47 - Muhammad ()

|

(1) যিসকলে আল্লাহক অস্বীকাৰ কৰিছে আৰু মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে, আল্লাহে সিহঁতৰ সকলো আমল অগ্ৰহণযোগ্য বুলি ঘোষণা কৰিছে।

(2) যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু সৎকৰ্ম কৰিছে, লগতে সেইখন গ্ৰন্থৰ প্ৰতি ঈমান আনিছে যিখন আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিছে –আৰু সেইখনেই তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য- আল্লাহে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰি দিব, তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ আৰু আখিৰাতৰ সকলো বিষয় সংশোধন কৰি দিব।

(3) দুয়োটা দলৰ প্ৰতিদান ভিন্ন হোৱাৰ কাৰণ হৈছে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে দৰাচলতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্যৰ অনুসৰণ কৰিছে। দুয়োটা দলৰ কৰ্ম ভিন্ন হোৱাৰ কাৰণে সিহঁতৰ প্ৰতিদানো ভিন্ন। যিদৰে আল্লাহে মুমিন আৰু কাফিৰসকলৰ দুয়োটা দলৰ বিষয়ে স্পষ্ট ফয়চালা শুনাইছে, সেইদৰেই তেওঁ মানুহৰ বাবে উদাহৰণবোৰ উপস্থাপন কৰে, যিবোৰ সিহঁতৰ বাবে প্ৰযোজ্য।

(4) হে মুমিনসকল! যুদ্ধক্ষেত্ৰত তোমালোকে কাফিৰসকলক লগ পোৱাৰ লগে লগে শিৰচ্ছেদ কৰিবা, সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা নকৰালৈকে এই অভিযান জাৰি ৰাখিবা, যাতে সিহঁত দুৰ্বল হৈ পৰে। সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা কৰাৰ পিছত বাকীসকলক বন্দী কৰিবা। এতেকে সিহঁতক জেলত বন্দী কৰাৰ পিছত, বিষয়টো তোমালোকৰ ইচ্ছাধীন থাকিব। তোমালোকে ইচ্ছা কৰিলে বিনিময় নোলোৱাকৈ সিহঁতক এৰি দিব পাৰা নাইবা অৰ্থদণ্ড গ্ৰহণ কৰি মুক্তি দিব পাৰা। এই যুদ্ধ সমাপ্ত নোহোৱালৈকে সিহঁতক হত্যা কৰা তথা সিহঁতক বন্দী কৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখা, যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰিব অথবা কোনো চুক্তি স্বাক্ষৰ নকৰিব। কাফিৰসকলৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাৰ এই ধাৰাবাহিকতা, সময়ৰ হেৰফেৰ, লগতে ইজনক সিজনৰ ওপৰত বিজয় প্ৰদান আদি আল্লাহৰ আদেশানুক্ৰমেই হৈ থাকে। আল্লাহে ইচ্ছা কৰিলে কাফিৰসকলৰ লগত যুদ্ধ নকৰাকৈয়ে বিজয় প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু এনেকুৱা নকৰি তেওঁ জিহাদ প্ৰৱৰ্তন কৰিছে, যাতে তোমালোকৰ মাজৰ ইজনক সিজনৰ দ্বাৰা পৰীক্ষা কৰিব পৰা যায় যে, মুমিনসকলৰ মাজৰ কোনে যুদ্ধ কৰে আৰু কোনে নকৰে। আনহাতে কাফিৰসকলক মুমিনসকলৰ দ্বাৰা পৰীক্ষা কৰা হয়। যদি কাফিৰে মুমিনক হত্যা কৰে তেন্তে সেই মুমিন জান্নাতত প্ৰৱেশ কৰিব। আনহাতে মুমিনে কাফিৰক হত্যা কৰিলে, সেই কাফিৰ জাহান্নামত প্ৰৱেশ কৰিব। যিসকলে আল্লাহৰ পথত শ্বহীদ হ’ব, তেওঁলোকৰ আমল আল্লাহে কেতিয়াও ব্যৰ্থ নকৰিব।

(5) আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সত্য অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰিব, আৰু তেওঁলোকৰ সকলো অৱস্থা ঠিক কৰি দিব।

(6) কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। পাৰ্থিৱ জীৱনতেই আল্লাহে তেওঁলোকৰ আগত জান্নাতৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিছে, ফলত তেওঁলোকে জান্নাত দেখাৰ লগে লগে চিনি পাব। তথা আখিৰাতত তেওঁলোকে নিজৰ ঠিকনা চিনি পাব।

(7) হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ কৰি আল্লাহৰ দ্বীন আৰু তেওঁৰ নবীক সহায় কৰা, তেন্তে তেওঁ তোমালোকক বিজয় প্ৰদান কৰি সহায় কৰিব। লগতে যুদ্ধক্ষেত্ৰত সিহঁতৰ লগত মুখামুখি হোৱাৰ সময়ত তেওঁ তোমালোকক সুদৃঢ় ৰাখিব।

(8) যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে ক্ষতি আৰু বিনাশ। তথা আল্লাহে সিহঁতৰ আমলৰ প্ৰতিদানসমূহ বিনষ্ট কৰি দিব।

(9) সিহঁতে এই শাস্তি পোৱাৰ কাৰণ হৈছে, আল্লাহে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা এই কোৰআনৰ মাজত আল্লাহৰ তাওহীদৰ বৰ্ণনা থকাৰ বাবে সিহঁতে ইয়াক অপছন্দ কৰিছিল। ফলত আল্লাহেও সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে। এতেকে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সিহঁত ক্ষতিগ্ৰস্ত।

(10) এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে সিহঁতৰ পূৰ্বে অতীত হোৱা লোকসকলৰ কি দশা হৈছিল? নিশ্চিতভাৱে সিহঁতৰ পৰিণাম আছিল অতি কষ্টদায়ক। সিহঁতৰ লগতে সিহঁতৰ ঘৰসমূহকো আল্লাহে ধ্বংস কৰিছিল। এইদৰে সিহঁতক, সিহঁতৰ সন্তান-সন্ততি আৰু ধন-সম্পত্তিকো নিঃশেষ কৰিছিল। কাফিৰসকলৰ বাবে প্ৰত্যেক শতিকাতে আৰু প্ৰত্যেক স্থানতে এনেকুৱা শাস্তি নিৰ্ধাৰণ কৰা হৈছে।

(11) দুয়োটা গোটৰ বাবে ভিন্ন শাস্তি হোৱাৰ কাৰণ হৈছে, কিয়নো আল্লাহ হৈছে মুমিনসকলৰ সহায়ক। আনহাতে কাফিৰসকলৰ বাবে কোনো সহায়ক নাই।

(12) যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, য’ত অট্টালিকা আৰু গছ-গছনি আদিৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি পাৰ্থিৱ জীৱন উপভোগ কৰি আছে, সিহঁতে সেইদৰেই খাই-বৈ আছে যিদৰে জীৱ-জন্তুৱে খায়। সিহঁতৰ সকলোবোৰ গতিবিধিৰ মূল লক্ষ্য হৈছে পেট আৰু লজ্জাস্থান। কিয়ামতৰ দিনা জাহান্নামেই হৈছে সিহঁতৰ শেষ ঠিকনা, তাতেই সিহঁতে অৱস্থান কৰিব।

(13) পূৰ্বৱৰ্তী বহুতো উম্মত পাৰ হৈছে, সিহঁত আছিল আপোনাক বহিষ্কাৰ কৰা মক্কাবাসীতকৈও অধিক শক্তিশালী, সন্তান-সন্ততিৰ ক্ষেত্ৰতো আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰতো। কিন্তু তথাপিও সিহঁতে যেতিয়া ৰাছুলসকলক অস্বীকাৰ কৰিছিল, আমি সিহঁতক ধ্বংস কৰিছিলোঁ। শাস্তি অহাৰ পিছত সিহঁতক আল্লাহৰ আযাবৰ পৰা ৰক্ষা কৰিব পৰা কোনো সহায়ক নাছিল। এতেকে আমি যদি মক্কাৰ অধিবাসীসকলক ধ্বংস কৰিব বিচাৰোঁ, তেন্তে আমাৰ বাবে এয়া কোনো কঠিন বিষয় নহয়।

(14) যি ব্যক্তিৰ ওচৰত নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলিল আছে, তথা যিয়ে সঠিক জ্ঞান অনুসাৰে ইবাদত কৰে, তেনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰা হ’ব নেকি, যাৰ বেয়া কৰ্মবোৰক চয়তানে শোভনীয় কৰি দিছে, লগতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি মূৰ্ত্তিপূজাত লিপ্ত হৈছে আৰু বিভিন্ন গুনাহত পতিত হৈছে, লগতে ৰাছুলসকলক অস্বীকাৰ কৰিছে?

(15) আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰা লোকসকলক আল্লাহে যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, সেই জান্নাতৰ বৈশিষ্ট্য হৈছে এনে ধৰণৰঃ তাত এনেকুৱা নদী আছে, যি নদীৰ পানী অধিক সময় ৰখি থাকিলেও সোৱাদ আৰু ঘ্ৰাণ পৰিবৰ্তন নহয়। লগতে তাত আছে সোৱাদ পৰিবৰ্তন নোহোৱা গাখীৰৰ নদী। এইদৰে তাত আছে সুস্বাদু সুৰাৰ নদী। লগতে তাত পৰিশোধিত মৌজোলৰ নদীও আছে। তেওঁলোকৰ বাবে তাত থাকিব তেওঁলোকে বিচৰা সকলো প্ৰকাৰ ফল-মূল। এই সকলোবোৰৰ ওপৰত থাকিব তেওঁলোকৰ বাবে আল্লাহৰ ফালৰ পৰা গুনাহৰ ক্ষমা। তেওঁলোকক এই বিষয়ে কোনো সোধ-পোচ কৰা নহ’ব। এনেকুৱা প্ৰতিদান লাভ কৰা ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা ঠিক হ’বনে যিয়ে চিৰকাল জাহান্নামত থাকিব, তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু যাক উতলা গৰম পানী খোওৱা হ’ব, ফলত সিহঁতৰ নাৰী-ভুৰু ছিন্ন-বিচ্ছিন্ন হৈ পৰিব?

(16) হে ৰাছুল! মুনাফিকসকলৰ মাজৰ কিছুমানে আপোনাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু সত্য গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং ইয়াৰ পৰা বিমুখ হোৱাটোহে সিহঁতৰ মূল উদ্দেশ্য। সিহঁতে যেতিয়া আপোনাৰ বৈঠকৰ পৰা ওলাই যায় তেতিয়া সিহঁতে সেইসকল লোকক যিসকলক আল্লাহে জ্ঞান দান কৰিছে, নজনাৰ ভাও ধৰি আৰু ভ্ৰূক্ষেপ নকৰাকৈ এইদৰে সোধেঃ “এইমাত্ৰ তেওঁ কি আলোচনা কৰিলে?” জানি থোৱা! এনেকুৱা লোকৰ অন্তৰতেই আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণে সিহঁতৰ অন্তৰত কোনো কল্যাণকৰ কথা প্ৰৱেশ নকৰে। সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ অনুসৰণ কৰি আছে, আৰু এইটোৱেই সিহঁতক সত্যৰ পৰা অন্ধ কৰি পেলাইছে।

(17) আনহাতে যিসকলে সত্যৰ পথ অৱলম্বন কৰিছে আৰু ৰাছুলে লৈ অহা চৰীয়তৰ অনুসৰণ কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আৰু অধিক হিদায়ত প্ৰদান কৰিব তথা কল্যাণৰ তাওফীক প্ৰদান কৰিব। লগতে তেওঁলোকক এনেকুৱা কৰ্ম কৰাৰ সামৰ্থ প্ৰদান কৰিব, যিবোৰে তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব।

(18) কাফিৰসকলে এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ কোনো অগ্ৰিম জাননী নিদিয়াকৈ আকস্মিক আহি পৰক? যদিও ইয়াৰ প্ৰতীকসমূহ আহি পৰিছে। উদাহৰণস্বৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমন, চন্দ্ৰ দ্বিখণ্ডিত হোৱা আদি। কিন্তু যেতিয়া কিয়ামত সংঘটিত হ’ব তেতিয়া সিহঁতে কেনেকৈ উপদেশ গ্ৰহণ কৰিব?!

(19) হে ৰাছুল! আপুনি পৰিপূৰ্ণ বিশ্বাস কৰক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তেওঁৰ ওচৰতেই আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে মুমিন পুৰুষসকলৰ আৰু মুমিনা নাৰীসকলৰ গুনাহৰ বাবেও ক্ষমা প্ৰাৰ্থনা কৰক। আল্লাহে তোমালোকৰ দিনৰ ভাগত কৰা চলা-ফুৰা আৰু ৰাতিৰ বিশ্ৰামস্থল সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।

(20) আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ৰাছুলৰ প্ৰতি যুদ্ধৰ বিধান সংক্ৰান্তীয় ছুৰা অৱতীৰ্ণ হোৱাৰ আশা পোষণ কৰি কয়ঃ আল্লাহে এনেকুৱা কোনো ছুৰা কিয় অৱতীৰ্ণ নকৰে, যাৰ মাজত যুদ্ধৰ বৰ্ণনা আছে? এতেকে আল্লাহে যেতিয়া যুদ্ধৰ বিধি-বিধান সংক্ৰান্তীয় কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া হে নবী! আপুনি সেইসকল মুনাফিকক দেখিবলৈ পাব যিসকলৰ অন্তৰত সংশয়ৰ ব্যাধি আছে সিহঁতে আপোনাৰ ফালে সেই ব্যক্তিৰ দৰে চাই থাকে যিদৰে প্ৰচণ্ড ভয়ত বেহুচ হোৱা ব্যক্তিয়ে চায়। আল্লাহে সেইসকল লোকক সতৰ্কবাণী প্ৰদান কৰিছে যে, সিহঁতৰ শাস্তি অতি সন্নিকট, কাৰণ সিহঁতে যুদ্ধৰ পৰা আঁতৰি আছিল আৰু যুদ্ধক ভয় কৰিছিল।

(21) সিহঁতে আল্লাহৰ আনুগত্য কৰিব লাগিছিল আৰু উত্তম কথা ক’ব লাগিছিল, এইটোৱে তেওঁলোকৰ পক্ষে কল্যাণকৰ আছিল। এতেকে যেতিয়া যুদ্ধ অনিবাৰ্য কৰা হৈছিল, তেতিয়া যদি সিহঁতে সঠিক ঈমানৰ বহিঃপ্ৰকাশ কৰিলেহেঁতেন তথা আল্লাহৰ আনুগত্য কৰিলেহেঁতেন তেন্তে নিশ্চয় এইটো সিহঁতৰ বাবে নিফাক আৰু আল্লাহৰ অৱজ্ঞাৰ পৰা শত গুণে উত্তম হ’লহেঁতেন।

(22) তোমালোকৰ অৱস্থা দেখি এইটোৱে প্ৰতীত হয় যে, যদি তোমালোকে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা বিমুখ হোৱা তেন্তে নিশ্চয় তোমালোকে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিবা। লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰাত উদ্গনি দিবা, যিদৰে অজ্ঞতা যুগত তোমালোকৰ অৱস্থা আছিল।

(23) পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আৰু আত্মীয়তাৰ বন্ধন ছিন্ন কৰা এই লোকসকলকেই আল্লাহে নিজৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সিহঁতৰ কাণত গধুৰতা সৃষ্টি কৰি দিছে, যাতে সিহঁতে সত্য গ্ৰহণ কৰাৰ আৰু মানাৰ উদ্দেশ্যে শুনিব নোৱাৰে। লগতে সিহঁতক অন্ধ বনাইছে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে দেখিব নোৱাৰে।

(24) বিমুখ হোৱা এই লোকসকলে কোৰআন আৰু ইয়াৰ শিক্ষাকলৈ চিন্তা-চৰ্চা কিয় নকৰে? যদি সিহঁতে চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক কল্যাণৰ পথ দেখুৱালেহেঁতেন আৰু সকলো প্ৰকাৰ অনিষ্টৰ পৰা দূৰত ৰাখিলেহেঁতেন। নাইবা সিহঁতৰ অন্তৰত মজবুত তলা লগোৱা আছে নেকি? যাৰ ফলত সিহঁতৰ ওচৰত কোনো শিক্ষাও কাম নকৰে আৰু কোনো উপদেশো উপকাৰ নকৰে।

(25) নিশ্চয় যিসকলে ঈমানৰ পৰা আকৌ কুফৰী আৰু নিফাকলৈ উভতি গৈছে, অথচ সিহঁতৰ ওচৰত অজুহাত উত্থাপন কৰাৰ কোনো উপায় নাই, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কেও প্ৰমাণ স্পষ্ট হৈছে, সিহঁতৰ বাবে চয়তানেই কুফৰ আৰু নিফাকক শোভনীয় কৰি দিছে আৰু সহজ কৰি দিছে। তথা সিহঁতক ডাঙৰ আশা দি ৰাখিছে।

(26) সিহঁতক এইকাৰণে পথভ্ৰষ্ট কৰা হৈছে যে, সিহঁতে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীক অপছন্দ কৰা মুশ্বৰিকসকলক কয়ঃ “আমি অনতিপলমে কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম, যেনে- মানুহক যুদ্ধৰ পৰা বিৰত ৰখা আদি”। অথচ আল্লাহে সিহঁতৰ প্ৰকাশ্য আৰু গোপন সকলো তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়। অদৃশ্য জ্ঞানৰ যিখিনি তেওঁ ইচ্ছা কৰে সেইখিনি ৰাছুলক অৱগত কৰে।

(27) সেইসময়ত সিহঁতৰ কি দশা হ’ব, যেতিয়া সিহঁতক আপুনি শাস্তিৰ মাজত তথা দুৰাৱস্থাত দেখিবলৈ পাব, লগতে প্ৰাণ হৰণ কৰা ফিৰিস্তাসকলে যেতিয়া প্ৰাণহৰণ কৰাৰ সময়ত লোহাৰ হাতুৰীৰে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত আঘাত কৰিব?!

(28) এই শাস্তি সিহঁতক এইকাৰণে দিয়া হ’ব যে, সিহঁতে প্ৰত্যেক সেই পন্থা অৱলম্বন কৰিছিল, যি পন্থাই আল্লাহক অসন্তুষ্ট কৰে। যেনে- কুফৰী, নিফাক, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে শত্ৰুতা। তথা প্ৰত্যেক সেই কৰ্মক অপছন্দ কৰিছিল, যি কৰ্মই আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে আৰু তেওঁক সন্তুষ্ট কৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা আদি। ফলত আল্লাহে সিহঁতৰ সকলো আমল ব্যৰ্থ কৰি দিছে।

(29) অন্তৰত সন্দেহ-সংশয় থকা মুনাফিকসকলে ধাৰণা কৰে নেকি যে, আল্লাহে সিহঁতৰ বিদ্বেষসমূহ কেতিয়াও প্ৰকাশ নকৰিব? আল্লাহে সিহঁতক বিপদগ্ৰস্ত কৰি নিশ্চয় সিহঁতৰ বিদ্বেষসমূহ উন্মোচন কৰিব। যাতে প্ৰকৃত মুমিনসকলক মিছলীয়াসকলৰ পৰা পৃথক কৰাত সুবিধা হয়। তথা সহজেই যাতে চিনিব পৰা যায় যে, কোন মুমিন আৰু কোন মুনাফিক।

(30) হে ৰাছুল! আমি আপোনাক মুনাফিকসকলৰ পৰিচয় দিব বিচাৰিলে নিশ্চয় দিব পাৰিলোহেঁতেন। কিন্তু আপুনি সিহঁতৰ প্ৰতীকসমূহৰ জৰিয়তেই চিনি পাব, আনকি সিহঁতৰ কথা কোৱাৰ ধৰণতে সিহঁতক চিনি পাব। আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই তোমালোকক ইয়াৰ প্ৰতিদান দিব।

(31) হে মুমিনসকল! নিশ্চয় আমি তোমালোকক পৰীক্ষা কৰিম, জিহাদৰ দ্বাৰা, শত্ৰুৰ লগত যুদ্ধৰ দ্বাৰা, হত্যা আদিৰ দ্বাৰা, যাতে এই কথা স্পষ্ট হৈ পৰে যে তোমালোকৰ মাজৰ কোন প্ৰকৃত মুজাহিদ, আৰু কোনে শত্ৰুৰ লগত যুদ্ধ কৰাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে। আমি তোমালোকক পৰীক্ষা কৰিম যাতে সত্যবাদী আৰু মিছলীয়া ব্যক্তিৰ মাজত পাৰ্থক্য কৰিব পৰা যায়।

(32) যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আল্লাহৰ দ্বীনৰ পৰা নিজকে আৰু আনকো বিৰত ৰাখিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যে প্ৰকৃত নবী, এই কথা স্পষ্ট হোৱাৰ পিছতো সিহঁতে তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিছে। সিহঁতে আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। বৰং সিহঁতে নিজৰহে ক্ষতি কৰি আছে। শীঘ্ৰেই আল্লাহে সিহঁতৰ কৰ্মবোৰ বাতিল ঘোষণা কৰিব।

(33) হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ অনুসৰণ কৰা আৰু ৰাছুলৰো অনুসৰণ কৰা, তেওঁলোকৰ আদেশ পালন কৰা আৰু তেওঁলোকে নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা। তথা কুফৰ আৰু ৰিয়া আদি (লোকক দেখুৱাবলৈ কৰা) আমলৰ জৰিয়তে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।

(34) নিশ্চয় যিসকলে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে নিজকে আৰু মানুহকো আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে আৰু তাওবা নকৰাকৈ কুফৰীৰ ওপৰতেই মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতৰ গুনাহবোৰ কেতিয়াও ক্ষমা নকৰিব, বৰং ইয়াৰ বাবে সিহঁতক জবাবদিহি কৰিব। তথা সিহঁতক জাহান্নামত প্ৰৱেশ কৰাব, য’ত সিহঁতে চিৰকাল থাকিব।

(35) হে মুমিনসকল! তোমালোকে শত্ৰুৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কেতিয়াও দুৰ্বলতা নেদেখুৱাবা আৰু সিহঁতে প্ৰস্তাৱ দিয়াৰ পূৰ্বে কেতিয়াও তোমালোকে সিহঁতক সন্ধিৰ প্ৰস্তাৱ নিদিবা। কাৰণ তোমালোকেই হৈছা প্ৰভাৱী আৰু বিজয়ী। নিশ্চয় সহায়-সমৰ্থনৰ দ্বাৰা আল্লাহ তোমালোকৰ লগত আছে। তেওঁ কেতিয়াও তোমালোকৰ কৰ্মৰ প্ৰতিদান হ্ৰাস নকৰিব, বৰং নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধিহে কৰি দিব।

(36) পাৰ্থিৱ জীৱন হৈছে খেল-ধেমালি আৰু অৰ্থহীন আড্ডা। গতিকে ইয়াক লৈ ব্যস্ত থাকি কোনো বিবেকৱান ব্যক্তিয়ে আখিৰাতৰ পৰা অমনোযোগী হোৱা উচিত নহয়। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কোনো প্ৰকাৰ ছোৱাব হ্ৰাস কৰা নহ’ব। তেওঁ তোমালোকৰ পৰা তোমালোকৰ গোটেই সম্পদ বিচৰা নাই, বৰং তোমালোকৰ পৰা অনিবাৰ্য যাকাতহে বিচাৰে।

(37) যদি তেওঁ তোমালোকৰ পৰা তোমালোকৰ সম্পূৰ্ণ সম্পদ বিচাৰিলেহেঁতেন তথা ডাঠিকৈ বিচাৰিলেহেঁতে তেন্তে তোমালোকে নিশ্চয় কৃপণালি কৰিলাহেঁতেন। আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত তোমালোকৰ অন্তৰত যি অপছন্দনীয় ভাৱ আছে, সেয়া ওলাই পৰিলেহেঁতেন। গতিকে তোমালোকৰ প্ৰতি এইটো তেওঁৰ সহানুভূতি যে, তেওঁ তোমালোকৰ পৰা সম্পূৰ্ণ ধন বিচৰা নাই।

(38) শুনা! তোমালোকেই হৈছা সেইসকল লোক, যিসকলক আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ দান কৰিবলৈ আহ্বান কৰা হৈছে। তেওঁ তোমালোকক গোটেই সম্পদ ব্যয় কৰাৰ আদেশ দিয়া নাই। কিন্তু তোমালোকৰ মাজৰ কিছুমানে কৃপণালি কৰি ব্যয় কৰাৰ পৰা আঁতৰি থাকে। এতেকে যিয়ে আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ ব্যয় কৰাৰ পৰা কৃপণালি কৰে, সি দৰাচলতে নিজৰ লগতেই কৃপণালি কৰে। কাৰণ সি ছোৱাবৰ পৰা বঞ্চিত থাকিব। আল্লাহ অমুখাপেক্ষী, তোমালোকৰ ব্যয় তেওঁক কোনো উপকাৰ নকৰে। আনহাতে তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে ইছলামৰ পৰা কুফৰীলৈ উভতি যোৱা তেন্তে তেওঁ তোমালোকক ধ্বংস কৰিব, আৰু তোমালোকৰ ঠাইত অন্য জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। কিন্তু সেইসকল লোক তোমালোকৰ দৰে নহ’ব। বৰং তেওঁলোক হ’ব আল্লাহৰ আনুগত্যকাৰী।