ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম

চমু বিৱৰণ

ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ মুৰতাদ, তেওঁ মুছলিম নহয়। দলীল-প্ৰমাণৰ ভিত্তিত তাৰ যুক্তি খণ্ডন কৰা আৰু তাক তওবা কৰাৰ আহ্বান জানোৱা ওৱাজিব- যেন তেওঁ ইছলামলৈ উভতি অহাৰ সুযোগ পায়। অন্যথা ইহকাল আৰু পৰকালত তেওঁৰ বিৰুদ্ধে ইছলাম ত্যাগকাৰী মুৰতাদৰ বিধান প্ৰযোজ্য হ’ব।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম

    ] অসমীয়া – Assamese – آسامي [

    ড. মানে‘ ইবন হাম্মাদ আল-জুহানী

    —™

    অনুবাদঃ

    জুবেৰ ৰহমান বিন পিয়াৰ আলী

    সম্পাদনাঃ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    ﴿ العلمانية والإسلام ﴾

    د. مانع بن حماد الجهني

    —™

    ترجمة: زبير الرحمن بن بيار علي

    مراجعة: رفيق الاسلام بن حبيب الرحمن

    ধর্মনিৰপেক্ষতাবাদ আৰু ইছলাম

    Secularism শব্দৰ সঠিক অনুবাদ হৈছে- ধৰ্মহীনতা। কিন্তু অসমীয়া ভাষাত শব্দটোৰ অনুবাদ ধৰ্মহীনতাৰ সলনি ধৰ্মনিৰপেক্ষতা বুলি কৈ থকা হয়। আচলতে এই মতবাদটোৱে ধর্মক বাদ দি তুচ্ছ বস্তুবাদী স্বাৰ্থক প্ৰাধান্য দি মানৱবিদ্যা আৰু বুদ্ধিৰ ভিত্তিত মানৱ জীৱন প্ৰতিষ্ঠাৰ প্ৰতি আহ্বান কৰে। ধৰ্মনিৰপেক্ষ ৰাজনীতি বুলিলে- ধর্মৰ প্ৰভাৱমুক্ত ৰাষ্ট্রব্যৱস্থাক বুজোৱা হয়। এই মতবাদটো ১৭শ শতাব্দীত ইউৰূপত আত্মপ্রকাশ কৰে আৰু ঊনবিংশ শতাব্দীৰ আৰম্ভণিৰ ফালে ই প্ৰাচ্যলৈ প্ৰসাৰিত হয়। প্রথম অৱস্থাত মিছৰ, তুৰস্ক, ইৰান, লেবানন আৰু চিৰিয়াত প্ৰসাৰ লাভ কৰে। লাহে লাহে টিউনিচিয়াত আৰু ঊনবিংশ শতাব্দীৰ শেষৰ ফালে ইৰাকলৈ প্ৰসাৰিত হয়। ইয়াৰ বাহিৰে বিংশ শতাব্দীত আহি অন্যান্য আৰব দেশসমূহতো বিস্তাৰ লাভ কৰে।

    আৰব বিশ্বত এই মতবাদক বুজাবলৈ ‘লা-দ্বীনিয়্যাহ্‌’ (لا دينية) বা ‘ধৰ্মহীনতা’ বোলাৰ কথা থাকিলেও এই মতবাদৰ প্ৰৱর্তকসকলে সেই শব্দটোৰ পৰিৱৰ্তে ‘ইলমানিয়্যাহ্‌’ (علمانية) বা ‘বিজ্ঞানময়’ শব্দটো ব্যৱহাৰ কৰি থাকে। প্ৰথম দৃষ্টিত কিছুমানৰ মতে হ’ব পাৰে যে¸ শব্দটো বোধহয় ‘ইলম’ তথা ‘জ্ঞান’ৰ পৰা গ্ৰহণ কৰা হৈছে। আচলতে বিষয়টো এনেকুৱা নহয়। এই মতবাদৰ সৈতে বিজ্ঞান বা Science ৰ কোনো সম্পৰ্ক নাই। কিন্তু তেওঁলোকে এই শব্দটো ব্যৱহাৰত বেছি আনন্দ বোধ কৰে; কাৰণ শব্দটোক জ্ঞানৰ ফালে সম্পৰ্কযুক্ত কৰিব পাৰিলে আৰব সমাজত অপেক্ষাকৃত কম প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। সেইকাৰণে এই বিভ্ৰান্তিৰ নিৰসনাৰ্থে শব্দটোক আৰবীত ‘ইলমানিয়্যাহ্‌’ উচ্চাৰণ নকৰি ‘আলামানিয়্যাহ’ বোলা উচিত।

    আমি আগতেই কৈছোঁ যে, এই মতবাদৰ উৎপত্তিস্থলত Secularism শব্দটো ব্যবহৃত হৈ থাকে। যাৰ অৰ্থ হৈছে ধৰ্মহীনতা বা ধৰ্মৰ সৈতে সম্পৰ্কহীন। কিন্তু অসমীয়াভাষী মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে ইয়াৰ এটা ভুল অনুবাদ কৰা হৈ থাকে আৰু কোৱা হয় যে, ইয়াৰ অৰ্থ, ধৰ্মনিৰপেক্ষতা।

    আমি এই প্রৱন্ধত ইয়াক এই প্ৰচলিত অৰ্থতে বৰ্ণনা কৰিম। পাঠকসকলে নিশ্চয় সেইটোক তাৰ আচল অৰ্থত বুজি লব।

    Secularism যাক ধৰ্মনিৰপেক্ষতা বুলি কোৱা হয়, ইয়াৰ সৰ্বজনস্বীকৃত সংজ্ঞা হৈছে- ৰাষ্ট্রীয় আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বিচ্ছিন্ন কৰি ৰখা। ধৰ্ম ব্যক্তিৰ অন্তৰৰ সঁজাত বন্দী হৈ থাকিব। ধৰ্মৰ পৰিধি ব্যক্তি আৰু তাৰ উপাস্যৰ সম্পৰ্কৰ মাজত সীমাবদ্ধ থাকিব। ধৰ্মক প্ৰকাশ কৰাৰ কোনো সুযোগ থাকিলে সেইটো কেৱল-মাত্ৰ উপাসনাত আৰু বিবাহ ও মৃত্যু সংক্রান্ত ৰচম-ৰেওয়াজত থাকিব।

    ৰাষ্ট্ৰৰ পৰা ধৰ্মক পৃথক ৰখাৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষতাৰ সৈতে খৃষ্টান ধৰ্মৰ মিল আছে। ৰাষ্ট্ৰক্ষমতা থাকিব কায়চাৰ (খৃষ্টান চৰকাৰ প্ৰধানৰ উপাধি) ৰ হাতত, আৰু গিৰ্জাৰ ক্ষমতা থাকিব আল্লাহৰ হাতত। যীশুৰ নামত প্ৰচাৰিত বাণী ‘‘কায়চাৰৰ অধিকাৰ কায়চাৰক দিয়ক আৰু আল্লাহৰ অধিকাৰ আল্লাহক দিয়ক’’ ৰ পৰাও এই বিষয়টো সুস্পষ্ট। কিন্তু ইছলামে এই ধৰণৰ দ্বিমুখী নীতিৰ অনুমোদন নকৰে। মুছলিম নিজেই আল্লাহৰ মালিকানাধীন আৰু তাৰ গোটেই জীৱনটো আল্লাহৰ কাৰণেই। কুৰআনে কাৰীমত আল্লাহে কৈছে ‘‘হে ৰাছুল! তুমি কোৱা, নিশ্চয় মোৰ চালাত, মোৰ কুৰবানী, জীৱন আৰু মোৰ মৃত্যু সৃষ্টিকুলৰ ৰব আল্লাহৰ কাৰণে।’’[ছুৰা আন‘আম: ১৬২]

    ধৰ্মনিৰপেক্ষতাৰ উৎপত্তি আৰু উল্লেখযোগ্য ধৰ্মনিৰপেক্ষ ব্যক্তিত্বঃ

    • এই মতবাদটো প্ৰথমে ইউৰূপত প্ৰসাৰ লাভ কৰে। তাৰ পিছত পাশ্চাত্যৰ উপনিৱেশ শাসন আৰু কমিউনিজমৰ প্ৰভাৱ-প্ৰতিপত্তিৰ সুবাদত বিশ্বৰ অন্যান্য দেশত বিস্তাৰ লাভ কৰে। ১৭৮৯ চনত ফ্ৰান্সত হোৱা শিল্প বিপ্লৱৰ আগৰ আৰু পিছৰ কিছুমান পৰিস্থিতিয়ে ধৰ্মনিৰপেক্ষতাৰ ব্যাপক প্ৰসাৰ ঘটায় আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ আৰু চিন্তাধাৰাৰ বিকাশ ঘটায়। তলত উল্লেখিত ক্ৰমধাৰাত ঘটনাবিলাক ঘটিছিলঃ

    • এক্লিৰোচ, বৈৰাগ্যবাদ, ঐশ্বৰিক নৈশভোজ (Holy Communion), ক্ষমাপত্ৰ (Indulgence) বিক্ৰি ইত্যাদিৰ আঁৰত ধৰ্মীয় ব্যক্তিত্বসকল তাগুতী শক্তি, পেচাদাৰ ৰাজনীতিবিদ আৰু স্বৈৰাচাৰত পৰিণত হৈছিল।

    • গিৰ্জাবিলাকত বিজ্ঞানৰ বিৰুদ্ধে অৱস্থান, মানুহৰ চিন্তাধাৰাৰ ওপৰত গিৰ্জাৰ নিজাববীয়া আধিপত্য, গিৰ্জা কৰ্তৃক Inquisition কোৰ্ট গঠন কৰা আৰু বিজ্ঞানীসকলক ধৰ্মদ্ৰোহী হিচাবে অভিযুক্তকৰণ। উদাহৰণতঃ-

    - কোপাৰ্নিকাচে (Copernicus) : ১৫৪৩ চনত ‘‘আকাশত গ্ৰহ নক্ষত্ৰৰ আৱৰ্তন’’ নামৰ এখন কিতাপ প্ৰকাশ কৰে। গিৰ্জা কৰ্তৃপক্ষই কিতাপখন নিষিদ্ধ কৰে।

    - গ্যালিলিওয়ে (Galileo): টেলিস্কোপ আৱিস্কাৰ কৰাৰ কাৰণে ৭০ বছৰ বয়সী এই বিজ্ঞানীজনৰ ওপৰত কঠোৰ নিৰ্যাতন নামি আহে। ১৬৪২ চনত তেওঁৰ মৃত্যু হয়।

    - স্পিনোজা (Spinoza): তেওঁ ইতিহাস সমালোচনাৰ প্ৰবক্তা আছিল। তেওঁৰ শেষ পৰিণতি হৈছিল তৰোৱালৰ আঘাতত মৃত্যুদণ্ড।

    - জন লক (John Lock) : তেওঁ দাবী উত্থাপন কৰিছিল যে, স্ববিৰোধিতা পোৱা গলে ঐশীবাণীৰ বিপক্ষে বিবেকৰ সিদ্ধান্তই চূড়ান্ত।

    • বিবেক-বুদ্ধি আৰু প্ৰকৃতি নীতিৰ উদ্ভৱঃ ধৰ্মনিৰপেক্ষ ব্যক্তিবৰ্গই বিবেকৰ মুক্তিৰ দাবী তোলে আৰু প্ৰকৃতিক উপাস্যৰ বিশেষণেৰে বিভূষিত কৰাৰ দাবী জনায়।

    • ফৰাচী বিপ্লবঃ গীৰ্জা আৰু নতুন এই আন্দোলনৰ মাজত হোৱা দ্বন্দৰ ফলত ১৭৮৯ চনত ফ্ৰান্সত এখন চৰকাৰ গঠিত হয়। জনগণৰ শাসনৰ নামত এইখনেই আছিল প্ৰথম ধৰ্মনিৰপেক্ষ চৰকাৰ। কিছুমানে ভাৱে যে, ফ্ৰিমেচন (Freemasons) ৰ সদস্যসকলে গিৰ্জা আৰু ফৰাচী চৰকাৰৰ দোষবিলাকক পুঁজি কৰি বিদ্ৰোহ ঘটায় আৰু যিমান দূৰ সম্ভৱ তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য বাস্তৱায়ন কৰাৰ প্ৰয়াস চলায়। এই বিপ্লৱৰ সৈতে সংশ্লিষ্ট ব্যক্তি, গ্ৰন্থ আৰু প্ৰতিষ্ঠানবিলাক হৈছে,

    - জঁ-জাক ৰুচো (Jean Jacques Rousseau) মৃত্যু ১৭৭৮ খ্ৰিঃ - Social Contract (সামাজিক চুক্তি, অনুবাদ: ননীমাধৱ চৌধুৰী) নামেৰে তেওঁৰ এখন গ্ৰন্থ আছে। ফৰাচী বিপ্লৱৰ ক্ষেত্ৰত এইখন গ্ৰন্থ ইঞ্জিলৰ মৰ্যাদাত আছিল।

    - মনটাচকিউ (Montesquieu) ৰ ৰচিত গ্ৰন্থ The Spirit of Laws.

    - ইহুদী ধৰ্মাৱলম্বী স্পিনোজা (Spinoza) ক ধৰ্মনিৰপেক্ষতাৰ পথিকৃত বুলি ভৱা হয়। তেওঁ ধৰ্মনিৰপেক্ষতাক জীৱন আৰু আচাৰ আচৰণৰ পদ্ধতি হিচাবে উপস্থাপন কৰিছে। ইশ্বৰতত্ত্ব আৰু ৰাজনীতিক লৈ তেওঁৰ ৰচিত এখন পুস্তিকা আছে।

    - প্রাকৃতিক আইনৰ প্রবক্তা ভলটেয়াৰ (Voltaire): তেওঁৰ ৰচিত কিতাপ হৈছে- ‘‘বিবেকৰ আলোকত ধৰ্ম’’ (১৮০৪ খ্ৰিঃ)

    - উইলিয়াম গডউইন (William Godwin) (১৭৯৩খ্ৰি): তেওঁৰ ৰচিত গ্ৰন্থ হৈছে- Political Justice (ৰাজনৈতিক ন্যায়পৰায়নতা)। এই গ্ৰন্থত ধৰ্মনিৰপেক্ষতাৰ দিশত তেওঁৰ আহ্বান সুস্পষ্ট।

    - মিৰাবোঁ (Mirabeau): যাক ফৰাচী বিপ্লৱৰ প্ৰবক্তা, নেতা আৰু দাৰ্শনিক হিচাবে আখ্যায়িত কৰা হয়।

    - বাস্তিল (Bastille) ধ্বংস কৰাৰ দাবীক লৈ গণ-জামাআত অনুষ্ঠিত হয়। আৰম্ভণিতে তেওঁলোকৰ শ্লোগান আছিল- ‘‘ৰুটি বিচৰা’’। পিছলৈ এই শ্লোগান ‘‘স্বাধীনতা, সম অধিকাৰ আৰু ভ্ৰাতৃত্ব’’ লৈ পৰিৱৰ্তিত হয়। এইটো দৰাচলতে ফ্ৰিমেচনৰ শ্লোগান। তেওঁলোকৰ আৰু এটা শ্লোগান আছিল ‘‘পশ্চাৎমুখিতাৰ পতন হওঁক’’। ইয়াৰ দ্বাৰা তেওঁলোকে ধৰ্মৰ পতনক উদ্দেশ্য কৰে। এই শ্লোগান দি ইহুদীসকলে এটা আন্দোলন সৃষ্টি কৰে, ইয়াৰ মাধ্যমত তেওঁলোকে ৰাষ্ট্ৰৰ কৰ্ণধাৰসকলৰ সৈতে তেওঁলোকৰ দূৰত্ব নিৰ্মূল কৰাৰ চেষ্টা কৰে আৰু ধৰ্মীয় বিৰোধবিলাক মুছি দিয়াৰ প্ৰয়াস চলায়। এইদৰে ফৰাচী বিপ্লৱে ধৰ্মীয় ব্যক্তিবৰ্গৰ অত্যাচাৰৰ বিৰুদ্ধে আন্দোলনৰ পৰিৱৰ্তে নিজেই ধৰ্মৰ বিৰুদ্ধে আন্দোলনৰ ৰূপ ধাৰণ কৰে।

    • ধৰ্মবিমুখ বিভিন্ন মতবাদৰ উদ্ভৱ: চেকুলাৰিজমৰ উদ্ভৱৰ পিছত কিছুমান ধৰ্মবিমুখ- ধৰ্মবিদ্বেষী মতবাদৰ ব্যাপক ভূমিকা আছে। তলত কেইটামান মতবাদৰ উল্লেখ কৰা হ'ল:

    - বিৱর্তনবাদ: ১৮৫৯ চনত ডাৰউইন (Charles Darwin) ৰ কিতাপ The Origin of Species (প্ৰজাতিৰ উৎপত্তি, অনুবাদক- অধ্যাপক ম. আখতাৰুজ্জামান) প্ৰকাশিত হৈছে। এই গ্ৰন্থত ডাৰউইনে প্ৰাকৃতিক নিৰ্বাচন (Natural Selection) আৰু বংশগতি তত্ত্বৰ ওপৰত গুৰুত্বাৰোপ কৰিছে। মানুহৰ আচল পূৰ্বপুৰুষ হিচাপে এটা অনুজীৱক চিহ্নিত কৰা হয়। যিটো অনুজীৱ মিলিয়ন মিলিয়ন বছৰ এটা বন্ধ ডবাত আছিল। বিৱৰ্তনৰ ফলত এইটো এটা পৰ্যায়ত বান্দৰ আৰু শেষ পৰ্যায়ত মানুহলৈ ৰূপান্তৰিত হয়। বিৱৰ্তনবাদে ধৰ্মীয় বিশ্বাসক উচ্ছেদ কৰি নাস্তিকতাৰ বিস্তাৰ ঘটায়। ইহুদীসকলে সুন্দৰ কৌশলেৰে এই মতবাদক ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ উদ্ধাৰ কৰি আহিছে।

    - নিতশাৰ (Nietzsche) দৰ্শনৰ উদ্ভৱ: দাৰ্শনিক নিতশাই দাবী কৰে- ইশ্বৰৰ মৃত্যু হৈছে। মানুহ হৈছে চুপাৰমেন। মানুহ ইশ্বৰৰ

    স্থলাভিষিক্ত হোৱা উচিত।

    - দুৰখীম (ইহুদী)ৰ দৰ্শন: তেওঁ সামূহিক বিবেক (Group mind) তত্ত্বৰ ভিত্তিত মানুহক জন্তু আৰু বস্তু সত্তাৰ সন্মিলিত ৰূপ বুলি মত প্ৰকাশ কৰে।

    - ফ্ৰুয়েড (Freud) (ইহুদী)ৰ দৰ্শন: তেওঁ বস্তুজগতৰ সকলোতে যৌন কামনাক মূল প্ৰেৰণা বুলি ভাৱে আৰু তেওঁৰ দৃষ্টিত মানুহ নীচ যৌনাকাঙ্ক্ষী প্ৰাণী।

    - কাৰ্ল মাৰ্ক্স (Karl Marx) (ইহুদী)ৰ দৰ্শন: তেওঁ বস্তুবাদী দৃষ্টিভঙ্গীৰ পৰা ইতিহাসক ব্যাখ্যা কৰে। মাৰ্ক্সে ‘‘অনিবাৰ্য বিৱৰ্তন’’ তত্ত্বত বিশ্বাস কৰে। তেওঁ কমিউনিজমৰ প্ৰচাৰক আৰু প্ৰথম প্ৰতিষ্ঠাতা। তেওঁ ধৰ্মক জাতিসমূহৰ আফিম হিচাবে আখ্যায়িত কৰে।

    - জঁ-পল সাৰ্ত্ৰ (Jean-Paul Sartre) তেওঁৰ Existentialism নামৰ গ্ৰন্থত আৰু কলিং উইলচন (Colin Wilson) তেওঁৰ The Outsider নামৰ গ্ৰন্থত অস্তিত্ববাদ (existentialism) আৰু নাস্তিক্যবাদৰ প্ৰতি আহ্বান জনাইছে।

    আৰব আৰু ইছলামী বিশ্বত ধৰ্মনিৰপেক্ষ দৃষ্টিভঙ্গীৰ কিছুমান নমুনা:

    মিচৰ: নেপোলিয়ন বোনাপাৰ্টৰ আক্ৰমণৰ সৈতে মিচৰত ধৰ্মনিকপেক্ষতাৰ অনুপ্ৰৱেশ ঘটে। আল-জিবৰিতি তেওঁৰ ইতিহাসগ্ৰন্থত (মিচৰৰ ওপৰত ফৰাচী আক্ৰমণ আৰু সংশ্লিষ্ট ঘটনাপ্ৰৱাহ শীৰ্ষক অংশত) এনেকুৱাই ইঙ্গিত দিছে। তেওঁৰ লিখনিত এনেকুৱা কিছমানু শব্দ ব্যৱহাৰ কৰা হৈছে যিয়ে চেকুলাৰিজম তথা ধৰ্মনিৰপেক্ষ মতবাদৰ অৰ্থ বহন কৰে। যদিও তেওঁ এই শব্দটো প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰা নাই। যিয়ে সৰ্বপ্ৰথম ‘ইলমানিয়্যাহ্‌’ বা চেকুলাৰিজম পৰিভাষাটো ব্যৱহাৰ কৰিছে তেওঁ হৈছে- কাটাৰৰ অধিবাসী খৃষ্টান ধৰ্মাৱলম্বী ইলিয়াচ; ১৮২৭ চনত প্ৰকাশিত আৰবী-ফৰাচী অভিধানত। খিদীভ (মিচৰৰ শাসকসকলৰ উপাধি) ইছমাইলে ১৮৮৩ চনত ফ্ৰান্সৰ আইন মিচৰত প্ৰৱেশ ঘটায়। এই খিদীভ পাশ্চাত্য-সংস্কৃতিৰ অন্ধভক্ত আছিল। তেওঁৰ সপোন আছিল মিচৰক ইউৰূপৰ এটা অংশত পৰিণত কৰা।

    ভাৰত: ১৭৯১ চন লৈকে ভাৰতত ইছলামী আইন (শ্বৰীয়াহ) মুতাবিক শাসনকাৰ্য পৰিচালিত হৈছে। ইয়াৰ পিছত ইংৰাজসকলৰ প্ৰৰোচনাত ক্ৰমান্বয়ে ইছলামী আইন বিলুপ্ত কৰা আৰম্ভ হয়। ঊনবিংশ শতাব্দীৰ মাজভাগত সম্পূৰ্ণৰূপে ইছলামী আইন বিলুপ্ত কৰা হয়।

    আলজেৰিয়া: ১৮৩০ চনত ফ্ৰান্স কৰ্তৃক উপনিৱেশ শাসনৰ স্বীকাৰ হোৱাৰ সময়ত ইছলামী আইন বিলুপ্ত কৰা হয়।

    টিউনিচিয়া: ১৯০৬ চনত টিউনিচিয়াত ফ্ৰান্সৰ আইনে স্থান দখল কৰে।

    মৰক্কো: ১৯১৩ চনত মৰক্কোত ফ্ৰান্সৰ আইন অনুপ্ৰৱেশ কৰে।

    তুৰস্ক: ইছলামী খিলাফত বিলুপ্ত হোৱাৰ পিছত আৰু মুস্তাফা কামাল আতাতুৰ্ক কৰ্তৃক সৰ্বক্ষেত্ৰত একচ্ছত্রী আধিপত্য বিস্তাৰ কৰাৰ পিছত তুৰস্কই চেকুলাৰিজমৰ চাদৰ পৰিধান কৰে। যদিও তাৰ আগৰপৰাই কিছুমান লক্ষণ আৰু কৰ্মকাণ্ড দেখা দিছিল।

    ইৰাক আৰু চিৰিয়া: উছমানী খিলাফতৰ আমলত ইৰাক আৰু চিৰিয়াৰ পৰা ইছলামী আইন বিলুপ্ত কৰা হয় আৰু তাত ইংৰাজ আৰু ফৰাচীসকলক প্ৰতিষ্ঠিত কৰা হয়।

    আফ্রিকাৰ অধিকাংশ অঞ্চল: দখলদাৰ ঊপনিবেশী শক্তিৰ পতনৰ পিছত আফ্ৰিকাৰ বহু দেশত খৃষ্টান ৰাষ্ট্ৰপ্ৰধানসকলে ক্ষমতা দখল কৰি নিয়ে।

    ইন্দোনেচীয়া ও দক্ষিণ এচিয়াৰ অধিকাংশ দেশ চেকুলাৰ ৰাষ্ট্র।

    চেকুলাৰ আৰু জাতীয়তাবাদী ৰাজনৈতিক দলৰ প্ৰসাৰ: বাৰ্থ পাৰ্টি, চিৰিয়ান জাতীয়তাবাদী দল, ফেৰাউনি মতবাদ, তুৰানি মতবাদ, আৰব জাতীয়তাবাদ।

    • আৰব আৰু মুছলিম বিশ্বৰ উল্লেখযোগ্য চেকুলাৰ ব্যক্তিবৰ্গ:

    আহমাদ লুতফি চৈয়দ, ইছমাইল মাজহাৰ, কাচিম আমীন, ত্বাহা হুছাইন, আব্দুল আজীজ ফাহমি, মিচেল আফলাক, আন্তুন চাদাত, সূকৰ্ণ, সুহাৰ্তু, নেহেৰু, মোস্তফা কামাল আতাতুৰ্ক, জামাল আব্দুন নাছিৰ, ‘‘ৰাজনীতিত ধৰ্ম নাই; ধৰ্মত ৰাজনীতি নাই’’ এই শ্লোগানৰ প্ৰবক্তা আনোৱাৰ চাদাত, ড. ফুআদ জাকাৰিয়া, ড. ফাৰাজ ফৌদাহ প্ৰমুখ।

    চেকুলাৰসকলৰ চিন্তাধাৰা আৰু বিশ্বাস সমূহ:

    • কিছু ধৰ্মনিৰপেক্ষ ব্যক্তিয়ে আল্লাহৰ অস্তিত্বকো অস্বীকাৰ কৰে। তেওঁলোকৰ কিছুমানে আল্লাহৰ অস্তিত্বত বিশ্বাস ৰাখিলেও আল্লাহৰ অস্তিত্বৰ সৈতে মানুহৰ জীৱনৰ কোনো ধৰণৰ সম্পৰ্ক আছে বুলি তেওঁলোকে বিশ্বাস নকৰে।

    • বিশুদ্ধ বিজ্ঞানৰ ভিত্তিত আৰু বিবেক ও অভিজ্ঞতাৰ শাসনৰ অধীনত মানৱজীৱন প্ৰতিষ্ঠিত হ’ব।

    • আধ্যাত্মিক জগত আৰু বস্তুজগতৰ মাজত ব্যৱধান তৈয়াৰ কৰা। তেওঁলোকৰ দৃষ্টিত আধ্যাত্মিক মূল্যবোধ হ'ল নীতিবাচক মূল্যবোধ।

    • ধৰ্মক ৰাজনীতিৰ পৰা একেবাৰে বিচ্ছিন্ন ৰখা আৰু নিৰেট বস্তুবাদী ভিত্তিৰ ওপৰত জীৱন প্ৰতিষ্ঠিত কৰা।

    • জীৱনৰ প্ৰতিটো ক্ষেত্ৰত pragmatism (সুবিধাবাদ) প্ৰতিষ্ঠা কৰা।

    • শাসন, ৰাজনীতি আৰু নীতি নৈতিকতাৰ ক্ষেত্ৰত ম্যাকিয়াভেলীৰ সূত্ৰ অনুসৰণ কৰা।

    • অশ্লীলতা আৰু চাৰিত্ৰিক অৱক্ষয়ৰ প্ৰসাৰ ঘটোৱা আৰু পাৰিবাৰিক ভেটি ভাঙি দিয়া। যিহেতু পৰিয়াল হৈছে সামাজিক বন্ধনৰ প্ৰথম বীজ।

    • সাম্ৰাজ্যবাদী শক্তি আৰু মিচনাৰী সংস্থাবিলাকৰ অপচেষ্টাত আৰব আৰু মুছলিম বিশ্বত প্ৰচাৰিত ধৰ্মনিৰপেক্ষ বিশ্বাসসমূহ হৈছে-

    - ইছলাম, কোৰআন আৰু নবুওৱতৰ মূলত আঘাত কৰা।

    - এই দাবী কৰা যে, ইছলামৰ আবেদন নিঃশেষ হৈ গৈছে। ইছলাম কিছুমান আধ্যাত্মিক পূজা-অৰ্চনাৰ বাহিৰে আন একো নহয়।

    - এই দাবী কৰা যে, ইছলামী ফিকহ বা ইছলামী আইন শাস্ত্ৰ ৰোমান আইনতকৈ উদ্ভুত।

    - এই দাবী তোলা যে, ইছলাম বৰ্তমান সভ্যতাৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়। ইছলামে মানুহক পশ্চাৎমুখী হোৱাৰ আহ্বান জনায়।

    - পাশ্চাত্য চিন্তাধাৰাৰ আলোকত নাৰীমুক্তিৰ আহ্বান জনোৱা।

    - ইছলামী সভ্যতাক বিকৃতভাৱে দাঙি ধৰা। ইছলামৰ ইতিহাসত সংঘটিত ধ্বংসাত্মক আন্দোলনবিলাকক অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰা আৰু এই আন্দোলনবিলাকক সংস্কাৰমূলক আন্দোলন হিচাবে দাবী কৰা।

    - প্ৰাচীন সভ্যতাবিলাকক পুনৰ্জীৱিত কৰাৰ চেষ্টা কৰা।

    - পাশ্চাত্যৰ ধৰ্মহীন আইন-কানুন আৰু কাৰিকুলাম আমদানী কৰা আৰু নিজৰ কৰ্মকাণ্ডত পাশ্চাত্যৰ ধাৰা চালু কৰা।

    - নৱ প্ৰজন্মক ধৰ্মহীন প্ৰজন্ম হিচাবে গঢ়ি তোলা।

    • চেকুলাৰিজম মুছলিম সমাজত গ্ৰহণযোগ্য নে?

    পাশ্চাত্যৰ দেশবিলাকত চেকুলাৰিজম বা ধৰ্মহীনতা বিকাশৰ কোনো কাৰণ যদি থাকে, তথাপিও কোনো মুছলিম দেশত তাক বিকাশৰ কোনো যৌক্তিক কাৰণ নাই। কিয়নো কোনো খৃষ্টানক যেতিয়া মানৱৰচিত চিভিল ল’ ৰ দ্বাৰা শাসন কৰা হয় তেতিয়া তেওঁ অলপ বা বিস্তৰ বিৰক্ত নহয়। কাৰণ ইয়াকে কৰি তেওঁ এনেকুৱা কোনো ধৰণৰ আক্ষেপো নকৰে যিটো মানাটো তেওঁৰ ধৰ্মই তেওঁৰ ওপৰত আৱশ্যক কৰি দিছে; কিয়নো তেওঁৰ ধৰ্মত জীৱন বিধান হিচাপে একো নাই। কিন্তু মুছলিমৰ ক্ষেত্ৰত বিষয়টো সম্পূৰ্ণ পৃথক। মুছলিমৰ ঈমানেই তাক আল্লাহৰ আইনৰ শাসন গ্ৰহণ কৰিবলৈ বাধ্য কৰে।

    ইয়াৰ বাহিৰে - যেনেকৈ ড. ইউছুফ আল-কাৰাদাভীয়ে কৈছে- ধৰ্মৰ পৰা ৰাজনীতিক বিচ্ছিন্ন কৰি ৰখা হলেও খৃষ্টান ধৰ্মই তাৰ প্ৰভাৱ¸ প্ৰতিপত্তি আৰু ক্ষমতাত অটুট থাকিব আৰু খৃষ্টান ধৰ্মৰক্ষী পোপ, ফাদাৰ, মাদাৰ আৰু ধৰ্মপ্ৰচাৰকসকলে বিনা প্ৰতিবন্ধকতাত বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যক্রম চলাই যাব পাৰিব। আনহাতে মুছলিম দেশত যদি এই মতবাদ প্ৰচলন কৰা হয় তেনেহ’লে ইছলাম শক্তিহীন আৰু আশ্ৰয়হীন হৈ পৰিব। কাৰণ ইছলামে কোনো ব্যক্তিৰ কাৰণে পোপ, যাজক, এক্লিউৰিচৰ মতৰ আধিপত্যত অনুমোদন নকৰে। ইছলামৰ তৃতীয় খলিফা উছমান ৰাদিয়াল্লাহু আনহুয়ে ঠিকেই কৈছে- ‘‘আল্লাহ তাআলাই শাসকৰ দ্বাৰা যি বাস্তৱায়ণ কৰে, কোৰৰআনৰ দ্বাৰা তাক বাস্তৱায়ণ নকৰে।’’

    • চেকুলাৰ মতবাদৰ আদৰ্শিক আৰু বিশ্বাসগত শিপাঃ

    • প্ৰথমতে গিৰ্জাৰ সৈতে শত্ৰুতা। দ্বিতীয়তে ধৰ্মৰ সৈতে শত্ৰুতা, লাগিলে সেই ধৰ্ম বিজ্ঞানৰ সপক্ষে অৱস্থান লওঁক অথবা বিজ্ঞানৰ বিপক্ষে অৱস্থান লওঁক।

    • চেকুলাৰিজম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ইহুদীসকলৰ ডাঙৰ ভূমিকা আছে; যাতে তেওঁলোকে ইয়াৰ মাধ্যমত তেওঁলোকৰ আৰু বিশ্বৰ অন্যান্য সম্প্ৰদায়ৰ মাজৰ ধৰ্মীয় দেৱাল নির্মূল কৰিব পাৰে।

    • আলফ্রেড ওৱাইট হুই কৈছে: ‘‘যি বিষয়তেই (issue) ধৰ্মই বিজ্ঞানৰ বিৰোধিতা কৰিছে তাত বিজ্ঞানৰ অভিমতেই সঠিক পোৱা গৈছে আৰু ভুল সদায় ধৰ্মৰ বন্ধু্।’’ যদিও এই উক্তিটো ইউৰূপত প্ৰচলিত জ্ঞান-বিজ্ঞান আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ত সঠিক, কিন্তু ইছলামৰ বিষয়ত এই বক্তব্য সম্পূৰ্ণৰূপে প্ৰত্যাখ্যাত আৰু কোনো বিবেচনাত সঠিক নহয়। কাৰণ ইছলাম আৰু বৈজ্ঞানিক প্ৰমাণিত তত্ত্বসমহূৰ মাজত কোনো সংঘৰ্ষ নাই। ইছলাম আৰু বাস্তৱ বিজ্ঞানৰ মাজত কেতিয়াও কোনো বিৰোধ নাই, খৃষ্টান ধৰ্মৰ সৈতে যেনেকৈ বিৰোধ নাছিল। এজন চাহাবীৰ পৰা এটা উক্তি বৰ্ণিত আছে- ‘‘ইছলামে যি আদেশ দিছে সেই বিষয়ে বিবেকে কেতিয়াও কোৱা নাই যে, হায়! এই বিষয়ে যদি নিষেধ কৰা হ’লেহেঁতেন অথবা ইছলামে যিবিলাকৰ পৰা বাধা প্ৰদান কৰিছে সেই বিষয়ত বিবেকে কেতিয়াও কোৱা নাই যে, হায়! ইছলামে যদি এই বিষয়ত আদেশ দিলেহেঁতেন।’’ বৈজ্ঞানিক বাস্তৱ তত্ত্ব-উপাত্তবিলাকে এই উক্তিক সত্য প্ৰমাণিত কৰে। পাশ্চাত্যৰ এদল বিজ্ঞানীয়েও এই কথাৰ স্বীকৃতি দিছে। তেওঁলোকৰ মুখনিসৃত শ শ উক্তিৰ মাধ্যমত ইছলামৰ এই বৈশিষ্টৰ প্ৰতি তেওঁলোকৰ অনুৰক্ততা আৰু এই বৈশিষ্টৰ সত্যতা প্ৰকাশ পাইছে।

    • ‘‘বিজ্ঞান আৰু ধৰ্মৰ মাজত শত্ৰুতা’’ এই দৃষ্টিভঙ্গীক ব্যাপকতা প্ৰদান, যাতে ইয়াৰ পৰিসীমাত ইছলামো আহি যায়। অথচ ইছলামে গিৰ্জাৰ দৰে জীৱন আৰু বিজ্ঞানৰ বিৰুদ্ধে অৱস্থান লোৱা নাই। বৰং অভিজ্ঞতাবাদ পদ্ধতি (empirical method) প্ৰয়োগত আৰু জ্ঞান-বিজ্ঞানৰ প্ৰসাৰত ইছলামেই আছিল আগশাৰীত।

    • আখিৰাতক অস্বীকাৰ কৰা আৰু আখিৰাতৰ কাৰণে আমল নকৰা আৰু এই বিশ্বাস ৰখা যে, ভোগ আৰু উপভোগৰ কাৰণে দুনিয়াৰ জীৱনেই একক ক্ষেত্ৰ।

    • ইছলামে কিয় চেকুলাৰিজম (ধৰ্মনিৰপেক্ষতা) প্ৰত্যাখান কৰে?

    - চেকুলাৰিজম (ধৰ্মহীনতা) যিটো আমাৰ দেশত ধৰ্মনিৰপেক্ষতা নামেৰে প্ৰসিদ্ধ সেইটো মানৱ প্ৰকৃতিৰ এটা বিশেষ দিশক অৱজ্ঞা কৰে। দেহ আৰু আত্মাৰ সমন্বয়ত মানুহৰ সৃষ্টি। ধৰ্মনিৰপেক্ষতাই মানুহৰ দেহৰ চাহিদা পূৰণৰ ওপৰত গুৰুত্বাৰোপ কৰে। কিন্তু আত্মাৰ চাহিদাৰ প্ৰতি বিন্দুমাত্ৰ ভ্ৰুক্ষেপ নকৰে।

    - পাশ্চাত্যৰ ঐতিহাসিক, সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত এই মতবাদটোৰ উৎপত্তি হৈছে। আমি প্ৰাচ্যবাসীৰ ওচৰত এইটো এটা সম্পূৰ্ণ অপৰিচিত অচিনাকী চিন্তাধাৰাৰ বাহিৰে আন একো নহয়।

    - ধৰ্মনিৰপেক্ষতাই ৰাষ্ট্ৰৰ পৰা ধৰ্মক সম্পূৰ্ণ পৃথক কৰি দিয়ে। যাৰ ফলত ব্যক্তিতন্ত্ৰ, জাতিভেদ তথা উচ্চ-নীচ বৈষম্য, বৰ্ণবৈষম্য, মতবাদভিত্তিক বিভেদ, গোত্ৰীয় বিভেদ, জাতীয়তাভিত্তিক বিভেদ, দলাদলি, শ্ৰেণী বৈষম্য ইত্যাদিৰ উন্মেষ ঘটায়।

    - এই মতবাদত নাস্তিকতা, পাশৱিকতা, বিচ্ছিন্নতা, দুৰ্নীতি, প্ৰজন্মৰ বিনাশ ইত্যাদিৰ প্ৰসাৰ ঘটায়।

    - ধৰ্মনিৰপেক্ষতাই আমাক পাশ্চাত্যৰ বিবেকক লৈ চিন্তা কৰিবলৈ বাধ্য কৰায়। যাৰ ফল স্বৰূপে আমি নাৰী পুৰুষৰ অবাধ মেল-মিটিঙ্গক নিন্দা নকৰোঁ। আমি মুছলিম সমাজৰ স্বভাৱ-চৰিত্ৰক পাহৰি যাওঁ আৰু অনৈতিক কৰ্মকাণ্ডৰ কাৰণে সমাজৰ ৰুদ্ধদাৰক খুলি দিওঁ। ধৰ্মনিৰপেক্ষতাই সুদী লেনদেনক বৈধতা দিয়ে আৰু চিনেমা, নাটক, চলচ্ছিত্র ইত্যাদিক শিল্প হিচাপে অতি মৰ্যাদা দিয়ে। ধৰ্মনিৰপেক্ষতাৰ ছাঁত প্ৰত্যেক মানুহে আনৰ ক্ষতি কৰি হলেও নিজৰ স্বাৰ্থসিদ্ধিৰ প্ৰয়াস চলায়।

    - ধৰ্মনিৰপেক্ষতাই পাশ্চাত্য সমাজৰ সমস্যাবিলাক আমাৰ সমাজলৈ টানি আনে। যেনে- পৰকালৰ হিচাব-নিকাচক অস্বীকাৰ কৰা। যাৰ ফলশ্ৰুতিত মানুহে ধৰ্মীয় ভাব-ধাৰাৰ বিধি-নিষেধৰ পৰা মুক্ত হৈ জাগতিক ৰিপু যেনে- লোভ-লালসা, ব্যক্তিস্বাৰ্থ, অস্তিত্বৰ যুঁজ ইত্যাদিৰ লগত জৰিত হৈ জীৱন-যাপন কৰে; তাত আত্মাৰ বিবেচনা একেবাৰে শূণ্য।

    - ধৰ্মনিৰপেক্ষতাৰ বিকাশ ঘটিলে জাগতিক জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়; যিটো জ্ঞান অভিজ্ঞতা আৰু পর্যবেক্ষণ নির্ভৰ। অদৃশ্য বিষয়াৱলীক অৱজ্ঞা কৰা হয়। যেনে- আল্লাহৰ ওপৰত ঈমান, পূণৰুত্থান, পূণ্য আৰু পাপ। ইয়াৰ ফলত এনেকুৱা এখন সমাজৰ উদ্ভৱ হয়¸ যি সমাজৰ চূড়ান্ত উদ্দেশ্য হৈছে- পৃথিৱীৰ ভোগ-বিলাস আৰু সকলো খেল-ধেমালী।

    • ধৰ্মনিৰপেক্ষতাৰ প্ৰসাৰ আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ কেন্দ্ৰবিন্দু

    ধৰ্মনিৰপেক্ষতাৰ উৎপত্তি ইউৰূপত। ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ জৰিয়তে ধৰ্মনিৰপেক্ষতাই ৰাজনৈতিক অস্তিত্ব অৰ্জন কৰে। ঊনবিংশ শতাব্দীত গোটেই ইউৰূপত ধৰ্মনিৰপেক্ষতাই বিস্তাৰ লাভ কৰে। বিংশ শতাব্দীত সাম্ৰাজ্যবাদী শক্তি আৰু মিচনাৰীৰ প্ৰভাৱত পৃথিৱীৰ অধিকাংশ দেশতে ৰাজনীতি আৰু শাসনকাৰ্যত ধৰ্মনিৰপেক্ষতাই প্ৰসাৰ লাভ কৰে।

    • উপসংহাৰ

    পূৰ্বৰ আলোচনাৰ পৰা এই কথা পৰিস্কাৰ হ’ল যে - ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। ধৰ্মনিৰপেক্ষতাবাদীসকলৰ মতে, ধৰ্ম মানুহৰ মনৰ সঁজাত বন্দী হৈ থাকিব, অতি সীমাবদ্ধ পৰিসৰত ধৰ্মক প্ৰকাশ কৰা যাব। অথচ যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ মুৰতাদ, তেওঁ মুছলিম নহয়। দলীল-প্ৰমাণৰ ভিত্তিত তাৰ যুক্তি খণ্ডন কৰা আৰু তাক তওবা কৰাৰ আহ্বান জানোৱা ওৱাজিব- যেন তেওঁ ইছলামলৈ উভতি অহাৰ সুযোগ পায়। অন্যথা ইহকাল আৰু পৰকালত তেওঁৰ বিৰুদ্ধে ইছলাম ত্যাগকাৰী মুৰতাদৰ বিধান প্ৰযোজ্য হ’ব।

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ