ডলাৰ বা টকাত সোণৰ নিছাব

চমু বিৱৰণ

কিমান পৰিমাণ টকা থাকিলে যাকাত দিব লাগিব বা সোণৰ নিছাব ডলাৰত অথবা টকাত কিমান হব এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে উক্ত ফতোৱাত।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    ডলাৰ বা টকাত সোণৰ নিছাব

    ] অসমীয়া – Assamese – آسامي [

    শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    নিৰীক্ষক ইছলাম হাউছ অসমীয়া বিভাগ ৰিয়াদ, ছৌদি আৰব

    نصاب الذهب بالدولار

    ] অসমীয়া – Assamese – آسامي [

    الشيخ محمد صالح المنجد

    القسم العلمي بموقع الإسلام سؤال وجواب

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    প্ৰশ্ন: মই আমেৰিকাত আছো। সোণৰ নিছাব আমেৰিকান ডলাৰত কিমান হ'ব?

    উত্তৰ:

    সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।

    নিছাব হৈছে- যাকাত ফৰজ হোৱাৰ সৰ্বনিম্ন সীমা। যদি কোনো ব্যক্তি এই পৰিমাণ সম্পদৰ মালিক হয় তেনেহ'লে তাৰ ওপৰত যাকাত ফৰজ হ'ব। আৰু যদি ইয়াতকৈ কম পৰিমাণ সম্পদৰ মালিক হয় তেনেহ'লে তাৰ ওপৰত যাকাত ফৰজ নহ'ব। এই কথা সুবিদিত যে, ইছলামী চৰীয়াতত সোণ আৰু ৰূপ উভয় মুদ্ৰাৰ ওপৰত যাকাত ফৰজ লগতে বৰ্তমান যিবোৰ কাগজীয়া মুদ্ৰা এই দুটাৰ স্থলাভিষিক্ত হৈছে সেইবোৰৰ ওপৰতো যাকাত ফৰজ। সেই মুদ্ৰা ডলাৰ হওঁক বা ৰিয়াল হওঁক নাইবা পাউন্ড হওঁক অথবা ইউৰো হওঁক কিংবা টকা হওঁক আন কোনো মুদ্ৰাই হওঁক।

    সোণৰ নিছাব হৈছে- ২০ মিছকাল; এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে। ১মিছকাল আমাৰ বৰ্তমান সময়ৰ হিচাপত প্ৰায় ৪.২৫ গ্ৰাম। এতেকে, সোণৰ নিছাব হ'ব প্ৰায় ৮৫ গ্ৰাম। যি ব্যক্তি এই পৰিমাণ সোণৰ মালিক হ'ব সেইটো যি ধৰণেই নহওঁক কিয় তাৰ ওপৰত যাকাত ফৰজ হ'ব। হাজাৰত ২৫ টকা (২.৫%)

    আৰু ৰূপৰ নিছাব হৈছে- ২০০ দিৰহাম; যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ দ্বাৰা প্ৰমাণিত। এই দিৰহাম আমাৰ বৰ্তমান সময়ৰ হিচাপত প্ৰায় ২.৯৭৫ গ্ৰাম। এতেকে ৰূপৰ নিছাব হ'ব প্ৰায় ৫৯৫ গ্ৰাম। যি ব্যক্তি এই পৰিমাণ ৰূপৰ মালিক হ'ব তাৰ ওপৰত ইয়াৰ যাকাত ফৰজ হ'ব। হাজাৰত ২৫ টকা (২.৫%)

    আমি জানো যে, বৰ্তমান সময়ত সোণ আৰু ৰূপৰ মূল্যৰ মাজত বহুত ব্যৱধান আছে। সেয়ে সাৱধানতামূলক আৰু দৰিদ্ৰৰ বাবে কল্যাণকৰ হৈছে যে- আপুনি গণনা কৰিব আপোনাৰ ওচৰত যিবোৰ ডলাৰ আছে বা টকা আছে সেইবোৰ সঞ্চয় কৰাৰ মেয়াদ যদি এক চন্দ্ৰ বছৰ (৩৫৪ দিন) পূৰ্ণ হয় আৰু সেয়া যদি ৰূপৰ নিছাবৰ সমপৰিমাণ হয় অথবা তাতোকৈ বেছি হয় তেতিয়া আপুনি এহেজাৰ ডলাৰত ২৫ ডলাৰ অথবা টকা হলে এহেজাৰ টকাত ২৫ টকা হিছাবত যাকাত আদায় কৰিব। যাকাতৰ চৰীয়ত নিৰ্ধাৰিত শিতানত এই অৰ্থ বণ্টন কৰিব।

    আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰো, তেওঁ যেন আমাক সম্পদৰ হক আদায় কৰাৰ তাওফীক দিয়ে। আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত আল্লাহৰ ৰহমত আৰু শান্তি বৰ্ষিত হওঁক। আমীন।

    ইন্টাৰনেটৰ মাধ্যমতো সোণ আৰু ৰূপৰ মূল্য জানিব লব পাৰে।

    শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ