বিশ্ব ভালপোৱা দিৱস পিছফালে উভতি চাওঁ আহক

চমু বিৱৰণ

উক্ত প্ৰৱন্ধত কোৰআন হাদীছৰ দৃষ্টিত ভালপোৱা আৰু বিশ্ব ভালপোৱা দিৱসৰ বিশ্লেষণ কৰা হৈছে লগতে বিশ্ব ভালপোৱা দিৱসৰ কিছু আঁৰৰ কথা দাঙি ধৰি ইয়াক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    বিশ্ব ভালপোৱা দিৱস

    পিছফালে উভতি চাওঁ আহক

    ] অসমীয়া – Assamese – آسامي [

    আলী হাছান তৈয়ব

    —™

    অনুবাদঃ

    জুবেৰ ৰহমান বিন পিয়াৰ আলী

    সম্পাদনাঃ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    ﴿ يوم الحب العالمي: خلفيته التاريخية ﴾

    علي حسن طيب

    —™

    ترجمة: زبير الرحمن بن بيار علي

    مراجعة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    বিশ্ব ভালপোৱা দিৱস

    (ভ্যালেন্টাইন ডে):--

    পিছফালে উভতি চাওঁ আহক!

    ভালপোৱাটো কেৱল পৱিত্ৰই নহয় পূণ্যময় বুলিও কোৱা হয়। নিৰ্দোষ আৰু প্ৰকৃত ভালপোৱাই আমাৰ ইহকালীন শান্তি আৰু পৰকালীন মুক্তিৰ পথ মসৃণ কৰে। সৃষ্টিজীৱৰ প্ৰতি বিশেষ আৰু পিতা-মাতা, আল্লাহ আৰু ৰাছুলৰ প্ৰতি সবিশেষ ভালপোৱাৰ অবিহনে ঈমানে পূৰ্ণতা লাভ নকৰে। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    فَوَالَّذِي نَفْسِي بِيَدِهِ لاَ يُؤْمِنُ أَحَدُكُمْ حَتَّى أَكُونَ أَحَبَّ إِلَيْهِ مِنْ وَالِدِهِ وَوَلَدِهِ.

    'সেই সত্তাৰ শপত যাৰ হাতত মোৰ জীৱন, তোমালোকৰ কোনেও সেই সময় লৈকে মুমিন হ’ব নোৱাৰে, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ পিতৃ-মাতৃ আৰু সন্তানতকৈ বেছি প্ৰিয় নহওঁ।’ [বুখাৰী : ১৪]

    আন এটা বৰ্ণনাত কৈছে, আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    لاَ يُؤْمِنُ أَحَدُكُمْ حَتَّى أَكُونَ أَحَبَّ إِلَيْهِ مِنْ وَلَدِهِ وَوَالِدِهِ وَالنَّاسِ أَجْمَعِينَ

    ‘তোমালোকৰ মাজত কোনেও পৰিপূর্ণ মুমিন হ’ব নোৱাৰিব, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ নিজ সন্তান, পিতা-মাতা আৰু সকলোতকৈ বেছি ভালপোৱাৰ পাত্ৰ বুলি বিবেচিত নহওঁ।’ [বুখাৰী : ১৫; মুছলিম : ১৭৮]

    কেৱল নিজকে নহয়; আনসকলকো ভালপোৱাৰ কথা কোৱা হৈছে। প্ৰতিবেশীসহ সকলো মুছলিম ভাতৃক ভালপোৱাৰ শিক্ষা দিয়া হৈছে। এজনে আন এজনক ভালপোৱাৰ এনেকুৱা অবিনাশী চেতনা ইছলামৰ বাহিৰে আন কতো নাই। ভালপোৱাৰ প্ৰতি উদ্বুদ্ধ কৰি, এজনে আন এজনৰ প্ৰতি ভালপোৱাৰ প্ৰশংসা কৰি আল্লাহে কৈছে,

    ﴿ مُّحَمَّدٞ رَّسُولُ ٱللَّهِۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلۡكُفَّارِ رُحَمَآءُ بَيۡنَهُمۡۖ ﴾ {الفتح: ٢٩}

    ‘মুহাম্মদ আল্লাহৰ ৰাছুল আৰু তেওঁৰ সৈতে যিসকল লোক আছে তেওঁলোক কাফিৰসকলৰ প্ৰতি অত্যন্ত কঠোৰ; পৰস্পৰৰ প্ৰতি সদয়।’ {ছুৰা আল-ফাতহ, আয়াত : ২৯}

    আন ভাইসকলক মুহাব্বত কৰি তেওঁৰ সাৰ্বিক কল্যাণ আৰু শুভ কামনাৰ নিৰ্দেশ দিয়া হৈছে। আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    لاَ يُؤْمِنُ أَحَدُكُمْ حَتَّى يُحِبَّ لأَخِيهِ - أَوْ قَالَ لِجَارِهِ - مَا يُحِبُّ لِنَفْسِهِ

    ‘তোমালোকৰ মাজত কোনেও পৰিপূৰ্ণ মুমিন হ’ব নোৱৰিব, যেতিয়ালৈকে সি তাৰ ভাই অথবা তেওঁ কৈছে, নিজৰ প্ৰতিবেশীৰ কাৰণে সেইটোৱেই পছন্দ নকৰে যিটো সি নিজৰ বাবে পছন্দ কৰে।’ [মুছলিম : ১৭৯]

    একেই চাহাবীৰ দ্বাৰা বৰ্ণিত আন এটা বৰ্ণনাত কোৱা হৈছে,

    لاَ يُؤْمِنُ أَحَدُكُمْ حَتَّى يُحِبَّ لأَخِيهِ مَا يُحِبُّ لِنَفْسِهِ

    ‘তোমালোকৰ মাজত কোনেও পৰিপূৰ্ণ মুমিন হ’ব নোৱাৰিব, যেতিয়ালৈকে সি তাৰ ভাইৰ কাৰণে সেইটোৱে পছন্দ নকৰে যিটো সি নিজৰ বাবে পছন্দ কৰে।’ [বুখাৰী : ১৫; মুছলিম : ১৭৯]

    ইছলামে আনক অকল ভালপোৱাৰ কথাই কোৱা নাই, নিষ্ঠাৰ সৈতে ব্যক্তি স্বাৰ্থৰ উৰ্ধ্বৰ পৰা ভালপোৱাৰ শিক্ষা দিছে। আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    لاَ يَجِدُ أَحَدٌ حَلاَوَةَ الإِيمَانِ حَتَّى يُحِبَّ الْمَرْءَ لاَ يُحِبُّهُ إِلاَّ لِلَّهِ وَحَتَّى أَنْ يُقْذَفَ فِي النَّارِ أَحَبُّ إِلَيْهِ مِنْ أَنْ يَرْجِعَ إِلَى الْكُفْرِ بَعْدَ إِذْ أَنْقَذَهُ اللَّهُ وَحَتَّى يَكُونَ اللَّهُ وَرَسُولُهُ أَحَبَّ إِلَيْهِ مِمَّا سِوَاهُمَا

    ‘কোনো ব্যক্তিয়ে তেতিয়ালাকে ঈমানৰ সোৱাদ অনুভৱ কৰিব নোৱাৰিব যেতিয়ালৈকে সি মানুহক কেৱল আল্লাহৰ কাৰণেই ভাল নাপাব। আৰু যেতিয়ালৈকে সি এনেকুৱা (ঈমান্দাৰ) নহ’ব যে, আল্লাহে তাক (জাহান্নামৰ) জুইৰ পৰা পৰিত্ৰাণ দিয়াৰ পিছত সি কুফৰলৈ উভতি যোৱাতকৈ তাৰ ওচৰত জুইত নিক্ষিপ্ত হোৱাটোৱেই অধিক প্ৰিয় হয়। আৰু যেতিয়ালৈকে তাৰ ওচৰত আল্লাহ আৰু আল্লাহৰ ৰাছুল আন সকলো লোকতকৈ বেছি প্ৰিয় নহয়।’ [বুখাৰী : ৬০৪১]

    আবূ হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    أَنَّ رَجُلاً زَارَ أَخًا لَهُ فِى قَرْيَةٍ أُخْرَى فَأَرْصَدَ اللَّهُ لَهُ عَلَى مَدْرَجَتِهِ مَلَكًا فَلَمَّا أَتَى عَلَيْهِ قَالَ أَيْنَ تُرِيدُ قَالَ أُرِيدُ أَخًا لِى فِى هَذِهِ الْقَرْيَةِ. قَالَ هَلْ لَكَ عَلَيْهِ مِنْ نِعْمَةٍ تَرُبُّهَا قَالَ لاَ غَيْرَ أَنِّى أَحْبَبْتُهُ فِى اللَّهِ عَزَّ وَجَلَّ. قَالَ فَإِنِّى رَسُولُ اللَّهِ إِلَيْكَ بِأَنَّ اللَّهَ قَدْ أَحَبَّكَ كَمَا أَحْبَبْتَهُ فِيهِ

    ‘এজন ব্যক্তিয়ে তাৰ এজন ভাইৰ সৈতে সাক্ষাতৰ উদ্দেশ্যে আন এঠাইলৈ গ'ল। যোৱাৰ পথত আল্লাহ তা‘আলাই তাৰ ওচৰত এজন ফিৰিস্তা পঠালে। ফিৰিস্তাই তাৰ ওচৰলৈ আহি ক'লে, ক'লৈ যোৱা তুমি? সি ক'লে, এই গাৱঁত মোৰ এজন ভাই আছে, তাক সাক্ষাত কৰিবলৈ গৈ আছোঁ। তেওঁ ক'লে, তাৰ ওপৰত তোমাৰ এনেকুৱা কোনো নিয়ামত আছেনে যাৰ প্ৰতিপালন প্ৰয়োজন? সি ক'লে, নাই। কিন্তু তাৰ লগত মোৰ সম্পৰ্ক ইমানখিনি যে মই তাক আল্লাহৰ কাৰণে ভালপাওঁ। তেওঁ ক'লে, মই তোমাৰ ওচৰত আল্লাহৰ বাৰ্তাবাহক হিচাবে আহিছোঁ। নিশ্চয় আল্লাহেও তোমাক ভালপায় যেনেকৈ তুমি তাক আল্লাহৰ কাৰণে ভালপোৱা।’[মুছলিম : ৬৭১৪]

    আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    لاَ تَدْخُلُونَ الْجَنَّةَ حَتَّى تُؤْمِنُوا وَلاَ تُؤْمِنُوا حَتَّى تَحَابُّوا. أَوَلاَ أَدُلُّكُمْ عَلَى شَىْءٍ إِذَا فَعَلْتُمُوهُ تَحَابَبْتُمْ أَفْشُوا السَّلاَمَ بَيْنَكُمْ

    (‘যাৰ হাতত মোৰ প্ৰাণ, তাৰ শপত।) তোমালোকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিবা যেতিয়ালৈকে পৰিপূৰ্ণ মুমিন নহ’বা, আৰু তোমালোকে পূৰ্ণ মুমিন হ’ব নোৱাৰিবা যেতিয়ালৈকে এজনে আনজনক ভাল নাপাবা। মই তোমালোকক এনেকুৱা বস্তুৰ সংবাদ নিদিমনে, যিটো অৱলম্বন কৰিলে তোমালোকৰ মাজত পৰস্পৰ ভালপোৱাৰ সৃষ্টি হ’ব? (সেইটো হ'ল) তোমালোকে পৰস্পৰৰ মাজত চালাম প্ৰচাৰ কৰা।’ [মুছলিম : ২০৩]

    বিভীষিকাৰ দিনা কিয়ামতত যেতিয়া সূৰ্য মূৰৰ এহাত ওপৰৰ পৰা অগ্নি বৰ্ষণ কৰি থাকিব, প্ৰখৰ তাপত মূৰৰ মগুজু গলি যাব, তেতিয়া সাত শ্ৰেণীৰ লোকে মহা প্ৰভাৱশালী আল্লাহৰ আৰশ্বৰ সুশীতল ছাঁৰ তলত স্থান পাব। সিহঁতৰ মাজত অন্যতম হ'ল সেই দুই ব্যক্তি যিসকলে কেৱল আল্লাহৰ কাৰণেই এজনে আনজনক ভাল পায়, আল্লাহৰ কাৰণে মিলিত হয় আকৌ আল্লাহৰ কাৰণেই বিচ্ছিন্ন হয়। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত,ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইৰশ্বাদ কৰিছে,

    سَبْعَةٌ يُظِلُّهُمُ اللَّهُ يَوْمَ الْقِيَامَةِ فِي ظِلِّهِ يَوْمَ لاَ ظِلَّ إِلاَّ ظِلُّهُ إِمَامٌ عَادِلٌ وَشَابٌّ نَشَأَ فِي عِبَادَةِ اللهِ وَرَجُلٌ ذَكَرَ اللَّهَ فِي خَلاَءٍ فَفَاضَتْ عَيْنَاهُ وَرَجُلٌ قَلْبُهُ مُعَلَّقٌ فِي الْمَسْجِدِ وَرَجُلاَنِ تَحَابَّا فِي اللهِ وَرَجُلٌ دَعَتْهُ امْرَأَةٌ ذَاتُ مَنْصِبٍ وَجَمَالٍ إِلَى نَفْسِهَا قَالَ إِنِّي أَخَافُ اللَّهَ وَرَجُلٌ تَصَدَّقَ بِصَدَقَةٍ فَأَخْفَاهَا حَتَّى لاَ تَعْلَمَ شِمَالُهُ مَا صَنَعَتْ يَمِينُهُ.

    ‘সাত ব্যক্তিক আল্লাহে কিয়ামতৰ দিনা নিজৰ ছাঁ দিব, যিদিনা আল্লাহৰ ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। ন্যায়পৰায়ণ শাসক, আল্লাহৰ ইবাদতত নিমগ্ন যুৱক, সেই ব্যক্তি যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ চকুলো বয়, সেই ব্যক্তি যাৰ অন্তৰ মছজিদৰ ভালপোৱাৰ প্ৰতি ধাবিত হৈ থাকে, সেই দুই ব্যক্তি যিয়ে আল্লাহৰ কাৰণে পৰস্পৰে পৰস্পৰক ভাল পায়, আৰু যি ব্যক্তিক কোনো ৰূপৱতী নাৰীয়ে নিজৰ প্ৰতি আহ্বান কৰে আৰু সি কয়, মই আল্লাহক ভয় কৰোঁ আৰু যি ব্যক্তিয়ে এনেকুৱা সংগোপনে চদকা কৰে যে তাৰ বাওঁ হাতে গমকে নাপায় সোঁ হাতে কি খৰচ কৰিছে।’ [বুখাৰী : ৬৮০৬; মুছলিম : ২৪২৭]

    বান্দাই যেতিয়ালৈকে আন এজন ভাইক সহায় কৰে আল্লাহ পাকেও তাক সেই পৰিমাণে সাহায্য কৰে। ভালপোৱাৰ অকৃত্ৰিম প্ৰেৰণাত পৰস্পৰে পৰস্পৰক সাহায্য কৰিবলৈ উদ্বুদ্ধ কৰা হৈছে। এজনে আনজনৰ সহায়ৰ কাৰণে আগুৱাই আহিবলৈ কোৱা হৈছে। পৱিত্ৰ কোৰআন আৰু ছুন্নাহত সৃষ্টজীৱ বিশেষত মানৱসেৱাৰ প্ৰতি গুৰুত্বাৰোপ কৰি অসংখ্য বাণী বৰ্ণনা কৰা হৈছে। যেনে-

    مَنْ نَفَّسَ عَنْ مُؤْمِنٍ كُرْبَةً مِنْ كُرَبِ الدُّنْيَا نَفَّسَ اللَّهُ عَنْهُ كُرْبَةً مِنْ كُرَبِ يَوْمِ الْقِيَامَةِ وَمَنْ يَسَّرَ عَلَى مُعْسِرٍ يَسَّرَ اللَّهُ عَلَيْهِ فِى الدُّنْيَا وَالآخِرَةِ وَمَنْ سَتَرَ مُسْلِمًا سَتَرَهُ اللَّهُ فِى الدُّنْيَا وَالآخِرَةِ وَاللَّهُ فِى عَوْنِ الْعَبْدِ مَا كَانَ الْعَبْدُ فِى عَوْنِ أَخِيهِ وَمَنْ سَلَكَ طَرِيقًا يَلْتَمِسُ فِيهِ عِلْمًا سَهَّلَ اللَّهُ لَهُ بِهِ طَرِيقًا إِلَى الْجَنَّةِ وَمَا اجْتَمَعَ قَوْمٌ فِى بَيْتٍ مِنْ بُيُوتِ اللَّهِ يَتْلُونَ كِتَابَ اللَّهِ وَيَتَدَارَسُونَهُ بَيْنَهُمْ إِلاَّ نَزَلَتْ عَلَيْهِمُ السَّكِينَةُ وَغَشِيَتْهُمُ الرَّحْمَةُ وَحَفَّتْهُمُ الْمَلاَئِكَةُ وَذَكَرَهُمُ اللَّهُ فِيمَنْ عِنْدَهُ وَمَنْ بَطَّأَ بِهِ عَمَلُهُ لَمْ يُسْرِعْ بِهِ نَسَبُهُ

    “যি ব্যক্তিয়ে কোনো মুমিনৰ পাৰ্থিৱ কষ্টসমূহৰ পৰা কোনো কষ্ট দূৰ কৰিব কিয়ামতৰ কষ্টসমূহৰ পৰা আল্লাহে তাৰ এটা কষ্ট দূৰ কৰিব। যি ব্যক্তিয়ে কোনো অভাৱীক দুনিয়াত আশ্ৰয় দিব আল্লাহ তা‘আলাই তাক দুনিয়া আৰু আখিৰাতত আশ্ৰয় দিব। যি ব্যক্তিয়ে কোনো মুমিনৰ দোষ গোপনে ৰাখিব, আল্লাহ তা‘আলাই দুনিয়া আৰু আখিৰাতত তাৰ দোষ গোপনে ৰাখিব। আৰু আল্লাহ তা‘আলাই বান্দাক সাহায্য কৰে যেতিয়ালৈকে সি তাৰ ভায়েকক সাহায্য কৰে। আকৌ যিয়ে কাৰোবাক ইল্ম অর্জনৰ কোনো পথ দেখুৱাব, আল্লাহে তাক ইয়াৰ কাৰণে জান্নাতৰ ফালে এটা পথ সুগম কৰি দিব, আৰু যেতিয়া কিছুমান লোকে আল্লাহৰ কোনো ঘৰত বহি আল্লাহৰ কিতাব তিলাওৱাত কৰে আৰু সেই বিষয়ে পৰস্পৰে চিন্তা চৰ্চা কৰে তেতিয়াই তাত প্ৰশান্তি নাজিল কৰা হয়, ৰহমতেৰে সিহঁত ঢাকি যায়, আকৌ ফিৰিস্তাই সিহঁতক বেৰি থাকে আৰু আল্লাহে নিজৰ ওচৰত থকাবিলাকৰ (ফিৰিস্তাসকলৰ) লগত এওঁলোকক স্মৰণ কৰে, আৰু যাৰ আমলে তাক ধীৰ কৰিছে তাক তাৰ বংশই কেতিয়াও দ্রুত নকৰিব।” [বুখাৰী : ৭০২৮]

    আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইৰশ্বাদ কৰিছে,

    انْصُرْ أَخَاكَ ظَالِمًا ، أَوْ مَظْلُومًا قَالُوا : يَا رَسُولَ اللهِ هَذَا نَنْصُرُهُ مَظْلُومًا فَكَيْفَ نَنْصُرُهُ ظَالِمًا قَالَ تَأْخُذُ فَوْقَ يَدَيْهِ.

    ‘তুমি তোমাৰ মুছলিম ভাতৃক সহায় কৰা, যদিও তেওঁ অত্যাচাৰী হওঁক নাইবা অত্যাচাৰিত। তেতিয়া তেওঁলোকে ক'লে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, অত্যাচাৰিতক সহায় কৰাৰ অৰ্থটো বুজি পালো, কিন্তু অত্যাচাৰীক কেনেকৈ সহায় কৰিম? তেখেতে ক'লে, তুমি তাৰ হাতত ধৰিবা (তাক অন্যায়ৰ পৰা বাধা প্ৰদান কৰিবা)।’ [বুখাৰী : ২৪৪৪]

    অৰ্থাৎ তুমি তোমাৰ ভাতৃক সৰ্বাৱস্থাত সহায় কৰিবা। যদি সি জালিম হয় তেন্তে জুলুমৰ পৰা তাৰ হাত টানি ধৰিবা আৰু তাক বাধা দিবা। আৰু যদি সি মজলুম হয় তেনেহ’লে সাধ্যানুযায়ী তাক সাহায্য কৰিবা। যদিও এটা বাক্যৰ দ্বাৰাই নহওঁক কিয়। যদি এইটোও সম্ভৱ নহয় তেনেহ’লে অন্তৰেৰে সহায় কৰা। আৰু এইটো ঈমানৰ নিম্ন স্তৰ।

    আনৰ প্ৰতি দয়া আৰু সহযোগিতাৰ হাত সি বঢ়াই দিব পাৰে সততে যাৰ মন ভালপোৱাত টইটুম্বুৰ থাকে। গতিকে ভালপোৱা কোনো পঙ্কিল শব্দ নহয়, নহয় কোনো নৰ্দমাৰ পৰা উঠি অহা বা বস্তাপঁচা বৰ্ণগুচ্ছ। ভালপোৱা এটা পুণ্যময় ইবাদতৰ নাম। ভালপোৱা হ’ব প্ৰত্যেক সৃষ্টজীৱক, প্ৰতিটো মুহূৰ্তত। ইয়াৰ কাৰণে কোনো দিন নিৰ্ধাৰণ কৰা, বিশেষ উপায় উদ্ভাৱন কৰা মানৱ জাতিৰ চিৰশত্ৰু ইবলিচৰ প্ৰৱঞ্চনাৰ বাহিৰে আন কাৰো কাম হ’ব নোৱাৰে।

    কিছুবছৰ পূৰ্বে এই দেশত ‘বিশ্ব ভালপোৱা দিৱস’ৰ আমদানি কৰে এটা প্ৰগতিশীল (?) সাপ্তাহিক ম্যাগাজিনে। প্ৰতিযোগিতাৰ বজাৰত কোনোৱেই পিছুৱাই থাকিব নিবিচাৰে বুলি পিছৰ বছৰৰ পৰাই অন্যান্য পত্ৰিকাও এই দিৱসৰ প্ৰচাৰ কাৰ্যত নামি পৰে। এই দিৱসটো ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰে দেশৰ সৰ্বোচ্চ শিক্ষানুষ্ঠানবোৰতো।

    পত্ৰিকাৰ ভিতৰত প্ৰকাশ, ১৪ ফেব্রুৱাৰী ভালপোৱা দিৱসত বাংলাদেশৰ ৰাজধানী ঢাকাত এটা গোলাপ বিক্ৰী হৈছে ২০ হাজাৰ টকাত! কলেজ, বিশ্ববিদ্যালয়ৰ ক্যাম্পাচ আৰু পাৰ্কত তৰুণ-তৰুণীসকলে উল্লাসেৰে পালন কৰে এই দিৱস। আচলতে কাৰ্ড আৰু বিভিন্ন উপহাৰসামগ্ৰী বিক্ৰেতাসকলে নিজৰ ব্যৱসায়িক স্বাৰ্থত এই দিৱসৰ প্ৰচাৰ কাৰ্যত ইন্ধন যোগায়। এই দিনত যুৱক-যুৱতীসকলে যি কৰে সি কেৱল ইছলামৰ দৃষ্টিতেই নহয়, তথাকথিত আৱহমানকালৰ ভাৰতীয় সংস্কৃতিৰ আলোকতো সমৰ্থনযোগ্য নহয়।

    ভালপোৱাৰ কাৰণে কোনো বিশেষ দিৱসৰ প্ৰয়োজন নহয়। বিশেষ পাত্ৰ বা পাত্ৰিৰো প্ৰয়োজন নাই। কিন্তু বেলীলাপনা, বেহায়াপনা কৰাৰ কাৰণে বিশষ সময়, দিৱস লাগে, বিশেষ পাত্ৰ বা পাত্ৰীৰ দৰকাৰ হয়। সেয়ে ভালপোৱাৰ কোনো দিৱস পালন কৰা এটা ভাওতাবাজীৰ বাহিৰে আন একো নহয়। বেহায়াপনাৰ কৰণে দিৱস হ’ব পাৰে। কাৰণ অশ্লীলতা চৰ্চাকাৰীসকলে সিহঁতৰ নিৰ্লজ্জ আচৰণ সকলো সময়তে কৰিব নোৱাৰে, সকলোৰে সৈতে কৰিব নোৱাৰে। ইয়াৰ কাৰণে উপলক্ষ্য দৰকাৰ। যি দিৱসৰ আঁৰত বেলীলাপনা চৰ্চাৰ সুযোগ সৃষ্টি হ’ব। কলেজ, বিশ্ববিদ্যালয়ত ভালপোৱা দিৱস পালনৰ ধৰণ আৰু প্ৰকৃতিয়েই আমাৰ বক্তব্যৰ বস্তুনিষ্ঠতা প্ৰমাণৰ বাবে যথেষ্ট বুলি ভাবো।

    সেয়ে আমি এই দিৱসৰ নাম ৰাখিব বিচাৰো ‘বিশ্ব বেহায়া দিৱস’। এতিয়াৰ পৰা কুইজ প্ৰতিযোগিতাৰ প্ৰশ্ন হ’ব বিশ্ব বেহায়া দিৱস কেতিয়া হয়? সঠিক উত্তৰ হ’ব ১৪ ফেব্ৰুৱাৰী। এইদৰে এই দিৱসৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰা হ’ব। প্ৰকৃতপক্ষে ভ্যালেন্টাইন ডে বা ভালপোৱা দিৱসৰ যি ইতিহাস, তাক জানিলে কোনো মুছলিম সন্তানে এই দিৱস পালনত উৎসাহী হ’ব নোৱাৰে। সেয়ে আহক আমি সংক্ষিপ্তভাৱে এই দিৱসৰ ইতিহাস আৰু তাৎপর্য জানি লওঁ।

    ঈছা আলাইহিছ ছালামৰ জন্মৰ আগতে চতুৰ্থ শতিকাত পৌত্তলিক, মূৰ্তিপূজাৰীসকলৰ সমাজত বিভিন্ন উদ্দেশ্যত বিভিন্ন দেৱতাৰ অৰ্চনা কৰিছিল। পশু-পক্ষীৰ কাৰণে এজন দেৱতা কল্পনা কৰিছিল। মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে এজন দেৱতাৰ বিশ্বাস কৰিছিল। যি দেৱতাৰ নাম আছিল ‘লুপাৰকালিয়া’। এই দেৱতাৰ সন্তুষ্টিৰ কাৰণে আয়োজিত অনুষ্ঠানবিলাকৰ মাজত এটা আছিল যুৱতীসকলৰ নামত লটাৰী ইছ্যু কৰা। যিজনী যুৱতীৰ নাম যিজন যুৱকৰ ভাগত পৰিব সি তাৰ সৈতে আগন্তুক বছৰৰ এই দিন পৰ্যন্ত বসবাস কৰিব। এই দিন আহিলে দেৱতাৰ উদ্দ্যেশ্যে পশু জবেহ কৰা হয়। জবেহকৃত পশুৰ ছাল যুৱতীৰ গাত মেৰিয়াই পশুটোৰ তেজ আৰু কুকুৰৰ তেজ ৰঞ্জিত চাবুকৰ দ্বাৰা যুৱক-যুৱতীক আঘাত কৰে। সিহঁতে ভাৱে ইয়াৰ দ্বাৰা নাৰী সন্তান জন্ম দিয়াৰ উপযুক্ত শাস্তি হয়। এই অনুষ্ঠানটো পালন কৰা হৈছিল ১৪ ফেব্ৰুৱাৰীত।

    খৃষ্টধৰ্মৰ আৱিৰ্ভাব হোৱাত সিহঁতে ইয়াক পৌত্তলিক কুসংস্কাৰ বুলি ঘোষণা কৰে। কিন্তু ইয়াতেই দিৱসটো পালন কৰা বন্ধ নহয়। পাদ্ৰীসকলে অপাৰগ হৈ এই দিৱসক বৈধতা দিয়াৰ চেষ্টা কৰে। সিহঁতে কয়, আগতে এই অনুষ্ঠান হৈছিল দেৱতাৰ নামত, এতিয়াৰ পৰা হ’ব পাদ্ৰীৰ নামত। যুৱকসকলে ১ বছৰ পাদ্ৰীৰ লগত থাকি আত্মশুদ্ধি কৰিব। এইদিনত সেই সময় আৰম্ভ আৰু শেষ হ’ব। ৪৭৬ চনত পোপ জুলিয়াচে এই দিৱসৰ নাম পৰিৱৰ্তনৰ পিছত এই দিৱসৰ নাম যাজক ভ্যালেন্টাইনৰ নামানুসাৰে ‘ভ্যালেন্টাইনচ ডে’ ৰখা হয়। ভ্যালেন্টাইনৰ নামানুসাৰে এই দিৱসৰ নাম ৰখাৰ কাৰণ হ'ল এই খৃষ্টান যাজকজন কাৰাগাৰত বন্দী হোৱাৰ পিছত প্ৰধান কাৰাৰক্ষীসকলৰ ছোৱালীৰ সৈতে প্ৰতিদিন ঘন্টাৰ পিছত ঘন্টা গল্প কৰছিল। মৃত্যুৰ আগ মুহূৰ্তত প্ৰেমিকাৰ উদ্দেশ্যে এটা চিঠি লিখি যায়। এই কাৰণে খৃষ্টান সমাজত ‘প্ৰেমিকসকলৰ যাজক’ হিচাবে এইগৰাকীৰ খ্যাতি লাভ হয়। ইয়াৰ পিছৰ পৰা তেওঁৰ মৃত্যু তাৰিখ তথা ১৪ ফেব্ৰুৱাৰী তাৰিখে ভ্যালেন্টাইনচ ডে নামেৰে পালন হ’বলৈ আৰম্ভ কৰে।

    আমাৰ যুৱ সমাজে এইবোৰ ইতিহাস জানিব লাগিব। খুতবা, বক্তৃতা আৰু সকলো গণমাধ্যমত এই দিৱসৰ জন্মপ্ৰথা আৰু তাৎপৰ্য তুলি ধৰিব লাগিব। বুজাব লাগিব পৌত্তলিকসকলৰ উদ্ভাৱিত, খৃষ্টানসকলৰ সংস্কাৰকৃত কোনো অনুষ্ঠান মুছলিমসকলে উদযাপন কৰিব নোৱাৰে। যুৱসমাজ হ'ল জাতিৰ প্ৰাণ। দেশৰ ভৱিষ্যৎ। যুৱসমাজৰ নৈতিকতাৰ পতন হোৱা মানে সেই জাতিৰ ভৱিষ্যৎ ধ্বংস হোৱা। অশ্লীলতা আৰু বেহায়াপনাক উচটনি দি শত্ৰুসকলে আমাৰ ভৱিষ্যতক গলত টিপি হত্যা কৰিব বিচাৰে। যুৱকসকলৰ নৈতিকতাৰ বলক বিচূৰ্ণ কৰি আমাক দুৰ্বল কৰি দিব বিচাৰে। যিসকল প্ৰকৃত দেশপ্ৰেমিক, সিহঁতে এই দিৱসক সমৰ্থন কৰি দেশ তথা জাতিৰ সৰ্বনাশ কৰিব নোৱাৰে। যিসকল প্ৰগতিশীল, সুশীল ইত্যাদি বিশেষণেৰে নিজকে বিশেষিত কৰে, তেওঁলোকৰ প্ৰতি অনুৰোধ-দেশৰ ভৱিষ্যৎ সুৰক্ষাত তৰুণ-তৰুণীসকল, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অশ্লীলতাৰ পথৰ পৰা ওভতাই আনক। সিহঁতৰ নৈতিক পতন ৰোধ কৰক। বিভিন্ন অনুষ্ঠান তথা উৎসৱৰ নামত নীতি-নৈতিকতা ধ্বংসৰ প্ৰতিযোগিতাৰ পৰা সিহঁতক ৰক্ষা কৰক।

    হে আল্লাহ আমাক সহায় কৰা।

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ