মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান

ড. ছলেহ ইবনে ফাওজান আল-ফাওজান

অনুবাদ:

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

 ভূমিকা

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহ তা‘আলাৰ বাবে, যিয়ে পৰিকল্পনা কৰে আৰু সঠিক পথৰ হিদায়ত দিয়ে আৰু মাতৃগৰ্ভত নিক্ষিপ্ত শুক্ৰ বিন্দুৰ পৰা নাৰী-পুৰুষৰ জোৰা সৃষ্টি কৰে। মই সাক্ষ্য দিওঁ যে, একমাত্র আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই। সূচনা আৰু সমাপ্তিত তেওঁৰেই সকলো প্ৰশংসা। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ আল্লাহৰ বান্দা আৰু ৰাছুল। তেওঁক যেতিয়া মেৰাজলৈ লৈ যোৱা হৈছিল তেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ডাঙৰ ডাঙৰ বহুতো নিদৰ্শন প্ৰত্যক্ষ কৰিছে। চালাত আৰু ছালাম বৰ্ষিত হওঁক তেওঁৰ ওপৰত আৰু বিশেষ গুণ আৰু বৈশিষ্ট্যৰ ধাৰক তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবীসকলৰ ওপৰত।

তাৰপিছত... নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই।

উক্ত গ্ৰন্থখন মুছলিম নাৰীসকলৰ সন্মুখত সেই নিৰ্দেশনা স্পষ্ট কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। গ্ৰন্থখন ক্ষুদ্ৰ প্ৰয়াস আৰু দুৰ্বল ব্যক্তিৰ তৰফৰ পৰা সামান্য প্ৰচেষ্টা মাত্ৰ, আল্লাহে নিজ কুদৰত মোতাবিক ইয়াৰ দ্বাৰা মুছলিম উম্মাহৰ কল্যাণ সাধন কৰিব বুলি একান্ত আশা। এই ময়দানত এইটোৱেই প্ৰথম পদক্ষেপ, আশা কৰা যায় পিছলৈ আৰু ব্যাপক আৰু বৃহৎ পদক্ষেপ কৰা হ’ব ইন শ্বা আল্লাহ, যিটো হ’ব আৰু সুন্দৰ আৰু পৰিপূৰ্ণ। মই ইয়াত যি দাঙি ধৰিছো তাৰ পৰিচ্ছেদসমূহ এনেধৰণৰ:

১. প্ৰথম পৰিচ্ছেদ: সাধাৰণ বিধান।

২. দ্বিতীয় পৰিচ্ছেদ: নাৰীৰ শাৰীৰিক সাজ-সজ্জা সংক্ৰান্ত বিধান।

৩. তৃতীয় পৰিচ্ছেদ: হায়েজ, ইস্তেহাজাহ আৰু নিফাছ সংক্ৰান্ত বিধান।

৪. চতুৰ্থ পৰিচ্ছেদ: পোছাক আৰু পৰ্দা সংক্ৰান্ত বিধান।

৫. পঞ্চম পৰিচ্ছেদ: নাৰীৰ ছালাত সংক্ৰান্ত বিধান।

৬. ষষ্ঠ পৰিচ্ছেদ: নাৰীৰ জানাযাহ সংক্ৰান্ত বিধান।

৭. সপ্তম পৰিচ্ছেদ: নাৰীৰ ছিয়াম সংক্ৰান্ত বিধান।

৮. অষ্টম পৰিচ্ছেদ: নাৰীৰ হজ্জ আৰু ওমৰাহ সংক্ৰান্ত বিধান।

৯. নৱম পৰিচ্ছেদ: দাম্পত্য জীৱন আৰু বিচ্ছেদ সংক্ৰান্ত বিধান।

১০. দশম পৰিচ্ছেদ: নাৰীৰ সন্মান আৰু পৱিত্ৰতা ৰক্ষা সংক্ৰান্ত বিধান।

লেখক

 প্ৰথম পৰিচ্ছেদ: সাধাৰণ বিধান

১. ইছলামৰ আগত নাৰীৰ মৰ্যদা:

ইছলাম-পূৰ্ব যুগৰ দ্বাৰা উদ্দেশ্য জাহেলী (অজ্ঞতা) যুগ, যিটো বিশেষকৈ আৰববাসী আৰু সাধাৰণভাৱে গোটেই বিশ্ববাসী যাপন কৰিছিল, কাৰণ সেইটো আছিল ৰাছুলসকলৰ বিৰতি আৰু পূৰ্বৰ হিদায়ত বিস্মৃতিৰ যুগ। হাদীছৰ ভাষা মতে “আল্লাহে সিহঁতৰ ফালে দৃষ্টি পাত কৰিলে আৰু আৰব আৰু অনাৰব সকলোৰে প্ৰতি তেওঁ ক্ষোভ কৰিলে, কেৱল অৱশিষ্ট কিছুমান আহলে কিতাবৰ বাহিৰে”।  এই সময়ত নাৰীৰসকল বেছিভাগ ক্ষেত্ৰত আৰু সাধাৰণভাৱে বৰ কঠিন অৱস্থাৰ সন্মুখীন আছিল। বিশেষকৈ আৰব সমাজত। আৰবীয়ান সকলে কন্যা সন্তানৰ জন্মক অপছন্দ কৰিছিল। সিহঁতৰ কিছুমানে কন্যা সন্তানক জীৱিত দাফন কৰিছিল যাতে মাটিৰ তলত তাৰ মৃত্যু হয়। আকৌ কোনোবাই অসন্মান আৰু লাঞ্ছনাৰ জীৱন-যাপন কৰিবলৈ কন্যা সন্তানক বাধ্য কৰিছিল। আল্লাহ তা‘আলাই কৈছে:

﴿وَإِذَا بُشِّرَ أَحَدُهُم بِٱلۡأُنثَىٰ ظَلَّ وَجۡهُهُۥ مُسۡوَدّٗا وَهُوَ كَظِيمٞ ٥٨ يَتَوَٰرَىٰ مِنَ ٱلۡقَوۡمِ مِن سُوٓءِ مَا بُشِّرَ بِهِۦٓۚ أَيُمۡسِكُهُۥ عَلَىٰ هُونٍ أَمۡ يَدُسُّهُۥ فِي ٱلتُّرَابِۗ أَلَا سَآءَ مَا يَحۡكُمُونَ ٥٩﴾ [النحل: ٥٨، ٥٩]

আৰু যেতিয়া সিহঁতৰ কাৰোবাক কন্যা সন্তানৰ সুসংবাদ দিয়া হয়, তেতিয়া তাৰ মুখ কলা পৰি যায়, আৰু সি দুখ ভাৰাক্ৰান্ত হৈ থাকে। তাক যি দুসংবাদ দিয়া হৈছে সেই দুখত সি সমাজৰ পৰা আত্মগোপন কৰে। সি ভাৱে এনে লাঞ্ছনা সহ্য কৰি পালিব নে মাটিতে পুতি থব? জানি থোৱা, সিহঁতে যিটো ফয়চালা কৰে সেইটো কিমান নিকৃষ্ট”! [ আন-নাহল, আয়াত: (৫৮-৫৯]

আন ঠাইত তেওঁ কৈছে:

﴿وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ ٨ بِأَيِّ ذَنۢبٖ قُتِلَتۡ ٩﴾ [التكوير: ٨، ٩]

 “আৰু যেতিয়া জীৱন্ত কবৰ দিয়া কন্যা সন্তানক সোধা হ’ব, কি অপৰাধত তাইক হত্যা কৰা হৈছিল”? [ আত-তাকৱীৰ, আয়াত: ৮-৯]

আল-মাওউদাহ’ সেই ছোৱালীক কোৱা হয়, যাক জীৱিত দাফন কৰা হয় যাতে মাটিৰ তলত মৃত্যুবৰণ কৰে। যদিও কোনো ছোৱালী জীৱিত দাফনৰ পৰা মুক্তি পাইছিল, কিন্তু লাঞ্ছনাৰ জীৱনৰ পৰা কেতিয়াও মুক্তি পোৱা নাছিল। নাৰীৰ ঘনিষ্ঠ আত্মীয়ৰ সম্পদ যদিও প্ৰচুৰ আছিল, কিন্তু তথাপিও তাৰ মৃত্যুৰ পিছত নাৰীয়ে কেতিয়াও মিৰাছ (উত্তৰাধিকাৰী)ৰ অধিকাৰী হোৱা নাছিল, অথচ তাই অভাৱী, দুখ-কষ্ট আৰু বৰ সংকটাপন্ন! কাৰণ সিহঁতৰ ওচৰত মিৰাছ কেৱল পুৰুষৰ বাবে নিৰ্দিষ্ট আছিল, নাৰীৰ তাত কোনো ধৰণৰ অংশ নাছিল, বৰং নাৰী সকলে মৃত স্বামীৰ সম্পদৰ দৰে নিজেই মিৰাছত পৰিণত হৈছিল। অৰ্থাৎ এজন পুৰুষৰ অধীনত বহু নাৰী আবদ্ধ হৈছিল, যাৰ নিৰ্ধাৰিত কোনো সংখ্যা নাছিল। একাধিক সপত্নী বা সতীনী থকাৰ কাৰণে নাৰী সকলে যি সংকীৰ্ণতা, অন্যায়-অত্যাচাৰৰ সম্মুখীন হ’বলগীয়া হৈছিল -সেইটোও সিহঁতৰ বহুতৰে ওচৰত বিবেচনাধীন নাছিল।

২. ইছলামত নাৰীৰ মৰ্যদা:

ইছলাম আহি নাৰীৰ ওপৰৰ পৰা এই সকলো অন্যায় অত্যাচাৰ দূৰ কৰিলে, আৰু উভতাই দিলে পুৰুষৰ দৰে মানৱ অধিকাৰ। আল্লাহ তা‘আলাই কৈছে:

﴿يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّا خَلَقۡنَٰكُم مِّن ذَكَرٖ وَأُنثَىٰ﴾ [الحجرات: ١٣]

হে মানৱ জাতি, নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা”। [ আল-হুজুৰাত, আয়াত: ১৩]

ইয়াত আল্লাহ তাআলাই কৈছে যে, মানৱ সৃষ্টিৰ আদিৰ পৰাই নাৰী পুৰুষৰ সঙ্গী, যেনেকৈ নাৰী পুৰুষৰ সঙ্গীনী ছোৱাব আৰু শাস্তিৰ ক্ষেত্ৰত। আল্লাহ তা‘আলাই কৈছে:

﴿مَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَلَنُحۡيِيَنَّهُۥ حَيَوٰةٗ طَيِّبَةٗۖ وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ ٩٧﴾ [النحل: ٩٧]

যিয়ে ঈমানৰ অৱস্থাত নেক আমল কৰিব, পুৰুষেই হওক বা নাৰী, আমি তাক পৱিত্ৰ জীৱন দান কৰিম আৰু সিহঁতে যি আমল কৰিছিল তাৰ তুলনাত আমি নিশ্চয় সিহঁতক উত্তম প্ৰতিদান দিম”। [ আন-নাহাল, আয়াত: ৯৭]

আন এটা আয়াতত তেওঁ কৈছে:

﴿لِّيُعَذِّبَ ٱللَّهُ ٱلۡمُنَٰفِقِينَ وَٱلۡمُنَٰفِقَٰتِ وَٱلۡمُشۡرِكِينَ وَٱلۡمُشۡرِكَٰتِ﴾ [الاحزاب: ٧٣]

যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী আৰু মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী সকলক শাস্তি দিয়ে।”। [ আল-আহযাব, আয়াত: ৭৩]

আল্লাহ তা‘আলাই মৃত ব্যক্তিৰ সম্পদৰ দৰে নাৰীক পৰিত্যক্ত মিৰাছ গণ্য কৰা হাৰাম কৰিছে। যেনে তেওঁ কৈছে:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا يَحِلُّ لَكُمۡ أَن تَرِثُواْ ٱلنِّسَآءَ كَرۡهٗاۖ﴾ [النساء: ١٩]

হে মুমিনসকল, বলপূৰ্বকভাৱে স্ত্ৰীসকলৰ উত্তৰাধিকাৰী হোৱা তোমালোকৰ বাবে হালাল নহয়”। [ আন-নিছা, আয়াত: ১৯]

এইদৰে ইছলামে নাৰীৰ ব্যক্তি স্বাধীনতা পুনৰুদ্ধাৰ কৰে আৰু তাইক ওৱাৰিছ (উত্তৰাধিকাৰ) ঘোষণা দিয়ে। কাৰণ, তাই পৰিত্যক্ত সম্পদ নহয়। আৰু ইছলামে তাইক মৃত আত্মীয়ই এৰি থৈ যোৱা সম্পদৰ পৰা মিৰাছৰ অধিকাৰ প্ৰদান কৰিছে। আল্লাহ তা‘আলাই কৈছে:

﴿لِّلرِّجَالِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ وَلِلنِّسَآءِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ مِمَّا قَلَّ مِنۡهُ أَوۡ كَثُرَۚ نَصِيبٗا مَّفۡرُوضٗا ٧﴾ [النساء: ٧]

পিতৃ-মাতৃ আৰু নিকট আত্মীয়ই যি এৰি থৈ গৈছে তাত পুৰুষৰ এটা অংশ আছে। আৰু নাৰীসকলৰ বাবেও পিতৃ-মাতৃ আৰু নিকট আত্মীয়সকলে যি এৰি থৈ গৈছে তাত এটা অংশ আছে, সেইটো কমেই হওক বা বেছি, এটা নিৰ্ধাৰিত অংশ আছে”। [ আন-নিছা, আয়াত: ৭]

আন এটা আয়াতত আল্লাহ তাআলাই কৈছে:

﴿يُوصِيكُمُ ٱللَّهُ فِيٓ أَوۡلَٰدِكُمۡۖ لِلذَّكَرِ مِثۡلُ حَظِّ ٱلۡأُنثَيَيۡنِۚ فَإِن كُنَّ نِسَآءٗ فَوۡقَ ٱثۡنَتَيۡنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَۖ وَإِن كَانَتۡ وَٰحِدَةٗ فَلَهَا ٱلنِّصۡفُۚ﴾ [النساء: ١١]

আল্লাহে তোমালোকক তোমালোকৰ সন্তানসকলৰ ক্ষেত্ৰত নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাসন্তানৰ অংশৰ সমপৰিমাণ। কিন্তু যদি সিহঁত দুজনীৰ অধিক হয়, তেনেহ’লে সিহঁতৰ বাবে হ’ব, তিনি ভাগৰ দুভাগ (দুই-তৃতীয়াংশ), আৰু যদি কেৱল এজনী হয় তেন্তে তাইৰ বাবে অৰ্ধাংশ ...”। [আন-নিছা, আয়াত: ১১]

এইদৰে আল্লাহে এজনী নাৰীক মাক, জীয়ৰী, বাই-ভনী আৰু স্ত্ৰী হিচাপে মিৰাছ দান কৰিছে।

আৰু বিবাহৰ ক্ষেত্ৰত সৰ্বোচ্চ চাৰিজনী স্ত্ৰী ৰখাৰ অনুমতি প্ৰদান কৰিছে, চৰ্ত হৈছে নাৰীসকলৰ মাজত ইনচাফ প্ৰতিষ্ঠা আৰু সিহঁতৰ লগত উত্তম আচৰণ কৰিব লাগিব। আল্লাহ তাআলাই কৈছে:

﴿وَعَاشِرُوهُنَّ بِٱلۡمَعۡرُوفِۚ﴾ [النساء: ١٩]

আৰু সিহঁতৰ লগত সজভাৱে আচৰণ কৰা”। [ আন-নিছা, আয়াত: ১৯]

আৰু নাৰীৰ বাবে পুৰুষৰ ওপৰত দেন-মোহৰ ধাৰ্য কৰি তাইক সেইটো পৰিপূৰ্ণ প্ৰদান কৰাৰ নিৰ্দেশ দিছে, কিন্তু নাৰীয়ে যদি নিজ ইচ্ছাৰে আৰু পূৰ্ণ সন্তুষ্টিত কিবা ত্যাগ কৰে (ক্ষমা কৰে) সেইটো পুৰুষৰ বাবে বৈধ। আল্লাহ তাআলাই কৈছে:

﴿وَءَاتُواْ ٱلنِّسَآءَ صَدُقَٰتِهِنَّ نِحۡلَةٗۚ فَإِن طِبۡنَ لَكُمۡ عَن شَيۡءٖ مِّنۡهُ نَفۡسٗا فَكُلُوهُ هَنِيٓ‍ٔٗا مَّرِيٓ‍ٔٗا ٤﴾ [النساء: ٤]

আৰু তোমালোকে নাৰীসকলক সন্তুষ্টসহকাৰে সিহঁতৰ মোহৰ আদায় দিয়া, তাৰপিছত যদি সিহঁতে তোমালোকৰ বাবে মোহৰৰ পৰা কিছু অংশ এৰি দিয়ে, তেন্তে তোমালোকে সেইটো আনন্দসহকাৰে ভোগ কৰা”। [ আন-নিছা, আয়াত: ৪]

ইছলামে নাৰীক তাইৰ স্বামীৰ ঘৰত আদেশ আৰু নিষেধকাৰী দায়িত্বশীল আৰু নিজ সন্তানৰ ওপৰত কৰ্তৃত্বকাৰী অভিভাৱক বনাইছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

«وَالْمَرْأَةُ رَاعِيَةٌ فِي بَيْتِ زَوْجِهَا وَمَسْئُولَةٌ عَنْ رَعِيَّتِهَا»

নাৰী তাইৰ স্বামীৰ ঘৰত দায়িত্বশীল আৰু তাইক তাইৰ দায়িত্ব সম্পৰ্কে সোধা হ’ব”। 

উত্তম পন্থাৰে নাৰীৰ খৰচ আৰু পোচাক-পৰিচ্ছদ প্ৰদান কৰা স্বামীৰ ওপৰত ওৱাজিব কৰিছে।

৩. ইছলামৰ শত্ৰু আৰু ইয়াৰ ষড়যন্ত্ৰকাৰীসকলে নাৰীৰ ইজ্জত-সন্মান হৰণ কৰি কি বিচাৰে?

নিশ্চয় ইছলামৰ শত্ৰু বৰং মানৱ জাতিৰ শত্ৰু কাফিৰ, মুনাফিক আৰু যিহঁতৰ অন্তৰত ব্যাধি আছে, ইছলামৰ তৰফৰ পৰা দিয়া নাৰীৰ ইজ্জত, সন্মান আৰু নিৰাপত্তাই সিহঁতক ক্ৰোধাক্ৰান্ত কৰিছে। কাৰণ এই কাফিৰ আৰু মুনাফিক সকলে বিচাৰে দুৰ্বল ঈমান আৰু প্ৰবৃত্তিৰ অনুসাৰীসকলৰ বাবে নাৰী চিকাৰ কৰা বস্তু আৰু ধ্বংসৰ হাতিয়াৰ হওঁক। আৰু সিহঁতে নিজ সমাজৰ নাৰী সকলৰ পৰা সিহঁতে নিজেই প্ৰবৃত্তি পূৰণ কৰিছে ইয়াত কোনো সন্দেহ নাই। আল্লাহ তা‘আলাই কৈছে:

﴿وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُواْ مَيۡلًا عَظِيمٗا﴾ [النساء: ٢٧]

আৰু যিসকলে প্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যেন তোমালোকে প্ৰবলভাৱে (সত্যৰ পৰা) বিচ্যুত হোৱা”। [ আন-নিছা, আয়াত: ২৭]

আৰু যিসকল মুছলিমৰ অন্তৰত ৰোগ আৰু ব্যাধি আছে, সিহঁতে বিচাৰে নাৰীসকল সিহঁতৰ প্ৰবৃত্তি পূৰণ আৰু চয়তানি কৰ্ম-কাণ্ডত সূলভমূল্য হওঁক। সিহঁতৰ সন্মুখত উন্মুক্ত পণ্য হৈ থাকক, যাতে তাইৰ সৌন্দৰ্য দেখি সিহঁতে মুগ্ধ হয় অথবা তাইৰ পৰা আৰু ঘৃণিত উদ্দেশ্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই বাবে সিহঁতে প্ৰলুব্ধ কৰে যাতে কামৰ বাবে নাৰী ঘৰৰ পৰা ওলায় আৰু সিহঁতৰ ওচৰা-ওচৰিকৈ কাম কৰে অথবা নাৰ্চ সাজি পুৰুষৰ সেৱা কৰে নাইবা এয়াৰহষ্টেজ হয় অথবা সহশিক্ষাত (ল’ৰা ছোৱালী একেলগে শিক্ষা লোৱা বিদ্যালয়) ছাত্ৰী হৈ নাইবা শিক্ষিকা হৈ থাকে। অথবা চিনেমাত অভিনেত্ৰী আৰু গায়িকা হয় নাইবা বিভিন্ন মিডিয়াৰ বিজ্ঞাপনৰ মডেল হয়। উন্মুক্ত ঘুৰি ফুৰা আৰু কণ্ঠ আৰু সৌন্দৰ্য প্ৰদৰ্শন কৰি ফিতনা সৃষ্টি কৰে। ম্যাগাজিনসমূহে অধিক প্ৰচাৰৰ বাবে বা মাৰ্কেট অৰ্জন কৰিবলৈ উলঙ্গ-আবেদনময়ী নাৰীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। আকৌ কিছুমান অসাধু ব্যৱসায়ী সিহঁতৰ পণ্য প্ৰচাৰৰ বাবে এইবোৰ ছবিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে, সিহঁতৰ উৎপাদিত পণ্য আৰু শ্বো-ৰুমসমূহত এইবোৰ ছবি ওলমাই ৰাখে। এই ধৰণৰ কু-পদক্ষেপৰ কাৰণে অধিকাংশ নাৰীয়ে সিহঁতৰ ঘৰৰ প্ৰকৃত দায়িত্ব ত্যাগ কৰিছে, ফলত সিহঁতৰ স্বামীসকলে ঘৰৰ কামৰ বাবে আৰু সন্তান লালন-পালন কৰাৰ বাবে বাধ্য হৈ বাহিৰৰ পৰা খাদ্দামাহ বা সেৱিকা ভাড়া কৰি আনিবলগীয়া হৈছে, যিয়ে দিনে দিনে বহুতো ফিতনা আৰু অনিষ্টৰ জন্ম দিছে।

৪. কিছুমান চৰ্ত সাপেক্ষে ঘৰৰ বাহিৰত নাৰীৰ কাম কৰা বৈধ:

১. নাৰী যদি কামৰ মুখাপেক্ষী হয় অথবা সমাজে তাইৰ সেৱাৰ প্ৰয়োজন বোধ কৰে আৰু তাইৰ সেৱা দানকাৰী বিকল্প কোনো পুৰুষ পোৱা নাযায়।

২. নাৰীৰ মূল দায়িত্ব ঘৰৰ কাম, তাৰ পিছত আন কাম।

৩. নাৰী পৰিৱেশত কাম কৰা, যেনে পুৰুষৰ পৰা পৃথক পৰিৱেশত নাৰীসকলক শিক্ষা দান কৰা অথবা নাৰীসকলৰ সেৱা আৰু চিকিৎসা প্ৰদান কৰা। (এই তিনিটা চৰ্ত পূৰণ হ’লে নাৰীৰ বাবে ঘৰৰ বাহিৰত কাম কৰা বৈধ।)

৪. এইদৰে নাৰীৰ বাবে দ্বীনি ইল্ম শিকা আৰু শিকোৱা দোষ নহয় বৰং বৰ দৰকাৰী, কিন্তু এইটো নাৰী পৰিৱেশত হ’ব লাগিব। এইদৰে মছজিদত বা মছজিদৰ দৰে পৰিৱেশত কোনো ধৰ্মীয় মজলিছত অংশ গ্ৰহণ কৰা তাইৰ বাবে দোষণীয় নহয়। নিশ্চয় পুৰুষৰ পৰা পৃথক আৰু পৰ্দাশীল হোৱা বাঞ্চনীয়, যেনেকৈ ইছলামৰ প্ৰথমাৱস্থাত নাৰীসকলে কাম কৰিছিল, দ্বীন শিক্ষা কৰিছিল আৰু মছজিদত উপস্থিত হৈছিল।

 দ্বিতীয় পৰিচ্ছেদ নাৰীৰ শাৰীৰিক সৌন্দৰ্য গ্ৰহণ কৰাৰ বিধান

১. নাৰীসকলে সিহঁতৰ শৰীৰৰ স্বভাৱগত পৱিত্ৰতা আৰু যি সিহঁতৰ বাবে বিশেষ উপযোগী সেই সৌন্দৰ্য গ্ৰহণ কৰিব:

যেনে, নখ কটা বৰং নিয়মিত নখ কটা সকলো আহলে ইল্মৰ ইজমা অনুসাৰে ছুন্নত আৰু হাদীছত বৰ্ণিত মানুহৰ স্বভাৱৰ দাবী এইটোৱেই। নখ কটা সৌন্দৰ্য আৰু পৰিচ্ছন্নতা আৰু নখ নকটা বিকৃতি আৰু হিংস্ৰ প্ৰাণীৰ লগত সামঞ্জস্যপূৰ্ণ। নখ দীঘল হ’লে ভিতৰত ময়লা জমি থাকে সেয়ে তাত পানী ঢুকি নাপায়। আকৌ কিছুমান মুছলিম নাৰীয়ে ছুন্নত নজনাৰ বাবে কাফিৰ সকলৰ অনুকৰণ কৰি নখ দীঘল ৰখাৰ অভ্যাস গঢ়ি তুলিছে যিটো অৱশ্যই পৰিত্যাগ কৰিবলগীয়া।

নাৰীৰ দুয়ো কাষৰ আৰু নাভিৰ তলৰ নোম দূৰ কৰা ছুন্নত। কাৰণ, হাদীছত ইয়াৰ নিৰ্দেশ আছে, এইটোৱেই সিহঁতৰ সৌন্দৰ্য। কিন্তু উত্তম হৈছে প্ৰতি সপ্তাহত পৰিচ্ছন্ন হোৱা, নহ’লে চল্লিশ দিনৰ ভিতৰত অৱশ্যই পৰিচ্ছন্ন হ’ব লাগিব।

২. নাৰীৰ মূৰৰ চুলি, চকুৰ ভ্ৰু লগতে খিজাব আৰু ৰং ব্যৱহাৰ কৰাৰ বিধান:

ক. মুছলিম নাৰীৰ মূৰৰ চুলি ডাঙৰ কৰা ইছলামৰ দাবী, বিনা কাৰণত মূৰৰ চুলি খুৰোৱা হাৰাম।

ছৌদি আৰবৰ মুফতি শ্বাইখ মুহাম্মাদ ইবনে ইব্ৰাহীম ৰাহিমাহুল্লাহে কৈছে: “নাৰীৰ চুলি কটা বৈধ নহয়। কাৰণ, আলী ৰাদিয়াল্লাহু ‘আনহুৰ পৰা ইমাম নাছাঈ নিজ ছুনান গ্ৰন্থত, উছমান ৰাদিয়াল্লাহু ‘আনহুৰ পৰা ইমাম বাজ্জাৰে নিজ মুছনাদ গ্ৰন্থত আৰু ইকৰিমাহ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা ইবনে জাৰীৰ তাবাৰীয়ে তেখেতৰ তাফছীৰ গ্ৰন্থত বৰ্ণনা কৰিছে: “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীক মূৰ খুৰাবলৈ নিষেধ কৰিছে”। 

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা নিষেধাজ্ঞাৰ অৰ্থ হাৰাম, যদি তাৰ কোনো বিপৰীত দলীল নাথাকে।

মোল্লা আলী ক্বাৰীয়ে মিশ্বকাতৰ ব্যাখ্যা গ্ৰন্থ ‘মিৰকাতত’- কৈছে: “নাৰীৰ মূৰ খূৰোৱাৰ ওপৰত নিষেধাজ্ঞাৰ কাৰণ হৈছে: পুৰুষৰ পুৰুষত্ব আৰু সৌন্দৰ্যৰ বাবে দাঢ়ি যেনেকুৱা ঠিক তেনেকুৱা নাৰীৰ নাৰীত্ব আৰু সৌন্দৰ্যৰ বাবে চুলি”

মূৰৰ চুলি কটা যদি সৌন্দৰ্য বাহিৰে আন কোনো প্ৰয়োজনত হয়, যেনে চুলি বহন কৰা কঠিন অথবা বেছি ডাঙৰ হোৱাৰ কাৰণে পৰিচৰ্যা কৰা কষ্টকৰ হয়, তেনেহ’লে প্ৰয়োজন মোতাবিক কাটিলে কোনো অসুবিধা নাই। যেনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত তেখেতৰ কিছুমান স্ত্রীয়ে চুলি চুটি কৰিছিল। কাৰণ, তেওঁৰ মৃত্যুৰ পিছত তেওঁলোকে সৌন্দৰ্য পৰিহাৰ কৰিছিল, সেয়ে চুলি ডাঙৰ ৰখা তেওঁলোকৰ প্ৰয়োজন নাছিল।

নাৰীৰ চুলি কটাৰ উদ্দেশ্য যদি কাফিৰ আৰু ফাছিক নাৰীৰ বা পুৰুষসকলৰ লগত সামঞ্জস্য গ্ৰহণ কৰা হয়, তেন্তে নিসন্দেহে সেইটো হাৰাম। কাৰণ, কাফিৰসকলৰ সামঞ্জস্য গ্ৰহণ নকৰাই ইছলামৰ সাধাৰণ নিৰ্দেশ। এইদৰে নাৰীসকলৰ বাবে পুৰুষৰ সামঞ্জস্য গ্ৰহণ কৰা হাৰাম, যদি সৌন্দৰ্যৰ উদ্দেশ্য গ্ৰহণ কৰা হয় তেন্তেও হাৰাম।

শ্বাইখ মুহাম্মাদ আমীন শ্বানকিতি ৰাহিমাহুল্লাহ ‘আজওৱাউল বায়ান’ গ্রন্থত কৈছে: “বহুতো দেশত নাৰীসকলে মূৰৰ সন্মুখৰ পৰা চুলি কটাৰ যি অভ্যাস গঢ়ি উঠিছে সেইটো পাশ্চত্য আৰু ইউৰোপীয় নীতি। এই স্বভাৱ ইছলাম আৰু ইছলাম পূৰ্ব যুগত আৰবৰ নাৰীসকলৰ নাছিল। উম্মতৰ মাজত ধৰ্মীয়, চাৰিত্ৰিক আৰু বৈশিষ্ট্যত সেইসমূহ বিকৃতি আৰু পদস্খলন মহামাৰীৰ আকাৰ ধাৰণ কৰিছে এইটো তাৰেই অংশ। তাৰপিছত তেওঁ নিম্নোক্ত হাদীছ সম্পৰ্কে কৈছে:

»أن أزواج النبي صلى الله عليه وسلم يأخذن من رؤوسهن حنى تكون كالوفرة«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রীসকলে কাণৰ লতি পৰ্যন্ত তেওঁলোকৰ মূৰৰ চুলি কাটিছিল”।  এনেকুৱা কৰিছিল তেখেত সকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত, তেখেতৰ জীৱিতাৱস্থাত তেওঁলোকে সৌন্দৰ্য গ্ৰহণ কৰিছিল, যাৰ অন্যতম অংশ আছিল চুলি। কিন্তু তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকৰ বাবে এইটো বিশেষ বিধান, যি বিধানত পৃথিৱীৰ কোনো নাৰী তেওঁলোকৰ অংশীদাৰ হ’ব নোৱাৰে। সেইটো হৈছে তেওঁলোকৰ বিবাহৰ আশা সম্পূৰ্ণৰূপে ত্যাগ কৰা। এনেকৈ ত্যাগ কৰা যে, কোনো অৱস্থাতেই বিবাহ সম্ভৱ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত তেওঁলোক আমৃত্যু ইদ্দত পালনকাৰী নাৰীৰ দৰে জীৱন-যাপন কৰিছিল। (ইদ্দত পালনকাৰী নাৰীৰ দৰে তেওঁলোকৰ পক্ষে বিবাহ কৰা বৈধ নাছিল। আল্লাহ তা‘আলাই কৈছে:

﴿وَمَا كَانَ لَكُمۡ أَن تُؤۡذُواْ رَسُولَ ٱللَّهِ وَلَآ أَن تَنكِحُوٓاْ أَزۡوَٰجَهُۥ مِنۢ بَعۡدِهِۦٓ أَبَدًاۚ إِنَّ ذَٰلِكُمۡ كَانَ عِندَ ٱللَّهِ عَظِيمًا﴾ [الاحزاب: ٥٣]

আল্লাহৰ ৰাছুলক কষ্ট দিয়া আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিবাহ কৰা কেতিয়াও তোমালোকৰ বাবে উচিত নহয়। নিশ্চয় এইটো আল্লাহৰ ওচৰত ডাঙৰ পাপ”। [ আল-আহযাব, আয়াত: ৫৩]

এতেকে, একেবাৰে পুৰুষসকলৰ পৰা নিৰাশ হোৱাৰ ফলত সৌন্দৰ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে অলপমান অব্যাহতি দিয়া হৈছে, ইয়াৰ বাহিৰে আন কোনো কাৰণত এনেকুৱা কৰা ঠিক নহয়।  সমাপ্ত

সেয়ে নাৰীৰ কৰ্তব্য হৈছে, মূৰৰ চুলি সংৰক্ষণ কৰা, চুলিৰ যত্ন লোৱা আৰু দীঘল বেণু গাথি ৰখা, মূৰৰ ওপৰত বা মূৰৰ পিছফালে খোপা বান্ধি ৰখা নিষেধ।

শ্বাইখুল ইছলাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহে কৈছে: “কিছুমান অসৎ নাৰীয়ে দুই কান্ধৰ মাজত চুলিৰ এটা খোঁপা বনাই ওলোমাই ৰাখে”

ছৌদি আৰবৰ মুফতি শ্বাইখ মুহাম্মাদ ইবনে ইব্ৰাহীম ৰাহিমাহুল্লাহে কৈছে: “এই যুগৰ কিছুমান মুছলিম নাৰী, মূৰৰ চুলিক যেনেকৈ এটা দিশতলৈ কান্ধৰ ওচৰত খোপা বনাই ৰাখে অথবা মূৰৰ ওপৰত জমা কৰি ৰাখে, যেনেকৈ পশ্চিমা আৰু ইউৰোপীয় নাৰীসকলে কৰে সেয়া বৈধ নহয়। কাৰণ, এইটো অমুছলিম নাৰীসকলৰ লগত সামঞ্জস্য। আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত এটা ডাঙৰ হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»صِنْفَانِ مِنْ أَهْلِ النَّارِ، لَمْ أَرَهُمَا قَوْمٌ مَعَهُمْ سِيَاطٌ كَأَذْنَابِ الْبَقَرِ يَضْرِبُونَ بِهَا النَّاسَ، وَنِسَاءٌ كَاسِيَاتٌ عَارِيَاتٌ مُمِيلَاتٌ مَائِلَاتٌ، رُءُوسُهُنَّ كَأَسْنِمَةِ الْبُخْتِ الْمَائِلَةِ، لَا يَدْخُلْنَ الْجَنَّةَ وَلَا يَجِدْنَ رِيحَهَا، وَإِنَّ رِيحَهَا لَيُوجَدُ مِنْ مَسِيرَةِ كَذَا وَكَذَا«

দুই প্ৰকাৰ জাহান্নামীক মই এতিয়াও দেখা নাই: এক প্ৰকাৰ মানুহ হৈছে যিসকলৰ লগত গৰুৰ লেজৰ দৰে লাঠি থাকিব, সেইটোৰে সিহঁতে মানুহক আঘাত কৰিব। আৰু এক প্ৰকাৰ পোছাক পৰিহিত বিবস্ত্ৰ নাৰী, যিহঁতে নিজেও আকৃষ্ট হয় আৰু আনকো আকৰ্ষণ কৰে। সিহঁতৰ মূৰ উটৰ হালি থকা কুজৰ দৰে। সিহঁতে জান্নাতত প্ৰৱেশ নকৰিব আৰু জান্নাতৰ সুগন্ধিও নাপাব, যদিও ইয়াৰ সুগন্ধি ইমান ইমান দূৰত্বৰ পৰা পোৱা যায়”।

নিজেও আকৃষ্ট হয় আৰু আনকো আকৰ্ষণ কৰে” এই কথাৰ ব্যাখ্যাত কিছুমান আলিমে কৈছে: “সিহঁতে এনেকৈ চুলি সুসজ্জিত কৰে যিটো আবেদনময়ী আৰু আনকো আকৃষ্টকাৰী আৰু এইদৰে আনকো সিহঁতে সাজি-কাচি দিয়ে, যিটো চৰিত্ৰহীন নাৰীসকলৰ ৰীতি। পশ্চিমা নাৰী আৰু সিহঁতৰ অনুসাৰী বিপথগামী মুছলিম নাৰীসকলৰ এইটোৱেই ৰীতি।

যেনেকৈ বিনা প্ৰয়োজনত মুছলিম নাৰীৰ মূৰৰ চুলি খুৰোৱা অথবা চুটি কৰা নিষেধ, তেনেকৈ তাইৰ চুলিৰ লগত আনৰ চুলি যুক্ত কৰা আৰু আনৰ চুলিৰ দ্বাৰা তাইৰ চুলি বৃদ্ধি কৰাও নিষেধ। কাৰণ, ছহীহ বুখাৰী আৰু মুছলিমত আহিছে:

»لعن رسول الله صلى الله عليه وسلم الواصلة والمستوصلة«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৱাছিলাহ আৰু মুছতাওছিলাহ (নাৰী)ক অভিশাপ কৰিছে”। 

ৱাছিলাহ’ সেই নাৰীক কোৱা হয়, যিয়ে নিজৰ চুলিৰ লগত আনৰ চুলি যোগ কৰে, আৰু যি নাৰীয়ে চুলি যোগ কৰাৰ কাম কৰে তাইক কোৱা হয় মুছতাওছিলাহ। ইয়াত মিছাৰ আশ্ৰয় গ্ৰহণ কৰা হয় বাবেই হাৰাম। চুলি যোগ কৰাৰ পৰ্যায়ত পৰে আল-বাৰুকা বা ‘পৰচুলি’ পৰিধান কৰা। বুখাৰী, মুছলিম আৰু আন আন মুহাদ্দিছ সকলে বৰ্ণনা কৰিছে যে, মু‘আৱিয়া ৰাদিয়াল্লাহু ‘আনহু যেতিয়া মদিনাত আহি খুৎবা প্ৰদান কৰিলে, তেতিয়া তেখেতে চুলিৰ এটা খোপা অথবা চুলিৰ কিছু অংশ বাহিৰ কৰিলে আৰু ক’লে: তোমালোকৰ নাৰীসকলৰ কি হ’ল, সিহঁতে সিহঁতৰ মূৰত এনেকুৱা (চুলি যোগ) কৰে? মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছো:

»مَا مِنِ امْرَأَةٍ تَجْعَلُ فِي رَأْسِهَا شَعْرًا مِنْ شَعْرِ غَيْرِهَا، إِلا كَانَ زُورًا«

যি নাৰীয়ে নিজৰ মূৰত আনৰ চুলি ৰাখিব তাই মিছাৰ আশ্ৰয় গ্ৰহণকাৰী”।

আল-বাৰুকা’ বা ‘পৰচুলি’ একপ্ৰকাৰ কৃত্ৰিম চুলি, যিটো দেখাত মূৰৰ চুলিৰ দৰেই। এইবোৰ পৰিধান কৰাও মিছাৰ আশ্ৰয় গ্ৰহণ কৰাৰ অন্তৰ্ভূক্ত।

খ. খুৰোৱা অথবা চুটি কৰা অথবা লোম নাশক দ্ৰব্য ব্যৱহাৰ কৰি ভ্ৰুৰ চুলি সম্পূৰ্ণ বা আংশিক দূৰ কৰা মুছলিম নাৰীৰ বাবে হাৰাম। কাৰণ, ইয়াক আৰবীত ‘নাম`ছ’ বোলে, যিটোৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰণ কৰিছে। ইমাম নাছাঈয়ে বৰ্ণনা কৰিছে:

»لعن صلى الله عليه وسلم النامصة والمتنمصة«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে না-মিছাহ আৰু মুতানাম্মিছাহক অভিশাপ কৰিছে”। 

না-মিছাহ’ সেই নাৰীক কোৱা হয়, যিয়ে নিজৰ ধাৰণা অনুযায়ী সৌন্দৰ্য চৰ্চা কৰিবলৈ গৈ পূৰ্ণ ভ্ৰু বা আংশিক ভ্ৰু পেলাই দিয়ে। আৰু যিয়ে এই কামত নিয়োজিত তাইক কোৱা হয় ‘মুতানাম্মিছাহ’। এই জাতীয় কাম আল্লাহৰ সৃষ্টিত পৰিবৰ্তন কৰাৰ অন্তৰ্ভূক্ত, যিটোৰ পৰা ইছলামে কঠোৰভাৱে নিষেধ কৰিছে, আৰু চয়তানে আদম সন্তানৰ দ্বাৰা এই নিষেধাজ্ঞা ভঙ্গ কৰাৰ বাবে প্ৰতিজ্ঞা কৰি আহিছে। যেনে, পৱিত্ৰ কোৰআনত আছে:

﴿وَلَأٓمُرَنَّهُمۡ فَلَيُغَيِّرُنَّ خَلۡقَ ٱللَّهِۚ﴾ [النساء: ١١٩]

মই নিশ্চয় সিহঁতক নিৰ্দেশ কৰিম, ফলত সিহঁতে আল্লাহৰ সৃষ্টিক পৰিবৰ্তন কৰিব”। [ আন-নিছা, আয়াত: ১১৯]

এইদৰে ছহীহ বুখাৰী আৰু মুছলিমত ইবনে মাছউদ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে:

»لعن الله الواشمات والمستوشمات والنامصات والمتنمصات والمتفلجات للحسن، المغيرات خلق الله«

আল্লাহ তা‘আলাই অভিশাপ কৰিছে উল্কি গ্ৰহণকাৰী আৰু উল্কি অঙ্কনকাৰী। কৃত্রিম চুলি সংযোগকাৰীনী আৰু কৃত্ৰিম চুলি সংযোজন পেচাত নিয়োজিত নাৰীক আৰু যিহঁতে সৌন্দৰ্যৰ বাবে দাঁতৰ মাজত ব্যৱধান কৰে, আল্লাহৰ সৃষ্টি পৰিবৰ্তন কৰে”। 

তাৰ পিছত ইবনে মা‘ছউদ ৰাদিয়াল্লাহু ‘আনহুৱে কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিহঁতক অভিশাপ কৰিছে মই সিহঁতক অভিশাপ নকৰিমনে? অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য কৰাৰ নিৰ্দেশ আল্লাহৰ কিতাবত আছে?! আল্লাহ তা‘আলাই কৈছে:

 ﴿وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمۡ عَنۡهُ فَٱنتَهُواْ﴾ [الحشر: ٧]

আৰু ৰাছুলে তোমালোকক যি দিছে সেইটো গ্ৰহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰিছে, তাৰ পৰা তোমালোকে বিৰত থকা”। [ আল-হাশ্বৰ, আয়াত: ৭]

ইবনে কাছীৰ ৰাহিমাহুল্লাহে তেখেতৰ তাফছীৰ গ্ৰন্থত এই আলোচনা কৰিছে।

বৰ্তমান যুগত বিপদজনক এই কবিৰাহ গুনাহত বহু নাৰীয়েই লিপ্ত, কৃত্ৰিম চুলি সংযোজন কৰা সিহঁতৰ দৈনিক সাজ-সজ্জাৰ অন্তৰ্ভূক্ত। অথচ এই জাতীয় কৰ্মৰ নিৰ্দেশ যদি স্বামীয়েও কৰে, তথাপিও তাৰ অনুসৰণ কৰা বৈধ নহয়। কাৰণ, এইটো মহাপাপ।

গ. সৌন্দৰ্যৰ বাবে মুছলিম নাৰীৰ দাঁতৰ মাজত ব্যৱধান সৃষ্টি কৰা হাৰাম। যেনে, ধুনীয়া দেখিবলৈ আধুনিক যন্ত্ৰৰ দ্বাৰা ঘঁহি ঘঁহি দাঁতৰ মাজত অকনমান ফাঁক সৃষ্টি কৰা। হয়, দাঁত যদি অসুবিধা দিয়ে আৰু তাত বিকৃতি থাকে, তেন্তে অপাৰেচনৰ দ্বাৰা ঠিক কৰা বৈধ। অথবা দাঁতত পোকে ধৰিলে সেয়া দূৰ কৰাত কোনো অসুবিধা নাই। কাৰণ, এইটো চিকিৎসা আৰু বিকৃতি দূৰ কৰাৰ বাবে, যিটো দন্ত চিকিৎসকৰ কাম।

ঘ. শৰীৰত উল্কি অঙ্কন কৰা নাৰীৰ বাবে হাৰাম। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্কি গ্ৰহণকাৰী আৰু উল্কি অঙ্কনকাৰী উভয়কে অভিশাপ কৰিছে। হাদীছত অভিশপ্ত الواشمة ‘আল-ৱাশ্বিমা’ সেই নাৰীক কোৱা হয়, যিয়ে পিন আদিৰ দ্বাৰা হাত অথবা চেহাৰা ছিদ্ৰ কৰে, তাৰ পিছত ইয়াক ছুৰমা বা কালিৰে সম্পূৰ্ণৰূপে ভৰাই দিয়ে, আৰু অভিশপ্ত المستوشمة ‘আল-মুছতাওশ্বিমা’ সেই নাৰীক কোৱা হয়, যাক এই কাম কৰি দিয়া হয়। এই জাতীয় কাম হাৰাম আৰু কবিৰা গুনাহ। এইবোৰ গ্ৰহণকাৰী আৰু সম্পাদনকাৰী উভয়কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অভিশাপ কৰিছে, আৰু কবিৰা গুনাহৰ বাহিৰে আন কোনো গুনাহৰ বাবে অভিশাপ কৰা নহয়।

ঙ. নাৰীসকলৰ চুলি ৰঙিন কৰা আৰু সোণ লগতে খিজাব ব্যৱহাৰ কৰাৰ বিধান:

১. খিযাব বা জেতুকা ব্যৱহাৰ: ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছে: “বিবাহিত নাৰীৰ দুই হাত আৰু দুই ভৰি জেতুকাৰ দ্বাৰা খিযাব কৰা মুস্তাহাব। কাৰণ, এই বিষয়ে কেইবাটাও প্ৰসিদ্ধ হাদীছ আছে”।  প্ৰসিদ্ধ হাদীছৰ দ্বাৰা তেখেতে আবু দাউদত বৰ্ণিত হাদীছৰ প্ৰতি ইঙ্গিত কৰিছে:

»أن امرأة سألت عائشة رضي الله عنها عن خضاب الحناء، فقالت: لا بأس به، ولكني أكرهه، كان حبيبي رسول الله صلى الله عليه وسلم يكره ريحه«

এজনী মহিলাই আইশ্বা ৰাদিয়াল্লাহু ‘আনহাক জেতুকাৰ খিযাব সম্পৰ্কে সুধিলে, তেখেতে ক’লে: কোনো অসুবিধা নাই, কিন্তু মই এইটো পছন্দ নকৰো। কাৰণ মোৰ হাবীব চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ গন্ধ পছন্দ নকৰে”। 

ইমাম নাছাঈয়ে আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা আৰু বৰ্ণনা কৰিছে, তেখেতে কৈছে:

»أومأت امرأة من وراء ستر - بيدها كتاب - إلى رسول الله صلى الله عليه وسلم فقبض النبي صلى الله عليه وسلم يده وقال: ما أدري أيد رجل أم يد امرأة ؟ قالت: بل يد امرأة: قال: لو كنت امرأة لغيرت أظفارك - يعني: بالحناء«

এজনী মহিলাই হাতত কিতাব লৈ পৰ্দাৰ আঁৰৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে ইঙ্গিত কৰিলে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ নিজৰ হাত গুচাই লৈ ক’লে: মই নাজানো এইটো পুৰুষৰ হাত নে নাৰীৰ হাত? তাই ক’লে: বৰং নাৰীৰ হাত। তেখেতে ক’লে: তুমি নাৰী হ’লে অৱশ্যই তোমাৰ নখ পৰিবৰ্তন কৰিলাহেঁতেন- অৰ্থাৎ জেতুকাৰ দ্বাৰা”। 

কিন্তু এনে বস্তুৰ দ্বাৰা ৰং কৰা ঠিক নহয়, যিটো গোট খায় আৰু পৱিত্ৰতা অৰ্জনত বাঁধাৰ সৃষ্টি কৰে।

২. নাৰীৰ চুলি ৰঙ্গিন কৰাৰ বিধান:

নাৰী যদি বৃদ্ধা হয়, তেনেহ’লে ক’লা ৰঙৰ বাহিৰে যিকোনো ৰঙৰ দ্বাৰা তাইৰ চুলি ৰঙ্গিন কৰা বৈধ। কাৰণ, ক’লা ৰং ব্যৱহাৰ কৰাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ব্যাপক নিষেধাজ্ঞা আছে।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘ৰিয়াজুচ চলিহীন’ গ্ৰন্থত এটা অধ্যায় ৰচনা কৰিছে, যাৰ শিৰোনাম হৈছে: “নাৰী আৰু পুৰুষৰ চুলিত ক’লা খিযাব ব্যৱহাৰ কৰা নিষেধ”। 

তেখেতে আল-মাজমু‘ গ্ৰন্থত কৈছে: “নাৰী আৰু পুৰুষ উভয়ৰ বাবেই ক’লা খিযাব ব্যৱহাৰ কৰা নিষেধ, ইয়াত কোনো পাৰ্থক্য নাই। এইটোৱেই আমাৰ মাজহাব”

যুৱতী নাৰীৰ ক’লা চুলি আন কোনো ৰঙেৰে ৰঙ্গিন কৰা মোৰ দৃষ্টিত বৈধ নহয়, ইয়াৰ কোনো প্ৰয়োজনো নাই। কাৰণ, চুলিৰ ক্ষেত্ৰত ক’লা ৰঙেই সৌন্দৰ্য। চুলিৰ ক’লা ৰং বিকৃতি নহয় যে, পৰিবৰ্তন কৰিব লাগিব। আনহাতে এইটো কাফিৰা নাৰীসকলৰ লগত সামঞ্জস্য হয়।

৩. সোণ আৰু ৰূপ ব্যৱহাৰ:

সমাজত প্ৰচলিত ৰীতি মোতাবিক সোণ আৰু ৰূপৰ দ্বাৰা নাৰীৰ সৌন্দৰ্য গ্ৰহণ কৰা বৈধ। এইটো আলিমসকলৰ ঐক্যমত। কিন্তু গাইৰ মাহৰাম বা পৰ-পুৰুষৰ বাবে তাইৰ অলঙ্কাৰ প্ৰকাশ কৰা বৈধ নহয়, সিহঁতৰ পৰা পৰ্দাত থাকিব, বিশেষকৈ যেতিয়া তাই ঘৰৰ পৰা ওলায় আৰু পুৰুষৰ দৃষ্টিৰ সন্মুখীন হয়। কাৰণ, ইয়াত ফিতনাৰ আশঙ্কা আছে। এই বাবেই নাৰীৰ ভৰিৰ তলত কাপোৰৰ আঁৰত থকা অলঙ্কাৰৰ শব্দও পৰ-পুৰুষক শুনাবলৈ নিষেধ কৰা হৈছে।  এতেকে, প্ৰকাশ্য অলঙ্কাৰৰ হুকুম সহজেই অনুমেয়?

 তৃতীয় পৰিচ্ছেদ হায়েজ, ইস্তেহাজাহ আৰু নিফাছ সংক্ৰান্ত বিধান

১. হায়েজৰ সংজ্ঞা:

হায়েজৰ আভিধানিক অৰ্থ প্ৰবাহিত হোৱা। চৰীয়তি পৰিভাষাত নিৰ্দিষ্ট সময়ত নাৰীৰ ৰেহেমৰ গভীৰৰ পৰা কোনো অসুখ আৰু আঘাতবিহীন যি তেজ প্ৰবাহিত হয় সেইটোকে হায়েজ বোলে। হায়েজ এনেকুৱা স্বভাৱ আৰু প্ৰকৃতি, যাৰ ওপৰত আল্লাহে আদমৰ জীয়ৰিসকলক সৃষ্টি কৰিছে। তেওঁলোকৰ গৰ্ভাশয়ত আল্লাহ তাআলাই এই তেজ সৃষ্টি কৰে যাতে গৰ্ভত থকা শিশুৱে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে। প্ৰসৱৰ পিছত এই তেজ দুধ হিচাপে ৰূপান্তৰ হয়। নাৰী গৰ্ভৱতী বা দুগ্ধ দানকাৰীনী নহ’লে গৰ্ভাশয়ত সৃষ্টি হোৱা তেজ ব্যৱহৃত হোৱাৰ কোনো স্থান নাথাকে, সেয়ে ই নিৰ্দিষ্ট সময়ত জৰায়ুৰ দ্বাৰা নিৰ্গত হয়, যাৰ নাম ঋতুস্ৰাব, মাহেকীয়া আৰু পিৰিয়ড ইত্যাদি।

২. হায়েজৰ বয়স:

নাৰীসকল ন্যূনতম ন (৯) বছৰত ঋতুমতী হয়, পঞ্চাশ বছৰ পৰ্যন্ত ই অব্যাহত থাকে। আল্লাহ তা‘আলা কৈছে:

﴿وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ﴾ [الطلاق: ٤]

তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতী হোৱাৰ কাল অতিক্ৰম কৰিছে,(অৰ্থাৎ ঋতুৱৰ্তী হোৱাৰ আৰু সম্ভাৱনা নাই) তেওঁলোকৰ ইদ্দত সম্পৰ্কে তোমালোকৰ যদি সন্দেহ হয় আৰু যিসকল এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো ইদ্দত কাল হ’ব তিনি মাহ”। [ আত-ত্বালাক, আয়াত:৪]

ইয়াত ঋতুমতীৰ ইদ্দতকাল অতিক্ৰম কৰাৰ অৰ্থ যিয়ে পঞ্চাশ বছৰত উপনীত হৈছে। আৰু ঋতুৰ বয়সত উপনীত হোৱা নাই অৰ্থাৎ যিজনী ছোৱালী এতিয়াও সৰু, ন (৯) বছৰ বয়সৰ তলত।

৩. হায়েজৰ বিধান:

ক. হায়েজ অৱস্থাত সন্মুখৰ লজ্জাস্থান (স্বামীৰ বাবে) ব্যৱহাৰ কৰা হাৰাম:

আল্লাহ তা‘আলাই কৈছে:

﴿وَيَسۡ‍َٔلُونَكَ عَنِ ٱلۡمَحِيضِۖ قُلۡ هُوَ أَذٗى فَٱعۡتَزِلُواْ ٱلنِّسَآءَ فِي ٱلۡمَحِيضِ وَلَا تَقۡرَبُوهُنَّ حَتَّىٰ يَطۡهُرۡنَۖ فَإِذَا تَطَهَّرۡنَ فَأۡتُوهُنَّ مِنۡ حَيۡثُ أَمَرَكُمُ ٱللَّهُۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلتَّوَّٰبِينَ وَيُحِبُّ ٱلۡمُتَطَهِّرِينَ ٢٢٢﴾ [البقرة: ٢٢٢]

আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ই অপৰিচ্ছন্নতা, অপৱিত্ৰতা। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰীসকলৰ পৰা দূৰৈত থকা আৰু সিহঁত পৱিত্ৰ নোহোৱা লৈকে সিহঁতৰ নিকটৱৰ্তী নহ’বা। তাৰ পিছত সিহঁত যেতিয়া পৱিত্ৰ হ’ব তেতিয়া সিহঁতৰ ওচৰত আহা, যেনেকৈ আল্লাহে তোমালোকক নিৰ্দেশ দিছে। নিশ্চয় আল্লাহে তওবাকাৰীসকলক ভালপায় আৰু ভালপায় অধিক পৱিত্ৰতা অৰ্জনকাৰীসকলক”। [ আল-বাকাৰা, আয়াত: ২২২]

নাৰীৰ তেজ বন্ধ হোৱা আৰু তাইৰ গুছল কৰাৰ আগ মুহূৰ্ত পৰ্যন্ত স্ত্ৰীগমনৰ নিষেধাজ্ঞা বাহাল থাকে। কাৰণ, আল্লাহ তাআলাই কৈছে:

﴿وَلَا تَقۡرَبُوهُنَّ حَتَّىٰ يَطۡهُرۡنَۖ فَإِذَا تَطَهَّرۡنَ فَأۡتُوهُنَّ مِنۡ حَيۡثُ أَمَرَكُمُ ٱللَّهُۚ﴾ [البقرة: ٢٢٢]

সিহঁত পৱিত্ৰ নোহোৱা পৰ্যন্ত সিহঁতৰ নিকটৱৰ্তী নহ’বা। তাৰ পিছত সিহঁত যেতিয়া পৱিত্ৰ হ’ব তেতিয়া সিহঁতৰ ওচৰত আহা, যেনেকৈ আল্লাহে তোমালোকক নিৰ্দেশ দিছে।”। [ আল-বাকাৰা, আয়াত: ২২২]

ঋতুমতীৰ স্বামী সন্মুখৰ লজ্জাস্থানৰ বাহিৰে যেনেকৈ ইচ্ছা তাইৰ পৰা উপকৃত হ’ব পাৰিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»اصنعوا كل شيء إلا النكاح«

স্ত্ৰীগমন (সহবাস)ৰ বাহিৰে যি ইচ্ছা কৰা”।

(স্ত্ৰীৰ পিছৰ লজ্জাস্থান ব্যৱহাৰ কৰা হাৰাম। এই বিষয়ে হাদীছত নিষেধাজ্ঞা আহিছে। অনুবাদক)

খ. ঋতুমতী ঋতুকালীন সময়ত ছালাত আৰু ছিয়াম ত্যাগ কৰিব:

ঋতুমতীৰ বাবে ছালাত আদায় কৰা আৰু ছিয়াম ৰখা হাৰাম, সিহঁতৰ ছালাত আৰু ছিয়াম শুদ্ধ নহয়। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»أليس إذا حاضت المرأة لم تصل ولم تصم؟«

এইটো নহয় নে, ঋতুকালীন সময়ত নাৰীয়ে ছালাত আদায় নকৰে আৰু ছিয়াম নাৰাখে”? 

ঋতুমতী নাৰী পৱিত্ৰ হোৱাৰ পিছত কেৱল ছিয়াম কাজা কৰিব, ছালাত কাজা নকৰিব। কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»كنا نحيض على عهد رسول الله صلى الله عليه وسلم فكنا نؤمر بقضاء الصوم، ولا نؤمر بقضاء الصلاة«

আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ঋতুমতী হৈছো, আমাক তেতিয়া ছিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল; কিন্তু ছালাত কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা নাছিল”।

কি কাৰণত ছিয়াম কাজা কৰিব, ছালাত কাজা নকৰিব -সেয়া আল্লাহেই ভাল জানে, কিন্তু আমি ভাবো ছালাত কাজা কৰা নাৰীৰ বাবে কষ্টকৰ। কাৰণ, ই দৈনিক পাঁচবাৰ আহে, এই কষ্ট ছিয়ামত নাই, সেয়ে ছিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে, ছালাত কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা নাই।

গ. ঋতুমতী নাৰীৰ বাবে আৱৰণবিহীন মুছহাফ বা কোৰআন স্পৰ্শ কৰা হাৰাম:

আল্লাহ তা‘আলাই কৈছে:

﴿لَّايَمَسُّهُۥٓإِلَّاٱلۡمُطَهَّرُونَ٧٩﴾ [الواقعة: ٧٩]

পৱিত্ৰসকলৰ বাহিৰে কোনেও ইয়াক স্পৰ্শ নকৰিব”। [ আল-ৱাক্বি‘আহ, আয়াত: ৭৯]

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমৰ ইবনে হাযমক যি পত্ৰ লিখিছিল, তাত আছিল:

»لا يمس المصحف إلا طاهر«

পৱিত্ৰৰ বাহিৰে কোনোৱে মুছহাফ স্পৰ্শ নকৰিব”।  হাদীছটো মুতাৱাতিৰ সদৃশ, কাৰণ সকলোৱে এইটো মানি লৈছে। শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছেঃ চাৰি ইমামৰ মাজহাব হৈছে পৱিত্ৰতা অৰ্জন কৰাবিহীন কোনেও মুছহাফ স্পৰ্শ নকৰিব।

ঋতুমতী নাৰী কোৰআনুল কাৰীম তিলাৱাত কৰিব নে নাই, আহলে ইল্মসকলৰ মাজত মতবিৰোধ আছে। প্ৰয়োজনবিহীন তিলাৱাত নকৰাই সতৰ্কতা। যেনে, পাহৰি যোৱাৰ আশঙ্কা থাকিলে, এইটোও এটা প্ৰয়োজন (এনে অৱস্থাত তিলাৱাত কৰিব পাৰে)। আল্লাহ তা‘আলাই ভাল জানে।

ঘ. ঋতুমতী নাৰীৰ বায়তুল্লাহ তাৱাফ কৰা হাৰাম:

কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহা যেতিয়া ঋতুমতী হৈছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতক কৈছিল:

»افعلي ما يفعل الحاج، غير ألا تطوفي بالبيت حتى تطهري«

হাজীসকলে যি কৰে তুমিও সেইটোকে কৰা, কিন্তু পৱিত্ৰ নোহোৱা লৈকে বায়তুল্লাহ তাৱাফ নকৰিবা”।

ঙ. ঋতুমতী নাৰীৰ মছজিদত অৱস্থান কৰা হাৰাম:

ঋতুমতী মহিলাৰ মছজিদত অৱস্থান কৰা হাৰাম, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إني لا أحل المسجد لحائض ولا لجنب«

মই ঋতুমতী নাৰী আৰু জুনুবী তথা গুছল ফৰজ হোৱা ব্যক্তিৰ বাবে মছজিদ হালাল নকৰো”। 

আন এটা বৰ্ণনাত তেখেতে কৈছে:

»إن المسجد لا يحل لحائض ولا جنب«

ঋতুমতী আৰু জুনুবী ব্যক্তিৰ বাবে মছজিদ হালাল নহয়”।

কিন্তু অৱস্থান কৰাবিহীন মছজিদৰ ভিতৰেদি অতিক্ৰম কৰা ঋতুমতীৰ বাবে বৈধ। কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে:

: قال رسول الله ناوليني الخمرة من المسجد، فقلت: إني حائض، فقال: إن حيضتك ليست بيدك

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, মছজিদৰ পৰা মোক বিছনাখন আনি দিয়া, মই ক’লো: মই হায়েজ অৱস্থাত আছো, তেখেতে ক’লে: তোমাৰ হায়েজ কিন্তু তোমাৰ হাতত নাই”।

ঋতুমতী নাৰী শ্বৰয়ী জিকিৰ-আজকাৰসমূহ সম্পাদন কৰিব। যেনে, লা-ইলা-হা ইল্লাল্লাহ, আল্লাহু আকবাৰ, ছুবহানাল্লাহ আৰু অন্যান্য দুআসমূহ। এইদৰে পুৱা-গধূলী আৰু টোপনীত যোৱা আৰু টোপনীৰ পৰা উঠাৰ পিছত পঢ়বলগীয়া মছনুন দুআসমূহ পাঠ কৰাত কোনো সমস্যা নাই। এইদৰে তাফছীৰ, হাদীছ আৰু ফিকহৰ কিতাপো পঢ়িব পাৰে।

হালধীয়া আৰু মাটিয়া বৰণৰ তেজৰ হুকুম:

ছুফৰাহ’ বা হালধীয়া ৰং: ছুফৰাহ হৈছে নাৰীৰ ৰেহেমৰ পৰা নিৰ্গত পুঁজৰ দৰে তৰল পদাৰ্থ, যাৰ ওপৰত হালধীয়া ৰং অধিক উজ্জলিত থাকে। আৰু ‘কুদৰাহ’ হৈছে নাৰীৰ ৰেহেমৰ পৰা নিৰ্গত মাটিয়া বৰণৰ দৰে তৰল পদাৰ্থ। ঋতুকালীন সময়ত নাৰীৰ ৰেহেমৰ পৰা ছুফৰাহ অথবা কুদৰাহ বৰণৰ তেজ প্ৰবাহিত হ’লে হায়েজ গণ্য হ’ব আৰু ইয়াৰ বাবে হায়েজৰ বিধি-বিধান প্ৰযোজ্য হ’ব। এই জাতীয় পদাৰ্থ ঋতুকালীন সময়ৰ বাহিৰে আন কোনো সময়ত বাহিৰ হ’লে হায়েজ গণ্য নহ’ব, বৰং তেতিয়া নাৰীয়ে নিজকে পৱিত্ৰ বুলি ভাবিব। কাৰণ, উম্মে ‘আতিয়্যাহ ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

كنا لا نعد الكدرة والصفرة بعد الطهر شيئا

আমি পৱিত্ৰ হোৱাৰ পিছত ‘ছুফৰাহ’ আৰু ‘কুদৰাহ’তেজক একোৱে গণ্য কৰা নাছিলো”। হাদীছটো আবু দাউদে বৰ্ণনা কৰিছে। ইমাম বুখাৰীয়েও বৰ্ণনা কৰিছে, কিন্তু তেখেতে (পৱিত্ৰ হোৱাৰ পিছত) এই বাক্যটো বৰ্ণনা কৰা নাই। এই জাতীয় হাদীছ ‘মাৰফু’ হাদীছৰ অন্তৰ্ভূক্ত। কাৰণ, ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সমৰ্থন বুজা যায়। উম্মে ‘আতিয়্যাৰ কথাৰ অৰ্থ, হায়েজ অৱস্থাত বা হায়েজৰ নিৰ্দিষ্ট সময়ত যদি ছুফৰাহ বা কুদৰাহ নিৰ্গত হয় তেন্তে হায়েজ হিচাপে গণ্য হ’ব আৰু ইয়াৰ বিধানও হ’ব হায়েজৰ বিধান।

প্ৰশ্ন: নাৰী কেনেকৈ গম পাব তাইৰ হায়েজ শেষ হৈছে?

উত্তৰ: তেজ বন্ধ হ’লেই বুজিব হায়েজ শেষ। ইয়াৰ দুটা আলামত হ’ব পাৰে:

প্ৰথম আলামত: হায়েজৰ পিছত বগা পানী বাহিৰ হোৱা, যিটো সাধাৰণতে হায়েজৰ পিছতে ওলায়, প্ৰায় চুনৰ পানীৰ দৰে। কেতিয়াবা ইয়াৰ ৰং নহয়, আকৌ নাৰীসকলৰ স্বভাৱ অনুসাৰে ইয়াৰ ৰং বিভিন্ন হয়।

দ্বিতীয় আলামত: শুকান পদ্ধতি, অৰ্থাৎ নাৰী তাইৰ যৌনি পথত কাপোৰৰ টুকুৰা অথবা তুলা আদি ৰাখি থব, তাৰ পিছত বাহিৰ কৰিলে যদি শুকান হয়, তাৰ ওপৰত তেজ, কুদৰাহ আৰু ছুফৰাৰ আলামত নাথাকে, বুজিব যে, হায়েজ শেষ।

৪. হায়েজৰ শেষত ঋতুমতী নাৰীৰ কৰণীয়:

বিঃদ্ৰঃ- যদি ঋতুমতী অথবা প্ৰসৱকাৰী মহিলা বেলি মাৰ যোৱাৰ আগতে পৱিত্ৰ হয় তেন্তে.....

ঋতুমতী নাৰীৰ ঋতু শেষ হোৱাৰ পিছত গুছল কৰা জৰুৰী, অৰ্থাৎ পৱিত্ৰ হোৱাৰ নিয়তেৰে গোটেই শৰীৰত পানী প্ৰবাহিত কৰা। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»فإذا أقبلت حيضتك فدعي الصلاة، وإذا أدبرت فاغتسلي وصلي«

যেতিয়া তোমাৰ ঋতুস্ৰাব আৰম্ভ হয় তেতিয়া ছালাত ত্যাগ কৰা, আৰু যেতিয়া শেষ হয় তেতিয়া গুছল কৰা আৰু ছালাত আদায় কৰা”।

ফৰজ গুছল কৰাৰ পদ্ধতি: নাপাকী দূৰ কৰা অথবা ছালাত বা এই জাতীয় ইবাদতৰ নিয়ত কৰি ‘বিছমিল্লাহ’ বুলি গোটেই শৰীৰত পানী ঢালি দিয়া। বিশেষভাৱে মূৰৰ চুলিৰ গুৰি লৈকে যেন পানী ঢুকি পায় , চুলি বন্ধা অৱস্থাত থাকিলে খুলা আৱশ্যক নহয়, কিন্তু চুলিৰ গুৰিত অৱশ্যই পানী ঢুকি পোৱা জৰুৰী, আৰু যদি বগৰী পাত অথবা পৰিচ্ছন্নকাৰী কোনো বস্তু যেনে, চাবোন ইত্যাদি ব্যৱহাৰ কৰা হয় তেন্তে অতি উত্তম। গুছল কৰাৰ পিছত সুগন্ধি জাতীয় তুলা অথবা কোনো সুগন্ধিমূলক বস্তু যৌনী দ্বাৰত থৈ দিয়া মুস্তাহাব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আছমা ৰাদিয়াল্লাহু ‘আনহাক অনুৰূপ নিৰ্দেশ প্ৰদান কৰিছিল। [মুছলিম]

নাৰী যদি সূৰ্যাস্তৰৰ আগতে হায়েজৰ পৰা পৱিত্ৰ হয়, তাইৰ বাবে জোহৰ আৰু আছৰ ছালাত আদায় কৰা জৰুৰী, আৰু যিয়ে ছুবহে ছাদিকৰ আগতে পৱিত্ৰ হ’ব তাইৰ বাবে মাগৰিব আৰু ইশ্বাৰ ছালাত আদায় কৰা জৰুৰী। কাৰণ, অপাৰগতাৰ সময় পৰবৰ্তী ছালাতৰ সময়ক পূৰ্বৱৰ্তী ছালাতৰ সময় গণ্য কৰা হয়।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “এই বাবেই জুমহুৰ উলামা যেনে মালিক,শ্বাফেয়ী আৰু আহমদ ৰাহিমাহুমুল্লাহে কৈছে, ঋতুমতী নাৰী যদি দিনৰ শেষ ভাগত পৱিত্ৰ হয় তেন্তে জোহৰ আৰু আছৰ উভয় ছালাত আদায় কৰিব, আৰু যদি ৰাতিৰ শেষ ভাগত পৱিত্ৰ হয় তেনেহ’লে মাগৰিব আৰু ইশ্বা উভয় ছালাত আদায় কৰিব। আব্দুৰ ৰহমান ইবনে ‘আউফ, আবু হুৰাইৰা আৰু ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমৰ পৰা এনেকুৱাই বৰ্ণিত আছে। কাৰণ, অপাৰগতা অৱস্থাই আছৰে জোহৰৰ ওৱাক্তক আৰু ইশ্বাই মাগৰিবৰ ওৱাক্তক অন্তৰ্ভূক্ত কৰে। এতেকে, যদি দিনৰ শেষত সূৰ্যাস্তৰ আগতে পাক হয় তেনেহ’লে জোহৰৰ সময় বাকি আছে, গতিকে আছৰৰ আগত জোহৰ আদায় কৰিব লব। আৰু যদি ৰাতিৰ শেষ ভাগত পাক হয়, তেনেহ’লে মাগৰিবৰ সময় বাকি আছে, গতিকে ইশ্বাৰ আগত মাগৰিব আদায় কৰিব। কাৰণ, এইটো অপাৰগতাৰ মুহূৰ্ত”।  সমাপ্ত.

আৰু যদি ছালাতৰ ওৱাক্ত আৰম্ভ হৈছে কিন্তু এতিয়াও তাই ছালাত আদায় কৰা নাই তেনে অৱস্থাত যদি তাইৰ ঋতু বা নিফাছ আৰম্ভ হয় তেনেহ’লে বিশুদ্ধ মত অনুযায়ী উক্ত ছালাত তাইৰ কাযা আদায় কৰাৰ প্ৰয়োজন নাই।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “আবু হানিফা আৰু মালিক ৰাহিমাহুমাল্লাহৰ মাজহাব হৈছে এই জাতীয় নাৰীৰ এনেকুৱা ছালাত কাযা আদায় কৰাৰ প্ৰয়োজন নাই, দলীলৰ বিবেচনাত এই মতটোৱে মজবুত। কাৰণ, কাযা ওৱাজিব হয় নতুনভাৱে ওৱাজিব হোৱাৰ কাৰণ পোৱা গ’লে, ইয়াত তেনে কোনো কাৰণ নাই। লগতে ঋতুমতী যদিও কিছু সময় বিলম্ব কৰিছে কিন্তু সেইটো আছিল তাইৰ বৈধ সময়ৰ মাজত, সেয়ে তাই সীমালঙ্ঘনকাৰী নহ’ব। এইদৰে টোপনীত আৰু বিস্মৃত ব্যক্তিও সীমালঙ্ঘনকাৰী নহয়, কিন্তু সিহঁতৰ ছালাত কাযা হিচাপে নহয় আদায় হিচাপে ধৰা হ’ব, কাৰণ সিহঁতে যেতিয়া সাৰ পায় আৰু যেতিয়া স্মৰণ হয় তেতিয়া সিহঁতৰ ছালাতৰ ওৱাক্ত হয়”।  সমাপ্ত।

 দ্বিতীয়: ইস্তেহাজাহ:

১. ইস্তেহাজাৰ বিধান:

ইস্তেহাজাৰ সংজ্ঞা: মাহেকীয়া হোৱাৰ নিৰ্দিষ্ট সময়ৰ বাহিৰে ‘আজিল’ নামৰ কোনো শিৰাৰ পৰা যি তেজক্ষৰণ হয় তাকে ইস্তেহাজাহ বোলে। ইস্তেহাজাৰ বিষয়টো জটিল, কাৰণ হায়েজৰ তেজৰ লগত ইয়াৰ তেজ সাদৃশ্যপূৰ্ণ।

যদি নাৰীৰ ধাৰাবাহিক অথবা অধিকাংশ সময় তেজ প্ৰবাহিত হয় তেনেহ’লে কিমানখিনিক হায়েজ হিচাপে ধৰা হ’ব আৰু কিমানখিনিক ইস্তেহাজা হিচাপে ধৰা হ’ব যাৰ কাৰণে ছিয়াম আৰু ছালাত ত্যাগ কৰিব নোৱাৰিব, এইটো জনা প্ৰয়োজন। কাৰণ, মুস্তাহাজাহ নাৰী স্বাভাৱিক নাৰীৰ দৰেই পৱিত্ৰ।

মুস্তাহাজাহ নাৰীৰ তিনিটা অৱস্থা:

প্ৰথম অৱস্থা: ইস্তেহাজাত আক্ৰান্ত হোৱাৰ আগত তাইৰ নিৰ্দিষ্ট অভ্যাস থাকিব লাগিব, যেনে ইস্তেহাজা হোৱাৰ আগৰ মাহৰ আৰম্ভণিত অথবা মাজত পাঁচ দিন অথবা আট দিন ৰীতিমতে হায়েজ হোৱা। এই জাতীয় নাৰী ইস্তেহাজাত আক্ৰান্ত হ’লে তেওঁলোকৰ ঋতুস্ৰাবৰ দিন-সংখ্যা আৰু সময় জনা সহজ, সি নিজৰ পূৰ্বৰ অভ্যাস মোতাবিক হায়েজৰ দিনসমূহত বিৰতি লব আৰু ছালাত, ছিয়াম ত্যাগ কৰিব। এই সময়খিনি তাইৰ হায়েজ। হায়েজ শেষ হোৱাৰ লগে লগে গুছল কৰি ছালাত আদায় কৰিব আৰু অৱশিষ্ট তেজক ইস্তেহাজাৰ তেজ হিচাপে গণ্য কৰিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মে হাবিবাহ ৰাদিয়াল্লাহু ‘আনহাক কৈছিল:

»امكثي قدر ما كانت تحبسك حيضتك، ثم اغتسلي وصلي«

ইয়াৰ আগত তোমাৰ হায়েজ যিমান দিন তোমাক বিৰত ৰাখিছিল সেই পৰিমাণ তুমি বিৰতি লোৱা, তাৰ পিছত গুছল কৰা আৰু ছালাত আদায় কৰা”। 

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিনতে আবী হুবাইশ্বক কৈছিল:

»إنما ذلك عرق، وليس بحيض، فإذا أقبلت حيضتك فدعي الصلاة«

এই তেজক্ষৰণ এটা শিৰাৰ পৰা, এইটো হায়েজ নহয়, যেতিয়া তোমাৰ হায়েজ হয় ছালাত ত্যাগ কৰা”।

দ্বিতীয় অৱস্থা: ঋতুমতী নাৰীৰ নিৰ্দিষ্ট অভ্যাস নাই কিন্তু তাইৰ হায়েজৰ তেজ পাৰ্থক্য কৰা যায় আৰু চিনি পোৱা যায়। যেনে, ঋতুমতীৰ কিছু পৰিমাণ তেজ হায়েজৰ তেজৰ দৰে কলা অথবা ঘন অথবা বিশেষ গন্ধযুক্ত, যিটো ঋতু বা হায়েজ হিচাপে সহজে চিহ্নিত কৰা যায়, কিন্তু তাইৰ অৱশিষ্ট তেজ এনেকুৱা নহয়, উদাহৰণ স্বৰূপে ৰঙা, কোনো গন্ধ নাই, ঘনও নহয়। এনে অৱস্থাত যিকেইদিন তাইৰ হায়েজৰ দৰে তেজ প্ৰবাহিত হয় সেই কেইদিন তাই বিৰতি লব আৰু ছালাত আৰু ছিয়াম ত্যাগ কৰিব, তাৰ পিছত অৱশিষ্ট তেজক ইস্তেহাজাহ বুলি গণ্য কৰিব। হায়েজৰ আলামত যুক্ত তেজ বন্ধ হ’লে গুছল কৰি ছালাত আৰু ছিয়াম আদায় কৰিব। এতিয়া তাই পৱিত্ৰ। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা বিনতে আবী হুবাইশ্বক কৈছিল:

»إذا كان الحيض فإنه أسود يعرف، فأمسكي عن الصلاة، فإذا كان الآخر فتوضئي وصلي«

যদি হায়েজ হয় তেন্তে অৱশ্যই কলা বৰণৰ হ’ব যিটো চিনি পোৱা যায়। এতেকে, ছালাতৰ পৰা বিৰত থকা। তাৰ পিছত যেতিয়া বেলেগ তেজ আহে তেতিয়া অজু কৰা আৰু ছালাত আদায় কৰা”। 

ইয়াৰ পৰা জনা যায় যে, মুস্তাহাজা নাৰী তেজৰ নিৰ্দিষ্ট অৱস্থাক আলামত হিচাপে গণ্য কৰিব আৰু ইয়াৰ ভিত্তিত হায়েজ আৰু ইস্তেহাজাহ চিহ্নিত কৰিব।

তৃতীয় অৱস্থা: মুস্তাহাজাহ নাৰীৰ যদি নিৰ্দিষ্ট অভ্যাস আৰু হায়েজক ইস্তেহাজাৰ পৰা পৃথক কৰাৰ বিশেষ আলামত নাথাকে, তেনেহ’লে তাই প্ৰতি মাহত হায়েজৰ সাধাৰণ সংখ্যা ছয় অথবা সাত দিন বিৰতি লব। কাৰণ, এইটোৱে নাৰীসকলৰ ঋতুস্ৰাবৰ সাধাৰণ নিয়ম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হামনাহ বিনতে জাহাশ্বক কৈছিল:

»إنما هي ركضة من الشيطان، فتحيضي ستة أيام أو سبعة أيام، ثم اغتسلي، فإذا استنقأت فصلي أربعة وعشرين أو ثلاثة وعشرين، وصومي وصلي، فإن ذلك يجزئك، وكذلك فافعلي كما تحيض النساء«

এইটো চয়তানৰ আঘাত, তুমি ছয় অথবা সাত দিন হায়েজ গণনা কৰা, তাৰ পিছত গুছল কৰা, যেতিয়া তুমি পাক হ’বা তেতিয়া চব্বিশ অথবা তেইশ দিন ছালাত আদায় কৰা, ছিয়াম ৰখা আৰু ছালাত আদায় কৰা। কাৰণ, তোমাৰ বাবে এইটোৱে যথেষ্ট। সাধাৰণ নাৰীসকলে যেনেকৈ ঋতুমতী হয় তুমিও তেনেকৈ কৰা”।

পূৰ্বৰ আলোচনাৰ সাৰাংশ: যি মুস্তাহাজা নাৰীৰ অভ্যাস আছে, তাই নিজৰ অভ্যাস মোতাবিক হায়েজ গণনা কৰিব। আৰু যাৰ অভ্যাস নাই, কিন্তু তাইৰ হায়েজৰ তেজৰ নিৰ্দিষ্ট আলামত আছে তাই আলামত মোতাবিক হায়েজ গণনা কৰিব। আৰু যাৰ এই দুটাৰ পৰা এটাও নাই তাই প্ৰতি মাহত ছয় অথবা সাত দিন হায়েজ গণনা কৰিব। এই ব্যাখ্যা মোতাবিক মুস্তাহাজা নাৰীৰ বাবে বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ তিনিটা হাদীছৰ মাজত সমন্বয় হয়।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: মুস্তাহাজাহ নাৰীৰ ছয়টা আলামত কোৱা হৈছে:

১. অভ্যাস: এইটোৱেই শক্তিশালী আৰু মজবুত আলামত। কাৰণ, তাইৰ সুস্থাৱস্থাত এই সময়তেই হায়েজ আহে, সেয়ে এইবোৰ তাইৰ হায়েজৰ নিৰ্ধাৰিত দিনক্ষণৰ বাহিৰে আন একো নহয়।

২. তেজৰ নিৰ্দিষ্ট আলামত: কাৰণ হায়েজৰ তেজ কলা, ঘন আৰু দুৰ্গন্ধযুক্ত বেছি হয়, সাধাৰণতে ৰঙা নহয়।

৩. স্বাভাৱিক নাৰীসকলৰ সাধাৰণ অভ্যাস: কাৰণ মুস্তাহাজাহ নাৰীৰ ব্যতিক্ৰম অভ্যাসক আন আন নাৰীৰ সাধাৰণ অভ্যাসৰ লগত তুলনা কৰাটোৱে যুক্তিযুক্ত। মুস্তাহাজাহ নাৰীৰ হায়েজ চিহ্নিত কৰাৰ এই তিনিটা আলামত ছুন্নতৰ দ্বাৰা প্ৰমাণিত। তাৰ পিছত তেখেতে অন্যান্য আলামতসমূহ উল্লেখ কৰিছে। অৱশেষত কৈছে সঠিক মত হৈছে হাদীছৰ আলামত গ্ৰহণ কৰা আৰু অন্যান্য আলামত ত্যাগ কৰা”। সমাপ্ত.

২. মুস্তাহাজাহ নাৰীৰ পৱিত্ৰ অৱস্থাত কৰণীয়:

ক. পূৰ্বৰ বৰ্ণনা মোতাবিক মুস্তাহাজাহ নাৰীৰ হায়েজ শেষত গুছল কৰা ওৱাজিব।

খ. প্ৰত্যেক ছালাতৰ সময়ত যৌনিপথৰ পৰা যি নিৰ্গত হয় সেয়া দূৰ কৰাৰ বাবে লজ্জাস্থান ধোৱা। নিৰ্গত তেজ যাতে বাহিৰলৈ প্ৰবাহিত নহয় বা নিগৰি নপৰে তাৰ বাবে যৌনি পথৰ বহিৰ্মুখত তুলা বা এনে কোনো বস্তু ব্যৱহাৰ কৰা আৰু সেইটো বান্ধি ৰাখিব যাতে খহি নপৰে। তাৰ পিছত প্ৰত্যেক ছালাতৰ সময়ত অজু কৰিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুস্তাহাজা নাৰীৰ ক্ষেত্ৰত কৈছে:

»تدع الصلاة أيام أقرائها، ثم تغتسل وتتوضأ عند كل صلاة«

মুস্তাহাজাহ নাৰী তাইৰ হায়েজৰ দিনসমূহত ছালাত ত্যাগ কৰিব, তাৰ পিছত গুছল কৰিব আৰু প্ৰত্যেক ছালাতৰ বাবে অজু কৰিব”। 

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে:

»أنعت لك الكرسف تحشين به المكان«

তুমি নিজৰ বাবে কুৰছুফ (সুতাৰ কাপোৰ) তৈয়াৰ কৰি লোৱা আৰু তাৰ দ্বাৰা স্থানটো ঢাকি ৰাখা”। 

ডাক্তৰী গৱেষণাৰে তৈয়াৰী ন্যাপকিন ব্যৱহাৰ কৰাও বৈধ।

তৃতীয়: নিফাছ:

১. নিফাছৰ সংজ্ঞা আৰু সময়:

নৱজাত শিশু প্ৰসৱ হোৱাৰ সময়ত আৰু তাৰ পিছত ৰেহেম (মাতৃগৰ্ভ)ৰ পৰা যি তেজ ওলায় সেইটোকে নিফাছ বোলে। এইবোৰ দৰাচলতে গৰ্ভকালীন সময়ত গৰ্ভশয়ত জমা হোৱা তেজ, শিশু প্ৰসৱ হ’লে অলপ অলপকৈ বাহিৰ হৈ থাকে। প্ৰসৱৰ সংকেত আৰম্ভ হোৱাৰ পিছত যি তেজ বাহিৰ হয় সেয়াও নিফাছ, যদিও প্ৰসৱ দেৰিকৈ হয়। ফকিহসকলে কৈছে, প্ৰসৱ হোৱাৰ দুদিন বা তিনি দিন আগত হ’লে সেয়া নিফাছ অন্যথা নিফাছ বুলি গণ্য নহয়। নিফাছৰ তেজ সাধাৰণতে প্ৰসৱৰ লগত আৰম্ভ হয়। প্ৰসৱৰ বাবে পৰিপূৰ্ণ শিশু ভূমিষ্ঠ হোৱা জৰুৰী, তাৰ পৰৱৰ্তী তেজ নিফাছ হিচাপে গণ্য হ’ব। মাকৰ পেটত সৰ্বনিম্ন একাশী (৮১) দিন সম্পন্ন হ’লে শিশুৰ শৰীৰৰ গঠন আকৃতি পূৰ্ণ হয়, যদি ইয়াৰ আগত ৰেহেমৰ পৰা কিবা ওলায় আৰু লগতে তেজও ওলায়, তেনেহ’লে ই নিফাছ হিচাপে গণ্য নহ’ব, ছালাত আৰু ছিয়াম যথাৰীতি আদায় কৰিব, কাৰণ ই দূষিত তেজ আৰু তেজক্ষৰণ হিচাপে নিৰ্গত, ইয়াৰ বিধান মুস্তাহাজা নাৰীৰ বিধান।

নিফাছৰ সৰ্বাধিক সময় চল্লিশ দিন, যাৰ সূচনা হয় প্ৰসৱৰ পৰা অথবা তাৰ দুদিন বা তিনি দিন আগৰ পৰা, যিটো আগতে আলোচনা কৰা হৈছে। উম্মে ছালামা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত হাদীছত আহিছে:

»كانت النفساء تجلس على عهد رسول الله صلى الله عليه وسلم أربعين يوما«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নিফাছ আক্ৰান্ত নাৰীসকলে চল্লিশ দিন বিৰতি লৈছিল”।

নিফাছৰ সৰ্বোচ্চ সময় চল্লিশ দিন। এই বিষয়ে সকলো আহলে ইল্ম একমত। ইমাম তিৰমিজী প্ৰমুখসকলে আলিমসকলৰ এই ঐক্যমত বৰ্ণনা কৰিছে। আৰু যিয়ে চল্লিশ দিনৰ আগতেই পৱিত্ৰ হয়, যেনে তাইৰ তেজ বন্ধ হয়, তাই গুছল কৰিব আৰু ছালাত আদায় কৰিব। নিফাছৰ সৰ্বনিম্ন কোনো নিৰ্ধাৰিত সময় নাই। কাৰণ ইয়াৰ নিৰ্দিষ্ট সময় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হোৱা নাই। যদি চল্লিশ দিন পূৰ্ণ হোৱাৰ পিছতো তেজ বন্ধ নহয়, তেনেহ’লে সেইটো যদি হায়েজৰ সময় হয় হায়েজ গণ্য হ’ব, যদি হায়েজৰ সময় নহয় ইস্তেহাজাহ বুলি গণ্য হ’ব, সেয়ে চল্লিশ দিন পাৰ হ’লে ইবাদত ত্যাগ নকৰিব। যদি তেজ বাহিৰ হোৱাৰ সময়কাল চল্লিশ দিনৰ বেছি হয়, কিন্তু বিৰতি লৈ তেজ ওলায়, যাৰ লগত হায়েজৰ অভ্যাসৰ মিল নাই, তেন্তে এইটো ইখতিলাফৰ বিষয়।

খ. নিফাছ সংক্ৰান্ত বিধান:

তলত বৰ্ণনা কৰা অৱস্থাত নিফাছৰ বিধান হায়েজৰ বিধানৰ দৰে:

১. নিফাছ আক্ৰান্ত নাৰীৰ লগত সহবাস কৰা হাৰাম। যেনে হায়েজ অৱস্থাত থকা নাৰীৰ লগত সহবাস কৰা হাৰাম, কিন্তু সহবাসৰ বাহিৰে অন্যান্য পদ্ধতিত ভোগ কৰা বৈধ।

২. হায়েজ আক্ৰান্ত নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীসকলৰ বাবেও ছিয়াম ৰখা, ছালাত আদায় কৰা আৰু বায়তুল্লাহৰ তাৱাফ কৰা হাৰাম।

৩. নিফাছ আক্ৰান্ত নাৰীসকলৰ বাবে কোৰআন তিলাৱাত আৰু স্পৰ্শ কৰা হাৰাম, কিন্তু পাহৰি যোৱাৰ আশংকা থাকিলে বৈধ। যেনে, হায়েজা নাৰীৰ বাবে বৈধ।

৪. হায়েজা নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীৰ বাবেও এৰি যোৱা ছিয়াম কাজা কৰা ওৱাজিব।

৫ হায়েজা নাৰীৰ দৰে নিফাছ আক্ৰান্ত নাৰীৰ নিফাছ শেষত গুছল কৰা ওৱাজিব। প্ৰমাণ:

ক. উম্মে ছালামাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

»كانت النفساء تجلس على عهد رسول الله صلى الله عليه وسلم أربعين يوما«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নিফাছ আক্ৰান্ত নাৰীসকলে চল্লিশ দিন বিৰতি লৈছিল”। 

আল-মুনতাকা’ গ্ৰন্থত মাজদ ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “হাদীছৰ অৰ্থ হৈছে তেওঁলোকক চল্লিশ দিন বিৰতি লোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। এইটোৱেই চূড়ান্ত অৰ্থ, তেওঁলোক সকলোৰে নিফাছ চল্লিশ দিন পৰ্যন্ত থাকিছিল এই অৰ্থ কেতিয়াও নহয়; বৰং এই অৰ্থ কৰিলে বাস্তৱতাৰ ক্ষেত্ৰত হাদীছটো মিছা প্ৰমাণিত হ’ব, যিহেতু কোনো যুগতেই হায়েজ বা নিফাছৰ সময়সীমা সকলো নাৰীসকলৰ একেই হোৱাটো সম্ভৱ নহয়”

খ. উম্মে ছালামাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

»كانت المرأة من نساء النبي تقعد في النفاس أربعين ليلة لا يأمرها النبي بقضاء صلاة النفاس«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান স্ত্ৰীৰ নিফাছ হ’লে চল্লিশ দিন বিৰতি লৈছিল, তেখেতে তেওঁক নিফাছৰ ছালাত কাজা কৰাৰ নিৰ্দেশ দিয়া নাছিল”।

চল্লিশ দিনৰ আগতেই যদি নিফাছৰ তেজ বন্ধ হয়:

জ্ঞাতব্য-১: যদি নিফাছ আক্ৰান্ত নাৰীৰ চল্লিশ দিনৰ আগতেই তেজ বন্ধ হয় আৰু তাই গুছল কৰি ছালাত আদায় কৰে আৰু ছিয়াম ৰাখে, তাৰ পিছত চল্লিশ দিন শেষ নহওঁতেই আকৌ তেজ আহে, তেনেহ’লে বিশুদ্ধ মত অনুযায়ী এই সময়কো নিফাছ বুলি গণ্য কৰিব আৰু বিৰতি লব। মধ্যৱৰ্তী সময়ত কৰা ইবাদত শুদ্ধ হ’ব, ইয়াৰ কাজা কৰাৰ প্ৰয়োজন নাই। 

নিফাছৰ তেজৰ কাৰণ সন্তান প্ৰসৱ, আৰু ইস্তেহাজাৰ তেজ বেমাৰৰ দৰে সাময়িক, আৰু হায়েজৰ তেজ নাৰীৰ স্বভাৱজাত তেজ:

জ্ঞাতব্য-২: শ্বাইখ আব্দুৰ ৰহমান ইবনে ছা’দিয়ে কৈছে: পূৰ্বৰ আলোচনাৰ পৰা স্পষ্ট হ’ল যে, সন্তান প্ৰসৱৰ কাৰণে নিফাছৰ তেজ প্ৰবাহিত হয়। ইস্তেহাজাৰ তেজ বেমাৰ-আজাৰ হলে প্ৰবাহিত হয় যিটো সাময়িক; আৰু হায়েজৰ তেজ নাৰীৰ নাৰীত্বৰ স্বভাৱজাত প্ৰকৃত তেজ। আল্লাহেই সৰ্বজ্ঞানী।

টেবলেট ব্যৱহাৰ কৰা: শাৰীৰিক ক্ষতি নহ’লে হায়েজ বন্ধকাৰী টেবলেট ব্যৱহাৰ কৰা দোষণীয় নহয়। টেবলেট ব্যৱহাৰৰ ফলত তেজ বন্ধ হ’লে ছিয়াম ৰাখিব, ছালাত আদায় কৰিব আৰু তাৱাফ কৰিব পাৰিব। এই সময়ত তাইৰ সকলো ইবাদত সঠিক হ’ব, যেনেকৈ অন্যান্য পৱিত্ৰ নাৰীসকলৰ ইবাদত সঠিক।

গৰ্ভপাত কৰাৰ বিধান: হে মুছলিমা নাৰী, আল্লাহে তোমাৰ গৰ্ভত যি সৃষ্টি কৰে সেই বিষয়ে তুমি আমানতদাৰ। এতেকে, তুমি আমানত গোপন নকৰিবা। আল্লাহ তা‘আলাই কৈছে:

﴿وَلَا يَحِلُّ لَهُنَّ أَن يَكۡتُمۡنَ مَا خَلَقَ ٱللَّهُ فِيٓ أَرۡحَامِهِنَّ إِن كُنَّ يُؤۡمِنَّ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ﴾ [البقرة: ٢٢٨]

আৰু আল্লাহে তেওঁলোকৰ গৰ্ভত যি সৃষ্টি কৰিছে, সেয়া গোপন কৰা তেওঁলোকৰ বাবে বৈধ নহয়, যদি তেওঁলোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস ৰাখে”। [ আল-বাকাৰা, আয়াত: ২২৮]

গৰ্ভপাত ঘটোৱা বা যেনেকৈ হওক তাৰ পৰা নিষ্কৃতি পাবলৈ বাহানা কৰিব নালাগে। কাৰণ, আল্লাহে তোমাৰ বাবে ৰমজান মাহত পানাহাৰ বৈধ কৰিছে যদি ছিয়াম পালন কৰা তোমাৰ বাবে ক্ষতিকৰ হয়। যদি গৰ্ভত থকা শিশুৰ ৰূহ সঞ্চাৰ কৰা হয় আৰু গৰ্ভপাত ঘটোৱাৰ ফলত মৃত্যুবৰণ কৰে, তেনেহ’লে এইটো অন্যায় হত্যাৰ অন্তৰ্ভূক্ত, যিটো আল্লাহে হাৰাম কৰিছে। গৰ্ভত থকা শিশুৰ হত্যাকাৰীক ক্ষতিপূৰণ দিব লাগিব, যদিও ইয়াৰ পৰিমাণ ব্যাখ্যা সাপেক্ষে নিৰ্ধাৰিত। কিছুমান আহলে ইল্মে কৈছে, কাফফাৰা দিয়াটো ওৱাজিব। অৰ্থাৎ মুমিন দাসী মুক্ত কৰা, যদি মুমিন দাসী পোৱা নাযায় তেন্তে একেলেঠাৰিয়ে দু’মাহ ছিয়াম পালন কৰা। আন কিছুমান আহলে ইল্মে গৰ্ভৰ শিশু হত্যাক এক প্ৰকাৰ জীৱিত দাফন বুলি গণ্য কৰিছে। শ্বাইখ মুহাম্মাদ ইব্ৰাহীম ৰাহিমাহুল্লাহে কৈছে: “গৰ্ভত থকা শিশু গৰ্ভপাত কৰা হালাল নহয়, যদি তাৰ মৃত্যু নিশ্চিত নহয়, মৃত্যু নিশ্চিত হ’লে গৰ্ভপাত কৰাত কোনো অসুবিধা নাই”

হাইআতু কিবাৰিল উলামা (বিজ্ঞ আলিমসকলৰ সংস্থা)ৰ সভাত  গৰ্ভপাত ঘটোৱাৰ ক্ষেত্ৰত নিম্নৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হয়:

১. শ্বৰ‘ঈ কাৰণৰ বাহিৰে গৰ্ভৰ যিকোনো পৰ্যায়ৰ শিশু পেলাই দিয়া বৈধ নহয়।

২. গৰ্ভ যদি প্ৰথম পৰ্যায়ত থাকে, যাৰ বয়স চল্লিশ দিন, আৰু গৰ্ভপাত কৰাৰ কাৰণ যদি হয় সন্তান লালন-পালন কৰাৰ কষ্ট অথবা সিহঁতৰ ভৰণ-পোষণ কৰাৰ দুশ্চিন্তা অথবা ভৱিষ্যৎ গঢ়াৰ চিন্তা অথবা সিহঁতৰ যি সন্তান আছে সেইখিনিকে যথেষ্ট বুলি ভবা, তেনেহ’লে বৈধ নহয়।

৩. ৰক্তপিণ্ড অথবা মাংসপিণ্ডত থকা অৱস্থাত গৰ্ভপাত ঘটোৱা বৈধ নহয়, কিন্তু যদি নিৰ্ভৰযোগ্য চিকিত্সকসকলে কয় যে, গৰ্ভ থাকিলে মাকৰ জীৱনৰ আশংকা আছে তেনেহ’লে বৈধ, কিন্তু এইটো অৱশ্যই গৰ্ভধাৰী মাকক শংকামুক্ত কৰাৰ সকলো প্ৰচেষ্টা প্ৰয়োগ কৰাৰ শেষত হ’ব লাগিব।

৪. গৰ্ভ যদি তৃতীয় স্তৰ পাৰ কৰে আৰু তাৰ চাৰি মাহ পূৰ্ণ হয়, তেনেহ’লে গৰ্ভপাত কৰা বৈধ নহয়, কিন্তু বিশেষজ্ঞ নিৰ্ভৰযোগ্য চিকিত্সকসকলৰ এটা দলে যদি কয় যে, পেটত শিশু থাকিলে মাকৰ মৃত্যুৰ আশংকা আছে তেনেহ’লে বৈধ। নিশ্চয় এইটো হ’ব লাগিব শিশুৰ জীৱন ৰক্ষা কৰাৰ সকলো প্ৰচেষ্টা ব্যয় কৰাৰ শেষত। এই সুযোগ প্ৰদান কৰা হৈছে দুটা ক্ষতিৰ পৰা ডাঙৰ ক্ষতি দূৰ কৰা আৰু দুটা কল্যাণৰ পৰা ডাঙৰ কল্যাণ অৰ্জন কৰাৰ স্বাৰ্থত।

বিজ্ঞ আলিমসকলে সভাত এই সিদ্ধান্ত গ্ৰহণৰ শেষত আল্লাহৰ তাক্বৱা আৰু বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰাৰ উপদেশ দিছে। আল্লাহেই একমাত্ৰ তাওফিক দানকাৰী। আমাৰ প্ৰিয় নবী মুহাম্মাদ, তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবীসকলৰ ওপৰত আল্লাহে শান্তি বৰ্ষণ কৰক।

নাৰীসকলৰ স্বাভাৱিক ঋতু সংক্ৰান্ত পুস্তিকাত’: (পৃ. ৬০) শ্বাইখ মুহাম্মাদ উছাইমীন ৰাহিমাহুল্লাহে কৈছে: “যদি গৰ্ভত থকা শিশুৰ ৰূহ অহাৰ পিছত গৰ্ভপাত কৰি সন্তান নষ্ট কৰা হয় তেনেহ’লে নিসন্দেহে হাৰাম। কাৰণ এইটো অন্যায়ভাৱে প্ৰাণ হত্যাৰ অন্তৰ্ভূক্ত, নিৰ্দোষ প্ৰাণক হত্যা কৰা কোৰআন, ছুন্নাহ আৰু উম্মতৰ ইজমা অনুযায়ী হাৰাম”

ইবনুল জাওযী ৰাহিমাহুল্লাহে “আহকামুন নিছা”: (পৃ. ১০৮ আৰু ১০৯) গ্ৰন্থত কৈছে: “বিবাহৰ উদ্দেশ্য যেতিয়া সন্তান অৰ্জন কৰা, আৰু এইটোও সত্য যে সকলো বীৰ্যৰ পৰা সন্তান নহয়, এতেকে স্ত্ৰীৰ গৰ্ভত সন্তান জন্মিলে বিবাহৰ উদ্দেশ্য অৰ্জন হ’ল, ইয়াৰ পিছত গৰ্ভপাত ঘটোৱা বিবাহৰ হিকমতৰ পৰিপন্থী। গৰ্ভপাত যদি গৰ্ভৰ শিশুৰ ৰূহ সঞ্চাৰ কৰাৰ আগতে হয় তেন্তে ডাঙৰ পাপ, আৰু যদি ৰূহ সঞ্চাৰ কৰাৰ পিছত গৰ্ভপাত কৰা হয় সেইটো হ’ব মুমিন প্ৰাণক হত্যা কৰাৰ দৰে। আল্লাহ তা‘আলাই কৈছে:

﴿وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ ٨ بِأَيِّ ذَنۢبٖ قُتِلَتۡ ٩﴾ [التكوير: ٨، ٩]

আৰু যেতিয়া জীৱিত দাফনকৃত কন্যাক সোধা হ’ব, কি অপৰাধত হত্যা কৰা হৈছিল”। [ আত-তাকৱীৰ, আয়াত: ৮-৯] সমাপ্ত

এতেকে, হে মুছলিমা নাৰী আল্লাহক ভয় কৰা, যিকোনো উদ্দেশ্য হওক এই জাতীয় অপৰাধত অগ্ৰসৰ নহ’বা। পথভ্ৰষ্টসকলৰ প্ৰচাৰণা আৰু পাপিষ্ঠসকলৰ অনুসৰণ কৰি প্ৰতাৰণাত পতিত নহ’বা, সিহঁতৰ কৰ্মৰ লগত বিবেক আৰু দ্বীনৰ কোনো সম্পৰ্ক নাই।

 চতুৰ্থ পৰিচ্ছেদ পোচাক আৰু পৰ্দা সংক্ৰান্ত বিধান

প্ৰথম: মুছলিম নাৰীৰ শ্বৰঈ (চৰিয়তী অনুমোদন) পোচাক:

১. মুছলিম নাৰীৰ পোচাক অতি প্ৰশস্ত হোৱা বাঞ্ছনীয়, যাতে তাইৰ গোটেই শৰীৰ পৰ-পুৰুষৰ পৰা আচ্ছাদিত (ঢাকি) থাকে, যিহঁত তাইৰ মাহৰাম নহয়। মাহৰামৰ সন্মুখত সেই পৰিমাণেই খুলিব পাৰিব যিমান খিনি খুলি ৰখাৰ ৰীতি আছে, যেনে তাইৰ চেহাৰা বা মুখমণ্ডল, দুই হাতৰ কিলাকুটি আৰু দুই ভৰি।

২. পোচাক তাইৰ চাৰিওফালে আচ্ছাদনকাৰী হ’ব লাগিব। এনেকুৱা স্পষ্ট (পাতল) নহয় যিটো শৰীৰ ছাল প্ৰকাশ কৰে।

৩. আৰু এনেকুৱা সংকীৰ্ণও নহয় যিটো তাইৰ অঙ্গৰ পৰিমাণ স্পষ্ট কৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»صنفان من أهل النار لم أرهما: قوم معهم سياط كأذناب البقر يضربون بها الناس، ونساء كاسيات عاريات، مائلات مميلات، رؤوسهن كأسنمة البخت المائلة، لا يدخلن الجنة، ولا يجدن ريحها، وإن ريحها ليوجد من مسيرة كذا وكذا«

জাহান্নামৰ দুই প্ৰকাৰ মানুহ আছে যিসকলক মই এতিয়াও দেখা নাই: এটা সম্প্ৰদায়, যিহঁতৰ লগত গৰুৰ লেজৰ দৰে চাবুক থাকিব, সেইটোৰে সিহঁতে মানুহক আঘাত কৰিব। আৰু বস্ত্ৰ পৰিহীত উলঙ্গ নাৰী, নিজেই ধাবিত হয় আৰু আনকো ধাবিত কৰে। উটৰ হালি পৰা কুঁজৰ দৰে সিহঁতৰ মূৰ। সিহঁতে জান্নাতত প্ৰৱেশ নকৰিব আৰু তাৰ সুগন্ধিও নাপাব, যদিও তাৰ সুগন্ধি ইমান আৰু ইমান দূৰৰ পৰা পোৱা যায়”।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “বস্ত্ৰ পৰিহিতা উলঙ্গ নাৰী”ৰ ব্যাখ্যাত কোৱা হয়, তাই এনেকুৱা পোচাক পৰিধান কৰিব যিটো তাইৰ শৰীৰ প্ৰকাশ কৰিব। তাই বস্ত্ৰ পৰিহিত হোৱা সত্তেও প্ৰকৃতপক্ষে উলঙ্গ। যেনে, পাতল কাপোৰ পৰিধানকাৰী, যিটো তাইৰ শৰীৰৰ ছাল প্ৰকাশ কৰে অথবা অতি সংকীৰ্ণ কাপোৰ, যিটোৱে তাইৰ শৰীৰৰ অঙ্গ প্ৰকাশ কৰে, যেনে নিতম্ব বা কঁকালৰ তলদেশ আৰু হাতৰ বাহুৰ ভাঁজ ইত্যাদি। নাৰীৰ পোচাক হ’ব প্ৰশস্ত আৰু মোটা, যিটো তাইক সম্পূৰ্ণৰূপে ঢাকি লয় আৰু তাইৰ শৰীৰৰ কোনো অংশ আৰু আকৃতি প্ৰকাশ নকৰে”।  সমাপ্ত

৪. পোচাকৰ ক্ষেত্ৰত পুৰুষৰ সামঞ্জস্য গ্ৰহণ নকৰা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষৰ সামঞ্জস্য গ্ৰহণকাৰী নাৰীৰ ওপৰত অভিশাপ কৰিছে। এইদৰে আৰু অভিশাপ কৰিছে সেই নাৰীৰ প্ৰতি যিয়ে পুৰুষৰ স্বভাৱ-প্ৰকৃতি গ্ৰহণ কৰে। পুৰুষৰ লগত নাৰীৰ সামঞ্জস্য গ্ৰহণ কৰাৰ অৰ্থ প্ৰত্যেক সমাজত যিবোৰ পোচাক পুৰুষসকলৰ বাবে বিশেষ, সেইবোৰ নাৰীসকলৰ পৰিধান কৰা নিষেধ।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “পুৰুষ আৰু নাৰীৰ পোচাকৰ পাৰ্থক্য হৈছে, পুৰুষৰ পোচাক সেইটো যিটো পুৰুষৰ বাবে প্ৰযোজ্য আৰু নাৰীৰ পোচাক সেইটো যিটো নাৰীৰ বাবে প্ৰযোজ্য। এতেকে পুৰুষৰ বাবে শোভনীয় পোচাক পুৰুষসকলে পৰিধান কৰিব আৰু নাৰীসকলৰ বাবে শোভনীয় পোচাক নাৰীসকলে পৰিধান কৰিব এইটোৱে চৰিয়তৰ নিৰ্দেশ। নাৰীসকলৰ প্ৰতি নিৰ্দেশ দিয়া হৈছে সিহঁতে আবৃত থাকিব আৰু পৰ্দা কৰিব, প্ৰকাশ্য ৰূপচৰ্চা আৰু সৌন্দৰ্য প্রকাশ কৰা সিহঁতৰ বাবে বৈধ নহয়। এই বাবেই আজান, তালবিয়া, চাফা আৰু মাৰৱা পৰ্বত আৰোহণ কৰাৰ সময়ত সিহঁতৰ বাবে উচ্চস্বৰে আজকাৰ পাঠ কৰাৰ নিৰ্দেশ নাই। ইহৰামত সিহঁতে ইমানখিনি কাপোৰ নুখুলিব যিমানখিনি পুৰুষে খুলে। কাৰণ পুৰুষসকলক নিৰ্দেশ কৰা হৈছে মূৰ খোলা ৰাখিবলৈ, সাধাৰণ কাপোৰ পৰিধান নকৰিবলৈ, সাধাৰণ কাপোৰ বলোতে শৰীৰৰ মাপত তৈয়াৰী পোচাকক বুজায়, যেনে পাঞ্জাবী, পায়জামা, কোৰ্ট আৰু মোজা...লগতে আৰু কৈছেঃ নাৰীসকলক কোনো পোচাকৰ পৰা নিষেধ কৰা হোৱা নাই। কাৰণ তাইক আদেশ কৰা হৈছে আবৃত থাকিবলৈ আৰু পৰ্দা কৰিবলৈ, ইয়াৰ খিলাফ কৰা তাইৰ পক্ষে বৈধ নহয়। কিন্তু তাইক (ইহৰাম অৱস্থাত) নেকাব আৰু হাত মোজা পিন্ধাৰ পৰা নিষেধ কৰা হৈছে। কাৰণ, এইবোৰ শৰীৰৰ মাপ অনুযায়ী তৈয়াৰী, যিটো তাইৰ প্ৰয়োজন নাই... তাৰ পিছত তেখেতে কৈছে: নাৰী এইবোৰ নিপিন্ধি নিজ চেহেৰা পুৰুষৰ পৰা পৰ্দা কৰিব...অৱশেষত কৈছে: পুৰুষ আৰু নাৰীৰ পোচাকত পাৰ্থক্য থকা বাঞ্ছনীয়, যাৰ দ্বাৰা পুৰুষসকল নাৰীসকলৰ পৰা পৃথকভাৱে চিহ্নিত হয়। নাৰীসকলৰ পোচাকত যদি পৰ্দাৰ বিষয়টো গুৰুত্ব পায় তেনেহ’লে পৰ্দাৰ আচল উদ্দেশ্য অৰ্জন হ’ব। নাৰীৰ পোচাক যদি পুৰুষসকলৰ সাধাৰণ পোচাক হয়, তেনেহ’লে সেইটোৰ পৰা নাৰীসকলক নিষেধ কৰা হ’ব... তাৰ পিছত তেখেতে কৈছে: যদি পোচাকত পৰ্দা কম হয় আৰু পুৰুষৰ লগত সামঞ্জস্য থাকে, তেনেহ’লে দুটা বিবেচনাত ইয়াৰ পৰা নাৰীসকলক নিষেধ কৰা হ’ব”।  সমাপ্ত।

৫. নাৰী ঘৰৰ পৰা ওলোৱাৰ সময়ত দৃষ্টি আকৰ্ষণকাৰী সৌন্দৰ্য গ্ৰহণ নকৰিব, অন্যথা (নিষিদ্ধ) সৌন্দৰ্য প্ৰকাশকাৰী নাৰীসকলৰ অন্তৰ্ভূক্ত হ’ব।

দ্বিতীয়: পৰ্দাৰ অৰ্থ, ইয়াৰ দলীল-প্ৰমাণ আৰু উপকাৰিতা:

পৰ্দাৰ অৰ্থ হৈছে নাৰীয়ে নিজ শৰীৰক পৰ-পুৰুষৰ পৰা ঢাকি ৰখা, এনেকুৱা ব্যক্তিৰ পৰা যিসকল তাইৰ মাহৰাম নহয়। আল্লাহ তা‘আলাই কৈছে:

﴿وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنۡهَاۖ وَلۡيَضۡرِبۡنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّۖ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوۡ ءَابَآئِهِنَّ أَوۡ ءَابَآءِ بُعُولَتِهِنَّ أَوۡ أَبۡنَآئِهِنَّ أَوۡ أَبۡنَآءِ بُعُولَتِهِنَّ أَوۡ إِخۡوَٰنِهِنَّ﴾ [النور: ٣١]

আৰু যিখিনি সাধাৰণত প্ৰকাশ পায় তাৰ বাহিৰে সিহঁতৰ সৌন্দর্য সিহঁতে প্ৰকাশ নকৰিব। সিহঁতে যেন সিহঁতৰ ওড়নাৰ দ্বাৰা বক্ষদেশক আবৃত কৰি ৰাখে। আৰু সিহঁতে নিজৰ স্বামী, পিতা, শশুৰ, নিজৰ সন্তান, বা স্বামীৰ সন্তান আৰু নিজ ভাতৃৰ বাহিৰে সৌন্দৰ্য প্ৰকাশ নকৰিব”। [ আন-নূৰ, আয়াত: ৩১]

তেওঁ আন ঠাইত কৈছে:

﴿وَإِذَا سَأَلۡتُمُوهُنَّ مَتَٰعٗا فَسۡ‍َٔلُوهُنَّ مِن وَرَآءِ حِجَابٖۚ﴾ [الاحزاب: ٥٣]

আৰু যেতিয়া তোমালোকে সিহঁতৰ ওচৰত কিবা বিচাৰিবা, তেতিয়া হিজাবৰ আঁৰত থাকি সিহঁতৰ ওচৰত বিচাৰিবা”। [ আল-আহযাব, আয়াত: ৫৩]

আয়াতত ব্যৱহাৰ হোৱা হিজাবৰ দ্বাৰা দেৱাল অথবা দুৱাৰ অথবা পোচাক বুজোৱা হৈছে। আয়াতটো যদিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক উদ্দেশ্য কৰি নাযিল হৈছে; কিন্তু ইয়াত সকলো মুমিন নাৰীয়েই অন্তৰ্ভূক্ত; যিহেতু ইয়াত আল্লাহে ইয়াৰ কাৰণটোও বৰ্ণনা কৰিছে:

﴿ذَٰلِكُمۡ أَطۡهَرُ لِقُلُوبِكُمۡ وَقُلُوبِهِنَّۚ﴾ [الاحزاب: ٥٣]

এইটোৱে তোমালোকৰ আৰু সিহঁতৰ অন্তৰৰ বাবে অধিক পৱিত্ৰতা”। [ আল-আহযাব, আয়াত: ৫৩]

আৰু অন্তৰৰ পৱিত্ৰতা সকলোৰে প্ৰয়োজন, সেয়ে এই হুকুম সকলোৰে বাবে সমান। আল্লাহ তা‘আলাই আৰু কৈছে:

﴿يَٰٓأَيُّهَا ٱلنَّبِيُّ قُل لِّأَزۡوَٰجِكَ وَبَنَاتِكَ وَنِسَآءِ ٱلۡمُؤۡمِنِينَ يُدۡنِينَ عَلَيۡهِنَّ مِن جَلَٰبِيبِهِنَّۚ﴾ [الاحزاب: ٥٩]

হে নবী, তুমি তোমাৰ স্ত্ৰী, কন্যা আৰু মুমিনা নাৰীসকলক কৈ দিয়া, ‘সিহঁতে যেন সিহঁতৰ জিলবাবৰ কিছু অংশ নিজৰ ওপৰত ওলোমাই ৰাখে”। [ আল-আহযাব, আয়াত: ৫৯]

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “জিলবাব অৰ্থ হৈছে অৱগুণ্ঠন বা বোৰকা। ইবনে মাছ‘উদে এইটোকে চাদৰ বুলি কৈছে। আৰু সাধাৰণতে ইয়াক কোৱা হয়: ইযাৰ। ডাঙৰ ইযাৰ যিটো মূৰ আৰু গোটেই শৰীৰ ঢাকি ৰাখে। আবু উবায়দাহ প্ৰমুখে কৈছে: ইযাৰ মূৰৰ ওপৰৰ পৰা তলৰ ফালে ওলোমাই ৰখা হয়, যাৰ ফলত চুকুৰ বাহিৰে আন একো দেখা নাযায়। নিক্বাব ইয়াৰেই এটা প্ৰকাৰ। সমাপ্ত ।

মাহৰামৰ বাহিৰে পৰ-পুৰুষৰ পৰা নাৰীসকলে চেহাৰা ঢাকি ৰখাৰ হাদীছ। আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»كان الركبان يمرون بنا ونحن مع رسول الله صلى الله عليه وسلم محرمات، فإذا حاذوا بنا سدلت إحدانا جلبابها من رأسها على وجهها، فإذا جاوزنا كشفناه«

আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত ইহৰাম অৱস্থাত আছিলো, আৰোহীসকল আমাৰ ওচৰেদি অতিক্ৰম কৰিছিল। যেতিয়া তেওঁলোকে আমাৰ ওচৰ হৈছিল, আমি প্ৰত্যেকেই জিলবাব মূৰৰ ওপৰৰ পৰা মুখমণ্ডলত ওলোমাই দিছিলো, আকৌ যেতিয়া তেওঁলোক আমাক পাৰ কৰিছিল তেতিয়া আমি মুখমণ্ডল প্ৰকাশ কৰিছো”।

মাহৰামৰ বাহিৰে অন্যান্য পুৰুষসকলৰ পৰা নাৰীসকলে চেহাৰা ঢাকি ৰখাৰ দলীল কোৰআন আৰু ছুন্নাহত বহুতো আছে, সেয়ে মুছলিম ভনি হিচাপে মই তোমাক কেইবাটাও কিতাব অধ্যয়নৰ উপদেশ দিওঁ: শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰচিত حجاب المرأة ولباسها في الصلاة শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰচিত حكم السفور والحجاب হামুদ ইবনে আব্দুল্লাহ তুওৱাইজিৰি ৰচিতالصارم المشهور على المفتونين بالسفور আৰু শ্বাইখ মুহাম্মাদ ইবনে ছলেহ আল-উছাইমিন ৰচিত رسالة الحجاب কিতাবসমূহ পঢ়িবলৈ পৰামৰ্শ দিলো। এই কিতাবসমূহত যি আছে সেইখিনিয়ে যথেষ্ট।

হে মুছলিম ভনি, যিসকল আলিমে কৈছে, মুখমণ্ডল খুলি ৰখা বৈধ, যদিও সিহঁতৰ কথা দুৰ্বল, তথাপিও তেওঁলোকে নিৰাপত্তাৰ চৰ্ত আৰোপ কৰিছে। আৰু ফিতনাৰ কোনো নিৰাপত্তা নাই, বিশেষকৈ এই যুগত, য’ত নাৰী আৰু পুৰুষৰ মাজত দ্বীন সুৰক্ষাৰ প্ৰেৰণা কমি গৈছে, কমি গৈছে লাজ-হায়া। আনহাতে ফিতনাৰ ফালে আহ্বানকাৰীৰ সংখ্যা বৃদ্ধি পাইছে, লগতে নাৰীয়েও চেহাৰাত বিভিন্নভাৱে সৌন্দৰ্য গ্ৰহণ কৰে, যিটো প্ৰকৃততে ফিতনাৰ ফালেই আহ্বান কৰে।

হে মুছলিম ভনি, তুমি ইয়াৰ পৰা বিৰত থকা, ফিতনাৰ পৰা সুৰক্ষাদানকাৰী হিজাব ব্যৱহাৰ কৰা। আগৰ যুগৰ আৰু এই যুগৰ কোনো আলিমে বৰ্তমান যুগত নাৰীসকলে যে ফিতনাত পতিত হৈছে ইয়াৰ বৈধতা দিয়া নাই। আৰু মুছলিম নাৰীসকলে মানুহক দেখুৱাবলৈ যি পৰ্দা পৰিধান কৰে সেইটোও কোনো আলিমে অনুমোদন দিয়া নাই। আন কিছুমান নাৰী, যিসকলে পৰ্দাৰ ক্ষেত্ৰত নিফাক্ব কৰে যেতিয়া পৰ্দাৰ সমাজত থাকে তেতিয়া পৰ্দা কৰে আকৌ পৰ্দাহীন পৰিৱেশত গ’লে পৰ্দা ত্যাগ কৰে। আকৌ কিছুমান নাৰী ৰাজহুৱা স্থানত পৰ্দা কৰে; কিন্তু যেতিয়া কোনো মাৰ্কেট অথবা হস্পিতালত যায় অথবা কোনো অলংকাৰ তৈয়াৰকাৰীৰ লগত কথা কয় অথবা কোনো দৰ্জিৰ লগত কথা কয়, তেতিয়া তাই চেহাৰা আৰু বাহু খুলে যেন স্বামী অথবা কোনো মাহৰামৰ লগত কথা পাতি আছে। এই জাতীয় কৰ্মত লিপ্ত নাৰীসকলে আল্লাহক ভয় কৰা উচিত। আকৌ বাহিৰৰ পৰা অহা কিছুমান নাৰীক আমি দেখিবলৈ পাওঁ প্লেন যেতিয়া দেশৰ মাটিত ল্যান্ড কৰে তেতিয়া সিহঁতে হিজাব পৰিধান কৰে, এনে লাগে যেন হিজাব পৰিধান কৰা এটা দেশীয় কালচাৰ, শ্বৰয়ী কোনো বিষয় নহয়।

হে মুছলিম নাৰী, ব্যাধিত আক্ৰান্ত অন্তৰ আৰু কুকুৰ শ্ৰেণীৰ মানুহৰ বিষাক্ত দৃষ্টিৰ পৰা পৰ্দাই তোমাক সুৰক্ষা দিব। সিহঁত তোমাৰ পৰা নিৰাশ হ’ব। এতেকে, তুমি পৰ্দাক জৰুৰী কৰি লোৱা আৰু ইয়াক মজবুতকৈ ধাৰণ কৰা। তুমি অপ্ৰচাৰৰ চিকাৰ নহ’বা, যিসকলে পৰ্দাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে অথবা নাৰীক তাইৰ মৰ্যদাৰ আসনৰ পৰা বিচ্যুত কৰিছে, কাৰণ সিহঁতে তোমাৰ অনিষ্ট বিচাৰে। আল্লাহ তা‘আলাই কৈছে:

﴿وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُواْ مَيۡلًا عَظِيمٗا﴾ [النساء: ٢٧]

আৰু যিহঁতে প্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰৱলভাৱে (সত্যৰ পৰা) বিচ্যুত হোৱা”। [ আন-নিছা, আয়াত: ২৭]

পঞ্চম পৰিচ্ছেদ নাৰীসকলৰ ছালাত সংক্ৰান্ত বিশেষ বিধান

হে মুছলিম নাৰী, ছালাতৰ সকলো চৰ্ত, ৰুকন আৰু ওৱাজিবসহ উত্তম সময়ত ছালাত আদায় কৰা। আল্লাহ তা‘আলাই মুমিনসকলৰ মাতৃসকলক (নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক) উদ্দেশ্য কৰি কৈছে:

﴿وَأَقِمۡنَ ٱلصَّلَوٰةَ وَءَاتِينَ ٱلزَّكَوٰةَ وَأَطِعۡنَ ٱللَّهَ وَرَسُولَهُ﴾ [الاحزاب: ٣٣]

আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা”। [ আল-আহযাব, আয়াত: ৩৩]

এই নিৰ্দেশ সকলো মুছলিম নাৰীৰ বাবে সমানভাৱে প্ৰযোজ্য। কাৰণ, ছালাত ইছলামৰ দ্বিতীয় ৰুকন, ইছলামৰ প্ৰধান স্তম্ভ। ছালাত ত্যাগ কৰা কুফৰী, যিটো মানুহক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে। যাৰ ছালাত নাই সি নাৰীয়েই হওক বা পুৰুষে হওক দ্বীন আৰু ইছলামত তাৰ কোনো অংশ নাই। শ্বৰ‘ঈ কাৰণবিহীন ছালাত বিলম্ব কৰা ছালাত বিনষ্ট কৰাৰ অন্তৰ্ভূক্ত। আল্লাহ তা‘আলাই কৈছে:

﴿فَخَلَفَ مِنۢ بَعۡدِهِمۡ خَلۡفٌ أَضَاعُواْ ٱلصَّلَوٰةَ وَٱتَّبَعُواْ ٱلشَّهَوَٰتِۖ فَسَوۡفَ يَلۡقَوۡنَ غَيًّا ٥٩ إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ وَلَا يُظۡلَمُونَ شَيۡ‍ٔٗا ٦٠﴾ [مريم: ٥٩، ٦٠]

সিহঁতৰ পিছত আহিলে এনে এক অসৎ বংশধৰ যিসকলে ছালাত বিনষ্ট কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। এতেকে অতিশীঘ্ৰে সিহঁতে জাহান্নামৰ শাস্তি প্ৰত্যক্ষ কৰিব, কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলে তওবা কৰিছে, ঈমান এনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি কোনো যুলুম কৰা নহ’ব”। [ মাৰয়াম, আয়াত: ৫৯-৬০]

হাফিজ ইবনে কাছীৰ ৰাহিমাহুল্লাহে মুফাচ্ছিৰসকলৰ এটা জামা‘আতৰ পৰা বৰ্ণনা কৰিছে: ছালাত বিনষ্ট কৰাৰ অৰ্থ, ছালাতৰ সময় নষ্ট কৰা, যেনে সময়ৰ শেষত ছালাত আদায় কৰা। আয়াতত থকা ‘গাঈ’ শব্দৰ অৰ্থ কৰিছে লোকচান আৰু ক্ষতিগ্ৰস্ততা। আকৌ কোনোবাই ইয়াৰ ব্যাখ্যা কৰিছে: জাহান্নামৰ এটা ঠাই।

নাৰীৰ ছালাতৰ কিছুমান বিধান পুৰুষৰ ছালাতৰ পৰা ভিন্ন, যিটো তলত দাঙি ধৰা হ’ল:

১. নাৰীসকলৰ ছালাতত আজান আৰু ইকামত নাই:

আজানৰ বাবে উচ্চস্বৰ জৰুৰী, নাৰীসকলৰ বাবে উচ্চস্বৰ কৰা বৈধ নহয় সেয়ে তেওঁলোকৰ আজান আৰু ইকামত বৈধ নাই। তেওঁলোকে আজান আৰু ইকামত দিলেও বিশুদ্ধ নহ’ব। ‘মুগনি (নামক কিতাপ)ত’: (২/৬৮) (ইবনে কুদামাই কৈছে: “আমি নাজানো এই বিষয়ে কাৰো দ্বিমত আছে বুলি”

২. ছালাতৰ সময়ত নাৰীৰ মুখমণ্ডলৰ বাহিৰে গোটেই শৰীৰ ঢাকি ৰখা:

ছালাতত নাৰীৰ চেহাৰাৰ বাহিৰে গোটেই শৰীৰ ছতৰ, কিন্তু হাত আৰু ভৰিৰ বিষয়ে দ্বিমত আছে যদি পৰ-পুৰুষে তাইক নেদেখে। গায়ৰ মাহৰাম বা পৰ-পুৰুষৰ দেখাৰ সম্ভাৱনা থাকিলে চেহাৰা, হাত আৰু ভৰি ঢাকি ৰখা ওৱাজিব। যেনেকৈ ছালাতৰ বাহিৰতো এইবোৰ অঙ্গ পুৰুষৰ পৰা পৰ্দা কৰা ওৱাজিব। এতেকে, ছালাতৰ সময়ত মূৰ, গলধন আৰু গোটেই শৰীৰ সম্পূৰ্ণ ভৰিসহ ঢাকি ৰখা জৰুৰী। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يقبل الله صلاة حائض - يعني: من بلغت الحيض - إلا بخمار«

হায়েজা (ঋতুমতী) নাৰীৰ ছালাত উড়নাবিহীন গ্ৰহণ কৰা নহয়”।  অৰ্থাৎ ঋতু আৰম্ভ হোৱা এনে প্ৰাপ্তবয়স্কা নাৰীৰ ছালাত। উড়নাৰ দ্বাৰা উদ্দেশ্য মূৰ আৰু গলধন আচ্ছাদনকাৰী কাপোৰ। উম্মে ছালামাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, নাৰীয়ে চোলা আৰু উড়না পৰিধান কৰি ছালাত আদায় কৰিব পাৰে নেকি যদি তলত কোনো কাপোৰ পৰিধান নকৰে? তেখেতে ক’লে:

»إذا كان الدرع سابغا يغطي ظهور قدميها«

যদি চোলা পৰ্যাপ্ত হয় যিটো তাইৰ ভৰি ঢাকি লয়”।  তেন্তে উড়না আৰু চোলাৰে ছালাত আদায় কৰা বিশুদ্ধ।

এই দুটা হাদীছে প্ৰমাণ কৰে যে, ছালাতত নাৰীৰ মূৰ আৰু গলধন ঢাকি ৰখা জৰুৰী, যেনেকৈ আইশ্বা ৰাদিয়াল্লাহু আনহাৰ বৰ্ণিত হাদীছৰ দ্বাৰা ইয়াৰ প্ৰমাণ পোৱা যায়। তাইৰ ভৰিৰ বহিৰাংশ পৰ্যন্ত শৰীৰৰ অংশও ঢাকি ৰখা জৰুৰী, যিটো উম্মে ছালামাৰ হাদীছত বৰ্ণিত হৈছে। যদি পৰ-পুৰুষে নেদেখে তেন্তে চেহাৰা উন্মুক্ত ৰখা বৈধ, এই বিষয়ে সকলো আহলে ইল্ম একমত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “কাৰণ নাৰীয়ে অকলশৰীয়া ছালাত আদায় কৰিলে উড়না ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে, ছালাতৰ বাহিৰে অন্যান্য সময়ত নিজ ঘৰতে মূৰ উন্মুক্ত ৰখা বৈধ। এতেকে, ছালাতত পোচাক গ্ৰহণ কৰা আল্লাহৰ হক। কোনো ব্যক্তিৰ পক্ষে উলঙ্গাৱস্থাত কা‘বা তাওৱাফ কৰা বৈধ নহয়, যদিও সেইটো ৰাতিৰ অন্ধকাৰত অকলশৰীয়াভাৱে হয়। এইদৰে অকলশৰীয়া হলেও উলঙ্গ অৱস্থাত ছালাত আদায় কৰা ঠিক নহয়... তাৰ পিছত তেওঁ কৈছে: ছালাতত ছতৰ ঢাকি ৰখাৰ বিষয়টো দৃষ্টিৰ লগত সম্পৃক্ত নহয়, দৃষ্টি ৰোধ কৰাৰ লগতো নহয়, আৰু দৃষ্টি আকৰ্ষণ কৰাৰ লগতো নহয়”।  সমাপ্ত।

মুগনি’ কিতাবত: (২/৩২৮) ইবনে কুদামাই কৈছে: “স্বাধীন নাৰীৰ গোটেই শৰীৰ ছালাতত ঢাকি ৰখা জৰুৰী, যদি ইয়াৰ কোনো অংশ খুলি যায় তেন্তে ছালাত শুদ্ধ নহ’ব, কিন্তু কম হ’লে সমস্যা নহয়। এই কথাই কৈছে ইমাম মালিক, আওযা‘ঈ আৰু শ্বাফে‘ঈ।

৩. ৰুকু আৰু ছাজদাত নাৰীয়ে শৰীৰ গুচাই ৰাখিব:

মুগনিত’: (২/২৫৮) ইবনু কুদামাই কৈছে: “ৰুকু আৰু ছাজদাত নাৰীয়ে তাইৰ শৰীৰ গুচাই ৰাখিব, এটা অংগৰ পৰা আনটো অংগ পৃথক নাৰাখিব, আসন কৰি বহিব অথবা তাৱাৰ্ৰুক বা ইফতিৰাশ্ব (বাও ভৰি পাৰি সোঁ ভৰি থিয়কৈ ৰখা)ৰ পৰিবৰ্তে তাইৰ দুই ভৰি সোঁ ফালেৰে বাহিৰ কৰিব, কাৰণ এইটো তাইৰ বাবে অধিক আচ্ছাদনকাৰী”

নৱৱী ৰাহিমাহুল্লাহে ‘আল-মাজমু’: (৩/৪৫৫) গ্ৰন্থত কৈছে: “শ্বাফেঈ ৰাহিমাহুল্লাহ আল-মুখতাছাৰ গ্ৰন্থত কৈছে: ছালাতৰ কৰ্মসমূহত নাৰী আৰু পুৰুষৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু নাৰীৰ এটা অংগ আন এটা অংগৰ লগত মিলাই ৰখা মুস্তাহাব। অথবা ছাজদাত তাইৰ পেট উৰুৰ লগত মিলাই ৰাখিব যেনেকৈ অধিক পৰ্দা হয়, এইটোৱেই মই তাইৰ বাবে পছন্দ কৰো ৰুকু অৱস্থাত আৰু পূৰ্ণ ছালাতত”। সমাপ্ত।

(বিশুদ্ধ কথাটো হৈছে ‘নাৰী আৰু পুৰুষৰ ছালাতত কোনো পাৰ্থক্য নাই’। চাওক ইবনে উছামীন ৰাহিমাহুল্লাহৰ ‘আশ্ব-শ্বাৰহুল মুমতি’ ৩/৩০৩-৩০৪. আলবানী ৰাহিমাহুল্লাহৰ ‘ছিফাতু ছালাতিন নাবী’ পৃঃ ১৮৯) (অনুবাদক)

৪. নাৰীৰ ইমামতিত নাৰীসকলৰ জামা‘আত কৰা:

নাৰীসকলৰ জামা‘আত সিহঁতৰ কাৰো ইমামতিত বৈধ নে অবৈধ এই বিষয়ে দ্বিমত আছে, কিছুমান আলিমে বৈধ বুলি কৈছে, আকৌ কিছুমান আলিমে অবৈধ বুলি কৈছে। অধিকাংশ আলিমৰ মতে এনে কৰাত কোনো সমস্যা নাই। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মে অৰাকাক তাইৰ ঘৰৰ লোকসকলক ইমামতি কৰাৰ নিৰ্দেশ দিছিল । কোনোবাই কৈছে, নাৰীৰ ইমামতি মুস্তাহাব বা পছন্দনীয় নহয়, আকৌ কোনোবাই কৈছে মাকৰূহ। কোনোবাই কৈছে নাৰীসকলৰ ইমামতি নফল ছালাতত বৈধ, কিন্তু ফৰজ ছালাতত বৈধ নহয়। সিহঁতৰ জামাত কৰা মুস্তাহাব এইটোৱেই হয়তো বিশুদ্ধ মত।

আৰু পৰ-পুৰুষে নুশুনিলে নাৰীয়ে উচ্চস্বৰে কিৰাআত কৰিব পাৰে।

৫. নাৰীসকলৰ বাবে মছজিদত ছালাত আদায়ৰ কাৰণে ঘৰৰ পৰা ওলোৱা বৈধ:

মছজিদত পুৰুষসকলৰ জামাআতত ছালাত আদায়ৰ বাবে নাৰীসকলৰ ঘৰৰ পৰা বাহিৰ হোৱা বৈধ, কিন্তু সিহঁতৰ ছালাত ঘৰত আদায় কৰাটোহে উত্তম। ইমাম মুছলিমে তেওঁৰ ছহীহ গ্ৰন্থত বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا تمنعوا إماء الله مساجد الله«

তোমালোকে আল্লাহৰ বান্দিসকলক আল্লাহৰ মছজিদৰ পৰা নিষেধ নকৰিবা”। 

আন এটা হাদীছত তেখেতে কৈছে:

»لا تمنعوا النساء أن يخرجن إلى المساجد، وبيوتهن خير لهن«

নাৰীসকলক মছজিদত যাবলৈ তোমালোকে নিষেধ নকৰিবা, কিন্তু সিহঁতৰ বাবে সিহঁতৰ ঘৰেই উত্তম”। 

উল্লেখ্য যে, পৰ্দাৰ বাবে নাৰীসকলৰ ঘৰতে অৱস্থান আৰু তাতেই ছালাত আদায় কৰা সিহঁতৰ বাবে উত্তম।

ছালাতৰ বাবে মছজিদত যোৱাৰ সময়ত নিম্নোক্ত আদবসমূহ মানিব লাগিব:

নাৰীয়ে কাপোৰ আৰু পৰিপূৰ্ণ পৰ্দাৰ দ্বাৰা আচ্ছাদিত থাকিব লাগিব, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»كان النساء يصلين مع رسول الله صلى الله عليه وسلم ثم ينصرفن متلفعات بمروطهن ما يعرفن من الغلس«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নাৰীসকলেও ছালাত আদায় কৰিছিল, তাৰ পিছত সিহঁতে সিহঁতৰ চাদৰেৰে আচ্ছাদিত হৈ উভতিছিল, অন্ধকাৰৰ বাবে সিহঁতক চিনি পোৱা নগৈছিল”।

সুগন্ধি ব্যৱহাৰ নকৰিব: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا تمنعوا إماء الله مساجد الله، وليخرجن تفلات«

আল্লাহৰ বান্দিসকলক আল্লাহৰ মছজিদত যাবলৈ নিষেধ নকৰিবা, আৰু অৱশ্যই সিহঁতে সুগন্ধি ত্যাগ কৰি বাহিৰ হোৱা উচিত”। 

আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছে:

»أيما امرأة أصابت بخورا فلا تشهدن معنا العشاء الآخرة«

যি নাৰীয়ে সুগন্ধি স্পৰ্শ কৰিছে, তাই যেন আমাৰ লগত ইশ্বা (ছালাত)ত উপস্থিত নহয়”। 

ইমাম মুছলিম ৰাহিমাহুল্লাহে বৰ্ণনা কৰিছে, ইবনে মাছ‘উদৰ স্ত্ৰী জয়নাবে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কৈছে:

»إذا شهدت إحداكن المسجد فلا تمس طيبا«

তোমালোকৰ কোনোবাই যেতিয়া মছজিদত উপস্থিত হয়, সি যেন সুগন্ধি স্পৰ্শ নকৰে”।

ইমাম শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৩/১৪০ আৰু ১৪১) গ্ৰন্থত কৈছে: এইবোৰ দলীলে প্ৰমাণ কৰে, নাৰীসকলৰ মছজিদত যোৱা বৈধ যদি ইয়াৰ লগত ফিতনা আৰু ফিতনাক জাগ্ৰতকাৰী বস্তু নাথাকে, যেনে সুগন্ধি জাতীয় বস্তু ইত্যাদি। তেওঁ আৰু কৈছে: হাদীছে প্ৰমাণ কৰে যে, পুৰুষে নাৰীসকলক তেতিয়া অনুমতি দিব যেতিয়া সিহঁতৰ বাহিৰ হোৱাত ফিতনাৰ আশংকা নাথাকে। যেনে সুগন্ধি অথবা অলঙ্কাৰ অথবা যিকোনো সৌন্দৰ্য অৱস্থাত অনুমতি নিদিব”। সমাপ্ত।

নাৰীসকলে সৌন্দৰ্যমূলক কাপোৰ আৰু অলঙ্কাৰৰ দ্বাৰা সুসজ্জিত হৈ নুলাব: আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

«لَوْ أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَأَى مِنَ النِّسَاءِ مَا رَأَيْنَا، لَمَنَعَهُنَّ مِنَ الْمَسَاجِدِ، كَمَا مَنَعَتْ بَنُو إِسْرَائِيلَ نِسَاءَهَا»

এতিয়া নাৰীসকলে যি অৱস্থা অৱলম্বন কৰিছে যিটো আমি দেখি আছো এয়া যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলেহেঁতেন তেনেহ’লে নিশ্চয় সিহঁতক মছজিদত আহিবলৈ নিষেধ কৰিলেহেঁতেন। যেনেকৈ বনু ইছৰাঈলে সিহঁতৰ নাৰীসকলক নিষেধ কৰিছিল”।

ইমাম শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’ গ্ৰন্থত আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ কথা (এতিয়া নাৰীসকলে যি অৱস্থা অৱলম্বন কৰিছে যিটো আমি দেখি আছো এয়া যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলেহেঁতেন) প্ৰসঙ্গত কৈছে: ইয়াৰ অৰ্থ হৈছে, সুন্দৰ পোচাক, সুগন্ধি, সৌন্দৰ্য চৰ্চা আৰু বেপৰ্দা। প্ৰকৃততে নবীৰ যুগত নাৰীসকলে উড়না, কাপোৰ আৰু মোটা চাদৰ পৰিধান কৰি ওলাইছিল”।

ইমাম ইবনুল জাওযী ৰাহিমাহুল্লাহে কৈছে: “নাৰীসকলৰ উচিত যথাসম্ভৱ ঘৰৰ পৰা বাহিৰ নোহোৱা, যদিও তাই নিজৰ বিষয়ে নিৰাপদ হয়, কিন্তু মানুহে তাৰ পৰা নিৰাপদ নহয়। যদি বাহিৰ হোৱাৰ একান্ত প্ৰয়োজন হয়, তেনেহ’লে স্বামীৰ অনুমতি লৈ অপৰিচ্ছন্ন পোচাক পৰিধান কৰি বাহিৰ হোৱা উচিত। আৰু মানুহ নথকা ঠাইৰে খোজ কাঢ়িব, প্ৰধান পথ আৰু বজাৰৰ মাজেৰে নাযাব, কণ্ঠস্বৰ যাতে কোনোৱে নুশুনে সতৰ্ক থাকিব, বাটৰ কাষেৰে খোজ কাঢ়িব, বাটৰ মাজেৰে নহয়”।  সমাপ্ত।

৬. শাৰীত নাৰীৰ অৱস্থান আৰু অন্যান্য মাছআলা:

নাৰী এজনী হ’লে পুৰুষসকলৰ পিছফালে অকলেই শাৰীত থিয় হ’ব। কাৰণ, আনাছ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক লগত লৈ ছালাত আদায় কৰিলে, তেওঁ কৈছে যে, মই আৰু এজন ইয়াতীম তেখেতৰ পিছত থিয় হ’লো, আৰু বৃদ্ধা মহিলাজনী আমাৰ পিছফালে থিয় দিলে”।

তেওঁৰ পৰা আৰু বৰ্ণিত আছে, আমাৰ ঘৰত মই আৰু ইয়াতীম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত ছালাত পঢ়িছো, আৰু মোৰ মা উম্মে ছুলাইম আমাৰ পিছফালে আছিল”।

যদি উপস্থিত নাৰীসকলৰ সংখ্যা বেছি হয়, তেনেহ’লে সিহঁতে পুৰুষসকলৰ পিছত এটা বা একাধিক শাৰীত থিয় দিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুসকলৰ সন্মুখত পুৰুষসকলক থিয় কৰাইছিল, শিশুসকল পুৰুষকলৰ পিছফালে থিয় দিছিল, আৰু নাৰীসকলে থিয় দিছিল শিশুসকলৰ পিছফালে। এই বিষয়ে হাদীছ ইমাম আহমদে বৰ্ণিনা কৰিছে। আবু হুৰাইৰাহ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»خير صفوف الرجال أولها، وشرها آخرها، وخير صفوف النساء آخرها، وشرها أولها«

পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী প্ৰথম শাৰী, ফিতনামূলক শাৰী শেষৰ শাৰী, আৰু নাৰীসকলৰ বাবে সৰ্বোত্তম শাৰী শেষৰ শাৰী, ফিতনামূলক শাৰী প্ৰথম শাৰী”।

এই হাদীছ দুটাই প্ৰমাণ কৰে যে, নাৰীসকল পুৰুষসলৰ পিছফালে শাৰীবদ্ধভাৱে থিয় হ’ব, সিহঁতৰ পিছত বিচ্ছিন্নভাৱে ছালাত নপঢ়িব, ফৰজ ছালাতেই হওক অথবা তাৰাৱীহৰ ছালাত।

ইমামে ছালাতত ভুল কৰিলে নাৰীসকলে তেওঁক সতৰ্ক কৰিব সোঁ হাতেৰে বাওঁ হাতত আঘাত কৰি (শব্দ কৰি)। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إذا نابكم في الصلاة شيء فليسبح الرجال، وليصفق النساء«

যেতিয়া ছালাতত তোমালোকৰ কোনো সমস্যা হয়, তেতিয়া পুৰুষসকলে যেন তাছবীহ কয় আৰু নাৰীসকলে যেন তাছফীক কৰে (সোঁ হাতক বাওঁ হাতৰ ওপৰত আঘাত কৰাকে তাছফীক বোলে)”। ছালাতত কোনো সমস্যা হ’লে নাৰীসকলৰ বাবে তাছফীক কৰা বৈধ। সমস্যাৰ এটা উদাহৰণ যেনে: ইমামে ভুল কৰা, কাৰণ নাৰীৰ শব্দ পুৰুষৰ বাবে ফিতনাৰ কাৰণ হ’ব পাৰে, সেয়ে নাৰীসকলক হাতত তাছফীক কৰাৰ নিৰ্দেশ দিয়া হৈছে, কথা কোৱাৰ নহয়।

ইমামে ছালাম ফিৰালে নাৰীসকলে দ্ৰুত মছজিদ ত্যাগ কৰিব, পুৰুষসকল বহি থাকিব, যাতে পুৰুষসকলে সিহঁতক লগ নাপায়। কাৰণ, উম্মে ছালামাই বৰ্ণনা কৰিছে,

«أَنَّ النِّسَاءَ فِي عَهْدِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كُنَّ إِذَا سَلَّمْنَ مِنَ المَكْتُوبَةِ، قُمْنَ وَثَبَتَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَمَنْ صَلَّى مِنَ الرِّجَالِ مَا شَاءَ اللَّهُ، فَإِذَا قَامَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَامَ الرِّجَالُ».

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ফৰজৰ ছালামৰ শেষত নাৰীসকলে থিয় দিছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু যিসকল পুৰুষে তেখেতৰ লগত ছালাত আদায় কৰিছে তেওঁলোকে বহি থাকিছিল, মা শ্বা আল্লাহ। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম উঠিছিল তেতিয়া সিহঁতেও উঠিছিল।

ইমাম যুহৰী ৰাহিমাহুল্লাহে কৈছে: “আল্লাহেই ভাল জানে, কিন্তু আমি ভাবোঁ ইয়াৰ কাৰণ নাৰীসকলে যাতে ঘৰত গুচি যাবলৈ সক্ষম হয়”

আৰু ইমাম শ্বাওকানীয়ে তেখেতৰ নাইলুল আওত্বাৰ গ্ৰন্থত (২/৩২৬) কৈছে, এই হাদীছৰ দ্বাৰা বুজা যায় যে, ইমামৰ বাবে মুস্তাহাব হৈছে মুক্তাদীসকলৰ অৱস্থাৰ খিয়াল কৰা, অন্যায় বা হাৰামত পতিত হোৱাৰ সম্ভাৱনা থাকিলে তাৰ পৰা সাৱধানতা অবলম্বন কৰা, সন্দেহমূলক কিবা ঘটাৰ সম্ভাৱনা থাকিলে তাৰ পৰা দূৰত থকা, ঘৰ তো দূৰৰ কথা বাট-পথতো নাৰী-পুৰুষৰ একত্ৰিত হোৱাৰ বিষয়টো অপছন্দনীয় হিচাপে বিবেচনা কৰা।

ইমাম নাৱাৱীয়ে তেখেতৰ আল-মাজমূ‘ গ্ৰন্থত (৩/৪৫৫) কৈছে, আৰু মহিলাসকলে জামাতত ছালাত আদায়ৰ ক্ষেত্ৰত কেইটামান বিষয়ত পুৰুষসকলতকৈ ভিন্ন:

এক. পুৰুষসকলৰ দৰে জামাতত ছালাত আদায় কৰা সিহঁতৰ বাবে গুৰুত্বপূৰ্ণ নহয়।

দুই. মহিলাসকলৰ ইমাম সিহঁতৰ মাজত বৰাবৰ থিয় হ’ব (সন্মুখত নহয়)

তিনি. মহিলা যদি এজনী হয় তেন্তে তাই পুৰুষৰ পিছত থিয় হ’ব, পুৰুষৰ কাষত নহয়, যিটো পুৰুষৰ বিধানতকৈ ভিন্ন।

চাৰি. যেতিয়া মহিলাসকলে পুৰুষসকলৰ লগত ছালাত আদায় কৰিব তেতিয়া সিহঁতৰ শেষ শাৰী প্ৰথম শাৰীতকৈ উত্তম।’... সমাপ্ত।

এইবোৰৰ পৰা জনা গ’ল যে, নাৰী-পুৰুষৰ ইখতিলাত বা একত্ৰিত হোৱা হাৰাম।

৭. ঈদৰ ছালাতত নাৰীসকলৰ বাহিৰ হোৱাৰ বিধান:

উম্মে ‘আতিয়্যাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে:

»أمرنا رسول الله صلى الله عليه وسلم أن نخرجهن في الفطر والأضحى: العواتق، والحيض، وذوات الخدور، فأما الحيض فيعتزلن الصلاة - وفي لفظ: المصلى - ويشهدن الخير، ودعوة المسلمين«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশ কৰিছে যে, আমি যাতে ঈদুল ফিতৰ আৰু ঈদুল আযহাত ঋতুমতী, যুৱতী আৰু অবিবাহিতা নাৰীসকলক ওলাই আনো, কিন্তু ঋতুমতী নাৰীসকলে ছালাতৰ পৰা বিৰত থাকিব, আন এটা বৰ্ণনাত আছে: মুছল্লীসকলৰ পৰা দূৰত থাকিব লগতে কল্যাণ আৰু মুছলিমসকলৰ দুআত অংশ গ্ৰহণ কৰিব”।

শ্বাওকানী ৰাহিমাহুল্লাহে কৈছে: “এই হাদীছ আৰু এই ধৰণৰ অন্যান্য হাদীছে স্পষ্টভাৱে প্ৰমাণ কৰে যে, দুই ঈদৰ দিনা নাৰীসকলৰ ঈদগাহত যোৱাটো চৰিয়তৰ বিধান, ইয়াত কুমাৰী, বিধৱা, যুৱতী, বৃদ্ধা, ঋতুমতীৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু যদি ইদ্দত পালন কৰা অৱস্থাত থাকে অথবা তাইৰ বাহিৰ হ’লে ফিতনাৰ আশংকা থাকে অথবা আন কোনো সমস্যা হ’লে সেয়া সুকীয়া কথা”।  সমাপ্ত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়াই ‘মাজমু‘ ফাতাৱা’: (৬/৪৫৮ আৰু ৪৫৯)ত কৈছে: “মুমিন নাৰীসকলক কোৱা হৈছে যে, জামা‘আত আৰু জুমুআত উপস্থিত হোৱাতকৈ ঘৰত ছালাত আদায় কৰাটো সিহঁতৰ বাবে অধিক উত্তম কিন্তু ঈদৰ ছালাতৰ বাহিৰে। কিয়নো ঈদত উপস্থিতিত হ’বলৈ সিহঁতক আদেশ কৰা হৈছে, আল্লাহেই ভাল জানে: এয়া কেইবাটাও কাৰণত হ’ব পাৰে,

এক. ঈদ বছৰত মাত্ৰ দুবাৰ, সেয়ে সিহঁতৰ উপস্থিতি গ্ৰহণযোগ্য, আনহাতে জুমু‘আ আৰু জামা‘আত তেনে নহয়।

দুই. ঈদৰ ছালাতৰ কোনো বিকল্প নাই, আনহাতে জুমু‘আ আৰু জামা‘আতৰ বিকল্প আছে, কাৰণ ঘৰত জোহৰ আদায় কৰাটোৱে নাৰীৰ বাবে জুমু‘আ আদায় কৰা সদৃশ।

তিনি. ঈদৰ ছালাতৰ বাবে বাহিৰ হোৱা দৰাচলতে আল্লাহৰ যিকিৰৰ বাবে ময়দানত বাহিৰ হোৱা, যিটো কেইবাটাও দিশত হজ্জৰ লগত মিল আছে। এই বাবেই হাজীসকলৰ লগত মিল ৰাখি হজ্জৰ সময়ত ডাঙৰ ঈদ হয়। সমাপ্ত

শ্বাফে‘ঈসকলৰ মতে: সাধাৰণ নাৰীসকলে ঈদত যাব, বিশেষ মৰ্যদাৰ অধিকাৰী নাৰীসকলে যাব নোৱাৰে।

ইমাম নাৱাৱীয়ে ‘আল-মাজমু’: (৫/১৩) গ্ৰন্থত কৈছে: শ্বাফে‘ঈ আৰু তেওঁৰ আচহাবে কৈছে: সাধাৰণ নাৰীসকলৰ ঈদৰ ছালাতত উপস্থিত হোৱা মুস্তাহাব, সম্ভ্ৰান্ত আৰু বিশেষ মৰ্যদাৰ অধিকাৰী নাৰীসকলৰ ছালাতত বাহিৰ হোৱা মাকৰূহ... তাৰ পিছত কৈছে: কিন্তু সিহঁত যদি যায় তেন্তে নিম্নমানৰ কাপোৰ পৰিধান কৰি বাহিৰ হ’ব, আবেদনময়ী কাপোৰ পৰিধান কৰি নোলাব, সিহঁতৰ বাবে পানীৰ দ্বাৰা পৰিচ্ছন্ন হোৱা মুস্তাহাব, কিন্তু সুগন্ধি ব্যৱহাৰ কৰা মাকৰূহ। এই বিধান বৃদ্ধা আৰু সিহঁতৰ দৰে নাৰীসকলৰ বাবে যিসকলে বিবাহৰ ইচ্ছা নাই, কিন্তু যুৱতী, সুন্দৰী আৰু বিবাহৰ ইচ্ছা থকা নাৰীসকলৰ উপস্থিত হোৱা মাকৰূহ। কাৰণ, এই ক্ষেত্ৰত সিহঁতৰ বাবে আৰু সিহঁতৰ দ্বাৰা আন আন লোকৰ ফিতনাৰ আশংকা থাকে। যদি কোৱা হয়, এই বিধান উল্লেখিত উম্মে আতিয়্যাৰ হাদীছৰ বিপৰীত, তেন্তে আমি কম: আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা ছহীহ বুখাৰী আৰু মুছলিমত আহিছে, তেখেতে কৈছে: “নাৰীসকলে যি অৱস্থা অবলম্বন কৰিছে সেয়া যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক নিষেধ কৰিলেহেঁতেন, যেনেকৈ বানী ইছৰাঈলৰ নাৰীসকলক নিষেধ কৰা হৈছে।” দ্বিতীয়তেঃ প্ৰথম যুগৰ তুলনাত বৰ্তমান যুগত ফিতনাৰ উপকৰণ বহুত বেছি। (আল্লাহ তা‘আলাই সৰ্বজ্ঞানী)। সমাপ্ত

মই কওঁ: আমাৰ যুগৰ ফিতনা আৰু বেছি মাৰাত্মক।

ইমাম ইবনুল জাওযীয়ে ‘আহকামুন নিছা’: (পৃ. ৩৮) গ্ৰন্থত কৈছে: আমি বৰ্ণনা কৰিছো যে, নাৰীসকলৰ বাহিৰ হোৱা বৈধ; কিন্তু যদি সিহঁতৰ নিজৰে অথবা সিহঁতৰ দ্বাৰা আনৰ ফিতনাৰ আশংকা হয় তেনেহ’লে বাহিৰ নোহোৱাই উত্তম। কাৰণ, প্ৰথম যুগৰ নাৰীসকলে যেনেকৈ লালিত-পালিত হৈছে তেনেকৈ এই যুগৰ নাৰীসকলে হোৱা নাই, পুৰুষসকলৰো সেই একেই অৱস্থা”। সমাপ্ত। অৰ্থাৎ তেওঁলোক বৰ মজবুত তাক্বৱাৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

হে মুছলিমা নাৰী, এইবোৰ উদ্ধৃতিৰ পৰা বুজা গ’ল যে, ঈদৰ ছালাতৰ বাবে তোমাৰ বাহিৰ হোৱা চৰিয়তৰ দৃষ্টিত বৈধ, কিন্তু চৰ্ত হৈছে পৰ্দা আৰু সম্ভ্ৰমক সংৰক্ষণ কৰি আৰু আল্লাহৰ নৈকট্য লাভ, মুছলিমসকলৰ দুআত অংশ গ্ৰহণ আৰু ইছলামৰ নিদৰ্শনক উচ্চ কৰাৰ ইচ্ছাত বাহিৰ হোৱা বৈধ, ইয়াৰ উদ্দেশ্য কেতিয়াও সৌন্দৰ্য চৰ্চা আৰু ফিতনাৰ মুখামুখি হোৱা নহয়।

 ষষ্ঠ পৰিচ্ছেদ জানাযা সংক্ৰান্ত নাৰীসকলৰ বিশেষ বিধান

আল্লাহ তা‘আলাই প্ৰত্যেক জীৱৰ বাবেই মৃত্যুক অৱধাৰিত কৰি দিছে। স্থায়িত্ব কেৱলমাত্ৰ আল্লাহৰ বাবেই সংৰক্ষিত। তেওঁ কৈছে:

﴿وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ٢٧﴾ [الرحمن: ٢٧]

আৰু বাকি থাকিব কেৱল মহামহিম আৰু মহানুভৱ তোমাৰ প্ৰতিপালকৰ চেহাৰা”। [ আৰ-ৰহমান, আয়াত: ২৭]

আদম সন্তানৰ জানাযাৰ লগত কিছুমান বিধান আছে, যিবোৰ বাস্তবায়ন কৰা জীৱিতসকলৰ ওপৰত জৰুৰী। তাৰে পৰা ইয়াত আমি কেৱল নাৰীসকলৰ লগত বিশেষ জৰুৰী কিছুমান বিধান উল্লেখ কৰিম ইন শ্বা আল্লাহ।

১. মৃত নাৰীক গুছল দিয়াৰ দায়িত্ব যিকোনো নাৰীৰে গ্ৰহণ কৰা ওৱাজিব:

মৃত নাৰীক গুছল নাৰীয়েই দিব, পুৰুষৰ বাবে তাইক গুছল দিয়া বৈধ নহয় স্বামীৰ বাহিৰে, স্বামীৰ বাবে স্ত্ৰীক গুছল দিয়া বৈধ। এইদৰে পুৰুষক গুছল কৰোৱাৰ দায়িত্ব পুৰুষে গ্ৰহণ কৰিব, নাৰীৰ বাবে তাক গুছল দিয়া বৈধ নহয় স্ত্ৰীৰ বাহিৰে, স্ত্ৰীৰ বাবে নিজ স্বামীক গুছল দিয়া বৈধ। কাৰণ, আলী ৰাদিয়াল্লাহু ‘আনহুয়ে নিজ স্ত্ৰী ফাতিমা বিনতে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক গুছল দিছে, এইদৰে আছমা বিনতে উমাইছে নিজ স্বামী আবু বকৰ ৰাদিয়াল্লাহু ‘আনহুক গুছল দিছে।

২. নাৰীসকলক পাঁচখন বগা কাপোৰত কাফন দিয়া মুস্তাহাব:

ইযাৰ, যিটোৰে নিম্নাংশ আবৃত কৰা হয়। উড়না হ’ব মূৰৰ ওপৰত। কামিচ হ’ব তাইৰ শৰীৰত। আৰু দুটা লিফাফাৰে তাইৰ গোটেই শৰীৰক ঢাকি দিয়া হ’ব। কাৰণ, লায়লা ছাকাফিয়্যাই বৰ্ণনা কৰিছে:

»كنت فيمن غسل أم كلثوم بنت رسول الله صلى الله عليه وسلم عند وفاتها، وكان أول ما أعطانا رسول الله الحقى، ثم الدرع، ثم الخمار، ثم الملحفة، ثم أدرجت بعد ذلك في الثوب الآخر«

উম্মে কুলছুম বিনতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মৃত্যুবৰণ কৰাৰ পিছত যিসকলে তেখেতক গুছল দিছে, তেওঁলোকৰ মাজত ময়ো আছিলো। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক প্ৰথমে যিটো দিছিল, সেয়া আছিল ইযাৰ, তাৰ পিছত কামিচ, তাৰ পিছত উড়না, তাৰ পিছত লিফাফা, তাৰ পিছত এইবোৰক আন এটা কাপোৰেৰ আচ্ছাদিত কৰি দিছো”।

(এই হাদীছটো দুৰ্বল। কাৰণ, ইবনে হাজাৰে কৈছেঃ ইয়াত নুহ বিন হাকীম আচ-ছাকাফী নামৰ বৰ্ণনাকাৰীজন মজহুল। আৰু কিছুমান কাৰণ আছে যিবোৰ ইমাম যাইলায়ীয়ে বৰ্ণনা কৰিছে, চাওক- নাছবুৰ ৰা-য়াহঃ ২/২৫৮) সেয়ে ইমাম নাছিৰুদ্দিন আলবানীয়ে কৈছেঃ পুৰুষ মহিলাৰ কাফনত কোনো পাৰ্থক্য নাই। চাওক, আহকামুল জানাইয অবিদউহা লিলবানী মছলা নং ৪৩) (অনুবাদক)

ইমাম শ্বওকানী ৰাহিমাহুল্লাহে কৈছে: হাদীছে প্ৰমাণ কৰে যে, নাৰীৰ কাফনৰ বাবে বিধান হৈছে ইযাৰ, কামিচ, উড়না, চাদৰ আৰু লিফাফা”।  সমাপ্ত।

৩. মৃত নাৰীৰ চুলিৰ বিষয়ে কৰণীয়:

নাৰীৰ চুলি তিনিটা বেণু গাঁথি পিছফালে ওলোমাই ৰাখিব। কাৰণ, উম্মে ‘আতিয়্যাহ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জিয়েকৰ গুছলৰ বৰ্ণনা দি কৈছে:

»فضفرنا شعرها ثلاثة قرون، وألقيناه خلفها«

আমি তেখেতৰ চুলিৰ তিনিটা বেণু গাঁথি পিছফালে ওলোমাই দিছিলো”।

৪. নাৰীসকলৰ বাবে জানাযাৰ অনুসৰণ কৰাৰ বিধান:

উম্মে ‘আতিয়্যাহ ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

»نهينا عن اتباع الجنائز، ولم يعزم علينا«

আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে কিন্তু কঠোৰভাৱে নিষেধ কৰা নাই”।

হাদীছৰ বাহ্যিক ভাষাই নাৰীসকলৰ বাবে জানাযাৰ অনুসৰণ কৰা হাৰাম বুজায়। আৰু উম্মে ‘আতিয়্যাৰ উক্তি যে, “আমাক কঠোৰভাৱে নিষেধ কৰা নাই” এই সম্পৰ্কে শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “তেওঁৰ কথাত বুজা যায় তেওঁৰ উদ্দেশ্য হৈছে, নিষেধ কৰাৰ বিষয়টো তাগিদ কৰা নাই”। এই কথা জানাযাৰ অনুসৰণ কৰা হাৰাম হোৱাৰ পৰিপন্থী নহয়। হ’ব পাৰে তেওঁ ধাৰণা কৰিছে এই নিষেধাজ্ঞা হাৰাম নহয়। এইটো তেওঁৰ ধাৰণা, আৰু কাৰো ধাৰণা দলীল নহয়, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাহে দলীল”।

৫. নাৰীসকলৰ বাবে কবৰ জিয়াৰত কৰা হাৰাম:

আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত:

»أن رسول الله صلى الله عليه وسلم لعن زوارات القبور«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰ জিয়াৰতকাৰীণী নাৰীসকলৰ ওপৰত লা‘নত (অভিশাপ) কৰিছে”।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “যদি নাৰীক জিয়াৰত কৰাৰ সুযোগ দিয়া হয়, তাই অস্থিৰতা, বিলাপ আৰু মাতম আৰম্ভ কৰিব, কাৰণ নাৰীসকলৰ মাজত দুৰ্বলতা আছে, অধিক অস্থিৰতা আৰু ধৈৰ্যহীনতা। দ্বিতীয়তে এইবোৰ কাম মৃত ব্যক্তিৰ বাবে কষ্টৰ কাৰণ হ’ব। তৃতীয়তে নাৰীৰ চেহাৰা আৰু আওয়াজৰ দ্বাৰা পুৰুষসকল ফিতনাত পতিত হোৱাৰ সম্ভাৱনা আছে। আন এটা হাদীছত আহিছে:

»فإنكن تفتن الحي وتؤذين الميت«

কাৰণ তোমালোকে জীৱিতসকলক ফিতনাত আবদ্ধ কৰা আৰু মৃতসকলক কষ্ট দিয়া”।

এতেকে নাৰীসকলৰ বাবে কবৰ জিয়াৰত ফিতনাৰ কাৰণ, যিটো সিহঁতৰ আৰু পুৰুষসকলৰ মাজত কিছুমান হাৰাম বিষয়ক জন্ম দিয়ে। ইয়াত জিয়াৰত কৰাৰ হিকমতো সুনিশ্চিত নহয়, কাৰণ জিয়াৰতৰ এনে কোনো সীমা নিৰ্ধাৰণ কৰা সম্ভৱ নহয় যিটো এইবোৰ অপৰাধ জন্ম নিদিব। আকৌ এটা জিয়াৰতক আন এটা জিয়াৰতৰ পৰা পৃথক কৰাও সম্ভৱ নহয় যে, এটাক জায়েয বুলি কোৱা যাব। চৰিয়তৰ এটা নীতি হৈছে যদি কোনো বিধানৰ হিকমত গোপন হয় অথবা সচৰাচৰ নহয়, তেনেহ’লে তাৰ সম্ভাৱ্য হিকমতৰ লগত বিধান সম্পৃক্ত হয়। এতেকে, হাৰাম কামৰ পথ বন্ধ কৰাৰ স্বাৰ্থত জিয়াৰত নিষিদ্ধ কৰাটোৱে শ্ৰেয়। যেনেকৈ, গোপন সৌন্দৰ্যৰ ফালে দৃষ্টি দিয়া হাৰাম। কিয়নো, এইটো ফিতনাৰ কাৰণ। এইদৰে অপৰিচিত নাৰীৰ লগত একান্ত মিলন আৰু তাইৰ ফালে দৃষ্টি ইত্যাদিও হাৰাম। নাৰীৰ জিয়াৰতত এনে একো উপকৰণ নাই যিটোৱে এইবোৰ ফাছাদ মোকাবিলা কৰাত সক্ষম। কাৰণ, জিয়াৰতত মৃত ব্যক্তিৰ বাবে দুআৰ বাহিৰে একো নাই, এতেকে এইটো ঘৰত বহিয়েই সম্ভৱ”।  সমাপ্ত।

৬. মাতম বা বিলাপ কৰা হাৰাম:

মাতম হৈছে মৃত ব্যক্তিৰ ওপৰত অস্থিৰতা প্ৰকাশ কৰি উচ্চস্বৰে বিলাপ কৰা, কাপোৰ ছিঙি পেলোৱা, গালত আঘাত কৰা, মূৰ খুৰোৱা, মুখমণ্ডল কলা কৰা আৰু খামুচা, ধ্বংসক আহ্বান কৰা ইত্যাদি, যিটোৱে আল্লাহৰ সিদ্ধান্ত আৰু তাকদীৰৰ ওপৰত অসন্তুষ্টি আৰু অধৈৰ্যতা প্ৰমাণ কৰে। এইবোৰ আচৰণ হাৰাম আৰু কবিৰা গুনাহ। ছহীহ বুখাৰী আৰু মুছলিমত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»ليس منا من لطم الخدود، وشق الجيوب، ودعا بدعوى الجاهلية«

যিয়ে গালত আঘাত কৰে, কাপোৰ ছিঙে আৰু অজ্ঞতা পৰিভাষাত চিঞঁৰে সি আমাৰ অন্তৰ্ভূক্ত নহয়”। 

ছহীহ বুখাৰী আৰু মুছলিমত আৰু আছে:

»أنه صلى الله عليه وسلم بريء من الصالقة والحالقة والشاقة«

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ছা-লিক্বাহ, হা-লিক্বাহ আৰু শ্বা-ক্কাহৰ পৰা বিমুক্ত”। 

ছা-লিক্বাহ: সেই নাৰী, যিয়ে মুছিবতৰ সময়ত উচ্চস্বৰে চিঞঁৰে। হা-লিক্বাহ: সেই নাৰী, যিয়ে মুছিবতৰ সময়ত চুলি ছিঙি পেলায়। শ্বা-ক্কাহ: সেই নাৰী, যিয়ে মুছিবতৰ সময়ত কাপোৰ ছিঙি পেলায়। ছহীহ মুছলিমত বৰ্ণিত আছে,

»أنه صلى الله عليه وسلم لعن النائحة والمستمعة«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাতমকাৰী আৰু মাতম শ্ৰৱণকাৰীক অভিশাপ কৰিছে”।  অৰ্থাৎ যিয়ে নিজ ইচ্ছাত মাতম শুনে আৰু ইয়াক পছন্দ কৰে।

হে মুছলিম নাৰী, মুছিবতৰ সময়ত এইবোৰ হাৰাম কামৰ পৰা বিৰত থকা একান্ত জৰুৰী, তুমি ধৈৰ্য ধাৰণ কৰা আৰু ছোৱাবৰ আশা কৰা, যাতে মুছীবত তোমাৰ পাপ কামৰ কাফফাৰা আৰু নেকি বৃদ্ধিৰ কাৰণ হয়। আল্লাহ তা‘আলাই কৈছে:

﴿وَلَنَبۡلُوَنَّكُم بِشَيۡءٖ مِّنَ ٱلۡخَوۡفِ وَٱلۡجُوعِ وَنَقۡصٖ مِّنَ ٱلۡأَمۡوَٰلِ وَٱلۡأَنفُسِ وَٱلثَّمَرَٰتِۗ وَبَشِّرِ ٱلصَّٰبِرِينَ ١٥٥ ٱلَّذِينَ إِذَآ أَصَٰبَتۡهُم مُّصِيبَةٞ قَالُوٓاْ إِنَّا لِلَّهِ وَإِنَّآ إِلَيۡهِ رَٰجِعُونَ ١٥٦ أُوْلَٰٓئِكَ عَلَيۡهِمۡ صَلَوَٰتٞ مِّن رَّبِّهِمۡ وَرَحۡمَةٞۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُهۡتَدُونَ ١٥٧﴾ [البقرة: ١٥٥، ١٥٧]

আৰু আমি নিশ্চয় তোমালোকক পৰীক্ষা কৰিম ভয়, ভোক আৰু জান-মাল আৰু ফল-মূলৰ ক্ষতিৰ দ্বাৰা। আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া। যিসকলক বিপদ-আপদ আক্ৰান্ত কৰিলে কয়, নিশ্চয় আমি আল্লাহৰ বাবে আৰু নিশ্চয় আমি তেওঁৰ ফালেই প্ৰত্যাৱৰ্তনকাৰী। তেওঁলোকৰ বাবেই আছে তেওঁলোকৰ প্ৰতিপালকৰ পৰা মাগফিৰাত আৰু ৰহমত আৰু তেওঁলোকেই হিদায়াত প্ৰাপ্ত”। [ আল-বাকাৰা, আয়াত: ১৫৫-১৫৭]

হয়, তোমাৰ বাবে ক্ৰন্দন কৰা বৈধ যদি বিলাপ, আৰু হাৰাম কৰ্ম লগতে আল্লাহৰ ফয়চালা আৰু কুদৰতৰ ওপৰত অসন্তুষ্টি প্ৰকাশ নহয়। কাৰণ, ক্ৰন্দন কৰা মৃত ব্যক্তিৰ প্ৰতি ৰহমত আৰু অন্তৰত নম্ৰতাৰ আলামত। দ্বিতীয়তে ইয়াক প্ৰতিহত কৰাও সম্ভৱ নহয়, গতিকে ক্ৰন্দন কৰা বৈধ, বৰং মুস্তাহাব। আল্লাহেই সহায়কাৰী।

 সপ্তম পৰিচ্ছেদ ছিয়াম সংক্ৰান্ত নাৰীসকলৰ বিধান

ৰমজান মাহৰ ছিয়াম প্ৰত্যেক মুছলিম নাৰী আৰু পুৰুষৰ ওপৰত ফৰজ। ছিয়াম ইছলামৰ এটা ৰুকন আৰু মহান এটা স্তম্ভ। আল্লাহ তা‘আলাই কৈছে:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ كُتِبَ عَلَيۡكُمُ ٱلصِّيَامُ كَمَا كُتِبَ عَلَى ٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ ١٨٣﴾ [البقرة: ١٨٣]

হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে, যেনেকৈ ফৰজ কৰা হৈছিল তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত, যাতে তোমালোকে তাক্বৱা অবলম্বন কৰা”। [ আল-বাকাৰা, আয়াত: ১৮৩]

ইয়াতكُتِبَ শব্দৰ অৰ্থঃ ফৰজ কৰা হৈছে। কিশোৰীৰ মাজত প্ৰাপ্তবয়স্ক হোৱাৰ কোনো এটা নিদৰ্শন স্পষ্ট হ’লেই ফৰজ বিধান পালন কৰাৰ বয়সত উপনীত হয়, তেতিয়াৰ পৰা তাই ফৰজ ছিয়াম ৰখা আৰম্ভ কৰিব। প্ৰাপবয়স্ক হোৱাৰ এটা নিদৰ্শন হৈছে ঋতু বা হায়েজ। ঋতু কেতিয়াবা ন বছৰত আৰম্ভ হয়; কিন্তু কিছুমান কিশোৰীয়ে বিধান নজনাৰ বাবে ছিয়াম নাৰাখে, ধাৰণা কৰে তাই সৰু। পৰিয়ালেও তাইক ছিয়াম ৰখাৰ নিৰ্দেশ নকৰে, ইছলামৰ এটা ৰুকুনৰ ক্ষেত্ৰত এইটো ডাঙৰ গাফলতি। এনেকুৱা যাৰ ক্ষেত্ৰত হৈছে তাইক নিশ্চয় ঋতু তথা হায়েজৰ আৰম্ভণিৰ পৰা ছিয়াম কাজা কৰিব লাগিব, যদিও দীৰ্ঘ সময় হয়, কাৰণ তাইৰ জিম্মাত ছিয়াম বাকি আছে।

কাৰ ওপৰত ৰমজান ওৱাজিব?

ৰমজান মাহ প্ৰৱেশ কৰিলে প্ৰাপ্তবয়স্ক, সুস্থ আৰু নিবাসস্থলত অৱস্থানকাৰী প্ৰত্যেক মুছলিম নাৰী আৰু পুৰুষৰ ওপৰত ছিয়াম ৰখা ওৱাজিব হয়। কোনোৱে যদি ৰমজানৰ মাজত অসুস্থ হয় অথবা মুছাফিৰ হয়, তেওঁ পানাহাৰ কৰিব আৰু সংখ্যা মোতাবিক বেলেগ সময়ত কাজা কৰিব। আল্লাহ তা‘আলাই কৈছে:

﴿فَمَن شَهِدَ مِنكُمُ ٱلشَّهۡرَ فَلۡيَصُمۡهُۖ وَمَن كَانَ مَرِيضًا أَوۡ عَلَىٰ سَفَرٖ فَعِدَّةٞ مِّنۡ أَيَّامٍ أُخَرَۗ﴾ [البقرة: ١٨٥]

এতেকে তোমালোকৰ মাজত যিয়ে মাহটোত উপনীত হ’ব তাৰ বাবে ছিয়াম পালন কৰা উচিত; আৰু যিয়ে অসুস্থ হ’ব অথবা ভ্ৰমনত থাকিব সি অন্যান্য দিৱসত সংখ্যা পূৰণ কৰিব”। [ আল-বাকাৰা, আয়াত: ১৮৫]

এইদৰে যিয়ে ৰমজানত উপনীত হয় এনে অৱস্থাত যিয়ে অতি বৃদ্ধ, ছিয়াম ৰাখিবলৈ সক্ষম নহয় অথবা স্থায়ীভাৱে অসুস্থ যিটো কেতিয়াও ঠিক হোৱাৰ সম্ভাৱনা নাই, নাৰীয়ে হওক অথবা পুৰুষ পানাহাৰ কৰিব আৰু প্ৰত্যেক দিনৰ পৰিবৰ্তে এজন মিছকীনক আধা ছা  দেশীয় খাদ্য দিব। আল্লাহ তা‘আলাই কৈছে:

﴿وَعَلَى ٱلَّذِينَ يُطِيقُونَهُۥ فِدۡيَةٞ طَعَامُ مِسۡكِينٖۖ﴾ [البقرة: ١٨٤]

আৰু যিসকলৰ বাবে ই কষ্টকৰ হ’ব, তেওঁলোকৰ কৰ্তব্য ফিদিয়া -এজন দৰিদ্ৰক খাদ্য প্ৰদান কৰা”। [ আল-বাকাৰা, আয়াত: ১৮৪]

আব্দুল্লাহ ইবনে আব্বাছে কৈছে, এই বিধান এনে বৃদ্ধলোকৰ বাবে যাৰ সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাই। এই কথা ইমাম বুখাৰীয়ে বৰ্ণনা কৰিছে। এইদৰে যি ব্যক্তিৰ বেমাৰৰ পৰা সুস্থ হোৱাৰ সম্ভাৱনা নাই সিও বৃদ্ধৰ দৰেই, তেওঁলোকৰ বাবে কাজা নাই যিহেতু তেওঁলোকৰ পক্ষে কাজা সম্ভৱ নহয়।

বিশেষ কিছুমান অপাৰগতাৰ কাৰণে ৰমজানত নাৰীৰ পানাহাৰ কৰা বৈধ:

নাৰীৰ কিছুমান অপাৰগতা আছে, যিবোৰ কাৰণত ৰমজানত পানাহাৰ কৰা তাইৰ বাবে বৈধ, কিন্তু এৰি দিয়া ছিয়ামসমূহ পিছত কাজা কৰিব লাগিব।

নাৰীৰ অপাৰগতাসমূহ নিম্নৰূপ:

১. হায়েজ আৰু নিফাছ: হায়েজ আৰু নিফাছৰ সময়ত ছিয়াম ৰখা হাৰাম, পিছত সেইটো কাজা কৰা ওৱাজিব। কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে:

»كنا نؤمر بقضاء الصوم، ولا نؤمر بقضاء الصلاة«

আমাক ছিয়ামৰ কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু ছালাত কাজা আদায় কৰাৰ নিৰ্দেশ দিয়া নাছিল”। 

ইয়াৰ কাৰণ, এবাৰ নাৰী এজনীয়ে আইশ্বা ৰাদিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলে: ঋতুমতী নাৰীসকলে ছিয়াম কাজা কৰিব, কিন্তু ছালাত কাজা নকৰিব, ইয়াৰ কাৰণ কি? উত্তৰত তেখেতে ক’লে: এইবোৰ বিষয় অহী নিৰ্ভৰ, সেয়ে এইবোৰ বিষয়ত অহীৰ অনুসৰণ কৰাটোৱেই মূল কথা।

ঋতু অৱস্থাত ছিয়াম ত্যাগ কৰাৰ হিকমত:

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে, ‘মাজমুউল ফাতাৱা’: (২৫/২৫১)ত কৈছে: “ঋতু অৱস্থাত যি তেজ নিৰ্গত হয় সেইটো এক প্ৰকাৰ ৰক্তক্ষৰণ, যিটো তাইৰ স্বাভাৱিক সুস্থতাৰ বিপৰীত। ঋতুমতী নাৰী স্বাভাৱিক অৱস্থাত ছিয়াম ৰাখিবলৈ সক্ষম যেতিয়া তাইৰ তেজ নিৰ্গত নহয়। এতেকে, ঋতুমতী নাৰী যদি স্বাভাৱিক অৱস্থাত ছিয়াম ৰাখে যেতিয়া তাইৰ শৰীৰ পৰা শক্তিশালী উপাদান (তেজ) বাহিৰ হোৱা বন্ধ থাকে তেতিয়া তাইৰ ছিয়ামটো স্বাভাৱিক হয়। আনহাতে যদি ঋতু অৱস্থাত ছিয়াম ৰাখে যেতিয়া তাইৰ শৰীৰ পৰা নিৰ্যাস তেজ ওলায়, যিটো শৰীৰক ক্ষয় আৰু দুৰ্বল কৰে, তেতিয়া তাইৰ চিয়ামও হ’ব অস্বাভাৱিক (দুৰ্বল)। এই বাবেই নাৰীসকলক ঋতু শেষ হোৱাৰ পিছত ছিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। সমাপ্ত।

২. গৰ্ভ আৰু দুগ্ধপান: গৰ্ভ আৰু দুগ্ধপান কৰোৱা অৱস্থাত ছিয়াম ৰাখিলে যদি নাৰী অথবা সন্তান অথবা সিহঁত উভয়ে ক্ষতিগ্ৰস্ত হয়, তেনেহ’লে গৰ্ভ আৰু দুগ্ধপান কৰোৱা অৱস্থাত পানাহাৰ কৰিব। এতেকে যি ক্ষতিৰ আশংকাত পানাহাৰ কৰিছে সেইটো যদি শিশুৰ লগত সংশ্লিষ্ট হয়, মাকৰ লগত সম্পৃক্ত নহয়, তেনেহ’লে পানাহাৰ কৰা দিনৰ কাজা কৰিব আৰু প্ৰত্যেক দিনৰ বিনিময়ত এজন মিছকিনক খাদ্য দিব। আৰু যদি ক্ষতি নাৰীৰ লগত সংশ্লিষ্ট হয়, তেনেহ’লে কেৱল তাইৰ কাজা কৰিলেই যথেষ্ট হ’ব। কাৰণ, গৰ্ভৱতী আৰু দুগ্ধদানকাৰী উভয় আল্লাহৰ বাণীৰ অন্তৰ্ভূক্ত। আল্লাহ তা‘আলাই কৈছে:

﴿وَعَلَى ٱلَّذِينَ يُطِيقُونَهُۥ فِدۡيَةٞ طَعَامُ مِسۡكِينٖۖ﴾ [البقرة: ١٨٤]

আৰু যিসকলৰ বাবে ই কষ্টকৰ হ’ব, সিহঁতৰ কৰ্তব্য ফিদিয়া -এজন দৰিদ্ৰক খাদ্য প্ৰদান কৰা”। [ আল-বাকাৰা, আয়াত: ১৮৪]

হাফিজ ইবনে কাছিৰ ৰাহিমাহুল্লাহে নিজ তাফছীৰ: (১/৩৭৯) গ্ৰন্থত কৈছে: “আয়াতৰ অৰ্থত গৰ্ভৱতী আৰু দুগ্ধদানকাৰী উভয়ে অন্তৰ্ভূক্ত আছে, যদি সিহঁতে নিজৰ প্ৰাণ অথবা সন্তানৰ ওপৰত আশংকা কৰে”। সমাপ্ত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: যদি গৰ্ভৱতী তাইৰ শিশুৰ ওপৰত আশংকা কৰে, তেনেহ’লে পানাহাৰ কৰিব আৰু প্ৰত্যেক দিনৰ কাজা কৰিব লগতে প্ৰত্যেক দিনৰ পৰিবৰ্তে মিছকীনক এক ৰিত`ল  ৰুটি দিব”।  সমাপ্ত।

বিশেষ জ্ঞাতব্য:

১. মুস্তাহাজাহ নাৰী: যি নাৰীৰ কোনো কাৰণত তেজ নিৰ্গত হয় যিটো হায়েজ নহয়, যিটোৰ আলোচনা আমি আগতে কৰিছো, তাইৰ ওপৰত ছিয়াম ৰখা জৰুৰী। ইস্তেহাজাৰ কাৰণে পানাহাৰ কৰা তাইৰ বাবে বৈধ নহয়।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ঋতুমতী নাৰীৰ পানাহাৰ কৰাৰ আলোচনাৰ শেষত কৈছে: ইস্তেহাজা ইয়াৰ বিপৰীত, কাৰণ ইস্তেহাজা দীৰ্ঘ সময় থাকে, ইয়াৰ এনে কোনো সময় নাই য’ত তাইক ছিয়ামৰ নিৰ্দেশ দিয়া হ’ব। আকৌ ইস্তেহাজাৰ পৰা ৰক্ষা পোৱাৰো উপায় নাই। ইস্তেহাজাৰ তেজ হৈছে সামান্য বমি দৰে, আঘাতৰ কাৰণে বা মলদ্বাৰেৰে তেজক্ষৰণ আৰু বেয়া সপোন ইত্যাদিৰ দৰে, যাৰ কোনো নিৰ্দিষ্ট সময় নাই, ইয়াৰ পৰা নিৰাপদ থকাও অসম্ভৱ। এতেকে, এইবোৰ হায়েজৰ তেজৰ দৰে ছিয়াম পালনত বাঁধা নহয়”।  সমাপ্ত।

২. ঋতুমতী, গৰ্ভৱতী আৰু দুগ্ধদানকাৰী নাৰী যদি পানাহাৰ কৰে, তেনেহ’লে সিহঁতৰ ওপৰত ফৰজ হৈছে, যি ৰমজানত পানাহাৰ কৰিছে তাৰ পিছৰ পৰা অহা ৰমজানৰ আগতে কাজা কৰা, সোনকালে কাজা কৰা মুস্তাহাব। যি পৰিমাণ তাইৰ ওপৰত কাজা ফৰজ, পৰৱৰ্তী ৰমজান অহাৰ সেই কেইটা দিন যদি বাকি থাকে, তেনেহ’লে এই দিনসমূহত তাইৰ কাজা কৰা ফৰজ, যাতে পিছৰ ৰমজানৰ কাজা থকা অৱস্থাত তাইৰ ওপৰত নতুন ৰমজান আগমন নকৰে। যদি পিছৰ ৰমজানৰ কাজা নকৰে, এনে অৱস্থাত পৰৱৰ্তী ৰমজান আহি যায়, বিলম্ব কৰাৰ কোনো কাৰণো নাই, তেনেহ’লে তাইৰ ওপৰত কাজা কৰাৰ লগতে প্ৰত্যেক দিনৰ বিনিময়ত মিছকীনক খাদ্য দিয়া ফৰজ, আৰু যদি ইয়াৰ আঁৰত কোনো চৰিয়ত সঙ্গত কাৰণ থাকে তেনেহ’লে কেৱল কাজা কৰা ওৱাজিব। এইদৰে যাৰ ওপৰত কাজা আছিল বেমাৰ অথবা ভ্ৰমণৰ কাৰণে, তাৰ বাবেও এই একেই হুকুম, ঋতুমতী নাৰীৰ দৰেই উপৰোক্ত ব্যাখ্যা মোতাবিক।

৩. স্বামীৰ উপস্থিত থকা অৱস্থাত নাৰীৰ বাবে নফল ছিয়াম ৰখা জায়েয নহয়। কাৰণ, ইমাম বুখাৰী আৰু মুছলিমে আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يحل لامرأة أن تصوم وزوجها شاهد إلا بإذنه«

স্বামীৰ উপস্থিতিত তেওঁৰ অনুমতিবিহীন কোনো নাৰীৰ পক্ষে ছিয়াম ৰখা জায়েয নহয়”।  আহমদ আৰু আবু দাউদৰ কিছুমান বৰ্ণনাত আছে, ‘কিন্তু ৰমজানৰ বাহিৰে’।

নিশ্চয় যদি স্বামী নফল ছিয়াম ৰখাৰ অনুমতি দিয়ে অথবা তাইৰ স্বামী উপস্থিত নাথাকে অথবা তাইৰ স্বামীয়েই নাই, তাইৰ বাবে নফল ছিয়াম ৰখা মুস্তাহাব। বিশেষভাৱে যি দিনসমূহত ছিয়াম ৰখা মুস্তাহাব, যেনে সোমবাৰ, বৃহস্পতিবাৰ আৰু প্ৰত্যেক চন্দ্ৰ মাহৰ (১৩,১৪,১৫ তাৰিখৰ) তিনিটা ছিয়াম, শ্বাওৱাল মাহৰ ছয়টা ছিয়াম, জিল হিজ্জা মাহৰ প্ৰথম দহ দিনৰ ছিয়াম, আৰাফাৰ দিনৰ ছিয়াম আৰু আশুৰাৰ দিনৰ ছিয়াম ৰখা আগত বা পিছত এদিন মিলাই (৯,১০ বা ১০-১১)

কিন্তু ৰমজানৰ কাজা আদায় নকৰালৈকে নফল ছিয়াম পালন কৰা যথাযথ নহয়। আল্লাহেই সৰ্বজ্ঞানী।

৪. ঋতুমতী নাৰী যদি ৰমজান মাহত দিনৰ মধ্যৱৰ্তী সময়ত পাক হয়, তেনেহ’লে সেই অৱশিষ্ট দিনটো বিৰত থাকিব কিন্তু পৰৱৰ্তীত এই দিনটোৰও কাজা কৰিব। সময়ৰ প্ৰতি সন্মান ৰাখি অৱশিষ্ট দিনটো তাইৰ বিৰত থকা আৱশ্যক।

 অষ্টম পৰিচ্ছেদ হজ্জ আৰু ওমৰাত নাৰীৰ বিশেষ বিধান

প্ৰতি বছৰ আল্লাহৰ সন্মানিত ঘৰ বায়তুল্লাৰ হজ্জ কৰা গোটেই উম্মতৰ ওপৰত ওৱাজিবে কিফায়া, অৰ্থাৎ সকলোৰে ওপৰত ওৱাজিব, কিন্তু কিছু সংখ্যক লোকে আদায় কৰিলে বাকিসকলৰ পৰা আদায় হৈ যায়। যিবোৰ মুছলিমৰ মাজত হজ্জৰ সকলো চৰ্ত পোৱা যায়, সিহঁতৰ ওপৰত জীৱনত এবাৰ হজ্জ কৰা ফৰজ, আৰু অতিৰিক্ত হজ্জ নফল। হজ্জ ইছলামৰ এটা গুৰুত্বপূৰ্ণ ৰুকন। নাৰীৰ বাবে হজ্জ জিহাদ সমতুল্য। আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে:

»يا رسول الله، هل على النساء جهاد ؟ قال: نعم، عليهن جهاد لا قتال فيه: الحج والعمرة«

হে আল্লাহৰ ৰাছুল, নাৰীসকলৰ ওপৰত জিহাদ আছেনে? তেখেতে ক’লে: হয়, সিহঁতৰ ওপৰত এনে জিহাদ আছে য’ত কাজিয়া নাই: (অৰ্থাৎ) হজ্জ আৰু ওমৰাহ”। 

আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা ইমাম বুখাৰীয়ে আৰু বৰ্ণনা কৰিছে, তেখেতে কৈছে:

»يا رسول الله، نرى الجهاد أفضل العمل، أفلا نجاهد ؟ قال: لكن أفضل الجهاد حج مبرور «

হে আল্লাহৰ ৰাছুল, আমি জিহাদক সৰ্বোত্তম আমল বুলি ভাবোঁ, আমি জিহাদ নকৰিমনে? তেখেতে ক’লে: তোমালোকৰ বাবে সৰ্বোত্তম জিহাদ হৈছে মাবৰুৰ হজ্জ”।

হজ্জ সংক্ৰান্ত নাৰীৰ বিশেষ বিধান

১. মুহৰিম:

হজ্জত নাৰী-পুৰুষ সকলোৰে বাবে কিছুমান সাধাৰণ বিধান আছে, যেনে, ইছলাম, বিবেক, স্বাধীনতা, প্ৰাপ্তবয়স্ক আৰু অৰ্থনৈতিক সামৰ্থ।

কিন্তু নাৰীৰ বাবে অতিৰিক্ত চৰ্ত হৈছে মাহৰাম থকা, যাৰ লগত সি হজ্জৰ ছফৰ কৰিব। মাহৰাম যেনে, স্বামী অথবা তেজৰ সম্পৰ্কৰ কাৰণে নাৰীৰ ওপৰত চিৰ দিনৰ বাবে হাৰাম এনে পুৰুষ, যেনেঃ পিতা, সন্তান আৰু ভাই-ককাই। অথবা তেজ-সম্পৰ্কৰ বাহিৰৰ মাহৰাম, যেনে মাকৰ দুগ্ধ পান কৰা ভাই অথবা মাকৰ (পূৰ্বৱৰ্তী বা পৰবৰ্তী) স্বামী অথবা স্বামীৰ (আন স্ত্ৰীৰ) ল’ৰা।

মাহৰাম চৰ্ত হোৱাৰ দলীল: ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমাই বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক খুৎবাত কওঁতে শুনিছে:

»لا يخلون رجل بامرأة إلا ومعها ذو محرم، ولا تسافر المرأة إلا مع ذي محرم، فقام رجل فقال: يا رسول الله إن امرأتي خرجت حاجة، وإني اكتتبت في غزوة كذا وكذا، قال: فانطلق فحج مع امرأتك«

মাহৰামৰ বাহিৰে কোনো নাৰীয়ে আন পুৰুষৰ লগত অকলশৰীয়াকৈ অৱস্থান নকৰিব, আৰু মাহৰামৰ বাহিৰে নাৰীয়ে ভ্ৰমণ নকৰিব। ব্যক্তি এজনে থিয় হৈ ক’লে, হে আল্লাহৰ ৰাছুল, মোৰ স্ত্ৰী হজ্জৰ উদ্দেশ্যে বাহিৰ হৈছে, আৰু ময়ো অমুক অমুক যুদ্ধত নাম লিখোৱাইছো। তেখেতে ক’লে: যোৱা, তোমাৰ স্ত্ৰীৰ লগত হজ্জ কৰাগৈ”। 

ইবনে ওমৰ ৰাদিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا تسافر المرأة ثلاثا، إلا معها ذو محرم«

কোনো নাৰী মাহৰামবিহীন তিনি দিন ভ্ৰমণ নকৰিব”। 

এই ধৰণৰ অৰ্থ প্ৰদানকাৰী বহু হাদীছ আছে, যিবোৰে নাৰীক হজ্জ আৰু অন্যান্য প্ৰয়োজনত অকলশীয়াকৈ ভ্ৰমণ কৰাত নিষেধ কৰে। কাৰণ, নাৰী দুৰ্বল, ভ্ৰমণত তাই এনে সমস্যা আৰু কষ্টৰ সন্মুখীন হয়, যিটো পুৰুষৰ বাহিৰে আন কোনেও সমাধান কৰিবলৈ সক্ষম নহয়। দ্বিতীয়তে নাৰী ফাছিক পুৰুষসকলৰ লোভ-লালসাৰ বস্তু, এতেকে তাইৰ বাবে অৱশ্য মাহৰাম থকা জৰুৰী, যিয়ে তাইক সুৰক্ষা দিব আৰু সিহঁতৰ কষ্টৰ পৰা তাইক নিৰাপদ ৰাখিব।

নাৰীৰ হজ্জৰ সময়ত যিয়ে মাহৰাম থাকিব তেওঁৰ অৱশ্যই প্ৰাপ্তবয়স্ক, মুছলিম আৰু বিবেকবান হোৱা জৰুৰী। কাৰণ, মাহৰাম হিচাপে কাফিৰ বিশ্বাসযোগ্য নহয়, যদি তাইৰ মাহৰাম নাথাকে, তেন্তে কাৰোবাক প্ৰতিনিধি কৰিব লাগিব, যিয়ে তাইৰ হৈ হজ্জ কৰিব।

২. স্ত্ৰীৰ হজ্জ যদি নফল হয় তেন্তে স্বামীৰ অনুমতি প্ৰয়োজন:

স্ত্ৰী নফল হজ্জ কৰিব বিচাৰিলে স্বামীৰ অনুমতি প্ৰয়োজন। কাৰণ, স্ত্ৰী নফল হজ্জত বাহিৰ হ’লে তাইৰ ওপৰত থকা স্বামীৰ যি হক আছে সেইটো বিনষ্ট হয়। ইবনে কুদামাহ ৰাহিমাহুল্লাহে ‘আল-মুগনি’: (৩/২৪০) গ্ৰন্থত কৈছে: “স্ত্ৰীক নফল হজ্জৰ পৰা নিষেধ কৰাৰ অধিকাৰ স্বামীৰ আছে। ইবনুল মুনযিৰে কৈছে: যিসকল আলিমৰ ইল্ম মোৰ ওচৰত আছে, তেওঁলোক সকলোৱে একমত যে স্ত্ৰীক নফল হজ্জৰ পৰা বাৰণ কৰাৰ ইখতিয়াৰ (অধিকাৰ) স্বামীৰ আছে, ইয়াৰ কাৰণ স্বামীৰ হক তাইৰ ওপৰত ওৱাজিব, এতেকে নফল ইবাদতৰ বাবে ওৱাজিব নষ্ট কৰাৰ সুযোগ স্ত্ৰীৰ নাই, যেনে মনিব আৰু দাসৰ পৰস্পৰ হক বা অধিকাৰ”। সমাপ্ত।

৩. নাৰীয়ে আনৰ প্ৰতিনিধি হৈ হজ্জ আৰু ওমৰাহ কৰিব পাৰে:

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱা’: (২৬/১৩)ত কৈছে: “আলিমসকল এই কথাত একমত যে, নাৰীৰ বাবে বৈধ আন নাৰীৰ ফালৰ পৰা হজ্জ কৰা, তাইৰ ছোৱালীয়ে হওক অথবা আন কোনোবাই হওক। এইদৰে চাৰি ইমাম আৰু জমহুৰ আলিমসকলৰ মতে পুৰুষৰ ফালৰ পৰাও নাৰীৰ হজ্জ কৰা বৈধ, যেনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খাছআমিয়াহ নাৰীক তাইৰ পিতৃৰ ফালৰ পৰা হজ্জ কৰাৰ নিৰ্দেশ দিছিল, যেতিয়া তাই সুধিছিল:

»يا رسول الله إن فريضة الله في الحج على عباده أدركت أبي وهو شيخ كبير، فأمرها النبي صلى الله عليه وسلم أن تحج عن أبيها، مع أن إحرام الرجل أكمل من إحرامها«.

হে আল্লাহৰ ৰাছুল, বান্দাৰ ওপৰত আল্লাহৰ ফৰজ বিধান হজ্জ মোৰ পিতৃৰ ওপৰত বাৰ্ধক্য অৱস্থাত আহি পাইছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেতিয়া তাইক তাইৰ পিতৃৰ ফালৰ পৰা হজ্জ কৰাৰ নিৰ্দেশ দিছিল, যদিও নাৰীৰ তুলনাত পুৰুষৰ ইহৰাম অধিক পৰিপূৰ্ণ”।  সমাপ্ত।

৪. হজ্জ ভ্ৰমণত নাৰীৰ ঋতু বা নিফাছ হ’লে ভ্ৰমণ অব্যাহত ৰাখিব:

ইহৰামৰ সময়ত যদি নাৰীৰ ঋতু বা নিফাছ হয়, অন্যান্য পৱিত্ৰ নাৰীৰ দৰে সিও ইহৰাম বান্ধিব। কাৰণ, ইহৰামৰ বাবে পৱিত্ৰতা চৰ্ত নহয়। ইবনে কুদামাহ ৰাহিমাহুল্লাহে ‘আল-মুগনি’: (৩/২৯৩ ও ২৯৪) গ্ৰন্থত কৈছে: ইহৰামৰ সময়ত নাৰীৰ গুছল কৰাৰ বিধান আছে, যেনেকৈ পুৰুষৰ আছে। ইহৰাম হজ্জৰ অংশ, সেয়ে হায়েজ আৰু নিফাছ আক্ৰান্ত নাৰীসকলৰ ক্ষেত্ৰত গুছল বেছি গুৰুত্বপূৰ্ণ, যিহেতু সিহঁতৰ বিষয়ে হাদীছ আছে, জাবিৰ ৰাদিয়াল্লাহু ‘আনহুয়ে কৈছে:

»حتى أتينا ذا الحليفة فولدت أسماء بنت عميس محمد بن أبي بكر، فأرسلت إلى رسول الله صلى الله عليه وسلم كيف أصنع ؟ قال: اغتسلي، واستثفري بثوب، وأحرمي«

আমি যেতিয়া যুল হুলাইফা আহি পালো তেতিয়া আছমা বিনতে উমাইছ মুহাম্মাদ ইবনে আবু বকৰক প্ৰসৱ কৰিলে। তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে সবিশেষ জানিবলৈ খবৰ প্ৰেৰণ কৰিলে যে, এতিয়া কি কৰিব? তেখেতে উত্তৰত ক’লে: গুছল কৰা, কাপোৰ এটা মেৰিয়াই লোৱা আৰু ইহৰাম বান্ধা”।

ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»النفساء والحائض إذا أتيا على الوقت يحرمان ويقضيان المناسك كلها غير الطواف بالبيت«

নিফাছ আৰু ঋতুমতী নাৰী মিকাতত উপস্থিত হৈ ইহৰাম বান্ধিব আৰু হজ্জৰ সকলো ইবাদত আঞ্জাম দিব কেৱল তাওৱাফৰ বাহিৰে”। 

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আইশ্বা ৰাদিয়াল্লাহু আনহাক হায়েজ অৱস্থাত হজ্জৰ তালবিয়াৰ বাবে গুছল কৰাৰ নিৰ্দেশ দিছিল”। সমাপ্ত।

ঋতুমতী আৰু নিফাছৰ নাৰীৰ ইহৰামৰ আগত গুছল কৰাৰ হিকমত হৈছে পৱিত্ৰতা অৰ্জন কৰা, দুৰ্গন্ধ দূৰ কৰা, যাতে মানুহ একত্ৰিত হ’লে তাইৰ পৰা কষ্ট নাপায়। যদি ইহৰাম অৱস্থাত সিহঁতৰ হায়েজ আৰু নিফাছ আৰম্ভ হয়, তথাপিও গুছল কৰিব নাপাকী লাঘৱ কৰাৰ বাবে, সিহঁতৰ ইহৰামৰ কোনো সমস্যা নহ’ব। ইহৰাম অৱস্থাত থাকিব আৰু গুছল কৰিব। তাৰ পিছত ‘আৰাফাৰ দিন অহাৰ পিছতো যদি পৱিত্ৰ নহয়, তেনেহ’লে যদি ওমৰাৰ শেষত হজ্জ কৰাৰ নিয়তেৰে ইহৰাম বান্ধি থাকে, তেন্তে এতিয়া হজ্জৰ ইহৰাম বান্ধিব আৰু হজ্জক ওমৰাৰ লগত মিলাই ঋতুমতী আৰু নিফাছ আক্ৰান্ত উভয়ে ক্বাৰিন হৈ যাব অৰ্থাৎ ক্বিৰান হজ্জ আদায়কাৰী হ’ব।

ইয়াৰ প্ৰমাণ: আইশ্বা ৰাদিয়াল্লাহু ‘আনহা ঋতুমতী হৈছিল, ইয়াৰ আগতে তেখেতে ওমৰাৰ নিয়তেৰে ইহৰাম বান্ধিছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ওচৰত আহি দেখিলে যে, তেখেত কান্দি আছে, তেখেতক সুধিলে: তুমি কিয় কান্দি আছা, তোমাৰ ঋতু আৰম্ভ হৈছে নেকি? উত্তৰত ক’লে: হয়, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: এইটো এনেকুৱা এটা বস্তু, যিটো আল্লাহে আদমৰ জীয়েকসকলৰ ওপৰত অৱধাৰিত কৰি দিছে। হাজীসকলে যেনেকৈ কৰিব তুমিও তেনেকে কৰা, কেৱল তাৱাফ নকৰিবা”। 

জাবিৰ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে:

»ثم دخل النبي صلى الله عليه وسلم على عائشة فوجدها تبكي، فقال: ما شأنك ؟ قالت: شأني أني قد حضت، وقد حل الناس ولم أحلل ولم أطف بالبيت، والناس يذهبون إلى الحج الآن، فقال: إن هذا أمر قد كتبه الله على بنات آدم، فاغتسلي، ثم أهلي ففعلت ووقفت المواقف كلها، حتى إذا طهرت طافت بالكعبة وبالصفا والمروة، ثم قال: قد حللت من حجك وعمرتك جميعا«

তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আইশ্বাৰ ওচৰত আহি দেখিলে তেওঁ কান্দি আছে। তেখেতে ক’লে: কি হৈছে তোমাৰ? ক’লে: মোৰ অৱস্থা, মই ঋতুমতী হৈছো, অথচ সকলো মানুহে হালাল হৈছে, মই এতিয়ালৈ হালাল হ’ব পৰা নাই আৰু তাৱাফো কৰা নাই, আৰু এতিয়া সকলোৱে হজ্জলৈ গৈ আছে। তেখেতে ক’লে: এইটো এনেকুৱা বস্তু, যিটো আল্লাহে আদমৰ জীয়েকসকলৰ ওপৰত অৱধাৰিত কৰি দিছে। এতেকে, তুমি গুছল কৰা, তাৰ পিছত তালবিয়াহ পাঠ কৰা। তেওঁ সেইটোকে কৰিলে আৰু হজ্জৰ প্ৰত্যেক স্থানত অৱস্থান কৰিলে, যেতিয়া পৱিত্ৰ হ’ল তেতিয়া কা‘বা আৰু চাফা-মাৰৱা প্ৰদক্ষিণ কৰিলে। তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক’লে: তুমি তোমাৰ হজ্জ আৰু ওমৰাহ উভয়ৰ পৰা পৱিত্ৰ হৈছা”।

আল্লামা ইবনুল কাইয়্যিমে ‘তাহযীবুছ ছুনান’: (২/৩০৩) গ্ৰন্থত কৈছে: ছহীহ আৰু স্পষ্ট অৰ্থ প্ৰদানকাৰী হাদীছৰ পৰা প্ৰমাণিত যে, আইশ্বা ৰাদিয়াল্লাহু ‘আনহা প্ৰথমে ওমৰাৰ ইহৰাম বান্ধিছিল, তাৰ পিছত যেতিয়া তেওঁ ঋতুমতী হৈছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক হজ্জৰ ইহৰাম বান্ধিবলৈ নিৰ্দেশ দিছিল, এনেকৈ তেওঁ ক্বাৰিন হৈ গৈছিল, (অৰ্থাৎ ক্বিৰান হজ্জ আদায়কাৰী)। এই বাবেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: “হজ্জ আৰু ওমৰাৰ বাবে তোমাৰ কা’বা তাৱাফ আৰু চাফা-মাৰৱা প্ৰদক্ষিণ কৰাই যথেষ্ট” ।  ( হজ্জ আৰু ওমৰাৰ বাবে বেলেগ বেলেগ তাৱাফ কৰিব নালাগিব, এবাৰ কৰিলেই যথেষ্ট)। সমাপ্ত।

৫. ইহৰামৰ সময়ত নাৰীৰ কৰণীয়:

ইহৰামৰ সময়ত পুৰুষসকলে যি কৰিব নাৰীসকলেও সেইটোকে কৰিব, যেনে গুছল কৰা, চুলি (বিভিন্ন স্থানৰ চুলি যিটো চাফা কৰাৰ নিৰ্দেশ দিয়া হৈছে) আৰু নখ চুটি কৰা লগতে দুৰ্গন্ধ দূৰ কৰা পৰিচ্ছন্ন হোৱা, যাতে ইহৰামত প্ৰৱেশ কৰাৰ পিছত এইবোৰৰ প্ৰয়োজন নহয়। কাৰণ, ইহৰামত এইবোৰ নিষিদ্ধ। যদি ইহৰামৰ সময়ত এই ধৰণৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন নহয়, তেনেহ’লে সেইটো জৰুৰী নহয়। কাৰণ, এইবোৰ ইহৰামৰ বৈশিষ্ট্য নহয়। শৰীৰত সুগন্ধি ব্যৱহাৰ কৰা বৈধ, যদি ইয়াৰ সুভাস আৰু সুগন্ধি প্ৰকট নহয়। আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত,

»كنا نخرج مع رسول الله صلى الله عليه وسلم فنضمد جباهنا بالمسك عند الإحرام، فإذا عرقت إحدانا سال على وجهها، فيراها النبي فلا ينهانا«

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহিৰ হোৱাৰ সময়ত আমাৰ কপালত মিছকৰ প্ৰলেপ দিছিলো, যেতিয়া আমাৰ মাজৰ কোনোবাই ঘামি গৈছিল, মিছক তাইৰ মুখমণ্ডলত নিগৰি পৰিছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইটো দেখিছিল, কিন্তু আমাক নিষেধ কৰা নাছিল”।

শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাওলুল আওতাৰ’: (৫/১২) গ্ৰন্থত কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৌনতাই বৈধতা প্ৰমাণ কৰে। কাৰণ, তেওঁ নাজায়েয কাম দেখি মৌনতা অবলম্বন কৰা নাছিল”। সমাপ্ত।

৬. ইহৰামৰ নিয়ত কৰাৰ সময়ত বোৰকা আৰু নিকাব খুলিব:

যদি নাৰী ইহৰামৰ আগত বোৰকা আৰু নিকাব পৰিহিতা থাকে তেনেহ’লে ইহৰামৰ সময়ত সেইটো খুলি পেলাব। বোৰকা আৰু নিকাব নাৰীৰ চেহাৰাৰ এক প্ৰকাৰ পৰ্দা, য’ত চকুৰ সন্মুখত দুটা ছিদ্ৰ থাকে, যিটোৰে নাৰীয়ে দেখে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا تنتقب المحرمة«

মুহৰিম নাৰীয়ে নিকাব নিপিন্ধিব”। 

বোৰকা নিকাবতকৈ অধিক আচ্ছাদনকাৰী। এইদৰে যদি ইহৰামৰ আগত হাত মোজা পৰিহিতা থাকে তেন্তে সেইটোও খুলি পেলাব। নিকাব এৰি নাৰীয়ে নিজ চেহাৰা উড়না বা কাপোৰেৰে ঢাকি ৰাখিব যদি পৰ-পুৰুষে দেখে। এইদৰে হাতমোজাৰ বাহিৰে পুৰুষৰ দৃষ্টিৰ পৰা হাত ঢাকি ৰাখিব, যেনে হাতৰ ওপৰত উড়না বা চাদৰ আদি ৰাখিব। কাৰণ, চেহাৰা আৰু হাত ছতৰৰ অন্তৰ্ভূক্ত, যিটো ইহৰামৰ ভিতৰত আৰু বাহিৰত পৰ-পুৰুষৰ পৰা ঢাকি ৰখা ওৱাজিব।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: “নাৰীৰ গোটেই শৰীৰ ছতৰ, সেয়ে ইহৰাম অৱস্থাত শৰীৰ আচ্ছাদনকাৰী কাপোৰ পৰিধান কৰা তাইৰ বাবে বৈধ, আৰু বৈধ পালকি বা বাহনৰ ছাঁ গ্ৰহণ কৰা, কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীক নিকাব আৰু মোজা পৰিধান কৰিবলৈ নিষেধ কৰিছে। যদি নাৰী এনে বস্তুৰ দ্বাৰা চেহাৰা আবৃত কৰে, যিটো তাইৰ চেহাৰাক স্পৰ্শ নকৰে তেনেহ’লে এইটো সকলোৰে ওচৰত বৈধ, যদি স্পৰ্শ কৰে তথাপিও বিশুদ্ধ মতে ছহীহ। কিন্তু নাৰীয়ে নিজ চেহাৰাৰ পৰা নিকাব বা আচ্ছাদনৰ কাপোৰ পৃথক ৰখাৰ বাবে কোনো বস্তুৰ সহায় গ্ৰহণ নকৰিব, যেনে কাঠ, হাত বা এই ধৰণৰ বস্তুৰ দ্বাৰা পৃথক নাৰাখিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰ্দাৰ ক্ষেত্ৰত হাত আৰু চেহাৰাক একেই গণ্য কৰিছে। নাৰীৰ হাত আৰু চেহাৰা পুৰুষৰ শৰীৰৰ দৰে, মূৰৰ দৰে নহয় যিটো সদায় খোলা ৰখা জৰুৰী। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল তেওঁলোকৰ চেহাৰাৰ ওপৰত মূৰৰ কাপোৰ পেলাই চেহেৰা ঢাকিছিল, চেহাৰাই ইয়াক স্পৰ্শ কৰিছে নে বিচ্ছিন্ন আছে ভ্ৰুক্ষেপ নকৰিছিল। ‘নাৰীৰ ইহৰাম তাইৰ চেহাৰাত’ এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত নাই। এইটো কোনোবা ছালাফৰ কথা”। সমাপ্ত।

আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘তাহযীবুছ ছুনান’: (২/৩৫০) গ্ৰন্থত কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা আখৰো বৰ্ণিত নাই, যিটোৱে প্ৰমাণ কৰে যে, ইহৰামৰ সময়ত নাৰীৰ চেহাৰা খুলি ৰখা ফৰজ, কেৱল চেহাৰাত নিকাব ব্যৱহাৰ কৰাৰ নিষেধাজ্ঞাৰ বাহিৰে... তাৰ পিছত তেওঁ কৈছে: আছমাৰ পৰা বৰ্ণিত, ইহৰাম অৱস্থাত তেওঁ নিজ চেহাৰা ঢাকি ৰাখিছিল। আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»كان الركبان يمرون بنا ونحن مع رسول الله صلى الله عليه وسلم محرمات، فإذا حاذوا بنا سدلت إحدانا جلبابها من رأسها على وجهها؛ فإذا جاوزنا كشفناه«

আমি যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত ইহৰাম অৱস্থাত আছিলো, আৰোহীসকলে আমাৰ ওচৰেদি অতিক্ৰম কৰিছিল, যেতিয়া সিহঁতে আমালোকৰ ওচৰ আহি পাইছিল আমি প্ৰত্যেকেই নিজ চাদৰ মূৰৰ ওপৰৰ পৰা চেহাৰাৰ ওপৰত ওলোমাই দিছিলো, আৰু যেতিয়া সিহঁত পাৰ হৈছিল আমি ইয়াক চেহাৰাৰ পৰা গুচাই দিছিলো”।  সমাপ্ত।

হে মুহৰিম অৱস্থাত থকা মুছলিম নাৰী! তুমি জানি থোৱা যে, এনে কাপোৰেৰ চেহাৰা ঢাকি ৰখা নিষেধ, যিটো কেৱল শৰীৰ ঢাকি ৰখাৰ বাবে চিলাই কৰি তৈয়াৰ কৰা হয়, যেনে. নিকাব আৰু হাত-মোজা। ইয়াৰ বাহিৰে তোমাৰ চেহাৰা আৰু হাত উড়না, কাপোৰ আৰু এই ধৰণৰ বস্তুৰ দ্বাৰা পৰ-পুৰুষৰ পৰা ঢাকি ৰখা ওৱাজিব। কাপোৰ যাতে চেহাৰা স্পৰ্শ নকৰে তাৰ বাবে মুখৰ ওপৰত (খাঁচি জাতীয়) কোনো বস্তু ৰখাৰ ভিত্তি নাই, খড়ি,পাগড়ী, এনে ধৰণৰ যিকোনো বস্তু ৰখাৰ কোনো ভিত্তি নাই।

৭. ইহৰাম অৱস্থাত নাৰীৰ পোচাক:

নাৰীসকলৰ বাবে ইহৰাম অৱস্থাত যাৱতীয় মহিলাৰ পোচাক পৰিধান কৰা বৈধ, যাতে সৌন্দৰ্য চৰ্চা আৰু পুৰুষৰ পোচাকৰ লগত সামঞ্জস্য নাথাকে। এনে সংকীৰ্ণ হ’ব নালাগে যিটো তাইৰ শৰীৰৰ পৰিমাণ প্ৰকট কৰে আৰু ইমান পাতল হ’ব নালাগে যিটো তাইৰ ভিতৰৰ অংশ প্ৰকাশ কৰে। আকৌ ইমান চুটি হ’ব নালাগে, যিটো তাইৰ ভৰি আৰু হাতৰ বাবে যথেষ্ট নহয়, বৰং পৰ্যাপ্ত, মোটা আৰু প্ৰশস্ত হোৱাটো বাঞ্ছনীয়।

ইবনুল মুনযিৰে কৈছে: আহলে ইল্মসকলে একমত যে, মুহৰিম নাৰীৰ বাবে চোলা, চাদৰ, পায়জামা, উড়না আৰু ভৰিৰ মোজা পৰিধান কৰা বৈধ।  সমাপ্ত।

নাৰীৰ বাবে নিৰ্দিষ্ট ৰঙৰ কাপোৰ পৰিধান কৰা জৰুৰী নহয়। যেনে সেইজীয়া ৰঙ, বৰং নাৰীসকলৰ লগত সম্পৃক্ত ৰঙা, সেইজীয়া আৰু কলা যি ৰঙৰ ইচ্ছা সেই ৰঙৰ কাপোৰ পৰিধান কৰা বৈধ, যেতিয়া ইচ্ছা ৰঙ পৰিবৰ্তন কৰিবলৈ বাধা নাই।

৮. ইহৰামৰ পিছত নিজে শুনা পোৱাকৈ নাৰীৰ তালবিয়া পাঠ কৰা ছুন্নত:

ইবনু আব্দুল বাৰ্ৰে কৈছে: আহলে ইল্মসকল একমত যে, নাৰীৰ ক্ষেত্ৰত ছুন্নত হৈছে তালবিয়াৰ সময়ত আৱাজ উচ্চ নকৰা, কেৱল নিজে শুনাকৈ পাঠ কৰিব। ফিতনাৰ আশংকাৰ কাৰণে তাইৰ আৱাজ উচ্চ কৰা মাকৰূহ। এই বাবেই সিহঁতৰ বাবে আজান আৰু ইকামত ছুন্নত নহয়, এইদৰে ছালাতৰ মাজত সতৰ্ক কৰাৰ বাবে সিহঁতে কেৱল তাছফিক বা হাতেৰে আৱাজ কৰিব, মুখেৰে তাছবীহ নক’ব (যেনেকে পুৰুষসকলে কয়)”।  সমাপ্ত।

৯. তাৱাফৰ সময়ত নাৰীৰ পৰিপূৰ্ণ পৰ্দা কৰা ওৱাজিব:

তাৱাফৰ সময়ত নাৰীয়ে পৰিপূৰ্ণ পৰ্দা কৰিব, আৱাজ কম কৰিব আৰু চকু অৱনত ৰাখিব, পুৰুষসকলৰ লগত ভিৰ নকৰিব, বিশেষকৈ হাজৰে আছৱাদ আৰু ৰুকনে য়ামানীৰ ওচৰত। নাৰীৰ বাবে পুৰুষৰ ভিৰ ঠেলি কা‘বাৰ ওচৰত তাৱাফ কৰাতকৈ সিহঁতৰ ভিৰ এৰি মাতাফৰ শেষ প্ৰান্তত তাৱাফ কৰা উত্তম। কাৰণ, ভিৰ ঠেলি যোৱা হাৰাম ইয়াত ফিতনা হোৱাৰ আশংকা থাকে। হয়, যদি সহজ হয় কা‘বাৰ ওচৰেদি তাৱাফ কৰা আৰু হাজৰে আছৱাদ চুমা দিয়া তেন্তে এই দুটা ছুন্নত পালন কৰিব লাগে, কিন্তু ছুন্নতৰ বাবে হাৰামত লিপ্ত হোৱাটো অনুচিত। এনে অৱস্থাত হাজৰে আছৱাদৰ বৰাবৰ হ’লে কেৱল হাতেৰে ইংগিত কৰা ছুন্নত।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘আল-মাজমু’: (৮/৩৭) গ্ৰন্থত কৈছে: মোৰ সঙ্গীসকলে কৈছে: নাৰীসকলৰ বাবে ৰাতি অথবা আন কোনো সময়ত খালি মাতাফৰ বাহিৰে হাজৰে আছৱাদ চুমা খোৱা অথবা স্পৰ্শ কৰা মুস্তাহাব নহয়। কাৰণ, ইয়াত সিহঁতৰ আৰু আনৰ ফিতনাৰ আশংকা আছে। সমাপ্ত।

ইবনে কুদামাহ ৰাহিমাহুল্লাহে ‘মুগনি’: (৩/৩৩১) গ্ৰন্থত কৈছে: নাৰীৰ বাবে ৰাতি তাৱাফ কৰা মুস্তাহাব। কাৰণ, এইটো তাইৰ পৰ্দাৰ সহায়ক আৰু এনে সময়ত ভিৰও কম হয়। এনে সময়ত কা’বাৰ ওচৰত যোৱা আৰু হাজৰে আছৱাদ চুমা খোৱা তাইৰ পক্ষে সম্ভৱ। সমাপ্ত।

১০. নাৰীৰ তাৱাফ আৰু ছা‘ঈ গোটেই খিনি খোজ কাঢ়িব লাগিব:

ইবনু কুদামাহ ‘আল-মুগনি’: (৩/৩৯৪) গ্ৰন্থত কৈছে: নাৰীৰ তাৱাফ আৰু ছা‘ঈ গোটেইখিনি খোজ কাঢ়ি কৰিব। ইবনুল মুনযিৰে কৈছে: আহলে-ইল্ম সকলোৱে একমত যে, নাৰীসকলৰ বাবে কা‘বাৰ তাৱাফ আৰু চাফা-মাৰৱা ছা‘ঈত ৰমল আৰু ইজতিবা নাই। কাৰণ, ইয়াৰ উদ্দেশ্য শক্তি আৰু বীৰত্ব প্ৰকাশ কৰা, যিটো নাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। বেছিভাগ নাৰীৰ ক্ষেত্ৰত পৰ্দা ৰক্ষা কৰা মূল বিষয়, ৰমল আৰু ইজতিবা কৰাত পৰ্দা বিগ্ন হোৱাৰ সমূহ সম্ভাৱনা আছে। সমাপ্ত।

১১. ঋতুমতী নাৰীৰ পৱিত্ৰ হোৱাৰ আগ পৰ্যন্ত কৰণীয় আৰু বৰ্জনীয়:

ঋতুমতী নাৰী হজ্জৰ সকলো কাম পালন কৰিব, যেনে ইহৰাম, আৰাফাতত অৱস্থান কৰা, মুজদালিফাত ৰাতি অতিবাহিত কৰা, শিল গুটি নিক্ষেপ কৰা, কিন্তু পৱিত্ৰ হোৱাৰ আগ পৰ্যন্ত কা‘বাৰ তাৱাফ নকৰিব। কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহা ঋতুমতী হোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতক কৈছিল:

»افعلي ما يفعل الحاج، غير أن لا تطوفي بالبيت حتى تطهري«

হাজীসকলে যি কৰে তুমিও তাকেই কৰা, কিন্তু পৱিত্ৰ হোৱাৰ আগ পৰ্যন্ত কা‘বা তাৱাফ নকৰিবা”। 

মুছলিমৰ বৰ্ণনাত আহিছে:

»فاقضي ما يقضي الحاج، غير أن لا تطوفي بالبيت حتى تغتسلي«

হাজীসকলে যি কৰে তুমিও তাকেই কৰা, কিন্তু গুছল কৰাৰ আগ পৰ্যন্ত তাৱাফ নকৰিবা”।

শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৫/৪৯) গ্ৰন্থত কৈছে: হাদীছ স্পষ্ট যে, ঋতুমতী নাৰীয়ে তেজ বন্ধ হোৱা আৰু গুছল কৰাৰ আগ পৰ্যন্ত তাৱাফ নকৰিব, আৰু নিষেধাজ্ঞাৰ দাবী হৈছে বাতিল হোৱা, অর্থাৎ ঋতুমতী নাৰীৰ তাৱাফ বাতিল হ’ব, শুদ্ধ নহ’ব। এইটোৱে জমহুৰ উলামৰ মত। সমাপ্ত।

ঋতুমতী নাৰী চাফা-মাৰৱাৰ ছা‘ঈও নকৰিব। কাৰণ ছা‘ঈ কৰিব লাগে তাৱাফৰ পিছত, তাৱাফবিহীন ছা‘ঈ শুদ্ধ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৱাফৰ পিছত ছা‘ঈ কৰিছে।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘আল-মাজমু’: (৮/৮২) গ্ৰন্থত কৈছে: যদি কোনো ব্যক্তি তাৱাফৰ আগতে ছা‘ঈ কৰে আমাৰ মতে তাৰ ছা‘ঈ শুদ্ধ নহ’ব -এইটোৱেই কৈছে জমহুৰ আলিমসকল। আমি আগতে কৈছো যে, মাওৱাৰদীয়ে এই মাছ’আলাত ইজমা‘ বৰ্ণনা কৰিছে। এইটোৱে মালিক, আবু হানিফা আৰু আহমদ ৰাহিমাহুমাল্লাহ প্ৰমুখ ইমামসকলৰ মাজহাব। ইবনুল মুনযিৰে আতা আৰু কিছুমান আহলে হাদীছৰ উক্তি বৰ্ণনা কৰিছে: ছা‘ঈ বিশুদ্ধ হ’ব। আমাৰ সঙ্গীসকলে আতা আৰু দাউদৰ পৰা এই মত বৰ্ণনা কৰিছে।

আমাৰ প্ৰমাণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৱাফৰ পিছত ছা‘ঈ কৰিছে আৰু তেখেতে কৈছে:

»لتأخذوا عني مناسكم«

তোমালোকে মোৰ পৰা তোমালোকৰ হজ্জৰ নিয়ম-কানুন জানি লোৱা”। 

আনহাতে ইবনে শ্বাৰীক ছাহাবীৰ হাদীছ, য’ত তেওঁ কৈছে:

»خرجت مع رسول الله صلى الله عليه وسلم حاجا، فكان الناس يأتونه، فمن قائل: يا رسول الله سعيت قبل أن أطوف أو أخرت شيئا، أو قدمت شيئا، فكان يقول: لا حرج إلا على رجل اقترض من عرض رجل مسلم وهو ظالم، فذلك الذي هلك وحرج«

মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত হজ্জৰ বাবে ওলাইছিলো। তেতিয়া মানুহে তেখেতৰ ওচৰত আহিছিল আৰু কৈছিল: হে আল্লাহৰ ৰাছুল, মই তাৱাফৰ আগতে ছা‘ঈ কৰিছো অথবা মই কিবা পিছত কৰিছো অথবা মই কিবা আগত কৰিছো, আৰু তেখেতে উত্তৰ দিছিল: একো সমস্যা নাই, কিন্তু সেই ব্যক্তিৰ বিষয়ে এই কথা কোৱা নাই, যিয়ে অন্যায়ভাৱে কোনো মুছলিম ব্যক্তিৰ সম্পদ ঋণ লৈছে, সি ধ্বংস আৰু সমস্যাত পৰিছে”।

হাদীছটোক আবু দাউদে ছহীহ ছনদেৰে বৰ্ণনা কৰিছে। হাদীছৰ সকলো ৰাৱী (বৰ্ণনাকাৰী) ছহীহ গ্ৰন্থৰ ৰাৱী, কিন্তু উছামাহ ইবনে শ্বাৰীক ছাহাবীৰ বাহিৰে। এই হাদীছৰ যি অৰ্থ খাত্তাবী প্ৰমুখে বৰ্ণনা কৰিছে সেইটোৱে যথাযথ, অৰ্থাৎ তাৱাফৰ আগতে ছা‘ঈ কৰিছো (অৰ্থাৎ), তাৱাফে কুদুমৰ পিছত আৰু তাৱাফে ইফাজাৰ আগত। সমাপ্ত।

আমালোকৰ শ্বাইখ মুহাম্মাদ আমীন শ্বানকিতি ৰাহিমাহুল্লাহ তেখেতৰ তাফছীৰ ‘আজৱাউল বায়ান’: (৫/২৫২) গ্ৰন্থত কৈছে: জানি থোৱা যে, জমহুৰ আলিমসকলৰ মতে তাৱাফবিহীন ছা‘ঈ শুদ্ধ নহয়, তাৱাফৰ আগতে ছা‘ঈ কৰিলে জমহুৰ আলিমসকলৰ মতে বিশুদ্ধ নহ’ব, জমহুৰ আলিমসকলৰ অন্যতম হৈছে চাৰি ইমাম। মাৱাৰদি আৰু অন্যান্য আহলে-ইল্ম এই ক্ষেত্ৰত উম্মতৰ ইজমা বৰ্ণনা কৰিছে। তাৰ পিছত তেওঁ ইমাম নাৱাৱীৰ উক্তি বৰ্ণনা কৰিছে, যিটো আমি অলপ আগতে বৰ্ণনা কৰিছো। শ্বাৰীকৰ হাদীছ সম্পৰ্কে আলোচনা কৰি: তাৰ পিছত তেওঁ কৈছে, “তাৱাফৰ আগত” অৰ্থাৎ তাৱাফে ইফাজাৰ আগত ছা‘ঈ কৰিছো, যিটো হজ্জৰ এটা ৰুকন। আৰু এই কথা ইয়াৰ বিপৰীত নহয় যে, তাৱাফে কুদুমৰ পিছত ছা‘ঈ কৰিছো যিটো ৰুকন নহয়”। সমাপ্ত।

ইবনু কুদামাহ ‘আল-মুগনি’: (৫/২৪৫) গ্ৰন্থত কৈছে: ছা‘ঈ তাৱাফৰ অনুগামী, তাৱাফবিহীন ছা‘ঈ শুদ্ধ নহয়, তাৱাফৰ আগত ছা‘ঈ কৰিলে শুদ্ধ নহ’ব। এই কথাই কৈছে ইমাম মালিক, শ্বাফে‘ঈ আৰু ইমাম আবু হানিফা। আতা ৰাহিমাহুল্লাহে কৈছে: যথেষ্ট হ’ব (সঠিক হ’ব)। আহমদ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, ভুলতে তাৱাফৰ আগত ছা‘ঈ কৰিলে যথেষ্ট হ’ব, ইচ্ছাকৃতভাৱে কৰিলে শুদ্ধ নহ’ব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভুল আৰু অজ্ঞতাত হজ্জ-কৰ্ম অগা-পিছাকৈ কৰা সম্পৰ্কে প্ৰশ্ন কৰাত, তেখেতে কৈছিল: একো সমস্যা নাই। প্ৰথম কথাৰ দলীল হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তাৱাফৰ পিছত ছা‘ঈ কৰিছে আৰু কৈছে:

»لتأخذوا عني مناسككم«

তোমালোকে মোৰ পৰা তোমালোকৰ হজ্জৰ নিয়ম-কানুন জানি লোৱা”।  সমাপ্ত।

উক্ত আলোচনাৰ পৰা জনা গ’ল যে, যিসকলে কয় যে, তাৱাফৰ আগতে ছা‘ঈ বিশুদ্ধ, হাদীছত সিহঁতৰ কথাৰ সমৰ্থন নাই। কাৰণ, হাদীছৰ অৰ্থ যিকোনো দুটাৰ এটা:

(ক) তাৱাফে ইফাজাৰ আগতে ছা‘ঈ কৰিছো, অৰ্থাৎ তাৱাফে কুদুমৰ পিছত, এতেকে তাৰ ছা‘ঈ তাৱাফৰ পিছত সংঘটিত হৈছে।

(খ) হাদীছটো হজ্জৰ বিধান সম্পৰ্কে অজ্ঞ বা ভুলতে হজ্জ কৰ্ম অগা-পিছাকৈ সম্পাদনকাৰী হাজী সম্পৰ্কে বৰ্ণিত, ইচ্ছাকৃতভাৱে অগা-পিছাকাৰী সম্পৰ্কে নহয়। এই বিষয়টো অলপ বিস্তাৰিত আলোচনা কৰিলো। কাৰণ, বৰ্তমান এনে কিছুমান লোকৰ আৱিৰ্ভাব ঘটিছে, যিসকলে সাধাৰণ অৱস্থাতো তাৱাফৰ আগতে ছা‘ঈ কৰা বৈধ বুলি ফতোৱা প্ৰদান কৰে। ‘আল্লাহেই সহায়ক।

জ্ঞাতব্য:

যদি নাৰীয়ে তাৱাফ কৰে আৰু তাৱাফৰ শেষত দেখে যে, তাইৰ ঋতু আৰম্ভ হৈছে, তেনেহ’লে তাই এই অৱস্থাত ছা‘ঈ কৰিব। কাৰণ ছা‘ঈৰ বাবে পৱিত্ৰতা চৰ্ত নহয়। ইবনু কুদামাহ ‘আল-মুগনি’: (৫/২৪৬) গ্ৰন্থত কৈছে: অধিকাংশ আহলে ইল্মে কৈছে, চাফা আৰু মাৰৱাৰ মাজত ছা‘ঈ কৰাৰ বাবে পৱিত্ৰতা চৰ্ত নহয়, যেনে আতা, মালিক, শ্বাফে‘ঈ, আবু ছউৰ আৰু আছহাবে ৰায়... তাৰ পিছত তেখেতে কৈছে: ইমাম আবু দাউদে কৈছে: মই আহমদক কওঁতে শুনিছো: যদি নাৰী কা‘বা তাৱাফ কৰে তাৰ পিছত ঋতুমতী হয়, তেনেহ’লে তাই চাফা আৰু মাৰৱাৰ মাজত ছা‘ঈ কৰিব, তাৰ পিছত ঘৰলৈ উভতিব। আইশ্বা আৰু উম্মে ছালামাৰ পৰা বৰ্ণিত, তেওঁলোকে উভয়ে কৈছে: নাৰী যদি কা‘বা তাৱাফ আৰু দুই ৰাকা‘আত ছালাত আদায় কৰে, তাৰ পিছত ঋতুমতী হয়, তেনেহ’লে তাই যেন চাফা আৰু মাৰৱাৰ ছা‘ঈ কৰে। আচৰামে হাদীছটো বৰ্ণনা কৰিছে। সমাপ্ত।

১২. নাৰীসকলৰ বাবে জোন অদৃশ্য হোৱাৰ পিছত দুৰ্বলসকলৰ লগত মুজদালিফা ত্যাগ কৰা বৈধ:

নাৰীসকলে ভিৰ হোৱাৰ আশংকাত মিনাত উপস্থিত হোৱাৰ সময়তে জামৰাহ আকাবাত শিলগুটি নিক্ষেপ কৰিব। ইবনু কুদামাহ ‘আল-মুগনি’: (৫/২৮৬) গ্ৰন্থত কৈছে: নাৰী আৰু দুৰ্বলসকলক আগতে মিনাত পঠিয়াই দিয়া দোষণীয় নহয়। আব্দুৰ ৰহমান ইবনে ‘আউফ আৰু ‘আইশ্বা দুৰ্বলসকলক আগতে পঠিয়াই দিছিল। এই কথাই কৈছে: ‘আতা, ছউৰ, শ্বাফে‘ঈ, আবু ছউৰ আৰু আছহাবে ৰায়। এই মাছ‘আলাত আমি কোনো দ্বিমত পোৱা নাই। দ্বিতীয়তে এনে কৰাত সিহঁতৰ ওপৰত সহানুভূতি হয়, সিহঁতে ভিৰৰ কষ্টৰ পৰা আঁতৰত থাকিব আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কৰ্মৰ আনুগত্য হ’ব। সমাপ্ত।

ইমাম শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৫/৭০) গ্ৰন্থত কৈছে: দলীলৰ দাবী হৈছে, যিসকলৰ বাবে অৱকাশ নাই সিহঁতৰ শিলগুটি নিক্ষেপ কৰাৰ সময় সূৰ্য উদয় হোৱাৰ পিছত, আৰু যিসকলৰ বাবে অৱকাশ আছে যেনে নাৰী আৰু অন্যান্য দুৰ্বল, সিহঁতৰ বাবে সূৰ্য উদয় হোৱাৰ আগতে শিলগুটি নিক্ষেপ কৰা বৈধ”। সমাপ্ত।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘আল-মাজমু’: (৮/১২৫) গ্ৰন্থত কৈছে: শ্বাফে‘ঈ আৰু তেওঁ সঙ্গীসকলে কৈছে: নাৰী আৰু অন্যান্য দুৰ্বলসকলৰ বাবে অৰ্ধ ৰাতিৰ পিছত আৰু সূৰ্য উদয় হোৱাৰ আগতে মিনাত পঠাই দিয়া ছুন্নত, যাতে সিহঁতে ভিৰ হোৱাৰ আগতেই শিলগুটি নিক্ষেপ কৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ এই কথাৰ স্বপক্ষে একাধিক হাদীছ উল্লেখ কৰিছে।

১৩. নাৰীয়ে হজ্জ আৰু ওমৰাত এক আঙুলি পৰিমাণ মূৰৰ চুলি চুটি কৰিব:

হজ্জ আৰু ওমৰাত নাৰীৰ বাবে মূৰ খুৰোৱা জায়েয নহয়, তাই আঙুলিৰ অগ্ৰভাগ পৰিমাণ চুলি চুটি কৰিব। অগ্ৰভাগৰ দ্বাৰা উদ্দেশ্য কৰা হৈছে আঙুলিৰ এক তৃতীয়াংশ।

ইবনু কুদামাহ ‘আল-মুগনি’: (৫/৩১০) গ্ৰন্থত কৈছে: নাৰীৰ বিধান হৈছে চুলি চুটি কৰা, খুৰোৱা নহয়, ইয়াত কাৰো দ্বিমত নাই। ইবনুল মুনযিৰে কৈছে: এই মাছ‘আলাত আহলে-ইল্মসকল ঐক্যমত পোষণ কৰিছে। কাৰণ নাৰীসকলৰ ক্ষেত্ৰত মূৰ খুৰোৱা এক প্ৰকাৰ বিকৃতি। ইবনে আব্বাছৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»ليس على النساء حلق، إنما على النساء التقصير«

নাৰীসকলৰ বাবে মূৰ খুৰোৱা নহয়, সিহঁতৰ বাবে চুলি চুটি কৰা”। 

আলী ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে:

»نهى رسول الله صلى الله عليه وسلم أن تحلق المرأة رأسها«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীক মূৰ খুৰাবলৈ নিষেধ কৰিছে”। 

ইমাম আহমদে কৈছিল: প্ৰত্যেক ফালৰ পৰা আঙুলি পৰিমাণ চুলি চুটি কৰিব। এই কথাই কৈছে ইবনে ‘ওমৰ, শ্বাফে‘ঈ, ইছহাক আৰু আবু ছউৰ। আবু দাউদে কৈছে: মই আহমদক কওঁতে শুনিছো, যেতিয়া তেওঁক এনে এজনী নাৰী সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, যিয়ে গোটেই মূৰৰ পৰা চুলি চুটি কৰে। তেওঁ কৈছিল: হয়, চুলিবোৰ মূৰৰ সন্মুখত আনি একত্ৰিত কৰি চাৰিওফালৰ পৰা আঙুলিৰ অগ্ৰভাগ পৰিমাণ কাটিব”। সমাপ্ত।

ইমাম নাৱাৱী ‘আল-মাজমু’: (৮/১৫০, ১৫৪) গ্ৰন্থত কৈছে: সকলো আলিম এই কথাত একমত যে, নাৰীক মূৰ খুৰাবলৈ নিৰ্দেশ প্ৰদান কৰা নাযাব; বৰং তাইৰ কাম হৈছে মূৰৰ চুলি চুটি কৰা... মূৰ খুৰোৱা সিহঁতৰ বাবে বিদ‘আত আৰু বিকৃতি।

১৪. ঋতুমতী নাৰী জামৰাহ আকাবাত শিলগুটি নিক্ষেপ কৰাৰ পিছত মুৰৰ চুলি চুটি কৰিলে ইহৰামৰ পৰা হালাল হ’ব:

জামৰাহ আকাবাত শিলগুটি নিক্ষেপ আৰু চুলি চুটি কৰাৰ পিছত ইহৰাম অৱস্থাত নাৰীৰ বাবে যি কৰা হাৰাম আছিল সেইবোৰ হালাল হৈ যাব, কিন্তু তাই স্বামীৰ বাবে হালাল নহ’ব। গতিকে তাইৰ বাবে উচিত স্বামীক সহবাসৰ সুযোগ নিদিয়াটো, তাৱাফে ইফাজাহ আদায় নকৰালৈকে। যদি এই সময়ত স্বামী তাইৰ লগত সহবাস কৰে, স্ত্ৰীৰ ওপৰত ফিদিয়া ওৱাজিব হ’ব, অৰ্থাৎ এটা ছাগলী যবেহ কৰি মক্কাৰ মিছকীনসকলৰ মাজত বণ্টন কৰিব। কাৰণ, ই প্ৰথম হালালৰ পিছত সংঘটিত হৈছে, (যিটো দ্বিতীয় হালালৰ পিছত আছিল)

১৫. তাৱাফে ইফাজাৰ পিছত ঋতুমতী হ’লে বিদায়ী তাৱাফ ৰহিত হয়:

নাৰী যদি তাৱাফে ইফাজাৰ পিছত ঋতুমতী হয়, তেনেহ’লে যেতিয়া ইচ্ছা তেতিয়াই ঘৰলৈ উভতিব পাৰে, কাৰণ তাইৰ বাবে বিদায়ী তাৱাফ ৰহিত। আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»حاضت صفية بنت حيي بعدما أفاضت، قالت: فذكرت ذلك لرسول الله صلى الله عليه وسلم، فقال: أحابستنا هي ؟ قلت: يا رسول الله إنها قد أفاضت وطافت بالبيت، ثم حاضت بعد الإفاضة، قال: فلتنفر إذن«

ছাফিয়্যাহ বিনতে হুয়াই তাৱাফে ইফাজাৰ পিছত ঋতুমতী হ’ল, তেওঁ ক’লে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিষয়টো জনালো, তেখেত শুনি ক’লে: তাই আমাক ৰখি থব নেকি? মই ক’লো: হে আল্লাহৰ ৰাছুল, তাই তাৱাফে ইফাজাহ কৰিছে তাৰ পিছত ঋতুমতী হৈছে, তেখেতে ক’লে: তেনেহ’লে যাবলৈ কোৱা”।

ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

»أمر الناس أن يكون آخر عهدهم بالبيت إلا أنه خفف عن المرأة الحائض«

মানুহক নিৰ্দেশ প্ৰদান কৰা হ’ল যাতে সিহঁতৰ সৰ্বশেষ কাম হয় বিদায়ী তাৱাফ, কিন্তু এই বিধান ঋতুমতী নাৰীৰ বাবে শিথিল কৰা হৈছে”। 

তেওঁৰে পৰা আৰু বৰ্ণিত হৈছে:

»أن النبي صلى الله عليه وسلم رخص للحائض أن تصدر قبل أن تطوف بالبيت إذا كانت قد طافت في الإفاضة«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঋতুমতী নাৰীক অৱকাশ দিছে যে, বিদায়ী তাৱাফ নকৰি তাই ঘৰলৈ উভতিব, যদি তাৱাফে ইফাজাহ সম্পন্ন কৰিছে”।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহ ‘আল-মাজমু’: (৮/২৮১) গ্ৰন্থত কৈছে: ইবনুল মুনযিৰে কৈছে: সাধাৰণ আহলে ইল্মসকলে এই কথাই কৈছে, যেনে মালিক, আওযা‘ঈ, ছউৰী, আহমদ, ইছহাক, আবু ছউৰ আৰু আবু হানিফা প্ৰমুখ। সমাপ্ত।

ইবনু কুদামাহ ‘আল-মুগনি’: (৩/৪৬১) গ্ৰন্থত কৈছে: এইটো সমকালীন সকলো ফকিহসকলৰ অভিমত। তেওঁ আৰু কৈছে: নিফাছ আক্ৰান্ত নাৰীসকলৰ বিধান ঋতুমতী নাৰীসকলৰ দৰেই। কাৰণ, কোনো বিধান ৰহিত আৰু ওৱাজিব হোৱাৰ ক্ষেত্ৰত হায়েযৰ নাৰী নিফাছৰ নাৰীৰ দৰেই। সমাপ্ত।

১৬. নাৰীৰ বাবে মছজিদে নবৱী জিয়াৰত কৰা মুস্তাহাব:

ছালাত আদায় আৰু দুআ কৰাৰ উদ্দেশ্যে নাৰীৰ মছজিদে নবৱী জিয়াৰত কৰা মুস্তাহাব, কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰা তাইৰ পক্ষে জায়েয নহয়। কাৰণ, কবৰ জিয়াৰতৰ পৰা নাৰীক নিষেধ কৰা হৈছে।

শ্বাইখ মুহাম্মাদ ইবনে ইব্ৰাহীমে তেখেতৰ ফতোৱা সমগ্ৰত: (৩/২৩৯) কৈছে: নাৰীসকলক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ পৰা বাৰণ কৰাটোৱে বিশুদ্ধ মত। দুটা কাৰণত:

প্ৰথম: নিষেধাজ্ঞাৰ দলীল ব্যাপক, দলীল ব্যাপক হ’লে বিনা দলীলত কোনো এটাক খাছ (নিৰ্দিষ্ট) কৰা কাৰো বাবেই জায়েয নহয়।

দ্বিতীয়: নিষেধ কৰাৰ হিকমত ইয়াতো আছে । সমাপ্ত।

শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহে কৈছে:  নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কেৱল পুৰুষসকলৰ বাবে খাছ বা বিশেষ, নাৰীসকলৰ বাবে কোনো কবৰ জিয়াৰত কৰা বৈধ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিয়াৰতকাৰীনী মহিলাসকলৰ ওপৰত অভিশাপ কৰিছে:

»لعن زوارات القبور من النساء، والمتخذين عليها المساجد والسرج«

তেখেতে কবৰ জিয়াৰতকাৰী নাৰীসকলৰ প্ৰতি অভিশাপ কৰিছে আৰু যিসকলে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু প্ৰদ্বীপ জ্বলায়”।

ছালাত আৰু দুআৰ বাবে নাৰীসকলৰ মছজিদে নবৱীত যোৱা বৈধ, অন্যান্য ইবাদতৰ বাবেও যোৱা বৈধ, যিটো সকলো মছজিদতে সকলোৰে বাবে বৈধ। সমাপ্ত।

 নৱম পৰিচ্ছেদ: বিবাহ আৰু তালাক সংক্ৰান্ত বিধান

আল্লাহ তা‘আলাই কৈছে:

﴿وَمِنۡ ءَايَٰتِهِۦٓ أَنۡ خَلَقَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا لِّتَسۡكُنُوٓاْ إِلَيۡهَا وَجَعَلَ بَيۡنَكُم مَّوَدَّةٗ وَرَحۡمَةًۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ ٢١﴾ [الروم: ٢١]

 “আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকৰ বাবে তোমালোকৰ পৰাই স্ত্ৰীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ ওচৰত প্ৰশান্তি পোৱা। আৰু তেওঁ তোমালোকৰ মাজত প্ৰেম-ভালপোৱা আৰু দয়া সৃষ্টি কৰিছে। নিশ্চয় ইয়াৰ মাজত চিন্তাশীল ব্যক্তিসকলৰ বাবে নিদৰ্শনাৱলী আছে”। [ আৰ-ৰূম, আয়াত: ২১]

আন ঠাইত তেওঁ কৈছে:

﴿وَأَنكِحُواْ ٱلۡأَيَٰمَىٰ مِنكُمۡ وَٱلصَّٰلِحِينَ مِنۡ عِبَادِكُمۡ وَإِمَآئِكُمۡۚ إِن يَكُونُواْ فُقَرَآءَ يُغۡنِهِمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ ٣٢﴾ [النور: ٣٢]

আৰু তোমালোকে তোমালোকৰ মাজৰ অবিবাহিত নাৰী-পুৰুষ আৰু সৎকৰ্মশীল দাস দাসীসকলক বিবাহ পাতি দিয়া। সিহঁত অভাৱী হ’লে আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব। আল্লাহ প্ৰাচুৰ্যময় আৰু মহাজ্ঞানী”। [ আন-নূৰ, আয়াত: ৩২]

ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছে: এই আয়াতত বিবাহ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। কিছুমান আলিমে কৈছে: যিসকলৰ বিবাহ কৰাৰ সামৰ্থ আছে তেওঁলোকৰ বাবে বিবাহ কৰা ওৱাজিব। দলীল হিচাপে তেওঁলোকে নিম্নোক্ত হাদীছৰ বাহ্যিক অৰ্থ দাঙি ধৰিছে:

»يا معشر الشباب، من استطاع منكم الباءة فليتزوج، فإنه أغض للبصر وأحصن للفرج، ومن لم يستطع فعليه بالصوم، فإنه له وجاء«

হে যুৱ সম্প্ৰদায়! তোমালোকৰ মাজত যাৰ বিবাহ কৰাৰ সামৰ্থ আছে সি যেন বিবাহ কৰে। কাৰণ, ই চকু সংযত আৰু লজ্জাস্থানক পৱিত্ৰ ৰখাৰ উপকৰণ। আৰু যাৰ সামৰ্থ নাই সি যেন ছিয়ামক আৱশ্যক কৰি লয়। কাৰণ, ছিয়াম যৌৱনক সুৰক্ষা দিয়ে”। 

তাৰ পিছত তেওঁ কৈছে: বিবাহ ধনী হোৱাৰ এটা উপকৰণ। দলীল আল্লাহৰ বাণী:

﴿إِن يَكُونُواْ فُقَرَآءَ يُغۡنِهِمُ ٱللَّهُ مِن فَضۡلِهِ﴾ [النور: ٣٢]

যদি সিহঁত অভাৱী হয় আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব”। [ আন-নূৰ, আয়াত: ৩২]

আবু বকৰ ছিদ্দীক ৰাদিয়াল্লাহু ‘আনহুৰ পৰা উল্লেখ কৰা হয়, তেওঁ কৈছে: আল্লাহে তোমালোকক বিবাহ কৰাৰ যি নিৰ্দেশ দিছে সেইটো তোমালোকে বাস্তবায়ন কৰা, তেওঁ তোমালোকৰ লগত সচ্ছলতাৰ যি প্ৰতিশ্ৰুতি কৰিছে সেইটো পূৰণ কৰিব। আল্লাহ তাআলাই কৈছে:

﴿إِن يَكُونُواْ فُقَرَآءَ يُغۡنِهِمُ ٱللَّهُ مِن فَضۡلِهِۦۗ﴾ [النور: ٣٢]

যদি সিহঁত অভাৱী হয় আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব”। [ আন-নূৰ, আয়াত: ৩২]

ইবনে মাছ‘উদ ৰাদিয়াল্লাহু ‘আনহুৱে কৈছে, তোমালোকে বিবাহৰ দ্বাৰা প্ৰাচুৰ্য অন্বেষণ কৰা। কিয়নো আল্লাহ তা‘আলাই কৈছে:

﴿إِن يَكُونُواْ فُقَرَآءَ يُغۡنِهِمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ﴾ [النور: ٣٢]

যদি সিহঁত অভাৱী হয় আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব”। [ আন-নূৰ, আয়াত: ৩২]

এই উক্তিটো ইবনে জাৰীৰে উল্লেখ কৰিছে। একেই কথা বাগভীয়ে ওমৰ ৰাদিয়াল্লাহু ‘আনহুৰ পৰাও বৰ্ণনা কৰিছে। ইবনে কাছীৰ: (৫/৯৪,৯৫)ৰ আলোচনা সমাপ্ত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱা’: (৩২/৯০)ত কৈছে: আল্লাহ তা‘আলাই মুমিনসকলৰ বাবে বিবাহ কৰা, তালাক দিয়া আৰু তালাকপ্ৰাপ্তা নাৰীকো বিবাহ কৰা হালাল কৰিছে আন স্বামীৰ পৰা তালাক প্ৰাপ্তা হোৱাৰ পিছত। খ্ৰীষ্টানসকলে সিহঁতৰ বিশেষ ব্যক্তিবৰ্গৰ ওপৰত বিবাহ হাৰাম কৰিছে, আকৌ যাৰ বাবে বিবাহ হালাল কৰিছে তাক সিহঁতে তালাক দিয়াৰ অনুমতি দিয়া নাই। ইয়াহূদীসকলে তালাকক বৈধ বুলিভাৱে, কিন্তু তালাকপ্ৰাপ্তা নাৰী যদি বেলেগ স্বামীক বিবাহ কৰায় তেন্তে প্ৰথম স্বামীৰ বাবে স্থায়ীভাৱে হাৰাম হৈ যায়। মূল কথা হৈছে খ্ৰীষ্টানসকলৰ ওচৰত তালাক নাই; ইয়াহূদীসকলৰ ওচৰত বেলেগ স্বামীৰ ওচৰত বিবাহ বন্ধনত আবদ্ধ হ’লে উভতি অহাৰ সুযোগ নাই। আৰু আল্লাহে মুমিনসকলৰ বাবে তালাক আৰু উভতাই লোৱা উভয় প্ৰকাৰ হালাল কৰিছে। সমাপ্ত।

ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহ ‘আল-হাদইউন নবৱী’: (৩/১৪৯) গ্ৰন্থত দাম্পত্য জীৱনৰ এটা বিশেষ উদ্দেশ্য সহবাসৰ উপকাৰিতা বৰ্ণনা কৰি কৈছে:

দৰাচলতে তিনিটা কাৰণত স্ত্ৰীগমন বৈধ, যিটো সহবাসৰ মূল উদ্দেশ্য:

এক. বংশ সংৰক্ষণ কৰা আৰু এই জগতত সিহঁতৰ সংখ্যা পূৰ্ণ নোহোৱা লৈকে যিসকলক আল্লাহে সৃষ্টি কৰিব বিচাৰে মানৱ জাতিৰ এই পৰম্পৰা অব্যাহত ৰখা,।

দুই. বীৰ্য বাহিৰ কৰি দিয়া, যিটো জমা কৰি ৰখা গোটেই শৰীৰৰ বাবে ক্ষতিকৰ।

তিনি. যৌন চাহিদা পূৰণ কৰা, আনন্দ উপভোগ আৰু নি‘আমত আস্বাদন কৰা।” সমাপ্ত।

বিবাহৰ বহুতো উপকাৰিতা আছে, আটাইতকৈ ডাঙৰ উপকাৰ হৈছে যিনা বা ব্যভিচাৰৰ পৰা সুৰক্ষা আৰু হাৰামৰ পৰা দৃষ্টিক সংযত ৰখা।

তাৰে এটা হৈছে: সন্তান লাভ কৰা আৰু মানৱ প্ৰজন্ম সংৰক্ষণ কৰা।

আৰু এটা হৈছে: স্বামী-স্ত্ৰীৰ মাজত প্ৰশান্তি আৰু মানসিক প্ৰশস্তি লাভ কৰা।

আনটো হৈছে: এটা ভাল পৰিয়াল গঢ়ি তোলাৰ বাবে স্বামী-স্ত্ৰীৰ পৰস্পৰ একেলগে কাম কৰা, যিটো মুছলিম সমাজৰ এটা মজবুত বুনিয়াদ বা আধাৰশিলা।

তাৰে মাজত আৰু এটা হৈছে: স্বামীৰ নিজ কান্ধত স্ত্ৰীৰ দায়ভাৰ আৰু নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰা; স্ত্ৰীয়ে স্বামীৰ ঘৰৰ কাম পৰিচালনা কৰা আৰু তাইৰ শৰীৰ আৰু প্ৰকৃতিৰ লগত মিল ৰাখি যিটো কাম তাইৰ কৰা উচিত সেইটো সুচাৰুৰূপে সম্পন্ন কৰা। সমাজ আৰু নাৰী জাতিৰ শত্ৰুসকলে যিবোৰ দাবী কৰে যেনে কামৰ ক্ষেত্ৰত নাৰী পুৰুষৰ সঙ্গী হোৱা সেইটো নহয়। সিহঁতে নাৰীক ঘৰৰ পৰা উলিয়াই আনি তাইৰ সঠিক দায়িত্বৰ পৰা বিচ্ছিন্ন কৰিছে। নাৰীৰ কান্ধত পুৰুষৰ কাম আৰু নাৰীৰ কাম সিহঁতে পুৰুষৰ কান্ধত জাপি দিছে। ইয়াৰ পৰিণতিত পৰিয়াল বিনষ্ট হৈছে আৰু স্বামী-স্ত্ৰীৰ সম্পৰ্ক ক্ৰিয়াহীন হৈছে, ফলত সিহঁত কেতিয়াবা বিচ্ছিন্ন হ’বলৈ বাধ্য হয় অথবা কষ্টৰ মাজত জীৱনৰ দুৰ্গম বাট অতিক্ৰম কৰে।

আমালোকৰ শ্বাইখ মুহাম্মাদ আমীন আশ্ব-শ্বানকিতী ৰাহিমাহুল্লাহে তেখেতৰ তাফছীৰ ‘আজৱাউল বায়ান’: (৩/৪২২) ত কৈছে: “জানি থোৱা, আল্লাহে মোক আৰু তোমাক তেওঁৰ সন্তুষ্টি আৰু পছন্দৰ বিষয় গ্ৰহণ কৰাৰ তাওফীক দান কৰক।, সকলো নিয়ম-কানুন আৰু কৰ্মক্ষেত্ৰৰ সকলো ময়দানত নাৰী-পুৰুষক সমান কৰাৰ ভ্ৰান্ত অশুভ আৰু কুফুৰী চিন্তাধাৰা সুস্থবোধ, বিবেক, আচমানী অহি আৰু আল্লাহ তা‘আলাৰ চৰিয়ত পৰিপন্থী, মানুহৰ সমাজত ইয়াৰ কুফল, বিশৃঙ্খলা আৰু ফাছাদ কাৰো ওচৰত অস্পষ্ট নহয় (বৰং স্পষ্ট), কিন্তু আল্লাহে যাৰ দৃষ্টি হৰণ কৰিছে তাৰ বাহিৰে। কাৰণ, আল্লাহ তা‘আলাই সমাজ নিৰ্মাণৰ অংশ গ্ৰহণ হিচাপে নাৰীক তাইৰ বৈশিষ্ট্য আৰু স্বাতন্ত্ৰ্যৰ কাৰণে এনে কিছুমান কামৰ উপযুক্ত কৰিছে, যিটো তাইৰ বাহিৰে আন কাৰো পক্ষে সম্ভৱ নহয়। যেনে গৰ্ভধাৰণ, শিশু প্ৰসৱ, দুগ্ধপান, শিশু লালন-পালন, ঘৰ পৰিচালনা আৰু সাংসাৰিক যাৱতীয় কাম পৰিচালনা কৰা। যেনে ৰন্ধা-বঢ়া, ৰুটি বনোৱা আৰু ঘৰ-বাৰী পৰিষ্কাৰ কৰা ইত্যাদি। নাৰীসকলে ঘৰৰ ভিতৰত পৰ্দা, নিৰাপত্তা আৰু পৱিত্ৰতাৰ মৰ্যদাপূৰ্ণ পৰিৱেশত বাস কৰি আৰু মানুহৰ মূল্যবোধৰ অধীনৰ পৰা সুশৃঙ্খল সমাজ গঠনত যি খিদমত আঞ্জাম দিয়ে, সেয়া কোনো অংশতে পুৰুষৰ অৰ্থ উপাৰ্জনতকৈ কম নহয়। কাফিৰসকল মূৰ্খ নিৰ্বোধ জনগোষ্ঠী আৰু সিহঁতৰ অনুসাৰীসকলে দাবী কৰে নাৰীসকলে ঘৰৰ বাহিৰত কাম কৰিব যেনেকৈ পুৰুষসকলে কৰে। এইটো সিহঁতৰ অধিকাৰ! যদিও মাহেকীয়া ঋতু আৰু নৱজাত শিশু প্ৰসৱৰ পৰৱৰ্তী সময়ত নাৰীয়ে কষ্টকৰ কোনো কাম কৰিবলৈ সক্ষম নহয়, এইটোৱে আমি দেখা পাওঁ। যেতিয়া স্বামী আৰু স্ত্ৰী ঘৰৰ পৰা বাহিৰ হয়, ঘৰ সম্পূৰ্ণ অৰক্ষিত থাকি যায়, যেনে সৰু শিশুসকলৰ লালন-পালন, দুগ্ধপান আৰু স্বামী ঘৰত উভতি অহাৰ পিছত তাৰ বাবে পানাহাৰ প্ৰস্তুত কৰা ইত্যাদি। যদি স্ত্ৰীৰ কামসমূহ পৰিচালনা কৰাৰ বাবে কাৰোবাক ভাড়া কৰা হয়, সেৱক-সেৱিকাই তাৰ ঘৰত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে, যিটো দূৰ কৰাৰ বাবে তাই ঘৰৰ পৰা বাহিৰ হৈছে, পৰিণতি হিচাপে বিপৰীত হয়। বেছিভাগ নাৰীসকলৰ বাবে ঘৰ ত্যাগ কৰা আৰু শ্ৰম বিক্ৰিৰ মাজত দ্বীন বিনষ্ট আৰু সন্মান হেৰুৱাৰ বাহিৰে একো নহয়”। সমাপ্ত।

হে মুছলিম নাৰী, আল্লাহক ভয় কৰা, প্ৰতাৰণামূলক এইবোৰ কথাৰ লোভত নপৰিবা, যিসকলে সিহঁতৰ কথাত প্ৰতাৰিত হৈছে সিহঁতৰ বিফলতা আৰু বিষণ্ণতাৰ বাস্তৱতাই যথেষ্ট। অভিজ্ঞতা আটাইতকৈ ডাঙৰ দলীল।

হে মুছলিম নাৰী, তোমাৰ মাজত যৌৱন থকালৈকে, তুমি পুৰুষসকলৰ চাহিদাৰ পাত্ৰ, সেয়ে দ্ৰুত বিবাহৰ প্ৰতি অগ্ৰসৰ হোৱা। পঢ়া-শুনা অব্যাহত থকা অথবা চাকৰি পোৱাৰ আশাত কেতিয়াও বিবাহ বিলম্ব নকৰিবা। কাৰণ, উপযুক্ত বিবাহতে আছে তোমাৰ কল্যাণ আৰু প্ৰশান্তি। এইটোৱেই তোমাৰ যিকোনো শিক্ষা আৰু চাকৰিৰ উত্তম বিনিময়, তোমাৰ চাকৰি আৰু পঢ়া-শুনা যিমানেই হওক কেতিয়াও বিবাহৰ সমান নহয়।

তুমি তোমাৰ ঘৰৰ কাম আৰু সন্তান লালন-পালন কৰাৰ দায়িত্ব আঞ্জাম দিয়া। এইটোৱে তোমাৰ মূল কাম। যাৰ দ্বাৰা তোমাৰ জীৱন সফলতা অৰ্জন হ’ব সেইটোৱে গ্ৰহণ কৰা, ইয়াৰ বিকল্প অনুসন্ধান নকৰিবা। কাৰণ, ইয়াৰ কোনো বিকল্প নাই। দ্বীনদাৰ পুৰুষৰ বিবাহ প্ৰস্তাৱক কেতিয়াও এৰি নিদিবা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অভিভাৱকক কৈছে:

»إذا جاءكم من ترضون دينه وخلقه فأنكحوه، إلا تفعلوا تكن فتنة في الأرض وفساد«

যেতিয়া তোমালোকৰ ওচৰত এনে কোনো ব্যক্তি (ৰ প্ৰস্তাৱ) আহে, যাৰ দ্বীন আৰু চৰিত্ৰ তোমাৰ পছন্দ, তেন্তে তাৰ লগত বিবাহ পাতি দিয়া, যদি এনে নকৰা তেন্তে পৃথিৱীত বিপৰ্যয় আৰু ফিতনা-ফাছাদ সংঘটিত হ’ব”।

বিবাহৰ ক্ষেত্ৰত নাৰীৰ অনুমতি গ্ৰহণ কৰা

বিবাহৰ উপযুক্ত নাৰী তিনি প্ৰকাৰ:

ক. নাবালিকা অবিবাহিতা কিশোৰী।

খ. প্ৰাপ্তবয়স্ক অবিবাহিতা নাৰী।

গ. বিবাহিতা নাৰী বা বিধৱা।

প্ৰত্যেক প্ৰকাৰ নাৰীৰ বাবে আছে পৃথক বিধান।

১. নাবালিকা সৰু ছোৱালীক পিতৃয়ে তাইৰ অনুমতিবিহীন বিবাহ দিব পাৰিব, ইয়াত কাৰো দ্বিমত নাই। কাৰণ, তাই এতিয়াও অনুমতিৰ মালিক হোৱা নাই। দ্বিতীয়তে আবু বকৰ ৰাদিয়াল্লাহু ‘আনহুৱে নিজৰ সৰু জীয়েক আইশ্বাক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বিবাহ দিছিল, যেতিয়া তাইৰ বয়স আছিল মাত্ৰ ছয় বছৰ, ন বছৰ পূৰ্ণ হোৱাৰ পিছত তাইক পিতৃ ঘৰৰ পৰা বিদায় দিয়া হয়।

ইমাম শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৬/১২৮, ১২৯) গ্ৰন্থত কৈছে: “এই হাদীছে প্ৰমাণ কৰে যে, পিতৃৰ বাবে নিজৰ ছোৱালীক প্ৰাপ্তবয়স্ক হোৱাৰ আগতে বিবাহ দিয়া জায়েয। তেওঁ আৰু কৈছে: এই হাদীছে আৰু প্ৰমাণ কৰে যে, সৰু ছোৱালীক ডাঙৰৰ লগত বিবাহ দিয়াও বৈধ। ইমাম বুখাৰী এই মাছ‘আলাৰ বাবে এটা অধ্যায় ৰচনা কৰি তাত তেখেতে আইশ্বাৰ এই হাদীছ উল্লেখ কৰিছে। ইবনে হাজাৰ আছকালানী ৰাহিমাহুল্লাহে ‘ফাতহুল বাৰী’ত এই মাছ‘আলা সম্পৰ্কে উম্মতৰ ইজমা বৰ্ণনা কৰিছে।” সমাপ্ত।

ইবনু কুদামাহ ‘আল-মুগনি’: (৬/৪৮৭) গ্ৰন্থত কৈছে: ইবনুল মুনযিৰে কৈছে: যিসকলৰ ইল্ম আমি অৰ্জন কৰিছো, তেওঁলোক আটায়ে একমত যে, পিতৃৰ বাবে নিজৰ সৰু ছোৱালীক বিবাহ দিয়া বৈধ, যদি সমমৰ্যদা সম্পন্ন পুৰুষৰ ওচৰত বিবাহ দিয়া হয়”। সমাপ্ত।

মই (লেখক) কওঁ: আবু বকৰ ৰাদিয়াল্লাহু ‘আনহু নিজৰ সৰু ছোৱালী আইশ্বাক মাত্ৰ ছয় বছৰ বয়সত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বিবাহ দিছিল, এই ঘটনা সিহঁতৰ বিপক্ষে ডাঙৰ দলীল, যিসকলে ডাঙৰ ল’ৰাৰ লগত সৰু ছোৱালীৰ বিবাহ অস্বীকাৰ কৰে, আৰু বিভ্ৰান্তি প্ৰচাৰ কৰে লগতে অপৰাধ বুলি গণ্য কৰে। এইটো হয়তো সিহঁতৰ মূৰ্খতা অথবা সিহঁতৰ স্বাৰ্থান্বেষী আৰু বিজাতীয় ষড়যন্ত্ৰৰ এটা অংশ।

২. প্ৰাপ্তবয়স্ক অবিবাহিতা নাৰীক তাইৰ অনুমতিবিহীন বিবাহ দিয়া নাযাব, কিন্তু মৌনতা অবলম্বন কৰাটোৱে তাইৰ অনুমতি। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»ولا تنكح البكر حتى تستأذن، قالوا: يا رسول الله فكيف إذنها ؟ قال: أن تسكت«

বাকেৰা (অৰ্থাৎ প্ৰাপ্তবয়স্ক অবিবাহিতা) ছোৱালীক তাইৰ অনুমতি নোলোৱাকৈ বিবাহ দিয়া নাযাব, তেওঁলোকে ক’লে: হে আল্লাহৰ ৰাছুল, তাইৰ অনুমতিৰ পদ্ধতি কি? তেখেতে ক’লে: তাইৰ মৌনতা অবলম্বন কৰা”। 

এতেকে, বিবাহত তাইৰ অনুমতি লোৱা প্ৰয়োজন, যদিও তাইক বিবাহ দিয়াৰ অধিকাৰ তাইৰ পিতৃৰ, আলিমসকলৰ দুটা মতৰ মাজত এইটোৱে অধিক বিশুদ্ধ মত।

ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘আল-হাদইউন নবৱী’: (৫/৯৬) গ্ৰন্থত কৈছে: “জমহুৰ ছালাফৰ অভিমত এইটোৱেই। ইমাম আবু হানিফাৰ মাজহাব আৰু ইমাম আহমদৰ এটা মত এনেধৰণৰ। এই অভিমত মোতাবিক আমি আল্লাহৰ ইবাদত আঞ্জাম দিওঁ, ইয়াৰ বিপৰীত বিশ্বাস নকৰো। এইটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ আৰু নিৰ্দেশ মোতাবিক ফয়চালা”। সমাপ্ত।

৩. বিবাহিতা নাৰী স্বামীশূণ্যা (বিধৱা) হ’লে তাইক তাইৰ অনুমতি নোলোৱাকৈ বিবাহ দিয়া নাযাব, তাইৰ অনুমতিৰ প্ৰকাশ হ’ব কথাৰ দ্বাৰা, যিটো অবিবাহিতা নাৰীৰ বিপৰীত, কাৰণ অবিবাহিতা নাৰীৰ অনুমতিৰ প্ৰমাণ হৈছে মৌন থকা।

ইবনু কুদামাহ ‘আল-মুগনি’: (৬/৪৯৩) গ্ৰন্থত কৈছে: এতেকে বিবাহিতা নাৰীৰ অনুমতিৰ প্ৰকাশ হ’ব কথাৰ মাধ্যমত, ইয়াত আলিমসকলৰ দ্বিমত আছে বুলি আমাৰ জনা নাই। দ্বিতীয়তে মুখৰ দ্বাৰা মানুহে তাৰ অন্তৰৰ ভাৱ প্ৰকাশ কৰে। এতেকে, য’ত অনুমতিৰ প্ৰয়োজন তাত মুখৰ কথাৰ সমতুল্য আন একো নাই। সমাপ্ত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱা: (৩২/৩৯, ৪০)ত কৈছে: “নাৰীক তাইৰ অনুমতি নোলোৱাকৈ কাৰো পক্ষে বিবাহ দিয়া বৈধ নহয়, যদি তাই অসন্তুষ্ট থাকে তেন্তে বিবাহৰ বাবে তাইক বাধ্য কৰিব নোৱাৰিব, কিন্তু সৰু অবিবাহিতা ছোৱালীৰ বাহিৰে। কাৰণ, তাইৰ পিতৃ তাইক বিবাহ দিব, তাইৰ কোনো অনুমতি লব নালাগিব। আৰু বিবাহিতা প্ৰাপ্তবয়স্ক নাৰীক তাইৰ অনুমতিবিহীন পিতৃ অথবা কাৰো বাবেই বিবাহ দিয়া বৈধ নহয়, এইটোৱেই মুছলিমসকলৰ ইজমা প্ৰতিষ্ঠিত মাছ‘আলা। এইদৰে মুছলিমসকলৰ ইজমা মতে প্ৰাপ্তবয়স্ক অবিবাহিতা নাৰীক তাইৰ অনুমতি নোলোৱাকৈ পিতৃ বা আজু-ককাৰ বাহিৰে আন কাৰো বাবে বিবাহ দিয়া বৈধ নহয়, কিন্তু পিতৃয়ে অথবা আজু-ককাৰ উচিৎ তাইৰ পৰা অনুমতি গ্ৰহণ কৰা।

প্ৰাপ্তবয়স্ক অবিবাহিতা নাৰীৰ অনুমতি ওৱাজিব নে মুস্তাহাব এই বিষয়ে মতানৈক্য আছে:

বিশুদ্ধ মত অনুযায়ী তাইৰ অনুমতি লোৱা ওৱাজিব। ছোৱালীৰ অভিভাৱকৰ উচিৎ আল্লাহক ভয় কৰা। ছোৱালীক কেনে ল’ৰাৰ লগত বিবাহত আবদ্ধ কৰি আছে, ল’ৰাজন ছোৱালীজনীৰ সমকক্ষ নে নাই সেইটো বিবেচনা কৰা, কাৰণ পিতৃয়ে ছোৱালীক বিবাহ দিব ছোৱালীৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত নহয়।” সমাপ্ত।

নাৰীৰ বিবাহত অভিভাৱকৰ চৰ্ত আৰু ইয়াৰ হিকমত:

নাৰীক তাইৰ উপযুক্ত স্বামী গ্ৰহণ কৰাৰ যিটো স্বাধীনতা দিয়া হৈছে ইয়াৰ অৰ্থ তাইক মুক্ত স্বাধীন এৰি দিয়া নহয় যে, যাকে ইচ্ছা তাকেই স্বামী হিচাপে গ্ৰহণ কৰিব, কাৰণ এনে বিবাহৰ বেয়া প্ৰভাৱ পৰিব তাইৰ আত্মীয় আৰু পৰিয়ালৰ ওপৰত। নাৰী অভিভাৱকৰ লগত সম্পৃক্ত, অভিভাৱকে তাইৰ ইচ্ছাৰ খিয়াল কৰিব আৰু তাইক সঠিক পথ প্ৰদৰ্শন কৰিব, তাইৰ বিবাহৰ দায়িত্ব গ্ৰহণ কৰিব, নাৰী নিজেই নিজৰ বিবাহ আকদ সম্পন্ন নকৰিব, যদি তাই নিজেই নিজৰ বিবাহ সম্পন্ন কৰে তেন্তে এই বিবাহ বাতিল বুলি গণ্য হ’ব। কাৰণ, আইশ্বা ৰাদিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত হাদীছত আহিছে:

»أيما امرأة نكحت نفسها بغير إذن وليها فنكاحها باطل، فنكاحها باطل، فنكاحها باطل«

যি নাৰী তাইৰ অভিভাৱকৰ অনুমতি নোলোৱাকৈ বিবাহপাশত আবদ্ধ হ’ল, তাইৰ বিবাহ বাতিল, তাইৰ বিবাহ বাতিল, তাইৰ বিবাহ বাতিল”। 

ইমাম তিৰমিজীয়ে হাদীছটোক হাছান বুলি কৈছে। অন্যান্য ছুনান গ্ৰন্থত আছে:

»لا نكاح إلا بولي«

অভিভাৱকবিহীন কোনো বিবাহ নাই”। 

এই হাদীছ দুটা আৰু এই ধৰণৰ অন্যান্য হাদীছসমূহে প্ৰমাণ কৰে যে, অভিভাৱকবিহীন নাৰীৰ বিবাহ বৈধ নহয়। “বিবাহ নাই” অৰ্থাৎ বিবাহ শুদ্ধ নহয়। ইমাম তিৰমিজীয়ে কৈছে: আহলে ইল্মসকল এই হাদীছৰ ওপৰতে আমল কৰিছে। যেনে ওমৰ, আলী, ইবনে আব্বাছ আৰু আবু হুৰাইৰাহ প্ৰমুখ ছাহাবীসকল। ফকীহ তাবে‘ঈনসকলৰ পৰাও অনুৰূপ বৰ্ণিত আছে। তেওঁলোকে কৈছে: অভিভাৱকবিহীন কোনো বিবাহ নাই। এই কথা কৈছে, ইমাম শ্বাফেঈ, আহমদ আৰু ইছহাক”

বিবাহৰ ঘোষণাৰ বাবে নাৰীসকলে দুফ বজোৱাৰ হুকুম:

নাৰীসকলৰ বাবে দুফ বা এক পাৰ্শ্বস্থ ঢোল বজোৱা মুস্তাহাব, যাতে বিবাহ প্ৰচাৰ হয়। নাৰীসকলে নিজৰ মাজতে দুফ বজাব, বাদ্য-যন্ত্ৰ আৰু সুৰীয়া সঙ্গীতবিহীন। বিবাহ উপলক্ষে নাৰীসকলে কবিতা আৰু গজল আবৃতি কৰা দোষণীয় নহয়, যদি পুৰুষসকলে নুশুনে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»فصل ما بين الحلال والحرام الدف والصوت في النكاح«

হালাল আৰু হাৰাম বিবাহৰ পাৰ্থক্য হৈছে দুফ বজোৱা আৰু শব্দ কৰা”।

শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৬/২০০) গ্ৰন্থত কৈছে: “হাদীছে প্ৰমাণ কৰে যে, বিবাহৰ অনুষ্ঠানত দুফ বজোৱা আৰু কবিতা ইত্যাদি আবৃতি কৰা বৈধ, যেনে أتيناكم أتيناكم জাতীয় (আৰবী এটা) কবিতা, কিন্তু প্ৰবৃত্তক উত্সাহ দিয়া এনে গান নিষিদ্ধ, য’ত সৌন্দৰ্যৰ বৰ্ণনা, অশ্লীলতাৰ প্ৰকাশ আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তি আছে, যিবোৰ বিবাহ আৰু বিবাহৰ বাহিৰে সদায় হাৰাম, এইদৰে অন্যান্য হাৰাম গান-বাদ্যও হাৰাম।” সমাপ্ত।

হে মুছলিম নাৰী, বিবাহ উপলক্ষে অলঙ্কাৰ আৰু পোচাক-পৰিচ্ছদ ক্ৰয় কৰি অপচয় নকৰিবা। অতিৰিক্ত পোচাক আৰু অলঙ্কাৰ অপচয়ৰ অন্তৰ্ভূক্ত, ইয়াৰ পৰা আল্লাহে নিষেধ কৰিছে। কোৰআনুল কাৰীমত আহিছে, অপচয়কাৰীক তেওঁ ভাল নাপায়। যেনে,

﴿ وَلَا تُسۡرِفُوٓاْۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُسۡرِفِينَ ٣١ ﴾ [الاعراف: ٣١]

আৰু তোমালোকে অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীক পছন্দ নকৰে”। [ আল-আ‘ৰাফ, আয়াত: ৩১]

এতেকে তুমি মধ্যপন্থা অবলম্বন কৰা আৰু পোচাকৰ ক্ষেত্ৰত প্ৰতিযোগিতা ত্যাগ কৰা।

নাৰীৰ বাবে স্বামীৰ আনুগত্য কৰা ওৱাজিব, অবাধ্য হোৱা হাৰাম:

হে মুছলিম নাৰী, উত্তম পন্থা মোতাবিক স্বামীৰ আনুগত্য কৰা তোমাৰ ওপৰত ওৱাজিব। আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إذا صلت المرأة خمسها، وصامت شهرها، وحصنت فرجها، وأطاعت بعلها دخلت من أي أبواب الجنة شاءت«

নাৰী যদি তাইৰ পাঁচ ওৱাক্ত ছালাত আদায় কৰে, ৰমজান মাহৰ ছিয়াম ৰাখে, নিজ লজ্জাস্থান হিফাজত কৰে আৰু স্বামীৰ আনুগত্য কৰে, তেনেহ’লে জান্নাতৰ যি দুৱাৰেৰে ইচ্ছা সেই দুৱাৰেৰে প্ৰৱেশ কৰিব”। 

আবু হুৰাইৰাহ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা আৰু বৰ্ণিত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يحل لامرأة أن تصوم وزوجها شاهد إلا بإذنه، ولا تأذن في بيته إلا بإذنه«

স্বামীৰ উপস্থিতিত তেওঁৰ অনুমতিবিহীন ছিয়াম ৰখা কোনো নাৰীৰ পক্ষে বৈধ নহয় আৰু স্বামীৰ অনুমতিবিহীন তেওঁৰ ঘৰত আন কোনোবাক প্ৰৱেশাধিকাৰ দিয়াও বৈধ নহয়।” 

আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা আৰু বৰ্ণিত আছে, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إذا دعا الرجل امرأته إلى فراشه، فلم تأته، فبات غضبان عليها لعنتها الملائكة حتى تصبح«

স্বামীয়ে যেতিয়া তেওঁৰ স্ত্ৰীক বিছনাত আহ্বান কৰে, কিন্তু স্ত্ৰীয়ে তেওঁৰ আহ্বান পালন নকৰে, ফলত তেওঁ স্ত্ৰীৰ ওপৰত ক্ৰোধ অৱস্থাত ৰাতি অতিবাহিত কৰে, এনে অৱস্থাত প্ৰভাত নোহোৱা লৈকে ফিৰিস্তাসকলে নাৰীৰ ওপৰত অভিশাপ কৰে”।

বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»والذي نفسي بيده ما من رجل يدعو امرأته إلى فراشه، فتأبى عليه إلا كان الذي في السماء ساخطا عليها حتى يرضى عنها«

যাৰ হাতত মোৰ প্ৰাণ সেই সত্ত্বাৰ শপত, যদি কোনো পুৰুষে তাৰ স্ত্ৰীক বিছনাত আহ্বান কৰে, কিন্তু তাই প্ৰত্যাখ্যান কৰে, তেনেহ’লে আকাশত থকা সত্ত্বা (অৰ্থাৎ আল্লাহ) নিশ্চয় তাইৰ ওপৰত খং কৰে, যেতিয়ালৈকে স্বামী তাৰ স্ত্ৰীৰ ওপৰত সন্তুষ্ট নহয়”।

স্ত্ৰীৰ ওপৰত স্বামীৰ এটা হক হৈছে, তাৰ ঘৰ পৰিচালনা কৰা আৰু তাৰ অনুমতি নোলোৱাকৈ তাৰ ঘৰৰ পৰা বাহিৰ নোহোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»والمرأة راعية في بيت زوجها ومسؤولة عن رعيتها«

নাৰী তাইৰ স্বামীৰ ঘৰৰ দায়িত্বশীলা আৰু তাইক সেই বিষয়ে জবাবদিহি কৰা হ’ব”। 

স্ত্ৰীৰ ওপৰত স্বামীৰ আৰু এটা হক হৈছে, ঘৰৰ কামসমূহ আঞ্জাম দিয়া আৰু তেওঁক সেৱিকা আনিবলৈ বাধ্য নকৰা, যিটো তাৰ বাবে কষ্টকৰ আৰু যাৰ ফলত সি নিজে বা তাৰ সন্তান-সন্ততিসকলে ফিতনাৰ সন্মুখীন হয়।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱা: (৩২/২৬০ ও ২৬১)ত কৈছে: “আল্লাহ তা‘আলাই কৈছে:

﴿فَٱلصَّٰلِحَٰتُ قَٰنِتَٰتٌ حَٰفِظَٰتٞ لِّلۡغَيۡبِ بِمَا حَفِظَ ٱللَّهُۚ﴾ [النساء: ٣٤]

 “এতেকে পুণ্যৱতী নাৰীসকল অনুগত, সিহঁত পুৰুষৰ অনুপস্থিতিতো সিহঁতৰ অধিকাৰ ৰক্ষা কৰে যিটো আল্লাহে হিফাজত কৰিছে”। [ আন-নিছা, আয়াত: ৩৪]

এই আয়াতৰ দাবী অনুযায়ী স্ত্ৰীৰ ওপৰত স্বামীৰ আনুগত্য কৰা ওৱাজিব, সেয়া তাৰ লগত ভ্ৰমণে হওক বা তাৰ লগত আনন্দ উপভোগ কৰাৰ সুযোগ দিয়াৰ বিষয় হওক বা আন যিকোনো চাহিদা হওক। এই কথাকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতেও প্ৰমাণ কৰে।” সমাপ্ত।

ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘আল-হাদইউন নবৱী’: (৫/১৮৮, ১৮৯) গ্ৰন্থত কৈছে: “যিসকল ইমামৰ মতে স্ত্ৰীৰ ওপৰত স্বামীৰ খিদমত কৰা ওৱাজিব, তেওঁলোকে কৈছে, যিসকলৰ (অৰ্থাৎ আৰবীয়ানসকলৰ) ভাষাত আল্লাহ তা‘আলাই সম্বোধন কৰিছে সিহঁতৰ ওচৰত খিদমত এটা মা‘ৰূফ (অৰ্থাৎ প্ৰচলিত নিয়ম মোতাবিক) হক বা অধিকাৰ। আনহাতে স্ত্ৰীক বিনোদন প্ৰদান কৰা, স্বামীয়ে তাইৰ খিদমত আঞ্জাম দিয়া, ঝাড়ু দিয়া, ৰুটি তৈয়াৰ কৰা, চাফ-চাফাই কৰা বা কাপোৰ ধোৱা, বিছনা কৰা আৰু ঘৰৰ খিদমত আঞ্জাম দিয়া ইত্যাদি মুনকাৰ কাম (অৰ্থাৎ প্ৰচলিত নিয়মৰ বহিৰ্ভূত)। আল্লাহ তা‘আলাই কৈছে:

﴿وَلَهُنَّ مِثۡلُ ٱلَّذِي عَلَيۡهِنَّ بِٱلۡمَعۡرُوفِۚ﴾ [البقرة: ٢٢٨]

আৰু নাৰীসকলৰ বাবে আছে বিধি মোতাবিক অধিকাৰ, যেনে আছে সিহঁতৰ ওপৰত (পুৰুষসকলৰ) অধিকাৰ”। [ আল-বাকাৰা, আয়াত: ২২৮]

আন আয়াতত তেওঁ কৈছে:

﴿ٱلرِّجَالُ قَوَّٰمُونَ عَلَى ٱلنِّسَآءِ﴾ [النساء: ٣٤]

পুৰুষসকল নাৰীসকলৰ তত্ত্বাৱধায়ক”। [ আন-নিছা, আয়াত: ৩৪]

যদি নাৰীয়ে পুৰুষৰ সেৱা নকৰে, বৰং পুৰুষে নাৰীৰ সেৱা কৰে, তেনেহ’লে নাৰী তত্ত্বাৱধায়ক হ’ব পুৰুষৰ ওপৰত... তাৰ পিছত কৈছে: এই কথাত সন্দেহ নাই যে, আল্লাহে স্বামীৰ ওপৰত স্ত্ৰীৰ খৰচ, পোচাক-পৰিধান আৰু বাসস্থানৰ দায়িত্ব অৰ্পণ কৰিছে, তাইক ভোগ কৰা, তাইৰ খিদমত গ্ৰহণ কৰা আৰু বিধি মোতাবিক তাইৰ সেৱাৰ বিনিময়ত।

বেছিভাগ মানুহৰ সাধাৰণ লেনদেন আৰু চুক্তিসমূহ সমাজত প্ৰচলিত বিধি আৰু নীতিৰ ওপৰত ভিত্তি কৰিয়ে হয়, (এতেকে, বিবাহৰ পিছত স্বামী-স্ত্ৰীৰ সম্পৰ্কও সেই নীতি মোতাবিকেই হ’ব এইটোৱে স্বাভাৱিক)। প্ৰচলিত নীতি হৈছে স্ত্ৰী কৰ্তৃক স্বামীৰ খিদমত কৰা আৰু তাৰ ঘৰৰ স্বাৰ্থ সংশ্লিষ্ট কামসমূহ আঞ্জাম দিয়া। তেওঁ আৰু কৈছে: এই ক্ষেত্ৰত সম্ভ্ৰান্ত আৰু সাধাৰণ, ধনী আৰু দুখিয়াৰ মাজত বিভাজন কৰা ঠিক নহয়। চোৱা, পৃথিৱীৰ আটাইতকৈ উত্তম নাৰী ফাতিমা ৰাদিয়াল্লাহু ‘আনহা স্বামীৰ খিদমত কৰিছিল, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি সাংসাৰিক কামৰ অভিযোগ কৰিলে, কিন্তু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ অভিযোগ মঞ্জুৰ নকৰিলে।”সমাপ্ত।

প্ৰশ্ন: যদি নাৰীয়ে স্বামীৰ মাজত তাইৰ প্ৰতি আগ্ৰহ বিচাৰি নাপায়; কিন্তু তাই তাৰ লগতে থাকিব বিচাৰে, তেনেহ’লে কি কৰিব?

উত্তৰ: আল্লাহ তা‘আলাই কৈছে:

﴿وَإِنِ ٱمۡرَأَةٌ خَافَتۡ مِنۢ بَعۡلِهَا نُشُوزًا أَوۡ إِعۡرَاضٗا فَلَا جُنَاحَ عَلَيۡهِمَآ أَن يُصۡلِحَا بَيۡنَهُمَا صُلۡحٗاۚ وَٱلصُّلۡحُ خَيۡرٞۗ وَأُحۡضِرَتِ ٱلۡأَنفُسُ ٱلشُّحَّۚ وَإِن تُحۡسِنُواْ وَتَتَّقُواْ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا ١٢٨﴾ [النساء: ١٢٨]

আৰু যদি কোনো নাৰীয়ে তাইৰ স্বামীৰ ফালৰ পৰা কোনো দুৰ্ব্যৱহাৰ অথবা তুচ্ছ-তাচ্ছিল্য কৰাৰ আশংকা কৰে, তেনেহ’লে সিহঁত উভয়ে কোনো মীমাংসা কৰিলে কোনো দোষণীয় নহয়। মীমাংসাই কল্যাণকৰ আৰু মানুহৰ মাজত কৃপণতাৰ প্ৰৱণতা আছে। যদি তোমালোকে সৎকৰ্ম কৰা আৰু তাকওৱা অবলম্বন কৰা তেন্তে (জানি থোৱা) তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত”। [ আন-নিছা, আয়াত: ১২৮]

হাফিজ ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছে: যদি নাৰীয়ে আশংকা কৰে যে, স্বামীয়ে তাইক পছন্দ নকৰে, বা তাইক তুচ্ছ-তাচ্ছিল্য কৰে, তেনেহ’লে স্ত্ৰী স্বামীৰ পৰা সকলো হক বা কিছুমান হক হ্ৰাস কৰিব পাৰে, যেনে তাইৰ ব্যয়ভাৰ অথবা পোচাক বা ৰাতিৰ অংশ অথবা আন যিকোনো হক। স্বামীৰ বাবেও স্ত্ৰীৰ আবেদন গ্ৰহণ কৰা উচিত, স্বামীৰ বাবে স্ত্ৰীৰ এইবোৰ বিষয় ত্যাগ কৰা কোনো সমস্যা নহয় আৰু স্ত্ৰীৰ পৰা স্বামীৰ এইবোৰ গ্ৰহণ কৰাও সমস্যা নহয়। আল্লাহ তা‘আলাই কৈছে:

﴿ فَلَا جُنَاحَ عَلَيۡهِمَآ أَن يُصۡلِحَا بَيۡنَهُمَا صُلۡحٗاۚ وَٱلصُّلۡحُ خَيۡرٞۗ ١٢٨ ﴾ [النساء : ١٢٨]

তেনেহ’লে সিহঁত উভয়ে কোনো মীমাংসা কৰিলে কোনো দোষণীয় নহয়, আৰু মীমাংসাই কল্যাণকৰ”। [ আন-নিছা, আয়াত: ১২৮]

অৰ্থাৎ বিচ্ছিন্ন হোৱাৰ পৰা উত্তম... তাৰ পিছত তেওঁ ছাওদাহ বিনতে যাম‘আহ ৰাদিয়াল্লাহু ‘আনহাৰ ঘটনা উল্লেখ কৰিছে। যেতিয়া তেওঁ বৃদ্ধা হৈছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁক এৰি দিয়াৰ ইচ্ছা পোষণ কৰিছিল, তেতিয়া তেওঁ থকাৰ বাবে মীমাংসা কৰিছিল আৰু তেওঁৰ নিৰ্ধাৰিত দিনসমূহ আইশ্বা ৰাদিয়াল্লাহু আনহাক প্ৰদান কৰিছিল, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ মীমাংসা গ্ৰহণ কৰিছিল আৰু এনেকৈ তেওঁক স্ত্ৰীৰ মৰ্যদাত ৰাখি দিছিল”।  সমাপ্ত।

প্ৰশ্ন: নাৰীয়ে যদি স্বামীক অপছন্দ কৰে আৰু তাৰ সংসাৰ কৰিব নিবিচাৰে তেন্তে কি কৰিব?

উত্তৰ: আল্লাহ তা‘আলাই কৈছে:

﴿فَإِنۡ خِفۡتُمۡ أَلَّا يُقِيمَا حُدُودَ ٱللَّهِ فَلَا جُنَاحَ عَلَيۡهِمَا فِيمَا ٱفۡتَدَتۡ بِهِۦۗ﴾ [البقرة: ٢٢٩]

এতেকে যদি তোমালোকে আশংকা কৰা যে, সিহঁতে আল্লাহৰ সীমাৰেখা কায়েম ৰাখিব নোৱাৰিব, তেনেহ’লে স্ত্ৰীয়ে যি আদায় দিব লগা আছে সেইটো প্ৰদান কৰি নিজকে মুক্ত কৰি লব -তাত কোনো সমস্যা নাই”। [ আল-বাকাৰা, আায়াত: ২২৯]

হাফিজ ইবনে কাছীৰ ৰাহিমাহুল্লাহে তেখেতৰ ‘তাফছীৰ’: (১/৪৮৩) গ্ৰন্থত কৈছে: “স্বামী আৰু স্ত্ৰী যদি কাজীয়াত লিপ্ত থাকে, স্ত্ৰীয়ে স্বামীৰ হক আদায় নকৰে অথবা স্বামীক অসন্তুষ্ট ৰাখে আৰু তাৰ লগত থাকিব নিবিচাৰে, তেনেহ’লে স্ত্ৰীৰ বাবে সুযোগ আছে যে, স্বামীয়ে তাইক যি (মোহৰ) দিছে সেইটো উভতাই দি বিচ্ছিন্ন হ’ব পাৰে। স্বামীক সেইটো উভতাই দিয়া স্ত্ৰীৰ বাবে দোষণীয় নহয়, আকৌ স্ত্ৰীৰ পৰা সেইটো গ্ৰহণ কৰা স্বামীৰ বাবেও দোষণীয় নহয়।” সমাপ্ত।

এনেকৈ বিচ্ছিন্ন হোৱাক খোলা (তালাক) বোলা হয়।

প্ৰশ্ন: বিনা কোনো কাৰণত তালাক তলবকাৰী নাৰীৰ শাস্তি কি?

উত্তৰ: ছাওবান ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»أيما امرأة سألت زوجها طلاقها من غير ما بأس فحرام عليها رائحة الجنة«

কোনো নাৰীয়ে বিনা কোনো কাৰণত স্বামীৰ ওচৰত তালাক তলব কৰিলে, তাইৰ ওপৰত জান্নাতৰ সুগন্ধিও হাৰাম”। 

কাৰণ, আল্লাহৰ ওচৰত (হালাল বস্তুৰ মাজত) আটাইতকৈ অপছন্দীয় হালাল হৈছে তালাক, প্ৰয়োজন হ’লেহে ইয়াৰ শৰণাপন্ন হ’ব লাগে, অন্যথা তালাক তলব কৰা মাকৰূহ। কাৰণ, ইয়াৰ আঁৰত সৃষ্টি হোৱা ক্ষতি কাৰো ওচৰতেই অস্পষ্ট নহয়। প্ৰয়োজনৰ তালাক, যেনে স্বামীৰ হক আদায় কৰাত স্ত্ৰীয়ে অস্বীকাৰ কৰা, যাৰ ফলত স্বামী স্ত্ৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। আল্লাহ তা‘আলাই কৈছে:

﴿فَإِمۡسَاكُۢ بِمَعۡرُوفٍ أَوۡ تَسۡرِيحُۢ بِإِحۡسَٰنٖۗ﴾ [البقرة: ٢٢٩]

তাৰ পিছত বিধি মোতাবিক ৰাখি দিব নহ’লে সুন্দৰভাৱে এৰি দিব”। [ আল-বাকাৰা, আয়াত: ২২৯]

আন আয়াতত কৈছে:

﴿لِّلَّذِينَ يُؤۡلُونَ مِن نِّسَآئِهِمۡ تَرَبُّصُ أَرۡبَعَةِ أَشۡهُرٖۖ فَإِن فَآءُو فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٢٢٦ وَإِنۡ عَزَمُواْ ٱلطَّلَٰقَ فَإِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ٢٢٧﴾ [البقرة: ٢٢٦  ٢٢٧]

যিসকলে নিজ স্ত্ৰীৰ লগত মিলিত নোহোৱাৰ শপত কৰিব সিহঁতে চাৰি মাহ অপেক্ষা কৰিব। তাৰ পিছত সিহঁতে যদি উভতাই লয়, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু; আৰু যদি সিহঁতে তালাকৰ দৃঢ় ইচ্ছা কৰে, তেন্তে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ”। [ আল-বাকাৰা, আয়াত: ২২৬-২২৭]

দাম্পত্য সম্পৰ্ক বিচ্ছিন্ন হ’লে নাৰীৰ কৰণীয়:

স্বামী আৰু স্ত্ৰীৰ মাজত বিচ্ছেদ দুই প্ৰকাৰ:

ক. জীৱিত অৱস্থাত বিচ্ছিন্ন হোৱা।

খ. মৃত্যুৰ দ্বাৰা বিচ্ছিন্ন হোৱা।

উভয় অৱস্থাতেই নাৰীৰ ওপৰত ইদ্দত ওৱাজিব, অৰ্থাৎ নিৰ্দিষ্ট সময় লৈকে অপেক্ষা কৰা।

ইদ্দতৰ হিকমত: এটা পৰিপূৰ্ণ বিবাহ ভাঙি যোৱাৰ পিছত ইয়াৰ শেষ সীমা নিৰ্ধাৰণ কৰাটোৱে ইদ্দতৰ হিকমত। দ্বিতীয়তে গৰ্ভৰ পৰা ৰেহেম মুক্ত কৰা, যাতে বিবাহ বিচ্ছিন্নকাৰীৰ বাহিৰে আন কাৰো সহবাসৰ বিষয়টো তাইৰ লগত সম্পৃক্ত নাথাকে, যদি এইটো কৰা নহয় তেন্তে গৰ্ভৰ সন্তানত মিশ্ৰণ ঘটিব আৰু বংশ বিনষ্ট হ’ব। ইদ্দতৰ দ্বাৰা স্ত্ৰীয়ে প্ৰাক্তন বিবাহ-বন্ধনৰ প্ৰতি সন্মান প্ৰদৰ্শনসহ, তালাকদাতা স্বামীৰ হকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন আৰু বিচ্ছেদৰ কাৰণে শোক প্ৰকাশ কৰে।

ইদ্দত চাৰি প্ৰকাৰ:

প্ৰথম প্ৰকাৰ: গৰ্ভৱতীৰ ইদ্দত। গৰ্ভৱতী নাৰীয়ে সন্তান প্ৰসৱ কৰিলে ইদ্দত শেষ হ’ব, নাৰী তালাকে বায়িন প্ৰাপ্তা হওক অথবা তালাকে ৰাজ‘ঈ প্ৰাপ্তা হওক, জীৱিত অৱস্থাত বিচ্ছিন্ন হওক নাইবা মৃত্যুৰ কাৰণে বিচ্ছিন্ন হওক। আল্লাহ তা‘আলাই কৈছে:

﴿وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ﴾ [الطلاق: ٤]

আৰু গৰ্ভধাৰিণী নাৰীৰ ইদ্দতকাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে”। [আত-ত্বালাক, আয়াত: ৪]

দ্বিতীয় প্ৰকাৰ: যি নাৰীৰ ঋতু হোৱা বয়স পাৰ হোৱা নাই এনে তালাক প্ৰাপ্তা নাৰীৰ ইদ্দত। এই জাতীয় নাৰীৰ ইদ্দত তিনি কুৰু। আল্লাহ তা‘আলাই কৈছে:

﴿وَٱلۡمُطَلَّقَٰتُ يَتَرَبَّصۡنَ بِأَنفُسِهِنَّ ثَلَٰثَةَ قُرُوٓءٖۚ﴾ [البقرة: ٢٢٨]

আৰু তালাকপ্ৰাপ্তা নাৰীসকলে তিনি কুৰু পৰ্যন্ত অপেক্ষা কৰিব”। [ আল-বাকাৰা, আয়াত: ২২৮] অৰ্থাৎ তিনি ঋতু বা হায়েজ পৰ্যন্ত।

তৃতীয় প্ৰকাৰ: ঋতু বা হায়েজ নোহোৱা এনে তালাক প্ৰাপ্তা নাৰীৰ ইদ্দত।

এই জাতীয় নাৰী দুই প্ৰকাৰ: সৰু যাৰ ঋতু আৰম্ভ হোৱা নাই আৰু ডাঙৰ যাৰ ঋতু হোৱাৰ সম্ভাৱনা নাই। আল্লাহ তা‘আলাই উভয়ৰ ইদ্দত সম্পৰ্কে কৈছে:

﴿وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ﴾ [الطلاق: ٤]

তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতী হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে তোমালোকে যদি সংশয়ত থকা আৰু এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই এনে নাৰীৰ ইদ্দকাল হ’ব তিনি মাহ”। [আত-ত্বালাক, আয়াত: ৪] অৰ্থাৎ এইটোৱে সিহঁতৰ ইদ্দত।

চতুৰ্থ প্ৰকাৰ: স্বামীৰ মৃত্যু হৈছে এনে নাৰীৰ ইদ্দত। আল্লাহ তা‘আলাই এই বিষয়ে কৈছে:

﴿وَٱلَّذِينَ يُتَوَفَّوۡنَ مِنكُمۡ وَيَذَرُونَ أَزۡوَٰجٗا يَتَرَبَّصۡنَ بِأَنفُسِهِنَّ أَرۡبَعَةَ أَشۡهُرٖ وَعَشۡرٗاۖ﴾ [البقرة: ٢٣٤]

আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰীসকলক ৰাখি মৃত্যুবৰণ কৰে, সিহঁতৰ স্ত্ৰীসকল চাৰি মাহ দহ দিন অপেক্ষা কৰিব”। [ আল-বাকাৰা, আয়াত: ২৩৪]

বিবাহৰ পিছত স্ত্ৰীগমন কৰক বা নকৰক, স্ত্ৰী সৰুৱে হওক বা ডাঙৰ সকলো প্ৰকাৰ বিধৱা নাৰী (যিহঁতৰ স্বামী মৃত্যুবৰণ কৰিছে), এই আয়াতৰ অন্তৰ্ভূক্ত, কিন্তু গৰ্ভৱতী বিধৱা নাৰী ইয়াৰ অন্তৰ্ভূক্ত নহয়। কাৰণ, ইয়াৰ বিধান নিম্নোক্ত আয়াতত পৃথকভাৱে বৰ্ণনা কৰা হৈছে। আল্লাহ তা‘আলাই কৈছে:

﴿وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ﴾ [الطلاق: ٤]

আৰু গৰ্ভধাৰিণী নাৰীসকলৰ ইদ্দতকাল সন্তান প্ৰসৱ পৰ্যন্ত”। [ আত-ত্বালাক, আয়াত: ৪]

ইবনুল কাইয়্যিম ৰচিত ‘আল-হাদইউন নবৱী’: (৫/৫৯৪, ৫৯৫) গ্ৰন্থৰ পৰা উদ্ধৃতি সমাপ্ত হ’ল।

ইদ্দত পালনকাৰী নাৰীৰ বাবে যি কৰা হাৰাম:

১. ইদ্দত পালনকাৰী নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়াৰ হুকুম:

ক. ৰজ‘ঈ ইদ্দত পালনকাৰী। এই জাতীয় নাৰীক স্পষ্ট বা ইঙ্গিতেৰে বিবাহৰ প্ৰস্তাৱ দিয়া হাৰাম। কাৰণ, তাই এতিয়াও প্ৰাক্তন স্বামীৰ স্ত্ৰী, সেয়ে তাইক প্ৰস্তাৱ দিয়া কাৰো বাবে বৈধ নহয়, এতিয়াও তাই স্বামীৰ নিৰাপত্তাত আছে।

খ. ৰজ‘ঈৰ বাহিৰে আন যিকোনো ইদ্দত পালনকাৰী। এই জাতীয় নাৰীক স্পষ্টভাৱে বিবাহৰ প্ৰস্তাৱ দিয়া হাৰাম, কিন্তু ইশ্বাৰা ইঙ্গিতেৰে প্ৰস্তাৱ দিয়া হাৰাম নহয়। আল্লাহ তা‘আলাই কৈছে:

﴿وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا عَرَّضۡتُم بِهِۦ مِنۡ خِطۡبَةِ ٱلنِّسَآءِ﴾ [البقرة: ٢٣٥]

আৰু (ইদ্দত পালন কৰা কালছোৱাত বিধৱা) নাৰীসকলক ইংগিতেৰে প্ৰস্তাৱ দিয়াটো তোমালোকৰ বাবে দোষণীয় নহয়।”। [ আল-বাকাৰা, আয়াত: ২৩৫]

স্পষ্ট প্ৰস্তাৱ বোলোতে তাইক বিবাহ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা, যেনে এইদৰে কোৱা: মই তোমাক বিয়া কৰাব বিচাৰো। কাৰণ, এনেকুৱা হ’লে হয়তো বিবাহৰ আগ্ৰহৰে নাৰীয়ে ইদ্দত শেষ নোহোৱাৰ আগতে ক’ব মোৰ ইদ্দত শেষ, যদিও বাস্তৱত ইদ্দত শেষ হোৱা নাই। ইশ্বাৰা-ইঙ্গিতেৰে প্ৰস্তাৱ এনেকুৱা নহয়, কাৰণ তাৰ দ্বাৰা বিবাহ কৰাৰ স্পষ্ট বাৰ্তা প্ৰদান কৰা নহয়, সেয়ে তাত ক্ষতিৰ সম্ভাৱনা নাই। দ্বিতীয়তে আয়াতত যিহেতু ইয়াৰ অনুমতি প্ৰদান কৰিছে সেয়ে এইটো বৈধ।

ইশ্বাৰা-ইঙ্গিতৰ উদাহৰণ যেনে: তোমাৰ দৰে নাৰীৰ মই বৰ প্ৰয়োজন বোধ কৰো। ৰাজ‘ঈ ইদ্দতৰ বাহিৰে আন যিকোনো ইদ্দত পালনকাৰী নাৰীৰ বাবে ইঙ্গিত দাতাৰ প্ৰস্তাৱৰ উত্তৰ ইঙ্গিতৰ মাধ্যমে প্ৰদান কৰা বৈধ, কিন্তু স্পষ্টভাৱে উত্তৰ দিয়া বৈধ নহয়। ৰাজ‘ঈ ইদ্দত পালনকাৰী নাৰীৰ বাবে ইশ্বাৰা বা স্পষ্ট কোনো ভাৱেই বিবাহৰ প্ৰস্তাৱৰ উত্তৰ দিয়া বৈধ নহয়।

২. প্ৰাক্তন স্বামীৰ ইদ্দত পালনকাৰী নাৰীক বিবাহ কৰা হাৰাম:

আল্লাহ তা‘আলাই কৈছে:

﴿وَلَا تَعۡزِمُواْ عُقۡدَةَ ٱلنِّكَاحِ حَتَّىٰ يَبۡلُغَ ٱلۡكِتَٰبُ أَجَلَهُۥۚ﴾ [البقرة: ٢٣٥]

আৰু আল্লাহৰ নিৰ্দেশ (ইদ্দত)ৰ সময় পূৰ্ণ কৰাৰ আগতে বিবাহ বন্ধনৰ সংকল্প নকৰিবা”। [ আল-বাকাৰা, আয়াত: ২৩৫]

ইবনে কাছীৰ ৰাহিমাহুল্লাহে তেখেতৰ ‘তাফছীৰ’: (১/৫০৯) গ্ৰন্থত কৈছে: “অৰ্থাৎ বিবাহৰ আকদ নকৰিবা যেতিয়ালৈকে ইদ্দত শেষ নহয়। আলিমসকল একমত যে, ইদ্দতৰ সময়ছোৱাত বিবাহৰ আকদ ঠিক নহয়।” সমাপ্ত।

দুটা জ্ঞাতব্য:

এক. যি নাৰীক বিবাহৰ পিছত সহবাসৰ আগতে তালাক দিয়া হয় তাইৰ ওপৰত কোনো ইদ্দত নাই। আল্লাহ তা‘আলাই কৈছে:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا نَكَحۡتُمُ ٱلۡمُؤۡمِنَٰتِ ثُمَّ طَلَّقۡتُمُوهُنَّ مِن قَبۡلِ أَن تَمَسُّوهُنَّ فَمَا لَكُمۡ عَلَيۡهِنَّ مِنۡ عِدَّةٖ تَعۡتَدُّونَهَاۖ﴾ [الاحزاب: ٤٩]

হে মুমিনসকল! যেতিয়া তোমালোকে মুমিনা নাৰীসকলক বিবাহ কৰিবা তাৰ পিছত যদি সিহঁতক স্পৰ্শ কৰাৰ আগতেই তালাক দিয়া, তেনেহ’লে তোমালোকৰ বাবে সিহঁতৰ ওপৰত কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰিবা”। [আল-আহযাব, আয়াত: ৪৯]

ইবনে কাছীৰ ৰাহিমাহুল্লাহে তেখেতৰ তাফছীৰ: (৫/৪৭৯) গ্ৰন্থত কৈছে: এই মাছ’আলাৰ ক্ষেত্ৰত সকলো আলিম একমত, অৰ্থাৎ নাৰীক যদি সহবাসৰ আগতে তালাক দিয়া হয়, তেনেহ’লে তাইৰ ওপৰত কোনো ইদ্দত নাই, সেই তালাকৰ পিছত তৎক্ষণাৎ যাৰ লগতে ইচ্ছা বিবাহ বন্ধনত আবদ্ধ হ’ব পাৰিব।

দুই. বিবাহৰ পিছত সহবাসৰ আগতে তালাক প্ৰাপ্তা নাৰীৰ বাবে যদি মোহৰ নিৰ্ধাৰণ কৰা হয়, তেনেহ’লে তাইক আধা মোহৰ আদায় দিব লাগিব, আৰু যাৰ মোহৰ নিৰ্ধাৰণ কৰা হোৱা নাই তাইক মুত‘আহ অৰ্থাৎ স্বামীৰ সাধ্য মোতাবিক পোচাক ইত্যাদি প্ৰদান কৰিব।

সহবাসৰ পিছত যাক তালাক দিয়া হয়, তাই নিশ্চয় মোহৰৰ হকদাৰ। আল্লাহ তা‘আলাই কৈছে:

﴿لَّا جُنَاحَ عَلَيۡكُمۡ إِن طَلَّقۡتُمُ ٱلنِّسَآءَ مَا لَمۡ تَمَسُّوهُنَّ أَوۡ تَفۡرِضُواْ لَهُنَّ فَرِيضَةٗۚ وَمَتِّعُوهُنَّ عَلَى ٱلۡمُوسِعِ قَدَرُهُۥ وَعَلَى ٱلۡمُقۡتِرِ قَدَرُهُۥ مَتَٰعَۢا بِٱلۡمَعۡرُوفِۖ حَقًّا عَلَى ٱلۡمُحۡسِنِينَ ٢٣٦ وَإِن طَلَّقۡتُمُوهُنَّ مِن قَبۡلِ أَن تَمَسُّوهُنَّ وَقَدۡ فَرَضۡتُمۡ لَهُنَّ فَرِيضَةٗ فَنِصۡفُ مَا فَرَضۡتُمۡ﴾ [البقرة: ٢٣٦ ٢٣٧]

তোমালোকৰ কোনো অপৰাধ নাই যদি তোমালোকে স্ত্ৰীসকলক তালাক দিয়া এনে অৱস্থাত যে, তোমালোকে সিহঁতক স্পৰ্শ কৰা নাই অথবা সিহঁতৰ বাবে কোনো মোহৰ নিৰ্ধাৰণ কৰা নাই, তেন্তে উত্তমভাৱে সিহঁতক ভোগ-উপকৰণ দি দিয়া, ধনীৰ ওপৰত তাৰ সাধ্যানুসাৰে আৰু দুখিয়াৰ ওপৰত তাৰ সক্ষমানুযায়ী। সু-কৰ্মশীলসকলৰ ওপৰত এইটো আৱশ্যক। আৰু যদি তোমালোকে সিহঁতক তালাক দিয়া সিহঁতক স্পৰ্শ কৰাৰ আগতে আৰু সিহঁতৰ বাবে মোহৰ নিৰ্ধাৰণ কৰি থাকা, তেনেহ’লে যি নিৰ্ধাৰণ কৰিছা, তাৰ আধা (আদায় দিয়া)”। [আল-বাকাৰা, আয়াত: ২৩৬-২৩৭]

অৰ্থাৎ স্বামীৰ স্পৰ্শ আৰু মোহৰ নিৰ্ধাৰণ কৰাৰ আগতে তালাক দিয়া কোনো সমস্যা নহয়, ইয়াত যদিও নাৰীৰ মনক্ষুণ্য হয়, মুত‘আহ তাইৰ মনক্ষুণ্যতা লাঘৱ কৰিব। প্ৰত্যেক স্বামী নিজ স্বচ্ছলতা আৰু অস্বচ্ছলতাৰ ভিত্তিত সাধ্য আৰু সমাজত প্ৰচলন মোতাবিক মুত‘আহ দিব। তাৰ পিছত যাৰ মোহৰ নিৰ্ধাৰিত, তাইক আধা মোহৰ দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

হাফিজ ইবনে কাছীৰ ৰাহিমাহুল্লাহে তেখেতৰ ‘তাফছীৰ’: (১/৫১২) গ্ৰন্থত কৈছে: “এই জাতীয় নাৰীক আধা মোহৰ প্ৰদান কৰা সৰ্বসন্মত মত। ইয়াত কোনো আলিমে দ্বিমত পোষণ কৰা নাই”। সমাপ্ত।

৩. বিধৱা নাৰীৰ ইদ্দতত পাঁচটা বস্তু হাৰাম, যাৰ আৰবী নাম হিদাদ:

এক. সকলো প্ৰকাৰ সুগন্ধি: বিধৱা নাৰীয়ে নিজৰ শৰীৰত অথবা কাপোৰত সুগন্ধি ব্যৱহাৰ নকৰিব, এইদৰে সুগন্ধি যুক্ত বস্তুও ব্যৱহাৰ নকৰিব। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»ولا تمس طيبا«

কোনো সুগন্ধি স্পৰ্শ নকৰিব”।

দুই. শাৰীৰিক সাজ-সজ্জা গ্ৰহণ কৰা: বিধৱা নাৰীৰ বাবে সাজ-সজ্জা গ্ৰহণ কৰা, যেনে খিযাব আৰু অন্যান্য ৰূপচৰ্চাৰ বস্তু ছুৰমা, শৰীৰ ৰঙ্গিনকাৰী (জেতুকা) বিভিন্ন প্ৰকাৰ ৰং ব্যৱহাৰ কৰা হাৰাম। ঔষুধ হিচাপে ছুৰমা ব্যৱহাৰ কৰা বৈধ, যদি প্ৰয়োজন হয়, সৌন্দৰ্যৰ অংশ হিচাপে নহয়, ছুৰমা কেৱল ৰাতি ব্যৱহাৰ কৰিব, দিনত মুছি পেলাব। ছুৰমাৰ বাহিৰে অন্যান্য বস্তুৰ দ্বাৰা চকুৰ চিকিৎসা কৰাও বৈধ, যাৰ ভিতৰত সৌন্দৰ্য নাই।

তিনি. সাজ-সজ্জাৰ কাপোৰ পৰিধান কৰা: বিধৱা নাৰীৰ বাবে সাজ-সজ্জাৰ কাপোৰ পৰিধান কৰা হাৰাম। সাধাৰণ কাপোৰ পৰিধান কৰিব, এই সময়ত নিৰ্দিষ্ট ৰঙৰ কাপোৰ পৰিধান কৰাৰ কোনো ভিত্তি নাই, সমাজত যিটোৰ প্ৰচলন দেখা যায়।

চাৰি. অলঙ্কাৰ: বিধৱা নাৰীৰ বাবে সকলো প্ৰকাৰ অলঙ্কাৰ পৰিধান কৰা হাৰাম, আনকি আঙুঠিও পৰিধান কৰা নিষেধ।

পাঁচ. স্ত্ৰী যি ঘৰত থকাৱস্থাত স্বামী মৃত্যুবৰণ কৰিছে সেই ঘৰৰ বাহিৰে আন কোনো ঠাইত ৰাতি অতিবাহিত কৰা:

শ্বাৰ‘ঈ কোনো কাৰণৰ বাহিৰে বিধৱা নাৰীৰ বাবে ঘৰ পৰিবৰ্তন কৰা জায়েয নহয়। তাই কোনো বেমাৰী অথবা কোনো বান্ধৱী অথবা কোনো নিকট আত্মীয়ক দেখিবলৈ নাযাব, বিশেষ প্ৰয়োজনত দিনত বাহিৰ হোৱা বৈধ। এই পাঁচটা বস্তুৰ বাহিৰে আন কোনো বস্তুৰ পৰা তাইক বাৰণ কৰা নাযাব, যিটো আল্লাহে তাইৰ বাবে হালাল কৰিছে।

ইমাম ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘আল-হাদইউন নবৱী’: (৫/৫০৭) গ্ৰন্থত কৈছে: “বিধৱা নাৰীক নখ কটা, দুয়ো কাষৰ চুলি খুৰোৱা, যি চুলি পেলাই দিয়া মুস্তাহাব সেইবোৰ পেলাই দিয়া, বগৰী পাতেৰে গুছল কৰা আৰু মূৰৰ চুলি চিৰুনি কৰাৰ পৰা বাৰণ কৰা নাযাব।” সমাপ্ত।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱাত’: (২৪/২৭, ২৮) কৈছে: “বিধৱা নাৰীৰ বাবে সকলো বস্তু খোৱা বৈধ, যিবোৰ আল্লাহে তাইৰ বাবে হালাল কৰিছে। যেনে, ফলমূল আৰু মাংস ইত্যাদি। এইদৰে বৈধ সকলো জুলীয় পদাৰ্থ পান কৰা... তাৰ পিছত তেখেতে কৈছে: বৈধ কোনো কামত ব্যস্ত থকা তাইৰ বাবে হাৰাম নহয়। যেনে, Embroidery, চিলাই আৰু কাপোৰ তৈয়াৰ কৰা ইত্যাদি, যিবোৰ নাৰীসকলৰ স্বভাৱ সূলভ কাম। এইদৰে ইদ্দতৰ বাহিৰে যিবোৰ কাম কৰা তাইৰ বাবে বৈধ ইদ্দতৰ ভিতৰতো সেয়া বৈধ। যেনে, প্ৰয়োজনত পুৰুষসকলৰ লগত কথা কোৱা, কিন্তু পৰ্দাত থাকি ক’ব লাগিব। মই যি উল্লেখ কৰিলো সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, এই আদেশ-নিষেধসমূহ ছাহাবীসকলৰ স্ত্ৰীসকলে সম্পাদন কৰিছিল তেওঁলোকৰ স্বামীৰ মৃত্যুৰ পিছত।” সমাপ্ত।

সাধাৰণ মানুহে কয়, জোনৰ পৰা বিধৱা নাৰীয়ে চেহাৰা ঢাকি ৰাখিব, ঘৰৰ ছাদৰ ওপৰত উঠিব নোৱাৰিব, পুৰুষৰ লগত কথা ক’ব নোৱাৰিব, মাহৰামসকলৰ পৰাও চেহাৰা ঢাকি ৰাখিব, আৰু বহু ধৰণৰ কথা, এনে কথাৰ কোনো ভিত্তি নাই। আল্লাহ তা‘আলাই ভাল জানে।

 দশম পৰিচ্ছেদ নাৰীৰ সন্মান আৰু পৱিত্ৰতা ৰক্ষাকাৰী বিধান

১. লজ্জাস্থানৰ হিফাজত আৰু চকু অৱনত ৰখাৰ ক্ষেত্ৰত নাৰীও পুৰুষৰ দৰেই আদিষ্ট। আল্লাহ তা‘আলাই কৈছে:

﴿قُل لِّلۡمُؤۡمِنِينَ يَغُضُّواْ مِنۡ أَبۡصَٰرِهِمۡ وَيَحۡفَظُواْ فُرُوجَهُمۡۚ ذَٰلِكَ أَزۡكَىٰ لَهُمۡۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا يَصۡنَعُونَ ٣٠ وَقُل لِّلۡمُؤۡمِنَٰتِ يَغۡضُضۡنَ مِنۡ أَبۡصَٰرِهِنَّ وَيَحۡفَظۡنَ فُرُوجَهُنَّ﴾ [النور: ٣٠، ٣١]

(হে নবী) মুমিন পুৰুষসকলক কৈ দিয়া, সিহঁতে যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু সিহঁতৰ লজ্জাস্থানক হিফাজত কৰে। এইটোৱে সিহঁতৰ বাবে অধিক পৱিত্ৰতা। নিশ্চয় সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত। আৰু মুমিনা নাৰীসকলক জনাই দিয়া, সিহঁতেও যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু সিহঁতৰ লজ্জাস্থানৰ হিফাজত কৰে”। [ আন-নূৰ, আয়াত: ৩০-৩১]

আমালোকৰ শ্বাইখ আমিন শ্বানকিতী ৰাহিমাহুল্লাহে তেখেতৰ তাফছীৰ ‘আজৱাউল বায়ান’: (৬/১৮৬, ১৮৭) গ্ৰন্থত কৈছে: “আল্লাহ তা‘আলাই মুমিনা নাৰী আৰু মুমিন পুৰুষসকলৰ চকু অৱনত আৰু লজ্জাস্থান হিফাজত কৰাৰ নিৰ্দেশ দিছে। লজ্জাস্থান হিফাজত কৰাৰ এটা অংশ যিনা, সমকামিতা, মানুহৰ সন্মুখত উলঙ্গ হোৱা আৰু সিহঁতৰ সন্মুখত গুপ্তাঙ্গ প্ৰকাশ কৰাৰ পৰা বিৰত থকা... তাৰ পিছত তেখেতে কৈছে: নাৰী আৰু পুৰুষসকলৰ মাজত যিহঁতেই এই আয়াতত বৰ্ণিত আল্লাহৰ নিদেৰ্শসমূহ পালন কৰিব সিহঁতৰ বাবে তেওঁ মাগফিৰাত আৰু ছোৱাবৰ ঘোষণা দিছে, যদি সিহঁতে ইয়াৰ লগত ছুৰা আহযাবৰ নিম্নোক্ত আয়াতত বৰ্ণিত ছিফাতসমূহ বাস্তবায়ন কৰে। আল্লাহ তা‘আলাই কৈছে:

﴿إِنَّ ٱلۡمُسۡلِمِينَ وَٱلۡمُسۡلِمَٰتِ وَٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ وَٱلۡقَٰنِتِينَ وَٱلۡقَٰنِتَٰتِ وَٱلصَّٰدِقِينَ وَٱلصَّٰدِقَٰتِ وَٱلصَّٰبِرِينَ وَٱلصَّٰبِرَٰتِ وَٱلۡخَٰشِعِينَ وَٱلۡخَٰشِعَٰتِ وَٱلۡمُتَصَدِّقِينَ وَٱلۡمُتَصَدِّقَٰتِ وَٱلصَّٰٓئِمِينَ وَٱلصَّٰٓئِمَٰتِ وَٱلۡحَٰفِظِينَ فُرُوجَهُمۡ وَٱلۡحَٰفِظَٰتِ وَٱلذَّٰكِرِينَ ٱللَّهَ كَثِيرٗا وَٱلذَّٰكِرَٰتِ أَعَدَّ ٱللَّهُ لَهُم مَّغۡفِرَةٗ وَأَجۡرًا عَظِيمٗا ٣٥﴾ [الاحزاب: ٣٥]

নিশ্চয় মুছলিম পুৰুষ আৰু নাৰী, মুমিন পুৰুষ আৰু নাৰী, অনুগত পুৰুষ আৰু নাৰী, সত্যবাদী পুৰুষ আৰু নাৰী, ধৈৰ্যশীল পুৰুষ আৰু নাৰী, বিনয়াৱনত পৰুষ আৰু নাৰী, দানশীল পুৰুষ আৰু নাৰী, ছিয়ামপালনকৰী পুৰুষ আৰু নাৰী, নিজৰ লজ্জাস্থান হিফাজতকাৰী পুৰুষ আৰু নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু নাৰী, সিহঁতৰ বাবে আল্লাহে মাগফিৰাত আৰু মহান প্ৰতিদান প্ৰস্তুত কৰি ৰাখিছে”। [ আল-আহযাব, আয়াত: ৩৫]

আজৱাউল বায়ান’ৰ পৰা উদ্ধৃতি সমাপ্ত হ’ল।

নাৰীয়ে-নাৰীৰ পৰস্পৰ শৰীৰ ঘৰ্ষণ কৰি যৌনকামনা অৰ্জন কৰা ডাঙৰ গুনাহ। এনে কামত লিপ্ত নাৰীসকল কঠিন শাস্তিৰ যোগ্য।

ইবনু কুদামাহ ৰাহিমাহুল্লাহে ‘আল-মুগনি’: (৮/১৯৮) গ্ৰন্থত কৈছে: যদি দুজনী নাৰীয়ে পৰস্পৰ শৰীৰ ঘৰ্ষণ কৰে তেন্তে সিহঁত উভয়ে অভিশপ্ত আৰু জিনাকাৰী। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إذا أتت المرأة المرأة فهما زانيتان«

যদি নাৰীয়ে নাৰীগমন কৰে সিহঁত উভয়ে জিনাকাৰীণী”।

সিহঁতক বিচাৰকে উচিত শাস্তি দিব। কাৰণ, এইটো এনে জিনা যাৰ বাবে চৰিয়ত নিৰ্ধাৰিত শাস্তি নাই।  সমাপ্ত।

এতেকে নাৰীসকলৰ বিশেষকৈ যুৱতীসকলৰ এইবোৰ ঘৃণ্য অপকৰ্মৰ পৰা সাৱধান থকা জৰুৰী।

চকু সংযত ৰখা সম্পৰ্কে ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘আল-জাৱাবুল কাফী’: (পৃ.১২৯, ১৩৫) গ্ৰন্থত কৈছে: দৃষ্টিপাত হৈছে প্ৰবৃত্তিৰ অগ্ৰদূত আৰু বাৰ্তাবাহক, ইয়াক সংযত কৰাই লজ্জাস্থান সংৰক্ষণ কৰাৰ মূলমন্ত্ৰ। যিয়ে তাৰ দৃষ্টিক উন্মুক্ত এৰি দিলে, সি তাৰ নফছক ধ্বংসৰ ফালে ঠেলি দিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»يا علي، لا تتبع النظرة النظرة فإنما لك الأولى«

হে আলী, দৃষ্টিৰ পিছত দৃষ্টিপাত নকৰিবা, প্ৰথম দৃষ্টি তোমাৰ (বাবে মাফ)”।  প্ৰথম দৃষ্টিৰ দ্বাৰা উদ্দেশ্য হঠাৎ দৃষ্টিপাত হোৱা যিটো অনিচ্ছাত পতিত হয়। তেওঁ কৈছে: ‘মুছনাদ’ গ্ৰন্থত আলী ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:

»النظر سهم مسموم من سهام إبليس«

দৃষ্টি হৈছে ইবলিছৰ তীৰসমূহৰ মাজৰ পৰা এটা বিষাক্ত তীৰ

... তাৰ পিছত তেওঁ কৈছে: মানুহ যিবোৰ মুছীবতত গ্ৰেফতাৰ হয় তাৰ মূল উত্স হৈছে দৃষ্টি। দৃষ্টিয়ে চাহিদা সৃষ্টি কৰে, চাহিদায় চিন্তা জন্ম দিয়ে, আৰু চিন্তায় প্ৰবৃত্তিক জন্ম দিয়ে, আৰু প্ৰবৃত্তিয়ে ইচ্ছাক জন্ম দিয়ে। তাৰ পিছত ইচ্ছায় লাহে লাহে চূড়ান্ত দৃঢ়তাৰ ৰূপ লয়, এনেকৈ কাৰ্য বাস্তবায়িত হয় যদি কোনো বাধা প্ৰতিবন্ধক নাথাকে। এই বাবেই কোৱা হয়: চকু অৱনত ৰখাৰ কষ্ট সহ্য কৰা তাৰ পিছৰ সংঘটিত হোৱা দুখ সহ্য কৰাতকৈ বহু গুণে সহজ।” সমাপ্ত।

হে মুছলিম নাৰী, তুমি পুৰুষসকলৰ পৰা তোমাৰ দৃষ্টি অৱনত ৰখা। ফিতনা সৃষ্টিকাৰী ছবিৰ ফালে দৃষ্টিপাত নকৰিবা, যিবোৰ সচৰাচৰ প্ৰকাশ কৰা হয় কিছুমান পত্ৰিকাত অথবা টেলিভিচনত অথবা ভিডিঅত, এনে কৰিলে তুমি বেয়া পৰিণতিৰ পৰা হিফাজতত থাকিবা। কিমান যে দৃষ্টি ব্যক্তিৰ বাবে অনুশোচনাৰ কাৰণ হৈছে তাৰ কোনো হিচাপ নাই। সঁচাই সৰু ফিৰিঙতিৰ পৰা বৃহৎ জুই সৃষ্টি হয়।

২. লজ্জাস্থান হিফাজত কৰাৰ অংশ: গান-বাদ্য যন্ত্ৰ নুশুনা:

ইমাম ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে ‘ইগাছাতুল লাহফান’: (১/২৪২, ২৪৮, ২৬৪ আৰু ২৬৫) গ্ৰন্থত কৈছে: “চয়তানৰ এটা ষড়যন্ত্ৰ, যাৰ দ্বাৰা সি দুৰ্বল দ্বীনদাৰ, সামান্য বিবেক আৰু হীন ইল্মৰ ধাৰকসকলক ষড়যন্ত্ৰৰ জালত আবদ্ধ কৰে, মূৰ্খ আৰু বাতিলপন্থীসকলৰ অন্তৰ চিকাৰ কৰে, তাৰে মাজত অন্যতম হৈছে, উৰুলি, হাততালি আৰু হাৰাম বাদ্য-যন্ত্ৰসহ গান, যিটোৱে অন্তৰক কোৰআনৰ পৰা বিমুখ কৰে লগতে পাপ আৰু অপৰাধত জড়িত কৰে। এইবোৰ মূলতে চয়তানৰ কোৰআন আৰু ৰহমানৰ পৰা কঠিন প্ৰতিবন্ধক, জিনা আৰু সমকামিতাৰ মন্ত্ৰ। এইবোৰৰ দ্বাৰা পাপকামত লিপ্ত প্ৰেমিক তাৰ প্ৰেমিকাৰ পৰা চূড়ান্ত উদ্দেশ্য অৰ্জন কৰে... তাৰ পিছত তেওঁ কৈছে: নাৰী আৰু কিশোৰীসকলৰ কণ্ঠৰ পৰা এইবোৰ শ্ৰৱণ কৰা আৰু হাৰাম আৰু দ্বীন-ধৰ্মক কঠিনভাৱে ধ্বংসকাৰী... তাৰ পিছত তেওঁ কৈছে: ইয়াত কোনো সন্দেহ নাই যে, আত্মসন্মানী লোকে নিজ পৰিয়ালক গানৰ পৰা দূৰৈত ৰাখে, যেনেকৈ সিহঁতক দূৰত ৰাখে সন্দেহপূৰ্ণ বস্তুৰ পৰা। তেওঁ আৰু কৈছে: প্ৰেমিক আৰু আশ্বিক মহলত প্ৰচলিত যে, সিহঁতৰ বাবে নাৰীক অৰ্জন কৰা কঠিন হ’লে সিহঁতে নাৰীক গান শুনাবলৈ চেষ্টা কৰে, তেতিয়া নাৰী কোমল হয়। কাৰণ, নাৰীসকলে আৱাজৰ দ্বাৰা দ্ৰুত প্ৰভাৱিত হয়। গানৰ শব্দ সিহঁতৰ অনুভূতি শক্তিক দুটা ধৰণে ক্ৰিয়াশীল কৰে: শব্দ আৰু অৰ্থ উভয় দিশৰ পৰা। তেওঁ কৈছে: এইবোৰৰ লগত যদি দুফ, যুৱতী আৰু নাচ সঙ্গী হয়, তেনেহ’লে ই জাদু-মন্ত্ৰৰ দৰে কাম কৰে। যদি নাৰীসকলে গানৰ দ্বাৰা গৰ্ভৱতী হ’লেহেঁতেন, তেন্তে নিশ্চয় এইবোৰ গান তাইৰ বাবে উপযুক্ত আছিল। আল্লাহৰ শপত, গানৰ কাৰণেই বহুতো সম্ভ্ৰান্ত নাৰী পতিতা হৈছে!!” সমাপ্ত।

হে মুছলিম নাৰী! তুমি আল্লাহক ভয় কৰা, চৰিত্ৰ বিনষ্টকাৰী বেমাৰ অৰ্থাৎ গান শ্ৰৱণৰ পৰা দূৰৈত থকা, যিটো মুছলিম সমাজত বিভিন্ন পদ্ধতি আৰু বিভিন্ন উপায়ত ব্যাপকভাৱে প্ৰসাৰিত হৈছে, আৰু মূৰ্খ নাৰীসকলে তাক সংগ্ৰহ কৰি নিজৰ মাজতে আদান-প্ৰদান কৰিছে।

৩. লজ্জাস্থান হিফাজত কৰাৰ অংশ: মাহৰামবিহীন নাৰীৰ ভ্ৰমণ নকৰা

লজ্জাস্থান হিফাজত কৰাৰ আৰু এটা অংশ হৈছে নাৰীক মাহৰামবিহীন ভ্ৰমণ কৰিবলৈ নিদিয়া, যি মাহৰামে তাইক লোভী আৰু পাপিষ্ঠসকলৰ পৰা সংৰক্ষণ কৰিব আৰু নিৰাপত্তা দিব।

বিশুদ্ধ হাদীছত নাৰীক মাহৰামবিহীন ভ্ৰমণ কৰিবলৈ নিষেধ কৰা হৈছে। যেনে ইবনে ওমৰ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا تسافر المرأة ثلاثة أيام إلا مع ذي محرم«

নাৰীয়ে মাহৰামবিহীন তিনি দিনৰ ভ্ৰমণ নকৰিব”। 

আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহ ‘আনহুৰ পৰা বৰ্ণিত,

»أن النبي صلى الله عليه وسلم نهى أن تسافر المرأة مسيرة يومين أو ليلتين إلا ومعها زوجها، أو ذو محرم«

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীৰ দুদিন অথবা দুই ৰাতিৰ ভ্ৰমণ নিষেধ কৰিছে, যদি তাইৰ লগত স্বামী অথবা মাহৰাম নাথাকে”। 

এইদৰে আবু হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يحل لامرأة تؤمن بالله واليوم الآخر تسافر مسيرة يوم ولبلة إلا مع ذي محرم عليها«

যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে এনে কোনো নাৰীৰ বাবে মাহৰামবিহীন এদিন আৰু এক ৰাতিৰ দূৰত্ব ভ্ৰমণ কৰা বৈধ নহয়”।

এইবোৰ হাদীছত তিনি দিন, দুদিন আৰু এদিন এক ৰাতি ভ্ৰমণ নকৰাৰ যি পৰিমাণ বৰ্ণনা হৈছে সেয়া দৰাচলতে সেই সময়ৰ ভ্ৰমণ কৰাৰ প্ৰচলিত পৰম্পৰাৰ ভিত্তিত। তেতিয়া মানুহে খোজ কাঢ়ি আৰু বাহনত আৰোহণ কৰি এদিন, দুদিন আৰু তিনি দিন ভ্ৰমণ কৰিছিল। হাদীছত উল্লেখিত তিনি দিন, দুদিন আৰু এদিন এক ৰাতিৰ দ্বাৰা হাদীছৰ বাহ্যিক অৰ্থ উদ্দেশ্য নহয়, বৰং উদ্দেশ্য হৈছে যিটো দুৰত্বক ভ্ৰমণ বুলি কোৱা হয় সেইটোৱে মাহৰামবিহীন নাৰীসকলৰ বাবে নিষেধ।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘ছহিহ মুছলিমৰ ব্যাখ্যাত’: (৯/১০৩) কৈছে: “মূল কথা হৈছে: যাক ভ্ৰমণ বুলি কোৱা হয় সেই ভ্ৰমণত যদি নাৰীৰ লগত স্বামী বা মাহৰাম নাথাকে তেন্তে তাইক বাধা প্ৰদান কৰা হ’ব, সেইটো তিনি দিন হওক অথবা দুদিন অথবা এদিন এক ৰাতিয়ে নহওক কিয় অথবা ইয়াতকৈয়ো কম সময় ইত্যাদি। কাৰণ, ইবনে আব্বাছৰ পৰা বৰ্ণিত নিষেধাজ্ঞাৰ হাদীছটো সৰ্বসাধাৰণ, তাত নিৰ্দিষ্ট কোনো সময়ৰ উল্লেখ নাই, যিটো মুছলিমৰ এই অধ্যায়ৰ সৰ্বশেষ হাদীছ:

»لا تسافر امرأة إلا مع ذي محرم«

মাহৰামবিহীন নাৰীয়ে ভ্ৰমণ নকৰিব”। 

এই হাদীছে সকলো প্ৰকাৰ ভ্ৰমণক অন্তৰ্ভূক্ত কৰে, প্ৰত্যেক সেই দুৰত্ব যিটোক ভ্ৰমণ বুলি কোৱা।” আল্লাহেই ভাল জানে।

নাৰীসকলৰ গ্ৰুপৰ লগত যিসকলে নাৰীক ওৱাজিব হজ্জৰ অনুমতি প্ৰদান কৰিছে তেওঁলোকে ছুন্নত পৰিপন্থী সিদ্ধান্ত দিছে। ইমাম খাত্তাবী ৰাহিমাহুল্লাহে কৈছে: “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীক মাহৰামবিহীন ভ্ৰমণ কৰিবলৈ নিষেধ কৰিছে, এতেকে চৰ্তবিহীন তাইক হজ্জৰ ছফৰত বাহিৰ হোৱাৰ অনুমতি প্ৰদান কৰা ছুন্নত পৰিপন্থী, যি ছুন্নত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাস্তবায়ন কৰিছে। মাহৰামবিহীন নাৰীৰ ছফৰ বা ভ্ৰমণ কৰা পাপ গতিকে তাইৰ ওপৰত হজ্জ ওৱাজিব কোৱা ঠিক নহয়। এই আদেশে মানুহক পাপ কামৰ ফালে লৈ যাব”। সমাপ্ত।

মই (লেখক) কওঁ: যিসকলে নাৰীক গ্ৰুপৰ লগত বাহিৰ হোৱাৰ অনুমতি দিছে তেওঁলোকেও কিন্তু নাৰীক মাহৰামবিহীন যিকোনো ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই, তেওঁলোকে কেৱল ওৱাজিব হজ্জৰ বাবে অনুমতি দিছে।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে ‘আল-মাজমু’: (৮/২৪৯) গ্ৰন্থত কৈছে: “নফল ইবাদত বা ব্যৱসায় অথবা জিয়াৰতৰ বাবে আৰু এই ধৰণৰ ভ্ৰমণ মাহৰামবিহীন বৈধ নহয়।” সমাপ্ত।

এতেকে, এই যুগত যিহঁতে মাহৰামবিহীন নাৰীৰ প্ৰত্যেক ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা অবলম্বন কৰে সিহঁতৰ কথাৰ সমৰ্থনত গ্ৰহণযোগ্য কোনো আলিম নাই।

সিহঁতে কয়: এজন মাহৰামে প্লেনত উঠাই দিয়ে, আকৌ আন মাহৰামে এয়াৰপোৰ্টৰ পৰা তাইক লৈ যায় যেতিয়া প্লেন সেই ঠাইত গৈ পায়। সিহঁতৰ ধাৰণাত বহু নাৰী পুৰুষ একেলগে থকাৰ বাবে প্লেন নিৰাপদ।

আমি সিহঁতক কওঁ: এই ধৰণৰ ভ্ৰমণ কেতিয়াও নিৰাপদ নহয়, প্লেন অন্যান্য যানবাহনতকৈয়ো বেছি ক্ষতিকৰ। কাৰণ, ইয়াত যাত্ৰীসকলৰ বহাৰ ঠাই একেলগে থাকে, সম্ভৱত নাৰীৰ বহাৰ ঠাই কোনো পুৰুষৰ লগত হ’ব পাৰে অথবা এনে কোনো সমস্যা প্লেনত হ’ব পাৰে, যাৰ বাবে ই গতিপথ পৰিবৰ্তন কৰি আন কোনো এয়াৰপোৰ্টত ল্যান্ড কৰিব, য’ত তাইক সুৰক্ষাদাতা কোনো নাই, ফলত ফিতনাৰ সন্মুখীন হ’ব। নাৰীৰ যি দেশ পৰিচিত নহয় আৰু য’ত তাইক গ্ৰহণকাৰী কোনো মাহৰাম নাই, তাত তাইৰ অৱস্থা কি হ’ব পাৰে?

৪. লজ্জাস্থান হিফাজত কৰাৰ অংশ: নাৰীয়ে এনে কোনো পুৰুষৰ লগত নিৰ্জনে সাক্ষাত নকৰিব, যি তাইৰ মাহৰাম নহয়।

নাৰীক মাহৰামবিহীন পৰ-পুৰুষৰ লগত নিৰ্জনে সাক্ষাত কৰাৰ পৰা বিৰত ৰখা লজ্জাস্থান হিফাজত কৰাৰ এটা অংশ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»من كان يؤمن بالله واليوم الآخر فلا يخلون بامرأة ليس معها ذو محرم منها، فإن ثالثهما الشيطان«

যিয়ে আল্লাহ আৰু পৰকাল দিৱসৰ প্ৰতি ঈমান ৰাখে সি এনে নাৰীৰ লগত নিৰ্জনে সাক্ষাত নকৰিব যাৰ লগত মাহৰাম নাই। কাৰণ, সিহঁতৰ তৃতীয়জন হৈছে চয়তান”। 

আমিৰ ইবনে ৰাবি‘আৰ পৰা বৰ্ণিত, তেওঁ কৈছে: “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»ألا لا يخلون رجل بامرأة لا تحل له، فإن ثالثهما الشيطان، إلا محرم«

জানি থোৱা, কোনো পুৰুষে এনে নাৰীৰ লগত অকলশৰীয়াকৈ সাক্ষাত নকৰিব, যি তাৰ বাবে হালাল নহয়। কাৰণ, সিহঁতৰ মাজত তৃতীয়জন থাকে চয়তান, যদি পুৰুষজন মাহৰাম হয় সেয়া সুকীয়া কথা”। 

ইমাম মাজ`দ ইবনে তাইমিয়্যাহ ‘মুনতাকা’ গ্ৰন্থত কৈছে: ইমাম আহমদে উক্ত হাদীছ দুটা বৰ্ণনা কৰিছে, কিন্তু এই হাদীছৰ ভাবাৰ্থ বুখাৰী আৰু মুছলিমৰ হাদীছত আছে, যিটো ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত।

ইমাম শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৬/১২০) গ্ৰন্থত কৈছে: “পৰ-নাৰীৰ লগত নিৰ্জনে সাক্ষাত কৰা হাৰাম সকলোৱে একমত। এইদৰে ইজমা বৰ্ণনা কৰিছে হাফিজ ইবনে হাজাৰ ‘ফাতহুল বাৰী’ গ্ৰন্থত। হাৰাম হোৱাৰ কাৰণ সিহঁতৰ মাজত তৃতীয়জন চয়তান উপস্থিত থাকে, বিষয়টো হাদীছত স্পষ্ট। চয়তানৰ উপস্থিতিয়ে সিহঁতক হাৰাম কামত লিপ্ত কৰিব, কিন্তু মাহৰাম থাকিলে সাক্ষাত বৈধ। কাৰণ, তাৰ উপস্থিতিত পাপ সংঘটিত হোৱাৰ সম্ভাৱনা নাই।” সমাপ্ত।

কিছুমান নাৰী আৰু সিহঁতৰ অভিভাৱকে কিছুমান নিৰ্জন সাক্ষাত সম্পৰ্কে শিথিলতা কৰা দেখা যায়:

ক. স্বামীৰ নিকটাত্মীয়সকলৰ লগত নিৰ্জন সাক্ষাত কৰা আৰু সিহঁতৰ সন্মুখত চেহাৰা উন্মুক্ত ৰখা। প্ৰকৃততে সিহঁতৰ লগত নিৰ্জন সাক্ষাত কৰা অন্যান্য সাক্ষাততকৈ বেছি ক্ষতিকৰ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»إياكم والدخول على النساء، فقال رجل من الأنصار: يا رسول الله أفرأيت الحمو ؟ قال: الحمو: الموت«

সাৱধান, তোমালোকে নাৰীসকলৰ ওচৰত প্ৰৱেশ নকৰিবা, তেতিয়া এজন আনছাৰী ব্যক্তিয়ে ক’লে: হে আল্লাহৰ ৰাছুল, حمو দেওৰ বা স্বামীৰ ভায়েক সম্পৰ্কে কি কয়? তেখেতে ক’লে: দেওৰ বা স্বামীৰ ভায়েক হৈছে মৃত্যুস্বৰূপ”।

আৰবী ভাষাত স্বামীৰ ভাইকক الحمو বুলি কোৱা হয়। তেখেতে স্বামীৰ ভায়েকৰ লগত নিৰ্জন সাক্ষাতক মৃত্যুৰ দৰে অপছন্দ কৰিছে।

হাফিজ ইবনে হাজাৰ ৰাহিমাহুল্লাহে ‘ফাতহুল বাৰী’: (৯/৩৩১) গ্ৰন্থত কৈছে: ইমাম নাৱাৱীয়ে কৈছে: “ভাষাবিদসকলৰ আটায়ে একমত যে, الحمو অৰ্থ স্বামীৰ নিকটাত্মীয়, যেনে স্বামীৰ পিতৃ, স্বামীৰ খুৰা, স্বামীৰ ভাই, স্বামীৰ ভাইয়েকৰ ল’ৰা আৰু স্বামীৰ খুৰাৰ ল’ৰা প্ৰমুখসকল।” তেওঁ আৰু কৈছে: “হাদীছত স্বামীৰ নিকটাত্মীয়ৰ দ্বাৰা উদ্দেশ্য স্বামীৰ পিতৃ আৰু স্বামীৰ সন্তানৰ বাহিৰে অন্যান্য পুৰুষক বুজোৱা হৈছে, কাৰণ সিহঁত স্ত্ৰীৰ বাবে মাহৰাম, সিহঁতৰ লগত অকলশৰীয়া সাক্ষাত বৈধ। সিহঁতক মৃত্যুৰে তুলনা কৰা নাযাব।” তেওঁ কৈছে: “ভাইয়েকৰ স্ত্ৰী বা নবৌৰ লগত নিৰ্জনে সাক্ষাত কৰাৰ বিষয়টো মানুহে সচৰাচৰ শিথিলভাৱে দেখে অথচ ইয়াৰ উদাহৰণ হৈছে মৃত্যু। এইটোৱে সৰ্বাধিক নিষেধাজ্ঞাৰ পাত্ৰ।” সমাপ্ত।

শ্বাওকানী ৰাহিমাহুল্লাহে ‘নাইলুল আওতাৰ’: (৬/১২২) গ্ৰন্থত কৈছে: “الحمو: الموت এই কথাৰ অৰ্থ হৈছে, আনতকৈ ইয়াৰ পৰা অনিষ্টৰ আশংকা বেছি, যেনে অন্যান্য ভীতিকৰ বস্তুৰ পৰা মৃত্যু আটাইতকৈ বেছি ভীতিজনক।” সমাপ্ত।

হে মুছলিম নাৰী! আল্লাহক ভয় কৰা, এই বিষয়ে শিথিলতা নকৰিবা, যদিও মানুহে শিথিলতা কৰে। কাৰণ, মানুহৰ অভ্যাসতকৈ চৰিয়তৰ নিৰ্দেশ উপদেশ হিচাপে উত্তম।

খ. কিছুমান নাৰী আৰু সিহঁতৰ অভিভাৱক মাহৰামবিহীন ড্ৰাইভাৰৰ লগত অকলে চলাফুৰাৰ ক্ষেত্ৰত শিথিলতা অবলম্বন কৰে অথচ এইটোও হাৰাম নিৰ্জনতা।

ছৌদি আৰবৰ মুফতি শ্বাইখ মুহাম্মাদ ইব্ৰাহীম ৰাহিমাহুল্লাহে ‘মাজমুউল ফাতাৱা’ত: (১০/৫২) কৈছে: বৰ্তমান সময়ত ইয়াত কোনো সন্দেহ নাই যে, আনৰ গাড়িত মাহৰামবিহীন পৰ-নাৰীৰ অকলে চলাফুৰা কৰা বহু অনিষ্টৰ সন্মুখীন হোৱা স্বাভাৱিক। ইয়াত বহু অনিষ্ট আছে এই ক্ষেত্ৰত শিথিলতা কৰা কেতিয়াও সমীচীন নহয়। যদিও তাই লজ্জাশীল নাৰী অথবা বয়সস্থ পৱিত্ৰা নাৰী নহওক কিয়, যিয়ে সাধাৰণতে পুৰুষৰ লগত কথা কয়। যি ব্যক্তি তাৰ মাহৰাম নাৰীৰ বাবে এই ধৰণৰ আচৰণ পছন্দ কৰে তাৰ দ্বীনদাৰী দুৰ্বল, সি পুৰুষত্বহীন আৰু আত্মমৰ্যদাবোধশূন্য। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يخلون رجل بامرأة إلا كان ثالثهما الشيطان«

কোনো পুৰুষ নাৰীৰ লগত নিৰ্জনে সাক্ষাত নকৰিব, অন্যথা অৱশ্যই সিহঁতৰ তৃতীয়জন (উপস্থিত) হ’ব চয়তান”। 

পৰ-পুৰুষৰ লগত গাড়িত আৰোহণ কৰা, ঘৰ আৰু ঘৰৰ দৰে নিৰ্জনে সাক্ষাততকৈ বেছি ক্ষতিকৰ। ইয়াত যি অনিষ্ট আছে সেয়া নিৰ্জনে সাক্ষাত কৰাতো নাই।” সমাপ্ত।

মাহৰাম নিশ্চয় ডাঙৰ হোৱা জৰুৰী, যাৰ উপস্থিতিত নিৰ্জন সাক্ষাত নহয়, শিশু লগত থাকিলেই যথেষ্ট নহয়। কিছুমান নাৰীয়ে ভাৱে শিশু থাকিলেই নিৰ্জনতা গুচি যায় –এইটো ভুল ধাৰণা।

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছে: যদি পৰ-পুৰুষ পৰ-নাৰীৰ লগত তৃতীয় ব্যক্তিৰ বাহিৰে নিৰ্জনে সাক্ষাত কৰে তেন্তে এইটো সকলোৰে মতে হাৰাম। এইদৰে যদি তাইৰ লগত সৰু কোনো শিশু থাকে যাৰ উপস্থিতিত লাজ নহয় বয়স কম হোৱাৰ কাৰণে, এনেকুৱা শিশুৰ দ্বাৰা হাৰাম নিৰ্জনতা ভঙ্গ নহয়।

গ. কিছুমান নাৰী আৰু সিহঁতৰ অভিভাৱক চিকিৎসাৰ নামত ডাক্তৰৰ সাক্ষাত সম্পৰ্কে শিথিলতা কৰে, এইটোও ডাঙৰ অপৰাধ। ইয়াতো আছে ডাঙৰ অনিষ্ট যিটো মানি লোৱা আৰু যাৰ ওপৰত মৌনতা আবলম্বন কৰা ঠিক নহয়।

শ্বায়খ মুহাম্মাদ ইব্ৰাহীম ৰাহিমাহুল্লাহে ‘মাজমু‘উল ফাতাৱাত: (১০/১৩) কৈছে: “যিকে নহওক, পৰ-নাৰীৰ লগত নিৰ্জনে সাক্ষাত কৰা চৰিয়তৰ দৃষ্টিত হাৰাম, চিকিৎসক ডাক্তৰৰ বাবেও হাৰাম। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

»لا يخلون رجل بامرأة إلا كان ثالثهما الشيطان«

কোনো পুৰুষ নাৰীৰ লগত নিৰ্জনে সাক্ষাত নকৰিব, অন্যথা অৱশ্যই সিহঁতৰ তৃতীয়জন (উপস্থিত) হ’ব চয়তান”। 

নিশ্চয় নাৰীৰ লগত কাৰো থকাটো জৰুৰী, তাইৰ স্বামী অথবা আন কোনো মাহৰাম পুৰুষ। যদি পুৰুষ নাথাকে তথাপিও তাইৰ ওচৰত আত্মীয় নাৰী থকা জৰুৰী। যদি উল্লেখিত কোনোৱে নাথাকে, আৰু ইপিনে বেমাৰো কঠিন যাৰ বাবে দেৰি কৰা সম্ভৱ নহয়, তেনেহ’লে অৱশ্য ৰোগীৰ লগত সেৱিকা বা তাইৰ দৰে কোনোবা উপস্থিত থকা জৰুৰী, যাতে নিষিদ্ধ নিৰ্জনতা নহয়।” সমাপ্ত।

এইদৰে ডাক্তৰৰ বাবেও কোনো পৰ-নাৰীৰ লগত সাক্ষাত কৰা জায়েয নহয়, পৰ-নাৰী ৰোগীয়ে হওক বা তাৰ ডাক্তৰি পেচাৰ সঙ্গী অথবা নাৰ্চ। এইদৰে অন্ধ শিক্ষকৰ লগত ছাত্ৰীৰ নিৰ্জন সাক্ষাত বৈধ নহয়। এইদৰে পৰ-পুৰুষৰ লগত বিমানত এয়াৰহষ্টেছৰ নিৰ্জন সাক্ষাত বৈধ নহয়। পশ্চিমা সভ্যতা আৰু কাফিৰসকলৰ অন্ধ অনুকৰণৰ নামত মানুহে এই ক্ষেত্ৰত শিথিলতা কৰিছে। কাৰণ, দ্বীনী বিধানৰ প্ৰতি সিহঁতৰ কোনো ভ্ৰুক্ষেপ নাই। লা-হাওলা অলা কুউৱাতা ইল্লা-বিল্লাহ।

এইদৰে ঘৰত খাদ্দামাৰ (সেৱিকাৰ) লগত নিৰ্জন সাক্ষাত কৰাও বৈধ নহয়, যিয়ে তাৰ ঘৰত কাম কৰে। এইদৰে গৃহিনীৰ বাবে বৈধ নহয় খাদিমৰ (সেৱকৰ) লগত নিৰ্জন সাক্ষাত কৰা। সেৱক-সেৱিকা আৰু খাদেম-খাদ্দামাৰ সমস্যাটো বৰ্তমান যুগত বৰ ডাঙৰ আকাৰ ধাৰণ কৰিছে। কাৰণ, নাৰীসকল পঢ়া শুনা আৰু ঘৰৰ বাহিৰৰ কামত ব্যস্ত। সেয়ে মুমিনা নাৰী আৰু পুৰুষসকলৰ বেছি সতৰ্ক থকা জৰুৰী। সাৱধানতামূলক উপকৰণ গ্ৰহণ কৰা, আৰু কেতিয়াও বেয়া অভ্যাসৰ লগত জড়িত নোহোৱা।

পৰিসমাপ্তি: নাৰীৰ পৰ-পুৰুষৰ লগত মুছাফাহা কৰা হাৰাম।

শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহে কৈছে: পৰ-পুৰুষৰ লগত নাৰীসকলৰ বাবে মুছাফাহা কৰা কোনো অৱস্থাতেই বৈধ নহয়। সিহঁত যুৱতী হওক অথবা বৃদ্ধা, আৰু মুছাফাহাকাৰী যুৱক হওক অথবা বৃদ্ধ। কাৰণ, ইয়াত উভয়ৰে অনিষ্টৰ আশংকা আছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ ছনদত প্ৰমাণিত আছে, তেওঁ কৈছে:

»إني لا أصافح النساء«

মই নাৰীসকলৰ লগত মুছাফাহা নকৰো”। 

আইশ্বা ৰাদিয়াল্লাহু ‘আনহাই কৈছে:

»ما مست يد رسول الله صلى الله عليه وسلم يد امرأة قط، ما كان يبايعهن إلا بالكلام«

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাত কেতিয়াও কোনো নাৰীৰ হাত স্পৰ্শ কৰা নাই, তেওঁ সিহঁতৰ লগত কেৱল কথাৰ দ্বাৰাহে বায়‘আত কৰিছিল”। 

পৰ্দাৰ আঁৰৰ পৰা অথবা পৰ্দাবিহীন মুছাফাহাৰ মাজত কোনো পাৰ্থক্য নাই। কাৰণ, দলীল সৰ্বসাধাৰণ। ফিতনাৰ দুৱাৰ বন্ধ কৰাৰ স্বাৰ্থত সকলোকে নিষেধ কৰাটোৱে শ্ৰেয়”। সমাপ্ত।

শ্বাইখ মুহাম্মাদ আমীন শ্বানকিতী ৰাহিমাহুল্লাহে তেখেতৰ তাফছীৰ ‘আজৱাউল বায়ান’: (৬/৬০২) গ্ৰন্থত কৈছে: জানি থোৱা যে, পুৰুষৰ বাবে পৰ-নাৰীৰ লগত মুছাফাহা কৰা বৈধ নহয়। নাৰীৰ কোনো অংগ পুৰুষৰ কোনো অংগক স্পৰ্শ কৰা বৈধ নহয়। দলীল:

এক. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত, তেওঁ কৈছে:

» إني لا أصافح النساء«

মই নাৰীসকলৰ লগত মুছাফাহা নকৰো”। 

আল্লাহ তা‘আলাই কৈছে:

﴿لَّقَدۡ كَانَ لَكُمۡ فِي رَسُولِ ٱللَّهِ أُسۡوَةٌ حَسَنَة﴾ [الاحزاب: ٢١]

নিশ্চয় তোমালোকৰ বাবে ৰাছুলুল্লাহৰ মাজত আছে উত্তম আদৰ্শ”। [ আল- আহযাব, আয়াত: ২১]

এতেকে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰি নাৰীসকলৰ লগত মুছাফাহা নকৰাই আমাৰ কৰ্তব্য।...... তাৰ পিছত কৈছে, বায়‘আতৰ সময়ত নাৰীসকলৰ লগত মুছাফাহা নকৰা স্পষ্টভাৱে প্ৰমাণ কৰে যে, পুৰুষে কেতিয়াও নাৰীৰ লগত মুছাফাহা নকৰিব। পুৰুষৰ শৰীৰৰ কোনো অংশ নাৰীৰ শৰীৰক স্পৰ্শ নকৰিব। কাৰণ একেবাৰে নিম্নতৰ স্পৰ্শ হৈছে মুছাফাহা। বায়‘আতৰ মুহূৰ্ততো যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীসকলৰ লগত মুছাফাহা কৰা নাই, এইটোৱে প্ৰমাণ কৰে যে, সিহঁতৰ লগত মুছাফাহা কৰা বৈধ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্য হোৱাৰ সুযোগ নাই, তেওঁ নিজ কথা, কৰ্ম আৰু সমৰ্থনৰ দ্বাৰা উম্মতক কৰণীয়সমূহ স্পষ্ট কৰি গৈছে।

দুই. আমি আগতে আলোচনা কৰিছো যে, নাৰীৰ গোটেই শৰীৰ পৰ্দাৰ যোগ্য, সেয়ে পৰ্দা কৰা তাইৰ বাবে জৰুৰী। ফিতনাৰ আশংকাত চকু অৱনত ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ইয়াত কোনো সন্দেহ নাই যে, শৰীৰৰ লগত শৰীৰৰ স্পৰ্শ প্ৰবৃত্তিক জগাই তোলে, যিটো চকুৰ দৃষ্টিতকৈও অধিক ক্ষতিকৰ। এই বিষয়সমূহ কম-বেছি সকলোৱে জানে।

তিনি. বৰ্তমান সময়ত তাক্বৱা নথকাৰ বাবে আমানতদাৰী নথকাৰ বাবে আৰু সন্দেহপূৰ্ণ স্থান পৰিহাৰ নকৰাৰ বাবে পৰ-নাৰীৰ শৰীৰৰ স্পৰ্শ এক প্ৰকাৰ ভোগ। আমি একাধিকবাৰ শুনিছো যে, কিছুমান পুৰুষে নিজ খুলশালীৰ মুখৰ ওপৰত মুখ ৰাখি চুমা খায়, যিটো সিহঁতৰ ওচৰত ছালামৰ চুমা হিচাপে জনাযাত, যিটো হাৰাম। সিহঁতে কয়: ছালাম কৰিছে অৰ্থাৎ চুমা খাইছে। সত্য কথা, য’ত কোনো সন্দেহ নাই যে, সকলো প্ৰকাৰ ফিতনা, সন্দেহ আৰু তাৰ উপকৰণৰ পথ বন্ধ কৰা জৰুৰী, যাৰ অন্যতম হৈছে নাৰীৰ শৰীৰ কোনো অংশক পুৰুষৰ স্পৰ্শ কৰা। হাৰামৰ পথ বন্ধ কৰা ওৱাজিব...”। সমাপ্ত।

শেষকথা:

হে মুমিন পুৰুষ আৰু মুমিনা নাৰী! তোমালোকক আল্লাহৰ উপদেশ স্মৰণ কৰাই দিছো, তেওঁ কৈছে:

﴿قُل لِّلۡمُؤۡمِنِينَ يَغُضُّواْ مِنۡ أَبۡصَٰرِهِمۡ وَيَحۡفَظُواْ فُرُوجَهُمۡۚ ذَٰلِكَ أَزۡكَىٰ لَهُمۡۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا يَصۡنَعُونَ ٣٠ وَقُل لِّلۡمُؤۡمِنَٰتِ يَغۡضُضۡنَ مِنۡ أَبۡصَٰرِهِنَّ وَيَحۡفَظۡنَ فُرُوجَهُنَّ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنۡهَاۖ وَلۡيَضۡرِبۡنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّۖ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوۡ ءَابَآئِهِنَّ أَوۡ ءَابَآءِ بُعُولَتِهِنَّ أَوۡ أَبۡنَآئِهِنَّ أَوۡ أَبۡنَآءِ بُعُولَتِهِنَّ أَوۡ إِخۡوَٰنِهِنَّ أَوۡ بَنِيٓ إِخۡوَٰنِهِنَّ أَوۡ بَنِيٓ أَخَوَٰتِهِنَّ أَوۡ نِسَآئِهِنَّ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُنَّ أَوِ ٱلتَّٰبِعِينَ غَيۡرِ أُوْلِي ٱلۡإِرۡبَةِ مِنَ ٱلرِّجَالِ أَوِ ٱلطِّفۡلِ ٱلَّذِينَ لَمۡ يَظۡهَرُواْ عَلَىٰ عَوۡرَٰتِ ٱلنِّسَآءِۖ وَلَا يَضۡرِبۡنَ بِأَرۡجُلِهِنَّ لِيُعۡلَمَ مَا يُخۡفِينَ مِن زِينَتِهِنَّۚ وَتُوبُوٓاْ إِلَى ٱللَّهِ جَمِيعًا أَيُّهَ ٱلۡمُؤۡمِنُونَ لَعَلَّكُمۡ تُفۡلِحُونَ ٣١﴾ [النور: ٣٠ ٣١]

(হে নবী) মুমিন পুৰুষসকলক কোৱা, সিহঁতে যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু সিহঁতৰ লজ্জাস্থানৰ হিফাজত কৰে। এইটোৱে সিহঁতৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত। আৰু মুমিনা নাৰীসকলক কোৱা, সিহঁতেও যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু সিহঁতৰ লজ্জাস্থানৰ হিফাজত কৰে। আৰু যি সাধাৰণতে প্ৰকাশ পায় তাৰ বাহিৰে সিহঁতে যেন সিহঁতৰ সৌন্দৰ্য প্ৰকাশ নকৰে। সিহঁতে যেন সিহঁতৰ ওড়নাৰে নিজ বক্ষস্থলক আবৃত কৰি ৰাখে। সিহঁতে যেন নিজ স্বামী, পিতৃ, স্বামীৰ পিতৃ , নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃ, ভতিজা, ভাগিন, লগৰীয়া তিৰোতা, নিজৰ দাসী, যৌনকামনা বোধ নকৰা অধীনস্থ পুৰুষ অথবা নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ বালকৰ বাহিৰে আন কাৰো আগত নিজৰ সৌন্দৰ্য প্ৰকাশ নকৰে। আৰু সিহঁতে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ বাবে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক সকলোৱে আল্লাহৰ ওচৰত তাওবা কৰা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা”। [ আন-নূৰ, আয়াত: ৩০-৩১]

সমাপ্ত

আজি তাৰিখ ২২. ০১. ২০১৬ শুক্ৰবাৰ পোৱা ১.৩৫ am মিনিট

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

বিল্ডিং নং ১৭, ৪/৫৩৫ নং কোঠা