উপাদানৰ সংখ্যা: 2
18 / 8 / 1438 , 15/5/2017
‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।
16 / 4 / 1437 , 27/1/2016
নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই। উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।