- অসমীয়া
- অসমীয়া
ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।
- অসমীয়া লেখক : মুহাম্মদ আল-আমীন আশ্ব-শ্বানক্বীতি অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
“ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে: প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম আৰু আন আন কৰ্মৰ মাজত পাৰ্থক্য। চতুৰ্থ: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানেৰে বিচাৰ-ফয়ছালা (মীমাংসা) কৰা। পঞ্চম: সামাজিক অৱস্থা। ষষ্ঠ: অৰ্থনীতি। সপ্তম: ৰাজনীতি। অষ্টম: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰজনিত সমস্যা। নৱম: সংখ্যাত আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাফিৰসকলৰ প্ৰতিৰোধত মুছলিমসকলৰ দুৰ্বলতাজনিত সমস্যা। দশম: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা
- অসমীয়া লেখক : নাজী বিন ইব্ৰাহীম আল-আৰফাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্যন্ত। এই পুথিৰ বিশেষ এটা বৈশিষ্ট্য হৈছে, বৰ্তমান ইয়াহূদী আৰু খ্ৰীস্টানসকলৰ হাতত থকা বাইবেল (ৱল্ড টেস্টামেন্ট আৰু নিউ টেস্টামেন্ট)-ৰ আলোকত আল্লাহৰ তাওহীদ প্ৰমাণ কৰা হৈছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।
Follow us: