কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?

চমু বিৱৰণ

কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যাক্তিলৈ প্ৰেৰণ কৰা সম্পৰ্কে তিনিটা ফতোৱা।
১) জীৱিত ব্যক্তিৰ তিলাৱাত বা ইচালে ছোৱাবৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল?
২) তিলাৱাতৰ বিনিময় গ্ৰহণ কৰা বৈধনে? আৰু বিনিময়দাতা ইয়াৰ বাবে গুণাহগাৰ হবনে?
৩) কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?

    [অসমীয়া - Assamese - الآسامية]

    স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)

    অনুবাদ: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ২০১৫ - ১৪৩৬

    هل يصل ثواب قراءة القرآن وأنواع القربات إلى الميت؟

    « باللغة الآسامية »

    اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    2015 - 1436


    প্রথম ফতোৱা

    প্ৰশ্ন :

    ছুৰা ইখলাছ পাঠ কৰি যদি কোনোৱে মৃত ব্যক্তিক ঈচালে ছোৱাব কৰে (ছোৱাব পৌঁছাই দিয়ে), তেন্তে মৃত ব্যক্তি ইয়াৰ পৰা উপকৃত হব নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল, তেওঁ কবৰবাসীৰ বাবে তিলাৱাত কৰিছিল, নে কেৱল দুআ কৰিছিল?

    উত্তৰ :

    প্রথম : যদি কোনোৱে কোৰআন তিলাৱাত কৰি মৃত ব্যক্তিক ঈচালে ছোৱাব কৰে, উলামাসকলৰ বিশুদ্ধ মতানুযায়ী এই ছোৱাব মৃত ব্যক্তিৰ ওচৰ কেতিয়াও নাপায়, কাৰণ এইটো মৃত ব্যক্তিৰ আমল নহয়। আল্লাহ তাআলা কৈছে :

    ﴿وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَى﴾

    {আৰু মানুহে যি চেষ্টা কৰে, সেইটোৱে সি পায়।} { নাজম: ৩৯}

    এই তিলাৱাত জীৱিত ব্যক্তিৰ চেষ্টা বা আমল, ইয়াৰ ছোৱাব সি নিজেই পাব, আন কাৰোবাক সি ঈচালে ছোৱাব কৰাৰ কোনো অধিকাৰ নাৰাখে। এই বিষয়ে ছৌদি আৰবৰ “স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন”ৰ এটা বিস্তাৰিত ফতোৱা আছে, তলত সেইটো উল্লেখ কৰা হল :

    প্ৰশ্ন :

    কবৰ জিয়াৰতৰ সময়ত ছুৰা ফাতিহা পাঠ কৰা, অথবা কোৰআনৰ কোনো অংশ পাঠ কৰা বৈধনে, আৰু ইয়াৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হবনে ?

    উত্তৰ :

    বিশুদ্ধ হাদিছৰে প্ৰমাণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰ জিয়াৰত কৰিছিল আৰু কিছুমান বাক্যৰ দ্বাৰা তেওঁ কবৰবাসীৰ বাবে দু‘আ কৰিছিল, যিটো তেওঁ ছাহাবাসকলক শিকাইছিল, তেওঁলোকেও তেখেতৰ পৰা শিকিছিল। যেনে :

    ‏اَلسَّلَام عَلَيْكُمْ اَهْلَ الدِّيَارِ مِنَ الْمُؤْمِنِيْنَ وَالْمُسْلِمِيْنَ، وَاِنَّا اِنْ شَاءَ اللهُ بِكُمْ لَاحِقُوْنَ، نَسْاَلُ اللهَ لَنَا وَلَكُمْ الْعَافِيَةُ‏

    হে কবৰবাসী মুমিন আৰু মুছলমানসকল, তোমালোকৰ প্ৰতি চালাম (শান্তি) বৰ্ষিত হওক, ইন শ্বা আল্লাহ অতিশিঘ্ৰে আমি তোমালোকৰ লগত মিলিত হম, আল্লাহৰ ওচৰত আমাৰ বাবে আৰু তোমালোকৰ বাবে নিৰাপত্তা প্রাৰ্থনা কৰিছোঁ।” [ইবনে মাজাহ : ১৫৩৬]

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰ জিয়াৰত কৰাৰ সময়ত কোৰআন বা তাৰ কোনো আয়াত তিলাৱাত কৰিছিল বুলি কোনো প্রমাণ পোৱা নাযায়, অথচ তেওঁ সঘনে কবৰ জিয়াৰত কৰিছিল। যদি সেয়া বৈধ হ’লেহেঁতেন বা মৃত ব্যক্তি ইয়াৰ দ্বাৰা উপকৃত হ’লেহেঁতেন, তেন্তে নিশ্চয় তেওঁ সেইটো কৰিলেহেঁতেন আৰু ছাহাবাসকলক নিৰ্দেশ দিলেহেঁতেন। বৰং নবুওৱতৰ দায়িত্ব আদায়, উম্মতৰ প্রতি দয়া আৰু ছোৱাবৰ বিবেচনাৰ ভিত্তিত এইটো তেওঁৰ কৰ্তব্য আছিল। কাৰণ, তেওঁৰ বিষয়ে আল্লাহ তাআলা কৈছে :

    ﴿لَقَدْ جَاءَكُمْ رَسُولٌ مِنْ أَنْفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُمْ بِالْمُؤْمِنِينَ رَؤُوفٌ رَحِيمٌ﴾

    {নিশ্চয় তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰত এজন ৰাছুল আহিছে, তেওঁৰ পক্ষে এইটো দুঃসহ যিটোৱে তোমালোকক কষ্ট দিয়ে। তেওঁ তোমালোকৰ বাবে কল্যাণকামী, মুমিনসকলৰ প্রতি স্নেহশীল, পৰম দয়ালু।} [তৌবা: ১২৮]

    এতেকে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাজত দয়া, উম্মতৰ কল্যাণ কামনা আৰু অনুগ্রহ থকা সত্বেও যিহেতু তেওঁ এইটো কৰা নাই, সেয়ে এইটো এয়া প্রমাণ কৰে যে এইটো নাজায়েয (অবৈধ)। ছাহাবায়ে কেৰাম এইটোৱে বুজিছে আৰু ইয়াৰ ওপৰত তেওঁলোকে আমল কৰিছে, আল্লাহ তেওঁলোক সকলোৰে ওপৰত সন্তুষ্ট হওক, তেওঁলোকে কবৰ জিয়াৰতৰ সময়ত মৃতসকলৰ বাবে দু‘আ কৰিছিল আৰু নিজে শিক্ষা ও নছিহত গ্ৰহণ কৰিছিল। তেওঁলোকে মৃতসকলৰ বাবে কোৰআন তিলাৱাত কৰা নাছিল। গতিকে প্রমাণিত হল যে, কবৰ জিয়াৰতৰ সময়ত কোৰআন তিলাৱাত কৰা পৰৱৰ্তী আবিষ্কৃত বিদ‘আত। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছে :

    ‏مَنْ أَحْدَثَ فِي أمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ‏‏

    “আমাৰ এই দ্বীনত যিয়ে নতুনত্বৰ আবিষ্কাৰ কৰিব, যিটো ইয়াৰ অন্তৰ্ভূক্ত নহয়, সেইটো প্ৰত্যাখিত।” [বুখাৰী: ২৫১২, মুছলিম: ৩২৪৮]

    দ্বিতীয় ফতোৱা (প্রথম ফতোৱাৰ অৱশিষ্টাংশ)

    প্রশ্ন :

    আমি কিছুমান মুছলিম দেশত প্ৰত্যক্ষ কৰিছো, কোৰআন তিলাৱাতৰ বাবে মানুহ ভাড়া কৰা হয়, কোৰআন তিলাৱাত কৰি বিনিময় লোৱা বৈধনে? বিনিময় প্ৰদানকাৰী ইয়াৰ বাবে গোনাহগাৰ হবনে ?

    উত্তৰ :

    কোৰআন তিলাৱাত এটা খালিছ (বিশুদ্ধ) ইবাদত। মুছলিম সকলে আল্লাহৰ সন্তুষ্টি অৰ্জন আৰু পূণ্যৰ আশাত সেয়া সম্পাদন কৰিব, এই সমূহ ইবাদতৰ মূল নীতিও এইটোৱেই, ইয়াৰ বাবে কাৰো পৰা বিনিময় গ্রহণ কৰা বা কাৰোবাৰ কৃতজ্ঞতা আদায় কৰা নাযাব। ছালাফসকল লগতে আমাৰ আদৰ্শ মনীষী সকলৰ পৰা প্রমাণিত নহয় যে, তেওঁলোকে মৃত ব্যক্তি, অলিমা অথবা আন কোনো অনুষ্ঠানত কোৰআন তিলাৱাতৰ বাবে কাৰোবাক ভাড়া কৰিছিল, অথবা তেওঁলোকে ইয়াৰ নিৰ্দেশ দিছে নাইবা ইয়াৰ অনুমতি প্রদান কৰিছে, অথবা তেওঁলোকৰ কোনোবা কোৰআন তিলাৱাত কৰি বিনিময় গ্রহণ কৰিছে, বৰং তেওঁলোকে আল্লাহৰ ওচৰত ছোৱাবৰ আশাত তিলাৱাত কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে, যি ব্যক্তি কোৰআন তিলাৱাত কৰে, তেওঁ যেন আল্লাহৰ ওচৰত প্রাৰ্থনা কৰে। তেওঁ মানুহৰ ওচৰত প্রাৰ্থনাৰ পৰা সতৰ্ক কৰিছে। ছাহাবী ইমৰান বিন হুছাইনৰ পৰা ইমাম তিৰমিজিয়ে বৰ্ণনা কৰিছে :

    عَنْ عِمْرَان بْنِ حُصَيْنٍ أنَّهُ مَرَّ عَلَى قَاصٍّ يَقْرَأ ثُمَّ سَألَ؛ فَاسْتَرْجَعَ ثُمَّ قَالَ‏:‏ سَمِعْتُ رَسُوْلَ اللهِ ـ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ ـ يَقُوْلُ‏:‏ "مَنْ قَرَأ الْقُرْآنَ فَلْيَسْألِ اللهَ بِهِ، فَإنَّهُ سَيَجِيْءُ أَقْوَامٌ يَقْرَؤُوْنَ الْقُرْآنَ يَسْألُوْنَ بِهِ النَّاسَ"

    ইমৰান বিন হুছাইন এজন গল্পকাৰৰ ওচৰেদি অতিক্রম কৰিলে, যিয়ে (কোৰআন)পাঠ কৰি মানুহৰ ওচৰত প্রাৰ্থনা কৰি আছিল। তেওঁ এই দৃশ্য দেখি ইন্নালিল্লাহ পঢ়িলে। তাৰ পিছত কলে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ :

    “যি ব্যক্তি কোৰআন তিলাৱাত কৰে, সি যেন তাৰ দ্বাৰা আল্লাহৰ ওচৰত প্রাৰ্থনা কৰে, কাৰণ অনতিপলমে এনে এক দলৰ আভিৰ্ভাৱ হব, যিহঁত কোৰআন তিলাৱাত কৰিব আৰু তাৰ দ্বাৰা মানুহৰ ওচৰত প্রাৰ্থনা কৰিব।” [আহমদ : ৪/৪৩২/৪৩৩, ৪৩৬/৪৩৭, ৪৩৯, ৪৪৫, তিৰমিযি : ৫/১৭৯, হাদিছ নং : (২৯১৭), ইবনে আবি শ্বাইবাহ : ১০/৪৮০, তাবৰানি : ১৮/১৬৬/১৬৭, হাদিছ নং : (৩৭০/৩৭৪), বাগাৱী : ৪/৪৪১, হাদিছ নং : (১১৮৩)]

    কিন্তু যি সমূহ ক্ষেত্ৰত তিলাৱাতকাৰীৰ বাহিৰে আনকো কোৰআনৰ উপকাৰিতা লাভ হয়, সেই সমূহ ক্ষেত্ৰত বিনিময় গ্রহণ কৰা বৈধ, যেনে কোৰআন শিক্ষা দিয়া অথবা কোৰআনৰ দ্বাৰা জৰা-ফুঁকা কৰা ইত্যাদি। বিশুদ্ধ সুত্ৰত বৰ্ণিত, ছাহাবী আবু ছাইদ ৰাদ্বিয়াল্লাহু আনহু ছুৰা ফাতিহাৰ দ্বাৰা এক ব্যক্তিক জৰা-ফুঁকা কৰি ছাগলীৰ পাল এটা গ্রহণ কৰিছিল, যি ব্যক্তিক বিষাক্ত কীটে কামুৰিছিল। ছাহাবী ছাহল ৰাদ্বিয়াল্লাহু ‘আনহুৰ বৰ্ণনাত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এজনী ছোৱালীক ব্যক্তি এজনৰ ওচৰত এই চৰ্তত বিয়া দিছিল যে, সি তাইক কোৰআন শিক্ষা দিব যিখিনি সি জানে।

    [আহমদ : (৫/৩৩৬), বুখাৰী : হাদিছ নং : (২৩১০), (৫০২৯), (৫০৩০), (৫০৮৭), (৫১২১), (৫১২৬), (৫১৩২), (৫১৩৫), (৫১৪১), (৫৮৭১), (৭৪১৭)]

    এতেকে, কেৱল তিলাৱাতৰ বিনিময় গ্রহণ কৰা অথবা তিলাৱাতৰ বাবে কোনো দল ভাড়া কৰা আদৰ্শবান মনীষীসকলৰ নীতি আৰু ছুন্নতৰ বিপৰীত।

    দ্বিতীয় : উপদেশ গ্রহণ আৰু আখিৰাত স্মৰণ কৰাৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰ জিয়াৰত কৰিছিল। তেওঁ মুছলমানসকলৰ বাবে দুআ আৰু ইস্তেগফাৰ কৰিছিল, সিহঁতৰ বাবে ‘আফিয়াত বা নিৰাপত্তা প্রাৰ্থনা কৰিছিল। তেওঁ ছাহাবাসকলক শিক্ষা দিছিল, যাতে তেওঁলোকেও কবৰ জিয়াৰত কৰাৰ সময়ত কয় :

    ‏ اَلسَّلَام عَلَيْكُمْ اَهْلَ الدِّيَارِ مِنَ الْمُؤْمِنِيْنَ وَالْمُسْلِمِيْنَ، وَاِنَّا اِنْ شَاءَ اللهُ بِكُمْ لَاحِقُوْنَ، نَسْاَلُ اللهَ لَنَا وَلَكُمْ الْعَافِيَةُ‏

    “হে কবৰবাসী মুমিন ও মুছলিম সকল, তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক, আৰু আমি ইন শ্বা আল্লাহ অনতিপলমে তোমালোকৰ লগত মিলিত হম, আমি আল্লাহৰ ওচৰত আমাৰ বাবে আৰু তোমালোকৰ বাবে নিৰাপত্তাৰ প্রাৰ্থনা কৰিছোঁ।” [ইবনে মাজাহ: ১৫৩৬]

    আমালোকৰ জনা মতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কোৰআন তিলাৱাত কৰি মৃত ব্যক্তিক ঈচালে ছোৱাব কৰা নাছিল। অথচ তেওঁ অধিক কবৰ জিয়াৰত কৰিছিল। মুমিনসকলৰ প্ৰতি তেওঁ অতি দয়ালু আৰু মেহেৰবান আছিল। আল্লাহেই ভাল জানে।

    সূত্র :

    اللجنة الدائمة للبحوث العلمية والافتاء

    [আল-লাজনাতুদ দায়িমাহ লিল বুহুছিল ইলমিয়্যাহ অল ইফতা]

    “ইলমি গৱেষণা আৰু ফতোৱা বিভাগৰ স্থায়ী পৰিষদ”

    সদস্য

    ভাইছ-চেয়াৰম্যান

    চেয়াৰম্যান

    আব্দুল্লাহ ইবন গুদাইয়ান

    আব্দুৰ ৰাজ্জাক আফিফী

    আব্দুল আজিজ ইবন আব্দুল্লাহ ইবন বাজ

    তৃতীয় ফতোৱা

    প্ৰশ্ন :

    কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তি ওচৰত প্ৰেৰণ হয়নে? মৃত ব্যক্তিৰ সন্তান অথবা আন কাৰোবাৰ ফালৰ পৰা নহওক কিয়?

    উত্তৰ :

    আমি জনা মতে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কোৰআন তিলাৱাত কৰি কোনো আত্মীয় বা আন কোনো মৃত ব্যক্তিৰ বাবে ঈচালে ছোৱাব কৰা নাছিল। তিলাৱাতৰ ছোৱাব যদি মৃত ব্যক্তিৰ ওচৰত পৌঁছিলেহেঁতেন অথবা ইয়াৰ দ্বাৰা সি কোনোভাৱে উপকৃত হ’লেহেঁতেন, তেন্তে নিশ্চয় তেওঁ সেইটো কৰিলেহেঁতেন, উম্মতক জনাইদিলেহেঁতেন, যাতে সিহঁতৰ মৃত সকলে উপকৃত হয়। তেখেত আছিল মুমিন সকলৰ প্ৰতি দয়ালু আৰু অনুগ্ৰহশীল। আনহাতে খুলাফায়ে ৰাশ্বিদিন আৰু সকলো ছাহাবায়ে কেৰাম তেখেতৰ যথাযথ অনুসৰণ কৰিছিল, (আল্লাহ তেওঁলোক সকলোৰে প্ৰতি সন্তুষ্ট হওক) আমাৰ জনা মতে তেওঁলোক কোনোৱেই কোৰআন তিলাৱাত কৰি ঈচালে ছোৱাব কৰা নাই। গতিকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ছাহাবা সকলৰ আদৰ্শ অনুসৰণ কৰাটোৱে আমালোকৰ বাবে কল্যাণকৰ। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে :

    ‏اِيَّاكُمْ وَمُحْدَثَاتِ الْاُمُوْرِ فَانَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ، وَكُلَّ بِدْعَةٍ ضَلَالَةٌ‏

    “সাৱধান! তোমালোক(ধৰ্মত) নৱাবিষ্কৃত বস্তুৰ পৰা সতৰ্ক থাকিবা, কাৰণ প্রত্যেক নৱাবিষ্কৃত বস্তু বিদ‘আত, আৰু প্রত্যেক বিদ‘আত পথভ্রষ্টতা।” [আবু দাউদ: ৩৯৯৩]

    তেওঁ আন ঠাইত কৈছে:

    ‏ مَنْ أَحْدَثَ فِي أمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ‏‏

    “যি ব্যক্তি আমাৰ এই চৰীয়তত এনে কোনো বস্তু আবিষ্কাৰ কৰিলে, যিটো ইয়াৰ অন্তৰ্ভুক্ত নহয়, সেইটো প্ৰত্যাখিত।” [বুখাৰী: ২৫১২, মুছলিম: ৩২৪৮]

    সেয়ে আমি কওঁ, মৃত সকলৰ বাবে কোৰআন তিলাৱাত কৰা বা কৰোৱা বৈধ নহয়, ইয়াৰ ছোৱাব সিহঁত নাপায়, বৰং এইটো বিদ‘আত। ইয়াৰ বাহিৰে যিবোৰ ইবাদতৰ ছোৱাব মৃতসকলৰ ওচৰত পৌঁছে বুলি বিশুদ্ধ দলিল আছে সেইবোৰ অৱশ্য গ্রহণীয়। যেনে মৃত ব্যক্তিৰ ফালৰ পৰা ছাদকা আৰু হজ কৰাৰ বিষয়ে বিশুদ্ধ দলিল আছে। আৰু যিবোৰ বিষয়ে কোনো দলিল নাই সেইবোৰ বৈধ নহয়। এতেকে প্ৰমাণিত হল, কোৰআন তিলাৱাত কৰি মৃতসকলৰ প্ৰতি ঈচালে ছোৱাব কৰা বৈধ নহয়, সিহঁতৰ ওচৰত এই ছোৱাব নাপায় গৈ, বৰং এইটো বিদ‘আত। এইটোৱে আলিমসকলৰ বিশুদ্ধ অভিমত। আৰু আল্লাহেই সৰ্বজ্ঞানী।

    সূত্র :

    اللجنة الدائمة للبحوث العلمية والافتاء

    [আল-লাজনাতুদ দায়িমাহ লিল বুহুছিল ইলমিয়্যাহ অল ইফতা]

    “ইলমি গৱেষণা আৰু ফতোৱাৰ স্থায়ী পৰিষদ”

    সদস্য

    ভাইছ-চেয়াৰম্যান

    চেয়াৰম্যান

    আব্দুল্লাহ ইবন গুদাইয়ান

    আব্দুৰ ৰাজ্জাক আফিফী

    আব্দুল আজিজ ইবন আব্দুল্লাহ ইবন বাজ

    সমাপ্ত

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ