(1) আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে ইবাদতৰ সময়ত গলিত সীহেৰে নিৰ্মিত প্ৰাচীৰৰ দৰে শাৰীবদ্ধভাৱে থিয় হয়।
(2) লগতে আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে মেঘপুঞ্জক খেদি লৈ যায় সেই স্থানলৈ, য’ত আল্লাহে পানী বৰ্ষণ কৰিব বিচাৰে।
(3) তথা সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ বাণী তিলাৱত কৰে।
(4) হে মানৱজাতি! নিশ্চয় তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ।
(5) তেৱেঁই আকাশমণ্ডলৰ প্ৰতিপালক আৰু পৃথিৱীৰ প্ৰতিপালক, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে প্ৰতিপালক। সূৰ্য্য গোটেই বছৰ যি যি স্থানৰ পৰা উদয় হয় আৰু যি যি স্থানত অস্ত যায়, সেই ঠাইবোৰৰ আৰু সূৰ্যৰো তেৱেঁই প্ৰতিপালক।
(6) আমিয়েই পৃথিৱীৰ নিকটতম আকাশক তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ। যিবোৰ দেখাত উজ্জ্বল হীৰাৰ দৰে।
(7) নিশ্চয় আমি পৃথিৱীৰ নিকটৱৰ্তী আকাশখনক তৰাৰ জৰিয়তে পাপিষ্ঠ তথা আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত চয়তানৰ পৰা সুৰক্ষিত কৰিছোঁ। এতেকে তৰা নিক্ষেপ কৰি সিহঁতক আঘাত কৰা হয়।
(8) এইসকল চয়তানে আকাশত থকা ফিৰিস্তাসকলৰ কথা কোনো পধ্যেই শুনিব নোৱাৰে। যেতিয়া তেওঁলোকে চৰীয়ত আৰু ভাগ্য সম্পৰ্কীয় আদেশ তথা সিদ্ধান্ত সম্পৰ্কে চৰ্চা কৰে, আল্লাহে যিবোৰ তেওঁলোকৰ প্ৰতি অহী কৰিছে। কিবা প্ৰকাৰে যদি সিহঁতে শুনিবলৈও চেষ্টা কৰে তেন্তে সিহঁতক জ্বলন্ত অন্ধৰা নিক্ষেপ কৰা হয়।
(9) সিহঁতক গোপনে ফিৰিস্তাৰ কথা শুনাৰ পৰা খেদিবলৈ তথা আঁতৰাবলৈ (এই জুই নিক্ষেপ কৰা হয়)। তথা সিহঁতৰ বাবে আখিৰাততো আছে কষ্টদায়ক শাস্তি, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।
(10) এনেকুৱা বাৰ্তা যিবোৰ পৃথিৱীবাসীয়ে নাজানে সেইবোৰ বাৰ্তা ফিৰিস্তাসকলে ইজনে সিজনক পৌঁচাই দিয়াৰ সময়ত চয়তানে হঠাৎ কোনো কথা গোপনে শুনাটো সুকীয়া বিষয়। কিন্তু এনেকৈ গোপনে শুনাৰ সময়ত জ্বলন্ত জুয়ে তাক চোঁচা লয়, আৰু তাক পুৰি পেলায়। অথচ কেতিয়াবা কেতিয়াবা চয়তানে পুৰি যোৱাৰ আগতেই তাৰ সঙ্গীসকলক সেই বাৰ্তা পৌঁচাই দিবলৈ সক্ষম হয়। এইদৰে সেই বাৰ্তা জ্যোতিষীয়ে গম পায়। আৰু ইপিনে জ্যোতিষীয়ে এশ মিছা কথা মিহলাই সেই বাৰ্তা প্ৰচাৰ কৰে।
(11) হে মুহাম্মদ! আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই কাফিৰসকলক আপুনি সোধকচোন, আমি সৃষ্টি কৰা আকাশমণ্ডল, পৃথিৱী আৰু ফিৰিস্তাসকলতকৈ ইহঁত অধিক মজবুত নেকি, তথা ইহঁত অধিক শক্তিশালী আৰু অধিক পুৰঠ তথা মহা অংগ-প্ৰত্যংগৰ অধিকাৰী নেকি? আমি ইহঁতক পিচল মাটিৰে সৃষ্টি কৰিছোঁ। তথাপিও ইহঁতে কিদৰে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰে, অথচ ইহঁত হৈছে দুৰ্বল সৃষ্টি, যিসকলক পিচল মাটিৰে সৃষ্টি কৰা হৈছে?
(12) বৰং হে মুহাম্মদ! আপুনি আল্লাহৰ ক্ষমতা আৰু তেওঁৰ মখলুকৰ নিয়ন্ত্ৰণকলৈ বিস্মিত, লগতে মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ সম্পৰ্কে বিস্মিত। কিন্তু এই মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইমান তললৈ নামিছে যে, সেই বিষয়ে আপুনি যি কথাকেই নকওক কিয়, সিহঁতে তাৰ উপহাস কৰে।
(13) এই মুশ্বৰিকসকলক যেতিয়া কোনো উপদেশ দিয়া হয়, তেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰে আৰু ইয়াৰ দ্বাৰা উপকৃতও নহয়। কাৰণ সিহঁতৰ অন্তৰ কঠিন হৈ পৰিছে।
(14) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কীয় যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখিবলৈ পায়, তেতিয়া সিহঁতে সেই নিদৰ্শনকলৈ চৰম পৰ্যায়ৰ বিদ্ৰুপ কৰে, তথা আশ্চৰ্য প্ৰকাশ কৰে।
(15) লগতে কয়, মুহাম্মদে যি যি লৈ আহিছে, সেইবোৰ স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।
(16) যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটিত পৰিণত হ’ম তথা আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক জীৱিত কৰা হ’ব নেকি? এইটো অসম্ভৱ কথা দেখোন!
(17) আমাৰ পিতৃ-পুৰুষসকলো পুনৰ্জীৱিত হ’ব নেকি, যিসকল আমাৰ পূৰ্বে মৃত্যুবৰণ কৰিছে?
(18) হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওক, হয়! তোমালোক মাটিত পৰিণত হোৱাৰ পিছতো তথা তোমালোকৰ হাড়বোৰ গেলি-পচি যোৱাৰ পিছতো তোমালোকক আকৌ জীৱিত কৰা হ’ব। লগতে তোমালোকৰ পূৰ্ব-পুৰুষসকলকো জীৱিত কৰা হ’ব। আনকি তোমালোক আটাইকে জীৱিত কৰি তোলা হ’ব, তেতিয়া তোমালোক অপমানিত তথা লাঞ্ছিত হ’বা।
(19) ইয়াৰ বাবে শিঙাত মাত্ৰ এটা ফুঁ দিয়াৰ প্ৰয়োজন (এইটো হ’ব দ্বিতীয় ফুঁ), ফলত লগে লগে মানুহে কিয়ামতৰ ভয়াৱহ দৃশ্যাদি লক্ষ্য কৰিব, তথা মানুহে প্ৰতীক্ষা কৰিব আল্লাহে সিহঁতৰ সৈতে কি বা আচৰণ কৰে।
(20) আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলে ক’বঃ হায় আমাৰ বিনাশ! এইটো দেখোন সেই দিৱস, যিদিনা আল্লাহে তেওঁৰ বান্দাসকলক পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
(21) তেতিয়া সিহঁতক কোৱা হ’ব, এইটোৱে বান্দাসকলৰ মাজত হ’বলগীয়া ফয়চালাৰ দিন, যিটোক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা আৰু অগ্ৰাহ্য কৰিছিলা।
(22) সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।
(23) সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।
(24) সিহঁতক জাহান্নামত নিক্ষেপ কৰাৰ আগতে হিচাপ-নিকাচৰ বাবে ৰখাই দিয়া। কাৰণ সিহঁতক সোধ-পোচ কৰা হ’ব। তাৰপিছত সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা।
(25) সিহঁতক ধমক দি কোৱা হ’ব, কি হ’ল তোমালোকৰ, পৃথিৱীত তোমালোকে যিদৰে ইজনে সিজনৰ সহায় কৰিছিলা, আজি কিয় তোমালোকে ইজনে সিজনক সহায় নকৰা? তথা তোমালোকে জানো ভৱা নাছিলা যে, তোমালোকৰ মূৰ্ত্তিবোৰে তোমালোকক সহায় কৰিব?!
(26) কিন্তু সিহঁত সেইদিনা আল্লাহৰ আদেশ পালন কৰিবলৈ তৎপৰ হ’ব, ফলত অপমানিত হ’ব। সিহঁত ইমান বিৱশ আৰু অসহায় হৈ পৰিব যে, ইজনে সিজনক সহায়ও কৰিব নোৱাৰিব।
(27) সিহঁতে ইজনে সিজনক সম্বোধন কৰি ভৰ্ৎসনা কৰিব আৰু বিবাদ কৰিব। যদিও সেইদিনা সিহঁতৰ এই ভৰ্ৎসনা আৰু বিবাদ কোনো কামত নাহিব।
(28) সেইদিনা অনুসাৰীসকলে অনুসৰণ কৰা লোকসকলক উদ্দেশ্যি ক’বঃ হে আমাৰ নেতাসকল! তোমালোকে ধৰ্মৰ পোছাক পৰিধান কৰি সত্যৰ সুযোগলৈ আমাৰ দৃষ্টিত কুফৰী আৰু শ্বিৰ্কক শোভনীয় কৰি দিছিলা, যাতে আমি গুনাহত লিপ্ত থাকোঁ। তথা আমাক সেই সত্যৰ পৰা আঁতৰা ৰাখিছিলা, যিটো ৰাছুলসকলে আল্লাহৰ পৰা লৈ আহিছিল।
(29) তেতিয়া যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে অনুসাৰীসকলক উদ্দেশ্যি ক’বঃ বিষয়টো তেনেকুৱা নহয়, যিদৰে তোমালোকে ভাৱি আছা। বৰং তোমালোক কুফৰীৰ ওপৰত অবিচল আছিলা আৰু ঈমান পোষণ কৰা নাছিলা। বৰং তোমালোক আছিলা অস্বীকাৰকাৰী।
(30) হে অনুসাৰীসকল! তোমালোকক কুফৰী আৰু শ্বিৰ্ক গুনাহত লিপ্ত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাছিল। বৰং তোমালোকে নিজেই কুফৰী আৰু পথভ্ৰষ্টতাৰ সীমা চেৰাই গৈছিলা।
(31) গতিকে আমাৰ আৰু তোমালোকৰ বিষয়ে আল্লাহে কৰা প্ৰতিশ্ৰুতি এতিয়া পূৰণ হৈছে, তেওঁ আগতীয়াকৈ জনাইছিল যে, (‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম’।) (ছুৰা চোৱাদঃ ৮৫) গতিকে আমাৰ প্ৰতিপালকে যি কথা দিছিল, সেইমতে এতিয়া আমি শাস্তি ভোগ কৰিবই লাগিব।
(32) সেয়েহে আমি তোমালোকক পথভ্ৰষ্ট তথা কুফৰী পথৰ পিনে আহ্বান কৰিছিলোঁ। দৰাচলতে আমি নিজেই সত্যৰ পথৰ পৰা আঁতৰি আছিলোঁ।
(33) যিসকলক অনুসৰণ কৰা হৈছিল আৰু যিসকলে অনুসৰণ কৰিছিল, সিহঁত সকলোকে কিয়ামতৰ দিনা শাস্তিত পতিত কৰা হ’ব।
(34) যিদৰে আমি এই লোকসকলক শাস্তিৰ সোৱাদ উপভোগ কৰাইছোঁ, ঠিক সেইদৰে আমি অন্যান্য অপৰাধীবিলাককো শাস্তি বিহিম।
(35) এই মুশ্বৰিকসকলক পৃথিৱীত যেতিয়া কোৱা হৈছিল যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, যাতে ইয়াৰ দাবী অনুযায়ী আমল কৰে আৰু ইয়াৰ পৰিপন্থী বিষয়বোৰ পৰিত্যাগ কৰে। তেতিয়া সিহঁতে সত্যৰ পৰা গৌৰৱ-অহংকাৰ কৰি আঁতৰি আছিল।
(36) সিহঁতে নিজৰ কুফৰী কৰ্মক বৈধ সাব্যস্ত কৰিবলৈ কয়ঃ এজন কবি আৰু উন্মাদ ব্যক্তিৰ কথামতে আমি আমাৰ উপাস্যবোৰৰ উপাসনা এৰি দিম নেকি? ইয়াৰ দ্বাৰা সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বুজাইছে।
(37) সিহঁতে মহা মিছা আৰোপ কৰিছে। কাৰণ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদো নহয়, কবিও নহয়। বৰং তেওঁ কোৰআন লৈ প্ৰেৰিত হৈছে, যিয়ে আল্লাহৰ তাওহীদ আৰু ৰাছুলৰ অনুসৰণৰ পিনে আহ্বান কৰে। তথা ৰাছুলসকলে আল্লাহৰ ফালৰ পৰা তাওহীদ আৰু আখিৰাতৰ যি বাৰ্তা লৈ আহিছিল তাক সমৰ্থন কৰে। কোনো বিষয়তেই তেওঁলোকৰ বিৰোধিতা কৰা নাছিল।
(38) হে মুশ্বৰিকসকল! তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে নিশ্চিতভাৱে কিয়ামতৰ দিনা কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰিবা।
(39) হে মুশ্বৰিকসকল! তোমালোকক কেৱল সেই কৰ্মৰহে প্ৰতিদান দিয়া হ’ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা, যেনে আল্লাহৰ লগত কৰা কুফৰী কৰ্ম আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ কৰ্মৰ।
(40) কিন্তু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন বান্দাসকলৰ বাহিৰে, যিসকলক আল্লাহে তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰি লৈছে। তথা তেওঁলোকে নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰে। তেওঁলোকে এই শাস্তিৰ পৰা ৰক্ষা পাব।
(41) তেওঁলোকেই হৈছে আল্লাহৰ প্ৰকৃত বান্দা, তেওঁলোকৰ বাবে আছে আল্লাহৰ ফালৰ পৰা উত্তম জীৱিকা। এই জীৱিকাৰ স্বচ্ছতা, সৌন্দৰ্য আৰু স্থায়িত্ব নিৰ্ধাৰিত।
(42) এই জীৱিকাৰ মাজত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফল-মূল, যিবোৰ তেওঁলোকে খোৱাৰ কামনা কৰিব। ইয়াতকৈও ওপৰত যিটো মৰ্যাদা তেওঁলোকক প্ৰদান কৰা হ’ব সেইটো হৈছে এই যে, তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰি তেওঁলোকক সন্মানিত কৰা হ’ব, লগতে তেওঁলোকে আল্লাহৰ মহা সন্মানিত চেহেৰা দেখা পোৱাৰ সৌভাগ্য লাভ কৰিব।
(43) এই সকলোবোৰ বস্তু তেওঁলোকে জান্নাতত লাভ কৰিব, যি জান্নাতৰ নিয়ামত চিৰস্থায়ী, কেতিয়াও সমাপ্ত নহয়।
(44) তেওঁলোকে মৰ্যাদাপূৰ্ণ আসনত আউজি বহি ইজনে সিজনক দৰ্শন কৰিব।
(45) তেওঁলোকৰ সন্মুখত এনেকুৱা মদিৰাৰ পিয়লা উপস্থাপন কৰা হ’ব, যিটো প্ৰবাহিত পানীৰ দৰে নিকা আৰু স্বচ্চ হ’ব।
(46) শুভ্ৰ বৰণৰ হ'ব। উপভোগকাৰীয়ে পৰিপূৰ্ণৰূপে উপভোগ কৰিব।
(47) তাত উপলব্ধ মদিৰাবোৰ, পাৰ্থিৱ মদিৰাৰ দৰে নহয়। সেই মদিৰাত এনেকুৱা কোনো নিচা নাই, যিটোৱে মানুহৰ বিবেকক প্ৰভাৱিত কৰে। সেই মদিৰা গ্ৰহণ কৰিলে মূৰৰ বিষো অনুভৱ নহ'ব। আনকি ইয়াৰ ফলত শৰীৰ আৰু বিবেক সম্পূৰ্ণৰূপে সুস্থ থাকিব।
(48) জান্নাতত তেওঁলোকৰ বাবে থাকিব এনেকুৱা পৱিত্ৰ স্ত্ৰীসকল, যিসকলৰ দৃষ্টি তেওঁলোকৰ স্বামীৰ বাহিৰে আন কাৰো প্ৰতি নপৰিব। তেওঁলোকৰ চকুযোৰ হ’ব অতি আকৰ্ষণীয়।
(49) তেওঁলোকৰ শৰীৰৰ ৰং পাতল সোণ বৰণীয়া শুভ্ৰোজ্জ্বল ইমান ধুনীয়া হ’ব যে, যেনিবা চৰাইৰ কণী। যিটোক কোনো হাতে স্পৰ্শ কৰা নাই।
(50) এতেকে জান্নাতীসকলৰ কিছুমানে আন কিছুমানক তেওঁলোকৰ অতীত সম্পৰ্কে জিজ্ঞাসাবাদ কৰিব, তথা এই কথা জানিবলৈ কৌতূহল সৃষ্টি হ’ব যে, পৃথিৱীত তেওঁলোকৰ সৈতে কি কি সংঘটিত হৈছে।
(51) সেই মুমিনসকলৰ মাজৰ কোনোবাই ক’বঃ পৃথিৱীত মোৰ এজন বন্ধু আছিল, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল।
(52) সি অস্বীকাৰ কৰি আৰু মোক উপহাস কৰি কৈছিল, হে বন্ধু! তুমিও এই আখিৰাতৰ জীৱনক বিশ্বাস কৰা নেকি?
(53) আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম, ইপিনে আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি? লগতে পৃথিৱীত কৰা আমাৰ কৰ্মবোৰৰ প্ৰতিদান আমাক দিয়া হ’ব নেকি?
(54) তাৰ মুমিন বন্ধুজনে তেওঁৰ জান্নাতী সংগীসকলক ক’বঃ আহকচোন চাওঁ, মোৰ সেই বন্ধুজনৰ কি অৱস্থা এতিয়া, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল?
(55) এতেকে তেওঁলোকে ভুমুকি মাৰি চাব, আৰু তাৰ সেই বন্ধুজনক জাহান্নামৰ মাজ মজিয়াত দেখা পাব।
(56) এই দেখি তেওঁ ক’বঃ আল্লাহৰ শপত! হে মোৰ সঙ্গী, তুমি দেখোন মোকো জাহান্নামৰ অধিবাসী বনালাহেঁতেন, যদি মই তোমাৰ সেই কুফৰী কৰ্মক সমৰ্থন কৰিলোহেঁতেন আৰু আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিলোহেঁতেন।
(57) যদি মোৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নহ’লহেঁতেন, যিয়ে মোক ঈমানৰ পথ দেখুৱাইছে আৰু হিদায়তৰ তাওফীক প্ৰদান কৰিছে, তেন্তে ময়ো তোমাৰ দৰে জাহান্নামত নিক্ষিপ্ত হ’লোহেঁতেন।
(58) শুনা! আমি জান্নাতৰ অধিবাসীসকল কেতিয়াও মৃত্যুবৰণ নকৰোঁ।
(59) আমাৰ মৃত্যু কেৱল এবাৰেই আছিল, যিটোৰ সোৱাদ আমি পৃথিৱীতে গ্ৰহণ কৰিছোঁ। বৰং এতিয়া আমি জান্নাতত চিৰকাল বসবাস কৰিম। আনহাতে আমি কাফিৰসকলৰ দৰে শাস্তিৰ সন্মুখীনো নহওঁ।
(60) এই যিটো প্ৰতিদান আমাৰ প্ৰতিপালকে আমাক প্ৰদান কৰিছে, (যেনে- জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ, জাহান্নামৰ পৰা সুৰক্ষা আদি) এইটো হৈছে মহা সফলতা। কোনো সফলতাই ইয়াৰ সমান হ’ব নোৱাৰে।
(61) এনেকুৱা মহা প্ৰতিদানৰ বাবেই আমলকাৰীয়ে আমল কৰা উচিত। কিয়নো এইটোৱেই হৈছে লাভদায়ক ব্যৱসায়।
(62) উপৰোক্ত যিবোৰ নিয়ামত বৰ্ণনা কৰা হ’ল, যিবোৰ আল্লাহে তেওঁৰ নিষ্ঠাৱান বান্দাসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, সন্মান আৰু আতিথ্যৰ বাবে সেইবোৰ নিয়ামত উত্তম নে সেই গছ উত্তম, যিটোক কোৰআনত অভিশপ্ত বুলি কোৱা হৈছে? যিটো গছ কাফিৰসকলক খাবলৈ দিয়া হ’ব, যি খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবাৰণ নকৰিব।
(63) আমি এই গছজোপাক এটা পৰীক্ষাস্বৰূপ বনাইছোঁ। ইয়াৰ দ্বাৰা সেইসকল লোকৰ পৰীক্ষা লোৱা হয়, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। সিহঁতে কয়ঃ জুয়ে গছ-গছনি খৰি আদিক পুৰি পেলায়, গতিকে জুইৰ মাজত গছ হোৱাটো সম্ভৱ নহয়।
(64) নিশ্চিতভাৱে যাক্কুম গছ উৎপন্ন হয় নিকৃষ্ট ঠাইত। কিয়নো সেই গছ উৎপন্ন হয় জাহান্নামৰ গহীন গহ্বৰত।
(65) সেই গছৰ পৰা উৎপন্ন হোৱা ফল দেখাত অত্যন্ত কুৎসিত, যেনিবা চয়তানৰ মূৰ। আকাৰ আকৃতিয়ে প্ৰমাণ কৰে যে, ই অত্যন্ত দুৰ্গন্ধযুক্ত। অৰ্থাৎ ইয়াৰ ফল অত্যন্ত নিকৃষ্ট সোৱাদযুক্ত।
(66) নিশ্চয় কাফিৰসকলে সেই তিক্ত আৰু নিকৃষ্ট ফল ভক্ষণ কৰিব, আৰু তাৰ জৰিয়তে নিজৰ উদৰ ভৰিব।
(67) সেই ফল ভক্ষণ কৰাৰ পিছত সিহঁতক যিটো পানীয় পৰিবেশন কৰা হ’ব, সেইটো হ’ব গৰম আৰু নিকৃষ্ট উপাদানেৰে মিশ্ৰিত।
(68) ইয়াৰ পিছত সিহঁতক জাহান্নামৰ শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব, এতেকে সিহঁত এটা শাস্তিৰ পৰা আনটো শাস্তিলৈ প্ৰস্থান কৰি থাকিব।
(69) নিশ্চয় এই কাফিৰসকলে নিজৰ পিতৃ-পুৰুষসকলক হিদায়তৰ পথৰ পৰা পথভ্ৰষ্ট অৱস্থাত পাইছিল। সেয়ে ইহঁতেও দেখা-দেখি সিহঁতৰেই অনুসৰণ কৰিছে। প্ৰমাণৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাই।
(70) সেইকাৰণেই ইহঁতে পূৰ্ব-পুৰুষসকলৰ অনুসৰণ কৰি বিভ্ৰান্তিৰ পিনে ক্ষীপ্ৰতাৰে আগুৱাই গৈ আছে।
(71) নিশ্চয় ইহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তী লোকসকলৰ মাজৰ পৰা বহুতো লোক পথভ্ৰষ্ট হৈছিল। গতিকে হে ৰাছুল! আপোনাৰ সম্প্ৰদায়েই প্ৰথম পথভ্ৰষ্ট জাতি নহয়।
(72) নিশ্চয় আমি পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাইছিল, কিন্তু তথাপিও সিহঁতে অস্বীকাৰ কৰিছিল।
(73) হে ৰাছুল! লক্ষ্য কৰকচোন, সেইসকল লোকৰ পৰিণাম কেনেকুৱা আছিল, যিসকলক সিহঁতৰ ৰাছুলসকলে সতৰ্ক কৰিছিল কিন্তু সিহঁতে তেওঁলোকৰ কথাত সঁহাৰি দিয়া নাছিল। নিশ্চয় সিহঁতৰ পৰিণাম আছিল চিৰস্থায়ী জাহান্নাম। কিয়নো সিহঁতে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
(74) কেৱল সেইসকল লোকৰ বাহিৰে, যিসকলক আল্লাহে ঈমান পোষণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। কিয়নো তেওঁলোক সেই শাস্তিৰ পৰা সুৰক্ষিত থাকিব, যি শাস্তিৰ দ্বাৰা অস্বীকাৰ কৰা কাফিৰসকলৰ অন্ত হ’ব।
(75) নিশ্চয় আমাৰ নবী নূহ আলাইহিচ্ছালামে আমাক আহ্বান কৰিছিল, যেতিয়া তেওঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে বদ্দুআ কৰিছিল যিসকলে তেওঁক নাকচ কৰিছিল তথা অস্বীকাৰ কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনাৰ গুৰুত্ব সহকাৰে সঁহাৰি দিছিলোঁ। কাৰণ সিহঁতৰ বিৰুদ্ধে তেওঁৰ বদ্দুআ আমি লগে লগে স্বীকাৰ কৰিছিলোঁ।
(76) নিশ্চয় আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক, লগতে তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁৰ সম্প্ৰদায়ৰ নিৰ্যাতনৰ পৰা আৰু সেই মহাপ্লাৱনৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটোক কাফিৰসকলৰ ধ্বংসৰ বাবে প্ৰেৰণ কৰা হৈছিল।
(77) আমি কেৱল তেওঁৰ পৰিয়ালক আৰু তেওঁৰ মুমিন অনুসাৰীসকলক ৰক্ষা কৰিছিলোঁ। তেওঁলোকৰ বাহিৰে আন আন কাফিৰ লোকসকলক ডুবাই মাৰিছিলোঁ।
(78) পৰৱৰ্তী লোকসকলৰ মাজত তেওঁলোকৰ উত্তম প্ৰশংসা জাৰি ৰাখিছিলোঁ। সেয়েহে মানুহে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰিছিল।
(79) পৰৱৰ্তী লোকসকলৰ মাজৰ কোনেও যাতে নূহ আলাইহিচ্ছালামক বেয়াকৈ ক’ব নোৱাৰে, তাৰ পৰা তেওঁক সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰা হৈছে। বৰং তেওঁৰ প্ৰশংসা আৰু ভাল চৰ্চা সদায় কিংবদন্তি হিচাপে চলি থাকিব।
(80) আমি নূহ আলাইহিচ্ছালামক যি প্ৰতিদান দিছোঁ, এনেকুৱা প্ৰতিদান আমি প্ৰত্যেক সেইসকল ব্যক্তিক প্ৰদান কৰিম, যিসকলে নিষ্ঠা সহকাৰে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে তথা তেওঁৰ আনুগত্য কৰে।
(81) নিশ্চয় নূহ হৈছে আল্লাহৰ আনুগত্য কৰা মুমিন বান্দাসকলৰ অন্যতম।
(82) ইয়াৰ পিছত বাকী লোকসকলক আমি প্ৰেৰণ কৰা মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ কোনেও ৰক্ষা পোৱা নাছিল।
(83) নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম তেওঁৰেই ধৰ্মৰ সেই লোকসকলৰ অন্তৰ্ভুক্ত আছিল, যিসকলে তেওঁৰ দৰেই আল্লাহৰ তাওহীদৰ পিনে মানুহক আহ্বান কৰিছিল।
(84) স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত শ্বিৰ্কৰ পৰা পৱিত্ৰ আৰু আল্লাহৰ বাবে তেওঁৰ মখলুকৰ হিতাকাংক্ষী অন্তৰ লৈ আগমন কৰিছিল।
(85) যেতিয়া তেওঁ নিজৰ পিতৃক আৰু তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ক ভৰ্ৎসনা কৰি কৈছিলঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ কিহৰ পূজা-পাঠ কৰা?
(86) আল্লাহক এৰি তোমালোকে এই মিছা উপাস্যবোৰৰ পূজা-পাঠ কৰা নেকি?
(87) হে মোৰ জাতিৰ লোকসকল! বিশ্বজগতৰ প্ৰতিপালক আল্লাহ সম্পৰ্কে তোমালোকৰ ধাৰণা কি, যেতিয়া তোমালোকে তেওঁৰ বাহিৰে আনৰ পূজা-পাঠ কৰা অৱস্থাত তেওঁৰ সৈতে সাক্ষাৎ কৰিবা? তোমালোকেই কোৱাচোন, তেতিয়া তেওঁ তোমালোকৰ সৈতে কি আচৰণ কৰিব?!
(88) তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে আকাশৰ প্ৰতি দৃষ্টিপাত কৰিলে, যাতে তেওঁৰ জাতিৰ সৈতে ওলাই যোৱাৰ পৰা বিৰত থকাৰ কোনো উপায় অনুসন্ধান কৰিব পাৰে।
(89) এতেকে তেওঁ লোকসকলৰ সৈতে মেলাত গমন কৰাৰ পৰা বিৰত থকাৰ বাবে অজুহাত দেখুৱাই ক’লেঃ আজি মই অসুস্থ।
(90) ফলত সিহঁতে তেওঁক এৰি গুচি গ’ল।
(91) সিহঁত গুচি যোৱাৰ পিছত তেওঁ সেই মূৰ্ত্তিবোৰৰ ওচৰলৈ গ’ল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। তেতিয়া তেওঁ সিহঁতৰ সেই উপাস্যবোৰক উপহাসসূচক বাক্যত ক’লেঃ তোমালোকে এইবোৰ খাদ্য কিয় নোখোৱা, মুশ্বৰিকসকলে দেখোন বিশেষকৈ তোমালোকৰ বাবে এইবোৰ প্ৰস্তুত কৰিছে?!
(92) কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়? আৰু প্ৰাৰ্থনাকাৰীসকলৰ প্ৰাৰ্থনাত সঁহাৰি নিদিয়া কিয়?! আল্লাহৰ বাহিৰে এইবোৰক উপাসনা কৰা উচিত নে?
(93) ইয়াৰ পিছত ইব্ৰাহীম আলাইহিচ্ছালামে সেইবোৰক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সোঁহাতেৰে সজোৰে আঘাত কৰিবলৈ ধৰিলে।
(94) মেলাৰ পৰা ঘূৰি আহি মূৰ্ত্তিবোৰৰ উপাসনাকাৰীসকলে ততাতৈয়াকৈ তেওঁৰ ফালে ঢাপলি মেলিলে।
(95) ইব্ৰাহীম আলাইহিচ্ছালামে দৃঢ়তাৰে সিহঁতৰ মোকাবিলা কৰিলে আৰু সিহঁতক ধিক্কাৰ দি ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ উপাস্যৰ আৰাধনা কৰা নেকি, যিবোৰক তোমালোকে নিজ হাতেৰে তৈয়াৰ কৰা?!
(96) অথচ পৱিত্ৰ আল্লাহেই তোমালোকক আৰু তোমালোকৰ কৰ্মকো সৃষ্টি কৰিছে। আৰু এই মুৰ্ত্তিবোৰো তোমালোকৰ কৰ্মৰেই এটা অংশ। গতিকে একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৈতে আন কাকো তেওঁৰ অংশী কৰা বৈধ নহয়।
(97) এতেকে যেতিয়া সিহঁতে দলিল প্ৰমাণেৰে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। তেতিয়া সিহঁতে পৰস্পৰৰ মাজত পৰামৰ্শ কৰিবলৈ ধৰিলে যে, ইব্ৰাহীমৰ লগত কি কৰা উচিত। অৱশেষত সিহঁত এই সিদ্ধান্তত উপনীত হ’ল যে, তেওঁৰ বাবে এটা অগ্নিশালা নিৰ্মাণ কৰা হওক। আৰু তাত কাঠৰ টুকুৰা, খৰি আদিৰে জুই প্ৰজ্বলিত কৰি তাত তেওঁক নিক্ষেপ কৰা হওক।
(98) ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক বিনাশ কৰি শান্তি লাভ কৰিব বুলি ভাৱিছিল। কিন্তু সিহঁতৰ এই প্ৰয়াসত আমি সিহঁতক ব্যৰ্থ কৰিছিলোঁ। কাৰণ আমি সেই জুইক ইব্ৰাহীম আলাইহিচ্ছালামৰ বাবে শীতল তথা শান্তিময় কৰি দিছিলোঁ।
(99) ইব্ৰাহীম আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় মই মোৰ সম্প্ৰদায়ৰ দেশ এৰি, মোৰ প্ৰতিপালকৰ ফালে হিজৰত কৰিম, যাতে মই নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰিব পাৰোঁ। অচিৰেই মোৰ প্ৰতিপালকে মোক সেই পথ দেখুৱাব, যি পথত মোৰ বাবে আছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ।
(100) হে মোৰ প্ৰতিপালক! মোক এজন নেক সন্তান দান কৰা। যিয়ে অচিনাকি ঠাইত মোৰ সহায়ক হ’ব আৰু মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰিব।
(101) এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁক আনন্দদায়ক সুসংবাদ দিলোঁ। ফলত আমি তেওঁক এজন পুত্ৰ সন্তানৰ সংবাদ দিলোঁ, যিজন ডাঙৰ হৈ সহনশীল হ’ব। সুযোগ্য সেই পুত্ৰ সন্তান হৈছে ইছমাঈল আলাইহিচ্ছালাম।
(102) ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।
(103) ইয়াৰ পিছত তেওঁলোক পিতা-পুত্ৰ যেতিয়া আল্লাহৰ সন্মুখত নত হ’ল আৰু তেওঁৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হ’ল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই দিলে, যাতে তেওঁক কুৰবানী কৰাৰ সেই আদেশ পালন হয়।
(104) ইব্ৰাহীমে যেতিয়া আল্লাহৰ আদেশ ৰূপায়ণ কৰিবলৈ তেওঁৰ পুত্ৰক জবেহ কৰিবলৈ ধৰিলে, তেতিয়া আমি ইব্ৰাহীমক মাতি ক’লো, হে ইব্ৰাহীম!
(105) আপুনি আপোনাৰ পুত্ৰক জবেহ কৰা সম্পৰ্কে দেখা সেই সপোনক বাস্তৱ ৰূপ দান কৰিবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। যিদৰে আমি আপোনাক এই মহা পৰীক্ষাৰ পৰা ৰক্ষা কৰি প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ আৰু তেওঁলোকক কঠিন পৰিস্থিতি আৰু বিপদ-আপদৰ পৰা ৰক্ষা কৰোঁ।
(106) নিশ্চয় এয়া আছিল স্পষ্ট পৰীক্ষা, য’ত ইব্ৰাহীম আলাইহিচ্ছালামে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে।
(107) আমি ইছমাঈল আলাইহিচ্ছালামক এটা ডাঙৰ দুম্বাৰ কুৰবানীৰ বিনিময়ত মুক্ত কৰিছিলোঁ, যিটোক তেওঁৰ পৰিবৰ্তে কুৰবানী কৰা হৈছিল।
(108) আৰু আমি ইব্ৰাহীম আলাইহিচ্ছালামৰ উত্তম প্ৰশংসা পৰৱৰ্তী উম্মতসমূহৰ মাজতো জাৰি ৰাখিছিলোঁ।
(109) ইব্ৰাহীমৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম তথা অভিবাদন, লগতে সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।
(110) যিদৰে আমি ইব্ৰাহীমক তেওঁৰ আনুগত্যৰ বিনিময়ত প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ।
(111) নিশ্চয় ইব্ৰাহীম আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। যিসকলে আল্লাহৰ ইবাদতৰ দাবীসমূহ পুংখানুপুংখভাৱে আদায় কৰে।
(112) আমি তেওঁক আৰু এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছিলোঁ। যিজন পিছলৈ নবী হৈছিল আৰু নেক বান্দাত পৰিণত হৈছিল। তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম। এই সুসংবাদ আছিল দৰাচলতে পিতা-মাতাৰ একমাত্ৰ সন্তান ইছমাঈল আলাইহিচ্ছালামৰ কুৰবানী সম্পৰ্কীয় আল্লাহৰ আদেশ পালন কৰাৰ প্ৰতিদান।
(113) আমি তেওঁৰ ওপৰত আৰু তেওঁৰ পুত্ৰ ইছহাক্বৰ ওপৰত, আমাৰ ফালৰ পৰা বৰকত অৱতীৰ্ণ কৰিছিলোঁ। আৰু দুয়োকে প্ৰদান কৰিছিলোঁ অসংখ্য নিয়ামত। আমি দুয়োৰে বংশ বিস্তাৰ কৰিছিলোঁ। তেওঁলোকৰ বংশধৰসকলৰ মাজৰ কিছুমানে আল্লাহৰ আনুগত্য কৰি নেক বান্দাত পৰিণত হৈছিল, আৰু আন কিছুমানে কুফৰী আৰু গুনাহত লিপ্ত হৈ নিজৰ ওপৰতেই প্ৰকাশ্য অন্যায় কৰিছিল।
(114) নিশ্চয় আমি মুছা আৰু তেওঁৰ ভাই হাৰূনক নবুওৱত প্ৰদান কৰি তেওঁলোকক উপকাৰ কৰিছিলোঁ।
(115) আমি তেওঁলোক দুয়োকে আৰু তেওঁলোকৰ সম্প্ৰদায় বনী ইছৰাঈলকো ফিৰআউনৰ দাসত্বৰ পৰা আৰু সাগৰত ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।
(116) ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে আমি তেওঁলোকক সহায় কৰিছিলোঁ, যাৰ ফলত তেওঁলোকে নিজৰ শত্ৰুসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সফল হৈছিল।
(117) আমিয়েই মুছা আৰু তেওঁৰ ভাই হাৰূনক এখন স্পষ্ট গ্ৰন্থ দান কৰিছিলোঁ, যাৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল।
(118) আমি দুয়োকে সঠিক পথৰ হিদায়ত দিছিলোঁ, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ পথক বুজোৱা হৈছে, যি পথে পথিকক সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ পিনে লৈ যায়।
(119) পৰৱৰ্তী উম্মতসমূহৰ মাজতো তেওঁলোক দুয়োৰে প্ৰশংসা আৰু উত্তম চৰ্চা অব্যাহত ৰাখিছিলোঁ।
(120) আল্লাহৰ ফালৰ পৰা তেওঁলোক দুয়োৰে বাবে আছে পৱিত্ৰ ছালাম আৰু প্ৰত্যেক বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।
(121) যিদৰে আমি মুছা আৰু হাৰূনক উৎকৃষ্ট প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি উত্তম প্ৰতিদান দিওঁ সেইসকল লোকক, যিসকলে নিষ্ঠা সহকাৰে নিজ প্ৰতিপালকৰ আনুগত্য কৰে।
(122) নিশ্চয় মুছা আৰু হাৰূন আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। তেওঁলোক চৰীয়ত মুতাবিক আমলকাৰী আছিল।
(123) নিশ্চয় ইলিয়াছো আছিল নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তেওঁক নবুওৱত আৰু ৰিছালতৰ দ্বাৰা পুৰস্কৃত কৰিছিল।
(124) বনী ইছৰাঈলৰ প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছিল, যেতিয়া তেওঁ বনী ইছৰাঈলক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি অৰ্থাৎ তাওহীদ স্বীকাৰ কৰি তথা তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি অৰ্থাৎ শ্বিৰ্কৰ পৰা আঁতৰি থাকি তেওঁক ভয় নকৰা কিয়?!
(125) তোমালোকে আল্লাহক এৰি বা’ল মূৰ্ত্তিৰ উপাসনা কিয় কৰা? সৰ্বোৎকৃষ্ট সৃষ্টিকৰ্তা আল্লাহৰ ইবাদত পৰিত্যাগ কৰাৰ কাৰণ কি?
(126) অথচ আল্লাহেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তথা তোমালোকৰ পূৰ্ব-পুৰুষসকলকো তেৱেঁই সৃষ্টি কৰিছিল। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। এই মূৰ্ত্তিবোৰ কেতিয়াও উপাসনাৰ যোগ্য নহয়, যিবোৰে উপকাৰ বা অপকাৰ কৰিবলৈও সক্ষম নহয়।
(127) তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰাৰ বাহিৰে আন কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল। এই অস্বীকাৰৰ কাৰণেই সিহঁতে শাস্তি ভোগ কৰিব।
(128) কিন্তু তেওঁৰ সম্প্ৰদায়ৰ সেইসকল লোকৰ বিষয়টো সুকীয়া, যিসকলে ঈমান আনিছিল আৰু নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰিছিল। তেওঁলোকে শাস্তিৰ পৰা ৰক্ষা পাব।
(129) আৰু পৰৱৰ্তী লোকসকলৰ মাজত আমি তেওঁৰ সুনাম-সুখ্যাতি অৱশিষ্ট ৰাখিছোঁ।
(130) ইলিয়াছৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম আৰু প্ৰশংসা।
(131) যিদৰে আমি ইলিয়াছক উত্তম প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি আমাৰ সৎকৰ্মশীল মুমিন বান্দাসকলক উত্তম প্ৰতিদান দিওঁ।
(132) নিশ্চয় ইলিয়াছ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত, তেওঁ নিজ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আছিল সত্যবাদী।
(133) নিশ্চয় লূত আলাইহিচ্ছালাম আছিল আল্লাহৰ সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত, যিসকলক তেওঁ নিজ নিজ সম্প্ৰদায়ৰ প্ৰতি সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিল।
(134) আপুনি স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটো তেওঁৰ সম্প্ৰদায়ৰ ওপৰত প্ৰেৰণ কৰা হৈছিল।
(135) কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইও সেই সম্প্ৰদায়ৰ সৈতে শাস্তিত পতিত হৈছিল। কিয়নো সিহঁতৰ দৰে তাইও কাফিৰ আছিল।
(136) ইয়াৰ পিছত লূতক অস্বীকাৰ কৰা তেওঁৰ সম্প্ৰদায়ৰ বাকী লোকসকলক আমি ধ্বংস কৰিছিলোঁ। কিয়নো সিহঁতে তেওঁ লৈ অহা বাৰ্তাক বিশ্বাস কৰা নাছিল।
(137) হে মক্কাৰ অধিবাসীসকল! তোমালোকে যেতিয়া ছিৰিয়ালৈ ভ্ৰমণ কৰা, তেতিয়া পুৱাৰ ভাগত নিশ্চয় তোমালোকে সিহঁতৰ বাসস্থানৰ ওচৰেৰে পাৰ হৈ যোৱা।
(138) আনহাতে কেতিয়াবা ৰাতিৰ ভাগতো তোমালোকে সিহঁতৰ সেই ঠাই অতিক্ৰম কৰা, তথাপিও তোমালোকে বুজি নোপোৱা নেকি? সিহঁতে কুফৰী আৰু অস্বীকাৰ কৰাৰ ফলত, লগতে পূৰ্বে কোনেও নকৰা অশ্লীলতাত লিপ্ত হোৱাৰ ফলত সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেইটোৰ পৰা তোমালোকে কিয় উপদেশ গ্ৰহণ নকৰা?
(139) নিশ্চয় আমাৰ বান্দা ইউনুছ আলাইহিচ্ছালাম সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত আছিল, যিসকলক আমি তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিলোঁ।
(140) যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ক এৰি গুচি গৈছিল। আৰু এনেকুৱা এখন নাঁৱত আৰোহণ কৰিলে, যিটো যাত্ৰী আৰু বয়-বস্তুৰে ভৰা আছিল।
(141) এতেকে অধিক ভাৰী হোৱাৰ ফলত নাও ডুবি যোৱাৰ উপক্ৰম হ’ল, সেয়ে নাও ডুবি যোৱাৰ ভয় যাত্ৰীসকলে লটাৰীৰ যোগেদি কেইজনমানক সাগৰত দলিয়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ভাগ্যক্ৰমে লটাৰীত ইউনুছ আলাইহিচ্ছালামৰ নাম উঠিল, সেয়ে তেওঁক সাগৰত নিক্ষেপ কৰা হ’ল।
(142) সিহঁতে যেতিয়া তেওঁক সাগৰত নিক্ষেপ কৰিলে, তেতিয়া প্ৰকাণ্ড মাছ এটাই তেওঁক গিলি পেলালে। সেই সময়ত তেওঁ নিজকে ধিক্কাৰ দি আছিল। কিয়নো তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ গুচি আহিছিল।
(143) এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰে পৰা যদি ইউনুছ আলাইহিচ্ছালাম আল্লাহক বেছি বেছি স্মৰণ কৰা লোকসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন, তথা মাছৰ পেটত অৱস্থান কৰা সময়তো যদি তেওঁ আল্লাহৰ তছবীহ পাঠ নকৰিলেহেঁতেন,
(144) তেন্তে নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত মাছৰ পেটতেই অৱস্থান কৰিবলগীয়া হ’লহেঁতেন। আৰু সেইটোৱে তেওঁৰ কবৰ হ’লহেঁতেন।
(145) ইয়াৰ পিছত আমি তেওঁক মাছৰ পেটৰ পৰা উলিয়াই এনেকুৱা এখন ভূমিত নিক্ষেপ কৰিলোঁ, য’ত কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰ নাছিল। এটা নিৰ্দিষ্ট সময়লৈকে মাছৰ পেটত অৱস্থান কৰাৰ কাৰণে তেওঁ দুৰ্বল হৈ পৰিছিল।
(146) সেই খালী ভূমিত আমি এজোপা লতা জাতীয় গছ উৎপন্ন কৰি দিছিলোঁ (লাউ, খিৰা অথবা তৰমুজ গছ)। যাতে ইয়াৰ ছাঁত তেওঁ বিশ্ৰাম কৰিব পাৰে আৰু ইয়াৰ ফল ভক্ষণ কৰিব পাৰে।
(147) আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, যাৰ সংখ্যা আছিল এক লাখ, বৰং তাতোকৈ বেছি ।
(148) এতেকে তেওঁলোকে ঈমান পোষণ কৰিলে আৰু তেওঁ লৈ অহা চৰীয়তক সমৰ্থন কৰিলে। ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সুখ-সুবিধা দান কৰিলে, অৱশেষত তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ নিৰ্ধাৰিত সময় সমাপ্ত হ’ল।
(149) হে মুহাম্মদ! মুশ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁতক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকুৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ-বতৰা?
(150) ফিৰিস্তাসকল নাৰী বুলি সিহঁতে কি ভিত্তিত ধাৰণা কৰিলে? অথচ তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁত উপস্থিত নাছিল, আনকি সিহঁতে তেওঁলোকক সৃষ্টি কৰাও দেখা নাই।
(151) জানি থোৱা! নিশ্চয় মুশ্বৰিকসকলে আল্লাহৰ সৈতে সন্তান সম্পৃক্ত কৰি এই ধৰণৰ মিছা ৰটনাৰ জৰিয়তে আল্লাহৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰিছে তথা মিছা অপবাদ দিছে। এই দাবীত নিশ্চিতভাৱে সিহঁত মিছলীয়া।
(152) জানি থোৱা! নিশ্চয় মুশ্বৰিকসকলে আল্লাহৰ সৈতে সন্তান সম্পৃক্ত কৰি এই ধৰণৰ মিছা ৰটনাৰ জৰিয়তে আল্লাহৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰিছে তথা মিছা অপবাদ দিছে। এই দাবীত নিশ্চিতভাৱে সিহঁত মিছলীয়া।
(153) তোমালোকে পছন্দ কৰা পুত্ৰৰ ঠাইত, তোমালোকে অপছন্দ কৰা কন্যা সন্তানক আল্লাহে নিজৰ বাবে পছন্দ কৰিব নেকি? এইটো কেতিয়াও হ’ব নোৱাৰে।
(154) হে মুশ্বৰিকসকল! কি হৈছে তোমালোকৰ? কিয় তোমালোকে এনেকুৱা অন্যায়মূলক নিৰ্ণয় দি আছা, নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, আনহাতে আল্লাহৰ বাবে কন্যা সন্তান?!
(155) তোমালোকে এই ভ্ৰষ্ট আক্বীদাহ সম্পৰ্কে চিন্তা-চৰ্চা নকৰা নেকি? কিয়নো যদি চিন্তা-চৰ্চা কৰিলাহেঁতেন তেন্তে কেতিয়াও এনেকুৱা কথা নক’লাহেঁতেন!
(156) তোমালোকৰ ওচৰত কিতাব অথবা ৰাছুলৰ ফালৰ পৰা এই সম্পৰ্কে কোনো স্পষ্ট দলিল তথা প্ৰত্যক্ষ প্ৰমাণ আছে নেকি?!
(157) যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকৰ সেই কিতাবখন লৈ আহা, য’ত এই বিষয়ে তোমালোকৰ প্ৰমাণ আছে।
(158) ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি কৈ মুশ্বৰিকসকলে অদৃশ্য ফিৰিস্তা আৰু আল্লাহৰ মাজত বংশ সম্পৰ্ক স্থাপন কৰি পেলাইছে, (যিটো প্ৰকাশ্য অন্যায়)। অথচ ফিৰিস্তাসকলে ভালকৈয়ে জানে যে, নিশ্চয় মুশ্বৰিকসকলক হিচাপ-নিকাচৰ বাবে উপস্থিত কৰা হ’ব।
(159) আল্লাহ সেই সকলো অভিযোগৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰে। দৰাচলতে সন্তান, অংশীদাৰ আদি পৱিত্ৰ আল্লাহৰ বাবে উচিতো নহয়।
(160) কিন্তু আল্লাহৰ নিষ্ঠাৱান বান্দাসকলৰ বিষয়টো সুকীয়া। কিয়নো তেওঁলোকে আল্লাহক সেইবোৰ বৈশিষ্ট্যৰ দ্বাৰাই বিভূষিত কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উচিত।
(161) হে মুশ্বৰিকসকল! তোমালোকে আৰু আল্লাহৰ বাহিৰে উপাসনা কৰা তোমালোকৰ এই উপাস্যবোৰে,
(162) কাকো সত্য ধৰ্মৰ পৰা আঁতৰাই নিব নোৱাৰিবা।
(163) কেৱল সেই ব্যক্তিৰ বাহিৰে, যাৰ বিষয়ে আল্লাহে আগতেই সিদ্ধান্ত লৈছে যে, সি জাহান্নামত প্ৰৱেশ কৰিব। গতিকে তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাটোৱে নিশ্চিত, সেইকাৰণেই সি কুফৰী কৰে, আৰু অৱশেষত জাহান্নামত প্ৰৱেশ কৰে। আনহাতে এই ক্ষেত্ৰত তোমালোকৰ আৰু তোমালোকৰ এই উপাস্যবোৰৰ কোনো ক্ষমতা নাই।
(164) ফিৰিস্তাসকলে আল্লাহৰ দাসত্ব স্বীকাৰ কৰি আৰু মুশ্বৰিকসকলৰ অভিযোগক বিচ্ছেদ ঘোষণা কৰি কৈছেঃ আমাৰ মাজৰ প্ৰত্যেকৰে বাবে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত এটা নিয়ত মৰ্যাদা আছে।
(165) নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয়।
(166) নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয়।
(167) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
(168) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
(169) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
(170) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
(171) আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
(172) আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
(173) আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
(174) হে ৰাছুল! এই দূৰাচাৰী মুশ্বৰিকসকলৰ পৰা আপুনি এটা নিৰ্দিষ্ট সময়লৈকে বিমুখ হৈ থাকক, যাতে সিহঁতৰ ওচৰত শাস্তিৰ সময় আহি পৰে। সেই সময় সম্পৰ্কে আল্লাহেই ভাল জানে।
(175) সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নোহোৱালৈকে সিহঁতক চাই থাকক, এটা সময়ত সিহঁতৰো অন্তৰাত্মা জাগিব, কিন্তু সেই সময়ৰ চেতনাই সিহঁতক কোনো উপকাৰ নকৰিব।
(176) এই মুশ্বৰিকসকলে আল্লাহৰ শাস্তি সম্পৰ্কে খৰখেদা কৰি আছে নেকি?
(177) এতেকে যেতিয়া সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব, তেতিয়া সিহঁতৰ প্ৰভাত হ’ব অতি নিন্দাজনক।
(178) হে ৰাছুল! আপুনি সিহঁতক আওকাণ কৰক, যেতিয়ালৈকে আল্লাহে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে।
(179) আপুনি সিহঁতক চাই থাকক। সিহঁতেও অচিৰেই দেখা পাব যে, সিহঁতৰ ওপৰত আল্লাহৰ কোনটো আযাব আৰু শাস্তি অৱতীৰ্ণ হয়।
(180) হে মুহাম্মদ! আপোনাৰ প্ৰতিপালক সকলো ক্ষমতাৰ অধিকাৰী, আপুনি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। তেওঁ সেই সকলো বিশেষণৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি আৰোপ কৰে।
(181) আল্লাহৰ ছালাম আৰু তেওঁৰ প্ৰশংসা তেওঁৰ সন্মানিত ৰাছুলসকলৰ বাবে।
(182) সকলো ধৰণৰ প্ৰশংসা পৱিত্ৰ আৰু মহান আল্লাহৰ বাবে। একমাত্ৰ তেৱেঁই ইয়াৰ যোগ্য। তেৱেঁই বিশ্বজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে বিশ্বজগতৰ আন কোনো প্ৰতিপালক নাই।