(1) আল্লাহ তাআলাই দিনৰ প্ৰথম ভাগৰ শপত কৰিছে।
(2) আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে।
(3) হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তুষ্ট বা খঙও কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিক সকলে কৈছিল।
(4) আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ পৃথিৱীতকৈ উত্তম। কিয়নো এনেকুৱা অনুগ্ৰহ যিটো কেতিয়াও শেষ নহয়।
(5) আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰদায়ক প্ৰচুৰ পৰিমাণে অনূগ্ৰহ প্ৰদান কৰিব যে, আপুনি সন্তুষ্ট হৈ যাব।
(6) নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেতিয়া আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ, তাৰ পিছত আপোনাৰ খুড়া আবু তালিবৰ ছাঁ প্ৰদান কৰিছিল।
(7) আৰু আপোনাক এনেকুৱা অৱস্থাত পাইছিল যে, আপুনি কিতাপ আৰু ঈমান সম্পৰ্কে অৱগত নাছিল। সেয়েহে আপোনাক সেইবোৰ কথা শিকাই দিছে যিবোৰ আপুনি জনা নাছিল।
(8) আৰু আপোনাক দুখীয়া পাইছিল, তাৰ পিছত তেৱেঁই আপোনাক ধনী বনাই দিছে।
(9) এতেকে কোনো এতিমৰ লগত দূৰ্ব্যৱহাৰ আৰু অপমান নকৰিব।
(10) আৰু কোনো ভিখাৰীক ধমক নিদিব।
(11) আল্লাহৰ অনুগ্ৰহৰ কৃতজ্ঞতা পালন কৰিব আৰু তাক বৰ্ণনা কৰিব।