(1) এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা সেই সন্ধিৰ সমাপ্তি ঘোষণা, হে মুছলিমসকল! যিটো তোমালোকে আৰব দ্বীপৰ মুশ্বৰিকসকলৰ লগত স্থাপন কৰিছিলা।
(2) হে মুশ্বৰিকসকল! তোমালোকে ইয়াত চাৰি মাহ পৰ্যন্ত স্বতন্ত্ৰভাৱে চলিব পাৰিবা। জানি থোৱা! ইয়াৰ পিছত তোমালোকৰ লগত কোনো সন্ধি নাথাকিব, আৰু তোমালোকক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিও বাহাল নাথাকিব। এই কথাও পতিয়ন যোৱা যে, তোমালোকে যদি কুফৰৰ ওপৰত অটল থাকা তেন্তে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাবা। এই কথাও জানি থোৱা যে, আল্লাহে কাফিৰসকলক পৃথিৱীত হত্যা আৰু বন্দী বনাই তথা আখিৰাতত জাহান্নামত নিক্ষেপ কৰি লাঞ্ছিত কৰিব। এই ঘোষণা সেইসকল লোকৰ বাবে যিসকলে সন্ধি আইন ভঙ্গ কৰিছে অথবা যিসকলৰ সন্ধি অনুপালনৰ সময় নিৰ্ধাৰিত নাছিল। আনহাতে যিসকলৰ লগত সন্ধি পালনৰ সময় নিৰ্ধাৰিত আছিল, সিহঁতৰ সন্ধি অনুপালনৰ সময় সেই নিৰ্ধাৰিত সময় লৈকে বাহাল থাকিব, যদিও সেয়া চাৰি মাহৰ অধিক নহওঁক কিয়।
(3) আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা কুৰবানীৰ দিনা সকলো লোকৰ বাবে সাৰ্বজনিক ঘোষণা এই যে, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই। এতেকে হে মুশ্বৰিকসকল! এতিয়া যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে উত্তম। আনহাতে যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা, আল্লাহৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিব নোৱাৰিবা, আৰু তেওঁৰ শাস্তিৰ পৰা ৰক্ষা নাপাবা। আৰু হে ৰাছুল! আপুনি কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
(4) কিন্তু সেইসকল মুশ্বৰিকৰ বাহিৰে যিসকলৰ লগত তোমালোকে সন্ধি কৰিছিলা আৰু সিহঁতে সেই সন্ধি পূৰণ কৰিছিল, আৰু সন্ধিৰ কোনো দফা ভঙ্গও কৰা নাছিল। তেনেকুৱা মুশ্বৰিকসকল উক্ত আদেশৰ অন্তৰ্ভুক্ত নহয়। এনেকুৱা লোকৰ লগত কৰা সন্ধি নিৰ্ধাৰিত সময় লৈকে পালন কৰিবা। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল পায়, যিসকলে তেওঁৰ আদেশ পালন কৰি- প্ৰতিশ্ৰুতি পূৰণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি- বিশ্বাসঘাতকতাও ইয়াৰ অন্তৰ্ভুক্ত- তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
(5) যিবোৰ মাহত তোমালোকৰ শত্ৰুসকল তোমালোকৰ ফালৰ পৰা সুৰক্ষিত থাকে, সেই সন্মানিত মাহবোৰ অতিবাহিত হোৱাৰ পিছত, মুশ্বৰিকসকলক য'তেই পাবা হত্যা কৰিবা, সিহঁতক বন্দী কৰিবা আৰু সিহঁতৰ দুৰ্গসমূহক ঘেৰাও কৰিবা, আৰু প্ৰত্যেক অহা যোৱা বাটত খাপ পাতি ৰৈ থাকিবা। ইয়াৰ পিছত যদি সিহঁতে শ্বিৰ্কৰ পৰা তাওবা কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে তথা যাকাত প্ৰদান কৰে তেন্তে সিহঁত তোমালোকৰ ইছলামী ভাই হৈ যাব। তেনেস্থলত সিহঁতৰ লগত যুদ্ধ নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
(6) হে ৰাছুল! যদি কোনো এনেকুৱা মুশ্বৰিক যাৰ জান মাল হালাল কৰা হৈছে আপোনাৰ ওচৰত আহি আশ্ৰয় বিচাৰে, তেন্তে আপুনি তাক আশ্ৰয় দিয়ক, যাতে সি কোৰআন শুনিব পাৰে। তাৰ পিছত তাক এনেকুৱা স্থানত পৌঁচাই দিয়ক য’ত সি নিৰাপদে থাকিব পাৰিব। এইটো এই কাৰণে যে, কাফিৰসকল এনেকুৱা সম্প্ৰদায় যিসকলে ইছলামৰ প্ৰকৃত তথ্য সম্পৰ্কে অৱগত নহয়। এতেকে যেতিয়া সি কোৰআন শুনি অৱগত হ’ব, তেতিয়া হয়তো হিদায়তৰ পথ অৱলম্বন কৰিব পাৰে।
(7) আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ কোনো সন্ধি তথা আশ্ৰয় প্ৰতিশ্ৰুতি এতিয়া বাহাল থকা উচিত নহয়, কেৱল সেইসকল মুশ্বৰিকৰ বাহিৰে, যিসকলৰ লগত হে মুছলিমসকল তোমালোকে সন্মানিত কাবা ঘৰৰ ওচৰত হুদাইবিয়্যাৰ সন্ধি কৰিছিলা। এতেকে যেতিয়ালৈকে তোমালোকৰ মাজত থকা এই সন্ধিৰ ওপৰত অবিচল থাকিব আৰু ভঙ্গ নকৰিব, তেতিয়ালৈকে তোমালোকেও সেই প্ৰতিশ্ৰুতি মতে কাম কৰিবা আৰু বচন ভঙ্গ নকৰিবা। নিশ্চয় আল্লাহে সেইসকল মুত্তাক্বীক ভাল পায়, যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
(8) সিহঁতৰ প্ৰতিশ্ৰুতি আৰু সন্ধি কেনেকৈ বাহাল থাকিব, অথচ সিহঁত তোমালোকৰ শত্ৰু। যদি সিহঁতে তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ ক্ষেত্ৰত আল্লাহক আৰু আত্মীয়তাৰ সম্পৰ্কক কোনো মৰ্যদা নিদিব, আনকি কোনো সন্ধিকো কেৰেপ নকৰিব। বৰং সিহঁতে তোমালোকক কঠোৰ শাস্তি প্ৰদান কৰিব। সিহঁতে তোমালোকক আকৰ্ষিত কথাৰ জৰিয়তে সন্তুষ্ট কৰি ৰাখিব বিচাৰে, কিন্তু সিহঁতৰ অন্তৰ আৰু মৌখিক কথাৰ মাজত মিল নাই। সেয়ে সিহঁতে নিজৰ স্থিতিত অটল থাকিব নোৱাৰে। সিহঁতৰ মাজৰ অধিকাংশ লোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ কাৰণে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হৈছে।
(9) সিহঁতে আল্লাহৰ আয়াত অনুসৰণৰ বিনিময়ত- যাৰ মাজত প্ৰতিশ্ৰুতি পূৰণ কৰাও অন্তৰ্ভুক্ত- পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ কৰিছে, যাতে সিহঁতৰ প্ৰবৃত্তিৰ আশা-আকাংখা পূৰণ হোৱাত সহায়ক হয়। ফলত সিহঁতে নিজকে সত্য অনুসৰণৰ পৰা বিৰত ৰাখিলে আৰু মুখ ঘূৰাই ললে, তথা আন আন লোককো সত্যৰ পৰা বিৰত ৰাখিলে। নিশ্চয় সিহঁতৰ এই কাৰ্য অতিকৈ নিকৃষ্ট, যিবোৰ সিহঁতে কৰি আছে।
(10) সিহঁতে শত্ৰুতাত ইমান অন্ধ হৈ পৰিছে যে, মুমিনৰ ক্ষেত্ৰত আল্লাহকো কেৰেপ নকৰে আৰু কোনো আত্মীয়তাৰ সম্বন্ধকো ভ্ৰুক্ষেপ নকৰে, আনকি কোনো সন্ধিকো মৰ্যদা নিদিয়ে। সিহঁত আল্লাহৰ সীমালঙ্ঘনকাৰী, কাৰণ সিহঁতে অন্যায়-অত্যাচাৰ আৰু শত্ৰুতাত অন্ধ হৈ পৰিছে।
(11) এতেকে যদি সিহঁতে কুফুৰীৰ পৰা তাওবা কৰি আল্লাহৰ পিনে আহি যায়, আৰু এই কথাৰ সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰে আৰু সম্পদৰ যাকাত দিয়ে তেন্তে সিহঁত মুছলিম বুলি গণ্য হ'ব আৰু তোমালোকৰ দ্বীনি ভাই হৈ যাব। সিহঁতেও সেইসমূহ অধিকাৰ লাভ কৰিব, যিবোৰ তোমালোকে পোৱা। আৰু সিহঁতৰ ওপৰতো সেইবোৰ দায়িত্ব আহি পৰিব, যিবোৰ দায়িত্ব তোমালোকৰ ওপৰত আছে। সিহঁতৰ লগত যুদ্ধ কৰা তোমালোকৰ বাবে বৈধ নহয়। কিয়নো ইছলাম গ্ৰহণ কৰাৰ ফলত সিহঁতৰ প্ৰাণ, ধন-সম্পদ আৰু মান-সন্মান সুৰক্ষিত হৈ পৰিছে। প্ৰকৃততে আমি আয়াতসমূহ সেইসকল লোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰো, যিসকল জ্ঞানী। কিয়নো তেওঁলোকেই উপকৃত হয় আৰু আনকো উপকাৰ কৰে।
(12) যদি এই মুশ্বৰিকসকলে যিসকলৰ লগত তোমালোকে নিৰ্ধাৰিত সময় লৈকে যুদ্ধ নকৰাৰ সন্ধি কৰিছা, সন্ধি আইন ভঙ্গ কৰে, আৰু তোমালোকৰ ধৰ্মক কটাক্ষ কৰে তেন্তে সিহঁতৰ লগত যুদ্ধ কৰা। কাৰণ সিহঁতেই কুফৰৰ নেতৃত্ব প্ৰদানকাৰী নেতা। এতেকে সিহঁতৰ লগত কোনো সন্ধি বাহাল নাই, যি সন্ধিয়ে সিহঁতৰ প্ৰাণ ৰক্ষা কৰিব। সিহঁতৰ লগত যুদ্ধ কৰা, যাতে সিহঁতে কুফৰৰ পৰা, প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা আৰু দ্বীন ইছলামক কটাক্ষ কৰাৰ পৰা বিৰত থাকে।
(13) হে মুমিনসকল! তোমালোকে সিহঁতৰ লগত যুদ্ধ কিয় নকৰা, যিসকলে প্ৰতিশ্ৰুতি আৰু সন্ধি ভঙ্গ কৰিছে, লগতে দাৰুন নাদুৱাত একত্ৰিত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মক্কাৰ পৰা বহিষ্কাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহযোগী খুজাআ গোত্ৰৰ বিৰুদ্ধে কুৰাইছৰ সহযোগী বকৰ গোত্ৰক সহায় কৰি তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগভাগ লৈছিল। তোমালোকে সিহঁতক ভয় কৰা নেকি, সেই কাৰণে তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰিবলৈ সাহস গোটাব পৰা নাই? তেন্তে জানি থোৱা! যদি তোমালোক প্ৰকৃত মুমিন তেন্তে কেৱল আল্লাহকেই ভয় কৰা উচিত।
(14) হে মুমিনসকল! এইসকল মুশ্বৰিকৰ লগত যুদ্ধ কৰা। যদি তোমালোকে ইহঁতৰ লগত যুদ্ধ কৰা তেন্তে আল্লাহে তোমালোকৰ দ্বাৰা ইহঁতক শাস্তি প্ৰদান কৰিব, লগত ইহঁতক পৰাজিত কৰি আৰু কয়েদী সজাই লাঞ্ছিত কৰিব। ইহঁতৰ ওপৰত প্ৰভূত্ব প্ৰদান কৰি তোমালোকক সহায় কৰিব, লগতে সেইসকল মুমিনসকলৰ অন্তৰৰ ব্যাধি দূৰ কৰি দিব যিসকলে যুদ্ধত অংশ গ্ৰহণ কৰা নাই। এইটো সেই সময়ত হব যেতিয়া তেওঁলোকে দেখিব যে, মুছলমানৰ শত্ৰুসকলে পৰাজয় বৰণ কৰিছে, নিহত হৈছে আৰু কয়েদী হৈ আহিছে, আনহাতে মুছলিমসকল সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হৈছে।
(15) আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ অন্তৰৰ ক্ৰোধক, শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি দূৰ কৰিব, লগতে পাপিষ্ঠসকলৰ মাজৰ পৰা যাৰ ইচ্ছা আল্লাহে তাওবা কবূল কৰিব, যদি সিহঁতে তাওবা কৰে, যিদৰে মক্কা বিজয়ৰ দিনা কিছুমান কাফিৰে তাওবা কৰিছিল। আল্লাহে ভালদৰেই জানে সিহঁতৰ মাজত কোনে সঁচা তাওবা কৰিব, কাৰণ তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
(16) হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, আল্লাহে তোমালোকক পৰীক্ষা নকৰাকৈ এনেই এৰি দিব? অথচ আল্লাহৰ সাধাৰণ নিয়ম হৈছে পৰীক্ষা কৰা। এতেকে তোমালোককো পৰীক্ষা কৰা হ'ব, যাতে আল্লাহে প্ৰকাশ কৰে আৰু প্ৰকাশ্যভাৱে বান্দাসকলেও জানিব পাৰে যে, তোমালোকৰ মাজৰ কোনসকলে শ্ৰদ্ধাপূৰ্ণভাৱে আল্লাহৰ পথত যুদ্ধ কৰিব, যিসকলে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাহিৰে কাফিৰসকলৰ লগত অন্তৰঙ্গ বন্ধুত্ব স্থাপন কৰা নাই। তোমালোকে যি কৰি আছা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়, আৰু তেওঁ অচিৰেই তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
(17) আল্লাহৰ মছজিদসমূহক ইবাদত আৰু বিভিন্ন প্ৰকাৰৰ আনুগত্যৰ দ্বাৰা সক্ৰিয় ৰাখিবলৈ মুশ্বৰিকসকলৰ যোগ্যতা নাই। কিয়নো সিহঁত নিজেই নিজৰ বিৰুদ্ধে কুফৰৰ সাক্ষী প্ৰদান কৰিছে। এইসকল লোকৰেই আমল বিনষ্ট হৈছে, কাৰণ আমল কবূল হোৱাৰ মূল চৰ্ত হৈছে ঈমান, আৰু ঈমান সিহঁতৰ মাজত নাই। ক্বিয়ামতৰ দিনা সিহঁত জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব। কিন্তু যদি মৃত্যুৰ পূৰ্বে শ্বিৰ্কৰ পৰা তাওবা কৰে তেন্তে সেয়া সুকীয়া বিষয়।
(18) প্ৰকৃততে মছজিদ আবাদ কৰাৰ আৰু চোৱাচিতা কৰাৰ অধিকাৰ কেৱল সেইসকল লোকৰ, যিসকলে অদ্বিতীয় আল্লাহৰ ওপৰত ঈমান পোষণ কৰিছে, কাকো তেওঁৰ অংশী স্থাপন কৰা নাই, লগতে ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, ছালাত প্ৰতিষ্ঠা কৰে আৰু ধন-সম্পদৰ যাকাত প্ৰদান কৰে, লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। আশা কৰা যায় এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পোন পথৰ হিদায়ত লাভ কৰিব। আনহাতে মুশ্বৰিকসকল ইয়াৰ পৰা বহুত দূৰৈত অৱস্থান কৰিব।
(19) হে মুশ্বৰিকসকল! যিসকলে হাজীসকলক পানী পান কৰোৱায় আৰু সন্মানিত মছজিদৰ চোৱাচিতা কৰে, তোমালোকে এনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰিব বিচাৰিছা নেকি, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ লগত কাকো অংশী স্থাপন কৰা নাই, আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা হয় নিম্নগামী। তোমালোকে এই দুয়ো প্ৰকাৰ লোকক আল্লাহৰ ওচৰত একে মৰ্যদাৰ অধিকাৰী বুলি গণ্য কৰা নেকি, সিহঁত আল্লাহৰ ওচৰত কদাপিও সমান মৰ্যদাৰ অধিকাৰী হ'ব নোৱাৰে। শ্বিৰ্কত লিপ্ত অন্যায়কাৰীসকলক আল্লাহে কেতিয়াও হিদায়ত নিদিয়ে, যদিও সিহঁতে হাজীসকলক পানী পান কৰোৱাৰ দৰে কিছু নেক আমল নকৰক কিয়।
(20) যিসকলে ঈমান আনিছে আৰু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰিছে, লগতে আল্লাহৰ পথত নিজৰ ধন-সম্পদ আৰু প্ৰাণৰ সৈতে জিহাদ কৰিছে, আন আন লোকতকৈ আল্লাহৰ ওচৰত তেওঁলোকৰ মৰ্যদা অত্যাধিক। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই জান্নাত লাভ কৰাত সফল হ'ব।
(21) তেওঁলোকৰ প্ৰতিপালক আল্লাহে তেওঁলোকক ৰহমতৰ সন্তুষ্টিমূলক সুসংবাদ দিয়ে আৰু এই সংবাদ দিয়ে যে, আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট আৰু তেওঁ কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহ'ব, লগতে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামতসমূহ কেতিয়াও বিচ্ছিন্ন নহ'ব।
(22) সেই সমূহ জান্নাতত তেওঁলোক পৃথিৱীত কৰা আমলৰ বিনিময়ত চিৰকাল অৱস্থান কৰিব। এতেকে যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ আদেশসমূহ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিব, নিশ্চয় আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান।
(23) হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিজৰ পিতৃ, ভাই আৰু আন আন আত্মীয় যদি সিহঁতে ঈমানৰ বিপৰীতে কুফৰক ভালপায় আৰু ইয়াক প্ৰাধান্য দিয়ে তেন্তে সিহঁতক মুমিনসকলৰ তথ্য জনাবলৈ প্ৰিয়পাত্ৰ নবনাবা। লগতে সিহঁতৰ লগত কোনো পৰামৰ্শও নকৰিবা। সিহঁতে কুফৰৰ ওপৰত অটল থকাৰ পিছতো যদি তোমালোকৰ কোনোবাই সিহঁতক সহায়ক বনায় আৰু সিহঁতৰ লগত প্ৰেম ভাৱ দেখুৱায় তেন্তে সি হ'ব আল্লাহৰ অবাধ্য, আৰু গুনাহত লিপ্ত হৈ নিজকে ধ্বংস কৰাৰ বাবে নিজৰ ওপৰত অন্যায়কাৰী বুলি বিবেচিত হ'ব।
(24) হে ৰাছুল! কৈ দিয়ক যে হে মুমিনসকল! যদি তোমালোকৰ পিতৃ, তোমালোকৰ পুত্ৰ, তোমালোকৰ ভাই, তোমালোকৰ পৰিয়াল, তোমালোকৰ আত্মীয় আৰু তোমালোকৰ ধন-সম্পত্তি যিবোৰ তোমালোকে উপাৰ্জন কৰা, লগতে তোমালোকৰ ব্যৱসায় যিটোৰ ক্ষতিক তোমালোকে ভয় কৰা, আৰু তোমালোকৰ ঘৰ, যত তোমালোকে থাকিবলৈ ভাল পোৱা। যদি এই আটাইবোৰ বস্তু তোমালোকৰ ওচৰত আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ পথত যুদ্ধ কৰাতকৈ অধিক প্ৰিয় হয়, তেন্তে আল্লাহৰ ফালৰ পৰা অহা শাস্তিৰ অপেক্ষা কৰা। আল্লাহে তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত লোক সকলক তেওঁৰ সন্তুষ্টিমূলক কাম কৰাৰ তাওফীক নিদিয়ে।
(25) হে মুমিনসকল! প্ৰকৃততে কেইবাটাও যুদ্ধত তোমালোকৰ কম সংখ্যা আৰু কম প্ৰস্তুতি থকা সত্ত্বেও মুশ্বৰিকসকলৰ বিৰুদ্ধে আল্লাহে তোমালোকক বিজয়ী কৰিছে। তেতিয়া তোমালোকে আল্লাহৰ ওপৰত ভৰসা কৰিছিলা আৰু বিভিন্ন উপায় অৱলম্বন কৰিছিলা, লগতে সংখ্যাবলৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰা নাছিলা। সিহঁতৰ বিৰুদ্ধে তোমালোকে সংখ্যাবলৰ ফলত বিজয়ী হোৱা নাছিলা। কিন্তু হুনাইনৰ দিনা যেতিয়া তোমালোকে নিজৰ সংখ্যাবলৰ ওপৰত অহংকাৰ কৰিছিলা আৰু কৈছিলা যে, আজি আমি সংখ্যাৰ ক্ষেত্ৰত পৰাজিত নহওঁ। কিন্তু সেই দিনা তোমালোকৰ সংখ্যাগৰিষ্ঠতাও কোনো উপকাৰত অহা নাছিল, যি সংখ্যাৰ ওপৰত তোমালোকে বৰ অনন্দ প্ৰকাশ কৰিছিলা। ফলত শত্ৰু পক্ষই তোমালোকৰ ওপৰত বিজয় লাভ কৰিছিল আৰু পৃথিৱী প্ৰশস্ত হোৱাৰ পিছতো তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। আৰু তোমালোকে পৰাজিত হৈ শত্ৰুৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিছিলা।
(26) কিন্তু শত্ৰুসকলৰ পৰা তোমালোক পলায়ন কৰাৰ পিছত আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি আৰু মুমিনসকলৰ প্ৰতি শান্তি অৱতীৰ্ণ কৰিলে। ফলত তেওঁলোক দৃঢ়ভাৱে মুকাবিলা কৰিলে। তাৰ পিছত আল্লাহে ফিৰিস্তা অৱতীৰ্ণ কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। আনহাতে কাফিৰসকলক হত্যা, বন্দী আৰু সম্পদ হৰণ, আৰু সন্তানসকলক বন্দী বনোৱাৰ দৰে শাস্তি প্ৰদান কৰিছিল। এইটোৱে শাস্তি সেইসকল লোকৰ বাবেও যিসকলে নিজ ৰাছুলক অস্বীকাৰ কৰিছে আৰু তেওঁ লৈ অহা বিধানৰ পৰা মুখ ঘূৰাই লৈছে।
(27) এই শাস্তিৰ পিছত যদি সিহঁতে কুফৰ তথা ভ্ৰান্তিৰ পৰা তাওবা কৰে, তেন্তে আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ তাওবা কবুল কৰিব। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। সেই কাৰণেই সিহঁত কুফৰ তথা পাপ কৰাৰ পিছতো সিহঁতৰ তাওবা কবুল কৰে।
(28) হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ অনুসাৰীসকল! জানি থোৱা! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ। কাৰণ সিহঁতৰ মাজত আছে কুফৰ, অন্যায়-অত্যাচাৰ আৰু বেয়া স্বভাৱ। এতেকে এইবাৰৰ পিছত অৰ্থাৎ ন হিজৰীৰ পিছত সিহঁতে যেন মক্কাৰ নিৰ্দিষ্ট এলেকাত প্ৰৱেশ নকৰে, যদিও সিহঁত হজ্জ তথা উমৰাৰ নিয়তেৰে নাহক কিয়। হে মুমিনসকল! সিহঁতৰ দ্বাৰা অহা খাদ্য বস্তু আৰু অন্যান্য সা-সামগ্ৰী বন্ধ হোৱাৰ যদি তোমালোকে আশংকা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহৰ অনুগ্ৰহই তোমালোকৰ বাবে যথেষ্ট। নিশ্চয় আল্লাহ তোমালোকৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত, তোমালোকৰ বাবে যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
(29) হে মুমিনসকল! তোমালোকে সেইসকল ইয়াহুদী খৃষ্টান কাফিৰৰ লগত যুদ্ধ কৰা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে যাৰ কোনো অংশীদাৰ নাই। লগতে ক্বিয়ামতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ ওপৰত হাৰাম কৰা মৃত প্ৰাণী, গাহৰীৰ মাংস, মাদক দ্ৰৱ্য আৰু সুত আদিৰ পৰাও বিৰত নাথাকে। লগতে সিহঁতে আল্লাহৰ চৰীয়তৰ ওচৰত নত নহয়। তেতিয়ালৈকে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে অপমানিত হৈ নিজ হাতে কৰ আদায় নকৰে।
(30) ইয়াহুদী আৰু খৃষ্টান প্ৰত্যেকেই মুশ্বৰিক। কিয়নো ইয়াহুদীসকলে উযাইৰ আলাইহিছ ছালামক আল্লাহৰ পুত্ৰ বুলি কৈ আল্লাহৰ সমকক্ষ বনাইছে, আনহাতে খৃষ্টানসকলে ঈছা আলাইহিছ ছালামক আল্লাহৰ পুত্ৰ বুলিকৈ আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে। সিহঁতৰ এই দাবী কেৱল মৌখিক, ইয়াৰ সমপক্ষে কোনো প্ৰকাশ্য প্ৰমাণ নাই। ইহঁতৰ এইবোৰ কথা দৰাচলতে ইহঁতৰ পূৰ্বে অতিবাহিত সেইসকল মুশ্বৰিকৰ দৰে যিসকলে কৈছিল, ফিৰিস্তাসকল আল্লাহৰ কন্যা। আল্লাহ সিহঁতৰ এই নিকৃষ্ট দাবীৰ পৰা বহু ঊৰ্দ্ধত। আল্লাহে সিহঁতক ধ্বংস কৰক, কেনেকৈ ইহঁতক সত্যৰ পৰা বিমুখ কৰি অসত্যৰ পিনে গতি কৰাইছে।
(31) ইয়াহুদীসকলে নিজৰ বিদ্বানসকলক আৰু খৃষ্টানসকলে নিজৰ ধৰ্মগুৰুসকলক আল্লাহৰ পৰিবৰ্তে ৰব্ব বনাই লৈছিল। এইসকল লোকে সিহঁতৰ বাবে আল্লাহে হাৰাম কৰা বস্তুক হালাল কৰিছিল, আৰু হালাল কৰা বস্তুক সিহঁতে হাৰাম কৰিছিল। তথা খৃষ্টানসকলে মাৰয়ামৰ পুত্ৰ ঈছাক আল্লাহৰ লগত উপাস্য হিচাপে গ্ৰহণ কৰিছিল। অথচ আল্লাহে ইয়াহুদী বিদ্বানসকলক আৰু খৃষ্টান ধৰ্মগুৰুসকলক লগতে উযাইৰক আৰু ঈছা ইবনে মাৰয়ামক একমাত্ৰ তেওঁৰ ইবাদত কৰিবলৈহে আদেশ দিছিল, আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰিবলৈ নিষেধ কৰিছিল। তেওঁ মহাপৱিত্ৰ, এক তথা অদ্বিতীয়। তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁ এই মুশ্বৰিকসকলৰ দাবীৰ পৰাও পৱিত্ৰ যিসকলে আল্লাহৰ লগত আনক অংশীদাৰ কৰে।
(32) এই কাফিৰসকলে আৰু সিহঁতৰ মতাদৰ্শী কাফিৰসকলে মিছা অপবাদৰ জৰিয়তে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰৰ জৰিয়তে ইছলামক নসাৎ কৰিব বিচাৰে, আৰু ইয়াক অসত্য ধৰ্ম বুলি প্ৰমাণ কৰিব বিচাৰে, লগতে সিহঁতে আল্লাহৰ একত্ববাদক আৰু তেওঁৰ ৰাছুল লৈ অহা চৰীয়তৰ স্পষ্ট প্ৰমাণবোৰক অসত্য বুলি প্ৰমাণ কৰিব বিচাৰে। আনহাতে আল্লাহে নিজৰ দ্বীনক পৰিপূৰ্ণ কৰিব বিচাৰে আৰু ইয়াক আন আন ধৰ্মৰ ওপৰত বিজয়ী কৰিব বিচাৰে, যদিও কাফিৰসকলে তেওঁৰ দ্বীন পৰিপূৰ্ণ আৰু বিজয়ী হোৱাক লগতে তেওঁৰ বাণী সৰ্বোচ্চ হোৱাক অপছন্দ নকৰক কিয়। নিশ্চয় আল্লাহে এইটো পূৰণ কৰিহে এৰিব, কাৰণ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে, আন আন লোকৰ ইচ্ছা তেতিয়া নিষ্ক্ৰিয় হৈ যায়।
(33) আল্লাহেই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰিছে, যিটো গোটেই মানৱ জাতিৰ বাবে হিদায়ত। তথা সত্য ধৰ্ম ইছলাম দান কৰিছে, যাতে যুক্তি প্ৰমাণ আৰু বিধানৰ দ্বাৰা আন আন ধৰ্মৰ ওপৰত প্ৰভুত্ব লাভ কৰিব পাৰে। যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
(34) হে মুমিনসকল আৰু আল্লাহৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! বহুতো ইয়াহুদী বিদ্বান আৰু খৃষ্টান ধৰ্মগুৰুসকলে অবৈধ ভাৱে মানুহৰ ধন আত্মসাৎ কৰে, যেনে- উৎকোচ আদিৰ জৰিয়তে। সেইসকলেই আল্লাহৰ দ্বীনত প্ৰৱেশ কৰিবলৈ মানুহক বাধা প্ৰদান কৰে। লগতে যিসকলে সোণ-ৰূপ সঞ্চয় কৰি থয় আৰু তাৰ যাকাত আদায় নকৰে, হে ৰাছুল! সেইসকল লোকক ক্বিয়ামতৰ দিনা সন্মুখীন হ'বলগীয়া কষ্টদায়ক শাস্তি সম্পৰ্কে অৱগত কৰাওক।
(35) সিহঁতে যিবোৰ সঞ্চয় কৰিছে, ক্বিয়ামতৰ দিনা সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব। যেতিয়া পূৰ্ণৰূপে উত্তপ্ত হ'ব তেতিয়া সেইবোৰৰ জৰিয়তে সিহঁতৰ কপালত, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ'ব, লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ এইবোৰেই তোমালোকৰ সম্পদ, যিবোৰ তোমালোকে সঞ্চয় কৰি ৰাখিছিলা আৰু ইয়াৰ অনিবাৰ্য হক আদায় কৰা নাছিলা। এতেকে এতিয়া নিজৰ সেই সঞ্চিত ধনৰ পৰিণাম ভোগ কৰা, যিবোৰৰ হক আদায় কৰা নাছিলা।
(36) নিশ্চয় আল্লাহৰ নিৰ্ণয় আৰু ফয়চালা অনুসাৰে মাহৰ সংখ্যা হৈছে ১২ টা, যিটো তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়তেই লওহে মাহফুজত লিপিবদ্ধ কৰি থৈছে। এই বাৰটা মাহৰ চাৰিটা মাহত যুদ্ধ বিগ্ৰহ কৰা নিষিদ্ধ। ইয়াৰে তিনিটা মাহ ক্ৰমেঃ জুলকাদা, জুলহিজ্জা আৰু মুহাৰ্ৰম আৰু আনটো হৈছে অকলশৰীয়া অৰ্থাৎ ৰজব মাহ। বছৰৰ বাৰটা মাহৰ যে, চাৰিটা মাহ সন্মানিত, এই বৰ্ণনাটোৱে হৈছে সঠিক ধৰ্ম। গতিকে উক্ত সন্মানিত মাহবোৰত যুদ্ধ কৰি আৰু সেই মাহবোৰৰ মৰ্যাদা হানি কৰি নিজৰে অন্যায় নকৰিবা। আৰু তোমালোকে মুশ্বৰিকসকলৰ বিৰুদ্ধে একত্ৰিত হৈ যুদ্ধ কৰা, যিদৰে সিহঁতে তোমালোকৰ বিৰুদ্ধে একত্ৰিত হৈ যুদ্ধ কৰে। জানি থোৱা, নিশ্চয় আল্লাহে সেইসকল লোকক সহায় কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। আল্লাহে যাক সহায় কৰে, তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
(37) কোনো সন্মানিত মাহৰ মৰ্যাদাক পিছুৱাই আন কোনো সাধাৰণ মাহলৈ পৰিবৰ্তন কৰাটো হৈছে সিহঁতৰ কুফৰীত আৰু অধিক বৃদ্ধি হোৱা কাৰ্য, (যিদৰে অজ্ঞতাযুগত আৰবীয়ানসকলে কৰিছিল)। কিয়নো সিহঁতে সন্মানিত মাহসমূহৰ ক্ষেত্ৰত আল্লাহৰ আদেশ উলংঘা কৰিছে। চয়তানে সিহঁতৰ বাবে এই অপসংস্কৃতি বলৱৎ কৰি সিহঁতক পথভ্ৰষ্ট কৰিছে। সিহঁতে কোনোবা বছৰত সন্মানিত মাহক সাধাৰণ মাহৰ লগত পৰিবৰ্তন কৰে, আকৌ কোনোবা বছৰত আগৰ দৰেই থাকিব দিয়ে, যাতে আল্লাহে সন্মানিত কৰা মাহৰ গণনাত কোনো বিসংগতি নহয়। সিহঁতে যেতিয়াই কোনো সন্মানিত মাহক বৈধ বুলি গ্ৰহণ কৰে তেতিয়াই সেই মাহৰ স্থানত আন এটা সাধাৰণ মাহক স্থলাভিষিক্ত কৰে। এইদৰে সিহঁতে আল্লাহৰ নিষিদ্ধ মাহসমূহক হালাল কৰি আল্লাহৰ আদেশ উলংঘা কৰে। প্ৰকৃততে চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দিয়ে, ফলত সিহঁতে তাৰ ওপৰত আমল কৰে। আল্লাহে সেইসকল কাফিৰক তাওফীক নিদিয়ে, যিসকলে কুফৰৰ ওপৰত অটল থাকে।
(38) হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমানকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! কি হ’ল তোমালোকৰ? তোমালোকক যেতিয়া তোমালোকৰ শত্ৰুসকলৰ সৈতে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হয়, তেতিয়া তোমালোক ভাৰাক্ৰান্ত হৈ কিয় পৰা, আৰু ঘৰৰ পৰা কিয় ওলাবলৈ টান পোৱা? তোমালোকে আখিৰাতৰ নিৰবিচ্ছিন্ন অনুগ্ৰহৰ তুলনাত পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তু আৰু ইয়াৰ সুখত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ সেই চিৰযুগমীয়া অনুগ্ৰহবোৰ মুজাহিদসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ সুখ-শান্তি একেবাৰে নগণ্য। এতেকে কোনো বিবেকৱান ব্যক্তিয়ে চিৰস্থায়ী সুখ-শান্তিৰ পৰিবৰ্তে ধ্বংসশীল বস্তুক প্ৰাধান্য দিবনে? আৰু বৃহৎ নিয়ামতৰ তুলনাত নগণ্য অনুগ্ৰহক অগ্ৰাধিকাৰ দিবনে?
(39) হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে আল্লাহে তোমালোকক কষ্টদায়ক আৰু অপমানমূলক শাস্তি প্ৰদান কৰিব, তথা এনেকুৱা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব, যিসকলে আল্লাহৰ আনুগত্য কৰিব। যেতিয়া তেওঁলোকক যুদ্ধৰ বাবে ওলাবলৈ কোৱা হ'ব তেতিয়া তেওঁলোকে ওলাই পৰিব। তেওঁৰ আদেশ অমান্য কৰি তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। তেওঁ অমুখাপেক্ষী, তোমালোক হৈছা তেওঁৰ মুখাপেক্ষী। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তোমালোকৰ অবিহনেই তেওঁৰ দ্বীন আৰু নবীক সহায় কৰিবলৈ সক্ষম।
(40) হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ ৰাছুলক সহায় নকৰা, আৰু আল্লাহৰ আহ্বানত তেওঁৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে জানি থোৱা! আল্লাহে তোমালোকৰ অবিহনেই তেওঁক সেইসময়ত সহায় কৰিছে, যিসময়ত কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল। দুজনেই আছিল, তেওঁ আৰু আবু বকৰ। তৃতীয় কোনো ব্যক্তি নাছিল। উভয়ে ছুৰ নামক গোহাত আত্মগোপন কৰিছিল, যেতিয়া কাফিৰসকলে তেওঁলোকক বিচাৰি আছিল। যেতিয়া আবু বকৰে আশংকা কৰিছিল যে কাফিৰসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰক কৈছিলঃ উদাসীন নহ'বা। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন আমাৰ লগত আছে। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত শান্তি বৰ্ষণ কৰিলে, লগতে তেওঁক এনেকুৱা সৈন্যৰ দ্বাৰা সহায় কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। দৰাচলতে সেইসকল আছিল ফিৰিস্তা, যিসকলে তেওঁক সহায় কৰি আছিল। তেৱেঁই মুশ্বৰিকসকলৰ কথাক নিম্নগামী কৰি আল্লাহৰ বাণীক সুউচ্চ কৰিছে। আল্লাহ সত্ত্বাগত ভাৱে, লগতে তেওঁৰ শক্তি আৰু ৰাজত্বত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত, ভাগ্য নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
(41) হে মুমিনসকল! আল্লাহৰ পথত জিহাদ কৰিবলৈ ওলাই পৰা। দুখত থকা অথবা সুখত, যুৱক হোৱা অথবা বৃদ্ধ। নিজৰ জান মালৰ সৈতে জিহাদ কৰা। কিয়নো ঘৰত বহি থাকি সম্পদ সংৰক্ষণ কৰাতকৈ নিজৰ জান মালৰ সৈতে জিহাদৰ বাবে ওলাই যোৱাটো হৈছে অধিক লাভদায়ক। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ প্ৰতি আগুৱাই যোৱা।
(42) হে নবী! আপুনি যি জিহাদৰ পিনে মুনাফিকসকলক আহ্বান কৰি আছে আৰু সিহঁতে পিছুৱাই থাকিবলৈ আপোনাৰ পৰা অনুমতি বিচাৰি আছে, যদি সেই জিহাদৰ যুদ্ধলব্ধ সম্পদ সহজেই লাভ কৰিব পৰা গলহেঁতেন আৰু ভ্ৰমণো যদি কষ্টকৰ নহলহেঁতেন তেন্তে সিহঁত আপোনাৰ সৈতে যাবলৈ ইচ্ছুক হলহেঁতেন। কিন্তু যিটো পথ অতিক্ৰম কৰিবলৈ আপুনি সিহঁতক কৈছে, সেইটো সিহঁতৰ দৃষ্টিত বৰ দুৰ্গম, সেই কাৰণেই সিহঁত পিছুৱাইছে। কিন্তু যেতিয়া আপুনি যুদ্ধৰ পৰা উভতি আহিব, এই পিছুৱাই থকাৰ বাবে অনুমতি বিচৰা মুনাফিকসকলে আল্লাহৰ শপত খাই ক'ব যে, আমি আপোনাৰ লগত যুদ্ধত যাব পৰা অৱস্থাত থাকিলে নিশ্চয় গলোহেঁতেন। দৰাচলতে সিহঁতে জিহাদৰ পৰা পিছুৱাই থাকি আৰু আল্লাহৰ নামত এইবোৰ মিছা শপত খাই নিজকে আল্লাহৰ শাস্তিৰ সন্মুখীন কৰি আছে। অথচ আল্লাহে ভালকৈ জানে যে, সিহঁতৰ এইবোৰ দাবী আৰু এই শপত, স্পষ্ট মিছা।
(43) হে নবী! আপুনি সিহঁতক জিহাদৰ পৰা পিছুৱাই থকাৰ যি অনুমতি প্ৰদান কৰিছিল, সেই নিৰ্ণয়ক আল্লাহে ক্ষমা কৰক, আপুনি কিয় সিহঁতক অনুমতি প্ৰদান কৰিছিল? অথচ এইটো স্পষ্টই হোৱা নাছিল যে, কাৰ আবেদন গ্ৰহণযোগ্য আৰু কাৰ গ্ৰহণযোগ্য নহয়। তেতিয়াহে আপুনি অগ্ৰহণযোগ্য আবেদন নাকচ কৰি, গ্ৰহণযোগ্য আবেদনকাৰীসকলক অনুমতি দিব পাৰিলেহেঁতেন।
(44) হে ৰাছুল! যিসকলে আল্লাহ আৰু ক্বিয়ামত দিৱসৰ প্ৰতি অন্তৰেৰে পূৰ্ণ বিশ্বাস পোষণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ পথত জান মালৰ সৈতে জিহাদ কৰাৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচৰা উচিত নহয়। বৰং তেওঁলোকৰ অৱস্থা এনেকুৱা হোৱা উচিত যে, যেতিয়াই তেওঁলোকক ওলাবলৈ কোৱা হ'ব, তেওঁলোক যেন ওলাই পৰে আৰু জান মালৰ সৈতে জিহাদ কৰে। নিশ্চয় আল্লাহ তেওঁৰ মুত্তাক্বী বান্দাসকলৰ বিষয়ে ভালদৰে অৱগত, যিসকলে কোনো উপযুক্ত কাৰণ নোহোৱাকৈ অনুমতি নিবিচাৰে।
(45) হে ৰাছুল! যিসকলে আপোনাৰ ওচৰত আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰে, সিহঁত হৈছে সেইসকল মুনাফিক যিসকলে আল্লাহৰ প্ৰতি তথা ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে, লগতে সিহঁতৰ অন্তৰত আল্লাহৰ দ্বীন সম্পৰ্কে আছে সংশয়। এতেকে সিহঁত সন্দেহত পতিত হৈ আছে, সত্য বিচাৰি পোৱা নাই।
(46) সঁচাই যদি সিহঁত আপোনাৰ লগত আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱাৰ দাবীত সত্যবাদী হোৱাহেঁতেন তেন্তে তাৰ বাবে অৱশ্যে কিবা নহয় কিবা প্ৰস্তুতি ললেহেঁতেন। কিন্তু সিহঁত আপোনাৰ সৈতে যোৱাটো আল্লাহে পছন্দই কৰা নাছিল। সেই কাৰণেই সিহঁত ভাৰাক্ৰান্ত হৈ পৰিছিল আৰু ঘৰতে বহি থকাটোক সিহঁতে প্ৰাধান্য দিছিল।
(47) এই মুনাফিকসকল তোমালোকৰ সৈতে নোলোৱাটোৱে তোমালোকৰ বাবে উত্তম। যদি সিহঁত তোমালোকৰ সৈতে ওলোৱাহেঁতেন তেন্তে সিহঁতে তোমালোকৰ সাহস হেৰুৱাই সন্দেহ সৃষ্টি কৰিলেহেঁতেন লগতে তোমালোকৰ মাজত বিপৰ্যয়ৰ বাহিৰে আন একো বৃদ্ধি নকৰিলেহেঁতেন। আৰু তোমালোকক বহুধাবিভক্ত কৰিবলৈ তোমালোকৰ মাজত বিদ্বেষ সৃষ্টি কৰিলেহেঁতেন। হে মুমিনসকল! তোমালোকৰ মাজত এনেকুৱা ব্যক্তিও আছে যিসকলে সিহঁতৰ মিছা কথা মনোযোগ সহকাৰে শুনে আৰু গ্ৰহণো কৰে, লগতে প্ৰচাৰো কৰে, যাতে তোমালোকৰ মাজত মতভেদ সৃষ্টি হয়। আল্লাহে সেই অন্যায়কাৰী মুনাফিকসকলক ভালদৰেই জানে যিসকলে মুমিনসকলৰ মাজত সন্দেহ সংশয় বিস্তাৰ কৰিব বিচাৰে।
(48) এই মুনাফিকসকলে তাবুক যুদ্ধৰ পূৰ্বেও মুছলিমসকলৰ মাজত মতভেদ সৃষ্টি কৰাৰ আৰু তেওঁলোকৰ শক্তি ভঙ্গ কৰিবলৈ প্ৰয়াস কৰিছিল। হে ৰাছুল! আপোনাৰ বিৰুদ্ধেও বিভিন্ন প্ৰকাৰৰ চক্ৰান্ত ৰচিছিল, যাতে সিহঁতৰ চক্ৰান্তই আপোনাৰ জিহাদৰ ধাৰণাক প্ৰভাৱিত কৰে। অৱশেষত আল্লাহৰ সহায় আহি পৰিল, আৰু আল্লাহে তেওঁৰ দ্বীনক বিজয়ী কৰিলে আৰু তেওঁৰ শত্ৰুক পৰাজিত কৰিলে। যদিও সিহঁতে এইটো পছন্দ কৰা নাছিল, কাৰণ সিহঁতৰ ইচ্ছা আছিল যাতে অসত্যই সত্যৰ ওপৰত বিজয়প্ৰাপ্ত হয়।
(49) মুনাফিকসকলৰ কিছুমানে বিভিন্ন প্ৰকাৰৰ ওজৰ দাঙি ধৰিছিল আৰু কৈছিলঃ হে আল্লাহৰ ৰাছুল! আমাক জিহাদৰ পৰা পিছুৱাই থকাৰ অনুমতি দিয়ক, আৰু আপোনাৰ লগত যাবলৈ বাধ্য নকৰিব, এনেকুৱা হ'ব পাৰে যে আমি ৰোমী শত্ৰুসকলৰ স্ত্ৰীসকলক দেখি নিজকে চম্ভালিব নোৱাৰি হয়তো গুনাহত লিপ্ত হ'ম। জানি থোৱা! সিহঁত ইয়াতকৈয়ো অধিক ভয়াৱহ গুনাহত লিপ্ত হৈছে। সেয়া হৈছে নিফাক আৰু জিহাদৰ পৰা দূৰৈত থকাৰ গুনাহ। নিশ্চয় ক্বিয়ামতৰ দিনা জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰি ৰাখিব। তাৰ পৰা সিহঁতৰ কোনেও ৰক্ষা নাপাব আৰু কোনেও পলায়নও কৰিব নোৱাৰিব।
(50) হে ৰাছুল! যদি আপুনি আল্লাহৰ ফালৰ পৰা সহায় তথা যুদ্ধলব্ধ সম্পদ আদিৰ দৰে কোনোবা নিয়ামত প্ৰাপ্ত হয়, তেতিয়া সিহঁতৰ ভাল নালাগে আৰু সিহঁত চিন্তিত হৈ পৰে। কিন্তু যদি আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হয় তথা পৰাজয়ৰ দৰে কোনোবা বিপদাক্ৰান্ত হয়, তেতিয়া এই মুনাফিকসকলে কয়ঃ আমি নিজৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিছিলো, আৰু মুমিনসকলৰ লগত জিহাদত নগৈ সঠিক সিদ্ধান্ত লৈছিলো, অন্যথা আমিও তেওঁলোকৰ দৰে বন্দী তথা হত্যাৰ সন্মুখীন হ'ব লগা হ'লোহেঁতেন। আৰু এই মুশ্বৰিকসকল নিজৰ নিৰাপত্তাত সন্তুষ্ট হৈ পৰিয়ালৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিলে।
(51) হে ৰাছুল! এই মুনাফিকসকলক কৈ দিয়ক যে, আমাৰ লগত সেইটোৱে ঘটিব, যিটো আল্লাহে আমাৰ ভাগ্যত নিৰ্ধাৰণ কৰিছে। তেৱেঁই আমাৰ ব্যৱস্থাপক আৰু আশ্ৰয়স্থল, য’ত আমি আশ্ৰয় লওঁ। আমি আমাৰ সকলো কামত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰো, লগতে মুমিনসকলে তেওঁলোকৰ সকলো কাম তেওঁৰ ওপৰতে অৰ্পন কৰে। তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট আৰু উত্তম সংৰক্ষক।
(52) হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আমাৰ বিজয় হোৱাৰ অথবা শ্বহীদ হোৱাৰ অপেক্ষাত আছা নেকি, পক্ষান্তৰে আমি অপেক্ষা কৰি আছো আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ হওঁক আৰু সেই শাস্তিয়ে তোমালোকক ধ্বংস কৰক নাইবা আমাৰ হতুৱাই তোমালোকক হত্যা কৰাই অথবা বন্দী বনাই শাস্তি প্ৰদান কৰক। এতেকে তোমালোকে আমাৰ পৰিণামলৈ অপেক্ষা কৰা, আমিও তোমালোকৰ পৰিণামলৈ অপেক্ষা কৰি আছো।
(53) হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে ইচ্ছা বা অনিচ্ছাত যিবোৰ সম্পদ ব্যয় কৰি আছা, সেইবোৰ ব্যয় কৰা কিন্তু তোমালোকৰ কুফুৰী আৰু আল্লাহৰ আবাধ্যতাৰ ফলত সেইবোৰ গ্ৰহণযোগ্য নহয়, স্বীকাৰ কৰা নহ'ব।
(54) সিহঁতৰ ব্যয় কৰা সম্পদ গ্ৰহণযোগ্য নোহোৱাৰ তিনিটা কাৰণ আছেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা, ছালাতৰ ক্ষেত্ৰত অলসতা কৰা, লগতে আন্তৰিকতাৰে ধন ব্যয় কৰাৰ পৰিবৰ্তে অনিচ্ছাকৃতভাৱে ভাৰাক্ৰান্ত হৈ ব্যয় কৰা, কাৰণ সিহঁতে ছালাত আৰু দানৰ পৰিবৰ্তে ছোৱাব আশা নকৰে।
(55) এতেকে হে ৰাছুল! আপুনি মুনাফিকসকলৰ ধন-সম্পদ আৰু সন্তান-সন্ততিক লৈ আশ্চৰ্য প্ৰকাশ কৰিব নালাগে আৰু সিহঁতক ভাল পাবও নালাগে। কিয়নো সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ পৰিণাম বৰ বেয়া হ'ব। আল্লাহে সিহঁতক সিহঁতৰ বিৰুদ্ধে আযাব বনাই দিব। প্ৰকৃততে সেয়া অৰ্জন কৰাটোও এটা কষ্টসাধ্য তথা কঠিন কাম, লগতে সিহঁতৰ ওপৰত কিবা নহয় কিবা বিপদ আহিয়ে থাকিব। অৱশেষত কুফৰ অৱস্থাত আল্লাহে সিহঁতৰ প্ৰাণ হৰণ কৰিব আৰু সিহঁত জাহান্নামৰ একেবাৰে নিম্ন স্তৰত চিৰকাল অৱস্থান কৰিব।
(56) হে মুমিনসকল! মুনাফিকসকলে আল্লাহৰ শপত খাই কয় যে, সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত। অথচ সিহঁত আভ্যন্তৰিণভাৱে তোমালোকৰ অন্তৰ্ভুক্ত নহয়, যদিও সিহঁতে নিজকে মুছলিম বুলি প্ৰকাশ কৰে। প্ৰকৃততে সিহঁতে মুশ্বৰিকসকলৰ দৰে হত্যা আৰু বন্দী হোৱাৰ ভয়ত নিজকে ৰক্ষা কৰিবলৈ মুছলিম বুলি পৰিচয় দিয়ে।
(57) যদি এই মুনাফিকসকলে আশ্ৰয় লবলৈ কোনো দুৰ্গ পাই যায়, যত তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব, নাইবা পলায়ন কৰিবলৈ যদি পাহাৰত গুফা পাই যায়, যত আত্মগোপন কৰিব পাৰিব, অথবা কোনো সুৰংগ যদি পাই যায় যত প্ৰৱেশ কৰিব পাৰিব তেতিয়াহলে দ্ৰুত গতিত তাতগৈ আত্মগোপন কৰিলেহেঁতেন।
(58) হে নবী! মুনাফিকসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে, যিসকলে ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰে, কিয়নো সিহঁতে সেইটো নাপায় যিটো সিহঁতে বিচাৰে। কিন্তু যদি আপুনি সিহঁতে বিচৰা অনুযায়ী প্ৰদান কৰে তেন্তে সিহঁত উত্ফুল্লিত হয়। আনহাতে যদি সিহঁতক সিহঁতৰ আশা অনুযায়ী দিয়া নহয় তেন্তে সিহঁত অসন্তুষ্ট হয়।
(59) ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰা এই মুনাফিকসকলে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলে প্ৰদান কৰা অংশকলৈ সন্তুষ্ট থাকিলেহেঁতেন আৰু কোৱাহেঁতেন যে, আল্লাহেই আমাৰ বাবে যথেষ্ট, আল্লাহে নিজ অনুগ্ৰহত আমাক যি ইচ্ছা প্ৰদান কৰিব পাৰে, আৰু আল্লাহে যি দান কৰিছে ৰাছুলে আমাক সেয়াই প্ৰদান কৰিছে, আৰু আমি আল্লাহৰ ওচৰতেই প্ৰত্যাশী তেৱেঁই আমাক নিজ অনুগ্ৰহত দান কৰিব। যদি সিহঁতে এইদৰে কৰিলেহেঁতেন তেন্তে আপোনাৰ সমালোচনাতকৈ এয়া সিহঁতৰ পক্ষে কল্যাণকৰ হলেহেঁতেন।
(60) ফৰজ যাকাত দৰিদ্ৰসকলৰ ওপৰত ব্যয় কৰা হ'ব, যাৰ ওচৰত জীৱিকা উপাৰ্জনৰ উপায় তথা মাধ্যমো আছে কিন্তু তাৰ পৰা অহা আয় তাৰ বাবে যথেষ্ট নহয়, তথাপিও তেওঁ আনৰ ওচৰত নিজৰ অৱস্থা ব্যক্ত নকৰে। লগতে এই ধন ব্যয় কৰা হ'ব মিছিকিনসকলৰ ওপৰত, যাৰ ওচৰত ধন বোলোতে একোৱে নাই, তাৰ কথা বাৰ্তা আৰু অৱস্থাই তাৰ পৰিচায়ক। লগতে ব্যয় কৰা হ'ব কৰ্মচাৰীসকলৰ ওপৰত, যিসকলক কৰ্তৃপক্ষই যাকাত সংগ্ৰহ কৰিবলৈ নিযুক্তি দিছে। লগতে এনেকুৱা অমুছলিমৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ অন্তৰ ইছলামৰ পিনে ধাবিত, যাতে ইছলাম গ্ৰহণ কৰে। আৰু দুৰ্বল ঈমানৰ অধিকাৰীসকলৰ ওপৰতো ব্যয় কৰা হ'ব, সিহঁতৰ ঈমান শক্তিশালী কৰিবলৈ। অথবা কাৰোবাক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ। লগতে ব্যয় কৰা হ'ব দাস মুক্তি কৰিবলৈ। আৰু এই ধন ব্যয় কৰা হব সেইসকল ঋণগ্ৰস্তৰ ওপৰত, যিসকলে অপচয় তথা অপকৰ্মত লিপ্ত নোহোৱাকৈ ঋণগ্ৰস্ত হৈছে আৰু ঋণ পৰিশোধ কৰাৰ শক্তি তেওঁলোকৰ নাই। লগতে এই ধন ব্যয় কৰা হ'ব আল্লাহৰ পথত যুদ্ধ কৰা মুজাহিদসকলৰ প্ৰস্তুতিৰ বাবে। আৰু সেই ভ্ৰমণকাৰীৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ ভ্ৰমণ অৱস্থাত সম্বল সমাপ্ত হৈছে। যাকাতৰ ধন এইসকল ব্যক্তি তথা শিতানত ব্যয় কৰাটোৱে হৈছে আল্লাহৰ জৰুৰী নিৰ্দেশ। আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত, চৰীয়ত প্ৰণয়ন তথা পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
(61) মুনাফিকসকলৰ কিছুমানে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কথাৰ দ্বাৰা কষ্ট দিয়ে। এতেকে সিহঁতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহনশীলতা দেখি কয়, তেখেতে সকলোৰে কথা মানি চলে তথা সত্য আৰু অসত্যৰ মাজত কোনো পাৰ্থক্য নকৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ ৰাছুলে কল্যাণকৰ কথাৰ বাহিৰে একোৱে নামানে। তেখেতে আল্লাহৰ কথাক সত্য বুলি স্বীকাৰ কৰে আৰু সত্যবাদী মুমিনসকলৰ কথাক বিশ্বাস কৰে তথা তেওঁলোকৰ প্ৰতি দয়া কৰে। কিয়নো তেখেতক মুমিনসকলৰ প্ৰতি দয়ালুৰূপে প্ৰেৰণ কৰা হৈছে। যিসকলে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক কোনো প্ৰকাৰ কষ্ট দিয়ে, সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
(62) হে মুমিনসকল! মুনাফিকসকলে তোমালোকক সন্তুষ্ট কৰিবলৈ তোমালোকৰ সন্মুখত শপত খাই কয় যে, সিহঁতে এনেকুৱা কোনো কথা কোৱা নাই, যিটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মানসিকভাৱে কষ্ট দিয়ে। অথচ ঈমান আৰু নেক আমলৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলক সন্তুষ্ট কৰাটো অধিক প্ৰয়োজন যদি ইহঁত প্ৰকৃত মুমিন।
(63) এই মুনাফিকসকলে নাজানে নেকি যে, ইহঁতে নিজৰ এনেকুৱা কৰ্মৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰি আছে? জানি থোৱা! যিয়েই তেওঁলোকৰ বিৰোধিতা কৰিব সি ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামৰ জুইত প্ৰৱেশ কৰিব। এইটো বৰ ডাঙৰ অপমান।
(64) মুনাফিকসকলে আশংকা কৰে যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত এনেকুৱা কোনো ছুৰা অৱতীৰ্ণ কৰি দিয়ে নেকি য’ত সিহঁতৰ মনৰ গোপন কুফৰ সম্পৰ্কে মুমিনসকলক অৱগত কৰোৱা হ'ব। হে ৰাছুল! আপুনি কৈ দিয়ক, হে মুনাফিকসকল! তোমালোকে যিমান পাৰা উপলুঙা কৰি থাকা আৰু দ্বীনকলৈ উপহাস কৰা। নিশ্চয় আল্লাহে কোনো ছুৰা অৱতীৰ্ণ কৰি অথবা ৰাছুলক অৱগত কৰাই সেইবোৰ বিষয় স্পষ্ট কৰি দিব, যিবোৰ বিষয় প্ৰকাশ হোৱাক তোমালোকে ভয় কৰা।
(65) হে ৰাছুল! মুনাফিকসকলে আল্লাহ সম্পৰ্কে কৰা বেয়া মন্তব্য আৰু মুমিনসকলক গালি-শপনি দিয়া সম্পৰ্কে আল্লাহে আপোনাক অৱগত কৰোৱাৰ পিছত যদি আপুনি সিহঁতক এইবোৰৰ বিষয়ে সোধে তেন্তে সিহঁতে ক'বঃ আমি এনেই কৈছিলো আৰু হাঁহি ঠাট্টাহে কৰিছিলো। হে ৰাছুল! আপুনি তেতিয়া সিহঁতক কওঁক যে, উপহাস কৰিবলৈ তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াত আৰু তেওঁৰ ৰাছুলকেই পালা নেকি?
(66) এতিয়া মিছা বাহানা কৰি লাভ নাই, তোমালোকে উপহাস কৰি নিজৰ গোপন কুফুৰী কাৰ্যক প্ৰকাশ কৰিছা। আমি তোমালোকৰ এটা দলক নিফাকৰ পৰা বিৰত থকাৰ কাৰণে তথা তাওবা কৰাৰ আৰু আল্লাহৰ সৈতে নিষ্ঠা থকাৰ কাৰণে ক্ষমা কৰি দিলেও আনটো দলক ক্ষমা কৰি নিদিওঁ, কিয়নো সিহঁত নিফাকৰ ওপৰত অটল থকাৰ কাৰণে আৰু তাওবা নকৰাৰ কাৰণে শাস্তি ভোগ কৰিব।
(67) মুনাফিক পুৰুষ তথা মুনাফিক নাৰীসকল সকলোৱে নিফাকৰ ক্ষেত্ৰত একেই শ্ৰেণীৰ আৰু মুমিনসকলৰ পৰিপন্থী। অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মত বাধা প্ৰদান কৰে। ধন-সম্পদত কৃপণালী কৰে আৰু আল্লাহৰ পথত ব্যয় নকৰে। সিহঁতে আল্লাহৰ আনুগত্য এৰি দিছে, ফলত আল্লাহেও সিহঁতক তাওফীকৰ পৰা বঞ্চিত কৰিছে। নিশ্চয় মুনাফিকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হৈছে আৰু সত্যৰ পৰা আঁতৰি গুনাহৰ আৰু ভ্ৰান্ত পথ অৱলম্বন কৰিছে।
(68) মুনাফিকসকলৰ আৰু কাফিৰসকলৰ মাজৰ যিসকলে তাওবা কৰা নাই, আল্লাহে সিহঁতক জাহান্নামৰ জুইত প্ৰৱেশৰ প্ৰতিশ্ৰুতি দিছে, যত সিহঁত চিৰকাল অৱস্থান কৰিব। শাস্তিৰ বাবে এইটোৱে সিহঁতৰ পক্ষে যথেষ্ট। লগতে আল্লাহে সিহঁতক নিজ ৰহমতৰ পৰা বিতাৰিত কৰিছে, আৰু সিহঁতৰ বাবে আছে ধাৰাবাহিক শাস্তি।
(69) হে মুনাফিকসকল! কুফৰ আৰু উপহাসৰ ক্ষেত্ৰত তোমালোক সেইসকল মিছলীয়া সম্প্ৰদায়ৰ দৰে যিসকল তোমালোকৰ পূৰ্বে অতিবাহিত হৈছে। সিহঁত শক্তি সামৰ্থত তোমালোকতকৈও শক্তিশালী আছিল, লগতে ধন-সম্পদ আৰু সন্তান-সন্ততিও তোমালোকতকৈ বেছি আছিল। এতেকে সিহঁতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাৰ যি অংশ পাবলগীয়া আছিল সেয়া সিহঁতে উপভোগ কৰিছে। হে মুনাফিকসকল! সেইদৰে তোমালোকেও নিজৰ নিৰ্ধাৰিত অংশৰ সুখ সুবিধা উপভোগ কৰিছা। তোমালোকেও সিহঁতৰ দৰেই সত্যক প্ৰত্যাখ্যান কৰিছা আৰু ৰাছুলৰ প্ৰতি অপবাদ দিছা, যিদৰে সিহঁতে সত্য প্ৰত্যাখ্যান কৰিছিল আৰু সিহঁতৰ ৰাছুলসকলক অপবাদ দিছিল। এইবোৰ বেয়া বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰেই আমলসমূহ অথলে গৈছে, কাৰণ সিহঁত আল্লাহৰ লগত কুফৰী কৰিছে। ইহঁতেই প্ৰকৃত ক্ষতিগ্ৰস্ত, যিসকলে নিজক ধ্বংসাত্মক দিশত আগুৱাই লৈ গৈ ধ্বংসপ্ৰাপ্ত হৈছে।
(70) এইসকল মুনাফিকৰ ওচৰত পূৰ্বৱৰ্তী জাতিসকলৰ, যেনেঃ নূহ আলাইহিছ ছালামৰ জাতি, হূদ আলাইহিছ ছালামৰ জাতি, ছলেহ আলাইহিছ ছালামৰ জাতি, ইব্ৰাহিম আলাইহিছ ছালামৰ জাতি, মাদিয়ানৰ অধিবাসীসকলৰ, লূত আলাইহিছ ছালামৰ জাতিৰ এলেকাৰ খবৰ আহি পোৱা নাইনে, এইবোৰ জাতিৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য যুক্তি লৈ আগমণ কৰিছিল। এইটো নহয় যে, আল্লাহে সিহঁতৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছিল। কিয়নো সিহঁতৰ ৰাছুলসকলে সিহঁতক সাৱধান কৰিছিল। কিন্তু সিহঁতে আল্লাহৰ লগত কুফুৰী কৰি আৰু ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰে অন্যায় কৰিছিল।
(71) আনহাতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল ইজনে সিজনৰ সহায়ক। কিয়নো ঈমানে তেওঁলোকক একত্ৰিত কৰিছে। তেওঁলোকে সৎকৰ্মৰ অৰ্থাৎ আনুগত্যৰ দিশৰ পৰা প্ৰত্যেক সেই কামৰ আদেশ দিয়ে যিটোক আল্লাহে পছন্দ কৰে, যেনেঃ তাওহীদ (একত্ববাদৰ) আৰু ছালাত প্ৰতিষ্ঠা আদিৰ। লগতে অসৎকৰ্মৰ পৰা নিষেধ কৰে অৰ্থাৎ প্ৰত্যেক সেই কামৰ পৰা বিৰত ৰাখে যিটোৰ দ্বাৰা আল্লাহ ক্ৰোধান্বিত হয়, গুনাহৰ মাজত যেনে কুফৰ আৰু সুত আদান প্ৰদান। তেওঁলোকে পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান মতে জীৱন-যাপন কৰে। এওঁলোকেই হৈছে উৎকৃষ্ট বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি, তেওঁলোককেই আল্লাহে নিজ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
(72) আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ মৃত্যুও নহ'ব আৰু সেই জান্নাতৰ নিয়ামতসমূহো শেষ নহ'ব। লগতে আল্লাহে তেওঁলোকক স্থায়ী জান্নাতৰ বাসস্থানত প্ৰৱেশৰো প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে আল্লাহৰ যি সন্তুষ্টি লাভ কৰিব, সেয়া এই সকলো নিয়ামততকৈ ডাঙৰ। এই প্ৰতিদান, যিটোৰ বিৱৰণ দিয়া হ'ল, ই এনেকুৱা সফলতা যিটোৰ তুলনা আন কোনো সফলতাৰে কৰিব নোৱাৰি।
(73) হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালেৰে যুদ্ধ কৰা আৰু মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু যুক্তিৰে জিহাদ কৰা, তথা উভয়ৰে ক্ষেত্ৰত কঠোৰ হোৱা। কিয়নো সিহঁত ইয়াৰেই যোগ্য। আৰু ক্বিয়ামতৰ দিনা সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু ই বৰ নিকৃষ্ট আবাসস্থল।
(74) মুনাফিকসকলে আল্লাহৰ মিছা শপত খাই কয় যে, সিহঁতে আপোনাক গালি-শপনি পাৰা নাই তথা ইছলামক কটাক্ষ কৰা নাই, যিবোৰ আপুনি শুনিছে। বাস্তৱতে সিহঁতে কুফুৰীমূলক সেইবোৰ কথা কৈছে, যিবোৰৰ বিষয়ে আপুনি ইতিমধ্যে গম পাইছে। এইদৰে সিহঁতে ঈমান পোষণ কৰাৰ পিছত কুফুৰীত লিপ্ত হৈছে। সিহঁতে নবীৰ হত্যাকো নিশ্চিত কৰিছিল, যিটো সফল হোৱা নাছিল। সিহঁতে সেই বিষয়টোক অস্বীকাৰ কৰিছে যিটোক অস্বীকাৰ কৰা অসম্ভৱ। আল্লাহে সিহঁতক সেই যুদ্ধলব্ধ সম্পদৰ দ্বাৰা লাভান্বিত কৰিছে, যি সম্পদ আল্লাহে নবীক প্ৰদান কৰিছে। এতেকে এতিয়া যদি সিহঁতে নিফাকৰ পৰা তাওবা কৰে তেন্তে সিহঁতৰ পক্ষে এয়া অধিক কল্যাণকৰ হব নিফাকত অটল থকাতকৈ। আনহাতে যদি তাওবাৰ পৰা বিমুখ হয় তেন্তে আল্লাহে পৃথিৱীত সিহঁতক হত্যা আৰু বন্দীৰ দৰে কষ্টদায়ক শাস্তি প্ৰদান কৰিব আৰু আখিৰাতত জুইৰে বেদনাদায়ক শাস্তি বিহিব। এই ক্ষেত্ৰত সিহঁতৰ কোনো সংৰক্ষক তথা সহায়ক নাথাকিব যিয়ে সিহঁতক সহায় কৰিব তথা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰি মুক্তি প্ৰদান কৰিব।
(75) মুনাফিকসকলৰ কিছুমানে আল্লাহৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছে যে, যদি আল্লাহে নিজৰ কৃপাত আমাক সম্পদ প্ৰদান কৰে, তেন্তে আমি অৱশ্যে সেয়া অভাৱীসকলৰ মাজত বন্টন কৰিম আৰু আমি নেক বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
(76) কিন্তু আল্লাহে যেতিয়া নিজ কৃপাত সিহঁতক ধন-সম্পদ প্ৰদান কৰিলে, তেতিয়া সিহঁত আল্লাহৰ লগত কৰা প্ৰতিজ্ঞাৰ পৰা বিমুখ উভতি আহিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বৰং কৃপণালী কৰিলে আৰু দান কৰাৰ পৰা নিজকে বিৰত ৰাখিলে। আৰু এনেকৈ বিমুখ হ'ল যে ঈমানহাৰা হৈ গ'ল।
(77) ফলত ইয়াৰ পৰিণাম স্বৰূপে সিহঁতৰ অন্তৰত ক্বিয়ামত পৰ্যন্ত নিফাক ঢালি দিয়া হ'ল। কিয়নো সিহঁতে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল। এই কাৰণেও যে সিহঁত আছিল মিছলীয়া।
(78) এইসকল মুনাফিকে নাজানে নেকি যে, আল্লাহ সেইসমূহ চক্ৰান্ত আৰু ষড়যন্ত্ৰ সম্পৰ্কে অৱগত যিবোৰ সিহঁতে নিজৰ বৈঠকত ৰচনা কৰে। নিশ্চয় আল্লাহ অদৃশ্য সম্পৰ্কে সম্যক অৱগত। এতেকে সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক সকলো কৰ্মৰ প্ৰতিদান দিব।
(79) স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা প্ৰদানকাৰী সেইসকল মুমিনৰ প্ৰতি যিসকলে নিজৰ শ্ৰমৰ বাহিৰে একোৱে নাপায় তেওঁলোকৰ কম দান কৰাক কেন্দ্ৰ কৰি সিহঁতে উপহাস কৰি কয়ঃ তোমালোকৰ এই ছাদাক্বাই কি উপকাৰ সাধিব? মুমিনসকলক উপহাস কৰাৰ পৰিণতিত আল্লাহে সিহঁতৰ উপহাস কৰিব, লগতে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
(80) হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক বা নকৰক। যদি আপুনি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰে তথাপিও সিহঁত আল্লাহৰ ক্ষমাপ্ৰাপ্তিৰ অধিকাৰী হ'ব নোৱাৰে। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে। আৰু আল্লাহে সেইসকল লোকক সত্য গ্ৰহণ কৰাৰ তাওফীক নিদিয়ে যিসকলে জানি বুজি ইয়াৰ পৰা আঁতৰি যায়।
(81) তাবুক যুদ্ধত অংশগ্ৰহণ নকৰা মুনাফিকসকল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি, আল্লাহৰ পথত জিহাদ নকৰাৰ নিজৰ সিদ্ধান্তৰ প্ৰতি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। তথা সিহঁতে মুমিনসকলৰ নিচিনা নিজৰ ধন-সম্পত্তি আৰু প্ৰাণৰ সৈতে জিহাদ কৰাক অপছন্দ কৰিলে, লগতে নিজৰ মুনাফিক ভাতৃসকলকো যুদ্ধৰ পৰা বাধা প্ৰদান কৰি ক'লেঃ ইমান গৰমত তোমালোকে নাযাবা। কাৰণ তাবুক যুদ্ধ প্ৰখৰ গৰমৰ দিনত সংঘটিত হৈছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, জাহান্নামৰ জুই যিটো মুনাফিকসকলৰ অপেক্ষাত আছে, সেই জুই এই গৰমতকৈ অধিক গৰম, যি গৰমক সিহঁতে ভয় কৰি আছে। যদি সিহঁত জানিলেহেঁতেন।
(82) জিহাদত অংশগ্ৰহণ নকৰা মুনাফিকসকলে ধ্বংসশীল এই পাৰ্থিৱ জীৱনত কম আনন্দ হোৱা উচিত, আনহাতে আখিৰাতৰ চিৰস্থায়ী জীৱনকলৈ অধিক চিন্তা কৰা উচিত। এয়া হৈছে সিহঁতে পাৰ্থিৱ জীৱনত কৰা কুফৰ, গুনাহ আৰু অৱজ্ঞাৰ প্ৰতিফল।
(83) হে নবী! যদি আল্লাহে আপোনাক এই মুনাফিকসকলৰ কোনোবা এটা দলৰ প্ৰতি দুনাই ঘূৰাই আনে যিসকল নিফাকৰ ওপৰত অটল আছে, আৰু সিহঁতে আপোনাৰ সৈতে আন কোনো এটা যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়া সিহঁতক কৈ দিয়কঃ হে মুনাফিকসকল! তোমালোক কেতিয়াও মোৰ লগত আল্লাহৰ পথত যুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰা। এইটো হৈছে তোমালোকৰ শাস্তি, লগতে মোৰ লগত উপস্থিত থাকিলে যি ক্ষয়-ক্ষতি হোৱাৰ আশংকা থাকে তাৰ পৰা সাৱধানতা। ইতিপূৰ্বে তোমালোকে তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাক আৰু ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দিছিলা। এতেকে অনাগত দিনতো তোমালোকে সেইসকল লোকৰ লগত ঘৰতে বহি থকা, যিসকলৰ যুদ্ধত অংশগ্ৰহণ কৰা বাঞ্চনীয় নহয়, যেনেঃ বেমাৰী, নাৰী আৰু শিশুসকলৰ লগত।
(84) হে নবী! এই মুনাফিকসকলৰ কোনোবাই মৃত্যুবৰণ কৰিলে, আপুনি তাৰ জানাযাত অংশগ্ৰহণ নকৰিব আৰু তাৰ কবৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ বাবেও থিয় নিদিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে, লগতে আল্লাহৰ আনুগত্যৰ পৰা আঁতৰ হৈ মৃত্যুবৰণ কৰিছে। এতেকে যিয়ে এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰিব তাৰ জানাযা পঢ়া উচিত নহয় আৰু তাৰ বাবে দুআ কৰাও উচিত নহয়।
(85) হে ৰাছুল! এই মুনাফিকসকলৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যেন আপোনাক আকৰ্ষিত নকৰে। আল্লাহে ইয়াৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি বিহিব বিচাৰে, বিভিন্ন বিপদ-আপদ আৰু কঠিন সন্ধিক্ষণৰ দ্বাৰা। লগতে কুফুৰী অৱস্থাত সিহঁতৰ প্ৰাণ হৰণ কৰা হ'ব।
(86) যেতিয়া আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, যত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা, লগতে আল্লাহৰ পথত জিহাদ কৰাৰ বিধান থাকে, তেতিয়া এই মুনাফিকসকলৰ মাজৰ ধনৱান লোকসকলে অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰি কয় যে, আপুনি আমাক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষমলোক যেনেঃ দুৰ্বল আৰু অসুস্থ ব্যক্তিসকলৰ লগত এৰি থৈ যাওঁক।
(87) এই মুনাফিকসকলে নিজৰ বাবে অপমান আৰু লাঞ্ছনাক পছন্দ কৰিছে, সেই কাৰণেই সিহঁতে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষম লোকসকলৰ লগত ঘৰতে বহি থকাটোক অগ্ৰাধিকাৰ দিছে। আনহাতে আল্লাহে সিহঁতৰ অন্তৰত কুফৰ আৰু নিফাকৰ বাবে মোহৰ মাৰি দিছে। সেয়ে সিহঁতে নিজৰ কল্যাণকৰ দিশো বুজি নাপায়।
(88) পক্ষান্তৰে ৰাছুল আৰু মুমিনসকলে এইসকলৰ দৰে জিহাদ ফি ছাবিলিল্লাহৰ পৰা পিছুৱাই থকা নাছিল। বৰং আল্লাহৰ পথত নিজৰ ধন তথা প্ৰাণৰ সৈতে জিহাদ কৰি আছিল। ফলস্বৰূপে আল্লাহে তেওঁলোকক বিজয় আৰু যুদ্ধলব্ধ সম্পদৰূপে পাৰ্থিৱ লাভ প্ৰদান কৰিলে, লগতে আখিৰাতৰো লাভ প্ৰদান কৰিব, যেনে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য, লক্ষ্যস্থানত উপনীত হোৱাৰ সফলতা, আৰু ভয়ৰ পৰা মুক্তিও ইয়াৰ অন্তৰ্ভুক্ত।
(89) আল্লাহে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহব। এইটোৱেই সেই সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।
(90) মদিনা আৰু ইয়াৰ ওচৰ-চুবুৰীয়া গাওঁৰ পৰা কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰি আহিলে, যাতে তেওঁ সিহঁতক আল্লাহৰ পথত জিহাদৰ পৰা অব্যাহতি দি ঘৰতে বহি থকাৰ অনুমতি দিয়ে। আনহাতে আন কিছুমান লোকে কোনো অনুমতি নোলোৱাকৈয়ে ঘৰতে বহি থাকিল। সিহঁতৰ এই ব্যৱহাৰৰ কাৰণ আছিল যে, সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশ্বাস কৰা নাছিল আৰু আল্লাহৰ ওপৰতো সিহঁতৰ ভৰসা নাছিল। এনেকুৱা প্ৰকৃতিৰ লোকসকলে নিজৰ কুফৰী কাৰ্যৰ কাৰণে কষ্টদায়ক শাস্তি ভোগ কৰিব।
(91) নাৰী, শিশু, অসুস্থ, বৃদ্ধ, অন্ধ আৰু দুখীয়া মানুহ যিসকলৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই, এইধৰণৰ লোকসকলে যুদ্ধত অংশগ্ৰহণ নকৰাটো কোনো গুনাহৰ বিষয় নহয়। কিয়নো তেওঁলোকৰ কাৰণসমূহ গ্ৰহণযোগ্য। তেওঁলোকে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে নিষ্ঠাৱান থাকে আৰু চৰীয়তৰ প্ৰতি আমল কৰি থাকে তেন্তে এনেকুৱা উপযুক্ত কাৰণ থকা সত্কৰ্মপৰায়ণ লোকসকলৰ ওপৰত শাস্তি অৱতীৰ্ণ হোৱাৰ কোনো অৱকাশ নাই। আল্লাহে সত্কৰ্মপৰায়ণ লোকসকলৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰিব।
(92) তথা হে ৰাছুল! এইদৰে সেইসকল লোকৰ ওপৰতো কোনো গুনাহ নহ'ব, যিসকলে আপোনাৰ ওচৰত বাহন বিচাৰি আগ্ৰহেৰে আহিছিল আৰু আপুনি তেওঁলোকক কৈছিলঃ মই তোমালোকৰ বাবে কোনো বাহনৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহয়, এই শুনি তেওঁলোকে কষ্ট সহিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গল, কাৰণ তেওঁলোকৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই আৰু আপোনাৰ ওচৰতো নাই।
(93) আল্লাহে যেতিয়া সেইসকল লোকৰ বিষয়ে উল্লেখ কৰিলে যিসকলৰ ওচৰত যুদ্ধত অংশগ্ৰহণ নকৰাৰ উচিত কাৰণ আছে, তাৰ পিছতেই সেইসকল লোকৰ কথাও উল্লেখ কৰিছে যিসকলৰ ওচৰত উচিত কাৰণ নাই আৰু সিহঁত শাস্তি তথা দণ্ডপ্ৰাপ্ত। সেয়ে তেওঁ কৈছেঃ শাস্তি তথা জবাবদিহিৰ সন্মুখীন সেইসকল লোক হ'ব, যিসকলে বিনাকাৰণে আপোনাৰ পৰা যুদ্ধত অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰে, অথচ সিহঁতৰ ওচৰত যুদ্ধৰ প্ৰস্তুতিৰ সকলো সাধন মজুত আছে লগতে সিহঁত এই ক্ষেত্ৰত পূৰ্ণ সক্ষম। সিহঁতে মহিলাসকলৰ লগত ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দি অপমানক পছন্দ কৰি ললে। তথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। সেয়ে সিহঁতৰ ওপৰত কোনো উপদেশৰ প্ৰভাৱ নপৰে। এই মোহৰৰ কাৰণেই সিহঁতে গম নাপায় যে, কোনটো কাম সিহঁতৰ বাবে কল্যাণকৰ, যিটো কৰিলে সিহঁতৰ বাবে ভাল হ'ব। আৰু কোনটো কাম সিহঁতৰ বাবে ক্ষতিকৰ, যিটো কৰিলে সিহঁতৰ ক্ষতি হ'ব।
(94) যুদ্ধৰ পৰা পিছুৱাই থকা মুনাফিকসকল যুদ্ধৰ পৰা উভতি অহাৰ সময়ত মুছলিমসকলৰ সন্মুখত দুৰ্বল ওজৰ দাঙি ধৰা পৰিলক্ষিত হয়, ইপিনে আল্লাহে তেওঁৰ নবীক আৰু মুমিনসকলক এইদৰে উত্তৰ দিবলৈ নিৰ্দেশ দিছে যে, তোমালোকে মিছা বাহানা নকৰিবা, তোমালোকে যিবোৰ বিষয় উত্থাপন কৰিছা সেইবোৰ কদাপিও বিশ্বাসযোগ্য নহয়। তোমালোকৰ অন্তৰত থকা সকলো গোপন বিষয় আল্লাহে আমাক অৱগত কৰাইছে। অচিৰেই আল্লাহ আৰু তেওঁৰ ৰাছুলে লক্ষ্য কৰিব, তোমালোকে তাওবা কৰা নে নাই, ফলত আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব, নে তোমালোক নিফাকৰ ওপৰতে অটল থকা। অৱশেষত তোমালোক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰিবা যিজন সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁ তোমালোকক প্ৰত্যেক সেই বিষয়ে অৱগত কৰাব যিবোৰ তোমালোকে কৰিছিলা। আৰু তেওঁ তোমালোকক প্ৰতিদানো দিব। গতিকে তাওবা আৰু নেক আমলৰ প্ৰতি খৰধৰ কৰা।
(95) হে মুমিনসকল! যেতিয়া তোমালোকে উভতি আহিবা তেতিয়া যুদ্ধত অংশগ্ৰহণ নকৰা এই মুনাফিকসকলে নিজৰ দাবীক সঁচা প্ৰমাণ কৰিবলৈ আল্লাহৰ মিছা শপত খাব, যাতে তোমালোকে সিহঁতক ভৰ্ত্সনা আৰু নিন্দা কৰাৰ পৰা বিৰত থাকা। এতেকে আপুনি সিহঁতক এৰি দিয়ক, যিদৰে ক্ৰোধান্বিত ব্যক্তিয়ে এৰি দিয়ে, আৰু সিহঁতক ত্যাগ কৰক। সিহঁত অপৱিত্ৰ আৰু নিকৃষ্ট হৃদয়ৰ অধিকাৰী। সিহঁতৰ বাসস্থান য’ত সিহঁতে অৱস্থান কৰিব সেয়া হৈছে জাহান্নাম। এয়া সিহঁতৰ সেই নিফাক আৰু গুনাহৰ পৰিণাম যিবোৰ সিহঁতে কৰিছিল।
(96) হে মুমিনসকল! যুদ্ধত অংশগ্ৰহণ নকৰা এই মুনাফিকসকলে শপত খাব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা, আৰু সিহঁতৰ ওজৰ স্বীকাৰ কৰা। এতেকে তোমালোক সিহঁতৰ প্ৰতি সন্তুষ্ট নহ'বা। আনহাতে যদি তোমালোক সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা তেন্তে তোমালোক নিজ প্ৰতিপালকৰ অবাধ্য হ'বা। কিয়নো আল্লাহ সেইসকল লোকৰ প্ৰতি সন্তুষ্ট নহয় যিসকলে নিফাক আৰু কুফৰৰ দ্বাৰা তেওঁৰ আনুগত্যৰ পৰা ওলাই যায়। এতেকে হে মুছলিমসকল! তোমালোক এনেকুৱা লোকৰ প্ৰতি সন্তুষ্টি প্ৰকাশ নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট নহয়।
(97) গাৱঁলীয়া মানুহে যদি কুফুৰী কৰে বা নিফাক ৰাখে তেন্তে সিহঁতৰ কুফৰ চহৰীয়া লোকতকৈ অধিক দৃঢ়তৰ হ'ব। লগতে সিহঁতৰ নিফাকো আন আন লোকতকৈ অধিক ঘাতক হ'ব। কাৰণ সিহঁত দ্বীন সম্পৰ্কে নজনাটোৱে স্বভাৱিক। লগতে ফাৰাইজ, ছুনান আৰু আন আন বিধি-বিধান যিবোৰ ৰাছুল ওপৰত অৱতীৰ্ণ হৈছে সেইবোৰ সম্পৰ্কেও জ্ঞান নথকাটো স্বভাৱিক। কিয়নো সিহঁত ৰূঢ়, কঠোৰ আৰু মানুহৰ লগত মেল-মিলাপ নাথাকে। নিশ্চয় আল্লাহ সিহঁতৰ অৱস্থা সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ব্যৱস্থাপনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
(98) গাঁৱলীয়া মুনাফিকসকলৰ কিছুমানে ভাৱে যে, আল্লাহৰ পথত ধন ব্যয় কৰাটো হৈছে একপ্ৰকাৰ লোকচান তথা জৰিমনা। সিহঁতৰ ভুল ধাৰণাটো হৈছে এই যে, ব্যয় কৰিলে কোনো ধৰণৰ প্ৰতিদান পোৱা নাযাব। আনহাতে ব্যয় নকৰিলেও আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব। কিন্তু ইয়াৰ পিছতো সিহঁতে কেতিয়াবা কেতিয়াবা মানুহক দেখুৱাবলৈ তথা নিৰাপত্তাৰ বাবে ব্যয় কৰে। হে মুমিনসকল! সিহঁত এই অপেক্ষাত আছে যে, তোমালোকৰ ওপৰত কোনো বিপদ আহক, ফলত সিহঁত তোমালোকৰ পৰা নিজকে ৰক্ষা কৰিব। কিন্তু আল্লাহে সেই বিপদক তথা গম্ভীৰ পৰিণামৰ কালচক্ৰক যিটো সিহঁতে মুমিনসকলৰ বাবে কামনা কৰি আছিল, সেইটো মুমিনসকলৰ পৰিবৰ্তে সিহঁতৰ বাবেই নিৰ্ধাৰণ কৰি দিলে। সিহঁতে যিবোৰ কয়, আল্লাহ সেইবোৰ শ্ৰৱণকাৰী, আৰু সিহঁতৰ গোপন কৰা বিষয় সম্পৰ্কেও তেওঁ সৰ্বজ্ঞ।
(99) গাঁৱলীয়াসকলৰ মাজত কিছুমান এনেকুৱাও আছে যিসকলে আল্লাহৰ প্ৰতি আৰু ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। আৰু আল্লাহৰ পথত যি ব্যয় কৰে তাক তেওঁলোকে আল্লাহৰ নৈকট্য লাভৰ মাধ্যম বুলি গণ্য কৰে তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুআ আৰু ইস্তিগফাৰ লাভৰ সাধন বুলি ভাৱে। জানি থোৱা! আল্লাহৰ পথত ব্যয় কৰা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে দুআ কৰাটো হৈছে তেওঁৰ বাবে আল্লাহৰ ওচৰত নৈকট্য লাভৰ অন্যতম কাৰণ। অচিৰেই তেওঁ আল্লাহৰ ওচৰত ইয়াৰ প্ৰতিদান পাব, আল্লাহে তাক তেওঁৰ অসীম ৰহমতত প্ৰৱেশ কৰাব, যাৰ মাজত থাকিব আল্লাহৰ ক্ষমা আৰু তেওঁৰ জান্নাত। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
(100) যিসকলে পোন প্ৰথমে ঈমানৰ প্ৰতি আগুৱাই আহিছিল, সেইসকল মুহাজিৰীন যিসকলে নিজৰ ঘৰ-দুৱাৰ আৰু স্বদেশ ত্যাগ কৰি আল্লাহৰ পিনে হিজৰত কৰিছিল, আৰু আনচাৰসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমৰ্থন কৰিছিল আৰু সহায় কৰিছিল, লগতে যিসকলে পোন প্ৰথমে ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰসকলক ইহছানৰ সৈতে তেওঁলোকৰ কথা, কৰ্ম আৰু বিশ্বাসৰ অনুসৰণ কৰিছিল, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। আৰু তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰিছে। আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট, কাৰণ আল্লাহে তেওঁলোকক মহাপ্ৰতিদান দান কৰিছে। আৰু তেওঁলোকৰ বাবে এনেকুৱা জান্নাত নিৰ্মাণ কৰি থৈছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা।
(101) গাঁৱলীয়াসকলৰ মাজৰ যিসকলে মদীনাৰ পাৰ্শ্বৱৰ্তী এলেকাত বসবাস কৰে সিহঁতৰ মাজতো কিছুমান মুনাফিক আছে। আনহাতে মদীনাত অৱস্থান কৰা লোকসকলৰ মাজতো আছে কিছুমান মুনাফিক, সিহঁতো নিফাকৰ ওপৰত অটল আছে। হে ৰাছুল! আপুনি সিহঁতক চিনি নাপায়, কিন্তু আল্লাহে ভালদৰেই সিহঁতক চিনি পায়। আল্লাহে সিহঁতক দুবাৰকৈ শাস্তি বিহিব। প্ৰথমে সিহঁতক পৃথিৱীত সিহঁতৰ নিফাক প্ৰকাশ কৰি হত্যা আৰু বন্দী বনাই শাস্তি বিহিব, আৰু দ্বিতীয়বাৰ সিহঁতক কবৰৰ শাস্তি বিহিব। তাৰ পিছত সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামৰ একেবাৰে নিম্নস্তৰত মহা শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব।
(102) তথা মদীনাবাসীসকলৰ মাজত কিছুমান এনেকুৱা লোকো আছিল, যিসকলে কোনো ধৰণৰ অজুহাত নেদেখুৱাকৈ যুদ্ধত অংশগ্ৰহণৰ পৰা বিৰত আছিল। তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে, তেওঁলোকৰ কোনো অজুহাত নাছিল, তেওঁলোকে কোনো মিছা ওজৰো দাঙি ধৰা নাছিল। দৰাচলতে তেওঁলোকে পূৰ্বৱৰ্তী নেক আমলৰ সৈতে যেনে আল্লাহৰ আনুগত্য, তেওঁৰ বিধি-বিধানসমূহক মজবুতভাৱে ধাৰণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা আদি আমলৰ সৈতে এটা বেয়া কৰ্মৰ সংমিশ্ৰণ ঘটাইছে। তেওঁলোকে আশা পোষণ কৰিছে যে, আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰি তেওঁলোকক ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
(103) হে ৰাছুল! আপুনি তেওঁলোকৰ সম্পদৰ যাকাত সংগ্ৰহ কৰক, ইয়াৰ দ্বাৰা আপুনি তেওঁলোকক গুনাহৰ অশুদ্ধতাৰ পৰা পৱিত্ৰ আৰু পৰিশোধিত কৰিব আৰু তেওঁলোকৰ সৎকৰ্মক বিকশিত কৰিব। তথা সেয়া সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ বাবে দুআ কৰক, নিশ্চয় আপোনাৰ দুআ তেওঁলোকৰ বাবে প্ৰশান্তিকৰ আৰু সন্তুষ্টিৰ কাৰণ। অৱশ্যে আল্লাহ আপোনাৰ দুআ শ্ৰৱণকাৰী। আৰু তেওঁলোকৰ আমল আৰু নিয়্যত সম্পৰ্কেও অৱগত।
(104) জিহাদত অংশগ্ৰহণ নকৰা এইসকল লোকে আৰু তাওবাকাৰী লোকসকলে জনা উচিত যে, আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে। আৰু তেওঁ ছাদাক্বাহ কবুল কৰে, অথচ তেওঁ ইয়াৰ পৰা অমুখাপেক্ষী। লগতে তেওঁ ছাদাক্বাকাৰীক চাদাক্বাৰ বাবত নেকী প্ৰদান কৰে। তেৱেঁই তাওবা কবুলকাৰী, বান্দাসকলৰ তাওবা কবূুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
(105) হে ৰাছুল! আপুনি এই জিহাদত অংশগ্ৰহণ নকৰা ব্যক্তিসকলক আৰু নিজৰ গুনাহৰ পৰা তাওবা কৰা ব্যক্তিসকলক কৈ দিয়ক যে, তোমালোকে যিটো কাম কৰিব পৰা নাই তাৰ ক্ষতিপূৰণৰ বাবে তোমালোকে কৰ্ম কৰা, নিষ্ঠাৰ সৈতে আল্লাহৰ বাবে কৰ্ম কৰা আৰু তেওঁক সন্তুষ্ট কৰিব পৰা কৰ্ম কৰা। অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলে আৰু মুমিনসকলে তোমালোকৰ কৰ্ম লক্ষ্য কৰিব। আৰু অতিশীঘ্ৰেই তোমালোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ পিনে উভতি যাবা যিজন সকলো বিষয়ে অৱগত। তেওঁ তোমালোকৰ প্ৰকাশ্য- অপ্ৰকাশ্য সকলো বিষয়ে জানে। লগতে তোমালোকে পৃথিৱীত কি কৰিছিলা সেইবোৰো তেওঁ তোমালোকক অৱগত কৰাব। আৰু ইয়াৰ প্ৰতিদানো দিব।
(106) তাবুকৰ যুদ্ধত অংশগ্ৰহণ নকৰা কিছুমান এনেকুৱা লোকো আছে যিসকলে কোনো অজুহাত দাঙি ধৰা নাছিল। তেওঁলোকৰ বিষয়টো আল্লাহৰ ফয়চালা আৰু তেওঁৰ আদেশ নহালৈকে স্থগিত ৰখা হৈছে। আল্লাহে তেওঁলোকৰ বিষয়ে যি ইচ্ছা সেইটোৱে ফয়চালা কৰিব পাৰে। যদি তাওবা নকৰে তেন্তে শাস্তি বিহিব পাৰে, আনহাতে তাওবা কৰিলে তেওঁলোকৰ তাওবা কবুল কৰিব পাৰে। আল্লাহ ভালদৰেই অৱগত, কোন ব্যক্তি তেওঁৰ শাস্তিৰ উপযুক্ত আৰু কোন তেওঁৰ ক্ষমাৰ পাত্ৰ। তেওঁ বিধি-বিধান প্ৰণয়নত আৰু ব্যৱস্থাপনাত মহাপ্ৰজ্ঞাৱান। সেই অংশগ্ৰহণ নকৰা লোক কেইজন হৈছেঃ মুৰাৰাহ বিন ৰাবী, কাআব বিন মালিক, হিলাল বিন উমায়্যাহ।
(107) মুনাফিকসকলৰ মাজত এনেকুৱা লোকো আছে, যিসকলে এখন মছজিদ নিৰ্মাণ কৰিছিল কিন্তু সেয়া আল্লাহৰ আনুগত্য কৰাৰ বাবে নহয়, বৰং মুছলিমসকলক ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। কুফৰ প্ৰকাশ কৰি মুনাফিকসকলক শক্তিশালি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ নিমিত্তে, আৰু মছজিদ নিৰ্মাণৰ পূৰ্বে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল, সিহঁতৰ বাবে প্ৰস্তুতি লোৱাৰ স্থান তথা খাপ পাতি ৰৈ থকাৰ বাবে নিৰ্দিষ্ট ঠাই বনোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। অৱশ্যে এই মুনাফিকসকলে তোমালোকৰ সন্মুখত শপত খাই ক'ব যে, আমাৰ উদ্দেশ্য আছিল কেৱল মুছলিমসকলক সহায় কৰা। জানি থোৱা! আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁতৰ এই দাবী মিছলীয়া।
(108) হে নবী! আপুনি এনেকুৱা মছজিদত ছালাত আদায়ৰ বাবে মুনাফিকসকলৰ আহ্বানত সঁহাৰি নিদিব। কিয়নো কুফৰৰ ওপৰত ভিত্তি কৰি স্থাপিত এই মছজিদতকৈ, কুবা মছজিদ যিটো আৰম্ভণিৰ পৰাই তাক্বৱাৰ ওপৰত স্থাপিত, তাত ছালাত আদায় কৰাটো আপোনাৰ পক্ষে অধিক গুৰুত্ববহন কৰে। কুবা মছজিদত এনেকুৱা কিছুমান লোক আছে যিসকলে অপৱিত্ৰতাৰ পৰা পানীৰ দ্বাৰা আৰু গুনাহৰ পৰা তাওবা আৰু ক্ষমা প্ৰাৰ্থনাৰ জৰিয়তে স্বচ্ছ থকাক পছন্দ কৰে। এতেকে আল্লাহেও অশুদ্ধতা, অপৱিত্ৰতা আৰু পাপ-পঙ্কিলতাৰ পৰা পৱিত্ৰ থকা ব্যক্তিসকলক ভালপায়।
(109) যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তথা বেছি বেছি নেক কৰ্ম কৰিবলৈ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তাক্বৱাৰ ওপৰত নিজৰ ভৱনৰ আধাৰশিলা স্থাপন কৰিছে, তেওঁ সেই ব্যক্তিৰ সমান নেকি যিয়ে মুছলিমসকলক ক্ষতি কৰিবলৈ আৰু কুফৰক শক্তিশালী কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ মছজিদ নিৰ্মাণ কৰিছে? দুয়ো কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰথম ব্যক্তিৰ ভৱন শক্তিশালী আৰু মজবুত হ'ব, আৰু সেই ভৱন ধ্বংস হোৱাৰ কোনো আশংকা নাই। আনহাতে দ্বিতীয় ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে কোনো গৰাখহনীয়াৰ পাৰত ভৱন নিৰ্মাণ কৰিলে আৰু অৱশেষত সেই ভৱন ধ্বংস স্তূপত পৰিণত হৈ জাহান্নামৰ নিম্নস্তৰত খহি পৰিল। প্ৰকৃততে আল্লাহে কুফৰ আৰু নিফাকৰ দ্বাৰা অন্যায় কৰা ব্যক্তিসকলক পোন পথৰ হিদায়ত নিদিয়ে।
(110) সিহঁতৰ এই মছজিদ, যিটোক সিহঁতে মুছলিমসকলৰ ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল, সদায় সেইটো সিহঁতৰ অন্তৰত সন্দেহ আৰু নিফাকৰ ৰূপত প্ৰতিষ্ঠিত হৈ থাকিব, আৰু এই ধাৰাবাহিকতা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে সিহঁত মৃত্যু তথা তৰোৱালৰ দ্বাৰা হত্যা নহ'ব। আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে অৱগত, আৰু তেওঁ ভাল-বেয়া প্ৰতিদান দিয়াত মহাপ্ৰজ্ঞাৱান।
(111) নিসন্দেহে আল্লাহে নিজ কৃপাত মুমিনসকলৰ পৰা তেওঁলোকৰ প্ৰাণ অধিক মূল্যত অৰ্থাৎ জান্নাতৰ বিনিময়ত কিনি লৈছে, (যদিও তেওঁলোক আল্লাহৰেই অধীনস্থ)। কিয়নো তেওঁলোকে কাফিৰসকলৰ লগত আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ যুদ্ধ কৰে, তেওঁলোকে কাফিৰসকলক হত্যাও কৰে আৰু সিহঁতৰ হাতত নিজেও নিহত হয়। আল্লাহে ইয়াৰ সত্য প্ৰতিশ্ৰুতি মূছা আলাইহিছ ছালামৰ পুথি তাওৰাতত আৰু ঈছা আলাইহিছ ছালামৰ পুথি ইঞ্জীলত, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুথি কোৰআনত প্ৰদান কৰিছে। এতেকে আল্লাহতকৈ অধিক প্ৰতিশ্ৰুতি পূৰণকাৰী আন কোনো নাই। গতিকে হে মুমিনসকল! তোমালোকে এই ব্যৱসায়ত আনন্দ প্ৰকাশ কৰা, যিটো তোমালোকে আল্লাহৰ লগত কৰিছা। দৰাচলতে তোমালোকে এই ক্ষেত্ৰত বহুত লাভৱান হৈছা, আৰু এই ব্যৱসায় হৈছে এটা মহাসফলতা।
(112) এই প্ৰতিফল লাভ কৰা লোকসকল হৈছে সেইসকল, যিসকলে আল্লাহৰ অপছন্দনীয় কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পছন্দনীয় কৰ্মৰ পিনে প্ৰত্যাৱৰ্তন কৰে, আল্লাহৰ ভয়ত বিনয়শীল হৈ তেওঁৰ ইবাদতত মনোযোগ দিয়ে, সদায় নিজ প্ৰতিপালকৰ প্ৰশংসা কৰে, ছওম পালন কৰে, ছালাত আদায় কৰে, আল্লাহ আৰু তেওঁৰ ৰাছুলে দিয়া বিধানৰ মানুহক আদেশ দিয়ে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰা বস্তুৰ পৰা মানুহক বিৰত ৰাখে, অনুসৰণৰ দ্বাৰা আল্লাহৰ বিধান সুৰক্ষিত ৰাখে আৰু বিৰত থকাৰ জৰিয়তে তেওঁৰ নিষেধকৃত আদেশ পালন কৰে। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক সেই পুৰষ্কাৰৰ সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক পৃথিৱী আৰু আখিৰাতত আনন্দিত কৰিব।
(113) মুশ্বৰিকসকলৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নবীৰ বাবে উচিত নহয়, আৰু মুমিনসকলৰ বাবেও উচিত নহয়, যদিও সি তেওঁলোকৰ আত্মীয় নহওঁক কিয়। যিহেতু এই কথা স্পষ্ট হৈছে যে, মুশ্বৰিক অৱস্থাত মৃত্যুবৰণকাৰী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত।
(114) ইব্ৰাহীম আলাইহিছ ছালামে তেওঁৰ পিতৃৰ বাবে কেৱল এই কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছিল, কিয়নো তেওঁ নিজ পিতৃক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তাৰ বাবে আল্লাহৰ ওচৰত অৱশ্যে ক্ষমা প্ৰাৰ্থনা কৰিব, এই আশাত কৈছিল যাতে তেওঁ এই শুনি ইছলাম কবুল কৰে। কিন্তু যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামৰ সন্মুখত এয়া স্পষ্ট হৈ গল যে, তেওঁৰ পিতা আল্লাহৰ শত্ৰু, কাৰণ তেওঁৰ উপদেশত তাৰ কোনো পৰিবৰ্তন দেখা নগল, অথবা তেওঁ অহীৰ জৰিয়তে জ্ঞাত হ'ল যে, তেওঁৰ পিতৃ কাফিৰ অৱস্থাত মৃত্যু হ'ব, ফলত তেওঁ নিজ পিতৃৰ পৰা পৃথক হৈ গ'ল। আৰু তেওঁৰ ক্ষমা প্ৰাৰ্থনাটো আছিল এক প্ৰকাৰ ইজতিহাদ। আল্লাহে তেওঁৰ পিনে অহী কৰা এনেকুৱা কোনো বিধানৰ পৰিপন্থী নাছিল। নিশ্চয় ইব্ৰাহীম আছিল অত্যাধিক বিনয়শীল, আৰু তেওঁৰ অত্যাচাৰী সম্প্ৰদায়ৰ প্ৰতি অধিক ক্ষমাশীল।
(115) আল্লাহে কোনো সম্প্ৰদায়ক হিদায়তৰ তাওফীক দিয়াৰ পিছত, তেওঁলোকৰ বাবে পথভ্ৰষ্টতাৰ ফয়চালা নকৰে, যেতিয়ালৈকে তেওঁলোকৰ বাবে সেইবোৰ নিষিদ্ধ বস্তু স্পষ্ট কৰি নিদিয়ে, যিবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। কিন্তু হাৰাম বস্তু উল্লেখ কৰাৰ পিছতো যদি সেই সম্প্ৰদায়ৰ লোকসকলে সেইবোৰৰ পৰা বিৰত নাথাকে, তেতিয়াহে সিহঁতৰ ওপৰত পথভ্ৰষ্টতাৰ বিধান জাপি দিয়ে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেৱেঁই তোমালোকক সেইবোৰ বিষয়ে জ্ঞান দিছে, যিবোৰ তোমালোকে জনা নাছিলা।
(116) নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ। ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ যাক জীৱিত কৰিব বিচাৰে, তাক জীৱিত কৰিব পাৰে। আৰু যাক মৃত্যু দিব বিচাৰে তাক মৃত্যুদান কৰিব পাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনোবা অভিভাৱক আছে নেকি, যিয়ে তোমালোকৰ কৰ্মৰ তত্বাৱধায়ন কৰিব, আৰু কোনো সহায়ক আছে নেকি, যিয়ে তোমালোকৰ পৰা বিপদ দূৰ কৰিব, শত্ৰুৰ বিপক্ষে সহায় কৰিব।
(117) আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাওবা কবূল কৰিছে, কিয়নো তেওঁ মুনাফিকসকলক তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাৰ অনুমতি প্ৰদান কৰিছিল। তথা মুহাজিৰ আৰু আনচাৰসকলৰো তাওবা কবুল কৰিছে, কাৰণ তেওঁলোক (হে নবী) আপোনাৰ লগ এৰা নাছিল, বৰং তেওঁলোক প্ৰচণ্ড গৰম, আৰ্থিক অনাটন আৰু শক্তিশালী শত্ৰুৰ মুখামুখি হোৱা সত্ত্বেও আপোনাৰ লগত ওলাই পৰিছিল। যদিও এটা দলৰ অন্তৰ বিপৰীত পৰিস্থিতিৰ কাৰণে পৰিবৰ্তন হোৱাৰ উপক্ৰম হৈছিল, আৰু তেওঁলোক যুদ্ধক্ষেত্ৰ ত্যাগ কৰাৰ পণ লৈছিল। কিন্তু আল্লাহে তেওঁলোকক স্থিৰতা প্ৰদান কৰিলে, যুদ্ধৰ বাবে ওলাবলৈ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অত্যন্ত কৃপাশীল আৰু দয়ালু, তেওঁ অত্যন্ত দয়াৱান কাৰণেই তেওঁলোকক তাওবাৰ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে।
(118) নিশ্চয় আল্লাহে তিন ব্যক্তিৰ অৰ্থাৎ কাআব বিন মালিক, মুৰাৰাহ বিন ৰাবী আৰু হিলাল বিন ইমায়্যাৰো তাওবা কবূল কৰিছে, তাওবাৰ ক্ষেত্ৰত যিসকলক পিছুৱাই ৰখা হৈছিল। তাবুক যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অংশগ্ৰহণ নকৰাৰ বাবে তেওঁলোকৰ তাওবা কবুল সংক্ৰান্তী বিষয়টো বিলম্বিত কৰা হৈছিল। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ প্ৰতি তেওঁলোকক বয়কট কৰাৰ নিৰ্দেশ জাৰি কৰিছিল, যাৰ ফলত তেওঁলোকেও দুখত আৰু শোকত ভাগি পৰিছিল, আনকি পৃথিৱী আহল বহল হোৱা সত্তেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ পৰিছিল। তেওঁলোক ইমান দুশ্চিন্তাত ভুগিছিল যে তেওঁলোকৰ অন্তৰ সংকুচিত হৈ গৈছিল। আৰু তেওঁলোকে নিশ্চিত জ্ঞান পাইছিল যে, আল্লাহৰ বাহিৰে তেওঁলোকৰ আন কোনো আশ্ৰয়স্থল নাই। অৱশেষত আল্লাহে তেওঁলোকৰ প্ৰতি দয়া কৰিলে আৰু তাওবাৰ তাওফীক প্ৰদান কৰিলে, লগতে তেওঁলোকৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ বান্দাসকলৰ তাওবা কবূলকাৰী আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
(119) হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল, আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে ঈমান আৰু কথা-কৰ্মৰ ক্ষেত্ৰত সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা, কাৰণ তোমালোকৰ মুক্তি একমাত্ৰ সত্যৰ পথত।
(120) মদীনাৰ অধিবাসী তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে জিহাদৰ পৰা পিছুৱাই থকা উচিত নহয়, যেতিয়া স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জিহাদৰ বাবে ওলাই পৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰাণৰ চিন্তা নকৰি নিজৰ প্ৰাণ ৰক্ষা চিন্তা কৰাও তেওঁলোকৰ বাবে উচিত নহয়। বৰং তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিয়াটো তেওঁলোকৰ কৰ্তব্য। কিয়নো আল্লাহৰ পথত তেওঁলোকে যি কষ্টই সহ্য কৰিব, যেনে- পিয়াঁহ, ক্লান্ত অথবা ভোক, তথা তেওঁলোক যি স্থানতেই অৱস্থান নকৰক কিয়, যত অৱস্থান কৰিলে কাফিৰসকলৰ ক্ৰোধ বৃদ্ধি পায়, লগতে তেওঁলোকে কোনো শত্ৰুক হত্যা, বন্দী অথবা পৰাজিত কৰে, ইয়াৰ বিনিময়ত আল্লাহে তেওঁলোকৰ বাবে গ্ৰহণযোগ্য সৎকৰ্মৰ ছোৱাব প্ৰদান কৰে। নিশ্চয় আল্লাহে সৎকৰ্মীসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিফল দিয়ে, আনকি তাতকৈও বৃদ্ধি কৰি দিয়ে।
(121) তেওঁলোকে যি ধন ব্যয় কৰে, কম হওঁক বা বেছি, লগতে তেওঁলোকে যি উপত্যকাই অতিক্ৰম কৰে, তেওঁলোকৰ এই ধন ব্যয় আৰু ভ্ৰমণৰ বিনিময়ত আল্লাহে প্ৰতিদান লিপিবদ্ধ কৰে। যাতে আল্লাহে আখিৰাতত তেওঁলোকে কৰা কৰ্মৰ উত্তম প্ৰতিদান দিব পাৰে।
(122) মুমিনসকলৰ আটায়ে একেলগে যুদ্ধত অংশগ্ৰহণ কৰা উচিত নহয়, যাতে শত্ৰু পক্ষই আক্ৰমণ কৰি তেওঁলোকক নিধন কৰি বিজয় লাভ কৰিব নোৱাৰে। তেওঁলোকৰ এটা দল জিহাদত অংশগ্ৰহণ কৰা উচিত আৰু আনটো দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থকা উচিত। যাতে তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থাকি কোৰআন আৰু চৰীয়তৰ বিধি-বিধান শিকে আৰু সেয়া নিজ গোত্ৰক অৱগত কৰায়, আৰু তেওঁলোকে যি শিকিছে তাৰ জৰিয়তে নিজ গোত্ৰীয় লোকসকলক সাৱধান কৰা উচিত। যাতে তেওঁলোকে আল্লাহৰ আদেশসমূহ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই আয়াতটো সেইসকল সৈন্যবাহিনীৰ ক্ষেত্ৰত অৱতীৰ্ণ হৈছে যিসকলক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ওচৰৰ অঞ্চলবোৰত প্ৰেৰণ কৰিছিল, আৰু তাৰ বাবে তেখেতে চাহাবাসকলৰ এটা দল নিৰ্বাচিত কৰিছিল।
(123) আল্লাহে মুমিনসকলক সেইসকল কাফিৰৰ লগত যুদ্ধ কৰাৰ নিৰ্দেশ দিছে, যিসকল তেওঁলোকৰ পাৰ্শ্বৱৰ্তী এলেকাত থাকে। কিয়নো সিহঁত ওচৰত থকাৰ বাবে মুমিনসকলৰ কাৰণে অধিক ভয়াৱহ। লগতে সিহঁতৰ সন্ত্ৰাস দমন কৰিবলৈ আৰু সিহঁতৰ ষড়যন্ত্ৰক নিৰ্মূল কৰিবলৈ মুছলিমসকলক শক্তি আৰু কঠোৰতা দেখুৱাবলৈ আদেশ দিয়া হৈছে। দৰাচলতে আল্লাহৰ সহায় আৰু সমৰ্থন সেইসকল লোকৰ লগত থাকে যিসকলে তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
(124) যেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া মুনাফিকসকলৰ কিছুমানে উপহাস কৰি কয় যে, এই অৱতীৰ্ণ হোৱা ছুৰাটোৱে মুহাম্মদ লৈ অহা চৰীয়তৰ কাৰ ঈমান বৃদ্ধি কৰিলে? প্ৰকৃত সত্য এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁৰ নবীক সত্য বুলি স্বীকাৰ কৰে, এই ছুৰাই তেওঁলোকৰ পূৰ্বৰ ঈমানক আৰু বৃদ্ধি কৰি দিয়ে, আৰু অহী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো তেওঁলোক আনন্দিত। কাৰণ তাত তেওঁলোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ নিহিত আছে।
(125) আনহাতে মুনাফিকসকলৰ বিষয়টো হৈছে এনেকুৱা, আহকাম আৰু পূৰ্বে অতিবাহিত হোৱা জাতিসমূহৰ বিৱৰণী দিয়া এই কোৰআন অৱতীৰ্ণই সিহঁতৰ ব্যাধি আৰু নিকৃষ্ট মানসিকতা অধিক বৃদ্ধি কৰে, কিয়নো সিহঁতে ইয়াক অস্বীকাৰ কৰে। এতেকে যিদৰে ধাৰাবাহিক ভাৱে কোৰআন অৱতীৰ্ণ হয়, ক্ৰমে সিহঁতৰো আন্তৰিক ব্যাধি বৃদ্ধি পাই থাকে। কাৰণ যেতিয়াই কোনো বিষয়ে আয়াত অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে তাত সন্দেহ পোষণ কৰে, ফলত কুফুৰী অৱস্থাতেই সিহঁতৰ মৃত্যু হয়।
(126) এই মুনাফিকসকলে গমি নাচায় নেকি যে, আল্লাহে প্ৰত্যেক বছৰ এবাৰ অথবা দুবাৰকৈ সিহঁতক সংকটত পেলাই আৰু সিহঁতৰ নিফাকৰ গোপন তথ্য প্ৰকাশ কৰি সিহঁতক পৰীক্ষা কৰে? এইবোৰ আল্লাহেই কৰে , এই কথা সিহঁতে জনাৰ পিছতো কুফুৰী কাৰ্যৰ পৰা তাওবা নকৰে আৰু নিফাকৰ পৰা বিৰত নাথাকে। লগতে সিহঁতৰ লগত সংঘটিত হোৱা সেই ঘটনাবোৰৰ পৰাও সিহঁতে শিক্ষা নলয়, আৰু এইবোৰ যে আল্লাহৰ ফালৰ পৰা সংঘটিত হয় এই কথাও ভাৱি নাচায়।
(127) আল্লাহে যেতিয়া তেওঁৰ ৰাছুলৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, য'ত মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে বৰ্ণনা থাকে, তেতিয়া কিছুমান মুনাফিকে পৰস্পৰে পৰস্পৰৰ পিনে চাই কয়ঃ তোমালোকক কোনোবাই দেখি আছে নেকি, যদি কোনোবাই দেখা নাই তেন্তে তৎক্ষণাত সেই বৈঠকৰ পৰা পলায়ন কৰে। জানি থোৱা! আল্লাহে সিহঁতৰ অন্তৰক হিদায়ত আৰু কল্যাণৰ পৰা আঁতৰাই দিছে। লগতে সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিছে, কিয়নো সিহঁত হৈছে বিবেক-বুদ্ধি নথকা সম্প্ৰদায়।
(128) হে আৰববাসী! তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল তোমালোকৰ ওচৰত আহিছে। তেওঁ তোমালোকৰ দৰেই এজন আৰবীয়ান। তোমালোকৰ কষ্টই তেওঁক কষ্ট অনুভৱ কৰায়। তেওঁ তোমালোকৰ হিদায়তৰ খুবেই ইচ্ছুক, লগতে তোমালোকৰ প্ৰতি অতি যত্নৱান। বিশেষকৈ মুমিনসকলৰ প্ৰতি অতি কৃপাশীল তথা দয়ালু।
(129) এতেকে যদি সিহঁতে বিমুখ হয় আৰু আপুনি লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ নকৰে তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই মোৰ বাবে যথেষ্ট। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেই একক আল্লাহৰ প্ৰতি মই ভৰসা কৰিছো। তেওঁ পৱিত্ৰ, মহাসিংহাসনৰ গৰাকী।