(1) মানুহৰ অতীতত এক দীৰ্ঘ সময় অতিক্ৰম হৈছে যেতিয়া সিহঁতৰ কোনো অস্তিত্ব নাছিল। সিহঁতৰ উল্লেখ পৰ্যন্ত নাছিল।
(2) আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰিত বীৰ্যৰ পৰা সৃষ্টি কৰিছো যাতে সিহঁতৰ প্ৰতি চৰীয়তৰ দায়িত্বসমূহ অৰ্পণ কৰি সিহঁতৰ পৰীক্ষা লব পাৰো। গতিকে আমি সিহঁতক শ্ৰৱণকাৰী, দ্ৰষ্টা বনাইছো যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়িত্বসমূহ পালন কৰিব পাৰে।
(3) আমি ৰাছুলসকলৰ মুখেৰে সিহঁতৰ বাবে হিদায়তৰ পথবোৰৰ বিষয়ে বৰ্ণনা কৰি দিছো। যাৰ জৰিয়তে ভ্ৰষ্টতাৰ পথ স্পষ্ট হৈ গৈছে। ইয়াৰ পিছত হয় সি সঠিক পথ ধৰিব আৰু মুমিন তথা আল্লাহৰ কৃতজ্ঞ বান্দা হৈ যাব, নহয় সি তাৰ পৰা বিভ্ৰান্ত হৈ কাফিৰ আৰু আল্লাহৰ আয়াতসমূহৰ অস্বীকাৰকাৰী বান্দা হ'ব।
(4) আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে আমি শিকলী প্ৰস্তুত কৰি ৰাখিছো। যিটোৰে সিহঁতক আৱদ্ধ কৰি জুইত চোঁচৰাই লৈ যোৱা হব আৰু গলবেৰি আছে যিবোৰ সিহঁতক লগোৱা হব আৰু আৰু লেলিহান জুই প্ৰস্তুত কৰি ৰাখিছো।
(5) আল্লাহৰ আজ্ঞা পালনকাৰী মুমিনসকলক ক্বিয়ামতৰ দিনা পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু কাফুৰ মিশ্ৰিত হ'ব। কিয়নো তাৰ সুগন্ধী বহুত ভাল।
(6) অনুসৰণকাৰী সকলৰ বাবে প্ৰস্তুত কৰা এই পানীয় এনেকুৱা নিজৰাৰ পৰা প্ৰাপ্ত হব যাৰ পৰা পান কৰা সহজ হব। আৰু তাৰ ভিতৰত পানীয় উপস্থিত থাকিব আৰু তাৰ পানীয় কেতিয়াওঁ হ্ৰাস নহব। তাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব আৰু যতেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।
(7) যিসকল বান্দাই সেয়া পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হব এই যে, তেওঁলোকে সত্কৰ্মক নিজৰ প্ৰতি অনিবাৰ্য কৰিব সেয়া পূৰণও কৰিব। আৰু সেই দিনক ভয় কৰিব, যাৰ আপদাচাৰী আৰু বেছি প্ৰসাৰিত হব। অৰ্থাৎ ক্বিয়ামতৰ দিন।
(8) অভাৱগ্ৰস্ত যেনে ভিক্ষাৰী, অনাথ আৰু বন্দী সকলক আহাৰ খোৱায়।সেই খাদ্যৰ প্ৰতি তেওঁলোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বেও তেওঁলোকে বেলেগক দান কৰে।
(9) আৰু অন্তৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁতক আল্লাহৰ সন্তুষ্টিৰ কাৰণে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁতৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে।
(10) আমি নিজৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰো যিটো ইমান ভীষণ হ'ব যে, হতভাগা লোকৰ মুখমণ্ডল বীভৎস হৈ পৰিব।
(11) গতিকে আল্লাহে তেওঁলোকক নিজৰ অনুগ্ৰহেৰে সেই ভীষণ দিনৰ আপদৰ পৰা বচাই লব। লগতে তেওঁলোকৰ চেহেৰাত সতেজ আৰু জ্যোতি প্ৰদান কৰিব, তেওঁলোকৰ সন্মানাৰ্থে আৰু তেওঁলোকৰ অন্তৰক প্ৰশান্তি দিয়াৰ বাবে (এই অনুগ্ৰহ দান কৰিব)।
(12) আৰু আল্লাহ তাআলাই তেওঁলোকক সত্কৰ্মৰ প্ৰতি অটুট থকাৰ কাৰণে, লগতে আল্লাহৰ ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে এনেকুৱা জান্নাত প্ৰদান কৰিব। যাৰ নিয়ামতবোৰৰ পৰা তেওঁলোকে আনন্দ উপভোগ কৰিব আৰু আৰু ৰেচম প্ৰদান কৰিব যিটো তেওঁলোকে পৰিধান কৰিব।
(13) তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত কোনো ৰ'দ দেখা নাপাব যিয়ে তেওঁলোকক কষ্ট দিব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁলোক চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব।
(14) ইয়াৰ ছাঁবোৰ তেওঁলোকৰ প্ৰতি সন্নিহিত থাকিব আৰু তাৰ ফল ভক্ষনকাৰীৰ অধিনত হব যিটো অতি সহজে প্ৰাপ্ত হব। মানুহে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিব পাৰিব।
(15) আৰু যেতিয়া তেওঁলোকে পান কৰিবলৈ ইচ্ছা কৰিব তেতিয়া তেওঁলোকৰ সেৱকে ৰূপৰ বাচন আৰু পানপাত্ৰ লৈ তেওঁলোকৰ ওচৰত ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব যাৰ ৰং হ'ব পৰিষ্কাৰ।
(16) যিটো কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেয়া ৰূপৰ হ'ব। আৰু সেয়া তেওঁলোকৰ ইচ্ছা অনুসাৰে ভৰি থাকিব। কমো নহয় বেছিও নহয়।
(17) আৰু এই সন্মানিত ব্যক্তিসকলক শুকান আদা মিশ্ৰিত পানীয় পান কৰোৱা হ'ব।
(18) তেওঁলোকক জান্নাতৰ ছালছাবীল নামৰ নিজৰাৰ পৰা পান কৰোৱা হ'ব।
(19) আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁতৰ চেহেৰা সজীৱ থাকিব, সিহঁতৰ ৰং অতি সুন্দৰ হব আৰু সিহঁত সংখ্যাত বহুত হব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
(20) আৰু যেতিয়া তুমি জান্নাতত ইফালে- সিফালে চাবা তেতিয়া এনেকুৱা নিয়ামত দেখিবলৈ পাবা যিটো বৰ্ণনাতীত। আৰু ইমান বিশাল ৰাজত্ব দেখিবলৈ পাবা যাৰ উদাহৰণ পোৱা টান।
(21) তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হব। আৰু তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধোৱা হব। আৰু সকলো অপ্ৰিয় বস্তুৰ পৰা পবিত্ৰ পানীয় পান কৰোৱা হ'ব।
(22) আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হবঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। আৰু তোমালোকৰ কৰ্ম আল্লাহৰ ওচৰত গৃহীত হৈছে।
(23) হে ৰাছুল, নিশ্চয় আমি এই কোৰআন আপোনাৰ প্ৰতি অলপ অলপকৈ পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো। আৰু সেয়া আপোনাৰ প্ৰতি এবাৰতে অৱতীৰ্ণ কৰা নাই।
(24) আপুনি আল্লাহৰ নিৰ্ণয়ৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। আৰু কোনো পাপীৰ অনুসৰণ কৰি তাৰ পাপ কৰ্মত লিপ্ত নহ'ব আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কুফুৰীৰ পথত নচলিব।
(25) আৰু আপোনাৰ প্ৰতিপালকক দিনৰ প্ৰথম ভাগত ফজৰৰ ছালাতৰ জৰিয়তে আৰু অন্তিম ভাগত জোহৰ আৰু আছৰৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক।
(26) আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত তেওঁৰ বাবে তাহাজ্জুদ পঢ়ক।
(27) এই মুশ্বৰিক বিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বিয়ামতৰ দিনক উপেক্ষা কৰে। যিহেতু সেয়া এক কঠোৰ দিন। কিয়নো তাত আছে বহুত কঠিনতা আৰু পৰীক্ষা।
(28) আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গাঠিসমূহ তথা অংগসমূহ সুদৃঢ় কৰিছো। আৰু যেতিয়া আমি সিহঁতক ধ্বংস কৰিবলৈ আৰু সিহঁতক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিম তেতিয়া সিহঁতক ধ্বংস কৰি দিম আৰু পৰিৱৰ্তন কৰি দিম।
(29) নিশ্চয় এই ছুৰা এক শিক্ষা আৰু উপদেশ। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।
(30) আৰু তোমোলোকে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব নোৱাৰা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। সকলো বিষয় আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ ৰচনাৰ ক্ষেত্ৰত, বিচাৰ-ফয়চালাত আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
(31) তেওঁ যি বান্দাক ইচ্ছা কৰে নিজৰ ৰহমতত প্ৰৱেশ কৰায় তথা তাক ঈমান আৰু সত্কৰ্মৰ সামৰ্থ দিয়ে। আৰু যালিমসকলৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে। যিসকলে কুফুৰী আৰু পাপ কৰ্মৰ জৰিয়তে নিজৰ প্ৰতি অত্যাচাৰ কৰে।