আন-নাৱাৱীৰ চল্লিশ হাদীছ

চমু বিৱৰণ

আন-নাৱাৱীৰ চল্লিশ হাদীছ: এইটো এটা বিখ্যাত মূলভাষ্য, য’ত বিভিন্ন বিষয়ত চনদবিহীন মুঠ বিয়াল্লিশটা হাদীছ আছে। ইয়াৰ প্ৰতিটো হাদীছেই দ্বীনৰ একোটা ভিত্তি স্বৰূপ। আখিৰাত অনুৰাগী প্ৰত্যেকৰে এইবোৰ হাদীছ জনা উচিৎ। কিয়নো, এইবোৰত আছে বহুতো গুৰুত্বপূৰ্ণ বিষয়াদি আৰু সকলো সৎকৰ্মৰ ইঙ্গিত।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

আন-নাৱাৱীৰ চল্লিশ হাদীছ

﴿ الأربعون النووية ﴾

الإمام أبو زكريا يحيى بن شرف النووي

الحديث الأول

"إنما الأعمال بالنيات"

عَنْ أَمِيرِ الْمُؤْمِنِينَ أَبِي حَفْصٍ عُمَرَ بْنِ الْخَطَّابِ رَضِيَ اللهُ عَنْهُ قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ:

" إنَّمَا الْأَعْمَالُ بِالنِّيَّاتِ، وَإِنَّمَا لِكُلِّ امْرِئٍ مَا نَوَى، فَمَنْ كَانَتْ هِجْرَتُهُ إلَى اللَّهِ وَرَسُولِهِ فَهِجْرَتُهُ إلَى اللَّهِ وَرَسُولِهِ، وَمَنْ كَانَتْ هِجْرَتُهُ لِدُنْيَا يُصِيبُهَا أَوْ امْرَأَةٍ يَنْكِحُهَا فَهِجْرَتُهُ إلَى مَا هَاجَرَ إلَيْهِ" .

رَوَاهُ إِمَامَا الْمُحَدِّثِينَ أَبُو عَبْدِ اللهِ مُحَمَّدُ بنُ إِسْمَاعِيل بن إِبْرَاهِيم بن الْمُغِيرَة بن بَرْدِزبَه الْبُخَارِيُّ الْجُعْفِيُّ [رقم:1]، وَأَبُو الْحُسَيْنِ مُسْلِمٌ بنُ الْحَجَّاج بن مُسْلِم الْقُشَيْرِيُّ النيْسَابُورِيُّ [رقم: 1907] رَضِيَ اللهُ عَنْهُمَا فِي "صَحِيحَيْهِمَا" اللذِينِ هُمَا أَصَحُّ الْكُتُبِ الْمُصَنَّفَةِ.

হাদীছ - ১

আমীৰুল মুমিনীন আবু হাফছ ওমৰ ইবন আল-খাত্তাব ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে—

মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কওঁতে শুনিছো—

“সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেই বাবেই বিবেচিত হ'ব, যি কাৰণে সি হিজৰত কৰিছে।"

[ছহীহ আল-বুখাৰী: ১, ছহীহ মুছলিম: ১৯০৭। মুহাদ্দিছসকলৰ দুজন ইমাম আবু আব্দুল্লাহ মুহাম্মদ ইবন ইছমাঈল ইবন ইব্ৰাহীম ইবন মুগীৰা ইবন বাৰদিযবাহ আল-বুখাৰী আৰু আবুল হাছান মুছলিম ইবন হাজ্জাজ ইবন মুছলিম আল-কুশ্বায়ৰী আন-নিছাপুৰীয়ে নিজ নিজ ছহীহ গ্ৰন্থত উল্লেখিত হাদীছটো বৰ্ণনা কৰিছে। আৰু এই দুটা গ্ৰন্থ আটাইতকৈ ছহীহ বুলি বিবেচিত হয়।]


الحديث الثاني

"مجيء جبريل ليعلم المسلمين أمر دينهم"

عَنْ عُمَرَ رَضِيَ اللهُ عَنْهُ أَيْضًا قَالَ

" بَيْنَمَا نَحْنُ جُلُوسٌ عِنْدَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم ذَاتَ يَوْمٍ، إذْ طَلَعَ عَلَيْنَا رَجُلٌ شَدِيدُ بَيَاضِ الثِّيَابِ، شَدِيدُ سَوَادِ الشَّعْرِ، لَا يُرَى عَلَيْهِ أَثَرُ السَّفَرِ، وَلَا يَعْرِفُهُ مِنَّا أَحَدٌ. حَتَّى جَلَسَ إلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم . فَأَسْنَدَ رُكْبَتَيْهِ إلَى رُكْبَتَيْهِ، وَوَضَعَ كَفَّيْهِ عَلَى فَخذَيْهِ، وَقَالَ: يَا مُحَمَّدُ أَخْبِرْنِي عَنْ الْإِسْلَامِ. فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم الْإِسْلَامُ أَنْ تَشْهَدَ أَنْ لَا إلَهَ إلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَتُقِيمَ الصَّلَاةَ، وَتُؤْتِيَ الزَّكَاةَ، وَتَصُومَ رَمَضَانَ، وَتَحُجَّ الْبَيْتَ إنْ اسْتَطَعْت إلَيْهِ سَبِيلًا. قَالَ: صَدَقْت . فَعَجِبْنَا لَهُ يَسْأَلُهُ وَيُصَدِّقُهُ! قَالَ: فَأَخْبِرْنِي عَنْ الْإِيمَانِ. قَالَ: أَنْ تُؤْمِنَ بِاَللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ وَالْيَوْمِ الْآخِرِ، وَتُؤْمِنَ بِالْقَدَرِ خَيْرِهِ وَشَرِّهِ. قَالَ: صَدَقْت. قَالَ: فَأَخْبِرْنِي عَنِ الْإِحْسَانِ. قَالَ: أَنْ تَعْبُدَ اللَّهَ كَأَنَّك تَرَاهُ، فَإِنْ لَمْ تَكُنْ تَرَاهُ فَإِنَّهُ يَرَاك. قَالَ: فَأَخْبِرْنِي عَنْ السَّاعَةِ. قَالَ: مَا الْمَسْئُولُ عَنْهَا بِأَعْلَمَ مِنْ السَّائِلِ. قَالَ: فَأَخْبِرْنِي عَنْ أَمَارَاتِهَا؟ قَالَ: أَنْ تَلِدَ الْأَمَةُ رَبَّتَهَا، وَأَنْ تَرَى الْحُفَاةَ الْعُرَاةَ الْعَالَةَ رِعَاءَ الشَّاءِ يَتَطَاوَلُونَ فِي الْبُنْيَانِ. ثُمَّ انْطَلَقَ، فَلَبِثْنَا مَلِيًّا، ثُمَّ قَالَ: يَا عُمَرُ أَتَدْرِي مَنْ السَّائِلُ؟. قَلَتْ: اللَّهُ وَرَسُولُهُ أَعْلَمُ. قَالَ: فَإِنَّهُ جِبْرِيلُ أَتَاكُمْ يُعَلِّمُكُمْ دِينَكُم". [ رَوَاهُ مُسْلِمٌ رقم: 8 ]

হাদীছ - ২

এইটোও ওমৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হৈছে, তেখেতে কৈছে,

এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ ওচৰত বহি আছিলো, ঠিক সেই সময়ত হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলি আছিল ভীষণ ক'লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ ওচৰত আহি বহিলে, নিজৰ আঠু তেওঁৰ আঠুৰ লগত মিলাই নিজৰ হাত তেওঁৰ (অথবা নিজৰেই) উৰুত ৰাখি ক'লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক"

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: “ইছলাম হৈছে- তুমি সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু 'আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ছওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে (আল্লাহৰ) ঘৰৰ হজ্জ কৰা।"

তেওঁ (লোকজনে) ক'লে: “আপুনি ঠিকেই কৈছে"। আমি বিস্মিত হ'লো, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি কৈ আছে। তাৰ পিছত ক'লে, “ মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক"

তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক'লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।"

তেওঁ ক'লে: “আপুনি ঠিকেই কৈছে"। তাৰ পিছত ক'লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক"

তেখেতে ক'লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা তথাপিও তেওঁ তোমাক দেখি আছে"

তেওঁ ক'লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক"

তেখেতে ক'লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে"

তেওঁ ক'লে: “ তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক"

তেখেতে ক'লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাৰ দম্ভ কৰিব"

তাৰ পিছত সেই ব্যক্তি গুচি গ'ল, কিন্তু মই আৰু কিছু সময় বহি থাকিলো। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক'লে: “হে ওমৰ! প্ৰশ্নকাৰী কোন আছিল, তুমি জানানে? মই কলো: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে"। তেখেতে ক'লে: “তেওঁ আছিল জিব্ৰীল। তোমালোকক তোমালোকৰ দ্বীন শিক্ষা দিবলৈ তোমালোকৰ ওচৰত আহিছিল।"

[ছহীহ মুছলিম: ৮]


الحديث الثالث

"بني الإسلام على خمس"

عَنْ أَبِي عَبْدِ الرَّحْمَنِ عَبْدِ اللَّهِ بْنِ عُمَرَ بْنِ الْخَطَّابِ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: سَمِعْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ

" بُنِيَ الْإِسْلَامُ عَلَى خَمْسٍ: شَهَادَةِ أَنْ لَا إلَهَ إلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَإِقَامِ الصَّلَاةِ، وَإِيتَاءِ الزَّكَاةِ، وَحَجِّ الْبَيْتِ، وَصَوْمِ رَمَضَانَ".

[رَوَاهُ الْبُخَارِيُّ، رقم : 8، وَمُسْلِمٌ ، رقم : 21 ]

হাদীছ - ৩

আবু আব্দিৰ ৰহমান আব্দুল্লাহ ইবন ওমৰ ইবন আল-খাত্তাব ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কওঁতে শুনিছো,

“পাঁচটা স্তম্ভৰ ওপৰত ইছলামৰ ভিত্তি স্থাপন কৰা হৈছে— সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা'বূদ (উপাস্য) নাই আৰু মুহাম্মদ আল্লাহৰ ৰাছুল, ছালাত কায়েম কৰা, যাকাত আদায় কৰা, আল্লাহৰ ঘৰৰ হজ্জ কৰা আৰু ৰমজানৰ ছওম পালন কৰা।"

[বুখাৰী: ৮, মছলিম: ২১]


الحديث الرابع

"إن أحدكم يجمع في بطن أمه"

عَنْ أَبِي عَبْدِ الرَّحْمَنِ عَبْدِ اللَّهِ بْنِ مَسْعُودٍ رَضِيَ اللهُ عَنْهُ قَالَ: حَدَّثَنَا رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم -وَهُوَ الصَّادِقُ الْمَصْدُوقُ-:

"إنَّ أَحَدَكُمْ يُجْمَعُ خَلْقُهُ فِي بَطْنِ أُمِّهِ أَرْبَعِينَ يَوْمًا نُطْفَةً، ثُمَّ يَكُونُ عَلَقَةً مِثْلَ ذَلِكَ، ثُمَّ يَكُونُ مُضْغَةً مِثْلَ ذَلِكَ، ثُمَّ يُرْسَلُ إلَيْهِ الْمَلَكُ فَيَنْفُخُ فِيهِ الرُّوحَ، وَيُؤْمَرُ بِأَرْبَعِ كَلِمَاتٍ: بِكَتْبِ رِزْقِهِ، وَأَجَلِهِ، وَعَمَلِهِ، وَشَقِيٍّ أَمْ سَعِيدٍ.

فَوَاَللَّهِ الَّذِي لَا إلَهَ غَيْرُهُ إنَّ أَحَدَكُمْ لَيَعْمَلُ بِعَمَلِ أَهْلِ الْجَنَّةِ حَتَّى مَا يَكُونُ بَيْنَهُ وَبَيْنَهَا إلَّا ذِرَاعٌ فَيَسْبِقُ عَلَيْهِ الْكِتَابُ فَيَعْمَلُ بِعَمَلِ أَهْلِ النَّارِ فَيَدْخُلُهَا.

وَإِنَّ أَحَدَكُمْ لَيَعْمَلُ بِعَمَلِ أَهْلِ النَّارِ حَتَّى مَا يَكُونُ بَيْنَهُ وَبَيْنَهَا إلَّا ذِرَاعٌ فَيَسْبِقُ عَلَيْهِ الْكِتَابُ فَيَعْمَلُ بِعَمَلِ أَهْلِ الْجَنَّةِ فَيَدْخُلُهَا".

[رَوَاهُ الْبُخَارِيُّ , رقم: 3208، وَمُسْلِمٌ , رقم: 2643]

হাদীছ - ৪

আবূ আব্দিৰ ৰহমান আব্দুল্লাহ ইবন মাছউদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে— ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লাম— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে:

তোমালোকৰ সৃষ্টি মাতৃ গৰ্ভত চল্লিশ দিন লৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰবৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তৰূপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰা হয়। এতেকে সি তাৰ মাজত ৰূহ প্ৰৱেশ কৰায় আৰু তাক চাৰিটা বিষয় লিখি দিয়াৰ বাবে আদেশ দিয়া হয়- তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যবান নে দুৰ্ভগীয়া।

এতেকে, আল্লাহৰ শপত! যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই-তোমালোকৰ মাজত এজনে জান্নাতবাসীৰ দৰে কাম কৰে[1]- আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে।

আৰু তোমালোকৰ মাজত আন এজন ব্যক্তি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখন তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।

[বুখাৰী: ৩২০৮, মুছলিম: ২৬৪৩]


الحديث الخامس

"من أحدث في أمرنا هذا ما ليس منه فهو رد"

عَنْ أُمِّ الْمُؤْمِنِينَ أُمِّ عَبْدِ اللَّهِ عَائِشَةَ رَضِيَ اللَّهُ عَنْهَا، قَالَتْ: قَالَ: رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم "مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ".

[رَوَاهُ الْبُخَارِيُّ , رقم: 2697، وَمُسْلِمٌ , رقم: 1718]

وفي رواية لمسلم: مَنْ عَمِلَ عَمَلاً لَيْسَ عَلَيْهِ أمْرُنَا ... فَهُوَ رَدٌّ

হাদীছ - ৫

উম্মুল মু'মিনীন আইশ্বা ৰাদিয়াল্লাহু 'আনহাৰ পৰা বৰ্ণিত হৈছে, তেওঁ কৈছে- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব যিটো তাৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত হ'ব (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহ'ব)

[বুখাৰী: ২৬৯৭, মুছলিম: ১৭১৮]

মুছলিমৰ বৰ্ণনাত আছে যে,

যি ব্যক্তি এনে কোনো কাম কৰিব যিটো আমাৰ দ্বীনত নাই, সেয়া গ্ৰহণযোগ্য নহ'ব (অৰ্থাৎ প্ৰত্যাখ্যাত হ'ব)


الحديث السادس

"إن الحلال بين وإن الحرام بين"

عَنْ أَبِي عَبْدِ اللَّهِ النُّعْمَانِ بْنِ بَشِيرٍ رَضِيَ اللَّهُ عَنْهُمَا، قَالَ: سَمِعْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ:

"إنَّ الْحَلَالَ بَيِّنٌ، وَإِنَّ الْحَرَامَ بَيِّنٌ، وَبَيْنَهُمَا أُمُورٌ مُشْتَبِهَاتٌ لَا يَعْلَمُهُنَّ كَثِيرٌ مِنْ النَّاسِ، فَمَنْ اتَّقَى الشُّبُهَاتِ فَقْد اسْتَبْرَأَ لِدِينِهِ وَعِرْضِهِ، وَمَنْ وَقَعَ فِي الشُّبُهَاتِ وَقَعَ فِي الْحَرَامِ، كَالرَّاعِي يَرْعَى حَوْلَ الْحِمَى يُوشِكُ أَنْ يَرْتَعَ فِيهِ.

أَلَا وَإِنَّ لِكُلِّ مَلِكٍ حِمًى، أَلَّا وَإِنَّ حِمَى اللَّهِ مَحَارِمُهُ، أَلَّا وَإِنَّ فِي الْجَسَدِ مُضْغَةً إذَا صَلَحَتْ صَلَحَ الْجَسَدُ كُلُّهُ، وَإذَا فَسَدَتْ فَسَدَ الْجَسَدُ كُلُّهُ، أَلَا وَهِيَ الْقَلْبُ".

[رَوَاهُ الْبُخَارِيُّ , رقم: 52 ، وَمُسْلِمٌ , رقم: 1599]

হাদীছ - ৬

আবু আব্দিল্লাহ আন-নু'মান ইবন বাশ্বীৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ- মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কওঁতে শুনিছোঃ

নিশ্চয় হালাল সুস্পষ্ট আৰু হাৰামো সুস্পষ্ট, আৰু এই দুয়োৰ মাজত কিছুমান সন্দেহজনক বিষয় আছে যিবোৰ বহুতেই নাজানে। এতেকে, যি ব্যক্তি সন্দিহান বিষয়ৰ পৰা নিজকে ৰক্ষা কৰিছে; সি নিজৰ দ্বীনক পৱিত্ৰ কৰিছে আৰু নিজৰ সন্মানকো ৰক্ষা কৰিছে। আৰু যি ব্যক্তি সন্দেহযুক্ত বিষয়ত পতিত হৈছে; সি হাৰামত পতিত হৈছে। তাৰ অৱস্থা সেই গৰখীয়াৰ দৰে যিয়ে নিষিদ্ধ চাৰণ ভূমিৰ চাৰিওফালে (চতুষ্পদ জন্তু) চৰায়, আৰু সদায় এই আশংকাত থাকে যে, যিকোনো সময়ত কোনো এটা পশু তাৰ মাজত প্ৰৱেশ কৰি চৰিবলৈ আৰম্ভ কৰিব।

সাৱধান! প্ৰত্যেক ৰজা-বাদশ্বাহৰ একোটা সংৰক্ষিত এলাকা আছে। আৰু আল্লাহৰ সংৰক্ষিত এলাকা হৈছে তেওঁৰ হাৰামকৃত বিষয়াদি। সাৱধান! নিশ্চয় শৰীৰৰ মাজত এটা মাংসপিণ্ড আছে; যেতিয়া সেইটো ঠিক থাকে তেতিয়া গোটেই শৰীৰ ঠিক থাকে, আৰু যেতিয়া সেয়া নষ্ট হৈ যায় তেতিয়া গোটেই দেহ নষ্ট হৈ যায় –সেইটো হৈছে কলব (হৃদপিণ্ড)

[বুখাৰী: ৫২, মুছলিম: ১৫৯৯]


الحديث السابع

"الدين النصيحة"

عَنْ أَبِي رُقَيَّةَ تَمِيمِ بْنِ أَوْسٍ الدَّارِيِّ رَضِيَ اللهُ عَنْهُ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ

"الدِّينُ النَّصِيحَةُ. قُلْنَا: لِمَنْ؟ قَالَ لِلَّهِ، وَلِكِتَابِهِ، وَلِرَسُولِهِ، وَلِأَئِمَّةِ الْمُسْلِمِينَ وَعَامَّتِهِمْ" .

[رَوَاهُ مُسْلِمٌ , رقم: 55]

হাদীছ - ৭

আবু ৰুকাইয়্যা তামীম ইবন আওছ আদ্-দাৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হৈছে- নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

দ্বীন হৈছে শুভ কামনা। আমি প্ৰশ্ন কৰিলো: কাৰ বাবে? তেখেতে ক'লে: আল্লাহৰ, তেওঁৰ কিতাবৰ, তেওঁৰ ৰাছুলৰ, মুছলিমসকলৰ নেতৃবৃন্দৰ আৰু সকলো মুছলিমৰ বাবে।

[মুছলিম: ৫৫]


الحديث الثامن

"أمرت أن أقاتل الناس"

عَنْ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ

أُمِرْت أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إلَهَ إلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ؛ فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إلَّا بِحَقِّ الْإِسْلَامِ، وَحِسَابُهُمْ عَلَى اللَّهِ تَعَالَى.

[رَوَاهُ الْبُخَارِيُّ , رقم: 25 ، وَمُسْلِمٌ , رقم: 22]

হাদীছ - ৮

ইবনে ওমৰ ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

মোক মানুহৰ লগত তেতিয়ালৈকে যুদ্ধ কৰাৰ আদেশ কৰা হৈছে যেতিয়া লৈকে সিহঁতে এই কথাৰ সাক্ষ্য নিদিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু 'আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল। লগতে সিহঁতে ছালাত কায়েম কৰিব আৰু যাকাত প্ৰদান কৰিব। যদি সিহঁতে এয়া পালন কৰে তেন্তে সিহঁতে মোৰ হাতৰ পৰা নিজৰ জীৱন আৰু সম্পদ ৰক্ষা কৰিলে, কিন্তু ইছলামৰ হক যদি সেয়া দাবী কৰে তেন্তে সেয়া সুকীয়া কথা; আৰু সিহঁতৰ হিচাব লোৱাৰ দায়িত্ব আল্লাহৰ ওপৰত।

[বুখাৰী: ২৫, মুছলিম: ২২]


الحديث التاسع

"ما نهيتكم عنه فاجتنبوه"

عَنْ أَبِي هُرَيْرَةَ عَبْدِ الرَّحْمَنِ بْنِ صَخْرٍ رَضِيَ اللهُ عَنْهُ قَالَ: سَمِعْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ

مَا نَهَيْتُكُمْ عَنْهُ فَاجْتَنِبُوهُ، وَمَا أَمَرْتُكُمْ بِهِ فَأْتُوا مِنْهُ مَا اسْتَطَعْتُمْ، فَإِنَّمَا أَهْلَكَ الَّذِينَ مِنْ قَبْلِكُمْ كَثْرَةُ مَسَائِلِهِمْ وَاخْتِلَافُهُمْ عَلَى أَنْبِيَائِهِمْ.

[رَوَاهُ الْبُخَارِيُّ , رقم: 7288 ، وَمُسْلِمٌ , رقم: 1337]

হাদীছ - ৯

আবু হুৰাইৰা আব্দুৰ ৰহমান ইবন ছাখৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কওঁতে শুনিছো:

মই তোমালোকক যিবোৰ বিষয়ে নিষেধ কৰিছো, তাৰ পৰা বিৰত থাকা। আৰু যিবোৰ বিষয়ে আদেশ কৰিছো, যথাসম্ভৱ সেয়া পালন কৰা। তোমালোকৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰিছে সিহঁতৰ বেছি বেছি প্ৰশ্নই, আৰু নবীসকলৰ লগত কৰা মতবিৰোধে।

[বুখাৰীঃ ৭২৮৮, মুছলিম: ১৩৩৭]


الحديث العاشر

"إن الله طيب لا يقبل إلا طيبا"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم

إنَّ اللَّهَ طَيِّبٌ لَا يَقْبَلُ إلَّا طَيِّبًا، وَإِنَّ اللَّهَ أَمَرَ الْمُؤْمِنِينَ بِمَا أَمَرَ بِهِ الْمُرْسَلِينَ فَقَالَ تَعَالَى: "يَا أَيُّهَا الرُّسُلُ كُلُوا مِنْ الطَّيِّبَاتِ وَاعْمَلُوا صَالِحًا"، وَقَالَ تَعَالَى: "يَا أَيُّهَا الَّذِينَ آمَنُوا كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ.

ثُمَّ ذَكَرَ الرَّجُلَ يُطِيلُ السَّفَرَ أَشْعَثَ أَغْبَرَ يَمُدُّ يَدَيْهِ إلَى السَّمَاءِ: يَا رَبِّ! يَا رَبِّ! وَمَطْعَمُهُ حَرَامٌ، وَمَشْرَبُهُ حَرَامٌ، وَمَلْبَسُهُ حَرَامٌ، وَغُذِّيَ بِالْحَرَامِ، فَأَنَّى يُسْتَجَابُ لَهُ؟.

[رَوَاهُ مُسْلِمٌ , رقم: 1015]

হাদীছ - ১০

আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

আল্লাহ তা'আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা'আলাই মুমিনসকলক কেৱল সেই কামেই কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছে। আল্লাহ তা'আলাই কৈছে: ((হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।)) আল্লাহ তা'আলাই আৰু কৈছে: ((হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছো তাৰ পৰা আহাৰ কৰা।))

তাৰ পিছতে তেওঁ (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনে এজন ব্যক্তিৰ কথা উল্লেখ কৰিলে যি ব্যক্তি দীৰ্ঘ ছফৰত ওলাইছে আৰু তাৰ চুলিবোৰ ফনিওৱা নাই লগতে তাৰ কাপোৰ ধুলি বালিৰে ময়লা হৈছে। তাৰ পিছত সি নিজৰ দুই হাত আকাশৰ ফালে তুলি ধৰে আৰু কয়: হে ৰব! হে ৰব! অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; এনে অৱস্থাত কেনেকৈ তাৰ দুআ কবূল হ'ব পাৰে।

[মুছলিম: ১০১৫]

الحديث الحادي عشر

"دع ما يريبك إلى ما لا يريبك"

عَنْ أَبِي مُحَمَّدٍ الْحَسَنِ بْنِ عَلِيِّ بْنِ أَبِي طَالِبٍ سِبْطِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم وَرَيْحَانَتِهِ رَضِيَ اللَّهُ عَنْهُمَا، قَالَ:

حَفِظْت مِنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم "دَعْ مَا يُرِيبُك إلَى مَا لَا يُرِيبُك".

[ رَوَاهُ التِّرْمِذِيُّ , رقم: 2520 ، وَالنَّسَائِيّ , رقم: 5711 ، وَقَالَ التِّرْمِذِيُّ: حَدِيثٌ حَسَنٌ صَحِيحٌ]

হাদীছ - ১১

ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ স্নেহাস্পদ দৌহিত্ৰ আবু মুহাম্মদ হাছান ইবন আলী ইবন আবী তালিব ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত হৈছে, তেওঁ কৈছে:

“মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ পৰা এই কথা শুনি স্মৰণ ৰাখিছো যে: সন্দেহযুক্ত বিষয় বৰ্জন কৰি সন্দেহমুক্ত বিষয় গ্ৰহণ কৰা।"

[তিৰমিজী: ২৫২০, নাছায়ী: ৫৭১১, আৰু ইমাম তিৰমিজীয়ে কৈছে: হাদীছটো হাছান ছহীহ]


الحديث الثاني عشر

"من حسن إسلام المرء"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم :

"مِنْ حُسْنِ إسْلَامِ الْمَرْءِ تَرْكُهُ مَا لَا يَعْنِيهِ".

[حَدِيثٌ حَسَنٌ، رَوَاهُ التِّرْمِذِيُّ, رقم: 2318، ابن ماجه, رقم: 3976]

হাদীছ – ১২

আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হৈছে, তেওঁ কৈছে- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

“অনৰ্থক অপ্ৰয়োজনীয় বিষয় ত্যাগ কৰাটোৱেই এজন ব্যক্তিৰ উত্তম ইছলাম (গ্ৰহণ কৰাৰ পৰিচয়)।"

[হাদীছটো হাছান। তিৰমিজী: ২৩১৮, ইবনে মাজাহ: ৩৯৭৬]


الحديث الثالث عشر

"لا يؤمن أحدكم حتى يحب لأخيه ما يحب لنفسه"

عَنْ أَبِي حَمْزَةَ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللهُ عَنْهُ خَادِمِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ:

"لَا يُؤْمِنُ أَحَدُكُمْ حَتَّى يُحِبَّ لِأَخِيهِ مَا يُحِبُّ لِنَفْسِهِ".

[رَوَاهُ الْبُخَارِيُّ, رقم: 13، وَمُسْلِمٌ, رقم: 45]

হাদীছ – ১৩

আবু হামযাহ আনাছ ইবন মালেক ৰাদিয়াল্লাহু 'আনহু- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ খাদিম- তেওঁৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

“তোমালোকৰ মাজত কোনোবাই তেতিয়া লৈকে মুমিন হ'ব নোৱাৰে, যেতিয়া লৈকে সি তাৰ ভাতৃৰ বাবে সেইটোৱেই পছন্দ নকৰিব যিটো সি নিজৰ বাবে পছন্দ কৰে।"

[বুখাৰী: ১৩, মুছলিম: ৪৫]


الحديث الرابع عشر

" لا يحل دم امريء مسلم إلا بإحدى ثلاث"

عَنْ ابْنِ مَسْعُودٍ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم:

"لَا يَحِلُّ دَمُ امْرِئٍ مُسْلِمٍ إلَّا بِإِحْدَى ثَلَاثٍ: الثَّيِّبُ الزَّانِي، وَالنَّفْسُ بِالنَّفْسِ، وَالتَّارِكُ لِدِينِهِ الْمُفَارِقُ لِلْجَمَاعَةِ".

[رَوَاهُ الْبُخَارِيُّ, رقم: 6878، وَمُسْلِمٌ, رقم: 1676]

হাদীছ – ১৪

ইবনে মাছউদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত হৈছে, তেওঁ কৈছে- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

“কোনো মুছলিমৰ ৰক্তপাত কৰা তিনিটা কাৰণ ব্যতীত বৈধ নহয়- বিবাহিত ব্যক্তি যদি ব্যভিচাৰ কৰে, আৰু যদি প্ৰাণৰ পৰিবৰ্তে প্ৰাণ নিব লগা হয়। আৰু যদি কোনোবাই নিজ দ্বীনক পৰিত্যাগ কৰি মুছলিম জামা'আতৰ পৰা বেলেগ হৈ যায়।"

[বুখাৰী: ৬৮৭৮, মুছলিম: ১৬৭৬]


الحديث الخامس عشر

"من كان يؤمن بالله واليوم الآخر فليقل خيرا"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ:

"مَنْ كَانَ يُؤْمِنُ بِاَللَّهِ وَالْيَوْمِ الْآخِرِ فَلْيَقُلْ خَيْرًا أَوْ لِيَصْمُتْ، وَمَنْ كَانَ يُؤْمِنُ بِاَللَّهِ وَالْيَوْمِ الْآخِرِ فَلْيُكْرِمْ جَارَهُ، وَمَنْ كَانَ يُؤْمِنُ بِاَللَّهِ وَالْيَوْمِ الْآخِرِ فَلْيُكْرِمْ ضَيْفَهُ".

[رَوَاهُ الْبُخَارِيُّ, رقم: 6018، وَمُسْلِمٌ, رقم: 47]

হাদীছ – ১৫

আবু হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছেঃ

"যি ব্যক্তি আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত, সি যেন উত্তম কথা কয় নহ'লে মৌনতা অৱলম্বন কৰে। আৰু যি ব্যক্তি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত, সি যেন নিজৰ প্ৰতিবেশীৰ প্ৰতি সদয় হয়। আৰু যি ব্যক্তি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত, সি যেন তাৰ অতিথিক সন্মান কৰে।"

[বুখাৰীঃ ৬০১৮, মুছলিমঃ ৪৭]


الحديث السادس عشر

" لا تغضب"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ أَنْ رَجُلًا قَالَ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم أَوْصِنِي. قَالَ:

لَا تَغْضَبْ، فَرَدَّدَ مِرَارًا، قَالَ: لَا تَغْضَبْ" .

[رَوَاهُ الْبُخَارِيُّ: 6116]

হাদীছ – ১৬

আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত- ব্যক্তি এজনে ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কলে: মোক কিবা উপদেশ দিয়ক। তেখেতে ক'লে:

ক্ৰোধ নকৰিবা। ব্যক্তিজনে বাৰে বাৰে ৰাছুলৰ ওচৰত উপেদশ বিচাৰিলে আৰু ৰাছুল চাল্লাল্লাহু 'আলাইহি অছাল্লামে ক'লে: ক্ৰোধ নকৰিবা।

[বুখাৰী: ৬১১৬]


الحديث السابع عشر

"إن الله كتب الإحسان على كل شيء"

عَنْ أَبِي يَعْلَى شَدَّادِ بْنِ أَوْسٍ رَضِيَ اللهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ:

"إنَّ اللَّهَ كَتَبَ الْإِحْسَانَ عَلَى كُلِّ شَيْءٍ، فَإِذَا قَتَلْتُمْ فَأَحْسِنُوا الْقِتْلَةَ، وَإِذَا ذَبَحْتُمْ فَأَحْسِنُوا الذِّبْحَةَ، وَلْيُحِدَّ أَحَدُكُمْ شَفْرَتَهُ، وَلْيُرِحْ ذَبِيحَتَهُ".

]رَوَاهُ مُسْلِمٌ: 1955]

হাদীছ - ১৭

আবূ ইয়া'লা শ্বাদ্দাদ ইবন আওছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

নিঃসন্দেহে আল্লাহে সকলো কাম উত্তম পদ্ধতিত কৰাৰ বিধান কৰি দিছে। এতেকে যেতিয়া তোমালোকে (কোনো জন্তু) হত্যা কৰা, তেতিয়া উত্তম পদ্ধতিত হত্যা কৰিবা আৰু যেতিয়া জবেহ কৰিবা, তেতিয়া উত্তম পদ্ধতিত জবেহ কৰিবা। তোমালোকৰ ছুৰি ধাৰ কৰি লোৱা উচিত আৰু জন্তুৰ কষ্ট লাঘৱ কৰা উচিত।

[মুছলিম: ১৯৫৫]


الحديث الثامن عشر

"اتق الله حيثما كنت"

عَنْ أَبِي ذَرٍّ جُنْدَبِ بْنِ جُنَادَةَ، وَأَبِي عَبْدِ الرَّحْمَنِ مُعَاذِ بْنِ جَبَلٍ رَضِيَ اللَّهُ عَنْهُمَا، عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ:

"اتَّقِ اللَّهَ حَيْثُمَا كُنْت، وَأَتْبِعْ السَّيِّئَةَ الْحَسَنَةَ تَمْحُهَا، وَخَالِقْ النَّاسَ بِخُلُقٍ حَسَنٍ".

[رَوَاهُ التِّرْمِذِيُّ: 1987] وَقَالَ: حَدِيثٌ حَسَنٌ، وَفِي بَعْضِ النُّسَخِ: حَسَنٌ صَحِيحٌ.

হাদীছ - ১৮

আবূ যাৰ জুনদুব ইবন জুনাদাহ আৰু আবূ আব্দুৰ ৰহমান মু'আয ইবন জাবাল ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত আছে, তেওঁলোকে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

তুমি য'তেই যি অৱস্থাত নাথাকা কিয় আল্লাহক ভয় কৰা আৰু প্ৰত্যেক বেয়া কামৰ পিছত ভাল কাম কৰা, যিটো বেয়াক মচি পেলাব; আৰু মানুহৰ লগত ভাল ব্যৱহাৰ কৰা।

[তিৰমিজী: ১৯৮৭, আৰু তিৰমিজীয়ে হাদীছটোক হাছান বুলি কৈছে। কোনো কোনো সংকলনত ইয়াক হাছান ছহীহ বুলি কোৱা হৈছে।]


الحديث التاسع عشر

"احفظ الله يحفظك"

عَنْ أَبِي الْعَبَّاسِ عَبْدِ اللَّهِ بْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا قَالَ:

"كُنْت خَلْفَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَوْمًا، فَقَالَ: يَا غُلَام! إنِّي أُعَلِّمُك كَلِمَاتٍ: احْفَظْ اللَّهَ يَحْفَظْك، احْفَظْ اللَّهَ تَجِدْهُ تُجَاهَك، إذَا سَأَلْت فَاسْأَلْ اللَّهَ، وَإِذَا اسْتَعَنْت فَاسْتَعِنْ بِاَللَّهِ، وَاعْلَمْ أَنَّ الْأُمَّةَ لَوْ اجْتَمَعَتْ عَلَى أَنْ يَنْفَعُوك بِشَيْءٍ لَمْ يَنْفَعُوك إلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللَّهُ لَك، وَإِنْ اجْتَمَعُوا عَلَى أَنْ يَضُرُّوك بِشَيْءٍ لَمْ يَضُرُّوك إلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللَّهُ عَلَيْك؛ رُفِعَتْ الْأَقْلَامُ، وَجَفَّتْ الصُّحُفُ".

[رَوَاهُ التِّرْمِذِيُّ: 2516] وَقَالَ: حَدِيثٌ حَسَنٌ صَحِيحٌ.

وَفِي رِوَايَةِ غَيْرِ التِّرْمِذِيِّ: "احْفَظْ اللَّهَ تَجِدْهُ أمامك، تَعَرَّفْ إلَى اللَّهِ فِي الرَّخَاءِ يَعْرِفُك فِي الشِّدَّةِ، وَاعْلَمْ أَنَّ مَا أَخْطَأَك لَمْ يَكُنْ لِيُصِيبَك، وَمَا أَصَابَك لَمْ يَكُنْ لِيُخْطِئَك، وَاعْلَمْ أَنَّ النَّصْرَ مَعَ الصَّبْرِ، وَأَنْ الْفَرَجَ مَعَ الْكَرْبِ، وَأَنَّ مَعَ الْعُسْرِ يُسْرًا".

হাদীছ - ১৯

আবূ আব্বাছ আব্দুল্লাহ ইবন আব্বাছ ৰাদিয়াল্লাহু 'আনহুৱে বৰ্ণনা কৰিছে- এদিনাখন মই ৰাছুলুল্লাহ (চাল্লাল্লাহু 'আলাইহি অছাল্লাম)-ৰ পিছফালে আছিলো, তেখেতে মোক ক'লে: "হে যুৱক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহক সংৰক্ষণ কৰিবা[2] তেনেহ'লে তেওঁ তোমাক সংৰক্ষণ কৰিব, আল্লাহক স্মৰণ কৰিলে তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সাহায্য বিচাৰিবা তেতিয়া আল্লাহৰ ওচৰতেই সাহায্য বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে তেন্তে আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন কোনো উপকাৰ কৰিব নোৱাৰিব। আৰু যদি গোটেই মানুহে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে তেন্তে আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে তাৰ বাহিৰে বেছি অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।"

[তিৰমিজীয়ে বৰ্ণনা কৰিছে: ২৫১৬, আৰু তেওঁ হাদীছটোক ছহীহ (হাছান) বুলি কৈছে।]

তিৰমিজীৰ বাহিৰে আন বৰ্ণনাত কোৱা হৈছে:

"আল্লাহক স্মৰণ কৰা তেন্তে তুমি তেওঁক তোমাৰ সন্মুখত পাবা, তুমি স্বচ্ছল অৱস্থাত আল্লাহক স্মৰণ কৰিবা, তেওঁ তোমাক কঠিন অৱস্থাত স্মৰণ কৰিব। মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেয়া তুমি নাপাই নাথাকিলাহেঁতেন। আৰু জানি থোৱা! ধৈৰ্য ধাৰণৰ ফলত (আল্লাহৰ) সাহায্য লাভ কৰা যায়। কষ্টৰ পিছত স্বাচ্ছন্দ আহে। কঠিন অৱস্থাৰ পিছত স্বচ্ছলতা আহে।"


الحديث العشرون

"إذا لم تستح فاصنع ما شئت"

عَنْ ابْنِ مَسْعُودٍ عُقْبَةَ بْنِ عَمْرٍو الْأَنْصَارِيِّ الْبَدْرِيِّ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم:

"إنَّ مِمَّا أَدْرَكَ النَّاسُ مِنْ كَلَامِ النُّبُوَّةِ الْأُولَى: إذَا لَمْ تَسْتَحِ فَاصْنَعْ مَا شِئْت".

[رَوَاهُ الْبُخَارِيُّ: 3483].

হাদীছ - ২০

আবূ মাছউদ উকবাহ ইবন আমৰ আল-আনছাৰী আল-বাদৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত- তেওঁ কৈছে, ৰাছুলুল্লাহ (চাল্লাল্লাহু 'আলাইহি অছাল্লামে) কৈছে:

"অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ'লে যি ইচ্ছা সেইটোৱে কৰা।"

[বুখাৰী: ৩৪৮৩]


الحديث الحادي والعشرون

"قل آمنت بالله ثم استقم"

عَنْ أَبِي عَمْرٍو وَقِيلَ: أَبِي عَمْرَةَ سُفْيَانَ بْنِ عَبْدِ اللَّهِ رَضِيَ اللهُ عَنْهُ قَالَ:

"قُلْت: يَا رَسُولَ اللَّهِ! قُلْ لِي فِي الْإِسْلَامِ قَوْلًا لَا أَسْأَلُ عَنْهُ أَحَدًا غَيْرَك؛ قَالَ: قُلْ: آمَنْت بِاَللَّهِ ثُمَّ اسْتَقِمْ".

[رَوَاهُ مُسْلِمٌ: 38]

হাদীছ - ২১

আবূ আমৰ বা আবূ আমৰাহ ছুফিয়ান ইবন আব্দুল্লাহৰ পৰা বৰ্ণিত-

মই ক'লো: হে আল্লাহৰ ৰাছুল! মোক ইছলাম সম্পৰ্কে এনে কিবা কওঁক যাতে আপোনাৰ বাহিৰে আন কাৰো ওচৰত একো প্ৰশ্ন কৰাৰ প্ৰয়োজন নহয়। তেখেতে ক'লে: কোৱা- 'মই আল্লাহৰ প্ৰতি ঈমান আনিছো'; তাৰ পিছত ইয়াৰ ওপৰত অবিচল থাকা।" [মুছলিম: ৩৮]


الحديث الثاني والعشرون

"أرأيت إذا صليت المكتوبات وصمت رمضان"

عَنْ أَبِي عَبْدِ اللَّهِ جَابِرِ بْنِ عَبْدِ اللَّهِ الْأَنْصَارِيِّ رَضِيَ اللَّهُ عَنْهُمَا:

"أَنَّ رَجُلًا سَأَلَ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم فَقَالَ: أَرَأَيْت إذَا صَلَّيْت الْمَكْتُوبَاتِ، وَصُمْت رَمَضَانَ، وَأَحْلَلْت الْحَلَالَ، وَحَرَّمْت الْحَرَامَ، وَلَمْ أَزِدْ عَلَى ذَلِكَ شَيْئًا؛ أَأَدْخُلُ الْجَنَّةَ؟ قَالَ: نَعَمْ".

[رَوَاهُ مُسْلِمٌ: 15]

হাদীছ – ২২

আবূ আব্দুল্লাহ জাবিৰ ইবন আব্দুল্লাহ আল-আনছাৰী (ৰাদিয়াল্লাহু 'আনহুমা)ৰ পৰা বৰ্ণিত-

এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু 'আলাইহি অছাল্লাম)ক সুধিলে: আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰো, ৰমজানৰ ছওম পালন কৰো, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰো, আৰু ইয়াতকৈ বেছি একো নকৰো, তেনেহ'লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেখেতে ক'লে: হয়।

[মুছলিম: ১৫]


الحديث الثالث والعشرون

"االطهور شطر الإيمان"

عَنْ أَبِي مَالِكٍ الْحَارِثِ بْنِ عَاصِمٍ الْأَشْعَرِيِّ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم:

"الطَّهُورُ شَطْرُ الْإِيمَانِ، وَالْحَمْدُ لِلَّهِ تَمْلَأُ الْمِيزَانَ، وَسُبْحَانَ اللَّهِ وَالْحَمْدُ لِلَّهِ تَمْلَآنِ -أَوْ: تَمْلَأُ- مَا بَيْنَ السَّمَاءِ وَالْأَرْضِ، وَالصَّلَاةُ نُورٌ، وَالصَّدَقَةُ بُرْهَانٌ، وَالصَّبْرُ ضِيَاءٌ، وَالْقُرْآنُ حُجَّةٌ لَك أَوْ عَلَيْك، كُلُّ النَّاسِ يَغْدُو، فَبَائِعٌ نَفْسَهُ فَمُعْتِقُهَا أَوْ مُوبِقُهَا".

[رَوَاهُ مُسْلِمٌ: 223]

হাদীছ - ২৩

আবূ মালিক আল-হাৰিছ ইবন আছিম আল-আশ্ব'আৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত- ৰাছুলুল্লাহ (চাল্লাল্লাহু 'আলাইহি অছাল্লামে) কৈছে:

"পৱিত্ৰতা ঈমানৰ অৰ্দ্ধাংশ; আল-হামদুলিল্লাহে তুলাচনী পৰিপূৰ্ণ কৰি দিয়ে আৰু “ছুবহানাল্লাহি অল-হামদুলিল্লাহি উভয়েই অথবা ইয়াৰ এটাই আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থান পূৰ্ণ কৰি দিয়ে। ছালাত হৈছে জ্যোতি, ছাদাকাহ হৈছে প্ৰমাণ, ধৈৰ্য হৈছে উজ্জ্বল পোহৰ, আৰু কোৰআন তোমাৰ সপক্ষে অথবা বিপক্ষে প্ৰমাণ। প্ৰত্যেক ব্যক্তিয়েই নিজৰ আত্মাৰ ক্ৰয়-বিক্ৰয়ৰ মাধ্যমত প্ৰভাত আৰম্ভ কৰে- আৰু সেয়া হয়তো তাক মুক্ত কৰি দিয়ে অথবা তাক ধ্বংস কৰি দিয়ে।"

[মুছলিম: ২২৩]


الحديث الرابع والعشرون

"يا عبادي إني حرمت الظلم على نفسي"

عَنْ أَبِي ذَرٍّ الْغِفَارِيِّ رَضِيَ اللهُ عَنْهُ عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم فِيمَا يَرْوِيهِ عَنْ رَبِّهِ تَبَارَكَ وَتَعَالَى، أَنَّهُ قَالَ:

"يَا عِبَادِي: إنِّي حَرَّمْت الظُّلْمَ عَلَى نَفْسِي، وَجَعَلْته بَيْنَكُمْ مُحَرَّمًا؛ فَلَا تَظَالَمُوا. يَا عِبَادِي! كُلُّكُمْ ضَالٌّ إلَّا مَنْ هَدَيْته، فَاسْتَهْدُونِي أَهْدِكُمْ. يَا عِبَادِي! كُلُّكُمْ جَائِعٌ إلَّا مَنْ أَطْعَمْته، فَاسْتَطْعِمُونِي أُطْعِمْكُمْ. يَا عِبَادِي! كُلُّكُمْ عَارٍ إلَّا مَنْ كَسَوْته، فَاسْتَكْسُوْنِي أَكْسُكُمْ. يَا عِبَادِي! إنَّكُمْ تُخْطِئُونَ بِاللَّيْلِ وَالنَّهَارِ، وَأَنَا أَغْفِرُ الذُّنُوبَ جَمِيعًا؛ فَاسْتَغْفِرُونِي أَغْفِرْ لَكُمْ. يَا عِبَادِي! إنَّكُمْ لَنْ تَبْلُغُوا ضُرِّي فَتَضُرُّونِي، وَلَنْ تَبْلُغُوا نَفْعِي فَتَنْفَعُونِي. يَا عِبَادِي! لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ كَانُوا عَلَى أَتْقَى قَلْبِ رَجُلٍ وَاحِدٍ مِنْكُمْ، مَا زَادَ ذَلِكَ فِي مُلْكِي شَيْئًا. يَا عِبَادِي! لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ كَانُوا عَلَى أَفجَرِ قَلْبِ رَجُلٍ وَاحِدٍ مِنْكُمْ، مَا نَقَصَ ذَلِكَ مِنْ مُلْكِي شَيْئًا. يَا عِبَادِي! لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ قَامُوا فِي صَعِيدٍ وَاحِدٍ، فَسَأَلُونِي، فَأَعْطَيْت كُلَّ وَاحِدٍ مَسْأَلَته، مَا نَقَصَ ذَلِكَ مِمَّا عِنْدِي إلَّا كَمَا يَنْقُصُ الْمِخْيَطُ إذَا أُدْخِلَ الْبَحْرَ. يَا عِبَادِي! إنَّمَا هِيَ أَعْمَالُكُمْ أُحْصِيهَا لَكُمْ، ثُمَّ أُوَفِّيكُمْ إيَّاهَا؛ فَمَنْ وَجَدَ خَيْرًا فَلْيَحْمَدْ اللَّهَ، وَمَنْ وَجَدَ غَيْرَ ذَلِكَ فَلَا يَلُومَن إلَّا نَفْسَه".

[رَوَاهُ مُسْلِمٌ: 2577]

হাদীছ - ২৪

আবূ যাৰ আল-গিফাৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামে তেখেতৰ বৰকতময় আৰু সুমহান প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে যে, আল্লাহে কৈছে:

"হে আমাৰ বান্দাসকল! মই যুলুমক মোৰ নফছৰ বাবে হাৰাম কৰি দিছো, আৰু সেয়া তোমালোকৰ মাজতো হাৰাম কৰি দিছো; এতেকে তোমালোকে ইজনে সিজনৰ ওপৰত যুলুম নকৰিবা।

হে মোৰ বান্দাসকল! মই যাক হিদায়ত দিছো তাৰ বাহিৰে তোমালোক সকলোৱেই পথভ্ৰষ্ট। এতেকে মোৰ ওচৰত হিদায়ত বিচৰা, ময়েই তোমালোকক হিদায়ত দান কৰিম।

হে মোৰ বান্দাসকল! মই যাক অন্ন দান কৰিছো, তাৰ বাহিৰে তোমালোক সকলোৱেই ক্ষুধাৰ্ত। এতেকে তোমালোকে মোৰ ওচৰত খাদ্য বিচৰা, ময়েই তোমালোকক খাদ্য দান কৰিম।

হে মোৰ বান্দাসকল! তোমালোক সকলোৱেই বিবস্ত্ৰ, তাৰ বাহিৰে যাক মই কাপোৰ পৰিধান কৰাইছো। এতেকে মোৰ ওচৰতেই বস্ত্ৰ বিচৰা, ময়েই তোমালোকক বস্ত্ৰ দান কৰিম।

হে মোৰ বান্দাসকল! তোমালোকে ৰাতি দিনে গোনাহ কৰা, আৰু ময়েই তোমালোকৰ গোনাহ ক্ষমা কৰি দিওঁ। এতেকে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, ময়েই তোমালোকক ক্ষমা কৰি দিম।

হে মোৰ বান্দাসকল! তোমালোকে কদাপিও মোৰ ক্ষতি কৰাৰ সামৰ্থ নাৰাখা যে, মোৰ ক্ষতি কৰিব পাৰিবা আৰু তোমালোকে কেতিয়াও মোৰ উপকাৰ কৰাৰো ক্ষমতা নাৰাখা যে, মোৰ উপকাৰ কৰিব পাৰিবা।

হে মোৰ বান্দাসকল! তোমালোকে পূৰ্বাপৰ সকলো মানুহ আৰু জিন যদি তোমালোকৰ মাজৰ সবাতোকৈ ডাঙৰ মুত্তাকী আৰু পৰহেযগাৰ ব্যক্তৰ হৃদয়ৰ দৰে হৈ যায়, তেন্তে সেয়া মোৰ ৰাজত্বত একোৱেই বৃদ্ধি নকৰিব।

হে মোৰ বান্দাসকল! তোমালোকৰ পূৰ্বাপৰ সকলো মানুহ আৰু জিন যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপী ব্যক্তিৰ হৃদয়ৰ দৰে হৈ যায়, তেন্তে সেয়াও মোৰ ৰাজত্বত একোৱেই হ্ৰাস কৰিব নোৱাৰিব।

হে মোৰ বান্দাসকল! তোমালোকৰ আগৰ আৰু তোমালোকৰ পিছৰ, মানুহ আৰু জিন সকলোৱেই যদি এটা পথাৰত থিয় হৈ মোৰ ওচৰত কিবা বিচাৰে আৰু মই সকলোৰেই বিচৰা আকাংক্ষা পূৰণ কৰি দিওঁ তথাপিও মোৰ ওচৰত যি আছে তাত সাগৰত এটা বেজি ডুবালে যিমানখিনি হ্ৰাস হয় তাতকৈ বেছি একো হ্ৰাস নহ'ব।

হে মোৰ বান্দাসকল! মই তোমালোকৰ আমলক (কামক) তোমালোকৰ বাবে গণনা কৰি ৰাখো, আৰু মই তাৰ পৰিপূৰ্ণ প্ৰতিফল প্ৰদান কৰিম। এতেকে যি ব্যক্তি উত্তম প্ৰতিফল পাব সিয়ে আল্লাহৰ প্ৰশংসা কৰা উচিত, আৰু যিয়ে তাৰ বিপৰীত পাব সি কেৱল নিজকেই ধিক্কাৰ দিয়া উচিত।"

[মুছলিম: ২৫৭৭]


الحديث الخامس والعشرون

"ذهب أهل الدثور بالأجور"

عَنْ أَبِي ذَرٍّ رَضِيَ اللهُ عَنْهُ أَيْضًا،

"أَنَّ نَاسًا مِنْ أَصْحَابِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالُوا لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَا رَسُولَ اللَّهِ ذَهَبَ أَهْلُ الدُّثُورِ بِالْأُجُورِ؛ يُصَلُّونَ كَمَا نُصَلِّي، وَيَصُومُونَ كَمَا نَصُومُ، وَيَتَصَدَّقُونَ بِفُضُولِ أَمْوَالِهِمْ. قَالَ: أَوَلَيْسَ قَدْ جَعَلَ اللَّهُ لَكُمْ مَا تَصَّدَّقُونَ؟ إنَّ بِكُلِّ تَسْبِيحَةٍ صَدَقَةً، وَكُلِّ تَكْبِيرَةٍ صَدَقَةً، وَكُلِّ تَحْمِيدَةٍ صَدَقَةً، وَكُلِّ تَهْلِيلَةٍ صَدَقَةً، وَأَمْرٌ بِمَعْرُوفٍ صَدَقَةٌ، وَنَهْيٌ عَنْ مُنْكَرٍ صَدَقَةٌ، وَفِي بُضْعِ أَحَدِكُمْ صَدَقَةٌ. قَالُوا: يَا رَسُولَ اللَّهِ أَيَأْتِي أَحَدُنَا شَهْوَتَهُ وَيَكُونُ لَهُ فِيهَا أَجْرٌ؟ قَالَ: أَرَأَيْتُمْ لَوْ وَضَعَهَا فِي حَرَامٍ أَكَانَ عَلَيْهِ وِزْرٌ؟ فَكَذَلِكَ إذَا وَضَعَهَا فِي الْحَلَالِ، كَانَ لَهُ أَجْرٌ".

[رَوَاهُ مُسْلِمٌ: 1006]

হাদীছ - ২৫

আবূ যাৰ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহৰ কিছুমান ছাহাবীয়ে তেখেত চাল্লাল্লাহু 'আলাইহি অছাল্লামক সুধিলে:

"হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ কামত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰো তেওঁলোকেও সেইদৰে ছালাত আদায় কৰে, আমিও ছওম পালন কৰো তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে।

তেখেতে ক'লে: আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা। প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়া হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাও হৈছে ছাদাকাহ। আৰু তোমালোকৰ প্ৰত্যেকে স্ত্ৰীৰ লগত সহবাস কৰাও হৈছে ছাদাকাহ।

তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে?

তেখেতে ক'লে: তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ'বনে! এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"

[মুছলিম: ১০০৬]


الحديث السادس والعشرون

"كل سلامى من الناس عليه صدقة"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم:

"كُلُّ سُلَامَى مِنْ النَّاسِ عَلَيْهِ صَدَقَةٌ، كُلَّ يَوْمٍ تَطْلُعُ فِيهِ الشَّمْسُ تَعْدِلُ بَيْنَ اثْنَيْنِ صَدَقَةٌ، وَتُعِينُ الرَّجُلَ فِي دَابَّتِهِ فَتَحْمِلُهُ عَلَيْهَا أَوْ تَرْفَعُ لَهُ عَلَيْهَا مَتَاعَهُ صَدَقَةٌ، وَالْكَلِمَةُ الطَّيِّبَةُ صَدَقَةٌ، وَبِكُلِّ خُطْوَةٍ تَمْشِيهَا إلَى الصَّلَاةِ صَدَقَةٌ، وَتُمِيطُ الْأَذَى عَنْ الطَّرِيقِ صَدَقَةٌ".

[رَوَاهُ الْبُخَارِيُّ: 2989، وَمُسْلِمٌ: 1009]

হাদীছ - ২৬

আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

"দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ ছাদাকাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনছাফ কৰাও হৈছে ছাদাকাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে ছাদাকাহ, ভাল কথা কোৱাও হৈছে ছাদাকাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে ছাদাকাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে ছাদাকাহ।"

[বুখাৰী: ২৯৮৯, মুছলিম: ১০০৯]


الحديث السابع والعشرون

"البر حسن الخلق"

عَنْ النَّوَّاسِ بْنِ سَمْعَانَ رَضِيَ اللهُ عَنْهُ عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ: "الْبِرُّ حُسْنُ الْخُلُقِ، وَالْإِثْمُ مَا حَاكَ فِي صَدْرِك، وَكَرِهْت أَنْ يَطَّلِعَ عَلَيْهِ النَّاسُ" رَوَاهُ مُسْلِمٌ [رقم:2553].

وَعَنْ وَابِصَةَ بْنِ مَعْبَدٍ رَضِيَ اللهُ عَنْهُ قَالَ: أَتَيْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم فَقَالَ: "جِئْتَ تَسْأَلُ عَنْ الْبِرِّ؟ قُلْت: نَعَمْ. فقَالَ: استفت قلبك، الْبِرُّ مَا اطْمَأَنَّتْ إلَيْهِ النَّفْسُ، وَاطْمَأَنَّ إلَيْهِ الْقَلْبُ، وَالْإِثْمُ مَا حَاكَ فِي النَّفْسِ وَتَرَدَّدَ فِي الصَّدْرِ، وَإِنْ أَفْتَاك النَّاسُ وَأَفْتَوْك" .

حَدِيثٌ حَسَنٌ، رَوَيْنَاهُ في مُسْنَدَي الْإِمَامَيْنِ أَحْمَدَ بْنِ حَنْبَلٍ [رقم:4/227]، وَالدَّارِمِيّ [2/246] بِإِسْنَادٍ حَسَنٍ.

হাদীছ - ২৭

আন-নওৱাছ ইবন ছাম'আন ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

"উত্তম চৰিত্ৰ হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায় আৰু সেইটো মানুহে জানক সেয়া তুমি অপছন্দ কৰা।"

[মুছলিম: ২৫৫৩]

ওৱাবিছা ইবন মা'বাদ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

মই এবাৰ ৰাছুল চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ ওচৰত আহিলো তেখেতে মোক ক'লে: "তুমি নেকী সম্পৰ্কে সুধিবলৈ আহিছা নেকি?"

মই ক'লো: হয়।

তেখেতে ক'লে: "নিজৰ মনক সুধি চোৱা; যিটো সম্পৰ্কে তোমাৰ আত্মা বা মন আশ্বস্ত থাকে সেয়া হৈছে নেকী, আৰু গুনাহ হৈছে সেইটো যাৰ বিষয়ে যদিও মানুহে (তাৰ সপক্ষে) ফতোৱা দিয়ে তথাপিও সেইটো তোমাৰ আত্মাক অশ্বস্তিত ৰাখে আৰু মনত সংশয় সৃষ্টি কৰে।"

[-এইটো হৈছে হাছান হাদীছ যিটো মই দুজন ইমাম, আহমদ ইবন হাম্বল আৰু আদ্-দাৰিমীৰ মুছনাদৰ পৰা উৎকৃষ্ট চনদেৰে উদ্ধৃত কৰিছো।]


الحديث الثامن والعشرون

"أوصيكم بتقوى الله وحسن الخلق"

عَنْ أَبِي نَجِيحٍ الْعِرْبَاضِ بْنِ سَارِيَةَ رَضِيَ اللهُ عَنْهُ قَالَ: "وَعَظَنَا رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم مَوْعِظَةً وَجِلَتْ مِنْهَا الْقُلُوبُ، وَذَرَفَتْ مِنْهَا الْعُيُونُ، فَقُلْنَا: يَا رَسُولَ اللَّهِ! كَأَنَّهَا مَوْعِظَةُ مُوَدِّعٍ فَأَوْصِنَا، قَالَ: أُوصِيكُمْ بِتَقْوَى اللَّهِ، وَالسَّمْعِ وَالطَّاعَةِ وَإِنْ تَأَمَّرَ عَلَيْكُمْ عَبْدٌ، فَإِنَّهُ مَنْ يَعِشْ مِنْكُمْ فَسَيَرَى اخْتِلَافًا كَثِيرًا، فَعَلَيْكُمْ بِسُنَّتِي وَسُنَّةِ الْخُلَفَاءِ الرَّاشِدِينَ الْمَهْدِيينَ، عَضُّوا عَلَيْهَا بِالنَّوَاجِذِ، وَإِيَّاكُمْ وَمُحْدَثَاتِ الْأُمُورِ؛ فَإِنَّ كُلَّ بِدْعَةٍ ضَلَالَةٌ".

رَوَاهُ أَبُو دَاوُدَ [رقم:4607]، وَاَلتِّرْمِذِيُّ [رقم:266] وَقَالَ: حَدِيثٌ حَسَنٌ صَحِيحٌ.

হাদীছ - ২৮

আবূ নাজীহ আল-'ইৰবাজ ইবন ছাৰিয়াহ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে এটা ভাষণত আমাক উপদেশ দান কৰিলে ফলত আমাৰ অন্তৰ ভীত হৈ পৰিল আৰু আমাৰ অশ্ৰু নিৰ্গত হ'ল।

আমি নিবেদন কৰিলো: হে আল্লাহৰ ৰাছুল! এনে লাগিছে যেনে এয়া বিদায়কালীন উপদেশ; আপুনি আমাক অছীয়ত কৰক। তেখেতে ক'লে: "মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰো, আৰু আনুগত্য কৰিবলৈ অছীয়ত কৰো; যদি কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খোলাফায়ে ৰাছিদীনৰ পদ্ধতি মানি চলিবা, সেইটোক দাঁতেৰে (অৰ্থাৎ মজবুতকৈ) ধৰি ৰাখিবা; আৰু অভিনৱ বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ প্ৰত্যেক অভিনৱ বিষয় হৈছে বিদ'আত, প্ৰত্যেক বিদ'আত হৈছে ভ্ৰষ্টতা।"

[-আবূ দাউদ (৪৬০৭) আৰু তিৰমিজী (২৬৬) তিৰমিজীয়ে হাদীছটো বৰ্ণনা কৰি কৈছে এইটো ছহীহ (হাছান) হাদীছ।]


الحديث التاسع والعشرون

"تعبد الله لا تشرك به شيئا"

عَنْ مُعَاذِ بْنِ جَبَلٍ رَضِيَ اللهُ عَنْهُ قَالَ: قُلْت يَا رَسُولَ اللَّهِ! أَخْبِرْنِي بِعَمَلٍ يُدْخِلُنِي الْجَنَّةَ وَيُبَاعِدْنِي مِنْ النَّارِ، قَالَ: "لَقَدْ سَأَلْت عَنْ عَظِيمٍ، وَإِنَّهُ لَيَسِيرٌ عَلَى مَنْ يَسَّرَهُ اللَّهُ عَلَيْهِ: تَعْبُدُ اللَّهَ لَا تُشْرِكْ بِهِ شَيْئًا، وَتُقِيمُ الصَّلَاةَ، وَتُؤْتِي الزَّكَاةَ، وَتَصُومُ رَمَضَانَ، وَتَحُجُّ الْبَيْتَ، ثُمَّ قَالَ: أَلَا أَدُلُّك عَلَى أَبْوَابِ الْخَيْرِ؟ الصَّوْمُ جُنَّةٌ، وَالصَّدَقَةُ تُطْفِئُ الْخَطِيئَةَ كَمَا يُطْفِئُ الْمَاءُ النَّارَ، وَصَلَاةُ الرَّجُلِ فِي جَوْفِ اللَّيْلِ، ثُمَّ تَلَا: " تَتَجَافَى جُنُوبُهُمْ عَنِ الْمَضَاجِعِ " حَتَّى بَلَغَ "يَعْمَلُونَ"، ثُمَّ قَالَ: أَلَا أُخْبِرُك بِرَأْسِ الْأَمْرِ وَعَمُودِهِ وَذُرْوَةِ سَنَامِهِ؟ قُلْت: بَلَى يَا رَسُولَ اللَّهِ. قَالَ: رَأْسُ الْأَمْرِ الْإِسْلَامُ، وَعَمُودُهُ الصَّلَاةُ، وَذُرْوَةُ سَنَامِهِ الْجِهَادُ، ثُمَّ قَالَ: أَلَا أُخْبِرُك بِمَلَاكِ ذَلِكَ كُلِّهِ؟ فقُلْت: بَلَى يَا رَسُولَ اللَّهِ! فَأَخَذَ بِلِسَانِهِ وَقَالَ: كُفَّ عَلَيْك هَذَا. قُلْت: يَا نَبِيَّ اللَّهِ وَإِنَّا لِمُوَاخَذُونَ بِمَا نَتَكَلَّمُ بِهِ؟ فَقَالَ: ثَكِلَتْك أُمُّك وَهَلْ يَكُبُّ النَّاسَ عَلَى وُجُوهِهِمْ -أَوْ قَالَ عَلَى مَنَاخِرِهِمْ- إلَّا حَصَائِدُ أَلْسِنَتِهِمْ؟!" .

رَوَاهُ التِّرْمِذِيُّ [رقم:2616] وَقَالَ: حَدِيثٌ حَسَنٌ صَحِيحٌ.

হাদীছ - ২৯

মু'আয ইবন জাবাল ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

মই নিবেদন কৰিলো: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কাম সম্পৰ্কে অৱগত কৰাওক যিটোৱে মোক জান্নাতত লৈ যাব আৰু জাহান্নামৰ পৰা আঁতৰত ৰাখিব।

তেখেতে ক'লে: তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, আল্লাহে যাৰ বাবে সহজ কৰি দিয়ে। তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ ছওম পালন কৰা আৰু (কা'বা) ঘৰলৈ হজ্জ কৰা।

তাৰ পিছত তেওঁ ক'লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? ছওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে মানুহৰ গভীৰ ৰাতিত ছালাত আদায় কৰাও ইয়াৰেই অন্তৰ্ভুক্ত।

তাৰ পিছত তেখেতে তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপ! [ছুৰা আচ-ছাজদাহ: ১৬-১৭]

তেখেতে আকৌ ক'লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনাম নে?

মই নিবেদন কৰিলো: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক।

তেখেতে ক'লে: কৰ্মৰ মূল হৈছে ইছলাম, তাৰ স্তম্ভ হৈছে ছালাত আৰু তাৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ।

তাৰ পিছত তেখেতে ক'লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে?

মই নিবেদন কৰিলো: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওঁক।

তেখেতে নিজৰ জিভা ধৰি ক'লে: ইয়াক সংযত কৰা।

মই সুধিলো: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাব হ'ব নেকি?

তেখেতে ক'লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চোঁচোৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?

[তিৰমিজী: ২৬১৬ আৰু তেওঁ কৈছে: এইটো হাছান (ছহীহ) হাদীছ।]


الحديث الثلاثون

"إن الله تعالى فرض فرائض فلا تضيعوها"

عَنْ أَبِي ثَعْلَبَةَ الْخُشَنِيِّ جُرْثُومِ بن نَاشِبٍ رَضِيَ اللهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَال: "إنَّ اللَّهَ تَعَالَى فَرَضَ فَرَائِضَ فَلَا تُضَيِّعُوهَا، وَحَدَّ حُدُودًا فَلَا تَعْتَدُوهَا، وَحَرَّمَ أَشْيَاءَ فَلَا تَنْتَهِكُوهَا، وَسَكَتَ عَنْ أَشْيَاءَ رَحْمَةً لَكُمْ غَيْرَ نِسْيَانٍ فَلَا تَبْحَثُوا عَنْهَا".

حَدِيثٌ حَسَنٌ، رَوَاهُ الدَّارَقُطْنِيّ ["في سننه" 4/184]، وَغَيْرُهُ.

হাদীছ - ৩০

আবূ ছা'লাবাহ আল-খুশ্বানী জুৰছুম ইবন নাশ্বিব ৰাদিয়াল্লাহু 'আনহুৱে বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

"নিশ্চয় আল্লাহ তা'আলাই ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে সেয়া অৱহেলা নকৰিবা। তেওঁ সীমা নিৰ্দিষ্ট কৰি দিছে, গতিকে সেয়া লঙ্ঘন নকৰিবা। আৰু কিছুমান বস্তু হাৰাম কৰিছে, গতিকে সেয়া অমান্য নকৰিবা। আৰু তেওঁ কিছুমান বস্তু সম্পৰ্কে জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"

[হাদীছটো হাছান, আদ্-দাৰা কুতনী: ৪/১৮৪ আৰু আন আন কেইবাজনেও বৰ্ণনা কৰিছে।]


الحديث الحادي والثلاثون

"ازهد في الدنيا يحبك الله"

عَنْ أَبِي الْعَبَّاسِ سَهْلِ بْنِ سَعْدٍ السَّاعِدِيّ رَضِيَ اللهُ عَنْهُ قَالَ: جَاءَ رَجُلٌ إلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم فَقَالَ: يَا رَسُولَ اللَّهِ ! دُلَّنِي عَلَى عَمَلٍ إذَا عَمِلْتُهُ أَحَبَّنِي اللَّهُ وَأَحَبَّنِي النَّاسُ؛ فَقَالَ: "ازْهَدْ فِي الدُّنْيَا يُحِبُّك اللَّهُ، وَازْهَدْ فِيمَا عِنْدَ النَّاسِ يُحِبُّك النَّاسُ" .

[حديث حسن، رَوَاهُ ابْنُ مَاجَهْ، رقم: 4102، وَغَيْرُهُ بِأَسَانِيدَ حَسَنَةٍ]

হাদীছ - ৩১

আবুল আব্বাছ ছাহল ইবন ছা'দ আচ-ছা'ইদী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

"এজন ব্যক্তি নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক'লে: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কোনো কামৰ উপদেশ দিয়ক যিটো কৰিলে আল্লাহে মোক ভাল পাব, মানুহেও মোক ভাল পাব।

তেতিয়া তেখেতে ক'লে: পৃথিৱীৰ প্ৰতি অনুৰাগী নহ'বা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ'বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।"

[ইবনে মাজাহ: ৪১০২]


الحديث الثاني والثلاثون

"لا ضرر ولا ضرار"

عَنْ أَبِي سَعِيدٍ سَعْدِ بْنِ مَالِكِ بْنِ سِنَانٍ الْخُدْرِيّ رَضِيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ: " لَا ضَرَرَ وَلَا ضِرَارَ" .

حَدِيثٌ حَسَنٌ، رَوَاهُ ابْنُ مَاجَهْ [راجع رقم:2341]، وَالدَّارَقُطْنِيّ [رقم:4/228]، وَغَيْرُهُمَا مُسْنَدًا. وَرَوَاهُ مَالِكٌ [2/746] فِي "الْمُوَطَّإِ" عَنْ عَمْرِو بْنِ يَحْيَى عَنْ أَبِيهِ عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم مُرْسَلًا، فَأَسْقَطَ أَبَا سَعِيدٍ، وَلَهُ طُرُقٌ يُقَوِّي بَعْضُهَا بَعْضًا.

হাদীছ - ৩২

আবু ছাঈদ চা'দ ইবন মালিক ইবন ছিনান আল-খুদৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুল চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

"ক্ষতি কৰা উচিত নহয়, আৰু ক্ষতিৰ সন্মুখীন হোৱাও উচিত নহয়।"

[হাদীছটো হাছান। ইয়াক ইবনে মাজাহ বৰ্ণনা কৰিছে (চাওঁক হাদীছ নং: ২৩৪১), আৰু আদ্-দাৰা-কুতনী (হাদীছ নং: ৪/২২৮) লগতে অন্যান্য সকলেও চনদসহ বৰ্ণনা কৰিছে। ইমাম মালিকে মুআত্তা গ্ৰন্থত (হাদীছ নং: ২/৭৪৬)ত ইয়াক মুৰছাল চনদেৰে বৰ্ণানা কৰিছে। তেওঁ বৰ্ণনা কৰিছে আমৰ ইবন ইয়াহ্ইয়াৰ পৰা তেওঁ আকৌ তেওঁৰ পিতৃৰ পৰা যিজনে নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, কিন্তু এই চনদত আবু ছাঈদ বাদ পৰিছে। তথাপিও হাদীছটো আৰু বহুত বৰ্ণনাত আহিছে সেয়ে এটাই আনটোৰ দ্বাৰা শক্তিশালী হৈছে।]


الحديث الثالث والثلاثون

"البينة على المدعي واليمين على من أنكر "

عَنْ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ: "لَوْ يُعْطَى النَّاسُ بِدَعْوَاهُمْ لَادَّعَى رِجَالٌ أَمْوَالَ قَوْمٍ وَدِمَاءَهُمْ، لَكِنَّ الْبَيِّنَةَ عَلَى الْمُدَّعِي، وَالْيَمِينَ عَلَى مَنْ أَنْكَرَ" .

حَدِيثٌ حَسَنٌ، رَوَاهُ الْبَيْهَقِيّ [في"السنن" 10/252]، وَغَيْرُهُ هَكَذَا، وَبَعْضُهُ فِي "الصَّحِيحَيْنِ".

হাদীছ - ৩৩

ইবনে আব্বাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, ৰাছুল চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

যদি মানুহক কেৱল সিহঁতৰ দাবী অনুযায়ী দিয়া হয় তেনেহ'লে সিহঁতে আনৰ সম্পদ আৰু জীৱন দাবী কৰি বহিব। সেয়ে নিয়ম হৈছে দাবীদাৰে প্ৰমাণ দাঙি ধৰিব লাগিব, আৰু যিয়ে অস্বীকাৰ কৰিব সি শপত খাব লাগিব।

[হাদীছটো হাছান। ইয়াক বায়হাকীয়ে (ছুনান গ্ৰন্থত ১০/২৫২) আৰু অন্যান্য সকলেও এইদৰে বৰ্ণনা কৰিছে আৰু ইয়াৰ এটা অংশ বুখাৰী আৰু মুছলিমত আছে।]


الحديث الرابع والثلاثون

"من رأى منكم منكرا فليغيره بيده"

عَنْ أَبِي سَعِيدٍ الْخُدْرِيّ رَضِيَ اللهُ عَنْهُ قَالَ سَمِعْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ: "مَنْ رَأَى مِنْكُمْ مُنْكَرًا فَلْيُغَيِّرْهُ بِيَدِهِ، فَإِنْ لَمْ يَسْتَطِعْ فَبِلِسَانِهِ، فَإِنْ لَمْ يَسْتَطِعْ فَبِقَلْبِهِ، وَذَلِكَ أَضْعَفُ الْإِيمَانِ" .

رَوَاهُ مُسْلِمٌ [رقم:49].

হাদীছ - ৩৪

আবূ ছাঈদ খুদৰী ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

"তোমালোকৰ মাজৰ কোনোবাই কিবা অন্যায় কৰা দেখিলে সেয়া সি তাৰ হাতৰ দ্বাৰা প্ৰতিহত কৰা উচিত, যদি সেয়া সম্ভৱ নহয় তেন্তে মুখৰ দ্বাৰা প্ৰতিহত কৰা উচিত, তথাপিও যদি সম্ভৱ নহয় তেনেহ'লে অন্তৰৰ দ্বাৰা সেয়া ঘৃণা কৰা আৰু পৰিবৰ্তন কৰিবলৈ পৰিকল্পনা কৰা উচিত। আৰু এইটো হৈছে দুৰ্বলতম ঈমান।"

[মুছলিম: ৪৯]


الحديث الخامس والثلاثون

"لا تحاسدوا ولا تناجشوا ولا تباغضوا"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم " لَا تَحَاسَدُوا، وَلَا تَنَاجَشُوا، وَلَا تَبَاغَضُوا، وَلَا تَدَابَرُوا، وَلَا يَبِعْ بَعْضُكُمْ عَلَى بَيْعِ بَعْضٍ، وَكُونُوا عِبَادَ اللَّهِ إخْوَانًا، الْمُسْلِمُ أَخُو الْمُسْلِمِ، لَا يَظْلِمُهُ، وَلَا يَخْذُلُهُ، وَلَا يَكْذِبُهُ، وَلَا يَحْقِرُهُ، التَّقْوَى هَاهُنَا، وَيُشِيرُ إلَى صَدْرِهِ ثَلَاثَ مَرَّاتٍ، بِحَسْبِ امْرِئٍ مِنْ الشَّرِّ أَنْ يَحْقِرَ أَخَاهُ الْمُسْلِمَ، كُلُّ الْمُسْلِمِ عَلَى الْمُسْلِمِ حَرَامٌ: دَمُهُ وَمَالُهُ وَعِرْضُهُ" .

رَوَاهُ مُسْلِمٌ [رقم:2564].

হাদীছ - ৩৫

আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে-

ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে নিলাম মাতি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা পৃথক হৈ নাযাবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম আন এজন মুছলিমৰ ভাতৃ, সি তাৰ ওপৰত যুলুম নকৰিব আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিব। সি তাৰ ওচৰত মিছা নকব আৰু তাক অপমানো নকৰিব। তাকওৱা হৈছে- ইয়াত, তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। কোনো মানুহৰ বাবে এইখিনি অনিষ্টই যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাৱে। এজন মুছলিমৰ তেজ, সম্পদ আৰু মান-সন্মান আন মুছলিমৰ বাবে হাৰাম।

[মুছলিম: ২৫৬৪]


الحديث السادس والثلاثون

"من نفس عن مسلم كربة"

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ: "مَنْ نَفَّسَ عَنْ مُؤْمِنٍ كُرْبَةً مِنْ كُرَبِ الدُّنْيَا نَفَّسَ اللَّهُ عَنْهُ كُرْبَةً مِنْ كُرَبِ يَوْمِ الْقِيَامَةِ، وَمَنْ يَسَّرَ عَلَى مُعْسِرٍ، يَسَّرَ اللَّهُ عَلَيْهِ فِي الدُّنْيَا وَالْآخِرَةِ، وَمَنْ سَتَرَ مُسْلِما سَتَرَهُ اللهُ فِي الدُّنْيَا وَالْآخِرَةِ ، وَاَللَّهُ فِي عَوْنِ الْعَبْدِ مَا كَانَ الْعَبْدُ فِي عَوْنِ أَخِيهِ، وَمَنْ سَلَكَ طَرِيقًا يَلْتَمِسُ فِيهِ عِلْمًا سَهَّلَ اللَّهُ لَهُ بِهِ طَرِيقًا إلَى الْجَنَّةِ، وَمَا اجْتَمَعَ قَوْمٌ فِي بَيْتٍ مِنْ بُيُوتِ اللَّهِ يَتْلُونَ كِتَابَ اللَّهِ، وَيَتَدَارَسُونَهُ فِيمَا بَيْنَهُمْ؛ إلَّا نَزَلَتْ عَلَيْهِمْ السَّكِينَةُ، وَغَشِيَتْهُمْ الرَّحْمَةُ، وَذَكَرَهُمْ اللَّهُ فِيمَنْ عِنْدَهُ، وَمَنْ أَبَطْأَ بِهِ عَمَلُهُ لَمْ يُسْرِعْ بِهِ نَسَبُهُ".

رَوَاهُ مُسْلِمٌ [رقم:2699] بهذا اللفظ.

হাদীছ - ৩৬

আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত- নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুঃখ দূৰ কৰি দিয়ে, আল্লাহে কিয়ামতৰ দিনা তাৰ দুঃখ দূৰ কৰি দিব। আৰু যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰি দিয়ে, আল্লাহে পৃথিৱীত আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। যি ব্যক্তি নিজ ভাতৃক সাহায্য কৰিব, আল্লাহে সেই ব্যক্তিক সাহায্য কৰিব। যি ব্যক্তি জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হ'ব, আৰু কোৰআন তিলাৱত কৰিব, সকলোৱে মিলিত হৈ তাৰ শিক্ষা লব আৰু শিক্ষা দিব, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হ'ব, ৰহমতে তেওঁলোকক ঢাকি লব, ফিৰিস্তাসকল তেওঁলোকক আগুৰি থাকিব আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰিব যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তি তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।

[মুছলিম: ২৬৯৯]


الحديث السابع والثلاثون

"إن الله كتب الحسنات والسيئات"

عَنْ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم فِيمَا يَرْوِيهِ عَنْ رَبِّهِ تَبَارَكَ وَتَعَالَى، قَالَ: "إنَّ اللَّهَ كَتَبَ الْحَسَنَاتِ وَالسَّيِّئَاتِ، ثُمَّ بَيَّنَ ذَلِكَ، فَمَنْ هَمَّ بِحَسَنَةٍ فَلَمْ يَعْمَلْهَا كَتَبَهَا اللَّهُ عِنْدَهُ حَسَنَةً كَامِلَةً، وَإِنْ هَمَّ بِهَا فَعَمِلَهَا كَتَبَهَا اللَّهُ عِنْدَهُ عَشْرَ حَسَنَاتٍ إلَى سَبْعِمِائَةِ ضِعْفٍ إلَى أَضْعَافٍ كَثِيرَةٍ، وَإِنْ هَمَّ بِسَيِّئَةٍ فَلَمْ يَعْمَلْهَا كَتَبَهَا اللَّهُ عِنْدَهُ حَسَنَةً كَامِلَةً، وَإِنْ هَمَّ بِهَا فَعَمِلَهَا كَتَبَهَا اللَّهُ سَيِّئَةً وَاحِدَةً".

رَوَاهُ الْبُخَارِيُّ [رقم:6491]، وَمُسْلِمٌ [رقم:131]، في "صحيحيهما" بهذه الحروف.

হাদীছ - ৩৭

ইবনে আব্বাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে যে,

নিঃসন্দেহে আল্লাহে ভাল আৰু বেয়া কামক লিপিবদ্ধ কৰি ৰাখিছে। তাৰ পিছত তেওঁ এই ব্যাখ্যা কৰিছে যে: যি ব্যক্তি ভাল কামৰ বাবে দৃঢ় সংকল্প কৰে কিন্তু সেয়া সম্পন্ন কৰিব নোৱাৰে, তথাপিও আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; আৰু দৃঢ় সংকল্প কৰাৰ পিছত, সি যদি সেয়া সম্পন্ন কৰে তেন্তে আল্লাহে তেওঁৰ ফালৰ পৰা তাৰ বাবে দহটা নেকীৰ পৰা সাতশ' লৈকে; বৰং তাতোকৈ বেছি নেকী লিখি দিয়ে। ইয়াৰ বিপৰীতে, যদি কাৰোবাৰ বেয়া কামৰ বাসনা জাগে কিন্তু সেয়া কামত পৰিণত নকৰে, আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; কিন্তু যদি সি তাৰ কামনা বাসনাক কামত পৰিণত কৰে, তেন্তে তাৰ বাবে এটা বেয়া কামৰ (গুণাহ) লিখি দিয়ে।

[বুখাৰী: ৬৪৯১, মুছলিম: ১৩১]


الحديث الثامن والثلاثون

"من عادى لي وليا فقد آذنته بالحرب"

عَنْ أَبِي هُرَيْرَة رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُول اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم إنَّ اللَّهَ تَعَالَى قَالَ: "مَنْ عَادَى لِي وَلِيًّا فَقْد آذَنْتهُ بِالْحَرْبِ، وَمَا تَقَرَّبَ إلَيَّ عَبْدِي بِشَيْءٍ أَحَبَّ إلَيَّ مِمَّا افْتَرَضْتُهُ عَلَيْهِ، وَلَا يَزَالُ عَبْدِي يَتَقَرَّبُ إلَيَّ بِالنَّوَافِلِ حَتَّى أُحِبَّهُ، فَإِذَا أَحْبَبْتُهُ كُنْت سَمْعَهُ الَّذِي يَسْمَعُ بِهِ، وَبَصَرَهُ الَّذِي يُبْصِرُ بِهِ، وَيَدَهُ الَّتِي يَبْطِشُ بِهَا، وَرِجْلَهُ الَّتِي يَمْشِي بِهَا، وَلَئِنْ سَأَلَنِي لَأُعْطِيَنَّهُ، وَلَئِنْ اسْتَعَاذَنِي لَأُعِيذَنَّهُ".

رَوَاهُ الْبُخَارِيُّ [رقم:6502].

হাদীছ - ৩৮

আবূ হুৰাইৰা ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- ৰাছুল চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে যে:

আল্লাহ তা'আলাই কৈছে: যি ব্যক্তি মোৰ কোনো বন্ধুৰ লগত শত্ৰুতা কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছো। মই যি তাৰ ওপৰত ফৰজ কৰিছো মোৰ বান্দাই তাৰ বাহিৰে আন কোনো পছন্দৰ বস্তুৰ দ্বাৰা মোৰ অধিক নিকটৱৰ্তী হ'ব নোৱাৰে। আৰু মোৰ বান্দাই নফল ইবাদতৰ সহায়ত মোৰ নিকটৱৰ্তী হ'বলৈ ধৰে, অৱশেষত মই তাক ভাল পাওঁ। এতেকে মই যেতিয়া তাক ভাল পাওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ; যাৰ দ্বাৰা সি শুনে, তাৰ চকু হৈ যাওঁ; যাৰ দ্বাৰা সি দেখে, তাৰ হাত হৈ যাওঁ; যাৰ দ্বাৰা সি ধৰে আৰু তাৰ ভৰি হৈ যাওঁ; যাৰ দ্বাৰা সি চলা-ফুৰা কৰে[3]। সি যদি মোৰ ওচৰত কিবা বিচাৰে মই অৱশ্যে তাক দিওঁ। সি যদি মোৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, মই তাক অৱশ্যে আশ্ৰয় দান কৰো।

[বুখাৰী: ৬৫০২]


الحديث التاسع والثلاثون

"إن الله تجاوز لي عن أمتي الخطأ والنسيان"

عَنْ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم قَالَ: "إنَّ اللَّهَ تَجَاوَزَ لِي عَنْ أُمَّتِي الْخَطَأَ وَالنِّسْيَانَ وَمَا اسْتُكْرِهُوا عَلَيْهِ" .

حَدِيثٌ حَسَنٌ، رَوَاهُ ابْنُ مَاجَهْ [رقم:2045]، وَالْبَيْهَقِيّ ["السنن" 7

হাদীছ – ৩৯

ইবনে আব্বাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:

মোৰ কাৰণে আল্লাহে মোৰ উম্মতৰ অনিচ্ছাকৃত ত্ৰুটি আৰু ভুল ক্ষমা কৰি দিছে আৰু (বান্দাৰ) তাৰ সেই কৰ্ম যিটো সি কৰিবলৈ বাধ্য হৈছে।

[এই হাদীছটো হাছান। ইবনে মাজাহ (নং-২০৪৫), বায়হাকী (ছুনান, হাদীছ নং-৭) আৰু কেইবাজনেও এই হাদীছটো বৰ্ণনা কৰিছে।]


الحديث الأربعون

"كن في الدنيا كأنك غريب أو عابر سبيل"

عَنْ ابْن عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: أَخَذَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم بِمَنْكِبِي، وَقَالَ: "كُنْ فِي الدُّنْيَا كَأَنَّك غَرِيبٌ أَوْ عَابِرُ سَبِيلٍ". وَكَانَ ابْنُ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا يَقُولُ: إذَا أَمْسَيْتَ فَلَا تَنْتَظِرْ الصَّبَاحَ، وَإِذَا أَصْبَحْتَ فَلَا تَنْتَظِرْ الْمَسَاءَ، وَخُذْ مِنْ صِحَّتِك لِمَرَضِك، وَمِنْ حَيَاتِك لِمَوْتِك.

رَوَاهُ الْبُخَارِيُّ [رقم:6416].

হাদীছ – ৪০

ইবনে ওমৰ ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে- ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে মোৰ কান্ধত ধৰি ক'লে:

পৃথিৱীত অপৰিচিত অথবা ভ্ৰমণকাৰী মুছাফিৰৰ দৰে হৈ যোৱা।

ইবনে ওমৰ ৰাদিয়াল্লাহু 'আনহুমাই কৈছে, সন্ধীয়াত উপনীত হ'লে প্ৰভাতৰ অপেক্ষা নকৰিবা। আৰু প্ৰভাতত উপনীত হ'লে সন্ধ্যীয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ বাবে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ বাবে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।

[বুখাৰী: ৬৪১৬]


الحديث الحادي والأربعون

"لا يؤمن أحدكم حتى يكون هواه تبعا لما جئت به"

عَنْ أَبِي مُحَمَّدٍ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ الْعَاصِ رَضِيَ اللَّهُ عَنْهُمَا، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم "لَا يُؤْمِنُ أَحَدُكُمْ حَتَّى يَكُونَ هَوَاهُ تَبَعًا لِمَا جِئْتُ بِهِ".

حَدِيثٌ حَسَنٌ صَحِيحٌ، رَوَيْنَاهُ فِي كِتَابِ "الْحُجَّةِ" بِإِسْنَادٍ صَحِيحٍ.

হাদীছ - ৪১

আবূ মুহাম্মদ আব্দুল্লাহ ইবনে আমৰ ইবনুল আচ ৰাদিয়াল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে- ৰাছুল চাল্লাল্লাহু আল্লাহু 'আলাইহি অছাল্লামে কৈছে:

তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে মই যি আনিছো তাৰ প্ৰতি তাৰ ইচ্ছা-আকাংক্ষা অনুগত হৈ নাযায়।

[হাদীছটো হাছান। এই হাদীছটোক আমি কিতাবুল হুজ্জাৰ পৰা ছহীহ চনদৰ সৈতে বৰ্ণনা কৰিছো।]


الحديث الثاني والأربعون

"يا ابن آدم إنك ما دعوتني ورجوتني"

عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللهُ عَنْهُ قَالَ: سَمِعْت رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم يَقُولُ: قَالَ اللَّهُ تَعَالَى: "يَا ابْنَ آدَمَ! إِنَّكَ مَا دَعَوْتنِي وَرَجَوْتنِي غَفَرْتُ لَك عَلَى مَا كَانَ مِنْك وَلَا أُبَالِي، يَا ابْنَ آدَمَ! لَوْ بَلَغَتْ ذُنُوبُك عَنَانَ السَّمَاءِ ثُمَّ اسْتَغْفَرْتنِي غَفَرْتُ لَك، يَا ابْنَ آدَمَ! إنَّك لَوْ أتَيْتنِي بِقُرَابِ الْأَرْضِ خَطَايَا ثُمَّ لَقِيتنِي لَا تُشْرِكُ بِي شَيْئًا لَأَتَيْتُك بِقُرَابِهَا مَغْفِرَةً" .

رَوَاهُ التِّرْمِذِيُّ [رقم:3540]، وَقَالَ: حَدِيثٌ حَسَنٌ صَحِيحٌ.

হাদীছ – ৪২

আনাছ ৰাদিয়াল্লাহু 'আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক কওঁতে শুনিছো:

আল্লাহ তা'আলাই কৈছে: হে আদম সন্তান! যেতিয়া লৈকে তুমি মোক আহ্বান কৰিবা আৰু মোৰ ওচৰত (ক্ষমা) প্ৰত্যাশা কৰিবা, তোমাৰ পৰা যিটোৱেই প্ৰকাশ নহওঁক কিয় মই সেইটো ক্ষমা কৰি দিম- আৰু মই কাৰো পৰোৱা নকৰো। হে আদম সন্তান! তোমাৰ গুনাহ যদি আকাশ সমান হৈ যায় আৰু তুমি মোৰ ওচৰত ক্ষমা বিচৰা, তেনেহ'লে মই তোমাক ক্ষমা কৰি দিম। হে আদম সন্তান! যদি তুমি পৃথিৱী পৰিমাণ গুনাহ লৈ মোৰ ওচৰত আহা আৰু মোৰ লগত কাকো অংশী নকৰাকৈ (আখিৰাতত) সাক্ষাত কৰা, তেনেহ'লে মই সমপৰিমাণ ক্ষমা লৈ তোমাৰ লগত সাক্ষাত কৰিম।

[তিৰমিজীয়ে বৰ্ণনা কৰিছে (হাদীছ নং-৩৫৪০) আৰু তেওঁ এই হাদীছটোক হাছান বুলি কৈছে।]


[1] অৰ্থাৎ বাহ্যিক দৃষ্টিত তাৰ কামটো সকলোৰে ওচৰত জান্নাতীসকলৰ কৰ্ম বুলি বিবেচিত হৈ থাকে। প্ৰকৃতপক্ষত সি জান্নাতৰ কাম কৰা নাই। কাৰণ, তাৰ ঈমান আৰু ইখলাছৰ মাজত কৰবাত কিবা কম আছিল। [অনুবাদক]

[2] আল্লাহক সংৰক্ষণ কৰাৰ অৰ্থ, আল্লাহৰ তাওহীদ আৰু অধিকাৰ সংৰক্ষণ। আল্লাহৰ আদেশ নিষেধ আৰু চৰীয়তৰ বিধি-বিধানৰ সীমাৰেখা সংৰক্ষণ। [অনুবাদক]

[3] অৰ্থাৎ তাৰ কৰ্মকাণ্ড কেৱল মোৰ সন্তুষ্টি বিধানতেই পৰিচালিত হয়। সি তেতিয়া সেইটোৱেই শুনে, দেখে, ধৰে বা চলা-ফুৰা কৰে য'ত মোৰ সন্তুষ্টি আছে। তাক ময়েই (আল্লাহেই) এই তাওফীক দিওঁ। [অনুবাদক]

ইল্মী বিভাগ:

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ