(চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

চমু বিৱৰণ

মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    (চৰীয়তৰ দৃষ্টিত)

    মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা

    আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

    ] অসমীয়া – Assamese – آسامي [

    ড. ছলেহ ইবনে ফাওজান আল-ফাওজান

    —™

    অনুবাদ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    تقديم القرابين والنذور والهدايا للمزارات والقبور وتعظيمها

    فضيلة الشيخ صالح بن فوزان

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে শ্বিৰ্কৰ পিনে লৈ যোৱা সকলো পথ বন্ধ কৰি দিছে আৰু এই সকলো পথৰ পৰা উম্মতক কঠোৰভাৱে সতৰ্ক কৰিছে। এইবোৰৰ মাজত প্ৰথমেই হৈছে কবৰৰ বিষয়টো। সেয়ে তেওঁ কবৰ জিয়াৰতৰ এনে কিছুমান নীতিমালা প্ৰণয়ন কৰিছে, যাতে মানুহে কবৰ-পূজা আৰু কবৰবাসীসকলৰ বিষয়ে যিকোনো প্ৰকাৰ সীমালংঘনৰ পৰা বাচি থাকিব পাৰে। তাৰে কিছুমান হৈছে:

    ১. তেওঁ আওলিয়া আৰু পূণ্যবান লোকসকলৰ ক্ষেত্ৰত সীমালংঘন কৰিবলৈ নিষেধ কৰিছে। কিয়নো এই ধৰণৰ সীমালংঘন কৰি কৰি মানুহে তেওঁলোকৰ ইবাদত বা উপাসনাত লিপ্ত হয়। তেখেতে কৈছে,

    «إِيَّاكُمْ وَالْغُلُوَّ؛ فَإِنَّمَا هَلَكَ مَنْ كَانَ قَبْلَكُمْ بِالْغُلُوِّ فِي الدِّينِ»

    “সীমাতিৰিক্ত ভক্তি কৰাৰ পৰা বিৰত থকা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে দ্বীনৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ ফলত ধ্বংস আৰু বিনাশ হৈছে”[1]

    তেখেতে আৰু কৈছে,

    «لاَ تُطْرُونِي، كَمَا أَطْرَتْ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا عَبْدُ اللَّهِ، وَرَسُولُهُ»

    “মোৰ বিষয়ে তোমালোকে সীমা চেৰাই নাযাবা, যেনেকৈ নাছাৰা (খ্ৰীষ্টান) সকলে মৰিয়মৰ পুত্ৰ ঈছাৰ বিষয়ে কৰিছিল। কিয়নো মই কেৱল এজন বান্দা। এতেকে, মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল হিচাপে অভিহিত কৰা”[2]

    ২. ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কবৰৰ ওপৰত সৌধ স্থাপন কৰাৰ পৰা নিষেধ কৰিছে। যেনে, আবুল হাইয়াজ আল-আছাদীৰ পৰা বৰ্ণিত, তেওঁ কৈছে: আলী ইবনু আবি তালিব ৰাদিয়াল্লাহু ‘আনহুৱে মোক কৈছিল যে,

    «أَلَا أَبْعَثُكَ عَلَى مَا بَعَثَنِي عَلَيْهِ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ أَنْ لَا تَدَعَ تِمْثَالًا إِلَّا طَمَسْتَهُ وَلَا قَبْرًا مُشْرِفًا إِلَّا سَوَّيْتَهُ»

    “মই তোমাক সেই দায়িত্ব দি প্ৰেৰণ নকৰিম নে, যি দায়িত্ব প্ৰদান কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? সেয়া হৈছে, তুমি য’তেই প্ৰতিমা আৰু ভাস্কাৰ্য দেখিবা ভাঙ্গি পেলাবা আৰু য’তেই সুউচ্চ কবৰ দেখিবা সেইটো সমান কৰি দিবা”[3]

    এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কবৰত চুন আদিৰে উজ্জল কৰিবলৈ আৰু ঘৰ-অট্ৰালিকা আদি নিৰ্মাণ কৰিবলৈ নিষেধ কৰিছে। জাবিৰ ৰাদিয়াল্লাহু আনহুৱে কৈছে,

    «نَهَى رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنْ يُجَصَّصَ الْقَبْرُ، وَأَنْ يُقْعَدَ عَلَيْهِ، وَأَنْ يُبْنَى عَلَيْهِ»

    “ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কবৰত চুন লগাবলৈ, কবৰৰ ওপৰত বহা আৰু তাৰ ওপৰত অট্ৰালিকা আদি নিৰ্মাণ কৰিবলৈ নিষেধ কৰিছে”[4]

    ৩. কবৰৰ ওচৰত ছালাত আদায় কৰিবলৈয়ো তেওঁ সতৰ্ক কৰিছে। আইশ্বা ৰাদিয়াল্লাহু আনহাই কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁ মৃত্যুৰ সময়ত ৰোগশয্যাত চাদৰেৰে মুখ ঢাকি লৈছিল। যেতিয়া কষ্ট অনুভৱ কৰিছিল তেতিয়া মুখৰ পৰা চাদৰ গুচাই দিছিল। এনে অৱস্থাত তেওঁ কৈছিল,

    «لَعَنَةُ اللهُ الْيَهُودَ وَالنَّصَارَى، اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ» قَالَتْ: «فَلَوْلَا ذَاكَ أُبْرِزَ قَبْرُهُ، غَيْرَ أَنَّهُ خُشِيَ أَنْ يُتَّخَذَ مَسْجِدًا»

    ‘‘ইয়াহুদী আৰু নাছাৰাসকলৰ ওপৰত আল্লাহৰ লা‘নত বা অভিশাপ বৰ্ষিত হওক। কাৰণ, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক মছজিদ তথা ছাজদাহৰ ঠাই বনাই লৈছে”। সিহঁতৰ এইবোৰ কাজ-কৰ্মৰ পৰা তেওঁ নিজ উম্মতক সতৰ্ক কৰি দিছে। মানুহে তেওঁৰ কবৰক ছাজদাগাহ বনাব বুলি যদি আশংকা নাথাকিলেহেঁতেন তেন্তে তেওঁৰ কবৰ উন্মুক্ত কৰি দিয়া হ’লেহেঁতেন”।[5]

    «أَلَا وَإِنَّ مَنْ كَانَ قَبْلَكُمْ كَانُوا يَتَّخِذُونَ قُبُورَ أَنْبِيَائِهِمْ وَصَالِحِيهِمْ مَسَاجِدَ، أَلَا فَلَا تَتَّخِذُوا الْقُبُورَ مَسَاجِدَ، إِنِّي أَنْهَاكُمْ عَنْ ذَلِكَ»

    “জানি থোৱা, তোমালোকৰ পূৰ্বৱৰ্তী জাতিৰ লোকসকলে নিজৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছিল। সাৱধান! তোমালোকে কবৰসমূহক মছজিদ বা ছাজদাহৰ স্থান বনাই নলবা। মই তোমালোকক ইয়াৰ পৰা নিষেধ কৰো”[6]

    কবৰক মছজিদ বনোৱাৰ অৰ্থ হৈছে কবৰৰ ওচৰত ছালাত আদায় কৰা, যদিও কবৰৰ ওপৰত কোনো মছজিদ নিৰ্মাণ কৰা নহয়। এতেকে যিকোনো স্থানকেই যেতিয়া নামাজৰ বাবে নিৰ্দিষ্ট কৰা হ’ব সেইটো মছজিদ বুলি গণ্য হ’ব। যেনে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,

    «جُعِلَتْ لِيَ الأرْضُ مَسْجِداً وَطُهُوْرا»

    “গোটেই পৃথিৱী খনক মোৰ বাবে ছাজদাহৰ স্থান আৰু পৱিত্ৰ বনাই দিয়া হৈছে”[7]

    আৰু যদি কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হয় তেন্তে সেয়া হ’ব আৰু ভয়াৱহ বিষয়।

    অধিকাংশ মানুহেই এইবোৰ বিষয়ত চৰিয়তৰ খিলাফ কৰা দেখা যায় আৰু নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে তাত লিপ্ত হোৱা পৰিলক্ষিত হয়। ফলত সিহঁতে শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্কত লিপ্ত হৈছে। কবৰৰ ওপৰত মছজিদ, মাজাৰ আৰু মাকাম সাজি লৈছে, য’ত শ্বিৰ্কে আকবৰৰ সকলো প্ৰকাৰ কাজ-কৰ্মৰ চৰ্চা কৰা হৈছে। যেনে, কবৰৰ উদ্দেশ্যত জন্তু জবেহ কৰা, কবৰবাসীৰ ওচৰত দুআ প্ৰাৰ্থনা কৰা আৰু সিহঁতৰ সহায়-সহযোগীতা প্ৰাৰ্থনা কৰাৰ লগতে সিহঁতৰ বাবে মান্নত ইত্যাদি কৰা হয়।

    আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে কৈছে: “যি ব্যক্তি কবৰসমূহৰ ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ছুন্নত, তেওঁৰ আদেশ-নিষেধ আৰু তেওঁৰ ছাহাবীসকলৰ আদৰ্শ আৰু আজি কালি মানুহে যিবোৰ কাম কৰি আছে এই দুটাৰ মাজত সামঞ্জস্য বিধান কৰিব বিচাৰে, সি আচলতে ইয়াৰ এটাক আনটোৰ বিপৰীত আৰু প্ৰতিকূল দেখিবলৈ পাব এনেকৈ যে, এই দুটাৰ বিষয়ে কেতিয়াও সামঞ্জস্য বিধান কৰা সম্ভৱ নহয়।

    ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কবৰৰ ওচৰত ছালাত পঢ়িবলৈ নিষেধ কৰিছে। অথচ ইহঁতে কবৰৰ ওচৰত ছালাত আদায় কৰে। তেখেতে কবৰক মছজিদ বনাবলৈ নিষেধ কৰিছে। অথচ ইহঁতে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু আল্লাহৰ ঘৰৰ অনুকৰণ কৰি ইয়াৰ নাম দিছে দৰগাহ। তেখেতে কবৰত প্ৰদীপ জ্বলাবলৈ নিষেধ কৰিছে। অথচ ইহঁতে কবৰত প্ৰদীপ জ্বলোৱাৰ উদ্দেশ্যে ঠাই পৰ্যন্ত ওৱাকফ কৰে। তেখেতে কবৰক ঈদ উৎসৱৰ স্থান বনাবলৈ নিষেধ কৰিছে। অথচ এওঁলোকে কবৰস্থানক ঈদ উৎসৱ আৰু কোৰবানীৰ স্থানত পৰিণত কৰিছে আৰু ঈদত যেনেকৈ সিহঁতে একত্ৰিত হয় তেনেকৈ বৰং তাতোকৈ বেছি সিহঁতে কবৰৰ উদ্দেশ্যে একত্ৰিত হয়।

    তেখেতে কবৰসমূহক সমান কৰি দিবলৈ নিৰ্দেশ দিছে। যেনে, ইমাম মুছলিমে তেওঁৰ ছহীহ গ্ৰন্থত আবুল হাইয়াজ আল-আছাদীৰ পৰা বৰ্ণনা কৰিছে যে, আলী ইবনু আবি তালেব ৰাদিয়াল্লাহু আনহুৱে তেওঁক কৈছিল,

    «أَلَا أَبْعَثُكَ عَلَى مَا بَعَثَنِي عَلَيْهِ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ «أَنْ لَا تَدَعَ تِمْثَالًا إِلَّا طَمَسْتَهُ وَلَا قَبْرًا مُشْرِفًا إِلَّا سَوَّيْتَهُ»

    “মই তোমাক সেই দায়িত্ব অৰ্পন কৰি প্ৰেৰণ নকৰিম নে, যি দায়িত্ব প্ৰদান কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? সেইটো হ’ল যে, তুমি য’তেই প্ৰতিমা আৰু ভাস্কৰ্য দেখিবা ভাঙ্গি পেলাবা আৰু য’তেই সুউচ্চ কবৰ দেখা পাবা সমান কৰি দিবা”[8]

    ছহীহ মুছলিমৰ আন এটা বৰ্ণনাত ছুমামাহ বিন শ্বুফাইয়ে কৈছে,

    «كُنَّا مَعَ فَضَالَةَ بْنِ عُبَيْدٍ بِأَرْضِ الرُّومِ بِرُودِسَ، فَتُوُفِّيَ صَاحِبٌ لَنَا، فَأَمَرَ فَضَالَةُ بْنُ عُبَيْدٍ بِقَبْرِهِ فَسُوِّيَ»، ثُمَّ قَالَ سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَأْمُرُ بِتَسْوِيَتِهَا»

    “আমি ৰোম দেশৰ বুৰুদেছ নামক স্থানত ফাজালাহ বিন উবাইদৰ লগত আছিলো। তাতেই আমাৰ এজন সঙ্গী মৃত্যুবৰণ কৰিলে। তাৰ দাফন কাৰ্যৰ সময়ত ফাজালাহ বিন উবাইদে তাৰ কবৰ সমান কৰি দিবলৈ নিৰ্দেশ দিলে। তাৰ পিছত ক’লে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছো যে, তেখেতে কবৰক সমান কৰি দিবলৈ আদেশ দিছে”[9]

    কবৰৰ ভক্ত এইবোৰ লোকে প্ৰচণ্ডভাৱে এই দুটা হাদীছৰ বিৰোধীতা কৰে আৰু বাসগৃহৰ দৰেই কবৰকো ওখ কৰিছে আৰু ইয়াৰ ওপৰত গম্বুজ তৈয়াৰ কৰিছে। ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে আৰু কৈছে: “চাওক, কবৰৰ বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি অনুমোদন কৰিছে আৰু ইতিঃপূৰ্বে উল্লেখিত যিবোৰৰ পৰা নিষেধ কৰিছে আৰু এই সকল লোকে যিবোৰ আইনসিদ্ধ কৰিছে- এই দুটাৰ মাজত কিমান ডাঙৰ পাৰ্থক্য। নিঃসন্দেহে ইয়াত বহুতো বিপৰ্যয় আছে যিবোৰ গণি শেষ কৰা কষ্টসাধ্যৰ বিষয়”

    ইয়াৰ পিছত তেখেতে এইবোৰ বিপৰ্যয়ৰ বিস্তাৰিত বৰ্ণনা দি পৰিশেষত কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কবৰ জিয়াৰতৰ অনুমতি প্ৰদান কৰি এই বিষয়ে যিবোৰ নিয়ম-নীতি প্ৰণয়ন কৰিছে, সেয়া কেৱল আখিৰাতক স্মৰণ কৰাই দিয়াৰ বাবে আৰু কবৰবাসীৰ বাবে দুআ, ৰহমত কামনা, ইস্তেগফাৰ আৰু তাৰ মুক্তিৰ বাবে প্ৰাৰ্থনাৰ মাধ্যমত তাৰ উপকাৰ সাধন কৰাৰ উদ্দেশ্যেই কৰিছে। ইয়াৰ ফলত জিয়াৰতকাৰীয়ে নিজৰ আৰু মৃত ব্যক্তি উভয়ৰেই কল্যাণ সাধন কৰিছে। আনহাতে কবৰপন্থী এই মুশ্বৰিকসকলে গোটেই বিষয়টোকেই ওলোটাই দিছে আৰু দ্বীনক পৰিবৰ্তন কৰি দিছে। মৃত ব্যক্তিৰ লগত আল্লাহক শ্বৰীক বা অংশীদাৰ স্থাপন কৰা, মৃত ব্যক্তিৰ ওচৰত বা মৃত ব্যক্তিৰ অছীলাত দুআ কৰা, তাৰ ওচৰত নিজৰ প্ৰয়োজন অভাৱ পূৰণৰ প্ৰাৰ্থনা কৰা, তাৰ ওচৰত বৰকত বিচৰা, আৰু শত্ৰুৰ বিৰুদ্ধে তাৰ ওচৰত সহায়ৰ আবেদন কৰা ইত্যাদি বিষয়সমূহক সিহঁতে জিয়াৰতৰ উদ্দেশ্যে সাজি লৈছে। এইবোৰৰ মাজত যদি কোনো ক্ষতি নাই বুলি ধৰি লোৱা হয়, তেন্তে তথাপিও চৰীয়ত প্ৰণীত দুআ, ৰহমত কামনা আৰু ইস্তেগফাৰ ইত্যাদি কামৰ বৰকতৰ পৰা সিহঁত বঞ্চিত হয়।

    ইয়াৰ দ্বাৰা এইটোৱেই বুজা যায় যে, মাজাৰৰ উদ্দেশ্যে মান্নত আৰু কোৰবানী কৰা ডাঙৰ শ্বিৰ্ক। কবৰৰ ওপৰত কোনো ইমাৰত নিৰ্মাণ নকৰা আৰু ছাজদাহৰ ঠাই নবনোৱাৰ যি আদৰ্শ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ আছিল তাৰ পৰিপন্থী আমল কৰাটোৱে হ’ল ইয়াৰ মূল কাৰণ। কিয়নো যেতিয়াই কবৰৰ ওপৰত গম্বুজ নিৰ্মাণ কৰা হয় আৰু তাৰ ওচৰতেই মছজিদ আৰু মাজাৰ তৈয়াৰ কৰা হয় তেতিয়া নিৰ্বোধ আৰু অজ্ঞ লোকেসকলে ভাবিবলৈ ধৰে যে, কবৰবাসীসকলে উপকাৰ আৰু ক্ষতি দুটাই কৰিব পাৰে। সিহঁতৰ ওচৰত সহায় বিচাৰিলে সিহঁতে তাক সহায় কৰিব পাৰে আৰু সিহঁতৰ ওচৰত গলে সিহঁতে হাজাত আৰু প্ৰয়োজন পুৰণ কৰে। এই বাবেই সিহঁতে কবৰবাসীসকলৰ উদ্দেশ্যে মান্নত আৰু কোৰবানী পেচ কৰে। যাৰ ফলশ্ৰুতিত আল্লাহৰ পৰিবৰ্তে প্ৰতিমাৰূপে এইবোৰ কবৰৰ আজি উপাসনা কৰা হৈছে। অথচ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে প্ৰাৰ্থনা কৰিছিল,

    «اللَّهُمَّ لاَ تَجْعَلْ قَبْرِي وَثَناً يُعْبَدُ»

    “হে আল্লাহ! মোৰ কবৰক এনেকুৱা প্ৰতিমাত পৰিণত নকৰিবা, যাৰ উপাসনা কৰা হয়”[10]

    আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই বাবেই এই দুআ কৰিছিল যে তেওঁৰ কবৰৰ বাহিৰে আন বহুতো এনেকুৱা কবৰত এই ধৰণৰ অৱস্থা দেখা দিব পাৰে। প্ৰকৃত পক্ষত মুছলিম বিশ্বৰ বহু দেশতেই এই বিষয়টো সংঘটিত হৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যি দুআ কৰিছিল সেই দুআৰ বৰকততেই আল্লাহে তেওঁৰ কবৰক শ্বিৰ্কৰ পঙ্কিলতাৰ পৰা ৰক্ষা কৰিছে। যদিও কিছু সংখ্যক জাহিল আৰু কুসংস্কাৰচ্ছন্ন লোকে তেওঁৰ মছজিদত কেতিয়াবা কেতিয়াবা তেওঁৰ হিদায়াতৰ বিপৰীত কাম কৰি পেলায়; কিন্তু সিহঁতে তেওঁৰ কবৰৰ ওচৰ লৈকে যাব নোৱাৰে। কিয়নো তেওঁৰ কবৰ তেওঁৰ ঘৰৰ অভ্যন্তৰত, মছজিদৰ অন্তৰ্গত নহয় আৰু সেইটো চাৰিওফালে দেৱালেৰে আবৃত। যেনে, ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে তেওঁৰ ‘নুনিয়া’ কাব্যগ্ৰন্থত কৈছে,

    فأجاب رب العالمين دعاءه :: وأحاطه بثلاثة الجدران

    “দুআ তেখেতৰ ৰাব্বুল আলামীনে কৰিছে কবুল

    পৰিবেষ্টন কৰিছে তিনিটা প্ৰাচীৰৰ দ্বাৰা নিৰ্ভুল”।

    [1] ছুনান ইবনে মাজাহ, হাদীছ নং ৩০২৯; মুছনাদে আহমাদ, হাদীছ নং ৩২৪৯

    [2] ছহীহ বুখাৰী, হাদীছ নং ৩৪৪৫

    [3] ছহীহ মুছলিম, হাদীছ নং ৯৬৯

    [4] ছহীহ মুছলিম, হাদীছ নং ৯৭০

    [5] ছহীহ বুখাৰী, হাদীছ নং ৪৩৫; ছহীহ মুছলিম, হাদীছ নং ৫২৯

    [6] ছহীহ মুছলিম, হাদীছ নং ৫৩২

    [7] ছহীহ বুখাৰী, হাদীছ নং ৩৩৫; ছহীহ মুছলিম, হাদীছ নং ৫২২

    [8] ছহীহ মুছলিম, হাদীছ নং ৯৬৯

    [9] ছহীহ মুছলিম, হাদীছ নং ৯৬৮

    [10] মুআত্তা মালিক, হাদীছ নং ৫৯৩; মুছনাদ আহমাদ, হাদীছ নং ৭৩৫৮

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ