অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ

চমু বিৱৰণ

এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ

ভূমিকা

সকলো প্ৰশংসা সেই মহান আল্লাহ তা'আলাৰ বাবে যাৰ আছে সুন্দৰ সুন্দৰ নামসমূহ, পৰিপূৰ্ণ গুণাৱলী আৰু অগণন অনুগ্ৰহসমূহ। দুৰুদ আৰু ছালাম বৰ্ষিত হওঁক, দ্বীন-দুনিয়া আৰু আখিৰাতৰ সংস্কাৰৰ নিমিত্তে প্ৰেৰিত নবী মুহাম্মাদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি।

এইটো এটা সংক্ষিপ্ত পুস্তিকা। ইয়াত দ্বীনৰ সেই সকলো গুৰুত্বপূৰ্ণ বিষয়সমূহ আৰু ঈমানৰ মূলনীতিসমূহ আলোচনা কৰা হৈছে যিবোৰ জনা অত্যন্ত গুৰুত্বপূৰ্ণ ও অত্যাৱশ্যকীয়। সেইবোৰক মই প্ৰশ্নোত্তৰ হিচাপে প্ৰস্তুত কৰিছো, যাতে পাঠকৰ বুজিবলৈ আৰু অনুধাবন কৰিবলৈ সহজ হয়। সেইবোৰক মই শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণৰ মাধ্যমত ব্যাখ্যা কৰিছো।

প্ৰথম প্ৰশ্ন: তাওহীদৰ সংজ্ঞা কি? তাওহীদ কেই প্ৰকাৰ?

উত্তৰ: তাওহীদৰ সকলো প্ৰকাৰৰ সমন্বিত পূৰ্ণাঙ্গ সংজ্ঞা হৈছে: পৰিপূৰ্ণ গুণৰ সমন্বয়ত ৰব বা প্ৰতিপালকৰ একত্বতা সম্পৰ্কে বান্দাৰ জ্ঞান, বিশ্বাস, স্বীকৃতি আৰু ঈমান আৰু ইয়াত ৰবক (প্ৰতিপালকক) একক হিচাপে মানা, এই বিশ্বাস স্থাপন কৰা যে, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ পূৰ্ণতাৰ কোনো উপমা নাই, তেওঁ সকলো বান্দাৰ বাবে ইলাহ আৰু মা'বুদ (ইবাদতৰ একমাত্ৰ যোগ্য), আনকি সকলো ধৰণৰ ইবাদতৰ ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা (আন কাকো অংশীদাৰ স্থাপন নকৰা)

এতেকে উপৰোক্ত সংজ্ঞাই তাওহীদৰ তিনিওটা প্ৰকাৰ অন্তৰ্ভূক্ত কৰিছে। সেয়া হৈছে:

প্ৰথম: তাওহীদুৰ ৰুবুবিয়্যাহ: আল্লাহক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।

দ্বিতীয়: তাওহীদুল আছমা ওৱাচ ছিফাত: আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিবৰ্তন নকৰি আল্লাহৰ বাবে সাব্যস্ত কৰা।

তৃতীয়: তাওহীদুল ইবাদাহ: সকলো ধৰণৰ ইবাদতৰ বাবে আল্লাহক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি ইবাদতত একনিষ্ঠ হোৱা। এতেকে, তাওহীদৰ উপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দা মুআহহিদ তথা একত্ববাদী হ'ব নোৱাৰিব।

দ্বিতীয় প্ৰশ্ন: ঈমান আৰু ইছলাম কি? এই দুটাৰ সাধাৰণ মূলনীতি কি?

উত্তৰ: ঈমান হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি আদেশ কৰিছে সেইবোৰৰ ওপৰত দৃঢ় বিশ্বাস স্থাপন কৰা আৰু সেই অনুযায়ী আমল কৰাকে ইছলাম বুলি কোৱা হয়। একমাত্ৰ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰা আৰু তেওঁৰেই আনুগত্য স্বীকাৰ কৰাক ইছলাম বোলে।

ঈমান আৰু ইছলামৰ সাধাৰণ মূলনীতি নিম্নোক্ত আয়াতত একত্ৰিত হৈছে। আল্লাহ তা'আলাই কৈছে,

﴿قُولُوٓاْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا وَمَآ أُنزِلَ إِلَىٰٓ إِبۡرَٰهِۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ وَيَعۡقُوبَ وَٱلۡأَسۡبَاطِ وَمَآ أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَآ أُوتِيَ ٱلنَّبِيُّونَ مِن رَّبِّهِمۡ لَا نُفَرِّقُ بَيۡنَ أَحَدٖ مِّنۡهُمۡ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ١٣٦﴾ [البقرة: ١٣٦]

“তোমালোকে কোৱা, 'আমি ঈমান আনিছো আল্লাহৰ ওপৰত আৰু যি আমাৰ প্ৰতি নাযিল কৰা হৈছে আৰু যি নাযিল কৰা হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক, ইয়াকূব আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত, আৰু যি প্ৰদান কৰা হৈছিল মূছা আৰু ঈছাক আৰু যি প্ৰদান কৰা হৈছিল তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা নবীসকলক। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো, আৰু আমি তেওঁৰেই অনুগত"[ছুৰা আল-বাকাৰাহ, আয়াত: ১৩৬]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছে জিব্ৰীলত আৰু অন্যান্য হাদীছত ঈমান আৰু ইছলামৰ ব্যাখ্যাত কৈছে,

«الْإِيمَانُأَنْ تُؤْمِنَ بِاللهِ، وَمَلَائِكَتِهِ، وَكُتُبِهِ، وَرُسُلِهِ، وَالْيَوْمِ الْآخِرِ، وَتُؤْمِنَ بِالْقَدَرِ خَيْرِهِ وَشَرِّهِ والْإِسْلَامُ أَنْ تَشْهَدَ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَتُقِيمَ الصَّلَاةَ، وَتُؤْتِيَ الزَّكَاةَ، وَتَصُومَ رَمَضَانَ، وَتَحُجَّ الْبَيْتَ».

“ঈমান হৈছে আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তাক্বদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ প্ৰতি ঈমান পোষণ কৰা। ইছলাম হৈছে, তুমি এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু নিশ্চয় মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাত কায়েম কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ছওম পালন কৰা আৰু বাইতুল্লাহৰ হজ্জ পালন কৰা।"[1]

এই হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঈমানক অন্তৰৰ বিশ্বাস আৰু ইছলামক চৰী'আতৰ বাহ্যিক আমলৰ দ্বাৰা ব্যাখ্যা কৰিছে।

তৃতীয় প্ৰশ্ন: আল্লাহৰ নামসমূহ আৰু ছিফাতৰ লগতে ঈমানৰ আৰকান কি কি?

উত্তৰ: আছমাউল হুছনা তথা আল্লাহৰ সুন্দৰ সুন্দৰ নামসমূহৰ প্ৰতি ঈমান, এইবোৰ হৈছে নামসমূহৰ পৰা নিৰ্গত ছিফাত বা গুণসমূহৰ প্ৰতি ঈমান আৰু এইবোৰ নামৰ ছিফাতৰ আহকাম আৰু ইয়াৰ সম্পৃক্ততাৰ প্ৰতি ঈমান পোষণ কৰা। এতেকে, আমি ঈমান আনিব লাগিব যে, আল্লাহ 'আলীম' অৰ্থাৎ মহাজ্ঞানী, সকলো বস্তুৰ ওপৰত তেওঁৰ পূৰ্ণাঙ্গ জ্ঞান আছে। তেওঁ 'ক্বাদীৰ' অৰ্থাৎ সৰ্বশক্তিমান, তেওঁ মহাশক্তিৰ অধিকাৰী, সকলো বস্তুৰ ওপৰত তেওঁৰ শক্তি আছে। আকৌ তেওঁ ৰাহীম অৰ্থাৎ পৰম দয়ালু, অনুগ্ৰহশীল, প্ৰশস্ত দয়াৰ অধিকাৰী, যাক ইচ্ছা তাকে তেওঁ দয়া কৰে। এইদৰে আন আন আছমাউল হুছনা অৰ্থাৎ আল্লাহৰ সুন্দৰতম নামসমূহ, ছিফাতসমূহ আৰু তাৰ পৰা নিৰ্গত গুণসমূহৰ প্ৰতি ঈমান পোষণ কৰা।

চতুৰ্থ প্ৰশ্ন: আল্লাহ সকলো সৃষ্টিৰ ঊৰ্ধ্বত আৰু তেওঁ 'আৰশ্বত উপবিষ্ট এই বিষয়ে আপোনাৰ মতামত কি?

উত্তৰ: আমি জানো যে, আমাৰ প্ৰতিপালক মহান, আল্লাহ আটাই ফালৰ পৰা ঊৰ্ধ্বত আৰু ওপৰত। সত্বাগত দিশৰ পৰাও তেওঁ সকলোৰে ঊৰ্ধ্বত। ক্ষমতা আৰু গুণৰ ফালৰ পৰাও সকলোৰে ঊৰ্ধ্বত। তেওঁ শক্তি আৰু পৰাক্ৰমশালিতাতো সকলোৰে ঊৰ্ধ্বত। তেওঁ সৃষ্টিজগতৰ পৰা সম্পূৰ্ণ পৃথক। তেওঁ আমাক যেনেকৈ জনাইছে ঠিক তেনেকৈ তেওঁ 'আৰশ্বত উপবিষ্ট হৈ আছে। তেওঁ যে আৰশ্বত উপবিষ্ট সেই বিষয়ে আমি জ্ঞাত, কিন্তু উপবিষ্ট থকাৰ ধৰণ আমাৰ অজ্ঞাত। তেওঁ কোৰআনত কৈছে, তেওঁ 'আৰশ্বত উপবিষ্ট, কিন্তু কেনেকৈ উপবিষ্ট সেয়া আমাক কোৱা নাই। এইদৰেই আমি আল্লাহৰ অন্যান্য ছিফাতৰ বিষয়ে কম যে, তেওঁ সেইবোৰ সম্পৰ্কে আমাক সংবাদ দিছে, কিন্তু সেইবোৰৰ ধৰণ সম্পৰ্কে তেওঁ একো কোৱা নাই। এতেকে, আমাৰ কৰ্তব্য হৈছে আল্লাহে তেওঁৰ কিতাবত আৰু তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে যি কৈছে সেইবোৰৰ প্ৰতি যেনেকৈ বৰ্ণিত হৈছে ঠিক তেনেকৈ ঈমান আনিম আৰু এই বিষয়ে কম-বেছি কৰা অনুচিত।

পঞ্চম প্ৰশ্ন: পৃথিৱীৰ আকাশত (প্ৰথম আকাশত) আল্লাহৰ ৰহমত নাযিল হয় আৰু তেওঁ নিজেই অৱতৰণ কৰে এই বিষয়ে আপোনাৰ ধাৰণা কি?

উত্তৰ: আল্লাহে নিজৰ বাবে যিবোৰ গুণ যেনে ৰহমত, সন্তুষ্টি, পৃথিৱীৰ আকাশত অৱতৰণ কৰা, আগমন কৰা ইত্যাদি যি বৰ্ণনা কৰিছে আৰু তেওঁৰ নবীয়ে (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁৰ বিষয়ে যিবোৰ গুণ বৰ্ণনা কৰিছে যিবোৰ সৃষ্টিৰ লগত কোনো উপমা বা সদৃশ নহয় সেইবোৰৰ প্ৰতি আমি ঈমান পোষণ কৰো আৰু দৃঢ় বিশ্বাস কৰো। তেওঁৰ অনুৰূপ একো নাই। আল্লাহৰ সত্বাৰ অনুৰূপ কোনো সত্বা নাই। এইদৰেই আল্লাহৰ ছিফাত আছে যিবোৰ আনৰ ছিফাতৰ (গুণৰ) সদৃশ নহয়। এই কথাৰ প্ৰমাণ হৈছে, কোৰআন আৰু হাদীছত যিবোৰ গুণৰ বিস্তাৰিত বৰ্ণনা আছে, আল্লাহৰ যিবোৰ গুণৰ প্ৰশংসা আছে আৰু যিবোৰ গুণ সাধাৰণভাৱে তেওঁৰ সদৃশ, সমকক্ষ, সমতা আৰু অংশীদাৰমুক্ত সেইবোৰ সাব্যস্ত কৰা।

ষষ্ঠ প্ৰশ্ন: আল্লাহৰ কালাম আৰু কোৰআনৰ বিষয়ে আপোনাৰ মতামত কি? উত্তৰ: আমি কওঁ, আল-কোৰআন আল্লাহৰ কালাম, এইটো তেওঁৰ তৰফৰ পৰা নাযিলকৃত, এইটো তেওঁৰ সৃষ্টি নহয় আৰু তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব। ইয়াৰ শব্দ আৰু অৰ্থ স্বয়ং আল্লাহেই কথা কৈছে, কিন্তু কোৰআন আযালী (সদায় বিদ্যমান আছিল তেনে কথা) নহয়। আল্লাহে যেতিয়া ইচ্ছা কৰে তেতিয়াই কথা কয় আৰু ক'ব, তেওঁৰ কথা কেতিয়াও শেষ নহয় আৰু ইয়াৰ শেষ সীমাও নাই।


সপ্তম প্ৰশ্ন: সাধাৰণভাৱে ঈমান কাক বোলে? ঈমান বৃদ্ধি আৰু হ্ৰাস হয়নে?

উত্তৰ: অন্তৰৰ বিশ্বাসসমূহ আৰু কাম, সেই অনুযায়ী অঙ্গ-প্ৰত্যঙ্গৰ কৰ্ম সম্পাদন আৰু জিভাৰ বা মৌখিক স্বীকৃতিক ঈমান বোলে। এতেকে, দ্বীনৰ উসূল আৰু ফুৰু' (মৌলিক নীতি আৰু শাখা-প্ৰশাখা) সকলোবোৰেই ঈমানৰ অন্তৰ্ভূক্ত। ফলত বিশ্বাসৰ শক্তি, ভাল আমল আৰু উত্তম কথাবাৰ্তা কম-বেছি হোৱাৰ কাৰণে ঈমান কেতিয়াবা বৃদ্ধি হয় আৰু কেতিয়াবা হ্ৰাস পায়।

অষ্টম প্ৰশ্ন: সম্পূৰ্ণ ফাছিকৰ হুকুম (বিধান) কি?

উত্তৰ: যি ব্যক্তি মুমিন আৰু তাওহীদত বিশ্বাসী কিন্তু বাৰে বাৰে গুনাহৰ কাম কৰে সেই ব্যক্তি মুমিন, যিহেতু তাৰ ঈমান আছে, কিন্তু সি ফাছিক। কিয়নো সি ঈমানৰ চাহিদা পূৰণ কৰা নাই, সেই ব্যক্তি অপূৰ্ণাঙ্গ ঈমান্দাৰ। এই ধৰণৰ মানুহে ঈমানৰ কাৰণে আল্লাহৰ ওৱাদাকৃত নি'আমতৰ অধিকাৰী হোৱাৰ যোগ্য আকৌ পাপৰ কাৰণে আল্লাহৰ শাস্তিৰো প্ৰাপ্য। তথাপিও সেই ব্যক্তি জাহান্নামত চিৰস্থায়ী নহ'ব। কিয়নো সাধাৰণতে পূৰ্ণ ঈমান থাকিলেই সেয়া জাহান্নামত প্ৰৱেশ কৰাত বাৰণ কৰে আৰু অপূৰ্ণ ঈমান হ'লে জাহান্নামত চিৰস্থায়ী হোৱাত বাধা দিয়ে।

নৱম প্ৰশ্ন: মুমিনসকলৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰ: মুমিনসকল তিনি প্ৰকাৰৰ। এটা দল হৈছে, ছাবিকূনা ইলাল খাইৰাত বা কল্যাণকৰ কামত অগ্ৰগামী। তেওঁলোক হৈছে সেইসকল লোক যিসকলে ফৰজ আৰু মুস্তাহাব যথাযথভাৱে পালন কৰে আৰু হাৰাম ও মাকৰূহৰ পৰা বিৰত থাকে। দ্বিতীয় দল হৈছে, মুকতাছিদূন বা মধ্যপন্থী। তেওঁলোক হৈছে সেইসকল লোক যিসকলে ফৰজ আমলসমূহ আদায় কৰিছে আৰু হাৰাম বৰ্জন কৰিছে। আৰু তৃতীয় দল হৈছে যালিমূনা লিআনফুছিহিম বা নিজৰ ওপৰত নিজেই অন্যায়কাৰী। তেওঁলোক হৈছে সেইসকল লোক যিসকলে ভাল আৰু বেয়া উভয় ধৰণৰ আমল কৰিছে।

দশম প্ৰশ্ন: বান্দাৰ আমলসমূহৰ হুকুম (বিধান) কি?

উত্তৰ: বান্দাৰ ভাল-বেয়া সকলো কামেই আল্লাহৰ সৃষ্টিৰ অন্তৰ্ভূক্ত আৰু তেওঁৰেই ইচ্ছাত আৰু ক্ষমতাত সম্পন্ন হৈ থাকে; কিন্তু বান্দা নিজেই এইবোৰ কামৰ কৰ্তা। আল্লাহে কাকো জবৰদস্তি নকৰে; যদিও সকলো কাম তেওঁৰেই ইচ্ছা আৰু শক্তিত সংঘটিত হৈ থাকে। এইবোৰ কাম দৰাচলতে বান্দাৰ নিজৰেই কৰ্ম। তেওঁলোক এইবোৰ কামৰ দ্বাৰা নিজেই প্ৰশংসিত বা নিন্দিত হয়, ভাল কামত পুৰষ্কৃত হয় আৰু বেয়া কামত শাস্তিপ্ৰাপ্ত হয়। বান্দাৰ কামসমূহ প্ৰকৃতপক্ষত আল্লাহৰ সৃষ্টি। কিয়নো আল্লাহেই এইবোৰ কাম সৃষ্টি কৰিছে আৰু তেৱেঁই সিহঁতক এইবোৰ কাম কৰাৰ ইচ্ছা আৰু সামৰ্থ প্ৰদান কৰিছে। এতেকে, এইদৰে যি যি সংঘটিত হয় সেইবোৰ সম্পৰ্কে কোৰআন আৰু ছুন্নাহৰ দলীল অনুযায়ী আমি বিশ্বাস কৰো এইবোৰ আল্লাহৰ সৃষ্টি আৰু ব্যক্তি, গুণাৱলী আৰু কাম সকলোবোৰৰ ওপৰতেই তেওঁৰ ক্ষমতা আছে। এনেকৈ কোৰআন আৰু ছুন্নাহ অনুসাৰে আমি আৰু বিশ্বাস কৰো যে, ভাল-বেয়া কামৰ মূল কৰ্তা বান্দা নিজেই। সিহঁত নিজৰ কামৰ বিষয়ে স্বাধীন। সিহঁতে নিজৰ পছন্দানুযায়ী ভাল বা বেয়া যিকোনো কাম কৰিব পাৰে। আল্লাহ কেৱল সিহঁতৰ সামৰ্থ আৰু ইচ্ছাশক্তিৰ স্ৰষ্টা। আৰু এই দুটা (সামৰ্থ আৰু ইচ্ছাশক্তি) সিহঁতৰ কাম আৰু কথাবাৰ্তা সংঘটিত হোৱাৰ উপায় মাত্ৰ। আৰু বস্তুৰ পূৰ্ণ উপকৰণ সৃষ্টিকাৰীয়েই বস্তুটোৰ (মুছাব্বাবৰ) স্ৰষ্টা। আল্লাহে সিহঁতক কাম কৰোৱাৰ বাবে জবৰদস্তি কৰাৰ পৰা পুত:পৱিত্ৰ, সুমহান আৰু সৰ্বাধিক ন্যায়পৰায়ণ।


একাদশতম প্ৰশ্ন: শ্বিৰ্ক কি? শ্বিৰ্কৰ প্ৰকাৰ কি কি?

উত্তৰ: ৰুবুবিয়্যাতৰ[2] মাজত শ্বিৰ্ক দুই প্ৰকাৰ। সেয়া হৈছে: বান্দাই এই বিশ্বাস পোষণ কৰা যে, কিছুমান সৃষ্টি বা কিছুমান পৰিচালনাৰ মাজত আল্লাহৰ লগত কোনোবা অংশীদাৰ আছে। আৰু দ্বিতীয় প্ৰকাৰ হ'ল, ইবাদতৰ মাজত শ্বিৰ্ক কৰা। এইটোৰ আকৌ দুই প্ৰকাৰ। ডাঙৰ শ্বিৰ্ক আৰু সৰু শ্বিৰ্ক। ডাঙৰ শ্বিৰ্ক হৈছে, যিকোনো ধৰণৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰো বাবে কৰা। যেনে, আল্লাহৰ বাহিৰে আন কাৰোবাক আহ্বান কৰা বা কাৰোবাৰ ওচৰত কিবা আশা কৰা বা কাৰোবাক ভয় কৰা ইত্যাদি। এই ধৰণৰ ব্যক্তি দ্বীনৰ পৰা বহিষ্কাৰ হৈ যাব আৰু জাহান্নামত চিৰস্থায়ী হ'ব। আৰু সৰু শ্বিৰ্ক হৈছে, যিবোৰ কাম মানুহক ডাঙৰ শ্বিৰ্কৰ ফালে লৈ যায়। যেনে, আল্লাহৰ বাহিৰে কাৰো নামত শপত কৰা আৰু মানুহক দেখুৱাবলৈ ইবাদত কৰা ইত্যাদি।

দ্বাদশতম প্ৰশ্ন: আল্লাহৰ প্ৰতি ঈমানৰ বিস্তাৰিত বিৱৰণ কি?

উত্তৰ: আমি অন্তৰৰ বিশ্বাস আৰু মৌখিক স্বীকৃতিৰ দ্বাৰা স্বীকাৰ কৰো যে, আল্লাহ ওৱাজিবুল উজূদ বা সদায় তেওঁৰ অস্তিত্ব থকা অত্যাৱশ্যকীয়, তেওঁ এক আৰু অদ্বিতীয়, তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো ধৰণৰ পূৰ্ণ গুণাৱলীত, মৰ্যদাত, মহত্বত, অহংকাৰত, শ্ৰেষ্ঠত্বত তেওঁ একক আৰু অদ্বিতীয়। সকলো গুণাৱলীত আছে তেওঁৰ পৰিপূৰ্ণ পূৰ্ণতা, য'ত সৃষ্টিজগতৰ বাবে উপনীত হোৱা অসম্ভৱ। তেৱেঁই আদি, তেওঁৰ আগত একো নাই, তেৱেঁই অন্ত, তেওঁৰ পিছত একো নাথাকিব, তেৱেঁই যাহিৰ তথা দৃশ্যমান, তেওঁতকৈ স্পষ্ট একো নাই, তেৱেঁই বাতিন তথা আটাইতকৈ নিগূঢ় সত্বা, তেওঁতকৈ নিগূঢ় একো নাই। তেওঁ সৰ্বোচ্চ, সুউচ্চ, উচ্চ সত্বা, উচ্চ ক্ষমতাসম্পন্ন, উচ্চ পৰাক্ৰমশালী, তেওঁ সকলো বস্তু সম্পৰ্কে মহাজ্ঞানী, সকলো জানে, সকলো বস্তুৰ ওপৰত ক্ষমতাবান, সৰ্বশক্তিমান, সৰ্বশ্ৰোতা, ভাষাৰ ভিন্নতা আৰু প্ৰয়োজনৰ নানা ধৰণ সত্বেও সকলোৰে আওৱাজ শুনিবলৈ পায়, তেওঁ সৰ্বদ্ৰষ্টা, সকলো দেখিবলৈ পায়, তেওঁ মহাপ্ৰজ্ঞাবান, সৃষ্টি আৰু আইন প্ৰদানত মহাবিজ্ঞ, তেওঁ গুণত আৰু কৰ্মত সৰ্বপ্ৰশংসিত, তেওঁ মহিমাত আৰু মহত্বত মহাগৌৰাবিত, তেওঁ দয়াবান, দয়ালু, তেওঁৰ ৰহমত সকলো বস্তুৰ ওপৰত বিস্তৃত আৰু সকলোৱেই তেওঁৰ অনুগ্ৰহ আৰু দানপ্ৰাপ্ত, তেওঁ ৰজাধিৰাজ, সকলো ৰজা আৰু ৰাজ্যৰ মালিক, তেওঁৰেই একক মালিকানা, উৰ্ধ্বজগত আৰু নিম্নজগত সকলো তেওঁৰেই মালিকানাধীন আৰু তেওঁৰ দাস, তেওঁৰ আছে একক কৰ্তৃত্ব আৰু হস্তক্ষেপ, তেওঁ চিৰঞ্জীব, তেওঁৰ আছে সকলো ধৰণৰ সত্বাগত গুণাৱলী সম্পন্ন পৰিপূৰ্ণ জীৱন, তেওঁ স্বয়ংস্থিতিশীল আৰু অবিনশ্বৰ, তেওঁ নিজেই প্ৰতিষ্ঠিত আৰু আনকো প্ৰতিষ্ঠা কৰে, তেওঁ সকলো ধৰণৰ কৰ্মসম্পাদনকাৰী, তেওঁ যি ইচ্ছা সেইটোৱেই সম্পন্ন কৰে, তেওঁ যিটো বিচাৰে সেইটোৱেই সংঘটিত হয়, আৰু তেওঁ যিটো নিবিচাৰে সেইটো সম্পন্ন নহয়, আমি সাক্ষ্য দিওঁ যে, তেওঁ আমাৰ ৰব, সৃষ্টিকাৰী (খালিক্ব), উম্মেষকাৰী, ৰূপদানকাৰী, যিয়ে সকলো সৃষ্টি সৃজন কৰিছে, সৃষ্টিত তেওঁ সুচাৰুতা আৰু দক্ষতা দেখুৱাইছে আৰু উত্তমৰূপে সৃষ্টি কৰিছে। তেওঁ এনে আল্লাহ যাৰ বাহিৰে আন কোনো ইলাহ নাই, তেওঁ একমাত্ৰ উপাস্য, তেওঁৰ বাহিৰে কোনোৱেই ইবাদতৰ যোগ্য নহয়। এতেকে, তেওঁৰ বাহিৰে কাৰো সন্মুখত শিৰ নত নকৰো, একমাত্ৰ মহাশক্তিশালী, মহাপৰাক্ৰান্ত, মহাক্ষমাশীল আল্লাহৰ বাহিৰে কাৰো ওচৰত মূৰ অৱনত নকৰো, একো প্ৰাৰ্থনা নকৰো, আমি একমাত্ৰ তেওঁৰেই ইবাদত কৰো আৰু কেৱল তেওঁৰ ওচৰতেই সহায় বিচাৰো, তেওঁৰ ওচৰতেই প্ৰত্যাশা কৰো, তেওঁকেই ভয় কৰো, তেওঁৰ ৰহমত আশা কৰো, তেওঁৰ শাস্তিক ভয় কৰো, তেওঁৰ বাহিৰে আমাৰ কোনো ৰব নাই। এতেকে, তেওঁৰ ওচৰতেই আমি প্ৰাৰ্থনা কৰো আৰু তেওঁকেই আমি আহ্বান কৰো। তেওঁৰ বাহিৰে আমাৰ এনে কোনো ইলাহ নাই যাৰ ওচৰত আমি আশা কৰিব পাৰো। আমাৰ পৃথিৱীত আৰু আখিৰাতৰ কল্যাণ ও সংশোধনত তেৱেঁই একমাত্ৰ অভিভাৱক। তেওঁ উত্তম সাহায্যকাৰী আৰু সকলো বিপদাপদ আৰু অকল্যাণৰ পৰা তেৱেঁই একমাত্ৰ প্ৰতিৰোধকাৰী আৰু ৰক্ষাকাৰী।

ত্ৰয়োদশতম প্ৰশ্ন: নবীসকলৰ প্ৰতি ঈমানৰ বিস্তাৰিত ব্যাখ্যা কি ধৰণৰ?

উত্তৰ: সংক্ষিপ্ত আৰু বিস্তাৰিতভাৱে যিসকল নবীৰ নবুওৱত আৰু ৰিছালত সাব্যস্ত হৈছে সেইসকল নবীৰ প্ৰতি আমি ঈমান পোষণ কৰো আৰু বিশ্বাস কৰো যে, আল্লাহে অহী আৰু ৰিছালাতৰ মাধ্যমত তেওঁলোকক নিৰ্বাচিত কৰিছে আৰু তেওঁৰ নিজৰ আৰু সৃষ্টিৰ মাজত তেওঁৰ দ্বীন আৰু চৰীয়ত পৌঁছাই দিয়াৰ বাবে তেওঁলোকক মাধ্যম হিচাপে নিয়োজিত কৰিছে। তেওঁলোকে লৈ অহা বিষয়ৰ সত্যায়ন আৰু সঠিকতা প্ৰমাণৰ বাবে তেওঁ তেওঁলোকক মু'জিযা প্ৰদান কৰি সহায় কৰিছে। তেওঁলোক জ্ঞান-গৰিমা আৰু আমলৰ ফালৰ পৰা আটাইতকৈ পূৰ্ণাঙ্গ আৰু পৰিপূৰ্ণ সৃষ্টি, তেওঁলোক সৰ্বাধিক সত্যবাদী, সবাতকৈ সৎ ব্যক্তি আৰু সৰ্বোচ্চ সচ্চৰিত্ৰবান। আল্লাহ তা'আলাই তেওঁলোকক এনেকুৱা সৎ গুণাৱলী আৰু বৈশিষ্ট্য প্ৰদান কৰি নিৰ্বাচিত কৰিছে যিটো আনক স্পৰ্শ কৰা সম্ভৱ নহয়। আল্লাহে তেওঁলোকক সকলো ধৰণৰ অসচ্চৰিত্ৰ পৰা পৱিত্ৰ ৰাখিছে। আল্লাহৰ তৰফৰ পৰা তেওঁলোকে যি দাৱাত পৌঁছাই দিছে সেই বিষয়ে তেওঁলোক মাছুম তথা নিষ্পাপ আৰু নিষ্কলংক আছিল। তেওঁলোকে নিজৰ দাৱাত আৰু তাবলীগত সত্য আৰু সঠিকটোৱেই প্ৰচাৰ কৰিছে। তেওঁলোক সকলোৰে প্ৰতি আৰু তেওঁলোকে আল্লাহৰ তৰফৰ পৰা যি লৈ আহিছে সেইবোৰৰ ওপৰত ঈমান পোষণ কৰা, তেওঁলোকক ভালপোৱা, সন্মান কৰা আৰু মৰ্যদা প্ৰদান কৰা ফৰজ। আমি আৰু বিশ্বাস কৰো যে, এইবোৰ কাম আমাৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে কৰা (তেওঁৰ প্ৰতি আৰু তেওঁ লৈ অহা সকলো বস্তুৰ ওপৰত ঈমান আনা, তেওঁক সন্মান কৰা ইত্যাদি) আৰু অধিক গুৰুত্বপূৰ্ণ ফৰজ। তেওঁৰ বিষয়ে জনা, সাধ্যানুসাৰে তেওঁ লৈ অহা চৰীয়ত সংক্ষিপ্ত আৰু বিস্তাৰিতভাৱে জনা, এইবোৰৰ প্ৰতি ঈমান আনা আৰু সদায় ইয়াৰ ওপৰত অটুট থকা অনিবাৰ্য। তেওঁ লৈ অহা সকলো বিষয়ত আনুগত্য কৰা, তেওঁৰ আদেশ মান্য কৰা আৰু নিষেধৰ পৰা বিৰত থকাও ফৰজ। আমি আৰু বিশ্বাস কৰো যে, তেওঁ খা-তামুন নাবিয়্যীন বা সৰ্বশেষ নবী, তেওঁৰ পিছত আন কোনো নবী নাহিব, তেওঁৰ চৰীয়তে পূৰ্বৰ সকলো চৰীয়তক ৰহিত কৰি দিছে, তেওঁৰ চৰীয়ত কিয়ামত লৈকে অৱশিষ্ট থাকিব। বান্দাৰ ঈমান তেতিয়া লৈকে পূৰ্ণ নহ'ব যেতিয়া লৈকে সি বিশ্বাস নকৰিব যে, মুহাম্মাদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা সকলো বস্তু সত্য। আক্বলী (বিবেকপ্ৰসূ), ইন্দ্ৰিয় আৰু সকলো ধৰণৰ দলীল প্ৰমাণে তেওঁ লৈ অহা সত্যৰ বিপৰীত প্ৰমাণ কৰিব নোৱাৰিব; বৰং সঠিক বিবেক আৰু বাস্তৱ দৃশ্যমান বিষয়াসমূহ তেওঁৰ সত্যতা আৰু সঠিকতাৰ সাক্ষ্য প্ৰদান কৰে।

চতুৰ্দশতম প্ৰশ্ন: কাজা ও কাদাৰ বা তাকদীৰৰ প্ৰতি ঈমানৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰ: তাকদীৰৰ প্ৰতি ঈমানৰ স্তৰ চাৰিটা। এই চাৰিটা স্তৰৰ গোটেই কেইটাৰ ওপৰত ঈমান নানিলে তাৰ ঈমান পূৰ্ণ নহ'ব। সেইবোৰ হৈছে: আল্লাহ সকলো বস্তু সম্পৰ্কে মহাজ্ঞানী এই কথাৰ ওপৰত ঈমান আনা, তাৰ ইল্ম সূক্ষ্ম আৰু স্পষ্ট সকলো বস্তু সম্পৰ্কে সৰ্বব্যাপী, তেওঁ এই সকলোবোৰ লাওহে মাহফূযত লিপিবদ্ধ কৰি ৰাখিছে আৰু সকলোবোৰ তেওঁৰ ইচ্ছা আৰু কুদৰতত সংঘটিত হৈ থাকে, তেওঁ যি ইচ্ছা কৰে সেইটোৱে সংঘটিত হয়, আৰু তেওঁ যিটো নিবিচাৰে সেয়া কেতিয়াও নহয়, ইয়াৰ পিছতো তেওঁ বান্দাক কাম কৰিবলৈ সক্ষমতা আৰু ইখতিয়াৰ দিছে, ফলত সিহঁতে নিজৰ পছন্দানুযায়ী আৰু ইচ্ছানুসাৰে কাম কৰি থাকে। যেনে আল্লাহ তা'আলাই কৈছে,

﴿أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِنَّ ذَٰلِكَ فِي كِتَٰب٧٠﴾ [الحج : ٧٠]

“তুমি নাজানা নেকি যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, আল্লাহে সেয়া জানে? নিশ্চয় এইবোৰ এটা পুথিত (লিপিবদ্ধ) আছে।" [ছুৰা আল-হাজ্জ, আয়াত: ৭০]

﴿لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ٢٨ وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ٢٩﴾ [التكوير: ٢٨، ٢٩]

“তোমালোকৰ মাজত যিয়ে সৰল পথত চলিব বিচাৰে, তাৰ বাবে। আৰু তোমালোকৰ ইচ্ছাত একো নহয়, যদি সৃষ্টিজগতৰ ৰব আল্লাহে ইচ্ছা নকৰে"[ছুৰা আত-তাকওৱীৰ, আয়াত: ২৮-২৯]

পঞ্চদশতম প্ৰশ্ন: আখিৰাত দিৱসৰ প্ৰতি ঈমান বোলোতে কি বুজায়? কোন কোনটো বিষয় ইয়াৰ অন্তৰ্ভূক্ত?

উত্তৰ: মৃত্যুৰ পিছৰ জীৱন সম্পৰ্কে কোৰআন আৰু ছুন্নাহত যি বৰ্ণনা আহিছে সেই সকলোবোৰ আখিৰাত দিৱসৰ প্ৰতি ঈমানৰ অন্তৰ্ভূক্ত। যেনে, কবৰৰ অৱস্থা, বাৰযাখ, কবৰৰ নি'আমত আৰু শাস্তি, কিয়ামতৰ দিনৰ অৱস্থা, সেই দিনাৰ হিচাব-নিকাচ, ছাৱাব, শাস্তি, ছুহুফ, মীযান, শ্বাফা'আত, জান্নাত-জাহান্নামৰ অৱস্থা আৰু ইয়াৰ বৰ্ণনা, জান্নাতী আৰু জাহান্নামীসকলৰ অৱস্থা, আল্লাহে এই দুটাৰ অধিবাসীসকলৰ বাবে যি তৈয়াৰ কৰি ৰাখিছে এইবোৰৰ প্ৰতি সংক্ষিপ্ত আৰু বিস্তাৰিতভাৱে ঈমান পোষণ কৰা আখিৰাত দিৱসৰ প্ৰতি ঈমান বোলে।

ষষ্ঠাদশতম প্ৰশ্ন: নিফাক কি? ইয়াৰ প্ৰকাৰ আৰু আলামত কি কি?

উত্তৰ: ভাল প্ৰকাশ কৰা আৰু ভিতৰত বেয়া গোপন ৰখাক নিফাক বোলে। নিফাক দুই প্ৰকাৰ। ডাঙৰ নিফাক, আৰু সেয়া হৈছে বিশ্বাসত নিফাক। এই ধৰণৰ মুনাফিক চিৰস্থায়ী জাহান্নামী হ'ব। এই প্ৰকাৰৰ মুনাফিকৰ বিষয়ে আল্লাহ তা'আলাই কৈছে,

﴿وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ وَبِٱلۡيَوۡمِ ٱلۡأٓخِرِ وَمَا هُم بِمُؤۡمِنِينَ٨﴾ [البقرة: ٨]

“আৰু মানুহৰ মাজত কিছুমান এনে মানুহ আছে, যিসকলে কয়, 'আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি', অথচ সিহঁত মুমিন নহয়।" [ছুৰা আল-বাকাৰা, আয়াত: ৮]

ইহঁতে অন্তৰত কুফুৰী পোষণ কৰে আৰু মুখত ইছলাম প্ৰকাশ কৰে।

আৰু দ্বিতীয় প্ৰকাৰ নিফাক হৈছে সৰু নিফাক, আৰু সেয়া হৈছে মানুহৰ ক্ৰিয়া কৰ্মৰ নিফাক। যেনে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইহঁতৰ বিষয়ে কৈছে,

«آيَةُ المُنَافِقِ ثَلاَثٌ: إِذَا حَدَّثَ كَذَبَ، وَإِذَا وَعَدَ أَخْلَفَ، وَإِذَا اؤْتُمِنَ خَانَ.

“মুনাফিকৰ আলামত (প্ৰতীক) তিনিটা: কথা ক'লে মিছা কয়, প্ৰতিশ্ৰুতি কৰিলে ভঙ্গ কৰে আৰু আমানত থলে খিয়ানত কৰে।"[3]

এতেকে, ডাঙৰ কুফুৰী আৰু ডাঙৰ নিফাকযুক্ত ঈমান আৰু আমল কোনো উপকাৰত নাহিব। কিন্তু সৰু কুফুৰী আৰু সৰু নিফাকী ঈমানৰ সৈতে একত্ৰিত হ'ব পাৰে, এই ক্ষেত্ৰত বান্দাৰ মাজত ভাল-বেয়া দুয়োটাই থাকিব অৰ্থাৎ ভাল কামৰ বিনিময়ত ছোৱাব পাব আৰু বেয়া কামৰ কাৰণে শাস্তি ভোগ কৰিব।

সপ্তদশতম প্ৰশ্ন: বিদ'আত কি? বিদ'আত কেই প্ৰকাৰ আৰু কি কি?

উত্তৰ: বিদ'আত হৈছে ছুন্নতৰ বিপৰীত কাম। এইটো দুই প্ৰকাৰ। বিশ্বাসত বিদ'আত। আৰু সেয়া হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি কৈছে তাৰ বিপৰীত বিশ্বাস স্থাপন কৰা। এইটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিম্নোক্ত হাদীছত উল্লেখ হৈছে,

«وَسَتَفْتَرِقُ أُمَّتِي عَلَى ثَلَاثٍ وَسَبْعِينَ فرقةً كُلُّها فِي النَّارِ إلا وَاحِدَةً ، قَالُوا: ما هي يَا رَسُولَ اللَّهِ؟ قَالَ: «هُوَ مَا أَنَا عَلَيْهِ الْيَوْمَ وَأَصْحَابِي».

“আৰু মোৰ উম্মতীসকল ৭৩ দলত বিভক্ত হ'ব। এওঁলোকৰ এটা দলৰ বাহিৰে সকলো দলেই হ'ব জাহান্নামী। ছাহাবীসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! এওঁলোক কোন? তেখেতে ক'লে: আজি মই আৰু মোৰ ছাহাবীসকল যিটোৰ ওপৰত প্ৰতিষ্ঠিত।"[4]

এতেকে, যি ব্যক্তি হাদীছত বৰ্ণিত গুণাৱলী অনুযায়ী হ'ব সেই ব্যক্তি কেৱল ছুন্নাহৰ অনুসাৰী, আৰু যিজন ছুন্নাহৰ অনুসাৰী নহ'ব সি বিদ'আতী। আৰু সকলো বিদ'আতেই গোমৰাহী বা ভ্ৰষ্টতা। কিন্তু ছুন্নাহৰ পৰা দূৰত্ব অনুসাৰে বিদ'আতৰ স্তৰও কম বেছি হয়।

দ্বিতীয় প্ৰকাৰ বিদ'আত হৈছে 'আমলী' বা ক্ৰিয়া-কৰ্মৰ বিদ'আত। সেইটো হৈছে চৰীয়ত প্ৰণেতা আল্লাহ আৰু তেওঁৰ ৰাছুলে যিবোৰ ইবাদত কৰিবলৈ আদেশ কৰিছে সেইবোৰৰ বাহিৰে আন কোনো ইবাদত কৰা বা আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যিবোৰ হাৰাম কৰিছে সেইবোৰ হালাল কৰা। এতেকে, যি ব্যক্তি চৰীয়ত বহিৰ্ভূত কোনো ইবাদত কৰিলে বা চৰীয়তে যিটো হাৰাম কৰা নাই সেইটো হাৰাম কৰিলে সি বিদ'আত কৰিলে।

অষ্টাদশতম প্ৰশ্ন: আপোনাৰ ওপৰত মুছলিমৰ হক (দায়িত্ব-কৰ্তব্য) কি?

উত্তৰ: আল্লাহ তা'আলাই কৈছে,

﴿إِنَّمَا ٱلۡمُؤۡمِنُونَ إِخۡوَةٞ﴾ [الحجرات: ١٠]

“নিশ্চয় মুমিনসকল পৰস্পৰে ভাই ভাই।" [ছুৰা আল-হুজুৰাত, আয়াত: ১০]

এজন মুছলিম আন এজন মুছলিমক ভাই হিচাপে গ্ৰহণ কৰা ওৱাজিব। সি নিজৰ বাবে যি পছন্দ কৰে তাৰ ভাতৃৰ বাবেও সেইটোৱেই পছন্দ কৰা উচিত আৰু নিজৰ বাবে যি অপছন্দ কৰে আনৰ বাবেও সেয়া অপছন্দ কৰা উচিত। সক্ষমানুযায়ী সিহঁতৰ বাবে কল্যাণকৰ কিবা কৰা, পৰস্পৰ সংশোধনৰ চেষ্টা কৰা, নিজৰ মাজত ভালপোৱাৰ বন্ধন সৃষ্টি কৰা আৰু সিহঁতক সত্যৰ ওপৰত প্ৰতিষ্ঠা ৰাখিবলৈ প্ৰচেষ্টা কৰা। এজন মুছলিম আন এজন মুছলিমৰ ভাই। সেয়ে সি তাৰ ওপৰত যুলুম নকৰিব, তাক অপমান নকৰিব, তাৰ বিষয়ে মিছা নক'ব, তাক হেয় বা তুচ্ছ বুলি নাভাৱিব। যিসকলৰ ওপৰত তাৰ দায়িত্ব আৰু কৰ্তব্য আছে সিহঁতৰ হক আদায় কৰিব। যেনে, পিতৃ-মাতৃ, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ আৰু অধীনস্থ কৰ্মচাৰীসকলৰ অধিকাৰ আদায় কৰিব।

ঊনবিংশতম প্ৰশ্ন: নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্য কি?

উত্তৰ: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি পূৰ্ণাঙ্গ ঈমান আৰু ভালপোৱাৰ অন্যতম অংশ হৈছে তেওঁৰ ছাহাবীসকলক তেওঁলোকৰ মৰ্যদা আৰু ইছলাম গ্ৰহণৰ অগ্ৰগামীতাৰ স্তৰ অনুসাৰে ভালপোৱা, উম্মতৰ সকলোৰে উৰ্ধ্বত তেওঁলোকৰ মৰ্যদাৰ স্বীকৃতি দিয়া। তেওঁলোকৰ ভালপোৱা বৃদ্ধিৰ বাবে আল্লাহৰ ওচৰত দুআ কৰা, তেওঁলোকৰ মৰ্যদা প্ৰচাৰ কৰা আৰু তেওঁলোকৰ মাজৰ ভুল বুজা-বুজিক এৰাই চলা আৰু সমালোচনাৰ পৰা বিৰত থকা। আমি আৰু বিশ্বাস কৰো যে, সকলো উত্তম আদৰ্শৰ সমন্বয়ত তেওঁলোক সৰ্বোত্তম উম্মত, কল্যাণ আৰু ইছলাম গ্ৰহণৰ ফালৰ পৰা তেওঁলোক অগ্ৰগামী, সকলো ধৰণৰ অকল্যাণ আৰু অন্যায় কামৰ পৰা তেওঁলোক দূৰৈত আছিল, তেওঁলোক সকলোৱে ন্যায়পৰায়ণ আৰু ইনছাফকাৰী আছিল আৰু আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট।

বিংশতম প্ৰশ্ন: ইমাম বা উম্মতৰ ইমাম থকাৰ বিষয়ে আপোনাৰ মতামত কি?

উত্তৰ: আমি বিশ্বাস কৰো যে, উম্মতৰ ইমাম নিৰ্ধাৰণ কৰা ফৰজে কিফায়া। কিয়নো উম্মত ইমামবিহীন তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ কাৰ্যক্ৰম পৰিচালনা কৰা সম্ভৱ নহয়। ইমামে সিহঁতৰ শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিব আৰু অপৰাধীৰ অপৰাধৰ হদ তথা শাস্তি কায়েম কৰিব। অন্যায় কামৰ বাহিৰে সৎকামত ইমামৰ আনুগত্য কৰাবিহীন নেতাৰ (ইমামৰ) নেতৃত্ব পৰিপূর্ণ নহয়। ইমাম সৎ হওঁক বা অসৎ হওঁক তেওঁৰ সৈতে জিহাদ কৰা, তেওঁক কল্যাণকৰ কামত সহযোগিতা কৰা আৰু অন্যায় কামৰ পৰা বিৰত থাকিবলৈ তেওঁক সদুপদেশ দিয়া জনগণৰ দায়িত্ব।

একবিংশতম প্ৰশ্ন: ছিৰাতুল মুস্তাকীম কি? ইয়াৰ বৈশিষ্ট্য কি কি?

উত্তৰ: ছিৰাতুল মুস্তাকীম হৈছে ইল্মে নাফে' তথা উপকাৰী ইল্ম আৰু সৎ আমল। আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআন আৰু হাদীছত যি ইল্ম আহিছে সেইটোৱেই ইল্মে নাফে' তথা উপকাৰী ইল্ম। সৎ আমল হৈছে ছহীহ আক্বীদা, ফৰজ আৰু নফল আমল আদায় কৰা, নিষিদ্ধ কামৰ পৰা বিৰত থকা, অৰ্থাৎ আল্লাহৰ হক আৰু বান্দাৰ হক আদায়ৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা আৰু পৰিপূৰ্ণ ইখলাছ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণবিহীন আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা সম্ভৱ নহয়। এই দুটা মূলনীতিৰ (ইখলাছ আৰু ৰাছুলৰ অনুসৰণ) ওপৰতেই দ্বীনৰ সকলো কাম পৰিচালিত হয়। এতেকে, যাৰ ইখলাছ গুচি যাব সি শ্বিৰ্কত পতিত হ'ব আৰু যাৰ মাজত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ নাথাকিব সি বিদ'আতত পতিত হ'ব।

দ্বাবিংশতম প্ৰশ্ন: কি কি গুণৰ ফলত মুছলিম ব্যক্তি কাফিৰ আৰু নাস্তিকৰ পৰা পৃথক হ'ব?

উত্তৰ: এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অতিদীৰ্ঘ এটা প্ৰশ্ন। মুমিন আৰু অমুছলিমৰ মাজৰ পাৰ্থক্যই সচাঁ আৰু মিছা, সৌভাগ্যবান আৰু দুৰ্ভগীয়া নিৰ্ধাৰিত হয়। জানি থওঁক, প্ৰকৃত মুমিন সেই ব্যক্তি যিয়ে আল্লাহৰ প্ৰতি ঈমান আনে, কোৰআন আৰু হাদীছত বৰ্ণিত তেওঁৰ নাম আৰু ছিফাতসমূহ জানি বুজি যথাযথভাৱে ঈমান আনে আৰু সেইবোৰ স্বীকাৰ কৰে আৰু যিবোৰ আল্লাহৰ নাম আৰু ছিফাতৰ বিপৰীত সেইবোৰৰ পৰা তেওঁক পৱিত্ৰ ৰাখে। ফলত তাৰ অন্তৰ ঈমান, ইল্ম, ইয়াক্বীন, প্ৰশান্তি আৰু আল্লাহৰ সৈতে সম্পৰ্ক স্থাপনত ভৰি যায়। ফলত সি একমাত্ৰ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰে, তেওঁৰ অনুগত হয়, তেওঁৰ নবীয়ে যেনেকৈ ইবাদত চৰীয়ত সম্মত কৰিছে ঠিক তেনেকৈ সি একনিষ্ঠাৰ সৈতে ছোৱাবৰ আশাত আৰু শাস্তিৰ পৰা ৰক্ষা পোৱাৰ বাবে ইবাদত-বন্দেগী কৰে। ফলত সেই অন্তৰত, ভাষাত আৰু অঙ্গ-প্ৰত্যঙ্গৰ মাধ্যমত আল্লাহৰ অশেষ নি'আমত আৰু কৰুণাৰ কৃতজ্ঞতা আদায় কৰে, সি সদায় আল্লাহৰ যিকিৰত (স্মৰণত) ব্যস্ত থাকে। তেতিয়া সি আল্লাহৰ স্মৰণতকৈ ডাঙৰ কোনো নি'আমত দেখিবলৈ নাপায়, ইয়াতকৈ ডাঙৰ সন্মান সি অনুভৱ নকৰে। একমাত্ৰ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন আৰু তেওঁৰ স্মৰণৰ তুলনাত তাৰ ওচৰত পৃথিৱীৰ ভোগ-বিলাস অতি তুচ্ছ আৰু নগন্য বিষয় হিচাপে ৰূপ লয়। তথাপিও সি দুনিয়াৰ জীৱনৰ যথাৰ্থ অংশ ভোগ কৰে, কাফিৰ, নাস্তিক আৰু অসচেতনৰ দৰে পৃথিৱীৰ ভোগ-বিলাসত মত্ত নাথাকে। বৰং এইবোৰক আল্লাহৰ হক আৰু বান্দাৰ হক আদায়ৰ উপকৰণ আৰু সহযোগিতা হিচাপে ব্যৱহাৰ কৰে। এই ধৰণৰ আত্মসমালোচনা আৰু আকাঙ্ক্ষা তাৰ ভোগক পূৰ্ণতা দান কৰে, অন্তৰ প্ৰশান্ত হয় আৰু সুখ-বোধ হয় লগতে তাৰ পছন্দনীয় কিবা নাপালে দুখিত বা চিন্তিত নহয়। এনেকৈ আল্লাহে তাৰ মাজত পৃথিৱী আৰু আখিৰাতৰ সুখ-সৌভাগ্য একত্ৰিত কৰি দিয়ে। আনহাতে কাফিৰ আৰু নাস্তিকসকল মুমিনসকলৰ সম্পূৰ্ণ বিপৰীত। সেই মহান ৰব আল্লাহকেই অস্বীকাৰ কৰে যিয়ে নিজৰ অস্তিত্বৰ আৰু পৰিপূৰ্ণতাৰ প্ৰমাণত বিবেকপ্ৰসূত দলীল, কোৰআন হাদীছৰ দলীল, অত্যাৱশ্যকীয় বিজ্ঞান আৰু ইন্দ্ৰিয় বিজ্ঞান সন্মত অসংখ্য দলীল-প্ৰমাণ দাঙি ধৰিছে; কিন্তু এইবোৰ প্ৰমাণাদিৰ প্ৰতি সি ভ্ৰুক্ষেপ নকৰে। ফলত সি যেতিয়া আল্লাহৰ বিশ্বাস, স্বীকৃতি আৰু ইবাদত বিমুখ হয় তেতিয়া সি প্ৰকৃতিৰ পূজাৰীত পৰিণত হয়। তেতিয়া তাৰ অন্তৰ চতুষ্পদ প্ৰাণীৰ অন্তৰত পৰিণত হয়। পাৰ্থিৱ ভোগ-বিলাস, আমোদ-ফুৰ্তিৰ বাহিৰে তাৰ আন কোনো উদ্দেশ্য নাথাকে। তাৰ অন্তৰ সদায় অশান্তিত থাকে; বৰং নিজৰ প্ৰিয় আৰু পছন্দনীয় বস্তু হেৰুৱাৰ ভয়ত শঙ্কিত, আনৰ ষড়যন্ত্ৰ আৰু ক্ষতিৰ আশঙ্কাত ভীত-সন্ত্ৰস্ত থাকে। আল্লাহৰ প্ৰতি তাৰ এই ঈমান নাই যে, কোনোবাই তাৰ বিপদাপদ আৰু বালা-মুছিবত সহজকৰণ আৰু দূৰীকৰণ কৰিব পাৰে। ফলত সি ঈমানৰ সোৱাদ, আল্লাহৰ নৈকট্যৰ মজা আৰু পৃথিৱী আৰু আখিৰাতত ঈমানৰ ফলাফলৰ পৰা বঞ্চিত থাকে। সি তাৰ কৰ্মৰ ছোৱাব প্ৰত্যাশা নকৰে আকৌ অন্যায়ৰ বাবে শাস্তিৰ ভয়ো নকৰে; বৰং তাৰ ভয় আৰু প্ৰত্যাশা কেৱল পাৰ্থিৱ জীৱনৰ নগণ্য বস্তু অৰ্জন।

মুমিনৰ বৈশিষ্ট্য হৈছে, তেওঁ জাতি বৰ্ণৰ ভেদাভেদ পাহৰি কথা-বতৰা, ক্ৰিয়া-কৰ্মত আৰু নিয়তত সত্যৰ অনুসন্ধানী, সৃষ্টিজগতৰ প্ৰতি বিনয়ী, আল্লাহৰ বান্দাসকলৰ প্ৰতি হিতাকাঙ্ক্ষী হয়। আনহাতে কাফিৰ আৰু নাস্তিকসকলৰ বৈশিষ্ট্য হৈছে, সত্য আৰু সৃষ্টিজগতৰ বিষয়ে অহংকাৰী, আত্মকেন্দ্ৰিক আৰু কাকো কোনো সদুপদেশ নিদিয়ে। মুমিনৰ অন্তৰ প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু হিংসা-বিদ্বেষ মুক্ত হয়। তেওঁ নিজৰ বাবে যি পছন্দ কৰে অন্যান্য মুছলিমৰ বাবেও সেইটোৱেই পছন্দ কৰে আৰু নিজৰ বাবে যি অপছন্দ কৰে আন মুছলিমৰ বাবেও সেইটো অপছন্দ কৰে। তেওঁ সক্ষমানুযায়ী আনৰ কল্যাণ সাধন কৰে, সৃষ্টিজগতৰ দুখ-কষ্ট নিজে বহন কৰে, কেতিয়াও আনৰ ওপৰত অন্যায় নকৰে। পক্ষান্তৰে, কাফিৰ ব্যক্তিৰ অন্তৰ প্ৰতিহিংসা, শত্ৰুতাৰে পৰিপূৰ্ণ, পাৰ্থিৱ স্বাৰ্থ অৰ্জনৰ উদ্দেশ্যৰ বাহিৰে আনৰ বাবে কোনো উপকাৰ আৰু কল্যাণ সাধন নকৰে, সুযোগ পালেই সৃষ্টিজগতৰ ওপৰত যুলুম কৰিবলৈ দ্বিধাবোধ নকৰে, মানুহৰৰ আপদ-বিপদ সহ্য কৰাৰ ক্ষেত্ৰত সি আটাইতকৈ দুৰ্বলত পৰিণত হয়। মুমিন সদায় সত্যবাদী আৰু উত্তম আচৰণকাৰী। সহনশীলতা, শান্ত-শিষ্টতা, দয়া, ধৈৰ্যশীলতা, প্ৰতিশ্ৰুতিপূৰণ, সহজতা, নম্ৰ স্বভাৱ ইত্যাদি মুমিনৰ গুণ। আনহাতে বিভ্ৰান্তি, অস্থিৰতা, কঠোৰতা, অধৈৰ্যতা, ভীৰুতা, উদ্বিগ্নতা, মিথ্যাচাৰীতা, প্ৰতিশ্ৰুতি ভঙ্গ কৰা আৰু দুশ্চৰিত্ৰ ইত্যাদি কাফিৰৰ গুণ।

মুছলিমে আল্লাহৰ বাহিৰে আন কাৰো ওচৰত শিৰ নত নকৰে। তাৰ অন্তৰ আৰু মুখমণ্ডল তাৰ ৰব (প্ৰতিপালক)ৰ বাহিৰে আনৰ ওচৰত অৱনত হোৱাৰ পৰা সদায় পৱিত্ৰ থাকে। তাৰ বৈশিষ্ট্য হৈছে পৱিত্ৰতা, শক্তিশালী, বীৰত্ব, দানশীলতা আৰু পুৰুষত্বতা। তেওঁ সকলোৰে বাবে কেৱল উত্তমটোৱে পছন্দ কৰে। আনহাতে কাফিৰ আৰু নাস্তিক ইয়াৰ বিপৰীত। তাৰ অন্তৰ সদায় সৃষ্টিজগতৰ ভয় আৰু প্ৰাপ্তিৰ বাবে ব্যাকুল হৈ থাকে, সি নিজৰ স্বাৰ্থত সিহঁতৰ বাবে ব্যয় কৰে, তাৰ কোনো পৱিত্ৰতা, সচ্চৰিত্ৰতা নাই। কেৱল নগণ্য উদ্দেশ্য অৰ্জনৰ বাবে তাৰ আছে শক্তি আৰু বীৰত্ব। তাৰ কোনো পুৰুষত্ব আৰু মানৱতা নাই। ভাল বা বেয়া যিকে নহওঁক সেইটো অৰ্জনত সি একো পৰোৱা নকৰে। মুছলিম ব্যক্তিয়ে কোনো বস্তু অৰ্জনৰ বাবে সেইটোৰ উপকাৰী উপকৰণ সংগ্ৰহ কৰে আল্লাহৰ ওপৰত তাৱাক্কুল কৰে আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে, সকলো কামত আল্লাহৰ সহায় প্ৰাৰ্থনা কৰে আৰু আল্লাহে বান্দাৰ কামত সহায় কৰে। আনহাতে কাফিৰৰ কোনো তাৱাক্কুল নাই, তাৰ নিজৰ দুৰ্বলতাৰ ফালে দৃষ্টিপাতৰ বাহিৰে তাৰ কোনো দূৰদৃষ্টি নাই, কেতিয়াবা কেতিয়াবা আল্লাহে তাক সহায় কৰে আকৌ কেতিয়াবা তাৰ উদ্দেশ্য বাস্তবায়নত সহায় নকৰি লাঞ্ছিত কৰে। ফলত তাৰ উদ্দেশ্য সফল কৰা হ'লে সি ইয়াক তাৰ ক্ৰমান্ধয়ে কৰা কামৰ সফলতা বুলি ভাৱে।

মুমিন ব্যক্তিয়ে কোনো নি'আমত প্ৰাপ্ত হ'লে ইয়াৰ বাবে কৃতজ্ঞতা আদায় কৰে, তেওঁ উপকাৰী কামত সেইটো আনৰ বাবে ব্যয় কৰে। ফলত তেওঁৰ ওচৰত আৰু কল্যাণ ও বৰকত উভতি আহে। আনহাতে অমুছলিমসকলে নি'আমত প্ৰদানকাৰীৰ পৰা অত্যন্ত নিকৃষ্ট পদ্ধতিত, দাম্ভিকভাৱে নি'আমত লাভ কৰে, সি উপকাৰীৰ কৃতজ্ঞতা আদায়ৰ পৰা বিৰত থাকে, নিজৰ হীন উদ্দেশ্য সাধনৰ বাবেই সেইটো ব্যয় কৰে, অথচ তাৰ এই সম্পদ অতি দ্ৰুত নিশেষ হৈ যায় আৰু অনতিপলমে তাৰ পৰা গুচি যায়।

মুমিনৰ বিপদাপদ আহিলে ধৈৰ্য আৰু সহনশীলতা, ইয়াৰ বিনিময়ত ছোৱাবৰ প্ৰত্যাশা আৰু এই বিপদ অতিসোনকালে গুচি যোৱাৰ আশাত মোকাবিলা কৰে। ফলত তাৰ পছন্দনীয় যি হেৰায় বা অপছন্দনীয় যি অৰ্জন কৰে ইয়াৰ বিনিময়ত ইয়াতকৈও উত্তম আৰু অধিক ছোৱাব লাভ কৰে। আনফালে কাফিৰৰ কোনো প্ৰিয় বস্তু হেৰাই গলে সি ইয়াক উদ্বিগ্ন উৎকণ্ঠাৰ কাৰণ বুলি ভাৱে, ফলত তাৰ মুছিবত আৰু বাঢ়ি যায় আৰু তাৰ প্ৰকাশ্য কষ্টৰ সৈতে মনৰ কষ্টও একত্ৰিত হয়। কেতিয়াবা কেতিয়াবা সি ধৈৰ্যহাৰা হৈ পৰে লগতে তাৰ এই বিপদৰ কোনো প্ৰতিদানৰ আশা নাই। ফলত তাৰ হতাশা আৰু দুশ্চিন্তা আৰু বৃদ্ধি হ'বলৈ ধৰে।

মুমিনে সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান আনে, তেওঁলোকক সন্মান আৰু মৰ্যদা প্ৰদান কৰে, সৃষ্টিৰ মাজত আটাইতকৈ বেছি তেওঁলোকক ভালপায়, তেওঁলোকে স্বীকাৰ কৰে যে, কিয়ামতৰ দিনা তেওঁলোকে যিবোৰ নি'আমত আৰু প্ৰতিদান লাভ কৰিব সেইবোৰ তেওঁলোকৰ অনুসৰণ আৰু উপদেশৰ বাবেই আৰু সেইদিনা সৃষ্টিজগত যি অকল্যাণ আৰু ক্ষতিৰ সন্মুখীন হ'ব সেইটো সিহঁতৰ বিৰোধিতা আৰু অনুসৰণ নকৰাৰ কাৰণে। নবী-ৰাছুলসকল সৰ্বোত্তম সৃষ্টি, বিশেষকৈ নবীসকলৰ নেতা আৰু সৰ্বশেষ নবী মুহাম্মাদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম সৰ্বশ্ৰেষ্ঠ নবী, আল্লাহে তেওঁক বিশ্ববাসীৰ বাবে ৰহমত স্বৰূপ আৰু সকলো কল্যাণ, সংস্কাৰ আৰু হিদায়াতৰ বাবে তেওঁক প্ৰেৰণ কৰিছে।

আনহাতে, কাফিৰসকল মুমিনসকলৰ বিপৰীত। সিহঁতে ৰাছুলৰ শত্ৰুসকলক সন্মান কৰে, সিহঁতৰ মতামতক সন্মান কৰে, সিহঁতে নিজ পূৰ্বপুৰুষসকলৰ দৰে সিহঁতেও নবীসকলে লৈ অহা বিষয়সমূহক লৈ উপহাস আৰু তুচ্ছ-তাচ্ছিল্য কৰে। সিহঁতৰ নিৰ্বুদ্ধিতা আৰু চাৰিত্ৰিক অধঃপতনৰ কাৰণে এইবোৰ কাম কৰি থাকে। মুমিনসকলে ছাহাবীক, মুছলিমসকলৰ ইমামক আৰু হিদায়াতৰ বাণী প্ৰচাৰক ইমামসকলক ভালপায়; কিন্তু কাফিৰসকল ইয়াৰ বিপৰীত। মুমিনসকলে একমাত্ৰ আল্লাহৰ ইখলাছৰ বাবে সেই সমূহ কাম কেৱল আল্লাহৰ বাবেই পালন কৰে আৰু উত্তমৰূপে আল্লাহৰ ইবাদত পালন কৰে; আনহাতে কাফিৰৰ তুচ্ছ উদ্দেশ্যৰ বাহিৰে সিহঁতৰ কামৰ কোনো লক্ষ্য-উদ্দেশ্য নাই। কিন্তু মুমিন ব্যক্তিয়ে ইল্মে নাফে' তথা উপকাৰী ইল্ম আৰু ছহীহ ঈমান, আল্লাহৰ নৈকট্য লাভৰ বাবে আগুৱাই আহে, আল্লাহৰ স্মৰণ আৰু সৃষ্টিজগতৰ উপকাৰ সাধন ইত্যাদিৰ ক্ষেত্ৰত মুমিনৰ হৃদয় প্ৰশস্ত। সকলো ধৰণৰ নিকৃষ্ট গুণাৱলী আৰু পঙ্কিলতাৰ পৰা তেওঁৰ অন্তৰ পৱিত্ৰ। কিন্তু গাফিল বা অমনোযোগী কাফিৰৰ মাজত অন্তৰ প্ৰশস্ততাৰ কাৰণসমূহ নথকাৰ বাবে সিহঁত এইবোৰ গুণাৱলীৰ বিপৰীত।

এতেকে যদি কোৱা হয়, ওপৰত বৰ্ণিত ছহীহ ঈমানৰ সংক্ষিপ্ত আলোচনাৰ দ্বাৰা যিহেতু বুজা যায় যে, ছহীহ ঈমানৰ বাবেই মানুহে পৃথিৱী আৰু পৰকালৰ সুখ-সৌভাগ্য লাভ কৰে, ইয়াৰ দ্বাৰা মানুহৰ বাহ্যিক, অভ্যন্তৰীণ, আক্বীদা, আখলাক, আদব ইত্যাদি সংশোধন হয়, সঠিক ঈমানেই সকলো মানুহকেই কল্যাণ, সংশোধন আৰু দৃঢ় হিদায়তৰ ফালে আহ্বান কৰে (ওপৰত যেনেকৈ বৰ্ণিত হৈছে) তেনেহ'লে অধিকাংশ মানুহ দ্বীন আৰু ঈমানৰ পৰা কিয় বিমুখ? কিয় সিহঁতে দ্বীনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছে আৰু কিয় সিহঁতৰ কিছুমানে দ্বীন ইছলামক উপহাস কৰে? আচলতে বিষয়টো ইয়াৰ বিপৰীত হোৱা উচিত নহয় নে? কিয়নো মানুহৰ বিবেক বুদ্ধি আছে, সি বেয়াৰ পৰা ভালটো বাছি উলিয়াব পাৰে, অকল্যাণৰ পৰা কল্যাণটো নিৰ্বাচন কৰিব পাৰে আৰু ক্ষতিকৰ বস্তুৰ পৰা উপকাৰী বস্তুটো বাহিৰ কৰিব পাৰে।

উত্তৰ: এই কথাষাৰ আল্লাহে আল-কোৰআনত উল্লেখ কৰিছে আৰু তেওঁ ঈমান পোষণ কৰা ও নকৰাৰ কাৰণটোও উল্লেখ কৰিছে। এই প্ৰশ্নৰ উত্তৰ উল্লেখ কৰিলে অধিকাংশ মানুহৰ ঈমান পোষণ নকৰা আৰু সত্য বিমুখ হোৱাত আচৰিত নহ'ব। আল্লাহ তাআলাই বহুসংখ্যক মানুহৰ দ্বীন ইছলামৰ প্ৰতি ঈমান পোষণ নকৰাৰ বহুতো কাৰণ উল্লেখ কৰিছে। ইয়াৰ মাজৰ কিছুমান কাৰণ হৈছে, দ্বীন ইছলাম সম্পৰ্কে অজ্ঞতা, ইছলামক প্ৰকৃতভাৱে নজনা, ইছলামৰ সুউচ্চ শিক্ষা গ্ৰহণ নকৰা, মহান আদৰ্শ আৰু উপদেশ সম্পৰ্কে নজনা। ইয়াৰ বাহিৰেও ইল্মে নাফে' তথা উপকাৰী ইল্ম নজনাৰ বাবে মানুহ প্ৰকৃত বাস্তৱতা আৰু সুন্দৰ আখলাক লৈকে ঢুকি পাবলৈ বাধাৰ সন্মুখীন হৈছে। আল্লাহ তা'আলাই কৈছে,

﴿بَلۡ كَذَّبُواْ بِمَا لَمۡ يُحِيطُواْ بِعِلۡمِهِۦ وَلَمَّا يَأۡتِهِمۡ تَأۡوِيلُهُ٣٩﴾ [يونس : ٣٩]

“বৰং সিহঁতে যি বিষয়ে পূৰ্ণ জ্ঞান লাভ কৰা নাই, সেইটো সিহঁতে অস্বীকাৰ কৰিছে আৰু এতিয়াও তাৰ পৰিণতি সিহঁতৰ ওচৰত অহা নাই"[ছুৰা ইউনুছ, আয়াত: ৩৯]

এই আয়াতত আল্লাহে আমাক কৈছে যে, কাফিৰসকলৰ অস্বীকাৰৰ কাৰণ হৈছে সিহঁতে বিষয়টো সম্পৰ্কে অজ্ঞ আছিল, সিহঁতৰ অসম্পূৰ্ণ জ্ঞানে বিষয়টোক সঠিকভাৱে আয়ত্ব কৰিব পৰা নাই, আৰু তেতিয়াও সিহঁতৰ ওচৰত প্ৰতিশ্ৰুত আযাব আহি পোৱা নাই, যি আযাব আহিলে বান্দাই অত্যাৱশ্যকীয়ভাৱে সত্যৰ পিনে প্ৰত্যাৱৰ্তন কৰে আৰু সত্যক স্বীকাৰ কৰে। আল্লাহ তা'আলাই কৈছে,

﴿وَلَٰكِنَّ أَكۡثَرَهُمۡ يَجۡهَلُونَ١١١﴾ [الانعام: ١١١]

“কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ।"[ছুৰা আল-আন'আম, আয়াত: ১১১]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ٣٧﴾ [الانعام: ٣٧]

“কিন্তু সিহঁতৰ অধিকাংশই নাজানে।" [ছুৰা আল-আন'আম, আয়াত: ৩৭]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿صُمُّۢ بُكۡمٌ عُمۡيٞ فَهُمۡ لَا يَرۡجِعُونَ١٨﴾ [البقرة: ١٨]

“সিহঁত কলা-বোবা-অন্ধ। সেয়ে সিহঁত উভতি নাহিব।" [ছুৰা আল-বাকাৰাহ, আয়াত: ১৮]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَعۡقِلُونَ٢٤﴾ [الروم: ٢٤]

“নিশ্চয় ইয়াৰ মাজত নিদৰ্শনাৱলী আছে সেই জাতিৰ বাবে যিসকলে অনুধাৱন কৰে।" [ছুৰা আৰ-ৰূম, আয়াত: ২৪]

ইয়াৰ বাহিৰেও এই ধৰণৰ বহুতো আয়াত আছে যিবোৰত সিহঁতৰ অজ্ঞতাৰ কথা কোৱা হৈছে। অজ্ঞতা হয়তো সামান্য বিষয় নজনা হ'ব পাৰে। যেনে, ৰাছুলসকলৰ প্ৰতি মিছা প্ৰতিপন্ন দাৱাত বিমুখী অধিকাংশ মিছলীয়াৰ অৱস্থা, যিসকলে সিহঁতৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলক অনুসৰণ কৰে। সিহঁতক আযাব স্পৰ্শ কৰিলে সিহঁতে ক'ব,

﴿رَبَّنَآ إِنَّآ أَطَعۡنَا سَادَتَنَا وَكُبَرَآءَنَا فَأَضَلُّونَا ٱلسَّبِيلَا۠٦﴾ [الاحزاب : ٦٧]

“হে আমাৰ ৰব, আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰ আনুগত্য কৰিছিলো, তেতিয়া সিহঁতে আমাক পথভ্ৰষ্ট কৰিছিল।" [ছুৰা আল-আহযাব, আয়াত: ৬৭]

অথবা অজ্ঞতাটো যৌগিক বা জটিল অজ্ঞতা হ'ব পাৰে। এইটো আকৌ দুই ধৰণৰ। প্ৰথম, সিহঁতৰ কিছুমানে সিহঁতৰ আজু-ককাৰ ধৰ্মত আছিল আৰু সিহঁতৰ লগতেই সেই ধৰ্মত ডাঙৰ হৈছে। তাৰ পিছত সিহঁতৰ ওচৰত সত্য দ্বীন আহিছে; কিন্তু সেই দ্বীনৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাই, যদিও সেই দ্বীনৰ প্ৰতি দৃষ্টিপাত কৰিছে তথাপিও সেইটো তাৰ আগৰ ধৰ্মৰ প্ৰতি সন্তুষ্ট আৰু তুষ্টৰ পৰা অতি কম পৰিসৰত তুচ্ছ-তাচ্ছিল্যভাৱে দেখিছে আৰু তাৰ নিজৰ জাতিৰ বিষয়ে অন্ধভাৱে পক্ষপাতিত্ব কৰিছে। ইহঁত হৈছে ৰাছুলসকলক মিছা প্ৰতিপন্নকাৰী অধিকাংশ কাফিৰ, যিহঁতে ৰাছুলসকলৰ দাৱাত প্ৰত্যাখ্যান কৰি কৈছিল,

﴿وَكَذَٰلِكَ مَآ أَرۡسَلۡنَا مِن قَبۡلِكَ فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا وَجَدۡنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٖ وَإِنَّا عَلَىٰٓ ءَاثَٰرِهِم مُّقۡتَدُونَ٢٣﴾ [الزخرف: ٢٣]

“আৰু এইদৰে তোমালোকৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত সতৰ্ককাৰী পঠিয়াইছো, তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয়সকলে কৈছে, “নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু নিশ্চয় আমি সিহঁতৰেই পদাঙ্ক অনুসৰণ কৰিম।" [ছুৰা আয-যুখৰুফ, আয়াত: ২৩]

আৰু এইটোৱেই হৈছে অন্ধ অনুসৰণ যিটোৰ অনুসাৰীসকলে ভাৱে যে, সি হকৰ (সত্যৰ) ওপৰত প্ৰতিষ্ঠিত আছে, অথচ সি বাতিলৰ ওপৰত আছে। অধিকাংশ বস্তুবাদী নাস্তিকসকল এই প্ৰকাৰৰ মিছলীয়াৰ অন্তৰ্ভূক্ত। কিয়নো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত সিহঁত পূৰ্বৱৰ্তী নেতাসকলৰ অন্ধ অনুসৰণ কৰে। যেতিয়া সিহঁতে কোনো মতামত ব্যক্ত কৰে তেতিয়া সিহঁতে সেইটো এনেকৈ অনুসৰণ কৰে যেনিবা সেইটো আল্লাহৰ তৰফৰ পৰা নাযিলকৃত অহী। আকৌ যেতিয়া সিহঁতে ভুল কিবা আৱিষ্কাৰ কৰে তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে সিহঁতৰ লগত একমত হ'লেও সিহঁতৰ পথত চলে আৰু একমত নহ'লেও সিহঁতৰ সেই ভুল পথতেই চলে। এই ধৰণৰ লোকসকল অজ্ঞ লোকসকলৰ বাবে ডাঙৰ ফিতনা।

যৌগিক অজ্ঞ লোকসকলৰ দ্বিতীয় প্ৰকাৰ হৈছে কাফিৰসকলৰ নেতা আৰু শীৰ্ষস্থানীয় নাস্তিকসকল, যিসকলে নিজকে প্ৰকৃতি আৰু মহাবিশ্ব সম্পৰ্কে বৰ দক্ষ আৰু সুক্ষ্ম জ্ঞানী বুলি ভাৱে আৰু আনক অজ্ঞ বুলি ভাৱে। সিহঁতে নিজৰ জ্ঞানক ক্ষুদ্ৰ পৰিধিত আৱদ্ধ কৰি ৰাখে আৰু ৰাছুলসকল লগতে তেওঁলোকৰ অনুসাৰীসকলৰ ওপৰত অহংকাৰ কৰে। সিহঁতে ধাৰণা কৰে যে, মানুহৰ ইন্দ্ৰিয় জ্ঞান আৰু পৰীক্ষা-নিৰীক্ষাই জ্ঞানৰ সীমা, ইয়াৰ বাহিৰে যিবোৰ জ্ঞান আছে সেইবোৰ যিমানেই বিশুদ্ধ নহওঁক কিয় সিহঁতে সেইবোৰক মিথ্যাৰোপ আৰু অস্বীকাৰ কৰে। ফলত সিহঁতে মহাবিশ্বৰ মহাপ্ৰতিপালক ৰাব্বুল আলামীনক অস্বীকাৰ কৰে, তেওঁৰ ৰাছুলসকলক মিথ্যাৰোপ কৰে আৰু আল্লাহৰ প্ৰেৰিত ৰাছুলসকলে লৈ অহা গায়েবৰ (অদৃশ্য) বিষয়সমূহক মিছাপ্ৰতিপন্ন কৰে আৰু অস্বীকাৰ কৰে। এই শ্ৰেণীৰ লোকসকলেই আল্লাহৰ নিম্নোক্ত বাণীৰ অধিক অন্তৰ্ভূক্ত। আল্লাহ তা'আলাই সিহঁতৰ বিষয়ে কৈছে,

﴿فَلَمَّا جَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ فَرِحُواْ بِمَا عِندَهُم مِّنَ ٱلۡعِلۡمِ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ٨٣﴾ [غافر: ٨٣]

“তাৰ পিছত সিহঁতৰ ওচৰত যেতিয়া সিহঁতৰ ৰাছুলসকল স্পষ্ট প্ৰমাণাদিসহ আহিলে তেতিয়া সিহঁতে নিজৰ ওচৰত যি বিদ্যা আছিল সেইটোতেই উৎফুল্ল হৈ উঠিলে। আৰু যিটোক লৈ সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰিছিল সেইটোৱেই (সেই শাস্তিটোৱেই) সিহঁতক পৰিবেষ্টন কৰিলে।" [ছুৰা গাফিৰ, আয়াত:৮৩]

সিহঁতৰ প্ৰকৃতিৰ জ্ঞান-গৰিমা আৰু দক্ষতাই সিহঁতৰ আনন্দৰ অন্যতম কাৰণ, যিটো সিহঁতক সত্য-বিমুখ কৰি বাতিলৰ ওপৰত অটুট থাকিবলৈ অত্যাৱশ্যকীয় কৰি ৰাখে। যিহেতু সিহঁতৰ এই আনন্দ সিহঁতক আনৰ ওপৰত সন্মানিত আৰু প্ৰশংসিত কৰিছিল, সেয়ে সিহঁতৰ এই দুটা মিছা অহংকাৰে সিহঁতক ৰাছুলসকলে লৈ অহা হিদায়ত আৰু ইল্মৰ ওপৰত প্ৰধান্য দিছিল; আনকি এই অৱস্থা সিহঁতক এনে পৰ্যায়ত উপনীত কৰিছিল যে, সিহঁতে ৰাছুলসকলে লৈ অহা জ্ঞানসমূহক তুচ্ছ-তাচ্ছিল্য আৰু হেয় প্ৰতিপন্ন কৰিছিল। ফলত সিহঁতে যিবোৰ বিষয়ক হেয় প্ৰতিপন্ন কৰিছিল সেইবোৰেই সিহঁতক বেষ্টন কৰি ৰাখিছে। আধুনিক জ্ঞান-বিজ্ঞান লৈ গৱেষণাৰত বিজ্ঞানীসকলক পূৰ্বৱৰ্তী কাফিৰসকলৰ প্ৰবঞ্চনাত পতিত কৰিছে, ফলত সিহঁতে সঠিক আক্বীদা আৰু দ্বীনৰ অনুসাৰী হোৱা নাই। ইয়াৰ মূল কাৰণ হৈছে যিবোৰ বিদ্যালয়ত দ্বীনি শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া নহয় সেইবোৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে লিখা-পঢ়াৰ শেষত দ্বীনি ইল্ম সম্পৰ্কে কদাপিও পাৰদৰ্শী নহয়, ইছলামী চৰীয়তৰ সুন্দৰ চৰিত্ৰৰে চৰিত্ৰবান নহয়, সি নিজকে এনে মহাপণ্ডিত বুলি ভাৱে যে, আনে একোৱেই নাজানে। ফলত সি দ্বীন আৰু দ্বীনদাৰ লোকসকলক হেয় প্ৰতিপন্ন কৰিবলৈ আৰম্ভ কৰে। আৰু এই ধৃষ্ট কামসমূহ তাক বস্তুবাদী নাস্তিকসকলৰ নেতাৰ আসনত বহিবলৈ সহজ কৰে। এই ক্ষতিকৰ বিপদটো ইছলামী বিশ্বত আটাইতকৈ ডাঙৰ ক্ষতিৰ কাৰণ হৈ থিয় দিছে। এতেকে, পোন প্ৰথমে মুছলিমসকলৰ কৰ্তব্য হৈছে শিক্ষা-প্ৰতিষ্ঠানসমূহত দ্বীনি শিক্ষাৰ গুৰুত্বাৰোপ কৰা, কিয়নো পৰৱৰ্তী সফলতা আৰু ব্যৰ্থতা এই শিক্ষাৰ ওপৰতেই নিৰ্ভৰশীল; বৰং আন সকলো বস্তুৱেই এই শিক্ষাৰ অনুসাৰী হ'ব। শিক্ষা-প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ, দায়িত্বশীল আৰু শিক্ষকসকলৰ বাবে এইটো সৰ্বাধিক গুৰুত্বপূৰ্ণ ফৰজ কাম। জাতিৰ ভৱিষ্যৎ এই কামৰ ওপৰতেই নিৰ্ভৰশীল। সেয়ে যিসকলে এই কামৰ প্ৰতিনিধি বা যিসকলৰ কথাত এইবোৰ প্ৰতিষ্ঠান পৰিচালিত হয় তেওঁলোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত, এই কামৰ বিনিময়ত আল্লাহৰ তৰফৰ পৰা প্ৰতিদান প্ৰাপ্তিৰ নিয়ত কৰা উচিৎ আৰু শিক্ষা-প্ৰতিষ্ঠানত দ্বীনি শিক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া উচিৎ। কিয়নো এই শিক্ষাক অৱহেলা কৰিলে জাতি ভয়ানক বিপদৰ সন্মুখীন হ'ব। জাতিৰ সংশোধন আৰু কল্যাণ দীনি শিক্ষাৰ গুৰুত্ব দিয়াৰ মাজতেই নিহিত আছে। অন্যান্য লোকসকলৰ দ্বীন গ্ৰহণ আৰু ঈমান আনিবলৈ অন্যতম বাধা হৈছে প্ৰতিহিংসা, সীমালঙ্ঘন যেনে ইয়াহূদীসকলৰ অৱস্থা, সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক, আৰু তেওঁৰ সত্যতা আৰু বাস্তৱতা এনেকৈ জানে যেনেকৈ সিহঁতে নিজৰ সন্তানসকলক চিনি পায়; কিন্তু সিহঁতে পাৰ্থিৱ নগণ্য স্বাৰ্থ অৰ্জনৰ লোভত জানি শুনিও সেইটো গোপন কৰিছে। মক্কাৰ কুৰাইশ্ব নেতাসকলেও এই ৰোগত আক্ৰান্ত আছিল, যিবোৰ ইতিহাস আৰু ছীৰাতৰ কিতাবসমূহত উল্লেখ আছে। সিহঁতৰ গৌৰৱ আৰু অহংকাৰৰ ফলত এই ব্যাধি সিহঁতৰ মাজত সৃষ্টি হৈছিল, আৰু এই অহংকাৰেই সত্য অনুসৰণ আৰু ঈমান গ্ৰহণত আটাইতকৈ ডাঙৰ বাধা। আল্লাহ তা'আলাই কৈছে,

﴿سَأَصۡرِفُ عَنۡ ءَايَٰتِيَ ٱلَّذِينَ يَتَكَبَّرُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ﴾ [الاعراف: ١٤٥]

“যিসকলে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰে মোৰ আয়াতসমূহৰ পৰা, অৱশ্যই মই সিহঁতক বিমূখ কৰি ৰাখিম।" [ছুৰা আল-আ'ৰাফ, আয়াত: ১৪৫]

সত্য প্ৰত্যাখ্যান কৰা আৰু সৃষ্টিজগতক হেয় প্ৰতিপন্ন কৰাৰ অহংকাৰে বহুতকেই দলীল-প্ৰমাণ প্ৰকাশিত হোৱাৰ পিছতো সত্যৰ অনুসৰণ আৰু গ্ৰহণৰ পৰা বিৰত ৰাখে। এই বিষয়ে আল্লাহ তা'আলাই কৈছে,

﴿وَجَحَدُواْ بِهَا وَٱسۡتَيۡقَنَتۡهَآ أَنفُسُهُمۡ ظُلۡمٗا وَعُلُوّٗاۚ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُفۡسِدِينَ١٤﴾ [النمل : ١٤]

“আৰু সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহক প্ৰত্যাখ্যান কৰিলে; অথচ সিহঁতৰ অন্তৰে সেইটো নিশ্চিত বিশ্বাস কৰিছিল। এতেকে, চোৱা, ফাছাদ সৃষ্টিকাৰীসকলৰ পৰিণাম কেনে হৈছিল।" [ছুৰা আন-নামল, আয়াত: ১৪]

ঈমান পোষণ নকৰাৰ আৰু এটা কাৰণ হৈছে আছমানী দলীল-প্ৰমাণ আৰু সঠিক বিবেকসম্পন্ন দলীলৰ পৰা বিমুখ থকা। আল্লাহ তা'আলাই কৈছে,

﴿وَمَن يَعۡشُ عَن ذِكۡرِ ٱلرَّحۡمَٰنِ نُقَيِّضۡ لَهُۥ شَيۡطَٰنٗا فَهُوَ لَهُۥ قَرِينٞ ٣٦ وَإِنَّهُمۡ لَيَصُدُّونَهُمۡ عَنِ ٱلسَّبِيلِ وَيَحۡسَبُونَ أَنَّهُم مُّهۡتَدُونَ٣٧﴾ [الزخرف: ٣٦، ٣٧]

“আৰু যিয়ে পৰম কৰুণাময়ৰ স্মৰণৰ পৰা বিমুখ থাকে আমি তাৰ বাবে এটা চয়তানক নিয়োজিত কৰো, ফলত সি তাৰ সঙ্গী হৈ যায়। আৰু নিশ্চয় সিহঁতেই (চয়তানে) মানুহক আল্লাহৰ পথৰ পৰা বাধা দিয়ে। তথাপিও এই প্ৰকৃতিৰ মানুহে ভাৱে যে সিহঁতেই হিদায়াতপ্ৰাপ্ত।" [ছুৰা আয-যুখৰুফ, আয়াত: ৩৬-৩৭]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿وَقَالُواْ لَوۡ كُنَّا نَسۡمَعُ أَوۡ نَعۡقِلُ مَا كُنَّا فِيٓ أَصۡحَٰبِ ٱلسَّعِيرِ١٠﴾ [الملك: ١٠]

“আৰু সিহঁতে ক'ব, যদি আমি শুনিলোহেঁতেন অথবা বুজিলোহেঁতেন, তেনেহ'লে আমি জ্বলন্ত জুইৰ অধিবাসীসকলৰ অন্তৰ্ভূক্ত নহ'লোহেঁতেন।" [ছুৰা আল-মুলক, আয়াত: ১০]

যিসকলে নিজৰ জ্ঞান-বুদ্ধি আৰু উপকাৰী শ্ৰৱণ নথকাৰ স্বীকৃতি নিজেই দিছে সিহঁতে ৰাছুলসকলে লৈ অহা জ্ঞান আৰু আল্লাহৰ নাযিলকৃত কিতাবত ঈমান আনিবলৈ আগ্ৰহী নাছিল। সিহঁতৰ কোনো সুস্থ বিবেক নাছিল যিটো সিহঁতক সঠিক পথত পৰিচালিত কৰিব; বৰং সিহঁতৰ কিছুমান ভুল ধাৰণা আৰু ভ্ৰান্ত চিন্তা-ভাৱনা আছিল যিটো সিহঁতে নিজৰ মূৰ্খ বিবেকৰ দ্বাৰা চিন্তা-ভাৱনা কৰিছিল। সিহঁতে ভ্ৰান্ত আৰু পথভ্ৰষ্ট নেতাসকলৰ অনুসৰণ কৰিছিল, সিহঁতে সিহঁতক সত্য গ্ৰহণ কৰিবলৈ নিষেধ কৰিছিল, এইদৰেই সিহঁতে জাহান্নামত নিক্ষিপ্ত হ'ব, আৰু অহংকাৰীসকলৰ বাবে জাহান্নাম কিমান যে নিকৃষ্ট ঠাই!

সত্য অনুসৰণৰ পৰা বিৰত থকাৰ আৰু এটা বাধা হৈছে সত্য তাৰ ওচৰত স্পষ্ট হোৱা সত্ত্বেও সেয়া প্ৰত্যাখ্যান কৰা। এই বাবে তাৰ অন্তৰক পৰিবৰ্তন কৰি দিয়া হ'ব। তেতিয়া তাৰ ওচৰত ভালক বেয়া আৰু বেয়াক ভাল সজাই তাক শাস্তি দিয়া হ'ব। আল্লাহ তা'আলাই কৈছে,

﴿فَلَمَّا زَاغُوٓاْ أَزَاغَ ٱللَّهُ قُلُوبَهُمۡ٥﴾ [الصف: ٥]

“তাৰ পিছত সিহঁতে যেতিয়া বক্ৰপথ অৱলম্বন কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে।" [ছুৰা আচ-ছফ, আয়াত: ৫]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿وَنُقَلِّبُ أَفِۡٔدَتَهُمۡ وَأَبۡصَٰرَهُمۡ كَمَا لَمۡ يُؤۡمِنُواْ بِهِۦٓ أَوَّلَ مَرَّةٖ وَنَذَرُهُمۡ فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ١١٠﴾ [الانعام: ١١٠]

“আৰু আমি সিহঁতৰ অন্তৰ আৰু দৃষ্টিসমূহ ওলোটাই দিম, যিদৰে সিহঁতে কোৰআনৰ প্ৰতি প্ৰথমবাৰ ঈমান আনা নাছিল আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত ঘুৰপাক খোৱা অৱস্থাত এৰি দিম।" [ছুৰা আল-আন'আম, আয়াত: ১১০]

এইটো আচলতে সিহঁতৰ কৰ্মৰ অনুৰূপ শাস্তি। সিহঁতৰ কথা অনুযায়ী আল্লাহ তা'আলাই সিহঁতৰ বাবে সিহঁতৰ মাজৰ পৰা অভিভাৱক নিৰ্ধাৰণ কৰি দিয়ে। আল্লাহ তা'আলাই কৈছে,

﴿إِنَّهُمُ ٱتَّخَذُواْ ٱلشَّيَٰطِينَ أَوۡلِيَآءَ مِن دُونِ ٱللَّهِ٣٠﴾ [الاعراف: ٣٠]

“নিশ্চয় সিহঁতে চয়তানসকলক আল্লাহৰ বাহিৰে অভিভাৱকৰূপে গ্ৰহণ কৰিছে।" [ছুৰা আল-আ'ৰাফ, আয়াত: ৩০]

কাফিৰ আৰু নাস্তিকসকলৰ ঈমান পোষণ নকৰাৰ আৰু এটা কাৰণ হৈছে অতিৰিক্ত বিলাসিতা আৰু নি'আমতৰ অপব্যয়ত নিমজ্জিত থকা। কিয়নো এই কাম মানুহক তাৰ নিকৃষ্ট প্ৰবৃত্তিৰ অনুসাৰী কৰি তোলে। যেনে আল্লাহ তা'আলাই এই বাধাৰ কথা বহুতো আয়াতত কৈছে,

﴿بَلۡ مَتَّعۡنَا هَٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ طَالَ عَلَيۡهِمُ ٱلۡعُمُرُ﴾ [الانبياء: ٤٤]

“বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পূৰ্বপুৰুষসকলক উপভোগ কৰিবলৈ দিছিলো; লগতে সিহঁতৰ আয়ু দীৰ্ঘ হৈছিল।" [ছুৰা আল-আম্বিয়া, আয়াত: ৪৪]

আল্লাহ তা'আলাই আৰু কৈছে,

﴿إِنَّهُمۡ كَانُواْ قَبۡلَ ذَٰلِكَ مُتۡرَفِينَ٤٥﴾ [الواقعة: ٤٥]

“নিশ্চয় সিহঁত ইয়াৰ পূৰ্বে বিলাসিতাত মগ্ন আছিল।" [ছুৰা আল-ওৱাকিয়া, আয়াত: ৪৫]

এতেকে, যেতিয়া সিহঁতৰ ওচৰত সঠিক দ্বীন আহে সিহঁতৰ বিলাসিতাক সমতা কৰিবলৈ, সিহঁতক ন্যায় উপকাৰী এটা সীমাত থাকিবলৈ, ক্ষতিকৰ লোভ-লালসা আৰু প্ৰবৃত্তিৰ পৰা বিৰত থাকিবলৈ কৈছে তেতিয়া সিহঁতে উক্ত দ্বীনক সিহঁতৰ স্বাৰ্থৰ বিপৰীত আৰু সিহঁতৰ ভ্ৰান্ত বাতিল প্ৰবৃত্তিৰ বাধা-স্বৰূপ দেখিলে। কিন্তু যেতিয়া আল্লাহৰ তৰফৰ পৰা দ্বীন আহিলে যিটো মানুহক আল্লাহৰ ইবাদত আৰু তেওঁৰ নি'আমতৰ কৃতজ্ঞতা আদায় কৰিবলৈ ফৰজ কৰিলে আৰু প্ৰবৃত্তিৰ বাসনাত নিমজ্জিত থাকিবলৈ নিষেধ কৰিলে তেতিয়া প্ৰবৃত্তিৰ অনুসাৰীসকলে সৰ্বাত্মকভাৱে বাতিলকেই সহায় কৰিলে। ফলত সিহঁতে সত্যক প্ৰত্যাখ্যান কৰি পশ্চাদপসৰণ কৰিলে।

অবিশ্বাসীসকলৰ দ্বীন গ্ৰহণ নকৰাৰ আৰু এটা বাধা হৈছে মিছলীয়াসকলে ৰাছুলসকলক আৰু তেওঁলোকৰ অনুসাৰীসকলক তুচ্ছ-তাচ্ছিল্য কৰা আৰু ৰাছুলসকলৰ অনুসাৰীসকলক দুৰ্বল আৰু নিম্নমানৰ ধাৰণা কৰা। যেনে, আল্লাহ তা'আলাই নূহ আলাইহিচ ছালামৰ জাতি সস্পৰ্কে কৈছে,

﴿قَالُوٓاْ أَنُؤۡمِنُ لَكَ وَٱتَّبَعَكَ ٱلۡأَرۡذَلُونَ١١١﴾ [الشعراء : ١١١]

“সিহঁতে ক'লে, আমি তোমাৰ প্ৰতি বিশ্বাস স্থাপন কৰিম নেকি, অথচ নিম্নশ্ৰেণীৰ লোকসকলে তোমাক অনুসৰণ কৰিছে।" [ছুৰা আশ্ব-শুআ'ৰা, আয়াত: ১১১]

আল্লাহ তা'আলাই সিহঁতৰ বিষয়ে আৰু কৈছে,

﴿وَمَا نَرَىٰكَ ٱتَّبَعَكَ إِلَّا ٱلَّذِينَ هُمۡ أَرَاذِلُنَا بَادِيَ ٱلرَّأۡيِ وَمَا نَرَىٰ لَكُمۡ عَلَيۡنَا مِن فَضۡلِۢ﴾ [هود: ٢٧]

“আৰু আমি দেখিছো যে, কেৱল আমাৰ মাজৰ নিম্ন শ্ৰেণীৰ লোকসকলেই বিবেচনাহীনভাৱে তোমাৰ অনুসৰণ কৰিছে; আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখিবলৈ পোৱা নাই।" [ছুৰা হূদ, আয়াত: ২৭]

দৰাচলতে সিহঁতৰ আত্ম অহংকাৰৰ কাৰণেই এই ধৰণৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হৈছে। মানুহে যেতিয়া অহংকাৰ কৰে, নিজকে বৰ ডাঙৰ বুলি ভাৱে আৰু আনক তুচ্ছ বুলি ভাৱে তেতিয়া সত্য গ্ৰহণত সি সঙ্কুচিত হৈ যায়, আনকি যদিও ধৰি লোৱা হয় যে, তাৰ এই ধাৰণাক প্ৰতিহত কৰা হ'ব তথাপিও সি আনভাৱে নিজকে ডাঙৰ বুলি ভাৱিব। আল্লাহ তা'আলাই কৈছে,

﴿كَذَٰلِكَ حَقَّتۡ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ فَسَقُوٓاْ أَنَّهُمۡ لَا يُؤۡمِنُونَ٣٣﴾ [يونس : ٣٣]

“এনেকৈ তোমাৰ প্ৰতিপালকৰ বাণী সত্য বুলি সাব্যস্ত হৈছে সিহঁতৰ ওপৰত, যিসকল অবাধ্য হৈছে যে, সিহঁত ঈমান নানিব।" [ছুৰা ইউনুছ, আয়াত: ৩৩]

এতেকে, ফিছক তথা অবাধ্যতা হৈছে বান্দাই আল্লাহৰ অনুগত্যৰ পৰা বাহিৰ হৈ চয়তানৰ আনুগত্য কৰা। যাৰ অন্তৰ এই ধৰণৰ ঘৃণ্য দোষত দুষিত হয় তাৰ কথাত আৰু কৰ্মত আৰু সত্য গ্ৰহণত সেইটো আটাইতকৈ ডাঙৰ বাধা হয়। আল্লাহ তা'আলাই এই ধৰণৰ লোকসকলৰ কেতিয়াও প্ৰশংসা কৰা নাই; বৰং তাক যালিম (অন্যায়কাৰী) বুলি আখ্যায়িত কৰিছে। ফলত সি অহংকাৰ আৰু পথভ্ৰষ্টতাত বাতিলৰ মাজত ঘুৰি পকি থাকে। তাৰ সকলো কৰ্ম আৰু চলা-ফুৰা অন্যায় আৰু বিশৃঙ্খলাময় হৈ থাকে। এতেকে, ফাছেকী সদায় বাতিলৰ লগত মিলিত হয় আৰু সত্যৰ পৰা বাধা দিয়ে, কিয়নো মানুহৰ অন্তৰ যেতিয়া আল্লাহৰ আনুগত্য আৰু বশ্যতাৰ পৰা ওলাই যায় তেতিয়া সি বিদ্ৰোহী চয়তানৰ বশ্যতা স্বীকাৰ কৰে।

﴿وَيَتَّبِعُ كُلَّ شَيۡطَٰنٖ مَّرِيدٖ٣كُتِبَ عَلَيۡهِ أَنَّهُۥ مَن تَوَلَّاهُ فَأَنَّهُۥ يُضِلُّهُۥ وَيَهۡدِيهِ إِلَىٰ عَذَابِ ٱلسَّعِيرِ٤﴾ [الحج : ٣، ٤]

“আৰু সি অনুসৰণ কৰে প্ৰত্যেক বিদ্ৰোহী চয়তানৰ। তাৰ সম্পৰ্কে নিৰ্ধাৰণ কৰা হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত জুইৰ শাস্তিৰ পিনে পৰিচালিত কৰিব। [ছুৰা আল-হাজ্জ, আয়াত: ৩-৪]

সত্যৰ অনুসৰণ আৰু ঈমান পোষণ নকৰাৰ আৰু এটা ডাঙৰ বাধা হৈছে জ্ঞান-বিজ্ঞান আৰু বাস্তৱ পৰীক্ষা-নিৰীক্ষাক সংকীৰ্ণ পৰিধিত সীমাবদ্ধ কৰি ৰখা যেনেকৈ বস্তুবাদীসকলে ইন্দ্ৰিয় অনুভৱৰ মাজত জ্ঞান-বিজ্ঞানক সীমাবদ্ধ কৰি থাকে। সেয়ে যিবোৰ সিহঁতৰ ইন্দ্ৰিয়ৰ দ্বাৰা বোধগম্য হয় সেইবোৰকেই সিহঁতে বিশ্বাস কৰে আৰু যিবোৰ ইন্দ্ৰিয়গ্ৰাহ্য নহয় সেইবোৰক সিহঁতে অবিশ্বাস কৰে; যদিও সেয়া আন পদ্ধতিত আৰু ইন্দ্ৰিয় অনুভৱতকৈও অধিক শক্তশালী আৰু স্পষ্ট দলীল-প্ৰমাণৰ দ্বাৰা প্ৰমাণিত তথাপিও সিহঁতে সেইটো স্বীকাৰ নকৰে। এই ফিতনা আৰু সংশয়ৰ কাৰণে বহুতেই পথভ্ৰষ্ট হৈছে। এই নিকৃষ্ট পদ্ধতিয়ে মহাবিশ্বৰ প্ৰতিপালকৰ অস্তিত্ব অস্বীকাৰ কৰে, ৰাছুলসকলৰ লগত কুফুৰী কৰে আৰু তেওঁলোকে লৈ অহা গায়েবৰ (অদৃশ্যৰ) সংবাদসমূহক অস্বীকাৰ কৰে যিবোৰ বিশ্বাস কৰিবলৈ বহুতো যুক্তি প্ৰমাণৰ দ্বাৰা দলীল দাঙি ধৰা হয়; বৰং প্ৰকৃতপক্ষত এইবোৰ স্পষ্ট দলীল-প্ৰমাণৰ দ্বাৰা প্ৰমাণিত। এই কথা অত্যাৱশ্যকীয় জ্ঞাতব্য জ্ঞান আৰু ইয়াকীনী ইল্ম যে, আল্লাহৰ অস্তিত্ব, তেওঁৰ একত্ববাদ, একক সৃষ্টিকৰ্তা আৰু পৰিচালনাৰ প্ৰমাণাদি অন্যান্য পদ্ধতিৰ দলীলৰ সমান নহয় বা আন দলীলৰ সৈতে তুলনা কৰা নাযাব। কিয়নো আল্লাহৰ অস্তিত্বৰ প্ৰমাণ আচমানী নাযিলকৃত দলীল, বিবেক প্ৰসূত দলীল, অনুভৱীয় দলীল আৰু স্বভাৱজাত প্ৰমাণৰ দ্বাৰা প্ৰমাণিত। বিশ্বজগতত আৰু মানুহৰ মাজত তেওঁ নিজৰ নিদৰ্শনাৱলী সুস্পষ্টভাৱে প্ৰকাশ কৰিছে যাতে সিহঁতৰ ওচৰত স্পষ্ট হয় যে, তেওঁ সত্য, তেওঁৰ ৰাছুলসকল সত্য, তেওঁৰ প্ৰতিদান সত্য, তেওঁৰ প্ৰদানকৃত সকলো সংবাদ (অহী) সত্য আৰু তেওঁৰ দ্বীন সত্য। এতেকে, সত্য সুস্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছত অনুসৰণ নকৰিলে বাতিলৰ বাহিৰে আৰু কি থাকিব পাৰে। কিন্তু বস্তুবাদীসকলৰ ঔদ্ধত্যতা আৰু সিহঁতৰ অহংকাৰ সিহঁতৰ আৰু সেই উপকাৰী সত্যৰ মাজত প্ৰতিবন্ধক যি সত্যবিহীন কোনোৱেই কোনোমতেই উপকৃত হ'ব নোৱাৰিব। দৃষ্টিসম্পন্ন মুমিন তাৰ দূৰদৰ্শিতাৰ আলোকত সি সত্য জানিব পাৰে আৰু বুজিব পাৰে যে, কাফিৰসকল স্পষ্ট গোমৰাহী আৰু অন্ধত্বৰ মাজত নিমজ্জিত। আল্লাহে আমাক হিদায়তৰ নি'আমত দান কৰাৰ বাবে আমি তেওঁৰ প্ৰশংসা আৰু কৃতজ্ঞতা আদায় কৰিছো।

কাফিৰ আৰু নাস্তিকসকলৰ ঈমান অনাত আৰু এটা বাধা হৈছে বস্তুবাদীসকলৰ আৰু সিহঁতৰ প্ৰবঞ্চনাত নিমজ্জিত সিহঁতৰ অনুসাৰীসকলে ভাৱে যে, বস্তু উত্তেলিত হোৱা আৰু প্ৰাকৃতি বিজ্ঞান সম্পৰ্কে মানুহে জনাৰ আগত মানুহৰ জ্ঞান পুৰঠ নাছিল। ইয়াৰ আগত মানুহৰ জ্ঞান পূৰ্ণতা পোৱা নাছিল। দৰাচলতে এইটো হ'ল সিহঁতৰ দুঃসাহস দেখুৱা, কূটতৰ্কত আগুৱাই অহা, সত্য আৰু বাস্তৱতাৰ ক্ষেত্ৰত অহংকাৰ প্ৰদৰ্শন। এই কথা সামান্য জ্ঞানৰ অধিকাৰী লোকসকলেও জানিব যে, সিহঁতে নিজৰ নিকৃষ্ট মতাদৰ্শৰ পৰা কেতিয়াও উভতি অহা নাই। এতেকে যদি সিহঁতে ক'লেহেঁতেন যে, বস্তু, শিল্প-কাৰখানা, আৱিষ্কাৰ, প্ৰকৃতিক বিষয়ৰ উন্নতি ইত্যাদি শেষৰ ফালে অৰ্থাৎ বৰ্তমান সময়ৰ আগত পূৰ্ণতা আৰু নিপুনতা লাভ কৰা নাছিল তেনেহ'লে সিহঁতৰ কথা ঠিক হ'লেহেঁতেন। কিন্তু সঠিক জ্ঞান, স্থিৰ বাস্তৱতা আৰু সুন্দৰ চৰিত্ৰ ইত্যাদি বিষয় সম্পৰ্কে সিহঁতৰ সংজ্ঞা, দু:সাহস প্ৰদৰ্শন আৰু অন্যায়মূলক কথা হৈছে আটাইতকৈ ডাঙৰ মিথ্যাচাৰ। কিয়নো বিবেক, সঠিক জ্ঞান তেতিয়াও চিহ্নিত আছিল, ইয়াৰ পূৰ্ণতা বা অপূৰ্ণতা ইয়াৰ প্ৰভাৱ, দলীল আৰু লক্ষ্য-উদ্দেশ্যৰ দ্বাৰা প্ৰমাণিত আছিল। মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা সেইসমূহ মহৎ আচাৰ-আচাৰণ, আক্বীদা, আখলাক, দ্বীন, দুনিয়া, ৰহমত, হিকমত ইত্যাদি সম্পৰ্কে সুউচ্চ চিন্তা-চেতনা সম্পৰ্কে লক্ষ্য কৰক। এইবোৰ গুণাৱলী মুছলিমসকলে তেওঁলোকৰ নবীৰ পৰা গ্ৰহণ কৰিছে আৰু এইবোৰৰ ওপৰত আমল কৰাৰ লগতে দ্বীন আৰু দুনিয়াৰ সকলো কল্যাণকৰ আৰু ভাল কামসমূহ আনৰ ওচৰত পৌঁছাই দিছে। পিছত বিশ্বৰ সকলো জাতি তেওঁলোকৰ এইবোৰ গুণাৱলীৰ ওচৰত নতস্বীকাৰ কৰিছে আৰু সিহঁতে এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে, মুছলিমসকল পূৰ্ণতাৰ এনে এক চৰম শিখৰত উপনীত হৈছে যে, আন আন লোকসকলে তাত উপনীত হ'ব পৰা নাই; আনকি আন আন লোকসকলে তেওঁলোকে দেখুৱা জ্ঞান-বিজ্ঞানৰ পথতেই চলিবলৈ আৰম্ভ কৰিলে। এতিয়া বস্তুবাদীসকলৰ চৰিত্ৰ চাওঁক, সিহঁতে নিজৰ মনোবাসনা চৰিতাৰ্থ কৰিবলৈ বস্তুক ব্যৱহাৰ কৰে, সিহঁতে এই খিনিতেই ক্ষেন্ত কৰা নাই; বৰং সিহঁতে সিহঁতৰ হীন উদ্দেশ্য বাস্তবায়নত নিম্নৰ পৰা নিম্নতৰ স্তৰত নামি গৈ কৈছে, বস্তু এটাৰ লগত আন এটা লাগি থকাৰ শক্তি নাথাকিলে মহাবিশ্বৰ সকলো তাৎক্ষণিক ধ্বংস হৈ গ'লেহেঁতেন। অথচ আল্লাহ তা'আলাই কৈছে,

﴿وَلَا تَحۡسَبَنَّ ٱللَّهَ غَٰفِلًا عَمَّا يَعۡمَلُ ٱلظَّٰلِمُونَ٤٢﴾ [ابراهيم: ٤٢]

“আৰু যালিমসকলে যি কৰিছে, সেই বিষয়ে তুমি আল্লাহক কেতিয়াও অমনোযোগী বুলি নাভাৱিবা।" [ছুৰা ইব্ৰাহীম, আয়াত: ৪২]

এতেকে, যদি পূৰ্বৱৰ্তী উন্নত জাতিসমূহৰ মাজত আল্লাহৰ দ্বীনৰ পৃথিৱী সংক্ৰান্ত আদবসমূহ অৱশিষ্ট নাথাকিলেহেঁতেন তেনেহ'লে বৰ্তমান বস্তুবাদীসকলৰ জ্ঞান-বিজ্ঞানৰ উন্নতিৰ কোনো মূল্যই নাথাকিলেহেঁতেন। কিয়নো যিহঁত দ্বীন হেৰাইছে সিহঁত পৃথিৱীত পুত:পৱিত্ৰ, আনন্দময় আৰু সুখী জীৱন যাপনত ব্যৰ্থ। বাস্তৱ দৰ্শন আৰু অভিজ্ঞতা এই বিষয়ে আটাইতকৈ ডাঙৰ সাক্ষী। আৰবৰ মুশ্বৰিক আৰু সিহঁতৰ মতাদৰ্শীসকল যিসকলৰ অকনমান ঈমান আৰু ঈমানৰ কিছুমান উছুলৰ যেনে, তাওহীদুৰ ৰুবুবিয়্যাহ (আল্লাহক প্ৰতিপালক হিচাপে স্বীকৃতি) আৰু প্ৰতিদান দিৱসৰ স্বীকৃতি সম্পৰ্কে সামান্য স্বীকৃতি আছিল সিহঁত নিসন্দেহে বৰ্তমানৰ বস্তুবাদীসকলতকৈ ভাল আছিল। ইয়াৰ বাহিৰেও এই কথা সকলোৰেই অৱশ্য জ্ঞাতব্য বিষয় যে, আল্লাহৰ ৰাছুলসকলে আল্লাহৰ তৰফৰ পৰা যিবোৰ সংক্ষিপ্ত আৰু বিস্তাৰিত অহী, হিদায়ত, নূৰ, সঠিক ইল্ম আৰু সৰ্বময় কল্যাণ লৈ আহিছে সেইবোৰ সুস্থ জ্ঞানে আৰু বিবেকে স্বীকৃতি দিয়ে, সেই বিবেক অৱশ্যই জানে যে, সকলোৱেই এই জ্ঞানৰ অত্যন্ত মুখাপেক্ষী আৰু ৰাছুলসকলে লৈ অহা সকলো বিষয় মানিবলৈ সেই বিবেক প্ৰস্তুত থাকে। সঠিক বিবেকে বুজে যে, ৰাছুলসকলে যি উপকাৰী ইল্ম আৰু কিতাব লৈ আহিছে পৃথিৱীৰ আদিৰ পৰা অন্ত লৈকে সকলোৱে একত্ৰিত হৈও এই ধৰণৰ কিতাব সিহঁতে ৰচনা কৰিবলৈ সক্ষম নহ'ব। ইয়াৰ বাহিৰেও সুস্থ বিবেকে জানে যে, নবীসকলৰ উক্ত অহী নাথাকিলে মানৱ জাতি অৱশ্যই স্পষ্ট গোমৰাহী, মহা অন্ধকাৰ, দুৰ্ভাগ্য আৰু সদায় ধ্বংসত পতিত হ'লেহেঁতেন। আল্লাহ তা'আলাই কৈছে,

﴿لَقَدۡ مَنَّ ٱللَّهُ عَلَى ٱلۡمُؤۡمِنِينَ إِذۡ بَعَثَ فِيهِمۡ رَسُولٗا مِّنۡ أَنفُسِهِمۡ يَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِهِۦ وَيُزَكِّيهِمۡ وَيُعَلِّمُهُمُ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَإِن كَانُواْ مِن قَبۡلُ لَفِي ضَلَٰلٖ مُّبِينٍ١٦٤﴾ [ال عمران: ١٦٤]

“অৱশ্যই আল্লাহে মুমিনসকলৰ ওপৰত অনুগ্ৰহ কৰিছে, যেতিয়া তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ প্ৰতি এজন ৰাছুল পঠাইছিল, যিয়ে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতক পৰিশুদ্ধ কৰে আৰু সিহঁতক কিতাব আৰু হিকমত শিক্ষা দিয়ে। যদিও সিহঁত ইয়াৰ আগত স্পষ্ট ভ্ৰান্তিত আছিল।" [ছুৰা আলে ইমৰান, আয়াত: ১৬৪]

এতেকে, ৰাছুলসকলে লৈ অহা জ্ঞানৰ বাহিৰে মানুহৰ বিবেক সঠিক পূৰ্ণতাত উপনীত হ'ব নোৱাৰে। এই বাবেই সঠিক জ্ঞান আৰু দূৰদৰ্শিতাৰ অভাৱত কিছুমান শব্দৰ দ্বাৰা বাতিলক সুসজ্জিত কৰি সত্যক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতে (বস্তুবাদীসকলে) বহু মানুহক ধোঁকাত পেলাইছে। যেনে, সিহঁতে দ্বীনৰ জ্ঞান আৰু সুউচ্চ আখলাক সমূহক পশ্চাদগামিতা আৰু সিহঁতৰ জ্ঞান-বিজ্ঞান আৰু দ্বীনৰ বিপৰীত আখলাকক সংস্কৃতি আৰু প্ৰগতি বুলি নামকৰণ কৰি থাকে। সুস্থ জ্ঞানৰ অধিকাৰী সকলৰ ওচৰত এইটো স্পষ্ট যে, যিবোৰ সংস্কৃতি আৰু সংস্কাৰৰ মূলনীতিসমূহ দ্বীনৰ হিদায়তত আৰু দিশ নিৰ্দেশনাৰ লগত সম্পৃক্ত নহয় সেয়া নিশ্চয় পৃথিৱী আৰু পৰকালৰ বাবে অকল্যাণকৰ আৰু পথভ্ৰষ্টতা। অকনমান চিন্তা-ভাৱনা কৰিলেই দেখিবলৈ পোৱা যাব যে, যিসকলক বস্তুবাদী সভ্য বুলি কোৱা হয় সিহঁত চাৰিত্ৰিক অধঃপতনত আৰু সকলো ক্ষতিকৰ কামত অগ্ৰগামী আৰু উপকাৰী কামত নিম্নগামী। আনহাতে সুস্থ সভ্যতা আৰু সংস্কৃতি হৈছে বিবেকৰ সভ্যতা যিটো ৰাছুলসকলৰ হিদায়ত আৰু তেওঁলোকে লৈ অহা সঠিক জ্ঞানসম্পন্ন বিবেক। আৰু চাৰিত্ৰিক সভ্যতা হৈছে প্ৰশংসিত সুন্দৰ সচ্চৰিত্ৰ আৰু উপকাৰী দিশ নিৰ্দেশনাত সভ্য হোৱা যিটো সকলোৰে বাবে কল্যাণকৰ আৰু সঠিকতা, ভাল আৰু সফলতাৰ কামত সঠিক জ্ঞানৰ দ্বাৰা সহযোগিতা কৰা। ইছলামে সদায় পৃথিৱী আৰু পৰকালৰ সৌভাগ্য অৰ্জন আৰু উভয় জগতত সন্মান আৰু মৰ্যদা লাভ কৰিবলৈ আদেশ আৰু উৎসাহিত কৰে। দ্বীন ইছলামে কোৰআন আৰু হাদীছত সংক্ষিপ্তাভাৱে আৰু সবিস্তাৰে যি লৈ আহিছে সেইবোৰক লৈ কোনোবাই গৱেষণা কৰিলে জানিব পাৰিব যে, ইছলামৰ হিদায়ত আৰু দিশ নিৰ্দেশনাৰ ফালে উভতি নগ'লে আৰু সেই অনুযায়ী আমল নকৰিলে মানৱ জাতি কল্যাণ সাধিত হ'ব নোৱাৰিব। ইছলাম যেনেকৈ আক্বীদা, আখলাক আৰু ভাল কামৰ ক্ষেত্ৰত প্ৰযোজ্য তেনেকৈ ই পৃথিৱীৰ কামৰ বাবেও প্ৰযোজ্য। ইছলামে সদায় সকলোৰে ব্যক্তিগত আৰু সমষ্টিক কল্যাণ আৰু উপকাৰৰ পথ নিৰ্দেশ দিয়ে।

আল্লাহেই হৈছে তাওফীকদাতা আৰু হিদায়তকাৰী। আল্লাহ তাআলাই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ৰহমত আৰু শান্তি বৰ্ষণ কৰক।



[1] ছহীহ মুছলিম, কিতাবুল ঈমান, ১/৩৬, হাদীছ নং ৮, ওমৰ ইবনে খাত্তাব ৰাদিয়াল্লাহুৰ পৰা বৰ্ণিত; ছহীহ বুখাৰী, কিতাবুল ঈমান, ১/২৭, হাদীছ নং ৮; ছহীহ মুছলিম, কিতাবুল ঈমান, ১/৩৯, হাদীছ নং ৯, উভয়ে আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণানা কৰিছে।

[2] আল্লাহক একমাত্ৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা, পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰাক ৰুবুবিয়্যাত বোলে। -অনুবাদক।

[3] ছহীহ বুখাৰী, কিতাবুল ঈমান, ১/৮৯, ৫/২৮৯, ৩৭৫, ১০/৫০৭, হাদীছ নং ৩৩, ২৬৮২, ২৭৪৯, ৬০৯৫; ছহীহ মুছলিম, কিতাবুল ঈমান, ১/৭৮, হাদীছ নং ৫৯। বুখাৰী আৰু মুছলিম উভয়েই হাদীছটো আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণনা কৰিছে।

[4] মুছনাদ আহমদ, ২/৩৩২; আবু দাউদ, কিতাবুছ ছুন্নাহ, ৫/৪, হাদীছ নং ৪৫৯৭; তিৰমিজী, কিতাবুল ঈমান, ৫/২৫, হাদীছ নং ২৬৪১; ইবনে মাজাহ, কিতাবুল ফিতান, ২/১৩২১, হাদীছ নং ৩৯৯২; ইবনে হিব্বান, হাদীছ নং ৬৭৩১; আল-আজুৰীয়ে তেওঁৰ শ্বৰী'আহতত, পৃষ্ঠা নং ১৫; মুহাম্মাদ ইবনে নছৰ তেওঁৰ ছুন্নাহতত, পৃষ্ঠা নং ১৭-১৮; হাকিমে তেওঁৰ মুছতাদৰাকত, ১/৬ ও ১/১২৮; আল-ইছফিৰায়ীয়ে তেওঁৰ ফিৰাক বাইনাল ফিৰাক, পৃষ্ঠা নং ৪ ও ৫; তেওঁলোক সকলোৱে মুহাম্মাদ ইবনে 'আমৰ ইবনে 'আলকামা ইবনে ওৱাক্কাছ আল-লাইছীৰ পৰা, তেওঁ আবু ছালমা ইবনে আব্দুৰ ৰহমানৰ পৰা, তেওঁ আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছটো বৰ্ণনা কৰিছে, কিন্তু তেওঁলোকৰ বৰ্ণনাত নিম্নোক্ত শব্দাৱলী নাই।

«كُلُّها فِي النَّارِ إلا وَاحِدَةً ، ................. هُوَ مَا أَنَا عَلَيْهِ الْيَوْمَ وَأَصْحَابِي».

হাদীছৰ ছনদটো হাছান। ছনদৰ সকলো বৰ্ণনাকাৰী ছিক্বাহ, কেৱল মুহাম্মাদ ইবনে 'আমৰ ইবনে 'আলকামাৰ বাহিৰে। ইমাম যাহাবী ৰাহিমাহুল্লাহে মিযানত ৩/৬৭৩ কৈছে: তেওঁ বিখ্যাত শ্বাইখ, হাছানুল হাদীছ, আবু ছালমা ইবনে আব্দুৰ ৰহমানৰ পৰা অধিক বৰ্ণনা কৰিছে। ইমাম বুখাৰীয়ে তেওঁৰ হাদীছ মুতাবা'আ হিচাপে বৰ্ণনা কৰিছে। এই হাদীছ সম্পৰ্কে ইমাম তিৰমিজী ৰাহিমাহুল্লাহে কৈছে, হাদীছটো হাছান ছহীহ। ইমাম হাকিম আৰু ইবনে হিব্বানে হাদীছটোক ছহীহ বুলি কৈছে। এই হাদীছটো ছাহাবীসকলৰ পৰা এদল বৰ্ণনাকাৰীয়ে বৰ্ণনা কৰিছে। চাওঁক, মাকাছিদুল হাছানাহ, ছাখাভী, পৃষ্ঠা, ১৫৮; নুযুমুল মুতানাছিৰাহ মিনাল হাদীছিল মুতাৱাতিৰাহ, কাত্তানী, পৃষ্ঠা, ৩২-৩৪।

আনহাতে হাদীছত অতিৰিক্ত:

«كُلُّها فِي النَّارِ إلا وَاحِدَةً وهي الجماعة».

এই অংশখিনি মুছনাদে আহমাদত (৪/১০২) মু'আবিয়া ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে। ইয়াৰ বাহিৰেও এই অংশখিনি আবু দাউদ, কিতাবুছ ছুন্নাহ, ৫/৫; আযুৰুমীৰ শ্বৰী'আহ, পৃষ্ঠা ১৮; হাকিমৰ মুছতাদৰাক, ১/১২৮; আৰু অন্যান্য কিতাপত উল্লেখ আছে। ইমাম হাকিমে এই হাদীছটো বৰ্ণনা কৰাৰ পিছত কৈছে, 'হাদীছৰ এই ছনদসমূহ এই হাদীছটো ছহীহ হোৱাৰ বিষয়ে প্ৰমাণ, এই মত ইমাম যাহাবী ৰাহিমাহুল্লাহেও স্বীকৃতি দিছে। ইমাম শাতেবী ৰাহিমাহুল্লাহে আল-ই'তিছামত হাদীছটোক ছহীহ বুলি কৈছে।

মুছনাদে আহমাদত (৩/১২০) আনাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হাদীছত এই অতিৰিক্ত অংশখিনি বৰ্ণিত আছে; আজুৰীৰ আশ্ব-শ্বাৰী'আহৰ পৃষ্ঠা নং ১৬-১৭ তো বৰ্ণিত আছে।

ইয়াৰ বাহিৰেও আজুৰীৰ আশ্ব-শ্বাৰী'আহৰ পৃষ্ঠা ১৭-১৮ ত ছা'দ ইবনু আবি ওৱাক্কাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত আছে।

আনহাতে হাদীছৰ আৰু এটা অতিৰিক্ত অংশ,

«كُلُّها فِي النَّارِ إلا وَاحِدَةً ، ................. هُوَ مَا أَنَا عَلَيْهِ الْيَوْمَ وَأَصْحَابِي».

আজুৰীৰ আশ্ব-শ্বাৰী'আহৰ পৃষ্ঠা ১৫-১৬ ত আব্দুল্লাহ ইবনে 'আমৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত আছে। তাবৰানী ৰাহিমাহুল্লাহ মু'জামুছ ছাগীৰত (১/২৫৬) আনাছ ইবনু মালিক ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণনা কৰিছে।

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ