101 - Al-Qaari'a ()

|

(1) সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব।

(2) মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি?

(3) হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময় কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামতৰ সময়।

(4) যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হব সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হব।

(5) আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব।

(6) এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হব।

(7) তেওঁ জান্নাতত মনে বিচৰা দৰে আনন্দ লাভ কৰিব।

(8) আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হব।

(9) ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা আৰু স্থান হব জাহান্নাম।

(10) হে ৰাছুল, আপুনি কি জানে সেইটো কি?

(11) সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।