(1) আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।
(2) সিহঁতে ডাঙৰ খবৰৰ বিষয়ে পৰস্পৰে সুধি আছে আৰু সেয়া হৈছে এই কোৰআন, যিটো তেওঁলোকৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ বাৰ জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।
(3) এই কোৰআন নো কি, এই সম্পৰ্কে সিহঁতৰ মাজতেই মতভেদ আছে। কোনোবাই ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহানী বুলি কয়।
(4) সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব।
(5) আকৌ সিহঁতৰ আগত ইয়াৰ পুষ্টি হৈ যাব।
(6) আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনা বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে।
(7) আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ যিবোৰে পৃথিৱীখনক লৰচৰৰ পৰা বিৰত ৰাখিব পাৰে।
(8) আৰু আমি তোমালোকক পুৰুষ আৰু মহিলাৰূপে সৃষ্টি কৰিছোঁ।
(9) আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছো, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা।
(10) আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ স্বৰূপে বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।
(11) আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছো।
(12) আৰু তোমালোকৰ ওপৰত সাতটা মজবুত আকাশ বনাইছোঁ।
(13) আৰু সূৰ্যক তীব্ৰ প্ৰজ্বলন আৰু পোহৰ দিয়া প্ৰদীপ বনাইছোঁ।
(14) মেঘৰ পৰা ধাৰাষাৰ বৰষুণ বৰ্ষণ কৰিছোঁ।
(15) যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ গজাব পাৰোঁ।
(16) আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।
(17) নিশ্চয় মাখলোকৰ (সৃষ্টিসকলৰ) মাজত বিচাৰৰ এটা সময় নিৰ্ধাৰিত আছে, সেয়া ইফাল-সিফাল নহয়।
(18) যিদিনাখন ফিৰিস্তাই দ্বিতীয় বাৰ শিঙাত ফু দিব তেতিয়া তোমালোকে দলে দলে আহিবা।
(19) আৰু আকাশ খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।
(20) আৰু পাহাৰবোৰক গতি দিয়া হব তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব।
(21) নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে।
(22) যালিমসকলৰ ওভতি যোৱাৰ ঠাই, যত সিহঁতে ওভতি যাব লাগিব।
(23) তাৰ ভিতৰত ইমান দীৰ্ঘকাল লৈকে থাকিব যাৰ কোনো অন্ত নাই।
(24) যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব।
(25) অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামী সকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে একোৱে নাথাকিব।
(26) এয়া সিহঁতৰ সেই কুফুৰী ( অস্বীকাৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম যাৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল।
(27) নিশ্চয় তেওঁলোকে আল্লাহে হিচাপ লোৱাৰ প্ৰতি ভয় কৰা নাছিল। কিয়নো তেওঁলোকে পুনৰ উত্থানৰ প্ৰতি বিশ্বাস কৰা নাছিল। যদি পুনৰ জীৱনৰ প্ৰতি ভয় থাকিলেহেঁতেন তেন্তে তেওঁলোকে আল্লাহৰ প্ৰতি ইমান আনিলেহেঁতেন আৰু সৎ কৰ্ম কৰিলেহেঁতেন।
(28) আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰ অস্বীকাৰ কৰিছিল।
(29) আৰু আমি তেওঁলোকৰ সকলো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছো আৰু সেয়া তেওঁলোকৰ আমল নামাত লিখা আছে।
(30) গতিকে হে অপৰাধীসকল! এই চিৰ শাস্তি উপভোগ কৰি থাকা আৰু আমি তোমালোকৰ শাস্তি বৃদ্ধি কৰিয়ে থাকিম।
(31) নিশ্চয় যি সকলে তেওঁলোকৰ পালন কৰ্তাৰ আদেশ পালন কৰি আৰু নিষেধাজ্ঞাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে এনেকুৱা সফলদায়ক স্থান আছে যত তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰিব, সেয়া হৈছে জান্নাত।
(32) বাগান আৰু আঙুৰ আছে।
(33) আৰু সম বয়সীয়া নৱ-যুৱতীসকল।
(34) আৰু মদ ভৰা গিলাছ।
(35) তেওঁলোকে জান্নাতত কোনো অনাৰ্থক আৰু মিছা কথা নুশুনিব লগতে কোনেও কাকো মিছা কথা নকব।
(36) যিয়ে আকাশ আৰু পৃথিৱী তথা এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুৰ পালনকৰ্তা তেওঁ ইহকাল আৰু পৰকাল দুয়ো স্থানতে কৰুণাময়। পৃথিৱী আৰু আকাশৰ সকলোৱে আল্লাহৰ অনুমতি অবিহনে একুৱে কৰিব নোৱাৰিব।
(37) তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, তেওঁ পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময়, পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব নোৱাৰিব।
(38) যিদিনাখন জিব্ৰাইল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হব, সিদিনাখন আল্লাহ তাআলা যাক চুপাৰিশৰ কাৰণে অনুমতি দিব তাৰ বাহিৰে কোনেও চুপাৰিশৰ কাৰণে মুখ খুলিব নোৱাৰিব। আৰু তেওঁলোকে সঠিক কথাই কব যেনে, কলিমা তৌহিদ আদি।
(39) তোমালোকৰ আগত যি দিনৰ কথা বৰ্ণনা কৰা হৈছে সেয়া সেই দিন যাৰ অৱস্থিতিত কোনো সন্দেহ নাই। গতিকে যিয়ে সেই দিনত আল্লাহৰ শাস্তিৰ পৰা মুক্তি পাব বিচাৰে সি যেন আল্লাহক সন্তুষ্ট কৰা সত্কৰ্মৰ পথ বিচাৰি লয়।
(40) (হে মানৱ) আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছো যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি কব – মই যদি জীৱ-জন্তুৰ দৰে মাটি হৈ গলোহেঁতেন! এই কথা সেই সময়ত কব যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুক কোৱা হবঃ তোমালোকে মাটি হৈ যোৱা।