ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা

চমু বিৱৰণ

বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা

    ] অসমীয়া – Assamese – آسامي [

    ড. আমীন ইব্‌ন আব্দুল্লাহ আশ্ব-শ্বাকাৱী

    —™

    অনুবাদঃ

    জুবেৰ ৰহমান বিন পিয়াৰ আলী

    সম্পাদনাঃ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    ﴿ خطورة الإستهزاء بالدين ﴾

    د. أمين بن عبدالله الشقاوي

    —™

    ترجمة: زبير الرحمن بن بيار علي

    مراجعة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা:--

    যিবিলাক কৰ্ম সম্পাদনৰ দ্বাৰা মানুহ ইছলামৰ সীমাৰ পৰা বাহিৰ হৈ যায় আৰু জাহান্নাম তেওঁৰ কাৰণে স্থায়ী ঠিকনা হয়, তাৰে এটা হ'ল আল্লাহ, আল্লাহৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম), আল্লাহৰ কিতাব (কোৰআনুল কাৰীম) অথবা মুমিনসকলৰ বিদ্ৰূপ কৰা। এই বিষয়ে বহলাই আলোচনা কৰিবলৈ বিস্তৃত ঠাই আৰু দীৰ্ঘ সময়ৰ প্ৰয়োজন। গতিকে আমি তলত কেইটামান উপ-শিৰোনামত ভাগ কৰি বিষয়টো সংক্ষেপে আলোচনাৰ প্ৰয়াস কৰিম ইন শ্বা আল্লাহ।

    ১. বিদ্ৰূপৰ সংজ্ঞা আৰু ইয়াৰ কিছুমান দৃষ্টান্ত।

    ২.বিদ্ৰূপৰ বিধান, বিদ্ৰূপকাৰীৰ কুফৰৰ প্ৰমাণ আৰু এই বিষয়ে আলিমসকলৰ অভিমত।

    ৩. বিদ্ৰূপকাৰীৰ তাওবাহৰ বিধান, তাওবাহ কবুল হ’ব নে নহ’ব?

    ৪. বৰ্তমান যুগৰ বিদ্ৰূপৰ কিছুমান চিত্ৰ।

    বিদ্রূপৰ সংজ্ঞা :

    আৰবী ‘ইস্তিহযা‌’ শব্দৰ অৰ্থ কৰা হৈছে বিদ্ৰূপ, ইয়াৰ উদ্ভৱ استهزأ يستهزئ শব্দৰ পৰা। আৰবী এই শব্দৰ ধাতুমূল হ'ল (ه- ز-ء), শব্দটো প্ৰকৃতভাৱেই ব্যৱহৃত হয় ব্যঙ্গ-বিদ্ৰূপ আৰু উপলুঙা কৰা অৰ্থত। [ইবনে ফাৰিচ, মাকায়ীচ : ৬/৫২; ৰাগীব ইচফাহানী, মুফৰাদাত : ৫৪০]

    কিছুমান আলিমৰ মতে বিদ্ৰূপ দুই প্ৰকাৰ। যেনে :

    ১. প্ৰত্যক্ষ বিদ্ৰূপ :

    যেনে, এনেকুৱা ব্যঙ্গোক্তি যি সম্পৰ্কে আয়াত অৱতীৰ্ণ হৈছিল। আৰু সেইটো হ'ল, মুনাফিকসকলৰ বাক্য : ‘আমাৰ এই পাঠকসকলৰ দৰে আৰু দেখা নাই, এওঁলোক সকলোতকৈ ডাঙৰ পেটুক। নাইবা এনে ধৰণৰ যিকোনো কথা, যিটো ব্যঙ্গ-বিদ্ৰূপৰ সুৰত কোৱা হয়। যেনে- কোনোবাই ক'লে, তোমালোকৰ এই ধৰ্ম হ'ল পঞ্চম ধৰ্ম। অথবা কোনোবাই ক'লে, তোমালোকৰ ধৰ্ম কদাকাৰ। নাইবা সৎ কামৰ আদেশ আৰু অসৎ কামত নিষেধকাৰীক দেখি কোনোবাই ক'লে, চোৱা তোমালোকৰ সন্মুখত এজন ডাঙৰ পৰহেজগাৰ আহিছে। এক কথাত উপহাস আৰু বিদ্ৰূপৰ হেনো বাক্য নাই যি ইয়াৰ অন্তৰ্ভূক্ত নহয়। [মাজমু‘আতুত তাওহীদ, পৃষ্ঠা : ৪০৯]

    শ্বাইখ ফাওজান ৰাহিমাহুল্লাহে কৈছে, এই সকলো কথাৰ দৰেই অভিন্ন হুকুম সেই কথাবিলাকৰো বৰ্তমান যিবোৰ বহুতে উচ্চাৰণ কৰি থাকে। যেনে : ‘হেৰা! এই একবিংশ শতাব্দীত ইছলাম অচল’, ‘ইছলাম এক মধ্যযুগীয় ব্যৱস্থা’, ‘ইছলাম মানে পশ্চাৎপদতা আৰু প্ৰতিক্ৰিয়াশীলতা’, ‘ইছলামৰ দণ্ডবিধি আৰু ফৌজদাৰী বিধিত আছে বৰ্বৰতা আৰু অমানৱিকতা’, ‘তালাক বৈধ কৰি আৰু একাধিক বিবাহৰ অনুমতি দি ইছলামে নাৰীৰ ওপৰত অন্যায় কৰিছে’ ইত্যাদি উক্তিবোৰ। এই সকলোবোৰৰ সৈতে আৰু যোগ কৰা যায় তলৰ উক্তিবিলাক :

    ‘শ্বৰীয়া ব্যৱস্থাতকৈ মানৱ ৰচিত ব্যৱস্থাই আমাৰ বাবে অধিক কল্যাণকৰ’। কোনোৱে শ্বিৰ্ক আৰু কবৰপূজা পৰিহাৰ কৰি তাওহীদৰ প্ৰতি সমৰ্পিত হোৱাৰ আহ্বান জনালে তাক কোৱা হয়, ‘তেওঁ এজন চৰমপন্থী’, ‘তেওঁ মুছলিম জামাতত বিভক্তি সৃষ্টি কৰিব বিচাৰিছে’, ‘তেওঁ অহাবী’, ‘তেওঁ দেখিছো পঞ্চম মাজহাব প্ৰৱৰ্তন কৰিব বিচাৰিছে’। এক কথাত ইছলাম, মুছলিম আৰু বিশুদ্ধ আক্বীদাৰ প্ৰতি বিদ্ৰুপাত্মক সকলো কথাই ইয়াৰ অন্তৰ্ভূক্ত। [কিতাবুত তাওহীদ, পৃষ্ঠা : ৪৭]

    ২. পৰোক্ষ বিদ্ৰূপ :

    পৰোক্ষ বিদ্ৰূপ বা কটাক্ষৰ কোনো নিৰ্ধাৰিত সীমা বা বাক্য নাই। যেনে : পৱিত্ৰ কোৰআন তিলাৱাতৰ সময়ত নাইবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ চৰ্চা বা সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা দেখি চকু টিপ দিয়া, জিভা বাহিৰ কৰা, ঠোঁট প্ৰলম্বিত কৰা নাইবা হাতেৰে ইংগিত কৰি ভেঙুচালি কৰা ইত্যাদি। [মাজমু‘আতুত তাওহীদ, পৃষ্ঠা : ৪০৯]

    ইছলামক লৈ বিদ্রূপৰ পৰিণাম:

    ইছলামক বিদ্ৰূপ কৰা, ব্যঙ্গ বা কটাক্ষ কৰা প্ৰকৃত কুফৰৰ সদৃশ। যি দহটা কামৰ জৰিয়তে মানুহ ইছলামৰ পৰা বাহিৰ হৈ যায় তাৰ অন্যতম এই বিদ্ৰূপ। তাৰোপৰি এইটো মুনাফিকসকলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। এই বিষয়ে বহুতো প্ৰমাণ পোৱা যায়। যেনে- আল্লাহ তা‌‘আলাই কৈছে,

    ﴿وَلَئِن سَأَلۡتَهُمۡ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلۡعَبُۚ قُلۡ أَبِٱللَّهِ وَءَايَٰتِهِۦ وَرَسُولِهِۦ كُنتُمۡ تَسۡتَهۡزِءُونَ ٦٥﴾ [التوبة: 65

    ‘আৰু যদি তুমি সিহঁতক প্ৰশ্ন কৰা, অৱশ্যই সিহঁতে ক’ব, ‘আমি আলাপ-আলোচনা আৰু খেল-ধেমালী কৰিছিলো। কোৱা, ‘আল্লাহ, আৰু তেওঁৰ আয়াতসমূহ আৰু তেওঁৰ ৰাছুলৰ সৈতে তোমালোকে বিদ্ৰূপ কৰিছিলা’ ? {ছুৰা আত-তাওবা, আয়াত : ৬৫}

    আল্লাহ তা‌‘আলাই আৰু কৈছে,

    ﴿ إِنَّ ٱلَّذِينَ أَجۡرَمُواْ كَانُواْ مِنَ ٱلَّذِينَ ءَامَنُواْ يَضۡحَكُونَ ٢٩ وَإِذَا مَرُّواْ بِهِمۡ يَتَغَامَزُونَ ٣٠ وَإِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمُ ٱنقَلَبُواْ فَكِهِينَ ٣١ وَإِذَا رَأَوۡهُمۡ قَالُوٓاْ إِنَّ هَٰٓؤُلَآءِ لَضَآلُّونَ ٣٢ ﴾ [المطففين: ٢٩، ٣٢

    ‘নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক লৈ হাঁহে। আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি যায় তেতিয়া সিহঁতে মুমিনসকললৈ চকু টিপ মাৰি বিদ্ৰূপ কৰে। আৰু যেতিয়া সিহঁতে নিজ পৰিয়ালৰ ওচৰলৈ উভতি আহে তেতিয়া সিহঁতে উৎফুল্লিত হৈ উভতি আহে। আৰু যেতিয়া সিহঁতে মুমিনসকলক দেখে তেতিয়া কয়, ‘নিশ্চয় এওঁলোক পথভ্ৰষ্ট’। {ছুৰা আল-মুতাফফিফীন, আয়াত : ২৯-৩২}

    আল্লাহ ৰাব্বুল আলামীন আন ঠাইত কৈছে,

    ﴿ يَحۡلِفُونَ بِٱللَّهِ مَا قَالُواْ وَلَقَدۡ قَالُواْ كَلِمَةَ ٱلۡكُفۡرِ وَكَفَرُواْ بَعۡدَ إِسۡلَٰمِهِمۡ وَهَمُّواْ

    بِمَا لَمۡ يَنَالُواْۚ ﴾ [التوبة: 74

    ‘সিহঁতে আল্লাহৰ শপত কৰি কয় যে, সিহঁতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবীসকলক লৈ ব্যঙ্গাত্মক) একো কোৱা নাই, অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত কুফৰী কৰিছে। আৰু এনেকুৱা কিছুমানৰ সংকল্প কৰিছে যিটো সিহঁতে পোৱা নাই।’ {ছুৰা আত-তাওবা, আয়াত : ৭৪}

    এইবোৰ আয়াত অৱতীৰ্ণ হোৱাৰ প্ৰেক্ষাপট :

    ইবনে ওমৰ, মুহাম্মদ ইবনে কা‘ব, জায়েদ ইবনে আচলাম আৰু কাতাদা প্ৰমূখ ৰাদিআল্লাহু আনহুম আজমাঈনৰ পৰা বৰ্ণিত যে,

    قال رجل في غزوة تبوك ما رأينا مثل قرائنا هؤلاء أرغب بطونا ولا أكذب ألسنا ولا أجبن عند اللقاء يعني رسول الله صلى الله عليه و سلم وأصحابه القراء فقال له عوف بن مالك كذبت ولكنك منافق لأخبرن رسول الله صلى الله عليه و سلم فذهب عوف الى رسول الله صلى الله عليه و سلم ليخبره فوجد القرآن قد سبقه فجاء ذلك الرجل إلى رسول الله صلى الله عليه و سلم وقد ارتحل وركب ناقته فقال يا رسول الله إنما كنا نخوض ونلعب ونتحدث حديث الركب نقطع به عنا الطريق قال ابن عمر كأني أنظر إليه متعلقا بنسعة ناقة رسول الله صلى الله عليه و سلم وإن الحجارة لتنكب رجليه وهو يقول إنما كنا نخوض ونلعب فيقول له رسول الله صلى الله عليه و سلم أبالله وآياته ورسوله كنتم تستهزؤن ما يلتفت اليه وما يزيد عليه

    এজন ব্যক্তি তাবূক যুদ্ধৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ ক’লে, ‘আমাৰ এই পাঠকসকলতকৈ ডাঙৰ পেটুক, ইহঁততকৈ অধিক মিছলীয়া দেখা নাই আৰু যুদ্ধৰ সময়ত ইহঁততকৈ ভীৰু আন কাকো দেখা নাই’। সি তাৰ কথাৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পাঠক চাহাবীসকলৰ ফালে ইঙ্গিত কৰিছিল। এই কথা শুনি আব্দুৰ্ ৰহমান ইবনে আউফ ৰাদিআল্লাহু আনহু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গ'ল। দেখা পালে কোৰআন তেওঁতকৈ অগ্রৱৰ্তী হৈছে (অৰ্থা তেওঁ কোৱাৰ আগতেই সেই বিষয়ে কোৰআনৰ অহী নাজিল হৈছে)। ইয়াৰ পিছত সেই ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আহিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উটৰ পিঠিত উঠি যাবলৈ আৰম্ভ কৰিলে। সি ক’লে, হে আল্লাহৰ ৰাছুল, আমি আলাপ-আলোচনা আৰু ধেমালীহে কৰিছিলো। আৰু আমি সকলোৱে আলাপ-আলোচনাৰ মাজেৰে পথ অতিক্ৰম কৰিছিলো। ইবনে ওমৰ ৰাদিআল্লাহু আনহুৱে কৈছে, মই যেন তাৰ সেই দৃশ্য অৱলোকন কৰি আছো, সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উটৰ বেল্টৰ সৈতে লিপিট খাই আছে আৰু তাৰ দুই ভৰিৰ সৈতে শিলৰ ঘঁহনি লাগিছে। আৰু সি কৈ আছিল, আমি আলাপ-আলোচনা আৰু খেল-ধেমালীহে কৰিছিলো। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক উদ্দেশ্যি ক’লে-

    ﴿ أَبِٱللَّهِ وَءَايَٰتِهِۦ وَرَسُولِهِۦ كُنتُمۡ تَسۡتَهۡزِءُونَ ٦٥﴾ [التوبة: 65

    ‘আল্লাহ, আৰু তেওঁৰ আয়াতসমূহ আৰু তেওঁৰ ৰাছুলৰ সৈতে তোমালোকে বিদ্ৰূপ কৰিছিলা’ ? {ছুৰা আত-তাওবা, আয়াত : ৬৫}

    তেওঁ আৰু কথা নবঢ়ালে। তাৰ প্ৰতি ভ্ৰুক্ষেপো নকৰিলে। [তাফছীৰ ইবনে জাৰীৰ : ১৬৯৭০, পৃষ্ঠা নং ৪০৩৬/৫]

    শ্বাইখুল ইছলাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহে কৈছে, আল্লাহ, আৰু তেওঁৰ কোৰআনৰ আয়াতসমূহ আৰু আল্লাহৰ ৰাছুলক কটাক্ষ কৰা কুফুৰী। ইয়াৰ দ্বাৰা এজন মানুহ ঈমান আনাৰ পিছতো কাফিৰ হৈ যায়। [মাজমু‘ ফাতাৱা : ২৭৩/৭]

    ইমাম নাবৱী ৰাহিমাহুল্লাহে কৈছে, যদি কোনোবাই মদ (সুৰা)ৰ পাত্ৰ আদান-প্ৰদানৰ সময়ত নাইবা ব্যভিচাৰত লিপ্ত হোৱাৰ প্ৰাক্ কালত আল্লাহক তাচ্ছিল্য কৰি বিছমিল্লাহ বুলি কয়, তেনেহ’লে সি কাফিৰ হৈ যাব। [ৰাওদাতুত তালিবীন : ৬৭/১০]

    শ্বাইখ মুহাম্মদ ইবনে আব্দুল অহ্হাব ৰাহিমাহুল্লাহে ‘আত-তাওহীদ’ গ্ৰন্থত কৈছে, ‘এই অধ্যায় তাৰ বিষয়ে যিয়ে আল্লাহৰ জিকিৰ, কোৰআন অথবা ৰাছুলক তাচ্ছিল্য কৰে’ : এইটো আটাইতকৈ বেছি ভয়াৱহ : যিয়েই এইবোৰক লৈ বিদ্ৰূপ কৰিব সি কাফিৰ। [আত-তাওহীদ : ৫৮]

    শ্বাইখ ছুলাইমান ইবনে আব্দুল্লাহ ইবনে মুহাম্মদ ইবনে আব্দুল অহ্হাবে কৈছে, যিয়ে এই ধৰণৰ কিবা ক’ব, তাৰ কাফিৰ হোৱাৰ বিষয়ত সকলো আলিম একমত। গতিকে যিয়ে আল্লাহ, আল্লাহৰ কিতাব, আল্লাহৰ ৰাছুল অথবা তেওঁৰ দ্বীনক বিদ্ৰূপ কৰিব, প্ৰকৃত ঠাট্টা কৰি এনেকৈ ক’লে সকলোৰে ঐক্যমতত সি কাফিৰ হৈ যাব। [তাইছীৰুল আযীযিল হামীদ : ৬১৭]

    শ্বাইখ মুহাম্মদ ইবনে ইব্ৰাহীম ৰাহিমাহুল্লাহক প্ৰশ্ন কৰা হৈছিল, যদি কোনোবাই দাড়িক ঘৃণা কৰে আৰু কয় এইবোৰ আৱৰ্জনা, তেনেহ’লে সি মুৰতাদ হৈ যাব নেকি? উত্তৰত তেওঁ ক’’লে, যদি সি জানে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কৰ্তৃক দাড়ি প্ৰমাণিত, তেনেহ’লে সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা দ্বীনক অস্বীকাৰ কৰাৰ ভিতৰত অন্তৰ্ভূক্ত হ’ব। ফলত তাক মুৰতাদ আখ্যা দিয়াই যুক্তিযুক্ত হ’ব। [ফাতাৱা শ্বাইখ মুহাম্মদ ইবন ইব্ৰাহীম : ১৯৫/১১]

    সেই বাক্যবিলাকৰ দ্বাৰাও মানুহ ইছলামৰ পৰা বহিষ্কাৰ হৈ যায় যিবোৰ কুফৰী বাক্য মুছলিম সন্তানসকলে খিয়াল নকৰাকৈ অহৰহ উচ্চাৰণ কৰি থাকে। ইমাম বুখাৰী আৰু ইমাম মুছলিম ৰাহিমাহুল্লাহৰ এটা হাদীছ ইয়াত দাঙি ধৰা হ'ল। আবূ হুৰাইৰা ৰাদিআল্লাহু আনহু কৰ্তৃক বৰ্ণিত, তেওঁ কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « إِنَّ الْعَبْدَ لَيَتَكَلَّمُ بِالْكَلِمَةِ مَا يَتَبَيَّنُ مَا فِيهَا يَهْوِى بِهَا فِى النَّارِ أَبْعَدَ مَا بَيْنَ الْمَشْرِقِ وَالْمَغْرِبِ ».

    ‘নিশ্চয় বান্দাই বহু সময়ত এনেকুৱা বাক্য উচ্চাৰণ কৰে যাৰ অন্তৰ্নিহিত অৰ্থৰ ফালে ভাৱি চোৱা নহয়। অথচ সি তাক জাহান্নামৰ ইমান গভীৰলৈ নিক্ষেপ কৰে যাৰ দূৰত্ব পূৱ আৰু পশ্চিমৰ মাজৰ দূৰত্বতকৈয়ো বেছি।’ [বুখাৰী : ৬৪৭৭; মুছলিম : ৭৬৭৩]

    বিদ্ৰূপকাৰীৰ তাওবা :

    বিদ্ৰূপকাৰীৰ তাওবা সম্পৰ্কে শ্বাইখ ইবনে উছাইমীন ৰাহিমাহুল্লাহে তেখেতৰ ‘আল-কাওলুল মুফীদ ফী শ্বাৰহি কিতাবিত-তাওহীদ’ গ্ৰন্থত কৈছে,

    ثم اعلم أن العلماء اختلفوا فيمن سب الله أو رسوله أو كتابه: هل تقبل توبته؟ على قولين:

    القول الأول: أنها لا تقبل، وهو المشهور عند الحنابلة، بل يقتل كافرا، ولا يصلى عليه، ولا يدعى له بالرحمة، ويدفن في محل بعيد عن قبور المسلمين، ولو قال: إنه تاب أو إنه أخطأ; لأنهم يقولون: إن هذه الردة أمرها عظيم، وكبير، لا تنفع فيها التوبة.

    وقال بعض أهل العلم: إنها تقبل؛ إذا علمنا صدق توبته إلى الله، وأقر على نفسه بالخطأ، ووصف الله تعالى بما يستحق من صفات التعظيم، وذلك لعموم الأدلة الدالة على قبول التوبة; كقوله تعالى: {قُلْ يَا عِبَادِيَ الَّذِينَ أَسْرَفُوا عَلَى أَنْفُسِهِمْ لا تَقْنَطُوا مِنْ رَحْمَةِ اللَّهِ إِنَّ اللَّهَ يَغْفِرُ الذُّنُوبَ جَمِيعاً} [الزمر: من الآية53]،

    ‘গতিকে জানি থওঁক, আল্লাহ, আল্লাহৰ ৰাছুল আৰু কোৰআনক কটাক্ষকাৰীৰ তাওবা গ্ৰহণযোগ্য হয় নে নহয় এই সম্পৰ্কে আলিমসকলৰ দুই ধৰণৰ মত আছে :

    প্ৰথম. তাৰ তাওবা গ্ৰহণযোগ্য নহয়। হাম্বলীসকলৰ মাজত এই মতটো অধিক প্ৰসিদ্ধ। তাক কাফিৰ হিচাপে মৃত্যুদণ্ড প্ৰদান কৰা হ’ব। তাৰ জানাযা পঢ়া নহয় আৰু তাৰ কাৰণে দু‘আও কৰা নহয়। মুছলিমসকলৰ কবৰস্থানৰ পৰা দূৰত তাক কবৰ দিয়া হ’ব। যদিও কোৱা হয় সি তওবা কৰিছে অথবা ভুল কৰিছে। কাৰণ, তেওঁলোকে কয়, এই ইৰতিদাত বা ধৰ্মত্যাগ বিষয়টো বৰ ভয়াৱহ। ইয়াত তাওবাও কাৰ্যকৰ নহয়।

    দ্বিতীয়. কিন্তু আন কিছুমান আলিমৰ মতে, তাৰ তাওবা কবুল কৰা হ’ব যেতিয়া আমি জানিম যে, সি আন্তৰিকতাৰে তাওবা কৰিছে, হৃদয়ৰ পৰা ভুল স্বীকাৰ কৰিছে আৰু আল্লাহক তেওঁৰ যথাযোগ্য বিশেষণেৰে বিশেষিত কৰিছে। আৰু তেওঁলোকে তাওবা কবুলৰ ঘোষণা সম্বলিত আয়াতটো ব্যাপক হোৱাৰ যুক্তিত এই মত পোষণ কৰিছে। যেনে আল্লাহ তাআলাই কৈছে,

    ﴿ ۞قُلۡ يَٰعِبَادِيَ ٱلَّذِينَ أَسۡرَفُواْ عَلَىٰٓ أَنفُسِهِمۡ لَا تَقۡنَطُواْ مِن رَّحۡمَةِ ٱللَّهِۚ إِنَّ ٱللَّهَ يَغۡفِرُ ٱلذُّنُوبَ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٥٣ ﴾ [الزمر: ٥٢

    ‘কোৱা, ‘হে মোৰ বান্দাসকল, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা তোমালোকে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ’বা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু’। {ছুৰা আয-যুমাৰ, আয়াত : ৫২} [‘আল-কাওলুল মুফীদ ফী শ্বাৰহি কিতাবিত-তাওহীদ : ২৬৮/২]

    সাম্প্ৰতিক সময়ত ইছলামক বিদ্ৰূপ আৰু কটাক্ষ কৰাৰ যিবিলাক ৰূপ আমি প্ৰত্যক্ষ কৰিছো তাৰ মাজত আছে সেইবিলাক কটুক্তি আৰু ব্যঙ্গচিত্ৰ যিবিলাক বিভিন্ন পত্ৰ-পত্ৰিকা আৰু ম্যাগাজিনত মুদ্ৰিত হয়। তথাকথিত মত প্ৰকাশৰ স্বাধীনতাৰ দোহাই দি এইবিলাক প্ৰকাশ কৰা হলেও এইবিলাকৰ পিছত থাকে দ্বীন বিমুখতা আৰু ইছলাম বিদ্ৰোহৰ মানসিকতা।

    এজনে আঁকিছে এটা মতা কুকুৰা আৰু তাৰ অনুসৰণ কৰিছে চাৰিটা মুৰ্গী। ইয়াৰ জৰিয়তে সি একাধিক বিবাহক ব্যঙ্গ কৰিছে। আন এজনে এটা প্ৰৱন্ধ লিখিছে, য'ত হিজাব আৰু পৰ্দা বিধানৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। সি কৈছে এইটো হ'ল পশ্চাৎপদতা আৰু প্ৰতিক্ৰিয়াশীলতাৰ প্ৰকাশ। আন এজনক দেখা গৈছে সি পৱিত্ৰ কোৰআনক কবিতা বনাই গাণৰ দৰে বাদ্যযন্ত্ৰৰ সহযোগত সুৰ দি পঢ়িছে। আল্লাহে আমাক সকলোকে হিফাজত কৰক।

    আমি জানি থোৱা উচিত, যিসকলে এইবিলাক ব্যঙ্গচিত্ৰ আৰু কটুক্তিৰ সৈতে জড়িত, সিহঁতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱা উচিত। এই কামৰ ভয়াৱহ অশুভ পৰিণতি সম্পৰ্কে সিহঁতক সতৰ্ক কৰা উচিত। ঘৃণা কৰি সিহঁতৰ লগত উঠা-বহাও ত্যাগ কৰিব লাগিব। আল্লাহ তা‘আলাই কৈছে,

    ﴿ وَقَدۡ نَزَّلَ عَلَيۡكُمۡ فِي ٱلۡكِتَٰبِ أَنۡ إِذَا سَمِعۡتُمۡ ءَايَٰتِ ٱللَّهِ يُكۡفَرُ بِهَا وَيُسۡتَهۡزَأُ بِهَا فَلَا تَقۡعُدُواْ مَعَهُمۡ حَتَّىٰ يَخُوضُواْ فِي حَدِيثٍ غَيۡرِهِۦٓ إِنَّكُمۡ إِذٗا مِّثۡلُهُمۡۗ إِنَّ ٱللَّهَ جَامِعُ ٱلۡمُنَٰفِقِينَ وَٱلۡكَٰفِرِينَ فِي جَهَنَّمَ جَمِيعًا ١٤٠ ﴾ [النساء : ١٤٠

    ‘আৰু তেওঁ কিতাবত তোমালোকৰ প্ৰতি নাজিল কৰিছে যে, যেতিয়া তোমালোকে শুনিবা আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা হৈছে আৰু সেইবোৰক লৈ উপহাস কৰা হৈছে, তেতিয়া তোমালোকে সিহঁতৰ সৈতে নবহিবা, যেতিয়ালৈকে সিহঁতে আন কথাত লিপ্ত নহয়, অন্যথা তোমালোকেও সিহঁতৰ দৰেই হৈ যাবা। নিশ্চয় আল্লাহে মুনাফিক আৰু কাফিৰসকলৰ সকলোকে জাহান্নামত একত্ৰকাৰী।’ {ছুৰা আন-নিছা, আয়াত : ১৪০}

    শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহক প্ৰশ্ন কৰা হৈছিল যিবোৰ বাতৰি কাকত আৰু ম্যাগাজিন বা কিতাপ-পুথিত নাস্তিক্যবাদী প্ৰৱন্ধ-নিৱন্ধ আৰু ব্যঙ্গচিত্ৰ ছপা হয় আৰু কাফিৰ, ফাচিক আৰু বিশৃঙ্খলাকাৰীসকলক ইন্ধন যোগায়, সেইবোৰ কিনা-বেচা নাইবা তাৰ প্ৰচাৰ কৰা জায়েজ নে?

    তেখেতে উত্তৰত কৈছিল : যিবোৰ পত্ৰিকাই এইবোৰ কাম কৰে তাক বৰ্জন কৰা ওৱাজিব আৰু সেইবোৰ কিনিবও নালাগে। আৰু যদি ইছলামী ৰাষ্ট্ৰ হয় তেনেহ’লে তাক নিষিদ্ধ কৰাটো বাঞ্ছনীয়। কাৰণ এইবিলাক সমাজ আৰু মুছলিমসকলৰ কাৰণে যথেষ্ট ক্ষতিকৰ। সেয়েহে মুছলিমসকলৰ দায়িত্ব হ’ব এইবিলাকৰ কিনা-বেচা আৰু ইয়াৰ যিকোনো ধৰণৰ প্ৰচাৰ বৰ্জন কৰা আৰু মানুহক এইবিলাক বৰ্জনৰ প্ৰতি আহ্বান জনোৱা। আনহাতে দায়িত্বশীলসকলৰ কৰ্তব্য হ’ব এইবিলাক নিষিদ্ধ ঘোষণা কৰা। [আল-মাওছু‘ আল-বাজিয়া ফিল মাছাইলিন নিছাইয়্যা : ১২৭৪/২]

    [মূল লেখনীৰ সূত্ৰ :

    http://www.alukah.net/Sharia/0/35465/#ixzz1bwjjshE0

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ