72 - Al-Jinn ()

|

(1) হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছো যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য।

(2) এই বাণী, যিটো আমি শুনিছো সেইটো আস্থা, কথন আৰু কৰ্মৰ ক্ষেত্ৰত সঠিক আৰু যথোচিত বুলি প্ৰমাণিত। গতিকে আমি ইয়াৰ প্ৰতি ঈমান আনিছো। আৰু আমি কাকো আমাৰ প্ৰতিপালকৰ সৈতে অংশীদাৰ স্থাপন নকৰিম।

(3) আৰু আমি এই কথাৰ প্ৰতিও ঈমান আনিছো যে, আমাৰ প্ৰতিপালকৰ (তেওঁৰ মহিমা আৰু প্ৰতাপ অতি মহান) কোনো স্ত্ৰী, সন্তান আদি একো নাই। যিদৰে মুশ্বৰিক সকলে ইয়াৰ বিপৰীত আস্থা পোষণ কৰে।

(4) আৰু ইবলিছ চয়তানে আল্লাহ সম্পৰ্কে বহুত অবাস্তৱ তথা অসত্য কথা কৈছিল। অৰ্থাৎ তেওঁৰ সৈতে স্ত্ৰী আৰু সন্তানৰ সম্বন্ধ সংযোগ কৰিছিল।

(5) আৰু আমি ভাবিছিলো যে, মুশ্বৰিক জিন আৰু মানুহে যিহেতু কৈছিল যে, আল্লাহৰ স্ত্ৰী আৰু সন্তান আছে, সেয়া কোনো অসত্য কথা নহয়। এই কাৰণেই আমি সিহঁতৰ পথৰ অনুকৰণ কৰি সিহঁতৰ কথা সত্য বুলি ভাবিছিলো।

(6) আৰু অজ্ঞতা যুগত কিছুমান লোকে যেতিয়া কোনো ভয়াৱহ ঠাইত অৱতৰণ কৰিছিল তেতিয়া সিহঁতে কিছুমান জিনৰ আশ্ৰয় বিচাৰি কৈছিলঃ মই এই ঠাইৰ নেতা জিনৰ আশ্ৰয় বিচাৰো। এই জাতিৰ অজ্ঞ জিনৰ পৰা। এইদৰে সেই লোকসকলে জিনৰ সাহস বৃদ্ধি কৰি দিছিল।

(7) হে জিন, যিদৰে তোমালোকে ভাবিছিলা তেনেদৰে মানৱ সকলেও ভাবিছিল যে আল্লাহে কাৰো মৃ্ত্যুৰ পিছত হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে কেতিয়াও জীৱিত নকৰিব।

(8) আৰু আমি আকাশৰ খবৰ লবলৈ প্ৰয়াস কৰিছিলো। কিন্তু আমি আকাশত ফিৰিস্তা সকলৰ মজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা পালো। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চুৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নাপায়। যিটো আমি কৰি আছিলো। আৰু আকাশক উল্কাপিণ্ডৰে ভৰাই ৰাখিছে। সেইবোৰৰ দ্বাৰা আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি নিক্ষেপ কৰা হয়।

(9) আৰু আমি আগতে আকাশত স্থান বাচনি কৰি লৈছিলো আৰু তাত ফিৰিস্তাসকলৰ মাজত আদান- প্ৰদান হোৱা খবৰসমূহ শুনিছিলো আৰু পৃথিৱীত থকা জ্যোতিষিক কৈ দিছিলো। কিন্তু এতিয়া পৰিস্থিতি পৰিৱৰ্তন হৈছে। এতিয়া যিয়ে শুনিবলৈ প্ৰয়াস কৰিব সি এনেকুৱা লেলিহান জুইৰ সন্মুখীন হব লাগিব যিটো তাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। সি যেতিয়াই তাৰ ওচৰলৈ যাব। সেই লেলেহান জুই তাৰ প্ৰতি নিক্ষেপ কৰা হ'ব, ফলত সি ভস্মিভূত হ'ব।

(10) আৰু আমি নাজানো এই কঠোৰ প্ৰহৰী দিয়াৰ কাৰণ কি। ইয়াৰ দ্বাৰা পৃথিৱীবাসী সকলৰ অমঙ্গল বিচৰা হৈছে নেকি, নে আল্লাহে সিহঁতৰ বাবে মঙ্গল বিচাৰিছে? কিয়নো আকাশৰ খবৰৰ সম্পৰ্ক আমাৰ পৰা বিচ্ছন্ন হৈছে।

(11) হে জিন সম্প্ৰদায়, আমাৰ মাজৰ কিছুমান হৈছে সদাচাৰ আৰু সত্কৰ্মী আৰু কিছুমান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলো আৰু ভিন্ন পথৰ পথাচাৰী আছিলো।

(12) আৰু আমাৰ বিশ্বাস হৈ গৈছে যে, যদি আল্লাহে আমাৰ লগত কিবা কৰাৰ ইচ্ছা কৰে তেন্তে আমি তাক পৰাজয় কৰিব নোৱাৰিম আৰু তাৰ পৰা পলাবও নোৱাৰিম। কিয়নো তেওঁ আমাক পৰিবেষ্টন কৰি আছে।

(13) আৰু যেতিয়া আমি কোৰআন শুনিছো যিটো সঠিক পথৰ ফালে আহ্বান কৰে। যাৰ প্ৰতি আমি ঈমান আনিছো। গতিকে যিয়ে নিজৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব ফলত তেওঁৰ পুণ্যত কোনো হ্ৰাস নহব আৰু পাপ কামত কোনো বৃদ্ধি নহ'ব।

(14) আৰু আমাৰ মাজৰ কিছুমান হৈছে মুমিন আৰু আল্লাহৰ আজ্ঞা পালনকাৰী। আৰু কিছুমান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰ আগত নত হৈ তেওঁৰ আদেশ পালন কৰিব আৰু সত্কৰ্ম কৰিব, সিহঁতেই হিদায়ত আৰু সঠিক পথৰ পথাচাৰী।

(15) আৰু যিহঁতে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতেই জাহান্নামৰ ইন্ধন হ'ব। তাত সিহঁতৰ দৰেই মানুহৰ সৈতে অগ্নিদগ্ধ হৈ থাকিব।

(16) যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণ পানী পান কৰালোহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোহেঁতেন।

(17) যাতে আমি সিহঁতক ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰো যে, আল্লাহৰ অনুগ্ৰসমূহৰ কৃতজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশ সমূহৰ পৰা মুখ ঘূৰাই লব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তিত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।

(18) আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই, তেওঁৰ বাহিৰে আন কাৰোবাৰ বাবে নহয়। গতিকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইহুদী আৰু খৃষ্টান বিলাকৰ দৰে হৈ যাবা। যিহঁতে নিজৰ উপাসনা স্থলত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।

(19) আৰু যেতিয়া আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নাখলা নামক ঠাইত তেখেতৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ থিয় হৈছিল, তেতিয়া জিনসকলে কোৰআন শুনিবলৈ বহুত ভীৰ লগাইছিল।

(20) হে ৰাছুল, আপুনি কৈ দিয়কঃ মই কেৱলমাত্ৰ আল্লাহক আহ্বান কৰো। ইবাদতত কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰো। সি যিয়েই নহওঁক কিয়।

(21) সিহঁতক কৈ দিয়কঃ মই তোমালোকৰ কোনো ক্ষতি দূৰ কৰিব নোৱাৰো যিটো আল্লাহে তোমালোকৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে। আৰু তোমালোকক কোনো লাভ বা উপকাৰো কৰিব নোৱাৰিম। যাৰ পৰা আল্লাহে তোমালোকক বঞ্চিত কৰি ৰাখিছে।

(22) সিহঁতক কৈ দিয়কঃ যদি মই আল্লাহৰ অৱজ্ঞা কৰো তেন্তে কোনেও তেওঁৰ পৰা মোক ৰক্ষা কৰিব নোৱাৰিব। আৰু মই তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰিও নাপাম।

(23) মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁছাই দিয়া। আৰু সেই ৰিছালত পৌঁছাই দিয়া যিটোৰ সৈতে মোক প্ৰেৰণ কৰা হৈছে। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা তথা অবাধ্যতা কৰিব তাৰ পৰিণাম হৈছে জাহান্নামত প্ৰৱেশ। য'ত সি চিৰ দিন থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।

(24) আৰু কাফিৰবিলাকে কুফুৰীৰ পথতে চলিব। অৱশেষত ক্বিয়ামতৰ দিনা নিজ চকুৰে সেই শাস্তি দেখিবলৈ পাব, যাৰ প্ৰতিশ্ৰুতি সিহঁতক পৃথিৱীত দিয়া হৈছিল। তেতিয়া জানিব পাৰিব যে, কোনে সহায়ৰ ফালৰ পৰা দূৰ্বল আৰু কাৰ সহায়ক কম।

(25) হে ৰাছুল, পুনৰ জীৱিতক অস্বীকাৰকাৰী এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ মই নাজানো তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিকটৱৰ্তী নে তাৰ কোনো সময় নিৰ্ধাৰিত আছে। যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

(26) আল্লাহ পৱিত্ৰ, তেওঁ গায়েব বা অদৃশ্যৰ সকলো কথাই জানে। অদৃশ্যৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু গায়েবৰ কোনো কথাই কাকো অৱগত নকৰে। বৰং তেওঁৰ জ্ঞান কেৱল তেওঁলৈকেই সীমিত।

(27) কিন্তু তেওঁৰ মনোনীত ৰাছুলসকলৰ কথা সুকীয়া। তেওঁ যি বিচাৰে সেয়া তেওঁলোকক অৱগত কৰায়। ৰাছুৰ আগত আৰু পিছত ফিৰিস্তাসকলক প্ৰহৰী হিচাপে নিৰ্ধাৰিত কৰি দিয়া হয়, যিসকলে তেওঁক সুৰক্ষা প্ৰদান কৰে, যাতে ৰাছুলৰ বাহিৰে আন কোনেও সেই বিষয়ে অৱগত নহয়।

(28) যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুল সকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁছাই দিছিল। যিবোৰ পৌঁছাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। আৰু আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্টন কৰি ৰাখিছে। তেওঁলোকৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সকলো বস্তু গণনা কৰি ৰাখিছে। এতেকে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।