تعليم صفة الصلاة بطريقة سهلة
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম
আল্লাহ তা‘আলাই কোৰআন মজিদৰ ছুৰা ‘আয-যাৰিয়াহ’ৰ ৫৬ নং আয়াতত কৈছেঃ “আৰু মই জিন আৰু মানুহক কেৱল এইবাবেই সৃষ্টি কৰিছোঁ যে, সিহঁতে কেৱল মোৰেই ইবাদত কৰিব”। ছুৰা ‘মু’মিনুন’ৰ ১১৫ নং আয়াতত কৈছেঃ “তোমালোকে ভাৱিছা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ঘূৰাই অনা নহব”। ছুৰা ‘আদ-দুখান’ৰ ৩৮ নং আয়াতত কৈছেঃ “আকাশমণ্ডল, পৃথিবী আৰু এই দুয়োৰে মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই”।
ওপৰৰ আয়াতসমূহৰ পৰা দেখা যায়, আল্লাহে মানৱ জাতিক সৃষ্টি কৰিছে আল্লাহৰ ইবাদত কৰিবলৈ আৰু এই সংক্ৰান্তত বিচাৰৰ সন্মুখীন হ’বলৈ আমি আল্লাহৰ ওচৰলৈকে ঘূৰি যাব লাগিব। ইবাদতৰ ভিতৰত আটাইতকৈ দামী ইবাদত হ’ল– ‘চিয়াম’ আৰু আটাইতকৈ সঘনাই কৰা ইবাদত হ’ল– ‘ছালাত’। মানুহে কৰা সকলো ইবাদত বা আমলৰ নেকী ফিৰিস্তাই মানুহৰ আমলনামাত লিখে, কিন্তু ‘চিয়াম’ৰ নেকী আল্লাহে নিজে দিব বুলি কৈছে। চিয়াম আৰু হজ্জত থকাৰ দৰে ছালাতৰ কোনো বিকল্প নাই আৰু ছালাত প্ৰস্তুতিৰ বাবে আঠ বছৰ সময় সীমা নিৰ্দ্ধাৰণ কৰি দিছে। সন্তানৰ সাত বছৰ বয়সৰ পৰা ছালাতৰ তাগিদ দিব কৈছে, দহ বছৰলৈকে নপঢ়িলে পিতিব কৈছে আৰু পোন্ধৰ বছৰতো নপঢ়িলে ঘৰৰ পৰা বাহিৰ কৰি দিব কৈছে, এয়াই আঠ বছৰৰ প্ৰস্তুতি। সন্তানক ছালাতৰ প্ৰতি আকৃষ্ট কৰিবলৈ পিতা-মাতাক নিৰ্দেশ দিয়া হৈছে । হাদীছত বৰ্ণিত আছেঃ “ছাল্লু কামা ৰা-আই তুমুনি উচাল্লি” অৰ্থাৎ ছালাত তেনেকৈ পঢ়া যেনেকৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱছাল্লামে পঢ়িছিল ।
উক্ত নিৰ্দেশনা মনত ৰাখি, ছালাত আদায় কৰাৰ পদ্ধতি সহজভাৱে জনসাধাৰণে জনাৰ উদ্দেশ্যে এই হাতপুথিখন ছপা কৰি উলিওৱাৰ চেষ্টা কৰা হৈছে। এই প্ৰচেষ্টাত ডা: হাদী হুছনুল ইছলাম চাহেব, ডা: আৰফান আলি চাহেব, জোনাব ৰফিকুল ইছলাম মাদানী, জোনাব জুবাইৰ বিন পিয়াৰ আৰু জোনাব ছাহনুৰ ছিদ্দিক চাহেবে বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকললৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু দোৱা কৰিছোঁ আল্লাহে ইয়াৰ উত্তম প্ৰতিদান দান কৰক।
ইক্ৰামূল হুচেইন
(অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ)
সদস্য, বিদেশী ন্যায়াধিকৰণ নং– ১
গোৱালপাৰা।
بسم الله الرحمن الرحيم
বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম
আজিৰ পৰা প্ৰায় ১৪৩৬ বছৰৰ আগতে ইছলাম ধৰ্ম প্ৰচাৰ হয়, কিন্তু অসমীয়া ভাষাত ধৰ্ম সম্বন্ধীয় পুথিৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। যি দুই এখন কিতাপ পোৱা যায়, আটাইবোৰ ছহীহ হাদীছৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ছহীহ পদ্ধতি অবিহনে ছালাত গ্ৰহণযোগ্য নহয়। কাৰণ আমাৰ নবী কৰিম চাল্লাল্লাহু আলাইহি অছাল্লামে কৈ গৈছে– صَلُّوْا كَمَا رَأَيْتُمُوْنِىْ أُصَلِّىْ، “চাল্লু কামা ৰা-আই তুমুনি উচাল্লি” অৰ্থাৎ “তোমালোকে তেনেকৈ ছালাত আদায় কৰা, যেনেকৈ মোক ছালাত আদায় কৰা দেখিছা” গতিকে ছালাত (নামাজ) তেনেকৈ পঢ়িব লাগিব যেনেদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পঢ়িছিল”। যিহেতু ইবাদাত কবুল হোৱাৰ এটা প্ৰধান চৰ্তই হ’ল- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি। আল্লাহ তাআ’লাই আমাক পৃথিৱীলৈ পঠাইছে আল্লাহৰ উপাসনা বা ইবাদাত বন্দেগী কৰিবলৈ, সেয়ে আমাৰ ইবাদাত হ’ব লাগিব ত্ৰুটিমুক্ত, যাতে আল্লাহৰ দৰবাৰত গৃহীত হয় আৰু আমি জান্নাতুল-ফিৰদৌচ লাভ কৰিব পাৰোঁ। কাৰণ কিয়ামতৰ দিনা বান্দাক প্ৰথম প্ৰশ্ন কৰা হ’ব তেওঁৰ ছালাত সম্পৰ্কে। ছালাতৰ হিচাব সঠিক হ’লে তেওঁৰ সকলো আমল সঠিক হ’ব, অন্যথা সকলো আমল বৰবাদ হ’ব। (চিলচিলা ছহীহা হা/১৩৫৮)। ইয়াত পাছ কৰিব পাৰিলেই জান্নাত লাভ কৰিম, ইন শ্বা আল্লাহ!
ইমাম আহমদ বিন হাম্বল (ৰঃ)য়ে {১৬৪-২৪১ হিঃ/৭৮১-৮৫৫ খৃঃ} কৈছিল, তুমি যদি বাগদাদৰ এশটা মছজিদত ছালাত আদায় কৰা তথাপিও তুমি কোনো এটা মছজিদতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবায়ে কিৰামৰ ছালাত দেখা নাপাবা। গতিকে তোমালোকে আল্লাহক ভয় কৰা আৰু তোমালোকৰ নিজৰ ছালাত আৰু পৰিয়াল তথা লগৰীয়াসকলৰ ছালাতৰ প্ৰতি লক্ষ্য কৰা। [আবু ইয়া‘লা, তাবাক্কাতুল হানাবিলাহ, (বৈৰূত: দাৰুল মা‘ৰিফাহ, তাবি) ১/৩৫২]। এয়া আছিল আজিৰ পৰা প্ৰায় ১২০০/১২৫০ বছৰৰ আগৰ কথা, বৰ্ত্তমানৰ ফিতনাৰ যুগত অৱস্থা কিমান নিম্নগামী হৈছে, সেয়া সহজে অনুমেয়। আমি আমাৰ ছালাত শুদ্ধ পদ্ধতিত পঢ়িবলৈ হ’লে ছালাতৰ ৰুকন, ওৱাজিব, ছুন্নাত আদি জানিব লাগিব আৰু পঢ়াৰ ত্বৰীকা জনাৰ বাবে হাদীছ চাব লাগিব। কাৰণ বৰ্ত্তমানৰ ইমামসকলে এই বিষয়ে সাধাৰণ মানুহক অৱগত কৰা দেখা নাযায়, হয়তো নিজে ভালদৰে নজনা বাবে অথবা বাপ-দাদাৰ দিনৰ পৰা চলি অহা পদ্ধতিক সলনি কৰিবলৈ ভয় কৰে। এনে অৱস্থাত আমি সকলো আহকাম আৰকান মানি ছালাত আদায় নকৰিলে আল্লাহৰ দৰবাৰত গৃহীত হ’ব নে নহয়, সেয়া এক চিন্তনীয় বিষয়। শুদ্ধ পদ্ধতিত ছালাত আদায় কৰিবলৈ হ’লে আমি ছালাতৰ ফৰজ, ওৱাজিব, ছুন্নাত আদি ভালদৰে জনা দৰকাৰ। যিহেতু কোৰআন মজিদৰ প্ৰথম নাজিল হোৱা আয়াতৰ জৰিয়তে শিক্ষা লবলৈ কৈছে, গতিকে প্ৰত্যেক জ্ঞানসম্পন্ন মুছলিম ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰাটো ফৰজ, তেনে স্থলত আমি কিয়ামতৰ দিনা কেনেকৈ আল্লাহৰ ওচৰত ছালাতৰ শুদ্ধ পদ্ধতিৰ বিষয়ে জনা নাছিলোঁ বুলি কম? আমাৰ সহজ সৰল মুছলিম লোকসকলে ধৰ্মীয় সকলো বিষয়ত নিজৰ মহল্লাৰ ইমামৰ ওপৰতে নিৰ্ভৰ কৰে, অথচ ইমামসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পঢ়া ছালাতৰ ত্বৰীকাৰ বিষয়ে অৱগত নকৰে। এই লোকসকলে যাতে সহজতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাতৰ পদ্ধতিৰ বিষয়ে জানি লৈ আমল কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়ে এই ক্ষুদ্ৰ পুথিখনিৰ জৰিয়তে মানুহক সহজভাৱে ছালাতৰ পদ্ধতিৰ বিষয়ে জনোৱাৰ প্ৰয়াস কৰা হৈছে, যাতে মানুহে দৈনিক পাঁচ ওৱাক্তৰ ছালাত নীতি-নিয়মমতে ফৰজ, ওৱাজিব, ছুন্নাত মানি আদায় কৰি জান্নাতলৈ যোৱা ৰাষ্টা তৈয়াৰ কৰি লব পাৰে।
শেষত মহান আল্লাহৰ ওচৰত শ্বুকৰীয়া আদায় কৰিছোঁ আৰু দু‘আ কৰিছোঁ যাতে সকলো ধৰণৰ অনিচ্ছাকৃত ভুল-ত্ৰুটি মাৰ্জনা কৰি এই ক্ষুদ্ৰ প্ৰয়াসক কবুল কৰে, আৰু কৰুণা ভিক্ষা মাগিছোঁ যাতে কিতাপখনি পৰকালত তাৰ আজৰ বা প্ৰতিদান বহুগুণ কৰি প্ৰদান কৰে, আমিন।
ইক্ৰামূল হুচেইন
(فضائل الصلاةَ)
পবিত্ৰ কোৰআন আৰু ছহীহ হাদীছত ছালাতৰ ফযীলতৰ বিষয়ে অসংখ্য বৰ্ণনা আছে, যাৰ মাধ্যমত আল্লাহৰ বান্দাই ছালাতৰ প্ৰতি মনোযোগ দিব পাৰে আৰু শুদ্ধ তথা একাগ্ৰতাৰ সৈতে একনিষ্ঠভাৱে ছালাত আদায় কৰিব পাৰে। ছালাতৰ ফযীলত সম্বন্ধে বহুতো মিছা ও বনোৱা কাহিনীৰ প্ৰচলন আছে। আমি সেইবোৰলৈ মন-কাণ নিদি ছালাতৰ ফযীলত সম্পৰ্কত কোৰআন ও ছুন্নাহৰ ওপৰত আমল কৰা জৰুৰী। কোৰআন মজিদৰ ছুৰা “আল-আনকাবূত”ৰ ৪৫ নং আয়াতত আল্লাহে এনেদৰে কৈছে– “(হে নবী) তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাওৱাৎ কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় চালাতে অশ্লীল আৰু অসৎ কামৰ পৰা বিৰত ৰাখে, আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ”। ছুৰা “হূদ”ৰ ১১৪ নং আয়াতত কৈছে– “আৰু তুমি ছালাত প্ৰতিষ্ঠা কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎ কৰ্মই অসৎ কৰ্মক দূৰ কৰে, উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ”। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– পাঁচ ওৱাক্ত ছালাত, এক জুমু‘আৰ পৰা পৰৱৰ্ত্তী জুমু‘আলৈ আৰু এক ৰমজানৰ পৰা পৰৱৰ্ত্তী ৰমজানৰ মাজৰ সময়চোৱাত হোৱা (ছগীৰা) গুনাহৰ কাফফাৰা স্বৰূপ, যদিহে তেওঁ কবিৰা গুনাহসমূহৰ পৰা মুক্ত থাকে। (ছহীহ মুছলিম, মিচকাত হা/৫৬৪)। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত আন এক হাদীছত ৰাছুল্লাল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে– “তোমালোকৰ ঘৰৰ সন্মুখেৰে প্ৰৱাহিত নদীত দৈনিক পাঁচবাৰ গোছল কৰিলে তোমালোকৰ শৰীৰত কিবা ময়লা থাকিবনে? তেওঁলোকে উত্তৰ দিলে– নাথাকে, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– পাঁচ ওৱাক্ত ছালাতৰ তুলনাও ঠিক অনুৰূপ, ইয়াৰ দ্বাৰা আল্লাহে গুনাহসমূহ দূৰ কৰি দিয়ে।’’ (মুত্তাফাক্ক ‘আলাইহ, বুখাৰী হা/৫২৮, ১/৭৬ পৃঃ, মিচকাত হা/৫৬৫)। উক্কবা ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে– “তোমালোকৰ প্ৰভু অত্যন্ত আনন্দিত হয় সেই ভেৰা ৰখীয়াৰ প্ৰতি, সি যেতিয়া পাহাৰৰ ওপৰত আজান দি ছালাত আদায় কৰে। মহান আল্লাহে ফিৰিস্তাসকলক কয়– তোমালোকে দেখিছানে, মোৰ বান্দাই মোক ভয় কৰি আজান দি ছালাত আদায় কৰিছে, মই তাক মাফ কৰি দিছোঁ আৰু সি জান্নাতত প্ৰৱেশ কৰিব।’’ (আবু দাউদ হা/১২০৩, পৃঃ ১/১৭০, নাছাঈ হা/৬৬৬, মিচকাত হা/৬৬৫, পৃঃ ৬৫)। আবু ক্কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– আল্লাহ তা‘আলাই ঘোষণা কৰিছে যে “নিশ্চয় মই আপোনাৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্ত ছালাত ফৰজ কৰিছোঁ আৰু অংগীকাৰ কৰিছোঁ যে, যি ব্যক্তিয়ে সময়মতে উক্ত পাঁচ ওৱাক্ত ছালাত আদায় কৰি কিয়ামতৰ দিনা উপস্থিত হ’ব, মই তাক জান্নাতত প্ৰৱেশ কৰাম আৰু যি ব্যক্তিয়ে ইয়াৰ সংৰক্ষণ নকৰে তাৰ ওচৰত মোৰ কোনো অংগীকাৰ নাই।” (ছহীহ আবু দাউদ হা/৪৩০, চনদ ‘হাছান’ ছালাত অধ্যায়, ওৱাক্ত হেফাজত কৰা অনুচ্ছেদ, মালিক, নাছাঈ, মিচকাত হা/৫৭০)।
ছালাত পৰিত্যাগকাৰীৰ বাবে আছে– কঠোৰ শাস্তি। আল্লাহ তা‘আলাই ছুৰা “আত-তাওবাহ”ৰ ১১ নং আয়াতত কৈছে– “এতেকে সিহঁতে যদি তাওবাহ কৰে, ছালাত কায়েম কৰে আৰু জাকাত আদায় দিয়ে, তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই”। ছুৰা “আল-মুদ্দাচ্ছিৰ”ৰ ৪০-৪৩ নং আয়াতত কৈছে– “জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, অপৰাধীসকলৰ বিষয়ে, কিহে তোমালোকক ‘ছাক্কাৰ’ নামৰ জাহান্নামত নিক্ষেপ কৰিছে? সিহঁতে কব– আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ।”
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– যি ব্যক্তিয়ে মুছলিম হিচাবে আল্লাহৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হ’ব বিচাৰে, তেওঁ যেন পাঁচ ওৱাক্ত ছালাত যথাযথভাৱে আদায় কৰে, য’তেই আজান দিয়ে। (ছহীহ মুছলিম হা/১৫২০, ১/২৩২ পৃঃ)। কোনো এক ব্যক্তিৰ সৈতে মুশ্বৰিক বা অবিশ্বাসী লোকৰ পাৰ্থক্য হ’ল ছালাত পৰিত্যাগ কৰা। (ছহীহ মুছলিম হা/২৫৬-২৫৭, ১/৬১ পৃঃ)। ‘আব্দুল্লাহ ইবনু চাক্কীক্ক উকায়লি ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলে ছালাতৰ বাহিৰে অন্য আমলসমূহৰ ভিতৰত কোনো এটা আমল এৰি দিয়া কাৰ্য্যক কুফুৰী বুলি কোৱা নাছিল। (তিৰমিযী হা/২৬২২, ২/৯০ পৃঃ, ঈমান অধ্যায় ছালাত পৰিত্যাগ কৰা অনুচ্ছেদ)। ‘আব্দুল্লাহ ইবনু বুৰায়দা ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ পিতাকৰ পৰা বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– “আমাৰ আৰু সিহঁতৰ (অবিশ্বাসী, মুশ্বৰিক আৰু মুনাফিক) মাজত যি অংগীকাৰ, সেয়া হ’ল ছালাত, গতিকে যি ব্যক্তিয়ে ছালাত এৰি দিলে সি কুফুৰী কৰিলে।” (তিৰমিযী হা/২৬২১)। ইয়াৰ পৰা বুজা যায় যি ব্যক্তিয়ে ছালাত ত্যাগ কৰে তেওঁ নিঃসন্দেহে কুফুৰী কৰিলে, অলসতা বা অৱহেলাত ছালাত আদায় নকৰিলে জাহান্নামত যাব লাগিব আৰু শাস্তি ভোগ কৰাৰ পিছত আল্লাহৰ দয়াত কলিমা ত্বৈয়্যিবাৰ বৰকতত মুক্তি পাই জান্নাতত প্ৰৱেশ কৰিব। (ইবনু মাজাহ হা/৬০, পৃঃ ৭, চনদ ছহীহ)। কিন্তু ইচ্ছাকৃতভাৱে ছালাত এৰি দিলে বা অস্বীকাৰ কৰিলে, ইছলামৰ পৰা বাহিৰ হৈ যাব আৰু জাহান্নামত চিৰস্থায়ীভাৱে থাকিব লাগিব। (শেখ আলবানী, হুকমু তাৰিকিছ চালাহ, পৃঃ ৬)।
(مواقيت الصلاة)
ছালাতৰ সময়ৰ গুৰুত্বাৰোপ কৰি আল্লাহ তা‘আলাই কৈছে- “নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত আদায় কৰা মু‘মিনসকলৰ বাবে জৰুৰী কৰ্তব্য।” (ছুৰা আন-নিছা- ১০৩)। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামে নিৰ্দ্দিষ্ট সময়ত ছালাত আদায় কৰিছিল। নিৰ্দ্দিষ্ট সময়ত অৰ্থাৎ আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব বহুত বেছি। উম্মু ফাৰওৱা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ’ল– আমলসমূহৰ ভিতৰত কোন আমল সৰ্বাধিক উত্তম? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– আওৱাল ওৱাক্তত ছালাত আদায় কৰা। (ছহীহ আবু দাউদ হা/৪২৬, ১/৬১ পৃঃ, তিৰমিযী হা/১৭০, ১/৪২ পৃঃ চনদ ছহীহ)। দেখা যায়, আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব জাম‘আতৰ সৈতে ছালাত আদায় কৰাতকৈও বেছি। (ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০)। ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে- ‘‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ জীৱনত মাত্র দু’বাৰৰ বাহিৰে কেতিয়াও ছালাত শেষ ওৱাক্তত পঢ়া নাই।’’ (ছহীহ তিৰমিযী, মিচকাত ৬১ পৃঃ)। এইকাৰণে তেওঁ ‘আলী ৰাদ্বিয়াল্লাহু আনহুক লক্ষ্য কৰি কৈছিল- ‘‘হে ‘আলী ৩টা কামত কেতিয়াও পলম নকৰিবা। তাৰ মাজত ১টা হ’ল যেতিয়াই ছালাতৰ সময় হ’ব, তেতিয়াই ছালাত আদায় কৰা।’’ (ছহীহ তিৰমিযী, মিচকাত ৬১ পৃঃ)।
ক) ফজৰৰ ছালাতৰ সময়:- চুবহ ছাদিকৰ পিছতে ফজৰৰ ওৱাক্ত আৰম্ভ হয় আৰু সূৰ্য্যোদয়ৰ আগলৈকে থাকে। গতিকে সমস্যাজনিত কাৰণত সূৰ্য্যোদয়ৰ পূৰ্বে ফজৰৰ ছালাত আদায় কৰিব পাৰি। আওৱাল ওৱাক্তত ছালাত আদায় কৰা উত্তম বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খুব পুৱাতে উঠি ফজৰৰ ছালাত আদায় কৰিছিল। পূব আকাশ মুকলি হ’লেহে ফজৰৰ ছালাতৰ সময় আৰম্ভ হোৱাৰ বিষয়ে কোনো দলীল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ সময় সম্বন্ধে তলত উল্লেখিত হাদীছত পোৱা যায়-
“আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ পিছত মহিলাসকলে চাদৰ মেৰিয়াই নিজ নিজ ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ কাৰণে তেওঁলোকক চিনিব পৰা নগৈছিল।” (মুত্তাফাক আলাইহি, ছহীহ বুখাৰী হা/৮৬৭, ১/১২০ পৃঃ, মিচকাত ৫৯৮নং)। আন এক হাদীছত ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে, “মুমিন মহিলাসকলে চাদৰেৰে আবৃত হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ফজৰৰ ছালাতত উপস্থিত হৈছিল আৰু ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ বাবে তেওঁলোকক কোনেও চিনি পোৱা নাছিল।” (ছহীহ বুখাৰী হা/৫৭৮, ১/৮২ পৃঃ)। আন এক বৰ্ণনাত কৈছে– “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত এনে সময়ত পঢ়িছিল যেতিয়া ওচৰত বহা লোকক চিনিব পৰা নগৈছিল আৰু ৬০ ৰ পৰা ১০০ আয়াত তিলাৱত কৰিছিল।” (ছহীহ বুখাৰী হা/৫৪১, ১/৭৭ পৃঃ, আবু দাউদ ৩৯৫, ৩৯৮নং)। গতিকে ইয়াৰ পৰা দেখা যায় যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ফজৰৰ ছালাত অন্ধকাৰত আৰম্ভ হৈছিল আৰু আন্ধাৰ হৈ থকা অৱস্থাতে শেষ হৈছিল, যাৰ বাবে জাম‘আতত ছালাত আদায় কৰা মহিলাসকলক ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি যাওঁতে কোনেও চিনি পোৱা নাছিল।
খ) জোহৰৰ ছালাতৰ সময়:- সূৰ্য্য পশ্চিম আকাশৰ পিনে ঢাল খোৱাৰ লগে লগে জোহৰৰ ছালাতৰ সময় আৰম্ভ হয় আৰু কোনো বস্তুৰ ছাঁ তাৰ সমপৰিমাণ হ’লে শেষ হয়। এই সংক্ৰান্তত ‘আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জোহৰৰ ছালাতৰ সময় হ’ল– সূৰ্য্য ঢাল খোৱাৰ পৰা কোনো ব্যক্তিৰ ছাঁ তাৰ সমপৰিমাণ হোৱা পৰ্যন্ত অৰ্থাৎ ‘আছৰৰ সময় হোৱালৈকে।” (ছহীহ মুছলিম হা/১৪১৯, পৃঃ ১/২২৩, মিচকাত হা/৫৮১)। আওৱাল ওৱাক্তত ছালাত আদায় কৰা জৰুৰী যদিও গ্ৰীষ্ম কালত জোহৰৰ ছালাত কিছু পলমকৈ আদায় কৰিব পাৰি। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে– ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকে জোহৰক ঠাণ্ডা কৰা, কাৰণ গৰমৰ প্ৰকোপ জাহান্নামৰ তাপ।” (ছহীহ বুখাৰী হা/৫৩৮, পৃঃ ১/৭৬, মুছলিম, আবু দাউদ, তিৰমিযী)।
গ) ‘আছৰৰ ছালাতৰ সময়:- কোনো বস্তুৰ ছাঁ যেতিয়া সেই বস্তুৰ সমপৰিমাণ হ’ব তেতিয়া ‘আছৰৰ ছালাতৰ সময় আৰম্ভ হ’ব। (আবু দাউদ, তিৰমিযী, মিচকাত ৫৮৩নং) আৰু যেতিয়া ছাঁ দ্বিগুণ হ’ব তেতিয়া শেষ হ’ব, অৱশ্যে কোনো সমস্যাজনিত কাৰণত সূৰ্য্যাস্তৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ‘আছৰৰ ছালাত আদায় হৈ যাব, তেনেকৈ সূৰ্য্যোদয়ৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ফজৰৰ ছালাত আদায় হৈ যাব। (বুখাৰী, মুছলিম, মিচকাত ৬০১-৬০২নং)। আনাচ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আছৰৰ ছালাত পঢ়িছিল সূৰ্য্য যেতিয়া উজ্জ্বল অৱস্থাত ওপৰত আছিল, তাৰ পিছত কোনো লোকে মদিনাৰ পৰা চাৰি মাইল বা সম-দূৰত্বত অৱস্থিত স্থানৰ পৰা ঘূৰি আহিব পাৰিছিল। (মুত্তাফাক্ক আলাইহ, বুখাৰী হা/৫৫০, পৃঃ ১/৭৮, মুছলিম, মিচকাত ৫৯২নং)।
ঘ) মাগৰিবৰ ছালাতৰ সময়:- সূৰ্য্য অস্ত যোৱাৰ লগে লগে মাগৰিবৰ ছালাতৰ সময় আৰম্ভ হয় আৰু পশ্চিম আকাশত সূৰ্য্যৰ ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ লগে লগে শেষ হয়। (ছহীহ মুছলিম হা/১৪১৯, পৃঃ ১/২২৩, মিচকাত হা/৫৮১)।
ঙ) ইশ্বাৰ ছালাতৰ সময়:- মাগৰিবৰ ছালাতৰ সময় শেষ হোৱাৰ পিছতে ইশ্বাৰ ছালাতৰ সময় আৰম্ভ হয় আৰু মাজনিশালৈকে থাকে। সমস্যাজনিত কাৰণত ফজৰৰ আগলৈকে পঢ়িব পাৰি, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইশ্বাৰ ছালাত পলমকৈ পঢ়াতো উত্তম হিচাবে বিবেচনা কৰিছিল। (আহমাদ, তিৰমিযী, ইবনু মাজাহ, মিচকাত ৬১১নং)।
ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জীব্ৰীল আলাইহি অছাল্লামে কা’বাৰ কাষত দুদিন অৱস্থান কৰি প্ৰতি ওৱাক্ত ছালাত দুবাৰকৈ পঢ়ি ছালাতৰ আওৱাল আৰু আখেৰী ওৱাক্তৰ বিষয়ে জনাই দিছিল। তেওঁ ইমামতি কৰি এবাৰ জোহৰ পঢ়ালে সূৰ্য্য ঢাল খোৱাৰ লগে লগে, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, মাগৰিব পঢ়াইছিল ৰোজাদাৰে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল বেলি ডুব যোৱাৰ পিছত পশ্চিম আকাশত ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ সময়ত আৰু ফজৰ পঢ়াইছিল ৰোজাদাৰে খাদ্য খোৱা হাৰাম হোৱাৰ সময়ত অৰ্থাৎ ছাহাৰীৰ সময়ৰ পিছত। পিছদিনাখন জোহৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ দুগুণ হৈছিল, মাগৰিব পঢ়াইছিল ৰোজা ৰখা ব্যক্তিয়ে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল নিশা এক-তৃতীয়াংশ পূৰ্ণ হোৱা সময়ত আৰু ফজৰ পঢ়াইছিল আকাশ মুকলি হোৱা সময়ত। তাৰ পিছত তেওঁ মোক লক্ষ্য কৰি কৈছিল– হে মুহাম্মাদ! (চাল্লাল্লাহু আলাইহি অছাল্লাম), এয়া আপোনাৰ পূৰ্বৰ নবীসকলৰ সময়, এই দুই সময়ৰ মাজৰ খিনিয়ে ছালাতৰ সময়”। (ছহীহ আবু দাউদ হা/৩৯৩, পৃঃ ১/৫৬, ছালাত অধ্যায়–২, ছহীহ তিৰমিযী হা/১৪৯, পৃঃ ১/৩৮)।
ওপৰোক্ত হাদীছৰ পৰা দেখা যায় যে জীব্ৰীল আলাইহি অছাল্লামে পাঁচ+পাঁচ মুঠ দহ ওৱাক্ত ছালাতত ইমামতি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰতি ওৱাক্ত ছালাতৰ আওৱাল আৰু আখেৰী সময়ৰ বিষয়ে জনাই দিছে। আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব অধিক, আনকি জাম‘আতত ছালাত আদায় কৰাতকৈও অধিক প্ৰাধান্য দিয়া হৈছে। (ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০)।
(مختصر صفة صلاة الرسولﷺ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
صَلُّوْا كَمَا رَأَيْتُمُوْنِىْ أُصَلِّىْ،
‘তোমালোকে ছালাত আদায় কৰা, যেনেদৰে মোক ছালাত আদায় কৰোঁতে দেখিছা’
(বুখাৰী হা/৬৩১, ৬০০৮, ৭২৪৬; মিচকাত হা/৬৮৩)
ছালাতৰ সংক্ষিপ্ত নিয়ম:
(১) তাকবীৰে তাহৰীমা: ছালাত আৰম্ভ হয় তকবীৰে তহৰিমাৰ দ্বাৰা। ছালাতত থিয হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আল্লা-হু আকবাৰ’ বুলি আৰম্ভ কৰিছিল (ইয়াৰ আগতে ইন্নি ওৱাজ্জাহতু... বা আন একোৱেই পঢ়া নাছিল)। গতিকে অজু কৰাৰ পিছত ছালাতৰ সংকল্প কৰি ক্কিবলাৰ ফালে মুখ কৰি থিয় হৈ ‘আল্লা-হু আকবৰ’ বুলি কৈ দুই হাত কান্ধ অথবা কাণৰ সমান্তৰালকৈ উঠাব। (বুখাৰী, মুছলিম, মিচকাত হা/৭৯৩, ৭৯৫)। হাত তোলাৰ সময়ত হাতৰ আঙুলিসমূহ লম্বা কৰি ৰাখিব। আঙুলিসমূহ বেছি ফাঁক কৰি নাইবা একেবাৰে লগাইও নাৰাখিব। (আবু দাউদ, ইবনু খুজাইমাহ হা/৪৫৯ চনদ ছহীহ, হাকিম, মুস্তাদৰাক)।
(২) হাত বন্ধা: তাৰ পিছত বাওঁ-হাতৰ ওপৰত সোঁ-হাত (বাওঁ-হাতৰ ‘যিৰা’ৰ ওপৰত সোঁ-হাতৰ ‘যিৰা’ ৰাখিব) কিলাকুটিলৈকে ৰাখিব (ছহীহ বুখাৰী হা/৭৪০) অথবা বাওঁ-হাতৰ কব্জিৰ ওপৰত সোঁ-হাতৰ কব্জি ৰাখি হাত বুকুৰ ওপৰত বান্ধিব। (আবু দাউদ হা/৭৫৯)। জাম‘আতত ছালাত আদায় কৰোঁতে শাৰীত থিয় হৈ ইজনৰ ভৰি সিজনৰ ভৰিৰ লগত, সৰুগাঁঠিৰ লগত সৰুগাঁঠি আৰু কান্ধৰ লগত কান্ধ মিলাই থিয় হ’ব। (বুখাৰী, আবু দাউদ হা/৬৬৬, ১ম খণ্ড পৃঃ ৯৭, চনদ ছহীহ)। ছালাতত ছিজদাৰ স্থানত দৃষ্টি ৰাখিব। (বায়হাকী, হাকিম, মুস্তাদৰাক, ইৰওৱাউল গালীল, আলবানী ৩৫৪ নং)। ইয়াৰ পিছত মুছল্লীয়ে বিনম্রচিত্তে নিম্নোক্ত দু‘আৰ মাধ্যমত তেওঁৰ সর্বোত্তম ইবাদতৰ শুভ সূচনা কৰিব-
اَللَّهُمَّ بَاعِدْ بَيْنِيْ وَبَيْنَ خَطَايَايَ كَمَا بَاعَدْتَ بَيْنَ الْمَشْرِقِ وَالْمَغْرِبِ اَللَّهُمَّ نَقِّنِيْ مِنَ الْخَطَايَا كَمَا يُنَقَّى الثَّوْبُ الْأَبْيَضُ مِنَ الدَّنَسِ، اَللَّهُمَّ اغْسِلْ خَطَايَايَ بِالْمَاءِ وَالثَّلْجِ وَالْبَرَد
উচ্চাৰণ: আল্লা-হুম্মা বা-‘ঈদ বায়নী ওৱা বায়না খাত্বা-ইয়া-ইয়া, কামা বা-‘আদতা বায়নাল মাশ্বৰিক্কি ওৱাল মাগৰিবি। আল্লা-হুম্মা নাক্কিনী মিনাল খাত্বা-ইয়া, কামা ইউনাক্কাছ ছাওবুল আব্ইয়াযু মিনাদ দানাছি। আল্লা-হুম্মাগছিল খাত্বা-ইয়া-ইয়া বিল মা-য়ি ওৱাছ ছালজি ওৱাল বাৰাদি’।
অৰ্থ: হে আল্লাহ! আপুনি মোৰ আৰু মোৰ গুনাহসমূহৰ মাজত এনেকুৱা দূৰত্ব সৃষ্টি কৰি দিয়া, যেনেকৈ দূৰত্ব সৃষ্টি কৰিছা পূব আৰু পশ্চিমৰ মাজত। হে আল্লাহ! আপুনি মোক পৰিচ্ছন্ন কৰক গুনাহসমূহৰ পৰা, যেনেকৈ পৰিচ্ছন্ন কৰা হয় বগা কাপোৰ ময়লাৰ পৰা। হে আল্লাহ! আপুনি মোৰ গুনাহসমূহক ধুই পৰিষ্কাৰ কৰি দিয়ক পানীৰ দ্বাৰা, বৰফৰ দ্বাৰা আৰু মেঘৰ শিলাখণ্ডৰ দ্বাৰা’। (বুখাৰী ৭৪৪, মুছলিম ৫৯৮, আবু দাউদ ৭৮১, নাছাঈ, দাৰেমী, মুছনাদে আহমাদ ২/৯৮, ইবনু মাজাহ ৮০৫)। ইয়াকে ‘ছানা’ বা দু‘আয়ে ইস্তেফতাহ বোলা হয়। ছানাৰ কাৰণে তলৰ দু‘আটিও পঢ়িব পাৰি। কিন্তু ওপৰোক্ত দু‘আটি সর্বাধিক বিশুদ্ধ।
سُبْحانَكَ اللَّهُمَّ وَبِحَمْدِكَ، وَتَبارَكَ اسْمُكَ، وَتَعَالَى جَدُّكَ، وَلاَ إِلَهَ غَيْرُكَ
উচ্চাৰণ: চুবহা-নাকাল্লা-হুম্মা ওৱা বিহামদিকা ওৱা তাবা-ৰাকাচমুকা ওৱা তা‘আ-লা জাদ্দুকা ওৱা লা- ইলা-হা গাইৰুকা।
অৰ্থ: হে আল্লাহ! আপোনাৰ প্রশংসাসহ আপোনাৰ পবিত্রতা ও মহিমা ঘোষণা কৰিছোঁ, আপোনাৰ নাম অতি বৰকতময়, আপোনাৰ প্রতিপত্তি অতি উচ্চ; আৰু আপোনাৰ বাহিৰে অন্য কোনো সত্য ইলাহ নাই। (মুছলিম হা/৩৯৯, আবু দাউদ হা/৭৭৫, তিৰমিযী হা/২৪৩, ইবনু মাজাহ হা/৮০৬, নাছাঈ হা/৮৯৯ আৰু চাওঁক! ছহীহুত তিৰমিযী ১/৭৭, ছহীহ ইবনু মাজাহ ১/১৩৫)।
(৩) ছুৰা ফাতিহা পাঠ: দু‘আয়ে ইস্তেফতা-হ বা ‘ছানা’ পঢ়ি আ‘ঊযুবিল্লাহ ও বিছমিল্লাহসহ ছুৰায়ে ফাতিহা পাঠ কৰিব আৰু অন্যান্য ৰাক‘আতত কেৱল বিছমিল্লাহ কব। জেহৰী ছালাত হ’লে ছুৰায়ে ফাতিহাৰ শেষত সশব্দে ‘আমীন’ কব। (বুখাৰী হা/৭৮০ ১ম খণ্ড পৃঃ ১০৭, মুছলিম হা/৯৪২ ১ম খণ্ড পৃঃ ১৭৬, আবু দাউদ হা/৯৩২-৯৩৩ ১ম খণ্ড পৃঃ ১৩৪-১৩৫, তিৰমিযী হা/২৪৮ ১ম খণ্ড পৃঃ ৫৭-৫৮, ইবনু মাজাহ হা/৮৫৬)।
ছুৰা ফাতিহা -
أَعُوْذُ بِا للہِ مِنَ الشَّيْطَانِ الرَّجِيْمِ (1) بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ (2) الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ (3) الرَّحْمَنِ الرَّحِيمِ (4) مَالِكِ يَوْمِ الدِّينِ (5) إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ (6) اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ (7) صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ
উচ্চাৰণ: আ‘ঊযু বিল্লা-হি মিনাশ্ব শ্বায়ত্বা-নিৰ ৰজীম। বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰহীম। (১) আলহামদু লিল্লা-হি ৰবিবল ‘আ-লামীন (২) আৰ ৰহমা-নিৰ ৰহীম (৩) মা-লিকি ইয়াওমিদ্দ্বীন (৪) ইয়্যা-কা না‘বুদু ওৱা ইয়্যা-কা নাস্তা‘ঈন (৫) ইহদিনাছ ছিৰা-ত্বাল মুস্তাক্কীম (৬) ছিৰা-ত্বাল্লাযীনা আন‘আমতা ‘আলাইহিম (৭) গায়ৰিল মাগযূবি ‘আলাইহিম ওৱা লায্ যোৱা-ল্লীন।
অৰ্থ: মই অভিশপ্ত শ্বয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্রয় প্রার্থনা কৰিছোঁ। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত (আৰম্ভ কৰিছোঁ)। (১) সকলো ধৰণৰ হামদ (প্রশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে (২) যিজন পৰম কৰুণাময়, পৰম দয়ালু (৩) যিজন বিচাৰ দিবসৰ মালিক (৪) আমি একমাত্র তোমাৰেই ইবাদত কৰোঁ আৰু তোমাৰ ওচৰতেই সাহায্য প্রার্থনা কৰোঁ (৫) আমাক সৰল পথৰ হিদায়াৎ দিয়া (৬) তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা (৭) সিহঁতৰ পথ নহয়, যিসকল অভিশপ্ত (ইয়াহুদী) ও পথভ্রষ্ট (খ্ৰীষ্টান) হৈছে’। আমীন! (হে আল্লাহ! কবুল কৰা)। উল্লেখ্য, প্ৰত্যেক আয়াতত ৰৈ ৰৈ পঢ়া ছুন্নাত। (আবু দাউদ, হাকিম, মুস্তাদৰাক, ইৰওৱাউল গালীল, আলবানী ৩৪৩ নং)। জেহৰী ছালাতত ছানা ও আউজু বিল্লাহ-বিছমিল্লাহ মনে মনে পঢ়িব, (বুখাৰী হা/৭৪৩, পৃঃ ১/১০৩) কিন্তু ছুৰায়ে ফাতিহা শেষ হ’লে ‘আমিন’ উচ্চস্বৰত কব। (বুখাৰী হা/৭৮০, ১ম খণ্ড পৃঃ ১০৭)। পিছৰ ৰাক‘আতসমূহত ছুৰায়ে ফাতিহাৰ আগত কেৱল বিছমিল্লাহ কব।
(৪) ক্কিৰাআত: ছুৰায়ে ফাতিহা পাঠ কৰাৰ শেষত ইমাম নাইবা মুছল্লী অকলে হ’লে প্রথম দুই ৰাক‘আতত কোৰআনৰ অন্য কোনো ছুৰা বা সাধ্যানুসাৰে কিছু আয়াত তিলাওৱাত কৰিব। (আবু দাউদ হা/৮১৮)। কিন্তু মুক্তাদী হ’লে জেহৰী ছালাতত মনে মনে কেৱল ছুৰায়ে ফাতিহা পঢ়িব আৰু ইমামৰ ক্কিৰাআত মনোযোগ দি শুনিব। (বুখাৰী হা/৭৫৬, পৃঃ ১/১০৪)। কিন্তু যোহৰ আৰু আছৰৰ ছালাতত ইমাম-মুক্তাদী সকলোৱে প্রথম দুই ৰাক‘আতত ছুৰায়ে ফাতিহা সহ অন্য ছুৰা পঢ়িব আৰু শেষৰ দুই ৰাক‘আতত কেৱল ছুৰায়ে ফাতিহা পাঠ কৰিব। (ইবনু মাজাহ- হা/৮৪৩ পৃঃ ৬১, চনদ ছহীহ)। প্ৰত্যেক ছুৰা পাঠ কৰাৰ সময়ত ‘বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰহীম’ কোৱা ছুন্নাত। (আবু দাউদ হা/৭৮৪, ৭৮৮)।
(৫) ৰুকূ: ক্কিৰাআতৰ শেষত ‘আল্লা-হু আকবৰ’ কৈ দুই হাত কান্ধ অথবা কাণলৈকে উঠাই ‘ৰাফ‘উল ইয়াদায়েন’ কৰি ৰুকূত যাব। উল্লেখ্য যে, দুই হাত কাণ বা কান্ধলৈকে উত্তোলন কৰাকে ‘ৰাফউ’ল ইয়াদায়েন’ বুলি কোৱা হয়। ‘ৰাফ‘উল ইয়াদায়েন’ সম্পৰ্কে জান্নাতৰ সু-সংবাদপ্ৰাপ্ত ১০ জন ছাহাবীৰ ওপৰিও ২৫ জন বিখ্যাত ছাহাবীৰ বৰ্ণনা আছে। ‘ৰাফ‘উল ইয়াদায়েন’ৰ সৰ্বমুঠ হাদীছ আৰু আছাৰৰ সংখ্যা ৪০০শৰো অধিক। তলত মাত্ৰ এটা হাদীছ উল্লেখ কৰা হ’ল-
عَنْ نَافِعٍ أَنَّ ابْنَ عُمَرَ كَانَ إِذَا دَخَلَ فِي الصَّلَاةِ كَبَّرَ وَرَفَعَ يَدَيْهِ وَإِذَا رَكَعَ رَفَعَ يَدَيْهِ وَإِذَا قَالَ سَمِعَ اللهُ لِمَنْ حَمِدَهُ رَفَعَ يَدَيْهِ وَإِذَا قَامَ مِنْ الرَّكْعَتَيْنِ رَفَعَ يَدَيْهِ وَرَفَعَ ذَلِكَ ابْنُ عُمَرَ إِلَى نَبِيِّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم.
নাফে‘ (ৰহ.)-এ কৈছে, ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া ছালাত আৰম্ভ কৰিছিল, তেতিয়া তাকবীৰ দিছিল আৰু দুই হাত উঠাইছিল। যেতিয়া ৰুকূ কৰিছিল তেতিয়াও দুই হাত উঠাইছিল, যেতিয়া ‘ছামি‘আল্লাহু লিমান হামিদাহ’ কৈছিল আৰু যেতিয়া দুই ৰাক‘আতৰ পিছত থিয় হৈছিল, তেতিয়াও দুই হাত উত্তোলন কৰিছিল। এই সকলোবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বুলি ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে। (বুখাৰী হা/৭৩৫-৭৩৯, মুছলিম, মিচকাত হা/৭৯৩, ৭৯৭)।
ৰুকূৰ সময়ত দুই হাতেৰে আঁঠুৰ ওপৰত ভৰ দি- ভৰি, হাত, পিঠি আৰু মূৰ পোনকৈ ৰাখিব আৰু ৰুকূৰ দু‘আ পঢ়িব। (আবু দাউদ হা/৮৫৫, আহমাদ, ইবনু মাজাহ)। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰুকুৰ পিছত- ক্কওমা, ছিজদাহ আৰু দুই ছিজদাৰ মাজৰ বৈঠক প্ৰায় সমপৰিমাণ দীৰ্ঘ আছিল। (বুখাৰী, মুছলিম, মিচকাত হা/৮৬৯)।
ৰুকূৰ দু‘আ- سُبْحَانَ رَبِّيَ الْعَظِيْمِ ‘চুবহা-না ৰব্বিয়াল ‘আযীম’ অৰ্থাৎ ‘মোৰ মহান প্রতিপালকৰ পবিত্রতা ও মহিমা ঘোষণা কৰিছোঁ’। কমপক্ষে তিনিবাৰ পঢ়িব (বুখাৰী হা/৭৯৪ ও ৮১৭, আবু দাউদ ৮৭০, তিৰমিযী ২৬২, নাছাঈ ১০০৭, ইবনু মাজাহ ৮৯৭, আহমাদ ৩৫১৪)।
(৬) ক্কওমা: ইয়াৰ পিছত ৰুকূৰ পৰা উঠি মেৰুদণ্ড ছিধা কৰি সুস্থিৰভাৱে থিয় হ’ব। (বুখাৰী হা/৮২৮, আবু দাউদ, মিচকাত হা/৭৯২)। এই সময়ত দুই হাত ক্কিবলামুখী কৰি কান্ধলৈকে উঠাই ‘ৰাফউ’ল ইয়াদায়েন’ কৰিব (বুখাৰী হা/৭৩৫-৭৩৯, মুছলিম, মিচকাত হা/৭৯৫) আৰু ইমাম-মুক্তাদী সকলোৱে কব سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ ‘চামি‘আল্লা-হু লিমান হামিদাহ’ অৰ্থাৎ আল্লাহে তাৰ কথা শুনে, যিয়ে তেওঁৰ প্রশংসা কৰে। (মুছলিম হা/৪০৪, আবু দাউদ হা/৯৭২, আহমাদ, মিচকাত হা/৭৯৩)। ইয়াৰ পিছত ‘ক্কওমা’ৰ দু‘আ এবাৰ পঢ়িব। (বুখাৰী হা/৭৯৫)।
ক্কওমাৰ দো‘আ- رَبَّنَا لَكَ الْحَمْدُ ‘ৰব্বানা লাকাল হামদ’ অৰ্থাৎ ‘হে আমাৰ প্রতিপালক! তোমাৰ কাৰণেই সকলো প্রশংসা’ অথবা পঢ়িব- رَبَّنَا وَلَكَ الْحَمْدُ حَمْدًا كَثِيْرًا طَيِّبً مُّبَارَكًا فِيْهِ ‘ৰব্বানা ওৱা লাকাল হামদু হামদান কাছীৰান ত্বায়্যিবাম মুবা-ৰাকান ফীহি’ অৰ্থাৎ ‘হে আমাৰ প্রতিপালক! তোমাৰ কাৰণে অগণিত প্রশংসা, যিজন পবিত্র ও বৰকতময়’। (বুখাৰী হা/৭৯৯)। ক্কওমাৰ কাৰণে অন্য দু‘আও আছে। এই সময়ত দুই হাত স্বাভাৱিকভাৱে নমাই ৰাখিব। (বুখাৰী হা/৮২৮, পৃঃ ১/১১৪)।
(৭) ছিজদা: ক্কওমাৰ দু‘আ পাঠ কৰাৰ শেষত ‘আল্লা-হু আকবৰ’ কৈ ছিজদাত যাব। ছিজদাত যাওঁতে প্রথমে দুই হাত আৰু পিছত দুই আঁঠু মাটিত ৰাখিব। (আবু দাউদ হা/৭৪৬, নাছাঈ হা/১০৪৪, মিচকাত হা/৮৯৯, ইৰওৱাউল গালীল)। তাৰ পিছত নাক আৰু কপাল মাটিত লগাই বেছি বেছি দু‘আ পঢ়িব। এই সময়ত দুই হাত ক্কিবলামুখী কৰি মূৰৰ দুয়োকাষে কান্ধ বা কাণৰ সমান্তৰালকৈ মাটিত স্বাভাৱিকভাৱে ৰাখিব। (বুলুগুল মাৰাম হা/২৯৭, চনদ ছহীহ)। কিলাকুটি আৰু কাষলতি ফাঁক থাকিব। (বুখাৰী হা/৮০৭)। ছিজদা লম্বা হ’ব আৰু পিঠি ছিধা ৰাখিব, যাতে তলেদি এটি ছাগলীৰ পোৱালি যোৱাৰ সমান ফাঁক থাকে। (মুছলিম হা/১১৩৫, আবু দাউদ হা/৮৯৮)। ছিজদাৰ সময়ত ভৰিৰ গোৰোৱা দুটি লগাই আৰবী ৮ সংখ্যাটোৰ দৰেকৈ ৰাখিব। (ছহীহ ইবনু খুজাইমাহ হা/৬৫৪, হাকিম, মুস্তাদৰাক ১/২২৮)।
ছিজদাৰ দু‘আ- سُبْحَانَ رَبِّيَ الأَعْلَى ‘চুবহা-না ৰব্বিয়াল আ‘লা’ অর্থাৎ ‘মোৰ প্ৰতিপালকৰ পবিত্রতা ও মহিমা বৰ্ণনা কৰিছোঁ যিজন সর্বোচ্চ’। কমপক্ষে তিনিবাৰ পঢ়িব। (আবু দাউদ হা/৮৭০, তিৰমিযী হা/২৬২, নাছাঈ হা/১০০৭, ইবনু মাজাহ হা/৮৯৭, আহমাদ হা/৩৫১৪, ছহীহুত তিৰমিযী ১/৮৩)। ৰুকূ আৰু ছিজদাৰ কাৰণে অন্য দু‘আও আছে।
ছিজদাৰ পৰা উঠি বাওঁ-ভৰিৰ পতাৰ ওপৰত বহিব আৰু সোঁ-ভৰিৰ পতা থিয়কৈ ৰাখিব। এই সময়ত স্থিৰভাৱে বহি দু‘আ পঢ়িব। ইয়াৰ পিছত ‘আল্লা-হু আকবৰ’ কৈ দ্বিতীয় ছিজদাত যাব আৰু দু‘আ পঢ়িব। ৰুকূ আৰু ছিজদাত কোৰআনত বৰ্ণিত দু‘আ নপঢ়িব। ২য় ও ৪র্থ ৰাক‘আতত থিয় হোৱাৰ প্রাক-কালত ছিজদাৰ পৰা উঠি সামান্য সময়ৰ কাৰণে স্থিৰ হৈ বহিব। ইয়াকে ‘জালছায়ে ইস্তিৰা-হাত’ বা ‘স্বস্তিৰ বৈঠক’ বোলে। ইয়াৰ পিছত মাটিত দুয়োখন হাতেৰে ভৰ দি পোন হৈ থিয় হ’ব। দ্বিতীয় ৰাক‘আতৰ বাবে থিয় হোৱাৰ পিছত ‘বিছমিল্লাহ’ সহ চুৰায়ে ফাতিহা পঢ়িব, শেষ হ’লে উচ্চস্বৰে ‘আমিন’ কব আৰু কোৰআনৰ চুৰা বা আয়াত পাঠ কৰিব। তাৰ পিছত প্ৰথম ৰাক‘আতৰ দৰে তাকবীৰ কৈ ‘ৰাফউ’ল ইয়াদায়েন’ কৰি ৰুকুলৈ গৈ ৰুকুৰ দু‘আ পঢ়িব। ৰুকুৰ পৰা শান্তিৰে উঠি প্ৰথম ৰাক‘আতৰ দৰে ‘ৰাফউ’ল ইয়াদায়েন’ কৰি ক্কওমাৰ দু‘আ পঢ়িব ও তাকবীৰ কৈ ছিজদালৈ যাব। এনেদৰে পৰৱৰ্তী ৰাক‘আতসমূহ পূৰা কৰিব।
দুই ছিজদাৰ মধ্যৱর্তী বৈঠকৰ দু‘আ-
اَللَّهُمَّ اغْفِرْ لِيْ وَارْحَمْنِيْ وَاجْبُرْنِيْ وَاهْدِنِيْ وَعَافِنِيْ وَارْزُقْنِيْ-
উচ্চাৰণ: আল্লা-হুম্মাগফিৰলী ওৱাৰ হামনী ওৱাজবুৰনী ওৱাহদিনী ওৱা ‘আ-ফিনী ওৱাৰঝুক্কনী।
অৰ্থ: ‘হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ ওপৰত ৰহম কৰা, মোৰ অৱস্থাৰ সংশোধন কৰা, মোক সৎপথ প্রদর্শন কৰা, মোক সুস্থতা দান কৰা আৰু মোক ৰূযী দান কৰা’। (তিৰমিযী হা/২৮৪, ইবনু মাজাহ হা/৮৯৮, আবু দাউদ হা/৮৫০, মিচকাত হা/৯০০, অনুচ্ছেদ-১৪, নায়লুল আওত্বাৰ ৩/১২৯ পৃঃ(।
(৮) বৈঠক: ২য় ৰাক‘আতৰ শেষত বৈঠকত বহিব। যদি ১ম বৈঠক হয়, তেন্তে কেৱল ‘আত্তাহিয়্যা-তু’ পঢ়ি ৩য় ৰাক‘আতৰ কাৰণে উঠি যাব আৰু যদি শেষ বৈঠক হয়, তেন্তে ‘আত্তাহিয়্যা-তু’ পঢ়াৰ পিছত দৰূদ, দু‘আয়ে মাছুৰাহ আৰু সম্ভৱ হ’লে বেছি বেছিকৈ অন্য দু‘আ পঢ়িব। ১ম বৈঠকত বাওঁ-ভৰিৰ পতাৰ ওপৰত বহিব আৰু শেষ বৈঠকত সোঁ-ভৰিৰ তলেদি বাওঁ-ভৰিৰ আগভাগ বাহিৰ কৰি বাওঁ-নিতম্বৰ ওপৰত বহিব আৰু সোঁ-ভৰি থিয়কৈ ৰাখিব। এই সময়ত সোঁ-ভৰিৰ আঙুলিসমূহ ক্কিবলামুখী কৰি ৰাখিব। বৈঠকৰ সময়ত বাওঁ-হাতৰ আঙুলিসমূহ বাওঁ-আঁঠুৰ ওপৰত ক্কিবলামুখী ও স্বাভাৱিক অৱস্থাত থাকিব আৰু সোঁ-হাত আৰবী ৫৩-ৰ দৰে মুষ্টিবদ্ধ ৰাখি তাশ্বাহহুদৰ আৰম্ভণিৰ পৰা ছালাম ফিৰোৱাৰ আগলৈকে শ্বাহাদাত অঙুলি ক্কিবলাৰ ফালে মুখ কৰি লৰাই ইশ্বাৰা কৰি থাকিব। (ছহীহ মুছলিম হা/১৩৩৬, ১৩৩৮)। মুছল্লীৰ নজৰ ইশ্বাৰাৰ পিনে ৰাখিব। (নাছাঈ হা/১২৭৫, ১১৬০ পৃঃ ১/১৩০ আৰু ১/১৪২)।
বৈঠকৰ দু‘আসমূহ-
(ক) তাশ্বাহহুদ (আত্তাহিয়্যা-তু)
اَلتَّحِيَّاتُ ِللهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِيْنَ، أَشْهَدُ أَنْ لاَّ إِلَهَ إِلاَّ اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ-
উচ্চাৰণ: আত্তাহিয়্যা-তু লিল্লা-হি ওৱাছ্ ছালাওৱা-তু ওৱাত্ ত্বায়্যিবা-তু আচ্ছালা-মু ‘আলায়কা আয়্যুহান নাবিয়্যু ওৱা ৰহমাতুল্লা-হি ওৱা বাৰাকা-তুহু। আচছালা-মু ‘আলায়না ওৱা ‘আলা ‘ইবা-দিল্লা-হিছ ছা-লিহীন। আশ্বহাদু আল লা-ইলা-হা ইল্লাল্লা-হু ওৱা আশ্বহাদু আন্না মুহাম্মাদান ‘আব্দুহূ ওৱা ৰাছূলুহু।
অৰ্থ: যাৱতীয় সন্মান, যাৱতীয় উপাসনা ও যাৱতীয় পবিত্র বিষয় আল্লাহৰ কাৰণে। হে নবী! আপোনাৰ ওপৰত শান্তি বর্ষিত হওঁক আৰু আল্লাহৰ অনুগ্রহ ও সমৃদ্ধিসমূহ নাযিল হওঁক। শান্তি বর্ষিত হওঁক মোৰ ওপৰত ও আল্লাহৰ সৎকর্মশীল বান্দাসকলৰ ওপৰত। মই সাক্ষ্য দিছোঁ যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই আৰু মই সাক্ষ্য দিছোঁ যে, মুহাম্মাদ তেওঁৰ বান্দা ও ৰাছূল’। (বুখাৰী, মুছলিম, মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/৯০৯ ‘ছালাত’ অধ্যায়-৪, ‘তাশ্বাহহুদ’ অনুচ্ছেদ-১৫(।
(খ) দৰূদ-
اَللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا صَلَّيْتَ عَلَى إِبْرَاهِيْمَ وَعَلَى آلِ إِبْرَاهِيْمَ إِنَّكَ حَمِيْدٌ مَّجِيْدٌ- اَللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا بَارَكْتَ عَلَى إِبْرَاهِيْمَ وَعَلَى آلِ إِبْرَاهِيْمَ إِنَّكَ حَمِيْدٌ مَّجِيْدٌ-
উচ্চাৰণ: আল্লা-হুম্মা চাল্লি ‘আলা মুহাম্মাদিঁউ ওৱা ‘আলা আ-লি মুহাম্মাদিন কামা চাল্লায়তা ‘আলা ইব্ৰা-হীমা ওৱা ‘আলা আ-লি ইব্রা-হীমা ইন্নাকা হামীদুম মাজীদ। আল্লা-হুম্মা বা-ৰিক ‘আলা মুহাম্মাদিঁউ ওৱা ‘আলা আ-লি মুহাম্মাদিন কামা বা-ৰাক্তা ‘আলা ইব্রা-হীমা ওৱা ‘আলা আ-লি ইব্রা-হীমা ইন্নাকা হামীদুম মাজীদ।
অৰ্থ: ‘হে আল্লাহ! আপুনি ৰহমত বর্ষণ কৰক মুহাম্মাদ ও মুহাম্মাদৰ পৰিবাৰৰ ওপৰত, যেনেকৈ আপুনি ৰহমত বর্ষণ কৰিছে ইব্ৰাহীম ও ইব্ৰাহীমৰ পৰিবাৰৰ ওপৰত। নিশ্চয় আপুনি প্রশংসিত ও সন্মানিত। হে আল্লাহ! আপুনি বৰকত নাযিল কৰক মুহাম্মাদ ও মুহাম্মাদৰ পৰিবাৰৰ ওপৰত, যেনেকৈ আপুনি বৰকত নাযিল কৰিছে ইব্ৰাহীম ও ইব্ৰাহীমৰ পৰিবাৰৰ ওপৰত। নিশ্চয় আপুনি প্রশংসিত ও সন্মানিত’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/৯১৯ ‘ৰাছুলুল্লাহ (ছাঃ)-ৰ ওপৰত দৰূদ পাঠ’ অনুচ্ছেদ-১৬; ছিফাত ১৪৭ পৃঃ, টোকা ২-৩ দ্রঃ)।
(গ) দু‘আয়ে মাছুৰাহ-
اللَّهُــمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ الْقَبْرِ، وَمِنْ عَذَابِ جَهَنَّمَ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ
উচ্চাৰণ: আল্লা-হুম্মা ইন্নী আ‘ঊযু বিকা মিন ‘আযা-বিল ক্কাবৰি ওৱা মিন ‘আযা-বি জাহান্নামা, ওৱা মিন ফিতনাতিল মাহ্ইয়া ওৱাল মামা-তি, ওৱা মিন শ্বাৰৰি ফিতনাতিল মাছীহিদ দাজ্জা-ল।
অৰ্থ: হে আল্লাহ! মই আপোনাৰ ওচৰত আশ্রয় বিচাৰিছোঁ কবৰৰ আযাবৰ পৰা, জাহান্নামৰ আযাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মাছীহ দাজ্জালৰ ফিতনাৰ অনিষ্টতাৰ পৰা। (বুখাৰী ২/১০২ হা/১৩৭৭, মুছলিম ১/৪১২ হা/৫৮৮, আহমাদ ২/২৩৫, আবু দাউদ, নাছাঈ, ইবনু মাজাহ, দাৰেমী, বায়হাকী, মিচকাত ৯৪০নং)।
উল্লেখ্য যে উক্ত দু‘আয়ে মাছুৰাটো পঢ়া ওৱাজীব। ইয়াৰ ওপৰিও এই সময়ত অন্যান্য দু‘আসমূহ বেছি বেছিকৈ পঢ়িব পাৰে।
(৯) ছালাম: দু‘আয়ে মাছুৰাহ পঢ়াৰ শেষত প্রথমে সোঁ-ফালে আৰু পিছত বাওঁ-ফালে اَلسَّلاَمُ عَلَيْكُمْ وَرَحْمَةُ اللهِ ‘আচছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহ’ (আল্লাহৰ পক্ষৰ পৰা আপোনাৰ ওপৰত শান্তি ও অনুগ্রহ বর্ষিত হওঁক) বুলি কৈ ছালাম ফিৰাব। (বুখাৰী হা/৮৩৪)। প্রথম ছালামৰ শেষত وَبَرَكَاتُهُ ‘ওৱা বাৰাকা-তুহু’ (আৰু তেওঁৰ বৰকতসমূহ) যোগ কৰিব পাৰি। (ছহীহ আবু দাউদ হা/৯১৫)। এনেদৰে ছালাত সমাপ্ত কৰিব। এই সময়ত ইমাম হ’লে সোঁ-ফালে অথবা বাওঁ-ফালে ঘূৰি প্ৰত্যক্ষভাৱে মুক্তাদীসকলৰ ফালে মুখ কৰি বহিব। ইয়াৰ পিছত সকলোৱে তলৰ দু‘আ ও যিকিৰ সহ অন্যান্য দু‘আ পাঠ কৰিব-
(১) أَسْتَغْفِرُ الله (আস্তাগফিৰুল্লাহ্) অর্থাৎ মই আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰিছোঁ- ৩ বাৰ। (মুত্তাফাকুন আলাইহি, মিচকাত হা/৯৫৯)।
(২) اَللّهُمَّ أَنْتَ السَّلاَمُ وَمِنْكَ السَّلاَمُتَبَارَكْتَ يَاذَا الْجَلاَلِ وَالإِكْرَام
উচ্চাৰণ:- আল্লা-হুম্মা আন্তাচ্ছালা-মু অমিন্কাচ্ছালা-মু তাবা-ৰাকতা ইয়া যাল জালা-লি অল ইকৰাম।
অর্থ:- হে আল্লাহ! তুমি শান্তিময় (সকলো ত্রুটিৰ পৰা পবিত্র) আৰু তোমাৰ ওচৰৰ পৰাই শান্তি বৰ্ষিত হয়। তুমি বৰকতময়, হে মহিমাময় ও সন্মানৰ অধিকাৰী! (মুছলিম ১/৪১৪ হা/৫৯১, মিচকাত হা/৬০)।
(৩) لاَ إِلهَ إِلاَّ الله وَحْدَهُ لاَ شَرِيْكَ لَهُ،لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَ هُوَ عَلىكُلِّ شَيْءٍ قَدِيْرٌ
উচ্চাৰণ:- “লা ইলাহা ইল্লাল্লা-হু অহ্দাহু লা শ্বৰীকা লাহ্, লাহুল মুলকু অলাহুলহামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য মাবুদ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ কাৰণেই সমস্ত ৰাজত্ব, তেওঁৰেই সমস্ত প্রশংসা আৰু তেওঁ সকলোৰে ওপৰত ক্ষমতাৱান।
(৪) اَللّهُمَّ لاَ مَانِعَ لِمَا أَعْطَيْتَ وَلاَ مُعْطِىَ لِمَا مَنَعْتَ وَلاَ يَنْفَعُ ذَا الَجَدِّ مِنْكَ الْجَدُّ
উচ্চাৰণ:- আল্লা-হুম্মা লা মা-নি'আ লিমা আ’ত্বাইতা, অলা মু’তিয়া লিমা মানা’তা অলা য়্যানফা‘উ যাল জাদ্দি মিনকাল জাদ্দু।
অর্থ:- হে আল্লাহ! তুমি যি দান কৰা তাক ৰোধ কৰাৰ আৰু যি ৰোধ কৰা তাক দান কৰাৰ সাধ্য কাৰোঁ নাই; আৰু কোনো ক্ষমতা-প্ৰতিপত্তিৰ অধিকাৰীৰ ক্ষমতা-প্ৰতিপত্তি তোমাৰ ওচৰত কোনো উপকাৰত নাহিব। (বুখাৰী ১/২২৫ হা/৮৪৪, মুছলিম ১/৪১৪ হা/৫৯৩, মিচকাত হা/৯৬২)।
(৫) لاَ حَوْلَ وَلاَ قُوَّةَ إِلاَّ بِالله
উচ্চাৰণ:- লা হাউলা অলা ক্কুউওৱাতা ইল্লা বিল্লা-হ্।
অর্থ:- আল্লাহৰ প্রেৰণা দানৰ অবিহনে পাপৰ পৰা বিৰত থকাৰ আৰু সৎকাম কৰাৰ শক্তি নাই।
(৬) لآ إِلهَ إِلاَّ اللهُ وَلاَ نَعْبُدُ إِلاَّ إِيَّاهُ لَهُ النِّعْمَةُ وَلَهُ الْفَضْلُ وَلَهُ الثَّنَاءُ الْحَسَنُ، لاَ إِلهَ إِلاَّ اللهُ مُخْلِصِيْنَ لَهُ الدِّيْنَ وَلَوْ كَرِهَ الْكَافِرُوْنَ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হু লাহুন্না'মাতু অলাহুল ফায্বলু অলাহুচ চানা-উল হাচান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচিনা লাহুদ্দ্বীনা অলাউ কাৰিহাল কা-ফিৰূন।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি আন কাৰোঁ ইবাদত নকৰোঁ, তেওঁৰেই যাৱতীয় সম্পদ, তেওঁৰেই যাৱতীয় অনুগ্রহ আৰু তেওঁৰেই যাৱতীয় সু-প্রশংসা, আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই। আমি বিশুদ্ধচিত্তে তেওঁৰেই উপাসনা কৰোঁ, যদিও কাফিৰসকলে সেইটো অপছন্দ কৰে। (মুছলিম, মিচকাত হা/৯৬৩)।
(৭) سُبْحانَ الله (চুবহা-নাল্লাহ) অর্থাৎ, মই আল্লাহৰ পবিত্রতা ঘোষণা কৰিছোঁ। ৩৩ বাৰ।
(৮) اَلْحَمْدُ لله (আলহামদু লিল্লা-হ) অর্থাৎ, সমস্ত প্রশংসা আল্লাহৰ নিমিত্তে। ৩৩ বাৰ।
(৯) اَللهَ أَكْبَر (আল্লা-হু আকবাৰ) অর্থাৎ আল্লাহ সর্বমহান। ৩৩ বাৰ। আকৌ ১০০ পূৰণ কৰাৰ বাবে ওপৰোক্ত ৩নং দু‘আ এবাৰ পাঠ কৰিব। এইবোৰ পাঠ কৰিলে সমুদ্ৰৰ ফেনা পৰিমাণ পাপ হ’লেও মাফ হৈ যায়। (মুছলিম ১/৪১৮ হা/৫৯৭, আহমাদ ২/৩৭১)। اَللهَ أَكْبَر ‘আল্লাহু আকবাৰ’ ৩৪ বাৰও পঢ়িব পাৰি। (মুছলিম হা/১৩৭৭)।
প্রকাশ থাকে যে, তাছবীহ গণনা কৰোঁতে বাওঁ-হাত বা মালা ব্যৱহাৰ নকৰি কেৱল সোঁ-হাত ব্যৱহাৰ কৰাই বিধেয়। (ছহীহুল জামে’- ৪৮৬৫)।
(১০) ছুৰা ইখলাচ, ফালাক্ক আৰু নাছ এবাৰকৈ। (আবু দাঊদ ২/৮৬ হা/১৫২৩ হাদীছ ছহীহ, তিৰমিযী ১/৮ হা/২৯০৩, নাছাঈ ৩/৬৮ হা/১৩৩৫)।
(১১) আয়াতুল কুৰছী এবাৰ-
اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ ۚ لَا تَأْخُذُهُ سِنَةٌ وَلَا نَوْمٌ ۚ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ ۚ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۖ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ ۚ وَسِعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ ۖ وَلَا يَئُودُهُ حِفْظُهُمَا ۚ وَهُوَ الْعَلِيُّ الْعَظِيمُ
উচ্চাৰণ:- আল্লা-হু লা ইলা-হা ইল্লা হুওৱাল হাইয়্যূল কাইয়্যূমু। লা তা’খুযুহু ছিনাতুঁও ওৱালা নাউম। লাহূ মা-ফিছ ছামা-ওৱা-তি ওৱামা ফিল আৰদ্বি। মান যাল্লাযী ইয়াশ্বফা‘উ ‘ইনদাহূ ইল্লা বিইযনিহী। ইয়া‘লামু মা বাইনা আইদীহিম ওৱামা খালফাহুম। ওৱালা ইয়ুহীতূনা বিশ্বাইইম মিন্ ‘ইলমিহী ইল্লা বিমা শ্বা-আ। ওৱাছি‘আ কুৰছিয়্যুহুছ ছামা-ওৱা-তি ওৱাল আৰদ্ব। ওৱালা ইয়াউদুহূ হিফযুহুমা। ওৱা হুৱাল ‘আলিয়্যূল ‘আযীম।
অর্থ:- আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্কাৰাহ ২৫৫)।
প্রত্যেক ফৰজ নামাজৰ পিছত এই আয়াত পাঠ কৰিলে মৃত্যুৰ বাহিৰে জান্নাতত যোৱাৰ পথত পাঠকাৰীৰ কাৰণে আন কোনো বাধা নাথাকে। (ছহীহুল জামে’ ৫/৩৩৯, চিলচিলা ছহীহাহ হা/৯৭২, নাছাঈ, আমালুল ইয়াওমি ওৱাল্লাইলাহ ১০০ নং)।
(১২) لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، يُحْيِيْ وَيُمِيْتُ وَهُوَ عَلى كُلِّ شَيْءٍ قَدِيْرٌ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্দাহু লা শ্বৰীকা লাহু লাহুল মুলকু অ লাহুলহামদু য়্যুহ্য়ী অ য়্যুমীতু অ হুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সমস্ত ৰাজত্ব ও প্রশংসা তেওঁৰেই, তেওঁ জীৱিত কৰে, তেৱেঁই মৰণ দান কৰে আৰু তেৱেঁই সৰ্বোপৰি শক্তিমান। (তিৰমিযী ৫/৫১৫ হা/৩৪৭৪, আহমাদ ৪/২২৭ হা/১৭৯৯০)।
এইটো ফজৰ আৰু মাগৰীবৰ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত দহবাৰ পঢ়িলে দহটা নেকী লাভ হ’ব, দহটা গুনাহ মাফ হ’ব, দহটা মৰ্যাদা বৃদ্ধি পাব, চাৰিজন গোলাম আজাদ কৰাৰ চওৱাব লাভ হ’ব আৰু চয়তানৰ পৰা নিৰাপদে থাকিব। (ছহীহ তাৰগীব ২৬২-২৬৩ পৃঃ)।
(১৩) اَللّهُمَّ إِنِّيْ أَسْأَلُكَ عِلْماً نَّافِعاً وَّرِزْقاً طَيِّباً وَّعَمَلاً مُّتَقَبَّلاً
উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আচআলুকা 'ইলমান না-ফি'আঁউ ওৱা ৰিযক্কান ত্বায়্যিবাঁউ ওৱা আমালাম মুতাক্কাব্বালা।
অর্থ:- হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, হালাল জীৱিকা আৰু গ্রহণযোগ্য আমল প্রার্থনা কৰিছোঁ।
ফজৰৰ নামাজৰ পিছত এইটো পঠনীয়। (ইবনু মাজাহ হা/৯২৫, ত্বাবাৰানী চাগীৰ, মাজমাউয যাওওৱাইদ ১০/১১১)।
(১৪) اَللّهُمَّ قِنِيْ عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ
উচ্চাৰণ:- আল্লা-হুম্মা ক্কিনী 'আযা-বাকা ইয়াওমা তাবআচ 'ইবা-দাক।
অর্থ:- হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক পুনৰুত্থিত কৰিবা সেইদিনাৰ 'আযাবৰ পৰা মোক ৰক্ষা কৰা। (মুছলিম)।
(১৫) لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الُحَمْدُ يُحْيِيْ وَيُمِيْتُ بِيَدِهِ الْخَيْرُ وَهُوَ عَلى كُلِّ شَىْءٍ قَدِيْرٌ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্দাহু লা শ্বাৰিকা লাহু লাহুল মুলকু অ লাহুলহামদু য়্যুহ্য়ী অ য়্যুমীতু বিয়্যাদিহিল খাইৰু অ হুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহ ভিন্ন কোনো সত্য মা’বুদ নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰেই কাৰণে সকলো ৰাজত্ব আৰু তেওঁৰেই নিমিত্তে সকলো প্রশংসা। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৰণ দিয়ে। তেওঁৰ হাততেই সকলো মঙ্গল আৰু তেওঁ সর্বোপৰি ক্ষমতাৱান।
এইটো ফজৰৰ নামাজৰ পিছত ভৰি ঘূৰাই বহাৰ আগত ১০০ বাৰ পঢ়িলে পৃথিৱীৰ ভিতৰত সেইদিনা সেই ব্যক্তিয়েই অধিক উত্তম আমলকাৰী বুলি গণ্য হ’ব। (ছহীহ তাৰগীব ২৬২-২৬৩ পৃঃ)।
ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত একেলগে দুই হাত তুলি দলবদ্ধ মোনাজাত কৰাৰ কোনো ছহীহ দলীল নাই, বৰং এই সময়ত সশব্দে যিকিৰ ও নিৰ্দিষ্ট দু‘আবোৰ পঢ়াটো ছুন্নাত। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত সশব্দে যিকিৰ পাঠ কৰাটো আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত প্রচলিত আছিল।’ (বুখাৰী হা/৮৪১, মুছলিম)। মোনাজাত বা আল্লাহৰ ওচৰত বিশেষভাৱে প্ৰাৰ্থনা কৰাৰ সৰ্বশ্ৰেষ্ঠ স্থান হ’ল ছালাত। (ছুৰা ‘বাক্কাৰাহ’ আয়াত ৪৫)।
(صلاة الوتر)
ৱিতৰ ছালাত হ’ল ‘ছুন্নাতে মুওৱাক্কাদ্দা’। (ফিক্কহুচ ছুন্নাহ ১/১৪৩, নাছাঈ হা/১৬৭৬)। এই ছালাত ঈশ্বাৰ ছালাতৰ পিছৰ পৰা ফজৰৰ ছালাতৰ আগলৈকে ছুন্নাত আৰু নফল ছালাতসমূহৰ শেষত আদায় কৰা হয়। (ফিক্কহুচ ছুন্নাহ ১/১৪৪, ছহীহ আত-তাৰগীব হা/৫৯২-৫৯৩)। ৱিতৰ ছালাত খুবেই ফযীলতপূৰ্ণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা সময়ত বা ভ্ৰমণত থকা অৱস্থাত ৱিতৰ আৰু ফজৰৰ দুই ৰাক‘আত ছুন্নাত কেতিয়াও এৰা নাছিল। ৱিতৰ মানে ‘বিযোৰ’, মূলতঃ এক ৰাক‘আত। কাৰণ এক ৰাক‘আতেৰে বিযোৰ কৰা হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– ‘‘ৰাতিৰ নফল ছালাত দুই দুই। ইয়াৰ পিছত তোমালোকৰ কোনোৱে ফজৰ হোৱাৰ আশংকা কৰিলে, তেতিয়া তেওঁ যেন এক ৰাক‘আত পঢ়ি লয়। যিয়ে তেওঁৰ পূৰ্বৰ সকলো নফল ছালাতক ৱিতৰত পৰিণত কৰিব’’। (বুখাৰী হা/৯৯০, ৱিতৰ অধ্যায়)। ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে– ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ৰাক‘আতৰ দ্বাৰা ৱিতৰ কৰিছিল। (ইবনু মাজাহ, মিচকাত হা/১২৮৫)। ৱিতৰ ছালাত এক ছালামত ৰাতিৰ নফল ছালাত সহ ১, ৩, ৫, ৭, ৯, ১১, আৰু ১৩ ৰাক‘আতলৈকে পঢ়িব পাৰি। ছালাত পঢ়াৰ পদ্ধতি ওপৰত উল্লেখ কৰাৰ দৰে, কেৱল তিনি ৰাক‘আত আৰু পাঁচ ৰাক‘আতত মাজত কোনো বৈঠক নাই অৰ্থাৎ একেৰাহে পঢ়ি শেষ ৰাক‘আতত বৈঠক কৰিব লাগে। (বুখাৰী, মুছলিম, নাছাঈ হা/১৭১৭, মিচকাত হা/১২৫৬)। সাত বা ন ৰাক‘আত পঢ়িলে ক্ৰমে ছয় আৰু আঠ ৰাক‘আতত প্ৰথম বৈঠক কৰিব আৰু সপ্তম ও নৱম ৰাক‘আতত শেষ বৈঠক হ’ব। (মুছলিম, মিচকাত হা/১২৫৭, আবু দাউদ হা/১৩৪২, নাছাঈ হা/১৭১৯)। ৱিতৰ পঢ়িব পাহৰি গ’লে বা টোপনি গ’লে, সাৰ পোৱাৰ লগে লগে বা মনত পৰাৰ লগে লগে আদায় কৰিব লাগে, ক্কাজা হ’লে ক্কাজা আদায় কৰিব লাগে। চাৰি খলিফা সহ অধিকাংশ ছাহাবী, তাবেঈ তথা মুজতাহিদ ইমামসকলে এক ৰাক‘আত ৱিতৰ পঢ়িছিল। (নায়লুল আওত্বাৰ ৩/২৯৬)।
ৱিতৰ ছালাত সম্পৰ্কে সমাজত প্ৰচলিত আছে যে, এক ৰাক‘আতৰ কোনো ছালাত নাই, ৱিতৰ তিনি ৰাক‘আত পঢ়িবই লাগিব, ৱিতৰ ছালাত মাগৰিবৰ ছালাতৰ দৰে, তিনি ৰাক‘আত ৱিতৰৰ ওপৰত উম্মতৰ ইজমা হৈছে ইত্যাদি ইত্যাদি কথাবোৰৰ শ্বৰীয়াতত কোনো ভিত্তি নাই। (মিৰক্কাত ৩/১৬০–১৬১, ১৭০ মিৰ’আত হা/১২৬২, ১২৬৪, ১২৭৩ ৰ ব্যাখ্যা দ্ৰষ্টব্য: ৪/২৬০–২৬২, ২৭৫)।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– ‘তোমালোকে মাগৰিবৰ ছালাতৰ দৰে (মাজত বৈঠক কৰি) ৱিতৰ ছালাত আদায় নকৰিবা’। (দাৰাকুতনী হা/১৬৩৪-১৬৩৫, চনদ ছহীহ)। উবাই ইবনু ক্কাব ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৱিতৰ তিনি ৰাক‘আত ছালাতৰ প্ৰথম ৰাক‘আতত ছুৰা আ'লা’, দ্বিতীয় ৰাক‘আতত ছুৰা ‘কাফিৰুন’ আৰু তৃতীয় ৰাক‘আতত ছুৰা ‘ইখলাচ’ পঢ়িছিল। (মিচকাত হা/১২৭০–১২৭২)।
ৱিতৰ ছালাতৰ শেষৰ ৰাকআ‘তত ‘কুনূত’ পঢ়া হয়, ইয়াৰ অৰ্থ বিনম্ৰ আনুগত্য। কুনূত দুই প্ৰকাৰৰ– কুনূতে ৰাতেবাহ আৰু কুনূতে নাজেলাহ। প্ৰথমটো ৱিতৰ ছালাতৰ শেষ ৰাক‘আতত পঢ়া হয় আৰু দ্বিতীয়টো বিপদ-আপদ বা কোনো জৰুৰী কাৰণত ফৰজ ছালাতৰ শেষ ৰাক‘আতত পঢ়া হয়। ৱিতৰ ছালাতৰ কুনূতৰ বাবে হাদীছত বিশেষ দু‘আ বৰ্ণনা কৰা আছে। এই কুনূত সদায়ে পঢ়িব পাৰি যদিও মাজে মাজে এৰি দিয়া ভাল। কাৰণ কুনূত পঢ়াটো মুস্তাহাব, ওৱাজিব নহয়। (আবু দাউদ, নাছাঈ, তিৰমিযী, মিচকাত হা/১২৯১–১২৯২ ‘কুনূত’ অধ্যায়)। দু‘আ কুনূত ৰুকুৰ আগত বা পিছত দুয়ো সময়তে পঢ়িব পাৰি। (মিচকাত হা/১২৮৯, ইবনু মাজাহ হা/১১৮৩-১১৮৪)। ৰুকুৰ পিছত কুনূত পঢ়াৰ সপক্ষে অধিক ৰাবী (বৰ্ণনাকাৰী) আছে আৰু তেওঁলোক অধিক স্মৃতিশক্তিসম্পন্ন আছিল বাবে খোলাফায়ে ৰাশ্বিদিনে এই আমল কৰিছিল। (বায়হাক্কী ২/২০৮)। ৰুকুৰ পিছত পঢ়িলে দুই হাত উঠাই দু‘আ কৰি কুনূত পঢ়িব লাগে। (তুহফা ২/৫৬৬)।
ৱিতৰৰ কুনূতৰ ছহীহ দু‘আ-
আবুল হাওৰা ছা‘দী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, হাছান ইবনু ‘আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৱিতৰৰ কুনূতত কোৱাৰ কাৰণে নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক নিম্নোক্ত দু‘আ শিকাই দিছে-
اللَّهُمَّ اهْدِنِىْ فِيْمَنْ هَدَيْتَ وَعَافِنِىْ فِيْمَنْ عَافَيْتَ وَتَوَلَّنِىْ فِيْمَنْ تَوَلَّيْتَ وَبَارِكْ لِىْ فِيْمَا أَعْطَيْتَ وَقِنِىْ شَرَّ مَا قَضَيْتَ فَإِنَّكَ تَقْضِىْ وَلاَ يُقْضَى عَلَيْكَ وَإِنَّهُ لاَ يَذِلُّ مَنْ وَالَيْتَ تَبَارَكْتَ رَبَّنَا وَتَعَالَيْتَ.
উচ্চাৰণ- আল্লাহুম্মাহ দিনী ফি মান হাদায়তা, অ-আ ফিনী ফি-মান আফায়তা, অ-তাওৱাল্লানী ফি-মান তাওৱাল্লায়তা, অ-বাৰিকলী ফি-মা আ’ত্বায়তা, অ-কিনী শ্বাৰৰা মা কাজাইতা, ফাইন্নাকা তাক্কজী অলা য়ুকজা আলায়কা, ইন্নাহু লা য়াজিল্লু মাঁও অ-লাইতা, অলা য়া-ইজ্জু মান আ-দায়তা, তাবা-ৰাকতা ৰাব্বানা অতা আলাইতা।
অৰ্থ- ‘হে আল্লাহ! আপুনি মোক হিদায়াত দান কৰক, যিসকলক আপুনি হিদায়াত কৰিছে তেওঁলোকৰ সৈতে। মোক মাফ কৰি দিয়ক, যিসকলক মাফ কৰিছে তেওঁলোকৰ সৈতে। মোৰ অভিভাৱক হওঁক, যিসকলৰ অভিভাৱক হৈছে তেওঁলোকৰ সৈতে। আপুনি যি মোক দান কৰিছে তাত বৰকত দান কৰক আৰু মোক সেই অনিষ্টৰ পৰা বচাওঁক, যি আপুনি নির্ধাৰণ কৰিছে। আপুনিয়েই ফায়ছালা কৰি থাকে, আপোনাৰ ওপৰত কোনেও ফায়ছালা কৰিব নোৱাৰে। নিশ্চয় সেই ব্যক্তি লাঞ্ছিত নহয়, যাক আপুনি বন্ধু হিচাবে গ্রহণ কৰিছে। হে মোৰ প্রতিপালক! আপুনি বৰকতময়, আপুনি সুউচ্চ’। উল্লেখ্য যে, ৱিতৰৰ কুনূত জামা‘আতৰ সৈতে পঢ়িলে শব্দবোৰ বহুবচন কৰি পঢ়িব লাগে। (আবু দাউদ হা/১৪২৫, তিৰমিজী হা/৪৬৪, ইবনু মাজাহ ১১৭৮, নাছাঈ হা/১৭৪৫, মিচকাত হা/১২৭৩)।
ৰুকুৰ আগত কুনূত পঢ়িলে, কুনূতৰ শেষত “আল্লাহু আকবৰ” কৈ ৰুকুত যাব আৰু ৰুকুৰ পিছত পঢ়িলে পোনে পোনে ছিজদাত যাব। ৱিতৰ শেষ হোৱাৰ লগে লগে তিনিবাৰ সশব্দে سُبْحَانَ المَلِكِ القُدُّوسِ “চুবহা-নাল মালিকিল কুদ্দুচ” পঢ়িব আৰু তৃতীয়বাৰ উচ্চস্বৰে টানি টানি পঢ়ি কব- رَبِّ الْمَلاَئِكَةِ وَالرُّوحِ “ৰব্বিল মালা-ইকাতি ওৱাৰ-ৰূহ”। (নাছাঈ ৩/২৪৪, হা/১৭৩৪, চনদ ছহীহ)। সচৰাচৰ ৱিতৰ ছালাতত “আল্লাহুম্মা ইন্না নাস্তা-ইনুকা .........” দু‘আ কুনূত পঢ়াৰ হাদীছ যঈফ। (আবু দাউদ হা/৮৯, বায়হাক্কী ২/২১০)। তাৰোপৰি এইটো ৱিতৰৰ কুনূত নহয়। এই দু‘আক ‘কুনূতে নাজেলাহ’ হিচাবে জনা যায়। যুদ্ধ, শত্ৰুৰ আক্ৰমণ আদি বিপদৰ সময়ত বা কাৰোবাৰ বাবে বিশেষ কল্যাণ কামনা কৰি আল্লাহৰ ওচৰত ‘কুনূতে নাজেলাহ’ পঢ়া হয়। ‘কুনূতে নাজেলাহ’ ফজৰৰ ছালাতত বা প্ৰত্যেক ফৰজ ছালাতৰ শেষৰ ৰাক‘আতত ৰুকুৰ পৰা উঠি ‘ৰাব্বানা লাকাল হামদ’ কোৱাৰ পিছত দুই হাত তুলি সশব্দে পঢ়িব লাগে। (মিচকাত হা/১২৮৮-৯০)। ‘কুনূতে নাজেলাহ’ৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা নিৰ্দ্দিষ্টভাৱে কোনো দু‘আ বৰ্ণনা কৰা নাই।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ নফল ছালাত প্রতি দুই ৰাক‘আতৰ মূৰে মূৰে ছালাম ফিৰাই আঠ ৰাক‘আতৰ শেষত কেতিয়াবা এক, কেতিয়াবা তিনি, কেতিয়াবা পাঁচ ৰাক‘আত ৱিতৰ এক ছালামত পঢ়িছিল। (আবু দাউদ, নাছাঈ, ইবনু মাজাহ, মিচকাত হা/১২৬৪-১২৬৫)। ৰাক‘আত গণনাতকৈ ছালাতৰ খুশ্বূ-খুযূ আৰু দীর্ঘ সময় ক্কিয়াম, কু‘ঊদ, ৰুকূ, ছুজূদ অধিক জৰুৰী। যিটো বৰ্তমান আমাৰ সমাজত প্রায় দেখিবলৈ পোৱা নাযায়। ইয়াৰ ফলত ৰাতিৰ নিভৃত ছালাতৰ মূল উদ্দেশ্য ব্যাহত হৈছে।
ৰাতিৰ নফল ছালাতৰ নিয়মসমূহ-
(১) ১১ ৰাক‘আত: দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত তিনি ৰাক‘আত পঢ়ি শেষত বৈঠক কৰিব। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩ ও অন্যান্য)। ৰমজান আৰু অন্য সময়ত এইটো আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাংশ ৰাতিৰ আমল।
(২) ১১ ৰাক‘আত: দুই দুই কৰি মুঠ ১০ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ পঢ়িব। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮)।
(৩) ১৩ ৰাক‘আত: দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত একেৰাহে পাঁচ ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ১০ ৰাক‘আত, ইয়াৰ পিছত ৩ ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ১২ ৰাক‘আত, ইয়াৰ পিছত ১ ৰাক‘আত ৱিতৰ। (মুছলিম, আবু দাউদ, মিচকাত হা/১১৯৭, ১২৫৬, ১২৬৪)।
(৪) ৯ ৰাক‘আত: একেৰাহে ৮ ৰাক‘আত পঢ়ি প্রথম বৈঠক আৰু নৱম ৰাক‘আতৰ শেষত বৈঠক অথবা দুই দুই কৰি ৬ ৰাক‘আত। ইয়াৰ পিছত তিনি ৰাক‘আত ৱিতৰ। অথবা দুই দুই কৰি ৮ ৰাক‘আত। ইয়াৰ পিছত ১ ৰাক‘আত ৱিতৰ। (মুছলিম, আবু দাউদ, মিচকাত হা/১১৯৬, ১২৫৪, ১২৫৭, ১২৬৪,১২৬৫, মুত্তাফাক্ক ‘আলাইহ, নাছাঈ, ইবনু মাজাহ)।
(৫) ৭ ৰাক‘আত: একেৰাহে ৬ ৰাক‘আত পঢ়ি প্রথম বৈঠক আৰু সপ্তম ৰাক‘আতৰ শেষত বৈঠক অথবা দুই দুই কৰি ৪ ৰাক‘আত। ইয়াৰ পিছত ৩ ৰাক‘আত ৱিতৰ অথবা দুই দুই কৰি ৬ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ। (আবু দাউদ হা/১৩৪২, মিচকাত হা/১২৫৪, ১২৬৪, মুত্তাফাক্ক ‘আলাইহ)।
(৬) ৫ ৰাক‘আত: একেৰাহে ৫ ৰাক‘আত ৱিতৰ অথবা দুই দুই কৰি ৪ ৰাক‘আত। ইয়াৰ পিছত এক ৰাক‘আত ৱিতৰ। (আবু দাউদ, নাছাঈ, ইবনু মাজাহ, মিচকাত হা/১২৫৪, ১২৬৫; মুত্তাফাক্ক ‘আলাইহ)।
ইমাম মুহাম্মাদ বিন নছৰ আল-মাৰওৱাযীয়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একেৰাহে একাধিক ৰাক‘আত ৱিতৰ পঢ়াৰ প্রমাণ আছে। কিন্তু দুই দুই ৰাক‘আত পঢ়ি ছালাম ফিৰোৱা আৰু শেষত এক ৰাক‘আতৰ জৰিয়তে ৱিতৰ কৰাকেই আমি উত্তম বুলি ভাৱোঁ। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনৈক প্রশ্নকাৰীক এনেধৰণৰ উত্তৰেই দিছিল যে, ‘ৰাতিৰ ছালাত দুই দুই। ইয়াৰ পিছত যেতিয়া তুমি ফজৰ হৈ যোৱাৰ আশংকা কৰিবা, তেতিয়া এক ৰাক‘আত পঢ়ি লবা, যিয়ে তোমাৰ পূৰ্বৰ সকলো ছালাতক ৱিতৰত পৰিণত কৰিব’। (বুখাৰী হা/৪৭২-৭৩, ৯৯০; মুছলিম হা/১৭৫১; মিচকাত হা/১২৫৪)।
ওপৰৰ ৬টা নিয়মৰ ভিতৰৰ প্রথমটো কেৱল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰাৱীহ-তাহাজ্জুদ উভয়তে পঢ়িছে। বাকীসমূহ বিভিন্ন সময়ত তাহাজ্জুদত পঢ়িছে। বৃদ্ধাৱস্থাত নাইবা সময় কম থাকিলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কমসংখ্যক ৰাক‘আতত তাহাজ্জুদ পঢ়িছিল। উম্মতৰ কাৰণে এইটো এটা বিশেষ অনুগ্রহ বুলি কব পাৰি। বৃদ্ধকালত ভাৰী হৈ যোৱাত তেওঁ অধিকাংশ (ৰাতিৰ নফল) ছালাত বহি বহি পঢ়িছিল। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৯৮)।
(صلاة الليل)
ৰাতিৰ বিশেষ নফল ছালাত তাৰাৱীহ ও তাহাজ্জুদ নামে জনা যায়। ৰমজান মাহত ঈশ্বাৰ ছালাতৰ পিছত প্রথম ৰাতি পঢ়িলে তাক ‘তাৰাৱীহ’ আৰু ৰমজান আৰু অন্যান্য মাহত শেষৰাতি পঢ়িলে তাক ‘তাহাজ্জুদ’ বুলি কোৱা হয়।
তাৰাৱীহ: মূল ধাতু رَاحَةٌ (ৰা-হাতুন) অর্থ: প্রশান্তি। অন্যতম ধাতু رَوْحٌ (ৰাওহুন) অর্থাৎ সন্ধ্যাৰাতি কোনো কাম কৰা। তাৰ পৰা ترويحة (তাৰবীহাতুন) অর্থাৎ সন্ধ্যাৰাতিৰ প্রশান্তি বা প্রশান্তিৰ বৈঠক; যিটো ৰমজান মাহত তাৰাৱীহৰ ছালাতত প্রতি চাৰি ৰাক‘আতৰ শেষত কৰা হয়। বহুবচনত (التراويح) ‘তাৰা-বীহ’ অর্থ: প্রশান্তিৰ বৈঠকসমূহ। (আল-মুনজিদ)।
তাহাজ্জুদ: মূল ধাতু هُجُوْدٌ (হুজূদুন) অর্থাৎ ৰাতি শোৱা বা শুই উঠা। তাৰ পৰা تَهَجُّدٌ (তাহাজ্জুদুন) পাৰিভাষিক অর্থত ৰাতি টোপনিৰ পৰা সাৰ পাই উঠা বা ৰাতি জাগি ছালাত আদায় কৰা। (আল-মুনজিদ)।
উল্লেখ্য যে, তাৰাৱীহ, তাহাজ্জুদ, ক্কিয়ামে ৰমজান, ক্কিয়ামুল লায়েল সকলোবোৰকে ‘ছালাতুল লায়েল’ বা ‘ৰাতিৰ নফল ছালাত’ বুলি কোৱা হয়। ৰমজান মাহত ৰাতিৰ প্রথমাংশত যেতিয়া জামা‘আত সহ এই নফল ছালাতৰ প্রচলন হয়, তেতিয়া প্রতি চাৰি ৰাক‘আতৰ অন্তৰত কিছুসময় বিশ্রাম লোৱা হৈছিল। তাৰ পৰাই এই ছালাতক ‘তাৰাৱীহ’ নামকৰণ কৰা হয়। (ফাৎহুল বাৰী, আল-ক্কামূছুল মুহীত্ব)। এই নামকৰণৰ মাজতেই তাৎপর্য নিহিত আছে যে, তাৰাৱীহ প্রথম ৰাতি অকলে অথবা জামা‘আত সহ পঢ়া হয় আৰু তাহাজ্জুদ শেষৰাতি অকলে পঢ়া হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমজান মাহৰ ৰাতিত তাৰাৱীহ আৰু তাহাজ্জুদ দুয়োবিধ ছালাত পঢ়িছে মর্মে ছহীহ বা যঈফ চনদত কোনো বর্ণনা পোৱা নাযায়। (মিৰ‘আত ৪/৩১১ পৃঃ, ‘ছালাত’ অধ্যায়-৪, ‘ৰমজান মাহত ৰাতি জাগৰণ’ অনুচ্ছেদ-৩৭)।
ৰাতিৰ ছালাতৰ ফযীলত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
أَفْضَلُ الصَّلاَةِ بَعْدَ الْفَرِيضَةِ صَلاَةُ اللَّيْلِ، رَوَاهُ مُسْلِمٌ عَنْ أَبِيْ هُرَيْرَةَ-
‘ফৰজ ছালাতৰ পিছত সর্বোত্তম ছালাত হ’ল ৰাতিৰ (নফল) ছালাত’। (মুছলিম, মিচকাত হা/২০৩৯)।
তেওঁ আকৌ কৈছে,
عَنْ أَبِيْ هُرَيْرَةَ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ : يَنْزِلُ رَبُّنَا تَبَارَكَ وَتَعَالَى كُلَّ لَيْلَةٍ إِلَى السَّمَاءِ الدُّنْيَا حِيْنَ يَبْقَى ثُلُثُ اللَّيْلِ الْآخِرُ فَيَقُوْلُ مَن يَّدْعُوْنِي فَأَسْتَجِيْبَ لَهُ، مَنْ يَّسْأَلُنِي فَأُعْطِيَهُ، مَن يَّسْتَغْفِرُنِي فَأَغْفِرَ لَهُ، مُتَّفَقٌ عَلَيْهِ- وَفِىْ رِوَايَةٍ لِمُسْلِمٍ عَنْهُ: فَلاَ يَزَالُ كَذَالِكَ حَتَّى يُضِيْئَ الْفَجْرُ-
‘আমাৰ পালনকর্তা মহান আল্লাহে প্রতি ৰাতিৰ তৃতীয় প্রহৰত দুনিয়াৰ আকাশত অৱতৰণ কৰে আৰু কৈ থাকে, কোন আছা মোক মাতিব, মই তাৰ মাতত সহাঁৰি দিম? কোন আছা মোৰ ওচৰত বিচাৰিব, মই তাক দান কৰিম? কোন আছা মোৰ ওচৰত ক্ষমা প্রার্থনা কৰিব, মই তাক ক্ষমা কৰি দিম? এনেদৰে তেওঁ ফজৰ স্পষ্ট হোৱালৈকে আহ্বান কৰে’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২২৩, মুছলিম হা/১৭৭৩)।
তাৰাৱীহৰ ফযীলত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, مَنْ قَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ ‘যি ব্যক্তিয়ে ৰমজানৰ ৰাতিত ঈমানৰ সৈতে আৰু নেকীৰ আশাত ৰাতিৰ ছালাত আদায় কৰে, তাৰ বিগত সকলো গুনাহ মাফ কৰা হয়’। (মুছলিম, মিচকাত হা/১২৯৬)।
তাৰাৱীহৰ জামা‘আত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমজান মাহৰ ২৩, ২৫ আৰু ২৭ তিনি ৰাতি মছজিদত জামা‘আতৰ সৈতে তাৰাৱীহৰ ছালাত আদায় কৰিছে। প্রথম দিনা ৰাতিৰ এক-তৃতীয়াংশলৈকে, দ্বিতীয় দিনা অর্ধ ৰাতিলৈকে আৰু তৃতীয় দিনা নিজৰ স্ত্রী-পৰিবাৰ ও মুছল্লীসকলক লৈ ছাহাৰীৰ আগলৈকে দীর্ঘসময় ছালাত আদায় কৰে। (আবু দাউদ, তিৰমিযী প্রভৃতি, মিচকাত হা/১২৯৮)। পিছৰ ৰাতি অৰ্থাৎ চতুৰ্থ ৰাতি মুছল্লীসকল তেওঁৰ কোঠাৰ কাষলৈ যোৱাত তেওঁ ক’লে, ‘মই ভয় পাইছোঁ যে, এইটো তোমালোকৰ ওপৰত ফৰজ হৈ যায় নেকি! (خَشِيْتُ أَنْ يُّكْتَبَ عَلَيْكُمْ) আৰু যদি ফৰজ হৈ যায়, তেনেহ’লে তোমালোকে তাক আদায় কৰিব নোৱাৰিবা’...। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৯৫)।
ৰাক‘আত সংখ্যা: ৰমজান বা ৰমজানৰ বাহিৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ৰাতিৰ এই বিশেষ নফল ছালাত তিনি ৰাক‘আত ৱিতৰ সহ ১১ ৰাক‘আত ছহীহ সূত্রসমূহৰ দ্বাৰা প্রমাণিত হৈছে। যেনে- আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে,
مَا كَانَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَزِيْدُ فِيْ رَمَضَانَ وَلاَ فِيْ غَيْرِهِ عَلَى إِحْدَى عَشْرَةَ رَكْعَةً، يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ أَرْبَعًا فَلاَ تَسْأَلْ عَنْ حُسْنِهِنَّ وَطُوْلِهِنَّ ثُمَّ يُصَلِّيْ ثَلاَثًا، متفق عليه-
“ৰমজান বা ৰমজানৰ বাহিৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ছালাত এঘাৰ ৰাক‘আতৰ বেছি আদায় কৰা নাই। তেওঁ প্রথমে (২+২) চাৰি ৰাক‘আত পঢ়ে। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮ ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১)। তুমি তাৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা। ইয়াৰ পিছত তেওঁ (২+২) চাৰি ৰাক‘আত পঢ়ে। তুমি তাৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা। ইয়াৰ পিছত তেওঁ তিনি ৰাক‘আত পঢ়ে”। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩; তিৰমিযী হা/৪৩৯; আবু দাউদ হা/১৩৪১; নাছাঈ হা/১৬৯৭; মুওৱাত্ত্বা হা/২৬৩; আহমাদ হা/২৪৮০১; ছহীহ ইবনু খুযায়মা হা/১১৬৬; বুলূগুল মাৰাম হা/৩৬৭; তুহফাতুল আহওৱাযায়ী হা/৪৩৭; বায়হাক্কী হা/৪৩৯০; ইৰওৱাউল গালীল হা/৪৪৫-ৰ ভাষ্য, ২/১৯১-১৯২; মিৰ‘আতুল মাফাতীহ হা/১৩০৬-ৰ ভাষ্য, ৪/৩২০-২১)।
বন্ধ হোৱাৰ পিছত পুনৰাই জামা‘আত চালু: সম্ভৱত: নৱ প্রতিষ্ঠিত ইছলামী খিলাফতৰ ওপৰত আপতিত যুদ্ধ-বিগ্রহ ও অন্যান্য ব্যস্ততাৰ কাৰণে ১ম খলীফা আবুবকৰ ৰাদ্বিয়াল্লাহু আনহুৰ সংক্ষিপ্ত খিলাফতকালত (১১-১৩ হিজৰী) তাৰাৱীহৰ জামা‘আত পুনৰাই চালু কৰা সম্ভৱপৰ হোৱা নাছিল। ২য় খলীফা ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যুগত (১৩-২৩ হিজৰী) ৰাজনৈতিক স্থিতিশীলতাৰ কাৰণে আৰু বহু সংখ্যক মুছল্লীক মছজিদত বিক্ষিপ্তভাৱে উক্ত ছালাত আদায় কৰা দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাখি যোৱা ছুন্নাত অনুসৰণ কৰি তেওঁৰ খিলাফতৰ ২য় বর্ষত ১৪ হিজৰীত মছজিদে নববীত ১১ ৰাক‘আতত তাৰাৱীহৰ জামা‘আত পুনৰাই চালু কৰে। (মিৰ‘আত ২/২৩২ পৃঃ; ঐ, ৪/৩১৫-১৬ ও ৩২৬ পৃঃ)। যেনে- চায়েব বিন ইয়াযীদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
أَمَرَ عُمَرُ بْنُ الْخَطَّابِ أُبَيَّ بْنَ كَعْبٍ وَتَمِيْمًا الدَّارِيَّ أَنْ يَّقُوْمَا لِلنَّاسِ فِىْ رَمَضَانَ بِإِحْدَى عَشْرَةَ رَكْعَةً.... رواه في المؤطأ بإسناد صحيح-
‘খলীফা ‘উমাৰ ইবনুল খাত্ত্বাব ৰাদ্বিয়াল্লাহু আনহুৱে উবাই ইবনু কা‘ব ও তামীম দাৰী ৰাদ্বিয়াল্লাহু আনহুক ৰমজানৰ ৰাতিত ১১ ৰাক‘আত ছালাত জামা‘আত সহকাৰে আদায়ৰ নির্দেশ প্রদান কৰে। এই ছালাত (إلي فُرُوْعِ الْفَجْرِ) ফজৰৰ প্রাক্কাল (ছাহাৰীৰ পূর্ব) পর্যন্ত দীর্ঘ হৈছিল’। (মুওৱাত্ত্বা, মিচকাত হা/১৩০২, মিৰ‘আত হা/১৩১০, বায়হাক্কী হা/৪৩৯২, মুছান্নাফ ইবনু আবী শ্বায়বাহ (মুম্বাই, ১৩৯৯/১৯৭৯) ২/৩৯১ পৃঃ, হা/৭৭৫৩, ত্বাহাভী শ্বৰহ মা‘আনিল আছাৰ হা/১৬১০)।
বিশ ৰাক‘আত তাৰাৱীহ: প্রকাশ থাকে যে, উক্ত ৰেওৱায়াতৰ পিছত ইয়াযীদ বিন ৰূমানৰ পৰা ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যামানাত ২০ ৰাক‘আত তাৰাৱীহ পঢ়া হৈছিল’ মৰ্মে যি বর্ণনা আহিছে, সেইটো ‘যঈফ’ আৰু ২০ ৰাক‘আত সম্পর্কে ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা ‘মাৰফূ’ সূত্রত যি বর্ণনা আহিছে, সেইটো ‘মওযূ’ বা জাল। (আলবানী, হাশ্বিয়া মিচকাত হা/১৩০২, ১/৪০৮ পৃঃ; ইৰওয়া হা/৪৪৫, ৪৪৬)। ইয়াৰ বাহিৰেও ২০ ৰাক‘আত তাৰাৱীহ সম্পর্কে কেইটিমান ‘আছাৰ’ আছে, যাৰ সকলোবোৰেই ‘যঈফ’। (তাৰাৱীহৰ ৰাক‘আতৰ বিষয়ে বিস্তাৰিত জনাৰ কাৰণে মিৰ‘আত হা/১৩১০-ৰ আলোচনা দ্রষ্টব্য, ইৰওৱা হা/৪৪৬-ৰ আলোচনা দ্রষ্টব্য)। ২০ ৰাক‘আত তাৰাৱীহৰ ওপৰত ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ যামানাত ছাহাবীসকলৰ মাজত ‘ইজমা’ বা ঐক্যমত হৈছে বুলি যি দাবী কৰা হয়, সেইটো একেবাৰেই ভিত্তিহীন আৰু বাতিল কথা (بَاطِلَةٌ جِدًّا) মাত্র। (তুহফাতুল আহওৱাযায়ী হা/৮০৩-ৰ আলোচনা দ্রষ্টব্য; মিৰ‘আত ৪/৩৩৫)। তিৰমিযীৰ ভাষ্যকাৰ খ্যাতনামা ভাৰতীয় হানাফী মনীষী দাৰুল উলূম দেওবন্দৰ তৎকালীন সময়ৰ মুহতামিম (অধ্যক্ষ) আনোৱাৰ শ্বাহ কাষ্মিৰীয়ে (১২৯২-১৩৫২/১৮৭৫-১৯৩৩ খৃঃ) কৈছে, এই কথা নামানি উপায় নাই যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাৰাৱীহ ৮ ৰাক‘আত আছিল। (আল-‘আৰফুশ্ব শ্বাযী শ্বৰহ তিৰমিযী হা/৮০৬-ৰ আলোচনা, দ্রষ্টব্য; মিৰ‘আত ৪/৩২১)।
এইটো স্পষ্ট যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ও খুলাফায়ে ৰাশ্বেদ্বীনৰ পৰা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্য কোনো স্ত্রী ও ছাহাবীৰ পৰা ১১ বা ১৩ ৰাক‘আতৰ ঊর্ধ্বত তাৰাৱীহ বা তাহাজ্জুদৰ কোনো বিশুদ্ধ প্রমাণ নাই। (মুওৱাত্ত্বা, ৭১ পৃঃ, টোকা-৮ দ্রষ্টব্য)। বর্ধিত ৰাক‘আতসমূহ পৰৱর্তীকালত সৃষ্ট। ইমাম ইবনু তায়মিয়াহ (ৰহ.)য়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ছালাত ১১ বা ১৩ ৰাক‘আত আদায় কৰিছিল। পৰৱর্তীকালত মদ্বীনাৰ লোকসকলে দীর্ঘ ক্কিয়ামৰ দুর্বলতাবোধ কৰে। ইয়াৰ ফলত তেওঁলোকে ৰাক‘আত সংখ্যা বৃদ্ধি কৰি থাকে, যাৰ সংখ্যা এসময়ত ৩৯ ৰাক‘আতলৈকে গৈছিল’। (ইবনু তায়মিয়াহ, মাজমূ‘ ফাতাওৱা মক্কা: আন্নাহযাতুল হাদীছাহ ১৪০৪/১৯৮৪), ২৩/১১৩)। অথচ বাস্তৱ কথা এই যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকুৱা দীর্ঘ ক্কিয়াম আৰু ক্কিৰাআতৰ মাধ্যমত তিনি ৰাতি জামা‘আতৰ সৈতে তাৰাৱীহৰ ছালাত আদায় কৰিছিল, তেনেকৈ সংক্ষিপ্ত ক্কিয়ামতো তাহাজ্জুদৰ ছালাত আদায় কৰিছিল। যিটো সময় বিশেষে ৯, ৭ ও ৫ ৰাক‘আত হৈছিল। কিন্তু সেইটো কেতিয়াও ১১ বা ১৩ -ৰ ঊর্ধ্বত প্রমাণিত হোৱা নাই। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৮৮ ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১; আবু দাউদ, মিচকাত হা/১২৬৪ ‘ৱিতৰ’ অনুচ্ছেদ-৩৫, আয়িশ্বা (ৰাঃ)ৰ দ্বাৰা; মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১১৯৫, ‘ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১, ইবনু আব্বাছ (ৰাঃ) দ্বাৰা)। তেওঁ আছিল ‘সৃষ্টিজগতৰ প্রতি ৰহমত স্বৰূপ’ (আম্বিয়া ২১/১০৭) আৰু বেছি নপঢ়াটোৱে আছিল উম্মতৰ প্রতি তেওঁৰ অন্যতম ৰহমত।
শৈথিল্যবাদ: বহু বিদ্বানে উদাৰতাৰ নামত ‘বিষয়টো প্রশস্ত’ (الأمر واسع) বুলি শৈথিল্য প্রদর্শন কৰে আৰু ২৩ ৰাক‘আত পঢ়ে আৰু কয় কোনোবাই ইচ্ছা কৰিলে এশ ৰাক‘আতৰ অধিকও পঢ়িব পাৰে। দলীল হিচাবে ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণিত প্রসিদ্ধ হাদীছটি পেচ কৰে যে, ‘ৰাতিৰ ছালাত দুই দুই (مَثْنَى مَثْنَى) কৰি। ইয়াৰ পিছত ফজৰ হৈ যোৱাৰ আশংকা হ’লে এক ৰাক‘আত পঢ়া। ইয়াতে পূৰ্বৰ সকলো ছালাত ৱিতৰত (বিযোৰ) পৰিণত হ’ব’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৫৪)। এই হাদীছত যিহেতু ৰাক‘আতৰ কোনো সংখ্যাৰ সীমা নাই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা তেওঁৰ কামৰ ওপৰত অগ্রাধিকাৰযোগ্য, গতিকে যিমান ৰাক‘আত ইচ্ছা পঢ়িব পাৰি। কিন্তু তেওঁলোক সকলোৱেই এই কথা কয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ১১ ৰাক‘আত পঢ়িছে আৰু সেইটো পঢ়াই উত্তম। অথচ উক্ত হাদীছৰ অর্থ হ’ল, ৰাতিৰ নফল ছালাত (দিনৰ দৰে) চাৰি-চাৰি নহয়, বৰং দুই-দুই ৰাক‘আত কৰি। (কিয়নো এই হাদীছৰ ৰাবী ইবনু ‘উমাৰ (ৰাঃ)ৰ দিনত নফল ছালাত এক ছালামত চাৰি ৰাক‘আতকৈ পঢ়িছিল। -মুছান্নাফ ইবনু আবী শায়বা হা/৬৬৯৮, ২/২৭৪, চনদ ছহীহ, আলবানী, তামামুল মিন্নাহ পৃঃ ২৪০; বায়হাক্কী, মা‘ৰিফাতুচ ছুনান ওৱাল আ-ছা-ৰ হা/১৪৩১, ৪/১৯২। ছহীহ বুখাৰীৰ বর্ণনাত (হা/৯৯০) আহিছে যে, ৰাছুলুল্লাহ (ছাঃ)য়ে খুতবা দিছিল। এনে অৱস্থাত জনৈক ব্যক্তিয়ে আহি তেওঁক প্ৰশ্ন কৰাত ৰাছুলুল্লাহ (ছাঃ)য়ে ক’লে, দুই দুই কৰি। ভাষ্যকাৰ ইবনু হাজাৰে কৈছে, উত্তৰত এইটো স্পষ্ট হয় যে, সেই ব্যক্তিয়ে ৰাক‘আত সংখ্যা অথবা (চাৰি ৰাক‘আত) পৃথকভাৱে নিমিলাই পঢ়াৰ কথা প্ৰশ্ন কৰিছিল’ (ফাৎহুল বাৰী হা/৯৯০ ‘ৱিতৰ’ অধ্যায়-১৪, ২/৫৫৫-৫৬; মিৰ‘আত ৪/২৫৬)। তাৰোপৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতক নির্দেশ দিছে যে, “তোমালোকে তেনেকৈ ছালাত আদায় কৰা, যেনেদৰে মোক ছালাত আদায় কৰোঁতে দেখিছা”। (বুখাৰী হা/৬৩১, মিচকাত হা/৬৮৩)। এই কথাৰ মাজত তেওঁৰ ছালাতৰ ধৰণ আৰু ৰাক‘আত সংখ্যা সকলোৱেই গণ্য। তেওঁৰ ওপৰোক্ত কথাৰ ব্যাখ্যা হ’ল তেওঁৰ কর্ম, অর্থাৎ ১১ ৰাক‘আত ছালাত। গতিকে ইবাদতৰ ক্ষেত্ৰত তেওঁৰ কথা আৰু কর্মত বৈপৰীত্য আছিল বুলি ধাৰণা কৰা নিতান্তই অবাস্তৱ।
এই ক্ষণত ২৩, ২৫ ও ২৭ ৰমজানৰ যি বিযোৰ তিনি ৰাতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামা‘আত সহ তাৰাৱীহ পঢ়িছিল, তেতিয়া সেই তিনি ৰাতি তেওঁ কিমান ৰাক‘আত পঢ়িছিল? ইয়াৰ উত্তৰ এই যে, সেয়া আছিল আঠ ৰাক‘আত তাৰাৱীহ আৰু বাকী তিনি ৰাক‘আত ৱিতৰ। যেনে, জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে-
صَلَّى بِنَا رَسُوْلُ اللهِ صَلَّى الله عَلَيْهِ وَسَلَّمَ فِيْ شَهْرِ رَمَضَانَ ثَمَانَ رَكْعَاتٍ وَالْوِتْرَ-
‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ ৰমজানত ছালাত আদায় কৰিলে আঠ ৰাক‘আত আৰু ৱিতৰ পঢ়িলে।’ (ছহীহ ইবনু খুযায়মা হা/১০৭০ ‘চনদ হাছান’ ২/১৩৮ পৃঃ; আলবানী, ছালাতুত তাৰাৱীহ হা/৯, ২১ পৃঃ; মিৰ‘আত ৪/৩২০)।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত উক্ত হাদীছত ৱিতৰৰ ৰাক‘আত সংখ্যা কোৱা হোৱা নাই, কিন্তু ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ বর্ণিত হাদীছৰ শেষত স্পষ্টভাৱে তিনি ৰাক‘আত ৱিতৰৰ কথা আহিছে। (বুখাৰী হা/১১৪৭; মুছলিম হা/১৭২৩ প্রভৃতি)। গতিকে ৮+৩=১১ ৰাক‘আত তাৰাৱীহ জামা‘আত সহকাৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত হিচাবে সাব্যস্ত হয়। ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেইটোকেই পুনৰাই চালু কৰি মুর্দা ছুন্নাত জিন্দা কৰিছিল। তেওঁ ‘ছুন্নাতে হাছানাহ’ কৰিছিল, ‘বিদ‘আতে হাছানাহ’ কৰা নাই। কিয়নো শ্বাৰঈ বিদ‘আত সকলোবোৰেই ভ্রষ্টতা। তাত ভাল-বেয়া ভাগ নাই। বৰং শ্বাৰঈ বিদ‘আতক ‘হাছানাহ’ আৰু ‘ছায়্যাআহ’ দুই ভাগত ভাগ কৰাটো আন এটা বিদ‘আত। আল্লাহে আমাক সকলো প্ৰকাৰ বিদ‘আতৰ পৰা ৰক্ষা কৰক!
গতিকে ৰাতিৰ নফল ছালাত ১১ বা ১৩ ৰাক‘আতেই সর্বাধিক বিশুদ্ধ ও সর্বোত্তম। আল্লাহ সর্বাধিক অৱগত।
উল্লেখ্য যে, হাদীছত ৱিতৰ সম্পর্কে কোৱা হৈছে যে, ‘যেতিয়া তুমি ফজৰ হৈ যোৱাৰ আশংকা কৰিবা, তেতিয়া এক ৰাক‘আত পঢ়ি লোৱা। তেনেহ’লে পূৰ্বৰ ছালাতসমূহ ৱিতৰত পৰিণত হ’ব’। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১২৫৪)। ইয়াতে বুজা যায় যে, একেৰাহে বা দুই দুই কৰি পঢ়িলেও সেইটো শেষৰ এক ৰাক‘আতৰ জৰিয়তে ৱিতৰত পৰিণত হ’ব। (ফিক্কহুচ ছুন্নাহ ১/১৪৫-৪৬ পৃঃ)। আৰু এইকাৰণেই ইমাম হাকিম (ৰহ.)য়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ১৩, ১১, ৯, ৭, ৫, ৩, আৰু ১ ৰাক‘আত ৱিতৰ প্রমাণিত আছে। কিন্তু সকলোতকৈ বিশুদ্ধতৰ হ’ল এক ৰাক‘আত। (মুস্তাদৰাক হাকিম ১/৩০৬)। অর্থাৎ তাৰাৱীহ আৰু ৱিতৰ পৃথক নহয়। বৰং শেষত এক ৰাক‘আত যোগ কৰিলে সকলোবোৰকেই ‘ৱিতৰ’ বুলি কোৱা হয় আৰু আটাইবোৰকেই ‘ছালাতুল লায়েল’ বা ‘ৰাতিৰ ছালাত’ বোলা হয়।
(صلاة الجمعة)
জুমু‘আ ফৰজ হয় ১ম হিজৰীত। হিজৰতৰ সময়ত ক্কুবা আৰু মদীনাৰ মধ্যৱৰ্ত্তী বনু চালিম বিন আওফ গোত্ৰৰ ‘ৰানুনা’ উপত্যকাত সৰ্বপ্ৰথম ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জুমু‘আৰ ছালাত আদায় কৰিছিল (মিৰ’আত ২/২৮৮), য’ত ১০০ জন মুছল্লী আছিল। প্ৰত্যেক বয়স্ক পুৰুষ আৰু জ্ঞান সম্পন্ন মুছলিমে জাম‘আত সহ জুমু‘আৰ ছালাত আদায় কৰাটো ফৰজে আইন (ফিকহুচ ছুন্নাহ ১/২২৫), কিন্তু শিশু, গোলাম, ৰোগী, মুছাফিৰ আৰু মহিলাৰ ওপৰত ফৰজ নহয়। (মিচকাত হা/১৩৭৭)। দুজন মুছলিম লোক একেলগে থাকিলেও খুতবা সহ জুমু‘আৰ ছালাত আদায় কৰিব লাগিব। খুতবা দিব নোৱাৰিলেও জুমু‘আৰ দুই ৰাক‘আত ছালাত আদায় কৰাতো জৰুৰী।
(১) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– “হে মুমিনসকল! আল্লাহে জুমু‘আৰ দিনক সাপ্তাহিক ঈদৰ দিন হিচাবে নিৰ্দ্ধাৰণ কৰিছে, সেয়ে সিদিনা মিচওৱাক কৰা, গোচল কৰা আৰু সুগন্ধি লগোৱা।’’ (মিচকাত হা/১৩৯৮, ‘ছালাত’ অধ্যায়–৪)। সেয়ে জুমু‘আৰ দিনা সুন্দৰভাৱে গোচল কৰি উত্তম পোছাক পিন্ধি আঁতৰ লগাই আগে ভাগে মছজিদলৈ যাব লাগে। (বুখাৰী, মিচকাত হা/১৩৮১)।
(২) মছজিদত প্ৰৱেশ কৰি সন্মুখৰ শাৰী খালি থাকিলে তাত গৈ বহাৰ আগতে দুই ৰাক‘আত ‘তা-হিয়াতুল মছজিদ’ৰ ছুন্নাত ছালাত পঢ়িব লাগে। (মিচকাত হা/৭০৪, ১১০৪, নাছাঈ হা/৬৬১, আহমাদ)। দুনিয়াৰ সকলো ঘৰতকৈ আল্লাহৰ ঘৰ উত্তম, সেয়ে আল্লাহৰ আনুগত্য প্ৰকাশ কৰি ছিজদা কৰাটো জৰুৰী, এনে কৰিলে আল্লাহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়, নকৰিলে আল্লাহৰ ঘৰৰ প্ৰতি অসন্মান কৰা হয় আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্য হোৱা হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত সোমাই দুই ৰাক‘আত ছালাত আদায় নকৰাকৈ কেতিয়াও বহা নাছিল।
(৩) জুমু‘আৰ খুতবাৰ আগত ‘কাবলাল জুমু‘আ’ বুলি নিৰ্দিষ্ট কোনো ৰাক‘আত ছুন্নাত নাই, তথাপি খত্বীবে খুতবা দিবলৈ মিম্বৰত বহাৰ আগলৈকে দুই দুই ৰাক‘আত হিচাবে যিমান ইচ্ছা নফল ছালাত আদায় কৰিব পাৰি। (আবু দাউদ, মিচকাত হা/১৩৫৮, ৮৪, ৮৭)।
(৪) খুতবা আৰম্ভ হোৱাৰ লগে লগে একান্তমনে খুতবা শুনিব লাগে। খুতবা চলি থকা অৱস্থাত মছজিদত আহি সোমালেও দুই ৰাকআত ‘তা-হিয়াতুল মছজিদ’ৰ ছালাত সংক্ষেপে আদায় কৰিহে খুতবা শুনিব লাগে। (বুখাৰী হা/৯৩০, মুছলিম, আবু দাউদ হা/১১১৫-১১১৬, তিৰমিযী হা/৫১০)।
(৫) আন এটা হাদীছত উল্লেখ আছে যে, যি ব্যক্তিয়ে বিনা কাৰণত তিনিটা জুমু‘আ ক্ষতি কৰে, সেই ব্যক্তি ‘মুনাফিক’। (ছহীহ আত-তাৰগীব হা/৭২৬-৭২৮)।
(৬) এই দিনটোত খুতবা দিবৰ বাবে ইমাম মিম্বৰত বহাৰ পৰা ফৰজ ছালাত শেষ কৰি ছালাম ফিৰোৱা সময়ৰ ভিতৰত এনে এক চমু সময় আছে, যি সময়ত বান্দাৰ দু‘আ কবুল হয়। (মুছলিম, আবু দাউদ, মুওৱাত্ত্বা, মিচকাত হা/১৩৫৬, ১৩৫৯, ১৩৬১, তিৰমিযী হা/৮৯০, ৮৯১)।
(৭) খুতবাৰ আৰম্ভণিতে সকলোকে উদ্দেশ্যি ছালাম দিব লাগে। (ইবনু মাজাহ হা/১১০৯)। জুমু‘আৰ দুটা খুতবা দিয়া ছুন্নাত। এটা খুতবা দিয়াৰ পিছত ক্ষন্তেক সময় বহিব লাগে, আকৌ থিয় হৈ দ্বিতীয় খুতবা দিব লাগে। খুতবা থিয় হৈ দিব লাগে আৰু হাতত এডাল লাঠি থাকিব লাগে। (আবু দাউদ হা/১০৯৬)। প্ৰথম খুতবাত হামদ, নাট ও ক্কিৰাআতৰ বাহিৰেও নছীহত কৰিব লাগে। (নাছাঈ হা/১৪১৭)। দ্বিতীয় খুতবাত হামদ ও দৰূদ সহ সকলো মুছলিমৰ বাবে দু‘আ কৰিব লাগে। (মিচকাত হা/১৪০৫)। শ্ৰোতাসকলে বুজি পোৱাকৈ মাতৃভাষাত খুতবা দিয়া জৰুৰী।
(৮) জুমু‘আৰ দুই ৰাক‘আত ফৰজ ছালাতৰ পিছত ‘এহত্বিয়াতী জুমু‘আ’ বা ‘আখেৰী জোহৰ’ নামেৰে চাৰি ৰাকআত ছুন্নাত পঢ়াৰ কোনো দলীল নাই। (ফিকহুচ ছুন্নহ ১/২২৭)। কিন্তু মছজিদত পঢ়িলে দুই দুইকৈ চাৰি ৰাক‘আত আৰু ঘৰত পঢ়িলে দুই ৰাক‘আত ছুন্নাত পঢ়িব লাগে। মছজিদত পঢ়িলে চাৰি ৰাক‘আত ছুন্নাত আৰু দুই ৰাক‘আত নফলও পঢ়িব পাৰি। (বুখাৰী হা/৯৩৭, মুছলিম, আবু দাউদ, তিৰমিযী, নাছাঈ, ইবনু মাজাহ)।
(صلاة العيدين)
ঈদৰ ছালাতৰ আজান বা ইকামত নাই। সকলো একগোট হৈ খোলা ময়দানত ইমামৰ পিছত দুই ৰাক‘আত ছালাত আদায় কৰিব লাগে। তাৰ পিছতে ইমামে খুতবা দিব। খুতবা দিওঁতে হাতত লাঠি থাকিব লাগে আৰু এটা খুতবা হাদীছ সন্মত। খুতবাৰ পিছত সকলোৱে মিলি হাত উঠাই দু‘আ কৰাটো হাদীছ সন্মত নহয়। বৰষুণ বা আন কোনো ভয়ৰ কাৰণে মছজিদৰ ভিতৰত ঈদৰ ছালাত আদায় কৰিব পাৰে। কিবা কাৰণত জাম‘আত নাপালে অকলে বা জাম‘আত নোপোৱা সকলোৱে এক লগ হৈ দুই ৰাক‘আত ছালাত আদায় কৰিব। (মিৰ‘আত ৫/৬৪-৬৫)। ঈদগাহত আহিব নোৱাৰিলে ঘৰতে পৰিয়ালৰ লোকসকলৰ সৈতে ঈদৰ দুই ৰাক‘আত ছালাত আদায় কৰিব লাগে। [বুখাৰী (ফাৎহ সহ) ২/২৫০-২৫১ পৃঃ]। জুমু‘আ আৰু ঈদ একেদিনত হ’লে, ঈদৰ ছালাত পঢ়াসকলৰ বাবে জুমু‘আৰ ছালাত অপৰিহাৰ্য্য নহয়, কিন্তু দুয়োটা পঢ়িলে নিঃসন্দেহে চওৱাব বেছি পাব।
ঈদৰ ছালাত অতিৰিক্ত বাৰ তাকবীৰ সহ পঢ়াটো ছুন্নাত। ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে– “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ঈদৰ ছালাতত ৰুকুৰ দুই তাকবীৰ আৰু তকবীৰে তাহৰিমাৰ বাহিৰে প্ৰথম ৰাক‘আতত অতিৰিক্ত সাত তাকবীৰ আৰু দ্বিতীয় ৰাক‘আতত অতিৰিক্ত পাঁচ তাকবীৰ দিছিল।’’ (আবু দাউদ হা/১১৫০, ইবনু মাজাহ হা/১২৮০, চনদ ছহীহ, বায়হাক্কী ৩/২৮৭)। প্ৰথম ৰাক‘আতত তকবীৰে তহৰিমা আৰু ছানা পঢ়াৰ পিছত ধীৰে-সুস্থিৰে ক্ষন্তেক বিৰতি লৈ সাত তাকবীৰ দিব লাগে। তাৰ পিছতে ‘আউজুবিল্লাহ্-বিছমিল্লাহ্’ সহ ইমামে সশব্দে ছুৰা ‘ফাতিহা’ ও অন্য ছুৰা পাঠ কৰিব, মুক্তাদীসকলেও মনে মনে কেৱল ছুৰা ‘ফাতিহা’হে পঢ়িব। অনুৰূপভাৱে দ্বিতীয় ৰাক‘আতত থিয় হোৱাৰ পিছত ধীৰে-সুস্থিৰে ক্ষন্তেক বিৰতি লৈ পাঁচবাৰকৈ তাকবীৰ দি কেৱল ‘বিছমিল্লাহ’ সহ ছুৰা ফাতিহা ও অন্য ছুৰা পঢ়িব। মুক্তাদীসকলে এইবাৰো ইমামৰ সৈতে মনে মনে ছুৰা ‘ফাতিহা’ পঢ়িব। প্ৰতি তাকবীৰত দুই হাত কান্ধ পৰ্যন্ত উঠাব আৰু বাওঁ-হাতৰ ওপৰত সোঁ-হাত থৈ বুকুৰ ওপৰত বান্ধিব। অতিৰিক্ত তাকবীৰ ভুল হ’লে বা গণনাত ভুল হ’লে পুনৰ কব নালাগে বা ‘ছহু ছিজদা’ কৰিব নালাগে। (মিৰ’আত হা/১৪৫৭, পৃঃ ২/৩৪১)। চাৰি খলিফা ও মদীনাৰ সাতজন শ্ৰেষ্ঠ তাবেঈ ফক্কীহ ও খলিফা ‘উমাৰ বিন আব্দুল আজিজ সহ প্ৰায় সকলো ছাহাবী, তাবেঈ, তিনি ইমাম, ও অন্যান্য শ্ৰেষ্ঠ ইমামসকল তথা ইমাম আবু হানিফাৰ দুই প্ৰধান শিষ্য আবু ইউচুফ আৰু মুহাম্মাদ (ৰহ.)য়ে বাৰ তাকবীৰৰ ওপৰত আমল কৰিছিল। আমাৰ দেশৰ দুজন খ্যাতনামা হানাফী বিদ্বান, আব্দুল হাই লক্ষ্ণৌবী আৰু আনোৱাৰ শ্বাহ কাশ্মিৰী (ৰহ.)য়ে বাৰ তাকবীৰ সমৰ্থন কৰিছে। (মিৰ’আত ২/৩৩৮, ৩৪১)। প্ৰচলিত ছয় তাকবীৰৰ সমৰ্থনত কোনো ছহীহ, যঈফ বা মাৰফু হাদীছ নাই।
(الصلاة في السفر)
ভ্ৰমণৰত অৱস্থাত বা ভয়-শংকাৰ সময়ত ছালাতত ক্কছৰ কৰাৰ অনুমতি আছে। (ছুৰা আন-নিছা আয়াত ১০১)। ক্কছৰ মানে কম অৰ্থাৎ চাৰি ৰাক‘আতৰ ছালাত দুই ৰাক‘আত হিচাবে পঢ়াকে ‘ক্কছৰ’ বুলি কোৱা হয়। মক্কা বিজয়ৰ ছফৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক্কছৰৰ সৈতে ছালাত আদায় কৰিছিল। (মিচকাত হা/১৩৩৬)। শান্তিপূৰ্ণ ছফৰত ক্কছৰ হ’ব নে নহয় বুলি ‘উমাৰ ফাৰুক ৰাদ্বিয়াল্লাহু আনহুৱে সোধা এটা প্ৰশ্নৰ উত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে ‘এয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা ছাদাক্কা (উপঢৌকন), গতিকে তোমালোকে গ্ৰহণ কৰা’। (মিচকাত হা/১৩৩৫, ‘ছফৰৰ ছালাত’ অনুচ্ছেদ ৪১)। অৱশ্যে ছফৰ আল্লাহৰ আনুগত্যৰ হ’ব লাগিব, গুনাহৰ ছফৰ হ’ব নোৱাৰে।
ছফৰৰ দূৰত্ব সম্বন্ধে বিদ্বানসকলৰ মাজত মতভেদ দেখা যায়, এক মাইলৰ পৰা ৪৮ মাইল পৰ্যন্ত বিশ প্ৰকাৰৰ মন্তব্য আছে, পবিত্ৰ কোৰআনত দূৰত্বৰ কোনো ব্যাখ্যা দিয়া নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালৰ পৰাও কোনো সীমাৰ নিৰ্দেশ দিয়া নাই। (ইবনুল ক্কাইয়িম যা দুল মা’আদ ১ম খণ্ড পৃঃ ৪৬৩)। এটা কথাত বিদ্বানসকল একমত যে ছফৰৰ নিয়তত ঘৰৰ পৰা ওলাই মহল্লাৰ ঘৰসমূহ অতিক্ৰম কৰিলেই ক্কছৰ হ’ব। (ফিকহুচ ছুন্নাহ ১ম খণ্ড পৃঃ ২১৩)। ছফৰৰ ম্যাদ ধাৰ্য্য থাকিলেও ক্কছৰ কৰিব লাগে, যেতিয়ালৈকে স্থায়ী বসবাসৰ সংকল্প নলয়, সিদ্ধান্তহীন অৱস্থাত ১৯ দিনৰ বেছি হ’লেও ক্কছৰ কৰিব পাৰি। স্থায়ী মুছাফিৰ, যেনে- জাহাজ, বিমান, ট্ৰেইন, বাছ আদিৰ চালক তথা কৰ্মচাৰীয়ে ছফৰ অৱস্থাত সদায়ে ছালাত ক্কছৰ কৰিব পাৰে আৰু দুই ওৱাক্তৰ ছালাত জমা কৰি ক্কছৰ পঢ়িব পাৰে।
ছফৰ অৱস্থাত দুই ওৱাক্তৰ ছালাত জমা কৰি একেলগে পৃথক ইক্কামতত পঢ়িব পাৰি অৰ্থাৎ জোহৰ আৰু আছৰ তথা মাগৰিব আৰু ঈশ্বা। এই দুই ওৱাক্তৰ ছালাত জমা কৰি তাক্কদীম ও তাখীৰ দুই ভাগে পঢ়াৰ নিয়ম আছে। শেষৰ ওৱাক্তৰ ছালাত আগৰ ওৱাক্তৰ ছালাতৰ লগত একেলগে পঢ়াকে তাক্কদীম কোৱা হয় আৰু আগৰ ওৱাক্তৰ ছালাত শেষৰ ওৱাক্তৰ লগত পঢ়াক তাখীৰ কোৱা হয়। মুকীম অৱস্থাত ভয়-শংকা বা তুফানৰ বাহিৰে আন কোনো বিশেষ কাৰণতো দুই ওৱাক্তৰ ছালাত ক্কছৰ ও ছুন্নাত বাদ দি পৃথক ইক্কামতত একেলগে পঢ়িব পাৰি। উদাহৰণস্বৰূপে জোহৰ-আছৰৰ পৃথক ইক্কামতত চাৰি ৰাক‘আত চাৰি ৰাক‘আত, মুঠ আঠ ৰাক‘আত আৰু মাগৰিব-ঈশ্বাৰ তিনি ৰাক‘আত, চাৰি ৰাক‘আত, মুঠ সাত ৰাক‘আত। ছফৰ অৱস্থাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছুন্নাত পঢ়া নাছিল, কিন্তু ৱিতৰ, তাহাজ্জুদ আৰু ফজৰৰ ছুন্নাত বাদ দিয়া নাছিল।
(صلاة الجنازة)
প্ৰত্যেক মুছলিম আহলে ক্কিবলাৰ ওপৰত জানাযাৰ ছালাত ‘ফৰজে কেফায়া’। (ইবনু মাজাহ হা/১৫২৬ ‘জানায়েয’ অধ্যায়-৬, ‘আহলে ক্কিবলাৰ ওপৰত ছালাত’ অনুচ্ছেদ-৩১; ফিক্কহুচ ছুন্নাহ ১/২৭১, ২৭৯-৮০)। অৰ্থাৎ মুছলিমসকলৰ কোনোৱে জানাযা পঢ়িলে ফৰজ আদায় হৈ যাব, কিন্তু কোনেও নপঢ়িলে সকলোৱে দায়ী হ’ব। অন্যান্য ছালাতৰ দৰে জানাযাৰ ছালাততো অজু, ক্কিবলা, শৰীৰ ঢকা ইত্যাদি চৰ্ত মানিব লাগিব, পাৰ্থক্য মাথো ইয়াতেই যে জানাযাৰ ছালাতত ৰুকু, ছিজদা বা বৈঠক নাই আৰু ছালাতৰ কাৰণে নিৰ্দিষ্ট কোনো ওৱাক্ত নাই। বৰং দিনে ৰাতিয়ে যিকোনো সময়ত আনকি নিষিদ্ধ সময়তো পঢ়িব পাৰি। (ইবনু মাজাহ হা/১৫১৯; ফিক্কহুচ ছুন্নাহ ১/৮২-৮৩, ২৭১)। কাতাৰত থিয় হোৱাৰ সময়ত জোতা-চেণ্ডেল খোলাৰ প্রয়োজন নাই। তাত নাপাকী থাকিলে মাটিত ঘঁহি লোৱাই যথেষ্ট। (আবু দাউদ হা/৩৮৫-৩৮৭, তিৰমিযী হা/৪০০, মিচকাত হা/৫০৩, ‘পবিত্ৰতা’ অধ্যায়-৩, অনুচ্ছেদ-৮)।
জানাযাৰ ছালাতত ওৱাজিব ছয়টা : (১) থিয় হৈ ছালাত আদায় কৰা, (২) চাৰি তাকবীৰ দিয়া, (৩) ছুৰায়ে ফাতিহা পাঠ কৰা, (৪) দৰূদ পাঠ কৰা, (৫) মৃতকৰ বাবে খালেছ নিয়তত অন্তৰৰ পৰা দু‘আ কৰা আৰু (৬) ছালাম ফিৰোৱা।
ছুন্নাত পাঁচটা : (১) জাম‘আত সহকাৰে ছালাত আদায় কৰা, (২) কমপক্ষে তিনিটা শাৰী কৰা, (৩) মৃতক পুৰুষ হ’লে ইমামে মূৰৰ সমানত আৰু মহিলা হ’লে কঁকালৰ সমানত থিয় হোৱা, (৪) ফাতিহাৰ উপৰি অন্য এটা ছুৰা ও হাদীছত বৰ্ণিত দু‘আ পাঠ কৰা আৰু (৫) ছালাতৰ পিছত শৱদেহ দফনৰ বাবে উঠাই নিয়ালৈকে থিয় হৈ থকা। (ইবনুন নাজ্জাৰ আল-ফুতূহী, শ্বাৰহুল মুনতাহা (বৈৰূত : দাৰ খিযৰ ১৪১৯/১৯৯৮) ৩/৫৫-৬৭; নাছাঈ হা/১৯৮৭-১৯৮৮)।
জানাযাৰ ছালাতৰ সংক্ষিপ্ত বিৱৰণ : জানাযাৰ ছালাত চাৰি তাকবীৰত পঢ়া হয়। প্ৰথমে মনে মনে জানাযাৰ নিয়ত কৰি ‘আল্লাহু আকবৰ’ কৈ দুই হাত কান্ধ পৰ্যন্ত উঠাই বাওঁ-হাতৰ ওপৰত সোঁ-হাত থৈ বুকুৰ ওপৰত বান্ধিব ও আউযুবিল্লাহ-বিছমিল্লাহ সহ ছুৰা ফাতিহা ও অন্য ছুৰা পঢ়িব। (বুখাৰী হা/১৩৩৫, জানাযা অধ্যায়-২৩, অনুচ্ছেদ-৬৫)। এই সময়ত ‘ছানা পঢ়াৰ দলিল নাই। (শ্বাৰহুল মুনতাহা ৩/৬০; তালখীছ ৫৪ পৃঃ)। তাৰ পিছত ২য় তাকবীৰ দিব আৰু দৰূদে ইব্ৰাহিম পাঠ কৰিব, তাৰ পিছত ৩য় তাকবীৰ দিব আৰু মৃতকৰ বাবে দু‘আ পাঠ কৰিব। দু‘আ পাঠ কৰা শেষ হ’লে চতুৰ্থ তাকবীৰ দি ছালাম ফিৰাব, প্ৰথমে সোঁ-ফালে আৰু পিছত বাওঁ-ফালে। সোঁ-ফালে মাত্ৰ এবাৰ ছালাম ফিৰোৱাও জায়েজ আছে। আনাচ, ইবনু ‘উমাৰ, ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুম সহ প্ৰমুখ ছাহাবীসকলে প্ৰতি তাকবীৰতে হাত উঠাইছিল। (নায়লুল আওত্ত্বাৰ ৫/৭০-৭১)। জানাযাৰ ছালাত সশব্দে আৰু নীৰবে, দুই প্ৰকাৰে পঢ়িব পাৰি। ইমামে সশব্দে পঢ়িলে মুক্তাদীসকলে আউযুবিল্লাহ-বিছমিল্লাহ সহ কেৱল ছুৰা ফাতিহা ও দৰূদ মনে মনে পঢ়িব। ইমামে নীৰবে পঢ়িলে মুক্তাদীসকলে ছুৰা ফাতিহা ও অন্য এটা ছুৰা তথা অন্যান্য দু‘আসমূহ পঢ়িব। (বুখাৰী ১/১৭৮, হা/১৩৩৫; মিচকাত হা/১৬৫৪; নাছাঈ হা/১৯৮৭, ১৯৮৯)।
জানাযাৰ পূৰ্বে কৰণীয় : জানাযাৰ পূৰ্বে মৃতকৰ বাবে ১ম কৰণীয় কাম হ’ল, মৃতকৰ ঋণ থাকিলে সেয়া পৰিশোধৰ ব্যবস্থা কৰা, ইয়াৰ বাবে প্ৰয়োজন হ’লে মৃতকৰ সম্পত্তি বিক্ৰী কৰা বাঞ্ছনীয়। কোনো সম্পত্তি নাথাকিলে নিকটাত্মীয় বা সমাজে এই দায়িত্ব লব লাগিব। (মিচকাত- হা/২৯১৩, ক্ৰয়-বিক্ৰয় অধ্যায়-১১)।
(دعاء الجنازة)
জানাযাৰ কাৰণে অসংখ্য দু‘আ আছে। তলত সুপৰিচিত এটি দু‘আ উল্লেখ কৰা হ’ল-
اَللَّهُمَّ اغْفِرْ لِحَيِّنَا وَمَيِّتِنَا وَشَاهِدِنَا وَغَائِبِنَا وَصَغِيْرِنَا وَكَبِيْرِنَا وَذَكَرِنَا وَأُنْثَانَا، اَللَّهُمَّ مَنْ أَحْيَيْتَهُ مِنَّا فَأَحْيِهِ عَلَى الْإِسْلاَمِ وَمَنْ تَوَفَّيْتَهُ مِنَّا فَتَوَفَّهُ عَلَى الْإِيْمَانِ، اَللَّهُمَّ لاَ تَحْرِمْنَا أَجْرَهُ وَلاَ تَفْتِنَّا بَعْدَهُ-
উচ্চাৰণ: আল্লা-হুম্মাগফিৰ লিহায়্যিনা ওৱা মায়্যিতিনা ওৱা শ্বা-হিদিনা ওৱা গা-য়িবিনা ওৱা ছাগীৰিনা ওৱা কাবীৰিনা ওৱা যাকাৰিনা ওৱা উনছা-না, আল্লা-হুম্মা মান আহই্য়াইতাহূ মিন্না ফাআহইহী ‘আলাল ইছলাম, ওৱা মান তাওৱাফফায়তাহূ মিন্না ফাতাওফফাহূ ‘আলাল ঈমান। আল্লা-হুম্মা লা তাহৰিমনা আজৰাহূ ওৱা লা তাফতিন্না বা‘দাহূ।
অনূবাদ: ‘হে আল্লাহ! আমাৰ জীৱিত-মৃত, (এই জানাযাত) উপস্থিত-অনুপস্থিত, সৰু-ডাঙৰ, পুৰুষ-মহিলাসকলক ক্ষমা কৰক। হে আল্লাহ! আমাৰ মাজৰ যিসকলক আপুনি জীৱিত ৰাখিব, তেওঁলোকক ইছলামৰ ওপৰত জীৱিত ৰাখক আৰু যিসকলক মৃত্যু দান কৰিব, তেওঁলোকক ঈমানৰ সৈতে মৃত্যু দান কৰক। হে আল্লাহ! তেওঁৰ (মৃত্যুত ধৈৰ্য ধাৰণৰ) উত্তম প্রতিদানৰ পৰা আমাক বঞ্চিত নকৰিব আৰু তেওঁৰ (মৃত্যুৰ) পিছত আমাক পথভ্ৰষ্ট নকৰিব। (আহমাদ, আবু দাউদ, তিৰমিযী, মিচকাত হ/১৬৭৫ ‘জানায়েয’ অধ্যায়-৫, অনুচ্ছেদ-৫)।
মৃতক শিশু হ’লে ছুৰা ফাতিহা, দৰূদ আৰু ওপৰোক্ত দু‘আ পাঠ কৰাৰ পিছত এই দু‘আ পঢ়িব লাগে-
اَللَّهُمَّ اجْعَلْهُ لَنَا سَلَفًا وَّ فَرَطًا وَّ ذُخْرًا وَّ أَجْرًا
উচ্চাৰণ: আল্লা-হুম্মাজ‘আলহু লানা চালাফাওঁ ওৱা ফাৰাত্বাওঁ ওৱা যুখৰাওঁ ওৱা আজৰান’।
অৰ্থ: ‘হে আল্লাহ! আমাৰ কাৰণে এই শিশুক অগ্ৰগামী প্ৰতিনিধি, (আৰু তেওঁৰ পিতা-মাতাৰ কাৰণে) অগ্রীম পূণ্য আৰু আখিৰাতৰ পুঁজি ও পুৰস্কাৰ হিচাবে গণ্য কৰক’! (বুখাৰী তা‘লীক্ক ১/১৭৮, হা/১৩৩৫; মিচকাত হা/১৬৯০; মিৰ‘আত ৫/৪২৩)।
মৃত্যুকালীন সময়ত কৰণীয়-
তালক্কীন কৰোৱা: ‘তালক্কীন’ (التلقين) অর্থাৎ কথা বুজোৱা বা দ্রুত মুখস্থ কৰি লোৱা। মৃত্যুৰ আলামত দেখা পালে ৰোগীৰ শিতানত বহি তেওঁক কালিমায়ে ত্বাইয়িবা ‘লা ইলা-হা ইল্লাল্লা-হ’ পঢ়োৱা উচিত। ইয়াকে ‘তালক্কীন’ কৰা বুলি কোৱা হয়। (মুছলিম, মিচকাত হা/১৬১৬)। যাতে উক্ত লোকজনে শীঘ্ৰে মুখস্থ বা স্মৰণ কৰি লব পাৰে আৰু তৌহিদৰ স্বীকৃতিবাচক এই কলিমাই হয়তো লোকজনক জান্নাতত নিব পাৰে। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিৰ শেষ বাক্য ‘লা ইলাহা ইল্লাল্লাহ’ হ’ব সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব। (আবু দাউদ, মিচকাত হা/১৬২১)। এই সময়ত লোকজনক ক্কিবলামুখী কৰিবলৈ বিছনা উত্তৰমুৱা কৰাৰ কোনো ছহীহ হাদীছ নাই। এই সময়ত মূৰৰ শিতানত বহি ছুৰা ‘ইয়াচিন’ পাঠ কৰা হাদীছ ‘যঈফ’। (আহমাদ, আবু দাউদ, ইবনু মাজাহ, মিচকাত হা/১৬২২)।
মৃত্যুৰ পিছত পঢ়িব লগা দু‘আ: মৃত্যু হোৱাৰ পিছত উপস্থিত থকাসকলে আৰু যিসকলে শুনিব তেওঁলোকৰ প্রত্যেকে إِنَّا لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ (‘ইন্না লিল্লা-হি ওৱা ইন্না ইলাইহি ৰা-জি‘ঊন’) অৰ্থাৎ ‘আমি সকলোৱেই আল্লাহৰ কাৰণে আৰু আমি সকলোৱেই তেওঁৰ ওচৰলৈ প্রত্যাৱর্তনকাৰী’) পাঠ কৰিব আৰু আল্লাহৰ নির্ধাৰিত তাক্কদীৰৰ ওপৰত ধৈৰ্য ধৰিব ও সন্তুষ্ট থাকিব।
মৃত্যুৰ পিছত মৃতকৰ নিকটতম ব্যক্তিয়ে পঢ়িব লগা দু‘আ:
اَللَّهُمَّ أَجِرْنِي فِيْ مُصِيْبَتِيْ وَأَخْلِفْ لِيْ خَيْرًا مِّنْهَا
(‘আল্লা-হুম্মা আজিৰনী ফী মুছীবাতী ওৱা আখলিফলী খায়ৰাম মিনহা’) অৰ্থাৎ ‘হে আল্লাহ! মোক বিপদত ধৈর্য ধাৰণৰ পাৰিতোষিক দান কৰা আৰু মোক ইয়াৰ উত্তম প্রতিদান দিয়া। (মুছলিম, মিচকাত হা/১৬১৮)।
এই সময়ত পঢ়িব লগা আন এটা দু‘আ, যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু চালামাহ (ৰাঃ)ৰ বাবে পঢ়িছিল-
اَللَّهُمَّ اغْفِرْ لَهُ وَارْفَعْ دَرَجَتَهُ فِي الْمَهْدِيِّيْنَ وَاخْلُفْهُ فِيْ عَقِبِهِ فِي الْغَابِرِيْنَ وَاغْفِرْ لَنَا وَلَهُ يَا رَبَّ الْعَالَمِيْنَ، وَافْسَحْ لَهُ فِيْ قَبْرِهِ وَنَوِّرْ لَهُ فِيْهِ
উচ্চাৰণ: আল্লা-হুম্মাগফিৰ লাহু ওৱাৰফা‘ দাৰাজাতাহু ফিল মাহদিইয়ীনা ওৱাখলুফহু ফী ‘আক্কিবিহী ফিল গা-বিৰীনা, ওৱাগফিৰ লানা ওৱালাহু ইয়া ৰব্বাল ‘আ-লামীন; ওৱাফচাহ লাহু ফী ক্কাবৰিহী ওৱা নাওৱিৰ লাহু ফীহি।
অৰ্থ: হে আল্লাহ! আপুনি তেওঁক ক্ষমা কৰক আৰু সু-পথপ্রাপ্তসকলৰ মাজত তেওঁক উচ্চ মর্যাদা দান কৰক। পিছত যিসকলক তেওঁ এৰি গ’ল, তেওঁলোকৰ মাজত আপুনিয়েই তেওঁলোকৰ প্রতিনিধি হওঁক। হে বিশ্ব চৰাচৰৰ পালনকর্তা! আপুনি আমাক ও তেওঁক ক্ষমা কৰক। আপুনি তেওঁৰ কাৰণে তেওঁৰ কবৰক প্রশস্ত কৰি দিয়ক আৰু সেইটো তেওঁৰ কাৰণে আলোকিত কৰি দিয়ক’। (মুছলিম, মিচকাত হা/১৬১৯, ‘জানায়েয’ অধ্যায়-৫, অনুচ্ছেদ-৩)।
মৃত্যুৰ পিছত পাঁচটা কাম অতি সোনকালে সমাপন কৰিব লাগে। যেনে- গোছল, কাফন, জানাযা, জানাযা বহন ও দাফন। (মুত্তাফাক্ক ‘আলাইহি, মিচকাত হা/১৬৪৬ ‘জানায়েয’ অধ্যায়-৫, অনুচ্ছেদ-৫)। স্বামীয়ে স্ত্রীক বা স্ত্রীয়ে স্বামীক গোছল কৰাব পাৰে। (ইবনু মাজাহ হা/১৪৬৫)।
দাফনৰ পিছত মাইয়েতৰ ‘তাছবীত’ (التثبيت) অর্থাৎ মুনকাৰ ও নাকীৰ (দু’জন অপৰিচিত ফিৰিস্তা)-ৰ প্ৰশ্নোত্তৰ কালত যেন তেওঁ দৃঢ় থাকিব পাৰে, তাৰ কাৰণে ব্যক্তিগতভাৱে সকলোৱে দু‘আ কৰা উচিত। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
إِسْتَغْفِرُوْا لِأَخِيْكُمْ وَسَلُوا اللهَ لَهُ التَّثْبِيْتَ فَإِنَّهُ اَلْآنَ يُسْأَلُ
‘তোমালোকে তোমালোকৰ ভাইৰ কাৰণে ক্ষমা প্রার্থনা কৰা আৰু তেওঁ দৃঢ় হৈ থকাৰ কাৰণে আল্লাহৰ ওচৰত দু‘আ কৰা। কিয়নো এইমাত্ৰ তেওঁক প্ৰশ্ন কৰা হ’ব’। (আবু দাউদ, মিচকাত হা/১৩৩, ‘ঈমান’ অধ্যায়-১, ‘কবৰৰ আযাবৰ’ প্ৰমাণ অনুচ্ছেদ-৪)। গতিকে এই সময়ত প্রত্যেকেই নিম্নোক্ত দু‘আ কৰা উচিত। যেনে-
(১) اَللَّهُمَّ اغْفِرْ لَهُ وَثَبِّتْهُ (‘আল্লা-হুম্মাগফিৰ লাহূ ওৱা ছাব্বিতহু’) অৰ্থাৎ হে আল্লাহ! আপুনি তেওঁক ক্ষমা কৰক আৰু তেওঁক দৃঢ় ৰাখক’। (আবু দাউদ, হাকিম)। অথবা
(২) اَللَّهُمَّ ثَبِّتْهُ بِالْقَوْلِ الثَّابِتِ (‘আল্লা-হুম্মা ছাব্বিতহু বিল ক্কাউলিছ ছা-বিত’) অৰ্থাৎ হে আল্লাহ! আপুনি তেওঁক কালিমা শ্বাহাদাতৰ দ্বাৰা সুদৃঢ় ৰাখক। এই সময়ত সেই ব্যক্তি দু‘আৰ ভিক্ষাৰী আৰু জীৱিত মুমিনৰ দু‘আ মৃত মুমিনৰ কাৰণে খুবেই উপকাৰী। এই সময়ত মাইয়েতৰ তালক্কীনৰ উদ্দেশ্যে সকলোৱে লা ইলাহা ইল্লাল্লা-হ পাঠৰ কোনো দলীল নাই। (মিচকাত ১/২০৯, মিৰ‘আত ১/২৩০)।
জ্ঞাতব্য : (ক) বর্তমান যুগত বহুতে দাফনৰ পিছতেই পুনৰাই এজনৰ নেতৃত্বত সকলোৱে সন্মিলিতভাৱে হাত তুলি দু‘আ কৰা আৰু সকলোৱে সমস্বৰে ‘আমীন’ ‘আমীন’ কোৱা প্রচলিত প্রথাৰ কোনো ভিত্তি নাই। কিছুমানে সেইদিনাই বা দুই এদিন পিছত আত্মীয়-স্বজনক নিমন্ত্ৰণ কৰি আনি মৃতকৰ ঘৰত দু‘আৰ অনুষ্ঠান কৰে। এইবোৰ নিঃসন্দেহে বিদ‘আত। জানাযাৰ চালাতেই হ’ল মৃতকৰ কাৰণে একমাত্র দু‘আৰ অনুষ্ঠান। ইয়াৰ বাহিৰে মুছলিম মাইয়েতৰ কাৰণে পৃথক কোনো দু‘আৰ অনুষ্ঠান ইছলামী শ্বৰী‘আতত নাই।
অন্যান্য ছালাতৰ ভিতৰত উল্লেখিত ছালাত হ’ল- ইশ্বৰাক, চাশত ও আওৱাবীনৰ ছালাত, সূৰ্য্য ও চন্দ্ৰ গ্ৰহণৰ ছালাত, ছালাতুল ইস্তিচক্কা, ছালাতুল হাজত, ছালাতুত তাওবাহ, ছালাতুল ইস্তিখাৰা, আৰু ছালাতুত তচবীহ। এই ছালাতসমূহ সংক্ষেপে এনে ধৰণৰ-
ইশ্বৰাক, চাশত ও আওৱাবীন- সূৰ্য্যোদয়ৰ পিছতে প্ৰথম প্ৰহৰৰ আৰম্ভণিতে পঢ়া ছালাতক ‘ইশ্বৰাক’, দ্বিপ্ৰহৰৰ আগতে পঢ়িলে ‘ছালাতুয যোহা’ বা ‘চাশত’ৰ ছালাত বুলি কোৱা হয়। এই ছালাত ঘৰত পঢ়া মুস্তাহাব আৰু আৱশ্যকীয় বুলি ভৱা উচিত নহয়। ৰাক‘আতৰ সংখ্যা ২, ৪, ৮ আৰু ১২। এই ছালাতক ‘আওৱাবীন’ৰ ছালাত বুলিও কোৱা হয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ছালাত সদায় পঢ়া নাছিল। উল্লেখ্য মাগৰীবৰ পিছৰ ছয়, বিশ বা যিকোনো পৰিমাণৰ নফল ছালাতক ‘আওৱাবীন’ বুলি কোৱাৰ হাদীছসমূহ যঈফ। (তিৰমিযী, মিচকাত হা/১১৭৩-১১৭৪, চিলচিলা যঈফাহ হা/৪৬৭, ৪৬৯, ৪৬১৭)।
‘কুচুফ্’ ও ‘খুচুফ্’ ছালাত- সূৰ্য্য ও চন্দ্ৰ গ্ৰহণৰ সময়ত পঢ়া দুই ৰাক‘আত নফল ছালাতকে ছালাতুল ‘কুচুফ্’ ও ‘খুচুফ্’ কোৱা হয়। এই ছালাতত প্ৰতি ৰাক‘আতত ৰুকু দুবাৰ কৰিব লাগে। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১৪৮০)। ছুৰা ফাতিহা ও দীৰ্ঘ ক্কিৰাআত পঢ়াৰ পিছত ৰুকুত গৈ দীৰ্ঘ ৰুকু কৰি উঠাৰ পিছত পুনৰ আগতকৈ কম দৈৰ্ঘ্যৰ ক্কিৰাআত পাঠ কৰি পুনৰ ৰুকুত যাব লাগে। ৰুকুৰ পৰা উঠি ছিজদা কৰি পুনৰ প্ৰথম ৰাক‘আতৰ দৰে দ্বিতীয় ৰাক‘আত পঢ়িব লাগে। এই ছালাত জাম‘আতত পঢ়ি শেষত খুতবা দিব লাগে। ((মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১৪৮২-১৪৮৩)।
‘ছালাতুল ইস্তিচক্কা’- খৰাং বা অনাবৃষ্টিৰ সময়ত আল্লাহৰ ওচৰত বিশেষ পদ্ধতিত সহায় বিচাৰি পঢ়া ছালাতকে ‘ছালাতুল ইস্তিচক্কা’ বুলি কোৱা হয়। মলিন ও পৰিচ্ছন্ন পোচাক পিন্ধি গাত চাদৰ লৈ সূৰ্য্যোদয়ৰ লগে লগে ময়দানত গৈ ঈদৰ ছালাতৰ দৰে আজান, ইকামত অবিহনে জাম‘আতত দুই ৰাক‘আত ছালাত আদায় কৰিব লাগে। (আবু দাউদ হা/১১৬১, ১১৬৫; মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/১৪৯৭; মিৰ‘আত ৫/১৭৯)। ছালাতৰ শেষত আল্লাহৰ প্ৰশংসা কৰি আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰি মুছল্লীসকলৰ সন্মুখত ইস্তিচক্কাৰ গুৰুত্ব সম্পৰ্কে সংক্ষিপ্ত খুতবা দিব লাগে। (আবু দাউদ হা/১১৬৫; বুখাৰী হা/১০২২; মিৰ‘আত ৫/১৮৯)। আন এক পদ্ধতিত খুতবা প্ৰথমে দি দুই ৰাক‘আত ছালাত আগৰ দৰে আদায় কৰি দু‘আ কৰিব লাগে। তাৰ পিছত ক্কিবলামুখীকৈ থিয় হৈ গাৰ চাদৰ ওলোটাব, অৰ্থাৎ চাদৰৰ তলৰ অংশ ওপৰলৈ নিব আৰু বাওঁফালৰ অংশ সোঁ-ফালে লব। দুই হাত নিজৰ চেহেৰাৰ সমানকৈ দাঙি দু‘আ পঢ়িব লাগে। (আবু দাউদ হা/১১৬৪, ১১৬৮; মিচকাত হা/১৫০৪; ফিক্কহুচ ছুন্নাহ ১/১৬১; মিৰ‘আত ৫/১৭৬)। তলত এটা দু‘আ উল্লেখ কৰা হ’ল-
اَلْحَمْدُ ِللهِ رَبِّ الْعَالَمِيْنَ، الرَّحْمنِ الرَّحِيْمِ، مَالِكِ يَوْمِ الدِّيْنِ، لآ إِلَهَ إِلاَّ اللهُ يَفْعَلُ مَا يُرِيْدُ- اَللَّهُمَّ أَنْتَ اللهُ لآ إِلَهَ إِلاَّ أَنْتَ، أَنْتَ الْغَنِيُّ وَنَحْنُ الْفُقَرَاءُ، أَنْزِلْ عَلَيْنَا الْغَيْثَ وَاجْعَلْ مَا أَنْزَلْتَ عَلَيْنَا قُوَّةً وَّ بَلاَغًا إِلَى حِيْنٍ-
উচ্চাৰণ: আলহামদুলিল্লা-হি ৰব্বিল ‘আ-লামীন, আৰ-ৰহমা-নিৰ ৰহীম, মা-লিকি ইয়াওমিদ্দ্বীন। লা ইলা-হা ইল্লাল্লা-হু ইয়াফ‘আলু মা ইউৰীদু। আল্লা-হুম্মা আনতাল্লা-হু লা ইলা-হা ইল্লা আনতা। আনতাল গানিইয়ু ওৱা নাহ্নুল ফুক্কাৰা-উ। আনঝিল ‘আলায়নাল গায়ছা ওৱাজ‘আল মা আনঝালতা ‘আলায়না কুউওয়াতাঁও ওৱা বালা-গান ইলা হীন।
অনুবাদ: সকলো প্রশংসা (হামদ) বিশ্বপালক আল্লাহৰ কাৰণে। যিজন কৰুণাময়, পৰম দয়ালু। যিজন বিচাৰ দিবসৰ মালিক। আল্লাহৰ বাহিৰে কোনো মা‘বূদ নাই। তেওঁ যি ইচ্ছা তাকেই কৰে। হে আল্লাহ! আপোনাৰ বাহিৰে কোনো উপাস্য নাই। আপুনি মুখাপেক্ষীহীন আৰু আমি সকলোৱেই মুখাপেক্ষী। আমাৰ ওপৰত আপুনি বৃষ্টি বর্ষণ কৰক! যি বৃষ্টি বর্ষণ কৰিব, সেয়া যেন আমাৰ কাৰণে শক্তিৰ কাৰণ হয় আৰু দীর্ঘম্যাদী কল্যাণ লাভত সহায়ক হয়’। (আবু দাউদ, মিশকাত হা/১৫০৮)।
জ্ঞাতব্য: জীৱিত কোনো মুত্তাক্কী পৰহেযগাৰ ব্যক্তিৰ জৰিয়তে আল্লাহৰ ওচৰত বৃষ্টি প্রার্থনা কৰিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত তেওঁৰ চাচা ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ জৰিয়তে ‘উমাৰ ৰাদ্বিয়াল্লাহ আনহুৱে বৃষ্টি প্রার্থনা কৰিছিল। (বুখাৰী হা/১০১০, মিশকাত হা/১৫০৯)। কিন্তু কোনো মৃত ব্যক্তিৰ দোহাই বা অছীলা লৈ বৃষ্টি বা আন কোনো ধৰণৰ প্রার্থনা কৰিব নোৱাৰি। কাৰণ এইটো হ’ল সকলোতকৈ ডাঙৰ শ্বিৰ্ক।
ছালাতুল হাজত- ছালাতুল হাজত হ’ল বিশেষ কোনো বৈধ চাহিদা পূৰণৰ বাবে আদায় কৰা দুই ৰাক‘আত নফল ছালাত। (ইবনু মাজাহ হা/১৩৮৫)। ছালাতৰ শেষ বৈঠকত তাশ্বাহহুদ পঢ়াৰ পিছত ছালাম ফিৰোৱাৰ আগতে নিজৰ প্ৰয়োজনীয় বিষয়টিৰ কথা নিয়তৰ মাজত ৰাখি এই দু‘আ পঢ়িব লাগে- اَللَّهُمَّ رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ- (আল্লা-হুম্মা ৰব্বানা আ-তিনা ফিদ্দুন্ইয়া হাছানাতাঁও ওৱা ফিল আ-খিৰাতি হাছানাতাঁও ওৱা ক্বিনা আযা-বান্না-ৰ)। অৰ্থাৎ ‘হে আল্লাহ! হে আমাৰ পালনকর্তা! আপুনি আমাক দুনিয়াত মঙ্গল দিয়া ও আখিৰাততো মঙ্গল দিয়া আৰু আমাক জাহান্নামৰ আযাবৰ পৰা ৰক্ষা কৰা’। (ছুৰা বাক্কাৰাহ- ১৫৩)। এই দু‘আটি ছিজদাত পঢ়িলে কব, اَللَّهُمَّ آتِنَا... আল্লা-হুম্মা আ-তিনা...। কিয়নো ৰুকূ-ছিজদাত কোৰআনৰ দু‘আ পঢ়িব নোৱাৰি। (মুছলিম, মিচকাত হা/৮৭৩, নায়ল ৩/১০৯)।
ছালাতুত তাওবাহ- আল্লাহৰ ওচৰত অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনাৰ বাবে বিশেষভাৱে আদায় কৰা দুই ৰাক‘আত নফল ছালাতকে ‘ছালাতুত তাওবাহ’ বুলি কোৱা হয়। শেষ বৈঠকত তাশ্বাহহুদ পঢ়াৰ পিছত ছালাম ফিৰোৱাৰ আগতে এই দু‘আ পঢ়িব- أَسْتَغْفِرُ اللهَ الَّذِيْ لآ إِلَهَ إِلاَّ هُوَ الْحَيُّ الْقَيُّوْمُ وَأَتُوْبُ إِلَيْهِ- (আস্তাগফিৰুল্লা-হাল্লাযী লা ইলা-হা ইল্লা হুওৱাল হাইয়ুল ক্কাইয়ূমু ওৱা আতূবু ইলাইহি)। অৰ্থাৎ ‘মই ক্ষমা প্রার্থনা কৰিছোঁ সেই আল্লাহৰ ওচৰত যাৰ বাহিৰে কোনো উপাস্য নাই। যিজন চিৰঞ্জীৱ ও বিশ্ব চৰাচৰৰ ধাৰক আৰু তেওঁৰ ফালেই মই প্ৰত্যাৱৰ্তন কৰিছোঁ বা তাওবাহ কৰিছোঁ’। (তিৰমিযী, আবু দাউদ, মিচকাত হা/২৩৫৩)।
ছালাতুল ইস্তেখা-ৰাহ- ভবিষ্যতে কৰিব লগা কোনো কাম মঙ্গল হোৱাৰ উদ্দেশ্যে আল্লাহৰ পৰা ইংগিত পোৱাৰ কাৰণে আদায় কৰা দুই ৰাক‘আত ছালাতকে ‘ছালাতুল ইস্তেখা-ৰাহ’ বুলি কোৱা হয়। কিংকর্তব্যবিমূঢ় অৱস্থাত কোনো শুভ কামটো কৰা মঙ্গলজনক হ’ব নে নহয় সেই বিষয়ে আল্লাহৰ ফালৰ পৰা ইঙ্গিত পোৱাৰ কাৰণে বিশেষভাৱে এই ছালাত আদায় কৰা হয়। ইয়াৰ বাবে ইস্তেখা-ৰাহৰ নিয়ত সহ দুই ৰাক‘আত নফল ছালাত দিন বা ৰাতি যিকোনো সময়ত পঢ়িব পাৰি। ইস্তেখা-ৰাহৰ পিছত যিটো প্রকাশিত হয় বা ঘটি যায় নাইবা মনটো যিফালে টানিব, সেইটোৱেই কৰা উচিত। ইয়াৰ কাৰণে সপোনত দেখাৰ কোনো ভিত্তি নাই। (মিৰ‘আত ৪/৩৬৫)। এটা বিষয়ৰ কাৰণে একাধিকবাৰ ‘ছালাতুল ইস্তেখা-ৰাহ’ আদায়ৰ কথা স্পষ্টভাৱে কোনো ছহীহ হাদীছৰ দ্বাৰা প্রমাণিত নহয়। কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওাছাল্লামে কেতিয়াবা দু‘আ কৰিলে একে সময়ত তিনিবাৰকৈ দু‘আ কৰিছিল আৰু কিবা বিচাৰিলে তিনিবাৰকৈ বিচাৰিছিল। (মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/৫৮৪৭)। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওাছাল্লামে কৈছে, ‘তোমালোকৰ কোনোৱে যেতিয়া কোনো কামৰ সংকল্প কৰিবা, তেতিয়া ফৰজ ব্যতীত দুই ৰাক‘আত ছালাত আদায় কৰিবা। ইয়াৰ পিছত কবা’-
اَللَّهُمَّ إِنِّيْ أَسْتَخِيْرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيْمِ، فَإِنَّكَ تَقْدِرُ وَلاَ أَقْدِرُ وَتَعْلَمُ وَلاَ أَعْلَمُ، وَأَنْتَ عَلاَّمُ الْغُيُوْبِ، اَللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِّيْ فِيْ دِيْنِيْ وَمَعَاشِيْ وَعَاقِبَةِ أَمْرِيْ فَاقْدِرْهُ لِيْ وَيَسِّرْهُ لِيْ ثُمَّ بَارِكْ لِيْ فِيْهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِّيْ فِيْ دِيْنِيْ وَمَعَاشِيْ وَعَاقِبَةِ أَمْرِيْ فَاصْرِفْهُ عَنِّيْ وَاصْرِفْنِيْ عَنْهُ وَاقْدِرْ لِيَ الْخَيْرَ حَيْثُ كَانَ ثُمَّ أَرْضِنِيْ بِهِ، قَالَ: (وَيُسَمِّي حَاجَتَهُ)- رواه البخارىُّ-
উচ্চাৰণ: আল্লা-হুম্মা ইন্নী আস্তাখীৰুকা বি‘ইলমিকা ওৱা আস্তাক্কদিৰুকা বি ক্বুদৰাতিকা, ওৱা আচআলুকা মিন ফাযলিকাল ‘আযীম। ফাইন্নাকা তাক্কদিৰু ওৱা লা আক্কদিৰু, ওৱা তা‘লামু ওৱা লা আ‘লামু, ওৱা আনতা ‘আল্লা-মুল গুয়ূব। আল্লা-হুম্মা ইন কুনতা তা‘লামু আন্না হা-যাল আমৰা খায়ৰুল লী ফী দ্বীনী ওৱা মা‘আ-শী ওৱা ‘আ-ক্বিবাতি আমৰী, ফাক্কদিৰহু লী ওৱা ইয়াচছিৰহু লী; ছুম্মা বা-ৰিক লী ফীহি। ওৱা ইন কুনতা তা‘লামু আন্না হা-যাল আমৰা শার্ৰুল লী ফী দ্বীনী ওৱা মা‘আ-শী ওৱা ‘আ-ক্বিবাতি আমৰী, ফাছৰিফহু ‘আন্নী ওৱাছৰিফনী ‘আনহু, ওৱাক্কদিৰ লিয়াল খায়ৰা হায়ছু কা-না, ছুম্মা আৰযিনী বিহী।
অনুবাদ: হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ জ্ঞানৰ সাহায্যত কল্যাণৰ বিষয়টো প্রার্থনা কৰিছোঁ আৰু তোমাৰ শক্তিৰ মাধ্যমত (সেইটো অর্জন কৰাৰ) শক্তি প্রার্থনা কৰিছোঁ। মই তোমাৰ মহান অনুগ্রহ ভিক্ষা কামনা কৰিছোঁ। কিয়নো তুমিয়েই ক্ষমতাৰ অধিকাৰী। মোৰ কোনো ক্ষমতা নাই। তুমিয়েই জানা, মই নাজানোঁ। তুমিয়েই অদৃশ্য বিষয়সমূহৰ মহাজ্ঞানী। হে আল্লাহ! যদি তুমি জানা যে, এই কামটো মোৰ কাৰণে উত্তম হ’ব মোৰ দ্বীনৰ কাৰণে, মোৰ জীৱিকাৰ কাৰণে ও মোৰ পৰিণাম-ফলৰ কাৰণে, তেনেহ’লে সেইটো মোৰ কাৰণে নির্ধাৰিত কৰি দিয়া আৰু সহজ কৰি দিয়া। ইয়াৰ পিছত তাত মোৰ কাৰণে বৰকত দান কৰা, আৰু যদি তুমি জানা যে, এই কামটো মোৰ কাৰণে বেয়া হ’ব মোৰ দ্বীনৰ কাৰণে, মোৰ জীৱিকাৰ কাৰণে ও মোৰ পৰিণাম-ফলৰ কাৰণে, তেনেহ’লে এইটো মোৰ পৰা ওভতাই নিয়া আৰু মোকো তাৰ পৰা বিৰত ৰাখা। ইয়াৰ পিছত মোৰ কাৰণে মঙ্গল নির্ধাৰণ কৰা, য’ত সেইটো আছে আৰু মোক তাৰ দ্বাৰা সন্তুষ্ট কৰা’। ইয়াতে হা-যাল আমৰা (এই কাম) কোৱাৰ সময়ত কামৰ নাম উল্লেখ কৰিব পৰা যায় বুলি ৰাবীয়ে বর্ণনা কৰে। যিটো ওপৰোক্ত হাদীছৰ শেষত বর্ণিত হৈছে। (বুখাৰী, মিচকাত হা/১৩২৩; আবু দাউদ হা/১৫৩৮; মিৰ‘আত ৪/৩৬২)।
দু‘আৰ সময়কাল: এই দু‘আ পঢ়াৰ সময়ৰ বিষয়ে দুটা মত দেখা যায়। জাবেৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ছহীহ বুখাৰীৰ হাদীছত উল্লেখ থকা মতে ছালাম ফিৰোৱাৰ পিছতে পঢ়িব লাগে। আনহাতে আবু দাউদত উল্লেখ থকা মতে ছালাতৰ মাজতে পঢ়িব লাগে। অন্যান্য ছহীহ হাদীছত উল্লেখ থকা অনুযায়ী ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিশেষ দু‘আসমূহ ছালাতৰ মাজতে, বিশেষকৈ ছিজদাত আৰু শেষ বৈঠকত তাশ্বাহহুদ শেষ কৰাৰ পিছত ছালাম ফিৰোৱাৰ আগতে পঢ়িছিল। সেই হিচাবে ইস্তেখাৰাৰ দু‘আও শেষ বৈঠকত ধীৰে-সুস্থিৰে কৰিব পাৰে। ছালাম ফিৰোৱাৰ পিছত কৰিলে পলম নকৰি প্ৰথমে হামদ আৰু দৰূদ পঢ়ি দুই হাত উঠাই দু‘আ কৰিব লাগে।
ছালাতুত তচবীহ- ছালাতুত তচবীহ ছালাত সম্পৰ্কে কোনো ছহীহ হাদীছ বৰ্ণিত হোৱা নাই। ছৌদি আৰবৰ স্থায়ী ফাতওৱা কমিটি ‘লাজনা দায়েমাহ’-য়ে এই ছালাতক বিদ‘আত আখ্যা দি ফাতওৱা দিছে। কোনো কোনো আল্লামাই এই ছালাতৰ সপক্ষে মত দিলেও এনে বিতৰ্কিত ও সন্দেহযুক্ত ভিত্তিৰ ওপৰত ইবাদত নকৰাই মঙ্গল।
(أركان الصلاة)
ছালাতৰ ৰুকন: ৰুকন মানে স্তম্ভ বা অপৰিহাৰ্য্য বিষয়, যিটো ইচ্ছাকৃত বা ভুলক্ৰমে এৰি দিলে ছালাত বাতিল হৈ যায়। ছালাতৰ ৰুকন ৭টা (সাত)। যেনে-
(১) ক্কিয়াম বা থিয় হোৱা- ছুৰা ‘বাকাৰা’ৰ ২৩৮ নং আয়াতত আল্লাহে কৈছে, তোমালোক আল্লাহৰ কাৰণে একনিষ্ঠভাৱে থিয় হোৱা।
(২) তকবীৰে তহৰিমা- ‘আল্লাহু আকবৰ’ বুলি কৈ দুই হাত কান্ধ বা কাণ পৰ্যন্ত দাঙি বুকুৰ ওপৰত বন্ধা। আল্লাহে ছুৰা ‘মুদ্দাচ্ছিৰ’ৰ ৩ নং আয়াতত কৈছে, তোমাৰ প্ৰভুৰ কাৰণে তাকবীৰ দিয়া অৰ্থাৎ তেওঁৰ প্ৰভুত্ব ঘোষণা কৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তকবীৰে তহৰিমাৰ লগে লগে ছালাতৰ মাজত দুনিয়াবী কথা চিন্তা হাৰাম হয় আৰু ছালাম ফিৰোৱাৰ মাধ্যমত হালাল হয়। (মুছলিম, আবু দাউদ, তিৰমিযী, মিচকাত হা/৩১২, ৭৯১)।
(৩) ছুৰা ফাতিহা পাঠ- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘সেই ব্যক্তিৰ ছালাত শুদ্ধ নহয়, যিয়ে ছুৰায়ে ফাতিহা পাঠ নকৰে।’ (মিচকাত হা/৮২২, ছালাত অধ্যায়-৪)।
(৪) ৰুকু কৰা- ‘আল্লাহে ছুৰা ‘হজ্জ্ব’ৰ ৭৭ নং আয়াতত কৈছে, হে মুমিনসকল তোমালোকে ৰুকু কৰা আৰু ছিজদা কৰা।’
(৫) ছিজদা কৰা- (ঐ)।
(৬) ধীৰে-স্থিৰে ছালাত আদায় কৰা- আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত, এজন ব্যক্তিয়ে মছজিদত প্ৰৱেশ কৰি ছালাত আদায় কৰাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম দিয়াত তেওঁ ছালামৰ উত্তৰ দি ক’লে, ‘তুমি উভতি যোৱা আৰু ছালাত আদায় কৰা। কিয়নো তুমি ছালাত আদায় কৰা নাই।’ এনেদৰে মানুহজনে তিনিবাৰ ছালাত আদায় কৰিলে আৰু প্ৰত্যেক বাৰেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক পুনৰ ছালাত আদায় কৰিবলৈ কয়। অৱশেষত মানুহজনে আল্লাহৰ কচম খাই ক’লে- ‘হে আল্লাহৰ ৰাছূল! (চাল্লাল্লাহু আলাইহি অছাল্লাম) যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, তেওঁৰ কচম কৰি কৈছোঁ- ইয়াতকৈ সুন্দৰভাৱে মই ছালাত আদায় কৰিব নাজানোঁ। গতিকে দয়া কৰি আপুনি মোক ছালাত শিকাই দিয়ক।’ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ধীৰ–স্থিৰভাৱে ছালাত আদায় কৰাৰ শিক্ষা দিয়ে। (মিচকাত হা/৭৯০, ছালাতৰ বিৱৰণ, অনুচ্ছেদ-১০)।
(৭) শেষ বৈঠক- উম্মে চালমা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত মহিলাসকলে জাম‘আতত ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছতে উঠি গৈছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তথা পুৰুষ মুছল্লীসকলে কিছু সময় বহি আছিল। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হোৱাৰ পিছত তেওঁলোকেও থিয় হৈছিল। (বুখাৰী, মিচকাত হা/৯৪৮)। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে শেষ বৈঠকত বহা আৰু ছালাম ফিৰোৱাই সেই সময়ৰ নিয়মিত ছুন্নাত আছিল।
কঠিন অসুখ বা কোনো কাৰণত অপাৰগ হৈ ওপৰোক্ত ৰুকনসমূহ আদায় কৰা সম্ভব নহ’লে, বহি, শুই বা ইংগিতত ছালাত আদায় কৰিব লাগিব। (বুখাৰী, মিচকাত হা/১২৪৮) কাৰণ জ্ঞান থকা অৱস্থাত ছালাতৰ মাফ নাই।
(واجبات الصلاة)
ছালাতৰ ওৱাজিব: ছালাতৰ ওৱাজিব ৮টা (আঠ)। সেইকেইটাৰ যি কোনো এটা ইচ্ছাকৃতভাৱে এৰি দিলে ছালাত বাতিল হয়, কিন্তু ভুলক্ৰমে এৰিলে ‘ছহু ছিজদা’ দিব লাগে। ওৱাজিব ৮টা এনে ধৰণৰ-
১. ‘তকবীৰে তহৰিমা’ বাদে আন তাকবীৰসমূহ কোৱা। (বুখাৰী, মুছলিম ও অন্যান্য, মিচকাত হা/৭৯৯, ৮০১; ফিক্কহুচ ছুন্নাহ ১/১২০)।
২. ৰুকুত তচবীহ পঢ়া। (নাছাঈ, আবু দাউদ তিৰমিযী, মিচকাত হা/৮৮১)।
৩. ৰুকুৰ পৰা উঠোতে ‘চামি আল্লাহু লিমান হামিদাহ্’ কোৱা। (বুখাৰী, মুছলিম, মিচকাত হা/ ৮৭০, ৮৭৪, ৮৭৫, ৮৭৭)।
৪. ৰুকুৰ পৰা উঠাৰ পিছত ‘ৰাব্বানা লাকাল হামদ’ বা ‘আল্লাহুম্মা ৰাব্বানা লাকাল হামদ পঢ়া। (বুখাৰী হা/৭৩২-৭৩৫, ৭৩৮; মুছলিম হা/৮৬৮,৯০৪, ৯১৩)।
৫. ছিজদাত তচবীহ পঢ়া। (নাছাঈ, আবু দাউদ, তিৰমিযী, মিচকাত হা/৮৮১)।
৬. দুই ছিজদাৰ মাজত স্থিৰ হৈ বহি দু‘আ পঢ়া। (ইবনু মাজাহ হা/৮৯৭; আবু দাউদ হা/৮৫০, তিৰমিযী হা/২৮৪; নাছাঈ হা/১১৪৫, মিচকাত হা/৯০০, ৯০১)।
৭. প্ৰথম বৈঠকত বহি তাশ্বাহহুদ পঢ়া। (আহমাদ, নাছাঈ, নায়ল ৩/১৪০; মুত্তাফাক্ক ‘আলাইহ, মিচকাত হা/৯০৯)।
৮. ছালামৰ মাধ্যমত ছালাত শেষ কৰা। (আবু দাউদ, তিৰমিযী, মিচকাত হা/৩১২)।
(سنن الصلاة)
ছালাতৰ ছুন্নাতসমূহ: ছালাতৰ ফৰজ আৰু ওৱাজিব বাদ দি বাকী সকলো ছুন্নাত, কিছু সংখ্যক ছুন্নাত এনে ধৰণৰ- ১. জুমু‘আৰ ফৰজ ছালাত বাদে দিনৰ সকলো ছালাত নিৰৱে পঢ়া আৰু ৰাতিৰ ফৰজ ছালাত সশব্দে পঢ়া, ২. প্ৰথম ৰাক‘আতত ছুৰা ফাতিহাৰ পূৰ্বে মনে মনে আউযুবিল্লাহ–বিছমিল্লাহ পঢ়া আৰু ফাতিহাৰ পিছত ছুৰাৰ পূৰ্বে বিছমিল্লাহ পাঠ কৰা, ৩. ছালাতত পঢ়িব লগা সকলো দু‘আ পাঠ কৰা, ৪. বুকুৰ ওপৰত দুই হাত বন্ধা, ৫. ৰাফ’উল ইয়াদায়েন কৰা, ৬. ছুৰা ফাতিহাৰ পিছত সশব্দে আমিন কোৱা, ৭. ছিজদাত যোৱাৰ সময়ত হাত আগতে মাটিত ৰখা, ৮. দ্বিতীয় ও চতুৰ্থ ৰাক‘আতৰ বাবে ছিজদাৰ পৰা থিয় হওঁতে ক্ষন্তেক সময় বহি থিয় হোৱা, ৯. থিয় হোৱাৰ সময়ত দুই হাত মুঠি মাৰি মাটিত ভৰ দি থিয় হোৱা, ১০. দৃষ্টি ছিজদাৰ স্থানত ৰখা, ১১. তাশ্বাহহুদ পঢ়াৰ সময়ত সোঁ-হাতৰ বুঢ়া আঙুলি মধ্যমা আঙুলিৰ সৈতে লগাই ঘূৰণীয়া কৰি মুঠিমাৰি তৰ্জনী আঙুলি ক্কিবলাৰ ফালে মুখ কৰি লৰাই থকা, ১২. ৰুকু ও ছিজদাত তচবীহ এবাৰতকৈ বেছি পঢ়া, ১৩. ৰুকুৰ পৰা উঠাৰ পিছত ‘ৰাব্বানা লাকাল হামদ’ৰ লগত অতিৰিক্তভাৱে ‘হামদান কাশ্বিৰান তয়্যিবাম মুবাৰাকান ফিহ’ পাঠ কৰা, ১৪. ছিজদাত দুই হাতৰ আঙুলি মিলাই ৰখা, ১৫. ৰুকুত দুই হাতৰ আঙুলি ফাঁক ৰখা, ১৬. তাশ্বাহহুদ পঢ়া সময়ত দুই হাতৰ আঙুলি ক্কিবলামুখী কৰি স্বাভাৱিকভাৱে ৰখা, ১৭. ছিজদাত দুই ভৰি থিয় কৰি গোৰোৱা দুটা মিলাই ৰখা, ১৮. থিয় হৈ থকা অৱস্থাত দুই ভৰিৰ স্বাভাৱিক দূৰত্ব (দুই কান্ধৰ সমান) ৰখা, ১৯. জাম‘আতত কাষৰ মুছল্লীৰ কান্ধৰ লগত কান্ধ আৰু ভৰিৰ লগত ভৰি মিলাই ৰখা, ২০. শেষ তাশ্বাহহুদত ‘তাৱাৰৰুক’ কৰা অৰ্থাৎ বাওঁ-ভৰি সোঁ-ভৰিৰ তলেদি পাৰ কৰি নিতম্বৰ ওপৰত বহা আৰু প্ৰথম তাশ্বাহুহদত বাওঁ-ভৰিৰ পতাৰ ওপৰত বহা।
(سجود السهو)
ছালাতত ভুলক্ৰমে ওৱাজিব এৰি দিলে শেষ বৈঠকৰ তাশ্বাহহুদ পঢ়াৰ শেষত ছালাম ফিৰোৱাৰ পূৰ্বে ‘ছহু ছিজদা’ দিব লাগে। ৰাক‘আতৰ গণনা ভুল হ’লে বা সন্দেহ হ’লে বা কম-বেছি হ’লে বা প্ৰথম বৈঠকত নবহি থিয় হৈ গ’লে ইত্যাদি কাৰণত তথা মুক্তাদীৰ মাধ্যমত ভুল সংশোধন কৰিলে ‘ছহু ছিজদা’ আৱশ্যক হয়।
নিয়ম:
১. ছালাত পঢ়ি থকা অৱস্থাত ইমামে নিজৰ ভুলৰ বিষয়ে নিশ্চিত হ’লে বা মুক্তাদীয়ে লোকমা দি জনালে শেষ বৈঠকত তাশ্বাহহুদ, দৰূদ ও দু‘আ মাছুৰা পঢ়াৰ পিছত তাকবীৰ দি দুটা ছিজদা একেলগে দিয়াৰ পিছত ছালাম ফিৰাব। (মুছলিম, মিচকাত হা/১০১৫, ১০১৮)।
২. যদি ৰাক‘আত বেছি পঢ়ি ছালাম ফিৰোৱাৰ পিছত ভুল ধৰা পৰে, তেতিয়াও আগৰ দৰে তাকবীৰ দি ছহু ছিজদা কৰি ছালাম ফিৰাব। (মুত্তাফাক্ক আলাইহ, মিচকাত হা/১০১৬, ছালাত অধ্যায় ৪, ‘ছহু’ ছিজদা অনুচ্ছেদ-২০)।
৩. যদি ৰাক‘আত কম পঢ়ি ছালাম ফিৰাই দিয়ে, তেতিয়া তাকবীৰ দি থিয় হৈ ৰাক‘আত সম্পূৰ্ণ কৰি ছালাত আদায় কৰি ছালাম ফিৰাব, তাৰ পিছত তাকবীৰ সহ দুটা ‘ছহু ছিজদা’ দি পুনৰ ছালাম ফিৰাব। (মুছলিম, মুত্তাফাক্ক আলাইহ, মিচকাত হা/১০১৭, ১০২১)।
৪. ছালাতৰ কম-বেছি হ’লে ছালাম ফিৰোৱাৰ আগত বা পিছত দুটা ‘ছহু ছিজদা’ দিব লাগে। (মুছলিম হা/১২৮৭, ‘ছহু’ ছিজদা অনুচ্ছেদ-১৯)।
মুঠ কথা ‘ছহু ছিজদা’ ছালাম ফিৰোৱাৰ পূৰ্বে বা পাছত দুই ধৰণে জায়েজ আছে, কিন্তু তাশ্বাহহুদ পঢ়ি কেৱল সোঁ-ফালে ছালাম ফিৰাই দুটা ছহু ছিজদা দি পুনৰ তাশ্বাহহুদ ও দৰূদ পঢ়ি দুয়োফালে ছালাম ফিৰোৱাৰ প্ৰচলিত প্ৰথাৰ কোনো ভিত্তি নাই। (মিৰাতুল মাফাতীহ ২য় খণ্ড পৃঃ ৩২, ৩৩, ৩য় খণ্ড পৃঃ ৪০৭, হাদিছ নং ১০২৪ ৰ আলোচনা দ্ৰষ্টব্য)। ছহু ছিজদাৰ পিছত তাশ্বাহহুদ পঢ়াৰ বিষয়ে ইমৰান বিন হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছটি যঈফ। (আবু দাউদ, ইৰওৱাউল গালীল হা/৪০৩, ২য় খণ্ড পৃঃ ১২৮, ১২৯)।
ইমামৰ ভুল হ’লে পুৰুষ মুক্তাদীয়ে সশব্দে ‘চুবহান আল্লাহ’ বুলি কৈ আৰু মহিলা মুক্তাদীয়ে হাত-চাপৰি বজাই লোকমা দিব লাগে।
**** সমাপ্ত ****