105 - Al-Fil ()

|

(1) হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।

(2) আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।

(3) আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল।

(4) যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।

(5) ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।