دين الحق
সকলো ধৰণৰ প্রশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক আল্লাহৰ সকলো ৰাছুলৰ প্ৰতি। ইয়াৰ পিছতঃ
এতেকে মুক্তিৰ এই আহ্বান -পুৰুষ হওক অথবা নাৰী- মই প্রত্যেক জ্ঞানীৰ বাবে উপস্থাপন কৰিছোঁ, সুউচ্চ মহান আল্লাহৰ ওচৰত এই আশা পোষণ কৰি যে, পথভ্রষ্টসকলে যাতে ইয়াৰ দ্বাৰা কল্যাণ লাভ কৰিব পাৰে। মোৰ লগতে যিসকলে এই পুথিখন প্রকাশনাৰ ক্ষেত্রত অংশ গ্রহণ কৰিছে তেওঁলোক সকলোৰে বাবে উত্তম ছোৱাব কামনা কৰি দুআ কৰিছোঁ। ইয়াৰ পিছত সহায়কাৰী আল্লাহৰ সহায় বিচাৰি মই কওঁ:-
হে বিবেকৱান মানৱ! জানি থওক, আপোনাৰ যি প্ৰতিপালকে আপোনাক সৃষ্টি কৰিছে তেওঁৰ বিষয়ে নজনাকৈ ইহকাল আৰু পৰকালত আপোনাৰ কোনো মুক্তি আৰু মঙ্গল নাই। তেওঁৰ ওপৰত ঈমান পোষণ নকৰাকৈ আৰু একমাত্র তেওঁৰেই ইবাদত নকৰাকৈ, লগতে আপোনাৰ প্ৰতিপালকে আপোনাৰ ওচৰলৈ তথা গোটেই মানৱজাতিৰ প্ৰতি প্রেৰণ কৰা নবীক নজনাকৈ, আৰু তেওঁৰ ওপৰত ঈমান পোষণ নকৰাকৈ, তেওঁৰ অনুসৰণ নকৰাকৈ, আৰু আপোনাক যি দ্বীন গ্রহণ কৰিবলৈ আপোনাৰ প্ৰতিপালকে আপোনাক নির্দেশ দিছে, সেই সত্য দ্বীন সম্পৰ্কে নজনাকৈ, তথা ইয়াৰ প্রতি ঈমান পোষণ নকৰাকৈ আৰু সেই অনুযায়ী আমল নকৰাকৈ আপোনাৰ কোনো মুক্তি তথা কল্যাণ নাই।
আৰু এই গ্রন্থ, ‘দ্বীনে হক্ক’ বা ‘শাশ্বত জীৱন ব্যৱস্থা’, যিখন আপোনাৰ সন্মুখত উপস্থাপন কৰিছোঁ, তাত এই মহান বিষয়সমূহৰ বর্ণনা আছে। যিবোৰ জনা আৰু তাৰ প্ৰতি আমল কৰা আপোনাৰ বাবে একান্ত কৰ্তব্য। যিবোৰ বাক্য অথবা যিবোৰ মাছআলাত অতিৰিক্ত বর্ণনাৰ প্রয়োজন দেখা দিছে সেইবোৰ মই টোকাত আলোচনা কৰিছোঁ। এই সকলোবোৰ মই মহান আল্লাহৰ বাণী আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ ওপৰত ভিত্তি কৰিহে বৰ্ণনা কৰিছোঁ। কাৰণ সত্য ধৰ্ম বা দ্বীন, যিটোৰ বাহিৰে আল্লাহে বেলেগ কোনো ধৰ্ম গ্রহণ নকৰিব, তাৰ একমাত্র প্রত্যাৱর্তনস্থল হৈছে এই দুটা।
আৰু মই অন্ধ অনুকৰণ পৰিত্যাগ কৰিছোঁ, যিটোৱে বহুত মানুহক পথভ্রষ্ট কৰিছে। বৰং মই কিছুমান এনেকুৱা সম্প্রদায়ৰ বিষয়েও উল্লেখ কৰিছোঁ যিসকল পথভ্রষ্ট, অথচ সিহঁতে নিজকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি দাবী কৰে, বাস্তৱত সিহঁতে সত্যৰ পৰা বহু দূৰত অৱস্থান কৰিছে। মই উল্লেখ কৰাৰ কাৰণ হৈছে যাতে এইবোৰ দল আৰু মতৰ সৈতে সম্পর্কযুক্ত অজ্ঞ লোকসকল তথা অন্যান্য লোকসকলে ইয়াৰ পৰা সাৱধান হ’ব পাৰে। মোৰ বাবে আল্লাহেই যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কর্মবিধায়ক।
ইতি মহান আল্লাহৰ ক্ষমাৰ মুখাপেক্ষী
আব্দুৰ ৰহমান ইবনে হাম্মাদ আ-লে ওমৰ
শিক্ষকঃ ধৰ্মীয় বিজ্ঞান বিভাগ
হে বিবেকৱান ব্যক্তি! জানি থওক, নিশ্চয় যি সত্ত্বাই আপোনাক অস্তিত্বহীনৰ পৰা অস্তিত্ব প্ৰদান কৰিছে তথা বিভিন্ন নিয়ামতৰ মাজত আপোনাক লালন-পালন কৰিছে, তেৱেঁই হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ তাআলা। মহান আল্লাহ তা‘আলাৰ([1]) প্রতি ঈমান পোষণ কৰা, জ্ঞানীসকলে তেওঁক চকুৰে নেদেখিলেও এনেকুৱা বহুতো নিদর্শনাৱলী দেখিছে যিবোৰে তেওঁৰ অস্তিত্বক প্রমাণ কৰে, লগতে এই কথাও প্ৰমাণ কৰে যে, তেৱেঁই স্রষ্টা, তেৱেঁই গোটেই বিশ্বক নিয়ন্ত্রণ কৰে। ফলত তেওঁলোকে তেওঁৰ প্ৰতি ঈমান আনিছে। উক্ত প্রমাণাদি যেনে:
প্ৰথম প্ৰমাণঃ
জগত, মানৱ আৰু জীৱন: এই সকলোবোৰ হৈছে নশ্বৰ। এইবোৰৰ আদি অন্ত দুয়োটাই আছে। লগতে এইবোৰ আনৰ মুখাপেক্ষী। এতেকে নশ্বৰ আৰু আনৰ মুখাপেক্ষী সকলোৱে হৈছে সৃষ্ট বা মখলুক, আৰু প্রত্যেক সৃষ্টিৰ বাবেই স্রষ্টা অত্যাৱশ্যক, সেই মহান স্রষ্টাই হৈছে আল্লাহ। আল্লাহে স্বয়ং নিজৰ পৱিত্র সত্ত্বা সম্পর্কে কৈছে যে, তেওঁ স্রষ্টা, তেওঁ গোটেই বিশ্বজগতৰ নিয়ন্ত্রণকাৰী। আল্লাহৰ ফালৰ পৰা তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীর্ণ হোৱা কিতাবসমূহত এই বিষয়টো উল্লেখ হৈছে।
আল্লাহৰ ৰাছুলসকলে তেওঁৰ এই বাণী মানুহৰ ওচৰলৈ পৌঁচাই দিছে। আৰু সিহঁতক আল্লাহৰ প্রতি ঈমান আনিবলৈ আৰু একমাত্র তেওঁৰেই ইবাদত কৰিবলৈ আহ্বান কৰিছে। মহান আল্লাহে তেওঁৰ শ্রেষ্ঠ গ্রন্থ আল-কোৰআনত কৈছেঃ নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়! (ছুৰা আল-আৰাফঃ ৫৪)
আয়াতটোৰ সাৰাংশ:
আল্লাহে গোটেই মানৱজাতিক জনাই দিছে যে, নিশ্চয় তেৱেঁই হৈছে সিহঁতৰ ৰব্ব, যিজনে আকাশমণ্ডল আৰু পৃথিৱী ছয় দিনত([2]) সৃষ্টি কৰিছে। লগতে তেওঁ জনাইছে যে, তেওঁ আৰচৰ ওপৰত([3]) উঠিছে।
আৰচ হৈছে আকাশমণ্ডলৰ ওপৰত, যিটো সৃষ্টিৰ মাজত সর্বোচ্চ আৰু সর্বপ্রশস্ত। আল্লাহ তা‘আলা আৰচৰ ওপৰৰ পৰাই সমগ্র সৃষ্টি সম্পৰ্কে জ্ঞাত তথা সকলোকে দেখিবলৈ পায় আৰু শুনা পায়। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ এই কথাও স্পষ্টভাৱে জনাই দিছে যে, তেৱেঁই ৰাতিক সৃষ্টি কৰিছে, যিটোৱে দিনক অন্ধকাৰৰ দ্বাৰা ঢাকি পেলায় আৰু দ্রুতগতিত ই দিনক অনুসৰণ কৰে। তেওঁ আৰু কৈছে যে, তেৱেঁই সূর্য-চন্দ্র, গ্রহ-নক্ষত্রৰাজী আদিক সৃষ্টি কৰিছে। তেওঁৰ নির্দেশতেই এইবোৰে নিজৰ নিজৰ গতিপথত পৰিভ্রমণ কৰি আছে। তেওঁ এই কথাও কৈছে যে, সৃষ্টি কৰা আৰু নির্দেশ দিয়াৰ অধিকাৰ এককভাৱে তেওঁৰ বাবেই সংৰক্ষিত। তেওঁ সত্ত্বাগতভাৱে তথা গুণাৱলীৰ ক্ষেত্ৰত মহান আৰু ত্ৰুটিহীন। তেওঁ সদায় অসংখ্য অগণন কল্যাণ দান কৰি থাকে, তেৱেঁই বিশ্বজগতৰ প্ৰতিপালক, যিজনে সিহঁতক সৃষ্টি কৰিছে তথা নিয়ামতৰ মাজত ডাঙৰ দীঘল কৰিছে।
আল্লাহ তাআলাই আৰু কৈছেঃ আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। (ছুৰা ফুচ্ছিলাতঃ ৩৭)
আয়াতটোৰ সাৰাংশ:
আল্লাহ তা‘আলাই কৈছে যে, তেওঁৰ অস্তিত্বক প্ৰমাণ কৰিবলৈ দিন-ৰাতি, চন্দ্র-সূৰ্য আদি হৈছে অন্যতম নিদর্শনাৱলী। লগতে তেওঁ সূর্য্য আৰু চন্দ্রক ছাজদাহ কৰিবলৈও নিষেধ কৰিছে। কিয়নো এই দুটাও অন্যান্য বস্তুবোৰৰ দৰেই মখলুক বা সৃষ্টিৰ অন্তর্ভুক্ত, আৰু সৃষ্টিক ইবাদত কৰা কোনো পধ্যেই বৈধ নহয়। কাৰণ ছাজদাহ হৈছে ইবাদতৰ এটা অংশবিশেষ। গতিকে অন্যান্য আয়াতৰ দৰে এই আয়াততো তেওঁ এককভাৱে আল্লাহকেই ছাজদাহ কৰাৰ নির্দেশ দিছে। কিয়নো তেৱেঁই হৈছে স্রষ্টা, বিশ্বজগতক তেৱেঁই পৰিচালনা কৰে। গতিকে ইবাদতৰ উপযুক্তও একমাত্ৰ তেৱেঁই।
দ্বিতীয় প্ৰমাণঃ
নৰ-নাৰীৰ সৃষ্টি: আল্লাহ তাআলাই পুৰুষ আৰু নাৰী সৃষ্টি কৰিছে। এই দুটাৰ অস্তিত্বই আল্লাহৰ অস্তিত্বৰ সুস্পষ্ট প্রমাণবহন কৰে।
তৃতীয় প্ৰমাণঃ
ভাষা আৰু ৰঙৰ ভিন্নতা: কেতিয়াও দুজন মানুহৰ ৰং আৰু কণ্ঠস্বৰ একেই দেখিবলৈ পোৱা নাযায় বৰং দুয়োজনৰ মাজত কিবা নহয় কিবা পাৰ্থক্য নিশ্চয় থাকে।
চতুৰ্থ প্ৰমাণঃ
তাক্বদীৰৰ পার্থক্য: কোনোবা ধনী, কোনোবা দৰিদ্ৰ, কোনোবা ৰজা আৰু কোনোবা প্ৰজা হৈ এই পৃথিৱীত বাস কৰে, যদিও একেই সময়তে প্ৰত্যেকেই বিবেকৱান, চিন্তাশীল আৰু বিদ্বান, লগতে প্ৰত্যেকৰে থাকে ধন, মর্যাদা আৰু সুন্দৰী স্ত্রী লাভ কৰাৰ আগ্রহ। কিন্তু আল্লাহে যিখিনি ভাগ্যত নিৰ্ধাৰণ কৰিছে তাৰ বাহিৰে কোনেও একো অৰ্জন কৰিব নোৱাৰে।
ইয়াৰ মাজতো আছে আল্লাহ ছুবহানাহু([4]) তাআলাই বিচৰা এটা মহান হিকমত বা ৰহস্য; সেইটো হৈছে, তেওঁ মানুহৰ মাজৰ কিছুমানক আন কিছুমানৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে, যাতে কিছুমানে আন কিছুমানক সেৱা আগবঢ়াব পাৰে, আৰু যাতে কোনো ব্যক্তিৰেই উপকাৰহানী নহয়।
এই পৃথিৱীত আল্লাহে যাৰ বাবে ধন-সম্পত্তি নির্ধাৰণ কৰা নাই তাৰ বাবে জান্নাতত অতি উত্তম নিয়ামত সংৰক্ষণ কৰি ৰাখিছে বুলি আল্লাহে জনাই দিছে; যদিহে তেওঁ আল্লাহৰ ওপৰত ঈমান পোষণ কৰি মৃত্যুবৰণ কৰে। লগতে পৃথিৱীতেই আল্লাহ তা‘আলাই দৰিদ্র লোকসকলক মানসিক আৰু শাৰীৰিক দিশৰ পৰা এনেকুৱা কিছুমান বৈশিষ্ট্য দান কৰিছে, যিবোৰ অধিকাংশ ক্ষেত্রতে বহুতো ধনী লোকসকলে লাভ কৰা নাই। এইটোৱে হৈছে আল্লাহৰ হিকমত আৰু ন্যায় বিচাৰৰ নিদর্শন।
পঞ্চম প্ৰমাণঃ
টোপনি আৰু সঁচা সপোন: যিবোৰৰ মাধ্যমত আল্লাহ তা‘আলাই টোপনিত থকা ব্যক্তিক বহুতো নজনা বিষয়ৰ সুসংবাদ দিয়ে অথবা ভীতি প্রদর্শন কৰে।
ষষ্ঠ প্ৰমাণঃ
ৰূহ: যাৰ বাস্তৱতা সম্পৰ্কে একমাত্র আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
সপ্তম প্ৰমাণঃ
মানৱ শৰীৰ: মানৱ আৰু তাৰ শৰীৰৰ ইন্দ্রিয়, সিৰা, উপ-সিৰা আৰু মস্তিষ্ক তথা পৰিপাকৰ যন্ত্রাংশ প্রভৃতি।
অষ্টম প্ৰমাণঃ
বৃষ্টি: আল্লাহে মৃত পৃথিৱীৰ বুকুত বৰষুণৰ পানী অৱতীৰ্ণ কৰে। ফলত বিভিন্ন ধৰণৰ, বিভিন্ন ৰং বিৰঙৰ, উপকাৰী আৰু প্রয়োজনীয় গছ-গছনি তথা তৃণলতা উৎপত্তি হয়। এইবোৰ হৈছে আল্লাহৰ অস্তিত্বৰ অসংখ্য প্রমাণাদিৰ মাজৰ পৰা কেইটিমান প্রমাণহে, যিবোৰ আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছে। লগতে তেওঁ এই কথাও স্পষ্ট কৰিছে যে, এইবোৰ হৈছে তেওঁৰ অস্তিত্বৰ প্ৰতিষ্ঠিত প্ৰমাণ, তথা এই কথাৰ প্ৰমাণ যে, তেৱেঁই স্ৰষ্টা আৰু তেৱেঁই গোটেই বিশ্বজগতৰ পৰিচালক।
নৱম প্ৰমাণঃ
মানৱ প্রকৃতি: যিটো স্বভাৱ বা প্রকৃতি প্ৰদান কৰি আল্লাহে মানুহক সৃষ্টি কৰিছে, সেইটো হৈছে এই যে, মানুহে আল্লাহৰ অস্তিত্বক মানি লব আৰু সিহঁতে নিজৰ সৃষ্টিকৰ্তা আৰু নিয়ন্ত্রণকাৰীৰ প্ৰতি ঈমান আনিব। যিয়ে এইটোক অস্বীকাৰ কৰে সি দৰাচলতে নিজৰ আত্মাক ভ্রান্তি আৰু হতাশাত নিক্ষেপ কৰে। উদাহৰণস্বৰূপে কমিউনিষ্টৰ([5]) কথা উল্লেখ কৰিব পাৰি। সিহঁতে এই জীৱনত ক্ষতিগ্রস্ততাৰ মাজত বাস কৰে আৰু মৃত্যুৰ পিছত সিহঁতৰ গন্তব্যস্থল হৈছে জাহান্নাম। কাৰণ সিহঁতে সেই সত্ত্বাক অস্বীকাৰ কৰিছে যিয়ে সিহঁতক অস্তিত্বহীনতাৰ পৰা অস্তিত্ব প্ৰদান কৰিছে আৰু বিভিন্ন নিয়ামতৰ মাজত তাক ডাঙৰ দীঘল কৰিছে। যদি সিহঁতে আল্লাহৰ ওচৰত তাওবা নকৰে, লগতে তেওঁৰ ওপৰত আৰু তেওঁৰ দ্বীন আৰু নবীৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতৰ বাবে জাহান্নাম নিশ্চিত।
দশম প্ৰমাণঃ
আল্লাহৰ কিছুমান সৃষ্টিৰ মাজত আছে বৰকত তথা প্রাচুর্য: যেনে ছাগলী; আৰু বৰকতৰ বিপৰীত হৈছে অকর্মণ্য তথা নিষ্ফল হোৱা যেনে- কুকুৰ আৰু মেকুৰী।
***
আল্লাহৰ এটা অন্যতম গুণ হৈছে এই যে
তেওঁ প্রথম, যাৰ কোনো আদি বা আৰম্ভণি নাই। তেওঁ চিৰঞ্জীৱ, চিৰস্থায়ী, কেতিয়াও মৃত্যুবৰণ নকৰিব আৰু কেতিয়াও শেষ নহ’ব। তেওঁ ধনাঢ্য, নিজেই প্রতিষ্ঠিত, কাৰো মুখাপেক্ষী নহয়। তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহ তা‘আলাই কৈছেঃ কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়, (১) আল্লাহ অমুখাপেক্ষী। (২) তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই, (৩) আৰু তেওঁৰ সমতুল্য কোনো নাই’। (৪) (ছুৰা আল-ইখলাচঃ ১-৪)
আয়াতৰ সাৰাংশঃ
কাফিৰসকলে যেতিয়া সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আল্লাহৰ গুণ সম্পৰ্কে প্রশ্ন কৰিলে, তেতিয়া আল্লাহে তেওঁৰ ওপৰত এই ছুৰা অৱতীৰ্ণ কৰিলে আৰু তেওঁক নিৰ্দেশ দিলে যে, তেওঁ যেন সিহঁতক এইদৰে কয়ঃ
আল্লাহ একক আৰু অদ্বিতীয়। তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ চিৰঞ্জীৱ, চিৰস্থায়ী আৰু সকলো বস্তুৰ নিয়ন্ত্রণকাৰী। গোটেই বিশ্বজগত, মানৱজাতি আৰু সকলো বস্তুৰ ওপৰতেই তেওঁৰ একক কর্তৃত্ব আছে। সকলো ধৰণৰ প্রয়োজন পূৰণৰ বাবে মানুহে একমাত্র তেওঁৰ ওচৰতেই উভতি অহা উচিত।
তেওঁ কাকো জন্ম দিয়া নাই, আৰু কাৰো পৰা জন্মও লোৱা নাই। তেওঁৰ কোনো পুত্র বা কন্যা, পিতা অথবা মাতৃ নাই। তেওঁ এইবোৰ কঠোৰভাৱে অস্বীকাৰ কৰিছে, এই ছুৰাতো কৰিছে আৰু অন্যান্য ছুৰাতো কৰিছে। কিয়নো, পর্যায়ক্রমে অহা তথা জন্মলাভ কৰাটো হৈছে সৃষ্টিৰ গুণবিশেষ। ইয়াৰ দ্বাৰা আল্লাহে খ্ৰীষ্টানসকলৰ মতবাদক খণ্ডন কৰিছে, যিসকলে কয় যে, ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ পুত্র’ আৰু ইয়াহূদীসকলৰ কথাও খণ্ডন কৰিছে যিসকলে কয় যে, ‘উযাইৰ হৈছে আল্লাহৰ পুত্র’, লগতে সেইসকল লোকৰ কথাকো খণ্ডন কৰিছে যিসকলে কয় যে, ‘ফিৰিস্তাসকল হৈছে আল্লাহৰ কন্যা’। সিহঁতক ভৰ্ৎসনা কৰিছে আৰু সিহঁতৰ মতবাদক বাতিল ঘোষণা কৰিছে।
তেওঁ এই কথাও স্পষ্ট কৰিছে যে, তেৱেঁই নিজ ক্ষমতাত ঈছা আলাইহিচ্ছালামক পিতা নোহোৱাকৈ সৃষ্টি কৰিছে, যিদৰে মানৱ পিতা আদম আলাইহিচ্ছালামক মাটিৰ পৰা সৃষ্টি কৰিছিল, লগতে যিদৰে মানুহৰ মাতৃ হাৱাক আদমৰ কাষৰ হাড়ৰ পৰা সৃষ্টি কৰিছিল। ফলত আদম আলাইহিচ্ছালামে হাৱা আলাইহাচ্ছালামক তেওঁৰ কাষত দেখিবলৈ পাইছিল। ইয়াৰ পিছত আদম সন্তানক নাৰী-পুৰুষৰ বীর্যৰ পৰা সৃষ্টি কৰিছে। আল্লাহে প্ৰত্যেক সৃষ্টিকেই অস্তিত্বহীনতাৰ পৰা অস্তিত্ব প্ৰদান কৰিছে। ইয়াৰ পিছত তেওঁ সকলো সৃষ্টিকেই বিশেষ নিয়ম তথা পদ্ধতি অনুযায়ী সৃষ্টি কৰিছে। যিটোক তেওঁৰ বাহিৰে আন কোনেও পৰিবর্তন কৰিব নোৱাৰে। আৰু যদি তেওঁ এই নিয়ম পদ্ধতিক পৰিবর্তন কৰিব বিচাৰে, তেন্তে যিদৰে ইচ্ছা সেইদৰেই পৰিবৰ্তন কৰে।
তেওঁ এই নিয়ম কেইবাটাও সময়ত পৰিবৰ্তন কৰিছিল, উদাহৰণস্বৰূপে ঈছা আলাইহিচ্ছালামক পিতা নোহোৱাকৈ মাতৃৰ পৰা সৃষ্টি কৰিছিল। তেওঁক দোলনাত থকা অৱস্থাত কথা কোৱাৰ শক্তি প্ৰদান কৰিছিল, মূছা আলাইহিচ্ছালামৰ লাখুটিক ধাৱমান সাপত পৰিণত কৰিছিল, আৰু তাৰ দ্বাৰা সাগৰৰ ওপৰত আঘাত কৰাৰ মাধ্যমত তেওঁৰ আৰু তেওঁৰ সম্প্ৰদায়ৰ বাবে অতিক্রমযোগ্য পথ সৃষ্টি কৰিছিল, সর্বশেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা চন্দ্র দ্বিখণ্ডিত কৰিছিল, ৰাস্তাৰে চলাফুৰা কৰাৰ সময়ত গছে তেখেতক ছালাম কৰিছিল। প্রাণীৰ ফালৰ পৰা তেখেতৰ বিশ্বস্ততাৰ এনেকুৱা সাক্ষ্য প্রদান কৰোৱাইছিল যিটো মানুহে শুনা পাইছিল, এইদৰে কৈছিল মই সাক্ষ্য দিওঁ যে, আপুনি আল্লাহৰ ৰাছুল। ঠিক সেইদৰে তেখেতক ৰাতিৰ ভিতৰতে বোৰাকত আৰোহণ কৰোৱাই মছজিদে হাৰামৰ পৰা মছজিদে আকচালৈ ভ্রমণ কৰোৱাইছিল। ইয়াৰ পিছত আকাশলৈ ভ্ৰমণ কৰা, তেওঁৰ লগত আছিল জিব্রীল আলাইহিচ্ছালাম। যেতিয়া আকাশৰ ওপৰত গৈ পাইছিল, তেতিয়া আল্লাহে তেখেতৰ সৈতে কথা পাতিছিল। তেতিয়া তেখেতৰ ওপৰত ছালাত ফৰজ কৰা হৈছিল আৰু ইয়াৰ পিছত তেখেত পৃথিৱীত মছজিদে হাৰামলৈ উভতি আহিছিল। এই ভ্ৰমণকালত আকাশৰ প্রত্যেক অধিবাসীয়েই তেখেতক দেখিছিল। এই ঘটনাৰ পৰিসমাপ্তি হৈছিল মাত্ৰ এটা ৰাতিতেই সূর্য উঠাৰ পূর্বলৈকে। ইছৰা আৰু মিৰাজৰ এই ঘটনা কোৰআন, হাদীছ আৰু ইতিহাসৰ পাতত প্রসিদ্ধ হৈ আছে।
***
আল্লাহে স্বয়ং নিজকে আৰু তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁক যিবোৰ গুণেৰে গুণান্বিত কৰিছে তাৰে অন্যতম হৈছে,
১- শ্রৱণ, দর্শন, জ্ঞান, ক্ষমতা আৰু ইচ্ছাশক্তি। তেওঁ সকলো শুনে আৰু দেখে। কোনো পর্দাই তেওঁৰ শুনা আৰু দেখাৰ ক্ষেত্ৰত প্রতিবন্ধক হ’ব নোৱাৰে।
মাতৃগর্ভত কি আছে আৰু মানুহৰ অন্তৰত কি গোপন আছে, লগতে যি হৈছে আৰু যি হ’ব, সেই সকলো তেওঁ জানে। তেওঁ সর্বশক্তিমান। তেওঁ যেতিয়া কোনো কাম কৰিব বিচাৰে, কেৱল কয়, “হৈ যোৱা” সেইটো তৎক্ষণাত হৈ যায়।
২- তেওঁ যাৰ সৈতে ইচ্ছা কৰে আৰু যেতিয়াই ইচ্ছা কৰে কথা কয়। তেওঁ মূছা আলাইহিচ্ছালাম আৰু সর্বশেষ ৰাছুল মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ সৈতে কথা পাতিছিল। পৱিত্র কোৰআনৰ আখৰসমূহ আৰু অর্থসমূহ আল্লাহৰেই বাণী। তেওঁৰ ৰাছুল মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত তেওঁ এই বাণী অৱতীৰ্ণ কৰিছে। কথা কোৱাটো হৈছে তেওঁৰ এটা গুণ আৰু কোৰআন হৈছে তেওঁৰ ‘বাণী’। কোৰআন কেতিয়াও তেওঁৰ মখলুক নহয়, যিদৰে পথভ্রষ্ট মু‘তাযিলাসকলে ধাৰণা কৰে।([6])
৩- মুখমণ্ডল, দুই হাত, উর্ধ্বাৱস্থান, অৱতৰণ([7]) কৰা সন্তুষ্ট হোৱা, খং কৰা। তেওঁ মুমিন বান্দাসকলৰ প্রতি সন্তুষ্ট হয় আৰু কাফিৰসকলৰ প্ৰতি তথা তেওঁৰ অপছন্দনীয় কামত লিপ্ত ব্যক্তিসকলৰ প্রতি তেওঁ ক্ৰোধান্বিত হয়। তেওঁৰ সন্তুষ্টি আৰু ক্ৰোধ অন্যান্য গুণৰ দৰেই। সৃষ্টিৰ গুণৰ সৈতে এইবোৰৰ কোনো সাদৃশ্য নাই, এইবোৰ গুণৰ অপব্যাখ্যা কৰাও ঠিক নহয় আৰু ধৰণ বৰ্ণনা কৰাও ঠিক নহয়।
মহাগ্রন্থ আল-কোৰআন আৰু হাদীছৰ দ্বাৰা এইটো প্রমাণিত যে, মুমিন বান্দাসকলে কিয়ামতৰ মাঠত আৰু জান্নাতত স্বচক্ষে আল্লাহ ৰাব্বুল আলামীনক দেখিবলৈ পাব। আল্লাহৰ ছিফাত বা গুণাৱলীসমূহ মহাগ্রন্থ আল-কোৰআন আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছত বিস্তাৰিতভাৱে বৰ্ণিত হৈছে। সবিশেষ জানিবলৈ অধ্যয়ন কৰক।
***
আল্লাহে মানৱ আৰু জিন জাতিক সৃষ্টি কৰাৰ মূল উদ্দেশ্য
হে বিবেকৱান! যিহেতু আপুনি এই কথা গ'ম পালে যে, নিশ্চয় আল্লাহ হৈছে আপোনাৰ ৰব্ব, যিজনে আপোনাক সৃষ্টি কৰিছে। এতেকে আপুনি এই কথাও জানি থওক যে, নিশ্চয় আল্লাহে আপোনাক অহেতুক সৃষ্টি কৰা নাই। বৰং তেওঁ আপোনাক তেওঁৰ ইবাদত কৰাৰ বাবেহে সৃষ্টি কৰিছে। ইয়াৰ প্ৰমাণ হৈছে আল্লাহ তাআলাৰ এই বাণী, আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব। মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাওক। নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী। (ছুৰা আজ-যাৰিয়াতঃ ৫৬-৫৮)
আয়াতসমূহৰ সাৰাংশ:
প্রথম আয়াতটোতে আল্লাহে কৈছেঃ তেওঁ জ্বিন([8]) জাতি আৰু আদম সন্তানক একমাত্র তেওঁৰ ইবাদত কৰাৰ বাবেহে সৃষ্টি কৰিছে, লগতে দ্বিতীয় আৰু তৃতীয় আয়াতত কৈছেঃ তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। তেওঁ সিহঁতৰ পৰা কোনো ধৰণৰ জীৱিকা নিবিচাৰে, তথা খাদ্যও আশা নকৰে; কিয়নো তেৱেঁই সৰ্বশক্তিমান জীৱিকাদাতা। মানৱকে আদি কৰি সকলো প্ৰাণীক তেৱেঁই জীৱিকা প্ৰদান কৰে। তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু ভূমিৰ পৰা তেৱেঁই খাদ্য দ্ৰৱ্য উৎপাদন কৰে।
আনহাতে পৃথিৱীত থকা জ্ঞানহীন অন্যান্য প্রাণীবোৰক আল্লাহে মানুহৰ বাবে সৃষ্টি কৰিছে, যাতে আল্লাহৰ আনুগত্যৰ ক্ষেত্রত মানুহে এইবোৰৰ দ্বাৰা সহযোগিতা ল’ব পাৰে আৰু ইছলামী চৰীয়ত অনুযায়ী এইবোৰ ব্যৱহাৰ কৰিব পাৰে। আল্লাহে পৃথিৱীৰ প্রতিটো সৃষ্টিক আৰু প্রতিটো গতিশীল আৰু জড় বস্তুক এটা তাৎপর্যপূর্ণ হিকমতসহ সৃষ্টি কৰিছে, আৰু এই বিষয়টো তেওঁ কোৰআনত বর্ণনা কৰিছে। লগতে জ্ঞানৰ মান অনুযায়ী আল্লাহৰ চৰীয়ত সম্পৰ্কে জ্ঞান অৰ্জন কৰা আলিমসকলে এইটো উপলব্ধিও কৰে। আনকি বয়সৰ ভিন্নতা, জীৱিকা উপাৰ্জন, বিপদ-আপদৰ পার্থক্য, এইবোৰও আল্লাহৰেই নির্দেশত হয়; যাতে জ্ঞানী বান্দাসকলক পৰীক্ষা কৰিব পৰা যায়। এতেকে যিয়ে আল্লাহৰ নির্ধাৰিত তাকদীৰৰ ওপৰত সন্তুষ্ট থাকিব আৰু তেওঁৰ ওচৰত আত্মসমর্পন কৰিব লগতে আল্লাহে যিটো পছন্দ কৰে সেই কামত অধ্যাৱসায় কৰিব, তাৰ ওপৰত আল্লাহেও সন্তুষ্ট হয় আৰু সেই ব্যক্তি পৃথিৱীত তথা মৃত্যুৰ পিছত আখিৰাতত সৌভাগ্যৰ অধিকাৰী হ’ব। আনহাতে যিয়ে আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰত সন্তুষ্ট নহ’ব, আৰু তেওঁৰ ওচৰত আত্মসমর্পণ নকৰিব তথা তেওঁৰ আনুগত্য নকৰিব, সেই ব্যক্তিৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হয়। সেই ব্যক্তি পৃথিৱী আৰু আখিৰাতত হ’ব দুৰ্ভগীয়া।
আমি আল্লাহৰ সন্তুষ্টি কামনা কৰোঁ। আৰু তেওঁৰ অসন্তুষ্টিৰ পৰা তেওঁৰ ওচৰত আশ্রয় প্রার্থনা কৰোঁ।
***
মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থান, হিচাপ-নিকাচ, কৰ্মৰ প্রতিদান আৰু জান্নাত-জাহান্নাম সম্পৰ্কে বৰ্ণনা
হে বিবেকসম্পন্ন ব্যক্তি! যিহেতু আপুনি গম পালে যে, নিশ্চয় আল্লাহে আপোনাক তেওঁৰ ইবাদত কৰাৰ বাবে সৃষ্টি কৰিছে। লগতে এই কথাও জানি থওক যে, আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা সকলো গ্ৰন্থতে এই কথা উল্লেখ কৰিছে যে, মৃত্যুৰ পিছত তেওঁ আপোনাক পুনৰুত্থিত কৰিব আৰু আপোনাক আপোনাৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিব। কিয়নো মানুহে মৃত্যুৰ মাধ্যমত এই কর্মময় নশ্বৰ জগতৰ পৰা ফলাফলৰ স্থানলৈ তথা চিৰস্থায়ী জগতলৈ প্রস্থান কৰে। এতেকে যেতিয়া আল্লাহৰ ফালৰ পৰা মানুহৰ বাবে নির্ধাৰিত আয়ুস কাল সম্পূর্ণ হৈ যায়, তেতিয়া আল্লাহে মৃত্যুৰ ফিৰিস্তাক তাৰ শৰীৰ পৰা ৰূহ কবজ কৰাৰ বা প্ৰাণ হৰণ কৰাৰ নির্দেশ দিয়ে। ফলত প্ৰাণহৰণ হোৱাৰ পূৰ্বে সেই ব্যক্তিয়ে মৃত্যু যন্ত্রণা ভোগ কৰে আৰু ইয়াৰ পিছত মৃত্যুবৰণ কৰে।
এতেকে সেই ব্যক্তি যদি মুমিন হয় আৰু আল্লাহৰ আনুগত্য কৰি থাকে তেন্তে তাৰ ৰূহক আল্লাহে নিয়ামতৰ গৃহত অৰ্থাৎ জান্নাতত ৰাখি দিব। পক্ষান্তৰে সেই ব্যক্তিয়ে যদি আল্লাহক অস্বীকাৰ কৰি থাকে, লগতে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থান আৰু প্রতিফল প্ৰদানক যদি মিছা বুলি ভাবি থাকে, তেন্তে আল্লাহে তাৰ ৰূহক শাস্তিৰ গৃহত অৰ্থাৎ জাহান্নামত ৰাখি দিব। পৃথিৱীৰ নিৰ্ধাৰিত দিন সমাপ্ত হোৱাৰ পিছত কিয়ামত সংঘটিত নোহোৱালৈকে এই ৰূহ তাতেই অৱস্থান কৰিব। সেই সময়ত সকলো সৃষ্টিয়ে মৃত্যুবৰণ কৰিব, অৱশিষ্ট থাকিব কেৱল আল্লাহৰ সত্ত্বা। ইয়াৰ পিছত আল্লাহে সকলো সৃষ্টিকেই পুনৰুত্থিত কৰিব আনকি জীৱ-জন্তুকো। আৰু প্ৰত্যেক ৰূহ তথা প্ৰাণক নিজৰ নিজৰ শৰীৰলৈ ওভোতাই দিয়া হ’ব, যেতিয়া শৰীৰবোৰ সম্পূৰ্ণৰূপে প্ৰথম অৱস্থালৈ ঘূৰি আহিব। এই পুনৰুত্থানৰ উদ্দেশ্য হৈছে পুৰুষ-মহিলা, ৰজা-প্ৰজা, ধনী-দৰিদ্র সকলোৰে হিচাপ-নিকাচ গ্ৰহণ কৰা আৰু সিহঁতৰ কৃতকর্মৰ ফলাফল দান কৰা। এতেকে তেওঁ কাৰো প্রতি অন্যায় নকৰিব। কিয়নো সেইদিনা অন্যায়কাৰীৰ পৰা অত্যাচাৰিত লোকসকলে প্রতিশোধ লোৱাৰ সুযোগ পাব। আনকি জীৱ-জন্তুৱেও সিহঁতৰ প্ৰতি কৰা অন্যায়ৰ সেইদিনা প্রতিশোধ ল’ব। জীৱ-জন্তুৱেও যদি পৰস্পৰে পৰস্পৰক কোনো ক্ষতি কৰিছিল তাৰো উচিত বিচাৰ হ’ব। তাৰ পিছত আল্লাহে সিহঁতক নির্দেশ প্ৰদান কৰি ক’ব “তোমালোকে মাটিত পৰিণত হৈ যোৱা” কিয়নো সিহঁতে জান্নাত বা জাহান্নাম ক’তো প্ৰৱেশ নকৰিব।
এতেকে সেইদিনা মানৱ আৰু জ্বিন প্রত্যেককে আমল অনুযায়ী পুৰস্কাৰ দিয়া হ’ব। যিসকলে আল্লাহৰ প্রতি ঈমান আনিছিল, তেওঁৰ আনুগত্য কৰিছিল, লগতে তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছিল আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰোৱাব, যদিও তেওঁ পৃথিৱীৰ আটাইতকৈ দৰিদ্র ব্যক্তিয়ে নহওক কিয়। আনহাতে অস্বীকাৰকাৰী কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাব, যদিও সি পৃথিৱীৰ সর্বাধিক ধনী আৰু মর্যাদাসম্পন্ন ব্যক্তিয়ে নহওক কিয়। আল্লাহ তা‘আলাই কৈছেঃ “নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ দৃষ্টিত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱাসম্পন্ন”। (ছুৰা আল-হুজুৰাতঃ ১৩)
জান্নাত হৈছে নিয়ামতৰ ঠাই। তাত বিভিন্ন প্রকাৰৰ এনেকুৱা নিয়ামত আছে যিবোৰ কাৰো পক্ষে অনুমান কৰাটো সম্ভৱ নহয়। তাত প্ৰায় এশটা স্তৰ আছে। আল্লাহৰ প্রতি থকা বান্দাসকলৰ ঈমান আৰু তেওঁলোকৰ আনুগত্যৰ মান অনুযায়ী তেওঁলোকে এইবোৰ স্তৰত অৱস্থান কৰিব। জান্নাতত সর্বনিম্ন স্তৰৰ অধিবাসীক সেই নিয়ামত দান কৰা হ’ব যিটো পৃথিৱীৰ আটাইতকৈ উন্নত নিয়ামত উপভোগকাৰী বাদশ্বাহৰ নিয়ামততকৈও বহুগুণে বেছি হ’ব([9])।
জাহান্নাম:এই জাহান্নামৰ পৰা আমি আল্লাহৰ ওচৰত আশ্রয় প্ৰাৰ্থনা কৰোঁ। মৃত্যুৰ পিছত এইটো হৈছে আখিৰাতৰ শাস্তিৰ স্থল। তাত বিভিন্ন প্রকাৰৰ কষ্ট আৰু শাস্তিৰ ব্যৱস্থা আছে, যিটোৰ স্মৰণে অন্তৰক ভীত সন্ত্রস্ত কৰি তোলে, আৰু চকুৱে কান্দে।
আখিৰাতত যদি মৃত্যুবৰণৰ সুযোগ থাকিলহেঁতেন তেন্তে জাহান্নামবাসীসকলে কেৱল ইয়াৰ অৱস্থা দেখিয়েই মৃত্যুবৰণ কৰিলেহেঁতেন। কিন্তু মৃত্যু মাত্র এবাৰহে হয়, যাৰ মাধ্যমত মানুহে পাৰ্থিৱ জীৱনৰ পৰা পৰলৌকিক জীৱনলৈ প্রস্থান কৰে। মহাগ্রন্থ আল কোৰআনত পূর্ণাঙ্গৰূপে মৃত্যু, পুনৰুত্থান, হিচাপ-নিকাচ, পুৰস্কাৰ, জান্নাত আৰু জাহান্নামৰ অৱস্থা সম্পৰ্কে আলোচনা আহিছে। আমি ইয়াত যি যি উল্লেখ কৰিলোঁ সেইবোৰ কেৱল ইঙ্গিত মাত্রহে।
মৃত্যুৰ পিছত পুনৰুত্থান, হিচাপ-নিকাচ, প্রতিফল লাভ সম্পৰ্কে অসংখ্য দলীল আছে। মহাগ্রন্থ আল-কোৰআনত আল্লাহ তা‘আলাই কৈছেঃ আমি তোমাক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই নিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম। (ছুৰা ত্বা-হাঃ ৫৫) আল্লাহ তাআলাই আৰু কৈছেঃ আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’? (ছুৰা ইয়াছীনঃ ৭৮-৭৯)
আল্লাহ তাআলাই কৈছেঃ কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পাছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’। (ছুৰা আত-তাগাবুনঃ ৭)
আয়াতসমূহৰ সাৰাংশ:
১- আল্লাহ ছুবহানাহু অতাআলাই প্রথম আয়াতটোত কৈছেঃ নিশ্চয় তেওঁ মানৱ সন্তানক মাটিৰে সৃষ্টি কৰিছে। দৰাচলতে ইয়াৰ দ্বাৰা সেই সময়ৰ কথা কোৱা হৈছে, যেতিয়া তেওঁ সিহঁতৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছিল। তেওঁ আৰু কৈছে: নিশ্চয় তেওঁ সিহঁতক মৃত্যুৰ পাছত কবৰৰ মাটিত পুনৰ ঘূৰাই আনিব; যাতে সিহঁতৰ সন্মান ৰক্ষা হয়। লগতে তেওঁ এই কথাও জনাইছে যে, ইয়াৰ পিছত তেওঁ আকৌ সিহঁতক মাটিৰ পৰা উলিয়াই আনিব। এতেকে আল্লাহে প্ৰথমৰ পৰা শেষলৈকে সকলোকে সিহঁতৰ কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰিব। আৰু আল্লাহে সিহঁতৰ হিচাপ-নিকাচ কৰিব আৰু সিহঁতক প্ৰতিদান দিব।
২-আনহাতে দ্বিতীয় আয়াতটোত আল্লাহে পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰক প্ৰত্যুত্তৰ দিছে, যিয়ে গেলি পচি যোৱা হাড়ক পুনৰজীৱিত কৰা বিষয়টোক আশ্চর্যজনক বুলি ভাৱে। তেওঁ কৈছে যে, নিশ্চয় তেওঁ এই হাড়বোৰক জীৱিত কৰিবলৈ সক্ষম। কিয়নো তেৱেঁই প্ৰথমাৱস্থাত এইবোৰক অস্তিত্বহীনতাৰ পৰা অস্তিত্ব প্ৰদান কৰিছিল।
৩- আৰু তৃতীয় আয়াতত আল্লাহে সেইসকল কাফিৰৰ ভ্ৰান্ত ধাৰণা খণ্ডন কৰিছে যিসকলে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে। সেয়ে তেওঁ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক নিৰ্দেশ দিছে যে, তেওঁ যেন গুৰুত্ব সহকাৰে আল্লাহৰ শপত খাই এই কথা উত্থাপন কৰে যে, নিশ্চয় আল্লাহে সিহঁতক পুনৰুত্থিত কৰিব আৰু সিহঁতে যি যি কৰ্ম কৰিছিল সেই সম্পৰ্কে অৱগত কৰাব, লগতে সেই অনুপাতে প্রতিফল দান কৰিব আৰু এইটো কৰা আল্লাহৰ পক্ষে তেনেই সহজ।
আন এটা আয়াতত আল্লাহে কৈছেঃ পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক তেওঁ যেতিয়া পুনৰুত্থিত কৰিব তেতিয়া সিহঁতক জাহান্নামৰ জুইত শাস্তি বিহা হ’ব আৰু সিহঁতক কোৱা হ’ব- জাহান্নামৰ শাস্তিৰ সোৱাদ লোৱা, যিটোক তোমালোকে অস্বীকাৰ কৰিছিলা’। (ছুৰা আচ-ছাজদাহঃ ২০)
মানুহৰ সকলো কথা আৰু কৰ্ম সংৰক্ষিত
আল্লাহে এই কথা জনাই দিছে যে, মানুহে যিবোৰ কথা কয় অথবা যিবোৰ কৰ্ম কৰে ভাল হওক অথবা বেয়া, প্রকাশ্য হওক অথবা অপ্রকাশ্য সেই সকলোবোৰ আল্লাহে জানে। এইবোৰ তেওঁ আকাশমণ্ডল, পৃথিৱী আৰু মানৱ আদি সৃষ্টিৰ পূর্বেই তেওঁৰ ওচৰত থকা লওহে মাহফুজত লিখি ৰাখিছে। ইয়াৰ পাছতো তেওঁ প্রতিজন মানুহৰ বাবে দুজন ফিৰিস্তা নিযুক্ত কৰিছে, এজনে সোঁফালে থাকে যিয়ে সৎকৰ্মবোৰ লিখি ৰাখে, আৰু আনজন থাকে বাওঁফালে যিয়ে অসৎকৰ্মবোৰ লিখি ৰাখে, তেওঁলোক দুজনৰ পৰা একোৱেই বাদ নপৰে। আল্লাহে এই কথাও জনাই দিছে যে, নিশ্চয় হিচাপ-নিকাচৰ দিনা প্রত্যেককে নিজৰ নিজৰ আমলনামা প্ৰদান কৰা হ’ব, য’ত সিহঁতৰ কথা আৰু কৰ্মবোৰ লিপিবদ্ধ থাকিব। ফলত সিহঁতে সেইখন পঢ়িব আৰু তাৰ পৰা একোৱেই অস্বীকাৰ কৰিব নোৱাৰিব। যদি কোনোবাই কিবা অস্বীকাৰ কৰে তেন্তে আল্লাহে তাৰ কাণ, চকু, দুই হাত আৰু তাৰ শৰীৰৰ ছালক বাকশক্তি দান কৰিব, ফলত এইবোৰে সেই সকলো কথা বিৱৰি ক’ব যিবোৰ সি কৈছিল বা কৰিছিল।
মহাগ্রন্থ আল কোৰআনত ইয়াৰ বিস্তাৰিত বর্ণনা আহিছে, মহান আল্লাহে কৈছেঃ সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী। (ছুৰা ক্বাফঃ ১৮) আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোকৰ ওপৰত তত্ত্বাৱধানৰ বাবে নিয়োজিত আছে সংৰক্ষক দল, সন্মানিত লেখকবৃন্দ। তোমালোকে যি কৰা সেইবোৰ তেওঁলোকে জানে”। (ইনফিতাৰ- ১০-১২)
আয়াতৰ ব্যাখ্যাঃ
আল্লাহ ছুবহানাহু অতাআলাই সংবাদ দিছে যে, তেওঁ প্রতিজন মানুহৰ বাবেই দুজনকৈ ফিৰিস্তা নির্ধাৰণ কৰি দিছে। সোঁফালে থকাজন হৈছে ৰাক্বীব বা পৰ্যবেক্ষক, যিয়ে সৎকৰ্মবোৰ লিখি ৰাখে আৰু বাওঁফালে থকাজন হৈছে ‘আতীদ’, বা ‘অতন্দ্র প্রহৰী’ যিয়ে তাৰ অসৎকৰ্মবোৰ লিপিবদ্ধ কৰে। শেষৰ আয়াত দুটাত তেওঁ এই কথাও জনাই দিছে যে, তেওঁ প্রত্যেকৰে বাবে সন্মানিত ফিৰিস্তাসকলক নিযুক্ত কৰিছে, যাতে তেওঁলোকে সিহঁতৰ সকলো প্ৰকাৰ কর্মকাণ্ড লিপিবদ্ধ কৰে। তেওঁ এই কথাও জনাই দিছে যে, তেওঁ সেই ফিৰিস্তাসকলক মানুহৰ সকলো কৃতকর্ম সম্পৰ্কে জনা আৰু লিখাৰ শক্তি প্ৰদান কৰিছে, অথচ তেওঁ নিজেও সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰক তেওঁ সিহঁতক সৃষ্টি কৰাৰ পূৰ্বেই লাওহে মাহফুজত লিখি ৰাখিছে।
সাক্ষ্যদান (শ্বাহাদাত)
মই সাক্ষ্য দিওঁ যে, “নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেওঁৰ ৰাছুল বা প্রেৰিত দূত। মই এই সাক্ষ্যও প্ৰদান কৰোঁ যে, নিশ্চয় জান্নাত সত্য, জাহান্নাম সত্য আৰু কিয়ামত সমাগত, ইয়াত কোনো সন্দেহ নাই। নিশ্চয় আল্লাহে সকলোকে হিচাপ-নিকাচ আৰু প্ৰতিদান দিয়াৰ বাবে কবৰৰ পৰা পুনৰুত্থিত কৰিব। আল্লাহে তেওঁৰ কিতাবত অথবা তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ দ্বাৰা যি বাৰ্তা জনাই দিছে সেয়া নিশ্চিতভাৱে সত্য।
গতিকে হে বিবেকৱান ব্যক্তি! মই আপোনাক আহ্বান জনাওঁ, আপুনি এই সাক্ষ্য প্ৰদানৰ জৰিয়তে ঈমান পোষণ কৰক তথা ইয়াৰ ঘোষণা দিয়ক, লগতে এই সাক্ষ্যৰ দাবী অনুযায়ী আমল কৰক। এইটোৱেই পৰিত্রাণ বা মুক্তিৰ পথ।
হে বিবেকৱান ব্যক্তি! যিহেতু আপুনি গ'ম পালে যে, নিশ্চয় আল্লাহেই আপোনাৰ ৰব্ব বা প্ৰতিপালক, যিজনে আপোনাক সৃষ্টি কৰিছে আৰু আপোনাৰ কৰ্ম অনুযায়ী প্ৰতিফল দান কৰিবলৈ তেৱেঁই আপোনাক পুনৰুত্থিত কৰিব। গতিকে এতিয়া আপুনি জানি থওক যে, নিশ্চয় আল্লাহে আপোনাৰ প্ৰতি আৰু সমগ্র মানুহৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। আপোনাক সেই ৰাছুলৰ আনুগত্য কৰিবলৈ আৰু তেওঁৰ অনুসৰণ কৰিবলৈ নির্দেশ দিছে। লগতে এই কথাও কৈ দিছে যে, সঠিক ইবাদত সম্পৰ্কে জানিবলৈ হ’লে সেই ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ আনুগত্য নকৰাকৈ আৰু তেওঁৰ ওচৰত প্রেৰিত চৰীয়তৰ বাহিৰে আল্লাহৰ ইবাদতৰ আন কোনো পথ নাই।
এই সন্মানিত ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ প্রতি ঈমান পোষণ কৰা আৰু তেওঁৰ অনুসৰণ কৰা সমগ্র মানুহৰ বাবে ওৱাজিব। তেওঁ হৈছে সর্বশেষ ৰাছুল, তেওঁ সমগ্র মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল। তেৱেঁই হৈছে নবী মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম); ইয়াহূদী আৰু খ্ৰীষ্টানসকলে সিহঁতৰ নিজৰ নিজৰ গ্রন্থকলৈ অবাঞ্ছিত খেল-ধেমালি আৰু পৰিবর্তন-পৰিবর্ধন কৰাৰ পূর্বে যিখন তাওৰাত আৰু ইঞ্জিল সিহঁতে পাঠ কৰিছিল, সেই কিতাব দুখনৰ মাজত চল্লিশতকৈ অধিক ঠাইত মূছা আৰু ঈছা আলাইহিমাচ্ছালামে এই নবীৰ বিষয়ে সুসংবাদ প্ৰদান কৰিছে।([10])
তেৱেঁই সেই সন্মানিত নবী, যাৰ মাধ্যমত আল্লাহে তেওঁৰ ৰাছুলসকলৰ ৰিছালাতৰ ধাৰাবাহিকতা সমাপ্ত কৰিছে। তেওঁক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেৱেঁই হৈছে, মুহাম্মদ ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব আল-হাশ্বেমী আল কুৰাইশ্বী। আল্লাহৰ নবী ইছমাঈল বিন ইব্রাহীম (আলাইহিচ্ছালাম)ৰ বংশৰ পৰা অহা পৃথিৱীৰ আটাইতকৈ বুনিয়াদী গোত্রৰ মাজত তেৱেঁই হৈছে সর্বশ্রেষ্ঠ, সম্ভ্রান্ত আৰু সৱাতোকৈ সত্যবাদী। সর্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম ৫৭০ খৃষ্টাব্দত মক্কা নগৰীত জন্মলাভ কৰিছিল। যি ৰাতিত তেওঁ জন্ম লাভ কৰিছে আৰু যি সময়ত তেওঁ মাতৃগর্ভৰ পৰা ভূমিষ্ঠ হৈছে, তেতিয়া বৃহৎ আলোক ৰশ্মিয়ে বিশ্বজগত আলোকিত হৈছিল। মানৱজাতি থমকি ৰৈছিল। ইতিহাস গ্রন্থ আলোড়িত হৈছিল। কুৰাইশ্বসকলে মক্কাত কাবাৰ ভিতৰত যিবোৰ মূর্তিক পূজা কৰিছিল সেইবোৰৰ অৱস্থা শোচনীয় হৈছিল। পাৰস্য সম্রাট কিছৰাৰ ৰাজ সিংহাসন কম্পিত হৈছিল। দহটাতকৈও অধিক আলিন্দ ভাঙি পৰিছিল। পাৰস্যবাসীসকলে পূজা পাঠ কৰা সেই অগ্নি নুমাই পৰিছিল যিটো সুদীর্ঘ দুহেজাৰ বছৰলৈকে নির্বাপিত হোৱা নাছিল।
এই সকলোবোৰ আছিল আল্লাহৰ ফালৰ পৰা পৃথিৱীবাসীৰ বাবে শেষ ৰাছুলৰ জন্মৰ ঘোষণা; ইয়াৰ দ্বাৰা বুজোৱা হৈছিল যে, তেওঁ অচিৰেই সেই সকলোবোৰ মূৰ্তি ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিব যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল। পাৰস্য আৰু ৰোমবাসীসকলক এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিব আৰু সিহঁতে এই সত্য দ্বীনৰ মাজত প্ৰৱেশ কৰিব। যদি সিহঁতে এই দ্বীন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ আৰু তেওঁৰ অনুসাৰীসকলে সিহঁতৰ বিৰুদ্ধে জিহাদ কৰিব। এতেকে আল্লাহে সিহঁতৰ ওপৰত এওঁলোকক সহায় কৰিব। পৃথিৱীৰ মাজত নূৰ স্বৰূপ এই দ্বীনক তেওঁ প্ৰচাৰ আৰু প্রসাৰ কৰিব, এইটোৱে আছিল ইয়াৰ পূর্বাভাস। প্ৰকৃততে আল্লাহে তেওঁৰ ৰাছুলক প্রেৰণ কৰাৰ পাছত এইটোৱেই বাস্তৱ প্ৰমাণিত হৈছিল।
এই কথা নিশ্চিত যে, আল্লাহ তা‘আলাই তেওঁৰ শেষ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক তেওঁৰ পূর্বৱর্তী ৰাছুল ভাইসকলতকৈ বিশেষ বৈশিষ্ট্য দান কৰিছিল। তাৰে অন্যতম হৈছে,
প্রথম: তেওঁ সর্বশেষ ৰাছুল, তেওঁৰ পিছত আৰু কোনো ৰাছুল বা নবী নাহিব।
দ্বিতীয়: তেওঁৰ ৰিছালাতক গোটেই মানৱজাতিৰ বাবে সার্বজনীন কৰি দিয়া হৈছে, এতেকে সকলো মানুহেই মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ উম্মত। যিয়ে তেওঁৰ আনুগত্য কৰিব আৰু তেওঁক অনুসৰণ কৰিব, সি জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে তেওঁৰ অবাধ্যতা কৰিব, সি জাহান্নামত প্ৰৱেশ কৰিব। আনকি ইয়াহূদী আৰু খ্ৰীষ্টানসকলেও তেওঁৰ আনুগত্য কৰিবলৈ বাধ্য। যিয়ে তেওঁৰ অনুসৰণ নকৰিব, আৰু তেওঁৰ প্রতি ঈমান পোষণ নকৰিব, সি দৰাচলতে মূছা আৰু ঈছা আলাইহিচ্ছালাম লগতে অন্যান্য নবীসকলকো অস্বীকাৰ কৰিছে। যিসকলে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ অনুসৰণ নকৰিব, মূছা, ঈছা আৰু অন্যান্য নবীসকলৰ লগত সিহঁতৰ কোনো সম্পৰ্ক নাই। কিয়নো, আল্লাহে তেওঁলোকক মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বিষয়ে সুসংবাদ দিবলৈ নিৰ্দেশ দিছিল যে, আল্লাহে যেতিয়া তেওঁক প্রেৰণ কৰিব তেতিয়া যেন তেওঁলোকৰ উম্মতসকলে তেওঁক (মুহাম্মদক) অনুসৰণ কৰে, এই আহ্বান কৰাৰ নিৰ্দেশ দিছিল। কিয়নো তেওঁক যি দ্বীন প্ৰদান কৰি প্রেৰণ কৰা হৈছে এইটো সেই দ্বীন যিটো প্ৰদান কৰি আল্লাহে তেওঁৰ পূর্বৱর্তী ৰাছুলসকলক প্ৰেৰণ কৰিছিল আৰু সেই দ্বীনটোকে সর্বশেষ সন্মানিত ৰাছুলৰ যুগত পৰিপূর্ণ আৰু সহজ কৰি দিছে। এতেকে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক ইছলামসহ প্রেৰণ কৰাৰ পিছত ইছলামৰ বাহিৰে আন কোনো দ্বীন গ্রহণ কৰা কাৰো বাবেই বৈধ নহয়। কিয়নো এইটো হৈছে পৰিপূর্ণ দ্বীন, যি ধৰ্মই অন্যান্য সকলো ধৰ্মকেই ৰহিত কৰি দিছে। আৰু এইটো এনেকুৱা দ্বীন যিটোক আল্লাহে হিফাজত কৰিছে।
পক্ষান্তৰে ইয়াহূদীবাদ আৰু খৃষ্টবাদ এইবোৰ হৈছে বিকৃত ধৰ্ম। আল্লাহ তা‘আলাই সিহঁতৰ বাবে যি অৱতীৰ্ণ কৰিছিল সেইবোৰ প্ৰকৃত অৱস্থাত অৱশিষ্ট নাই। এতেকে, প্ৰত্যেক মুছলিম ব্যক্তি যিয়ে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক অনুসৰণ কৰে, তেওঁ দৰাচলতে মূছা, ঈছা আৰু অন্যান্য সকলো নবীকেই অনুসৰণ কৰে। আনহাতে যিয়ে ইছলামক নামানে সি দৰাচলতে মূছা, ঈছাকে আদি কৰি অন্যান্য সকলো নবীকেই অস্বীকাৰ কৰে তথা সি অস্বীকাৰকাৰী কাফিৰ বুলি বিবেচিত। যদিও সিহঁতে নিজকে নবী মূছা আৰু ঈছাৰ অনুসাৰী বুলি দাবী নকৰক কিয়।
এইবাবেই ইয়াহূদী ধর্মযাজক ‘আহবাৰ’ আৰু খ্ৰীষ্টান ধর্মযাজক “ৰুহবান”সকলৰ মাজৰ যিসকলে জ্ঞানী, ন্যায় নীতিৱান, তেওঁলোকৰ মাজৰ এটা গোষ্ঠীয়ে পলম নকৰাকৈ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ প্রতি ঈমান আনিছিল আৰু ইছলামত প্রৱেশ কৰিছিল।
***
ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ মু‘জিযা([11])সমূহ:
ছীৰত তথা জীৱনী বিশেষজ্ঞসকলে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ৰিছালতৰ সত্যতা প্রমাণকাৰী অলৌকিক ঘটনাসমূহ (মু‘জিযাসমূহ) গণনা কৰিছে। এইবোৰ অলৌকিক ঘটনাৰ সংখ্যা এহেজাৰতকৈও অধিক। তাৰে অন্যতম হৈছে:
1-নবুওৱতৰ ছীলমোহৰ, যিটো তেওঁৰ দুই কান্ধৰ মাজত বিদ্যমান আছিল। সেইটো আছিল তিলকৰ আকৃতিত। য’ত লিখা আছিল ‘মুহাম্মদ আল্লাহৰ ৰাছুল’। ([12])
2- গৰম কালত উত্তপ্ত ৰ’দত খোঁজকাঢ়ি যোৱাৰ সময়ত মেঘে তেওঁক ছাঁ দান কৰিছিল।
3-তেওঁৰ হাতৰ মুঠিত থকা শিলগুটিয়ে তাছবীহ পাঠ কৰিছিল, আৰু গছ-গছনিয়ে তেওঁক ছালাম কৰিছিল।
4-শেষ যুগত যি যি সংঘটিত হ’ব সেই বিষয়ে দিয়া তেওঁৰ আগজাননীও ইয়াৰ অন্তৰ্ভুক্ত। চাওক, সেইবোৰ তেওঁ যেনেকৈ বৰ্ণনা কৰিছিল ঠিক সেইদৰেই এটাৰ পিছত এটা সংঘটিত হৈ আছে।
এইবোৰ হৈছে সেইসমূহ অদৃশ্য বিষয়, যিবোৰ তেওঁৰ মৃত্যুৰ পিছৰ পৰা পৃথিৱীৰ অন্তিম দিৱসলৈকে হ’বলগীয়া ঘটনা, যিবোৰৰ বিষয়ে আল্লাহে তেওঁক জনাইছে। তেওঁ সেইবোৰ বর্ণনা কৰিছে। এই সকলোবোৰ হাদীছ গ্রন্থত আৰু কিয়ামতৰ আলামত সম্বলিত গ্রন্থত লিখা আছে। এই বিষয়ে সবিশেষ জানিবলৈ চাওক ইবনে কাছীৰ প্রণীত ‘আন নিহায়াহ’ আৰু ‘আল আখবাৰুল মুশ্বাআ ফী আশ্বৰাতিচ ছা-আহ আৰু হাদীছ গ্রন্থৰ ‘ফিতান আৰু মালাহিম’ অধ্যায়সমূহ চাব পাৰে। এই সকলো অলৌকিক নির্দশনাৱলী পূৰ্বৱর্তী নবীসকলৰ অলৌকিক নিদর্শনাৱলীৰ দৰেই।
কিন্তু তেওঁৰ বাবে আল্লাহ তা‘আলাই এনেকুৱা এটা জ্ঞানসন্মত অলৌকিক নিদর্শন দান কৰিছে, যিটো যুগৰ ইতিহাসত পৃথিৱী সমাপ্ত নোহোৱালৈকে অৱশিষ্ট থাকিব। এনেকুৱা নিদৰ্শন আল্লাহে অন্যান্য নবীসকলক প্ৰদান কৰা নাছিল। সেইটো হৈছে মহাগ্রন্থ আল-কোৰআন (আল্লাহৰ বাণী), যিখনক ৰক্ষণাবেক্ষণৰ দায়িত্ব স্বয়ং আল্লাহেই গ্রহণ কৰিছে। এতেকে কোনো বিকৃতকাৰীৰ হাত এইপিনে আগবঢ়ালেও একো ক্ষতি কৰিবলৈ সক্ষম নহ’ব। যদি কোনোবাই এটা আখৰো পৰিবর্তন কৰিবলৈ চেষ্টা কৰে তেন্তে জানি থওক, মুছলিমসকলৰ হাতত শ শ বিলিয়ন কোৰআনৰ কপি আছে যিবোৰৰ এটাৰো আনটোৰ লগত কোনো অমিল নাই, আনকি এটা আখৰৰো পার্থক্য নাই।
আনহাতে তাওৰাত আৰু ইঞ্জিলৰ কপিও আছে অসংখ্য। কিন্তু সেইবোৰৰ এটাৰ লগত আনটোৰ মিল নাই। কিয়নো, ইয়াহূদী আৰু খ্ৰীষ্টানসকলে সিহঁতৰ ধর্মগ্রন্থক লৈ খেল আৰম্ভ কৰিছিল, অথচ আল্লাহে সিহঁতক এই দুখন গ্ৰন্থ সংৰক্ষণৰ দায়িত্ব প্ৰদান কৰিছিল; কিন্তু সিহঁতে ইয়াক বিকৃত কৰিহে এৰিছে। পক্ষান্তৰে আল্লাহে কোৰআন সংৰক্ষণৰ দায়িত্ব আন কাকো প্ৰদান কৰা নাই, বৰং তেওঁ নিজেই ইয়াৰ সংৰক্ষণৰ দায়িত্ব লৈছে। যেনে আল্লাহে কৈছে: নিশ্চয় আমিয়েই যিকিৰ অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক। (ছুৰা হিজৰঃ ৯)
কোৰআন যে আল্লাহৰ বাণী আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) যে আল্লাহৰ ৰাছুল এই বিষয়ে কোৰআনৰ পৰা জ্ঞানসন্মত প্রমাণ দাঙি ধৰা হৈছে।
কোৰআন যে আল্লাহৰ বাণী আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) যে আল্লাহৰ ৰাছুল, এই বিষয়ে (জ্ঞান সন্মত) প্রমাণাদিৰ মাজত অন্যতম প্রমাণ হৈছে এই যে, পূর্বৱর্তী অন্যান্য নবীসকলৰ উম্মতৰ দৰে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক অস্বীকাৰ কৰা কুৰাইশ্বৰ কাফিৰসকলক আল্লাহ তা‘আলাই প্ৰত্যাহ্বান জনাইছিল। যেতিয়া সিহঁতে কৈছিল যে, কোৰআন আল্লাহৰ বাণী নহয়, তেতিয়া আল্লাহ তা‘আলাই সিহঁতক কোৰআনৰ দৰে কিবা এটা ৰচনা কৰি আনিবলৈ প্ৰত্যাহ্বান জনাইছিল। যদিও কোৰআন সিহঁতৰেই ভাষাত অৱতীৰ্ণ হৈছে, আৰু সিহঁত সর্বশ্রেষ্ঠ বিশুদ্ধ ভাষী আৰু সিহঁতৰ মাজত ডাঙৰ ডাঙৰ বাগ্মী বক্তা, অলংকাৰ শাস্ত্রবিদ আৰু উচ্চমানৰ কবি থকা সত্ত্বেও সিহঁতে ইয়াৰ দৰে একোৱে ৰচনা কৰিব পৰা নাছিল। ইয়াৰ পিছত সিহঁতক এই কোৰআনৰ দৰে দহটা ছুৰা ৰচনাৰ কৰিবলৈ চ্যালেঞ্জ কৰা হয়। সিহঁতে এই ক্ষেত্ৰতো ব্যর্থ হয়। ইয়াৰ পিছত কেৱল এটা ছুৰা আনিবলৈ চ্যালেঞ্জ কৰা হয়, সিহঁত এইটোতো ব্যর্থ হয়। ইয়াৰ পিছত সিহঁতৰ ব্যর্থতাৰ কথা ঘোষণা কৰা হৈছে।প্ৰকৃততে সমগ্র জ্বিন আৰু মানৱে ইজনে সিজনক সহায় কৰাৰ পিছতো ইয়াৰ সমপৰ্যায়ৰ ৰচনা আনিবলৈ ব্যর্থ হৈছে। আল্লাহ তা‘আলাই এই কথা স্পষ্টভাৱে ঘোষণা দি কৈছেঃ কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিনসকল সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁত পৰস্পৰে পৰস্পৰক সহায় কৰে’। (ছুৰা ইছৰাঃ ৮৮)
যদি কোৰআন মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অথবা আন কোনো মানুহৰ বাণী হ’লহেঁতেন,
তেনেহ’লে সেই ভাষাৰ বুদ্ধিজীৱীসকলে অন্যান্য শুদ্ধ বাগ্মী লোকসকলে ইয়াৰ অনুৰূপ কিতাব আনিবলৈ নিশ্চয় সক্ষম হ’লহেঁতেন। কিন্তু এইটো হৈছে আল্লাহৰ বাণী। মানুহৰ বাণীৰ তুলনাত আল্লাহৰ বাণীৰ মান আৰু মার্যাদা হৈছে সিমানেই, যিমান মৰ্যাদা মানুহৰ তুলনাত আল্লাহৰ।
এতেকে যিহেতু আল্লাহৰ কোনো তুলনা নাই, গতিকে তেওঁৰ বাণীৰো কোনো তুলনা নাই। সেয়ে ইয়াৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত যে, নিশ্চয় কোৰআন হৈছে আল্লাহৰ বাণী আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ ৰাছুল। কিয়নো, আল্লাহৰ বাণী তেওঁৰ ফালৰ পৰা প্ৰেৰিত তথা নিৰ্বাচিত ৰাছুলৰ ওপৰতহে অৱতীৰ্ণ হয়। আল্লাহ তা‘আলাই কৈছেঃ মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। (ছুৰা আল-আহযাবঃ ৪০) আল্লাহ তাআলাই কৈছেঃ আৰু আমি তোমাক সমগ্ৰ মানৱজাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে। (ছুৰা ছাবাঃ আয়াত নং ২৮) আল্লাহ তাআলাই কৈছেঃ আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ। (ছুৰা আল-আম্বিয়াঃ ১০৭)
আয়াতসমূহৰ সাৰাংশ:
প্রথম আয়াতত আল্লাহে সংবাদ দিছে যে, নিশ্চয় মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) সমগ্র মানৱজাতিৰ প্ৰতি তেওঁৰ ৰাছুল হিচাপে আগমন কৰিছে। তেৱেঁই সর্বশেষ নবী, তেওঁৰ পিছত আন কোনো নবী নাই। আল্লাহে তেওঁকেই সর্বশেষ ৰাছুল তথা ৰিছালত বহনকাৰী হিচাপে মনোনীত কৰিছে। কাৰণ, তেওঁ ভালকৈ জানে যে, এই বিষয়ে মুহাম্মদেই হৈছে যোগ্য ব্যক্তি।
দ্বিতীয় আয়াতটোত আল্লাহ তা‘আলাই এই কথা কৈছে যে, তেওঁ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক শুভ্ৰ-নিগ্ৰো, আৰব-অনাৰব সকলো মানুহৰ প্ৰতি প্ৰেৰণ কৰিছে। কিন্তু এই সত্যটোক নিশ্চয় অধিকাংশ মানুহেই নাজানে; সেইকাৰণেই সিহঁত পথভ্রষ্ট হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ নকৰি সিহঁত কাফিৰত পৰিণত হৈছে।
তৃতীয় আয়াতটোত আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ক সম্বোধন কৰিছে আৰু কৈছে, নিশ্চয় তেওঁ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নিখিল বিশ্বৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰিছে। তেওঁ আল্লাহৰ ৰহমত, এই ৰহমতৰ দ্বাৰা আল্লাহে মানৱজাতিৰ প্ৰতি দয়া আৰু কৰুণা কৰিছে। এতেকে যিয়ে তেওঁৰ প্রতি ঈমান আনিব, তেওঁক অনুসৰণ কৰিব, তেওঁ নিশ্চিতভাৱে আল্লাহৰ ৰহমত গ্রহণ কৰিব। আৰু তেওঁৰ বাবে আছে জান্নাত। আনহাতে যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু তেওঁক অনুসৰণ নকৰিব, সি দৰাচলতে আল্লাহৰ ৰহমতক অগ্ৰাহ্য কৰিলে। আৰু সেই ব্যক্তি জাহান্নামৰ কঠোৰ শাস্তিৰ উপযুক্ত।
আল্লাহৰ প্রতি আৰু তেওঁৰ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ প্রতি ঈমান পোষণ কৰিবলৈ এটি আহ্বান
গতিকে হে বিবেকৱান ব্যক্তি! আমি আপোনাক আহ্বান জনাওঁ, আপুনি আল্লাহক ৰব্ব হিচাপে মানি ঈমান পোষণ কৰক, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক ৰাছুল হিচাপে মানি ঈমান পোষণ কৰক। লগতে তেওঁৰ অনুসৰণ কৰিবলৈ, আৰু তেওঁৰ মাধ্যমত আল্লাহে যি চৰীয়ত দি পঠিয়াইছে সেইমতে আমল কৰিবলৈ আপোনাক আহ্বান জনাওঁ। এইটোৱে হৈছে দ্বীনে ইছলাম বা ইছলামী জীৱন ব্যৱস্থা; যাৰ উৎস হৈছে, মহাগ্রন্থ আল-কোৰআন (আল্লাহৰ বাণী) আৰু সর্বশেষ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাণী, যিবোৰ নিৰ্ভৰযোগ্য সূত্ৰৰ দ্বাৰা প্ৰমাণিত। কাৰণ আল্লাহ তা‘আলাই তেওঁক নিৰপৰাধ, নিৰ্দোষী বনাইছে; গতিকে তেওঁ কেৱল সেইটোৱে নিৰ্দেশ কৰিছে যিটো নিৰ্দেশ কৰিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁ কেৱল সেইটোৱে নিষেধ কৰিছে যিটোক নিষেধ কৰিবলৈ আল্লাহে নির্দেশ দিছে। এতেকে আপুনি একাগ্র মনেৰে কওক, “মই আল্লাহক এককভাৱে ৰব্ব আৰু উপাস্য হিচাপে গ্রহণ কৰি তেওঁৰ প্ৰতি ঈমান আনিলোঁ” আৰু কওক, “মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক (সর্বশেষ) ৰাছুল হিচাপে মানি তেওঁৰ প্রতি ঈমান আনিলোঁ আৰু মই তেওঁৰ অনুসৰণ কৰিম”। কিয়নো, ইয়াৰ বাহিৰে আপোনাৰ মুক্তিৰ আন কোনো উপায় নাই।
আল্লাহে মোক আৰু আপোনাক সৌভাগ্যৱান হোৱাৰ আৰু মুক্তি অর্জনৰ তাওফীক দান কৰক। (আমীন)
***
হে বিবেকৱান ব্যক্তি! আপুনি যেতিয়া এই কথা গম পালে যে, আল্লাহেই আপোনাৰ ৰব্ব, তেৱেঁই আপোনাক সৃষ্টি কৰিছে। তেৱেঁই আপোনাক জীৱিকা দান কৰে, তেওঁ একক তথা সত্য ইলাহ্ (উপাস্য), তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে এককভাৱে তেওঁৰেই ইবাদত কৰাটো আপোনাৰ ওপৰত ওৱাজিব। লগতে এই কথাও আপুনি গম পাইছে যে, নিশ্চয় মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আপোনাৰ প্ৰতি তথা সমগ্র মানৱজাতিৰ প্ৰতি আল্লাহৰ ফালৰ পৰা ৰাছুল হিচাপে প্রেৰিত হৈছে। এতেকে এই কথা জানি থওক যে, দ্বীন ইছলাম সম্পৰ্কে জনা, তাৰ ওপৰত ঈমান পোষণ কৰা আৰু সেই অনুযায়ী আমল নকৰাকৈ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওপৰত সঠিকভাৱে ঈমান পোষণ কৰাটো কেতিয়াও সম্ভৱ নহয়। কিয়নো, এইটো এনেকুৱা দ্বীন (জীৱন ব্যৱস্থা), যিটোক আল্লাহে মনোনীত কৰিছে, আৰু তেওঁৰ ৰাছুলসকলক এই দ্বীন প্ৰচাৰ কৰাৰেই নির্দেশ দিছিল। লগতে এই দ্বীন প্ৰদান কৰি তেওঁ সৰ্বশেষ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক সমগ্র মানৱজাতিৰ ওচৰলৈ প্রেৰণ কৰিছে আৰু এই দ্বীন অনুযায়ী আমল কৰিবলৈ মানুহৰ বাবে ওৱাজিব কৰি দিছে।
***
ইছলামৰ সংজ্ঞা
সর্বশেষ ৰাছুল তথা সমগ্র মানৱজাতিৰ প্রতি আল্লাহৰ প্রেৰিত ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। লগতে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ চওম পালন কৰা আৰু সক্ষম হ'লে বাইতুল্লাহৰ হজ্জ কৰা।
ইছলাম হৈছে এনেকুৱা আন্তর্জাতিক দ্বীন, যিটোক গ্রহণ কৰিবলৈ আল্লাহে সমগ্র মানৱজাতিক নির্দেশ দিছে। আল্লাহৰ সকলো ৰাছুলে এই দ্বীনৰ ওপৰত ঈমান আনিছিল। আল্লাহৰ বাবে তেওঁলোকে এই দ্বীন গ্রহণৰ ঘোষণা দিছিল। আল্লাহেও ঘোষণা দিছে যে, এইটোৱেই সত্য দ্বীন আৰু এই দ্বীনৰ বাহিৰে আন কোনো দ্বীন তেওঁ কাৰো পৰাই গ্রহণ নকৰিব। তেওঁ কৈছেঃ নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন। (ছুৰা আলে-ইমৰাণঃ ১৯) আল্লাহ তাআলাই আৰু কৈছেঃ আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব। (ছুৰা আলে-ইমৰাণঃ ৮৫)
আয়াত দুটাৰ সাৰাংশ:
আল্লাহে জনাইছে যে, ইছলামেই হৈছে তেওঁৰ ওচৰত একমাত্র মনোনীত দ্বীন বা জীৱন ব্যৱস্থা।
দ্বিতীয় আয়াতত কৈছে, ইছলামৰ বাহিৰে আন কোনো দ্বীন তেওঁ কবুল নকৰিব আৰু কেৱল মুছলিমসকলেই মৃত্যুৰ পিছত সৌভাগ্যৱান হ’ব। আনহাতে যিসকলে ইছলাম গ্ৰহণ নকৰাকৈ অন্য কোনো ধৰ্মত মৃত্যুবৰণ কৰিব, সিহঁত আখিৰাতত ক্ষতিগ্রস্ত হ’ব আৰু জাহান্নামত সিহঁতক শাস্তি দিয়া হ’ব।
সেইকাৰণেই সকলো নবীয়ে আল্লাহৰ বাবে ইছলাম গ্ৰহণৰ তথা আত্মসমৰ্পনৰ ঘোষণা দিছিল। লগতে যিসকলে ইছলাম গ্রহণ কৰা নাছিল, সিহঁতৰ সৈতে সম্পর্ক ছিন্ন কৰাৰো ঘোষণা দিছিল। এতেকে ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ মাজৰ যিসকলে পৰিত্রাণ পাব বিচাৰে তথা সৌভাগ্যৱান হ’ব বিচাৰে, সিহঁতে ইছলাম গ্রহণ কৰা উচিত আৰু ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ অনুসাৰী হোৱা উচিত; যাতে সিহঁতে সঁচা অৰ্থত মূছা, ঈছা (আলাইহিমাচ্ছালাম)ৰ অনুসাৰী বুলি গণ্য হ’ব পাৰে। কিয়নো, মূছা ঈছা আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)কে আদি কৰি সকলো ৰাছুলেই আছিল মুছলিম। সকলোৱে মানুহক ইছলামৰ ফালেই আহ্বান কৰিছিল। কাৰণ, এইটোৱেই হৈছে আল্লাহৰ দ্বীন, যি দ্বীন প্ৰদান কৰি আল্লাহে তেওঁলোকক প্ৰেৰণ কৰিছিল। এতেকে সর্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰাকৈ পৃথিৱীৰ অন্তিম দিৱস পৰ্যন্ত কোনেও নিজকে মুছলিম বুলি দাবী কৰিব নোৱাৰিব। কাৰণ, এই দাবী তেতিয়াহে গ্রহণযোগ্য হ’ব যেতিয়া সি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল বুলি মানি ঈমান আনিব, তেওঁৰ অনুসৰণ কৰিব আৰু তেওঁৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ বিধান অনুযায়ী আমল কৰিব। আল্লাহ তা‘আলাই তেওঁৰ মহাগ্রন্থ আল-কোৰআনত কৈছেঃ কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’। (ছুৰা আলে-ইমৰাণঃ ৩১)
আয়াতৰ সাৰাংশ:
আল্লাহে ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক নিৰ্দেশ দি কৈছে যে, যিয়ে আল্লাহৰ মুহাব্বত দাবী কৰে আপুনি তাক কওক যে, সঁচাই যদি তোমালোকে আল্লাহক ভাল পোৱা, তেনেহ’লে মোক অনুসৰণ কৰা। তেতিয়াহে আল্লাহে তোমালোকক ভাল পাব। কিয়নো, যেতিয়ালৈকে তোমালোকে তেওঁৰ ৰাছুল মুহাম্মদৰ প্ৰতি ঈমান পোষণ নকৰিবা আৰু তেওঁৰ অনুসৰণ নকৰিবা তেতিয়ালৈকে তেওঁ তোমালোকক ভাল নাপাব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা নকৰিব।
ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ মাধ্যমত গোটেই মানৱজাতিৰ প্ৰতি যি ইছলাম প্ৰেৰণ কৰা হৈছে, সেইটো পৰিপূর্ণ তথা পূর্ণাঙ্গ। এটোৱেই ক্ষমা সুন্দৰ ইছলাম, যিটোক আল্লাহে পূর্ণতা দান কৰিছে। তেওঁ বান্দাসকলৰ বাবে ইয়াক দ্বীন হিচাপে মনোনীত কৰিছে। সিহঁতৰ পৰা তেওঁ এই দ্বীনৰ বাহিৰে আন কোনো ধৰ্ম গ্রহণ নকৰিব। তেওঁ সকলো নবীক এই দ্বীনৰেই সুসংবাদ দিছিল আৰু তেওঁলোকে ইয়াৰ প্রতি ঈমান আনিছিল। আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩)
আয়াতৰ সাৰাংশ:
ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) বিদায় হজ্জৰ সময়ত যেতিয়া হাজীসকলৰ লগত মক্কাৰ আৰাফাতত অৱস্থান কৰিছিল আৰু আল্লাহক মনে মনে তথা উচ্চস্বৰে আহ্বান কৰি আছিল, ঠিক সেই সময়তে আল্লাহে তেওঁৰ শেষ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত এই আয়াত অৱতীৰ্ণ কৰিছিল। এইটো আছিল ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ জীৱনৰ অন্তিম দিনবোৰৰ ঘটনা, আল্লাহৰ সহায়ত তেওঁ যেতিয়া দ্বীন ইছলাম প্ৰচাৰ কৰাৰ দায়িত্ব সম্পন্ন কৰিছিল, তথা ইছলামে বিস্তাৰ লাভ কৰিছিল, আৰু কোৰআন অৱতীৰ্ণ হোৱা সম্পূৰ্ণ হৈছিল তেতিয়া এই আয়াত অৱতীৰ্ণ হৈছিল।
আল্লাহ ছুবহানাহু অতাআলাই সংবাদ দিছে যে, তেওঁ নিশ্চিতভাৱে মুছলিমসকলৰ বাবে তেওঁৰ দ্বীন পৰিপূর্ণ কৰি দিছে। লগতে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক প্ৰেৰণ কৰি আৰু তেওঁৰ ওপৰত মহাগ্রন্থ আল-কোৰআন অৱতীর্ণ কৰি তেওঁৰ নিয়ামতক সম্পূর্ণ কৰিছে। তেওঁ আৰু জনাইছে যে, তেওঁ ইছলামক তেওঁলোকৰ বাবে দ্বীন হিচাপে প্রদান কৰি সন্তুষ্ট হৈছে। ইয়াৰ প্ৰতি তেওঁ কেতিয়াও অসন্তুষ্ট নহ’ব। আনহাতে এই দ্বীনৰ বাহিৰে আন কোনো ধৰ্মক তেওঁ কাৰো পৰা গ্রহণ নকৰিব।
মহান আল্লাহে আৰু জনাইছে যে, নিশ্চয় তেওঁ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে সমগ্র মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছে। ইছলাম হৈছে পৰিপূর্ণ তথা পূর্ণাঙ্গ জীৱন ব্যৱস্থা। যিটো সকলো যুগত, সকলো স্থানত, সকলো উম্মতৰ বাবে উপযোগী। এইটো বিজ্ঞান ভিত্তিক, সহজ-সৰল, ন্যায়সংগত, মংগলময় জীৱন ব্যৱস্থা। জীৱনৰ সকলো ক্ষেত্রতে ইয়াৰ পদ্ধতি অতি স্পষ্ট, পৰিচ্ছন্ন, পৰিপূর্ণ আৰু সহজ-সৰল। ইয়াত যেনেকৈ দ্বীনি ব্যৱস্থা আছে ঠিক তেনেকৈ ৰাষ্ট্রব্যৱস্থাও আছে। ইয়াত ধৰ্মনীতি, ৰাষ্ট্রনীতি, বিচাৰনীতি, ৰাজনীতি, সমাজনীতি, অর্থনীতি আৰু মানুহে নিজৰ পার্থিৱ জীৱনত যি যি প্রয়োজন অনুভৱ কৰে ইয়াৰ মাজত সেই সকলোবোৰৰ সঠিক পদ্ধতি নিহিত আছে। লগতে ইয়াৰ মাজতেই আছে মানুহৰ মৃত্যুৰ পিছৰ পাৰলৌকিক জীৱনৰ মঙ্গল।
***
ইছলামৰ আৰকান বা স্তম্ভসমূহ
আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক পৰিপূর্ণ যি ইছলাম সহকাৰে প্ৰেৰণ কৰিছে, সেই ইছলাম পাঁচটা স্তম্ভৰ ওপৰত প্রতিষ্ঠিত। এইবোৰৰ প্রতি ঈমান পোষণ নকৰাকৈ আৰু এইবোৰ যথাযথভাৱে পালন নকৰাকৈ কোনেও প্ৰকৃত মুছলিম হ’ব নোৱাৰে। সেইবোৰ হৈছে:
১. এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল।
২. ছালাত প্রতিষ্ঠা কৰা
৩. যাকাত প্রদান কৰা।
৪. ৰমজানৰ ছিয়াম পালন কৰা।
৫. সামর্থ থাকিলে বায়তুল্লাহৰ হজ্জ কৰা।([13])
প্ৰথম স্তম্ভ
এই কথাৰ সাক্ষ্য দান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল।
এই সাক্ষ্যৰ এটা বিশেষ অর্থ আছে, প্ৰতিজন মুছলিমৰ বাবে সেইটো জনা আৰু সেইমতে আমল কৰা অনিবাৰ্য। কিয়নো, যিয়ে কেৱল এইটো মুখেৰে উচ্চাৰণ কৰে আৰু ইয়াৰ অর্থ নাজানে তথা সেই অনুযায়ী আমল নকৰে, সেই ব্যক্তি ইয়াৰ দ্বাৰা উপকৃত নহয়।
(لا إله إلا الله) বা ‘লা ইলা-হা ইল্লাল্লাহ’ৰ অর্থ হৈছে, আকাশমণ্ডল আৰু পৃথিৱীত একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ (উপাস্য) নাই। তেৱেঁই সত্য উপাস্য, তেওঁৰ বাহিৰে যিবোৰক উপাসনা কৰা হয় সেই সকলোবোৰ বাতিল। (إله) ‘ইলাহ’ শব্দৰ অর্থ হৈছে মা‘বূদ, বা উপাস্য (যাৰ ইবাদত কৰা হয়)।
এতেকে যিয়ে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰিছে আৰু তেওঁৰ সৈতে আনক অংশীদাৰ কৰিছে। যদিও তাৰ উপাস্য কোনো নবী অথবা অলী নহওক কিয়। যদিও ইয়াৰ মাধ্যমত আল্লাহৰ নৈকট্য লাভ কৰা আৰু তেওঁলোকক ওছীলা হিচাপে গ্রহণ কৰাৰ কথা নকওক কিয়। কিয়নো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যিবোৰ মুশ্বৰিকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, সিহঁতেও এনেকুৱা বাতিল আৰু অগ্রহণযোগ্য প্রমাণাদিৰ সহায় লৈছিল। নিশ্চিতভাৱে এইবোৰ বাতিল তথা অগ্রহণযোগ্য প্রমাণ; কিয়নো আনৰ ইবাদত কৰি কেতিয়াও আল্লাহৰ নৈকট্য লাভ কৰা তথা তেওঁৰ ওছীলা গ্ৰহণ কৰাটো কেতিয়াও সম্ভৱ নহয়; বৰং যিবোৰ বস্তুৰ দ্বাৰা আপুনি আল্লাহৰ নৈকট্য বা ওচীলা গ্রহণ কৰিব সেইবোৰ হৈছে, আল্লাহৰ নামসমূহ আৰু তেওঁৰ গুণাৱলীসমূহ, আল্লাহে আদেশ দিয়া সৎকৰ্মসমূহ যেনে- ছালাত, চাদাক্বাহ, যিকৰ, ছিয়াম, জিহাদ, হজ্জ, পিতা-মাতাৰ সৈতে সদাচৰণ ইত্যাদি। লগতে উপস্থিত কোনো জীৱিত মুমিন ব্যক্তিৰ দুআৰ জৰিয়তেও নৈকট্য লাভ কৰা সম্ভৱ, যদি তেওঁ দুআ কৰি দিয়ে।
ইবাদতৰ কেইবাটাও প্রকাৰ আছে:
১- দুআ
দুআ হৈছে, প্রয়োজন আদি পূৰণৰ বাবে কৰা প্রার্থনা, যিটো পূৰণ কৰাৰ সামর্থ্য আল্লাহৰ বাহিৰে আন কাৰো নাই। যেনে, বৰষুণ দান কৰা, বেমাৰৰ পৰা আৰোগ্য কৰা, এনেকুৱা বিপদ-আপদ যিটোক কোনো সৃষ্টিজীৱে দূৰ কৰিবলৈ সক্ষম নহয়, জান্নাত আৰু জাহান্নামৰ পৰা মুক্তি বিচৰা, সন্তান-সন্ততি, জীৱিকা, কল্যাণ আদি বিচৰা।
আল্লাহৰ বাহিৰে আন কাৰো ওচৰতেই এইবোৰ প্ৰাৰ্থনা কৰা উচিত নহয়। যদি কোনোবাই কোনো সৃষ্টিৰ পৰা মৃত হওক অথবা জীৱিত, এইবোৰৰ মাজৰ কিবা বিচাৰে তেনেহ’লে সি তাৰ ইবাদত কৰা বুজাব। কাৰণ একমাত্ৰ আল্লাহ তা‘আলাৰ ওচৰতহে দুআ কৰিবলৈ নির্দেশ দিছে, লগতে এই সংবাদ দিছে যে, দুআ হৈছে ইবাদত। যি ব্যক্তিয়ে তেওঁৰ বাহিৰে আনৰ ওচৰত দুআ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। যেনে আল্লাহ তাআলাই কৈছেঃ আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’। (ছুৰা গাফিৰঃ ৬০) আল্লাহ তাআলাই এই কথাও জনাই দিছে যে, আল্লাহৰ বাহিৰে যিবোৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, সিহঁত নবী হওক অথবা কোনো ওলী, সিহঁতে কোনো ধৰণৰ উপকাৰ বা অপকাৰ কৰিব নোৱাৰে। যেনে- আল্লাহ তাআলাই কৈছেঃ কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’। (ছুৰা আল-ইছৰাঃ ৫৬ আৰু ইয়াৰ পিছৰ আয়াত) আল্লাহ তাআলাই আৰু কৈছেঃ আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা। (ছুৰা আল-জিনঃ ১৮)
২-জবেহ, মান্নত আৰু কুৰবানীও হৈছে এক প্ৰকাৰ ইবাদতঃ
এতেকে আল্লাহৰ নৈকট্য অর্জন কৰিবলৈ কোনো মানুহেই কেৱলমাত্র আল্লাহৰ বাহিৰে আন কাৰো বাবে জীৱ-জন্তুৰ তেজ প্রবাহিত কৰিব নোৱাৰিব, কুৰবানী কৰিব নোৱাৰিব অথবা কিবা মান্নত কৰিবও নোৱাৰিব। লগতে যিয়ে আল্লাহৰ বাহিৰে আন কাৰো বাবে যেনে কবৰ অথবা জ্বিন-ভূত আদিৰ উদ্দেশ্যে জবেহ কৰিব; সি আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰা বুজাব আৰু আল্লাহৰ অভিসম্পাতৰ অধিকাৰী হ’ব। আল্লাহ তা‘আলাই কৈছেঃ- কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব্ব আল্লাহৰ বাবে’। (ছুৰা আল-আনআমঃ ১৬২)
ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ সেই ব্যক্তিৰ প্ৰতি আল্লাহে অভিসম্পাত কৰিছে, যিয়ে আল্লাহৰ বাহিৰে আনৰ বাবে জবেহ কৰে। ([14])
আৰু যদি কোনোবাই এই বুলি মান্নত কৰে যে, যদি মই অমুক কামটোত উত্তীৰ্ণ হওঁ তেন্তে অমুক ব্যক্তিৰ উদ্দেশ্যে অথবা অমুক ব্যক্তিৰ কবৰত বা মাজাৰত এই পৰিমাণ (টকা বা বস্তু) দান কৰিম। তেন্তে এই মানত শ্বির্ক বুলি গণ্য হ’ব। কাৰণ ইয়াত সৃষ্টিৰ উদ্দেশ্যে মান্নত কৰা হৈছে। যিহেতু মান্নত হৈছে এক প্ৰকাৰ ইবাদত। গতিকে এইটো আল্লাহৰ বাহিৰে আনৰ উদ্দেশ্যে কৰাটো কেতিয়াও বৈধ নহয়। এতেকে চৰীয়তসন্মত মান্নত হৈছে এইদৰে কোৱা যে, মই যদি অমুক কামটোত উত্তীৰ্ণ হওঁ, তেন্তে আল্লাহৰ উদ্দেশ্যে ইমান টকা দান কৰিম বা অমুক বস্তু দান কৰিম, অথবা অমুক সৎকৰ্মটো কৰিম, (যেনে ৰোজা ৰাখিম বা দুই ৰাকাত নামাজ পঢ়িম আদি)।
৩-বিপদমুক্তি প্ৰাৰ্থনা কৰা, সহায় বিচৰা আৰু আশ্রয় প্রার্থনাও হৈছে এক প্ৰকাৰ ইবাদত:([15])
এতেকে একমাত্র আল্লাহৰ বাহিৰে আন কাৰো ওচৰত বিপদমুক্তি কামনা কৰা, সহায় প্ৰাৰ্থনা কৰা তথা আশ্রয় প্রার্থনা কৰা বৈধ নহয়। কোৰআনুল কাৰীমত আল্লাহ তা‘আলাই কৈছেঃ- আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। (ছুৰা আল-ফাতিহাঃ ৫) আল্লাহ তাআলাই আৰু কৈছেঃ কোৱা, মই আশ্ৰয় বিচাৰোঁ উষাৰ প্ৰতিপালকৰ। তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, (ছুৰা আল-ফালাক্বঃ ১-২) আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোৰ ওচৰত উদ্ধাৰ প্রার্থনা কৰা নহয়, বৰং উদ্ধাৰ প্রার্থনা কৰিব লাগে একমাত্র আল্লাহৰ ওচৰত।”([16]) তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ যেতিয়া কিবা বিচাৰিবা আল্লাহৰ ওচৰত বিচাৰিবা, আৰু যেতিয়া সহায় প্রার্থনা কৰিবা, তেতিয়াও আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা”।([17])
উপস্থিত জীৱিত মানুহৰ পৰা যিটো তেওঁ কৰিবলৈ সক্ষম এনেকুৱা বিষয়ত বিপদ মুক্তিৰ আহ্বান আৰু সহায় বিচৰা বৈধ। কিন্তু আশ্রয় প্রার্থনা কৰাটো কোনো অৱস্থাতেই একমাত্ৰ আল্লাহৰ বাহিৰে আনৰ ওচৰত বৈধ নহয়। এইদৰে কোনো মৃত অথবা অনুপস্থিত কোনো ব্যক্তিৰ ওচৰত বিপদৰ পৰা মুক্তিৰ আহ্বান তথা সহায় প্রার্থনা কৰাটো কেতিয়াও বৈধ নহয়। কিয়নো সেই ব্যক্তি নবীয়ে হওক অথবা অলী নাইবা কোনো ফিৰিস্তা, বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ কোনো যোগ্যতা নাই।
আৰু গায়েব সম্পৰ্কীয় বিষয়াদি, একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও নাজানে। এতেকে যিয়ে গায়েবী বিষয় জানে বুলি দাবী কৰিব সি কাফিৰ। তাক মিছলীয়া বুলি কোৱাটো ওৱাজিব। আনহাতে গণকৰ গণনাৰ পিছত যদি সেইটো সঁচা প্ৰমাণিত হয়, তেন্তে সেইটো হৈছে কাকতলীয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে গণক অথবা ভৱিষ্যৎ বক্তাৰ ওচৰত আহি কিবাকিব সোধ-পোচ কৰে আৰু তাৰ কথাক বিশ্বাস কৰে, সি দৰাচলতে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত অৱতীৰ্ণকৃত সকলো বিধানকে অস্বীকাৰ কৰে।”([18])
ইবাদতৰ আৰু কিছুমান প্রকাৰ যেনে: ভৰসা কৰা, কিবা পোৱাৰ আশা কৰা([19]), আৰু অৱনত হোৱা: গতিকে মানুহে এক আল্লাহৰ বাহিৰে আন কাৰো ওপৰত ভৰসা কৰা উচিত নহয়, আল্লাহৰ বাহিৰে আন কাৰো ওচৰত কিবা পোৱাৰ আশা কৰাও উচিত নহয়। লগতে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ওচৰত বিনয়াৱনত হোৱাও উচিত নহয়।
পৰিতাপৰ বিষয় এই যে, নিজকে মুছলিম বুলি পৰিচয় দিয়া বহুতেই আল্লাহৰ লগত শ্বিৰ্ক কৰে। আল্লাহৰ বাহিৰে আনক শ্রেষ্ঠ জ্ঞান কৰে, জীৱিত অথবা বহুতো কবৰবাসীৰ ওচৰত দুআ কৰাৰ মাধ্যমেৰে শ্বিৰ্ক কৰে। সিহঁতৰ কবৰক প্রদক্ষিণ কৰে। সিহঁতৰ ওচৰত প্রয়োজন পূৰণৰ প্রার্থনা কৰে। নিঃসন্দেহে এইবোৰ হৈছে আল্লাহৰ বাহিৰে আনৰ বাবে কৰা ইবাদত। এইবোৰ কাম কৰা ব্যক্তিসকলে যদিও নিজকে মুছলিম বুলি দাবী কৰে আৰু এই সাক্ষ্যও প্ৰদান কৰে যে, আল্লাহৰ বাহিৰে আন কোনো ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাতো আদায় কৰে, ছিয়ামো পালন কৰে, আল্লাহৰ ঘৰৰ হজ্জও কৰে, তথাপিও সিহঁত মুছলিম নহয়। আল্লাহ তা‘আলাই কৈছেঃ নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা। (ছুৰা আজ-ঝুমৰঃ ৬৫) আল্লাহ তাআলাই আৰু কৈছেঃ নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিব আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। (ছুৰা আল-মায়িদাহঃ ৭২)
ইয়াৰ বাহিৰেও আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই নির্দেশ দিছে যে, তেওঁ যেন মানুহক এই কথা জনাই দিয়েঃ কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হৈছে যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’। (ছুৰা আল-কাহাফঃ ১১০)
সিহঁত সকলোৱে হৈছে মুর্খ, সিহঁতক পথভ্রষ্ট আৰু নিকৃষ্ট আলিমসকলে ঠগিছে, সিহঁতে দ্বীনৰ কিছুমান শাখা-প্রশাখা সম্পৰ্কে জানিলেও দ্বীনৰ মূল ভিত্তি তাওহীদ সম্পৰ্কে সিহঁত একেবাৰে অজ্ঞ। সিহঁতে তাওহীদৰ অর্থ নজনাৰ কাৰণে শ্বাফা‘আত আৰু অছীলাৰ নামত সিহঁতক শ্বিৰ্কৰ ফালে আহ্বান কৰে। সিহঁতৰ প্রমাণবোৰ হৈছে; কিছুমান আয়াতসমূহৰ ভুল ব্যাখ্যা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামত প্ৰচাৰ কৰা নতুন পুৰণা মিছা হাদীছ, বিভিন্ন ঘটনাৱলী আৰু চয়তানৰ ফালৰ পৰা প্রদর্শিত সপোন আদি বিভিন্ন প্রকাৰৰ পথভ্রষ্টতা; যিবোৰ সিহঁতে সিহঁতৰ কিতাপসমূহত সন্নিৱেশিত কৰিছে। এইবোৰকে প্ৰমাণ হিচাপে উত্থাপন কৰি তথা চয়তানৰ অনুসৰণ কৰি আৰু প্ৰবৃত্তিৰ কামনা-বাসনা, লগতে পিতৃ-পুৰুষসকলৰ অন্ধ অনুকৰণ কৰি সিহঁতে গাইৰুল্লাহৰ পূজা পাঠ কৰে। যিদৰে প্রথম যুগৰ মুশ্বৰিকসকলে কৰিছিল।
প্ৰকৃততে আল্লাহে তেওঁৰ এই আয়াতত যি ‘অছীলা’ সন্ধান কৰাৰ কথা কৈছেঃ﴿وَٱبۡتَغُوٓاْ إِلَيۡهِ ٱلۡوَسِيلَةَ﴾ [المائدة: ٣٥]“আৰু তোমালোকে তেওঁৰ নৈকট্য পাবলৈ অছীলা সন্ধান কৰা”। [ছুৰা আল-মায়িদাহ: ৩৫] ইয়াত “অছীলা” শব্দৰ দ্বাৰা, 'সৎকৰ্মসমূহ'ক বুজোৱা হৈছে। যেনে আল্লাহৰ একত্ববাদ (তাওহীদ), চালাত আদায় কৰা, চাদাকা প্রদান কৰা, ছিয়াম পালন কৰা, হজ্জ আদায় কৰা, জিহাদ কৰা, সৎকৰ্মৰ নির্দেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, আত্মীয়সকলৰ সৈতে সুসম্পৰ্ক বজায় ৰখা আদি। পক্ষান্তৰে মৃত ব্যক্তিৰ ওচৰত দুআ কৰা, বিপদ-আপদৰ সময়ত সিহঁতৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, এইবোৰ হৈছে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ দৰে। (অছীলাৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই।)
নবী আৰু অলীসকলক আল্লাহে যি শ্বাফা‘আত বা ছুপাৰিছৰ অনুমতি দিব, এইটো সত্য, ইয়াৰ প্ৰতি আমাৰ ঈমান আছে, কিন্তু এই শ্বাফাআত মৃত ব্যক্তিৰ ওচৰত আশা কৰা কেতিয়াও উচিত নহয়। কিয়নো শ্বাফা‘আত হৈছে একমাত্ৰ আল্লাহৰ অধিকাৰ; তেওঁৰ অনুমতি অবিহনে কোনেও এইটো পাব নোৱাৰে। সেইকাৰণেই আল্লাহৰ একত্ববাদত বিশ্বাসীসকলে শ্বাফাআত একমাত্র আল্লাহৰ ওচৰতেই প্ৰাৰ্থনা কৰে, তেওঁলোকে এই বুলি দুআ কৰে, « হে আল্লাহ! আপোনাৰ ৰাছুল আৰু আপোনাৰ সৎ বান্দাসকলক মোৰ বাবে শ্বাফা‘আতকাৰী বনাই দিয়ক”। তেওঁলোকে কেতিয়াও এই বুলি নকয় যে, হে অমুক! মোৰ বাবে শ্বাফা‘আত কৰক। কাৰণ যাক সম্বোধন কৰা হৈ আছে, সি হৈছে মৃত। আৰু মৃত ব্যক্তিৰ ওচৰত কেতিয়াও একো বিচাৰিব নোৱাৰি। আল্লাহে কৈছেঃ কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’। (ছুৰা আজ-ঝুমৰঃ ৪৪)
ইছলাম বিৰোধী বিভ্ৰান্তিকৰ বিদ‘আতৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আঁতৰত থকাৰ নিৰ্দেশ দিছে। এই বিষয়ে বুখাৰী আৰু মুছলিমকে আদি কৰি অন্যান্য ছহীহ ছুনান গ্রন্থতো হাদীছ নিষেধাজ্ঞা আহিছে। যেনে- কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা, কবৰৰ ওচৰত বন্তি জ্বলোৱা, কবৰৰ ওপৰত ঘৰ সজা, কবৰ পকা কৰা, কবৰৰ ওপৰত লিখা, কবৰক পর্দাৰে ঢাকি ৰখা, কবৰস্থানত নামাজ আদায় কৰা ইত্যাদি। এইবোৰৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে নিষেধ কৰিছে। কিয়নো এইবোৰেই হৈছে কবৰবাসীৰ ইবাদত কৰাৰ অন্যতম ডাঙৰ কাৰণ।
ইয়াৰ দ্বাৰা স্পষ্ট হ'ল যে, বহুতো দেশত কিছুমান কবৰত মুৰ্খসকলে যিবোৰ কৰ্ম কৰি আছে, সিহঁতে দৰাচলতে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি আছে। যেনে মিচৰত বাদৱী আৰু যয়নবৰ কবৰত, ইৰাকত জিলানীৰ কবৰত, কাৰবালা আৰু নজফত আহলে বাইতৰ ফালে সম্পৃক্ত কবৰসমূহত। লগতে বহুতো দেশত কিছুমান কবৰক প্ৰদক্ষিণ কৰে আৰু সেই কবৰবাসীৰ ওচৰত প্ৰয়োজন প্ৰাৰ্থনা কৰে আৰু এই বিশ্বাস কৰে যে, সেই কবৰবাসীয়ে উপকাৰ বা অপকাৰ কৰিবলৈ সক্ষম।
ইয়াৰ দ্বাৰা এই কথাও স্পষ্ট হ’ল যে, ইহঁতৰ এই কৰ্মবোৰৰ দ্বাৰা ইহঁত মুশ্বৰিকত পৰিণত হৈছে তথা বিভ্ৰান্ত হৈছে, যদিও সিহঁতে নিজকে মুছলিম বুলি দাবী কৰে, ছালাত আদায় কৰে, ছিয়াম পালন কৰে, আল্লাহৰ ঘৰৰ হজ্জ কৰে, লা ইলাহা ইল্লাল্লাহৰ স্বীকাৰোক্তি প্ৰদান কৰে আৰু মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক আল্লাহৰ ৰাছুল বুলি মানে। কিয়নো, লা ইলাহা ইল্লাল্লাহ, মুহাম্মাদুৰ ৰাছুলুল্লাহ বুলি স্বীকৃতি দিলেই মুৱাহহিদ (একত্ববাদত বিশ্বাসী) হোৱা নাযায়। যেতিয়ালৈকে ইয়াৰ অর্থ জানি নল’ব আৰু সেইমতে আমল নকৰিব। ইতিপূৰ্বে এই বিষয়ে আলোচনা হৈ গৈছে। আনহাতে অমুছলিম ব্যক্তি এজনে প্রথম অৱস্থাত এই বাক্য উচ্চাৰণৰ মাধ্যমতেই ইছলামত প্ৰৱেশ কৰে আৰু তাক মুছলিম বুলিও গণ্য কৰা হয়, কিন্তু তাক তেতিয়ালৈকে মুছলিম বুলি গণ্য কৰা হ’ব যেতিয়ালৈকে সি এই বাক্যৰ পৰিপন্থী কোনো কাম নকৰিব। যেনে- পূর্বে উল্লেখিত শ্বির্কীয়া কৰ্মসমূহ। অথবা যদি সি ইছলামৰ কোনো ফৰজ বিধানক অস্বীকাৰ কৰে, তেতিয়াও সি ইছলামৰ পৰা বহিষ্কৃত হ’ব, নাইবা ইছলাম পৰিপন্থী কোনো ধৰ্মৰ প্ৰতি যদি ঈমান আনে।
নবী আৰু অলীসকলে([20]) সেইসকল লোকৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰিছে যিসকলে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰে তথা তেওঁলোকৰ ওচৰত বিপদৰ পৰা মুক্তি কামনা কৰে। কিয়নো আল্লাহ তা‘আলাই ৰাছুলসকলক প্ৰেৰণ কৰিছে মানুহক একমাত্র তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰিবলৈ, লগতে দায়িত্ব অৰ্পন কৰিছে যে, মানুহে যেন নবী অথবা অলী তথা অন্যান্যসকলৰ ইবাদত পৰিত্যাগ কৰে।
এতেকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰা আৰু তেওঁৰ অনুসাৰী অলীসকলক ভাল পোৱাটো তেওঁলোকৰ ইবাদত কৰা নুবুজায়। কিয়নো তেওঁলোকক ইবাদত কৰাটো হৈছে তেওঁলোকৰ সৈতে শত্রুতা পোষণ কৰাৰ দৰে। আনহাতে তেওঁলোকক মুহাব্বত কৰাৰ অৰ্থ হৈছে, তেওঁলোকৰ অনুসৰণ কৰা আৰু তেওঁলোকৰ পথৰ অনুকৰণ কৰা। প্ৰকৃত মুছলিম এজনে নবী আৰু অলীসকলক ভাল পায়, কিন্তু তেওঁলোকৰ ইবাদত নকৰে।
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰাটো হৈছে আমাৰ ওপৰত ওৱাজিব, ইয়াৰ প্ৰতি আমি সকলোৱে ঈমান ৰাখিব লাগিব। তথা তেওঁৰ মুহাব্বতক আমাৰ প্ৰাণ, পৰিয়াল, সন্তান-সন্ততি আৰু সকলো মানুহৰ ওপৰত প্ৰাধান্য দিয়াটো অনিবাৰ্য।
***
মুক্তিপ্ৰাপ্ত দল
সংখ্যাত মুছলিমসকল বহুত। প্ৰকৃততে তেওঁলোকৰ সংখ্যা অতি তাকৰ। ইছলামৰ সৈতে সম্পৃক্ত হোৱা দলসমূহৰ সংখ্যা প্ৰায় ৭৩টা। এইসমূহ দলত থকা লোকৰ সংখ্যা এহেজাৰ মিলিয়নতকৈও অধিক([21])। কিন্তু প্ৰকৃত মুছলিমৰ দল হৈছে কেৱল এটা। সেই দলৰ অন্তৰ্ভুক্ত হৈছে সেইসকল লোক, যিসকলে আল্লাহক এক বুলি মানে আৰু আকীদাহ তথা সৎকৰ্ম কৰাৰ ক্ষেত্রত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু তেওঁৰ চাহাবাসকলক অনুসৰণ কৰে। যেনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ইয়াহূদীসকলে ৭১ টা দলত বিভক্ত হৈছিল, খৃষ্টানসকলে বিভক্ত হৈছিল ৭২ টা দলত আৰু এই উম্মত বিভক্ত হ’ব ৭৩ টা দলত। এটা দলৰ বাহিৰে বাকী সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব। চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! সেইটো কোনটো দল? তেখেতে ক’লেঃ তেওঁলোক হৈছে, মই আৰু মোৰ চাহাবাসকল যি পথত আছোঁ, সেই পথত থকা লোকসকল।([22])
ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম) আৰু তেওঁৰ চাহাবাসকল যি আক্বীদাৰ ওপৰত প্ৰতিষ্ঠিত আছিল সেয়া হৈছে, ‘লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ’ৰ অৰ্থৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু সেইমতে আমল কৰা। এককভাৱে আল্লাহৰ ওচৰত দুআ কৰা, একমাত্ৰ আল্লাহৰ ওচৰতেই জবেহ আৰু মান্নত কৰা। একমাত্র আল্লাহৰ ওচৰতেই বিপদৰ পৰা মুক্তি কামনা কৰা, সহায় প্ৰাৰ্থনা কৰা তথা আশ্রয় প্রার্থনা কৰা। লগতে এই বিশ্বাস পোষণ কৰা যে, উপকাৰ আৰু ক্ষতি কৰিবলৈ একমাত্র তেৱেঁই সক্ষম। লগতে আল্লাহ ছুবহানাহুৰ উদ্দেশ্যে ইখলাচৰ সৈতে ইছলামৰ স্তম্ভসমূহ (আৰকান) আদায় কৰা। ফিৰিস্তাসকল, কিতাবসমূহ, ৰাছুলসকল, পুনৰুত্থান, হিচাপ-নিকাচ, জান্নাত, জাহান্নাম, তাকদীৰৰ মঙ্গল-অমঙ্গল আদি আল্লাহৰ ফালৰ পৰাই নিৰ্ধাৰিত এই কথা বিশ্বাস কৰা। জীৱনৰ সকলো ক্ষেত্রতে কোৰআন আৰু ছুন্নাহ অনুযায়ী শাসন ব্যৱস্থা পৰিচালনা কৰা। এই দুয়োৰে মাধ্যমত হোৱা বিচাৰ ব্যৱস্থাৰ প্রতি সন্তুষ্ট থকা। আল্লাহৰ অলীসকলৰ সৈতে বন্ধুত্ব ৰখা আৰু তেওঁৰ শত্রুসকলৰ সৈতে শত্রুতা ৰখা। আল্লাহৰ পিনে আহ্বান কৰা। তেওঁৰ পথত এক গোট হৈ জিহাদ কৰা। মুছলিম শাসকসকলৰ আনুগত্য কৰা যদিহে তেওঁলোকে সৎকৰ্মৰ নিৰ্দেশ দিয়ে। সকলো অৱস্থাতে সত্য কথা কোৱা। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ স্ত্ৰীসকল আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মুহাব্বত কৰা, লগতে তেওঁৰ চাহাবাসকলক ভালপোৱা। তেওঁলোকৰ মর্যাদা অনুযায়ী তেওঁলোকৰ প্রতি সন্মান প্রদর্শন কৰা। তেওঁলোক সকলোৰে প্রতি সন্তুষ্ট থকা। তেওঁলোকৰ মাজত হোৱা কাজিয়া সম্পৰ্কে মৌন হৈ থকা উচিত([23])। কিছুমান মুনাফিকে তেওঁলোকৰ বিষয়ে কঠোৰ ভাষাৰে যি সমালোচনা কৰিছে, সেইবোৰ বিশ্বাস নকৰা। সিহঁতৰ এই সমালোচনাৰ উদ্দেশ্য আছিল মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰা আৰু কিছু সংখ্যক আলিম আৰু ইতিহাসবিদক প্ৰৱঞ্চনা কৰা। যদিও সিহঁতে ভাল নিয়তেৰে কিতাপত চাহাবাসকলৰ পাৰস্পৰিক এই বিবাদবোৰ উল্লেখ কৰিছে। কিন্তু তথাপিও এইটো কৰা ঠিক হোৱা নাই।
আনহাতে যিসকলে দাবী কৰে যে, সিহঁত হৈছে আহলে বাইতৰ বংশধৰ, আৰু সিহঁতে নিজকে ‘ছাইয়্যিদ’ বুলি আখ্যায়িত কৰে, সিহঁতে এই বংশ পৰম্পৰা সম্পৰ্কে সঠিক তথ্য অর্জন কৰা উচিত। কিয়নো নিশ্চয় আল্লাহে সেই ব্যক্তিক অভিসম্পাত কৰিছে যিয়ে নিজৰ পিতাৰ বাহিৰে বেলেগৰ সৈতে সম্পৰ্ক স্থাপন কৰে। যদি তেওঁলোক সঁচাই আহলে বাইতৰ বুলি প্রমাণিত হয়, তেনেহ’লে তেওঁলোকৰ প্ৰথম কর্তব্য হৈছে, নিৰ্ভেজালভাৱে আল্লাহৰ তাওহীদ মানি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ অনুসৰণ কৰা। গুনাহ বর্জন কৰা, মূৰ নত কৰি মানুহে যি সন্মান প্ৰদৰ্শন কৰে সেইবোৰক অস্বীকাৰ কৰা, হাত, ভৰিত চুমা খাই যি সন্মান প্ৰদৰ্শন কৰে সেইবোৰক নসাৎ কৰা। মুছলিম ভাইসকলৰ পৰা পৃথক হৈ ভিন্ন কোনো পোছাক পৰিধান কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ এইবোৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৰা নাছিল, বৰং এইবোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ বিৰোধী কৰ্ম। তেওঁ এইবোৰ কৰ্মৰ পৰা সম্পূর্ণৰূপে সম্পর্কহীন। বৰং আল্লাহৰ ওচৰত সেই ব্যক্তি মর্যাদাৰ অধিকাৰী, যিয়ে যিমান বেছি তাক্বৱাৰ অধিকাৰী।
দুৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত। (আমীন)
***
আদেশ আৰু চৰীয়ত (জীৱন পদ্ধতি) প্রণয়নৰ অধিকাৰ একমাত্র আল্লাহৰ বাবেই সংৰক্ষিত। আৰু য’তেই আল্লাহৰ চৰীয়তৰ বাস্তৱায়ন হ’ব ত’তেই থাকিব ইনচাফ, ৰহমত আৰু মর্যাদা
‘লা ইলাহা ইল্লাল্লাহ’ৰ এনেকুৱা এটা অৰ্থ আছে, যাৰ ওপৰত ঈমান পোষণ কৰা আৰু আমল কৰা ওৱাজিব। সেইটো হৈছে, আদেশ প্ৰদান আৰু চৰীয়ত প্রণয়নৰ অধিকাৰ একমাত্র আল্লাহৰ। এতেকে আল্লাহৰ আইনৰ পৰিপন্থী কোনো আইন প্রণয়ন কৰা কোনো মানুহৰ বাবেই বৈধ নহয়, সেয়া যি বিষয়েই নহওক কিয়। অনুৰূপভাৱে আল্লাহৰ চৰীয়ত বিৰোধী কোনো বিচাৰ ফয়চালাৰ ওপৰত সন্তুষ্ট থকাটোও কোনো মানুহৰ বাবে বৈধ নহয়। এইদৰে কাৰো পক্ষে এইটোও বৈধ নহয় যে, আল্লাহে হাৰাম কৰা বস্তুক হালাল কৰিব আৰু হালাল কৰা বস্তুক হাৰাম কৰিব। এতেকে যিয়ে ইচ্ছাকৃতভাৱে এইবোৰ কৰিব অথবা আল্লাহৰ চৰীয়তৰ বিৰোধিতা কৰিব নাইবা এই ক্ষেত্ৰত সন্তুষ্ট থাকিব, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰিব। যেনে আল্লাহ তা‘আলাই কৈছেঃ “আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিচাৰ মীমাংসা নকৰে, সিহঁতেই হৈছে কাফিৰ।” (ছুৰা মায়িদা-৪৪)
***
আল্লাহে ৰাছুলসকলক যিবোৰ দায়িত্ব অৰ্পন কৰি প্ৰেৰণ কৰিছে সেয়া হৈছে:
মানুহক তাওহীদৰ কলিমা ‘লা-ইলাহা ইল্লাল্লাহ’ৰ প্ৰতি আহ্বান কৰা আৰু ইয়াৰ দাবী অনুযায়ী আমল কৰাৰ প্ৰতি আহ্বান কৰা। ইয়াৰ অর্থ হৈছে, একমাত্র আল্লাহৰেই ইবাদত কৰা আৰু সৃষ্টিৰ ইবাদত আৰু সিহঁতৰ স্বৰচিত বিধি-বিধানৰ পৰা ওলাই একক আৰু অংশীদাৰহীন স্রষ্টাৰ চৰীয়তৰ পিনে উভতি আহিবলৈ মানুহক দাৱাত প্ৰদান কৰা।
যিয়ে গৱেষণাৰ দৃষ্টিৰে মহাগ্রন্থ আল-কোৰআন পঢ়িব তথা অন্ধ অনুকৰণৰ পৰা দূৰত অৱস্থান কৰিব, তেওঁ পৰিপূর্ণৰূপে উপলদ্ধি কৰিব পাৰিব যে, আমি যি উল্লেখ কৰিছোঁ সেইটোৱে সঠিক, লগতে আৰু উপলদ্ধি কৰিব পাৰিব যে, আল্লাহে তেওঁৰ নিজৰ সৈতে মানুহৰ সম্পর্ক আৰু মানুহৰ সৈতে অন্যান্য সৃষ্টিৰ সম্পর্ক নির্ধাৰণ কৰি দিছে। এতেকে তেওঁৰ সৈতে ঈমান্দাৰ বান্দাসকলৰ সম্পর্ক এনেকৈ নির্ধাৰণ কৰি দিছে যে, তেওঁলোকে যাতে ইবাদতৰ যাৱতীয় প্রকাৰ একমাত্ৰ তেওঁৰ বাবেই আদায় কৰে; সেইবোৰৰ সামান্যতমো যাতে আনৰ বাবে নকৰে। আনহাতে নবীসকল আৰু আল্লাহৰ সৎ বান্দাসকলৰ সৈতে তেওঁলোকৰ সম্পর্ক নির্ধাৰণ কৰিছে এনেকৈ যে, তেওঁলোকে তেওঁলোকক মুহাব্বত কৰিব, কিন্তু এই মুহাব্বত হ’ব লাগিব আল্লাহৰ মুহাব্বতৰ অনুগামী। আৰু মানুহে তেওঁলোকক আদর্শ হিচাপে লৈ তেওঁলোকৰ অনুসৰণ কৰিব। পক্ষান্তৰে ঈমান্দাৰসকলৰ সৈতে আল্লাহৰ শত্ৰু কাফিৰসকলৰ লগত সম্পর্ক হ’ব লাগিব শত্রুতাৰ সম্পর্ক। কিয়নো আল্লাহে সিহঁতক ঘৃণা কৰে। সিহঁতৰ লগত সম্পৰ্কৰ আৰু এটা ধৰণ হৈছে, সিহঁতক ইছলামৰ পিনে আহ্বান কৰা। তথা সিহঁতৰ সন্মুখত স্পষ্টভাৱে ইছলাম উপস্থাপন কৰা, যাতে সিহঁতে হিদায়ত গ্ৰহণ কৰিব পাৰে। যদি সিহঁতে ইছলাম মানিবলৈ অস্বীকাৰ কৰে আৰু আল্লাহৰ বিচাৰ মীমাংসা মানিবলৈ সন্তুষ্ট নহয়, তেনেহ’লে ফিতনা দূৰীভূত নোহোৱালৈকে আৰু ধৰ্ম একমাত্ৰ আল্লাহৰ বাবে চূড়ান্ত নোহোৱালৈকে সিহঁতৰ বিৰুদ্ধে মুছলিমসকলে জিহাদ কৰা উচিত। এইটোৱে হৈছে তাওহীদৰ কলিমা লা ইলাহা ইল্লাল্লাহৰ অন্যতম অর্থ। প্ৰকৃত মুছলিম হ’বলৈ হ’লে প্রত্যেক মুছলিমেই এইটো জনা আৰু এইমতে আমল কৰা ওৱাজিব।
মুহাম্মদ আল্লাহৰ ৰাছুল, এই সাক্ষ্য দানৰ অর্থ
মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, এই সাক্ষ্য দানৰ অর্থ হৈছে, আপুনি এই কথা জানি লওক আৰু এই আক্বিদা (বিশ্বাস) পোষণ কৰক যে, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) গোটেই মানৱজাতিৰ প্ৰতি আল্লাহৰ প্রেৰিত ৰাছুল। তেওঁ এজন বান্দাহ, উপাস্য নহয়। তেওঁ হৈছে ৰাছুল, তেওঁ কেতিয়াও মিছা কথা নকয়, বৰং তেওঁ আনুগত্য পোৱাৰ যোগ্য আৰু অনুসৰণ কৰাৰ যোগ্য, যিয়ে তেওঁৰ আনুগত্য কৰিব সি জান্নাতত যাব, আৰু যিয়ে তেওঁৰ অবাধ্যতা কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। আপুনি এই কথাও জানিব লাগে আৰু বিশ্বাস কৰিব লাগে যে, চৰীয়ত সম্পৰ্কীয় কোনো ইবাদতেই হওক অথবা বিচাৰ মীমাংসা সম্পৰ্কীয় কোনো বিধান নাইবা হালাল-হাৰাম নির্ধাৰণ সম্পর্কীয় কোনো বিষয়, এইবোৰৰ একোৱেই ৰাছুলৰ অনুমোদন নোহোৱাকৈ গ্ৰহণ কৰা নাযাব। কিয়নো তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু আল্লাহৰ ফালৰ পৰা তেওঁৰ চৰীয়ত প্রচাৰক। গতিকে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাহিৰে আন কোনো পথেৰে অনা চৰীয়ত বা আইন গ্রহণ কৰা কোনো মুছলিমৰ বাবেই বৈধ নহয়। যেনে আল্লাহ তাআলাই কৈছেঃ- “ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) যি লৈ আহিছে সেইটোক মজবুতকৈ ধাৰণ কৰা। তেওঁ যি নিষেধ কৰিছে সেইটোক বর্জন কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তি প্ৰদানকাৰী।” (ছুৰা আল-হাশ্বৰঃ ৭) আল্লাহ তাআলাই আৰু কৈছেঃ কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়ালৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়। (ছুৰা আন-নিছাঃ ৬৫)
আয়াত দুটাৰ ভাৱাৰ্থ
১) প্রথম আয়াতটোত আল্লাহে মুছলিমসকলক নিৰ্দেশ দিছে যে, ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) তোমালোকক যি যি নির্দেশ দিছে সেইবোৰ মানি চলা আৰু যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থাকা। কিয়নো তেওঁ আল্লাহৰ নির্দেশনাৰ জৰিয়তেই নির্দেশ দিয়ে আৰু তেওঁৰ নিষেধাজ্ঞাৰ জৰিয়তেই নিষেধ কৰে।
২) দ্বিতীয় আয়াতটোত আল্লাহে স্বয়ং নিজৰেই শপত খাই কৈছে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওপৰত কোনো মানুহৰেই ঈমান তেতিয়ালৈকে সঠিক নহ’ব, যেতিয়ালৈকে সিহঁতে নিজৰ পাৰস্পৰিক বিবাদ বিসম্বাদত([24]) ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক বিচাৰক হিচাপে মানি নলব আৰু তেওঁৰ ফয়চালাৰ ওপৰত সন্তুষ্ট নহ’ব, লগতে সেই ফয়চালাক পূর্ণৰূপে গ্রহণ নকৰিব। আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ "যিয়ে কোনো এনেকুৱা কাম কৰিব, যি বিষয়ে মোৰ কোনো আদেশ নাই সেয়া প্ৰত্যাখিত"([25])
***
আহ্বান
হে বিবেকসম্পন্ন ব্যক্তি! যিহেতু আপুনি ‘লা ইলাহা ইল্লাল্লাহ’ৰ অর্থ সম্পৰ্কে গম পাইছে আৰু জানিছে যে, এই সাক্ষ্যই হৈছে ইছলামৰ চাবি আৰু মূল ভিত্তি; যাৰ ওপৰত ইছলাম প্রতিষ্ঠিত হৈ আছে। গতিকে আল্লাহৰ উদ্দেশ্যে পৰিশুদ্ধ মনেৰে কওক- ‘আশ্বহাদু আল-লা ইলাহা ইল্লাল্লাহু ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ’ “মই সাক্ষ্য দিওঁ যে, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু সাক্ষ্য দিওঁ যে, নিশ্চয় মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল।” এতেকে পৃথিৱী আৰু আখিৰাতত মঙ্গল পাবলৈ হ’লে তথা মৃত্যুৰ পিছত আল্লাহৰ শাস্তিৰ পৰা পৰিত্রাণ পাবলৈ হ’লে এই সাক্ষ্যৰ দাবী অনুযায়ী আমল কৰক।
এই কথাও জানি থওক যে, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ; এই সাক্ষ্য দানৰ অনিবার্য দাবী হৈছে, ইছলামৰ অন্যান্য স্তম্ভৰ ওপৰত আমল কৰা। কিয়নো আল্লাহে মুছলিমসকলৰ ওপৰত এইবোৰ স্তম্ভ সুচাৰুৰূপে পালন কৰিবলৈ ফৰজ কৰিছে, যাতে সিহঁতে সততা আৰু ইখলাচৰ সৈতে একমাত্ৰ তেওঁৰেই ইবাদত কৰে। যি ব্যক্তিয়ে উপযুক্ত কাৰণ নোহোৱাকৈ এই স্তম্ভসমূহৰ কোনো এটা স্তম্ভক পৰিত্যাগ কৰিব, সি ‘লা ইলাহা ইল্লাল্লাহ’ৰ অর্থৰ দাবী অনুযায়ী কৰ্ম নকৰা বুলি গণ্য হ'ব। আৰু সেইকাৰণেই তাৰ এই সাক্ষ্য সঠিক বুলি বিবেচিত নহ’ব।
***
ইছলামৰ দ্বিতীয় স্তম্ভ (ছালাত)
হে বিবেকৱান ব্যক্তি! জানি থওক যে, ইছলামৰ দ্বিতীয় স্তম্ভ হৈছে ছালাত। এইটো দিনে-ৰাতি পাঁচ বাৰ আদায় কৰিব লাগে। আল্লাহে এইটো বিধান জাৰি কৰাৰ উদ্দেশ্য হৈছে যাতে মুছলিম ব্যক্তি আৰু আল্লাহৰ মাজত সম্পর্ক প্রতিষ্ঠিত হয়। সিহঁতে যেন ইয়াৰ দ্বাৰা আল্লাহৰ সৈতে একান্ত মনে সম্পৰ্ক স্থাপন কৰিব পাৰে তথা দুআ কৰিব পাৰে। লগতে এই ছালাতৰ মাধ্যমত মুছলিমসকলে অশ্লীলতা আৰু নিষিদ্ধ কৰ্মৰ পৰা বিৰত থাকে। ফলত ইয়াৰ মাধ্যমত সিহঁতৰ মানসিক আৰু শাৰীৰিক প্রশান্তি অৰ্জন হয়, তথা পৃথিৱী আৰু আখিৰাতত সিহঁতে কল্যাণ লাভ কৰিব।
আল্লাহে ছালাতৰ বাবে শৰীৰ, কাপোৰ আৰু ছালাতৰ স্থান পৱিত্র হোৱাৰ বিধান প্রণয়ন কৰিছে। সেয়ে মুছলিমসকলে পেচাব, পায়খানা আদিৰ দৰে অপৱিত্ৰতাৰ পৰা পৱিত্রতা অর্জন কৰিবলৈ বিশুদ্ধ পানী ব্যৱহাৰ কৰে, যাতে তাৰ শৰীৰ বাহ্যিক অপৱিত্রতাৰ পৰা আৰু অন্তৰ আভ্যন্তৰীণ অপৱিত্রতাৰ পৰা পৱিত্র হয়।
প্ৰকৃততে ছালাত হৈছে দ্বীনৰ খুটা তথা গুৰুত্বপূর্ণ স্তম্ভ। পূর্ণবয়স্ক হোৱাৰ পিছৰে পৰা মৃত্যু পর্যন্ত প্রত্যেকজন মুছলিমৰ ওপৰত এই ছালাত আদায় কৰা ওৱাজিব। সন্তান-সন্ততিসকলক সাত বছৰ বয়সৰ পৰাই ছালাত আদায়ত অভ্যস্থ কৰি তোলাটো প্ৰতিজন মুছলিমৰ ওপৰত ওৱাজিব। আল্লাহে কৈছেঃ “নিশ্চিতভাৱে নির্ধাৰিত সময়ত ছালাত আদায় কৰাটো মুমিনৰ ওপৰত ফৰজ।” (ছুৰা আন-নিছাঃ ১০৩) আল্লাহ তাআলাই আৰু কৈছেঃ আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন। (ছুৰা আল-বায়্যিনাহঃ ৫)
আয়াতসমূহৰ সাৰাংশ:
১) প্রথম আয়াতটোত আল্লাহে কৈছেঃ ছালাত মুমিনৰ ওপৰত অত্যাৱশ্যকীয় হিচাপে ফৰজ। নির্ধাৰিত সময়ত এই ছালাত আদায় কৰা সিহঁতৰ ওপৰত অপৰিহার্য।
২) দ্বিতীয় আয়াতত আল্লাহে জনাইছে যে, মানুহক যি নির্দেশ দিয়া হৈছে আৰু যিবোৰ কৰ্ম কৰিবলৈ সিহঁতক সৃষ্টি কৰা হৈছে; সেয়া হৈছে, সিহঁতে যেন একমাত্র আল্লাহৰেই ইবাদত কৰে, আৰু নিৰ্ভেজালভাৱে যাতে ইবাদত কৰে, নিয়মিতভাৱে যাতে ছালাত কায়েম কৰে, লগতে উপযুক্ত প্ৰাপ্যসকলক যাতে যাকাত প্রদান কৰে।
ছালাত সকলো অৱস্থাতেই মুছলিমৰ ওপৰত অনিবাৰ্য, আনকি ভীত সন্ত্রস্ত আৰু ব্যাধিগ্রস্ত অৱস্থাতো। যিকোনো অৱস্থাতে সক্ষম অনুযায়ী থিয় হৈ, নহ’লে বহি অথবা শুই শুই আদায় কৰিব। আনকি এইটোও যদি সম্ভৱ নহয় তেন্তে কেৱল চকু অথবা অন্তৰৰ দ্বাৰা ইংগিত কৰি আদায় কৰিব পাৰিলেও আদায় কৰিব লাগিব। কিয়নো ৰাছুল (ছাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ ছালাত পৰিত্যাগকাৰী পুৰুষেই হওক বা নাৰী সি মুছলিম নহয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আমাৰ আৰু সিহঁতৰ মাজত পাৰ্থক্য হৈছে ছালাত, যিয়ে ইয়াক পৰিত্যাগ কৰিব সি কাফিৰত পৰিণত হ’ব।” ([26])
পাঁচ ওৱাক্ত ছালাত যেনে
ফজৰৰ ছালাত, জোহৰৰ ছালাত, আছৰৰ ছালাত, মাগৰিবৰ ছালাত আৰু ‘ঈশ্বাৰ ছালাত।
ফজৰৰ ছালাতৰ সময় হৈছে পূৱফালে আকাশত প্রভাত ৰশ্মি প্রকাশৰ পৰা আৰম্ভ হয় আৰু সূর্য উদয়ৰ সময়ত শেষ হয়। শেষ সময় পর্যন্ত পলম কৰা বৈধ নহয়। জোহৰৰ সময় আৰম্ভ হয় সূর্য ঢলি পৰাৰ লগে লগে, আৰু প্রত্যেক বস্তুৰ ছাঁ ঢলি পৰাৰ পিছত সেই বস্তুৰ সমান নোহোৱালৈকে জোহৰৰ সময় থাকে। জোহৰৰ সময় শেষ হোৱাৰ পিছৰ পৰাই আচৰৰ সময় আৰম্ভ হয় আৰু সূর্য হালধীয়া নোহোৱা পর্যন্ত অৱশিষ্ট থাকে। অন্তিম সময় পর্যন্ত পলম কৰা বৈধ নহয় বৰং সূর্য বগা থকা অৱস্থাতেই আদায় কৰিব লাগে। সূৰ্য অস্ত যোৱাৰ পিছৰ পৰা মাগৰিবৰ সময় আৰম্ভ হয় আৰু ৰঙা শ্বাফাক (আবীৰ ৰঙৰ আভা) অদৃশ্য নোহোৱা পর্যন্ত বলবৎ থাকে। কিন্তু অন্তিম সময় পর্যন্ত পলম কৰা ঠিক নহয়। আনহাতে ঈশ্বাৰ ছালাত আৰম্ভ হয় মাগৰিবৰ ছালাতৰ সময় শেষ হোৱাৰ পিছতেই আৰু ৰাতিৰ অৰ্দ্ধেক পর্যন্ত ইয়াৰ সময় অৱশিষ্ট থাকে। ইয়াতকৈও অধিক পলম কৰা ঠিক নহয়।
যদি কোনো মুছলিমে অনিচ্ছাকৃতভাৱে চৰীয়তসন্মত ওজৰ ব্যতীত এটা সময়ৰ ছালাতক তাৰ নির্ধাৰিত সময়ত আদায় কৰাত পলম কৰে, তেনেহ’লে সি মহাপাপত পতিত হ’ব। সি আল্লাহৰ ওচৰত তাওবা কৰা উচিত আৰু ইয়াৰ পুনৰাবৃত্তি নকৰা সংকল্প লোৱা উচিত। আল্লাহ তা‘আলাই কৈছেঃ- এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে, যিসকলে ছালাতত অমনোযোগী, (ছুৰা আল-মাউনঃ ৪-৫)
***
ছালাতৰ হুকুম আহকাম (বিধি-বিধান)
প্রথম: পবিত্রতা
ছালাত আৰম্ভ কৰাৰ পূর্বে এজন মুছলিমৰ বাবে পবিত্রতা অৰ্জন কৰা অপৰিহার্য। এতেকে প্রথমে পেচাব-পাইখানাৰ চাপ থাকিলে তাৰ পৰা মুক্ত হ’ব লাগিব, তাৰ পিছত অজু কৰিব লাগিব।
অজুৰ নিয়মঃ অজু কৰাৰ সময়ত মনে মনে পবিত্রতাৰ নিয়ত কৰিব লাগিব, কিন্তু মুখেৰে নিয়ত উচ্চাৰণ কৰা উচিত নহয়। কিয়নো আল্লাহ সেই বিষয়ে সৰ্বজ্ঞ। লগতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও মুখেৰে অজুৰ নিয়ত উচ্চাৰণ কৰা নাছিল। কেৱল বিছমিল্লাহ উচ্চাৰণ কৰিব, ইয়াৰ পিছত কুলি কৰিব। নাকৰ ভিতৰত পানী প্ৰৱেশ কৰাই নাক পৰিস্কাৰ কৰিব লাগে। ইয়াৰ পিছত সম্পূর্ণ মুখমণ্ডল ধুব লাগে। ইয়াৰ পিছত সোঁফালৰ পৰা দুয়ো হাত কিলাকুটিলৈকে ধুব লাগে। ইয়াৰ পিছত সম্পূর্ণ মূৰ আৰু দুই কাণ দুই হাতৰ দ্বাৰা মছেহ কৰিব লাগে। ইয়াৰ পিছত দুয়ো ভৰি সৰুগাঁঠি পৰ্যন্ত ধুব লাগে, প্ৰথমে সোঁ ভৰি ধুব লাগে।
যদি পবিত্রতা অর্জনৰ পিছত প্রস্রাৱ অথবা পায়খানা নাইবা বায়ু ওলায় অথবা টোপনি নাইবা অজ্ঞান হোৱাৰ কাৰণে যদি জ্ঞান হেৰাই যায়, তেনেহ’লে ছালাত আদায় কৰিবলৈ হ’লে পুনৰ পবিত্রতা অর্জন কৰিব লাগিব। পুৰুষ হওক অথবা নাৰী, যদি যৌন উত্তেজনাবশতঃ বীর্যপাত হয়, টোপনিত থকা অৱস্থাত হ’লেও পবিত্রতাৰ বাবে সম্পর্ণ শৰীৰ পানীৰে ধুব লাগিব অৰ্থাৎ গোছল কৰিব লাগিব। মহিলাসকল যেতিয়া হায়েয অথবা নিফাছৰ পৰা পবিত্র হয়, তেতিয়া তেওঁলোকেও গোটেই শৰীৰ ধুই পবিত্র হ’ব লাগিব, কিয়নো হায়েযগ্রস্তা আৰু নিফাছগ্রস্তা নাৰীৰ ছালাত শুদ্ধ নহয়। পবিত্র নোহোৱা পর্যন্ত তেনে নাৰীৰ ওপৰত ছালাত ওৱাজিব নহয়। হায়েয আৰু নিফাছ অৱস্থাত এৰি দিয়া ছালাতবোৰৰ কাজাৰ ব্যৱস্থা নকৰি আল্লাহে সিহঁতৰ ওপৰত সহজ কৰি দিছে। ছালাতৰ বাহিৰে অন্যান্য কাজা কৰিবলগীয়া ইবাদতবোৰ কাজা কৰিব লাগিব। যিদৰে পুৰুষসকলে কৰে।
যদি পানী নাথাকে অথবা পানী ব্যৱহাৰ কৰিলে ক্ষতি হোৱাৰ আশংকা থাকিলে, উদাহৰণস্বৰূপে ৰোগাক্রান্ত অৱস্থাত তায়াম্মুমৰ মাধ্যমত পবিত্রতা অর্জন কৰিব পাৰিব। তায়াম্মুমৰ পদ্ধতি হৈছে, মনে মনে পবিত্রতাৰ নিয়ত কৰি, বিছমিল্লাহ পঢ়িব আৰু দুই হাতেৰে এবাৰ মাটি স্পৰ্শ কৰিব আৰু দুয়ো হাতৰ দ্বাৰা মুখমণ্ডল মছেহ কৰিব। ইয়াৰ পিছত বাওঁ হাতেৰে সোঁহাতৰ পিঠিত মছেহ কৰিব আৰু সোঁ হাতেৰে বাওঁ হাতৰ পিঠিত মছেহ কৰিব। হায়েজ নিফাছগ্ৰস্তা নাৰীকে আদি কৰি গোছলৰ প্ৰয়োজন হোৱা সকলো ব্যক্তিয়ে তায়াম্মুমৰ দ্বাৰা পবিত্রতা অর্জন কৰিব পাৰিব, যদি পানী নাথাকে অথবা পানী ব্যৱহাৰ কৰিলে ক্ষতি হয়।
দ্বিতীয়: ছালাতৰ পদ্ধতি
১. ফজৰৰ ছালাত:
ফজৰৰ ছালাত হৈছে দুই ৰাক‘আত। মুছলিম পুৰুষ অথবা নাৰীয়ে কিবলামুখী হৈ এই ছালাত আদায় কৰিব, মক্কাৰ মছজিদে হাৰামত অৱস্থিত থকা কা‘বা গৃহক ক্বিবলাহ বুলি কোৱা হয়। অন্তৰেৰে নিয়ত কৰিব যে, ফজৰৰ ছালাত আদায় কৰি আছোঁ। কিন্তু মৌখিকভাৱে নিয়ত উচ্চাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পিছত ‘আল্লাহু আকবাৰ’ (আল্লাহ সর্ব শ্রেষ্ঠ) বুলি তাকবীৰ দিব। ইয়াৰ পিছত দুআয়ে ইস্তিফতাহ অৰ্থাৎ উদ্বোধনী দুআ পাঠ কৰিব। তাৰে অন্যতম এটা দুআ হৈছে- " ছুবহানাকা আল্লা-হুম্মা, অবিহামদিকা, অতাবাৰাকাছমুকা, অতাআলা জাদ্দুকা, অলা ইলাহা গাইৰুক," ইয়াৰ পিছত “আউযুবিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম” (মই বিতাৰিত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্রয় প্রার্থনা কৰোঁ) ক’ব। আৰু তাৰ পিছত ফাতিহাতুল কোৰআন (ছুৰা ফাতিহা) পাঠ কৰিব। ছুৰা ফাতিহা হৈছে এইটো- (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব আল্লাহৰ বাবে যিজন পৰম কৰুণাময় পৰম দয়ালু বিচাৰ দিৱসৰ মালিক আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ আমাক সৰল পথৰ হিদায়ত দিয়া তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা,সেইসকল লোকৰ পথ নহয় যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অৱতীৰ্ণ হৈছে আৰু যিসকল পথভ্ৰষ্ট হৈছে। (ছুৰা আল-ফাতিহাঃ ১-৭) ছুৰা ফাতিহাৰ পিছত অন্য যিকোনো এটা সৰু ছুৰা বা কোৰআনৰ কেইটামান আয়াত পঢ়িব। কোৰআন সাধ্যানুযায়ী আৰবী ভাষাতেই পঢ়িব লাগিব।([27]) ইয়াৰ পিছত ‘আল্লাহু আকবাৰ’ (আল্লাহ সর্বশ্রেষ্ঠ) বুলি কৈ মূৰ পিঠি হালি দিয়া অৱস্থাত সমন্তৰালভাৱে ৰাখি দুই হাতেৰে দুই আঠুৰ গাঁঠি মজবুতকৈ ধাৰণ কৰিব। তেতিয়া এই দুআ পাঠ কৰিব - ‘ছুবহা-না ৰাব্বিয়াল আযীম’ (মোৰ প্ৰতিপালক মহান অতি পবিত্র) ইয়াৰ পিছত ‘ছামি‘আল্লাহু লিমান হামিদাহ’ (আল্লাহে সেয়া শুনিছে যিয়ে তেওঁৰ প্ৰশংসা কৰিছে) বুলি কৈ থিয় হ’ব। পোন হৈ থিয় হোৱাৰ পিছত এই দুআ পাঠ কৰিব- ‘ৰাব্বানা লাকাল হাম্দ’ (হে আমাৰ প্ৰতিপালক! সকলো প্ৰশংসা একমাত্ৰ আপোনাৰ বাবেই) ইয়াৰ পিছত ‘আল্লাহু আকবাৰ’ বুলি কৈ সাত অঙ্গৰ দ্বাৰা ছাজদাহ কৰিব, অৰ্থাৎ দুয়ো ভৰিৰ আঙুলিৰ অগ্ৰভাগ, দুই আঠু, দুই হাত, মুখমণ্ডলৰ সৈতে নাক মাটিত স্পৰ্শ কৰিব লাগিব। ছাজদাত এই দুআ পাঠ কৰিব ‘ছুবহানা ৰাব্বিয়াল আ‘লা’ (মোৰ প্ৰতিপালক সর্বোচ্চ অতি পবিত্র) ইয়াৰ পিছত ‘আল্লাহু আকবাৰ’ বুলি কৈ উঠি বহিব আৰু বহি ‘ৰাব্বিগফিৰ লী’ (হে মোৰ প্ৰতিপালক মোক ক্ষমা কৰক) পাঠ কৰিব। ইয়াৰ পিছত আকৌ ‘আল্লাহু আকবাৰ’ বুলি কৈ দ্বিতীয়বাৰ ছাজদাহ কৰিব আৰু ছাজাদাৰ দুআ ‘ছুবহানা ৰাব্বিয়াল আ‘লা’ (মোৰ প্ৰতিপালক সর্বোচ্চ অতি পবিত্র) পাঠ কৰিব। ইয়াৰ পিছত ‘আল্লাহু আকবৰ’ বুলি কৈ থিয় হ’ব। ইয়াৰ পিছত থিয় অৱস্থাত পুনৰ প্রথম ৰাক‘আতৰ দৰে ছুৰা ফাতিহা আৰু আন এটা ছুৰা বা কিছুমান আয়াত পাঠ কৰিব। তাৰ পিছত ‘আল্লাহু আকবাৰ’ কৈ ৰুকু কৰিব; ৰুকুৰ পৰা উঠিব আৰু তাৰ পিছত ছাজদাহ কৰিব, ইয়াৰ পিছত বহিব, আৰু তাৰ পিছত দ্বিতীয় ছাজদাহ কৰিব আৰু এইবোৰৰ প্রতিটো স্থানত প্রথমবাৰ যি যি দুআ পঢ়িছিল সেইবোৰ পঢ়িব।
ইয়াৰ পিছত বহা অৱস্থাত এই দুআ পাঠ কৰিব, "আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু, অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবিয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ্ছা লিহীন। আশ্বহাদু আন লা-ইলাহা ইল্লাল্লাহু ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" “মৌলিক, শাৰীৰিক আৰু আর্থিক সকলো ধৰণৰ ইবাদত একমাত্র আল্লাহৰ বাবেই। হে নবী! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, তথা আল্লাহৰ ৰহমত আৰু তেওঁৰ বৰকত বর্ষিত হওক। শান্তি বর্ষিত হওক আমাৰ ওপৰত আৰু আল্লাহৰ সৎ বান্দাসকলৰ ওপৰত। মই সাক্ষ্য দিওঁ যে, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু সাক্ষ্য দিওঁ যে, নিশ্চয় মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। "আল্লা-হুম্মা চাল্লি আলা মুহাম্মদ, ওৱা আলা আ-লি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহিম, ওৱা আলা আ-লি ইব্ৰাহীমা ইন্নাকা হামীদুম মাজীদ। আল্লা-হুম্মা বা-ৰিক আলা মুহাম্মদ, ওৱা আলা আ-লি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহিম, ওৱা আলা আ-লি ইব্ৰাহীমা ইন্নাকা হামীদুম মাজীদ।" হে আল্লাহ! কৰুণা বৰ্ষণ কৰক মুহাম্মদৰ ওপৰত আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত, যেনেকৈ বর্ষণ কৰিছিল ইব্রাহীম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত। নিশ্চয় আপুনি প্রশংসিত আৰু মর্যাদাৰ অধিকাৰী।” ইয়াৰ পিছত সোঁফালে ‘আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ, (আপোনালোকৰ ওপৰত শান্তি আৰু আল্লাহৰ ৰহমত বর্ষিত হওক) বুলি কৈ ছালাম ফিৰাব। আৰু বাওঁফালেও ‘আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।’ (আপোনালোকৰ ওপৰত শান্তি আৰু আল্লাহৰ ৰহমত বর্ষিত হওক) বুলি কৈ ছালাম ফিৰাব। ইয়াৰ দ্বাৰা ফজৰৰ ছালাত সম্পূৰ্ণ হ’ল।
২.আনহাতে জোহৰ, আচৰ আৰু শেষ ছালাত ঈশ্বাৰ ছালাত:
এইবোৰ হৈছে চাৰি ৰাক‘আতবিশিষ্ট ছালাত। প্রথম দুই ৰাক‘আত পঢ়িব ফজৰৰ দুই ৰাক‘আতৰ দৰে। কিন্তু দ্বিতীয় ৰাক‘আতৰ পিছত যেতিয়া তাশ্বাহহুদৰ বাবে বহিব, তেতিয়া ফজৰৰ ছালাতৰ ছালামৰ আগত বহি যি যি পঢ়িছিল সেইবোৰ পঢ়ি ছালাম নকৰাকৈ থিয় হ’ব, আৰু প্রথম দুই ৰাক‘আতৰ দৰে আৰু দুই ৰাক‘আত পঢ়িব। ইয়াৰ পিছত দ্বিতীয়বাৰ তাশাহহুদৰ বাবে বহিব আৰু প্রথম বৈঠকত যি পঢ়িছিল সেইবোৰ পঢ়িব লগতে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত দৰূদ পাঠ কৰিব। ইয়াৰ পিছত সোঁফালে আৰু বাওঁফালে ফজৰৰ ছালাতৰ দৰে ছালাম ফিৰাব।
৩. আনহাতে মাগৰিবৰ ছালাত হৈছে তিনি ৰাক‘আতবিশিষ্ট:
ইতিপূর্বে যেনেকৈ বর্ণিত হৈছে ঠিক তেনেকৈ প্ৰথম দুই ৰাক‘আত আদায় কৰিব। তাৰ পিছত বহিব আৰু পূর্ব বর্ণিত ছালাতসমূহৰ বৈঠকত যিটো দুআ পঢ়িছিল সেই দুআটো পাঠ কৰিব। কিন্তু ছালাম নিফিৰাব বৰং থিয় হৈ তৃতীয় ৰাক‘আত আদায় কৰিব। ইতিপূৰ্বে যেনেকৈ পঢ়িছিল সেইদৰে পঢ়িব। তৃতীয় ৰাকআতৰ দুয়োটা ছাজদাহ কৰাৰ পিছত বহিব আৰু বৈঠকত যি যি পঢ়িব লাগে সেয়া পঢ়িব আৰু তাৰ পাছত সোঁফালে বাওঁফালে ছালাম ফিৰাব। ছালাত আদায়কাৰীৰ বাবে উত্তম হৈছে ৰুকু আৰু ছাজদাৰ দুআসমূহ কেইবা বাৰো পাঠ কৰা।
পুৰুষসকলৰ বাবে এই পাঁচ ওৱাক্ত ফৰজ ছালাত মছজিদত আদায় কৰা ওৱাজিব। যিয়ে উত্তমভাৱে কোৰআন পাঠ কৰিব পাৰে, ছালাত সম্পৰ্কে বেছি জানে আৰু দ্বীন সম্পৰ্কে যোগ্য, সেই ব্যক্তি ইমাম হৈ ছালাত আদায় কৰাব। ইমামে ৰুকুৰ পূর্বে থিয় হৈ থকা অৱস্থাত ফজৰৰ দুই ৰাক‘আতত তথা মাগৰিব আৰু ঈশ্বাৰ প্রথম দুই ৰাক‘আতত কোৰআন উচ্চস্বৰে তিলাৱত কৰিব আৰু মুক্তাদিসকলে মনোযোগ সহকাৰে শুনিব।
মহিলাসকলে ঘৰত পর্দা আৰু হিফাজত সহকাৰে ছালাত আদায় কৰিব। গোটেই শৰীৰ আনকি দুয়ো হাত আৰু দুয়ো ভৰি ঢাকি ৰাখিব, কিয়নো নাৰীসকলৰ মুখমণ্ডলৰ বাহিৰে গোটেই শৰীৰ ছতৰ (যিটোক আবৃত ৰখা অত্যাৱশ্যক)। কিন্তু নাৰীসকলে পুৰুষৰ পৰা মুখ ঢাকি ৰখা উচিত, কিয়নো মুখমণ্ডল প্ৰদৰ্শনৰ দ্বাৰাই ফিতনা প্ৰসাৰিত হয় আৰু ইয়াৰ মাধ্যমতেই তাইক চিনি পোৱা যায়, সেয়ে ইয়াৰ দ্বাৰা তাইক উৎপীড়ন কৰা হ’ব পাৰে। যদি কোনো মুছলিম নাৰীয়ে মছজিদত ছালাত আদায় কৰিব বিচাৰে, তেন্তে তাত কোনো বাধা নাই; কিন্তু চৰ্ত হৈছে পর্দা সহকাৰে ওলাব লাগিব আৰু সুগন্ধি ব্যৱহাৰ কৰিব নোৱাৰিব, পুৰুষৰ পিছফালে ছালাত আদায় কৰিব। যাতে সিহঁতে পুৰুষসকলক আৰু পুৰুষসকলে সিহঁতক ফিতনাত পেলাব নোৱাৰে।
মুছলিমসকলে আল্লাহৰ উদ্দেশ্যে অতি বিনয় অৱনতচিত্তে ভীত-সন্ত্রস্ত আৰু গভীৰ মনোযোগৰ সৈতে ছালাত আদায় কৰা উচিত, কওমা (থিয় হোৱা অৱস্থা), ৰুকু আৰু ছাজদাহ আদি অত্যন্ত ধীৰ গতিত সম্পন্ন কৰা উচিত। কোনো ধৰণৰ খৰখেদা কৰা উচিত নহয়। অহেতুক কিবা কৰাও উচিত নহয়। আকাশৰ ফালেও দৃষ্টিপাত কৰা উচিত নহয়। কোৰআন তিলাৱতৰ বাহিৰেও অন্য কথা ক’ব নালাগে। ([28]) ছালাতৰ দুআসমূহ উপযুক্ত স্থানত পাঠ কৰা উচিত। কিয়নো আল্লাহে তেওঁৰ যিকিৰ প্রতিষ্ঠা কৰাৰ বাবেই ছালাত আদায়ৰ নির্দেশ দিছে।
জুমু’আৰ দিনা মুছলিমসকলে কেৱল দুই ৰাকাত ছালাত আদায় কৰে। ফজৰৰ ছালাতৰ দৰে ইমাম চাহেবে এই উভয় ৰাক‘আতত উচ্চস্বৰে কোৰআন তিলাৱত কৰিব। ছালাতৰ আগত দুটা খুৎবা (বক্তৃতা) প্ৰদান কৰিব। ইয়াৰ জৰিয়তে তেওঁ মুছলিমসকলক উপদেশ দিব আৰু তেওঁলোকক দ্বীন সম্পৰ্কীয় বিষয়াদিৰ শিক্ষা দিব। পুৰুষসকলে ইমামৰ সৈতে মছজিদত উপস্থিত হোৱা ওৱাজিব। জুমু’আৰ দিনা এইটোৱেই হৈছে জোহৰৰ ছালাত।
***
ইছলামৰ তৃতীয় স্তম্ভ হৈছে (যাকাত)
ইছলামৰ স্তম্ভসমূহৰ মাজত তৃতীয় স্তম্ভ হৈছে সম্পদৰ যাকাত প্রদান কৰা। প্রত্যেক মুছলিম যিয়ে নির্ধাৰিত নিছাব([29]) পৰিমাণ সম্পদৰ মালিক হ’ব, তেওঁক আল্লাহ তা‘আলাই প্রতি বছৰ নিজৰ সম্পদৰ পৰা যাকাত প্রদানৰ নির্দেশ দিছে। আৰু এই যাকাত আদায় দিব লাগিব উপযুক্ত প্ৰাপ্যসকলক, দৰিদ্ৰ আৰু অন্যান্য যিসকলক যাকাত দিয়া বৈধ, এইবোৰ শিতান কোৰআনত স্পষ্টভাৱে উল্লেখ আছে।
সোণৰ নির্ধাৰিত নিছাব হৈছে, বিশ মিছক্বাল। [প্রায় ৮৫ গ্রাম] ৰূপৰ নিছাব হৈছে, দুশ দিৰহাম [প্রায় ৫৯৫ গ্রাম] অথবা ইয়াৰ সম মূল্যৰ কাগজৰ টকা, ব্যৱসায়ীক পণ্য, ব্যৱসায়ৰ বিভিন্ন সা-সামগ্ৰীৰ মূল্য যেতিয়া নিছাব পৰিমাণলৈ উপনীত হ’ব তেতিয়া সেই সম্পদৰ ওপৰত এবছৰ অতিক্রম কৰিলেই ইয়াৰ মালিকৰ ওপৰত যাকাত ওৱাজিব হৈ যায়। শস্য আৰু ফলৰ নিছাব হৈছে তিনিশ ছা’ [প্রায় ৬১২ কিলোগ্রাম]। যি মাটি বিক্ৰী কৰাৰ বাবে লোৱা হৈছে, তাৰ মূল্য মানৰ যাকাত দিব লাগিব। ভাড়াৰ বাবে প্ৰস্তুত কৰা সম্পদৰ কেৱল ভাড়াৰ ওপৰতেই যাকাত হ’ব। সোণ- ৰূপ আৰু ব্যৱসায়িক সম্পদৰ যাকাতৰ পৰিমাণ হৈছে প্ৰতি বছৰ শতকৰা ২.৫%। নদীৰ পানী, প্রবাহিত ঝর্ণাৰ পানী অথবা বৰষুণৰ পানীৰ দ্বাৰা কষ্ট নোহোৱাকৈ কোনো শস্যক্ষেত্রত বা ফলৰ বাগানত পানী সৰবৰাহ সম্ভৱ হ’লে উৎপাদিত শস্য আৰু ফলৰ যাকাত হ’ব শতকৰা ১০% দশভাগৰ এভাগ (উশ্বৰ)। আনহাতে কুঁৱাৰ পৰা বালটি আদিৰ দ্বাৰা পানী উঠোৱাৰ দৰে কষ্টসাধ্য উপায়েৰে উৎপাদিত শস্য আৰু ফলৰ যাকাত দিব লাগিব কেৱল শতকৰা ৫%, অৰ্থাৎ বিশভাগৰ এভাগ (উশ্বৰৰ অৰ্দ্ধেক)।
ফচল আৰু ফলৰ যাকাত প্রদানৰ সময় হৈছে, এইবোৰ যেতিয়া চপোৱা হয় তেতিয়াই। বছৰত যদি দুবাৰ অথবা তিনিবাৰ ফচল উৎপাদন কৰে সেই কেইবাৰেই যাকাত প্রদান কৰিব লাগিব। উট, গৰু আৰু ছাগলীৰ যাকাতৰ পৰিমাণ সম্পৰ্কে ইছলামী বিধি-বিধান সম্পৰ্কীয় কিতাপসমূহত বিস্তাৰিত বর্ণনা আছে। সবিশেষ তাত চাবলৈ অনুৰোধ থাকিল। মহান আল্লাহে কৈছেঃ আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন। (ছুৰা আল-বায়্যিনাহঃ ৫) প্ৰকৃততে যাকাত প্রদানৰ উদ্দেশ্যে হৈছে, দৰিদ্রসকলৰ আত্মপ্রশান্তি, সিহঁতৰ প্রয়োজন পূৰণ কৰা, লগতে সিহঁতৰ আৰু ধনীসকলৰ মাজত মুহাব্বতৰ অটুট সম্পর্ক সৃষ্টি কৰা।
ইছলামে সামাজিক দায়িত্ববোধ আৰু মুছলিমসকলৰ মাজত আর্থিক সহযোগিতাৰ বিষয়ক কেৱলমাত্র যাকাততেই সীমাবদ্ধ কৰি ৰখা নাই, বৰং আল্লাহে ধনীসকলৰ ওপৰত দুর্ভিক্ষৰ সময়ত বা অনাহাৰে থকা দিনবোৰত দৰিদ্রসকলক প্রতিপালন কৰিবলৈ ওৱাজিব কৰিছে। কোনো মুছলিমে পৰিতৃপ্তি লাভ কৰিব আৰু তাৰ প্রতিৱেশী অনাহাৰে থাকিব এই বিষয়টোক আল্লাহে মুছলিমৰ ওপৰত হাৰাম কৰিছে। এইদৰে ঈদুল ফিতৰৰ দিনা যাকাতুল ফিতৰ (ফিতৰা) প্রদান কৰাটো মুছলিমৰ প্রতি ওৱাজিব কৰিছে। ইয়াৰ পৰিমাণ হৈছে প্ৰতিজনৰ বাবত এক ছা প্ৰধান খাদ্যদ্ৰৱ্য। আনকি শিশু আৰু চাকৰৰ ফালৰ পৰা মালিকে আদায় দিব। এইদৰে কোনো মুছলিমে যদি কিবা কৰিবলৈ শপত খায়([30]), আৰু সেই কাম পূৰণ নকৰে তেনেহ’লে আল্লাহে সেই মুছলিমৰ ওপৰত শপত ভংগৰ কাফফাৰা আদায় দিবলৈ ওৱাজিব কৰিছে। এইদৰে আল্লাহে চৰিয়ত সন্মত মান্নত পূৰণ কৰিবলৈও ওৱাজিব কৰিছে। লগতে নফল দান খয়ৰাতৰ প্রতি মুছলিমসকলক উদ্ধুদ্ধ কৰিছে। তেওঁৰ পথত ছোৱাবৰ উদ্দেশ্যে খৰচ কৰাৰ ফলত উত্তম পুৰস্কাৰ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে, তেওঁলোকক বহুগুণ বৃদ্ধি কৰি ছোৱাব প্ৰদান কৰা হ’ব। প্ৰতিটো নেকী দহগুণৰ পৰা সাতশ গুণ পৰ্যন্ত আনকি তাতকৈও অধিক দিয়া হ’ব বুলি প্রতিশ্রুতি দিছে।
***
ইছলামৰ চতুর্থ স্তম্ভ হৈছে (ছিয়াম)
ইছলামৰ চতুর্থ স্তম্ভ হৈছে, ৰমাজান মাহৰ ছিয়াম পালন কৰা। ৰমাজান মাহ হৈছে হিজৰী চনৰ নৱম মাহ।
ছিয়াম পদ্ধতিঃ
ছুবহে চাদিক হোৱাৰ আগতেই এজন মুছলিমে ছিয়াম পালনৰ নিয়ত কৰিব লাগে, ইয়াৰ পিছত পানাহাৰ আৰু সহবাস (যৌন মিলন) আদিৰ পৰা সূর্যাস্ত পর্যন্ত বিৰত থাকিব, তাৰ পিছত ইফতাৰ কৰিব। আল্লাহৰ সন্তুষ্টি অর্জন কৰিবলৈ আৰু তেওঁৰ ইবাদতৰ উদ্দেশ্যে গোটেই ৰমাজান মাহৰ দিনবোৰত এনেকৈ কৰিব লাগে।
ছিয়ামৰ অগণিত উপকাৰিতা আছে। তাৰে অন্যতম গুৰুত্বপূর্ণ কেইটিমান উপকাৰ হৈছে,
এইটো আল্লাহৰ ইবাদত আৰু তেওঁৰ নির্দেশ পালন। বান্দাই নিজৰ যৌন ইচ্ছা আৰু পানাহাৰ আদি আল্লাহৰ উদ্দেশ্যে পৰিত্যাগ কৰে। এইটো হৈছে, আল্লাহৰ তাক্বৱা অর্জনৰ ডাঙৰ কাৰণসমূহৰ মাজৰ অন্যতম।
আনহাতে ছিয়াম বা ৰোজাৰ স্বাস্থ্যগত, অর্থনৈতিক আৰু সামাজিক উপকাৰিতাও আছে বহুত, যিবোৰ ঈমান আৰু আকীদাহ বিশ্বাস সহকাৰে ছিয়াম পালনকাৰীসকলেই উপলব্ধি কৰে। আল্লাহে কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা। নিৰ্দিষ্ট কিছুমান দিন। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিবৰ্তে ফিদিয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকৰ্ম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন! ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যে হিদায়ত দিছে সেই বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা। (ছুৰা আল-বাক্বাৰাহঃ ১৮৩-১৮৫)
***
ছিয়ামৰ যিবোৰ হুকুম আহকাম (বিধি-বিধান) আল্লাহে কোৰআনত আৰু তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) হাদীছত বর্ণনা কৰিছে, তাৰে অন্যতম হৈছে:
১. বেমাৰী আৰু মুছাফিৰ ব্যক্তিয়ে যি কেইদিন ছিয়াম পালন নকৰিব, সেইকেইটা ৰোজা ৰমাজানৰ পাছত আদায় কৰিব। এইদৰে হায়েজগ্রস্তা আৰু নিফাছগ্রস্তা নাৰীয়েও কৰিব। এনেকুৱা লোকৰ বাবে ছিয়াম ৰখা ঠিক নহয়। বৰং হায়েজ আৰু নিফাছৰ দিনবোৰত ৰোজা ভঙ্গ কৰিব। আৰু এই ভঙ্গ কৰা ৰোজাবোৰ পাছত কাজা কৰি ল’ব।
২. এইদৰে গর্ভৱতী আৰু দুগ্ধৱতী মাকে যদি নিজৰ জীৱন আৰু শিশুৰ জীৱন-নাশৰ আশংকা কৰে, তেনেহ’লে তেওঁলোকেও ছিয়াম ভঙ্গ কৰি কাজা কৰিব।
৩. ৰোজাদাৰ ব্যক্তিয়ে ভুলতে কিবা খালে অথবা সেৱন কৰিলে পিচত যদি মনত পৰে তেন্তে ছিয়াম শুদ্ধ হ’ব। কিয়নো, পাহৰি নাইবা ভুল-ভ্রান্তি আৰু জোৰ-জবৰদস্তিৰ ফলত কিবা কৰিলে সেইটোক আল্লাহে এই উম্মতৰ পৰা ক্ষমা কৰি দিছে। কিন্তু খোৱা অৱস্থাত মনত পৰিলে মুখত থকাখিনি পেলাই দিয়াটো ওৱাজিব।
***
ইছলামৰ পঞ্চম স্তম্ভ হৈছে (হজ্জ)
জীৱনত এবাৰ বাইতুল্লাহিল হাৰামৰ (আল্লাহৰ পবিত্র ঘৰৰ) হজ্জ আদায় কৰা। একাধিকবাৰ কৰিলে নফল বুলি গণ্য হ’ব। হজ্জৰ অসংখ্য উপকাৰিতা আছে।
প্রথম: এইটো এনেকুৱা এটা আল্লাহৰ ইবাদত, য’ত আত্মা, শৰীৰ আৰু সম্পদৰ একেলগে ব্যৱহাৰ হয়।
দ্বিতীয়: প্রত্যেক দেশ আৰু স্থানৰ পৰা মুছলিমসকল এটা স্থানতে সমৱেত হয়, একেই ধৰণৰ বস্ত্র পৰিধান কৰে, একেই সময়ত এক প্ৰতিপালকৰ ইবাদত কৰাৰ সুযোগ লাভ কৰে। শাসক আৰু শাসিত, ধনী আৰু দৰিদ্ৰ, শুভ্ৰ আৰু নিগ্ৰো একেই আল্লাহৰ সৃষ্টি আৰু বান্দা হোৱাৰ কাৰণে এক হৈ হজ্জ পালনৰ মাধমত পাৰস্পৰিক পৰিচয় আৰু সহযোগিতাৰ পথ প্রসাৰিত হয়। ইয়াৰ মাধ্যমত তেওঁলোকে সেই দিৱসটোক স্মৰণ কৰে যিদিনা আল্লাহে সকলোকে পুনৰুত্থান কৰিব, আৰু হিচাপ-নিকাচৰ বাবে সকলোকে সমৱেত কৰিব। আল্লাহৰ আনুগত্যৰ মাধ্যমত তেওঁলোকে মৃত্যুৰ পৰৱর্তী সময়ৰ বাবে প্রস্তুতি গ্রহণ কৰে।
কা‘বা হৈছে (মুছলিমসকলৰ কিবলা), আপুনি য’তেই নাথাকক কিয় ইয়াৰ ফালেই মুখ কৰি আল্লাহে প্রতিটো ছালাত আদায়ৰ নির্দেশ দিছে, সেই কা’বাৰ চাৰিওফালে প্রদক্ষিণ কৰা আৰু মক্কাৰ অন্যান্য ঠাই যেনে আৰাফাত আৰু মুযদালিফা তথা মিনাত নির্ধাৰিত সময়ত অৱস্থান কৰাৰ উদ্দেশ্য হৈছে এই পবিত্র স্থানবোৰত আল্লাহৰ ইবাদত কৰা, যিদৰে আল্লাহে পালন কৰিবলৈ নিৰ্দেশ দিছে সেইদৰেই পালন কৰা।
ক্বা‘বা গৃহক আৰু সেই ঠাইবোৰক তথা অন্য কোনো সৃষ্টিক কেতিয়াও ইবাদত কৰা নহয়, কাৰণ এইবোৰে কাকো উপকাৰ বা অপকাৰ কৰিব নোৱাৰে। বৰং ইবাদত হৈছে একমাত্ৰ আল্লাহৰহে অধিকাৰ। উপকাৰ বা ক্ষতি কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। যদি আল্লাহে তেওঁৰ ঘৰৰ হজ্জ কৰাৰ নির্দেশ নিদিলেহেঁতেন, তেন্তে মুছলিমৰ বাবে হজ্জ কৰা কেতিয়াও ঠিক নহ’লহেঁতেন। কিয়নো, ইবাদত কাৰো মতামত বা ইচ্ছাৰ ভিত্তিত কৰা নহয়, বৰং এইটো আল্লাহৰ কিতাবত থকা তেওঁৰ নির্দেশ অথবা তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ছুন্নতৰ মাধ্যমতহে নির্ধাৰিত হয়। মহান আল্লাহে কৈছেঃ মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে জৰুৰী কৰ্তব্য। আনহাতে যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়। (ছুৰা আলে-ইমৰাণঃ ৯৭) ([31])
হজ্জৰ সময়তে হওক অথবা আন কোনো সময়ত, প্রতিজন মুছলিমৰ ওপৰত জীৱনত কেৱল এবাৰেই ওমৰাহ ওৱাজিব। মছজিদে নবৱীৰ জিয়াৰত কৰা হজ্জৰ সময়তে হওক বা আন কোনো সময়ত ওৱাজিব নহয়। বৰং মুস্তাহাব, যিয়ে জিয়াৰত কৰিব ছোৱাব পাব, আৰু যিয়ে নকৰিব তাক ইয়াৰ বাবে শাস্তি দিয়া নহ’ব। কিন্তু এই কথা জানি থোৱা উচিত যে, “যিয়ে হজ্জ কৰিলে অথচ মোক জিয়াৰত নকৰিলে, সি মোক পৰিত্যাগ কৰিলে” এই হাদীছটো ছহীহ নহয়। এইটো এটা জাল হাদীছ। বৰং ইয়াৰ দ্বাৰা ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত মিছা আৰোপ কৰা হৈছে।([32])
চৰীয়তে যিবোৰ স্থানৰ উদ্দেশ্যে ভ্রমণ কৰাৰ অনুমোদন দিছে, তাৰ মাজৰ এটা হৈছে, মছজিদে (নবৱী)। এতেকে যেতিয়া জিয়াৰতকাৰীয়ে মছজিদে নবৱীত গৈ তাহিয়্যাতুল মছজিদৰ ছালাত আদায় কৰিব; তেতিয়া তাৰ বাবে ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰাটোক চৰীয়তে অনুমোদন দিছে। এতেকে তেওঁ জিয়াৰতৰ সময়ত ক’ব-‘আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহ’ (হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত শান্তি বর্ষিত হওক) এইটো অত্যন্ত আদবৰ সৈতে অৰ্থাৎ শিষ্টাচাৰৰ সৈতে নিম্নস্বৰত ক’ব লাগিব। তেওঁৰ ওচৰত একো বিচৰা নাযাব, বৰং ছালাম দি গুচি আহিব লাগিব। তেখেতে উম্মতক এইটোৱে শিকাইছে, আৰু চাহাবাসকলেও এনেকৈয়ে কৰিছিল। আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হওক।
পক্ষান্তৰে যিসকলে ছালাতত থিয় হোৱাৰ দৰে বিনয়াৱনত চিত্তে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ কবৰৰ সন্মুখত থিয় হয়, তেখেতৰ ওচৰত প্রয়োজন পূৰণৰ বাবে প্রার্থনা কৰে, তেখেতেৰ ওচৰত বিপদৰ পৰা মুক্তি বিচাৰে, আল্লাহৰ ওচৰত তেখেতক মাধ্যম বনায়; সিহঁতে দৰাচলতে আল্লাহৰ সৈতে শ্বিৰ্ক কৰে। আৰু নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম) সিহঁতৰ পৰা সম্পূৰ্ণৰূপে সম্পর্কমুক্ত। এতেকে প্রতিজন মুছলিমে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কবৰত অথবা অন্য কাৰো কবৰত এনেকুৱা আচৰণৰ পৰা সাৱধান থকা উচিত। ইয়াৰ পিছত দুই চাহাবী আবু বকৰ আৰু ওমৰ ৰাদিয়াল্লাহু ‘আনহুমাৰ কবৰ চৰীয়তসন্মত নিয়ম অনুযায়ী জিয়াৰত কৰিব। তাৰ পিছত বাক্বী কবৰস্থান আৰু শ্বহীদসকলৰ কবৰ লগতে মুছলিমসকলৰ কবৰ জিয়াৰত কৰিব। জিয়াৰতকাৰীয়ে মৃতৰ ওপৰত ছালাম পাঠ কৰিব আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত দুআ কৰিব। লগতে মৃত্যুক স্মৰণ কৰি তাৰ পৰা গুচি আহিব।
হজ্জ আৰু ওমৰাত কৰিবলগীয়া বিষয়াদি:
প্রথমে হজ্জ কৰিবলৈ ইচ্ছা কৰা ব্যক্তিয়ে পবিত্র আৰু হালাল সম্পদ জমা কৰিব। মুছলিমসকলে সকলো অৱস্থাতেই হাৰাম উপার্জনৰ পৰা বিৰত থকা উচিত। কিয়নো হাৰাম সম্পদ ব্যৱহাৰকাৰীৰ হজ্জ আৰু দুআ একোৱেই গ্ৰহণযোগ্য নহয়। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ “শৰীৰৰ যি মাংস হাৰাম খাদ্য ভক্ষণৰ ফলত উৎপন্ন হৈছে, তাৰ বাবে জাহান্নামেই আটাইতকৈ উত্তম স্থান।” ([33]) হজ্জ কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে ঈমান্দাৰ আৰু তাওহীদপন্থী ব্যক্তিক সঙ্গী হিচাপে গ্ৰহণ কৰা উচিত।
***
মীক্বাতসমূহ:
গাড়ী আদিত থাকিলে মীকাতত ৰৈ দিব আৰু তাত ইহৰাম বান্ধিব। আৰু যদি বিমানত থাকে তেন্তে মীকাত পোৱাৰ আগতেই ইহৰাম বান্ধি লব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিবোৰ মীক্বাতৰ পৰা মানুহক ইহৰাম বান্ধিবলৈ নির্দেশ দিছে, সেয়া হৈছে পাঁচটা। যেনে:
১. মদীনাবাসীৰ বাবে জুলহুলাইফা, (আবিয়াৰে আলী)
২. ছিৰিয়া, মিচৰ আৰু মৰক্কোৰ অধিবাসীসকলৰ বাবে জুহফাহ, (ৰাবিগৰ নিকটৱর্তী)
৩. নজদ আৰু তায়েফবাসী আৰু সেইফালৰ পৰা আগমণকাৰীসকলৰ বাবে কাৰনুল মানাযিল (আচ-ছাইল অথবা মাহৰাম উপত্যকা)
৪. ইৰাকবাসীৰ বাবে যাতু ইৰক
৫. ইয়ামনবাসীৰ বাবে এলামলাম।
এইবোৰ মীকাতৰ পৰা যিয়েই অতিক্ৰম কৰিব, সেই স্থানৰ অধিবাসী হওক বা নহওক তাত ইহৰাম বান্ধিব। আনহাতে মক্কাৰ অধিবাসীসকলে যিসকলে মীকাতৰ ভিতৰত থাকে তেওঁলোকে নিজ ঘৰৰ পৰাই ইহৰাম বান্ধিব।
***
ইহৰামৰ বাবে কৰণীয়
ইহৰামৰ পূর্বে পৰিস্কাৰ-পৰিচ্ছন্ন হোৱা আৰু পবিত্রতা অৰ্জন কৰা, তথা সুগন্ধি ব্যৱহাৰ কৰা মুস্তাহাব। ইয়াৰ পিছত মীকাতত গৈ ইহৰামৰ কাপোৰ পৰিধান কৰিব। বিমানৰ যাত্রীসকলে নিজ দেশৰ পৰাই প্রস্তুতি লৈ আগমণ কৰা উচিত। ইয়াৰ পিছত যেতিয়া মীকাতৰ নিকটৱর্তী হ’ব তেতিয়া নিয়ত কৰিব আৰু তালবীয়াহ([34]) পাঠ কৰিব। পুৰুষৰ ইহৰাম হৈছে চিলাইবিহীন এটি চাদৰ আৰু এটি লুংগী। এই দুখন চাদৰেৰে শৰীৰ ঢাকি লব কিন্তু মূৰ নাঢাকিব। আনহাতে মহিলাসকলৰ ইহৰামৰ বাবে নির্ধাৰিত কোনো পোছাক নাই। কিন্তু তেওঁলোকে সদায় প্রশস্ত কাপোৰ পৰিধান কৰা উচিত, যি কাপোৰ পৰিধান কৰিলে মানুহে দেখিলেও ফিতনাত নপৰিব; তেনেকুৱা কাপোৰ পৰিধান কৰা ওৱাজিব। ইহৰামৰ সময়ত তেওঁলোকৰ মুখমণ্ডল আৰু দুই হাতত চিলাইযুক্ত কাপোৰ আদি পৰিধান কৰা বৈধ নহয়, যেনে- মুখাৱৰণ আৰু মোজা আদি। কিন্তু পৰপুৰুষৰ সন্মুখত মূৰৰ ওৰণিৰে মুখমণ্ডল ঢাকি লোৱা উচিত। যিদৰে উম্মাহাতুল মুমিনীন আৰু চাহাবাসকলৰ স্ত্ৰীসকলে আবৃত কৰিছিল।
ইহৰাম পৰিধান কৰাৰ পিছত মনে মনে ওমৰাৰ নিয়ত কৰিব। আৰু তাৰ পিছত এই বুলি তালবীয়াহ পাঠ কৰিব যে, ‘আল্লাহুম্মা লাব্বাইকা ওমৰাতান’ “হে আল্লাহ ওমৰা কৰিবলৈ মই আপোনাৰ দৰবাৰত উপস্থিত।” এই ওমৰাৰ দ্বাৰা তামাত্তু([35]) হজ্জ পালন কৰিব। কাৰণ তামাত্তু হৈছে হজ্জৰ উত্তম প্ৰকাৰ। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁৰ চাহাবাসকলক এই হজ্জ পালন কৰাৰ নির্দেশ দিছিল আৰু তেওঁলোকক মজবুতকৈ ধৰিবলৈ নিৰ্দেশ দিছিলি। আনকি যিসকলে তেখেতৰ এই নির্দেশ বাস্তবায়নত পিছুৱাইছিল, সিহঁতৰ প্রতি তেখেত ৰাগাম্বিত হৈছিল। কিন্তু যিসকলৰ লগত হাদীৰ([36]) পশু থাকিব তেওঁলোকে ইহৰাম নুখুলি হজ্জে ক্বিৰান কৰিব, যিদৰে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৰিছিল। ক্বিৰানকাৰী ব্যক্তিয়ে তালবীয়া পাঠ কৰাৰ সময়ত এই বুলি ক’ব- “আল্লা-হুম্মা লাব্বাইকা ওমৰাতান ওৱাহাজ্জান”। (হে আল্লাহ! আপোনাৰ ওচৰত ওমৰা আৰু হজ্জ কৰিবলৈ উপস্থিত হৈছোঁ।) কুৰবানীৰ দিনা কুৰবানীৰ পশু জবেহ নকৰালৈকে ইহৰাম নুখুলিব।
আনহাতে ইফৰাদ হজ্জকাৰীয়ে এইদৰে তালবিয়া পাঠ কৰিব, ‘আল্লা-হুম্মা লাব্বাইকা হাজ্জান’ (হে আল্লাহ! মই হজ্জ কৰিবলৈ আপোনাৰ দৰবাৰত উপস্থিত হৈছোঁ)।
***
ইহৰাম পৰিধান কৰা ব্যক্তিৰ ওপৰত যিবোৰ কৰা হাৰাম:
মুছলিম ব্যক্তিয়ে যেতিয়া ইহৰাম পৰিধান কৰাৰ নিয়ত কৰে তেতিয়া তাৰ ওপৰত নিম্নলিখিত কামবোৰ হাৰাম হৈ পৰে:
১. সহবাস বা যৌন মিলন আৰু ইয়াৰ আনুষঙ্গিক বিষয়াদি যেনে চুমা দিয়া, যৌন উত্তেজনামূলক স্পর্শ, যৌনতাক উদ্গনি দিয়া কথা-বতৰা, বিবাহৰ প্রস্তাৱ দিয়া, বিবাহৰ বৈঠক অনুষ্ঠিত কৰা। ইহৰামত থকা ব্যক্তিয়ে বিবাহ কৰিবও নোৱাৰে আৰু কৰাবও নোৱাৰে।
২. মূৰ খুৰাব নোৱাৰে আৰু চুলিও চুটি কৰিব নোৱাৰে।
৩. নখ কাটিব নোৱাৰিব।
৪. মূৰত লাগি থকা কোনো বস্তুৰে মূৰ ঢাকিব নোৱাৰে। কিন্তু ছাতি, তম্বু অথবা গাড়ীৰ ছাঁ গ্ৰহণ কৰাত কোনো অসুবিধা নাই।
৫. সুগন্ধি লগাব নোৱাৰিব আৰু সুগন্ধিৰ ঘ্রাণ লোৱাও উচিত নহয়।
৬.স্থলত থকা কোনো প্রাণী চিকাৰ কৰিব নোৱাৰিব। নিজেও চিকাৰ নকৰিব আৰু আনকো চিকাৰ কৰাৰ পথ দেখুৱাই নিদিব।
৭.পুৰুষসকলে চিলাইকৃত পোছাক পৰিধান কৰিব নোৱাৰিব আৰু নাৰীসকলে মুখমণ্ডল আৰু দুই হাতত চিলাইকৃত একো পিন্ধিব নোৱাৰিব। পুৰুষসকলে চেণ্ডেল পিন্ধিব পাৰিব। যদি এয়া সম্ভৱ নহয় তেনেহ’লে মোজা পিন্ধিব পাৰিব।
উক্ত নিষিদ্ধ কামবোৰ যদি কোনোবাই অজানিতে অথবা ভুলতে কৰি পেলায় তেন্তে সেইটো ক্ষমাৰযোগ্য, ইয়াৰ ফলত একো কৰাৰ প্ৰয়োজন নাই।
ইয়াৰ পিছত যেতিয়া ইহৰাম পৰিধানকাৰী ব্যক্তিয়ে কা‘বা গৃহৰ ওচৰত উপস্থিত হ’ব, তেতিয়া তেওঁ ‘হাজাৰে আচওৱাদ’ৰ পৰা আৰম্ভ কৰি সাতটা তাৱাফ বা প্ৰদক্ষিণ কৰিব, ইয়াক তাৱাফে কুদুম([37]) বুলি কোৱা হয়। আৰু এইটোৱে হ’ব তেওঁৰ ওমৰাৰ তাৱাফ। তাৱাফৰ বাবে কোনো নির্দিষ্ট দুআ নাই। তাৱাফৰ সময়ত আল্লাহক স্মৰণ কৰিব আৰু যিটো সহজ লাগে সেইটোৱে নিজৰ বাবে দুআ কৰিব।([38]) তাৱাফৰ পিছত সম্ভৱ হ’লে মাকামে([39]) ইব্রাহীমৰ পিছফালে দুই ৰাকআত ছালাত আদায় কৰিব, তাত ঠাই নাপালে হাৰামৰ যিকোনো স্থানত পঢ়িব পাৰে। ইয়াৰ পিছত ছা‘ঈ কৰা ঠাইলৈ([40]) ওলাই যাব আৰু তাতগৈ চাফাৰ পৰা (ছা‘ঈ) আৰম্ভ কৰিব। চাফাৰ ওপৰত উঠিব, কিবলামুখী হৈ তাকবীৰ (আল্লাহু আকবাৰ) ক’ব, তাহলীল (লা ইলাহা ইল্লাল্লাহ) পাঠ কৰিব আৰু তাৰ পিছত দুআ কৰিব। ইয়াৰ পিছত মাৰওৱাৰ ফালে ছা‘ঈ কৰিব। মাৰওৱাত উপস্থিত হৈ মাৰওৱাত আৰোহণ কৰিব। তাত কিবলামুখী হৈ তাকবীৰ ক’ব। আল্লাহক স্মৰণ কৰিব আৰু দুআ কৰিব। ইয়াৰ পিছত আকৌ চাফাৰ পিনে প্রত্যাৱর্তন কৰিব। এইদৰে যোৱাটোক এবাৰ আৰু অহাটোক এবাৰ গণনা কৰি সাতটা ছাঈ সম্পূৰ্ণ কৰিব। ইয়াৰ পিছত মূৰৰ চুলি চুটি কৰিব। আনহাতে মহিলাসকলে চুলিৰ এক ইঞ্চি পৰিমাণ আগ কাটি লব। ইয়াৰ পিছত তামাত্তু হজ্জ কৰা ব্যক্তিৰ ওমৰাহ সম্পন্ন হ’ব আৰু ইহৰামৰ পৰা হালাল হ’ব পাৰিব। আৰু ইহৰামৰ ফলত তাৰ ওপৰত যি যি হাৰাম আছিল, সেইবোৰ হালাল হৈ পৰিব।
যদি কোনো মহিলাৰ ইহৰাম পৰিধানৰ আগত অথবা পিছত হায়েজ হয় নাইবা সন্তান প্রসৱ কৰে তেনেহ’লে সেই মহিলাই ক্বিৰান হজ্জ কৰিব আৰু অন্যান্য হাজীসকলৰ দৰে ইহৰাম পৰিধানৰ পিছত ওমৰাহ আৰু হজ্জৰ তালবীয়াহ পাঠ কৰিব। কিয়নো হায়েজ আৰু নিফাছৰ ফলত ইহৰাম নিষিদ্ধ নহয় অথবা মাশ্বাঈৰ (মিনা, আৰাফাত) আদিত অৱস্থান কৰাও নিষিদ্ধ নহয়। কেৱলমাত্র তাৱাফ কৰাটোহে নিষিদ্ধ। এতেকে তেওঁ তাৱাফৰ বাহিৰে সকলো মানাছিক পালন কৰিব, আৰু পৱিত্ৰ নোহোৱালৈকে তাৱাফৰ বাবে অপেক্ষা কৰিব। যদি মানুহে হজ্জৰ ইহৰাম পৰিধান কৰা আৰু মিনাৰ ফালে ওলাই যোৱাৰ আগতেই পবিত্রতা অর্জন কৰে, তেনেহ’লে গোছল কৰি তাৱাফ কৰিব, ছা‘ঈ কৰিব, অকণমান চুলি চুটি কৰিব আৰু ওমৰাৰ ইহৰামৰ পৰা হালাল হৈ যাব। আঠ তাৰিখে যেতিয়া মানুহে হজ্জৰ ইহৰাম পৰিধান কৰিব সেইদিনা তেৱোঁ হজ্জৰ ইহৰাম পৰিধান কৰিব। আনহাতে যদি তেওঁৰ পবিত্রতা অর্জনৰ আগতেই যদি মানুহে হজ্জৰ ইহৰাম কৰি লয় তেনেহ’লে তেওঁ ক্বিৰান হজ্জ কৰিব আৰু সেইমতেই তালবিয়াহ পাঠ কৰিব আৰু অন্যান্য লোকসকলৰ দৰেই মিনালৈ যাব, আৰাফা আৰু মুযদালিফাত অৱস্থান কৰিব, শিল নিক্ষেপ কৰিব, হাদী জবেহ কৰিব, ঈদৰ দিনা অকণমান চুলি চুটি কৰাব, এই সকলোবোৰ কৰিব। যেতিয়া তেওঁ পবিত্র হ’ব, তেতিয়া গোছল কৰি হজ্জৰ তাৱাফ আৰু ছা‘ঈ কৰি লব।
এই তাৱাফ আৰু ছা‘ঈ তেওঁৰ ওমৰাহ আৰু হজ্জৰ বাবে যথেষ্ট হ’ব। যেনেকৈ উম্মুল মুমিনীন আঈশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কৰিছিল। নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁক কৈছিল যে, পবিত্ৰ হোৱাৰ পিছত কৰা তেওঁৰ তাৱাফ আৰু ছাঈ হজ্জ আৰু ওমৰাৰ বাবে যথেষ্ট। কিয়নো ক্বিৰান হজ্জকাৰী ব্যক্তিৰ বাবে কেৱল এটা তাৱাফ([41]) আৰু এটাই ছা‘ঈ, এইটোৱে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) অনুমোদন দিছে। তেখেতৰ কথা আৰু কৰ্ম আন এটা হাদীছত এইদৰে বৰ্ণিত হৈছে, তেখেতে কৈছেঃ “কিয়ামত পর্যন্ত হজ্জৰ মাজত ওমৰাহ প্ৰৱেশ কৰিছে।” আল্লাহেই সৰ্বজ্ঞ।
ইয়াৰ পিছত জুলহিজ্জা মাহৰ আঠ তাৰিখে হাজ্জীসকলে মক্কাত নিজৰ অৱস্থান ঠাইৰ পৰাই মীকাতত যেনেকৈ ইহৰাম বান্ধিছিল ঠিক সেইদৰে ইহৰাম বান্ধিব। পৰিস্কাৰ-পৰিচ্ছন্নতা অর্জন কৰিব, আৰু তাৰ পিছত ইহৰামৰ কাপোৰ পৰিধান কৰিব আৰু হাজ্জী পুৰুষ হওক বা মহিলা; হজ্জৰ নিয়ত কৰিব লাগিব, আৰু তাৰ পিছত এই বুলি তালবীয়াহ পাঠ কৰিব, “আল্লা-হুম্মা লাব্বাইকা হাজ্জান” (হে আল্লাহ! মই হজ্জ কৰিবলৈ উপস্থিত।) ইয়াৰ পিছত কুৰবানীৰ দিনা([42]) মুযদালিফাৰ পৰা মিনালৈ আহি ‘আকাবাত শিলগুটি নিক্ষেপ কৰাৰ পিছত পুৰুষসকলে মূৰ নুখুৰোৱালৈকে আৰু মহিলাসকলে অকণমান চুলি নকটালৈকে ইহৰাম অৱস্থাত যিবোৰ কাম কৰা নিষিদ্ধ সেইবোৰৰ পৰা বিৰত থাকিব লাগিব।
হাজ্জীসকলে আঠ তাৰিখে ইহৰাম বান্ধিব আৰু তাৰ পিছত মিনালৈ ওলাই যাব। তাতগৈ ৰাতি অতিবাহিত কৰিব আৰু প্রতি ওৱাক্তৰ ছালাত নির্দিষ্ট সময়ত একত্রিত নকৰি কছৰ আদায় কৰিব। আৰু আৰাফাৰ দিনা সূর্য উঠাৰ পিছত হাজ্জীসকলে নামিৰাৰ উদ্দেশ্যে ৰওনা হ’ব। তাত গৈ ইমামৰ সৈতে অথবা য’ত আছে সেই ঠাইতেই জামাতৰ সৈতে জোহৰ আৰু আছৰৰ ছালাত কছৰ আদায় কৰিব। ইয়াৰ পিছত সূর্য ঢাল খালে আৰাফাৰ পিনে ৰওনা দিব। আনহাতে যদি কোনোবাই মিনাৰ পৰা পোনপটীয়াকৈ আৰাফাৰ ময়দানতগৈ অৱস্থান কৰে সেইটোও জায়েয। আৰাফাৰ গোটেই ঠাই অৱস্থানযোগ্য।
আৰাফাতত হাজ্জীসকলে বেছি বেছি আল্লাহক স্মৰণ কৰা উচিত, দুআ আৰু গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা উচিত। এই সময়ছোৱাত কিবলাহমুখী হ’ব লাগে, পাহাৰৰ ফালে মুখ কৰা উচিত নহয়। কিয়নো পাহাৰটো হৈছে আৰাফাতৰ এটা অংশহে। ইবাদতৰ উদ্দেশ্যে তাত আৰোহণ কৰাও ঠিক নহয়। বৰকতৰ উদ্দেশ্যে ইয়াৰ শিল স্পৰ্শ কৰাও বৈধ নহয়। কিয়নো এইটো হৈছে হাৰাম তথা বিদ‘আত।
সূর্যাস্ত নোহোৱালৈকে হাজীসকলে মুদালিফালৈ ৰওনা নহ’ব। সূর্য অস্ত যোৱাৰ পিছত মুযদালিফালৈ ৰওনা দিব। মুযদালিফাত উপস্থিত হৈ মাগৰিব আৰু ‘ঈশ্বাৰ ছালাত জমা কৰি পঢ়িব। লগতে ঈশ্বাৰ ছালাত কচৰ কৰিব। আৰু তাত ৰাতি থাকিব। ফজৰৰ সময় হোৱাৰ লগে লগে ফজৰৰ ছালাত আদায় কৰিব আৰু আল্লাহক স্মৰণ কৰিব অৰ্থাৎ যিকৰ-আজকাৰ পাঠ কৰিব, ইয়াৰ পিছত সূর্য উদয় হোৱাৰ আগতেই মিনালৈ ৰওনা হ’ব, মিনাত উপস্থিত হৈ সূর্য উদয়ৰ পিছত জামৰাতুল ‘আকাবাত সাতটা শিলগুটি নিক্ষেপ কৰিব, শিলগুটিৰ আকাৰ বুটমাহতকৈ সৰুও যাতে নহয় আৰু ডাঙৰো যাতে নহয়। তাত চেণ্ডেল আদি নিক্ষেপ কৰা বৈধ নহয়। কাৰণ এইবোৰ হৈছে চয়তানে শোভনীয় কৰি দিয়া এক প্ৰকাৰ খেল, যিটো মানুহৰ মগুজুত প্ৰকট হয়। চয়তানৰ প্ৰকৃত অপমান([43]) তেতিয়াহে হ’ব যেতিয়া আপুনি ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ নির্দেশনা মতে আমল কৰিব আৰু তেওঁ দেখুৱাই যোৱা পথৰ অনুসৰণ কৰিব, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰক বৰ্জন কৰিব। (জুতা নিক্ষেপ কৰিলে অপমান নহয়)
শিলগুটি নিক্ষেপ কৰাৰ পিছত হাজ্জীসকলে কুৰবানী কৰিব। ইয়াৰ পিছত পুৰুষসকলে চুলি মুণ্ডন কৰিব আৰু মহিলাসকলে অকণমান চুলি চুটি কৰিব। পুৰুষসকলেও যদি চুলি চুটি কৰে তথাপিও কোনো অসুবিধা নাই, কিন্তু চুলি খুৰোৱাটো হৈছে তিনিগুণ উত্তম। ইয়াৰ পিছত নিজৰ কাপোৰ পৰিধান কৰিব পাৰিব আৰু এই সময়ছোৱাত তাৰ বাবে ইহৰামৰ কাৰণে যিবোৰ কৰ্ম কৰা হাৰাম আছিল কেৱল স্ত্রী সহবাসৰ বাহিৰে সেই সকলোবোৰ হালাল হৈ পৰিব। ইয়াৰ পিছত মক্কাত গৈ হজ্জৰ তাৱাফ আৰু ছা‘ঈ সম্পন্ন কৰিব। ইয়াৰ পিছত তাৰ বাবে সকলো হালাল হৈ যাব আনকি স্ত্ৰী সহবাসো। তাৰ পিছত আকৌ মিনালৈ উভতি আহিব। ঈদৰ দিন আৰু তাৰ পাছৰ দুদিনৰ ৰাতিসহ তাত বাধ্যতামূলকভাৱে ৰাতি অতিবাহিত কৰিব লাগিব। একাদশ আৰু দ্বাদশ দিনা তিনিওটা জামৰাতত সূর্য ঢাল খোৱাৰ পিছত শিলগুটি নিক্ষেপ কৰিব। সৰু জামৰাহ, যিটো মিনাৰ ওচৰতেই অৱস্থিত, সেইটোৰ পৰা শিলগুটি নিক্ষেপ কৰা আৰম্ভ কৰিব। তাৰ পিছত মধ্যমটোত আৰু শেষত ডাঙৰটোত নিক্ষেপ কৰিব যিটোত ঈদৰ দিনা নিক্ষেপ কৰিছিল। প্রতিটো জামাৰাত সাতটাকৈ শিলগুটি নিক্ষেপ কৰিব লাগিব। আৰু প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ ক’ব লাগিব। এই শিলগুটিসমূহ মিনাত অৱস্থান কৰা ঠাইৰ পৰাই([44]) সংগ্রহ কৰিব। যদি কোনোবাই মিনাত অৱস্থান কৰাৰ ঠাই নাপায়, তেন্তে তেওঁ শিবিৰৰ যিকোনো প্ৰান্তত অৱস্থান কৰিব।
এতেকে যদি কোনোবাই দ্বাদশ দিনা শিলগুটি নিক্ষেপ কৰাৰ পিছত মিনা পৰিত্যাগ কৰিব বিচাৰে; তেন্তে কৰিব পাৰে। আনহাতে যদি কোনোবাই ত্রয়োদশ দিনলৈকে অপেক্ষা কৰে তেন্তে এয়া উত্তম। সেইদিনাও সূর্য ঢাল খোৱাৰ পিছতেই শিলগুটি নিক্ষেপ কৰিব লাগিব। যদি তেওঁ গুচি আহিব বিচাৰে তেন্তে কা’বাত গৈ তাৱাফে ৱিদা বা বিদায়ী তাৱাফ কৰিব, ইয়াৰ পিছত লগে লগে ভ্ৰমণ কৰিব পাৰিব। হায়েজ আৰু নিফাছগ্রস্তা মহিলাই যদি হজ্জৰ তাৱাফ আৰু ছা‘ঈ কৰি লৈছে তেনেহ’লে তাইৰ বাবে তাৱাফে ৱিদা‘ নকৰিলেও হ’ব।
হাজ্জী চাহেবে কুৰবানীৰ পশু একাদশ অথবা দ্বাদশ নাইবা ত্রয়োদশ দিন পর্যন্ত যদি জবেহ কৰাত পলম কৰে, তথাপিও কোনো অসুবিধা নাই। যদি কোনোবাই হজ্জৰ তাৱাফ আৰু ছা‘ঈ কৰিবলৈ মিনা এৰি অহালৈকে পলম কৰে তেন্তে তেওঁৰ বাবে সেইটোও বৈধ হ’ব। কিন্তু ইতিপূৰ্বে যিটো বৰ্ণনা কৰা হৈছে সেইটোৱে উত্তম। আল্লাহেই সৰ্বজ্ঞ।
দুৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত। (আমীন)
***
ঈমানৰ বিৱৰণ
নিশ্চয় আল্লাহ তা‘আলাই প্ৰতিজন মুছলিমৰ ওপৰত অনিবাৰ্য কৰিছে যে, তেওঁলোকে ঈমান আনিব লাগিব আল্লাহৰ ওপৰত, তেওঁৰ ৰাছুলৰ ওপৰত আৰু ইছলামৰ স্তম্ভসমূহৰ ওপৰত, লগতে ঈমান আনিব লাগিব ফিৰিস্তাসকলৰ([45]) ওপৰত আৰু সেইসমূহ কিতাবৰ([46]) ওপৰত, যিবোৰ তেওঁ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। আৰু সেই কিতাবসমূহৰ ভিতৰত অন্তিম কিতাব হৈছে আল-কোৰআন, যিখনৰ দ্বাৰা আল্লাহে অন্যান্য সকলো গ্ৰন্থক ৰহিত কৰিছে, আৰু ইয়াক অন্যান্য কিতাবৰ সত্যতা নিৰূপনৰ মানদণ্ড নির্ধাৰণ কৰিছে। লগতে আৰু অনিবাৰ্য কৰিছে আল্লাহৰ সকলো ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ, প্রথমৰ পৰা শেষ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) লৈকে। কিয়নো তেওঁলোকৰ ৰিছালাত বা বাৰ্তা হৈছে এটাই। আৰু তেওঁলোকৰ দ্বীনও হৈছে এটা, আৰু সেইটো হৈছে ইছলাম। তেওঁলোকক এজনেই প্রেৰণ কৰিছে। তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ তাআলা। এতেকে মুছলিমে ঈমান পোষণ কৰা উচিত যে, কোৰআনত আল্লাহে যিসকল ৰাছুলৰ নাম উল্লেখ কৰিছে, তেওঁলোক হৈছে পূর্বৱর্তী উম্মতসমূহৰ ওচৰত প্ৰেৰিত হোৱা আল্লাহৰ ৰাছুল। লগতে ঈমান আনিব লাগিব যে, নিশ্চয় মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ শেষ ৰাছুল আৰু তেখেতক বিশ্বৰ সকলো মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেখেতক প্ৰেৰণ কৰাৰ পিছত সকলোৱে তেখেতৰ উম্মত বুলি গণ্য হ’ব আনকি ইয়াহূদী, খ্ৰীষ্টান আৰু অন্যান্য ধর্মাৱলম্বীসকলেও। কিয়নো পৃথিৱীৰ বুকুত বাস কৰা সকলো মানুহেই মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ উম্মত আৰু তেখেতক অনুসৰণ কৰাটো সিহঁতৰ বাবে অত্যাৱশ্যকীয়।
যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অনুৰসণ নকৰে তথা যিসকলে ইছলামত প্ৰৱেশ কৰা নাই, সিহঁতৰ সৈতে মূছা (আলাইহিচ্ছালাম) আৰু ঈছা (আলাইহিচ্ছালাম) তথা অন্যান্য ৰাছুলসকলৰ কোনো সম্পর্ক নাই। কিয়নো মুছলিম হ’বলৈ হ‘লে সকলো ৰাছুলৰ ওপৰত ঈমান আনিব লাগিব, আৰু তেওঁলোকৰ অনুসৰণ-অনুকৰণ কৰিব লাগিব। এতেকে যিয়ে মুহাম্মদ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত ঈমান পোষণ নকৰিব, তেখেতক অনুসৰণ নকৰিব, আৰু দ্বীন ইছলামত প্ৰৱেশ নকৰিব, সি দৰাচলতে সকলো ৰাছুলকে অস্বীকাৰ কৰিলে, তেওঁলোকৰ প্রতি মিছা আৰোপ কৰিলে, যদিও সি তেওঁলোকৰ মাজৰ কোনোবা এজনৰ ওপৰত ঈমান পোষণ কৰিছে বুলি দাবী কৰে। দ্বিতীয় অধ্যায়ত এই সম্পৰ্কে আল্লাহৰ বাণীৰ পৰা প্রমাণাদি দাঙি ধৰা হৈছে।
আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শপত সেই সত্ত্বাৰ যাৰ হাতত মুহাম্মদৰ জীৱন আছে, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান যদি মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী।([47])
এইদৰে এজন মুছলিমৰ বাবে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থান, হিচাপ-নিকাচ, প্রতিফল প্রাপ্তি, জান্নাত আৰু জাহান্নামৰ প্ৰতিও ঈমান পোষণ কৰা ওৱাজিব। লগতে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ (ভাগ্যৰ) প্ৰতিও ঈমান পোষণ কৰা ওৱাজিব।
তাক্বদীৰৰ প্রতি ঈমান পোষণ কৰাৰ অৰ্থ হৈছে,
মুছলিমে এই আকীদা পোষণ কৰিব যে, নিশ্চয় আল্লাহ তা‘আলা সকলো বিষয়ে জ্ঞাত। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ আগৰ পৰাই তেওঁ বান্দাৰ কৰ্ম সম্পৰ্কে অৱগত। আৰু এই জ্ঞান তেওঁ লাওহে মাহফুজত লিপিবদ্ধ কৰি ৰাখিছে। মুছলিমে এই বিষয়টোও জানিব লাগিব যে, আল্লাহে যি ইচ্ছা কৰে সেইটোৱে হয়। তেওঁ যিটো নিবিচাৰে সেইটো নহয়। এইটোও বিশ্বাস কৰিব লাগিব যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক তেওঁৰ আনুগত্য কৰাৰ বাবেই সৃষ্টি কৰিছে, আৰু আনুগত্য সম্পৰ্কে বর্ণনা কৰিও দিছে। তেওঁ আনুগত্য কৰাৰ নির্দেশ দিছে আৰু গুনাহৰ পৰা নিষেধ কৰিছে আৰু কোনবোৰ গুনাহৰ কৰ্ম সেয়া বর্ণনাও কৰিছে। আল্লাহে তেওঁলোকক এই সামৰ্থ আৰু ইচ্ছাশক্তি প্ৰদান কৰিছে যে, তেওঁলোকে আল্লাহৰ নির্দেশিত কৰ্মসমূহ কৰিলে ছোৱাবৰ অধিকাৰী হ’ব পাৰিব। পক্ষান্তৰে আল্লাহৰ নিষেধকৃত কৰ্ম কৰি শাস্তিৰ অধিকাৰীও হ’ব পাৰে।
কিন্তু বান্দাৰ এই ইচ্ছাশক্তি আল্লাহৰ ইচ্ছাশক্তিৰেই আওতাধীন। আনহাতে যিবোৰ কৰ্মত আল্লাহে বান্দাসকলক ইচ্ছাশক্তি আৰু সামৰ্থ প্ৰদান কৰা নাই, সেইবোৰ অনিচ্ছা সত্ত্বেও সিহঁতৰ পৰা এই কৰ্ম হৈ যায়, যেনে ভুলতে কিবা কৰা, কোনো কাম কৰিবলৈ পাহৰি যোৱা, বাধ্যত পৰি কিবা কৰা, যেনে দাৰিদ্রতা, বেমাৰ-আজাৰ বিপদ-আপদ আদিৰ ক্ষেত্ৰত আল্লাহে সিহঁতক অপৰাধ নধৰিব আৰু সিহঁতক শাস্তিও নিদিব, আনকি বিপদ-আপদ দাৰিদ্রতা আৰু বেমাৰ-আজাৰত আল্লাহৰ ফালৰ পৰা নির্ধাৰিত তাক্বদীৰৰ ওপৰত সন্তুষ্টিচিত্তে ধৈর্য্য ধাৰণ কৰিলে মহা পুৰস্কাৰ দান কৰিব।
এতেকে উক্ত প্ৰতিটো বিষয়ৰ ওপৰত ঈমান পোষণ কৰাটো মুছলিমৰ ওপৰত ওৱাজিব।
আৰু মুছলিমসকলৰ মাজত আল্লাহৰ ওপৰত ঈমান পোষণ কৰা সৱাতোকৈ মৰ্যাদাৱান, তেওঁৰ সৱাতোকৈ নিকটৱৰ্তী আৰু জান্নাতত সর্বোচ্চ মর্যাদাৰ অধিকাৰী হৈছে আল্লাহৰ মুহছিন বান্দাসকল। যিসকলে আল্লাহৰ ইবাদত কৰে, তেওঁক সন্মান কৰে আৰু তেওঁক এনেকৈ ভয় কৰে যেনিবা তেওঁক দেখি আছে। তেওঁলোকে প্রকাশ্য-অপ্রকাশ্য কোনো অৱস্থাতেই আল্লাহৰ অবাধ্যতা নকৰে। তেওঁলোকে এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে য’তেই নাথাকক কিয় তেওঁ সদায় তেওঁলোকক দেখি আছে। তেওঁলোকৰ কৰ্ম, কথা আৰু নিয়ত আদিৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। সেয়ে তেওঁলোকে তেওঁৰ আদেশৰ আনুগত্য কৰে, তেওঁ নিষিদ্ধ কৰা বিষয়বোৰ পৰিত্যাগ কৰে। যেতিয়া তেওঁলোকৰ কোনোবাই ভুলতে আল্লাহৰ আদেশৰ অবাধ্যতা কৰি পাপ কৰে, তেতিয়া লগে লগে আল্লাহৰ ওচৰত আন্তৰিকতাৰে সত্য তাওবাহ কৰে আৰু হৈ যোৱা গুনাহকলৈ লজ্জিত অনুভৱ কৰে। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, আৰু দুনাই সেই গুনাহ নকৰে। আল্লাহ তা‘আলাই কৈছেঃ- নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে, যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল হৈছে সৎকৰ্মপৰায়ণ। (ছুৰা আন-নাহলঃ ১২৮)
***
দ্বীন ইছলামৰ পৰিপূর্ণ জীৱন ব্যৱস্থা
আল্লাহ তাআলাই মহাগ্ৰন্থ আল-কোৰআনত কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) আল্লাহ তাআলাই আৰু কৈছেঃ নিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ। (ছুৰা ইছৰাঃ ৯) আল্লাহ তাআলাই কোৰআন সম্পৰ্কে আৰু কৈছেঃ আমি আপোনাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপে, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপে। (ছুৰা আন-নাহলঃ ৮৯)
বিশুদ্ধ হাদীছত নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ “মই তোমালোকক এনেকুৱা উজ্জ্বল স্পষ্ট দলিল আৰু প্রমাণাদিৰ ওপৰত এৰিছোঁ, যাৰ ৰাতিও দিনৰ দৰে। ইয়াৰ পৰা যিয়েই ভিন্নমুখী হ’ব, সিয়েই ধ্বংস হ’ব।”([48]) তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “তোমালোকৰ মাজত মই যি ৰাখি গ’লোঁ যেতিয়ালৈকে তোমালোকে ইয়াক মজবুতভাৱে ধৰি ৰাখিবা, কেতিয়াও পথভ্রষ্ট নহ’বা। সেয়া হৈছে, আল্লাহৰ কিতাব আৰু মোৰ ছুন্নত।”([49])
উক্ত আয়াতসমূহৰ মাজৰ
প্রথম আয়াতত আল্লাহে কৈছেঃ নিশ্চয় তেওঁ মুছলিমসকলৰ বাবে ইছলামক জীৱন ব্যৱস্থা হিচাপে পৰিপূর্ণ কৰি দিছে। ইয়াৰ মাজত কোনো ধৰণৰ ত্ৰুটি নাই, আৰু কেতিয়াও একো বৃদ্ধি কৰাৰো প্রয়োজন নহ’ব। প্রতিটো সময়ত, প্রতিটো ঠাইত আৰু প্রত্যেক উম্মতৰ বাবে এইটো উপযোগী। লগতে তেওঁ এই কথাও কৈছে যে, পৰিপূর্ণ ক্ষমাসুন্দৰ এই মহান জীৱন ব্যৱস্থাক মুছলিমসকলৰ বাবে প্রণয়ন কৰি আৰু সর্বশেষ ৰাছুল মুহাম্মদ(চাল্লাল্লাহু আলাইহি অছাল্লাম)ক ৰিছালাত প্ৰদান কৰি, ইছলামক বিজয়ী কৰি আৰু ইছলাম গ্ৰহণকাৰীসকলক তেওঁলোকৰ শত্রুৰ বিৰুদ্ধে সহায় প্ৰদান কৰি, তেওঁ নিজৰ নিয়ামত সম্পূর্ণ কৰি দিছে। তেওঁ আৰু কৈছে যে, তেওঁ ইছলামক মানুহৰ বাবে জীৱন ব্যৱস্থা হিচাপে মনোনীত কৰি সন্তুষ্ট হৈছে। ফলত তেওঁ এই দ্বীনক (জীৱন ব্যৱস্থাক) কেতিয়াও অপছন্দ নকৰিব। আৰু এই ধৰ্মৰ বাহিৰে আন কোনো ধৰ্মকো তেওঁ কাৰো পৰা গ্রহণ নকৰিব।
দ্বিতীয় আয়াতত আল্লাহ তা‘আলাই কৈছে যে, নিশ্চয় মহাগ্রন্থ আল-কোৰআন হৈছে পৰিপূর্ণ জীৱন পদ্ধতি, ইয়াত পৃথিৱী আৰু পৰকাল সংক্রান্তীয় সত্য সহকাৰে সকলো সমাধান বর্ণিত আছে। ইয়াৰ ওপৰত পৰিচালিত নোহোৱাকৈ কোনো মঙ্গল নাই। ইয়াক বৰ্জন কৰাৰ মাজত অমঙ্গল নিহিত আছে। প্রতিটো সমস্যা, সেয়া পুৰণি হওক অথবা বর্তমানৰ নাইবা ভবিষ্যতৰ কোনো সমস্যা, ইনচাফৰ সৈতে ন্যায়ভিত্তিক সঠিক সমাধান কোৰআনত মজুত আছে। কোৰআনৰ পৰিপন্থী সকলো সমাধানেই হৈছে মুর্খতা আৰু অন্যায়;
এতেকে জ্ঞান, আক্বীদাহ, ৰাজনীতি, ৰাষ্ট্র-পৰিচালনা, বিচাৰ-পদ্ধতি, মানসিক জ্ঞান, সামাজিক-অর্থনৈতিক জ্ঞান, শাস্তিৰ পদ্ধতি আদি যিবোৰৰেই মানুহে প্রয়োজন অনুভৱ কৰে; সেই সকলোবোৰ আল্লাহে পবিত্র কোৰআনত আৰু তেওঁৰ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) হাদীছত পৰিপূর্ণভাৱে বর্ণনা কৰিছে। যেনে তেওঁ কৈছেঃআমি আপোনাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপে, (ছুৰা নাহলঃ ৮৯)
পৰৱর্তী অধ্যায়ত সংক্ষিপ্তভাৱে আৰু স্পষ্টৰূপে ইছলামী জীৱন ব্যৱস্থাৰ পৰিপূর্ণতা, মজবুতি আৰু গোটেই দিশ চালি-জাৰি জীৱন পদ্ধতি সম্পৰ্কে আলোচনা কৰা হ’ব।
***
১. জ্ঞান অর্জন:
মানুহক আল্লাহে প্রথম যিটো ওৱাজিবৰ আদেশ দিছে সেইটো হৈছে জ্ঞান অর্জন কৰা। যেনে আল্লাহে কৈছেঃ সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত। (ছুৰা মুহাম্মদঃ ১৯) আল্লাহ তাআলাই আৰু কৈছেঃ তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত। (ছুৰা আল-মুজাদালাহঃ ১১) আল্লাহ তাআলাই কৈছেঃ আৰু কোৱা, "হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া"। (ছুৰা ত্ব-হাঃ ১১৪) আল্লাহ তাআলাই কৈছেঃ এতেকে যদি তোমালোকে নাজানা তেনেহ'লে জ্ঞানীসকলক সুধি লোৱা। (ছুৰা আম্বীয়াঃ ৭) ইপিনে সর্বশেষ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ছহীহ হাদীছত কৈছেঃ "জ্ঞান অর্জন কৰাটো প্রতিজন মুছলিমৰ ওপৰত অনিবাৰ্য।”([50]) তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “মূর্খৰ ওপৰত জ্ঞানীৰ মর্যাদা সিমানেই, যিমান পূর্ণিমাৰ ৰাতিত চন্দ্রৰ মর্যাদা গোটেই তৰাৰ ওপৰত থাকে।” ([51])
ইছলামত অত্যাৱশ্যকীয়তাৰ দিশৰ পৰা জ্ঞানক কেইবাটাও ভাগত ভাগ কৰা হৈছে।
প্রথম প্ৰকাৰ: পুৰুষ হওক বা মহিলা প্ৰতিজন মুছলিমে এই জ্ঞান অর্জন কৰা ফৰজ, কোনো ধৰণৰ ওজৰ-আপত্তি দেখুৱাই এই জ্ঞান অৰ্জনৰ পৰা বিৰত থাকিব নোৱাৰে। এইটো হৈছে (দলিল- প্রমাণ সহকাৰে) আল্লাহ তা‘আলা সম্পৰ্কে আৰু তেওঁৰ ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বিষয়ে আৰু দ্বীন ইছলাম সম্পৰ্কে জ্ঞান অৰ্জন কৰা। ([52])
দ্বিতীয় প্ৰকাৰ: জ্ঞান অর্জনৰ দ্বিতীয় প্রকাৰ হৈছে ফৰজে কিফায়াহ। এই বিষয়ত যেতিয়া যথেষ্ট সংখ্যক লোকে জ্ঞান অর্জন কৰে, তেতিয়া অন্য লোকসকলে এই জ্ঞান অর্জন নকৰিলেও কোনো অসুবিধা নাই। এনে অৱস্থাত বাকী লোকসকলৰ বাবে এই জ্ঞান অৰ্জন কৰা ওৱাজিব নহয় বৰং মুস্তাহাব বুলি গণ্য হ’ব। এইটো হৈছে ইছলামী চৰীয়তৰ সেইসমূহ জ্ঞান যিবোৰৰ দ্বাৰা মানুহে শিক্ষকতা, বিচাৰ-মীমাংসা আৰু ফাতওৱা আদি দিয়াৰ যোগ্যতা লাভ কৰে। এইদৰে শিল্প আৰু জীৱন ধাৰণৰ বাবে মুছলিমসকলে যিবোৰ প্রয়োজন অনুভৱ কৰে, সেইবোৰ প্রয়োজনীয় পেচা সম্পৰ্কে জ্ঞান অর্জন কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত। এতেকে জীৱন ধাৰণৰ বাবে প্রয়োজনীয় বিষয়ত মুছলিমসকলৰ মাজত যদি যথেষ্ট জ্ঞানী পোৱা নাযায়, তেনেহ’লে মুছলিমসকলৰ শাসকে এই ধৰণৰ জ্ঞান অর্জনক অত্যাৱশ্যকীয় বুলি ঘোষণা কৰি সেই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ হাতত লোৱা উচিত।
২. আকীদা বিশ্বাস:
আল্লাহ তা‘আলাই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নির্দেশ দিছে যে, তেওঁ যেন মানুহৰ মাজত এই ঘোষণা দিয়ে যে, সিহঁত সকলোৱে হৈছে এক আল্লাহৰ বান্দা। সিহঁতৰ ওপৰত একমাত্ৰ তেওঁৰেই ইবাদত কৰা ওৱাজিব, লগতে এই নিৰ্দেশ দিছে যে, সিহঁতে ইবাদতৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ মাধ্যম নোহোৱাকৈ প্ৰত্যক্ষভাৱে তেওঁৰ সৈতেই যোগসূত্র গঢ়ি তোলে। এই বিষয়ে “লা ইলাহা ইল্লাল্লাহ”ৰ অৰ্থত ইতিপূর্বে আলোচনা কৰা হৈছে। তেওঁ আৰু নির্দেশ দিছে, সিহঁতে যেন এককভাৱে আল্লাহৰ ওপৰতেই ভৰসা কৰে, তেওঁৰ বাহিৰে আন কাকো যাতে ভয় নকৰে, তেওঁৰ বাহিৰে আন কাৰো ওচৰত যাতে কিবা পোৱাৰ আশা নকৰে।([53]) কিয়নো উপকাৰ আৰু ক্ষতি কৰাৰ ক্ষমতা একমাত্র তেওঁৰেই হাতত। লগতে তেওঁক যাতে সেইবোৰ গুণেৰে পৰিপূর্ণভাৱে গুণাম্বিত কৰা হয়, যিবোৰ গুণেৰে তেওঁ নিজে নিজক গুণাম্বিত কৰিছে আৰু যিবোৰ গুণেৰে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁক গুণাম্বিত কৰিছে। এই বিষয়ে ইতিপূৰ্বে আলোচনা কৰা হৈছে।
৩. মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলা:
আল্লাহ তা‘আলাই মুছলিমসকলক সৎ হোৱাৰ আৰু মানৱ জাতিক কুফৰীৰ অন্ধকাৰৰ পৰা উলিয়াই ইছলামৰ জ্যোতিৰ পিনে লৈ অহাৰ নিৰ্দেশ দিছে। সেইকাৰণেই মই মোৰ প্রতি অর্পিত ওৱাজিবৰ কিছু অংশ পালন কৰিবলৈ এই কিতাপ লিখিছোঁ আৰু প্রকাশ কৰিছোঁ।
আল্লাহে এই নিৰ্দেশ দিছে যে, এজন মুছলিমে আন এজন মুছলিমৰ সৈতে যিটো সম্পৰ্ক থাকিব সেইটো হ’ব আল্লাহৰ প্রতি ঈমানৰ ভিত্তিত। গতিকে তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব লাগিব আৰু আল্লাহৰ নেক বান্দাসকলক মুহাব্বত কৰিব লাগিব, যদিও দূৰৰ কোনোবা হয়। আনহাতে আল্লাহক অস্বীকাৰকাৰী আৰু তেওঁৰ অবাধ্যতা কৰা তথা তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰা ব্যক্তিৰ ওপৰত অসন্তুষ্ট থাকিব, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়। ঈমানৰ এই সম্পৰ্কই সকলো বিচ্ছিন্ন আৰু বিৰোধী পক্ষক এক কৰি দিয়ে; আনহাতে বংশ, দেশ আৰু অর্থনৈতিক স্বার্থৰ ভিত্তিত গঢ়ি উঠা ঐক্য শীঘ্রেই বিনষ্ট হৈ যায়।
আল্লাহ তাআলাই কৈছেঃ আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভাল পায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে- যদি সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! (ছুৰা মুজাদালাহঃ ২২) আল্লাহ তাআলাই আৰু কৈছেঃ “নিশ্চয় আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ সেই ব্যক্তি সর্বাধিক সন্মানিত, যিজন তোমালোকৰ মাজত বেছি তাক্বৱাসম্পন্ন।” (ছুৰা আল-হুজুৰাতঃ ১৩)
আল্লাহ ছুবহানাহু অতাআলাই প্রথম আয়াতটোত জনাইছে যে, নিশ্চয় আল্লাহৰ প্রতি বিশ্বাসী মুমিন ব্যক্তিয়ে কেতিয়াও আল্লাহৰ শত্রুসকলক ভাল নাপায়, যদিও সি তেওঁৰ কোনো নিকটাত্মীয় হয়।
আৰু দ্বিতীয় আয়াতটোত কৈছে যে, তেওঁৰ ওচৰত আটাইতকৈ সন্মানীয় আৰু প্ৰিয় ব্যক্তি হৈছে সেইজন, যিয়ে তেওঁৰ আনুগত্য কৰে, তেওঁ যি জাতিৰেই নহওক কিয় আৰু যি বৰ্ণৰে নহওক কিয়, তাত কোনো বাধা নাই।
এইদৰে আল্লাহ তা‘আলাই শত্রু আৰু বন্ধু সকলোৰে সৈতে ন্যায় বিচাৰ কৰাৰ নির্দেশ দিছে। তেওঁ অন্যায়ক নিজৰ ওপৰত হাৰাম ঘোষণা কৰিছে, আৰু তেওঁৰ বান্দাসকলৰ মাজতো ইয়াক হাৰাম কৰিছে। আমানত ৰক্ষা কৰা আৰু সত্য কথা কোৱাৰ নির্দেশ দিছে। বিশ্বাসঘাতকতা কৰাক হাৰাম কৰিছে। পিতৃ-মাতৃৰ প্রতি সদয় হ’বলৈ, আত্মীয়তাৰ সম্পর্ক ৰক্ষা কৰাৰ আৰু দৰিদ্রসকলৰ প্রতি অনুকম্পা প্রদর্শনৰ, কল্যাণমূলক কৰ্মত অংশ গ্রহণ কৰিবলৈ, আৰু সকলোৰে প্ৰতি আনকি জীৱ-জন্তুৰ প্রতিও ইহছান কৰাৰ অৰ্থাৎ ভাল ব্যৱহাৰ কৰাৰ নির্দেশ দিছে। জীৱ-জন্তুক শাস্তি দিবলৈ নিষেধ কৰিছে আৰু এইবোৰৰ প্রতি কৰুণা কৰাৰ আদেশ দিছে([54]) । আনহাতে ক্ষতিকাৰক প্রাণী যেনে হিংস্র কুকুৰ([55]), সাপ, বিচ্ছু, এন্দুৰ, চিলনী, গৰীয়াখোদাই বা তেজপিয়া, এইবোৰৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মাৰি পেলাব পাৰে, কিন্তু শাস্তি বিহাৰ উদ্দেশ্যত নহয়।
৪. মুমিনৰ বাবে আত্মপর্যালোচনা আৰু উপদেশ গ্রহণঃ
মহাগ্রন্থ আল-কোৰআনৰ আয়াতত মানুহক কোৱা হৈছে যে, সিহঁতে য’তেই নাথাকক কিয়, আল্লাহে সিহঁতক দেখি আছে। তেওঁ সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে অৱগত। সিহঁতৰ নিয়ত সম্পৰ্কে জানে। তেওঁ সিহঁতৰ কথা আৰু কৰ্মৰ গণনাৰ ব্যৱস্থা কৰিছে। তেওঁৰ ফিৰিস্তাসকল সিহঁতৰ লগতে থাকে। সিহঁতে প্রকাশ্য অপ্রকাশ্য সৰ্বাৱস্থে যি যি কৰে তেওঁলোকে সেইটোৱে লিপিবদ্ধ কৰে, নিশ্চয় আল্লাহে অচিৰেই সিহঁতৰ সেই কথা আৰু কৰ্মবোৰৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। এই জীৱনত আল্লাহৰ অবাধ্যতা কৰিলে, তেওঁৰ নির্দেশ অমান্য কৰিলে, সিহঁতক কঠোৰ শাস্তিৰ হুচিয়াৰী দিয়া হৈছে। আল্লাহৰ ওপৰত ঈমান পোষণকাৰী ব্যক্তিৰ বাবে এই মহা সতৰ্কবাণী, যিটোৱে তেওঁলোকক গুনাহৰ পৰা বিৰত ৰাখিব। ফলত তেওঁলোকে আল্লাহক ভয় কৰি অপৰাধ আৰু তেওঁৰ বিৰোধিতা বৰ্জন কৰিব।
আনহাতে যিয়ে আল্লাহক ভয় নকৰে আৰু সুযোগ পালেই পাপত লিপ্ত হয়, আল্লাহে তাৰ বাবেও উচিত ব্যৱস্থা গ্ৰহণ কৰিছে; যাতে সি এনেকুৱা অপৰাধৰ পৰা বিৰত থাকে। আৰু সেই ব্যৱস্থাটো হৈছে, আল্লাহে মুছলিমসকলক নির্দেশ দিছে যে, তেওঁলোকে যেন সৎকৰ্ম আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰে। এতেকে প্রতিজন মুছলিমে যেতিয়া কাৰোবাক কোনো পাপ কৰ্ম কৰা দেখিবলৈ পাব তেতিয়া তাৰ অন্তৰত অনুভূতি জাগি উঠিব যে, মানুহে যি অপৰাধত লিপ্ত হৈছে ইয়াৰ বাবে তাক আল্লাহৰ সন্মুখত জবাবদিহী হ’ব লাগিব। ফলত সেই অপৰাধমূলক কৰ্মক হাতৰ দ্বাৰা শাস্তি প্ৰদান কৰি প্রতিহত কৰাৰ ক্ষমতা তাৰ নাথাকিলে, মুখেৰে নিষেধ কৰি হ’লেও সেইটো প্রতিহত কৰিব। আৰু আল্লাহে মুছলিম শাসকসকলক([56]) অপৰাধীসকলৰ বাবে আল্লাহৰ ফালৰ পৰা নির্ধাৰিত শাস্তিৰ ব্যৱস্থা (হুদুদ) কার্যকৰ কৰাৰ নির্দেশ দিছে। ‘হুদুদ’ হৈছে অপৰাধৰ মান অনুযায়ী সেইসমূহ দণ্ডবিধি যিটোক আল্লাহে তেওঁৰ কোৰআনত আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁৰ হাদীছত বর্ণনা কৰিছে। সেই দণ্ডবিধি অপৰাধীসকলৰ ওপৰত কার্যকৰী কৰাৰ নির্দেশ দিছে, যাতে ইনচাফ, নিৰাপত্তা আৰু শান্তি-শৃঙ্খলা যথাযথভাৱে বজায় থাকে।
৫. সামাজিক দায়িত্ববোধ আৰু পাৰস্পৰিক সহায়-সহযোগিতা:
আল্লাহ তা‘আলাই মুছলিমসকলক পৰস্পৰৰ মাজত আর্থিক আৰু মানবিক সহযোগিতাৰ নির্দেশ দিছে। এই বিষয়ে যাকাত আৰু চাদাকাৰ অধ্যায়ত আলোচনা কৰা হৈছে। মানুহক যিকোনো প্রকাৰৰ কষ্ট দিয়াটো আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰিছে, আনকি ৰাস্তাৰ দাঁতিত কষ্টদায়ক বস্তু ৰখাটোও হাৰাম কৰিছে। আনহাতে যদি বেলেগ কোনোৱেও ৰাখে তথাপিও এজন মুছলিমক সেই কষ্টদায়ক বস্তু ৰাস্তাৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছে। লগতে কষ্টদায়ক বস্তু আঁতৰাই দিয়াৰ বাবে তেওঁ ছোৱাব ঘোষণা কৰিছে আৰু কষ্টদায়ক বস্তু ৰাস্তাত ৰখা ব্যক্তিৰ বাবে শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।
আল্লাহে মুমিন ব্যক্তিৰ ওপৰত এইটোও অনিবাৰ্য কৰিছে যে, তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবেও পছন্দ কৰা উচিত আৰু নিজৰ বাবে যিটো অপছন্দ কৰে সেইটো আনৰ বাবেও অপছন্দ কৰা উচিত। আল্লাহে কৈছেঃ সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপকৰ্ম তথা সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। (ছুৰা আল-মায়িদাহঃ ২) আল্লাহ তাআলাই কৈছেঃ মুমিনসকল পৰস্পৰে ভাই-ভাই, সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। (ছুৰা হুজুৰাতঃ ১০) আল্লাহ তাআলাই কৈছেঃ সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰ কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে যিয়ে ছাদাকাহ, সৎকৰ্ম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম। (ছুৰা আন-নিছাঃ ১১৪) আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবেও পছন্দ নকৰিব।’ ([57]) ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁৰ জীৱনৰ শেষ সময়ছোৱাত বিদায় হজ্জৰ দিনা তেওঁৰ গুৰুত্বপূর্ণ ভাষণত([58]) পূৰ্বতে তেওঁ যিবোৰ নির্দেশ দিছিল, সেই সম্পৰ্কে আৰু তাকীদ প্ৰদান কৰি কৈছেঃ “হে মানৱজাতি! তোমালোকৰ প্ৰতিপালক হৈছে এজন, তোমালোকৰ পিতাও হৈছে এজন। জানি থোৱা, কোনো অনাৰবীয়ানৰ ওপৰত আৰবীয়ানৰ, আৰু কোনো আৰবীয়ানৰ ওপৰত কোনো অনাৰবীয়ানৰ, লগতে কোনো ৰঙা মানুহৰ ওপৰত নিগ্ৰো মানুহৰ, আৰু কোনো নিগ্ৰো মানুহৰ ওপৰত শুভ্ৰ মানুহৰ মৰ্যাদাৰ ক্ষেত্ৰত কোনো প্ৰাধান্য নাই, তাক্বৱাৰ মানদণ্ডৰ বাহিৰে। মই বাৰ্তা পৌঁচাই দিছোঁনে?” তেওঁলোকে কৈছিলঃ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে পৌঁচাই দিছে। ([59]) তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “নিশ্চয় তোমালোকৰ তেজ, তোমালোকৰ সম্পদ, তোমালোকৰ সন্মান-সম্ভ্রম তোমালোকৰ ওপৰত সেইদৰেই সন্মানীয় যিদৰে তোমালোকৰ এই দিৱস আৰু তোমালোকৰ এই মাহ আৰু তোমালোকৰ এই চহৰ সন্মানীয়। (এইবোৰত আনৰ হস্তক্ষেপ অবৈধ, সাৱধান!) মই তোমালোকক এই বাৰ্তা পৌঁচাই দিছোঁনে? তেওঁলোকে ক’লেঃ হয়।” ইয়াৰ পিছত তেওঁ আকাশৰ ফালে আঙুলি উত্তোলন কৰি ক’লে- হে আল্লাহ আপুনি সাক্ষী থাকক। ([60])
৬. আভ্যন্তৰীণ ৰাজনীতি
আল্লাহ তা‘আলাই মুছলিমসকলক তেওঁলোকৰ মাজৰ পৰাই এজন ইমাম (নেতা) নিয়োগ কৰাৰ নির্দেশ দিছে, যাৰ ওচৰত তেওঁলোকে নেতৃত্বৰ বাই‘আত গ্রহণ কৰিব। লগতে তেওঁলোকক একগোট হৈ থকাৰ নির্দেশ দিছে আৰু বিচ্ছিন্ন হোৱাৰ পৰা নিষেধ কৰিছে। ফলত তেওঁলোক হ’ব এটা উম্মত। আল্লাহে তেওঁলোকক সেই ইমাম বা আমীৰৰ প্ৰতিটো নিৰ্দেশ মানিবলৈ আদেশ দিছে, কিন্তু তেওঁ যদি আল্লাহৰ অবাধ্যতাৰ নিৰ্দেশ দিয়ে তেন্তে সেইটো পালন কৰা নাযাব। কিয়নো আল্লাহৰ অবাধ্যতা কৰি কোনো সৃষ্টিৰ আনুগত্য কৰা বৈধ নহয়।
যদি কোনো মুছলিম ব্যক্তিয়ে নিজ দেশত প্ৰকাশ্যভাৱে ইছলাম পালন কৰিব নোৱাৰে, ইছলামৰ পিনে মানুহক আহ্বান কৰিব নোৱাৰে, তেনেহ’লে সেইসকল লোকক আল্লাহে আন কোনো ইছলামী দেশলৈ হিজৰত কৰাৰ নির্দেশ দিছে([61])। এনেকুৱা দেশক ইছলামী দেশ বুলি কোৱা হয়, য’ত প্রতিটো ক্ষেত্রত ইছলামী চৰীয়ত অনুযায়ী ৰাষ্ট্র পৰিচালিত হয় আৰু য’ত মুছলিম শাসকজনে আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী বিচাৰ-মীমাংসা পৰিচালনা কৰে।
ইছলামে ভৌগলিক সীমাৰেখা, জাতীয়তাবাদ-দেশাত্মবাদ অথবা সাম্প্রদায়িকতাক স্বীকাৰ নকৰে। মুছলিমসকলৰ জাতীয়তা হৈছে ইছলাম। বান্দাসকল হৈছে আল্লাহৰ বান্দা। পৃথিৱী হৈছে, আল্লাহৰ পৃথিৱী। মুছলিমসকলে ইয়াত কোনো ধৰণৰ বাধা-বিঘিণি নোহোৱাকৈ চলা ফুৰা কৰিব তথা আল্লাহৰ চৰীয়ত পালন কৰিব। চৰীয়তৰ কোনো এটা বিধানৰ বিৰোধিতা কৰিলে, চৰীয়ত অনুযায়ী তাৰ ওপৰত আল্লাহৰ বিধান কাৰ্যকৰী হ’ব। আল্লাহৰ চৰীয়ত পালন আৰু তেওঁৰ হুদুদ (দণ্ডবিধি)([62]) প্রতিষ্ঠাৰ মাজত আছে নিৰাপত্তা, সম্ভ্রম আৰু সম্পদ সংৰক্ষিত হোৱাৰ গেৰাণ্টি। প্রতিটো কল্যাণ ইয়াৰ মাজত নিহিত হৈ আছে। ইয়াৰ পৰা বিমুখ হোৱাৰ মাজত আছে সকলো প্ৰকাৰ অমঙ্গল।
আল্লাহে বিবেক সংৰক্ষণ কৰিছে: এই ক্ষেত্ৰত আল্লাহ তা‘আলাই বিবেকৰ কার্যক্ষমতা বিনষ্টকাৰী মাদক দ্ৰৱ্য([63]) আদি হাৰাম কৰি বিবেক বুদ্ধিক সংৰক্ষণ কৰিছে আৰু প্রতিজন মাদক দ্রৱ্য সেৱনকাৰীৰ বাবে দণ্ড হিচাপে প্রত্যেকবাৰৰ বাবে চল্লিশৰ পৰা আশীটাকৈ বেত্রাঘাতৰ ব্যৱস্থা কৰিছে; যেতিয়া সি এনেকুৱা কৰ্ম কৰিব তেতিয়া তাৰ ওপৰত এই দণ্ডবিধি কাৰ্যকৰী হ’ব, এই দণ্ডবিধি জাৰি কৰাৰ উদ্দেশ্য হৈছে মানুহৰ বিবেক বুদ্ধিক হিফাজত কৰা আৰু ইয়াৰ অনিষ্টতাৰ পৰা মানুহক ৰক্ষা কৰা।
আল্লাহ তা‘আলাই মুছলিমসকলৰ ৰক্ত হিফাজত কৰিছে: কোনো হত্যাকাৰীয়ে কাৰোবাক অবৈধভাৱে আক্ৰমণ কৰি হত্যা কৰিলে তাৰ ওপৰত কিচাচ (হত্যাৰ পৰিৱর্তে হত্যা)ৰ বিধান প্ৰযোজ্য কৰি মুছলিমসকলৰ ৰক্তক সুৰক্ষা প্ৰদান কৰিছে। যিদৰে অংগ প্রত্যংগৰ বাবে চৰীয়তে কিচাচৰ বিধান প্ৰণয়ন কৰিছে, ঠিক তেনেকৈ মুছলিমসকলৰ প্ৰাণ, সম্পদ আৰু সন্মান-সম্ভ্রমকো ৰক্ষা কৰিবলৈ চৰীয়তে বিধান প্রণয়ন কৰিছে। আল্লাহে কৈছেঃ আৰু হে বুদ্ধি-বিবেকসম্পন্নসকল! কিচাচৰ মাজত তোমালোকৰ বাবে আছে জীৱন, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা। (ছুৰা আল-বাক্বাৰাহঃ ১৭৯) আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে আত্মৰক্ষা কৰিবলৈ গৈ নিহত হৈছে, তেওঁ শ্বহীদ। যিয়ে নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ গৈ নিহত হৈছে তেৱোঁ শ্বহীদ। আৰু যিয়ে নিজৰ সম্পদ ৰক্ষা কৰিবলৈ গৈ নিহত হৈছে তেৱোঁ শ্বহীদ।” ([64])
আল্লাহে মুছলিমসকলৰ মান-সন্মানকো সুৰক্ষা প্ৰদান কৰিছে: যেনে কোনো মুছলিমৰ অনুপস্থিতিত তেওঁ অপছন্দ কৰা কোনো বিষয়ে আলোচনা কৰাটো চৰীয়তে হাৰাম কৰিছে। চৰীয়তসন্মত প্রমাণাদি নোহোৱাকৈ সমকামিতা, ব্যাভিচাৰ প্রভৃতি চাৰিত্রিক অপৰাধৰ ক্ষেত্ৰত মিছা অপবাদক চৰীয়তে নিষিদ্ধ কৰি মুছলিমসকলৰ মান-সন্মান সংৰক্ষণ কৰিছে।
আল্লাহে মুছলিমসকলৰ বংশক অনৈছলামীক ([65]) মিশ্ৰিত তথা একাকাৰ হোৱাৰ পৰা হিফাজত কৰিছে। মানুহৰ মান-সন্মানক চাৰিত্রিক অপৰাধৰ দ্বাৰা দূষিত হোৱাৰ পৰা হিফাজত কৰাৰ বাবে ব্যভিচাৰক কঠোৰভাৱে হাৰাম কৰিছে আৰু ইয়াক মহাপাপ হিচাপে ঘোষণা কৰিছে। ব্যভিচাৰকাৰীৰ ওপৰত কঠোৰ শাস্তিৰ বিধান জাৰি কৰিছে, যদিহে দণ্ডবিধি কাৰ্যকৰী কৰাৰ চৰ্তসমূহ পোৱা যায়।
আল্লাহ তা‘আলাই সম্পদৰ হিফাজত কৰিছে: সেয়ে চুৰি, ঠগ-প্ৰৱঞ্চনা, লটাৰী, সুত আদি অবৈধ (হাৰাম) উপার্জনক আল্লাহে হাৰাম কৰি সম্পদ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। যদি চুৰি আৰু ডকাইতি, চৰ্ত অনুযায়ী প্ৰমাণিত হয় তেন্তে হাত কাটি দিয়াৰ কঠোৰ শাস্তিক ইছলামে চৰীয়তভুক্ত কৰিছে। আনহাতে যদি চৰ্ত পৰিপূর্ণ নহয় কিন্তু চুৰি কৰাৰ প্রমাণ পোৱা গৈছে, তেন্তে তাক এনেকুৱা শাস্তি বিহা হ’ব যাৰ ফলত সি যেন চুৰি কাৰ্যৰ পৰা বিৰত থাকে।
এইবোৰ শাস্তিৰ বিধান (হুদুদ) স্বয়ং আল্লাহে প্রণয়ন কৰিছে আৰু তেওঁ হৈছে সৰ্বজ্ঞ মহাপ্ৰজ্ঞাৱান। সৃষ্টিৰ বাবে কোনটো বিষয় সংশোধনৰ বেছি উপযোগী, সেয়া তেওঁ ভালকৈয়ে জানে। তেওঁ সিহঁতৰ প্ৰতি অতি দয়ালু। অপৰাধী মুছলিমসকলৰ গুনাহ ক্ষমা কৰাৰ বাবে আৰু সমাজক সিহঁতৰ আৰু অন্যান্যসকলৰ অনিষ্টতাৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁ এইবোৰ শাস্তিৰ বিধান প্রণয়ন কৰিছে। ইছলামৰ শত্রু আৰু তথাকথিত ইছলামৰ দাবীদাৰসকলৰ মাজৰ যিসকলে হত্যাকাৰীক হত্যা কৰা আৰু চোৰৰ হাত কৰ্তন কৰা বিষয়টোক দোষাৰোপ কৰে, সিহঁতে জনা উচিত যে, সিহঁতে ৰোগীৰ এনেকুৱা বিনষ্ট অঙ্গ কৰ্তন কৰাৰ বিপক্ষে প্ৰতিবাদ কৰি আছে যিটো অংগ কৰ্তন নকৰিলে সেই অনিষ্টতাই গোটেই সমাজক আক্রান্ত কৰিব।([66]) পক্ষান্তৰে ইছলামৰ শত্রু আৰু সিহঁতৰ সেৱক তথাকথিত ইছলামৰ দাবীদাৰসকলে সিহঁতৰ উদ্দেশ্য পূৰণৰ বাবে অত্যাচাৰ কৰি নির্দোষীসকলক হত্যা কৰা বিষয়টো সিহঁতৰ দৃষ্টিত কোনো দোষনীয় নহয়!!!
৭. বিদেশ নীতি
আল্লাহে মুছলিমসকলক আৰু তেওঁলোকৰ নেতাসকলক নিৰ্দেশ দিছে যে, তেওঁলোকে যেন অমুছলিমসকলক ইছলামৰ পিনে আহ্বান কৰে, যাতে সিহঁতক কুফৰীৰ অন্ধকাৰৰ পৰা ঈমানৰ পোহৰলৈ ৰক্ষা কৰি আনিব পাৰে, আৰু যিসকলে পার্থিৱ জীৱনৰ সম্পদৰ মোহত নিজকে নিমজ্জিত কৰি ৰাখিছে তথা সেই প্ৰকৃত আধ্যাত্মিক প্রশান্তিকৰ নিয়ামত ভোগৰ পৰা বঞ্চিত হৈ আছে যিটো মুছলিমসকলে ভোগ কৰি আছে, সেইপিনে সিহঁতক আহ্বান কৰা। দৰাচলতে আল্লাহে মুছলিমসকলক এই নিৰ্দেশ এইকাৰণেই দিছে যে, যাতে ইয়াৰ মাধ্যমত এজন মুছলিম ব্যক্তি সৎ আৰু সঠিক মানুহৰূপে গঢ়ি উঠিব পাৰে; যাতে তাৰ সততা আৰু কল্যাণৰ দ্বাৰা মানুহে উপকৃত হ’ব পাৰে, লগতে তেওঁ সকলো মানুহকে মুক্তিৰ পথ দেখুৱাবলৈ যত্ন কৰা উচিত। পক্ষান্তৰে মানুহে প্ৰস্তুত কৰা জীৱন-বিধানসমূহ ইয়াৰ পৰিপন্থী; কিয়নো সেইবোৰৰ দ্বাৰা কেৱলমাত্ৰ এজন সৎ নাগৰিক হিচাপে গঢ়ি উঠাটো কামনা কৰা হয়। এইটোৱে হৈছে এই পদ্ধতিৰ অসাৰতা আৰু অপৰিপূর্ণতা আনহাতে ইছলামৰ উপযুক্ততা আৰু পৰিপূর্ণতাৰ মাজত পাৰ্থক্যৰ প্রমাণ।
আল্লাহৰ শত্রুসকলৰ বিৰুদ্ধে সক্ষম অনুযায়ী শক্তি অর্জন কৰিবলৈ আল্লাহে মুছলিমসকলক নির্দেশ দিছে; যাতে ইছলাম আৰু মুছলিমসকল নিৰাপত্তাত থাকিব পাৰে, লগতে আল্লাহ আৰু মুছলিমসকলৰ শত্রুসকলে ভীত হৈ থাকে। ঠিক সেইদৰে প্ৰয়োজন হ’লে ইছলামী চৰীয়তৰ আলোকত, অমুছলিমসকলৰ সৈতে চুক্তি কৰাকো আল্লাহে মুবাহ কৰিছে। যেতিয়ালৈকে শত্ৰু পক্ষই চুক্তি ভঙ্গ নকৰিব, অথবা এনেকুৱা কোনো কাম নকৰিব যিটোৰ দ্বাৰা চুক্তি ভঙ্গ বুলি বুজায়; তেতিয়ালৈকে শত্রুসকলৰ সৈতে চুক্তি ভঙ্গ কৰাটো মুছলিমসকলৰ বাবে আল্লাহে হাৰাম কৰিছে।
আল্লাহে মুছলিমসকলক নিৰ্দেশ দিছে যে, অমুছলিমসকলৰ সৈতে যুদ্ধ হ’লে প্ৰথমে তোমালোকে সিহঁতক ইছলাম গ্রহণৰ বাবে আহ্বান কৰিবা। যদি সিহঁতে মানিবলৈ অস্বীকাৰ কৰে তেন্তে সিহঁতৰ পৰা জিযিয়া তথা প্রাণৰক্ষা কৰ আদায় কৰিবলৈ আৰু সিহঁতক আল্লাহৰ বিধানৰ([67]) প্রতি অনুগত থকাৰ বাবে আহ্বান কৰিবা, যদি ইয়াকো সিহঁতে অস্বীকাৰ কৰে তেনেহ’লে ফিতনা([68]) অপসাৰিত নোহোৱালৈকে আৰু ধৰ্ম সম্পূৰ্ণৰূপে আল্লাহৰ বাবে নিৰ্ধাৰিত নোহোৱালৈকে সিহঁতৰ সৈতে যুদ্ধ কৰিবা।
যুদ্ধৰ সময়ত শিশু, মহিলা, বৃদ্ধ আৰু উপাসনালয়ৰ ধর্মযাজকসকলক হত্যা কৰাটো আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰিছে, কিন্তু যিসকলে প্ৰত্যক্ষভাৱে যুদ্ধত অংশ লব অথবা যুদ্ধৰ পৰামৰ্শ আদি প্ৰদান কৰিব সিহঁতৰ বিষয়টো সুকীয়া। লগতে মুছলিমসকলক নির্দেশ দিছে যে, তেওঁলোকে যেন কয়েদীসকলৰ সৈতে ইহছানপূৰ্ণ বা ন্যায়পূৰ্ণ তথা সর্বোত্তম ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট যে, ইছলামে কাৰো ওপৰত কর্তৃত্ব প্রতিষ্ঠা কৰিবলৈ অথবা অন্যৰ সম্পদ ভোগ কৰিবলৈ কেতিয়াও যুদ্ধ নকৰে। বৰং ইয়াৰ উদ্দেশ্য হৈছে, সত্যৰ প্ৰচাৰ-প্রসাৰ আৰু সৃষ্টিৰ প্রতি দয়া প্রদৰ্শন আৰু মানুহক সৃষ্টিৰ ইবাদতৰ পৰা উলিয়াই আনি স্রষ্টাৰ ইবাদতমুখী কৰা।
৮. স্বাধীনতা:
ক. আক্বীদাৰ স্বাধীনতা:
ইছলামী ৰাষ্ট্ৰত বসবাস কৰা অমুছলিমসকলক আল্লাহে আক্বীদাগত স্বাধীনতা প্ৰদান কৰিছে, সিহঁতৰ ওচৰত সম্পূৰ্ণৰূপে ইছলাম উপস্থাপন কৰাৰ পিছত আৰু সিহঁতক ইছলাম গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনোৱাৰ পিছত সিহঁতে এই অধিকাৰ লাভ কৰিব। যদি সিহঁতে ইছলাম গ্রহণ কৰে, তেনেহ’লে ইয়াত আছে সিহঁতৰ বাবে সুখ-শান্তি আৰু মুক্তি। আনহাতে যদি সিহঁতে সিহঁতৰ ধৰ্মতে থাকিব বিচাৰে, তেনেহ’লে সিহঁতে নিজেই নিজৰ বাবে কুফৰী, দুর্ভোগ আৰু জাহান্নামৰ শাস্তিক অনিবাৰ্য কৰি ল’লে। এই আহ্বানৰ মাধ্যমত সিহঁতৰ ওপৰত প্রমাণ প্রতিষ্ঠিত হৈ যাব। আল্লাহৰ সন্মুখত দাঙি ধৰিবলৈ সিহঁতৰ ওচৰত কোনো ওজৰ-আপত্তি নাথাকিব। কিন্তু পৃথিৱীত মুছলিমসকলে সিহঁতক সিহঁতৰ আক্বীদাহ বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত থকাৰ বাবে স্বাধীনতা প্রদান কৰিব, এই চৰ্তত যে, সিহঁতে নিজ হাতে মর্যাদাহীন অৱস্থাত জিঝিয়াহ তথা প্রাণৰক্ষা কৰ আদায় কৰিব আৰু (সিহঁতৰ বিষয়ে) ইছলামৰ নির্দেশনাৰ আনুগত্য কৰিব, লগতে মুছলিমসকলৰ সন্মুখত সিহঁতৰ কুফৰী ধর্মীয় আচৰণ প্রকাশ কৰি নুফুৰিব।
আনহাতে ইছলামত প্ৰৱেশ কৰি মুছলিম হোৱাৰ পাছত ইছলামৰ পৰা মুখ ঘূৰাই নিলে, সেইটো কোনোক্রমেই সহ্য কৰা নহ’ব। এতেকে যদি কোনোবাই এনেকৈ মুখ ঘূৰাই লয় অৰ্থাৎ মুৰতাদ হয় তেন্তে তাৰ প্রতিদান হৈছে হত্যা। কিয়নো তাওবাহ কৰি ইছলামৰ ফালে উভতি নহালৈকে তাৰ জীৱিত থকাৰ কোনো অধিকাৰ নাই। কাৰণ সি সত্যক জনাৰ পিছত তাৰ পৰা বিমুখ হৈ গৈছে।([69])
আৰু যদি ইছলাম বিনষ্টকাৰী কাৰণসমূহৰ কোনো এটা বিষয়ত লিপ্ত হোৱাৰ ফলত মুৰতাদ হৈ যায়; তেনেহ’লে সি এইটোক সম্পূর্ণৰূপে পৰিত্যাগ কৰি তাওবা কৰিব লাগিব, উক্ত কৰ্মত লিপ্ত হোৱাক ঘৃণা কৰিব লাগিব আৰু আল্লাহৰ ওচৰত গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব।
ইছলাম বিনষ্টকাৰী তথা বিধ্বংসী কৰ্মৰ সংখ্যা বহুত: তাৰে প্রসিদ্ধ কেইটামান হৈছে-
আল্লাহৰ সৈতে শ্বিৰ্ক কৰা: শ্বিৰ্ক হৈছে, বান্দাই আল্লাহৰ সৈতে আনক ইলাহ হিচাপে গ্ৰহণ কৰা। যদিও সি সেই উপাস্যক আল্লাহ আৰু তাৰ মাজত মাধ্যম হিচাপে গ্ৰহণ কৰি দুআ কৰে আৰু নৈকট্য লাভৰ বাবে অছীলা হিচাপে গ্ৰহণ কৰে। অজ্ঞতা যুগত যেনেকৈ মুশ্বৰিকসকলে সৎ ব্যক্তিসকলৰ ছুপাৰিছ লাভৰ উদ্দেশ্যে তেওঁলোকৰ প্রতীকি চিত্র প্ৰস্তুত কৰি পূজা পাঠ কৰিছিল, ঠিক তেনেকৈ সেইবোৰক ইবাদত কৰক বা নকৰক আৰু সেইবোৰক উপাস্য বুলি ভাৱক বা নাভাৱক, অথবা আল্লাহৰ সমতুল্য বুলি স্বীকাৰ কৰক বা নকৰক (সেইবোৰক ছুপাৰিছৰ মাধ্যম বুলি গণ্য কৰিলেও শ্বিৰ্ক হ’ব)। যিদৰে ইছলামৰ দাবীদাৰ হৈ শ্বিৰ্ক কৰা লোকসকলক যেতিয়া তাওহীদৰ পিনে আহ্বান কৰা হয়, তেতিয়া সিহঁতে এই বুলি ভাবি ইয়াক গ্রহণ নকৰে যে, শ্বিৰ্ক হৈছে কেৱল আল্লাহক এৰি মূৰ্ত্তিক ছাজদাহ কৰাৰ নাম, অথবা আল্লাহৰ বাহিৰে কোনো বস্তুক ইলাহ বুলি স্বীকাৰ কৰাৰ নামেই হৈছে শ্বিৰ্ক।
দৰাচলতে সিহঁতৰ অৱস্থা হৈছে সেইসকল লোকৰ দৰে, যিসকলে সুৰা বা মদক অন্য কোনো নাম দি সেৱন কৰে। এনেকুৱা লোকৰ অৱস্থা সম্পৰ্কে পূৰ্বেই আলোচনা কৰা হৈছে। আল্লাহে কৈছেঃ এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰা। জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে। (ছুৰা ঝুমৰঃ ২-৩) আল্লাহ তাআলাই আৰু কৈছেঃ তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, আধিপত্য কেৱল তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সিহঁতে খেজুৰ গুটিৰ পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান কেতিয়াও নুশুনিব আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে। (ছুৰা ফাতিৰঃ ১৩-১৪)
১. মুশ্বৰিকসকলক আৰু সিহঁতৰ দৰে যেনে- ইয়াহূদী, খ্ৰীষ্টান, নাস্তিক আৰু অগ্নিপূজক আদি কাফিৰসকলক, লগতে তাগুত তথা যিসকলে আল্লাহৰ অৱতীৰ্ণকৃত পদ্ধতি অনুযায়ী বিধান প্রদান নকৰে আৰু আল্লাহৰ বিধানৰ ওপৰত সন্তুষ্ট নহয়, এনেকুৱা লোকসকলক কাফিৰ বুলি গণ্য নকৰাটোও হৈছে ইছলাম বিনষ্টকাৰী বিষয়। সিহঁতক কাফিৰ বুলি জানিও যিয়ে সিহঁতক কাফিৰ বুলি গণ্য নকৰিব সিও কাফিৰ হ’ব।
২. যাদু কৰ্ম যিটো মহাপাপ বা শ্বিৰ্কে আকবৰৰ অন্তৰ্ভুক্ত। এতেকে যাদুৰ কৰ্ম কৰা আৰু এই কৰ্মৰ ওপৰত সন্তুষ্ট থকাক কুফৰী বুলি জানিও যিয়ে এই কাম কৰিব আৰু ইয়াৰ ওপৰত সন্তুষ্ট থাকিব সিও কাফিৰ বুলি গণ্য হ’ব।
৩. যদি কোনোবাই এই বিশ্বাস পোষণ কৰে যে, ইছলামী চৰীয়ত তথা ইছলামী জীৱন ব্যৱস্থাতকৈও উত্তম কোনোবা চৰীয়ত আছে বা কোনো জীৱন ব্যৱস্থা আছে, অথবা যদি কোনোবাই নবী কৰীম (চাল্লাল্লাহু আলাইহি অছাল্লামে) দিয়া বিধি-বিধানতকৈ আনৰ বিধি-বিধানক উত্তম বুলি বিশ্বাস কৰে, অথবা আল্লাহে দিয়া বিধানৰ বাহিৰে আনৰ বিধানৰ দ্বাৰাও বিচাৰ মীমাংসা কৰা বৈধ বুলি বিশ্বাস কৰে তেন্তে তাৰ ঈমান ধ্বংস হ’ব।
৪. ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ প্রতি বিদ্বেষ পোষণ কৰা অথবা তেওঁৰ চৰীয়তৰ কোনো বিধানক চৰীয়তৰ অন্তৰ্ভুক্ত বুলি জানিও বিদ্বেষ পোষণ কৰা বা ঘৃণা কৰা।
৫. ইছলামৰ কোনো বিষয়ক ইছলামৰ অন্তৰ্ভুক্ত বুলি জানিও ঠাট্টা-বিদ্রূপ([70]) কৰা।
৬. ইছলামৰ বিজয় লাভত অসন্তুষ্ট হোৱা আৰু পৰাজয়ত আনন্দিত হোৱা।
৭. কাফিৰসকলৰ বন্ধুসকল সদায় কাফিৰসকলৰেই শুভাকাংক্ষী হৈ থাকিব; এই কথা জানিও সিহঁতক ভাল পোৱা আৰু সহায়- সহযোগিতাৰ মাধ্যমত কাফিৰসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰা।
৮. যিকোনো বিষয়েই নহওক কিয়, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ চৰীয়তৰ পৰা ওলাই যোৱাটো কেতিয়াও ঠিক নহয়, এইটো জনাৰ পিছতো তেওঁৰ চৰীয়তৰ পৰা ওলাই যোৱাক যিয়ে সঠিক বুলি বিশ্বাস কৰিব।
৯. আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লোৱা। এতেকে যদি কোনোবাই ইছলামৰ পৰা এনেকৈ বিমুখ হৈ যায় যে, তাক স্মৰণ কৰোৱাই দিলেও সি ইছলাম সম্পৰ্কে জানিব নুখোজে আৰু আমলো নকৰে, তেনেকুৱা ব্যক্তি কাফিৰ বুলি গণ্য হ’ব।
১০. ইজমা (উলামাসকলৰ ঐক্যমত) অনুষ্ঠিত হোৱা কোনো আহকাম (বিধানাৱলী)ৰ মাজৰ পৰা কোনো বিধানক জানি বুজি অস্বীকাৰ কৰা। দৰাচলতে কোৰআন আৰু হাদীছত এইবোৰ ইছলাম বিনষ্টকাৰী বিষয়ৰ দলীল প্রমাণ বহুত আছে।
খ. মত পোষণ কৰাৰ স্বাধীনতা:
আল্লাহ তা‘আলাই ইছলাম ধৰ্মত মতামত পোষণৰ স্বাধীনতা দিছে। কিন্তু চৰ্ত হৈছে, এই মতামত যাতে ইছলামী শিক্ষাৰ বিৰোধী নহয়। সেয়ে কোনো তিৰস্কাৰকাৰীৰ তিৰস্কাৰক ভ্ৰূক্ষেপ নকৰি সকলোৰে সন্মুখত সত্য কথা কোৱাৰ বাবে আল্লাহ তা‘আলাই মুছলিমক নির্দেশ দিছে আৰু ইয়াক উত্তম জিহাদ বুলি চিহ্নিত কৰিছে। লগতে মুছলিমসকলৰ শাসকসকলক উপদেশ দিবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকক চৰীয়তৰ বিৰুদ্ধাচৰণৰ পৰা বিৰত ৰাখিবলৈ নিৰ্দেশ দিছে। লগতে এই নিৰ্দেশ দিছে যে, যিসকলে বাতিলৰ পিনে আহ্বান কৰে সিহঁতক যেন বাধা দিয়ে। এইটোৱে হৈছে, মতামতক সন্মান প্রদৰ্শনৰ উত্তম আৰু সুন্দৰ পদ্ধতি। আনহাতে ইছলামী চৰীয়তৰ পৰিপন্থী মতামতক প্রচাৰৰ অনুমতি ইছলামে কেতিয়াও নিদিয়ে। কিয়নো, সেইটো হৈছে, বিধ্বংসী ফিতনা তথা সত্যৰ বিৰুদ্ধে বিদ্রোহ।
গ. ব্যক্তি স্বাধীনতা:
আল্লাহ তা‘আলাই ইছলাম ধৰ্মত ব্যক্তি স্বাধীনতাৰ অনুমোদন প্ৰদান কৰিছে, কিন্তু সেইটো হ’ব লাগিব পৱিত্র ইছলামী চৰীয়তৰ সীমা-ৰেখাৰ মাজত থাকি। প্রতিজন মানুহ, পুৰুষ হওক অথবা নাৰী, প্ৰত্যেককে ইজনক সিজনৰ মাজত লেনদেনৰ ক্ষেত্ৰত, কিনা-বেচাৰ ক্ষেত্ৰত, দান, ওৱাকফ, ক্ষমা আদিৰ ক্ষেত্রত স্বাধীনতা দিয়া হৈছে। লগতে প্রতিজন নাৰী-পুৰুষক সিহঁতৰ জীৱন সংগী নিৰ্বাচন কৰাৰ পূর্ণ স্বাধীনতা দিয়া হৈছে। এতেকে যদি কোনোবাই কাৰোবাক পছন্দ নকৰে, এই ক্ষেত্রত তাক সেইটো গ্রহণ কৰিবলৈ বাধ্য কৰা হোৱা নাই। দ্বীনৰ আক্বীদাহ-বিশ্বাসৰ ক্ষেত্ৰত যদি সমতা নাথাকে তেন্তে তেনেকুৱা পুৰুষ নির্বাচন কৰিবলৈ অনুমতি ইছলামে কোনো মহিলাক দিয়া নাই। এইটো উক্ত মহিলাৰ আক্বীদা বিশ্বাস আৰু মান-সন্মানক ৰক্ষা কৰাৰ বাবেই এই সুবিধা প্ৰদান কৰা হৈছে। যাতে তাইৰ আৰু তাইৰ পৰিয়ালৰ কোনো ক্ষতি নহয়।
মহিলাৰ অলী বা অভিভাৱক হিচাপে থাকিব তাইৰ বংশৰ আটাইতকৈ নিকটতম ব্যক্তি অথবা তাইৰ প্রতিনিধি, আৰু তেৱেঁই মহিলাৰ বিবাহৰ দায়িত্ব লৈ তত্ত্বাৱধায়ন কৰিব; কিয়নো নাৰীয়ে নিজে নিজে বিবাহ কৰিব নোৱাৰে, কাৰণ ইয়াৰ লগত ব্যভিচাৰীণীৰ কৰ্মৰ মিল আছে। এতেকে দুজন সাক্ষীৰ উপস্থিতিত কইনাৰ অভিভাৱকে দৰাক এই বুলি ক’বঃ “অমুকক মই তোমাৰ সৈতে বিবাহ দিলোঁ।” দৰাই ক’বঃ “মই গ্রহণ কৰিলোঁ।”
ইছলামে কোনো মুছলিমকেই আল্লাহৰ চৰীয়তৰ সীমালংঘন কৰিবলৈ অনুমতি নিদিয়ে। কাৰণ সি আৰু তাৰ অধীনস্থ সকলোৱে একমাত্ৰ আল্লাহৰেই মালিকানাধীন। গতিকে তাৰ যাৱতীয় কর্মকাণ্ড হ’ব লাগিব আল্লাহৰ চৰীয়তৰ সীমাৰ ভিতৰত, যি চৰীয়তক তেওঁ বান্দাসকলৰ বাবে ৰহমত হিচাপে প্রণয়ন কৰিছে। যিয়ে এই চৰীয়তক খামুচি ধৰিব তেওঁ হিদায়াতপ্রাপ্ত হ’ব, আৰু তেওঁ সুখী সমৃদ্ধ জীৱন লাভ কৰিব। পক্ষান্তৰে যিয়ে ইয়াৰ বিৰোধিতা কৰিব, সি দুৰ্ভগীয়া হ’ব আৰু ধ্বংস হ’ব। এইকাৰণেই আল্লাহ তা‘আলাই ব্যভিচাৰ, সমকামিতা আদিক কঠোৰভাৱে হাৰাম কৰিছে। এইদৰে আত্মহত্যা আৰু আল্লাহে তেওঁৰ সৃষ্টিক যেনেকৈ সৃষ্টি কৰিছে সেইটোক পৰিবর্তন কৰাটো মুছলিমৰ ওপৰত আল্লাহে হাৰাম কৰিছে।
আনহাতে গোঁফ চুটি কৰা, নখ কটা, বগলৰ নোম চাফ কৰা, খৎনা কৰা আদি এইবোৰ কৰিবলৈ আল্লাহেই নির্দেশ দিছে।
আল্লাহৰ শত্রুসকলৰ যিবোৰ বিশেষ বৈশিষ্ট্য বা বিশেষত্ব তথা চিহ্ন আছে সেইবোৰৰ সাদৃশ্য গ্ৰহণ কৰিবলৈ আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰিছে। কিয়নো প্ৰকাশ্য বিষয়াদিত সিহঁতৰ সাদৃশ্য গ্ৰহণ কৰাটো তথা সিহঁতক ভালপোৱা আদিয়ে লাহে লাহে পৰিপূৰ্ণভাৱে আন্তৰিক সাদৃশ্যতাৰ ফালে আৰু আন্তৰিক মুহাব্বতৰ পিনে লৈ যাব আনকি মনে প্ৰাণে সিহঁতক ভাল পাবলৈ উদ্বুদ্ধ কৰিব।
আল্লাহে বিচাৰে এজন মুছলিম সঠিক ইছলামী চিন্তাৰ উৎস হৈ গঢ়ি উঠক। মানুহৰ চিন্তা-চেতনা আৰু সিহঁতৰ মতামতৰ আমদানীকৃত স্থানত যাতে পৰিণত নহয়। আল্লাহে বিচাৰে এজন মুছলিম উত্তম আদৰ্শৱান হওক। অন্ধ অনুকৰণকাৰী নহয়।
আৰু যদি অমুছলিমসকল যোগ্যতা, সঠিক কাৰিগৰী আৰু কৌশলৰ অভিজ্ঞতাৰ দিশত মুছলিমসকলতকৈ আগবাঢ়ি থাকে তেন্তে সিহঁতৰ পৰা সেই শিক্ষা গ্ৰহণ কৰিবলৈ তথা শিকিবলৈ ইছলামে আদেশ দিছে। কিয়নো আল্লাহেই হৈছে মানুহৰ শিক্ষক (তেৱেঁই মানুহক এইবোৰৰ শিক্ষা দিছে)। আল্লাহ তাআলাই কৈছেঃ তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। (ছুৰা আল-আলাক্বঃ ৫)
মানুহে নিজৰ স্বাধীনতাৰ পৰা উপকৃত হোৱা, তাৰ মর্যাদা সংৰক্ষণ কৰা আৰু মান-সন্মানক নিজৰ মনৰ কুমন্ত্ৰণা তথা আনৰ অনিষ্টতাৰ পৰা ৰক্ষা কৰিবলৈ এইটো হৈছে মানুহৰ সর্বোত্তম উপদেশ আৰু সংশোধনৰ উৎকৃষ্ট পন্থা।
ঘ. বাসস্থানৰ স্বাধীনতা:
আল্লাহ তা‘আলাই মুছলিমসকলক বাসস্থানৰ স্বাধীনতা প্ৰদান কৰিছে। এতেকে অনুমতি নোলোৱাকৈ কোনেও কাৰো ঘৰত প্ৰৱেশ কৰা বৈধ নহয়, আনকি অনুমতি নোহোৱাকৈ কাৰো বাসস্থান জুমি চোৱাও বৈধ নহয়।
ঙ. উপার্জনৰ স্বাধীনতা:
আল্লাহে মুছলিমসকলক চৰীয়তৰ সীমাৰেখাৰ মাজত থাকি উপার্জন আৰু ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে। আল্লাহে শ্রম কৰিবলৈ আৰু উপার্জন কৰিবলৈ নির্দেশ দিছে, যাতে বান্দাই নিজৰ আৰু তাৰ পৰিয়ালৰ ভৰণ পোষণৰ যোগান ধৰিব পাৰে, লগতে যাতে কল্যাণ আৰু ছোৱাবৰ কামত ব্যয় কৰিব পাৰে। লগতে আল্লাহে সুত, লটাৰী, উৎকোচ, চুৰি, ভৱিষ্যৎ গণনা, যাদু, যিনা, সমকামিতা আদিৰ অবৈধ উপার্জনক হাৰাম কৰিছে। এইদৰে আল্লাহে প্ৰাণী বা জীৱ-জন্তুৰ ছবি([71]) আঁকি বা ফটো বিক্ৰী কৰি উপাৰ্জন কৰাকো হাৰাম কৰিছে। মদ-ভাং, গাহৰি, বাদ্য-যন্ত্ৰ, গীত-গান আৰু ডেন্স বা নৃত্য আদিৰ দ্বাৰা উপাৰ্জিত সম্পদকো হাৰাম কৰিছে। এইবোৰ উৎসৰ পৰা যিদৰে উপার্জন হাৰাম, ঠিক সেইদৰে এইবোৰত ব্যয় কৰাও হাৰাম। এতেকে চৰীয়তসন্মত পদ্ধতিৰ বাহিৰে এজন মুছলিমে ক’তো ব্যয় কৰা উচিত নহয়। এইটো হৈছে আয় তথা ব্যয়ৰ ক্ষেত্রত মানুহৰ বাবে উপদেশ, হিদায়ত আৰু সংশোধনৰ উচ্চতৰ স্থান, যাতে মানুহে হালাল আয়ৰ মাধ্যমত বিত্তশালী হৈ সুখী সমৃদ্ধ জীৱন যাপন কৰিব পাৰে।
৯. পৰিয়াল:
ইছলামী চৰীয়তত আল্লাহ তা‘আলাই পৰিয়ালৰ বাবে অত্যন্ত পৰিপূর্ণ নিয়ম পদ্ধতি প্রণয়ন কৰিছে, যিসকলে সেইটো গ্রহণ কৰিব তেওঁলোকৰ বাবে সৌভাগ্যৰ যাৱতীয় মাধ্যম বাস্তৱায়িত হ’ব। এতেকে আল্লাহ তা‘আলাই পিতা-মাতাৰ সৈতে সদাচৰণ কৰাৰ আৰু উত্তম কথা কোৱাৰ নিৰ্দেশ দিছে, যদি পিতা-মাতা তাৰ পৰা দূৰত থাকে তেন্তে তেওঁলোকৰ সৈতে সঘনে সাক্ষাৎ কৰাৰ আদেশ দিছে, তেওঁলোকৰ প্রয়োজন পূৰণ কৰিবলৈ, তেওঁলোকৰ ভৰণ-পোষণৰ যাৱতীয় খৰচ বহন কৰিবলৈ নিৰ্দেশ দিছে, তেওঁলোকৰ উভয়েই অথবা এজন যদি দৰিদ্র হয় তেন্তে তেওঁলোকৰ বসবাসৰ ব্যৱস্থা কৰি দিয়াৰ মাধ্যমত তেওঁলোকৰ প্ৰতি সর্বোত্তম আচাৰ-আচৰণ কৰাটো চৰীয়তে বিধিবদ্ধ কৰি দিছে। আল্লাহ তা‘আলাই সেইসকল লোকক শাস্তিৰ সতৰ্কবাণী শুনাইছে, যিসকলে পিতা-মাতাৰ প্রতি গুৰুত্ব নিদিয়ে, পক্ষান্তৰে যিসকলে তেওঁলোকৰ প্রতি সদাচৰণ কৰে বা উত্তম ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে সৌভাগ্যময় জীৱনৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহ তা‘আলাই বিবাহৰ নিয়ম পদ্ধতি প্ৰদান কৰি চৰীয়ত প্ৰণয়ন কৰিছে, লগতে তেওঁৰ নিজ গ্ৰন্থত আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাণীত ইয়াক চৰীয়তৰ আওতাধীন কৰাৰ বিজ্ঞানসন্মত কাৰণো বর্ণনা কৰিছে। সেয়া হৈছে,
***
বিবাহ প্ৰৱৰ্তনৰ কিছুমান বিজ্ঞানসন্মত কাৰণ
১. চৰিত্রক পৱিত্র ৰখা আৰু লজ্জাস্থানক অবৈধ কৰ্ম (যিনা)ৰ পৰা ৰক্ষা কৰা আৰু হাৰাম বস্তু দেখাৰ পৰা দৃষ্টিক ৰক্ষা কৰাৰ মাধ্যমসমূহৰ ভিতৰত বিবাহ হৈছে অন্যতম মাধ্যম।
২. বিবাহে স্বামী স্ত্রী উভয়কে পৰস্পৰৰ পৰা শান্তি তথা বিশ্ৰাম আৰু তৃপ্তিদানৰ ব্যৱস্থা কৰে। কিয়নো আল্লাহে তেওঁলোকৰ মাজত ভালপোৱা আৰু মায়া-মমতা সৃষ্টি কৰি দিয়ে।
৩. বিবাহৰ মাধ্যমত চৰীয়তসন্মতভাৱে মুছলিমৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ মাজত আছে পৱিত্ৰতা আৰু সংশোধন।
৪. দাম্পত্ত জীৱনত স্বভাৱগত দিশৰ পৰা আল্লাহে যাক যি কৰাৰ যোগ্যতা প্ৰদান কৰিছে, সেই অনুযায়ী স্বামী-স্ত্রীয়ে ইজনে সিজনক সেৱা আগবঢ়ায়।
এতেকে পুৰুষে ঘৰৰ বাহিৰত যিবোৰ কাম আছে সেইবোৰ সম্পাদন কৰে, লগতে সম্পদ উপাৰ্জন কৰে যাতে স্ত্রী আৰু সন্তান-সন্ততিৰ খৰচ বহন কৰিব পাৰে। আনহাতে স্ত্ৰীয়ে ঘৰখনৰ ভিতৰত যিবোৰ কাম কৰিবলগীয়া থাকে সেইবোৰ চোৱাচিতা কৰে, গর্ভধাৰণ কৰে, শিশুক পিয়াহ খুওৱায়, ল’ৰা-ছোৱালীক প্রতিপালন কৰে, স্বামীৰ বাবে খাদ্য প্ৰস্তুত কৰে, ঘৰ আৰু বিছনা সজায় তোলে, আৰু এনেকুৱা পৰিৱেশ গঢ়ি তোলে যে, যদি পুৰুষ ক্লান্ত আৰু চিন্তাযুক্ত অৱস্থাত কেতিয়াবা ঘৰত প্ৰৱেশ কৰে, লগে লগে তাৰ ক্লান্তি আৰু চিন্তা দূৰ হয়, লগতে স্ত্রী আৰু সন্তান-সন্তুতিৰ সংস্পর্শ লাভ কৰি সকলোৱে আনন্দ উল্লাসত মুগ্ধ হৈ দিন কটায়। পাৰস্পৰিক সন্তুষ্টিৰ মাধ্যমত যদি স্ত্ৰীয়ে নিজৰ খৰচ বা নিজ আয়ৰ পৰা স্বামীক সহযোগিতা কৰিবলৈ কিবা কাম (চাকৰি বা ব্যৱসায়) কৰে, তেন্তে সেইটো নিষিদ্ধ নহয়, কিন্তু তাত কিছুমান চৰ্ত আছে: এনেকুৱা ঠাইত কাম কৰাত কোনো বাধা নাই য’ত পুৰুষৰ সৈতে মিশ্ৰিত পৰিৱেশৰ কোনো সুযোগ নাই। যেনে তাইৰ ঘৰত, অথবা নিজৰ খেতিত, নাইবা স্বামীয়ে কৰা খেতিত, অথবা নিজৰ পৰিয়ালৰ শস্য খেতিত কাম কৰাত কোনো অসুবিধা নাই। আনহাতে মিল-কাৰখানা, ব্যৱসায়ৰ স্থান, হাট-বজাৰ, অফিচ আদি স্থানত পুৰুষৰ সৈতে মিশ্ৰিত পৰিবেশত কাম কৰা মহিলাসকলৰ বাবে বৈধ নহয়। এনেকুৱা পৰিৱেশত কাম কৰিবলৈ কোনো নাৰীক তাইৰ সন্তানে, স্বামীয়ে, পিতা-মাতা তথা নিকটাত্মীয়ই অনুমতি দিয়া ঠিক নহয়। কিয়নো, এইটো হৈছে তাইক আৰু সমাজক ফাছাদ বা বিপৰ্যয়ৰ পিনে ঠেলি দিয়াৰ সমান। এতেকে নাৰীয়ে যেতিয়ালৈকে নিজৰ ঘৰত অৱস্থান কৰিব, পৱিত্র থাকিব তথা সংৰক্ষিত থাকিব, তেতিয়ালৈকে কোনো পৰ-পৰুষৰ সংস্পর্শত নাহিব, তথা কোনো পাপিষ্ঠ হাতো তাইৰ পিনে প্রসাৰিত নহ’ব, আৰু কোনো বিশ্বাসঘাতক দৃষ্টিয়েও তাইৰ পিনে চকু তুলি চাব নোৱাৰিব। আনহাতে যেতিয়া তাই ঘৰৰ পৰা মিশ্ৰিত পৰিৱেশলৈ মানুহৰ মাজত ওলাই যায়, তেতিয়া তাই নিজকে ধ্বংস কৰি পেলায় আৰু তাইৰ অৱস্থা সেই ছাগলীৰ দৰে হৈ পৰে, যি ছাগলীয়ে বাঘ তথা সিংস্ৰ প্ৰাণীৰ মাজত চলা ফুৰা কৰে, যেনিবা শীঘ্ৰেই তাক ফালি খাই পেলাব। এনেকুৱা পৰিৱেশ হৈছে এজনী নাৰীৰ বাবে অতি নিকৃষ্ট তথা ঘৃণনীয় অৱস্থা।
যদি কোনো পুৰুষৰ বাবে এজনী স্ত্রী যথেষ্ট নহয়, তেনেহ’লে আল্লাহে তাৰ বাবে সৰ্বোচ্চ চাৰিজনী স্ত্রীলৈকে অনুমোদন কৰিছে, কিন্তু চৰ্ত হৈছে, বাসস্থান, ভৰণ-পোষণ, আৰু ৰাতি যাপনৰ ক্ষেত্রতো তেওঁ ইনচাফ কৰিব লাগিব। কিন্তু অন্তৰৰ ভালপোৱাক ইনচাফৰ চৰ্তত অন্তৰ্ভুক্ত কৰা হোৱা নাই। কিয়নো এইটো মানুহৰ সামৰ্থৰ ঊৰ্দ্ধত, সেয়ে আল্লাহে এই বিষয়ে অপৰাধ নধৰিব। আনকি আল্লাহে স্বয়ং নিজেই কৈছে যে, এই ক্ষেত্ৰত ইনচাফ কৰাটো মানুহৰ পক্ষে সম্ভৱ নহয়। যেনে তেওঁ কৈছেঃ আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা। (ছুৰা নিছাঃ ১২৯) অৰ্থাৎ ভালপোৱা আৰু এই সংক্ৰান্তীয় বিষয়ত। কিন্তু এই ক্ষেত্ৰত ইনচাফ কৰিব নোৱাৰিলেও আল্লাহে একাধিক বিবাহক নিষিদ্ধ কৰা নাই। কিয়নো এইটো সামৰ্থৰ বাহিৰৰ বিষয়। আল্লাহে তেওঁৰ ৰাছুলৰ বাবে আৰু যিসকলে সাধ্য অনুযায়ী ইনচাফ কৰিব পাৰে তেওঁলোকৰ বাবে একাধিক বিবাহৰ অনুমোদন দিছে। কিয়নো তেওঁলোকৰ বাবে কোনটো বিষয় মঙ্গলময় সেইটো আল্লাহে ভালকৈয়ে জানে। দৰাচলতে এইটো পুৰুষ আৰু মহিলা সকলোৰে বাবে কল্যাণকৰ। কিয়নো এজন সুস্থ পুৰুষৰ যৌন শক্তিৰ দিশৰ পৰা যি সামৰ্থ থাকে, সেইটোৰে তেওঁ চাৰিজন নাৰীৰ যৌন চাহিদা নিবৃত্তি কৰি সিহঁতক চাৰিত্রিক কলুষমুক্ত কৰিবলৈ সক্ষম। আনহাতে যদি এজনী স্ত্রীক সীমাবদ্ধ কৰি দিয়া হয়; যেনে খ্ৰীষ্টান([72]) আৰু অন্যান্যসকলে সীমাবদ্ধ কৰিছে তেন্তে বিশৃঙ্খলা সৃষ্টি হোৱাটো স্বাভাৱিক। তথাকথিত নামধাৰী মুছলিমসকলে এক বিবাহৰ ফালে যি আহ্বান কৰি আছে, যদি বিবাহক এজনীতেই সীমাবদ্ধ কৰা হয় তেনেহ’লে নিম্ন বর্ণিত অঘটনবোৰ ঘটিব:
প্রথম: যদি উক্ত ব্যক্তি মুমিন হয় আৰু আল্লাহৰ প্রতি আনুগত্যশীল হয়, আল্লাহক ভয় কৰে, তেনেহ’লে তেওঁ হালাল প্রয়োজনৰ পৰা বঞ্চিত হৈ সংকোচিত জীৱন-যাপন কৰিবলৈ বাধ্য হ’ব। কিয়নো এজনী নাৰীৰ সৈতে গর্ভধাৰণৰ শেষ দিনবোৰত, অথবা নিফাছ, হায়েজ আৰু বেমাৰ-আজাৰৰ সময়ছোৱাত যৌন সম্ভোগ কৰা সম্ভৱ নহয়। গতিকে স্বামীয়ে জীৱনৰ কিছু অংশ এনেকৈ কটাবলৈ বাধ্য হয় যেনিবা তেওঁ অবিবাহিত। আৰু এই অনুভৱ তেতিয়াহে হ’ব যেতিয়া উক্ত স্ত্রীজনী স্বামীৰ দৃষ্টিত আকর্ষণীয় আৰু ইজনে সিজনক অন্তৰেৰে বিচাৰে। পক্ষান্তৰে যদি স্ত্ৰী স্বামীৰ দৃষ্টিত আকর্ষণীয় নহয়, তেনেহ’লে বিষয়টো আৰু অধিক ক্ষতিকাৰক।
দ্বিতীয়: যদি স্বামী আল্লাহৰ অবাধ্য হয়, খিয়ানতকাৰী হয়, তেতিয়া সি তাৰ স্ত্রীক এৰি অশ্লীল কৰ্ম অৰ্থাৎ ব্যভিচাৰত লিপ্ত হোৱাটো নিশ্চিত। কিন্তু এনেকুৱা বহুতো লোক আছে যিসকলে একাধিক বিবাহক সমৰ্থন নকৰে, কিন্তু সিহঁতে অসংখ্য যিনা আৰু খিয়ানতৰ অপৰাধত লিপ্ত হৈ থাকে। ইয়াতকৈ ডাঙৰ বিষয়টো হৈছে, সি জানি বুজি চৰীয়তসন্মত একাধিক বিবাহৰ বিধানক বিৰোধিতা কৰিছে যিটোক আল্লাহে হালাল কৰিছে, ফলত সি কুফৰীৰ সীমাত প্ৰৱেশ কৰিছে।
তৃতীয়: একাধিক বিবাহ নিষিদ্ধ হ’লে, বহুতো নাৰী বিবাহৰ পৰা বঞ্চিত থাকিবলৈ বাধ্য হ’ব। তেনে অৱস্থাত পবিত্রা চৰিত্রৱতী নাৰীসকল অসহায় অৱস্থাত বঞ্চিত জীৱন-যাপন কৰিব। পক্ষান্তৰে অসতী দুশ্চৰিত্ৰা নাৰীসকলৰ সম্ভ্রমকলৈ পাপীসকলে আনন্দৰ খেলা খেলিব।
কাৰণ এইটো সৰ্বজনবিদিত যে, যুদ্ধ আৰু অন্যান্য বিপদজনক কাম কৰিবলৈ গৈ পুৰুষসকলেই বেছি মৃত্যুৰ মুখামুখি হয়। সেয়ে পুৰুষতকৈ মহিলাৰ সংখ্যা পৃথিৱীত বেছি। ঠিক এইদৰে ছোৱালী এজনী প্ৰাপ্তবয়স্ক হোৱাৰ পৰাই বিবাহৰ বাবে প্রস্তুত থাকে। কিন্তু মোহৰ আৰু দাম্পত্য জীৱনৰ ব্যয়ভাৰ বহনৰ অপৰাগতাৰ বাবে বহুতো পুৰুষে এই ক্ষেত্ৰত প্ৰস্তুত হ’ব নোৱাৰে। ইয়াৰ দ্বাৰা বুজা গ’ল যে, নিশ্চয় ইছলামে মহিলাসকলৰ প্রতি ইনচাফ কৰিছে সিহঁতৰ প্রতি অনুগ্ৰহ কৰিছে। পক্ষান্তৰে যিসকলে একাধিক বিবাহৰ বিৰোধিতা কৰে, সিহঁত দৰাচলতে মহিলাসকলৰ, তথা মান-মৰ্যাদাৰ আৰু নবীসকলৰ শত্রু। কাৰণ একাধিক বিবাহ হৈছে নবীসকলৰ ছুন্নত, (আল্লাহে তেওঁলোকৰ প্ৰতি শান্তি অৱতীৰ্ণ কৰক)। তেওঁলোকে নাৰীসকলক বিয়া পাতিছিল আৰু তেওঁলোকৰ প্রতি আল্লাহ যি চৰীয়ত অৱতীৰ্ণ কৰিছিল, সেই অনুযায়ী স্ত্রীসকলক তেওঁলোকৰ ঘৰত ৰাখিছিল।
আনহাতে দ্বিতীয় স্ত্রী গ্রহণ কৰিলে প্রথম স্ত্রীয়ে যি হিংসা বা চিন্তা ভাৱনাত পতিত হয়, সেইটো দৰাচলতে এটা আৱেগ, আৱেগৰ কাৰণেই এনেকুৱা হয়। ইছলামত আৱেগক কোনো বিষয়ৰ ওপৰত প্রাধান্য দিয়া ঠিক নহয়। বিবাহৰ পূৰ্বে যদি কোনো নাৰীয়ে চৰ্ত ৰাখিব বিচাৰে তেন্তে ৰাখিব পাৰে, যেনে- মই থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰিব, আৰু এই চৰ্ত যদি স্বামীয়ে গ্ৰহণ কৰে তেন্তে সেই চৰ্ত পালন কৰা স্বামীৰ বাবে অত্যাৱশ্যক। এই ক্ষেত্রত যদি স্বামীয়ে প্ৰথম স্ত্রী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰে তেন্তে প্ৰথম স্ত্রীৰ অধিকাৰ থাকিব যে, তেওঁ ইচ্ছা কৰিলে বিবাহ ভঙ্গ কৰিব পাৰে নাইবা অব্যাহত ৰাখিব পাৰে। এইক্ষেত্ৰত বিবাহ ভঙ্গ কৰিলে স্বামীয়ে মোহৰৰ বাবত দিয়া কোনো সম্পত্তিয়ে ঘূৰাই নাপাব।
আল্লাহ তা‘আলাই তালাক্বক চৰীয়তসন্মত বিধি হিচাপে গণ্য কৰিছে। বিশেষকৈ স্বামী-স্ত্রীৰ মাজত নিমিলিলে, অথবা সুখী নহ’লে বা ইজনৰ প্রতি সিজনৰ ভালপোৱা নাজাগিলে। এই বিধান বলৱৎ কৰাৰ কাৰণ হৈছে, যাতে সিহঁতে অসুখী জীৱন কটাবলগীয়া নহয়। তথা যাতে সিহঁতে নিজৰ নিজৰ পছন্দনীয় ঠাই বাচি লব পাৰে আৰু পৃথিৱীৰ বাকী থকা জীৱন সৌভাগ্যৰ সৈতে কটাব পাৰে, আৰু আখিৰাতত([73]) সুখ লাভ কৰিব পাৰে; যদি উভয়ে ইছলামৰ ওপৰত মৃত্যুবৰণ কৰে।
১০. স্বাস্থ্য:
স্বাস্থ্য সম্পৰ্কে ইছলামী চৰীয়তে চিকিৎসাৰ সকলো মূল বিষয় সম্পৰ্কে আলোচনা কৰিছে। মহাগ্রন্থ আল-কোৰআনত আৰু ৰাছুল মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ হাদীছসমূহত মানসিক আৰু শাৰীৰিক ৰোগসমূহৰ আৰু তাৰ চিকিৎসাৰ বর্ণনা আহিছে। আল্লাহ তা‘আলাই কৈছেঃ আমি কোৰআন অৱতীৰ্ণ কৰিছোঁ, য'ত আছে মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত। (ছুৰা আল-ইছৰাঃ ৮২) আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আল্লাহে ঔষধ অৱতীৰ্ণ নকৰাকৈ কোনো বেমাৰেই প্ৰেৰণ কৰা নাই। যাক জনোৱা হৈছে তেওঁ জানিছে, আৰু যিজন অৱগত নহয় সি অজ্ঞ।” ([74])
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “হে আল্লাহৰ বান্দাসকল! চিকিৎসা গ্ৰহণ কৰা, কিন্তু হাৰাম বস্তুৰে চিকিৎসা গ্ৰহণ নকৰিবা।”([75]) আল্লামাহ ইমাম ইবনুল কাইয়িম ৰাহিমাহুল্লাহ ৰচিত “যাদুল মাআদ ফি হাদিয়ী খাইৰিল ইবাদ” গ্রন্থত এই বিষয়ে বিস্তাৰিত বর্ণনা আহিছে, সবিশেষ তাত চাব পাৰে। কিয়নো এইখন ইছলামী গ্রন্থসমূহৰ মাজত ইছলামৰ বর্ণনা আৰু শেষ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ জীৱনী বিষয়ক অত্যন্ত উপকাৰী তথা বিশুদ্ধ গ্রন্থ।
১১. অর্থনীতি,ব্যৱসায়,কাৰিগৰি আৰু কৃষি:পানী, খাদ্য, মানুহৰ বাবে অত্যাৱশ্যকীয় নিত্য প্রয়োজনীয় আচবাবপত্ৰ আৰু যিবোৰ সংস্থাই মানুহৰ চহৰ আৰু গাঁও আদিক হিফাজত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে, তাত চলা-ফুৰাৰ ব্যৱস্থা নিয়ন্ত্রণ কৰে, জালিয়াতি আৰু ঠগ-প্ৰৱঞ্চনা প্রতিৰোধ কৰাৰ যি দায়িত্বভাৰ গ্রহণ কৰে; এই সকলোবোৰৰ বিষয়ে ইছলামত স্পষ্ট আৰু পৰিপূর্ণভাৱে বর্ণনা আহিছে।
১২. গোপন শত্রু আৰু সিহঁতৰ পৰা পৰিত্ৰাণ পোৱাৰ বৰ্ণনা:আল্লাহ ছুবহানাহু অতাআলাই কোৰআনুল কাৰীমত তেওঁৰ মুছলিম বান্দাসকলক সতৰ্ক কৰি কৈছে যে, তেওঁলোকৰ বহুতো শত্রু আছে। যদি তোমালোকে সেইবোৰ শত্রুৰ নেতৃত্ব মানি চলা আৰু সিহঁতৰ অনুসৰণ কৰা তেনেহ’লে সেইবোৰে তোমালোকক পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ পিনে লৈ যাব। সেয়ে আল্লাহে তেওঁলোকক সাৱধান কৰিছে আৰু সিহঁতৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো বৰ্ণনা কৰিছে। সেই শত্রুবোৰ হৈছে:
প্রথম শত্রু: অভিশপ্ত চয়তানঃ এই চয়তানে অন্যান্য শত্রুসকলক মানুহৰ বিৰুদ্ধে তৎপৰ হ’বলৈ উদ্বুদ্ধ কৰে। এইটোৱে হৈছে আমাৰ আদি পিতা আদম আলাইহিচ্ছালাম আৰু মা হাওৱা আলাইহাচ্ছালামৰ শত্রু, যিয়ে তেওঁলোকক জান্নাতৰ পৰা উলিয়াই দিছিল। এতেকে সি আদম সন্তানৰ বাবে চিৰ শত্রু, যেতিয়ালৈকে পৃথিৱী ধ্বংস নহ’ব। সি সদায় মানুহক কুফৰীত নিমজ্জিত কৰিবলৈ প্ৰচেষ্টা কৰে, যাতে তাৰ সৈতে সিহঁতেও চিৰস্থায়ী জাহান্নামী হয়, (এই অভিশপ্ত চয়তানৰ পৰা আমি আল্লাহৰ ওচৰত আশ্রয় প্ৰাৰ্থনা কৰিছোঁ)। যাক সি কুফৰিত নিমজ্জিত কৰিব নোৱাৰে, তাক সি পাপকৰ্মত নিমজ্জিত কৰে; যাতে সেই ব্যক্তি আল্লাহৰ ক্ৰোধ আৰু শাস্তিৰ সন্মুখীন হয়।
চয়তান হৈছে এটা প্ৰাণ বা ৰূহ, যিয়ে মানুহৰ মাজত ৰক্ত প্রবাহৰ দৰে সিৰা- উপসিৰাত চলাচল কৰে। সিহঁতৰ মনত কুমন্ত্রণা দিয়ে। বেয়াকৰ্মক সুন্দৰভাৱে উপস্থাপন কৰে, যাতে মানুহে তাৰ আনুগত্য কৰি বেয়া কৰ্মত পতিত হয়। ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় বৰ্ণনা কৰি আল্লাহে কৈছে, যেতিয়া কোনো মুছলিম ৰাগাম্বিত হয় অথবা কোনো গুনাহৰ কাম কৰাৰ ইচ্ছা জাগে তেতিয়া এইটো পাঠ কৰা উচিত - ‘আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম’। “মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্রয় বিচাৰোঁ।” এইটো পাঠ কৰিলে তেতিয়া তাৰ ক্ৰোধে আৰু কাম নকৰিব, আৰু গুনাহৰ ফালে অগ্রসৰ হোৱাৰো ইচ্ছা শেষ হ’ব। আৰু এজন মুছলিমে মনে প্রাণে এই বিশ্বাস ৰাখিব লাগিব যে, পাপকৰ্মৰ ফালে ঠেলি দিয়াৰ যি প্রৱণতা মনত জাগিছে সেইটো চয়তানেই উদ্বুদ্ব কৰিছে; যাতে ধ্বংসত নিপতিত কৰিব পাৰে। কিন্তু এই পাপকৰ্ম হোৱাৰ পিচত চয়তানে সেই ব্যক্তিৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। আল্লাহ তা‘আলাই কৈছেঃ নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে। (ছুৰা ফাতিৰঃ ৬)
দ্বিতীয় শত্রু: প্ৰবৃত্তি, ইয়াৰ দ্বাৰাই মানুহৰ মাজত সত্যক প্রত্যাখ্যান কৰাৰ আৰু কোনোবাই সত্য লৈ আহিলে সেইটোক গ্রহণ নকৰাৰ মানসিকতা সৃষ্টি হয়, লগতে আল্লাহ তা‘আলাৰ নির্দেশ লংঘনৰ ইচ্ছা জাগে। কিয়নো এই সকলোবোৰ হৈছে তাৰ মনে যি বিচাৰে সেইটোৰ পৰিপন্থী। সত্য আৰু ইনচাফৰ ওপৰত আৱেগক প্ৰাধান্য দিয়াটোও হৈছে প্ৰবৃত্তিৰ অন্তর্ভুক্ত। এই শত্রুৰ পৰা মুক্তি লাভ কৰিবলৈ হ’লে, বান্দাই প্ৰবৃত্তিৰ অনুসৰণৰ পৰা আল্লাহৰ ওচৰত আশ্রয় প্রার্থনা কৰিব লাগিব, আৰু প্ৰবৃত্তিয়ে যি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে সেইটোৰ পৰা বিৰত থাকিব লাগিব, তথা সত্য ক’ব লাগিব আৰু সত্য গ্ৰহণ কৰিব লাগিব, যদিও সেয়া তিতা হয়। আৰু সদায় চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব।
তৃতীয় শত্রু: বেয়া কৰ্মৰ নির্দেশ দিয়া নফছঃবেয়াকৰ্মৰ নির্দেশৰ মাজত অন্যতম হৈছে, মনত জাগি উঠা হাৰাম চাহিদা পূৰণ কৰা। যেনে- ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন কৰা, কোনো উপযুক্ত কাৰণ নোহোৱাকৈ ৰমজানৰ ছিয়াম ভঙ্গ কৰা। এইধৰণৰ আৰু অন্যান্য যিবোৰক আল্লাহে হাৰাম কৰিছে, সেইবোৰৰ পিনে আকৃষ্ট হোৱা। এই শত্রুৰ পৰা মুক্তি পোৱাৰ উপায় হৈছে, আল্লাহৰ ওচৰত নিজৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্টতাৰ পৰা আশ্রয় প্রার্থনা কৰিব লাগিব। হাৰাম চাহিদা পৰিত্যাগৰ ক্ষেত্রত ধৈর্য্য ধাৰণ কৰিব লাগিব। আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যত এইবোৰৰ পৰা আঁতৰি থাকিব লাগিব। এইদৰে যিবোৰ বস্তু খালে বা সেৱন কৰিলে ক্ষতি হ’ব, সেইবোৰ খাদ্য অথবা পানীয় আকর্ষণীয় হ’লেও বর্জন কৰি কষ্ট স্বীকাৰ কৰিব লাগিব। এই কথা স্মৰণ ৰাখিব লাগিব যে, হাৰাম প্রবৃত্তি দ্রুত তিৰোহিত হৈ যায়, যাৰ ফলত পিচত লজ্জিত আৰু দীর্ঘ সময় পর্যন্ত অনুতপ্ত হ’বলগীয়া হয়।
চতুর্থ শত্রু: মানৱ চয়তানসকলঃ সিহঁত হৈছে, আদম সন্তানৰ মাজৰ সেইসকল পাপিষ্ঠ ব্যক্তি; যিসকলকলৈ চয়তানে খেলা কৰে। সিহঁতে নিষিদ্ধ কৰ্মবোৰ কৰে আৰু সিহঁতৰ লগত উঠা-বহা কৰা লোকসকলৰ বাবে এইবোৰ কৰ্মক সুন্দৰভাৱে উপস্থাপন কৰি প্রদর্শন কৰে। এনেকুৱা শত্রুৰ পৰা মুক্তিৰ উপায় হৈছে, তাৰ পৰা সতর্ক থকা, তাৰ পৰা দূৰত অৱস্থান কৰা আৰু তাৰ সংস্পৰ্শত নহা।
১৩. মহৎ উদ্দেশ্য আৰু সুখী জীৱনঃআল্লাহ ছুবহানাহু অতাআলাই তেওঁৰ মুছলিম বান্দাসকলক যি মহৎ উদ্দেশ্যৰ প্রতি দিশ-নির্দেশনা দিছে, সেইটোৰ উদ্দেশ্য এই পার্থিৱ জীৱন নহয় আৰু এই ধ্বংসশীল আকর্ষণীয় সা-সামগ্ৰীও নহয়। বৰং সেইটোৰ উদ্দেশ্য হৈছে, চিৰস্থায়ী শাশ্বত সত্য ভৱিষ্যতৰ প্রস্তুতি। আৰু ইয়াৰ দ্বাৰা মৃত্যুৰ পিছৰ পৰলৌকিক জীৱন অৰ্থাৎ আখিৰাতৰ জীৱনক বুজোৱা হৈছে। গতিকে প্ৰতিজন মুছলিমে এই পাৰ্থিৱ জীৱনক পৰলৌকিক জীৱনৰ মাধ্যম হিচাপে গ্রহণ কৰা উচিত। এই জীৱনক আখিৰাতৰ জীৱনৰ শষ্য ক্ষেত্র হিচাপে গ্রহণ কৰা উচিত। পাৰ্থিৱ জীৱন ইয়াৰ একমাত্র উদ্দেশ্য নহয়।
এজন প্ৰকৃত মুছলিম সদায় আল্লাহৰ নিম্নোক্ত বাণী স্মৰণ কৰে আৰু মই জিন আৰু মানুহক কেৱল এইবাবেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব। (ছুৰা আয- যাৰিয়াতঃ ৫৬) আল্লাহ তাআলাই কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত। তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব। জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে। (ছুৰা হাশ্বৰঃ ১৮-২০) আল্লাহ তাআলাই কৈছেঃ এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে, সেয়া সি দেখিবলৈ পাব। আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে, সেয়াও সি দেখিবলৈ পাব। (ছুৰা আঝ-ঝালঝালাহঃ ৭-৮)
প্ৰকৃত মুছলিমে আল্লাহৰ বাণীৰ পৰা এইবোৰ আয়াত আৰু এনেকুৱা অৰ্থৰ অন্যান্য গুৰুত্বপূর্ণ আয়াতসমূহ স্মৰণ কৰিব লাগে, ফলত যি মহান উদ্দেশ্য আৰু যি কাৰণত তেওঁলোকক সৃষ্টি কৰা হৈছে আৰু যি ভৱিষ্যত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে, সেই বিষয়ে তেওঁলোকে উপদেশ লাভ কৰিব পাৰিব। এতেকে এককভাৱে ইখলাচৰ সৈতে আল্লাহৰ ইবাদত কৰি আৰু যিবোৰ কাম কৰিলে তেওঁ সন্তুষ্ট হয় সেইবোৰ কামৰ মাধ্যমত বাস্তৱ চিৰস্থায়ী সেই ভৱিষ্যতৰ বাবে তেওঁলোকে প্রস্তুতি লোৱা উচিৎ। ফলত আল্লাহে সেই ব্যক্তিৰ ওপৰত সন্তুষ্ট হ’ব, আৰু তাৰ আনুগত্যৰ কাৰণে এই দুনিয়াত আৰু মৃত্যুৰ পিচত সন্মানিত আৱাসস্থলত প্ৰৱেশ কৰোৱাই আল্লাহে তাক মৰ্যাদা প্ৰদান কৰিব। তাক পৃথিৱীতো সন্মানিত কৰা হ’ব, ফলত তাক সুন্দৰ তথা পৱিত্ৰ জীৱন দান কৰিব। এতেকে তেওঁ আল্লাহৰ বন্ধুৰূপে তেওঁৰ তত্ত্বাৱধানতেই জীৱন-যাপন কৰিব। তেওঁ আল্লাহৰ জ্যোতিৰেই দেখা পায়। আল্লাহে যিবোৰ ইবাদত কৰাৰ নিৰ্দেশ দিছে তেওঁ সেইবোৰ পালন কৰে আৰু ইয়াৰ মাধ্যমত তেওঁ আল্লাহৰ সৈতে সংযোগ স্থাপনৰ সোৱাদ অনুভৱ কৰে। অন্তৰেৰে আৰু মৌখিকভাৱে আল্লাহক স্মৰণ কৰে। ফলত ইয়াৰ দ্বাৰা তেওঁৰ অন্তৰে প্ৰশান্তি লাভ কৰে।
আৰু তেওঁ নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহৰ প্রতি ইহছান কৰে, ফলত সন্মানীয় ব্যক্তিসকলৰ পৰা তেওঁ নিজৰ সুনামৰ স্বীকৃতি শুনিবলৈ পায়, তেওঁলোকে তেওঁৰ বাবে দুআ কৰে, এইবোৰে তেওঁক আনন্দ দিয়ে আৰু তেওঁৰ বুকু প্রসাৰিত কৰে। তেওঁৰ প্রতি হিংসাকাৰী, তিৰষ্কাৰকাৰী, তেওঁৰ সুখ্যাতিক অস্বীকাৰকাৰী আদি লোকক দেখিও তেওঁ সিহঁতৰ প্রতি অনুকম্পা দেখুৱা বন্ধ নকৰে, কিয়নো তেওঁ ইয়াৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি আৰু ছোৱাব কামনা কৰে। ধৰ্ম আৰু ধাৰ্মিক ব্যক্তিক যিসকলে বেয়া পায় কেৱল সেইসকল দুষ্ট লোকেই তেওঁক কষ্ট দিয়ে তথা ঠাট্টা-বিদ্ৰূপ কৰে; আৰু এইবোৰ আচৰণে তেওঁক সেই কথা মনত পেলাই দিয়ে যিটো আল্লাহৰ ৰাছুলসকলৰ সৈতে কৰা হৈছিল। এতেকে এইটোৱেই আল্লাহৰ পথৰ কৰ্মীসকলৰ প্ৰতিদান বুলি জানি ইছলামৰ প্রতি তেওঁৰ গভীৰ ভালপোৱা আৰু বৃদ্ধি পায় আৰু দৃঢ়ভাৱে এই পথত প্ৰতিষ্ঠিত হয়। তেওঁ নিজ হাতে অফিচ অথবা কৃষি ভূমিত অথবা ব্যৱসায় কেন্দ্রত অথবা কাৰখানাত কাম কৰে, যাতে ইছলাম আৰু মুছলিমসকল তেওঁৰ উৎপাদনৰ পৰা লাভৱান হ’ব পাৰে। যিদিনা তেওঁ আল্লাহৰ সৈতে ইখলাচ সহকাৰে সৎ নিয়তেৰে সাক্ষাৎ কৰিব, সিদিনা তেওঁ ইয়াৰ ফলত প্ৰতিদান লাভ কৰিব। ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা তেওঁ পৃথিৱীত উত্তম উপার্জন কৰি নিজৰ ওপৰত আৰু পৰিয়ালৰ বাবে ব্যয় কৰে আৰু তাৰ পৰা দান কৰে। ফলত তেওঁৰ অন্তৰ ধনৱান, ভদ্র, অল্পতুষ্ট হৈ উঠে, আৰু আল্লাহৰ ওচৰত ছোৱাব কামনা কৰে। কিয়নো আল্লাহে শক্তিশালী সামৰ্থৱান মুমিনক পছন্দ কৰে, যিয়ে অপচয় নকৰাকৈ খোৱা-বোৱা তথা শুৱে। যাতে এইবোৰৰ মাধ্যমত তেওঁ আল্লাহৰ আনুগত্য কৰিবলৈ শক্তি অর্জন কৰিব পাৰে, আৰু তেওঁ স্ত্ৰী সহবাস কৰে এই উদ্দেশ্যে যাতে তেওঁ নিজকে আৰু তেওঁৰ স্ত্রীক পৱিত্ৰ ৰাখিব পাৰে আল্লাহে হাৰাম কৰা বিষয়াদিৰ পৰা, আৰু যাতে এনেকুৱা সন্তান-সন্ততি জন্ম দিব পাৰে যিসকলে আল্লাহৰ ইবাদত কৰিব, আৰু তেওঁৰ বাবে জীৱিত আৰু মৃত উভয় অৱস্থাতে দুআ কৰিব। ইয়াৰ ফলত তাৰ সৎকৰ্ম অবিৰতভাৱে জাৰি থাকিব। আৰু ইয়াৰ ফলত মুছলিমসকলৰ সংখ্যাও বৃদ্ধি পাব, ফলত তেওঁ আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব লাভ কৰিব। তেওঁ আল্লাহৰ আনুগত্য প্রকাশৰ ক্ষেত্রত সকলো নিয়ামতৰ সহায় লৈ আৰু এইবোৰ নিয়ামত যে একমাত্র আল্লাহৰ ফালৰ পৰা অহা তাৰ স্বীকৃতি প্ৰদান কৰি, আল্লাহৰ সকলো নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব, ইয়াৰ বাবেও তেওঁ ছোৱাব লাভ কৰিব। তেওঁ এই কথাও বিশ্বাস কৰে যে, কেতিয়াবা বেমাৰ-আজাৰ, ভোক, বিপদ-আপদ যিবোৰ আহে সেইবোৰ আল্লাহৰ ফালৰ পৰাই অৱতীৰ্ণ হয়, বান্দাসকলক পৰীক্ষা কৰিবলৈ। যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে, (যদিও আল্লাহ এই বিষয়ত সৰ্বজ্ঞ([76])) উক্ত বান্দাই আল্লাহৰ ফালৰ পৰা নির্ধাৰিত তাকদীৰৰ ওপৰত সন্তুষ্ট থাকি কি পৰিমাণ ধৈর্য্য ধাৰণ কৰিব পাৰে। এতেকে মুছলিমে এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা উচিত, তথা সন্তুষ্ট থকা উচিত আৰু সকলো অৱস্থাতে সেই ছোৱাব কামনা কৰি আল্লাহৰ প্ৰশংসা কৰা উচিত যি ছোৱাব ধৈৰ্যশীলসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এনে কৰিলে তাৰ ওচৰত বিপদ-আপদ অতি লঘু অনুভৱ হ’ব। ফলত সি বিপদক এনেকৈ গ্ৰহণ কৰি ল’ব যেনেকৈ বেমাৰীয়ে আৰোগ্য লাভৰ আশাত ঔষধৰ তিক্তা সহ্য কৰে।
যদি এজন মুছলিমে এই জীৱন তেনেকৈয়ে যাপন কৰে যেনেকৈ যাপন কৰাৰ আল্লাহ তা‘আলাই নির্দেশ দিছে, এনেকুৱা উন্নত মানসিকতা লৈ চিৰস্থায়ী জীৱনৰ উদ্দেশ্যে সেই শাশ্বত কল্যাণৰ বাবে কাম কৰিব পাৰে, যিটোক পৃথিৱীৰ একোৱেই ঘোলা কৰিব নোৱাৰে, মৃত্যুও যিটোৰ প্রতিবন্ধক নহয়, তেনেহ’লে তেওঁৰ বাবে এই পার্থিৱ জীৱন আৰু মৃত্যুৰ পিচত আখিৰাতৰ জীৱনত আছে অনন্ত কল্যাণ। আল্লাহে কৈছেঃ এইটো আখিৰাতৰ সেই আৱাস যিটো আমি নিৰ্ধাৰিত কৰোঁ তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে। (ছুৰা কাচাচঃ ৮৩) মহান আল্লাহে সঁচাই কৈছে, তেওঁ কৈছেঃ পুৰুষে হওক বা নাৰী, ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতকৈও শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম। (ছুৰা আন-নাহলঃ ৯৭)
উক্ত গুৰুত্বপূর্ণ আয়াতটোত তথা ইয়াৰ দৰে অন্যান্য আয়াতবোৰত আল্লাহে কৈছে যে, নিশ্চয় সৎকৰ্মশীল পুৰুষ আৰু সৎকৰ্ম কৰা নাৰীসকলৰ যিয়েই এই পাৰ্থিৱ জীৱনত আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে তেওঁৰ আনুগত্য কৰিব, আল্লাহে তেওঁলোকক এই পৃথিৱীতে অগ্ৰীম পুৰস্কাৰ দান কৰিব, আৰু সেয়া হৈছে সুখী সমৃদ্ধ পবিত্র জীৱন, যি বিষয়ে ইতিপূর্বে আমি আলোচনা কৰিছোঁ। আৰু মৃত্যুৰ পিচত চিৰস্থায়ী পুৰস্কাৰ দান কৰিব, সেয়া হৈছে জান্নাতৰ নিয়ামতসমূহ। এই প্রসঙ্গত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মুমিনৰ বিষয়টো আশ্বচৰ্যকৰ, কাৰণ সকলো অৱস্থাই মুমিনৰ বাবে মঙ্গলময়। যদি তেওঁক আনন্দই স্পৰ্শ কৰে তেনেহ’লে কৃতজ্ঞতা (চুকৰিয়া) জ্ঞাপন কৰে, যিটো তাৰ বাবে কল্যাণকৰ। আনহাতে যদি দুখ-কষ্টই স্পৰ্শ কৰে তেনেহ’লে সি ধৈর্য্য ধাৰণ কৰে, এইটোও তাৰ বাবে কল্যাণকৰ।”([77])
ইয়াৰ দ্বাৰা স্পষ্ট হ’ল যে, একমাত্র ইছলামৰ মাজতেই সঠিক চিন্তা-ভাৱনা, ভাল-বেয়াৰ সঠিক মাপকাঠি, ইনচাফ ভিত্তিক পৰিপূর্ণ জীৱন ব্যৱস্থা নিহিত আছে। এতেকে মনোবিজ্ঞান, সমাজ, শিক্ষা, ৰাষ্ট্রনীতি, অর্থনীতি আৰু অন্যান্য নিয়মনীতি আৰু মানুহে বনোৱা প্ৰতিটো পদ্ধতি তথা প্রত্যেকটো মতামত আৰু চিন্তা-চেতনাক ইছলামৰ আলোকত সংশোধন কৰা জৰুৰী আৰু ইয়াৰ পৰাই সংগ্রহ কৰা অত্যাৱশ্যক। ইছলামৰ বিৰোধিতা কৰি সফল হোৱাটো কেতিয়াও সম্ভৱ নহয়, বৰং যিসকলে এনেকুৱা পদ্ধতিক আঁকোৱালি ল’ব, পৃথিৱী আৰু আখিৰাতত এইটোৱেই হ’ব সিহঁতৰ দুর্ভাগ্যৰ উৎসস্থল।
***
১. যিসকলে ইছলামক ক্ষতি কৰাৰ চেষ্টা কৰে: দুই ধৰণৰ লোকেই বেছিভাগ ইছলামক ক্ষতি কৰাৰ চেষ্টা কৰে:
প্রথম শ্রেণী : এনেকুৱা কিছুমান মানুহ আছে, যিসকলে নিজকে ইছলামৰ সৈতে সম্পৃক্ত বুলি দাবী কৰে তথা সিহঁতে নিজকে মুছলিম বুলি পৰিচয় দিয়ে। কিন্তু সিহঁতে কথা আৰু কৰ্মৰ জৰিয়তে ইছলামৰ বিৰোধিতা কৰে। সিহঁতে এনেকুৱা এনেকুৱা কাম কৰে ইছলামৰ সৈতে যাৰ কোনো সম্পর্ক নাই। সিহঁত ইছলামৰ মুখপাত্রও নহয় আৰু সিহঁতৰ কৰ্মক ইছলামৰ কৰ্ম বুলি কোৱাও ঠিক নহয়। সিহঁত হৈছে-
(ক) আক্বীদাহ বিশ্বাসৰ পৰা বিভ্রান্ত ব্যক্তিসকলঃ উদাহৰণস্বৰূপে যিসকলে কবৰক প্ৰদক্ষিণ কৰে। আৰু কবৰবাসীৰ ওচৰত প্রয়োজন পূৰণৰ প্রার্থনা কৰে। আৰু এই বিশ্বাস পোষণ কৰে যে, কবৰত থকা এই মৃত ব্যক্তিয়েও উপকাৰ বা ক্ষতি কৰিবলৈ সক্ষম([78])... ইত্যাদি।
(খ) চৰিত্র আৰু ধর্মৰ দিশত অধঃপতিত ব্যক্তিসকলঃ
যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা ফৰজ বিষয়সমূহক পৰিত্যাগ কৰে। ব্যভিচাৰ, মাদক দ্ৰৱ্য আদি হাৰাম কাম কৰাত অকণো কুণ্ঠাবোধ নকৰে। আল্লাহৰ শত্রুসকলক ভাল পায় আৰু সিহঁতক অনুকৰণ কৰে।
(গ) আৰু এনেকুৱা কিছুমান মানুহো আছে, যিসকলে নিজকে মুছলিম বুলি কয় কিন্তু সিহঁতেও ইছলামৰ বিধি-বিধানকলৈ নিন্দা কৰা দেখা যায়, দৰাচলতে আল্লাহৰ ওপৰত সিহঁতৰ ঈমান হৈছে অতি দুর্বল। সিহঁতৰ বাস্তৱ জীৱনত ইছলামী শিক্ষাৰ বাস্তৱায়নো অসম্পূর্ণ। সিহঁতে কিছুমান ওৱাজিব পালনৰ ক্ষেত্রত অৱহেলা কৰে কিন্তু সিহঁতে সেইটোক পৰিপূর্ণভাৱে পৰিত্যাগ নকৰে। সিহঁতে কিছুমান হাৰাম কামতো লিপ্ত হয় কিন্তু সেইবোৰ ডাঙৰ শ্বিৰ্ক অথবা কুফৰীৰ কোনো প্ৰকাৰত উপনীত নহয়। কিন্তু সিহঁতে এনেকুৱা কিছুমান নিকৃষ্ট হাৰাম অভ্যাস পুহি ৰাখিছে, যিবোৰৰ সৈতে ইছলামৰ কোনো সম্পর্ক নাই। আনকি ইছলামে সেইবোৰক মহাপাপৰ অন্তৰ্ভুক্ত কৰিছে। যেনে-মিছা কথা কোৱা, প্ৰৱঞ্চনা কৰা, প্রতিশ্রুতি ভংগ কৰা, হিংসা কৰা আদি। উক্ত সকলোৱে ইছলামৰ ক্ষতি সাধন কৰে। কিয়নো অমুছলিমসকলে যিসকলে ইছলাম সম্পৰ্কে একো নাজানে সিহঁতে ধাৰণা কৰে যে, ইছলামে ইহঁতক এইবোৰৰ অনুমতি দিছে।
দ্বিতীয় শ্ৰেণী: ইছলামৰ সেইসকল শত্রু যিসকলে ইছলামৰ ওপৰত সদায় আক্রমানাত্মক হৈ থাকে। ইয়াৰ মাজত আছে প্রাচ্যবিদ, ইয়াহূদী আৰু খ্ৰীষ্টান ধর্ম প্রচাৰকসকল, লগতে এনেকুৱা ধৰণৰ অন্যান্য ইছলাম বিদ্বেষীসকল। সিহঁতৰ হিংসাৰ কাৰণ হৈছে, ইছলাম পৰিপূর্ণ আৰু ক্ষমাসুন্দৰ জীৱন ব্যৱস্থা তথা দ্ৰুত প্রসাৰিত হৈ আছে, এইটোৱে সিহঁতৰ সহ্য নহয়। কিয়নো ইছলাম হৈছে দ্বীনুল ফিতৰাহ([79]) অৰ্থাৎ স্বভাৱগত ধৰ্ম সেয়ে মানুহৰ সন্মুখত ইয়াক উপস্থাপন কৰিলেই তেওঁলোকে সহজে ইয়াক গ্ৰহণ কৰি লয়। সেয়ে প্রতিজন অমুছলিম আজি অস্থিৰতাত দিন পাৰ কৰি আছে আৰু যি দ্বীন বা মতবাদ সি গ্রহণ কৰি আছে তাৰ ওপৰত অসন্তুষ্ট হৈ দিন অতিবাহিত কৰি আছে। কিয়নো আল্লাহে যি প্রাকৃতিক স্বভাৱ প্ৰদান কৰি তাক সৃষ্টি কৰিছে এইটো তাৰ পৰিপন্থী। কিন্তু প্ৰকৃত মুছলিম ইয়াৰ পৰা পৃথক। কাৰণ তেওঁ সন্তুষ্ট চিত্তে এই ধৰ্ম গ্রহণ কৰি সুখী জীৱন যাপন কৰি আছে। ইয়াৰ কাৰণ হৈছে, ইছলাম হৈছে সত্য ধর্ম, যিটোক আল্লাহে প্রণয়ন-প্রৱর্তন কৰিছে। আৰু একমাত্ৰ আল্লাহ প্রণীত বিধানেই হৈছে সেই স্বভাৱৰ সৈতে সংগতিপূৰ্ণ যিটো স্বভাৱৰ ওপৰত আল্লাহে মানুহক সৃষ্টি কৰিছে।সেয়ে প্রতিজন খৃষ্টান, প্রতিজন ইয়াহূদী আৰু অন্যান্য যিসকলেই ইছলামৰ পৰা আঁতৰি আছে আমি সিহঁতক কওঁ যে, তোমালোকৰ সন্তান-সন্ততিবোৰ ইছলামৰ স্বভাৱজাত দ্বীনৰ ওপৰতেই জন্মগ্রহণ কৰে, কিন্তু তোমালোকে আৰু সিহঁতৰ পিতৃ-মাতৃয়ে বেয়া লালন-পালনৰ জৰিয়তে সিহঁতক ইছলামৰ পৰা আঁতৰাই নিয়া, আৰু সিহঁতক কুফৰীৰ পিনে লৈ যোৱা। ইছলামৰ বাহিৰে সকলো ধৰ্ম তথা সকলো মতবাদেই হৈছে কুফৰী।
প্রাচ্যবিদ ইয়াহূদী আৰু খ্ৰীষ্টান ধর্ম প্রচাৰকসকলৰ মাজৰ হিংসাকাৰীসকলে জানি বুজি ইচ্ছা কৰি ইছলাম আৰু সর্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিছা তথা জঘন্য অপবাদ দিয়ে।
1- কেতিয়াবা সিহঁতে তেখেতৰ ৰিছালতক মিছা বুলি কয়।
2- আকৌ কেতিয়াবা তেখেতৰ প্ৰতি দোষ-ত্রুটি আৰু অপবাদ নিক্ষেপ কৰি অহেতুক অভিযোগ উত্থাপন কৰে। অথচ তেখেত আল্লাহৰ ফালৰ পৰা নির্বাচিত এজন পৰিপূর্ণ মানৱ, সকলো দোষ আৰু অপূর্ণতা মুক্ত।
3- ইয়াৰ বাহিৰেও সৰ্বজ্ঞ আৰু প্রজ্ঞাময় আল্লাহৰ ফালৰ পৰা প্রণীত ইছলামৰ ইনচাফপূৰ্ণ কিছুমান বিধি-বিধানক সিহঁতে বিকৃত কৰাৰ চেষ্টা কৰে, যাতে ইয়াৰ পৰা মানুহে বিমুখ হয়।
কিন্তু আল্লাহে সিহঁতৰ সেইবোৰ ষড়যন্ত্রক বাতিল কৰি দিয়ে। কিয়নো সিহঁতে সত্যৰ বিৰুদ্ধে যুদ্ধ কৰে। সত্য হৈছে সর্বোচ্চ, ইয়াক কোনেও পৰাজিত কৰিব নোৱাৰে। আল্লাহ তাআলাই কৈছেঃ সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে। তেৱেঁই সেই সত্তা, যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে। (ছুৰা চফঃ ৮-৯)
২. ইছলামৰ উৎসসমূহ
হে বিবেকসম্পন্ন ব্যক্তি! যদি আপুনি সঁচাই ইছলাম সম্পৰ্কে জানিবলৈ ইচ্ছুক, তেনেহ’লে মহাগ্রন্থ আল-কোৰআন আৰু লগতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছসমূহ অধ্যয়ন কৰক, যেনে- ছহীহ বুখাৰী, ছহীহ মুছলিম, মুআত্তা ইমাম মালিক, মুছনাদে ইমাম আহমদ ইবনে হাম্বল, ছুনান আবি দাউদ, ছুনান নাছায়ী, ছুনান তিৰমিজী, ছুনান ইবনে মাজাহ, ছুনান দাৰেমী। ইবনে হিশ্বাম প্রণীত আচ-ছীৰাহ আন নাবৱীয়্যাহ, ইছমাঈল ইবনে কাছীৰৰ তাফছীৰুল কোৰআনিল আজীম, আল্লামাহ ইবনুল কাইয়িম প্রণীত ‘যাদুল মা‘আদ ফি হাদয়ী খাইৰিল ‘ইবাদ” অনুৰূপভাৱে তাওহীদপন্থী সঠিক জ্ঞানৰ দ্বাৰা আল্লাহৰ প্ৰতি আহ্বানকাৰী ইছলামৰ প্ৰসিদ্ধ লেখকসকলৰ কিতাপসমূহো অধ্যয়ন কৰা উচিত। এইদৰে শ্বাইখুল ইছলাম আহমদ ইবনে তাইমীয়্যাহ, আল-ইমাম আল-মুজাদ্দিদ মুহাম্মদ ইবনে আব্দুল অহহাব, হিজৰী ১২ শতিকাৰ পৰা এতিয়ালৈকে শ্বিৰ্ক প্রসাৰ লাভৰ পিচত আৰব দ্বীপত আৰু অন্যান্য কিছুমান ঠাইত তেওঁৰ আৰু তাওহীদ পন্থীসকলৰ আমীৰ মুহাম্মদ ইবনে ছ‘ঊদ ৰাহিমাহুল্লাহৰ দ্বাৰা আল্লাহে দ্বীন ইছলাম আৰু তাওহীদৰ আক্বীদাহক শক্তিশালী কৰিছে।
আনহাতে প্রাচ্যবিদ আৰু সেইসকল দল-সংগঠন যিসকলে নিজকে ইছলামৰ সৈতে সম্পৃক্ত কৰে, সিহঁত হৈছে ইছলামৰ পৰিপন্থী, আৰু সিহঁতৰ কিতাপ আদিও ইছলাম বিৰোধী বিষয়ৰ পিনেই আহ্বান কৰে। ইয়াৰ অধিকাংশ বিষয়ে ইতিপূর্বে উল্লেখ কৰা হৈছে। সিহঁতে কিতাপ পত্ৰৰ জৰিয়তে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ সকলো চাহাবীকে অথবা কিছু সংখ্যক চাহাবীক গালি-শপনি দিয়া দেখা যায়। নাইবা তাওহীদৰ পিনে আহ্বানকাৰী ইমামসকল যেনে- ইবনে তাইমিয়্যাহ, ইবনুল কাইয়িম, মুহাম্মদ ইবনে আব্দুল অহহাব প্রমুখসকলক সমালোচনা কৰে। তেওঁলোকৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰে। প্ৰকৃততে এইবোৰ হৈছে বিভ্ৰান্তকাৰী কিতাপ। গতিকে সাৱধান! এইবোৰৰ প্ৰৱঞ্চনাত নপৰিব, এইবোৰ পঢ়াও উচিত নহয়।
৩. ইছলামী মাজহাবসমূহ
প্রত্যেকজন মুছলিম এটাই মাজহাবৰ ওপৰত প্ৰতিষ্ঠিত। সেয়া হৈছে, ইছলাম। ইয়াৰ প্রত্যাৱর্তনস্থল হৈছে, কোৰআন আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ হাদীছ। আনহাতে যাক ইছলামী মাজহাব বুলি কোৱা হয়, যেনে- চাৰি মাজহাবঃ হাম্বলী, মালিকী, শ্বাফেয়ী, হানাফী। প্ৰকৃততে এইবোৰৰ দ্বাৰা ইছলামী ফিকাহ শাস্ত্রৰ স্কুলসমূহক বুজোৱা হৈছে। য’ত এই বিদ্ব্যানসকলে তেওঁলোকৰ ছাত্রসকলক শিক্ষাদান কৰিছিল। তেওঁলোকৰ ছাত্রসকলে কোৰআন আৰু হাদীছৰ পৰা যিবোৰ মছলা-মাছাইল সংগ্ৰহ কৰি লিখিছিল, সেইবোৰক তেওঁলোকে উক্ত আলিমসকলৰ নামেৰে সম্পৃক্ত কৰিছিল। পিচলৈ এইবোৰেই তেওঁলোকৰ নামত মাজহাব হিচাপে প্ৰচাৰ লাভ কৰে। ইছলামৰ মৌলিক বিধানসমূহত তেওঁলোকৰ কোনো দ্বিমত নাই। প্ৰতিটো মাজহাবৰেই উৎস হৈছে, কোৰআন আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ হাদীছ। তেওঁলোকৰ মাজত যিবোৰ বিষয়ত মতানৈক্য দেখিবলৈ পোৱা যায়, সেইবোৰ হৈছে শাখা-প্রশাখামূলক বিধান, যিবোৰ একেবাৰেই নগণ্য। উক্ত প্ৰতিজন বিদ্যানেই তেওঁলোকৰ ছাত্রসকলক এই নির্দেশ প্ৰদান কৰিছিল যে, তেওঁলোকে যেন প্ৰত্যেক সেই কথা গ্ৰহণ কৰে যিটো কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত। সেয়া যিয়েই নকওক কিয়।
কোনো মুছলিমৰ বাবেই মাজহাব গ্রহণ কৰাটো বাধ্যতামূলক নহয়। কাৰণ মুছলিমৰ বাবে কোৰআন আৰু হাদীছৰ ফালে প্ৰত্যাৱৰ্তন কৰা বাধ্যতামূলক। আনহাতে বহুতেই এইবোৰ মাজহাবৰ সৈতে নিজকে সম্পৃক্ত কৰি আক্বীদাহ বিমুখ হৈ যায়, যেনে- সিহঁতে কবৰৰ তাওৱাফ কৰে, কবৰবাসীৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আল্লাহৰ গুণ বা বিশেষণসমূহক সঠিক আৰু প্রকাশ্য অর্থৰ পৰা বিকৃত কৰি অপব্যাখ্যা কৰে। প্ৰকৃততে সিহঁতে সেইসমূহ মাজহাবৰ ইমামসকলৰ আক্বীদাহ বিশ্বাসৰ পৰিপন্থী কামহে কৰি আছে। কাৰণ সেইসকল ইমামৰ আক্বীদাহ আছিল, ছালাফে ছলিহীনৰ আক্বীদাহ। এই বিষয়ে ‘মুক্তিপ্রাপ্ত দল’ বিষয়ক শিৰোনামত উল্লেখ কৰা হৈছে।
৪. ইছলাম বহির্ভূত দলসমূহ:
ইছলামী বিশ্বত ইছলাম বহির্ভূত বহুতো দল দেখিবলৈ পোৱা যায়, যিসকলে নিজকে ইছলামৰ সৈতে সম্পৃক্ত কৰে। যিসকলে নিজকে মুছলিম বুলি দাবী কৰে, কিন্তু প্ৰকৃততে সিহঁত মুছলিম নহয়। কিয়নো সিহঁতৰ আক্বীদাত আছে আল্লাহৰ সৈতে কুফৰী, সিহঁতে তেওঁৰ নিদর্শনাৱলী আৰু তেওঁৰ একত্ববাদক অস্বীকাৰ কৰে। সেইসমূহ দলৰ অন্যতম হৈছে-
1-‘বাতিনীয়্যাহ’ সম্প্রদায়ঃ
সিহঁতে এই বিশ্বাস পোষণ কৰে যে, আল্লাহ সকলো ঠাইতে আছে আৰু সকলো বস্তুৰ ভিতৰতে আছে, লগতে সিহঁত পুনর্জন্মবাদতো বিশ্বাসী। সিহঁতে এই বিশ্বাসো পোষণ কৰে যে, দ্বীনৰ প্রতিটো মূল বচন অর্থাৎ “আয়াত আৰু হাদীছৰ” একো একোটা গোপন অৰ্থ আছে, যিটো অৰ্থ প্রকাশ্য অৰ্থৰ বিপৰীত, অৰ্থাৎ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰা অৰ্থ যিটোৰ ওপৰত মুছলিমসকলৰ ঐক্যমত (ইজমা) প্ৰতিষ্ঠিত হৈছে সেইটোতকৈ পৃথক। সিহঁতে নিজৰ ইচ্ছামতে সেইবোৰ অৰ্থ বনাই লৈছে।([80])এই ‘বাতিনী’ সম্প্রদায়ৰ জন্মৰ উৎস হৈছে ইয়াহূদী, অগ্নি উপাসক, নাস্তিক দার্শনিকসকল যেতিয়া পাৰস্য দেশত ইছলামৰ প্রসাৰত ভীত হৈ পৰিছিল, তেতিয়া সিহঁতে একত্রিত হৈ এনেকুৱা এটা মতাদর্শ আৱিষ্কাৰ কৰিবলৈ পাৰস্পৰিক পৰামর্শ কৰিলে; যাৰ উদ্দেশ্য আছিল; মুছলিমসকলক বিচ্ছিন্ন কৰা আৰু মহাগ্রন্থ আল-কোৰআনৰ অর্থ সম্পৰ্কে বিভ্রান্তি সৃষ্টি কৰা। যাতে মুছলিমসকল বিভিন্ন দলত বিভক্ত হৈ পৰে। ফলত সিহঁতে এই বিধ্বংসী মতাদর্শৰ উদ্ভাৱন কৰে আৰু ইয়াৰ পিনে মানুহক আহ্বান কৰিবলৈ ধৰে। লগতে সিহঁতে নিজকে আ’লে বাইত তথা নবী-পৰিয়াল বুলি কৈ (মিছা) সম্পর্কৰ দাবী কৰে, যাতে সাধাৰণ লোকক চূড়ান্তভাৱে প্ৰৱঞ্চনাৰ জালত আৱদ্ধ কৰিব পাৰে; এইদৰে সিহঁতে অসংখ্য মূর্খ মানুহক ইয়াৰ চিকাৰ কৰি লৈছে আৰু সিহঁতক পথভ্রষ্ট কৰিছে।
2- এই দলসমূহৰ মাজত ‘কাদিয়ানী’ হৈছে অন্যতম। গোলাম আহমদ কাদিয়ানীৰ নাম অনুযায়ী সিহঁতে প্রসিদ্ধি লাভ কৰিছে। সি নিজকে নবী বুলি দাবী কৰিছিল। ভাৰত আৰু তাৰ ওচৰে-পাঁজৰে থকা নিম্ন শ্রেণীৰ লোকসকলক তাৰ প্রতি ঈমান আনিবলৈ আহ্বান জনাইছিল। ইংৰাজসকলে ভাৰতত সিহঁতৰ উপনিৱেশ শাসনৰ সময়ত এই গোলাম আহমাদ কাদিয়ানী আৰু তাৰ অনুসাৰীসকলক ইছলাম আৰু মুছলিমৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। তাক আৰু তাৰ অনুসাৰীসকলক প্রচুৰ সুযোগ দিছিল, যাতে অধিক সংখ্যক মুৰ্খসকলে তাৰ অনুসাৰী হ’ব পাৰে। কাদিয়ানীসকলে মৌখিকভাৱে ইছলাম প্রকাশ কৰিলেও আচলতে সিহঁতে ইছলামক ধ্বংস কৰিবলৈ, অন্যান্য লোকসকলকো ইয়াৰ পৰা যথাসম্ভৱ উলিয়াই আনিবলৈ চেষ্টা কৰে। এই কথা প্রসিদ্ধি লাভ কৰিছে যে, সি এখন কিতাপ লিখিছে যাৰ নাম হৈছে তাছদীকে বাৰাহীনে আহমদীয়াহ, য’ত সি নিজকে নবী বুলি দাবী কৰিছে। লগতে তাত ইছলামৰ মূল-বচন (নুচুচ)সমূহক তথা কোৰআন আৰু ছুন্নাহৰ শব্দবোৰক বিকৃত কৰিছে। সি বিকৃতি কৰা কিছুমান তথ্যৰ উদাহৰণ যেনে- সি দাবী কৰিছে যে, ইছলামত জিহাদৰ বিধান ৰহিত হৈছে।
আৰু প্রত্যেক মুছলিমৰ ওপৰত ওৱাজিব সিহঁতে যেন ইংৰাজৰ সৈতে সন্ধি স্থাপন কৰে। সেই সময়ত সি আন এখন কিতাপো লিখিছে, যাৰ নাম হৈছে “তিৰিয়াকুল কুলূব”। এই মিছলীয়াই বহু লোকক পথভ্রষ্ট কৰি ১৯০৮ চনত মৃত্যুবৰণ কৰে। তাৰ এই দাৱাত আৰু এই পথভ্রষ্ট সম্প্রদায়ৰ নেতৃত্ব এজন পথভ্রষ্ট লোকৰ হাতত এৰি থৈ যায়, যাৰ নাম হৈছে ‘হাকীম নুৰুদ্দীন’।
3- ইছলাম বহির্ভূত এনেকুৱা বাতিনী সম্প্রদায়ৰ অন্যতম এটা দল হৈছে, বাহায়ী সম্প্রদায়। আলী মুহাম্মদ নামৰ এজন ব্যক্তিয়ে ১৯শ খৃষ্টাব্দৰ প্রথম সময়ছোৱাত ইৰানত ইয়াক প্রতিষ্ঠা কৰে। কিছুমানৰ মতে তাৰ নাম হৈছে মুহাম্মদ আলী ছিৰাজী। সি আছিল শ্বিয়াসকলৰ ‘ইছনা আশ্বাৰীয়া’ (বাৰো ইমামী) সম্প্রদায়ৰ (বর্তমান ক্ষমতাশীল ইৰান চৰকাৰৰ দলৰ) মানুহ। ইয়াৰ পিচত সি উক্ত সম্প্রদায়ৰ পৰা পৃথক হৈ প্রসিদ্ধ বাহায়ী মতাদৰ্শ আৱিষ্কাৰ কৰে। প্ৰথম অৱস্থাত সি নিজকে প্রতীক্ষিত মাহদী বুলি দাবী কৰে আৰু পিচত তাৰ মাজত আল্লাহ অৱতীৰ্ণ হৈছে বুলি দাবী কৰে। এইদৰে সি মানুহৰ ইলাহ হৈ পৰে। (প্ৰকৃততে কাফিৰ আৰু নাস্তিকসকলে আল্লাহৰ বিষয়ে যি মন্তব্য কৰে তাৰ পৰা আল্লাহ বহু ঊৰ্দ্ধত।) সি পুনৰুত্থান, হিচাপ-নিকাচ, জান্নাত, জাহান্নাম আদিক অস্বীকাৰ কৰিছিল। সি কাফিৰ ব্রাহ্মণ আৰু বৌদ্ধসকলৰ পথ অনুকৰণ কৰিছিল। সি ইয়াহূদী, খ্ৰীষ্টান আৰু মুছলিমসকলৰ মাজত কোনো পার্থক্য নাই বুলি সিহঁতক এক কৰি পেলাইছিল। শেষ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ নবুওৱতক আৰু ইছলামৰ বহুতো বিধি-বিধানক সি অস্বীকাৰ কৰিছিল। তাৰ ধ্বংসৰ পিচত তাৰ মন্ত্রী ইয়াৰ উত্তৰাধিকাৰী হয়, যাৰ নাম আছিল ‘বাহা’। সি তাৰ দাৱাতৰ প্রচাৰ-প্রসাৰ ঘটাইছিল আৰু তাৰ অনুসাৰীসকলৰ সংখ্যা বৃদ্ধি কৰিছিল। ইয়াৰ লগত সম্পৃক্ত কৰিয়ে এই সম্প্রদায়ৰ নাম দিয়া হয় ‘বাহায়ী মজহাব’।
মুছলিম বুলি দাবী কৰা, ছালাত আদায় কৰা, ছিয়াম পালন কৰা, হজ্জ কৰা সত্ত্বেও শ্বিয়াসকলৰ এটা ডাঙৰ অংশ ইছলাম বহির্ভূত সম্প্রদায়ৰ অন্তর্ভুক্ত। সিহঁতে দাবী কৰে যে, জিব্রাইল আলাইহিচ্ছালামে আল্লাহৰ ৰিছালত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্রদান কৰি খিয়ানত (বিশ্বাসঘাতকতা) কৰিছে, আচলতে এইটো আলী (ৰাদিয়াল্লাহু আনহু)ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। সিহঁতৰ মাজৰ কিছুমানে আলীকেই আল্লাহ বুলি দাবী কৰে। সিহঁতে আলী ৰাদ্বিয়াল্লাহু আনহু আৰু তেওঁৰ সন্তান-সন্ততি, নাতি-নাতিনী, তেওঁৰ স্ত্রী ফাতিমা আৰু ফাতিমাৰ মাতৃ খাদীজা ৰাদিয়াল্লাহু আনহাৰ সন্মানত সীমালঙ্ঘন কৰে তথা গুলু কৰে। আনকি সিহঁতে এওঁলোককো আল্লাহৰ সৈতে ইলাহ হিচাপে গ্ৰহণ কৰিছে, সিহঁতে এওঁলোকক আহ্বান কৰে, তথা এওঁলোকৰ ওচৰত দুআ কৰে। লগতে এই বিশ্বাস কৰে যে, এওঁলোক হৈছে নিষ্পাপ তথা নিৰপৰাধ, আৰু আল্লাহৰ ওচৰত এওঁলোকৰ মৰ্যাদা ৰাছুলসকলৰ মৰ্যাদাতকৈও অধিক। (নাউযুবিল্লাহ)।
সিহঁতৰ ধাৰণা মতে সিহঁতে কয়, মুছলিমসকলৰ হাতত থকা বর্তমানৰ এই কোৰআনত বহুতো সংযোজন আৰু বিয়োজন হৈছে আৰু সিহঁতে নিজৰ বাবে বিশেষ কোৰআন প্ৰস্তুত কৰি লৈছে। তাত নিজৰ ফালৰ পৰা আয়াত আৰু ছুৰা সন্নিৱিষ্ট কৰিছে। সিহঁতে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ পিচত আটাইতকৈ উত্তম মুছলিম আবু বকৰ ৰাদিয়াল্লাহু ‘আনহু, ওমৰ ৰাদিয়াল্লাহু ‘আনহুক বেয়া তথা তেওঁলোকক গালি-শপনি পাৰে। ইয়াৰ বাহিৰে উম্মুল মু’মিনীন আইশ্বা ৰাদিয়াল্লাহু আনহাকো গালি দিয়ে। আলী ৰাদিয়াল্লাহু ‘আনহু আৰু তেওঁৰ সন্তান-সন্ততিসকলৰ ওচৰত সুঃসময় আৰু দুঃসময় উভয় অৱস্থাতেই উদ্ধাৰ কামনা কৰি প্রার্থনা কৰে। আল্লাহৰ বাহিৰে তেওঁলোকৰ ওচৰত দুআ কৰে। অথচ আহলে বাইত তথা আলী ৰাদিয়াল্লাহু ‘আনহু আৰু তেওঁৰ সন্তান-সন্ততিসকল ইহঁতৰ পৰা সম্পূৰ্ণৰূপে সম্পৰ্কমুক্ত। কাৰণ শ্বিয়াসকলে তেওঁলোকক আল্লাহৰ সৈতে ইলাহ বনাই লৈছে। আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছে। তেওঁৰ বাণীক পৰিবৰ্তন কৰিছে। সিহঁতে যি কয়, সেইবোৰৰ পৰা আল্লাহ বহু ঊৰ্দ্ধত।([81])
এই সম্প্রদায়বোৰ, যিবোৰৰ বিষয়ে আমি বৰ্ণনা কৰিলোঁ, ইহঁত ইছলামৰ দাবীদাৰ কিন্তু ইহঁত ইছলাম ধ্বংসকাৰী কাফিৰ সম্প্রদায়ৰ অন্তর্ভুক্ত। এতেকে প্রতিটো স্থান আৰু প্ৰতিটো ঠাইৰ বিবেকৱান আৰু হে জ্ঞানী ব্যক্তিসকল তথা হে মুছলিম ব্যক্তিসকল! আপোনালোকে সাৱধান হোৱা উচিৎ যে, কেৱল ইছলাম দাবী কৰিলেই মুছলিম হোৱা নাযায়। বৰং প্ৰকৃত মুছলিম হৈছে সেইজন যিয়ে কোৰআন আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্রমাণিত হাদীছ সম্পৰ্কে জ্ঞান অৰ্জন কৰে আৰু সেই অনুযায়ী আমল কৰে। গতিকে মহাগ্রন্থ আল-কোৰআন আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ হাদীছ লৈ চিন্তা-চৰ্চা কৰক; তেতিয়াহে হিদায়ত, নূৰ আৰু সঠিক পথৰ সন্ধান পাব, যি পথে আপোনাক সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত থকা নিয়ামতেৰে ভৰা জান্নাতৰ সৌভাগ্য লাভ কৰাত সহায় কৰিব।
***
মুক্তিৰ পিনে আহ্বান
হে বিবেকৱান ব্যক্তি! আপুনি পুৰুষ হওক অথবা নাৰী, যদি আপুনি এতিয়ালৈ ইছলাম গ্রহণ কৰা নাই, তেতিয়া হ’লে আপোনালৈ সুখ সমৃদ্ধি ভৰা মুক্তিৰ আহ্বান জনাই কওঁ যে,
• মৃত্যুৰ পিছত হ’বলগীয়া কবৰৰ শাস্তি আৰু জাহান্নামৰ শাস্তিৰ পৰা আপুনি নিজকে ৰক্ষা কৰক।
• আল্লাহক ৰব্ব হিচাপে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে আৰু ইছলামক দ্বীন হিচাপে বিশ্বাস কৰি আপুনি নিজকে ৰক্ষা কৰক। লগতে আন্তৰিকতাৰে কওক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ৰাছুল। পাঁচ ওৱাক্ত ছালাত আদায় কৰক। নিজৰ সম্পদৰ যাকাত আদায় কৰক। ৰামাজান মাহৰ ছিয়াম পালন কৰক। সক্ষম হ’লে আল্লাহৰ সন্মানিত ঘৰৰ হজ্জ কৰক।
• আল্লাহৰ বাবেই আপুনি ইছলাম গ্ৰহণ কৰি ঘোষণা দিয়ক। কিয়নো ইয়াৰ বাহিৰে কোনো শান্তি([82])নাই আৰু মুক্তিও নাই।
• মহান আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই তেওঁৰ শপত খাই মই কওঁ যে, নিশ্চয় এই ইছলামেই হৈছে সেই সত্য ধৰ্ম, যিটোৰ বাহিৰে আল্লাহে কোনো ব্যক্তিৰ পৰাই বেলেগ কোনো ধৰ্ম গ্রহণ নকৰিব। আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক আৰু সকলো সৃষ্টিক সাক্ষী থৈ মই কওঁ, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আৰু ইছলাম হৈছে সত্য ধৰ্ম, আৰু মই এজন মুছলিম।
মই আল্লাহ ছুবহানাহু অতাআলাৰ দয়া আৰু কৰুণাৰ মাধ্যমত তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে, তেওঁ যেন মোক আৰু মোৰ সন্তান-সন্ততি আৰু মুছলিম ভাইসকলক প্ৰকৃত মুছলিম হৈ মৃত্যুবৰণ কৰাৰ তাওফীক দান কৰে। লগতে তেওঁ যেন আমাক সেই নিয়ামত ভৰা জান্নাতত সত্যবাদী আমানতদাৰ আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু অন্যান্য নবীসকলৰ সৈতে একত্ৰিত কৰে, লগতে নবীৰ পৰিয়াল আৰু তেওঁৰ চাহাবাসকলৰ সৈতে যাতে আমাক একত্ৰিত হোৱা তাওফীক দিয়ে। লগতে আল্লাহৰ ওচৰত এই প্ৰাৰ্থনা জনাওঁ যে, যিসকলে এই কিতাপখন পঢ়িব অথবা শুনিব, আল্লাহে যেন তেওঁলোকক ইয়াৰ দ্বাৰা উপকৃত কৰে। জানি থওক! মই মোৰ দায়িত্ব পালন কৰিছোঁনে? হে আল্লাহ! আপুনি সাক্ষ্য থাকক।
আল্লাহেই সৰ্বজ্ঞ। আল্লাহে চালাত আৰু ছালাম অৱতীৰ্ণ কৰক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ আৰু তেখেতৰ চাহাবাসকলৰ ওপৰত। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে।
([1]) تعالى) তাআলা, সন্মানসূচক তথা আল্লাহৰ গুণাৱলীবিশিষ্ট শব্দ, যিটোৱে তেওঁৰ সর্বোচ্চতা আৰু পৱিত্রতাক বুজায়।
([2]) এইবোৰ ক্রমানুসাৰে সৃষ্টি হোৱাৰ আঁৰত আছে আল্লাহে বিচৰা কোনো এটা হিকমত। অন্যথা তেওঁ চকুৰ পলকতকৈও কম সময়ত গোটেই সৃষ্টিজগতক অস্তিত্ব প্ৰদান কৰিবলৈ সক্ষম। কিয়নো তেৱেঁই কৈছেঃ ‘‘তেওঁ যেতিয়া কিবা কৰিব বিচাৰে, কেৱলমাত্ৰ কয় ‘হ’, ফলত তৎক্ষণাত সেইটো হৈ যায়।’’
([3]) আৰবীয়ানসকলৰ ভাষা তথা কোৰআনৰ ভাষা অনুযায়ী কোনো বস্তু ওপৰলৈ উঠাক (استوى على شيء) বুলি কোৱা হয়। এতেকে (استوى على عرشه) ইয়াৰ অৰ্থ হৈছে, তেওঁ আৰচৰ ওপৰত উঠিছে, যিদৰে তেওঁৰ সর্বশ্রেষ্ঠ মর্যাদাৰ বাবে উপযুক্ত। কিন্তু ইয়াৰ ধৰণ সম্পৰ্কে কোনেও অৱগত নহয়। (استوى)ৰ অৰ্থ কেতিয়াও (استولى) নহয়। অর্থাৎ আধিপত্য বিস্তাৰ কৰা নহয়, যিদৰে ভ্রষ্ট লোকসকলে ধাৰণা পোষণ কৰে, দৰাচলতে সিহঁতে আল্লাহৰ সেইসমূহ গুণাৱলীৰ বাস্তৱতাক অস্বীকাৰ কৰে যিবোৰ স্বয়ং আল্লাহে নিজৰ বাবে সাব্যস্ত কৰিছে তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহক গুণান্বিত কৰিছে। সিহঁতে ভাবে যে, যদি সেইবোৰ গুণেৰে আল্লাহক গুণান্বিত কৰা হয় তেনেহ’লে তেওঁক সৃষ্টিৰ সৈতে সমতুল্য বুলি গণ্য কৰা হ’ব। প্ৰকৃততে এইটো এটা ভিত্তিহীন মতবাদ। কাৰণ সাদৃশ্য তেতিয়াহে হ’ব যেতিয়া এইদৰে কোৱা হ’ব, তেওঁৰ এই গুণাৱলী মখলুকৰ দৰে অথবা এইটো অংগ সৃষ্টিৰ দৰে। কিন্তু কোনো ধৰণৰ তুলনা, উপমা, ধৰণ-গঠন তথা সাদৃশ্যতা নিদিয়াকৈ আল্লাহৰ উপযুক্ত হিচাপে গুণাৱলীবোৰ সাব্যস্ত কৰাটোৱে হৈছে ৰাছুলসকলৰ পদ্ধতি, আৰু ইয়াৰ ওপৰতেই ছালাফসকল পৰিচালিত আছিল। এইটোৱেই সত্য, যিটোক মুমিনসকলে মজবুতভাৱে ধাৰণ কৰা অনিবাৰ্য, যদিও অধিকাংশ লোকেই ইয়াক পৰিত্যাগ কৰিছে।
([4]) ছুবহানাহু অৰ্থাৎ আল্লাহ তাআলা সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পাক তথা পৱিত্ৰ।
([5]) উদাহৰণস্বৰূপে নাস্তিক।
([6]) মু'তাযিলা হৈছে এটা পথভ্ৰষ্ট ফিৰ্কা। সিহঁতে আল্লাহৰ নাম আৰু গুণাৱলীক বিকৃত কৰিছে তথা ইয়াৰ অৰ্থৰ অপব্যাখ্যা কৰিছে, যিটো ব্যাখ্যা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্য নাছিল, তেনেকুৱা ব্যাখ্যা সিহঁতে উপস্থাপন কৰে।
([7]) সেই হাদীছৰ আলোকত য’ত কোৱা হৈছে, ‘‘ৰাতিৰ এক তৃতীয়াংশ অৱশিষ্ট থকা অৱস্থাত আমাৰ প্ৰতিপালকে দুনিয়াৰ আকাশত অৱতৰণ কৰে আৰু কয়ঃ যিয়েই মোৰ ওচৰত প্ৰাৰ্থনা কৰিব, মই তাৰ প্ৰাৰ্থনা কবূল কৰিম। যিয়েই মোৰ ওচৰত মাগিব, মই তাক দান কৰিম। যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, মই তাক ক্ষমা কৰিম”। (বুখাৰী হাদীছ নং ৭৪৯৪, মুছলিম ৭৫৮, তিৰমিজী ৩৪৯৮)
([8]) জ্বিন: জ্বিন হৈছে আল্লাহৰ এটা বিবেকসম্পন্ন সৃষ্টি। আল্লাহে তেওঁলোকক তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে, যিদৰে তেওঁ আদম সন্তানক সৃষ্টি কৰিছে। আদম সন্তানৰ সৈতে তেওঁলোকেও পৃথিৱীতেই বাস কৰে। কিন্তু আদম সন্তানে তেওঁলোকক দেখা নাপায়।
([9]) মুগীৰা ইবনু শ্বু’বা ৰাদ্বিয়াল্লাহু আনহুৰ সুত্রত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত যে, এবাৰ মূছা (আলাইহিচ্ছালামে) তেওঁৰ প্রতিপালকক সুধিছিল যে, জান্নাতত আটাইতকৈ নিম্নস্তৰৰ লোকজন কোন হ’ব? আল্লাহে কৈছিলঃ সেইজন হৈছে এনেকুৱা এজন ব্যাক্তি, যিয়ে জান্নাতীসকলক জান্নাতত প্রৱেশ কৰোৱাৰ পিছতহে প্ৰৱেশ কৰিব। তাক কোৱা হ’ব, জান্নাতত প্রৱেশ কৰা। সি ক’ব, হে মোৰ প্রতিপালক! সেইটো কেনেকৈ সম্ভৱ? জান্নাতীসকলে দেখোন নিজ নিজ আবাসৰ অধিকাৰী হৈ গৈছে। তেওঁলোকে নিজৰ নিজৰ প্রাপ্য লৈ লৈছে। তাক কোৱা হ’ব, পৃথিৱীৰ কোনো সম্রাটৰ সাম্ৰাজ্যৰ সমপৰিমাণ সম্পদ পালে তুমি সন্তুষ্ট হ’বানে? সি ক’ব, হে প্ৰতিপালক! নিশ্চয় মই অতি আনন্দিত হ’ম। আল্লাহে ক’বঃ তোমাক উক্ত পৰিমাণ সস্পদ দিয়া হ’ল। লগতে দিয়া হ’ল আৰু ইয়াৰ সমপৰিমাণ, আৰু সমপৰিমাণ, আৰু সমপৰিমাণ, আৰু সমপৰিমাণ। পঞ্চমবাৰত সি ক’বঃ মই পৰিতৃপ্ত, হে মোৰ প্ৰতিপালক! আল্লাহে ক’বঃ আৰু দহগুণ বেছিকে দিয়া হ’ল। এই সকলোবোৰ তোমাৰ বাবে। ইয়াৰ বাহিৰেও তোমাৰ বাবে আছে এনেকুৱা বস্তু, যিটোৰ দ্বাৰা অন্তৰ তৃপ্ত হয়, চকু জোৰ যায়। মানুহজনে ক’বঃ হে মোৰ প্ৰতিপালক! মই পৰিতৃপ্ত। মূছা (আলাইহিচ্ছালামে) ক’লেঃ তেওঁলোকৰ মাজত সর্বোচ্চ কোন হ’ব? আল্লাহ তা’আলাই ক’লেঃ এওঁলোক হৈছে সেইসকল লোক যিসকলৰ মর্যাদা মই চুড়ান্তভাৱে সুপ্রতিষ্ঠিত কৰিছোঁ। এনেকুৱা বস্তু তেওঁলোকৰ বাবে ৰাখিছোঁ, যিবোৰ কোনো চকুৱে দেখা পোৱা নাই, কোনো কাণেও শুনি পোৱা নাই, আনকি কাৰো অন্তৰত কল্পনাও উদয় হোৱা নাই।
([10]) সবিশেষ জানিবলৈ শ্বাইখুল ইছলাম আহমদ ইবনে তাইমীয়্যা প্রণীত ‘আল-জাৱাবুচ ছহীহ লিমান বাদ্দালা দীনাল মাছীহ গ্ৰন্থৰ প্রথম খণ্ড আৰু আল্লামা মুহাম্মদ ইবনিল কাইয়্যিম প্রণীত হিদায়াতুল হায়াৰা গ্ৰন্থ, লগতে ছীৰতে ইবনে হিশ্বাম, ইবনে কাছীৰৰ ইতিহাস গ্রন্থৰ নবুওৱতৰ অলৌকিক ঘটনাৱলী আদি চাওক।
([11]) মু‘জিযাক কোৰআনত ‘আয়াত’ বা নিদর্শন বোলা হৈছে। আৰু এইটো কোৱাই বিশুদ্ধ। মু‘জিযা শব্দটো বিশেষ অর্থত ব্যৱহৃত হয়, কাৰণ তাত অলৌকিকত্ব থাকিব লাগে।
([12]) বুটমাহৰ সমান বা তাতোকৈ সৰু ক'লা তিলকৰ নিচিনা শৰীৰত হয়, ইয়াক আৰবীত ছু'লুল বোলে। কিন্তু নবুওৱতৰ ছীল মোহৰ আছিল গোলাকৃতিৰ পূৰ্ণিমাৰ জোনৰ দৰে। আৰু ইয়াৰ ব্যাসাৰৰ্ধ আছিল পাৰ চৰাইৰ কণীৰ সমান।
([13]) ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে: ‘‘পাঁচটা বস্তুৰ ওপৰত ইছলাম প্রতিষ্ঠিত। এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, ছালাত প্রতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, বায়তুল্লাহৰ হজ্জ কৰা আৰু ৰমজানৰ ছিয়াম পালন কৰা।’’ (বুখাৰী আৰু মুছলিম) কোৰআনৰ প্রমাণাদি উল্লেখ কৰাৰ সময়ত এই আৰকানসমূহৰ বিষয়ে বিস্তাৰিত আলোচনা কৰা হ’ব।
([14]) মুছলিম (১৯৭৮), নাছায়ী (৪৪২২)
([15]) সাধাৰণতে সহায় প্ৰাৰ্থনাক আৰবীত ইস্তেআনা বোলে। আনহাতে বিপদ-আপদৰ সময়ত সহায় ভিক্ষা কৰাক ইস্তেগাছা বোলে। তথা বিপদ-আপদ দূৰ কৰাৰ বাবে আৰু আশ্ৰয় বিচাৰি কৰা প্ৰাৰ্থনাক ইস্তেআজা বোলে।
([16]) আহমদ (৫/৩১৭/২২৭৫৮), তাবৰাণী (১০/২৪৬) আলবানীয়ে ছহীহ বুলি কৈছে।
([17]) তিৰমিজী (২৫১৬), আহমদ (২৮০২), তাবৰাণী (২৮২০, ১২৯৮৯) তিৰিমিজীয়ে হাদীছটোক হাছান ছহীহ বুলি কৈছে।
([18]) আবু দাউদ (৩৯০৪), তিৰমিজী (১৩৫), ইবনু মাজাহ (৬৩৯), আলবানীয়ে ছহীহ আত-তাৰগীব অত-তাৰহীবত ছহীহ বুলি কৈছেঃ (৩০৪৭)
([19]) তাৱাক্কুল কোৱা হয়ঃ পূৰ্ণ বিশ্বাস তথা সম্পূৰ্ণ ভৰসা কৰা। আৰু ৰাজাআ শব্দৰ অৰ্থ হৈছেঃ আন্তৰিক সম্পৰ্ক= মানে মাহবুবৰ পৰা ভৱিষ্যতত কিবা আশা কৰা।
([20]) যিয়ে আল্লাহৰ একত্ববাদক মনে প্ৰাণে বিশ্বাস কৰে আৰু তেওঁৰ আনুগত্যক নত শিৰে মানি লয়, লগতে তেওঁৰ ৰাছুলৰ অনুসৰণ কৰে তেনেকুৱা ব্যক্তিকেই আল্লাহৰ অলী বোলে। ইয়াৰ মাজত কিছুমানে নিজৰ ইল্ম আৰু অধ্যাৱসায়ৰ কাৰণে পৰিচিতি লাভ কৰে, আকৌ আন কিছুমানে পৰিচিতি লাভ নকৰে। পৰিচিত জন-মানুহে তেওঁলোকক ভক্তি কৰক এইটো তেওঁলোকে নিবিচাৰে। প্ৰকৃত অলীসকলে কেতিয়াও নিজকে অলী হিচাপে প্ৰকাশ নকৰে। বৰং তেওঁলোকে নিজকে সদায় গুনাহগাৰ বুলি ভাৱে। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ আদর্শ অনুসৰণ-অনুকৰণৰ বাহিৰে তেওঁলোকৰ নিজস্ব কোনো কাপোৰ অথবা ৰূপ-ৰেখা নাই। আল্লাহৰ একত্ববাদত বিশ্বাসী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী প্ৰত্যেকজন মুছলিমেই নিজৰ যোগ্যতা আৰু আনুগত্যৰ মাপকাঠি অনুযায়ী আল্লাহৰ অলীৰ অন্তর্ভুক্ত। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট যে, যিসকলে নিজকে অলী বুলি দাবী কৰে, যাতে মানুহে সিহঁতক ভক্তি কৰে আৰু সন্মান কৰে, সেইকাৰণেই সিহঁতে নির্ধাৰিত কাপোৰো পৰিধান কৰে, সিহঁত আল্লাহৰ অলী নহয়, বৰং সিহঁত হৈছে মিছলীয়া।
([21]) এইটো সংখ্যা কিতাপখন লিখাৰ সময়ৰ, চন ১৯৭৫ৰ গণনা অনুযায়ী।
([22]) আবু দাউদ (৩৮৪২), ইবনে মাজাহ (৩২২৬), ছহীহুল জামে গ্ৰন্থত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১০৮২) ছিলছিলা ছহীহা (২০৩)
([23]) চাহাবাসকলৰ মাজত হোৱা বিবাদ সম্পৰ্কে কোনো ধৰণৰ মন্তব্য নকৰা।
([24]) মতানৈক্যৰ সৃষ্টি হ'লে।
([25]) বুখাৰী (২৬৯৭) মুছলিম (১৭১৮) শব্দবোৰ বুখাৰীৰ।
([26]) তিৰমিজী (২৬২১) নাছাঈ (৪৬৩) আহমদ (৫/৩৪৬) ছহীহুল জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে।
([27]) কিয়নো, যদি কোৰআন আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত পঢ়া হয় তেনেহ’লে সেইটো আৰু কোৰআন হৈ নাথাকে। কাৰণ, কোৰআনৰ শব্দাৱলীৰ অনুবাদ নহয়। শব্দাৱলীৰ অর্থৰহে অনুবাদ হয়। কাৰণ, ইয়াৰ আখৰ আৰু শব্দসমূহক অনুবাদ কৰিলে তাৰ অলংকাৰ আৰু তাৰ প্ৰত্যাহ্বান বা মৌজিঝা অৱশিষ্ট নাথাকে। আনকি, ইয়াৰ ফলত কিছুমান আখৰো বাদ পৰি যায়, সেয়ে ইয়াক আৰবী ভাষাৰ কোৰআন বুলি ক’ব নোৱাৰি।
([28]) যদি কোনোবাই কাৰোবাক সাৱধান কৰিব বিচাৰে বা ভুল সংশোধন কৰাব বিচাৰে তেতিয়া ‘‘ছুবহানাল্লাহ’’ কোৱা উচিত। এইটো কেৱলমাত্র ইমামে কিবা ভুল কৰিলে অথবা কম কৰিলে মুক্তাদীয়ে সাৱধান কৰিবলৈ ক’ব পাৰে আৰু মুচল্লীয়ে উদাহৰণস্বৰূপে কাৰোবাক মাতিবলৈ ব্যৱহাৰ কৰিব পাৰে। আনহাতে নাৰীসকলে সাৱধান কৰিবলৈ সোঁ হাতেৰে বাওঁ হাতৰ পিঠিত তালি দিব, কিন্তু কথা নক’ব। কিয়নো, সিহঁতৰ ধ্বনিত আছে ফিতনা।
([29]) এটা নিৰ্ধাৰিত পৰিমাণক নিছাব বুলি কোৱা হয়, যেতিয়া সম্পদ সেই পৰিমাণ হৈ যায় তেতিয়াই যাকাত ওৱাজিব হয়।
([30]) শপত ভংগৰ কাফফাৰা হৈছে এটা দাস মুক্ত কৰা অথবা ১০ জন দৰিদ্রক খাদ্য দান কৰা অথবা কাপোৰ দান কৰা। এইবোৰ কৰিবলৈ সম্ভৱ নহ’লে তিনি দিন ৰোজা ৰাখিব লাগিব।
([31]) পক্ষান্তৰে যিসকলে অলীসকলৰ কবৰত গৈ বা অন্যান্য ঐতিহাসিক স্থানত গৈ হজ্জ কৰে, সিহঁত হৈছে মুৰ্খ তথা এইবোৰ হৈছে গুমৰাহী, আনকি আল্লাহ আৰু তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ নির্দেশৰ পৰিপন্থী। ‘‘ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে- ‘‘(ছোৱাবৰ নিয়তত) কেৱল তিনিটা মছজিদলৈ ভ্ৰমণ কৰিব পাৰি; মছজিদুল হাৰাম, মোৰ এই মছজিদ আৰু মছজিদুল আকছা।’’ বুখাৰী (১১৮৯) মুছলিম (১৩৯৭) হাদীছটো আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে।
([32]) .এইদৰে আৰু এটা জাল হাদীছ ‘‘মোৰ মর্যাদাক তোমালোকে অছীলা হিচাপে গ্রহণ কৰা, কিয়নো আল্লাহৰ ওচৰত মোৰ মৰ্যাদা অতি প্রশস্ত।’’ এনেকুৱা আৰু এটা জাল হাদীছ ‘‘যিয়ে শিলৰ ওপৰত ভাল ধাৰণা পোষণ কৰিব সেইটো তাৰ উপকাৰত আহিব।’’ এনেকুৱা ধৰণৰ সকলো হাদীছেই জাল তথা মনেসজা। এইবোৰৰ কোনো সত্যতা নাই। আনকি কোনো গ্রহণযোগ্য হাদীছ গ্রন্থতো এইবোৰৰ উল্লেখ নাই। বৰং এইবোৰ অথবা এনেকুৱা ধৰণৰ জাল হাদীছসমূহ পথভ্রষ্ট আৰু উপলব্ধি নোহোৱাকৈ শ্বিৰ্ক আৰু বিদআতৰ পিনে আহ্বানকাৰী আলিমসকলৰ কিতাপসমূহত পোৱা যায়।
([33]) তাবৰানীয়ে আওচাত গ্ৰন্থত বৰ্ণনা কৰিছে (৪৪৮০) বাইহাক্বী শ্বুআইবুল ঈমান (২/১৭৩) ছিলছিলা ছহীহাত আলবানীয়ে ছহীহ বুলি কৈছে (৬/২১২)
([34]) লাব্বাইকা হাজ্জান বা লাব্বাইকা ওমৰাতান আদি জপ কৰিব। অৰ্থাৎ আল্লাহক বেছি বেছি স্মৰণ কৰিব।
([35]) তামাত্তু হৈছেঃ হজ্জৰ বতৰত যিয়ে ওমৰাহ কৰি পৰিপূৰ্ণৰূপে হালাল হয়, ফলত ইহৰামৰ কাৰণে তাৰ ওপৰত যি যি হাৰাম আছিল সেইবোৰ তেওঁ উপভোগ কৰিব পাৰে। তাৰ পিচত, ৮ তাৰিখে হজ্জৰ নিয়ত কৰি ইহৰাম পৰিধান কৰে। আনহাতে কিৰাণ হজ্জকাৰীয়ে হজ্জ আৰু ওমৰাহ একেলগে সম্পাদন কৰে, অৰ্থাৎ একে ইহৰামতে আদায় কৰে, আৰু ইফৰাদ হজ্জকাৰীয়ে কেৱল হজ্জৰ নিয়ত কৰে, ওমৰাৰ নহয়।
([36]) উট, গৰু, ছাগলী আদি চতুষ্পদ জন্তু যিবোৰক হাজীসকলে কুৰবানীৰ উদ্দেশ্যে লৈ আহি কুৰবানী কৰি নিজে খায় আৰু চাদাকাহ কৰে সেইবোৰ জন্তুক হাদী বুলি কোৱা হয়।
([37]) অৰ্থাৎ মক্কাত কাবা গৃহত আগমণৰ তাৱাফ।
([38]) কিন্তু ৰুকনে য়ামানী আৰু হাজাৰে আছৱাদৰ মধ্যৱৰ্তী স্থানত হাদীছত বৰ্ণিত এই দুআটো পাঠ কৰিব। সেইটো হৈছে,﴿رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ حَسَنَةٗ وَقِنَا عَذَابَ ٱلنَّارِ﴾ [البقرة: ٢٠١]‘‘হে আমাৰ প্ৰতিপালক! পৃথিৱীত আমাক মঙ্গল দান কৰা আৰু আখিৰাততো আমাক মঙ্গল দান কৰা আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।’’ [ছুৰা আল-বাকাৰাহ: ২০১]
([39]) ইব্ৰাহীম আলাইহিচ্ছালামৰ থিয় হোৱাৰ স্থান
([40]) ছাঈ কৰাৰ স্থান, চাফা আৰু মাৰওৱা নামৰ দুটা সৰু পাহাৰৰ মধ্যৱৰ্তী স্থানত খোজকাঢ়ি যোৱা আৰু দৌৰি যোৱাক ছাঈ বোলে।
([41]) ঈদৰ দিনা অথবা তাৰ পিছত তাৱাফ কৰিব। আনহাতে হজ্জৰ আগত যিটো তাৱাফে কুদুম কৰিছে সেইটো হৈছে নফল তাৱাফ। লগতে ইফৰাদ আৰু ক্বিৰান হজ্জকাৰী ব্যক্তিৰ বাবে এটাই ছাঈ, যদি তাৱাফে কুদুমৰ সৈতে কৰি পেলায় তেন্তে সেইটোৱে যথেষ্ট, আৰু যদি কৰা নাই তেন্তে ঈদৰ দিনা অথবা তাৰ পিছত তাৱাফে ইফাজাৰ সৈতে কৰিব।
([42]) জুলহিজ্জা মাহৰ দহ তাৰিখ ঈদৰ দিনক ইয়াওমুন নহৰ বুলি কোৱা হয়। ইয়াওমুন নহৰ এইকাৰণেই কোৱা হয় যে, সেইদিনা হাজ্জীসকলে নহৰ কৰে অৰ্থাৎ কুৰবানীৰ জন্তু জবেহ কৰে।
([43]) অৰ্থাৎ চয়তানক অপমান কৰা।
([44]) যি ঠাইত অৱস্থান কৰিছে সেই ঠাইৰ পৰা।
([45]) ফিৰিস্তা: সেইসমূহ আত্মা [তথা দেহ], যিবোৰক আল্লাহ তা’আলাই নূৰৰ পৰা সৃষ্টি কৰিছে। তেওঁলোকৰ সংখ্যা অসংখ্য। আল্লাহৰ বাহিৰে তেওঁলোকৰ সংখ্যা কোনেও গণনা কৰিব নোৱাৰে। তেওঁলোকৰ কিছুমানে আকাশত অৱস্থান কৰিছে, আৰু কিছুমানে আদম সন্তানৰ তত্ত্বাৱধানত নিয়োজিত আছে।
([46]) অর্থাৎ এজন মুছলিমে এই বিশ্বাস পোষণ কৰিব যে, আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত যিবোৰ কিতাব অৱতীর্ণ কৰিছে সেইবোৰ সত্য। সেইবোৰৰ মাজৰ পৰা কোৰআনৰ বাহিৰে আন একোৱেই অৱশিষ্ট নাই। আনহাতে ইয়াহুদী আৰু খৃষ্টানসকলৰ হাতত থকা তাওৰাত আৰু ইঞ্জীল হৈছে সিহঁতৰেই ৰচিত; কাৰণ সেইবোৰ হৈছে মতভেদপূৰ্ণ আৰু তাত সিহঁতৰ উক্তি সন্নিবিষ্ট আছে, যেনে ‘‘ইলাহ হৈছে তিনিজন’’ ‘‘ঈছা আল্লাহৰ পুত্র’’ আদি। কিয়নো প্ৰকৃত সত্য এই যে, নিশ্চয় উপাস্য হৈছে এজন, তেওঁ হৈছে আল্লাহ, আৰু ঈছা হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। এইটোৱে কোৰআনত কোৱা হৈছে। এই কথাও উল্লেখ আছে যে, কোৰআনৰ দ্বাৰা পূৰ্বৱৰ্তী সকলো গ্ৰন্থ ৰহিত হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ হাতত তাওৰাতৰ এটি পৃষ্ঠা দেখা পাই খঙত তেখেতৰ মুখমণ্ডল ৰঙা পৰিছিল আৰু কৈছিল, হে খাত্তাবৰ পুত্র! তোমাৰ কিবা সন্দেহ আছে নেকি? আল্লাহৰ শপত! যদি মোৰ ভাই মুছা আজি জীৱিত থাকিলহেঁতেন, তেনেহ’লে তেওঁ মোৰ আনুগত্য নকৰাকৈ একো কৰাৰ চেষ্টা নকৰিলেহেঁতেন। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে পৃষ্ঠাটো দলিয়াই পেলালে আৰু ক’লে, ‘‘হে আল্লাহৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)! মোৰ বাবে ক্ষমা প্রার্থনা কৰি দিয়ক।’’ আহমদ (৩/৩৮৭) জাবিৰ বিন আব্দুল্লাহৰ পৰা বৰ্ণিত, ইৰওৱাউল গালীলত শ্বাইখ আলবানীয়ে হাদীছটোক হাছান বুলি কৈছে, (১৫৮৯)
([47]) মুছলিম (১৫৩) আহমদ (২/৩১৭)
([48]) আবু দাউদ (৪৬০৭), তিৰমিজী (২৬৭৬), শব্দবোৰ ইবনু মাজাৰ (৪৩), কিছু পৰিবৰ্তনৰ সৈতে আহমদ (১৭১৪২), আলবানীয়ে ছহীহ ইবনে মাজাত ছহীহ বুলি কৈছে (৪১)
([49]) মালিকে বৰ্ণনা কৰিছে (৩৩৩৮), ছহীহুল জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২৯৩৭)
([50]) ইবনু মাজাহ (২২৪), তাবৰানী চাগীৰ (২২), ছহীহুল জামেত আলবানীয়ে ছহীহ বুলি কৈছে (৩৮০৮ আৰু ৩৮০৯)
([51]) তিৰমিজী (২৩২২), ইবনু মাজাহ (৪১১২), ছহীহুল জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১৬০৯)
([52]) বিগত তিনিটা অধ্যায়ত এই বিষয়ে আলোচনা কৰা হৈছে।
([53]) অৰ্থাৎ কোনো সৃষ্টিক ভয় কৰা আৰু কোনো সৃষ্টিৰ ওচৰত কিবা কামনা কৰা উচিত নহয়, যেনে- মুৰ্দা ব্যক্তিসকল আৰু মূৰ্ত্তি আদি। এইবোৰ আল্লাহৰ ক্ষমতাৰ মালিক নহয়। আনহাতে কিছুমান ক্ষেত্ৰত সৃষ্টিক ভয় কৰাৰ অৰ্থ হৈছে, যেনে- সিংস্ৰ প্ৰাণীক ভয় কৰা হয় বা চোৰক ভয় কৰা হয়। আনহাতে এনেকুৱা ব্যক্তিৰ ওচৰত কিবা কামনা কৰা যিটো কৰিবলৈ তাৰ সামৰ্থ আছে যেনে- কিবা কৰ্মত হাতে কামে সহায় কৰা আদি এইবোৰ হৈছে প্ৰাকৃতিক ভয় আৰু কামনা, এইক্ষেত্ৰত কোনো অপৰাধ ধৰা নহ'ব।
([54]) আনকি হালাল কৰিবলৈ লোৱা জন্তুটোক জবেহ কৰাৰ সময়তো ভাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে, যেনে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) জবেহ কৰাৰ সময়ত ছুৰীক চোকা কৰি লবলৈ নিৰ্দেশ দিছে, যাতে জবেহকৃত পশুৱে আৰাম পায়। জবেহৰ স্থান হৈছে ডিঙি বা শ্বাসনলী, সেয়ে জবেহ কৰাৰ সময়ত তেজ প্রবাহিত কৰিবলৈ এই শিৰা কাটি দিব লাগিব, যাতে সহজে তেজ প্রবাহিত হয়। উটক সন্মুখৰ দুই ভৰিৰ মাজত বুকুত আঘাত কৰি নহৰ কৰা হয়। আনহাতে জীৱ-জন্তুক বৈদ্যুতিক শ্বক দি হত্যা কৰা অথবা মূৰত আঘাত কৰি হত্যা কৰা আদি হাৰাম। এনেকুৱা জন্তুৰ মাংস খোৱা বৈধ নহয়।
([55]) এনেকুৱা কুকুৰ, যি কুকুৰে মানুহক অনিষ্ট কৰে, ইয়াৰ ভিতৰত সকলো প্ৰকাৰ সিংস্ৰ তথা অনিষ্ট প্ৰদানকাৰী জীৱ-জন্তু অন্তৰ্ভুক্ত।
([56]) ৰাষ্ট্ৰপ্ৰধান অথবা মূল ব্যক্তিয়ে
([57]) বুখাৰী (১৩), মুছলিম (৪৫) শব্দবোৰ মুছলিমৰ
([58]) এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তথ্যবহুল ভাষণ, যিটো হাদীছ গ্ৰন্থৰ বিভিন্ন কিতাবত পোৱা যায়।
([59]) আহমদ (২২৯৭৮) ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৬/১৯৯)
([60]) বুখাৰী (১০৫) মুছলিম (১৬৭৯) শব্দবোৰ বুখাৰীৰ।
([61]) অৰ্থাৎ সক্ষম অনুযায়ী
([62]) হুদুদ হৈছে এনেকুৱা দণ্ডবিধি যিটো ইছলামী চৰীয়তত অপৰাধীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
([63]) এনেকুৱা দ্ৰৱ্য যিবোৰ ব্যৱহাৰ কৰিলে শৰীৰ বিবেক আৰু অংগ প্ৰত্যংগৰ ক্ষতি হয় তথা বিকল কৰি দিয়ে।
([64]) আবু দাউদ (২/২৭৫), নাছাঈ (২/৩১৬), আহমদ (১৬৫২), আত-তাৰগীব অত-তাৰহীবত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১৪১১), আৰু চাওক ছহীহুল জামে (৪১৭২)
([65]) উদাহৰণস্বৰূৰে জিনা বা ব্যভিচাৰ আদিৰ দ্বাৰা জন্ম লাভ কৰা সন্তানে বেলেগৰ পিনে পিতৃত্বৰ সম্পৰ্ক স্থাপন কৰা। এনেকুৱা মিশ্ৰণৰ পৰা আল্লাহে সুৰক্ষা প্ৰদান কৰিছে।
([66]) বেমাৰীৰ কোনো এটা বিকল তথা ক্ষতিকাৰক অংগ বেমাৰীৰ আৰু তাৰ পৰিয়ালৰ অনুমোদন সাপেক্ষে তাৰ শৰীৰৰ নিৰাপত্তাৰ বাবেই কাটি পেলোৱা হয় আৰু কাটি পেলোৱাটোৱে উত্তম।
([67]) ইছলামী শাসনত মুছলিমসকলে যাকাত আদায় কৰে আৰু অমুছলিমসকলে জিঝয়া (কৰ) আদায় দিয়ে, জিঝয়া হৈছেঃ নিৰ্ধাৰিত এটা অংকৰ সম্পদ যিটো প্ৰাপ্তবয়স্ক পুৰুষৰ পৰা সংগ্ৰহ কৰা হয়, নাৰী, শিশু, উন্মাদ, বৃদ্ধ আৰু দৰিদ্ৰসকলৰ পৰা গ্ৰহণ কৰা নহয়। জিঝয়া হৈছে এটা নগণ্য অংকৰ ধন। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ইয়াৰ পৰিমাণ আছিল বাৰ্ষিক এক দীনাৰ। একেবাৰে কম পৰিমাণৰ এটা ধন প্ৰতিজন ধনী ব্যক্তিয়ে বছৰত এবাৰেই আদায় দিব লাগে। এইটো হৈছে ইছলামী ৰাষ্ট্ৰত নিৰাপত্তাৰ সৈতে বসবাস কৰাৰ মাচুল। ইছলামী চৰীয়তত বৈধ সকলো ধৰণৰ উপাৰ্জন আৰু জীৱন ধাৰণৰ অন্যান্য গতিবিধিত সিহঁতৰ বাবে কোনো ধৰণৰ নিষেধাজ্ঞা নাই। মুছলিমসকলৰ ফালৰ পৰা সিহঁতক ধন-সম্পদ, মান-সন্মান আদিৰ পৰিপূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ'ব। আনকি সিহঁত নিজৰ ধৰ্ম আৰু উপাসনালয়ৰ সৈতে সুৰক্ষিত। যদি মুছলিম শাসকে সিহঁতৰ প্ৰাপ্য অধিকাৰ আদায় কৰিব নোৱাৰে অৰ্থাৎ শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেন্তে সিহঁতৰ পৰা লোৱা কৰ সিহঁতক ওভতাই দিব লাগিব, কাৰণ চৰ্ত পূৰণ কৰিব পৰা নাই। আৰু সিহঁতে যদি দেশৰ হৈ প্ৰতিৰক্ষাত অংশ গ্ৰহণ কৰে তেন্তে মুছলিমসকলে সিহঁতৰ পৰা কৰ লব নোৱাৰিব। আৰু ৰাষ্ট্ৰই মুছলিমসকলৰ দৰেই সিহঁতকো চিকিৎসাৰ সুবিধা আৰু দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়োৱা উচিত।
([68]) মানুহক ইছলামৰ পৰা বঞ্চিত কৰিলে, আৰু জোৰজবৰদস্তি নকৰাকৈ সিহঁতক স্বাধীনভাৱে ইছলাম গ্ৰহণ কৰাত বাধা প্ৰদান কৰিলে ফিতনাৰ সৃষ্টি হয়।
([69]) মুৰতাদঃ ইছলাম ত্যাগ কৰি কুফৰী মতবাদলৈ উভতি যোৱাকে মুৰতাদ হোৱা বোলে। ইছলাম গ্ৰহণ কৰাৰ পাচত কোনো ধৰ্ম অথবা কোনো মতবাদ বা কোনো সংস্কৃতিয়েই ইয়াৰ ওপৰত প্ৰাধান্য পাব নোৱাৰে। কিয়নো সেইবোৰ কেতিয়াও পৰিপূৰ্ণ নহয়। মুৰতাদ হোৱাৰ আচল কাৰণ হৈছে মুছলিম সমাজত ফিতনাৰ প্ৰৱণতা, প্ৰবৃত্তিৰ কামনা-বাসনা প্ৰচেষ্টা অথবা আৰ্থিক আৰু সামাজিক কোনো উদ্দেশ্য। এইদৰে ইছলামৰ পৰা মুৰতাদ হোৱাটো ডাঙৰ অপৰাধ আৰু গুৰুত্বপূৰ্ণ প্ৰমাণাদিৰ পৰা আঁতৰি অহা বুজায়। যেনে আজিকালি দেশদ্রোহীতাক অপৰাধ হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ শাস্তি হিচাপে মৃত্যুদণ্ড প্রদান কৰা হয়। ঠিক সেইদৰে ধর্মত্যাগী ব্যক্তিও হৈছে এটা ব্যাধি যাক হত্যা নকৰাকৈ মুছলিম সমাজ কেতিয়াও সুৰক্ষিত থাকিব নোৱাৰে। কিন্তু মুৰতাদ ব্যক্তিৰ স্থিতি নির্ধাৰণ কৰা আৰু ইছলামী আইন অনুযায়ী তাক শাস্তি বিহাৰ দায়িত্ব হৈছে প্ৰশাসনৰ।প্ৰশাসনে আইনি প্ৰক্ৰিয়াৰ মাধ্যমত মুৰতাদ ব্যক্তিৰ শুনানি গ্ৰহণ কৰিব আৰু সেই অনুযায়ী শাস্তি প্ৰদান কৰি মুছলিম সমাজক সংৰক্ষণ কৰিব।
([70]) আল্লাহক নাইবা কোনো ৰাছুলক যেনে- মুহাম্মদ, মুছা, ঈছা আলাইহিমুচ্ছালামকলৈ ঠাট্টা কৰা, অথবা ইছলামৰ কোনো বিষয়ক জানি বুজি ঠাট্টা কৰা।
([71]) প্ৰাণী বা জীৱ-জন্তুৰ ছবি হাতেৰেই আঁকক বা কোনো শিল, কাঠ বা মাটিৰেই বনোৱাওক, এই আটাইবোৰেই ছবি অঙ্কনৰ শাস্তিৰ সতৰ্কৱাণীৰ অন্তৰ্ভুক্ত।
([72]) আল্লাহৰ নবী ঈছা (আলাইহিচ্ছালামে) একাধিক বিবাহক হাৰাম কৰা নাছিল। এইটো খৃষ্টানসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি ইচ্ছা অনুযায়ী কৰিছে।
([73]) মুছলিম পূণ্যৱতী নাৰীসকলে পুনৰুত্থান আৰু হিচাপ-নিকাচৰ পিছত যেতিয়া জান্নাতত প্রৱেশ কৰিব, তেতিয়া তেওঁলোকক জান্নাতবাসীসকলৰ মাজৰ যি পুৰুষক ইচ্ছা স্বামী হিচাপে গ্রহণ কৰাৰ অনুমতি দিয়া হ’ব। আৰু যদি কোনো মুছলিম নাৰীয়ে কেইবাবাৰো বিয়া হোৱাৰ পিছত মৃত্যুবৰণ কৰিছে, তেনেহ’লে পৃথিৱীত যিজন তাইৰ আটাইতকৈ প্রিয় স্বামী আছিল তেওঁ যদি জান্নাতবাসী হয়, তেন্তে তেওঁকেই বিয়া পাতিব পাৰিব।
([74]) আহমদ (১/৩৭৭, ৪১৩, ৪৫৩), ইবনে মাজাহ (২/৩৪০) ইবনে হিব্বান (১৩৯৪), হাকিম (৪/১৯৬), ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৪৫১)
([75]) আবু দাউদ (৩৮৭৪), শ্বাইখ আলবানীয়ে ছহীহুল জামেত ছহীহ বুলি কৈছে (১৭৬২)
([76]) আল্লাহে বান্দাসকলক আদেশ দিয়ে আৰু নিষেধ কৰে, তেওঁ আগৰ পৰাই জানে, কোনে তেওঁৰ আনুগত্য কৰিব আৰু কোনে তেওঁৰ অবাধ্যতা কৰিব। কিন্তু তেওঁ এই জ্ঞানটোক বাস্তৱৰূপত প্ৰকাশ কৰিব বিচাৰে যাতে বান্দাসকলক সিহঁতৰ কৃতকর্ম অনুযায়ী প্রতিদান দিব পৰা যায়। যাতে পাপী বান্দাই এইদৰে ক’ব নোৱাৰে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অন্যায় কৰিছে, কাৰণ যিটো কৰ্ম মই কৰাই নাই সেই কৰ্মৰ গুনাহৰ ফলত তেওঁ মোক শাস্তি বিহিছে। ইপিনে আল্লাহে কৈছেঃ ‘‘তোমাৰ প্ৰতিপালকে বান্দাসকলৰ প্ৰতি কেতিয়াও অন্যায় নকৰে।’’ (ছুৰা ফুচ্ছিলাতঃ ৪৬)
([77]) মুছলিম (২৯৯৯), আহমদ (৪/৩৩২), দাৰেমী (২৭৭৭)
([78]) যেনে- খাৱাৰিজসকলে ইছলামৰ নামত নিৰ্দোষী লোকসকলক হত্যা কৰে, সিহঁত ইছলামৰ শত্ৰুসকলৰ চক্ৰান্তত পতিত হৈছে।
([79]) সৰ্বশেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘‘প্রতিটো নৱজাতক প্রাকৃতিক স্বভাৱৰ (ইছলামৰ) ওপৰত জন্ম গ্ৰহণ কৰে। কিন্তু সিহঁতৰ পিতৃ-মাতৃয়ে সিহঁতক ইয়াহূদী অথবা খৃষ্টান নাইবা অগ্নিপূজক বনাই লয়।’’ এই বিশুদ্ধ হাদীছত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, নিশ্চয় প্রতিজন মানুহ ইছলামী প্রকৃতিৰ ওপৰতেই জন্ম লয় আৰু প্রাকৃতিকভাৱে সি বিশ্বাস স্থাপন কৰে। যদি তাক বাচি লবলৈ সুবিধা দিয়া হয় তেনেহ’লে নিশ্চয় সি বিনা দ্বিধাই ইছলামকে গ্রহণ কৰিব। আনহাতে ইয়াহূদী, খৃষ্টান আৰু অগ্নিপূজা আদি বাতিল মতাদৰ্শ গ্রহণ কৰাৰ কাৰণ হৈছে, সেই পৰিৱেশত ডাঙৰ দীঘল হোৱা।
([80]) বাতিনীয়াহ সম্প্রদায়ৰ কেইবাটাও উপাধি আছে, সিহঁতো বিভিন্ন দলত বিভক্ত। ভাৰত, ছিৰিয়া, ইৰান, ইৰাক আৰু অন্যান্য দেশত সিহঁত প্ৰসাৰিত হৈ আছে। সিহঁতৰ সংখ্যা সম্পর্কে পূর্বৱর্তী উলামাসকলৰ মাজৰ বহুতেই বিস্তাৰিত বর্ণনা কৰিছে। ইয়াৰ মাজত শ্বাহৰাস্তানীয়ে লিখা ‘‘আল-মিলাল অন নিহাল’’ উল্লেখযোগ্য। আনহাতে শেহতীয়া উলামাসকলৰ কিছুমানে সিহঁতৰ মাজত কিছুমান নতুন দলৰ কথাও উল্লেখ কৰিছে। যেনে-কাদিয়ানী, বাহায়ী আদি। এই দলসমূহৰ কথা যিসকলে উল্লেখ কৰিছে তেওঁলোকৰ মাজত আছে মুহাম্মাদ ছাঈদ কিলানী, তেওঁ ‘‘যাইলুল মিলাল অন নিহাল’’ত উল্লেখ কৰিছে। আৰু মদীনা মুনাওৱাৰাৰ ইছলামী বিশ্ববিদ্যালয়ৰ শিক্ষক শ্বাইখ আব্দুল কাদিৰ শ্বাইবাতুল হাম্দ তেখেতে ‘‘কিতাব আল-আদিয়ান অল ফিৰাক্ব অল মাজাহিব আল মু‘আচিৰাহ’’ গ্রন্থত এই বিষয়ে উল্লেখ কৰিছে।
([81]) ইছলামৰ ছবিত কালিমা সনা সিহঁতৰ এটা কুকৰ্ম হৈছে, মুখত চপৰিওৱা, ছুৰি আৰু শিকলিত ব্লেট বান্ধি শৰীৰত আঘাত কৰা আদি।
([82]) পৃথিৱীত পৱিত্ৰ জীৱন দান কৰিব আৰু আখিৰাতত জান্নাত।