মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান

চমু বিৱৰণ

এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত আৰু তাৰ আহকামসমূহ, আখলাক আৰু শিষ্টাচাৰ।ব্যাখ্যা কৰিছে শ্বাইখ আব্দুল আজীজ বিন দাউদ আল-ফায়েজ।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান

মূল: মাননীয় শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ

ব্যাখ্যা: আব্দুল আজীজ দাউদ আল-ফায়েয

ভূমিকা

“নিশ্চয় যাৱতীয় প্ৰশংসা আল্লাহ তা'আলাৰ বাবে। আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ। আমি আল্লাহৰ ওচৰত আমাৰ প্ৰবৃত্তিৰ অনিষ্টতা আৰু আমাৰ কৰ্মসমূহৰ বেয়া পৰিণতিৰ পৰা আশ্ৰয় কামনা কৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিবলৈ কোনো নাই। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ حَقَّ تُقَاتِهِۦ وَلَا تَمُوتُنَّ إِلَّا وَأَنتُم مُّسۡلِمُونَ ١٠٢﴾ [ال عمران: ١٠٢]

“হে ঈমান্দাৰসকল, তোমালোকে আল্লাহক ভয় কৰা যেনেকৈ তেওঁক ভয় কৰা উচিত, আৰু তোমালোকে মুছলিম অৱস্থাতেই মৃত্যু বৰণ কৰিবা।" [ আলে ইমৰান, আয়াত: ১০২]

﴿يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ وَخَلَقَ مِنۡهَا زَوۡجَهَا وَبَثَّ مِنۡهُمَا رِجَالٗا كَثِيرٗا وَنِسَآءٗۚ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِي تَسَآءَلُونَ بِهِۦ وَٱلۡأَرۡحَامَۚ إِنَّ ٱللَّهَ كَانَ عَلَيۡكُمۡ رَقِيبٗا ١﴾ [النساء : ١]

“হে মানৱ সম্প্ৰদায়, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ তাকৱা অবলম্বন কৰা, যিজনে তোমালোকক সৃষ্টি কৰিছে এটি জীৱৰ পৰা। আৰু তাৰ পৰা সৃষ্টি কৰিছে তেওঁৰ স্ত্রীক, আৰু তেওঁলোক দুজনৰ পৰাই বিস্তাৰ কৰিছে বহু পুৰুষ আৰু নাৰী। আৰু তোমালোকে আল্লাহৰ তাকৱা অবলম্বন কৰা, যাৰ মাধ্যমত তোমালোকে পৰস্পৰৰ অধিকাৰ সাব্যস্ত কৰা। আৰু তাকৱা অবলম্বন কৰা আত্মীয়সকলৰ ক্ষেত্ৰত। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।" [ আন-নিছা, আয়াত: ১]

﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَقُولُواْ قَوۡلٗا سَدِيدٗا ٧٠ يُصۡلِحۡ لَكُمۡ أَعۡمَٰلَكُمۡ وَيَغۡفِرۡ لَكُمۡ ذُنُوبَكُمۡۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ فَقَدۡ فَازَ فَوۡزًا عَظِيمًا ٧١ ﴾ [الاحزاب : ٧٠، ٧١]

“হে ঈমানদাৰ সকল, তোমালোকে আল্লাহৰ তাকৱা অবলম্বন কৰা আৰু সঠিক কথা কোৱা। তেওঁ তোমালোকৰ বাবে তোমালোকৰ কামসমূহ শুদ্ধ কৰি দিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। আৰু যি ব্যক্তি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, তেওঁ অৱশ্যই মহা সাফল্য অৰ্জন কৰিলে" [ আল-আহযাব, আয়াত: ৭০-৭১]

তাৰ পিছত....

মোৰ পিতৃ সমতুল্য শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহৰ লিখিত পুস্তিকা 'আদ-দুৰুছুল মুহিম্মাহ লি 'আম্মাতিল উম্মাহ' সম্পৰ্কে অৱগত হোৱাৰ পিছত, প্ৰতিজন মুছলিমৰ বাবে মই পুস্তিকাটোৰ গুৰুত্ব আৰু প্ৰয়োজন অনুধাবন কৰি সেইটো ব্যাখ্যা কৰাৰ চিন্তা কৰিলো। পুস্তিকাটো উম্মতৰ নাৰী পুৰুষ আৰু ছাত্ৰ শিক্ষক সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিষয়টো লৈ মই ইস্তেখাৰা কৰিলো আৰু বিশিষ্ট মাশ্বায়েখসকলৰ ওচৰত পৰামৰ্শ বিচাৰিলো। তেখেতসকলে মোৰ চিন্তা ধাৰাক সমৰ্থন কৰিলে আৰু মোক উৎসাহ প্ৰদান কৰিলে। ফলত মই মোৰ চিন্তা-দুৰুছে মুহিম্মাৰ ব্যাখ্যা কৰাক বাস্তবায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু মই মোৰ শ্ৰদ্ধেয় পিতা (শ্বাইখ আব্দুল আজীজ ৰাহিমাহুল্লাহ)ৰ ওচৰত অনুমতি বিচাৰিলো। তেখেতে মোক কৃতজ্ঞতা সহকাৰে পুস্তিকাটো ব্যাখ্যা কৰাৰ অনুমতি প্ৰদান কৰিলে। পুস্তিকাটো সৰু হলেও ইয়াৰ মাজত চৰিয়তৰ যাৱতীয় –ফিকহে আকবৰ আৰু ফিকহে আছগৰ-একত্ৰিত কৰা হৈছে। ইয়াৰ বাহিৰেও এজন মুছলিমৰ বাবে যি সমূহ শ্বৰয়ী আখলাক আৰু ইছলামী আদাব পালন কৰা আৰু মানি চলা জৰুৰী সেয়াও ইয়াত সংক্ষিপ্তভাৱে দাঙি ধৰা হৈছে। আৰু লেখকে শ্বিৰ্ক আৰু বিভিন্ন প্ৰকাৰ গুনাহৰ পৰা সতৰ্ক কৰাৰ দ্বাৰা এই গ্ৰন্থখনক সুসম্পন্ন কৰিছে। এজন মুছলিমৰ বাবে যিসমূহ আক্বীদা-বিশ্বাস থকা দৰকাৰ আৰু যি ধৰণৰ ইবাদত কৰা জৰুৰী, সেই সকলোবোৰ ইয়াত দাঙি ধৰা হৈছে। পুস্তিকাটোৰ যেনেকুৱা নাম, -দুৰুছুল মুহিম্মাহ -ঠিক তেনেকুৱাই ইয়াৰ বিষয়বস্তু। মই এই পুস্তিকাটোৰ ব্যাখ্যা অতিৰিক্ত ডাঙৰ কৰা নাই যাতে পাঠকৰ বিৰক্ত হ'বলগীয়া হয়। আকৌ একেবাৰে সংক্ষিপ্তও কৰা নাই যাতে বুজিবলৈ কষ্ট হয়। মই সহজ-সৰল ব্যাখ্যা কৰিছো, যাতে মছজিদৰ ইমাম, যিসকলে মছজিদত মুছল্লিসকলৰ বাবে ব্যাখ্যা কৰিব বিচাৰে, অথবা ঘৰত অভিভাৱকে তা'লীম দিব বিচাৰে বা তালিবে ইলমসকলে গাওঁত বা মহল্লাত শিক্ষা দিব বিচাৰে, তেওঁলোকৰ সহজ হয়। মই প্ৰতিটো মাছআলাৰ লগত দলীল যোগ কৰাৰ যথাসাধ্য চেষ্টা কৰিছো আৰু ব্যাখ্যাটোৰ নামাকৰণ কৰিছোঁ 'আল-আহকামুল মুলিম্মাহ 'আলাদ-দুৰুছিল মুহিম্মাহ'। শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহে কিছুমান কথা যোগ কৰিছে মই সেইবোৰৰ তলত আঁচ টানি দিছো। যাতে পাৰ্থক্য নিৰ্ধাৰণ কৰা যায়।

সদৌ শেষত যিসকল ভাইয়ে এই কিতাব সম্পৰ্কে অৱগত হ'ব আৰু পাঠ কৰিব, তেওঁলোকৰ ওচৰত মোৰ অনুৰোধ তেওঁলোকে যেন এই পুস্তিকা সম্পৰ্কে যিকোনো পৰামৰ্শ বা মতামত দিবলৈ কাৰ্পণ্য নকৰে। মানুহ নিজে নিজে খুবেই কম সফল হয়, ভাইসকলৰ দ্বাৰাই অধিক উপকৃত হয়।

আল্লাহৰ ওচৰত তেওঁৰ সুন্দৰ নামসমূহ আৰু উচ্চ গুণাৱলীৰ মাধ্যমত এই কামনা কৰোঁ যে, তেওঁ যেন এই পুস্তিকাটো আৰু ইয়াৰ ব্যাখ্যাৰ দ্বাৰা আমাৰ উপকাৰ কৰে। আৰু মোৰ এই আমলক যেন একমাত্র তেওঁৰ বাবেই গ্ৰহণ কৰি লয়। এইদৰে এই পুস্তিকাৰ লেখক আৰু ব্যাখ্যাকাৰীক যেন উত্তম বিনিময় আৰু সৰ্বোচ্চ ছোৱাব প্ৰদান কৰে। আমাক আৰু লেখকক উচ্চ জান্নাতুল ফিৰদাউছত নবীসকলৰ লগত, ছিদ্দিকীনসকলৰ লগত আৰু শ্বহীদসকলৰ লগত একত্ৰিত কৰে। তেৱেঁই ইয়াৰ যথাযথ তত্ত্বাৱধায়ক আৰু ক্ষমতাবান।

وصلى الله وسلم على نبينا محمد وعلى آله وصحبه أجمعين.

আব্দুল আজীজ ইবনে দাউদ আল-ফায়েজ

প্ৰথম পাঠ: ছুৰা আল-ফাতিহা আৰু সৰু ছুৰাসমূহৰ অধ্যয়ন:

ছুৰা আল-ফাতিহা আৰু ছুৰা যিলযালৰ পৰা ছুৰা 'আন-নাছ' পৰ্যন্ত সৰু সৰু ছুৰাসমূহৰ যিমান সম্ভৱ অধ্যয়ন কৰা, বিশুদ্ধভাৱে পাঠ আৰু মুখস্থকৰণ আৰু ইয়াৰ মাজত যিবোৰ বিষয়ৰ অনুধাবন অপৰিহাৰ্য সেইবোৰৰ ব্যাখ্যা জনা।

ব্যাখ্যা:

শ্বাইখ আব্দুল আজীজ ইবনে বাজ ৰাহিমাহুল্লাহ -আল্লাহে তেখেতৰ দ্বাৰা ইছলাম আৰু মুছলিমসকলক উপকৃত কৰক আৰু তেখেতক উত্তম বিনিময় দান কৰক -প্ৰথম পাঠত তেখেতে কৈছে, প্ৰতিজন মুছলিমৰ বাবে জৰুৰী হৈছে, ছুৰা আল-ফাতিহা আৰু সৰু সৰু ছুৰাসমূহ শিকি লোৱা। কাৰণ, ছুৰা আল-ফাতিহা জনা প্ৰতিজন মুছলিমৰ ওপৰত ফৰজ। কাৰণ, যিয়ে ছালাতত ছুৰা আল-ফাতিহা নপঢ়ে তাৰ ছালাত শুদ্ধ নহয়। যেনে বিশুদ্ধ হাদীছৰ দ্বাৰা এইটো প্ৰমাণিত।

এই ছুৰাসমূহ যিজন ব্যক্তিয়ে শিকাব তেওঁৰ বাবে নিম্নলিখিত বিষয়সমূহ লক্ষ্য কৰা জৰুৰী:

প্ৰথম অৱস্থা: যদি পঢ়া নাজানে তেন্তে পঢ়িবলৈ শিকোৱা। আৰু যেতিয়া পঢ়িবলৈ শিকিব, তেতিয়া তাক দ্বিতীয় পৰ্যায়ত তাৰ পঢ়া শুদ্ধ কৰি দিয়া। তাৰপিছত তৃতীয় পৰ্যায়ৰ ফালে অগ্ৰসৰ হোৱা অৰ্থাৎ ছুৰাসমূহ মুখস্থ কৰোৱা।

মুখস্থ কৰাৰ কেইবাটাও পদ্ধতি উদাহৰণস্বৰূপে:

শিক্ষকে সুন্দৰভাৱে তাৰতীলসহ পঢ়িব আৰু শিক্ষাৰ্থীসকলে তেওঁৰ লগত বাৰে বাৰে পঢ়িব যাতে সিহঁতৰ মুখস্থ হৈ যায়।

তাৰপিছত শিক্ষাৰ্থীসকলক সিহঁতৰ মেধা আৰু যোগ্যতা অনুযায়ী ছুৰাসমূহৰ অৰ্থ আৰু ব্যাখ্যা শিকাব। আয়াতসমূহৰ পৰা এটা দুটাকৈ চৰিয়তৰ বিধান শিকাব। যেনে, ছুৰা আল-ফাতিহা সম্পৰ্কে শিকাব -ছুৰা আল-ফাতিহা পঢ়া ছালাতৰ ৰুকন। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لا صلاة لمن لم يقرأ بفاتحة الكتاب»

“যিয়ে ছালাতত ছুৰা আল-ফাতিহা নপঢ়ে তাৰ ছালাত (শুদ্ধ) নহয়"[1]

এইদৰে শিক্ষাৰ্থীক ক'ব – ছালাফৰ ওচৰত এই বিষয়ত ঐক্যমত প্ৰতিষ্ঠিত যে, তেওঁলোকে আল্লাহৰ নাম আৰু ছিফাতসমূহৰ ওপৰত ঈমান আনিছিল। আল্লাহে তেওঁৰ নিজৰ বাবে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বাণীত আল্লাহৰ বাবে যি সাব্যস্ত কৰিছে, সেইবোৰ তেওঁলোকে সাব্যস্ত কৰিছিল আৰু আল্লাহ তা'আলাই তেওঁৰ নিজৰ বাবে যি নিষেধ কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি নিষেধ কৰিছে, তেওঁলোকেও তাৰ মাজত কোনো প্ৰকাৰ বিকৃতি, তুলনা, সাদৃশ্য স্থাপন, দৃষ্টান্ত আৰু আকৃতি বৰ্ণনা নকৰি নিষেধ কৰিছিল। এইদৰে সিহঁতক আৰু জনাই দিব যে ইবাদত হৈছে, এটা ব্যাপক অৰ্থৰ নাম। আল্লাহ তা'আলাই যি সমূহ প্ৰকাশ্য আৰু অপ্ৰকাশ্য কথা আৰু কৰ্মক পছন্দ কৰে আৰু সন্তুষ্ট হয়, সেয়াই হৈছে ইবাদত। ছুৰা আল-ফাতিহাৰ আৰু যি সমূহ আহকাম শিক্ষকে বৰ্ণনা কৰা দৰকাৰ সেয়া হৈছে, যেতিয়া কোনো ইবাদতৰ লগত শ্বিৰ্কৰ সংমিশ্ৰণ ঘটে তেতিয়া সেই ইবাদত বাতিল আৰু নষ্ট হৈ যায়।

আৰু জনাই দিব যে, প্ৰতিজন মুছলিমে কিয়ামতক স্মৰণ কৰা উচিত। কিয়ামতৰ স্মৰণ এজন মুছলিমক আল্লাহৰ ইবাদত কৰিবলৈ আৰু গুনাহৰ পৰা বাচিবলৈ সহায় কৰে।

অনুৰূপভাৱে আন আন ছুৰাসমূহকো এনেকৈ প্ৰথমে শুদ্ধ কৰাব, তাৰপিছত হিফজ (মুখস্থ) কৰাব আৰু তাৰপিছত অৰ্থ আৰু ব্যাখ্যা শিকাব। আল্লাবেই সৰ্ব জ্ঞানী।

দ্বিতীয় পাঠ: সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ আল্লাহৰ ৰাছুল

(ইছলামৰ পাঁচটা ভিত্তিৰ পৰা প্ৰথম ভিত্তিৰ ব্যাখ্যা আৰু বিশ্লেষণ। মনত ৰাখিব, ইছলামৰ ভিত্তিসমূহৰ মাজত প্ৰথম আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ ভিত্তি হৈছে):

شهادة أن لا إ له إلا الله وأنّ محمد رسول الله

এই কথাৰ সাক্ষী প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা'বুদ বা ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল।"

লা ইলা-হা ইল্লাল্লাহৰ চৰ্তাৱলীৰ বৰ্ণনাসহ শ্বাহাদত বাক্যদ্বয়ৰ ভাবাৰ্থ ব্যাখ্যা কৰা। 'লা-ইলা-হা'ৰ দ্বাৰা আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা আৰু 'ইল্লাল্লাহ'ৰ দ্বাৰা যাৱতীয় ইবাদত একমাত্ৰ আল্লাহৰ বাবে প্ৰতিষ্ঠিত কৰা, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই।

ব্যাখ্যা:

লিখক ৰাহিমাহুল্লাহে- এই পৰিচ্ছেদত (এই কথাৰ সাক্ষী প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা'বুদ বা ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল।) সম্পৰ্কে আলোচনা কৰিছে। আমি নিম্নলিখিত পদ্ধতিত ইয়াৰ ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰিম।

প্ৰথমে: কলিমাৰ অৱস্থান:

এই দুটা শ্বাহাদত ইছলামৰ ৰুকনসমূহৰ প্ৰথম ৰুকন। আব্দুল্লাহ ইবনে ওমৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«بُني الإسلام على خمس: شهادة أن لا إله إلا الله وأن محمدا رسول الله، وإقام الصلاة، وإيتاء الزكاة، وصوم رمضان، وحج بيت الله الحرام لمن استطاع إليه سبيلا.»

“ইছলামৰ ভিত্তি পাঁচটা বস্তুৰ ওপৰ প্ৰতিষ্ঠিত। -এই কথাৰ সাক্ষী দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহ তা'আলাৰ ৰাছুল। ছালাত কায়িম কৰা, জাকাত আদায় কৰা, ৰমজানৰ চওম পালন কৰা আৰু সামৰ্থবান ব্যক্তিৰ বাবে বাইতুল্লাহৰ হজ্জ কৰা"[2]

তৌহীদৰ বাক্যই হৈছে দ্বীনৰ ভিত্তি আৰু মজবুত দূৰ্গ। এইটোৱেই হৈছে, এজন বান্দাৰ ওপৰত সৰ্বপ্ৰথম ফৰজ। যাৱতীয় আমল গ্ৰহণযোগ্য হোৱাৰ ক্ষেত্ৰত এই কথাক মৌখিকভাৱে স্বীকাৰ কৰা আৰু সেই অনুযায়ী আমল কৰাৰ ওপৰত নিৰ্ভৰ কৰে।

দ্বিতীয়: এই কলিমাৰ অৰ্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে অৰ্থৰ পৰিবৰ্তে এইটো কোৱা বৈধ নহয় যে, আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই অথবা আল্লাহৰ বাহিৰে আন কোনো বস্তুৰ অস্তিত্ব আৰু আল্লাহৰ বাহিৰে আন কোনো জীৱিকাদাতা নাই। ইয়াৰ কেইবাটাও কাৰণ আছে:

যেনে, মক্কাৰ কাফিৰ সকলে এই কথা অস্বীকাৰ কৰা নাছিল যে, আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই। তথাপিও এই স্বীকাৰোক্তি সিহঁতৰ কোনো উপকাৰ কৰা নাই। সিহঁতে কলিমাৰ অৰ্থ বুজিছিল। এই বাবেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতক কৈছিল, 'কোৱা তোমালোকে আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই' তেতিয়া সিহঁতে অস্বীকাৰ কৰিছিল।

বৰ্তমান সময়ত আমি সেই সকল লোকক দেখি আচৰিত হওঁ, যিসকলে 'লা ইলাহা ইল্লাল্লাহ' স্বীকাৰ কৰে অথচ ইয়াৰ অৰ্থ নাজানে। সিহঁতে আল্লাহৰ লগত গাইৰুল্লাহ বা অলী আৰু কবৰবাসীক অংশী কৰে। আৰু সিহঁতেও দাবী কৰে আমিও তৌহীদপন্থী। (অল্লাহুল মুছতাআন)

তৃতীয়: কলিমাৰ আৰকান সমূহ।

কলিমা শ্বাহাদতৰ দুটা ৰুকন।

এক. নফী –(লা-ইলা-হা) অৰ্থাৎ অস্বীকাৰ কৰা।

দুই. ইছবাত –(ইল্লাল্লাহ) অৰ্থাৎ প্ৰতিষ্ঠা কৰা।

আল্লাহৰ বাহিৰে আন কোনো ইলাহ নাই, সকলো বস্তুৰ পৰা ইলাহ হোৱাৰ বিষয়টোক অস্বীকাৰ কৰা। (ইল্লাল্লাহ) আৰু এক আল্লাহৰ বাবে উলুহিয়্যাত (ইলাহ হোৱাক) সাব্যস্ত কৰা যাৰ কোনো অংশীদাৰ নাই।

চতুৰ্থ: লা ইলা-হা ইল্লাল্লাহৰ ফজিলত।

আল্লাহৰ ওচৰত ইয়াৰ মহা ফজিলত আৰু উচ্চ মৰ্যাদা আছে। যি ব্যক্তি দৃঢ়-বিশ্বাসৰ সৈতে এই কলিমা স্বীকাৰ কৰিব আল্লাহে তাক জান্নাতত প্ৰৱেশ কৰাব। আৰু যি ব্যক্তি ইয়াক অবিশ্বাস কৰিব, দুনিয়া আৰু আখিৰাতত তাৰ জান মালৰ কোনো নিৰাপত্তা নাই। তাৰ হিচাব-নিকাচ আল্লাহৰ ওপৰত। আৰু তাৰ বিধান মুনাফিকৰ বিধান।

এইটো এটা সংক্ষিপ্ত কলিমা, যাৰ শব্দ কম, পঢ়িবলৈ অতি সহজ, ওজনত গধুৰ। এই মহান কলিমাৰ বৰ ফজিলত আছে। হাফিজ ইবনে ৰজব ৰাহিমাহুল্লাহে তেওঁৰ পুস্তিকা (কালিমাতুল ইখলাছ)ত কিছুমান ফজিলত দলিলসহ উল্লেখ কৰিছে।

যেনে,

· এইটো জান্নাতৰ মূল্য। যাৰ শেষ কথা “লা-ইলা-হা ইল্লাল্লাহ" হ'ব সি জান্নাতত প্ৰৱেশ কৰিব।

· এইটো জাহান্নামৰ পৰা মুক্তি, আৰু ক্ষমাৰ কাৰণ।

· এইটো সৰ্ব উত্তম নেক কাম।

· ই গুনাহক দূৰ কৰে।

· আল্লাহ ওচৰলৈকে পোৱাৰ বাবে যিমান পৰ্দা আছে সেই সকলো জলাই দিয়ে।

· ই এনে এক বাক্য, যিয়ে ইয়াক স্বীকাৰ কৰিব আল্লাহে তাক সমৰ্থন কৰিব।

· এইটো নবীসকলৰ সৰ্ব উত্তম বাণী, ই সৰ্বোত্তম জিকিৰ আৰু সৰ্বোত্তম আমল আৰু ছোৱাব বহুগুণ বৃদ্ধিৰ কাৰণ।

· দাস মুক্ত কৰাৰ সমতুল্য।

· চয়তানৰ পৰা হিফাজত (সুৰক্ষা) আৰু কবৰৰ আৰু হাশ্বৰৰ দিনৰ ভয়াৱহতাৰ পৰা নিৰাপত্তা প্ৰদানকাৰী।

· মুমিনসকলে যেতিয়া কবৰৰ পৰা উঠিব তেতিয়া ই হ'ব তেওঁলোকৰ নিৰ্দেশন।

· এই কলিমাৰ অন্যতম ফজিলত হৈছে, যি ব্যক্তি এই কলিমা স্বীকাৰ কৰিব, তাৰ বাবে জান্নাতৰ আঠ টা দুৱাৰ খোলা হ'ব, যিটো ইচ্ছা সেইটো দুৱাৰেৰে সি প্ৰৱেশ কৰিব পাৰিব।

· ইয়াৰ আন এটা গুণ হৈছে, গুনাহৰ বাবে যি ব্যক্তি জাহান্নামত প্ৰৱেশ কৰিব তাক এই কলিমাই অৱশেষত জাহান্নামৰ পৰা মুক্তি কৰাব। [3]

পঞ্চম: মুহাম্মদ আল্লাহৰ ৰাছুল - এই কথাৰ সাক্ষী দিয়াৰ দাবী হৈছে, ইয়াৰ প্ৰতি ঈমান আনা, তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰা, তেওঁৰ নিৰ্দেশৰ আনুগত্য কৰা আৰু তেওঁৰ নিষিদ্ধ বিষয়সমূহৰ পৰা বিৰত থকা। তেওঁৰ আদেশ নিষেধক বেছিকে গুৰুত্ব দিয়া আৰু তেওঁৰ কথাৰ ওপৰত আন কাৰো কথাক প্ৰাধান্য নিদিয়া -সি যিয়েই নহওঁক কিয়।

ষষ্ট: যি ব্যক্তি এই কথাৰ সাক্ষ্য দিয়ে যে, একমাত্র আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মুহাম্মদ আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, ঈছা আলাইহিচ ছালাম আল্লাহৰ বান্দা, আৰু তেওঁৰ ৰাছুল, আৰু তেওঁৰ এনে কলিমা বা বাণী -যিটো মৰিয়মৰ প্ৰতি প্ৰেৰণ কৰা হৈছিল আৰু তেওঁৰ তৰফৰ পৰা অহা ৰূহ বা আত্মা, জান্নাত সত্য, জাহান্নাম সত্য, উবাদাহ ইবনে ছামিতৰ বৰ্ণনা মতে তাৰ আমল যেনেকুৱাই নহওঁক কিয়, আল্লাহ তা'আলাই তাক নিশ্চয় জান্নাতত প্ৰৱেশ কৰাব।

মূল পাঠ

“লা-ইলাহা-ইল্লাল্লাহ"ৰ চৰ্তাৱলীসমূহ হৈছে:

১. ইলম (জ্ঞান): যিটো অজ্ঞতাৰ পৰিপন্থী।

২. ইয়াক্বীন (দৃঢ় বিশ্বাস) যিটো সন্দেহৰ পৰিপন্থী।

৩. ইখলাছ (নিষ্ঠা) যিটো শ্বিৰ্কৰ পৰিপন্থী।

৪. আচ-চিদ্ক (সততা) যিটো মিথ্যাৰ পৰিপন্থী।

৫. মুহাব্বত (ভালপোৱা) যিটো বিদ্বেষৰ পৰিপন্থী।

৬. আল-ইনক্বিয়াদ (আনুগত্য) যিটো অবাধ্যতাৰ পৰিপন্থী।

৭. কবুল (গ্ৰহণ) যিটো প্ৰত্যাখ্যানৰ পৰিপন্থী।

৮. আল্লাহ তা'আলাৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সেইবোৰক অস্বীকাৰ কৰা।

ব্যাখ্যা:

আলিমসকলে কৈছে, কালিমাতুল ইখলাছৰ চৰ্ত সাতটা। আকৌ কোনোবাই কৈছে আঠ টা। যেনেকৈ লিখকে বৰ্ণনা কৰিছে।

এক: ইলম। যেতিয়া বান্দাই জানিলে যে আল্লাহ তা'আলাই একমাত্ৰ একক উপাস্য, তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰা বাতিল আৰু সেই অনুযায়ী আমল কৰিলে, সি অৱশ্যই কালিমাৰ অৰ্থ বুজিলে। আল্লাহে কৈছে,

﴿فَٱعۡلَمۡ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا ٱللَّهُ ١٩﴾ [محمد : ١٩]

“এতেকে, জানি থোৱা, নিঃসন্দেহে আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই"[ মুহাম্মাদ, আয়াত: ১৯]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿إِلَّا مَن شَهِدَ بِٱلۡحَقِّ وَهُمۡ يَعۡلَمُونَ ٨٦﴾ [الزخرف: ٨٦]

“কিন্তু সিহঁতৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে"[ আয-যুখৰুফ, আয়াত: ৮৬]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

« من مات وهو يعلم أنه لا إله إلا الله دخل الجنة »

“যি ব্যক্তি এই অৱস্থাত মৃত্যু বৰণ কৰিলে যে, সি জানে যে আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই সি অৱশ্যই জান্নাতত প্ৰৱেশ কৰিব"[4]

দুই: ইয়াকীন: দৃঢ় বিশ্বাস। যি ব্যক্তি এই কলিমা স্বীকাৰ কৰিব, তাৰ ওপৰত ওৱাজিব হৈছে, ইয়াৰ ভাবাৰ্থক অন্তৰেৰে দৃঢ় বিশ্বাস কৰা। 'আল্লাহেই একমাত্ৰ ইলাহ হোৱাৰ হকদাৰ আৰু তেওঁৰ বাহিৰে আন কোনো বস্তুৰ ইলাহ হোৱাটো বাতিল' এই কথাৰ শুদ্ধতাক বিশ্বাস কৰা।

আল্লাহ তা'আলাই কৈছে,

﴿وَٱلَّذِينَ يُؤۡمِنُونَ بِمَآ أُنزِلَ إِلَيۡكَ وَمَآ أُنزِلَ مِن قَبۡلِكَ وَبِٱلۡأٓخِرَةِ هُمۡ يُوقِنُونَ ٤﴾ [البقرة: ٤]

“আৰু যিসকলে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ প্ৰতি ঈমান আনে আৰু যি আপোনাৰ পূৰ্বে নাযিল কৰা হৈছে তাৰ প্ৰতিও ঈমান আনে। আৰু আখিৰাতৰ প্ৰতি তেওঁলোকে দৃঢ় বিশ্বাস পোষণ কৰে"[ আল-বাকাৰা, আয়াত: ৪]

আৰু যেনে বৰ্ণিত হৈছে আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

« من لقيت خلف هذا الحائط يشهد أن لا إله إلا الله مستيقنا بها من قلبه فبشره بالجنة»

“এই দেৱালৰ পিছফালে যাৰ লগত তোমাৰ সাক্ষাত হ'ব আৰু সি দৃঢ় বিশ্বাসৰ সৈতে এই কথাৰ সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তাক তুমি জান্নাতৰ সু-সংবাদ দিয়া"[5]

তিনি: এই কলিমাৰ দাবীসমূহ মুখে স্বীকাৰ আৰু অন্তৰেৰে কবুল কৰা। আল্লাহ তা'আলাই কৈছে,

﴿قُولُوٓاْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا ١٣٦﴾ [البقرة: ١٣٦]

“তোমালোকে কোৱা, 'আমি ঈমান আনিছো আল্লাহৰ ওপৰত আৰু যি নাযিল কৰা হৈছে আমাৰ প্ৰতি।" [ আল-বাকাৰা. আয়াত: ১৩৬]

চাৰি: আনুগত্য কৰা। অৰ্থাৎ এই মহান কলিমাৰ ভাবাৰ্থৰ প্ৰতি আনুগত্য কৰা। গতিকে ইয়াৰ অৰ্থ আনুগত্য আৰু বিশ্বাস। আল্লাহ তা'আলাই কৈছে,

﴿وَمَنۡ أَحۡسَنُ دِينٗا مِّمَّنۡ أَسۡلَمَ وَجۡهَهُۥ لِلَّهِ وَهُوَ مُحۡسِن ١٢٥﴾ [النساء : ١٢٥]

“আৰু দ্বীনৰ ক্ষেত্ৰত তাৰ তুলনাত উত্তম আৰু কোন হ'ব পাৰে, যিয়ে সৎকৰ্মপৰায়ণ অৱস্থাত আল্লাহৰ ওচৰত নিজকে পূৰ্ণ সমৰ্পণ কৰিলে"[ আন-নিছা, আয়াত: ১২৫]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿ومَن يُسۡلِمۡ وَجۡهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحۡسِنٞ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰۗ ﴾ [لقمان: ٢٢]

“আৰু যি ব্যক্তি একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পণ কৰে, সি এডাল মজবুত ৰছি খামুচ মাৰি ধৰিলে"[ লুকমান, আয়াত: ২২]

পাঁচ: সততা। অৰ্থাৎ দাৱাত, কথা, আক্বীদা আৰু ঈমানত আল্লাহৰ লগত সততা অবলম্বন কৰা। আল্লাহ তা'আলা কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَكُونُواْ مَعَ ٱلصَّٰدِقِينَ ١١٩ ﴾ [التوبة: ١١٩]

“হে ঈমানদাসকল! তোমালোকে আল্লাহৰ তাকৱা অবলম্বন কৰা আৰু সত্যবাদীসকলৰ অন্তৰ্ভূক্ত হোৱা।" [ আত-তাওবাহ, আয়াত: ১১৯]

ছয়: ইখলাছ। তাৰ পৰা যাৱতীয় কথা-বতৰা আৰু কৰ্ম কেৱল আল্লাহৰ সন্তুষ্টি আৰু তেওঁৰ উদ্দেশ্যে প্ৰকাশ পাব। তাৰ মাজত আন কাৰো বাবে একোৱেই হোৱাৰ অৱকাশ থাকিব নালাগে। আল্লাহ তা'আলাই কৈছে,

﴿وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ ٥﴾ [البينة: ٥]

“আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ 'ইবাদত কৰে আৰু তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে"[ আল-বায়্যিনাহ, আয়াত: ৫]

আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, বিশুদ্ধ হাদীছত আহিছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«أسعد الناس بشفاعتي من قال: لا إله إلا الله خالصا من قلبه»

“মোৰ শ্বাফা'আত লাভৰ সৌভাগ্যবান ব্যক্তি সেইজন যিয়ে অন্তৰৰ পৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে 'লা-ইলাহা ইল্লাল্লাহ' স্বীকাৰ কৰিছে।[6]

সাত: মুহাব্বত। এই কলিমাক মুহাব্বত কৰা আৰু কলিমাৰ ভাবাৰ্থ আৰু কলিমাৰ দাবীসমূহক মুহাব্বত কৰা। কলিমাৰ দাবী অনুযায়ী আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰিব। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মুহাব্বতক সকলো বস্তুৰ মুহাব্বতৰ ওপৰত প্ৰাধান্য দিব। আল্লাহ তা'আলাই কৈছে,

﴿وَمِنَ ٱلنَّاسِ مَن يَتَّخِذُ مِن دُونِ ٱللَّهِ أَندَادٗا يُحِبُّونَهُمۡ كَحُبِّ ٱللَّهِۖ وَٱلَّذِينَ ءَامَنُوٓاْ أَشَدُّ حُبّٗا لِّلَّهِۗ ١٦٥﴾ [البقرة: ١٦٥]

“আৰু মানুহৰ মাজত এনে কিছুমান লোক আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতক আল্লাহক ভালপোৱাৰ দৰে ভালপায়। আৰু যিসকলে ঈমান আনিছে, তেওঁলোকে আল্লাহৰ বাবে ভালপোৱাত দৃঢ়তৰ"[ আল-বাকাৰা, আয়াত: ১৬৫]

আঠ: আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ ইবাদত কৰা হয়, সেইবোৰক অস্বীকাৰ কৰা। যেনে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«من قال لا إله إلا الله وكفر بما يعبد من دون الله حرم ماله ودمه وحسابه على الله»

“যি ব্যক্তি 'লা-ইলাহা ইল্লাল্লাহ' স্বীকাৰ কৰিব আৰু আল্লাহৰ বাহিৰে আন উপাস্যবোৰক অস্বীকাৰ কৰিব তাৰ জান-মাল নিৰাপদ। আৰু তাৰ হিচাব-নিকাচ আল্লাহৰ ওপৰত"[7]


তৃতীয় পাঠ: ঈমানৰ মৌলিক ছয়টা আৰকান

সেইবোৰ হৈছে:

১- আল্লাহ তা'আলাৰ প্ৰতি বিশ্বাস কৰা,

২- তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি বিশ্বাস কৰা,

৩- তেওঁ অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি বিশ্বাস কৰা,

৪- তেওঁ প্ৰেৰিত কৰা নবী-ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰা,

৫- আখিৰাতৰ দিনৰ প্ৰতি আৰু

৬- তাকদীৰৰ মঙ্গল অমঙ্গলৰ প্ৰতি বিশ্বাস কৰা যিটো আল্লাহ তা'আলাৰ তৰফৰ পৰা নিৰ্ধাৰিত হৈ আছে।

প্ৰমাণ: হাদীছে জিব্ৰীল নামে প্ৰসিদ্ধ হাদীছ। তেওঁ যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ঈমান সম্পৰ্কে প্ৰশ্ন কৰিছিল, তেতিয়া তেখেতে কৈছিল,

«الإيمان بأن تؤمن بالله وملائكته وكتبه، ورسله، واليوم الآخر، وبالقدر خيره وشره»

“ঈমান হৈছে, আল্লাহ তা'আলাৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকল, তেওঁ অৱতীৰ্ণ কৰা কিতাবসমূহ, আৰু তেওঁ প্ৰেৰিত কৰা নবী-ৰাছুলসকল, আখিৰাতৰ দিনৰ প্ৰতি আৰু তাকদীৰৰ মঙ্গল অমঙ্গলৰ প্ৰতি বিশ্বাস স্থাপন কৰা"[8]

এক: আল্লাহৰ প্ৰতি ঈমান: আল্লাহৰ প্ৰতি ঈমানৰ ভিতৰত চাৰিটা বস্তু অন্তৰ্ভূক্ত আছে।

১- আল্লাহৰ অস্তিত্বৰ প্ৰতি ঈমান পোষন কৰা। আল্লাহৰ অস্তিত্বৰ প্ৰতি মানুহৰ স্বভাৱ, জ্ঞান, চৰিয়ত আৰু অনুভূতি এই আটাইবোৰেই প্ৰমাণ কৰে।

মানৱ স্বভাৱ আল্লাহৰ অস্তিত্বৰ ওপৰত প্ৰমাণ। কাৰণ, প্ৰতিটো মাখলুকক কোনো প্ৰকাৰ পূৰ্ব তালীম বা শিক্ষা আৰু চিন্তাবিহীন তাৰ স্ৰষ্টা আল্লাহৰ প্ৰতি বিশ্বাসী হিচাপে সৃষ্টি কৰা হৈছে। যেনে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«ما من مولود إلا ويولد على الفطرة فأبواه يهودانه أو ينصرانه أو يمجسانه»

“প্ৰতিটো নৱজাত শিশু ইছলামী ফিতৰাত (স্বভাৱ)ত জন্মগ্ৰহণ কৰে। কিন্তু তাৰ পিতৃ-মাতৃয়ে তাক ইয়াহুদী, খ্ৰিস্টান আৰু অগ্নি পূজক বনায়"[9]

আল্লাহৰ অস্তিত্বৰ ওপৰত যুক্তিৰ দ্বাৰা প্ৰমাণ: আগৰ আৰু পিছৰ প্ৰতিটো মাখলুকৰ বাবে এজন স্ৰষ্টা প্ৰয়োজন সিহঁতক আৱিষ্কাৰ কৰিবলৈ। কাৰণ, কোনো মাখলুকে নিজে নিজেই অস্তিত্ব লাভ কৰা অসম্ভৱ। আকস্মিকভাৱে অহাটোও সম্ভৱ নহয়।

আল্লাহ তা'আলাৰ অস্তিত্বৰ ওপৰত চৰিয়তৰ প্ৰমাণ: সকলো ঐশী কিতাবসমূহ আল্লাহৰ অস্তিত্বৰ বিষয়ে বৰ্ণনা কৰিছে আৰু সংবাদ দিছে। তাৰে মাজত কোৰআনে কাৰীম সৰ্বশ্ৰেষ্ঠ ঐশী কিতাব আৰু আটাইতকৈ মহান। এইদৰে সকলো নবী-ৰাছুলে এই বিষয়ে উম্মতক সংবাদ দিছে। তেওঁলোকৰ মাজত সবাতোকৈ উত্তম -সৰ্বশেষ নবী আৰু সকলো নবীসকলৰ ইমাম, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁলোক আটায়ে এই বিষয়ে আলোচনা কৰিছে আৰু ইয়াৰ বিৱৰণ দিছে।

আল্লাহৰ অস্তিত্বৰ ওপৰত অনুভূতিৰ প্ৰমাণ: এইটো দুই দিশৰ পৰা হ'ব পাৰে:

এক. আমি সচৰাচৰ দেখা পাওঁ যিসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু তাৰ ওচৰত সহায় বিচাৰে তেওঁলোকৰ প্ৰাৰ্থনা কবুল হয়। এইটো আল্লাহৰ অস্তিত্বৰ ওপৰত সুস্পষ্ট প্ৰমাণ।

দুই. নবীসকলৰ অলৌকিক কৰ্ম-কাণ্ড যিবোৰক মু'জিযা বোলা হয় যিবোৰ মানুহে প্ৰত্যক্ষভাৱে দেখিবলৈ বা শুনিবলৈ পায়, এইবোৰ অলৌকিক কৰ্ম-কাণ্ড জগতৰ এজন স্ৰষ্টা, পৰিচালক, তত্বাৱধায়কৰ অস্তিত্বৰ ওপৰত চিৰসত্য প্ৰমাণ। আৰু তেৱেঁই হৈছে আল্লাহ।

তেওঁৰ ৰুবুবিয়্যাত (প্ৰভুত্ব)ত ঈমান: আল্লাহেই একমাত্ৰ ৰব (প্ৰতিপালক) তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ বাহিৰে আন কোনো সহায়কাৰী নাই। তেৱেঁই ৰব যিজন সৃষ্টি, ৰাজত্ব আৰু পৰিচালনাৰ অধিকাৰী। এতেকে আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, তেওঁৰ বাহিৰে আন কোনো মালিক নাই। আল্লাহ তা'আলাই কৈছে,

﴿أَلَا لَهُ ٱلۡخَلۡقُ وَٱلۡأَمۡرُ ٥٤﴾ [الاعراف: ٥٣]

“জানি থোৱা, সৃষ্টি আৰু নিৰ্দেশ তেওঁৰেই"[ আল-আ'ৰাফ, আয়াত: ৫৩]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۚ وَٱلَّذِينَ تَدۡعُونَ مِن دُونِهِۦ مَا يَمۡلِكُونَ مِن قِطۡمِيرٍ ١٣﴾ [فاطر: ١٣]

“তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। সকলো কৰ্তৃত্ব তেওঁৰেই, আৰু আল্লাহৰ বাহিৰে যিসকলক তোমালোকে মাতা সিহঁতে খেজুৰৰ গুটিৰ ভিতৰত থকা আৱৰণৰো মালিক নহয়"[ ফাতিৰ, আয়াত: ১৩]

তেওঁৰ উলুহিয়্যাতৰ ওপৰত ঈমান: আল্লাহ তা'আলাই একমাত্ৰ মা'বুদ (উপাস্য) তেওঁৰ কোনো অংশী নাই। ইলাহ অৰ্থাৎ মা'বুদ-উপাস্য। সন্মান আৰু মুহাব্বতৰ সৈতে আল্লাহেই একমাত্ৰ উপাস্য। আল্লাহ তা'আলাই কৈছে,

﴿وَإِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ لَّآ إِلَٰهَ إِلَّا هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ ١٦٣﴾ [البقرة: ١٦٣]

“আৰু তোমালোকৰ ইলাহ এক ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ অতি দয়াময়, পৰম দয়ালু"[ আল-বাকাৰা, আয়াত: ১৬৩]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿لَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَقَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓ ٥٩﴾ [الاعراف: ٥٨]

“আমি নূহক তেওঁ কওমৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, 'হে মোৰ সম্প্ৰদায়, তোমালোকে আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই"[ আল-আ'ৰাফ, আয়াত: ৮৫]

আল্লাহৰ নাম আৰু তেওঁৰ ছিফাত-গুণাৱলীৰ প্ৰতি ঈমান: আল্লাহ তা'আলাই তেওঁৰ নিজ কিতাবত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ ছুন্নতত আল্লাহৰ বাবে যিবোৰ নাম আৰু ছিফাত সাব্যস্ত কৰিছে সেইবোৰ কোনো প্ৰকাৰ বিকৃতি, তুলনা, সাদৃশ্য, ব্যাখ্যা আৰু দৃষ্টান্তবিহীন আল্লাহৰ বাবে যথাযথভাৱে তেওঁৰ মৰ্যাদা অনুযায়ী সাব্যস্ত কৰা। আল্লাহ তা'আলাই কৈছে,

﴿وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: ١١]

“আৰু তেওঁ সৰ্বশ্ৰোতা আৰু সৰ্বদ্ৰষ্টা"[ আশ্ব-শ্বুৰা, আয়াত: ১১]

আল্লাহ তা'আলাৰ প্ৰতি ঈমানৰ ফলাফল:

১- আল্লাহৰ একত্ববাদৰ বাস্তবায়ন। মানৱাত্মা আল্লাহৰ বাহিৰে আন কাৰো লগত সম্পৃক্ত নহ'ব। কাৰো ওচৰত আশা নকৰিব আৰু কাৰোবাক ভয়ো নকৰিব আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিব।

২- আল্লাহৰ সুন্দৰ নাম আৰু মহৎ গুণাৱলীৰ দাবী অনুযায়ী তেওঁক মহান বুলি জনা আৰু পূৰ্ণ মুহাব্বত কৰা।

৩- আল্লাহে দিয়া নিৰ্দেশ পালন আৰু নিষিদ্ধ কৰ্মৰ পৰা বিৰত থকাৰ জৰিয়তে তেওঁৰ ইবাদতৰ বাস্তবায়ন কৰা।

দ্বিতীয়: ফিৰিস্তাসকলৰ প্ৰতি ঈমানঃ

১- ফিৰিস্তসকলৰ পৰিচয়: ফিৰিস্তা হৈছে, নুৰৰ সৃষ্টি অদৃশ্য প্ৰাণী, আল্লাহৰ ইবাদত কাৰী। ৰব বা ইলাহ হোৱাৰ কোনো বৈশিষ্ট্য সিহঁতৰ মাজত নাই। আল্লাহে সিহঁতক নুৰৰ পৰা সৃষ্টি কৰিছে আৰু সিহঁতক তেওঁৰ নিৰ্দেশৰ হুবহু আনুগত্য কৰাৰ যোগ্যতা আৰু বাস্তবায়নৰ শক্তি দিছে। সিহঁতৰ সংখ্যা অধিক, একমাত্ৰ আল্লাহৰ বাহিৰে সিহঁতৰ সংখ্যা আন কোনেও নাজানে।

২- ফিৰিস্তাসকলৰ প্ৰতি ঈমান চাৰিটা বিষয়ক অন্তৰ্ভূক্ত কৰে:

এক- সিহঁতৰ অস্তিত্বৰ প্ৰতি ঈমান।

দুই- সিহঁতৰ মাজত যিসকলৰ নাম আমি জানো (যেনে জিব্ৰীল) সিহঁতৰ প্ৰতি বিস্তাৰিত ঈমান পোষন কৰা। আৰু যিসকলৰ নাম আমি নাজানো সিহঁতৰ প্ৰতি সংক্ষিপ্ত ঈমান আনা।

তিনি- সিহঁতৰ গুণাৱলীৰ প্ৰতি ঈমান পোষন কৰা।

চাৰি- আল্লাহৰ নিৰ্দেশত যি ফিৰিস্তা যি কামত নিয়োজিত আছে বুলি আমি জানো সিহঁতৰ প্ৰতি ঈমান ৰখা। যেনে, আমি জানো 'মালাকুল মাওত' মৃত্যুৰ সময়ত জান কবজ কৰাৰ কামত নিয়োজিত ইত্যাদি।

তৃতীয়: কিতাবসমূহৰ প্ৰতি ঈমান

অৰ্থাৎ দুনিয়া আৰু আখিৰাতৰ সফলতা লাভৰ উদ্দেশ্যে আল্লাহ তা'আলাই তেওঁৰ মাখলুকৰ হিদায়তৰ বাবে ৰহমত হিচাপে তেওঁৰ ৰাছুলসকলৰ ওপৰত যিবোৰ কিতাব নাযিল কৰিছে সেইবোৰ কিতাবসমূহৰ প্ৰতি বিশ্বাস কৰা।

কিতাবসমূহৰ প্ৰতি ঈমান পোষন কৰাৰ দাবীসমূহ:

এক- এই বিশ্বাস কৰা যে, এই কিতাবসমূহ আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছে।

দুই- যিবোৰ কিতাবৰ নাম সম্পৰ্কে আমি অৱগত সেইবোৰ নামৰ প্ৰতি ঈমান পোষণ কৰা। যেনে, কোৰআন মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু তাওৰাত মুছা আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছে।

তিনি- কিতাবসমূহৰ সংবাদবোৰ বিশ্বাস কৰা। যেনে, কোৰআনত বৰ্ণিত বিভিন্ন ঘটনাৱলী আৰু পূৰ্বৰ কিতাবসমূহৰ অবিকৃত সংবাদসমূহ।

চাৰি- কিতাবসমূহৰ যিবোৰ বিধান ৰহিত হোৱা নাই তাৰ হিকমত বা কাৰণ আমি বুজো বা নুবুজো তাৰ ওপৰত আমল কৰা, তাৰ ওপৰত সন্তুষ্ট থকা আৰু সেইটো মানি লোৱা। আগৰ সকলো কিতাব কোৰআনৰ দ্বাৰা ৰহিত হৈছে এই কথা বিশ্বাস কৰা। আল্লাহ তা'আলাই কৈছে,

﴿وَأَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ ٤٨﴾ [المائدة: ٤٨]

“আৰু আমি আপোনাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো যথাযথভাৱে, ইয়াৰ আগৰ কিতাবৰ সত্যায়নকাৰী আৰু তাৰ ওপৰত তদাৰককাৰীৰূপে"[ আল-মায়িদা, আয়াত: ৪৮]

কিতাবসমূহৰ প্ৰতি ঈমানৰ ফলাফল:

এক- আল্লাহৰ বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ যে কিমান মহান সেই সম্পৰ্কে জ্ঞান লাভ। তেওঁ প্ৰত্যেক জাতিৰ ওচৰত কিতাব অৱতীৰ্ণ কৰিছে যিটো সিহঁতক সঠিক পথ দেখুৱায়।

দুই- চৰিয়তৰ বিধানৰ মাজত আল্লাহৰ হিকমত সম্পৰ্কে জনা। তেওঁ প্ৰত্যেক জাতিৰ ওচৰত সিহঁতৰ অৱস্থা অনুযায়ী সিহঁতৰ উপযোগী বিধান দিছে। যেনে আল্লাহ তা'আলাই কৈছে,

﴿لِكُلّٖ جَعَلۡنَا مِنكُمۡ شِرۡعَةٗ وَمِنۡهَاجٗاۚ ٤٨﴾ [المائدة: ٤٨]

“আমি তোমালোকৰ প্ৰত্যেকৰ বাবে চৰিয়ত আৰু স্পষ্ট পন্থা নিৰ্ধাৰণ কৰিছো"[ আল-মায়িদা, আয়াত: ৪৮]

চতুৰ্থ: ৰাছুলসকলৰ প্ৰতি ঈমান

ৰাছুল হৈছে এনেকুৱা মানৱ যাৰ ওচৰত চৰিয়তৰ অহী প্ৰেৰণ কৰা হৈছে আৰু তবলীগ (পৌঁছাই দিয়াৰ) আদেশ কৰা হৈছে। সৰ্বপ্ৰথম ৰাছুল হৈছে, নূহ আলাইহিচ ছালাম আৰু সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।

আগত অতিবাহিত হোৱা কোনো উম্মত ৰাছুলবিহীন নাছিল। আল্লাহে প্ৰত্যেক জাতিৰ ওচৰত পৰিপূৰ্ণ চৰিয়ত প্ৰদান কৰি অথবা পূৰ্বৰ কোনো নবীৰ চৰিয়তক সংস্কাৰ কৰাৰ দায়িত্ব দি যিকোনো এজন নবীক অহীসহকাৰে সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছে। আল্লাহ তা'আলাই কৈছে,

﴿وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ ٣٦﴾ [النحل: ٣٦]

“আৰু আমি নিশ্চয় প্ৰত্যেক জাতিত একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছো যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা"[ আন-নাহল, আয়াত: ৩৬]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿وَإِن مِّنۡ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٞ ٢٤﴾ [فاطر: ٢٤]

“আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।" [ ফাতিৰ, আয়াত: ২৪]

ৰাছুলসকল আদম সন্তান। তেওঁলোকৰ মাজত ৰব বা ইলাহ হোৱাৰ কোনো বৈশিষ্ট্য নাই। তেওঁলোকৰ মাজত আছে মানৱ প্ৰকৃতি-দয়া-ময়া, জীৱন-মৃত্যু, মানৱিক প্ৰয়োজন -খোৱা-লোৱা পান কৰা ইত্যাদি।

ৰাছুলসকলৰ প্ৰতি ঈমানত যিবোৰ বিষয় অন্তৰ্ভূক্ত:

এক- এই কথা বিশ্বাস কৰা যে, আল্লাহৰ তৰফৰ পৰা তেওঁলোকৰ ৰিছালত সত্য। তেওঁলোকৰ যিকোনো এজনৰ ৰিছালতক অস্বীকাৰ কৰা মানে সকলোৰে ৰিছালতক অস্বীকাৰ কৰা। আল্লাহ তা'আলাই কৈছে,

﴿كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ١٠٥﴾ [الشعراء : ١٠٥]

“নূহ সম্প্ৰদায়ৰ লোকসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল"[ আশ্ব-শু'আৰা, আয়াত: ১০৫]

দুই: তেওঁলোকৰ মাজৰ পৰা যিসকলক আমি নামসহকাৰে জানো তেওঁলোকৰ নামসহ তেওঁলোকৰ প্ৰতি ঈমান আনা। যেনে- মুহাম্মদ, ইব্ৰাহীম, মুছা, ঈছা আৰু নূহ আলাইহিমুচ ছালাম। এওঁলোকেই হৈছে, উলুল আঝম (গুৰুত্বপূৰ্ণ দায়িত্ববান) ৰাছুল। আৰু যিসকলৰ নাম আমাৰ জনা নাই তেওঁলোকৰ প্ৰতি সংক্ষিপ্ত ঈমান পোষন কৰা। আল্লাহ তা'আলাই কৈছে,

﴿وَلَقَدۡ أَرۡسَلۡنَا رُسُلٗا مِّن قَبۡلِكَ مِنۡهُم مَّن قَصَصۡنَا عَلَيۡكَ وَمِنۡهُم مَّن لَّمۡ نَقۡصُصۡ عَلَيۡكَۗ ٧٨﴾ [غافر: ٧٨]

“আৰু নিশ্চয় আমি আপোনাৰ পূৰ্বে বহুতো ৰাছুল প্ৰেৰণ কৰিছো। তেওঁলোকৰ মাজৰ কিছুমানৰ কাহিনী আমি আপোনাক বৰ্ণনা কৰিছো আৰু কিছুমানৰ কাহিনী আপোনাৰ ওচৰত বৰ্ণনা কৰা নাই"[ গাফিৰ, আয়াত: ৭৮]

তিনি: তেওঁলোকৰ পৰা যিবোৰ সংবাদ শুদ্ধৰূপে প্ৰমাণিত তাৰ প্ৰতি ঈমান আনা।

চাৰি: আমাৰ ওচৰলৈ যিজন ৰাছুলক প্ৰেৰণ কৰিছে অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ চৰিয়ত অনুযায়ী আমল কৰা। ।

ৰাছুলসকলৰ প্ৰতি ঈমানৰ ফলাফল:

প্ৰথম: আল্লাহৰ বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া সম্পৰ্কে জ্ঞান। আল্লাহ তা'আলাই সিহঁতৰ ওচৰত সিহঁতৰ সঠিক পথৰ হিদায়তৰ বাবে ৰাছুলসকলক প্ৰেৰণ কৰিছে। যাতে সিহঁতে কেনেকৈ আল্লাহৰ ইবাদত কৰিব সেইটো স্পষ্ট কৰে।

দ্বিতীয়: এই মহান নি'আমত লাভৰ বাবে আল্লাহ তা'আলাৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

তৃতীয়: ৰাছুলসকলক মুহাব্বত কৰা, তেওঁলোকক সন্মান কৰা, তেওঁলোকৰ যথা উপযুক্ত প্ৰশংসা কৰা। কাৰণ, তেওঁলোক আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। তেওঁলোক আল্লাহৰ ইবাদতত নিয়োজিত, আল্লাহৰ বাণী পৌঁছাই দিয়াৰ দায়িত্বশীল আৰু কল্যাণকামী।

পঞ্চম: আখিৰাত দিৱসৰ প্ৰতি ঈমান

আখিৰাত বা শেষদিৱস হৈছে কিয়ামতৰ দিন। যিদিনা আল্লাহ তা'আলা মানুহক হিচাব কিতাবৰ বাবে পুনৰুত্থান কৰিব। ইয়াক শেষ দিৱস বোলা হয়, কাৰণ, এইটো শেষ দিন-ইয়াৰ পিছত আন কোনো দিন নাই।

শেষ দিৱসৰ প্ৰতি ঈমানৰ ভিতৰত যি অন্তৰ্ভূক্ত আছে:

এক- পুনৰুত্থানৰ প্ৰতি ঈমান। পুনৰুত্থান সত্য। কোৰআন হাদীছ আৰু মুছলিমসকলৰ ইজমা ইয়াৰ চিৰসত্য প্ৰমাণ।

দুই- হিচাব-নিকাচৰ প্ৰতি ঈমান। বান্দাৰ পৰা তাৰ আমলৰ হিচাব লোৱা হ'ব আৰু হিচাব অনুযায়ী তাক বিনিময় দিয়া হ'ব। কোৰআন, হাদীছ আৰু মুছলিমসকলৰ ইজমা ইয়াৰ প্ৰমাণ।

তিনি: জান্নাত আৰু জাহান্নামৰ প্ৰতি ঈমান। মাখলুকৰ স্থায়ী গন্তব্য হ'লে জান্নাত অথবা জাহান্নাম।

ইয়াৰ বাহিৰেও মৃত্যুৰ পিছত যি সংঘটিত হ'ব সেই সকলো আখিৰাত দিৱসৰ ঈমানৰ লগত সম্পৃক্ত হ'ব। যেনে, ১. কবৰৰ ফিতনা। ২. কবৰৰ শাস্তি আৰু নি'আমত।

শেষ দিৱসৰ প্ৰতি ঈমানৰ ফলাফল:

এক- শেষ দিৱসৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ গুনাহৰ পৰা আঁতৰত থকা।

দুই- সেই দিনৰ ছোৱাবৰ আশাত নেক আমলৰ প্ৰতি আগ্ৰহী হোৱা আৰু লোভ কৰা।

তিনি- পাৰ্থিৱ জীৱনৰ কিবা ক্ষতি হ'লে দুখ নকৰা, আখিৰাতৰ নি'আমত আৰু ছোৱাব লাভৰ আশাত মুমিনৰ প্ৰশান্তি আৰু তৃপ্তি লাভ কৰা।

ষষ্ঠ: তাকদীৰৰ প্ৰতি ঈমান

ক্বদৰ: আল্লাহ তা'আলাৰ পূৰ্ব ইল্ম আৰু তেওঁৰ হিকমত অনুযায়ী সমগ্ৰ সৃষ্টিৰ তাকদীৰ নিৰ্ধাৰণ কৰাক ক্বদৰ বোলে।

ক্বদৰৰ প্ৰতি ঈমানত যি অন্তৰ্ভূক্ত আছে:

এক- এই কথা বিশ্বাস কৰা যে, আল্লাহ তা'আলাই আদিৰ পৰা অন্ত লৈকে প্ৰতিটো বস্তুৰ নিখুঁত জ্ঞান ৰাখে। সেই বস্তুটোৰ সম্পৰ্ক আল্লাহৰ নিজ কৰ্মৰ লগত হওঁক অথবা বান্দাৰ কৰ্মৰ লগত হওঁক।

দুই- এই কথা বিশ্বাস কৰা যে, আল্লাহ তা'আলাই সকলো বস্তু লাওহে মাহফুজত লিপিবদ্ধ কৰি ৰাখিছে।

তিনি- এই কথা বিশ্বাস কৰা যে, সমগ্ৰ জগতৰ একোৱেই আল্লাহৰ ইচ্ছাৰ বাহিৰে সংঘটিত নহয়। যদিও সেয়া আল্লাহৰ নিজ কৰ্মৰ লগত সম্পৃক্ত হওঁক বা মাখলুকৰ কৰ্মৰ লগত হওঁক। আল্লাহ তা'আলাই কৈছে,

﴿وَرَبُّكَ يَخۡلُقُ مَا يَشَآءُ وَيَخۡتَارُۗ ٦٨﴾ [القصص: ٦٨]

“আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা সৃষ্টি কৰে আৰু মনোনীত কৰে"[ আল-কাচাচ, আয়াত: ৬৮]

চাৰি- এই কথাৰ প্ৰতি ঈমান আনা যে, সমগ্ৰ জগত সত্ত্বাগতভাৱে, গুণাৱলীত আৰু কৰ্মত কেৱল আল্লাহৰ সৃষ্টি। যেনে আল্লাহ তা'আলাই কৈছে,

﴿ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ﴾ [الزمر: ٦١]

“আল্লাহ সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।" [ আয-যুমাৰ, আয়াত: ৬১]

ক্বদৰৰ প্ৰতি ঈমানৰ সুস্পষ্ট ফলাফলৰ অন্যতম হৈছে

এক- বিভিন্ন কৰ্মকাণ্ড কৰাৰ সময়ত একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰা। কৰ্মৰ আচবাবৰ ওপৰত ভৰসা নকৰা। কাৰণ, সকলো আল্লাহ তা'আলাৰ নিয়ন্ত্ৰণত।

দুই- মানুহে নিজা কোনো কামত উদ্দেশ্য অৰ্জন কৰিলে আত্মতুষ্টি ভুগ নকৰিব। কাৰণ, নি'আমত লাভ হয় আল্লাহৰ তৰফৰ পৰা। তেৱেঁই কল্যাণ আৰু কামিয়াবিৰ কাৰণক সহজ কৰি দিয়ে। আৰু যেতিয়া কোনো মানুহ আত্মতুষ্টি ভুগ কৰে তেতিয়া ই তাক নি'আমতৰ কৃতজ্ঞতা আদায় কৰিবলৈ পাহৰাই দিয়ে।

তিনি- আত্মাৰ তৃপ্তি আৰু প্ৰশান্তি। কাৰণ, যি আল্লাহৰ বাবে আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব তেওঁৰ ফায়চালা বাস্তবায়িত হৈছে। আৰু ই অৱশ্যই সংঘটিত হ'ব। যেনে আল্লাহ তা'আলাই কৈছে,

﴿مَآ أَصَابَ مِن مُّصِيبَةٖ فِي ٱلۡأَرۡضِ وَلَا فِيٓ أَنفُسِكُمۡ إِلَّا فِي كِتَٰبٖ مِّن قَبۡلِ أَن نَّبۡرَأَهَآۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٢٢ لِّكَيۡلَا تَأۡسَوۡاْ عَلَىٰ مَا فَاتَكُمۡ وَلَا تَفۡرَحُواْ بِمَآ ءَاتَىٰكُمۡۗ وَٱللَّهُ لَا يُحِبُّ كُلَّ مُخۡتَالٖ فَخُورٍ ٢٣﴾ [الحديد: ٢٢، ٢٣]

“পৃথিৱীত আৰু তোমালোকৰ নিজৰ মাজত আপতিত হোৱা এনে কোনো আপদ-বিপদ নাই, যিটো আমি সংঘটিত হোৱাৰ আগতেই কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় এইটো আল্লাহৰ পক্ষে অতি সহজ। এইবোৰ এই বাবে যে, যাতে তোমালোকে অনুতাপ নকৰা তাৰ ওপৰত, যি তোমালোকে হেৰাইছা (ক্ষয়-ক্ষতি হৈছে) আৰু তোমালোকে উৎফুল্ল নোহোৱা যি তোমালোকক তেওঁ দান কৰিছে। আৰু আল্লাহে কোনো উদ্ধত আৰু অহংকাৰীক পছন্দ নকৰে"[ আল-হাদীদ, আয়াত: ২২-২৩]

ক্বদৰ বিষয়ত দুটা দল পথভ্ৰষ্ট হৈছে:

প্ৰথম দল: জাবাৰিয়্যাহ যিহঁতে কয়, বান্দা তাৰ আমলৰ ওপৰত বাধ্য। তাৰ আমলত তাৰ কোনো ইৰাদা-ইচ্ছা বা ক্ষমতা নাই।

দ্বিতীয় দল: কাদাৰিয়্যাহ যিসকলে কয়, বান্দা তাৰ আমলত স্বাধীন। তাৰ ইচ্ছা আৰু ক্ষমতাত সি একক। বান্দাৰ আমল বিষয়ত আল্লাহৰ ইচ্ছা আৰু ক্ষমতাৰ কোনো প্ৰভাৱ নাই। আল্লাহ তা'আলাই যে প্ৰতিটো বস্তু ইয়াৰ অস্তিত্বত অহাৰ আগতেই নিৰ্ধাৰণ কৰি ৰাখিছে সেইটো সিহঁতে অস্বীকাৰ কৰে। উভয় দলৰ কথা সম্পূৰ্ণ বাতিল।


চতুৰ্থ পাঠ: তৌহীদৰ প্ৰকাৰ

তৌহীদৰ সংজ্ঞা:

যাৱতীয় ইবাদতত আল্লাহকেই উদ্দেশ্য কৰা।

তৌহীদ (আল্লাহৰ একত্ববাদ) তিনি প্ৰকাৰ। যথা:

১. তৌহীদে ৰুবুবিয়্যাহ (আল্লাহৰ প্ৰভূত্বত তৌহীদ)

২. তৌহীদে উলুহীয়্যাহ (আল্লাহৰ ইবাদতত তৌহীদ)

৩. তৌহীদে আছমা অছিফাত (আল্লাহৰ নাম আৰু গুণাৱলীত তৌহীদ)

১- প্ৰভুত্বত তৌহীদ: ইয়াৰ অৰ্থ এই বিশ্বাস স্থাপন কৰা যে, আল্লাহ তাআলাই সকলো বস্তুৰ একক স্ৰষ্টা, জীৱিকা দাতা আৰু সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী। তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই। এই প্ৰকাৰৰ তৌহীদক মক্কাৰ মুশ্বৰিক সকলেও স্বীকাৰ কৰিছিল। কিন্তু তথাপিও সিহঁত মুছলিম হিচাপে গণ্য হোৱা নাছিল। যেনে, আল্লাহ তা'আলাই কৈছে,

﴿وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ ٨٧﴾ [الزخرف: ٨٧]

“আৰু তুমি যদি সিহঁতক সোধা, কোনে সিহঁতক সৃষ্টি কৰিছে? সিহঁতে নিশ্চয় ক'ব, 'আল্লাহ।' তথাপিও সিহঁত কেনেকৈ বিমুখ হয়"? [ আয-যুখৰুফ, আয়াত: ৮৭]

২- ইবাদতত তৌহীদ: ইয়াৰ অৰ্থ হৈছে, এই বিশ্বাস স্থাপন কৰা যে, আল্লাহ তাআলাই সত্য মা'বুদ (উপাস্য), ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। কোনো ধৰণৰ ইবাদতত আল্লাহৰ কোনো অংশী নাই। যেনে, মুহাব্বত, ভয়, আশা, ভৰসা কৰা আৰু দুআ কৰা ইত্যাদি। এইটোৱেই কলিমা 'লা-ইলা-হা-ইল্লাল্লাহৰ ভাবাৰ্থ। কিয়নো, ইয়াৰ প্ৰকৃত অৰ্থ হৈছে: আল্লাহৰ বাহিৰে সত্য আন কোনো মা'বুদ (উপাস্য) নাই। সকলো প্ৰকাৰ ইবাদত যেনে, চালাত, চওম ইত্যাদি একমাত্ৰ আল্লাহৰ বাবেই নিবেদিত কৰা অপৰিহাৰ্য। কোনো প্ৰকাৰ ইবাদত আন কাৰো বাবে নিবেদিত কৰা বৈধ নহয়। এই প্ৰকাৰৰ তৌহীদকেই মুশ্বৰিক সকলে অস্বীকাৰ কৰে।[10]

৩- নাম আৰু গুণাৱলীত তৌহীদ: ইয়াৰ অৰ্থ হৈছে, আল্লাহ তা'আলা নিজেই তেওঁৰ কিতাবত নিজৰ বাবে যিবোৰ গুণাগুণ উল্লেখ কৰিছে অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিবোৰ গুণাগুণ আল্লাহ সম্পৰ্কে তেওঁৰ বিশুদ্ধ হাদীছত বৰ্ণনা কৰিছে সেইবোৰ গুণাৱলীক আল্লাহৰ বাবে আল্লাহৰ মহত্ব আৰু তেওঁৰ মৰ্যাদা অনুযায়ী তেওঁৰ বাবে সাব্যস্ত কৰা। এই প্ৰকাৰৰ তৌহীদক কিছুমান মুশ্বৰিকেও স্বীকাৰ কৰিছিল আৰু কিছুমানে আঁকোৰগোঁজ হৈ অথবা অজ্ঞতাবশতঃ অস্বীকাৰ কৰিছিল।

শ্বিৰ্কৰ প্ৰকাৰসমূহঃ

শ্বিৰ্ক হৈছে তিনি প্ৰকাৰ যেনে: ১. শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক ২. শ্বিৰ্কে আছগাৰ বা সৰু শ্বিৰ্ক আৰু ৩. শ্বিৰ্কে খাফী বা গোপন শ্বিৰ্ক।

ডাঙৰ শ্বিৰ্ক:

ডাঙৰ শ্বিৰ্কৰ ফলত মানুহৰ আমল বিনষ্ট হৈ যায় আৰু সি জাহান্নামত চিৰকাল থাকিবলগীয়া হয়। আল্লাহে কৈছে,

﴿وَلَوۡ أَشۡرَكُواْ لَحَبِطَ عَنۡهُم مَّا كَانُواْ يَعۡمَلُونَ ٨٨﴾ [الانعام: ٨٨]

“আৰু যদি তেওঁলোকেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিলেহেঁতেন তেনেহ'লে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গলেহেঁতেন।" [ আল-আন'আম, আয়াত: ৭৭]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿مَا كَانَ لِلۡمُشۡرِكِينَ أَن يَعۡمُرُواْ مَسَٰجِدَ ٱللَّهِ شَٰهِدِينَ عَلَىٰٓ أَنفُسِهِم بِٱلۡكُفۡرِۚ أُوْلَٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ وَفِي ٱلنَّارِ هُمۡ خَٰلِدُونَ ١٧﴾ [التوبة: ١٧]

“মুশ্বৰিকসকলৰ বাবে আল্লাহৰ ঘৰ মছজিদ সংস্থাপনৰ কোনো প্ৰয়োজন নাই। যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল ধ্বংস কৰি দিয়া হ'ব আৰু সিহঁত চিৰকাল জাহান্নামত অৱস্থান কৰিব"[ আত-তাওবাহ, আয়াত: ১৭]

এই প্ৰকাৰ শ্বিৰ্কৰ ওপৰত কোনোৱে মৃত্যুবৰণ কৰিলে তাক কেতিয়াও ক্ষমা কৰা নহ'ব আৰু জান্নাত তাৰ বাবে হাৰাম। আল্লাহ তা'আলাই কৈছে,

﴿إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ وَيَغۡفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُۚ ﴾ [النساء : ٤٨]

“নিশ্চয় মহান আল্লাহ তা'আলাই শ্বিৰ্ক গুনাহ কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে তেওঁ যি ইচ্ছা ক্ষমা কৰিব পাৰে"[আন-নিছা, আয়াত: ৪৮]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿إِنَّهُۥ مَن يُشۡرِكۡ بِٱللَّهِ فَقَدۡ حَرَّمَ ٱللَّهُ عَلَيۡهِ ٱلۡجَنَّةَ وَمَأۡوَىٰهُ ٱلنَّارُۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ ٧٢﴾ [المائدة: ٧٢]

নিশ্চয় যি ব্যক্তি আল্লাহৰ লগত শ্বিৰ্ক কৰে, আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰিছে আৰু তাৰ ঠিকনা জাহান্নাম আৰু অত্যাচাৰীসকলৰ বাবে কোনো সহায়কাৰী নাই। [আল-মায়িদা, আয়াত: ৭২]

এই প্ৰকাৰ শ্বিৰ্কৰ ভিতৰত আছে মৃত ব্যক্তি আৰু প্ৰতিমাক মাতা, সিহঁতৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, সিহঁতৰ উদ্দেশ্যে মান্নত আৰু জবেহ কৰা ইত্যাদি।

সৰু শ্বিৰ্ক:

সৰু শ্বিৰ্ক বলোতে এনে কৰ্মক বুজায় যাক কোৰআন বা হাদীছত শ্বিৰ্ক বুলি নামাকৰণ কৰা হৈছে, কিন্তু ই ডাঙৰ শ্বিৰ্কৰ অন্তৰ্ভূক্ত নহয়। যেনে, কিছুমান কামত ৰিয়া বা লোকক দেখুৱাবলৈ কৰা কাম, আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰা, আৰু এনে কথা কোৱা যে, আল্লাহে আৰু অমুকে যি বিচাৰে" ইত্যাদি। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«أخوف ما أخاف عليكم الشرك الأصغر فسئل عنه فقال: الرياء»

“তোমালোকৰ ওপৰত যিটো বিষয় আটাইতকৈ বেছি ভয় পাওঁ সেইটো হৈছে সৰু শ্বিৰ্ক, এই সম্পৰ্কে সোধাত তেখেতে কয়, সেইটো হৈছে “লোকক দেখুৱাবলৈ কৰা কাম"। এই হাদীছটো ইমাম আহমদ, তাবৰানী আৰু বায়হাকীয়ে মাহমুদ ইবনে লাবীদ আনছাৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বিশুদ্ধ সুত্ৰত বৰ্ণনা কৰিছে। তাবৰানীয়ে আৰু কিছুমান বিশুদ্ধ সুত্ৰত মাহমুদ ইবনে লাবীদৰ পৰা আৰু তেওঁ ৰাফে' ইবনে খাদীজৰ পৰা বৰ্ণনা কৰিছে। আন এক হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«من حلف بشيء دون الله فقد أشرك»

“যি ব্যক্তি আল্লাহৰ বাহিৰে আন কোনো বস্তুৰ শপত কৰিলে, প্ৰকৃততে সি শ্বিৰ্ক কৰিলে।" [11]

ইমাম আহমদে বিশুদ্ধ চনদেৰে ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু 'আনহুৰ পৰা এই হাদীছটো বৰ্ণনা কৰিছে। আবু দাউদ আৰু তিৰমিজীত আব্দুল্লাহ ইবনে ওমৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বিশুদ্ধ চনদত বৰ্ণিত এক হাদীছত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«من حلف بغير الله فقد كفر أو أشرك»[12]

“যি ব্যক্তি আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিলে সি আল্লাহৰ লগত কুফুৰী বা শ্বিৰ্ক কৰিলে"

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে,

«لا تقولوا ما شاء الله وشاء فلان ولكن قولوا ما شاء الله ثم شاء فلان»[13]

“তোমালোকে এই কথা নকবা যে আল্লাহে আৰু অমুকে যি বিচাৰিছে, বৰং এনেকৈ কোৱা 'আল্লাহে যি বিচাৰিছে আৰু তাৰ পিছত অমুকে যি বিচাৰিছে।"

এই হাদীছটো আবু দাউদে বিশুদ্ধ চনদৰে হুজাইফা ইবনে য়ামান ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণনা কৰিছে।

এই প্ৰকাৰ শ্বিৰ্কত লিপ্ত ব্যক্তি অৰ্থাৎ সৰু শ্বিৰ্কৰ কাৰণে বান্দা ধৰ্মত্যাগী নহয় বা ইছলামৰ পৰা বহিস্কাৰ নহয় আৰু সি জাহান্নামত চিৰস্থায়ী নহ'ব; বৰং ই অপৰিহাৰ্য পূৰ্ণ তৌহীদৰ পৰিপন্থী এটা পাপ বিশেষ।

তৃতীয় প্ৰকাৰ শ্বিৰ্ক: গোপন শ্বিৰ্ক: ইয়াৰ প্ৰমাণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিম্নোক্ত হাদীছ। তেখেতে কৈছে,

«ألا أخبركم بما هو أخوف عليكم عندي من المسيح الدجّال؟» قالوا : بلى يا رسول الله، قال: «الشرك الخفي، يقوم الرجل فيصلي فيزين صلاته لما يرى من نظر الرجل إليه»

(হে ছাহাবীসকল), মই তোমালোকক এনে এটা বিষয় সম্পৰ্কে সংবাদ নিদিম নে, যিটো মোৰ দৃষ্টিত তোমালোকৰ পক্ষে মছীহ-দাজ্জালতকৈয়ো ভয়ঙ্কৰ? তেওঁলোকে কলে, হয়, নিশ্চয়, কওঁক হে আল্লাহৰ ৰাছুল। তেতিয়া তেখেতে ক'লে, সেইটো হৈছে গোপন শ্বিৰ্ক। কোনো ব্যক্তিয়ে চালাতত থিয় হৈ নিজৰ চালাত সুন্দৰ কৰাৰ চেষ্টা কৰে এই কাৰণে যে, মানুহে তাক দেখি আছে।"[14]

ইমাম আহমদে তেখেতৰ মুছনাদত এই হাদীছটো আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণনা কৰিছে।

যাৱতীয় শ্বিৰ্ক কেৱল দুই প্ৰকাৰতো বিভক্ত কৰিব পাৰি: সৰু শ্বিৰ্ক আৰু ডাঙৰ শ্বিৰ্ক। কাৰণ গোপন বা গুপ্ত শ্বিৰ্ক সৰু আৰু ডাঙৰ উভয় প্ৰকাৰ শ্বিৰ্কৰ অন্তৰ্ভূক্ত হ'ব পাৰে।

কেতিয়াবা ই ডাঙৰ শ্বিৰ্কৰ তালিকাত পৰে। যেনে, মুনাফিকসকলৰ শ্বিৰ্ক, কাৰণ সিহঁতে নিজৰ ভ্ৰান্ত বিশ্বাস গোপন ৰাখে প্ৰাণৰ ভয়ত ৰিয়া কৰি ইছলাম প্ৰকাশ কৰে।

এইদৰে কেতিয়াবা গোপন শ্বিৰ্ক সৰু শ্বিৰ্কৰ তালিকাতো আহে। যেনে, 'ৰিয়া' বা লোকক দেখুৱাবলৈ কৰা কাম, ইয়াৰ উল্লেখ মাহমুদ ইবন লাবীদ আনছাৰী আৰু আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত উপৰোক্ত হাদীছ দুটাত আছে। আল্লাহেই আমাক তাওফীক দানকাৰী।


পঞ্চম পাঠ: ইছলামৰ আৰকান

ইছলামৰ ৰুকন (স্তম্ভ) পাঁচটা:

১- এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল।

২- ছালাত প্ৰতিষ্ঠা কৰা।

৩- জাকাত প্ৰদান কৰা।

৪- ৰমজান মাহৰ চওম পালন কৰা।

৫- সামৰ্থ ব্যক্তিৰ বাবে বাইতুল্লাহৰ হজ্জ কৰা।

লেখকে তৌহীদ আৰু শ্বিৰ্কৰ প্ৰকাৰসমূহ বৰ্ণনা কৰাৰ পিছতে ইছলামৰ পাঁচটা ৰুকনৰ আলোচনা আৰম্ভ কৰিছে। বিশুদ্ধ হাদীছ যিটো আবু আব্দুৰ ৰহমান আব্দুল্লাহ ইবনে ওমৰ ইবনে খাত্ত্বাব ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছো, তেখেতে কৈছে,

«بُني الإسلام على خمس: شهادة أن لا إله إلا الله وأن محمدا رسول الله، وإقام الصلاة، وإيتاء الزكاة، وصوم رمضان، وحج بيت الله الحرام لمن استطاع إليه سبيلا».

“ইছলামৰ ভিত্তি পাঁচটা বস্তুৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহ তা'আলাৰ ৰাছুল। চালাত কায়েম কৰা, জাকাত আদায় কৰা, ৰমজানৰ চওম পালন কৰা আৰু সামৰ্থবান ব্যক্তিৰ বাবে বাইতুল্লাহৰ হজ্জ কৰা"[15]

(بُني الإسلام على خمس) এই কথাৰ অৰ্থ হৈছে, ইছলামৰ স্তম্ভ পাঁচটা। হাদীছত ইছলামক ঘৰৰ লগত তুলনা কৰা হৈছে। যেনেকৈ ঘৰ এটা স্তম্ভবিহীন স্থিৰ নাথাকে। ঠিক সেইদৰে ইছলামো ইয়াৰ পাঁচটা স্তম্ভবিহীন চিন্তা কৰা নাযায়। এই পাঁচটা স্তম্ভৰ বাহিৰে ইছলামৰ আন আন বিধানসমূহ ইছলামৰ পূৰ্ণতা।

(شهادة أن لا إله إلا الله وأن محمدا رسول الله) অৰ্থাৎ আল্লাহ আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান। মুছলিমৰ এটা বৰ্ণনাত আছে, অৰ্থাৎ আল্লাহ তা'আলাক একক বুলি ভবা। আন এক বৰ্ণনাত আছে, আল্লাহক একক বুলি স্বীকাৰ কৰা, আল্লাহৰ বাহিৰে আন সকলো ইলাহকে অস্বীকাৰ কৰা।

(وإقام الصلاة) অৰ্থাৎ চালাত কায়িম কৰা। ছহীহ মুছলিমত জাবিৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«بين الرجل وبين الكفر والشرك ترك الصلاة».

(মুমিন) মানুহৰ মাজত আৰু কুফৰ ও শ্বিৰ্কৰ মাজত পাৰ্থক্য হৈছে, ছালাত ত্যাগ কৰা।[16]

মু'আজ ইবনে জাবাল ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«رأس الأمر الإسلام وعموده الصلاة».

“যাৱতীয় বিধি-বিধানৰ মূল হৈছে ইছলাম আৰু ইছলামৰ স্তম্ভ হৈছে ছালাত।[17]

আব্দুল্লাহ ইবনে শ্বাকীক ৰাহিমাহুল্লাহে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলে ছালাতৰ বাহিৰে ইছলামৰ আন কোনো আমল এৰি দিয়াক কুফৰ বুলি ভবা নাছিল।

(وإيتاء الزكاة) জাকাত প্ৰদান কৰা। এইটো ইছলামৰ তৃতীয় ৰুকন। আল্লাহ তা'আলা কৈছে,

﴿وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ ٤٣﴾ [البقرة: ٤٣]

“তোমালোকে চালাত কায়িম কৰা আৰু জাকাত প্ৰদান কৰা।" [ আল-বাকাৰা, আয়াত: ৪৩]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُواْ ٱلصَّلَوٰةَ وَيُؤۡتُواْ ٱلزَّكَوٰةَۚ وَذَٰلِكَ دِينُ ٱلۡقَيِّمَةِ ٥﴾ [البينة: ٥]

“আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন কেৱল তেওঁৰ বাবেই দ্বীনক একনিষ্ঠ কৰি আল্লাহৰ ইবাদত কৰে, আৰু চালাত কায়িম কৰে আৰু জাকাত প্ৰদান কৰে।; আৰু এইটোৱেই হৈছে সঠিক দ্বীন।

(وصوم رمضان) ৰমজানৰ চওম পালন কৰা। এইটো ইছলামৰ চতুৰ্থ ৰুকন। আল্লাহ তা'আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ كُتِبَ عَلَيۡكُمُ ٱلصِّيَامُ كَمَا كُتِبَ عَلَى ٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ ١٨٣﴾ [البقرة: ١٨٣]

“হে ঈমান্দাৰসকল, তোমালোকৰ ওপৰত চওম পালন কৰা ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্ব উম্মতৰ ওপৰত ফৰজ কৰা হৈছিল; যাতে তোমালোকে মুত্তাকী হোৱা।" [ আল-বাকাৰা, আয়াত: ১৮৩]

(وحج البيت) বাইতুল্লাহৰ হজ্জ কৰা। এইটো ইছলামৰ পঞ্চম ৰুকন।

﴿وَلِلَّهِ عَلَى ٱلنَّاسِ حِجُّ ٱلۡبَيۡتِ مَنِ ٱسۡتَطَاعَ إِلَيۡهِ سَبِيلٗاۚ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنِ ٱلۡعَٰلَمِينَ ٩٧﴾ [ال عمران: ٩٧]

“আৰু সামৰ্থবান মানুহৰ ওপৰত আল্লাহৰ বাবে বায়তুল্লাহৰ হজ্জ কৰা ফৰজ। আৰু যিয়ে কুফুৰী কৰিব, (জানি থোৱা) নিশ্চয় আল্লাহ সৃষ্টিৰ পৰা অমুখাপেক্ষী"[ আলে ইমৰান, আয়াত: ৯৭]

এই হাদীছটো ইছলাম জনাৰ বাবে এটা মহান মূলনীতি[18]

ষষ্ঠ পাঠ: চালাতৰ চৰ্তাৱলী

চালাতৰ চৰ্তাৱলী হৈছে ন (৯) টা: যেনে

১. ইছলাম ২. বুদ্ধিমত্তা (জ্ঞান) ৩. ভাল-বেয়া পাৰ্থক্য কৰিব পৰা জ্ঞান ৪. নাপাকি দুৰ কৰা ৫. অজু কৰা ৬. ছতৰে আওৰাহ অৰ্থাৎ লজ্জাস্থানসহ শৰীৰৰ নিৰ্ধাৰিত অংশ আবৃত ৰখা ৭. চালাতৰ সময় হোৱা ৮. কিবলামুখী হোৱা আৰু ৯. নিয়ত কৰা।

ব্যাখ্যা:

পঞ্চম পাঠত ইছলামৰ ৰুকন পাঁচটা উল্লেখ কৰাৰ পিছত, লেখক ৰাহিমাহুল্লাহে ইয়াত চালাতৰ চৰ্তসমূহৰ আলোচনা আৰম্ভ কৰিছে। কাৰণ, শ্বাহাদাতৰ পিছত ছালাত ইছলামৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ ৰুকন। আৰু এই চৰ্তসমূহ পূৰণ নহ'লে ছালাত ছহীহ নহয়।

প্ৰথম পৰ্যায়ৰ চৰ্তসমূহ হৈছে মুছলিম হোৱা, জ্ঞানপ্ৰাপ্ত হোৱা আৰু প্ৰাপ্ত বয়স্ক হোৱা। এতেকে কাফিৰৰ বাবে ছালাত নাই। কাৰণ, তাৰ আমল শুদ্ধ নহয়। বলিয়া বা উন্মুক্ত (পাগলৰ) ছালাত নাই। কাৰণ, সি চৰিয়তৰ মুকাল্লাফ নহয়। আৰু শিশুৰ ওপৰত ছালাত ফৰজ নহয়। কাৰণ,

«مروا أبناءكم بالصلاة لسبع»

“তোমালোকে তোমালোকৰ সন্তানসকলক সাত বছৰ বয়সত ছালাতৰ নিৰ্দেশ দিয়া"[19] বৰ্ণিত হাদীছৰ এই নিৰ্দেশনাৰ পৰা এইটোৱেই বুজা যায়।

চতুৰ্থ চৰ্ত: পৱিত্ৰতা অৰ্জন কৰা। কাৰণ, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لا تقبل صلاة بغير طهور»

“পৱিত্ৰতাবিহীন ছালাত গ্ৰহণযোগ্য নহয়"[20]

পঞ্চম চৰ্ত: সময় হলে ছালাত আদায় কৰা।

আল্লাহ তা'আলাই কৈছে,

﴿أَقِمِ ٱلصَّلَوٰةَ لِدُلُوكِ ٱلشَّمۡسِ إِلَىٰ غَسَقِ ٱلَّيۡلِ ٧٨﴾ [الاسراء: ٧٨]

“সূৰ্য ঢালখোৱাৰ পৰা ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱা লৈকে ছালাত কায়িম কৰা"(আল ইছৰাঃ ৭৮)

ওমৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে,

«الصلاة لها وقت شرطه الله لا تصح إلا به»

জিব্ৰীল আলাইহিচ ছালামৰ হাদীছ। যেতিয়া তেওঁ পাঁচ ওয়াক্ত ছালাতৰ ইমামতি কৰি কৈছিল, এই দুই সময়ৰ মাজতেই ছালাতৰ ওৱাক্ত।[21]

ষষ্ট চৰ্ত: সক্ষম অনুযায়ী ছতৰ ঢাকি ৰখা, যাতে শৰীৰৰ ছাল দেখা নাযায়। আল্লাহ তা'আলাই কৈছে,

﴿يَٰبَنِيٓ ءَادَمَ خُذُواْ زِينَتَكُمۡ عِندَ كُلِّ مَسۡجِدٖ ٣١﴾ [الاعراف: ٣١]

“হে আদম সন্তান, তোমালোকে প্ৰতি ছালাতত তোমালোকৰ বেশ-ভূষা গ্ৰহণ কৰা"[ আল-আ'ৰাফ, আয়াত: ৩১]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لا يقبل الله صلاة حائض إلا بخمار»

“আল্লাহ তা'আলাই কোনো মহিলাৰ ছালাত উড়না (পৰ্দা)বিহীন গ্ৰহণ নকৰে"[22]

আৰু ছালমা ইবনুল আকওৱা ৰাদিয়াল্লাহু আনহুৰ হাদীছ, তেওঁ কৈছে, মই কলো,

«يا رسول الله إني أكون في الصيد وأصلي في القميص الواحد: قال «نعم وازْرُرْهُ ولو بشوكة»

হে আল্লাহৰ ৰাছুল! মই চিকাৰ কৰিবলৈ যাওঁ, তেতিয়া মই এটা কাপোৰ পিন্ধি ছালাত আদায় কৰো। মোৰ ছালাত শুদ্ধ হ'বনে? তেখেতে ক'লে, হয়। কিন্তু তুমি এটি কাইটেৰে হ'লেও কাপোৰখন চিলাই কৰি লবা"।[23]

তিৰমিজীয়ে হাদিছ দুটাক ছহীহ বুলি কৈছে। ইবনু আব্দিল বাৰ ৰাহিমাহুল্লাহে শৰীৰ ঢাকি ৰখাৰ সামৰ্থ থকা সত্বেও যিয়ে উলঙ্গ অৱস্থাত ছালাত আদায় কৰে তাৰ ছালাত বাতিল হোৱাৰ ওপৰত ইজমা বৰ্ণনা কৰিছে।

সপ্তম চৰ্ত: শৰীৰ, কাপোৰ আৰু ছালাতৰ ঠাই পাক-পৱিত্ৰ হোৱা। আল্লাহ তা'আলাই কৈছে,

﴿وَثِيَابَكَ فَطَهِّرۡ ٤﴾ [المدثر: ٤]

“আৰু তোমাৰ কাপোৰ পৱিত্ৰ কৰা"[আল-মুদ্দাছ্ছিৰ, আয়াত: ৪]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আছমা ৰাদিয়াল্লাহু আনহাক হায়েজৰ তেজ সম্পৰ্কে কৈছে,

«تحته ثم تقرصه بالماء، ثم تنضحه ثم تصلي فيه» متفق عليه

“তুমি ইয়াক ঝাৰি লৈ, তাৰপিছত পানীৰে ধুবা আৰু শুকাই কিনে তাত ছালাত আদায় কৰিবা।"[24]

অষ্টম চৰ্ত: কিবলামুখী হোৱা। আল্লাহ তা'আলাই কৈছে,

﴿فَوَلِّ وَجۡهَكَ شَطۡرَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِۚ ١٤٤﴾ [البقرة: ١٤٤]

“ তুমি তোমাৰ মুখমণ্ডল মছজিদে হাৰামৰ ফালে ঘুৰাই লোৱা।" [ আল-বাকাৰা, আয়াত: ১৪৪]

নৱম চৰ্ত: নিয়ত কৰা। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إنما الأعمال بالنيات»

“নিশ্চয় আমলৰ শুদ্ধতা নিয়তৰ ওপৰত নিৰ্ভৰশীল"[25]

এয়া হৈছে ছালাতৰ ন টা চৰ্ত। আল্লাহেই সৰ্বজ্ঞানী।

সপ্তম পাঠ: ছালাতৰ আৰকান

ছালাতৰ আৰকান ১৪ টা আৰু সেয়া হৈছে:

১. সক্ষম অনুযায়ী থিয় হোৱা, ২. তাকবীৰে তাহৰীমাহ, ৩. ছুৰা আল-ফাতিহা পাঠ কৰা, ৪. ৰুকু কৰা, ৫. ৰুকুৰ পৰা উঠি পোন হৈ থিয় হোৱা, ৬. সপ্তাঙ্গৰ ওপৰত ভৰ কৰি ছাজদাহ কৰা, ৭. ছাজদাহৰ পৰা উঠা, ৮. উভয় ছাজদাহৰ মাজত বহা, ৯. ছালাতৰ সকলো কৰ্ম সম্পাদনত স্থিৰতা অবলম্বন কৰা, ১০. সকলো ৰুকন ধাৰাবাহিকভাৱে সম্পাদন কৰা, ১১. শেষ বৈঠকত তাশ্বাহহুদ পঢ়া, ১২. তাশ্বাহহুদ পঢ়া অৱস্থাত বহি থকা, ১৩. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পঢ়া ১৪. আৰু দুয়ো ফালে ছালাম ফিৰোৱা।

ব্যাখ্যা:

আমাৰ শ্বাইখ আৰু পিতা ৰাহিমাহুল্লাহ পূৰ্বৰ পাঠসমূহত ছালাতৰ চৰ্তসমূহ আলোচনা কৰাৰ পিছত এতিয়া ছালাতৰ আৰকান বিষয়ত আলোচনা আৰম্ভ কৰিছে। কাৰণ, চৰ্ত ৰুকনৰ আগতেই প্ৰয়োজন।

ছালাতৰ প্ৰথম ৰুকন: সক্ষম অনুযায়ী থিয় হৈ ছালাত আদায় কৰা। আল্লাহ তা'আলাই কৈছে,

﴿وَقُومُواْ لِلَّهِ قَٰنِتِينَ ٢٣٨﴾ [البقرة: ٢٣٨]

“আৰু তোমালোকে আল্লাহৰ বাবে বিনীত হৈ থিয় হোৱা"[ আল-বাকাৰা, আয়াত: ২৩৮]

ইমৰান ৰাদিয়াল্লাহু আনহুৰ হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

«صل قائما»

“থিয় হৈ ছালাত আদায় কৰা"[26]

আৰু এই বিষয়ে আলিমসকলৰ ইজমা আছে।

দ্বিতীয় ৰুকন: তাকবীৰে তাহৰীমা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«مفتاح الصلاة الطهور، وتحريمها التكبير، وتحليلها التسليم» رواه الخمسة إلا النسائي

“ছালাতৰ চাবি-কাঠি হৈছে পৱিত্ৰতা, আৰু ইয়াৰ তাহৰীমা (বা কৰ্মকাণ্ড হাৰামকাৰী বস্তু) হৈছে তাকবীৰ আৰু ছালাতৰ সমাপ্তি হৈছে ছালামৰ দ্বাৰা"[27]

ইমাম তিৰমিজীয়ে কৈছে, এই হাদীছটো এই বিষয়ৰ সৰ্বাধিক বিশুদ্ধ হাদীছ। ইয়াৰ বাহিৰেও ছালাতত ভুলকাৰী ছাহাবীক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إذا قمت إلى الصلاة فأسبغ الوضوء ثم استقبل القبلة فكبر»

“যেতিয়া তুমি ছালাতত থিয় হবা, ভালকৈ অজু কৰা, তাৰপিছত কিবলামুখী হৈ আল্লাহু আকবাৰ কোৱা।[28]

তৃতীয় ৰুকন: ছুৰা ফাতিহা পাঠ কৰা। ওবাদাহ ইবনে ছামিত ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لا صلاة لمن لم يقرأ بفاتحة الكتاب » رواه السبعة.

“যিয়ে ছালাতত ছুৰা আল-ফাতিহা নপঢ়ে তাৰ ছালাত নহয়"[29]

চতুৰ্থ ৰুকন: ৰুকু কৰা। আল্লাহ তা'আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱرۡكَعُواْ ٧٧﴾ [الحج : ٧٧]

“হে মুমিনসকল, তোমালোকে ৰুকু' কৰা"[ আল-হজ্জ, আয়াত: ৭৭]

ছহীহ বুখাৰী আৰু ছহীহ মুছলিমত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা ছালাতত ভুলকাৰীৰ হাদীছত বৰ্ণিত আছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক কৈছিল,

«ثم اركع حتى تطمئن راكعا»

“তাৰপিছত তুমি ৰুকু' কৰা, যাতে তুমি ৰুকু' অৱস্থাত একেবাকে স্থিৰ হোৱা"[30]

পঞ্চম ৰুকন: ৰুকুৰ পৰা উঠি পোন হৈ থিয় হোৱা। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ভুলকাৰীক কৈছিল,

«ثم ارفع حتى تعتدل قائما»

“তাৰ পিছত তুমি মূৰ তোলা, আৰু পোন হৈ থিয় হোৱা"[31]

ইয়াৰ বাহিৰেও আবু মাছউদ আল আনছাৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«لا تجزئ صلاة لا يقيم فيها الرجل صلبه في الركوع والسجود»

“যি ব্যক্তি ৰুকু ছাজদাত তাৰ পিঠ পোন নকৰে তাৰ ছালাত শুদ্ধ নহয়।[32]

ষষ্ঠ ৰুকন: সপ্তাঙ্গৰ ওপৰত ভৰ কৰি ছাজদা কৰা।

«أمرت أن أسجد على سبعة أعظم: على الجبهة، وأشار بيده على أنفه، واليدين، والركبتين، وأطراف القدمين» متفق عليه.

মোক সাতটা অঙ্গৰ ওপৰত ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কপাল, আৰু হাতেৰে নাকৰ পিনে ইংগিত কৰিলে, দুই হাত, দুই আঠু আৰু ভৰিৰ আঙুলিসমূহ।[33]

সপ্তম ৰুকন: ছাজদাৰ পৰা উঠা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«ثم ارفع حتى تطمئن جالسا»

“তাৰপিছত তুমি মূৰ তোলা আৰু স্থিৰতাৰ সৈতে বহা"[34]

অষ্টম ৰুকন: উভয় ছাজদাহৰ মাজত বহা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ভুলকাৰী ব্যক্তিক কৈছিল,

«ثم ارفع حتى تعتدل جالسا»

“তাৰিপিছত তুমি উঠা আৰু স্থিৰ হৈ বহা"[35]

আইশ্বা ৰাদিয়াল্লাহু আনহাই কৈছে,

«كان النبي ﷺ‬ إذا رفع رأسه من السجود لم يسجد حتى يستوي قاعدا».

“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাহৰ পৰা মূৰ তোলাৰ পিছত স্থিৰ হৈ নবহা লৈকে দ্বিতীয় ছাজদাহ কৰা নাছিল"[36]

নৱম ৰুকন: ছালাতৰ সকলো কৰ্ম সম্পাদনত স্থিৰতা অবলম্বন কৰা।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ভুলকাৰী ব্যক্তিক কৈছিল,

«ثم اركع حتى تطمئن راكعا»

“তাৰপিছত তুমি ৰুকু' কৰা আৰু ৰুকুত স্থিৰতা অবলম্বন কৰা"[37]

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত স্থিৰতা অবলম্বন কৰিছিল আৰু কৈছিল,

«صلوا كما رأيتموني أصلي»

“তোমালোকে মোক যেনেকৈ ছালাত আদায় কৰোঁতে দেখিছা ঠিক তেনেকৈ ছালাত আদায় কৰা"[38]

দশম ৰুকন: সকলো ৰুকন ধাৰাবাহিকভাৱে সম্পাদন কৰা।

এঘাৰতম ৰুকন: শেষ বৈঠকত তাশ্বাহুদ পঢ়া।

বাৰতম ৰুকন: তাশ্বাহহুদ পঢ়া অৱস্থাত বহা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إذا جلس أحدكم في الصلاة فليقل التحيات لله والصلوات والطيبات، السلام عليك أيها النبي ورحمة الله وبركاته، السلام علينا وعلى عباد الله الصالحين» .. إلخ الحديث

“যেতিয়া তোমালোকে ছালাতত বহিবা তেতিয়া ক'বা,

التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ[39]

আত্তাহিয়্যাতু লিল্লা-হি অচ-ছালাৱাতু অত-তায়্যিবা-তু। আচ্ছালামু আলাইকা আয়্যুহান নাবিয়্যু অৰাহমাতুল্লা-হি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ ছালিহীন। আশ্ব-হাদু আল-লা ইলা-হা ইল্লাল্লাহু ওৱা আশ্ব-হাদু আন্না মুহাম্মাদান আবদুহু অৰাছুলুহু।

তেৰতম ৰুকন: শেষ তাশ্বাহহুদত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰুদ পঢ়া। কা'আব ইবনে উজৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, যেতিয়া তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাতৰ পদ্ধতি সম্পৰ্কে সুধিছিল, তেতিয়া তেখেতে কৈছিল,

«قولوا: اللهم صل على محمد وعلى آل محمد، كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد، اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد» رواه السبعة.

“কোৱা, আল্লা-হুম্মা ছাল্লি আলা মুহাম্মাদ, ওৱা আলা আ-লি মুহাম্মাদ। কামা ছাল্লাইতা আলা ইব্ৰাহীমা ওৱা আলা আ-লি ইব্ৰাহীম। ইন্নাকা হামীদুম মাজীদ। আল্লা-হুম্মা বাৰিক আলা মুহাম্মাদ, ওৱা আলা আ-লি মুহাম্মাদ। কামা বাৰাকতা আলা ইব্ৰাহীমা ওৱা আলা আ-লি ইব্ৰাহীম। ইন্নাকা হামীদুম মাজীদ।"[40]

চৌদ্ধতম ৰুকন: সোঁফালে আৰু বাওঁফালে ছালাম প্ৰদান কৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«وتحليلها التسليم»

“ছালাতৰ সমাপ্তি হৈছে ছালাম"[41]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাতৰ পদ্ধতি বৰ্ণনা কৰি আইশ্বা ৰাদিয়াল্লাহু আনহাই কৈছে,

وكان يختم الصلاة بالتسليم،

“তেখেত ছালামৰ জৰিয়তে ছালাত শেষ কৰিছিল"

এতেকে ছালাতৰ পৰা হালাল হোৱাৰ বাবে ছালামৰ প্ৰচলন ৰখা হৈছে। ছালাম হৈছে ছালাতৰ সমাপ্তি আৰু শেষ হোৱাৰ আলামত"।[42]


অষ্টম পাঠ: ছালাতৰ ওৱাজিবসমূহ

ছালাতৰ ওৱাজিবসমূহ: ইয়াৰ মূঠ সংখ্যা আঠ। আৰু সেয়া হৈছে,

১. তাকবীৰে তাহৰিমাৰ বাহিৰে আন আন তাকবীৰ সমূহ

২. ইমাম আৰু অকলশৰীয়া ছালাত আদায়কাৰীৰ বাবে سَمِعَ للهُ لِمَنْ حَمِدَه কোৱা।

৩. সকলোৱে رَبَّنَا وَلَكَ الْحَمْد কোৱা।

৪. ৰুকুত سُبْحَانَ رَبِّيَ الْعَظِيْمِ কোৱা।

৫. ছাজদাত سُبْحَانَ رَبِّيَ الْأعْلى কোৱা।

৬. দুই ছাজদাৰ মাজত رَبِّ اغْفِرْ لِيْ কোৱা।

৭. প্ৰথম তাশ্বাহ্হুদ পাঠ কৰা।

৮. প্ৰথম তাশ্বাহ্হুদ পঢ়াৰ বাবে বহা।

ব্যাখ্যা:

শ্বাইখ ৰাহিমাহুল্লাহে ছালাতৰ আৰকান আলোচনা কৰাৰ পিছত ওৱাজিবসমূহ আলোচনা কৰিছে। আৰকানসমূহৰ আলোচনা আগত কৰাৰ কাৰণ হৈছে, ওৱাজিবৰ তুলনাত ৰুকনৰ গুৰুত্ব অধিক। ছালাতত ওৱাজিব এৰিলে ছাজদাহ ছাহুৰ দ্বাৰা সংশোধন কৰা যায়; কিন্তু ৰুকন এৰিলে কোনো সংশোধন নাই। ছালাত বাতিল হৈ যাব। ইচ্ছাকৃত হওঁক বা অনিচ্ছাকৃত।

ছালাতৰ প্ৰথম ওৱাজিব, তাকবীৰে তাহৰীমাৰ বাহিৰে আন আন তাকবীৰসমূহ। কাৰণ, তাকবীৰে তাহৰীমা ছালাতৰ ৰুকন।

আব্দুল্লাহ ইবনে মাছ'উদৰ উক্তি, তেওঁ কৈছে,

«رأيت النبي يكبر في كل رفع وخفض وقيام وقعود».

“মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰতিবাৰ উঠা, নমা, থিয় হওঁতে আৰু বহোঁতে তাকবীৰ কওঁতে দেখিছো"[43]

দ্বিতীয় ওৱাজিব: ইমাম আৰু অকলশৰীয়া নামাজীৰ বাবে سَمِعَ للهُ لِمَنْ حَمِدَه কোৱা। আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে,

«كان رسول الله ﷺ‬ يكبر حين يقوم إلى الصلاة ثم يكبر حين يركع ثم يقول: سمع الله لمن حمده حين يرفع صلبه من الركعة، ثم يقول وهو قائم: ربنا ولك الحمد»

“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছালাত আৰম্ভ কৰিছিল, তেতিয়া তাকবীৰ কৈছিল। তাৰপিছত যেতিয়া তেওঁ ৰুকু' কৰিছিল তেতিয়া তাকবীৰ কৈছিল। তাৰপিছত যেতিয়া ৰুকুৰ পৰা উঠিছিল তেতিয়া কৈছিল سمع الله لمن حمده তাৰপিছত থিয় হৈ কৈছিল ربنا ولك الحمد "।[44]

তৃতীয় ওৱাজিব: সকলোৰে বাবে رَبَّنَا وَلَكَ الْحَمْد কোৱা। চাওঁক উপৰোক্ত হাদীছ।

চুতুৰ্থ আৰু পঞ্চম ওৱাজিব: ৰুকুত سُبْحَانَ رَبِّيَ الْعَظِيْمِ কোৱা আৰু ছাজদাত سُبْحَانَ رَبِّيَ الْأعْلى কোৱা। হুজাইফা ৰাদিয়াল্লাহু আনহুৰ হাদীছ, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুত কৈছিল, سبحان ربي العظيم আৰু ছাজদাত سبحان ربي الأعلى কৈছিল।[45]

ষষ্ঠ ওৱাজিব: দুই ছাজদাহৰ মাজত رَبِّ اغْفِرْ لِيْ কোৱা। হুজাইফা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাহৰ মাজত কৈছিল رب اغفر لي، رب اغفر لي“হে আল্লাহ তুমি মোক ক্ষমা কৰা, হে আল্লাহ তুমি মোক ক্ষমা কৰা।"[46]

সপ্তম ওৱাজিব: প্ৰথম তাশ্বাহহুদ পঢ়া। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إذا قمت في صلاتك فكبر ثم اقرأ ما تيسر من القرآن فإذا جلست في وسط الصلاة فاطمئن وافترش فخذك اليسرى ثم تشهد».

“যেতিয়া তুমি তোমাৰ ছালাতত থিয় হ'বা, তেতিয়া আল্লাহু আকবাৰ কবা, তাৰপিছত কোৰআনৰ পৰা যি সহজ লাগে সেইটো পঢ়িবা। যেতিয়া তুমি ছালাতৰ মাজত বহিবা তেতিয়া তুমি স্থিৰ হৈ বহিবা। তোমাৰ বাওঁ ভৰি পাৰি দিবা। তাৰপিছত তাশ্বাহহুদ পঢ়িবা।"[47]

অষ্টম ওৱাজিব: প্ৰথম তাশ্বাহহুদ পঢ়াৰ বাবে বহা। আব্দুল্লাহ ইবনে মাছউদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা মাৰফু' হাদীছ বৰ্ণিত, তেওঁ কৈছে,

«إذا قعدتم في كل ركعتين فقولوا: التحيات لله»

“ যেতিয়া তোমালোকে দুই ৰাকা'আতৰ মাজত বহিবা তেতিয়া আত-তাহিয়্যাত লিল্লাহি... পাঠ কৰিবা।"[48]

ইয়াৰ বাহিৰেও ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জোহৰৰ ছালাতত তাশ্বাহহুদ পঢ়িবলৈ পাহৰিছিল, তেতিয়া যি বৈঠকটো তেখেতে পাহৰিছিল তাৰ পৰিবৰ্তে ছালামৰ আগত দু'টা ছাজদাহ কৰিছিল।[49]


নৱম পাঠ: তাশ্বাহহুদ:

তাশ্বাহহুদ অৰ্থাৎ আত্তাহিয়্যাতুৰ বৰ্ণনা

আৰু সেইটো হৈছে,

«اَلتَّحِيَّاتُ للهِ وَالصّلَوَاتُ وَالطَّيِّبَاتُ، اَلسّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، اَلسّلاَمُ عَلَيْنَا وعَلَى عِبَادِ اللهِ الصَّالِحِيْنَ أَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ»

“উচ্চাৰণ: আত্তাহিয়্যাতু লিল্লা-হি অচ-ছালাৱাতু অত-তায়্যিবা-তু। আচ্ছালামু আলাইকা আয়্যুহান নাবিয়্যু অৰাহমাতুল্লা-হি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ ছালিহীন। আশ্ব-হাদু আল-লা ইলা-হা ইল্লাল্লাহু ওৱা আশ্ব-হাদু আন্না মুহাম্মাদান আবদুহু অৰাছুলুহু।

“যাৱতীয় ইবাদত মৌখিক, শাৰীৰিক আৰু আৰ্থিক সকলো আল্লাহৰ বাবে, হে নবী আপোনাৰ ওপৰত আল্লাহৰ শান্তি, ৰহমত আৰু বৰকত অৱতীৰ্ণ হওঁক। আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰতো শান্তি অৱতীৰ্ণ হওঁক। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা'বুদ নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু ৰাছুল।

তাৰপিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পাঠ কৰিব:

«اَللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا صَلَّيْتَ عَلَى إِبْراهِيْمَ وَ عَلَى آلِِ إبْرَاهِيْمَ إِنَّكَ حَمِيدُ مَّجِيْدً. اللهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَّ عَلَى آلِ مُحَمَّدٍ كَمَا بَارَكْتَ عَلَى إبْرَاهِيْمَ وَ عَلَى آلِ إبْرَاهِيْمَ إِنَّكَ حَمِيْدُ مَّجِيْد».

উচ্চারণ: “আল্লা-হুম্মা ছাল্লি আলা মুহাম্মাদ, ওৱা আলা আ-লি মুহাম্মাদ। কামা ছাল্লাইতা আলা ইব্ৰাহীমা ওৱা আলা আ-লি ইব্ৰাহীম। ইন্নাকা হামীদুম মাজীদ। আল্লা-হুম্মা বাৰিক আলা মুহাম্মাদ, ওৱা আলা আ-লি মুহাম্মাদ। কামা বাৰাকতা আলা ইব্ৰাহীমা ওৱা আলা আ-লি ইব্ৰাহীম। ইন্নাকা হামীদুম মাজীদ।

“হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত নাযিল কৰা, যেনেকৈ নাযিল কৰিছিলা ইব্ৰাহীম আলাইহিচ ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। হে আল্লাহ! বৰকত নাযিল কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ নাযিল কৰিছিলা ইব্ৰাহীম আলাইহিচ ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।"

ইয়াৰ পিছত ছালাত আদায়কাৰী শেষ তাশ্বাহহুদত আল্লাহৰ ওচৰত জাহান্নামৰ আযাব আৰু কবৰৰ আযাবৰ পৰা, জীৱন-মৃত্যুৰ ফিতনাৰ পৰা আৰু মছীহ-দজ্জালৰ ফিতনাৰ পৰা আশ্ৰয় বিচাৰিব। তাৰপিছত নিজ ইচ্ছানুযায়ী আল্লাহৰ ওচৰত দুআ কৰিব, বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত, দুআসমূহ ব্যৱহাৰ কৰা উত্তম। যেনেঃ

«اَللهُمَّ أعِنِيْ عَلَى ذِكْركَ وَشُكْرِكَ وَحُسْنِِ عِبَادَتِكَ»

«اللهُمَّ إِنِّيْ ظَلَمْتُ نَفْسِيْ ظُلْمًا كَثِيْرًا وَّلا يَغْفِرُ الذُّنُوْبَ إِلا أنْتَ فَاغْفِرْ لِي مَغْفِرَةً مِّنْ عِنْدِكَ وَارْحَمْنِيْ إِنَّكَ أَنْتَ الْغَفُوْرُ الرَّحِيْمُ»

উচ্চাৰণ: “আল্লাহুম্মা আ-ইন্নী আলা-জিক্ৰিকা অশ্বুক্ৰিকা অহুছনি ইবাদাতিক। আল্লা-হুম্মা ইন্নি জালামতু নাফছি জুলমান কাছীৰান অলা ইয়াগফিৰুজ জুনুবা ইল্লা আনতা। ফাগফিৰলী মাগফিৰাতাম মিন ইনদাক, অৰহামনী ইন্নাকা আনতাল গাফুৰুৰ ৰাহীম।

“ হে আল্লাহ! মোক তোমাৰ জিকিৰ, কৃতজ্ঞতা জ্ঞাপন আৰু উত্তমভাৱে তোমাৰেই ইবাদত কৰাৰ তাওফীক প্ৰদান কৰা। হে আল্লাহ! মই মোৰ নিজৰ ওপৰত বহুত অন্যায় কৰিছো, আৰু তুমি বিনে কোনেও গুনাহসমূহ ক্ষমা কৰিব নোৱাৰে। এতেকে তুমি তোমাৰ নিজ ক্ষমাকাৰী গুণেৰে মোক মাৰ্জনা কৰা আৰু মোৰ প্ৰতি ৰহম কৰা। নিশ্চয় তুমি মাৰ্জনাকাৰী অতি দয়ালু"

আব্দুল্লাহ ইবনে মাছউদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ফালে লক্ষ্য কৰি ক'লে, যেতিয়া তোমালোকে ছালাত আদায় কৰিবা, তেতিয়া পঢ়িবা,

«اَلتَّحِيَّاتُ للهِ وَالصّلَوَاتُ وَالطَّيِّبَاتُ، اَلسّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، اَلسّلاَمُ عَلَيْنَا وعَلَى عِبَادِ اللهِ الصَّالِحِيْنَ أَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ»

তাৰপিছত নিজ ইচ্ছানুযায়ী দুআ কৰিবা।[50]

ব্যাখ্যা:

তাশ্বাহহুদ বিষয়ত আব্দুল্লাহ ইবনে মাছউদৰ হাদীছটোৱেই সৰ্বাধিক বিশুদ্ধ।

আবু মাছউদ আল বাদৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, বাশ্বীৰ ইবনে ছা'আদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, হে আল্লাহৰ ৰাছুল, আল্লাহ তা'আলাই আমাক আপোনাৰ ওপৰত দুৰূদ পঢ়িবলৈ নিৰ্দেশ দিছে। আমি কেনেকৈ দুৰূদ পঢ়িম? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অলপ মৌনতা অবলম্বন কৰিলে। তাৰপিছত ক'লে, তোমালোকে কোৱা,

«اَللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا صَلَّيْتَ عَلَى إِبْراهِيْمَ وَ عَلَى آلِِ إبْرَاهِيْمَ إِنَّكَ حَمِيدُ مَّجِيْدً. اللهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَّ عَلَى آلِ مُحَمَّدٍ كَمَا بَارَكْتَ عَلَى إبْرَاهِيْمَ وَ عَلَى آلِ إبْرَاهِيْمَ إِنَّكَ حَمِيْدُ مَّجِيْد»

আৰু ছালাম তোমালোকক যেনেকৈ শিকোৱা হৈছে।[51]

মূলপাঠ:

ইয়াৰ পিছত ছালাত আদায়কাৰী শেষ তাশ্বাহহুদত আল্লাহৰ ওচৰত জাহান্নামৰ আযাব আৰু কবৰৰ আযাবৰ পৰা, জীৱন-মৃত্যুৰ ফিতনাৰ পৰা আৰু মছীহ-দজ্জালৰ ফিতনাৰ পৰা আশ্ৰয় বিচাৰিব। তাৰপিছত নিজ ইচ্ছানুযায়ী আল্লাহৰ ওচৰত দুআ কৰিব, বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত, দুআসমূহ ব্যৱহাৰ কৰা উত্তম।

ব্যাখ্যা:

আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যেতিয়া তোমালোকে তাশ্বাহহুদ পঢ়িবা তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। পঢ়িবা..

«اللهم إني أعوذ بك من عذاب جهنم، ومن عذاب القبر، ومن فتنة المحيا والممات، ومن فتنة المسيح الدجال»

“হে আল্লাহ! মই তোমাৰ জাহান্নামৰ আজাব, কবৰৰ আজাব, জীৱন মৃত্যুৰ ফিতনা আৰু মাছীহ আদ-দাজ্জালৰ ফিতনাৰ পৰা আশ্ৰয় কামনা কৰো"[52]

হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, ছালাতৰ শেষাংশত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পঢ়াৰ পিছত আল্লাহৰ ওচৰত চাৰিটা বস্তুৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে।

মূলপাঠ:

তাৰ মাজত অন্যতম দুআ হৈছে:

«اللهم أغني على ذكرك وشكرك وحسن عبادتك»

“হে আল্লাহ, মোক তোমাৰ জিকিৰ, কৃতজ্ঞতা আৰু উত্তম ইবাদতৰ বাবে সহায়-সহযোগিতা কৰা"

এইদৰে আৰু ক'ব,

« اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم »

ব্যাখ্যা:

আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে,

“মোক এটা দুআ শিকাই দিয়ক, যিটোৰে মই মোৰ ছালাতত দুআ কৰিম। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কলে, কোৱা:

«اللهُمَّ إِنِّيْ ظَلَمْتُ نَفْسِيْ ظُلْمًا كَثِيْرًا وَّلا يَغْفِرُ الذُّنُوْبَ إِلا أنْتَ فَاغْفِرْ لِي مَغْفِرَةً مِّنْ عِنْدِكَ وَارْحَمْنِيْ إِنَّكَ أَنْتَ الْغَفُوْرُ الرَّحِيْمُ»[53]

হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, ছালাতৰ মাজত দুআ কৰা বৈধ। দুআ কৰাৰ অন্যতম স্থান হৈছে, তাশ্বাহহুদ, দৰূদ আৰু চাৰিটা বিষয়ৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ পিছত। আব্দুল্লাহ ইবনে মাছউদ ৰাদিয়াল্লাহু 'আনহুৰ হাদীছত আছে,

«ثم ليتخير من الدعاء أعجبه إليه فيدعو»

“তাৰ পিছত নিজ পছন্দ অনুযায়ী ইচ্ছাকৃতভাৱে দুআ কৰা"[54]

এই হাদীছৰ দ্বাৰা আৰু প্ৰমাণিত হয় যে, ছালাতৰ মাজত হাদীছত বৰ্ণিত বা বৰ্ণিত নোহোৱা সকলো ধৰণৰ দুআ যদি সেইটো চৰিয়ত বিৰোধী নহয় তেন্তে সেইটো কৰা জায়েয (বৈধ)। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«ثم ليتخير من المسألة ما شاء»

“তাৰপিছত পছন্দ অনুযায়ী আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব"[55]


দশম পাঠ: ছালাতৰ ছুন্নাতসমুহ

১. ছালাতৰ আৰম্ভনিত প্ৰাৰম্ভিক দুআ পাঠ কৰা।

ব্যাখ্যা:

যেনে,

এক.

«سُبْحَانَكَ اللهُمَّ وَبِحَمْدِكَ وَتَبَارَكَ اسْمُكَ وَتَعَالَى جَدُّكَ وَلاَ إِلَهَ غَيْرُكْ»

“ছুবহা-নাকা আল্লাহুম্মা অবিহামদিকা অতাবা-ৰাকাছমুকা অতাআলা জাদ্দুকা অলা ইলা-হা গাইৰুক।

“অৰ্থাৎ হে আল্লাহ! তোমাৰ পৱিত্ৰতা বৰ্ণনা কৰোঁ আৰু তোমাৰ প্ৰশংসা কৰোঁ, তোমাৰ নাম বৰকতময়। তোমাৰ নাম মহিমান্বিত। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য। ।"

অথবা,

দুই.

«اَللهُمَّ بَاعِدْ بَيْنِيْ وَبَيْن خَطَايَايَ، كَمَا بَاعَدْتَ الْمُشْرِقِ وَ الْمَغْرِبِ، اللهُمَّ نَفنِىْ مِنْ خَطَايَايَ كَمَا يُنَقِّىْ اَلثَّوْبِ الأبْيَضُ مِنَ الدّنَسِ، اللهُمَّ اَغسِلْنِيْ مِنْ خَطَايَايَ بَالثَّلجِ وَالْمَاءِ وَالْبَرَد»

“আল্লাহম্মা বা-ইদ বাইনী অবাইনা খাত্বা ইয়া-ইয়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্ব-কিনী মান খাত্বা ইয়া-ইয়া কামা ইউনাক্ব-কাছ ছাউবুল আব-ইয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ-ছিলনী মিন খাত্বা ইয়া-ইয়া বিল মা-য়ি অচ-ছালজি অল বাৰ্দ।

হে আল্লাহ! মোৰ গুণাহ আৰু মোৰ মাজত এনেকুৱা দুৰত্ব প্ৰদান কৰা যেনেকৈ তুমি পূৱ আৰু পশ্চিমৰ মাজত সৃষ্টি কৰিছা। হে আল্লাহ! মোক গুণাহৰ পৰা এনেকৈ পৱিত্ৰ কৰা যেনেকৈ বগা কাপোৰ ময়লাৰ পৰা পৰিষ্কাৰ থাকে। হে আল্লাহ! মোৰ গুণাহ ঠাণ্ডা বৰফ পানীৰে ধুই দিয়া।

মূলপাঠ:

২. ক্বিয়াম বা থিয় অৱস্থাত সোঁ হাত বাওঁ হাতৰ ওপৰত ৰাখি বুকুৰ ওপৰত ৰাখিব।

৩. প্ৰথম তাকবীৰ কোৱাৰ সময়ত, ৰুকুত যোৱাৰ সময়ত, ৰুকুৰ পৰা উঠাৰ সময়ত আৰু প্ৰথম তাশ্বাহহুদৰ শেষত তৃতীয় ৰাকা'আতৰ বাবে থিয় হোৱাৰ সময়ত আঙ্গুলীসমূহ সংযুক্ত আৰু সৰল ৰাখি দুয়ো হাত উভয় কান্ধ বা কাণ পৰ্যন্ত উত্তোলন কৰিব।

৪. ৰুকু' আৰু ছাজদাত একাধিকবাৰ তাছবীহ পাঠ কৰা।

৫. ৰুকুৰ পৰা উঠাৰ পিছত 'ৰাব্বানা লাকাল হামদ' ৰ বাহিৰে অতিৰিক্ত যি বৰ্ণিত আছে সেইটো পাঠ কৰা আৰু

৬. দুয়ো ছাজদাহৰ মাজত বহি একাধিকবাৰ মাগফিৰাতৰ দুআ পাঠ কৰা।

৭. ৰুকু অৱস্থাত পিঠি আৰু মূৰ সমতল ৰখা।

৮. ছাজদা অৱস্থাত দুয়ো বাহু কাষৰ পৰা আৰু পেট দুয়ো উৰুৰ পৰা ব্যৱধানত ৰখা।

৯. ছাজদাহ অৱস্থাত দুয়ো বাহু মাটিৰ পৰা ওপৰত ৰখা।

১০. প্ৰথম তাশ্বাহহুদৰ সময়ত আৰু দুই ছাজদাৰ মাজৰ বৈঠকত বাওঁ ভৰি পাৰি তাৰ ওপৰত বহা আৰু সোঁ ভৰি থিয়কৈ ৰখা।

১১. শেষ তাশ্বাহহুদত 'তাওৱাৰ্ৰুক' কৰি বহা। ইয়াৰ পদ্ধতি হৈছে, বাওঁ ভৰি সোঁ ভৰিৰ তলেদি উলিয়াই মাটিত বহা, আৰু সোঁ ভৰি থিয়কৈ ৰখা।

১২. প্ৰথম আৰু দ্বিতীয় তাশাহহুদত বহাৰ আৰম্ভনিৰ পৰা তাশ্বাহহুদৰ শেষ পৰ্যন্ত শ্বাহাদত আঙ্গুলীৰ দ্বাৰা ইংগিত কৰা আৰু দুআৰ সময়ত লৰচৰ কৰা।

১৩. প্ৰথম তাশ্বাহহুদত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়াল বৰ্গ আৰু ইব্ৰাহীম আলাইহিচ ছালাম আৰু তেওঁৰ পৰিয়াল বৰ্গৰ ওপৰত দুৰূদ আৰু বৰকতৰ দুআ কৰা।

১৪. শেষ তাশ্বাহহুদত দুআ কৰা।

১৫. ফজৰ, মাগৰিব আৰু ইশ্বা ছালাতৰ প্ৰথম দুই ৰাকা'আতত উচ্চস্বৰে কিৰাত কৰা।

১৬, জোহৰ আৰু আছৰ ছালাতত লগতে মাগৰিবৰ তৃতীয় ৰাকা'আতত আৰু 'ইশ্বাৰ শেষ দুই ৰাকা'আতত নিম্নস্বৰে কিৰাত পাঠ কৰা।

১৭. ছুৰা আল-ফাতিহাৰ বাহিৰে অতিৰিক্ত কোৰআন পাঠ কৰা।

ইয়াৰ বাহিৰেও হাদীছৰ দ্বাৰা বৰ্ণিত আন আন ছুন্নতসমূহৰ প্ৰতিও খিয়াল ৰাখিব লাগিব।

ব্যাখ্যা:

ছালাতৰ ছুন্নতসমূহক দুই ভাগত ভাগ কৰিব পাৰি।

প্ৰথম: ছুনানুল আক্বৱাল (কথাৰ ছুন্নত)

দ্বিতীয়: ছুনানুল আফআল (আমলী ছুন্নত)

লেখকে এই ছুন্নতসমূহ মূল পূথিত উল্লেখ কৰিছে। এই ছুন্নতসমূহ আদায় কৰিবই লাগিব তেনে নহয়। কিন্তু যদি কোনোবাই পালন কৰে তেন্তে ছোৱাব পাব। আৰু যদি কোনো ব্যক্তিয়ে নকৰে বা সকলো ছুন্নত এৰি দিয়ে তেনেহ'লে তাৰ হুকুম আন আন ছুন্নতৰ দৰেই। তেনেস্থলত কোনো গুণাহ নহ'ব। কিন্তু মুছলিমৰ বাবে উচিত যে, এই ছুন্নতৰ ওপৰত আমল কৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«عليكم بسنتي وسنة الخلفاء الراشدين المهديين عضوا عليها بالنواجذ»

“তোমালোকে মোৰ ছুন্নত আৰু খোলাফায়ে ৰাশ্বেদীনৰ ছুন্নতক খামুচি ধৰা। তোমালোকে সেই সমূহ ছুন্নতৰ ওপৰত বুঢ়া দাঁতেৰে কামুৰি ধৰি অটুট অবিচল থাকা"[56] আল্লাহেই সৰ্বাজ্ঞানী।

এঘাৰতম পাঠ: ছালাত বাতিল হোৱাৰ কাৰণসমূহ

আঠ টা কাৰণত ছালাত বাতিল হয়।

১. জানি শুনি ইচ্ছাকৃতভাৱে কথা কোৱা। নজনা অৱস্থাত বা ভুলতে কথা ক'লে ছালাত বাতিল নহয়।

২. হাঁহিলে, ৩. কিবা খালে, ৪. পান কৰিলে, ৫. ছালাতত শৰীৰৰ যিখিনি অংগ আবৃত ৰখা অপৰিহাৰ্য এনে অংশ উন্মুক্ত হ'লে, ৬. কিবলাৰ ফালৰ পৰা আন দিশত বেছিকৈ উভতিলে, ৭. ছালাতৰ মাজত এটাৰ পিছত এটাকৈ অলাগতিয়াল কৰ্ম কৰিলে, ৮. পৱিত্ৰতা বিনষ্ট হ'লে।

ব্যাখ্যা:

লেখক ৰাহিমাহুল্লাহ ছালাতৰ চৰ্ত, আৰকান, ওৱাজিব আৰু ক্বাউলি ছুন্নত আৰু ফে'লি (কৰ্মগত) ছুন্নত আলোচনা কৰাৰ পিছত ছালাত বাতিল কৰা বিষয়সমূহ আলোচনা কৰিছে। যাতে এজন মুছলিমে ছালাত বাতিল কৰা বিষয়সমূহৰ পৰা সতৰ্ক হ'ব পাৰে।

ছালাত বাতিল কৰা বিষয়সমূহ নিম্নৰূপ:

এক- জানি শুনি ইচ্ছাকৃতভাৱে কথা কোৱা। নজনা অৱস্থাত বা ভুলতে কথা কলে ছালাত বাতিল নহয়। কাৰণ, ঝায়েদ ইবনে আৰকাম ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে,

«فأمرنا بالسكوت، ونهينا عن الكلام».

“আমাক মৌনতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু কথা কবলৈ নিষেধ কৰা হৈছে।"[57]

দুই- হাঁহি। আল্লামা ইবনুল মুনযিৰে কৈছে, হাঁহি হৈছে ছালাত বিনষ্টকাৰী -এই বিষয়ে সকলোৰে ইজমা প্ৰতিষ্ঠিত হৈছে।

তিনি আৰু চাৰি: কিবা খালে আৰু পান কৰিলে। আল্লামা ইবনুল মুনযিৰে কৈছে, মোৰ জনা মতে সকলোৱেই এই বিষয়ত একমত যে, ফৰজ ছালাতত ইচ্ছাকৃতভাৱে কিবা খালে আৰু পান কৰিলে নিশ্চয় ছালাত পূনৰ আদায় কৰিব লাগিব।

পাঁচ- ছালাতত শৰীৰৰ যিখিনি অংগ আবৃত ৰখা অপৰিহাৰ্য এনে অংশ উন্মুক্ত ৰখা ছালাত বিনষ্টকাৰী। কাৰণ, ছালাতৰ চৰ্ত হৈছে, ছতৰ ঢাকি ৰখা এতেকে যদি চৰ্ত পৰিপূৰ্ণ নহয় তেনেহ'লে ছালাত বাতিল হৈ যাব।

ছয়- কিবলা ফালৰ পৰা আন দিশত বেছিকৈ উভতি যোৱা। কাৰণ, ছালাতৰ চৰ্ত হৈছে, কিবলাৰ দিশত মুখ কৰা। যেনে, ওপৰত উল্লেখ কৰা হৈছে।

সাত- ছালাতৰ মাজত এটাৰ পিছত এটাকৈ অলাগতিয়াল কৰ্ম কৰা। সকলোৱে একমত যে অলাগতিয়াল কৰ্ম বেছি কৰিলে ছালাত বাতিল হ'ব, যেনে কাফী কিতাবত বৰ্ণিত হৈছে। আৰু যদি অলপ হয় তেন্তে ছালাত ভঙ্গ নহ'ব। কাৰণ, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে উমামা ৰাদিয়াল্লাহু 'আনহাক ছালাতত বহন কৰিছিল। যেতিয়া তেওঁ থিয় হৈছিল তেতিয়া কোলাত লৈছিল, আৰু যেতিয়া ছাজদাহ কৰিছিল নমাই থৈছিল। ইয়াৰ বাহিৰেও সূৰ্য গ্ৰহণৰ ছালাতত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্মুখৰ ফালে আকৌ পিছফালে লৰচৰ কৰিছিল।

আঠ- পৱিত্ৰতা নষ্ট হোৱা। কাৰণ, ছালাতৰ চৰ্ত হৈছে, পৱিত্ৰতা। এতেকে যেতিয়া অজু নষ্ট হ'ব, তেতিয়া ছালাত বাতিল হ'ব।


দ্বাদশতম পাঠ: অজুৰ চৰ্তসমূহ

অজুৰ চৰ্ত মূঠ দহ টা:

১- ইছলাম, ২- বুদ্ধি সম্পন্ন হোৱা, ৩- ভাল-বেয়া পাৰ্থক্যৰ জ্ঞান থকা, ৪- নিয়ত কৰা, ৫- এই নিয়ত অজু শেষ নোহোৱা পৰ্যন্ত বজায় ৰখা, ৬- অজু ওৱাজিবকাৰী কামসমূহ বন্ধ কৰা, ৭- অজুৰ আগত ইস্তেঞ্জা অথবা ইস্তেজমাৰ কৰা, ৮- অজুৰ পানীৰ পৱিত্ৰতা আৰু ব্যৱহাৰৰ বৈধতা থকা, ৯- শৰীৰৰ ছাল লৈকে পানী ঢুকি পোৱাৰ প্ৰতিবন্ধকতা দূৰ কৰা, ১০- সদায় যাৰ অজু ভঙ্গ হয় তাৰ বাবে ছালাতৰ সময় উপস্থিত হোৱা।

ব্যাখ্যা:

অজুৰ চৰ্তসমূহ:

১- ইছলাম, ২- বুদ্ধি সম্পন্ন হোৱা, ৩- ভাল-বেয়া পাৰ্থক্যৰ জ্ঞান, ৪- নিয়ত কৰা। এতেকে কাফিৰৰ অজু শুদ্ধ নহয়, ইছলামবিহীন তাৰ অজু গ্ৰহণযোগ্য নহয়। পাগল বা বলিয়াৰ অজু শুদ্ধ নহয়। কাৰণ, সি চৰিয়তৰ বিধানৰ (মুকাল্লাফ) সীমাৰ বাহিৰত। শিশু যিসকলে ভাল-বেয়া পাৰ্থক্য কৰিব নোৱাৰে সিহঁতৰ অজু গ্ৰহণযোগ্য নহয়। এইদৰে যিয়ে অজুৰ নিয়ত নকৰে তাৰ অজুও গ্ৰহণযোগ্য নহ'ব। যেনে, সি শীতল হ'বলৈ হাত-মুখ ধুলে, হাত ভৰিৰ পৰা ধুলা ময়লা বা চৰ্বি দুৰ কৰাৰ উদ্দেশ্যে হাতমুখ ধুলে।

৫- এই নিয়ত অজু শেষ নোহোৱা লৈকে বজায় ৰখা, ৬- অজু ওৱাজিব কৰা কামসমূহ বন্ধ কৰা,

৭-অজু কৰাৰ আগত প্ৰাকৃতিক প্ৰয়োজন পুৰণ কৰাৰ পিছত ইস্তেঞ্জা (পানী ব্যৱহাৰ কৰা) অথবা ইস্তেজমাৰ (ঢিলা কলুখ ব্যৱহাৰ) কৰা।

৮- পানীৰ পৱিত্ৰতা আৰু ইয়াৰ ব্যৱহাৰৰ বৈধতা থকা। অপৱিত্ৰ পানীৰে অজু নহ'ব। এইদৰে পানী বৈধ হ'ব লাগিব। অবৈধ পানী যেনে, চুৰি কৰা পানী, বলপূৰ্বক লোৱা পানী, বা অবৈধ পন্থাৰে সংগ্ৰহ কৰা পানীৰ দ্বাৰা অজু শুদ্ধ নহ'ব।

৯- শৰীৰৰ ছাল লৈকে পানী ঢুকি পোৱাৰ প্ৰতিবন্ধকতা দূৰ কৰা। যেনে, মাটি, আঁটা, মোম, নেলপলিচ ইত্যাদি, যাতে ছালত প্ৰত্যক্ষভাৱে পানী ঢুকি পায়।

১০-সদায় যাৰ অজু ভঙ্গ হয় তাৰ বাবে ছালাতৰ সময় উপস্থিত হোৱা। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুস্তাহাযাত (মহিলাসকলৰ এক বিশেষ ৰোগ, অসময়ত তেজ প্ৰবাহিত হয়) আক্ৰান্ত মহিলাক প্ৰতি ছালাতৰ বাবে অজু কৰাৰ নিৰ্দেশ দিছে। আল্লাহেই সৰ্বজ্ঞানী।


তেৰতম পাঠ: অজুৰ ফৰজসমুহ

অজুৰ ফৰজসমূহৰ মূঠ সংখ্যা ছয়টা:

১. মুখমণ্ডল ধোৱা। নাকত পানী দিয়া আৰু কুলি কৰা ইয়াৰেই অন্তৰ্ভূক্ত।

২. দুয়ো হাত কিলাকুটি লৈকে ধোৱা।

৩. সম্পূৰ্ণ মূৰ মছেহ কৰা। কাণ মছেহ কৰা ইয়াৰে অন্তৰ্ভূক্ত।

৫. দুয়ো ভৰি সৰুগাঠি লৈকে ধোৱা।

৪. অজুৰ কাৰ্যাৱলী পৰ্যায়ক্ৰমে সম্পন্ন কৰা আৰু

৬. এটাৰ পিছত এটাকৈ একেলেঠাৰিয়ে সম্পাদন কৰা।

(জানি থওঁক, মুখমণ্ডল, দুয়ো হাত আৰু ভৰি তিনিবাৰ কৈ ধোৱা মুস্তাহাব। এইদৰে তিনিবাৰ কুলি কৰা আৰু নাকত পানী দি নাক চাফ কৰা মুস্তাহাব। ফৰজ কেৱল এবাৰেই। কিন্তু, মূৰ মছেহ একাধিকবাৰ কৰা মুস্তাহাব নহয়। এই ক্ষেত্ৰত কেইবাটাও ছহীহ হাদীছ বৰ্ণিত আছে। গলধন বা কান্ধ মছেহ কৰা এক প্ৰকাৰ বিদআত)

ব্যাখ্যা:

অজুৰ ফৰজ সম্পৰ্কে আল্লাহ তা'আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا قُمۡتُمۡ إِلَى ٱلصَّلَوٰةِ فَٱغۡسِلُواْ وُجُوهَكُمۡ وَأَيۡدِيَكُمۡ إِلَى ٱلۡمَرَافِقِ وَٱمۡسَحُواْ بِرُءُوسِكُمۡ وَأَرۡجُلَكُمۡ إِلَى ٱلۡكَعۡبَيۡنِۚ ٦﴾ [المائدة: ٦]

“হে ঈমান্দাৰ সকল, যেতিয়া তোমালোকে ছালাত আদায় কৰিব বিচৰা, তেতিয়া তোমালোকে মুখমণ্ডল আৰু কিলাকুটিলৈকে হাত ধোবা, মূৰ মছেহ কৰিবা আৰু সৰু গাঠিলৈকে ভৰি ধোবা।" [ আল-মায়িদা, আয়াত: ৬]

প্ৰথম ফৰজ: মুখমণ্ডল ধোৱা, নাকত পানী দি চাফ কৰা আৰু কুলি কৰাও ইয়াৰেই অন্তৰ্ভূক্ত। আল্লাহ তা'আলাই কৈছে,

فَٱغۡسِلُواْ وُجُوهَكُمۡ

কুলি কৰা আৰু নাকত পানী দিয়া ওৱাজিব হোৱাৰ কাৰণ, এই দুটা অংগ মুখমণ্ডলৰ অন্তৰ্ভূক্ত। ইয়াৰ বাহিৰেও ছাহাবা সকলৰ যিয়েই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজুৰ পদ্ধতি বৰ্ণনা কৰিছে সকলোৱেই কুলি কৰা আৰু নাকত পানী দিয়াৰ কথা উল্লেখ কৰিছে। আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إذا توضأ أحدكم فليجعل في أنفه ماء ثم لينثره»

“তোমালোকৰ কোনোবাই অজু কৰিলে, সি যেন নাকত পানী দিয়ে আৰু নাক চাফ কৰে"[58]

অজুৰ দ্বিতীয় ফৰজ: দুয়ো হাত ধোৱা। আল্লাহ তা'আলাই কৈছে,

وَأَيۡدِيَكُمۡ إِلَى ٱلۡمَرَافِقِ

অৰ্থাৎ কিলাকুটিসহ হাত ধোৱা ফৰজ। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰোঁতে কিলাকুটিসহ ধুইছিল।

তৃতীয় ফৰজ: মূৰ মছেহ কৰা। আৰু কাণ মূৰৰ অংশ। আল্লাহ তা'আলাই কৈছে,

وَٱمۡسَحُواْ بِرُءُوسِكُمۡ

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«الأذنان من الرأس»

“দুয়ো কাণ মূৰৰ অংশ"[59]

কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰোঁতে কাণ আৰু মূৰ মছেহ কৰিছিল।

চতুৰ্থ ফৰজ: দুয়ো ভৰি সৰু গাঠিসহ ধোৱা। কাৰণ আল্লাহ তাআলাই কৈছে,

وَأَرۡجُلَكُمۡ إِلَى ٱلۡكَعۡبَيۡنِۚ

পঞ্চম ফৰজ: অজুৰ কাৰ্যাৱলী পৰ্যায়ক্ৰমে সম্পন্ন কৰা। কাৰণ, আল্লাহ তা'আলাই অজুৰ কাৰ্যসমূহক ধাৰাবাহিকভাৱে উল্লেখ কৰিছে। দুই ধোৱা বস্তুৰ মাজত মছেহ কৰাৰ এটা বিষয় আনিছে। একেই ধৰণৰ বস্তুৰ মাজত আন এক প্ৰকাৰ বস্তু উল্লেখ কৰি ভিন্নতা প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা প্ৰতিফলিত হয় যে, তৰতীব বা ধাৰাবাহিকতা জৰুৰী। আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও অজুৰ পদ্ধতি বৰ্ণনা কৰাৰ সময়ত এই ধাৰাবাহিকতা বজায় ৰাখিছে। আৰু তেওঁৰ কথা আৰু আমল সকলোৱেই কোৰআনৰ ব্যাখ্যা।

ষষ্ঠ ফৰজ: অজুৰ কৰ্মসমূহ এটাৰ পিছত এটাকৈ একেলেঠাৰিয়ে সম্পাদন কৰা। অৰ্থাৎ পলম নকৰা যাতে অংগ এটা ধোৱাৰ পিছত শুকাই নাযায়। প্ৰমাণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে এই উম্মতৰ চৰিয়তৰ বিধানৰ প্ৰৱৰ্তক আৰু ব্যাখ্যাকাৰী। সেয়ে যিমান সংখ্যক লোকে তেওঁৰ অজুৰ পদ্ধতি বৰ্ণনা কৰিছে তেওঁলোক আটায়ে একেলেঠাৰিয়ে সম্পাদন কৰাৰ কথাই উল্লেখ কৰিছে।


চৌদ্ধতম পাঠ: অজু ভঙ্গকাৰী বিষয়

অজু ভঙ্গকাৰী মূঠ বিষয় হৈছে ছয়টা:

১. দুয়ো লজ্জস্থানৰ পৰা কিবা বাহিৰ হোৱা।

২. দেহৰ পৰা স্পষ্ট অপৱিত্ৰ কোনো পদাৰ্থ নিৰ্গত হোৱা।

৩. টোপনি বা আন কোনো কাৰণত জ্ঞান হৰণ হোৱা।

৪. কোনো আৱৰণবিহীন সন্মুখৰ বা পিছৰ লজ্জাস্থান হাতেৰে স্পৰ্শ কৰা।

৫. উটৰ মাংস খোৱা আৰু

৬. ইছলাম পৰিত্যাগ কৰা। আল্লাহ তাআলাই সকলো মুছলিমক ইয়াৰ পৰা আশ্ৰয় প্ৰদান কৰক।

ব্যাখ্যা:

লেখকে ইয়াৰ আগৰ পাঠত অজু সম্পৰ্কে আলোচনা কৰিছে। এতিয়া তেওঁ অজু ভঙ্গ হোৱাৰ কাৰণসমূহ আলোচনা কৰিবলৈ লৈছে। যাতে মুছলিমসকলৰ বাবে দ্বীনৰ বিধান সু-স্পষ্ট হয়।

অজু ভঙ্গ হোৱাৰ কাৰণসমূহ তলত দাঙি ধৰা হ'ল:

এক-. মূত্ৰনলি আৰু পায়ু পথেৰে কিবা বাহিৰ হলে সেইটো কমেই হওঁক বা বেছি, সেয়া দুই ধৰণৰ হ'ব পাৰে:

প্ৰাকৃতিক: যেনে প্ৰাস্ৰাব আৰু শৌচ। আল্লামা ইবনু আব্দিল বাৰ্ৰ ৰাহিমাহুল্লাহে কৈছে, তেনে পৰিস্থিত অজু ভঙ্গ হ'ব ইয়াত কোনো মতানৈক্য নাই।

আল্লাহ তা'আলাই কৈছে,

أَوۡ جَآءَ أَحَدٞ مِّنكُم مِّنَ ٱلۡغَآئِطِ

“অথবা তোমালোকৰ কোনোৱে যদি শৌচগাৰৰ পৰা আহে"(আল-মায়িদাঃ ৬)

অস্বাভাৱিক: ষ্টোন, কৃমি, চুলি ইত্যাদি। এনে অৱস্থাতো অজু ভঙ্গ হ'ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুস্তাহাজা বা স্ৰাবগ্ৰস্তা মহিলাক কৈছিল,

«توضئي لكل صلاة»

“প্ৰতি ছালাতৰ বাবে অজু কৰা"[60]

এই ধৰণৰ মহিলাৰ তেজস্ৰাব অস্বাভাৱিক। এই বাবে যে এইটো সেই দুই পথেৰেই উলায়, সেয়ে অজু নষ্ট হৈ যাব।

দুই- দেহৰ পৰা স্পষ্ট অপৱিত্ৰ কোনো পদাৰ্থ নিৰ্গত হোৱা। এই ধৰণৰ নাপাকি বেছি হ'লে অজু নষ্ট হয়। কম হলে একো নহয়। যেনে, তেজ যদি বেছি ওলায় তেন্তে অজু নষ্ট হয়, কম হলে একো নহয়। কাৰণ, আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহু তেজ সম্পৰ্কে কৈছে, 'যদি অতিৰিক্ত হয়, তেন্তে আকৌ অজু কৰিব লাগিব।' আৰু আব্দুল্লাহ ইবনে ওমৰ ৰাদিয়াল্লাহু আনহুৱে ফোট এটা হেচা দিলে তাৰ পৰা অলপ তেজ উলালে, কিন্তু তেওঁ অজু নকৰি সেই অজুতেই ছালাত আদায় কৰিলে। ছাহাবীসকলৰ কোনেও এই দুই ছাহাবীৰ বিৰোধিতা নকৰাত বিষয়টোৰ ওপৰত ইজমা প্ৰতিষ্ঠিত হৈছে।

তিনি- টোপনি বা আন কোনো কাৰণত জ্ঞান হৰণ হোৱা। যেনে পাগল, অচেতন আৰু নিচাগ্ৰস্ত হোৱা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«العين وكاء السه فمن نام فليتوضأ»

“চকু পায়ু পথৰ সুৰক্ষাবন্ধন, যিয়ে টোপনিত গ'ল সি যেন অজু কৰি লয়"[61]

পাগল অচেতন আৰু জ্ঞানহাৰা হোৱা টোপনিতকৈয়ো মাৰাত্মক, ইয়াত অজু ভঙ্গ হোৱাৰ কাৰণ আৰু অধিক বেছি।

চাৰি- কোনো আৱৰণবিহীন সন্মুখৰ বা পিছৰ লজ্জাস্থান হাতেৰে স্পৰ্শ কৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«من مس فرجه فليتوضأ»

“যিয়ে লজ্জাস্থান স্পৰ্শ কৰিলে সি যেন অজু কৰি লয়।"[62]

পাঁচ- উটৰ মাংস খালে অজু ভঙ্গ হয়। জাবিৰ ইবনে ছামুৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত,

«أن رجلا سأل النبي أأتوضأ من لحوم الإبل؟ قال: «نعم توضأ من لحوم الإبل»

“ব্যক্তি এজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, উটৰ মাংস খাই আকৌ অজু কৰিব লাগিব নে? তেওঁ ক'লে, হয়, উটৰ মাংস খালে আকৌ অজু কৰিব লাগিব"[63]

ছয়- ইছলাম পৰিত্যাগ কৰিলে অজু ভঙ্গ হয়। আল্লাহ তা'আলাই আমাক সকলোকে এই ধৰণৰ দুৰ্ভাগ্যজনক কামৰ পৰা আশ্ৰয় দান কৰক। আল্লাহ তা'আলাই কৈছে,

﴿لَئِنۡ أَشۡرَكۡتَ لَيَحۡبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ ٦٥﴾ [الزمر: ٦٤]

“যদি তুমি শ্বিৰ্ক কৰা, তেন্তে তোমাৰ আমল নষ্ট হৈ যাব আৰু তুমি ক্ষতিগ্ৰস্থসকলৰ অন্তৰ্ভূক্ত হবা"(যুমাৰঃ ৬৪)

মূলপাঠ:

বিঃদ্ৰঃ মৃত ব্যক্তিক গুছল দিয়াৰ ক্ষেত্ৰত সঠিক মতটো হৈছে , ইয়াত অজু ভঙ্গ নহয়। এইটো অধিকাংশ আলিমৰ অভিমত। কাৰণ, অজু ভঙ্গ হোৱাৰ কোনো প্ৰমাণ নাই। কিন্তু যদি গুছল দিয়া ব্যক্তিৰ হাত কোনো আৱৰণবিহীন মৃত ব্যক্তিৰ লজ্জাস্থান স্পৰ্শ কৰে তেনেহ'লে তাৰ বাবে অজু কৰা ওৱাজিব। কোনো আৱৰণবিহীন মৃত ব্যক্তিৰ লজ্জাস্থানত যাতে হাত স্পৰ্শ নকৰে এই কথাটো গুছল দিয়া ব্যক্তিৰ অৱশ্যই মনত ৰাখিব লাগিব।

এইদৰে স্ত্ৰী স্পৰ্শ কৰিলেও অজু ভঙ্গ নহয়, সেয়া কামভাব সহকাৰে হওঁক বা বিনা কামভাবে হওঁক। যদি একো নোলায় তেন্তে অজু ভঙ্গ নহয় এইটোৱেই আলিমসকলৰ সঠিক অভিমত।

ইয়াৰ প্ৰমাণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা তেওঁৰ কোনো স্ত্ৰীক চুমা খাইছিল তাৰপিছত ছালাত আদায় কৰিছিল কিন্তু পুনৰ অজু কৰা নাছিল। উল্লেখ্য যে, ছুৰা আন-নিছা আৰু ছুৰা আল-মায়িদাৰ দুই আয়াতত যি স্পৰ্শৰ কথা কোৱা হৈছে

“অথবা স্ত্ৰী স্পৰ্শ কৰিলে"

ইয়াৰ দ্বাৰা সহবাস বুজোৱা হৈছে। এইটোৱেই আলিমসকলৰ সঠিক অভিমত। ইবনে আব্বাছসহ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী এদল আলিমৰেও এই অভিমত।


পোন্ধৰতম পাঠ: ইছলামী চৰিত্ৰ

প্ৰত্যেক মুছলিমৰ বাবে ইছলামী চৰিত্ৰৰে বিভূষিত হোৱা।

ইছলামী চৰিত্ৰৰ মাজত আছে সততা, বিশ্বস্ততা আমানত, নৈতিক আৰু চাৰিত্ৰিক পৱিত্ৰতা, লাজ বা হায়া, সাহস, দানশীলতা, প্ৰতিজ্ঞা ৰক্ষা কৰা, আল্লাহ তা'আলাই হাৰাম কৰা বিষয়ৰ পৰা দূৰত থকা, প্ৰতিবেশিৰ লগত সদ্ব্যৱহাৰ কৰা, সক্ষমানুযায়ী অভাৱগ্ৰস্ত লোকৰ সহায় কৰা আৰু আন আন সৎচৰিত্ৰাৱলী যিবোৰৰ বৈধতা সম্পৰ্কে পৱিত্ৰ কোৰআন আৰু ছুন্নাহত প্ৰমাণ পোৱা যায়।

ষোলতম পাঠ: ইছলামী নিয়ম-নীতি

ইয়াৰ মাজত আছে ছালাম প্ৰদান, হাঁহিমুখে সাক্ষাৎ কৰা, সোঁ হাতে পানাহাৰ কৰা, আহাৰ গ্ৰহণৰ আৰম্ভনিত বিছমিল্লাহ কোৱা আৰু শেষত আলহামদুলিল্লাহ কোৱা, হাঁচি দিয়াৰ পিছত 'আলহামদু লিল্লাহ' কোৱা আৰু ইয়াৰ উত্তৰত দ্বিতীয় জনে 'ইয়াৰহামুকাল্লাহ' (আল্লাহে তোমাৰ ওপৰত ৰহম কৰক) কোৱা। মছজিদত বা ঘৰত প্ৰৱেশ আৰু ওলোৱাৰ সময়ত, ভ্ৰমনত, পিতৃ-মাতৃ, আত্মীয়-স্বজন, প্ৰতিবেশী আৰু সৰু-বৰ সকলোৰে লগত ব্যৱহাৰ কৰা সময়ত চৰিয়তৰ নিয়ম-নীতি পালন কৰা, নৱজাত শিশুৰ জন্মত অভিনন্দন জনোৱা, বিবাহ উপলক্ষত বৰকতৰ দুআ কৰা আৰু বিপদত আৰু মৃত্যুত সান্তনা আৰু সমবেদনা প্ৰকাশ কৰাসহ বস্ত্ৰ পৰিধান আৰু খোলাৰ সময়ত ইছলামী আদাব-কায়দা মানি চলা।

ব্যাখ্যা:

লেখক ৰাহিমাহুল্লাহে বিগত পাঠসমূহত ফিকহে আকবৰ আৰু ফিকহে আছগৰৰ আহকাম বৰ্ণনা কৰিছে। এতিয়া লেখকে উম্মতৰ প্ৰতিজন মুছলিমৰ বাবে কিছুমান আদব আখলাকৰ বৰ্ণনা আৰম্ভ কৰিছে। এতেকে হে মুছলিম ভাই! আল্লাহ তা'আলাই তোমাক যাৱতীয় কল্যাণকৰ আমল কৰাৰ তাওফীক দান কৰক, যাতে তুমি মানুহৰ বাবে আদৰ্শবান হ'ব পাৰা আৰু ইছলামী আখলাকৰ অনুকৰণীয় ব্যক্তিত পৰিণত হ'ব পাৰা। কোৰআন আৰু হাদীছত এই বিষয়ে উৎসাহ প্ৰদানকাৰী প্ৰমাণাদিৰ সংখ্যা বহুত। যদি দীৰ্ঘ হোৱাৰ আশঙ্কা নাথাকিলেহেঁতেন তেন্তে সেই বিষয়ে আলোচনা কৰিলোহেঁতেন। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আখলাক (চৰিত্ৰ) সম্পৰ্কে আইশ্বা ৰাদিয়াল্লাহু আনহাক প্ৰশ্ন কৰাত তেখেতে কৈছিল, তেওঁৰ চৰিত্ৰ আছিল কোৰআন। তেওঁ সততা, আমানতদাৰী, সাহসিকতা, দানশীলতা আৰু হাৰামৰ পৰা দুৰৈত থকা ইত্যাদি বিষয়ত আছিল সু-প্ৰসিদ্ধ। তেওঁৰ ছাহাবীসকলে তেওঁৰেই অনুসৰণ কৰিছে।

প্ৰথম যুগত মুছলিম ব্যৱসায়ীসকলৰ লগত আন আন লোকৰ আদান প্ৰদানৰ কাৰণে পৃথিৱীৰ চুকে কোনে ইছলাম বিস্তাৰ লাভ কৰে। তেওঁলোক আছিল সৎ আৰু বিশ্বাসী। এতেকে হে মুছলিম ভাই! প্ৰথমে মই আল্লাহৰ ওচৰত কামনা কৰোঁ, তাৰপিছত তোমাৰ ওপৰত আশা কৰোঁ যে, তুমি যেন সেই সকল লোকৰ অন্তৰ্ভূক্ত হোৱা যিসকলে এইবোৰ গুণেৰে গুণান্বিত আছিল। তুমি কথা আৰু কামত সৎ হোৱা, আমানতদাৰ হোৱা, পাক-পৱিত্ৰ হোৱা, হায়াশীল (লাজুকীয়া) হোৱা, সাহসী হোৱা। তুমি তোমাৰ প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰা। সিহঁতৰ হক (অধিকাৰ) বহুত। দুখিয়াক সহায় কৰা। কাৰণ আল্লাহে সেই বান্দাৰ সহযোগিতা কৰে যিয়ে আল্লাহৰ বান্দাসকলৰ সহযোগিতা কৰে। পৰিচিত অপৰিচিত সকলোকে ছালাম প্ৰদান কৰা। ছালাম দিয়া ছুন্নত, এনে কৰিলে মুহাব্বত বৃদ্ধি পায়, দূৰত্ব আৰু ভীতি দূৰ কৰে। হাঁহি মুখে মুছলিম ভাইসকলৰ লগত সাক্ষাত কৰা এনে কৰিলে তুমি ছদকা কৰাৰ ছোৱাব পাবা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনা পালন কৰিবা। সোঁ হাতেৰে আহাৰ গ্ৰহণ কৰিবা আৰু পান কৰিবা। মছজিদত প্ৰৱেশৰ ছুন্নতসমূহ আদায় কৰিবা। সোমাওঁতে সোঁ ভৰি আৰু ওলাওঁতে বাওঁ ভৰি আগত দিবা। হাদীছত বৰ্ণিত দুআ পাঠ কৰিবা। ঘৰত প্ৰৱেশ কৰা আৰু ওলোৱাৰ সময়ত দুআ পাঠ কৰিবা। আল্লাহৰ হিফাজতত নিৰাপদ থাকিবা আৰু তেৱেঁই ৰক্ষা কৰিব। ভ্ৰমনত বাহিৰ হোৱাৰ সময়ত দুআ পঢ়িবলৈ নাপাহৰিবা। পিতৃ-মাতৃৰ লগত ভাল ব্যৱহাৰ কৰিবা। মনত ৰাখিবা, তোমাৰ ওপৰত সিহঁতৰ অধিকাৰ বহুত যিটো কোৰআন হাদীছেৰে প্ৰমাণিত। ইয়াত কোনো ধৰণৰ অৱহেলা নকৰিবা। অন্যথা অনুতাপ কৰিবলগীয়া হ'ব। আৰু পিছত অনুতাপ কৰিলে কোনো কামত নাহে। আত্মীয় স্বজন আৰু প্ৰতিবেশীসকলৰ প্ৰতি দয়া কৰিবলৈ নাপাহৰিবা। ডাঙৰক সন্মান আৰু সৰুক মৰম কৰিবা। মহান আল্লাহ তাআলাই কৈছে,

﴿وَأَحۡسِنُوٓاْۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٩٥ ﴾ [البقرة: ١٩٥]

আৰু সত্কৰ্ম কৰা, কিয়নো আল্লাহে সত্কৰ্মকাৰীক ভাল পায়। (আল বাক্বাৰাহঃ ১৯৫)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«إنكم لا تسعون الناس بأموالكم ولكن ليسعهم منكم بسط الوجه وحسن الخلق»

“তোমালোকে তোমালোকৰ সম্পদেৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম নহবা, কিন্তু তোমালোকৰ বাবে উচিৎ তোমালোকে হাঁহী মুখ আৰু ভাল চৰিত্ৰৰ দ্বাৰা সিহঁতৰ মন জয় কৰা।"

এইদৰে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদিআল্লাহু আনহুক কৈছিল,

«اتق الله حيثما كنت وأتبع السيئة الحسنة تمحها وخالق الناس بخلق حسن.»

“তুমি য'তেই নাথাকা কিয় আল্লাহক ভয় কৰা, যিকোনো বেয়া আমলৰ পিছতেই ভাল কাম কৰিবা, ই বেয়া আমলক মুছি পেলাব আৰু মানুহৰ লগত ভাল ব্যৱহাৰ কৰিবা।"[64]

কবিয়ে কৈছে,

أحسن إلى الناس تستعبد قلوبهم ............... فطالما استعبد الإنسان إحسان

“মানুহৰ প্ৰতি দয়াশীল হোৱা তেতিয়াহে কিনিব পাৰিবা সিহঁতৰ অন্তৰ, সদায় সহানুভূতিৰ দ্বাৰাই মানুহক জয় কৰা যায়।"

নৱজাতকৰ ক্ষেত্ৰত আনন্দ প্ৰকাশ কৰি মুবাৰকবাদ দিবা, সিহঁতৰ বাবে হাদীছত বৰ্ণিত দুআ কৰা। বিপদগ্ৰস্ত লোকসকলৰ সহযোগিতা কৰা, তেনে কৰিলে তুমি ছোৱাব পাবা। মূঠতে, ইছলামী শিষ্টাচাৰ আৰু আদাব আখলাক মানি চলিবা। বেয়া আখলাক(চৰিত্ৰ)ৰ পৰা আঁতৰত থাকিবা। আল্লাহে আমাক সকলোকে সেই সকললোকৰ অন্তৰ্ভূক্ত কৰক যিসকলে চৰিয়তৰ আদাব-আখলাক বজায় ৰাখে। নিশ্চয় আল্লাহ তা'আলা সকলো বস্তুৰ ওপৰত ক্ষমতাবান, দুআ কবুলৰ ক্ষেত্ৰত তেৱেঁই উপযুক্ত সত্তা।


সোতৰতম পাঠ: শ্বিৰ্ক আৰু বিভিন্ন প্ৰকাৰ পাপ কামৰ পৰা সতৰ্ক থকা আৰু আনক সতৰ্ক কৰা

ইয়াৰ মাজত সাতটা ধ্বংসকাৰী পাপ অন্যতম। সেইবোৰ হৈছে:

১। আল্লাহৰ লগত শ্বিৰ্ক কৰা, ২। যাদু কৰা, ৩। অন্যায়ভাৱে কোনোবাক হত্যা কৰা যিটো আল্লাহে নিষিদ্ধ কৰিছে, ৪। এতিমৰ সম্পদ আত্মসাত কৰা, ৫। সুত লোৱা, ৬। যুদ্ধৰ ময়দানৰ পৰা পিঠ দেখুৱাই পলায়ন কৰা আৰু ৭। সৎচৰিত্ৰা মুমিনা সত্সৰল নাৰীসকলৰ প্ৰতি ব্যভিচাৰৰ অপবাদ দিয়া।

লগতে আন কিছুমান আছে যেনেঃ

পিতৃ-মাতৃৰ অবাধ্য হোৱা, আত্মীয় সম্পৰ্ক বিছিন্ন কৰা, মিছা সাক্ষ্য প্ৰদান কৰা, মিছা শপত গ্ৰহণ কৰা, প্ৰতিবেশীক কষ্ট দিয়া, তেজ, সম্পদ আৰু মান-সন্মানৰ প্ৰতি অত্যাচাৰ কৰা ইত্যাদি যিটো আল্লাহ তা'আলা আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।

ব্যাখ্যা:

লেখক ৰাহিমাহুল্লাহে মুছলিমসকলৰ কৰণীয় আখলাক আৰু আমলৰ বৰ্ণনাৰ পিছত তেখেতে এই পাঠত শ্বিৰ্কৰ ভয়াৱহতা সম্পৰ্কে ভয় প্ৰদৰ্শনসহ আন আন গুনাহ সম্পৰ্কে আলোচনা আৰম্ভ কৰিছে। তাৰে মাজত সাতটা মাৰাত্মক আৰু ধ্বংসাত্মক গুনাহৰ আলোচনা কৰিছে, যাতে উম্মত ইয়াৰ পৰা সৰ্তক হয়। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

"إجتنبوا السبع الموبقات, قالوا يا رسول الله وما هي؟ قال: الشرك بالله, والسحر, وقتل النفس حرم الله إلا بالحق, وأكل الربا, وأكل مال اليتيم, والتولي يوم الزحف, وقذف المحصنات الغافلات المؤمنات"

“তোমালোকে সাতটা বিধ্বংসী বিষয়ৰ পৰা আঁতৰত থকা। ছাহাবীসকলে সুধিলে, হে আল্লাহৰ ৰাছুল, সেইবোৰ কি কি? তেখেতে ক'লে, আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিষিদ্ধ কোনো জীৱনক অন্যায়ভাৱে হত্যা কৰা, সুত লোৱা, এতিমৰ সম্পদ আত্মসাত কৰা, যুদ্ধৰ ময়দানৰ পৰা পলায়ন কৰা আৰু সত্সৰল চাৰিত্ৰিকভাৱে পৱিত্ৰা নাৰীক ব্যভিচাৰৰ অপবাদ দিয়া।[65]

إجتنبوا ইয়াৰ অৰ্থ হৈছে, তোমালোকে দূৰৈত থকা আঁতৰত থকা। الموبقات ইয়াৰ অৰ্থ ধ্বংসকাৰী, মুবিকাত বুলি নামাকৰণ কৰাৰ কাৰণ হৈছে, এই ধৰণৰ অপৰাধে অপৰাধীক পৃথিৱীতো ধ্বংস কৰে অৰ্থাৎ তাৰ ওপৰত বিভিন্ন ধৰণৰ শাস্তি আৰোপ কৰা হয়, আৰু আখিৰাতত জাহান্নামৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিব। শ্বিৰ্ক সম্পৰ্কে আলোচনা চতুৰ্থ নং পাঠত অতিবাহিত হৈছে।

যাদু কৰা- আৰু ই হৈছে, তাবীজ-কবচ, জৰা-ফুঁকা আৰু এনে কিছুমান আমল যিয়ে মানুহৰ আত্মা আৰু শৰীৰ উভয়ক প্ৰভাৱিত কৰে। ইয়াৰ দ্বাৰা বহুতেই বেমাৰ হয়, মৃত্যুবৰণ কৰে, স্বামী-স্ত্ৰীৰ মাজত বিভেদ-বিচ্ছেদ সৃষ্টি হয়। আকৌ কোনো কোনো যাদু এনেকুৱা আছে যিটো কিছুমান মানুহৰ নজৰবন্ধ কৰি দেখুৱা হয়, যাৰ কোনো বাস্তৱতা নাই। আল্লাহ তা'আলাই কৈছে,

﴿ قَالُواْ يَٰمُوسَىٰٓ إِمَّآ أَن تُلۡقِيَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنۡ أَلۡقَىٰ ٦٥ قَالَ بَلۡ أَلۡقُواْۖ فَإِذَا حِبَالُهُمۡ وَعِصِيُّهُمۡ يُخَيَّلُ إِلَيۡهِ مِن سِحۡرِهِمۡ أَنَّهَا تَسۡعَىٰ ٦٦ ﴾ [طه: ٦٥، ٦٦]

যাদুকৰবিলাকে সুধিলে,হে মুছা, তুমি আগতে নিক্ষেপ কৰিবা, নে আমি আগতে নিক্ষেপ কৰিম? মূছাই কলে, বৰং তোমালোকেই আগতে নিক্ষেপ কৰা। ফলত লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনে ধাৰণা হ'ল যে, সিহঁতৰ জৰীবোৰ আৰু লাঠিবোৰ কেৰমেৰ কৰিব ধৰিছে। (ত্বা-হাঃ ৬৫-৬৬)

যাদু হাৰাম; কাৰণ, যাদু আল্লাহৰ লগত কুফৰি কৰা। ই ঈমান আৰু তৌহীদৰ সম্পূৰ্ণ পৰিপন্থী। আল্লাহ তা'আলাই কৈছে,

﴿وَمَا يُعَلِّمَانِ مِنۡ أَحَدٍ حَتَّىٰ يَقُولَآ إِنَّمَا نَحۡنُ فِتۡنَةٞ فَلَا تَكۡفُرۡۖ ﴾ [البقرة: ١٠٢]

সেই দুজনে যেতিয়াই কাৰোবাক ইয়াৰ শিক্ষা দিছিল তেতিয়াই কৈছিল- চোৱা আমি কেৱল এটা পৰিক্ষাহে, তোমালোকে কুফৰি নকৰিবা। (আল-বাক্বাৰাঃ ১০২)

যাদুকৰৰ শাস্তি হৈছে হত্যা।

উল্লেখিত যিবোৰ বিষয় বৰ্ণিত হৈছে এইবোৰ আটায়ে হাৰাম আৰু কবিৰা গুনাহ। এজন মুছলিমৰ দায়িত্ব হৈছে সি এই ধৰণৰ ডাঙৰ ডাঙৰ গুণাহৰ পৰা আঁতৰত থাকিব। যদি কোনো কাৰণত এই ধৰণৰ কোনো গুণাহ সংঘটিত হয় তেন্তে ততালিকে তাওবা কৰা উচিত। অনুতাপ কৰিব লাগিব আৰু এই গুনাহ লগতে আন আন সকলো ধৰণৰ গুনাহ দ্বিতীয়বাৰ নকৰাৰ প্ৰতিজ্ঞা কৰিব লাগিব।

সক্ষম অনুযায়ী মানুহক বেয়া কামৰ পৰা বিৰত ৰখা। মুছলিম ভাইক গুনাহত লিপ্ত হোৱাৰ পৰা ভয় দেখুৱা আৰু গুনাহৰ পৰিণতি সম্পৰ্কে সতৰ্ক কৰা। কাৰণ, এইটো নেক আমল, তাকৱা, সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা আৰু আল্লাহৰ পিনে মানুহক আহ্বান প্ৰতি সহযোগিতা। আৰু এইটোৱেই হৈছে নবীসকলৰ ত্বৰীকা। আল্লাহ তা'আলা তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছে,

﴿ قُلۡ هَٰذِهِۦ سَبِيلِيٓ أَدۡعُوٓاْ إِلَى ٱللَّهِۚ عَلَىٰ بَصِيرَةٍ أَنَا۠ وَمَنِ ٱتَّبَعَنِيۖ﴾ [يوسف: ١٠٨]

কোৱা, এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাস আৰু ইয়াক্বীনৰ সৈতে মানুহক আল্লাহৰ পিনে আহ্বান কৰোঁ। (ইউছুফঃ ১০৮)

আল্লাহ তা'আলাই আমাক আৰু সকলো মুছলিমকে সকলো ধৰণৰ গুনাহৰ পৰা হিফাযত কৰক। পৃথিৱীত আৰু আখিৰাতৰ জীৱনত আমাক আল্লাহৰ বাণীৰ ওপৰত অটল থকাৰ তাওফীক দান কৰক। নিশ্চয় মোৰ ৰব সৰ্বশ্ৰোতা আৰু দুআ কবুলকাৰী।

ওঠৰতম পাঠ: মৃত ব্যক্তিৰ কাফন-দাফন আৰু জানাযা

মৃত ব্যক্তিৰ কাফন-দাফনৰ ব্যৱস্থাপনা আৰু জানাযাৰ ছালাত।

মৃত ব্যক্তিৰ বাবে কৰণীয়:

প্ৰথম: মৃত্যু নিশ্চিত হ'লে তাৰ দুয়ো চকু বন্ধ কৰি দিয়া আৰু মুখ বন্ধ কৰি দিয়া।

দ্বিতীয়: মৃত ব্যক্তিক গুছল কৰোৱাৰ পদ্ধতি। গুছল কৰোৱাৰ সময়ত প্ৰথমে মৃত ব্যক্তিৰ লজ্জাস্থান ঢাকি লব। তাৰপিছত মুৰ্দাক অলপ দাঙি ধৰি লাহে লাহে তাৰ পেটত অলপ হেঁচা দিব। গুছল প্ৰদানকাৰী ব্যক্তি নিজৰ হাতত মুজা বা কোনো কাপোৰ মেৰিয়াই লব, যাতে মৃত ব্যক্তিৰ মলমুত্ৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে । তাৰপিছত মৃত ব্যক্তিক ছালাতৰ অজুৰ দৰে অজু কৰাব আৰু তাৰ মূৰ আৰু দাঢ়ি বগৰী পাতেৰে আৰু পানীৰে ধুব। তাৰপিছত শৰীৰ সোঁ ফালে পানী ঢালিব তাৰপিছত বাওঁ ফালে। এনেকে দ্বিতীয় আৰু তৃতীয়বাৰ ধুব। প্ৰতিবাৰ হাতেৰে পেটৰ ওপৰত অলপ লাহেকৈ চাপ দিব। কিবা বাহিৰ হ'লে সেইটো ধুই দিব আৰু তুলা বা এনে কোনো বস্তুৰে স্থানটো বন্ধ কৰি ৰাখিব। যদি তথাপিও বন্ধ নহয় তেনেহ'লে উপযুক্ত কোনো বস্তুৰ দ্বাৰা অথবা আধুনিক কোনো ডাক্তৰী পদ্ধতি অনুসাৰে যেনে প্লাস্টাৰ বা আন কোনো বস্তুৰে বন্ধ কৰিব লাগিব আৰু পুনৰ অজু কৰাব লাগিব। যদি তিনিবাৰত পৰিষ্কাৰ নহয় তেনেহ'লে পাঁচৰ পৰা সাতবাৰ লৈকে ধুব লাগিব। তাৰপিছত কাপোৰেৰে শৰীৰটো মুছি দিব আৰু ছাজদাৰ অংগ আৰু অপ্ৰকাশ্য স্থানসমূহত সুগন্ধি লগাব। যদি গোটেই শৰীৰত সুগন্ধি লগোৱা হয় তেন্তে আৰু ভাল। লগতে তাৰ কাফনসমূহ ধুপ-ধুনাৰে সুগন্ধি কৰি লব। যদি তাৰ মুচ আৰু নখ ডাঙৰ থাকে তেনেহ'লে কাটি দিব, কিন্তু চুলি খুৰাই নিদিব। নাৰী হ'লে তাইৰ চুলি তিনিটা বেনু গাথি পিছফালে ওলমাই দিব।

তৃতীয়: মৃত ব্যক্তিৰ কাফন

বগা ৰঙৰ তিনিখন কাপোৰত পুৰুষৰ কাফন দিয়া উত্তম। কুৰ্তা আৰু পাগড়ী ইয়াৰ অন্তৰ্ভূক্ত নহয়। মৃত ব্যক্তিক ইয়াৰ মাজত পৰ্যায়ক্ৰমে ৰখা হ'ব। ইয়াৰ পৰিবৰ্তে এটা কুৰ্তা, এটা ইজাৰ আৰু এটা লিফাফাৰ দ্বাৰা কাফন দিলেও হ'ব। নাৰীৰ কাফন পাঁচ টুকৰা কাপোৰত দিয়া হ'ব, সেয়া হৈছে চাদৰ, মুখাবৰণ, ইজাৰ আৰু দুটা লিফাফা। শিশু বালকৰ কাফন একৰ পৰা তিনিটা কাপোৰত দিব পাৰি আৰু সৰু ছোৱালীৰ কাফন এটা কুৰ্তা আৰু দুটা লিফাফাৰে দিয়া হয়।

চতুৰ্থঃ মৃত ব্যক্তি জীৱিত অৱস্থাত যাক অছিয়্যত কৰি যাব সিয়েই হ'ব তাৰ গুছল কৰোৱা, দাফন কৰা আৰু তাৰ ওপৰত জানাযাৰ ছালাত পঢ়াৰ বেছি হকদাৰ। তাৰপিছত তাৰ পিতা, তাৰপিছত তাৰ পিতামহ, তাৰপিছত তাৰ বংশৰ অধিকতৰ ঘনিষ্ঠ লোকৰ হক। এনেকৈ নাৰীয়ে যাক অছিয়্যত কৰিব সিয়েই হ'ব উপৰোক্ত কামসমূহ সম্পাদনৰ অধিকতৰ হকদাৰ। তাৰপিছত তাইৰ মা, তাৰপিছত আইতা, তাৰপিছত পৰ্য়ায়ক্ৰমে তাইৰ বংশৰ অধিকতৰ ঘনিষ্ঠ নাৰী।

স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত এজনে আনজনক গুছল দিব পাৰে। আবু বকৰ ছিদ্দিক ৰাদিয়াআল্লাহু 'আনহুক তেওঁৰ স্ত্ৰীয়ে গুছল দিছিল আৰু আলী ৰাদিয়াল্লাহু 'আনহুয়ে তেওঁৰ স্ত্ৰী ফাতিমা ৰাদিয়াল্লাহু 'আনহাক গুছল দিছিল।

পঞ্চম: জানাযাৰ ছালাতৰ পদ্ধতি: প্ৰথম তাকবীৰৰ পিছত ছুৰা আল-ফাতিহা পঢ়া হয়। ইয়াৰ লগতে যদি সৰু কোনো ছুৰা বা দুটা অথবা এটা আয়াত পাঠ কৰা হয় তেন্তে ভাল। কাৰণ, এই সম্পৰ্কে ইবনে আব্বাচ ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা হাদীছ বৰ্ণিত আছে। ইয়াৰ পিছত দ্বিতীয় তাকবীৰ দিয়া হ'লে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পঢ়া হয় যিটো ছালাতত তাশ্বাহুহদৰ (আত্তাহিয়্যাতুৰ) পিছত পঢ়া হয়। তাৰপিছত তৃতীয় তাকবীৰ দি নিম্ন লিখিত দুআ কৰা হয়:

«اَللهُمَّ اغْفِرْ لِحَيِّنَا ، وَمَيِّتِنَا، وَشَاهِدِنَا، وَغَائِبِنَا، وَصَغِيْرِنَا وَ كَبِيْرِنَا، وَذَكَرِنَا وَأُنْثَانَا. اللهُمَّ مَنْ أَحيَيْتَهُ مِنَّا فَأَحْيِهِ عَلَى الْإِسْلَامِ وَمَنْ تَوَفْتَهُ مِنَّا فَتَوَفَّهُ عَلَى الإيْمَان- اَللهُمَّ اغْفِرْ لَهُ وَارحمهْ، وَعَافِه وَاعْفُ عَنْهُ وَأَكْرِمْ نُزُلَهُ ، وَوَسِّعْ مُدْخَلَهُ وَاغْسِلْهُ بِالْمَاءِ وَالثَّلْجِ وَالْبَرْدِ ، وَنَقِّهِ مِنَ الذُنُوْبِ الْخَطَايَا كَمَا يُنْقَّى الثَّوْبُ الأَبْيَضُ مِنَ الدَّنَسٍِ ، وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ وَأَهْلاً خَيْرًا مِنْ أَهْلِهِ ، وَزَوْجًا خَيْرًا مِنْ زَوْجِهِ الْجَنًةَ - وَأعِذْهُ مِنَ عَذَابِ الْقَبْرِ [وَعَذَابِ النَّارِ] وَأَفْصِحْ لَهُ فِيْ قَبْرِهِ وَنَوِّرْ لَهُ فِيْهِ- اللهُمَّ لا تَحْرِمْنَا أجْرَهُ وَلا تُضِلْنَا بَعْدَه»

উচ্চাৰণ: আল্লাহুম্মাগফিৰলী হাইয়্যিনা ওৱা মাইয়্যিতিনা ওৱা শ্বাহিদীনা ওৱা গাইবিনা ওৱা ছাগিৰীনা ওৱা কাবিৰিনা ওৱা যাকাৰিনা ওৱা উনছা-না। আল্লাহুম্মা মান আহ-ইয়াইতাহু মিন্না ফা আহ-য়িহী-আলাল ইছলাম, অমান তাওৱাফ্ফাইতাহু মিন্না ফাতাৱাফ্ফাহু আলাল ঈমান। আল্লাহুম্মাগফিৰলাহু অৰহামহু, ওৱা আফিহি, ওৱা আ'ফু আনহু ওৱা আকৰিম নুযুলাহু ওৱাছ্ছি' মুদখালাহু, অগছিলহু বিলমা-য়ি ওৱাচ-ছালজি ওৱাল বাৰদি। ওৱা নাক্কিহি মিনাজ জুনুবি অল খাতায়া কামা য়ূনাক্কাচ ছাওবুল আবইয়াযু মিনাদ্দানাছি, ওৱা আবদিলহু দাৰান খাইৰাম্ মিন্ দা-ৰিহী ওৱা আহলান খাইৰাম্ মিন আহলিহী, ওৱা ঝাওজান খাইৰাম মিন্ ঝাওজিহি, ওৱা আদখিলহুল জান্নাতা, ওৱা আ-ইযহু মিন আযাবিল ক্বাবৰি (ওৱা আযাবিন্নাৰ), ওৱা আফছিহ লাহু ফি ক্বাবৰিহি ওৱা নাওৱীৰ লাহু ফীহি, আল্লাহুম্মা লা তাহৰিমনা আজৰাহু অলা তুজিল্লানা বা'দাহু।"

তাৰপিছত চতুৰ্থ তাকবীৰ দিব আৰু সোঁ ফালে ছালাম ফিৰাব। ছালাম কেৱল এটাই। (বাওঁ ফালে ছালাম ফিৰোৱাৰ প্ৰয়োজন নাই)

জানাযাৰ ছালাতত প্ৰত্যেক তাকবীৰৰ সৈতে হাত উঠোৱা মুস্তাহাব। যদি মৃত ব্যক্তি পুৰুষ হয় তনেহ'লে الخ... اَللهُمَّ اغْفِرْلَهُক'ব। আৰু যদি মৃত ব্যক্তি মহিলা হয় তেনেহলে ইয়াৰ পৰিবৰ্তে اَللهُمَّ اغْفِرْلَهَا....الخ অৰ্থাৎ স্ত্রীলিঙ্গৰ সৰ্বনাম যোগ কৰিব লাগিব। আৰু যদি মৃতৰ সংখ্যা দুই হয় তেনেহ'লে اَللهُمَّ اغْفِرْلَهُمَا ..الخ আৰু ইয়াৰ বেছি হলে الخ .... اَللهُمَّ اغْفِرْلَهُمْ অৰ্থাৎ সংখ্যা হিচাবে সৰ্বনাম ব্যৱহাৰ কৰিব লাগিব।

মৃত যদি শিশু হয় তেনেহ'লে উপৰোক্ত মাগফিৰাতৰ দুআৰ পৰিবৰ্তে এই দুআ পঢ়া হ'ব:

«اللهُمَّ اجْعَلْهُ فَرْطًا وَّذُخْرًا لِوَالِدَيْهِ . وَشَفِيْعًا مُجَابًا . اللهُمَّ ثَقَّلْ بِهِ مَوَازِيْنَهُمَا وَأعْظِمْ بِهِ أجُوْرَهُمَا. وَألْحِقْهُُ بِصَالِحِ الْمُؤْمِنِيْنَ وَاجْعَلْهُ فِيْ كِفَالَةِ إِبْرَاهِيْمَ عَلَيْهِ السَّلاَمُ . وَقِهِ بِرَحْمَتكَ عَذَابَ الْجَحِيْمِ»

উচ্চাৰণ: “আল্লাহুম্মাজ্ আলহু ফাৰাতান ওৱা জুখৰান লিওৱালিদাইহি, ওৱা শ্বাফীআন মুাজাবা। আল্লাহুম্মা ছাক্কিলবিহী মাওৱাযীনাহুমা- ওৱা আ'জিম বিহী উজু-ৰাহুমা-, ওৱা আলহিকুহু বিছা-লিহিল মু'মিনীন ওৱা আজআলহু ফী কিফা- লাতি ইব্ৰাহীমা আলাইহিচ ছালাম, অক্বিহী বিৰাহমাতিকা আযাবাল জাহীম।"

ছুন্নত হৈছে, ইমাম মৃত পুৰুষৰ মূৰৰ সন্মুখত থিয় হ'ব আৰু নাৰী হ'লে শৰীৰৰ মাজ ভাগত থিয় হ'ব।

মৃতৰ সংখ্যা একাধিক হ'লে পুৰুষৰ মৃতদেহ ইমামৰ নিকটৱৰ্তী থাকিব আৰু নাৰীৰ মৃতদেহ কিবলাৰ নিকটৱৰ্তী থাকিব। সিহঁতৰ লগত সৰু ল'ৰা-ছোৱালী হ'লে পুৰুষৰ পিছত ল'ৰাৰ স্থান, তাৰপিছত নাৰীৰ আৰু সৰ্বশেষত ছোৱালীৰ স্থান হ'ব। মৃত লৰাৰ মূৰ পুৰুষৰ মূৰ বৰাবৰ ৰাখিব আৰু নাৰীৰ মধ্যাংশ পুৰুষৰ মূৰ বৰাবৰ ৰাখিব। এইদৰে ছোৱালীৰ মূৰ নাৰীৰ মূৰ বৰাবৰ আৰু ছোৱালীৰ মধ্যাংশ পুৰুষৰ মূৰ বৰাবৰ ৰখা হ'ব। সকলো মুছাল্লী ইমামৰ পিছফালে থিয় হ'ব। কিন্তু যদি কোনোবাই ইমামৰ পিছত থিয় হ'বলৈ স্থান নাপায় তেনেহ'লে সি ইমামৰ সোঁ ফালে থিয় হ'ব।

والحمد لله وحده والصلاة والسلام على نبيه محمد وآله وصحبه.



[1] ছহীহ বুখাৰী, হাদীছ নং ৭২৩; ছহীহ মুছলিম, হাদীছ নং ৩৯৪; তিৰমিজী, হাদীছ নং ২৪৭; নাছায়ী, হাদীছ নং ৯১১, আবুদ দাউদ, হাদীছ নং ৮২২; মুছনাদে আহমদ ৫/৩১৩ আদ্দাৰমী ১২৪২।

[2] ছহীহ বুখাৰী, ঈমান অধ্যায়, হাদীছ নং ৮; ছহীহ মুছলিম, ঈমান অধ্যায়, হাদীছ নং ১৬; তিৰমিজী, ঈমান অধ্যায়, হাদীছ নং ২৬০৯; নাছায়ী, হাদীছ নং ৫০০১; মুছনাদে আহমদ ২/৯৩

[3] চাওঁক: ছলেহ আল-ফাওজানৰ ৰিছালা- 'লা ইলাহা ইল্লাল্লাহ'

[4] ছহীহ মুছলিম, কিতাবুল ঈমান, হাদীছ নং ২৬; মুছনাদে আহমদ, হাদীছ নং ৬৯/১।

[5] ছহীহ মুছলিম, কিতাবুল ঈমান, হাদীছ নং ৩১ চাওক আচ-ছিলছিলাহ আচ-ছাহীহা লিলবানী ৩খণ্ড পৃঃ ১২৭।

[6] বুখাৰী, হাদীছ নং ৯৯; মুছনাদে আহমদ ৩৭৩/২।

[7] ছহীহ মুছলিম, ঈমান অধ্যায়; হাদীছ নং ২৩।

[8] ছহীহ মুছলিম, ঈমান অধ্যায়, হাদীছ নং ৮; তিৰমিজী, হাদীছ নং ২৬১০; নাছায়ী হাদীছ নং ৪৯৯০; আবু দাউদ হাদীছ নং ৬৪৯৫; ইবন মাজাহ, হাদীছ নং ৬৩; মুছনাদে আহমদ ১/২৭।

[9] বুখাৰী, হাদীছ নং ১২৯২; ছহীহ মুছলিম, হাদীছ নং ২৬৫৮; তিৰমিজী, হাদীছ নং ২১৩৮; আবু দাউদ, হাদীছ নং ৪৭১৪; মুছনাদে আহমদ২/২৭৫।

[10] আল-জামিউল ফাৰীদ লিল আছয়িলাহ অল আজৱিবা আলা কিতাবিত তৌহীদ পৃঃ ৯

[11] বুখাৰী আল আইমান অন-নুজুৰ ৬২৭১ মুছলিম আল আইমান ১৬৪৬ আত তিৰমিজী ১৫৩৩ নাছায়ী ৩৭৬৪ আবু দাঊদ ৩২৪৯ ইবনে মাজাহ আল-কাফ্ফাৰাত ২০৯৪ আহমদ ১ম খণ্ড ৪৭ মুআত্তা মালিক ১০৩৭ আদ্দাৰিমী ২৩৪১

[12] বুখাৰী আল আদাব ৫৭৫৭ মুছলিম আল আইমান ১৬৪৬ তিৰমিজী ১৫৩৫ নাছায়ী ৩৭৬৬ আবু দাঊদ ৩২৫১ ইবনে মাজাহ ২০৯৪ আহমদ ২য় খণ্ড ৬৯ মুআত্তা মালিক ১০৩৭ দাৰিমী ২৩৪১

[13] আবু দাঊদ আল-আদাব ৪৯৮০ আহমদ ৫ম খণ্ড ৩৯৩পৃঃ

[14] ইবনে মাজাহ ৪২০৪ আহমদ ৩য় খণ্ড ৩০পৃঃ

[15] বুখাৰী, হাদীছ নং ৮; মুছলিম, হাদীছ নং ১৬; তিৰমিজী, হাদীছ নং ২৬০৯ নাছায়ী, হাদীছ নং ৫০০১; মুছনাদে আহমদ, হাদীছ নং ২/৯৩

[16] মুছলিম, হাদীছ নং ৮২; তিৰমিজী, হাদীছ নং ২৬২০ আবু দাউদ, হাদীছ নং ৪৬৭৮; ইবনে মাজাহ, হাদীছ নং ১০৭৮; মুছনাদে আহমদ ৩/৩৭০; দাৰমী, হাদীছ নং ১২৩৩।

[17] তিৰমিজী, হাদীছ নং ২৬১৬; ইবনে মাজাহ, হাদীছ নং ৩৯৩৭; মুছনাদে আহমদ ৫/২৩১।

[18] চাওঁক. আৰকানুল ইছলাম শ্বাইখ আব্দুল্লাহ আল-জাৰুল্লাহ পৃঃ ৭-৮

[19] আবু দাউদ, হাদীছ নং ৪৯৫, মুছনাদে আহমদ ২/১৮৭।

[20] ছহীহ মুছলিম, হাদীছ নং ২২৪; তিৰমিজী, হাদীছ নং ১; ইবনে মাজাহ, হাদীছ নং ২৭২।

[21] মুছনাদে আহমদ আৰু নাছায়ী।

[22] তিৰমিজী, হাদীছ নং ৩৭৭; আবু দাউদ, হাদীছ নং ৬৪১; ইবনে মাজাহ, হাদীছ নং ৬৫৫।

[23] ইমাম তিৰমিজী, উভয় হাদীছক ছহীহ বুলি কৈছে। নাছায়ী, হাদীছ নং ৭৬৫, আবুদ দাউদ, হাদীছ নং ৬৩২, মুছনাদে আহমদ ৪/৫৪।

[24] ছহীহ বুখাৰী, হাদীছ নং ২২৫; ছহীহ মুছলিম, হাদীছ নং ২৯১; তিৰমিজী, হাদীছ নং ১৩৮; নাছায়ী, হাদীছ নং ২৯৩; আবু দাউদ, হাদীছ নং ৩৬১; ইবনে মাজাহ, হাদীছ নং ৬২৯।

[25] বুখাৰী, হাদীছ নং ১; ছহীহ মুছলিম, হাদীছ নং ১৯০৭; তিৰমিজী, হাদীছ নং ১৬৪৭; নাছায়ী, হাদীছ নং ৭৫; আবু দাউদ, হাদীছ নং ২২০১; ইবনে মাজাহ, হাদীছ নং ৪২২৭।

[26] ছহীহ বুখাৰী, হাদীছ নং ১০৬৬; তিৰমিজী, হাদীছ নং ৩৭১; নাছায়ী, হাদীছ নং ১৬৬০; আবু দাউদ, হাদীছ নং ৯৫২; ইবনে মাজাহ, হাদীছ নং ১২৩১ আহমদ ১/১২৩।

[27] তিৰমিজী, হাদীছ নং ৩; আবু দাউদ, হাদীছ নং ৬১; ইবনে মাজাহ, হাদীছ নং ২৭৫; মুছনাদে আহমদ ১/১২৩।

[28] ছহীহ বুখাৰী, হাদীছ নং ৫৮৯৭; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০।

[29] ছহীহ বুখাৰী, হাদীছ নং ৭২৩; ছহীহ মুছলিম, হাদীছ নং ৩৯৪; তিৰমিজী, হাদীছ নং ২৪৭; নাছায়ী, হাদীছ নং ৯১১; আবু দাউদ, হাদীছ নং ৮২২; ইবনে মাজাহ, হাদীছ নং ৮৩৭ আহমদ ৫/৩১৩ দাৰমী হাদিছ নং ১২৪২।

[30] ছহীহ বুখাৰী, হাদীছ নং ৭২৪; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০ আহমদ ২/৪৩৭।

[31] ছহীহ বুখাৰী, হাদীছ নং ৭৬০; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০ আহমদ ২/৪৩৭।

[32] তিৰমিজী, হাদীছ নং ২৬৫; নাছায়ী, হাদীছ নং ১০২৭; আবু দাউদ, হাদীছ নং ৮৫৫, ইবনে মাজাহ, হাদীছ নং ৮৭০ আহমদ ৪/১১৯ দাৰমী ১৩২৭।

[33] ছহীহ বুখাৰী, হাদীছ নং ৭৭৯; ছহীহ মুছলিম হাদীছ নং ৪৯০; তিৰমিজী, হাদীছ নং ২৭৩; নাছায়ী, হাদীছ নং ১০৯৭; আবু দাউদ, হাদীছ নং ৮৮৯; ইবনে মাজাহ, হাদীছ নং ৮৮৪ আহমদ ১/২৮০ দাৰমী ১৩১৯।

[34] ছহীহ বুখাৰী, হাদীছ নং ৭৬০; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০ আহমদ ২/৪৩৭।

[35] ছহীহ বুখাৰী, হাদীছ নং ৭২৪; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০ আহমদ ২/৪৩৭।

[36] ছহীহ মুছলিম, হাদীছ নং ৪৯৮; আবু দাউদ, হাদীছ নং ৭৮৩; ইবনে মাজাহ, হাদীছ নং ৮৯৩ আহমদ ৬/১৯৪।

[37] ছহীহ বুখাৰী, হাদীছ নং ৭২৪; ছহীহ মুছলিম, হাদীছ নং ৩৯৭; তিৰমিজী, হাদীছ নং ৩০৩; নাছায়ী, হাদীছ নং ৮৮৪; আবু দাউদ, হাদীছ নং ৮৫৬; ইবনে মাজাহ, হাদীছ নং ১০৬০ আহমদ ২/৪৩৭।

[38] ছহীহ বুখাৰী, হাদীছ নং ৬০৫।

[39] ছহীহ বুখাৰী, হাদীছ নং ৫৮৭৬; ছহীহ মুছলিম, হাদীছ নং ৪০২; তিৰমিজী, হাদীছ নং ১১০৫, নাছায়ী, হাদীছ নং ১২৯৮; আবু দাউদ, হাদীছ নং ৯৬৮; ইবনে মাজাহ, হাদীছ নং ৮৯৯ আহমদ ১/৪২৮ দাৰমী ১৩৪০।

[40] ছহীহ বুখাৰী, হাদীছ নং ৩১৯০; ছহীহ মুছলিম, হাদীছ নং ৪০৬; তিৰমিজী, হাদীছ নং ৪৮৩; নাছায়ী, হাদীছ নং ১২৮৮; আবু দাউদ, হাদীছ নং ৯৭৬; ইবনে মাজাহ, হাদীছ নং ৯০৪ আহমদ ৪/২৪৪ দাৰমী ১৩৪২।

[41] তিৰমিজী, হাদীছ নং ৩; ইবনে মাজাহ, হাদীছ নং ২৭৫ আহমদ ১/১২৩ দাৰমী ৬৮৭।

[42] চাওঁক, আচ-ছালছাবিল ফী মাৰিফাতিত-দলীল, খণ্ড ১ পৃ: ১৪৬, ১৪৮ নাইলুল মাআৰিব ফী তাহজীব শ্বাৰহি উমদাতিত ত্বালিব খণ্ড নং ১-২ পৃঃ ১৬৬ আল-মুলাখ্খাছ আল ফিক্বহী খণ্ড নং ১ পৃঃ ৮৯-৯২।

[43] তিৰমিজী, হাদীছ নং ২৫৩; নাছায়ী, হাদীছ নং ১৩১৯; দাৰমী, হাদীছ নং ১২৪৯।

[44] ছহীহ বুখাৰী, হাদীছ নং ৭৭০, ছহীহ মুছলিম, হাদীছ নং ৩৯২; তিৰমিজী, হাদীছ নং ২৫৪; নাছায়ী, হাদীছ নং ১০২৩; আবু দাউদ, হাদীছ নং ৮৩৬; ইবনে মাজাহ, হাদীছ নং ৮৬০ আহমদ ২/৪৫৪ মালিক হাদীছ নং ১৬৮ দাৰমী ১২৪৮।

[45] ছহীহ মুছলিম, হাদীছ নং ৭৭২; তিৰমিজী, হাদীছ নং ২২৬২, নাছায়ী, হাদীছ নং ১১৩৩; আবু দাউদ, হাদীছ নং ৮৭১; ইবনে মাজাহ, হাদীছ নং ৮৮৮ আহমদ ৫/৩৯৮ দাৰমী হাদীছ নং ১৩০৬ ; ইমাম তিৰমিজীয়ে হাদীছটোক ছহীহ বুলি কৈছে।

[46] নাছায়ী হাদীছ নং ১১৪৫; ইবনে মাজাহ, হাদীছ নং ৮৯৭ দাৰমী হাদীছ নং ১৩২৪।

[47] তিৰমিজী, হাদীছ নং ৩০২; নাছায়ী, হাদীছ নং ১১৩৬ আবু দাউদ হাদীছ নং ৮৫৬; মুছনাদে আহমদ ৪/৩৪০; দাৰমী, হাদীছ নং ১৩২৯।

[48] তিৰমিজী, হাদীছ নং ২৮৯; নাছায়ী, হাদীছ নং ১১৬৩; মুছনাদে আহমদ ১/৪৩৭, নং ৪১৬০।

[49] চাওঁক, মানাৰুচ-ছাবীল, খণ্ড: ১ পৃ: ৮৭-৮৯।

[50] ছহীহ বুখাৰী, হাদীছ নং ৫৮৭৬; ছহীহ মুছলিম, হাদীছ নং ৪০২; তিৰমিজী, হাদীছ নং ২৮৯; নাছায়ী, হাদীছ নং ১২৯৮; আবু দাউদ, হাদীছ নং ৯৬৮; ইবনে মাজাহ, হাদীছ নং ৮৯৯ দাৰমী হাদীছ নং ১৩৪০।

[51] ছহীহ মুছলিম, হাদীছ নং ৪০৫; তিৰমিজী, হাদীছ নং ৩২২০; নাছায়ী, হাদীছ নং ১২৮৫; আবু দাউদ, হাদীছ নং ৯৭৯ আহমদ ৪/১১৯ মালিক হাদীছ নং ৩৯৮ দাৰমী ১৩৪৩।

[52] ছহীহ বুখাৰী, হাদীছ নং ১৩১১; ছহীহ মুছলিম, হাদীছ নং ৫৮৮; তিৰমিজী, হাদীছ নং ৩৬০৪; নাছায়ী, হাদীছ নং ৫৫১৪; আবু দাউদ, হাদীছ নং ৯৮৩; ইবনে মাজাহ, হাদীছ নং ৯০৯ আহমদ ২/৪৭৭ দাৰমী ১৩৪৪।

[53] ছহীহ বুখাৰী, হাদীছ নং ৭৯৯; ছহীহ মুছলিম, হাদীছ নং ২৭০৫; তিৰমিজী, হাদীছ নং ৩৫৩১; নাছায়ী, হাদীছ নং ১৩০২; ইবনে মাজাহ, হাদীছ নং ৩৮৩৫ আহমদ ১/৪।

[54] ছহীহ বুখাৰী, হাদীছ নং ৫৮৭৬; ছহীহ মুছলিম, হাদীছ নং ৪০২; নাছায়ী, হাদীছ নং ১২৯৮; আবু দাউদ, হাদীছ নং ৯৬৮; দাৰমী, হাদীছ নং ১৩৪০।

[55] ছহীহ মুছলিম, হাদীছ নং ৪০২; নাছায়ী, হাদীছ নং ১২৯৮; আবু দাউদ, হাদীছ নং ৯৬৮; দাৰমী, হাদীছ নং ১৩৪০। আল-মাজমুআ আল জালীলাহ পৃঃ ৭৯-৮০।

[56] তিৰমিজী, হাদীছ নং ২৬৭৬; ইবনে মাজাহ, হাদীছ নং ৪৪; মুছনাদে আহমদ ৪/১২৬; দাৰমী, হাদীছ নং ৯৫।

[57] ছহীহ বুখাৰী আৰু ছহীহ মুছলিম।

[58] ছহীহ মুছলিম, আবু দাউদ, নাছায়ী, মুছনাদে আহমদ।

[59] তিৰমিজী, হাদীছ নং ৩৭; আবু দাউদ, হাদীছ নং ১৩৪; ইবনে মাজাহ, হাদীছ নং ৪৪৪।

[60] ছহীহ বুখাৰী, হাদীছ নং ২২৬; ছহীহ মুছলিম, হাদীছ নং ৩৩৩; তিৰমিজী, হাদীছ নং ১২৫; নাছায়ী, হাদীছ নং ৩৬৪; আবু দাউদ, হাদীছ নং ২৮২ ইবনে মাজাহ, হাদীছ নং ৬২৪; মুছনাদে আহমদ ৬/২০৪।

[61] আবু দাউদ, ইবনে মাজাহ, মুছনাদে আহমদ, তিৰমিজীয়ে হাদীছটো ছহীহ বুলি কৈছে, আল বানিয়ে ইৰৱাউল গালীলত ছহীহ বুলি কৈছে ১/১৪৬।

[62] তিৰমিজী, হাদীছ নং ৮২; নাছায়ী, হাদীছ নং ৪৪৪; আবু দাউদ, হাদীছ নং ১৮১; ইবনে মাজাহ, হাদীছ নং ৪৭৯; মুছনাদে আহমদ ৬/৪০৬ মালিক হাদীছ নং ৯১ দাৰমী হাদীছ নং ৭২৫।

[63] ছহীহ মুছলিম, হাদীছ নং ৩৬০; ইবনে মাজাহ, হাদীছ নং ৪৯৫; মুছনাদে আহমদ ৫/৯৮।

[64] তিৰমিজী, হাদীছ নং ১৯৮৭; মুছনাদে আহমদ ৫/১৫৩; দাৰমী, হাদীছ নং ২৭৯১।

[65] ছহীহ বুখাৰী, হাদীছ নং ২৬১৫; ছহীহ মুছলিম, হাদীছ নং ৮৯; নাছায়ী, হাদীছ নং ৩৬৭১; আবু দাউদ, হাদীছ নং ২৮৭৪।

ইল্মী বিভাগ: