94 - Ash-Sharh ()

|

(1) নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰিয় বনাই দিছোঁ।

(2) আমি আপোনাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিছোঁ, আৰু আপোনাৰ পৰা জাহিলি যুগৰ জটিতাবোৰ আঁতৰাই দিছোঁ।

(3) যিয়ে বোজাই আপোনাক ইমান ক্লান্ত কৰিছিল যে, যেনিবা আপোনাৰ পিঠি ভাঙি যাব।

(4) আৰু আমি আপোনাৰ স্মৰণক সমুন্নত কৰিছো। বৰং আজান, ইক্বামত আৰু অন্য স্থানবোৰতো আপোনাক স্মৰণ কৰা হয়।

(5) নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা।

(6) নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা। যিহেতু আপুনি এই কথা গম পাইছে, এতেকে আপোনাৰ জাতিৰ দ্বাৰা দিয়া কষ্টৰ প্ৰতি আপুনি ভাগি পৰা উচিত নহয়। আৰু দাৱাতৰ ক্ষেত্ৰতো এই চিন্তা বাধা হৈ থিয় দিয়াটো উচিত নহয়।

(7) যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পায় আৰু তাক চিজিল কৰি লয়, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদতত গভীৰ ভাৱে নিৱদ্ধ হওক।

(8) আৰু আপোনাৰ সম্পূৰ্ণ ধ্যান আৰু মনোযাগ আপোনাৰ প্ৰতিপালকৰ ফালে কেন্দ্ৰিত কৰিব।