(1) নিশ্চয় আমি কোৰআনখন এবাৰতে পৃথিৱীৰ আকাশত অৱতীৰ্ণ কৰিছো, যিদৰে ৰমজান মাহৰ সন্মানিত ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।
(2) হে নবী, আপুনি জানে নে এই ৰাতিত কিমান মঙ্গল আৰু বৰকত আছে।
(3) এয়া সৰ্বোত্তম মঙ্গল ৰাতি। কিয়নো এয়া ঈমান আৰু পূণ্য প্ৰাপ্তৰ উদ্দেশ্যে ৰাতি জাগৰণ কাৰীৰ বাবে এক হাজাৰ মাহৰ ৰাতিতকৈও উত্তম।
(4) সেই ৰাতিত ফিৰিস্তাসকল আৰু জিব্ৰীল আলাইহিছ ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে সেই বছৰত আল্লাহ তাআলাই লোৱা সকলো নিৰ্ণয়ৰ সৈতে অৱতীৰ্ণ হয়। যদিও সেই নিৰ্ণয় জীৱিকা, মৃত্যু, জন্ম সম্পৰ্কীয় নহওঁক কিয়।
(5) এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ, আৰম্ভৰ পৰা অন্তলৈ অৰ্থাৎ ফজৰ লৈকে থাকে।