(1) হে ৰাছুল , কৈ দিয়ক যে মই প্ৰভাতৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।
(2) কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা।
(3) আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰো সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা যিবোৰ ৰাতিত ওলায়। যেনে- কীট- পতংগ, চোৰ আদি।
(4) আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছো যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে।
(5) আৰু আল্লাহৰ আশ্ৰয় বিচাৰো হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে।