ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা

চমু বিৱৰণ

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।

Download

বিস্তাৰিত বিৱৰণী

 ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা

শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

شرح أصول الإيمان

فضيلة الشيخ

 محمد بن صالح العثيمين

 ভূমিকা

সকলো ধৰনৰ প্ৰশংসা আল্লাহৰ বাবে, আমি তেওঁৰেই প্ৰশংসা কৰোঁ আৰু তেওঁৰ ওচৰতেই সহায় বিচাৰো। তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰো আৰু তেওঁৰ ওচৰতেই তাওবা কৰো। সকলো ধৰণৰ বিপৰ্যয় আৰু বেয়া কামৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।  আল্লাহে যাক হিদায়াত প্ৰদান কৰে, তাক কোনেও পথভ্রষ্ট কৰিব নোৱাৰে আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে তাৰ কোনো পথ প্ৰদৰ্শনকাৰী নাই। আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহ তা‘আলাৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশী নাই। আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আল্লাহৰ তৰফৰ পৰা দৰুদ ও চালাম বৰ্ষিত হওঁক তেওঁৰ প্ৰিয় ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰ লগতে ছাহাবায়ে কেৰামৰ ওপৰত আৰু যিসকল তেওঁলোকে দেখুৱা পথৰ সঠিক অনুসাৰী হ’ব তেওঁলোকৰ ওপৰত।

জানি থওক, ইলমে তাওহীদ, অৰ্থাৎ আল্লাহৰ তা‘আলাৰ একত্ববাদ সংক্রান্ত জ্ঞান সৰ্বাপেক্ষা মহৎ আৰু পৱিত্ৰ। কিয়নো, ইলমে তাওহীদ হৈছে আল্লাহ তা‘আলাৰ নাম আৰু গুণাৱলী সম্পৰ্কিত জ্ঞান অৰ্জন কৰা আৰু বান্দাৰ ওপৰত তেওঁৰ অধিকাৰসমূহ সম্পৰ্কে অৱহিত হোৱা। আৰু এইটোৱেই আল্লাহ তা‘আলাৰ সন্তুষ্টি লাভৰ একমাত্ৰ পথ আৰু ইছলামী চৰিয়তৰ মূল ভিত্তি। এই বাবেই গোটেই নবী-ৰাছুলসকলে মানুহক ইয়াৰ প্ৰতি আহ্বান জনাইছিল।

আল্লাহ তা‘আলাই কৈছে,

﴿وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٍ إِلَّا نُوحِيٓ إِلَيۡهِ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدُونِ ٢٥﴾ [الانبياء: ٢٥]

‘‘আমি আপোনাৰ পূৰ্বে যি ৰাছুল প্ৰেৰণ কৰিছো প্ৰত্যককে এই প্ৰত্যাদেশ পঠাইছো যে, মোৰ বাহিৰে আন কোনো সত্য ইলাহ বা উপাস্য নাই। গতিকে তোমালোকে কেৱল মাত্র মোৰেই ইবাদত কৰা।” [আল-আম্বিয়া, আয়াত: ২৫]

এইটো সেই তাওহীদ যাৰ সাক্ষ্য স্বয়ং আল্লাহ তা‘আলা নিজেই দিছে আৰু সাক্ষ্য দিছে তেওঁৰ ফিৰিস্তাসকল লগতে বিদ্বান ব্যক্তি সকলে আৰু এইটোৱেই ঐশী কিতাবসমূহৰ মাজত আল্লাহ তা‘আলা সম্পৰ্কিত সৰ্ববৃহৎ সাক্ষ্য। আল্লাহ তা‘আলাই কৈছে,

﴿شَهِدَ ٱللَّهُ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا هُوَ وَٱلۡمَلَٰٓئِكَةُ وَأُوْلُواْ ٱلۡعِلۡمِ قَآئِمَۢا بِٱلۡقِسۡطِۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ١٨﴾ [ال عمران: ١٨]

‘‘আল্লাহ সাক্ষী দিছে, তেওঁৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই আৰু ফিৰিস্তা সকল আৰু ন্যায়নিষ্ঠ জ্ঞানী সকলেও সাক্ষী দিছে, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই। তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।’’ [ আলে ইমৰান, আয়াত: ১৮]

তাওহীদৰ তাৎপৰ্য আৰু মৰ্যাদা যিহেতু অপৰিসীম, সেয়ে প্ৰত্যেক মুছলিমৰ অপৰিহাৰ্য দায়িত্ব হ’ল, আল্লাহৰ তাওহীদ বা আল্লাহৰ একত্বৰ জ্ঞান অৰ্জন কৰা, আনক সেইটোৰ শিক্ষা প্ৰদান কৰা আৰু তাওহীদ লৈ গৱেষণা আৰু চিন্তা-ভাবনা কৰা। যাতে, সেই প্ৰশান্ত মন লৈ নিজ ধৰ্মক এনে দৃঢ় ভিত্তিৰ ওপৰত স্থাপন কৰে, যাৰ সফলতা আৰু পৰিণাম লৈ সি সুখী হ’ব পাৰে।


 দ্বীন ইছলাম:

ইছলাম সেই মহান দ্বীন বা সত্য ও সঠিক জীৱন বিধান, যিটো প্ৰদান কৰি আল্লাহ তা‘আলাই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰহমাতুল লিল ‘আলামীনৰূপে প্ৰেৰণ কৰিছিল আৰু আল্লাহ তা‘আলাই ইয়াৰ দ্বাৰা সকলো ধৰ্ম ৰহিত কৰি দিছে, তেওঁৰ বান্দা সকলৰ বাবে সেইটো পূৰ্ণ কৰি দিছে আৰু ইয়াৰ মাজতে বান্দা সকলৰ ওপৰত আল্লাহৰ নি‘আমতৰ চুড়ান্ত পৰিপূৰ্ণতাৰ ঘোষণা প্ৰদান কৰিছে আৰু বিশ্বমানৱতাৰ বাবে ইছলামক একমাত্র ধৰ্ম হিচাপে মনোনীত কৰিছে।  তেওঁ কাৰো পৰা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব। আল্লাহ তা‘আলাই কৈছে,

﴿مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّ‍ۧنَۗ﴾ [الاحزاب: ٤٠]

“মুহাম্মদ তোমালোকৰ মাজত কোনো পুৰুষৰেই পিতা নহয়; বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী’’। [আল-আহযাব, আয়াত: ৪০]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ﴾ [المائ‍دة: ٣]

“আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰি দিলো। তোমালোকৰ প্ৰতি মোৰ নিয়ামত সুসম্পূৰ্ণ কৰি দিলো আৰু ইছলামক তোমালোকৰ বাবে একমাত্র ধৰ্ম হিচাপে মনোনীত কৰিলো।”

[আল-মায়িদাহ, আয়াত: ৩]

আল্লাহ তা‘আলাই আন ঠাইত কৈছে,

﴿إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ﴾ [ال عمران: ١٩]

‘‘নিঃসন্দেহে আল্লাহৰ ওচৰত গ্ৰহণযোগ্য ধৰ্ম হৈছে একমাত্র ইছলাম।”

[ আলে ইমৰান, আয়াত, ১৯]

আল্লাহ তাআলাই আৰু কৈছে,

﴿وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينٗا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ ٨٥﴾ [ال عمران: ٨٥]

“যি ব্যক্তি ইছলামৰ বাহিৰে আন কোনো ধৰ্ম অনুসন্ধান কৰে, কদাপিও তাৰ পৰা এইটো গ্ৰহণ কৰা নহ’ব আৰু পৰকালত সি চৰম ক্ষতিগ্ৰস্ত সকলৰ অন্তৰ্ভূক্ত হ’ব।” [আলে ইমৰান, আয়াত: ৮৫]

আল্লাহ তা‘আলাই মানৱ জাতিৰ ওপৰত তেওঁৰ এই মনোনীত ধৰ্ম গ্ৰহণ কৰাটো ফৰয কৰি দিছে। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে,

﴿قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ فَ‍َٔامِنُواْ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِيِّ ٱلۡأُمِّيِّ ٱلَّذِي يُؤۡمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمۡ تَهۡتَدُونَ ١٥٨﴾ [الاعراف: ١٥٨]

(হে নবী) কোৱা, হে মানৱমণ্ডলী, মই তোমালোকৰ সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন সমগ্ৰ আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ জীৱন আৰু মৃত্যু প্ৰদান কৰে। এতেকে তোমালোকে ঈমান আনা আল্লাহৰ ওপৰত, তেওঁৰ প্ৰেৰিত উম্মী নবীৰ ওপৰত, যিজন ঈমান আনিছে আল্লাহ আৰু তেওঁৰ সকলো কথাৰ ওপৰত। তেওঁৰ অনুসৰণ কৰা, যাতে তোমালোক সঠিক সৰল পথ পাব পাৰা।’’

[ আল-আ‘ৰাফ, আয়াত: ১৫৮]

ছহীহ মুছলিমত আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘সেই মহান আল্লাহৰ শপত, যাৰ হাতত মুহাম্মাদৰ জীৱন, এই উম্মতৰ মাজৰ যিয়েই মোৰ আৱিৰ্ভাব সম্পৰ্কে অৱহিত হ’ব, যদিও সি ইয়াহুদি হওঁক বা খ্ৰিষ্টান। যদি সি ইছলাম গ্ৰহণ নকৰাকৈ মৃত্যু বৰণ কৰে সি জাহান্নামত যাব।”

  ৰাছুলৰ প্ৰতি ঈমানৰ অৰ্থ:

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হিদায়ত আৰু শিক্ষা লৈ আহিছে সেই সমূহ বিষয়ক বিশ্বাস সহকাৰে গ্ৰহণ কৰা আৰু তাৰ প্ৰতি অনুগত হোৱা। কেৱল বিশ্বাস কৰাই যথেষ্ট নহয়। এই বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিব ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান অনা বুলি বিবেচিত হোৱা নাছিল অথচ তেওঁ ৰাছুলে যি আনিছে সেয়া সত্য বুলি বিশ্বাস কৰিছিল আৰু সাক্ষ্য দিছিল যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অনা ইছলাম সৰ্বাপেক্ষা উত্তম ধৰ্ম।

  ইছলামৰ মৌলিক বৈশিষ্ট্যাৱলী:

এক: পূৰ্বৱৰ্তী সকলো ধৰ্মৰ কল্যাণসমূহ ইছলামত নিহিত আছে। আন আন ধৰ্মৰ ওপৰত ইছলামৰ প্ৰাধান্যৰ অন্যতম কাৰণ এইটোও যে, ইছলামে স্থান-কাল, জাতি নিৰ্বেশেষে সকলোৰে বাবে উপযোগী। আল্লাহ তা‘আলা নিজেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে,

﴿وَأَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ﴾ [المائ‍دة: ٤٨]

“আৰু আমি আপোনাৰ প্ৰতি সত্যগ্রন্থ অৱতীৰ্ণ কৰিছো যি পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ সত্যায়নকাৰী আৰু সেইবোৰৰ ওপৰত বিচাৰকাৰী হিচাপে’’। [আল-মায়িদাহ, আয়াত: ৪৮]

‘ইছলাম ধৰ্মটো স্থান-কাল, জাতি নিৰ্বিশেষে সকলোৰে বাবে উপযুক্ত’ অৰ্থাৎ ইছলামৰ প্ৰয়োগ বা বাস্তবায়ন কোনো যুগত বা কোনো দেশত জাতীয় স্বাৰ্থৰ পৰিপন্থী নহয়; বৰং ই সকলো জাতিৰ বাবে কল্যাণকৰ আৰু উপযোগী। আকৌ ইয়াৰ অৰ্থ এইটো নহয় যে, ইছলাম প্ৰত্যেক স্থান-কাল আৰু জাতিৰ প্ৰবৃত্তিৰ আনুগত হৈ থাকিব; যেনে কিছুমান লোকে ভাৱে।

দুই: ইছলাম সেই মহান সত্য ধৰ্ম, যদি কোনোৱে ইয়াক সঠিকভাৱে খামুচ মাৰি ধৰে তেন্তে তাৰ প্ৰতি আল্লাহৰ প্ৰতিশ্ৰুতি আছে যে, আল্লাহে তাক সহায় কৰিব আৰু আন সকলো বস্তুৰ ওপৰত তাক জয়যুক্ত কৰিব। আল্লাহ তা‘আলাই কৈছে,

﴿هُوَ ٱلَّذِيٓ أَرۡسَلَ رَسُولَهُۥ بِٱلۡهُدَىٰ وَدِينِ ٱلۡحَقِّ لِيُظۡهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوۡ كَرِهَ ٱلۡمُشۡرِكُونَ ٣٣﴾ [التوبة: ٣٣]

‘‘তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য ধৰ্মসহ প্ৰেৰণ কৰিছে। যাতে ইয়াক আন সকলো ধৰ্মৰ ওপৰত জয়যুক্ত কৰে। যদিও মুশ্বৰিক সকলে এইটো অপছন্দ কৰে।” [আত-তাওবাহ, আয়াত: ৩৩]

তেওঁ আৰু কৈছে,

﴿وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ مِنكُمۡ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَيَسۡتَخۡلِفَنَّهُمۡ فِي ٱلۡأَرۡضِ كَمَا ٱسۡتَخۡلَفَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَلَيُمَكِّنَنَّ لَهُمۡ دِينَهُمُ ٱلَّذِي ٱرۡتَضَىٰ لَهُمۡ وَلَيُبَدِّلَنَّهُم مِّنۢ بَعۡدِ خَوۡفِهِمۡ أَمۡنٗاۚ يَعۡبُدُونَنِي لَا يُشۡرِكُونَ بِي شَيۡ‍ٔٗاۚ وَمَن كَفَرَ بَعۡدَ ذَٰلِكَ فَأُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ ٥٥﴾ [النور: ٥٥]

“তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ তেওঁলোকক অৱশ্যই পৃথিৱীত শাসন কৰ্তৃত্ব প্ৰদান কৰিব। যেনে, তেওঁ শাসনকৰ্তৃত্ব প্ৰদান কৰিছিল তেওঁলোকৰ পূৰ্ববৰ্তীসকলক আৰু তেওঁ নিশ্চয় সূদৃঢ় কৰিব তেওঁলোকৰ ধৰ্মক। যিটো তেওঁ তেওঁলোকৰ বাবে পছন্দ কৰিছে আৰু তেওঁলোকক ভয় ভীতিৰ পৰিবৰ্তে অৱশ্যই শান্তি দান কৰিব। তেওঁলোক মোৰ ইবাদত কৰিব আৰু মোৰ লগত আনক অংশী স্থাপন নকৰিব। ইয়াৰ পিছত যিসকলে অকৃতজ্ঞ হ’ব, সিহঁতেই ফাছিক।’’

[আন-নূৰ, আয়াত: ৫৫]

তিনি: ইছলাম, আক্বীদা আৰু চৰিয়ত উভয়ৰ সমন্বয়ত গঠিত বিষয়ৰ নাম। ইছলাম আক্বীদা আৰু চৰিয়তত স্বয়ংসম্পূৰ্ণ। যেনে,

১। ইছলামে আল্লাহৰ একত্বৰ আদেশ দিয়ে আৰু শ্বিৰ্কৰ পৰা বিৰত ৰাখে।

২। ইছলামে সত্যৰ আদেশ দিয়ে আৰু মিছা কথাৰ পৰা নিষেধ কৰে।

৩। ইছলামে ন্যায় আৰু ইনচাফৰ[1] নিৰ্দেশ দিয়ে আৰু অন্যায় অত্যাচাৰৰ পৰা বিৰত ৰাখে।

৪।  ইছলামে আমানত আদায় দিয়াৰ নিৰ্দেশ দিয়ে আৰু আমানতৰ খিয়ানত কৰাত বাধা প্ৰদান কৰে।

৫। ইছলামে প্ৰতিশ্ৰুতি ৰক্ষাৰ নিৰ্দেশ দিয়ে আৰু প্ৰতিশ্ৰুতি ভঙ্গৰ পৰা বিৰত ৰাখে।

৬। ইছলামে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ আৰু আনুগত্যৰ হুকুম দিয়ে আৰু তেওঁলোকৰ প্ৰতি অবাধ্য আচৰণ কৰাত নিষেধ কৰে।

৭। ইছলামে আত্মীয় স্বজনৰ লগত সুসম্পৰ্ক বজায় ৰখাৰ আদেশ দিয়ে আৰু সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ নিষেধ কৰে।

৮। ইছলামে প্ৰতিবেশীৰ লগত সদ্ব্যৱহাৰৰ নিৰ্দেশ দিয়ে আৰু অসদ্ব্যৱহাৰ কৰাত বাধা দিয়ে।

মূলকথা হ’ল, ইছলামে সৰ্বপ্ৰকাৰ উত্তম চৰিত্ৰৰ আদেশ দিয়ে আৰু যাৱতীয় কু-চৰিত্ৰৰ পৰা বাধা প্ৰদান কৰে। প্ৰতিটো সৎকৰ্মৰ আদেশ দিয়ে আৰু প্ৰতিটো অপকৰ্মৰ পৰা বিৰত ৰাখে।

আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّ ٱللَّهَ يَأۡمُرُ بِٱلۡعَدۡلِ وَٱلۡإِحۡسَٰنِ وَإِيتَآيِٕ ذِي ٱلۡقُرۡبَىٰ وَيَنۡهَىٰ عَنِ ٱلۡفَحۡشَآءِ وَٱلۡمُنكَرِ وَٱلۡبَغۡيِۚ يَعِظُكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ٩٠﴾ [النحل: ٩٠]

“আল্লাহ ন্যায়পৰায়ণতা, সদাচৰণ আৰু আত্মীয় স্বজনক দান কৰাৰ আদেশ দিয়ে আৰু অশ্লীলতা, অসঙ্গত কাম আৰু সীমালংঘন কৰা নিষেধ কৰে; তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। [আন-নাহল আয়াত: ৯০]


 ইছলামৰ ভিত্তিসমূহ

ইছলামৰ ভিত্তি হৈছে পাঁচটা। এইটো আব্দুল্লাহ ইবনে ওমৰ ৰাদিয়াল্লাহু আনহুমা কৰ্তৃক বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা হাদীছত উল্লেখিত আছে। তেখেতে কৈছে, ‘‘ইছলামৰ ভিত্তি পাঁচটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত।  (১) এই কথাৰ সাক্ষী দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা‘বুদ বা উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ প্ৰেৰিত ৰাছুল। (২) চালাত প্ৰতিষ্ঠা কৰা, (৩) যাকাত প্ৰদান কৰা, (৪) ৰমজান মাহৰ ছওম পালন কৰা আৰু (৫) হজ্জ পালন কৰা।’’ ব্যক্তি এজনে হাদীছত বৰ্ণিত ৰুকনসমূহৰ ধাৰাবাহিক বৰ্ণনাত হজ্জক ৰমজানৰ ছওমৰ আগত উল্লেখ কৰাত আব্দুল্লাহ ইবনে ওমৰ ৰাদিয়াল্লাহু আনহুমাই সেয়া অস্বীকাৰ কৰি কয়, ‘ৰমজানৰ ছওম আৰু হজ্জ’ এনেকৈ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছো। (বুখাৰী আৰু মুছলিম, শব্দ সমূহ মুছলিমৰ)

 প্ৰথম ভিত্তি: কালিমাতুশ শ্বাহাদাহ:

شَهَادَةِ أَنْ لا إِلَهَ إِلاَ اللَّهُ وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ

ইয়াৰ অৰ্থ হৈছে, ‘‘এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহ তা‘আলাৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। এই কথা মনে প্ৰাণে দৃঢ় বিশ্বাস কৰা আৰু মৌখিক উচ্চাৰণ কৰা। এনেকৈ সেইটো অন্তৰত দৃঢ় হ’ব যাতে প্ৰত্যক্ষ কৰা যায়। এই বাক্যত একাধিক বিষয় থকা সত্বেও ইয়াক ইছলামৰ এটা ভিত্তি হিচাপে গণ্য কৰা হৈছে; ইয়াৰ কেইবাটাও কাৰণ হ’ব পাৰে:

সম্ভৱত এয়া এই বাবে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ তৰফৰ পৰা তেওঁৰ দ্বীনৰ প্ৰচাৰৰ বাবে তেওঁৰ উবুদিয়্যাত আৰু ৰিছালাত তথা আল্লাহৰ বান্দা আৰু ৰাছুল হোৱাৰ সাক্ষী প্ৰদান -লা ইলাহা ইল্লাল্লাহু -ৰ সাক্ষী প্ৰদানৰ সম্পূৰক বিষয় হিচাপে বিবেচিত হৈছে।

অথবা এই দুটা সাক্ষীয়েই সকলো ইবাদত আৰু সৎকৰ্ম ছহীহ ও বিশুদ্ধ হোৱা আৰু আল্লাহ তা‘আলাৰ ওচৰত সেইটো গ্ৰহণযোগ্য হোৱাৰ পূৰ্বচৰ্ত। কাৰণ কোনো ইবাদত শুদ্ধ ও গ্ৰহণযোগ্য নহয় যেতিয়ালৈকে তাৰ মাজত দুটা চৰ্ত পোৱা নাযায়; (ক) ইখলাছ অৰ্থাৎ শ্বিৰ্কৰ পৰা মুক্ত হৈ একমাত্র আল্লাহ তা‘আলাৰ উদ্দেশ্যে ইবাদত কৰা, (খ) মুতাবা‘আত অৰ্থাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছআল্লামৰ শিক্ষা আৰু পদ্ধতি অনুযায়ী ইবাদত সমূহ সম্পাদন কৰা। এতেকে ইখলাছৰ দ্বাৰা ‘‘লা ইলাহা ইল্লাল্লাহ’’-ৰ সাক্ষ্য বাস্তবায়িত হয় আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম-ৰ পৰিপূৰ্ণ আনুগত্যৰ দ্বাৰা ‘‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’’ৰ সাক্ষ্য বাস্তবায়িত হয়।

 কালিমায়ে শ্বাহাদাতৰ সাক্ষ্য প্ৰদানৰ অন্যতম প্ৰধান ফল হৈছে:

অন্তৰ ও আত্মাক সৃষ্টিৰ দাসত্বৰ পৰা বাহিৰ কৰি আৰু নবী ৰাছুল সকলৰ বাহিৰে আনৰ আনুগত্যৰ পৰা মুক্ত কৰা।

 দ্বিতীয় ভিত্তি: চালাত প্ৰতিষ্ঠা কৰা:

ইয়াৰ অৰ্থ হৈছে: সঠিক পদ্ধতি আৰু পৰিপূৰ্ণভাৱে, নিৰ্দিষ্ট সময়ত আৰু বিশুদ্ধ নিয়মত চালাত আদায়ৰ মাধ্যমত আল্লাহৰ ইবাদত সম্পাদন কৰা।

চালাতৰ অন্যতম ফলাফল হৈছে, ইয়াৰ দ্বাৰা মনৰ প্ৰশান্তি, চকুৰ শীতলতা লাভ আৰু অশ্লীল ও ঘৃণ কামৰ পৰা বিৰত থকা যায়।

 তৃতীয় ভিত্তি: যাকাত প্ৰদান কৰা:

আৰু সেয়া হৈছে যাকাতৰ উপযুক্ত ধন-সম্পদত নিৰ্ধাৰিত পৰিমাণৰ ধন ব্যয়ৰ দ্বাৰা আল্লাহৰ ইবাদত কৰা।

যাকাত প্ৰদানৰ অন্যতম উপকাৰিতা হৈছে, যাকাত প্ৰদানৰ দ্বাৰা কৃপণতাৰ নিচিনা হীন চৰিত্ৰৰ পৰা আত্মাক পৱিত্ৰ কৰা আৰু ইছলাম আৰু মুছলমান সকলৰ অভাৱ পূৰণ কৰা যায়।

 চতুৰ্থ ভিত্তি: ৰমজান মাহৰ চওম বা ৰোজা:

চওম হৈছে ৰমজান মাহত দিনৰ ভাগত কিছুমান কৰ্মৰ পৰা বিৰত থকা যিবোৰে চওম ভঙ্গ কৰে।

চওমৰ অন্যতম উপকাৰিতা: আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ প্ৰত্যাশাত নিজ কামনা-বাসনাৰ বস্তুসমূহ বিসৰ্জনৰ দ্বাৰা আত্মাৰ উৎকৰ্ষ সাধন কৰা।

 পঞ্চম ভিত্তি: হজ্জ পালন কৰা:

ইয়াৰ অৰ্থ হৈছে: হজ্জৰ কামসমূহ পালন কৰাৰ বাবে বায়তুল্লাহৰ উদ্দেশ্যে গমন কৰি আল্লাহ তা‘আলাৰ ইবাদত কৰা।

 হজ্জৰ অন্যতম উপকাৰিতা:

আল্লাহৰ আনুগত্যত নিজৰ শাৰিৰীক আৰু অৰ্থনৈতিক সম্পদ ব্যয় কৰাৰ মাধ্যমত আত্মশুদ্ধিৰ অনুশীলন কৰা। এই বাবেই হজ্জ পালন কৰা আল্লাহৰ পথত এক প্ৰকাৰ জিহাদ হিচাপে পৰিগণিত।

মই ইছলামৰ স্তম্ভসমূহ সম্পৰ্কে ওপৰত যিবোৰ উপকাৰিতাৰ কথা উল্লেখ কৰিছো আৰু যি উল্লেখ কৰা নাই, সেই সকলোবোৰেই জাতিক এনেকৈ পৱিত্র মুছলিম জাতিত পৰিণত কৰিব, যিসকলে আল্লাহৰ বাবে এই সত্য দ্বীন পালন কৰিব, সৃষ্টিজগতৰ লগত ন্যায়পৰায়ণতা আৰু সততাৰ আচৰণ কৰিব। কিয়নো ইছলামী চৰিয়তৰ এই ভিত্তিসমূহ সংশোধন হ’লে চৰিয়তৰ আন আন বিধানবোৰো সংশোধিত হৈ যাব আৰু দ্বীনি উন্নতি যথাযথভাৱে সম্পন্ন হলেই মুছলিম উম্মতৰ সাৰ্বিক অৱস্থা সংশোধিত হৈ যাব। আনহাতে সিহঁতৰ দ্বীনী কৰ্মকাণ্ড যিমান হ্ৰাস পাব সিমানেই সিহঁতৰ অৱস্থাৰ অবনতি ঘটিব।

যিয়ে মোৰ উপৰোক্ত বক্তব্যৰ যথাৰ্থতা পৰখ কৰিব বিচাৰে সি যেন কোৰআনে কাৰীমৰ নিম্নোক্ত আয়াতটো পাঠ কৰে:

﴿وَلَوۡ أَنَّ أَهۡلَ ٱلۡقُرَىٰٓ ءَامَنُواْ وَٱتَّقَوۡاْ لَفَتَحۡنَا عَلَيۡهِم بَرَكَٰتٖ مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ وَلَٰكِن كَذَّبُواْ فَأَخَذۡنَٰهُم بِمَا كَانُواْ يَكۡسِبُونَ ٩٦ أَفَأَمِنَ أَهۡلُ ٱلۡقُرَىٰٓ أَن يَأۡتِيَهُم بَأۡسُنَا بَيَٰتٗا وَهُمۡ نَآئِمُونَ ٩٧ أَوَ أَمِنَ أَهۡلُ ٱلۡقُرَىٰٓ أَن يَأۡتِيَهُم بَأۡسُنَا ضُحٗى وَهُمۡ يَلۡعَبُونَ ٩٨ أَفَأَمِنُواْ مَكۡرَ ٱللَّهِۚ فَلَا يَأۡمَنُ مَكۡرَ ٱللَّهِ إِلَّا ٱلۡقَوۡمُ ٱلۡخَٰسِرُونَ ٩٩ ﴾ [الاعراف: ٩٦،  ٩٩]

“গাওঁৰ অধিবাসীসকলে যদি ঈমান আনিলেহেঁতেন আৰু তাকৱা অবলম্বন কৰিলেহেঁতেন, তেনেহলে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ সকলো কল্যাণৰ দুৱাৰসমূহ খুলি দিলোহেঁতেন। কিন্তু সিহঁতে অবিশ্বাস কৰিলে, ফলত আমি সিহঁতক সিহঁতৰ দুষ্কৰ্মৰ প্ৰতিফল স্বৰূপে সিহঁতক শাস্তি দিলো। জনপদৰ অধিবাসীসকলে নিজকে ইমান নিৰাপদ বুলি ভাবিছিল নেকি যে ৰাতি নিদ্ৰামগ্ন হৈ থাকোতে হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি নাহে বুলি? নে জনপদৰ অধিবাসী সকলে নিশ্চিন্ত হৈ আছে যে, দিনত আমোদ-প্ৰমোদত মত্ত হৈ থাকোতে সিহঁতলৈ আমাৰ শাস্তি নাহিব? সিহঁত আল্লাহৰ পৰিকল্পনাৰ পৰা নিৰ্ভয় হৈছে নেকি? প্ৰকৃততে আল্লাহৰ পৰিকল্পনাৰ পৰা কেৱল সেই সকল লোকেই নিৰ্ভয় হ’ব পাৰে, যিসকলৰ ধ্বংস অনিবাৰ্য’’।

[আল-আ‘ৰাফ, আয়াত: ৯৬-৯৯]

লগতে অতীতৰ লোক সকলৰ ইতিহাসৰ প্ৰতিও সকলোৰে লক্ষ্য কৰা উচিত। কিয়নো, ইতিহাসত আছে বুদ্ধিমান আৰু যিসকলৰ অন্তৰত আবৰণ পৰা নাই তেনে লোক সকলৰ বাবে প্ৰচুৰ জ্ঞান আৰু শিক্ষনীয় বিষয়বস্তু। আল্লাহেই সহায়কাৰী।


 ইছলামী আক্বীদাৰ ভিত্তিসমূহ

ওপৰত উল্লেখ কৰা হৈছে যে, ইছলাম হৈছে আক্বীদা আৰু চৰিয়তৰ সামষ্টিক নাম। ইতিপূৰ্বে ইছলামী চৰিয়তৰ ভিত্তিসমূহৰ বৰ্ণনাও দিয়া হৈছে।

ইছলামী আক্বীদাৰ ভিত্তিসমূহ হৈছেঃ

আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তা সকলৰ ওপৰত, তেওঁৰ কিতাব সমূহৰ ওপৰত, তেওঁৰ ৰাছুল সকলৰ ওপৰত, শেষ দিৱসৰ ওপৰত আৰু ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান স্থাপন কৰা।

উক্ত ভিত্তিসমূহৰ প্ৰমাণ কোৰআনে কাৰীম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহীহ ছুন্নাহত সান্নিবিষ্ট আছে।

যেনে, আল্লাহ তা‘আলা কোৰআনে কাৰীমত কৈছে,

﴿لَّيۡسَ ٱلۡبِرَّ أَن تُوَلُّواْ وُجُوهَكُمۡ قِبَلَ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَلَٰكِنَّ ٱلۡبِرَّ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَٱلۡمَلَٰٓئِكَةِ وَٱلۡكِتَٰبِ وَٱلنَّبِيِّ‍ۧنَ﴾ [البقرة: ١٧٧]

“ তোমালোকে পূৱ বা পশ্চিম পিনে মুখ কৰাটোৱেই পুণ্যৰ কাম নহয়; বৰং সৎকাম হ’ল, যিজনে আল্লাহৰ ওপৰত, কিয়ামতৰ দিৱসৰ ওপৰত, ফিৰিস্তাসকলৰ ওপৰত, ঐশী কিতাবসমূহৰ ওপৰত আৰু সকলো নবীসকলৰ প্ৰতি নিষ্ঠা আৰু আন্তৰিকতাৰে ঈমান আনে।’’ [আল-বাক্বাৰা, আয়াত: ১৭৭]

আৰু তাক্বদীৰ সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّا كُلَّ شَيۡءٍ خَلَقۡنَٰهُ بِقَدَرٖ ٤٩ وَمَآ أَمۡرُنَآ إِلَّا وَٰحِدَةٞ كَلَمۡحِۢ بِٱلۡبَصَرِ ٥٠﴾ [القمر: ٤٩،  ٥٠]

“নিশ্চয় আমি প্ৰত্যেকটো বস্তু পৰিমিতভাৱে একোটিকৈ ভাগ্য দি সৃষ্টি কৰিছো। আমাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আৰু সেয়া চকুৰ পলকতে কাৰ্যকৰী কৰা হয়।’’ [আল-ক্বামাৰ, আয়াত: ৪৯-৫০]

ঠিক এইদৰে প্ৰসিদ্ধ হাদীছে জিব্ৰীলত বৰ্ণিত আছে যে, জিব্ৰীল (আলাইহিচ ছালাম) উপস্থিত হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাহি অছাল্লামক ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম উত্তৰত ক’লে, ‘‘ঈমান হৈছে, তুমি আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু তাক্বদীৰৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান স্থাপন কৰা।” [ছহীহ মুছলিম]

 ঈমানৰ প্ৰথম ভিত্তি হৈছে আল্লাহ তা‘আলাৰ ওপৰত ঈমান

আল্লাহৰ ওপৰত ঈমানৰ মাজত চাৰিটা বিষয় অন্তৰ্ভূক্ত আছে:

এক: আল্লাহ তা‘আলাৰ অস্তিত্বৰ ওপৰত ঈমান: ফিত্বৰত, (স্বাভাৱিক প্ৰকৃতি) যুক্তি আৰু চৰিয়ত আৰু ইন্দ্ৰিয়গ্ৰাহ্য দলীল আটায়ে আল্লাহ তা‘আলাৰ অস্তিত্বৰ প্ৰমাণ কৰে,

 (১) ফিত্বৰত (স্বাভাৱিক প্ৰকৃতি)ৰ আলোকত আল্লাহৰ অস্তিত্ব:

আল্লাহৰ অস্তিত্বৰ ওপৰত ফিত্বৰত তথা স্বাভাৱিক প্ৰকৃতিগত প্ৰমাণ হৈছে, আল্লাহ তা‘আলা সৃষ্টিগতভাৱে প্ৰত্যেক মানুহৰ মাজত চিন্তা আৰু শিক্ষা নোহোৱাকৈ স্ৰষ্টাৰ ওপৰত ঈমান গ্ৰহণৰ যোগ্যতা নিহিত ৰাখিছে। ফিত্বৰতৰ এই দাবীৰ পৰা কোনোৱেই বিমুখ নহয়, যদি তাৰ ওপৰত কোনো ধৰণৰ নিৰোধকাৰী বিষয়ৰ প্ৰতিক্রিয়া পৰা নাই। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

«مَا مِنْ مَوْلُودٍ إِلاَ يُولَدُ عَلَى الْفِطْرَةِ فَأَبَوَاهُ يُهَوِّدَانِهِ أَوْ يُنَصِّرَانِهِ أَوْ يُمَجِّسَانِهِ»

“প্ৰতিজন শিশুৱেই ইছলামী ফিত্বৰতৰ ওপৰত জন্মগ্ৰহণ কৰে; কিন্তু তাৰ পিতৃ-মাতৃয়ে তাক ইয়াহূদী, খ্ৰিস্টান অথবা অগ্নিপূজকত পৰিণত কৰে।’’ [ছহীহ বুখাৰী]

 (২) বিবেক-বুদ্ধি আৰু যুক্তিৰ আলোকত আল্লাহৰ অস্তিত্বৰ প্ৰমাণ:

আদি অন্ত সৃষ্টি-জগতৰ সকলো বস্তু প্ৰমাণ কৰে যে, এই সকলো বস্তুৰ এনে এজন স্ৰষ্টা আছে যিজনে এইবোৰক সৃষ্টি কৰিছে। কিয়নো বিশ্বজগতৰ কোনো বস্তুৱে নিজেই নিজকে অস্তিত্ব প্ৰদান কৰা নাই অথবা এইবোৰ হঠাৎ নিজে নিজেই অস্তিত্ব লাভ কৰা নাই। কোনো বস্তুৰেই নিজে নিজকে অস্তিত্ব দান কৰা কেতিয়াও সম্ভৱ নহয়। কাৰণ, বস্তু এটা কেতিয়াও নিজেই নিজকে সৃষ্টি কৰিব নোৱাৰে। কিয়নো, ই অস্তিত্ব লাভৰ আগত আছিল অস্তিত্বহীন আৰু যি অস্তিত্বহীন আছিল সি কেনেকৈ নিজৰ স্ৰষ্টা হ’ব পাৰে? আকৌ হঠাৎ নিজে নিজেই অস্তিত্ব লাভ কৰাও সম্ভৱ নহয়; কিয়নো প্ৰতিটো ঘটনাৰ যিকোনো এজন ঘটক থাকে। সমগ্ৰ বিশ্ব-জগৎ আৰু ইয়াৰ মাজৰ সকলো ঘটনা- প্ৰবাহ এনে এক অভূতপূৰ্ব নিয়মত আৰু পৰস্পৰৰ লগত সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালিত হৈছে, যাৰ দ্বাৰা প্ৰমাণিত হয় যে, এই বিশ্বজগতৰ হঠাৎ  নিজে নিজেই অভ্যুদয় ঘটা নাই। হঠাৎ ঘটি যোৱা কোনো বস্তুৰ নিয়ম বহিৰ্ভূতভাৱে হৈ থাকে, ইয়াৰ মূল কোনো নিয়ম নাথাকে, তেনেহ’লে এই সৃষ্টি ইমান সুশৃঙ্খলভাৱে দীৰ্ঘ পৰিক্ৰমাত কেনেকৈ ৰৈ আছে? গতিকে সৃষ্টিজগত যেতিয়া নিজকে নিজেই অস্তিত্ব দান কৰিব পৰা নাই আৰু হঠাৎ কৰিও সৃষ্টি হোৱা নাই, তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ’ল যে ইয়াৰ এজন স্ৰষ্টা আছে, যিজন হৈছে সকলো জগতৰ ৰব আল্লাহ।

আল্লাহ তা‘আলাই কোৰআনুল কাৰীমৰ ছুৰা আত্ব-তুৰত এই যুক্তিসঙ্গত দলীল উল্লেখ কৰি কৈছে,

﴿أَمۡ خُلِقُواْ مِنۡ غَيۡرِ شَيۡءٍ أَمۡ هُمُ ٱلۡخَٰلِقُونَ ٣٥ أَمۡ خَلَقُواْ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۚ بَل لَّا يُوقِنُونَ ٣٦ أَمۡ عِندَهُمۡ خَزَآئِنُ رَبِّكَ أَمۡ هُمُ ٱلۡمُصَۜيۡطِرُونَ ٣٧﴾ [الطور: ٣٥،  ٣٧]

‘‘সিহঁত নিজে নিজেই সৃষ্ট হৈছে নেকি, নে সিহঁত নিজেই নিজৰ স্ৰষ্টা? অথবা আকাশমণ্ডল আৰু পৃথিৱী সিহঁতেই সৃষ্টি কৰিছে নেকি? বৰং সিহঁত দৃঢ়ভাৱে বিশ্বাস নকৰে। তোমাৰ পালনকৰ্তাৰ ধন-ভাণ্ডাৰ সিহঁতৰ কবলতে আছে নেকি, নে সিহঁতেই সেইবোৰৰ তত্ত্বাবধায়ক? [আত্ব-তূৰ, আয়াত: ৩৫-৩৭]

সেয়ে জুবাইৰ ইবনুল মুত‘য়িম ৰাদিয়াল্লাহু আনহুয়ে কৈছে, ‘‘ইছলাম গ্ৰহণৰ আগত মই এদিন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মাগৰিবৰ ছালাতত ছুৰা আত্ব-তূৰ পাঠ কৰোতে শুনিছো। তেখেত যেতিয়া উল্লিখিত আয়াতত আহি পালে তেতিয়া জুবাইৰ ৰাদিয়াল্লাহু আনহুয়ে ক’লে, মই ভাবিলো মোৰ অন্তৰ উৰি গ’ল। তেখেতৰ কোৰআন শ্ৰবণৰ এইটোৱে আছিল মোৰ প্ৰথম ঘটনা।” তেওঁ কৈছে, “সেই দিনাই মোৰ অন্তৰত ঈমান স্থান কৰি লৈছিল।’’ (বুখাৰীয়ে ভিন ভিন ঠাইত ইয়াক বৰ্ণনা কৰিছে)

আৰু এটা উদাহৰণেৰে এই যুক্তিটোক আৰু স্পষ্ট ভাৱে অনুধাবন কৰা যায়। যেনে, কোনো এজন ব্যক্তিয়ে যদি আপোনাক এনে এখন ডাঙৰ প্ৰাসাদৰ কথা কয় যাৰ চাৰিওফালে বাগিচা, মাজে মাজে আছে প্ৰবাহমান নদ-নদী আৰু নিজৰা, প্ৰাসাদত আছে ইয়াৰ পূৰ্ণতা দানকাৰী সকলো সৰঞ্জাম আদি। তাৰ পিছত তেওঁ যদি কয় যে, এই প্ৰাসাদ আৰু ইয়াৰ মাজৰ যি পৰিপূৰ্ণতা আছে সকলো বস্তু নিজেই নিজকে সৃষ্টি কৰিছে আকস্মিকভাৱে অস্তিত্ব লাভ কৰিছে। তেতিয়া আপুনি বিনা দ্বিধায় সেয়া অস্বীকাৰ কৰিব, আৰু তেওঁক মিথ্যাবাদী সাব্যস্ত কৰিব বৰং তেওঁৰ কথাক বৰ ডাঙৰ মুৰ্খামী বুলি আখ্যায়িত কৰিব। তেনেহ’লে এই বিশাল আকাশ, পৃথিৱী আৰু এইদুয়োৰ মাজত থকা লাখ-লাখ অনুপম সৃষ্টি নিজেই নিজৰ স্ৰষ্টা বা স্ৰষ্টাবিহীন অস্তিত্ব লাভ কৰিছে নেকি?

 (৩) চৰিয়তৰ আলোকত আল্লাহ তা‘আলাৰ অস্তিত্বৰ প্ৰমাণ:

সকলো ঐশীগ্ৰন্থত আল্লাহৰ অস্তিত্বৰ কথা উল্লেখ কৰা হৈছে আৰু সেই সমূহ গ্ৰন্থত থকা সৃষ্টিজগতৰ কল্যাণ সংবলিত হুকুম আহকামে প্ৰমাণ কৰে যে, এই সকলো বস্তু এনে প্ৰজ্ঞাময় প্ৰতিপালকৰ তৰফৰ পৰা আহিছে যিজন সৃষ্টি জগতৰ সাৰ্বিক কল্যাণ সম্পৰ্কে জ্ঞাত। লগতে সেই সমূহ গ্ৰন্থত সৃষ্টিজগত সম্পৰ্কে যিবোৰ সংবাদ আহিছে আৰু বাস্তৱে যি সত্য বুলি সাক্ষ্য দিছে ই প্ৰমাণ কৰিছে যে, এই সৃষ্টিজগত এনে মহান প্ৰতিপালকৰ তৰফৰ পৰা আহিছে যিজন তেওঁ দিয়া সংবাদ অনুযায়ী অস্তিত্বদানত সক্ষম।

 (৪) ইন্দ্ৰিয় অনুভুতিৰ আলোকত আল্লাহৰ অস্তিত্বৰ প্ৰমাণ:

এই ধৰণৰ প্ৰমাণ আমি দুই ধৰণে দাঙি ধৰিব পাৰি: 

প্ৰথম: আমি শুনি থাকো আৰু দেখো যে, প্ৰাৰ্থনাকাৰী সকলৰ বহুতো প্ৰাৰ্থনা কবুল হৈছে, অসহায় ব্যক্তিসকল বিপদৰ পৰা উদ্ধাৰ হৈছে। ইয়াৰ দ্বাৰা আল্লাহৰ অস্তিত্ব অকাট্যভাৱে প্ৰমাণিত হয়। আল্লাহ তা‘আলাই কৈছে,

﴿وَنُوحًا إِذۡ نَادَىٰ مِن قَبۡلُ فَٱسۡتَجَبۡنَا لَهُۥ فَنَجَّيۡنَٰهُ وَأَهۡلَهُۥ مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ ٧٦﴾ [الانبياء: ٧٦]

“স্মৰণ কৰা নূহক, সি যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিছিলো আৰু তেওঁক তেওঁৰ চৰম বিলাই-বিপত্তিৰ পৰা ত্ৰাণ কৰিছিলো।’’[আল-আম্বিয়া, আয়াত: ৭৬]

আন এক ঠাইত আল্লাহ তা‘আলাই কৈছে,

{إِذْ تَسْتَغِيثُونَ رَبَّكُمْ فَاسْتَجَابَ لَكُمْ }

“স্মৰণ কৰা, তোমালোকে যেতিয়া তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা তেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা কবুল কৰিছিল।” [ আল-আনফাল, আয়াত: ৯]

ছহীহ বুখাৰীত আনাছ ইবন মালিক ৰাদিয়াল্লাহু আনহুয়ে বৰ্ণনা কৰিছে, এদিন ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৎবা প্ৰদানৰ সময় এক বেদুঈন মছজিদত প্ৰৱেশ কৰি ক’লে, হে আল্লাহৰ ৰাছুল! ধন-সম্পদ ধ্বংস হৈ গ’ল। পৰিয়াল ভোকত ক’ক-বকাই আছে। আল্লাহৰ ওচৰত আমাৰ বাবে দু‘আ কৰক। আল্লাহৰ নবী দুই হাত তুলি দু‘আ কৰিলে। ফলত আকাশত পৰ্বত সদৃশ মেঘাচ্ছন্ন হ’ল আৰু আল্লাহৰ ৰাছুল মিম্বাৰৰ পৰা অৱতৰণ কৰাৰ আগতেই বৰষুণ আৰম্ভ হ’ল। আনকি বৰষুণৰ কাৰণে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাড়ীৰ পৰা পানীৰ টোপাল পৰিবলৈ ধৰিলে।

দ্বিতীয় জুমু‘আত সেই বেদুঈন বা আন কোনোবাই আহি ক’লে, হে আল্লাহৰ ৰাছুল! ঘৰ ধংস হ’বলৈ ধৰিছে আৰু ধন-সম্পদ শেষ হ’বলৈ ধৰিছে। আমাৰ বাবে দু‘আ কৰক।

তাৰ পিছত তেখেত দুই হাত তুলি ক’লে, হে আল্লাহ! আমাৰ চাৰিওফালে, (বৰষুণ দিয়া) আমাৰ ওপৰত নহয়। আনকি তেখেত যিফালেই ইঙ্গিত কৰিছিল সেই ফালৰ পৰা মেঘ আঁতৰি গৈছিল।’ [বুখাৰী আৰু মুছলিম]

দু‘আ কবুল হোৱাৰ চৰ্ত পূৰণ কৰি নিষ্ঠাৰ সৈতে আল্লাহৰ ফালে প্ৰত্যাবৰ্তন কৰি দু‘আ কৰিলে এতিয়াও যে দু‘আ কবুল হয় সেয়া দৃশ্যমান প্ৰমাণিত বিষয়।

দ্বিতীয়ত: আল্লাহ তা‘আলা নবী-ৰাছুলসকলৰ দ্বাৰা তেওঁলোকৰ ৰিছালত আৰু নবুওৱাত প্ৰমাণ কৰাৰ বাবে যিবোৰ নিদৰ্শন, যিবোৰক মু‘জিযা বুলি কোৱা হয়, (সাধাৰণৰ সাধ্যাতীত অলৌকিক ঘটনাসমূহ) যিবোৰ মানুহে প্ৰত্যক্ষ কৰিব পাৰে অথবা শুনিব পাৰে, সেই মু’জিযা সমূহ প্ৰকাশক নবী-ৰাছুলসকলৰ প্ৰেৰণকাৰী আল্লাহৰ অস্তিত্বৰ ওপৰত চিৰসত্য প্ৰমাণ। কাৰণ এইবোৰ মানুহৰ ক্ষমতাৰ বাহিৰৰ বিষয়, যিবোৰ আল্লাহ তা‘আলা তেওঁৰ ৰাছুলসকলৰ সাহায্য-সহযোগিতাৰ বাবে সংঘটিত কৰে। তাৰে কেইটিমান উদাহৰণ তলত দাঙি ধৰা হ’ল:

প্ৰথম উদাহৰণ: মুছা আলাইহিছ ছালামৰ নিদৰ্শন, যেতিয়া আল্লাহ তা‘আলা মুছা আলাইহিছ ছালামক নিৰ্দেশ দিলে যে, নিজ লাঠিৰে সাগৰৰ মাজত আঘাত কৰা। মুছা আলাইহিচ ছালামে আঘাত কৰিলে। ফলত, সাগৰৰ মাজত বাৰটা শুকান ৰাস্তা হৈ যায় আৰু দুয়ো পাশে পানী বিশাল পৰ্বতসদৃশ থিয় দিয়ে। আল্লাহ তা‘আলাই কৈছে,

﴿فَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡبَحۡرَۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرۡقٖ كَٱلطَّوۡدِ ٱلۡعَظِيمِ ٦٣﴾ [الشعراء: ٦٣]

“তাৰ পিছত আমি মুছাক আদেশ কৰিলো, তোমাৰ লাখুটিডালেৰে সাগৰক আঘাত কৰা, ফলত সাগৰখন বিদীৰ্ণ (দুছিটা) হৈ গ’ল আৰু প্ৰত্যেক ভাগ বিশাল পৰ্বতসদৃশ হৈ গ’ল।’’ [ আশ-শু‘আৰা, আয়াত: ৬৩]

দ্বিতীয় উদাহৰণ: ঈছা আলাইহিচ ছালামৰ নিদৰ্শন: তেওঁ আল্লাহৰ ইচ্ছাত মৃত ব্যক্তিক জীৱিত কৰিব পাৰিছিল আৰু সিহঁতক কবৰৰ পৰা ওলাই আনিছিল। এই সম্পৰ্কে পৱিত্ৰ কোৰআনত কোৱা হৈছে,

﴿وَأُحۡيِ ٱلۡمَوۡتَىٰ بِإِذۡنِ ٱللَّهِۖ﴾ [ال عمران: ٤٩]

‘‘আৰু মই আল্লাহৰ আদেশত মৃত ব্যক্তিক জীৱিত কৰি দিওঁ।’’ [আলে ইমৰান, আয়াত: ৪৯]

﴿وَإِذۡ تُخۡرِجُ ٱلۡمَوۡتَىٰ بِإِذۡنِيۖ﴾ [المائ‍دة: ١١٠]

“আৰু যেতিয়া তুমি মোৰ আদেশত মৃত ব্যক্তিক ওলাই আনিছিলা।’’ [আল-মায়িদাহ, আয়াত: ১১০]

তৃতীয় উদাহৰণ: নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিদৰ্শন: কুৰাইছ সকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁৰ ৰিছালাতৰ স্বপক্ষে কোনো নিদৰ্শন বিচৰাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম চন্দ্ৰৰ ফালে ইংগিত কৰিলে, ফলত চন্দ্ৰ দ্বিখণ্ডিত হৈ যায় আৰু উপস্থিত সকলোৱে এই ঘটনা অবলোকন কৰে। এই বিষয়ে আল্লাহ তা‘আলাই কৈছে,

﴿ٱقۡتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلۡقَمَرُ ١ وَإِن يَرَوۡاْ ءَايَةٗ يُعۡرِضُواْ وَيَقُولُواْ سِحۡرٞ مُّسۡتَمِرّٞ ٢﴾ [القمر: ١،  ٢]

“কিয়ামত অতি সন্নিকট আৰু চন্দ্ৰটোৱে ফাট মেলিছে। সিহঁতে যদি কোনো নিদৰ্শন দেখে তেতিয়া মুখ ঘুৰাই লয় আৰু কয়, এইটো চিৰাচৰিত এক প্ৰকাৰ যাদু।’’ [আল-ক্বামাৰ, আয়াত: ১-২]

ইন্দ্ৰিয় শক্তিৰ দ্বাৰা অনুধাবন যোগ্য উক্ত নিদৰ্শন আৰু অলৌকিক ঘটনাসমূহ যিবোৰ আল্লাহ তা‘আলা তেওঁৰ ৰাছুলসকলৰ সহায়-সহযোগিতাৰ বাবে ঘটাইছিল, সেইবোৰ আল্লাহৰ অস্তিত্বৰ অকাট্য প্ৰমাণ।

 দুই: আল্লাহ তা‘আলাৰ ৰুবুবিয়্যাতৰ ওপৰত ঈমান:

ইয়াৰ অৰ্থ হৈছে, তেৱেঁই একমাত্ৰ ৰব, তেওঁৰ কোনো অংশী নাই, আৰু নাই কোনো সহায়কাৰী।

ৰব তেৱেঁই যিজন সৃষ্টিকৰ্তা, মালিক আৰু সাৰ্বিক (চৰিয়তগত আৰু পৰিচালনাগত) নিৰ্দেশ প্ৰদানকাৰী। এতেকে আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, তেওঁৰ বাহিৰে আন কোনো মালিক নাই আৰু তেওঁৰ বাহিৰে আন কাৰো নিৰ্দেশো নচলে। আল্লাহ তা‘আলাই কৈছে,

﴿أَلَا لَهُ ٱلۡخَلۡقُ وَٱلۡأَمۡرُۗ﴾ [الاعراف: ٥٤]

“জানি থোৱা, সৃষ্টি আৰু আদেশ প্ৰদানৰ কাম একমাত্ৰ তেওঁৰেই।”

[ আল আ‘ৰাফ, আয়াত: ৫৪]

আল্লাহে আৰু কৈছে,

﴿ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۚ وَٱلَّذِينَ تَدۡعُونَ مِن دُونِهِۦ مَا يَمۡلِكُونَ مِن قِطۡمِيرٍ﴾ [فاطر: ١٣]

“তেৱেঁই আল্লাহ, তোমালোকৰ ৰব, সাম্ৰাজ্য একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে তোমালোকে যিহঁতক আহ্বান কৰা, সিহঁত এটা খেজুৰ গুটিৰ পাতল আৱৰণখনৰো অধিকাৰী নহয়। [ ফাতিৰ, আয়াত: ১৩]

কিছুমান অহংকাৰী, মিছলীয়া, অন্তৰৰ বিশ্বাসৰ পৰা নহয় কেৱল মৌখিক দাবীকাৰী ব্যক্তিৰ বাহিৰে সৃষ্টি জগতৰ কোনেৱেই আল্লাহৰ ৰবুবিয়্যাতক অস্বীকাৰ কৰা নাই। যেনে, ফিৰ‘আউনৰ সময়কালত এয়া ঘটিছিল। সি তাৰ জাতিক ক’লে,

﴿فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ ٢٤﴾ [النازعات: ٢٤]

“সি (ফিৰ‘আউনে) ক’লে, ময়েই তোমালোকৰ সৰ্বোচ্চ ৰব।”

[ আন-নাযি‘আত, আয়াত: ২৪-২৫]

ফিৰ‘আউনে আৰু ক’লে,

﴿ يَٰٓأَيُّهَا ٱلۡمَلَأُ مَا عَلِمۡتُ لَكُم مِّنۡ إِلَٰهٍ غَيۡرِي﴾ [القصص: ٣٨]

“হে পৰিষদবৰ্গ, মোৰ বাহিৰে তোমালোকৰ আন কোনো উপাস্য আছে বুলি মই নাভাবো।” [আল-কাচাচ, আয়াত: ৩৮]

ফিৰ‘আউনে এই কথা অহংকাৰত কৈছিল; কিন্তু তাৰ অন্তৰৰ বিশ্বাস এনেকুৱা নাছিল। যেনে মহান আল্লাহে কৈছে,

﴿وَجَحَدُواْ بِهَا وَٱسۡتَيۡقَنَتۡهَآ أَنفُسُهُمۡ ظُلۡمٗا وَعُلُوّٗاۚ ﴾ [النمل: ١٤]

“সিহঁতে অন্যায় আৰু অহংকাৰৰ ফলত নিদৰ্শনাৱলীক প্ৰত্যাখ্যান কৰিলে। অথচ সিহঁতৰ অন্তৰ এইবোৰ সত্য বুলি বিশ্বাস কৰিছিল।”

[ আন-নামল, আয়াত, ১৪]

ঠিক এইদৰে মুছা আলাইহিছ ছালাম ফিৰ‘আউনক লক্ষ্য কৰি কৈছিল,

﴿لَقَدۡ عَلِمۡتَ مَآ أَنزَلَ هَٰٓؤُلَآءِ إِلَّا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ بَصَآئِرَ وَإِنِّي لَأَظُنُّكَ يَٰفِرۡعَوۡنُ مَثۡبُورٗا ﴾ [الاسراء: ١٠٢]

“তুমি ভালকৈয়ে জানা যে আকাশ আৰু পৃথিৱীৰ পালনকৰ্তাই এইবোৰ নিদৰ্শনাৱলী প্ৰত্যক্ষ প্ৰমাণস্বৰূপ নাযিল কৰিছে। হে ফিৰ‘আউন, মোৰ ধাৰণাত তুমি ধ্বংসৰ পথত গতি কৰিছা।” [ বনী-ইছৰাঈল, আয়াত: ১০২]

আৰু সেয়ে আমি দেখিবলৈ পাওঁ সেই সময়ৰ আৰবৰ মুশ্বৰিকসকলেও আল্লাহৰ উলূহিয়্যাত বা ইবাদতত শ্বিৰ্ক কৰা সত্বেও তেওঁৰ ৰুবুবিয়্যাতক স্বীকাৰ কৰিছিল। আল্লাহ তা‘আলাই কৈছে,

﴿قُل لِّمَنِ ٱلۡأَرۡضُ وَمَن فِيهَآ إِن كُنتُمۡ تَعۡلَمُونَ ٨٤ سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَذَكَّرُونَ ٨٥ قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ ٱلسَّبۡعِ وَرَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ ٨٦ سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَتَّقُونَ ٨٧ قُلۡ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَيۡءٖ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيۡهِ إِن كُنتُمۡ تَعۡلَمُونَ ٨٨ سَيَقُولُونَ لِلَّهِۚ قُلۡ فَأَنَّىٰ تُسۡحَرُونَ ٨٩﴾ [المؤمنون: ٨٤،  ٨٩]

“কোৱা, পৃথিৱী আৰু ইয়াত থকা অধিবাসীবিলাক কাৰ? যদি তোমালোকে জানা কোৱাচোন। সিহঁতে নিশ্চয় ক’ব, সকলো আল্লাহৰ। কোৱা, তথাপিও কি তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?। কোৱা, সপ্ত আকাশ আৰু মহা-‘আৰশ্বৰ অধিপতি কোন? নিশ্চয় সিহঁতে ক’ব, আল্লাহ। কোৱা, তথাপিও তোমালোকে তাকওৱা অবলম্বন নকৰিবা নে? কোৱা, তোমালোকে যদি জানা তেনেহ’লে কোৱাচোন, কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব, যিজনে ৰক্ষা কৰে আৰু যাৰ কবলৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে? তেতিয়া সিহঁতে ক’ব, আল্লাহ। কোৱা, তনেহ’লে কেনেকৈ তোমালোক বিভ্ৰান্ত হ’লা? [আল-মু’মিনূন, আয়াত: ৮৪-৮৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ خَلَقَهُنَّ ٱلۡعَزِيزُ ٱلۡعَلِيمُ ٩﴾ [الزخرف: ٩]

‘‘(হে ৰাছুল) আপুনি যদি সিহঁতক সোধে, কোনে আকাশমণ্ডলী আৰু পৃথিৱী সৃষ্টি কৰিছে, তেন্তে অৱশ্যই সিহঁতে ক’ব, পৰাক্ৰান্ত সৰ্বজ্ঞ আল্লাহে সৃষ্টি কৰিছে।” [আয-যুখৰুফ, আয়াত: ৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ ٨٧﴾ [الزخرف: ٨٧]          

“আপুনি যদি সিহঁতক সোধে, কোনে সিহঁতক সৃষ্টি কৰিছে, তেন্তে অৱশ্যই সিহঁতে ক’ব, আল্লাহে। এতেকে সিহঁত ক’লৈ উভতিছে?”

[ আয-যুখৰুফ, আয়াত: ৮৭]

আৰু ‘আল্লাহৰ আদেশ’ এই কথাষাৰ তেওঁৰ সৃষ্টিগত আৰু চৰিয়ত সংশ্লিষ্ট উভয় প্ৰকাৰ বিষয়াদি চামিল কৰে। তেওঁ যেনেকৈ তেওঁৰ হিকমতানুসাৰে সৃষ্টিজগতত যি ইচ্ছা তাৰ সিদ্ধান্ত গ্ৰহণকাৰী আৰু ব্যৱস্থাপক, তেনেকৈ তেওঁ তেওঁৰ হিকমতানুযায়ী যাৱতীয় আইন, বিধি-বিধান আৰু ইবাদত ও পাৰস্পাৰিক লেনদেনৰ হুকুম ৰচনাৰ একচ্ছত্ৰ অধিকাৰী। এতেকে, যদি কোনো ব্যক্তি আল্লাহৰ লগত আন কোনোবাক ইবাদতৰ বিধান প্ৰদানকাৰী অথবা লেন-দেনৰ হুকুমদাতা হিচাপে গ্ৰহণ কৰে তেনেহ’লে সি আল্লাহৰ লগত অংশী কৰিলে আৰু ঈমান বাস্তবায়ণ নকৰিলে।

 তিনি: আল্লাহৰ উলূহিয়্যাতৰ প্ৰতি ঈমান:

ইয়াৰ অৰ্থ হৈছে, এই কথা স্বীকাৰ কৰা যে, একমাত্ৰ আল্লাহ তা‘আলাই প্ৰকৃত মা‘বুদ বা উপাস্য, ইয়াত আন কোনেও তেওঁৰ অংশী নহয়।

আৰু ‘‘ইলাহ’’ শব্দটো মালূহ শব্দৰ অৰ্থত। যাৰ অৰ্থ মা‘বুদ। অৰ্থাৎ সেই উপাস্য যাক পূৰ্ণ মুহাব্বত আৰু পূৰ্ণ সন্মানৰ সৈতে ইবাদত বা দাসত্ব কৰা হয়। আল্লাহ তা‘আলাই কৈছে,

﴿وَإِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ لَّآ إِلَٰهَ إِلَّا هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ ١٦٣﴾ [البقرة: ١٦٣]

“আৰু তোমালোকৰ উপাস্য একমাত্র এজনেই উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই, তেওঁ মহা কৰুণাময় দয়ালু।”

[ আল-বাক্বাৰা, আয়াত: ১৬৩]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿شَهِدَ ٱللَّهُ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا هُوَ وَٱلۡمَلَٰٓئِكَةُ وَأُوْلُواْ ٱلۡعِلۡمِ قَآئِمَۢا بِٱلۡقِسۡطِۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ١٨﴾ [ال عمران: ١٨]

“আল্লাহে সাক্ষ্য দিছে, তেওঁৰ বাহিৰে প্ৰকৃত কোনো মা‘বুদ নাই আৰু ফিৰিস্তাসকলে, ন্যায়নিষ্ট জ্ঞানীসকলেও সাক্ষ্য দিছে যে, তেওঁৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই। তেওঁ পৰাক্ৰান্ত প্ৰজ্ঞাময়।” [আলে ইমৰান, আয়াত: ১৮]

গতিকে আল্লাহৰ বাহিৰে আন কাৰোবাক উপাস্যৰূপে গ্ৰহণ কৰি তাৰ ইবাদত কৰিলে তাৰ সেই উপাস্যৰূপে গ্ৰহণ বাতিল বুলি বিবেচিত হ’ব।

আল্লাহ তা‘আলাই পৱিত্র কোৰআনত কৈছে,

﴿ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّ مَا يَدۡعُونَ مِن دُونِهِۦ هُوَ ٱلۡبَٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ٦٢﴾ [الحج: ٦٢]

“এয়া এই বাবে যে, নিশ্চয় আল্লাহ পৰম সত্য আৰু তেওঁৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সেই সকলোবোৰ অসত্য, আৰু নিশ্চয় আল্লাহ তেৱেঁই হৈছে অতি মহান সৰ্বশ্ৰেষ্ঠ।” [ আল-হজ্জ, আয়াত: ৬২]

(আল্লাহৰ বাহিৰে যিসকলক উপাসনা কৰা হয়) সেইবোৰক মা‘বুদ বুলি নাম ৰাখিলেই সেয়া সত্য উপাস্যৰ মৰ্যাদাত কেতিয়াও উপনীত হ’ব নোৱাৰে; বৰং কেৱল নাম মাত্ৰহে। যেনে, আল্লাহ তা‘আলাই পৱিত্ৰ কোৰআনত লাত, মানাত, উজ্জা ইত্যাদি সম্পৰ্কে কৈছে,

﴿إِنۡ هِيَ إِلَّآ أَسۡمَآءٞ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ﴾ [النجم: ٢٣]

“এইবোৰ কেৱল কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পূৰ্ব-পুৰুষসকলে ৰাখিছা। ইয়াৰ সমৰ্থনত আল্লাহে কোনো দলীল অৱতীৰ্ণ কৰা নাই।”[2]

[আন-নাজম, আয়াত: ২৩]

এইদৰে ইউছুফ (আলাইহিচ ছালাম) তেওঁৰ কাৰাগাৰৰ সঙ্গীসকলক কৈছিল,

﴿يَٰصَٰحِبَيِ ٱلسِّجۡنِ ءَأَرۡبَابٞ مُّتَفَرِّقُونَ خَيۡرٌ أَمِ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ ٣٩ مَا تَعۡبُدُونَ مِن دُونِهِۦٓ إِلَّآ أَسۡمَآءٗ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ﴾ [يوسف: ٣٩،  ٤٠]

“হে বন্দীশালৰ সংগীদ্বয়! পৃথক পৃথক বহু উপাস্য ভাল নে পৰাক্ৰমশালী এজন আল্লাহেই ভাল? তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা সেইবোৰ কেৱল কিছুমান নামহে, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পৰুষসকলে ৰাখিছা। আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই।” [ ইউছুফ, আয়াত: ৩৯-৪০]

সেয়ে সকলো নবী ৰাছুলসকলে তেওঁলোকৰ নিজ নিজ জাতিক কৈছিল,

﴿ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُ﴾ [الاعراف: ٥٩]

“তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো প্ৰকৃত মা‘বুদ বা উপাস্য নাই।

[ আল-আ‘ৰাফ: ৫৯]

কিন্তু যুগে যুগে মুশ্বৰিকসকলে এই দাওৱাত প্ৰত্যাখ্যান কৰিছে আৰু বিভিন্ন ধৰণৰ বাতিল উপাস্যক আল্লাহৰ লগত অংশী কৰি সেইবোৰৰ উপাসনা কৰিছে। সিহঁতৰ ওচৰত সহায় কামনা কৰিছে আৰু সিহঁতৰ ওচৰত ফৰিয়াদ কৰিছে।

  আল্লাহ তা‘আলাই মুশ্বৰিকসকলৰ এই প্ৰকাৰ উপাস্য গ্ৰহণৰ বিষয়ক দুটা যুক্তিৰে খণ্ডন কৰিছে:

প্ৰথম: যিসকলক সিহঁতে মা‘বুদ সাব্যস্ত কৰি লৈছে সিহঁতৰ মাজত উপাস্যগত কোনো গুণ নাই। সিহঁত সামান্যতম শক্তি আৰু ক্ষমতাৰো অধিকাৰী নহয়। যেনে, সিহঁতে কোনো এটা বস্তুও সৃষ্টি কৰা নাই; বৰং সিহঁত নিজেই সৃষ্টি। আনহাতে সেইবোৰ মা‘বুদ সিহঁতৰ পুজাৰীসকলৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰে, আৰু সিহঁতৰ কোনো মুছিবত দূৰ কৰিবও নোৱাৰে আৰু সিহঁতৰ জীৱন, মৰণ আৰু পুনৰুজ্জীৱনৰো সিহঁত মালিক নহয়। আকাশ, পৃথিৱীৰো কোনো বস্তুৰ মালিক নহয় আৰু ইয়াত সিহঁতৰ কোনো অংশও নাই।

আল্লাহ তা‘আলাই কৈছে,

﴿وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡ‍ٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا ٣﴾ [الفرقان: ٣]

‘‘সিহঁতে আল্লাহৰ পৰিবৰ্তে বহু উপাস্য গ্ৰহণ কৰিছে যিসকলে একোৱেই সৃষ্টি কৰিব নোৱাৰে বৰং সিহঁত নিজেই সৃষ্ট আৰু সিহঁত নিজৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, আৰু জীৱন, মৰণ ও পুনৰুজ্জীৱনৰো সিহঁত মালিক নহয়।’’

[ আল-ফুৰকান, আয়াত: ৩]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿قُلِ ٱدۡعُواْ ٱلَّذِينَ زَعَمۡتُم مِّن دُونِ ٱللَّهِ لَا يَمۡلِكُونَ مِثۡقَالَ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَمَا لَهُمۡ فِيهِمَا مِن شِرۡكٖ وَمَا لَهُۥ مِنۡهُم مِّن ظَهِيرٖ ٢٢ وَلَا تَنفَعُ ٱلشَّفَٰعَةُ عِندَهُۥٓ إِلَّا لِمَنۡ أَذِنَ لَهُ﴾ [سبا: ٢٢،  ٢٣]

“কোৱা, আল্লাহৰ বাহিৰে যিবিলাকক তোমালোকে নিজৰ উপাস্য বুলি গণ্য কৰিছা সিহঁতক মাতা। সিহঁত আকাশমণ্ডল আৰু ভু-মণ্ডলৰ অণু পৰিমাণ কোনো বস্তুৰো মালিক নহয়। ইয়াত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ কোনোৱে আল্লাহৰ সহায়কো নহয়। আল্লাহৰ ওচৰত কাৰো বাবেই ছুপাৰিছ ফলপ্ৰসু নহ’ব; কিন্তু যাৰ বাবে অনুমতি দিয়া হ’ব তেওঁৰ কথা সুকীয়া।’’ [ ছাবা, আয়াত: ২২-২৩]

আল্লাহ তা‘আলাই কৈছে,

﴿أَيُشۡرِكُونَ مَا لَا يَخۡلُقُ شَيۡ‍ٔٗا وَهُمۡ يُخۡلَقُونَ ١٩١ وَلَا يَسۡتَطِيعُونَ لَهُمۡ نَصۡرٗا وَلَآ أَنفُسَهُمۡ يَنصُرُونَ ١٩٢﴾ [الاعراف: ١٩١،  ١٩٢]

“সিহঁতে এনেবিলাকক অংশী সাব্যস্ত কৰেনে, যিবিলাকে একোৱেই সৃষ্টি কৰিব নোৱাৰে? বৰং সিহঁতক সৃষ্টি কৰা হৈছে। যিবিলাকে আনকো  সাহায্য কৰিব নোৱাৰে, আৰু সিহঁতে নিজকে নিজেও সহায় কৰিব নোৱাৰে।’’ [ আল-আ‘ৰাফ, আয়াত: ১৯১-১৯২]

আৰু যেতিয়া এই বাতিল উপাস্যসকলৰ এনেকুৱা অসহায় অৱস্থা, তেতিয়া সিহঁতক উপাস্য নিৰ্ধাৰণ কৰা চৰম মুৰ্খামী আৰু বাতিল কৰ্মৰ বাহিৰে আন একো নহয়।

দ্বিতীয়: যেতিয়া মুশ্বৰিকসকলে স্বীকাৰ কৰে যে এই নিখিল বিশ্বৰ ৰব ও স্ৰষ্টা একমাত্র আল্লাহ তা‘আলা, যাৰ হাতত সকলো বস্তুৰ ক্ষমতা, যিজনে আশ্ৰয় দান কৰে, তাৰ ওপৰত কোনো আশ্ৰয়দানকাৰী নাই; তেতিয়া সিহঁতৰ বাবে অনিবাৰ্য হৈ উঠে এই বিষয় স্বীকাৰ কৰা যে, একমাত্র মহান আল্লাহ তা‘আলাই সৰ্বপ্ৰকাৰ ইবাদত বা উপাসনাৰ অধিকাৰী, যেনেকৈ সিহঁতে স্বীকাৰ কৰে যে, আল্লাহ তা‘আলা ৰুবুবিয়্যাতত একক আৰু অদ্বিতীয়, ইয়াত তেওঁৰ কোনো অংশী নাই। আল্লাহ তা‘আলাই কৈছে,

﴿يَٰٓأَيُّهَا ٱلنَّاسُ ٱعۡبُدُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُمۡ وَٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ ٢١ ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ فِرَٰشٗا وَٱلسَّمَآءَ بِنَآءٗ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزۡقٗا لَّكُمۡۖ فَلَا تَجۡعَلُواْ لِلَّهِ أَندَادٗا وَأَنتُمۡ تَعۡلَمُونَ ٢٢﴾ [البقرة: ٢١،  ٢٢]

“হে মানৱসম্প্ৰদায়! তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্ববৰ্তীসকলক সৃষ্টি কৰিছে। যাতে তোমালোক তাকৱাৰ অধিকাৰী হ’ব পাৰা। যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যা কৰি দিছে আৰু আকাশখনক চাল কৰি দিছে আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে সেই পানীৰে তোমালোকৰ বাবে ফলমূল উৎপাদন কৰি তোমালোকৰ বাবে খাদ্যৰ যোগান ধৰিছে। এতেকে তোমোলোকে আল্লাহৰ লগত আনক সমকক্ষ নকৰিবা আৰু যিহেতু তোমালোকে এইবোৰ কথা নিশ্চিতভাৱে জানা।” [ আল-বাক্বাৰাহ, আয়াত: ২১-২২]

আল্লাহ তাআলাই আৰু কৈছে,

﴿وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ ٨٧﴾ [الزخرف: ٨٧]

“যদি আপুনি সিহঁতক সোধে, কোনে তোমালোকক সৃষ্টি কৰিছে, তেতিয়া অৱশ্যই সিহঁতে ক’ব, আল্লাহ। এতেকে সিহঁত ক’লৈ উভতিছে?”

[ আয-যুখৰুফ, আয়াত: ৮৭]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ أَمَّن يَمۡلِكُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَمَن يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَمَن يُدَبِّرُ ٱلۡأَمۡرَۚ فَسَيَقُولُونَ ٱللَّهُۚ فَقُلۡ أَفَلَا تَتَّقُونَ ٣١ فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلۡحَقُّۖ فَمَاذَا بَعۡدَ ٱلۡحَقِّ إِلَّا ٱلضَّلَٰلُۖ فَأَنَّىٰ تُصۡرَفُونَ ٣٢ ﴾ [يونس: ٣١،  ٣٢]

“কোৱা, কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? অথবা কোন সেইজন, যিজন শ্ৰবণশক্তি আৰু দৃষ্টিশক্তিৰ মালিক? কোনে নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায় আৰু কোনে সজীৱৰ পৰা নিৰ্জীৱ? আৰু কোনে যাৱতীয় বিষয়ৰ নিয়ন্ত্ৰন কৰে? তেতিয়া সিহঁতে নিশ্চয় ক’ব, আল্লাহ। তেতিয়া তুমি কোৱা, তেনেহ’লে তোমালোকে কিয় তেওঁক ভয় নকৰা? অথচ, এই আল্লাহেই তোমালোকৰ প্ৰকৃত প্ৰতিপালক। মহাসত্যৰ পিছত ভ্ৰান্তিৰ বাহিৰে আৰু নো কি থাকিব পাৰে? পিছে তোমালোকক কোন ফালে আতঁৰাই নিয়া হৈছে?”

[ ইউনুছ, আয়াত: ৩১-৩২]

 চাৰি: আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীৰ ওপৰত ঈমান:

আল্লাহ তা‘আলাৰ প্ৰতি ঈমানৰ চতুৰ্থ দিশ হ’ল, তেওঁ তেওঁৰ বাবে তেওঁৰ কিতাবত যিবোৰ নাম উল্লেখ কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছ দ্বাৰা তেওঁৰ সৰ্ব সুন্দৰ নামসমূহ আৰু তেওঁৰ মহৎ গুণৰাজি যিভাৱে সাব্যস্ত কৰা হৈছে ঠিক সেই ভাৱে কোনো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন অস্বীকৃতি আৰু উপমা-সাদৃশ্য আৰোপ ব্যতীত আৰু কোনো ধৰণ-গঠন নিৰ্ণয় নকৰি যিভাৱে আল্লাহৰ বাবে প্ৰযোজ্য সেইভাৱে সাব্যস্ত কৰা। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿وَلِلَّهِ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰ فَٱدۡعُوهُ بِهَاۖ وَذَرُواْ ٱلَّذِينَ يُلۡحِدُونَ فِيٓ أَسۡمَٰٓئِهِۦۚ سَيُجۡزَوۡنَ مَا كَانُواْ يَعۡمَلُونَ ١٨٠﴾ [الاعراف: ١٨٠]

“আৰু আল্লাহৰ বাবে আছে সৰ্বোত্তম নামসমূহ। এতেকে তোমালোকে সেই নাম লৈ তেওঁক মাতা, আৰু সিহঁতক বৰ্জন কৰা, যিহঁতে তেওঁৰ নামত বিকৃতি সাধন কৰে। সিহঁতে নিজৰ কৃতকৰ্মৰ ফল অতিশীঘ্রেই পাব।” [ আল-আ‘ৰাফ, আয়াত: ১৮০]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَهُ ٱلۡمَثَلُ ٱلۡأَعۡلَىٰ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ﴾ [الروم: ٢٧]

“আকাশ আৰু পৃথিৱীত সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ গুণ তেওঁৰেই আৰু তেওঁ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময়।’’ [ আৰ-ৰূম: ২৭]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ﴾ [الشورا: ١١]

“তেওঁৰ অনুৰূপ একোৱেই নাই, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।’’

[ আশ-শ্বুৰা, আয়াত: ১১]

 আল্লাহ তা‘আলাৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত দুটা দল পথভ্ৰষ্ট হৈছে:

প্ৰথম দল: আল-মু‘আত্তিলাহ: যিসকলে আল্লাহ তা‘আলাৰ সকলো নাম বা কোনো কোনো নাম আৰু গুণাৱলীক অস্বীকাৰ কৰে, সিহঁতৰ ধাৰণা যে আল্লাহৰ বাবে গুণাৱলী প্ৰতিষ্ঠা কৰিলে আল্লাহক তেওঁৰ সৃষ্টিৰ লগত সাদৃশ্য বা সমতুল্য কৰা অনিবাৰ্য হৈ পৰে। প্ৰকৃততে সিহঁতৰ এই ধাৰণা কেইবাটাও কাৰণে বাতিল:

১। যদি আল্লাহৰ নাম আৰু গুণাৱলী নাই বুলি কোৱা হয় তেনেহ’লে এই ক্ষেত্ৰত কিছুমান বাতিল কথা মানা অপৰিহাৰ্য হৈ পৰে। যেনে মহান আল্লাহৰ কথাৰ মাজত স্ববিৰোধিতা আহি যায়। কাৰণ, আল্লাহ তা‘আলা নিজেই তেওঁৰ নাম আৰু গুণাৱলী আছে বুলি আমাক জনাইছে আৰু তাত তেওঁৰ কোনো সদৃশ বা সমতুল্য নাই বুলিও ঘোষণা দিছে। এতিয়া যদি আল্লাহৰ বাবে গুণাৱলী প্ৰতিষ্ঠা কৰিলে আল্লাহক তেওঁৰ সৃষ্টিৰ লগত সাদৃশ্য বা সমতুল্য কৰা হয় বুলি ভবা হয় তেন্তে আল্লাহৰ কথাকেই সাংঘর্ষিক বুলি কোৱা হ’ব; আৰু তেওঁৰ বাণীৰ একাংশক আন অংশৰ প্ৰতি মিথ্যাৰোপ কৰা হ’ব।

২। যিকোনো দুটা বস্তু নাম বা গুণত অভিন্ন হলেও উভয় বস্তুৰ সাৰ্বিক দিশেৰে সদৃশ হোৱাটো আৱশ্যক নহয়। আপুনি দেখিব পাৰে, দুজন ব্যক্তি মানুহ হোৱা সত্ত্বেও, শ্ৰবণ, দৃষ্টি আৰু বাকশক্তিৰ অধিকাৰী হোৱা সত্ত্বেও মানবিক গুণ, শ্ৰবণ শক্তি, দৃষ্টিশক্তি আৰু বাকশক্তিৰ দিশেৰে সিহঁত কেতিয়াও সমান নহয়।

ঠিক এইদৰে আপুনি দেখিব, সকলো জন্তুৰ হাত, ভৰি আৰু চকু আছে, কিন্তু নাম এক হোৱা সত্ত্বেও সিহঁতৰ হাত, ভৰি আৰু চকু এক নহয়।

গতিকে যদি সৃষ্টিৰ মাজত নাম আৰু গুণাৱলীৰ অভিন্নতা থকা সত্ত্বেও এনেকৈ পাৰ্থক্য পৰিলক্ষিত হয়, তেনেহ’লে স্ৰষ্টা আৰু সৃষ্টিৰ মাজত অধিকতৰ স্পষ্ট আৰু ডাঙৰ পাৰ্থক্য আৰু ভিন্নতা থকাই বেছি স্বাভাৱিক।

দ্বিতীয় দল: আল মুশ্বাব্বিহা: এই দলটো আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলী আছে বুলি বিশ্বাস কৰে, কিন্তু লগতে সিহঁতে আল্লাহৰ গুণাৱলীক সৃষ্টিৰ গুণাৱলীৰ লগত সাদৃশ্য বুলি বিশ্বাস কৰে। সিহঁতৰ যুক্তি হ’ল যে, কোৰআন আৰু ছুন্নাহৰ উদ্ধৃতিৰ পৰা এইটোৱেই বুজা যায়। কিয়নো, আল্লাহ তা‘আলা তেওঁৰ বান্দাসকলক তেওঁৰ গুণাৱলীৰ বিষয়ে সিহঁতৰ বোধগম্য ভাষাতেই সম্বোধন কৰিছে। বস্তুত সিহঁতৰ এই ধৰনৰ বিশ্বাস ভিত্তিহীন আৰু কেইবাটাও কাৰণে বাতিল:

১। যুক্তি আৰু চৰিয়তৰ আলোকত পৰ্য্যবেক্ষণ কৰিলে উপলব্দি কৰা যায় যে, মহান ৰাব্বুল আলামীন কেতিয়াও সৃষ্টিৰ সদৃশ হ’ব নোৱাৰে। কোৰআন আৰু ছুন্নাহৰ দাবী কোনো বাতিল বিষয় হোৱাও সম্ভব নহয়।

২। আল্লাহ তা‘আলা যদিও এনে ভাষা আৰু শব্দৰে তেওঁৰ বান্দাসকলক সম্বোধন কৰিছে, যিবোৰ মৌলিক অৰ্থগত দিশেৰে সিহঁতৰ বোধগম্য’ কিন্তু তেওঁৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত সেইবোৰৰ প্ৰকৃত অৱস্থা আৰু আচল তত্ত্বৰ বিষয়ে আল্লাহ তা‘আলা কাকো অৱহিত কৰা নাই; বৰং আল্লাহ তা‘আলা নিজ সত্ত্বা আৰু গুণাৱলী সম্পৰ্কিত বিষয়ৰ প্ৰকৃত জ্ঞানক নিজৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে।

উদাহৰণস্বৰূপে ক’ব পাৰি, আল্লাহ তা‘আলা তেওঁ নিজকে ‘‘আচ-ছামী‘’’ বা ‘সৰ্বশ্ৰোতা’ নামে বিশেষিত কৰিছে। শ্ৰবণৰ অৰ্থটো আমাৰ বোধগম্য (শব্দ পোৱা) কিন্তু আল্লাহ তা‘আলাৰ শ্ৰবণ গুণৰ মূল তত্ত্ব আমাৰ জনা নাই। কিয়নো, শ্ৰবণশক্তিৰ দিশৰ পৰা সৃষ্টিও সমান নহয়, সেয়ে স্ৰষ্টা আৰু সৃষ্টিৰ মাজত এই ক্ষেত্ৰত অধিকতৰ পাৰ্থক্য থকাটোৱে স্বাভাৱিক।

অনুৰূপভাৱে যেতিয়া আল্লাহ তা‘আলাই কৈছে যে, তেওঁ ‘আৰশ্বৰ ওপৰত বিৰাজমান, তেতিয়া ‘ওপৰত উঠা’ৰ বিষয়টো অৰ্থগত দিশেৰে আমাৰ বোধগম্য; কিন্তু মহান ৰাব্বুল ‘আলামীনৰ ‘ওপৰত উঠা’ৰ প্ৰকৃত ৰূপ, ধৰণ আমাৰ জনা নাই। কাৰণ, সৃষ্টিৰ মাজতো ‘ওপৰত উঠা’ৰ ক্ষেত্ৰতো ভিন্নতা আমি দেখিবলৈ পাওঁ। কিয়নো এটা স্থিতিশীল চিয়াৰৰ ওপৰত উঠা আৰু এটা চঞ্চল উটৰ পিঠিত উঠা সমান নহয়। যেতিয়া সৃষ্টিৰ ‘ওপৰত উঠা’ৰ মাজত ইমান ভিন্নতা পৰিলক্ষিত হয়, তেতিয়া ‘ওপৰত উঠা’ৰ ক্ষেত্ৰত স্ৰষ্টা আৰু সৃষ্টিৰ মাজত বহু গুণে ব্যৱধান থকা অধিকতৰ স্পষ্ট আৰু নিশ্চিত।

 উপৰোক্ত বৰ্ণনানুযায়ী আল্লাহ তা‘আলাৰ ওপৰত ঈমান আনিলে মু’মিনসকলৰ বাবে যিবোৰ ফলাফল সাধিত হয় তাৰ মাজত অন্যতম হ’ল:

প্ৰথম: আল্লাহৰ তাওহীদ বা একত্ববাদ যথাযথভাৱে প্ৰতিষ্ঠিত হয়; ফলত বান্দাৰ মাজত আল্লাহৰ বাহিৰে আন কাৰো প্ৰতি কোনো প্ৰকাৰ ভয়-ভীতি বা আশা-ভৰসাৰ বিন্দুমাত্ৰও নাথাকে আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত সি নকৰে।

দ্বিতীয়: আল্লাহ তা‘আলাৰ পৰিপূৰ্ণ ভালপোৱা আৰু সৰ্বোচ্চ সন্মান প্ৰদৰ্শন সম্ভব হয়; আৰু সেয়া হ’ব আল্লাহৰ সৰ্বসুন্দৰ নামসমূহ আৰু তেওঁৰ সুউচ্চ গুণাৱলীৰ দাবী অনুযায়ী।

তৃতীয়: আল্লাহৰ ইবাদত যথাযথৰূপে বাস্তবায়ণ; আৰু সেয়া সম্ভব আল্লাহৰ আদেশ অনুযায়ী ইবাদত পালন আৰু তেওঁৰ নিষেধাৱলী বৰ্জন কৰাৰ মাধ্যমত।


 ঈমানৰ দ্বিতীয় ভিত্তি: ফিৰিস্তাসকলৰ প্ৰতি ঈমান

ফিৰিস্তাসকল আল্লাহ তা‘আলাৰ সৃষ্ট এক অদৃশ্য জগত। সিহঁত সদায় আল্লাহৰ ইবাদতত ব্যস্ত থাকে; সিহঁতৰ মাজত উলুহিয়্যাত বা ৰুবুবিয়্যাতৰ কোনো বৈশিষ্ট্য নাই।

আল্লাহে সিহঁতক নূৰৰ দ্বাৰা সৃষ্টি কৰিছে। আল্লাহে সিহঁতক তেওঁৰ পূৰ্ণ আনুগত্যৰ গুণ প্ৰদান কৰিছে আৰু তেওঁৰ আদেশ বাস্তবায়ন কৰাৰ সিহঁতক ক্ষমতা দান কৰিছে।

আল্লাহ তা‘আলাই সিহঁতৰ বৰ্ণনা দি কৈছে,

﴿وَمَنۡ عِندَهُۥ لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ ١٩ يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ ٢٠ ﴾ [الانبياء: ١٩،  ٢٠]

“আৰু যিহঁত তেওঁৰ সান্নিধ্যত আছে, সিহঁত অহংকাৰবশত তেওঁৰ ইবাদত কৰাৰ পৰা বিমুখ নহয় আৰু ক্লান্তি বোধো নকৰে। সিহঁতে দিনে-ৰাতি তেওঁৰ পৱিত্ৰতা আৰু মহিমা বৰ্ণনা কৰে আৰু কোনো সময় শৈথিল্য নকৰে।” [ আল-আম্বিয়া, আয়াত: ১৯-২০]

সিহঁতৰ সংখ্যা ইমান বেছি যে, আল্লাহৰ বাহিৰে কোনোৱেই সেয়া গণনা কৰি শেষ কৰিব নোৱাৰে। ছহীহ বুখাৰী আৰু মুছলিমত আনাছ ৰাদিয়াল্লাহু আনহুৰ পৰা মি‘ৰাজৰ ঘটনাত বৰ্ণিত আছে যে, ‘নবী চাল্লাল্লাহ আলাইহি অছাল্লাম আকাশত অৱস্থিত ‘বায়তুল মা‘মুৰ’ ভ্ৰমন কৰে। এই বায়তুল মা‘মুৰত দৈনিক ৭০ হাজাৰ ফিৰিস্তা প্ৰৱেশ কৰে। যিবিলাকে এবাৰ প্ৰৱেশ কৰিছে কিয়ামত পৰ্যন্ত সিহঁত দ্বিতীয় বাৰ প্ৰৱেশ কৰিবলৈ সুযোগ নাপাব।’

 ফিৰিস্তাসকলৰ প্ৰতি ঈমানৰ মাজত চাৰিটা বিষয় অন্তৰ্ভূক্ত আছে:

১। ফিৰিস্তাসকলৰ অস্তিত্বৰ ওপৰত ঈমান আনা।

২। কোৰআন আৰু ছুন্নাহৰ দ্বাৰা যিসকলৰ নাম আমি জানো যেনে, জিব্ৰীল আলাইহিচ ছালাম, সিহঁতৰ ওপৰত নিৰ্দিষ্টকৈ ঈমান আনা। যিসকলৰ নাম আমাৰ জনা নাই সিহঁতৰ প্ৰতি সাৰ্বিকভাৱে ঈমান আনা।

৩। কোৰআনুল কাৰীম আৰু ছহীহ হাদীছত বৰ্ণিত সিহঁতৰ গুণাৱলীৰ প্ৰতি ঈমান আনা। যেনে, জিব্ৰীলৰ বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতে তেওঁক তেওঁৰ আচল আকৃতিত দেখিছে। তেওঁৰ ছয়শ ডেউকা আছে যিবোৰে গোটেই দিগন্তক আৱৰী ৰাখিছিল।

আৰু ফিৰিস্তাসকলে আল্লাহৰ আদেশত মানৱাকৃতিত আত্মপ্ৰকাশ কৰিব পাৰে। যেনে, আল্লাহ তা‘আলাই যেতিয়া জিব্ৰীল আলাইহিচ ছালামক ঈছা আলাইহিচ ছালামৰ মাতৃৰ মৰিয়মৰ ওচৰত প্ৰেৰণ কৰিছিল। তেতিয়া তেওঁ তেখেতৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিছিল।

এইদৰে জিব্ৰীল আলাইহিচ ছালাম এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন অজ্ঞাত ব্যক্তিৰ আকৃতিত উপস্থিত হৈছিল তেতিয়া তেওঁ ছাহাবায়ে কেৰামৰ মাজত বহিছিল, তেওঁৰ (জিব্ৰীলৰ) পৰিধান কৰা পোছাক আছিল অতি বগা, মূৰৰ চুলি আছিল অতিকলা। ভ্ৰমণৰ কোনো চিন তেওঁৰ ওপৰত নাছিল। ছাহাবীসকলৰ কোনেও তেওঁক চিনিব পৰা নাছিল। তাৰ পিছত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত তেওঁৰ আঠুৰ লগত আঠু মিলাই বহিলে আৰু নিজ দুয়োহাত তেওঁৰ উৰুৰ ওপৰত ৰাখিলে আৰু তেওঁক ইছলাম, ঈমান, ইহছান আৰু কিয়ামত আৰু ইয়াৰ লক্ষণাদি সম্পৰ্কে প্ৰশ্ন কৰিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰৰ উত্তৰ প্ৰদান কৰিলে। তাৰপিছত তেওঁ গুচি যায়। ৰাছুলুল্লাহ‌ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাহাবীসকলক কলে,

«فَإِنَّهُ جِبْرِيلُ أَتَاكُمْ يُعَلِّمُكُمْ دِينَكُم»   

“তেওঁ আছিল জিব্ৰীল, তোমালোকক তোমালোকৰ দ্বীন শিক্ষা প্ৰদানৰ উদ্দেশ্যে আহিছিল।” (ছহীহ মুছলিম)

এইদৰে আল্লাহ তা‘আলাই ইব্ৰাহীম আৰু লুত আলাইহিমাচ ছালামৰ ওচৰত যিসকল ফিৰিস্তাক প্ৰেৰণ কৰিছিল তেওঁলোকেও পুৰুষলোকৰ আকৃতিত উপস্থিত হৈছিল।

৪। ফিৰিস্তাসকলৰ ‘আমল বা কৰ্মসমূহৰ ওপৰত ঈমান আনা, যিবোৰ তেওঁলোকে আল্লাহৰ নিৰ্দেশত পালন কৰি থাকে। যেনে, ফিৰিস্তাসকলৰ দিনে-ৰাতি তছবীহ পাঠ আৰু আল্লাহৰ ইবাদত কৰা বিনা ক্লান্তি আৰু বিনা এলাহত।

তেওঁলোকৰ মাজত কোনো কোনো ফিৰিস্তা বিশেষ বিশেষ দায়িত্বত নিয়োজিত আছে। যেনে, জিব্ৰীল আলাইহিচ ছালাম, তেওঁ নবী ৰাছুলসকলৰ প্ৰতি আল্লাহৰ কালাম আৰু অহী বহন কৰে।

আৰু মিকাঈল আলাইহিচ ছালাম, তেওঁ আল্লাহৰ অদেশক্ৰমে বৰষুণ বৰ্ষায়।

আৰু ইছৰাফীল আলাইহিচ ছালাম, তেওঁ কিয়ামত সংঘটিত হোৱা সময়ত আৰু সৃষ্টিৰ পুনৰুত্থানৰ সময়ত শিঙ্গাত ফুঁ দিয়াৰ দায়িত্বত আছে।

আৰু মালাকুল মউত আলাইহিচ ছালাম, সকলো প্ৰাণী জগতৰ মৃত্যুৰ সময় তাৰ ৰূহ অধিগ্ৰহণৰ দায়িত্বত নিয়োজিত।

আৰু মালিক (আলাইহিচ ছালাম) তেওঁ জাহান্নামৰ দায়িত্বত নিয়োজিত। তেওঁ জাহান্নামৰ তত্ত্বাবধায়ক।

আৰু এদল ফিৰিস্তা, যিসকল মাতৃৰ গৰ্ভত সন্তানসকলৰ ভ্ৰূণৰ দায়িত্বত নিয়োজিত। মাতৃগৰ্ভত যেতিয়া সন্তানৰ চাৰি মাহ পূৰ্ণ হয়, তেতিয়া সেই সন্তানৰ ওচৰত আল্লাহ তা‘আলা এজন ফিৰিস্তা প্ৰেৰণ কৰে আৰু তেওঁক সেই মানৱসন্তানৰ জীৱিকা, মৃত্যু, ‘আমল আৰু সেই সৌভাগ্য অথবা দুৰ্ভাগ্যবান সেয়া লিখাৰ নিৰ্দেশ প্ৰদান কৰে।

আৰু এইদৰে আৰু এদল ফিৰিস্তা, যিসকলে প্ৰত্যেক মানুহৰ আমলনামা সংৰক্ষণ আৰু লিখাৰ দায়িত্বত নিয়োজিত। আচলতে তেওঁলোক দুজন। এজন সোঁফালে আৰু আন এজন বাওঁফালে।

আৰু এদল ফিৰিস্তা মৃত ব্যক্তিক দাফনৰ পিছত কবৰত তেওঁক প্ৰশ্ন কৰাৰ দায়িত্বত নিয়োজিত। মৃত ব্যক্তিক কবৰত ৰখাৰ পিছত দুজন ফিৰিস্তা আহি তেওঁক তিনিটা বিষয়ে প্ৰশ্ন কৰে,

এক: তেওঁৰ ৰব বা প্ৰতিপালক সম্পৰ্কে।

দুই: তেওঁৰ দ্বীন সম্পৰ্কে।

তিনি: তেওঁৰ নবী সম্পৰ্কে।

  ফিৰিস্তাসকলৰ প্ৰতি ঈমানত বহু গুৰুত্বপূৰ্ণ উপকাৰ আছে। তাৰ মাজত অন্যতম হ’ল:

প্ৰথম: মহান আল্লাহৰ মাহত্ম্য, অসীম শক্তি আৰু তেওঁৰ কৰ্তৃত্ব সম্পৰ্কে জ্ঞান লাভ। কিয়নো, সৃষ্টিৰ মাহত্ম্য স্ৰষ্টাৰ মাহত্ম্যৰ পৰাই প্ৰাপ্ত।

দ্বিতীয়: আদমসন্তানৰ প্ৰতি আল্লাহ তা‘আলাৰ বিশেষ অনুগ্ৰহৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন; যিহেতু তেওঁ ফিৰিস্তাসকলক মানুহৰ হিফাজত, সিহঁতৰ ‘আমলনামা সংৰক্ষণসহ সিহঁতৰ বহুবিধ স্বাৰ্থ সংশ্লিষ্ট কামত নিয়োজিত কৰি ৰাখিছে।

তৃতীয়: ফিৰিস্তাসকলৰ প্ৰতি মহব্বত সৃষ্টি; যিহেতু সিহঁত যথাযথভাৱে আল্লাহ তা‘আলাৰ ইবাদত সম্পাদন কৰে।

এদল বিভ্ৰান্ত লোকে ফিৰিস্তাসকলৰ অস্তিত্বক অস্বীকাৰ কৰে। সিহঁতে কয়, ফিৰিস্তাসকল হৈছে সৃষ্টিৰ মাজত নিহিত কল্যাণশক্তি বিশেষ। সিহঁতৰ এই বক্তব্য আল্লাহৰ কিতাব, তেওঁৰ ৰাছুলৰ হাদীছ আৰু মুছলিম ঐক্যমতত মিথ্যাৰোপ কৰাৰ দৰে।

আল্লাহ তা‘আলাই কৈছে,

﴿ٱلۡحَمۡدُ لِلَّهِ فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ جَاعِلِ ٱلۡمَلَٰٓئِكَةِ رُسُلًا أُوْلِيٓ أَجۡنِحَةٖ مَّثۡنَىٰ وَثُلَٰثَ وَرُبَٰعَۚ يَزِيدُ فِي ٱلۡخَلۡقِ مَا يَشَآءُۚ﴾ [فاطر: ١]

“সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আৰু ফিৰিস্তাসকলক বনাইছে বাৰ্তাবাহক। সিহঁত দুখন-দুখন, তিনিখন-তিনিখন, চাৰিখন-চাৰিখন ডেউকা বিশিষ্ট। তেওঁ সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰি দিয়ে।” [ ফাতিৰ, আয়াত: ১]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَلَوۡ تَرَىٰٓ إِذۡ يَتَوَفَّى ٱلَّذِينَ كَفَرُواْ ٱلۡمَلَٰٓئِكَةُ يَضۡرِبُونَ وُجُوهَهُمۡ وَأَدۡبَٰرَهُمۡ وَذُوقُواْ عَذَابَ ٱلۡحَرِيقِ ٥٠﴾ [الانفال: ٥٠]

“আৰু যদি তুমি দেখিলাহেঁতেন! যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰে আৰু প্ৰহাৰ কৰে সিহঁতৰ মুখত আৰু সিহঁতৰ পিঠিত; আৰু কয়, তোমালোক দহনযন্ত্ৰনা ভোগ কৰা।” [ আল-আনফাল, আয়াত: ৫০]

মহান আল্লাহে আৰু কৈছে,

﴿وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ﴾ [الانعام: ٩٣]

“আৰু তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু-যন্ত্ৰণাত থাকে আৰু ফিৰিস্তাসকলে নিজ হাত প্ৰসাৰিত কৰি কয়, উলাই দিয়া তোমাৰ আত্মা!” [ আল আন‘আম, আয়াত: ৯৩]

আল্লাহ তা‘আলাই এই সম্পৰ্কে আৰু কৈছে,

﴿حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمۡ قَالُواْ مَاذَا قَالَ رَبُّكُمۡۖ قَالُواْ ٱلۡحَقَّۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ﴾ [سبا: ٢٣]

“অৱশেষত যেতিয়া সিহঁতৰ মনৰ পৰা ভয়-ভীতি দূৰ হৈ যায়। তেতিয়া সিহঁতে পৰস্পৰে কয়, তোমালোকৰ পালনকৰ্তাই কি কলে? সিহঁতে কয়, তেওঁ সত্যই কৈছে আৰু তেওঁ অতি উচ্চ অতি মহান।’’ [ ছাবা, আয়াত: ২৩]

জান্নাতবাসীসকল সম্পৰ্কে অল্লাহ তা‘আলাই কৈছে,

﴿جَنَّٰتُ عَدۡنٖ يَدۡخُلُونَهَا وَمَن صَلَحَ مِنۡ ءَابَآئِهِمۡ وَأَزۡوَٰجِهِمۡ وَذُرِّيَّٰتِهِمۡۖ وَٱلۡمَلَٰٓئِكَةُ يَدۡخُلُونَ عَلَيۡهِم مِّن كُلِّ بَابٖ ٢٣ سَلَٰمٌ عَلَيۡكُم بِمَا صَبَرۡتُمۡۚ فَنِعۡمَ عُقۡبَى ٱلدَّارِ ٢٤﴾ [الرعد: ٢٣،  ٢٤]

“সেয়া হৈছে এনে এখন উদ্যান যিখন তেওঁলোকৰ চিৰকলীয়া বাসস্থান হ’ব। তাত তেওঁলোক নিজেও প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ সৎকৰ্মশীল পিতৃ-পিতামহ, স্বামী-স্ত্রী আৰু সন্তানসকলেও প্ৰৱেশ কৰিব। ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত প্ৰত্যেক দুৱাৰেৰে আহিব। ক’ব, তোমালোকৰ ধৈৰ্যৰ কাৰণে, তোমালোকৰ ওপৰত শান্তি বৰ্ষিত হওঁক। কিমান যে উত্তম এই শেষ গন্তব্যস্থল।’’ [ আৰ-ৰা‘দ, আয়াত: ২৩-২৪]

ছহীহ বুখাৰীত আবু হুৰাইৰা ৰাদিয়াল্লাহ আনহুৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘আল্লাহ তা‘আলা যেতিয়া কোনো বান্দাক ভালপায় তেতিয়া তেওঁ জিব্ৰীলক মাতি কয়, আল্লাহ তা‘আলা অমুক বান্দাক ভালপায়, তুমিও তাক ভালপোৱা। তেতিয়া জিব্ৰীলে তাক ভালপায়। তাৰপিছত জিব্ৰীলে আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে, আল্লাহ তা‘আলাই অমুক বান্দাক ভালপায় এতেকে তোমালোকেও তাক ভালপোৱা। তেতিয়া আকাশবাসীয়ে সেই বান্দাক ভালপায়। ইয়াৰ ফলত পৃথিৱীতো সেই বান্দাৰ গ্ৰহণযোগ্যতা অৰ্জিত হৈ যায়।”

ছহীহ বুখাৰীত আন এটা হাদীছ প্ৰসিদ্ধ ছাহাবী আবু হুৰাইৰা (ৰাদিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে :

‘‘জুমু‘আৰ দিনা মছজিদৰ প্ৰত্যেক দুৱাৰত ফিৰিস্তাসকল অৱস্থান কৰে। তেওঁলোকে ছালাতত আগমনকাৰীসকলৰ নাম যথাক্ৰমে লিখি থাকে। তাৰপিছত ইমাম যেতিয়া খুৎবাৰ বাবে মিম্বৰত বহে তেতিয়া তেওঁলোকে তেওঁলোকৰ ফাইল বন্ধ কৰে আৰু খুৎবা শুনাৰ বাবে উপস্থিত হয়।’’

এইবোৰ আয়াত আৰু হাদীছ স্পষ্টভাৱে প্ৰমাণ কৰে যে, ফিৰিস্তাসকলৰ অস্তিত্ব আছে, তেওঁলোক অশৰীৰী কোনো অৰ্থতেই নহয়; যেনে বিভ্ৰান্ত লোকসকলে কৈ থাকে। উপৰোক্ত উদ্ধৃতিসমূহৰ ভাবাৰ্থ অনুযায়ী এই ক্ষেত্ৰত সমগ্ৰ মুছলিমৰ ঐকমত্য প্ৰতিষ্ঠিত হৈছে।


 ঈমানৰ তৃতীয় ভিত্তি: ঐশী কিতাবসমূহৰ প্ৰতি ঈমান

কিতাব শব্দটো একবচন, ইয়াৰ বহুবচন ‘কুতুবুন’; ইয়াৰ দ্বাৰা ‘মাকতূব’ বা লিখিত গ্ৰন্থ বুজায়।

আৰু ইয়াত ‘কিতাব’ৰ দ্বাৰা উদ্দেশ্য হ’ব সেইসমূহ কিতাব যিবোৰ আল্লাহ তা‘আলা সৃষ্টি জগতৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ নিজ নবী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। যাতে সিহঁতে সিহঁতৰ দুনিয়া আৰু আখিৰাতত আল্লাহৰ প্ৰদৰ্শিত সৌভাগ্যৰ পথত পৰিচালিত হৈ যাৱতীয় কল্যাণ আৰু সৌভাগ্য অৰ্জন কৰিব পাৰে।

  কিতাবসমূহৰ প্ৰতি ঈমান আনাৰ মাজত চাৰিটা বিষয় অন্তৰ্ভূক্ত আছে:

১। সৰ্বপ্ৰথম এই ঈমান আনিব লাগিব যে, এইবোৰ গ্ৰন্থাৱলী মহান আল্লাহৰ তৰফৰ পৰা যথাযথভাৱে অৱতীৰ্ণ হৈছে। ( মানৱ ৰচিত গ্ৰন্থ নহয় অনুৰূপভাৱে ই কোনো শব্দ বা অৰ্থৰ অনুবাদ নহয়।)

২। নিৰ্দিষ্ট নামত সেই সমূহ কিতাবৰ প্ৰতি ঈমান স্থাপন কৰা, যিবোৰৰ নাম আল্লাহ তা‘আলাই বিশেষভাৱে উল্লেখ কৰিছে। যেনে, আল-ক্বোৰআন-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছে, তৌৰাত অৱতীৰ্ণ হৈছে মূছা আলাইহিচ ছালামৰ ওপৰত, যাবুৰ অৱতীৰ্ণ হৈছে দাউদ আলাইহিচ ছালামৰ ওপৰত আৰু ইঞ্জীল ঈছা আলাইহিচ ছালামৰ ওপৰত।

আৰু যিবোৰ ঐশী কিতাবৰ নাম আমাৰ জনা নাই, তাৰ প্ৰতি সাৰ্বিক ভাৱে ঈমান পোষণ কৰা।

৩। ঐশী গ্ৰন্থসমূহত পূৰ্ববৰ্তী নবী ৰাছুলসকল আৰু তেওঁৰ উম্মত, চৰিয়ত আৰু তেওঁলোকৰ ইতিহাস সম্পৰ্কে যিবোৰ বিশুদ্ধ বৰ্ণনা আছে, সেইবোৰৰ প্ৰতি ঈমান স্থাপন কৰা। যেনে, কোৰআনত বৰ্ণিত সংবাদসমূহ আৰু পূৰ্ববৰ্তী গ্ৰন্থসমূহৰ অপৰিবৰ্তিত অথবা অবিকৃত সংবাদসমূহৰ ওপৰত ঈমান ৰখা।

৪। ঐশী গ্ৰন্থসমূহত বৰ্ণিত এনে আদেশসমূহৰ ওপৰত আমল কৰা যি ৰহিত হোৱা নাই আৰু সেইবোৰ হুকুমৰ হিকমত আমাৰ জনা থাকক বা নেথাকক সৰ্বাৱস্থাতেই মনত কোনো ধৰণৰ সংকীৰ্ণতা অনুভৱ নকৰি হৃদয়ৰ সন্তুষ্টি আৰু আনুগত্যৰ লগত সেয়া মানি লোৱা।

আৰু কোৰআনুল কাৰীমৰ দ্বাৰা পূৰ্ববৰ্তী ঐশী গ্ৰন্থসমূহ মানছুখ বা ৰহিত কৰি দিয়া হৈছে। আল্লাহ তা‘আলা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে,

﴿وَأَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ﴾ [المائ‍دة: ٤٨]

“আৰু আমি আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছো সত্য গ্ৰন্থ, যিয়ে পূৰ্ববৰ্তী গ্ৰন্থসমূহৰ সত্যায়নকাৰী আৰু সেইবোৰৰ ওপৰত প্ৰভাৱ বিস্তাৰকাৰী।” (অৰ্থাৎ যথাযথ সচা-মিছা নিৰ্ধাৰণকাৰী)[ আল-মায়িদাহ, আয়াত: ৪৮]

এই বাবে, পূৰ্ববৰ্তী ঐশী কিতাবসমূহৰ কোনো হুকুমৰ ওপৰত আমল কৰা জায়েয নহ’ব, কেৱল সেইসমূহ হুকুমৰ বাহিৰে যিবোৰ বিশুদ্ধ ভাৱে বৰ্ণিত হৈছে আৰু কোৰআনৰ দ্বাৰা সেয়া প্ৰতিপাদিত আৰু বলবৎ ৰখা হৈছে।

 ঐশী কিতাবসমূহৰ ওপৰত ঈমানৰ বহুতো গুৰুত্বপূৰ্ণ ফলাফল আছে। তাৰ মাজত অন্যতম হ’ল:

প্ৰথম: বান্দাসকলৰ প্ৰতি আল্লাহ তা‘আলাৰ অশেষ ৰহমত আৰু অনুগ্ৰহ সম্পৰ্কে জ্ঞান লাভ, কিয়নো তেওঁ প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ হিদায়তৰ উদ্দেশ্যে কিতাব পঠিয়াইছে।

দ্বিতীয়: চৰিয়ত প্ৰবৰ্তনত আল্লাহ তা‘আলাৰ হিকমত সম্পৰ্কে জ্ঞান লাভ, যিহেতু তেওঁ প্ৰতিটো জাতিৰ প্ৰতি সিহঁতৰ অৱস্থাৰ লগত সামঞ্জস্যশীল চৰিয়ত প্ৰবৰ্তন কৰি পঠিয়াইছে। যেনে, আল্লাহ তা‘আলাই কৈছে,

﴿لِكُلّٖ جَعَلۡنَا مِنكُمۡ شِرۡعَةٗ وَمِنۡهَاجٗاۚ﴾ [المائ‍دة: ٤٨]

“আমি তোমালোকৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে চৰিয়ত আৰু জীৱন পদ্ধতি প্ৰবৰ্তন কৰিছো।” [ আল-মায়িদাহ-৪৮]

তৃতীয়: উপৰোক্ত নি‘আমতসমূহৰ বাবে আল্লাহ তা‘আলাৰ কৃতজ্ঞতা জ্ঞাপন কৰা।


 ঈমানৰ চতুৰ্থ ভিত্তি: ৰাছুলসকলৰ প্ৰতি ঈমান

‘ৰাছুল’ শব্দটো একবচন, আৰবীত ইয়াৰ বহুবচন হৈছে ‘ৰুছুল’। যাৰ অৰ্থ কোনো বিষয় পৌঁছোৱাৰ বাবে প্ৰেৰিত দূত বা প্ৰতিনিধি। ইছলামী পৰিভাষাত ৰাছুল সেই মহান ব্যক্তি, যাৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা চৰিয়ত অৱতীৰ্ণ হৈছে আৰু সেয়া প্ৰচাৰ কৰাৰ বাবে তেওঁক হুকুম দিয়া হৈছে।

সৰ্বপ্ৰথম ৰাছুল হৈছে নূহ আলাইহিচ ছালাম আৰু সৰ্বশেষ ৰাছুল হৈছে আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّآ أَوۡحَيۡنَآ إِلَيۡكَ كَمَآ أَوۡحَيۡنَآ إِلَىٰ نُوحٖ وَٱلنَّبِيِّ‍ۧنَ مِنۢ بَعۡدِهِ﴾ [النساء: ١٦٣]

“আমি আপোনাৰ প্ৰতি অহী প্ৰেৰণ কৰিছো। যেনেকৈ অহী পঠিয়াইছিলো নূহৰ ওপৰত আৰু সেই সকলো নবী-ৰাছুলৰ প্ৰতি যিসকল তেওঁৰ পিছত প্ৰেৰিত হৈছে।” [ আন-নিছা, আয়াত: ১৬৩]

ছহীহ বুখাৰীত আনাছ ইবন মালিক ৰাদিয়াল্লাহু আনহুৰ পৰা শ্বাফা‘আতৰ হাদীছ বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, কিয়ামতৰ দিনা মানুহে আল্লাহ তা‘আলাৰ ওচৰত ছুপাৰিছৰ আশাত প্ৰথমে আদম আলাইহিচ ছালামৰ ওচৰত আহিব। তেতিয়া আদম আলাইহিচ ছালামে নিজৰ অক্ষমতা প্ৰকাশ কৰি ক’ব, “তোমালোকে নূহ আলাইহিচ ছালামৰ ওচৰত যোৱা। তেওঁ প্ৰথম ৰাছুল, যাক আল্লাহ তা‘আলাই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰিছেল।”

আল্লাহ তা‘আলা মুহাম্মাদুৰ ৰাছুলুল্লাহ সম্পৰ্কে কৈছে,

﴿مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّ‍ۧنَۗ وَكَانَ ٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٗا ٤٠﴾ [الاحزاب: ٤٠]

‘‘মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতৃ নহয়; বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আৰু আল্লাহ সকলো বিষয়ে সম্পূৰ্ণ জ্ঞাত।’’ [ আল-আহযাব, আয়াত: ৪০]

আল্লাহ তা‘আলা যুগে-যুগে প্ৰত্যেক জাতিৰ প্ৰতি স্বতন্ত্র চৰিয়তসহ ৰাছুল অথবা পূৰ্ববৰ্তী চৰিয়ত বাস্তবায়নৰ বাবে অহীসহ নবী প্ৰেৰণ কৰিছে। আল্লাহ তা‘আলাই কৈছে,

﴿وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ﴾ [النحل: ٣٦]

‘‘আমি প্ৰত্যেক উম্মতৰ মাজতেই একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছো এই বাবে যে, তোমালোক আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা।” [ আন-নাহল, আয়াত: ৩৬]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَإِن مِّنۡ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٞ﴾ [فاطر: ٢٤]

‘‘এনে কোনো সম্প্ৰদায় নাই যিসকলৰ ওচৰত সতৰ্ককাৰী অহা নাই।’’

[ ফাতিৰ, আয়াত: ২৪]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿ إِنَّآ أَنزَلۡنَا ٱلتَّوۡرَىٰةَ فِيهَا هُدٗى وَنُورٞۚ يَحۡكُمُ بِهَا ٱلنَّبِيُّونَ ٱلَّذِينَ أَسۡلَمُواْ لِلَّذِينَ هَادُواْ وَٱلرَّبَّٰنِيُّونَ وَٱلۡأَحۡبَارُ بِمَا ٱسۡتُحۡفِظُواْ مِن كِتَٰبِ ٱللَّهِ وَكَانُواْ عَلَيۡهِ شُهَدَآءَۚ﴾ [المائ‍دة: ٤٤]

‘‘আমি তৌৰাত অৱতীৰ্ণ কৰিছো, ইয়াত আছে হিদায়ত আৰু উজ্জলতা। নবীসকল যিসকল আল্লাহৰ অনুগত আছিল তেওঁলোকে ইয়াহূদীসকলক সেই অনুসাৰে বিধান দিছিল, আৰু বিধান দিছিল ৰাব্বানীসকলে আৰু বিদ্বানসকলে। কিয়নো তেওঁলোকক এই কিতাবুল্লাৰ সংৰক্ষণৰ নিৰ্দেশ দিয়া হৈছিল আৰু তেওঁলোক ইয়াৰ ওপৰত সাক্ষ্য স্বৰূপ আছিল।” [আল-মায়িদাহ, আয়াত: ৪৪]

 নবী-ৰাছুলসকল আল্লাহৰ প্ৰিয় সৃষ্টি, তেওঁলোক মানুহ। তেওঁলোকৰ মাজত ৰুবুবিয়্যাত বা উলুহিয়্যাতৰ কোনো বৈশিষ্ট্য নাই।

আল্লাহ তা‘আলা নবীসকলৰ শিৰোমনি আৰু নবীসকলৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ ডাঙৰ মৰ্যাদাৰ অধিকাৰী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছে,

﴿قُل لَّآ أَمۡلِكُ لِنَفۡسِي نَفۡعٗا وَلَا ضَرًّا إِلَّا مَا شَآءَ ٱللَّهُۚ وَلَوۡ كُنتُ أَعۡلَمُ ٱلۡغَيۡبَ لَٱسۡتَكۡثَرۡتُ مِنَ ٱلۡخَيۡرِ وَمَا مَسَّنِيَ ٱلسُّوٓءُۚ إِنۡ أَنَا۠ إِلَّا نَذِيرٞ وَبَشِيرٞ لِّقَوۡمٖ يُؤۡمِنُونَ ١٨٨﴾ [الاعراف: ١٨٨]

“কোৱা, মই মোৰ নিজৰ কল্যাণ সাধন আৰু অকল্যাণ সাধনৰ মালিক নহয় কিন্তু যি আল্লাহে বিচাৰে। আৰু মই যদি অদৃশ্যৰ কথা জানিলোহেঁতেন, তেনেহ’লে বহু কল্যাণ অৰ্জন কৰিলোহেঁতেন। ফলত মোক কোনো অমঙ্গলে স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মইতো কেৱল এজন ভীতি প্ৰদৰ্শক আৰু সুসংবাদদাতা ঈমানদাৰ সকলৰ বাবে।”

[ আল-আৰাফ, আয়াত: ১৮৮]

আল্লাহ তাআলাই আৰু কৈছে,

﴿قُلۡ إِنِّي لَآ أَمۡلِكُ لَكُمۡ ضَرّٗا وَلَا رَشَدٗا ٢١ قُلۡ إِنِّي لَن يُجِيرَنِي مِنَ ٱللَّهِ أَحَدٞ وَلَنۡ أَجِدَ مِن دُونِهِۦ مُلۡتَحَدًا ٢٢﴾ [الجن: ٢١،  ٢٢]

“কোৱা, তোমালোকৰ ক্ষতি সাধন কৰাৰ আৰু কল্যাণ কৰাৰ ক্ষমতা মোৰ নাই। কোৱা, আল্লাহ তা‘আলাৰ কবলৰ পৰা মোক কোনেও বচাব নোৱাৰে আৰু তেওঁৰ আশ্ৰয় বিনে আন কোনো আশ্ৰয়স্থল পাব নোৱাৰো।” [ আল-জিন, আয়াত: ২১-২২]

নবী-ৰাছুল সকলেও সাধাৰণ মানুহৰ দৰে মানবিক বৈশিষ্ট্যৰে বিশেষিত। তেওঁলোকেও পানাহাৰ কৰিছে, অসুস্থ হৈছে আৰু তেওঁলোকেও মৃত্যুবৰণ কৰিছে। ইব্ৰাহীম আলাইহিচ ছালাম তেওঁৰ জাতিৰ সন্মুখত নিজ প্ৰতিপালকৰ পৰিচয় দি কৈছে,

﴿وَٱلَّذِي هُوَ يُطۡعِمُنِي وَيَسۡقِينِ ٧٩ وَإِذَا مَرِضۡتُ فَهُوَ يَشۡفِينِ ٨٠ وَٱلَّذِي يُمِيتُنِي ثُمَّ يُحۡيِينِ ٨١﴾ [الشعراء: ٧٩،  ٨١]

“আৰু যিজনে মোক খাবলৈ অন্ন আৰু পান কৰিবলৈ পানী যোগায়। যেতিয়া মই ৰোগাক্ৰান্ত হওঁ তেৱেঁই মোক আৰোগ্য দান কৰে। যিজনে মোৰ মৃত্যু ঘটাব, তাৰপিছত আকৌ মোক পুনঃৰ্জীৱন দান কৰিব।’’

[ আশ-শু‘আৰা, আয়াত: ৭৯-৮১]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, মই তোমালোকৰ দৰেই এজন মানুহ। মই পাহৰি যাওঁ, যেনেকৈ তোমালোকে পাহৰি যোৱা। যদি মই পাহৰি যাওঁ তেনেহ’লে তোমালোকে মোক স্মৰণ কৰাই দিবা। (বুখাৰী আৰু মুছলিম)

আনহাতে আল্লাহ তা‘আলা নিজেই নবী-ৰাছুলসকলক দাসত্ব গুণেৰে বিশেষিত কৰিছে তেওঁলোকৰ সৰ্বোচ্চ মৰ্যাদাৰ স্থলত আৰু তেওঁলোকৰ প্ৰশংসা কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বান্দাহ বুলি আখ্যায়িত কৰিছে। যেনে আল্লাহ তা‘আলাই নূহ আলাইহিচ ছালাম সম্পৰ্কে কৈছে,

﴿إِنَّهُۥ كَانَ عَبۡدٗا شَكُورٗا ﴾ [الاسراء: ٣]

“নিশ্চয় সি আছিল মোৰ কৃতজ্ঞ বান্দা।” [ আল-ইছৰা, আয়াত: ৩]

নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا ١﴾ [الفرقان: ١]

“পৰম কল্যাণময় সেই সত্ত্বা, যিজনে তেওঁৰ বান্দাৰ প্ৰতি ফয়চালাৰ গ্ৰন্থ অৱতীৰ্ণ কৰিছে, যাতে সি সৃষ্টিকুলৰ মাজত সতৰ্ককাৰী হয়।”

[ আল-ফুৰকান, আয়াত: ১]

আল্লাহ তা‘আলাই ইব্ৰাহীম, ইছহাক আৰু ইয়াকুব আলাইহিমুচ ছালাম সম্পৰ্কে কৈছে,

﴿وَٱذۡكُرۡ عِبَٰدَنَآ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَ أُوْلِي ٱلۡأَيۡدِي وَٱلۡأَبۡصَٰرِ ٤٥ إِنَّآ أَخۡلَصۡنَٰهُم بِخَالِصَةٖ ذِكۡرَى ٱلدَّارِ ٤٦ وَإِنَّهُمۡ عِندَنَا لَمِنَ ٱلۡمُصۡطَفَيۡنَ ٱلۡأَخۡيَارِ ٤٧﴾ [ص: ٤٥،  ٤٧]

“স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক আৰু ইয়াকুবৰ কথা, তেওঁলোক আছিল শক্তিশালী আৰু সুক্ষ্মদৰ্শী। আমি তেওঁলোকক এক বিশেষ গুণ, পৰকালৰ স্মৰণৰ দ্বাৰা স্বাতন্ত্ৰ্য দান কৰিছিলো। আৰু তেওঁলোক আমাৰ ওচৰত মনোনীত আৰু সৎলোকসকলৰ অন্তৰ্ভূক্ত।”

[ চাদ, আয়াত: ৪৫-৪৭]

এইদৰে ঈছা আলাইহিচ ছালাম সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿إِنۡ هُوَ إِلَّا عَبۡدٌ أَنۡعَمۡنَا عَلَيۡهِ وَجَعَلۡنَٰهُ مَثَلٗا لِّبَنِيٓ إِسۡرَٰٓءِيلَ ٥٩﴾ [الزخرف: ٥٩]

“ সি আছিল (মোৰ) এজন বান্দা, আমি তাৰ প্ৰতি অনুগ্ৰহ কৰিছো আৰু তাক বনী ইছৰাঈলৰ বাবে এক আদৰ্শ বনাইছো।’’ [ আয-যুখৰুফ, আযাত: ৫৯]

  ৰাছুলসকলৰ প্ৰতি ঈমান আনাৰ মাজত চাৰিটা বিষয় অন্তৰ্ভূক্ত আছে:

প্ৰথম: ঈমান পোষণ কৰা যে, সকলো নবী-ৰাছুলৰ ৰিছালত মহান আল্লাহৰ তৰফৰ পৰাই যথাযথভাৱে আহিছে। তেওঁলোকৰ কোনো এজনক অস্বীকাৰ কৰা সকলোকে অস্বীকাৰ কৰাৰ দৰে। যেনে, আল্লাহ তা‘আলা নূহ আলাইহিচ ছালামৰ সম্প্ৰদায় সম্পৰ্কে কৈছে,

﴿كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ١٠٥﴾ [الشعراء: ١٠٥]

‘‘নূহৰ সম্প্ৰদায়ে ৰাছুলসকলক মিথ্যাৰোপ কৰিছে।”

[ আশ-শু‘আৰা, আয়াত: ১০৫]

আল্লাহ তা‘আলা সিহঁতক সকলো নবী-ৰাছুলসকলৰ ওপৰত মিথ্যাৰোপকাৰী হিচাপে আখ্যায়িত কৰিছে অথচ সেই সময়ত নূহ আলাইহিচ ছালামৰ বাহিৰে আন কোনো ৰাছুল নাছিল। সেয়ে খ্ৰিস্টানসকলৰ মাজত যিহঁতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিথ্যাৰোপ কৰে আৰু তেওঁৰ আনুগত্য ও অনুসৰণ নকৰে, সিহঁতে প্ৰকৃততে ঈছা-মছীহ আলাইহিচ ছালামক অস্বীকাৰ কৰিলে, তেওঁৰ অনুকৰণ ও আনুগত্যৰ পৰা মুখ ঘুৰাই ল’লে। কিয়নো, ঈছা আলাইহিচ ছালামে বনী ইছৰাঈলক নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিছিল আৰু সেই সুসংবাদ প্ৰদানৰ অৰ্থই হৈছে এইটো প্ৰমাণিত হোৱা যে, তেওঁ সিহঁতৰ ওচৰত প্ৰেৰিত ৰাছুল। যিজনে সিহঁতক গুমৰাহী আৰু পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰি সৰল সঠিক পথ প্ৰদৰ্শন কৰাব।

দ্বিতীয়: নবী-ৰাছুলসকলৰ মাজত যিসকলৰ নাম জনা আছে তেওঁলোকৰ প্ৰতি নিৰ্দিষ্টকৈ ঈমান আনা। যেনে, মুহাম্মদ, ইব্ৰাহীম, মুছা, ঈছা, নূহ (আলাইহিমুচ ছালাম)। উল্লেখিত পাঁচজন হৈছে নবী-ৰাছুলসকলৰ মাজত বিশিষ্ট আৰু উচ্চ মৰ্যাদাসম্পন্ন। আল্লাহ তা‘আলা তেওঁলোকক কোৰআনৰ দুই ঠাইত বিশেষভাৱে উল্লেখ কৰিছে। তেওঁ ছুৰা আল-আহযাবত কৈছে,

﴿وَإِذۡ أَخَذۡنَا مِنَ ٱلنَّبِيِّ‍ۧنَ مِيثَٰقَهُمۡ وَمِنكَ وَمِن نُّوحٖ وَإِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبۡنِ مَرۡيَمَۖ﴾ [الاحزاب: ٧]

“আৰু স্মৰণ কৰা সেই সময়ৰ কথা, যেতিয়া আমি নবীসকলৰ পৰা আৰু তোমাৰ পৰা আৰু নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা ইবন মৰিয়মৰ পৰা অঙ্গীকাৰ লৈছিলো।” [ আল-আহযাব, আয়াত: ৭]

আৰু ছুৰা আশ-শ্বুৰাত কৈছে,

﴿شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحٗا وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ وَمَا وَصَّيۡنَا بِهِۦٓ إِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓۖ أَنۡ أَقِيمُواْ ٱلدِّينَ وَلَا تَتَفَرَّقُواْ فِيهِۚ ﴾ [الشورا: ١٣]

“তেৱেঁই তোমালোকৰ বাবে দ্বীনৰ বিধি-বিধান নিৰ্ধাৰণ কৰিছে, যাৰ আদেশ দিয়া হৈছিল নূহক আৰু আমি যি প্ৰত্যাদেশ কৰিছো আপোনাৰ প্ৰতি আৰু যাৰ আদেশ দিছিলো ইব্ৰাহীম, মূছা আৰু ঈছাক এই বাবে যে, তোমালোকে দ্বীন প্ৰতিষ্ঠা কৰা আৰু তাত অনৈক্য সৃষ্টি নকৰিবা।”

[ আশ-শ্বুৰা, আয়াত: ১৩]

আৰু নবী-ৰাছুলসকলৰ মাজত যিসকলৰ নাম আমাৰ জনা নাই, তেওঁলোকৰ প্ৰতি সাধাৰণ আৰু সাৰ্বিকভাৱে ঈমান স্থাপন কৰিব লাগিব। মহান আল্লাহে কৈছে,

﴿وَلَقَدۡ أَرۡسَلۡنَا رُسُلٗا مِّن قَبۡلِكَ مِنۡهُم مَّن قَصَصۡنَا عَلَيۡكَ وَمِنۡهُم مَّن لَّمۡ نَقۡصُصۡ عَلَيۡكَۗ﴾ [غافر: ٧٨]

“আমি আপোনাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছো। তেওঁলোকৰ কিছুমানৰ ঘটনা আপুনাৰ ওচৰত বিবৃত কৰিছো আৰু কিছুমানৰ ঘটনা আপুনাৰ ওচৰত বিবৃত কৰা নাই।” [ গাফিৰ, আয়াত: ৭৮]

তৃতীয়: কোৰআন আৰু ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত তেওঁলোকৰ ঘটনাসমূহৰ ওপৰত বিশ্বাস স্থাপন কৰা।

চতুর্থ: নবী-ৰাছুলসকলৰ মাজত যাক আল্লাহ তা‘আলা আমাৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে, তেওঁ লৈ অহা চৰিয়তৰ ওপৰত আমল কৰা। তেওঁ হৈছে সৰ্বশেষ আৰু সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাক আল্লাহ তা‘আলাই সমগ্ৰ সৃষ্টি জগতৰ বাবে প্ৰেৰণ কৰিছে। আল্লাহ তা‘আলাই কৈছে,

﴿فَلَا وَرَبِّكَ لَا يُؤۡمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيۡنَهُمۡ ثُمَّ لَا يَجِدُواْ فِيٓ أَنفُسِهِمۡ حَرَجٗا مِّمَّا قَضَيۡتَ وَيُسَلِّمُواْ تَسۡلِيمٗا ٦٥﴾ [النساء: ٦٥]

“এতেকে, আপোনাৰ প্ৰতিপালকৰ শপত, সিহঁত কেতিয়াও ঈমানদাৰ হ’ব নোৱাৰে, যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত পাৰস্পৰিক বিবাদ-বিসম্বাসমূহৰ বিচাৰ কাৰ্যত আপোনাৰ ওপৰত অৰ্পণ নকৰিব। ইয়াৰ পিছত আপোনাৰ মীমাংসাৰ ক্ষেত্ৰত সিহঁতৰ মনত কোনো ধৰণৰ সংকীৰ্ণতা থাকিব নালাগে আৰু সন্তুষ্টচিত্তে ইয়াক মানি লব লাগিব।”

[ আন-নিছা, আয়াত: ৬৫]

 নবী-ৰাছুলসকলৰ প্ৰতি ঈমানৰ ফলত যিবোৰ গুৰুত্বপূৰ্ণ উপকাৰ সাধন হয় তাৰ মাজত আছে:

১। আল্লাহ তা‘আলাৰ ৰহমত আৰু বান্দাসকলৰ প্ৰতি তেওঁৰ পূৰ্ণ তত্ত্বাবধান সম্পৰ্কে জনা। যিহেতু তেওঁ সিহঁতৰ প্ৰতি নিজ ৰাছুলসকলক প্ৰেৰণ কৰিছে, যাতে তেওঁলোকে মানৱজাতিক সঠিক পথত পৰিচালিত কৰে আৰু কি পদ্ধতিত আল্লাহৰ ইবাদত কৰিব লাগে সেয়া মানুহক স্পষ্ট কৰি দিয়ে। কিয়নো, মানুহৰ নিজস্ব জ্ঞান-বুদ্ধিৰ মাধ্যমত সেয়া জনা অসম্ভৱ।

২। এই মহা নি‘আমতৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

৩। নবী ৰাছুলসকলৰ প্ৰতি মুহাব্বত আৰু সন্মান প্ৰদৰ্শন কৰা আৰু তেওঁলোকৰ মৰ্যাদা উপযোগী প্ৰশংসা কৰা। কিয়নো, তেওঁলোক আল্লাহৰ ৰাছুল আৰু তেওঁলোকেই প্ৰকৃত অৰ্থত আল্লাহৰ ইবাদত আদায় কৰিছে। তেওঁলোকে ৰিছালাতৰ পৱিত্র দায়িত্ব যথাযথ ভাৱে আদায় কৰিছে আৰু আল্লাহৰ বান্দাসকলক নছিহত কৰিছে।

কেৱল শত্ৰুতা পোষনকাৰী কাফিৰসকলে সিহঁতৰ প্ৰতি প্ৰেৰিত ৰাছুলসকলক অবিশ্বাস কৰিছে এই বুলি যে, আল্লাহৰ ৰাছুলসকল মানুহৰ পৰা হ’ব নোৱাৰে। আল্লাহ তা‘আলাই কোৰআনে কাৰীমত সিহঁতৰ এই ভ্ৰান্ত ধাৰণাৰ উল্লেখ কৰি খণ্ডন কৰিছে,

﴿وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤۡمِنُوٓاْ إِذۡ جَآءَهُمُ ٱلۡهُدَىٰٓ إِلَّآ أَن قَالُوٓاْ أَبَعَثَ ٱللَّهُ بَشَرٗا رَّسُولٗا ٩٤ قُل لَّوۡ كَانَ فِي ٱلۡأَرۡضِ مَلَٰٓئِكَةٞ يَمۡشُونَ مُطۡمَئِنِّينَ لَنَزَّلۡنَا عَلَيۡهِم مِّنَ ٱلسَّمَآءِ مَلَكٗا رَّسُولٗا ٩٥﴾ [الاسراء: ٩٤،  ٩٥] 

‘‘ যেতিয়াই মানুহৰ ওচৰত পথ-নিৰ্দেশ আহে তেতিয়া সিহঁতৰ এই উক্তিয়েই সিহঁতক ঈমান আনিবলৈ বাধা দিয়ে যে, আল্লাহে জানো মানুহক ৰাছুল কৰি পঠাইছে। (সিহঁতক) কোৱা, যদি পৃথিৱীত ফিৰিস্তাসকলে অবাধে বিচৰণ কৰিলেহেঁতেন, তেনেহ’লে আমি আকাশৰ পৰা কোনো ফিৰিস্তাকেই সিহঁতৰ ওচৰত ৰাছুল হিচাপে প্ৰেৰণ কৰিলোহেঁতেন।” [ আল-ইছৰা, আয়াত: ৯৪-৯৫]

আল্লাহ তা‘আলাই সিহঁতৰ এই ধাৰণা খণ্ডন কৰি দিয়ে এই অৰ্থত যে, আল্লাহৰ ৰাছুলসকল মানুহ হোৱা অপৰিহাৰ্য। কিয়নো তেওঁলোক পৃথিৱীবাসীৰ প্ৰতি প্ৰেৰিত, যিহেতু এওঁলোক হৈছে মানুহ। যদি পৃথিৱীবাসীসকলে ফিৰিস্তা হলেহেঁতেন তেনেহ’লে সিহঁতৰ প্ৰতি নিশ্চয় কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰাৰ প্ৰয়োজন হলেহেঁতেন, যাতে সেই ৰাছুল সিহঁতৰ দৰেই এজন হৈ দায়িত্ব পালন কৰে।

আন ঠাইত আল্লাহ তা‘আলা ৰাছুলসকলক অবিশ্বাসকাৰীসকলৰ বক্তব্য বৰ্ণনা কৰি কৈছে,

﴿قَالُوٓاْ إِنۡ أَنتُمۡ إِلَّا بَشَرٞ مِّثۡلُنَا تُرِيدُونَ أَن تَصُدُّونَا عَمَّا كَانَ يَعۡبُدُ ءَابَآؤُنَا فَأۡتُونَا بِسُلۡطَٰنٖ مُّبِينٖ ١٠ قَالَتۡ لَهُمۡ رُسُلُهُمۡ إِن نَّحۡنُ إِلَّا بَشَرٞ مِّثۡلُكُمۡ وَلَٰكِنَّ ٱللَّهَ يَمُنُّ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦۖ وَمَا كَانَ لَنَآ أَن نَّأۡتِيَكُم بِسُلۡطَٰنٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ﴾ [ابراهيم: ١٠،  ١١]

‘‘সিহঁতে ক’লে, তোমালোকতো আমাৰ দৰেই মানুহ! তোমালোকে আমাক সেই উপাস্যৰ পৰা বিৰত ৰাখিব বিচৰা নেকি, যাৰ ইবাদত আমাৰ পিতৃপুৰুষসকলে কৰিছে। এতেকে তোমালোকে কোনো সুস্পষ্ট প্ৰমাণ লৈ আহা। সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, আমিও তোমালোকৰ দৰেই মানুহ; কিন্তু আল্লাহে বান্দাসকলৰ মাজত যাক ইচ্ছা, অনুগ্ৰহ কৰে। আল্লাহৰ নিৰ্দেশৰ বাহিৰে তোমালোকৰ ওচৰত প্ৰমাণ লৈ অহা আমাৰ কাম নহয়।” [ ইব্ৰাহীম, আয়াত: ১০-১১]


 ঈমানৰ পঞ্চম ভিত্তি: আখিৰাতৰ প্ৰতি ঈমান

শেষ দিৱস বলোতে কিয়ামতৰ দিনক বুজোৱা হৈছে। যিদিনা প্ৰতিফল প্ৰদান আৰু হিচাব-নিকাশৰ বাবে সকলো মৃত মানুহক পুনৰুত্থান কৰা হ’ব।

সেই দিনক ইয়াওমুল আখিৰ বা শেষ দিন এই বাবে কোৱা হয় যে, ইয়াৰ পিছত আন কোনো দিৱস নাথাকিব। হিচাব-নিকাশৰ পিছত জান্নাতীসকল তেওঁলোকৰ চিৰস্থায়ী আবাসস্থলত অৱস্থান কৰিব আৰু জাহান্নামীসকলেও সিহঁতৰ ঠিকানাত অৱস্থান কৰিব।

  আখিৰাতৰ ওপৰত ঈমান তিনিটা বিষয়ক অন্তৰ্ভুক্ত কৰে:

প্ৰথম: পুনৰুত্থান দিৱসৰ ওপৰত বিশ্বাস স্থাপন কৰা। সেয়া হৈছে যিদিনা শিঙ্গাত দ্বিতীয় বাৰ ফু দিয়া হ’ব, তেতিয়া সকলো মৃত ব্যক্তি জীৱিত হৈ নগ্ন দেহ, নগ্ন ভৰি আৰু খত্নাবিহীন অৱস্থাত ৰাব্বুল ‘আলামীনৰ সন্মুখত উপস্থিত হ’ব। আল্লাহ তা‘আলাই কৈছে,

﴿كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ﴾ [الانبياء: ١٠٤]

“যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলো সেইদৰে আকৌ পুনৰ সৃষ্টি কৰিম। আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত। অৱশ্যই আমি এয়া পূৰণ কৰিম।” [ আল-আম্বিয়া, আয়াত: ১০৪]

পুনৰুত্থান:

মৃত্যুৰ পিছত পুনৰুত্থান সত্য, যিটো কোৰআন আৰু ছুন্নাহৰ দ্বাৰা প্ৰমাণিত আৰু ইয়াৰ ওপৰত মুছলিম উম্মাহৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে। আল্লাহ তা‘আলাই কৈছে,

﴿ثُمَّ إِنَّكُم بَعۡدَ ذَٰلِكَ لَمَيِّتُونَ ١٥ ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ تُبۡعَثُونَ ١٦﴾ [المؤمنون: ١٥،  ١٦]

“তাৰপিছত নিশ্চয় তোমালোক মৃত্যুবৰণ কৰিবা। পিছত কিয়ামতৰ দিনা তোমালোকক পুনঃৰ্জীৱিত কৰা হ’ব।” [ আল-মু’মিনূন, আয়াত: ১৫-১৬]

এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

‘‘কিয়ামতৰ দিনা সকলো মানুহকে নগ্ন ভৰি আৰু খত্নাবিহীন অৱস্থাত সমবেত কৰা হ’ব।” (বুখাৰী আৰু মুছলিম)

আৰু পুনৰুত্থান সাব্যস্ত হোৱাৰ ওপৰত মুছলিমসকলৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে।

ইয়াৰ বাহিৰেও আল্লাহৰ হিকমতৰ দাবী হৈছে এই পৃথিৱীবাসীৰ বাবে পৰবৰ্তীত এটা সময় নিৰ্ধাৰণ কৰা অনিবাৰ্য, যাতে আল্লাহ তা‘আলা তেওঁৰ ৰাছুলসকলৰ মাধ্যমত বান্দাৰ ওপৰত যিসমূহ কামৰ দায়িত্ব দিছে তেওঁ তাৰ প্ৰতিফল প্ৰদান কৰে। আল্লাহ তাআলাই কৈছে,

﴿أَفَحَسِبۡتُمۡ أَنَّمَا خَلَقۡنَٰكُمۡ عَبَثٗا وَأَنَّكُمۡ إِلَيۡنَا لَا تُرۡجَعُونَ ١١٥﴾ [المؤمنون: ١١٥]

“তোমালোকে ধাৰণা কৰিছা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু আমাৰ ওচৰলৈ তোমালোক প্ৰত্যাবৰ্তিত নহ’বা?”

[ আল-মু’মিনূন, আয়াত: ১১৫]

আল্লাহে তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে,

﴿إِنَّ ٱلَّذِي فَرَضَ عَلَيۡكَ ٱلۡقُرۡءَانَ لَرَآدُّكَ إِلَىٰ مَعَادٖۚ﴾ [القصص: ٨٥]

‘‘যিজনে আপোনাৰ বাবে কোৰআনক বিধান কৰি দিছে তেওঁ অৱশ্যই আপোনাক তেওঁৰ অঙ্গিকাৰকৃত প্ৰত্যাবৰ্তনস্থলত উভতাই নিব।” [ আল-ক্বাচাচ, আয়াত: ৮৫]

দ্বিতীয়: হিচাব-নিকাশ আৰু প্ৰতিফল প্ৰদানৰ ওপৰত ঈমান আনা।

আল্লাহ তা‘আলা কিয়ামতৰ দিনা বান্দাৰ কৃতকৰ্মৰ হিচাব-নিকাশ নিব আৰু প্ৰত্যেকৰ যাৱতীয় কামৰ প্ৰতিফল প্ৰদান কৰিব। ইয়াৰ প্ৰমাণ কোৰআন, ছুন্নাহ আৰু মুছলিম উম্মাৰ ইজমা‘। আল্লাহ তা‘আলাই কৈছে,

 ﴿إِنَّ إِلَيۡنَآ إِيَابَهُمۡ ٢٥ ثُمَّ إِنَّ عَلَيۡنَا حِسَابَهُم ٢٦﴾ [الغاشية: ٢٥،  ٢٦]

‘‘নিশ্চয় আমাৰ পিনেই সিহঁতৰ প্ৰত্যাবৰ্তন। তাৰপিছত সিহঁতৰ হিচাব-নিকাশ লোৱাটোও আমাৰেই দায়িত্ব।” [ আল-গাশ্বিয়াহ, আয়াত: ২৫-২৬]

তেওঁ আৰু কৈছে,

﴿مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ عَشۡرُ أَمۡثَالِهَاۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَا وَهُمۡ لَا يُظۡلَمُونَ ١٦٠﴾ [الانعام: ١٦٠] 

‘‘যিয়ে এটা সৎকাম কৰিব তাৰ বাবে আছে ইয়াৰ দহগুণ ছোৱাব আৰু যিয়ে এটা বেয়া কাম কৰিব সি তাৰেই সমান শাস্তি পাব। প্ৰকৃততে সিহঁতৰ প্ৰতি কোনো অনাচাৰ কৰা নহ’ব।”

[ আল-আন’আম, আয়াত: ১৬০]

আন এঠাইত আল্লাহে কৈছে,

﴿وَنَضَعُ ٱلۡمَوَٰزِينَ ٱلۡقِسۡطَ لِيَوۡمِ ٱلۡقِيَٰمَةِ فَلَا تُظۡلَمُ نَفۡسٞ شَيۡ‍ٔٗاۖ وَإِن كَانَ مِثۡقَالَ حَبَّةٖ مِّنۡ خَرۡدَلٍ أَتَيۡنَا بِهَاۗ وَكَفَىٰ بِنَا حَٰسِبِينَ ٤٧﴾ [الانبياء: ٤٧]

“আৰু কিয়ামতৰ দিনা আমি ন্যায় বিচাৰৰ তুলাচনী স্থাপন কৰিম। এতেকে কাৰো প্ৰতি যুলুম কৰা নহ’ব। যদি কোনো ‘আমল সৰিহৰ দানা পৰিমাণো ক্ষুদ্ৰ হয়, আমি সেয়াও উপস্থিত কৰিম আৰু হিচাব গ্ৰহণৰ বাবে আমিয়েই যথেষ্ট।” [ আল-আম্বিয়া, আয়াত: ৪৭]

আব্দুল্লাহ ইবন ওমৰ ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছো,

«إن الله يدني الْمُؤْمِنَ حَتَّى يَضَعَ عَلَيْهِ كَنَفَهُ فَيُقَرِّرُهُ بِذُنُوبِهِ تَعْرِفُ ذَنْبَ كَذَا يَقُولُ أَعْرِفُ يَقُولُ رَبِّ أَعْرِفُ مَرَّتَيْنِ فَيَقُولُ سَتَرْتُهَا فِي الدُّنْيَا وَأَغْفِرُهَا لَكَ الْيَوْمَ ثُمَّ تُطْوَى صَحِيفَةُ حَسَنَاتِهِ وَأَمَّا الْآخَرُونَ أَوْ الْكُفَّارُ فَيُنَادَى عَلَى رُءُوسِ الْأَشْهَادِ هَؤُلاءِ الَّذِينَ كَذَبُوا عَلَى رَبِّهِمْ أَلا لَعْنَةُ اللَّهِ عَلَى الظَّالِمِينَ»

‘‘আল্লাহে ঈমানদাৰ ব্যক্তিক শেষ বিচাৰৰ দিনা নিকটবৰ্তী কৰি তাৰ ওপৰত পৰ্দা এখন মেলি দিব আৰু তাক সুধিব, তুমি তোমাৰ অমুক অমুক পাপ সম্পৰ্কে জানানে? সি উত্তৰত ক’ব, হয়, হে মোৰ প্ৰতিপালক! এনেকৈ সি যেতিয়া নিজৰ পাপসমূহ স্বীকাৰ কৰিব আৰু দেখিব যে, সি ধ্বংসৰ মুখামুখী হৈছে, তেতিয়া আল্লাহে ক’ব, মই পৃথিৱীত তোমাৰ পাপসমূহ গোপন ৰাখিছিলো আৰু আজি তোমাৰ সেই সমূহ পাপ ক্ষমা কৰি দিলো। ইয়াৰ পিছত তাক তাৰ নেকীৰ ‘আমলনামা দিয়া হ’ব। আৰু কাফিৰ ও মুনাফিকসকলক সকলো সৃষ্টিৰ সন্মুখত সমবেত কৰি কোৱা হ’ব, ইহঁতেই সেই সকল লোক যিহঁতে সিহঁতৰ প্ৰতিপালকৰ প্ৰতি মিথ্যাৰোপ কৰিছিল। জানি থোৱা, অত্যাচাৰীসকলৰ ওপৰত আল্লাহৰ অভিশাপ।” (বুখাৰী আৰু মুছলিম)

আন এক হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘যি ব্যক্তি কোনো এটা সৎকামৰ ইচ্ছা কৰে আৰু সেইটো সম্পন্ন কৰে, আল্লাহ তা‘আলাই তাৰ বাবে দহৰ পৰা সাত শ গুণ ছোৱাব লিখি দিয়ে; বৰং আল্লাহ তা‘আলাই নিজ কৃপাত আৰু অধিক প্ৰদান কৰিব পাৰে। আনহাতে, যি ব্যক্তি এটা গুনাহৰ ইচ্ছা কৰে আৰু সি সেইটো বাস্তবায়িত কৰে, আল্লাহে তাৰ নামত কেৱল এটা গুনাহ লিপিবদ্ধ কৰে।”

আৰু আখিৰাতত হিচাব-নিকাশ শাস্তি আৰু পুৰষ্কাৰ প্ৰদান কৰাৰ ওপৰত মুছলিম উম্মাতৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে।

ইয়াৰ বাহিৰেও এইটোৱেই হিকমতৰ দাবী। কিয়নো আল্লাহ তা‘আলাই পৃথিৱীত গ্ৰন্থৰাজি পঠিয়াইছে, ৰাছুলসকলক প্ৰেৰণ কৰিছে আৰু তেওঁলোকে লৈ অহা দ্বীন গ্ৰহণ কৰা আৰু তাৰ ওপৰত আমল কৰা বান্দাসকলৰ ওপৰত ফৰজ কৰি দিছে। তেওঁলোকৰ বিৰোধীসকলৰ বিৰুদ্ধে যুদ্ধ কৰা ওৱাজিব কৰিছে, তেওঁলোকৰ তেজ, সন্তান-সন্তত্তি, মাল-সম্পদ আৰু নাৰীসকলক মুছলিমসকলৰ বাবে হালাল কৰিছে। এতেকে, যদি প্ৰতিটো কৃতকৰ্মৰ হিচাব-নিকাশ আৰু শাস্তি-পুৰষ্কাৰ প্ৰদান কৰা নহয় তেনেহ’লে এই সকলোবোৰ হ’ব অনৰ্থক, যাৰ পৰা আমাৰ সৰ্ববিজ্ঞ ৰব আল্লাহ তা‘আলা পাক-পৱিত্র। ইয়াৰ প্ৰতি আল্লাহ তা‘আলা ইঙ্গিত কৰি কৈছে,

{فَلَنَسْأَلَنَّ الَّذِينَ أُرْسِلَ إِلَيْهِمْ وَلَنَسْأَلَنَّ الْمُرْسَلِينَ فَلَنَقُصَّنَّ عَلَيْهِم بِعِلْمٍ وَمَا كُنَّا غَآئِبِينَ}

‘‘ নিশ্চয় আমি সিহঁতক সুধিম, যিহঁতৰ ওচৰত ৰাছুল প্ৰেৰিত হৈছিল আৰু আমি অৱশ্যই ৰাছুলসকলকো সুধিম। তাৰপিছত আমি স্বজ্ঞানেৰে সিহঁতৰ অৱস্থা বৰ্ণনা কৰিম। আচলতে আমি অনুপস্থিত নাছিলো।”

[ আল-আ‘ৰাফ, আয়াত: ৬]

তৃতীয়: জান্নাত আৰু জাহান্নামৰ ওপৰত বিশ্বাস স্থাপন আৰু বিশ্বাস স্থাপন কৰা যে, এই দুটা ঠাই মু’মিন আৰু কাফিৰসকলৰ চিৰস্থায়ী শেষ আবাসস্থল।

জান্নাত, হৈছে চিৰস্থায়ী নি‘আমতৰ স্থান, আল্লাহ তাআলাই সেই সকল মু’মিন-মুত্তাকীৰ বাবে ইয়াক প্ৰস্তুত কৰি ৰাখিছে, যিসকলে সেই সমূহ বিষয়ৰ প্ৰতি ঈমান আনিছে যিসমূহ বিষয়ৰ প্ৰতি ঈমান আনা আল্লাহ তেওঁলোকৰ ওপৰত অপৰিহাৰ্য কৰিছে আৰু নিষ্ঠাৰ সৈতে তেওঁলোকে আল্লাহ তা‘আলাৰ আনুগত্য আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছে। তাত এনে নিয়ামতৰ ভাণ্ডাৰ মওজুদ আছে যিবোৰ কেতিয়াও কোনো চকুৱে দেখা নাই, কোনো কাণে শ্ৰবণ কৰা নাই আৰু কোনো মানুহে সেয়া কেতিয়াও মনত কল্পনাও কৰিব পৰা নাই।

আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ أُوْلَٰٓئِكَ هُمۡ خَيۡرُ ٱلۡبَرِيَّةِ ٧ جَزَآؤُهُمۡ عِندَ رَبِّهِمۡ جَنَّٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ لِمَنۡ خَشِيَ رَبَّهُۥ ٨﴾ [البينة: ٧،  ٨]

“যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকেই হৈছে সৃষ্টিৰ উত্তম। তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে তেওঁলোকৰ প্ৰতিদান, চিৰকাল বসবাসৰ জান্নাত, যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোকে থাকিব অনন্তকাল। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট। এইটো তাৰ বাবে যিয়ে তাৰ প্ৰতিপালকক ভয় কৰে।” [ আল-বাইয়্যিনাহ, আয়াত: ৭-৮]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ١٧﴾ [السجدة: ١٧]

“কোনেও নাজানে, তেওঁলোকৰ বাবে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ স্বৰূপ চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা আছে” [ আচ-ছাজদা, আয়াত: ১৭]

আৰু জাহান্নাম, জাহান্নাম হৈছে শাস্তিৰ স্থান, যিটো আল্লাহ তা‘আলাই কাফিৰ যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। যিহঁতে আল্লাহ তা‘আলাৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা কৰে। তাত আছে বিভিন্ন প্ৰকাৰ ‘আযাব আৰু হৃদয়বিদাৰক শাস্তি, যিটো কোনোৱে কল্পনাও কৰিব নোৱাৰে। আল্লাহ তা‘আলাই কৈছে,

﴿وَٱتَّقُواْ ٱلنَّارَ ٱلَّتِيٓ أُعِدَّتۡ لِلۡكَٰفِرِينَ ١٣١﴾ [ال عمران: ١٣١]             

“সেই জুইৰ পৰা আত্মৰক্ষা কৰা, যিটো প্ৰস্তুত কৰি ৰখা হৈছে কাফিৰসকলৰ বাবে।” [ আলে ইমৰান, আয়াত: ১৩১]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿ إِنَّآ أَعۡتَدۡنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا﴾ [الكهف: ٢٩]

“আমি যালিমসকলৰ বাবে জাহান্নাম প্ৰস্তুত কৰি ৰাখিছো, যাৰ লেলিহান শিখাই সিহঁতক পৰিবেষ্টিন কৰি ৰাখিব। যদি সিহঁতে পানী বিচাৰে তেনেহ’লে সিহঁতক গলিত-ধাতুৰ দৰে পানী দিয়া হ’ব, যিয়ে সিহঁতৰ মুখমণ্ডল বিদগ্ধ কৰিব। কিমান যে নিকৃষ্ট সেই পানী আৰু কিমান যে জঘন্য সেই আশ্ৰয়স্থল।” [ আল কাহাফ, আয়াত: ২৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿إِنَّ ٱللَّهَ لَعَنَ ٱلۡكَٰفِرِينَ وَأَعَدَّ لَهُمۡ سَعِيرًا ٦٤ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ لَّا يَجِدُونَ وَلِيّٗا وَلَا نَصِيرٗا ٦٥ يَوۡمَ تُقَلَّبُ وُجُوهُهُمۡ فِي ٱلنَّارِ يَقُولُونَ يَٰلَيۡتَنَآ أَطَعۡنَا ٱللَّهَ وَأَطَعۡنَا ٱلرَّسُولَا۠ ٦٦﴾ [الاحزاب: ٦٤،  ٦٦]

‘‘নিশ্চয় আল্লাহে কাফিৰসকলৰ ওপৰত অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে জ্বলন্ত জুই প্ৰস্তুত কৰি ৰাখিছে। তাত সিহঁত অনন্তকাল থাকিব আৰু তাত কোনো অভিভাৱক আৰু সাহায্যকাৰী নাপাব। যিদিনা জুইত সিহঁতৰ মুখমণ্ডল ওলট-পালট কৰা হ’ব, সেই দিনা সিহঁতে ক’ব, হায়! আমি যদি আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন।” [ আল-আহযাব, আয়াত: ৬৪-৬৬]

  শেষ দিৱসৰ ওপৰত ঈমান আনাৰ লগত সংশ্লিষ্ট বিষয়াদিৰ মাজত আৰু আছে, মৃত্যুৰ পিছত সংগঠিত বিভিন্ন বিষয়। যেনে,

 (ক) কবৰৰ পৰীক্ষা:

মৃত ব্যক্তিক দাফনৰ পিছত ফিৰিস্তাসকলে তেওঁক তেওঁৰ ৰব, তেওঁৰ দ্বীন আৰু তেওঁৰ নবী সম্পৰ্কে প্ৰশ্ন কৰে। আল্লাহ তা‘আলাই ঈমানদাৰসকলক সুদৃঢ় বাণীৰ দ্বাৰা সংহত কৰে আৰু ঈমানদাৰ ব্যক্তি কয়, আল্লাহ মোৰ ৰব, ইছলাম মোৰ দ্বীন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ নবী। আৰু আল্লাহে জালিমসকলক বিভ্ৰান্ত কৰিব। সেয়ে কাফিৰে ক’ব, হায়! হায়! মইতো একোৱেই নাজানো। আৰু মুনাফিক বা সন্দেহকাৰীয়ে ক’ব, মই একোৱেই নাজানো, কিন্তু মানুহক কিবা কওঁতে শুনিছো, তাৰ পিছত ময়োও তাকেই কৈছিলো।

 (খ) কবৰৰ ‘আযাব আৰু তাৰ সুখ-শান্তি:

কবৰৰ ‘আযাব যালিম, কাফিৰ আৰু মুনাফিকসকলৰ বাবে হ’ব। আল্লাহ তা‘আলাই কৈছে,

﴿وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ ٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَقُولُونَ عَلَى ٱللَّهِ غَيۡرَ ٱلۡحَقِّ وَكُنتُمۡ عَنۡ ءَايَٰتِهِۦ تَسۡتَكۡبِرُونَ﴾ [الانعام: ٩٣]

“যদি আপুনি দেখে, যেতিয়া যালিমসকলে মৃত্যু-যন্ত্রণাত থাকে আৰু ফিৰিস্তাসকলে হাত প্ৰসাৰিত কৰি কয়, ওলাই দিয়া তোমাৰ আত্মা! আজি তোমালোকক অপমানকৰ শাস্তি প্ৰদান কৰা হ’ব। কাৰণ, তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ পৰা অহংকাৰ কৰিছিলা। [ আল-আন‘আম, আয়াত: ৯৩]

মহান আল্লাহ তা‘আলাই ফিৰ‘আউনৰ গোত্ৰ সম্পৰ্কে কৈছে,

﴿ٱلنَّارُ يُعۡرَضُونَ عَلَيۡهَا غُدُوّٗا وَعَشِيّٗاۚ وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ أَدۡخِلُوٓاْ ءَالَ فِرۡعَوۡنَ أَشَدَّ ٱلۡعَذَابِ ٤٦﴾ [غافر: ٤٦]

“পোৱা আৰু গধুলি সিহঁতক জুইৰ সন্মুখত পেচ কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা আদেশ কৰা হ’ব, ফিৰ‘আউনৰ গোত্রক অতি কঠিন ‘আযাবত প্ৰৱেশ কৰা।” [ গাফিৰ, আয়াত: ৪৫]

ছহীহ মুছলিমত যায়েদ ইবন ছাবিত ৰাদিয়াল্লাহু আনহুৰ বৰ্ণিত এক হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘যদি মোৰ এই আশঙ্কা নহ’লেহেঁতেন যে তোমালোকে মৃত ব্যক্তিক দাফন কৰা এৰি দিবা, তেনেহ’লে মই আল্লাহৰ ওচৰত দুআ কৰিলোহেঁতেন, তোমালোকক কবৰৰ সেই ‘আযাব শুনাই দিয়াৰ বাবে যিটো মই শুনি থাকো। তাৰপিছত ছাহাবীসকলৰ প্ৰতি লক্ষ্য কৰি ক’লে, তোমালোক জাহান্নামৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি জাহান্নামৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো। তাৰপিছত তেখেতে ক’লে, তোমালোক কবৰৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি কবৰৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তোমালোকে প্ৰকাশ্য আৰু অপ্ৰকাশ্য ফিতনাসমূহৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় কামনা কৰা। তেওঁলোকে ক’লে, আমি প্ৰকাশ্য আৰু অপ্ৰকাশ্য ফিতনাসমূহৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো। তেখেতে ক’লে, তোমালোকে দাজ্জালৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি দাজ্জালৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো।”

আৰু কবৰৰ নি‘আমত আৰু শান্তি, ই কেৱল সত্যবাদী ঈমানদাৰ লোকসকলৰ বাবে। আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّ ٱلَّذِينَ قَالُواْ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَٰمُواْ تَتَنَزَّلُ عَلَيۡهِمُ ٱلۡمَلَٰٓئِكَةُ أَلَّا تَخَافُواْ وَلَا تَحۡزَنُواْ وَأَبۡشِرُواْ بِٱلۡجَنَّةِ ٱلَّتِي كُنتُمۡ تُوعَدُونَ ٣٠﴾ [فصلت: ٣٠]

“নিশ্চয় যিসকলে কয়, আমাৰ প্ৰতিপালক আল্লাহ, তাৰপিছত ইয়াৰ ওপৰত তেওঁলোক অবিচল থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তাসকলে অৱতীৰ্ণ হৈ কয়, তোমালোকে ভয় নকৰিবা, চিন্তা নকৰিবা আৰু তোমালোকৰ প্ৰতিশ্ৰুতি জান্নাতৰ সুসংবাদ গ্ৰহণ কৰা” [ ফুচ্ছিলাত, আয়াত: ৩০]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿فَلَوۡلَآ إِذَا بَلَغَتِ ٱلۡحُلۡقُومَ ٨٣ وَأَنتُمۡ حِينَئِذٖ تَنظُرُونَ ٨٤ وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنكُمۡ وَلَٰكِن لَّا تُبۡصِرُونَ ٨٥ فَلَوۡلَآ إِن كُنتُمۡ غَيۡرَ مَدِينِينَ ٨٦ تَرۡجِعُونَهَآ إِن كُنتُمۡ صَٰدِقِينَ ٨٧ فَأَمَّآ إِن كَانَ مِنَ ٱلۡمُقَرَّبِينَ ٨٨ فَرَوۡحٞ وَرَيۡحَانٞ وَجَنَّتُ نَعِيمٖ ٨٩﴾ [الواقعة: ٨٣،  ٨٩]

‘‘তাৰপিছত যেতিয়া কাৰো প্ৰাণ কন্ঠৰ ওচৰত পায়হি আৰু তোমালোক অসহায় ভাৱে চাই থাকা, তেতিয়া আমি তোমালোকতকৈ তাৰ বেছি ওচৰত থাকো; কিন্তু তোমালোকে দেখা নোপোৱা। যদি তোমালোক কাৰো অধীনস্থ নোহোৱা (হিচাব-নিকাশ নহ’ব বুলি ভাবা), তেন্তে তোমালোকে এই আত্মাটোক ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী। আনহাতে যদি সেই মুমূৰ্ষ ব্যক্তিজন নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভূক্ত হয়, তেন্তে তেওঁৰ বাবে আছে সুখ-শান্তি, আৰু উত্তম জীৱনোপকৰণৰ লগতে নি‘আমত ভৰা উদ্যান।”

[ ৱাকিয়াহ, আয়াত: ৮৩-৮৯]

এইদৰে বাৰা ইবনে ‘আযিব ৰাদিয়াল্লাহু ‘আনহুয়ে বৰ্ণনা কৰে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘ঈমানদাৰ ব্যক্তি কৰ্তৃক কবৰত ফিৰিস্তাদ্বয়ৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত এক আহ্বানকাৰীয়ে আকাশৰ পৰা আহ্বান কৰি ক’ব, মোৰ বান্দাই সচাই কৈছে। তোমালোকে তাৰ বাবে জান্নাতত বিছনা কৰি দিয়া, তাক জান্নাতৰ পোছাক পৰিধান কৰাই দিয়া আৰু তাৰ বাবে জান্নাতৰ এটা দুৱাৰ খুলি দিয়া। তাৰপিছত তেওঁৰ কবৰত জান্নাতৰ সুগন্ধি আহি থাকিব আৰু তেওঁৰ বাবে কবৰ চকু দৃষ্টিৰ সীমা পৰ্যন্ত প্ৰশস্ত কৰা হ’ব। (ইমাম আহমদ আৰু আবু দাউদ কৰ্তৃক বৰ্ণিত, এইটো দীৰ্ঘ এটা হাদীছৰ অংশ বিশেষ)

 শেষ দিৱসৰ ওপৰত ঈমানৰ বহুতো উপকাৰিতা আছে, তাৰে কেইটামান নিম্নৰূপ:

১। আখিৰাতৰ সেই দিনৰ সুখ-শান্তি আৰু প্ৰতিফলৰ আশাত ঈমান অনুযায়ী আল্লাহৰ আনুগত্য ‘আমল কৰাৰ প্ৰেৰণা আৰু স্পৃহা সৃষ্টি হয়।

২। আখিৰাতৰ সেই দিনৰ ‘আযাব আৰু শাস্তিৰ ভয়ত আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাফৰমানী কৰাৰ পৰা আৰু পাপ কামৰ ওপৰত সন্তুষ্ট হোৱাৰ পৰা বিৰত থকা।

৩। আখিৰাতত সংৰক্ষিত নি‘আমত আৰু ছোৱাবৰ আশাত পাৰ্থিব বঞ্চনাত মু’মিনৰ আন্তৰিক প্ৰশান্তি লাভ হয়।

 আখিৰাতৰ বিষয়ে সন্দেহ আৰু তাৰ অপনোদন:

 কাফিৰ সকলে মৃত্যুৰ পিছত পূনৰুজ্জীৱন অস্বীকাৰ কৰে। সিহঁতৰ ধাৰণাত এই পুনৰুজ্জীৱন অসম্ভৱ:

   কাফিৰসকলৰ এই ধাৰণা বাতিল। কাৰণ, মৃত্যুৰ পিছত পুণৰুত্থানৰ ওপৰত চৰিয়ত, ইন্দ্ৰিয় শক্তি আৰু যুক্তিগত প্ৰমাণ আছে:

(ক) চৰিয়তৰ প্ৰমাণ: আল্লাহ তা‘আলাই কৈছে,

﴿زَعَمَ ٱلَّذِينَ كَفَرُوٓاْ أَن لَّن يُبۡعَثُواْۚ قُلۡ بَلَىٰ وَرَبِّي لَتُبۡعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلۡتُمۡۚ وَذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٧﴾ [التغابن: ٧]

“কাফিৰসকলৰ ধাৰণা কৰে যে, সিহঁতে কেতিয়াও পুণৰুত্থিত নহ’ব। কোৱা, অৱশ্যই হ’ব, মোৰ প্ৰভুৰ শপত, নিশ্চয় তোমালোকক পুণৰুত্থিত কৰা হ’ব। তাৰপিছত তোমালোকক অৱহিত কৰোৱা হ’ব যি তোমালোকে কৰিছিলা। এইটো আল্লাহৰ বাবে অতিসহজ।

[ আত-তাগাবুন, আয়াত: ৭]

সকলো ঐশী গ্ৰন্থ মৃত্যুৰ পিছত পুনৰুত্থান সংগঠিত হোৱাৰ ক্ষেত্ৰত একমত।

 (খ) ইন্দ্ৰিয় শক্তিৰ আলোকত প্ৰমাণ:

আল্লাহ তা‘আলা এই পৃথিৱীত মৃত ব্যক্তিসকলক জীৱিত কৰি তেওঁৰ বান্দাসকলৰ সম্মুখত প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰিছে। ছুৰা আল-বাক্বাৰাত ইয়াৰ পাঁচটা উদাহৰণ বৰ্ণিত হৈছে।

প্ৰথম উদাহৰণ: মূছা আলাইহিচ ছালামৰ ঘটনা। যেতিয়া মুছা আলাইহিচ ছালাম বনী ইছৰাঈলৰ ৭০ জন লোকক মনোনীত কৰি তেওঁৰ লগত তূৰ পৰ্বতলৈ লৈ গ’ল। তাতগৈ সিহঁতে আল্লাহৰ বাণী নিজ কাণে শ্ৰবণ কৰিও ঈমান নানিলে বৰং ক’লে, যেতিয়া লৈকে আমি আল্লাহক প্ৰকাশ্য ভাৱে নেদেখিম তেতিয়া লৈকে আমি বিশ্বাস নকৰো। এই ধৃষ্টতাৰ বাবে সিহঁতৰ ওপৰত বজ্ৰপাত হ’ল আৰু সকলো ধ্বংস হৈ গ’ল। তাৰপিছত মুছা আলাইহিচ ছালামৰ দুআত সিহঁতক পূণৰ্জীৱিত কৰিছিল। আল্লাহে বনী ইছৰাঈলসকলক সম্বোধন কৰি কৈছে,

﴿وَإِذۡ قُلۡتُمۡ يَٰمُوسَىٰ لَن نُّؤۡمِنَ لَكَ حَتَّىٰ نَرَى ٱللَّهَ جَهۡرَةٗ فَأَخَذَتۡكُمُ ٱلصَّٰعِقَةُ وَأَنتُمۡ تَنظُرُونَ ٥٥ ثُمَّ بَعَثۡنَٰكُم مِّنۢ بَعۡدِ مَوۡتِكُمۡ لَعَلَّكُمۡ تَشۡكُرُونَ ٥٦﴾ [البقرة: ٥٥،  ٥٦]

‘‘আৰু (মনত পেলোৱা) যেতিয়া তোমালোকে কৈছিলা, হে মুছা, আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখা লৈকে তোমাক কেতিয়াও বিশ্বাস নকৰো। সেই সময়ত তোমালোকে চাই থাকোতেই তোমালোকৰ ওপৰত বজ্ৰপাত হ’ল। তাৰপিছত তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক পূনৰ জীৱন দান কৰিছো, যাতে তোমালোকে কৃতজ্ঞতা স্বীকাৰ কৰা।”

[ আল-বাকাৰা, আয়াত: ৫৫-৫৬]

দ্বিতীয় উদাহৰণ: এজন নিহত ব্যক্তিৰ ঘটনা। বনী ইছৰাঈলৰ মাজত এটা হত্যাকাণ্ড সংঘঠিত হয় আৰু মুল হত্যাকাৰী কোন? সেয়া জনা কঠিন হৈ পৰিছিল। তেতিয়া আল্লাহে সিহঁতক এটা গৰু জবেহ কৰি তাৰ এটা অংশৰ দ্বাৰা মৃত ব্যক্তিক আঘাত কৰাৰ আদেশ দিলে। ফলত সিহঁতে তেনেকৈ আঘাত কৰাত সেই ব্যক্তি জীৱিত হৈ উঠে আৰু হত্যাকাৰীৰ নাম কৈ দিয়ে। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿وَإِذۡ قَتَلۡتُمۡ نَفۡسٗا فَٱدَّٰرَٰٔتُمۡ فِيهَاۖ وَٱللَّهُ مُخۡرِجٞ مَّا كُنتُمۡ تَكۡتُمُونَ ٧٢ فَقُلۡنَا ٱضۡرِبُوهُ بِبَعۡضِهَاۚ كَذَٰلِكَ يُحۡيِ ٱللَّهُ ٱلۡمَوۡتَىٰ وَيُرِيكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ ٧٣﴾ [البقرة: ٧٢،  ٧٣]

“স্মৰণ কৰা, যেতিয়া তোমালোকে এক ব্যক্তিক হত্যা কৰিছিলা, আৰু সেই ক্ষেত্ৰত তোমালোকে ইজনে সিজনক অভিযুক্ত কৰিছিলা। তোমালোকে যিটো গোপন কৰিব বিচাৰিছিলা, আৰু সেয়া প্ৰকাশ কৰি দিয়া আছিল আল্লাহৰ অভিপ্ৰায়। তেতিয়া আমি কৈছিলো, গৰুৰ এটুকুৰা মাংসৰে মৃত ব্যক্তিক আঘাত কৰা। এইদৰে আল্লাহে মৃতক জীৱিত কৰে আৰু তোমালোকক তেওঁৰ নিৰ্দশনসমূহ প্ৰদৰ্শন কৰে, যাতে তোমালোকে চিন্তা কৰা।” [ আল-বাক্বাৰা, আয়াত: ৭২-৭৩]

তৃতীয় উদাহৰণ: এই ঘটনাৰ সংক্ষিপ্ত বিৱৰণ হৈছে এই ধৰণৰ যে, বনী ইছৰাঈলৰ কিছুমান লোকে কোনো এক চহৰত বাস কৰিছিল, তাত কোনো মহামাৰী বা মাৰাত্মক বেমাৰৰ প্ৰাদুৰ্ভাৱ হয়। তেতিয়া সিহঁতে মৃত্যুৰ ভয়ত ঘৰ-বাৰী এৰি দুটা পাহাৰৰ মধ্যবৰ্তী এক প্ৰশস্ত ময়দানত গৈ বসবাস কৰিবলৈ ধৰিলে। আল্লাহ তা‘আলাই সিহঁতক আৰু পৃথিৱীৰ আন আন জাতিক এই কথা অৱগত কৰাৰ বাবে যে, মৃত্যুৰ ভয়ত পলাই গৈ কোনোৱে ৰক্ষা পাব নোৱাৰে, সিহঁত আটাইকে সেই ঠাইত একেলগে মৃত্যু দি দিলে আৰু পিছত সিহঁতক আকৌ জীৱিত কৰিলে।

এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿أَلَمۡ تَرَ إِلَى ٱلَّذِينَ خَرَجُواْ مِن دِيَٰرِهِمۡ وَهُمۡ أُلُوفٌ حَذَرَ ٱلۡمَوۡتِ فَقَالَ لَهُمُ ٱللَّهُ مُوتُواْ ثُمَّ أَحۡيَٰهُمۡۚ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ ٢٤٣﴾ [البقرة: ٢٤٣]

“তুমি সিহঁতক দেখা নাইনে, যিহঁতে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজৰ ঘৰ-বাৰী এৰি ওলাই গৈছিল?। তাৰপিছত আল্লাহে সিহঁতক ক’লে, মৰি যোৱা। পিছত আকৌ সিহঁতক জীৱিত কৰিলে। নিশ্চয় আল্লাহ মানুহৰ ওপৰত পৰম অনুগ্ৰহশীল। কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা জ্ঞাপন নকৰে।” [ আল-বাক্বাৰা, আয়াত: ২৪৩]

চতুৰ্থ উদাহৰণ: সেই ব্যক্তিৰ ঘটনা যিয়ে এখন মৃত চহৰৰ মাজেদি গৈ আছিল। অৱস্থা দেখি সি ধাৰণা কৰিলে যে, আল্লাহে এই চহৰক কেনেকৈ জীৱিত কৰিব। আল্লাহ তা‘আলাই তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। তাৰপিছত তাক জীৱিত কৰিলে। এই বিষয়ে আল্লাহে কৈছে,

﴿أَوۡ كَٱلَّذِي مَرَّ عَلَىٰ قَرۡيَةٖ وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا قَالَ أَنَّىٰ يُحۡيِۦ هَٰذِهِ ٱللَّهُ بَعۡدَ مَوۡتِهَاۖ فَأَمَاتَهُ ٱللَّهُ مِاْئَةَ عَامٖ ثُمَّ بَعَثَهُۥۖ قَالَ كَمۡ لَبِثۡتَۖ قَالَ لَبِثۡتُ يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۖ قَالَ بَل لَّبِثۡتَ مِاْئَةَ عَامٖ فَٱنظُرۡ إِلَىٰ طَعَامِكَ وَشَرَابِكَ لَمۡ يَتَسَنَّهۡۖ وَٱنظُرۡ إِلَىٰ حِمَارِكَ وَلِنَجۡعَلَكَ ءَايَةٗ لِّلنَّاسِۖ وَٱنظُرۡ إِلَى ٱلۡعِظَامِ كَيۡفَ نُنشِزُهَا ثُمَّ نَكۡسُوهَا لَحۡمٗاۚ فَلَمَّا تَبَيَّنَ لَهُۥ قَالَ أَعۡلَمُ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٢٥٩﴾ [البقرة: ٢٥٩]

‘‘অথবা উদাহৰণ স্বৰূপে সেইজন ব্যক্তিৰ কথা চিন্তা কৰা, যিজনে এক সম্পুৰ্ণৰূপে ধ্বংস হোৱা জনপদৰ মাজেৰে গৈ আছিল। তাকে দেখি তেওঁ ক’লে, ইয়াক কেনেকৈ আল্লাহে মৃত্যুৰ পিছত পুনঃৰ্জীৱিত কৰিব? তাৰ পিছত আল্লাহে তাক মৃত অৱস্থাত ৰাখিলে এশ বছৰ। তাৰপিছত পুনঃৰ্জীৱিত কৰি ক’লে, এই অৱস্থাত তুমি কিমান দিন আছিলা? ক’লে, এদিন অথবা এদিনতকৈ কিছু কম সময়। আল্লাহে ক’লে, নহয়! বৰং তুমি এশ বছৰ মৃত অৱস্থাত আছিলা। এতিয়া তুমি তোমাৰ আহাৰ-পানীৰ ফালে লক্ষ্য কৰাচোন, তাত অলপো পৰিবৰ্তন ঘটা নাই আৰু চোৱা, তোমাৰ গাধটোৰ ফালে (তাৰ হাড় পৰ্যন্ত পচি গৈছে)।  আমি তোমাক মানুহৰ বাবে এটা নিদৰ্শন কৰিবলৈ এনে কৰিছো। আৰু তুমি হাড়বোৰৰ ফালে চোৱাচোন, আমি কেনেকৈ এইবোৰক মাংসৰে আবৃত কৰিছো। যেতিয়া প্ৰকৃত সত্য তাৰ সন্মুখত স্পষ্টভাৱে প্ৰকাশিত হ’ল, তেতিয়া সি ক’লে, মই জানো, নিঃসন্দেহে আল্লাহ সকলো বস্তুৰ ওপৰত সৰ্ব শক্তিমান।” [ আল-বাক্বাৰা, আয়াত: ২৫৯]

পঞ্চম উদাহৰণ: ইব্ৰাহীম আলাইহিচ ছালামৰ ঘটনা, যেতিয়া তেওঁ আল্লাহ তা‘আলাৰ ওচৰত ইচ্ছা প্ৰকাশ কৰিলে যে, তেওঁ কেনেকৈ মৃতক পূনঃৰ্জীৱিত কৰে?

তেতিয়া আল্লাহ তা‘আলাই ইব্ৰাহীম আলাইহিচ ছালামক নিৰ্দেশ দিলে, তুমি চাৰিটা চৰাই ধৰি সেইবোৰক কাটি টুকুৰা-টুকুৰ কৰা, তাৰপিছত সেই টুকুৰাবোৰ বিভিন্ন পাহাৰত ৰাখি থোৱা। তাৰপিছত সিহঁতক মাতা দেখিবা সিহঁত তোমাৰ ওচৰলৈ দ্ৰুত গতিত আহিব।

আল্লাহ তা‘আলা এই ঘটনাৰ বিৱৰণ দি কৈছে,

﴿وَإِذۡ قَالَ إِبۡرَٰهِ‍ۧمُ رَبِّ أَرِنِي كَيۡفَ تُحۡيِ ٱلۡمَوۡتَىٰۖ قَالَ أَوَ لَمۡ تُؤۡمِنۖ قَالَ بَلَىٰ وَلَٰكِن لِّيَطۡمَئِنَّ قَلۡبِيۖ قَالَ فَخُذۡ أَرۡبَعَةٗ مِّنَ ٱلطَّيۡرِ فَصُرۡهُنَّ إِلَيۡكَ ثُمَّ ٱجۡعَلۡ عَلَىٰ كُلِّ جَبَلٖ مِّنۡهُنَّ جُزۡءٗا ثُمَّ ٱدۡعُهُنَّ يَأۡتِينَكَ سَعۡيٗاۚ وَٱعۡلَمۡ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٢٦٠﴾ [البقرة: ٢٦٠]

‘‘আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে ক’লে, হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱা। তেওঁ ক’লে, তুমি বিশ্বাস নকৰা নেকি? ইব্ৰাহীমে ক’লে, অৱশ্যই বিশ্বাস কৰো, কিন্তু এই বাবে দেখিব বিচাৰো যাতে অন্তৰত প্ৰশান্তি লাভ কৰিব পাৰো। ক’লে, তেনেহ’লে চাৰিটা চৰাই ধৰি লোৱা আৰু সেইবোৰক কাটি টুকুৰা টুকুৰ কৰি লোৱা। পিছত সেই টুকুৰাবোৰ বিভিন্ন পাহাৰত ৰাখি থোৱা আৰু সিহঁতক মাতা। দেখিবা, সিহঁত (জীৱিত হৈ) তোমাৰ ওচৰলৈ দৌৰি আহিব। আৰু জানি থোৱা, নিশ্চয় আল্লাহ পৰাক্ৰমশালী, অতি জ্ঞানসম্পন্ন।” [ বাক্বাৰা, আয়াত: ২৬০]

এইবোৰ বাস্তৱ ইন্দ্ৰিয়গত উদাহৰণ যিবোৰে মৃতসকলৰ পুনৰ জীৱিত হোৱাক নিশ্চিতভাৱে প্ৰমাণ কৰে। ইতি পূৰ্বে মৃতক জীৱিত কৰা আৰু কবৰৰ পৰা পুণৰুত্থিত কৰা সম্পৰ্কে আল্লাহ তা‘আলাৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন ঈছা ইবনে মৰিয়ম আলাইহিমাচ ছালামৰ মু‘জিযাৰ প্ৰতি ঈঙ্গিত কৰা হৈছে।

 (গ) যুক্তিৰ আলোকত পুণৰুত্থানৰ প্ৰমাণসমূহ আৰু ইয়াক দুই ধৰণে উপস্থাপন কৰিব পাৰি:

এক: নিশ্চয় আল্লাহ তা‘আলা আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সকলো বস্তুৰ স্ৰষ্টা। যিজনে প্ৰথমবাৰ এইবোৰ সৃষ্টি কৰিছে আৰু এই কামত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেন্তে তেওঁ কি পুনৰুত্থানত দ্বিতীয়বাৰ সৃষ্টি কৰিবলৈ অক্ষম নে? নহয় কদাপি নহয়, তেওঁ কেতিয়াও অক্ষম নহয়; বৰং ই আৰু সহজ। আৰু তেওঁ সৰ্বশক্তিমান। আল্লাহ তা‘আলাই কৈছে,

﴿وَهُوَ ٱلَّذِي يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ وَهُوَ أَهۡوَنُ عَلَيۡهِۚ وَلَهُ ٱلۡمَثَلُ ٱلۡأَعۡلَىٰ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٧﴾ [الروم: ٢٧]

‘‘তেৱেঁই প্ৰথমবাৰ সৃষ্টিক অস্তিত্ব প্ৰদান কৰে, পিছত তেৱেঁই তাক পুনৰাবৃত্তি কৰিব আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশ আৰু পৃথিৱীত সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ গুণ তেওঁৰেই আৰু তেওঁ প্ৰবল পৰাক্ৰমাশালী প্ৰজ্ঞাময়।” [আৰ-ৰূম, আয়াত: ২৭]

আল্লাহ তাআলাই আৰু কৈছে,

﴿كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ﴾ [الانبياء: ١٠٤]

‘‘যেনেকৈ আমি প্ৰথমবাৰ সৃষ্টি কৰিছিলো তেনেকৈ আমি পুনৰবাৰ সৃষ্টি কৰিম। আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত, আমি নিশ্চয় সেয়া পূৰণ কৰিম।” [ আল-আম্বিয়া আয়াত: ১০৪]

যি ব্যক্তি গেলি-পচি যোৱা হাড়ক পুনৰ্জীৱিত হোৱাক অস্বীকাৰ কৰে, আল্লাহ তা‘আলা তাৰ উত্তৰ প্ৰদানৰ বাবে তেওঁৰ নবীক নিৰ্দেশ দি কৈছে,

﴿وَضَرَبَ لَنَا مَثَلٗا وَنَسِيَ خَلۡقَهُۥۖ قَالَ مَن يُحۡيِ ٱلۡعِظَٰمَ وَهِيَ رَمِيمٞ ٧٨ قُلۡ يُحۡيِيهَا ٱلَّذِيٓ أَنشَأَهَآ أَوَّلَ مَرَّةٖۖ وَهُوَ بِكُلِّ خَلۡقٍ عَلِيمٌ ٧٩ ٱلَّذِي جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلۡأَخۡضَرِ نَارٗا فَإِذَآ أَنتُم مِّنۡهُ تُوقِدُونَ ٨٠ أَوَ لَيۡسَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِقَٰدِرٍ عَلَىٰٓ أَن يَخۡلُقَ مِثۡلَهُمۚ بَلَىٰ وَهُوَ ٱلۡخَلَّٰقُ ٱلۡعَلِيمُ ٨١﴾ [يس: ٧٨،  ٨١]

‘‘সি আমাক (আনৰ লগত) তুলনা কৰে অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, যেতিয়া এই হাড়বোৰ জহি-খহি গেলি-পচি যাব, তেতিয়া কোনে এইবোৰ জীৱিত কৰিব? কোৱা, যিজনে প্ৰথমবাৰ এইবোৰক সৃষ্টি কৰিছে তেৱেঁই পুনৰবাৰ সেইবোৰক জীৱিত কৰিব। তেওঁ সৰ্বপ্ৰকাৰ সৃষ্টি সম্পৰ্কে সম্যক অৱগত।” [ ইয়াছীন, আয়াত: ৭৮-৭৯]

দুই: পৃথিৱী কেতিয়াবা কেতিয়াবা সেউজীয়া বৃক্ষ, তৃন-লতাহীনতাত পতিত হৈ পৰে। আল্লাহ তা‘আলাই তেতিয়া বৰষুণ দি পুনৰবাৰ তাক জীৱিত আৰু সেউজ-শ্যামল কৰি তুলে। যিজনে এই মাটিক মৰি যোৱাৰ পিছত জীৱিত কৰিবলৈ সক্ষম তেওঁ নিশ্চয় মৃত প্ৰাণীবোৰক পুনৰবাৰ জীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম।

আল্লাহ তা‘আলাই কৈছে,

﴿وَمِنۡ ءَايَٰتِهِۦٓ أَنَّكَ تَرَى ٱلۡأَرۡضَ خَٰشِعَةٗ فَإِذَآ أَنزَلۡنَا عَلَيۡهَا ٱلۡمَآءَ ٱهۡتَزَّتۡ وَرَبَتۡۚ إِنَّ ٱلَّذِيٓ أَحۡيَاهَا لَمُحۡيِ ٱلۡمَوۡتَىٰٓۚ إِنَّهُۥ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ٣٩﴾ [فصلت: ٣٩]

“তেওঁৰ নিদৰ্শনসমূহৰ মাজত আন এক নিদৰ্শন হ’ল এই যে, তুমি দেখিবা যে পৃথিৱীখন শুকাই জীৰ্ণ হৈ পৰি আছে। পিছত আমি যেতিয়া তাৰ ওপৰত পানী বৰ্ষণ কৰো তেতিয়া ই সেউজ-শ্যামল আৰু উজ্জীৱিত হৈ উঠে। নিশ্চয় যিয়ে ইয়াক জীৱিত কৰে তেৱেঁই মৃতসকলকো জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত সক্ষমতাবান।”

[ ফুচ্ছিলাত, আয়াত: ৩৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿وَنَزَّلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ مُّبَٰرَكٗا فَأَنۢبَتۡنَا بِهِۦ جَنَّٰتٖ وَحَبَّ ٱلۡحَصِيدِ ٩ وَٱلنَّخۡلَ بَاسِقَٰتٖ لَّهَا طَلۡعٞ نَّضِيدٞ ١٠ رِّزۡقٗا لِّلۡعِبَادِۖ وَأَحۡيَيۡنَا بِهِۦ بَلۡدَةٗ مَّيۡتٗاۚ كَذَٰلِكَ ٱلۡخُرُوجُ ١١﴾ [ق: ٩،  ١١]

“আৰু আমি আকাশৰ পৰা বৰকতময় পানী বৰ্ষাও ফলত তাৰ দ্বাৰা আমি সৃষ্টি কৰো উদ্যান আৰু কাটি চপাব পৰা বিভিন্ন শস্য। আৰু (সৃষ্টি কৰো) ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা থোকা-থোকে খেজুৰ। এইবোৰ আমাৰ বান্দাসকলৰ জীৱিকাস্বৰূপ; এই পানীৰে আমি মৃত ভূমিক সজীৱ কৰি তুলো। এনেকৈ (মৃত মানুহ বিলাকক পৃথিৱীৰ গৰ্ভৰ পৰা) পুনৰুত্থান কৰা হ’ব।” [ ক্বাফ, আয়াত: ৯-১১]

পথভ্ৰষ্ট এটা সম্প্ৰদায় কবৰৰ আযাব আৰু তাৰ সুখ-শান্তিক অস্বীকাৰ কৰে। সিহঁতৰ এই ধাৰণা অসম্ভৱ আৰু বাস্তৱতা বিৰোধী। সিহঁতে কয়, কোনো সময়ত কবৰ উন্মুক্ত কৰা হ’লে দেখা যায় যে, মৃত ব্যক্তি যেনে আছিল তেনেই আছে। কবৰৰ পৰিসীমাৰ বৃদ্ধি হোৱা নাই বা ই সংকুচিতো হোৱা নাই।

 প্ৰকৃততে এই ধৰনৰ সন্দেহ চৰিয়ত, ইন্দ্ৰিয়শক্তি আৰু যুক্তিৰ বিচাৰত সিহঁতৰ এই ধাৰণা বাতিল:

চৰিয়তৰ প্ৰমাণ: কবৰৰ শাস্তি আৰু ইয়াৰ সুখ-শান্তিৰ প্ৰমাণ হিচাপে ইতিপূৰ্বে কোৰআন আৰু হাদীছৰ উদ্ধৃতিসমূহ ‘শেষ দিৱসৰ প্ৰতি ঈমান’ পৰিচ্ছেদৰ (খ) পৰ্বত উল্লেখ কৰা হৈছে।

ছহীহ বুখাৰীত আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এখন বাগিচাৰ পাশে দি গৈ আছিল। হঠাৎ তেওঁ দুজন মানুহৰ আৱাজ (শব্দ) শুনা পালে, যিসকলক সিহঁতৰ কবৰত শাস্তি দিয়া হৈছিল.....। এই হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আযাবৰ কাৰণ উল্লেখ কৰি কৈছে, এওঁলোকৰ এজন প্ৰস্ৰাবৰ পৰা নিজকে ৰক্ষা কৰা নাছিল আৰু আনজন চোগলখুৰী (ইজনৰ কথা সিজনক লগাইছিল) কৰিছিল।

ইন্দ্ৰিয়শক্তিৰ আলোকত ইয়াৰ প্ৰমাণ:

যেনে, টোপনিত থকা ব্যক্তি সপোনত কেতিয়াবা এটা প্ৰশস্ত বাগিচা বা পথাৰ দেখিবলৈ পায় আৰু তাত শান্তি উপভোগ কৰে। আকৌ কেতিয়াবা সি দেখে যে, কোনো বিপদত পতিত হৈ বৰ কষ্টত অস্থিৰ হৈ উঠে আৰু কেতিয়াবা ভয়ত সাৰ পাই যায় অথচ সি নিজ বিছনাতেই আগৰ দৰেই শুই আছে।

কোৱা হয়, ‘‘টোপনি মৃত্যুৰ সমতুল্য।” এই বাবেই আল্লাহ তা‘আলাই টোপনিক মৃত্যু বুলি কৈছে।

﴿ٱللَّهُ يَتَوَفَّى ٱلۡأَنفُسَ حِينَ مَوۡتِهَا وَٱلَّتِي لَمۡ تَمُتۡ فِي مَنَامِهَاۖ فَيُمۡسِكُ ٱلَّتِي قَضَىٰ عَلَيۡهَا ٱلۡمَوۡتَ وَيُرۡسِلُ ٱلۡأُخۡرَىٰٓ إِلَىٰٓ أَجَلٖ مُّسَمًّىۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ ٤٢﴾ [الزمر: ٤٢]

“আল্লাহে মানুহৰ প্ৰাণ হৰণ কৰে তাৰ মৃত্যুৰ সময়ত আৰু যিবিলাকে মৰা নাই সিহঁতৰো প্ৰাণ হৰি নিয়ে টোপনিত। পিছে যাৰ প্ৰতি মৃত্যুৰ আদেশ কাৰ্যকৰ হয়,তাৰ প্ৰাণ ৰাখি থয় আৰু আনবিলাক এটা নিৰ্দিষ্ট সময়ৰ বাবে এৰি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল লোকৰ বাবে নিদৰ্শন আছে।” [ আয-যুমাৰ, আয়াত: ৪২]

 যুক্তি বা বুদ্ধিৰ আলোকত কবৰৰ শাস্তি আৰু শান্তিৰ প্ৰমাণ:

টোপনিত থকা ব্যক্তি কেতিয়াবা এনে সত্য সপোন দেখে যিটো বাস্তৱৰ লগত মিলি যায় আৰু হয়তো সি কেতিয়াবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ প্ৰকৃত আকৃতিত দেখিলে। আৰু এইটো সত্য যে, যিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অচাল্লামক তেওঁৰ প্ৰকৃত আকৃতিত সপোনত দেখিলে, সি নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামকেই দেখিছে। অথচ তেতিয়া সি নিজ কোঠাত বিছনাত শুই আছে। পৃথিৱীত ই সম্ভৱ হ’লে আখিৰাতৰ ক্ষেত্ৰত কিয় সম্ভৱ নহ’ব?

আৰু যি ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে কয় যে, কেতিয়াবা কবৰ উন্মুক্ত কৰা হ’লে দেখা যায় যে, মৃত ব্যক্তি যেনে আছিল তেনেই আছে। কবৰৰ পৰিসৰ বৃদ্ধি হোৱা নাই বা সংকুচিত হোৱা নাই। সিহঁতৰ এই ভ্ৰান্ত ধাৰণাৰ উত্তৰ কেইবাটাও ধৰণে দিব পাৰি। যেনে,

১। আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো কামৰ আদেশ কৰিলে বা কোনো বিষয়ে সংবাদ দিলে সেইটো পালন কৰা বা বিশ্বাস কৰাৰ বাহিৰে ঈমানদাৰ নৰ-নাৰীৰ বাবে আন কোনো ক্ষমতা নাই। বিশেষকৈ এই জাতীয় সন্দেহযুক্ত ক্ষেত্ৰত। যদি অস্বীকাৰ কাৰী ব্যক্তি চৰিয়ত কৰ্তৃক বৰ্ণিত বিষয়সমূহত যথাযথ চিন্তা-ভাবনা কৰে তেনেহ’লে সি এইবোৰ সন্দেহ-সংশয়ৰ অসাৰতা অনুধাবন কৰিব পাৰিব।

আৰবীত কোৱা হয়,

 وكم من عائب قولا صحيحا       وآفته من الفهم السقيم

‘‘বহুতেই বিশুদ্ধ বক্তব্যৰ মাজত দোষত্ৰুটি বিচাৰি থাকে অথচ প্ৰকৃত দোষ বা বিপদ তাৰ ৰোগাক্ৰান্ত বুদ্ধিতেই নিহিত হৈ আছে।”

২। কবৰৰ অৱস্থাসমূহ গায়েব বা অদৃশ্য বিষয়ৰ অন্তৰ্ভুক্ত। ইন্দ্ৰিয়শক্তিৰ মাধ্যমত ইয়াক উপলব্দি কৰা অসম্ভৱ। যদি ইন্দ্ৰিয় বা অনুভূতিৰ মাধ্যমত উপলব্ধি কৰা গ’লেহেঁতেন তেনেহ’লে ঈমান বিল গায়েবৰ আৰু প্ৰয়োজন নহ’লেহেঁতেন আৰু এই বাবে গায়েবত বিশ্বাসী আৰু অবিশ্বাসী একেই পৰ্যায়ভুক্ত হৈ যাব।

৩। কবৰৰ শান্তি আৰু শাস্তি আৰু প্ৰশস্ততা ও সংকীৰ্ণতা কেৱল কবৰবাসী মৃত ব্যক্তিয়েই অনুভব কৰে, আনে কৰিব নোৱাৰে। যেনে টোপনিত থকা ব্যক্তি সপোনত কোনো বিপদত পতিত হৈ বৰ কষ্টত অস্থিৰ হয়; কিন্তু ওচৰতে শুই থকা ব্যক্তি একোৱেই ক’ব নোৱাৰে। এইদৰে সমবেত ছাহাবায়ে কেৰামৰ মাজত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি যেতিয়া অহী অৱতীৰ্ণ হৈছিল তেতিয়া তেওঁ সেইটো শুনিছিল আৰু মুখস্থ কৰিছিল; কিন্তু ছাহাবীসকল একোৱেই শুনা নাছিল। আকৌ কেতিয়াবা জিব্ৰীল আলাইহিচ ছালাম অহী লৈ আহিছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক পাঠ কৰি শুনাইছিল। তেখেতে শুনিছিল, আৰু দেখিছিল; কিন্তু ছাহাবীসকলে একোৱেই গম পোৱা নাছিল।

৪। মানুহৰ জ্ঞান অতি সামান্য আৰু সীমিত। সৃষ্টিৰ বহু বস্তু মানুহৰ ইন্দ্ৰিয় আৰু চেতনা ও জ্ঞানৰ ঊৰ্ধত।

এইদৰে সপ্তাকাশ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সকলো বস্তু আল্লাহৰ তছবীহ পাঠ কৰে কিন্তু সেইটো আমাৰ বোধশক্তি আৰু অনুভূতিৰ বাহিৰত, সাধাৰণ মানুহে সেই শ্ৰবন কৰিব নোৱাৰে। যেনে; আল্লাহ তা‘আলাই কৈছে,

﴿تُسَبِّحُ لَهُ ٱلسَّمَٰوَٰتُ ٱلسَّبۡعُ وَٱلۡأَرۡضُ وَمَن فِيهِنَّۚ وَإِن مِّن شَيۡءٍ إِلَّا يُسَبِّحُ بِحَمۡدِهِۦ وَلَٰكِن لَّا تَفۡقَهُونَ تَسۡبِيحَهُمۡۚ إِنَّهُۥ كَانَ حَلِيمًا غَفُورٗا ٤٤﴾ [الاسراء: ٤٤]

‘‘সপ্তাকাশ আৰু পৃথিৱী আৰু ইয়াৰ মাজত যি আছে সকলো বস্তু তেওঁৰেই পৱিত্ৰতা ও মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিয়ে তেওঁৰ প্ৰশংসা, পৱিত্ৰতা ও মহিমা ঘোষণা নকৰে। কিন্তু সিহঁতৰ পৱিত্ৰতা, মহিমা ঘোষণা তোমালোকে অনুধাবন কৰিব নোৱাৰিবা। নিশ্চয় তেওঁ অতি সহনশীল, ক্ষমাপৰায়ণ। [আল-ইছৰা আয়াত: ৪৪]

আৰু এইদৰে চয়তান আৰু জ্বিনসকলৰ পৃথিৱীত অহা যোৱা। জিনসকলৰ দল এটা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ কোৰআন শ্ৰবণ কৰাৰ পিছত ইছলাম গ্ৰহণ কৰে আৰু নিজ সম্প্ৰদায়ৰ প্ৰতি ভীতিপ্ৰদৰ্শনকাৰী হিচাপে প্ৰত্যাবৰ্তন কৰে। ইয়াৰ পিছতো সিহঁত আমাৰ দৃষ্টিৰ অগোচৰত। এই সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿يَٰبَنِيٓ ءَادَمَ لَا يَفۡتِنَنَّكُمُ ٱلشَّيۡطَٰنُ كَمَآ أَخۡرَجَ أَبَوَيۡكُم مِّنَ ٱلۡجَنَّةِ يَنزِعُ عَنۡهُمَا لِبَاسَهُمَا لِيُرِيَهُمَا سَوۡءَٰتِهِمَآۚ إِنَّهُۥ يَرَىٰكُمۡ هُوَ وَقَبِيلُهُۥ مِنۡ حَيۡثُ لَا تَرَوۡنَهُمۡۗ إِنَّا جَعَلۡنَا ٱلشَّيَٰطِينَ أَوۡلِيَآءَ لِلَّذِينَ لَا يُؤۡمِنُونَ ٢٧﴾ [الاعراف: ٢٧]

“হে আদম সন্তান! চয়তানে যেন তোমালোকক বিভ্ৰান্ত নকৰে, যেনে সি তোমালোকৰ পিতা-মাতাক বিবস্ত্ৰ কৰি লজ্জাস্থানবোৰ দৃশ্যমান কৰাই জান্নাতৰ পৰা বহিষ্কাৰ কৰাইছিল। সি আৰু তাৰ সম্প্ৰদায় তোমালোকক এনে ঠাইৰ পৰা দেখে য’ত তোমালোকে সিহঁতক নেদেখা। আমি চয়তানবোৰক সিহঁতৰ বন্ধু কৰি দিছো, যিহঁতে ঈমান আনা নাই।”

[ আল আ‘ৰাফ, আয়াত: ২৭]

যেতিয়া সৃষ্টিয়ে পৃথিৱীত বিৰাজমান সকলো বস্তু উপলব্ধি কৰিব নোৱাৰে, তেতিয়া সিহঁতৰ পক্ষে সিহঁতৰ উপলব্ধিৰ বাহিৰত বিৰাজমান যিসমূহ গায়েবী বিষয়াদি আছে সেইবোৰ অস্বীকাৰ কৰা কোনোমতেই বৈধ নহয়।


 ঈমানৰ ষষ্ঠ ভিত্তি

 ঈমান বিল ক্বদৰ অৰ্থাৎ তাকদীৰ (ভাগ্য)ৰ প্ৰতি ঈমান

চৰিয়তৰ পৰিভাষাত ‘ক্বদৰ (قدر) শব্দৰ অৰ্থ: আল্লাহ তা‘আলাৰ হিকমত আৰু জ্ঞান অনুসাৰে সৃষ্টিৰ বাবে সকলো নিৰ্ধাৰণ।

তাকদীৰৰ ওপৰত ঈমানৰ ক্ষেত্ৰত নিম্নোক্ত চাৰিটা বিষয় অন্তৰ্ভূক্ত আছে,

প্ৰথম: ঈমান আনা যে, আদিৰ পৰা অন্ত লৈকে আল্লাহ তা‘আলা তেওঁৰ নিজৰ আৰু তেওঁৰ বান্দাসকলৰ কাৰ্যাৱলী সংশ্লিষ্ট সকলো বস্তু সম্পৰ্কে সামগ্ৰিক ও বিশেষভাৱে অৱগত।

দ্বিতীয়: এই ঈমান আনা যে, আল্লাহ তা‘আলাই যি নিৰ্ধাৰণ ও সম্পাদন কৰিছে সেই সকলোবোৰ তেওঁ তেওঁৰ লাওহে মাহফুযত (সংৰক্ষিত ফলকত) লিখি ৰাখিছে।

এই দুটা বিষয় সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِنَّ ذَٰلِكَ فِي كِتَٰبٍۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٧٠﴾ [الحج: ٧٠]

“তুমি নজনা নেকি, আকাশ আৰু পৃথিৱীত যি আছে আল্লাহে সেই সকলো বিষয়ে অৱগত। নিশ্চয় সেইবোৰ এখন কিতাবত সংৰক্ষিত আছে। এয়া আল্লাহৰ বাবে অতি সহজ।” [ আল-হাজ্জ, আয়াত: ৭০]

‘আব্দুল্লাহ ইবনে ‘আমৰ ইবনুল ‘আচ ৰাদিয়াল্লাহু আনহুয়ে বৰ্ণনা কৰে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছো যে, আল্লাহ তা‘আলা আকাশ আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাশ হাজাৰ বছৰ আগত সমগ্ৰ সৃষ্টি জগতৰ তাকদীৰ লিপিবদ্ধ কৰিছে। (ছহীহ মুছলিম)

তৃতীয়: এই ঈমান স্থাপন কৰা যে, বিশ্বজগতৰ একোৱেই আল্লাহ তা‘আলাৰ ইচ্ছাৰ বাহিৰে সংঘটিত নহয়। সেইটো তেওঁৰ নিজৰ কাৰ্যসম্পৰ্কিত হওঁক অথবা তেওঁৰ সৃষ্টিৰ কাৰ্যসম্পৰ্কিত হওঁক।

আল্লাহ তা‘আলা তেওঁৰ কাৰ্য সম্পৰ্কে কৈছে,

﴿وَرَبُّكَ يَخۡلُقُ مَا يَشَآءُ وَيَخۡتَارُۗ﴾ [القصص: ٦٨]

“তোমাৰ প্ৰতিপালক যি ইচ্ছা সৃষ্টি কৰে আৰু যাক ইচ্ছা মনোনীত কৰে।” [ আল-কাচাচ, আয়াত: ৬৮]

আল্লাহ তাআলা আৰু কৈছে,

﴿وَيَفۡعَلُ ٱللَّهُ مَا يَشَآءُ ﴾ [ابراهيم: ٢٧]

“আল্লাহে যি ইচ্ছা সেইটোৱে কৰে।” [ ইব্ৰাহীম, আয়াত: ২৭]

তেওঁ আৰু কৈছে,

﴿هُوَ ٱلَّذِي يُصَوِّرُكُمۡ فِي ٱلۡأَرۡحَامِ كَيۡفَ يَشَآءُۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٦﴾ [ال عمران: ٦]

“তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ আকৃতি গঠন কৰে মাতৃ গৰ্ভত যেনে তেওঁ ইচ্ছা কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” [ আলে ইমৰান, আয়াত: ৬]

মাখলুকাতৰ কৰ্ম-কাণ্ড সংশ্লিষ্ট বিষয় সম্পৰ্কে আল্লাহ তা‘আলাই কৈছে,

﴿وَلَوۡ شَآءَ ٱللَّهُ لَسَلَّطَهُمۡ عَلَيۡكُمۡ فَلَقَٰتَلُوكُمۡۚ﴾ [النساء: ٩٠]

“যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে তোমালোকৰ ওপৰত সিহঁতক প্ৰবল কৰি দিলেহেঁতেন। ফলত সিহঁত অৱশ্যই তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন।” [আন-নিছা, আয়াত: ৯০]

আল্লাহে আৰু কৈছে,

﴿وَلَوۡ شَآءَ ٱللَّهُ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ﴾ [الانعام: ١٣٧]

“যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন, তেন্তে সিহঁতে এই কাম নকৰিলেহেঁতেন। এতেকে, তুমি সিহঁতক আৰু সিহঁতে ৰচনা কৰা কথাক পৰিত্যাগ কৰা।” [ আল- আন‘আম, আয়াত: ১৩৭]

চতুৰ্থ: ঈমান স্থাপন কৰা যে, সমগ্ৰ সৃষ্টিজগৎ, আৰু সিহঁতৰ সত্তা, গুণ আৰু কৰ্ম তৎপৰতাসহ সকলো আল্লাহৰ সৃষ্ট।

আল্লাহ তা‘আলাই এই বিষয়ে কৈছে,

﴿ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ ٦٢﴾ [الزمر: ٦٢]

“আল্লাহে প্ৰতিটো বস্তুৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাবধায়ক।” [ আয-যুমাৰ, আয়াত: ৬২]

আল্লাহে আৰু কৈছে,

﴿وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا﴾ [الفرقان: ٢]

“তেওঁ প্ৰত্যেক বস্তু সৃষ্টি কৰিছে, তাৰপিছত ইয়াক পৰিমিতভাৱে নিৰ্ধাৰণ কৰিছে।” [ আল-ফুৰকান, আয়াত: ২]

আল্লাহ তা‘আলাই ইব্ৰাহীম আলাইহিচ ছালাম সম্পৰ্কে কৈছে যে, তেওঁ তেওঁৰ সম্প্ৰদায়ক কৈছে,

﴿وَٱللَّهُ خَلَقَكُمۡ وَمَا تَعۡمَلُونَ ٩٦﴾ [الصافات: ٩٦]

‘‘আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যিবোৰ কৰ্ম সম্পাদন কৰিছা সেই সকলো তেৱেঁই সৃষ্টি কৰিছে।” [ আচ-ছাফ্ফাত, আয়াত: ৯৬]

ওপৰত আমি যি বৰ্ণনা কৰিছো ‘‘ঈমান বিল ক্বদৰ’’ বা তাক্বদীৰৰ প্ৰতি ঈমান স্থাপন কৰা, ই মানুহৰ কৰ্মসমূহৰ ওপৰত তেওঁৰ ইচ্ছা ও ক্ষমতাৰ বিষয়টো সাংঘৰ্ষিক নহয়। কিয়নো, চৰিয়তে আৰু বাস্তৱ অৱস্থাই বান্দাৰ নিজস্ব যি ইচ্ছাশক্তি আছে সেয়া সাব্যস্ত কৰে।

 ১। চৰিয়তৰ প্ৰমাণ:

আল্লাহ তা‘আলাই বান্দাৰ ইচ্ছা প্ৰসঙ্গত কৈছে,

﴿ذَٰلِكَ ٱلۡيَوۡمُ الْحَقُّۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَ‍َٔابًا ٣٩﴾ [النبا: ٣٩]

“আজিৰ এই দিৱস সত্য। গতিকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত তাৰ ঠিকনা বাছি লওক।” [ আন-নাবা: ৩৯]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿فَأۡتُواْ حَرۡثَكُمۡ أَنَّىٰ شِئۡتُمۡۖ﴾ [البقرة: ٢٢٣]

“এতেকে তোমালোকে তোমালোকৰ শষ্য-ক্ষেত্ৰত (স্ত্রীসকলৰ ওচৰত) যেনেকৈ ইচ্ছা গমন কৰিবা।” [ আল-বাক্বাৰা, আয়াত: ২২৩]

আল্লাহ তা‘আলা বান্দাৰ সামৰ্থ সম্পৰ্কে কৈছে,

﴿فَٱتَّقُواْ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ﴾ [التغابن: ١٦]           

‘‘এতেকে, তোমালোকে আল্লাহক যথাসাধ্য ভয় কৰা।”

[ আত-তাগাবূন, আয়াত: ১৬]

আল্লাহে আন ঠাইত কৈছে,

﴿لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا وُسۡعَهَاۚ لَهَا مَا كَسَبَتْ وَعَلَيْهَا مَا اكْتَسَبَتْ﴾ [البقرة: ٢٨٦]

“আল্লাহে কাৰো ওপৰত তেওঁৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব নিদিয়ে, যিয়ে ভাল কাম কৰিছে তাৰ বাবে সুফল আৰু যিয়ে বেয়া কাম কৰিছে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব।’’ [ আল-বাক্বাৰা, আয়াত: ২৮৬]

 ২। বাস্তৱতাৰ আলোকত ইয়াৰ প্ৰমাণ:

প্ৰত্যেক মানুহে জানে যে, তাৰ নিজস্ব ইচ্ছাশক্তি আৰু সামৰ্থ আছে আৰু ইয়াৰ দ্বাৰাই সি কোনো কাম কৰে বা তাৰ পৰা বিৰত থাকে। যিবোৰ কাম তাৰ ইচ্ছাত সংঘঠিত হয় যেনে, চলাফুৰা কৰা আৰু যি তাৰ অনিচ্ছাত হয় যেনে, হঠাৎ শৰীৰ প্ৰকম্পিত হোৱা। এই উভয় অৱস্থাৰ মাজত যি পাৰ্থক্য আছে সেইটো তেওঁ পাৰ্থক্য কৰিব পাৰে।

কিন্তু বান্দাৰ ইচ্ছা আৰু সামৰ্থ আল্লাহৰ ইচ্ছা আৰু সামৰ্থৰ অধীন ও অনুগত।

আল্লাহ তা‘আলাই কৈছে,

﴿لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ ٢٨ وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ ٢٩﴾ [التكوير: ٢٨،  ٢٩]

‘‘যিয়ে সৰল পথত চলাৰ ইচ্ছা কৰে (এই ঘোষণা) তাৰ বাবে, আৰু আল্লাহ ৰাব্বুল ‘আলামীনৰ ইচ্ছাৰ বাহিৰে তোমালোকৰ কোনো ইচ্ছা কাৰ্যকৰী হ’ব নোৱাৰে।” [ তাকৱীৰ: ২৮-২৯]

যিহেতু সমগ্ৰ বিশ্বজগৎ আল্লাহ তা‘আলাৰ ৰাজত্ব, সেয়ে তেওঁৰ ৰাজত্বত তেওঁৰ অজানিতে একো ঘটিব নোৱাৰে।

আমাৰ উল্লেখিত বৰ্ণনানুযায়ী তাক্বদীৰৰ ওপৰত বিশ্বাস বান্দাক তাৰ ওপৰত অৰ্পিত ওৱাজিব আদায় নকৰাৰ অথবা তাক্বদীৰৰ কথাকৈ পাপত লিপ্ত হোৱাৰ কোনো সুযোগ প্ৰদান নকৰে। এতেকে তাক্বদীৰৰ ওপৰত বিশ্বাস কৰি এই ধৰণৰ যুক্তি উপস্থাপন কৰা কেইবাটাও কাৰণত বাতিল বুলি বিবেচিত হ’ব। তাৰে কেইটিমান প্ৰমাণ তলত বৰ্ণনা কৰা হ’ল:

প্ৰথম: আল্লাহ তা‘আলাই কৈছে,

﴿سَيَقُولُ ٱلَّذِينَ أَشۡرَكُواْ لَوۡ شَآءَ ٱللَّهُ مَآ أَشۡرَكۡنَا وَلَآ ءَابَآؤُنَا وَلَا حَرَّمۡنَا مِن شَيۡءٖۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ حَتَّىٰ ذَاقُواْ بَأۡسَنَاۗ قُلۡ هَلۡ عِندَكُم مِّنۡ عِلۡمٖ فَتُخۡرِجُوهُ لَنَآۖ إِن تَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ أَنتُمۡ إِلَّا تَخۡرُصُونَ ١٤٨﴾ [الانعام: ١٤٨]

“যিহঁতে শ্বিৰ্ক কৰিছে সিহঁতে অনতিপলমে ক’ব, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোহেঁতেন আৰু কোনো বস্তুক হাৰামো নকৰিলোহেঁতেন। এনেকৈ সিহঁতৰ পূৰ্ববৰ্তীসকলে মিথ্যাৰোপ কৰিছে, অৱশেষত সিহঁতে আমাৰ শাস্তিৰ সোৱাদ লৈছে। কোৱা, আমাক দেখুৱাবলৈ তোমালোকৰ ওচৰত কোনো প্ৰমাণ আছে নে? তোমালোকে কেৱলমাত্র ধ্যান-ধাৰণাৰহে অনুসৰণ কৰা আৰু তোমালোকে কেৱল অনুমানিকহে কথা কোৱা।”

[ আল-আন‘আম, আয়াত: ১৪৮]

ইয়াৰে বুজা গ’ল যে, পাপ কাম কৰাৰ বাবে তাক্বদীৰক প্ৰমাণ হিচাপে দাঙি ধৰা যদি বৈধ হ’লেহেঁতেন তেন্তে আল্লাহ তা‘আলাই সিহঁতক সিহঁতৰ অবাধ্যতাৰ কাৰণে শাস্তি নিদিলেহেঁতেন।

দ্বিতীয়: আল্লাহ তাআলাই কৈছে,

﴿رُّسُلٗا مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةُۢ بَعۡدَ ٱلرُّسُلِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا ١٦٥﴾ [النساء: ١٦٥]

‘‘ৰাছুলসকলক সুসংবাদ দাতা আৰু ভীতি প্ৰদৰ্শনকাৰী হিচাপে প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকলৰ পিছত আল্লাহৰ প্ৰতি অপবাদ আৰোপ কৰাৰ দৰে কোনো অৱকাশ মানুহৰ বাবে নাথাকে। আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময়।” [ আন-নিছা, আয়াত: ১৬৫]

যদি তাক্বদীৰ পথভ্ৰষ্ট লোকসকলৰ বাবে পাপ কাম কৰাৰ প্ৰমাণ হ’লেহেঁতেন তেনেহ’লে নবী-ৰাছুলসকল প্ৰেৰিত হোৱাৰ পিছত এই প্ৰমাণক উঠাই লোৱা নহ’লেহেঁতেন। কিয়নো, নবী আৰু ৰাছুলসকলৰ আগমনৰ পিছতো অবাধ্যতা ত্বাকদীৰৰ কাৰণে সংঘটিত হৈছে।

তৃতীয়: ছহীহ বুখাৰী আৰু মুছলিমত আলী ইবনে আবু তালিব ৰাদিয়াল্লাহু আনহুৰ পৰা এটা হাদীছ বৰ্ণিত আছে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ মাজত এনে কোনো ব্যক্তি নাই, যাৰ ঠিকনা জান্নাতত বা জাহান্নামত লিখা হোৱা নাই। উপস্থিত লোকসকলৰ এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! তেনেহ’লে আমি ভাগ্যৰ ওপৰত তাৱাক্কুল তথা ভৰসা কৰি নাথাকিম নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক’লে, নহয়, আমল কৰি থাকা, যাক যি উদ্দেশ্যৰে সৃষ্টি কৰা হৈছে, তাৰ বাবে সেইটো সহজ হ’ব। তাৰপিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পাঠ কৰিলে:

﴿فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ ٥ وَصَدَّقَ بِٱلۡحُسۡنَىٰ ٦ فَسَنُيَسِّرُهُۥ لِلۡيُسۡرَىٰ ٧﴾ [الليل: ٥،  ٧]

“আৰু যিয়ে দান কৰে, আৰু আল্লাহৰ তাকওৱা অবলম্বন কৰে আৰু যি উত্তম সেইটো সত্য বুলি মানি চলে, আমি তাক সহজ পথত চলিবলৈ সুযোগ কৰি দিওঁ।” [ আল-লাইল আয়াত: ৫-৭]

ছহীহ মুছলিমৰ হাদীছত এনেকৈ আহিছে যে,

«كُلٌّ مُيَسَّرٌ لِمَا خُلِقَ لَهُ»

“যিয়ে যাৰ বাবে সৃষ্ট, সেইটো তাৰ বাবে সহজ।”

সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সকলোকে কাম কৰি যোৱাৰ নিৰ্দেশ দিছে আৰু তাক্কদীৰৰ ওপৰত ভৰসা কৰি থাকিবলৈ নিষেধ কৰিছে।

চতুৰ্থ: আল্লাহ তা‘আলাই বান্দাক কিছুমান বিষয়ৰ আদেশ আৰু কিছুমান বিষয়ৰ পৰা নিষেধ কৰিছে। তাক তাৰ ক্ষমতা আৰু সাধ্যৰ বাহিৰে একোৱে কৰিবলৈ কোৱা নাই।

আল্লাহ তা‘আলাই কৈছে,

 ﴿فَٱتَّقُواْ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ﴾ [التغابن: ١٦] 

“এতেকে, তোমালোকে যথাসাধ্য আল্লাহক ভয় কৰা।” [ আত-তাগাবুন: ১৬]

আল্লাহ তা‘আলাই আৰু কৈছে,

﴿لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا وُسۡعَهَاۚ﴾ [البقرة: ٢٨٦]

“আল্লাহে কোনো মানুহৰ ওপৰত তেওঁৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব দিয়া নাই” [ বাক্বাৰা, আয়াত: ২৮৬]

যদি বান্দা কোনো কাম কৰাৰ ক্ষেত্ৰত বাধ্যই হ’লেহেঁতেন, তেনেহ’লে তেওঁক তেওঁৰ সাধ্য ও ক্ষমতাৰ বাহিৰে এনে কামৰ নিৰ্দেশ দিয়া হ’লেহেঁতেন যাৰ পৰা তেওঁৰ ৰেহাই পোৱাৰ কোনো উপায় নাথাকিলেহেঁতেন। আৰু এইটো বাতিল। সেয়ে বান্দা ভুল, অজ্ঞতাবশতঃ অথবা জোৰপূৰ্বক অনিচ্ছাকৃতভাৱে কোনো অপৰাধ কৰিলে তাত তেওঁৰ পাপ নহয়।

পঞ্চম: আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত তাক্বদীৰ সম্পৰ্কে বান্দাৰ কোনো জ্ঞান নাই। ই গায়েবী জগতৰ এক গোপন ৰহস্য। তক্বদীৰৰ বিষয়টো সংঘটিত হোৱাৰ পিছতহে বান্দা সেইটো জানিব পাৰে। বান্দাৰ ইচ্ছা তেওঁৰ কামৰ আগত হয়; সেয়ে তেওঁৰ ইচ্ছা আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত তাক্বদীৰ জনাৰ ওপৰত ভিত্তি কৰি নহয়। এনেস্থলত তাক্বদীৰক প্ৰমান বনোৱাৰ কোনো অৰ্থই নহয়। আৰু যি বিষয় বান্দাৰ জনা নাই সেই বিষয়ে তাৰ বাবে প্ৰমাণ হ’বই নোৱাৰে।

ষষ্ঠ: আমি লক্ষ্য কৰিছো, মানুহে পাৰ্থিৱ বিষয়ত সদায় যথোপযুক্ত আৰু সঠিক সিদ্ধান্ত নিবলৈ আগ্ৰহী হৈ থাকে। কেতিয়াও ক্ষতিকৰ আৰু অলাভজনক কামত ভৰি নিদিয়ে আৰু তেতিয়া তাক্বদীৰৰ দোহাই নিদিয়ে। তেনেহ’লে ধৰ্মীয় কামত উপকাৰী দিশ এৰি ক্ষতিকৰ আৰু নিষিদ্ধ কামত লিপ্ত হৈ তাক্বদীৰৰ দোহাই দিয়া হয় কিয়? বিষয়টো উভয় ক্ষেত্ৰত একে নহয় নে বাৰু?

  প্ৰিয় পাঠক, আপোনাৰ সন্মুখত দুটা উদাহৰণ দাঙি ধৰিছো যিয়ে বিষয়টো স্পষ্ট কৰিব:

প্ৰথম উদাহৰণ: যদি কাৰো সন্মুখত দুটা পথ থাকে। এটা পথ তাক এনে এক দেশত লৈ যাব য’ত কেৱল নৈৰাজ্য, খুন-খাৰাবী, লুটপাট, ভয়-ভীতি আৰু দূৰ্ভিক্ষ বিৰাজমান। দ্বিতীয় পথ তাক এনে সপোনৰ চহৰত লৈ যাব য’ত শৃঙ্খলা নিৰাপত্তা, সুখ-শান্তি আৰু জান-মালৰ নিৰাপত্তাৰ নিশ্চয়তা আছে। তেনে ক্ষেত্ৰত সি কোন পথ অবলম্বন কৰিব? নিশ্চিতভাৱে ক’ব পাৰি যে, সি দ্বিতীয় পথ অবলম্বন কৰিব, যি পথত শান্তি আৰু আইন-শৃঙ্খলা বলবৎ আছে। কোনো বুদ্ধিমান মানুহে প্ৰথম পথত ভৰি দি ভাগ্যৰ দোহাই নিদিব। তেনেহ’লে মানুহে আখিৰাতৰ ক্ষেত্ৰত জান্নাতৰ পথ এৰি জাহান্নামৰ পথত চলি তাক্বদীৰৰ দোহাই কিয় দিব?

দ্বিতীয় উদাহৰণ: বেমাৰিক ঔষধ সেৱন কৰিবলৈ কোৱা হ’লে সেয়া যদিও তিতা তেওঁ সেৱন কৰে। বিশেষ ধৰনৰ কোনো খাদ্য খাবলৈ বাৰণ কৰা হ’লে সেইটো তেওঁ নাখায়, যদিও তেওঁৰ খাবলৈ মন যায়। এই সকলো কেৱল নিৰাময় আৰু আৰোগ্য হোৱাৰ আশাত কৰে কিন্তু তেওঁ ত্বাকদীৰৰ দোহাই দি ঔষধ সেৱনৰ পৰা বিৰত নাথাকে বা নিষিদ্ধ খাদ্যও নাখায়।

তেনেহ’লে মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশাৱলী বৰ্জন আৰু নিষেধাৱলী অমান্য কৰি তাকদীৰৰ দোহাই দিয়ে কিয়?

সপ্তম: যি ব্যক্তি তাৰ ওপৰত অৰ্পিত ওৱাজিব কামসমূহ ত্যাগ কৰে অথবা পাপকাম কৰি তাকদীৰৰ দোহাই দি থাকে অথচ তাৰ ধন-সম্পদ বা মান সন্মানত যদি কোনোৱে আঘাত হানি কয়, এইটোৱেই তোমাৰ তাক্বদীৰত লিখা আছিল, মোক দোষাৰূপ নকৰিবা, তেতিয়া সি তাৰ যুক্তি গ্ৰহণ নকৰিব। তেনেহ’লে কিয় সি তাৰ ওপৰত আনৰ আক্ৰমনৰ সময়ত তাক্বদীৰৰ দোহাই স্বীকাৰ নকৰে। তেন্তে কেনেকৈ সি আল্লাহৰ অধিকাৰত আঘাত হানি তক্বদীৰৰ দোহাই দিয়ে?

মনত ৰাখিব, এবাৰ ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু আনহুৰ দৰবাৰত চোৰ এজনক হাজিৰ কৰোৱা হয়। তাৰ হাত কাটিবলৈ নিৰ্দেশ জাৰি কৰাত সি ক’লে! হে আমিৰুল মু’মিনীন! ৰ’ব, আল্লাহে তাক্বদীৰত লিখি ৰাখিছে বুলিহে মই চুৰি কৰিছো। ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু আনহুয়ে ক’লে, আমিও আল্লাহে তাক্বদীৰত লিখি ৰাখিছে বুলিহে হাত হাত কাটিবলৈ নিৰ্দেশ দিছো।

 তাক্বদীৰৰ ওপৰত ঈমানৰ বহুবিধ ফল আছে তাৰে বিশেষ কেইটিমান হ’ল:

১। ঈমান বিল ক্বদৰৰ দ্বাৰা উপায়-উপকৰণ গ্ৰহণকালত ব্যক্তিৰ অন্তৰত আল্লাহ তা‘আলাৰ ওপৰত তাৱাক্কুল আৰু ভৰসাৰ সৃষ্টি হয় আৰু সি তেতিয়া কেৱলমাত্র উপায়-উপকৰণৰ ওপৰত নিৰ্ভশীল নহয়। কিয়নো, প্ৰতিটো বস্তুৱে আল্লাহ তা‘আলাৰ তাক্বদীৰৰ আয়ত্বাধীন।

২। ব্যক্তিৰ কোনো উদ্দেশ্য সাধন হ’লে সি তেতিয়া নিজকে গৌৰৱবোধ নকৰে। কাৰণ, যি অৰ্জন হৈছে সেই সকলো আল্লাহৰ নে‘আমত। যি তেওঁ কল্যাণ আৰু সাফল্যৰ উপকৰণৰ দ্বাৰা নিৰ্ধাৰণ কৰি ৰাখিছে। আৰু ব্যক্তি নিজ কৰ্মৰ বাবে আত্মগৌৰৱ অৰ্জন কৰিলে এই নি‘আমতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাহৰি যায়।

৩। ঈমান বিল ক্বদৰৰ দ্বাৰা বান্দাৰ ওপৰত আল্লাহৰ তক্বদীৰ অনুযায়ী যি কাৰ্যকৰী হয় ইয়াৰ ফলত তাৰ অন্তৰত প্ৰশান্তি আৰু নিশ্চিন্ততা অৰ্জিত হয়। ফলত সি কোনো প্ৰিয় বস্তু হেৰালে বা কোনো প্ৰকাৰ কষ্ট ও বিপদাপদত পতিত হ’লে বিচলিত নহয়। কাৰণ; সি জানে যে, সকলো সেই আল্লাহৰ তক্বদীৰ অনুযায়ী ঘটিছে যিজনে আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক। যি ঘটিবলগীয়া সেইটো  ঘটিবই। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿مَآ أَصَابَ مِن مُّصِيبَةٖ فِي ٱلۡأَرۡضِ وَلَا فِيٓ أَنفُسِكُمۡ إِلَّا فِي كِتَٰبٖ مِّن قَبۡلِ أَن نَّبۡرَأَهَآۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٢٢ لِّكَيۡلَا تَأۡسَوۡاْ عَلَىٰ مَا فَاتَكُمۡ وَلَا تَفۡرَحُواْ بِمَآ ءَاتَىٰكُمۡۗ وَٱللَّهُ لَا يُحِبُّ كُلَّ مُخۡتَالٖ فَخُورٍ ٢٣ ﴾ [الحديد: ٢٢،  ٢٣]

“পৃথিৱীত আৰু তোমালোকৰ নিজৰ ওপৰত যিবোৰ বিপদাপদ আহে ইয়াৰ আগতেই সেইটো এখন কিতাবত লিপিবদ্ধ আছে। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ। এইটো এই বাবে যে, যাতে তোমালোকে যি হেৰুৱা তাৰ বাবে দুঃখিত নোহোৱা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে, তাৰ বাবে উল্লাস নকৰা। আল্লাহে কোনো উদ্ধত্ত অহংকাৰীক পছন্দ নকৰে।” [আল-হাদীদ, আয়াত: ২২-২৩]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘মু’মিনৰ বিষয়টো আশ্চৰ্য্যজনক, তেওঁৰ সকলো ক্ষেত্ৰতেই কল্যাণ নিহিত আছে। কেৱল মু’মিনৰ ক্ষেত্ৰতেই এইটো হয়। আনন্দ অনুভৱ কৰিলে কৃতজ্ঞতা জ্ঞাপন কৰে, তেতিয়া ই তাৰ বাবে কল্যাণ লৈ আহে। আৰু যেতিয়া তাৰ ওপৰত কোনো ক্ষতিকৰ বিষয় আপতিত হয় তেতিয়া সি ধৈৰ্য ধাৰণ কৰে, তেতিয়া তাৰ বাবে এইটোও কল্যাণকৰ হয়।” (ছহীহ মুছলিম)

 তাক্বদীৰ সম্পৰ্কে দুটা সম্প্ৰদায় পথভ্ৰষ্ট হৈছে:

তাৰ মাজত এটা হৈছে জাবৰিয়্যাহ সম্প্ৰদায়, এওঁলোকে কয়, বান্দা তাক্বদীৰৰ কাৰণে নিজ ক্ৰিয়া-কৰ্মত বাধ্য, ইয়াত তাৰ নিজা কোনো ইচ্ছা শক্তি বা সামৰ্থ নাই।

আৰু দ্বিতীয়টো হৈছে ক্বাদাৰিয়্যাহ সম্প্ৰদায়, এওঁলোকৰ কথা হৈছে, বান্দা তাৰ যাৱতীয় কৰ্ম-কাণ্ডত নিজ ইচ্ছা আৰু শক্তিৰ ক্ষেত্ৰত স্বয়ংসম্পন্ন, তাৰ কামত আল্লাহ তা‘আলাৰ ইচ্ছা বা কুদৰতৰ কোনো প্ৰভাৱ নাই।

চৰিয়ত আৰু বাস্তৱতাৰ আলোকত প্ৰথম দল (জাবৰিয়্যাহ সম্প্ৰদায়)ৰ বক্তব্যৰ উত্তৰ:

১. চৰিয়তৰ আলোকত ইয়াৰ উত্তৰ: নিশ্চয় আল্লাহ তা‘আলা তেওঁৰ বান্দাৰ বাবে ইৰাদা বা ইচ্ছাশক্তি সাব্যস্ত কৰিছে আৰু বান্দাৰ প্ৰতি তেওঁৰ কাৰ্যক্ৰমৰ সম্বন্ধও আৰোপ কৰিছে। আল্লাহ তা‘আলাই কৈছে,

﴿مِنكُم مَّن يُرِيدُ ٱلدُّنۡيَا وَمِنكُم مَّن يُرِيدُ ٱلۡأٓخِرَةَۚ﴾ [ال عمران: ١٥٢]

“তোমালোকৰ কোনোৱে দুনিয়া কামনা কৰে আকৌ কোনোবাই আখিৰাত কামনা কৰে।” [ আলে ইমৰান, আয়াত: ১৫২]

আল্লাহ তাআলাই আন ঠাইত কৈছে,

﴿وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ﴾ [الكهف: ٢٩]

“কোৱা, সত্য তোমাৰ প্ৰতিপালকৰ পৰা আহিছে। এতেকে, যি ইচ্ছা কৰে বিশ্বাস স্থাপন কৰক আৰু যি ইচ্ছা কৰে কুফুৰী কৰক। আমি যালিমসকলৰ বাবে জুই প্ৰস্তুত কৰি ৰাখিছো। যাৰ লেলিহান শিখাই সিহঁতক পৰিবেষ্টিন কৰি ৰাখিব।” [ আল-ক্বাহাফ, আয়াত: ২৯]

আল্লাহ তা‘আলাই আৰু কৈছে,    

﴿مَّنۡ عَمِلَ صَٰلِحٗا فَلِنَفۡسِهِۦۖ وَمَنۡ أَسَآءَ فَعَلَيۡهَاۗ وَمَا رَبُّكَ بِظَلَّٰمٖ لِّلۡعَبِيدِ ٤٦﴾ [فصلت: ٤٦]

“যিয়ে সৎকৰ্ম কৰে সি নিজৰ বাবেই কৰে আৰু যিয়ে অসৎকৰ্ম কৰে, তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ পালনকৰ্তাই বান্দাসকলৰ প্ৰতি অলপো যুলুম নকৰে। [ ফুচ্ছিলাত, আয়াত: ৪৬]

২. বাস্তৱতাৰ আলোকত ইয়াৰ উত্তৰ: সকলো মানুহেই জানে যে, তাৰ কিছুমান কৰ্ম নিজ ইচ্ছাধীন, যিবোৰ তাৰ নিজ ইচ্ছাত সম্পাদিত কৰে, যেনে, খোৱা-লোৱা, পান কৰা আৰু বেচা-কিনা কৰা। আৰু কিছুমান কাম তাৰ অনিচ্ছাধীন, যেনে, অসুস্থ্যতাৰ কাৰণে শৰীৰ কম্পন কৰা আৰু ওখ ঠাইৰ পৰা তলত পৰি যোৱা। প্ৰথম ধৰণৰ কামত মানুহ নিজেই কৰ্তা, নিজ ইচ্ছাত সি সেইটো গ্ৰহণ কৰিছে ইয়াত কোনো বাধ্যবাধকতা নাছিল। আৰু দ্বিতীয় প্ৰকাৰ কামত তাৰ কোনো নিজা পছন্দ নাছিল আৰু তাৰ ওপৰত যি পতিত হৈছে তাৰ কোনো ইচ্ছাও নাছিল।

 চৰিয়ত আৰু যুক্তিৰ আলোকত দ্বিতীয় দল ক্বাদাৰিয়্যাহসকলৰ বক্তব্যৰ উত্তৰ:

চৰিয়তৰ আলোকত উত্তৰ: আল্লাহ তা‘আলা সকলো বস্তুৰ স্ৰষ্টা, বিশ্বৰ সকলো বস্তু আল্লাহৰ ইচ্ছাত অস্তিত্ব লাভ কৰে। আল্লাহ তা‘আলা তেওঁৰ পৱিত্ৰ গ্ৰন্থত স্পষ্ট কৰি কৈছে যে, বান্দাসকলৰ সকলো কৰ্ম-কাণ্ড আল্লাহৰ ইচ্ছাত বাস্তবায়িত হৈ থাকে। আল্লাহ তা‘আলাই কৈছে,

﴿وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلَ ٱلَّذِينَ مِنۢ بَعۡدِهِم مِّنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ وَلَٰكِنِ ٱخۡتَلَفُواْ فَمِنۡهُم مَّنۡ ءَامَنَ وَمِنۡهُم مَّن كَفَرَۚ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ﴾ [البقرة: ٢٥٣]

“আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন, তেনেহ’লে সুস্পষ্ট প্ৰমাণাদি আহি যোৱাৰ পিছত সিহঁতৰ পয়গাম্বৰসকলৰ পৰবৰ্তী সকলে পৰস্পৰে যুদ্ধ-বিগ্ৰহত লিপ্ত নহলেহেঁতেন। কিন্তু সিহঁতে পৰস্পৰৰ মাজত মতবিৰোধ সৃষ্টি কৰিলে। তাৰপিছত সিহঁতৰ কিছুমানে ঈমান আনিছে, আৰু কিছুমানে হৈছে কাফিৰ। আৰু আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেনেহ’লে সিহঁতে পৰস্পৰ কাজিয়া নকৰিলেহেঁতেন। কিন্তু আল্লাহে সেইটোৱে কৰে, যিটো তেওঁ ইচ্ছা কৰে।” [ আল-বাকাৰা: আয়াত: ২৫৩]

আল্লাহে আৰু কৈছে,

﴿وَلَوۡ شِئۡنَا لَأٓتَيۡنَا كُلَّ نَفۡسٍ هُدَىٰهَا وَلَٰكِنۡ حَقَّ ٱلۡقَوۡلُ مِنِّي لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ ١٣﴾ [السجدة: ١٣]

“আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিক সৎপথত পৰিচালিত কৰিলোহেঁতেন। কিন্তু মোৰ এই উক্তি চিৰ সত্য যে, আমি জিন আৰু মানৱ উভয়ৰ দ্বাৰা অৱশ্যই জাহান্নাম পূৰণ কৰিম।” [ আচ-ছাজদাহ, আয়াত: ১৩]

যুক্তিৰ দ্বাৰা ইয়াৰ উত্তৰ: এই কথা নিশ্চিত যে, সমগ্ৰ বিশ্বজগৎ আল্লাহৰ ৰাজত্ব আৰু মানুহ এই বিশ্বজগতৰেই এটা অংশ, সেয়ে সিও আল্লাহৰ মালিকানাধীন। আৰু মালিকানাধীন কোনো সত্তাৰ পক্ষত মালিকৰ অনুমতি আৰু ইচ্ছাৰ বাহিৰে তাৰ ৰাজত্বত একো কৰা সম্ভব নহয়।


 ইছলামী আক্বীদাৰ লক্ষ্যসমূহ

অৰ্থাৎ ইয়াৰ মহৎ উদ্দেশ্যাৱলী যিটো এই আক্বীদাক দৃঢ়ভাৱে ধাৰণ আৰু পালন কৰাৰ ফলত অৰ্জিত হয়, সেইবোৰ বহুত যেনে,

১। সৰ্বপ্ৰকাৰ নিয়ত আৰু ইবাদত কেৱল আল্লাহ তাআ‘লাৰ বাবে একনিষ্ঠভাৱে সম্পাদন কৰা। কিয়নো, তেওঁৱেই আমাৰ একমাত্ৰ স্ৰষ্টা, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে ইবাদত একমাত্ৰ তেওঁৰ বাবেই হ’ব লাগিব।

২। আক্বীদাৰ শূণ্যতাৰ ফলত উদ্ভৱ হোৱা নৈৰাজ্য আৰু বিশৃঙ্খলাৰ পৰা চিন্তাধাৰা ও বুদ্ধিক মুক্ত কৰা। কাৰণ, এই আক্বীদাবিহীন ব্যক্তি আক্বীদাশূন্য আৰু বস্তুপূজাৰী হয় অথবা কুসংস্কাৰ আৰু নানাবিধ আক্বীদাগত ভ্ৰান্তিত নিমজ্জিত থাকে।

৩। মানুষিক আৰু চিন্তাগত প্ৰশান্তি অৰ্জন। ইয়াৰ ফলত ব্যক্তিৰ মনত কোনো প্ৰকাৰৰ উদ্বেগ আৰু বিষন্নতা নাথাকে, আৰু চিন্তাধাৰাতো কোনো অস্থিৰতা নাথাকে। কাৰণ, এই আক্বীদা আল্লাহৰ সৈতে মুমিনৰ সম্পৰ্কক মজবোত আৰু সুদৃঢ় কৰি দিয়ে। ফলত, সি তাৰ স্ৰষ্টা আৰু প্ৰতিপালকৰ তাক্বদীৰ বা সিদ্ধান্তত সন্তুষ্ট হয়। আৰু তাৰ আত্মাই প্ৰশান্তি লাভ কৰে। ইছলামৰ বাবে তাৰ অন্তৰ হয় উন্মোচিত আৰু জীৱনধৰ্ম হিচাপে সি ইছলামৰ বাহিৰে বিকল্প আন কোনো পথৰ ফালে দৃষ্টিপাত নকৰে।

৪। আল্লাহৰ ইবাদত বা মানুহৰ লগত লেন-দেন আৰু আচাৰ আচৰণৰ ক্ষেত্ৰত উদ্দেশ্য আৰু কৰ্ম পথবিচ্যুতিৰ পৰা নিৰাপত্তা অৰ্জন। কিয়নো, এই আক্বীদাৰ ভিত্তি হৈছে ৰাছুলসকলৰ প্ৰতি বিশ্বাস আৰু তেওঁলোকৰ অনুসৰণৰ ওপৰত, যিটো উদ্দেশ্য আৰু কৰ্মগত দিশেৰে নিৰাপদ ও বিশুদ্ধ।

৫। সকলো বিষয়তে সুচিন্তিত আৰু দৃঢ়তাৰ সৈতে পদক্ষেপ লবলৈ সাহায্য লাভ হয়। যাতে বান্দা ছোৱাবৰ আশাত সৎ আৰু পুণ্য কামৰ কোনো সুযোগ এৰি নিদিয়ে আৰু আখিৰাতৰ কঠোৰ আৰু ভয়াবহ শাস্তিৰ ভয়ত সকলো ধৰণৰ পাপ কামৰ স্থানৰ পৰা নিজকে দূৰত ৰাখে। কাৰণ, ইছলামী আক্বীদাৰ অন্যতম মৌলিক বিশ্বাস হৈছে পুনৰুত্থান আৰু আমলৰ প্ৰতিফল লাভৰ প্ৰতি বিশ্বাস স্থাপন। আল্লাহ তা‘আলাই কৈছে,

﴿وَلِكُلّٖ دَرَجَٰتٞ مِّمَّا عَمِلُواْۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا يَعۡمَلُونَ ١٣٢﴾ [الانعام: ١٣٢]

“প্রত্যকৰ বাবে আছে সিহঁতৰ কৰ্মৰ আনুপাতিক মৰ্যাদা আৰু তোমাৰ প্ৰতিপালক সিহঁতৰ কৰ্ম সম্পৰ্কে অমনোযোগী নহয়।’’

[ আল-আন‘আম, আয়াত: ১৩২]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই লক্ষ্য সাধনৰ বাবে উৎসাহিত কৰি কৈছে,

«الْمُؤْمِنُ الْقَوِيُّ خَيْرٌ وَأَحَبُّ إِلَى اللَّهِ مِنْ الْمُؤْمِنِ الضَّعِيفِ وَفِي كُلٍّ خَيْرٌ احْرِصْ عَلَى مَا يَنْفَعُكَ وَاسْتَعِنْ بِاللَّهِ وَلا تَعْجَزْ وَإِنْ أَصَابَكَ شَيْءٌ فَلا تَقُلْ لَوْ أَنِّي فَعَلْتُ كَانَ كَذَا وَكَذَا وَلَكِنْ قُلْ قَدَرُ اللَّهِ وَمَا شَاءَ فَعَلَ فَإِنَّ لَوْ تَفْتَحُ عَمَلَ الشَّيْطَان»

“শক্তিশালী মু’মিন আল্লাহৰ ওচৰত দুৰ্বল মু’মিনতকৈ উত্তম আৰু অধিক প্ৰিয়। প্ৰত্যেকৰেই মাজত কল্যাণ নিহিত আছে। তোমাৰ বাবে যি কল্যাণকৰ আৰু উপকাৰী সেইটো কৰিবলৈ সচেষ্ট হোৱা আৰু আল্লাহৰ সাহায্য প্রাৰ্থনা কৰা। অপাৰগ আৰু অক্ষম নহ’বা। বিপদগ্ৰস্থ হ’লে এই কথা নক’বা যে, মই যদি এইটো আৰু এইটো কৰিলোহেঁতেন, তেনেহ’লে এনে নহ’লেহেঁতেন। বৰং কোৱা, আল্লাহে তাক্বদীৰত যি ৰাখিছে সেইটোৱে হৈছে, আল্লাহে যি ইচ্ছা কৰে, সেইটোৱে কৰে। কাৰণ, ‘‘যদি’’ শব্দটো চয়তানী কামৰ দুৱাৰ উন্মুক্ত কৰি দিয়ে।” (ছহীহ মুছলিম)

৬। এনে এক শক্তিশালী জাতি গঠন কৰা যি জাতি আল্লাহৰ দ্বীনক প্ৰতিষ্ঠিত কৰাৰ, ইয়াৰ ভিত্তিসমূহ মজবুত আৰু তাৰ পতাকা সমুন্নত কৰাৰ লক্ষ্যত পৃথিৱীৰ সকলো প্ৰতিকূল পৰিস্থিতিক আওকান কৰি জান আৰু মাল ব্যয় কৰিব। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ ءَامَنُواْ بِٱللَّهِ وَرَسُولِهِۦ ثُمَّ لَمۡ يَرۡتَابُواْ وَجَٰهَدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ فِي سَبِيلِ ٱللَّهِۚ أُوْلَٰٓئِكَ هُمُ ٱلصَّٰدِقُونَ ١٥﴾ [الحجرات: ١٥]

“প্ৰকৃত মু’মিন তেওঁলোকেই, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনাৰ পিছত সন্দেহ পোষণ নকৰে আৰু আল্লাহৰ পথত জীৱন আৰু ধন-সম্পদৰ দ্বাৰা জিহাদ কৰে। সিহঁতেই সত্যবাদী।”

[ আল-হুজৰাত, আয়াত: ১৫]

৭। ব্যক্তি আৰু দল সংশোধন কৰি পৃথিৱী আৰু পৰকালৰ সূখ-শান্তি অৰ্জন কৰা আৰু আল্লাহৰ ওচৰত ছোৱাব আৰু সন্মান লাভ কৰা। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছে,

﴿مَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَلَنُحۡيِيَنَّهُۥ حَيَوٰةٗ طَيِّبَةٗۖ وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ ٩٧﴾ [النحل: ٩٧]

“যিয়ে সৎ কাম কৰে সি ঈমানদাৰ পুৰুষেই হওঁক অথবা নাৰী, আমি তাক পৱিত্ৰ জীৱন দান কৰিম আৰু প্ৰতিদানত সিহঁতক সিহঁতৰ উত্তম কামৰ কাৰণে প্ৰাপ্য পুৰুষ্কাৰ প্ৰদান কৰিম।” [ আন-নাহল আয়াত: ৯৭]

উপৰোক্ত বিষয়সমূহ হৈছে, ইছলামী আক্বীদাৰ কিছুমান উদ্দেশ্য আৰু লক্ষ্য। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তেওঁ যেন আমাক আৰু সকলো মুছলমানক এইবোৰ অৰ্জনৰ তাওফীক দান কৰে।

আল্লাহৰ তৰফৰ পৰা চালাত ও ছালাম বৰ্ষিত হওঁক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু তেওঁৰ পৰিয়াল বৰ্গ লগতে ছাহাবায়ে কেৰামসকলৰ ওপৰত। আমীন।


[1] আদল বা ইনচাফ হৈছে: সমপৰ্যায়সম্পন্ন সকলৰ ক্ষেত্ৰত সমতা আৰু ভিন্নমুখী সকলৰ ক্ষেত্ৰত ভিন্নতা প্ৰতিষ্ঠা কৰা। আদল অৰ্থ কেতিয়াও নিঃচৰ্ত সাম্য প্ৰতিষ্ঠা নহয় যেনেকৈ কিছুমান লোকে ধাৰণা কৰে। সিহঁতে কয়, ইছলাম সাম্যৰ ধৰ্ম আৰু চৰ্তহীন ভাৱে সেইটো কৈ থাকে। কাৰণ ভিন্ন মুখী সকলৰ মাজত সমতা বিধান কৰাটো এক প্ৰকাৰ যুলুম বা অন্যায়, যিটো ইছলামে কেতিয়াও কৰা নাই আৰু যিহঁতে এনেকে কৰিব ইছলামে সিহঁতৰ প্ৰশংসাও কৰা নাই।

[2] ঠিক এইদৰে আল্লাহ তা‘আলাই হূদ আলাইহিছ ছালাম সম্পৰ্কে জনাইছে যে, তেওঁ তেওঁৰ জাতিক কৈছিল,

﴿أُتُجَٰدِلُونَنِي فِيٓ أَسۡمَآءٖ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّا نَزَّلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٖۚ﴾ [الاعراف: ٧١] 

“তোমালোকে মোৰ লগত এনে কিছুমান নাম লৈ তৰ্ক কৰিছা নেকি, যিবোৰ তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নামকৰণ কৰিছা, যাৰ বিষয়ে আল্লাহে কোনো দলীল নাযিল কৰা নাই।” [ আল-‘আৰাফ: ৭১]

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ