দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা

শ্বাইখ আব্দুৰ ৰহমান বিন নাছিৰ আচ-ছা’দী

—™

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

بسم الله الرحمن الرحيم

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰো। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিবলৈ কোনো নাই; আৰু যাক তেওঁ পথভ্ৰষ্ট কৰে, তাক পথ প্ৰদৰ্শনকাৰী কোনো নাই। আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল; তেওঁৰ প্ৰতি অসংখ্য চালাত (দৰূদ) আৰু ছালাম বৰ্ষিত হওঁক।

 তাৰ পিছত:

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা দ্বীন ইছলাম সকলো ধৰ্ম আৰু জীৱনব্যৱস্থাতকৈ পৰিপূৰ্ণ, সৰ্বোত্তম আৰু সৰ্বমহান দ্বীন আৰু জীৱনব্যৱস্থা। আৰু এই দ্বীনটোৱে এনেবোৰ সৌন্দৰ্য, পৰিপূৰ্ণতা, যথাৰ্থতা, সম্প্ৰীতি, ন্যায়পৰায়ণতা আৰু হিকমত (প্ৰজ্ঞা)ক অন্তৰ্ভূক্ত কৰিছে, যিটো আল্লাহ তা‘আলাৰ বাবে সাৰ্বিক পৰিপূৰ্ণতা আৰু জ্ঞান ও প্ৰজ্ঞাৰ ব্যাপকতাৰ সাক্ষ্য বহন কৰে; আৰু তেওঁৰ নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাবে এই সাক্ষ্য বহন কৰে যে, তেওঁ সঁচাই আল্লাহৰ ৰাছুল আৰু তেওঁ সত্যবাদী আৰু বিশ্বস্ত; যিজনে মনেসজা কোনো কথা নকয়:

﴿إِنۡ هُوَ إِلَّا وَحۡيٞ يُوحَىٰ ٤﴾ [النجم:4]

“এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্রেৰিত হয়।” [আন-নাজম, আয়াত: ৪]

এতেকে এই ইছলামী দ্বীন আল্লাহ তা‘আলাৰ বাবে তেওঁৰ একত্ব আৰু সাৰ্বিক পৰিপূৰ্ণতাৰ ক্ষেত্ৰত আৰু তেওঁৰ নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাবে ৰিছালত আৰু সত্যবাদিতাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দলীল আৰু মহান সাক্ষী।

মোৰ এই লিখাটোৰ উদ্দেশ্য হ’ল, এই মহান দ্বীনৰ সৌন্দৰ্যৰ নীতিমালাৰ বিৱৰণ সম্পৰ্কে মই যিখিনি জ্ঞান অৰ্জন কৰিছো, সেইটো প্ৰকাশ কৰা। যদিও এই মহান দ্বীনে ইয়াৰ মহত্ব, সৌন্দৰ্য আৰু পৰিপূৰ্ণতাৰ যিসমূহ দিশক অন্তৰ্ভূক্ত কৰে, তাৰ সামান্যতম অংশ প্ৰকাশ কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান-বোধ মোৰ খুবেই সীমিত আৰু ইয়াৰ সৌন্দৰ্য সমূহ বিস্তাৰিত ব্যাখ্যা দূৰৰ কথা, সংক্ষিপ্ত বৰ্ণনা কৰাৰ ক্ষেত্ৰতো মোৰ যোগ্যতা অতি দুৰ্বল; তথাপিও, কোনো মানুহে সকলো খিনি নাজানিলেও অথবা চূড়ান্ত পৰ্যায়ত উপনিত নহলেও সি তাৰ এই অংশবিশেষ নজনাৰ অক্ষমতা আৰু দুৰ্বলতাৰ বাবে সি যিমান খিনি জানে, সিমান খিনি প্ৰকাশ কৰাৰ পৰা বিৰত থকাটো তাৰ বাবে উচিত নহ’ব। কাৰণ, আল্লাহ তা‘আলাই কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো কষ্টদায়ক দায়িত্ব অৰ্পণ নকৰে: আল্লাহ তাআলাই কৈছেঃ

﴿فَٱتَّقُواْ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ﴾ {التغابن: 16}

অৰ্থাৎ- “তোমালোকে যথাসাধ্য আল্লাহৰ তাকৱা অৱলম্বন কৰা।” [ আত-তাগাবুন, আয়াত: ১৬]

আৰু এই জ্ঞান অৰ্জন কৰাৰ মাজত বহু প্ৰকাৰৰ উপকাৰিতা আছে। যেনে:

·    এই শ্ৰেষ্ঠ আৰু মহৎ বিষয়ত আত্মনিয়োগ কৰাটো অন্যতম শ্ৰেষ্ঠ আৰু উত্তম আমলৰ অন্তৰ্ভূক্ত। এই বিষয় সম্পৰ্কে জনা, গৱেষণা কৰা, চিন্তা-চৰ্চা কৰা আৰু সেই সম্পৰ্কে জনা আৰু বুজাৰ বাবে প্ৰত্যেকটো পন্থা অৱলম্বন কৰা বান্দাৰ সাৰ্বিক ব্যস্ততা আৰু কৰ্মকাণ্ডৰ মাজত সৰ্বোত্তম; আৰু আপুনি এই কামত যি সময় ব্যয় কৰিব, সেয়া কেৱল আপোনাৰ কল্যাণৰ বাবে, আপোনাৰ অকল্যাণৰ বাবে নহয়।

·    নিয়ামত বা অনুগ্ৰহসমূহ সম্পৰ্কে জনা আৰু সেই সম্পৰ্কে আলোচনা কৰিবলৈ আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুলে নিৰ্দেশ দিছে; আৰু সেইটো ডাঙৰ সৎকৰ্মৰ অন্তৰ্ভূক্ত। আৰু কোনো সন্দেহ নাই যে, এই বিষয়টো লৈ গৱেষণা কৰা মানেই আল্লাহ ছুবহানাহু অতা‘আলা কৰ্তৃক তেওঁৰ বান্দাসকলক দিয়া নিয়ামত সমূহৰ শ্ৰেষ্ঠ নিয়ামতৰ ক্ষেত্ৰত স্বীকৃতি দিয়া আৰু আলোচনা ও চিন্তা-চৰ্চা কৰা। আৰু সেই নিয়ামত হৈছে: ইছলামী দ্বীন, যাৰ বাহিৰে আল্লাহ তা‘আলাই কোনো ব্যক্তিৰ পৰা আন কোনো দ্বীন গ্ৰহণ নকৰিব। ফলত এই আলোচনাটো হ’ব আল্লাহৰ কৃতজ্ঞতা প্ৰকাশৰ বাবে আৰু এই নিয়ামত বৃদ্ধিৰ আবেদনস্বৰূপ।

·    নিঃসন্দেহে ঈমান আৰু ইয়াৰ পৰিপূৰ্ণতাৰ ক্ষেত্ৰত মানুহৰ মাজত বৰ ডাঙৰ ব্যৱধান আছে। আৰু যেতিয়া কোনো ব্যক্তি এই দ্বীন সম্পৰ্কে বেছি জানিব, তাক বেছি সন্মান কৰিব আৰু তাৰ প্ৰতি অধিক আনন্দিত থাকিব, তেতিয়া ই তাৰ ঈমানক পৰিপূৰ্ণ কৰিব আৰু আস্থা ও বিশ্বাসক অধিক হাৰত বিশুদ্ধ কৰিব। কাৰণ, এই বিষয়টো ঈমানৰ সকলো মূলনীতি আৰু নিয়ম-কানুনৰ স্পষ্ট প্ৰমাণ।

·    দ্বীন ইছলামৰ পিনে আটাইতকৈ ডাঙৰ দাৱাত (আহ্বান) হ’ল ইয়াৰ (ইছলামৰ) যাৱতীয় সৌন্দৰ্য ব্যাখ্যা কৰা, যি সৌন্দৰ্যবোৰ প্ৰত্যেক সুস্থ জ্ঞান আৰু বিবেকসম্পন্ন ব্যক্তিয়েই গ্ৰহণ কৰে।

এতেকে যদি এই দ্বীনৰ ফালে আহ্বান কৰাৰ বাবে এনে কোনো ব্যক্তিবৰ্গ উদ্যোগ গ্ৰহণ কৰে যিসকলে ইয়াৰ হকিকত আৰু তাৎপৰ্য ব্যাখ্যা কৰিব পাৰে আৰু সৃষ্টিৰ ওচৰত ইয়াৰ কল্যাণকৰ দিশসমূহ বৰ্ণনা কৰিব পাৰে, তেন্তে এইটোৱেই সকলোকে এই দ্বীনৰ ফালে আকৃষ্ট কৰাৰ ক্ষেত্ৰত যথেষ্ট হ’ব; কিয়নো, তেতিয়া সিহঁতে এই দ্বীনক ধৰ্মীয় আৰু পাৰ্থিৱ স্বাৰ্থৰ লগত সামঞ্জস্যপূৰ্ণ বুলি প্ৰত্যক্ষ কৰিব আৰু ইয়াৰ বাহ্যিক আৰু অভ্যন্তৰীণ উপযুক্ততা লক্ষ্য কৰিব। এইক্ষেত্ৰত বিৰোধীসকলৰ সন্দেহ দূৰ কৰা আৰু সিহঁতৰ ধৰ্মৰ সমালোচনাৰ উদ্যোগ গ্ৰহণৰ প্ৰয়োজন নহ’ব। কাৰণ, তেতিয়া এই দ্বীন নিজেই ইয়াৰ লগত বিৰোধপূৰ্ণ সকলো সন্দেহ দূৰ কৰি দিব; কাৰণ, এইটোৱেই সুস্পষ্ট বৰ্ণনা আৰু মজবুত বিশ্বাসত পৰিণত কৰাৰ দৰে দলীল-প্ৰমাণাদিৰ দ্বাৰা ব্যাখ্যা কৰা প্ৰকৃত সত্য।

সেয়ে এই দ্বীনৰ আচল চিত্ৰৰ অংশবিশেষ দাঙি ধৰাটোৱে ইয়াক গ্ৰহণ কৰা আৰু আনৰ ওপৰত ইয়াক শ্ৰেষ্ঠ কৰাৰ ক্ষেত্ৰত সৰ্ববৃহৎ ভূমিকা ৰাখিব।

আৰু জানি থওঁক, ইছলামী জীৱনব্যৱস্থাৰ সৌন্দৰ্য সাধাৰণভাৱে তাৰ সকলো মাছআলা, দলীল-প্ৰমাণ আৰু নীতিমালা ও শাখা-প্ৰশাখাত প্ৰমাণিত। ইয়াৰ বাহিৰেও চৰিয়তৰ বিধি-বিধান সংক্ৰান্ত জ্ঞান আৰু আহকামত লগতে সৃষ্টিজাগতিক আৰু সামাজিক জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰতেও ই প্ৰমাণিত। ইয়াত এইবোৰ সম্পূৰ্ণ অধ্যয়ন আৰু পৰ্যবেক্ষণ উদ্দেশ্য নহয়; কাৰণ, এইটো বহলভাৱে আলোচনাৰ প্ৰয়োজন। বৰং ইয়াত উদ্দেশ্য হৈছে, এই দ্বীনৰ এনে কিছুমান উপকাৰী বিষয় আৰু উদাহৰণ উপস্থাপন কৰা, যাৰ দ্বাৰা দ্বীনৰ অন্যান্য সৌন্দৰ্যৰ প্ৰমাণ পোৱা যায় আৰু ইয়াত প্ৰৱেশ কৰিব বিচৰা ইচ্ছুক ব্যক্তিৰ বাবে নতুন দুৱাৰ উন্মোচিত হয়। এনে উদাহৰণসমূহ মূলনীতিমালা আৰু শাখা-প্ৰশাখাৰ লগতে ইবাদত আৰু পাৰস্পৰিক লেনদেন— সকলো ঠাইতে বিস্তৃত।

সেয়ে আমি আল্লাহ তা‘আলাৰ ওচৰত সাহায্যপ্ৰাৰ্থী হৈ আৰু তেওঁৰ ওচৰত এই প্ৰত্যাশাত কওঁ যে, তেওঁ আমাক সঠিক পথ প্ৰদৰ্শন কৰিব, আমাক শিক্ষা দিব আৰু আমাৰ বাবে তেওঁৰ দান আৰু অনুগ্ৰহৰ ভাণ্ডাৰ খুলি দিব, যাৰ দ্বাৰা আমাৰ অৱস্থাৰ উন্নতি হ’ব আৰু আমাৰ কথা আৰু কামসমূহ সঠিক হ’ব:

 প্ৰথম উদাহৰণ

দ্বীন ইছলাম ঈমানৰ সেই মূলনীতিৰ ওপৰত প্ৰতিষ্ঠিত, ইয়াৰ উল্লেখ কৰা হৈছে আল্লাহ তা‘আলাৰ বাণীত:

﴿قُولُوٓاْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا وَمَآ أُنزِلَ إِلَىٰٓ إِبۡرَٰهِ‍ۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ وَيَعۡقُوبَ وَٱلۡأَسۡبَاطِ وَمَآ أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَآ أُوتِيَ ٱلنَّبِيُّونَ مِن رَّبِّهِمۡ لَا نُفَرِّقُ بَيۡنَ أَحَدٖ مِّنۡهُمۡ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ ١٣٦﴾ [سورة البقرة: 136]

“তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি নাযিল হৈছে আৰু যি ইব্রাহীম, ইছমাঈল, ইছহাক, ইয়া‘কূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি নাযিল হৈছে, আৰু যি মূছা, ‘ঈছা আৰু আন আন নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ পৰা দিয়া হৈছে। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো । আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।” [ আল-বাকাৰা, আয়াত: ১৩৬]

০ আল্লাহ তা‘আলা কৰ্তৃক তেওঁৰ বান্দাসকলক প্ৰদান কৰা এই মহান নীতিমালাৰ ওপৰত সকলো নবী আৰু ৰাছুলে একমত পোষণ কৰিছে। আৰু ই সৰ্বোত্তম সৎকৰ্ম আৰু বিশ্বাসসমূহক অন্তৰ্ভূক্ত কৰে। যেনে: আল্লাহ তা‘আলা তেওঁৰ ৰাছুলসকলৰ দ্বাৰা নিজকে যি গুণেৰে গুণান্বিত কৰিছে সেইবোৰৰ প্ৰতি ঈমান আনা আৰু তেওঁৰ পছন্দৰ পথত পৰিচালিত হ’বলৈ সৰ্বাত্মক প্ৰচেষ্টা চলোৱা।

০ এতেকে এইটো এনেকুৱা এক দ্বীন, যাৰ মূল বিষয় হ’ল আল্লাহৰ প্ৰতি ঈমান; আৰু ইয়াৰ ফলাফল হ’ল এনেকুৱা প্ৰত্যেক কামৰ বাবে প্ৰচেষ্টা কৰা, যিটো তেওঁ (আল্লাহ) ভালপায় আৰু পছন্দ কৰে; আৰু সেইটো একনিষ্ঠভাৱে আল্লাহৰ বাবে সম্পাদন কৰা— ইয়াতকৈ সুন্দৰ, মহান আৰু উত্তম কোনো দ্বীন বা জীৱনব্যৱস্থাৰ কল্পনা কৰা যায় নে?

০ আৰু এইটো এনেকুৱা এক দ্বীন, যাৰ নিৰ্দেশ হৈছে নবীসকলক প্ৰদান কৰা সকলো বস্তুৰ প্ৰতি ঈমান আনা; তেওঁলোকৰ ৰিছালাতক বিশ্বাস কৰা; তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি সত্য লৈ আহিছে তাৰ স্বীকৃতি প্ৰদান কৰা আৰু তেওঁলোকৰ মাজত কোনো প্ৰকাৰ পাৰ্থক্য সৃষ্টি নকৰা; আৰু এই স্বীকৃতি দিয়া যে, তেওঁলোক সকলোৱে আল্লাহৰ সত্যবাদী ৰাছুল আৰু তেওঁৰ একনিষ্ঠ বিশ্বস্ত বান্দা— সেই দ্বীনৰ প্ৰতি কোনো ধৰণৰ আপত্তি আৰু প্ৰতিবাদ কৰা অসম্ভৱ।

০ এই দ্বীনে সকলো সত্যৰ নিৰ্দেশ দিয়ে আৰু সকলো প্ৰকাৰ সত্যৰ স্বীকৃতি প্ৰদান কৰে; আল্লাহৰ তৰফৰ পৰা ৰাছুলসকলক প্ৰদান কৰা অহীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দ্বীনি বাস্তৱতা সাব্যস্ত কৰে আৰু স্বভাৱগত, উপকাৰী ও যৌক্তিক বাস্তৱতাক লগত লৈ চলে। আৰু ই কোনো ক্ষেত্ৰতেই কোনো হক বা সত্যক প্ৰত্যাখ্যান নকৰে আৰু কোনো মিছাক সত্যত পৰিণত নকৰে। আৰু ইয়াত কোনো বাতিলৰ প্ৰচলন সফল নহয়। এতেকে এই দ্বীন আন আন সকলো ধৰ্মৰ ওপৰত তদাৰককাৰী আৰু তত্ত্বাৱধায়ক।

এই দ্বীনে সুন্দৰ আমল (কৰ্ম), উত্তম চৰিত্ৰ আৰু জনকল্যাণৰ নিৰ্দেশ দিয়ে আৰু ন্যায়পৰায়ণতা, সন্মান, সম্প্ৰীতি লগতে কল্যাণৰ প্ৰতি উৎসাহিত কৰে; আৰু ই সকলো প্ৰকাৰ অন্যায়-অত্যাচাৰ, সীমালংঘন আৰু দুশ্চৰিত্ৰৰ পৰা সাৱধান কৰে। যিবোৰ পৰিপূৰ্ণ বৈশিষ্ট্যক নবী আৰু ৰাছুলসকলে স্বীকৃতি দিছে, এই দ্বীনে সেই বৈশিষ্ট্য সমূহক স্বীকৃতি দিয়ে আৰু তাক প্ৰতিষ্ঠিত কৰে। যি ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণৰ ফালে কোনো বিধান বা চৰিয়ত আহ্বান কৰে, এই দ্বীন সেইটোৱেই উৎসাহিত কৰে; আৰু প্ৰতিটো অকল্যাণকৰ বিষয়ৰ পৰাই নিষেধ কৰিছে আৰু দূৰত্ব বজায় ৰাখিবলৈ নিৰ্দেশ দিছে।

০ মোঠতে: এই দ্বীনৰ আক্বীদা-বিশ্বাসসমূহ এনেকুৱা যে, ইয়াৰ দ্বাৰা অন্তৰ পৱিত্ৰ হয় আৰু আত্মা পৰিশুদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উত্তম চৰিত্ৰ আৰু সৎকৰ্মৰ সৌন্দৰ্য দৃঢ় হয়।

 দ্বিতীয় উদাহৰণ

ঈমানৰ পিছত ইছলামৰ ডাঙৰ বিধানসমূহ হৈছে: ছালাত (নামাজ) প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ছওম (ৰোজা) পালন কৰা আৰু সন্মানিত ঘৰৰ হজ্জ কৰা।

চৰিয়তৰ এই মহান বিধানসমূহ আৰু ইয়াৰ মহৎ উপকাৰিতা সম্পৰ্কে চিন্তা কৰকচোন। এই বিধি-বিধানৰ দাবী স্বৰূপ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে চেষ্টা-সাধনা আৰু ইয়াৰ প্ৰতিদান স্বৰূপ ইহকালীন আৰু পৰকালীন সফলতা লৈ চিন্তা কৰক।

০ ছালাতৰ মাজত যি আছে, তাক লৈ চিন্তা কৰক। ইয়াত আছে আল্লাহৰ বাবে ইখলাছ বা একনিষ্ঠতা, তাৰ প্ৰতি পৰিপূৰ্ণ মনোযোগ, প্ৰশংসা, দুআ বা প্ৰাৰ্থনা, বিনয়। ঈমানৰ বৃক্ষৰ ক্ষেত্ৰত ইযাৰ গুৰুত্ব যেনে বাগিচাৰ ক্ষেত্ৰত পানী সিঁচি দিয়াৰ দৰে। দিনে-ৰাতি যদি বাৰে বাৰে ছালাতৰ ব্যৱস্থা নাথাকিলেহেঁতেন, তেন্তে ঈমানৰ এই বৃক্ষ শুকাই গলেহেঁতেন আৰু ইয়াৰ কাঠ বিবৰ্ণ হৈ গলেহেঁতেন; কিন্তু ছালাতৰ বিভিন্ন ইবাদতৰ বাবেই ঈমানৰ এই গছ উন্নত হয় আৰু নতুনত্ব লাভ কৰে।

ইয়াৰ বাহিৰেও ছালাতৰ অন্তৰ্ভূক্ত নানা বিষয়ৰ প্ৰতি লক্ষ্য কৰক; যেনে: আল্লাহৰ জিকিৰ আৰু স্মৰণত মগ্ন থকা— যিটো সবাতোকৈ মহান আৰু শ্ৰেষ্ঠ। অথবা চাওঁক: ছালাত সকলো প্ৰকাৰ অশ্লীল আৰু অন্যায় কামৰ পৰা বিৰত ৰাখে।

০ এতিয়া যাকাতৰ তাৎপৰ্যৰ প্ৰতি লক্ষ্য কৰক আৰু লক্ষ্য কৰক ইয়াৰ মাজত থকা সন্মানজনক চৰিত্ৰক স্বভাৱ হিচাপে গ্ৰহণৰ যি বিষয় আছে সেই ফালে; যেনে: দানশীলতা, উদাৰতা, কৃপণতাৰ স্বভাৱৰ পৰা দূৰৈত থকা, আল্লাহে তাক যি নিয়ামত দান কৰিছে, সেই বাবে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ধন-সম্পদক বাহ্যিক আৰু অভ্যন্তৰীণ প্ৰতিবন্ধকতাৰ পৰা হিফাজত (সুৰক্ষিত) কৰা। ইয়াৰ বাহিৰেও যাকাতত আৰু যি আছে, সেয়া হ’ল: সৃষ্টিৰ প্ৰতি ইহছান তথা সদ্ব্যৱহাৰ কৰা, অভাৱগ্ৰস্তসকলৰ সাহায্য কৰা আৰু যাকাতৰ প্ৰতি মুখাপেক্ষীসকলৰ সকলো কল্যাণকৰ প্ৰয়োজন পূৰ্ণ কৰা।

যাকাতত আছে অভাৱগ্ৰস্তসকলৰ অভাৱ পূৰণৰ ব্যৱস্থা; আৰু আছে জিহাদ আৰু মুছলিমসকলৰ প্ৰয়োজনীয় সাৰ্বিক কল্যাণকৰ কামৰ বাবে সহযোগিতা; আৰু আছে দৰিদ্ৰ আৰু দৰিদ্ৰৰ অভাৱ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা; লগতে আছে আল্লাহৰ বিনিময়ৰ প্ৰতি আস্থা, তেওঁ প্ৰতিদানৰ প্ৰত্যাশা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস স্থাপন।

০ আৰু চওম (ৰোজা) পালনৰ মাজত আছে আল্লাহৰ ভালপোৱা আৰু নৈকট্য লাভৰ আশাত ব্যক্তিৰ মনৰ পৰা তাৰ প্ৰিয়বস্তু ত্যাগ কৰাৰ অনুশীলন আৰু মনক প্ৰচণ্ড ইচ্ছা আৰু ধৈৰ্যশক্তি সম্পন্ন হোৱাৰ অভ্যস্ত কৰা।

এনে কৰিলে ইখলাছ বা একনিষ্ঠতা শক্তিশালী হয় আৰু নফছৰ মুহাব্বতৰ ওপৰত তেওঁৰ (আল্লাহৰ) মুহাব্বত বাস্তবায়ন হয়। আৰু এই বাবেই চওম একান্তভাৱে আল্লাহৰ বাবে কৰা হয়, তেওঁ সকলো আমলৰ মাজৰ পৰা ইয়াক নিজৰ বাবে বিশেষভাৱে নিৰ্দিষ্ট কৰি লৈছে।

০ আৰু হজ্জৰ মাজত যিবোৰ বিষয় আছে, তাৰ মাজত উল্লেখযোগ্য হ’ল: সম্পদ ব্যয় কৰা, কষ্ট সহ্য কৰা আৰু ইয়াক আল্লাহৰ সন্তুষ্টিৰ বাবে দুৰ্গম আৰু কষ্টসাধ্য কামৰ উদ্যোগ গ্ৰহণ কৰা; তেওঁৰ ওচৰত হাজিৰ হোৱা; তেওঁৰ ঘৰৰ চোতালত তেওঁৰ ওচৰত অনুনয়-বিনয় কৰা আৰু বিভিন্ন প্ৰকাৰ ইবাদতৰ দ্বাৰা তেওঁৰ দাসত্ব কৰা এনেকুৱা পৱিত্ৰ স্থানসমূহত যিবোৰ আল্লাহ তা‘আলা তেওঁৰ বান্দা আৰু তেওঁৰ ঘৰৰ অতিথিসকলৰ বাবে দস্তৰখানৰূপে সম্প্ৰসাৰিত কৰিছে।

আৰু ইয়াত আছে আল্লাহৰ প্ৰতি সন্মান আৰু পৰিপূৰ্ণ বিনয় প্ৰদৰ্শন; নবী-ৰাছুল আৰু আল্লাহৰ একনিষ্ঠ ও পৰিশুদ্ধ বান্দাসকলৰ অৱস্থা স্মৰণ আৰু তেওঁলোকৰ প্ৰতি ঈমানক সুদৃঢ়কৰণ আৰু তেওঁলোকৰ মুহাব্বতক দৃঢ় কৰি তোলা।

আৰু ইয়াৰ মাজত আৰু আছে: মুছলিম সম্প্ৰদায়ৰ পাৰস্পৰিক পৰিচিতি; তেওঁলোকৰ মাজত একতা গঠনৰ চেষ্টাসাধনা আৰু সিহঁতৰ বিশেষ আৰু সাধাৰণ স্বাৰ্থৰ বিষয়ে ঐক্যমত পোষণ কৰা। ইয়াৰ বাহিৰেও ইয়াৰ আৰু বহুত সৌন্দৰ্য আছে যিবোৰ গণনা কৰি শেষ কৰা সম্ভৱ নহয়। এতেকে হজ্জ হৈছে দ্বীনৰ অন্যতম মহান সৌন্দৰ্যপূৰ্ণ বিষয় আৰু মুমিনসকলৰ অৰ্জিত ডাঙৰ উপকাৰী বস্তু। এই বিষয়ে এইটো এটা সংক্ষিপ্ত মনোযোগ আকৰ্ষণ।

 তৃতীয় উদাহৰণ

চৰিয়ত প্ৰৱৰ্তক ঐক্যবদ্ধ আৰু জোটবদ্ধভাৱে থকাৰ বাধ্যবাধকতাৰ বিষয়ে যি নিৰ্দেশ দিছে আৰু উৎসাহিত কৰিছে আৰু বিচ্ছিন্নভাৱে থকা ও মতবিৰোধ কৰাৰ পৰা যি নিষেধ আৰু সতৰ্ক কৰিছে সেই সম্পৰ্কে আলোচনা।

০ এই মহান মূলনীতিটোৰ বিষয়ে কোৰআন আৰু ছুন্নাহত বহুত প্ৰমাণ আছে।

আৰু ন্যূনতম বিবেক-বুদ্ধি থকা প্ৰত্যেক ব্যক্তিই জানে যে, এই নিৰ্দেশৰ উপকাৰিতা আৰু ইয়াৰ ওপৰত যিবোৰ ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণসমূহ বিন্যস্ত হয় আৰু ইয়াৰ দ্বাৰা যাৱতীয় ক্ষতিকাৰক আৰু বিশৃঙ্খলাপূৰ্ণ বিষয়সমূহ দূৰ হয়।

০ আৰু এই কথাও অস্পষ্ট নহয় যে, সত্যৰ ওপৰত প্ৰতিষ্ঠিত অভ্যন্তৰীণ শক্তি এই মূলনীতিৰ ওপৰতেই আৱৰ্তিত হয়।

মুছলিমসকল ইছলামৰ আৰম্ভনিত এনে দ্বীনৰ দৃঢ়তা আৰু অৱস্থাৰ যথাৰ্থতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল বুলি জনা যায়, য’ত তেওঁলোকৰ বাহিৰে মান-সন্মানৰ এই পৰ্যায়ত আন কোনোৱে উপনীত হ’ব পৰা নাই। কিয়নো তেওঁলোকে এই মূলনীতিক খামুচি ধৰিছিল আৰু প্ৰচণ্ড আস্থা আৰু বিশ্বাসৰ সৈতে ইয়াক যথাযথভাৱে প্ৰতিষ্ঠিত কৰিছিল যে, ই তেওঁলোকৰ দ্বীনৰ প্ৰাণ।

ইয়াৰ বৰ্ণনা আৰু ব্যাখ্যা আৰু বহুত বৃদ্ধি পাব তলৰ উদাহৰণত:

 চতুৰ্থ উদাহৰণ

ইছলাম যি সম্প্ৰীতি, বৰকত (প্ৰবৃদ্ধি) আৰু ইহছান (অনুগ্ৰহ)ৰ দ্বীন আৰু ই যে মানৱজাতিৰ উপকাৰত উৎসাহিত কৰে সেই সম্পৰ্কে আলোচনা।

এই দ্বীন বা জীৱনব্যৱস্থা সম্প্ৰীতি, উত্তম লেনদেন, আনৰ উপকাৰৰ প্ৰতি আহ্বান আৰু এইবোৰৰ বিপৰীত সকলো কৰ্মকাণ্ডৰ পৰা নিষেধ কৰাৰ দৰে যি নীতিমালাৰ ওপৰত প্ৰতিষ্ঠিত, সেইবোৰেই ইয়াক যুলুম-নিৰ্যাতন, সীমালংঘন, দুৰ্নীতি আৰু অন্ধকাৰৰ মাজত প্ৰদীপ্ত আলো হিচাপে পৰিণত কৰিছে।

০ এই বাবেই এই দ্বীন সম্পৰ্কে জনাৰ আগতে যিসকলে ইয়াৰ ঘোৰ শত্ৰু আছিল, এই দ্বীনে সিহঁতৰ হৃদয়ক আকৃষ্ট কৰি তুলিছে, অৱশেষত সিহঁতে ইয়াৰ ছায়াময় ছাঁৰ তলত আশ্ৰয় গ্ৰহণ কৰিছে।

আৰু ই এনেকুৱা দ্বীন, যিয়ে তাৰ অনুসাৰীসকলৰ ওপৰত সহনুভূতিশীল। ফলত সিহঁতৰ অন্তৰৰ পৰা সহানুভূতি, ক্ষমা আৰু অনুগ্ৰহ সঞ্চালিত হয় তেওঁলোকৰ কথাত আৰু কামত; আৰু এইবোৰ গুণাৱলীৰ প্ৰভাৱ ইয়াৰ শত্ৰুসকলৰ ওপৰতো বিস্তৃত হয়, অৱশেষত সিহঁত এই দ্বীনৰ পৰম বন্ধুত পৰিণত হৈছে। সেয়ে সিহঁতৰ মাজৰ পৰা কোনো কোনোৱে উত্তম দৃষ্টিভঙ্গি আৰু প্ৰচণ্ড আবেগ লৈ এই দ্বীনত প্ৰৱেশ কৰিছে; আকৌ সিহঁতৰ কোনো কোনোৱে ইয়াৰ প্ৰতি বিনয় প্ৰকাশ কৰে, ইয়াৰ বিধানসমূহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু তাৰ নিজ ধৰ্মৰ বিধানাৱলীৰ ওপৰত সেইবোৰক মৰ্যাদা দিছে; কাৰণ, এই দ্বীনতেই আছে প্ৰকৃত ন্যায়পৰায়ণতা আৰু সহানুভূতি।

 পঞ্চম উদাহৰণ

ইছলাম যে দ্বীনুল হিকমাহ (প্ৰজ্ঞাপূৰ্ণ দ্বীন), দ্বীনুল ফিতৰাহ (স্বভাৱগত-দ্বীন) আৰু বিবেক, সততা আৰু সফলতাৰ দ্বীন সেই সম্পৰ্কে আলোচনা।

০ এই মূলনীতিৰ ব্যাখ্যা হৈছে: এই দ্বীনৰ মূলনীতি আৰু শাখা-প্ৰশাখা সংশ্লিষ্ট যিবোৰ বিধানাৱলীক অন্তৰ্ভূক্ত কৰে, সেইবোৰক স্বভাৱ-প্ৰকৃতি আৰু বিবেক-বুদ্ধিয়ে গ্ৰহণ কৰে আৰু সত্য ও বাস্তৱতাৰ অনুসাৰী ব্যক্তি ইয়াক মানি লয়; আৰু এই দ্বীনে যিবোৰ বিধি-বিধান আৰু সুন্দৰ ব্যৱস্থাপনাক অন্তৰ্ভূক্ত কৰে, সেয়া প্ৰত্যেক সময় আৰু স্থান বা অঞ্চলৰ বাবে উপযুক্ত।

ইয়াৰ সকলো তথ্য সঠিক আৰু সত্য। অতীতত বা বৰ্তমান সময়তো এনে কোনো জ্ঞানৰ আগমন ঘটা নাই আৰু এনে হোৱাটোও অসম্ভৱ, যি ইয়াক খণ্ডন কৰিব পাৰে অথবা ইয়াক মিছা প্ৰমাণ কৰিব পাৰে; বৰং সকলো প্ৰকাৰ বাস্তৱ জ্ঞান ইয়াক শক্তিশালী কৰে আৰু সমৰ্থন প্ৰদান কৰে; আৰু এইটো ইয়াৰ সত্যতাৰ প্ৰতি ডাঙৰ প্ৰমাণ।

০ ন্যায়পৰায়ণ বিশ্লেষকসকলে বিশ্লেষণ কৰিছে যে, প্ৰত্যেক উপকাৰী জ্ঞান, ধৰ্মীয়, পাৰ্থিৱ বা ৰাজনৈতিক, সেইবোৰৰ বিষয়ে আল-কোৰআনৰ সন্দেহমুক্ত দিশ নিৰ্দেশনা আছে।

এতেকে ইছলামৰ চৰিয়তত বা নিয়ম-কানুনৰ মাজত এনেকুৱা একো নাই, যিটোক বিবেক-বুদ্ধিয়ে অসম্ভৱ বুলি ভাৱে; বৰং ইয়াৰ মাজত এনেকুৱা বিধানাৱলী আছে, প্ৰখৰ যুক্তি-বুদ্ধিয়ে ইয়াৰ সত্যতা, উপকাৰিতা আৰু যথাৰ্থতাৰ বিষয়ে সাক্ষ্য প্ৰদান কৰে।

এইদৰে ইয়াৰ সকলো আদেশ আৰু নিষেধ ন্যায় আৰু ইনচাফপূৰ্ণ, তাত কোনো ধৰণৰ অন্যায় নাই। ইয়াৰ যিকোনো আদেশ নিৰ্ভেজাল কল্যাণ অথবা অগ্ৰধিকাৰ পোৱাৰ উপযোগী কল্যাণ; আৰু ইয়াৰ প্ৰত্যেক নিষেধেই কেৱল এনেকুৱা বস্তু বা বিষয়ৰ পৰা, যিটো নিৰ্ভেজাল অকল্যাণকৰ অথবা যাৰ মাজত উপকাৰতকৈ ক্ষতিৰ পৰিমান বেছি।

আৰু যেতিয়াই কোনো বুদ্ধিমান ব্যক্তি ইয়াৰ বিধানসমূহ লৈ চিন্তা-ভাবনা কৰিব, তেতিয়া এই মূলনীতিৰ প্ৰতি তাৰ ঈমান বা বিশ্বাস আৰু আস্থা বৃদ্ধি পাব আৰু সি জানিব পাৰিব যে, ই আল্লাহ তা‘আলাৰ তৰফৰ পৰা অৱতীৰ্ণ, যিজন প্ৰজ্ঞাময়, প্ৰশংসিত।

 ষষ্ঠ উদাহৰণ

এই দ্বীনত জিহাদৰ নিৰ্দেশ আছে, এইদৰে যাৱতীয় সৎকৰ্মৰ নিৰ্দেশ আৰু সকলো ধৰণৰ অসৎকৰ্মৰ পৰা নিষেধৰ নিৰ্দেশ আছে, সেই সম্পৰ্কে আলোচনা।

নিশ্চয় যি জিহাদ এই দ্বীনে আনিছে, তাৰ উদ্দেশ্য হ’ল, এই দ্বীনৰ অধিকাৰৰ প্ৰতি সীমালঙ্ঘনকাৰী সকলৰ আৰু ইয়াৰ দাৱাত প্ৰত্যাখ্যানকাৰী সকলৰ সীমালঙ্ঘন প্ৰতিৰোধ কৰা।

আৰু এইটোৱেই জিহাদৰ প্ৰকাৰসমূহৰ মাজত সৰ্বোত্তম; ইয়াৰ দ্বাৰা কোনো লোভ-লালসা, কামনা-বাসনা আৰু ব্যক্তিগত স্বাৰ্থ অৰ্জনৰ উদ্দেশ্য কৰা হোৱা নাই।

আৰু যি ব্যক্তি এই মূলনীতিৰ দলীলসমূহৰ ফালে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ছাহাবাসকলে তেওঁলোকৰ শত্ৰুৰ লগত আচৰণৰ বিৱৰণৰ ফালে দৃষ্টি দিব, সি নিসন্দেহে জানিবলৈ পাব যে, জিহাদ অত্যাৱশ্যকীয় প্ৰয়োজনীয় বিষয়সমূহৰ মাজত অন্যতম আৰু সীমালংঘনকাৰী সকলৰ সীমালঙ্ঘন প্ৰতিৰোধ কৰাৰ অন্যতম উপায়।

০ সৎকৰ্মৰ নিৰ্দেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ বিষয়টোও অনুৰূপ। কিয়নো, তেতিয়া লৈকে এই দ্বীন সঠিকভাৱে প্ৰতিষ্ঠিত নাথাকিব, যেতিয়া লৈকে ইয়াৰ অনুসাৰী সকলে ইয়াৰ মূলনীতি আৰু বিধানসমূহৰ ওপৰত সুপ্ৰতিষ্ঠিত নাথাকিব; যথাৰ্থতাৰ শীৰ্ষত থকা প্ৰমাণিত নিৰ্দেশনাৱলী মানি চলিব আৰু অকল্যাণকৰ আৰু বিশৃঙ্খলাপূৰ্ণ নিষিদ্ধ কৰ্মকাণ্ডৰ পৰা আঁতৰত থাকিব।

আৰু ইয়াৰ অনুসাৰীসকল এই বাবেও এই (জিহাদ, সৎকামৰ আদেশ আৰু অসৎকামৰ নিষেধ) কামত সদায় মনোযোগ দিব, যাতে তেওঁলোকৰ কোনোৱেই কোনো অবৈধ কামত লিপ্ত হোৱাৰ পৰা আৰু সাধ্যৰ আলোকত অৰ্পিত আৱশ্যকীয় কৰ্তব্য পালনৰ পৰা অক্ষমতা প্ৰকাশ কৰি তেওঁলোকৰ অত্যাচাৰী মনক অলঙ্কৃত কৰিবলৈ নাপায়।

আৰু পৰিৱেশ-পৰিস্থিতি অনুযায়ী আদেশ আৰু নিষেধৰ বাহিৰে এই কাৰ্যক্ৰম পূৰ্ণতা লাভ কৰিব নোৱাৰিব; আৰু এইটো এই দ্বীনৰ মহান সৌন্দৰ্যৰ অন্তৰ্ভূক্ত আৰু দ্বীন প্ৰতিষ্ঠাৰ বাবে আৱশ্যকীয় উপাদানসমূহৰ মাজত অন্যতম প্ৰধান উপাদান বুলি বিবেচিত। যেনেকৈ ইয়াৰ মাজত আছে ইয়াৰ অনুসাৰী সকলৰ মাজত যিসকলে বক্ৰতা অৱলম্বন কৰে সিহঁতক পুনৰ গঠন আৰু সুশৃঙ্খল কৰা; সিহঁতৰ পৰা দুষ্কৰ্মৰ গুৰি তুলি দিয়া আৰু সিহঁতৰ ওপৰত ভাল কামৰ দায়িত্ব অৰ্পন কৰা।

আৰু সিহঁতে দ্বীনক কৰ্তব্য হিচাপে গ্ৰহণ কৰা, ইয়াৰ আওতাধীন থকা আৰু ইয়াৰ নিয়ম-কানুন মনাৰ বিষয়টো নিজ ইচ্ছাই মানি লোৱাৰ পিছত, যেনেকৈ ইচ্ছা চলিব এই ধৰণৰ অবাধ-স্বাধীনতা প্ৰদান কৰা সিহঁতৰ নিজৰ ওপৰত আৰু সমাজৰ ওপৰত ডাঙৰ অন্যায়-অত্যাচাৰৰ অন্তৰ্ভূক্ত; বিশেষকৈ চৰিয়ত, যুক্তি আৰু প্ৰথাৰ মাধ্যমত স্বীকৃত আৱশ্যকীয় অধিকাৰসমূহ খৰ্ব কৰাৰ অন্তৰ্ভূক্ত হ’ব।

 সপ্তম উদাহৰণ

কিনা-বেচা, ইজাৰা, যৌথ কাৰবাৰ আৰু বিভিন্ন প্ৰকাৰ লেনদেন, যাতে মানুহৰ মাজত নগদ, বাকি, লাভ আৰু লোকচানত বিভিন্ন পণ্যৰ আদান-প্ৰদান হয়, ইয়াৰ বৈধতা সম্পৰ্কে চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

পূৰ্ণাঙ্গ চৰিয়ত এই প্ৰকাৰৰ লেনদেন আৰু সকলো বান্দাৰ বাবে ইয়াৰ বৈধতা লৈ আহিছে; কাৰণ, ই আৱশ্যকীয়, প্ৰয়োজনীয় আৰু পৰিপূৰ্ণতাৰ স্বাৰ্থ সংশ্লিষ্ট সকলো কল্যাণকৰ বিষয়ক অন্তৰ্ভূক্ত কৰে; আৰু এইবোৰ বান্দাৰ কৰ্মসংস্থানৰ ব্যৱস্থা কৰে আৰু ইয়াৰ দ্বাৰা সিহঁতৰ কৰ্মকাণ্ড আৰু সাৰ্বিক অৱস্থাৰ উন্নতি হয়; আৰু সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত হয় সিহঁতৰ জীৱন ব্যৱস্থা।

আৰু চৰিয়তে এই সকলো বস্তুৰ বৈধতাৰ বাবে যিবোৰ চৰ্ত আৰোপ কৰিছে তাৰ মাজত আছে, উভয় পক্ষৰ পৰা সন্মতি, জানি-বুজি চুক্তি কৰা, চুক্তিকৃত বস্তু সম্পৰ্কে জনা, চুক্তিৰ বিষয়বস্তু আৰু ইয়াক কেন্দ্ৰ কৰি বিন্যস্ত চৰ্তাৱলী সম্পৰ্কে জনা।

আৰু এনে প্ৰত্যেক প্ৰকাৰৰ চুক্তিৰ পৰা নিষেধ কৰিছে, যাৰ মাজত ক্ষতি আৰু অন্যায় আছে; যেনে: সকলো প্ৰকাৰ জুৱা, সুদ আৰু অস্পষ্টতা।

এতেকে যি ব্যক্তি চৰিয়ত ভিত্তিক লেনদেনৰ চিন্তা-ভাবনা কৰিব, সেই ব্যক্তি দেখিবলৈ পাব যে, এইটো দুনিয়া আৰু আখিৰাত উভয়ৰ বাবে উপযোগী হোৱাৰ লগত সংশ্লিষ্ট। আৰু সি সাক্ষ্য দিব যে, এইটো আল্লাহৰ অসীম ৰহমত আৰু পৰিপূৰ্ণ হিকমত; কিয়নো তেৱেঁই তেওঁৰ বান্দাসকলৰ বাবে সকলো ধৰণৰ পৱিত্ৰ উপাৰ্জন, খাদ্যদ্ৰব্য, পানীয় আৰু স্পষ্ট বিধিবদ্ধ মুনাফা লাভৰ পদ্ধতিসমূহক বৈধ কৰিছে।

 অষ্টম উদাহৰণ

যাৱতীয় পৱিত্ৰ খাদ্যদ্ৰব্য, পানীয়, পোছাক-পৰিচ্ছদ, বিবাহ ইত্যাদিৰ বৈধতা সম্পৰ্কে চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

০ প্ৰত্যেক পৱিত্ৰ উপকাৰী বস্তুক চৰিয়ত প্ৰৱৰ্তকে বৈধ বুলি ঘোষণা কৰিছে; যেনে: বিভিন্ন শ্ৰেণীৰ খাদ্যশস্য, ফলমূল, সাধাৰণভাৱে সামুদ্ৰিক প্ৰাণী আৰু (বিশেষ বিশেষ) স্থল প্ৰাণী(ৰ মাংস); আৰু প্ৰত্যেক অপৱিত্ৰ বস্তু। যিটো দ্বীনৰ বাবে, অথবা বিবেকৰ বাবে, অথবা শৰীৰৰ বাবে অথবা ধন-সম্পদৰ বাবে ক্ষতিকাৰক সেইবোৰৰ পৰা নিষেধ কৰিছে ।

এতেকে তেওঁ যি বৈধ কৰিছে, সেয়া তেওঁৰ অনুগ্ৰহ আৰু তেওঁৰ দ্বীনৰ সৌন্দৰ্যৰ কাৰণেই কৰিছে আৰু তেওঁ যি নিষেধ কৰিছে, সেয়াও তেওঁৰ অনুগ্ৰহৰ কাৰণেই কৰিছে; কিয়নো তেওঁ সিহঁতক এনে বস্তুৰ পৰা বাৰণ কৰিছে, আৰু এই নিষেধাজ্ঞা তেওঁৰ দ্বীনৰ সৌন্দৰ্যৰ বাবেই। কাৰণ সৌন্দৰ্যৰ বিষয়টো হিকমত, উপযোগিতা আৰু ক্ষতিকাৰক বস্তুৰ পৰা ৰক্ষা কৰাৰ লগত সংশ্লিষ্ট।

০ এইদৰে বিবাহৰ ক্ষেত্ৰত যি বৈধ কৰিছে সেয়া হ’ল: এজন বান্দা তাৰ পছন্দ অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীকৈ নাৰীক বিবাহ কৰিব পাৰিব; কাৰণ, তাত উভয় পক্ষৰ বাবে কল্যাণ আছে, আৰু আছে উভয় পক্ষৰ পৰা ক্ষতি দূৰিকৰণৰ ব্যৱস্থা।

আৰু তেওঁ এজন ব্যক্তিৰ বাবে চাৰিজনী স্বাধীন নাৰীৰ বেছি একত্ৰিত কৰাক অবৈধ বুলি ঘোষণা কৰিছে। কাৰণ, তাত যুলুম-নিৰ্যাতন আৰু বে-ইনছাফিৰ আশঙ্কা থাকে।

ইয়াৰ পিছতো তেওঁ যুলুম-নিৰ্যাতনৰ আশঙ্কাৰ ক্ষেত্ৰত আৰু দাম্পত্য জীৱনত আল্লাহৰ বিধান কায়িম কৰা অসমৰ্থ হোৱাৰ ক্ষেত্ৰত এজনী স্ত্ৰীৰ মাজতেই সীমাবদ্ধ থাকিবলৈ উৎসাহিত কৰিছে; যাতে (যুলুম বন্ধ কৰাৰ) উদ্দেশ্য অৰ্জন হয়।

০ আৰু যেনেকৈ বিবাহ সৰ্বশ্ৰেষ্ঠ নিয়ামত আৰু অতি জৰুৰী বিষয়সমূহৰ মাজত অন্যতম বিবেচিত, তেনেকৈ মানুহৰ দাম্পত্য জীৱনত সূখ-শান্তি নহ’লে, কষ্টসাধ্য অৱস্থাত পতিত হ’লে, আৰু সুস্থভাৱে জীৱনযাপন কৰা সমস্যা হ’লে তালাকৰ বৈধতা দিয়া হৈছে।

﴿ وَإِن يَتَفَرَّقَا يُغۡنِ ٱللَّهُ كُلّٗا مِّن سَعَتِهِۦۚ﴾ [سورة النساء: 130]

“যদি সিহঁত পৰস্পৰ পৃথক হৈ যায়, তেন্তে আল্লাহ তেওঁৰ প্ৰচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব।” [ আন-নিছা, আয়াত: ১৩০]

 নৱম উদাহৰণ

আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুল মানৱজাতিৰ বাবে পৰস্পৰৰ মাজত সততা, কল্যাণ, অনুগ্ৰহ, ন্যায়পৰায়ণতা, ন্যায়বিচাৰ আৰু যুলুম বৰ্জিত যিবোৰ অধিকাৰক বিধিবদ্ধ কৰিছে, সেই প্ৰসঙ্গত আলোচনা।

যেনে সেই অধিকাৰসমূহ, যিবোৰ তেওঁ বাধ্যতামূলক আৰু বিধিবদ্ধ কৰিছে পিতৃ-মাতৃ, সন্তান-সন্তুতি, আত্মীয়-স্বজন, প্ৰতিবেশী, সঙ্গী-সাৰথী, লেনদেনকাৰী সকল আৰু প্ৰত্যেক স্বামী-স্ত্ৰীৰ বাবে।

আৰু ইয়াৰ প্ৰত্যেকটোৱেই অত্যাৱশ্যকীয় আৰু পূৰ্ণতাদানকাৰী অধিকাৰ, যিবোৰক স্বভাৱ-প্ৰকৃতি আৰু সুস্থ বিবেকে উত্তম বুলি বিবেচনা কৰে; আৰু ইয়াৰ দ্বাৰাই পৰস্পৰৰ একতা পূৰ্ণতা লাভ কৰে। আৰু হকদাৰৰ অৱস্থা আৰু মৰ্যাদাৰ আলোকত সকলো প্ৰকাৰ কল্যাণ আৰু উপকাৰ পৰস্পৰ আদান-প্ৰদান কৰা হয়।

আৰু যেতিয়াই আপুনি ইয়াৰ বিষয়ে চিন্তা-চৰ্চা কৰিব, তেতিয়াই আপুনি তাত দেখিবলৈ পাব কল্যাণ আৰু বেয়া বা অকল্যাণৰ অনুপস্থিতি; আৰু তাত পাব সাধাৰণ আৰু বিশেষ উপকাৰিতা, বন্ধুত্ব আৰু পৰিপূৰ্ণ ঘনিষ্ঠতা; যিয়ে আপোনাক সাক্ষী কৰে যে, এই চৰিয়ত উভয় জগতৰ সৌভাগ্যৰ দায়িত্বশীল।

আপুনি তাত আৰু লক্ষ্য কৰিব যে, এই অধিকাৰসমূহ স্থান, কাল, পৰিৱেশ-পৰিস্থিতি আৰু সামাজিক প্ৰথাৰ লগত খোজ মিলাই চলিছে আৰু ইয়াক দেখিবলৈ পাব সকলো প্ৰকাৰ কল্যাণৰ নিয়ামক শক্তি হিচাপে, তাত অৰ্জিত হ’ব ধৰ্মীয় আৰু পাৰ্থিৱ কাৰ্যক্ৰমৰ বিষয়ে পৰিপূৰ্ণভাৱে পাৰস্পৰিক সহযোগিতা, লৈ আহিব মান-মৰ্যাদা আৰু দূৰ কৰিব সকলো প্ৰকাৰ শত্ৰুতা আৰু হিংসা-বিদ্বেষ।

আৰু এইবোৰ বিষয় কেৱল চৰিয়তৰ মৌলিক উৎস আৰু মূলৰ সাৰ্বিক পৰ্যালোচনা আৰু আতিগুৰিমাৰি অধ্যয়ন কৰাৰ দ্বাৰাই বুজা যাব।

 দশম উদাহৰণ

মৃত্যুৰ পিছত ধন-সম্পদ আৰু উত্তৰাধিকাৰসত্ব স্থানান্তৰ আৰু উত্তৰাধিকাৰী সকলৰ মাজত ধন-সম্পদ বণ্টনৰ পদ্ধতি সম্পৰ্কে চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

আৰু আল্লাহ তা‘আলাই তেওঁৰ বাণীৰ দ্বাৰা ইয়াৰ তাৎপৰ্যৰ ফালে ইঙ্গিত দিছে; তেওঁ কৈছে:

﴿لَا تَدۡرُونَ أَيُّهُمۡ أَقۡرَبُ لَكُمۡ نَفۡعٗاۚ﴾ [سورة النساء: 11]

“উপকাৰৰ ক্ষেত্ৰত কোন তোমালোকৰ নিকটতম, সেয়া তোমালোকে নাজানা।” [ আন-নিছা, আয়াত: ১১]

এতেকে আল্লাহ তা‘আলা নিজেই সম্পদৰ বণ্টন-পদ্ধতি প্ৰণয়ন কৰিছে, কাৰ উপকাৰ বান্দাৰ অধিক নিকটতম, বান্দাই স্বভাৱিকতে তাৰ সম্পদ কাৰ ওচৰত পৌঁছাবলৈ পছন্দ কৰে, আৰু কোনে তাৰ সদ্ব্যৱহাৰ আৰু অনুগ্ৰহ পোৱাৰ বেছি উপযুক্ত, সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁ ইয়াৰ বিন্যাস কৰিছে। আৰু এই ধাৰাবাহিক বিন্যাসক সৌন্দৰ্যৰ বহিঃপ্ৰকাশ বুলি প্ৰতিটো সুস্থ বিবেকেই সাক্ষ্য প্ৰদান কৰে। আৰু তেওঁ যদি এই কামৰ দায়িত্ব জনগণৰ মতামত, সিহঁতৰ ধাৰণা আৰু ইচ্ছাৰ ওপৰত ন্যস্ত কৰিলেহেঁতেন, তেন্তে ইয়াৰ কাৰণে ত্ৰুটি-বিচ্যুতি, বিশৃঙ্খলা, অব্যৱস্থাপনা আৰু এনে অপছন্দনীয় মনোনয়ন সৃষ্টি হলেহেঁতেন, যিটো বিশৃঙ্খলা আৰু নৈৰাজ্য সদৃশ।

০ আৰু চৰিয়ত প্ৰৱৰ্তকে বান্দাৰ বাবে নিয়ম কৰি দিছে যে, সি ইচ্ছা কৰিলে সৎকৰ্ম আৰু তাকৱা (আল্লাহ ভীতিৰ) দৃষ্টিকোণৰ পৰা তাৰ সম্পদৰ পৰা কিছু অংশ এনে ঠাইত অছিয়ত কৰিব, যিটো তাৰ আখিৰাতৰ জীৱনত উপকাৰ কৰিব। আৰু তেওঁ এই ক্ষেত্ৰত চৰ্তাৰোপ কৰিছে যে, অছিয়তকাৰী সম্পদৰ এক তৃতীয়াংশ অথবা তাতকৈ কম অংশ, উত্তৰাধিকাৰী নোহোৱা এনে ব্যক্তিৰ বাবে অছিয়ত কৰিব; যাতে সম্পদ, যিটো আল্লাহে মানুহৰ বাবে জীৱন-যাপনৰ মাধ্যম হিচাপে নিৰ্ধাৰণ কৰিছে, সেইটো এটা খেলা-ধুলাৰ বস্তুত পৰিণত নহয়, নিৰ্বোধ আৰু কম ধৰ্মীয় চেতনাবোধসম্পন্ন লোকে দুনিয়াৰ পৰা বিদায় লোৱাৰ সময়ত যি ধৰণৰ আচৰণ কৰে। কিন্তু সিহঁতৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অৱস্থাত সিহঁত যিহেতু অভাৱ-অনাটনৰ আশঙ্কা কৰে, তেনেস্থলত সিহঁতে অধিকাংশ ক্ষেত্ৰতেই ক্ষতিকৰ কোনো ঠাইত সম্পদ ব্যয় নকৰে।

 এঘাৰ নং উদাহৰণ

অপৰাধ বিবেচনাত নিৰ্ধাৰিত দণ্ডবিধি আৰু বিভিন্ন প্ৰকাৰ শাস্তিৰ ক্ষেত্ৰত ইছলামী চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

০ আৰু এইটো এই বাবে যে, সকলো প্ৰকাৰ অপৰাধ আৰু আল্লাহৰ হক আৰু তেওঁৰ বান্দাসকলৰ অধিকাৰৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰা ডাঙৰ যুলুম-নিৰ্যাতনৰ অন্তৰ্ভূক্ত, যিটো শৃঙ্খলা বিনষ্ট কৰে আৰু যাৰ দ্বাৰা দ্বীন আৰু দুনিয়াৰ ব্যৱস্থাপনা ত্ৰুটিপূৰ্ণ হয়। সেয়ে চৰিয়ত প্ৰৱৰ্তকে বিভিন্ন প্ৰকাৰৰ অপৰাধৰ বাবে মৃত্যুদণ্ড, হাত কৰ্তন, বেত্ৰাঘাত আৰু বিভন্ন প্ৰকাৰ সতৰ্কতামূলক শাস্তিৰ বিধান কৰিছে, যিটো অপৰাধ সংঘটিত হোৱাৰ পৰা বিৰত ৰাখিব আৰু অপৰাধ প্ৰৱণতাক হ্ৰাস কৰিব।

আৰু এই শাস্তিৰ বিধানৰ মাজত সামগ্ৰিকভাৱে বহুত উপকাৰিতা আৰু সাধাৰণ আৰু বিশেষ কল্যাণ নিহিত আছে, যাৰ দ্বাৰা বুদ্ধিমান ব্যক্তিয়ে চৰিয়তৰ সৌন্দৰ্য জানিব পাৰিব। আৰু জানিব পাৰিব যে, চৰিয়তৰ দণ্ডবিধানৰ বাহিৰে অন্যায়-অপৰাধ নিৰ্মূল কৰা আৰু পৰিপূৰ্ণভাৱে প্ৰতিৰোধ কৰা কোনোমতেই সম্ভৱ নহয়; যি দণ্ডবিধানক চৰিয়ত প্ৰৱৰ্তকে অপৰাধৰ মাত্ৰা অনুযায়ী কম, বেছি, কঠোৰ আৰু লাঘৱ কৰি প্ৰস্তুত কৰিছে।

 বাৰ নং উদাহৰণ

মানুহৰ সম্পদ ব্যয়ৰ ক্ষেত্ৰত তাৰ কৰ্মকাণ্ড যেতিয়া তাৰ নিজৰ বাবে ক্ষতিকাৰক অথবা আনৰ বাবে ক্ষতিকাৰক হ’ব, তেতিয়া তাৰ সম্পদত তাৰ হস্তক্ষেপ বা লেনদেনৰ অধিকাৰ ৰহিতকৰণৰ নিৰ্দেশ প্ৰদানৰ বিষয়ে চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

সেইসকল হৈছে যেনে, পাগল, অপ্ৰাপ্ত বয়স্ক, নির্বোধ সিহঁতৰ দৰে ব্যক্তিসকলৰ ধন-সম্পদ লেনদেনৰ অধিকাৰ ৰহিতকৰণ, এইদৰে ঋণগ্ৰস্ত ব্যক্তিৰ প্ৰতিপক্ষ ঋণদাতাসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে ঋণী ব্যক্তিৰ ধন-সম্পদ লেনদেনৰ অধিকাৰ ৰহিতকৰণ।

০ আৰু এই সকলোবোৰ ইছলামী চৰিয়তৰ সৌন্দৰ্যৰ অন্তৰ্ভূক্ত; কাৰণ, চৰিয়তে মানুহক তাৰ এনে সম্পদৰ হস্তক্ষেপ কৰিবলৈ বাৰণ কৰিছে, য’ত মৌলিকভাৱে তাৰ হস্তক্ষেপ কৰাৰ সুযোগ আছিল; কিন্তু যেতিয়া তাৰ সম্পদত তাৰ হস্তক্ষেপ কৰাত তাৰ উপকাৰতকৈ ক্ষতিৰ পৰিমাণ বেছি হয় আৰু তাৰ কল্যাণতকৈ অকল্যাণৰ পৰিমান বেছি হয়, তেতিয়া চৰিয়ত প্ৰৱৰ্তক তাৰ বাবে যাৱতীয় কল্যাণকৰ ঠাইতো তাৰ সকলো প্ৰকাৰ ব্যয়ৰ অধিকাৰ নিষিদ্ধ কৰে; এই কথা বুজাবলৈ যে, যাতে জনগণ ক্ষতিকাৰক দিশটো বাদ দি প্ৰত্যেক উপকাৰী দিশত সিহঁতৰ সম্পদ ব্যয়ৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ সচেষ্ট হয়।

 তেৰ নং উদাহৰণ

অধিকাৰ প্ৰাপ্য ব্যক্তিসকলৰ অধিকাৰক সুদৃঢ় কৰাৰ বাবে চৰিয়ত সন্মত চুক্তি বা চুক্তিপত্ৰ গ্ৰহণৰ বিষয়ে চৰিয়তে যি লৈ আহিছে, সেই প্ৰসঙ্গত আলোচনা।

০ আৰু সেইবোৰ হ’ল যেনে, সাক্ষ্য-চনদ, যাৰ দ্বাৰা অধিকাৰ আদায় কৰা যাব, অস্বীকাৰ কৰাৰ পৰা বিৰত ৰাখিব আৰু তাৰ কাৰণে সন্দেহ দূৰ হ’ব।

আৰু এইবোৰৰ আৰু কিছুমান উদাহৰণ হ’ল: বন্ধক, জামানত বা গ্যাৰান্টি বা জিম্মাদাৰী; এইবোৰ তেতিয়া কামত আহিব, যেতিয়া কোনো ব্যক্তি কাৰোবাৰ পৰা তাৰ অধিকাৰ বা প্ৰাপ্য আদায় কৰিবলৈ অপাৰগ হ’ব, তেতিয়া পাওনাদাৰ ব্যক্তি সেই চুক্তিপত্ৰৰ দাৰস্থ হ’ব, ফলত তাৰ অধিকাৰ পৰিপূৰ্ণভাৱে আদায় হ’ব।

এই বিষয়ে কোনো অস্পষ্টতা নাই যে, এই পদ্ধতিৰ মাজত বিভিন্ন ধৰণৰ উপকাৰিতা আছে; আৰু আছে অধিকাৰ সংৰক্ষণ, লেনদেন সম্প্ৰসাৰণ, তাক ন্যায় আৰু ইনছাফৰ ফালে প্ৰত্যাৱৰ্তন কৰোৱা, পৰিৱেশ-পৰিস্থিতিৰ উন্নয়ন আৰু লেনদেনক সঠিকভাৱে সম্পন্ন কৰা।

এতেকে যদি চুক্তি বা চুক্তিপত্ৰৰ ব্যৱস্থা নাথাকিলেহেঁতেন, তেন্তে লেনদেনৰ এটা ডাঙৰ অংশ বন্ধ হৈ গলেহেঁতেন। এতেকে, এই চুক্তিপত্ৰ পাওনাদাৰ আৰু ঋনী উভয়ৰ বাবেই বিভিন্ন কাৰণে উপকাৰী।

 চৌধ্য নং উদাহৰণ

চৰিয়ত প্ৰণেতা কৰ্তৃক ইহছান তথা অনুগ্ৰহ কৰাৰ প্ৰতি উৎসাহ প্ৰদান; যিয়ে ইহছানকাৰীক আল্লাহ তা‘আলাৰ ওচৰত প্ৰতিদানৰ ব্যৱস্থা কৰি দিব আৰু জনগণৰ ওচৰত তাৰ বাবে আনি দিব সুখ্যাতি। তাৰপিছত তাৰ ওচৰত তাৰ সম্পদ হুবহু অথবা অনুৰূপ উভতি আহিব। এতেকে কোনো প্ৰকাৰ ক্ষতিৰ স্পৰ্শবিহীন এই প্ৰকাৰ গুণৰ অধিকাৰী ব্যক্তিৰ অৰ্জনেই আটাইতকৈ সন্মানিত অৰ্জন বুলি বিবেচিত হ’ব।

আৰু এই ইহছানৰ উদাহৰণ হ’ল: ঋণ প্ৰদান কৰা, ধাৰ দিয়া ইত্যাদি।

এতেকে ইয়াৰ মাজত আছে ইমান বিপুল পৰিমাণ জনকল্যাণ, প্ৰয়োজন পূৰণ, দুখ-কষ্ট লাঘৱ আৰু কল্যাণ ও পুণ্য লাভৰ ব্যৱস্থা, যিটো গণনা কৰি শেষ কৰা নাযাব।

আৰু অনুগ্ৰহকাৰী ব্যক্তিৰ ওচৰত তাৰ সম্পদ উভতি আহিব আৰু তাৰ প্ৰতিপালকৰ পৰাও প্ৰচুৰ পৰিমাণে ছোৱাব পাব; আৰু তেওঁ কল্যাণ, বৰকত, উদাৰতা আৰু মুহাব্বত আৰু আন্তৰিকতা তাৰ ভাইৰ ওচৰত ইহছান আৰু সুন্দৰ নমূনা প্ৰসাৰিত কৰি দিছে।

আৰু নিৰ্ভেজাল ইহছান তথা অনুগ্ৰহ হ’ল, যিটো ইহছানকাৰী ব্যক্তি নিস্বাৰ্থভাৱে দান কৰে আৰু যিটো আৰু প্ৰদানকাৰীৰ ওচৰত উভতি নাহে; ইতিপূৰ্বে জাকাত আৰু ছদকাৰ প্ৰাসঙ্গিক আলোচনাত ইয়াৰ তাৎপৰ্যৰ পিনে ইঙ্গিত কৰা হৈছে।

 পোন্ধৰ নং উদাহৰণ

সেই সমূহ মূলনীতি আৰু বিধি-বিধান প্ৰসঙ্গত আলোচনা, যিবোৰ চৰিয়ত প্ৰৱৰ্তকে বিবাদ মীমাংসাৰ বাবে, বিভিন্ন সমস্যাৰ সমাধানকল্পে আৰু বাদী আৰু বিবাদীৰ এজনে আনজনৰ ওপৰত প্ৰাধান্য দিয়াৰ বাবে প্ৰণয়ন কৰিছে।

সেয়া হৈছে এনে কিছুমান মূলনীতি, যিবোৰ ন্যায়, দলীল-প্ৰমাণ, সামাজিক প্ৰথাৰ ধাৰাবাহিকতা আৰু স্বভাৱ-প্ৰকৃতিৰ সামঞ্জস্যতাৰ ওপৰত প্ৰতিষ্ঠিত; কিয়নো চৰিয়ত প্ৰৱৰ্তক, এনে প্ৰত্যেক দাবীদাৰৰ বাবে যিয়ে কোনো বস্তু অথবা কোনো হক (অধিকাৰ)ৰ দাবী কৰে, তাৰ সপক্ষে দলীল পেচ কৰাক বাধ্যতামূলক কৰি দিছে। এতেকে সি যেতিয়া এনে দলীল লৈ আহিব, যিটো তাৰ দাবীৰ সপক্ষে সঠিক ভুমিকা ৰাখিব আৰু তাক শক্তিশালী কৰিব, তেতিয়া তাৰ বাবে তাৰ দাবীকৃত হক বা অধিকাৰ সাব্যস্ত হৈ যাব। আৰু যেতিয়া সি তাৰ দাবীৰ সপক্ষে দলীল-প্ৰমাণ আনিবলৈ ব্যৰ্থ হ’ব, তেতিয়া বিবাদীবাদীৰ দাবীক প্ৰত্যাখ্যান কৰি শপত কৰিব আৰু তাৰ ওপৰত বাদীৰ বাবে কোনো অধিকাৰ সাব্যস্ত নহ’ব।

০ আৰু চৰিয়ত প্ৰৱৰ্তকে বস্তুৰ মান অনুযায়ী দলীল-প্ৰমাণৰ বিষয়টো নিৰ্ধাৰণ কৰিছে; আৰু তেওঁ সুস্পষ্ট ইঙ্গিত আৰু মানুহৰ মাজত ধাৰাবাহিকভাৱে চলি অহা সামাজিক প্ৰথাকো দলীল-প্ৰমাণৰ অন্তৰ্ভূক্ত কৰিছে।

এতেকে দলীল-প্ৰমাণ হ’ল এনে প্ৰত্যেক বস্তু বা বিষয়ৰ নাম, যিয়ে সত্যক সুস্পষ্টভাৱে বৰ্ণনা কৰে আৰু তাক প্ৰমাণিত কৰে।

আৰু তেওঁ বিবাদৰ সময়ত আৰু বাদী ও বিবাদীৰ সমান অৱস্থানৰ ক্ষেত্ৰত ইনছাফপূৰ্ণ আপোচ-মীমাংসাৰ পদ্ধতিৰ কথা কৈছে, যিটো হ’ব বিভিন্ন সমস্যা আৰু বিৰোধ মীমাংসাৰ প্ৰত্যেকটো সমাধান-পদ্ধতিৰ লগত সঙ্গতিপূৰ্ণ।

এতেকে এনে প্ৰতিটো পদ্ধতি য’ত কোনো যুলুম নাই, আৰু ই সিহঁতৰ বাবে উপকাৰী হোৱাৰ পিছতো সিহঁতক কোনো গোনাহৰ কামত প্ৰবৃত্ত নকৰে, চৰিয়তে ইয়াক কাজিয়াৰ গুৰি আৰু বিবাদ-বিসম্বাদ নিৰসনৰ মাধ্যম হিচাপে স্বীকৃতি দিছে।

আৰু তেওঁ এই নীতিমালা প্ৰণয়নৰ ক্ষেত্ৰত শক্তিশালী আৰু দুৰ্বল আৰু ৰজা আৰু প্ৰজাৰ মাজত সাৰ্বিক অধিকাৰ প্ৰশ্নত সমতা বিধান কৰিছে।

আৰু তেওঁ ন্যায়বিচাৰ কৰা আৰু যুলুম বা অবিচাৰ নকৰাৰ পদ্ধতি প্ৰচলন কৰাৰ মাধ্যমত বাদী-বিবাদীসকলক সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰিছে।

 ষোল নং উদাহৰণ

পৰামৰ্শ ভিত্তিক কামৰ বিষয়ে চৰিয়তে যি লৈ আহিছে, আৰু মুমিনসকলৰ বাবে সিহঁতৰ ধৰ্মীয়, পাৰ্থিৱ, দেশীয় আৰু আন্তৰ্জাতিক সকলো কৰ্মকাণ্ড পৰামৰ্শ ভিত্তিক পৰিচালিত হোৱাৰ বিষয়টো চৰিয়ত কৰ্তৃক প্ৰশংসনীয় হোৱা প্ৰসঙ্গত আলোচনা।

০ আৰু এই ডাঙৰ মূলনীতিটোৰ যথাৰ্থাতাৰ বিষয়ে পণ্ডিত ব্যক্তিসকল একমত পোষণ কৰিছে; তেওঁলোকে আৰু একমত পোষণ কৰিছে যে, এইটো হ’ল উদ্দেশ্যসমূহ অৰ্জন, সঠিক সিদ্ধান্তত উপনীত হোৱা আৰু ন্যায়নীতি প্ৰচলনৰ বাবে উপযুক্ত পৰিৱেশ আৰু উত্তম উপায় অৱলম্বনৰ একমাত্ৰ মাধ্যম।

আৰু এই মূলনীতি সেইসমূহ জাতিক উন্নত কৰে, যিসকলে সকলো প্ৰকাৰ কল্যাণ আৰু উপকাৰ অৰ্জনৰ বাবে তাৰ ওপৰত ভিত্তি কৰি কাৰ্যক্ৰম পৰিচালনা কৰে। আৰু যেতিয়া মানুহৰ জ্ঞান বৃদ্ধি পায় আৰু সিহঁতৰ ধ্যানধাৰণাৰ প্ৰশস্ততা ঘটে, তেতিয়া সিহঁতে ইয়াৰ প্ৰচণ্ড প্ৰয়োজনীয়তা আৰু পৰিমাপ অনুধাবন কৰিব পাৰে।

আৰু যেতিয়া মুছলিমসকল ইছলামৰ আৰম্ভনিত তেওঁলোকৰ ধৰ্মীয় আৰু পাৰ্থিৱ কৰ্মকাণ্ডসমূহ পৰিচালনাৰ ক্ষেত্ৰত এই মূলনীতিৰ প্ৰয়োগ কৰিছিল, তেতিয়া তেওঁলোকৰ কৰ্মকাণ্ডসমূহ সঠিক আছিল আৰু পৰিৱেশ-পৰিস্থিতি আছিল উন্নত আৰু সমৃদ্ধিৰ মাজত। তাৰ পিছত সিহঁতে যেতিয়া এই মূলনীতিৰ পৰা বিচ্যুত হৈ গ’ল, তেতিয়া তেওঁলোকৰ দ্বীন আৰু পৃথিৱীৰ অধঃপতন হ’বলৈ ধৰিল, আনকি অৱশেষত তেওঁলোকৰ অৱস্থা এনে পৰ্যায়ত আহিলে, যিটো আজি পৰিলক্ষ্যিত হৈছে। এতেকে তেওঁলোকে যদি আকৌ তেওঁলোকৰ দ্বীন বা জীৱনব্যৱস্থাক এই মূলনীতিৰ ফালে উভতাই আনিব পাৰে, তেতিয়াহে তেওঁলোক সফলকাম হ’ব আৰু মুক্তি পাব।

 সতোৰ নং উদাহৰণ

নিশ্চয় এই চৰিয়তে দ্বীন আৰু দুনিয়াৰ সংস্কাৰ লৈ আহিছে; আৰু লৈ আহিছে শৰীৰ আৰু আত্মাৰ মাজত সমন্বিত কল্যাণ সাধনৰ ব্যৱস্থা।

আৰু এই মূলনীতিৰ বিষয়ে কোৰআন আৰু ছুন্নাহৰ মাজত বহুতো বৰ্ণনা আছে; আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুলে এই দুটা বস্তুক প্ৰতিষ্ঠিত কৰাৰ বাবে উৎসাহিত কৰিছে; আৰু এই দুটাৰ প্ৰত্যেকটো পৰস্পৰৰ সহায়ক আৰু এই মূলনীতিৰ পৃষ্ঠপোষক।

আৰু আল্লাহ তা‘আলাই মানৱজাতিক সৃষ্টি কৰিছে তেওঁৰ দাসত্ব কৰাৰ বাবে আৰু তেওঁৰ অধিকাৰ তথা হকসমূহ প্ৰতিষ্ঠিত কৰাৰ বাবে; আৰু তেওঁ সিহঁতক প্ৰচুৰ ৰিজিক (জীৱিকা) দান কৰিছে আৰু সিহঁতৰ বাবে ৰিজিক লাভৰ উপায়-উপকৰণ আৰু জীৱনযাপনৰ পদ্ধতিসমূহক বিভিন্ন শ্ৰেণীত বিভক্ত কৰিছে; যাতে সিহঁতে তেওঁৰ ইবাদত কৰাৰ বাবে এইবোৰ উপায়-উপকৰণৰ সহযোগিতা লব পাৰে আৰু এইবোৰ যাতে সিহঁতৰ অভ্যন্তৰীণ আৰু বাহ্যিক জীৱনত প্ৰতিষ্ঠা লাভ কৰে।

আৰু তেওঁ এককভাৱে কেৱল আত্মাৰ খাদ্যৰ যোগান দিবলৈ আকৌ শৰীৰক অযত্ন আৰু অৱহেলা কৰিবলৈ নিৰ্দেশ দিয়া নাই।

যেনেকৈ তেওঁ নিষেধ কৰিছে ভোগ-বিলাস আৰু লোভ কৰিবলৈ; আৰু নিৰ্দেশ দিছে হৃদয় আৰু আত্মাৰ উপকাৰী বস্তুসমূহক শক্তিশালী কৰিবলৈ। আৰু এই বিষয়টো আন এক মূলনীতিত (উদাহৰণত) আৰু পৰিষ্কাৰভাৱে বৰ্ণিত হৈছে; সেয়া হৈছে:

 ওঠৰ নং উদাহৰণ

নিশ্চয় চৰিয়ত, ইল্ম (জ্ঞান), দ্বীন, প্ৰশাসন আৰু বিধি-বিধানক এটাক আনটোৰ শক্তিবৰ্ধক আৰু সহায় সহযোগিতাকাৰীৰূপে নিৰ্ধাৰণ কৰিছে।

০ এতেকে ইল্ম (জ্ঞান) আৰু দ্বীন প্ৰশাসনক শক্তিশালী কৰে; আৰু ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে ক্ষমতা আৰু বিধি-বিধান।

আৰু প্ৰশাসন সামগ্ৰিকভাৱে জ্ঞান আৰু দ্বীনৰ লগত চৰ্তযুক্ত, যিটো হৈছে হিকমত বা কলাকৌশল তথা প্ৰজ্ঞা। আৰু ই হৈছে, সঠিক পথ আৰু কল্যাণ, সফলতা আৰু মুক্তি।

এতেকে দ্বীন আৰু ক্ষমতা বা ৰাজত্ব যেতিয়া এটাই আনটোৰ পৰিপূৰক আৰু সহায়ক শক্তি হয়, তেতিয়া কৰ্মকাণ্ডসমূহ পৰিশুদ্ধ হয়, যেনেকৈ পাৰিপাৰ্শ্বিক পৰিৱেশ-পৰিস্থিতি হয় সুসংহত।

আৰু যেতিয়াই এটাক আনটোৰ পৰা পৃথক কৰা হয়, তেতিয়া শাসনব্যৱস্থা দুৰ্বল হৈ যায়, তাৰ যথাৰ্থতা আৰু সংস্কাৰমূলক মানসিকতাৰ বিলুপ্তি ঘটে, পাৰ্থক্য আৰু দলাদলিৰ সৃষ্টি হয়, আন্তৰিক দূৰত্ব বৃদ্ধি পায় আৰু মানুহৰ কৰ্মকাণ্ড অবক্ষয় আৰু অৱনতিৰ ফালে ধাবিত হয়।

ইয়াৰ সমৰ্থনপুষ্ট কথা হ’ল: জ্ঞান বিজ্ঞান যিমানেই সম্প্ৰসাৰিত হওঁক, জ্ঞান যিমানেই বিভিন্ন শ্ৰেণীত বিভক্ত হওঁক আৰু আৱিষ্কাৰসমূহ যিমানেই ডাঙৰ আৰু সংখ্যাত অধিক হওঁক, তাৰ পৰা এনে কোনো বস্তুৰ আগমন নহয় যিটো আল-কোৰআনৰ নিৰ্দেশনাৰ বিপৰীত আৰু চৰিয়তে যি লৈ আহিছে, তাৰ বিৰোধী।

চৰিয়তে এনে কোনো বস্তু লৈ নাহে, যাক বিবেক-বুদ্ধি অসম্ভৱ বুলি ভাৱে; বৰং চৰিয়তে যি লৈ আহে, সুস্থ বিবেক-বুদ্ধি তাৰ সৌন্দৰ্যক যথাযথ সমৰ্থন কৰে; অথবা চৰিয়তে এনে কোনো বস্তু লৈ আহে, যিটো মৌলিক বা বিস্তাৰিতভাৱে জনাৰ বিষয়ে বিবেকে সঠিক পথ নাপায়। আৰু ইয়াৰ বাবে আৰু এটা দৃষ্টান্ত দাঙি ধৰাৰ প্ৰয়োজন; আৰু সেয়া হ’ল:

 ঊনৈশ নং উদাহৰণ

চৰিয়তে এনে কোনো বস্তু লৈ নাহে, যাক বিবেক-বুদ্ধি অসম্ভৱ বুলি ভাৱে, আৰু এনে কোনো বস্তু লৈ নাহে যিটো বিশুদ্ধ বিদ্যাই বিৰোধিতা কৰে।

আৰু এইটো এই কথাৰ ওপৰত সৰ্বশ্ৰেষ্ঠ দলীল যে, আল্লাহ তা‘আলাৰ ওচৰৰ পৰা যিটো আহিছে, সেয়া মজবুত আৰু স্থায়ী, আৰু ই সকলো কাল আৰু স্থানৰ বাবে উপযোগী।

০ আৰু এই নিখিল বিশ্বত ঘটি যোৱা সকলো ঘটনা দুৰ্ঘটনা আৰু সমাজ বিজ্ঞানৰ ঘটনাসমূহ সুক্ষ্মভাৱে অধ্যয়ন আৰু অনুসন্ধান কৰাৰ মাধ্যমেৰে এই সংক্ষিপ্ত বাক্যসমূহ বিস্তাৰিতভাৱে বুজা যায়। আৰু এইবোৰৰ ব্যৱহাৰ আৰু প্ৰয়োগ তেতিয়া হ’ব, যেতিয়া ই হ’ব চৰিয়তে যি লৈ আহিছে সেই অনুযায়ী যথাযথ বাস্তৱতাৰ অন্তৰ্ভূক্ত; গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে, নিশ্চয় ই (কোৰআন) প্ৰত্যেক বিষয়ত স্পষ্ট ব্যাখ্যাস্বৰূপ আৰু ই সৰু-বৰ সকলোকে চামিল কৰিছে।

 বিশ নং উদাহৰণ

ইছলামৰ অস্বাভাৱিক আৰু অলৌকিক বিজয়সমূহত সামগ্ৰিক দৃষ্টিপাত; তাৰপিছত শত্ৰুসকলৰ প্ৰকাশ্য শত্ৰুতা, প্ৰচণ্ড বিৰোধিতা আৰু তাৰ লগত সিহঁতৰ চিৰাচৰিত সংঘাতমুখৰ অৱস্থান সত্ত্বেও সন্মানৰ সৈতে বিদ্যমান থকাৰ বিষয় সম্পৰ্কে কিছু কথা।

০ এই দ্বীন বা জীৱনব্যৱস্থাৰ উৎসৰ ফালে দৃষ্টিপাত কৰিলেই এইটো বুজা যায় যে; কেনেকৈ ই আৰব উপদ্বীপৰ অধিবাসীসকলৰ অন্তৰত বিভেদ আৰু প্ৰচণ্ড বিদ্বেষ ও শত্ৰুতা বিদ্যমান থকাৰ পিছতো সিহঁতক ঐক্যবদ্ধ কৰিছে; আৰু কেনেকৈ সিহঁতক সংঘবদ্ধ কৰিছে, সিহঁতৰ দূৰৱৰ্তীসকলক নিকটৱৰ্তীসকলৰ লগত একত্ৰিত কৰিছে আৰু সিহঁতৰ মাজৰ সেই শত্ৰুতাক দূৰ কৰি দিছে; আৰু ঈমানী ভ্ৰাতৃত্ববোধক তাৰ যথাস্থানত প্ৰতিস্থাপন কৰিছে।

তাৰ পিছত তেওঁলোকে পৃথিৱীৰ চুকে কোনে ওলাই পৰিছে বিভিন্ন ভূখণ্ডক জয় কৰাৰ বাবে; আৰু এই ভূখণ্ডসমূহৰ শীৰ্ষত আছিল অত্যন্ত শক্তিশালী পাৰস্য আৰু ৰোম জাতি; এওঁলোকৰ ৰাজত্ব আছিল বৰ ডাঙৰ, আৰু এওঁলোক বৰ শক্তিশালী আছিল আৰু সংখ্যা আৰু স্থায়িত্বৰ ফালে দিও এওঁলোক আছিল বহু গুণে বেছি; তাৰপিছতো তেওঁলোকে এই উভয় সাম্ৰাজ্যক জয় কৰিছে আৰু এই জয় সম্ভৱ হৈছিল কেৱল তেওঁলোকৰ দ্বীন, ঈমানী শক্তি আৰু তেওঁলোকৰ প্ৰতি আল্লাহ তা‘আলাৰ সহায় আৰু সহযোগিতাৰ বিনিময়ত; আনকি অৱশেষত ইছলাম পৃথিৱীৰ পূৱৰ পৰা পশ্চিমলৈ বিস্তাৰ লাভ কৰিছে।

এতেকে এইটোক আল্লাহ তা‘আলাৰ অন্যতম নিদৰ্শন, তেওঁৰ দ্বীনৰ সত্যতাৰ দলীল আৰু তেওঁৰ নবীৰ মু‘জিযা (অলৌকিকতা) হিচাপে গণনা কৰা হয়; আৰু এই বাবেই মানৱজাতি কোনো ধৰণৰ জোৰজবৰদস্তি আৰু অস্থিৰতা অবিহনেই স্বজ্ঞানে দৃঢ় আস্থাৰ সৈতে দলে দলে এই দ্বীনৰ মাজত প্ৰৱেশ কৰিছে আৰু কৰি আছে।

০ এতেক যিয়ে এই বিষয়টোৰ প্ৰতি সামগ্ৰিকভাৱে দৃষ্টি দিব, সি বুজিবলৈ পাব যে, এইটো হৈছে সত্য দ্বীন, যাৰ প্ৰতিদ্বন্দিতাত বাতিল কোনোমতেই সফল হ’ব নোৱাৰিব, যিমানেই সি শক্তিশালী নহওঁক আৰু তাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি যিমানেই প্ৰৱল নহওঁক কিয়।

এইটো বুজা যাব স্বয়ংক্ৰিয় জ্ঞান-বুদ্ধিৰ দ্বাৰা আৰু তাত কোনো ন্যায়পৰায়ণ লোকে সন্দেহ পোষণ নকৰিব; আৰু ই অত্যাৱশ্যক বা জৰুৰি বিষয়ৰ অন্তৰ্ভূক্ত।

কিন্তু এই যুগৰ লেখকসকলৰ এটা দলে ইয়াৰ বিপৰীত কথা কয়, যিসকলক অসমৰ্থিত চিন্তাধাৰা ইছলামৰ শত্ৰুসকলৰ সমৰ্থন কৰাৰ ফালে ঠেলি দিছে; সেয়ে সিহঁতে ধাৰণা কৰে যে, ইছলামৰ সম্প্ৰসাৰণ আৰু তাৰ বিস্ময়কৰ বিজয়সমূহ নিৰ্ভেজাল বস্তুগত বিষয় আৰু কৰ্মকাণ্ডৰ ওপৰত প্ৰতিষ্ঠিত; আৰু সিহঁতে এই বিজয়সমূহক সিহঁতৰ ভুল ধাৰণাৰ ভিত্তিত বিচাৰ বিশ্লেষণ কৰিছে।

আৰু সিহঁতে এই বিশ্লেষণটোৰ দ্বাৰা যি কথাষাৰ কব বিচাৰিছে সেইটো হৈছে, ইছলামৰ বিজয় প্ৰকৃততে পাৰস্য আৰু ৰোম সম্ৰাটসকলৰ ৰাষ্ট্ৰীয় দুৰ্বলতাৰ কাৰণে, আৰু আৰবৰ বস্তুগত শক্তিৰ আধিক্যতাৰ কাৰণে।

নিসন্দেহে প্ৰকৃত অৱস্থা সম্পৰ্কে সামান্যতম ধাৰণাই সিহঁতৰ উপৰোক্ত কল্পনাপ্ৰসূত বিশ্লেষণ বাতিল কৰাৰ বাবে যথেষ্ট।

কাৰণ, আৰবৰ মাজত সেই সময়ত এনে কোন শক্তি আছিল নে?, যাৰ দ্বাৰা সিহঁতে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ বা চৰকাৰসমূহৰ মাজৰ পৰা এটা ক্ষুদ্ৰতম চৰকাৰক প্ৰতিৰোধ কৰা বা উৎখাত কৰাৰ দৰে উপযুক্ত আছিল? সেই সময়ত সাধাৰণভাৱে সবাতোকৈ শক্তিশালী আৰু সেই সময়ত জনসংখ্যা আৰু প্ৰস্তুতিৰ দিশেৰে বিশাল ডাঙৰ ৰাষ্ট্ৰ আৰু জাতিক প্ৰতিৰোধ কৰাতো দূৰৰ কথা। কিন্তু শেষলৈ তেওঁলোকে (মুছলিমসকলে) সামগ্ৰিকভাৱে সেইবোৰ সাম্ৰাজ্যক টুকুৰা টুকুৰ কৰি দিছিল আৰু সেইবোৰ শক্তিশালী সাম্ৰাজ্যৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহ আল-কোৰআন আৰু ইনছাফপূৰ্ণ দ্বীনৰ বিধানসমূহ দখল কৰি লৈছিল, যিটো প্ৰত্যেক ন্যায়পৰায়ণ ব্যক্তি আৰু হকপন্থী লোকে ইয়াৰ যথাৰ্থতা উপলব্ধি কৰি সাদৰে গ্ৰহণ কৰি লৈছিল।

এতেকে কেৱল বস্তুগত বিষয়ত আৰবসকলৰ শ্ৰেষ্ঠত্বৰ কাৰণে এই সম্প্ৰসাৰিত ব্যাপক বিজয় অৰ্জিত হৈছে বুলি ব্যাখ্যা কৰা সম্ভৱ নে?

এই ধৰণৰ কথা কেৱল সিহঁতেই কয়, যিসকলে ইছলামী জীৱনব্যৱস্থাৰ মাজত দুৰ্নাম বিয়পাব বিচাৰে, অথবা সিহঁতেই এই ধৰণৰ কথা কয়, যিসকলৰ মাজত শত্ৰুসকলৰ কথা বাস্তৱতা বিবৰ্জিত অৱস্থাত বিয়পি আছে।

০ তাৰপিছত ধাৰাবাহিক দুৰ্যোগ আৰু দুৰ্ঘটনা আৰু শত্ৰুসকলৰ প্ৰকাশ্য শত্ৰুতাৰ পিছতো এই দ্বীন তাৰ যথাযথ স্বকীয়তা লৈ অৱশিষ্ট থকাটো এই দ্বীনৰ নিদৰ্শনসমূহৰ মাজত অন্যতম; আৰু এইটোৱেই প্ৰকৃত অৰ্থত আল্লাহৰ দ্বীন। এতেকে যদি এনে পৰ্যাপ্ত শক্তি এই দ্বীনক সহযোগিতা কৰে, যিটো সীমলংঘনকাৰী সকলৰ সীমালংঘন আৰু বিদ্ৰোহীসকলৰ বিদ্ৰোহক প্ৰতিৰোধ কৰে, তেন্তে পৃথিৱীত এই দ্বীনৰ বাহিৰে আন কোনো ধৰ্ম অৱশিষ্ট নাথাকিলেহেঁতেন আৰু কোনো প্ৰকাৰ জোৰ জবৰদস্তি আৰু বাধ্যবাধকতাবিহীন মানৱজাতি ইয়াক গ্ৰহণ কৰিলে হয়। কাৰণ, ই হৈছে সত্য ধৰ্ম, স্বভাৱগতধৰ্ম আৰু সততা ও সংস্কাৰৰ ধৰ্ম; কিন্তু ইয়াৰ অনুসাৰীসকলৰ সংকীৰ্ণতা, দুৰ্বলতা, অনৈক্য আৰু তেওঁলোকৰ ওপৰত তেওঁলোকৰ শত্ৰুসকলৰ নিৰ্যাতন-অত্যাচাৰেই ইয়াৰ অগ্ৰযাত্ৰাক বাধা দিছে। (লা হাউলা অলা কুউৱাতা ইল্লা-বিল্লাহ)

 একৈশ নং উদাহৰণ

আগৰ আলোচিত প্ৰত্যেক বিষয়ৰ সাৰাংশ

বিশুদ্ধ আৰু কল্যাণকৰ আকিদা-বিশ্বাস; আত্মা আৰু বিবেক-বুদ্ধিক মাৰ্জিত ৰূপদানকাৰী উত্তম চৰিত্ৰ; পৰিস্থিতি-পৰিৱেশ সংস্কাৰকাৰী কৰ্মকাণ্ড; মূল আৰু শাখা-প্ৰশাখাত বিস্তৃত সুস্পষ্ট দলীল-প্ৰমাণ; প্ৰতিমাপূজা আৰু সৃষ্টিপূজা প্ৰত্যাখ্যান; দ্বীনৰ বিষয়ে একনিষ্ঠতা আৰু ইখলাছ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে নিবেদন কৰা; চেতনা, বিবেক-বুদ্ধি আৰু চিন্তা-গৱেষণাৰ বিৰুদ্ধে সকলো প্ৰকাৰ কুসংস্কাৰ পৰিহাৰ কৰা; সাধাৰণ কল্যাণ; সকলো প্ৰকাৰ অন্যায়-অনিষ্ট আৰু বিশৃঙ্খলা প্ৰতিৰোধ কৰা; ন্যায়বিচাৰ কৰা আৰু সকলো ধৰণৰ যুলুম-নিৰ্যাতনৰ গুৰি নিপাত কৰা আৰু সকলো প্ৰকাৰ উন্নতি আৰু উৎকৰ্ষ বিধানত উৎসাহিত কৰা ইত্যাদি মূলনীতিমালাৰ ওপৰত দ্বীন-ইছলাম প্ৰতিষ্ঠিত।

০ আৰু এই বাক্যসমূহৰ বিস্তাৰিত বিৱৰণ বহুত দীৰ্ঘ হ’ব; ন্যূনতম জ্ঞান বা জনাশুনা থকা প্ৰত্যেক ব্যক্তিয়েই সন্দেহমু্ক্ত আৰু সুস্পষ্টভাৱে বিস্তাৰিত বিশ্লেষণ আৰু বিৱৰণৰ পথ পাব, য’ত কোনো প্ৰকাৰ সমস্যা বা জটিলতা নাথাকিব।

আৰু আমিও এই আলোচনাটোক ইয়াৰ সংক্ষিপ্ততাৰ ওপৰত সীমাবদ্ধ ৰখা উচিত বুলি ভাৱোঁ; কিয়নো ই এনে কিছুমান মূলনীতি আৰু নিয়ম-কানুনক অন্তৰ্ভূক্ত কৰিছে, যাৰ দ্বাৰা ইছলামৰ পৰিপূৰ্ণতা, মহত্ব আৰু সকলো বস্তুৰ প্ৰকৃত সংস্কাৰকাৰী হোৱাৰ বিষয়টো স্পষ্টৰূপে জনা যায়।

 আল্লাহৰ ওচৰত তাওফীক কামনা কৰোঁ।

১৩৬৪ হিজৰীৰ জুমাদাল উলা মাহৰ প্ৰথম দিনটোত

লেখাটো সম্পন্ন হৈছে।

২১-১১-২০১৫ চন ----- ০৯-০২-১৪৩৭ হিজৰী

শনিবাৰ সন্ধিয়া ৪-৩০ মিনিটত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।