যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল

চমু বিৱৰণ

এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল

    ] অসমীয়া – Assamese – آسامي [

    আলী হাছান তৈয়ব

    —™

    অনুবাদ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    عشر ذي الحجة : فضائل وأعمال

    علي حسن طيب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল

    আল্লাহ তা‘আলা দয়ালু। সেয়ে তেওঁ নিজ বান্দাহ সকলক তাওবাৰ সুযোগ দি ভাল পায়। তেওঁ বিচাৰে বান্দাহ সকলে ইবাদতৰ মাধ্যমত তেওঁৰ নৈকট্য লাভ কৰক। এই উদ্দেশ্যে তেওঁ আমাৰ বাবে বছৰত কিছুমান বৰকতময় আৰু কল্যাণবাহী দিন ধাৰ্য কৰিছে- যাতে আমলৰ ছোৱাব বৃদ্ধি কৰা হয়। আমি পৰীক্ষাৰ দিনবোৰত সৰ্বোচ্চ চেষ্টা চলাওঁ যাতে সবাতকৈ ভাল ফলাফল অৰ্জন কৰিব পাৰো। তেন্তে কিয় আখিৰাতৰ বাবে এই পৰীক্ষাৰ দিনবোৰত সৰ্বাধিক প্ৰচেষ্টা ব্যয় নকৰিম? এই দিনবোৰত আমল কৰা বছৰৰ আন আন দিনৰ তুলনাত বহু গুণে বেছি নেকী আৰু কল্যাণ কঢ়িয়াই আনে। এনে দিনবোৰৰ মাজত উল্লেখযোগ্য যুলহিজ্জা মাহৰ এই প্ৰথম দহ দিন। এই দিনবোৰক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। এই দিনবোৰত আমল কৰাৰ প্ৰতি তেওঁ সবিশেষ উদ্বুদ্ধ কৰিছে। এই দিনবোৰৰ শ্ৰেষ্ঠত্ব প্রমাণ স্বৰূপে কেৱল এইটোৱেই যথেষ্ট যে আল্লাহ তা‘আলাই ইয়াৰ শপত লৈছে।

    কোন আমলৰ জৰিয়তে আমি যুলহিজ্জা মাহক স্বাগতম জনাম :

    প্ৰতিজন মুছলিমেই ইবাদতৰ মাহবোৰক সুন্দৰ প্ৰস্তুতিৰ জৰিয়তে স্বাগতম জনাৱা উচিত। যুলহিজ্জা মাহক আমি তলত উল্লেখ কৰা কাম সমূহৰ দ্বাৰা স্বাগতম জনাব পাৰি :

    ১. একনিষ্ঠ মনে তাওবা কৰা :

    তাওবাৰ অৰ্থ প্ৰত্যাবৰ্তন কৰা বা উভতি অহা। যিবোৰ কথা আৰু কাম আল্লাহ ৰাব্বুল আলামীন অপছন্দ কৰে সেইবোৰ বৰ্জন কৰি যিবোৰ কথা আৰু কাম তেওঁ পছন্দ কৰে তাৰ ফালে উভতি অহা। লগতে অতীতত এই ধৰনৰ কামত লিপ্ত হোৱাৰ বাবে অন্তৰৰ পৰা অনুতাপ আৰু অনুশোচনা ব্যক্ত কৰা। যুলহিজ্জাৰ শুভ আগমনৰ আগতেই আটাইতকৈ বেছি তাওবা আৰু সকলো গুনাহৰ পৰা উভতি অহাৰ প্ৰতি গুৰুত্ব দিয়া দৰকাৰ। স্বাৰ্থক তাওবা সেইটো যাৰ মাজত তিনিটা বৈশিষ্ট্য আছে। যেনে- প্ৰথম. গুনাহটো সম্পূৰ্ণভাৱে বৰ্জন কৰা। দ্বিতীয়. গুনাহৰ বাবে অনুতপ্ত হোৱা। আৰু তৃতীয়. এই গুনাহটো ভৱিষ্যতত নকৰাৰ সংকল্প কৰা।

    বাস্তৱতেই এইটো এটা তাওবাৰ সুবৰ্ণ সময়। দয়াময় আল্লাহে এই সময় বেছি বেছি তাওবাৰ তাওফীক দিয়ে আৰু অধিক পৰিমাণে বান্দাৰ তাওবা কবুল কৰে। তেওঁ কৈছে,

    ﴿ فَأَمَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَعَسَىٰٓ أَن يَكُونَ مِنَ ٱلۡمُفۡلِحِينَ ٦٧ ﴾ [القصص: ٦٧]

    ‘যিয়ে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰী সকলৰ অন্তৰ্ভূক্ত হ’ব।’ (কাছাচ : ৬৭)

    তেওঁ আৰু কৈছেঃ

    ﴿ قُلۡ يَٰعِبَادِيَ ٱلَّذِينَ أَسۡرَفُواْ عَلَىٰٓ أَنفُسِهِمۡ لَا تَقۡنَطُواْ مِن رَّحۡمَةِ ٱللَّهِۚ إِنَّ ٱللَّهَ يَغۡفِرُ ٱلذُّنُوبَ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٥٣ ﴾ [الزمر: ٥٢]

    ‘কোৱা, ‘হে মোৰ বান্দাহ সকল, যিহঁতে নিজৰ ওপৰত অন্যায় কৰিছা তোমালোকে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ’বা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।’ {যুমাৰ : ৫৩}

    ২. এই সুবৰ্ণ সুযোগক সদব্যৱহাৰ কৰিবলৈ দৃঢ় সংকল্প কৰা :

    সকলোৰে উচিত এই দিনবোৰক পুণ্যময় কাম আৰু কথাৰে অতিবাহিত কৰা। যি ব্যক্তি কোনো কামৰ সংকল্প কৰে আল্লাহে তাক সহায় কৰে। তাৰ বাবে সহায়কাৰী উপায় ও উপকৰণ প্ৰস্তুত কৰি দিয়ে। যিয়ে আল্লাহৰ লগত সত্যবাদিতা দেখায় আল্লাহে তাক সততা আৰু সফলতাৰে ভূষিত কৰে। আল্লাহ তা‘আলা কৈছে,

    ﴿ وَٱلَّذِينَ جَٰهَدُواْ فِينَا لَنَهۡدِيَنَّهُمۡ سُبُلَنَاۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلۡمُحۡسِنِينَ ٦٩ ﴾ [العنكبوت: ٦٩]

    ‘আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, সিহঁতক আমি অৱশ্যই আমাৰ পথত পৰিচালিত কৰিম। আৰু নিশ্চয় আল্লাহ সৎকৰ্মশীল সকলৰ লগত আছে।’ {আল-আ‘নকাবূত, আয়াত : ৬৯}

    ৩. গুনাহৰ পৰা দূৰত্ব অবলম্বন কৰা :

    সৎ কৰ্মৰ দ্বাৰা যেনে আল্লাহৰ নৈকট্য অৰ্জন হয়, ঠিক তেনেকৈ গুনাহৰ দ্বাৰা আল্লাহৰ পৰা আল্লাহৰ ৰহমত আৰু কৰুণাৰ পৰা দূৰত্ব সৃষ্টি হয়। মানুহে কেতিয়াবা তাৰ নিজৰ অপৰাধৰ কাৰণে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়। সেয়ে যদি আমি অপৰাধ মাৰ্জনা আৰু জাহান্নামৰ পৰা মুক্তিৰ প্ৰত্যাশী হওঁ, তেনেহ’লে এই দিনবোৰত আৰু ইয়াৰ শিক্ষাৰ ওপৰত আমল কৰি বছৰৰ আন দিনবোৰত গুনাহ পৰিত্যাগ কৰিব লাগিব। কোনোবাই যেতিয়া অৱগত হয় যে তাৰ বাবে ডাঙৰ উপহাৰ অপেক্ষা কৰিছে, তেতিয়া তাৰ বাবে যিকোনো কষ্ট সহ্য কৰা সহজ হৈ যায়।

    এতেকে হে মুছলিম ভাই আৰু বাইহঁত, আপুনি এই দিনবোৰক যথাযথভাৱে কামত লগাবলৈ সচেষ্ট হওঁক। সময় গুচি যোৱাৰ পিছত অনুতাপ কৰিব নিবিচাৰিলে যুলহিজ্জা মাহ অহাৰ আগতেই ইয়াত অৰ্জন কৰিবলৈ প্ৰস্তুতি লওঁক।

    যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ ফজিলত :

    ১. আল্লাহ তা‌‘আলাই ইয়াৰ শপত লৈছে :

    আল্লাহ তা‌‘আলা যেতিয়া কোনো বস্তুৰ শপত লয় তেতিয়া ই কেৱল সেই বস্তুৰ শ্ৰেষ্ঠত্ব আৰু মৰ্যাদা প্ৰমাণ কৰে। কাৰণ, মহান সত্তা কেৱল মহা গুৰুত্বপূৰ্ণ বিষয়ৰেই শপত লয়। আল্লাহ তা‌‘আলা কৈছে,

    ﴿ وَٱلۡفَجۡرِ ١ وَلَيَالٍ عَشۡرٖ ٢ ﴾ [الفجر: ١، ٢]

    ‘ফজৰৰ শপত। আৰু শপত দহ ৰাতিৰ।’ {আল-ফাজৰ, আয়াত : ১-২}

    উক্ত আয়াতত ‘দহ ৰাতিৰ শপত’ বুলি যুলহিজ্জাৰ দহ ৰাতিৰ প্ৰতি ইঙ্গিত কৰা হৈছে। এইটোৱেই তাফছীৰবিদ সকলৰ মত। ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছে, এইটোৱেই সঠিক মত।

    ২. এইবোৰেই সেই দিন য’ত আল্লাহে তেওঁৰ জিকিৰৰ প্ৰৱৰ্তন কৰিছে :

    আল্লাহ তা‌‘আলাই কৈছে,

    ﴿ لِّيَشۡهَدُواْ مَنَٰفِعَ لَهُمۡ وَيَذۡكُرُواْ ٱسۡمَ ٱللَّهِ فِيٓ أَيَّامٖ مَّعۡلُومَٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلۡأَنۡعَٰمِۖ ﴾ [الحج : ٢٨]

    ‘যাতে সিহঁতে নিজ কল্যাণৰ স্থানসমূহত উপস্থিত হ’ব পাৰে আৰু তেওঁ সিহঁতক চতুষ্পদ জন্তুৰ পৰা যি জীৱিকা প্ৰদান কৰিছে তাৰ ওপৰত নিৰ্দিষ্ট দিনসমূহত আল্লাহৰ নাম স্মৰণ কৰিব পাৰে।’ {আল-হজ্জ, আয়াত : ২৮}

    জুমহূৰ উলামাৰ মতে, এই আয়াতত নিৰ্দিষ্ট দিনসমূহ যুলহিজ্জা মাহৰ প্ৰথম দহ দিনক বুজোৱা হৈছে। এইটোৱেই ইবন ওমৰ আৰু ইবন আব্বাছ ৰাদিআল্লাহু আনহুমাৰ মত।

    ৩. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দিনবোৰক শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে :

    যুলহিজ্জাৰ এই দিনবোৰক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পৃথিৱীৰ শ্ৰেষ্ঠতম দিন বুলি আখ্যায়িত কৰিছে। যেনে জাবিৰ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত,

    « أَفْضَلُ أَيَّامِ الدُّنْيَا أَيَّامُ الْعَشْرِ ». ، يَعْنِي : عَشْرَ ذِي الْحَجَّةِ ، قِيلَ : وَلا مِثْلُهُنَّ فِي سَبِيلِ اللَّهِ ، قَالَ : « وَلا مِثْلُهُنَّ فِي سَبِيلِ اللَّهِ إِلَّا رَجُلٌ عُفِّرَ وَجْهَهُ فِي التُّرَابِ ».

    ‘পৃথিৱীৰ দিনবোৰৰ মাজত সৰ্বশ্ৰেষ্ঠ দিন সমূহ হৈছে আয়্যামুল আশ্বৰ। অৰ্থাৎ যুলহিজ্জাৰ (প্ৰথম) দহ দিন। কোৱা হ’ল, আল্লাহৰ পথত জিহাদ কৰাও ইয়াতকৈ উত্তম নহয় নে? তেওঁ ক’লে, আল্লাহৰ পথত জিহাদ কৰাতো ইয়াতকৈ উত্তম দিন নাই। হয়, কেৱল সেই ব্যক্তি যিয়ে (জিহাদত) তাৰ মুখমণ্ডল মাটিত মিহলাই দিছে।’ [মুছনাদ বাজ্জাৰ : ১১২৮; মুছনাদ আবী ই‘আলা : ২০৯০]

    ৪. এই দিনবোৰৰ মাজত আছে আৰাফাৰ দিন :

    আৰাফাৰ দিন হৈছে হজ্জৰ দিন। এইটো ক্ষমা আৰু মাগফিৰাতৰ দিন। জাহান্নামৰ পৰা মুক্তি আৰু নাজাতৰ দিন। যুলহিজ্জাৰ এই দহকত যদি ফজিলতৰ আন কোনো বস্তু নাথাকিলেহেঁতেন তেন্তে এই দিৱসটোৱেই ইয়াৰ মৰ্যাদাৰ বাবে যথেষ্ট হলেহেঁতেন। এই দিনৰ ফজিলত সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « الْحَجُّ عَرَفَةُ ».

    ‘আৰাফা দিৱসেই হৈছে হজ্জ’। [তিৰমিজী : ৮৯৩; নাছায়ী : ৩০১৬]

    ৫. ইয়াত আছে কুৰবানীৰ দিন :

    কোনো কোনো আলিমৰ মতে কুৰবানীৰ দিনটো হৈছে বছৰৰ সৰ্বশ্ৰেষ্ঠ দিন। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « أَفْضَلُ الأَيَّامِ عِنْدَ اللَّهِ يَوْمُ النَّحْرِ ثُمَّ يَوْمُ الْقَرِّ يَسْتَقِرُّ فِيهِ النَّاسُ ».

    ‘আল্লাহৰ ওচৰত সৰ্বাধিক মৰ্যাদাপূৰ্ণ দিন হৈছে কুৰবানীৰ দিন তাৰ পিছত স্থিৰতাৰ দিন’। (অৰ্থাৎ কুৰবানীৰ পৰবৰ্তী দিন। কাৰণ, যিদিনা মানুহে কুৰবানী ইত্যাদিৰ দায়িত্ব পালন শেষ কৰি সুস্থিৰ হয়।) [নাছায়ী : ১০৫১২; ইবন খুযাইমা, ছহীহ : ২৮৬৬]

    ৬. এই দিনবোৰতেই মৌলিক ইবাদত সমূহৰ সমাবেশ ঘটে :

    হাফিজ ইবন হাজৰ ৰাহিমাহুল্লাহ তেখেতৰ ফাতহুল বাৰী গ্ৰন্থত লিখিছে,

    والذي يظهر أن السبب في امتياز عشر ذي الحجة لمكان اجتماع أمهات العبادة فيه وهي الصلاة والصيام والصدقة والحج ولا يتأتى ذلك في غيره

    ‘যুলহিজ্জাৰ দহকৰ বৈশিষ্ট্যেৰ কাৰণ যিটো প্ৰতীয়মান হয় সেয়া হৈছে, ইয়াত সকলো মৌলিক ইবাদতৰ সন্নিবেশ ঘটে। যেনে : চালাত, চিয়াম, চাদক্বা, হজ্জ ইত্যাদি। আন কোনো দিনত ইমানখিনি ইবাদতৰ সমাবেশ নঘটে।’ [ফাতহুল বাৰী : ২/৪৬০]

    যুলহিজ্জাৰ প্ৰথম দহকত নেক আমলৰ ফজিলত

    ইবন আব্বাছ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    «مَا مِنْ أَيَّامٍ الْعَمَلُ الصَّالِحُ فِيهَا أَحَبُّ إِلَى اللَّهِ مِنْ هَذِهِ الأَيَّامِ. يَعْنِى أَيَّامَ الْعَشْرِ. قَالُوا يَا رَسُولَ اللَّهِ وَلاَ الْجِهَادُ فِى سَبِيلِ اللَّهِ قَالَ وَلاَ الْجِهَادُ فِى سَبِيلِ اللَّهِ إِلاَّ رَجُلٌ خَرَجَ بِنَفْسِهِ وَمَالِهِ فَلَمْ يَرْجِعْ مِنْ ذَلِكَ بِشَىْءٍ».

    ‘এনে কোনো দিন নাই যাৰ আমল যুলহিজ্জা মাহৰ এই দহ দিনৰ আমলতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয়। চাহাবায়ে কেৰামে ক’লে, হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত জিহাদ কৰাও নহয়? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, আল্লাহৰ পথত জিহাদ কৰাও নহয়। কিন্তু যি ব্যক্তি তাৰ জান-মাল লৈ আল্লাহৰ পথত যুদ্ধত ওলালে আৰু সি তাৰ একোৱেই লৈ উভতি আহিব নোৱাৰিলে (তাৰ কথা সুকিয়া)।’ [বুখাৰী : ৯৬৯; আবূ দাউদ : ২৪৪০; তিৰমিজী : ৭৫৭]

    আব্দুল্লাহ ইবন ওমৰ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    «مَا مِنْ أَيَّامٍ أَعْظَمُ عِنْدَ اللَّهِ وَلا الْعَمَلُ فِيهِنَّ أَحَبُّ إِلَى اللَّهِ مِنْ هَذِهِ الأَيَّامِ، فَأَكْثِرُوا فِيهَا مِنَ التَّهْلِيلِ، وَالتكبير والتَّحْمِيدِ، يَعْنِي: أَيَّامَ الْعَشْرِ».

    ‘এই দহ দিনত নেক আমল কৰাতকৈ আল্লাহৰ ওচৰত অধিক প্ৰিয় আৰু মহান কোনো আমল নাই। গতিকে তোমালোকে এই সময়ত তাহলীল (লা-ইলাহা ইল্লাল্লাহ), তাকবীৰ (আল্লাহু আকবাৰ) আৰু তাহমীদ (আল-হামদুলিল্লাহ) বেছি বেছি পাঠ কৰা।’ [মুছনাদ আমহদ : ১৩২; বাইহাকী, শুআবুল ঈমান : ৩৪৭৪; মুছনাদ আবী আৱানা : ৩০২৪]

    আন এক বৰ্ণনাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    «مَا مِنْ أَيَّامٍ أَفْضَلُ عِنْدَ اللَّهِ مِنْ أَيَّامِ عَشَرِ ذِي الْحِجَّةِ قَالُوا: يَا رَسُولَ اللَّهِ، وَلا مِثْلُهَا فِي سَبِيلِ اللَّهِ؟ قَالَ: إِلا مَنْ عَفَّرَ وَجْهَهُ فِي التُّرَابِ».

    ‘যুলহিজ্জাৰ (প্ৰথম) দহ দিনৰ নিচিনা আল্লাহৰ ওচৰত উত্তম আন কোনো দিন নাই। চাহাবী সকলে ক’লে, হে আল্লাহৰ ৰাছুল, আল্লাহৰ পথত জিহাদ কৰাতো ইয়াতকৈ উত্তম দিন নাই নে? তেখেতে ক’লে, হয়, কেৱল সেই ব্যক্তি যিয়ে (জিহাদত) তাৰ চেহাৰাক মাটিত মিহলাই দিছে।’ [ছহীহুত তাৰগীব অত তাৰহীব : ২/১৫; মুছনাদ আবী আৱানা : ৩০২৩]

    এই হাদীছবোৰৰ তাৎপৰ্য হ’ল, বছৰত যিমানবোৰ মৰ্যাদাপূৰ্ণ দিন আছে তাৰ মাজত এই দহ দিনৰ প্ৰতিটো দিনেই সৰ্বোত্তম। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দিনসমূহত নেক আমল কৰাৰ বাবে তেওঁৰ উম্মতক উৎসাহিত কৰিছে। তেখেতৰ এই উৎসাহ প্ৰদান এই সময়ৰ ফজিলত প্ৰমাণ কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দিনবোৰত বেছি বেছি তাহলীল আৰু তাকবীৰ পাঠ কৰিবলৈ নিৰ্দেশ দিছে। যেনে ওপৰত ইবন ওমৰ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত উল্লেখ হৈছে।

    ইবন ৰজব ৰাহিমাহুল্লাহ কৈছে, উপৰোক্ত হাদীছ সমূহৰ পৰা বুজা যায় যে, নেক আমলৰ মৌছম হিচাপে যুলহিজ্জা মাহৰ প্ৰথম দহক হৈছে সৰ্বোত্তম, এই দিৱসবোৰত সম্পাদিত কৰা নেক আমল আল্লাহৰ ওচৰত অধিক প্ৰিয়। হাদীছৰ কোনো কোনো বৰ্ণনাত أَحَبُّ (‘আহাব্বু’ অৰ্থাৎ সৰ্বাধিক প্ৰিয়) শব্দ আহিছে আকৌ কোনো কোনো বৰ্ণনাত أَفْضَلُ (‘আফযালু’ অৰ্থাৎ সৰ্বোত্তম) শব্দ ব্যবহৃত হৈছে। এতেকে এই সময়ত নেক আমল কৰা বছৰৰ আন যি কোনো সময়ত নেক আমল কৰাতকৈ বেছি মৰ্যাদা আৰু ফজিলতপূৰ্ণ। এই বাবে উম্মতৰ অগ্ৰবৰ্তী পুণ্যবান মুছলিম সকলে এই সময়বোৰত অধিকহাৰত ইবাদতত মনোনিবেশ কৰিছিল। যেনে আবূ ছিমান নাহদীয়ে কৈছে,

    كانوا ـ أي السلف ـ يعظمون ثلاث عشرات: العشر الأخير من رمضان، والعشر الأول من ذي الحجة، والعشر الأول من محرم.

    ‘তেওঁলোকে অৰ্থাৎ ছালাফ তথা পূৰ্বপুৰুষ সকলে তিনিটা দহকক বহুতো মৰ্যাদাবান বুলি ভাবিছিল : ৰমযানৰ শেষ দহক, যুলহিজ্জাৰ প্ৰথম দহক আৰু মুহাৰ্ৰাম মাহৰ প্ৰথম দহক।’

    এই দহ দিনত যিবোৰ আমল বেছি বেছি কৰা উচিত

    ১. হজ্জ আৰু ওমৰা সম্পাদন কৰা :

    এই দুটা হৈছে এই দহকৰ সৰ্বশ্ৰেষ্ঠ আমল। যিসকলে এই দিনত হজ্জ আদায় কৰাৰ সুযোগ পাইছে তেওঁলোকে যে বহু ভাগ্যবান তাত কোনো সন্দেহ নাই। আল্লাহে যাক তেওঁৰ নিৰ্দেশিত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰদৰ্শিত পন্থাত হজ্জ বা ওমৰা কৰাৰ তাওফীক প্ৰদান কৰিছে তাৰ পুৰস্কাৰ কেৱল জান্নাত। কাৰণ, আবূ হুৰায়ৰা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « الْعُمْرَةُ إِلَى الْعُمْرَةِ كَفَّارَةٌ لِمَا بَيْنَهُمَا وَالْحَجُّ الْمَبْرُورُ لَيْسَ لَهُ جَزَاءٌ إِلاَّ الْجَنَّةُ ».

    ‘এটা ওমৰাৰ পৰা আন এটা ওমৰা ইয়াৰ মাজৰ গুণাহৰ কাফ্ফাৰা আৰু মাবৰুৰ হজ্জৰ প্ৰতিদান কেৱল জান্নাত।’ [বুখাৰী : ১৭৭৩; মুছলিম : ৩৩৫৫]

    আৰু মাবৰূৰ হজ্জ সেইটো যিটো পৰিপূৰ্ণভাৱে সম্পাদিত হয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰদৰ্শিত পন্থাত। য’ত নাই কোনো ৰিয়া বা লোকক দেখুৱা অথবা ছুমআ বা মানুহৰ প্ৰশংসা অৰ্জনৰ মানসিকতা। আৰু কোনো অশ্লীলতা বা পাপাচাৰৰ স্পৰ্শও নাই। যাক পৰিবেষ্টন কৰে নেক কাম আৰু পুণ্যময় আমল।

    ২. চিয়াম পালন কৰা :

    মুছলমানৰ বাবে উচিত হ’ব যুলহিজ্জা মাহৰ এই মুবাৰক দিনবোৰত যিমান বেছি সম্ভৱ ছিয়াম পালন কৰা। চওম আল্লাহৰ অতি প্ৰিয় আমল। হাদীছে কুদছিত চিয়ামক আল্লাহে নিজৰ লগত সম্পৃক্ত কৰিছে। আবূ হুৰাইৰা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অচাল্লামে কৈছে,

    «قَالَ اللَّهُ : كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ إِلاَّ الصِّيَامَ فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ وَالصِّيَامُ جُنَّةٌ ».

    ‘আল্লাহে কৈছে, চিয়ামৰ বাহিৰে আদম সন্তানৰ প্ৰতিটো কাম তাৰ নিজৰ বাবে। কাৰণ, চিয়াম মোৰ বাবে। গতিকে ময়েই ইয়াৰ প্ৰতিদান দিম। চিয়াম ঢাল স্বৰূপ।’ [বুখাৰী : ১৯০৪; মুছলিম : ২৭৬২]

    চওম যে এটা ডাঙৰ মৰ্যাদাসম্পন্ন আৰু আল্লাহৰ ওচৰত প্ৰিয় আমল সেয়া আমি এই হাদীছৰ দ্বাৰা অনুধাবন কৰিব পাৰো। কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰাফাৰ দিনৰ চওমৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ মৰ্যাদা বৰ্ণনা কৰিছে। আবূ কাতাদা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    «صِيَامُ يَوْمِ عَرَفَةَ أَحْتَسِبُ عَلَى اللَّهِ أَنْ يُكَفِّرَ السَّنَةَ الَّتِي قَبْلَهُ وَالسَّنَةَ الَّتِي بَعْدَهُ ».

    ‘আৰাফাৰ দিনৰ চওম আল্লাহ ৰাব্বুল আলামীনে বিগত আৰু অহা বছৰৰ গুনাহৰ কাফ্ফাৰা হিচাপে গ্ৰহণ কৰে।’ [মুছলিম : ১১৬৩]

    এই হাদীছৰ ভিত্তিত যুলহিজ্জাৰ ন তাৰিখে চওম পালন কৰা ছুন্নত। ইমাম নৱবী ৰাহিমাহুল্লাহে কৈছে, এইবোৰ দিনত চওম পালন কৰা বহু গুৰুত্বপূৰ্ণ মুস্তাহাব। কোনো কোনো দেশৰ সাধাৰণ মানুহ, বিশেষকৈ মহিলা সকলৰ মাজত এটা ধাৰণা প্ৰচলিত আছে যে, যুলহিজ্জা মাহৰ সাত, আট আৰু ন তাৰিখে চওম পালন কৰা ছুন্নত। কিন্তু ছওমৰ বাবে এই তিনি দিনক নিৰ্দিষ্ট কৰাৰ কোনো প্ৰমাণ বা ভিত্তি নাই। যুলহিজ্জাৰ ১ ৰ পৰা ৯ তাৰিখলৈ যিকোনো দিন বা গোটেই ন দিন চওম পালন কৰিব পাৰে।

    ৩. চালাত কায়েম কৰা :

    চালাত অন্যতম গুৰুত্বপূৰ্ণ, সন্মানীত আৰু মৰ্যাদাবান আমল। গতিকে এই দিনবোৰত আমি সকলোৱে চেষ্টা কৰা উচিত ফৰজ চালাত সমূহ জামাতত আদায় কৰা। আৰু বেছি বেছি নফল চালাত আদায় কৰাৰ চেষ্টা কৰা দৰকাৰ। কাৰণ, নফল চালাতৰ দ্বাৰা বান্দাহ আল্লাহৰ আটাইতকৈ বেছি নৈকট্য অৰ্জন কৰে। আবূ হুৰাইৰা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « إِنَّ اللَّهَ قَالَ مَنْ عَادَى لِى وَلِيًّا فَقَدْ آذَنْتُهُ بِالْحَرْبِ ، وَمَا تَقَرَّبَ إِلَىَّ عَبْدِى بِشَىْءٍ أَحَبَّ إِلَىَّ مِمَّا افْتَرَضْتُ عَلَيْهِ ، وَمَا يَزَالُ عَبْدِى يَتَقَرَّبُ إِلَىَّ بِالنَّوَافِلِ حَتَّى أُحِبَّهُ ، فَإِذَا أَحْبَبْتُهُ كُنْتُ سَمْعَهُ الَّذِى يَسْمَعُ بِهِ ، وَبَصَرَهُ الَّذِى يُبْصِرُ بِهِ ، وَيَدَهُ الَّتِى يَبْطُشُ بِهَا وَرِجْلَهُ الَّتِى يَمْشِى بِهَا ، وَإِنْ سَأَلَنِى لأُعْطِيَنَّهُ ، وَلَئِنِ اسْتَعَاذَنِى لأُعِيذَنَّهُ ، وَمَا تَرَدَّدْتُ عَنْ شَىْءٍ أَنَا فَاعِلُهُ تَرَدُّدِى عَنْ نَفْسِ الْمُؤْمِنِ ، يَكْرَهُ الْمَوْتَ وَأَنَا أَكْرَهُ مَسَاءَتَهُ » .

    আল্লাহ তা‘আলাই কৈছে, ‘যি ব্যক্তি মোৰ কোনো অলিৰ লগত শত্ৰুতা পোষন কৰে, মই তাৰ লগত যুদ্ধ ঘোষণা কৰিছো। মোৰ বান্দাহ ফৰজ ইবাদতকৈ মোৰ ওচৰত অধিক প্ৰিয় আন কোনো ইবাদতৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰিব নোৱাৰে। মোৰ বান্দা নফল ইবাদতৰ দ্বাৰা সদায় মোৰ নৈকট্য অৰ্জন কৰে। আনকি অৱশেষত মই তাক মোৰ এনে প্ৰিয়পাত্র বনাই লওঁ যে, মই তাৰ কাণ হৈ যাওঁ, যিটোৰে সি শুনে। মই তাৰ চকু হৈ যাওঁ, যিটোৰে সি দেখে। আৰু মই তাৰ হাত হৈ যাওঁ, যিটোৰে সি ধৰে। মই তাৰ ভৰি হৈ যাওঁ, যিটোৰে সি খোজ কাঢ়ে। সি মোৰ ওচৰত কিবা বিচাৰিলে মই অৱশ্যই তাক সেইটো প্ৰদান কৰো। আৰু যদি সি মোৰ ওচৰত আশ্ৰয় বিচাৰে মই তাক অৱশ্যই আশ্ৰয় দিওঁ। মই যিকোনো কাম কৰিব বিচাৰিলে তাত কোনো ধৰণৰ দ্বিধা-সংকোচ নকৰো, যিমান দ্বিধা-সংকোচ কৰো মুমিন বান্দাহৰ প্ৰাণহৰণত। সি মৃত্যুক অপছন্দ কৰে অথচ মই তাৰ বাচি থকাক অপছন্দ কৰো।’ [বুখাৰী : ৬৫০২]

    ৪. দান-চাদক্বা কৰা :

    এই দিনবোৰত যিবোৰ আমল বেছি বেছি দৰকাৰ তাৰ মাজত অন্যতম হৈছে চাদক্বা কৰা। আল্লাহ তা‘আলাই মানুহক চাদক্বা কৰিবলৈ উদ্বুদ্ধ কৰিছে :

    ﴿ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِمَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خُلَّةٞ وَلَا شَفَٰعَةٞۗ وَٱلۡكَٰفِرُونَ هُمُ ٱلظَّٰلِمُونَ ٢٥٤ ﴾ [البقرة: ٢٥٤]

    ‘হে মুমিন সকল, আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছো তাৰ পৰা ব্যয় কৰা, সেই দিন অহাৰ আগতেই, যিদিনা কোনো ব্যৱসা নাথকিব, আৰু নেথাকিব কোনো বন্ধুত্ব আৰু কোনো ছুপাৰিছ। (প্ৰকৃততে) অবিশ্বাসকাৰী সকলেই অন্যায়কাৰী।’ {আল-বাকাৰা, আয়াত : ২৫৪}

    আবূ হুৰাইৰা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    « مَا نَقَصَتْ صَدَقَةٌ مِنْ مَالٍ وَمَا زَادَ اللَّهُ عَبْدًا بِعَفْوٍ إِلاَّ عِزًّا وَمَا تَوَاضَعَ أَحَدٌ لِلَّهِ إِلاَّ رَفَعَهُ اللَّهُ ».

    ‘চাদক্বা সম্পদক হ্ৰাস নকৰে, ক্ষমাৰ দ্বাৰা আল্লাহে বান্দাৰ মৰ্যাদা বৃদ্ধি কৰে আৰু কোনোৱে আল্লাহৰ বাবে বিনয়ী হলে আল্লাহে তাক উচ্চ মৰ্যাদা সম্পন্ন কৰে।’ [মুছলিম : ৬৭৫৭]

    ৫. তাকবীৰ, তাহমীদ আৰু তাছবীহ পাঠ কৰা :

    এইবোৰ দিনত তাকবীৰ (আল্লাহু আকবাৰ), তাহমীদ (আলহামদু লিল্লাহ), তাহলীল (লা ইলাহা ইল্লাল্লাহ) আৰু তাছবীহ (ছুবহানাল্লাহ) পঢ়া ছুন্নত। এই দিন সমূহত যিকৰ-আযকাৰৰ বিশেষ গুৰুত্ব আছে, হাদীছত আহিছে যে, আব্দুল্লাহ ইবন ওমৰ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    «مَا مِنْ أَيَّامٍ أَعْظَمُ عِنْدَ اللَّهِ وَلا الْعَمَلُ فِيهِنَّ أَحَبُّ إِلَى اللَّهِ مِنْ هَذِهِ الأَيَّامِ، فَأَكْثِرُوا فِيهَا مِنَ التَّهْلِيلِ، وَالتكبير والتَّحْمِيدِ، يَعْنِي: أَيَّامَ الْعَشْرِ».

    ‘এই দহ দিনত নেক আমল কৰাতকৈ বেছি আল্লাহৰ ওচৰত প্ৰিয় আৰু মহান কোনো আমল নাই। সেয়ে তোমালোক এই দিন সমূহত তাহলীল (লা-ইলাহা ইল্লাল্লাহ), তাকবীৰ (আল্লাহু আকবাৰ) আৰু তাহমীদ (আল-হামদুলিল্লাহ) বেছি বেছি পাঠ কৰা।’ [বাইহাকী, শুআবুল ঈমান : ৩৪৭৪; মুছনাদ আবী আৱানা : ৩০২৪]

    তাকবীৰৰ শব্দ সমূহ নিম্নৰূপ :

    اَللهُ أَكْبَرُ، اَللهُ أكْبَرُ، لاَ إِلَهَ إِلاَّ اللهُ، وَاللهُ أَكْبَرُ، اَللهُ أَكْبَرُ وَلِله الحَمْدُ.

    (আল্লাহু আকবাৰ, আল্লাহু আকবাৰ লা ইলাহা ইল্লাহু অল্লাহু আকবাৰ অলিল্লাহিল হামদ।)

    উল্লেখ্য যে, বৰ্তমান তাকবীৰ হৈ পৰিছে এটা পৰিত্যাক্ত আৰু বিলুপ্তপ্ৰায় ছুন্নত। আমাৰ সকলোৰে কৰ্তব্য এই ছুন্নতৰ পুনৰ্জীৱনৰ লক্ষ্যত এই সংক্ৰান্ত ব্যাপক প্ৰচাৰণা চলোৱা। হাদীছত উল্লেখিত আছে,

    مَنْ أَحْيَا سُنَّةً مِنْ سُنَّتِيْ، قَدْ أُمِيْتَتْ بَعْدِيْ، فَإِنَّ لَهُ مِنَ الأَجْرِ مِثْلَ مَا عَمِلَ بِهَا، مِنْ غَيْرِ أَنْ يَنْقُصَ مِنْ أُجُوْرِهِمْ شَيْئاً

    ‘যি ব্যক্তি মোৰ ছুন্নতসমূহৰ পৰা এটা ছুন্নত পুনৰ্জীৱিত কৰিলে, যিটো মোৰ পিছত বিলুপ্ত হৈ গৈছিল, তাক সেই পৰিমাণ ছোৱাব দিয়া হ’ব, যি পৰিমাণ তাৰ ওপৰত (সেই ছুন্নতৰ ওপৰত) আমল কৰা হ’ব। আৰু (আমলকাৰী সকলৰ) ছোৱাবৰ পৰা বিন্দু পৰিমানো হ্ৰাস কৰা নহ’ব।’ [তিৰমিজী : ৬৭৭]

    যুলহিজ্জা মাহৰ আদিৰ পৰা আইয়্যামে তাশ্বৰীক শেষ নোহোৱা পৰ্যন্ত এই তাকবীৰ পাঠ কৰা সকলোৰে বাবে মুস্তাহাব। কিন্তু বিশেষভাৱে আৰাফা দিৱসৰ ফজৰৰ পিছৰ পৰা মিনাৰ দিন সমূহৰ শেষ পৰ্যন্ত অৰ্থাৎ যিদিনা মিনাত শিলগুটি দলিয়াই শেষ কৰিব সেইদিনা আছৰ পৰ্যন্ত প্ৰত্যেক ছালাতৰ পিছত এই তাকবীৰ পাঠ কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। আব্দুল্লাহ ইবন মাছঊদ আৰু আলী ৰাদিআল্লাহু আনহুমাৰ পৰা এই মতটো বৰ্ণিত। ইবন তাইমিয়া ৰাহিমাহুল্লাহে ইয়াক সবাতকৈ বিশুদ্ধ মত বুলি কৈছে। উল্লেখ্য যে, যদি কোনো ব্যক্তি ইহৰাম বান্ধে, তেন্তে সেই তালবিয়াৰ লগত মাজে মাজে তকবীৰো পাঠ কৰিব। হাদীছ দ্বাৰা এই বিষয়টো প্ৰমাণিত। [ইবন তাইমিয়াহ, মজমু‘ ফাতাৱা : ২৪/২২০]

    ৬. পশু কুৰবানী কৰা :

    এই দিনবোৰৰ দশম দিনত সামৰ্থবান ব্যক্তিৰ বাবে কুৰবানী কৰা ছুন্নাতে মুৱাক্কাদাহ। আল্লাহ ৰাব্বুল আলামীন তেওঁৰ নবীক কুৰবানী কৰিবলৈ নিৰ্দেশ দিছে।

    ﴿ فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ ﴾ [الكوثر: ٢]

    ‘আপুনি আপোনাৰ প্ৰতিপালকৰ উদ্দেশ্যে চালাত আদায় কৰক আৰু কুৰবানী কৰক।’ {আল-কাউছাৰ, আয়াত : ০২}

    এই দহ দিনৰ অন্যতম প্ৰিয় আমল হৈছে কুৰবানী। কুৰবানীৰ পশু জবেহ আৰু গৰিব সকলৰ মাজত ইয়াৰ মাংস বিতৰণৰ দ্বাৰা আল্লাহৰ বিশেষ নৈকট্য লাভ হয়। ইয়াৰ দ্বাৰা গৰিব সকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পায় আৰু সিহঁতৰ কল্যাণ সাধন হয়।

    আন আন সাধাৰণ আমল বেছি বেছি কৰা :

    ওপৰত যি নেক আমলবোৰৰ কথা উল্লেখ কৰা হৈছে এইবোৰৰ বাহিৰেও আন কিছুমান নেক আমল আছে যিবোৰ এই দিন সমূহত বেছি কৰা যায়। যেনে : কুৰআন তিলাৱাত, জিকৰ, দু‘আ, দান-চাদক্বা, পিতৃ-মাতৃৰ লগত ভাল ব্যৱহাৰ, আত্মীয়তাৰ হক আদায় কৰা, সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা, ছালামৰ প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা, প্ৰতিবেশি সকলৰ প্ৰতি সদাচৰণ কৰা, অতিথিক সন্মান কৰা, পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰ কৰা, আনৰ অভাৱ প্ৰয়োজন পুৰণ কৰা, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়া, স্ত্ৰী আৰু সন্তানৰ বাবে অৰ্থ ব্যয় কৰা, আনক কষ্ট নিদিয়া, অধিনস্ত সকলৰ প্ৰতি সদয় হোৱা, পিতৃ-মাতৃৰ বন্ধু-বান্ধৱীৰ প্ৰতি শ্ৰদ্ধা দেখুৱা, মুছলিম ভাতৃৰ অজানিতে তাৰ বাবে দু‘আ কৰা, প্ৰতিশ্ৰুতি আৰু আমানত ৰক্ষা কৰা, হাৰাম বস্তুৰ পৰা দৃষ্টি সংযত ৰখা, সুন্দৰভাৱে অযূ কৰা, আযান আৰু ইকামতৰ মাজত দু‘আ কৰা, জুমাৰ দিনা ছুৰাতুল কাহফ তিলাৱাত কৰা, মছজিদত আগমন কৰা, ছুন্নত চালাত সমূহ দায়িত্বশীলতাৰে আদায় কৰা, ঈদগাহত গৈ ঈদুল আযহাৰ চালাত আদায় কৰা, প্ৰত্যেক চালাতৰ পিছত আল্লাহৰ জিকৰ কৰা, হালাল উপাৰ্জন কৰা, মুছলিম ভাই সকলক আনন্দ দিয়া, দুৰ্বল সকলৰ প্ৰতি দয়াবান হোৱা, কৃপণতা পৰিহাৰ কৰা, ভাল কামত সহায় কৰা, লৰা-ছোৱালিক ‌সুশিক্ষা দিয়া, কল্যাণকামত মানুহক সহযোগিতা কৰা ইত্যাদি। এইবোৰৰ প্ৰতিটোৱেই ঈমান আৰু আল্লাহৰ মুহাব্বত বৃদ্ধি কৰে ফলত আল্লাহেও তাক ভাল পায়। এইবোৰ গোটেই এজন মুমিনৰ চৰিত্র অংশ। এইবোৰৰ দ্বাৰা এজন মানুহ প্ৰকৃত মানুহত পৰিণত হয়। আল্লাহে এইবোৰৰ দ্বাৰা আত্মিক প্ৰশান্তি দান কৰে-।

    আল্লাহ তা‘আলা আমাক আটাইকে সেইসকল ব্যক্তিৰ মাজত অন্তৰ্ভুক্ত কৰক যিসকলে এই সুবৰ্ণ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে। আমীন।

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ