শত্ৰুবাহিনীয়ে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল আৰু আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো বিক্ষুব্ধ বতাহ আৰু এটা বাহিনী যিটো তোমালোকে দেখা নাই।” - ( আল-আহযাব: ৯)

আৰু এই বাবেই দ্বীন ইছলামৰ বিশুদ্ধতাৰ প্ৰমাণৰ অন্যতম এই যে, ইয়াক খামুচি ধৰা সংখ্যালঘুৰ দুৰ্বল দলে সংখ্যাগৰিষ্ঠ শক্তিশালী কাফিৰৰ দলক পৰাজিত কৰে। আল-কোৰআনৰ ভাষাত কোৱা হৈছে:

﴿ كَم مِّن فِئَةٖ قَلِيلَةٍ غَلَبَتۡ فِئَةٗ كَثِيرَةَۢ بِإِذۡنِ ٱللَّهِۗ وَٱللَّهُ مَعَ ٱلصَّٰبِرِينَ ٢٤٩ ﴾ [سُورَةُ البقرة: 249]

“আল্লাহৰ আদেশত কিমান ক্ষুদ্ৰ দলে কিমান যে বৃহৎ দলক পৰাজিত কৰিছে! আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।” - ( আল-বাকাৰা: ২৪৯)

আৰু এই বাবেই আল্লাহ তা‘আলাই বদৰৰ দিনক নিদৰ্শন (آية), দলিল-প্ৰমাণ (بينة) আৰু সত্য-অসত্যৰ মীমাংসাকাৰী (فرقان) হিচাপে নামকৰণ কৰিছে; কিয়নো এয়া দ্বীন ইছলামৰ বিশুদ্ধতাৰ প্ৰমাণ আৰু নিদৰ্শন। আল্লাহ তা‘আলাই কৈছে:

﴿قَدۡ كَانَ لَكُمۡ ءَايَةٞ فِي فِئَتَيۡنِ ٱلۡتَقَتَاۖ فِئَةٞ تُقَٰتِلُ فِي سَبِيلِ ٱللَّهِ وَأُخۡرَىٰ كَافِرَةٞ﴾ [سُورَةُ آل عمران: 13]

“দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত তোমালোকৰ বাবে অৱশ্য নিদৰ্শন আছে। এটা দল আল্লাহৰ পথত যুদ্ধ কৰিছিল, আন এটা দল কাফিৰ আছিল।” - ( আলে ইমৰান: ১৩)

এইটো আছিল বদৰ দিৱসৰ ঘটনা। আল্লাহ তা‘আলাই আৰু কৈছে:

﴿إِن كُنتُمۡ ءَامَنتُم بِٱللَّهِ وَمَآ أَنزَلۡنَا عَلَىٰ عَبۡدِنَا يَوۡمَ ٱلۡفُرۡقَانِ يَوۡمَ ٱلۡتَقَى ٱلۡجَمۡعَانِۗ﴾ [سُورَةُ الأنفال: 41]

“যদি তোমালোকে আল্লাহৰ প্ৰতি ঈমান আনা আৰু ঈমান আনা সেই বস্তুৰ ওপৰত, যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ প্ৰতি অৱতীৰ্ণ কৰিছিলো, যিদিনা দুই দল পৰস্পৰ সন্মুখীন হৈছিল।” -( আল-আনফাল: ৪১)

এইটোও আছিল বদৰ দিৱসৰ ঘটনা। আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ لِّيَهۡلِكَ مَنۡ هَلَكَ عَنۢ بَيِّنَةٖ ﴾ [سُورَةُ الأنفال: 42]

“যাতে যিয়ে ধ্বংস হ’ব, সি যেন সত্য স্পষ্ট প্ৰকাশৰ পিছত ধ্বংস হয়।” - (আল-আনফাল: ৪২)

কিছুমান তাফছীৰবিদৰ বিশ্লেষণ অনুযায়ী এইটোও আছিল বদৰ দিৱসৰ ঘটনা।

আৰু এই কথাত কোনো সন্দেহ নাই যে, এটা সংখ্যালঘু দুৰ্বল কিন্তু ঈমান্দাৰ দল কৰ্তৃক এটা সংখ্যাগৰিষ্ঠ শক্তিশালী কাফিৰ দলক পৰাজিত কৰাটো সেই দুৰ্বল দলটো যে হকৰ (সত্যেৰ) ওপৰত প্ৰতিষ্ঠিত আৰু আল্লাহ তা‘আলাই যে তাৰ সাহায্যকাৰী, তাৰেই স্পষ্ট প্ৰমাণ। যেনে তেওঁ বদৰ যুদ্ধৰ ঘটনা প্ৰসঙ্গত কৈছে:

﴿ وَلَقَدۡ نَصَرَكُمُ ٱللَّهُ بِبَدۡرٖ وَأَنتُمۡ أَذِلَّةٞۖ ﴾ [سُورَةُ آل عمران: 123]

“আৰু বদৰৰ যুদ্ধত যেতিয়া তোমালোকে হীনবল আছিলা আল্লাহে তোমালোকক সহায় কৰিছিল।” - ( আলে ইমৰান: ১২৩)

তেওঁ আৰু কৈছে:

﴿ إِذۡ يُوحِي رَبُّكَ إِلَى ٱلۡمَلَٰٓئِكَةِ أَنِّي مَعَكُمۡ فَثَبِّتُواْ ٱلَّذِينَ ءَامَنُواْۚ سَأُلۡقِي فِي قُلُوبِ ٱلَّذِينَ كَفَرُواْ ٱلرُّعۡبَ ﴾ الآية [سُورَةُ الأنفال: 12]

“স্মৰণ কৰা, তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি প্ৰত্যাদেশ কৰিলে, মই তোমালোকৰ লগত আছো, এতেকে মুমিনসকলক অবিচলিত ৰখা। যিসকলে কুফৰী কৰে, মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম ...।” - (আল-আনফাল: ১২)

আৰু আল্লাহ তা‘আলাই মুমিনসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু সিহঁতৰ গুণাৱলী বৰ্ণনা কৰিছে আৰু এইবোৰ গুণাৱলীৰ দ্বাৰা সিহঁতক আনৰ পৰা পৃথক কৰিছে। তেওঁ কৈছে:

﴿ وَلَيَنصُرَنَّ ٱللَّهُ مَن يَنصُرُهُۥٓۚ إِنَّ ٱللَّهَ لَقَوِيٌّ عَزِيزٌ ٤٠ ﴾ [سُورَةُ الحج: 40]

“নিশ্চয়ই আল্লাহে তাক সহায় কৰে, যিয়ে তেওঁক সহায় কৰে। নিশ্চয় আল্লাহ শক্তিমান, পৰাক্ৰমশালী। ..” - ( আল-হজ্জ: ৪০)

ইয়াৰ পিছতেই তেওঁ সিহঁতৰ গুণাৱলীৰ দ্বাৰা সিহঁতক আনৰ পৰা পৃথক কৰিছে:

﴿ ٱلَّذِينَ إِن مَّكَّنَّٰهُمۡ فِي ٱلۡأَرۡضِ أَقَامُواْ ٱلصَّلَوٰةَ وَءَاتَوُاْ ٱلزَّكَوٰةَ وَأَمَرُواْ بِٱلۡمَعۡرُوفِ وَنَهَوۡاْ عَنِ ٱلۡمُنكَرِۗ وَلِلَّهِ عَٰقِبَةُ ٱلۡأُمُورِ ٤١ ﴾ [سُورَةُ الحج: 41]

“.. আমি সিহঁতক পৃথিৱীত প্ৰতিষ্ঠিত কৰিলে সিহঁতে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকামৰ নিৰ্দেশ দিব আৰু অসৎকামৰ পৰা নিষেধ কৰিব; আৰু সকলো কৰ্মৰ পৰিণাম কেৱল আল্লাহৰ অধীনত। ” - (আল-হজ্জ: ৪১)

আৰু আলোচ্য সামৰিক অৱৰোধৰ এই প্ৰতিকাৰটোক আল্লাহ তা‘আলাই ছুৰা আল-মুনাফিকূনত অৰ্থনৈতিক অৱৰোধৰ প্ৰতিকাৰ হিচাপেও ইঙ্গিত দিছে। তেওঁ কৈছে:

﴿ هُمُ ٱلَّذِينَ يَقُولُونَ لَا تُنفِقُواْ عَلَىٰ مَنۡ عِندَ رَسُولِ ٱللَّهِ حَتَّىٰ يَنفَضُّواْۗ ﴾ [سُورَةُ المنافقون: 7]

“সিহঁতেই কয় যে, তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়। ..” - (আল-মুনাফিকুন: ৭)

যি কামটো মুনাফিকসকলে মুছলিমসকলৰ লগত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল সেয়া নিঃসন্দেহে আছিল অৰ্থনৈতিক অৱৰোধ। কিন্তু আল্লাহ তা‘আলাই এই ইঙ্গিত দিছে যে, ইয়াৰ প্ৰতিকাৰ হৈছে তেওঁৰ প্ৰতি মজবুত ঈমান আৰু পৰিপূৰ্ণভাৱে তেওঁৰ প্ৰতি মুখাপেক্ষী হোৱা। তেওঁ কৈছে:

﴿ وَلِلَّهِ خَزَآئِنُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَٰكِنَّ ٱلۡمُنَٰفِقِينَ لَا يَفۡقَهُونَ ٧ ﴾ [سُورَةُ المنافقون: 7]

“..আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ কেৱল আল্লাহৰেই; কিন্তু মুনাফিকসকলে সেয়া নুবুজে।” - ( আল-মুনাফিকুন: ৭)

কাৰণ, আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ যাৰ হাতত আছে, তেওঁ তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনাকাৰী, তেওঁৰ অনুগত বান্দাক কেতিয়াও উপেক্ষা নকৰিব। আল্লাহ তাআলাই কৈছে:

﴿ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مَخۡرَجٗا ٢ وَيَرۡزُقۡهُ مِنۡ حَيۡثُ لَا يَحۡتَسِبُۚ وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَهُوَ حَسۡبُهُۥٓۚ ﴾ [سُورَةُ الطلاق: 2 - 3]

“যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ (উত্তৰণৰ) পথ উলিয়াই দিব; আৰু তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা প্ৰদান কৰিব। যি ব্যক্তি আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে, তাৰ বাবে আল্লাহেই যথেষ্ট।” - ( আত-তালাক: ২-৩)

আৰু তেওঁ এই বিষয়টো আৰু স্পষ্ট কৰি কৈছে:

﴿وَإِنۡ خِفۡتُمۡ عَيۡلَةٗ فَسَوۡفَ يُغۡنِيكُمُ ٱللَّهُ مِن فَضۡلِهِۦٓ إِن شَآءَۚ ﴾ [التوبة: ٢٨]

“যদি তোমালোকে দাৰিদ্ৰৰ আশংকা কৰা, তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ কৰুণাত তোমালোকক অভাৱমুক্ত কৰিব।” - (আত-তাওবা: ২৮)

* * *

 দশম মাছআলা: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা।

আল্লাহ তা‘আলাই ছুৰা হাশ্বৰত জ্ঞান-বুদ্ধিৰ অভাৱক এই সমস্যাৰ কাৰণ হিচাপে বৰ্ণনা কৰিছে। তেওঁ কৈছে:

﴿ تَحۡسَبُهُمۡ جَمِيعٗا وَقُلُوبُهُمۡ شَتَّىٰۚ ﴾

“তোমাৰ ধাৰণা মতে সিহঁত ঐক্যবদ্ধ, কিন্তু সিহঁতৰ মনৰ মিল নাই। ..”

ইয়াৰ পিছতে আয়াতৰ বাকি অংশত মনৰ অনৈক্যৰ কাৰণ বৰ্ণনা কৰি কৈছে:

﴿ ذَٰلِكَ بِأَنَّهُمۡ قَوۡمٞ لَّا يَعۡقِلُونَ ١٤ ﴾ [سُورَةُ الحشر: 14]

“.. এইটো এই বাবে যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।” -(আল-হাশ্বৰ:১৪)

আৰু এই জ্ঞান ও বুদ্ধিগত দুৰ্বলতাজনিত ৰোগৰ ঔষধ হ’ল অহীৰ পোহৰৰ অনুসৰণ কৰাৰ মাধ্যমত নিজকে আলোকিত কৰা। কাৰণ, অহীয়ে এনেকুৱা কল্যাণৰ পথ দেখুৱায়, যি কেৱল জ্ঞান-বুদ্ধিৰ মাধ্যমত অৰ্জন সম্ভৱ নহয়। আল্লাহ তা‘আলাই কৈছে:

﴿ أَوَ مَن كَانَ مَيۡتٗا فَأَحۡيَيۡنَٰهُ وَجَعَلۡنَا لَهُۥ نُورٗا يَمۡشِي بِهِۦ فِي ٱلنَّاسِ كَمَن مَّثَلُهُۥ فِي ٱلظُّلُمَٰتِ لَيۡسَ بِخَارِجٖ مِّنۡهَاۚ ﴾ [سُورَةُ الأنعام: 122]

“যি ব্যক্তি মৃত আছিল, পিছত আমি তাক জীৱিত কৰিছো আৰু যাক আমি মানুহৰ মাজত চলা-ফুৰা কৰিবলৈ নূৰ দিছো, সেইজন ব্যক্তি এনে ব্যক্তিৰ দৰে নেকি, যিয়ে অন্ধকাৰত আছে আৰু সেই স্থানৰ পৰা সি ওলাব নোৱাৰে?” - (আল-আন‘আম: ১২২)

তেওঁ এই আয়াতৰ মাজত বৰ্ণনা কৰিছে যে, যি ব্যক্তি মৃত আছিল, ঈমানৰ নূৰে তাক জীৱিত কৰিলে আৰু তাৰ চলাৰ পথক আলোকিত কৰিলে।

আল্লাহ তা‘আলাই আৰু কৈছে:

﴿ ٱللَّهُ وَلِيُّ ٱلَّذِينَ ءَامَنُواْ يُخۡرِجُهُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۖ ﴾ [سُورَةُ البقرة: 257]

“যিসকলে ঈমান আনে আল্লাহেই সিহঁতৰ অভিভাৱক, তেওঁ সিহঁতক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়। ” - ( আল-বাকাৰা: ২৫৭) তেওঁ আৰু কৈছে:

﴿ أَفَمَن يَمۡشِي مُكِبًّا عَلَىٰ وَجۡهِهِۦٓ أَهۡدَىٰٓ أَمَّن يَمۡشِي سَوِيًّا عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٢٢ ﴾ [سُورَةُ الملك: 22]

“যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে?” - (আল-মুলক: ২২)

এই প্ৰসঙ্গত ইয়াৰ বাহিৰেও আৰু বহুতো আয়াত আছে।

মূঠতে: মানৱতাৰ কল্যাণত প্ৰণীত পৃথিৱীৰ নিয়ম-নীতি তিনিটা শ্ৰেণীত বিভক্ত:

১. প্ৰথম প্ৰকাৰ: বিপৰ্যয় সৃষ্টিকাৰী বস্তু দূৰ কৰা: এইটো উছুলবিদসকলৰ মতে ‘জৰুৰী আৱশ্যকীয় বিষয়’ হিচাপে পৰিচিত। ইয়াৰ মূলকথা হৈছে, পূৰ্বে আলোচিত ছয়টা বিষয় অৰ্থাৎ দ্বীন, জীৱন, বিবেক-বুদ্ধি, বংশ, মান-সন্মান আৰু ধন-সম্পদৰ পৰা ক্ষতিকাৰক সকলো বস্তু দূৰ কৰা।

২. দ্বিতীয় প্ৰকাৰ: কল্যাণকৰ বস্তু আমদানি কৰা: এইটো উছুলবিদসকলৰ মতে ‘নিত্যপ্ৰয়োজনীয় বিষয়’ হিচাপে পৰিচিত। ইয়াৰ শাখা-প্ৰশাখাৰ মাজৰ কিছুমান দিশ যেনে: কিনা-বেচা, ইজাৰা বা ভাড়া আৰু চৰিয়তৰ ভিত্তিত পৰিচালিত সমাজৰ সদস্যসকলৰ মাজত সংঘটিত সকলো প্ৰকাৰ পাৰস্পৰিক লেনদেন আৰু বিনিময়।

৩. তৃতীয় প্ৰকাৰ: উত্তম চৰিত্ৰ আৰু সুন্দৰ স্বভাৱৰ দ্বাৰা সুসজ্জিত হোৱা: এইটো উছুলবিদসকলৰ মতে ‘সৌন্দৰ্য বিধানকাৰী আৰু পৰিপূৰ্ণতা দানকাৰী গুণাৱলি’ হিচাপে পৰিচিত। ইয়াৰ শাখা-প্ৰশাখাৰ কিছুমান দিশ হৈছে: স্বভাৱগত বৈশিষ্টসমূহ যেনে: দাড়ী ৰখা, মোচ চুটি কৰা .. ইত্যাদি।

ইয়াৰ শাখা-প্ৰশাখাৰ আৰু কিছুমান দিশ হৈছে: সকলো প্ৰকাৰ বেয়া বস্তুক নিষিদ্ধ ঘোষণা কৰা আৰু নিকটাত্মীয় অভাৱীসকলৰ মাজত দানক আৱশ্যক কৰা।

আৰু এই ধৰণৰ সকলো কল্যাণকৰ বিষয়সমূহ সৰ্বোত্তমভাৱে সঠিক আৰু প্ৰজ্ঞাসন্মত পদ্ধতিত সুসম্পন্ন আৰু সুসংৰক্ষিত কৰা কেৱল ইছলামী দ্বীনৰ মাধ্যমতেই সম্ভৱ; আল-কোৰআনৰ বাণী:

﴿ الٓرۚ كِتَٰبٌ أُحۡكِمَتۡ ءَايَٰتُهُۥ ثُمَّ فُصِّلَتۡ مِن لَّدُنۡ حَكِيمٍ خَبِيرٍ ١ ﴾ [سُورَةُ هود: 1]

“আলিফ-লাম-ৰা, এই কিতাব, যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ ফালৰ পৰা (অৱতীৰ্ণ)।” - ( হুদ: ১)

و صلى الله على محمد و على آله و صحبه أجمعين.



[1] যেনে ছহীহাইনত (বুখাৰী আৰু মুছলিমত) উল্লেখিত ওমৰ ইবনুল খাত্তাব ৰাজিয়াল্লাহু আনহু কৰ্তৃক বৰ্ণিত হাদিছত আছে: বুখাৰী, কিতাবুল ঈমান (كتاب الإيمان), বাবু যিয়াদাতুল ঈমান ওৱা নুকছানিহী (باب زيادة الإيمان و نقصانه), ১/ ১৭; মুছলিম, কিতাবুত তাফছীৰ (كتاب التفسير), (৪/ ২৩১২), হাদিছ নং- ৩০১৭।

[2] النطع শব্দৰ অৰ্থ হৈছে- চামড়াৰ বিছনা, যিটো অপৰাধীসকলক হত্যা কৰাৰ বাবে পাৰি দিয়া হয়। - অনুবাদক।

[3] ইমাম বুখাৰী আৰু মুছলিম আবূ হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা হাদিছটো বৰ্ণনা কৰিছে: বুখাৰী, ঈমান অধ্যায় (كتاب الإيمان), পৰিচ্ছেদ: জিব্ৰাঈল আলাইহিচ ছালাম কৰ্তৃক নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ঈমান সম্পৰ্কে প্ৰশ্ন (باب سؤال جبريل النبي صلى الله عليه عن الإيمان) (১ / ১৮); মুছলিম, ঈমান অধ্যায় (كتاب الإيمان), (১ / ৩৯), হাদিছ নং- ৯; আৰু ইমাম মুছলিমে এই হাদিছটো ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে, ঈমান অধ্যায় (كتاب الإيمان), (১ / ৩৬), হাদিছ নং- ৮

[4] বুখাৰী, সন্ধিৰ অধ্যায় (كتاب الصلح), পৰিচ্ছেদ: যেতিয়া সিহঁতে অন্যায় সন্ধিৰ ওপৰত মীমাংসা কৰে, তেতিয়া সেই সন্ধি বাতিল বুলি গণ্য হ’ব (باب إذا اصطلحوا على صلح جور فالصلح مردود), (৩ / ১৬৭); মুছলিম, বিচাৰ অধ্যায় (كتاب الأقضية), পৰিচ্ছেদ: বাতিল বিধানসমূহ খণ্ডন কৰা আৰু চৰিয়তৰ মাজত নতুন উদ্ভাৱিত বিষয়সমূহ প্ৰত্যাখ্যান কৰা (باب نقض الأحكام الباطلة و رد محدثات الأمور) (৩ / ১৩৪৩), হাদিছ নং- ১৭১৮, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তি আমাৰ এই দ্বীনৰ মাজত এনে কোনো বিষয়ৰ উদ্ভাৱন কৰিব যিটো ইয়াৰ মাজত নাই, তেন্তে সেয়া অগ্ৰহণযোগ্য হ’ব”; আন এটা বৰ্ণনাত আহিছে: “যিটো ইয়াৰ অন্তৰ্ভূক্ত নহয়”(عائشة رضي الله عنها مرفوعا: "من أحدث في أمرنا هذا ما ليس فيه فهو رد", و في رواية: "ما ليس منه"); আৰু ইমাম মুছলিমৰ বৰ্ণনাত আছে: “যি ব্যক্তি এনে কাম কৰিলে, যিটোৰ বিষয়ে আমাৰ কোনো সমৰ্থন নাই, তেন্তে সেই কৰ্ম প্ৰত্যাখ্যান হ’ব।” (من عمل عملا ليس عليه أمرنا فهو رد)।

[5] হাদিছটো আব্দুল্লাহ ইবনে আব্বাছ ৰাজিয়াল্লাহু আনহুৰ পৰা চনদসহ বৰ্ণনা কৰিছে ইমাম আবূ দাউদে, কুৰবানীৰ অধ্যায় (كتاب الأضاحي), পৰিচ্ছেদ: আহলে কিতাবৰ জবেহ প্ৰসঙ্গত (باب في ذبائح أهل الكتاب), (৩ / ২৪৫), হাদিছ নং- ২৮১৮; তিৰমিজী, আল-কোৰআনৰ তাফছীৰ অধ্যায় (كتاب تفسير القرآن), পৰিচ্ছেদ: ছুৰা আল-আন‘আমৰ পৰা (باب و من سورة الأنعام), (৫ / ২৪৬), হাদিছ নং- ৩০৬৯; নাছাঈ, কুৰবানীৰ অধ্যায় (كتاب الضحايا), পৰিচ্ছেদ: আল্লাহ তা‘আলাৰ বাণী: ﴿ وَلَا تَأۡكُلُواْ مِمَّا لَمۡ يُذۡكَرِ ٱسۡمُ ٱللَّهِ عَلَيۡهِ -ৰ ব্যাখ্যা (باب تأويل قول الله عزو جل: ﴿ وَلَا تَأۡكُلُواْ مِمَّا لَمۡ يُذۡكَرِ ٱسۡمُ ٱللَّهِ عَلَيۡهِ ), (৭ / ২৩৭), আব্দুল ফাত্তাহ আবূ গাদাহৰ বিশ্লেষণ অনুযায়ী হাদিছ নং- ৪৪৩৭; আন এটা অৰ্থত হাদিছটো বৰ্ণনা কৰিছে ইবনু মাজাহ, জবেহ অধ্যায় (كتاب الذبائح), পৰিচ্ছেদ: জবেহ কৰাৰ সময়ত বিছমিল্লাহ কোৱা (باب تسمية عند الذبح), (২ / ১০৫৯), হাদিছ নং- ৩১৭৩

[6] তিৰমিজী, আল-কোৰআনৰ তাফছীৰ অধ্যায় (كتاب تفسير القرآن), পৰিচ্ছেদ: ছুৰা আত-তাওবাৰ পৰা (باب و من سورة التوبة), (৫ / ২৫৯), হাদিছ নং- ৩০৯৫, তিৰমিজীয়ে কৈছে: এই হাদিছটো গৰীব।

[7] ইমাম বুখাৰীয়ে আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ পৰা হাদিছটো বৰ্ণনা কৰিছে, জিহাদ অধ্যায় (كتاب الجهاد), পৰিচ্ছেদ: আল্লাহৰ শাস্তিৰ দ্বাৰা শাস্তি নিদিয়া (باب لا يعذب بعذاب الله), ৪/ ২১

[8] কিচাচ (القصاص) মানে- হত্যাৰ পৰিবৰ্তে হত্যা, যিটো প্ৰশাসনৰ দ্বাৰা বাস্তবায়িত হ’ব। অনুবাদক।

[9] এই শব্দতে হাদিছটো বৰ্ণনা কৰিছে ইমাম ইবনু মাজাহ, পানীয় অধ্যায় (كتاب الأشربة), পৰিচ্ছেদ: যি বস্তুত নিচা হয় সেয়া বেছি হওক বা কম হওক হাৰাম( باب ما أسكر كثيره فقليله حرام ), (২ / ১১২৪), হাদিছ নং- ৩৩৯২; আৰু হাদিছৰ প্ৰথম অংশ: «كل مسكر حرام » সন্মিলিতভাৱে ইমাম বুখাৰী আৰু মুছলিম ৰাহিমাহুমাল্লাহে আবূ মূছা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে; বুখাৰী, কিতাবুল মাগাযী (كتاب المغازي), পৰিচ্ছেদ: বিদায় হজ্জৰ পূৰ্বে আবূ মূছা আৰু মু‘আয ৰাদিয়াল্লাহু আনহুমাক য়ামানত প্ৰেৰণ (باب بعث أبي موسى و معاذ إلى اليمن قبل حجة الوداع), ৫/ ১০৮; মুছলিম, পানীয় অধ্যায় (كتاب الأشربة), পৰিচ্ছেদ: ‘প্ৰত্যেক নিচা জাতীয় বস্তু মদ, আৰু প্ৰত্যেক মদেই হাৰাম’ ৰ বিৱৰণ (باب بيان أن كل مسكر خمر و أن كل خمر حرام), ৩/ ১৫৮৫, হাদিছ নং- ২০০১

[10] ইবনু আবি হাতিম তেওঁৰ তাফছীৰৰ মাজত (নং- ১৮২২ - আলে ইমৰান) হাছান বছৰী ৰাহিমাহুল্লাহৰ পৰা এই ঘটনাটো বৰ্ণনা কৰিছে। ..

[11] যেনে বৰ্ণিত আছে বাৰা ইবনে ‘আযিব ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদিছত, যিটো ইমাম বুখাৰী ৰাহিমাহুল্লাহে বৰ্ণনা কৰিছে, জিহাদ অধ্যায় (كتاب الجهاد), পৰিচ্ছেদ: যুদ্ধৰ ময়দানত মতবিৰোধ অপছন্দনীয় আৰু যিয়ে তাৰ নেতাৰ অবাধ্য হয় তাৰ পৰিণতি (باب ما يكره من التنازع و الاختلاط في الحرب و عقوبة من عصى إمامه), ৪ / ২৬