55 - Ar-Rahmaan ()

|

(1) কৰুণাময়, যিজন প্রশস্ত দয়াৰ অধিকাৰী।

(2) তেৱেঁই মানুহৰ বাবে সহজ কৰি দিছে কোৰআন মুখস্থ কৰা আৰু ইয়াৰ অর্থ অনুধাৱন কৰা।

(3) তেৱেঁই মানুহক পূর্ণাঙ্গ ৰূপে আৰু অতি সুন্দৰ সৌষ্ঠৱত সৃষ্টি কৰিছে।

(4) তেৱেঁই মানুহক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে।

(5) তেৱেঁই সূর্য্য আৰু চন্দ্রক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানুহে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে।

(6) কাণ্ডহীন তৃণলতা আৰু বৃক্ষৰাজি উভয়েই মহান আল্লাহৰ উদ্দেশ্যে অনুগত আৰু অবনমিত হৈ ছাজদাহ কৰে।

(7) তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশও দিছে।

(8) তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু মাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা।

(9) তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময়ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁতে কমকৈ নিদিবা।

(10) তেৱেঁই সৃষ্টিৰ স্থিৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে।

(11) য’ত আছে ফলদায়ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে।

(12) লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃণলতা।

(13) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(14) তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰা মাটি সদৃশ ঠনঠনীয়া শুকান মাটিৰে সৃষ্টি কৰিছে।

(15) আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে।

(16) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(17) তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক।

(18) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(19) আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টিত মিশ্ৰিত দেখা যায়।

(20) কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকুৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰিত হ’বলৈ বাধা দিয়ে। ফলত পানীৰ মিঠা অংশ মিঠা থাকে আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।

(21) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(22) উভয় সাগৰৰ সঙ্গমস্থলত উৎপন্ন হয় সৰু-ডাঙৰ মুকুতা।

(23) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(24) সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন।

(25) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(26) ভূপৃষ্ঠত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।

(27) হে ৰাছুল! কেৱল আপোনাৰ প্ৰতিপালকৰ চেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰ ওপৰত মহিমাময় আৰু মহা অনুগ্রহশীল। ফলত তেওঁক কেতিয়াও ধ্বংসই স্পৰ্শ নকৰিব।

(28) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(29) তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।

(30) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(31) হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিবেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদান কৰা হ’ব।

(32) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(33) আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি কব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকে পাবা ক’ত?

(34) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(35) হে মানৱ আৰু জিনজাতি! তোমালোকৰ ওপৰত ধোঁৱাবিহীন অগ্নিৰ লেলিহান শিখা প্রেৰণ কৰা হ’ব, আৰু প্রেৰণ কৰা হ’ব শিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।

(36) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(37) যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।

(38) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(39) এই মহা ভয়াংকৰ দিৱসত কোনো মানৱ অথবা জিনক সিহঁতৰ পাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁতৰ আমল সম্পর্কে অৱগত।

(40) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(41) কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পোৱা যাব। কিয়নো সেইদিনা সিহঁতৰ মুখমণ্ডল ক’লা পৰিব আৰু চকুৰ ৰং নীলা হ’ব। ফলত সিহঁতৰ কপালক ভৰিৰ সৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।

(42) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(43) সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইখনেই সেই জাহান্নাম যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁতৰ চকুৰ সন্মুখত, আজি সিহঁতে কোনো পধ্যেই ইয়াক অবিশ্বাস কৰিব নোৱাৰিব।

(44) সিহঁতে সেই জাহান্নামৰ মাজত প্ৰচণ্ড উতলা পানীত ঘূৰপাক খাব।

(45) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(46) আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰ সন্মুখত দণ্ডায়মান হোৱাক ভয় কৰে তথা ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তাৰ বাবে আছে দুটা জান্নাত।

(47) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(48) এই দুয়োটা জান্নাত বহু সতেজ ডাল-পাত আৰু ফলবিশিষ্ট।

(49) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(50) উভয় জান্নাতত আছে প্রবাহমান পানীবিশিষ্ট দুটা ঝর্না।

(51) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(52) উভয়তে আছে প্ৰত্যেক ফল-মূলৰ দুটা দুটা প্ৰকাৰ।

(53) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(54) তেওঁলোকে বিছনাত আউজি বহিব। যিখন বিছনাৰ ভিতৰভাগ হৈছে মোটা ৰেচমৰ দ্বাৰা তৈয়াৰী। তথা উভয় জান্নাতৰ ফল-মূল ইমান নিকটৱৰ্তী থাকিব যে, থিয় হৈ, বহি আৰু আউজি বহিও পাৰি খাব পৰা যাব।

(55) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(56) তাত থাকিব এনেকুৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁলোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ। তেওঁলোকৰ সতীত্বক নিজৰ স্বামীৰ পূর্বে কোনো জিন আৰু মানৱে স্পৰ্শ কৰা নাই।

(57) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(58) সৌন্দৰ্য আৰু পৰিচ্ছন্নতাত তেওঁলোক যেনিবা মণি-মুকুতা।

(59) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(60) যি ব্যক্তিয়ে সুন্দৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰু কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব।

(61) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(62) উল্লেখিত জান্নাত দুটাৰ বাহিৰেও আৰু দুখন জান্নাত আছে।

(63) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(64) সেই দুখন অতি ঘন সেউজীয়া।

(65) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(66) এই দুয়োখন জান্নাতত আছে অতি উচ্ছলিত পানীৰ দুটা ঝর্না। যি ঝৰ্নাত পানীৰ গতি কেতিয়াও বন্ধ নহ’ব।

(67) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(68) এই দুয়োখন জান্নাতত আছে প্রচুৰ ফল-মূল, লগতে আছে বৃহৎ খেজুৰ গছ আৰু ডালিম।

(69) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(70) উক্ত জান্নাতসমূহত আছে উত্তম চৰিত্র আৰু ৰূপহী, ৰমণী নাৰীসকল।

(71) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(72) চামিয়ানাবোৰত সংৰক্ষণৰ উদ্দেশ্যে হুৰসকল পৰ্দাত থাকিব।

(73) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(74) নিজৰ স্বামীৰ পূর্বে কোনো মানৱ অথবা জিনে তেওঁলোকৰ নিকটৱৰ্তী হোৱা নাছিল।

(75) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(76) তেওঁলোকে সেউজীয়া দলিচা আৰু সুন্দৰ চাদৰৰ দ্বাৰা বেষ্টিত গাদীত আউজি অৱস্থান কৰিব।

(77) হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?

(78) অতি মাহাত্ম্য আৰু প্রাচুৰ্যপূৰ্ণ আপোনাৰ প্ৰতিপালকৰ নাম। তেওঁ মহামহিম, নিজ বান্দাসকলৰ প্রতি অনুগ্রহশীল আৰু কৃপাশীল।