81 - At-Takwir ()

|

(1) যেতিয়া সূৰ্যৰ অস্তিত্ব সংকীৰ্ণ কৰি দিয়া হব আৰু সূৰ্যৰ পোহৰ সমাপ্ত কৰি দিয়া হব।

(2) আৰু যেতিয়া খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব।

(3) আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব।

(4) যিবোৰ গৰ্ভৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময়ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব।

(5) আৰু যেতিয়া বনৰীয়া জন্তুবোৰক মানুহৰ লগত একে স্থানত একত্ৰিত কৰা হ'ব।

(6) আৰু যেতিয়া সাগৰবোৰক উদগনি দিয়া হব, ফলত সেইবোৰ জুইত পৰিণত হ'ব।

(7) আৰু যেতিয়া প্ৰাণবোৰক তেওঁলোকৰ লগত মিলিত কৰা হব যিবোৰ তাৰ সমান হব। গতিকে পাপীৰ লগত পাপী আৰু সদাচাৰৰ লগত সদাচাৰক মিলিত কৰা হ'ব।

(8) আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক সোধা হ'ব।

(9) তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল?

(10) আৰু যেতিয়া বান্দাৰ আমাল নামা খুলি দিয়া হব, যাতে প্ৰত্যেক ব্যক্তিয়ে নিজ নিজ আমল নামা (কৰ্ম পত্ৰ) পঢ়িব পাৰে।

(11) আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হব যিদৰে ছাগলীৰ ছাল খুলা হয়।

(12) আৰু যেতিয়া জাহান্নামক ভীষণ ভাৱে প্ৰজ্জ্বলিত কৰা হ'ব।

(13) আৰু যেতিয়া জান্নাতক মুত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব।

(14) যেতিয়া এইবোৰ সংঘটিত হব, তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব যে, তেওঁ সেই দিনৰ বাবে কি আমল আগবঢ়াইছে।

(15) আল্লাহ তাআলাই সেইবোৰ নক্ষত্ৰৰ শপত খাইছে যিবোৰ ৰাতিত প্ৰকাশ হোৱাৰ আগতে লোকাই থাকে।

(16) যিবোৰ নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায় যিদৰে হৰিণে নিজৰ ঘৰত সোমায়।

(17) আৰু ৰাতিৰ প্ৰথম ভাগ যেতিয়া আহে আৰু ৰাতিৰ শেষ ভাগ যেতিয়া যাবলৈ ধৰে আল্লাহ তাআলাই ইয়াৰো শপত খাইছে।

(18) আৰু যেতিয়া পুৱাৰ ভাগত পোহৰ প্ৰসাৰিত হয়, আল্লাহ তাআলাই সেই সময়ৰ শপত খাইছে।

(19) নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন আল্লাহ তাআলাৰ বাণী। যাক আমানতদাৰ ফিৰিস্তা অৰ্থাৎ জিব্ৰীল আলাইহিছ ছালামে পৌঁছাইছে। আল্লাহ তাআলাই তেখেতক এই দায়িত্ব অৰ্পন কৰিছিল।

(20) তেওঁ অতি শক্তিশালী আৰু আকাশৰ গৰাকীৰ ওচৰত তেওঁ মৰ্যদা সম্পন্ন।

(21) আকাশবাসী সকল তেখেতৰ কথা মানে আৰু তেখেতক প্ৰত্যাদেশ পৌঁছাবলৈ যি দায়িত্ব অৰ্পণ কৰা হৈছে সেয়া আমানতদাৰীৰ সৈতে পালন কৰিছে।

(22) আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যিয়ে তোমালোকৰ লগত থাকে, যাৰ বিবেক, আমানতদাৰী আৰু সততাৰ বিষয়ে তোমালেকে ভালদৰে পৰিচিত। তেওঁ কোনো উন্মাদ নহয়, যিদৰে তোমালোকে দাবী কৰা।

(23) আৰু তোমালোকৰ সঙ্গীয়ে তেখেতক দিগন্তত তেখেতৰ প্ৰকৃত ৰূপত স্পষ্ট ভাৱে দেখিছে।

(24) আৰু তোমালকৰ সঙ্গী কৃপণও নহয় যে, যি বস্তু পৌঁছাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁছাবলৈ কৃপণালী কৰিব বা জ্যোতিষীৰ দৰে তোমালোকৰ পৰা বিনিময় বিচাৰিব।

(25) আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয়তাৰ বাণী নহয়।

(26) এই প্ৰমাণবোৰৰ পিছত এয়া আল্লাহৰ বাণী বুলি অস্বীকাৰ কৰাৰ কোনটো ৰাস্তা থাকিব পাৰে।

(27) কোৰআন জিন আৰু মানুহৰ বাবে কেৱল স্মৰণকাৰী আৰু উপদেশ বাণীহে।

(28) তোমালোকৰ মাজৰ পৰা সেই ব্যক্তিৰ বাবে যিয়ে সত্যৰ পথত চলিব বিচাৰে।

(29) তুমি সত্য বা অসত্য পথৰ প্ৰতি চলিবলৈ ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। যিয়ে গোটেই জগতৰ পালন কৰ্তা।