উপাদানৰ সংখ্যা: 256
PDF 9 / 9 / 1438 , 4/6/2017
প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ’লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে? উক্ত ফতোৱাত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।
প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ’ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ’ব? উক্ত ফতোৱাত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে।
কিমান পৰিমাণ টকা থাকিলে যাকাত দিব লাগিব বা সোণৰ নিছাব ডলাৰত অথবা টকাত কিমান হব এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে উক্ত ফতোৱাত।
PDF 18 / 8 / 1438 , 15/5/2017
‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।
DOCX 12 / 7 / 1438 , 9/4/2017
আন-নাৱাৱীৰ চল্লিশ হাদীছ: এইটো এটা বিখ্যাত মূলভাষ্য, য’ত বিভিন্ন বিষয়ত চনদবিহীন মুঠ বিয়াল্লিশটা হাদীছ আছে। ইয়াৰ প্ৰতিটো হাদীছেই দ্বীনৰ একোটা ভিত্তি স্বৰূপ। আখিৰাত অনুৰাগী প্ৰত্যেকৰে এইবোৰ হাদীছ জনা উচিৎ। কিয়নো, এইবোৰত আছে বহুতো গুৰুত্বপূৰ্ণ বিষয়াদি আৰু সকলো সৎকৰ্মৰ ইঙ্গিত।
PDF 6 / 7 / 1438 , 3/4/2017
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
PDF 5 / 3 / 1438 , 5/12/2016
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।
PDF 14 / 2 / 1438 , 15/11/2016
ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।
PDF 23 / 12 / 1437 , 26/9/2016
প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উক্ত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট কৰ্তৃপক্ষই)
প্ৰশ্ন: মোৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে। মই আশ্বুৰাৰ ৰোজা ৰাখিব বিচাৰো। এতেকে মোৰ বাবে ৰমজানৰ ৰোজা কাযা পালন কৰাৰ আগতে আশ্বুৰাৰ ৰোজা ৰখা জায়েয হ’বনে? মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজানৰ কাযা ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিলে আশ্বুৰাৰ ৰোজাৰ ছোৱাব মই পামনে? উক্ত প্ৰশ্ন উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট)
উক্ত ফতোৱাটোত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?
PDF 18 / 12 / 1437 , 21/9/2016
উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।
PDF 7 / 11 / 1437 , 11/8/2016
উক্ত প্ৰৱন্ধটোত হজ্জ আদায় কৰাৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।
উহুদ: মদীনাৰ এটা প্ৰসিদ্ধ পাহাৰ। এই উহুদত সেই ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, য’ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত ভাঙিছিল আৰু তেওঁৰ সন্মানিত চেহাৰাত আঘাতপ্ৰাপ্ত হৈছিল। এই প্ৰৱন্ধটোত উহুদৰ শ্বহীদসকলৰ কবৰস্থানত গৈ তেওঁলোকৰ প্ৰতি ছালাম আৰু তেওঁলোকৰ বাবে দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰাৰ চৰিয়ত সন্মত বিধি-বিধান লৈ আলোচনা কৰা হৈছে।
PDF 2 / 11 / 1437 , 6/8/2016
উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।
হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?
এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় তাৰ কৰণীয় কি এই বিষয়ে আলোচনা কৰা হৈছে
এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।
হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?
PDF 14 / 10 / 1437 , 20/7/2016
এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।
Follow us: