المختصر المفيد للمسلم الجديد
নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিবলৈ কোনো নাই; আৰু যাক তেওঁ পথভ্ৰষ্ট কৰে, তাক পথ প্ৰদৰ্শনকাৰী কোনো নাই। আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল।
তাৰ পিছতঃ
সৰ্বশক্তিমান আল্লাহে আদম সন্তানক সন্মানিত কৰিছে আৰু তেওঁৰ বহুতো সৃষ্টিৰ ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। আল্লাহে কৈছে: “আৰু নিশ্চয় আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ”। (ছুৰা আল- ইছৰাঃ ৭০) আল্লাহে এই উম্মতৰ প্ৰতি তেওঁৰ সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰি আৰু তেওঁৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ পবিত্র কোৰআন নাজিল কৰি তেওঁ এই উম্মতক অধিক মৰ্যাদা প্ৰদান কৰিছে। আল্লাহে কৈছে: “তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।” (ছুৰা আলে-ইমৰাণঃ ১১০) মানুহৰ প্ৰতি আল্লাহৰ এটা মহান নিয়ামত হৈছে এই যে, তেওঁ মানুহক ইছলামী জীৱন ব্যৱস্থাৰ হিদায়ত প্ৰদান কৰিছে, আৰু এই পথত অবিচল থকাৰ বাবে দৃঢ়তা প্ৰদান কৰিছে, লগতে ইছলামী বিধি-বিধান তথা চৰীয়তৰ প্ৰতি আমল কৰাৰ তাওফীক প্ৰদান কৰিছে, মানুহৰ প্ৰতি এইটো এটা আল্লাহৰ মহান নিয়ামত। আকাৰত সৰু হ’লেও কিন্তু সমলৰে সমৃদ্ধ এই কিতাপখনৰ জৰিয়তে, নতুন মুছলিমসকলে ইছলামৰ মৌলিক বিষয়বোৰ চমুকৈ শিকিব পাৰিব, ইয়াত এই মহান ধৰ্মৰ বৈশিষ্ট্যবোৰ স্পষ্টকৈ উল্লেখ কৰা হৈছে। যেতিয়া তেওঁ এইবোৰ বুজি পাব আৰু সেই মুতাবিক আমল কৰিব, তেতিয়াহে তেওঁ ইছলামী শিক্ষাৰ পিনে আগবাঢ়িব। লগতে অধিক জ্ঞান অৰ্জন কৰিবলৈ তেওঁ সৰ্বশক্তিমান আল্লাহৰ বিষয়ে, তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে আৰু তেওঁৰ ধৰ্ম ইছলামৰ বিষয়ে জানিবলৈ আগুৱাই যাব। এইবোৰ জানিলেহে, তেওঁ আধ্যাত্মিক জ্ঞান আৰু সঠিক ইলিমৰ ভিত্তিত আল্লাহৰ ইবাদত কৰিব পাৰিব। ইয়াৰ ফলত তেওঁৰ হৃদয় আশ্বস্ত হ’ব আৰু ইবাদতৰ জৰিয়তে আল্লাৰ কাষ চাপিব পাৰিব, লগতে তেওঁৰ ঈমান বৃদ্ধি পাব আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতক অনুসৰণ কৰিব।
মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তেওঁ যেন এই কিতাপখনৰ প্ৰতিটো শব্দত বৰকত দান কৰে আৰু ইয়াৰ দ্বাৰা ইছলাম আৰু মুছলমানসকলক উপকৃত কৰে আৰু ইয়াক যাতে তেওঁ নিৰ্ভেজালভাৱে তেওঁৰ সন্তুষ্টিৰ বাবে গ্ৰহণ কৰি লয়। আৰু ইয়াৰ ছোৱাবত যাতে সকলো মুমিন মুছলমানক অন্তৰ্ভুক্ত কৰে, মৃত হওক বা জীৱিত।
আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবীসকলৰ প্ৰতি তেওঁৰ দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।
মুহাম্মাদ বিন শ্বাইবাহ আশ্ব-শ্বাহৰী
2 জুল-কাদাহ, 1441 হিজৰী
আল্লাহে কৈছেঃ হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোক তাক্বৱাৰ অধিকাৰী হোৱা। (ছুৰা আল-বাক্বাৰাহঃ ২১)
আল্লাহে কৈছেঃ তেৱেঁই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। (ছুৰা আল-হাশ্বৰ, আয়াত 22)
আল্লাহে কৈছেঃ একোৱেই তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। (ছুৰা আশ্ব-শ্বুৰাঃ ১১)
• আল্লাহেই হৈছে মোৰ ৰব্ব আৰু তেৱেঁই সকলো বস্তুৰ ৰব্ব, তেৱেঁই অধিকাৰী, তেৱেঁই সৃষ্টিকৰ্তা, তেৱেঁই জীৱিকাদাতা, সকলো বস্তু তেওঁৰেই নিয়ন্ত্ৰণাধীন।
• একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ বাহিৰে আন কোনো প্ৰতিপালকো নাই আৰু কোনো সত্য ইলাহো নাই।
• আল্লাহৰ বাবে আছে সুন্দৰ আৰু উৎকৃষ্ট বহুতো নাম আৰু গুণাৱলী, যিবোৰ তেওঁ নিজেই নিজৰ বাবে প্ৰতিষ্ঠা কৰিছে অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে চয়ন কৰিছে। এইবোৰ নাম পৰিপূৰ্ণতাৰ ক্ষেত্ৰত আৰু নিখুঁত তথা সৌন্দৰ্যৰ ক্ষেত্ৰত অতি উচ্চ শিখৰত উপনীত। একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
আল্লাহৰ কিছুমান সুন্দৰ আৰু উৎকৃষ্ট নাম আছে যেনে-
আৰ-ৰাজ্জাক্ব (জীৱিকা প্ৰদানকাৰী), আৰ-ৰাহমান (পৰম দয়ালু, পৰম কৰুণাময়, সৱাতোকৈ দয়ালু, কল্যাণময়), আল-ক্বাদীৰ (সর্বশক্তিমান, মহা ক্ষমতাধৰ), আল-মালিক (সৰ্বকৰ্তৃত্বময়, অধিপতি, মালিক),আচ-ছামিউ' (সৰ্বশ্রোতা), আচ-ছালাম (নিৰাপত্তা প্ৰদানকাৰী, শান্তি প্ৰদানকাৰী, ত্রাণকৰ্তা, দোষমুক্ত), আল-বাছীৰ (সৰ্ববিষয়-দৰ্শনকাৰী, সৰ্বদ্রষ্টা), আল-অকীলু (পৰম নির্ভৰযোগ্য কর্ম-সম্পাদনকাৰী, তত্ত্বাৱধায়ক, সহায় প্রদানকাৰী), আল-খালিক্ব (সৃষ্টিকৰ্তা, স্ৰষ্টা), আল-লাতীফ (সকলো গোপন বিষয়ে অৱগত, সূক্ষ্মদৰ্শী, অমায়িক), আল-কাফী (পৰম নির্ভৰযোগ্য), আল-গাফুৰ (পৰম ক্ষমাশীল, মার্জনাকাৰী, অতি ক্ষমাশীল)
আৰ-ৰাজ্জাক্ব: বান্দাসকলৰ জীৱিকাৰ যোগান ধৰোঁতা, যি জীৱিকা বান্দাসকলৰ ৰুহ আৰু শৰীৰৰ বাবে প্ৰয়োজনীয়।
আৰ-ৰাহমান: অসীম দয়াৰ অধিকাৰী তথা সৱাতোকৈ দয়ালু, তেওঁৰ দয়াই সকলো বস্তুকে আৱৰি আছে।
আল-ক্বাদীৰ: পৰিপূৰ্ণ ক্ষমতাৰ অধিকাৰী সর্বশক্তিমান, তেওঁ কেতিয়াও অক্ষমতা বা নিষ্ক্ৰিয়তা অনুভৱ নকৰে।
আল-মালিক: মালিক বা অধিপতি যাক মহানতা আৰু আধিপত্যৰ সকলো গুণেৰে গুণাম্বিত কৰা হয়, মালিক সেই সত্তা যিজনে সকলোকে নিয়ন্ত্ৰণ কৰে আৰু সকলোকে পৰিচালনা কৰে।
আচ-ছামিউ': সৰ্বশ্রোতা, যিজনে প্ৰকাশ্য-অপ্ৰকাশ্য প্ৰতিটো কথাই শুনা পায়।
আচ-ছালাম: যিজন নিখুঁত, দোষমুক্ত, সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ।
আল-বাছীৰ: যাৰ দৃষ্টিশক্তিয়ে সকলোকে সামৰি লয়, সেইটো যিমানেই ক্ষুদ্ৰ নহওক আৰু যিমানেই সৰু নহওক কিয়, তেওঁ সকলো বস্তুৰ আৰু সকলো বিষয়ৰ গোপন তথ্য সম্পৰ্কে অৱহিত।
আল-অকীলু: যিজনে সৃষ্টিক জীৱিকাৰ যোগান ধৰে, আৰু সিহঁতৰ সৰ্বোত্তম স্বাৰ্থত সিহঁতৰ কাম-কাজৰ তত্ত্বাৱধান কৰে; তেৱেঁই মুমিনসকলৰ সহায়কাৰী আৰু তেওঁলোকক তাওফীক প্ৰদানকাৰী, মুমিনসকলৰ সকলো কৰ্মত তেৱেঁই যথেষ্ট।
আল-খালিক্ব: পূৰ্বৱৰ্তী কোনো উপমা বা উদাহৰণ নোহোৱাকৈ যিয়ে সৃষ্টি কৰে আৰু সেইবোৰক অভূতপূৰ্বভাৱে অস্তিত্বলৈ আনিছে।
আল-লাতীফ: যিয়ে বান্দাসকলক মৰ্যাদা প্ৰদান কৰে, তেওঁলোকৰ প্ৰতি দয়া তথা ৰহম কৰে আৰু তেওঁলোকৰ দুআৰ প্ৰতি সঁহাৰি দিয়ে।
আল-কাফী: যি সত্তা বান্দাসকলৰ সকলো প্ৰয়োজনৰ বাবে যথেষ্ট, যাৰ সহায় লাভ কৰাৰ পিছত আন কাৰো সহায়ৰ প্ৰয়োজন নহয়।
আল-গাফুৰ: যি সত্তাই তেওঁৰ বান্দাসকলক পাপকৰ্মৰ অনিষ্টতাৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ বাবে তেওঁলোকক শাস্তি নিদিয়ে।
এজন মুছলিমে আল্লাহৰ আশ্চৰ্যকৰ সৃষ্টিকলৈ আৰু তেওঁৰ যা-যোগাৰকলৈ চিন্তা-চৰ্চা কৰে। ইয়াৰে এটা উদাহৰণ হৈছে যেনে- সকলো প্ৰাণীয়ে নিজৰ নিজৰ সন্তানক পোহ-পাল দিয়ে আৰু আত্মনিৰ্ভৰশীল নোহোৱালৈকে যত্ন কৰে। মহিমাময় তথা পৱিত্ৰ সেই সত্তা যিয়ে এইবোৰক সৃষ্টি কৰিছে, তথা যিয়ে সুক্ষ্মভাৱে এইবোৰক চোৱাচিতা কৰে আৰু মৰম কৰে। সৃষ্টিকৰ্তাৰ তুলনাত বান্দাসকল অতি দুৰ্বল, ইয়াৰ পিছতো আল্লাহে তেওঁলোকক সহায় কৰে আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰে, এইটো তেওঁৰ চেনেহৰ অন্যতম এটা নিদৰ্শন।
আল্লাহে কৈছেঃ নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ মঙ্গলকামী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু। (ছুৰা আত-তাওবা, আয়াত 128)
আল্লাহে কৈছেঃ আৰু আমি তোমাক বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। (ছুৰা আল-আম্বিয়াঃ ১০৭)
প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰহমত
তেওঁ হৈছে মুহাম্মাদ ইবনে আব্দুল্লাহ, সৰ্বশেষ নবী আৰু ৰাছুল। মহান আল্লাহে তেওঁক সমগ্ৰ মানৱজাতিৰ ওচৰলৈ ইছলাম ধৰ্মৰ বাৰ্তাৰ সৈতে প্ৰেৰণ কৰিছে, যাতে তেওঁ সিহঁতক কল্যাণৰ পথ দেখুৱায়, ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কল্যাণটো হৈছে তাওহীদ (একত্ববাদ) সম্পৰ্কে জ্ঞান অৰ্জন কৰা; আৰু সিহঁতক যাতে অনিষ্টৰ পৰা বিৰত ৰাখে, আটাইতকৈ ডাঙৰ অনিষ্ট হৈছে শ্বিৰ্ক।
তেওঁৰ আনুগত্য কৰা, তেওঁ যি সংবাদ দিছে সেইবোৰ বিশ্বাস কৰা আৰু সমৰ্থন কৰা বাধ্যতামুলক। লগতে তেওঁ যিবোৰ বিষয় নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। আৰু আল্লাহৰ ইবাদত সেই পদ্ধতি অনুযায়ী কৰা উচিত যিটো পদ্ধতিক তেওঁ অনুমোদন জনাইছে।
তেওঁৰ আৰু তেওঁৰ পূৰ্বৱৰ্তী সকলো ৰাছুলৰ এইটোৱে বাৰ্তা আছিল যে, একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান বিশেষত্ব:
সততা, দয়া, সহনশীলতা, ধৈৰ্য্য, সাহসিকতা, উদাৰতা, ভাল আচৰণ, নিৰপেক্ষতা, শালীনতা, ক্ষমা।
আল্লাহে কৈছেঃ হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ। (ছুৰা আন-নিছাঃ ১৭৪)
পৱিত্ৰ কোৰআন হৈছে আল্লাহৰ বাণী, যিটো তেওঁ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে আৰু সিহঁতক ছিৰাতে মুছতাক্বীমৰ (সঠিক পথৰ) হিদায়ত দিব পাৰে।
যিয়ে এই কিতাব তিলাৱত কৰিব তেওঁ বৃহৎ ছোৱাব অৰ্জন কৰিব, আৰু যিয়ে ইয়াৰ ওপৰত আমল কৰিব, তেওঁ প্ৰকৃত সত্য পথ পাব।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ইছলামৰ স্তম্ভ হৈছে পাঁচটা– এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, চালাত (নামাজ) প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ৰোজা পালন কৰা, হজ্জ কৰা”
ইছলামৰ আৰকানসমূহ হৈছে বাহ্যিক ইবাদত, যিবোৰ দায়ত্বশীলতাৰ সৈতে পালন কৰা প্ৰতিজন মুছলমানৰ বাবে অনিবাৰ্য। এইবোৰ বিশ্বাস নকৰাকৈ তথা এইবোৰৰ প্ৰতি আমল নকৰাকৈ কোনেও মুছলিম হ’ব নোৱাৰে। কিয়নো ইছলাম এইবোৰ স্তম্ভৰ ওপৰতে প্ৰতিষ্ঠিত। সেইকাৰণেই এইবোৰক ইছলামৰ আৰকান বুলি কোৱা হয়।
ইছলামৰ আৰকানসমূহ যেনে-
প্ৰথম ৰুকুন বা স্তম্ভঃ এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।
আল্লাহে কৈছেঃ জানি থোৱা যে, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। (ছুৰা মুহাম্মদঃ ১৯)
আল্লাহ তাআলাই কৈছেঃ নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ মঙ্গলকামী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু। (ছুৰা আত-তাওবা, আয়াত 128)
“লা ইলাহা ইল্লাল্লাহৰ”ৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই।
আনহাতে “মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহৰ ৰাছুল” বুলি সাক্ষ্য দিয়াৰ অৰ্থ হৈছে, তেওঁ দিয়া আদেশবোৰ পালন কৰা আৰু তেওঁ যিবোৰ সংবাদ দিছে সেইবোৰক বিশ্বাস কৰা তথা সমৰ্থন কৰা বাধ্যতামূলক, লগতে তেওঁ যিবোৰ বিষয়ে নিষেধাজ্ঞা জাৰি কৰিছে সেইবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। আৰু আল্লাহৰ ইবাদত সেইমতেই কৰা উচিত যিদৰে চৰীয়তে অনুমোদন জনাইছে।
দ্বিতীয় ৰুকুন বা স্তম্ভ: চালাত (নামাজ) প্ৰতিষ্ঠা কৰা।
আল্লাহে কৈছেঃ তোমালোকে চালাত (নামাজ) প্ৰতিষ্ঠা কৰা। (ছুৰা আল-বাক্বাৰাহ: 110)
• চালাত (নামাজ) সেইদৰেই আদায় কৰিব লাগিব যিদৰে আল্লাহে নিৰ্ধাৰিত কৰিছে তথা যিদৰে আমাৰ ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক শিকাইছে।
তৃতীয় ৰুকুন বা স্তম্ভ: যাকাত আদায় কৰা।
আল্লাহে কৈছেঃ আৰু যাকাত প্ৰদান কৰা। (ছুৰা আল-বাক্বাৰাহ: 110)
• আল্লাহে মুছলমানসকলৰ ঈমানৰ সত্যতা পৰখ কৰিবলৈ যাকাত ফৰজ কৰিছে, আৰু আল্লাহে দিয়া সম্পত্তিৰ বাবে আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ উপায় হিচাপে আৰু অভাৱী দৰিদ্ৰসকলক সহায় কৰাৰ উপায় হিচাপে অনিবাৰ্য কৰিছে।
• যাকাত পোৱাৰ যোগ্য হিতাধিকাৰীক যাকাত প্ৰদান কৰিলেহে যাকাত আদায় হয়।
• যদি সম্পদ এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হয় তেতিয়া যাকাত প্ৰদান কৰাটো অনিবাৰ্য হৈ পৰে। আঠ শ্ৰেণীৰ লোকক যাকাতৰ ধন দিব পাৰি, এই আঠ শ্ৰেণীৰ কথা আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছে, তাৰ ভিতৰত আছে ফকীৰ আৰু মিছকীন।
• যাকাত আদায় কৰাটো হৈছে দয়া আৰু সহানুভূতিৰ কাম, ই মুছলমানসকলৰ চৰিত্ৰ আৰু সম্পত্তি বিশুদ্ধ কৰে; দৰিদ্ৰ, অভাৱীলোকক সান্ত্বনা দিয়ে, আৰু মুছলমান সমাজত প্ৰেম আৰু ভাতৃত্ববোধৰ বান্ধোন মজবুত কৰে। সেয়েহে, এজন প্ৰকৃত মুছলমানে আন্তৰিকতাৰে যাকাত আদায় কৰে যিটোৰ দ্বাৰা তেওঁ আনলৈ সুখ- শান্তি কঢ়িয়াই আনে।
• যাকাতৰ পৰিমাণ হৈছে সঞ্চয় কৰা সম্পত্তিৰ 2.5%। সেয়া হওক সোণ, ৰূপ, নগদ ধন অথবা লাভৰ বাবে ক্ৰয় কৰা আৰু বিক্ৰীৰ বাবে আৱণ্টন কৰা বাণিজ্যিক সামগ্ৰী। যাকাত তেতিয়াহে আদায় কৰা হয় যেতিয়া সঞ্চয় কৰা সম্পত্তিৰ মূল্য নিছাবত উপনীত হয় অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণত উপনীত হয় আৰু ব্যক্তিজনৰ অধিকাৰত থাকোঁতে সম্পত্তিখিনিৰ ওপৰত এক চন্দ্ৰ বৰ্ষ পাৰ হয়।
• এইদৰে ঘৰচীয়া চতুষ্পদ জন্তু যেনে উট, ভেড়া, গৰু আৰু ছাগলী যেতিয়া এটা নিৰ্দিষ্ট সংখ্যাত উপনীত হয় তেতিয়া সেইবোৰৰো যাকাত আদায় কৰাটো বাধ্যতামূলক হৈ পৰে, যদিহে বছৰটোৰ অধিকাংশ সময় এই জন্তুবোৰে পথাৰত ঘাঁহ বন খায় চৰে, মালিকে যদি কিনি খোৱাবলগীয়া নহয়।
• এইদৰে কৃষিভূমিৰ পৰা উৎপাদিত শস্য, ফল-মূল, খনিজ দ্ৰৱ্য আৰু ভাণ্ডাৰ নিৰ্দিষ্ট পৰিমাণত উপনীত হয় তেন্তে সেইবোৰৰো যাকাত আদায় কৰা বাধ্যতামূলক।
চতুৰ্থ ৰুকন বা স্তম্ভঃ ৰমাজান মাহৰ চিয়াম (ৰোজা) পালন কৰা।
আল্লাহে কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত চিয়াম (ৰোজা) ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা। [ছুৰা আল-বাক্বাৰাহ: 183] (ছুৰা আল-বাক্বাৰাহ: 110)
• ৰমাজান হৈছে ইছলামিক হিজৰী কেলেণ্ডাৰৰ নৱম মাহ। মুছলিমসকলে ৰমাজান মাহক সন্মান কৰে আৰু বছৰৰ আন আন মাহতকৈ ইয়াক বিশেষ মৰ্যাদা দিয়ে। গোটেই ৰমাজান মাহ ৰোজা ৰখাটো ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম এটা স্তম্ভ।
• ৰমাজানৰ ৰোজা হৈছে, ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈকে খোৱা-বোৱা, সেৱন কৰা আৰু যৌন সম্ভোগকে আদি কৰি সকলো প্ৰকাৰ ৰোজা ভঙ্গকাৰী বিষয়ৰ পৰা বিৰত থকাৰ নামেই হৈছে ৰোজা। সম্পূৰ্ণ ৰমজান মাহৰ গোটেই দিনবোৰ এনেকৈ পাৰ কৰিব লাগে।
পঞ্চম ৰুকন বা স্তম্ভ: আল্লাহৰ পৱিত্ৰ ঘৰৰ হজ্জ কৰা
আল্লাহে কৈছেঃ আৰু সামৰ্থৱান মানুহৰ বাবে আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ ওপৰত ফৰজ। (ছুৰা আলে-ইমৰাণঃ ৯৭)
• হজ্জ কেৱল সেইসকল লোকৰ বাবে জীৱনত কেৱল এবাৰেই বাধ্যতামূলক, তাত যাবলৈ যিসকলৰ সামৰ্থ আছে। হজ্জ হৈছে এটা নিৰ্দিষ্ট সময়ত কিছুমান নিৰ্দিষ্ট ইবাদত কৰিবলৈ মক্কাৰ পৱিত্ৰ কাবা গৃহৰ উদ্দেশ্য আৰু তাত থকা কিছুমান পৱিত্ৰ স্থানৰ উদ্দেশ্যে ভ্ৰমণ কৰা। নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামেও হজ্জ কৰিছিল আৰু তেওঁৰ আগত অহা নবীসকলেও হজ্জ পালন কৰিছিল। আল্লাহে নবী ইব্ৰাহীম আলাইহিচ্ছামক আদেশ দিছিল যে, তেওঁ যেন মানুহক হজ্জ কৰিবলৈ অহাৰ বাবে ঘোষণা দিয়ে। এই বিষয়টো উল্লেখ কৰি আল্লাহে পৱিত্ৰ কোৰআনত কৈছে: ‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি; (ছুৰা আল-হাজ্জঃ ২৭)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া ঈমানৰ বিষয়ে সোধা হৈছিল তেতিয়া তেখেতে কৈছিল: “তুমি বিশ্বাস স্থাপন কৰা আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা কিতাপসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি, অন্তিম দিৱস অৰ্থাৎ কিয়ামতৰ প্ৰতি, লগতে ভাগ্যৰ প্ৰতি, মঙ্গল হওক বা অমঙ্গল”।
ঈমানৰ আৰকান বা স্তম্ভসমূহ হৈছে দৰাচলতে অন্তৰৰ ইবাদত, যিবোৰ বিশ্বাস কৰা প্ৰতিজন মুছলিমৰ বাবে অত্যন্ত জৰুৰী। সেই স্তম্ভসমূহৰ ওপৰত ঈমান পোষণ নকৰাকৈ কোনেও মুছলিম হ’ব নোৱাৰে। এই কাৰণেই এইবোৰক ঈমানৰ স্তম্ভ বুলি কোৱা হয়। ঈমানৰ আৰকান আৰু ইছলামৰ আৰকানসমূহৰ মাজত পাৰ্থক্য হৈছে, ইছলামৰ আৰকানসমূহ হৈছে এনেকুৱা ইবাদত যিবোৰ দৃশ্যমান আৰু মানুহে শৰীৰৰ অংগ-প্ৰত্যংগৰ জৰিয়তে এইবোৰ পালন কৰে। যেনে শ্বাহাদাতাইনৰ স্বীকাৰোক্তি দিয়া, নামাজ আৰু যাকাত আদি। আনহাতে ঈমানৰ আৰকানসমূহৰ সম্পৰ্ক হৈছে অন্তৰৰ সৈতে, এইবোৰ হৈছে আন্তৰিক ইবাদত, মানুহে অন্তৰৰ দ্বাৰা এইবোৰ পালন কৰে। যেনে- আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, তেওঁৰ কিতাবসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস স্থাপন কৰা।
ঈমানৰ ভাৱৰ্থ আৰু ইয়াৰ অৰ্থ: ঈমান হৈছে আল্লাহৰ প্ৰতি দৃঢ় বিশ্বাস স্থাপন কৰা আৰু তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি, কিয়ামত দিৱসৰ প্ৰতি আৰু ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি আন্তৰিকতাৰে দৃঢ় বিশ্বাস পোষণ কৰা। ইয়াৰ উপৰিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অনুসৰণ কৰি সেইবোৰক বাস্তৱায়ন কৰা। মৌখিকভাৱে বাস্তৱায়ন কৰিবলগীয়া ইবাদত যেনে- শ্বাহাদাহ উচ্চাৰণ কৰা, কোৰআন তিলাৱত কৰা, তাছবীহ (ছুবহান্নাল্লাহ পাঠ) তাহলীল (আল্লাহু আকবাৰ পাঠ) কৰা, আৰু আল্লাহৰ প্ৰশংসা কৰা;
অংগ-প্ৰত্যংগৰ দ্বাৰা বাস্তৱায়ন কৰিবলগীয়া দৃশ্যমান ইবাদত যেনে- নামাজ, হজ্জ আৰু ৰোজা; অন্তৰৰ সৈতে সম্পৰ্কীয় ইবাদত যেনে- আল্লাহক ভাল পোৱা, আল্লাহক ভয় কৰা, আল্লাহৰ ওপৰত ভৰসা কৰা আৰু একমাত্ৰ তেওঁৰ বাবেই নিষ্ঠা সহকাৰে সকলো আমল কৰা।
বিশেষজ্ঞ উলামাসকলে ঈমানৰ সংজ্ঞা এইদৰে বৰ্ণনা কৰিছে: অন্তৰেৰে বিশ্বাস কৰা, মুখেৰে প্ৰকাশ কৰা আৰু শৰীৰৰ অংগ-প্ৰত্যংগৰ জৰিয়তে আমলত পৰিণত কৰা। নেক কৰ্ম কৰিলে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্ম কৰিলে ঈমান হ্ৰাস পায়।
ঈমানৰ প্ৰথম স্তম্ভ: আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা
আল্লাহে কৈছেঃ নিশ্চয় মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে। [ছুৰা আন-নূৰ: 62]
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ অৰ্থ হৈছে, ৰূবুবিয়্যত বা প্ৰভুত্বৰ ক্ষেত্ৰত আল্লাহক একক বুলি মানিব লাগিব, ইবাদতৰ ক্ষেত্ৰতো লগতে তেওঁৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰতো তেওঁক একক বুলি বিশ্বাস কৰিব লাগিব। নিম্নলিখিত বিষয়বোৰ ইয়াৰ অন্তৰ্ভুক্ত:
• পৱিত্ৰ মহান আল্লাহৰ অস্তিত্বৰ প্ৰতি ঈমান
• পৱিত্ৰ মহান আল্লাহৰ ৰূবুবিয়্যত বা প্ৰভুত্বক বিশ্বাস কৰা আৰু এই কথা বিশ্বাস কৰা যে, তেৱেঁই সকলো বস্তুৰ মালিক, সেইবোৰৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা আৰু সকলোৰে পৰিচালক।
• এইদৰে আল্লাহৰ উলুহিয়্যতত বিশ্বাস কৰা, অৰ্থাৎ একমাত্ৰ আল্লাহেই ঈবাদতৰ যোগ্য। এইবোৰত তেওঁৰ কোনো অংশীদাৰ নাই, যেনে- নামাজ, দুআ, নজৰ বা মান্নত, জন্তুৰ কুৰবানী, সহায় প্ৰাৰ্থনা, আশ্ৰয় প্ৰাৰ্থনা, ইয়াৰ বাহিৰেওঁ অন্যান্য যিবোৰ ইবাদত আছে, সেই সকলোবোৰত তেওঁৰ কোনো অংশীদাৰ নাই।
• তেওঁৰ সেইসমূহ সুন্দৰ নাম আৰু সুউচ্চ গুণাৱলীৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিবোৰ তেওঁ নিজেই নিজৰ বাবে সাব্যস্ত কৰিছে অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে সাব্যস্ত কৰিছে। লগতে সেই সকলোবোৰ নাম আৰু ছিফাত পৰিত্যাগ কৰা উচিত যিবোৰ তেওঁ ৰখা নাই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও সমৰ্থন কৰা নাই। আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীসমূহ নিখুঁত হোৱাৰ ক্ষেত্ৰত আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ উচ্চ শিখৰত উপনীত। তেওঁৰ সৈতে তুলনা কৰিব পৰা একোৱেই নাই, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
ঈমানৰ দ্বিতীয় স্তম্ভ: ফিৰিস্তাসকলৰ প্ৰতি বিশ্বাস কৰা
আল্লাহে কৈছেঃ আল্লাহে কৈছে: সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, যিজনে ফিৰিস্তাসকলক বাৰ্তা বাহকৰূপে নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকাবিশিষ্ট। তেওঁ সৃষ্টিসকলৰ মাজত যি ইচ্ছা কৰে সেইটোৱে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। [ছুৰা ফাতিৰ: 1]
আমি বিশ্বাস কৰোঁ যে, ফিৰিস্তাসকলে অদৃশ্য জগতত বাস কৰে, আৰু তেওঁলোক হৈছে আল্লাহৰ বান্দা, তেওঁলোকক আল্লাহে নূৰৰ দ্বাৰা সৃষ্টি কৰিছে আৰু তেওঁলোকক বনাইছে তেওঁৰ আনুগত্যকাৰী আৰু তেওঁৰ ওচৰত নত স্বীকাৰকাৰী।
তেওঁলোক হৈছে আল্লাহৰ এক মহান সৃষ্টি, তেওঁলোকৰ সংখ্যা আৰু সামৰ্থ্য সম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। তেওঁলোকৰ প্ৰত্যেকৰে আছে নাম আৰু বৈশিষ্ট্য, লগতে আল্লাহে তেওঁলোকক বিশেষ বিশেষ কামত নিয়োজিত কৰি ৰাখিছে। তেওঁলোকৰ মাজত আছে জিব্ৰীল আলাইহিচ্ছালাম, আল্লাহে তেওঁক অহীৰ দায়িত্ব অৰ্পন কৰিছে। তেওঁ আল্লাহৰ আদেশত ৰাছুলসকলৰ ওচৰলৈ অহী আনে।
ঈমানৰ তৃতীয় স্তম্ভ: আচমানী কিতাবসমূহৰ প্ৰতি ঈমান
আল্লাহে কৈছেঃ তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে (সেই কিতাবৰ প্ৰতি), লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কাকো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
• এই কথা দৃঢ়ভাৱে বিশ্বাস কৰিব লাগিব যে, সকলো আচমানী গ্ৰন্থই হৈছে আল্লাহৰ বাণী।
• আৰু সেইবোৰ আল্লাহৰ ফালৰ পৰা বান্দাসকলৰ বাবে তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল, য’ত আছে স্পষ্ট সত্য।
• আমি এই কথা বিশ্বাস কৰোঁ যে, নিশ্চিতভাৱে আল্লাহে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সমগ্ৰ মানৱজাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছে, আৰু তেওঁৰ চৰীয়তৰ মাধ্যমত অতীতৰ সকলো চৰীয়ত ৰহিত হৈছে। আৰু তেওঁ কোৰআনে কাৰীমক তদাৰককাৰীৰূপে অৱতীৰ্ণ কৰিছে, ই সকলো আচমানী গ্ৰন্থক সমৰ্থন কৰে আৰু পূৰ্বৱৰ্তী গ্ৰন্থসমূহক ৰহিত কৰিছে। মহান আল্লাহে কোৰআনক পৰিবৰ্তন-পৰিবৰ্ধন আৰু বিকৃত হোৱাৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি তথা নিশ্চয়তা প্ৰদান কৰিছে আৰু ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। মহান আল্লাহে কৈছে: নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক। (ছুৰা হিজৰঃ ৯) • কাৰণ কোৰআন হৈছে মানৱজাতিৰ বাবে অৱতীৰ্ণ কৰা আল্লাহৰ সৰ্বশেষ কিতাব, আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে সৰ্বশেষ ৰাছুল, আৰু ইছলাম ধৰ্মই হৈছে সেই ধৰ্ম, যাক আল্লাহে কিয়ামত দিৱসলৈকে মানৱজাতিৰ বাবে মনোনীত কৰিছে। মহান আল্লাহে কৈছে: নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন। (ছুৰা আলে-ইমৰাণঃ ১৯)
আল্লাহে কোৰআনত উল্লেখ কৰা আচমানী গ্ৰন্থবোৰ হৈছে:
পৱিত্ৰ কোৰআন: আল্লাহে এইখন অৱতীৰ্ণ কৰিছে তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।
তাওৰাত: এইখন আল্লাহে তেওঁৰ নবী মূছা আলাইহিচ্ছামৰ ওপৰত অৱতীৰ্ণ কৰিছিল।
ইঞ্জীল: এইখন আল্লাহে তেওঁৰ নবী ঈছা আলাইহিচ্ছামৰ ওপৰত অৱতীৰ্ণ কৰিছিল।
ঝাবুৰ: এইখন আল্লাহে অৱতীৰ্ণ কৰিছিল তেওঁৰ নবী দাঊদ আলাইহিচ্ছামৰ ওপৰত।
চুহুফে ইব্ৰাহীম: এইখন আল্লাহে অৱতীৰ্ণ কৰিছিল তেওঁৰ নবী ইব্ৰাহীম আলাইহিচ্ছালামৰ ওপৰত।
ঈমানৰ চতুৰ্থ স্তম্ভ: ৰাছুলসকলৰ প্ৰতি ঈমান
আল্লাহে কৈছেঃ আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলোঁ এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। (ছুৰা নাহলঃ ৩৬)
• আমি এই কথা দৃঢ়ভাৱে বিশ্বাস কৰিব লাগিব যে, আল্লাহে প্ৰত্যেক জাতিৰ ওচৰলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিল, তেওঁলোকে মানুহক একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিছিল, যাৰ কোনো অংশীদাৰ নাই। লগতে তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় সেইবোৰক অস্বীকাৰ কৰিবলৈ আহ্বান জনাইছিল।
• আমি বিশ্বাস কৰিব লাগিব যে, সকলো নবীয়ে আছিল মানুহ, পুৰুষ আছিল, আল্লাহৰ বান্দা তথা সৎ আৰু নিষ্ঠাৱান আছিল, ধাৰ্মিক আৰু বিশ্বাসযোগ্য, পথপ্ৰদৰ্শক তথা হিদায়তপ্ৰাপ্ত আছিল। আল্লাহে তেওঁলোকক মূজিজা বা অলৌকিক ঘটনাৰ দ্বাৰা সমৰ্থন কৰিছিল, যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল। তেওঁলোকে সেই সকলো তথ্য-পাতি মানুহক জনাই দিছিল যিবোৰ জনাই দিবলৈ আল্লাহে তেওঁলোকক দায়িত্ব অৰ্পন কৰিছিল। তেওঁলোক সকলোৱে আছিল স্পষ্ট সত্য আৰু হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত।
• প্ৰথম নবীৰ পৰা শেষ নবীলৈকে ধৰ্মৰ মৌলিক বিষয়বোৰৰ দাৱাতৰ ক্ষেত্ৰত তেওঁলোক সকলোৰে এটাই বাৰ্তা আছিল। সেইটো হৈছে তাওহীদে উলুহিয়্যত অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, ইবাদতত কাকো অংশীদাৰ নকৰিবা।
ঈমানৰ পঞ্চম স্তম্ভ: অন্তিম দিৱসৰ প্ৰতি ঈমান
আল্লাহে কৈছেঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন আছে? [ছুৰা আন- নিছা: 87]
• সৰ্বশেষ দিৱস সম্পৰ্কে যি যি বৰ্ণনা হৈছে সেইবোৰৰ প্ৰতি আমি দৃঢ় বিশ্বাস স্থাপন কৰিব লাগিব। আল্লাহে পৱিত্ৰ কোৰআনত এই বিষয়ে যি উল্লেখ কৰিছে অথবা নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ পৰা যিবোৰ বিষয় উল্লেখ কৰিছে তাৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখিব লাগিব যেনে- মানুহৰ মৃত্যু, পুনৰুত্থান, শ্বাফাআত, মিজান (আমল ওজন কৰা তুলাচনী), হিচাপ-নিকাচ, জান্নাত, জাহান্নাম ইত্যাদি।
ঈমানৰ ষষ্ঠ স্তম্ভ: ভাগ্যৰ প্ৰতি ঈমান, মঙ্গল হওক বা অমঙ্গল
আল্লাহে কৈছেঃ নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ। [ছুৰা আল-ক্বামাৰ: 49]
• আমি বিশ্বাস কৰিব লাগিব যে, এই পৃথিৱীত সৃষ্টিৰ ওপৰত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ জ্ঞান অনুসাৰে আৰু তেওঁৰ নিৰ্ধাৰিত ভাগ্যৰ ফলত আৰু একমাত্ৰ তেওঁৰ তাদবীৰ অনুযায়ীহে সংঘটিত হয়, এই ক্ষেত্ৰত আল্লাহৰ কোনো অংশীদাৰ নাই। আৰু নিশ্চিতভাৱে এই ভাগ্য আল্লাহে মানৱ সৃষ্টিৰ পূৰ্বেই লিখি থৈছিল। আৰু আল্লাহে মানুহক ইচ্ছা আৰু চাহিদাৰ স্বাধীনতা প্ৰদান কৰিছে, গতিকে মানুহে যি কৰ্ম কৰে সেইবোৰৰ বাবে সিহঁত নিজেই দায়ী, কিন্তু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ ইচ্ছা আৰু চাহিদাৰ বাহিৰত নহয়।
ভাগ্যৰ প্ৰতি ঈমানৰ চাৰিটা স্তৰ আছে:
প্ৰথম: এই কথাৰ প্ৰতি ঈমান ৰাখিব লাগিব যে, আল্লাহৰ জ্ঞানে সকলোকে আয়ত্ত কৰি ৰাখিছে।
দ্বিতীয়: এই কথাৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব যে, কিয়ামতলৈকে যি যি হ’ব সেই সকলোবোৰ আল্লাহে লিপিবদ্ধ কৰি ৰাখিছে।
তৃতীয়: আল্লাহৰ কাৰ্যবাহী ইচ্ছা আৰু তেওঁৰ পৰিপূৰ্ণ ক্ষমতাৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। তথা এই বিশ্বাস ৰাখিব লাগিব যে, তেওঁ যি ইচ্ছা কৰে সেইটোৱে হয়, আৰু তেওঁ যিটো ইচ্ছা নকৰে সেইটো কেতিয়াও নহয়।
চতুৰ্থ: এই কথাৰ প্ৰতি ঈমান ৰাখিব লাগিব যে, আল্লাহেই সকলো বস্তুৰ সৃষ্টিকৰ্তা, সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই।
আল্লাহে কৈছেঃ নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভালপায় আৰু অধিক পৱিত্ৰতা অৰ্জনকাৰীসকলক ভালপায়। [ছুৰা আল-বাক্বাৰাহ: 222]
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ অজু কৰা, মোৰ এই অজুৰ দৰে।
নামাজৰ মহান মৰ্যাদা থকাৰ কাৰণেই আল্লাহে ইয়াৰ আগত পৱিত্ৰতা অৰ্জন কৰাটো চৰীয়তৰ অন্তৰ্ভুক্ত কৰিছে। আৰু পৱিত্ৰতাক নামাজৰ গ্ৰহণযোগ্যতাৰ চৰ্ত হিচাপে গণ্য কৰিছে। পৱিত্ৰতা হৈছে নামাজৰ চাবিকাঠি। ইয়াৰ ফজিলতে অন্তৰক নামাজ আদায় কৰিবলৈ আগ্ৰহী কৰি তোলে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পৱিত্ৰতা হৈছে ঈমানৰ অৰ্দ্ধাংশ… আৰু নামাজ হৈছে নূৰ
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ যিয়ে সুন্দৰভাৱে তথা নিখুঁতভাৱে অজু কৰে, তাৰ গুনাহসমূহ শৰীৰৰ পৰা ওলাই যায়।
সেয়েহে, বান্দাই অজু কৰি শাৰীৰিক পৱিত্ৰতা অৰ্জন কৰে আৰু নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰি ৰুহানি পৱিত্ৰতা অৰ্জন কৰে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনাৰ অনুসৰণ কৰি আল্লাহৰ সন্মুখত থিয় দিয়ে।
যিবোৰ ইবাদতৰ বাবে অজু কৰাটো বাধ্যতামূলকঃ
1. ফৰজ, ছুন্নত, নফল নামাজৰ বাবে।
2. কাবা ঘৰৰ তাৱাফ কৰাৰ বাবে।
3. কোৰআন স্পৰ্শ কৰিবলৈ।
অজু আৰু গোছল কৰিবলৈ বিশুদ্ধ তথা পৱিত্ৰ পানী ব্যৱহাৰ কৰিব লাগে।
পৱিত্ৰ পানী হৈছেঃ প্ৰত্যেক সেই পানী যিটো আকাশৰ পৰা অৱতীৰ্ণ হয় অথবা মাটিৰ পৰা ওলাই আহে, যাৰ মৌলিক গুণ অৱশিষ্ট থাকে আৰু তিনিটা গুণৰ এটাও যাতে পৰিবৰ্তন নহয়, সেই তিনিটা গুণ হৈছে যেনে- ৰং, সোৱাদ আৰু গোন্ধ। এইবোৰৰ যিকোনো এটা পৰিবৰ্তন হ’লেই সেইটোক বিশুদ্ধ পানী বুলি গণ্য কৰা নহ’ব।
আহক অজু শিকোঁ
1– অন্তৰত নিয়্যত কৰা। নিয়্যতৰ অৰ্থ হৈছে, ইবাদতৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ অন্তৰত দৃঢ় সংকল্প কৰাকে নিয়্যত বোলে।
2- দুই হাতৰ মুঠিৰ কব্জা লৈকে ধোৱা।
3–কুলি কৰা।
কুলি কৰাৰ অৰ্থ হৈছে, মুখ গহ্বৰত পানীলৈ অলপ সময় ঘূৰাব লাগে আৰু তাৰ পিছত উলিয়াই দিব লাগে।
4– নাকত পানী দিয়া
ইস্তিনছাক: উশাহৰ সৈতে নাকৰ ভিতৰ ভাগলৈ পানী টানি লোৱাক ইস্তিনছাক বোলে।
ইস্তিনচাৰ: ইয়াৰ পিছত নাকৰ পৰা খেঙুন আৰু তেনে ধৰণৰ যি আছে সেইবোৰ উলিয়াই পেলোৱাক ইস্তিনচাৰ বোলে।
5– মুখমণ্ডল ধোৱা।
মুখমণ্ডলৰ পৰিসীমা:
মূৰৰ সন্মুখৰ ভাগক মুখমণ্ডল বোলে।
প্ৰশস্থ: এখন কাণৰ পৰা আন এখন কাণৰ মধ্যৱৰ্তী অংশ।
দৈৰ্ঘ্য: কপালৰ ওপৰত সচৰাচৰ যি স্থানত মূৰৰ চুলি থাকে তাৰ পৰা আৰম্ভ কৰি থুঁতৰিৰ শেষলৈকে।
পাতল চুলিকে আদি কৰি মুখণ্ডলৰ বায়াজ আৰু আজাৰ অংশও ইয়াৰ অন্তৰ্ভুক্ত।
বায়াজ কোৱা হয় গাল আৰু কাণৰ মাজৰ ঠাইখিনিক।
আৰু আজাৰ কোৱা হয় কাণৰ পৰা কপালৰফালে ঠাইখিনিত গজা পাতল চুলিক।
এইদৰে মুখণ্ডলত দৃশ্যমান সকলো ঘন চুলিৰ অৰ্থাৎ দাড়িৰ ওপৰিভাগ ইয়াৰ অন্তৰ্ভুক্ত, এইবোৰ যিমানেই দীঘল নহওক কিয়।
6– আঙুলিৰ মূৰৰ পৰা আৰম্ভ কৰি কিলাকুটিলৈকে দুয়ো হাত ধুব লাগিব।
হাত ধোৱাৰ সময়ত কিলাকুটি ধোৱাটো ফৰজৰ অন্তৰ্ভুক্ত।
7– দুয়ো হাতেৰে সম্পূৰ্ণ মূৰ আৰু কাণ এবাৰ মাছাহ (স্পৰ্শ) কৰিব লাগিব।
চুলিৰ সীমাৰ পৰা আৰম্ভ কৰি মূৰৰ শেষলৈকে মাছাহ কৰিব লাগে, আৰু তাৰ পিছত পিছফালৰ পৰা সন্মুখলৈ ঘূৰাই আনিব লাগে।
তাৰ পিছত তৰ্জনী আঙুলিৰে কাণৰ ভিতৰত মাছাহ কৰিব লাগে।
আৰু বুঢ়া আঙুলিৰে কাণৰ পৃষ্ঠভাগ মাছাহ কৰিব লাগে।
8– ভৰিৰ আঙুলিৰ পৰা গোৰোহালৈকে ভৰি ধুব লাগে, ভৰিৰ সৰুগাঁঠি ধোৱাটো অজুৰ ফৰজৰ অন্তৰ্ভুক্ত।
দুয়ো ভৰিৰ কলাফুলৰ তলৰ অংশত ওলাই থকা হাড়ডালকে আৰবীত কা’বান বা সৰুগাঁঠি বুলি কোৱা হয়।
এইবোৰ কাৰণত অজু ভংগ হয়।
১) উভয় লজ্জাস্থানৰ পৰা কিবা ওলালে অজু ভঙ্গ হয়, যেনে- প্রস্রাৱ, মল, বায়ু, বীৰ্য তথা পাতল তৰল পদাৰ্থ।
২) জ্ঞান হেৰুৱা, গভীৰ টোপনিৰ ফলতেই হওক অথবা বেহুচ হোৱাৰ কাৰণেই হওক নাইবা নিচাশক্ত অথবা উন্মাদনাৰ ফলতেই হওক, এইবোৰ কাৰণত অজু ভংগ হয়।
৩) গোছল ফৰজ হ’লে, যেনে- সহবাস, হায়েজ আৰু নিফাচৰ ফলতো অজু ভংগ হয়।
মানুহে যেতিয়া মল-মুত্ৰ ত্যাগ কৰে, তাৰ পিছত লাগি থকা সেই অপৱিত্ৰখিনিক পৰিস্কাৰ কৰা অনিবাৰ্য। পৱিত্ৰ পানীৰে পৰিষ্কাৰ কৰা উত্তম, যদি পানী নাথাকে তেন্তে শিল, টয়লেট পেপাৰ আৰু কাপোৰ আদিৰ দৰে অন্যান্য বস্তুৰে পৰিষ্কাৰ কৰিব লাগে। পৰিষ্কাৰ কৰিবলৈ তিনিবাৰ মচিব লাগে, প্ৰয়োজন হ’লে ইয়াতকৈও অধিকবাৰ কৰিব লাগিব।
যদি কোনোবাই চামৰাৰ মোজা অথবা সাধাৰণ মোজা পিন্ধিছে, তেওঁ ভৰি ধোৱাৰ পৰিৱৰ্তে অজুৰ সময়ত মোজাৰ ওপৰত মাছাহ কৰিব পাৰিব তলত দিয়া চৰ্ত সাপেক্ষে:
1- হাদাছে আকবৰ আৰু হাদাছে আচগৰ আদিৰ পৰা পৰিপূৰ্ণ তাহাৰত অৰ্জন কৰি তথা অজু কৰি পিন্ধিব লাগিব।
2- পিন্ধি থকা মোজাযোৰ পৱিত্ৰ হ’ব লাগিব, নাপাক হ’লে নহ’ব।
3– মাছাহ কৰিব পৰা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত হ’ব লাগিব।
4– পিন্ধি থকা মোজাযোৰ হালাল টকাৰ হ’ব লাগিব, চুৰি অথবা বলপূৰ্বক কাঢ়ি লোৱা হ’লে নহ’ব।
খুফ: পাতল চামৰাৰে নিৰ্মিত মোজাক খুফ বোলে। ভৰি ঢাকি ৰখা জোতাৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য।
জাওৰাব: কাপোৰেৰে তৈয়াৰ কৰা ভৰিত পিন্ধা কাপোৰ, যাক আমি মোজা বুলি কওঁ।
খুফ বা জাওৰাবৰ ওপৰত মাছাহ কৰাৰ আঁৰৰ হিকমত:
মোজাৰ ওপৰত মাছাহ কৰাৰ বিধান প্ৰদান কৰি বিষয়টোক মুছলিমসকলৰ বাবে সহজ কৰি দিছে, বিশেষকৈ সেইসকল লোকৰ বাবে যিসকলৰ খুফ বা জাওৰাব খুলি ভৰি ধোৱাত অসুবিধা আছে, বিশেষকৈ শীতকালত তীব্ৰ ঠাণ্ডাৰ সময়ত আৰু ভ্ৰমণৰ সময়ত।
মাছাহ কৰাৰ নিৰ্ধাৰিত সময়সীমা:
মুক্বীম বা স্ব-স্থানত বসবাসকাৰীৰ বাবে: এদিন আৰু এৰাতি (অৰ্থাৎ 24 ঘণ্টা)।
মুছাফিৰ বা ভ্ৰমণকাৰীৰ বাবে: তিনি দিন আৰু তিনি ৰাতি (72 ঘণ্টা)।
অজু ভংগ হোৱাৰ পিছত প্ৰথম মাছাহৰ পৰা এই সময়সীমা আৰম্ভ হ’ব, চামৰাৰ মোজা হওক অথবা সাধাৰণ মোজা।
চামৰাৰ মোজা বা সাধাৰণ মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি:
1– হাত দুখন পানীৰে তিয়াই ল’ব।
2- হাত দুখন ভৰিৰ ওপৰেৰে মচি লৈ যাওক (ভৰিৰ আঙুলিৰ পৰা সৰুগাঁঠিলৈ)।
3- সোঁ ভৰিখন সোঁহাতেৰে আৰু বাওঁ ভৰিখন বাওঁহাতেৰে মাছাহ কৰিব।
মাছাহ ভংগ হোৱাৰ কাৰণ:
1- গোছল ফৰজ হ’লে।
2- মাছাহ কৰাৰ নিৰ্ধাৰিত সময়সীমা পাৰ হ’লে।
পুৰুষে হওক অথবা মহিলা যৌন সম্ভোগ কৰিলে অথবা টোপনিতে হওক নাইবা সাৰ পাই থকা অৱস্থাত যদি বীৰ্য স্খলন হয়, তেন্তে গোছল ফৰজ হ'ব। গোছল কৰাৰ পিছতহে তেওঁলোকে নামাজ বা অন্যান্য ইবাদত কৰিব পাৰিব, কাৰণ ইয়াৰ বাবে পাক-পৱিত্ৰ হোৱাটো অত্যাৱশ্যক। এইদৰে যদি কোনো মহিলাই হায়েজ অথবা নিফাচৰ পৰা পাক হয় তেতিয়াও তাইৰ বাবে গোছল কৰা অনিবাৰ্য, এই সময়ছোৱাতো তাই গোছল নকৰাকৈ তথা পৱিত্ৰতা অৰ্জন কৰিবলৈ যি যি প্ৰয়োজনীয় সেইবোৰ নকৰাকৈ নামাজ আদায় কৰিব নোৱাৰিব।
গোছল কৰাৰ পদ্ধতি হৈছে এইটো:
গোছল কৰিবলৈ মুছলিম এজনে গোটেই শৰীৰ পানীৰে ধুব লাগিব, পানী ঢালিয়ে হওক অথবা পানীত ডুব দি। কুলি কৰা আৰু নাক পৰিষ্কাৰ কৰাও গোছলৰে অন্তৰ্ভুক্ত। গোটেই শৰীৰ যেতিয়া পানীৰে তিয়াব তেতিয়াহে তেওঁ ডাঙৰ নাপাকিৰ পৰা পৱিত্ৰ হ’ব আৰু পৰিপূৰ্ণ তাহাৰাত অৰ্জন কৰিব।
যৌন সম্ভোগ কৰাৰ পিছত গোছল নকৰালৈকে তলত উল্লেখ কৰা ইবাদতবোৰ কৰিব নোৱাৰিব।
1– নামাজ পঢ়িব নোৱাৰিব।
2- কা'বাহ ঘৰৰ তাৱাফ কৰিব নোৱাৰিব।
3– মছজিদত অৱস্থান কৰিব নোৱাৰিব, কিন্তু অৱস্থান নকৰাকৈ পাৰ হ’ব পাৰিব।
4- কোৰআন স্পৰ্শ কৰিব নোৱাৰিব।
5- কোৰআন তিলাৱত কৰিব নোৱাৰিব।
যদি মুছলিম ব্যক্তিয়ে পবিত্রতা অৰ্জন কৰিবলৈ পানী বিচাৰি নাপায়, অথবা পানী ব্যৱহাৰ কৰিবলৈ অসুবিধা হয়, বেমাৰ-আজাৰৰ কাৰণেই হওক অথবা নামাজৰ সময় পাৰ হোৱাৰ আশংকাতেই হওক, তেতিয়া তেওঁ মাটিৰে তায়াম্মুম কৰিব।
তায়াম্মুমৰ পদ্ধতি হৈছে, হাত দুখনেৰে এবাৰ মাটিত মাৰিব, তাৰ পিছত দুয়ো হাতেৰে মুখ আৰু দুইহাতৰ কব্জালৈকে মাছাহ কৰিব। কিন্তু চৰ্ত হৈছে মাটি পৱিত্ৰ হ’ব লাগিব।
তলত উল্লেখ কৰা বিষয়বোৰৰ ফলত তায়াম্মুম ভংগ হয়:
1- অজু ভংগ কৰা কাৰণসমূহে তায়াম্মুমো ভংগ কৰে।
2- যি ইবাদতৰ বাবে তায়াম্মুম কৰা হৈছে সেই ইবাদত পালন কৰাৰ আগতেই যদি পানী উপলব্ধ হয়।
আল্লাহে মুছলিমৰ ওপৰত দিনে ৰাতি দৈনিক পাঁচ ওৱাক্ত চালাত ফৰজ কৰিছে। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা।
আহক নামাজৰ বাবে প্ৰস্তুত হওঁ
নামাজৰ সময় হোৱাৰ লগে লগে মুছলিমে হাদাছে আচগৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব লাগে, আৰু যদি হাদাছে আকবৰ হৈছে তেন্তে তাৰ পৰা আগতে পৱিত্ৰতা অৰ্জন কৰিব লাগিব।
হাদাছে আকবৰঃ যি কৰ্মই মুছলিমৰ ওপৰত গোছল ওৱাজিব কৰে তাক হাদাছে আকবৰ বোলে।
হাদাছে আচগৰঃ যাৰ ফলত মুছলিমৰ ওপৰত অজু কৰা ওৱাজিব হৈ পৰে।
মুছলিমে পৱিত্ৰ কাপোৰ পৰিধান কৰি ছতৰ (শৰীৰৰ যিখিনি অংশ ঢাকি ৰখা ওৱাজিব) ঢাকি লয় আৰু পৱিত্ৰ ঠাইত নামাজ আদায় কৰে।
মুছলিমে নামাজৰ সময়ত উত্তম কাপোৰ পৰিধান কৰি সৌন্দৰ্য অৱলম্বন কৰে তথা শৰীৰ ঢাকি লয়। নামাজত মুছলিম পুৰুষৰ বাবে নাভিৰ পৰা আঠুলৈকে কোনো অংশ খুলি ৰখা বৈধ নহয়।
আনহাতে মহিলাসকলে গোটেই শৰীৰ ঢাকি ৰাখিব, কেৱল মুখমণ্ডল আৰু দুই হাতৰ কব্জিৰ বাহিৰে।
নামাজৰ বাবে নিৰ্দিষ্ট দুআ-দৰুদৰ বাহিৰে মুছলিমে নামাজত কোনো কথা নকয়। ইমামে যিবোৰ তিলাৱত কৰে সেইবোৰ শুনে। লগতে নামাজত ইফালে সিফালেও ঘূৰি নাচায়। যদি নামাজৰ প্ৰয়োজনীয় দুআসমূহ মুখস্থ নাথাকে তেন্তে আল্লাহক স্মৰণ কৰিব লাগে আৰু তাছবীহ (ছুবহানাল্লাহ) পাঠ কৰিব লাগে। লগতে যিমান সোনকালে পাৰে প্ৰয়োজনীয় দুআসমূহ শিকি লোৱা আৱশ্যক।
পৰ্যায়ক্ৰমে নামাজৰ পদ্ধতি শিকোঁ আহক
১) যি নামাজ পঢ়িবলৈ গৈ আছোঁ প্ৰথমে সেই নামাজৰ নিয়্যত (দৃঢ় সংকল্প) কৰিব লাগিব, নিয়্যতৰ স্থান হৈছে অন্তৰ।
প্ৰথমে অজু কৰিম, তাৰ পিছত নামাজৰ স্থানত কিবলামুখী হৈ থিয় হম। যদি থিয় হ’বলৈ সক্ষম তেন্তে থিয় হৈ নামাজ পঢ়িম।
২) দুয়ো হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিম, তাৰ পিছত নামাজত প্ৰৱেশৰ নিয়্যতেৰে ‘আল্লাহু আকবাৰ’ বুলি মাতিম।
৩) হাদীছৰ দ্বাৰা প্ৰমাণিত দুআয়ে ইস্তিফতাহ মনে মনে পাঠ কৰিম। যেনে- “ছুবহানাকা আল্লা-হুম্মা অবিহামদিকা, অতাবাৰাকাছমুকা অতাআলা যাদ্দুকা, অলা ইলা-হা গাইৰুক”।
৪) আল্লাহৰ ওচৰত বিতাৰিত চয়তানৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰি কমঃ আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম।
৫) প্ৰত্যেক ৰাকাততে ছুৰা ফাতিহা পাঠ কৰিম। ছুৰা ফাতিহা হৈছেঃ বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১) আলহামদুলিল্লা-হি ৰাব্বিল আলামীন। (২) আৰ-ৰহমানিৰ ৰাহীম। (৩) মা-লিকি ইয়াউমিদ্দীন। (৪) ইয়্যাকানা’বুদু ওৱা ইয়্যাকানাছতাঈন। (৫) ইহদিনাছ চিৰাত্বল মুস্তাক্বীম। (৬) চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব দ্বল্লীন। (৭)
ছুৰা ফাতিহা পাঠ কৰাৰ পিছত প্ৰত্যেক নামাজৰ প্ৰথম আৰু দ্বিতীয় ৰাকাতত কোৰআনৰ পৰা কিছু আয়াত তিলাৱত কৰিব লাগে। এইটো ওৱাজিব নহয় যদিও তিলাৱত কৰিলে ডাঙৰ ছোৱাব আছে।
৬) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ৰুকু কৰিম। ৰুকুৰ সময়ত পিঠি সমতল থাকিব লাগে আৰু হাতেৰে আঠুক খামুচি ধৰিম কিন্তু আঙুলিবোৰ ফাঁক ফাঁক ৰাখিম। ইয়াৰ পিছত ৰুকুত এই দুআ পাঠ কৰিমঃ (ছুবহানা ৰাব্বিয়াল আজীম)
৭) ইয়াৰ পিছত (ছামি আল্লাহু লিমান হামিদাহ) বুলি কৈ ৰুকুৰ পৰা উঠিম আৰু দুয়ো হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিম। লগতে পৰিপূৰ্ণৰূপে থিয় হৈ এই দুআ পাঠ কৰিম (ৰাব্বানা অলাকাল হাম্দ)
৮) আল্লাহু আকবাৰ বুলি কৈ ছাজদাহ কৰিম। ছাজদাহ কৰাৰ সময়ত দুই হাত, দুয়ো আঠু, দুয়ো ভৰি, কপাল আৰু নাক মাটিত ৰাখিব লাগে। ছাজদাত এই দুআ পাঠ কৰিমঃ (ছুবহানা ৰাব্বিয়াল আ’লা)
৯) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ছাজদাৰ পৰা উঠিম। সোঁ ভৰিক থিয়কৈ ৰাখি বাওঁ ভৰিৰ ওপৰত পৰিপূৰ্ণৰূপে পোন হৈ বহিম। বহাৰ পিছত এই দুআ পাঠ কৰিমঃ (ৰাব্বিগ ফিৰলী)।
১০) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ পুনৰ আগৰ ছাজদাৰ দৰে ছাজদাহ কৰিম।
১১) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ছাজদাৰ পৰা উঠিম আৰু পৰিপূৰ্ণৰূপে পোন হৈ থিয় হম। বাকী ৰাকাতবোৰো এনেকৈয়ে আদায় কৰিম।
জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বাৰ প্ৰথম দুই ৰাকাত আদায় কৰাৰ পিছত প্ৰথম বৈঠকৰ বাবে বহিম আৰু এই দুআ পাঠ কৰিমঃ (আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ) ইয়াৰ পিছত তৃতীয় ৰাকাতৰ বাবে থিয় হম।
প্ৰত্যেক নামাজৰ অন্তিম ৰাকাতত শেষ বৈঠক কৰিম আৰু তাত আমি এইবোৰ দুআ পাঠ কৰিম। (আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ। আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।)
১২) ইয়াৰ পিছত নামাজৰ পৰা ওলাই যোৱাৰ নিয়্যত কৰি সোঁফালে ছালাম ফিৰাই কম (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ) আৰু বাওঁফালে ছালাম ফিৰাই কম (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ)। এইখিনি কৰিলে আমি আমাৰ নামাজ আদায় কৰিলোঁ।
আল্লাহে কৈছেঃ হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (ছুৰা আল-আহজাবঃ ৫৯)
আল্লাহে মুছলিম নাৰীৰ ওপৰত পৰ্দা অনিবাৰ্য কৰিছে, সম্পূৰ্ণ শৰীৰ পৰপুৰুষৰ পৰা ঢাকি ৰাখিব লাগিব। এই পৰ্দা নিজৰ স্বামী আৰু মাহৰাম ব্যক্তিৰ বাহিৰে আন কাৰো সন্মুখত খোলা বৈধ নহয়। মাহৰাম হৈছে সেইসকল লোক যিসকলৰ সৈতে মুছলিম নাৰীৰ চিৰস্থায়ীভাৱে বিবাহ হাৰাম। মাহৰামসকল যেনে- (পিতা, পিতাৰ পিতা যিমান উৰ্দ্ধ পৰ্যন্ত যায়, পুত্ৰ, পুত্ৰৰ পুত্ৰ যিমান তললৈ যায়, খুৰা-বৰদেউতাসকল, মামাসকল, ভাই, ভতিজা, ভাগিন, মাকৰ স্বামী, শশুৰ আৰু উৰ্দ্ধতমসকল, স্বামীৰ পুত্ৰসকল আৰু ইয়াৰ ধাৰাবাহিকতা যিমান দূৰলৈ যাওক, দুগ্ধ সম্বন্ধীয় ভাই, ধাই মাতৃৰ স্বামী, বংশৰ জৰিয়তে যেনেকৈ হাৰাম হয় দুগ্ধ সেৱনৰ দ্বাৰাও তেনেকৈয়ে হাৰাম হয়।
পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত মুছলিম নাৰীয়ে যিবোৰ বিষয়ত গুৰুত্ব দিয়া উচিতঃ
১) পৰিধান কৰা পোছাকে যাতে সম্পূৰ্ণ শৰীৰ আবৃত কৰে।
২) পৰিধান কৰা পোছাক যাতে বেছি জাকজমক নহয়।
৩) পাতল যাতে নহয়, যিটো পৰিধান কৰিলে শৰীৰ প্ৰকাশ পায়।
৪) পোছাক আহল-বহল ঢিলা হ’ব লাগে। টাইটফিট যাতে নহয় যিটো পৰিধান কৰিলে শৰীৰৰ অংগ-প্ৰত্যংগৰ ৰূপৰেখা প্ৰকাশ পায়।
৫) সুগন্ধি ব্যৱহৃত যাতে নহয়।
৬) পুৰুষৰ কাপোৰৰ সৈতে সাদৃশ্য যাতে নহয়।
৭) আনহাতে অমুছলিমসকলে সিহঁতৰ উপাসনাৰ সময়ত তথা উৎসৱসমূহত পৰিধান কৰা পোছাকৰ সাদৃশ্যও যাতে নহয়।
মুমিনৰ বৈশিষ্ট্য
আল্লাহে কৈছেঃ প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে। (ছুৰা আনফালঃ ২)
- মুমিনে সদায় সত্য কথা কয়, কেতিয়াও মিছা কথা নকয়।
- অঙ্গীকাৰ তথা প্ৰতিশ্ৰুতি পূৰণ কৰে।
- বাদ-বিবাদৰ সময়ত বেয়া ভাষা প্ৰয়োগ নকৰে।
- আমানত আদায় কৰে।
- নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবেও পছন্দ কৰে।
- উদাৰ
- মানুহৰ লগত সদাচৰণ কৰে।
- আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখে।
- আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্যত সন্তুষ্টি প্ৰকাশ কৰে, স্বচ্ছলতাৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কষ্টৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে।
- লজ্জাশীল হয়।
- অন্যান্য সৃষ্টিৰ প্ৰতি দয়া কৰে।
- হিংসা, ঈৰ্ষা আদিৰ পৰা তেওঁৰ অন্তৰ পৰিস্কাৰ থাকে। লগতে অংগ-প্ৰত্যংগৰ দ্বাৰা কাৰো প্ৰতি অন্যায় নকৰে।
- মানুহক ক্ষমা কৰি দিয়ে।
- সুত নাখায় আৰু সুতৰ লেনদেনও নকৰে।
- কেতিয়াও ব্যভিচাৰ নকৰে।
- মাদক দ্ৰৱ্যও সেৱন নকৰে।
- প্ৰতিৱেশীৰ প্ৰতি সদাচৰণ কৰে।
- অন্যায় নকৰে আৰু প্ৰৱঞ্চনাও নকৰে।
- চুৰি নকৰে আৰু ঠগবাজিও নকৰে।
- পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰে, যদিও তেওঁলোক অমুছলিম হয়। লগতে তেওঁলোকৰ সৎ আদেশবোৰ মানি চলে।
- সন্মান সহকাৰে সন্তান-সন্ততিক লালন পালন কৰে। সিহঁতক চৰীয়তৰ অপৰিহাৰ্য বিষয়বোৰ পালন কৰাৰ নিৰ্দেশ দিয়ে। লগতে সিহঁতক নিকৃষ্ট, অশ্লীল আৰু হাৰাম কামৰ পৰা বিৰত ৰাখে।
- মুমিন ব্যক্তিয়ে কেতিয়াও অমুছলিমসকলৰ ধৰ্মীয় ৰীতি-নীতি অৱলম্বন নকৰে, আৰু এনেকুৱা কোনো অভ্যাসো আকোঁৱালি নলয় যিটো সিহঁতৰ প্ৰতীক তথা চিহ্নত পৰিণত হৈছে।
আল্লাহে কৈছেঃ ঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম। (ছুৰা আন-নাহলঃ ৯৭)
আটাইতকৈ ডাঙৰ সৌভাগ্য, প্ৰশস্ততা আৰু আনন্দৰ বিষয়টো হৈছে মুছলিমৰ অন্তৰ প্ৰত্যক্ষভাৱে আল্লাহৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে, ইয়াৰ বাবে জীৱিত অথবা মৃত নাইবা কোনো মূৰ্ত্তিৰ মধ্যস্ততাৰ প্ৰয়োজন নহয়। আল্লাহ তাআলাই পৱিত্ৰ কোৰআনত এই কথা উল্লেখ কৰিছে যে, তেওঁ সদায় বান্দাৰ নিকটৱৰ্তী থাকে। তেওঁলোকৰ প্ৰাৰ্থনা শুনে আৰু তেওঁলোকৰ দুআৰ উত্তৰ দিয়ে। যেনে- আল্লাহ তাআলাই কৈছেঃ আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে। (ছুৰা আল-বাক্বাৰাহঃ ১৮৬) পৱিত্ৰ আল্লাহে আমাক তেওঁৰ ওচৰত দুআ কৰাৰ নিৰ্দেশ দিছে। এইটো হৈছে এটা মহান ইবাদত যিটোৰ দ্বাৰা এজন মুছলিম ব্যক্তিয়ে সহজেই আল্লাহৰ নৈকট্য অৱলম্বন কৰিব পাৰে। যেনে- আল্লাহ তাআলাই কৈছেঃ তোমালোকৰ প্ৰতিপালকে কৈছে, মোৰ ওচৰত দুআ কৰা, মই তোমালোকৰ দুআ কবূল কৰিম। (ছুৰা গাফিৰঃ ৬০) প্ৰকৃত পূণ্যৱান মুছলিম ব্যক্তিয়ে সদায় আল্লাহৰ প্ৰয়োজন অনুভৱ কৰে। সেয়ে সদায় তেওঁৰ ওচৰত দুআ কৰে। লগতে সৎকৰ্ম আৰু ইবাদতৰ জৰিয়তে তেওঁৰ নৈকট্য অৰ্জনৰ প্ৰয়াস কৰে।
নিশ্চয় আল্লাহে এটা মহান উদ্দেশ্য আগত ৰাখি আমাক সৃষ্টি কৰিছে, আমাক এনেই সৃষ্টি কৰা নাই। সেই উদ্দেশ্যটো হৈছে, আমি যাতে এককভাৱে তেওঁৰ ইবাদত কৰোঁ, তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰোঁ। আমাৰ বাবে তেওঁ এনেকুৱা এটা দ্বীন বিধিবদ্ধ কৰিছে যাৰ ভিতৰত জীৱনৰ সকলো ক্ষেত্ৰৰে সকলো বিষয় সন্নিৱিষ্ট আছে। এই ন্যায়পৰায়ণ চৰীয়তে পাৰ্থিৱ জীৱনৰ অতি প্ৰয়োজনীয় বিষয়বোৰ সুৰক্ষিত কৰিছে, যেনে- আমাৰ ধৰ্মক, আমাক, আমাৰ মান-সন্মানক, আমাৰ বিবেকক আৰু আমাৰ ধন-সম্পদক। এতেকে যিয়ে এই চৰীয়তৰ আদেশসমূহ মানি চলিব আৰু নিষেধসমূহ বৰ্জন কৰিব তেন্তে তাৰ উক্ত প্ৰয়োজনবোৰ সুৰক্ষিত থাকিব। লগতে তেওঁ নিঃসন্দেহে নিৰাপদ আৰু শান্তিময় জীৱন অতিবাহিত কৰিব।
আল্লাহৰ সৈতে মুছলিমৰ সম্পৰ্ক অতি গভীৰ, ইয়াৰ ফলত তেওঁ আধ্যাত্মিক শান্তি, নিৰাপত্তা, শাৰীৰিক শান্তি আৰু আনন্দ অনুভৱ কৰে। লগতে এইটোৱে তেওঁক সদায় এই অনুভৱ কৰায় যে, যত্ন সহকাৰে চোৱাচিতা কৰিবলৈ আৰু হিফাজত কৰিবলৈ আল্লাহ সদায় তেওঁৰ সহায়ত আছে। আল্লাহ তাআলাই কৈছেঃ আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক, তেওঁ সিহঁতক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে। (ছুৰা আল-বাক্বাৰাহঃ ২৫৭)
এই মহান সম্পৰ্কই আধ্যাত্মিক পৰ্যায়ত বান্দাক আল্লাহৰ ইবাদত কৰাত উৎসাহিত কৰে আৰু আল্লাহৰ সাক্ষাৎ পোৱাৰ আগ্ৰহী কৰি তোলে, ফলত তেওঁ আন্তৰিক সুখৰ লগতে ঈমানৰ সোৱাদ অনুভৱ কৰে।
ঈমানৰ এই সোৱাদ ভাষাৰে প্ৰকাশ কৰা অসম্ভৱ, এইটো কেৱল সেই ব্যক্তিয়েই অনুভৱ কৰিব পাৰিব যিয়ে সোৱাদ পাইছে। এই সোৱাদ পাবলৈ হ’লে সৎকৰ্ম কৰিব লাগিব আৰু প্ৰত্যেক গুনাহৰ কৰ্মৰ পৰা বিৰত থাকিব লাগিব। এইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেই ব্যক্তিয়ে ঈমানৰ সোৱাদ লাভ কৰিব, যিয়ে (আন্তৰিকতাৰে) আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানি লৈ সন্তুষ্ট হৈছে।
হয়, বান্দাই যেতিয়া সদায় নিজকে সৃষ্টিকৰ্তাৰ সন্মুখত থকা বুলি অনুভৱ কৰিব, আৰু তেওঁৰ নাম আৰু গুণাৱলী সম্পৰ্কে জ্ঞান অৰ্জন কৰিব আৰু তেওঁৰ ইবাদত এনেকৈ কৰিব যেনিবা তেওঁক দেখি আছে, তথা নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব, ইবাদতৰ কোনো এটা অংশই আল্লাহৰ বাহিৰে আনৰ বাবে নকৰিব, তেতিয়া তেওঁ নিশ্চয় পৃথিৱীত পৱিত্ৰ আৰু সৌভাগ্যময় জীৱন লাভ কৰিব আৰু আখিৰাতত তেওঁ লাভ কৰিব উত্তম পৰিণাম।
আনকি এই পৃথিৱীত মুমিনক আগুৰি ধৰা বিপদ-আপদ আদিকো আল্লাহৰ প্ৰতি থকা তেওঁৰ পূৰ্ণ বিশ্বাস আৰু আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰৰ প্ৰতি তেওঁৰ সন্তুষ্টিয়ে নাইকিয়া কৰি দিয়ে। মঙ্গল হওক বা অমঙ্গল তেওঁ সকলো অৱস্থাতে আল্লাহৰ প্ৰশংসা কৰে, আৰু তাকদীৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে।
মুছলিমে নিজৰ সুখ-সমৃদ্ধি আৰু শান্তি বৃদ্ধি কৰিবলৈ বেছি বেছি আল্লাহক স্মৰণ কৰা উচিত, কোৰআনে কাৰীমৰ তিলাৱত কৰা উচিত। যেনে- আল্লাহ তাআলাই কৈছেঃ ‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’; (ছুৰা ৰা'দঃ ২৮) মুছলিমে যিমানেই আল্লাহক স্মৰণ কৰিব আৰু কোৰআন তিলাৱত কৰিব সিমানেই আল্লাহৰ সৈতে তেওঁৰ সম্পৰ্ক সুদৃঢ় হ’ব। লগতে তাৰ অন্তৰ পৱিত্ৰ হ’ব আৰু ঈমান মজবুত হ’ব।
এইদৰে এজন মুছলিমে নিৰ্ভৰযোগ্য সঠিক উৎসৰ পৰা দ্বীনৰ মছলা মাছাইল শিকাৰ প্ৰতি আগ্ৰহী হোৱা উচিত, যাতে সঠিক জ্ঞানৰ ভিত্তিত আল্লাহৰ ইবাদত কৰিব পাৰে। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জ্ঞান অর্জন কৰাটো প্রতিজন মুছলিমৰ ওপৰত অনিবাৰ্য।” লগতে আল্লাহৰ আদেশ-নিষেধৰ সন্মুখত নিজকে আত্মসমৰ্পন কৰা উচিত, কাৰণ তেৱেঁই সৃষ্টিকৰ্তা। সেইবোৰৰ ৰহস্য বুজি পাওক বা নাপাওক। যেনে পৱিত্ৰ কোৰআনত আল্লাহ তাআলাই কৈছেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল। (ছুৰা আল-আহজাবঃ ৩৬)
আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবাসকলৰ প্ৰতি তেওঁৰ দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।
সমাপ্ত
সূচীপত্ৰ
নম্বৰ
বিষয়
পৃষ্ঠা
কভাৰ পৃষ্ঠালৈ উভতি যাওক
সূচীপত্ৰলৈ উভতি যাওক
আপোনাৰ অভিমত ব্যক্ত কৰক
আমাৰ ৱেবছাইট ভিজিট কৰক
মোবাইল মিথস্ক্ৰিয় কিতাপ
বিষয়বস্তুলৈ উভতি যাবলৈ ইয়াত ক্লিক কৰক
কভাৰ পৃষ্ঠাত উভতি যাবলৈ ছবিত ক্লিক কৰক
বাৰকোড স্ক্যান কৰক
টিউটোৰিয়াল শ্বো (পাৱাৰ পয়েণ্ট)
প্ৰকল্পৰ প্ৰডাক্টসমূহ
প্ৰকাশিত কিতাপ
মোবাইল পুথি
ৱেবছাইট
পাৱাৰ পয়েণ্ট শ্বো
এণ্ড্ৰয়েড ভাৰ্চন