(1) হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।
(2) যেতিয়ালৈকে তোমালোকৰ মৃত্যু নাহে আৰু কবৰত উপনীত নোহোৱা।
(3) ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হব নালাগিছিল। তোমালোকে এই অমনোযোগীৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।
(4) তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হবা।
(5) সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে ধন, সন্তানৰ গৌৰৱত তোমালোকে আল্লাহৰ প্ৰতি অমনোযোগী নহলাহেঁতেন।
(6) আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নাম অৱশ্যই দেখিবলৈ পাবা।
(7) আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।
(8) তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে অৱশ্যই সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।