ইল্মী বিভাগ

  • MP3

    তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ। ভাই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমানে দৰং জিলাৰ হিৰাপাৰাত অনুষ্ঠিত ইছলামিক চেমিনাৰত প্ৰদান কৰা এটা ভাষণ। ইয়াত তেখেতে তৌহীদৰ প্ৰকাৰ সমূহ আৰু ইয়াৰ চমু ব্যখ্যা দাঙি ধৰিছে।

  • PDF

    “ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে: প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম আৰু আন আন কৰ্মৰ মাজত পাৰ্থক্য। চতুৰ্থ: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানেৰে বিচাৰ-ফয়ছালা (মীমাংসা) কৰা। পঞ্চম: সামাজিক অৱস্থা। ষষ্ঠ: অৰ্থনীতি। সপ্তম: ৰাজনীতি। অষ্টম: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰজনিত সমস্যা। নৱম: সংখ্যাত আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাফিৰসকলৰ প্ৰতিৰোধত মুছলিমসকলৰ দুৰ্বলতাজনিত সমস্যা। দশম: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা

  • MP3

    সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ