চাৰিটা নীতি

লেখক

শ্বাইখ মুহাম্মদ আত`তামিমী

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

তত্ত্বাৱধানত

দাৰুৎ তাওহীদ লিত্ তালীফ ওৱাত তাৰ্জামাহ

(বলোগড়া, নিজ খাৰুপেটীয়া, দৰং অসম)

পৰ্যবেক্ষক সকলৰ নাম

1. শ্বাইখ নৱাব আলী (সাধাৰণ সম্পাদক, জমিয়তে আহলে হাদিছ অসম)

2. ড. আব্দুল মুকিত

3. জুবেৰ ৰহমান বিন পিয়াৰ আলী

গ্ৰন্থস্বত্ব অনুবাদক কৰ্তৃক সংৰক্ষিত

কিতাপৰ নামঃ চাৰিটা নীতি

লেখকঃ শ্বাইখ মুহাম্মদ আত-তামীমী

অনুবাদকঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

প্ৰকাশকঃ অসমীয়া ইছলাম হাউছ ৱেবছাইট

প্ৰথম প্ৰকাশঃ ১৪৩৭ হিজৰী, ২০১৬ চন

মূল্যঃ বিনামূলীয়া বিতৰণৰ বাবে (কিন্তু আপোনাৰ কপিটো সংগ্ৰহ কৰাৰ আগতে কিবা এটা বৰঙণী দিবলৈ নাপাহৰিব যাতে পুনৰ ছপা কৰাত সহায় হয়)

যিকোনো ধৰণৰ সংশোধনিৰ বাবে আমাৰ লগত যোগাযোগ কৰক

 ‘জমিয়তে আহলে হাদিছ অসম’ৰ সাধাৰণ সম্পাদক তথা ‘আদৰ্শ হাইস্কুল, বাঘপুৰী’ৰ প্ৰধান শিক্ষক মৌঃ মোঃ নৱাব আলী এম এম, এম এ, এল এল বি, বি এড, প্ৰবিন চাহেবৰ জ্ঞান গৰ্ভ

 “শুভেচ্ছাবাণী”

 অসমৰ দৰং জিলাৰ বাসিন্দা তথা ছৌদি আৰবস্থিত ‘মদীনা ইছলামী বিশ্ববিদ্যালয়’ৰ শিক্ষাৰ্থী হাফিজ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী চাহেব কৰ্তৃক অনুদিত “চাৰিটা নীতি”ৰ পাণ্ডুলিপি পঢ়ি আনন্দিত হোৱাৰ লগে লগে তেখেতৰ এই মহান প্ৰচেষ্টাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অসমীয়া ভাষাত এনেকুৱা তথ্য সম্বলিত সঠিক ধাৰণাৰ কিতাপ প্ৰায় নাই বুলি কলেও অত্যুক্তি কৰা নহয়। সেয়ে কিতাপখনে অসমীয়া ভাষা-ভাষীৰ জনগনক ইহকাল আৰু পৰকালত সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলি মই ভাবোঁ। কিতাপ খনত ভাষাৰ সংশোধনী মূলক কিছুমান টিপ্পনী সংযোজন কৰাৰ দৰে মহান কামত মোৰ দৰে সাধাৰণ ব্যক্তিক জড়িত কৰাৰ বাবে মই আল্লাহ তাআলাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুবাদকৰ এই সু-প্ৰচেষ্টা আল্লাহৰ দৰবাৰত গৃহীত হওক আৰু পাঠক সমাজৰ দ্বাৰাও সমাদৃত হওক তাকে কামনা কৰিছোঁ।

 সদৌ শেষত আল্লাহ তাআলাৰ ওচৰত দুআ কৰিছোঁ, যাতে তেওঁ আমাক আটাইকে সঠিক পথত পৰিচালিত কৰি জান্নাতৰ অফুৰন্ত শান্তি লাভ কৰিবলৈ তৌফিক দিয়ে। আমীন।

ইতি

মোঃ নৱাব আলী

শান্তি মঞ্জিল (বাঘপুৰী)

মহা সিংহাসনৰ প্ৰতিপালক মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন আপোনাক ইহকাল ও পৰকালত বন্ধুৰূপে গ্রহণ কৰে, আৰু আপুনি যতেই নাথাকক কিয় তেওঁ যেন আপোনাক বৰকতময় কৰে, আৰু আপোনাক সেইসকল লোকৰ অন্তৰ্ভুক্ত কৰে, যি সকলক কিবা প্রদান কৰা হলে কৃতজ্ঞতা প্রকাশ কৰে, বিপদত পৰিলে ধৈৰ্য ধাৰণ কৰে আৰু গুনাহ কৰিলে ক্ষমা প্রাৰ্থনা কৰে। কাৰণ এই তিনিটা বিষয় হৈছে সৌভাগ্যৰ প্রতীক।

জানি থওক- আল্লাহে আপোনাক তেওঁৰ আনুগত্যৰ পথ দেখুৱাওক- নিষ্ঠাৰ ওপৰত প্রতিষ্ঠিত দীন বা মিল্লাতে ইব্রাহীম হৈছে, আপুনি আল্লাহৰ বাবে আনুগত্যক নিৰ্ভেজাল কৰি কেৱলমাত্র তেওঁৰেই ইবাদত কৰিব। আৰু আল্লাহ তা‘আলা সকলো মানুহকে এই কামৰ বাবে আদেশ কৰিছে আৰু ইয়াৰ বাবেই তেওঁলোকক সৃষ্টি কৰিছে। যেনে মহান আল্লাহে কৈছে :

[ وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ ٥٦ الذاريات:56

“মই জিন আৰু মানৱ জাতিক কেৱল মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ” [ছুৰা আয-যাৰিয়াত/৫৬]

এতেকে যেতিয়া আপুনি বুজিব পাৰিলে যে, আল্লাহ তা‘আলাই আপোনাক কেৱল তেওঁৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছে, তেতিয়া এইটোও জানি থওক যে, তাওহীদ অবিহনে কোনো ইবাদত, ইবাদত হিচাপেই গণ্য নহয়, যেনে পৱিত্রতা ব্যতীত কোনো নামাজেই নামাজ হিচাপে গণ্য নহয়। গতিকে ইবাদতত শ্বিৰ্ক প্রৱেশ কৰিলে সেইটো তেনেকৈ নষ্ট হৈ যায় যেনেকৈ পৱিত্রতা অৰ্জনৰ পিছত বায়ু নিষ্কাশন হলে পৱিত্ৰতা বিনষ্ট হয়।

এতেকে যেতিয়া আপুনি গম পালে যে, যেতিয়া ইবাদতত শ্বিৰ্কৰ সংমিশ্রণ হয় তেতিয়া শ্বিৰ্কে সেই ইবাদতক নষ্ট কৰি দিয়ে আৰু যাৱতীয় আমল ধ্বংস কৰি পেলায় আৰু সেই ব্যক্তি চিৰস্থায়ী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হৈ যায়, এতিয়া আপুনি বুজিলে যে, এই বিষয়টো জনাই হৈছে আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। যাতে আল্লাহে আপোনাক এই জালৰ পৰা মুক্তি প্ৰদান কৰে, আৰু সেইটো হৈছে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা বা শ্বিৰ্কৰ জাল। এই বিষয়ে আল্লাহ তা‘আলাই কৈছে:

﴿ إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ وَيَغۡفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُۚ ﴾ [النساء: ٤٨]

“নিশ্চয় আল্লাহ তাআলা তেওঁৰ লগত অংশী স্থাপন কৰাক কেতিয়াও ক্ষমা নকৰে, আৰু ইয়াৰ বাহিৰে তেওঁ যিটো ইচ্ছা কৰে ক্ষমা কৰি দিয়ে।” [ছুৰা আন-নিছা/৪৮]

আৰু এইটো (অৰ্থাৎ শ্বিৰ্কৰ জালৰ পৰা মুক্তি) কেৱল চাৰিটা নীতি জনাৰ মাধ্যমতে সম্ভৱ হ’ব, যিটো আল্লাহ তা‘আলাই তেওঁৰ কিতাবত বৰ্ণনা কৰিছে,  

 প্রথম নীতি:

জনাৰ প্রয়োজন যে, সেই সকল কাফিৰ যি সকলৰ লগত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধ কৰিছিল, সিহঁতে এইটো স্বীকাৰ কৰিছিল যে আল্লাহ তা‘আলাই সৃষ্টিকৰ্তা, জীৱিকাদাতা আৰু সকলো বস্তুৰ পৰিচালক। তথাপিও এই স্বীকাৰোক্তিয়ে সিহঁতক ইছলামত প্ৰৱেশ কৰোৱা নাই। ইয়াৰ প্রমাণ আল্লাহৰ বাণী:

﴿ قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ أَمَّن يَمۡلِكُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَمَن يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَمَن يُدَبِّرُ ٱلۡأَمۡرَۚ فَسَيَقُولُونَ ٱللَّهُۚ فَقُلۡ أَفَلَا تَتَّقُونَ . (يونس: 31)

“কোৱা : তেওঁ কোন, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? অথবা কোন সেইজন, যিজনে কাণ ও চকুৰ ওপৰত পূৰ্ণ অধিকাৰ ৰাখে? আৰু তেওঁ কোন, যিজনে জীৱন্তক প্রাণহীনৰ পৰা উলিৱায়, আৰু প্রাণহীনক জীৱন্তৰ পৰা উলিৱায়? আৰু সাৰ্বভৌম কৰ্তৃত্ব কাৰ? তেতিয়া অৱশ্যই সিহঁতে কব যে, আল্লাহ। এতেকে, তুমি কোৱা: তথাপিও কি তোমালোকে তাকৱা অৱলম্বন নকৰিবানে?” (ছুৰা ইউনুছ: ৩১)

 দ্বিতীয় নীতি:

 আৰবৰ মুশ্বৰিক সকলে কৈছিল: আমি কেৱল নৈকট্য আৰু ছুপাৰিছ পোৱাৰ আশাত সিহঁতক আহ্বান জনাওঁ আৰু সিহঁতৰ স্মৰণাপন্ন হওঁ।

নৈকট্য লাভৰ আশাত সিহঁতক আহ্বান কৰিছিল তাৰ প্ৰমান আল্লাহ তাআলাৰ বাণীঃ

﴿وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ ٣ ﴾ [الزمر: ٣]

“আৰু যি সকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্রহণ কৰে, (তেওঁলোকে কয়) আমি এওঁলোকৰ ইবাদত এই বাবেই কৰোঁ যে, এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব। সিহঁতে যি বিষয়ে পৰস্পৰৰ মাজত মতভেদ কৰিছে আল্লাহে তাৰ ফায়ছালা কৰি দিব। নিশ্চয় আল্লাহ, মিথ্যাবাদী আৰু কাফিৰক সৎ পথত পৰিচালিত নকৰে।” [ছুৰা আয-যুমাৰ/৩]

(এই উপাস্যবোৰ আল্লাহৰ ওচৰত সিহঁতৰ ছুপাৰিছ কাৰী হ’ব বুলি সিহঁতে তাৰ উপাসনা কৰিছিল) ইয়াৰ প্রমাণ, আল্লাহৰ বাণী,

﴿وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُمۡ وَلَا يَنفَعُهُمۡ وَيَقُولُونَ هَٰٓؤُلَآءِ شُفَعَٰٓؤُنَا عِندَ ٱللَّهِۚ﴾ (يونس: ١٨)

“আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে তেওঁলোকৰ কোনো অপকাৰো কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে, আৰু সিহঁতে কয়: এওঁলোক হৈছে আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী।” [ছুৰা ইউনুছ/১৮]

আৰু ছুপাৰিছ বা শ্বাফা‘আত দু’ প্রকাৰ।

 ক) অস্বীকৃত খ) স্বীকৃত।

ক- অস্বীকৃত শ্বাফা‘আত বা ছুপাৰিছ হৈছে, যিটো আল্লাহৰ বাহিৰে আনৰ ওচৰত বিচৰা হয়, যিটো কৰাৰ ক্ষমতা আল্লাহৰ বাহিৰে আন কাৰো নাই। যেনে আল্লাহ তাআলা কৈছে :

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِمَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خُلَّةٞ وَلَا شَفَٰعَةٞۗ وَٱلۡكَٰفِرُونَ هُمُ ٱلظَّٰلِمُونَ ﴾ (البقرة: ٢٥٤)

“হে ঈমান্দাৰ সকল! আমি তোমালোকক যি জীৱিকা দান কৰিছোঁ, তাৰ পৰা সেই দিন অহাৰ পূৰ্বেই ব্যয় কৰা; যিদিনা কোনো ব্যৱসা-বাণিজ্য নাথাকিব, আৰু বন্ধুত্ব অথবা ছুপাৰিছো নাথাকিব, আৰু অবিশ্বাসকাৰী সকলেই (আচল) অন্যায়কাৰী।” [ছুৰা আল-বাক্বাৰাহ: ২৫৪]

খ- স্বীকৃত ছুপাৰিছ হৈছে, যিটো কেৱল আল্লাহৰ ওচৰত বিচৰা হয়। আচলতে ছুপাৰিছকাৰীৰ ওচৰত ছুপাৰিছ প্ৰাৰ্থনা কৰাৰ জৰিয়তে তেওঁক সম্মানীত কৰা হয়। আৰু যাৰ বাবে ছুপাৰিছ কৰা হব সি এনে ব্যক্তি হব লাগিব যাৰ কথা আৰু কৰ্মত আল্লাহ সন্তুষ্ট। আৰু সেয়াও হব অনুমতি পোৱাৰ পিছত। যেনে আল্লাহ তাআ’লাই কৈছে:

﴿مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ﴾ (البقرة: ٢٥٥)

“কোন আছে এনেকুৱা যিয়ে অনুমতি ব্যতীত তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পাৰিব?” [ছুৰা আল-বাক্বাৰাহ/২৫৫]

 তৃতীয় নীতি:

 নবী চাল্লাল্লা-হু আলাইহি অছাল্লামৰ আগমন এনে লোকসকলৰ মাজত ঘটে যি সকলে ইবাদতৰ ক্ষেত্ৰত ভিন্ন আছিল; সিহঁতৰ মাজত কিছুমানে ফিৰিস্তা সকলৰ ইবাদত কৰিছিল, আৰু কিছুমানে নবী আৰু সৎ লোকসকলৰ ইবাদত কৰিছিল, আৰু কোনোবাই গছ-গছনি ও শিলৰ পূজা কৰিছিল আৰু কোনোবাই সূৰ্য আৰু চন্দ্রৰ ইবাদত কৰিছিল। আৰু নবী চাল্লাল্লা-হু আলাইহি অছাল্লামে সিহঁতৰ মাজত কোনো পাৰ্থক্য নকৰি সিহঁত সকলোৰে বিৰুদ্ধে যুদ্ধ কৰিছিল। ইয়াৰ প্রমাণ আল্লাহৰ বাণী:

﴿ وَقَٰتِلُوهُمۡ حَتَّىٰ لَا تَكُونَ فِتۡنَةٞ وَيَكُونَ ٱلدِّينُ كُلُّهُۥ لِلَّهِۚ﴾ (الانفال: ٣٩)

“আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা যেতিয়ালৈকে ফিতনা (বিপৰ্যয়)ৰ অবসান নঘটে আৰু (যেতিয়ালৈকে) দ্বীন সম্পূৰ্ণৰূপে আল্লাহৰ বাবেই প্ৰতিষ্ঠিত নহয়।” [ছুৰা আল-আনফাল/৩৯]

• আৰু সিহঁতে যে সূৰ্য আৰু চন্দ্রৰ ইবাদত কৰিছিল, তাৰ প্রমাণ আল্লাহৰ বাণী,

﴿ وَمِنۡ ءَايَٰتِهِ ٱلَّيۡلُ وَٱلنَّهَارُ وَٱلشَّمۡسُ وَٱلۡقَمَرُۚ لَا تَسۡجُدُواْ لِلشَّمۡسِ وَلَا لِلۡقَمَرِ وَٱسۡجُدُواْۤ لِلَّهِۤ ٱلَّذِي خَلَقَهُنَّ إِن كُنتُمۡ إِيَّاهُ تَعۡبُدُونَ ٣٧ ﴾ (فصلت: ٣٧)

“আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্র। তোমালোকে সূৰ্যক ছাজদা নকৰিবা, আৰু চন্দ্রকো নহয়; ছাজদা কৰা আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোক কেৱল তেওঁৰেই ইবাদত কৰা।” [ছুৰা ফুছ্ছিলাত/৩৭]

• সিহঁতে যে ফিৰিস্তাসকলৰ ইবাদত কৰিছিল তাৰ প্রমাণ আল্লাহৰ বাণী,

﴿ وَلَا يَأۡمُرَكُمۡ أَن تَتَّخِذُواْ ٱلۡمَلَٰٓئِكَةَ وَٱلنَّبِيِّ‍نَ أَرۡبَابًاۗ ﴾ (ال عمران: ٨٠)

“আৰু তেওঁ তোমালোকক (কেতিয়াও এইটো) আদেশ নিদিয়ে যে, তোমালোক ফিৰিস্তাসকল ও নবীসকলক প্রতিপালকৰূপে গ্রহণ কৰা।” [ছুৰা আলে ইমৰান/৮০]

• মক্কাৰ কাফিৰসকলে যে নবীসকলৰ ইবাদত কৰিছিল তাৰ প্ৰমাণ হৈছে আল্লাহৰ বাণী,

﴿ وَإِذۡ قَالَ ٱللَّهُ يَٰعِيسَى ٱبۡنَ مَرۡيَمَ ءَأَنتَ قُلۡتَ لِلنَّاسِ ٱتَّخِذُونِي وَأُمِّيَ إِلَٰهَيۡنِ مِن دُونِ ٱللَّهِۖ ١١٦ ﴾ (المائ‍دة: ١١٦)

“আৰু যেতিয়া আল্লাহে ক’ব, হে মৰিয়মৰ পুত্র ঈছা! তুমি মানুহবোৰক কৈছিলানে যে, তোমালোকে মোক আৰু মোৰ মাতৃক আল্লাহৰ বাহিৰে দুজনক উপাস্যৰূপে গ্ৰহণ কৰা?” [ছুৰা আল-মায়েদা/১১৬]

• মক্কাৰ লোকসকলে যে পূণ্যবান লোকসকলৰ ইবাদত কৰিছিল তাৰ প্রমাণ হৈছে আল্লাহৰ বাণী :

﴿ أُوْلَٰٓئِكَ ٱلَّذِينَ يَدۡعُونَ يَبۡتَغُونَ إِلَىٰ رَبِّهِمُ ٱلۡوَسِيلَةَ أَيُّهُمۡ أَقۡرَبُ وَيَرۡجُونَ رَحۡمَتَهُۥ وَيَخَافُونَ عَذَابَهُۥٓۚ﴾ (الاسراء: ٥٧)

“সিহঁতে যিসকলক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্রতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰি ফুৰে যে সিহঁতৰ মাজত কোনে কিমান সান্নিধ্য লাভ কৰিব পাৰে? তেওঁৰ দয়া আশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে।” [ছুৰা আল-ইছৰা/৫৭]

• সেই সময়ত মক্কাৰ লোকসকলে যে গছ-গছনি আৰু শিলৰ ইবাদত কৰিছিল তাৰ প্রমাণ আল্লাহৰ বাণী,

﴿ أَفَرَءَيۡتُمُ ٱللَّٰتَ وَٱلۡعُزَّىٰ ١٩ وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلۡأُخۡرَىٰٓ ٢٠ ﴾ (النجم: ١٩، ٢٠)

“তোমালোকে ভাৱিছানে লাত’ আৰু ‘উযযা’ সম্বন্ধে আৰু তৃতীয় আন এটা ‘মানাত’ সম্বন্ধে?” [ছুৰা আন-নাজম/১৯-২০]

এইদৰে আবু ওৱাকিদ আল-লায়ছী (ৰাঃ)ৰ হাদীছটোৱেও ইয়াৰ প্রমাণ, তেওঁ কয়:

خرجنا مع النبي صلى الله عليه وسلم إلى حنين ونحن حدثاء عهد بكفر، وللمشركين سدرة يعكفون عندها وينوطون بها أسلحتهم يقال لها ذات أنواط. فمررنا بسدرة فقلنا: يا رسول الله إجعل لنا ذات أنواط، كما لهم ذات أنواط». الحديث.

আমি নবী (চাল্লাল্লা-হু আলাইহি অছাল্লাম)ৰ লগত হুনাইনলৈ ওলালোঁ, আমি তেতিয়া নৱ-মুছলিম আছিলোঁ। সেই সময়ত মুশ্বৰিকসকলৰ এটা বৃক্ষ আছিল, যাৰ ওচৰত সিহঁতে অৱস্হান কৰিছিল আৰু তাৰ ডালসমূহত সিহঁতৰ অস্ত্রবোৰ ওলোমাই ৰাখিছিল। তাৰ নাম আছিল ‘জাতু আন্ওৱাত্’ (বৰকতৰ গছ)। আমি এই ধৰণৰ এডাল গছৰ ওচৰেদি অতিক্রম কৰিলোঁ। আমি আল্লাহৰ ৰাছুলক কলোঁ: হে আল্লাহৰ ৰাছুল ! আমাৰ বাবেও এটা জাতু আনওৱাত নিৰ্ধাৰিত কৰি দিয়ক যেনেকৈ সিহঁতৰ আছে...। (তিৰমিজী, হাদীছ নং ২১৮০)

 চতুৰ্থ নীতিঃ

 আমাৰ এই যুগৰ মুশ্বৰিকসকলৰ শ্বিৰ্ক পূৰ্ব যুগৰ মুশ্বৰিকসকলতকৈ অধিক কঠোৰ। কাৰণ পূৰ্ব যুগৰ লোকসকল সুখ-সচ্ছলতাৰ সময়ত শ্বিৰ্ক কৰিছিল আৰু দুঃখ ও আপদ-বিপদৰ সময়ত একান্তভাৱে আল্লাহকেই আহ্বান কৰিছিল। কিন্তু আমাৰ এই যুগৰ মুশ্বৰিকসকলে সুখ-দুখ সৰ্বাৱস্থাতেই আল্লাহৰ লগত শ্বিৰ্ক কৰে।

তাৰ দলীল, আল্লাহৰ বাণী,

﴿ فَإِذَا رَكِبُواْ فِي ٱلۡفُلۡكِ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمۡ إِلَى ٱلۡبَرِّ إِذَا هُمۡ يُشۡرِكُونَ ﴾ (العنكبوت: ٦٥)

“ সিহঁতে যেতিয়া নাৱত আৰোহণ কৰে তেতিয়া সিহঁতে বিশুদ্ধ চিত্তে আল্লাহকেই মাতে; তাৰ পিছত তেওঁ যেতিয়া স্থলত আনি সিহঁতক উদ্ধাৰ কৰে, তেতিয়াই সিহঁতে শ্বিৰ্ক কৰে।” [ছুৰা আল-আনকাবূত/৬৫] 

সমাপ্ত

আৰু আল্লাহ তা‘আলা সৰ্বজ্ঞানী। দৰুদ ও ছালাম বৰ্ষিত হওক মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম, আৰু তেওঁৰ পৰিয়াল-পৰিজন আৰু তেখেতৰ সঙ্গী-সাৰথি সকলৰ প্রতি।

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব