(1) (আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্বপূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকুৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয়তি আদেশ নিষেধ বৰ্ণনা কৰে।
(2) ক্বিয়ামতৰ দিনা কাফিৰসকলৰ সন্মুখত যেতিয়া বিষয়টো স্পষ্ট হৈ পৰিব যে, পৃথিৱীত যি কুফুৰী পথ অৱলম্বন কৰিছিলো সেয়া ভুল আছিল, তেতিয়া সিহঁতে কামনা কৰিব, হায়! যদি আমিও মুছলিম হলোহেঁতেন।
(3) হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী সকলক এৰি দিয়ক, সিহঁতে খাই থাকক যিদৰে চতুষ্পদ জন্তুৱে খায়, আৰু পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰী উপভোগ কৰিবলৈ দিয়ক। সিহঁতৰ ডাঙৰ ডাঙৰ আশায় সিহঁতক ঈমান আৰু নেক আমলৰ পৰা বিৰত ৰাখক। ক্বিয়ামতৰ দিনা যেতিয়া সিহঁত আল্লাহৰ সন্মুখত উপস্থিত হ'ব তেতিয়াহে গ'ম পাব সিহঁত কিমান ক্ষতিগ্ৰস্ত আছিল।
(4) অন্যায়কাৰী জনবসতিসমূহৰ মাজৰ যিবোৰৰ ওপৰত আমি বিনাশ অৱতীৰ্ণ কৰিছো, সিহঁতৰ বাবে আল্লাহৰ ওচৰত আছিল এটা নিৰ্ধাৰিত সময়। সেই নিৰ্ধাৰিত সময়ৰ পৰা সিহঁত আগুৱাইও যাব পৰা নাই আৰু পিছুৱাবও পৰা নাই।
(5) কোনো সম্প্ৰদায়ৰ ওচৰতেই সিহঁতৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সিহঁতৰ ধ্বংস নামি নাহে। এইদৰে সিহঁতৰ ওচৰত বিনাশ নামি আহিলে সেয়া প্ৰতিৰোধ কৰাও সম্ভৱ নহয়। এতেকে আল্লাহে জালিমসকলক যি অৱকাশ প্ৰদান কৰিছে, তাৰ প্ৰতি সিহঁতে ভুল যোৱা উচিত নহয়।
(6) মক্কাৰ কাফিৰসকলে ৰাছুলক উদ্দেশ্যি ক'লেঃ তুমি যি দাবী কৰিছা যে, তোমাৰ প্ৰতি যিকৰ অৱতীৰ্ণ হৈছে, তোমাৰ এই দাবীয়ে প্ৰমাণ কৰে যে তুমি এজন উন্মাদ। লগতে তুমি উন্মাদৰ দৰে আচৰণও কৰা।
(7) যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ ওচৰলৈ ফিৰিস্তা কিয় লৈ নাহা, যিয়ে তোমাৰ সপক্ষে সাক্ষী দিব যে, তুমি এজন প্ৰেৰিত নবী আৰু (আমি যদি তোমাৰ কথা নামানো তেন্তে) আমাৰ ওপৰত শাস্তি অৱতীৰ্ণ হ'ব।
(8) সিহঁতৰ ফিৰিস্তা অহাৰ প্ৰস্তাৱ খণ্ডন কৰি আল্লাহে কৈছেঃ ফিৰিস্তা সেই সময়তেই অৱতীৰ্ণ হয় যেতিয়া হিকমত অনুসাৰে সিহঁতৰ বিনাশৰ সময় ওচৰ চাপে। ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ পিছত যদি সিহঁতে ঈমান পোষণ নকৰে তেন্তে সিহঁতক কেতিয়াও অৱকাশ দিয়া নহ'ব। বৰং অচিৰেই শাস্তিৰ সন্মুখীন হ'ব।
(9) নিশ্চয় আমিয়েই এই কোৰআন মুহাম্মদৰ অন্তৰত অৱতীৰ্ণ কৰিছো, মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়েই এই কোৰআনক সুৰক্ষা প্ৰদান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতকৰণৰ পৰা।
(10) হে ৰাছুল! আমি তোমাৰ পূৰ্বেও কাফিৰ সম্প্ৰদায়ৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো, কিন্তু সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক সিহঁতে অস্বীকাৰ কৰি আছে।
(11) পূৰ্বৱৰ্তী কাফিৰ সম্প্ৰদায়সমূহৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল আৰু তেওঁক উপহাস কৰিছিল।
(12) যিদৰে আমি সেইসমূহ সম্প্ৰদায়ৰ অন্তৰত অস্বীকাৰ কৰাৰ প্ৰবৃত্তি সোমাই দিছিলো, ঠিক সেইদৰে মক্কাৰ মুশ্বৰিকসকলৰ অন্তৰতো সোমাই দিম, সিহঁতৰ বিমুখ হোৱাৰ কাৰণে আৰু স্বৈৰাচাৰিতাৰ কাৰণে।
(13) ইহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব। আল্লাহৰ সাধাৰণ নিয়ম হৈছে এই যে, ৰাছুলসকলে লৈ অহা বাণীক যিসকলে অস্বীকাৰ কৰে তেওঁ সিহঁতক ধ্বংস কৰি দিয়ে। এতেকে অস্বীকাৰকাৰী সকলে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।
(14) প্ৰকাশ্য দলিলৰ দ্বাৰা সত্য স্পষ্ট হোৱাৰ পিছতো এই অস্বীকাৰকাৰী সকলে শত্ৰুতাৰ ওপৰত অবিচল থাকিব। এতেকে আমি যদি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিওঁ, সিহঁতে যদি তাত আৰোহণ কৰে,
(15) তথাপিও সিহঁতে সত্যক স্বীকাৰ নকৰিলেহেঁতেন। বৰং সিহঁতে কলেহেঁতেনঃ সত্য প্ৰদৰ্শনৰ পৰা আমাৰ দৃষ্টিক প্ৰতিৰোধ কৰা হৈছে। আমি যি দেখি আছো এয়া যাদুৰ প্ৰভাৱ। আমাক যাদু কৰা হৈছে।
(16) আমি আকাশত ডাঙৰ ডাঙৰ তৰা বনাইছো, যিবোৰৰ জৰিয়তে মানুহে জল তথা স্থলত অন্ধকাৰত ভ্ৰমণৰ সময়ত দিশ নিৰ্ণয় কৰে। আনহাতে দৰ্শনকাৰী সকলৰ বাবে সুসৌন্দৰ্য কৰিছো। যাতে সিহঁতে পৱিত্ৰ আল্লাহৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰ প্ৰমাণ বিচাৰি পায়।
(17) আৰু আমি আকাশক আল্লাহৰ ৰহমতৰ পৰা প্ৰতাৰিত সকলো চয়তানৰ পৰা ৰক্ষা কৰিছো।
(18) আনহাতে যিয়ে নিকটৱৰ্তী ফিৰিস্তাসকলৰ কথা গোপনে শুনিবলৈ প্ৰয়াস কৰে, তাক জলন্ত শিখাই চোঁচা লয় আৰু অৱশেষত জ্বলাই ভস্মীভূত কৰে।
(19) আমি পৃথিৱীক প্ৰসাৰিত কৰিছো যাতে মানুহে তাত বসবাস কৰিব পাৰে। তাত সুদৃঢ় পৰ্বত স্থাপন কৰিছো যাতে পৃথিৱী কম্পমান নহয়, লগতে তাত হিকমত অনুসাৰে এটা নিৰ্দিষ্ট পৰিমাণ মুতাবিক গছ-পুলি উৎপন্ন কৰিছো।
(20) হে মানৱজাতি! আমি পৃথিৱীত তোমালোকৰ খোৱা বোৱাৰ বাবে এনেকুৱা বস্তু বনাইছো যিবোৰ পাৰ্থিৱ জীৱনৰ বাবে অত্যাৱশ্যক। আনহাতে তোমালোকৰ বাহিৰেও আন আন লোকৰ বাবে আৰু জীৱ-জন্তুৰ বাবে জীৱন-যাপনৰ সাধন বনাইছো, যিবোৰক তোমালোকে জীৱিকা প্ৰদান নকৰা।
(21) মানুহক তথা জীৱ-জন্তুক উপকাৰ কৰিব পৰা যিমানবোৰ উপকাৰী সা-সামগ্ৰী আছে, আমি সেইবোৰ সৃষ্টি কৰিবলৈ তথা সেইবোৰৰ দ্বাৰা মানুহক উপকৃত হোৱাৰ অৱকাশ দিবলৈ সামৰ্থৱান। আমি যি সৃষ্টি কৰো, সেই হিকমত অনুসাৰে আৰু আমাৰ ইচ্ছানুসাৰে এটি নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰো।
(22) আমিয়ে উৰ্বৰ বতাহ প্ৰেৰণ কৰো, যিবোৰে মেঘ কঢ়িয়াই লৈ যায়, লগতে মেঘৰ পৰা পানী বৰ্ষণ কৰো আৰু সেই বৰষুণৰ পানী তোমালোকক পান কৰাওঁ। হে মানৱজাতি! তোমালোকে এই পানীক নিজৰা তথা কুঁৱাত আৱদ্ধ কৰি ৰাখিব নোৱাৰা, সেইটোক কেৱল আল্লাহেই আৱদ্ধ কৰি ৰাখে।
(23) নিশ্চয় আমিয়েই মৃতক জীয়াই তোলো তথা সিহঁতক সৰ্বপ্ৰথম অস্তিত্বত আনিছো, মৃত্যুৰ পিচত আকৌ সিহঁতক পুনৰুত্থিত কৰিম, জীৱিত লোকসকলৰ মৃত্যুৰ সময় যেতিয়া সন্নিকট হয় তেতিয়া আমিয়েই সিহঁতক মৃত্যু প্ৰদান কৰো। আমিয়েই চিৰঞ্জীৱ, পৃথিৱী তথা ইয়াৰ ওপৰত থকা সকলো বস্তুৰ আমিয়েই স্বত্তাধিকাৰ।
(24) নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিব আৰু মৃত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনো কথাই আমাৰ পৰা গোপন নহয়।
(25) হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই সকলো লোককে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যাতে নেক কৰ্ম কৰা লোকসকলক উত্তম প্ৰতিদান দিব পাৰে আৰু বেয়া কৰ্ম কৰা লোকসকলক বেয়া ফলাফল দান কৰিব পাৰে। নিশ্চয় তেওঁ পৰিচালনাত মহাপ্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
(26) নিশ্চয় আমি মানুহক শুকান মাটিৰে সৃষ্টি কৰিছো, যিটো টিং টিঙীয়া শব্দ কৰে। যিটো মাটিৰে সৃষ্টি কৰা হৈছে তাৰ ৰং হৈছে কলা, দীৰ্ঘ সময় হোৱাৰ বাবে গন্ধ পৰিবৰ্তন হৈছিল।
(27) আমি আদম আলাইহিছ ছালামৰ সৃষ্টিৰ পূৰ্বে জ্বিনসকলৰ আদি পিতাক প্ৰচণ্ড উত্তপ্ত অগ্নিশিখাৰে সৃষ্টি কৰিছিলো।
(28) হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক আৰু ইবলীছক (সি ফিৰিস্তাসকলৰ লগতে আছিল) অৱগত কৰালে যে, নিশ্চয় মই ক’লা বৰণীয়া দুৰ্গন্ধময় শুকান টিং টিঙীয়া মাটিৰে মানুহ সৃষ্টি কৰিম।
(29) এতেকে মই যেতিয়া পৰিপূৰ্ণৰূপে তাৰ আকৃতি প্ৰদান কৰিম আৰু যেতিয়া সৃষ্টি কাৰ্য সম্পন্ন হ'ব তেতিয়া তোমালোকে মোৰ আদেশ পালন কৰি তেওঁৰ সন্মানাৰ্থে তেওঁক ছাজদাহ কৰিবা।
(30) ফলত ফিৰিস্তাসকলে তেওঁৰ আদেশ পালন কৰি সকলোৱে ছাজদা কৰিলে, যিদৰে তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আদেশ দিছিল।
(31) কিন্তু ইবলীছ (যিজন ফিৰিস্তাসকলৰ লগতেই বসবাস কৰিছিল কিন্তু সি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিল) ফিৰিস্তাসকলৰ সৈতে আদমক ছাজদা কৰিবলৈ বিৰত থাকিল।
(32) ইবলিছে যেতিয়া আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া আল্লাহে তাক ক'লেঃ যিহেতু ফিৰিস্তাসকলে মোৰ আদেশ পালন কৰি ছাজদাহ কৰিলে, তেনেস্থলত তুমি কিয় ছাজদাহ নকৰিলা, কিহে তোমাক বাধা দিলে?
(33) ইবলীছে অহংকাৰ কৰি ক'লেঃ মোৰ পক্ষে এয়া উচিত নহয় যে, মই এনেকুৱা মানুহক ছাজদাহ কৰিম, যাক তুমি শুকান মাটিৰে সৃষ্টি কৰিছা, যি মাটি ইতিপূৰ্বে দুৰ্গন্ধময় ক’লা বৰণীয়া আছিল।
(34) আল্লাহে ইবলীছক ক'লেঃ জান্নাতৰ পৰা ওলাই যোৱা, কাৰণ তোমাক নিলম্বন কৰা হৈছে।
(35) নিশ্চয় কিয়ামত পৰ্যন্ত তুমি অভিশপ্ত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত।
(36) ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! মোক সেই দিনটোলৈকে অৱকাশ দিয়া, যিদিনা তুমি সকলোকে পুনৰ্জীৱিত কৰিবা।
(37) আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃত্যু পিছুৱাই দিয়া হ'ল।
(38) সেই সময়লৈকে যেতিয়া প্ৰথমবাৰ শিঙাত ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টি জীৱ মৃত্যুবৰণ কৰিব।
(39) ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক পথভ্ৰষ্ট কৰিছা, সেয়ে মই পৃথিৱীত সিহঁতৰ পাপকৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিম, আৰু সকলোকে সঠিক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম।
(40) কেৱল তোমাৰ সেইসকল বান্দাৰ বাহিৰে যিসকলক তুমি তোমাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিছা।
(41) আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠিক তথা সৰল পথ।
(42) মোৰ নিষ্ঠাৱান বান্দাসকলক বিভ্ৰান্ত কৰিবলৈ তোমাৰ কোনো চক্ৰান্ত কামত নাহিব। আনহাতে কিছুমান পথভ্ৰষ্ট লোক নিজেই তোমাৰ অনুসৰণ কৰিব।
(43) নিশ্চয় ইবলীছ আৰু তাৰ পথভ্ৰষ্ট অনুসাৰীসকলৰ প্ৰতিশ্ৰুত স্থান হৈছে জাহান্নাম।
(44) জাহান্নামৰ সাতখন দুৱাৰ আছে, যিবোৰ দুৱাৰেৰে সিহঁত প্ৰৱেশ কৰিব। প্ৰত্যেক দুৱাৰেৰে নিৰ্দিষ্ট সংখ্যক ইবলীছৰ অনুসাৰীয়ে প্ৰৱেশ কৰিব।
(45) যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, নিশ্চয় তেওঁলোক থাকিব নিজৰা প্ৰবাহিত জান্নাতত।
(46) প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক কোৱা হ'বঃ সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা সুৰক্ষিত হৈ আৰু ভয়মুক্ত তথা নিশ্চিন্ত হৈ প্ৰৱেশ কৰা।
(47) আমি তেওঁলোকৰ অন্তৰসমূহক সকলো প্ৰকাৰ হিংসা-বিদ্বেষৰ পৰা পৱিত্ৰ কৰিম। তেওঁলোকে ইজনে সিজনক ভাল পাব, তথা সিংহাসনত বহি ইজনে সিজনক প্ৰত্যক্ষ কৰিব।
(48) তেওঁলোক তাত কেতিয়াও ক্লান্ত নহ'ব, আৰু তেওঁলোকক তাৰ পৰা কেতিয়াও বহিষ্কাৰো কৰা নহ'ব। বৰং তেওঁলোক তাত চিৰকাল থাকিব।
(49) হে ৰাছুল! মোৰ বান্দাসকলক জনাই দিয়ক যে, নিশ্চয় মই তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিওঁ আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰো।
(50) লগতে তেওঁলোকক জনাই দিয়ক যে, মোৰ শাস্তি অতি কষ্টদায়ক। এতেকে তেওঁলোকে তাওবা কৰা উচিত, যাতে তেওঁলোকে মোৰ ক্ষমা লাভ কৰিব পাৰে আৰু মোৰ শাস্তিৰ পৰা নিৰাপদ থাকিব পাৰে।
(51) আপুনি তেওঁলোকক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ অতিথি হৈ অহা ফিৰিস্তাসকলৰ বিষয়ে জনাই দিয়ক, ফিৰিস্তাসকলে তেওঁৰ ওচৰলৈ তেওঁৰ পুত্ৰৰ সুসংবাদ আৰু লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাৰ্তা লৈ আহিছিল।
(52) যেতিয়া তেওঁলোক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হ'ল আৰু ছালাম জনালে, তেতিয়া তেওঁ তেওঁলোকৰ ছালামৰ উত্তমভাৱে উত্তৰ দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁ তেওঁলোকক মানুহ বুলি ভাৱিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁলোকে খাদ্য বস্তুৰ পিনে আগ্ৰহ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছো।
(53) তেতিয়া সেই বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ ভয় নকৰিব, আমি আপোনাক আনন্দদায়ক সুসংবাদ দিবলৈ আহিছো। আপোনাৰ ঘৰত এজন জ্ঞানী সন্তান জন্ম লাভ কৰিব।
(54) ইব্ৰাহীম আলাইহিচ্ছালামে পুত্ৰৰ সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ আপোনালোকে মোক এই বৃদ্ধ বয়সত পুত্ৰ সুসংবাদ দি আছে? কি ভিত্তিত আপোনালোকে মোক এই সুসংবাদ দি আছে?
(55) বাৰ্তাবাহক ফিৰিস্তাসকলে ইব্ৰাহীম আলাইহিচ্ছালামক উদ্দেশ্যি ক'লেঃ আমি আপোনাক সত্য সুসংবাদ শুনাইছো, যাৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে আপুনি ইয়াৰ পৰা নিৰাশ নহব, যি সুসংবাদ আমি আপোনাক প্ৰদান কৰিছো।
(56) ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয়, যিসকল আল্লাহৰ সঠিক-সৰল পথৰ পৰা বিভ্ৰান্ত।
(57) ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ হে আল্লাহৰ প্ৰেৰিত বাৰ্তাবাহকসকল! আপোনালোকে কোনো অভিযানত আহিছে নেকি?
(58) বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকুৱা এটা সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে প্ৰেৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে আৰু সকলো প্ৰকাৰ অসৎকৰ্ম কৰে। সিহঁত হৈছে লূত সম্প্ৰদায়।
(59) কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি এই সকলো লোকক উদ্ধাৰ কৰিম।
(60) কিন্তু তেওঁৰ স্ত্ৰীৰ বিষয়টো সুকীয়া। আমাৰ ফয়চালা অনুসাৰে তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব আৰু শাস্তিৰ সন্মুখীন হ'ব।
(61) এতেকে প্ৰেৰিত ফিৰিস্তাসকল যেতিয়া মানুহৰ ৰূপত লূত আলাইহিচ্ছালামৰ ঘৰত আহি উপস্থিত হ'ল।
(62) লূত আলাইহিচ্ছালামে তেওঁলোকক ক'লেঃ আপোনালোক দেখোন অপৰিচিত।
(63) প্ৰেৰিত ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ ভয় নকৰিব। আমি আপোনাৰ সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছো, যি শাস্তিক সিহঁতে সদায় সন্দেহ কৰি আহিছে।
(64) এয়া কোনো ধেমালি নহয়, আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছো, নিশ্চয় আমি এই বিষয়ত সত্যবাদী।
(65) এতেকে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়ালসহ ৰাওনা হওক। আৰু আপুনি এওঁলোকৰ পিচে পিচে থাকিব। কোনেও যেন পিচফালে ঘূৰি নাচায় যে, বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক, য'ত যাবলৈ আল্লাহে আপোনালোকক আদেশ কৰিছে।
(66) আনহাতে আমি লূত আলাইহিচ্ছালামক অহীৰ দ্বাৰা আমাৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰাইছিলো যে, প্ৰভাত হোৱাৰ আগতেই আমি সিহঁতৰ প্ৰত্যেককে ধ্বংস কৰিম।
(67) ইপিনে ছুদুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দিত হৈ উপস্থিত হ'ল।
(68) লূত আলাইহিচ্ছালামে সিহঁতক ক'লেঃ এওঁলোক হৈছে মোৰ অতিথি। এতেকে এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।
(69) এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা।
(70) তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোনে যে, আপুনি কাকো অতিথি নবনাব?
(71) লূত আলাইহিচ্ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত বিৱশতা দেখুৱাই নিজ জাতিৰ লোকসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ স্ত্ৰীৰসকলৰ লগতে এয়া মোৰ কন্যা সকলো আছে, যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা তেন্তে এওঁলোকক বিবাহ কৰিব পাৰা।
(72) হে ৰাছুল! আপোনাৰ জীৱনৰ শপত! প্ৰকৃততে লূত সম্প্ৰদায় কাম-বাসনাত মতলীয়া হৈ আছিল।
(73) অৱশেষত সূৰ্যোদয়ৰ সময়ত সিহঁতক এক বিনাশকাৰী প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।
(74) আৰু সিহঁতৰ জনবসতিক ওলোটাই দিলো, লগতে সিহঁতৰ ওপৰত বৰ্ষণ কৰিলো শিলাবৃষ্টি।
(75) লূত সম্প্ৰদায়ক বিনাশ কৰাৰ যি ঘটনা বৰ্ণনা কৰা হ'ল, নিশ্চয় তাৰ মাজত চিন্তা-চৰ্চাকাৰী সকলৰ বাবে আছে বহুতো নিদৰ্শন।
(76) লূত আলাইহিচ্ছালামৰ জাতিৰ গাওঁসমূহ সাৰ্বজনিক পথত অৱস্থিত আছিল, সেই পথেৰে অতিক্ৰম কৰা সকলো ভ্ৰমণকাৰীয়ে সিহঁতক প্ৰত্যক্ষ কৰিছিল।
(77) যিবোৰ ঘটনা সংঘটিত হৈছে তাত আছে মুমিনসকলৰ বাবে ডাঙৰ শিক্ষা, যিবোৰৰ পৰা তেওঁলোকে পাঠ লব পাৰে।
(78) পাতশূন্য গছ থকা গাওঁৰ অধিবাসীসকল অৰ্থাৎ ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ লোকসকলেও আছিল অত্যাচাৰী। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুল ছোৱাইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
(79) ফলত আমি সিহঁতৰ প্ৰতিশোধ ল'লো, আৰু শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় লূত সম্প্ৰদায়ৰ গাওঁ আৰু ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ গাওঁ সাধাৰণ পথৰ দাঁতিত অৱস্থিত আছিল।
(80) হিজৰৰ (অৰ্থাৎ হিজাজ আৰু চিৰিয়াৰ মধ্যৱৰ্তী এখন স্থানৰ) অধিবাসীসকল অৰ্থাৎ ছামূদ সম্প্ৰদায়ে সিহঁতৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰাৰ জৰিয়তে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে।
(81) আমি সিহঁতক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলো। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁতে সেই প্ৰমাণসমূহক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰুক্ষেপ নকৰিলে।
(82) সিহঁতে পৰ্বত খনন কৰি নিৰাপদে থকাৰ বাবে ঘৰ সাজিছিল।
(83) অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।
(84) কিন্তু সিহঁতৰ উপাৰ্জিত ধন আৰু সিহঁতৰ নিৰাপত্তামূলক ঘৰে সিহঁতক ৰক্ষা কৰিব নোৱাৰিলে।
(85) আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা বস্তুসমূহক উদ্দেশ্যবিহীন সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছুল! আপুনি অস্বীকাৰকাৰী সকলক আওকাণ কৰক, আৰু সিহঁতক উত্তমৰূপে ক্ষমা কৰি দিয়ক।
(86) হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, আৰু তেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অধিকাৰী।
(87) অৱশ্যে আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছুৰা আল-ফাতিহা প্ৰদান কৰিছো, এইটোৱে হৈছে মহা কোৰআন।
(88) আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছো আপুনি তালৈ দৃষ্টিপাত নকৰিব, আৰু সিহঁতৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মুমিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।
(89) হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মই শাস্তিৰ পৰা সতৰ্ককাৰী, স্পষ্টভাৱে সতৰ্ক কৰো।
(90) মই তোমালোকক সেই শাস্তিৰ পৰা সাৱধান কৰো, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰ পুথিক ভাগ ভাগকাৰী সকলৰ ওপৰত, সিহঁতে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু কিছু অংশক অস্বীকাৰ কৰিছিল।
(91) যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।
(92) এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
(93) আমি সিহঁতক কুফৰী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে কৰিছিল।
(94) হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰুক্ষেপ নকৰিব।
(95) আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।
(96) যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। অতি শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।
(97) হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।
(98) এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।
(99) এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওঁক।