(1) আল্লাহ তাআলাই সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়।
(2) আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়।
(3) আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে।
(4) আকৌ যিয়ে নিজ দৌৰৰ জৰিয়তে ধূলি উৰুৱাই।
(5) আকৌ যিয়ে নিজ আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই যায়।
(6) বাস্তৱত মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে।
(7) আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। আৰু এয়া ইমান স্পষ্ট কথা যে ইয়াৰ অস্বীকাৰ কৰিব নোৱাৰি।
(8) আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই বিষয়ে সি কৃপণালিও কৰে।
(9) পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃত সকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। ঘটনা তেনে নহয় যিদৰে সিহঁতে ভাবিছে?
(10) আৰু অন্তৰৰ মাজত যি নিয়ত আৰু আস্থা আছে তাক প্ৰকাশ কৰা হব,
(11) নিশ্চয় সিহঁতৰ প্ৰতিপালক সিদিনাখন সম্পূৰ্ণ খবৰ ৰাখিব। আল্লাহৰ পৰা বান্দাৰ কোনো কথা লোকাই নাথাকিব আৰু আল্লাহে সিহঁতক তাৰ পৰিণাম দিব।