(1) হে ৰাছুল কৈ দিয়ক, মই মানুহৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ। আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।
(2) যিয়ে সকলো মানুহৰ অধিপতি। সিহঁতক যেনেকৈ বিচাৰে প্ৰয়োগ কৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো অধিপতি নাই।
(3) তেৱেঁই সিহঁতৰ সত্য উপাস্য। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য নাই।
(4) চয়তানৰ অপৰাধৰ পৰা, যেতিয়াই মানুহে আল্লাহৰ যিকিৰৰ পৰা অমনোযোগী হয় তেতিয়াই সি মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। আৰু যেতিয়াই আল্লাহৰ যিকিৰ কৰিবলৈ ধৰে তেতিয়া তেওঁৰ পৰা আঁতৰি যায়।
(5) যিয়ে মানুহৰ অন্তৰত কুভাৱনা দিয়ে।
(6) আৰু সি (চয়তান) মানুহ আৰু জীন জাতি উভয়ৰ পৰা হয়।