হজ্জ আদায় কৰাৰ পদ্ধতি

চমু বিৱৰণ

উক্ত প্ৰৱন্ধটোত হজ্জ আদায় কৰাৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    হজ্জ আদায় কৰাৰ পদ্ধতি

    صفة الحج

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট

    —™

    অনুবাদ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    صفة الحج

    القسم العلمي موقع سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    31822: হজ্জ আদায় কৰাৰ পদ্ধতি

    প্ৰশ্ন: মই হজ্জ আদায় কৰাৰ পদ্ধতি বিস্তাৰিত জানিব বিচাৰো।

    উত্তৰ:

    আলহামদুলিল্লাহ।

    হজ্জ এটা উত্তম আৰু মৰ্যদাপূৰ্ণ ইবাদত। এইটো ইছলামৰ পঞ্চ স্তম্ভৰ অন্যতম, যি ইছলাম প্ৰদান কৰি আল্লাহ তাআলাই নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছিল। যি স্তম্ভসমূহ অবিহনে কোনো ব্যক্তিৰ দ্বীনদাৰি পূৰ্ণতা পাব নোৱাৰে। যিকোনো ইবাদতৰ দ্বাৰা আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ হ’লে আৰু ইবাদত কবুল হ’বলৈ হ’লে দুটা বিষয় আৱশ্যক:

    এক. একমাত্ৰ আল্লাহৰ বাবে মুখলিছ বা একনিষ্ঠ হোৱা। অৰ্থাৎ সেই ইবাদতৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি আৰু পৰকালৰ কল্যাণক উদ্দেশ্য কৰা; প্ৰদৰ্শনেচ্ছা, প্ৰচাৰপ্ৰিয়তাৰ উদ্দেশ্যে নকৰা অথবা আন কোনো পাৰ্থিৱ উদ্দেশ্যৰ বাবে নকৰা।

    দুই. কথা আৰু কৰ্মত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ নজনাকৈ তেওঁক অনুসৰণ কৰা সম্ভৱ নহয়। এতেকে যি ব্যক্তি হজ্জ পালনৰ মাধ্যমত অথবা আন কোনো ইবাদত পালনৰ মাধ্যমত আল্লাহৰ নৈকট্য লাভ কৰিব বিচাৰে তাৰ কৰ্তব্য হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ জানি লোৱা। তলত আমি ছুন্নাহ মুতাবিক হজ্জ আদায় কৰাৰ পদ্ধতি সংক্ষিপ্ত ভাৱে দাঙি ধৰিম। ইতিপূৰ্বে আমি ওমৰাহ আদায় কৰাৰ পদ্ধতি 31819 নং প্ৰশ্নৰ উত্তৰত দাঙি ধৰিছো। ওমৰাহ আদায় কৰাৰ পদ্ধতি সেই প্ৰশ্নৰ উত্তৰৰ পৰা জানি লব পাৰে।

    হজ্জৰ প্ৰকাৰ:

    হজ্জ তিনি প্ৰকাৰ: তামাত্তু, ইফৰাদ আৰু ক্বিৰান।

    তামাত্তু হজ্জ: হজ্জৰ মাহসমূহত (হজ্জৰ মাহসমূহ হৈছে- শ্বাওৱাল, জুলক্বাদাহ, জুলহিজ্জা চাওঁক আল-শ্বাৰহুল মুমতি ৭/৬২) এককভাৱে ওমৰাৰ ইহৰাম পৰিধান কৰা, মক্কাত উপস্থিত হৈ তাৱাফ কৰা, ওমৰাৰ ছায়ী কৰা, মূৰ খুৰোৱা অথবা চুলি চুটি কৰি ওমৰাৰ পৰা হালাল হৈ যোৱা। ইয়াৰ পিছত তাৰবিয়াৰ দিনা অৰ্থাৎ ৮ জুলহিজ্জাৰ দিনা এককভাৱে হজ্জৰ ইহৰাম পৰিধান কৰি হজ্জৰ যাৱতীয় কাৰ্যাৱলী শেষ কৰা। এতেকে, তামাত্তু হজ্জকাৰী পৰিপূৰ্ণ এটা ওমৰাহ পালন কৰে আৰু পৰিপূৰ্ণ এটা হজ্জ পালন কৰে।

    ইফৰাদ হজ্জ: কেৱল হজ্জৰ বাবে ইহৰাম পৰিধান কৰা, মক্কাত উপস্থিত হৈ তাৱাফে কুদুম কৰা, হজ্জৰ বাবে ছায়ী কৰা, মূৰ নুখুৰাই বা চুলি চুটি নকৰি আৰু ইহৰামৰ পৰা হালাল নহৈ ইহৰাম অৱস্থাত থকা আৰু ঈদৰ দিনা জামাৰাহ আকাবাত শিলগুটি দলিওৱাৰ পিছত ইহৰামৰ পৰা হালাল হৈ যোৱা। যদি হজ্জৰ ছায়ীক হজ্জৰ তাৱাফৰ পিছত আদায় কৰিব বিচাৰে তেন্তে তেনেকুৱা কৰিলেও কোনো অসুবিধা নাই।

    ক্বিৰান হজ্জ: ওমৰাহ আৰু হজ্জৰ বাবে একেলগে ইহৰাম পৰিধান কৰা অথবা প্ৰথমতে ওমৰাৰ বাবে ইহৰাম পৰিধান কৰা তাৰ পিছত তাৱাফ আৰম্ভ কৰাৰ আগত হজ্জক ওমৰাৰ লগত সম্পৃক্ত কৰা (অৰ্থাৎ তাৱাফ আৰু ছায়ীক হজ্জ আৰু ওমৰাৰ ছায়ী হিচাপে নিয়ত কৰা)। ক্বিৰান হজ্জকাৰীৰ আমলসমূহ ইফৰাদ হজ্জকাৰীৰ আমলৰ দৰে। কিন্তু ক্বিৰান হজ্জকাৰীৰ বাবে হাদি লাগিব ; আৰু ইফৰাদ হজ্জকাৰীৰ বাবে হাদি নালাগে।

    হজ্জৰ প্ৰকাৰসমূহৰ মাজত আটাইতকৈ উত্তম হৈছে- তামাত্তু হজ্জ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ ছাহাবীসকলক এই হজ্জ আদায় কৰাৰ নিৰ্দেশ দিছে আৰু এই হজ্জ আদায় কৰাৰ প্ৰতি উদ্বুদ্ধ কৰিছে। আনকি যদি কোনোবাই ক্বিৰান হজ্জ বা ইফৰাদ হজ্জৰ নিয়ত কৰি পেলায় তথাপিও তেখেতে তাৰ ইহৰামক ওমৰাৰ ইহৰামত পৰিবৰ্তন কৰি হালাল হৈ যোৱাৰ তাগিদ দিছে। যাতে সেই ব্যক্তি তামাত্তু হজ্জ পালনকাৰী হ’ব পাৰে। আনকি এইটো তাৱাফে কুদুম আৰু ছায়ীৰ পিছতো হ’ব পাৰে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিদায়ী হজ্জত তাৱাফ আৰু ছায়ী কৰাৰ পিছত তেওঁৰ ছাহাবীসকলক নিৰ্দেশ দিছিল- তোমালোকৰ মাজত যাৰ যাৰ লগত হাদি নাই সি যেন নিজৰ ইহৰামক ওমৰাৰ ইহৰামত পৰিবৰ্তন কৰি মূৰৰ চুলি চুটি কৰি হালাল হৈ যায়। তেওঁ আৰু কৈছে: মই যদি হাদি নানিলোহেঁতেন তেনেহ’লে তোমালোকক যি নিৰ্দেশ দিছো ময়ো সেইটো পালন কৰিলোহেঁতেন।

    ইহৰাম: অলপ আগত যি প্ৰশ্নৰ ৰেফাৰেন্স দিয়া হৈছে সেই প্ৰশ্নৰ উত্তৰত ইহৰামৰ ছুন্নতসমূহ যেনে- গুছল কৰা, সুগন্ধি ব্যৱহাৰ কৰা, নামাজ পঢ়া ইত্যাদি উল্লেখ কৰা হৈছে। ইহৰামৰ আগত সেই ছুন্নতসমূহ পালন কৰিব লাগিব। ইয়াৰ পিছত নামাজ শেষ কৰি অথবা নিজ বাহনত আৰোহণ কৰি ইহৰাম বান্ধিব। যদি তামাত্তু হজ্জকাৰী হয় তেনেহ’লে ক’ব:

    لَبَّيْكَ اللَّهُمَّ بِعُمْرَةٍ

    লাব্বাইকাল্লাহুম্মা বি উমৰাতিন (অৰ্থ- হে আল্লাহ! ওমৰাহকাৰী হিচাপে তোমাৰ দৰবাৰত হাজিৰ)

    আৰু যদি ক্বিৰান হজ্জ আদায়কাৰী হয় তেনেহ’লে ক’ব:

    لَبَّيْكَ اللَّهُمَّ بِحَجَّةٍ وَعُمْرَةٍ

    লাব্বাইকাল্লাহুম্মা বি হাজ্জাতিন ওৱা উমৰাতিন (হে আল্লাহ! হজ্জ আৰু ওমৰাহকাৰী হিচাপে তোমাৰ দৰবাৰত হাজিৰ)

    আৰু যদি ইফৰাদ হজ্জকাৰী হয় তেনেহ’লে ক’ব:

    لَبَّيْكَ اللَّهُمَّ حَجًّا

    লাব্বাইকাল্লাহুম্মা হাজ্জান (হে আল্লাহ! হজ্জকাৰী হিচাপে তোমাৰ দৰবাৰত হাজিৰ)

    তাৰ পিছত ক’ব: اللهم هذه حجة لا رياء فيها ولا سمعة আল্লাহুম্মা হাযিহি হাজ্জাতুন লা ৰিয়াআ ফি-হা অলা ছুমআ (হে আল্লাহ! এই হজ্জক এনেকুৱা হজ্জ হিচাপে কবুল কৰা যাৰ মাজত লৌকিকতা আৰু প্ৰচাৰপ্ৰিয়তা নাই)। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ তালবিয়া পাঠ কৰিছে তেনেকৈ তালবিয়া পাঠ কৰিব। সেই তালবিয়া হৈছে-

    لَبَّيْكَ اللَّهُمَّ لَبَّيْكَ ، لَبَّيْكَ لا شَرِيكَ لَكَ لَبَّيْكَ ، إِنَّ الْحَمْدَ وَالنِّعْمَةَ لَكَ وَالْمُلْكَ لا شَرِيكَ لَكَ

    লাব্বাইকাল্লাহুম্মা লাব্বাইক। লাব্বাইকা লা শ্বাৰিকা লাকা লাব্বাইক। ইন্নাল হামদা অন নি’মাতা লাকা অল মুলক। লা শ্বাৰিকা লাক।

    (অৰ্থ- মই তোমাৰ দৰবাৰত উপস্থিত, হে আল্লাহ মই তোমাৰ দৰবাৰত উপস্থিত। মই তোমাৰ দৰবাৰত উপস্থিত তোমাৰ কোনো অংশীদাৰ নাই, মই তোমাৰ দৰবাৰত উপস্থিত। নিশ্চয় যাৱতীয় প্ৰশংসা, যাৱতীয় নিয়ামত তোমাৰ বাবেই আৰু ৰাজত্ব তোমাৰেই। তোমাৰ কোনো অংশীদাৰ নাই।)

    নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু এটা তালবিয়া পঢ়িছিল সেইটো হৈছে-

    لَبَّيْكَ إِلَهَ الْحَقِّ

    লাব্বাইকা ইলাহাল হাক্ব (অৰ্থ- হে সত্য উপাস্য! তোমাৰ দৰবাৰত উপস্থিত)

    ইবনে ওমৰ (ৰাদিয়াল্লাহু আনহুৱে) আৰু অলপ বেছিকৈ পঢ়িছিল:

    لَبَّيْكَ وَسَعْدَيْكَ وَالْخَيْرُ بِيَدَيْكَ وَالرَّغْبَاءُ إِلَيْكَ وَالْعَمَلُ

    লাব্বাইকা অছাদাইক। অল খাইৰু বি ইয়াদাইক। অৰ-ৰাগবা-উ ইলাইকা অল আমাল। (অৰ্থ- মই তোমাৰ দৰবাৰত উপস্থিত, মই তোমাৰ সৌজন্যত উপস্থিত। কল্যাণ তোমাৰেই হাতত। আকাংখা আৰু আমল তোমাৰ প্ৰতি নিবেদিত)। পুৰুষসকলে উচ্চস্বৰে তালবিয়া পাঠ কৰিব আৰু নাৰীসকলে এনেকৈ পঢ়িব যাতে ওচৰৰ লোকে শুনিব পাৰে আৰু যদি ওচৰত অপৰ পুৰুষ থাকে তেনেহ’লে গোপনে তালবিয়া পঢ়িব।

    ইহৰামকাৰী যদি কোনো প্ৰতিবন্ধকতাৰ আশংকা কৰে যেনে বেমাৰ, শত্ৰু বা গ্ৰেফতাৰ ইত্যাদি তেনেহ’লে ইহৰাম কৰা অৱস্থাত চৰ্ত কৰি লোৱা ভাল। ইহৰাম কৰা অৱস্থাত তেওঁ ক’ব:

    إِنْ حَبَسَنِيْ حَابِسٌ فَمَحِلِّيْ حَيْثُ حَبَسْتَنِيْ

    ইন হাবাছানি হাবিছ ফা মাহিল্লি হাইছু হাবাছতানি (অৰ্থ- যদি কোনো প্ৰতিবন্ধকতা - যেনে ৰোগ, পলম হোৱা ইত্যাদি মোৰ হজ্জ পালনত- বাধা হৈ থিয় হয় তেনেহ’লে মই য’ত প্ৰতিবন্ধকতাৰ চিকাৰ হম ততেই ইহৰামৰ পৰা হালাল হৈ যাম)

    لأن النبي صلى الله عليه وسلم " أمر ضباعة بنت الزبير حين أرادت الإحرام وهي مريضة أن تشترط وقال : إن لك على ربك ما استثنيت " رواه البخاري (5089) ومسلم (1207)

    কিয়নো জুবাআ বিনতে যুবাইৰ অসুস্থ হোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইহৰাম কৰা অৱস্থাত তেওঁক চৰ্ত কৰাৰ নিৰ্দেশ দিছিল আৰু কৈছিল: “তুমি যি চৰ্ত কৰিছা সেয়া তোমাৰ ৰবৰ ওচৰত গ্ৰহণযোগ্য।”[ছহীহ বুখাৰী (৫০৮৯) আৰু ছহীহ মুছলিম (১২০৭)]

    যদি ইহৰামকাৰী চৰ্ত কৰি থাকে আৰু নুছুক (হজ্জ-ওমৰাহ) পালনত প্ৰতিবন্ধকতাৰ সন্মুখীন হয় তেনেহ’লে সি ইহৰামৰ পৰা হালাল হৈ যাব। এনে কৰিলে তাৰ ওপৰত আন কোনো দায়িত্ব নাহিব। আৰু যদি প্ৰতিবন্ধকতাৰ কোনো আশংকা নাথাকে তেনেহ’লে চৰ্ত নকৰাই বাঞ্ছনীয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চৰ্ত কৰা নাছিল আৰু সাধাৰণভাৱে সকলোকে চৰ্ত কৰাৰ নিৰ্দেশও দিয়া নাছিল। জুবাআ বিনতে যুবাইৰ অসুস্থ হোৱাৰ কাৰণে তেওঁক নিৰ্দেশ দিছিল। ইহৰামকাৰীৰ উচিত অধিক হাৰত তালবিয়া পাঠ কৰা। বিশেষকৈ সময় আৰু অৱস্থাৰ পৰিবৰ্তনসমূহত। যেনে ওখ ঠাইত উঠাৰ সময়ত। তলফালে নমাৰ সময়ত। ৰাতি বা দিনৰ আগমনকালত। তালবিয়া পাঠৰ পিছত আল্লাহৰ সন্তুষ্টি আৰু জান্নাত প্ৰাৰ্থনা কৰা আৰু জাহান্নামৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত।

    ওমৰাৰ ইহৰামৰ ক্ষেত্ৰত ইহৰামৰ আৰম্ভণিৰ পৰা তাৱাফ আৰম্ভ কৰাৰ আগ লৈকে তালবিয়া পাঠ কৰাৰ বিধান আছে। আৰু হজ্জৰ ক্ষেত্ৰত ইহৰাম পৰিধান কৰাৰ পিছৰ পৰা ঈদৰ দিনা জামাৰাহ আকাবাত শিলগুটি দলিওৱা লৈকে তালবিয়া পঢ়াৰ বিধান আছে।

    মক্কাত প্ৰৱেশৰ বাবে গুছল কৰা: মক্কাৰ ওচৰত উপস্থিত হ’লে যদি সম্ভৱ হয় মক্কাত প্ৰৱেশৰ বাবে গুছল কৰি লব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কাত প্ৰৱেশ কৰাৰ সময়ত গুছল কৰিছিল। [ছহীহ মুছলিম (১২৫৯)]

    ইয়াৰ পিছত মছজিদে হাৰামত প্ৰৱেশৰ সময়ত সোঁ ভৰি আগত দিব আৰু ক’ব:

    بِسْمِ اللهِ والصَّلَاةُ وَالسَّلَامُ عَلَى رَسُوْلِ اللهِ الَّلهُمَّ اغْفِرْ لِيْ ذُنُوْبِيْ وافْتَحْ لِى أَبْوَابَ رَحْمَتِكَ أَعُوذُ بِاللَّهِ الْعَظِيمِ وَبِوَجْهِهِ الْكَرِيمِ وَسُلْطَانِهِ الْقَدِيمِ مِنَ الشَّيْطَانِ الرَّجِيمِ

    (অৰ্থ- আল্লাহৰ নামত আৰম্ভ কৰিছো। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ৰহমত আৰু শান্তি বৰ্ষিত হওঁক। হে আল্লাহ! মোৰ সকলো গুনাহ ক্ষমা কৰি দিয়া। মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া। মই নিলম্বিত চয়তানৰ পৰা মহান আল্লাহৰ ওচৰত তেওঁৰ মহান চেহাৰাৰ মাধ্যমত, তেওঁৰ অনাদি ৰাজত্বৰ মাধ্যমত আশ্ৰয় প্ৰাৰ্থনা কৰিছো।)

    তাৰ পিছত তাৱাফ আৰম্ভ কৰাৰ বাবে হাজাৰে আছৱাদৰ ফালে আগুৱাই যাব। তাৱাফ কৰাৰ পদ্ধতি ইতিপূৰ্বে (31819) নং প্ৰশ্নৰ উত্তৰত উল্লেখ কৰা হৈছে।

    তাৱাফৰ পিছত আৰু তাৱাফৰ দুই ৰাকাত নফল নামাজৰ পিছত মাছআ (ছায়ী কৰাৰ স্থান)ৰ ফালে আগুৱাই যাব আৰু ছাফা-মাৰৱা পাহাৰৰ মাজ স্থানত ছায়ী (প্ৰদক্ষিণ) কৰিব। (31819) নং প্ৰশ্নৰ উত্তৰত ছায়ীৰ বিৱৰণ উল্লেখ কৰা হৈছে

    তামাত্তু হজ্জকাৰী ওমৰাৰ ছায়ী কৰিব। আৰু ইফৰাদ ও ক্বিৰান হজ্জকাৰী হজ্জৰ ছায়ী কৰিব লগতে ইচ্ছা কৰিলে ছায়ীটো হজ্জৰ ফৰজ তাৱাফৰ পিছতো আদায় কৰিব পাৰিব।

    মূৰ খুৰোৱা অথবা চুলি চুটি কৰা:

    তামাত্তু হজ্জকাৰী যেতিয়া ছায়ীৰ সাতটা প্ৰদক্ষিণ শেষ কৰিব তেতিয়া পুৰুষে মূৰ খুৰাব নাইবা চুলি চুটি কৰিব। মূৰ খুৰালে মূৰৰ সৰ্বাংশ খুৰাব লাগিব। এইদৰে চুলি চুটি কৰিলেও মূৰৰ সৰ্বাংশৰ চুলি চুটি কৰিব লাগিব। চুলি চুটি কৰাতকৈ মূৰ খুৰোৱা উত্তম। যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মূৰ খুৰোৱাসকলৰ বাবে তিনিবাৰ দুআ কৰিছে আৰু চুলি চুটি কৰা সকলৰ বাবে এবাৰ দুআ কৰিছে। [ছহীহ মুছলিম (১৩০৩)] কিন্তু হজ্জৰ সময় যদি অতি নিকটৱৰ্তী হয় আৰু নতুন চুলি ওলাবলৈ সময় নাথাকে তেনেহ’লে চুলি চুটি কৰা উত্তম; যাতে হজ্জৰ সময়ত মূৰ খুৰাব পাৰে। দলীল হৈছে- বিদায় হজ্জত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ ছাহাবীসকলক ওমৰাৰ বাবে মূৰৰ চুলি চুটি কৰাৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকে জুলহিজ্জা মাহৰ ৪ তাৰিখে পোৱাৰ ভাগত মক্কাত উপস্থিত হৈছিল। আৰু নাৰীসকলে আঙুলিৰ এক কৰ পৰিমাণ চুলি কাটি লব। এইখিনিতে তামাত্তু হজ্জকাৰীৰ ওমৰাৰ কাম সম্পন্ন হ’ল আৰু তামাত্তু হজ্জকাৰী সম্পূৰ্ণৰূপে হালাল হৈ যাব। অৰ্থাৎ হালাল অৱস্থাত এজন ব্যক্তি যি যি কৰিব পাৰে (যেনে- চিলাইকৃত পোছাক পৰিধান কৰা, সুগন্ধি ব্যৱহাৰ কৰা, স্ত্ৰী সহবাস কৰা ইত্যাদি) তামাত্তু হজ্জকাৰীও ইয়াৰ পিছত সেইসমূহ কাম কৰিব পাৰিব।

    আনহাতে ইফৰাদ আৰু ক্বিৰান হজ্জকাৰী মূৰ নুখুৰাব; অথবা মূৰৰ চুলি চুটি নকৰিব; তেওঁলোকে ইহৰামৰ পৰা হালাল নহ’ব। বৰং ইহৰাম অৱস্থাত থাকিব আৰু ঈদৰ দিনা জামাৰা আকাবাত শিলগুটি দলিওৱাৰ পিছত মূৰ খুৰাব অথবা চুলি চুটি কৰি হালাল হৈ যাব।

    তাৰবিয়াৰ দিনা বা জ্বিলহিজ্জাৰ ৮ তাৰিখে তামাত্তু হজ্জকাৰী মক্কাত তাৰ অৱস্থানস্থলৰ পৰা ইহৰাম বান্ধিব। ওমৰাৰ ইহৰাম কৰা অৱস্থাত যি যি কৰা মুস্তাহাব আছিল হজ্জৰ ইহৰামৰ সময়তো সেয়া কৰা (যেনে- গুছল কৰা, সুগন্ধি ব্যৱহাৰ কৰা, নামাজ পঢ়া ইত্যাদি) মুস্তাহাব। এই ইহৰামৰ সময়ত হজ্জৰ নিয়ত কৰিব, তালবিয়া পাঠ কৰিব আৰু ক’ব: لبيك اللهم حجاً (হে আল্লাহ! হজ্জকাৰী হিচাপে তোমাৰ দৰবাৰত উপস্থিত)। যদি হজ্জ সমাপ্তকৰণত কোনো প্ৰতিবন্ধকতাৰ আশংকা থাকে তেন্তে চৰ্ত কৰি লব। وإن حبسني حابس فمحلي حيث حبستني (অৰ্থ- যদি কোনো প্ৰতিবন্ধকতাই মোক আটক কৰে তেনেহ’লে মই যতেই আটক হম সেই ঠাইতে হালাল হৈ যাম)। আৰু যদি এনে কোনো আশংকা নাথাকে তেনেহ’লে চৰ্ত কৰা অনুচিত। এজন হাজ্জীৰ বাবে মুস্তাহাব হৈছে ঈদৰ দিনা জামাৰা আকাবাত শিলগুটি দলিওৱাৰ আগলৈকে উচ্চস্বৰে তালবিয়া পাঠ কৰা।

    মীনালৈ ৰাওনা:

    ইয়াৰ পিছত মীনালৈ ৰাৱানা হ’ব। তাত উপস্থিত হৈ জোহৰ, আছৰ, মাগৰিব, ঈশ্বা আৰু ফজৰৰ নামাজ কছৰ (৪ ৰাকাতৰ স্থলত ২ ৰাকাত) কৰি যথা সময়ত আদায় কৰিব। দলীল হৈছে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মীনাত এই নামাজসমূহ কছৰ কৰিছিল; কিন্তু একেলগে আদায় কৰা নাছিল।

    কছৰ: ৪ ৰাকাত বিশিষ্ট নামাজসমূহ ২ ৰাকাত কৈ আদায় কৰা। মক্কাবাসী আৰু আন আন লোকসকলেও মীনা, আৰাফা আৰু মুজদালিফাত নামাজ কছৰ কৰিব। দলীল হৈছে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হজ্জ আদায় কৰা অৱস্থাত লোকসকলক লৈ নামাজ আদায় কৰিছিল। তেওঁৰ লগত মক্কাবাসীসকলেও আছিল। কিন্তু তেওঁ তেওঁলোকক পৰিপূৰ্ণ নামাজ আদায় কৰা নিৰ্দেশ দিয়া নাছিল। যদি সেয়া ফৰজ হ’লেহেঁতেন তেনেহ’লে তেওঁ তেওঁলোকক সেয়া নিৰ্দেশ দিলেহেঁতেন যেনেকৈ মক্কা বিজয়ৰ বছৰত নিৰ্দেশ দিছিল। কিন্তু মক্কাৰ অট্ৰলিকা আৰু ঘৰ দুৱাৰসমূহ প্ৰসাৰিত হৈ হৈ মীনা মক্কাৰ অন্তৰ্ভূক্ত হৈ গৈছে। এনে লাগে যেন মীনা মক্কাৰেই এটা অংশ। সেয়ে মক্কাবাসীসকলে তাত কছৰ নকৰিব।

    আৰাফালৈ গমন:

    আৰাফাৰ দিনা সূৰ্যোদয়ৰ পিছত মীনাৰ পৰা আৰাফাৰ উদ্দেশ্যে ৰাৱানা দিব। সম্ভৱ হ’লে জোহৰৰ আগলৈকে নামিৰাত অৱস্থান কৰিব (নামিৰা হৈছে- আৰাফাৰ সন্মুখভাগৰ এটা স্থানৰ নাম)। আৰু যদি সেয়া সম্ভৱ নহয় তেনেহ’লেও কোনো অসুবিধা নাই। কাৰণ নামিৰাত অৱস্থান কৰা ছুন্নত; ওৱাজিব নহয়। সূৰ্য পশ্চিমাকাশত ঢলি পৰাৰ পিছত (অৰ্থাৎ জোহৰৰ সময় হোৱাৰ পিছত) জোহৰ আৰু আছৰ উভয় নামাজ একেলগে জোহৰৰ ওৱাক্তত দুই দুই ৰাকাত কৈ আদায় কৰি লব; ঠিক যেনেকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আদায় কৰিছিল যাতে আৰাফাৰ ময়দানত দীৰ্ঘ সময় অৱস্থান কৰি দুআ কৰিব পাৰে। নামাজৰ পিছত আল্লাহৰ যিকিৰ আৰু দুআত ব্যস্ত হ’ব। আল্লাহৰ ওচৰত ফৰিয়াদ কৰিব, দু হাত তুলি কিবলামুখী হৈ যি ইচ্ছা দুআ কৰিব। যদি কিবলামুখী হওঁতে জাবালে আৰাফা পিছ পৰে তথাপিও কোনো অসুবিধা নাই। যিহেতু দুআৰ ক্ষেত্ৰত ছুন্নত হৈছে- কিবলামুখী হোৱা; পাহাৰ অভিমুখী নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাহাৰৰ ওচৰত অৱস্থান কৰিছিল আৰু কৈছিল: “মই ইয়াত অৱস্থান কৰিলো; আৰাফাৰ ময়দানৰ সৰ্বাংশ অৱস্থানস্থল।” সেই মহান দিনা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো দুআ আটাইতকৈ বেছি কৰিছে সেইটো হৈছে-

    لاَ إِلَهَ إِلَّا اللَّهُ ، وَحْدَهُ لاَ شَرِيكَ لَهُ ، لَهُ الْمُلْكُ ، وَلَهُ الْحَمْدُ ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ

    লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰিকা লাহু। লাহুল মুলকু অলাহুল হামদু। ওৱাহুৱা আলা কুল্লি শ্বাইয়্যিন ক্বাদীৰ। (অৰ্থ- একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই। প্ৰশংসা তেওঁৰেই। তেওঁ সকলো বিষয়তে ক্ষমতাবান)। যদি অলপ অপ্ৰীতিকৰ লাগে আৰু সঙ্গী-সাৰথীসকলৰ লগত কথা বতৰা কৈ অলপ সতেজ হ’বলৈ মন যায় তেনেহ’লে ভাল কথা ক’ব অথবা ভাল কোনো পুথি পঢ়িব। বিশেষকৈ আল্লাহ তাআলাৰ বদান্যতা, তেওঁৰ মহান অনুগ্ৰহ বিষয়ক কোনো পুথি পঢ়িব। যাতে সেই মহান দিনটোত আল্লাহৰ প্ৰতি আশাৰ দিশটো ভাৰী হৈ থাকে। ইয়াৰ পিছত পুনৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা আৰু দুআত উভতি আহিব আৰু দিনৰ শেষভাগক কামত লগাবলৈ সচেষ্ট হ’ব। কিয়নো আটাইতকৈ উত্তম দুআ হৈছে- আৰাফা দিৱসৰ দুআ।

    মুজদালিফালৈ ৰাওৱানাঃ

    সূৰ্য অস্ত যোৱাৰ পিছত মুজদালিফালৈ ৰাওৱানা হ’ব। মুজদালিফাত উপস্থিত হৈ মাগৰিব আৰু ঈশ্বাৰ নামাজ এটা আজান আৰু দুই ইকামতত আদায় কৰিব। যদি এই আশংকা হয় যে, মুজদালিফাত উপস্থিত হওঁতে মাজ ৰাতি পাৰ হৈ যাব তেনে ক্ষেত্ৰত পথত নামাজ আদায় কৰি লব। কাৰণ নামাজক মাজ ৰাতিৰ বেছি পলম কৰা ঠিক নহয়। মুজদালিফাত আহি ৰাতি অতিবাহিত কৰিব। ফজৰৰ ওৱাক্ত হোৱাৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত পলম নকৰি এক আজান আৰু এক ইকামতত ফজৰৰ নামায পঢ়ি লব। ইয়াৰ পিছত আল-মাশ্বআৰিল-হাৰামৰ ফালে আগুৱাই যাব (বৰ্তমান মুজদালিফাত মছজিদটো যি স্থানত আছে এইটোৱে সেই ঠাই)। তাত গৈ আল্লাহৰ একত্ববাদৰ ঘোষণা দিব, আল্লাহৰ মহত্ব ঘোষণা কৰিব আৰু তাকবীৰ ক’ব আৰু ইছফাৰ হোৱা (ইছফাৰ মানে- সূৰ্যোদয়ৰ আগত পূৱদিশত পোৱাৰ কিৰণ প্ৰষ্ফুটিত হৈ উঠা) লৈকে যি মন যায় দুআ কৰিব। যদি আল-মাশ্বআৰিল-হাৰামত যোৱা সম্ভৱ নহয় তেনেহ’লে নিজ স্থানত অৱস্থান কৰি দুআ কৰিব। দলীল হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী: “মই এই স্থানত অৱস্থান কৰিলো। গোটেই মুজদালিফা অৱস্থানস্থল।” হাত উত্তোলন কৰি কিবলামুখী হৈ দুআ আৰু যিকিৰ কৰিব।

    মীনালৈ ৰাওৱানাঃ

    সূৰ্যোদয়ৰ আগত আকাশ ভালকৈ উজ্জলিত হৈ উঠিলে মীনাৰ উদ্দেশ্যে ৰাওৱানা দিব। ওৱাদিয়ে মুহাচ্ছাৰ (মুজদালিফা আৰু মীনাৰ মধ্যৱৰ্তী এটা উপত্যকা) দ্ৰুত পাৰ হ’ব। মীনাত উপস্থিত হৈ অপেক্ষাকৃত মক্কাৰ নিকটৱৰ্তী ‘আকাবা’ নামক জামাৰাতত এটা এটাকৈ মুঠ ৭টা শিলগুটি নিক্ষেপ কৰিব। প্ৰতিটো শিলগুটিৰ আকাৰ হ’ব প্ৰায় বুটমাহৰ সম-পৰিমান। প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ কব। জামাৰা আকাবাত শিলগুটি নিক্ষেপ কৰাৰ ছুন্নত পদ্ধতি হৈছে- জামাৰাক সন্মুখত ৰাখিব, মক্কাক বাওঁ ফালে ৰাখিব আৰু মীনাক সোঁ ফালে। শিলগুটি দলিওৱা সম্পন্ন হোৱাৰ পিছত হাদি জবেহ কৰিব। ইয়াৰ পিছত পুৰুষে মূৰ খুৰাব অথবা মূৰৰ চুলি চুটি কৰিব। আৰু মহিলাসকলে আঙুলিৰ এক কৰ পৰিমাণ চুলি কাটি লব। (ইয়াৰ মাধ্যমত ইহৰামৰ পৰা প্ৰাথমিক হালাল অৰ্জন হ’ব; অৰ্থাৎ এই হালাল হোৱাৰ পিছত কেৱল স্ত্ৰী সহবাসৰ বাহিৰে আন সকলো কাম হাজী চাহেবৰ বাবে হালাল।) ইয়াৰ পিছত মক্কাত গৈ হজ্জৰ তাৱাফ আৰু ছায়ী কৰিব। (ইয়াৰ পিছত হাজী চাহেব দ্বিতীয় হালাল হ’ব। এই হালালৰ মাধ্যমত ইহৰামৰ কাৰণত যি যি হাৰাম হৈছিল সেই সকলো হাজীৰ বাবে হালাল হ’ব)। শিলগুটি নিক্ষেপ আৰু মূৰ খুৰোৱাৰ পিছত তাৱাফ কৰাৰ বাবে মক্কাত যাব বিচাৰিলে ছুন্নত হৈছে- সুগন্ধি ব্যৱহাৰ কৰা। দলীল হৈছে আইশ্বা ৰাদিয়াল্লাহু আনহাৰ হাদিছ “মই ইহৰাম কৰাৰ আগত ইহৰামৰ বাবে আৰু হালাল হোৱাৰ পিছত তাৱাফৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুগন্ধি লগাই দিছিলো।” [ছহীহ বুখাৰী (১৫৩৯) আৰু ছহীহ মুছলিম (১১৮৯)]। ইয়াৰ পিছত তাৱাফ আৰু ছায়ী কৰাৰ পিছত মীনাত উভতি আহিব। জুলহিজ্জাৰ একাদশ আৰু দ্বাদশতম ৰাতি মীনাত অতিবাহিত কৰিব আৰু সেই দুদিন সূৰ্য পশ্চিমাকাশত ঢলি পৰাৰ পিছত তিনিওটা জমাৰাতত শিলগুটি নিক্ষেপ কৰিব। উত্তম হৈছে- শিলগুটি নিক্ষেপৰ বাবে খোজকাঢ়ি যোৱা। বাহনত উঠি গলেও অসুবিধা নাই। প্ৰথমতে প্ৰথম জমাৰাতত এটা এটাকৈ ৭টা শিলগুটি নিক্ষেপ কৰিব। এই জামাৰাটো মক্কাৰ পৰা অপেক্ষাকৃত দূৰত আৰু মছজিদে খাইফৰ ওচৰত। প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ ক’ব। ইয়াৰ পিছত অলপ আগুৱাই গৈ দীৰ্ঘ সময় যি ইচ্ছা দুআ কৰিব। যদি দীৰ্ঘ সময় থিয় হোৱা আৰু দুআ কৰা কাৰোবাৰ বাবে কষ্টকৰ হয় তেনেহ’লে সাধ্যানুযায়ী অলপ সময়ৰ বাবে হ’লেও দুআ কৰিব; যাতে ছুন্নত পালন হয়। ইয়াৰ পিছত মধ্যৱৰ্তী জামাৰাতত এটাৰ পিছত এটাকৈ মুঠ ৭টা শিলগুটি নিক্ষেপ কৰিব। প্ৰতিটো শিলগুটিৰ লগত তাকবীৰ পঢ়িব। ইয়াৰ পিছত অকনমান বাওঁ ফালে আঁতৰি গৈ কিবলামুখী হৈ থিয় হ’ব আৰু হাত উত্তোলন কৰি সম্ভৱ হ’লে দীৰ্ঘ সময় দুআ কৰিব। দীৰ্ঘ সময় দুআ কৰা সম্ভৱ নহ’লে অলপ সময়ৰ বাবে হ’লেও থিয় হৈ দুআ কৰিব। এই দুআটো এৰি দিয়া উচিত নহয়। যিহেতু এইটো ছুন্নত। বহুতো মানুহে নজনাৰ বাবে অথবা অৱহেলা কৰি এই ছুন্নতটো এৰি দিয়ে। যেতিয়া কোনো ছুন্নত অপ্ৰচলিত হৈ পৰে তেতিয়া সেই ছুন্নতৰ ওপৰত আমল কৰা আৰু মানুহৰ মাজত ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। যাতে এই ছুন্নতটো একেবাৰে বাদ পৰি নাযায়।

    ইয়াৰ পিছত জামাৰা আকাবাত এটাৰ পিছত এটাকৈ মুঠ ৭টা শিলগুটি নিক্ষেপ কৰিব। প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ পঢ়িব। এই জামাৰাতত শিলগুটি নিক্ষেপ কৰাৰ পিছত থিয় নহ’ব আৰু দুআও নকৰিব। এইদৰে জুলহিজ্জা মাহৰ ১২ তাৰিখে ৩টা জামাৰাতত শিলগুটি নিক্ষেপ কৰাৰ পিছত ইচ্ছা কৰিলে দেৰি নকৰি সেই দিনাই মীনা ত্যাগ কৰি গুচি আহিব পাৰে। আৰু ইচ্ছা কৰিলে জুলহিজ্জাৰ ১৩ তাৰিখে ৰাতি মীনাত অৱস্থান কৰি পিছ দিনা সূৰ্য পশ্চিমাকাশত ঢলি পৰাৰ পিছত ৩টা জামাৰাতত শিলগুটি নিক্ষেপ কৰি মীনা ত্যাগ কৰিব পাৰে। এদিন পলমকৈ মীনা ত্যাগ কৰাটো উত্তম; কিন্তু ওৱাজিব নহয়। কিন্তু জুলহিজ্জাৰ ১২ তাৰিখে সূৰ্যোদয়ৰ সময়তো যদি কোনোবাই মীনাত অৱস্থান কৰে তেনেহ’লে তাৰ বাবে ১৩ তাৰিখে ৰাতি মীনাত অতিবাহিত কৰা আৰু পিছ দিনা ৩টা জামাৰাতত শিলগুটি নিক্ষেপ কৰা ওৱাজিব। কিন্তু মীনাত সূৰ্য ডুবি যোৱা যদি তাৰ ইখতিয়াৰৰ বাহিৰৰ কোনো কাৰণত হয় যেনে কোনোবাই নিজ ঠাই ত্যাগ কৰি গাড়ীত উঠিছে কিন্তু পথত জ্যাম বা এই জাতীয় কোনো কাৰণত পলম হৈ যায় তেনেহ’লে ১৩ তাৰিখ লৈকে দেৰি কৰা তাৰ বাবে ওৱাজিব নহ’ব। কাৰণ এই পলম তাৰ নিজ ইখতিয়াৰভুক্ত নহয়। তাৰ পিছত যেতিয়া মক্কা ত্যাগ কৰি নিজ দেশলৈ গুচি যোৱাৰ ইচ্ছা কৰিব তেতিয়া বিদায়ী তাৱাফ নকৰা লৈকে মক্কা ত্যাগ নকৰিব। দলীল হৈছে- “তোমালোকৰ কোনেও যাতে প্ৰস্থান নকৰে যেতিয়া লৈকে সি শেষ কাম বায়তুল্লাহৰ (তাৱাফ) নকৰে।” [ছহীহ মুছলিম (১৩২৭)] আন এটা বৰ্ণনাত আছে- “লোকসকলক আদেশ কৰা হৈছে- তেওঁলোকৰ সৰ্বশেষ আমল যাতে বায়তুল্লাহৰ (তাৱাফ) হয়। কিন্তু হায়েজগ্ৰস্ত নাৰীক এই বিষয়ে এৰি দিয়া হৈছে।”[ছহীহ বুখাৰী (১৭৫৫) আৰু ছহীহ মুছলিম (১৩২৮)] হায়েজ আৰু নিফাছগ্ৰস্ত নাৰীসকলৰ বাবে বিদায়ী তাৱাফ নাই আৰু সিহঁতৰ বাবে মছজিদে হাৰামৰ দুৱাৰৰ ওচৰত থিয় হৈ বিদায় জনোৱাটোও উচিত নহয়। কাৰণ এই ধৰণৰ পদ্ধতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হোৱা নাই। যেতিয়া নিজ দেশলৈ গুচি যোৱাৰ ইচ্ছা কৰিব তেতিয়া হাজী চাহেবৰ সৰ্বশেষ কাম হ’ব তাৱাফ। যদি বিদায়ী তাৱাফ কৰাৰ পিছত সঙ্গীসকলৰ বাবে অপেক্ষা কৰিবলগীয়া হয় অথবা মালপত্ৰ বাহনত উঠোৱাবলৈ অপেক্ষা কৰিবলগীয়া হয় অথবা পথৰ সম্বল হিচাপে কিবা কিনিবলগীয়া হয় তেন্তে কোনো অসুবিধা নাই। ইয়াৰ বাবে পুনৰ তাৱাফ কৰিব নালাগিব। কিন্তু যদি ভ্ৰমণ বিলম্বৰ নিয়ত কৰিবলগীয়া হয় (উদাহৰণ স্বৰূপে ভ্ৰমণ আছিল দিনৰ পূৰ্বাহ্ণত আৰু বিদায়ী তাৱাফ কৰি লৈছে কিন্তু পিছত যদি ভ্ৰমণ দিনৰ অপৰাহ্ণত কৰিবলগীয়া হয়) তেনেহ’লে পুনৰ বিদায়ী তাৱাফ কৰি লোৱা ওৱাজিব; যাতে সৰ্বশেষ আমলটো তাৱাফ হয়।

    হজ্জ বা ওমৰাৰ ইহৰাম পৰিধান কৰাৰ পিছত ইহৰামকাৰীৰ ওপৰত নিম্নোক্ত বিষয়সমূহ ওৱাজিবঃ

    ১. ইছলামী যাৱতীয় অনুশাসন পৰিপূৰ্ণভাৱে মানি চলা। যেনে- যথা সময়ত নামাজসমূহ আদায় কৰা।

    ২. আল্লাহে যি যি নিষেধ কৰিছে যেনে পাপ কথা, পাপ কাম আৰু অবাধ্যতাৰ পৰা বিৰত থকা। দলীল হৈছে আল্লাহ তাআলাৰ বাণী: “এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে”[ছুৰা বাকাৰাহ; ২: ১৯৭]

    ৩. পৱিত্ৰ স্থানসমূহৰ ভিতৰত অথবা বাহিৰত কথা বা কৰ্মৰ দ্বাৰা মুছলমানক কষ্ট দিয়াৰ পৰা বিৰত থকা।

    ৪. ইহৰাম অৱস্থাত যি যি কৰা নিষিদ্ধ সেইবোৰৰ পৰা বিৰত থকা: যেনে

    ক. চুলি বা নখ কাটিব নালাগে। কিন্তু কাঁইট বা এই জাতীয় কিবা তুলি পেলাওঁতে তেজ ওলালেও গুনাহ নহ’ব।

    খ. ইহৰাম পৰিধান কৰাৰ পিছত শৰীৰত, পৰিধান কৰা পোছাকত বা খোৱাৰ সামগ্ৰীত সুগন্ধি ব্যৱহাৰ নকৰিব। সুগন্ধিযুক্ত চাবোন ব্যৱহাৰ নকৰিব। কিন্তু ইহৰামৰ আগত ব্যৱহাৰকৃত সুগন্ধি কোনো আলামত যদি থাকি যায় তাত কোনো অসুবিধা নাই।

    গ. চিকাৰ কৰিব নোৱাৰিব।

    ঘ. স্ত্ৰী সহবাস কৰিব নোৱাৰিব।

    ঙ. উত্তেজনাসহ স্ত্ৰীক আকোঁৱালী লব নোৱাৰিব, চুমা খাব নোৱাৰিব বা এই জাতীয় কিবা নকৰিব।

    চ. নিজে বিবাহৰ চুক্তি নকৰিব অথবা আন কাৰোবাৰ বিবাহৰ আকদ কৰিব নোৱাৰিব অথবা কোনো নাৰীক নিজৰ বাবে অথবা আন কাৰোবাৰ বাবেও বিবাহৰ প্ৰস্তাৱ দিব নোৱাৰিব।

    ছ. হাতমোজা পৰিধান নকৰিব। কিন্তু কোনো কাপোৰৰ টুকুৰাৰে হাত মেৰিয়ালে গুনাহ নহ’ব।

    এই সাতটা নিষিদ্ধ কামৰ ক্ষেত্ৰত নাৰী-পুৰুষ উভয়ে সমান। কিন্তু বিশেষকৈ পুৰুষৰ বাবে কামসমূহ হৈছে-

    - লাগি থকা কোনো বস্তুৰে মূৰ নাঢাকিব। কিন্তু ছাতিৰ দ্বাৰা অথবা গাড়ীৰ ছাঁত, খেমাৰ ছাঁ নাইবা মূৰত কোনো বোজা বহন কৰিবলৈ কোনো দোষ নাই।

    - চিলাইকৃত কাপোৰ, পাগুৰী, টুপি, পায়জামা, মোজা পৰিধান কৰা নাযাব। কিন্তু লুঙ্গি পোৱা নগলে পায়জামা পৰিধান কৰিব। জুতা নাপালে মোজা পৰিব পাৰে।

    - ইতিপূৰ্বে উল্লেখিত পোছাকসমূহৰ স্থলাভিষিক্ত কোনো পোছাকো পৰিধান কৰা নাযাব। যেনে- জুব্বা, ক্যাপ, টুপি, গেঞ্জি ইত্যাদি।

    - জুতা, আঙুঠি, চশ্মা, হেডফোন ইত্যাদি ব্যৱহাৰ কৰিব পাৰে। হাতত ঘড়ি ৰাখিব পাৰে, হাৰ (আই কাৰ্ড) পৰিধান কৰিব পাৰিব। টকা-পয়চা ৰখাৰ বাবে বেল্ট পৰিধান কৰিব পাৰিব।

    - সুগন্ধিহীন বস্তুৰ দ্বাৰা পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱা যাব। মূৰ আৰু শৰীৰ ধোৱা যাব আৰু মালিচ কৰা যাব। এনে কৰাত অনিচ্ছাকৃতভাৱে কোনো চুলি সৰি পৰিলেও কোনো দোষ নাই।

    নাৰীসকলে নেকাব পৰিধান নকৰিব। নেকাব হৈছে- এনেকুৱা কাপোৰ যিটোৰ দ্বাৰা নাৰীসকলে সিহঁতৰ মুখ ঢাকি ৰাখে; কেৱল চকু দুটা দেখা যায়। নাৰীসকলৰ বাবে ছুন্নত হৈছে- মুখ ঢাকি ৰাখা। কিন্তু যদি অপৰ পুৰুষৰ দৃষ্টি পাত হোৱাৰ সম্ভাৱনা থাকে তেনেহ’লে ইহৰাম অৱস্থাত অথবা ইহৰামৰ বাহিৰে মুখ ঢাকি ৰখা ওৱাজিব।

    চাওঁক: আলবানীৰ “মানাছিকুল হজ্জ অল ওমৰাহ” আৰু শ্বাইখ উছাইমীনৰ “ছিফাতুল হজ্জ অল ওমৰাহ” আৰু “আল-মানহাজ লি মুৰিদিল ওমৰাহ অল হাজ্জ”

    ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ