ইছলাম - পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা

লেখক :

অনুবাদ:

চমু বিৱৰণ

ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।

Download

বিস্তাৰিত বিৱৰণী

 ইছলাম

 পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা

ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।

এইখন কোৰআন আৰু হাদীছৰ দলিলৰ দ্বাৰা সুসজ্জিত সংস্কৰণ

 ১) ইছলাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি আল্লাহৰ অন্তিম আৰু অমৰ বাৰ্তা, যাৰ দ্বাৰা ঐশ্বৰীয় ধৰ্ম আৰু বাৰ্তাসমূহৰ সমাপন কৰা হৈছে।

ইছলাম হৈছে আল্লাহৰ ফালৰ পৰা গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত বাৰ্তা। আল্লাহ তাআলাই কৈছেঃআৰু আমি আপোনাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।(ছুৰা ছাবাঃ আয়াত নং ২৮)আল্লাহ তাআলাই আৰু কৈছেঃকওক, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ প্ৰেৰিত ৰাছুল।(ছুৰা আল-আৰাফঃ ১৫৮)আল্লাহ তাআলাই আৰু কৈছেঃহে মানৱ! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান আনা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।(ছুৰা আন-নিছাঃ ১৭০)ইছলাম হৈছে আল্লাহৰ চিৰস্থায়ী বাৰ্তা, ইয়াৰ দ্বাৰাই তেওঁ ঐশ্বৰীয় ধৰ্মৰ ধাৰাবাহিকতাৰ সমাপন হৈছে। আল্লাহ তাআলাই কৈছেঃমুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।(ছুৰা আল-আহযাবঃ ৪০)

 ২. ইছলাম কোনো লিংগ বিশেষ তথা জাতি বিশেষৰ বাবে নহয়, বৰং এইটো হৈছে গোটেই মানৱজাতিৰ বাবে আল্লাহৰ ধৰ্ম।

ইছলাম কোনো লিংগ বিশেষ তথা জাতি বিশেষৰ বাবে নহয়, বৰং এইটো হৈছে গোটেই মানৱজাতিৰ বাবে আল্লাহৰ ধৰ্ম, আৰু কোৰআনৰ প্ৰথম নিৰ্দেশ হৈছে আল্লাহৰ এই বাণী, তেওঁ কৈছেঃ

হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব্ব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।

(ছুৰা আল-বাক্বাৰাহঃ ২১)

আল্লাহ তাআলাই আৰু কৈছেঃ

হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা (অৰ্থাৎ তেওঁক ভয় কৰা) যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তাৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুয়োজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে।

(ছুৰা আন-নিছাঃ ১)

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, মক্কা বিজয়ৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উপস্থিত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰি কৈছিলঃ

হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)

(তিৰমিজীঃ হাদীছ নং ৩২৭০)

পৱিত্ৰ কোৰআনৰ পৱিত্ৰ বাণীত আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মধুৰ উপদেশ তথা আদেশসমূহত আপুনি এনেকুৱা কোনো বিধান বিচাৰি নাপাব, যিটো কোনো জাতি বিশেষ অথবা দল বিশেষক কেন্দ্ৰ কৰি সিহঁতৰ ৰাষ্ট্ৰীয়তা অথবা লিংগ বা বৰ্ণৰ প্ৰতি পক্ষপাতিত্ব কৰা হৈছে।

 ৩. ইছলাম হৈছে সেই ঐশ্বৰীয় ধৰ্ম, যিটো পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ সেই বাৰ্তাসমূহক সম্পূৰ্ণতা প্ৰদান কৰিবলৈ আহিছে, যিবোৰ বাৰ্তা লৈ তেওঁলোকে নিজ নিজ উম্মতৰ ওচৰলৈ প্ৰেৰিত হৈছিল।

ইছলাম হৈছে সেই ঐশ্বৰীয় ধৰ্ম, যিটো পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ সেই বাৰ্তাসমূহক সম্পূৰ্ণতা প্ৰদান কৰিবলৈ আহিছে, যিবোৰ বাৰ্তা লৈ তেওঁলোকে নিজ নিজ উম্মতৰ ওচৰলৈ প্ৰেৰিত হৈছিল। যেনে আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইয়্যুব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলোঁ আৰু দাঊদক প্ৰদান কৰিছিলোঁ যাবূৰ।

(ছুৰা নিছাঃ ১৬৩)

নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আল্লাহে অহীৰ দ্বাৰা অৱতীৰ্ণ কৰা এই ধৰ্মটো হৈছে সেই ধৰ্ম, যিটোক আল্লাহ তাআলাই পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলক প্ৰদান কৰি প্ৰেৰণ কৰিছিল আৰু তেওঁলোককো এই উপদেশেই প্ৰদান কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ

তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছোঁ লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলোঁ যে, তোমালোকে দ্বীন প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।

(ছুৰা আশ্ব-শ্বুৰাঃ ১৩)

আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অহীৰ দ্বাৰা অৱতীৰ্ণ কৰা এই গ্ৰন্থখনে পূৰ্বৱৰ্তী ঐশী গ্ৰন্থসমূহক যেনে- অবিকৃত তাওৰাত আৰু ইঞ্জীলক সমৰ্থন কৰে। যেনে- আল্লাহ তাআলাই কৈছেঃ

আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছোঁ সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল এইখন তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।

(ছুৰা ফাতিৰঃ ৩১)

 ৪. সকলো নবীৰ ধৰ্ম এক, কিন্তু তেওঁলোকৰ চৰীয়ত (ধৰ্ম-বিধান) বেলেগ বেলেগ।

সকলো নবীৰ ধৰ্ম এক, কিন্তু তেওঁলোকৰ চৰীয়ত (ধৰ্ম-বিধান) বেলেগ বেলেগ। যেনে- আল্লাহ তাআলাই কৈছেঃআৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।(ছুৰা মায়িদাহঃ ৪৮)আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃপৃথিৱী আৰু আখিৰাতত ময়ে ঈছা আলাইহিচ্ছালামৰ অধিক ঘনিষ্টতম। নবীসকল ইজনে সিজনৰ বৈমাত্ৰেয় ভাই। তেওঁলোকৰ মাতৃ যদিও ভিন-ভিন কিন্তু ধৰ্ম হৈছে এক।(বুখাৰীঃ হাদীছ নং ৩৪৪৩)

 ৫. সকলো নবী আৰু ৰাছুল, যেনে- নূহ, ইব্ৰাহীম, মূছা, ছুলাইমান, দাঊদ আৰু ঈছা আলাইহিমুচ্ছালাম প্ৰমুখসকলে যি বিষয়ৰ প্ৰতি আহ্বান কৰিছিল, ইছলামেও সেই বিষয়ৰ প্ৰতিয়ে আহ্বান কৰে, আৰু সেই বিষয়টো হৈছে, এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, নিশ্চয় আল্লাহেই প্ৰতিপালক, তেৱেঁই সৃষ্টিকৰ্তা, তেৱেঁই জীৱিকাদাতা, তেৱেঁই জীৱনদাতা, তেৱেঁই মৃত্যু প্ৰদানকাৰী আৰু তেৱেঁই বিশ্বজগতৰ মালিক, তথা তেৱেঁই সকলো বিষয় নিয়ন্ত্ৰণ কৰে। নিশ্চয় তেওঁ মহা দয়াৱান, পৰম কৰুণাময়।

সকলো নবী আৰু ৰাছুল, যেনে- নূহ, ইব্ৰাহীম, মূছা, ছুলাইমান, দাঊদ আৰু ঈছা আলাইহিমুচ্ছালাম প্ৰমুখসকলে যি বিষয়ৰ প্ৰতি আহ্বান কৰিছিল, ইছলামেও সেই বিষয়ৰ প্ৰতিয়ে আহ্বান কৰে, আৰু সেই বিষয়টো হৈছে, এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, নিশ্চয় আল্লাহেই প্ৰতিপালক, তেৱেঁই সৃষ্টিকৰ্তা, তেৱেঁই জীৱিকাদাতা, তেৱেঁই জীৱনদাতা, তেৱেঁই মৃত্যু প্ৰদানকাৰী আৰু তেৱেঁই বিশ্বজগতৰ মালিক, তথা তেৱেঁই সকলো বিষয় নিয়ন্ত্ৰণ কৰে। নিশ্চয় তেওঁ মহা দয়াৱান, পৰম কৰুণাময়। যেনে- আল্লাহ তাআলাই কৈছেঃহে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?(ছুৰা ফাতিৰঃ ৩)আল্লাহ তাআলাই আৰু কৈছেঃকোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?(ছুৰা ইউনুছঃ ৩১)আল্লাহ তাআলাই আৰু কৈছেঃবৰং তেওঁ, যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।(ছুৰা নমলঃ ৬৪)সকলো নবী আৰু ৰাছুলক একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিবলৈ প্ৰেৰণ কৰা হৈছিল। যেনে- আল্লাহ তাআলাই কৈছেঃআৰু অৱশ্যে আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলোঁ এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?(ছুৰা নাহলঃ ৩৬)আল্লাহ তাআলাই আৰু কৈছেঃআৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।(ছুৰা আম্বিয়াঃ ২৫)এতেকে আল্লাহে নূহ আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃনিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।(ছুৰা আল-আৰাফঃ৫৯)আল্লাহৰ খলীল (পৰম মিত্ৰ) ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে আল্লাহ তাআলাই কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃআৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!(ছুৰা আল-আনকাবূতঃ ১৬)তথা ছলেহ আলাইহিচ্ছালামৰ বিষয়ে আল্লাহে উল্লেখ কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃতেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আবৰি ধৰিব’।(ছুৰা আল-আৰাফঃ৭৩)শ্বুআইব আলাইহিচ্ছালামৰ বিষয়ে আল্লাহে উল্লেখ কৰি কৈছে, তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃতেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণ প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।(ছুৰা আল-আৰাফঃ৮৫)তথা আল্লাহে মূছা আলাইহিচ্ছালামক সৰ্বপ্ৰথম যি কথা কৈছিল, সেয়া হৈছে এই যে,‘আৰু মই আপোনাক মনোনীত কৰিছোঁ। গতিকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনক।‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা।(ছুৰা ত্বা-হাঃ ১৩-১৪)আল্লাহে মূছা আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ এই বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰিছিল।‘নিশ্চয় মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা প্ৰত্যেক অহংকাৰীৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।(ছুৰা গাফিৰঃ ২৭)আৰু আল্লাহে ঈছা আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ‘নিশ্চয় আল্লাহ হৈছে মোৰ ৰব্ব আৰু তোমালোকৰো ৰব্ব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই সৰল পথ’।(ছুৰা আলে-ইমৰাণঃ ৫১)সৰ্বশক্তিমান আল্লাহে ঈছা আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি আৰু কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে আল্লাহৰ ইবাদত কৰা, যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।(ছুৰা আল-মায়িদাহঃ ৭২)বৰং পৰম সত্য হৈছে এই যে, তাওৰাত আৰু ইঞ্জীল উভয়তে কেৱল এক আল্লাহৰ উপাসনা কৰাৰ প্ৰতিহে গুৰুত্ব প্ৰদান কৰা হৈছে। তাওৰাতৰ বিধি-বিৱৰণ কিতাপত মূছা আলাইহিচ্ছালামৰ উক্তি এই ধৰণে বৰ্ণনা কৰা হৈছেঃহে ইছৰাঈল! মনোযোগ সহকাৰে শুনা, আমাৰ উপাস্য প্ৰতিপালক, কেৱলমাত্ৰ এজনেই।গছপেল অফ মাৰ্কত আহিছে যে, ঈছা আলাইহিচ্ছালামেও একেশ্বৰবাদৰ প্ৰতি গুৰুত্বাৰোপ কৰি কৈছেঃপ্ৰথম উপদেশ হৈছে এই যে, হে ইছৰাঈল! মনোযোগ সহকাৰে শুনা! একমাত্ৰ এজন প্ৰতিপালকেই আমাৰ উপাস্য।আল্লাহে এই কথা স্পষ্ট কৰিছে যে, সকলো নবীকেই যি গুৰুত্বপূৰ্ণ মিচন সহকাৰে প্ৰেৰণ কৰা হৈছিল, সেয়া আছিল তাওহীদ তথা একেশ্বৰবাদৰ আহ্বান। যেনে- আল্লাহে কৈছেঃআৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল।(ছুৰা নাহলঃ ৩৬)আল্লাহ তাআলাই কৈছেঃসিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।(ছুৰা আল-আহক্বাফঃ ৪)শ্বাইখ ছা’দী ৰাহিমাহুল্লাহে কৈছেঃ“এতেকে বুজা গ’ল যে, মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ শ্বিৰ্কৰ সপক্ষে কোনো দলিল-প্ৰমাণ নাই। সিহঁতে মিছা ধাৰণা, দুৰ্বল সিদ্ধান্ত আৰু সিহঁতৰ বিকৃত চিন্তা-ধাৰাক আধাৰ বনাই লৈছিল। সিহঁতৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিলেই আৰু সিহঁতৰ জ্ঞান আৰু কৰ্মৰ বিষয়ে চালি-জাৰি চালেই আপুনি সিহঁতৰ বিকৃত চিন্তা-ধাৰাৰ বিষয়ে অতি সহজেই গম পাব। সিহঁতে গোটেই জীৱন আল্লাহক এৰি অসত্য উপাস্যৰ পূজা-অৰ্চনাত নিজৰ আয়ু ব্যয় কৰে, এই মিছা উপাস্যবোৰে সিহঁতক পৃথিৱী আৰু আখিৰাতত কিবা উপকাৰ কৰিছেনে?”(তাইছীৰুল কাৰীমুল মান্নান, পৃষ্ঠা নং ৭৭৯)

 ৬. আল্লাহ তাআলাই হৈছে একমাত্ৰ সৃষ্টিকৰ্তা, আৰু একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ সৈতে আন কাৰো উপাসনা কেতিয়াও উচিত নহয়।

একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য, ইবাদতত তেওঁৰ বাহিৰে আন কাকো অংশী কৰা কেতিয়াও উচিত নহয়। যেনে- আল্লাহ তাআলাই কৈছেঃহে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব্ব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।(ছুৰা আল-বাক্বাৰাহঃ ২১-২২)এতেকে এই কথা প্ৰমাণিত হ’ল যে, তেৱেঁই আমাক সৃষ্টি কৰিছে আৰু আমাৰ পূৰ্বৱৰ্তী প্ৰজন্মকো সৃষ্টি কৰিছে আৰু পৃথিৱীক আমাৰ বাবে বিছনা বনাইছে, লগতে তেৱেঁই আকাশৰ পৰা আমাৰ বাবে পানী অৱতীৰ্ণ কৰে, তেৱেঁই সেই পানীৰ জৰিয়তে আমাৰ বাবে ফল-মূল উৎপন্ন কৰে, যিবোৰ হৈছে আমাৰ জীৱিকা। গতিকে একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। আল্লাহ তাআলাই কৈছেঃহে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?(ছুৰা ফাতিৰঃ ৩)এতেকে যিয়ে সৃষ্টি কৰিছে তথা যিজনে জীৱিকা প্ৰদান কৰে, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। সেয়ে আল্লাহ তাআলাই কৈছেঃতেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।(ছুৰা আল-আনআমঃ ১০২)আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য নহয়। কাৰণ সিহঁত আকাশমণ্ডল আৰু পৃথিৱীৰ অণু পৰিমাণ কোনো বস্তুৰো মালিক নহয়। আনকি কোনো বস্তুতো আল্লাহৰ অংশীদাৰ নহয়, তেওঁৰ সহায়কো নহয় আৰু উপকাৰীও নহয়। গতিকে কিহৰ ভিত্তিত সেইবোৰক আল্লাহৰ সৈতে আহ্বান কৰা হয় তথা তেওঁৰ অংশী স্থাপন কৰা হয়। আল্লাহ তাআলাই কৈছেঃকোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমান বস্তুৰো মালিক নহয়। আৰু এই দুটাত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।(ছুৰা ছাবাঃ ২২)একমাত্ৰ আল্লাহেই এই সকলো সৃষ্টিক অনস্তিত্বৰ পৰা অস্তিত্ব প্ৰদান কৰিছে। গতিকে এইটোৱেই হৈছে তেওঁৰ অস্তিত্বৰ আৰু প্ৰভূত্বৰ তথা ইবাদতৰ যোগ্য হোৱাৰ অকাট্য প্ৰমাণ। আল্লাহ তাআলাই কৈছেঃআৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিঁচৰিত হৈ পৰিছা।আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত গ্ৰহণ কৰা তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰ্ষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।(ছুৰা ৰূমঃ ২০-২৭)যেনে আল্লাহে জনাইছে যে, নামৰূদে যেতিয়া আল্লাহৰ অস্তিত্বক অস্বীকাৰ কৰিছিল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তাক কৈছিলঃইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰোৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ গ’ল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।(ছুৰা আল-বাক্বাৰাহঃ ২৫৮)এইদৰে ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ সন্মুখত প্ৰমাণ কৰিলে যে, আল্লাহেই তেওঁক হিদায়ত প্ৰদান কৰিছে, আৰু তেৱেঁই তেওঁক আহাৰ কৰায় তথা পান কৰায়, আৰু যেতিয়া তেওঁ বেমাৰ-আজাৰত ভোগে তেতিয়া তেৱেঁই তেওঁক আৰোগ্য প্ৰদান কৰে। আল্লাহেই তেওঁক মৃত্যু প্ৰদান কৰিব আৰু তেৱেঁই তেওঁক জীৱন দান কৰিছে। এই বিষয়ে আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।(ছুৰা আশ্ব-শ্বুআৰাঃ ৭৮-৮১)আল্লাহে মুছা আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে, তেওঁ ফিৰআউনৰ লগত বাদানুবাদ কৰি কৈছিলঃ নিশ্চয় তেওঁৰ প্ৰতিপালক হৈছে সেইজন,যিজনে প্ৰত্যেককে বিশেষ আকৃতি প্ৰদান কৰি সৃষ্টি কৰিছে, তাৰ পিছত হিদায়ত প্ৰদান কৰিছে।(ছুৰা ত্বা-হাঃ ৫০)আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুক আল্লাহে মানুহৰ বাবে নিয়োজিত কৰিছে, লগতে তেওঁ অগণন নিয়ামত প্ৰদান কৰিছে। যাতে সিহঁতে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ সৈতে কুফৰী নকৰে। আল্লাহ তাআলাই কৈছেঃতোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান পুথিবিহীন আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে।(ছুৰা লুক্বমানঃ ২০)আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু মানুহৰ বাবে নিয়োজিত কৰাৰ লগতে সিহঁতৰ সকলো প্ৰয়োজন পূৰণ কৰিছে, যেনেঃ কাণ, চকু, অন্তৰ আদিও প্ৰদান কৰিছে। যাতে সিহঁতে এনেকুৱা জ্ঞান অৰ্জন কৰিব পাৰে যিটো লাভদায়ক। তথা যাৰ জৰিয়তে সিহঁতে নিজৰ অভিভাৱক আৰু সৃষ্টিকৰ্তাক সহজেই চিনিব পাৰিব। আল্লাহ তাআলাই কৈছেঃআৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।(ছুৰা আন-নাহলঃ ৭৮)

এতেকে বুজা গ'ল যে, আল্লাহেই গোটেই বিশ্বজগত আৰু মানৱক সৃষ্টি কৰিছে, আৰু মানুহৰ প্ৰয়োজনীয় সকলো সা-সুবিধা তথা অংগ-প্ৰত্যংগ আৰু ইন্দ্ৰীয় আদি প্ৰদান কৰিছে। লগতে আল্লাহৰ ইবাদত বন্দেগী কৰিবলৈ সহায়ক হোৱা তথা পৃথিৱীক আবাদ কৰিবলৈ লাগতিয়াল সকলো যা-যোগাৰ উপলব্ধ কৰিছে। ইয়াৰ উপৰিও আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু মানুহৰ কামত নিয়োজিত কৰিছে।

সেয়ে আল্লাহে তেওঁৰ সকলো মহান সৃষ্টিক ৰূবুবিয়্যাতৰ প্ৰমাণ হিচাপে দাঙি ধৰি একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য বুলি সুস্পষ্ট কৰিছে, তথা আল্লাহ তাআলাই কৈছেঃকোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?(ছুৰা ইউনুছঃ ৩১)পৱিত্ৰ আল্লাহে কৈছেঃসিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰত লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।(ছুৰা আল-আহক্বাফঃ ৪)আল্লাহ তাআলাই আৰু কৈছেঃতেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিখন তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিঁচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ তাৰ পিছত ইয়াত উৎপন্ন কৰোঁ নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ। এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।(ছুৰা লুক্বমানঃ ১০-১১)পৱিত্ৰ আল্লাহে কৈছেঃসিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ সিহঁতৰ ওচৰতে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?(ছুৰা আত-তূৰঃ ৩৫-৩৭)শ্বাইখ ছা'দী ৰাহিমাহুল্লাহে কৈছেঃএইটো সিহঁতৰ বিৰুদ্ধে এনেকুৱা এটা যুক্তি যিটো উপস্থাপনৰ পিছত সত্য মানি নোলোৱাৰ বাহিৰে অথবা বিবেক আৰু ধৰ্মৰ পৰাকাষ্ঠাৰ পৰা ওলাই যোৱাৰ বাহিৰে সিহঁতৰ বাবে আন কোনো উপায় নাই।(তাফছীৰ ইবনে ছা'দীঃ ৮১৬)

 ৭) বিশ্বজগতত থকা সকলো বস্তু যিবোৰ আমি দেখিব পাৰোঁ অথবা যিবোৰ আমি দেখা নাপাওঁ, সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। ইয়াৰ উপৰিও যিবোৰ সৃষ্টি আছে সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে।

বিশ্বজগতত থকা সকলো বস্তু যিবোৰ আমি দেখিব পাৰোঁ অথবা যিবোৰ আমি দেখা নাপাওঁ, সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। ইয়াৰ উপৰিও যিবোৰ সৃষ্টি আছে সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। আল্লাহ তাআলাই কৈছেঃকোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টি সম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰে সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।(ছুৰা আৰ-ৰা'দঃ ১৬) আল্লাহ তাআলাই আৰু কৈছেঃতেওঁ এনেকুৱা এনেকুৱা বস্তু সৃষ্টি কৰে, যিবোৰৰ বিষয়ে তোমালোকে একোৱেই নাজানা।(ছুৰা আন-নাহলঃ ৮)আৰু আল্লাহে আকাশমণ্ডল তথা পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। যেনে আল্লাহ তাআলাই কৈছেঃতেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।(ছুৰা আল-হাদীদঃ ৪)আল্লাহ তাআলাই আৰু কৈছেঃআৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।(ছুৰা ক্বাফঃ ৩৮)

 ৮) ৰাজত্বৰ ক্ষেত্ৰত, সৃষ্টি কৰাৰ ক্ষেত্ৰত, ব্যৱস্থাপনাত, আৰু ইবাদতত পৱিত্ৰ আল্লাহৰ কোনো অংশীদাৰ নাই।

পৱিত্ৰ মহান আল্লাহ তাআলাই হৈছে বিশ্বজগতৰ মালিক। সৃষ্টি কৰাৰ ক্ষেত্ৰত, আধিপত্য আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই।সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।(ছুৰা আল-আহক্বাফঃ ৪)শ্বাইখ ছা’দী ৰাহিমাহুল্লাহে কৈছেঃঅৰ্থাৎ আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহৰ সৈতে বিভিন্ন মূৰ্ত্তিবোৰক তেওঁৰ অংশীদাৰ তথা সমকক্ষ স্থিৰ কৰিছে, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, মৃত্যুও প্ৰদান কৰিব নোৱাৰে আৰু জীৱন দানো দিব নোৱাৰে, আনকি কোনো মুৰ্দা ব্যক্তিকো পুনৰুত্থিত কৰিবলৈ সক্ষম নহয়। গতিকে আপুনি সিহঁতৰ সন্মুখত সিহঁতৰ এই উপাস্যবোৰৰ অপাৰগতাৰ বিষয়ে স্পষ্ট বৰ্ণনা দিয়ক যে, সেই মূৰ্ত্তিবোৰ ইবাদতৰ কিঞ্চিত পৰিমাণৰো যোগ্য নহয়। (আপুনি সিহঁতক সোধকঃ তোমালোকে দেখুৱাচোন, সেইবোৰে পৃথিৱীৰ কি সৃষ্টি কৰিছে অথবা আকাশমণ্ডলৰ সৃষ্টিত সিহঁতৰ কোনো অংশীদাৰিত্ব আছে নেকি?) সিহঁতে মহাজাগতিক পিণ্ডৰ কোনোবা অংশ সৃষ্টি কৰিছে নেকি? অথবা পৰ্বতবোৰ সৃষ্টি কৰিছে নেকি? নাইবা নদীসমূহ প্ৰবাহিত কৰিছে নেকি? কোনোবা মৃত জন্তুক জীৱিত কৰিছে নেকি? কোনোবা গছ সৃষ্টি কৰিছে নেকি? অথবা এইবোৰৰ কোনোবা এটাৰ সৃষ্টিত সহায় কৰিছে নেকি? আনবোৰৰ কথা বাদেই দিয়ক, সিহঁতে এইবোৰ প্ৰশ্নৰো হয়বোধক উত্তৰ দিব নোৱাৰিব। গতিকে এইটোৱেই অকাট্য প্ৰমাণ যে, আল্লাহৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয়, তথা তেওঁৰ বাহিৰে সকলোৰে ইবাদত বাতিল।ইয়াৰ পিছত পৰম্পৰাগত দলিলক খণ্ডন কৰি কোৱা হৈছে যে, পূৰ্বৱৰ্তী এনেকুৱা কোনো গ্ৰন্থ দেখুৱাচোন, যি গ্ৰন্থই শ্বিৰ্কৰ পিনে আহ্বান কৰে অথবা ৰাছুলসকলৰ পৰা বৰ্ণিত কোনো জ্ঞানৰ কিয়দাংশ দেখুৱাচোন, য'ত ইয়াৰ আদেশ দিয়া হৈছে। এই কথা নিশ্চিত যে, সিহঁতে কোনো ৰাছুলৰ পৰাই এনেকুৱা কোনো দলিল উপস্থাপন কৰিব নোৱাৰিব যিটো শ্বিৰ্কক সমৰ্থন কৰে। আনকি আমি পূৰ্ণ একীনৰ সৈতে ডাঠি কব পাৰোঁ যে, সকলো ৰাছুলেই তাওহীদ তথা একেশ্বৰবাদৰ পিনে আহ্বান কৰিছিল আৰু শ্বিৰ্কৰ পৰা মানুহক বিৰত ৰাখিছিল। এইটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ জ্ঞান, যিটো তেওঁলোকৰ পৰা বৰ্ণিত হৈছে।(তাফছীৰ ইবনে ছা'দীঃ ৭৭৯)পৱিত্ৰ মহান আল্লাহেই হৈছে এই বিশ্বজগতৰ মালিক তথা প্ৰতিপালক, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহ তাআলাই কৈছেঃকোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।(ছুৰা আলে-ইমৰাণঃ ২৬)আৰু আল্লাহ তাআলাই এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে যে, কিয়ামতৰ দিনা সকলো প্ৰকাৰ ৰাজত্বৰ ক্ষমতা একমাত্ৰ তেওঁৰ হাততেই থাকিব।যিদিনা সিহঁতক (মানুহ বিলাকক) উত্থিত কৰা হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।(ছুৰা গাফিৰঃ ১৬)ৰাজত্বৰ ক্ষেত্ৰত, সৃষ্টি কৰাৰ ক্ষেত্ৰত, ব্যৱস্থাপনাত, আৰু ইবাদতত পৱিত্ৰ মহান আল্লাহৰ কোনো অংশীদাৰ নাই। আল্লাহ তাআলাই কৈছেঃআৰু কোৱা, ‘প্ৰশংসা কেৱল আল্লাহৰেই যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰ নাই আৰু অপমানৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰো প্ৰয়োজন নাই, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।(ছুৰা আল-ইছৰাঃ ১১১)আল্লাহ তাআলাই আৰু কৈছেঃযিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।(ছুৰা আল-ফুৰক্বানঃ ২)একমাত্ৰ তেৱেঁই অধিপতি, তেওঁৰ বাহিৰে যি যি আছে সকলোৱেই তেওঁৰ অধীনস্থ দাস। তেৱেঁই সৃষ্টিকৰ্তা আৰু তেওঁৰ বাহিৰে যি যি আছে সেই সকলোবোৰ হৈছে তেওঁৰ সৃষ্টি। তেৱেঁই বিশ্বজগতৰ ব্যৱস্থাপনা কৰে। এতেকে যি সত্ত্বাৰ এনেকুৱা মৰ্যাদা, সেই সত্ত্বাৰ ইবাদত ওৱাজিব হোৱাটো বেলিৰ পোহৰৰ দৰে স্পষ্ট। তেওঁৰ বাহিৰে আনৰ ইবাদত কৰাটো হৈছে বিবেকহীনতাৰ পৰিচায়ক তথা শ্বিৰ্ক, লগতে পৃথিৱী আৰু আখিৰাতৰ বাবে ক্ষতিকাৰক। আল্লাহ তাআলাই কৈছেঃআৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।(ছুৰা আল-বাক্বাৰাহঃ১৩৫)আল্লাহ তাআলাই আৰু কৈছেঃসেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব পাৰে? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।(ছুৰা আন-নিছাঃ ১২৫)এই কথাও আল্লাহে স্পষ্ট কৰিছে যে, যি ব্যক্তিয়েই আল্লাহৰ প্ৰিয়পাত্ৰ ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্মৰ বাহিৰে আন কোনো ধৰ্মৰ অনুসৰণ কৰিব, সি নিশ্চিতভাৱে নিজকে মুৰ্খত পৰিণত কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে সেই ব্যক্তিৰ বাহিৰে ইব্ৰাহীমৰ মিল্লাতৰ পৰা আন কোনে বিমুখ হ’ব পাৰে? আৰু নিশ্চয় আমি পৃথিৱীত তেওঁক মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম।(ছুৰা আল-বাক্বাৰাহঃ ১৩০)

 ৯)পৱিত্ৰ আল্লাহ তাআলাই কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই, তথা তেওঁৰ সমতুল্যও কোনো নাই আৰু তেওঁৰ সমকক্ষও নাই।

পৱিত্ৰ আল্লাহ তাআলাই কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই, তথা তেওঁৰ সমতুল্যও কোনো নাই আৰু তেওঁৰ সমকক্ষও নাই। চিৰসত্যবাদী পৱিত্ৰ মহান আল্লাহ তাআলাই কৈছেঃকোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়, (১)আল্লাহ অমুখাপেক্ষী। (২)তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই, (৩)আৰু তেওঁৰ সমতুল্য কোনো নাই’। (৪)(ছুৰা আল-ইখলাচঃ ১-৪)আল্লাহ তাআলাই আৰু কৈছেঃতেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোৰে ৰব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰা। তুমি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানানে?(ছুৰা মাৰয়ামঃ ৬৫)মহান আল্লাহে আৰু কৈছেঃতেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।(ছুৰা আশ্ব-শ্বুৰাঃ ১১)

 ১০)পৱিত্ৰ আল্লাহ তাআলাই কোনো বস্তুৰ মাজত প্ৰৱেশ নকৰে, আৰু তেওঁ কোনো সৃষ্টিৰো ৰূপ ধাৰণ নকৰে।

পৱিত্ৰ আল্লাহ তাআলাই কোনো বস্তুৰ মাজত প্ৰৱেশ নকৰে, আৰু তেওঁ কোনো সৃষ্টিৰো ৰূপ ধাৰণ নকৰে। তথা কোনো বস্তুৰ মাজতো মিশ্ৰিত নহয়। কিয়নো তেওঁ হৈছে সৃষ্টিকৰ্তা, আৰু তেওঁৰ বাহিৰে যি যি আছে সেই সকলোবোৰ হৈছে মখলুক্ব বা সৃষ্টি। একমাত্ৰ তেৱেঁই অবিনশ্বৰ, আৰু তেওঁৰ বাহিৰে যি যি আছে সেই সকলোবোৰ হৈছে ধ্বংসশীল। গোটেই বিশ্বজগত তেওঁৰ অধীনস্থ, একমাত্ৰ তেৱেঁই ইয়াৰ গৰাকী। গতিকে আল্লাহে কোনো বস্তুৰ মাজত নোসোমায় আৰু কোনো বস্তুৱেও তেওঁৰ মাজত সোমাব নোৱাৰে। পৱিত্ৰ মহান আল্লাহ সকলোতকৈ ডাঙৰ, তথা সকলো বস্তুতকৈ বিশাল। যিসকল লোকে ধাৰণা কৰে যে, আল্লাহ তাআলাই ঈছা আলাইহিচ্ছালামৰ মাজত প্ৰৱেশ কৰিছিল, সেইসকল লোকৰ ধাৰণা খণ্ডন কৰি আল্লাহ তাআলাই কৈছেঃঅৱশ্যে সিহঁতে কুফৰী কৰিছে যিসকলে কয় যে, ‘মাৰইয়ামৰ পুত্ৰ মছিহেই হৈছে আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছিহ ইবনে মাৰইয়ামক আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ মাজত যি আছে সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সৃষ্টি কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।(ছুৰা আল-মায়িদাহঃ ১৭)আল্লাহ তাআলাই আৰু কৈছেঃপূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱেই আল্লাহৰ। সকলো তেওঁৰ একান্ত অনুগত।তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।(ছুৰা আল-বাক্বাৰাহঃ ১১৫-১১৭)আল্লাহ তাআলাই আৰু কৈছেঃআৰু সিহঁতে কয়, "ৰহমানে সন্তান গ্ৰহণ কৰিছে"।অৱশ্যে তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব,এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।(ছুৰা মাৰয়ামঃ ৮৮-৯৫)আল্লাহ তাআলাই কৈছেঃআল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।(ছুৰা আল-বাক্বাৰাহঃ ২৫৫)যাৰ এনেকুৱা মৰ্যাদা, বিপৰীতে তেওঁৰ তুলনাত তেওঁৰ সৃষ্টি হৈছে অতি তুচ্ছ, তেনেক্ষেত্ৰত ভাৱি চাওক, সিহঁতৰ মাজত তেওঁ কেনেকৈ প্ৰৱেশ কৰিব? অথবা কি ভিত্তিত তেওঁ সন্তান গ্ৰহণ কৰিব? নাইবা তেওঁৰ সৈতে কিদৰে উপাস্য গ্ৰহণ কৰা ঠিক হ'ব?

 ১১)পৱিত্ৰ আল্লাহ তাআলা বান্দাসকলৰ প্ৰতি অতি দয়ালু তথা কৃপাশীল। সেইকাৰণেই তেওঁ বহুতো ৰাছুল প্ৰেৰণ কৰিছে আৰু বহুতো কিতাব অৱতীৰ্ণ কৰিছে।

পৱিত্ৰ আল্লাহ তাআলা বান্দাসকলৰ প্ৰতি অতি দয়ালু তথা কৃপাশীল। তেওঁৰ কৃপা আৰু দয়াৰ এটা নিদৰ্শন হৈছে এই যে, তেওঁ বান্দাসকলৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰিছে আৰু তেওঁলোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে। যাতে তেওঁলোকক কুফৰ আৰু শ্বিৰ্কৰ অন্ধকাৰৰ পৰা উলিয়াই তাওহীদ আৰু হিদায়তৰ পোহৰলৈ আনিব পাৰে। যেনে আল্লাহ তাআলাই কৈছেঃতেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।(ছুৰা আল-হাদীদঃ ৯)আল্লাহ তাআলাই আৰু কৈছেঃআৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ।(ছুৰা আল-আম্বিয়াঃ ১০৭)আল্লাহে তেওঁৰ নবীক আদেশ প্ৰদান কৰি কৈছে যে, তেওঁ যেন বান্দাসকলক জনাই দিয়ে যে, নিশ্চয় আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। পৱিত্ৰ কোৰআনত আল্লাহ তাআলাই কৈছেঃমোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু,(ছুৰা আল-হিজৰঃ৪৯)তেওঁৰ দয়া আৰু কৰুণাৰ বাবেই তেওঁ বান্দাসকলৰ দুখ-কষ্ট আঁতৰাই দিয়ে আৰু বান্দাসকলৰ ওপৰত কল্যাণ অৱতীৰ্ণ কৰে। যেনে আল্লাহ তাআলাই কৈছেঃআৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰিব; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈও কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু।(ছুৰা ইউনুছঃ ১০৭)

 ১২)একমাত্ৰ আল্লাহেই হৈছে সেই কৃপাৱান প্ৰতিপালক, যিয়ে কিয়ামতৰ দিনা সকলোকে পুনৰ্জীৱন প্ৰদান কৰি কবৰৰ পৰা উঠাই সকলো সৃষ্টিৰেই হিচাপ-নিকাচ গ্ৰহণ কৰিব। প্ৰত্যেককে কৰ্ম অনুসাৰে ভাল-বেয়া প্ৰতিদান দান কৰিব।যিয়ে ঈমান পোষণ কৰি সৎকৰ্ম কৰিছে, তাক আল্লাহে চিৰস্থায়ী সুখ-সুবিধা প্ৰদান কৰিব। আনহাতে যিয়ে কুফৰী কৰিছে আৰু অসৎকৰ্ম কৰিছে, তাক আল্লাহে আখিৰাতত মহা শাস্তি প্ৰদান কৰিব।

একমাত্ৰ আল্লাহেই হৈছে সেই কৃপাৱান প্ৰতিপালক, যিয়ে কিয়ামতৰ দিনা সকলোকে পুনৰ্জীৱন প্ৰদান কৰি কবৰৰ পৰা উঠাই সকলো সৃষ্টিৰেই হিচাপ-নিকাচ গ্ৰহণ কৰিব। প্ৰত্যেককে কৰ্ম অনুসাৰে ভাল-বেয়া প্ৰতিদান দান কৰিব।যিয়ে ঈমান পোষণ কৰি সৎকৰ্ম কৰিছে, তাক আল্লাহে চিৰস্থায়ী সুখ-সুবিধা প্ৰদান কৰিব। আনহাতে যিয়ে কুফৰী কৰিছে আৰু অসৎকৰ্ম কৰিছে, তাক আল্লাহে কিয়ামতৰ দিনা মহা শাস্তি প্ৰদান কৰিব। বান্দাসকলৰ প্ৰতি আল্লাহ তাআলাৰ এইটো সম্পূৰ্ণ ন্যায়, হিকমত আৰু কৰুণা যে, তেওঁ এই পৃথিৱীক সিহঁতৰ বাবে কৰ্মভূমি বনাইছে, আনহাতে দ্বিতীয় ঘৰ অৰ্থাৎ আখিৰাত হৈছে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ ঠাই। যাতে সৎকৰ্মকাৰীসকলে নিজৰ সৎকৰ্মৰ প্ৰতিদান লাভ কৰিব পাৰে আৰু অন্যায়কাৰীসকলে যাতে অন্য়ায়-অত্যাচাৰৰ শাস্তি ভোগ কৰিব পাৰে। যিহেতু কিছুমান মানুহে ইয়াক অসম্ভৱ বুলি ভাৱে, সেয়ে আল্লাহে এনেকুৱা বহুতো প্ৰমাণ উপস্থাপন কৰিছে যিবোৰে প্ৰমাণ কৰে যে, পুনৰুত্থান বা আখিৰাতৰ জীৱন সত্য, ইয়াত কোনো সন্দেহ নাই। আল্লাহ তাআলাই কৈছেঃতেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।(ছুৰা ফুচ্ছিলাতঃ ৩৯)আল্লাহ তাআলাই আৰু কৈছেঃহে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;(ছুৰা আল-হজ্জঃ ৫)আল্লাহ তাআলাই এই আয়াতত এনেকুৱা তিনিটা অকাট্য প্ৰমাণ দাঙি ধৰিছে, যিবোৰে মৃত্যুৰ পিছৰ পুনৰুত্থানক প্ৰমাণ কৰে। সেইবোৰ হৈছে এনে ধৰণৰঃ

১) আল্লাহ তাআলাই পোন প্ৰথমে মানুহক মাটিৰে সৃষ্টি কৰিছে। গতিকে যিয়ে মাটিৰে মানুহক সৃষ্টি কৰিছে,তেওঁ নিশ্চিয় সিহঁতক পুনৰ জীৱিত কৰিবলৈ সক্ষম, যেতিয়া সিহঁত মাটিত পৰিণত থাকিব।

২) যিয়ে বীৰ্য্যৰ দ্বাৰা মানৱ সৃষ্টি কৰিব পাৰে, তেওঁ নিশ্চয় মানুহক মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিবলৈ সক্ষম।

৩) যিয়ে বৰষুণৰ দ্বাৰা মৃত ভূমিক জীৱিত কৰিব পাৰে, তেওঁ নিশ্চয় মৃত মানুহকো জীৱিত কৰিবলৈ সক্ষম। এই আয়াতত কোৰআনৰ অলৌকিকতাৰ এক মহা প্ৰমাণ নিহিত আছে। ভাৱি চাওক, কিদৰে এটা আয়াতত -যিটো ডাঙৰ আয়াতো নহয়- এটা জটিল বিষয়ত অতি সুন্দৰ শৈলীৰে তিনিটাকৈ মহান আৰু যুক্তিসন্মত প্ৰমাণ দাঙি ধৰিছে।

আল্লাহ তাআলাই আৰু কৈছেঃসেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।(ছুৰা আল-আম্বিয়াঃ ১০৪)আল্লাহ তাআলাই আৰু কৈছেঃআৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়বোৰৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।(ছুৰা ইয়াছীনঃ ৭৮)আল্লাহ তাআলাই আৰু কৈছেঃতোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰাটো কঠিন? তেৱেঁই ইয়াক নিৰ্মাণ কৰিছে।তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।আৰু তেৱেঁই ইয়াৰ ৰাতিক অন্ধকাৰ বনাইছে আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।তাৰ পিছত তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,আৰু পৰ্বতসমূহক স্থাপন কৰিছে।(ছুৰা আন-নাঝিয়াতঃ ২৭-৩২)এতেকে আল্লাহে এই কথা স্পষ্ট কৰিছে যে, মানৱ সৃষ্টি কৰাটো আকাশ-পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুবোৰৰ সৃষ্টিতকৈ জটিল নহয়। গতিকে যি সত্ত্বাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ কেতিয়াও মানুহক পুনৰুত্থান কৰিবলৈ অপাৰগ নহয়।

 ১৩) আল্লাহ তাআলাই আদমক মাটিৰে সৃষ্টি কৰিছে আৰু ইয়াৰ পিছত তেওঁৰ সন্তান-সন্ততিক লাহে লাহে গোটেই বিশ্বত প্ৰসাৰিত কৰিছে। গতিকে এই অনুসাৰে সকলো মানুহৰেই বংশগত মূল একেই। তাক্বৱাৰ বাহিৰে কোনো লিংগৰ ওপৰত অন্য কোনো লিংগৰ আৰু কোনো সম্প্ৰদায়ৰ ওপৰত আন কোনো সম্প্ৰদায়ৰ প্ৰাধান্যতা নাই।

আল্লাহ তাআলাই আদমক মাটিৰে সৃষ্টি কৰিছে আৰু ইয়াৰ পিছত তেওঁৰ সন্তান-সন্ততিক লাহে লাহে গোটেই বিশ্বত প্ৰসাৰিত কৰিছে। গতিকে এই অনুসাৰে সকলো মানুহৰেই বংশগত মূল একেই। তাক্বৱাৰ বাহিৰে কোনো লিংগৰ ওপৰত অন্য কোনো লিংগৰ আৰু কোনো সম্প্ৰদায়ৰ ওপৰত আন কোনো সম্প্ৰদায়ৰ প্ৰাধান্যতা নাই। আল্লাহ তাআলাই কৈছেঃহে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।(ছুৰা আল-হুজুৰাতঃ ১৩)আল্লাহ তাআলাই আৰু কৈছেঃআৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰা যোৰাকৈ বনাইছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভ ধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এটা পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।(ছুৰা ফাতিৰঃ ১১)আল্লাহ তাআলাই আৰু কৈছেঃতেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকাৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয় যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।(ছুৰা গাফিৰঃ৬৭)আল্লাহ তাআলাই এই কথা স্পষ্ট কৰি দিছে যে, তেওঁ ঈছা আলাইহিচ্ছালামক সেই ঐশ্বৰীক আদেশৰ দ্বাৰাই সৃষ্টি কৰিছে, যিদৰে তেওঁ আদমক সৃষ্টি কৰিছিল। তেওঁ পৱিত্ৰ কোৰআনত কৈছেঃনিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ হৈছে আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।(ছুৰা আলে-ইমৰাণঃ ৫৯)ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, সকলো মানৱ সমান। তাক্বৱাৰ বাহিৰে কাৰো ওপৰত কাৰো প্ৰাধান্য নাই।

 ১৪. প্ৰত্যেক সন্তান ফিতৰতৰ ওপৰত অৰ্থাৎ স্বভাৱগত ধৰ্মত (ইছলামত) জন্ম গ্ৰহণ কৰে।

প্ৰত্যেক নৱজাত শিশুৱে স্বভাৱগত ধৰ্মত জন্ম গ্ৰহণ কৰে, যেনে আল্লাহ তাআলাই কৈছেঃএতেকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দ্বীনত প্ৰতিষ্ঠিত ৰখা। আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।(আৰ-ৰূমঃ ৩০) এই আয়াতত উল্লিখিত হানিফিয়্যাহ শব্দৰ দ্বাৰা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্মক বুজোৱা হৈছে। আল্লাহ তাআলাই কৈছেঃতাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।(ছুৰা আন-নাহলঃ ১২৩)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ"প্ৰত্যেক নৱজাত শিশু ইছলাম ধৰ্মত জন্ম গ্ৰহণ কৰে, কিন্তু তাৰ পিতা-মাতাই তাক ইয়াহুদী, খৃষ্টান অথবা অগ্নিপূজক বনায়। যিদৰে পশুৱে সুস্থ সুঠাম ত্ৰুটিহীন পোৱালি জন্ম দিয়ে, তোমালোকে কেতিয়াবা পশুক কাণ কটা পোৱালি জন্ম দিয়া দেখিছানে"?এই হাদীছ বৰ্ণনা কৰাৰ পিছত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃএতেকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দ্বীনত প্ৰতিষ্ঠিত ৰখা। আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।(ছুৰা ৰূমঃ ৩০)(ছহীহুল বুখাৰীঃ হাদীছ নং ৪৭৭৫)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃশুনা! আজি মোৰ প্ৰতিপালকে মোক যি শিক্ষা প্ৰদান কৰিছে, সেই শিক্ষাৰ পৰা তেওঁ তোমালোকক এনেকুৱা বিষয়ে জ্ঞান দিবলৈ মোক নিৰ্দেশ দিছে, যি বিষয়ে তোমালোকে নাজানা। সেয়া হৈছে এই যে, মই মোৰ বান্দাসকলক যি সম্পদ প্ৰদান কৰিছোঁ, সেইবোৰ পৰিপূৰ্ণৰূপে হালাল। তথা মই মোৰ সকলো বান্দাকেই একনিষ্ঠ মুছলিম হিচাপে সৃষ্টি কৰিছোঁ। কিন্তু চয়তানে সিহঁতৰ ওচৰলৈ আহি সিহঁতক দ্বীনৰ পৰা আঁতৰাই দিয়ে। লগতে আমি সিহঁতৰ বাবে যিবোৰ বস্তু হালাল কৰিছিলোঁ, সেইবোৰক সি হাৰাম কৰি দিয়ে। ইয়াৰ উপৰিও সি সিহঁতক মোৰ সৈতে শ্বিৰ্ক কৰিবলৈ নিৰ্দেশ দিয়ে, যি বিষয়ে মই কোনো ধৰণৰ প্ৰমাণ অৱতীৰ্ণ কৰা নাই।(মুছলিমঃ হাদীছ নং ২৮৬৫)

 ১৫). কোনো মানুহেই জন্মগতভাৱে পাপিষ্ঠ নহয়, তথা আন কাৰো গুনাহৰ বোজালৈ জন্ম গ্ৰহণ নকৰে।

কোনো মানুহেই জন্মগতভাৱে পাপিষ্ঠ নহয়, তথা আন কাৰো গুনাহৰ বোজালৈ জন্ম গ্ৰহণ নকৰে। আল্লাহ তাআলাই আমাক এই কথা জনাই দিছে যে, যেতিয়া আদম আলাইহিচ্ছালাম আৰু তেওঁৰ স্ত্ৰীয়ে আল্লাহৰ আদেশ অমান্য কৰি নিষিদ্ধ গছৰ ফল ভক্ষণ কৰিছিল, তেতিয়া তেওঁ অনুতপ্ত হৈছিল আৰু তাওবা কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল, তেতিয়া আল্লাহে তেওঁৰ অন্তৰত কিছুমান পৱিত্ৰ বাক্য ইলহাম কৰিছিল যাতে তেওঁ সেইবোৰ পাঠ কৰে। এতেকে তেওঁ সেইবোৰ বাক্য পাঠ কৰাত আল্লাহে তেওঁলোকৰ তাওবা কবূল কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃআৰু আমি ক’লোঁ, হে আদম! তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছ জোপাৰ ওচৰলৈ নাযাবা, তেনেহ’লে তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকৰ পদস্খলন ঘটালে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লোঁ, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু। আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্ট সময়লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; আৰু আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।আমি ক’লো, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তাৰো কোনো কাৰণ নাই’।(ছুৰা আল-বাক্বাৰাহঃ ৩৫-৩৮)যিহেতু আল্লাহে আদম আলাইহিচ্ছালামৰ তাওবা কবূল কৰিছে, সেয়ে তেওঁৰ গাত কোনো ধৰণৰ গুনাহ অৱশিষ্ট নাই, গতিকে সেই গুনাহ তেওঁৰ সন্তান-সন্ততিসকলে বহন কৰাৰো কোনো প্ৰশ্নই নুঠে, যিটো তাওবাৰ জৰিয়তে মোচন কৰা হৈছে। প্ৰকৃততে কোনেও কাৰো গুনাহৰ বোজা বহন নকৰিব। যেনে আল্লাহ তাআলাই কৈছেঃপ্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। ইয়াৰ পিছত তোমালোকে নিজ প্ৰতিপালকৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেইবোৰ তেওঁ তোমালোকক অৱহিত কৰাব।(ছুৰা আল-আনআমঃ ১৬৪)আল্লাহ তাআলাই আৰু কৈছেঃযিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু আমি ৰাছুল প্ৰেৰণ নকৰালৈকে শাস্তি প্ৰদানকাৰী নহয় (বা নকৰোঁ)(ছুৰা আল-ইছৰাঃ ১৫)আল্লাহ তাআলাই আৰু কৈছেঃআৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।(ছুৰা ফাতিৰঃ ১৮)

 ১৬) মানৱ সৃষ্টিৰ মুখ্য উদ্দেশ্য হৈছে, একমাত্ৰ আল্লাহৰ উপাসনা কৰা।

মানৱ সৃষ্টিৰ মুখ্য উদ্দেশ্য হৈছে, একমাত্ৰ আল্লাহৰ উপাসনা কৰা। যেনে আল্লাহ তাআলাই কৈছেঃআৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।(ছুৰা আয- যাৰিয়াতঃ ৫৬)

 ১৭) পুৰুষ হওক অথবা নাৰী, ইছলামে সকলোকে সন্মান প্ৰদান কৰিছে। সিহঁতক সিহঁতৰ সকলো অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে। সকলো মানুহকেই নিজ নিজ অধিকাৰ আৰু কৃতকৰ্মৰ বাবে দায়িত্বশীল বনাইছে। নিজৰ ক্ষতি হওক অথবা আনৰ ক্ষতি, প্ৰত্যেক ক্ষতিকাৰক কৰ্মৰ বাবে সেই ব্যক্তিকেই জবাবদিহি কৰা হ'ব।

পুৰুষ হওক অথবা নাৰী, ইছলামে সকলোকে সন্মান প্ৰদান কৰিছে। আল্লাহে মানৱজাতিক পৃথিৱীৰ উত্তৰাধিকাৰী হিচাপে সৃষ্টি কৰিছে। আল্লাহ তাআলাই কৈছেঃ"আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ মনস্থ কৰিছোঁ।"(ছুৰা আল-বাক্বাৰাহঃ৩০)প্ৰত্যেক আদম সন্তানেই এই সন্মানৰ অন্তৰ্ভুক্ত। আল্লাহ তাআলাই কৈছেঃআৰু অৱশ্যে আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।(ছুৰা আল- ইছৰাঃ ৭০)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,(ছুৰা আত-তীনঃ ৪)সেইকাৰণেই আল্লাহে মানৱক আল্লাহৰ বাহিৰে কোনো অসত্য উপাস্য অথবা দেৱ-দেৱী নাইবা পীৰ-ফকীৰৰ সন্মুখত নিজকে নত হ'বলৈ নিষেধ কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।(ছুৰা আল-বাক্বাৰাহঃ ১৬৫-১৬৬)কিয়ামতৰ দিনা অসত্য উপাস্য আৰু উপাসনাকাৰীসকলৰ যি অৱস্থা হ'ব সেই কথা স্পষ্ট কৰি আল্লাহ তাআলাই কৈছেঃযিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলোঁ নে? বৰং তোমালোকহে অপৰাধী আছিলা’।আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰোঁ’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।(ছুৰা ছাবাঃ ৩২-৩৩)আল্লাহ তাআলাৰ পূৰ্ণাঙ্গ ন্য়ায়ৰ এটা উদাহৰণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা পথভ্ৰষ্ট প্ৰতিনিধিসকলক তথা বিভ্ৰান্তিৰ পিনে আহ্বানকাৰী লোকসকলক সিহঁতৰ নিজৰ গুনাহৰ সৈতে সিহঁতে যিসকলক জ্ঞান নোহোৱাকৈ পথভ্ৰষ্ট কৰিছিল সিহঁতৰো গুনাহৰ বোজা সিহঁতৰ ওপৰত জাপি দিব। আল্লাহ তাআলাই কৈছেঃফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!(ছুৰা আন-নাহলঃ ২৫)ইছলামে মানুহৰ পৃথিৱী আৰু আখিৰাতৰ সকলো অধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে। তথা মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰ যিটো ইছলামে গ্ৰহণ কৰিছে আৰু মানুহৰ বাবে বৰ্ণনা কৰিছে, সেয়া হৈছেঃ মানুহৰ ওপৰত আছে আল্লাহৰ অধিকাৰ, আৰু আল্লাহৰ ওপৰতো আছে মানুহৰ অধিকাৰ।মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ বাহনৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিলোঁ। তেতিয়া তেখেতে মোক মাত দি ক'লেঃ হে মুআজ! মই ক'লো, লাব্বাইক অছা'দাইক, এইদৰে তেখেতে মোক তিনিবাৰ মাতিলে, ইয়াৰ পিছত তেখেতে ক'লেঃ তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি? মই ক'লো, নহয়। তেখেতে ক'লেঃ "বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে এই যে, তেওঁলোকে যেন এককভাৱে আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে যেন কাকো অংশীদাৰ স্থাপন নকৰে"। ইয়াৰ পিছত কিছু সময় যোৱাৰ পিছত তেখেতে আকৌ মাতি ক'লে, হে মুআজ! মই উত্তৰত ক'লো, লাব্বাইক অছাদাইক। তেখেতে ক'লেঃ "তুমি জানানে বান্দাই যেতিয়া এককভাৱে আল্লাহৰ ইবাদত কৰিব তেতিয়া আল্লাহৰ ওপৰত বান্দাসকলৰ প্ৰাপ্য কি হ'ব? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আকৌ উত্তৰ দি ক'লেঃ "তেওঁলোকৰ প্ৰাপ্য হ'ব, আল্লাহে যেন তেওঁলোকক শাস্তি নিদিয়ে"।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৮৪০)ইছলামে মানুহৰ সত্য ধৰ্ম, তেওঁৰ বংশ আৰু ধন-সম্পদ তথা মান-সন্মানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃএই মাহ, এই চহৰ, এই দিৱসটো তোমালোকৰ বাবে যিদৰে সন্মানিত, ঠিক সেইদৰে আল্লাহে তোমালোকৰ প্ৰাণ, তোমালোকৰ সম্পদ আৰু তোমালোকৰ মান-সন্মানকো তোমালোকৰ পৰস্পৰৰ বাবে সন্মানিত কৰি দিছে।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৫০১)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই মহান ঘোষণা বিদায়ী হজ্জৰ শুভ সন্ধিক্ষণত কৰিছে, যি সময়ত এক লাখতকৈও অধিক সন্মানীয় চাহাবাসকল উপস্থিত আছিল। এই ধৰণৰ কথা তেখেতে বিদায়ী হজ্জৰ কুৰবানীৰ দিনাও গুৰুত্ব সহকাৰে কৈছিল।ইছলামে মানুহকেই সকলো শক্তি-সামৰ্থ, কৰ্ম আৰু বিভিন্ন ক্ৰিয়াকলাপৰ বাবে দায়িত্বশীল বনাইছে। যেনে আল্লাহ তাআলাই কৈছেঃআৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি দিছোঁ, তথা কিয়ামতৰ দিনা আমি তাৰ কৰ্মপুথি উলিয়াম, যিখন সি নিজৰ সন্মুখত উন্মুক্ত পাব। (তেতিয়া তাক কোৱা হ'ব) তুমি তোমাৰ কিতাপ নিজেই পাঠ কৰা। আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।(ছুৰা আল-ইছৰাঃ১৩)অৰ্থাৎ ভাল বেয়া কৰ্মৰ বাবে প্ৰত্যেককে জবাবদিহি কৰিব, আৰু ইয়াৰ দায়িত্বও বান্দাই নিজেই বহন কৰিব, বেলেগ কোনো নহয়। এতেকে নিজৰ কৰ্মৰ বাবে বেলেগ কোনোবা জগৰীয়া নহ'ব, আৰু বেলেগৰ কৰ্মৰ বাবেও নিজে জগৰীয়া নহ'ব। আল্লাহ তাআলাই কৈছেঃহে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।(ছুৰা আল-ইনশ্বিক্বাক্বঃ ৬)আল্লাহ তাআলাই কৈছেঃযিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।(ছুৰা ফুচ্ছিলাতঃ ৪৬)মানুহে কৰা সকলো কৰ্মৰ বাবে মানুহে নিজেই জগৰীয়া, সেয়া নিজৰেই ক্ষতিকাৰক কৰ্ম হওক অথবা আনক ক্ষতি কৰা কৰ্ম। আল্লাহ তাআলাই কৈছেঃআৰু কোনোবাই পাপ কৰিলে প্ৰকৃততে সি সেইটো নিজৰ ক্ষতিৰ বাবেই কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।(ছুৰা আন-নিছাঃ ১১১)আল্লাহ তাআলাই আৰু কৈছেঃএইকাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলোঁ যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে, সি যেনিবা সমগ্ৰ মানৱজাতিকহে হত্যা কৰিলে। আনহাতে যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে, সি যেনিবা সমগ্ৰ মানৱজাতিৰ প্ৰাণ ৰক্ষা কৰিলে।(ছুৰা মায়িদাহঃ ৩২)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃঅন্যায়ভাৱে যাকেই হত্যা কৰা হয়, এই হত্যাৰ গুনাহৰ এটা অংশ আদম আলাইহিচ্ছালামৰ প্ৰথম সন্তানৰ ভাগত পৰে। কিয়নো সিয়ে সৰ্বপ্ৰথম অন্যায়ভাৱে হত্যা কৰাৰ প্ৰথা জাৰি কৰিছে।(ছহীহ মুছলিমঃ ৫১৫০)

 ১৮) ইছলামে পুৰুষ আৰু নাৰী উভয়কে কৰ্ম, দায়িত্ব, প্ৰতিদান আৰু নেকীৰ ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিছে।

ইছলামে পুৰুষ আৰু নাৰী উভয়কে কৰ্ম, দায়িত্ব, প্ৰতিদান আৰু নেকীৰ ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।(ছুৰা আন-নিছাঃ ১২৪)আল্লাহ তাআলাই আৰু কৈছেঃঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।(ছুৰা আন-নাহলঃ ৯৭)আল্লাহ তাআলাই আৰু কৈছেঃ‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুৰূপ শাস্তি প্ৰাপ্ত হ’ব। আৰু যি পুৰুষ অথবা নাৰী মুমিন হৈ সৎকৰ্ম কৰিব তেন্তে তেওঁলোকে প্ৰৱেশ কৰিব জান্নাতত, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।(ছুৰা গাফিৰঃ ৪০)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় মুছলিম পুৰুষ আৰু মুছলিমা নাৰী, মুমিন পুৰুষ আৰু মুমিনা নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।(ছুৰা আল-আহযাবঃ ৩৫)

 ১৯) ইছলামে নাৰীসকলক সন্মান প্ৰদান কৰিছে, তথা তেওঁলোকক পুৰুষসকলৰ সমমৰ্যাদা প্ৰদান কৰিছে। যদি পুৰুষ সক্ষম হয় তেন্তে যাৱতীয় ভৰণ-পোষণৰ দায়িত্ব পুৰুষৰ। গতিকে কন্যা সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব হৈছে পিতাৰ ওপৰত, তথা পুত্ৰ প্ৰাপ্তবয়স্ক আৰু সক্ষম হ'লে মাকৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিব, এইদৰে স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্ব হৈছে স্বামীৰ ওপৰত।

ইছলামে নাৰীসকলক পুৰুষসকলৰ সমান মৰ্যাদা প্ৰদান কৰিছে।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃনিশ্চয় নাৰীসকলেও পুৰুষৰ সমানেই সমাজৰ অংশ।(তিৰমিজীঃ ১১৩)নাৰীসকলক ইছলামে প্ৰদান কৰা এইটোও এটা সন্মান যে, যদি পুত্ৰ সক্ষম হয় তেন্তে পুত্ৰই মাকৰ যাৱতীয় ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিব।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃপ্ৰদানকাৰীৰ হাত সদায় ওপৰত থাকে। গতিকে সেই ব্যক্তিৰ পৰা আৰম্ভ কৰা, যাৰ ওপৰত ব্যয় কৰা তোমাৰ বাবে ওৱাজিব, যেনে- তোমাৰ মা, তোমাৰ পিতা, তোমাৰ বাই-ভনী, আৰু তোমাৰ ভাই। ইয়াৰ পিছত তোমাৰ নিকটাত্মীয়, তাৰ পিছত আত্মীয়-স্বজন।ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছেপিতা-মাতাৰ গুৰুত্ব সম্পৰ্কে ইন শ্বা আল্লাহ পৰিচ্ছেদ নং ২৯ত আলোচনা কৰা হ'ব।ইছলামে নাৰীক প্ৰদান কৰা এইটোও এটা সন্মান যে, যদি স্বামী সক্ষম হয়, তেনেহ'লে তেওঁ স্ত্ৰীৰ যাৱতীয় খা-খৰচ বহন কৰিব। যেনে- আল্লাহ তাআলাই কৈছেঃবিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্চলতা প্ৰদান কৰিব।(ছুৰা আত-তালাক্বঃ ৭)কোনোবা এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিল, স্বামীৰ ওপৰত স্ত্ৰীৰ অধিকাৰ কি? তেতিয়া তেখেতে কৈছিলঃ যেতিয়া তুমি খাবা, তাইকো খুৱাবা আৰু যেতিয়া তুমি নতুন কাপোৰ ল'বা, তেতিয়া তাইৰ বাবেও আনিবা। কেতিয়াও তাইৰ মুখত প্ৰহাৰ নকৰিবা আৰু তাইৰ লগত দুৰ্ব্যৱহাৰ নকৰিবা।ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছেআল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে স্বামীৰ ওপৰত স্ত্ৰীৰ কিছুমান অধিকাৰৰ বিষয়ে স্পষ্ট কৰি কৈছেঃনিয়মানুসাৰে তোমালোকৰ ওপৰত তোমালোকৰ স্ত্ৰীসকলৰ অধিকাৰ হৈছে খোৱা-বোৱা আৰু পোছাক-পৰিচ্ছদৰ দায়িত্ব।ছহীহ মুছলিমতেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃভৰণ-পোষণৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাটোৱে হৈছে গুনাহগাৰ হ'বলৈ মানুহৰ বাবে যথেষ্ট।ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছেখাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃمن يقوت শব্দৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক বুজাইছে যাৰ ওপৰত ভৰণ-পোষণৰ দায়িত্ব আছে। অৰ্থাৎ তেওঁ যেনিবা দানকাৰী ব্যক্তিক উদ্দেশ্যি কৈছে যে, তুমি ছোৱাব অৰ্জন কৰিবলৈ পৰিয়ালৰ প্ৰয়োজনীয় ধনৰ পৰা ব্যয় নকৰিবা, অন্যথা তুমি যদি তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা তেন্তে তোমাৰ এই কৰ্ম পাপকৰ্মত ৰূপান্তৰিত হ'ব।ইছলামে নাৰীসকলক প্ৰদান কৰা সন্মান এইটোও এটা যে, তেওঁ কন্যা সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব পিতৃৰ কান্ধত অৰ্পন কৰিছে। আল্লাহ তাআলাই কৈছেঃমাকে নিজ সন্তানসকলক পৰিপূৰ্ণ দুবছৰ স্তনপান কৰাব, এইটো তাৰ বাবে যিয়ে স্তনপান কৰোৱাৰ সময় পূৰ্ণ কৰিব বিচাৰে। এই সময়ছোৱাত পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (অৰ্থাৎ মাতৃসকলৰ) ভৰণ-পোষণ কৰা।(ছুৰা আল-বাক্বাৰাহঃ ২৩৩)এতেকে আল্লাহে স্পষ্ট কৰি দিছে যে, নিয়মানুসাৰে সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব হৈছে তাৰ পিতৃৰ ওপৰত। আল্লাহ তাআলাই কৈছেঃতথা যদি তেওঁলোকে তোমালোকৰ সন্তানক স্তনপান কৰোৱায় তেন্তে তোমালোকে তেওঁলোকক পাৰিশ্ৰমিক প্ৰদান কৰিবা।(ছুৰা আত-তালাক্বঃ ৬)এইদৰে আল্লাহে পিতাৰ ওপৰত শিশুক স্তনপানৰ পাৰিশ্ৰমিক আদায় কৰাৰ দায়িত্ব অৰ্পন কৰিছে। এতেকে এই কথাও স্পষ্ট যে, সন্তান পুত্ৰ হওক অথবা কন্যা, ভৰণ-পোষণৰ দায়িত্ব হৈছে পিতাৰ ওপৰত। নিম্নলিখিত হাদিছতো এই কথাৰ বৰ্ণনা আহিছে যে, পিতাৰ ওপৰত স্ত্ৰীৰ লগতে সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব অৰ্পন কৰা হৈছে।আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, হিন্দ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ আবু ছুফিয়ান হৈছে এজন কৃপণ ব্যক্তি। গতিকে কেতিয়াবা কেতিয়াবা (তেওঁক নোকোৱাকৈয়ে) তেওঁৰ ধন লব লগা হয় (এনেকৈ কৰাটো মোৰ বাবে বৈধ হ'বনে?), এই শুনি তেখেতে ক'লেঃসৎ উদ্দেশ্যে তোমাৰ আৰু তোমাৰ সন্তানৰ প্ৰয়োজন অনুসাৰে তুমি ল'ব পাৰা।এই হাদীছটো বুখাৰীয়ে বৰ্ণনা কৰিছে।নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কন্যা সন্তান আৰু বাই-ভনীৰ ওপৰত ব্যয় কৰাৰ ফজীলত বৰ্ণনা কৰি কৈছেঃযিয়ে দুজনী অথবা তিনিজনী ছোৱালী নাইবা দুজনী অথবা তিনিজনী ভনীক বিদায়ী পৰ্যন্ত (অৰ্থাৎ বিবাহ কৰোৱাই শশুৰৰ ঘৰলৈ বিদায়ী নিদিয়ালৈকে) নাইবা মৃত্যু পৰ্যন্ত লালন-পালন কৰিব, সেই ব্যক্তি আৰু মই কিয়ামতৰ দিনা এইদৰে থাকিম। এই বুলি কৈ তেখেতে তৰ্জ্জনী আৰু মধ্যমা আঙুলিৰে ইংগিত কৰি দেখুৱালে।(ছিলছিলা ছহীহাঃ ২৯৬)

 ২০) মৃত্যু কেতিয়াও চিৰস্থায়ী ধ্বংস নহয়। বৰং মৃত্যুৰ ফলত মানুহে কৰ্মভূমিৰ পৰা প্ৰতিদানৰ স্থানলৈ প্ৰস্থান কৰে। মৃত্যুৱে শৰীৰ আৰু আত্মা উভয়কেই প্ৰভাৱিত কৰে। আত্মাৰ মৃত্যু হৈছে শৰীৰৰ পৰা বিচ্ছিন্ন হোৱা। এতেকে কিয়ামতৰ দিনা পুনৰুত্থানৰ সময়ত সেই আত্মাই ঘূৰি আহি সেই শৰীৰত প্ৰৱেশ কৰিব। মৃত্যুৰ পিছত আত্মা কেতিয়াও বেলেগ শৰীৰলৈ স্থানান্তৰিত নহয় তথা বেলেগ কোনো শৰীৰতো প্ৰৱেশ নকৰে।

মৃত্যু কেতিয়াও চিৰস্থায়ী ধ্বংস নহয়। আল্লাহ তাআলাই কৈছেঃকোৱা, ‘তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে মৃত্যুৰ ফিৰিস্তা তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক ওভোতাই নিয়া হ’ব’।(ছুৰা আছ-ছাজদাহঃ ১১)মৃত্যুৱে শৰীৰ আৰু আত্মা উভয়কেই প্ৰভাৱিত কৰে। আত্মাৰ মৃত্যু হৈছে শৰীৰৰ পৰা বিচ্ছিন্ন হোৱা। এতেকে কিয়ামতৰ দিনা পুনৰুত্থানৰ সময়ত সেই আত্মাই ঘূৰি আহি সেই শৰীৰত প্ৰৱেশ কৰিব। আল্লাহ তাআলাই কৈছেঃআল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।(ছুৰা আঝ-ঝুমৰঃ ৪২)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃযেতিয়া প্ৰাণ হৰণ কৰা হয়, তেতিয়া দৃষ্টিয়ে চোঁচা লয়। (থৰ লাগি চাই থাকে)(মুছলিমে এইটো বৰ্ণনা কৰিছে, হাদীছ নং ৯২০)মৃত্যুৰ পিছত মানুহে কৰ্মভূমিৰ পৰা প্ৰতিদানৰ ঘৰলৈ প্ৰস্থান কৰে। আল্লাহ তাআলাই কৈছেঃতেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফৰী কৰিছিল।(ছুৰা ইউনুছঃ ৪)

মৃত্যুৰ পিছত আত্মা কেতিয়াও বেলেগ শৰীৰলৈ স্থানান্তৰিত নহয়, তথা অহা যোৱাও নকৰে। আত্মাৰ আগমন তথা বেলেগ শৰীৰ ধাৰণ আদি দাবীক যুক্তিয়েও সমৰ্থন নকৰে আৰু ইন্দ্ৰীয়ও নকৰে। নবী আৰু ৰাছুলসকলৰ পৰাও এনেকুৱা কোনো প্ৰমাণ পোৱা নাযায় যিয়ে এই আস্থাক সমৰ্থন কৰে।

 ২১) ইছলামে ঈমানৰ ডাঙৰ আৰু মৌলিক ভিত্তিসমূহৰ ওপৰত অটুট বিশ্বাস পোষণ কৰাৰ দাবী কৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা, ঐশ্বৰীয় গ্ৰন্থসমূহৰ প্ৰতি ঈমান পোষণ কৰা, যেনে- বিকৃত হোৱাৰ পূৰ্বৰ তাওৰাত, ইঞ্জীল আৰু ঝাবুৰ, তথা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা, সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, নবীসকলৰ অন্তিম তথা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, লগতে কিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰা। আমি এই কথা জানি থোৱা উচিত যে, যদি এই পাৰ্থিৱ জীৱনেই অন্তিম জীৱন হ'লহেঁতেন তেন্তে জীৱন আৰু অস্তিত্বৰ কোনো মূল্যই নাথাকিলহেঁতেন, তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰো কোনো গুৰুত্ব নাথাকিলহেঁতেন।

ইছলামে ঈমানৰ ডাঙৰ আৰু মৌলিক বিষয়সমূহৰ প্ৰতি ঈমান পোষণ কৰাৰ দাবী কৰে, সকলো নবী আৰু ৰাছুলেই ইয়াৰ প্ৰতি মানুহক আহ্বান কৰিছিল।

ঈমানৰ প্ৰথম স্তম্ভ হৈছে, এই কথা বিশ্বাস কৰা যে, আল্লাহেই বিশ্বজগতৰ প্ৰতিপালক, তেৱেঁই সৃষ্টিকৰ্তা, জীৱিকাদাতা আৰু ব্যৱস্থাপক। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয় আৰু সিহঁতৰ ইবাদত বাতিল। গতিকে ইবাদত একমাত্ৰ তেওঁৰ বাবেই উপযুক্ত আৰু একমাত্ৰ তেওঁৰ ইবাদতেই সঠিক। ৮নং দফাত এই সংক্ৰান্তীয় প্ৰমাণসমূহ উল্লেখ কৰা হৈছে।

পৱিত্ৰ মহান আল্লাহে গুৰুত্বপূৰ্ণ এই মৌলিক বিধানবোৰ কোৰআনৰ বহু ঠাইত তথা বিভিন্ন আয়াতত উল্লেখ কৰিছে। যেনে- আল্লাহ তাআলাই কৈছেঃৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)আল্লাহ তাআলাই আৰু কৈছেঃপূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু ছালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই হৈছে মুত্তাক্বী।(ছুৰা আল-বাক্বাৰাহঃ ১৭৭)আল্লাহ তাআলাই এই মৌলিক বিধানবোৰৰ ওপৰত ঈমান পোষণ কৰাৰ নিৰ্দেশ দিছে, আৰু এই কথাও স্পষ্ট কৰিছে যে, যিয়ে ইয়াক অস্বীকাৰ কৰিব নিশ্চিতভাৱে সি বিভ্ৰান্ত হৈ বহু দূৰ আঁতৰি যাব। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।(ছুৰা আন-নিছাঃ ১৩৬)ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, তেখেতে কৈছেঃএদিনাখন আমি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেনেতে এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল। তেওঁ পৰিধান কৰা কাপোৰবোৰ আছিল উজ্জ্বল বগা, আৰু চুলিবোৰ আছিল কিচকিচিয়া ক'লা। তেওঁ ভ্ৰমণ কৰি আহিছে বুলি কোনো চিহ্ন নাছিল। আনকি আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। অৱশেষত তেওঁ আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আঠুৰ লগত আঠু মিলাই বহিলে। লগতে তেওঁৰ দুয়ো হাত তেখেতৰ (অথবা নিজৰ) উৰুৰ ওপৰত ৰাখিলে আৰু ক'লেঃ "হে মুহাম্মদ! মোক ইছলাম সম্পৰ্কে কওক"। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ইছলাম হৈছে, তুমি এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমাজান মাহৰ ৰোজা ৰখা, আৰু যদি সক্ষম হোৱা তেন্তে বাইতুল্লাহৰ হজ্জ কৰা"। সেই ব্যক্তিজনে ক'লেঃ "আপুনি প্ৰকৃত সত্য উপস্থাপন কৰিছে"। বৰ্ণনাকাৰী ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "আমি তেওঁৰ কথা শুনি আচৰিত হ'লোঁ, কাৰণ তেওঁ (অজ্ঞ মানুহৰ নিচিনা) প্ৰশ্ন কৰি আছে, আকৌ (বিজ্ঞ মানুহৰ নিচিনা) সমৰ্থনও কৰি আছে"। ইয়াৰ পিছত তেওঁ ক'লেঃ "মোক ঈমান সম্পৰ্কে কওক"। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ঈমান হৈছে, তুমি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁৰ কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তথা শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰা, লগতে ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা, মঙ্গল হওক অথবা অমঙ্গল"। তেওঁ ক'লেঃ "আপুনি সঁচাই কৈছে"। ইয়াৰ পিছত তেওঁ ক'লেঃ "মোক ইহছান সম্পৰ্কে কওক"। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ইহছান হৈছে, তুমি আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তেওঁক দেখি আছা, যদি এইটো অনুভৱ নহয় তেন্তে এইটো অনুভৱ কৰা যে, আল্লাহে তোমাক দেখি আছে"।(ছহীহ মুছলিমঃ ৮)এই হাদীছতেই উল্লেখ আছে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক জিব্ৰীল আলাইহিচ্ছালামে আহি ধৰ্মৰ এই তিনিটা শ্ৰেণীৰ বিষয়ে প্ৰশ্নবোৰ কৰিছিল। অৰ্থাৎ ইছলাম, ঈমান আৰু ইহছান সম্পৰ্কে। আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিছিল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক জনাই দিছিল যে, এই প্ৰশ্ন কৰা ব্যক্তিজন আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ আহিছিল তোমালোকক তোমালোকৰ দ্বীন শিক্ষা দিবলৈ। এইটোৱেই হৈছে ঐশ্বৰীয় ধৰ্ম ইছলামৰ বাৰ্তা, যিটো জিব্ৰীলৰ দ্বাৰা আহিছে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক পৌঁচাই দিছে। তথা চাহাবাসকলে ইয়াক সংৰক্ষণ কৰি পিছৰ প্ৰজন্মলৈ পৌঁচাই দিয়াৰ সুযোগ কৰি দিছে।ঈমানৰ দ্বিতীয় স্তম্ভ হৈছে, ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁলোকে অদৃশ্য জগতত বাস কৰে। আল্লাহেই তেওঁলোকক বিশেষ আকৃতিত সৃষ্টি কৰিছে, আৰু তেওঁলোকক মহা গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰিছে। তেওঁলোকক অৰ্পন কৰা গুৰুত্বপূৰ্ণ দায়িত্বৰ অন্যতম হৈছে নবী আৰু ৰাছুলসকলৰ ওচৰলৈ ঐশী বাৰ্তা পৌঁচাই দিয়া। ফিৰিস্তাসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ ফিৰিস্তা হৈছে জিব্ৰীল আলাইহিচ্ছালাম। তেখেতৰ দায়িত্ব হৈছে, নবী আৰু ৰাছুলসকলৰ ওচৰলৈ আল্লাহৰ অহী লৈ অৱতৰণ কৰা। যেনে আল্লাহ তাআলাই কৈছেঃতেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিজ নিৰ্দেশত ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।(ছুৰা আন-নাহলঃ ২)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় এইটো (কোৰআন) সৃষ্টিজগতৰ প্ৰতিপালক(আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।স্পষ্ট আৰবী ভাষাত।আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।(ছুৰা আশ্ব-শ্বুআৰাঃ ১৯২-১৯৬)ঈমানৰ তৃতীয় স্তম্ভ হৈছে, ঐশী গ্ৰন্থসমূহৰ প্ৰতি ঈমান পোষণ কৰা, যেনে- তাওৰাত, ইঞ্জীল আৰু ঝাবুৰ বিকৃত হোৱাৰ পূৰ্বৰ অৱস্থাৰ প্ৰতি আৰু কোৰআনৰ প্ৰতি। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।(ছুৰা আন-নিছাঃ ১৩৬)আল্লাহ তাআলাই আৰু কৈছেঃতেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।ইতিপূৰ্বে মানুহৰ বাবে হিদায়তস্বৰূপ; আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰে সিহঁতৰ বাবেই আছে কঠোৰ শাস্তি, আৰু আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।(ছুৰা আলে-ইমৰাণঃ ৩-৪)আল্লাহ তাআলাই আৰু কৈছেঃৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)আল্লাহ তাআলাই কৈছেঃতোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।(ছুৰা আলে-ইমৰাণঃ ৮৪)ঈমানৰ চতুৰ্থ স্তম্ভ হৈছে, গোটেই নবী আৰু ৰাছুলসকলৰ ওপৰত এনেকৈ ঈমান পোষণ কৰা যে, তেওঁলোক সকলোৱে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল আছিল। তেওঁলোক সকলোৱে নিজ নিজ উম্মতৰ ওচৰলৈ আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়ত পৌঁচাই দিছিল। আল্লাহ তাআলাই কৈছেঃতোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।(ছুৰা আল-বাক্বাৰাহঃ ১৩৬)আল্লাহ তাআলাই আৰু কৈছেঃৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)আল্লাহ তাআলাই আৰু কৈছেঃতোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।(ছুৰা আলে-ইমৰাণঃ ৮৪)নবীসকলৰ অন্তিম তথা সৰ্বশেষ নবী আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা যে, তেৱেঁই হৈছে সৰ্বশেষ তথা অন্তিম নবী। আল্লাহ তাআলাই কৈছেঃআৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছোঁ; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলোঁ’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ।(ছুৰা আলে-ইমৰাণঃ ৮১)এতেকে ইছলামে সাধাৰণভাৱে সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ অনিবাৰ্য কৰিছে, আৰু বিশেষকৈ অন্তিম তথা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাটো অপৰিহাৰ্য কৰিছে। আল্লাহ তাআলাই কৈছেঃহে নবী আপুনি কৈ দিয়কঃ হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু যি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকে কোনো ভিত্তিৰ ওপৰত নহয়।(ছুৰা আল-মায়িদাহঃ ৬৮)আল্লাহ তাআলাই আৰু কৈছেঃকোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।(ছুৰা আলে-ইমৰাণঃ ৬৪)জানি থোৱা! যদি কোনোবাই কোনো এজন নবীক অস্বীকাৰ কৰে তেন্তে সি সকলো নবীকেই অস্বীকাৰ কৰিলে। সেইকাৰণেই আল্লাহে নূহ সম্প্ৰদায়ৰ বিষয়ে তেওঁৰ সিদ্ধান্ত ঘোষণা কৰি কৈছেঃনূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।(ছুৰা আশ্ব-শ্বুআৰাঃ ১০৫)অথচ এই কথা পৰিজ্ঞাত যে, নূহ আলাইহিচ্ছালামৰ পূৰ্বে কোনো ৰাছুল অহা নাছিল। গতিকে তেওঁৰ সম্প্ৰদায়ে যেতিয়া তেওঁক অস্বীকাৰ কৰিলে, ফলত সিহঁতৰ এই কৃত-কৰ্মক সকলো নবী ৰাছুলক অস্বীকাৰ কৰাৰ সমান বুলি গণ্য কৰা হ'ল। কিয়নো নবীসকলৰ মূল আহ্বান এটাই আৰু উদ্দেশ্যও এটাই।ঈমানৰ পঞ্চম স্তম্ভ হৈছে, শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰা অৰ্থাৎ কিয়ামত দিৱসৰ প্ৰতি। আল্লাহে এই পাৰ্থিৱ জীৱনৰ অন্তিম সময়ত ফিৰিস্তা ইছৰাফীলক শিঙাত ফুঁ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিব। ফলত অচেতন হোৱাৰ বাবে তেওঁ শিঙাত ফুঁ দিব আৰু প্ৰত্যেক সেই ব্যক্তি অচেতন হৈ পৰিব বা মৃত্যুবৰণ কৰিব যাক আল্লাহে ইচ্ছা কৰিব। আল্লাহ তাআলাই কৈছেঃআৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তি সকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।(ছুৰা আঝ-ঝুমৰঃ ৬৮)এতেকে আল্লাহৰ ইচ্ছাত আকাশমণ্ডল আৰু পৃথিৱীৰ সকলোৱে যেতিয়া ধ্বংস হ'ব, তেতিয়া আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক মেৰিয়াই ল'ব। যেনে- আল্লাহ তাআলাই কৈছেঃসেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।(ছুৰা আল-আম্বিয়াঃ ১০৪)আল্লাহ তাআলাই আৰু কৈছেঃআৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।(ছুৰা আঝ-ঝুমৰঃ ৬৭)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃসৰ্বশক্তিমান আল্লাহে কিয়ামতৰ দিনা আকাশমণ্ডলক মেৰিয়াই নিজৰ সোঁহাতত লৈ ক'বঃ "ময়েই বাদশ্বাহ। উপদ্ৰৱকাৰীসকল আজি ক'ত, অহংকাৰকাৰীসকল ক'ত?" ইয়াৰ পিছত বাওঁ হাতত পৃথিৱীক মেৰিয়াই লৈ ক'বঃ "ময়েই বাদশ্বাহ। ক'ত আজি উপদ্ৰৱ সৃষ্টিকাৰীসকল, অহংকাৰকাৰীসকল আজি ক'ত?"ইয়াক মুছলিমে বৰ্ণনা কৰিছে।ইয়াৰ পিছত আল্লাহৰ আদেশত ফিৰিস্তাই শিঙাত দ্বিতীয় ফুঁ মাৰিব, ফলত সকলোৱে জীৱিত হৈ চাই থাকিব। আল্লাহ তাআলাই কৈছেঃতাৰ পিছত (শিঙাত) দ্বিতীয় ফুঁ দিয়া হ'ব, ফলত তৎক্ষণাত সিহঁতে জীৱিত হৈ থৰ লাগি চাই থাকিব।(ছুৰা আঝ-ঝুমৰঃ ৬৮)আল্লাহে যেতিয়া সকলো সৃষ্টিকে পুনৰ্জীৱিত কৰিব, তেতিয়া হিচাপ-নিকাচ গ্ৰহণ কৰিবলৈ সিহঁতক সমৱেত কৰা হ'ব। যেনে- আল্লাহ তাআলাই কৈছেঃযিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।(ছুৰা ক্বাফঃ ৪৪)আল্লাহ তাআলাই আৰু কৈছেঃযিদিনা সিহঁতে (মানুহ বিলাক) প্ৰকাশিত হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।(ছুৰা গাফিৰঃ ১৬)সেইদিনাই আল্লাহে সকলোৰে হিচাপ-নিকাচ গ্ৰহণ কৰিব। প্ৰত্যেক অন্যায়কাৰীৰ পৰা অত্যাচাৰিত লোকৰ প্ৰতিশোধ ল'ব আৰু প্ৰত্যেককে সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। যেনে- আল্লাহ তাআলাই কৈছেঃআজি প্ৰত্যেককে তাৰ অৰ্জন অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।(ছুৰা গাফিৰঃ১৭)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় আল্লাহে অণু পৰিমাণো অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।(ছুৰা আন-নিছাঃ ৪০)আল্লাহ তাআলাই আৰু কৈছেঃ এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে, সেইটোও তেওঁ দেখিবলৈ পাব।আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।(ছুৰা আঝ-ঝালঝালাহঃ ৭-৮)আল্লাহ তাআলাই আৰু কৈছেঃআৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি শস্য দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।(ছুৰা আল-আম্বিয়াঃ ৪৭)পুনৰুত্থান আৰু হিচাপ-নিকাচৰ পিছত প্ৰতিদান দিয়া হ'ব। যিয়ে সৎকৰ্ম কৰিছে তেওঁ চিৰস্থায়ী নিয়ামতৰ মাজত অৱস্থান কৰিব, যিটো কেতিয়াও সমাপ্ত নহ'ব। আনহাতে যিয়ে অসৎকৰ্ম কৰিছে আৰু কুফৰী কৰিছে, সি শাস্তি ভোগ কৰিব। আল্লাহ তাআলাই কৈছেঃসেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।(ছুৰা আল-হাজ্জঃ ৫৬-৫৭)এই কথা বুজি পোৱা অতি সহজ যে, যদি এই পাৰ্থিৱ জীৱনেই শেষ জীৱন হ'লহেঁতেন তেন্তে জীৱন আৰু অস্তিত্বৰ কোনো মূল্যই নাথাকিলহেঁতেন, তথা অনৰ্থক বুলি গণ্য হ'লহেঁতেন।‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?(ছুৰা আল-মুমিনূনঃ ১১৫)ঈমানৰ ষষ্ঠ স্তম্ভ হৈছে, ভাগ্য তথা তাক্বদীৰৰ প্ৰতি অটল বিশ্বাস পোষণ কৰা। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা অনিবাৰ্য যে, বিশ্বজগতত ইতিপূৰ্বে যি হৈছে আৰু যি হৈ আছে আৰু যি হ'ব, সেই সকলোবোৰ আল্লাহে জানে। আনকি আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বেই তেওঁ এইবোৰ লিপিবদ্ধ কৰি ৰাখিছে। আল্লাহ তাআলাই কৈছেঃআৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।(ছুৰা আল-আনআমঃ ৫৯)নিশ্চয় সকলো বস্তুকেই আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে। আল্লাহ তাআলাই কৈছেঃতেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।(ছুৰা আত-তালাক্বঃ ১২)বিশ্বজগতত যি সংঘটিত হয়, আল্লাহৰ আদেশতেই হয় তথা তেওঁৰ ইচ্ছাতেই হয়, বৰং তেৱেঁই ইয়াৰ সৃষ্টিকৰ্তা আৰু ইয়াৰ কাৰণ উদ্ভাৱক।যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।(ছুৰা আল-ফুৰক্বানঃ ২)সকলো ক্ষেত্ৰতে তেওঁৰ পূৰ্ণ হিকমত নিহিত আছে, যিটো মানুহৰ জ্ঞানে ঢুকি নাপায়। আল্লাহ তাআলাই কৈছেঃএটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।(ছুৰা আল-ক্বামাৰঃ ৫)আল্লাহ তাআলাই আৰু কৈছেঃতেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।(ছুৰা ৰূমঃ ২৭)আল্লাহে নিজকে হিকমতৰ দ্বাৰা বিভূষিত কৰি, তেওঁৰ নাম হাকীম ৰাখিছে। আল্লাহে কৈছেঃআল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, হাকীম (প্ৰজ্ঞাময়)(ছুৰা আলে-ইমৰাণঃ ১৮)আল্লাহে ঈছা আলাইহিচ্ছালামৰ বিষয়ে সংবাদ দিছে যে, তেওঁ কিয়ামতৰ দিনা আল্লাহক সম্বোধন কৰি ক'বঃযদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে তুমিতো মহাপৰাক্ৰমশালী, হাকীম (প্ৰজ্ঞাময়)(ছুৰা আল-মায়িদাহঃ ১১৮)আৰু মুছা আলাইহিচ্ছালামৰ বিষয়ে কৈছে, যেতিয়া তেওঁক তুৰ পৰ্বতৰ কাষত আল্লাহে মাতি কৈছিলঃ‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, হাকীম (প্ৰজ্ঞাময়)(ছুৰা আন-নামলঃ ৯)পৱিত্ৰ কোৰআনকো আল্লাহে হিকমতৰ দ্বাৰা বিভূষিত কৰিছে। মহান আল্লাহে কৈছেঃআলিফ-লাম-ৰা, এইখন এনে এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু পিছত বিশদভাৱে বিবৃত হিকমতপূৰ্ণ (প্ৰজ্ঞাময়), সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা;(ছুৰা হূদঃ ১)আল্লাহ তাআলাই আৰু কৈছেঃতোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।(ছুৰা ইছৰাঃ ৩৯)

 ২২) নবী আৰু ৰাছুলসকল আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দোষমুক্ত। লগতে তেওঁলোক এনেকুৱা প্ৰত্যেক বিষয়ৰ পৰা পৰিপূৰ্ণৰূপে সুৰক্ষিত, যিবোৰ বিষয় বুদ্ধি তথা সুস্থ বিবেকে গ্ৰহণ নকৰে অথবা যিবোৰ বিষয় সদ্ব্যৱহাৰৰ পৰিপন্থী। তেওঁলোকৰ দায়িত্ব হৈছে একমাত্ৰ আল্লাহৰ আদেশ-নিষেধ তথা বিধি-বিধান বান্দাসকলৰ ওচৰলৈ পৌঁচাই দিয়া। তেওঁলোকৰ মাজত কোনো ধৰণৰ ঐশ্বৰীয় গুণ, তথা উপাস্য হোৱাৰ যোগ্যতা নাই। বৰং তেওঁলোক অন্যান্য মানৱৰ দৰেই মানৱ। তেওঁলোকৰ বিশেষত্ব কেৱল ইমানেই যে, তেওঁলোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা অহী অৱতীৰ্ণ হৈছে।

আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত সকলো নবী আৰু ৰাছুল নিষ্পাপ। কিয়নো আল্লাহে তেওঁৰ বাৰ্তা পৌঁচাই দিয়াৰ বাবে আটাইতকৈ পূণ্যৱান আৰু শ্ৰেষ্ঠতম বান্দাসকলক মনোনীত কৰে। যেনে আল্লাহ তাআলাই কৈছেঃআল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।(ছুৰা আল-হাজ্জঃ ৭৫)আল্লাহ তাআলাই কৈছেঃনিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।(ছুৰা আলে-ইমৰাণঃ ৩৩)আল্লাহ তাআলাই কৈছেঃতেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছোঁ; সেয়ে মই তোমাক যি প্ৰদান কৰিলোঁ সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।(ছুৰা আল-আৰাফঃ ১৪৪)সকলো ৰাছুলে এই কথা ভালদৰেই জানে যে, তেওঁলোকৰ ওচৰলৈ যি যি অৱতীৰ্ণ হয়, সেই সকলোবোৰ হৈছে আল্লাহৰ অহী। তেওঁলোকে নিজ চকুৰে ফিৰিস্তাসকলক অহী লৈ অহা প্ৰত্যক্ষও কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃতেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে,কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে,যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।(ছুৰা আল-জিনঃ ২৬-২৮)আৰু আল্লাহ তাআলাই তেওঁলোকক আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰি কৈছেঃহে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।(ছুৰা আল-মায়িদাহঃ ৬৭)আল্লাহ তাআলাই কৈছেঃসুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।(ছুৰা আন-নিছাঃ ১৬৫)মানুহৰ মাজত ৰাছুলসকলে আটাইতকৈ বেছি আল্লাহক ভয় কৰিছিল। সেয়ে তেওঁলোকে আল্লাহৰ বাৰ্তাত কম-বেছি কৰাতো দূৰৰ কথা, সেয়া কল্পনাও কৰা নাছিল। আল্লাহ তাআলাই কৈছেঃযদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।(ছুৰা আল-হা-ক্কাহঃ ৪৪-৪৭)ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছেঃআল্লাহৰ আয়াত {وَلَوْ تَقَوَّلَ عَلَيْنَا} অৰ্থাৎ মুশ্বৰিকসকলে যিদৰে ধাৰণা পোষণ কৰে, সেই ধাৰণা অনুযায়ী যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ওপৰত মিছা আৰোপ কৰি আমাৰ বাৰ্তাত কোনো কম-বেছি কৰিলেহেঁতেন অথবা নিজৰ ফালৰ পৰা বনাই আমাৰ লগত সম্পৃক্ত কৰিলেহেঁতেন তেন্তে নিশ্চিতভাৱে আমি তেওঁক দ্ৰুত শাস্তি বিহিলোহেঁতেন। সেইকাৰণেই তেওঁ কৈছেঃ {لَأَخَذْنَا مِنْهُ بِالْيَمِينِ} ইয়াৰ আন এটা অৰ্থ হৈছে যে, আমি তেওঁক সোঁফালৰ পৰা ধৰিলোহেঁতেন, কিয়নো এইটোৱেই হৈছে মজবুত গ্ৰেপ্তাৰী। ইয়াৰ আন এটা অৰ্থ হৈছে, আমি তেওঁক সোঁ হাতেৰে ধৰিলোহেঁতেন।আল্লাহ তাআলাই কৈছেঃআৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মা-ক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’। ‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাই, সেয়া হৈছে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা, যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলোঁ সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলোঁ, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।(ছুৰা আল-মায়িদাহঃ ১১৬-১১৭)নবী আৰু ৰাছুলসকলৰ ওপৰত আল্লাহৰ এইটোও এটা মহান কৃপা যে, তেওঁৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁ নবী আৰু ৰাছুলসকলক সদায় অটল ৰাখিছিল। যেনে আল্লাহ তাআলাই কৈছেঃতেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’, ‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।(ছুৰা হূদঃ ৫৪-৫৬)আল্লাহ তাআলাই আৰু কৈছেঃআৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি অৱশ্যে সিহঁতৰ ফালে প্ৰায় কিঞ্চিত ঢাল খালাইহেঁতেন;এনে কৰিলে অৱশ্যে আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰী নাপালেহেঁতেন।(ছুৰা আল-ইছৰাঃ ৭৩-৭৫)এইসমূহ আয়াত তথা ইয়াৰ পূৰ্বে যিবোৰ আয়াত উল্লেখ কৰা হৈছে, এই আটাইবোৰে প্ৰমাণ কৰে যে, কোৰআন হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। কিয়নো যদি এইখন মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ফালৰ পৰা ৰচনা কৰিলেহেঁতেন তেন্তে ইয়াৰ মাজত কেতিয়াও এনেকুৱা কঠোৰ ভাষাৰে ৰচনা কৰাৰ বিপক্ষে সম্বোধন কৰা নহ'লহেঁতেন।নিশ্চয় পৱিত্ৰ আল্লাহে তেওঁৰ ৰাছুলসকলক মানুহৰ উৎপীড়নৰ পৰা ৰক্ষা কৰে। যেনে- আল্লাহ তাআলাই কৈছেঃহে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।(ছুৰা আল-মায়িদাহঃ ৬৭)আল্লাহ তাআলাই আৰু কৈছেঃআৰু সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰা তোমালোকৰ ওচৰত যদি অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।(ছুৰা ইউনুছঃ ৭১)মহান আল্লাহে মুছা আলাইহিচ্ছালামৰ কথনৰ সংবাদ প্ৰদান কৰি কৈছেঃদুয়োজনে (মুছা আৰু হাৰূনে) ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’। তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।(ছুৰা ত্বা-হাঃ ৪৫-৪৬)এতেকে আল্লাহে এই কথা স্পষ্ট কৰিছে যে, তেওঁ নিজ ৰাছুলসকলক তেওঁলোকৰ শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান কৰে, ফলত সিহঁতে তেওঁলোকক কোনো অনিষ্ট কৰিব নোৱাৰে। পৱিত্ৰ আল্লাহে এই কথাও স্পষ্ট কৰিছে যে, তেওঁ অহীকো সুৰক্ষা প্ৰদান কৰিছে, ফলত তাৰ পৰা হ্ৰাস হ'বও নোৱাৰে আৰু তাত কোনো কথা বৃদ্ধি হ'বও নোৱাৰে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।(ছুৰা হিজৰঃ ৯)নবী আৰু ৰাছুলসকল প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা পৰিপূৰ্ণৰূপে সুৰক্ষিত, যিবোৰ বিষয় সুস্থ বিবেকে গ্ৰহণ নকৰে অথবা যিবোৰ বিষয় সদ্ব্যৱহাৰৰো পৰিপন্থী। সেয়ে মহান আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উৎকৃষ্ট চৰিত্ৰৰ বৰ্ণনা প্ৰদান কৰি কৈছেঃআৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।(ছুৰা আল-কলমঃ ৫)তেওঁ আৰু কৈছেঃআৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,(ছুৰা আত-তাকৱীৰঃ ২২)এইটো এইকাৰণে যে, যাতে তেওঁ উত্তমৰূপে চৰিয়তৰ বাৰ্তা মানুহৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব পালন কৰিব পাৰে। কিয়নো তেওঁলোকে বান্দাসকলৰ ওচৰলৈ আল্লাহৰ আদেশ পৌঁচাই দিয়াৰ দায়িত্বত নিয়োজিত। তেওঁলোকৰ মাজত প্ৰভুত্বৰ অথবা উপাস্য হোৱাৰ কোনো ধৰণৰ বৈশিষ্ট্য নাই, বৰং তেওঁলোক হৈছে অন্যান্য মানুহৰ দৰেই মানৱ। আল্লাহে তেওঁলোকৰ প্ৰতি তেওঁৰ বাৰ্তাবোৰ অহী যোগে প্ৰেৰণ কৰে। আল্লাহ তাআলাই কৈছেঃসিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতিবিহীন তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।(ছুৰা ইব্ৰাহীমঃ ১১)আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই নিৰ্দেশ প্ৰদান কৰিছে যে, তেওঁ যেন তেওঁৰ উম্মতক এই কথা কয়ঃকোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।(ছুৰা আল-কাহাফঃ ১১০)

 ২৩) ইছলামে একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনেই আহ্বান কৰে। ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ইবাদতসমূহৰ যথাযথ নিয়ম অনুসৰণ কৰাৰ মাধ্যমত সেইবোৰ পালন কৰিব লাগে। তাৰে এটা হৈছে চালাত বা নামাজ। কিয়াম (থিয় হোৱা) ৰূকু (হালি পৰা) ছাজদাহ (সপ্তাংগৰ দ্বাৰা মাটিত ভৰ দিয়া) আল্লাহৰ জিকৰ-আজকাৰ কৰা, তেওঁৰ স্তুতি আৰু গুণগান কৰা তথা দুআ আৰু প্ৰাৰ্থনা কৰাৰ সমষ্টিয়েই হৈছে চালাত বা নামাজ। দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ প্ৰত্যেক ব্যক্তিৰ ওপৰত অনিবাৰ্য। নামাজত যেতিয়া সকলোৱে একে শাৰীতে থিয় হয় তেতিয়া ধনী-দৰিদ্ৰ, মালিক আৰু দাস আদিৰ সকলো ব্যৱধান শেষ হৈ যায়। দ্বিতীয় ডাঙৰ ইবাদত হৈছে যাকাত। সম্পদৰ সেই সৰু অংশক যাকাত বুলি কোৱা হয়, যিটো আল্লাহ তাআলাৰ ফালৰ পৰা নিৰ্দিষ্ট কৰা অংশ আৰু নিৰ্ধাৰিত নিয়মানুযায়ী বছৰত কেৱল এবাৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দৰিদ্ৰসকলৰ মাজত বিতৰণ কৰা হয়। তৃতীয় ইবাদত হৈছে চওম বা ৰোজা। ৰমাজান মাহৰ দিনৰ ভাগত পানাহাৰ আৰু অন্যান্য ৰোজা ভংগৰ কাৰণসমূহৰ পৰা বিৰত থকাৰ নামেই হৈছে ৰোজা। ৰোজাই আত্মাক আত্মবিশ্বাস, ধৈৰ্য্য আৰু সংযম শিকায়। চতুৰ্থ ইবাদত হৈছে হজ্জ। এই ইবাদত কেৱল সেইসকল লোকৰ ওপৰত জীৱনত মাত্ৰ এবাৰেই অনিবাৰ্য, যিসকলে মক্কাত অৱস্থিত কাবা ঘৰত উপস্থিত হ'বলৈ সক্ষম। হজ্জ এনেকুৱা এটা ইবাদত, য'ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো মানুহে আল্লাহৰ প্ৰতি মনোযোগ প্ৰদানৰ ক্ষেত্ৰত সমান হৈ পৰে, লগতে তাত সকলো ভেদাভেদ তথা পাৰ্থক্য ধৰাশায়ী হৈ পৰে।

ইছলামে ডাঙৰ আৰু অন্যান্য ইবাদতসমূহৰ দ্বাৰা একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনেই আহ্বান কৰে। এই ডাঙৰ ইবাদতসমূহ আল্লাহে নবী আৰু ৰাছুলসকলৰ ওপৰতো অনিবাৰ্য কৰিছিল। ইছলামৰ ডাঙৰ ইবাদতসমূহ হৈছে তলত উল্লেখ কৰা ধৰণৰঃ

প্ৰথমঃ নামাজ, এই ইবাদত আল্লাহে মুছলিমসকলৰ ওপৰত সেইদৰেই অনিবাৰ্য কৰিছে, যিদৰে সকলো নবী আৰু ৰাছুলৰ ওপৰত অনিবাৰ্য কৰিছিল। আল্লাহে তেওঁৰ প্ৰিয় নবী ইব্ৰাহীম আলাইহিচ্ছালামক নিৰ্দেশ প্ৰদান কৰি কৈছিল, তেওঁ যেন আল্লাহৰ ঘৰখনক তাৱাফকাৰীসকলৰ (প্ৰদক্ষিণকাৰীসকলৰ) বাবে, নামাজ আদায়কাৰীসকলৰ বাবে ৰূকুকাৰী আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখে। আল্লাহ তাআলাই কৈছেঃআৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালোঁ; আৰু (আদেশ দিলোঁ যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলোঁ যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।(ছুৰা আল-বাক্বাৰাহঃ ১২৫)আল্লাহে মুছা আলাইহিচ্ছালামৰ ওপৰত ইয়াক সেই সময়তে অনিবাৰ্য কৰিছিল, যেতিয়া তেওঁক প্ৰথমবাৰ মাত দিছিল। আল্লাহ তাআলাই কৈছেঃ‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।‘আৰু মই তোমাক মনোনীত কৰিছোঁ। গতিকে যি অহী প্ৰেৰণ কৰা হয় সেয়া তুমি মনোযোগ সহকাৰে শুনা।‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা।(ছুৰা ত্বা-হাঃ ১২-১৪)ঈছা আলাইহিচ্ছালামেও এই কথাৰ স্বীকৃতি দিছিল যে, আল্লাহে তেওঁক নামাজ আৰু যাকাত আদায়ৰ নিৰ্দেশ দিছিল। যেনে আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছেঃ‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--(ছুৰা মাৰয়ামঃ ৩১)কিয়াম (থিয় হোৱা), ৰূকু (হালি পৰা), ছাজদাহ (সপ্তাংগৰ ওপৰত ভৰ দি শিৰ নত কৰা), আল্লাহৰ স্তুতি তথা প্ৰশংসা, দুআ আৰু প্ৰাৰ্থনা আদিৰ সমষ্টিকেই ইছলামত নামাজ বুলি কয়। দিনে ৰাতি পাঁচবাৰ মুছলিমসকলে ইয়াক পালন কৰিব লাগে। আল্লাহ তাআলাই কৈছেঃতোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী ছালাতৰ আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।(ছুৰা আল-বাক্বাৰাঃ ২৩৮)আল্লাহ তাআলাই আৰু কৈছেঃসূৰ্য্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।(ছুৰা আল-ইছৰাঃ ৭৮)তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃৰূকুত তোমালোকে সৰ্বশক্তিমান আল্লাহৰ মহত্ব বৰ্ণনা কৰা। আনহাতে ছাজদাত বেছি বেছি দুআ কৰা, কিয়নো ছাজদাত কৰা দুআ কবূল হোৱাৰ বেছি সম্ভাৱনা থাকে।ছহীহ মুছলিমদ্বিতীয়টো হৈছে যাকাত, ইয়াকো আল্লাহে সেইদৰেই মুছলিমসকলৰ ওপৰত অনিবাৰ্য কৰিছে যিদৰে পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ ওপৰত অনিবাৰ্য কৰিছিল। যাকাত হৈছে সম্পদৰ সেই সৰু অংশ যিটোক আল্লাহে কিছুমান চৰ্ত সাপেক্ষে এটা নিৰ্দিষ্ট পৰিমাণ যিটো বছৰত এবাৰেই ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰাৰ নিৰ্দেশ দিছে। আল্লাহ তাআলাই কৈছেঃতুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।(ছুৰা আত-তাওবাহঃ ১০৩)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ ৰাদ্বিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেওঁক কৈছিলঃশুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মই (মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ প্ৰেৰিত ৰাছুল। এইটো সিহঁতে মানি ল'লে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। এইটোও সিহঁতে মানি ললে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত যাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা। তথা নিজকে নিৰ্যাতিত লোকৰ অভিশাপৰ পৰা আঁতৰত ৰাখিবা, কিয়নো সিহঁতৰ প্ৰাৰ্থনা আৰু আল্লাহৰ মাজত কোনো ধৰণৰ প্ৰতিবন্ধক নাই।(তিৰমিজীঃ ৬২৫)তৃতীয়টো হৈছে চওম বা ৰোজা। ইয়াকো আল্লাহে মুছলিমসকলৰ ওপৰত সেইদৰেই ফৰজ কৰিছে, যিদৰে তেওঁ পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ ওপৰত ফৰজ কৰিছিল। আল্লাহ তাআলাই কৈছেঃহে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।(ছুৰা আল-বাক্বাৰাহঃ ১৮৩)ৰমাজান মাহৰ দিনৰ ভাগত ৰোজা ভংগৰ সকলোবোৰ কাৰণৰ পৰা বিৰত থকাৰ নামেই হৈছে চওম বা ৰোজা। চওম বা ৰোজাই মানুহক ধৈৰ্য্য আৰু সংকল্পৰ পাঠ শিকায়।তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃসৰ্বশক্তিমান আল্লাহে কয় যে, "ৰোজা হৈছে একমাত্ৰ মোৰ বাবে, গতিকে ইয়াৰ প্ৰতিদানো ময়েই প্ৰদান কৰিম। যিহেতু সি মোৰ সন্তুষ্টি অৰ্জনৰ বাবেই প্ৰবৃত্তিৰ চাহিদা ত্যাগ কৰিছে তথা পানাহাৰৰ পৰা বিৰত থাকে। ৰোজা হৈছে এক প্ৰকাৰ ঢাল। লগতে ৰোজা পালনকাৰীৰ বাবে আছে দুটা আনন্দদায়ক সময়। এটা হৈছে ইফতাৰৰ সময় আৰু আনটো হৈছে যেতিয়া সি আল্লাহৰ সৈতে সাক্ষাৎ কৰিব"।(ছহীহুল বুখাৰীঃ হাদীছ নং ৭৪৯২)চতুৰ্থটো হৈছে হজ্জঃ ইয়াকো আল্লাহে সেইদৰেই মুছলিমসকলৰ ওপৰত ফৰজ কৰিছে, যিদৰে তেওঁ পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ ওপৰত ফৰজ কৰিছিল। আল্লাহে তেওঁৰ ঘনিষ্ঠ বন্ধু নবী ইব্ৰাহীম আলাইহিচ্ছালামক নিৰ্দেশ প্ৰদান কৰি কৈছিল যে, তেওঁ যেন হজ্জৰ বাবে মানুহৰ মাজত ঘোষণা কৰি দিয়ে। পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;(ছুৰা আল-হাজ্জঃ ২৭)হাজীসকলৰ বাবে পৱিত্ৰ কাবা ঘৰক পৰিস্কাৰ-পৰিচ্ছন্ন ৰাখিবলৈ আল্লাহে তেওঁক নিৰ্দেশ প্ৰদান কৰি কৈছেঃআৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰী সকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।(ছুৰা আল-হাজ্জঃ ২৬)কিছুমান নিৰ্দিষ্ট আমল পালন কৰিবলৈ মক্কাত অৱস্থিত কাবা গৃহলৈ যোৱা ভ্ৰমণকেই হজ্জ বুলি কোৱা হয়। হজ্জ জীৱনত কেৱল এবাৰেই অনিবাৰ্য, সেয়াও কেৱল সেই মুছলিম ব্যক্তিৰ ওপৰত যিয়ে তাত যোৱাৰ খৰচ বহন কৰিবলৈ সক্ষম। আল্লাহ তাআলাই কৈছেঃমানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে জৰুৰী কৰ্তব্য। আনহাতে যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।(ছুৰা আলে-ইমৰাণঃ ৯৭)হজ্জৰ সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা হাজীসকল আহি এটা স্থানতে উপস্থিত হয়। তেওঁলোকে নিৰ্ভেজালভাৱে একমাত্ৰ পৱিত্ৰ সৃষ্টিকৰ্তাৰেই ইবাদত কৰে। সকলো হাজীয়েই উদাহৰণাত্মকভাৱে হজ্জৰ যাৱতীয় কৰ্ম পালন কৰে, য'ত পৰিৱেশ, সস্কৃতি আৰু আৰ্থিক ভিন্নতাৰ কোনো পৰিচয় নাথাকে।

 ২৪) অন্যান্য ধৰ্মৰ ইবাদতৰ তুলনাত ইছলামী ইবাদতসমূহৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে, এই ইবাদতসমূহ আদায় কৰাৰ পদ্ধতি, ইয়াৰ সঠিক সময় আৰু চৰ্ত আদি সকলোবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে, আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইবোৰ মানুহৰ ওচৰলৈ পৌঁচাই দিছে। আজিলৈকে কোনেও তাত কম-বেছি কৰাৰ সাহস পোৱা নাই। এই ডাঙৰ ইবাদতসমূহ পালন কৰিবলৈ সকলো নবীয়েই মানুহক নিমন্ত্ৰণ জনাইছিল।

অন্যান্য ধৰ্মৰ ইবাদতৰ তুলনাত ইছলামী ইবাদতসমূহৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে, এই ইবাদতসমূহ আদায় কৰাৰ পদ্ধতি, ইয়াৰ সঠিক সময় আৰু চৰ্ত আদি সকলোবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে, আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইবোৰ মানুহৰ ওচৰলৈ পৌঁচাই দিছে। আজিলৈকে কোনেও তাত কম-বেছি কৰাৰ সাহস পোৱা নাই। আল্লাহ তাআলাই কৈছেঃআজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰি দিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ।(ছুৰা আল-মায়িদাহঃ ৩)আল্লাহ তাআলাই আৰু কৈছেঃএতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।(ছুৰা আঝ-ঝুখৰূফঃ ৪৩)চালাত (নামাজ) সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃএতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।(ছুৰা আন-নিছাঃ ১০৩)যাকাতৰ শিতান সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।(ছুৰা আত-তাওবাহঃ ৬০)চওম বা ৰোজা সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যে হিদায়ত দিছে সেই বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।(ছুৰা আল-বাক্বাৰাহঃ ১৮৫)হজ্জ সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃহজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকামেই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেক সম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।(ছুৰা আল-বাক্বাৰাহঃ ১৯৭)এইসকলোবোৰ গুৰুত্বপূৰ্ণ আৰু মহান ইবাদত পালন কৰিবলৈ, সকলো নবীয়েই মানুহক আহ্বান কৰিছিল।

 ২৫) ইছলামৰ বাৰ্তাবাহক হৈছে আব্দুল্লাহৰ পুত্ৰ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁ হৈছে ইছমাঈলৰ পিতা ইব্ৰাহীমৰ বংশধৰ। তেওঁ ৫৭১ খৃষ্টাব্দত মক্কা নগৰত জন্ম গ্ৰহণ কৰিছিল। সেই ঠাইতেই তেওঁ নবুওৱত প্ৰাপ্ত হৈছিল আৰু তাৰ পিছত তেওঁ মদিনালৈ হিজৰত কৰিছিল। তেওঁ মূৰ্ত্তি পূজাৰ ক্ষেত্ৰত কেতিয়াও তেওঁৰ সম্প্ৰদায়ক সহায় কৰা নাছিল কিন্তু সিহঁতৰ সৎকৰ্মত সদায় সহযোগ কৰিছিল। নবী হোৱাৰ পূৰ্বৰে পৰা তেওঁ উত্তম আদৰ্শৰ অধিকাৰী আছিল। তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক আমীন (অৰ্থাৎ বিশ্বস্থ) বুলি মাতিছিল। চল্লিশ বছৰ বয়সত আল্লাহে তেওঁক নবী হিচাপে গ্ৰহণ কৰিছিল। লগতে ডাঙৰ ডাঙৰ নিদৰ্শন আৰু অলৌকিকতাৰ জৰিয়তে তেওঁক সমৰ্থন প্ৰদান কৰিছিল, তাৰে মাজৰ আটাইতকৈ ডাঙৰ অলৌকিকতাটো হৈছে পৱিত্ৰ কোৰআন। এই কোৰআনেই হৈছে সকলো নবী আৰু ৰাছুলৰ অৱশিষ্ট মহা নিদৰ্শন, যিটো আজিলৈকে বিদ্যমান আছে। এতেকে আল্লাহে যেতিয়া তেওঁৰ এই ধৰ্ম সম্পূৰ্ণ কৰিলে, আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে পৰিপূৰ্ণৰূপে মানুহৰ ওচৰলৈ পৌঁচাই দিলে, তেতিয়া ৬৩ বছৰত তেখেতৰ মৃত্যু হ'ল। আৰু মদীনাহ মুনাওৱাৰত তেখেতক দাফন কৰা হ'ল। ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামেই আছিল সৰ্বশেষ নবী। আল্লাহে তেখেতক হিদায়ত আৰু সত্য ধৰ্মৰ সৈতে এইকাৰণে প্ৰেৰণ কৰিছিল যে, তেওঁ যেন মানুহক মূৰ্ত্তি পূজা, কুফৰ আৰু মুৰ্খতাৰ অন্ধকাৰৰ পৰা উলিয়াই তাওহীদ (একেশ্বৰবাদ) আৰু ঈমানৰ পোহৰলৈ আনিব পাৰে। স্বয়ং আল্লাহেই এই সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নিজ আদেশত এজন আহ্বানকাৰী হিচাপে প্ৰেৰণ কৰিছে।

ইছলামৰ বাৰ্তাবাহক হৈছে আব্দুল্লাহৰ পুত্ৰ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁ হৈছে ইছমাঈলৰ পিতা ইব্ৰাহীমৰ বংশধৰ। তেওঁ ৫৭১ খৃষ্টাব্দত মক্কাত নগৰত জন্ম গ্ৰহণ কৰিছিল। সেই ঠাইতেই তেওঁ নবুওৱত প্ৰাপ্ত হৈছিল আৰু তাৰ পিছত তেওঁ মদিনালৈ হিজৰত কৰিছিল। তেওঁ মূৰ্ত্তি পূজাৰ ক্ষেত্ৰত কেতিয়াও তেওঁৰ সম্প্ৰদায়ক সহায় কৰা নাছিল কিন্তু সিহঁতৰ সৎকৰ্মত সদায় সহযোগ কৰিছিল। নবী হোৱাৰ পূৰ্বৰে পৰা তেওঁ উত্তম আদৰ্শৰ অধিকাৰী আছিল। তেওঁ নবী হোৱাৰ পূৰ্বৰে পৰা উত্তম চৰিত্ৰৰ শীৰ্ষ স্থানত উপনীত আছিল। আল্লাহে তেওঁৰ মহান চৰিত্ৰৰ বিষয়ে উল্লেখ কৰি কৈছেঃআৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।(ছুৰা আল-কলমঃ ৫)আৰু যেতিয়া তেওঁ চল্লিশ বছৰ বয়সত উপনীত হ'ল তেতিয়া আল্লাহে তেওঁক নবী হিচাপে প্ৰেৰণ কৰিলে, আৰু তেওঁৰ মহা নিদৰ্শন তথা অলৌকিকতাসমূহৰ দ্বাৰা তেওঁক সনৰ্থন কৰিলে। আটাইতকৈ ডাঙৰ নিদৰ্শনটো হৈছে আল-কোৰআনুল কাৰীম।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃপ্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছে, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল। পক্ষান্তৰে মোক যি মুজিঝা প্ৰদান কৰা হৈছে, সেয়া হৈছে অহী, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে, (অৰ্থাৎ কোৰআন)। গতিকে মই আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ অনুসাৰীসকলৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।(ছহীহহুল-বুখাৰী)মহা গ্ৰন্থ আল-কোৰআন হৈছে আল্লাহৰ অহী, যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। এই বিষয়ে আল্লাহে কৈছেঃএইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত।(ছুৰা আল-বাক্বাৰাহঃ ২)এইখন গ্ৰন্থতে আল্লাহ তাআলাই কৈছেঃসিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।(ছুৰা আন-নিছাঃ ৮২)আল্লাহে মানৱ আৰু জিন জাতিক কোৰআনৰ অনুৰূপ এখন গ্ৰন্থ ৰচনাৰ স্পষ্ট প্ৰত্যাহ্বান জনাই কৈছেঃকোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁত পৰস্পৰে পৰস্পৰক সহায় কৰে’।(ছুৰা ইছৰাঃ ৮৮)আনকি আল্লাহে সিহঁতক কোৰআনৰ ছুৰাসমূহৰ দৰে দহটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাই কৈছেঃনে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।(ছুৰা হূদঃ ১৩)এইটোও যদি সিহঁতে নোৱাৰে তেন্তে সিহঁতক আল্লাহে এটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাইছে, আৰু কৈছেঃআমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।(ছুৰা আল-বাক্বাৰাহঃ ২৩)

(ছুৰা ইছৰাঃ ৮৮)

আনকি আল্লাহে সিহঁতক কোৰআনৰ ছুৰাসমূহৰ দৰে দহটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাই কৈছেঃ

নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।

(ছুৰা হূদঃ ১৩)

এইটোও যদি সিহঁতে নোৱাৰে তেন্তে সিহঁতক আল্লাহে এটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাইছে, আৰু কৈছেঃ

আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।

(ছুৰা আল-বাক্বাৰাহঃ ২৩)

নবীসকলৰ মুজিঝাৰ ভিতৰত কোৰআনেই হৈছে সেই একমাত্ৰ মুজিঝা যিটো আজিলৈকে অৱশিষ্ট আছে। এতেকে আল্লাহে ৰাছুলৰ ওপৰত যেতিয়া তেওঁৰ এই দ্বীন সম্পূৰ্ণ কৰিলে, আৰু ৰাছুলে পৰিপূৰ্ণৰূপে যেতিয়া এই দ্বীন মানুহৰ ওচৰলৈ পৌঁচাই দিলে তেতিয়া আল্লাহে তেখেতক ৬৩ বছৰ বয়সত মৃত্যু প্ৰদান কৰিলে। আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক মদীনাতেই দাফন কৰা হৈছে।

ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামেই হৈছে সৰ্বশেষ ৰাছুল তথা নবী। যেনে- আল্লাহ তাআলাই কৈছেঃমুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।(ছুৰা আল-আহযাবঃ ৪০)আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃমোৰ আৰু মোৰ পূৰ্বৱৰ্তী নবীসকলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে এজন ব্যক্তিয়ে গৃহ নিৰ্মাণ কৰিলে, সেই ঘৰখনক সুশোভিত আৰু সুসজ্জিত কৰিলে, কিন্তু কোনোবা এটা দেৱালত এটা ইটাৰ ঠাই খালি থাকি গ'ল। মানুহে সেই ঘৰখনৰ চাৰিওফালে ঘূৰি চায় আৰু আশ্চৰ্য প্ৰকাশ কৰি কয়, এই এটা ইটাৰ ঠাই কিয় খালী ৰখা হৈছে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ময়েই হৈছোঁ সেই ইট, আৰু ময়েই হৈছোঁ সৰ্বশেষ নবী। (ছহীহ বুখাৰী হাদীছ নং ৩৫৩৫)(ছহীহ বুখাৰী)ইঞ্জীলত ঈছা আলাইহিচ্ছালামে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে শুভ সংবাদ প্ৰদান কৰি কৈছেঃসেই শিল যিটোক নিৰ্মাতাসকলে ৰাখিবলৈ অস্বীকাৰ কৰিছিল, সেইটোৱেই হ'ব কোণৰ শিল। তোমালোকে কিতাপত পঢ়া নাইনে, যিশুৱে সিহঁতক কৈছিলঃ "প্ৰতিপালকৰ ফালৰ পৰা এইটো নিশ্চয় কাৰ্যকৰী হ'ব, যিটো হ'ব আমাৰ বাবে অত্যন্ত আশ্চৰ্যজনক"। বৰ্তমান যুগত যিখন তাওৰাত উপলব্ধ আছে, তাত আল্লাহে মুছা আলাইহিচ্ছালামক যি কথা কৈছিল, সেই কথা আজিও তাত লিখা আছে এনেধৰণেঃ মই তেওঁলোকৰ ভাতৃসকলৰ মাজৰ পৰাই এজনক নবী বনাম। মই তেওঁৰ মুখত মোৰ বাণী ৰাখিম। তেওঁ সেই কথাই ক'ব, যি ক'বলৈ মই নিৰ্দেশ দিম।ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে হিদায়ত আৰু সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছে। স্বয়ং আল্লাহে তেওঁৰ বিষয়ে সাক্ষ্য দিছে যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেখেতক আল্লাহেই নিজৰ আদেশত ধৰ্ম প্ৰচাৰক হিচাপে প্ৰেৰণ কৰিছে। আল্লাহ তাআলাই কৈছেঃকিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।(ছুৰা আন-নিছাঃ ১৬৬)আল্লাহ তাআলাই আৰু কৈছেঃতেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।(ছুৰা আল-ফাতহঃ ২৮)আল্লাহে তেখেতক হিদায়তৰ সৈতে প্ৰেৰণ কৰিছে, যাতে তেখেতে মানুহক মূৰ্ত্তিপূজা, কুফৰী আৰু মুৰ্খতাৰ পৰা আঁতৰাই তাওহীদ আৰু ঈমানৰ পোহৰলৈ উলিয়াই আনিব পাৰে। আল্লাহ তাআলাই কৈছেঃযিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।(ছুৰা আল-মায়িদাহঃ ১৬)আল্লাহ তাআলাই আৰু কৈছেঃআলিফ-লাম-ৰা, এইখন এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।(ছুৰা ইব্ৰাহীমঃ ১)

মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

(ছুৰা আল-আহযাবঃ ৪০)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মোৰ আৰু মোৰ পূৰ্বৱৰ্তী নবীসকলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে এজন ব্যক্তিয়ে গৃহ নিৰ্মাণ কৰিলে, সেই ঘৰখনক সুশোভিত আৰু সুসজ্জিত কৰিলে, কিন্তু কোনোবা এটা দেৱালত এটা ইটাৰ ঠাই খালি থাকি গ'ল। মানুহে সেই ঘৰখনৰ চাৰিওফালে ঘূৰি চায় আৰু আশ্চৰ্য প্ৰকাশ কৰি কয়, এই এটা ইটাৰ ঠাই কিয় খালী ৰখা হৈছে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ময়েই হৈছোঁ সেই ইট, আৰু ময়েই হৈছোঁ সৰ্বশেষ নবী। (ছহীহ বুখাৰী হাদীছ নং ৩৫৩৫)

(ছহীহ বুখাৰী)

ইঞ্জীলত ঈছা আলাইহিচ্ছালামে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে শুভ সংবাদ প্ৰদান কৰি কৈছেঃ

সেই শিল যিটোক নিৰ্মাতাসকলে ৰাখিবলৈ অস্বীকাৰ কৰিছিল, সেইটোৱেই হ'ব কোণৰ শিল। তোমালোকে কিতাপত পঢ়া নাইনে, যিশুৱে সিহঁতক কৈছিলঃ "প্ৰতিপালকৰ ফালৰ পৰা এইটো নিশ্চয় কাৰ্যকৰী হ'ব, যিটো হ'ব আমাৰ বাবে অত্যন্ত আশ্চৰ্যজনক"। বৰ্তমান যুগত যিখন তাওৰাত উপলব্ধ আছে, তাত আল্লাহে মুছা আলাইহিচ্ছালামক যি কথা কৈছিল, সেই কথা আজিও তাত লিখা আছে এনেধৰণেঃ মই তেওঁলোকৰ ভাতৃসকলৰ মাজৰ পৰাই এজনক নবী বনাম। মই তেওঁৰ মুখত মোৰ বাণী ৰাখিম। তেওঁ সেই কথাই ক'ব, যি ক'বলৈ মই নিৰ্দেশ দিম।

ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে হিদায়ত আৰু সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছে। স্বয়ং আল্লাহে তেওঁৰ বিষয়ে সাক্ষ্য দিছে যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেখেতক আল্লাহেই নিজৰ আদেশত ধৰ্ম প্ৰচাৰক হিচাপে প্ৰেৰণ কৰিছে। আল্লাহ তাআলাই কৈছেঃ

কিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।

(ছুৰা আন-নিছাঃ ১৬৬)

আল্লাহ তাআলাই আৰু কৈছেঃ

তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

(ছুৰা আল-ফাতহঃ ২৮)

আল্লাহে তেখেতক হিদায়তৰ সৈতে প্ৰেৰণ কৰিছে, যাতে তেখেতে মানুহক মূৰ্ত্তিপূজা, কুফৰী আৰু মুৰ্খতাৰ পৰা আঁতৰাই তাওহীদ আৰু ঈমানৰ পোহৰলৈ উলিয়াই আনিব পাৰে। আল্লাহ তাআলাই কৈছেঃ

যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।

(ছুৰা আল-মায়িদাহঃ ১৬)

আল্লাহ তাআলাই আৰু কৈছেঃ

আলিফ-লাম-ৰা, এইখন এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।

(ছুৰা ইব্ৰাহীমঃ ১)

 ২৬) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামী চৰীয়তেই হৈছে ঐশ্বৰীয় ধৰ্মসমূহৰ সৰ্বশেষ ধৰ্ম-বিধান। এইটো এটা পূৰ্ণাঙ্গ চৰীয়ত, ইয়াৰ মাজতেই নিহিত আছে মানুহৰ ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণ। এই চৰীয়তে মানুহৰ ধৰ্ম, ৰক্ত, সম্পদ, বিবেক আৰু বংশ ৰক্ষাৰ ক্ষেত্ৰত অধিক প্ৰাধান্য প্ৰদান কৰে। এই চৰীয়ত অহাৰ ফলত পূৰ্বৱৰ্তী সকলো চৰীয়ত ৰহিত হৈছে। যিদৰে পূৰ্বেও পৰবৰ্তী চৰীয়তে পূৰ্বৱৰ্তী চৰীয়তক ৰহিত কৰিছিল।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামী চৰীয়তেই হৈছে ঐশ্বৰীয় ধৰ্মসমূহৰ সৰ্বশেষ ধৰ্ম-বিধান। আল্লাহে এই চৰীয়তৰ জৰিয়তেই তেওঁৰ দ্বীনক পূৰ্ণাঙ্গ ৰূপ দান কৰিছে আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰি মানুহৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিছে। আল্লাহ তাআলাই কৈছেঃআজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।(ছুৰা আল-মায়িদাহঃ ৩)ইছলামী চৰীয়ত হৈছে এটা পূৰ্ণাঙ্গ চৰীয়ত, ইয়াৰ মাজতেই নিহিত আছে মানুহৰ ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণ। কিয়নো ইয়াৰ মাজত পূৰ্বৱৰ্তী সকলো চৰীয়তৰ কল্যাণক একত্ৰিত কৰা হৈছে। লগতে ইয়াক পূৰ্ণাঙ্গতা আৰু সম্পূৰ্ণতা প্ৰদান কৰিছে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।(ছুৰা ইছৰাঃ ৯)ইছলামী চৰীয়তে মানুহক সেই সকলোবোৰ বন্ধনৰ পৰা মুক্ত কৰিছে, যিবোৰ বন্ধনত পূৰ্বৱৰ্তী উম্মতসকলে আৱদ্ধ আছিল। আল্লাহ তাআলাই কৈছেঃযিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।(ছুৰা আল-আৰাফঃ ১৫৭)ইছলামী চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।(ছুৰা মায়িদাহঃ ৪৮)এতেকে কোৰআনুল কাৰীম, যাৰ মাজত আছে এটা চৰীয়ত, সেই গ্ৰন্থখনে পূৰ্বৱৰ্তী সকলো ঐশী গ্ৰন্থক সমৰ্থন কৰে, সেইবোৰক সুৰক্ষা প্ৰদান কৰে, তথা সেই গ্ৰন্থবোৰক ৰহিত ঘোষণা কৰে।

আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।

(ছুৰা আল-মায়িদাহঃ ৩)

ইছলামী চৰীয়ত হৈছে এটা পূৰ্ণাঙ্গ চৰীয়ত, ইয়াৰ মাজতেই নিহিত আছে মানুহৰ ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণ। কিয়নো ইয়াৰ মাজত পূৰ্বৱৰ্তী সকলো চৰীয়তৰ কল্যাণক একত্ৰিত কৰা হৈছে। লগতে ইয়াক পূৰ্ণাঙ্গতা আৰু সম্পূৰ্ণতা প্ৰদান কৰিছে। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।

(ছুৰা ইছৰাঃ ৯)

ইছলামী চৰীয়তে মানুহক সেই সকলোবোৰ বন্ধনৰ পৰা মুক্ত কৰিছে, যিবোৰ বন্ধনত পূৰ্বৱৰ্তী উম্মতসকলে আৱদ্ধ আছিল। আল্লাহ তাআলাই কৈছেঃ

যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।

(ছুৰা আল-আৰাফঃ ১৫৭)

ইছলামী চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। আল্লাহ তাআলাই কৈছেঃ

আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।

(ছুৰা মায়িদাহঃ ৪৮)

এতেকে কোৰআনুল কাৰীম, যাৰ মাজত আছে এটা চৰীয়ত, সেই গ্ৰন্থখনে পূৰ্বৱৰ্তী সকলো ঐশী গ্ৰন্থক সমৰ্থন কৰে, সেইবোৰক সুৰক্ষা প্ৰদান কৰে, তথা সেই গ্ৰন্থবোৰক ৰহিত ঘোষণা কৰে।

 ২৭) ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। এতেকে যিয়েই ইছলামৰ বাহিৰে অন্য কোনো ধৰ্ম অৱলম্বন কৰিব, তাৰ ফালৰ পৰা এইটো আল্লাহে কেতিয়াও স্বীকাৰ নকৰিব।

এতেকে এই কথা স্পষ্ট যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম ৰাছুল হিচাপে প্ৰেৰিত হোৱাৰ পিছত তেওঁ লৈ অহা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। গতিকে যিয়েই ইছলামৰ বাহিৰে অন্য কোনো ধৰ্ম অৱলম্বন কৰিব, তাৰ ফালৰ পৰা সেইটোক আল্লাহে কেতিয়াও স্বীকাৰ নকৰিব।আল্লাহ তাআলাই কৈছেঃআৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।(ছুৰা আলে-ইমৰাণঃ ৮৫)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।(ছুৰা আলে-ইমৰাণঃ ১৯)এই ইছলামেই হৈছে ইব্ৰাহীম খলীল আলাইহিচ্ছালামৰ ধৰ্ম। আল্লাহ তাআলাই কৈছেঃআৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে তাৰ বাহিৰে ইব্ৰাহীমৰ মিল্লাতৰ পৰা আন কোনে বিমুখ হ’ব পাৰে? আৰু নিশ্চয় আমি পৃথিৱীত তেওঁক মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম।(ছুৰা আল-বাক্বাৰাহঃ ১৩০)আল্লাহ তাআলাই আৰু কৈছেঃসেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।(ছুৰা আন-নিছাঃ ১২৫)আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই নিৰ্দেশ প্ৰদান কৰিছে যে, তেওঁ যেন এই কথা কয়ঃকোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।(ছুৰা আল-আনআমঃ ১৬১)

আল্লাহ তাআলাই কৈছেঃ

আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

(ছুৰা আলে-ইমৰাণঃ ৮৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

(ছুৰা আলে-ইমৰাণঃ ১৯)

এই ইছলামেই হৈছে ইব্ৰাহীম খলীল আলাইহিচ্ছালামৰ ধৰ্ম। আল্লাহ তাআলাই কৈছেঃ

আৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে তাৰ বাহিৰে ইব্ৰাহীমৰ মিল্লাতৰ পৰা আন কোনে বিমুখ হ’ব পাৰে? আৰু নিশ্চয় আমি পৃথিৱীত তেওঁক মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম।

(ছুৰা আল-বাক্বাৰাহঃ ১৩০)

আল্লাহ তাআলাই আৰু কৈছেঃ

সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।

(ছুৰা আন-নিছাঃ ১২৫)

আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই নিৰ্দেশ প্ৰদান কৰিছে যে, তেওঁ যেন এই কথা কয়ঃ

কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।

(ছুৰা আল-আনআমঃ ১৬১)

 ২৮) পৱিত্ৰ কোৰআন হৈছে সেই মহা গ্ৰন্থ, যিখনক আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অহী যোগে অৱতীৰ্ণ কৰিছে। নিঃসন্দেহে এয়া বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাণী। মহান আল্লাহে জিন আৰু মানৱক প্ৰত্যাহ্বান জনাই কৈছে যে, তোমালোকে (যদি ইয়াক অস্বীকাৰ কৰা তেন্তে) ইয়াৰ অনুৰূপ এখন গ্ৰন্থ নাইবা ইয়াৰ কোনো এটা ছুৰাৰ অনুৰূপ এটা ছুৰাকে ৰচনা কৰি দেখুৱাচোন। এই প্ৰত্যাহ্বান আজিলৈকে বাহাল আছে। পৱিত্ৰ কোৰআনে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান দিয়ে, যাৰ দ্বাৰা অসংখ্য মানুহ হতচকিত হৈ পৰে। পৱিত্ৰ কোৰআন আজিও আৰবী ভাষাত সুৰক্ষিত হৈ আছে, যি ভাষাত এইখন অৱতীৰ্ণ হৈছিল। আজিলৈকে ইয়াৰ এটা আখৰৰো পৰিবৰ্তন হোৱা নাই আৰু কিয়ামত পৰ্যন্তও নহ'ব। এইখন মুদ্ৰিত হৈ গোটেই পৃথিৱীতে প্ৰসাৰিত হৈ আছে। এইখন এখন অলৌকিকতাসম্পন্ন মহা গ্ৰন্থ, যিখন পঢ়া উচিত আৰু ইয়াৰ অৰ্থানুবাদ অধ্যয়ন কৰা উচিত। ঠিক সেইদৰে আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, তেওঁৰ শিক্ষা আৰু তেওঁৰ জীৱন বৃত্তান্ত আদিও বিশ্বাসযোগ্য বৰ্ণনাকাৰীসকলৰ দ্বাৰা বৰ্ণিত হৈ সুৰক্ষিত হৈ আছে আৰু সেই আৰবী ভাষাতেই প্ৰকাশিত হৈছে, যি ভাষাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কথা কৈছিল। পৃথিৱীৰ বহুতো ভাষাত অনুবাদো হৈছে। এই কোৰআন আৰু হাদীছেই হৈছে ইছলাম ধৰ্মৰ আদেশ-নিষেধ আৰু বিধি-বিধানৰ একমাত্ৰ উৎস। গতিকে ইছলাম ধৰ্মক নামধাৰী মুছলমানসকলৰ কথা-কৰ্ম আদিৰ দ্বাৰা পৰখ কৰা কেতিয়াও ঠিক নহয়, বৰং আল্লাহৰ অহী কোৰআন আৰু হাদীছৰ দ্বাৰা পৰখ কৰা উচিত।

পৱিত্ৰ কোৰআন হৈছে সেই গ্ৰন্থ, যিখনক আল্লাহে অহীৰ দ্বাৰা আৰবী ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰবী ভাষাত অৱতীৰ্ণ কৰিছে। এইটো বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাণী। আল্লাহ তাআলাই কৈছেঃনিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।স্পষ্ট আৰবী ভাষাত।(ছুৰা আশ্ব-শ্বুআৰাঃ ১৯২-১৯৫)আল্লাহ তাআলাই আৰু কৈছেঃআৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।(ছুৰা আন-নামলঃ ৬)এই কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ। ই পূৰ্বৱৰ্তী সকলো ঐশী গ্ৰন্থক সমৰ্থন কৰে। আল্লাহ তাআলাই কৈছেঃআৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইখনে তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)(ছুৰা ইউনুছঃ ৩৭)মহান কোৰআনে এনেকুৱা বহুতো সমস্যাৰ মীমাংসা দিয়ে যিবোৰকলৈ ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মত মতভেদ সৃষ্টি কৰিছিল। আল্লাহ তাআলাই কৈছেঃবনী ইছৰাঈলে যিবোৰ বিষয়ত বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰ অধিকাংশই সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।(ছুৰা আন-নামলঃ ৭৬)মহান কোৰআনৰ মাজত এনেকুৱা দলিল-প্ৰমাণ আছে, যিবোৰৰ দ্বাৰা আল্লাহ, তেওঁৰ দ্বীন আৰু প্ৰতিদান সম্পৰ্কীয় বাস্তৱিকতাৰ বিষয়ে পৰিচিতিৰ ক্ষেত্ৰত পৃথিৱীৰ সকলো মানুহৰ ওপৰত দলিল সাব্যস্ত হয়। আল্লাহ তাআলাই কৈছেঃআৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।(ছুৰা আঝ-ঝুমৰঃ ২৭)আল্লাহ তাআলাই কৈছেঃকাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা সহকাৰে। (লগতে তাত আছে) পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদ।(ছুৰা আন-নাহলঃ ৮৯)কোৰআনুল কাৰীমে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান দিয়ে, যিবোৰৰ উত্তৰ পাই অসংখ্য মানুহে আচৰিত হয়। এতেকে কোৰআনে এই কথাও স্পষ্টকৈ বৰ্ণনা কৰিছে যে, আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী কিদৰে সৃষ্টি কৰিছে। আল্লাহ তাআলাই কৈছেঃযিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিবনে?(ছুৰা আল-আম্বিয়াঃ ৩০)আল্লাহে মানুহক কেনেকৈ সৃষ্টি কৰিছে, সেই কথা উল্লেখ কৰি আল্লাহ তাআলাই কৈছেঃহে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;(ছুৰা হজ্জঃ৫) এই জীৱনৰ পিছত মানুহৰ কি অৱস্থা হ'ব? সৎ আৰু অসৎ মানুহে কি পৰিণাম লাভ কৰিব? এই সকলোবোৰ বিষয়ে ২০ নং দফাত আলোচনা কৰা হৈছে আৰু ইয়াৰ দলিলসমূহ উল্লেখ কৰা হৈছে। মানুহৰ অস্তিত্ব আকস্মিক নে এটা মহৎ উদ্দেশ্য আগত ৰাখি সৃষ্টি কৰা হৈছে?আল্লাহ তাআলাই কৈছেঃআকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?(ছুৰা আল-আৰাফঃ ১৮৫)আল্লাহ তাআলাই কৈছেঃ‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?(ছুৰা আল-মুমিনূনঃ ১১৫)মহা গ্ৰন্থ আল-কোৰআন, আজিলৈকে সেই ভাষাতেই সুৰক্ষিত আছে, যি ভাষাত এইখন অৱতীৰ্ণ হৈছিল। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।(ছুৰা হিজৰঃ ৯)ইয়াৰ মাজত এটা আখৰৰো পৰিবৰ্তন হোৱা নাই। আনকি তাত হেৰফেৰ হোৱা অথবা পৰিবৰ্তন-পৰিবৰ্ধন হোৱা নাইবা বিকৃত হোৱাটো অসম্ভৱ। আল্লাহ তাআলাই কৈছেঃসিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।(ছুৰা আন-নিছাঃ ৮২)এইখন মুদ্ৰিত হৈ গোটেই পৃথিৱীতে প্ৰসাৰিত হৈ আছে। এইখন এখন অলৌকিকতাসম্পন্ন মহা গ্ৰন্থ, যিখন পঢ়া উচিত আৰু ইয়াৰ অৰ্থানুবাদ অধ্যয়ন কৰা উচিত। ঠিক সেইদৰে আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, তেওঁৰ শিক্ষা আৰু তেওঁৰ জীৱন বৃত্তান্ত আদিও বিশ্বাসযোগ্য বৰ্ণনাকাৰীসকলৰ দ্বাৰা বৰ্ণিত হৈ সুৰক্ষিত হৈ আছে আৰু সেই আৰবী ভাষাতেই প্ৰকাশিত হৈছে, যি ভাষাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কথা কৈছিল। পৃথিৱীৰ বহুতো ভাষাত অনুবাদো হৈছে। এই কোৰআন আৰু হাদীছেই হৈছে ইছলাম ধৰ্মৰ আদেশ-নিষেধ আৰু বিধি-বিধানৰ একমাত্ৰ উৎস। গতিকে ইছলাম ধৰ্মক নামধাৰী মুছলমানসকলৰ কথা-কৰ্ম আদিৰ দ্বাৰা পৰখ কৰা কেতিয়াও ঠিক নহয়, বৰং আল্লাহৰ অহী কোৰআন আৰু হাদীছৰ আলোকত পৰখ কৰি গ্ৰহণ কৰা উচিত।নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেইখনক অস্বীকাৰ কৰে (সিহঁতক নিশ্চয় কঠিন শাস্তি বিহা হ'ব)। নিশ্চয় এইখন হৈছে এখন সন্মানিত গ্ৰন্থ। বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে। সন্মুখৰ পৰাও নোৱাৰে, পিছফালৰ পৰাও নোৱাৰে। কিয়নো এইখন অৱতীৰ্ণ হৈছে মহাপ্ৰজ্ঞাৱান, চিৰপ্ৰশংসিত সত্ত্বাৰ ফালৰ পৰা।(ছুৰা ফুচ্ছিলাতঃ ৪১-৪২)আল্লাহ তাআলাই হাদীছৰ বিষয়ে কৈছে যে, সেইবোৰো হৈছে আল্লাহৰ অহী।ৰাছুলে তোমালোকক যি দিয়ে তোমালোকে সেয়া গ্ৰহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে, তাৰ পৰা তোমালোকে বিৰত থাকা। লগতে তোমালোকে আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।(ছুৰা আল-হাশ্বৰঃ ৭)

নিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।

বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।

তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।

স্পষ্ট আৰবী ভাষাত।

(ছুৰা আশ্ব-শ্বুআৰাঃ ১৯২-১৯৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।

(ছুৰা আন-নামলঃ ৬)

এই কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ। ই পূৰ্বৱৰ্তী সকলো ঐশী গ্ৰন্থক সমৰ্থন কৰে। আল্লাহ তাআলাই কৈছেঃ

আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইখনে তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)

(ছুৰা ইউনুছঃ ৩৭)

মহান কোৰআনে এনেকুৱা বহুতো সমস্যাৰ মীমাংসা দিয়ে যিবোৰকলৈ ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মত মতভেদ সৃষ্টি কৰিছিল। আল্লাহ তাআলাই কৈছেঃ

বনী ইছৰাঈলে যিবোৰ বিষয়ত বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰ অধিকাংশই সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।

(ছুৰা আন-নামলঃ ৭৬)

মহান কোৰআনৰ মাজত এনেকুৱা দলিল-প্ৰমাণ আছে, যিবোৰৰ দ্বাৰা আল্লাহ, তেওঁৰ দ্বীন আৰু প্ৰতিদান সম্পৰ্কীয় বাস্তৱিকতাৰ বিষয়ে পৰিচিতিৰ ক্ষেত্ৰত পৃথিৱীৰ সকলো মানুহৰ ওপৰত দলিল সাব্যস্ত হয়। আল্লাহ তাআলাই কৈছেঃ

আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।

(ছুৰা আঝ-ঝুমৰঃ ২৭)

আল্লাহ তাআলাই কৈছেঃ

কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা সহকাৰে। (লগতে তাত আছে) পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদ।

(ছুৰা আন-নাহলঃ ৮৯)

কোৰআনুল কাৰীমে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান দিয়ে, যিবোৰৰ উত্তৰ পাই অসংখ্য মানুহে আচৰিত হয়। এতেকে কোৰআনে এই কথাও স্পষ্টকৈ বৰ্ণনা কৰিছে যে, আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী কিদৰে সৃষ্টি কৰিছে। আল্লাহ তাআলাই কৈছেঃ

যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিবনে?

(ছুৰা আল-আম্বিয়াঃ ৩০)

আল্লাহে মানুহক কেনেকৈ সৃষ্টি কৰিছে, সেই কথা উল্লেখ কৰি আল্লাহ তাআলাই কৈছেঃ

হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;

(ছুৰা হজ্জঃ৫) এই জীৱনৰ পিছত মানুহৰ কি অৱস্থা হ'ব? সৎ আৰু অসৎ মানুহে কি পৰিণাম লাভ কৰিব? এই সকলোবোৰ বিষয়ে ২০ নং দফাত আলোচনা কৰা হৈছে আৰু ইয়াৰ দলিলসমূহ উল্লেখ কৰা হৈছে। মানুহৰ অস্তিত্ব আকস্মিক নে এটা মহৎ উদ্দেশ্য আগত ৰাখি সৃষ্টি কৰা হৈছে?

আল্লাহ তাআলাই কৈছেঃ

আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?

(ছুৰা আল-আৰাফঃ ১৮৫)

আল্লাহ তাআলাই কৈছেঃ

‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?

(ছুৰা আল-মুমিনূনঃ ১১৫)

মহা গ্ৰন্থ আল-কোৰআন, আজিলৈকে সেই ভাষাতেই সুৰক্ষিত আছে, যি ভাষাত এইখন অৱতীৰ্ণ হৈছিল। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।

(ছুৰা হিজৰঃ ৯)

ইয়াৰ মাজত এটা আখৰৰো পৰিবৰ্তন হোৱা নাই। আনকি তাত হেৰফেৰ হোৱা অথবা পৰিবৰ্তন-পৰিবৰ্ধন হোৱা নাইবা বিকৃত হোৱাটো অসম্ভৱ। আল্লাহ তাআলাই কৈছেঃ

সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।

(ছুৰা আন-নিছাঃ ৮২)

এইখন মুদ্ৰিত হৈ গোটেই পৃথিৱীতে প্ৰসাৰিত হৈ আছে। এইখন এখন অলৌকিকতাসম্পন্ন মহা গ্ৰন্থ, যিখন পঢ়া উচিত আৰু ইয়াৰ অৰ্থানুবাদ অধ্যয়ন কৰা উচিত। ঠিক সেইদৰে আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, তেওঁৰ শিক্ষা আৰু তেওঁৰ জীৱন বৃত্তান্ত আদিও বিশ্বাসযোগ্য বৰ্ণনাকাৰীসকলৰ দ্বাৰা বৰ্ণিত হৈ সুৰক্ষিত হৈ আছে আৰু সেই আৰবী ভাষাতেই প্ৰকাশিত হৈছে, যি ভাষাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কথা কৈছিল। পৃথিৱীৰ বহুতো ভাষাত অনুবাদো হৈছে। এই কোৰআন আৰু হাদীছেই হৈছে ইছলাম ধৰ্মৰ আদেশ-নিষেধ আৰু বিধি-বিধানৰ একমাত্ৰ উৎস। গতিকে ইছলাম ধৰ্মক নামধাৰী মুছলমানসকলৰ কথা-কৰ্ম আদিৰ দ্বাৰা পৰখ কৰা কেতিয়াও ঠিক নহয়, বৰং আল্লাহৰ অহী কোৰআন আৰু হাদীছৰ আলোকত পৰখ কৰি গ্ৰহণ কৰা উচিত।

নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেইখনক অস্বীকাৰ কৰে (সিহঁতক নিশ্চয় কঠিন শাস্তি বিহা হ'ব)। নিশ্চয় এইখন হৈছে এখন সন্মানিত গ্ৰন্থ। বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে। সন্মুখৰ পৰাও নোৱাৰে, পিছফালৰ পৰাও নোৱাৰে। কিয়নো এইখন অৱতীৰ্ণ হৈছে মহাপ্ৰজ্ঞাৱান, চিৰপ্ৰশংসিত সত্ত্বাৰ ফালৰ পৰা।

(ছুৰা ফুচ্ছিলাতঃ ৪১-৪২)

আল্লাহ তাআলাই হাদীছৰ বিষয়ে কৈছে যে, সেইবোৰো হৈছে আল্লাহৰ অহী।

ৰাছুলে তোমালোকক যি দিয়ে তোমালোকে সেয়া গ্ৰহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে, তাৰ পৰা তোমালোকে বিৰত থাকা। লগতে তোমালোকে আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

(ছুৰা আল-হাশ্বৰঃ ৭)

 ২৯) ইছলামে পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে, যদিও তেওঁলোক অমুছলিমেই নহওক কিয়। তথা সন্তানৰ সৈতেও সদ্ব্যৱহাৰৰ প্ৰেৰণা দিয়ে।

ইছলামে পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃআৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা ক'বা।(ছুৰা আল-ইছৰাঃ ২৩)আল্লাহ তাআলাই আৰু কৈছেঃআৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।(ছুৰা লুক্বমানঃ ১৪)আল্লাহ তাআলাই আৰু কৈছেঃআৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খোৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।(ছুৰা আল-আহক্বাফঃ ১৫)আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক আহি সুধিলেঃ "হে আল্লাহৰ ৰাছুল! মানুহৰ মাজত মোৰ সদ্ব্যৱহাৰ পোৱাৰ আটাইতকৈ বেছি অধিকাৰী কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ ক'লেঃ "ইয়াৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ ক'লেঃ "তাৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ আকৌ সুধিলেঃ "তাৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ পিতা"।ছহীহ মুছলিমপিতা-মাতাৰ সদ্ব্যৱহাৰ সম্পৰ্কীয় এই নিৰ্দেশনা সকলোৰে বাবে সমান, মুছলিম হওক অথবা অমুছলিম।আছমা বিন্তে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কুৰাইশ্বসকলে যি সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সন্ধি চুক্তি কৰিছিল, সেই চুক্তিবদ্ধ সময়ত মোৰ মাতৃয়ে মুশ্বৰিক অৱস্থাত তেওঁৰ পিতৃৰ সৈতে মোৰ ওচৰলৈ আগমন কৰিলে। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, "মোৰ মা আহিছে, কিন্তু তেওঁ এতিয়াও অমুছলিম; মই তেওঁৰ সৈতে সদ্ব্যৱহাৰ কৰিমনে? তেখেতে ক'লেঃ "হয়, নিশ্চয়। তুমি তোমাৰ মাকৰ সৈতে সদ্ব্যৱহাৰ কৰা"।(ছহীহ বুখাৰী)কিন্তু যদি পিতৃ-মাতৃয়ে সন্তানক ইছলামৰ পৰা ওভতাই লোৱাৰ চেষ্টা কৰে আৰু কুফৰীৰ পিনে আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে তেন্তে ইছলামে আদেশ দিয়ে যে, এনে পৰিস্থিতিত তেওঁলোকে যেন পিতা-মাতাৰ কথা নামানে। পক্ষান্তৰে আল্লাহৰ ওপৰত ঈমান অটল ৰাখি তেওঁলোক দুয়োৰে সৈতে যেন সদ্ব্যৱহাৰ অব্যাহত ৰাখে। আল্লাহ তাআলাই কৈছেঃআৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।(ছুৰা লুক্বমানঃ ১৫)ইছলামে যুদ্ধংদেহী অমুছলিমৰ বাহিৰে, অন্যান্য অমুছলিমৰ সৈতে সদাচৰণ কৰাক কেতিয়াও নিষেধ নকৰে, আত্মীয় হওক বা নহওক। আল্লাহ তাআলাই কৈছেঃদ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।(ছুৰা আল-মুমতাহিনাহঃ ৮)ইছলামে পিতৃ-মাতৃক তেওঁলোকৰ সন্তানক সঠিকভাৱে লালন-পালন কৰাৰ নিৰ্দেশ দিয়ে। ইছলামে পিতাক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ প্ৰদান কৰিছে, যেনে তেওঁ যেন সন্তানসকলক নিজ প্ৰতিপালকৰ অধিকাৰ সম্পৰ্কে শিক্ষা দিয়ে। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ খুৰাৰ পুত্ৰ আব্দুল্লাহ বিন আব্বাছক কৈছিলঃহে বালক অথবা হে শিশু! মই তোমাক এনেকুৱা কিছুমান কথা শিকামনে, যিবোৰৰ ওপৰত আমল কৰিলে আল্লাহে তোমাক উপকৃত কৰিব? মই ক'লো, "হয় নিশ্চয়"। তেখেতে ক'লেঃ "আল্লাহৰ অধিকাৰ ৰক্ষা কৰা, আল্লাহে তোমাক সুৰক্ষা প্ৰদান কৰিব। আল্লাহক স্মৰণ কৰা, সদায় তেওঁক সহযোগী পাবা। স্বচ্ছল অৱস্থাত তেওঁক মনত ৰাখিবা,বিপদৰ সময়ত তেওঁৰ সহায় লাভ কৰিবা। শুনা! যেতিয়া প্ৰাৰ্থনা কৰিবা, আল্লাহৰ ওচৰতেই কৰিবা। আৰু যেতিয়া সহায়ৰ প্ৰয়োজন হ'ব, আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা"।(আহমদঃ ৪/২৮৭)আল্লাহে পিতা-মাতাক এই নিৰ্দেশ প্ৰদান কৰিছে যে, তেওঁলোকে যেন নিজৰ সন্তানসকলক দ্বীন আৰু দুনিয়াৰ সকলো উপকাৰী বিষয়ৰ শিক্ষাৰে শিক্ষিত কৰে। আল্লাহ তাআলাই কৈছেঃহে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰ স্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু সিহঁতে যি কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে।(ছুৰা আত-তাহৰীমঃ ৬)আলী ৰাদ্বিয়াল্লাহু আনহুৱে এই আয়াতৰ বিষয়ে কৈছেঃতোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা।তেওঁ কৈছেঃ অৰ্থাৎ সিহঁতক শিষ্টাচাৰ শিকোৱা আৰু শিক্ষাৰে শিক্ষিত কৰা।নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পিতাক নিৰ্দেশ দিছে যে, তেওঁ যেন সন্তানক নামাজ পঢ়া শিকায়। যাতে নামাজ পঢ়াত অভ্যস্থ হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতোমালোকৰ সন্তানসকল সাত বছৰ বয়সত উপনীত হ'লে, সিহঁতক চালাত আদায় কৰাৰ নিৰ্দেশ দিয়া।এইটো আবু দাউদে বৰ্ণনা কৰিছে।তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ"তোমালোকে প্ৰত্যেকেই দায়িত্বশীল, প্ৰত্যেককে তেওঁলোকৰ অধীনস্থ ব্যক্তিসকলৰ বিষয়ে সোধ-পোচ কৰা হ'ব। সমাজৰ ইমাম (নেতা) তেৱোঁ দায়িত্বশীল, আৰু তেওঁকো তেওঁৰ অধীনস্থ লোকসকলৰ বিষয়ে সোধ-পোচ কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ দায়িত্বশীল, তেওঁকো তেওঁৰ অধীনস্থ লোকসকলৰ বিষয়ে জবাবদিহি কৰা হ'ব। মহিলা এজনী তাইৰ স্বামীৰ ঘৰৰ দায়িত্বশীল, তাইকো তাইৰ অধীনস্থসকলৰ বিষয়ে জবাবদিহি কৰা হ'ব। কৰ্মচাৰীও তেওঁৰ মালিকৰ সম্পদৰ ৰক্ষক, তেওঁকো তেওঁৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। আনকি তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল, গতিকে প্ৰত্যেকেই নিজ নিজ দায়িত্ব সম্পৰ্কে প্ৰশ্নৰ সন্মুখীন হ'ব।"(ছহীহ ইবনে হিব্বানঃ ৪৪৯০)ইছলামে পিতৃক তেওঁৰ সন্তানৰ আৰু পৰিয়ালৰ ব্যয় ভাৰ বহন কৰিবলৈ নিৰ্দেশ দিছে। দফা নং ১৮ত ইয়াৰ কিছু বৰ্ণনা কৰা হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সন্তানসকলৰ ওপৰত ব্যয় কৰাৰ গুৰুত্ব বৰ্ণনা কৰি কৈছেঃমানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে। আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰু কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে তেওঁলোকক পৱিত্ৰ ৰাখে, উপকৃত কৰে আৰু অভাৱমুক্ত ৰাখে।(ছহীহ মুছলিমঃ ৯৯৪)

আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা ক'বা।

(ছুৰা আল-ইছৰাঃ ২৩)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।

(ছুৰা লুক্বমানঃ ১৪)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খোৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।

(ছুৰা আল-আহক্বাফঃ ১৫)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক আহি সুধিলেঃ "হে আল্লাহৰ ৰাছুল! মানুহৰ মাজত মোৰ সদ্ব্যৱহাৰ পোৱাৰ আটাইতকৈ বেছি অধিকাৰী কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ ক'লেঃ "ইয়াৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ ক'লেঃ "তাৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ মাক"। তেওঁ আকৌ সুধিলেঃ "তাৰ পিছত কোন"? তেখেতে ক'লেঃ "তোমাৰ পিতা"।

ছহীহ মুছলিম

পিতা-মাতাৰ সদ্ব্যৱহাৰ সম্পৰ্কীয় এই নিৰ্দেশনা সকলোৰে বাবে সমান, মুছলিম হওক অথবা অমুছলিম।

আছমা বিন্তে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কুৰাইশ্বসকলে যি সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সন্ধি চুক্তি কৰিছিল, সেই চুক্তিবদ্ধ সময়ত মোৰ মাতৃয়ে মুশ্বৰিক অৱস্থাত তেওঁৰ পিতৃৰ সৈতে মোৰ ওচৰলৈ আগমন কৰিলে। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, "মোৰ মা আহিছে, কিন্তু তেওঁ এতিয়াও অমুছলিম; মই তেওঁৰ সৈতে সদ্ব্যৱহাৰ কৰিমনে? তেখেতে ক'লেঃ "হয়, নিশ্চয়। তুমি তোমাৰ মাকৰ সৈতে সদ্ব্যৱহাৰ কৰা"।

(ছহীহ বুখাৰী)

কিন্তু যদি পিতৃ-মাতৃয়ে সন্তানক ইছলামৰ পৰা ওভতাই লোৱাৰ চেষ্টা কৰে আৰু কুফৰীৰ পিনে আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে তেন্তে ইছলামে আদেশ দিয়ে যে, এনে পৰিস্থিতিত তেওঁলোকে যেন পিতা-মাতাৰ কথা নামানে। পক্ষান্তৰে আল্লাহৰ ওপৰত ঈমান অটল ৰাখি তেওঁলোক দুয়োৰে সৈতে যেন সদ্ব্যৱহাৰ অব্যাহত ৰাখে। আল্লাহ তাআলাই কৈছেঃ

আৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।

(ছুৰা লুক্বমানঃ ১৫)

ইছলামে যুদ্ধংদেহী অমুছলিমৰ বাহিৰে, অন্যান্য অমুছলিমৰ সৈতে সদাচৰণ কৰাক কেতিয়াও নিষেধ নকৰে, আত্মীয় হওক বা নহওক। আল্লাহ তাআলাই কৈছেঃ

দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।

(ছুৰা আল-মুমতাহিনাহঃ ৮)

ইছলামে পিতৃ-মাতৃক তেওঁলোকৰ সন্তানক সঠিকভাৱে লালন-পালন কৰাৰ নিৰ্দেশ দিয়ে। ইছলামে পিতাক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ প্ৰদান কৰিছে, যেনে তেওঁ যেন সন্তানসকলক নিজ প্ৰতিপালকৰ অধিকাৰ সম্পৰ্কে শিক্ষা দিয়ে। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ খুৰাৰ পুত্ৰ আব্দুল্লাহ বিন আব্বাছক কৈছিলঃ

হে বালক অথবা হে শিশু! মই তোমাক এনেকুৱা কিছুমান কথা শিকামনে, যিবোৰৰ ওপৰত আমল কৰিলে আল্লাহে তোমাক উপকৃত কৰিব? মই ক'লো, "হয় নিশ্চয়"। তেখেতে ক'লেঃ "আল্লাহৰ অধিকাৰ ৰক্ষা কৰা, আল্লাহে তোমাক সুৰক্ষা প্ৰদান কৰিব। আল্লাহক স্মৰণ কৰা, সদায় তেওঁক সহযোগী পাবা। স্বচ্ছল অৱস্থাত তেওঁক মনত ৰাখিবা,বিপদৰ সময়ত তেওঁৰ সহায় লাভ কৰিবা। শুনা! যেতিয়া প্ৰাৰ্থনা কৰিবা, আল্লাহৰ ওচৰতেই কৰিবা। আৰু যেতিয়া সহায়ৰ প্ৰয়োজন হ'ব, আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা"।

(আহমদঃ ৪/২৮৭)

আল্লাহে পিতা-মাতাক এই নিৰ্দেশ প্ৰদান কৰিছে যে, তেওঁলোকে যেন নিজৰ সন্তানসকলক দ্বীন আৰু দুনিয়াৰ সকলো উপকাৰী বিষয়ৰ শিক্ষাৰে শিক্ষিত কৰে। আল্লাহ তাআলাই কৈছেঃ

হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰ স্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু সিহঁতে যি কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে।

(ছুৰা আত-তাহৰীমঃ ৬)

আলী ৰাদ্বিয়াল্লাহু আনহুৱে এই আয়াতৰ বিষয়ে কৈছেঃ

তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা।

তেওঁ কৈছেঃ অৰ্থাৎ সিহঁতক শিষ্টাচাৰ শিকোৱা আৰু শিক্ষাৰে শিক্ষিত কৰা।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পিতাক নিৰ্দেশ দিছে যে, তেওঁ যেন সন্তানক নামাজ পঢ়া শিকায়। যাতে নামাজ পঢ়াত অভ্যস্থ হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ সন্তানসকল সাত বছৰ বয়সত উপনীত হ'লে, সিহঁতক চালাত আদায় কৰাৰ নিৰ্দেশ দিয়া।

এইটো আবু দাউদে বৰ্ণনা কৰিছে।

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

"তোমালোকে প্ৰত্যেকেই দায়িত্বশীল, প্ৰত্যেককে তেওঁলোকৰ অধীনস্থ ব্যক্তিসকলৰ বিষয়ে সোধ-পোচ কৰা হ'ব। সমাজৰ ইমাম (নেতা) তেৱোঁ দায়িত্বশীল, আৰু তেওঁকো তেওঁৰ অধীনস্থ লোকসকলৰ বিষয়ে সোধ-পোচ কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ দায়িত্বশীল, তেওঁকো তেওঁৰ অধীনস্থ লোকসকলৰ বিষয়ে জবাবদিহি কৰা হ'ব। মহিলা এজনী তাইৰ স্বামীৰ ঘৰৰ দায়িত্বশীল, তাইকো তাইৰ অধীনস্থসকলৰ বিষয়ে জবাবদিহি কৰা হ'ব। কৰ্মচাৰীও তেওঁৰ মালিকৰ সম্পদৰ ৰক্ষক, তেওঁকো তেওঁৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। আনকি তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল, গতিকে প্ৰত্যেকেই নিজ নিজ দায়িত্ব সম্পৰ্কে প্ৰশ্নৰ সন্মুখীন হ'ব।"

(ছহীহ ইবনে হিব্বানঃ ৪৪৯০)

ইছলামে পিতৃক তেওঁৰ সন্তানৰ আৰু পৰিয়ালৰ ব্যয় ভাৰ বহন কৰিবলৈ নিৰ্দেশ দিছে। দফা নং ১৮ত ইয়াৰ কিছু বৰ্ণনা কৰা হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সন্তানসকলৰ ওপৰত ব্যয় কৰাৰ গুৰুত্ব বৰ্ণনা কৰি কৈছেঃ

মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে। আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰু কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে তেওঁলোকক পৱিত্ৰ ৰাখে, উপকৃত কৰে আৰু অভাৱমুক্ত ৰাখে।

(ছহীহ মুছলিমঃ ৯৯৪)

 ৩০) ইছলামে কথা আৰু কৰ্ম তথা সকলো ক্ষেত্ৰতে ন্যায়ৰ আদেশ দিয়ে। আনকি শত্ৰুৰ সৈতেও ন্যায় আচৰণৰ আদেশ দিয়ে।

পৱিত্ৰ মহান আল্লাহ ন্যায়ৰ বিশেষণেৰে বিশেষিত, তেওঁ সকলো কৰ্মতে ন্যায়িকভাৱে সিদ্ধান্ত লয় আৰু বান্দাসকলৰ মাজত বিভিন্ন ধৰণৰ যা-যোগাৰ আৰু আয়োজনৰ ক্ষেত্ৰতো ন্যায়ক প্ৰাধান্য দিয়ে। তেওঁ যি বিষয়ৰে আদেশ দিছে আৰু যিটোৰ পৰাই নিষেধ কৰিছে আৰু তেওঁ যি যি সৃষ্টি কৰিছে আৰু যি নিৰ্ধাৰণ কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে সঠিক পথত প্ৰতিষ্ঠিত। আল্লাহ তাআলাই কৈছেঃআল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।(ছুৰা আলে-ইমৰাণঃ ১৮)আল্লাহ তাআলাই ন্যায় প্ৰদানৰ আদেশ কৰি কৈছেঃকওক, মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে।(ছুৰা আল-আৰাফঃ ২৯)প্ৰত্যেক নবী আৰু ৰাছুলেই ন্যায় প্ৰতিষ্ঠাৰ বাবে আগমণ কৰিছে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ লগত অৱতীৰ্ণ কৰিছোঁ কিতাব আৰু ন্যায় প্ৰতিষ্ঠাৰ মানদণ্ড। যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে।(ছুৰা আল-হাদীদঃ ২৫)কথা আৰু কৰ্মৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰাকেই মীঝান (ন্যায় প্ৰতিষ্ঠাৰ মানদণ্ড) বোলে।ইছলামে কথা আৰু কৰ্মত সদায় ন্যায় প্ৰতিষ্ঠাৰ নিৰ্দেশ দিয়ে, যদিও শত্ৰু পক্ষৰ সপক্ষে নহওক কিয়। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপ, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওক কিয়, সি বিত্তবানে হওক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।(ছুৰা আন-নিছাঃ ১৩৫)আল্লাহ তাআলাই আৰু কৈছেঃতোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ দিয়া নাই কাৰণে, কোনো সম্প্ৰদায়ৰ প্ৰতি থকা তোমালোকৰ শত্ৰুতাই যেন তোমালোকক সীমালংঘন কৰাত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপকৰ্ম তথা সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা। আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।(ছুৰা আল-মায়িদাহঃ ২)আল্লাহ তাআলাই আৰু কৈছেঃহে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।(ছুৰা আল-মায়িদাহঃ ৮)আপুনি আজিৰ যুগৰ কোনো সংবিধানত অথবা অন্য কোনো ধৰ্মত এইদৰে নিজৰ বিৰুদ্ধে, পিতা-মাতাৰ বিৰুদ্ধে আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষ্য প্ৰদানৰ কথা বিচাৰি পাবনে? লগতে সত্য কথা কোৱাৰ তথা বন্ধু-শত্ৰু সকলোৰে সৈতে ন্যায় বিচাৰ কৰাৰ বিষয়ে কোনো উদাহৰণ বিচাৰি পাবনে?নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সন্তানসকলৰ মাজতো ন্যায় প্ৰতিষ্ঠাৰ নিৰ্দেশ দিছে।আমিৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুক মিম্বৰৰ ওপৰত কওঁতে শুনিছোঁ। তেওঁ কৈছেঃ মোৰ পিতাই মোক কিবাকিবি দান কৰিলে। কিন্তু (মোৰ মাতৃ) আম্ৰাহ বিন্তে ৰাৱাহাই ক'লেঃ "মই এই বিষয়টো তেতিয়ালৈকে মানি নলওঁ যেতিয়ালৈকে আপুনি এই সন্দৰ্ভত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নকৰিব"। ইয়াৰ পিছত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিল আৰু ক'লেঃ "মই মোৰ সন্তানক অৰ্থাৎ আম্ৰাহ বিন্তে ৰাৱাহাৰ গৰ্ভজাত পুত্ৰক কিবা উপহাৰ হিচাপে দান কৰিছোঁ। কিন্তু হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীয়ে আপোনাক সাক্ষী ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰিছে"। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি তোমাৰ সকলো সন্তানকে অনুৰূপ প্ৰদান কৰিছানে"? তেওঁ ক'লেঃ "নাই কৰা"। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহক ভয় কৰা, আৰু সন্তানসকলৰ মাজত সমতা ৰক্ষা কৰি ন্যায় প্ৰতিষ্ঠা কৰা"। নুমান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "ইয়াৰ পিছত তেওঁ ঘূৰি আহি তেওঁ দিয়া দান ঘূৰাই ল'লে"।(ছহীহুল বুখাৰীঃ হাদীছ নং ২৫৮৭)

আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

(ছুৰা আলে-ইমৰাণঃ ১৮)

আল্লাহ তাআলাই ন্যায় প্ৰদানৰ আদেশ কৰি কৈছেঃ

কওক, মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে।

(ছুৰা আল-আৰাফঃ ২৯)

প্ৰত্যেক নবী আৰু ৰাছুলেই ন্যায় প্ৰতিষ্ঠাৰ বাবে আগমণ কৰিছে। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ লগত অৱতীৰ্ণ কৰিছোঁ কিতাব আৰু ন্যায় প্ৰতিষ্ঠাৰ মানদণ্ড। যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে।

(ছুৰা আল-হাদীদঃ ২৫)

কথা আৰু কৰ্মৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰাকেই মীঝান (ন্যায় প্ৰতিষ্ঠাৰ মানদণ্ড) বোলে।

ইছলামে কথা আৰু কৰ্মত সদায় ন্যায় প্ৰতিষ্ঠাৰ নিৰ্দেশ দিয়ে, যদিও শত্ৰু পক্ষৰ সপক্ষে নহওক কিয়। আল্লাহ তাআলাই কৈছেঃ

হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপ, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওক কিয়, সি বিত্তবানে হওক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

(ছুৰা আন-নিছাঃ ১৩৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ দিয়া নাই কাৰণে, কোনো সম্প্ৰদায়ৰ প্ৰতি থকা তোমালোকৰ শত্ৰুতাই যেন তোমালোকক সীমালংঘন কৰাত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপকৰ্ম তথা সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা। আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

(ছুৰা আল-মায়িদাহঃ ২)

আল্লাহ তাআলাই আৰু কৈছেঃ

হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।

(ছুৰা আল-মায়িদাহঃ ৮)

আপুনি আজিৰ যুগৰ কোনো সংবিধানত অথবা অন্য কোনো ধৰ্মত এইদৰে নিজৰ বিৰুদ্ধে, পিতা-মাতাৰ বিৰুদ্ধে আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষ্য প্ৰদানৰ কথা বিচাৰি পাবনে? লগতে সত্য কথা কোৱাৰ তথা বন্ধু-শত্ৰু সকলোৰে সৈতে ন্যায় বিচাৰ কৰাৰ বিষয়ে কোনো উদাহৰণ বিচাৰি পাবনে?

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সন্তানসকলৰ মাজতো ন্যায় প্ৰতিষ্ঠাৰ নিৰ্দেশ দিছে।

আমিৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুক মিম্বৰৰ ওপৰত কওঁতে শুনিছোঁ। তেওঁ কৈছেঃ মোৰ পিতাই মোক কিবাকিবি দান কৰিলে। কিন্তু (মোৰ মাতৃ) আম্ৰাহ বিন্তে ৰাৱাহাই ক'লেঃ "মই এই বিষয়টো তেতিয়ালৈকে মানি নলওঁ যেতিয়ালৈকে আপুনি এই সন্দৰ্ভত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নকৰিব"। ইয়াৰ পিছত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিল আৰু ক'লেঃ "মই মোৰ সন্তানক অৰ্থাৎ আম্ৰাহ বিন্তে ৰাৱাহাৰ গৰ্ভজাত পুত্ৰক কিবা উপহাৰ হিচাপে দান কৰিছোঁ। কিন্তু হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীয়ে আপোনাক সাক্ষী ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰিছে"। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি তোমাৰ সকলো সন্তানকে অনুৰূপ প্ৰদান কৰিছানে"? তেওঁ ক'লেঃ "নাই কৰা"। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহক ভয় কৰা, আৰু সন্তানসকলৰ মাজত সমতা ৰক্ষা কৰি ন্যায় প্ৰতিষ্ঠা কৰা"। নুমান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "ইয়াৰ পিছত তেওঁ ঘূৰি আহি তেওঁ দিয়া দান ঘূৰাই ল'লে"।

(ছহীহুল বুখাৰীঃ হাদীছ নং ২৫৮৭)

যিহেতু জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ বিষয়সমূহৰ আধাৰ একমাত্ৰ ন্যায়ৰ ওপৰতেই স্থাপিত হয়, আৰু মানুহৰ ধৰ্ম, তেজ আৰু বংশ, স্বাভিমান, সম্পদ আৰু জাতি আদিও কেৱল ন্যায়ৰ দ্বাৰাইহে সুৰক্ষিত থাকে। সেয়ে আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনতো দেখা পাওঁ যে, যেতিয়া মক্কাৰ কাফিৰসকলে মক্কাত মুছলিমসকলৰ জীৱন যাপন কৰাটো কঠিন কৰি পেলাইছিল, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক আবিচিনিয়ালৈ (হাবশ্বালৈ) হিজৰত কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ কাৰণ হিচাপে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল যে, সেই ঠাইৰ ৰজাজন অধিক ন্য়ায় প্ৰিয়, তেওঁৰ তাত কাৰো প্ৰতি অন্যায় কৰা নহয়।

 ৩১) ইছলামে সকলো সৃষ্টিৰেই কল্যাণ কামনা কৰে, তথা সিহঁতৰ সৈতে সদ্ব্যৱহাৰৰ নিৰ্দেশ দিয়ে। লগতে ইছলামে সদায় উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ আৰু সৎকৰ্ম কৰিবলৈ আহ্বান কৰে।

ইছলামে সৃষ্টিজগতৰ সকলোৰে সৈতে সদ্ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আল্লাহে ন্যায়পৰায়ণতা, সদাচৰণ আৰু আত্মীয়-স্বজনক দান কৰাৰ নিৰ্দেশ দিয়ে।(ছুৰা আন-নাহলঃ ৯০)আল্লাহ তাআলাই আৰু কৈছেঃযিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক ভাল পায়;(ছুৰা আলে-ইমৰাণঃ ১৩৪)আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃনিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা। আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰা অস্ত্ৰপাত তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।(ছহীহ মুছলিমঃ ১৯৫৫)ইছলামে সদায় উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ আৰু সৎকৰ্ম কৰিবলৈ আহ্বান কৰে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য বৰ্ণনা কৰি আল্লাহ তাআলাই কৈছেঃযিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।(ছুৰা আল-আৰাফঃ ১৫৭)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃহে আইশ্বাহ! নিশ্চয় আল্লাহ তাআলা নম্ৰ ব্যৱহাৰকাৰী। তেওঁ নম্ৰতা পছন্দ কৰে। এতেকে তেওঁ নম্ৰতাৰ ফলত যি দান কৰে, সেয়া কঠোৰতাৰ ফলত দান নকৰে। ইয়াৰ বাহিৰে আন কোনো আচৰণৰ বাবেও সেয়া দান নকৰে।(ছহীহ মুছলিমঃ ২৫৯৩)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃনিশ্চয় আল্লাহে তোমালোকৰ ওপৰত হাৰাম কৰিছে মাকৰ অবাধ্যতা, কন্যা সন্তানক জীৱিত অৱস্থাত দাফন কৰা, কাৰো প্ৰাপ্য আদায় নিদিয়া, তথা অন্যায়ভাৱে কিবা লোৱা। লগতে তেওঁ অপছন্দ কৰিছে তোমালোকৰ অপ্ৰয়োজনীয় কথা-বতৰা, অতিৰিক্ত প্ৰশ্ন কৰা আৰু সম্পদ বিনষ্ট কৰা আদি।(ছহীহুল বুখাৰীঃ হাদীছ নং ২৪০৮)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃমুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ মাজত পৰস্পৰ মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।(ছহীহ মুছলিমঃ ৫৪)

নিশ্চয় আল্লাহে ন্যায়পৰায়ণতা, সদাচৰণ আৰু আত্মীয়-স্বজনক দান কৰাৰ নিৰ্দেশ দিয়ে।

(ছুৰা আন-নাহলঃ ৯০)

আল্লাহ তাআলাই আৰু কৈছেঃ

যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক ভাল পায়;

(ছুৰা আলে-ইমৰাণঃ ১৩৪)

আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা। আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰা অস্ত্ৰপাত তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।

(ছহীহ মুছলিমঃ ১৯৫৫)

ইছলামে সদায় উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ আৰু সৎকৰ্ম কৰিবলৈ আহ্বান কৰে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য বৰ্ণনা কৰি আল্লাহ তাআলাই কৈছেঃ

যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।

(ছুৰা আল-আৰাফঃ ১৫৭)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

হে আইশ্বাহ! নিশ্চয় আল্লাহ তাআলা নম্ৰ ব্যৱহাৰকাৰী। তেওঁ নম্ৰতা পছন্দ কৰে। এতেকে তেওঁ নম্ৰতাৰ ফলত যি দান কৰে, সেয়া কঠোৰতাৰ ফলত দান নকৰে। ইয়াৰ বাহিৰে আন কোনো আচৰণৰ বাবেও সেয়া দান নকৰে।

(ছহীহ মুছলিমঃ ২৫৯৩)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় আল্লাহে তোমালোকৰ ওপৰত হাৰাম কৰিছে মাকৰ অবাধ্যতা, কন্যা সন্তানক জীৱিত অৱস্থাত দাফন কৰা, কাৰো প্ৰাপ্য আদায় নিদিয়া, তথা অন্যায়ভাৱে কিবা লোৱা। লগতে তেওঁ অপছন্দ কৰিছে তোমালোকৰ অপ্ৰয়োজনীয় কথা-বতৰা, অতিৰিক্ত প্ৰশ্ন কৰা আৰু সম্পদ বিনষ্ট কৰা আদি।

(ছহীহুল বুখাৰীঃ হাদীছ নং ২৪০৮)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ মাজত পৰস্পৰ মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

(ছহীহ মুছলিমঃ ৫৪)

 ৩২) ইছলামে উত্তম চৰিত্ৰ অৱলম্বন কৰাৰ আৰু সৎ গুণ যেনে- সততা, আমানত আদায় কৰা, পৱিত্ৰতা, হায়া বা লজ্জাশীলতা, বীৰতা, ভাল শিতানত ব্যয় কৰা, উদাৰতা, অভাৱীক সহায় কৰা, নিৰ্যাতিত লোকক সহায় কৰা, ভোকাতুৰক আহাৰ কৰোৱা, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰা, আত্মীয়তাৰ বন্ধন অটুট ৰখা লগতে জীৱ-জন্তুৰ প্ৰতি দয়া কৰা আদি গুণ অৱলম্বন কৰাৰ নিৰ্দেশ দিয়ে।

ইছলামে উৎকৃষ্ট আচৰণৰ নিৰ্দেশ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃনিশ্চয় মই নৈতিকতাক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।(ছহীহহুল আদাব আল-মুফৰাদঃ ২০৭)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনাও তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু অহংকাৰ জৰজৰিত ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।আছ-ছিলছিলাহ আচ-ছাহীহাহঃ ৭৯১)আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কেতিয়াও অশ্লীলভাষী নাছিল অথবা অসভ্য আচৰণৰ অধিকাৰী নাছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ সেই ব্যক্তিয়েই সৰ্বোত্তম, যিজন নৈতিকতাত সৰ্বোত্তম"।(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৫৫৯)ইয়াৰ বাহিৰেও আৰু বহুতো আয়াত আৰু হাদীছ আছে, যিবোৰে প্ৰমাণ কৰে যে, ইছলামে সকলোকে সদাচৰণ আৰু সৎকৰ্ম অৱলম্বন কৰিবলৈ উৎসাহিত কৰে।ইছলামে যিবোৰ সদাচৰণ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে, সেইবোৰৰ মাজত অন্যতম এটা হৈছে সততা অৱলম্বন কৰা।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃসত্যক মজবুতভাৱে ধাৰণ কৰাটো হৈছে তোমালোকৰ বাবে একান্ত কৰ্তব্য। কিয়নো সততাই নেকীৰ পথ দেখুৱায়, আৰু নেক কৰ্মই জান্নাতৰ পথ দেখুৱায়। যি ব্যক্তিয়ে সদায় সত্য কথা কয় অথবা সত্য কথা কোৱাৰ চেষ্টাত থাকে, সেই ব্যক্তি অৱশেষত আল্লাহৰ ওচৰত সত্যবাদী বুলি লিপিবদ্ধ হয়।(ছহীহ মুছলিমঃ ২৬০৭)ইছলামে সঠিকভাৱে আমানত আদায় কৰাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ অধিকাৰীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।(ছুৰা আন-নিছাঃ ৫৮)লগতে ইছলামে পৱিত্ৰ জীৱন যাপনৰ নিৰ্দেশ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃআল্লাহে তিনি প্ৰকাৰ মানুহক সহায় কৰাটো নিজৰ কৰ্তব্য হিচাপে নিৰ্ধাৰণ কৰিছে। সেই তিনি প্ৰকাৰ মানুহৰ মাজত আছে, বিবাহৰ আগ্ৰহ থকা এনেকুৱা ব্যক্তি যিয়ে বিবাহৰ মাধ্যমত পৱিত্ৰ জীৱন যাপন কৰিব বিচাৰে।(তিৰমিজীঃ ১৬৫৫)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় এই বুলি দুআ কৰিছিল।হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।(ছহীহ মুছলিমঃ ২৭২১)ইছলামে লজ্জাশীলতা অৱলম্বনৰ নিৰ্দেশ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃলজ্জাশীলতাই কেৱল কল্যাণ কঢ়িয়াই আনে।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬১১৭)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃপ্ৰত্যেক ধৰ্মৰে আছে সুকীয়া স্বভাৱ, আৰু ইছলামৰ স্বভাৱ হৈছে লজ্জাশীলতা।(বাইহাক্বীয়ে ইয়াক শ্বুআইবুল ঈমানত বৰ্ণনা কৰিছে। ৬/২৬১৯)ইছলামে সাহসিকতা অৱলম্বনৰ নিৰ্দেশ দিয়ে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃনবী চাল্লাল্লাহু আলাইহি অছাল্লাম সৱাতোকৈ সুশ্ৰী, সাহসী আৰু দানশীল আছিল। মদীনাবাসীসকলে এবাৰ ভীত-শংকিত হৈ পৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘোঁৰাৰ পিঠিত আৰোহণ কৰি সৱাতোকৈ আগত ওলাই পৰিছিল।(ছহীহুল বুখাৰীঃ হাদীছ নং ২৮২০)নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় কাপুৰুষতাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি কৈছিলঃহে আল্লাহ! মই কাপুৰুষতাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৩৭৪)ইছলামে দানশীলতা আৰু উদাৰতাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃযিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত থাকে এশ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।(ছুৰা আল-বাক্বাৰাহঃ ২৬১)নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ আছিল দানশীলতা। ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃধন-সম্পদ ব্যয় কৰি কল্যাণ অৰ্জন কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল অধিক দানশীল। ৰমাজান মাহত জিব্ৰীল আলাইহিচ্ছালামে যেতিয়া তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল, তেতিয়া তেখেত আৰু অধিক দান কৰিছিল। ৰমাজান মাহ শেষ নোহোৱালৈকে জিব্ৰীল আলাইহিচ্ছালামে প্ৰত্যেক ৰাতিয়েই তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কোৰআন শুনাইছিল। জিব্ৰীল আলাইহিচ্ছালামে যেতিয়া তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া তেখেত ৰহমতৰ বতাহতকৈও অধিক ধন-সম্পদ ব্যয় কৰিছিল।(ছহীহুল বুখাৰীঃ হাদীছ নং ১৯০২)ইছলামে অভাৱীক সহায় কৰাৰ, নিৰ্যাতিত লোকৰ আবেদন শুনাৰ, ভোকাতুৰক আহাৰ কৰোৱাৰ, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ, আত্মীয়তাৰ বন্ধন অটুট ৰখাৰ আৰু জীৱ-জন্তুৰ প্ৰতি দয়া কৰাৰ নিৰ্দেশ দিয়ে।আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, ইছলামৰ কোনটো বিষয় অধিক উত্তম? তেখেতে ক'লেঃ "তুমি খাদ্য খুৱাবা আৰু পৰিচিত অপৰিচিত সকলোকে ছালাম দিবা"।(ছহীহুল বুখাৰীঃ হাদীছ নং ১২)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ"এবাৰ এজন বাটৰুৱা ৰাস্তাৰে খোঁজকাঢ়ি গৈ আছিল। এটা সময়ত তেওঁৰ বৰ পিঁয়াহ লাগিল। তেওঁ এটা কুঁৱা সদৃশ খাল দেখা পালে। সেই ব্যক্তিজনে খালত নামি পানী সেৱন কৰিলে আৰু তাৰপিছত তাৰ পৰা উঠি আহিল। হঠাৎ তেওঁ দেখা পালে কুকুৰ এটা ফোঁপাই আছে। পিঁয়াহত বোকা চেলেকি আছে। মানুহজনে ভাৱিলে, পিঁয়াহত মই যিদৰে কষ্ট অনুভৱ কৰিছিলোঁ, ঠিক সেইদৰে এই কুকুৰটোৱেও কষ্ট অনুভৱ কৰি আছে। ইয়াৰ পিছত মানুহজনে আকৌ সেই খালত নামিলে আৰু তেওঁৰ মোজাত পানী ভৰাই ল'লে, আৰু সেই মোজা মুখেৰে কামুৰি ধৰি খালৰ পৰা উঠি আহিল। ইয়াৰ পিছত তেওঁ সেই পানী কুকুৰটোক খুৱালে। ফলত আল্লাহে তাক ইয়াৰ প্ৰতিদানস্বৰূপে ক্ষমা কৰি দিলে"। চাহাবাসকলে প্ৰশ্ন কৰিলে, "হে আল্লাহৰ ৰাছুল! জীৱ-জন্তুৰ প্ৰতি কৰা দয়াৰ বাবেও আমাক প্ৰতিদান দিয়া হ'বনে"? তেখেতে ক'লেঃ "হয় নিশ্চয়। প্ৰত্যেক দয়ালু অন্তৰৰ অধিকাৰী ব্যক্তিৰ বাবেই আছে প্ৰতিদান"।(ছহীহ ইবনে হিব্বানঃ ৫৪৪)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ"বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি, আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"(ছহীহুল বুখাৰীঃ হাদীছ নং ৫৩৫৩)ইছলামে আত্মীয়তাৰ অধিকাৰ আদায় কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰিছে, লগতে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰাটো অনিবাৰ্য কৰিছে। আল্লাহ তাআলাই কৈছেঃমুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈয়ো বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে অধিক নিকটতম। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সুকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।(ছুৰা আল-আহঝাবঃ ৬)ইছলামে আত্মীয়তাৰ বন্ধন কৰ্তন কৰাৰ পৰা সতৰ্ক কৰিছে আৰু এনেকুৱা কাৰ্যক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা বুলি আখ্যায়িত কৰিছে। আল্লাহ তাআলাই কৈছেঃতেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।(ছুৰা মুহাম্মদঃ ২২-২৩)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আত্মীয়তাৰ বন্ধন ছিন্নকাৰী কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব"।(ছহীহ মুছলিমঃ ২৫৫৬)আত্মীয়তাৰ যিবোৰ বন্ধন অটুট ৰখা আৰু সন্মান কৰা অনিবাৰ্য, সেইবোৰ হৈছেঃ পিতৃ-মাতৃ, ভাই, বা-ভনী, খুৰা-জেঠা, পেহী, মামা আৰু মাহী আদিৰ সম্পৰ্ক।ইছলামে প্ৰতিৱেশীৰ প্ৰাপ্য অধিকাৰ আদায় কৰিবলৈও গুৰুত্ব প্ৰদান কৰিছে, যদিও প্ৰতিৱেশী কাফিৰেই নহওক কিয়। আল্লাহ তাআলাই কৈছেঃতোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।(ছুৰা আন-নিছাঃ ৩৬)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ"জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিয়ে। এটা সময়ত মই ধাৰণা কৰিলোঁ তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"(ছহীহ আবু দাঊদঃ ৫১৫২)

নিশ্চয় মই নৈতিকতাক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।

(ছহীহহুল আদাব আল-মুফৰাদঃ ২০৭)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনাও তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু অহংকাৰ জৰজৰিত ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।

আছ-ছিলছিলাহ আচ-ছাহীহাহঃ ৭৯১)

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কেতিয়াও অশ্লীলভাষী নাছিল অথবা অসভ্য আচৰণৰ অধিকাৰী নাছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ সেই ব্যক্তিয়েই সৰ্বোত্তম, যিজন নৈতিকতাত সৰ্বোত্তম"।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৫৫৯)

ইয়াৰ বাহিৰেও আৰু বহুতো আয়াত আৰু হাদীছ আছে, যিবোৰে প্ৰমাণ কৰে যে, ইছলামে সকলোকে সদাচৰণ আৰু সৎকৰ্ম অৱলম্বন কৰিবলৈ উৎসাহিত কৰে।

ইছলামে যিবোৰ সদাচৰণ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে, সেইবোৰৰ মাজত অন্যতম এটা হৈছে সততা অৱলম্বন কৰা।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

সত্যক মজবুতভাৱে ধাৰণ কৰাটো হৈছে তোমালোকৰ বাবে একান্ত কৰ্তব্য। কিয়নো সততাই নেকীৰ পথ দেখুৱায়, আৰু নেক কৰ্মই জান্নাতৰ পথ দেখুৱায়। যি ব্যক্তিয়ে সদায় সত্য কথা কয় অথবা সত্য কথা কোৱাৰ চেষ্টাত থাকে, সেই ব্যক্তি অৱশেষত আল্লাহৰ ওচৰত সত্যবাদী বুলি লিপিবদ্ধ হয়।

(ছহীহ মুছলিমঃ ২৬০৭)

ইছলামে সঠিকভাৱে আমানত আদায় কৰাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ অধিকাৰীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

(ছুৰা আন-নিছাঃ ৫৮)

লগতে ইছলামে পৱিত্ৰ জীৱন যাপনৰ নিৰ্দেশ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আল্লাহে তিনি প্ৰকাৰ মানুহক সহায় কৰাটো নিজৰ কৰ্তব্য হিচাপে নিৰ্ধাৰণ কৰিছে। সেই তিনি প্ৰকাৰ মানুহৰ মাজত আছে, বিবাহৰ আগ্ৰহ থকা এনেকুৱা ব্যক্তি যিয়ে বিবাহৰ মাধ্যমত পৱিত্ৰ জীৱন যাপন কৰিব বিচাৰে।

(তিৰমিজীঃ ১৬৫৫)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় এই বুলি দুআ কৰিছিল।

হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।

(ছহীহ মুছলিমঃ ২৭২১)

ইছলামে লজ্জাশীলতা অৱলম্বনৰ নিৰ্দেশ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

লজ্জাশীলতাই কেৱল কল্যাণ কঢ়িয়াই আনে।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬১১৭)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

প্ৰত্যেক ধৰ্মৰে আছে সুকীয়া স্বভাৱ, আৰু ইছলামৰ স্বভাৱ হৈছে লজ্জাশীলতা।

(বাইহাক্বীয়ে ইয়াক শ্বুআইবুল ঈমানত বৰ্ণনা কৰিছে। ৬/২৬১৯)

ইছলামে সাহসিকতা অৱলম্বনৰ নিৰ্দেশ দিয়ে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সৱাতোকৈ সুশ্ৰী, সাহসী আৰু দানশীল আছিল। মদীনাবাসীসকলে এবাৰ ভীত-শংকিত হৈ পৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘোঁৰাৰ পিঠিত আৰোহণ কৰি সৱাতোকৈ আগত ওলাই পৰিছিল।

(ছহীহুল বুখাৰীঃ হাদীছ নং ২৮২০)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় কাপুৰুষতাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি কৈছিলঃ

হে আল্লাহ! মই কাপুৰুষতাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৩৭৪)

ইছলামে দানশীলতা আৰু উদাৰতাৰ নিৰ্দেশ দিয়ে। আল্লাহ তাআলাই কৈছেঃ

যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত থাকে এশ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

(ছুৰা আল-বাক্বাৰাহঃ ২৬১)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ আছিল দানশীলতা। ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ধন-সম্পদ ব্যয় কৰি কল্যাণ অৰ্জন কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল অধিক দানশীল। ৰমাজান মাহত জিব্ৰীল আলাইহিচ্ছালামে যেতিয়া তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল, তেতিয়া তেখেত আৰু অধিক দান কৰিছিল। ৰমাজান মাহ শেষ নোহোৱালৈকে জিব্ৰীল আলাইহিচ্ছালামে প্ৰত্যেক ৰাতিয়েই তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কোৰআন শুনাইছিল। জিব্ৰীল আলাইহিচ্ছালামে যেতিয়া তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া তেখেত ৰহমতৰ বতাহতকৈও অধিক ধন-সম্পদ ব্যয় কৰিছিল।

(ছহীহুল বুখাৰীঃ হাদীছ নং ১৯০২)

ইছলামে অভাৱীক সহায় কৰাৰ, নিৰ্যাতিত লোকৰ আবেদন শুনাৰ, ভোকাতুৰক আহাৰ কৰোৱাৰ, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ, আত্মীয়তাৰ বন্ধন অটুট ৰখাৰ আৰু জীৱ-জন্তুৰ প্ৰতি দয়া কৰাৰ নিৰ্দেশ দিয়ে।

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, ইছলামৰ কোনটো বিষয় অধিক উত্তম? তেখেতে ক'লেঃ "তুমি খাদ্য খুৱাবা আৰু পৰিচিত অপৰিচিত সকলোকে ছালাম দিবা"।

(ছহীহুল বুখাৰীঃ হাদীছ নং ১২)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"এবাৰ এজন বাটৰুৱা ৰাস্তাৰে খোঁজকাঢ়ি গৈ আছিল। এটা সময়ত তেওঁৰ বৰ পিঁয়াহ লাগিল। তেওঁ এটা কুঁৱা সদৃশ খাল দেখা পালে। সেই ব্যক্তিজনে খালত নামি পানী সেৱন কৰিলে আৰু তাৰপিছত তাৰ পৰা উঠি আহিল। হঠাৎ তেওঁ দেখা পালে কুকুৰ এটা ফোঁপাই আছে। পিঁয়াহত বোকা চেলেকি আছে। মানুহজনে ভাৱিলে, পিঁয়াহত মই যিদৰে কষ্ট অনুভৱ কৰিছিলোঁ, ঠিক সেইদৰে এই কুকুৰটোৱেও কষ্ট অনুভৱ কৰি আছে। ইয়াৰ পিছত মানুহজনে আকৌ সেই খালত নামিলে আৰু তেওঁৰ মোজাত পানী ভৰাই ল'লে, আৰু সেই মোজা মুখেৰে কামুৰি ধৰি খালৰ পৰা উঠি আহিল। ইয়াৰ পিছত তেওঁ সেই পানী কুকুৰটোক খুৱালে। ফলত আল্লাহে তাক ইয়াৰ প্ৰতিদানস্বৰূপে ক্ষমা কৰি দিলে"। চাহাবাসকলে প্ৰশ্ন কৰিলে, "হে আল্লাহৰ ৰাছুল! জীৱ-জন্তুৰ প্ৰতি কৰা দয়াৰ বাবেও আমাক প্ৰতিদান দিয়া হ'বনে"? তেখেতে ক'লেঃ "হয় নিশ্চয়। প্ৰত্যেক দয়ালু অন্তৰৰ অধিকাৰী ব্যক্তিৰ বাবেই আছে প্ৰতিদান"।

(ছহীহ ইবনে হিব্বানঃ ৫৪৪)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি, আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"

(ছহীহুল বুখাৰীঃ হাদীছ নং ৫৩৫৩)

ইছলামে আত্মীয়তাৰ অধিকাৰ আদায় কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰিছে, লগতে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰাটো অনিবাৰ্য কৰিছে। আল্লাহ তাআলাই কৈছেঃ

মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈয়ো বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে অধিক নিকটতম। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সুকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।

(ছুৰা আল-আহঝাবঃ ৬)

ইছলামে আত্মীয়তাৰ বন্ধন কৰ্তন কৰাৰ পৰা সতৰ্ক কৰিছে আৰু এনেকুৱা কাৰ্যক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা বুলি আখ্যায়িত কৰিছে। আল্লাহ তাআলাই কৈছেঃ

তেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?

ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।

(ছুৰা মুহাম্মদঃ ২২-২৩)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আত্মীয়তাৰ বন্ধন ছিন্নকাৰী কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব"।

(ছহীহ মুছলিমঃ ২৫৫৬)

আত্মীয়তাৰ যিবোৰ বন্ধন অটুট ৰখা আৰু সন্মান কৰা অনিবাৰ্য, সেইবোৰ হৈছেঃ পিতৃ-মাতৃ, ভাই, বা-ভনী, খুৰা-জেঠা, পেহী, মামা আৰু মাহী আদিৰ সম্পৰ্ক।

ইছলামে প্ৰতিৱেশীৰ প্ৰাপ্য অধিকাৰ আদায় কৰিবলৈও গুৰুত্ব প্ৰদান কৰিছে, যদিও প্ৰতিৱেশী কাফিৰেই নহওক কিয়। আল্লাহ তাআলাই কৈছেঃ

তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।

(ছুৰা আন-নিছাঃ ৩৬)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিয়ে। এটা সময়ত মই ধাৰণা কৰিলোঁ তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"

(ছহীহ আবু দাঊদঃ ৫১৫২)

 ৩৩) ইছলামে পানাহাৰৰ বাবে কেৱলমাত্ৰ পৱিত্ৰ বস্তুকেই হালাল কৰিছে, লগতে অন্তৰ পৱিত্ৰ ৰখাৰ তথা শৰীৰ আৰু ঘৰ-দুৱাৰ আদি পৰিস্কাৰ-পৰিচ্ছন্ন ৰখাৰ নিৰ্দেশ দিছে। এইকাৰণেই বিবাহক হালাল কৰিছে, যিদৰে নবীসকলে ইয়াৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকে প্ৰত্যেক পৱিত্ৰ আৰু ভাল বস্তুৰহে নিৰ্দেশ দিছিল।

ইছলামে পানাহাৰৰ বাবে কেৱলমাত্ৰ পৱিত্ৰ বস্তুকেই হালাল কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃহে মানৱজাতি! নিশ্চয় আল্লাহ পৱিত্ৰ। তেওঁ পৱিত্ৰৰ বাহিৰে আন একো গ্ৰহণ নকৰে। আল্লাহে মুমিনসকলক সেই আদেশেই দিছে, যি আদেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল। আল্লাহ তাআলাই কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। আল্লাহ তাআলাই আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যি পৱিত্ৰ বস্তু প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে আহাৰ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা"। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'লে যিয়ে দীৰ্ঘ ভ্ৰমণত আছে। যাৰ চুলিবোৰ ধূলিৰে মলিন হৈ আছে, সেই ব্যক্তিয়ে আকাশৰ পিনে দুহাত তুলি কয়ঃ "হে মোৰ প্ৰতিপালক! হে মোৰ প্ৰতিপালক"! অথচ তাৰ খাদ্য হাৰাম, পানীয় হাৰাম, পোছাক-পৰিচ্ছদ হাৰাম, আনকি সি হাৰাম খাদ্যৰে লালিত-পালিত হৈছে। এতেকে সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ'ব?।(ছহীহ মুছলিমঃ ১০১৫)আল্লাহ তাআলাই আৰু কৈছেঃকোৱা, ‘আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।(ছুৰা আল-আৰাফঃ ৩২)ইছলামে অন্তৰ পৱিত্ৰ ৰখাৰ নিৰ্দেশ দিয়ে তথা শৰীৰ আৰু ঘৰ-দুৱাৰ পৰিস্কাৰ-পৰিচ্ছন্ন ৰখাৰ নিৰ্দেশ দিয়ে। এইকাৰণেই বিবাহক হালাল কৰিছে, যিদৰে নবীসকলে ইয়াৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকে প্ৰত্যেক পৱিত্ৰ আৰু ভাল বস্তুৰহে নিৰ্দেশ দিছিল।আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ যোৰা (সঙ্গিনী) সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলৰ স্বীকৃতি দিবনে আৰু আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিবনে?(ছুৰা আন-নাহলঃ ৭২)আল্লাহ তাআলাই আৰু কৈছেঃআৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা।আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা।(ছুৰা আল-মুদ্দাচ্ছিৰঃ ৪-৫)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃযাৰ অন্তৰত অণু পৰিমাণো অহংকাৰ থাকিব, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। এজনে সুধিলেঃ "মানুহে বিচাৰে তেওঁৰ পোছাক-পৰিচ্ছদ সুন্দৰ হওক আৰু জোতা ধুনীয়া হওক, এইটোও অহংকাৰ নেকি"? তেখেতে ক'লেঃ "নিশ্চয় আল্লাহ সুন্দৰ, তেওঁ সৌন্দৰ্যক ভালপায়। আনহাতে অহংকাৰ হৈছে দাম্ভিকতাৰে সত্যক অস্বীকাৰ কৰা আৰু মানুহক ঘৃণা কৰা"।(ছহীহ মুছলিমঃ ৯১)

হে মানৱজাতি! নিশ্চয় আল্লাহ পৱিত্ৰ। তেওঁ পৱিত্ৰৰ বাহিৰে আন একো গ্ৰহণ নকৰে। আল্লাহে মুমিনসকলক সেই আদেশেই দিছে, যি আদেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল। আল্লাহ তাআলাই কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। আল্লাহ তাআলাই আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যি পৱিত্ৰ বস্তু প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে আহাৰ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা"। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'লে যিয়ে দীৰ্ঘ ভ্ৰমণত আছে। যাৰ চুলিবোৰ ধূলিৰে মলিন হৈ আছে, সেই ব্যক্তিয়ে আকাশৰ পিনে দুহাত তুলি কয়ঃ "হে মোৰ প্ৰতিপালক! হে মোৰ প্ৰতিপালক"! অথচ তাৰ খাদ্য হাৰাম, পানীয় হাৰাম, পোছাক-পৰিচ্ছদ হাৰাম, আনকি সি হাৰাম খাদ্যৰে লালিত-পালিত হৈছে। এতেকে সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ'ব?।

(ছহীহ মুছলিমঃ ১০১৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

কোৱা, ‘আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।

(ছুৰা আল-আৰাফঃ ৩২)

ইছলামে অন্তৰ পৱিত্ৰ ৰখাৰ নিৰ্দেশ দিয়ে তথা শৰীৰ আৰু ঘৰ-দুৱাৰ পৰিস্কাৰ-পৰিচ্ছন্ন ৰখাৰ নিৰ্দেশ দিয়ে। এইকাৰণেই বিবাহক হালাল কৰিছে, যিদৰে নবীসকলে ইয়াৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকে প্ৰত্যেক পৱিত্ৰ আৰু ভাল বস্তুৰহে নিৰ্দেশ দিছিল।

আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ যোৰা (সঙ্গিনী) সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলৰ স্বীকৃতি দিবনে আৰু আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিবনে?

(ছুৰা আন-নাহলঃ ৭২)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা।

আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা।

(ছুৰা আল-মুদ্দাচ্ছিৰঃ ৪-৫)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যাৰ অন্তৰত অণু পৰিমাণো অহংকাৰ থাকিব, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। এজনে সুধিলেঃ "মানুহে বিচাৰে তেওঁৰ পোছাক-পৰিচ্ছদ সুন্দৰ হওক আৰু জোতা ধুনীয়া হওক, এইটোও অহংকাৰ নেকি"? তেখেতে ক'লেঃ "নিশ্চয় আল্লাহ সুন্দৰ, তেওঁ সৌন্দৰ্যক ভালপায়। আনহাতে অহংকাৰ হৈছে দাম্ভিকতাৰে সত্যক অস্বীকাৰ কৰা আৰু মানুহক ঘৃণা কৰা"।

(ছহীহ মুছলিমঃ ৯১)

 ৩৪) ইছলামে সেই সকলো বিষয় হাৰাম কৰিছে, যিবোৰ মূলতেই হাৰাম, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, কুফৰী কৰা, মূৰ্ত্তি পূজা কৰা, জ্ঞান নোহোৱাকৈ আল্লাহ সম্পৰ্কে কথা কোৱা, সন্তান-সন্ততিসকলক হত্যা কৰা, নিৰ্দোষী লোকক হত্যা কৰা, পৃথিৱীত উপদ্ৰৱ কৰি ফুৰা, যাদু সম্পৰ্কীয় সকলো কাৰ্য, গোপনে অথবা প্ৰকাশ্যভাৱে পাপকৰ্ম কৰা, যিনা কৰা, সমকামিতা আদিৰ দৰে জঘন্য পাপকৰ্ম আদি কৰা। এইদৰে ইছলামে সুতকো হাৰাম কৰিছে, মৃত জন্তুৰ মাংসও হাৰাম কৰিছে, লগতে মূৰ্ত্তি আৰু বাতিল উপাস্যৰ বাবে জবেহ কৰা জন্তুৰ মাংসও হাৰাম কৰিছে, এইদৰে হাৰাম কৰিছে গাহৰিৰ মাংস আৰু সকলো প্ৰকাৰ অপৱিত্ৰ আৰু নিকৃষ্ট বস্তু, অনাথৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাও হাৰাম কৰিছে, লগতে জোখ-মাখ আৰু ওজনত কম দিয়াও হাৰাম কৰিছে, লগতে আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰা হাৰাম কৰিছে। সকলো নবী আৰু ৰাছুল এইবোৰ হাৰাম হোৱাৰ ক্ষেত্ৰত একমত।

ইছলামে সেই সকলো বিষয় হাৰাম কৰিছে, যিবোৰ মূলতেই হাৰাম, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, কুফৰী কৰা, মূৰ্ত্তি পূজা কৰা, জ্ঞান নোহোৱাকৈ আল্লাহ সম্পৰ্কে কথা কোৱা, সন্তান-সন্ততিসকলক হত্যা কৰা। আল্লাহ তাআলাই কৈছেঃকোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিয়াৰ উদ্দেশ্য হৈছে যাতে তোমালোকে বুজিব পাৰা।আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰোঁ। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।(ছুৰা আল-আনআমঃ ১৫১-১৫২)আল্লাহ তাআলাই আৰু কৈছেঃকোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।(ছুৰা আল-আৰাফঃ ৩৩)ইছলামে নিৰ্দোষী লোকক হত্যা কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।(ছুৰা আল-ইছৰাঃ ৩৩)আল্লাহ তাআলাই আৰু কৈছেঃআৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।(ছুৰা আল-ফুৰক্বানঃ ৬৮)ইছলামে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰাক হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা।(ছুৰা আল-আৰাফঃ ৫৬)আৰু আল্লাহে শ্বুআইব আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃতেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।(ছুৰা আল-আৰাফঃ৮৫)ইছলামে যাদু হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।(ছুৰা ত্বা-হাঃ ৬৯)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৮৫৭)গোপনেই হওক অথবা প্ৰকাশ্যভাৱে ইছলামে সকলো প্ৰকাৰ পাপকৰ্মক হাৰাম কৰিছে। যিনা আৰু সমকামিতাকো হাৰাম কৰিছে। এইবোৰৰ বিষয়ে প্ৰথম দফাতেই আয়াতসমূহ বৰ্ণনা কৰি আলোচনা কৰা হৈছে। ইছলামে সুতৰ লেনদেন হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইটো এৰি দিয়া যদি তোমালোকে মুমিন হোৱা।কিন্তু যদি তোমালোকে এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।(ছুৰা আল-বাক্বাৰাহঃ ২৭৮-২৭৯)ইয়াত চিন্তনীয় কথাটো হৈছে যে, আল্লাহে এইদৰে কোনো পাপকৰ্মৰ ক্ষেত্ৰতেই যুদ্ধ ঘোষণা কৰা নাই, যিদৰে তেওঁ সুতৰ লেনদেনত যুদ্ধ ঘোষণা কৰিছে। কিয়নো সুতৰ লেনদেন ধৰ্ম, দেশ, সম্পদ আৰু প্ৰাণ ধ্বংসৰ কাৰণ হৈ পৰে।এইদৰে ইছলামে মৃত জন্তুৰ মাংস হাৰাম কৰিছে, আৰু সেই জন্তুৰ মাংস হাৰাম কৰিছে যিটোক মূৰ্ত্তি তথা দেৱ-দেৱীৰ বাবে জবেহ কৰা হয়। লগতে হাৰাম কৰিছে গাহৰিৰ মাংস। আল্লাহ তাআলাই কৈছেঃ"তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ। এই সকলোবোৰ মহাপাপ"।(ছুৰা আল-মায়িদাহঃ ৩)ইছলামে মাদক দ্ৰৱ্য সেৱন হাৰাম কৰিছে, লগতে সকলো প্ৰকাৰ অপৱিত্ৰ বস্তু আৰু নিকৃষ্ট বস্তু হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?(ছুৰা আল-মায়িদাহঃ ৯০-৯১)৩১ নং দফাত এই কথা উল্লেখ কৰা হৈছে যে, আল্লাহে তাওৰাতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যিবোৰ বৈশিষ্ট্য উল্লেখ কৰিছে তাৰ মাজত এইটোও আছে যে, তেখেতে সকলো প্ৰকাৰ অপৱিত্ৰ বস্তুক হাৰাম কৰিব। আল্লাহ তাআলাই কৈছেঃযিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে।(ছুৰা আল-আৰাফঃ ১৫৭)ইছলামে অনাথৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃআৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।(ছুৰা আন-নিছাঃ ২)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় যিসকলে ইয়াতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।(ছুৰা আন-নিছাঃ ১০)ইছলামে জোখ-মাপ তথা ওজনত অন্যায় কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃধ্বংস সেইসকল লোকৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে।যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুনৰুত্থিত হ'ব?(ছুৰা আল-মুতাফ্ফিফীন ১-৪)

কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিয়াৰ উদ্দেশ্য হৈছে যাতে তোমালোকে বুজিব পাৰা।

আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰোঁ। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

(ছুৰা আল-আনআমঃ ১৫১-১৫২)

আল্লাহ তাআলাই আৰু কৈছেঃ

কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।

(ছুৰা আল-আৰাফঃ ৩৩)

ইছলামে নিৰ্দোষী লোকক হত্যা কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।

(ছুৰা আল-ইছৰাঃ ৩৩)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।

(ছুৰা আল-ফুৰক্বানঃ ৬৮)

ইছলামে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰাক হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা।

(ছুৰা আল-আৰাফঃ ৫৬)

আৰু আল্লাহে শ্বুআইব আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ

তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।

(ছুৰা আল-আৰাফঃ৮৫)

ইছলামে যাদু হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।

(ছুৰা ত্বা-হাঃ ৬৯)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৮৫৭)

গোপনেই হওক অথবা প্ৰকাশ্যভাৱে ইছলামে সকলো প্ৰকাৰ পাপকৰ্মক হাৰাম কৰিছে। যিনা আৰু সমকামিতাকো হাৰাম কৰিছে। এইবোৰৰ বিষয়ে প্ৰথম দফাতেই আয়াতসমূহ বৰ্ণনা কৰি আলোচনা কৰা হৈছে। ইছলামে সুতৰ লেনদেন হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইটো এৰি দিয়া যদি তোমালোকে মুমিন হোৱা।

কিন্তু যদি তোমালোকে এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।

(ছুৰা আল-বাক্বাৰাহঃ ২৭৮-২৭৯)

ইয়াত চিন্তনীয় কথাটো হৈছে যে, আল্লাহে এইদৰে কোনো পাপকৰ্মৰ ক্ষেত্ৰতেই যুদ্ধ ঘোষণা কৰা নাই, যিদৰে তেওঁ সুতৰ লেনদেনত যুদ্ধ ঘোষণা কৰিছে। কিয়নো সুতৰ লেনদেন ধৰ্ম, দেশ, সম্পদ আৰু প্ৰাণ ধ্বংসৰ কাৰণ হৈ পৰে।

এইদৰে ইছলামে মৃত জন্তুৰ মাংস হাৰাম কৰিছে, আৰু সেই জন্তুৰ মাংস হাৰাম কৰিছে যিটোক মূৰ্ত্তি তথা দেৱ-দেৱীৰ বাবে জবেহ কৰা হয়। লগতে হাৰাম কৰিছে গাহৰিৰ মাংস। আল্লাহ তাআলাই কৈছেঃ

"তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ। এই সকলোবোৰ মহাপাপ"।

(ছুৰা আল-মায়িদাহঃ ৩)

ইছলামে মাদক দ্ৰৱ্য সেৱন হাৰাম কৰিছে, লগতে সকলো প্ৰকাৰ অপৱিত্ৰ বস্তু আৰু নিকৃষ্ট বস্তু হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?

(ছুৰা আল-মায়িদাহঃ ৯০-৯১)

৩১ নং দফাত এই কথা উল্লেখ কৰা হৈছে যে, আল্লাহে তাওৰাতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যিবোৰ বৈশিষ্ট্য উল্লেখ কৰিছে তাৰ মাজত এইটোও আছে যে, তেখেতে সকলো প্ৰকাৰ অপৱিত্ৰ বস্তুক হাৰাম কৰিব। আল্লাহ তাআলাই কৈছেঃ

যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে।

(ছুৰা আল-আৰাফঃ ১৫৭)

ইছলামে অনাথৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।

(ছুৰা আন-নিছাঃ ২)

আল্লাহ তাআলাই আৰু কৈছেঃ

নিশ্চয় যিসকলে ইয়াতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।

(ছুৰা আন-নিছাঃ ১০)

ইছলামে জোখ-মাপ তথা ওজনত অন্যায় কৰাটো হাৰাম কৰিছে। আল্লাহ তাআলাই কৈছেঃ

ধ্বংস সেইসকল লোকৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে।

যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,

আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুনৰুত্থিত হ'ব?

(ছুৰা আল-মুতাফ্ফিফীন ১-৪)

ইছলামে আত্মীয়তাৰ বন্ধন কৰ্তন কৰাক হাৰাম কৰিছে, এই বিষয়ে ৩১ নং দফাত আয়াত আৰু হাদীছ উল্লেখ কৰি আলোচনা কৰা হৈছে। সকলো নবী আৰু ৰাছুল এইবোৰ হাৰাম হোৱাৰ ক্ষেত্ৰত একমত।

 ৩৫) ইছলামে সকলো প্ৰকাৰ বেয়া আচৰণক কঠোৰভাৱে নিষেধ কৰে, যেনে- মিছা কথা কোৱা, প্ৰৱঞ্চনা কৰা, ঠগবাজী আৰু বিশ্বাসঘাতকতা কৰা, প্ৰতাৰণা কৰা, ঈৰ্ষা কৰা, কুঃচক্ৰান্ত কৰা, চুৰি কৰা, সীমালংঘন কৰা আৰু অন্যায়-অত্যাচাৰ আদি। আনকি ইছলামে সকলো প্ৰকাৰ অশ্লীল কৰ্মৰ পৰা মানুহক বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে।

ইছলামে সকলো প্ৰকাৰ বেয়া স্বভাৱক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃআৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।(ছুৰা লুক্বমানঃ ১৮)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনাও তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু অহংকাৰ জৰজৰিত ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।(আছ-ছিলছিলাহ আচ-ছাহীহাহঃ ৭৯১)ইছলামে মিছা কথা ক'বলৈ নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আল্লাহে সীমালংঘনকাৰী মিছলীয়া ব্যক্তিক হিদায়ত নকৰে।(ছুৰা গাফিৰঃ ২৮)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃতোমালোকে মিছা কথা পৰিহাৰ কৰা। কিয়নো মিছা কথাই মানুহক পাপকৰ্মত লিপ্ত ৰাখে, আৰু পাপকৰ্মই মানুহক জাহান্নামৰ পথ দেখুৱায়। এতেকে যেতিয়া কোনো ব্যক্তিয়ে মিছা কথাত অভ্যস্থ হয়, তেতিয়া বাৰে বাৰে মিছা কথা কোৱা কাৰণে অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।(ছহীহ মুছলিমঃ ২৬০৭)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃমুনাফিকৰ চিহ্ন হৈছে তিনিটাঃ যেতিয়া কথা কয়, মিছা কথা কয়। প্ৰতিশ্ৰুতি কৰিলে, ভঙ্গ কৰে। আমানত ৰখা হ'লে, বিশ্বাসঘাতকতা কৰে।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬০৯৫)ইছলামে ঠগ-প্ৰৱঞ্চনাক কঠোৰভাৱে নিষেধ কৰে।হাদীছত আহিছে, এবাৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে (বিক্ৰীৰ বাবে ৰখা) খাদ্য শস্যৰ এটা স্তুপৰ কাষেৰে গৈ আছিল। তেখেতে খাদ্য স্তুপৰ ভিতৰত হাত সোমাই দিলে, ফলত তেখেতৰ হাতৰ আঙুলিবোৰ ভিজা অনুভৱ হ'ল। তেখেতে স্তুপৰ মালিকক মাতি ক'লেঃ "হে খাদ্য সামগ্ৰীৰ গৰাকী! এইটো কি কথা"? মানুহজনে ক'লেঃ "হে আল্লাহৰ ৰাছুল! ইয়াত বৰষুণৰ পানী লাগিছিল"। তেখেতে ক'লেঃ "তুমি সেই তিতি যোৱা খাদ্যবোৰ ওপৰত কিয় নাৰাখিলা? ফলত মানুহে চাই চিতি ল'ব পাৰিলেহেঁতেন। জানি থোৱা! যিয়ে ঠগ-প্ৰৱঞ্চনা কৰে, তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই"।(ছহীহ মুছলিমঃ ১০২)ইছলামে ঠগ-প্ৰৱঞ্চনা, বিশ্বাসঘাতকতা আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।(ছুৰা আল-আনফালঃ ২৭)আল্লাহ তাআলাই কৈছেঃযিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে,(ছুৰা আৰ-ৰা'দঃ ২০)সেনাবাহিনী যেতিয়া অভিযানলৈ ৰাওনা হৈছিল, তেতিয়া সদায় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক উপদেশ দি কৈছিলঃযুদ্ধ চলাই নিবা, কিন্তু যুদ্ধলব্ধ সম্পদকলৈ বিশ্বাসঘাতকতা নকৰিবা, চুক্তি ভঙ্গ নকৰিবা, শত্ৰু পক্ষৰ লোকসকলৰ অঙ্গ-প্ৰত্যঙ্গ বিকৃত নকৰিবা আৰু শিশুসকলক হত্যা নকৰিবা।(ছহীহ মুছলিমঃ ১৭৩১)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃচাৰিটা স্বভাৱ যাৰ মাজত আছে সি হৈছে খাঁটি মুনাফিক। যাৰ মাজত সেইবোৰৰ এটা স্বভাৱ আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ ৰৈ যায়– (১) আমানত ৰখা হ’লে বেইমানী কৰে, (২) কথা ক’লে মিছা কথা কয়, (৩) অংগীকাৰ কৰিলে ভংঙ্গ কৰে, (৪) বিবাদত লিপ্ত হ’লে অশ্লীল ভাষাৰে গালি পাৰে।(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪)ইছলামে ঈৰ্ষা বিদ্বেষ আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃঅথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেই বাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।(ছুৰা আন-নিছাঃ ৫৪)আল্লাহ তাআলাই আৰু কৈছেঃকিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান আনাৰ পিছত কাফিৰৰূপে ওভোতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশ নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।(ছুৰা আল-বাক্বাৰাহঃ ১০৯)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃতোমালোকৰ পূৰ্বৱৰ্তী উম্মতসকলৰ ব্যাধি তোমালোকৰ মাজতো সংক্ৰমিত হৈছে। সেয়া হৈছে, হিংসা-বিদ্বেষ আৰু ঘৃণা। এই ব্যাধিবোৰে মুণ্ডন কৰি দিয়ে। মই এইটো কোৱা নাই যে, মূৰৰ চুলি মুণ্ডন কৰি দিয়ে। বৰং এইবোৰে ধৰ্মক মুণ্ডন (ধ্বংস) কৰি দিয়ে। সেই মহান সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে! তোমালোকে প্ৰকৃত মুমিন নোহোৱালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিবা। আনহাতে পৰস্পৰক মুহাব্বত নকৰালৈকে তোমালোকে কেতিয়াও প্ৰকৃত মুমিন হ'ব নোৱাৰিবা। মই তোমালোকক এই বিষয়টো জনাই নিদিমনে, যাৰ দ্বাৰা পাৰস্পৰিক মুহাব্বত মজবুত থাকে? সেইটো হৈছে, তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।(তিৰমিজীঃ ২৫১০)ইছলামে কুঃচক্ৰান্ত আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃআৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছোঁ যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।(ছুৰা আল-আনআমঃ ১২৩)আল্লাহ তাআলাই সংবাদ দিছে যে, ইয়াহুদীসকলে ঈছা আলাইহিচ্ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিছিল আৰু কুঃচক্ৰান্ত ৰচিছিল। কিন্তু আল্লাহে সিহঁতৰ বিৰুদ্ধে কৌশল অৱলম্বন কৰিছিল আৰু এই কথা স্পষ্ট কৰি দিছিল যে, কুঃচক্ৰান্তৰ দুষ্পৰিণাম স্বয়ং ষড়যন্ত্ৰকাৰীয়েই ভোগ কৰিব লাগে। আল্লাহ তাআলাই কৈছেঃতাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা’।আৰু সিহঁতে কুটকৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।(ছুৰা আলে-ইমৰাণঃ ৫২-৫৫)আল্লাহ তাআলাই জনাইছে যে, নবী ছলেহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু এটা মহা ষড়যন্ত্ৰ ৰচিছিল। পক্ষান্তৰে আল্লাহে সিহঁতৰ বিৰুদ্ধে শক্তিশালী কৌশল অৱলম্বন কৰি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছিল। আল্লাহ তাআলাই কৈছেঃসিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিত হিচাপে ক'ম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাই।এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কি হৈছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।(ছুৰা আন-নামলঃ ৪৯-৫১)ইছলামে চুৰি কাৰ্যক কঠোৰভাৱে গৰিহণা দিয়ে তথা নিষেধ কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃযিনাকাৰী ব্যক্তি ব্যভিচাৰ কৰাৰ সময়ত মুমিন নাথাকে। চোৰ চুৰি কৰাৰ সময়ত মুমিন নাথাকে। মাদক দ্ৰৱ্য সেৱনকাৰী মাদক দ্ৰৱ্য সেৱন কৰাৰ সময়ত মুমিন নাথাকে। কিন্তু ইয়াৰ পিছতো তাৰ বাবে তাওবা অনিবাৰ্য।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৮১০)ইছলামে সীমালংঘনক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।(ছুৰা আন-নাহলঃ ৯০)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃমহান আল্লাহে মোৰ ওচৰলৈ এই বিষয়ে অহী প্ৰেৰণ কৰিছে যে, তোমালোকে বিনয়ী হোৱা, ফলত কোনেও কাৰো ওপৰত অন্যায় নকৰিব আৰু অহংকাৰো নকৰিব।(ছহীহ আবু দাঊদঃ ৪৮৯৫)ইছলামে অন্যায়-অত্যাচাৰক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃআল্লাহে অন্যায়কাৰীসকলক পছন্দ নকৰে।(ছুৰা আলে-ইমৰাণঃ ৫৭)আল্লাহ তাআলাই কৈছেঃনিশ্চয় অন্যায়কাৰীসকল কেতিয়াও সফল হ'ব নোৱাৰে।(ছুৰা আল-আনআমঃ ২১)আল্লাহ তাআলাই কৈছেঃঅন্যায়কাৰীসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি।(ছুৰা আল-ইনছানঃ ৩১)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃতিনিজনৰ দুআ কেতিয়াও ওভতাই দিয়া নহয়ঃ "ন্যায়পৰায়ণ শাসকৰ দুআ, ৰোজাদাৰে ইফতাৰৰ সময়ত কৰা দুআ আৰু নিৰ্যাতিত ব্যক্তিৰ দুআ, আল্লাহে ইয়াক মেঘৰ ওপৰত তুলি লয় আৰু ইয়াৰ বাবে আকাশমণ্ডলৰ দুৱাৰসমূহ উন্মুক্ত কৰি দিয়া হয়"। সৰ্বশক্তিমান আল্লাহে কয়ঃ "মোৰ সন্মানৰ শপত! পলমকৈ হ'লেও নিশ্চয় মই তোমাক সহায় কৰিম"।মুছলিম (২৭৪৯) সংক্ষিপ্তভাৱে কিছু তাৰতম্যৰ সৈতে। তিৰমিজী (২৫২৬) কিছু তাৰতম্যৰ সৈতে। শব্দবোৰ আহমদৰ (৮০৪৩)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ ৰাদ্বিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁক উপদেশ দি কৈছিলঃনিৰ্যাতিত ব্যক্তিৰ অভিশাপৰ পৰা আঁতৰত থাকিবা, কিয়নো তাৰ অভিশাপ আৰু আল্লাহৰ মাজত কোনো প্ৰতিবন্ধকতা নাথাকে।(ছহীহুল বুখাৰীঃ হাদীছ নং ১৪৯৬)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃতোমালোকৰ মাজৰ যিয়েই কোনো যিম্মী ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব অথবা তাৰ অধিকাৰ খৰ্ব কৰিব, নাইবা তাৰ সামৰ্থৰ বাহিৰত তাক কষ্ট দিব, অথবা ইচ্ছাৰ বিৰুদ্ধে (বলপূৰ্বকভাৱে) তাৰ কোনো বস্তু কাঢ়ি নিব, মই নিজে কিয়ামতৰ দিনা সেই ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিম।(ছুনান আবি দাউদঃ ৩০৫২)এতেকে আপুনি দেখা পালে যে, ইছলামে সকলো প্ৰকাৰ বেয়া স্বভাৱ, অন্যায়-অত্যাচাৰ আৰু অশ্লীলতাক কঠোৰভাৱে নিষেধ কৰে।

আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

(ছুৰা লুক্বমানঃ ১৮)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনাও তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু অহংকাৰ জৰজৰিত ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।

(আছ-ছিলছিলাহ আচ-ছাহীহাহঃ ৭৯১)

ইছলামে মিছা কথা ক'বলৈ নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আল্লাহে সীমালংঘনকাৰী মিছলীয়া ব্যক্তিক হিদায়ত নকৰে।

(ছুৰা গাফিৰঃ ২৮)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

তোমালোকে মিছা কথা পৰিহাৰ কৰা। কিয়নো মিছা কথাই মানুহক পাপকৰ্মত লিপ্ত ৰাখে, আৰু পাপকৰ্মই মানুহক জাহান্নামৰ পথ দেখুৱায়। এতেকে যেতিয়া কোনো ব্যক্তিয়ে মিছা কথাত অভ্যস্থ হয়, তেতিয়া বাৰে বাৰে মিছা কথা কোৱা কাৰণে অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।

(ছহীহ মুছলিমঃ ২৬০৭)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

মুনাফিকৰ চিহ্ন হৈছে তিনিটাঃ যেতিয়া কথা কয়, মিছা কথা কয়। প্ৰতিশ্ৰুতি কৰিলে, ভঙ্গ কৰে। আমানত ৰখা হ'লে, বিশ্বাসঘাতকতা কৰে।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬০৯৫)

ইছলামে ঠগ-প্ৰৱঞ্চনাক কঠোৰভাৱে নিষেধ কৰে।

হাদীছত আহিছে, এবাৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে (বিক্ৰীৰ বাবে ৰখা) খাদ্য শস্যৰ এটা স্তুপৰ কাষেৰে গৈ আছিল। তেখেতে খাদ্য স্তুপৰ ভিতৰত হাত সোমাই দিলে, ফলত তেখেতৰ হাতৰ আঙুলিবোৰ ভিজা অনুভৱ হ'ল। তেখেতে স্তুপৰ মালিকক মাতি ক'লেঃ "হে খাদ্য সামগ্ৰীৰ গৰাকী! এইটো কি কথা"? মানুহজনে ক'লেঃ "হে আল্লাহৰ ৰাছুল! ইয়াত বৰষুণৰ পানী লাগিছিল"। তেখেতে ক'লেঃ "তুমি সেই তিতি যোৱা খাদ্যবোৰ ওপৰত কিয় নাৰাখিলা? ফলত মানুহে চাই চিতি ল'ব পাৰিলেহেঁতেন। জানি থোৱা! যিয়ে ঠগ-প্ৰৱঞ্চনা কৰে, তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই"।

(ছহীহ মুছলিমঃ ১০২)

ইছলামে ঠগ-প্ৰৱঞ্চনা, বিশ্বাসঘাতকতা আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃ

হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।

(ছুৰা আল-আনফালঃ ২৭)

আল্লাহ তাআলাই কৈছেঃ

যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে,

(ছুৰা আৰ-ৰা'দঃ ২০)

সেনাবাহিনী যেতিয়া অভিযানলৈ ৰাওনা হৈছিল, তেতিয়া সদায় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক উপদেশ দি কৈছিলঃ

যুদ্ধ চলাই নিবা, কিন্তু যুদ্ধলব্ধ সম্পদকলৈ বিশ্বাসঘাতকতা নকৰিবা, চুক্তি ভঙ্গ নকৰিবা, শত্ৰু পক্ষৰ লোকসকলৰ অঙ্গ-প্ৰত্যঙ্গ বিকৃত নকৰিবা আৰু শিশুসকলক হত্যা নকৰিবা।

(ছহীহ মুছলিমঃ ১৭৩১)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

চাৰিটা স্বভাৱ যাৰ মাজত আছে সি হৈছে খাঁটি মুনাফিক। যাৰ মাজত সেইবোৰৰ এটা স্বভাৱ আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ ৰৈ যায়– (১) আমানত ৰখা হ’লে বেইমানী কৰে, (২) কথা ক’লে মিছা কথা কয়, (৩) অংগীকাৰ কৰিলে ভংঙ্গ কৰে, (৪) বিবাদত লিপ্ত হ’লে অশ্লীল ভাষাৰে গালি পাৰে।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪)

ইছলামে ঈৰ্ষা বিদ্বেষ আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃ

অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেই বাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।

(ছুৰা আন-নিছাঃ ৫৪)

আল্লাহ তাআলাই আৰু কৈছেঃ

কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান আনাৰ পিছত কাফিৰৰূপে ওভোতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশ নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

(ছুৰা আল-বাক্বাৰাহঃ ১০৯)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসকলৰ ব্যাধি তোমালোকৰ মাজতো সংক্ৰমিত হৈছে। সেয়া হৈছে, হিংসা-বিদ্বেষ আৰু ঘৃণা। এই ব্যাধিবোৰে মুণ্ডন কৰি দিয়ে। মই এইটো কোৱা নাই যে, মূৰৰ চুলি মুণ্ডন কৰি দিয়ে। বৰং এইবোৰে ধৰ্মক মুণ্ডন (ধ্বংস) কৰি দিয়ে। সেই মহান সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে! তোমালোকে প্ৰকৃত মুমিন নোহোৱালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিবা। আনহাতে পৰস্পৰক মুহাব্বত নকৰালৈকে তোমালোকে কেতিয়াও প্ৰকৃত মুমিন হ'ব নোৱাৰিবা। মই তোমালোকক এই বিষয়টো জনাই নিদিমনে, যাৰ দ্বাৰা পাৰস্পৰিক মুহাব্বত মজবুত থাকে? সেইটো হৈছে, তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

(তিৰমিজীঃ ২৫১০)

ইছলামে কুঃচক্ৰান্ত আদিক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃ

আৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছোঁ যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

(ছুৰা আল-আনআমঃ ১২৩)

আল্লাহ তাআলাই সংবাদ দিছে যে, ইয়াহুদীসকলে ঈছা আলাইহিচ্ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিছিল আৰু কুঃচক্ৰান্ত ৰচিছিল। কিন্তু আল্লাহে সিহঁতৰ বিৰুদ্ধে কৌশল অৱলম্বন কৰিছিল আৰু এই কথা স্পষ্ট কৰি দিছিল যে, কুঃচক্ৰান্তৰ দুষ্পৰিণাম স্বয়ং ষড়যন্ত্ৰকাৰীয়েই ভোগ কৰিব লাগে। আল্লাহ তাআলাই কৈছেঃ

তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।

‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা’।

আৰু সিহঁতে কুটকৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।

স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।

(ছুৰা আলে-ইমৰাণঃ ৫২-৫৫)

আল্লাহ তাআলাই জনাইছে যে, নবী ছলেহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু এটা মহা ষড়যন্ত্ৰ ৰচিছিল। পক্ষান্তৰে আল্লাহে সিহঁতৰ বিৰুদ্ধে শক্তিশালী কৌশল অৱলম্বন কৰি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছিল। আল্লাহ তাআলাই কৈছেঃ

সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিত হিচাপে ক'ম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।

আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাই।

এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কি হৈছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।

(ছুৰা আন-নামলঃ ৪৯-৫১)

ইছলামে চুৰি কাৰ্যক কঠোৰভাৱে গৰিহণা দিয়ে তথা নিষেধ কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিনাকাৰী ব্যক্তি ব্যভিচাৰ কৰাৰ সময়ত মুমিন নাথাকে। চোৰ চুৰি কৰাৰ সময়ত মুমিন নাথাকে। মাদক দ্ৰৱ্য সেৱনকাৰী মাদক দ্ৰৱ্য সেৱন কৰাৰ সময়ত মুমিন নাথাকে। কিন্তু ইয়াৰ পিছতো তাৰ বাবে তাওবা অনিবাৰ্য।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৮১০)

ইছলামে সীমালংঘনক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।

(ছুৰা আন-নাহলঃ ৯০)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

মহান আল্লাহে মোৰ ওচৰলৈ এই বিষয়ে অহী প্ৰেৰণ কৰিছে যে, তোমালোকে বিনয়ী হোৱা, ফলত কোনেও কাৰো ওপৰত অন্যায় নকৰিব আৰু অহংকাৰো নকৰিব।

(ছহীহ আবু দাঊদঃ ৪৮৯৫)

ইছলামে অন্যায়-অত্যাচাৰক কঠোৰভাৱে নিষেধ কৰে। আল্লাহ তাআলাই কৈছেঃ

আল্লাহে অন্যায়কাৰীসকলক পছন্দ নকৰে।

(ছুৰা আলে-ইমৰাণঃ ৫৭)

আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় অন্যায়কাৰীসকল কেতিয়াও সফল হ'ব নোৱাৰে।

(ছুৰা আল-আনআমঃ ২১)

আল্লাহ তাআলাই কৈছেঃ

অন্যায়কাৰীসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি।

(ছুৰা আল-ইনছানঃ ৩১)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

তিনিজনৰ দুআ কেতিয়াও ওভতাই দিয়া নহয়ঃ "ন্যায়পৰায়ণ শাসকৰ দুআ, ৰোজাদাৰে ইফতাৰৰ সময়ত কৰা দুআ আৰু নিৰ্যাতিত ব্যক্তিৰ দুআ, আল্লাহে ইয়াক মেঘৰ ওপৰত তুলি লয় আৰু ইয়াৰ বাবে আকাশমণ্ডলৰ দুৱাৰসমূহ উন্মুক্ত কৰি দিয়া হয়"। সৰ্বশক্তিমান আল্লাহে কয়ঃ "মোৰ সন্মানৰ শপত! পলমকৈ হ'লেও নিশ্চয় মই তোমাক সহায় কৰিম"।

মুছলিম (২৭৪৯) সংক্ষিপ্তভাৱে কিছু তাৰতম্যৰ সৈতে। তিৰমিজী (২৫২৬) কিছু তাৰতম্যৰ সৈতে। শব্দবোৰ আহমদৰ (৮০৪৩)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ ৰাদ্বিয়াল্লাহু আনহুক য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁক উপদেশ দি কৈছিলঃ

নিৰ্যাতিত ব্যক্তিৰ অভিশাপৰ পৰা আঁতৰত থাকিবা, কিয়নো তাৰ অভিশাপ আৰু আল্লাহৰ মাজত কোনো প্ৰতিবন্ধকতা নাথাকে।

(ছহীহুল বুখাৰীঃ হাদীছ নং ১৪৯৬)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

তোমালোকৰ মাজৰ যিয়েই কোনো যিম্মী ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব অথবা তাৰ অধিকাৰ খৰ্ব কৰিব, নাইবা তাৰ সামৰ্থৰ বাহিৰত তাক কষ্ট দিব, অথবা ইচ্ছাৰ বিৰুদ্ধে (বলপূৰ্বকভাৱে) তাৰ কোনো বস্তু কাঢ়ি নিব, মই নিজে কিয়ামতৰ দিনা সেই ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিম।

(ছুনান আবি দাউদঃ ৩০৫২)

এতেকে আপুনি দেখা পালে যে, ইছলামে সকলো প্ৰকাৰ বেয়া স্বভাৱ, অন্যায়-অত্যাচাৰ আৰু অশ্লীলতাক কঠোৰভাৱে নিষেধ কৰে।

 ৩৬) ইছলামে সেই সকলো প্ৰকাৰ আৰ্থিক লেনদেনক নিষেধ কৰে, য'ত সুত আছে অথবা ক্ষতি আছে, নাইবা প্ৰৱঞ্চনা আছে, বা অন্যায়-অত্যাচাৰ জৰিত আছে, অথবা প্ৰতাৰণা নিহিত আছে, নাইবা যি আৰ্থিক লেনদেনে সামাজিকভাৱে, গোত্ৰীয়ভাৱে অথবা ব্যক্তিগতভাৱে মানুহক ধ্বংসৰ পিনে লৈ যায়।

ইছলামে সেই সকলো প্ৰকাৰ আৰ্থিক লেনদেনক নিষেধ কৰে, য'ত সুত আছে অথবা ক্ষতি আছে, নাইবা প্ৰৱঞ্চনা আছে, বা অন্যায়-অত্যাচাৰ জৰিত আছে, অথবা প্ৰতাৰণা নিহিত আছে, নাইবা যি আৰ্থিক লেনদেনে সামাজিকভাৱে, গোত্ৰীয়ভাৱে অথবা ব্যক্তিগতভাৱে মানুহক ধ্বংসৰ পিনে লৈ যায়।এই দফাৰ আৰম্ভণিতেই কোৰআনৰ সেইসমূহ আয়াত আৰু হাদীছ বৰ্ণনা কৰা হৈছে, যিবোৰত সুত, অন্যায়-অত্যাচাৰ, প্ৰতাৰণা আৰু উপদ্ৰৱ আদিক হাৰাম ঘোষণা কৰা হৈছে। আল্লাহ তাআলাই কৈছেঃআৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে।(ছুৰা আল-আহঝাবঃ ৫৮)আল্লাহ তাআলাই আৰু কৈছেঃযিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।(ছুৰা ফুচ্ছিলাতঃ ৪৬)হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, ক্ষতি কৰাও নাযাব আৰু ক্ষতি সহ্য কৰাও নহ'ব।(ছুনান আবি দাউদ)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃযি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন নিজ প্ৰতিৱেশীক কষ্ট নিদিয়ে। তথা যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন অতিথিক সন্মান কৰে। লগতে যি ব্যক্তিয়ে আল্লাহ আৰু কিয়ামত দিৱসক বিশ্বাস কৰে, তেওঁ যেন উত্তম কথা কয়, অন্যথা চুপ থাকে। অন্য এটা বৰ্ণনাত আছে, তেওঁ যেন নিজ প্ৰতিৱেশীৰ সৈতে সদাচৰণ কৰে।(ছহীহ মুছলিমঃ ৪৭)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃএজনী মহিলাক এটা মেকুৰীৰ কাৰণে শাস্তি বিহা হৈছিল। মহিলাজনীয়ে মেকুৰীটোক বান্ধি ৰাখিছিল। সেই অৱস্থাতেই মেকুৰীটো মৃত্যুবৰণ কৰে। ফলত এইকাৰণেই মহিলাজনী জাহান্নামত প্ৰৱেশ কৰে। কিয়নো মহিলাজনীয়ে মেকুৰীটোক একো খাবলৈও দিয়া নাছিল আৰু পোক-পৰুৱা ধৰি খাবলৈও এৰি দিয়া নাছিল।(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪৮২)এয়া হৈছে মেকুৰীক কষ্ট দিয়াৰ শাস্তি তেন্তে যিয়ে মানুহক কষ্ট দিয়ে তাৰ শাস্তি কি হ'ব পাৰে। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত উঠি উচ্চস্বৰে চিঞৰি ক'লেঃহে সেইসকল লোক, যিসকলে মুখেৰে ঈমান আনিছা কিন্তু অন্তৰত এতিয়াও ঈমান মজবুত হোৱা নাই। তোমালোকে মুছলিমসকলক কষ্ট নিদিবা, তেওঁলোকক অপমান নকৰিবা, তেওঁলোকৰ গোপন দোষ খুচৰি নুফুৰিবা। কিয়নো যিয়ে কোনো মুছলিম ভাতৃৰ গোপন দোষ অনুসন্ধান কৰিব, আল্লাহে তাৰ গোপন দোষবোৰ প্ৰকাশ কৰি দিব। আৰু যি ব্যক্তিৰ দোষ আল্লাহে প্ৰকাশ কৰি দিব, তাক তেওঁ অপমান কৰিহে এৰিব, যদিও সি উটৰ হাওদাৰ ভিতৰত অৱস্থান নকৰক কিয়। বৰ্ণনাকাৰী নাফে ৰাহিমাহুল্লাহে কৈছেঃ এদিনাখন ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বাইতুল্লাহ বা কা'বাৰ পিনে লক্ষ্য কৰি ক'লেঃ তুমি কিমান যে মহান, আৰু কিমান যে মহান তোমাৰ সন্মান কিন্তু তোমাতকৈও মুমিনৰ সন্মান আৰু মৰ্যাদা আল্লাহৰ ওচৰত অধিক।তিৰমিজী (২০৩২) ইবনে হিব্বান (৫৭৬৩)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃযি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন নিজ প্ৰতিৱেশীক কষ্ট নিদিয়ে। তথা যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন অতিথিক সন্মান কৰে। লগতে যি ব্যক্তিয়ে আল্লাহ আৰু কিয়ামত দিৱসক বিশ্বাস কৰে, তেওঁ যেন উত্তম কথা কয়, অন্যথা চুপ থাকে।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬০১৮)আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে জানানে, প্ৰকৃত অভাৱী কোন"? তেওঁলোকে ক'লেঃ "আমাৰ মাজত অভাৱী হৈছে সেইজন, যাৰ ওচৰত দিৰহাম (টকা পইচা) আৰু ধন-সম্পদ একো নাই, সিয়েই হৈছে অভাৱী"। তেখেতে ক'লেঃ "প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি, যি ব্যক্তিয়ে কিয়ামতৰ দিনা চওম, চালাত আৰু যাকাত লৈ আগমণ কৰিব কিন্তু সি পৃথিৱীত কাৰোবাক গালি পাৰিছিল, অথবা কাৰো প্ৰতি অপবাদ দিছিল নাইবা কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, ফলত তাৰ নেক আমলৰ পৰা এওঁকো দিয়া হ'ব, এওঁকো দিয়া হ'ব। এতেকে যেতিয়া তাৰ নেক আমলসমূহ শেষ হ'ব, কিন্তু এতিয়াও তাৰ ঋণ পৰিশোধ হোৱা নাই, তেনেস্থলত সেইসকল লোকৰ গুনাহৰ এটা অংশ এই ব্যক্তিৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব"।মুছলিম (২৫৮১) তিৰমিজী (২৪১৮) আহমদ (৮০২৯) শব্দবোৰ আহমদৰ।আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃৰাস্তাত এজোপা গছৰ ডাল পৰি আছিল, যিটোৱে মানুহক অহা যোৱাত কষ্ট দিছিল। এজনে সেইটো আঁতৰাই দিয়াত প্ৰতিদানস্বৰূপে তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছে।বুখাৰীয়ে একেই অৰ্থৰ হাদীছ বৰ্ণনা কৰিছে (৬৫২)। এনেকুৱা বৰ্ণনা মুছলিমতো আছে (১৯১৪)। ইবনু মাজাহ (৩৬৮২)। আহমদ (১০৪৩২) ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াত যদি জান্নাত লাভ কৰিব পাৰে। আনহাতে ভাৱি চাওক সেই ব্যক্তিৰ কি অৱস্থা হ'ব পাৰে যিয়ে মানুহক কষ্ট দিয়ে আৰু সিহঁতৰ জীৱন-যাপন কঠিন কৰি দিয়ে।

এই দফাৰ আৰম্ভণিতেই কোৰআনৰ সেইসমূহ আয়াত আৰু হাদীছ বৰ্ণনা কৰা হৈছে, যিবোৰত সুত, অন্যায়-অত্যাচাৰ, প্ৰতাৰণা আৰু উপদ্ৰৱ আদিক হাৰাম ঘোষণা কৰা হৈছে। আল্লাহ তাআলাই কৈছেঃ

আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে।

(ছুৰা আল-আহঝাবঃ ৫৮)

আল্লাহ তাআলাই আৰু কৈছেঃ

যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।

(ছুৰা ফুচ্ছিলাতঃ ৪৬)

হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, ক্ষতি কৰাও নাযাব আৰু ক্ষতি সহ্য কৰাও নহ'ব।

(ছুনান আবি দাউদ)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন নিজ প্ৰতিৱেশীক কষ্ট নিদিয়ে। তথা যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন অতিথিক সন্মান কৰে। লগতে যি ব্যক্তিয়ে আল্লাহ আৰু কিয়ামত দিৱসক বিশ্বাস কৰে, তেওঁ যেন উত্তম কথা কয়, অন্যথা চুপ থাকে। অন্য এটা বৰ্ণনাত আছে, তেওঁ যেন নিজ প্ৰতিৱেশীৰ সৈতে সদাচৰণ কৰে।

(ছহীহ মুছলিমঃ ৪৭)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

এজনী মহিলাক এটা মেকুৰীৰ কাৰণে শাস্তি বিহা হৈছিল। মহিলাজনীয়ে মেকুৰীটোক বান্ধি ৰাখিছিল। সেই অৱস্থাতেই মেকুৰীটো মৃত্যুবৰণ কৰে। ফলত এইকাৰণেই মহিলাজনী জাহান্নামত প্ৰৱেশ কৰে। কিয়নো মহিলাজনীয়ে মেকুৰীটোক একো খাবলৈও দিয়া নাছিল আৰু পোক-পৰুৱা ধৰি খাবলৈও এৰি দিয়া নাছিল।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪৮২)

এয়া হৈছে মেকুৰীক কষ্ট দিয়াৰ শাস্তি তেন্তে যিয়ে মানুহক কষ্ট দিয়ে তাৰ শাস্তি কি হ'ব পাৰে। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত উঠি উচ্চস্বৰে চিঞৰি ক'লেঃ

হে সেইসকল লোক, যিসকলে মুখেৰে ঈমান আনিছা কিন্তু অন্তৰত এতিয়াও ঈমান মজবুত হোৱা নাই। তোমালোকে মুছলিমসকলক কষ্ট নিদিবা, তেওঁলোকক অপমান নকৰিবা, তেওঁলোকৰ গোপন দোষ খুচৰি নুফুৰিবা। কিয়নো যিয়ে কোনো মুছলিম ভাতৃৰ গোপন দোষ অনুসন্ধান কৰিব, আল্লাহে তাৰ গোপন দোষবোৰ প্ৰকাশ কৰি দিব। আৰু যি ব্যক্তিৰ দোষ আল্লাহে প্ৰকাশ কৰি দিব, তাক তেওঁ অপমান কৰিহে এৰিব, যদিও সি উটৰ হাওদাৰ ভিতৰত অৱস্থান নকৰক কিয়। বৰ্ণনাকাৰী নাফে ৰাহিমাহুল্লাহে কৈছেঃ এদিনাখন ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বাইতুল্লাহ বা কা'বাৰ পিনে লক্ষ্য কৰি ক'লেঃ তুমি কিমান যে মহান, আৰু কিমান যে মহান তোমাৰ সন্মান কিন্তু তোমাতকৈও মুমিনৰ সন্মান আৰু মৰ্যাদা আল্লাহৰ ওচৰত অধিক।

তিৰমিজী (২০৩২) ইবনে হিব্বান (৫৭৬৩)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন নিজ প্ৰতিৱেশীক কষ্ট নিদিয়ে। তথা যি ব্যক্তিয়ে আল্লাহক আৰু অন্তিম দিৱসক বিশ্বাস কৰে, তেওঁ যেন অতিথিক সন্মান কৰে। লগতে যি ব্যক্তিয়ে আল্লাহ আৰু কিয়ামত দিৱসক বিশ্বাস কৰে, তেওঁ যেন উত্তম কথা কয়, অন্যথা চুপ থাকে।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬০১৮)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে জানানে, প্ৰকৃত অভাৱী কোন"? তেওঁলোকে ক'লেঃ "আমাৰ মাজত অভাৱী হৈছে সেইজন, যাৰ ওচৰত দিৰহাম (টকা পইচা) আৰু ধন-সম্পদ একো নাই, সিয়েই হৈছে অভাৱী"। তেখেতে ক'লেঃ "প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি, যি ব্যক্তিয়ে কিয়ামতৰ দিনা চওম, চালাত আৰু যাকাত লৈ আগমণ কৰিব কিন্তু সি পৃথিৱীত কাৰোবাক গালি পাৰিছিল, অথবা কাৰো প্ৰতি অপবাদ দিছিল নাইবা কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, ফলত তাৰ নেক আমলৰ পৰা এওঁকো দিয়া হ'ব, এওঁকো দিয়া হ'ব। এতেকে যেতিয়া তাৰ নেক আমলসমূহ শেষ হ'ব, কিন্তু এতিয়াও তাৰ ঋণ পৰিশোধ হোৱা নাই, তেনেস্থলত সেইসকল লোকৰ গুনাহৰ এটা অংশ এই ব্যক্তিৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব"।

মুছলিম (২৫৮১) তিৰমিজী (২৪১৮) আহমদ (৮০২৯) শব্দবোৰ আহমদৰ।

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

ৰাস্তাত এজোপা গছৰ ডাল পৰি আছিল, যিটোৱে মানুহক অহা যোৱাত কষ্ট দিছিল। এজনে সেইটো আঁতৰাই দিয়াত প্ৰতিদানস্বৰূপে তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছে।

বুখাৰীয়ে একেই অৰ্থৰ হাদীছ বৰ্ণনা কৰিছে (৬৫২)। এনেকুৱা বৰ্ণনা মুছলিমতো আছে (১৯১৪)। ইবনু মাজাহ (৩৬৮২)। আহমদ (১০৪৩২) ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াত যদি জান্নাত লাভ কৰিব পাৰে। আনহাতে ভাৱি চাওক সেই ব্যক্তিৰ কি অৱস্থা হ'ব পাৰে যিয়ে মানুহক কষ্ট দিয়ে আৰু সিহঁতৰ জীৱন-যাপন কঠিন কৰি দিয়ে।

 ৩৭) ইছলামে বিবেক আৰু সৎ বুদ্ধিক সুৰক্ষা প্ৰদান কৰিছে, লগতে মাদক দ্ৰৱ্যৰ পৰা আৰম্ভ কৰি সেই সকলো বিষয় হাৰাম কৰিছে যিবোৰে বিবেকক ক্ষতি কৰে। ইছলামে বিবেকৰ মৰ্যাদা সুউচ্চ কৰিছে। ইছলামে বিবেকক ধাৰ্মিক বিধানৰ প্ৰতি আমল কৰাৰ দায়িত্বভাৰ প্ৰদান কৰি কুঃসংস্কাৰ আৰু সকলো প্ৰকাৰ অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিছে। ইছলামত কোনো ধৰণৰ গোপন ৰহস্য অথবা কোনো বিশেষ গোত্ৰ, বা সম্প্ৰদায়ৰ বাবে কোনো বিশেষ বিধি-বিধান নাই। ইছলামৰ প্ৰত্যেকটো বিধি-বিধান সুস্থ বিবেকৰ তথা ন্যায় আৰু হিকমতৰ অনুকূল।

ইছলামে বিবেক আৰু সৎ বুদ্ধিক সুৰক্ষা প্ৰদান কৰিছে, তথা বিবেকৰ মৰ্যাদা সুউচ্চ কৰিছে। আল্লাহ তাআলাই কৈছেঃনিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ'ব।(ছুৰা আল-ইছৰাঃ ৩৬)গতিকে মানুহৰ ওপৰত অনিবাৰ্য তেওঁলোকে যেন নিজৰ বিবেকক সুৰক্ষিত ৰাখে। এইকাৰণেই মাদক দ্ৰৱ্য আৰু সকলো প্ৰকাৰ ড্ৰাগ্সক ইছলামে হাৰাম ঘোষণা কৰিছে। মই ৩৪ নং দফাত মাদক দ্ৰৱ্য হাৰাম হোৱা সম্পৰ্কে আলোচনা কৰিছোঁ। তথা কোৰআনৰ বহুতো এনেকুৱা আয়াত উল্লেখ কৰিছোঁ যিবোৰৰ শেষত এই কথা কোৱা হৈছেঃযাতে তোমালোকে বুজি পোৱা।(ছুৰা আল-বাক্বাৰাহঃ ২৪২)আল্লাহ তাআলাই আৰু কৈছেঃআৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?(ছুৰা আল-আনআমঃ ৩২)আল্লাহ তাআলাই আৰু কৈছেঃনিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।(ছুৰা ইউছুফঃ২)আল্লাহ তাআলাই স্পষ্ট কৰিছে যে, হিদায়ত আৰু হিকমতৰ দ্বাৰা কেৱল সুস্থ বিবেকসম্পন্ন লোকেহে উপকৃত হয়। আৰু তেওঁলোকেই হৈছে প্ৰকৃত বিবেকৱান। আল্লাহ তাআলাই কৈছেঃতেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।(ছুৰা আল-বাক্বাৰাহঃ ২৬৯)এইকাৰণেই ইছলামে বিবেকক চৰীয়তৰ প্ৰতি আমল কৰাৰ মানদণ্ড হিচাপে নিৰ্ধাৰণ কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।বুখাৰীয়ে ৫২৬৯ নং হাদীছৰ পূৰ্বে তালীক্ব হিচাপে (চনদ উল্লেখ নকৰাকৈ) এনেকুৱা হাদীছ বৰ্ণনা কৰিছে। আনহাতে আবুদাউদে পূৰ্ণ চনদৰ সৈতে বৰ্ণনা কৰিছে, হাদীছ নং ৪৪০২, ইয়াত উল্লেখ কৰা শব্দবোৰ আবু দাউদৰ। তিৰমিজী ১৪২৩, নাছায়ীয়ে ছুনান আল-কুবৰাত বৰ্ণনা কৰিছে ৭৩৪৬, কিছু পৰিবৰ্তনৰ সৈতে আহমদেও বৰ্ণনা কৰিছে ৯৫৬, ইবনু মাজাই সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে ২০৪২।ইছলামে বিবেক বুদ্ধিক অন্ধবিশ্বাস আৰু কুঃসংস্কাৰৰ পৰা মুক্ত কৰিছে। আল্লাহ তাআলাই সেইসমূহ উম্মতৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে, যিসকলে অন্ধবিশ্বাস আৰু কুঃসংস্কাৰৰ মাজত নিমজ্জিত আছিল আৰু আল্লাহৰ ফালৰ পৰা অহা সত্যক অস্বীকাৰ কৰিছিল।আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।(ছুৰা আঝ-ঝুখৰূফঃ ২৩)আৰু আল্লাহে ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃএই মূৰ্ত্তিবোৰ কি, যিবোৰৰ পূজাত তোমালোকে ইমান আসক্ত হৈ আছা?সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোঁতে দেখিছোঁ’।(ছুৰা আল-আম্বিয়াঃ ৫২-৫৩)এতেকে ইছলাম আহি মানুহক মূৰ্ত্তিপূজা ত্যাগ কৰাৰ নিৰ্দেশ দিছে, লগতে পূৰ্বপুৰুষসকলৰ পৰা চলি অহা পৰম্পৰাগত অন্ধবিশ্বাসৰ পৰা আঁতৰত থকাৰ নিৰ্দেশ দিছে, আৰু ৰাছুলসকলৰ পথ অনুসৰণ কৰাৰ আদেশ দিছে।ইছলামত কোনো ধৰণৰ গোপন ৰহস্য নাই আৰু ইয়াৰ কোনো বিধি-বিধান কোনো বিশেষ বৰ্গৰ লোকৰ বাবে নিৰ্দিষ্ট নহয়।আলী ইবনু আবি তালিব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল, (তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰাৰ পুত্ৰ আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱায়েক), ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আপোনালোকক বিশেষকৈ কিবা কৈ গৈছে নেকি? তেওঁ ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বিশেষভাৱে একো কোৱা নাই, তেওঁ যি কৈছে সৰ্বসাধাৰণৰ বাবেই কৈছে, কিন্তু মোৰ এই তৰোৱালৰ খাপত কেইটিমান উপদেশ আছে। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেওঁ তৰোৱালৰ খাপৰ পৰা এটি লিখিত ছহীফা উলিয়ালে। য'ত লিখা আছিলঃ "আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰে। আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে ভূমি সীমাৰ চিহ্ন (খুঁটা) চুৰি কৰে। আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে নিজৰ পিতাক অভিশাপ কৰে। লগতে আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে কোনো বিদআতীক আশ্ৰয় দিয়ে।(ছহীহ মুছলিমঃ ১৯৭৮)ইছলামৰ সকলো বিধি-বিধান সুস্থ বিবেকৰ আৰু ন্যায়-নীতি আৰু হিকমতৰ অনুকূল।

নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ'ব।

(ছুৰা আল-ইছৰাঃ ৩৬)

গতিকে মানুহৰ ওপৰত অনিবাৰ্য তেওঁলোকে যেন নিজৰ বিবেকক সুৰক্ষিত ৰাখে। এইকাৰণেই মাদক দ্ৰৱ্য আৰু সকলো প্ৰকাৰ ড্ৰাগ্সক ইছলামে হাৰাম ঘোষণা কৰিছে। মই ৩৪ নং দফাত মাদক দ্ৰৱ্য হাৰাম হোৱা সম্পৰ্কে আলোচনা কৰিছোঁ। তথা কোৰআনৰ বহুতো এনেকুৱা আয়াত উল্লেখ কৰিছোঁ যিবোৰৰ শেষত এই কথা কোৱা হৈছেঃ

যাতে তোমালোকে বুজি পোৱা।

(ছুৰা আল-বাক্বাৰাহঃ ২৪২)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?

(ছুৰা আল-আনআমঃ ৩২)

আল্লাহ তাআলাই আৰু কৈছেঃ

নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।

(ছুৰা ইউছুফঃ২)

আল্লাহ তাআলাই স্পষ্ট কৰিছে যে, হিদায়ত আৰু হিকমতৰ দ্বাৰা কেৱল সুস্থ বিবেকসম্পন্ন লোকেহে উপকৃত হয়। আৰু তেওঁলোকেই হৈছে প্ৰকৃত বিবেকৱান। আল্লাহ তাআলাই কৈছেঃ

তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।

(ছুৰা আল-বাক্বাৰাহঃ ২৬৯)

এইকাৰণেই ইছলামে বিবেকক চৰীয়তৰ প্ৰতি আমল কৰাৰ মানদণ্ড হিচাপে নিৰ্ধাৰণ কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।

বুখাৰীয়ে ৫২৬৯ নং হাদীছৰ পূৰ্বে তালীক্ব হিচাপে (চনদ উল্লেখ নকৰাকৈ) এনেকুৱা হাদীছ বৰ্ণনা কৰিছে। আনহাতে আবুদাউদে পূৰ্ণ চনদৰ সৈতে বৰ্ণনা কৰিছে, হাদীছ নং ৪৪০২, ইয়াত উল্লেখ কৰা শব্দবোৰ আবু দাউদৰ। তিৰমিজী ১৪২৩, নাছায়ীয়ে ছুনান আল-কুবৰাত বৰ্ণনা কৰিছে ৭৩৪৬, কিছু পৰিবৰ্তনৰ সৈতে আহমদেও বৰ্ণনা কৰিছে ৯৫৬, ইবনু মাজাই সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে ২০৪২।

ইছলামে বিবেক বুদ্ধিক অন্ধবিশ্বাস আৰু কুঃসংস্কাৰৰ পৰা মুক্ত কৰিছে। আল্লাহ তাআলাই সেইসমূহ উম্মতৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে, যিসকলে অন্ধবিশ্বাস আৰু কুঃসংস্কাৰৰ মাজত নিমজ্জিত আছিল আৰু আল্লাহৰ ফালৰ পৰা অহা সত্যক অস্বীকাৰ কৰিছিল।

আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।

(ছুৰা আঝ-ঝুখৰূফঃ ২৩)

আৰু আল্লাহে ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে সংবাদ প্ৰদান কৰি কৈছে যে, তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ

এই মূৰ্ত্তিবোৰ কি, যিবোৰৰ পূজাত তোমালোকে ইমান আসক্ত হৈ আছা?

সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোঁতে দেখিছোঁ’।

(ছুৰা আল-আম্বিয়াঃ ৫২-৫৩)

এতেকে ইছলাম আহি মানুহক মূৰ্ত্তিপূজা ত্যাগ কৰাৰ নিৰ্দেশ দিছে, লগতে পূৰ্বপুৰুষসকলৰ পৰা চলি অহা পৰম্পৰাগত অন্ধবিশ্বাসৰ পৰা আঁতৰত থকাৰ নিৰ্দেশ দিছে, আৰু ৰাছুলসকলৰ পথ অনুসৰণ কৰাৰ আদেশ দিছে।

ইছলামত কোনো ধৰণৰ গোপন ৰহস্য নাই আৰু ইয়াৰ কোনো বিধি-বিধান কোনো বিশেষ বৰ্গৰ লোকৰ বাবে নিৰ্দিষ্ট নহয়।

আলী ইবনু আবি তালিব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল, (তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰাৰ পুত্ৰ আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱায়েক), ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আপোনালোকক বিশেষকৈ কিবা কৈ গৈছে নেকি? তেওঁ ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বিশেষভাৱে একো কোৱা নাই, তেওঁ যি কৈছে সৰ্বসাধাৰণৰ বাবেই কৈছে, কিন্তু মোৰ এই তৰোৱালৰ খাপত কেইটিমান উপদেশ আছে। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেওঁ তৰোৱালৰ খাপৰ পৰা এটি লিখিত ছহীফা উলিয়ালে। য'ত লিখা আছিলঃ "আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰে। আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে ভূমি সীমাৰ চিহ্ন (খুঁটা) চুৰি কৰে। আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে নিজৰ পিতাক অভিশাপ কৰে। লগতে আল্লাহে অভিসম্পাত কৰে সেই ব্যক্তিৰ ওপৰত, যিয়ে কোনো বিদআতীক আশ্ৰয় দিয়ে।

(ছহীহ মুছলিমঃ ১৯৭৮)

ইছলামৰ সকলো বিধি-বিধান সুস্থ বিবেকৰ আৰু ন্যায়-নীতি আৰু হিকমতৰ অনুকূল।

 ৩৮) অসত্য ধৰ্মৰ অনুসাৰীসকলে যদি সিহঁতৰ ধৰ্মৰ মাজত থকা অন্তৰ্বিৰোধ আৰু সেইসমূহ বিষয় সম্পৰ্কে পৰিপূৰ্ণ জ্ঞান অৰ্জন নকৰে যিবোৰক সুস্থ বিবেকে গ্ৰহণ নকৰে তেন্তে সিহঁতৰ ধৰ্মগুৰুসকলে সিহঁতক এই ভ্ৰমত ৰাখিব যে, ধৰ্ম হৈছে বিবেকৰ ঊৰ্দ্ধত, আৰু বিবেকৰ ওচৰত পৰিপূৰ্ণৰূপে ধৰ্মক বুজিব পৰা ক্ষমতা নাই। পক্ষান্তৰে ইছলামে ধৰ্মক জ্যোতি হিচাপে গণ্য কৰে, যিয়ে বিবেকক সঠিক পথ দেখুৱায়। প্ৰকৃততে অসত্য ধৰ্মৰ ধৰ্মগুৰুসকলে বিচাৰে যে, মানুহে যাতে নিজৰ বিবেক-বুদ্ধিক প্ৰয়োগ কৰা এৰি দিয়ে আৰু সিহঁতৰ অন্ধানুসৰণ কৰে। আনহাতে ইছলামে মানুহৰ বিবেকক জাগ্ৰত কৰিব বিচাৰে। যাতে মানুহে সকলো বিষয়ৰ বাস্তৱিকতা সম্পৰ্কে অৱগত হ'ব পাৰে।

অসত্য ধৰ্মৰ অনুসাৰীসকলে যদি সিহঁতৰ ধৰ্মৰ মাজত থকা অন্তৰ্বিৰোধ আৰু সেইসমূহ বিষয় সম্পৰ্কে পৰিপূৰ্ণ জ্ঞান অৰ্জন নকৰে যিবোৰক সুস্থ বিবেকে গ্ৰহণ নকৰে তেন্তে সিহঁতৰ ধৰ্মগুৰুসকলে সিহঁতক এই ভ্ৰমত ৰাখিব যে, ধৰ্ম হৈছে বিবেকৰ ঊৰ্দ্ধত, আৰু বিবেকৰ ওচৰত পৰিপূৰ্ণৰূপে ধৰ্মক বুজিব পৰা ক্ষমতা নাই। পক্ষান্তৰে ইছলামে ধৰ্মক জ্যোতি হিচাপে গণ্য কৰে, যিয়ে বিবেকক সঠিক পথ দেখুৱায়। প্ৰকৃততে অসত্য ধৰ্মৰ ধৰ্মগুৰুসকলে বিচাৰে যে, মানুহে যাতে নিজৰ বিবেক-বুদ্ধিক প্ৰয়োগ কৰা এৰি দিয়ে আৰু সিহঁতৰ অন্ধানুসৰণ কৰে। আনহাতে ইছলামে মানুহৰ বিবেকক জাগ্ৰত কৰিব বিচাৰে। যাতে মানুহে সকলো বিষয়ৰ বাস্তৱিকতা সম্পৰ্কে অৱগত হ'ব পাৰে। আল্লাহ তাআলাই কৈছেঃঅনুৰূপভাৱে আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছোঁ। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছোঁ, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰোঁ। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,(ছুৰা আশ্ব-শ্বুৰাঃ ৫২)ঐশ্বৰীক অহীৰ মাজত আছে এনেকুৱা দলিল-প্ৰমাণ যিবোৰে সুস্থ বিবেক বুদ্ধিক সেইসমূহ বাস্তৱিকতাৰ ৰহস্য উদ্ঘাটন কৰি দেখুৱায়, যিবোৰ জানিবলৈ আৰু যিবোৰৰ প্ৰতি ঈমান আনিবলৈ আপুনি ইচ্ছুক। আল্লাহ তাআলাই কৈছেঃহে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।(ছুৰা আন-নিছাঃ ১৭৪)পৱিত্ৰ মহান আল্লাহে বিচাৰে যে, মানুহে হিদায়ত, জ্ঞান আৰু বাস্তৱতাৰ জ্যোতিৰ মাজত জীৱন-যাপন কৰক। আনহাতে চয়তান আৰু অসত্য উপাস্যবোৰে বিচাৰে যে, মানুহে সদায় পথভ্ৰষ্টতা, অজ্ঞানতা আৰু কুফৰীৰ অন্ধকাৰত পৰি থাকক। আল্লাহ তাআলাই কৈছেঃযিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়।(ছুৰা আল-বাক্বাৰাহঃ ২৫৭)

অনুৰূপভাৱে আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছোঁ। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছোঁ, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰোঁ। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,

(ছুৰা আশ্ব-শ্বুৰাঃ ৫২)

ঐশ্বৰীক অহীৰ মাজত আছে এনেকুৱা দলিল-প্ৰমাণ যিবোৰে সুস্থ বিবেক বুদ্ধিক সেইসমূহ বাস্তৱিকতাৰ ৰহস্য উদ্ঘাটন কৰি দেখুৱায়, যিবোৰ জানিবলৈ আৰু যিবোৰৰ প্ৰতি ঈমান আনিবলৈ আপুনি ইচ্ছুক। আল্লাহ তাআলাই কৈছেঃ

হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।

(ছুৰা আন-নিছাঃ ১৭৪)

পৱিত্ৰ মহান আল্লাহে বিচাৰে যে, মানুহে হিদায়ত, জ্ঞান আৰু বাস্তৱতাৰ জ্যোতিৰ মাজত জীৱন-যাপন কৰক। আনহাতে চয়তান আৰু অসত্য উপাস্যবোৰে বিচাৰে যে, মানুহে সদায় পথভ্ৰষ্টতা, অজ্ঞানতা আৰু কুফৰীৰ অন্ধকাৰত পৰি থাকক। আল্লাহ তাআলাই কৈছেঃ

যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়।

(ছুৰা আল-বাক্বাৰাহঃ ২৫৭)

 ৩৯) ইছলামে সঠিক জ্ঞানক সন্মান কৰে আৰু প্ৰবৃত্তিৰ কামনা-বাসনামুক্ত জ্ঞানগৰ্ভ গৱেষণা কৰিবলৈ উৎসাহিত কৰে। লগতে আমাৰ শৰীৰকলৈ আৰু আমাৰ ওচৰে-পাঁজৰে থকা বিশ্বজগতৰ বিভিন্ন বিষয়কলৈ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান কৰে। জানি থোৱা উচিত যে, বিজ্ঞানৰ সঠিক তথ্য কেতিয়াও ইছলামৰ সৈতে মতবিৰোধ নহয়।

ইছলামে সঠিক জ্ঞানক সদায় সন্মান কৰে। আল্লাহ তাআলাই কৈছেঃতোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।(ছুৰা আল-মুজাদালাহঃ ১১)মহান আল্লাহে জ্ঞানীসকলৰ সাক্ষ্যক তেওঁৰ সাক্ষ্যৰ সৈতে আৰু ফিৰিস্তাসকলৰ সাক্ষ্যৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত একত্ৰিত কৰিছে। আল্লাহ তাআলাই কৈছেঃআল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।(ছুৰা আলে-ইমৰাণঃ ১৮)এই আয়াতে ইছলামত থকা জ্ঞানীসকলৰ শ্ৰেষ্ঠতা বৰ্ণনা কৰে। আপুনি শুনি আচৰিত হ'ব যে, আল্লাহে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক জ্ঞানৰ বাহিৰে আন কোনো বস্তু বৃদ্ধিৰ বাবে দুআ কৰিবলৈ আদেশ দিয়া নাই। আল্লাহ তাআলাই কৈছেঃআৰু কোৱা, "হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া"।(ছুৰা ত্বা-হাঃ ১১৪)ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃযিয়ে জ্ঞান অৰ্জনৰ বাবে কোনো পথ অৱলম্বন কৰে, আল্লাহে তাৰ বাবে জান্নাতৰ পথ সুগম কৰি দিয়ে। ফিৰিস্তাসকলে জ্ঞান অৰ্জনকাৰীৰ সন্তুষ্টিৰ বাবে তেওঁলোকৰ পাখিসমূহ অৱনমিত কৰে। জ্ঞান অন্বেষণকাৰী ব্যক্তিৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীবাসীয়ে ক্ষমা প্ৰাৰ্থনা কৰে, আনকি পানীত থকা মাছেও। নিশ্চয় ইবাদতকাৰীৰ ওপৰত আলিমৰ মৰ্যাদা হৈছে তাৰকা ৰাজিৰ ওপৰত থকা চন্দ্ৰৰ মৰ্যাদাস্বৰূপ। আলিমসকল হৈছে নবীসকলৰ উত্তৰাধিকাৰী। নবীসকলে ধন-সম্পদ উত্তৰাধিকাৰীস্বত্ব হিচাপে ৰাখি যোৱা নাই, বৰং তেওঁলোকে উত্তৰাধিকাৰী স্বত্ব হিচাপে ৰাখি গৈছে ইল্ম বা জ্ঞান। এতেেকে যিয়ে সেয়া গ্ৰহণ কৰিব, তেওঁ যেনিবা এটি পূৰ্ণাঙ্গ অংশ লাভ কৰিলে।আবু দাউদ (৩৬৪১), তিৰমিজী (২৬৮২), শব্দবোৰ ইবনে মাজাহৰ (২২৩), আহমদ (২১৭১৫)ইছলামে প্ৰবৃত্তিৰ কামনা-বাসনামুক্ত জ্ঞানগৰ্ভ গৱেষণা কৰিবলৈ উৎসাহিত কৰে। লগতে আমাৰ শৰীৰকলৈ আৰু আমাৰ ওচৰে-পাঁজৰে থকা বিশ্বজগতৰ বিভিন্ন বিষয়কলৈ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান কৰে। আল্লাহ তাআলাই কৈছেঃঅনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?(ছুৰা ফুচ্ছিলাতঃ ৫৩)আল্লাহ তাআলাই আৰু কৈছেঃআকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?(ছুৰা আল-আৰাফঃ ১৮৫)আল্লাহ তাআলাই আৰু কৈছেঃসিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈয়ো প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈয়ো বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।(ছুৰা ৰূমঃ ৯)এই কথা জানি থোৱা উচিত যে, সঠিক বৈজ্ঞানিক গৱেষণা কেতিয়াও ইছলামৰ বিপৰীত নহয়। ইয়াত আমি তাৰে এটা উদাহৰণ দাঙি ধৰিম, যিটো কোৰআনত চৈধ্য শ বছৰ পূৰ্বে সবিস্তাৰে আলোচনা কৰা হৈছে, আনহাতে বিজ্ঞানে এতিয়াহে এই বিষয়টো আৱিস্কাৰ কৰিছে। এই বিষয়ে বৈজ্ঞানিক গৱেষণাৰ যি পৰিণাম আহিছে সেয়া পৰিপূৰ্ণৰূপে কোৰআনৰ সৈতে একমত। আমি আলোচনা কৰি আছোঁ মাতৃ গৰ্ভত থকা ভ্ৰুণ সম্পৰ্কে। আল্লাহ তাআলাই কৈছেঃঅৱশ্যে আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত;তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!(ছুৰা আল-মুমিনূনঃ ১২-১৪)

তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।

(ছুৰা আল-মুজাদালাহঃ ১১)

মহান আল্লাহে জ্ঞানীসকলৰ সাক্ষ্যক তেওঁৰ সাক্ষ্যৰ সৈতে আৰু ফিৰিস্তাসকলৰ সাক্ষ্যৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত একত্ৰিত কৰিছে। আল্লাহ তাআলাই কৈছেঃ

আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

(ছুৰা আলে-ইমৰাণঃ ১৮)

এই আয়াতে ইছলামত থকা জ্ঞানীসকলৰ শ্ৰেষ্ঠতা বৰ্ণনা কৰে। আপুনি শুনি আচৰিত হ'ব যে, আল্লাহে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক জ্ঞানৰ বাহিৰে আন কোনো বস্তু বৃদ্ধিৰ বাবে দুআ কৰিবলৈ আদেশ দিয়া নাই। আল্লাহ তাআলাই কৈছেঃ

আৰু কোৱা, "হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া"।

(ছুৰা ত্বা-হাঃ ১১৪)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

যিয়ে জ্ঞান অৰ্জনৰ বাবে কোনো পথ অৱলম্বন কৰে, আল্লাহে তাৰ বাবে জান্নাতৰ পথ সুগম কৰি দিয়ে। ফিৰিস্তাসকলে জ্ঞান অৰ্জনকাৰীৰ সন্তুষ্টিৰ বাবে তেওঁলোকৰ পাখিসমূহ অৱনমিত কৰে। জ্ঞান অন্বেষণকাৰী ব্যক্তিৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীবাসীয়ে ক্ষমা প্ৰাৰ্থনা কৰে, আনকি পানীত থকা মাছেও। নিশ্চয় ইবাদতকাৰীৰ ওপৰত আলিমৰ মৰ্যাদা হৈছে তাৰকা ৰাজিৰ ওপৰত থকা চন্দ্ৰৰ মৰ্যাদাস্বৰূপ। আলিমসকল হৈছে নবীসকলৰ উত্তৰাধিকাৰী। নবীসকলে ধন-সম্পদ উত্তৰাধিকাৰীস্বত্ব হিচাপে ৰাখি যোৱা নাই, বৰং তেওঁলোকে উত্তৰাধিকাৰী স্বত্ব হিচাপে ৰাখি গৈছে ইল্ম বা জ্ঞান। এতেেকে যিয়ে সেয়া গ্ৰহণ কৰিব, তেওঁ যেনিবা এটি পূৰ্ণাঙ্গ অংশ লাভ কৰিলে।

আবু দাউদ (৩৬৪১), তিৰমিজী (২৬৮২), শব্দবোৰ ইবনে মাজাহৰ (২২৩), আহমদ (২১৭১৫)

ইছলামে প্ৰবৃত্তিৰ কামনা-বাসনামুক্ত জ্ঞানগৰ্ভ গৱেষণা কৰিবলৈ উৎসাহিত কৰে। লগতে আমাৰ শৰীৰকলৈ আৰু আমাৰ ওচৰে-পাঁজৰে থকা বিশ্বজগতৰ বিভিন্ন বিষয়কলৈ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান কৰে। আল্লাহ তাআলাই কৈছেঃ

অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?

(ছুৰা ফুচ্ছিলাতঃ ৫৩)

আল্লাহ তাআলাই আৰু কৈছেঃ

আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?

(ছুৰা আল-আৰাফঃ ১৮৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈয়ো প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈয়ো বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

(ছুৰা ৰূমঃ ৯)

এই কথা জানি থোৱা উচিত যে, সঠিক বৈজ্ঞানিক গৱেষণা কেতিয়াও ইছলামৰ বিপৰীত নহয়। ইয়াত আমি তাৰে এটা উদাহৰণ দাঙি ধৰিম, যিটো কোৰআনত চৈধ্য শ বছৰ পূৰ্বে সবিস্তাৰে আলোচনা কৰা হৈছে, আনহাতে বিজ্ঞানে এতিয়াহে এই বিষয়টো আৱিস্কাৰ কৰিছে। এই বিষয়ে বৈজ্ঞানিক গৱেষণাৰ যি পৰিণাম আহিছে সেয়া পৰিপূৰ্ণৰূপে কোৰআনৰ সৈতে একমত। আমি আলোচনা কৰি আছোঁ মাতৃ গৰ্ভত থকা ভ্ৰুণ সম্পৰ্কে। আল্লাহ তাআলাই কৈছেঃ

অৱশ্যে আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,

তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত;

তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!

(ছুৰা আল-মুমিনূনঃ ১২-১৪)

 ৪০) আল্লাহে একমাত্ৰ সেই ব্যক্তিৰেই আমল কবূল কৰে আৰু আখিৰাতত ছোৱাব প্ৰদান কৰে, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ আনুগত্য কৰিছে তথা ৰাছুলসকলক সত্য বুলি স্বীকাৰ কৰিছে। লগতে তেওঁ কেৱল সেই ইবাদতেই গ্ৰহণ কৰে যিটোক তেওঁ স্বীকৃতি প্ৰদান কৰিছে। এতেকে এইটো কিদৰে সম্ভৱ যে, মানুহ এজনে আল্লাহৰ লগত কুফৰীও কৰিব আকৌ তেওঁৰ পৰা প্ৰতিদান পোৱাৰো আশা কৰিব? আল্লাহে সেই ব্যক্তিৰেই ঈমান গ্ৰহণ কৰে, যিয়ে সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অন্তিম নবী বুলি পূৰ্ণ বিশ্বাস পোষণ কৰে।

আল্লাহে একমাত্ৰ সেই ব্যক্তিৰেই আমল কবূল কৰে আৰু আখিৰাতত ছোৱাব প্ৰদান কৰে, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ আনুগত্য কৰিছে তথা ৰাছুলসকলক সত্য বুলি স্বীকাৰ কৰিছে। আল্লাহ তাআলাই কৈছেঃকোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে আমি যাক ইচ্ছা ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।(ছুৰা আল-ইছৰাঃ ১৮-১৯)আল্লাহ তাআলাই আৰু কৈছেঃএতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।(ছুৰা আল-আম্বিয়াঃ ৯৪)আল্লাহে কেৱল সেই ইবাদতহে স্বীকাৰ কৰে, যিটোক তেওঁ স্বীকৃতি প্ৰদান কৰিছে। আল্লাহ তাআলাই কৈছেঃএতেকে যিয়ে নিজ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তেওঁ সৎকৰ্ম কৰা উচিত আৰু নিজ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী কৰা উচিত নহয়।(ছুৰা আল-কাহাফঃ ১১০)এতেকে এই কথা স্পষ্ট যে, যিকোনো আমল তেতিয়াই সঠিক হ'ব, যেতিয়া সেইটো আল্লাহৰ বিধান অনুযায়ী হ'ব, আৰু সেই আমলকাৰী ব্যক্তিয়ে আমলটো একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে কৰিব লাগিব। লগতে আল্লাহৰ প্ৰতি পূৰ্ণ ঈমান থাকিব লাগিব আৰু সকলো নবী তথা ৰাছুলক আন্তৰিকতাৰে সমৰ্থন কৰিব লাগিব। পক্ষান্তৰে ইয়াৰ বাহিৰৰ আমল সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃআৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।(ছুৰা আল-ফুৰক্বানঃ ২৩)আল্লাহ তাআলাই আৰু কৈছেঃসেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,কৰ্মক্লান্ত, পৰিশ্ৰান্ত,সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;(ছুৰা আল-গাশ্বিয়াহঃ ২-৪)সেইদিনা সেই মুখমণ্ডলবোৰ ক্লান্ত, পৰিশ্ৰান্ত হোৱাৰ কাৰণ হৈছে সিহঁতে পৃথিৱীত যিবোৰ আমল কৰিছিল সেইবোৰ আল্লাহ প্ৰদত্ত বিধান তথা হিদায়ত অনুযায়ী নাছিল। ফলত সিহঁতক জাহান্নামত নিক্ষেপ কৰা হ'ব। কিয়নো সিহঁতৰ কোনো আমলেই আল্লাহৰ চৰীয়ত মুতাবিক নাছিল। বৰং সিহঁতে অবৈধ নিয়মত ইবাদত কৰিছিল। সিহঁতে পৃথিৱীত সেইসকল পথভ্ৰষ্ট নেতাৰ অনুসৰণ কৰিছিল, যিসকলে সিহঁতৰ বাবে বিদআতী কৰ্ম আৱিষ্কাৰ কৰিছিল। এতেকে জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত কেৱল সেই কৰ্মই সৎকৰ্ম বুলি বিবেচিত তথা গৃহীত, যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়ত মুতাবিক হ'ব। এতেকে ভাৱি চাওকচোন! এইটো কেনেকৈ সম্ভৱ যে, মানুহে আল্লাহৰ সৈতে কুফৰীও কৰিব আকৌ তেওঁৰ ওচৰত প্ৰতিদান পোৱাৰো আশাবাদী?আল্লাহে কোনো ব্যক্তিৰেই ঈমান তেতিয়ালৈকে কবূল নকৰে যেতিয়ালৈকে সি সকলো নবীৰ ওপৰত বিশেষকৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সৰ্বশেষ নবী আৰু ৰাছুল বুলি ঈমান পোষণ নকৰে। দফা নং ২০ত এই বিষয়ে কিছুমান দলিল উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কৈছেঃৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)আল্লাহ তাআলাই আৰু কৈছেঃহে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।(ছুৰা আন-নিছাঃ ১৩৬)আল্লাহ তাআলাই আৰু কৈছেঃআৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছোঁ; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলোঁ’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ।(ছুৰা আলে-ইমৰাণঃ ৮১)

কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে আমি যাক ইচ্ছা ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।

আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।

(ছুৰা আল-ইছৰাঃ ১৮-১৯)

আল্লাহ তাআলাই আৰু কৈছেঃ

এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।

(ছুৰা আল-আম্বিয়াঃ ৯৪)

আল্লাহে কেৱল সেই ইবাদতহে স্বীকাৰ কৰে, যিটোক তেওঁ স্বীকৃতি প্ৰদান কৰিছে। আল্লাহ তাআলাই কৈছেঃ

এতেকে যিয়ে নিজ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তেওঁ সৎকৰ্ম কৰা উচিত আৰু নিজ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী কৰা উচিত নহয়।

(ছুৰা আল-কাহাফঃ ১১০)

এতেকে এই কথা স্পষ্ট যে, যিকোনো আমল তেতিয়াই সঠিক হ'ব, যেতিয়া সেইটো আল্লাহৰ বিধান অনুযায়ী হ'ব, আৰু সেই আমলকাৰী ব্যক্তিয়ে আমলটো একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে কৰিব লাগিব। লগতে আল্লাহৰ প্ৰতি পূৰ্ণ ঈমান থাকিব লাগিব আৰু সকলো নবী তথা ৰাছুলক আন্তৰিকতাৰে সমৰ্থন কৰিব লাগিব। পক্ষান্তৰে ইয়াৰ বাহিৰৰ আমল সম্পৰ্কে আল্লাহ তাআলাই কৈছেঃ

আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।

(ছুৰা আল-ফুৰক্বানঃ ২৩)

আল্লাহ তাআলাই আৰু কৈছেঃ

সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,

কৰ্মক্লান্ত, পৰিশ্ৰান্ত,

সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;

(ছুৰা আল-গাশ্বিয়াহঃ ২-৪)

সেইদিনা সেই মুখমণ্ডলবোৰ ক্লান্ত, পৰিশ্ৰান্ত হোৱাৰ কাৰণ হৈছে সিহঁতে পৃথিৱীত যিবোৰ আমল কৰিছিল সেইবোৰ আল্লাহ প্ৰদত্ত বিধান তথা হিদায়ত অনুযায়ী নাছিল। ফলত সিহঁতক জাহান্নামত নিক্ষেপ কৰা হ'ব। কিয়নো সিহঁতৰ কোনো আমলেই আল্লাহৰ চৰীয়ত মুতাবিক নাছিল। বৰং সিহঁতে অবৈধ নিয়মত ইবাদত কৰিছিল। সিহঁতে পৃথিৱীত সেইসকল পথভ্ৰষ্ট নেতাৰ অনুসৰণ কৰিছিল, যিসকলে সিহঁতৰ বাবে বিদআতী কৰ্ম আৱিষ্কাৰ কৰিছিল। এতেকে জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত কেৱল সেই কৰ্মই সৎকৰ্ম বুলি বিবেচিত তথা গৃহীত, যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়ত মুতাবিক হ'ব। এতেকে ভাৱি চাওকচোন! এইটো কেনেকৈ সম্ভৱ যে, মানুহে আল্লাহৰ সৈতে কুফৰীও কৰিব আকৌ তেওঁৰ ওচৰত প্ৰতিদান পোৱাৰো আশাবাদী?

আল্লাহে কোনো ব্যক্তিৰেই ঈমান তেতিয়ালৈকে কবূল নকৰে যেতিয়ালৈকে সি সকলো নবীৰ ওপৰত বিশেষকৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সৰ্বশেষ নবী আৰু ৰাছুল বুলি ঈমান পোষণ নকৰে। দফা নং ২০ত এই বিষয়ে কিছুমান দলিল উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কৈছেঃ

ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।

(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)

আল্লাহ তাআলাই আৰু কৈছেঃ

হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।

(ছুৰা আন-নিছাঃ ১৩৬)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছোঁ; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলোঁ’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ।

(ছুৰা আলে-ইমৰাণঃ ৮১)

 ৪১) ঐশ্বৰীয় সকলো ধৰ্মৰ একমাত্ৰ এইটোৱেই উদ্দেশ্য যে, মানুহে যাতে সত্য ধৰ্ম পালন কৰি বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বিশুদ্ধ বান্দাত পৰিণত হ'ব পাৰে। লগতে যাতে নিজকে আৰ্থিক দাসত্বৰ পৰা আৰু মানুহৰ দাসত্বৰ পৰা তথা অন্ধভক্তি আদিৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে। ইছলামে কোনো মানুহকেই প্ৰভুৰ দৰে পৱিত্ৰ বুলি নামানে, আৰু তাক তাৰ মৰ্যাদাতকৈ অধিক মৰ্যাদা নিদিয়ে, আৰু কোনো মানুহকেই ভগৱান বা উপাস্যৰ পদত অধিষ্টিত নকৰে।

ঐশ্বৰীয় সকলো ধৰ্মৰ একমাত্ৰ এইটোৱেই উদ্দেশ্য যে, মানুহে যাতে সত্য ধৰ্ম পালন কৰি বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বিশুদ্ধ বান্দাত পৰিণত হ'ব পাৰে। লগতে যাতে নিজকে আৰ্থিক দাসত্বৰ পৰা আৰু মানুহৰ দাসত্বৰ পৰা তথা অন্ধভক্তি আদিৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃদ্বীনাৰ, দিৰহাম, ৰেচমী চাদৰ, পচমযুক্ত কাপোৰ আদিৰ দাসসকল ধ্বংস হওক। সিহঁতক এইবোৰ দিয়া হ'লে আনন্দিত হয় আৰু দিয়া নহ'লে অসন্তুষ্ট হয়।(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৪৩৫)এতেকে সচেতন আৰু বিবেকৱান ব্যক্তিয়ে একমাত্ৰ আল্লাহৰ সন্মুখতেই শিৰ নত কৰে। তেওঁক ধন-সম্পদ, পদ মৰ্যাদা আৰু বংশ আদিয়ে কেতিয়াও দাস বনাব নোৱাৰে। নিম্নলিখিত ঘটনাৰ দ্বাৰা পাঠকে নিশ্চয় গম পাব যে, ইছলামৰ পূৰ্বে মানুহৰ অৱস্থা কেনেকুৱা আছিল আৰু ইছলাম অহাৰ পিছত কেনেকুৱা হৈছে?মুছলিমসকলে পোন প্ৰথমবাৰ যেতিয়া দেশ ত্যাগ কৰি হাবশ্বালৈ (আবিচিনায়ালৈ) গৈছিল, তেতিয়া সেই ঠাইৰ শাসক নাজ্জাশ্বীয়ে তেওঁলোকক সুধিছিলঃ"এইটো কেনেকুৱা ধৰ্ম যিটোৰ কাৰণে তোমালোকে নিজৰ মাতৃভূমিকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই? তোমালোকে দেখোন মোৰ ধৰ্মও গ্ৰহণ কৰা নাই আৰু অন্যান্য যিবোৰ ধৰ্ম আছে সেইবোৰো দেখোন গ্ৰহণ কৰা নাই"?তেতিয়া জাফৰ বিন আবু তালিব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কৈছিলঃ‘হে সম্রাট! আমি আছিলোঁ অজ্ঞতাৰ ভিতৰত নিমজ্জিত, অশ্লীলতা আৰু অনাচাৰৰ অন্ধকাৰত নিমজ্জিত দুষ্কর্মশীল এটা জাতি। আমি প্রতিমা পূজা কৰিছিলোঁ, মৃত জীৱ-জন্তুৰ মাংস ভক্ষণ কৰিছিলোঁ, নির্বিচাৰে ব্যভিচাৰ আৰু অশ্লীলতাত লিপ্ত আছিলোঁ, আত্মীয়সকলৰ লগত সম্পর্ক ছিন্ন কৰিছিলোঁ, ওচৰ-চুবুৰীয়াৰ লগত অন্যায় আচৰণ কৰিছিলোঁ, আমাৰ মাজৰ শক্তিশালীসকলে দুর্বলসকলৰ সহায়-সম্পদ গ্রাস কৰিছিল, এনেকুৱা এখন অন্ধকাৰাচ্ছন্ন সমাজ জীৱনত আমি যেতিয়া জীৱন-যাপন কৰি আছিলোঁ, তেতিয়া আল্লাহ ৰাব্বুল আলামীনে অনুগ্রহ কৰি আমাৰ মাজত এজন ৰাছুল প্রেৰণ কৰিলে। তেখেতৰ বংশ মর্যাদা, সততা, সহনশীলতা, সংযমশীলতা, ন্যায়-নিষ্ঠা, পৰোপকাৰিতা ইত্যাদি গুণাৱলী আৰু চাৰিত্রিক বৈশিষ্ট্য সম্পর্কে পূর্বৰ পৰাই আমি অৱহিত আছিলোঁ। তেখেতে আমাক আহ্বান জনাই ক’লে যে, ‘আমি যেন সমগ্র বিশ্ব জাহানৰ স্রষ্টা প্রতিপালক এক আল্লাহৰ বাহিৰে আন কাৰো উপাসনা নকৰোঁ। বংশ পৰম্পৰা সূত্রে এতিয়ালৈকে আমি যিবোৰ প্রস্তৰ মূর্তি বা প্রতিমা পূজা কৰি আহিছোঁ সেইবোৰ বর্জন কৰোঁ। তদুপৰি আমি যেন সদায় সত্য কথা কওঁ, আমানতৰ ধন তাৰ প্ৰাপ্য অধিকাৰীক ঘূৰাই দিওঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখোঁ, ওচৰ-চুবুৰীয়াৰ সৈতে সদ্ব্যৱহাৰ কৰোঁ, হাৰামৰ পৰা বিৰত থাকোঁ আৰু ৰক্তপাত আদি পৰিহাৰ কৰোঁ, অশ্লীল কৰ্মৰ পৰা বিৰত থাকোঁ, মিছা কথা বৰ্জন কৰোঁ, অনাথৰ সম্পদ যাতে আত্মসাৎ নকৰোঁ, সতী-সাধ্বী নাৰীক যাতে অপবাদ নিদিওঁ।তেখেতে আমাক আৰু নিৰ্দেশ দিছে যে, আমি যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ সৈতে যেন কাকো অংশীদাৰ নকৰোঁ। ইয়াৰ উপৰিও তেখেতে আমাক, নামাজ, ৰোজা আৰু যাকাত আদায়ৰ নির্দেশ প্রদান কৰিছে। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁ সম্ৰাটৰ সন্মুখত এইদৰে ইছলামৰ বাণীসমূহ একেলেঠাৰীয়ে কৈ গল আৰু আমি সমৰ্থন কৰি গলোঁ। ইয়াৰ পিছত তেওঁ ক'লেঃ আমি তেখেতৰ ওপৰত ঈমান আনিছোঁ, আৰু তেখেতে যি লৈ আহিছে সেইটোৰ অনুসৰণ কৰিছোঁ। আমি এক আল্লাহক বিশ্বাস কৰোঁ, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ। সেই সকলো বস্তুক আমি হাৰাম বুলি গণ্য কৰোঁ, যিবোৰক তেওঁ হাৰাম কৰিছে, আৰু সেই সকলো বস্তুক আমি হালাল বুলি গণ্য কৰোঁ যিবোৰক তেওঁ হালাল কৰিছে।কিছু তাৰতম্যৰ সৈতে ইয়াক আহমদে বৰ্ণনা কৰিছে (১৭৪০), আৰু আবু নুআইমে হিল্য়াতুল আউলিয়াত সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে। (১/১১৫)ইছলামে কোনো মানুহকেই প্ৰভুৰ দৰে পৱিত্ৰ বুলি নামানে, আৰু তাক তাৰ মৰ্যাদাতকৈ অধিক মৰ্যাদা নিদিয়ে, আৰু কোনো মানুহকেই ভগৱান বা উপাস্যৰ পদত অধিষ্টিত নকৰে।আল্লাহ তাআলাই কৈছেঃকোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।(ছুৰা আলে-ইমৰাণঃ ৬৪)আল্লাহ তাআলাই আৰু কৈছেঃএইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?(ছুৰা আলে-ইমৰাণঃ ৮০)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি কোৱা।(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪৪৫)

দ্বীনাৰ, দিৰহাম, ৰেচমী চাদৰ, পচমযুক্ত কাপোৰ আদিৰ দাসসকল ধ্বংস হওক। সিহঁতক এইবোৰ দিয়া হ'লে আনন্দিত হয় আৰু দিয়া নহ'লে অসন্তুষ্ট হয়।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৬৪৩৫)

এতেকে সচেতন আৰু বিবেকৱান ব্যক্তিয়ে একমাত্ৰ আল্লাহৰ সন্মুখতেই শিৰ নত কৰে। তেওঁক ধন-সম্পদ, পদ মৰ্যাদা আৰু বংশ আদিয়ে কেতিয়াও দাস বনাব নোৱাৰে। নিম্নলিখিত ঘটনাৰ দ্বাৰা পাঠকে নিশ্চয় গম পাব যে, ইছলামৰ পূৰ্বে মানুহৰ অৱস্থা কেনেকুৱা আছিল আৰু ইছলাম অহাৰ পিছত কেনেকুৱা হৈছে?

মুছলিমসকলে পোন প্ৰথমবাৰ যেতিয়া দেশ ত্যাগ কৰি হাবশ্বালৈ (আবিচিনায়ালৈ) গৈছিল, তেতিয়া সেই ঠাইৰ শাসক নাজ্জাশ্বীয়ে তেওঁলোকক সুধিছিলঃ

"এইটো কেনেকুৱা ধৰ্ম যিটোৰ কাৰণে তোমালোকে নিজৰ মাতৃভূমিকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই? তোমালোকে দেখোন মোৰ ধৰ্মও গ্ৰহণ কৰা নাই আৰু অন্যান্য যিবোৰ ধৰ্ম আছে সেইবোৰো দেখোন গ্ৰহণ কৰা নাই"?

তেতিয়া জাফৰ বিন আবু তালিব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কৈছিলঃ

‘হে সম্রাট! আমি আছিলোঁ অজ্ঞতাৰ ভিতৰত নিমজ্জিত, অশ্লীলতা আৰু অনাচাৰৰ অন্ধকাৰত নিমজ্জিত দুষ্কর্মশীল এটা জাতি। আমি প্রতিমা পূজা কৰিছিলোঁ, মৃত জীৱ-জন্তুৰ মাংস ভক্ষণ কৰিছিলোঁ, নির্বিচাৰে ব্যভিচাৰ আৰু অশ্লীলতাত লিপ্ত আছিলোঁ, আত্মীয়সকলৰ লগত সম্পর্ক ছিন্ন কৰিছিলোঁ, ওচৰ-চুবুৰীয়াৰ লগত অন্যায় আচৰণ কৰিছিলোঁ, আমাৰ মাজৰ শক্তিশালীসকলে দুর্বলসকলৰ সহায়-সম্পদ গ্রাস কৰিছিল, এনেকুৱা এখন অন্ধকাৰাচ্ছন্ন সমাজ জীৱনত আমি যেতিয়া জীৱন-যাপন কৰি আছিলোঁ, তেতিয়া আল্লাহ ৰাব্বুল আলামীনে অনুগ্রহ কৰি আমাৰ মাজত এজন ৰাছুল প্রেৰণ কৰিলে। তেখেতৰ বংশ মর্যাদা, সততা, সহনশীলতা, সংযমশীলতা, ন্যায়-নিষ্ঠা, পৰোপকাৰিতা ইত্যাদি গুণাৱলী আৰু চাৰিত্রিক বৈশিষ্ট্য সম্পর্কে পূর্বৰ পৰাই আমি অৱহিত আছিলোঁ। তেখেতে আমাক আহ্বান জনাই ক’লে যে, ‘আমি যেন সমগ্র বিশ্ব জাহানৰ স্রষ্টা প্রতিপালক এক আল্লাহৰ বাহিৰে আন কাৰো উপাসনা নকৰোঁ। বংশ পৰম্পৰা সূত্রে এতিয়ালৈকে আমি যিবোৰ প্রস্তৰ মূর্তি বা প্রতিমা পূজা কৰি আহিছোঁ সেইবোৰ বর্জন কৰোঁ। তদুপৰি আমি যেন সদায় সত্য কথা কওঁ, আমানতৰ ধন তাৰ প্ৰাপ্য অধিকাৰীক ঘূৰাই দিওঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখোঁ, ওচৰ-চুবুৰীয়াৰ সৈতে সদ্ব্যৱহাৰ কৰোঁ, হাৰামৰ পৰা বিৰত থাকোঁ আৰু ৰক্তপাত আদি পৰিহাৰ কৰোঁ, অশ্লীল কৰ্মৰ পৰা বিৰত থাকোঁ, মিছা কথা বৰ্জন কৰোঁ, অনাথৰ সম্পদ যাতে আত্মসাৎ নকৰোঁ, সতী-সাধ্বী নাৰীক যাতে অপবাদ নিদিওঁ।তেখেতে আমাক আৰু নিৰ্দেশ দিছে যে, আমি যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ সৈতে যেন কাকো অংশীদাৰ নকৰোঁ। ইয়াৰ উপৰিও তেখেতে আমাক, নামাজ, ৰোজা আৰু যাকাত আদায়ৰ নির্দেশ প্রদান কৰিছে। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁ সম্ৰাটৰ সন্মুখত এইদৰে ইছলামৰ বাণীসমূহ একেলেঠাৰীয়ে কৈ গল আৰু আমি সমৰ্থন কৰি গলোঁ। ইয়াৰ পিছত তেওঁ ক'লেঃ আমি তেখেতৰ ওপৰত ঈমান আনিছোঁ, আৰু তেখেতে যি লৈ আহিছে সেইটোৰ অনুসৰণ কৰিছোঁ। আমি এক আল্লাহক বিশ্বাস কৰোঁ, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ। সেই সকলো বস্তুক আমি হাৰাম বুলি গণ্য কৰোঁ, যিবোৰক তেওঁ হাৰাম কৰিছে, আৰু সেই সকলো বস্তুক আমি হালাল বুলি গণ্য কৰোঁ যিবোৰক তেওঁ হালাল কৰিছে।

কিছু তাৰতম্যৰ সৈতে ইয়াক আহমদে বৰ্ণনা কৰিছে (১৭৪০), আৰু আবু নুআইমে হিল্য়াতুল আউলিয়াত সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে। (১/১১৫)

ইছলামে কোনো মানুহকেই প্ৰভুৰ দৰে পৱিত্ৰ বুলি নামানে, আৰু তাক তাৰ মৰ্যাদাতকৈ অধিক মৰ্যাদা নিদিয়ে, আৰু কোনো মানুহকেই ভগৱান বা উপাস্যৰ পদত অধিষ্টিত নকৰে।

আল্লাহ তাআলাই কৈছেঃ

কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।

(ছুৰা আলে-ইমৰাণঃ ৬৪)

আল্লাহ তাআলাই আৰু কৈছেঃ

এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?

(ছুৰা আলে-ইমৰাণঃ ৮০)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি কোৱা।

(ছহীহুল বুখাৰীঃ হাদীছ নং ৩৪৪৫)

 ৪২) আল্লাহে ইছলামত তাওবাক (প্ৰায়শ্চিতক) মান্যতা প্ৰদান কৰিছে। তাওবাৰ অৰ্থ হৈছে, মানুহে যেতিয়াই কোনো পাপ কৰ্ম কৰিব তৎক্ষণাত যেন আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, আৰু পাপ কৰ্ম কৰা এৰি দিয়ে। যিদৰে ইছলাম গ্ৰহণ কৰিলে সকলো পাপ মোচন হৈ যায়, ঠিক সেইদৰে তাওবা কৰিলে সকলো গুনাহ নিঃশেষ হৈ যায়। কোনো মানুহৰ সন্মুখত অপৰাধ বা পাপকৰ্ম স্বীকাৰ কৰাৰ কোনো প্ৰয়োজন নাই।

আল্লাহে ইছলামত তাওবাক মান্যতা প্ৰদান কৰিছে। তাওবাৰ অৰ্থ হৈছে, মানুহে যেতিয়াই কোনো পাপ কৰ্ম কৰিব তৎক্ষণাত যেন আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, আৰু পাপ কৰ্ম কৰা এৰি দিয়ে। আল্লাহ তাআলাই কৈছেঃহে মুমিনসকল! তোমালোকে আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।(ছুৰা আন-নূৰঃ ৩১)আল্লাহ তাআলাই আৰু কৈছেঃসিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু ছাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।(ছুৰা আত-তাওবাহঃ ১০৪)আল্লাহ তাআলাই আৰু কৈছেঃআৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।(ছুৰা আশ্ব-শ্বুৰাঃ ২৫)আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃআল্লাহ তাআলাই তেওঁৰ মুমিন বান্দাৰ তাওবাৰ ফলত সেই ব্যক্তিতকৈও অধিক আনন্দিত হয়, যিয়ে ছাঁ পানীহীন আশংকাপূৰ্ণ বিজন পথাৰত টোপনিত গ'ল, আৰু তেওঁৰ সৈতে আছিল এটা বাহন যাৰ পিঠিত আছিল তেওঁৰ খাদ্য আৰু পানীয়। ইয়াৰ পিছত টোপনিৰ পৰা সাৰ পাই তেওঁ দেখিলে যে, তেওঁৰ খাদ্য সামগ্ৰীও নাই আৰু বাহনো নাই। তেওঁ বাহন বিচাৰি বিচাৰি অৱশেষত তৃষ্ণাতুৰ হৈ পৰিল আৰু ক'লেঃ মই পুনৰ মোৰ আগৰ ঠাইলৈ উভতি যাম আৰু তাতগৈ চিৰনিদ্ৰা গ্ৰহণ কৰিম যাতে মই তাতেই মৃত্যুবৰণ কৰোঁ। এই বুলি তেওঁ নিজৰ মৃত্যু কামনা কৰি বাহুৰ ওপৰত মূৰ ৰাখি শুলে। কিছু সময় পিছত টোপনিৰ পৰা সাৰ পাই দেখিলে, তাৰ বাহন খাদ্য সামগ্ৰী লৈ তাৰ ওচৰতেই থিয় দি আছে। বাহন আৰু খাদ্য সামগ্ৰী ঘূৰাই পাই সেই ব্যক্তিজন যিমান আনন্দিত হয়, মুমিন বান্দাৰ তাওবাৰ ফলত আল্লাহে তাতোকৈ বেছি আনন্দিত হয়।(ছহীহ মুছলিমঃ ২৭৪৪)যিদৰে ইছলাম গ্ৰহণ কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়, ঠিক সেইদৰে তাওবা কৰিলেও পূৰ্বৱৰ্তী সকলো গুনাহ নিঃশেষ হৈ যায়। আল্লাহ তাআলাই কৈছেঃযিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।(ছুৰা আল-আনফালঃ ৩৮)আল্লাহ তাআলাই খৃষ্টানসকলক তাওবাৰ প্ৰতি আহ্বান কৰি কৈছেঃকি হ’ল সিহঁতে আল্লাহৰ ফালে উভতি নাহিবনে আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।(ছুৰা আল-মায়িদাহঃ ৭৪)আল্লাহ তাআলাই সকলো পাপিষ্ঠ আৰু গুনাহকাৰী ব্যক্তিক তাওবা কৰিবলৈ উৎসাহিত কৰি কৈছেঃ(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।(ছুৰা আঝ-ঝুমৰঃ ৫৩)আমৰ বিন আচ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া তেওঁৰ আশংকা হ'ল যে, ইতিপূৰ্বে মই যিবোৰ পাপকৰ্ম কৰিছোঁ সেইবোৰ ক্ষমা হ'ব নে নাই? তেওঁ নিজৰ এই আশংকাৰ কথা উল্লেখ কৰি কৈছেঃআল্লাহে যেতিয়া মোৰ অন্তৰত ইছলামৰ প্ৰতি অনুৰাগ সৃষ্টি কৰি দিলে, তেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিবলৈ তেখেতৰ ওচৰত আহি উপস্থিত হ'লোঁ, তেখেতে বাইআত ল'বলৈ মোৰ ফালে হাত প্ৰসাৰিত কৰিলে। তেতিয়া মই ক'লোঃ "হে আল্লাহৰ ৰাছুল! মই তেতিয়ালৈকে বাইআত নকৰোঁ যেতিয়ালৈকে আপুনি মোৰ পূৰ্বৱৰ্তী সকলো পাপ ক্ষমা কৰাই নিদিব"। এই শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লেঃ "হে আমৰ! তুমি নাজানা নেকি যে, হিজৰত কৰিলে সকলো গুনাহ মাফ হৈ যায়? আৰু ইছলাম গ্ৰহণ কৰিলেও পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া হয়"।মুছলিমে এইদৰেই বিস্তাৰিত বৰ্ণনা কৰিছে (১২১), আহমদ (৮০২৯) শব্দবোৰ আহমদৰ।

হে মুমিনসকল! তোমালোকে আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।

(ছুৰা আন-নূৰঃ ৩১)

আল্লাহ তাআলাই আৰু কৈছেঃ

সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু ছাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

(ছুৰা আত-তাওবাহঃ ১০৪)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।

(ছুৰা আশ্ব-শ্বুৰাঃ ২৫)

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আল্লাহ তাআলাই তেওঁৰ মুমিন বান্দাৰ তাওবাৰ ফলত সেই ব্যক্তিতকৈও অধিক আনন্দিত হয়, যিয়ে ছাঁ পানীহীন আশংকাপূৰ্ণ বিজন পথাৰত টোপনিত গ'ল, আৰু তেওঁৰ সৈতে আছিল এটা বাহন যাৰ পিঠিত আছিল তেওঁৰ খাদ্য আৰু পানীয়। ইয়াৰ পিছত টোপনিৰ পৰা সাৰ পাই তেওঁ দেখিলে যে, তেওঁৰ খাদ্য সামগ্ৰীও নাই আৰু বাহনো নাই। তেওঁ বাহন বিচাৰি বিচাৰি অৱশেষত তৃষ্ণাতুৰ হৈ পৰিল আৰু ক'লেঃ মই পুনৰ মোৰ আগৰ ঠাইলৈ উভতি যাম আৰু তাতগৈ চিৰনিদ্ৰা গ্ৰহণ কৰিম যাতে মই তাতেই মৃত্যুবৰণ কৰোঁ। এই বুলি তেওঁ নিজৰ মৃত্যু কামনা কৰি বাহুৰ ওপৰত মূৰ ৰাখি শুলে। কিছু সময় পিছত টোপনিৰ পৰা সাৰ পাই দেখিলে, তাৰ বাহন খাদ্য সামগ্ৰী লৈ তাৰ ওচৰতেই থিয় দি আছে। বাহন আৰু খাদ্য সামগ্ৰী ঘূৰাই পাই সেই ব্যক্তিজন যিমান আনন্দিত হয়, মুমিন বান্দাৰ তাওবাৰ ফলত আল্লাহে তাতোকৈ বেছি আনন্দিত হয়।

(ছহীহ মুছলিমঃ ২৭৪৪)

যিদৰে ইছলাম গ্ৰহণ কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়, ঠিক সেইদৰে তাওবা কৰিলেও পূৰ্বৱৰ্তী সকলো গুনাহ নিঃশেষ হৈ যায়। আল্লাহ তাআলাই কৈছেঃ

যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।

(ছুৰা আল-আনফালঃ ৩৮)

আল্লাহ তাআলাই খৃষ্টানসকলক তাওবাৰ প্ৰতি আহ্বান কৰি কৈছেঃ

কি হ’ল সিহঁতে আল্লাহৰ ফালে উভতি নাহিবনে আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

(ছুৰা আল-মায়িদাহঃ ৭৪)

আল্লাহ তাআলাই সকলো পাপিষ্ঠ আৰু গুনাহকাৰী ব্যক্তিক তাওবা কৰিবলৈ উৎসাহিত কৰি কৈছেঃ

(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

(ছুৰা আঝ-ঝুমৰঃ ৫৩)

আমৰ বিন আচ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া তেওঁৰ আশংকা হ'ল যে, ইতিপূৰ্বে মই যিবোৰ পাপকৰ্ম কৰিছোঁ সেইবোৰ ক্ষমা হ'ব নে নাই? তেওঁ নিজৰ এই আশংকাৰ কথা উল্লেখ কৰি কৈছেঃ

আল্লাহে যেতিয়া মোৰ অন্তৰত ইছলামৰ প্ৰতি অনুৰাগ সৃষ্টি কৰি দিলে, তেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিবলৈ তেখেতৰ ওচৰত আহি উপস্থিত হ'লোঁ, তেখেতে বাইআত ল'বলৈ মোৰ ফালে হাত প্ৰসাৰিত কৰিলে। তেতিয়া মই ক'লোঃ "হে আল্লাহৰ ৰাছুল! মই তেতিয়ালৈকে বাইআত নকৰোঁ যেতিয়ালৈকে আপুনি মোৰ পূৰ্বৱৰ্তী সকলো পাপ ক্ষমা কৰাই নিদিব"। এই শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লেঃ "হে আমৰ! তুমি নাজানা নেকি যে, হিজৰত কৰিলে সকলো গুনাহ মাফ হৈ যায়? আৰু ইছলাম গ্ৰহণ কৰিলেও পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া হয়"।

মুছলিমে এইদৰেই বিস্তাৰিত বৰ্ণনা কৰিছে (১২১), আহমদ (৮০২৯) শব্দবোৰ আহমদৰ।

 ৪৩) ইছলাম ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানুহে আল্লাহৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ মধ্যস্ততাৰ প্ৰয়োজন নাই। ইছলামে কোনো মানুহক বা জীৱ-জন্তুক তথা জড় বস্তুক উপাস্য হিচাপে লবলৈ কঠোৰভাৱে নিষেধ কৰে। আনকি আল্লাহৰ প্ৰভুত্ব আৰু তেওঁৰ উপাসনাৰ ক্ষেত্ৰত অংশীদাৰ স্থাপনকো কঠোৰভাৱে নিষেধ কৰে।

ইছলামত মানুহৰ সন্মুখত নিজৰ পাপকৰ্ম স্বীকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো ইছলামত মানুহে আল্লাহৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ মধ্যস্ততাৰ প্ৰয়োজন নাই। এই বিষয়ে ৩৬ নং দফাত আলোচনা কৰা হৈছে। যিদৰে আল্লাহে সকলো মানুহকেই তেওঁৰ ওচৰত তাওবা কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ উভতি আহিবলৈ আহ্বান কৰিছে, ঠিক সেইদৰে তেওঁ নবী আৰু ফিৰিস্তাসকলক তেওঁৰ আৰু তেওঁৰ বান্দাসকলৰ মাজত মধ্যস্ততা স্থিৰ কৰিবলৈ নিষেধ কৰিছে। আল্লাহ তাআলাই কৈছেঃএইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?(ছুৰা আলে-ইমৰাণঃ ৮০)এতেকে ইছলামে কোনো মানুহক বা আল্লাহৰ কোনো সৃষ্টিক উপাস্য হিচাপে লবলৈ কঠোৰভাৱে নিষেধ কৰে। আনকি আল্লাহৰ প্ৰভুত্ব আৰু তেওঁৰ উপাসনাৰ ক্ষেত্ৰত অংশীদাৰ স্থাপনকো কঠোৰভাৱে নিষেধ কৰে। যেনে- আল্লাহে খৃষ্টানসকলৰ বিষয়ে উল্লেখ কৰি কৈছেঃসিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!(ছুৰা আত-তাওবাহঃ ৩১)এইদৰে আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰিছে যে, কাফিৰসকলে নিজৰ আৰু আল্লাহৰ মাজত মধ্যস্ততা অৱলম্বন কৰে। আল্লাহ তাআলাই কৈছেঃজানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।(ছুৰা আঝ-ঝুমৰঃ ৩)আল্লাহে এই কথা স্পষ্ট কৰিছে যে, অজ্ঞতা যুগৰ মূৰ্ত্তিপূজকসকলে নিজৰ আৰু আল্লাহৰ মাজত মধ্যস্ততা গ্ৰহণ কৰিছিল, আৰু সিহঁতে কৈছিলঃ এইবোৰে আমাক আল্লাহৰ নৈকট্য লাভ কৰাত সহায় কৰিব।যিদৰে আল্লাহে নবী আৰু ফিৰিস্তাসকলকো বান্দা আৰু আল্লাহৰ মাজত মধ্যস্ততা বনাবলৈ নিষেধ কৰিছে, তেনেক্ষেত্ৰত অন্যান্য লোকসকলক মধ্যস্ততা বনোৱাৰ প্ৰশ্নই নুঠে। নবী আৰু ৰাছুলসকল স্বয়ং নিজেই সদায় আল্লাহৰ নৈকট্য লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিছিল। আল্লাহে নবী আৰু ৰাছুলসকলৰ বিষয়ে উল্লেখ কৰি কৈছেঃতেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।(ছুৰা আল-আম্বিয়াঃ ৯০)আল্লাহ তাআলাই আৰু কৈছেঃসিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটবৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।(ছুৰা আল-ইছৰাঃ ৫৭)অৰ্থাৎ তোমালোকে আল্লাহক এৰি যিসকল নবী আৰু পূণ্যৱান লোকসকলক আহ্বান কৰা, তেওঁলোক নিজেই আল্লাহৰ নৈকট্য অৰ্জনৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰে। তেওঁৰ কৰুণা লাভৰ আশা পোষণ কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। তেনেস্থলত আল্লাহক এৰি এওঁলোকক আহ্বান কৰাৰ যুক্তি ক'ত?

এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?

(ছুৰা আলে-ইমৰাণঃ ৮০)

এতেকে ইছলামে কোনো মানুহক বা আল্লাহৰ কোনো সৃষ্টিক উপাস্য হিচাপে লবলৈ কঠোৰভাৱে নিষেধ কৰে। আনকি আল্লাহৰ প্ৰভুত্ব আৰু তেওঁৰ উপাসনাৰ ক্ষেত্ৰত অংশীদাৰ স্থাপনকো কঠোৰভাৱে নিষেধ কৰে। যেনে- আল্লাহে খৃষ্টানসকলৰ বিষয়ে উল্লেখ কৰি কৈছেঃ

সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!

(ছুৰা আত-তাওবাহঃ ৩১)

এইদৰে আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰিছে যে, কাফিৰসকলে নিজৰ আৰু আল্লাহৰ মাজত মধ্যস্ততা অৱলম্বন কৰে। আল্লাহ তাআলাই কৈছেঃ

জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।

(ছুৰা আঝ-ঝুমৰঃ ৩)

আল্লাহে এই কথা স্পষ্ট কৰিছে যে, অজ্ঞতা যুগৰ মূৰ্ত্তিপূজকসকলে নিজৰ আৰু আল্লাহৰ মাজত মধ্যস্ততা গ্ৰহণ কৰিছিল, আৰু সিহঁতে কৈছিলঃ এইবোৰে আমাক আল্লাহৰ নৈকট্য লাভ কৰাত সহায় কৰিব।

যিদৰে আল্লাহে নবী আৰু ফিৰিস্তাসকলকো বান্দা আৰু আল্লাহৰ মাজত মধ্যস্ততা বনাবলৈ নিষেধ কৰিছে, তেনেক্ষেত্ৰত অন্যান্য লোকসকলক মধ্যস্ততা বনোৱাৰ প্ৰশ্নই নুঠে। নবী আৰু ৰাছুলসকল স্বয়ং নিজেই সদায় আল্লাহৰ নৈকট্য লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিছিল। আল্লাহে নবী আৰু ৰাছুলসকলৰ বিষয়ে উল্লেখ কৰি কৈছেঃ

তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।

(ছুৰা আল-আম্বিয়াঃ ৯০)

আল্লাহ তাআলাই আৰু কৈছেঃ

সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটবৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।

(ছুৰা আল-ইছৰাঃ ৫৭)

অৰ্থাৎ তোমালোকে আল্লাহক এৰি যিসকল নবী আৰু পূণ্যৱান লোকসকলক আহ্বান কৰা, তেওঁলোক নিজেই আল্লাহৰ নৈকট্য অৰ্জনৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰে। তেওঁৰ কৰুণা লাভৰ আশা পোষণ কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। তেনেস্থলত আল্লাহক এৰি এওঁলোকক আহ্বান কৰাৰ যুক্তি ক'ত?

 ৪৪) এই পুথিৰ শেষাংশত আমি এই কথা উল্লেখ কৰাটো উচিত বুলি ভাৱোঁ যে, মানুহ কাল, সম্প্ৰদায় আৰু দেশ হিচাপে ভিন ভিন, বৰং গোটেই মানৱ সমাজ নিজৰ নিজৰ চিন্তাধাৰা, জীৱনৰ উদ্দেশ্য, জলবায়ু আৰু কৰ্মানুসাৰে বিভিন্ন গোটত বিভক্ত হৈ আছে। তেনে পৰিস্থিতিত এনেকুৱা এজন পথপ্ৰদৰ্শকৰ প্ৰয়োজন, যিয়ে তেওঁলোকক সঠিক পথ দেখুৱাব। তথা এনেকুৱা এটা জীৱন ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে তেওঁলোকক একত্ৰিত কৰিব পাৰিব। আৰু এনেকুৱা এজন শাসকৰ প্ৰয়োজন যিয়ে তেওঁলোকক পৰিপূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰিব। এতেকে নবী আৰু ৰাছুলসকলে আল্লাহৰ অহীৰ মাধ্যমত এই দায়িত্বটোৱেই পালন কৰিছিল। তেওঁলোকে মানুহক কল্যাণ আৰু হিদায়তৰ পথ দেখুৱাইছিল। আল্লাহৰ চৰীয়তৰ ওপৰত সকলোকে একত্ৰিত কৰিছিল। তথা তেওঁলোকৰ মাজত সত্য সহকাৰে মীমাংসা কৰিছিল। গতিকে ৰাছুলসকলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আৰু ঐশী বাৰ্তাৰ যুগৰ পৰা তেওঁলোকৰ যুগৰ নিকটৱৰ্তী অনুসাৰে তেওঁলোক সঠিক পথত পৰিচালিত হৈছিল। এতেকে এতিয়া আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ দ্বাৰা নবী আৰু ৰাছুলসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰি দিয়া হৈছে। আল্লাহে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰয়ীতকেই কিয়ামত পৰ্যন্ত অৱশিষ্ট ৰখাৰ ঘোষণা কৰিছে। তথা ইয়াকেই মানুহৰ বাবে হিদায়ত, ৰহমত, জ্যোতি আৰু এনেকুৱা পথৰ পথপ্ৰদৰ্শক বনাইছে, যি পথে আল্লাহৰ ওচৰলৈকে লৈ যায়।

এই পুথিৰ শেষাংশত আমি এই কথা উল্লেখ কৰাটো উচিত বুলি ভাৱোঁ যে, মানুহ কাল, সম্প্ৰদায় আৰু দেশ হিচাপে ভিন ভিন, বৰং গোটেই মানৱ সমাজ নিজৰ নিজৰ চিন্তাধাৰা, জীৱনৰ উদ্দেশ্য, জলবায়ু আৰু কৰ্মানুসাৰে বিভিন্ন গোটত বিভক্ত হৈ আছে। তেনে পৰিস্থিতিত এনেকুৱা এজন পথপ্ৰদৰ্শকৰ প্ৰয়োজন, যিয়ে তেওঁলোকক সঠিক পথ দেখুৱাব। তথা এনেকুৱা এটা জীৱন ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে তেওঁলোকক একত্ৰিত কৰিব পাৰিব। আৰু এনেকুৱা এজন শাসকৰ প্ৰয়োজন যিয়ে তেওঁলোকক পৰিপূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰিব। এতেকে নবী আৰু ৰাছুলসকলে আল্লাহৰ অহীৰ মাধ্যমত এই দায়িত্বটোৱেই পালন কৰিছিল। তেওঁলোকে মানুহক কল্যাণ আৰু হিদায়তৰ পথ দেখুৱাইছিল। আল্লাহৰ চৰীয়তৰ ওপৰত সকলোকে একত্ৰিত কৰিছিল। তথা তেওঁলোকৰ মাজত সত্য সহকাৰে মীমাংসা কৰিছিল। গতিকে ৰাছুলসকলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আৰু ঐশী বাৰ্তাৰ যুগৰ পৰা তেওঁলোকৰ যুগৰ নিকটৱৰ্তী অনুসাৰে তেওঁলোক সঠিক পথত পৰিচালিত হৈছিল। কিন্তু যেতিয়া পথভ্ৰষ্টতা বাঢ়ি গ'ল, আৰু অজ্ঞানতা প্ৰসাৰিত হ'ল, লগতে মনেসজা অসংখ্য দেৱ-দেৱীৰ পূজাপাঠ আৰম্ভ হ'ল, তেতিয়া আল্লাহে তেওঁৰ অন্তিম নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক হিদায়ত আৰু সত্য ধৰ্ম প্ৰদান কৰি প্ৰেৰণ কৰিলে। যাতে তেওঁ মানুহক কুফৰী, অজ্ঞতা আৰু মূৰ্ত্তিপূজাৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমান আৰু হিদায়তৰ পোহৰলৈ আনিব পাৰে।

 ৪৫) সেয়ে হে মানৱ! মই আপোনাক বিনম্ৰতাপূৰ্বকভাৱে আহ্বান কৰোঁ যে, অন্ধভক্তি আৰু অন্ধবিশ্বাস এৰি সত্য মনে আন্তৰিকতাৰে আল্লাহৰ পথৰ পথিক হৈ যাওক। জানি থওক, নিশ্চিতভাৱে মৃত্যুৰ পিছত আপুনি আল্লাহৰ ওচৰতেই উভতি যাব লাগিব। গতিকে আপুনি আপোনাৰ দেহৰ প্ৰতি এবাৰ চিন্তা কৰি চাওক আৰু বিশ্বজগতৰ প্ৰতিও এবাৰ মনোযোগ দি চিন্তা-চৰ্চা কৰক, তাৰ পিছত ইছলাম কবূল কৰক। ইয়াৰ ফলত নিশ্চয় আপুনি দুনিয়া আৰু আখিৰাতত সুফল লাভ কৰিব। যদি আপুনি ইছলাম গ্ৰহণ কৰিব বিচাৰে তেন্তে কেৱল এই সাক্ষ্য দিলেই যথেষ্ট হ'ব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল। ইয়াৰ পিছত আপুনি আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰিছিল সেইবোৰৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লাগিব। লগতে এই কথা বিশ্বাস কৰিব লাগিব যে, আল্লাহে সকলোকে কবৰৰ পৰা জীৱিত কৰি উঠাব, আৰু সিহঁতৰ হিচাপ-নিকাচ কৰা হ'ব তথা কৰ্ম অনুযায়ী সিহঁতক প্ৰতিফল দিয়া হ'ব। আপুনি এইখিনি কথা বিশ্বাস কৰিলেই আপুনি মুছলিম বুলি গণ্য হ'ব। ইয়াৰ পিছত আপোনাৰ ওপৰত জৰুৰী হৈ পৰিব আল্লাহৰ নিৰ্ধাৰিত বিধি-বিধান মুতাবিক পাঁচ ওৱাক্ত নামাজ আদায় কৰা, যাকাত প্ৰদান কৰা, ৰমাজান মাহৰ ৰোজ পালন কৰা আৰু সামৰ্থ থাকিলে হজ্জ কৰা।

গতিকে হে মানৱ! মই আপোনাক বিনম্ৰতাপূৰ্বকভাৱে আহ্বান কৰোঁ যে, অন্ধভক্তি আৰু অন্ধবিশ্বাস এৰি সত্য মনে আন্তৰিকতাৰে আল্লাহৰ পথৰ পথিক হৈ যাওক। যিদৰে আল্লাহে আহ্বান কৰি কৈছেঃকোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ উঠি থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।(ছুৰা ছাবাঃ ৪৬)জানি থওক, মৃত্যুৰ পিছত নিশ্চিতভাৱে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰলৈকেই উভতি যাব লাগিব। আল্লাহ তাআলাই কৈছেঃমানুহে সেইটোৱে লাভ কৰে, যিটো সি চেষ্টা কৰে।আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ'ব-ইয়াৰ পিছত তেওঁক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ'ব।নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য।(ছুৰা আন-নাজমঃ ৪২-৩৯)আপুনি আপোনাৰ দেহৰ পিনে লক্ষ্য কৰি চাওক, লগতে ভূমণ্ডল আৰু আকাশমণ্ডলৰ প্ৰতিও লক্ষ্য কৰক, নিশ্চয় আপুনি সত্য উদ্ঘাটন কৰিব পাৰিব। আল্লাহ তাআলাই কৈছেঃআকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?(ছুৰা আল-আৰাফঃ ১৮৫)ইছলাম গ্ৰহণ কৰক, পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সুখী হ'ব। যদি আপুনি ইছলামত প্ৰৱেশ কৰিম বুলি ভাৱি আছে তেন্তে আপুনি কেৱল এই সাক্ষ্য প্ৰদান কৰিলেই যথেষ্ট হ'ব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল।ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুক যেতিয়া ইছলাম প্ৰচাৰৰ বাবে য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁক উপদেশ দি কৈছিলঃশুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মই (মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ প্ৰেৰিত ৰাছুল। এইটো সিহঁতে মানি ল'লে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। এইটোও সিহঁতে মানি ললে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত যাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা।(ছহীহ মুছলিমঃ ১৯)ইয়াৰ পিছত আপুনি সেই সকলো উপাস্যৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লাগিব, আল্লাহক এৰি যিবোৰৰ উপাসনা কৰা হয়। জানি থওক, আল্লাহৰ বাহিৰে উপাসনা কৰা উপাস্যবোৰৰ পৰা সম্পৰ্কচ্ছেদ কৰাটোৱেই হৈছে ইব্ৰাহীম আলাইহিচ্ছালামৰ নিৰ্ভেজাল নিষ্ঠাৱান মিল্লত। আল্লাহ তাআলাই কৈছেঃনিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ পৰা আমি সম্পৰ্কমুক্ত। আমি তোমালোকক অস্বীকাৰ কৰোঁ। আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান নানিবা’।(ছুৰা আল-মুমতাহিনাহঃ ৪)এই কথা বিশ্বাস কৰিব লাগিব যে, আল্লাহে সকলো মৃত ব্যক্তিকে জীৱিত কৰি উঠাব। আল্লাহ তাআলাই কৈছেঃএইটো এইবাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;আৰু এইবাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।(ছুৰা আল-হাজ্জঃ ৬-৭)হিচাপ-নিকাচ আৰু প্ৰতিদান সত্য। আল্লাহ তাআলাই কৈছেঃআল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।(ছুৰা আল-জাছিয়াহঃ ২২)

কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ উঠি থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।

(ছুৰা ছাবাঃ ৪৬)

জানি থওক, মৃত্যুৰ পিছত নিশ্চিতভাৱে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰলৈকেই উভতি যাব লাগিব। আল্লাহ তাআলাই কৈছেঃ

মানুহে সেইটোৱে লাভ কৰে, যিটো সি চেষ্টা কৰে।

আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ'ব-

ইয়াৰ পিছত তেওঁক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ'ব।

নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য।

(ছুৰা আন-নাজমঃ ৪২-৩৯)

আপুনি আপোনাৰ দেহৰ পিনে লক্ষ্য কৰি চাওক, লগতে ভূমণ্ডল আৰু আকাশমণ্ডলৰ প্ৰতিও লক্ষ্য কৰক, নিশ্চয় আপুনি সত্য উদ্ঘাটন কৰিব পাৰিব। আল্লাহ তাআলাই কৈছেঃ

আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?

(ছুৰা আল-আৰাফঃ ১৮৫)

ইছলাম গ্ৰহণ কৰক, পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সুখী হ'ব। যদি আপুনি ইছলামত প্ৰৱেশ কৰিম বুলি ভাৱি আছে তেন্তে আপুনি কেৱল এই সাক্ষ্য প্ৰদান কৰিলেই যথেষ্ট হ'ব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুক যেতিয়া ইছলাম প্ৰচাৰৰ বাবে য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁক উপদেশ দি কৈছিলঃ

শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মই (মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ প্ৰেৰিত ৰাছুল। এইটো সিহঁতে মানি ল'লে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। এইটোও সিহঁতে মানি ললে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত যাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা।

(ছহীহ মুছলিমঃ ১৯)

ইয়াৰ পিছত আপুনি সেই সকলো উপাস্যৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লাগিব, আল্লাহক এৰি যিবোৰৰ উপাসনা কৰা হয়। জানি থওক, আল্লাহৰ বাহিৰে উপাসনা কৰা উপাস্যবোৰৰ পৰা সম্পৰ্কচ্ছেদ কৰাটোৱেই হৈছে ইব্ৰাহীম আলাইহিচ্ছালামৰ নিৰ্ভেজাল নিষ্ঠাৱান মিল্লত। আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ পৰা আমি সম্পৰ্কমুক্ত। আমি তোমালোকক অস্বীকাৰ কৰোঁ। আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান নানিবা’।

(ছুৰা আল-মুমতাহিনাহঃ ৪)

এই কথা বিশ্বাস কৰিব লাগিব যে, আল্লাহে সকলো মৃত ব্যক্তিকে জীৱিত কৰি উঠাব। আল্লাহ তাআলাই কৈছেঃ

এইটো এইবাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;

আৰু এইবাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।

(ছুৰা আল-হাজ্জঃ ৬-৭)

হিচাপ-নিকাচ আৰু প্ৰতিদান সত্য। আল্লাহ তাআলাই কৈছেঃ

আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

(ছুৰা আল-জাছিয়াহঃ ২২)

এই সাক্ষ্য প্ৰদান কৰাৰ লগে লগে আপুনি মুছলিম হিচাপে বিবেচিত হ'ব, ইয়াৰ পিছত আপুনি বিধি অনুসাৰে আল্লাহৰ ইবাদত কৰিব লাগিব, পাঁচ ওৱাক্ত নামাজ আদায় কৰিব লাগিব, যাকাত প্ৰদান কৰিব লাগিব, ৰোজা পালন কৰিব লাগিব, ভ্ৰমণৰ খৰচ বহন কৰাৰ সামৰ্থ থাকিলে হজ্জ পালন কৰিব লাগিব।

তাৰিখ ১৯-১১-১৪৪১ হিজৰী, অসমীয়া অনুবাদ ৩১-০৩-২০২১ চন।

লেখকঃ ড. মুহাম্মদ বিন আব্দুল্লাহ আচ-ছুহাইম

ইছলামী গৱেষণা প্ৰশিক্ষণ বিভাগৰ প্ৰাক্তন আক্বীদাহ বিষয়ক শিক্ষক

প্ৰশিক্ষণ মহাবিদ্যালয়, মালিক ছঊদ বিশ্ববিদ্যালয়

ৰিয়াদ, ছৌদি আৰব


ইল্মী বিভাগ:

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ