চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন

চমু বিৱৰণ

উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। সেয়ে বিজাতীয় কোনো উৎসৱত মুছলিমে অংশ গ্ৰহণ কৰা বৈধ নহয়। উক্ত প্ৰৱন্ধটোত সেই বিষয়ে আলোচনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন

    ] অসমীয়া – Assamese – آسامي [

    ড. আহমদ বিন আব্দুৰ ৰহমান আল কাজী

    —™

    অনুবাদঃ

    জুবেৰ ৰহমান বিন পিয়াৰ আলী

    সম্পাদনাঃ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    ﴿ حكم الاحتفال بعيد رأس السنة الميلادية ﴾

    د. أحمد بن عبدالرحمن القاضي

    —™

    ترجمة: زبير الرحمن بن بيار علي

    مراجعة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন

    উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। সুনিৰ্দিষ্ট কোনো দিৱসক স্মৰণীয় কৰি ৰখাৰ গভীৰ বাসনা থাকে, অথবা আনন্দ-উল্লাস প্ৰকাশ, কৃতজ্ঞতা ব্যক্ত কৰা ইত্যাদিৰ পৰা জন্ম লয় বছৰৰ শেষত উৎসৱ পালনৰ ঘটনা।

    আল্লাহ তা'আলাই মানুহৰ এই স্বভাৱজাত বাসনা সম্পৰ্কে সুপৰিচিত। সেইকাৰণে আল্লাহে তাক পালন কৰাৰ কিছুমান মাৰ্জিত আৰু সন্মানজনক পদ্ধতি বিধিবদ্ধ কৰি দিছে। সৃষ্টি সংলগ্ন সামগ্ৰিক প্ৰজ্ঞাময়তা, পৃথিৱীৰ বুকুত মানৱ প্ৰজন্মৰ দায়-দায়িত্ব, আল্লাহৰ ইবাদত আৰু দাসত্বৰ জিম্মাদাৰি ইত্যাদি বিবেচনা কৰি তেওঁ দিছে উৎসৱ পালনৰ সন্মানজনক বিধান। আনাছ ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদিনালৈ আগমন কৰিলে। তেতিয়া সিহঁতৰ ক্ৰীড়া-উল্লাসৰ দুটা দিৱস আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, 'এই দিৱস দুটা কি কি'? উত্তৰত সিহঁতে ক’লে, 'জাহেলী (অজ্ঞতা) যুগত আমি এই দিৱস দুটা ক্ৰীড়া-উল্লাসত কটাইছিলোঁ‘। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ’আল্লাহ তা'আলাই ইয়াৰ পৰিবৰ্তে উত্তম দুটা দিৱস তোমালোকক দিছে- ঈদুল আজহা আৰু ঈদুল ফিতৰ'। [ আবু দাউদ, আহমদ] ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ ৰাদিয়াল্লাহু আনহুক ক’লে, 'হে আবু বকৰ! প্ৰত্যেক জাতিৰেই উৎসৱ আছে, আৰু এই দুটা আমাৰ উৎসৱ' [ বুখাৰী ]

    মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। আকাৰ-প্ৰকৃতি, ধৰ্মসংলগ্নতা, জাতীয় অথবা পাৰ্থিৱ, যিকোনো ধৰণেৰেই নহওঁক কিয়। পঁচিশ ডিচেম্বৰৰ পৰা সমগ্ৰ বিশ্ব জুৰি আৰম্ভ হয় খৃষ্টীয় উৎসৱ যিটো একত্ৰিশ ডিচেম্বৰত নৱবৰ্ষীয় মহোৎসৱৰ দ্বাৰা শেষ হয় আৰু মুছলমানসকলে, সজ্ঞানে অথবা অবচেতনভাৱে, আল্লাহে তেওঁলোকক যি সন্মান আৰু বৈশিষ্ট্য দিছে, তাত বিতুস্ত হৈ এই উৎসৱত অংশ গ্ৰহণ কৰি থাকে।

    বহু বিভিন্ন শ্বৰয়ী টেক্সট আছে যিয়ে উম্মতে মুহাম্মদীৰ পৃথক বৈশিষ্ট্যৰ কথা স্পষ্টভাৱে ব্যক্ত কৰে আৰু অন্যান্য জাতিৰ পৰা তেওঁলোকক যি স্বতন্ত্ৰীকতা আৰু উন্নত অৱস্থান লৈ চলমান থাকিবলৈ সেই বিষয়ে দিশনিৰ্দেশনা দিয়ে।

    আৰু ইয়াত আশ্চৰ্য্য হ’বলগীয়া একো নাই। কিয়নো এই উম্মত সৰ্বশেষ ঐশীবাৰ্তাবাহক জাতি। যাৰ নবী হৈছে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু পৱিত্ৰ গ্ৰন্থ হৈছে- মহাগ্ৰন্থ আল কোৰআন।

    আল্লাহ তা'আলাই এই উম্মতক সৰ্বোচ্চ সৌন্দর্যৰে অভিষিক্ত কৰিছে, আল্লাহে ঘোষণা কৰিছে: (তোমালোক সৰ্বোত্তম উম্মত, মানৱ জাতিৰ কল্যাণৰ কাৰণেই তোমালোকৰ উদ্ভৱ ঘটোৱা হৈছে। তোমালোকে ভাল কামৰ নিৰ্দেশ দিয়া আৰু অন্যায় কামত বাধা প্ৰদান কৰা, আৰু আল্লাহৰ প্ৰতি ঈমান আনা। ) ছুৰা আলে ইমৰান: ১১০

    সেইকাৰণে এই উম্মত হৈছে সৰ্বোত্তম উম্মত। মাৱিয়া ইবনে হায়দা’ৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, 'তোমালোক সত্তৰ উম্মতৰ সংখ্যা পূৰ্ণকাৰী আৰু তোমালোক এই সত্তৰ উম্মতৰ মাজত সৰ্বোত্তম আৰু আল্লাহৰ ওচৰত অধিক সন্মানিত' [ আহমদ, তিৰমিজী, ইবনে মাজাহ আৰু হাকিম ] তেওঁ আৰু কৈছে, ’জান্নাতবাসীসকলৰ এশ বিশটা শাৰী হ’ব, তাৰ মাজত মোৰ উম্মত হ’ব আশী শাৰী' [ তিৰমিজী, ইবনে মাজাহ আৰু আহমদ ] আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ’আমি কিয়ামতৰ দিনা শেষ আৰু আৰম্ভণী, আমি সকলোতকৈ আগতে জান্নাতত প্ৰৱেশকাৰী, যদিও তেওঁলোকক কিতাপ দিয়া হৈছে আমাৰ পূৰ্বে, আৰু আহিছোঁ তেওঁলোকৰ পিছত। সিহঁতে মতানৈক্য কৰিছে। সিহঁতে যি বিষয়ক লৈ মতানৈক্য কৰিছে আল্লাহে আমাক সেই বিষয়ে সঠিক পথ দেখুৱাইছে। এইটো সেই দিৱস যি দিৱস সম্পৰ্কে সিহঁতে মতানৈক্য কৰিছে। আৰু আমাক আল্লাহে এই বিষয়ে হিদায়ত দিছে। আজিৰ দিৱস (শুক্ৰবাৰ) আমাৰ কাৰণে¸অহা কালিৰটো (শনিবাৰ) ইহুদীসকলৰ আৰু পৰহি (দেউবাৰ) হ'ল নাছাৰাসকলৰ‘ [ বুখাৰী আৰু মুছলিম ]

    ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছে, 'এই উম্মত উত্তম কামত বিজয়ৰ ধ্বজাবাহী। এই উম্মতৰ নবী হৈছে- মুহাম্মদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম, যিজন আল্লাহৰ তাবৎ সৃষ্টিৰ মাজত সর্বশ্রেষ্ঠ, ৰাছুলসকলৰ মাজত সৰ্বাধিক সন্মানিত, আল্লাহে তেওঁক পৰিপূৰ্ণ শ্বৰীয়ত দি পাঠিয়াইছে, যিটো আন কোনো ৰাছুলক দিয়া নাই। গতিকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথ আৰু পদ্ধতি অনুযায়ী কৰা কম আমল আন আন সকলৰ অধিক আমলতকৈও উত্তম‘ [তাফছীৰুল কোৰআনিল আজীম, ২/৯৪]

    শুদ্ধ অনুভূতিৰ অভাৱ, ইমানী দুৰ্বলতা ইত্যাদিৰ কাৰণে, বৰ্তমান যুগৰ কিছুমান মুছলমানে যীশুখৃষ্টৰ জন্মতিথি আৰু নৱবৰ্ষৰ উৎসৱ ইত্যাদিত অংশ গ্ৰহণ কৰি থাকে, নাছাৰাসকলৰ বেশভূষা, সিহঁতৰ ধৰ্মীয় চিহ্ন ইত্যাদি ব্যৱহাৰ কৰি থাকে, যেনে--

    ১. ডাক অথবা ইন্টাৰনেটৰ জৰিয়তে শুভেচ্ছা বিনিময়।

    ২. নাছাৰাসকলৰ সৈতে এইবোৰ উৎসৱ পালনত অংশ লোৱা, গিৰ্জাত, হোটেলত, উন্মুক্ত ঠাইত অথবা চেটেলাইট চেনেলত।

    ৩. খ্ৰীছমাচ ট্ৰি কিনা, শিশুসকলৰ বাবে প্ৰিয় বাবানোয়েলৰ পুতলা কিনা, ইত্যাদি গিফট হিচাবে নৱবৰ্ষৰ ৰাতিত প্ৰদান।

    ৪. গান-বাজনা, নাচ, অশ্লীলতা, মাদক দ্ৰব্য সেৱন, মমবাতি জ্বলাই তাৰ জুই নুমুৱা ইত্যাদি কৰ্মকাণ্ড যাক উন্মুক্ত বা ঘৰুৱাভাৱে কৰা হয়।

    এই উভয় উৎসৱ, অৰ্থাৎ যীশুখৃষ্টৰ জন্মতিথি আৰু নৱবৰ্ষৰ উৎসৱ দুয়োটাই উৎসৱ হিচাবে লোৱা মুছলমানসকলৰ কাৰণে বৈধ নহয়।

    যীশুখৃষ্টৰ জন্মতিথি কুফৰসৰ্বস্ব ধৰ্মীয় বৈশিষ্ট্যত অবগঠিত এটা দিৱস, য'ত ঈছা আলাইহিচ ছালামক ঐশিক গুণাৱলীসৰ্বস্ব হোৱা, সৃষ্টিকৰ্তাৰ মানুহৰ ৰূপ পৰিগ্ৰহণ, শিশু হিচাবে আৱিৰ্ভাব, ফাঁচী কাঠত ওলমি আত্মদান ইত্যাদি ভ্ৰান্ত বিশ্বাস বিছপ আৰু খৃষ্টীয় ধৰ্মগুৰুসকলৰ দ্বাৰা বহুলভাৱে প্ৰচাৰ কৰা হয়।

    আৰু দ্বিতীয় দিৱসটো হৈছে পাৰ্থিৱতা আৰু অশ্লীলতাসৰ্বস্ব, য'ত চৰ্চিত হয় ব্যভিচাৰ, বেহায়াপনা, পাশৱিকতাপূৰ্ণ আচৰণ, যিটো সকলো ক্ষেত্ৰত মানুহৰ বাবে ক্ষতিকাৰক। মুমিনৰ কথাটো ইয়াত আহিবই নোৱাৰে।

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়ে খুবেই সচেতন আছিল। এটা ঘটনাৰ পৰা ইয়াৰ সুস্পষ্ট প্ৰমাণ পোৱা যায়। এজন ব্যক্তিয়ে বুৱানা নামৰ ঠাইত উট যবেহ কৰাৰ মান্নত কৰিলে। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক’লে, ’মই বুৱানাত এটা উট যবেহ কৰাৰ মান্নত কৰিছোঁ'। প্ৰত্যুত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, 'তাত জাহেলীযুগৰ কোনো মূৰ্তি পূজা কৰা হয় নেকি'? তেওঁ ক’লে, 'নহয়'। আকৌ সুধিলে, ’তাত সিহঁতৰ কিবা উৎসৱ হয় নেকি'? তেওঁ ক’লে, 'নহয়'। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, 'তোমাৰ মান্নত পূৰণ কৰা আৰু জাঁনি থোৱা, আল্লাহৰ বিৰুদ্ধাচৰণ হোৱা এনেকুৱা মান্নত পূৰ্ণ কৰিব নোৱাৰি আৰু এনেকুৱা মান্নতো পূৰণ কৰিব নোৱাৰি মানুহে যাৰ অধিকাৰ নাৰাখে'। [ আবু দাউদ ]

    আব্দুল্লাহ ইবনে আমৰ ইবনে আচ ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, ’যি ব্যক্তিয়ে মুশ্বৰিকসকলৰ দেশত ঘৰ সাঁজিলে, তেওঁলোকৰ উৎসৱ-দিৱস পালন কৰিলে আৰু সেই অৱস্থাত তেওঁৰ মৃত্যু হ'ল, তেন্তে তেওঁৰ হাশ্বৰ-নশ্বৰ তেওঁলোকৰ সৈতেই হ’ব'। [ ছুনানে বাইহাকি ৯/২৩৪ ]

    এই ধৰণৰ উৎসৱ পালন অবৈধ হোৱাৰ কাৰণ হ'ল-'বাহ্যিক ধৰণ-ধাৰণত সাদৃশ্যগ্ৰহণ আৰু আন্তৰিক বিশ্বাস' এই দুটাৰ মাজত গভীৰ সম্পৰ্ক আছে। শ্বাইখুল ইছলাম ইবেন তাইমিয়া ৰাহিমাহুল্লাহে তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ( ইকতিজাউচ চিৰাতিল মুছতাকীম লি মুখালাফাতি আচহাবিল জাহীম) - ত কৈছে- চিৰাতুল মুছতাকীম হৃদয়ত অৱস্থিত আন্তৰিক বিষয়; যেনে- আক্বীদা-বিশ্বাস, ইচ্ছা ইত্যাদি আৰু বাহ্যিক বিষয়; যেনে- কথা-কাম, হ’ব পাৰে সেইটো ইবাদত বা খোৱা-বস্তু, পোচাক, বিবাহ, ঘৰ-বাৰী, সন্মিলন আৰু বিচ্ছেদ, চফৰ-আৰোহণ ইত্যাদি সংক্ৰান্তীয়। এই সকলো আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়ৰ মাজত সম্পৰ্ক আছে। কিয়নো হৃদয় জগতত যি অনুভূতি আন্দোলিত হয় সেইটো বিভিন্ন ধৰণে বাহ্যিক দৃশ্যলৈ ৰূপায়িত হ’বলৈ বাধ্য, আকৌ বাহ্যিক কাজ-কৰ্ময়ো হৃদয়ত তৎসংলগ্ন অনুভূতি জাগ্ৰত কৰি থাকে। আল্লাহ তা'আলাই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে হিকমতসহ, যিটো হৈছে তেওঁৰ ছুন্নত আৰু আদৰ্শ, আৰু আল্লাহে তেওঁৰ কাৰণে বিধিবদ্ধ কৰিছে সুনিৰ্দিষ্ট পথ আৰু পদ্ধতি। এই হিকমতৰ এটা হৈছে যে¸ আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে এনেকুৱা কথা আৰু কৰ্ম বিধিবদ্ধ কৰিছে, যি অভিশপ্তসকলৰ পথৰ পৰা সম্পূৰ্ণ পৃথক। গতিকে আল্লাহে বাহ্যিক বেশভূষাত সিহঁতৰ উলটা কৰিবলৈ কৈছে, যদিও বহুতৰ সন্মুখত দেখাত ইয়াত কোনো বিচ্যুতিৰ ভাৱ নহয়। তেওঁ এনেকুৱা কৰিছে বহুকেইটা কাৰণত। কাৰণবিলাকৰ এটা হৈছে, বাহ্যিক বেশভূষাত সাদৃশ্যগ্ৰহণ, যিয়ে সাদৃশ্য গ্ৰহণ কৰিলে আৰু যাৰ সাদৃশ্য গ্ৰহণ কৰা হ'ল, এই দুজনৰ মাজত ধৰণ-ধাৰণত এটা সম্পৰ্ক কায়েম কৰি দিয়ে, যিয়ে আমল-আখলাকত সন্মতিজ্ঞাপন পৰ্যন্ত লৈ যায়। এই বিষয়টো সহজেই অনুমেয়; যি ব্যক্তিয়ে আলিমসকলৰ পোচাক গ্ৰহণ কৰে সি নিজকে আলিমসকলৰ সৈতে সম্পৃক্ত বুলি অনুভৱ কৰি থাকে আৰু যি ব্যক্তিয়ে সৈনিকৰ পোচাক পিন্ধে তাৰ হৃদয়ত সৈনিকসংলগ্ন ভাৱ জন্মে। তাৰ ভাৱ-ধাৰাও সৈনিকতুল্য হৈ যায়। যদিহে এই পথত কোনো বাধা থাকে।‘ ইবনে তাইমিয়া ৰাহিমাহুল্লাহে আৰু কৈছে, ’ এই হিকমতৰ মাজত আৰু এটা হ'ল- বাহ্যিক ক্ষেত্ৰত উলটা কৰাটো ভিন্নতা আৰু বিচ্ছেদ সৃষ্টিৰ কাৰণ হয়¸ যিটো কৰিলে আল্লাহ অসন্তুষ্ট হয় বা যিবোৰে পথহাৰা কৰি দিয়ে তাৰ পৰা দূৰত ৰাখে আৰু হিদায়াতপ্ৰাপ্ত আৰু আল্লাহৰ সন্তুষ্টিপ্রাপ্তসকলৰ প্ৰতি আগ্ৰহী কৰে। ইয়াৰ দ্বাৰা মুমিন আৰু আল্লাহৰ শত্ৰুসকলৰ মাজত সম্পৰ্কচ্ছেদৰ যি বিধান আল্লাহ তা'আলাই ৰাখিছে তাৰ বাস্তৱায়ন হয়। আৰু হৃদয় যিমান বেছি জাগ্ৰত থাকিব, সিমানেই প্ৰকৃত ইছলাম সম্পৰ্কে জ্ঞানৰ অধিকাৰী হ’ব। ইয়াত প্ৰকৃত ইছলামক বুজোৱা হৈছে । সাধাৰণভাৱে মুছলমানৰ দৰে বেশভূষা আৰু বিশ্বাস পালনৰ কথা কোৱা হোৱা নাই।- তাতেই বাহ্যিকভাৱে আৰু বিশ্বাসগতভাৱে ইহুদি-নাছাৰাসকলৰ পৰা পৃথক থকাৰ অনুভূতিয়ে পূৰ্ণতা পাব। আৰু সিহঁতৰ আচাৰ-অভ্যাস, যিবোৰ সৰহ সংখ্যক মুছলমানৰ মাজতে পোৱা যায় তাৰ পৰা দূৰত থকাৰ মানসিকতা গঢ়ি উঠিব। উল্লেখিত হিকমতৰ মাজত আৰু এটা হ'ল- প্ৰকাশ্য বেশভূষাত সাদৃশ্য গ্ৰহণ। ইয়ে সমিলমিল আৰু সংমিশ্ৰণ-সন্মিলন ঘটোৱাৰ কাৰণ হয়¸ হিদায়াতপ্ৰাপ্ত মুমিন আৰু অভিশপ্তসকলৰ মাজত ভিন্নতা আৰু বৈশিষ্ট্যৰ প্ৰাচীৰ উঠি যায়। ধৰ্মীয় বিষয়ে নহয় বৰং সাধাৰণ ক্ষেত্ৰত সিহঁতৰ সাদৃশ্য গ্ৰহণৰ বিষয়টো যদি এনেকুৱা হয়, তেনেহ’লে যিবোৰ বিষয় বিজাতিসকলৰ কাফিৰ হোৱাৰ কাৰণ সেইবোৰ বিষয়ৰ ক্ষেত্ৰত সিহঁতৰ অনুকৰণৰ পাপ-অপৰাধ সিহঁতৰ পাপৰ মাত্ৰানুযায়ী নিৰ্দ্ধাৰিত হ’ব। এই মূলনীতিটো সকলোৱে অনুধাৱন কৰিব লাগিব।‘ [ ১/৮০-৮২ ]

    ইমানাদৃপ্ত স্পৰ্শকাতৰ মন আৰু তাওহীদী ভাৱাদৰ্শত জাগ্ৰত হৃদয়ৰ বাহিৰে এইবোৰৰ অৰ্থ আৰু ভাৱ হৃদয়াঙ্গম কৰা সম্ভৱ নহয়। আৰু যিসকল তথাকথিত ধাৰ্মিক, তেওঁলোকৰ ইমানী অনুভূতি কদৰ্যতাত আক্ৰান্ত, এইবিলাক কথা তেওঁলোকৰ কাৰণে অৰ্থহীন। বিজাতিৰ সাদৃশ্যগ্ৰহণ তেওঁলোকৰ বাবে আদৌ কোনো গুৰুতৰ বিষয় নহয়। তেওঁলোকে নিৰ্দ্বিধায় অভিবাদন-শুভেচ্ছা বিনিময় আদি কৰি থাকে। তেওঁলোকে এইসকলো উৎসৱ অনুষ্ঠানত অবলীলায় আমোদ স্ফূৰ্তি প্ৰকাশ কৰি থাকে।

    ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে আহকামু আহলিয্ যিম্মাহ ( যিম্মিসকলৰ বিধান) গ্ৰন্থত কৈছে, ’ বিজাতিসকলৰ নিজস্ব কুফুৰি নিদৰ্শনকেন্দ্ৰিক কোনো উপলক্ষ্যত শুভেচ্ছা বিনিময়, যেনে- তেওঁলোকৰ ধৰ্মীয় উৎসৱ বা ৰোজাৰ সময়ত কোৱা, 'শুভ উৎসৱ‘ অথবা 'এই উৎসৱত আপুনি আনন্দত-আপ্লুত হওঁক', ইত্যাদি। এই ধৰণৰ শুভেচ্ছাবাৰ্তা প্ৰদানকাৰী যদি কুফৰৰ পৰা পৱিত্ৰ থাকে তেনেহ’লে সি হাৰাম বুলি বিবেচিত হ’ব। এইটো ক্ৰুছচিহ্ন ছাজদাকাৰীক শুভেচ্ছা প্ৰদানৰ সমতুল্য। বৰং এইটো আল্লাহৰ ওচৰত অধিক পাপ বুলি পৰিগণিত। এইটো আল্লাহৰ ওচৰত মাদক দ্ৰৱ্য পান কৰা, মানৱহত্যা, ব্যভিচাৰ ইত্যাদিতকৈও অধিক ঘৃণিত। দ্বীন-ধৰ্মত যাৰ কোনো অংশ নাই তেওঁলোকেই এইবোৰ কৰ্মত লিপ্ত হৈ থাকে। তেওঁলোকে কিমান ঘৃণাৰ কাম কৰিছে নিজেই নাজানে। যি ব্যক্তিয়ে কোনো পাপীক পাপকৰ্ম সম্পাদনৰ পিছত শুভেচ্ছা জনালে, অথবা কোনো বিদআতপন্থীক বিদআতকৰ্ম সম্পাদনৰ পিছত শুভেচ্ছা জনালে তেওঁ আল্লাহৰ ঘৃণা আৰু ৰোষৰ উপযোগী হ'ল। [ আহকামু আহলিয্ যিম্মা:২০৫-২০৬ ]

    সমাপ্ত

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ