(1) নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে।
(2) হে ৰাছুল, আপোনাৰ প্ৰতিপালকে নিজ অনুগ্ৰহেৰে আপোনাক নবী বনাইছে। আপোনাক উন্মাদ বা পাগল বনোৱা নাই। মুশ্বৰিকসকলে আপোনাৰ প্ৰতি পাগল হোৱাৰ যি অভিযোগ কৰিছে তাৰ পৰা আপুনি মুক্ত।
(3) নিশ্চয় আপুনি মানুহলৈ আল্লাহৰ যি সংবাদ পৌঁছাই আছে তাৰ পৰিণাম অন্তহীন। এই সম্পৰ্কে কোনোবাই আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব নোৱাৰে।
(4) আৰু আপুনি, কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। আপুনি কুৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰে।
(5) এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰী সকলেও দেখিবলৈ পাব।
(6) যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিযা স্পষ্ট হৈ পৰিব যে কোনে পাগল?
(7) হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেই সকল লোকৰ বিষয়েও সম্যক অৱগত যিসকল সঠিক পথত আছে । সেয়েহে তেওঁ জানে যে, কোনসকল লোক তাৰ পৰা বিচ্যুত হৈছে আৰু আপুনি সেই সঠিক পথৰ ওপৰত অবিচল আছে।
(8) এতেকে হে ৰাছুল, আপুনি সিহঁতৰ কথা নুশুনিব যিবিলাকে আপুনি লৈ আহা সংবাদ সমূহ অস্বীকাৰ কৰে।
(9) সিহঁতৰ কামনা এই যে আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব।
(10) আৰু আপুনি কোনো এনেকুৱা লোকৰ কথা নুশুনিব যিয়ে অত্যাধিক মিছা শপত কৰে আৰু হীনমনৰ ব্যক্তি।
(11) মানুহৰ বহুতো পৰনিন্দা আৰু পৰচৰ্চাকাৰী ব্যক্তি যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়।
(12) কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানুহৰ ধন- সম্পত্তি, মান- সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি।
(13) দুষ্ট প্ৰকৃতিৰ, ক্ৰোধ স্বভাৱৰ আৰু নিজ পিতৃ অবিহনে আন কাৰো লগত সম্বন্ধিত।
(14) কেৱল এই কাৰণে আল্লাহ আৰু তেওঁৰ ৰাছুলক মানিবলৈ অভিমান কৰিছিল যে তেওঁ বহুত ধন- সম্পদৰ গৰাকী আছিল।
(15) যেতিয়া তেওঁৰ আগত আমাৰ আয়াত সমুহ পাঠ কৰা হয় তেতিয়া কয়ঃ এইবোৰ পূৰ্বৱৰ্তীসকলৰ কাল্পনিক কাহিনী মাথোন।
(16) আমি শীঘ্ৰে তাৰ নাকত দাগ দিম। যিটো তাৰ মুখমণ্ডল বিকৃত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকীয়া নহ’ব।
(17) আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ- অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলো যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলো। যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।
(18) আৰু সিহঁতে শপত কৰোতে ইন শ্বা আল্লাহ কোৱা নাছিল।
(19) গতিকে আল্লাহ তাআলাই বাগনৰ প্ৰতি এক প্ৰৱল জুই পঠাই দিলে। যিয়ে সেইবোৰ খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল আৰু নিজৰ বাগান খনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
(20) এতেকে বাগান ৰাতিৰ দৰে কলা হৈ গল।
(21) তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।
(22) কবলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতে বাগানলৈ ওলাই যোৱা।
(23) গতিকে সিহঁতে তীব্ৰভাৱে নিজৰ খেতিলৈ খোজ কাঢ়িব ধৰিলে। সিহঁতে পৰস্পৰে নিম্নস্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।
(24) সিহঁতে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰত কোনো দুখীয়া- অভাৱী প্ৰৱেশ কৰিব নোৱাৰে।
(25) আৰু সিহঁতে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে আজি এটা দানাও কাকো নিদিব।
(26) যেতিয়া সিহঁতে খেতি জ্বলি ছাই হোৱা দেখা পাইছিল তেতিয়া পৰস্পৰে কবলৈ ধৰিলেঃ নিশ্চয় আমি বাগানৰ ৰাস্তা পাহৰি গৈছো।
(27) বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয়নো আমি এইটো নিৰ্ণয় কৰিছিলো যে দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিও।
(28) সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিয়ে কলেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলো নে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱী সকলক বঞ্চিত কৰাৰ যোজনা কৰি আছিলা যে তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা?
(29) সকলোৱে কলেঃ আমাৰ প্ৰতিপালক পবিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময়ত নিশ্চয় নিজৰ ওপৰতে অন্যায় কৰিছিলো।
(30) তাৰ পিছত সিহঁতে এজন আনজনৰ ফালে হৈ পৰস্পৰে দোষাৰোপ কৰিবলৈ ধৰিলে।
(31) লজ্জিত হৈ কবলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া আৰু অভাৱ গ্ৰস্থ লোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছো।
(32) সম্ভৱত আমাৰ প্ৰতিপালকে আমাক বাগানৰ পৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী। তেওঁৰ পৰা ক্ষমাৰ আশাবাদী আৰু তেওঁৰ পৰাই কল্যাণ বিচাৰো।
(33) খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ যি শাস্তি আমি সিহঁতক দিছো তেনেকুৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তিক দিওঁ যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো ডাঙৰ। যদি সিহঁতে তেওঁৰ কঠোৰতা আৰু নিৰন্তৰতাৰ বিষয়ে জানিলেহেঁতেন।
(34) নিশ্চয় আল্লাহৰ পৰা, তেওঁৰ আদেশ সমূহ পালন কৰি আৰু তেওঁ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, ভয়কাৰী সকলৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত অনুগ্ৰহমূলক জান্নাত আছে। সিহঁতে তাত প্ৰত্যেক ধৰণৰ অনুগ্ৰহৰ পৰা উপকৃত হ’ব। সিহঁতৰ অনুগ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।
(35) আমি মুছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মুশ্বৰিক বিলাকৰ দৰে কৰিম নেকি যিদৰে মক্কাৰ মুশ্বৰিক বিলাকে ধাৰণা কৰিছে?
(36) তোমালোকৰ ( হে মুশ্বৰিক সকল ) কি হৈছে? তোমালোকে এই অন্যায়পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা?
(37) তোমালোকৰ ওচৰত এনেকুৱা কোনো কিতাপ আছে নেকি যাৰ ভিতৰত তোমালোকে পঢ়া যে অনুগত্যকাৰী আৰু অবাধ্যকাৰী সমান?
(38) আৰু তোমালোকৰ বাবে আখিৰাতত সেয়াই আছে যি তোমালোকে পছন্দ কৰা।
(39) তোমালোকৰ বাবে আমাৰ ওপৰত কোনো অটল অঙ্গীকাৰ আছে নেকি? যাৰ দাবী এই যে তোমোলোকৰ বাবে সেয়াই আছে যিটো তোমালোকে নিজৰ বাবে নিৰ্ণয় কৰা?
(40) হে ৰাছুল, এই কথা কোৱাসকলক সুধক, ইয়াৰ জিম্মাদাৰ কোন?
(41) অথবা সিহঁতৰ বাবে আল্লাহৰ লগত বহুতো অংশীদাৰ আছে নেকি যিহঁতে পৰিণামৰ ক্ষেত্ৰত মুশ্বৰীক বিলাকক মুমিনসকলৰ সমান বুলি প্ৰতিষ্ঠিত কৰে? তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰ বিলাকক উপস্থিত কৰা উচিত। যদি সিহঁতে এই দাবীত সত্যবাদী যে সিহঁতৰ অংশীদাৰ সকলে সিহঁতক পৰিণামৰ ক্ষেত্ৰত মুমিনসকলৰ সমান প্ৰতিষ্ঠিত কৰিছে।
(42) ক্বিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতি হব আৰু আমাৰ প্ৰতিপালকে তেওঁৰ ভৰিৰ কলাফুলি উন্মুচিত কৰিব আৰু মানুহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হ’ব। মুমিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মুনাফিক বিলাকে ছাজদাহ কৰিবলৈ অক্ষম অৱস্থাত ৰৈ যাব।
(43) সিহঁতৰ দৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁতক আৱৰি ধৰিব। সিহঁতক পৃথিৱীত আল্লাহক ছাজদাহ কৰিবলৈ কোৱা হৈছিল তেতিয়া সিহঁতে আজি সন্মুখীন হোৱা অসুবিধাৰ পৰা মুক্ত আছিল।
(44) এতেকে হে ৰাছুল, আপুনি মোক আৰু তাক এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম সিহঁতে গমেই নাপাব যে সিহঁতক ঢিল দিয়া হৈছিল।
(45) আৰু মই সিহঁতক কিছু সময়ৰ বাবে ঢিল দিওঁ। যাতে পাপ কৰ্মত আৰু অধিক লিপ্ত হয়। নিশ্চয় কাফিৰ আৰু অস্বীকাৰকাৰী বিলাকৰ বাবে মোৰ কৌশল অতি শক্তিশালী। সেয়েহে সিহঁতে মোৰ গ্ৰেপ্তাৰীৰ বাহিৰত নহয় আৰু মোৰ শাস্তিৰ পৰা ৰেহাইয়ো পাব নোৱাৰে।
(46) হে ৰাছুল, আপুনি সিহঁতক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ডাঙৰ বোজাৰ কাৰণে সিহঁতে ভাৰাক্ৰান্ত হৈ পৰিছে আৰু আপোনাৰ পৰা বিসংগতা অৱলম্বন কৰি আছে ? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। আপুনি সিহঁতৰ পৰা কোনো বিনিময় নিবিচাৰে। গতিকে সিহঁতে আপোনাৰ আনুগত্য কিয় কৰা নাই?
(47) অথবা সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে নেকি আৰু নিজৰ কামৰ প্ৰমাণবোৰ লিখি লয় যিটো আপোনাৰ সৈতে পৰ্যালোচনা কৰিব পাৰে।
(48) হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁতক ঢিল আৰু সুযোগ দিয়া সম্পৰ্কে ধৰ্য ধাৰণ কৰক। আৰু মাছৰ গৰাকী ইউনুছ আলাইহিছ ছালামৰ দৰে নিজৰ সম্প্ৰদায়ৰ প্ৰতি ক্ৰোধান্বিত হৈ নাযাব। যেতিয়া তেখেতে সমূদ্ৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তিত আৰু দুখৰ সময়ত তেখেতৰ প্ৰতিপালকক মাতিছিল।
(49) যদি তেখেতৰ ওচৰত আল্লাহৰ অনুগ্ৰহ আহি নাপালেহেঁতেন তেন্তে মাছে তেখেতক কোনো খালী আৰু জনশূন্য স্থানত এৰি দিলেহেঁতেন আৰু তেখেত দূৰাৱস্থাতত পৰি থাকিলেহেঁতেন।
(50) তাৰ পিছত তেখেতৰ প্ৰতিপালকে তেখেতক মনোনীত কৰিলে আৰু সত্কৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।
(51) কাফিৰসকল আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰী সকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কুৰআন শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায় যেনিবা আপোনাক বাগৰাই দিব। আৰু সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা মুখ ওভতাই কয়ঃ এই কোৰআন আনা ৰাছুল পাগলহে।
(52) যিহেতু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন জীন আৰু মানৱসকলৰ বাবে উপদেশ, শিক্ষা আৰু স্মৃতি।