চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

অনুবাদ আৰু সম্পাদনা

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

بِسْمِ اللَّهِ الرَّحْمَـنِ الرَّحِيمِ

 ভূমিকা

সকলো ধৰণৰ প্ৰশংসা কেৱল মহান আল্লাহৰ বাবে। আমি তেওঁৰেই প্ৰশংসা কৰো, তেওঁৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰো, তেওঁৰ ওচৰতেই ক্ষমা বিচাৰো; আৰু আমি আমাৰ আত্মাৰ অনিষ্টতা লগতে আমাৰ আমলসমূহৰ বেয়া পৰিণতিৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰো। আল্লাহে যাক হিদায়ত দিয়ে, তাক গোমৰাহ বা পথভ্ৰষ্ট কৰিবলৈ কোনো নাই আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিওঁতা কোনো নাই। মই সাক্ষ্য দিওঁ যে, একমাত্ৰ আল্লাহৰ বাহিৰে সত্য আন কোনো ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ তেওঁৰ বান্দা আৰু ৰাছুল, তেওঁক আল্লাহ তা‘আলাই হিদায়ত আৰু সত্য দ্বীন প্ৰদান কৰি প্ৰেৰণ কৰিছিল। ফলত তেওঁ ৰিছালতৰ দায়িত্ব যথাযথভাৱে পালন কৰিছে আৰু আমানত পৌঁছাই দিছে। উম্মতৰ কল্যাণ সাধন কৰিছে আৰু মৃত্যুৰ আগলৈকে আল্লাহৰ পথত যথাযথভাৱে জিহাদ কৰিছে।

 ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা দ্বীনটো এটা পূৰ্ণাঙ্গ দ্বীন:

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতক দ্বীনৰ বিষয়ে দিনৰ পোহৰৰ দৰে সু-স্পষ্ট দলীলৰ ওপৰত ৰাখি থৈ গৈছে। একমাত্ৰ দুৰ্ভগীয়াৰ বাহিৰে আন কোনেও ইয়াৰ পৰা বিচ্যুত বা পথভ্ৰষ্ট হ’ব নোৱাৰে। উম্মতৰ প্ৰয়োজনীয় সকলো বস্তু তেওঁ স্পষ্ট কৰিছে। আনকি আবু যৰ ৰাদিয়াল্লাহু ‘আনহুৱে কৈছে,

«ما ترك النبي صلى الله عليه وسلّم طائراً يقلب جناحيه في السماء إلا ذكر لنا منه علماً».

“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বতাহত ডেউকা মেলি উৰি থকা চৰাইৰ বিষয়েও আমাক শিক্ষা দিবলৈ এৰা নাই”[1]

এজন মুশ্বৰিকে ছালমান ফাৰছী ৰাদিয়াল্লাহু ‘আনহুক ক’লে,

«علمكم نبيكم حتى الخراة ـ آداب قضاء الحاجة ـ قال: «نعم، لقد نهانا أن نستقبل القبلة بغائط أو بول أو أن نستنجي بأقل من ثلاثة أحجار، أو أن نستنجي باليمين أو أن نستنجي برجيع أو عظم».

“তোমালোকৰ নবীয়ে তোমালোকক সকলো শিকাইছে, আনকি শৌচ আৰু প্ৰচাবৰ নিয়ম-পদ্ধতিও। তেওঁ ক’লে, ‘হয়’। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক শৌচ আৰু প্ৰচাবৰ সময়ত কিবলামূখী হোৱাৰ পৰা, তিনিটাতকৈ কম শীলগুটিৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰাৰ পৰা, সোঁ হাতৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰা অথবা গোবৰ আৰু হাড়ৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰিবলৈ নিষেধ কৰিছে”[2]

আৰু আপুনি কোৰআন অধ্যয়ন কৰিলে দেখিবলৈ পাব, আল্লাহ তা‘আলাই তাত দ্বীনৰ মৌলিক বিষয়সমূহ আৰু শাখা-প্ৰশাখাসমূহ সকলো বৰ্ণনা কৰিছে। তাওহীদৰ প্ৰকাৰসমূহ সবিস্তাৰে কোৰআনত বৰ্ণনা কৰিছে। আনকি কাৰোবাৰ ঘৰত প্ৰৱেশ কৰিবলৈ হ’লে কেনেকৈ অনুমতি গ্ৰহণ কৰিব লাগিব আৰু এটা বৈঠকত বহিলে কি কি শিষ্টাচাৰ অৱলম্বন কৰিব লাগিব, সেইটোও কোৰআনত বৰ্ণনা কৰি দিছে। আল্লাহ তা‘আলাই কৈছে, 

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا قِيلَ لَكُمۡ تَفَسَّحُواْ فِي ٱلۡمَجَٰلِسِ فَٱفۡسَحُواْ يَفۡسَحِ ٱللَّهُ لَكُمۡۖ وَإِذَا قِيلَ ٱنشُزُواْ فَٱنشُزُواْ يَرۡفَعِ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ مِنكُمۡ وَٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ دَرَجَٰتٖۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِيرٞ ١١﴾ [المجادلة: ١١]   

“হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।” [ছুৰা আল-মুজাদালাহ, আয়াত: ১১]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَدۡخُلُواْ بُيُوتًا غَيۡرَ بُيُوتِكُمۡ حَتَّىٰ تَسۡتَأۡنِسُواْ وَتُسَلِّمُواْ عَلَىٰٓ أَهۡلِهَاۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ٢٧ فَإِن لَّمۡ تَجِدُواْ فِيهَآ أَحَدٗا فَلَا تَدۡخُلُوهَا حَتَّىٰ يُؤۡذَنَ لَكُمۡۖ وَإِن قِيلَ لَكُمُ ٱرۡجِعُواْ فَٱرۡجِعُواْۖ هُوَ أَزۡكَىٰ لَكُمۡۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ عَلِيمٞ ٢٨﴾ [النور : ٢٧،  ٢٨]   

“হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত অনুমতি নোলোৱা লৈকে আৰু গৃহবাসীসকলক ছালাম নিদিয়া লৈকে ঘৰত প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা। এতেকে যদি তোমালোকে তাত কোনো ব্যক্তিক নোপোৱা তেনেহ’লে তোমালোকক অনুমতি নিদিয়া লৈকে তোমালোকে তাত প্ৰৱেশ নকৰিবা; আৰু যদি তোমালোকক কোৱা হয় যে, ‘উভতি যোৱা’ তেনেহ’লে তোমালোকে উভতি যোৱা। এইটোৱেই তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা আল্লাহে সেই বিষয়ে সম্যক অৱগত”[ছুৰা আন-নূৰ, আয়াত: ২৭,২৮]

লিবাছ-পোছাক-পৰিধানৰ শিষ্টাচাৰ বৰ্ণনা কৰি আল্লাহ তা’আলাই কৈছে,

﴿وَٱلۡقَوَٰعِدُ مِنَ ٱلنِّسَآءِ ٱلَّٰتِي لَا يَرۡجُونَ نِكَاحٗا فَلَيۡسَ عَلَيۡهِنَّ جُنَاحٌ أَن يَضَعۡنَ ثِيَابَهُنَّ غَيۡرَ مُتَبَرِّجَٰتِۢ بِزِينَةٖۖ وَأَن يَسۡتَعۡفِفۡنَ خَيۡرٞ لَّهُنَّۗ وَٱللَّهُ سَمِيعٌ عَلِيمٞ ٦٠﴾ [النور : ٦٠]

“আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ প্ৰত্যাশা নকৰে, সিহঁতৰ বাবে কোনো দোষ নাই, যদি সিহঁতে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ অলপ পোছাক খুলি ৰাখে কিন্তু এনে নকৰাটোৱে সিহঁতৰ বাবে উত্তম; আৰু আল্লাহ সৰ্বশ্ৰোতা, মহাজ্ঞানী”[ছুৰা আন-নূৰ, আয়াত: ৬০]  

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿يَٰٓأَيُّهَا ٱلنَّبِيُّ قُل لِّأَزۡوَٰجِكَ وَبَنَاتِكَ وَنِسَآءِ ٱلۡمُؤۡمِنِينَ يُدۡنِينَ عَلَيۡهِنَّ مِن جَلَٰبِيبِهِنَّۚ ذَٰلِكَ أَدۡنَىٰٓ أَن يُعۡرَفۡنَ فَلَا يُؤۡذَيۡنَۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ٥٩﴾ [الاحزاب : ٥٩] 

“হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, কন্যাসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা যে, ‘সিহঁতে যেন সিহঁতৰ জিলবাব[3]ৰ কিছু অংশ নিজৰ ওপৰত ওলোমাই লয়, সিহঁতক চিনি পোৱাৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ সঠিক পন্থা। ফলত সিহঁতক কষ্ট দিয়াও নহ’ব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু”। [ছুৰা আল-আহযাব, আয়াত: ৫৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَا يَضۡرِبۡنَ بِأَرۡجُلِهِنَّ لِيُعۡلَمَ مَا يُخۡفِينَ مِن زِينَتِهِنَّۚ ٣١﴾ [النور : ٣١]   

“আৰু সিহঁতে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ বাবে সজোৰে মাটিত খোজ নাকাঢ়ে”[ছুৰা আন-নূৰ, আয়াত: ৩১]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَيۡسَ ٱلۡبِرُّ بِأَن تَأۡتُواْ ٱلۡبُيُوتَ مِن ظُهُورِهَا وَلَٰكِنَّ ٱلۡبِرَّ مَنِ ٱتَّقَىٰۗ وَأۡتُواْ ٱلۡبُيُوتَ مِنۡ أَبۡوَٰبِهَاۚ وَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تُفۡلِحُونَ ١٨٩﴾ [البقرة: ١٨٩]   

“আৰু ভাল কাম এইটো নহয় যে, তোমালোকে পিছফালৰ পৰা ঘৰত প্ৰৱেশ কৰিবা। কিন্তু ভাল কাম হৈছে, যিয়ে তাকওৱা অৱলম্বন কৰে; আৰু তোমালোকে গৃহসমূহত তাৰ দুৱাৰেৰে প্ৰৱেশ কৰা আৰু আল্লাহক ভয় কৰা, যাতে তোমালোকে সফল হোৱা”[ছুৰা আল-বাকাৰা, আয়াত: ১৮৯]

ইয়াৰ বাহিৰেও অসংখ্য আয়াত আছে, যিবোৰৰ দ্বাৰা এই কথা স্পষ্ট হয় যে, এই দ্বীন পৰিপূৰ্ণ, নিখুঁত আৰু পূৰ্ণাঙ্গ। এই দ্বীনৰ মাজত কিবা বৃদ্ধি কৰা অথবা হ্ৰাস কৰাৰ কোনো প্ৰয়োজন নাই। এই বাবেই আল্লাহ তা‘আলাই কোৰআনৰ  বৈশিষ্ট্য বৰ্ণনা কৰি কৈছে,

﴿وَنَزَّلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ تِبۡيَٰنٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ ٨٩﴾ [النحل: ٨٩] 

“আৰু আমি তোমাৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছো প্ৰতিটো বিষয়ৰ স্পষ্ট বৰ্ণনা সহকাৰে, হিদায়ত, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ”[ছুৰা আন-নাহাল, আয়াত: ৮৯]

 কোৰআনত সকলো বস্তুৰ বৰ্ণনা আছে:

মানৱজাতিয়ে সিহঁতৰ মু‘আমালা (লেনদেন) মু‘আশ্বাৰা (দাম্পত্যজীৱন)সহ জীৱনৰ যাৱতীয় ক্ষেত্ৰত যি যি বস্তুৰ প্ৰয়োজন অনুভৱ কৰে সেই সকলোবোৰৰ বৰ্ণনা আল্লাহ তা‘আলাই কোৰআনত দিছে। হয়তো প্ৰত্যক্ষভাৱে বৰ্ণনা কৰিছে অথবা ইংগিতৰ দ্বাৰা নাইবা অৰ্থৰ দ্বাৰা বুজাইছে অথবা কথাৰ দ্বাৰা বুজাই দিছে।

হে মোৰ ভাইসকল! বহুতেই আল্লাহ তা‘আলাৰ এই বাণীৰ-

﴿وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ وَلَا طَٰٓئِرٖ يَطِيرُ بِجَنَاحَيۡهِ إِلَّآ أُمَمٌ أَمۡثَالُكُمۚ مَّا فَرَّطۡنَا فِي ٱلۡكِتَٰبِ مِن شَيۡءٖۚ ثُمَّ إِلَىٰ رَبِّهِمۡ يُحۡشَرُونَ ٣٨﴾ [الانعام: ٣٨]     

“আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণী আৰু ডেউকাৰে উৰা এনে প্ৰতিটো চৰাই, তোমালোকৰ দৰে একো একোটা উম্মত। আমি কিতাবত কোনো ত্ৰুটি কৰা নাই। তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত সমবেত কৰা হ’ব”[ছুৰা আল-আন‘আম, আয়াত: ৩৮] - তাফছীৰ কৰি এই ব্যাখ্যা লিখিছে যে, مَّا فَرَّطۡنَا فِي ٱلۡكِتَٰبِ مِن شَيۡءٖۚ ইয়াত ٱلۡكِتَٰبِ কিতাবৰ দ্বাৰা উদ্দেশ্য কৰি কোৰআনক বুজোৱা হৈছে – প্ৰকৃততে এই ব্যাখ্যটো ঠিক নহয়।

সঠিক ব্যাখ্যা হ’ল যে, ইয়াত কিতাবৰ দ্বাৰা উদ্দেশ্য লাওহে মাহফুজ বুজোৱা হৈছে। কাৰণ, কোৰআনৰ গুণাগুণ আল্লাহ তা‘আলাই উল্লেখিত আয়াতৰ নাফী বা ‘না’ সূচক বৰ্ণনা (ত্ৰুটি কৰা নাই) ইয়াতকৈও অধিক প্ৰাঞ্জল আৰু স্পষ্ট ভাষাত ‘হয়’ সূচক শব্দৰ দ্বাৰা ব্যক্ত কৰিছে। সেইটো হৈছে, আল্লাহ তা‘আলাৰ বাণী, তেওঁ কৈছে,

 ﴿وَنَزَّلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ تِبۡيَٰنٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ ٨٩﴾ [النحل: ٨٩]

“আৰু আমি তোমাৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছো প্ৰতিটো বিষয়ৰ স্পষ্ট বৰ্ণনা সহকাৰে, হিদায়ত, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ”[ছুৰা আন-নাহাল, আয়াত: ৮৯]

এই কথাটো উল্লেখিত আয়াত— مَّا فَرَّطۡنَا فِي ٱلۡكِتَٰبِ مِن شَيۡءٖۚ ثُمَّ إِلَىٰ رَبِّهِمۡ يُحۡشَرُونَ -ৰ তুলনাত অধিক সুন্দৰ আৰু স্পষ্ট।

 এটা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ:

কোনোবাই যদি এই প্ৰশ্ন কৰে যে, কোৰআনৰ কোন ঠাইত ছালাতৰ ৰাকা‘আতসমূহৰ বৰ্ণনা আছে? যিহেতু আমি কোৰআনত ছালাতৰ ৰাকাতসমূহৰ বৰ্ণনা নাপাওঁ তেনেহ’লে আল্লাহ তা‘আলাৰ এই বাণী,

﴿وَنَزَّلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ تِبۡيَٰنٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ ٨٩﴾ [النحل: ٨٩]   

“আৰু আমি তোমাৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছো প্ৰতিটো বিষয়ৰ স্পষ্ট বৰ্ণনা সহকাৰে, হিদায়ত, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ”[ছুৰা আন-নাহাল, আয়াত: ৮৯]  এই আয়াতৰ দাবী কেনেকৈ সঠিক হ’ব?

ইয়াৰ উত্তৰ হৈছে, আল্লাহ তা‘আলাই তেওঁৰ এই পৱিত্ৰ কিতাবত আমাক এই নিৰ্দেশ প্ৰদান কৰিছে যে, আমাৰ ওপৰত ওৱাজিব বা অপৰিহাৰ্য হ’ল যে, আমি যাতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি কৈছে আৰু তেওঁ যি দিশ নিৰ্দেশনা দিছে সেইটোৰ অনুসৰণ কৰো। আল্লাহ তা‘আলাই কৈছে,

﴿مَّن يُطِعِ ٱلرَّسُولَ فَقَدۡ أَطَاعَ ٱللَّهَۖ وَمَن تَوَلَّىٰ فَمَآ أَرۡسَلۡنَٰكَ عَلَيۡهِمۡ حَفِيظٗا ٨٠﴾ [النساء : ٨٠] 

“যিয়ে ৰাছুলৰ আনুগত্য কৰিলে, সি আল্লাহৰেই আনুগত্য কৰিলে; আৰু যিয়ে বিমুখ হ’ল, তেন্তে আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক হিচাপে প্ৰেৰণ কৰা নাই”[ছুৰা আন-নিছা, আয়াত: ৮০]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمۡ عَنۡهُ فَٱنتَهُواْۚ وَٱتَّقُواْ ٱللَّهَۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ ٧﴾ [الحشر: ٧] 

“ৰাছুলে তোমালোকক যি দিয়ে সেইটো গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু আল্লাহকেই ভয় কৰা, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ”[ছুৰা আল-হাশ্বৰ, আয়াত: ৭]

ছুন্নতৰ দ্বাৰা বৰ্ণিত বিষয়সমূহ নিশ্চয় কোৰআনত নিৰ্দেশিত। কাৰণ, ছুন্নত অহীৰ দুটা প্ৰকাৰৰ মাজৰ এটা প্ৰকাৰ; যিটো আল্লাহ তা‘আলাই তেওঁৰ ৰাছুলৰ ওপৰত নাযিল কৰিছে আৰু তেওঁক শিক্ষা দিছে। যেনে, আল্লাহ তা‘আলাই কৈছে, 

﴿وَأَنزَلَ ٱللَّهُ عَلَيۡكَ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَعَلَّمَكَ مَا لَمۡ تَكُن تَعۡلَمُۚ وَكَانَ فَضۡلُ ٱللَّهِ عَلَيۡكَ عَظِيمٗا ١١٣﴾ [النساء : ١١٣] 

“আৰু আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তোমাক শিক্ষা দিছে যিটো তুমি জনা নাছিলা; আৰু তোমাৰ ওপৰত আল্লাহৰ মহান অনুগ্ৰহ আছে”[ছুৰা আন-নিছা, আয়াত: ১১৩]

ইয়াৰ ভিত্তিতে কব পাৰি যে, যিটো ছুন্নতত বৰ্ণিত হৈছে, সেইটো আচলতে কোৰআনৰেই বৰ্ণনা।

 হে মোৰ ভাইসকল!

যেতিয়া আপোনালোকৰ ওচৰত এই বিষয়টো স্পষ্ট হ’ল, তেনেহ’লে আপোনালোকে কওকচোন, যি দ্বীনে আপোনালোকক আল্লাহৰ সান্নিধ্য লাভ কৰাব সেই দ্বীনৰ এনেকুৱা কোনো বিধান অৱশিষ্ট আছে নেকি যাৰ বৰ্ণনা আপোনালোকক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া নাই, অথচ তেওঁ পৃথিৱীৰ পৰা বিদায় লৈছে? কেতিয়াও নহয়!

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দ্বীনৰ যাৱতীয় সকলো বিষয় তেওঁৰ কথা, কৰ্ম আৰু স্বীকৃতিৰ দ্বাৰা বৰ্ণনা কৰি দিছে। কেতিয়াবা তেওঁ পূৰ্ণাঙ্গ বাক্যৰ দ্বাৰা, আকৌ কেতিয়াবা প্ৰশ্নৰ উত্তৰৰ দ্বাৰা, আকৌ কেতিয়াবা আল্লাহ তা‘আলাৰ তৰফৰ পৰা প্ৰত্যন্ত গাওঁৰ পৰা কোনো অপৰিচিত লোকক প্ৰেৰণৰ দ্বাৰা -আল্লাহে এনে লোকক পঠাইছিল যাতে ৰাছুলৰ বৈঠকত আহি দ্বীনৰ এনেকুৱা বিষয়সমূহ প্ৰশ্ন কৰে যিবোৰ ৰাছুলৰ সৈতে থকা সদায় অৱস্থানকাৰী ছাহাবীসকলে প্ৰশ্ন কৰা নাছিল। এই বাবেই তেওঁলোকে ৰাছুলৰ বৈঠকত এনেকুৱা এজন গাওঁলীয়া লোকৰ আগমনত আনন্দ হৈছিল, যিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক গুৰুত্বপূৰ্ণ মাছাঈল সম্পৰ্কে প্ৰশ্ন কৰিব।

এজন মানুহে তাৰ ইবাদত, মু‘আমালা আৰু মু‘আশ্বাৰাসহ যাৱতীয় বিষয়ত যি যি প্ৰয়োজন অনুভৱ কৰে সেই সকলোবোৰৰ বৰ্ণনা আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ বাবে দাঙি ধৰিছে। ইয়াৰ প্ৰমাণ আল্লাহ তা‘আলাৰ এই বাণী –তেওঁ কৈছে,

﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ ٣﴾ [المائ‍دة: ٣] 

“আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক সম্পূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো আৰু ইছলামক তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলো”[ছুৰা আল-মায়িদা, আয়াত: ৩]

 দ্বীনৰ ভিতৰত নতুন আৱিষ্কাৰ কৰা বিদ‘আত বা গুমৰাহী:

হে মুছলিম ভাই! আপোনাৰ ওচৰত এই গুৰুত্বপূৰ্ণ বিষয়টো স্পষ্ট হোৱাৰ পিছত, এতিয়া জানি থওক যে, যি ব্যক্তিয়ে আল্লাহৰ দ্বীনত নতুন কোনো বিষয় আৱিষ্কাৰ কৰে যদিও তাৰ উদ্দেশ্য ভাল, কিন্তু এই আৱিষ্কৃত বিদ‘আতটো গুমৰাহী বা ভ্ৰষ্টতা হোৱাৰ লগতে আল্লাহৰ দ্বীনৰ ক্ষেত্ৰত অনাস্থা, প্ৰশ্ন উত্থাপন কৰা হিচাপেই গণ্য হ’ব। আৰু আল্লাহক তেওঁৰ নিজ বাণী- ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ  ত মিছলীয়া বুলি সাব্যস্ত কৰা হ’ব (নাউজুবিল্লাহ)। কাৰণ, যি ব্যক্তি আল্লাহৰ দ্বীনৰ মাজত কোনো বিষয় বা বিধান আৱিষ্কাৰ কৰিলে, যিটো দ্বীনৰ অন্তৰ্ভূক্ত নহয়, তাৰ এই অৱস্থাই দাবী কৰে যে সি যেনিবা ক’লে, দ্বীন পৰিপূৰ্ণ নহয়, দ্বীন ইছলাম এতিয়াও পৰিপূৰ্ণতা লাভ কৰা নাই। কাৰণ সি ভাৱিছে দ্বীনৰ যি বিধানটো সি আৱিষ্কাৰ কৰিলে, সেইটো এতিয়াও অৱশিষ্ট আছে যিটোৰ দ্বাৰা সি আল্লাহৰ নৈকট্য লাভ কৰিব বিচাৰে। ইয়াতকৈ আৰু আচৰিত বিষয়টো হ’ল যে, মানুহে এনেকুৱা এনেকুৱা বিদ‘আত আৱিষ্কাৰ কৰে যিটো আল্লাহ তা‘আলাৰ সত্বা, নামসমূহ আৰু ছিফাতসমূহৰ লগত সম্পৰ্ক ৰাখে। তাৰ পিছত সি দাবী কৰে যে, সি ইয়াৰ দ্বাৰা তাৰ প্ৰতিপালকৰ মহত্ব সাব্যস্তকাৰী, তাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনাকাৰী আৰু ইয়াৰ দ্বাৰা সি আল্লাহ তা‘আলাৰ এই বাণীৰ﴿فَلَا تَجۡعَلُواْ لِلَّهِ أَندَادٗا وَأَنتُمۡ تَعۡلَمُونَ ٢٢[البقرة: ٢٢ “তোমালোকে আল্লাহৰ লগত আন কাকো অংশীস্থাপন নকৰিবা অথচ তোমালোকে জানা” ইয়াৰ নিৰ্দেশনা বাস্তবায়নকাৰী।  আপুনি ইয়াতকৈও আৰু বেছি আচৰিত হ’ব, যেতিয়া দেখিব যে, আল্লাহ তাআ‘লাৰ সত্বাৰ লগত সম্পৃক্ত এনেকুৱা এটা বিদ‘আত আৱিষ্কাৰ কৰিলে, যাৰ ওপৰত উম্মতৰ ছালাফসকল বা ইমামসকলৰ কোনো সমৰ্থন নাই, অথচ সি দাবী কৰে, সি আল্লাহৰ মহত্ব আৰু পৱিত্ৰতা বৰ্ণনাকাৰী আৰু আল্লাহ তা‘আলাৰ বাণী-

 ﴿فَلَا تَجۡعَلُواْ لِلَّهِ أَندَادٗا وَأَنتُمۡ تَعۡلَمُونَ ٢٢﴾ [البقرة: ٢٢]            

“তোমালোকে আল্লাহৰ বাবে শ্বৰীক বা অংশী সাব্যস্ত নকৰিবা অথচ তোমালোকে জানা” [ছুৰা আল-বাকাৰাহ, আয়াত: ২২] ইয়াৰ যথাযথ বাস্তবায়নকাৰী। লগতে যিয়ে তাৰ আৱিষ্কৃত বিদ‘আতৰ বিৰোধিতা কৰিব, তাক সি সাদৃশ্য সাৱ্যস্তকাৰী বা দৃষ্টান্তস্থাপনকাৰী ইত্যাদি জঘন্য বেয়া উপাধিৰ দ্বাৰা ভূষিত কৰে। এইদৰে আপুনি আৰু আশ্চৰ্য হ’ব এনে সম্প্ৰদায়ৰ বিষয়ে যিসকলে আল্লাহৰ দ্বীনত নথকা এনেকুৱা কিছুমান বিদ‘আত আৱিষ্কাৰ কৰে যিবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত। ইয়াৰ দ্বাৰা সিহঁতে দাবী কৰে যে, সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেমিক, ৰাছুলৰ সন্মান ৰক্ষাকাৰী। আনহাতে যিয়ে সিহঁতৰ আৱিষ্কৃত সেইবোৰ বিদ‘আতৰ লগত ঐক্যমত পোষণ নকৰে, তাক সিহঁতে ৰাছুলৰ শত্ৰু আৰু অসন্মানকাৰী ইত্যাদি বেয়া উপাধিৰে আখ্যায়িত কৰি গালি শপনি দিয়ে।

আৰু আশ্চৰ্যজনক বিষয় হৈছে, এই ধৰণৰ লোকসকলে কয়, আমিয়েই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ যথাযথ সন্মান প্ৰদৰ্শনকাৰী। অথচ সিহঁতে যেতিয়া আল্লাহৰ দ্বীন বা তেওঁৰ দিয়া চৰীয়ত -যিটো লৈ পৃথিৱীত আল্লাহৰ ৰাছুল আগমন কৰিছিল, তাত এনে কিছুমান নৱ-আৱিষ্কাৰ কৰে, যিটো তেওঁৰ দ্বীনৰ অংশ নহয়, এনে অৱস্থাত সিহঁতে নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ অগ্ৰগামী হ’ল। অথচ আল্লাহ তা‘আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُقَدِّمُواْ بَيۡنَ يَدَيِ ٱللَّهِ وَرَسُولِهِۦۖ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ١﴾ [الحجرات: ١]

“হে ঈমান্দাৰসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আগত অগ্ৰৱৰ্তী নহ’বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ”[ছুৰা আল-হুজৰাত, আয়াত: ১]

হে মুছলিম ভাইসকল! মই আপোনালোকক প্ৰশ্ন কৰো আৰু আল্লাহৰ শপত লৈ কওঁ, মই বিচাৰো আপোনালোকে মোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ অন্তৰৰ পৰা দিব, কেৱল আবেগত মৌখিকভাৱে নহয়, আপোনালোকৰ দ্বীনৰ দাবী অনুযায়ী উত্তৰ দিব, কাৰো অন্ধ অনুসৰণত নহয়, যি ব্যক্তি দ্বীনৰ মাজত এনেকুৱা কোনো বিধান আৱিষ্কাৰ কৰিলে, যিটো দ্বীনৰ অংশ নহয়, সেইটো আল্লাহৰ সত্বাৰ লগত সম্পৃক্ত হওক অথবা তেওঁৰ ছিফাত বা গুণাগুণৰ লগত নাইবা তেওঁৰ সুন্দৰ নামসমূহৰ লগত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হওক। তাৰ পিছত সিহঁতে কয়, আমিয়েই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মান ৰক্ষাকাৰী। এইসকল লোক সঠিক অৰ্থত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মান ৰক্ষাৰ বিষয়ে অধিক হকদাৰ? নে সেইসকল লোক বেছি হকদাৰ, যিসকলে অনু পৰিমাণ আল্লাহে প্ৰদান কৰা চৰীয়তৰ পৰা বিচ্যুত নহয়? চৰীয়তৰ যিবোৰ বিধান তেওঁলোকৰ ওচৰত আহিছে সেই সম্পৰ্কে তেওঁলোকে কয়, আমি ঈমান আনিছো আৰু মনে প্ৰাণে বিশ্বাস কৰিছো সেই সমূহ বিষয়ৰ ওপৰত, যি বিষয়ে আমাক সংবাদ দিয়া হৈছে। আৰু কয়, যিবোৰ বিষয়ে আমাক আদেশ দিয়া হৈছে বা নিষেধ কৰা হৈছে সেইটো আমি শুনিলো আৰু মানিলো। আৰু যিবোৰ বিষয় চৰীয়তে লৈ অহা নাই সেইবোৰ বিষয় সম্পৰ্কে সিহঁতে কয়, আমি বিৰত থাকিলো, আমাৰ বাবে উচিৎ নহ’ব যে, আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওপৰত অগ্ৰগামী হওঁ। আমাৰ বাবে উচিৎ নহয় যে, আমি আল্লাহৰ দ্বীনত এনে কিছুমান বিষয় আৱিষ্কাৰ কৰো যিটো তেওঁৰ দ্বীনৰ অংশ নহয়। এই উভয় দলৰ কোনটো দল আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মুহাব্বতকাৰী হিচাপে পৰিগণিত হোৱাৰ হকদাৰ আৰু সন্মান ৰক্ষাকাৰী হোৱাৰ হকদাৰ? নিসন্দেহে ক’ব পাৰি, সেই দলটো উত্তম যিসকলে কয় আমি ঈমান আনিছো, বিশ্বাস কৰিছো, আমাৰ ওচৰত যি সংবাদ আহিছে, সেইটো মনে প্ৰাণে বিশ্বাস কৰিছো, আমাক যি নিৰ্দেশ দিয়া হৈছে সেয়া আমি শুনিছো আৰু অনুসৰণ কৰিছো আৰু যিটো আমাক আদেশ কৰা হোৱা নাই তাৰ পৰা আমি আমাৰ হাত গুচাই ললো আৰু তাৰ পৰা আমি বিৰত থাকিলো। তেওঁলোকে আৰু কয়, আমি আল্লাহৰ চৰীয়তৰ মাজত এনেকুৱা বিষয়বোৰ আৱিষ্কাৰ কৰিবলৈ অক্ষম যিটো চৰীয়ত নহয় আৰু এনেকুৱা কোনো বিদ‘আত কৰিবলৈ অক্ষম যিটো দ্বীনৰ মাজত নাই। ইয়াত কোনো সন্দেহ নাই যে, এই ধৰণৰ মানুহেই সিহঁতৰ নিজৰ মৰ্যদা কি সেয়া বুজি পাইছে আৰু স্ৰষ্টাৰ মৰ্যদা কি সেয়াও জানিব পাৰিছে। প্ৰকৃতপক্ষত সিহঁতেই আল্লাহ আৰু তেওঁৰ ৰাছুলক যথাযথ সন্মান দেখুইৱাছে আৰু সিহঁতেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সঠিক মুহাব্বত আৰু ভালোপোৱাৰ বহিঃপ্ৰকাশ কৰিছে। আনহাতে সেইসকল লোক কেতিয়াও ইয়াৰ হকদাৰ নহয়, যিসকলে আল্লাহৰ দ্বীনত নতুন কিবা আৱিষ্কাৰ কৰিছে, যিটো দ্বীনৰ মাজত বিশ্বাসত (ঈমান বা আক্বীদাত), কথা আৰু আমলত কতো নাই।

আপুনি আৰু আশ্চৰ্য হ’ব, সেই সম্প্ৰদায়ৰ লোকৰ বিষয়ে যিসকলে আল্লাহৰ ৰাছুলৰ এই বাণী—

«إياكم ومحدثات الأمور فإن كل محدثة بدعة، وكل بدعة ضلالة، وكل ضلالة في النار».  “সাৱধান! তোমালোকে নতুন আৱিষ্কৃত বিষয়সমূহৰ পৰা দূৰৈত থকা; কাৰণ, প্ৰতিটো নতুন আৱিষ্কৃত বিষয় বিদ‘আত, আৰু প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা, আৰু প্ৰত্যেক গোমৰাহীৰ পৰিণাম জাহান্নাম”[4] -এই মহান বাণীষাৰ সিহঁতে ভালকৈ জানে। সিহঁতে এই কথাও জানে যে, আল্লাহৰ ৰাছুলৰ বাণীত থকা  «كل بدعة»“প্ৰত্যেক বিদ‘আত” কথাষাৰ ব্যাপক অৰ্থত ব্যৱহৃত, মৌলিক। ইয়াত ব্যাপকতাৰ আটাইতকৈ শক্তিশালী শব্দ«كل»  ব্যৱহাৰ কৰা হৈছে। আৰু এই শব্দটো যিজনে উচ্চাৰণ কৰিছে তেওঁ নিশ্চয় এই শব্দৰ তাত্পৰ্য সম্পৰ্কে অৱগত। কাৰণ, তেওঁ সকলো মাখলুকৰ তুলনাত অধিক ভাষাবিদ, মাখলুকৰ বাবে সবাতোকৈ বেছি হিতাকাঙখি মাখলুক। তেওঁ কেতিয়াও এনেকুৱা কথা উদ্দেশ্যবিহীন কোৱা নাই। ফলত তেওঁ যেতিয়া এই কথা «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী” কৈছে, তেতিয়া তেওঁ নিশ্চয় জানিছিল তেওঁ কি কৈছে আৰু তেওঁ যি কৈছে তাৰ অৰ্থ কি। ফলত সাৰ্বিক দিশৰ পৰা উম্মতৰ পৰিপূৰ্ণ কল্যাণৰ দিশ বিবেচনা ৰাখিয়েই তেওঁৰ পৰা এই কথাষাৰ উচ্চাৰিত হৈছে।

আৰু যেতিয়া কোনো বাণীত উপৰোক্ত তিনিটা বিষয় অৰ্থাৎ পৰিপূৰ্ণ কল্যাণকামিতা আৰু তাৰ ইচ্ছা, পুৰ্ণাঙ্গ বৰ্ণনা আৰু ইয়াৰ সুস্পষ্টতা আৰু পূৰ্ণাঙ্গ ইল্ম বা জ্ঞান, এই তিনিটা বিষয় অন্তৰ্ভূক্ত হোৱা স্পষ্ট হ’ল, তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ’ল যে, সেই কথাৰ যি স্বাভাৱিক অৰ্থ বুজা যায় সেয়া নিশ্চয় বক্তাৰ উদ্দেশ্য। আৰু সেইটোৱেই ইয়াৰ মূল অৰ্থ। এতেকে হাদীছত এনেকুৱা এটা ব্যাপক আৰু সামগ্ৰিক কথা (সকলো প্ৰকাৰ বিদ‘আত) এইটো কোৱাৰ পিছতো বিদ‘আতক তিনি প্ৰকাৰ বা পাঁচ প্ৰকাৰ ভাগ কৰা কেনেকৈ শুদ্ধ হ’ব পাৰে? নহয় কেতিয়াও নহয়, এনেকৈ ভাগ কৰা কোনো মতেই শুদ্ধ নহয়। যিবোৰ আলিমে এই কথা দাবী কৰে যে বিদ‘আতে হাছানাহ নামেৰে এক প্ৰকাৰ বিদ‘আত আছে, সেয়া দুটা অৱস্থাৰ যিকোনো এটাৰ পৰা মুক্ত নহয়:

এক- এনেকুৱাও হ’ব পাৰে যে, সেইটো বিদ‘আত নহয়, সি সেইটোক বিদ‘আত বুলি ধাৰণা কৰিছে।

দুই- অথবা সেইটো বিদ‘আত। নিন্দনীয় বা বেয়া। কিন্তু ইয়াৰ বেয়া দিশ সম্পৰ্কে সিহঁত অৱহিত নহয়।

এতেকে যি ব্যক্তিয়ে এই কথা কব যে, ‘এক প্ৰকাৰ বিদ‘আত আছে যিটো বিদ‘আতে হাছানা’ তাৰ উত্তৰত উপৰোক্ত কথাটোৱে কব পাৰি। এই কথাৰ ভিত্তিতেই কব পাৰি যে, যিহঁত বিদ‘আতী, সিহঁতৰ বাবে বিদ‘আতক হাছানা বুলি কৈ পাৰ হৈ যোৱাৰ কোনো সুযোগ নাই। আমাৰ ওচৰত আছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী- «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা” নামক তীক্ষ্নধাৰ তৰোৱাল বা উন্মুক্ত অসি। এইটো এনেকুৱা এটা তৰোৱাল যিটো নবুৱাত আৰু ৰিছালাতৰ কাৰখানাত নিৰ্মাণ কৰা হৈছে। কোনো সাধাৰণ কাৰখানাত তৈয়াৰ কৰা হোৱা নাই। নবুৱাতৰ কাৰখানাত তৈয়াৰ কৰা এই সুন্দৰ আৰু অভিনৱ তৰোৱাল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ হাতেৰে তৈয়াৰ কৰিছে। যাৰ হাতত এই ধৰণৰ তীক্ষ্নধাৰ তৰোৱাল থাকিব, বিদ‘আতীসকলৰ দ্বাৰা- কোনো বিদ‘আতক ‘এইটো বিদ‘আতে হাছানা’ বুলি কৈ ইয়াৰ মুকাবিলা কৰা সম্ভৱ নহ’ব। কাৰণ তেওঁ তেতিয়াই কবলৈ সক্ষম হ’ব যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,  «كل بدعة ضلالة»“প্ৰত্যেক বিদ‘আতেই গোমৰাহী বা ভ্ৰষ্টতা”

 ওমৰ ৰাদিয়াল্লাহু আনহুৰ উক্তিৰ ব্যাখ্যা:

কিন্তু কিছুমান লোকৰ অন্তৰত এটা বিজানু আছে বুলি মই অনুভৱ কৰো, যিয়ে কয় যে, আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু ‘আনহুৰ কথাৰ আপুনি কি উত্তৰ দিব? যেতিয়া তেখেতে উবাই ইবনে কা‘ব আৰু তামীম আদ-দাৰী ৰাদিয়াল্লাহু ‘আনহুমাক নিৰ্দেশ দিছিল যে, ৰমজান মাহত তেওঁলোক দুজনে যেন মানুহৰ ছালাতৰ ইমামতি কৰে। তাৰ পিছত তেখেত ওলাই আহি দেখিলে মানুহে সিহঁতৰ ইমামৰ পিছত একত্ৰিত হৈছে। তেতিয়া তেখেতে ক’লে,

«نعمت البدعة هذه والتي ينامون عنها أفضل من التي يقومون»

“এইটো কিমান যে উত্তম বিদ‘আত, কিন্তু যি ছালাতৰ পৰা সিহঁতে শুই  থাকে (অৰ্থাৎ শেষ ৰাতিৰ ছালাত), সেয়া সেইটোতকৈ উত্তম যাৰ কিয়াম সিহঁতে কৰি থাকে। (অৰ্থাৎ প্ৰথম ৰাতিৰ ছালাত)[5]

এই প্ৰশ্নৰ উত্তৰ দুটা ধৰণত দিব পৰা যায়:

এক- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক কোনো মানুহৰ কথাৰ দ্বাৰা মুকাবিলা কৰা জায়েয নহয়। আনকি আবু বকৰ ৰাদিয়াল্লাহু ‘আনহু, যিজন নবীসকলৰ পিছত এই উম্মতৰ আটাইতকৈ উত্তম ব্যক্তি, ওমৰ ৰাদিয়াল্লাহু ‘আনহু, যিজন নবীসকলৰ পিছত এই উম্মতৰ দ্বিতীয় ব্যক্তি, উছমান ৰাদিয়াল্লাহু ‘আনহু, যিজন এই উম্মতৰ তৃতীয় ব্যক্তি আৰু আলী ৰাদিয়াল্লাহু ‘আনহু, যিজন নবীসকলৰ পিছত এই উম্মতৰ চতুৰ্থ ব্যক্তি প্ৰমুখসকলৰ কথাৰ দ্বাৰাও ৰাছুলৰ কথাৰ মুকাবিলা কৰা নাযাব। এওঁলোকৰ বাহিৰে আন কাৰো কথাৰ দ্বাৰা মুকাবিলা কৰাৰ প্ৰশ্নই নাহে। কাৰণ, আল্লাহ তা‘আলাই কৈছে,

﴿ فَلۡيَحۡذَرِ ٱلَّذِينَ يُخَالِفُونَ عَنۡ أَمۡرِهِۦٓ أَن تُصِيبَهُمۡ فِتۡنَةٌ أَوۡ يُصِيبَهُمۡ عَذَابٌ أَلِيمٌ ٦٣﴾ [النور : ٦٣] 

“এতেকে যিসকলে তেওঁৰ (ৰাছুলৰ) নিৰ্দেশৰ বিৰুদ্ধাচৰণ কৰে সিহঁতৰ ভয় কৰা উচিত সিহঁতৰ ওপৰত বিপৰ্যয় (ফিতনা) নামি আহিব পাৰে অথবা সিহঁতক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব”[ছুৰা আন-নূৰ, আয়াত: ৬৩]

(আয়াতৰ ব্যাখ্যাত) ইমাম আহমদ ৰাহিমাহুল্লাহে কৈছে, তোমালোকে জানানে ফিতনা কি? ফিতনা হৈছে শ্বিৰ্ক। এনেকুৱাও হ’ব পাৰে যে, যেতিয়া কোনো ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো কথা প্ৰতাখ্যান কৰে, তেতিয়া তাৰ অন্তৰত অকনমান হ’লেও বক্ৰতা দেখা দিয়ে। ফলত সি ধ্বংস হয়।

আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমাই কৈছে,

 «يوشك أن تنزل عليكم حجارة من السماء أقول قال رسول الله صلى الله عليه وسلّم وتقولون قال أبو بكر وعمر».

“মই আশংকা কৰিছো যে, সম্ভৱতঃ তোমালোকৰ ওপৰত আকাশৰ পৰা শীল বৰ্ষিত হ’ব। মই তোমালোকক কওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আৰু তোমালোকে (ইয়াৰ বিপক্ষে) কোৱা আবু বকৰ আৰু ওমৰ ৰাদিয়াল্লাহু আনহুমাই (এনেকৈ) কৈছে”

দুই- আমি এই কথা নিশ্চিতভাৱে কব পাৰো যে, আমীৰুল মুমিনীন ওমৰ ৰাদিয়াল্লাহু ‘আনহু আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুলৰ কথাৰ সন্মান দিয়াৰ ক্ষেত্ৰত অত্যন্ত দৃঢ় আৰু কঠোৰ আছিল। আল্লাহৰ নিৰ্দেশৰ সন্মুখত মূৰ নত কৰা আৰু মানি লোৱাৰ ক্ষেত্ৰত তেখেত এজন সু-প্ৰসিদ্ধ ব্যক্তি আছিল। আনকি তেখেতক আল্লাহৰ কথাৰ সন্মুখত অৱনতকাৰী হিচাপে আখ্যায়িত কৰা হৈছিল।  

সেইজনী মহিলাৰ ঘটনা (যদি সেয়া বিশুদ্ধ হয়) যিজনী মহিলাই মোহৰানা নিৰ্ধাৰণৰ ক্ষেত্ৰত ওমৰ ৰাদিয়াল্লাহু আনহুৰ বিৰোধিতা কৰিছিল সেই ঘটনা অধিকাংশ লোকৰ ওচৰত অজ্ঞাত নহয়। সেই ঘটনাত মহিলাজনীয়ে আল্লাহ তা‘আলাৰ এই বাণীৰ দ্বাৰা—

﴿وَكَيۡفَ تَأۡخُذُونَهُۥ وَقَدۡ أَفۡضَىٰ بَعۡضُكُمۡ إِلَىٰ بَعۡضٖ وَأَخَذۡنَ مِنكُم مِّيثَٰقًا غَلِيظٗا ٢١﴾ [النساء : ٢١]   

“আৰু তোমালোকে সেয়া কেনেকৈ উভতাই লবা অথচ তোমালোকে ইজনে সিজনৰ লগত নিৰ্জনত মিলিত হৈছিলা; আৰু সিহঁতে তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল?” [ছুৰা আন-নিছা, আয়াত: ২১] ওমৰ ৰাদিয়াল্লাহ ‘আনহুৰ বিৰোধিতা কৰিছিল। তাৰ পিছত ওমৰ ৰাদিয়াল্লাহু আনহুৱে মোহৰানা নিৰ্ধাৰণৰ সিদ্ধান্তৰ পৰা বিৰত থাকে। কিন্তু এই ঘটনাৰ বিশুদ্ধতা সম্পৰ্কে প্ৰশ্ন আছে। এতেকে ওমৰ ৰাদিয়াল্লাহু ‘আনহু তেওঁ যিয়েই নওহক কিয় তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাৰ বিৰোধিতা কৰা আৰু কোনো এটা বিদ‘আতক যি বিদ‘আত সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা” বুলি কৈছে «نعمة البدعة» “কিমান যে সুন্দৰ বিদ‘আত” কোৱাটো কোনো মতেই সম্ভৱ নহয়। বৰং ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে যি বিষয়টোক কেন্দ্ৰ কৰি «نعمة البدعة» “কিমান যে সুন্দৰ বিদ‘আত” বুলি কৈছে, তেখেতৰ এই কথাক এনেকুৱা বিদ‘আতৰ ওপৰত প্ৰয়োগ কৰিব লাগিব যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী «كل بدعة ضلالة»  “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা” -এই উদ্দেশ্যৰ অন্তৰ্ভূক্ত নহ’ব। ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে তেখেতৰ এই কথাৰ দ্বাৰা  «نعمة البدعة هذه»  “এইটো কিমান যে সুন্দৰ বিদ‘আত” বিক্ষিপ্ত লোকসকলক এজন ইমামৰ পিছত একত্ৰিত কৰাৰ পিনে ইঙ্গিত কৰিছে। অন্যথা ৰমজানত কিয়ামুল-লাইল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ পৰাই আছিল। ছহীহ বুখাৰী আৰু মুছলিমত আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা হাদীছ বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ লগত তিনি ৰাতি কিয়ামুল লাইল আদায় কৰিছিল। চতুৰ্থ ৰাতিত তেখেতে পলম কৈ বাহিৰ হ’লে আৰু ক’লে, 

«إني خشيت أن تفرض عليكم فتعجزوا عنها»

“মই তোমালোকৰ ওপৰত ফৰজ কৰি দিয়া আশংকা কৰিছো ফলত তোমালোকে এইটো আদায় কৰিবলৈ সক্ষম নহ’বা”[6] ৰমজান মাহত কিয়ামুল-লাইল কৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰেই ছুন্নত। ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে ইয়াক বিদ‘আত বুলি এই হিচাপে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কিয়াম এৰি দিছিল মানুহখিনি বিক্ষিপ্ত হৈ গৈছিল। কোনো কোনোবাই মছজিদত অকলে আদায় কৰিছিল। আকৌ কোনোবাই কিয়াম কৰিছিল তেওঁৰ লগত এজন মানুহ থাকিছিল। আকৌ কোনো কোনোবাই কিয়াম কৰিছিল তেওঁৰ লগত দুজন বা তিনিজন মানুহ থাকিছিল। আকৌ কাৰোবাৰ লগত এটা জামা‘আত থাকিছিল। আমীৰুল মুমিনীন ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে তেখেতৰ সঠিক আৰু নিৰ্ভূল মতামতৰ দ্বাৰা সিহঁত সকলোকে এজন ইমামৰ লগত একত্ৰিত কৰাটো ভাল বুলি স্থিৰ কৰিলে। এতেকে তেখেতৰ এই কৰ্মটো ইতি পূৰ্বে মানুহখিনি বিক্ষিপ্ত হোৱাৰ দিশ বিবেচনাত বিদ‘আত আছিল। এতেকে এইটো এটা তুলনামুলক আৰু শাব্দিক বিদ‘আত, এইটো নৱ আৱিষ্কৃত কোনো বিদ‘আত নহয়, যিটো ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে আৱিষ্কাৰ কৰিছে। কাৰণ, এই ছুন্নাতটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত আছিল। এই বাবেই কিয়ামুল লাইল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ ছুন্নত। কিন্তু ওমৰ ৰাদিয়াল্লাহু ‘আনহুৰ যুগ পৰ্যন্ত এই ছুন্নতটো পৰিত্যাক্ত আছিল আৰু ওমৰ ৰাদিয়াল্লাহু ‘আনহুৱে সেয়া আকৌ আৰম্ভ কৰিলে। এই বিষয়টো স্পষ্ট হোৱাৰ পিছত বিদ‘আতীসকলৰ বাবে ওমৰ ৰাদিয়াল্লাহু ‘আনহুৰ কথাৰ পৰা, সিহঁতে যে বিদ‘আতক ভাল আৰু সুন্দৰ বুলি ভাৱে সেইটোৰ সপক্ষে, কোনো দলীল-প্ৰমাণ ওলোৱাৰ পথ বিচাৰি পোৱা সম্ভৱ নহ’ব।

 মাদ্ৰাছা নিৰ্মাণ, কিতাপ আদি লিখা আৰু সংকলন কৰা বিদ‘আত নহয়

·         কোনোবাই এই বুলি প্ৰশ্ন কৰিব পাৰে যে, ইয়াত এনে কিছুমান বিষয় আছে যিবোৰ নৱ আৱিষ্কৃত অথচ মুছলিমসকলে সেয়া গ্ৰহণ কৰিছে আৰু ইয়াৰ ওপৰত সিহঁতে আমলো কৰি আছে অথচ এইবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাছিল। যেনে, মাদ্ৰাছা নিৰ্মাণ, কিতাপ আদি লিপিবদ্ধ কৰা ইত্যাদি। এই ধৰণৰ বিদ‘আতক মুছলিমসকলে বিদ‘আত বুলি আখ্যায়িত নকৰে বৰং সিহঁতে এই ধৰণৰ কৰ্মক ভাল বুলি ভাৱে, সেইমতে আমল কৰে আৰু সিহঁতে ভাৱে যে, এইবোৰ ভাল কাম আৰু গুৰুত্বপূৰ্ণ আমল। তেনেহ’লে কেনেকৈ এই কৰ্মসমূহ যিবোৰ মুছলিমসকলৰ মাজত ইজমাৰ ৰূপ লাভ কৰিছে আৰু মুছলিমসকলৰ নেতা আৰু নবী আৰু আল্লাহ ৰাব্বুল আলামীনৰ তৰফৰ পৰা যিজন নবী তেখেতৰ কথা «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা” ইয়াৰ মাজত সামঞ্জস্য সাধন কৰিব? 

উত্তৰ:

বাস্তৱতে এইবোৰ কোনো বিদ‘আত নহয়; বৰং এইবোৰ হ’ল চৰীয়তৰ ওপৰত আমল কৰা আৰু চৰীয়ত সম্পৰ্কে জনাৰ মাধ্যম। এতেকে যিবোৰ মাধ্যম বা অছিলা হয় সেইবোৰ সময় আৰু স্থানৰ ব্যৱধানত পাৰ্থক্য হৈ থাকে। আৰু স্বীকৃত নিয়ম হ’ল যে, মাধ্যমসমূহ বিধান আৰু উদ্দ্যেশৰ বিধান একেই হৈ থাকে। বৈধ বিধানৰ মাধ্যম বৈধ। আৰু যি অবৈধ তাৰ মাধ্যমও অবৈধ; বৰং হাৰাম কৰ্মৰ মাধ্যম হাৰাম কিন্তু ভাল কৰ্ম যদি বেয়া কৰ্মৰ মাধ্যম হৈ থাকে তেতিয়া সেইটোও হাৰাম হৈ যায়। আল্লাহৰ বাণীৰ ফালে মনোযোগ দিয়ক। আল্লাহ তা‘আলাই কৈছে,

﴿وَلَا تَسُبُّواْ ٱلَّذِينَ يَدۡعُونَ مِن دُونِ ٱللَّهِ فَيَسُبُّواْ ٱللَّهَ عَدۡوَۢا بِغَيۡرِ عِلۡمٖۗ ١٠٨﴾ [الانعام: ١٠٨] 

“আৰু তোমালোকে সিহঁতক গালি-শপনি নাপাৰিবা, আল্লাহৰ বাহিৰে যিবোৰক সিহঁতে মাতে, ফলত সিহঁতে শত্ৰুতা পোষণ কৰি অজ্ঞতাবশত আল্লাহক গালি পাৰিব”[ছুৰা আল-আন‘আম, আয়াত: ১০৮] 

মুশ্বৰিকসকলৰ ইলাহবোৰক গালি দিয়াটো শত্ৰুতা নহয় বৰং এয়া সত্য আৰু বাস্তৱ সন্মত; কিন্তু ৰাব্বুল আলামীনক গালি দিয়াটো অসঙ্গত, অবাস্তৱ, সীমালঙ্ঘন আৰু অন্যায়। কিন্তু মুশ্বৰিকসকলৰ ইলাহবোৰক গালি দিয়াটো ভাল কাম হলেও যিহেতু এয়া আল্লাহক গালি দিয়াৰ কাৰণ বা অছিলা হৈ যায় সেয়ে এইটো নিষিদ্ধ আৰু হাৰাম।

মই ইয়াত মাধ্যম আৰু উদ্দেশ্যৰ বিধান এক হোৱাৰ দলীল দাঙি ধৰিলো। মাদ্ৰাছাসমূহ, ইল্ম সংকলন আৰু কিতাপ আদি লিখা ইত্যাদি যদিও ৰাছুলৰ যুগত এই পদ্ধতিত নথকাৰ বাবে ই বিদ‘আত কিন্তু এইবোৰৰ একোৱেই উদ্দেশ্যৰ অন্তৰ্ভূক্ত নহয়। এই আটাইবোৰ হ’ল মাধ্যম বা অছীলা। মাধ্যমৰ বিধান আৰু উদ্দেশ্যৰ বিধান এক। এই বাবেই যদি কোনো ব্যক্তি কোনো হাৰাম শিক্ষা দিয়াৰ বাবে এটা মাদ্ৰাছা নিৰ্মাণ বা আৰম্ভ কৰে তেতিয়া তাৰ এই মাদ্ৰাছা নিৰ্মাণ কৰা বা আৰম্ভ কৰাটো হাৰাম বুলি গণ্য হ’ব। আৰু যদি বৈধ শিক্ষা শিকোৱাৰ উদ্দেশ্যে হয়, তেনেহ’লে ইয়াৰ নিৰ্মাণ বা আৰম্ভ কৰাটো হ’ব বৈধ।

·         আৰু যদি কোনোবাই কয়, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা

 «من سن في الإسلام سنة حسنة فله أجرها وأجر من عمل بها إلى يوم القيامة»

“যি ব্যক্তি ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিলে তাৰ বাবে কিয়ামত পৰ্যন্ত এই আমলৰ ছোৱাব আৰু যি ব্যক্তি ইয়াৰ ওপৰত আমল কৰিব সেই ব্যক্তিৰ ছোৱাব সি পাই থাকিব”[7] ইয়াৰ উত্তৰ কি দিব?  এই প্ৰশ্নৰ উত্তৰ হ’ল যে, «من سن في الإسلام سنة حسنة» “যি ব্যক্তি ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিব” এই কথাষাৰ যিজন মহাপুৰুষে কৈছে তেওঁ নিজেই এই কথাষাৰো কৈছে যে, «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা”। এজন মহা সত্যবাদীৰ দ্বাৰা এনেকুৱা কথা কোৱাটো কেতিয়াও সম্ভৱ নহয় যে, তেওঁৰ এটা কথাৰ জৰিয়তে আন এটা কথাক মিছা সাব্যস্ত কৰা যাব। ৰাছুলৰ কথাত কোনো প্ৰকাৰৰ বৈপৰীত্য থকা কেতিয়াও সম্ভৱ নহয়। যি ব্যক্তি এই ধাৰণা কৰে যে, আল্লাহৰ কথা আৰু তেওঁৰ ৰাছুলৰ কথাৰ মাজত বৈপৰীত্য আছে, তাৰ বাবে নিশ্চিতভাৱে পুনৰ তাৰ দৃষ্টি উভতাই দেখা আৰু আকৌ ভাৱি চোৱা উচিত। তাৰ এই ধাৰণা হয়তো তাৰ ঈমানী দুৰ্বলতাৰ কাৰণে হ’ব পাৰে বা অলসতাৰ কাৰণেও হ’ব পাৰে। আল্লাহ তা‘আলাৰ কথা বা তেওঁৰ ৰাছুলৰ কথাৰ মাজত বৈপৰীত্য বা কোনো প্ৰকাৰৰ দুৰ্বলতা পোৱা কেতিয়াও সম্ভৱ নহয়। এই কথা স্পষ্ট হোৱাৰ পিছত উভয় হাদীছ তথা «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা” আৰু «من سن في الإسلام سنة حسنة» “যি ব্যক্তিয়ে ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিলে” এই দুটাৰ মাজত বৈপৰীত্ব যে নাই এই কথা সুস্পষ্ট। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, «من سن في الإسلام سنة حسنة» “যি ব্যক্তিয়ে ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিলে” কিন্তু বিদ‘আত ইছলামৰ অংশ নহয়। আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে «حسنة» হাছানাহ’ শব্দ ব্যৱহাৰ কৰিছে। বিদ‘আত কেতিয়াও হাছানাহ হ’ব নোৱাৰে। আৰু তেওঁ السن ‘চালু কৰা’ আৰু التبديع ‘আৱিষ্কাৰ কৰা’ উভয়ৰ মাজত পাৰ্থক্য কৰিছে।

ইয়াত আৰু এটা উত্তৰ আছে, আৰু সেয়া হ’ল, ইয়াত «من سن» অৰ্থ, যি ব্যক্তিয়ে কোনো এটা ছুন্নত জীৱিত কৰিলে, অৰ্থাৎ ছুন্নতটো ইয়াৰ আগত আছিল কিন্তু পিছলৈ সেয়া বিলীন হৈ যোৱাত আকৌ সেয়া চালু কৰিলে। এই অৰ্থ অনুযায়ী এটা ছুন্নত চালু কৰাৰ অৰ্থ হৈছে ছুন্নতটো আগতে আছিল কিন্তু সেয়া পৰিত্যক্ত হোৱাৰ কাৰণে সেইটো আকৌ চালু কৰা। এতেকে, চালু কৰা বা জাৰি কৰা মানে নতুন আৱিষ্কাৰ নহয়। 

ইয়াত এই প্ৰশ্নৰ আৰু এটা উত্তৰ আছে, যিটো উত্তৰ হাদীছ অৱতীৰ্ণৰ কাৰণৰ পৰা প্ৰতীয়মান। আৰু সেয়া হৈছে, এদল মানুহ ৰাছুলৰ ওচৰত আহিলে। সিহঁতৰ আৰ্থিক অৱস্থা আছিল অত্যন্ত বেয়া। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ বাবে দান কৰিবলৈ আহ্বান কৰিলে, তেতিয়া এজন আনছাৰী ব্যক্তি আহিলে, তেওঁৰ হাতত এটা ৰূপৰ বেগ আছিল যিটোৰ ওজনত তেওঁৰ হাত বৰ গধুৰ দেখা গৈছিল, সেই বেগটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত ৰাখিলে। সেয়া দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চেহাৰা আনন্দত ও স্ফুৰ্তিত উজ্জ্বল হৈ গল আৰু তেখেতে ক’লে,

«من سن في الإسلام سنة حسنة فله أجرها وأجر من عمل بها إلى يوم القيامة» 

“যি ব্যক্তি ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিলে তাৰ বাবে কিয়ামত পৰ্যন্ত এই আমলৰ ছোৱাব আৰু যি ব্যক্তি ইয়াৰ ওপৰত আমল কৰিব সেই ব্যক্তিৰ ছোৱাব সি পাই থাকিব”[8] এতেকে ইয়াত «السن» অৰ্থ, আমল বাস্তবায়ন কৰা আৱিষ্কাৰ কৰা নহয়। ফলত «من سن في الإسلام سنة حسنة» “যি ব্যক্তি ইছলামৰ মাজত এটা ভাল ছুন্নত প্ৰচলন কৰিলে” ইয়াৰ অৰ্থ হ’ল, কোনো এটা আমল বাস্তবায়ন কৰা, আৱিষ্কাৰ কৰা নহয়। কাৰণ, আৱিষ্কাৰ কৰা নিষিদ্ধ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, «كل بدعة ضلالة» “প্ৰত্যেক বিদ‘আত গোমৰাহী বা ভ্ৰষ্টতা”

 ৰাছুলৰ ইত্তেবা বা অনুসৰণ বাস্তবায়নৰ চৰ্তসমূহ:

হে মুছলিম ভাইসকল! এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ অৱশ্যই জনা উচিত। আৰু সেয়া হ’ল, যেতিয়া লৈকে কোনো আমল চৰীয়তৰ ছয়টা বিষয়ৰ মাজত সামঞ্জস্য নহ’ব তেতিয়া লৈকে সেই আমলৰ মাজত ৰাছুলৰ অনুকৰণ আৰু অনুসৰণ কৰা বাস্তবায়িত নহ’ব।

এক- “কাৰণত মিল থকা” এতেকে আল্লাহৰ ইবাদত যদি এনে কোনো কাৰণত কৰা হয় যিটো কাৰণ চৰীয়ত অনুমোদিত নহয়। এই ধৰণৰ ইবাদত হ’ব বিদ‘আত আৰু তাৰ সেই আমল হ’ব প্ৰত্যাখ্যাত। যেনে, কিছুমান মানুহে ৰজব মাহৰ ২৭ তাৰিখে ৰাতি ইবাদত-বন্দেগী আৰু ছালাত আদায় কৰে। সিহঁতৰ দলীল হৈছে: এই ৰাতিত আল্লাহ তা‘আলাই তেওঁৰ ৰাছুলক আকাশলৈ ভ্ৰমণ কৰাইছিল আৰু এই ৰাতিতেই ৰাছুলৰ মি‘ৰাজ সংঘটিত হৈছিল। তাহাজ্জুদ যদিও গুৰুত্বপূৰ্ণ ইবাদত কিন্তু যেতিয়া ই এই কাৰণৰ লগত সম্পৃক্ত হ’ল তেতিয়াই সেয়া চৰীয়ত অনুমোদিত নহৈ বিদ‘আতত পৰিণত হ’ল। কাৰণ, এই ইবাদতটো সি এনে এটা উপলক্ষক সন্মুখত ৰাখি পালন কৰিছে, যিটো চৰীয়তৰ উপলক্ষ্য হিচাপে প্ৰমাণিত নহয়। এই বিষয়টো (অৰ্থাৎ ইবাদতৰ কাৰণটো চৰীয়ত সন্মত হোৱা) অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা বহুতো আমল যিবোৰক ছুন্নত বুলি ভৱা হয় অথচ সেয়া ছুন্নত নহয় সেইবোৰ বিদ‘আত হিচাপে চিহ্নিত হ’ব।

দুই- “প্ৰকাৰৰ ফালৰ পৰা মিল থাকিব লাগিব” এতেকে ইবাদাতটো প্ৰকাৰৰ ফালৰ পৰা চৰীয়ত অনুযায়ী হ’ব লাগিব। সেয়ে যদি কোনো ব্যক্তি আল্লাহৰ সন্তুষ্টি লাভৰ আশাত এনে কোনো ইবাদত কৰে, যি প্ৰকাৰৰ ইবাদত চৰীয়তত পোৱা নাযায়, সেইটো অগ্ৰহণযোগ্য হ’ব। যেনে, কোনো ব্যক্তি যদি ঘোঁড়াৰ কুৰবানী কৰে তেন্তে তাৰ এই কুৰবানী ছহীহ বা সঠিক নহ’ব। কাৰণ, সি কুৰবানীৰ পশুৰ প্ৰকাৰ নিৰ্ধাৰণ বিষয়ত চৰীয়তৰ বিৰোধিতা কৰিছে। চৰীয়ত অনুমোদিত চতুষ্পদ জন্তু গৰু, ছাগলী বা উট আদি সি কুৰবানী কৰা নাই।  

তিনি- “পৰিমাণত মিল থকা”। এতেকে যদি কোনো ব্যক্তিয়ে ইচ্ছা কৰে যে, কোনো এটা ওৱাক্তত ফৰজ ছালাত বৃদ্ধি কৰি আদায় কৰিব, তেন্তে আমি তাক কম, এইটো এটা নৱ আৱিষ্কৃত বিদ‘আত, এইটো অগ্ৰহণযোগ্য। কাৰণ, ই পৰিমাণৰ ক্ষেত্ৰত চৰীয়তৰ নিৰ্ধাৰিত সংখ্যাৰ সম্পূৰ্ণ বিৰোধী। যদি বিষয়টো এনেকুৱা হয় তেনেহ’লে যদি কোনো ব্যক্তি জোহৰৰ ছালাত চাৰি ৰাকা‘আতৰ ঠাইত পাঁচ ৰাকা‘আত আদায় কৰে তেনেহ’লে তাৰ ছালাত সকলোৰে ঐক্যমতত বাতিল হ’ব, আৰু তাৰ ছালাত শুদ্ধ যে নহ’ব সেয়া সহজেই অনুমেয়।

চাৰি- “ধৰণ-পদ্ধতিত মিল থকা”। এতেকে যদি কোনো ব্যক্তি অজু কৰোতে আগতে ভৰি ধুবলৈ আৰম্ভ কৰিলে, তাৰ পিছত মূৰ মাছেহ কৰিলে, তাৰ পিছত দুই হাত ধুলে আৰু তাৰ পিছত মুখমণ্ডল ধুলে, তেন্তে আমি কম যে, তাৰ অজু নিশ্চিতভাৱে বাতিল। কাৰণ, তাৰ অজু ধৰণ আৰু পদ্ধতিগত ফালৰ পৰা চৰীয়ত অনুমোদিত পদ্ধতিৰ পৰিপন্থী। 

পাঁচ- “সময়-কালৰ লগত মিল থকা”। এতেকে যদি কোনো ব্যক্তি জুল-হিজ্জা মাহৰ আৰম্ভণিতে কুৰবানী কৰে তেনেহ’লে তাৰ কুৰবানী শুদ্ধ নহ’ব। কাৰণ, তাৰ কুৰবানী চৰীয়ত কৰ্তৃক নিৰ্ধাৰিত সময়ৰ বিপৰীত হৈছে। মই শুনিছো কিছুমান মানুহে ৰমজান মাহত ছাগলী জবেহ কৰে। এই জন্তু জবেহ কৰাৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভ কৰাটোৱে সেই ব্যক্তিৰ উদ্দেশ্য। কিন্তু তাৰ এই আমল এই পদ্ধতিত সম্পূৰ্ণৰূপে বিদ‘আত। কাৰণ, জবেহ কৰাৰ মাধ্যমত আল্লাহৰ নৈকট্য লাভ কেৱল কুৰবানী, হাদী বা আকীকাৰ মাধ্যমতেই সম্ভৱ। সেয়ে ৰমজান মাহত জবেহ কৰাৰ দ্বাৰা কুৰবানীৰ ঈদৰ দিনা জবেহ কৰাৰ দৰে ছোৱাব পোৱা যাব বুলি এই ধৰণৰ বিশ্বাস কৰা বা ছোৱাবৰ আশা কৰা সম্পূৰ্ণৰূপে বিদ‘আত। কিন্তু মাংস খোৱাৰ উদ্দেশ্যে ৰমজান মাহত জবেহ কৰাত কোনো বাধা নাই এই সম্পূৰ্ণৰূপে বৈধ।

ছয়- “স্থানৰ লগত মিল থকা”। এতেকে যদি কোনো ব্যক্তি মছজিদৰ বাহিৰে এ‘তিকাফ কৰে, তেন্তে তাৰ এ‘তিকাফ ছহীহ বা সঠিক নহ’ব। কাৰণ, এ‘তিকাফ কেৱল মছজিদতেই হয়। যদি কোনো মহিলাই কয় মই ঘৰত ছালাত আদায়ৰ স্থানত এ‘তিকাফ কৰিম, তেন্তে তাইৰ এই এ‘তিকাফ শুদ্ধ নহ’ব। কাৰণ, এইটো এ‘তিকাফৰ স্থান নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰীয়ত পৰিপন্থী কাম।

ইয়াৰ উপৰি আৰু উদাহৰণ আছে যেনে- কোনো ব্যক্তিয়ে তাৱাফ কৰিবলৈ গৈ দেখে যে মাতাফত ঠাই নাই। তাত মানুহৰ বৰ ভিৰ। তেতিয়া সি নিৰুপায় হৈ মছজিদৰ চাৰিওফালে তাৱাফ কৰিবলৈ আৰম্ভ কৰিলে। তাৰ এই তাৱাফ কৰা কোনো মতেই শুদ্ধ নহ’ব। কাৰণ, তাৱাফৰ স্থান হৈছে আল্লাহৰ ঘৰ। আল্লাহ তা‘আলাই ইব্ৰাহীম আলাইহিচ ছালামক কৈছে,

﴿وَطَهِّرۡ بَيۡتِيَ لِلطَّآئِفِينَ وَٱلۡقَآئِمِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ ٢٦﴾ [الحج : ٢٦]   

“আৰু মোৰ ঘৰক তাৱাফকাৰী, থিয় ছালাত আদায়কাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।’’।[9]

 ইবাদত কবুল হোৱাৰ পূৰ্বচৰ্ত:            

এতেকে কোনো ইবাদত তেতিয়া লৈকে নেক আমল বা আমলে ছলেহ বুলি গণ্য নহ’ব যেতিয়া লৈকে তাৰ মাজত দুটা চৰ্ত পোৱা নাযাব:

এক- ইখলাছ (একনিষ্ঠতা)

দুই- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুকৰণ।

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুকৰণ উল্লেখিত ছয়টা বিষয় নোপোৱা লৈকে বাস্তবায়িত নহয়।

মই সেইসকল লোকক কব বিচাৰিছো, যিসকলে বিদ‘আতত লিপ্ত হৈ আছে অথচ সিহঁতৰ উদ্দেশ্য ভাল আৰু সিহঁতে কল্যাণ বিচাৰে, আল্লাহৰ শপত লৈ কৈছো, মই আপোনালোকৰ বাবে ছালাফে ছলেহীনৰ পথ আৰু পদ্ধতিতকৈ উত্তম আন কোনো পথ আৰু পদ্ধতি নাজানো।

হে মোৰ ভাইসকল! আপোনালোকে আল্লাহৰ ৰাছুলৰ ছুন্নতক মজবুত কৈ ধাৰণ কৰক। আপোনালোকে ছালাফে ছলেহীনৰ ছুন্নতৰ অনুসৰণ কৰক। তেওঁলোকে যি পথৰ ওপৰত আছিল আপোনালোকেও সেই পথৰ ওপৰত থাকক। আৰু চাওক সেয়া আপোনালোকৰ কোনো প্ৰকাৰ ক্ষতি কৰিব পাৰে নেকি?

 মানৱাত্মাৰ ওপৰত বিদ‘আতৰ কু-প্ৰভাৱ:

মই কওঁ, আৰু মই আল্লাহৰ ওচৰত এনেকুৱা কথা কোৱাৰ পৰা আশ্ৰয় বিচাৰো যি বিষয়ে মোৰ কোনো জ্ঞান নাই- সেইসকল মানুহ যিসকল বিদ‘আতৰ প্ৰতি আসক্ত, সিহঁতৰ অধিকাংশক আপুনি দেখিবলৈ পাব যে, সিহঁতে এনেকুৱা বস্তু বাস্তবায়ণ কৰিবলৈ অনীহা প্ৰকাশ কৰে যিটো চৰীয়ত হিচাপে প্ৰমাণিত আৰু যিটো ছুন্নত হিচাপে সাব্যস্ত। তাৰ পিছত যেতিয়া সিহঁতে বিদ‘আত কৰ্ম পালন শেষ কৰে তেতিয়া সিহঁতে সুসাব্যস্ত ছুন্নত পালন কৰিবলৈ অপাৰগ হৈ পৰে।

আৰু এইবোৰ সকলো হ’ল মানৱাত্মাৰ ওপৰত বিদ‘আতৰ কু-প্ৰভাৱ আৰু ক্ষতিকৰ দিশ। মানৱাত্মাৰ ওপৰত বিদ‘আতৰ কু-প্ৰভাৱ অতি প্ৰকট আৰু ইয়াৰ ক্ষতিসমূহ অতি মাৰাত্মক। কোনো সম্প্ৰদায়ৰ মানুহে যেতিয়া আল্লাহৰ দ্বীনৰ মাজত কোনো এটা বিদ‘আত আৱিষ্কাৰ কৰে, সি সমপৰিমাণ বা তাতকৈ অধিক পৰিমাণ ছুন্নতক ধ্বংস কৰে। যেনেঃ এই ধৰণৰ কথা কৈছে ছালাফসকলৰ মাজৰ বহুতো আহলে ইল্মসকলে।

কিন্তু যেতিয়া এজন মানুহে এই কথা অনুভৱ কৰিব যে, সি কেৱল এজন অনুসাৰী, সি কোনো চৰীয়ত প্ৰৱৰ্তনকাৰী নহয়, ইয়াৰ দ্বাৰা তাৰ অন্তৰত আল্লাহৰ ভয়, আল্লাহৰ বাবে অৱনত আৰু অনুগত হোৱা, আল্লাহৰ বান্দা হোৱাৰ সৌভাগ্য লাভ হ’ব আৰু মুত্তাকীসকলৰ ইমাম, সকলো ৰাছুলৰ নেতা আৰু সমগ্ৰ জগতৰ প্ৰতিপালকৰ ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিপূৰ্ণ ইত্তেবা কৰাৰ যোগ্যতা অৰ্জন কৰিব।

 পৰিশিষ্ট

মই মোৰ মুছলিম ভাই যিসকলে কিছুমান বিদ‘আতক ভাল বুলি ভাৱে, বিদ‘আত আল্লাহৰ সত্বাৰ লগত সম্পৃক্ত হওক বা তেওঁৰ নামৰ লগত অথবা ছিফাত বা গুণৰ লগত নাইবা ৰাছুলুল্লাহৰ সন্মানৰ লগত, সিহঁতৰ প্ৰতি মোৰ নছীহত যে, সিহঁতে যেন আল্লাহক ভয় কৰে আৰু যাৱতীয় বিদ‘আতৰ পৰা বিৰত থাকে। সিহঁতে যেন নিজৰ যাৱতীয় কৰ্মসমূহক ইত্তেবাৰ ওপৰত ভিত্তি কৰি আমল কৰে, বিদ‘আতৰ ওপৰত ভিত্তি কৰি নহয় আৰু সিহঁতে যেন নিজৰ যাৱতীয় কৰ্মসমূহ ইখলাছৰ ওপৰত ভিত্তি কৰি আমল কৰে, শ্বিৰ্কৰ ওপৰত ভিত্তি কৰি নহয়, ছুন্নতৰ ওপৰ ভিত্তিত যাতে আমল কৰে, বিদআতৰ ওপৰত ভিত্তি কৰি নহয় আৰু ৰহমানৰ মুহাব্বতৰ ওপৰত ভিত্তি কৰি যেন আমল কৰে, চয়তানৰ মুহাব্বতৰ ওপৰত ভিত্তি কৰি নহয় লগতে সিহঁতে যেন পৰিণতিৰ প্ৰতি লক্ষ্য কৰে, সিহঁতৰ অন্তৰত কি ধৰণৰ প্ৰশান্তি, সজীৱতা নিৰাপত্তা, তৃপ্তি আৰু মহা নূৰ অৰ্জিত হয়।

আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে, তেওঁ যেন আমাক হিদায়তপ্ৰাপ্ত, হিদায়তৰ নেতৃত্ব আৰু সংস্কাৰক লগতে ইয়াৰ নেতৃত্বদানকাৰী বনায়। আৰু তেওঁ যেন, আমাৰ অন্তৰসমূহক ঈমান আৰু ইল্মৰ দ্বাৰা আলোকিত কৰে। তেওঁ যেন আমাৰ ইল্মক আমাৰ বাবে বিপদৰ কাৰণ নবনায়। মই আৰু প্ৰাৰ্থনা কৰিছো যে, তেওঁ যেন আমাক তেওঁৰ মুমিন বান্দাসকলৰ পথত পৰিচালনা কৰে আৰু তেওঁৰ মুত্তাকী অলীসকলৰ অন্তৰ্ভূক্ত কৰে লগতে তেওঁৰ সাফল্য আৰু বিজয়ী দলৰ অন্তৰ্ভূক্ত কৰে।

সমাপ্ত



[1] আহমদ, হাদীছ নং ২১৬৮৯, ২১৭৭০, ২১৭৭১

[2] ছহীহ মুছলিম, তাহাৰাত অধ্যায়, পৰিচ্ছেদ- আল-ইস্তিতাবাহ, হাদীছ নং ২৬৯

[3] জিলবাব হৈছে এনেকুৱা এবিধ পোছাক যিটো গোটেই শৰীৰক ঢাকি লয়।

[4] ইমাম মুহাম্মদে বৰ্ণনা কৰিছে , হাদীছ নং ১৭২৭৪, ১৭২৭৫; আবু দাউদ, কিতাবুছ ছুন্নাহ, ছুন্নাতক মজবুতভাৱে ধাৰণ কৰা পৰিচ্ছেদত হাদীছ নং ৪৬০৭; তিৰমিজী আবৱাবুল ইল্ম, পৰিচ্ছেদ -ছুন্নাতক মজবুতভাৱে ধাৰণ আৰু বিদ‘আতক পৰিহাৰ কৰা প্ৰসঙ্গত। হাদীছ নং ২৬৭৬ ইমাম তিৰমিজীয়ে হাদীছটোক হাছান ছহীহ বুলি কৈছে। হাকীমে (৯৫/১) হাদীছটোক ছহীহ বুলি আখ্যায়িত কৰিছে। ইবনে মাজাহ, হাদীছ নং ৪৬। ইমাম যাহাবীয়ে হাদীছটোৰ বিষয়ে ঐক্যমত পোষণ কৰিছে, কিন্তু তেওঁলোকৰ বৰ্ণনাত হাদীছৰ শেষাংশটো নাই।

[5] ছহীহ আল-বুখাৰীত বৰ্ণনা হৈছে, তাৰাৱীহৰ ছালাত অধ্যায়, পৰিচ্ছেদ-ৰমজান মাহত কিয়ামুল্লাইল কৰা প্ৰসঙ্গত। হাদীছ নং ২০১০।

[6] ছহীহ বুখাৰী তাৰাৱীহৰ ছালাত অধ্যায়, পৰিচ্ছেদ- ৰমজান মাহত কিয়ামুল-লাইল কৰাৰ ফজিলত, হাদীছ নং ২০১০; ছহীহ মুছলিম, মুছাফিৰৰ ছালাত অধ্যায়, পৰিচ্ছেদ- ৰমজান মাহত কিয়ামুল লাইল কৰাৰ প্ৰতি উৎসাহ প্ৰদান প্ৰসঙ্গত। হাদীছ নং ৭৬১

[7] ছহীহ মুছলিমে বৰ্ণনা কৰিছে, যাকাত অধ্যায়, হাদীছ নং ১০১৭

[8][8] ছহীহ মুছলিমে বৰ্ণনা কৰিছে, যাকাত অধ্যায়, হাদীছ নং ১০১৭

[9] ছুৰা আল-হজ্জ, আয়াত: ২৬