কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়?

চমু বিৱৰণ

এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক

বিস্তাৰিত বিৱৰণী

    কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়?

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ড. আৰফান আলী

    সম্পাদনাঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    أيهما أفضل الهندوسية أم الإسلام ، ولماذا ؟

    القسم العلمي بموقع الإسلام سؤال وجواب —™

    مراجعة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم


    এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়?

    প্ৰশ্নঃ

    বাৰু, মোৰ নাম বিজয়, মই ভাৰত মহা সাগৰত অৱস্থিত মৰিছাছৰ বাসিন্দা। অনুগ্ৰহ কৰি মোক জনাওঁক কোনটো ধৰ্ম আটাইতকৈ উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? মই এজন হিন্দু।

    উত্তৰঃ

    সকলো প্ৰসংশা একমাত্ৰ আল্লাহৰ বাবে।

    সত্য ধৰ্ম হ’ল সেই ধৰ্ম যি ধৰ্মত এই কথাৰ প্ৰমাণ আছে যে তাৰ ওপৰত সৃষ্টিকৰ্তা (সুউচ্চ আৰু সুমহান) সন্তুষ্ট, আৰু যিটোক তেওঁ মানৱ জাতিৰ বাবে জ্যোতি হিচাপে অৱতীৰ্ণ কৰিছে যিয়ে তেওঁলোকৰ পাৰ্থিৱ জীৱনত সূখ কঢ়িয়াই আনিব আৰু পৰকালত নিৰাপত্তা প্ৰদান কৰিব। সত্য ধৰ্মৰ দলীল প্ৰমাণ অতি স্পষ্ট হ’ব লাগে যাতে ইয়াৰ বিষয়ে মানুহৰ কোনো সন্দেহ নাথাকে বা ধৰ্মৰ কোনো বিধানক যাতে প্ৰত্যাহ্বান কৰিব নোৱাৰে। সুউচ্চ আৰু সুমহান আল্লাহে জানে যে মিছলীয়া আৰু ঠগবাজ সকলে তেওঁলোকৰ মিছাৰ সমৰ্থনৰ বাবে কেনে ধৰণৰ ঘূনীয়া প্ৰমাণ উপস্থাপন কৰিব পাৰে; সেইকাৰণে তেওঁ তেওঁৰ দূত আৰু মনোনীত ব্যক্তিসকলক সমৰ্থনৰ বাবে বহুতো আলৌকিকতা আৰু সুস্পষ্ট নিদৰ্শন দিয়াৰ সিদ্ধান্ত ল’লে যিবোৰে মানুহৰ সন্মূখত এইজন মানুহৰ সত্যতা প্ৰতিপন্ন কৰিছিল যিজনে তেওঁৰ প্ৰতিপালকৰ পৰা প্ৰত্যাদেশ (অহি) লাভ কৰিছিল যাতে মানুহবোৰে তেওঁক বিশ্বাস কৰে আৰু তেওঁক অনুসৰণ কৰে।

    এইদৰে ইছলাম ধৰ্মৰ বাৰ্তাবাহক নবী মুহাম্মাদ (তেওঁৰ ওপৰত দৰূদ বৰ্ষিত হওঁক) য়ে বহুতো বিস্ময়কৰ ধৰণৰ নিদৰ্শন লৈ আহিছিল, যিবোৰৰ ওপৰত বহু ডাঙৰ ডাঙৰ কিতাপ ৰচনা কৰা হৈছে। কিন্তু এই আটাইবোৰতকৈ উত্তম হ’ল পৱিত্ৰ ক্বোৰআন, যিয়ে আৰবীয়ান সকলক প্ৰত্যাহ্বান জনাইছিল সৰ্বক্ষেত্ৰত নিখূত ইয়াৰ দৰে এটি কিতাপ ৰচনা কৰি আনিবলৈ। কাৰণ এই ক্বোৰআনত আছে ভাষাগত চমত্কাৰ; ইতিহাসবিদসকলৰ ঐক্যমতত আৰবৰ ক্বুৰাইশ্বসকলৰ সুন্দৰতম আৰু প্ৰভাৱশালী বক্তাসকলেওঁ যিটোৰ দৰে কোনো ৰচনাশৈলী আগবঢ়াব পৰা নাই। ইয়াত আৰু আছে বৈজ্ঞানিক নিদৰ্শন, যিহেতু পৱিত্ৰ ক্বোৰআন আৰু আল্লাহৰ দূত (তেওঁৰ ওপৰত শান্তি বৰ্ষিত হওঁক) ৰ বাণীয়ে (এক প্ৰকাৰৰ ছূন্নাহ; ৰীতি) মানুহে অনুধাৱন কৰাৰ আগতে কিছূমান বৈজ্ঞানিক পৰিঘটনাৰ প্ৰত্যক্ষ কৰে যিবোৰ সেই সময়ত দৈৱ অনুপ্ৰেৰণা অবিহনে মানুহে জনাটো সম্ভৱ নাছিল। এই ক্বোৰআনত আৰু আছে অতি প্ৰাচীন কালত সংঘটিত হোৱা ঘটনা প্ৰবাহৰ আৰু ভৱিষ্যতৰ পৰিঘটনা সমূহৰ বৰ্ণনা, ইফালে মুহাম্মাদ (তেওঁৰ ওপৰত শান্তি বৰ্ষিত হওঁক)ৰ পূৰ্বৰ ইতিহাসৰ কোনো জ্ঞান নাছিল, আৰু এইবোৰ বিষয়ে জ্ঞান থকা অইন কোনো ব্যক্তিওঁ সেই দেশত নাছিল একমাত্ৰ অৱশিষ্ট কিছূমান কিতাপধাৰী (ইহুদী আৰু খৃষ্টান) লোকৰ বাহিৰে। ইয়াত (ক্বোৰআনত) আৰু আছে বিধিগত নিদৰ্শন সমূহ, যিবোৰ সাৰ্বজনীন ক্ষেত্ৰত লক্ষ্য কৰা যায় যেনে ব্যক্তিগত আচাৰ-ব্যৱহাৰ, ব্যক্তি আৰু পৰিয়াল নিয়ন্ত্ৰক বিধানত, আন্তৰ্জাতিক সম্বন্ধীয় আইনত আৰু সামাজিক নীতি-নিয়মবোৰত; ই মানুহৰ মাজত সমবিচাৰ আৰু স্বাধীনতাৰ নীতিৰ ভিত্তি স্থাপন কৰে; ই এই পৃথিৱীৰ, অদৃশ্য আৰু পৰজগতৰ সাৰ্থক ধাৰণা প্ৰদান কৰে, আৰু অনন্ত সূখ বা দূৰ্গতিৰ ধাৰণা দিয়ে। এই সকলোবোৰ আহিছে এজন নিৰক্ষৰ মানুহৰ পৰা যিজনে পঢ়িবওঁ নাজানিছিল আৰু লিখিবওঁ নাজানিছিল, কিন্তু তেওঁৰ বন্ধু বা শুভাকাঙ্খীসকলৰ পূৰ্বে তেওঁৰ শত্ৰুসকলেওঁ তেওঁৰ সততাৰ আৰু বিশ্বাসযোগ্যতাৰ সাক্ষ্যদান কৰিছিল। তেতিয়াই এই ইছলাম হৈ পৰিছিল এক দৃঢ় ভিত্তি যাৰ ওপৰত মুছলিমসকলে গৌৰৱোজ্জ্বল ইছলামীয় সভ্যতা গঢ়িছিল যিটো চৈধ্যশ বছৰতকৈওঁ অধিককালৰ পৰা প্ৰতিষ্ঠিত।

    আমাৰ দৃষ্টিত আটাইতকৈ উত্তম ধৰ্ম হ’ল সেই ধৰ্ম যিয়ে আপোনাক এনে এক শক্তিৰ লগত যুক্ত কৰে, যি শক্তিয়ে আপোনাক সৃষ্টি কৰিছে আৰু দয়া বা আশীৰ্বাদ কৰিছে আৰু আকাশমণ্ডল আৰু পৃথিৱীৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ ৰাখে। এয়েই হ’ল সেই শক্তি যিয়ে আপোনাৰ ওপৰত কৃপা ৰাখিব আৰু পৰকালত আপোনাৰ লগত থাকিব, যদি আপুনি ইয়াৰ ওপৰত বিশ্বাস ৰাখে আৰু সত্কৰ্ম কৰে। এইজন হ’ল আল্লাহ, সুউচ্চ আৰু সুমহান, এক আৰু একক, স্ব-প্ৰবহমান আৰু সৰ্ব-প্ৰবহমান (the One, the Unique, the Self-Sustaining and All-Sustaining)

    উত্তম ধৰ্মই আপোনাক তেওঁৰ বাহিৰে আনৰ লগত যুক্ত নকৰে কাৰণ তেওঁৰ বাহিৰে আন সকলোবোৰেই সৃষ্ট আৰু দূৰ্বল, আৰু তেওঁৰ (সুউচ্চ) মূখাপেক্ষী। এনেদৰে মানুহে একমাত্ৰ সত্য উপাস্য আল্লাহৰ বাহিৰে আনৰ দাসত্বৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব পাৰে আৰু পাৰ্থিৱ ভোগ-বিলাসৰ পৰা নিৰাসক্ত হ’ব পাৰে যিবোৰে মানৱতাৰ অৱক্ষয় ঘটায়, অবৈধ কৰ্ম আৰু অত্যচাৰীতা, যিবোৰৰ আটাইবোৰেই মিছা ধৰ্মৰ নামত কৰা হয় যিয়ে জাতিভেদ প্ৰথাৰ উত্সাহ যোগায় [ড০ আল আ’জমিৰ ‘দিৰাছা’ত নামৰ কিতাপৰ (পৃঃ ৫৬৫) আত তাবাক্বাত ফিল মুজতামা’ আল হিন্দুছি (হিন্দু সমাজত জাতিভেদ প্ৰথা) নামৰ গৱেষণা পত্ৰ চাওঁক], সুউচ্চ আৰু সুমহান আল্লাহৰ বাহিৰে আন উপাস্যৰ দাসত্বক বৈধ কৰে, বৰং জন্তুৰ উপাসনাকো বৈধ কৰে, যেনে গৰু বা অন্যন্য জন্তুৰ। মানৱ জাতি, যাক আল্লাহে তেওঁৰ সৃষ্ট বিবেক আৰু আত্মা প্ৰদান কৰি শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু সন্মান আৰু সৌষ্ঠৱ দান কৰিছে যদিওঁ তেওঁলোকে তেওঁৰ কোনো উপকাৰ সাধিব নোৱাৰে বা কোনো অনিষ্টওঁ দূৰ কৰিব নোৱাৰে; প্ৰকৃতাৰ্থত আনৰ উপকাৰ বাদেই তেওঁলোকে নিজৰ কাৰণেওঁ একো কৰিব নোৱাৰে।

    আটাইতকৈ উত্তম ধৰ্ম হ’ল সেই ধৰ্ম যিয়ে এই পৃথিৱীত আৰু পৰকালৰ শান্তিৰ পথলৈ প্ৰদৰ্শন কৰাৰ বাবে প্ৰদান কৰে এক সমন্বিত পদ্ধতি, কাৰণ ধৰ্মৰ লক্ষ্য হ’ল শান্তি অৰ্জন কৰা, আৰু সেয়া সুউচ্চ আৰু সুমহান আল্লাহৰ নিৰ্দেশনা নোহোৱাকৈ অৰ্জন কৰাটো সম্ভৱ নহয়। ইছলামত আমি জীৱনৰ সৰ্বক্ষেত্ৰত লাভ কৰো দিক নিৰ্দেশনাঃ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু দৰ্শন ব্যৱস্থাত, যাতে সাৰ্বিক ক্ষেত্ৰত শান্তি লাভ কৰিব পৰা যায়। ইছলামৰ প্ৰাথমিক যুগত যেতিয়া মুছলিমসকলে এই শিক্ষাবোৰত খামূচি ধৰি ৰাখিছিল তেওঁলোকে ন্যায় আৰু সুন্দৰ মনষ্কতাৰ ওপৰত নিৰ্ভৰ কৰি উন্নত মানৰ জীৱন ধাৰণ কৰিব পাৰিছিল। যেতিয়া তেওঁলোকে এই মূল্যবোধবোৰৰ প্ৰতি অমনোযোগী হৈ পৰিল, জীৱন ধাৰণৰ উন্নয়ন হেৰাই পেলালে যিটো আল্লাহে তেওঁলোকক প্ৰদান কৰিছিল। আটাইতকৈ উত্তম ধৰ্ম হ’ল সেই ধৰ্ম যিটো আবিৰ্ভাৱৰ ক্ৰমত আটাইতকৈ শেষত, যিয়ে তাৰ আগতে আবিৰ্ভাৱ হোৱা সঠিক ধৰ্মবিশ্বাসবোৰক সত্যায়ন কৰে, যিয়ে পূৰ্বৰ কোনো সময়ৰ বহুল প্ৰচলিত আৰু কালোপযোগী নিয়মক (বৰ্তমানত অনুপযোগী হোৱা বাবে) নাকচ বা বাতিল কৰে, আৰু সেই পূৰ্বৰ ধৰ্মগ্ৰন্থবোৰত থকা ভৱিষ্যতবাণীবোৰৰ পূৰ্ণতাৰ সাক্ষী প্ৰদান কৰে, যিবোৰ গ্ৰন্থই অন্তিম সময়ত আহিবলগীয়া বাৰ্তাবাহক বা দূতজনৰ কথা কৈছে আৰু তেওঁৰ নিদৰ্শন আৰু চাৰিত্ৰিক বৈশিষ্টৰ বিষয়ে বৰ্ণনা দিছে।

    পৱিত্ৰ ক্বোৰআনে আমাক জনায় যে পূৰ্বৰ প্ৰতিজন বাৰ্তাবাহক আৰু দূতসকলে এজন দূতৰ বিষয়ে জানিছিল যিজনক অন্তিম সময়ত পঠোৱা হ’ব, যাৰ নাম হ’ব মুহাম্মাদ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) যাৰ আবিৰ্ভাৱৰ লগে লগে সুউচ্চ আৰু সুমহান আল্লাহে দূত পঠোৱাৰ পৰম্পৰা শেষ কৰি দিব। সুউচ্চ আৰু সুমহান আল্লাহে কৈছেঃ

    ( وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ النَّبِيِّينَ لَمَا آتَيْتُكُمْ مِنْ كِتَابٍ وَحِكْمَةٍ ثُمَّ جَاءَكُمْ رَسُولٌ مُصَدِّقٌ لِمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِ وَلَتَنْصُرُنَّهُ قَالَ أَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَى ذَلِكُمْ إِصْرِي قَالُوا أَقْرَرْنَا قَالَ فَاشْهَدُوا وَأَنَا مَعَكُمْ مِنَ الشَّاهِدِينَ ) (آل عمران: 81}

    "আৰু স্মৰণ কৰা! আল্লাহে নবীসকলৰ মাধ্যমত অঙ্গীকাৰ কৰিছিল -- ''নিঃসন্দেহে মই তোমালোকক কিতাপ আৰু জ্ঞান প্রদান কৰিছো, তাৰপিছত তোমালোকৰ ওচৰলৈ এজন ৰাছূল (দূত) আহিব যিজনে তোমাোলোকৰ ওচৰত যি কিতাপ আছে সেয়া সত্যায়ন কৰিব। তোমালোকে নিশ্চয় তেওঁৰ প্রতি ঈমান আনিবা আৰু নিশ্চয় তেওঁক সাহায্য কৰিবা।’’ তেওঁ কৈছিল -- ''তোমালোকে স্বীকাৰ কৰিলানে? আৰু এই ক্ষেত্ৰত মোৰ চর্ত গ্রহণ কৰিলানে?’’ তেওঁলোকে কৈছিল -- ''আমি স্বীকাৰ কৰিলো।’’ তেওঁ ক’লে -- ''তেন্তে তোমালোকে সাক্ষী থাকা, আৰু মইয়ো তোমালোকৰ লগত সাক্ষ্যদাতাসকলৰ অন্যতম।’’ (ছূৰা আল-ইমাৰাণ ৩:৮১)

    সেই কাৰণে আমি পূৰ্বৱৰ্তী ধৰ্ম সমূহত অবিকৃত অৱশিষ্ট কিছূমান ভৱিষ্যতবাণী পাওঁ যিবোৰে প্ৰশংসিত মুহাম্মদ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) ৰ বিৱৰণী দিয়ে। তৌৰাহ (The Torah) আৰু গছপেল (the Gospel) এনে ভৱিষ্যতবাণীৰে ভৰপূৰ, কিন্তু সেইবোৰৰ পৰা ইয়াত উদ্ধৃতি দিয়াৰ কোনো প্ৰয়োজন নাই। তাতকৈ ইয়াত আমাৰ বেছি প্ৰয়োজন হ’ল হিন্দু ধৰ্মৰ পৱিত্ৰ গ্ৰন্থসমূহত স্পষ্টভাৱে থকা ভৱিষ্যতবাণীসমূহ যিবোৰে আমাৰ নাবী মুহাম্মদ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই ভৱিষ্যতবাণীবোৰে এইটো প্ৰমাণ নকৰে যে এই গ্ৰন্থবোৰ নিৰ্ভূল বা সত্য; এইবোৰে কেৱল ইয়াত অৱশিষ্ট থকা কিছূমান সত্যবাণীলৈহে উনুকিয়ায় যিবোৰ বহু প্ৰাচীন কালত প্ৰেৰিত হোৱা নবী সকলৰ প্ৰদত্ত বাৰ্তাসমূহৰ পৰা লোৱা হৈছিল।

    উপৰোক্ত কথাখিনি ড০ মুহাম্মদ জিয়াউৰ ৰহমান আল আ’জমিৰ মূল্যবান কিতাপ ‘দিৰাছাত ফিল ইয়াহুদিয়্যাহ ৱাল মাছিহিয়্যাহ ৱা আদিয়ান আল হিন্দ’ (ইহুদী, খৃষ্টান আৰু ভাৰতীয় ধৰ্মসমূহৰ অধ্যয়ন), পৃঃ ৭০৩-৭৪৬ ৰ পৰা উদ্ধৃত কৰা হৈছে। বিশেষকৈ, যিহেতু লেখকজন এজন ভাৰতীয়, আৰু ডক্টৰেট ডিগ্ৰী অৰ্জনকাৰী যিজনে সেই কিতাপবোৰ পঢ়িবলৈ সক্ষম যিবোৰ আমাৰ জনামতে আৰবী ভাষালৈ অনুবাদ কৰা হোৱা নাই।

    ১. "সেই সময়ত চাম্ভালা নগৰত (অৰ্থাৎ নিৰাপদ স্থান বা শান্তিৰ নগৰী), এজন মানুহৰ ঘৰত যিজনৰ নাম হ’ব বিষ্ণু ভগত (অৰ্থাৎ আব্দুল্লাহ বা ঈশ্বৰৰ দাস), যিজন বিশুদ্ধ হৃদয় সম্পন্ন, তেওঁৰ ঘৰত জন্ম হ’ব কল্কী (অৰ্থাৎ যিজন বিশুদ্ধ, আৰু পাপ আৰু অন্যায়পৰায়ণতাৰ পৰা পৱিত্ৰ)।" (ভাগৱত পুৰাণ ২/১৮)। এই কথা সৰ্বজন বিধিত যে নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) পিতাকৰ নাম আছিল আব্দুল্লাহ (আল্লাহৰ দাস বা ঈশ্বৰৰ দাস), আৰু ক্বোৰআনত মক্কা নগৰক নিৰাপদ স্থান বুলি কোৱা হৈছে।

    ২. "কল্কী জন্ম গ্ৰহণ কৰিব বিষ্ণু ভগতৰ ঘৰত, তেওঁৰ পত্নী সুমতিৰ গৰ্ভত, যাৰ নামৰ অৰ্থ হ’ল শান্ত আৰু নিৰাপদ নাৰী, যিটো আমিনাহ নামৰ অৰ্থ।" (কল্কী পুৰাণ ২/১১)। এই কথাওঁ সৰ্বজন জ্ঞাত যে আমাৰ নাবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) মাকৰ নাম আছিল আমিনাহ, ৱাহবৰ জীয়েক। (কল্কী পুৰাণ ২/১১)

    ৩. "তেওঁ মাধৱ নামৰ মাহৰ ১২ তাৰিখে জন্ম গ্ৰহণ কৰিব (যাক চৈত্ৰ, বসন্ত মাহ হিচাপেওঁ জনা যায়) [যাৰ অৰ্থ হ’ল সেই মাহটো মানুহৰ প্ৰিয় হ’ব, যিটোমাহৰ নাম হ’ল আৰ-ৰাবি (বসন্ত)]।" (কল্কী পুৰাণ ২/১৫)। নবীজনৰ জীৱনী গ্ৰন্থসমূহত তেওঁৰ জন্ম ৰাবি আল আউৱাল মাহৰ ১২ তাৰিখ বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে, যদিওঁ বিদ্বানসকলৰ মাজত এই বিষয়লৈ মতপাৰ্থক্য আছে।

    ৪. "কল্কীৰ আঠটা চাৰিত্ৰিক বৈশিষ্ট্য থাকিব, সেইবোৰ হ’লঃ

    প্ৰজ্ঞা (ভৱিষ্যতৰ অগ্ৰীম জাননী),

    কুলিনাটা (লোকৰ মাজত আটাইতকৈ উন্নত চৰিত্ৰৰ, উদাৰ, অভিজাত)

    ইন্দ্ৰিদমন (আত্ম-নিয়ন্ত্ৰন বা আত্ম সংযম)

    শ্ৰুত (প্ৰত্যাদেশ বাণী লাভ কৰা)

    প্ৰাক্ৰম (দৈহিক বল)

    আবু ভাষিতা (অল্প ভাষী)

    দান (দানকাৰী)

    কৃতজ্ঞতা (উপকাৰৰ কৃতজ্ঞতা জ্ঞাপন)"

    এই আটাইবোৰেই আমাৰ নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) গুণসমূহৰ ভিতৰত কেইটামান গুণ যিবোৰৰ সত্যতা সকলো আৰববাসীয়ে স্বীকাৰ কৰিছে যিসকলে তেওঁক জানিছিল, তেওঁলোক ইছলাম গ্ৰহণ কাৰীয়েই হওঁক বা অবিশ্বাসীয়েই হওঁক।

    ৫. "তেওঁ অশ্বাৰোহনকাৰী হ’ব য’ৰ পৰা জ্যোতি নিৰ্গত হ’ব, আৰু তেওঁৰ সম্ভ্ৰম আৰু সৌন্দৰ্য্যত অপ্ৰতিদ্বন্দী হ’ব; তেওঁক খাতনা কৰা হ’ব (circumcised); আৰু তেওঁ লাখ লাখ অপৰাধকাৰী আৰু অবিশ্বাসীক ধ্বংস কৰিব।" (ভাগৱত পুৰাণ, ১২-২-২০)। হিন্দুসকলে খাতনা (Circumcision) নকৰে; বৰঞ্চ এইটো এটা ইছলামীয় বাধ্য বাধকতা, যিটো নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) অনুসৰণকাৰীসকলৰ ভিতৰত পুৰুষসকলৰ ওপৰত জৰুৰী।

    ৬. "তেওঁৰ সঙ্গীসকলৰ চাৰিজনৰ সাহায্যত তেওঁ চয়তানক ধ্বংস কৰিব, আৰু ফিৰিশ্তা (দেৱদূত বা স্বৰ্গদূত) সকল তেওঁৰ এই যুদ্ধ বা সংগ্ৰামবোৰত সহায় কৰিবলৈ পৃথিৱীলৈ অৱতৰণ কৰিব।" (কল্কী পুৰাণ, ২/৫-৭)

    নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) সঙ্গীসকলৰ চাৰিজন হ’ল সঠিকভাৱে নিৰ্দেশিত খলিফা (প্ৰতিনিধি) সকল যিসকলে তেওঁৰ পিছত শাসন কৰিছিল। ইছলামীয় বিদ্বানসকলে সৰ্বসন্মতিক্ৰমে ঐক্যমত যে তেওঁলোকেই হৈছে নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) পিছত মানৱ জাতিৰ ভিতৰত সৰ্বোত্কৃষ্ট।

    ৭. "তেওঁৰ জন্মৰ পিছত, তেওঁ পৰশুৰামৰ (মহা শিক্ষাগুৰু) পৰা শিক্ষা লাভ কৰাৰ বাবে পৰ্বতলৈ যাব, তাৰ পিছত তেওঁ উত্তৰ দিশলৈ গমণ কৰিব, তাৰ পিছত পুনৰ জন্মস্থানলৈ উভতি আহিব।" (কল্কী পুৰাণ)

    এনেবোৰ গুণ সন্নিৱিষ্ট ব্যক্তিয়েই আছিল নবী মুহাম্মদ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক): তেওঁ নিজকে জনসমাজৰ পৰা নিলগত ৰাখি নিৰ্জনতাত হিৰা পাহাৰৰ গুহাত উপাসনা কৰিছিল আৰু তাতেই জিব্ৰীলে (তেওঁৰ ওপৰত শান্তি বৰ্ষণ হওঁক) আল্লাহ প্ৰেৰিত বাণী অৰ্থাৎ ক্বোৰআনৰ বাণী লৈ অৱতৰণ কৰিছিল। তাৰ পিছত তেওঁ উত্তৰ দিশত থকা জ্যোতিৰ্ময় নগৰী (মদিনা মোনাওৱাৰাহ) লৈ স্থানান্তৰিত হয়, তাৰ পিছত পুণৰ এজন বিজয়ী হিচাপে মক্কা নগৰীলৈ প্ৰত্যাৱৰ্তন কৰে।

    ৮. "তেওঁৰ দেহৰ পৰা ওলোৱা সুগন্ধিত মানুহ মুগ্ধ হ’ব, কাৰণ তেওঁৰ পৱিত্ৰ দেহৰ সুবাস বতাহৰ লগত মিশ্ৰিত হ’ব আৰু মানুহক পুলকিত কৰি তুলিব।" (ভাগৱত পুৰাণ ২/২/২১)

    ৯. "প্ৰথম যিজনে পশুবধ কৰিব আৰু বলিদান দিব সেইজন হ’ব আহমাদ আৰু তেওঁ ৰবিসদৃশ হ’ব।" (সামবেদ, ৩/৬/৮)

    ১০. "চাৰিজন উন্নত চৰিত্ৰ বিশিষ্ট সঙ্গীৰ সৈতে এজন আধ্যত্মিক গুৰুৰ আবিৰ্ভাৱ হ’ব আৰু মানুহৰ মাজত বিখ্যাত হ’ব যাৰ নাম হ’ব মাহামিদ। শাসক বা ৰজা তেওঁৰ ওচৰলৈ আহিব আৰু ক’বঃ হে মৰুবাসী! হে চয়তানৰ ধ্বংসকাৰী! হে আলৌকিক ঘটনা সম্পাদনকাৰী! সৰ্বপ্ৰকাৰৰ অসৎ কৰ্মৰ পৰা নিষ্পাপ, সত্যৰ ধাৰণকাৰী, ঈশ্বৰ প্ৰদত্ত সংবাদৰ ঘোষনাকাৰী আৰু ঈশ্বৰ অনুৰাগী, আপোনাৰ ওপৰত শান্তি বৰ্ষণ হওঁক, মই আপোনাৰ দাস আৰু আপোনাৰ চৰণৰ তলত জীৱন অতিবাহিত কৰিম।" (ভৱিষ্য পুৰাণ ৩/৩/৫-৮)

    ১১. "এই পৰ্য্যায় সমূহত, যেতিয়া মানুহৰ মঙ্গলৰ আবিৰ্ভাৱ কাল আহিব তেতিয়া সত্য প্ৰতিষ্ঠিত হ’ব আৰু মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) আবিৰ্ভাৱৰ লগে লগে অন্ধকাৰৰ সমাপ্তি ঘটিব আৰু বোধশক্তি আৰু প্ৰজ্ঞাৰ জ্যোতি উজলি উঠিব।" (ভাগৱত পুৰাণ, ২/৭৬)

    উদ্ধৃত পাঠ্যসমূহত মুহাম্মদ বা আহমদ নাম স্পষ্টকৈ উল্লেখিত হৈছে, আৰু দুয়োটাই নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) নাম। সুউচ্চ আৰু সুমহান আল্লাহে কৈছে,

    ( وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِي اسْمُهُ أَحْمَدُ ) {الصف: 6}

    "...আৰু সুসংবাদদাতা এনে এজন ৰাছূল সন্বন্ধে যিজন মোৰ (যীশুৰ) পিছত আহিব, তেওঁৰ নাম ‘আহ্‌মদ’।" (ছূৰা ছফফ ৬১:৬)

    ১২. "অগ্নি দেৱী, উজ্জ্বল বিধিৰ বাহক, আমি তোমাক পৃথিৱীৰ মধ্যস্থানত অধিষ্ঠিত কৰিলো ত্যাগ কৰাৰ বাবে।" (ঋগবেদ, ৩/২৯/৪)

    ১৩. হোতাৰ বেদত (ঋগবেদ) কেবাটাওঁ বিচ্ছূৰিত পৃষ্ঠাত, নৰশংস (প্ৰশংসিত ব্যক্তি) ৰ নামত কৰা ভৱিষ্যত বাণীৰ উল্লেখ আছে। তেওঁক পৃথিৱীৰ আটাইতকৈ সুদৰ্শন ব্যক্তি হিচাপে বৰ্ণনা কৰা হৈছে; তেওঁৰ জ্যোতি প্ৰতিটো ঘৰত প্ৰৱেশ কৰিব, তেওঁ মানুহক পাপ আৰু অপৰাধমুক্ত কৰিব; তেওঁ উটৰ ওপৰত আৰোহণ কৰিব; তেওঁৰ বাৰজনী পত্নী থাকিব....."শুনা, হে মানৱসকল! নৰশংস উচ্চ সন্মানত অধিষ্ঠিত হ’ব....নৰশংস প্ৰশংসনীয় হ’ব, তেওঁ ষাঁঠি হাজাৰ নব্বৈজন মানুহৰ মাজৰ পৰা প্ৰব্ৰজন কৰিব...মই মামাহাক এশ সোণৰ মুদ্ৰা প্ৰদান কৰিছো, দহটা মালা আৰু তিনিশ ঘোৰা।"

    মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) জীৱনী গ্ৰন্থত তেওঁৰ পত্নীসকলৰ নামসমূহ লিপিবদ্ধ আছে আৰু সেইবোৰ গণনা কৰিলে উল্লেখিত সংখ্যাৰ লগত মিলি যায়।

    ১৪. "এজন মানুহ যিজনে ধৰ্মনিষ্ঠ জীৱন নিৰ্বাহ কৰিছিল তেওঁ সিন্ধৰ শাসক ৰজা ভোজৰ ওচৰলৈ ৰাতিৰ অন্ধকাৰত আহিছিল, আৰু তেওঁক কৈছিলঃ হে নৃপতি! আপোনাৰ ধৰ্মই (আৰ্য্য ধৰ্ম) ভাৰতত আন সকলো ধৰ্মক চেৰ পেলাব, কিন্তু সৰ্বশ্ৰেষ্ঠ ঈশ্বৰৰ আদেশত এজন মানুহৰ ধৰ্মৰ প্ৰাদূৰ্ভাৱ ঘটাম যিজনে সকলো ধৰণৰ পৱিত্ৰ বস্তু ভক্ষন কৰিব; খাতনা কৰা হ’ব (circumcised) আৰু মূৰত কোনো বেনী (braid, plait) নাথাকিব যিটো তলৰফালে ওলমি থাকে বা লাগি থাকে, আৰু তেওঁৰ দীঘল দাড়ি থাকিব। তেওঁ এক মহা অভ্যুত্থান আনিব আৰু মানুহক উচ্চস্বৰত আহ্বান কৰিব। তেওঁ গাহৰি মাংসৰ বাহিৰে সকলো ধৰণৰ পৱিত্ৰ বস্তু ভক্ষন কৰিব। তেওঁৰ ধৰ্মই আন সকলো ধৰ্মক বাতিল কৰিব। আমি তেওঁলোকক মুছালে বুলি কওঁ। সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ হ’ল সেইজন যিজনে তেওঁক সেই ধৰ্ম প্ৰদান কৰিছে। (ভৱিষ্য পুৰাণ, ৩/৩/৩/২৩-২৭)

    আমি কওঁ যে প্ৰাৰ্থনাৰ বাবে জনোৱা আহ্বান (আযান) আৰু গাহৰি মাংস বৰ্জন কৰা ইছলাম ধৰ্মক আন ধৰ্মৰ পৰা পাৰ্থক্যকাৰী বৈশিষ্ট্যসমূহৰ ভিতৰত আটাইতকৈ লক্ষনীয়। ইয়াৰ অনুসৰণকাৰীসকলক মুছলিম বুলি কোৱা হয়, মুছালে নহয় কিন্তু দুয়োটা একে ধৰণৰে শব্দ আৰু মূলও একে।

    আমি আৰু কওঁ যে হিন্দু পণ্ডিতসকলে চৰিতাৰ্থ কৰা বাক্যৰ নিহিতাৰ্থয়ো আপোনাক ইছলামৰ শিক্ষাত বিশ্বাস কৰিবলৈ অনুমোদন কৰে যি ধৰ্ম মুহাম্মদে (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) আনিছিল। কাৰণ হিন্দু ধৰ্মৰ পণ্ডিতসকলৰ মতে হিন্দু ধৰ্মক পক্ষপাতপূৰ্ণ আসক্তিৰ আৰু ইয়াৰ সত্যানুসন্ধানৰ অভাৱৰ দ্বাৰা বৈশিষ্টমণ্ডিত। গতিকে আপুনি ঈশ্বৰত বিশ্বাস কৰক বা নকৰক আপোনাৰ হিন্দু ধৰ্ম প্ৰভাৱিত নহয়; মূল বিষয় হ’ল আপুনি সত্যৰ অনুসন্ধানত ব্ৰতী থাকক।

    ভাৰতীয় নেতা গান্ধীয়ে কৈছিল:

    "হিন্দু ধৰ্মৰ এটি সুবিধা হ’ল যে, ইয়াৰ কোনো সুস্পষ্ট মতবাদ বা তত্ব নাই। যদি মোক এই বিষয়ে সোধা হ’লহোঁতেন মই কলোহেঁতেন যে ইয়াৰ মতবাদ পক্ষপাতমূলক আৰু সত্য অন্বেষন কৰাৰ বাবে নহয়। সৃষ্টিকৰ্তাৰ অস্থিত্বৰ ধাৰণাৰ বিষয়ে বিশ্বাস অবিশ্বাস মূলত একেই। কোনো হিন্দুয়ে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰাটো বাধ্যতামূলক নহয়; তেওঁ বিশ্বাস কৰক বা নকৰক তেওঁ হিন্দু।"

    তেওঁ আৰু কৈছিল:

    ""হিন্দু ধৰ্মৰ এটি সুবিধা হ’ল যে, ই সকলো ধৰণৰ বিশ্বাস বা প্ৰত্যয় পৰিত্যাগ কৰিছে, কিন্তু ই সকলো বৃহত্তৰ ধৰ্মমত আৰু অন্য ধৰ্মসমূহৰ মূখ্য নীতিসমূহক পৰিবেষ্টন কৰে।" কথাখিনি তেওঁৰ কিতাপ ‘হিন্দু ধৰ্ম’ ৰ পৰা লোৱা হৈছে; ড০ আল আ’জমিৰ কিতাপ ‘দিৰাছাত ফিল ইয়াহুদিয়্যাহ ৱাল মাছিহিয়্যাহ ৱাল আদিয়ান আল হিন্দ’ (ইহুদী, খৃষ্টান আৰু ভাৰতীয় ধৰ্মসমূহৰ অধ্যয়ন), পৃঃ ৫২৯-৫৩০-৭৪৬ ৰ পৰা উদ্ধৃত কৰা হৈছে।

    অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি ১২৬৪৭২ নং প্ৰশ্নৰ উত্তৰ চাওঁক।

    আপুনি ইয়াক ইছলাম অধ্যয়ন কৰাৰ পাতনি হিচাপে কিয় সুযোগ লোৱা নাই, ইয়াৰ যথাৰ্থ বৈশিষ্টসমূহ আৰু গুণাৱলীবোৰ লক্ষ্য কৰক আৰু অন্য সকলো ধৰ্মৰ পৰা পাৰ্থক্যকাৰী বৈশিষ্টসমূহ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক কাৰণ এইটোৱে হ’ল সেই ধৰ্ম যিয়ে ইয়াৰ আগত অহা সকলো ধৰ্মমতক বাতিল কৰে। নবী মুহাম্মদৰ (তেওঁৰ ওপৰত দয়া আৰু শান্তি বৰ্ষণ হওঁক) কথা তেওঁৰ পূৰ্বৰ প্ৰতিজন নাবীয়ে ভৱিষ্যতবাণী কৰি থৈ গৈছে। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ পৱিত্ৰ ক্বোৰআনত আমাক জনোৱা হৈছে যে মুক্তি বা ক্ষমাৰ একমাত্ৰ পথ ইছলাম যিটো ‘তাওহীদ’ বা একেশ্বৰবাদৰ ধৰ্ম (আল্লাহৰ একাকীকত্বৰ সাক্ষ্য প্ৰদান কৰা)। সুউচ্চ আৰু সুমহান আল্লাহে কৈছে,

    ( وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ ) {آل عمران:85}

    (অৰ্থ) “আৰু যিজনে ইছলাম পৰিত্যাগ কৰি অন্য কোনো ধর্ম অনুসৰণ কৰিব তাৰ পৰা কেতিয়াও সেয়া কবুল কৰা নহ’ব। আৰু আখিৰাতত (পৰকালত) তেওঁ হ’ব ক্ষতিগ্রস্তসকলৰ অন্তর্ভুক্ত।” (আল ইমৰান ৩:৮৫)

    অধিক জনাৰ বাবে অনুগ্ৰহ কৰি ১৭৫৩৩৯ নং প্ৰশ্নৰ উত্তৰ চাওঁক।

    আল্লাহ সৰ্বজ্ঞাত।

    আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ